সরাসরি প্রধান সামগ্রীতে চলে যান

"নৈ" ৰূপালী গল্পটোলৈ আহিছে আমাৰ প্ৰান্তীয় মানুহখিনিৰ মনৰ হাহাকাৰ, প্ৰশ্ন উত্থাপন কৰিছে সংগ্ৰাম-আদৰ্শৰ নামত আমি কি পালো ?

কেৱল  প্ৰচাৰ আৰু "তাৰকা শক্তি" (star power)-এ চিনেমা চলাব নোৱাৰে, অসমীয়া চিনেমা চলাব নোৱাৰে। (অৱশ্যে অসমীয়া চিনেমাৰ তাৰকা বিষয়টো প্ৰশ্নোবোধক।) উদাহৰণ-- অসমীয়া চিনেমা "গংগা", হিন্দী চিনেমা "Dhaakad" (১০০ কোটি টকা বাজেটৰ এই চিনেমা খনে মাত্ৰ ৩.৭৭ কোটি টকাহে ব্যৱসায় কৰিছে।), "Anek" (৪৫ কোটি টকা বাজেটৰ এই চিনেমা খনৰ ব্যৱসায় মাত্ৰ ১১.৫৯ কোটি টকা।) । বিপৰীতে ১০০ কোটি টকাৰ "K.G.F: Chapter 2" (মুল কানাড়া ভাষাৰ চিনেমা খন হিন্দী , তেলেগু , তামিল আৰু মালয়ালম ভাষাত ডাব কৰি একে সময়তে চিত্ৰগৃহত মুকলি কৰা হৈছে। )
চিনেমাই ব্যৱসায় কৰিছে ( কৰি আছে। আৰু বাঢ়িব। চিনেমা খনত তাৰকা আৱশ্যেই আছে। ব্যৱসায় কিন্তু কেৱল তাৰকা কেন্দ্ৰীক নহয়। যথা স্থানত ইতিমধ্যে চৰ্চা কৰিছো।) ১২৩৫.২ কোটি টকা। আৰু অসমীয়া? কোনো "তাৰকা"ই অভিনয় নকৰা কেনি বসুমতাৰীৰ পৰিচালনাৰে নিৰ্মিত "লোকেল উৎপাত" চিত্ৰগেহৰ বক্স অফিচ কালেকচন ১ কোটি টকা , ৩৫ টা চিত্ৰগৃহত (১জুনৰ খবৰ। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ১৩ মে', ২০২২ত)। --এটা দিশ স্পষ্ট, চিনেমাৰ গল্প কোৱৰ কৌশল, গল্প, অভিনয় শৈলী (চৰিত্ৰ নিৰ্মাণ) সলনি হৈছে। এই যে সলনি হোৱা বুলিছো, এই "সলনি"ৰ সৈতে খোজ মিলাব পৰা চিনেশক্তি কেনী বসুমতাৰীৰ আছে বাবেই "লোকেল উৎপাত" সফল। বজাৰ ঠেক নহলে অসমীয়া চিনেমা খনৰ ব্যৱসায় আৰূ বাঢ়িল হেতেন। --হয়, বহল বজাৰ। বহুতৰে ধাৰণা দক্ষিণ ভাৰতৰ চিনেমাই শ কোটি-হাজাৰ কোটি টকা ব্যৱসায় কৰিছে নিজা আঞ্চলিক ভাষাৰে। এই তথ্য শুদ্ধ নহয়। মূলতঃ দক্ষিণ ভাৰতৰ আন আঞ্চলিক ভাষালৈ আৰু হিন্দী ভাষালৈ ডাব কৰা সংস্কৰণৰ "কালেকচন" মিলাইহে শ কোটি-হাজাৰ কোটি হৈছে। ১২৩৫.২ কোটি টকা ব্যৱসায় কৰা "K.G.F: Chapter 2" -য়ে ৬০% ব্যৱসায় কৰিছে হিন্দী সংস্কৰেণেৰেহে। আটাইতকৈ কম কালেকছন মুল কানাড়া সংস্কৰণৰ। (উৎস: Kumudam) গতিকে কব পাৰি একে সময়তে আন আঞ্চলিক ভাষাৰ লগতে হিন্দী ভাষালৈ "লোকেল উৎপাত"ৰ দৰে অসমীয়া চিনেমা বহল বজাৰলৈ নিলে সফল নহোৱাৰ কাৰণ নাই।
"সফল চিনেমা"ৰ ব্যখ্যা ভিন্ন দৃষ্টিত ভিন্ন হব। আমাৰ ব্যখ্যা এনেধৰণৰ-- মৌলিক চিনেচিন্তাৰ, চিত্ৰৰসিকক সন্তুষ্ট কৰাৰ ক্ষমতা থকা, চিনে সৌন্দৰ্য থকা, বজাৰ (স্থানীয়, মহোৎসৱ কেন্দ্ৰীক) দখল কৰাৰ ক্ষমতা থকা চিনেমা খনক সফল চিনেমা বুলি কব পাৰি। কেমেৰাত বন্দী নাটক এখনক, মৌলিক চিনেচিন্তা শূন্য বঁটা প্ৰাপ্ত চিনেমাক সফল চিনেকৰ্ম বুলি কব নোৱাৰি।
--এই কথা স্পষ্ট, ভাল চিনেমা নিৰ্মাণ সম্ভৱ চিনেশক্তি পূৰ্ণ, দক্ষ পৰিচালকৰ দ্বাৰাহে। অসমীয়া চিনেমাৰ বাবে আশাৰ বতৰা চিনেশক্তি পূৰ্ণ, দক্ষ পৰিচলকৰ সংখ্যা বাঢ়িছে। ৰীমা দাস, ভাস্কৰ হাজৰিকা, কংকন ডেকা, জয়ছেং জয় দহোটিয়া, অনুপম কৌশিক বৰা, ৰীমা বৰা, অৰুণজিৎ বৰা আদিৰ চিনেকৰ্মই আমাক আশা দেখুৱাইছে। ৰীমা দাসৰ "ভিলেজ ৰকষ্টাৰ্ছ"-এ নিৰ্মল চিনেমেটিক কাৰবাৰেৰে অসমীয়া চিনেমাৰ নতুন বাট মুকলি কৰিলে। এই বাটেৰে আগবাগৰিবলৈ চেষ্টা কৰিছে কেইবাগৰাকীও তৰুণ পৰিচালকে। সৰহ সংখ্যকেই পিছল খাইছে। (আনৰ বাটত "বাট" অনূভৱ নকৰাকৈ খোজ কাঢ়িবলৈ গ'লে পিছল খাবয়ে!)
ৰীমা দাসৰ দৰে ৰীমা বৰাৰো ৰূপালী গল্প কোৱাৰ নিজা বাট (নিজা শৈলী) আছে। "বকুল"ত অনুভৱ কৰিছিলো, "নৈ"ত অনুভৱ কৰিলো ৰীমা বৰাৰ চিনেদক্ষতা। এটা চৰিত্ৰ ঠিয় কৰাইছে, যিটো চৰিত্ৰক আমি "নৈ"ৰ মূল চৰিত্ৰ বুলি কব পাৰো। এটা বৃত্তৰ মাজত জীৱনৰ সৰহ খিনি সময় পাৰ কৰা "চৰিত্ৰ"টোৱে এদিন বাহিৰ ওলাল, এটা চৰিত্ৰৰ সন্ধানত। "চৰিত্ৰ"টোৰ সন্ধানত আগ বাঢ়ে, লগ পায় ভিন্ন চৰিত্ৰ। প্ৰতিটো চৰিত্ৰই লৈ ফুৰিছে একোটা কাহিনী। কাহিনীৰ মাজত সুখ-দুখ আছে, "সমস্যা" আছে। মূল চৰিত্ৰৰ সৈতে আন চৰিত্ৰ গুঠিছে, "সমস্যা" কৈছে মেডহীন সংলাপ, সু-পৰিকল্পিত কেমেৰাৰ ভাষা (cinematic language)-ৰে। ভালেমান শ্বট ৰূপান্তৰ হৈছে মন চুই যোৱা painting art -লৈ। চিনেমা খনৰ মূল সৌন্দৰ্য কি বুলি যদি প্ৰশ্ন উত্থাপন কৰা হয়, উত্তৰ হব --বাস্তৱবাদৰ আশ্ৰয়ত, ওচৰত নিৰ্মাণ কৰা চৰিত্ৰ, কেমেৰাত ধৰি ৰখা চলন্ত ছবি। হয়,  আমাৰ চৌপাশৰ জগতখনৰ প্ৰতিফলন স্পষ্ট চিনেমা খনত। (কোৱা হয়, ১৯৫০ চনৰ শেষৰ ফালে “চিনেমাত বাস্তৱবাদ” বিশ্বৰ অন্যান্য অঞ্চললৈ বিয়পি পৰিছিল, ভাৰতৰ পৰা। অসমীয়া চিনেমাৰ জনক জ্যোতিপ্ৰসাদ আগৰৱালাই “চিনেমাত বাস্তৱবাদ”ৰ প্ৰয়োগ কৰিছিল "জয়মতী"তে, ১৯৩৫ চনতে। "জয়মতী"ৰ কাৰিকৰী বিফলতা আৰু সেই সময়ৰ অসমীয়া চিনেমা আলোচকৰ চিনে শূন্য চিন্তাই বাধা নিদিলে হয়তো আজি “চিনেমাত বাস্তৱবাদ” কেন্দ্ৰীক আলোচনা আৰম্ভ হ'ল হেতেন অসমীয়া চিনেমাৰে।) আৰু অভিনয়? ভাল অভিনয়ৰ প্ৰসংগত কোৱা হয়, চকুত-চেহেৰাত প্ৰকাশ হোৱা আৱেগ, মনৰ ৰং-মনৰ খং ইত্যাদি। অভিনয় কৰে কিন্তু অভিনয় কৰা যেন নালাগে। অভিনয় শিল্পীয়ে "চৰিত্ৰ"ত বাস কৰে, "চৰিত্ৰ"টো বিশ্বাসযোগ্য কৰি দৰ্শকৰ ওচৰলৈ নিয়ে। দৰ্শকক আৱেগিক কৰিবলৈ চেষ্টা নকৰে। "ভাল অভিনয়"ৰ এই বিন্দু কেইটা স্পষ্ট "নৈ"ৰ অভিনয় শিল্পীৰ অভিনয়ত।
"নৈ" ৰূপালী গল্পটোলৈ আহিছে আমাৰ প্ৰান্তীয়  মানুহখিনিৰ মনৰ হাহাকাৰ, প্ৰশ্ন উত্থাপন কৰিছে সংগ্ৰাম-আদৰ্শৰ নামত আমি কি পালো ?
(আৰু আছে)

মন্তব্যসমূহ

  1. ময়ো বিশ্বাস কৰো--এটা গল্প ডাঙি ধৰাৰ কৌশল যি আয়ত্ব কৰিছে , চিনেমাৰ ক্ষেত্ৰতো সেই সকল সফল হৈছে। কাহিনীৰ উপস্হাপনত (যাক তুমি 'বাট' বুলিছা) নিজা কৌশল থাকিবই লাগিব ; বাগ্ময় হ'ব লাগিব কেমেৰাৰ ভাষা। এটা সাধাৰন প্ৰেমৰ কাহিনী ৰমা দাসৰ 'অচল টকা'। কিন্ত্ত
    তাত আছিল স্হানীয় সুৰ। তাকেই বুটলি পৰিচালক ধীৰু ভুঞাই নিজস্ব কৌশলৰে উপস্হাপন কৰিছিল ৰূপালী পৰ্দাত। কঢ়িয়াইছিল 'ৰজত কমল'। মই চিত্ৰ সমালোচক নহও ; কিন্ত্ত তোমাৰ এই সুন্দৰ বিশ্লেষণে দুৱাষাৰ লিখিবলৈ আগ্ৰহ জন্মালে। সচাঁকৈয়ে সুন্দৰ তোমাৰ দৃষ্টিকোন ; অভিনন্দন জনালো...

    উত্তরমুছুন

একটি মন্তব্য পোস্ট করুন

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...