শুক্রবার, ৩০ আগস্ট, ২০২৪

ভূপেন হাজৰিকা: ওচৰৰ পৰা, আঁতৰৰ পৰা/২

কথা প্রসংগত এদিন আৰছদ ৰিয়াজে কৈছিল-- "তই অসমৰ-- যেতিয়া ভূপেন হাজৰিকাক নিশ্চয় জানিবি! তই  মোৰ সৈতে ভূপেন হাজৰিকাৰ ওচৰলৈ যাব লাগিব। মই দীঘল সাক্ষাৎকাৰ এটা লব লাগে। 'সময়' লোৱা আছে।... আৰু তোৰ ওচৰত ভূপেন হাজৰিকাৰ গীত আছে নহয়!-- শুনিম।"

ভূপেন হাজৰিকাক মই নাজানিম! 
ভূপেন হাজৰিকাই কিন্তু মোক নাজানে। --মই কৈছিলোঁ। 
--সেইদিনা ভূপেন হাজৰিকাৰ গীতৰ কথা কৈছিলোঁ, মোৰ ঘৰত ভূপেন হাজৰিকাৰ গীত শুনাইছিলোঁ আৰছদ ৰিয়াজক। 
মোৰ হাতত বেনী মাধব সম্পাদিত "শিল্পীব পৃথিবী" আছিল। ভূপেন হাজৰিকাৰ বিশেষ সংখ্যা। তাৰ পৰা কিছু তথ্য "শুনালো"। আৰছদ বিয়াজে টোকা বহীত টুকি লৈছিল।

আৰু নির্দিষ্ট দিনটোত "প্রশ্ন"লৈ ভূপেন হাজৰিকাৰ সম্মুখত বহিছিল আৰছদ ৰিয়াজ। 
আৰছদ ৰিয়াজৰ সোফালে বহিছিলোঁ মই। সাক্ষাৎকাৰ'ৰ সময় খিনিত মোৰ দৃষ্টি কেবল ভূপেন হাজৰিকাৰ চেহেৰাত। 
এটা 'শব্দ'ও কোৱা নাছিলো। 
মই দিয়া তথ্যবোৰক  "প্রশ্ন" কৰি সাক্ষাৎকাৰ আগবঢ়াই নিছিল আৰছদ ৰিয়াজে।
 'আৰোপ', 'চিৰাজ' 'জ্যোতিপ্রসাদ-বিষ্ণুপ্রসাদ', 'এবাবাটৰ সুৰ' একোৰে বাদ পৰা নাছিল। 
মুম্বাইৰ বহু প্রচলিত দৈনিক কাকত এখনত প্রকাশ পাইছিল সাক্ষাৎকাৰটো। চাৰি পৃষ্ঠাৰ সাক্ষাৎকাৰ। সাক্ষাৎকাৰটোৰ পাতনিতে লিখিছিল- এছ ডি বর্মন, আৰ ডি বর্মনৰ লগতে লোক সংগীতেৰে বলীউডৰ সংগীতৰ ভড়াল ডঃ ভূপেন হাজৰিকাই চহকী কৰিছে বুলি। 
সাক্ষাৎকাৰটোৰ শেষত 'সৰু পইন্ট'ত মোৰ নামটোও দিছে- কৃতজ্ঞতা প্রকাশ কৰি। সেই সাক্ষাৎকাৰটোৰ আঁত ধৰি 'আজি 'ৰ ৩১ ডিচেম্বৰ, ২০০২ সংখ্যাত লিখিছিলোঁ (প্রথম পৃষ্ঠাত ছপা হৈছিল)--
"গান' (বন্দুক) নহয়, গানেৰে (গীত) 'যুদ্ধ' কৰি যাব খোজা জনগণৰ শিল্পী ডঃ ভূপেন হাজৰিকা আজিও হোৱা নাই ক্লান্ত। 
গানেৰে আজিও অব্যাহত ৰাখিছে সংগ্রাম। সেই তাহানিতে (১৯৪৩ চনত) ৰেকর্ডিং স্টুডিঅ'ত গাইছিল 'অ' মইনা কেতিয়া আহিলি তই/অহাবে লগতে বননিৰ মাজতে/ফুলে বনৰীয়া জাই...' সেই একে গতিৰে, একে উৎসাহেৰে আজিৰ তাৰিখতো বেকর্ডিং স্টুডিঅ'ত গাইছে 'গুম গুম মেঘে গবজিলে...', 'মোৰ লক্ষ্যস্থান হ'ল তেজপুৰ...', 'ছিয়াঙবে গালং ...', 'ৰিণিকি ৰিণিকি শুনিছো...', 'অ' থুনুকা...' 'কাহিনী এটা লিখা...', 'ঘৰ আমাৰ মাটিৰ ঘৰ...' আৰু 'মোৰ গীতৰ হেৰজাৰ শ্রোতায়...'। 
-- হয়, 'হেজাৰ শ্রোতা'। ভূপেনদাৰ গীতৰ, ডঃ ভূপেন হাজৰিকাৰ গীতৰ। সেয়েহে শিল্পীগৰাকীয়ে বাধ্য হৈছে জনপ্রিয় গীতবোৰ পুনৰ ৰেকর্ডিং স্টুডিঅ'ত গাবলৈ। বাধ্য কৰাইছে শ্রোতাৰ মৰমে। শেহতীয়াভাবে স্টুডিঅ'ৰ মজিয়াত গোৱা আঠটা গীতৰ ভিতৰত পাঁচটা গীতবেই ৰেকর্ডিং সম্পূর্ণ হৈছে। বাকী তিনিটা গীতৰ ৰেকর্ডিঙৰ কাম সম্পূর্ণ হোৱাৰ পিছতেই শ্রবা কেছেটতো বজাৰত উলিয়াই দিব। 
--কেবল আঠটা আধুনিক গীতেই নে?
-- নহয়, আঠটা আধুনিক গীতৰ শ্রব্য কেছেটৰ লগতে আৰু সাতটা জ্যোতি সংগীতো ৰেকর্ডিং স্টুডিঅ'ত গালে জনগণৰ শিল্পীগৰাকীয়ে। জ্যোতি সংগীতৰ চিডিখনত পুৰণি ছটা গীতৰ লগতে জ্যোতিপ্রসাদে লিখি সুৰেৰে সজাই থৈ যোৱা নতুন গীত 'সোঁৱৰণি অ' সোঁৱৰণি...' সন্নিবিষ্ট কৰিছে। উল্লেখ্য যে জ্যোতি সংগীতৰ চিডিখনত "জ্যোতিককাইদেউ"ৰ সান্নিধ্যও ৰোমন্থন কৰিব শিল্পীগৰাকীয়ে। শিল্পীগৰাকীয়ে "জ্যোতি ককাইদেউ"ক কেনেদৰে লগ পাইছিল, হাৰমণিয়ামৰ ৰীডত আঙুলি বুলাই কেনেকৈ গীতৰ আখৰা কৰাইছিল আদি সুমধুৰ স্মৃতি গীতৰ মাজে মাজে ৰোমন্থন কৰি গৈছে। (আৰু আছে)
*এই লেখা প্ৰথমবাৰ প্ৰকাশ পাইছিল আজিত কুমাৰ ভূঞা সম্পাদিত সাপ্তাহিক কাকত "নতুন সময়"ত।

ভূপেন হাজৰিকা: ওচৰৰ পৰা, আঁতৰৰ পৰা

ভূপেন হাজৰিকাক মই জনা নাছিলোঁ। ভূপেন হাজৰিকাক মই জানিব পৰা নাই। কায়িক মৃত্যুৰ পিছতো। জানিবলৈ চেষ্টা কৰি আছোঁ। ইমানে
 জানিছো-- ভূপেন হাজৰিকা নামৰ এই সংগীত সত্বাক সহজে বুজা, উপলব্ধি কৰা সহজ নহয়। অসম আন্দোলনৰ ভৰপক সময়তে প্রথমবাৰ ভূপেন হাজৰিকাক অনুভব কৰিবলৈ চেষ্টা কৰিছিলোঁ। দূৰৰ  পৰা। আমাৰ গাঁও বেলশৰলৈ গৈছিল 'সংগীত'
লৈ। বাৰ-তাৰিখ মনত নাই। সেই নিশা বেলশৰত সাংগীতিক সৌৰভ বিলাই দিছিল ভূপেন হাজৰিকাই। গীতৰ মাজে মাজে সুৰীয়া কথা। চঞ্চল খানে তবলা বজাইছিল। আৰু বিশেষ - তাতকৈ বেছি মনত নাই। 
তাৰ পাছত?
-- নাই চন, তাৰিখ, বাৰ মনত নাই। দ্বিতীয়বাৰ কেতিয়া লগ পাইছিলোঁ ভূপেন হাজৰিকাক।
মনত আছে, প্রথমবাৰৰ তুলনাত অলপ ওচৰৰ পৰা অনুভৱ কৰিবলৈ চেষ্টা কৰিছিলোঁ!
আৰু ইমানেই মনত আছে, মহানগৰীৰ  'ৰবীন্দ্র ভৱন'ত সেইদিনা দশমী গোস্বামীয়ে ভূপেন হাজৰিকাৰ সৈতে গাইছিল 'চানমাই...'। অন্য গীতো গাইছিল। কথাবোৰ সুৰ হৈ, সংগীত হৈ ৰবীন্দ্র ভবনত বিয়পি পৰিছিল। সুৰীয়া কথাৰ মাজতে নলবৰীয়া সুৰত ভূপেন হাজৰিকাই কৈছিল-- "এ মাই, ক'ত এ, ইফলে আহ"। দশমী গোস্বামী মঞ্চলৈ গৈছিল আৰু ভূপেন হাজৰিকাৰ সৈতে গাইছিল--
 'চান মাই আকলাই ওলালি অ'
পুৱান মাৰিব মাৰিব...' 
--মার্চ ১৯৯৪ চনত 'আজিৰ সংবাদ' নামৰ দৈনিক কাকত এখনৰ সম্পাদনা বিভাগত যোগ দিছিলোঁ। যোগ দিয়াৰ সম্ভবতঃ দুমাহমান পাছত ফটোগ্ৰাফাৰ চিন্ময় ৰয়ৰ সৈতে লতা মংগেশকাৰক চাবলৈ, গীত শুনিবলৈ নেহৰু ষ্টেডিয়ামলৈ গৈছিলোঁ আৰু সেইদিনা দূৰৰ পৰা তৃতীয়বাৰৰ বাবে ভূপেন হাজৰিকাক অনুভৱ কৰিবলৈ চেষ্টা কৰিছিলোঁ।

আৰু চতুৰ্থবাৰ? চতুৰ্থবাৰ- অতি ওচৰৰ পৰা ভূপেন হাজৰিকাক পাইছিলোঁ। অসম অভিযান্ত্রিক মহাবিদ্যালয়ত। গীত শুনাৰ আগে আগে কথা শুনিছিলোঁ। 
--মঞ্চত সেই সময়ত জনপ্রিয় গায়িকা এগৰাকী। সেউজঘৰত ভূপেন হাজৰিকা, গুণমুগ্ধৰ মাজত। 'বিমূর্ত মোৰ নিশাটি...' মঞ্চৰ পৰা ভাহি আহিছিলঁ।
ভূপেন হাজৰিকাৰ জনপ্রিয় গীত। গায়িকাগৰাকীৰ কণ্ঠত। কথা বন্ধ, ভূপেন হাজৰিকাই গীতটো শুনিবলৈ চেষ্টা কৰিছে। চেহেৰাত 'অসন্তোষ-অসন্তোষ'। হঠাৎ চেহেৰাত খং। 'মোৰ কেইটামান গীত আনে গালে বেয়া পাও, বেয়া গালে আৰু বেয়া পাও।' ভূপেন হাজৰিকাই কৈছিল। গান শেষ কৰি গায়িকাগৰাকী সেউজ ঘৰলৈ আহিছিল। ভূপেন হাজৰিকাৰ ভৰি চুইছিল, আশীর্বাদ দি ভূপেন হাজৰিকাই কৈছিল "মোৰ এই গীতটো তুমি আৰু নাগাবা।' সেইদিনা অনুভৱ কৰিছিলোঁ-- গীত ভূপেন হাজৰিকাৰ বাবে প্রার্থনা। ভক্তই 'সুৰ'ত থাকি প্রার্থনা গাব লাগে।

আৰু তাৰ পাছত?

--সুদীর্ঘ 'সময়'ৰ পাছত, ১৯৯৮ চনৰ নৱেম্বৰ নে ডিচেম্বৰত লগ পাইছিলো, অতি ওচৰৰ পৰা, ভূপেন হাজৰিকাক। ভূপেন দাক। 'ভূপেনদা আহো।' বুলি কোৱাত আৰু বহলকৈ দুচকু মেলি দিছিল ভূপেনদাই। 'তুমি অসমীয়া!-- কোৱা নাছিলা কিয়?'-
ভূপেনদাই কৈছিল। মোৰ 'উত্তৰ'নাছিল। হাঁহিছিলোঁ, শব্দহীন হাঁহি। 'আহিবা, অসমীয়াত কথা পাতিম।'- ভূপেনদাই কৈছিল। মই 'নিশ্চয়' বুলিছিলো।

কথাটো এনেধৰণৰ। লেখক-সাংবাদিক হেমচন্দ্র দলেৰ বন্ধু আৰছদ বিয়াজ (প্রকৃত নাম নহয়। এই নামটোৰে লিখে)। সাংবাদিক। এসময়ত হেমচন্দ্র দলেয়ে 'চিনেমাৰ কাম' কৰিছিল, মুম্বাইত। সম্ভৱতঃ সেই সময়চোৱাত হেমচন্দ্ৰ-আৰছদৰ বন্ধুত্ব। এদিন 'বলীউডৰ বাট'ত মোৰ মুখত 'বিস্ময়' শব্দটো শুনি আৰছদ বিয়াজে হেমচন্দ্ৰ দলেৰ কথা কৈছিল, তেনেদৰেই চিনাকী, আৰু পৰৱৰ্তী সময়ত আৰছদ ৰিয়াজৰ ওচৰলৈ 'চিনেমাৰ খবৰ' বাবে প্ৰায়ে গৈছিলোঁ। মুম্বাইৰ তাজ হোটেলৰ সন্মুখত বহি, সাগৰৰ ঢৌ 'উপভোগ' কৰি প্ৰায়ে আড্ডা দিছিলোঁ আৰছদ ৰিয়াজৰ সৈতে, মুম্বাইত থকা সময়ছোৱাত। (আৰু আছে)
*এই লেখা প্ৰথমবাৰ প্ৰকাশ পাইছিল আজিত কুমাৰ ভূঞা সম্পাদিত সাপ্তাহিক কাকত "নতুন সময়"ত।

সোমবার, ২৬ আগস্ট, ২০২৪

প্ৰতিযোগীজনক পুৰস্কাৰ হিচাপে দিয়া হ'ব নগদ ধন ১কোটি টকা/ চিনে চৰ্চা

এখন নতুন অসমীয়া চিনেমা-- "সপোনপূৰৰ দাপোন"। চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা- ৰমেন বৰাৰ।  
 পেচিফিক ফিল্ম ক্রিয়েচনৰ বেনাৰত চিনেমা খন প্ৰযোজনা কৰিছে ড° অংকু হাজৰিকা, প্ৰশান্ত ৰয়ে।কাহিনী: ড° অংকু হাজৰিকাৰ, সংগীত- বিজয় ভূঞাৰ, কন্ঠশিল্পী:বিজয় ভূঞা, নিলাক্ষী চাং কাকতি,  সম্পাদনা- ৰাজু গগৈৰ, চিত্ৰগ্ৰহণ: বিৰেন দাসৰ। পৰিচালকে চৰিত্ৰ নিৰ্মাণ কৰিছে উপকূল বৰদলৈ, বিমল বৰদলৈ, সিদ্ধাৰ্থ শৰ্মা, ৰবি শৰ্মা, ব্ৰজেন বৰা, প্ৰশান্ত ৰয়, গগন ডেকা, কুলেন কাকতি, অভিজিৎ মহন্ত, ৰেবা ফুকন, মাধুৰীমা চৌধুৰী, ড° অংকু হাজৰিকা,অঞ্জু হাজৰিকা, মমী নাথক লৈ। 
--এয়া পৰিচালকে দিয়া তথ্য। কথ প্ৰসংগত পৰিচালক গৰিকীয়ে "চৰিত্ৰ"ক লৈ গতি কৰা কাহিনী ভাগৰ আভাষ দিলে এনেদৰে-- " সপোনপূৰ-- এখন গাঁৱৰ নাম। এই সপোনপূৰ গাঁৱৰ লগতে ওচৰ-পাজৰৰ আন কেইখন গাঁৱৰ ৰাইজে সপোনপূৰ গাঁৱৰ ৰায়চৌধুৰী পৰিয়ালক সন্মানৰ চকুৰে চাই আহিছে। কেইবা দশক ধৰি এই সপোনপূৰ গাঁৱৰ ৰাইজে অনুষ্ঠিত কৰি  অহাৰ কাৰণে এই প্ৰজন্মৰ ৰায়চৌধুৰী পৰিয়ালৰ ব্যক্তিসকলকো বাস্তৱ জীৱনটো ৰজা বুলি সম্বোধন কৰি আহিছে । চমু অৰ্থত ৰায়চৌধুৰী পৰিয়ালৰ বৰ্তমানৰ মুৰব্বী প্ৰতাপ ৰায়চৌধুৰী আৰু তেওঁৰ পত্নীকো ৰজা-ৰাণী বুলি ৰাইজে সম্বোধন কৰি আহিছে। এই ৰায়চৌধুৰী পৰিয়ালৰ উদ্যোগতে আজি এশ বছৰ ধৰি সপোনপূৰ গাঁৱত বছৰেকীয়া ভিত্তিত এখন দৌৰ খেল অনুস্থিত হৈ আহিছে। এইবাৰো ৰজা প্ৰতাপ ৰায়চৌধুৰীয়ে ঘোষণা কৰিলে তেওঁ স্বাস্থ্যজনিত কাৰণত চেন্নাইলৈ গৈ তাৰ পৰা উভতি আহিয়ে বছৰেকীয়া খেলখন জাক-জমকতাৰে অনুষ্ঠিত কৰিব। গাঁৱৰ বৃদ্ধ জেষ্ঠ্যসকলে ৰজাৰ কথাত হয়ভয় দিলে আৰু ৰাইজৰ আশীর্বাদ লৈ প্ৰতাপ ৰায়চৌধুৰী চিকিৎসাৰ বাবে চেন্নাইলৈ উৰা মাৰিলে। দূৰ্ভাগ্যবশতঃ পৰিবৰ্তনগামী নতুন যুৱচামে প্ৰতাপ ৰায়চৌধুৰীৰ ঘোষণাৰ প্ৰতিবাদ কৰি সাতামপুৰুষীয়া ৰীতি-নীতিৰ বিলুপ্তি ঘটাই নতুন চিন্তা আৰু উদ্যমেৰে নতুন প্ৰজন্মৰ নেতৃত্বত দৌৰ খল খন অনুষ্ঠিত কৰা হ'ব বুলি সভা আকাৰে ঘোষণা কৰিলে। লগতে ঘোষণা কৰিলে লোভনীয় পুৰস্কাৰ। প্ৰথম শ্ৰেষ্ঠ বিজয়ীক দিব ১০লাখ , ২য় শ্ৰেষ্ঠ পুৰস্কাৰ ৭লাখ , ৩য় শ্ৰেষ্ঠ পুৰস্কাৰ ৫লাখ। ৰজাৰ অনুষ্ঠিতিত ৰাণীয়ে সাহসীকতাৰে ইয়াৰ প্ৰতিবাদত গাঁৱৰ জ্যেষ্ঠ আৰু শুভাকাঙ্ক্ষী সকলৰ সৈতে মিলি এক নজিৰবিহীন পুৰস্কাৰ ঘোষণা কৰিলে। ৰাণীৰ স্পষ্ট কথা, 'ৰায়চৌধুৰী পৰিয়ালৰ একমাত্র বোৱাৰী হিচাপে মই জীয়াই থকালৈকে এই ৰায়চৌধুৰী পৰিয়ালৰ মান-সন্মান আৰু আভিজাত্য কেতিয়াও ম্লান হ'বলৈ নিদিও।' সেয়েহে এই সভাতে ৰাণীয়ে ঘোষণা কৰে, এই দৌৰ প্ৰতিযোগিতাৰ সকলোতকৈ শেষত অহা প্ৰতিযোগীজনক পুৰস্কাৰ হিচাপে দিয়া হ'ব নগদ ধন ১কোটি। ৰাণীৰ এই প্ৰস্তাৱ ৰাজহুৱা সভাই গ্রহণ কৰে যদিও ৰাইজ বিপাঙত পৰে। সকলোৰে মনত এটাই প্ৰশ্ন, শেষত অহাজনে যদি ১কোটি পায়, ১০লাখ টকাৰ কাৰণে নো কোন প্ৰথম হ'ব!..."
--কাহিনী গতানুগতিক নহয়। কিন্তু চিনেমা এখনৰ মূল দিশ "চৰিত্ৰ" নিৰ্মাণ, শব্দ প্ৰয়োগ, কেমেৰাৰ ভাষা প্ৰয়োগ, গল্প কোৱাৰ শৈলী। আমি আশা ৰাখিম পৰিচালক গৰাকীয়ে এই দিশত  চিত্ৰৰসিকক হতাশ নকৰে, নতুন চিনেচিন্তাৰে নতুন বাট কাটিব!

মঙ্গলবার, ২০ আগস্ট, ২০২৪

তাৰিখ /চিনেচৰ্চা

হিমজ্যোতি তালুকদাৰৰ "তাৰিখ"। ৰূপালী গল্পটোৰ গতিত স্পষ্ট হয়-- তাৰিখ: ৩০ অক্টোবৰ। ২০০৮ চনৰ এই দিনটোত মহানগৰীৰ গণেশগুৰি আৰু কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদত ধাৰাবাহিক বিস্ফোৰণ সংঘটিত হৈছিল ইয়াৰ ভিতৰত গণেশগুৰিত সৰ্বাধিক লোকৰ মৃত্যু হৈছিল৷ ৮১ জন নিৰীহ লোকে প্ৰাণ হেৰুৱাৰ লগতে ৪৭০ জনৰ জীৱন ঘূণীয়া হৈছিল চিৰদিনৰ বাবে। এই ৰক্তাক্ত সময়ৰ সৈতে সাঙুৰি নিৰ্মাণ কৰিছে "তাৰিখ"ৰ মূল চৰিত্ৰ(কাহিনী-ৰেখাৰ মূল বিন্দু) ৭০ বছৰীয়া দুর্লভ দত্ত। (চিত্ৰনাট্যকাৰ, পৰিচালকে চৰিত্ৰটো নিৰ্মাণ কৰিছে অৰুণ নাথক লৈ। চৰিত্ৰটো নিৰ্মাণত সাহিত্যৰ ভাষা প্ৰয়োগ কৰা নাই। কেমেৰাৰ ভাষা, অভিনেতা গৰাকীৰ শৰীৰ-চেহেৰাৰ ভাষাৰে "চৰিত্ৰ সৌন্দৰ্য"ৰৈ ৰূপান্তৰ কৰিছে।)। কেমেৰাৰৰ ভাষাৰে নিৰ্মাণ কৰা, গতি দিয়া চৰিত্ৰটো ৰূপালী গল্পটোৰ মূল সৌন্দৰ্য। প্ৰথম কথা দুৰ্লভ দত্ত পৰিচালকৰ চৰিত্ৰ। এনে চৰিত্ৰ নিৰ্মাণ সম্ভৱ চিনেমা বিষয়ত দখল থকা, চিনে শক্তি থকা পৰিচালকৰ দ্বাৰাহে। দ্বিতীয় কথা এনে চৰিত্ৰ নিৰ্মাণ সম্ভৱ আভিনেতাৰ অভিনয় শক্তিৰেহে। "দুৰ্লভ দত্ত"ত হিমজ্যোতিৰ চিনে শক্তি (Cine power), "চৰিত্ৰক" লৈ সদা সচেতন অভিনয় শিল্পী অৰুণ নাথৰ অভিনয় শক্তি (Acting power) স্পষ্ট।
--কেমেৰাৰ ভাষাৰ "দুৰ্লভ দত্ত"ৰ গতি। গীত শুনিছে, চাহ বনাইছে, চচমা জোৰ পিন্ধিছে, (হয়তো দেখাত দিগদাৰ পাইছে! চচমাৰ আয়না দুখন চাফা কৰি লৈ আকৌ পিন্ধিছে। কলম এটা হাতত তুলি লৈছে, খাম এটাত "ঠিকনা" লিখিছে! ঘৰটোৰ বাহিৰলৈ "দুৰ্লভ দত্ত"ৰ গতি। 

--আৰক্ষী বিষয়া এগৰাকীক ঠিকনা লিখা খামটো দিয়ে। আৰক্ষী বিষয়া গৰাকীৰ মুখত দিয়া সংলাপৰ পৰা জনা যায়-- পত্ৰ খন মুখ্যমন্ত্ৰীলৈ লিখিছে, মুখ্যমন্ত্ৰীৰ নামটো "আকৌ ভুল"কৈ লিখিছে। (কেমেৰাৰ ভাষাত দেখা যায়-- "...গগৈ" লিখিছে।) বুজা যায়-- একে ধৰণৰ পত্ৰ লৈ আৰক্ষী বিষয়া গৰাকীৰ ওচৰলৈ পূৰ্বেও আহিছিল দুৰ্লভ দত্ত। "ছাৰ, আপুনি আৰু আহিব নালাগে নেকি!" --আৰক্ষী বিষয়া গৰাকীৰ মুখত দিয়া সংলাপ।

--দুৰ্লভ দত্তই কিবা বিচাৰিছে, কাৰোবাৰ সন্ধান কৰিছে! কাহিনী বহু খিনি আগবঢ়াৰ পাছত দৰ্শকে জানিব পাৰে নিজৰ পুত্ৰৰ সন্ধান কৰিছে, ৩০ অক্টোবৰ ২০০৮ৰ বিস্ফোৰণত মৃত্যু হোৱা পুত্ৰৰ। 

--শিক্ষক আছিল দুৰ্লভ দত্ত। কলেজত পঢ়ুৱাইছিল। পত্নীৰ মৃত্যু হৈছিল, পুত্ৰৰ সৈতে সুখৰ সময় পাৰ কৰিছিল। বন্ধুৰ দৰে সম্পৰ্ক আছিল পুত্ৰৰ সৈতে। পুত্ৰৰ মৃত্যু হৈছিল! পুত্ৰৰ মৃত্যু মানি লব পৰা নাছিল! সেই "দিন"টোতে মন-মগজু ৰৈ গৈছিল দুৰ্লভ দত্তৰ। (Post-traumatic stress disorder নামৰ এটা বিশেষ মনোৰোগত আক্ৰান্ত চৰিত্ৰটো।)

--মূল বিন্দুটো গতি লোৱাৰ পাছত আকাৰ লোৱা এই গল্প বুজাত আমি দিগদাৰ অনুভৱ কৰা নাছিলোঁ। কেমেৰাৰ ভাষাই দুৰ্লভ দত্ত কেন্দ্ৰিক "সাঁথৰ" নিৰ্মাণ কৰিছে, "সাঁথৰ ভাঙিছে" কাহিনীৰ গতিত পৰিপাটিকৈ গুঠা, নিৰ্মাণ কৰা চৰিত্ৰৰ (পার্শ্ব চৰিত্ৰ!) ওঁঠত দিয়া সাহিত্যৰ ভাষাৰে। 

--মূল বিন্দুৰ গতিত "চৰিত্ৰ" গুঠা দিশটো ৰূপালী গল্পটোৰ আন এটা ইতিবাচক দিশ। চিনেমা খনৰ দৰ্শক হৈ থকা সময়ত যেতিয়া মনলৈ আহিছে, দুৰ্লভ দত্ত অকলে থাকে নেকি! ঠিক তেতিয়াই এটা চৰিত্ৰ "পৰ্দা"লৈ আনিছে। ঘৰত কাম কৰা মহিলা এগৰাকীৰ "চৰিত্ৰ" ৰাধা, স্বামী বসন্ত আৰু কিশোৰী সন্তানটোৰ সৈতে দুৰ্লভ দত্তৰ ঘৰতে থাকে। অশান্ত মনৰ দুৰ্লভ দত্তক অকলে এৰি যাবলৈ ৰাজি নহয় ৰাধা। ৰাধাৰ মাকেও এই খন ঘৰেতে কাম কৰিছিল। ৰাধা-বসন্তই দুৰ্লভ দত্তক  দেউতা বুলি মাতে। অতি কম ফুটেজতে কৰা "চৰিত্ৰ" তিনিটাৰ বিন্যাসো পৰিপাটি।

কাহিনীক গতি দিবলৈ পৰিচালকে নিৰ্মাণ কৰিছে আন এটা চৰিত্ৰ, বলোৰাম দাসক লৈ। এগৰাকী সাংবাদিকৰ (পৰ্টেল এটাৰ সৎ সাংবাদিক। "চৰিত্ৰ"টো মনেৰে মানি ল'ব নোৱাৰিলোঁ। ত্ৰুটি মুক্ত নহয়।)। (প্ৰথম অৱস্থাত দেখা যায়-- ঘৰত অকলে থাকে, পত্নী-এক মাত্ৰ কন্যা সন্তানৰ অপেক্ষাত আছে।) দুৰ্লভ দত্তৰ ওচৰ চাপে, মানসিক চিকিৎসকৰ সহায়ত দত্তক স্বাভাৱিক অৱস্থালৈ আনিবলৈ যত্ন কৰে, সফল হয়। 

ৰূপালী গল্পটোৰ শেষৰ দৃশ্যাংশত দুৰ্লভ দত্তই ছবি আঁকি থকা কণমানিজনীলৈ আগবঢ়াই দিয়ে এপেকেট ৰং পেঞ্চিল। দত্তৰ চেহেৰাত-- সুখৰ ৰং।

ৰূপালী গল্পটোৰ শেষত দৰ্শকে জানিব পাৰে সাংবাদিক গৰাকীয়ে অপেক্ষাত থকা পত্নী-কন্যা সন্তানৰ মৃত্যু হৈছে ৩০ অক্টোবৰ ২০০৮ৰ বিস্ফোৰণত। সাংবাদিক গৰাকীক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা কাহিনী বিন্যাস পৰিপাটি, শেষ বিন্দুত চমক।

অৰুণ নাথ, বলোৰাম দাসৰ লগতে আমাক চুই যোৱা আন দুটা চৰিত্ৰ--  বসন্ত মেকানিক আৰু ৰাধা। চৰিত্ৰ দুটা নিৰ্মাণ কৰিছে ক্ৰমে কুল কুলদীপ, স্বাগতা ভৰালীকলৈ। বাকীসকল অভিনেতা-অভিনেত্ৰীৰো অভিনয় 

অনন্য, চুই যোৱা।

ৰূপালী গল্পটোৰ ইতিবাচক আন চাৰিটা দিশ-- অনিৰুদ্ধ বৰুৱাৰ কেমেৰাৰ কাম (শ্বট নিৰ্মাণ, শ্বট নিৰ্বাচন), দেৱজিত গায়নৰ শব্দ অলংকাৰ, উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্যৰ সম্পাদনা, তৰালি শৰ্মাৰ সংগীত (আৱহ সংগীত, গীত)। 

--উৎপল মেনাউৎপল মেনা



শুক্রবার, ১৬ আগস্ট, ২০২৪

ৰজত কমল ২০২২, "এমুঠি পুঠি"লৈ: চিনেমা খনৰ শ্বুটিঙৰ বাবে সচৰাচৰ ব্যৱহৃত কেমেৰাসমূহৰ সলনি ব্যৱহাৰ কৰিছিল আই ফোন (iPhone)।

"এমুঠি পুঠি"লৈ ২০২২ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ শিতানত ৰজত কমল। চিনেমা খনৰ পৰিচালক কুলনন্দিনী মহন্ত। চিনেমা খনৰ লেখক "কথানদী", "আমিষ"ৰে চৰ্চালৈ অহা পৰিচালক ভাস্কৰ হাজৰিকা আৰু সুনয়না দত্ত। স্বাভাৱিকতে "এমুঠি পুঠি - এ ভেৰী ফিচি ট্ৰিপ"ৰ গল্পৰ গতি, বিষয়বস্তুত আমি অনুভৱ কৰিছিলোঁ নতুন চিনেচিন্তা। তেনেদৰে পৰিচালকেও চিনে গল্পটোক গতি দিছে নতুন বাট কাটি। পৰিচালকে ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ কৰিছে অভিনয়, সংগীত ইত্যাদি। চৰিত্ৰ নিৰ্মান কৰিছিল কেনী বসুমতাৰী, মনোজ বৰকটকী, ৰুবুল বড়ো, নিতালী দাস, প্ৰতিভা চৌধুৰী, সৃষ্টি শৰ্মা, মণীষা ভূঞা আদিক লৈ। ৰূপালী গল্পটোৰ মূল বিন্দু --এগৰাকী কিশোৰী। মনত ক্ষোভ! ক্ষোভ বিদ্ৰোহলৈ ৰূপান্তৰ হয়, আৰু এদিন মাজনিশা ঘৰ এৰে। ঘৰ এৰি যাত্ৰা কৰে ৰহস্যময় মাছৰ সন্ধানত, আইতাকৰ সৈতে। কিশোৰী আৰু আইতাকৰ পিছ লয় এগৰাকী আৰক্ষীয়ে। কাহিনীয়ে গতি লয়, দৰ্শকে জানিব পাৰে-- (কাকতালীয়ভাৱে) কিশোৰী গৰাকীৰ মাক, আইতাকৰ জীয়েক আৰক্ষী গৰাকী। মজাৰ চিনে যাত্ৰা জটিল মানৱীয় আৱেগেৰে সিক্ত। মধুৰ চিনে অনুভৱ! কেমেৰাৰ ভাষা, সাহিত্যৰ ভাষাৰ লগতে ৰূপালী গল্পটোক গতি দিছে গীতেৰে। ব্যৱহাৰ কৰা গীতৰ লগতে বেছহোলৰ (মনদ্বীপ তাৰো) আৱহ সংগীত চিনেমা খনৰ আন এক সৌন্দৰ্য। উল্লেখ্য যে এই পূৰ্ণদৈৰ্ঘ্যৰ চিনেমা খনৰ শ্বুটিঙৰ বাবে সচৰাচৰ ব্যৱহৃত কেমেৰাসমূহৰ সলনি  ব্যৱহাৰ কৰিছিল আই ফোন (iPhone)। ১১৫ মিনিট দৈৰ্ঘৰ চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ১৭ জুন ২০২২-ত। স্থানীয় বজাৰত চিনেমা খনৰ ব্যৱসায় আছিল-- "এভাৰেজ"। 
------------
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২২

কুলনন্দিনী মহন্তৰ 'এমুঠি পুঠি'লৈ শ্ৰেষ্ঠ অসমীয়া চিনেমা ৰজত কমল । 
ড° ববী শৰ্মা বৰুৱাৰ 'ছিকাল'লৈ শ্ৰেষ্ঠ তিৱা চিনেমাৰ ৰজত কমল । 
পাৰ্থসাৰথি মহন্ত আৰু আইমী বৰুৱাৰ তথ্যচিত্ৰলৈ জুৰীৰ বিশেষ উল্লেখ ।




বুধবার, ৭ আগস্ট, ২০২৪

মণ্টুৰ মনটো/ চিনেচৰ্চা

ৰূপালী গল্পটোৰ গতিৰ পূৰ্বেই পৰিপাটি শ্বট প্ৰয়োগৰ এটা ডেউৰী বিহুগীত। পৰিচালকে গল্পই আকাৰ, গতি লোৱাৰ আগতেই ডেউৰী বিহুগীতটোৰে স্পষ্ট কৰি দিছে গল্পৰ সীমা ৰেখাা। গল্পই গতি লোৱাৰ পাছতো স্পষ্ট কৰি গৈছে ভূগোল, পৰ্যায় ক্ৰমে ইতিহাস। --ইয়াতেই স্পষ্ট পৰিচালকৰ "চিনেমা অধ্যয়ণ"ৰ সবল বৃত্তটো। 

--চিনেমা খনৰ নাম "মণ্টুৰ মনটো"। ৰমেন বৰাৰ চিত্ৰনাট্য, সম্পাদনা আৰু পৰিচালনা। দৈৰ্ঘ ১২৭ মিনিট। 

--চিনেমা খনৰ গল্পৰ মূল বিন্দু মণ্টু। কিশোৰ মণ্টু! মাকৰ সৈতে থাকে। পিতৃ কাৰাগাৰত। মাতৃৰ গৰ্ভত "মণ্টু"ক এৰি হাতত "বিপ্লৱৰ বন্দুক" তুলি লৈছিল। ম্যানমাৰত গ্ৰেপ্তাৰ হৈছে। সংগী বুলিবলৈ তেজ মঙহৰ সম্পৰ্ক নথকা এগৰাকী ককাক আৰু বাবলা নামৰ ছাগলীও আছে-- মণ্টুৰ। মণ্টুই মনৰ কথা বাবলাকহে কয়। 

--মণ্টুৰ মাহিয়েক এজনী আছে। সুন্দৰ মনৰ, গীতৰ মাজত ডুবি থাকি ভাল পায় মহীয়েকে। মাহীয়েকৰ দৰে মণ্টুৰ মাকেও গীতৰ মাজত থাকি ভাল পায়। (মাহীয়েক আৰু মাকৰ ওঁঠত ব্যৱহাৰ কৰা গীত প্ৰয়োগ, গীত প্ৰয়োগৰ ডিজাইন চিনেমা খনৰ দ্বিতীয়টো ইতিবাচক দিশ। প্ৰথমটো ইতিবাচক দিশ-- কেমেৰাৰ ভাষা ডিজাইন। এই দুটা দিশ চিনে সৌন্দৰ্যলৈ ৰূপান্তৰ হৈছে।) মাহীয়েকো মণ্টুৰ প্ৰিয়। গল্পৰ গতি কিছু আগ বঢ়াৰ পাছতে মণ্টুৰ মাহীয়েকৰ বিয়া হয়। বিয়াৰ পাছদিন পুৱা মাহীয়েকক নেদেখি মণ্টুই জানিব বিছাৰে-- "মাহী কলৈ গ'ল!" ককাকে ক'লে-- "...মহাই লৈ গ'ল!" এই সংলাপটোৰ পাছতেই মণ্টুৰ মন সলনি হয়, মণ্টুৰ মনলৈ বেজাৰ আহে।

বেজাৰৰ কাৰণ কোনেও ধৰিব নোৱাৰে। বাবলাক কোৱাতহে দৰ্শকে জানিব পাৰে মণ্টুৰ বেজাৰৰ কাৰণ-- মাহীয়েকৰ দৰে যদি মাকৰো বিয়া হয়, বিয়া হৈ গুছি যায়, সি কাৰ লগত থাকিব! "বাবলা তই জাননে মা কালৈ বিয়া হ'ব?...মাক ময়ে বিয়া পাতি থও নেকি!" --বাবলাক কয় মণ্টুৱে। চিনেমা খনৰ নামটোৰ কথা মনত ৰাখি ক'ব পাৰি, মণ্টুৰ মনলৈ অহা "বিয়াৰ চিন্তা"টোৱে চিনেমা খনৰ বিষয় বস্তু। আৰু "বিষয় বস্তু"ৰ কথা মনত ৰাখি ক'ব পাৰি-- "বিষয় বস্তু"ৰ বাবে নিৰ্মাণ কৰা কাহিনীটোৰ বুনিয়াদ নিৰ্মাণত পৰিচালক-চিত্ৰনাট্যকাৰৰ পৰিশ্ৰমৰ প্ৰয়োজন আছিল। মণ্টুৰ মাকৰ (মাক কেন্দ্ৰিক কাহিনীৰ), মাকৰ পৰিয়ালৰ নামত খৰছ কৰা "দৈৰ্ঘ" কম কৰাৰ প্ৰয়োজন আছিল-- আমাৰ ধাৰণাত। কম "দৈৰ্ঘ"ত মাকৰ চৰিত্ৰটোৰ  বিন্যাস সম্ভৱ আছিল, তেনে কৰিলে চিনেমা খনৰ দৰ্শক হৈ থাকোতে কৰা "অযথা দৈৰ্ঘ"  অনুভৱৰ বাট নাথাকিল হেতেন! --পৰিশ্ৰমৰ প্ৰয়োজন আছিল মণ্টু-বাবলাৰ ছিকুৱেন্স নিৰ্মাণতো।

--গীত প্ৰয়োগ, কেমেৰা ডিজাইনৰ পাছতে "মণ্টুৰ মনটো"ৰ ৰূপালী সৌন্দৰ্য অভিনয়। "চৰিত্ৰ" নিৰ্মাণ কৰিছে "বাস্তৱিক অভিনয়" (realistic acting)-ৰে। অভিনেতা-অভিনেত্ৰীৰ আচৰণ, সংলাপ প্ৰক্ষেপণ নাটকীয় শূন্য। বিশেষ ভাবে প্ৰশংসা কৰিব পাৰোঁ-- মন্টুৰ চৰিত্ৰত শুভম অগ্নিমিত্ৰ, মাকৰ চৰিত্ৰত মন্দাকিনী গোস্বামী আৰু পেহাৰ চৰিত্ৰত অভিনয় কৰা মহেন্দ্ৰ দাসক। কিশোৰ অভিনেতা শুভমৰ চেহেৰাৰ ভাষা, আচৰণ মন চুই যোৱা। (পেহা আৰু মণ্টু-- চৰিত্ৰ দুটাুৰ পৰিপাটি নিৰ্মাণ, বিন্যাসত পৰিচালক-চিত্ৰনাট্যকাৰৰ চিনেশক্তি স্পষ্ট। --চিনেশক্তি স্পষ্ট মাক-মণ্টুৰ সম্পৰ্ক নিৰ্মাণত ব্যৱহাৰ কৰা কেইটামাণ ছিকুৱেন্সত। সাহিত্যৰ ভাষাৰ সামান্য ব্যৱহাৰ, কেমেৰাৰ ভাষাক গুৰুত্ব দি নিৰ্মাণ কৰা ছিকুৱেন্স কেইটা চিনেমা খনৰ বিশেষ সৌন্দৰ্য। এটা উদাহৰণ: কাৰাগাৰত থকা দেউতাকে লিখা কবিতা মণ্টুৰ মাকে পাঠ কৰে। পাঠ কৰাৰ সময়ত চকুলৈ পানী আহে। মণ্টুৰ মাকে উচুপি উঠে।  মণ্টুৱে কবিতা লিখা কাগজ খিলা মাকৰ হাতৰ পৰা ঠপিয়াই নি মোহাৰি দলিয়াই দিয়ে। মাকৰ খং! মণ্টুৰ ওঁঠত চুটি সংলাপ। সি মাকৰ চকুপানী সহ্য কৰিব নোৱাৰে। 

(আৰু আছে/ অসম্পাদিত/ সম্পূৰ্ণ লেখা "অসমীয়া চিনেমা"ৰ দ্বিতীয় খণ্ডৰ দ্বিতীয় সংস্কৰণত ছপা হ'ব।)