মঙ্গলবার, ১৯ নভেম্বর, ২০২৪

অভিমন্যু /চিনেচৰ্চা

অভিমন্যু ৰূপালী গল্পটোৰ এটা বিন্দু প্ৰভাত, আনটো বিন্দু জয়ন্ত মজুমদাৰ। জয়ন্ত মজুমদাৰ নিজৰ মতত চলা পুলিছ বিষয়া। encounter specialist, কোনেও নিয়ন্ত্ৰণত ৰাখিব নোৱাৰা! চৰিত্ৰটো নিৰ্মাণ কৰিছে দেৱজিৎ মজুমদাৰক লৈ। কম ফুটেজত বিন্যাস কৰিছে চৰিত্ৰটো ((বিপৰীতে চৰিত্ৰটোৰ নামত অযথা 'ফুটেজ' খৰচ কৰিছে। কোনো মূহুৰ্তত অনুভৱ হৈছে-- অত্যাচৰি পুলিছ বিষয়া। encounter কৰো কৰোকৈ থাকে!)। চৰিত্ৰটোৰ গতি কিন্তু প্ৰভাতৰ সমানে সমানে। (বলিউডি শৈলীত নিৰ্মাণ কৰা চৰিত্ৰটো দৰ্শকে ভাল পাব! আৰু এনেদৰে ক'ব পাৰি চিনেমা খনত নতুন ৰূপত দেখা গৈছে দেৱজিৎ মজুমদাৰক। এনেদৰেও ক'ব লাগিব-- চৰিত্ৰটো নিৰ্মাণহে কৰিলে, কাহিনীৰ গতিত কিন্তু চৰিত্ৰটো বাধা হ'ল। ক'ব পাৰি এই চৰিত্ৰটোক গুৰুত্ব দিয়াৰ বাবে ক্ষতি হৈছে সামগ্ৰিক চিনেমা খনৰ।)
ৰূপালী গল্পটোৰ শেষৰ ফালে মুখা-মুখি হয়-- প্ৰভাত-জয়ন্ত মজুমদাৰ। মনলৈ আহে এখন চিনেমা-- "A Wednesday!" (নাই, নাই চিনেমা খনৰ কাহিনী, চৰিত্ৰ নিৰ্মাণৰ সৈতে মিল নাই "অভিমন্যু"ৰ।)
প্ৰভাত। চৰিত্ৰটো নিৰ্মাণ কৰিছে কমল লোচনক লৈ। কমলৰ অভিনয়ে আমাক সদায় চুই যায়। অভিনয় শক্তি থকা আভিনেতা। কমলৰ বিপৰীতে দীপলিনা ডেকাক লৈ নিৰ্মাণ কৰিছে জ্যোৎস্না চৰিত্ৰটো। কমলৰ ভাল লগা, চুই যোৱা অভিনয় আমাৰ বাবে গতানুগতিক। কিন্তু দীপলিনাৰ চেহেৰাৰ ভাষা, সংলাপ প্ৰক্ষেপন আমাৰ বাবে গতানুগতিক নহয়। ৰূপালী গল্পটোৰ সৌন্দৰ্য হোৱা "নায়িকা" চৰিত্ৰটো নিৰ্মাণৰ বাবে নিশ্চয় পৰিচালক প্ৰশংসা কৰিম। পৰিচালকক প্ৰশংসা কৰিম আৰু এটা চৰিত্ৰ নিৰ্মাণৰ বাবে-- আদিত্য। এগৰাকী ৰাজনৈতিক নেতা। চৰিত্ৰটো নিৰ্মাণ কৰিছে চাংকু নিৰঞ্জন নাথক লৈ।
--এই চৰিত্ৰ কেইটাৰ লগতে চিনেমাৰ কাহিনীৰ গতিত ব্যৱহাৰ হোৱা আন কেইটা চৰিত্ৰ নিৰ্মাণো পৰিপাটি। আমি এনেদৰে ক'ব পাৰো-- চিনেমা খনৰ ইতিবাচক দিশ, ভাল লগা এটা দিশ চৰিত্ৰ নিৰ্মাণ। ইতিবাচক দিশ শব্দ প্ৰয়োগ, কেমেৰা ডিজাইন (ছিকুৱেন্স নিৰ্মাণ)। ৰূপালী গল্পটোৰ গতি চিনেমা খনৰ এক সৌন্দৰ্য। (--এই খিনিতে উল্লেখ কৰিব লাগিব চিনেমা খনত ব্যৱহাৰ কৰা শব্দ আৰু ছিকুৱেন্সে কেইটামান মূহুৰ্তত আমাৰ মনলৈ আনি দিছে "গজনী" খন। এয়া ইতিবাচক দিশ নহয়।)

 (আৰু আছে)

সোমবার, ১১ নভেম্বর, ২০২৪

মোক্ষ/চিনে বাৰ্তা

আৰু এখন চিনেমা ৰবি শৰ্মাৰ। অভিনেতা ৰবি শৰ্মাৰ আৰু এক চিনেচিন্তা, চিনে-ৰচনা "মোক্ষ"। "শ্ৰী ৰঘুপতি"ৰ পাছত দ্বিতীয় চিনেচিন্তা। চিনেমা খনৰ পোষ্টাৰ মুকলিৰ লগতে মহুৰৎ অনুষ্ঠান সম্পন্ন হয় গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতিচিত্ৰবনত। মহুৰৎ শ্বটটোত অংশ লয় ৰবি শৰ্মা আৰু বিভাষ চক্ৰৱৰ্তীয়ে। চিনেমা খনৰ মূল চৰিত্ৰটো নিৰ্মাণ কৰিব ৰবি শৰ্মাক লৈ। "হিয়া দিয়া নিয়া"ৰে অসমীয়া চিনেমাৰ নায়কৰ ট্ৰেকত খোজ পেলোৱা ৰবি শৰ্মাৰ চিনে-অভিনয়ৰ উত্তৰণ হয় (আমাৰ ধাৰণাত) "বাৰুদ"ত। --কোন নাছিল মুনিন বৰুৱাৰ "বাৰুদ"ত? বিজু ফুকন, তপন দাস, যতীন বৰা, প্ৰাঞ্জল শইকীয়া, বাহাৰুল ইছলাম, প্ৰস্তুতি পৰাশৰ...। এক বিশেষ ইমেজেৰে (বলিউদৰ চিনেমাত যি ইমেজক কোৱা হয়-- ৰাফ এণ্ড টাফ), অভিনয় ক্ষমতাৰে জিলিকি উঠিছিল ৰবি শৰ্মা। 

--"মোক্ষ"ৰ প্ৰথমটো অনুষ্ঠানত উপস্থিত থাকি অনুভৱ কৰিছো "বাৰুদ"ত নিৰ্মাণ হোৱা ইমেজটো হয়তো আৰু পুৰঠ ৰূপত ব্যৱহাৰ হ'ব। অন্য এক দৰ্শকক চুব পৰা চৰিত্ৰ নিৰ্মাণ কৰিব পৰিচালক মিৰ্জা আৰিফ হাজৰিকাই। --হয়, চিনেমা খনৰ পৰিচালক মিৰ্জা আৰিফ হাজৰিকা। পৰিচালক আৰিফে ২০১৯ বৰ্ষত চিত্ৰগৃহলৈ অহা "অস্তিত্ব"ৰ লগতে কেইবা খনো চুটি চিনেমাৰে পৰিচালনা শক্তি দেখুৱাইছে। আমাৰ ধাৰণাত ভিন্ন শৈলীৰ চিনেকৰ্ম কৰিব পৰা ক্ষমতা আছে পৰিচালক গৰাকীৰ।

--চিনেমা খনৰ আন কেইটামান চৰিত্ৰ নিৰ্মাণ হ'ব শৰৎ ছাক্সেনা, বিভাষ চক্ৰৱৰ্তী, অৰ্চিতা আগৰৱাল, মৃদুল চুতীয়া, সঞ্জীৱ হাজৰিকা, প্ৰিয়ম পল্লৱী, সিদ্ধাৰ্থ মুখাৰ্জীক লৈ। বলিউডৰ অভিনেতা (চিনেমা: মিষ্টাৰ ইণ্ডিয়া, ত্রিদেৱ, খিলাড়ি, গোলাম, গুপ্ত: দ্য হিডেন ট্রুথ, ডুপ্লিকেট, ছোলজাৰ, বাগবান, ফানা, ক্রিশ, বজৰঙ্গি ভাইজান আদি) শৰৎ ছাক্সেনাই তেলুগু, মালয়ালম আৰু তামিল চিনেমাতো অভিনয় কৰিছে। ১৯৭০ চনত অভিনয় কেৰিয়াৰ আৰম্ভ কৰা অভিনেতা গৰাকীৰ এই খনেই উত্তৰ-পূব ভাৰতৰ প্ৰথম চিনেমা। অভিনেতা গৰাকীক লৈ নিৰ্মাণ কৰিব এগৰাকী মূখ্যসেনা বিষয়াৰ চৰিত্ৰ। এগৰাকী অনুসন্ধানকাৰীৰ চৰিত্ৰ এটা নিৰ্মাণ কৰিব নাটক-চিনেমাৰ অভিনেতা মৃদুল চুতীয়াক লৈ। 

এছ.এইচ. প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা এই চিনেমা খনৰ চিত্ৰগ্ৰহণ কৰিব গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন স্থানৰ লগতে মেঘালয়, অৰুণাচল প্ৰদেশ তথা উত্তৰ বংগৰ বিভিন্ন স্থানত। চিত্ৰগ্ৰহণ কৰিব বিতুল দাসে। কাৰিকৰী পৰিচালক ঝুলন কৃষ্ণ মহন্ত। শব্দ দেবোজিত চাংমাই, সংগীত প্ৰ'নয় দত্তৰ।