মঙ্গলবার, ৩০ মে, ২০২৩

হিট অসমীয়া চিনেমাৰ প্ৰযোজকৰ হুমুনিয়াহ, চৰকাৰী চিনে বিলাস/৩

অসমীয়া ভাষাৰ চিনেমাৰ কাম চলি আছে, 
অসমীয়া চিনেমাৰ কমো চলি আছে। 
চিত্ৰগ্ৰহণ সম্পূৰ্ণ হোৱা দুখন অসমীয়া চিনেমা-- ধীৰাজ কাশ্যপৰ "চং", 
হিমজ্যোতি তালুকদাৰৰ "তাৰিখ"।
ধীৰাজ কাশ্যপৰ পৰিচালনাৰ নিৰ্মিত অসমীয়া চিনেমা: মোহমুক্তি, ধনকুবেৰৰ ধন, লোকবন্ধু, ব্ৰহ্মকন্যা)
        (পৰিচালনা শৈলী ভিন্ন, কাহিনী-বিষয়বস্তুই
         নিয়ন্ত্ৰণ কৰা পৰিচালনা শৈলী। পৰিচালনা
          শৈলী তামিল-তেলেগু চিনেমাৰ পৰিচালনা
           শৈলীৰে বান্ধখোৱা নহয়।
           আমি এনেদৰে ব্যখ্যা কৰিব পাৰো,"জয়মতী"
            ৰে আৰম্ভ হোৱা, "গঙা চিলনীৰ পাখী",
             "হালধীয়া চৰায়ে বাওধান খায়" আদিয়ে
              মজবুট কৰা বুনিয়াদত ঠিয় হৈ পৰিচালনা
               কৰা চিনেমা-- "মোহমুক্তি", "লোকবন্ধু"।
                আৰু "ইটো সিটো বহুতো"ৰ শৈলীক
                 আগবঢ়াই নিয়া পৰিচালনা-- "ধন
                  কুবেৰৰ ধন"। )
"চং" --চিনেমা খনৰ নামতে স্পষ্ট হৈ আছে বিষয়বস্তু। ঢুলীয়া সংস্কৃতিৰ এটা অংগ-- চং। অভিনয় কৌশল, হাস্য-ব্যংগ কৌতুকেৰে আগবঢ়াই নিয়ে কাহিনী। ঢোলৰ বাজনা,  কুস্তিু, খেল-ধেমালি,  চাৰ্কাচ, কেৰিকচাৰ আৰু চং কৰা ঢুলীয়া শিল্পী সকলক ক'ব পাৰি-- স্বভাৱ শিল্পী (An artist by nature)। নিজৰ অভিনয় শৈলী, সংলাপ, সাজসজ্জা-ৰূপসজ্জা ইত্যাদি নিজে নিয়ন্ত্ৰণ কৰে। পৰিচালক, চিত্ৰনাট্যকাৰ ধীৰাজ কাশ্যপক এই বিশেষ শিল্প কৰ্মই বিশেষ ভাৱে আকৰ্ষণ কৰিছিল শৈশৱতে। শৈশৱ কালত জন্মস্থান বকোত ঢুলীয়াৰ চং চাইছিল। মনৰ মাজত ৰৈ গৈছিল সেই স্বভাৱ শিল্পী সকলৰ বিশেষকৈ হাস্য ৰস ভৰা অভিনয়। সময়ত যেতিয়া চিনেমা পৰিচালনাৰ সৈতে জড়িত হ'ল, সেই বিষয়টোই মনত তাগিতা দিলে, কিবা এটা কৰাৰ, চিনেমা মাধ্যমটোৰে। মনৰ তাগিদাই পৰিচালক গৰাকীক "চং শিল্পী" সকলৰ ওচৰলৈ নিলে, অধ্যয়ণত ব্যস্ত হ'ল। শিল্পী সকলৰ জীৱন শৈলীৰ মাজত কাহিনীও পালে। আৰু চং শিল্প-চং শিল্পীয়ে ৰূপালী গল্পৰ আকাৰ ল'লে।
"কাহিনী লিখিবলৈ মই কল্পনাৰ আশ্ৰয় লোৱা নাই। শিল্পী সকলক ওচৰৰ পৰা পোৱাৰ পাছত তেওঁলোকৰ মাজতে কাহিনী পাইছিলোঁ। সেই বাস্তৱ কাহিনীক বাস্তৱ পৰিবেশত বাস্তৱ অভিনয়ৰে কেমেৰাত ধৰি ৰাখিছোঁ। তথ্যচিত্ৰ পৰ্যায়ত ৰখা নাই, কাহিনীৰ মাজেৰে চং শিল্পৰ ধাৰণা দিবলৈ চেষ্টা কৰিছোঁ।" --আমাক কৈছিল ধীৰাজ কাশ্যপে।
--চিনেমা খনত অভিনয় কৰিছে ভাস্কৰ মিশ্ৰ, চিন্ময় ৰাজকুমাৰ, প্ৰতিভা ঠাকুৰীয়া, মিনাক্ষী কলিতা, গোপাল কলিতা, কৈলাশ শৰ্মা, নিৰেণ তালূকদাৰ, ডঃ অৱনি দাস, ডঃ নগেন দাস, মুকুল কুমাৰ বিশ্বাস আদিয়ে।
প্ৰযোজনা: বিমল আগৰৱালা, সহযোগী: সবিতা আগৰৱালা, বিভা কলিতা।
চিনেমাটোগ্রাফি: নৱ কুমাৰ দাস, সহযোগী: শৰৎ বৈশ্য।
কলা নিৰ্দেশনা: শংকৰ দাস।
শব্দ গ্ৰহণ: বলেন পাঠক, ডি কি কাশ্যপ।
মুখ্য সহকাৰী পৰিচালক: লোহিত দত্ত।
সম্পাদনা: ভাস্কৰ জ্যোতি ভূঞা।

হিমজ্যোতি তালুকদাৰৰ পৰিচালনাৰে নিৰ্মিত অসমীয়া চিনেমা: কেলেণ্ডাৰ।
          ("কেলেণ্ডাৰ"ও তামিল-তেলেগু চিনেমাৰ
           পৰিচালনা শৈলীৰে বান্ধ খোৱা নহয়।
            অসমীয়া ৰূপালী গল্প কোৱাৰ এটা বিশেষ
             বাট কাটিছিল ভৱেন্দ্ৰ নাথ শইকীয়াই। সেই
              বিশেষ বাটেৰে আগবঢ়া হিমজ্যোতি
               তালুকদাৰৰ পৰিচালনা।)
আমি আশা কৰিব পাৰো-- "চং", "তাৰিখ" দুখন "ভাল অসমীয়া চিনেমা"ৰ তালিকাত ৰাখিব পৰা চিনেমা হ'ব। কামৰূপীয়া ঢুলীয়া সংস্কৃতিৰ এটা অংগ চং। এই বিষয়বস্তুক কেন্দ্ৰ কৰি ধীৰাজ কাশ্যপে চিনেমা খনৰ কাহিনী, চিত্ৰনাট্য ৰচনা কৰিছে। চিনেমা খনৰ চিত্ৰায়ণ বাস্তৱৰ ওচৰত থাকি কৰিছে। চিনেমা খনৰ মূল চৰিত্ৰ নিৰ্মাণ কৰিছে ঢুলীয়া সংস্কৃতিৰ কৰ্মীক লৈ। আমাৰ ধাৰণাত-- এটা পৰিপাটি কাহিনীৰ মাজেৰে চিত্ৰৰসিক "চং সংস্কৃতি" অনুভৱ কৰাৰ সুযোগ পাব!
আৰু আমাৰ ধাৰণাত-- "তাৰিখ"ও পৰিপাটি চিনেকৰ্ম হব, "কলেণ্ডাৰ"ৰ দৰে।

চিত্ৰগ্ৰহণ চলি আছে আন এখন অসমীয়া চিনেমা "ৱাইড এংগোল" (WIDE ANGLE) -ৰ। জয়ন্ত নাথৰ পৰিচালনা। ড° নগেন শইকীয়াৰ এটি গল্পৰ আধাৰত চিত্ৰনাট্য লিখিছে পংকজজ্যোতি ভূঞাই। আমাৰ ধৰণাত "ইন্দ্ৰ-মালতী", "চিৰাজ", "ডক্তৰ বেজবৰুৱা", "আজলী নবৌ", "বোৱাৰী" আদিয়ে মজবুট কৰা অসমীয়া চিনেমাৰ ধাৰাটোৰ চিনেমা হব-- "ৱাইড এংগোল"। অভিনয়ত: তপন দাসে, জুবিন গাৰ্গ, অপৰ্ণা দত্ত চৌধুৰী , পবিত্ৰ বৰুৱা , জলি লস্কৰ আদি। জুবিন গাৰ্গে গোৱা দুটা গীতো (কথা: জেতবন বৰুৱা, মৃগেন বৰকটকী) থাকিব চিনেমা খনত।

--বিপৰীতে তামিল,তেলেগু, বলিউড শৈলীৰেও কেইবা খনো অসমীয়া ভাষাৰ চিনেমাৰ কাম চলি আছে, চিত্ৰগৃহত প্ৰদৰ্শনৰ সাজু কৰা হৈছে। (ক্ৰমশ:)assamese cinema by : utpal mena

রবিবার, ২৮ মে, ২০২৩

হিট অসমীয়া চিনেমাৰ প্ৰযোজকৰ হুমুনিয়াহ, চৰকাৰী চিনে বিলাস/২

assamese cinema by: Utpal Mena
ভাষা নহয়, পৰিচালনা শৈলীহে "চিনেমা"ৰ পৰিচয়। ধৰিলওক-- এখন "চিনেমা"ৰ ভাষা (সংলাপ)  অসমীয়া; কিন্তু চিনেমা খনৰ পৰিচালনা শৈলী তামিল বা তেলেগু ভাষাৰ চিনেমাৰ দৰে, তেলেগু বা তমিল ভাষাৰ চিনেমাৰ ষ্টাইলত মাৰপিটৰ দৃশ্য-গীত ইত্যদি চিত্ৰায়ণ কৰিছো-- সেইখনক বিশুদ্ধ অসমীয়া চিনেমা বুলি কব নোৱাৰি। এই দিশ স্পষ্ট, অসমীয়া চিনেমাৰ "বজাৰ কেন্দ্ৰীক চিন্তা"
          (বিশেষকৈ "মিছন চাইনা"ৰ সফলতাৰ পাছৰ
          পৰা তামিল-তেলেগু চিনেমাৰ শৈলীৰে কৰাত
           মন দিছে অসমীয়া চিনেমাৰ পৰিচালকৰ
            একাংশই।)
            তামিল-তেলেগু, বলিউদ কেন্দ্ৰীক। কিছু সফলো হৈছে। এই সফলতাক কিন্তু অসমীয়া চিনেমাৰ বুলি কব নোৱাৰি। কব পাৰি-- তামিল-তেলেগু চিনেমাৰ বজাৰ খন বহল হ'ল, অসমীয়া চিনেমাক গ্ৰাস কৰিলে তামিল-তেলেগু চিনেমাই। গতিকে আমি "অনুৰ", "আমিষ", "মেড ইন নলবাৰী", "বৰনদী ভটিয়ায়", "গৰু" আদি চিনেমাৰ স্থানীয় বজাৰ সফলতাতহে অনুমান কৰিব পাৰো-- অসমীয়া চিনেমাৰ বজাৰ সফলতা।
        কেইখনমান "স্থানীয় বজাৰ সফল" অসমীয়া
        চিনেমা, যি কেইখনৰ পৰিচালনা
        শৈলী-বিষয়বস্তু অসমীয়া, কাহিনীত-- অসমীয়া
        সমাজ-সংস্কৃতি প্ৰতিফলন স্পষ্ট: ইন্দ্ৰ-মালতী,
        চিৰাজ, ডক্তৰ বেজবৰুৱা, বোৱাৰী,
        আজলী নবৌ, হিয়া দিয়া নিয়া, বিধাতা,
        মাঘত মামণিৰ বিয়া, চুৰেণ চোৰৰ পুতেক,
        কাদম্বৰী, ৰামধেনু, ভিলেজ ৰকষ্টাৰ্ছ।
বজাৰ সফল এই অসমীয়া চিনেমা কেইখন বিশ্লেষণ কৰিলে স্পষ্ট হয়-- অসমীয়া সমাজ, অসমীয়া সংস্কৃতিৰে বান্ধ খাই থকা ৰূপালী গল্প। আন ভাষাৰ চিনেমাৰ সৈতে তুলনা কৰাৰ বাট নথকা ৰূপালী গল্প।
--হয়, "চিনেমা"লৈ পৰিৱৰ্তন আহিছে। পৰিৱৰ্তন মানেই কিন্তু তামিল-তেলেগু চিনেমাৰ পৰিচালনা শৈলীৰে বান্ধখোৱা ("নকল" শব্দটো ব্যৱহাৰ কৰিব খোজা নাই।) নহয়। পৰিবৰ্তন মানে-- "বৰনদী ভটিয়ায়", "মেড ইন নলবাৰী"ৰ গল্প কোৱাৰ শৈলীয়ো হব পাৰে! "হান্দুক", "বুম্বা ৰাইড", "উপসৰ্গ" ইত্যদিয়ো হব পাৰে! গতিকে পৰিৱৰ্তনৰ অজুহাতত তামিল-তেলেগু বা বলিউড শৈলীক "অসমীয়া" কৰি লোৱাৰ কাৰণ নাই, যুক্তি নাই।
--হয়, যুক্তি নাই; কিন্তু একাংশই তামিল-তেলেগু শৈলীৰে অসমত "অসমীয়া চিনেমা"ৰ বজাৰ সফলতাৰ সপোন দেখাৰ বাবে, আশা কৰা বাবে "স্থানীয় বজাৰ"ত অসমীয়া চিনেমাৰ সমস্যা বাঢ়িছে। আৰু সমস্যা সেই কেইখন "অসমীয়া ভাষা"ৰ চিনেমাই বঢ়াইছে, যি কেইখনে কোটি টকাৰ ব্যৱসায় কৰাৰ "বিজ্ঞাপন" দি "অসমীয়া চিনেমাৰ ভালদিন"ৰ আনন্দ উৎযাপন কৰিছে, কৰি আছে।
--ব্যাখ্যাৰ প্ৰয়োজন দেখা নাই, উল্লেখ কৰিছোঁ মাত্ৰ, "মিছন চাইনা", "ৰত্নাকৰ" আৰু "কাঞ্চনজংঘা"ৰ বাহিৰে যে আৰু কেইখন মান অসমীয়া চিনেমাই  ২-৫ কোটি টকা ব্যৱহায় কৰিছে --সেয়া চৰ্চাৰ বিষয়, চৰ্চাৰ প্ৰয়োজন আছে। (ক্ৰমশ:)

শনিবার, ২৭ মে, ২০২৩

মমতাৰ চিঠি

সংগীত মুকলিৰ পাছত: হেম বৰুৱাৰ নাতি নিপুন বৰুৱা, নাতিনী জোনালী বৰুৱা আৰু পৰিচালক নিৰ্মল দাসৰ সৈতে)
-----------------
নিৰৱে নাট্যকৰ্ম , চিনেকৰ্ম কৰি ভাল পোৱা নিৰ্মল দাসৰ ৰূপালী গল্প-- "মমতাৰ চিঠি"।
হেম বৰুৱাৰ মমতাৰ চিঠি--
                 মৰমৰ,
                 এয়া মম এডাল জ্বলাই লৈছো
                 আজি বহুদিনৰ মুৰত তোমালৈ চিঠি লিখো বুলি
                 বাহিৰৰ উৰুঙা বতাহ জাক আহি মমডাল কোবাইছে
                 চাওঁ খিৰিকীখন জপাই দিওঁ
                 সাত বছৰৰ আগৰ কথাবোৰ তোমাৰ মনত আছেনে?
                 আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলো
                 মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈয়ে লাগিছিল
                 সিদিনা আছিল কাতিৰ কুঁৱলীসনা কোমল পুৱা
                 পদুলিত তল সৰা শেৱালীবোৰ উপচি আছিল
                 আৰু সন্ধিয়া মই তোমালকৰ ঘৰলৈ ন' কৈ আহিবৰ দিনা
                 আকাশৰ মেঘৰ মোহনাত
                 হালধীয়া জোনটো নাওখন লৈ
                 আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ
                 মই লোৱা কঁকালৰ ৰিহা খনলৈ
                 তুমি বাৰু তেনেকৈ কিয় একেথৰে চাইছিলা
                 মোৰ কেনে লাগিছিল জানা?
                 তুমি যেন কোনোবা দূৰ বিদেশৰ
                 স্বপ্নাতুৰ আলোকৰ মানুহ
                 আৰু মই?
                 মই যেন তলসৰা এপাহ শেৱালী
                 সেইদিনা মন সাগৰত মোৰ
                 এৰি অহা আৰু আহি পোৱা
                 অলেখ ঢৌৰ কঁপনি জাগিছিল
                 তোমাৰ জানো এইবোৰ কথা মনত নাই
                 আমাৰ দেউতাই যে চিঠি লিখিছিলে
                 "আই, তই নতুন ঘৰত হাঁহি মাতি থাকিবি"
                 এইবোৰ সাত বছৰৰ আগৰ কথা:
                 মোৰ যে সকলোবোৰ পূৰাণৰ সাধু যেন লাগে ।
               জেঠমহীয়া দেউতাৰ বছেৰেকীয়া হৈ গ'ল ।
               তোমাৰ বাবুল এতিয়া বৰটো হৈছে,
               তাৰ ওপৰপাৰিত এধানিমান ডালিমগুটি
               যেন দাঁত অকণি গজিছে । সি মোক একেবাৰে এৰিকে নিদিয়ে ।

                    (কেতিয়াবা মোৰ যে ইমান খং উঠে
তুমি নাই নহয়, সেইকাৰণে!)

                  সি বাৰু মোৰ বগা সাজযোৰলে এনেদৰে
                  তধা লাগি চাই থাকে কিয় ?

                 তাৰ ওপজাৰে পৰা এইযোৰ কাপোৰ
                 চিনাকি,সেইকাৰণে নহয়?
                 বাবুল এতিয়া বৰটো হৈছে বুজিছা?

              (আৰু ডাঙৰ হ'লে স্কুলত তাক নাম লগাই দিম
              সি আতঁৰি থকা সময়খিনি মোৰ যে বুকুখন
              তেনেই উদং হৈ থাকিব,ভাই ।)

             আৰু কি লিখিম বিশেষ একো নাই ।

            মোৰে শপত,তুমি যিদিনা উলটি আহিবা,
            মোক আগতিয়াকৈ জনাবা দেই । মই ভোগদৈয়েদি ভটিয়াই গৈ
            বুঢ়া লুইতৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই
            মাতিম,তুমি যিদিনা উলটি আহিবা,
         মোক আগতিয়াকৈ জনাবলৈ নাপাহৰিবা দেই ।
মৰম ল'বা ।

ইতি,

তোমাৰ মমতা

       [পুনঃ : এইবাৰ বুজিছা,মাঘৰ মেজিৰ জুইকুৰা
        বৰ ৰঙাকৈ জলিছিল । আমাৰ আইতাৰ কলি
        ছাগলীজনীৰ দুটা পোৱালি জগিছে এটা শুধ
        বগা আৰু আনটো পখৰা ।]
        --পঢ়িছিলোঁ।
        আৰু এদিন নাটক চাইছিলোঁ। কবিতাটোৰ আধাৰত লিখা নাটক। আমি চোৱা নাটক খন লিখিছিল সেৱাব্ৰত বৰুৱাই। নাটক খনৰ বিষয়ে চৰ্চা কৰিছিলোঁ, সেই সময়ত আমি সম্পাদনা বিভাগৰ সৈতে জড়িত থকা (সম্পাদক: অজিত কুমাৰ ভূঞা) দৈনিক কাকত "আজি"ত। যিমানদূৰ মনত পৰে-- ২০০২ চনত। আমাৰ সেই "চৰ্চা" প্ৰকাশ হোৱাৰ পাছতে তথ্য পাইছিলোঁ-- সেৱাব্ৰত বৰুৱাৰ পূৰ্বে "মমতাৰ চিঠি"ৰ আধাৰত নাটক লিখিছিল নিৰ্মল দাসে। — ১৯৯৯ চনত নিৰ্মলে অসম নাট্য সন্মিলনৰ বৰপেটাৰোড অধিবেশনত মঞ্চস্থ কৰাইছিল  "মমতাৰ চিঠি "। সেই নাট্যচিন্তা পিছত ভ্ৰাম্যমাণ থিয়েটাৰৰ কথা মনত ৰাখি কৰিছিল , আৰু শেহতীয়া ভাৱে চিনেমাৰ কথা মনত ৰাখি কৰিছে ।
       
— কিয় ?
    নিৰ্মল দাস: মোৰ প্ৰিয়ৰো প্ৰিয় কবিতা
    হেম বৰুৱা দেৱৰ “মমতাৰ চিঠি”
    ভাবি আচৰিত লাগিছে — ইমান নাটক লিখিও ,
    নিজৰ নাটকক চিনেমা ৰূপ কিয় নিদি ‘ মমতাৰ
    চিঠি ‘ক চিনেমা ৰূপ দিলো কিয় ?
    কিয় নাজানো এক বুজাব নোৱাৰা দুৰ্বলতা--
    মোৰ আবেগ অন্তৰৰ,
    আৰু বিবেকৰ নিৰ্দেশ এইয়াই যে মোৰ সৃষ্টিৰ শত
    গুণ উৰ্দ্ধত হেম বৰুৱা দেৱৰ "মমতাৰ চিঠি"।
    সেয়ে মোৰ দুৰ্বলতা আৰু সন্তান সদৃশ আবেগক
    নিজস্ব ভাবনাৰে সজাই ‘ মমতাৰ চিঠি ‘ খনক
    চিনেমা ৰূপ দিছো ।
    আচলতে এক কঠিন প্ৰত্যাহ্বান--
    এক সাহস
    এক অনবিল আনন্দ মনত --সৃষ্টিৰ পৰা সৃষ্টিক
    অন্য ৰূপ দিয়াৰ প্ৰয়াস।
    এজন সাধাৰণ নাট্য কৰ্মী মই–
    নাটকৰ ইটো – সিটো ক্ষুদ্ৰতম জ্ঞান মোৰ সম্বল–
    তথাপি মৰসাহ — জীৱন সৃষ্টিমুখী বাবেই সৃষ্টিৰ 
    গতানুগতিক-অগাতানুগতিক পৰীক্ষা।
    "মমতাৰ চিঠি"  চিনেমি ৰূপ দিয়াটোও মোৰ এক
    অগতানুগতিক চিন্তা । আৰু কবিতাৰ চিনেমা ৰূপ
    দিয়াটো হয়টো এইয়াই ভাৰতত প্ৰথম  প্ৰয়াস! ”

-- চিনেমা খনৰ অভিনয়তঃগুঞ্জন ভৰদ্বাজ,চেতনা দাস,ৰীণা বৰা,ভাৰ্গৱ কটকী,বিপ্লৱ বৰ কাকতি,মল্লিকা শৰ্মা,পল্লৱ পৱন বৰা,বিশ্বজিৎ ওজা,কবিন্দ্ৰ দাস,হেমাংগ ৰায় চৌধুৰী,মনোজ দাস,গোলাপ ভূঞা,দিগন্ত কলিতা,বিক্ৰম কাকতি,মুকুট পূজাৰী,দীপাংক কলিতা,চম্পক নাথ,চন্দন দাস,হিতেশ মহিলাৰী,উৎপল,সঞ্জীৱ দাস,দীপ শিখা দাস,গৰিমা দাস,সংঘামিত্ৰা ওজা,শৰ্মিষ্ঠা দাস আৰু মমতাৰ ৰূপত গীতাঞ্জলী শইকীয়াৰ লগতে শিশু শিল্পী
ভিক্টৰ অৰ্জুন,প্ৰিয়দৰ্শন,উদীচি, প্ৰেৰনা,জ্ঞানম কিশোৰ,প্ৰিয়ব্ৰতে।

>কাহিনী-চিত্ৰনাট্য -সংলাপ পৰিচলক নিৰ্মল দাস।
>চিত্ৰ গ্ৰহণকাৰী আৰু কাৰিকৰী নিৰ্দেশকঃপ্ৰদীপ দৈমাৰী(ধন) , সহযোগীঃ উপেন বড়ো।
মুখ্য সহপৰিচলকঃ সমৰজ্যোতি চৰকাৰ।
> সহপৰিচালকঃগোলাপ আৰু উৎপল।
> কলাঃপ্ৰমোদ দাস, নিৰ্জুৰাজ।
> প্ৰযোজনা নিয়ন্ত্ৰকঃমুকুট পূজাৰী।
(সংযোজন, ১জুন ২০২৪: 
"আহিবানে জোনাক হৈ
মৰমৰ সুৰ বোৰ হৈ
দুখৰ ঘৰত মোৰ
সংগী হ'বলৈ
উদাসী মনে মোৰ
অশ্ৰু টুকে
তোমাক পাবলৈ..." 
--"মমতাৰ চিঠি"ৰ গীতাংশ। 
--হেম বৰুৱাৰ একে নামৰ সেউজ কবিতাৰ ৰূপালী গল্পৰ। 
>আজি গীতটো মুকলি কৰে সাংস্কৃতিক কৰ্মী, ৰাজনীতিক কুমাৰ দীপক দাসে।
চিনেমা খনৰ চিত্ৰনাট্য, পৰিচালনা: নিৰ্মল দাস।
সংগীত: ৰাজীৱ নাথ
সুৰ: নিৰূপ দাস।
কথা: নিৰ্মল দাস।)
কন্ঠ: জুবিন গাৰ্গ।

শুক্রবার, ২৬ মে, ২০২৩

হিট অসমীয়া চিনেমাৰ প্ৰযোজকৰ হুমুনিয়াহ, চৰকাৰী চিনে বিলাস/১

অসমীয়া চিনেমাৰ সংখ্যা বাঢ়িছে। পৰিচালকৰ সংখ্যা বাঢ়িছে। ভাল লগা দিশটৌ হ'ল-- নতুন পৰিচালকৰ নতুন চিনেচিন্তা। নতুন পৰিচালকৰ একাংশই 'চিনেমা' জানি, 'চিনেমা' শিকি 'চিনেমা' মাধ্যমটোত কাম কৰিবলৈ আহিছে। নতুন চিনে চিন্তাৰে অসমীয়া চিনেমা পৰিচালনা কৰি, অসমীয়া চিনেমাৰ গুৰুত্ব বঢ়াইছে, দেশ-বিদেশৰ চিনে মহোৎসৱত। কিন্তু দুখৰ বিষয় সৰহ সংখ্যক পৰিচালকৰে বজাৰ চিন্তা-- সূন্য। আমি নাজানো, যদি 
       "আমি দৰ্শকক দেখুৱাবলৈ চিনেমা নিৰ্মাণ
       কৰা নাই, চলচ্চিত্ৰ মহোৎসৱ বা বঁটাৰ 
       বাবে কৰিছোঁ"
ধাৰণাৰে চিনেমা পৰিচালনা,নিৰ্মাণ কৰিছে সেয়া অন্য প্ৰসংগ। চৰ্চাৰ অৱকাশ থকা প্ৰসংগ। (পাছত, যথা স্থানত চৰ্চা কৰিম।) 

"আমি কষ্ট কৰি চিনেমা কৰিছোঁ, দৰ্শক নাই! অসমতে অসমীয়া দৰ্শকে অসমীয়া চিনেমা নাচায়" বুলি আক্ষেপ কৰা পৰিচালক-প্ৰযোজকক আমি লগ পাইছো। আক্ষেপ কৰা প্ৰযোজক-পৰিচালকৰ সৰহ সংখ্যকে কিন্তু প্ৰচাৰত গুৰুত্ব নিদিয়ে। এনে ধাৰণা দিয়ে-- আমি চিনেমা নিৰ্মাণ কৰিছোঁ, দৰ্শকে "অসমীয়া চিনেমা" বুলি চাব লাগে! চোৱাতো দায়িত্ব!  
        এনেদৰে ক'বলৈহে বাকী--
         "আমি যে অসমীয়া চিনেমা নিৰ্মাণ কৰিছোঁ,
          সেয়া দৰ্শকে খবৰ ৰাখিব লাগে। আৰু 
          সকলো কাম বাদ দি অসমীয়া চিনেমা
          চিত্ৰগৃহলৈ আহিলেই চাব লাগে!"
 প্ৰযোজক-পৰিচালকৰ এনে ধাৰণাৰ (ভেমৰ) বাবে অসমীয়া চিনেমাৰ স্থানীয় বজাৰত সমস্যা বাঢ়িছে। অসমীয়া চিনেমা চিত্ৰগৃহলৈ আহিছে, গৈছে। প্ৰায়ে দৰ্শকে "চিনেমা খন" চিত্ৰগৃহৰ পৰা যোৱাৰ পাছতহে খবৰ পায়-- "... অসমীয়া চিনেমা খন চিত্ৰগৃহলৈ আহিছিল!" (ক্ৰমশ:)

মঙ্গলবার, ২৩ মে, ২০২৩

পুলক গগৈ : আন এক অধ্যায়

পুলকদাই গীত গাইছিল। এটা কাম শেষ হোৱাৰ আনন্দত আমাৰ গীত-মাতৰ আড্ডা বহিছিল পুলকদাৰ বিশেষ কোঠাটোত ("এই কোঠাটো মোৰ বাবে বিশেষ। সকলোৰ বাবে নহয়, মোক বুজা সকলৰ বাবেহে মোৰ এই কোঠাটোৰ দুৱাৰ মুকলি কৰি ৰাখো। এই কোঠাটোত মই লিখো, আঁকো, গীত শুনো, সপোন দেখো। চকু খুলি। চকু খুলি দেখা সপোনকহে বাস্তৱ ৰূপ দিব পাৰি। মই ভাবো, এনেদৰে।" --কথা প্ৰসংগত পুলক গগৈয়ে কৈছিল।) মনত আছে, ভাল দৰেই মনত আছে দিনটো--, ৮ জুলাই ২০১৭। সেই দিনটোতে শেষ হৈছিল পুলকদাৰ আত্মকথা "পুলকে কৈছে পুলকৰ কথা"। পুলকদাই ৰেকর্ড প্লেয়াৰত গীত শুনাইছিল। "পাকিজা"ৰ ৰেকৰ্ড খন লগাই দি নিজেও গুণগুণাইছিল। " ১৯৫৭ চনত মেট্ৰিক পাছ কৰিছিলো। পঢ়াত মধ্যমীয়া আছিলো। ‘সংস্কৃত’ আৰু ‘অংক’ বৰ বেয়া পাইছিলোঁ । কোনোমতে কাণে কাণ মাৰি  তৃতীয় বিভাগত উত্তীৰ্ণ হৈছিলো। আৰু জগন্নাথ বৰুৱা কলেজত কলা শাখাত নাম লগাইছিলোঁ। পঢ়াত ভাল নাছিলোঁ যদিও সেই অঞ্চলত মোক সকলোৱে জানিছিল, গান গোৱা বাবে। ১৯৫৭ চনত মেট্ৰিক পৰীক্ষা দিয়াৰ আগলৈকে গান গাইছিলোঁ। যোৰহাটত উজনি স্কুল টুর্নামেণ্টত হোৱা সংগীত প্রতিযোগিতাত আধুনিক গীতত প্রথম স্থান পাইছিলোঁ। যুটীয়াভাৱে। জিতুৰ সৈতে।এতিয়াৰ সংগীত পৰিচালক জিতু-তপন যুটীৰ জিতুৰ সৈতে। জিতুৱে বৰ ভাল তবলা বজাইছিল আৰু এতিয়াও বজায়। তপন পাকৈত, গীতত সুৰ দিয়াত। জিতু সংগীতৰ বাটত আগ বাঢ়িল। মই ৰৈ দিছিলোঁ, কলেজ পোৱাৰ পাছত। মই ঠিক কৰিছিলোঁ, আৰ্ট শিকিম, ছাৰ জে জে স্কুল অৱ আৰ্টত (Sir Jamsetjee Jeejeebhoy School of Art) আৰ্ট
শিকিম।" বুলি কৈ আকৌ "পাকিজা"ৰ গীত গুণগুণাইছিল। 
--সংগীত এৰি হঠাতে আাৰ্ট কিয়?
"হঠাতে নহয়, গীত গাইছিলোঁ, আৰ্টো কৰিছিলোঁ। --তেতিয়া গীত আছিল মোৰ প্ৰথম পছন্দ।মেট্ৰিকৰ ফলাফলে মোক লাজ দিছিল। মানুহৰ সন্মুখত গীত গোৱা সাহস হেৰুৱাইছিলোঁ। গতিকে ঠিক কৰিছিলোঁ আৰ্টত ধৰায়ে ভাল! কব নোৱাৰাকৈয়ে মই লোহিত বৰা, উমেশ গোস্বামী, গোপাল মহন্ত আদিৰ ওচৰ চাপিছিলোঁ। সঘনে অহা-যোৱা কৰিছিলোঁ। তেওঁলোকৰ কাষলৈ গৈ আৰ্ট চাইছিলোঁ, আৰ্ট কৰিছিলোঁ। ঘৰতে DRAWING SHEET WATER Colourৰ বাকচ, ব্ৰাছ, পেন্সিল, কোমল ৰাবাৰ অলপ অলপকৈ গোট খাইছিল আৰু খেলা-ধূলাৰ সলনি, সংগীতৰ সলনি আৰ্টৰ মাজত সময় খৰচ কৰিছিলোঁ। আঁকিছিলোঁ, ছবি চাবলৈ শিকিছিলোঁ। বিখ্যাত বিখ্যাত আৰ্ট। তেতিয়া আৰ্টৰ আংগিক সম্বন্ধে একোকে বুজা নাছিলো, কিন্তু সেইবোৰ দেখিয়ে বাস্তৱবাদী Figure আদি আঁকিছিলোঁ।--এদিন বন্ধু এজনে খবৰ এটা লৈ আহিছিল,  "আছাম ট্ৰিবিউন" কাকতত Children Cornner বোনা এটা Section খুলিছে, তাতে সদৌ অসম ভিত্তিত বিভিন্ন চিত্রাংকন প্রতিযোগিতা হ'ব—তাত মই আঁকা ছবি পঠাব পাৰো, ট্ৰিবিউন' কাকতৰ FORM এখন  বন্ধু গৰাকীয়ে  গৈ  লৈ আহিছিল, সেইখন  Fillup কৰিছিলোঁ।  আৰু পেঞ্চিলেৰে  "এজনী বান্দৰ আৰু তাইৰ বুকুতে পোৱালি " আঁকিলোঁ।  বন্ধু জনে  পঠিয়াই দিলে, মোৰ ফটো এখনো পঠিয়ালে। ফলাফল ওলাল। মই সদৌ অসমৰ প্ৰতিযোগিতাত প্ৰথম হৈছিলোঁ। ছবিখন আৰু মোৰ ফটো "আছাম ট্ৰিবিউন" প্ৰকাশ পাইছিল।  সেই দিনা ঠিক কৰিছিলোঁ, বাকী বাদ। আৰ্টেই কৰিম।" --কৈ কৈ গীতৰ ৰেকৰ্ড খন সলনি কৰি দিছিল। "খোজ"ৰ গীত শুনাইছিল। 
"মোৰ প্ৰথম খন চিনেমাৰ গীত। 'খোজ'। মোৰ কাম হয়তো কোনেও মনত ৰখা নাই। কিন্তু মোৰ চিনেমা খনৰ এই গীত এই প্ৰজন্মৰো প্ৰিয়। ভূপেনদাৰ সংগীত। প্ৰিয় নহব কিয়!" --কৈ কৈ পুলকদা ফাইলৰ মাজত ব্যস্ত হৈছিল। আৰু কেইমিনিট মান পাছত চিঞৰাৰ দৰে কৈছিল, "পালো, পালো।"
কি পুলকদা?
"মোৰ প্ৰথম খন চিত্ৰনাট্য। 'খোজ'ৰ প্ৰথম খন চিত্ৰনাট্য। এই চিত্ৰনাট্য খনত ভূপেনদাৰ স্পৰ্শ আছে। চিত্ৰনাট্য খন চাই-- ভূপেনদাই প্ৰশংসা কৰিছিল। ভূপেনদাৰ প্ৰশংসাই মোক আনন্দ দিছিল, সাহস দিছিল। সেই বিশেষ দিনটোত ভূপেনদাৰ হাতত এই চিত্ৰনাট্য খন তুলি দিছিলোঁ। বুকুত কপনি, ভয়ৰ বোজা! বহু সময় পাছত ভূপেনদাই কৈছিল --'পৰিপাটিকৈ শ্বটবোৰ ভাগ কৰিছা। সুন্দৰকৈ সংলাপ বোৰ পৰিপাটি কৰিছা। ভাল হৈছে। আগবাঢ়া।' ভূপেনদাৰ কথাই ভয়ৰ বোজা নোহোৱা কৰিছিল। চিনেমাৰ কামত আগবাঢ়িছিলোঁ।"
আপুনিতো আাৰ্টৰ বাহিৰে আন শিল্পকৰ্ম কৰাৰ কথা নাছিল! গীত, আৰ্টৰ পাছত চিনেমা? --সুধিছিলোঁ।
"চিনেমাৰ প্ৰতি আকৰ্ষণ আছিল সৰুৰে পৰা। মুম্বাইলৈ আৰ্ট শিকিবলৈ যে গৈছিলোঁ, গৈয়ে প্ৰথমে চিনেমাৰ পোষ্টাৰবোৰহে চাই ফুৰিছিলোঁ। মুম্বাইত এগৰাকী ফটোগ্রাফৰক লগ পাইছিলোঁ। আমাৰ সম্পৰ্ক ওচৰ হৈছিল। চিনেমাৰ ষ্টিল ফটোগ্রাফাৰ। মই চান্দু ভাই বুলি মাতিছিলোঁ। মোক চান্দু ভায়ে ফিল্মিস্তান স্টুডিঅ'লৈ নিছিল। চান্দু ভায়ে  ষ্টুডিঅ' এটাৰ ভিতৰলৈ নি মোক দেখুৱাইছিল। প্ৰথম  ষ্টুডিঅ'ৰ ফ্ল'ৰ (মজিয়া) দেখিছিলোঁ। এটা সাধাৰণভাৱে বনোৱা ঘৰ। বেৰ মাত্ৰ দুখন। এখন সৰু, আনখন দীঘল; ওখ প্রায় ১১ ফুটমান হ'ব। সৰু লাইট কেবাটাও, ৰে'ল লাইনৰ দৰে দুডাল চিৰি, তাৰ ওপৰত চাৰি চকা থকা এখন। ডাঙৰ পীৰাৰ সমান পীৰা আৰু মূৰতে মানুহে হাতেৰে ধৰি টানিব পৰা, ঠেলিব পৰা ষ্টেণ্ড। 'সেইখনক ট্রলী বুলি কয়' -- কৈছিল চান্দু ভায়ে। সেই দিনা ষ্টুডিঅ'ত সুলোচনা চেটার্জীক লগ পাইছিলোঁ। বাংলাতে কথা পাতিছিলোঁ। অভিনেত্ৰী গৰাকীয়ে মোক ষ্টুডিঅ'ৰ ভিতৰ দেখুৱাইছিল। সম্পাদনা কক্ষ, ৰেকৰ্ডিং কক্ষ আদি দেখুৱাইছিল। সেই দিনা চিনেমা এখন কেনেকৈ নিৰ্মাণ কৰে ধাৰণা কৰি লৈছিলোঁ। কিন্তু চিনেমা নিৰ্মাণ কৰিম বুলি এবাৰো ভবা নাছিলোঁ। মনলৈ হয়তো নাহিল হেতেন, যদিহে এবাৰ বিদেশৰ পৰা উভতাৰ সময়ত মোৰ দুটা বেগ সময়ত আহি নোপোৱাত বোম্বেত এয়াৰপৰ্ট কর্তৃপক্ষৰ আলহী হৈছিলো, মেৰিন ড্রাইভত। ছুটকেছটো ফ্রেঙ্কফ'ৰ্ট এয়াৰপ'ৰ্টত ভুলতে নমাই দিয়াত তিনিদিন পাছতহে আমাৰ হাতত পৰিছিল। মই পঞ্চ তাৰকা হোটেলত থাকি আমনি পাইছিলোঁ। মই হোটেল এৰি মুম্বাইত থকা চিনেমা সম্পাদক বিজয় চৌধুৰীৰ লগ লৈছিলো। বিজয় চৌধুৰিৰ সৈতে তিনিটা ৰাতি পাৰ কৰিছিলোঁ। সেই তিনিটা নিশাতে মোৰ মূৰত চিনেমা পৰিচালনাৰ পোক সুমুৱাই দিছিল বিজয় চৌধুৰীয়ে। বিজয় চৌধুৰীৰ ফ্লেটৰ সংগী আছিল চিনেমাৰ শব্দ গ্ৰহণকাৰী পীযূষকান্তি ৰয়। এদিন ভূপেনদায়ো আহিছিল। কথা প্ৰসংগত ওলাইছিল, মই চিনেমা নকৰো কিয়! আৰ্ট কৰা মানুহৰ বাবে চিনেমা সহজ! কথা বোৰ মোৰ মনলৈ শিপালে আৰু অসম পায়ে চিত্ৰনাট্যত হাত দিলো। 'আশ্ৰয়' নামৰ গল্প এটা লিখিছিলোঁ, কলেজ পোৱাৰ সময়ত। সেই গল্পটোৰ আধাৰতে চিত্ৰনাট্যৰ কাম আগবঢ়াইছিলোঁ। ... এয়া লোৱা চিত্ৰনাট্য খন!" --মোলৈ চিতনাট্য খন আগবঢ়াই দিলে পুলকদাই। পৃষ্ঠা লুটিয়াইছিলোঁ, মন ভৰিছিল। 
--"খোজ"। তাৰ পাছত? চৰ্চাৰ প্ৰয়োজন আছে জানো! "পূজা", "সূৰুয"ৰ দৰে বজাৰ সফল চিনেমা পৰিচালনা কৰিছিল। "পত্নী", "ৰেলৰ আলিৰ দুবৰি বন"ৰ (৪০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ শিতানত 'ৰজতকমল' বঁটা প্ৰাপ্ত)
 দৰে চিনেমাৰে চিত্ৰৰসিকক মোহিছিল। কিন্তু ভালপোৱা নাছিল ছবি অঁকা এৰি চল ছবিত সময় দিয়া বাবে, একাংশই। সেই দিনা পুলকদাৰ পৰা বিদায় লোৱা সময়ত কেইটামান অসমীয়া, বাংলা, ইংৰাজী আলোচনী দিছিল, "পঢ়ি চাবা" বুলি। পঢ়িছিলো, পুলকদাৰ আৰ্টৰ প্ৰশংসা।কবি-সমালোচক নীলমণি ফুকনৰ লিখিছিল --"চিত্রশিল্পী, ব্যংগ চিত্ৰকৰ, চলচ্চিত্ৰ নিৰ্মাতা আৰু পৰিচালক শ্ৰী পুলক গগৈ এজন ৰসিক আৰু প্ৰাণৱন্ত মানুহ। এটা সময়ত তেওঁ চিত্রচর্চাতেই মনে- প্রাণে আত্মনিয়োগ কৰিছিল। ভাষা আৰু আংগিকগত দিশত পিকাছো আৰু হুছেইনৰ চিত্ৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ তেতিয়াই অঁকা কেইখনমান ছবি— ৰূপকল্পনা, ভাবলাৱণ্য, বর্ণচয়ন আৰু বৰ্ণ প্ৰয়োগৰ দিশৰ পৰা আধুনিক অসমীয়া চিত্ৰকলাৰ উল্লেখযোগ্য সৃষ্টি। দেশ-বিদেশত, আনকি সুদূৰ মার্কিন যুক্তৰাষ্ট্ৰতো তেওঁ কেইবাখনো চিত্রপ্রদর্শনী কৰিছিল। একাণপতীয়াকৈ একেৰাহে ছবি আঁকি থকা হ'লে হয়তো ইতিমধ্যেই তেওঁ কোনো অনন্য সুন্দৰ চিত্ৰৰ স্ৰষ্টা হোৱাৰ গৌৰৱ অৰ্জন কৰিব পাৰিলেগৈহেঁতেন।"