"নৈ" ৰূপালী গল্পটোলৈ আহিছে আমাৰ প্ৰান্তীয় মানুহখিনিৰ মনৰ হাহাকাৰ, প্ৰশ্ন উত্থাপন কৰিছে সংগ্ৰাম-আদৰ্শৰ নামত আমি কি পালো ?
কেৱল প্ৰচাৰ আৰু "তাৰকা শক্তি" (star power)-এ চিনেমা চলাব নোৱাৰে, অসমীয়া চিনেমা চলাব নোৱাৰে। (অৱশ্যে অসমীয়া চিনেমাৰ তাৰকা বিষয়টো প্ৰশ্নোবোধক।) উদাহৰণ-- অসমীয়া চিনেমা "গংগা", হিন্দী চিনেমা "Dhaakad" (১০০ কোটি টকা বাজেটৰ এই চিনেমা খনে মাত্ৰ ৩.৭৭ কোটি টকাহে ব্যৱসায় কৰিছে।), "Anek" (৪৫ কোটি টকা বাজেটৰ এই চিনেমা খনৰ ব্যৱসায় মাত্ৰ ১১.৫৯ কোটি টকা।) । বিপৰীতে ১০০ কোটি টকাৰ "K.G.F: Chapter 2" (মুল কানাড়া ভাষাৰ চিনেমা খন হিন্দী , তেলেগু , তামিল আৰু মালয়ালম ভাষাত ডাব কৰি একে সময়তে চিত্ৰগৃহত মুকলি কৰা হৈছে। )
চিনেমাই ব্যৱসায় কৰিছে ( কৰি আছে। আৰু বাঢ়িব। চিনেমা খনত তাৰকা আৱশ্যেই আছে। ব্যৱসায় কিন্তু কেৱল তাৰকা কেন্দ্ৰীক নহয়। যথা স্থানত ইতিমধ্যে চৰ্চা কৰিছো।) ১২৩৫.২ কোটি টকা। আৰু অসমীয়া? কোনো "তাৰকা"ই অভিনয় নকৰা কেনি বসুমতাৰীৰ পৰিচালনাৰে নিৰ্মিত "লোকেল উৎপাত" চিত্ৰগেহৰ বক্স অফিচ কালেকচন ১ কোটি টকা , ৩৫ টা চিত্ৰগৃহত (১জুনৰ খবৰ। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ১৩ মে', ২০২২ত)। --এটা দিশ স্পষ্ট, চিনেমাৰ গল্প কোৱৰ কৌশল, গল্প, অভিনয় শৈলী (চৰিত্ৰ নিৰ্মাণ) সলনি হৈছে। এই যে সলনি হোৱা বুলিছো, এই "সলনি"ৰ সৈতে খোজ মিলাব পৰা চিনেশক্তি কেনী বসুমতাৰীৰ আছে বাবেই "লোকেল উৎপাত" সফল। বজাৰ ঠেক নহলে অসমীয়া চিনেমা খনৰ ব্যৱসায় আৰূ বাঢ়িল হেতেন। --হয়, বহল বজাৰ। বহুতৰে ধাৰণা দক্ষিণ ভাৰতৰ চিনেমাই শ কোটি-হাজাৰ কোটি টকা ব্যৱসায় কৰিছে নিজা আঞ্চলিক ভাষাৰে। এই তথ্য শুদ্ধ নহয়। মূলতঃ দক্ষিণ ভাৰতৰ আন আঞ্চলিক ভাষালৈ আৰু হিন্দী ভাষালৈ ডাব কৰা সংস্কৰণৰ "কালেকচন" মিলাইহে শ কোটি-হাজাৰ কোটি হৈছে। ১২৩৫.২ কোটি টকা ব্যৱসায় কৰা "K.G.F: Chapter 2" -য়ে ৬০% ব্যৱসায় কৰিছে হিন্দী সংস্কৰেণেৰেহে। আটাইতকৈ কম কালেকছন মুল কানাড়া সংস্কৰণৰ। (উৎস: Kumudam) গতিকে কব পাৰি একে সময়তে আন আঞ্চলিক ভাষাৰ লগতে হিন্দী ভাষালৈ "লোকেল উৎপাত"ৰ দৰে অসমীয়া চিনেমা বহল বজাৰলৈ নিলে সফল নহোৱাৰ কাৰণ নাই।
"সফল চিনেমা"ৰ ব্যখ্যা ভিন্ন দৃষ্টিত ভিন্ন হব। আমাৰ ব্যখ্যা এনেধৰণৰ-- মৌলিক চিনেচিন্তাৰ, চিত্ৰৰসিকক সন্তুষ্ট কৰাৰ ক্ষমতা থকা, চিনে সৌন্দৰ্য থকা, বজাৰ (স্থানীয়, মহোৎসৱ কেন্দ্ৰীক) দখল কৰাৰ ক্ষমতা থকা চিনেমা খনক সফল চিনেমা বুলি কব পাৰি। কেমেৰাত বন্দী নাটক এখনক, মৌলিক চিনেচিন্তা শূন্য বঁটা প্ৰাপ্ত চিনেমাক সফল চিনেকৰ্ম বুলি কব নোৱাৰি।
--এই কথা স্পষ্ট, ভাল চিনেমা নিৰ্মাণ সম্ভৱ চিনেশক্তি পূৰ্ণ, দক্ষ পৰিচালকৰ দ্বাৰাহে। অসমীয়া চিনেমাৰ বাবে আশাৰ বতৰা চিনেশক্তি পূৰ্ণ, দক্ষ পৰিচলকৰ সংখ্যা বাঢ়িছে। ৰীমা দাস, ভাস্কৰ হাজৰিকা, কংকন ডেকা, জয়ছেং জয় দহোটিয়া, অনুপম কৌশিক বৰা, ৰীমা বৰা, অৰুণজিৎ বৰা আদিৰ চিনেকৰ্মই আমাক আশা দেখুৱাইছে। ৰীমা দাসৰ "ভিলেজ ৰকষ্টাৰ্ছ"-এ নিৰ্মল চিনেমেটিক কাৰবাৰেৰে অসমীয়া চিনেমাৰ নতুন বাট মুকলি কৰিলে। এই বাটেৰে আগবাগৰিবলৈ চেষ্টা কৰিছে কেইবাগৰাকীও তৰুণ পৰিচালকে। সৰহ সংখ্যকেই পিছল খাইছে। (আনৰ বাটত "বাট" অনূভৱ নকৰাকৈ খোজ কাঢ়িবলৈ গ'লে পিছল খাবয়ে!)
ৰীমা দাসৰ দৰে ৰীমা বৰাৰো ৰূপালী গল্প কোৱাৰ নিজা বাট (নিজা শৈলী) আছে। "বকুল"ত অনুভৱ কৰিছিলো, "নৈ"ত অনুভৱ কৰিলো ৰীমা বৰাৰ চিনেদক্ষতা। এটা চৰিত্ৰ ঠিয় কৰাইছে, যিটো চৰিত্ৰক আমি "নৈ"ৰ মূল চৰিত্ৰ বুলি কব পাৰো। এটা বৃত্তৰ মাজত জীৱনৰ সৰহ খিনি সময় পাৰ কৰা "চৰিত্ৰ"টোৱে এদিন বাহিৰ ওলাল, এটা চৰিত্ৰৰ সন্ধানত। "চৰিত্ৰ"টোৰ সন্ধানত আগ বাঢ়ে, লগ পায় ভিন্ন চৰিত্ৰ। প্ৰতিটো চৰিত্ৰই লৈ ফুৰিছে একোটা কাহিনী। কাহিনীৰ মাজত সুখ-দুখ আছে, "সমস্যা" আছে। মূল চৰিত্ৰৰ সৈতে আন চৰিত্ৰ গুঠিছে, "সমস্যা" কৈছে মেডহীন সংলাপ, সু-পৰিকল্পিত কেমেৰাৰ ভাষা (cinematic language)-ৰে। ভালেমান শ্বট ৰূপান্তৰ হৈছে মন চুই যোৱা painting art -লৈ। চিনেমা খনৰ মূল সৌন্দৰ্য কি বুলি যদি প্ৰশ্ন উত্থাপন কৰা হয়, উত্তৰ হব --বাস্তৱবাদৰ আশ্ৰয়ত, ওচৰত নিৰ্মাণ কৰা চৰিত্ৰ, কেমেৰাত ধৰি ৰখা চলন্ত ছবি। হয়, আমাৰ চৌপাশৰ জগতখনৰ প্ৰতিফলন স্পষ্ট চিনেমা খনত। (কোৱা হয়, ১৯৫০ চনৰ শেষৰ ফালে “চিনেমাত বাস্তৱবাদ” বিশ্বৰ অন্যান্য অঞ্চললৈ বিয়পি পৰিছিল, ভাৰতৰ পৰা। অসমীয়া চিনেমাৰ জনক জ্যোতিপ্ৰসাদ আগৰৱালাই “চিনেমাত বাস্তৱবাদ”ৰ প্ৰয়োগ কৰিছিল "জয়মতী"তে, ১৯৩৫ চনতে। "জয়মতী"ৰ কাৰিকৰী বিফলতা আৰু সেই সময়ৰ অসমীয়া চিনেমা আলোচকৰ চিনে শূন্য চিন্তাই বাধা নিদিলে হয়তো আজি “চিনেমাত বাস্তৱবাদ” কেন্দ্ৰীক আলোচনা আৰম্ভ হ'ল হেতেন অসমীয়া চিনেমাৰে।) আৰু অভিনয়? ভাল অভিনয়ৰ প্ৰসংগত কোৱা হয়, চকুত-চেহেৰাত প্ৰকাশ হোৱা আৱেগ, মনৰ ৰং-মনৰ খং ইত্যাদি। অভিনয় কৰে কিন্তু অভিনয় কৰা যেন নালাগে। অভিনয় শিল্পীয়ে "চৰিত্ৰ"ত বাস কৰে, "চৰিত্ৰ"টো বিশ্বাসযোগ্য কৰি দৰ্শকৰ ওচৰলৈ নিয়ে। দৰ্শকক আৱেগিক কৰিবলৈ চেষ্টা নকৰে। "ভাল অভিনয়"ৰ এই বিন্দু কেইটা স্পষ্ট "নৈ"ৰ অভিনয় শিল্পীৰ অভিনয়ত।
"নৈ" ৰূপালী গল্পটোলৈ আহিছে আমাৰ প্ৰান্তীয় মানুহখিনিৰ মনৰ হাহাকাৰ, প্ৰশ্ন উত্থাপন কৰিছে সংগ্ৰাম-আদৰ্শৰ নামত আমি কি পালো ?
(আৰু আছে)
ময়ো বিশ্বাস কৰো--এটা গল্প ডাঙি ধৰাৰ কৌশল যি আয়ত্ব কৰিছে , চিনেমাৰ ক্ষেত্ৰতো সেই সকল সফল হৈছে। কাহিনীৰ উপস্হাপনত (যাক তুমি 'বাট' বুলিছা) নিজা কৌশল থাকিবই লাগিব ; বাগ্ময় হ'ব লাগিব কেমেৰাৰ ভাষা। এটা সাধাৰন প্ৰেমৰ কাহিনী ৰমা দাসৰ 'অচল টকা'। কিন্ত্ত
উত্তরমুছুনতাত আছিল স্হানীয় সুৰ। তাকেই বুটলি পৰিচালক ধীৰু ভুঞাই নিজস্ব কৌশলৰে উপস্হাপন কৰিছিল ৰূপালী পৰ্দাত। কঢ়িয়াইছিল 'ৰজত কমল'। মই চিত্ৰ সমালোচক নহও ; কিন্ত্ত তোমাৰ এই সুন্দৰ বিশ্লেষণে দুৱাষাৰ লিখিবলৈ আগ্ৰহ জন্মালে। সচাঁকৈয়ে সুন্দৰ তোমাৰ দৃষ্টিকোন ; অভিনন্দন জনালো...
ধন্যবাদ মানসদা
উত্তরমুছুন