শুক্রবার, ৩০ সেপ্টেম্বর, ২০২২

সৰহ সংখ্যক ভ্ৰাম্যমাণ থিয়েটাৰ আজিৰ তাৰিখত "নাট্যশিল্পৰ মঞ্চ" নহয়, "(অ)নাটকৰ দোকান"হে...


মৃদুল চুতীয়াৰ নাট্যচিন্তা মনলৈ আহিল কালি তেজা ই আভিনয় কৰা চিনেমা এখন চাই থকা সময়ত। নায়ক (যিটৌ চৰিত্ৰত অভিনয় কৰিছে তেজাই) অন্ধ। এই চিনেমা খন চিত্ৰগৃহলৈ আহিছিল  ২০১৭ চনত। ইয়াৰ আগতেই (সম্ভৱত: ২০০৭-০৮ নাট্যবৰ্ষত) 'অন্ধ নায়ক-নায়িকা' চৰিত্ৰ নিৰ্মাণ কৰি নাট্যচিন্তা কৰিছিল মৃদুল চুতীয়াই। নিজে লিখা-পৰিচালনা কৰা নাটক খনত অভিনয়ো কৰিছিল। নাটক খনৰ নাম-- মই আন্ধাৰতো দেখো'। --নাই, নাই, নাটক খনৰ সৈতে চিনেমা খনৰ কাহিনী, বিষয়বস্তুৰ মিল নাই। 
--তেনেহ'লে মনলৈ আহিল কিয়? 
মনলৈ অহাৰ কাৰণ, অভিনয়। দুয়োগৰাকী অভিনেতাৰ আছৰণ প্ৰায় একে। 
এই যে একে, ইয়াৰ কাৰণ, দুই অভিনেতাই 'অভিনয়'ৰ বাবে কৰা পৰিশ্ৰম। দৃষ্টিহীন 'শিক্ষক'ৰ পৰা শিক্ষা লৈছিল। শিক্ষা লৈ পৰিশ্ৰম কৰিছিল।
'মই আান্ধাৰতে দেখো'তেই নহয়, এতিয়ালৈকে মৃদুল চুতীয়াৰ যি কেইখন নাটকৰ দৰ্শক হৈছো, প্ৰতি খনতে অনুভৱ কৰিছো অভিনেতা গৰাকীৰ পৰিশ্ৰম। পৰিশ্ৰম কৰিছে নাটকৰ নতুন নতুন চিন্তা ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চলৈ নিয়াৰ স্বাৰ্থত। 
--আমাৰ ধাৰণাত মৃদুল চুতীয়াই নতুন নতুন নাট্যচিন্তাৰে নাটক মঞ্চস্থৰ এক নতুন শৈলী আৰম্ভ কৰিছিল হেঙুল থিয়েটাৰত। সফলতাৰ বাট পাইছিল 'হেঙুল'ত কৰা নাট্যচৰ্চাৰে। 'হেঙুল' মঞ্চস্থ 'অস্তপথ' নাটকৰে জনপ্ৰিয়, বহু জনপ্ৰিয় হৈছিল অভিনেতা-পৰিচালক-নাট্যকাৰ মৃদুল চুতীয়া। 'হেঙুল'ত নাট্যকৰ্মী গৰাকীয়ে কৰা নাট্যকৰ্ম যিমান সফল বা জনপ্ৰিয় হৈছিল, আন ভ্ৰাম্যমাণ নাট্যদলত কিন্তু হোৱা নাছিল। কাৰণ? 'হেঙুল'তকৈ দুৰ্বল প্ৰযোজনা। --হয়, দুৰ্বল প্ৰযোজনা। (কথা প্ৰসংগত নাট্যকৰ্মী গৰাকীয়ে এদিন কৈছিল , 'হেঙুল' প্ৰযোজক পক্ষই নাট্যকৰ্মী গৰাকীৰ অনুভৱ বুজে বাবেই কামবোৰ ভাল হয়।)
--নাট্যকৰ্মী গৰাকীৰ অনুভৱ বুজা হেঙুল' প্ৰযোজক পক্ষৰ সৈতে আকৌ নাট্যকৰ্ম কৰিব মৃদুল চুতীয়াই। --হয়, অহা ২০২৩-২৪ নাট্যবৰ্ষত আকৌ মৃদুল চুতীয়াই হেঙুল থিয়েটাৰত অভিনয় কৰিব, নাটক লিখিব, নাটক পৰিচালনা কৰিব। নাটকৰ নাম ইতিমধ্যে ঘোষণা কৰিছে-- 'নজৰ'। 

এতিয়া আমি অপেক্ষাত-- 'নজৰ' নামেৰে আৰু এক মগজু জোকাৰিব পৰা, মনত ৰৈ যাব পৰা নাট্যকৰ্মৰ। 

এনে নাট্যকৰ্মৰ, যিয়ে 'অস্তপথ'কো নিস্প্ৰভ কৰিব পাৰে!

শেহতীয়া সংযোজন; (১৫/১১/২০২২)
 হেঙুল থিয়েটাৰত নাথাকে মৃদুল চুতীয়া। "হেঙুল"তে নহয়, আৰু কোনো ভ্ৰাম্যমাণ নাট্যদলতে নাট্যকৰ্ম কৰাৰ মন নাই নাট্যকৰ্মী গৰাকীৰ। ---এই যে মৃদুল চুতীয়াই আৰু ভ্ৰাম্যমাণ থিয়েটাৰত নাট্যকৰ্ম নকৰো বুলিছে, এয়া সহজ, সৰল কথা নহয়। "ক্ষতি"ৰ খবৰ, এক নাট্য শৈলীৰ মৃত্যুৰ খবৰ, ভ্ৰাম্যমাণ থিয়েটাৰৰ সুষ্ঠ নাট্য চৰ্চাৰ এটা বাট বন্ধ হোৱাৰ খবৰ। স্বাভাৱিকতে এই "খবৰ"-এ উৎসাহিত কৰিব বলিউড-দক্ষিণ ভাৰতৰ চিনেমাৰ শৈলীক ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত ব্যৱহাৰ কৰি "জনপ্ৰিয় নাট্যকাৰ" হোৱা সকলক। এয়া আজিৰ তাৰিখত আৰু অস্পষ্ট হৈ থকা নাই, সৰহ সংখ্যক ভ্ৰাম্যমাণ থিয়েটাৰ আজিৰ তাৰিখত "নাট্যশিল্পৰ মঞ্চ" নহয়, "(অ)নাটকৰ দোকান"হে। (এই প্ৰসংগত যথাস্থাত চৰ্চা কৰিম।)

বৃহস্পতিবার, ২৯ সেপ্টেম্বর, ২০২২

The Seventh String

আমাৰ ধাৰণাত  গল্প কোৱাৰ শৈলীত "নতুন চিন্তা" অনুভৱৰ সুযোগ দিব আন এখন চিনেমা The Seventh String (দ্যা চেভেন্থ ষ্ট্ৰিং)-ৰ পৰিচালক বাহাৰুল ইছলামে। এই আশাৰ কাৰণ চিনেমা খনৰ লেখক এই প্ৰজন্মৰ। --চিনেমা লেখক হিচাবে খোজ পেলাইছে বৰ্ষা বাহাৰে। বাহাৰুল ইছলামৰ জীয়ৰী বৰ্ষা বাহাৰে। বৰ্ষাই চিনেমাখনৰ  কাহিনী আৰু চিত্ৰনাট্য ৰচনা কৰাৰ লগতে অভিনয়ো কৰিছে । কব পাৰি দুই প্ৰজন্মৰ চিনেচিন্তাৰ ফচল-- The Seventh String (দ্যা চেভেন্থ ষ্ট্ৰিং)। চিনেমা খনৰ অন্যান্য চৰিত্ৰত অভিনয় কৰিছে পূর্ণিমা পাঠক শ‍ইকীয়া , ভাগীৰথী , জিলমিল হাজৰিকা , ডাঃ জয়ন্ত দাস ,  কুনাল শৰ্মা , সিদ্ধার্থ মুখার্জী , ৰাহুল গৌতম শৰ্মা , দিনেশ কাকতি , আচফাক খান , গুণগুণ , বিনোদ লালা দাস , জিয়া বাহাৰ , ৰাজীৱ ক্রু , মেঘালি কলিতা , নেইন ইবটিজাম , দেৱজিত বৰঠাকুৰ , ৰাজকুমাৰ শাহ , মুন ৰাজীৱ , কল্লোল নাথ , প্রশান্ত কলিতা , দ্বীপজ্যোতি মিশ্র , মুনমী গগৈ আদিয়ে৷ দৃশ্যগ্রহণত পাপু ডেকাৰ। সম্পাদনাত কাজুৰ। চিনেমা খনৰ এটা বিশেষ দিশ, সংগীত বাহাৰুল ইছলামৰ। --এই চিনেমা খন চিত্ৰগৃহলৈ আহিব ১১ নবেম্বৰত। যোৱা ২২ ছেপ্টেম্বৰত চিনেমা খনৰ প'ষ্টাৰ মুকলি কৰে ডা° সান্ত্বনা বৰদলৈয়ে। মণিকুন্দল বৰাই ডিজাইন কৰা প'ষ্টাৰ খন সচা অৰ্থত মন চুই যোৱা। সত্যজিত ৰায়, ভূপেন হাজৰিকাৰ চিনেমাৰ প'ষ্টাৰ ডিজাইন শৈলী মনলৈ আনি দিছে। অনুষ্ঠানৰ শেষত কথা প্ৰসংগত মণিকুন্দলে ক'লে --প'ষ্টাৰ খন সম্পূৰ্ণ কৰিছে দুমাহৰ পৰিশ্ৰমত। প'ষ্টাৰে ইংগীত দিয়ে বাহাৰুল ইছলামৰ এই চিনেকৰ্ম চিনেশিল্পলৈ ৰূপান্তৰ হব!
বাহাৰুল ইছলামৰ প্ৰথম পৰিচালনা ‘আছেনে কোনোবা হিয়াত....' আছিল প্রচলিত 'বৃত্ত'ৰ মাজৰ। দ্বিতীয় পৰিচালনা ‘ৰ'দৰ চিঠি'ও 'বৃত্ত'ৰ মাজৰে আছিল। কিন্তু 'বৃত্ত' ভাঙিছিল। এই ‘বৃত্ত’ভঙা চিনেকৰ্মই আমাক আশা দেখুৱাইছিল, চিত্ৰৰসিকক আনন্দৰ সুযোগ দিছিল। সেই আশা, সুযোগৰ বাবেই মূলতঃ আমাৰ আগ্ৰহৰ কাৰণ – বাহাৰুল ইছলামৰ তৃতীয় পৰিচালনাৰ প্ৰতি,The Seventh String প্ৰতি।
#সংযোজন:
" 'দ্য ছেভেন্থ ষ্ট্রং'— অসমীয়া চিনেমা ৷ প্ৰয়োজনত হিন্দী আৰু আন ভাষাৰ সংলাপ ব্যৱহাৰ কৰা হৈছে।" — আমাৰ প্ৰশ্নৰ উত্তৰত বাহাৰুল ইছলামে ক'লে। নাট্যকর্মী, পৰিচালক গৰাকীয়ে আৰু যি ক’লে, তাৰ পৰা আমি অনুভৱ কৰিলো— ‘দ্য ছেভেন্থ ষ্ট্ৰীং’ এই প্ৰজন্মৰ “চিনেচিন্তা”। মূল কাহিনী, সংলাপ বৰ্ষা বাহাৰৰ। বৰ্ষা বাহাৰুল ইছলাম-ভাগীৰথিৰ জীয়ৰী, বাংগালোৰ খ্ৰীষ্ট ইউনিভাৰচিটীৰ ইংৰাজী সাহিত্য, থিয়েটাৰ, মনোবিজ্ঞানৰ ছাত্ৰী।— বৰ্ষাই যেনেদৰে ভাবিছে, তেনেদৰেই চিত্ৰনাট্য ৰচনা কৰিছে, সংলাপত হাত ফুৰাইছে বাহাৰুল ইছলামে। চিনেমাখনৰ কাহিনীলৈ আহিছে ৩১ বছৰীয়া ‘নায়ক’, ১৩ বছৰীয়া নায়িকা'ৰ প্ৰেম। প্ৰেম চিনেমাখনৰ বিষয়বস্তু। সম্ভৱতঃ প্ৰেমৰ বিশ্লেষণ হ'ব, বৰ্ষাৰ 'চিনেচিন্তা’ৰে। বৰ্ষাৰ 'চিন্তা’ৰে পৰিচালকে কেমেৰাৰ ভাষা, সংলাপৰ লগতে চিনেমাখনৰ বিষয়বস্তু, কাহিনীক গতি দিব সংগীতে। তিনিটা গীত ব্যৱহাৰ কৰিব। ‘বিশেষ খবৰ টো হ'ল চিনেমাখনৰ সংগীত বাহাৰুল ইছলামৰ।
 চিনেমাৰ ‘মুড’ পৰিচালকগৰাকীৰ বাহিৰে আন কোনে বুজিব? ‘মোৰ ভাব অনুভৱ কৰি আনে সংগীত কেনেকৈ দিব? সেয়েহে মোৰ পছন্দৰ নহয়। পছন্দ নোহোৱা সংগীত মই মোৰ চিনেমাত কেনেকৈ ব্যৱহাৰ কৰো? সেয়েহে সিদ্ধান্ত ল'লো মোৰ চিনেমাৰ সংগীতৰ কাম ম‍ই নিজেই কৰিম।'— 'ছুপাৰ ফিল্ম মেকাৰ'ৰ সঞ্জয় লীলা ভাঞ্চালীয়ে কৈছিল। 
বাহাৰুল ইছলামৰ কথাটো সেই একেই সুৰ— 'মোৰ চিনেমাই কেনে ধৰণৰ আৱহ সংগীত বিচাৰে, গীত বিচাৰে মইহে ভালদৰে জানিম।...'

আমি আৰু ইমানখিনি অনুভৱ কৰিলো— কেমেৰাৰে 'বাস্তৱৰ ছবিক গতি দিব। পটভূমিৰ কথা মনত ৰাখি সংলাপ ব্যৱহাৰ কৰিব। কাহিনীয়ে যেনেদৰে লৈ গৈছে, তেনেদৰে কেমেৰা ঘূৰাইছে মুম্বাইত, অসমৰ বিভিন্ন লোকেচনত।   
শেষত:
কেৱল 'দ্য ছেভেস্থ ষ্ট্ৰীং' নামেৰে এখন চিনেমাৰে নহয়, এগৰাকী 'চিনেকৰ্মী' নিৰ্মাণৰো কাম চলিছে, নাম বৰ্ষা বাহাৰ।
-------------------------------------------------------------------
পৰিচালনা : বাহাৰুল ইছলাম 
কাহিনী : বৰ্ষা বাহাৰ
চিত্ৰনাট্য : বাহাৰুল ইছলাম, বৰষা বাহাৰ
চিত্রগ্রহণ : পাপু ডেকা
কলা নির্দেশক ঃ নুৰুদ্দিন আহমেদ
সংগীত : বাহাৰুল ইছলাম
অভিনয় : পূর্ণিমা পাঠক শ‍ইকীয়া, বৰষা বাহাৰ, জিলমিল হাজৰিকা, ভাগীৰথী, ডঃ জয়ন্ত দাস, সিদ্ধার্থ মুখার্জী, ৰাহুল গৌতম শৰ্মা, দেৱজিৎ বৰঠাকুৰ, দ্বীপ জ্যোতি মিশ্র... ।
সাজসজ্জা পৰিকল্পনা : ৰ'জী বৰা ।
দৈর্ঘ : ৯০ মিনিট (সম্ভবতঃ)
চিত্ৰগৃহলৈ: ২ ডিচেম্বৰ ২০২২

বন্ধু

--চিনেমাৰ বজাৰ প্ৰসংগত কথা পাতিছিলো নয়ন নীলিমৰ সৈতে। ভিডিঅ' "জোনবাই"ৰে তাৰকাৰ শাৰীত বহা নয়নৰ সৈতে। --২০০৬ চনৰ কোনো এটা দিনত লগ পাইছিলো, তাৰ পাছত আৰু লগ পোৱা নাছিলো অভিনেতা গৰাকীক। বয়সৰ দূৰত্ব আছে যদিও ২০০২-২০০৬ ৰ মাজৰ সময় চোৱা নয়ন আছিল আমাৰ ভাল বন্ধু। ভিডিঅ' ছবিত কৰা অভিনয়ৰে মানুহৰ ( দৰ্শকৰ) ওচৰ পোৱা নয়নে এদিন জনাইছিল এখন চিনেমা কৰিব। যিমান দূৰ মনত পৰে চিনেমা খনৰ নাম আছিল-- "জুলি"। (সময়ত "জুলি" আনৰ হাতলৈ গ'ল। সম্পূৰ্ণ নহ'ল।) তাৰ পাছত "কোঁৱৰপুৰৰ কোঁৱৰ"। --ৰাজেশ বৰাৰ পৰিচালনাৰে নিৰ্মিত এই চিনেমা খনৰ মূল চৰিত্ৰটোত অভিনয় কৰিছে নয়নে। আৰু শেহতীয়া ভাবে অভিনয় কৰিছে "বন্ধু"ত। এই চিনেমা খন চিত্ৰগৃহলৈ আহিব অহা ৪ নৱেম্বৰত। --যোৱা২১ ছেপ্টেম্বৰত  চিনেমা খনৰ ডিজিটেল পোষ্টাৰ মুকলি কৰে মহানগৰীৰৰ হোটেল লিলিত। সেই অনুষ্ঠানতে অসমীয়া চিনেমাৰ বজাৰ প্ৰসংগত নয়নৰ সৈতে কথা পাতিছিলো। নয়নৰ মতে, অসমীয়া দৰ্শকৰ অসমীয়া চিনেমাৰ প্ৰতি আগ্ৰহ আছে। কিন্তু আজিৰ অসমীয়া দৰ্শকে চিনেমা চিনেমাৰ দৰে চাই। অসমীয়া চিনেমা বুলিয়ে সাধাৰণ মানৰ কাম পছন্দ নকৰে। মেকিং ভাল হব লাগে। প্ৰচাৰ ভাল হব লাগে। অসমৰ  চিত্ৰগৃহত অসমীয়া চিনেমা নচলাৰ কোনো কাৰণ নাই। "মই এনেদৰে ক'ম-- মোৰ চিনেমা খন যদি ভাল হৈছে দৰ্শকে চাব। মোৰ চিনেমা খন অসমীয়া চিনেমা বুলি নহয়, চিনেমা বুলি দৰ্শকে চাবলৈ আহক। মই ভাবো হতাশ নহব।"  --নয়নে ক'লে। চিনেমা খন পৰিচালনা কৰিছে সতীশ সুৰিয়া আৰু ত্ৰিদিপ লাহনে। আমাৰ ধাৰণাত বন্ধুৰ সম্পৰ্ক কেন্দ্ৰীক এই চিনেমা খনত গল্প কোৱাৰ শৈলীত দৰ্শকে"নতুন চিন্তা" অনুভৱৰ সুযোগ পাব।বন্ধু by: Utpal Mena

বিশ্বজিতৰ বীৰাঙ্গনা সাধনী

বীৰাঙ্গনা সাধনী by: Utpal Mena
"বেলকনিত ভগৱান"ৰ প'ষ্টাৰ মুকলি অনুষ্ঠানত প্ৰসংগ ক্ৰমে যতীন বৰাই ক'লে, "বিশ্বজিত বৰাৰ আৰু এখন চিনেমাত অভিনয় কৰিব পাৰো!" চিনেমা খনৰ নামটৌ নকলে। আমি বিশ্বজিতৰ সৈতে যোগাযোগ কৰিলো। জানিব পাৰিলো --হয়, বিশ্বজিতে ইতিমধ্যে চিত্ৰনাট্যৰ কাম সম্পূৰ্ণ কৰা "বীৰাঙ্গনা সাধনী"ত অভিনয় কৰিব। চিনেমা খনৰ আন তিনিটা চৰিত্ৰত অভিনয় কৰিব তপন দাস, গীতাৱলী আৰু চন্দনা শৰ্মাই। চিনেমা খনৰ কাহিনী নিৰ্মাণ হৈছে চুতীয়া ৰাজ্যৰ শেষ গৰাকী ৰাণী বীৰাঙ্গনা সতী সাধনীক কেন্দ্ৰ কৰি। কথা প্ৰসংগত বিশ্বজিতে ক'লে --"Assam govt presentation, produced by Chuita Development Council --চিনেমা খনৰ নিৰ্মাতা। বিষয়বস্তু বিগবাজেটৰ। ভাল কৰিবলৈ চেষ্টা কৰিম। Historical war drama যেতিয়া পৰিশ্ৰম আৰু বেছি কৰিব লাগিব। War sequences -ৰ শ্বুটিং মুম্বাইত হব। মই অলপ vfx shooting -ৰ প্ৰশিক্ষণ লম, শ্বুটিঙৰ আগতে।" বিশ্বজিতে আৰু ক'লে মূল চৰিত্ৰটোৰ বাবে দক্ষিণ কোৰিয়াাৰ অভিনেত্ৰী এগৰাকীৰ সৈতে কথা পতি আছে। সম্ভৱত: সংগীত পৰিচালনা কৰিব অংগৰাগ মহন্তই। বিশ্বজিতৰ সৈতে কথা পাতি ধাৰণা কৰিছো --চিনেমা খনেৰে ভাৰতৰ বাহিৰত, অসমৰ বাহিৰত বজাৰৰ সন্ধান কৰিব। এয়া নিঃসন্দেহে শুভ বজাৰ চিন্তা।

বেলকনিত ভগৱান--God On The Balcony

বেলকনিত ভগৱান by Utpal Mena
"বুম্বা ৰাইড" চৰ্চা যোৱা সংখ্যাত কৰিছিলোঁ, এই শিতানত। বিশ্বজিত বৰাৰ পৰিচালনা। এই গৰাকী পৰিচালকৰে আন এক পৰিচালনা --"বেলকনিত ভগৱান"। দেশ-বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত চৰ্চাৰ বিষয় হোৱা, বঁটাৰে সন্মানিত হোৱা এই চিনেমা খনৰ প্ৰতি আগ্ৰহ আৰু বাঢ়িল, "বুম্বা ৰাইড"ৰ দৰ্শক হোৱাৰ পাছত। --হয়, বিশ্বজিত বৰাৰ চিনেকৰ্ম বাবে। চিনেমা খনৰ কাহিনীৰ শিপা-- এটা সচাঁ ঘটনা। ওৰিষ্যাৰ দন মাঝী নামৰ আৰ্থিক সমস্যাৰ বোজাৰ হেচাত ককবকাই থকা ব্যক্তিৰ। বাস কৰা সমাজ খনৰ, চৰকাৰৰ নিৰ্লিপ্ততাৰ বাবে মৃত পত্নীৰ দেহটো প্ৰায় দহ কিলোমিটাৰ পৰ্যন্ত নিজৰ চাইকেলত কঢ়িয়াই নিছিল৷ --চিনেমা খনত চৰিত্ৰটোৰ নাম ৰাখিছে খগেন। খগেনে সৰু জীয়েকৰ সৈতে মৃত পত্নীক চাইকেলেৰে লৈ শিলগুটি দিয়া পথৰে ঘৰলৈ ওভতাৰ বাটত বিভিন্ন ঘটনা ঘটে, আৰু ঘটনা বোৰেই ৰূপালী গল্পৰ আকাৰ লয়। -- হৰিশ খান্না, প্ৰণামী বৰা , পৰিনন্ধি জিমা চুলতানা, ৰাজীৱ ক্ৰ, অৰুণ হাজৰিকা আদিয়ে অভিনয় কৰা এই চিনেমা খন প্ৰযোজনা কৰিছে লেখক-প্ৰযোজক নুৰুল চুলতানে। --নাই, আমি এতিয়াও চিনেমা খনৰ দৰ্শক হব পৰা নাই। এই যে লিখিছো, চিনেমা খনৰ প্ৰযোজক আৰু পৰিচালকৰ সৈতে পতা কথাৰ পৰা, দেশ-বিদেশৰ কাকত-আলোচনীত ছপা হোৱা লেখাৰ পৰা ধাৰণা লৈহে। চিনেমা খন চিত্ৰগৃহলৈ আহিব অহা ৭ অক্টোবৰত। যোৱা ২৩ ছেপ্টেম্বৰত চিনেমা খনৰ প'ষ্টাৰ মুকলি কৰে অভিনেতা যতীন বৰাই। চিনেমা সমালোচক বিতোপন বৰা, শিৱানু বৰা, বিদ্যুৎ কুমাৰ ভূঞাৰ লগতে আমিয়ো বিশিষ্ট অতিথি হৈ অনুষ্ঠানত উপস্থিত আছিলো। এই অনুষ্ঠানত যতীন বৰাই কোৱা এটা কথা চৰ্চাৰ বিষয় হোৱা উচিৎ। অভিনেতা গৰাকীয়ে কৈছে-- সপ্তাহে সপ্তাহে চিত্ৰগৃহলৈ যে অসমীয়া চিনেমা আহি আছে, এয়া শুভ লক্ষণ নহয়। --হয়, অসমীয়া চিনেমাৰ বজাৰৰ ক্ষতি কৰিব। (এই প্ৰসংগত পৰৱৰ্তী সংখ্যাত চৰ্চা কৰিম।) প'ষ্টাৰ মুকলি অনুষ্ঠানত খবৰ পালো, বেলকনিত ভগৱান--God On The Balcony চিত্ৰগৃহলৈ অহাৰ দিনটোত চিত্ৰগৃহলৈ পুণৰ আহিব আন এখন অসমীয়া চিনেমা "একলব্য"। এয়া কোনো পধ্যে শুভচিন্তা বুলি কব নোৱাৰি। এনে চিন্তাই অসমীয়া চিনেমাৰ বজাৰ গঠন নকৰে, ক্ষতিহে কৰিব। ক্ষতি নকৰে, যদিহে চিত্ৰগৃহলৈ rotation পদ্ধতিত অনা হয়। আমি পাহৰা নাই অসমীয়া চিনেমা ওপৰা ওপৰিকৈ চিত্ৰগৃহলৈ অনাক কেন্দ্ৰ কৰি এসময়ত প'ষ্টাৰ ফলা-ফলি হৈছিল। তেনে পৰিবেশ আৰু আশা নকৰো।

শুক্রবার, ২৩ সেপ্টেম্বর, ২০২২

"বুম্বা ৰাইড" এই শৈলীৰ সবল খোজ


স্থিৰ কেমেৰাৰ গতি। স্থিৰ বিষয়বস্তুৰ গতি। স্থিৰ ফ্ৰেম৷ উন্মুক্ত সেউজীয়া বননি। মাজত  দুজোপা বৃক্ষ, মিড লং শ্বটত। ফ্ৰেমৰ ছবিয়ে পেইটিঙৰ আকাৰ লৈছে। মন চুই যোৱা এই ৰূপালী "পেইটিং" খনে ৰূপালী গল্পটোৰ প্ৰতি আগ্ৰহ বঢ়াইছে দৰ্শকৰ। আগ্ৰহ বঢ়াইছে ঠিক সেই সময়ৰ পৰা, যেতিয়া বৃক্ষ দুজোপাৰ এজোপাত বগাই উঠাৰ চেষ্টা কৰিছে এটি কিশোৰে৷ চেষ্টা কৰিছে, বাৰে বাৰে ব্যৰ্থ হৈছে। বিষয়বস্তুই "গল্প"ৰ আকাৰ লোৱাৰ পূৰ্বেই কিশোৰ বিন্দুটোৱে চিনেমেটিক গতি কৰিছে, আৰু দৰ্শকে জানিছে কিশোৰৰ নাম মুম্বা। (চিনেমাৰ নাম-- "বুম্বা ৰাইড"। বিশ্বজিৎ বৰাৰ পৰিচালনা) বুম্বা বিন্দুটোৰ সৰল ৰৈখিক গতিৰে পৰিচালকে গল্পলৈ যোৱাৰ আগতে চিনেমা খনৰ ভূগোল স্পষ্ট কৰিছে। সাৱধানেৰে বুম্বা "বিন্দু"ক গল্পৰ মাজত প্ৰৱেশ কৰাইছে, বিষয়বস্তুৰে বান্ধিছে। গল্পৰ বিন্যাসৰ লগে লগে স্পষ্ট কৰাইছে চিনেমা খনৰ ইতিহাস। এই যে ইতিহাস স্পষ্ট কৰিছে, ভূগোল স্পষ্ট কৰিছে --এয়া পৰিচালকৰ প্ৰথম সফলতা। পৰিচালকৰ দ্বিতীয় সফলতা-- বাস্তৱসন্মত অভিনয় (realistic acting)-ৰে নিৰ্মাণ কৰা চৰিত্ৰ। মুম্বাৰ চৰিত্ৰত অভিনয় কৰা কিশোৰ ইন্দ্ৰজিৎ পেগুৰ অভিনয় মগজু চুই যোৱা, মনত ৰৈ যোৱা। (ইন্দ্ৰজিৎ পেগুৰ সৈতে কথা পতিছিলো চিনেমা খনৰ প্ৰীমিয়াৰ শ্ব'ৰ পাছত। অভিনয় নাজানে! অভিনয় নুবুজে। -- নজনা-নুবুজাকৈয়ে কৰিছে হৃদয়স্পৰ্শী অভিনয়। ভাৰতীয় চিনেমান প্ৰাণ থকা এনে বাস্তৱসন্মত অভিনয় কম দেখা যায়। স্বাভাৱিক ভাবে কথা কৈছে, স্বাভাৱিক আছৰণ কৰিছে।) খোকোজা নৰখাকৈ ক'ব পাৰি কেমেৰাৰ ভাষাৰ সু-পৰিকল্পিত গাণিতিক প্ৰয়োগ, মেডহীন সংলাপেৰে গতি দিয়া এই চিনেমা খনৰ প্ৰধান সৌন্দৰ্য ইন্দ্ৰজিতৰ অভিনয়। 
পৰিচালক তৃতীয় সফলতা-- cinematic language কেন্দ্ৰীক গল্প নিৰ্মাণ। চিনেমা খনত মিছিং ভাষাৰ সংলাপ ব্যৱহাৰ কৰা হৈছে। পৰিচালকৰ সু-পৰকল্পিত কেমেৰাৰ ভাষা গ্ৰয়োগে দৰ্শকক গল্প বুজাত সহায় কৰিছে। দৰ্শকে সহজতে সোমাই গৈছে ৰূপালী গল্পটোৰ পানেই-জংকি প্ৰাথমিক স্কুলখনলৈ। ছাত্ৰ মাত্ৰ এজন-- বুম্বা। ঘৰৰ পৰায়ে বুম্বাক স্কুললৈ লৈ যায় শিক্ষকে। পঢ়াত মন নাই, খোৱাতহে মন। শিক্ষকেও বুম্বাৰ ইচ্ছা পূৰণ কৰে। আন বাট নাই! একমাত্ৰ ছাত্ৰ বুম্বাই যদি স্কুল এৰি যায়! চৰকাৰী স্কুল খনত পঢ়িবলৈ, পঢ়ুৱাবলৈ আন ছাত্ৰ নাই। সৰহ সংখ্যকেৰে পঢ়াত মন নাই। যি সকলৰ আছে, সৰহ সংখ্যকেই ইংৰাজী মাধ্যমৰ স্কুল খনত পঢ়ে, আনকি পানেই জংকি প্ৰাথমিক স্কুলখনৰ শিক্ষকৰ সন্তানেও। চিনেমা খনৰ কেইটামান ছিকুৱেন্সত স্পষ্ট কৰা হৈছে চৰকাৰী বিদ্যালয় একাংশ লোকৰ বাবে ব্যৱসায় মাত্ৰ। বুম্বাক বিদ্যলয় খনৰ শিক্ষকৰ বাবে প্ৰয়োজন "ব্যৱসায়"ৰ বাবে। বিদ্যালয়ৰ ঘৰ নিৰ্মাণৰ বাবে টকা আহে, টকা শিক্ষক-বিষয়া মিলি হজম কৰে। বিদ্যালয়লৈ অহা বিনামূলীয়া কিতাপ কেজিৰ জোখত বিক্ৰী কৰে। স্কুল চাবলৈ শিক্ষা বিষয়া আহিলে হাজিৰা দি ল'ৰা-ছোৱালী আনি শ্ৰেণীত বহুৱাই। আৰু মিডডে’ মিলৰ দুৰ্নীতি ইত্যাদিও স্পষ্ট হৈছে চিনেমা খনৰ গল্পই গতি কৰা সময়ত। কব পাৰি অসমৰ শিক্ষা ব্যৱস্থাৰ ৰূঢ় সত্য স্পষ্ট হৈছে পানেই জংকি প্ৰাথমিক স্কুলখনৰ মাজেৰে। 
পৰিচিলক-চিত্ৰনাট্যকাৰ বিশ্বজিৎ বৰাৰ আন এক সফলতা-- কম ফুটেজতে ৰূপালী গল্পটোৰ সমাজ খনৰ সংস্কৃতি-অৰ্থনীতিৰ ছবি খন দেখুৱাইছে। এই যে দেখুৱাইছে এয়া চিত্ৰনাট্য ৰচনাৰ সময়ত কৰা পৰিশ্ৰমৰ ফচল (আমাৰ ধাৰণাত। আৰু এই চিনেমা খনৰ চিত্ৰনাট্য ৰচনাত পৰিচালকে পৰিশ্ৰম কৰিছে ছয় বছৰ। আৰু এই পৰিশ্ৰমৰ বাবে সম্ভৱ হৈছে এই মৌলিক চিনেকৰ্ম।)
--এই খিনিতে চিনেমাটোগ্ৰাফীৰ বাবে জিতেন বড়ো, অতুল স্বৰ্গীয়াৰীক অৱশ্যেই প্ৰশংসা কৰিব লাগিব। এই দুগৰাকী দৃশ্য গ্ৰহণকাৰীৰ সহায়তে পৰিচালকে নিজে লিখা চিত্ৰনাট্য খনক ৰূপালী গল্পলৈ ৰূপান্তৰ কৰিছে।
শেষত:
পৰিচালক বিশ্বজিৎ বৰাৰ পৰিচালনা শৈলী দুটা ট্ৰেকত আগবাঢ়িছে। এটা শৈলী আৰম্ভ হৈছে "Aisa Yeh Jahaan"-ৰে। এই শৈলীৰে আন এখন পৰিচালনা "ফেঁহুজালি"। "বুম্বা ৰাইড" এই শৈলীৰ সবল খোজ।

শনিবার, ১৭ সেপ্টেম্বর, ২০২২

Bhupen_Hazarika_Volume_II ইবছনে লিখিছে...

Ibson Lal Baruah by: Utpal Mena
"ভূপেন হাজৰিকা" প্ৰকল্পৰ দ্বিতীয় খণ্ড 
 #Bhupen_Hazarika_Volume_II উন্মোচনৰ সুখ-আনন্দ লৈ কালি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পোৱাৰ পাছতে সংগীত শিল্পী Ibson Lal Baruah -ক "ফোন"ত কৈছিলোঁ, তোমাৰ ঘৰত সোমাম। ইবছনৰ ঘৰ আজাৰাত। গুৱিহাটীলৈ অহাৰ বাটত। কৰ্মস্থান মুম্বাইৰ পৰা আহি  আজাৰাতো সংগীত কৰ্মৰ মাজতে ব্যস্ত থাকে। যথা সময়ত ইবছনৰ ঘৰ পালো। "ঘৰুৱা ষ্টুডিঅ'"টোত বহুৱালে। কৃষাৰ হাতৰ বিশেষ চাহ একাপেৰে ভাগৰ মাৰি সংগীত কেন্দ্ৰীক কথা পতিলো। দীপৰ বিলৰ কথা পতিলো। 

"দীপৰ বিলৰ পাৰে পাৰে
ৰেল চলে ৰেল চলে
জাকে জাকে চৰাই উৰে
চৰাই জাকো উৰা মাৰে…"
--ইবছনৰ সংগীত কৰ্ম। এই বিশেষ সংগীত কৰ্মৰ বাবেই "সংগীত কৰ্মী ইবছন" আমাৰ আৰু ওচৰৰ হৈছিল। ইবচনৰ আৰু এক বিশেষ সংগীত কৰ্ম--

"বিষুৱ ৰেখা
নাপাওঁ দেখা
ভৰিৰ তলত
দুখন ধৰা
এখন আকাশ
আকাশ ফালি
মেঘৰ বিবাদ…
মোৰ ভগা খিৰিকী
পোহৰ দিয়া খিৰিকী
মোৰ ভগা খিৰিকী
দুৱাৰ খোলা খিৰিকী …"
--এই সংগীত কৰ্ম জাহ্নু বৰুৱাৰ চিনেমা "ভগা খিৰিকী"ৰ।চিনেমা খন চিত্ৰগৃহলৈ অহা নাই। চিনেমা  খন চিত্ৰগৃহলৈ আহিলে দৰ্শক-শ্ৰোতাক নিশ্চয় গীতটোই স্পৰ্শ কৰিব। 
--ইবছনে আৰু এক বিশেষ সংগীত কৰ্মৰ কথা ক'লে। "আপোনাক শুনাম, অতি সোনকালে..." 
মন আছিল এই নতুন সংগীত কৰ্মৰ ৰস যিমান খিনি সম্ভৱ পান কৰো! কিন্তু হাতত "সময়" নাছিল।
#Bhupen_Hazarika_Volume_II  ইবছনৰ হাতত তুলি দি আমি গুৱাহাটী মুখী হলো, ইবছন-কৃষাৰ আতিথ্যৰে মন ভৰাই লৈ।
Bhupen_Hazarika_Volume_II ইবছনে লিখিছে ...

মঙ্গলবার, ৬ সেপ্টেম্বর, ২০২২

দূৰ্গাৰ নিৰ্দেশত কেমেৰা ঘূৰাইছে... /২

Cherrapunji by : Utpal Mena
বান থাবাহ পুৱাৰে পৰা ব্যস্ত।
দেওবাৰ। ১৭ জুলাই ২০২২। চেৰাপুঞ্জিত আমাৰ দ্বিতীয়তো দিন। কালি নিশাটো সুখৰ নাছিল। নিশা প্ৰৱল বৃষ্টিপাত হৈছিল, বজ্ৰপাতৰ ভয়লগা শব্দই আমাক চুইছিল, বিজুলী ব্যৱস্থা ব্যহত হৈছিল। --জেনেৰেটৰ বা অন্য ব্যৱস্থা নাছিল। বান থাবাহে টৰ্চ এটা দিছিল। আৰু আমাৰ হাতত থকা মোবাইল কেইটাৰ টৰ্চৰ পোহৰ, ইমানেই।
--- Bynardi inn -ৰ ওপৰ মহলাত আমি মাত্ৰ। তলত কোনোবা কোনোব হয়তো আছে! এই ঠাইত, এনে পৰিবেশত থকাৰ অভিজ্ঞতা নাই। স্বাভাৱিকতে আমাৰ মনলৈ ভয় আহিছিল। বজ্ৰপাত-বৰষুণৰ শব্দত নুশুনা হৈছিলো কাষেৰে বৈ যোৱা নিজৰাৰ কুলু-কুলু...। বেলকনিলৈ ওলাই আহিছিলো। এন্ধাৰ-এন্ধাৰ। এন্ধাৰ খেদা বিজুলীৰ পোহৰ। আৰু! ওচৰতে যেন বজ্ৰপাত পৰিছে।
--ভয়লগা পৰিবেশ, ভয়লগা পৰিবেশৰ মাজত মই।
--চকু জপাব নোৱাৰাকৈ ভয় বাঢ়িছিল। বিছনালৈ উভতি গৈয়ো চকু জপাব নোৱাৰিলো।
--ভয়ৰ ৰাতি পুৱাল। বিছনা এৰি বেলকনি পালো। মেঘ নাই।
--বেলকনিৰ পৰা দেখিলো, সেই পুৱাতেই দূৰ্গৰ নিৰ্দেশত কেমেৰা ঘূৰাইছে, শব্দ গ্ৰহণ কৰাইছে। গৈ দূৰ্গা হতৰ ওচৰ পালো। বহু সময় ঠিয় হৈ কাম চালো। কাম সামৰি দূৰ্গাই ইংগীতেৰে মোক মাতিলে। ওচৰ পোৱাত ক'লে--"ভাগৰ লাগিছে। চাহ একাপৰ প্ৰয়োজন অনুভৱ কৰিছো!"
--তেতিয়া সৰু সৰু দোকান কেইখন খুলিছিল। আমি মেগি আৰু চাহ ললো। পাহাৰীয়া ধনীয়াৰে মেগি। বেয়া নালাগিল। ৰঙা চাহতো দিছে বিশেষ মছলা। এই যে দোকানবোৰ, দোকানবোৰৰ মালিক মহিলা। (চেৰাপুঞ্জি শহৰৰ জনসংখ্যা ১০,০৮৬ জন।পুৰুষ ৪৯% , মহিলা ৫১% শতাংশ । ইয়াৰে ৪৮% শতাংশ মহিলা আত্মনিৰ্ভৰশীল। -- জনসংখ্যাৰ ১৯% শতাংশ  ১-৬ বছৰীয়া। এই তথ্য ২০০১ চনৰ।) ৰান্ধনী বা চাহ-মেগি বনোৱা মানুহ "মালিক মহিলা" গৰাকীয়ে। পৰ্যতক কেন্দ্ৰীক ব্যৱসায়! এখন দোকানত দৈনিক (গড়) ৫০০-২৫০০০ টকাৰ খোৱা সামগ্ৰি বিক্ৰী হয়, মে'-অক্তোবৰ সময়চোৱাত।
--দূৰ্গাহতে দুই-তিনি পেকেতকৈ মেগি খালে। খাই-খাই কৈ গ'ল যোৱা নিশাৰ কথা। বুজিলো, মই যেতিয়া ভয়ৰ মাজত আছিলো, দূৰ্গাহত ব্যস্ত আছিল "ভয় লগা" সেই কেমেৰাত বন্দী কৰাত। শব্দ গ্ৰহণ কৰাত। সেই নিশাৰে পৰা পুৱা ৫ বজালৈ কাম কৰিয়ে আছিল। সন্দেহ নাই এনে পৰিশ্ৰমৰ বাবেই দক্ষিণ ভাৰত নতুন চিন্তাৰ, "ভাল চিনেমা"ৰ বাবে বিখ্যাত।
--মেগি-চাহ পৰ্ব শেষ হ'ল। হাতত চিগাৰাট লৈ দৃৰ্গাই সৰু কেমেৰা এটা মোৰ ফালে আগুৱাই দিলে। "ইয়াত খাচী পাহাৰৰ কান্দোন খিনি আছে, আপুনি লেপটপত চাই বিবৰণ লিখিব। যিমান বহলকৈ সম্ভৱ, সিমান।" --দূৰ্গাই ক'লে। (ক্ৰমশ:)

সোমবার, ৫ সেপ্টেম্বর, ২০২২

হিমাংশুৰ চিনেচিন্তাৰ বুনিয়াদ মজবুট


এখন গাঁও।
নামনি অসমৰ।
হঠাৎ লক ডাউন।
সমস্যাত ককবকাইছিল বিশেষকৈ নিম্ন মধ্যবিত্ত লোক।
সংস্থাপন হেৰুৱাইছিল বহুতে।
--সেই যে গাওঁ খন, ৰূপালী গল্পটোৰ গাঁৱৰো তিনিজন যুৱকেও সংস্থাপন হেৰুৱাইছিল। অভাৱে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল!
--উপাৰ্জনৰ বিকল্প বাট বিছাৰিছিল।
--মদৰ বেপাৰ, এটা বিকল্প বাট পাইছিল।
--বিকল্প বাটত হেঙাৰ হৈছিল পুলিছ।
--শেষত আন এটা বিকল্প বাট পাইছিল। 'ব্লু-ফিল্ম' নিৰ্মাণ। ধাৰণা কৰে গাঁৱতে 'ব্লু-ফিল্ম' নিৰ্মাণ কৰি   ইন্টাৰনেটত আপলোড কৰিলে ঢেৰ টকা আহিব! নায়িকাৰ সন্ধান কৰিলে। নায়িকা পালে-- বুলু বাই। আমাৰ ধাৰণাত বুলু বাই চৰিত্ৰটো ৰূপালী গল্পটোৰ মূল বিন্দু। চিনেমা খনৰ সৌন্দৰ্য বুলু বাইক কেন্দ্ৰ কৰি আগবঢ়োৱা উপকাহিনীটো বা নিৰ্মাণ হোৱা বিষয়বস্তু। (এই খিনিতে আমি এনেদৰেও কব পাৰো, চিনেমা খনৰ নাম-- 'বুলু চিনেমা', মানে বুলুৰ চিনেমা, বুলু বায়ে অভিনয় কৰা নীলা  চিনেমা। মূল ৰূপালী গল্পটোৰ লকডাউনৰ বাবে সমস্যাত পৰা তিনি চৰিত্ৰই বুলু বাইৰ 'সমস্যা' নিৰ্মাণৰ বাবেহে ব্যৱহাৰ হৈছে। কব পাৰি --উপকাহিনীটোৰ ওচৰত দুৰ্বল হৈছে বা দুৰ্বল কৰি ৰাখিছে মূল কাহিনীটো। চিনেমাৰ ব্যকৰণৰ কথা মনত ৰাখি কব পাৰি --, এয়া ত্ৰুটি। আৰু এনেদৰেও কব পাৰি-- পৰিচালকৰ নতুন চিনেচিন্তা।) ৰাজি হোৱা নাছিল বুলু বাই, "বেয়া তিৰোতা" বুলু বায়ে হিয়া ঢাকুৰি কান্দিছিল, যেতিয়া নিস্কৰ্মা ভায়েকেও ব্লু ফিল্মত অভিনয় কৰাৰ কথা কৈছিল। নিস্কৰ্মা-মদপী ভায়েকৰ কথা, টকা পাব! শব্দ-কেমেৰাৰ ভাষাৰ সৌন্দয্যই চুই যোৱা, শব্দ (কান্দোন) -ই দৰ্শকৰ মন-মগজুত বিন্ধি যোৱা দৃশ্য। দৰ্শকৰ মন-মগজুত বিন্ধি যোৱা আন এটা দৃশ্য-- সমাজৰ পৰা পোৱা গঞ্জনাত অতিষ্ঠ বুলু বাই। ব্লু ফিল্মত অভিনয় কৰাৰ প্ৰস্তাৱ দিয়া তিনি যুৱকক ক'লে-- কামটো কৰিব। নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট স্থানত উপস্থিত হ'ল বুলু বাই। চেহেৰা-দেহৰ ভাষা-কথাত শান্তু ভাৱ। সহজ ভাবেই কয় কামটো কৰিবলৈ। শৰীৰ পৰা এপদ এপদকৈ কাপোৰ মাটিত পেলাই   দিয়ে। এটা চৰিত্ৰই "ধৰ্ষণ" কৰে বুলু বাইক। কেমেৰাত ধৰি ৰাখে এক যুৱকে, এক যুৱকে পোহৰৰ পেলাই যায়। "ধৰ্ষণ পৰ্ব"ত বুলু বাইৰ চকুত চকু পানী। শান্ত হাঁহি। "ধৰ্ষণ পৰ্ব" শেষ হয়। গাত কাপোৰ লৈ শান্ত মনে বুলু বাই আতৰি যায়। কাম (অভিনয়) কৰাৰ বাবে টকা নলয়, কয়-- সকলোৱে দেখিব লাগিব! ব্লু ফিল্ম কেমেৰাত বন্দী কৰিলে। কেমেৰাত বন্দী কৰাৰ সময়ত কেমেৰাৰ ভাষাক গুৰুত্ব দি দুই যুৱকৰ মানসিক পৰিৱৰ্তন স্পষ্ট কৰিছিল পৰিচালকে। যন্ত্ৰলৈ ৰূপান্তৰ হৈছিল দুই যুৱক। যান্ত্ৰিকভাবে কাম কৰি গৈছিল মাত্ৰ।)
--কেমেৰাত বন্দী কৰি অনা বুলু বাইৰ "ব্লু ফিল্ম" আপলোড কৰিবলৈ সাজু কৰা সময়তে এটা "ফোন" আহে। "ফোন"ত খবৰ পালে বুলু বায়ে আত্মহত্যা কৰিছে।
--পাছৰ দিনা পুৱাতেই তিনি যুৱকে বুলু বায়ে অভিনয় কৰা "ব্লু ফিল্ম" খন আপোলোড হবলৈ দি মুকলি আকাশৰ তললৈ ওলাই আহে। "ব্লু ফিল্ম" খন আপলোড হয়। তিনি যুৱকৰ মন মুকলি হয়। আমাৰ ধাৰণাত "ব্লু ফিল্ম" খন আপলোড কৰে বুলু বাইৰ শেষ ইচ্ছাক সন্মান জনায়-- "... তহতে বিছৰা ধৰণে হৈছে নহয়! .. পেলাই নথবি। সকলোৱে দেখিব লাগিব!"
--"বুলু চিনেমা" নাট্যকৰ্মী হিমাংশু প্ৰসাদ দাসৰ চিনেকৰ্ম। হিমাংশুৰ "ছাকিৰা আহিব বকুলতলৰ বিহুলৈ" আৰু "গৰু" চাইছো ("হিৰো" চোৱা নাই)। পূৰ্বে চোৱা চিনেমা দুখনৰ দৰে এই খনৰো চিনেচিন্তাৰ বুনিয়াদ মজবুট। কিন্তু চিনেকৰ্ম পূৰ্বে চোৱা দুখনতকৈ কম মজবুট। বিশেষকৈ চিনেমাৰ মূল "বিষয়বস্তু" নিৰ্মাণত আৰু পৰিশ্ৰমৰ প্ৰয়োজন আছিল। আমি "লকডাউন" দেখিছো, আনুভৱ কৰিছোঁ সেই অ-সময়। আমি অনুভৱ কৰা, দেখা লকডাউনৰ ছবি খন পৰিচালকে চুইহে গৈছে। (কিন্তু পৰিচালকল কথাত স্পষ্ট --চিনেমা খনৰ বিষয়বস্তু লকডাউন আৰু সেই সময়চোৱাত নিম্ন মধ্যবিত্তই চেপা খোৱা আৰ্থিক সমস্যা।) আৰু ধৰিলওক এসময় লকডাউন নেদেখা-অনুভৱ নকৰা দৰ্শকে চিনেমা খন চালে, তেওলোকক চিনেমা খনে লকডাউনৰ অ-সময় চোৱা অনুভৱ কৰাব নোৱাৰিব।   --এয়া পৰিচালক গৰাকীৰ ব্যৰ্থতা।
পৰিচলকৰ "গতি" লকডাউন আৰু সেই সময়চোৱাত নিম্ন মধ্যবিত্তই চেপা খোৱা আৰ্থিক সমস্যা নহয়, বুলু বাই কেন্দ্ৰীক।
  পৰিচালক গৰাকীৰ দক্ষতা-- কম ফুটেজতে সাহিত্য-কেমেৰাৰ ভাষাৰে বুলু বাই চৰিত্ৰটোৰ ইতিহাস-বুৰঞ্জি স্পষ্ট কৰিছে।
  চিনেমা খনৰ আন কেইটামান চুই যোৱা দিশ-- শব্দ (সংগীত), কেমেৰাৰ ভাষাৰে নিৰ্মাণ কৰা ভালেমান ছিকুৱেন্স, চৰিত্ৰ নিৰ্মাণ। বাস্তৱসন্মত অভিনয় (realistic acting)-ৰে চৰিত্ৰ নিৰ্মাণত গুৰুত্ব দিয়া দিছে; কিন্তু চৰিত্ৰৰ সৌন্দৰ্য ম্লান কৰিছে (বাস্তৱতাক দোহাই দি!) ব্যৱহাৰ কৰা  অশ্লিলতাল দোষে চুৱা ৰুঢ় সংলাপে।
   (এইখিনিতে-- "শুৱা কোঠাৰ বিচনাত পতি-পত্নীৰ মাজত যি ঘটে, বাস্তৱতাক দোহাই দি আমি সকলো বোৰ দেখুৱাম নে? যি খন সমাজৰ লোকে চিনেমা খন চাব, সেই লোকেৰে গড়া সমাজ খনৰ কথা পৰিচালকে নাভাবিব নে?")

শুক্রবার, ২ সেপ্টেম্বর, ২০২২

প্ৰায় ১৮ মাহ সময় পৰিশ্ৰম কৰি মঞ্জুলে অভিনেত্ৰী গৰাকীক চূড়ান্ত চিত্ৰনাট্য খন দিছিল

মঞ্জুল বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত অসমীয়া চিনেমা "অনুৰ"ৰ দুখন পোষ্টাৰ মুকলি কৰে  নিপন গোস্বামী, প্ৰাঞ্জল শইকীয়া, মৃদুলা বৰুৱা, মলয়া গোস্বামী, অনুৰাধা শৰ্মা পূজাৰী, তৰালি শৰ্মা আদিকে ধৰি ভালেমান চিনেকৰ্মী-চিত্ৰ ৰসিকৰ উপস্থিতিত। পোষ্টাৰ দুখনে চিনেমা খনৰ বিষয়বস্তুৰ ইংগীত দিছে। পৰিচালক মঞ্জুলে আমাক চিনেমা খনৰ কাহিনী শুনাইছিল। যিটো কাহিনী শুনাইছিল, সেই কাহিনীটো আজিৰ বিশ্বৰ যিকোনো স্থানৰে হব পাৰে। পুত্ৰ-বোৱাৰী থকাৰ পাছতো  জীৱনৰ শেষৰ সময় খিনি অকলশৰে কটোৱা এগৰাকী মাতৃৰ কাহিনীৰে ৰচনা হৈছে "অনুৰ" ৰূপালী গল্পটো। কথাটো এনে নহয়, পুত্ৰই মাকক নিজৰ লগত ৰাখিব নিবিছাৰে। দেশৰ বাহিৰত থকা মাকক পুত্ৰই কয়, "তই কিয় তাত অকলে থাকিব লাগে! আহ, আমাৰ লগতে থাকিবি!" মাক নাযায়। যি খন ঘৰৰ সৈতে বহু সেউজ স্মৃতি জড়িত হৈ আছে, সেই ঘৰখন এৰি যায় কেনেকৈ! --চিনেমা খনৰ এই "অকলশৰীয়া মাক" গৰাকীয়ে চিনেমা খনৰ কেন্দ্ৰীয় চৰিত্ৰ। এই চৰিত্ৰটোৰ বিপৰীতে ঠিয় কৰাইছে অসমত কৰ্মৰত হৈ অৱসৰ লোৱা এজন হিন্দীভাষী আইএএচ  বিষয়াৰ চৰিত্ৰ। এই চৰিত্ৰটো নিৰ্মাণ কৰিছে ৰজত কাপুৰক লৈ। এই চৰিত্ৰ দুটাক গুৰুত্ব দি ডিজাইন কৰিছে "অনুৰ"ৰ পোষ্টাৰ দুখন।
ডা° জাহানাৰা বেগমৰ কথাৰে:
  "অনুৰ"ৰ কেন্দ্ৰীয় চৰিত্ৰটোত অভিনয় কৰিছে ডা° জাহানাৰা বেগমে। অভিনেত্ৰী গৰাকীয়ে অনুৰাধা শৰ্মা পূজাৰীৰ গল্প এটা পঢ়িছিল আন বহু গল্প পঢ়াৰ দৰে। পঢ়াৰ পাছত অনুভৱ কৰিছিল গল্পটোৰ মূল চৰিত্ৰটো যেন অভিনেত্ৰী গৰাকীৰ মনলৈ শিপাইছে, মনত ৰৈ গৈছে।  আৰু অনুভৱ কৰিছিল সার্বজনীন (universal) কাহিনীটো চিনেমা হব পাৰে। আৰু "চিনেমা হব পাৰে" অনুভৱ কৰাৰ সময়তে গল্পটো মঞ্জুল বৰুৱালৈ প্ৰেৰণ কৰিলে। অভিনেত্ৰী গৰাকীৰ ধাৰণা, গল্পটোৰ চিত্ৰৰূপ মঞ্জুলৰ দৰে সংবেদনশীল পৰিচালকৰ পক্ষেহে সম্ভৱ! এয়া প্ৰথমটো লকডাউনৰ সময়ৰ কথা। গতিকে ঢেৰ সময় পাইছিল মঞ্জুলে। প্ৰায় ১৮ মাহ সময় পৰিশ্ৰম কৰি মঞ্জুলে অভিনেত্ৰী গৰাকীক চূড়ান্ত চিত্ৰনাট্য খন দিছিল। চিত্ৰনাট্য খন হাতত পৰাৰ পাছৰে পৰা অভিনেত্ৰী গৰাকীয়ে "চৰিত্ৰ"টোৰ মাজত সোমাবলৈ চেষ্টা কৰিছিল। কাৰণ জাহানাৰা বেগম আৰু "চৰিত্ৰটো'ৰ মাজত স্বাভাৱিকতে দূৰত্ব আছে।
অনুৰাধা শৰ্মা পূজাৰীৰ কথাৰে:
"অনুৰ"ৰ পোষ্টাৰ মুকলি অনুষ্ঠানত লেখক অনুৰাধা শৰ্মা পূজাৰীৰ পৰা জানিব বিচাৰিছিলো--  গল্পটো আৰু ৰূপালী গল্পটোৰ দূৰত্ব। জানিব পাৰিলো বিষয়বস্তুৰ দূৰত্ব নাই। বিষয়বস্তুৰ চিনেমেটিক গতি দিয়াৰ স্বাৰ্থত নতুন চৰিত্ৰ নিৰ্মাণ কৰিছে। কাহিনী বিন্যাসত চিত্ৰনাট্যকাৰে গুৰুত্ব দিছে।

তৰালি শৰ্মাৰ কথাৰে:
"অনুৰ"ত গীত নাই। গীতৰ বাবে কাহিনীয়ে ঠাই দিয়া নাই। আৱহ সংগীতৰ বাবেও খুব কম সুযোগ আছে। "এনে ধৰণৰ চিনেমাত সংগীতৰ কাম কৰা আমাৰ বাবে সহজ নহয়। কেতিয়াবা শব্দহীনতাও সংগীতলৈ  ৰূপান্তৰ হৈছে।" --চিনেমা খনৰ সংগীত পৰিচালক তৰালি শৰ্মাই ক'লে। (এই চিনেমা খন চিত্ৰ গৃহলৈ আহিব নৱবৰ্ষৰ ২৭ জানুৱাৰীত।)অনুৰ by: Utpal Mena

সৰহ সংখ্যক পোষ্টাৰতে অংকন কৰা হৈছিল চিনেমা চাবলৈ অহা দৰ্শকৰ ভিৰ


চিনেমাৰ প্ৰচাৰৰ বাবে চিনেমাৰ পোষ্টাৰ।
১৮৯৫ চনৰ ২৬ ডিচেম্বৰত পেৰিছৰ গ্ৰেণ্ড কেফেত লুমিয়েৰ ব্ৰাদাৰ্ছৰ চিনেকৰ্ম L'Arroseur arrosé প্ৰদৰ্শন হৈছিল। সেই সময়তে প্ৰযোজক-পৰিচালক দ্বয়ে প্ৰচাৰৰ বাবে পোষ্টাৰৰ প্ৰয়োজন অনুভৱ কৰিছিল। আৰু অভাৱ পূূৰণ কৰিছিল মাৰ্চেলিন অ'জ'লে (Marcellin Auzolle) নামৰ চিত্ৰকৰ এগৰাকীয়ে। মাৰ্চেলিন অ'জ'লে কৰা চিত্ৰকল্পৰ ওপৰত ভিত্তি কৰি এখন নিৰ্দিষ্ট চিনেমাৰ বাবে এখন পোষ্টাৰ নিৰ্মাণ কৰা হৈছিল। কোৱা হয় এই খনেই চিনেমাৰ প্ৰচাৰত ব্যৱহাৰ হোৱা প্ৰথম খন পোষ্টাৰ। --সেই তেতিয়াৰে পৰা ১৯৪০ চনৰ শেষৰ ফাললৈকে বিভিন্ন চিত্ৰকল্পৰ ওপৰত ভিত্তি কৰি চিনেমাৰ পোষ্টাৰ নিৰ্মাণ কৰা হৈছিল। সৰহ সংখ্যক পোষ্টাৰতে অংকন কৰা হৈছিল চিনেমা চাবলৈ অহা দৰ্শকৰ ভিৰ। ১৯৪০ চনৰ শেষৰ ফালে পোষ্টাৰলৈ নিৰ্দিষ্ট চিনেমা খনৰ নায়ক-নায়িকাৰ ছবি আহিছিল। চিনমাৰ স্থিৰচিত্ৰ আহিছিল। ৫০-৬০ৰ দশকত পোষ্টাৰত চিনেমাৰ ধাৰণাগত, বিমূৰ্ত ডিজাইনে গুৰুত্ব পোৱাৰ কথা ভালেমান গ্ৰন্থত পোৱা যায়। ৭০ৰ দশকত চিনেমাৰ পোষ্টাৰলৈ  ফটোগ্ৰাফ আহে। আৰু সেই সময়ৰে পৰা  আধুনিক পোষ্টাৰ শৈলীৰ যুগ আৰম্ভ হয়। ১৯৮০ চনৰ পৰা আজিলৈকে আধুনিক পোষ্টাৰ শৈলীৰ যুগ চলি থকা বুলি কোৱা হয়। (আৰু আছে)