শুক্রবার, ৩০ আগস্ট, ২০২৪
ভূপেন হাজৰিকা: ওচৰৰ পৰা, আঁতৰৰ পৰা/২
ভূপেন হাজৰিকা: ওচৰৰ পৰা, আঁতৰৰ পৰা
সোমবার, ২৬ আগস্ট, ২০২৪
প্ৰতিযোগীজনক পুৰস্কাৰ হিচাপে দিয়া হ'ব নগদ ধন ১কোটি টকা/ চিনে চৰ্চা
মঙ্গলবার, ২০ আগস্ট, ২০২৪
তাৰিখ /চিনেচৰ্চা
--আৰক্ষী বিষয়া এগৰাকীক ঠিকনা লিখা খামটো দিয়ে। আৰক্ষী বিষয়া গৰাকীৰ মুখত দিয়া সংলাপৰ পৰা জনা যায়-- পত্ৰ খন মুখ্যমন্ত্ৰীলৈ লিখিছে, মুখ্যমন্ত্ৰীৰ নামটো "আকৌ ভুল"কৈ লিখিছে। (কেমেৰাৰ ভাষাত দেখা যায়-- "...গগৈ" লিখিছে।) বুজা যায়-- একে ধৰণৰ পত্ৰ লৈ আৰক্ষী বিষয়া গৰাকীৰ ওচৰলৈ পূৰ্বেও আহিছিল দুৰ্লভ দত্ত। "ছাৰ, আপুনি আৰু আহিব নালাগে নেকি!" --আৰক্ষী বিষয়া গৰাকীৰ মুখত দিয়া সংলাপ।
--দুৰ্লভ দত্তই কিবা বিচাৰিছে, কাৰোবাৰ সন্ধান কৰিছে! কাহিনী বহু খিনি আগবঢ়াৰ পাছত দৰ্শকে জানিব পাৰে নিজৰ পুত্ৰৰ সন্ধান কৰিছে, ৩০ অক্টোবৰ ২০০৮ৰ বিস্ফোৰণত মৃত্যু হোৱা পুত্ৰৰ।
--শিক্ষক আছিল দুৰ্লভ দত্ত। কলেজত পঢ়ুৱাইছিল। পত্নীৰ মৃত্যু হৈছিল, পুত্ৰৰ সৈতে সুখৰ সময় পাৰ কৰিছিল। বন্ধুৰ দৰে সম্পৰ্ক আছিল পুত্ৰৰ সৈতে। পুত্ৰৰ মৃত্যু হৈছিল! পুত্ৰৰ মৃত্যু মানি লব পৰা নাছিল! সেই "দিন"টোতে মন-মগজু ৰৈ গৈছিল দুৰ্লভ দত্তৰ। (Post-traumatic stress disorder নামৰ এটা বিশেষ মনোৰোগত আক্ৰান্ত চৰিত্ৰটো।)
--মূল বিন্দুটো গতি লোৱাৰ পাছত আকাৰ লোৱা এই গল্প বুজাত আমি দিগদাৰ অনুভৱ কৰা নাছিলোঁ। কেমেৰাৰ ভাষাই দুৰ্লভ দত্ত কেন্দ্ৰিক "সাঁথৰ" নিৰ্মাণ কৰিছে, "সাঁথৰ ভাঙিছে" কাহিনীৰ গতিত পৰিপাটিকৈ গুঠা, নিৰ্মাণ কৰা চৰিত্ৰৰ (পার্শ্ব চৰিত্ৰ!) ওঁঠত দিয়া সাহিত্যৰ ভাষাৰে।
--মূল বিন্দুৰ গতিত "চৰিত্ৰ" গুঠা দিশটো ৰূপালী গল্পটোৰ আন এটা ইতিবাচক দিশ। চিনেমা খনৰ দৰ্শক হৈ থকা সময়ত যেতিয়া মনলৈ আহিছে, দুৰ্লভ দত্ত অকলে থাকে নেকি! ঠিক তেতিয়াই এটা চৰিত্ৰ "পৰ্দা"লৈ আনিছে। ঘৰত কাম কৰা মহিলা এগৰাকীৰ "চৰিত্ৰ" ৰাধা, স্বামী বসন্ত আৰু কিশোৰী সন্তানটোৰ সৈতে দুৰ্লভ দত্তৰ ঘৰতে থাকে। অশান্ত মনৰ দুৰ্লভ দত্তক অকলে এৰি যাবলৈ ৰাজি নহয় ৰাধা। ৰাধাৰ মাকেও এই খন ঘৰেতে কাম কৰিছিল। ৰাধা-বসন্তই দুৰ্লভ দত্তক দেউতা বুলি মাতে। অতি কম ফুটেজতে কৰা "চৰিত্ৰ" তিনিটাৰ বিন্যাসো পৰিপাটি।
কাহিনীক গতি দিবলৈ পৰিচালকে নিৰ্মাণ কৰিছে আন এটা চৰিত্ৰ, বলোৰাম দাসক লৈ। এগৰাকী সাংবাদিকৰ (পৰ্টেল এটাৰ সৎ সাংবাদিক। "চৰিত্ৰ"টো মনেৰে মানি ল'ব নোৱাৰিলোঁ। ত্ৰুটি মুক্ত নহয়।)। (প্ৰথম অৱস্থাত দেখা যায়-- ঘৰত অকলে থাকে, পত্নী-এক মাত্ৰ কন্যা সন্তানৰ অপেক্ষাত আছে।) দুৰ্লভ দত্তৰ ওচৰ চাপে, মানসিক চিকিৎসকৰ সহায়ত দত্তক স্বাভাৱিক অৱস্থালৈ আনিবলৈ যত্ন কৰে, সফল হয়।
ৰূপালী গল্পটোৰ শেষৰ দৃশ্যাংশত দুৰ্লভ দত্তই ছবি আঁকি থকা কণমানিজনীলৈ আগবঢ়াই দিয়ে এপেকেট ৰং পেঞ্চিল। দত্তৰ চেহেৰাত-- সুখৰ ৰং।
ৰূপালী গল্পটোৰ শেষত দৰ্শকে জানিব পাৰে সাংবাদিক গৰাকীয়ে অপেক্ষাত থকা পত্নী-কন্যা সন্তানৰ মৃত্যু হৈছে ৩০ অক্টোবৰ ২০০৮ৰ বিস্ফোৰণত। সাংবাদিক গৰাকীক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা কাহিনী বিন্যাস পৰিপাটি, শেষ বিন্দুত চমক।
অৰুণ নাথ, বলোৰাম দাসৰ লগতে আমাক চুই যোৱা আন দুটা চৰিত্ৰ-- বসন্ত মেকানিক আৰু ৰাধা। চৰিত্ৰ দুটা নিৰ্মাণ কৰিছে ক্ৰমে কুল কুলদীপ, স্বাগতা ভৰালীকলৈ। বাকীসকল অভিনেতা-অভিনেত্ৰীৰো অভিনয়
অনন্য, চুই যোৱা।
ৰূপালী গল্পটোৰ ইতিবাচক আন চাৰিটা দিশ-- অনিৰুদ্ধ বৰুৱাৰ কেমেৰাৰ কাম (শ্বট নিৰ্মাণ, শ্বট নিৰ্বাচন), দেৱজিত গায়নৰ শব্দ অলংকাৰ, উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্যৰ সম্পাদনা, তৰালি শৰ্মাৰ সংগীত (আৱহ সংগীত, গীত)।
--উৎপল মেনাউৎপল মেনা
শুক্রবার, ১৬ আগস্ট, ২০২৪
ৰজত কমল ২০২২, "এমুঠি পুঠি"লৈ: চিনেমা খনৰ শ্বুটিঙৰ বাবে সচৰাচৰ ব্যৱহৃত কেমেৰাসমূহৰ সলনি ব্যৱহাৰ কৰিছিল আই ফোন (iPhone)।
বুধবার, ৭ আগস্ট, ২০২৪
মণ্টুৰ মনটো/ চিনেচৰ্চা
--চিনেমা খনৰ নাম "মণ্টুৰ মনটো"। ৰমেন বৰাৰ চিত্ৰনাট্য, সম্পাদনা আৰু পৰিচালনা। দৈৰ্ঘ ১২৭ মিনিট।
--চিনেমা খনৰ গল্পৰ মূল বিন্দু মণ্টু। কিশোৰ মণ্টু! মাকৰ সৈতে থাকে। পিতৃ কাৰাগাৰত। মাতৃৰ গৰ্ভত "মণ্টু"ক এৰি হাতত "বিপ্লৱৰ বন্দুক" তুলি লৈছিল। ম্যানমাৰত গ্ৰেপ্তাৰ হৈছে। সংগী বুলিবলৈ তেজ মঙহৰ সম্পৰ্ক নথকা এগৰাকী ককাক আৰু বাবলা নামৰ ছাগলীও আছে-- মণ্টুৰ। মণ্টুই মনৰ কথা বাবলাকহে কয়।
--মণ্টুৰ মাহিয়েক এজনী আছে। সুন্দৰ মনৰ, গীতৰ মাজত ডুবি থাকি ভাল পায় মহীয়েকে। মাহীয়েকৰ দৰে মণ্টুৰ মাকেও গীতৰ মাজত থাকি ভাল পায়। (মাহীয়েক আৰু মাকৰ ওঁঠত ব্যৱহাৰ কৰা গীত প্ৰয়োগ, গীত প্ৰয়োগৰ ডিজাইন চিনেমা খনৰ দ্বিতীয়টো ইতিবাচক দিশ। প্ৰথমটো ইতিবাচক দিশ-- কেমেৰাৰ ভাষা ডিজাইন। এই দুটা দিশ চিনে সৌন্দৰ্যলৈ ৰূপান্তৰ হৈছে।) মাহীয়েকো মণ্টুৰ প্ৰিয়। গল্পৰ গতি কিছু আগ বঢ়াৰ পাছতে মণ্টুৰ মাহীয়েকৰ বিয়া হয়। বিয়াৰ পাছদিন পুৱা মাহীয়েকক নেদেখি মণ্টুই জানিব বিছাৰে-- "মাহী কলৈ গ'ল!" ককাকে ক'লে-- "...মহাই লৈ গ'ল!" এই সংলাপটোৰ পাছতেই মণ্টুৰ মন সলনি হয়, মণ্টুৰ মনলৈ বেজাৰ আহে।
বেজাৰৰ কাৰণ কোনেও ধৰিব নোৱাৰে। বাবলাক কোৱাতহে দৰ্শকে জানিব পাৰে মণ্টুৰ বেজাৰৰ কাৰণ-- মাহীয়েকৰ দৰে যদি মাকৰো বিয়া হয়, বিয়া হৈ গুছি যায়, সি কাৰ লগত থাকিব! "বাবলা তই জাননে মা কালৈ বিয়া হ'ব?...মাক ময়ে বিয়া পাতি থও নেকি!" --বাবলাক কয় মণ্টুৱে। চিনেমা খনৰ নামটোৰ কথা মনত ৰাখি ক'ব পাৰি, মণ্টুৰ মনলৈ অহা "বিয়াৰ চিন্তা"টোৱে চিনেমা খনৰ বিষয় বস্তু। আৰু "বিষয় বস্তু"ৰ কথা মনত ৰাখি ক'ব পাৰি-- "বিষয় বস্তু"ৰ বাবে নিৰ্মাণ কৰা কাহিনীটোৰ বুনিয়াদ নিৰ্মাণত পৰিচালক-চিত্ৰনাট্যকাৰৰ পৰিশ্ৰমৰ প্ৰয়োজন আছিল। মণ্টুৰ মাকৰ (মাক কেন্দ্ৰিক কাহিনীৰ), মাকৰ পৰিয়ালৰ নামত খৰছ কৰা "দৈৰ্ঘ" কম কৰাৰ প্ৰয়োজন আছিল-- আমাৰ ধাৰণাত। কম "দৈৰ্ঘ"ত মাকৰ চৰিত্ৰটোৰ বিন্যাস সম্ভৱ আছিল, তেনে কৰিলে চিনেমা খনৰ দৰ্শক হৈ থাকোতে কৰা "অযথা দৈৰ্ঘ" অনুভৱৰ বাট নাথাকিল হেতেন! --পৰিশ্ৰমৰ প্ৰয়োজন আছিল মণ্টু-বাবলাৰ ছিকুৱেন্স নিৰ্মাণতো।--গীত প্ৰয়োগ, কেমেৰা ডিজাইনৰ পাছতে "মণ্টুৰ মনটো"ৰ ৰূপালী সৌন্দৰ্য অভিনয়। "চৰিত্ৰ" নিৰ্মাণ কৰিছে "বাস্তৱিক অভিনয়" (realistic acting)-ৰে। অভিনেতা-অভিনেত্ৰীৰ আচৰণ, সংলাপ প্ৰক্ষেপণ নাটকীয় শূন্য। বিশেষ ভাবে প্ৰশংসা কৰিব পাৰোঁ-- মন্টুৰ চৰিত্ৰত শুভম অগ্নিমিত্ৰ, মাকৰ চৰিত্ৰত মন্দাকিনী গোস্বামী আৰু পেহাৰ চৰিত্ৰত অভিনয় কৰা মহেন্দ্ৰ দাসক। কিশোৰ অভিনেতা শুভমৰ চেহেৰাৰ ভাষা, আচৰণ মন চুই যোৱা। (পেহা আৰু মণ্টু-- চৰিত্ৰ দুটাুৰ পৰিপাটি নিৰ্মাণ, বিন্যাসত পৰিচালক-চিত্ৰনাট্যকাৰৰ চিনেশক্তি স্পষ্ট। --চিনেশক্তি স্পষ্ট মাক-মণ্টুৰ সম্পৰ্ক নিৰ্মাণত ব্যৱহাৰ কৰা কেইটামাণ ছিকুৱেন্সত। সাহিত্যৰ ভাষাৰ সামান্য ব্যৱহাৰ, কেমেৰাৰ ভাষাক গুৰুত্ব দি নিৰ্মাণ কৰা ছিকুৱেন্স কেইটা চিনেমা খনৰ বিশেষ সৌন্দৰ্য। এটা উদাহৰণ: কাৰাগাৰত থকা দেউতাকে লিখা কবিতা মণ্টুৰ মাকে পাঠ কৰে। পাঠ কৰাৰ সময়ত চকুলৈ পানী আহে। মণ্টুৰ মাকে উচুপি উঠে। মণ্টুৱে কবিতা লিখা কাগজ খিলা মাকৰ হাতৰ পৰা ঠপিয়াই নি মোহাৰি দলিয়াই দিয়ে। মাকৰ খং! মণ্টুৰ ওঁঠত চুটি সংলাপ। সি মাকৰ চকুপানী সহ্য কৰিব নোৱাৰে।
(আৰু আছে/ অসম্পাদিত/ সম্পূৰ্ণ লেখা "অসমীয়া চিনেমা"ৰ দ্বিতীয় খণ্ডৰ দ্বিতীয় সংস্কৰণত ছপা হ'ব।)