সরাসরি প্রধান সামগ্রীতে চলে যান

চিত্ৰনাট্য /৪

কথা প্ৰসংগত সুৰদেৱী থিয়েটাৰৰ প্ৰযোজক ধৰণী বৰ্মনে কৈছিল --'বৰষুণৰ বতৰ আছিল। আমাৰ আখৰা শিৱিৰ পানীৰে ভৰি পৰিছিল। দুই -তিনি দিন ভালদৰে আখৰা কৰিব পৰা নাছিলো। সেইকেইদিন বিষ্ণু ৰাভাই দিনৰ দিনটো আমাৰ থকাঘৰৰ কাঠিত বহি কাগজ-কলম লৈ ব্যস্ত হৈছিল। মই সুধিছিলো --সুৰদেৱীৰ বাবে নতুন কিবা লিখিছে নেকি? লিখক লিখক। সময় আছে! মোৰ কথাত বিষ্ণু ৰাভাই হাঁহি হাঁহি কৈছিল-- সুৰদেৱীৰ বাবে এখন নাটক লিখিম, নিশ্চয় লিখিম! এতিয়া মই টকীহে লিখি আছোঁ। ধৰণী এই টকী খন মই কৰিম। 'শংকৰদেৱ'ক মই পৰ্দালৈ আনিম। তুমি সহায় কৰিব লাগিব। টকা খৰচ কৰিব লাগিব। কৰিবা নহয়! বুলি সেইদিনা লিখি থকা কাগজ কেইখন তেনেদৰেই পেলাই থৈ বেলশৰৰ শহুৰেকৰ ঘৰলৈ গুছি গৈছিল। অ-ছিজিল হৈ থকা কাগজ কেইখিলা ছিজিল কৰি মই বুজিবলৈ চেষ্টা কৰিছিলো। একো বুজি পোৱা নাছিলো। মহাপুৰুষ শংকৰদেৱ আৰু কাৰোবাৰ কাৰোবাৰ ছবি আঁকিছিল আৰু ছবিৰ কাষে কাষে সংলাপ। সেইবোৰ মোৰ লগতে আছিল, বহুদিন। মোৰ এটা টিনৰ সৰু বাকছ আছিল। টকা-পইছা ৰখা। সেইটোতে কাগজ কেইখন ভৰাই ৰাখিছিলো। এদিন হঠাতে থিয়েটাৰ শেষ হোৱাৰ পিছত, গুৱাহাটিৰ এটা পেণ্ডেললৈ আহিছিল। আৰু কৈছিল-- হেৰা ধৰণী, মোক কেইটামান টকা দিয়া আৰু তোমাৰ ঘৰৰ কাঠিত যে থৈ আহিছিলো, টকীৰ বাবে লিখা, সেই কাগজ কেইখন দিয়া। মই টিনৰ বাকচটো খুলি দিছিলো, বিষ্ণু ৰাভাই সেই কাগজ কেইখন আৰু এমুঠি পইছা লৈ ধুমুহা গতিৰে গুছি গৈছিল। যোৱাৰ সময়ত কৈ গৈছিল --মই জানো মোৰ অপৰিপাটি বস্তুবোৰ পৰিপাটি কৰি তোমাৰ লগতে ৰাখা। বিষ্ণু ৰাভাই কেইবাটাও বৰষুণৰ বতৰত কেইবাটাও কাম তেনেদৰে মোৰ ঘৰত পেলিই থৈ গৈছিল। মই ছিজিল কৰি মোৰ লগত, শিল্পী গৰাকীয়ে যেতিয়াই বিছাৰে দিব পৰাকৈ ৰাখিছিলো। আৰু যেতিয়াই প্ৰয়োজন হয়, শিল্পী গৰাকীয়ে লৈ গৈছিল।...' --এই প্ৰসংগত লিখিছিলো দৈনিক কাকত 'আজি'ত, ২০০৩ চনত। সেই লেখা ছপা হোৱাৰ পিছত কাকত খনত কেইবা খনো চিঠি প্ৰকাশ পাইছিল। পত্ৰ লেখক কেইগৰাকীয়ে এটা কথায়ে কৈছিল --ধৰণী বৰ্মনে ভুলকৈ বুজিছে। সেয়া চিত্ৰনাট্য নহয়, কলা কৰ্মহে। 'বিষ্ণু ৰাভা' অধ্যয়ণ কৰা পত্ৰলেখক কেইগৰাকীয়ে ভালেমান যুক্তি দিছিল। যুক্তিৰ বিৰুদ্ধে দিয়া আমাৰ যুক্তিক গুৰুত্ব দিয়া নাছিল কাকত খনৰ অধ্যয়ন পুষ্ট বিভাগীয় সম্পাদক গৰিকীয়ে। সেয়া যি নহওক, নাট্যকৰ্মী, সুৰদেৱী থিয়েটাৰৰ প্ৰযোজক ধৰণী বৰ্মনে কোৱা কথাৰ মাজত অনুভৱ কৰিব পাৰি বিষ্ণু প্ৰসাদ  ৰাভাৰ চিত্ৰনাট্য কৌশল দাদা চাহেব ফাল্কে, সত্যজিৎ ৰায়, পূর্ণেন্দু পত্রীৰ দৰে আছিল। চিত্ৰ, ৰেখাৰ ব্যৱহাৰ কৰিছিল। দ্বিতীয়তে কব পাৰো বিষ্ণু প্ৰসাদ ৰাভাই চিত্ৰনাট্য পৰ্ব কেইবাটাও পৰ্যায়ত কৰিছিল। আৰু শেষ পৰ্যায়ৰ চিত্ৰনাট্য খন আছিল সকলোৱে বুজিব পৰা। পঢ়ি অনুভৱ কৰিব পৰা।
                     *************
         ভাৰতৰ কেইগৰাকীমান চিত্ৰনাট্যকাৰ-- গুলজাৰ, কে. বালচন্দৰ, অপর্ণা সেন, শ্রীৰাম
ৰাঘবন, শ্যাম বেনেগল, ইমতিয়াজ আলী, কমল হাচান, অনভিতা দত্ত গুপ্তন, ফাৰহান আখতাৰ, অঞ্জুম ৰাজাবালী আদিৰ চিত্ৰনাট্য কৌশল জানিবলৈ চেষ্টা কৰিছিলো। অনুভৱ কৰিছিলো-- কমল হাচান ব্যতিক্ৰম। 
             কমল হাচানে প্ৰথম খন চিত্ৰনাট্য লিখিছিল ১৪ বছৰ বয়সত। চিনেমা খনৰ নাম আছিল  ‘উনৰচিগাল’। আৰ. চি. ছাকথিৰ পৰিচালনাৰে নিৰ্মিত ১২২ মিনিট দৈৰ্ঘৰ চিনেমা খন বিষয়বস্তুৰ বাবে নিষিদ্ধ হৈছিল। ১৯৭১ চনৰ এই তামিল চিনেমা খন চিত্ৰগৃহলৈ আহে ২৫ জুন ১৯৭৬ত। তামিল দৈনিক কাকত 'দিনা থান্তি'ত প্ৰকাশ পোৱা এক সাক্ষাৎকাৰত কমল হিচানে কৈছিল --'চিত্ৰনাট্য লিখাৰ কচৰৎ আৰম্ভ কৰিছিলো ১০-১২ বছৰতে। মই লিখা প্ৰথম দুখন চিত্ৰনাট্য কামত নাহিল। তৃতীয় খন চিত্ৰনাট্য শেষ কৰিছিলো পৰিচালক  আৰ. চি. ছাকথিৰ সহায়ত। ছাকথিৰ  পৰিচালনাত মোৰ তৃতীয় খন চিত্ৰনাট্য পৰ্দালৈ আহিছিল, ‘উনৰচিগাল’ নামেৰে। মই লিখা চিত্ৰনাট্য খন প্ৰথম পৰ্যায়ত প্ৰায় ১৮০ মিনিট দৈৰ্ঘৰ আছিল। আৰ. চি. ছাকথিৰ পৰামৰ্শ আৰু সহায়ত ১১৮ মিনিটলৈ কমাইছিলো। সেই সময়ত আৰ. চি. ছাকথিৰ পৰা লোৱা শিক্ষাটো হ'ল --পৰিচালকে এক বিশেষ নিয়মৰ মাজেৰে লিখা চিত্ৰনাট্যহে গ্ৰহণ বা পছন্দ কৰে। মোৰ প্ৰথম দুখন চিত্ৰনাট্যৰ ত্ৰুটি আছিল, নিয়মৰ মাজেৰে লিখা নাছিলো, নিজৰ চিন্তাৰে লিখিছিলো।...' পৰৱৰ্তী সময়ত কিন্তু নিজৰ চিন্তুা, নিজৰ 'Rules' -ৰেহে চিত্ৰনাট্য ৰচনা কৰিছিল কমল হাচানে। 'থেভৰ মাগান', 'কুৰুথিপুনাল' আদি তামিল চিনেকৰ্মৰ চিত্ৰনাট্য ৰচনাৰ সময়ত কমল হাচানে গদাৰৰ (Jean-Luc Godard) দৰে 'চিনেমাৰ সনাতন ৰীতি' সমূহ অত্যন্ত সচেতনভাবে ভাঙিছিল। 'কুৰুথিপুনাল'ৰ ( চিত্ৰগৃহলৈ আহিছিল :২৩ অক্টোবৰ ১৯৯৫ত) বুনিয়াদ গোবিন্দ নিহালানিৰ 'দ্রোহকাল' (চিত্ৰগৃহলৈ আহিছিল: ৩১ আগস্ট, ১৯৯৪ত)। কমল হাচানে 'দ্ৰোহকাল'ৰ চিত্ৰনাট্য পছন্দ কৰা নাছিল। আৰু পছন্দ কৰা নাছিল বাবেই  'কুৰুথিপুনাল'ৰ পৰিচালক পি. ছি. শ্রীৰামে চিনেমাখনৰ প্ৰযোজক-অভিনেতা কমল হাচানকে চিত্ৰনাট্য ৰচনাৰ দায়িত্ব দিছিল। কেৱল গোবিন্দ নিহালানিৰ 'গল্প' মনত ৰাখি চিত্ৰনাট্য ৰচনা কৰিছিল কমল হাচিনে।
             মূলতঃ তামিল চিনেমাৰ অভিনেতা কমল হাচান তেলুগু, হিন্দি, মালয়লম, তামিল, কন্নড় আৰু বাংলা চিনেমাৰো অভিনেতা। হিন্দী, তামিল চিনেমাৰ পৰিচালক। আৰু কৰিঅ'গ্ৰাফাৰ, মেক-আপ আৰ্টিছো। কণ্ঠশিল্পী, সংগীততো দখল আছে। আৰু এই দক্ষতা স্পষ্ট হৈছিল চিত্ৰনাট্য কৰ্মত। সংলাপ, কেমেৰাৰ ভাষা-গাণিতিক ব্যখ্যাৰ লগতে নৃত্য, সংগীত, মেক-আপৰ নিৰ্দেশো থাকে কমল হাচানৰ চিত্ৰনাট্যত। 

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...