জুৰিয়ে ঘোষনা কৰিলে।
--নাই নিজৰ নিজৰ কৌশলেৰে প্ৰচাৰ কৰা এখনো চিনেমা নাথাকিল।
-- তামিল চিনেমা 'কুঝাংগল' অস্কাৰৰ ভাৰতৰ 'অফিচিয়েল এণ্ট্ৰী' বাবে নিৰ্বাচন কৰি বিচাৰক মণ্ডলিয়ে (ফিল্ম ফেডাৰেচন অৱ ইণ্ডিয়াই ছাজি এন কৰুণৰ নেতৃত্বত গঠন কৰি দিয়া ১৫ জনীয়া নিৰ্বাচন কমিটীয়ে) যেন স্পষ্ট কৰি দিলে, প্ৰচাৰ কচৰৎ 'গুৰুত্ব শূন্য'।
--প্ৰচাৰ দৌৰত আছিল 'শ্বেৰনি',' ছৰ্দাৰ উধম', 'ব্ৰীজ', 'নয়াট্টু’ আৰু ‘মন্দেলা'। 'ব্ৰীজ'ৰ স্থানীয় প্ৰচাৰ দেখি এনে লাগিছিল-- চিনেমা খন যেন 'অস্কাৰ' বাবে নিৰ্বচন হৈছে! 'শ্বেৰনি',' ছৰ্দাৰ উধম'ৰ প্ৰচাৰ আছিল এখোপ চৰা। পিছে আটাই কেইখন চিনেমায়ে দৌৰাৰ আগতেই পিছল খালে। এয়া অৱশ্যে ঠিক-- প্ৰচাৰ বিলাস পূৰ্ণ হ'ল। (প্ৰচাৰ বিলাস পূৰ্ণ কৰাৰ স্বাৰ্থত কিন্তু প্ৰযোজক-পৰিচালক কেইগৰাকীয়ে অপৰাধ কৰিলে, সংবাদ মাধ্যমক 'মিছা'কৈ 'প্ৰচাৰ' লোৱাৰ অপৰাধ। আৰু 'অপৰাধী' শুনিয়ে 'সংবাদ'ৰ আকাৰ দিয়া সকলো।)
--ভাৰতৰ 'অফিচিয়েল এণ্ট্ৰী' হ'ল বাৰু! চিনেমা খনৰ নাম অহা বছৰৰ ২৭ মাৰ্চত লছ এঞ্জেলছৰ ৯৪ সংখ্যক একাডেমী বঁটাৰ মঞ্চৰ পৰা শুনিম নে? শুনিম বুলি আশা কৰিব পৰা পৰ্যায় পাবনে?
--পালে ভাল লাগিব! কিন্তু ভাল লাগিব পৰাকৈ আাশা কৰিবলৈ সাহস গোটাব নোৱাৰো দেখোন!
--এইবাৰ আবেদন জনোৱাৰ তালিকাত আছিল ৯ খন আঞ্চলিক ভাষাৰ চিনেমা। 'মন্দেলা'(তামিল), ‘আতা ভেল জ়ালি’ (মাৰাঠি), ‘কুঝাংগল ’ (তামিল), ‘ব্রিজ’ (অসমীয়া), ‘চেল্লো শো’ (গুজৰাটি), ‘গোদাভৰী’ (মাৰাঠি), ‘কাৰখানিছাঞ্চি ৱাড়ি’ (মাৰাঠি), ‘নায়াট্টু’ (মালায়ালাম) আৰু ‘লয়লা অউৰ সাত গীত’ (গোজৰি)।
--কথা প্ৰসংগত জুৰিৰ আসনত বহি ভাৰতৰ বিভিন্ন ভাষাৰ, ভিন্ন প্ৰান্তৰ চিনেম চোৱাৰ সুযোগ পোৱা অসমীয়া চিনেমাৰ পৰিচালক এগৰাকীয়ে কৈছিল, কেৱল দক্ষিণ ভাৰতৰ আঞ্চলিক ভাষাতে বছৰি ৩০-৪০ খন সাৰ্থক চিনেমা নিৰ্মাণ হয়। ইয়াৰে 'অস্কাৰ'ৰ টিলিঙা বজায় ২-৫ খনেহে। কেৱল আৰ্থিক কাৰণতে টিলিঙা বজোৱা কেইখনতকৈয়ো উন্নত মানৰ চিনেকৰ্ম 'অস্কাৰ নিৰ্বাচন'ৰ আতৰতে ৰৈ যায়। এনে দৰে ৰৈ যোৱা আঞ্চলিক ভাষাৰ চিনেমাৰ সংখ্যাও কম নহয়।
রবিবার, ২৪ অক্টোবর, ২০২১
চিত্ৰনাট্য/৬
প্ৰচাৰ মাধ্যমৰ আঁতৰত থাকি নিৰৱে চিনেকৰ্মত ব্যস্ত থকা জয়ছেং জয় দহোতীয়াৰ 'জলছবি' নিৰ্বাচিত হৈছে ব্ৰাজিলৰ মস্টাৰা নামেৰে খ্যাত ৪৫সংখ্যক চাও পাউলো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ। খবৰ পাইছিলো যোৱা ২৬ অক্টোৱৰত ব্ৰাজিলৰ ইটাউ চিনেমা স্পেচ থিয়েটাৰত চিনেমা খনৰ ৱৰ্ল্ড প্ৰিমিয়াৰ হ'ল। --এটা ভাল খবৰ। এখন 'ভাল চিনেমা'ৰ চিনেযাত্ৰাৰ ভাল লগা খবৰ। উল্লেখ্য যে চিনেমা খনৰ লেখক-পৰিছালক জয়ছেং জয় দহোতীয়া আৰু ভূপালী মৰাণে প্ৰযোজনা কৰা এই চিনেমা খনৰ সহ প্ৰযোজক : বাৰ্লিনৰ মগাদৰ ফিল্ম , ফ্রেংকফ্কুটৰ ফান দে মেন্টেল ষ্টুডিঅ’ আৰু আৰমান প্ৰডাকচনছ।
'জলছবি'ৰ প্ৰসংগত জয়ৰ সৈতে প্ৰথম চৰ্চা কৰিছিলো ২০০৮ চনতে। সেই সময়ত অনুভৱ কৰা 'গল্প'টো এনেধৰনৰ-- মূল চৰিত্ৰ তাপসীৰ আশা আৰু সপোনবোৰৰ সন্মুখত সময় আৰু বাস্তবে বাধাৰ প্ৰাচীৰ হৈ ধৰা দিয়ে। 'জলছবি'ৰ প্ৰসংগত জয়ৰ সৈতে প্ৰথম চৰ্চা কৰিছিলো ২০০৮ চনতে। সেই সময়ত অনুভৱ কৰা 'গল্প'টো এনেধৰনৰ-- মূল চৰিত্ৰ তাপসীৰ আশা আৰু সপোনবোৰৰ সন্মুখত সময় আৰু বাস্তবে বাধাৰ প্ৰাচীৰ হৈ ধৰা দিয়ে। জীৱনৰ এই যুঁজত তাপসী ধৰাশায়ী হয়, বিধ্বস্ত তাপসীয়ে তাইৰ সমস্ত আশা অদৃষ্টৰ হাতত তুলি দিবলৈ বাধ্য হয়। অজস্ৰজনৰ মাজত তাপসী লাহে লাহে হেৰাই যাবলৈ ধৰে; কিন্তু তাৰ মাজতে সময়ে পুনৰ তাপসীক নতুন ৰূপত প্ৰতিষ্ঠা কৰে। আন এগৰাকী নতুন তাপসীৰ সৃষ্টি হয়, সময়ৰ প্ৰবাহক গতিশীল কৰিবলৈ। জলছবিৰ দৰে জলমলাই জলমলাই আগৰবোৰ এদিন নোহোৱা হৈ পৰে, কোনোৱে হিচাপ নৰখাকৈ।
-- তাপসী নামৰ মূল চৰিত্ৰটিত অভিনয় কৰিছে বৰপেটাৰ দৰথী ভৰদ্বাজে। তাপসীৰ দেউতাকৰ চৰিত্ৰত অভিনয় কৰিছে কাকপথাৰৰ পুৰোধা নাট্যকর্মী নোমলচন্দ্ৰ গগৈয়ে, মাকৰ চৰিত্ৰত অভিনয় কৰিছে বিশিষ্ট বিহুনৃত্য পটীয়সী দুলভা মৰাণে। ইয়াৰ উপৰি ককায়েকৰ চৰিত্ৰত দুলুকান্ত মৰাণ, স্বামীৰ চৰিত্ৰ বিশাল অনুৰাগকে ধৰি অন্যান্য চৰিত্ৰত অখিল গগৈ, কৰবী দুৱৰা, বিপনজিত গগৈ, জিতু মৰাণ আদিকে ধৰি বহুকেইগৰাকী ন-পুৰণি শিল্পীয়ে অভিনয় কৰিছে।
এতিয়া আহিছো আমি চৰ্চা কৰি থকা প্ৰসংগলৈ। জয়ৰ চিত্ৰনাট্য ৰচনাৰ কৌশল কেনেধৰণৰ? জয়ে প্ৰথমে স্থিৰ কৰি লয় বিষয়বস্তু। 'জলছবি'ৰ বিষয়বস্তু আছিল এনেধৰণৰ-- জীৱনৰ সকলো সপোন পূর্ণ হোৱাটো কেতিয়াও সম্ভৱ নহয় আৰু হয়তো সকলো সপোন পূৰ হোৱাটোৱে মানৱ জীৱনৰো পৰিপূৰ্ণতা নহয়। এই পূর্ণতা-অপূর্ণতাৰ সমষ্টিয়ে জীৱনটোক কেতিয়াবা দোধোৰ-মোধোৰত পেলায়, সময়ৰ স’তে সংঘাত আৰম্ভ হয়। ইমানৰ পিছতো কিন্তু মানুহৰ জীৱন থমকি নয়, সময়ৰ সোঁতত বোৱতি নদীৰ দৰে প্ৰাপ্তি-অপ্রাপ্তিৰ মাজত বৈ যাবলৈ বাধ্য হয়। জীবনে মোট সলায়, আশাবোৰে নতুনৰ বাট লয়। --এই বিষয়বস্তুক কাহিনীৰ সাজ পিন্ধাইছিল। আৰু বিষয়বস্তু-কাহিনী কেন্দ্ৰীক সিদ্ধান্তত নিজে সন্তুষ্ট হোৱাৰ পিছত চিত্ৰনাট্য লিখিবলৈ বহিছিল। চিত্ৰনাট্যৰ প্ৰথম পৰ্যায়ত কাহিনী বিন্যাস কৰি গৈছিল, চৰিত্ৰ নিৰ্মাণ কৰি গৈছিল আৰু সংলাপ ৰচনা কৰিছিল। আৰু কেমেৰাৰ ভাষা প্ৰয়োগ, শ্বট বিভাজন-গাণিতিক প্ৰয়োগ ইত্যাদিৰ কাম চিত্ৰনাট্য ৰচনাৰ শেষ পৰ্যায়ত কৰিছিল। 'জলছবি'ৰ চিত্ৰনাট্য পৰ্বৰ পৰায়ে ধাৰণা কৰিব পাৰি জয়ছেং জয় দহোতীয়াৰ চিত্ৰনাট্য ৰচনাৰ কৌশল। এই চিনেমা খনৰ চিত্ৰনাট্য পৰ্বত জয়ে সময় লৈছিল ছয় মাহ।
প্ৰথম পৰিচালনা 'হান্দুক'ৰ চিনেকৰ্মৰ বাবে পৰিচালক জয়ৰ প্ৰতি আগ্ৰহ বাঢ়িছিল। 'সাহিত্য'ৰ মেদ নথকা, কেমেৰাৰ ভাষাৰ সুপৰিকল্পিত গাণিতিক প্ৰয়োগৰ 'হান্দুক'ৰ বুনিয়াদত ঠিয় হৈ আশা কৰিছো 'জলছবি'য়ে চিত্ৰৰসিকক সন্তুষ্ট কৰিব। 'হান্দুক'ৰ চিত্ৰনাট্য ৰচনাৰ কৌশল একেই আছিল; কিন্তু সময় লাগিছিল দুই বছৰৰো বেছি। অৱশ্যে জয়ৰ 'বাঘজান'ৰ চিত্ৰনাট্যৰ বহু কাম কৰিছিল চিত্ৰগ্ৰহণৰ পিছত। 'বাঘজান'ৰ 'বিষয়বস্তু' হঠাতে ঘটা। 'বাঘজান'ৰ চিত্ৰগ্ৰহণৰ কাম হঠাতে কৰি লবলৈ পৰিচালক বাধ্য আছিল। (এই চিনেমা খনৰ চৰ্চা এই শিতানত কৰিছো।) কথা প্ৰসংগত জয়ে কৈছিল--'চিত্ৰগ্ৰহণৰ সময়ত বতৰ, পৰিবেশ ইত্যাদি কাৰণত চিত্ৰনাট্য সলনি কৰো। কিন্তু চিত্ৰনাট্য খন অপৰিপাটি যাতে নহয় লক্ষ ৰাখো।' জয়ৰ বিশ্বাস-- পৰিপাটি চিত্ৰনাট্যৰেহে পৰিপাটি চিনেমা সম্ভৱ।
এই লেখা আগবঢ়াই থকা সময়তে কলিকতাৰ সাংবাদিক বন্ধু এগৰাকীৰ 'মেইল' পালো--'Tamil drama cinrma 'Koozhangal' is India’s official entry for Oscars 2022...' । চিনেমা খন 'অস্কাৰ কেন্দ্ৰীক চৰ্চা'ত নাছিল। খবৰ পালো চিনেমা খনৰ মৌলিক চিনে চিন্তাই ১৫ গৰাকী জুৰিৰ ১৩ গৰাকীকে সন্তুষ্ট কৰিছিল। চিনেমা খনৰ পৰিচালক পি এচ বিনোদৰাজ। পৰিচালক গৰাকীৰ প্ৰথম স্বাধীন পৰিচালনা। তামিল চিনেমা। 'কোজাংগাল’ শব্দৰ ইংৰাজী অর্থ ‘পেবলছ’।
ভিডিঅ' পাৰ্লাৰত কাম কৰিছিল পি এচ বিনোদৰাজে। চিনেমাৰ মাজতে থাকি থাকি চিনকৰ্মৰ প্ৰতি টান অনুভৱ কৰিলে। আৰু এদিন তামিল চিনেমাৰ কৰ্মীৰ সৈতে যোগাযোগ কৰি কাম জোগাৰ কৰি ল'লে। প্ৰথম সুযোগ-- দুখন তামিল চিনেমাৰ সহকাৰী পৰিচালক। এই সময় চোৱাত কামৰ লগতে 'চিনেমা অধ্যয়ন'ত মন দিলে। চিত্ৰনাট্যত মন দিলে। ( আৰু ... পৰৱৰ্তী সংখ্যাত)

শুক্রবার, ২২ অক্টোবর, ২০২১
অস্কাৰ বিলাস, প্ৰচাৰ বিলাস.../১
ভাৰত কেন্দ্ৰীক অস্কাৰ চৰ্চাৰ প্ৰতি আমাৰ আগ্ৰহ নাছিল। নাই। ১৯৫৭ চনত 'অস্কাৰ'ত সংযোজন হয় 'Best Foreign Language Film' শিতান। এই শিতানলৈ ভাৰতে প্ৰেৰণ কৰা প্ৰথম খন চিনেমা 'মাদাৰ ইন্ডিয়া'। তেতিয়াৰে পৰা ভাৰতীয় চিনেমাৰ 'অস্কাৰ চৰ্চা' হৈ আছে। আৰু চৰ্চাতে শেষ হৈছে। এই যে চৰ্চাতে শেষ, আগ্ৰহ নথকাৰ এয়া প্ৰথম কাৰণ।
--চৰ্চতে কিয় শেষ?
--প্ৰথম কাৰণ নিৰ্বাচন প্ৰক্ৰিয়া। উন্নত মানৰ সৰহ সংখ্যক ভাৰতীয় চিনেমাৰ নিৰ্মাতাই আৰ্থিক সমস্যাৰ মাজত থাকি চিনেকৰ্ম কৰে। এই নিৰ্মতা সকলৰ পক্ষে প্ৰায় ৮০,০০০টকা খৰচ কৰি আবেদন কৰা কামটো সহজ নহয়। গতিকে উন্নত মানৰ ভালে মান ভাৰতীয় চিনেমা নিৰ্বাচন প্ৰক্ৰিয়াৰ আতৰতে ৰৈ যায়।
--হেয়েহে আমাৰ ধাৰণাত ভাৰতৰ পৰা 'অস্কাৰ'লৈ প্ৰেৰণ কৰা চিনেমা মানেই শ্ৰেষ্ঠ ভাৰতীয় চিনেমা নহয়।
-- আমি 'অস্কাৰ চৰ্চা'ৰ আতৰতে থাকিলো হেতেন, যদিহে 'ভিলেজ ৰকষ্টাৰ্ছ'ৰ অস্কাৰ ২০১৮ত ভাৰতৰ 'অফিচিয়েল এন্ট্ৰি' নহ'ল হেতেন।
--এইবাৰো এখন অসমীয়া চিনেমাই আবেদন কৰিছে। 'অফিচিয়েল এন্ট্ৰি' হবনে? --জানিব পাৰিম ২৩ অক্তোবৰত। কলকাতাত বিচাৰকমণ্ডলীৰ সদস্যই ১৪ খন চিনেমাৰ পৰা ১ খন চিনেমা নিৰ্বাচন কৰাত ব্যস্ত আছে।
--এই যে এখন অসমীয়া চিনেমা (ব্ৰীজ) আছে, সেই বাবে আগ্ৰহ নথকা স্বত্বেও 'অস্কাৰ'ৰ খবৰ ৰাখিছিলো।
--২১অক্তোবৰত হঠাতে খবৰ পালো 'Oscars 2022: Vidya Balan’s ‘Sherni’ and Vicky Kaushal starrer ‘Sardar Udham’ shortlisted for India's official entry for the 94th Academy' ( মনতে প্ৰশ্ন-- হয় জানো?) আৰু কিছু সময় পিছতে সামাজিক মাধ্যমত লেখক-সম্পাদক এগৰাকীয়ে 'খবৰ' দিলে--'...'শ্বেৰনি' আৰু ' ছৰ্দাৰ উধম' এইবাৰ অস্কাৰ 2022ত ভাৰতৰ অফিচিয়েল এন্ট্ৰি। কলকাতাত মুঠ ১৪ খন ছবিৰ পৰা বিদ্যা বালন আৰু ভিকি কৌশল অভিনীত এই দুখন ছবি বাচনি কৰা হল।' ( এইবাৰ ভাবিলো --হয়। সচেতন সম্পাদক। মিছা খবৰ নিদিয়ে! সামাজিক মাধ্যমত আমিয়ো খবৰটো এৰি দিলো। অৱশ্যে পিছত 'প্ৰচাৰৰ বাবে প্ৰচাৰ কৰা' খবৰটো 'only me' কৰি ৰাখিলো।)
--আমি মন কৰিলো কলকাতাৰ কেইবখনো দৈনিক কাকতত 'শ্বেৰনি' আৰু ' ছৰ্দাৰ উধম' কেন্দ্ৰীক চৰ্চ প্ৰকাশ পাইছে। দুখন মানত প্ৰকাশ পাইছে 'নয়াট্টু’ আৰু ‘মন্দেলা' কেন্দ্ৰীক চৰ্চা। দুখন মানত আকৌ 'ব্ৰীজ', 'চেলো' কেন্দ্ৰীক চৰ্চা। এই চৰ্চাৰ মাজত অনুভৱ কৰিলো --এই চৰ্চা, 'অস্কাৰ' দৌৰত অংশ লোৱাৰ বাবে প্ৰযোজক-পৰিচালকে কৰিব লগীয়া কচৰৎ।
--কেইখন মান কাকতে 'বিশুদ্ধ খবৰ'টো প্ৰকাশ কৰিছে যদিও 'শ্বেৰনি' আৰু 'ছৰ্দাৰ উধম'ক গুৰুত্ব দিছে। এয়াও প্ৰচাৰ কৌশলৰ বাহিৰে আন একো নহয়। (ক্ৰমশঃ)
বুধবার, ২০ অক্টোবর, ২০২১
প্ৰভাত শৰ্মা
আৰু এদিন আহিছিল বিষ্ণু ৰাভা। সেই একে চিঞৰ-- 'প্ৰুভাত ...প্ৰুভাত!'
আইক কৈছিল --'সেইবাৰ যে খুৱাছিলে, সেই জলপানেই খাম।'
মই আহি চোতাল পাইছিলো। এখন হাত নথকা চকী খনত আয়ে বিষ্ণু ৰাভাক বহিব দিছিল। মোক দেখি কৈছিল-- 'আৰু এখন নাটকত তই বাঁহী বজাব লাগিব।'
'মই নোৱাৰিম দিয়ক! আপোনাৰ লগত মই আৰু কাম নকৰো। আপোনাৰ কথাৰ ঠিক নাই। সেইবাৰ কিমান দিন গৈ ঘুৰি আহিছো!'
--মই কৈছিলো।
--আয়ে খং কৰিছিল। 'তেনেকৈ নকয়'বুলি খং কৰিছিল। ঠিক সেই সময়তে কৰোবাৰ পৰা আহি চোতাল পোৱা বাবাই কিন্তু একো কোৱা নাছিল। মই বুজিছিলো বাবাই লাজ পাইছিল। আৰু বহুত বেছি খং উঠিছিল। বাবাৰ যেতিয়া বহুত খং উঠে একো নকৈ আকাশৰ ফালে চাই ঠিয় হৈ থাকে।
--কোনে কি কৈছে শুনিবলৈ যেন সময় নাই বিষ্ণু প্ৰসাদ ৰাভাৰ! মোক আদেশৰ সুৰত ক'লে-- 'বাঁহীটো আন!'
--মই বাঁহীটো আনিছিলো। বাবাৰ 'খং'টোৰ ভয়ত।
--বাঁহীত সুৰ তুলিলে বিষ্ণু ৰাভাই।
--মই সকলো পাহৰি চোতালতে, মাটিতে বহিছিলো। বাঁহীৰ সুৰত ডুব গৈছিলো!
--১০ মিনিট মান বজাইছিল। আৰু কৈছিল, 'এনদৰে বজাব লাগিব। জলপান খোৱাৰ পিছত আমি আখৰালৈ যাম। তই খোল বজাব পাৰিবি নহয়!' বুলি বিষ্ণু ৰাভাই আয়ে দিয়া জলপানত মন দিছিল।
#প্ৰভাত_শৰ্মা
জলছবি
জয়ছেং জয় দহোতীয়াৰ 'জলছবি' নিৰ্বাচিত হৈছে ব্ৰাজিলৰ মস্টাৰা নামেৰে খ্যাত ৪৫সংখ্যক চাও পাউলো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ। খবৰ পাইছো অহা ২৬ অক্টোৱৰত ব্ৰাজিলৰ ইটাউ চিনেমা স্পেচ থিয়েটাৰত চিনেমা খনৰ ৱৰ্ল্ড প্ৰিমিয়াৰ হব।
প্ৰচাৰ মাধ্যমৰ আঁতৰত থাকি নিৰৱে চিনেকৰ্মত ব্যস্ত থকা জয়ছেং জয় দহোতীয়াৰ 'জলছবি' নিৰ্বাচিত হৈছে ব্ৰাজিলৰ মস্টাৰা নামেৰে খ্যাত ৪৫সংখ্যক চাও পাউলো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ। খবৰ পাইছো অহা ২৬ অক্টোৱৰত ব্ৰাজিলৰ ইটাউ চিনেমা স্পেচ থিয়েটাৰত চিনেমা খনৰ ৱৰ্ল্ড প্ৰিমিয়াৰ হব। --এটা ভাল খবৰ। এখন 'ভাল চিনেমা'ৰ চিনেযাত্ৰাৰ ভাল লগা খবৰ।
চিনেমা খনৰ প্ৰযোজক: জয়ছেং জয় দহোতীয়া আৰু ভূপালী মৰাণ ।
সহ প্ৰযোজক : বাৰ্লিনৰ মগাদৰ ফিল্ম , ফ্রেংকফ্কুটৰ ফান দে মেন্টেল ষ্টুডিঅ’ আৰু আৰমান প্ৰডাকচনছ।
কাহিনী, অভিনয়: 'জলছবি'ৰ প্ৰসংগত জয়ৰ সৈতে প্ৰথম চৰ্চা কৰিছিলো ২০০৮ চনতে। সেই সময়ত অনুভৱ কৰা 'গল্প'টো এনেধৰনৰ-- মূল চৰিত্ৰ তাপসীৰ আশা আৰু সপোনবোৰৰ সন্মুখত সময় আৰু বাস্তবে বাধাৰ প্ৰাচীৰ হৈ ধৰা দিয়ে। জীৱনৰ এই যুঁজত তাপসী ধৰাশায়ী হয়, বিধ্বস্ত তাপসীয়ে তাইৰ সমস্ত আশা অদৃষ্টৰ হাতত তুলি দিবলৈ বাধ্য হয়। অজস্ৰজনৰ মাজত তাপসী লাহে লাহে হেৰাই যাবলৈ ধৰে; কিন্তু তাৰ মাজতে সময়ে পুনৰ তাপসীক নতুন ৰূপত প্ৰতিষ্ঠা কৰে। আন এগৰাকী নতুন তাপসীৰ সৃষ্টি হয়, সময়ৰ প্ৰবাহক গতিশীল কৰিবলৈ। জলছবিৰ দৰে জলমলাই জলমলাই আগৰবোৰ এদিন নোহোৱা হৈ পৰে, কোনোৱে হিচাপ নৰখাকৈ।
-- তাপসী নামৰ মূল চৰিত্ৰটিত অভিনয় কৰিছে বৰপেটাৰ দৰথী ভৰদ্বাজে। তাপসীৰ দেউতাকৰ চৰিত্ৰত অভিনয় কৰিছে কাকপথাৰৰ পুৰোধা নাট্যকর্মী নোমলচন্দ্ৰ গগৈয়ে, মাকৰ চৰিত্ৰত অভিনয় কৰিছে বিশিষ্ট বিহুনৃত্য পটীয়সী দুলভা মৰাণে। ইয়াৰ উপৰি ককায়েকৰ চৰিত্ৰত দুলুকান্ত মৰাণ, স্বামীৰ চৰিত্ৰ বিশাল অনুৰাগকে ধৰি অন্যান্য চৰিত্ৰত অখিল গগৈ, কৰবী দুৱৰা, বিপনজিত গগৈ, জিতু মৰাণ আদিকে ধৰি বহুকেইগৰাকী ন-পুৰণি শিল্পীয়ে অভিনয় কৰিছে।
চিনেমাখনৰ চিত্ৰগ্ৰহণ কৰিছে চিদা বৰাই, শব্দগ্রহণ দেৱজিত গায়নৰ, কলা নিৰ্দেশনা পুণ্যজিত মৰাণ আৰু প্ৰকাশদীপ দহোতীয়াৰ, প্রযোজনা নিয়ন্ত্রণ তিলকজ্যোতি মৰাণৰ, আৱহ সংগীত সৌৰভজ্যোতি মহন্তৰ, গীতিকাৰ মৃণাল বৰগোহাঁই আৰু যাদৱ মহন্ত, আনহাতে ৰূপসজ্জাত আছে বিশ্ব কলিতা
বিষয়বস্তু: জীৱনৰ সকলো সপোন পূর্ণ হোৱাটো কেতিয়াও সম্ভৱ নহয় আৰু হয়তো সকলো সপোন পূৰ হোৱাটোৱে মানৱ জীৱনৰো পৰিপূৰ্ণতা নহয়। এই পূর্ণতা-অপূর্ণতাৰ সমষ্টিয়ে জীৱনটোক কেতিয়াবা দোধোৰ-মোধোৰত পেলায়, সময়ৰ স’তে সংঘাত আৰম্ভ হয়। ইমানৰ পিছতো কিন্তু মানুহৰ জীৱন থমকি নয়, সময়ৰ সোঁতত বোৱতি নদীৰ দৰে প্ৰাপ্তি-অপ্রাপ্তিৰ মাজত বৈ যাবলৈ বাধ্য হয়। জীবনে মোট সলায়, আশাবোৰে নতুনৰ বাট লয়।
শেষত: প্ৰথম পৰিচালনা 'হান্দুক'ৰ চিনেকৰ্মৰ বাবে পৰিচালক জয়ৰ প্ৰতি আগ্ৰহ বাঢ়িছিল। 'সাহিত্য'ৰ মেদ নথকা, কেমেৰাৰ ভাষাৰ সুপৰিকল্পিত গাণিতিক প্ৰয়োগৰ 'হান্দুক'ৰ বুনিয়াদত ঠিয় হৈ আশা কৰিছো 'জলছবি'য়ে চিত্ৰৰসিকক সন্তুষ্ট কৰিব।

শুক্রবার, ১৫ অক্টোবর, ২০২১
চিত্ৰনাট্য /৫
১৩৪ মিনিট দৈৰ্ঘৰ এখন ভাৰতীয় চিনেমা-- 'মন্থন'। শ্যাম বেনেগালৰ পৰিচালনা। গুজৰাট কো-অপাৰেটিভ মিল্ক মার্কেটিং ফেডাৰেশ্ব লিমিটেডৰ প্ৰযোজনা। ডঃ ভির্গেচ কুৰিয়েনৰ দুগ্ধ সমবায় প্রতিষ্ঠা আন্দোলন চিনেমা খনৰ মূল বিষয়বস্তু। কাহিনী ডঃ কুৰিয়েন আৰু বিজয় তেণ্ডুলকাৰৰ। কথাটো দৰাচলতে এনেধৰণৰ-- ডঃ কুৰিয়ানে শ্বেত বিপ্লবক কেন্দ্ৰ কৰি গল্প এটা লিখি বিজয় তেণ্ডুলকাৰৰ ওচৰ চাপে। মনৰ কথা ব্যক্ত কৰে-- 'ছায়া ছবি এখন নিৰ্মাণ কৰিব পাৰিলে শ্বেত বিপ্লবে আৰু বেছি মানুহক চুব। গতিকে ছায়া ছবিৰ বাবে গল্পটোৰ নাটক লিখি দিব লাগে।' অৰ্থাৎ চিত্ৰনাট্য লিখি দিব লাগে। আৰু চিত্ৰনাট্য খন লৈ শ্যম বেনেগালৰ সৈতে আলোচনাত বহে--'এই নাটক খনেৰে ছায়া ছবি সম্ভৱ নে? যদি সম্ভব নহয়, কেনেকৈ সম্ভৱ হব চিন্তা কৰি মোক জনাওক। কেৱল বিষয়বস্তু সলনি হব নোৱাৰে।'
--শ্যাম বেনেগালে সময় বিছাৰিলে। সময় দিলে। এমাহ পিছত 'অংকুৰ' (১৯৭০), ''নিশান্ত' (১৯৭৫) খ্যাত পৰিচালক গৰাকীয়ে ডঃ কুৰিয়ানক জনালে চিত্ৰনাট্য নতুনকৈ লিখাব লাগিব। শ্যম বেনেগালে ৰেখা আৰু বাক্যৰ সহায়ত বুজাই ক'লে --আপুনি বিছৰা ছায়া ছবি খনৰ বাবে এনে ধৰণৰ চিত্ৰনাট্যৰ প্ৰয়োজন হব। অকনো চিন্তা নকৰাকৈ ডঃ কুৰিয়ানে ক'লে--'আপুনি কৰক, যেনেদৰে কৰিলে কামটো হয়।'
শ্যাম বেনেগালে চিত্ৰনাট্য লিখাৰ দায়ীত্ব দিলে বিজয় তেণ্ডুলকাৰকে। ডঃ কুৰিয়ানক কোৱাৰ দৰে ৰেখা আৰু বাক্যৰ আশ্ৰয় লৈ ক'লে-- মোক এনে ধৰণৰ চিত্ৰনাট্য লাগে। কাহিনীয়ে এনেধৰনে নহয়, এনে ধৰনে গতি কৰিব লাগে। এই খিনিতে অৱশ্যেই উল্লেখ কৰিব লাগিব -- শ্যম বেনেগালৰ দ্বিতীয় পৰিচালনা 'নিশান্ত'ৰো চিত্ৰনাট্য লিখিছিল নাট্যকাৰ তেণ্ডুলকাৰে।
-- মুল গল্পটোত তিনিটা 'চৰিত' নতুনকৈ গাঠি দিলে, কাহিনী বিন্যাস কৰিলে। তেণ্ডুলকাৰে বেনেগালে দিয়া ৰেখা-বাক্যৰ 'প্ৰাথমিক চিত্ৰনাট্য'ৰ আশ্ৰয়তে দুটা পৰ্যায়ত মূল চিত্ৰনাট্য খন লিখি উলিয়াছিল। (উৎস: দৈনিক অকিলা/ ডঃ ভির্গেচ কুৰিয়েনৰৰ সাক্ষাৎকাৰ) --শ্যাম বেনেগালে প্ৰথম খন চিনেমা 'অঙ্কুৰ' পৰিচালনা কৰিছিল নিজৰ চিত্ৰনাট্যৰে ( সংলাপ: সত্যদেব দুবে )। এই চিনেমা খনৰ লগতে 'নিশান্ত' (১৯৭৫), 'মন্থন' (১৯৭৬) আৰু 'ভূমিকা'ৰে (১৯৭৭) শ্যাম বেনেগালে ভাৰতীয় চলচ্চিত্ৰৰ এটা নতুন শৈলী নিৰ্মাণ কৰিলে বুলি কৈ আহিছে চিনে পণ্ডিত সকলে। নতুন শৈলীৰ নাম দিয়া হৈছিল 'মধ্য চিনেমা' ('Middle Film' of India)। পৰিচালক গৰাকীয়ে কিন্তু এই কথা মানি লোৱা নাছিল।
শ্যাম বেনেগালৰ মতে চিনেমাৰ চিত্ৰগ্ৰহণকাৰী পৰিচালকৰ সো হাত (right hand)। পৰিচলক গৰাকীৰ সোহাত আছিল গোবিন্দ নিহালানি। --হয়, 'আক্রোশ' (১৯৮০)ৰ পৰিচালক। 'অর্ধ সত্য' (১৯৮৩), 'হাজাৰ চৌৰাছি কী মা' (১৯৯৮), 'দৃষ্টি' (১৯৯০), 'আঘাত' (১৯৮৫), 'দ্ৰোহকাল'(১৯৯৪),'তক্ষক' (১৯৯৯), 'দেৱ' (২০০৪), 'সংশোধন' (১৯৯৬) 'পাৰ্টি'(১৯৮৪)ৰ পৰিচালক গোবিন্দ নিহালানি। অলপতে পৰিচালক সুধীৰ মিশ্ৰই প্ৰশ্ন কৰিছিল--'why movie buffs had forgotten one of the pillars of Indian parallel cinema, Govind Nihalani...' --নোৱাৰে, চিত্ৰৰসিকে পাহৰিব নোৱাৰে কেমেৰাৰ ভাষাৰ দক্ষ প্ৰয়োগকাৰী গৰাকীক, চিনেভাষাবিজ্ঞানী গৰাকীক। এই গৰাকী পৰিচালকে চিত্ৰনাট্য ফ্ল'ৰত মূহুৰ্ততে সলায় বুলি কোৱা হয়। কাৰণ? --হয়তো সুযোগ বুজি চিনেভাষা প্ৰয়োগৰ সুযোগ লয়। প্ৰসংগক্ৰমে পৰিচালক গৰাকীয়ে কৈছিল-- 'চিত্ৰনাট্য ৰচনা কামটো মোৰ বাবে সহজ কাম নহয়। আৰু মোৰ মনৰ ভাষা পঢ়ি মই বিছৰা ধৰনে চিত্ৰনাট্য এখন লিখি দিয়া কামটোও সহজ নহয়। গতিকে কি হয়, মই বিছৰা ধৰনে 'গল্প'টোক চিত্ৰনাট্যৰ আকাৰ দিয়ে। সেয়া স্বাভাবিক! আৰু চিত্ৰগ্ৰহনৰ সময়ত চিত্ৰনাট্য খনৰ ব্যৱহাৰ মই ভবা ধৰনে কৰো। কথটো এনে ধৰণে ক'ব পাৰো --চিত্ৰনাট্যই মোক বাট দেখুৱাই। বাটেৰে কেনেদৰে আগ বাঢ়িম সেয়া মই ঠিক কৰো। গড়ীৰে নে খোজ কাঢ়ি আগবাঢ়িম, সেই সিদ্ধান্ত কেবল মোৰ। প্ৰায়ে এনে হয়, চিত্ৰনাট্যকাৰে কাহিনী সংলাপৰ সহায়ত আগবঢ়াই নিছে, মই সংলাপৰ সলনি কেমেৰৰ ভাষাক গুৰুত্ব দিছো। মোৰ চিনেমাৰ বাবে যিহেতু ময়ে কেমেৰা চলাও মূহুৰ্ততে সলনি কৰা কামটো সহজতে হয়।'চিত্ৰনাট্যকাৰে কাহিনী সংলাপৰ সহায়ত আগবঢ়াই নিছে, মই সংলাপৰ সলনি কেমেৰৰ ভাষাক গুৰুত্ব দিছো। মোৰ চিনেমাৰ বাবে যিহেতু ময়ে কেমেৰা চলাও মূহুৰ্ততে সলনি কৰা কামটো সহজতে হয়।' (উৎস: Cinema Express)
গোবিন্দ নিহালানিয় 'তক্ষক'ৰ চিত্ৰনাট্য নিজে লিখিছিল। ১৬১ মিনিট দৈৰ্ঘৰ চিনেমা খন চিত্ৰনাট্যত আছিল মাত্ৰ ৮০ মিনিটৰ। সাপ্তাহিক চিনেমা কেন্দ্ৰীক আলোচনী 'Mangala' ত পঢ়িছিলো-- চিত্ৰনাট্য খনত কেৱল সংলাপ অংশহে লিখিছিল। কেমেৰা কেন্দ্ৰীক কামবোৰ পৰিচালক গৰিকীয়ে পৰ্যায় ক্ৰমে ফ্ল'ৰক যোৱাৰ আগে আগে কৰিছিল চিত্ৰগ্ৰহণকাৰীৰ সৈতে আলোচনা কৰি। চিনেমা খনৰ চিত্ৰগ্ৰহণ পৰিচালক গৰাকীয়ে কৰা নাছিল। কৰোৱাইছিল সন্তোষ শিৱনৰ হতুৱাই। --হয়, 'Halo', 'Story of Tiblu', 'The Terrorist', 'Malli', 'Asoka', 'Anandabhadram', 'Navarasa', 'The Mistress of Spices', 'Prarambha', 'Before the Rains', 'Urumi' আদিৰ পৰিচাল সন্তোষ শিৱন। পৰিচালক গৰাকীৰ প্ৰথম পৰিচয় চিত্ৰগ্ৰহণকাৰী আৰু অভিনেতা।

বুধবার, ৬ অক্টোবর, ২০২১
মনোমতী
ছায়াবাজি’– চিনেমা নুবুজা বয়সতে আমি চিনেমা উপভােগ কৰা মাধ্যম। ১৯৮১-৮২ চন। সেই সময়ত আমাৰ গাঁৱত চিনেমা চোৱাৰ অন্য উপায় নাছিল। ৯-১০ কিলােমিটাৰ দূৰত থকা ভাৰতীয় টকীজ বা নলবাৰী নাট্যমন্দিত চিনেমা চোৱাৰ অনুমতি পােৱা নাছিলাে বাবে ‘ছায়াবাজি’তে চিনেমা চোৱাৰ হেঁপাহ পূৰণ কৰিছিলাে। ‘মনােমতী’ অসমীয়া ‘কথাছবি’খনৰ কেইটামান ছিকুৱেন্স আমাৰ গাঁৱলৈ অহা ‘ছায়াছবি’তে চাইছিলাে। এটা গীতৰ কিছু অংশ দেখুৱাইছিল— কুহু কুহু বুলি তই মৰ পুৰি
অগনি জ্বলাৱ গাত...'
গীতাংশ আমাৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছিল। পৰৱৰ্তী সময়ত চিনেমাখন চোৱাৰ আশাৰে বহুজনৰ ওচৰ চাপিছিলাে, কিন্তু সকলােৰে মুখত এটায়ে উত্তৰ-প্রিণ্ট নষ্ট হৈছে। মাত্র এটা প্রিণ্টহে আছে। ৩ এপ্রিল, ১৯৪১ চনত চিত্ৰগৃহলৈ অহা চিনেমাখনৰ ‘নতুন প্রিন্ট’ এটা উলিয়াইছিল ১৯৬৭ চনত। আমি ‘ছায়াছবি’ চোৱা ছিকুৱেন্স কেইটা সম্ভৱতঃ ১৯৬৭ চনৰ। এই খিনিতে কেইটামান তথ্য : অসমীয়া চিনেমা ‘অধ্যয়ন কৰাৰ সময়ত আমি স্পষ্ট হ’ব পৰা নাই ‘মনােমতী’ তৃতীয়খন নে চতুর্থ অসমীয়া চিনেমা। কেইবাগৰাকীয়াে চিত্র সাংবাদিকৰ মতে— তৃতীয়। আমি সংগ্রহ কৰা তথ্যত কিন্তু স্পষ্ট ‘মনােমতী’ৰ পূর্বে চিত্রগৃহলৈ আহিছিল ‘জয়মতী’ (১৯৩৫), ‘দেৱদাস’ (১৯৩৯), ‘ইন্দ্ৰমালতী’ (১৯৩৯)। জয়মতীৰ চিত্রনাট্য ৰচনা কৰিছিল উপন্যাস সম্রাট ৰজনীকান্ত বৰদলৈৰ একে নামৰ উপন্যাসৰ আধাৰত।
কাহিনী : বৰপেটা সত্ৰ। ৰাস-পূর্ণিমা৷ লক্ষ্মীকান্ত-মনােমতীৰ দেখা-দেখি।
দুয়ােৰে মনত ‘ভাল লগা-ভাল লগা’ অনুভৱ হয়। প্রেমৰ গল্প আৰম্ভ হয়। স্বাভাৱিক কাহিনী ‘প্রেম গল্প’লৈ আহে সমস্যা। মনােমতীৰ ধর্মীয় পিতৃ আৰু লক্ষ্মীকান্তৰ পিতৃ ক্রমে বৰনগৰৰ চণ্ডি বৰুৱা, যুগীৰ পামৰ হৰকান্ত বৰুৱা। পূর্ব পুৰুষৰ পৰায়ে তেলপানী সদৃশ দুটা শিবিৰ। ‘প্রেম কাহিনী’ সােমাই পৰে মানৰ আক্ৰমণৰ মাজত।
স্বাভাৱিকতে চিনেমাখনৰ পৰিচালনা শৈলী ‘কথাছবি’ স্তৰৰ। কাহিনীৰ গতি অতি মন্থৰ। ছিকুৱেন্স নির্মাণত সংলাপ আৰু ‘ছাবজেক্ট মুভমেণ্ট’- এই পৰিচালকৰ ভৰসা। মন চুই যোৱা৷ অভিনয় — শূন্য।
বজাৰ : চিনেমাখন নির্মাণত প্রযােজকে খৰচ কৰিছিল প্রায় ১৫ হাজাৰ টকা। প্রযােজকৰ লাভ হােৱা নাছিল।
মঙ্গলবার, ৫ অক্টোবর, ২০২১
চিত্ৰনাট্য /৪
কথা প্ৰসংগত সুৰদেৱী থিয়েটাৰৰ প্ৰযোজক ধৰণী বৰ্মনে কৈছিল --'বৰষুণৰ বতৰ আছিল। আমাৰ আখৰা শিৱিৰ পানীৰে ভৰি পৰিছিল। দুই -তিনি দিন ভালদৰে আখৰা কৰিব পৰা নাছিলো। সেইকেইদিন বিষ্ণু ৰাভাই দিনৰ দিনটো আমাৰ থকাঘৰৰ কাঠিত বহি কাগজ-কলম লৈ ব্যস্ত হৈছিল। মই সুধিছিলো --সুৰদেৱীৰ বাবে নতুন কিবা লিখিছে নেকি? লিখক লিখক। সময় আছে! মোৰ কথাত বিষ্ণু ৰাভাই হাঁহি হাঁহি কৈছিল-- সুৰদেৱীৰ বাবে এখন নাটক লিখিম, নিশ্চয় লিখিম! এতিয়া মই টকীহে লিখি আছোঁ। ধৰণী এই টকী খন মই কৰিম। 'শংকৰদেৱ'ক মই পৰ্দালৈ আনিম। তুমি সহায় কৰিব লাগিব। টকা খৰচ কৰিব লাগিব। কৰিবা নহয়! বুলি সেইদিনা লিখি থকা কাগজ কেইখন তেনেদৰেই পেলাই থৈ বেলশৰৰ শহুৰেকৰ ঘৰলৈ গুছি গৈছিল। অ-ছিজিল হৈ থকা কাগজ কেইখিলা ছিজিল কৰি মই বুজিবলৈ চেষ্টা কৰিছিলো। একো বুজি পোৱা নাছিলো। মহাপুৰুষ শংকৰদেৱ আৰু কাৰোবাৰ কাৰোবাৰ ছবি আঁকিছিল আৰু ছবিৰ কাষে কাষে সংলাপ। সেইবোৰ মোৰ লগতে আছিল, বহুদিন। মোৰ এটা টিনৰ সৰু বাকছ আছিল। টকা-পইছা ৰখা। সেইটোতে কাগজ কেইখন ভৰাই ৰাখিছিলো। এদিন হঠাতে থিয়েটাৰ শেষ হোৱাৰ পিছত, গুৱাহাটিৰ এটা পেণ্ডেললৈ আহিছিল। আৰু কৈছিল-- হেৰা ধৰণী, মোক কেইটামান টকা দিয়া আৰু তোমাৰ ঘৰৰ কাঠিত যে থৈ আহিছিলো, টকীৰ বাবে লিখা, সেই কাগজ কেইখন দিয়া। মই টিনৰ বাকচটো খুলি দিছিলো, বিষ্ণু ৰাভাই সেই কাগজ কেইখন আৰু এমুঠি পইছা লৈ ধুমুহা গতিৰে গুছি গৈছিল। যোৱাৰ সময়ত কৈ গৈছিল --মই জানো মোৰ অপৰিপাটি বস্তুবোৰ পৰিপাটি কৰি তোমাৰ লগতে ৰাখা। বিষ্ণু ৰাভাই কেইবাটাও বৰষুণৰ বতৰত কেইবাটাও কাম তেনেদৰে মোৰ ঘৰত পেলিই থৈ গৈছিল। মই ছিজিল কৰি মোৰ লগত, শিল্পী গৰাকীয়ে যেতিয়াই বিছাৰে দিব পৰাকৈ ৰাখিছিলো। আৰু যেতিয়াই প্ৰয়োজন হয়, শিল্পী গৰাকীয়ে লৈ গৈছিল।...' --এই প্ৰসংগত লিখিছিলো দৈনিক কাকত 'আজি'ত, ২০০৩ চনত। সেই লেখা ছপা হোৱাৰ পিছত কাকত খনত কেইবা খনো চিঠি প্ৰকাশ পাইছিল। পত্ৰ লেখক কেইগৰাকীয়ে এটা কথায়ে কৈছিল --ধৰণী বৰ্মনে ভুলকৈ বুজিছে। সেয়া চিত্ৰনাট্য নহয়, কলা কৰ্মহে। 'বিষ্ণু ৰাভা' অধ্যয়ণ কৰা পত্ৰলেখক কেইগৰাকীয়ে ভালেমান যুক্তি দিছিল। যুক্তিৰ বিৰুদ্ধে দিয়া আমাৰ যুক্তিক গুৰুত্ব দিয়া নাছিল কাকত খনৰ অধ্যয়ন পুষ্ট বিভাগীয় সম্পাদক গৰিকীয়ে। সেয়া যি নহওক, নাট্যকৰ্মী, সুৰদেৱী থিয়েটাৰৰ প্ৰযোজক ধৰণী বৰ্মনে কোৱা কথাৰ মাজত অনুভৱ কৰিব পাৰি বিষ্ণু প্ৰসাদ ৰাভাৰ চিত্ৰনাট্য কৌশল দাদা চাহেব ফাল্কে, সত্যজিৎ ৰায়, পূর্ণেন্দু পত্রীৰ দৰে আছিল। চিত্ৰ, ৰেখাৰ ব্যৱহাৰ কৰিছিল। দ্বিতীয়তে কব পাৰো বিষ্ণু প্ৰসাদ ৰাভাই চিত্ৰনাট্য পৰ্ব কেইবাটাও পৰ্যায়ত কৰিছিল। আৰু শেষ পৰ্যায়ৰ চিত্ৰনাট্য খন আছিল সকলোৱে বুজিব পৰা। পঢ়ি অনুভৱ কৰিব পৰা।
*************
ভাৰতৰ কেইগৰাকীমান চিত্ৰনাট্যকাৰ-- গুলজাৰ, কে. বালচন্দৰ, অপর্ণা সেন, শ্রীৰাম
ৰাঘবন, শ্যাম বেনেগল, ইমতিয়াজ আলী, কমল হাচান, অনভিতা দত্ত গুপ্তন, ফাৰহান আখতাৰ, অঞ্জুম ৰাজাবালী আদিৰ চিত্ৰনাট্য কৌশল জানিবলৈ চেষ্টা কৰিছিলো। অনুভৱ কৰিছিলো-- কমল হাচান ব্যতিক্ৰম।
কমল হাচানে প্ৰথম খন চিত্ৰনাট্য লিখিছিল ১৪ বছৰ বয়সত। চিনেমা খনৰ নাম আছিল ‘উনৰচিগাল’। আৰ. চি. ছাকথিৰ পৰিচালনাৰে নিৰ্মিত ১২২ মিনিট দৈৰ্ঘৰ চিনেমা খন বিষয়বস্তুৰ বাবে নিষিদ্ধ হৈছিল। ১৯৭১ চনৰ এই তামিল চিনেমা খন চিত্ৰগৃহলৈ আহে ২৫ জুন ১৯৭৬ত। তামিল দৈনিক কাকত 'দিনা থান্তি'ত প্ৰকাশ পোৱা এক সাক্ষাৎকাৰত কমল হিচানে কৈছিল --'চিত্ৰনাট্য লিখাৰ কচৰৎ আৰম্ভ কৰিছিলো ১০-১২ বছৰতে। মই লিখা প্ৰথম দুখন চিত্ৰনাট্য কামত নাহিল। তৃতীয় খন চিত্ৰনাট্য শেষ কৰিছিলো পৰিচালক আৰ. চি. ছাকথিৰ সহায়ত। ছাকথিৰ পৰিচালনাত মোৰ তৃতীয় খন চিত্ৰনাট্য পৰ্দালৈ আহিছিল, ‘উনৰচিগাল’ নামেৰে। মই লিখা চিত্ৰনাট্য খন প্ৰথম পৰ্যায়ত প্ৰায় ১৮০ মিনিট দৈৰ্ঘৰ আছিল। আৰ. চি. ছাকথিৰ পৰামৰ্শ আৰু সহায়ত ১১৮ মিনিটলৈ কমাইছিলো। সেই সময়ত আৰ. চি. ছাকথিৰ পৰা লোৱা শিক্ষাটো হ'ল --পৰিচালকে এক বিশেষ নিয়মৰ মাজেৰে লিখা চিত্ৰনাট্যহে গ্ৰহণ বা পছন্দ কৰে। মোৰ প্ৰথম দুখন চিত্ৰনাট্যৰ ত্ৰুটি আছিল, নিয়মৰ মাজেৰে লিখা নাছিলো, নিজৰ চিন্তাৰে লিখিছিলো।...' পৰৱৰ্তী সময়ত কিন্তু নিজৰ চিন্তুা, নিজৰ 'Rules' -ৰেহে চিত্ৰনাট্য ৰচনা কৰিছিল কমল হাচানে। 'থেভৰ মাগান', 'কুৰুথিপুনাল' আদি তামিল চিনেকৰ্মৰ চিত্ৰনাট্য ৰচনাৰ সময়ত কমল হাচানে গদাৰৰ (Jean-Luc Godard) দৰে 'চিনেমাৰ সনাতন ৰীতি' সমূহ অত্যন্ত সচেতনভাবে ভাঙিছিল। 'কুৰুথিপুনাল'ৰ ( চিত্ৰগৃহলৈ আহিছিল :২৩ অক্টোবৰ ১৯৯৫ত) বুনিয়াদ গোবিন্দ নিহালানিৰ 'দ্রোহকাল' (চিত্ৰগৃহলৈ আহিছিল: ৩১ আগস্ট, ১৯৯৪ত)। কমল হাচানে 'দ্ৰোহকাল'ৰ চিত্ৰনাট্য পছন্দ কৰা নাছিল। আৰু পছন্দ কৰা নাছিল বাবেই 'কুৰুথিপুনাল'ৰ পৰিচালক পি. ছি. শ্রীৰামে চিনেমাখনৰ প্ৰযোজক-অভিনেতা কমল হাচানকে চিত্ৰনাট্য ৰচনাৰ দায়িত্ব দিছিল। কেৱল গোবিন্দ নিহালানিৰ 'গল্প' মনত ৰাখি চিত্ৰনাট্য ৰচনা কৰিছিল কমল হাচিনে।
মূলতঃ তামিল চিনেমাৰ অভিনেতা কমল হাচান তেলুগু, হিন্দি, মালয়লম, তামিল, কন্নড় আৰু বাংলা চিনেমাৰো অভিনেতা। হিন্দী, তামিল চিনেমাৰ পৰিচালক। আৰু কৰিঅ'গ্ৰাফাৰ, মেক-আপ আৰ্টিছো। কণ্ঠশিল্পী, সংগীততো দখল আছে। আৰু এই দক্ষতা স্পষ্ট হৈছিল চিত্ৰনাট্য কৰ্মত। সংলাপ, কেমেৰাৰ ভাষা-গাণিতিক ব্যখ্যাৰ লগতে নৃত্য, সংগীত, মেক-আপৰ নিৰ্দেশো থাকে কমল হাচানৰ চিত্ৰনাট্যত।
এতে সদস্যতা:
পোস্টগুলি (Atom)