সরাসরি প্রধান সামগ্রীতে চলে যান

চিত্ৰনাট্য /৪

কথা প্ৰসংগত সুৰদেৱী থিয়েটাৰৰ প্ৰযোজক ধৰণী বৰ্মনে কৈছিল --'বৰষুণৰ বতৰ আছিল। আমাৰ আখৰা শিৱিৰ পানীৰে ভৰি পৰিছিল। দুই -তিনি দিন ভালদৰে আখৰা কৰিব পৰা নাছিলো। সেইকেইদিন বিষ্ণু ৰাভাই দিনৰ দিনটো আমাৰ থকাঘৰৰ কাঠিত বহি কাগজ-কলম লৈ ব্যস্ত হৈছিল। মই সুধিছিলো --সুৰদেৱীৰ বাবে নতুন কিবা লিখিছে নেকি? লিখক লিখক। সময় আছে! মোৰ কথাত বিষ্ণু ৰাভাই হাঁহি হাঁহি কৈছিল-- সুৰদেৱীৰ বাবে এখন নাটক লিখিম, নিশ্চয় লিখিম! এতিয়া মই টকীহে লিখি আছোঁ। ধৰণী এই টকী খন মই কৰিম। 'শংকৰদেৱ'ক মই পৰ্দালৈ আনিম। তুমি সহায় কৰিব লাগিব। টকা খৰচ কৰিব লাগিব। কৰিবা নহয়! বুলি সেইদিনা লিখি থকা কাগজ কেইখন তেনেদৰেই পেলাই থৈ বেলশৰৰ শহুৰেকৰ ঘৰলৈ গুছি গৈছিল। অ-ছিজিল হৈ থকা কাগজ কেইখিলা ছিজিল কৰি মই বুজিবলৈ চেষ্টা কৰিছিলো। একো বুজি পোৱা নাছিলো। মহাপুৰুষ শংকৰদেৱ আৰু কাৰোবাৰ কাৰোবাৰ ছবি আঁকিছিল আৰু ছবিৰ কাষে কাষে সংলাপ। সেইবোৰ মোৰ লগতে আছিল, বহুদিন। মোৰ এটা টিনৰ সৰু বাকছ আছিল। টকা-পইছা ৰখা। সেইটোতে কাগজ কেইখন ভৰাই ৰাখিছিলো। এদিন হঠাতে থিয়েটাৰ শেষ হোৱাৰ পিছত, গুৱাহাটিৰ এটা পেণ্ডেললৈ আহিছিল। আৰু কৈছিল-- হেৰা ধৰণী, মোক কেইটামান টকা দিয়া আৰু তোমাৰ ঘৰৰ কাঠিত যে থৈ আহিছিলো, টকীৰ বাবে লিখা, সেই কাগজ কেইখন দিয়া। মই টিনৰ বাকচটো খুলি দিছিলো, বিষ্ণু ৰাভাই সেই কাগজ কেইখন আৰু এমুঠি পইছা লৈ ধুমুহা গতিৰে গুছি গৈছিল। যোৱাৰ সময়ত কৈ গৈছিল --মই জানো মোৰ অপৰিপাটি বস্তুবোৰ পৰিপাটি কৰি তোমাৰ লগতে ৰাখা। বিষ্ণু ৰাভাই কেইবাটাও বৰষুণৰ বতৰত কেইবাটাও কাম তেনেদৰে মোৰ ঘৰত পেলিই থৈ গৈছিল। মই ছিজিল কৰি মোৰ লগত, শিল্পী গৰাকীয়ে যেতিয়াই বিছাৰে দিব পৰাকৈ ৰাখিছিলো। আৰু যেতিয়াই প্ৰয়োজন হয়, শিল্পী গৰাকীয়ে লৈ গৈছিল।...' --এই প্ৰসংগত লিখিছিলো দৈনিক কাকত 'আজি'ত, ২০০৩ চনত। সেই লেখা ছপা হোৱাৰ পিছত কাকত খনত কেইবা খনো চিঠি প্ৰকাশ পাইছিল। পত্ৰ লেখক কেইগৰাকীয়ে এটা কথায়ে কৈছিল --ধৰণী বৰ্মনে ভুলকৈ বুজিছে। সেয়া চিত্ৰনাট্য নহয়, কলা কৰ্মহে। 'বিষ্ণু ৰাভা' অধ্যয়ণ কৰা পত্ৰলেখক কেইগৰাকীয়ে ভালেমান যুক্তি দিছিল। যুক্তিৰ বিৰুদ্ধে দিয়া আমাৰ যুক্তিক গুৰুত্ব দিয়া নাছিল কাকত খনৰ অধ্যয়ন পুষ্ট বিভাগীয় সম্পাদক গৰিকীয়ে। সেয়া যি নহওক, নাট্যকৰ্মী, সুৰদেৱী থিয়েটাৰৰ প্ৰযোজক ধৰণী বৰ্মনে কোৱা কথাৰ মাজত অনুভৱ কৰিব পাৰি বিষ্ণু প্ৰসাদ  ৰাভাৰ চিত্ৰনাট্য কৌশল দাদা চাহেব ফাল্কে, সত্যজিৎ ৰায়, পূর্ণেন্দু পত্রীৰ দৰে আছিল। চিত্ৰ, ৰেখাৰ ব্যৱহাৰ কৰিছিল। দ্বিতীয়তে কব পাৰো বিষ্ণু প্ৰসাদ ৰাভাই চিত্ৰনাট্য পৰ্ব কেইবাটাও পৰ্যায়ত কৰিছিল। আৰু শেষ পৰ্যায়ৰ চিত্ৰনাট্য খন আছিল সকলোৱে বুজিব পৰা। পঢ়ি অনুভৱ কৰিব পৰা।
                     *************
         ভাৰতৰ কেইগৰাকীমান চিত্ৰনাট্যকাৰ-- গুলজাৰ, কে. বালচন্দৰ, অপর্ণা সেন, শ্রীৰাম
ৰাঘবন, শ্যাম বেনেগল, ইমতিয়াজ আলী, কমল হাচান, অনভিতা দত্ত গুপ্তন, ফাৰহান আখতাৰ, অঞ্জুম ৰাজাবালী আদিৰ চিত্ৰনাট্য কৌশল জানিবলৈ চেষ্টা কৰিছিলো। অনুভৱ কৰিছিলো-- কমল হাচান ব্যতিক্ৰম। 
             কমল হাচানে প্ৰথম খন চিত্ৰনাট্য লিখিছিল ১৪ বছৰ বয়সত। চিনেমা খনৰ নাম আছিল  ‘উনৰচিগাল’। আৰ. চি. ছাকথিৰ পৰিচালনাৰে নিৰ্মিত ১২২ মিনিট দৈৰ্ঘৰ চিনেমা খন বিষয়বস্তুৰ বাবে নিষিদ্ধ হৈছিল। ১৯৭১ চনৰ এই তামিল চিনেমা খন চিত্ৰগৃহলৈ আহে ২৫ জুন ১৯৭৬ত। তামিল দৈনিক কাকত 'দিনা থান্তি'ত প্ৰকাশ পোৱা এক সাক্ষাৎকাৰত কমল হিচানে কৈছিল --'চিত্ৰনাট্য লিখাৰ কচৰৎ আৰম্ভ কৰিছিলো ১০-১২ বছৰতে। মই লিখা প্ৰথম দুখন চিত্ৰনাট্য কামত নাহিল। তৃতীয় খন চিত্ৰনাট্য শেষ কৰিছিলো পৰিচালক  আৰ. চি. ছাকথিৰ সহায়ত। ছাকথিৰ  পৰিচালনাত মোৰ তৃতীয় খন চিত্ৰনাট্য পৰ্দালৈ আহিছিল, ‘উনৰচিগাল’ নামেৰে। মই লিখা চিত্ৰনাট্য খন প্ৰথম পৰ্যায়ত প্ৰায় ১৮০ মিনিট দৈৰ্ঘৰ আছিল। আৰ. চি. ছাকথিৰ পৰামৰ্শ আৰু সহায়ত ১১৮ মিনিটলৈ কমাইছিলো। সেই সময়ত আৰ. চি. ছাকথিৰ পৰা লোৱা শিক্ষাটো হ'ল --পৰিচালকে এক বিশেষ নিয়মৰ মাজেৰে লিখা চিত্ৰনাট্যহে গ্ৰহণ বা পছন্দ কৰে। মোৰ প্ৰথম দুখন চিত্ৰনাট্যৰ ত্ৰুটি আছিল, নিয়মৰ মাজেৰে লিখা নাছিলো, নিজৰ চিন্তাৰে লিখিছিলো।...' পৰৱৰ্তী সময়ত কিন্তু নিজৰ চিন্তুা, নিজৰ 'Rules' -ৰেহে চিত্ৰনাট্য ৰচনা কৰিছিল কমল হাচানে। 'থেভৰ মাগান', 'কুৰুথিপুনাল' আদি তামিল চিনেকৰ্মৰ চিত্ৰনাট্য ৰচনাৰ সময়ত কমল হাচানে গদাৰৰ (Jean-Luc Godard) দৰে 'চিনেমাৰ সনাতন ৰীতি' সমূহ অত্যন্ত সচেতনভাবে ভাঙিছিল। 'কুৰুথিপুনাল'ৰ ( চিত্ৰগৃহলৈ আহিছিল :২৩ অক্টোবৰ ১৯৯৫ত) বুনিয়াদ গোবিন্দ নিহালানিৰ 'দ্রোহকাল' (চিত্ৰগৃহলৈ আহিছিল: ৩১ আগস্ট, ১৯৯৪ত)। কমল হাচানে 'দ্ৰোহকাল'ৰ চিত্ৰনাট্য পছন্দ কৰা নাছিল। আৰু পছন্দ কৰা নাছিল বাবেই  'কুৰুথিপুনাল'ৰ পৰিচালক পি. ছি. শ্রীৰামে চিনেমাখনৰ প্ৰযোজক-অভিনেতা কমল হাচানকে চিত্ৰনাট্য ৰচনাৰ দায়িত্ব দিছিল। কেৱল গোবিন্দ নিহালানিৰ 'গল্প' মনত ৰাখি চিত্ৰনাট্য ৰচনা কৰিছিল কমল হাচিনে।
             মূলতঃ তামিল চিনেমাৰ অভিনেতা কমল হাচান তেলুগু, হিন্দি, মালয়লম, তামিল, কন্নড় আৰু বাংলা চিনেমাৰো অভিনেতা। হিন্দী, তামিল চিনেমাৰ পৰিচালক। আৰু কৰিঅ'গ্ৰাফাৰ, মেক-আপ আৰ্টিছো। কণ্ঠশিল্পী, সংগীততো দখল আছে। আৰু এই দক্ষতা স্পষ্ট হৈছিল চিত্ৰনাট্য কৰ্মত। সংলাপ, কেমেৰাৰ ভাষা-গাণিতিক ব্যখ্যাৰ লগতে নৃত্য, সংগীত, মেক-আপৰ নিৰ্দেশো থাকে কমল হাচানৰ চিত্ৰনাট্যত। 

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...