বুধবার, ২৯ জুন, ২০২২

"কেনভাচত যেতিয়ালৈকে তুলিকা বা হাতেৰে ৰঙৰ কাৰবাৰ কৰি থাকো, তেতিয়ালৈকে কেৱল মোৰ। যেতিয়া প্ৰদৰ্শনৰ বাবে মুকলি কৰি দিয়া হয়, তেতিয়াৰপৰা কেৱল মোৰ হৈ নাথাকে। মই জনা নজনাকৈ 'বজাৰ' এখনত সোমাই পৰে। মোৰ ধাৰণাত শিল্পই বজাৰ নিৰ্মাণ কৰি লয়, আৰু শিল্পকৰ্মৰ ধাৰাবাহিকতাৰ বাবে তেনে বজাবৰ প্রয়োজন।"

শিল্পৰ বজাৰ, মাধুৰী-অমিতাভ আৰু অভিজিত ভট্টাচার্যশিল্পৰ বজাৰ, মাধুৰী-অমিতাভ আৰু অভিজিত ভট্টাচার্য

"অকাডেমি অফ ফাইন আর্টছ'ত শিল্পকৰ্মৰ মাজত ঘূৰি ফুৰোতে আমি স্থিৰ হবলৈ বাধ্য হৈছিলোঁ, পেইণ্টিং এখনৰ ওচৰত। পানী ৰঙৰ। বিষয়বস্তুঃ পথেৰ পাঁচালী। শকুন্তলা ৰায় নামৰ ছাত্ৰী এগৰাকীৰ শিল্প কৰ্ম। মোৰ দৰে বহুতে আগ্রহ অনুভৱ কৰিছে সেই শিল্পকৰ্মৰ প্ৰতি। মোবাইল বা কেমেৰাৰে নিজৰ কৰি লোৱাৰ অধিকাৰ নাই। ফটো উঠোৱাত বাধা আছে। শিল্প ৰসিকৰ আগ্ৰহক সন্মান জনালে ছাত্ৰীগৰাকীয়ে। কেইবাগৰাকীও শিল্প ৰসিকক কথা দিলে, এই শিল্পকৰ্ম আৰু কেইবাবাৰো কৰিব, আৰু পছন্দ হ’লৈ শিল্পৰসিক সকলে ক্ৰয় কৰিব পাৰিব। এয়া আমাৰ ধাৰণাত 'শিল্প'ৰ বজাৰ নিৰ্মাণ আৰু বজাৰৰ বাবে ‘শিল্পকর্ম'ৰ এটা উদাহৰণ।
শিল্পৰো বজাৰ থাকে। শিল্পই বজাৰ গঢ়ে। যেতিয়া বজাৰৰ বাবে শিল্প হয়, তেতিয়া কিন্তু সমস্যা বাঢ়ে। কলকাতাৰ কলেজ ষ্ট্ৰীটৰ কফি হাউচৰ এটা আড্ডাৰ অন্তত আমাৰ মনলৈ আহিছিল এই ধাৰণা। আড্ডা আৰম্ভ হৈছিল বীণা বেনাৰ্জীৰ 'কথা' প্ৰসংগৰে। চিত্রকর্মী গৰাকীয়ে কৈছিল— 'কেনভাচত যেতিয়ালৈকে তুলিকা বা হাতেৰে ৰঙৰ কাৰবাৰ কৰি থাকো, তেতিয়ালৈকে কেৱল মোৰ। যেতিয়া প্ৰদৰ্শনৰ বাবে মুকলি কৰি দিয়া হয়, তেতিয়াৰপৰা কেৱল মোৰ হৈ নাথাকে। মই জনা নজনাকৈ 'বজাৰ' এখনত সোমাই পৰে। মোৰ ধাৰণাত শিল্পই বজাৰ নিৰ্মাণ কৰি লয়, আৰু শিল্পকৰ্মৰ ধাৰাবাহিকতাৰ বাবে তেনে বজাবৰ প্রয়োজন।"
বজাৰৰ প্ৰয়োজন নাট্য কর্ম, চিনেকৰ্ম আদিৰ ধাৰাবাহিকতা ৰক্ষাৰ বাবেও। এটি সাক্ষাৎ প্রসংগত ড° ভবেন্দ্ৰ নাথ শ‍ইকীয়াই কৈছিল— "মই এই কামটো (চিনেমা) আৰু কৰিম। কৰি যাম। গতিকে বজাৰৰ চিন্তা কৰিমেই। বাজেট সিমান ৰাখো, যিমান মোৰ হাতলৈ আহিব। মই ভাবো প্ৰতিগৰাকী পৰিচালকে হয়তো এনেদৰেই ভাবে। ...কিন্তু বজাৰৰ বাবে নায়ক নায়িকাক পার্কত গীত গোৱা ইত্যাদি দেখুৱাব নোৱাৰো।" সন্দেহ নৰখাকৈ ক'ব পাৰি, ড° ভবেন্দ্র নাথ শ‍ইকীয়াৰ চিনেমাই বজাৰ গঢ়িছিল, বজাৰৰ বাবে পৰিচালক গৰাকীয়ে চিনেমা নিৰ্মাণ কৰা নাছিল। তেনেদৰে ভ্ৰাম্যমাণ থিয়েটাৰতো নাট্যকাৰ-পৰিচালকগৰাকীৰ নাটকে বজাৰ গঢ়ি লৈছিল।
বজাৰকেন্দ্রিক শিল্প চিন্তা নকৰাকৈয়ো বজাৰ চিন্তা কৰিব পাৰি, কৰা দেখা যায়। এটা উদাহৰণ – "মেঁ মাধুৰী দীক্ষিত বননা চাহতি হুঁ"। চন্দন আড়োৰাৰ পৰিচালনা। পৰিচালক, চিত্রনাট্যকাৰে চুইটি নামৰ চৰিত্ৰ এটা নিৰ্মাণ কৰিছে, অন্তৰা মালীক লৈ। চুইটিৰ সপোন— চিনেমাখনৰ নামটোতে স্পষ্ট হৈ আছে। প্রযোজক ৰাম গোপাল বার্মাই কৈছিল ,"...মাধুৰী দীক্ষিত চিনেমাখনৰ বিষয়বস্তু নহয়। 'ফ্লেভাব'। বজাৰত সহায় কৰিবপৰা 'ফ্লেভাৰ'। নিঃসন্দেহে অন্তৰা মালীয়ে ভাল কাম কৰিছে। বাস্তব কথাটো হ'ল – অন্তৰাৰ বাবে চিত্ৰগৃহলৈ দর্শক নাহে। এয়াই সত্য, এটা ভাল কাম, পৰিচালকে নিজৰ মতে কৰিছে। সেই ভাল কামটো দৰ্শকৰ ওচৰলৈ লৈ যোৱাটো প্রযোজকৰ দায়িত্ব। মাধুৰী দীক্ষিত 'ফেভাৰ'ৰ সহায়ত মই মোৰ দায়িত্ব পালন কৰিছো। কিন্তু পৰিচালকৰ 'চিন্তা'ৰ ক্ষতি কৰা নাই।" তেনেদৰে অমিতাভ বচ্‌চন 'ফ্লেভাৰ'ৰ সহায়তো বক্স অফিচ বৈতৰণী পাৰ কৰিব খোজাৰ ঢেৰ উদাহৰণ পোৱা যায়। স্পষ্ট—এনে 'ফ্লেভাব' অসমীয়া চিনেমাৰ ক্ষেত্ৰখনত নাই। বিপৰীতে ভ্রাম্যমাণ থিয়েটাৰত আছে বুলি কোৱা হয়।
শেহতীয়াভাৱে তেনে এটা ধাৰণা স্পষ্ট হৈছে হিল্লোল কুমাৰ পাঠকৰ এটি নাট্যকর্মত। নাম "ম‍ই অভিজিত ভট্টাচার্যই কৈছো"। অভিজিত ভট্টাচাৰ্যৰ নাটক নথকা ভ্রাম্যমাণ নাট্যদল এটাৰ বাবে ৰচনা কৰা নাটকত "অভিজিত ভট্টাচার্য ফ্ৰেভাৰ"ৰ প্ৰয়োগ! “দৰা হ'ব কোন নাটকখনেৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত "বলীউড শৈলী" প্ৰয়োগ কৰিছিল অভিজিত ভট্টাচার্যই। সফল হৈছিল। নাটকখনৰ 'নায়ক'ৰ চৰিত্ৰত অভিনয় কৰিছিল যতীন বৰাই। সেয়াই আৰম্ভণী। ভ্ৰাম্যমাণ থিয়েটাৰৰ প্রযোজকৰ ওচৰত অভিজিত ভট্টাচাৰ্যৰ, বলীউড শৈলী'ৰ গুৰুত্ব বাঢ়িল। —আমি পছন্দ কৰা নাছিলো। 'বজাৰ'ৰ বাবে নাটক হোৱা বাবেই সমস্যা যে বাঢ়িছিল, আমি অনুভব কৰিছিলো। নাট্যশিল্প 'নাট্যপ্ৰডাক্ট' হোৱা বাবে নাট্যৰসিক সকলে কষ্ট পাইছিল। কিন্তু যেতিয়া ৰাষ্ট্ৰীয় নাট্যবিদ্যালয়ত শিক্ষা লৈ অহা নাট্যকর্মীয়ে অভিজিত ভট্টাচার্যক অনুসৰণ কৰিছিল আৰু এতিয়া "সচেতন নাট্যকর্মী"ৰ পৰিচয় থকা হিল্লোল কুমাৰ পাঠকে "মই অভিজিত ভট্টাচাৰ্যই কৈছো"ৰ দৰে  নাটকৰ নামেৰে সফলতাৰ সন্ধান কৰিছে, আমি, কষ্ট পোৱা সেই নাট্যৰসিকসকলে মানি ল'বলৈ বাধ্য— এয়াই বাস্তব।
(by: Utpal Mena / DAINIK ASAM, FRIDAY, JUNE 28, 2019)
 

শনিবার, ২৫ জুন, ২০২২

অসমত নাট্যকাৰৰ আকাল নেকি, ৰচনা আৰু পৰিচালনাৰ ক্ষেত্ৰত মৌলিক চিন্তা কৰিব পৰা মানুহৰ আকাল হৈছে নেকি। ... অসমত 'বিষয়বস্ত'ৰ আকাল নেকি? আসমৰ লোককথা, লোকগীতৰ ভঁৰাল খন শূন্য নেকি?

কলকাতা আৰু অসমৰ নাট্যচর্চাৰ পৰিবেশ যদি তুলনা কৰা হয়, সন্দেহ নৰখাকৈ কব পাৰি, 'আকাশ-পাতাল'। বিনোদন সর্বস্ব, অর্থ সর্বস্ব 'নাট্যচিন্ত'-ই কোঙা কৰি পেলাইছে বহু নাট্য প্রতিভাক। দুষিত কৰিছে 'নাট্য পৰিবেশ। ক'ব পাৰি মূলতঃ চেঙেলীয়া মনৰ নাট্যকাৰ-প্ৰযোজকৰ তথাকথিত নাট্যচৰ্চাৰ বাবেই ঘুণে ধৰিছে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ নেতৃত্বত গঢ়ি উঠা অসমীয়া
নাট্যচর্চাৰ বুনিয়াদত। আমি ঢুকি পোৱা সময়ত 'বৈতনিক অবৈতনিক' দুয়োটা শিবিৰতে সুস্থ নাট্যচর্চাৰ পৰিবেশ গঢ়ি উঠিছিল। এটা শিবিৰৰ নেতৃত্বত আছিল ৰতন লহকৰ, প্রশান্ত হাজৰিকা আদি প্রযোজক। আনটো শিবিৰত আছিল অৰুণ শর্মা, আলী হাইদৰ, বাহাৰুল ইছলাম, কৰুণা ডেকা, ৰমণী বৰ্মণ আদি নাট্যকর্মী। নাট ৰচনা, পৰিচালনাৰ শৈলী আছিল ভিন্ন, কিন্তু উদ্দেশ্য  যেন একেটাই আছিল-- মহৎ নাট্য সৃষ্টি, অসমীয়া  নাট্য-সাহিত্য চহকী কৰা। সফলো হৈছিল। কম সময়ৰ ভিতৰতে "বৈতনিক-অবৈতনিক' নাট্যগোষ্ঠীৰ মাজত থকা ৰেখাডাল  অস্পষ্ট হৈ পৰিছিল। অৰুণ শৰ্মা, ড° ভবেন্দ্র নাথ শ‍ইকীয়া, মহেন্দ্ৰ ঠাকুৰে 'বৈতনিক' ভ্রাম্যমাণ থিয়েটাৰৰ বাবে নাটক ৰচনা কৰিছিল। ৰতন লহকৰৰ প্রযোজনাত 'অবৈতনিক শিবিৰে মঞ্চস্থ কৰিছিল 'গুবাহাটী গুৱাহাটী'ৰ দৰে নাটক। 'বৈতনিক' ভ্রাম্যমাণ থিয়েটাৰ কাহিনৰ, আৱাহন,  আৰু হেঙুলৰ মঞ্চত অসমীয়া নাটকে বিশেষ স্তৰ পাইছিল। প্রশান্ত হাজৰিকাৰ প্ৰয়োজনা-পৰিচালনাৰে মঞ্চস্থ 'মুখ্যমন্ত্ৰী'ৰ দৰে উচ্চ নাট্যচিন্তাৰ নাটক  অসমত খুউব কম মঞ্চস্থ হোৱা বুলি কব পাৰি। কৃষ্ণ ৰয়ৰ  আৱাহনত মধ্যস্থ হোৱা ড ভৱেন্দ্ৰ নাথ শ‍ইকীয়ার নাটকে এক বিশেষ শৈলীৰ সৃষ্টি কৰিছিল। সময়ত সেই বিশেষ শৈলাৰ নাটকৰ দর্শক সৃষ্টি হৈছিল। এই নাটকসমূহ আছিল অতি উন্নত পৰ্যায়ৰ। আনহাতে, ৰতন লহকৰৰ প্রযোজনা, 'চিন্তাৰে কহিনুৰ থিয়েটাৰ মঞ্চস্থ হৈছিল 'বিষ্ণু প্রসাদ', 'হে মহানগৰ', 'মাটির গাড়ী' 'সৰাগুৰিৰ চাপৰি' আদিৰ দৰে 'বিশ্ব নাট্য মঞ্চ' পর্যায়ৰ নাটক। এই  শ্ৰেষ্ঠ নাট্যচিন্তাৰ বিপৰীতে নাট্যদল তিনিটাত যে 'বেপাৰী চিন্তা', 'গ্লেমাৰ' আমদানি হোৱা নাছিল, তেনে নহয়। কিন্তু সদায় নাট্যচিন্তাৰ মাজত থাকিহে 'বেপাৰী চিন্ত' কৰিছিল। আজিৰ তাৰিখত কিন্তু ভ্রাম্যমাণ থিয়েটাৰৰ নাটক নাট্যচিন্তা 'বেপাৰৰ চিন্তা'ত বন্দী। সৰহসংখ্যক ভ্ৰাম্যমাণ থিয়েটাৰৰ মালিকৰ বাবে 'নাটক প্ৰযোজনা' এতিয়া 'প্রডাক্ট' বিক্ৰীৰ দৰে। কিন্তু কিমান দিন? "বিজ্ঞাপন'ৰ চমকেৰে আৰু কিমান দিন "ক্ৰেতা"ক (দর্শকক) আকর্ষণ কৰিব পাৰিব। প্ৰদূষিত নাট্যচিন্তাৰে আৰু কিমান বাট বুলিব! --হয়, বলিউড আৰু দক্ষিণ ভাৰতীয় চিনেমাৰ 'কপি প্ৰীতি' আৰু তৰল শৈলীয়ে প্ৰদূষিত কৰিছে ভ্ৰাম্যমাণ থিয়েটাৰৰ 'নাট্যচিন্তা'। আৰু এই 'প্ৰদূষণ বিয়পিছে অসমৰ 'অবৈতিক' মঞ্চলৈ। 
বলিউড আৰু দক্ষিণ ভাৰতৰ চিনেশৈলীয়ে গিলি পেলোৱা অসমৰ নাট্যচর্চা পৰিবেশটো মনত ৰাখি স্বাভাবিকতে দুটা প্ৰশ্ন উত্থাপন কৰিব পৰা--
(১) অসমত নাট্যকাৰৰ আকাল নেকি, ৰচনা আৰু পৰিচালনাৰ ক্ষেত্ৰত মৌলিক চিন্তা কৰিব পৰা মানুহৰ আকাল হৈছে নেকি। 
২) অসমত 'বিষয়বস্ত'ৰ আকাল নেকি? অসমৰ লোককথা, লোকগীতৰ ভঁৰাল খন শূন্য নেকি? 
--নাই, ইয়াৰে এটাৰো আকাল নাই। অসমৰ লোকসাহিত্যৰ ভঁৰাল অতি চহকী। উদাহৰণ হিচাপে এই নাটক কেইখনৰ নাম উল্লেখ কৰিব পাৰি--'চং', "মোৰে মলুৱা', 'এজন ৰজা আছিল', 'হাতী আৰু ফান্দী', শৰাগুৰি চাপৰি, 'বায়নৰ খোল', নিলাজ মানুহৰ দেশত', 'যুগসন্ধিৰ কাব্য', 'হনুমান সাগৰ বান্ধা চাও', 'শুন্য শুন্য সভাসদ', 'মৰাহাতী, 'তেজীমলা', 'কমলা কুঁৱৰীৰ সাধু',  আদি। এই নাটক কেইখনত অসমৰ লোককথা, লোক সংগীতৰ অপূৰ্ব  প্ৰয়োগ স্পষ্ট।
নলবাৰীৰ চামতাত আমি উপভোগ কৰিছিলো 'চং'। ৰমনি বৰ্মণৰ পৰিচালনা। কৰুণা ডেকাই ৰচনা কৰা নাটক খনৰ বিষয় বস্তু --কৈহাটীৰ ঢুলীয়া (কামৰূপীয়া ঢুলীয়া!) সংস্কৃতি। (ক্ৰমশ:)
by:Utpal Mena (Belsor)

শুক্রবার, ১৭ জুন, ২০২২

পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ ৰূপালী গল্প

Parvati Prasad Baruva
সেইসময়, ছবিলৈ কথা অহাৰ সময়, ছবিক গতি দি চৰিত্ৰৰ মুখত সংলপ দিয়াতে সফলতা বিছৰাৰ সময়। "জয়মতী"(২০ মাৰ্চ, ১৯৩৫), "ইন্দ্ৰ-মালতী" (১ আগষ্ট, ১৯৩৯) ৰে জোতিপ্ৰসাদ আগৰৱালাই অসমতো চিনেমা নিৰ্মাণৰ পৰিবেশ গঢ়ি তোলাৰ পাছৰ সময়। তৃতীয় খন অসমীয়া চিনেমা চিত্ৰগৃহলৈ আহিছিল (ৰোহিনী কুমাৰ বৰুৱাৰ ‘মনোমতী’) ১৯৪১ চনৰ ৩ এপ্ৰিলত। চিনেমা খনৰ দুটা প্ৰিণ্টেৰে (১৯৬৭ চনত আৰু এটা নতুন প্ৰিণ্ট  উলিওৱা হৈছিল।) বজাৰ দখল কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু "ইন্দ্ৰ-মালতী"ৰ দৰে "বজাৰ সফলতা" পোৱা নাছিল। এই চিনেমা খনৰ বজাৰ আৰু কাৰিকৰী ত্ৰুটি অধ্যয়ণ নকৰাকৈয়ে চতুৰ্থ খন অসমীয়া চিনেমা পৰিচালনা কৰিছিল পাৰ্ৱতি প্ৰসাদ বৰুৱাই। -- এই যে অধ্যয়ণ কৰা নাছিল, সম্ভৱতঃ সেই বাবেই কেমেৰাৰ কামত খুঁত ৰৈ যোৱা বাবে আৰু বজাৰ পৰিকল্পনা নথকাৰ বাবে সফলতাৰ মুখ নেদেখিলে। চিনেমা খনৰ প্ৰিণ্টৰ সংখ্যা আছিল দুটা। চিনেমা খনৰ প্ৰযোজক "বৰুৱা বোলছবি, ৰূপালী পাম"-ৰ প্ৰায় ১৮ হাজাৰ টকা লোকচান হৈছিল। এই লোকচানে অৱশ্যে পাৰ্বতি প্ৰসাদ বৰুৱাক দুখ দিয়া নাছিল। ("...বোলছবি খন চলিলে এনে ধৰণৰ কাম আৰু কৰিবলৈ উৎসাহ পালো হেতেন। লাভ হ'লে এনে ধৰণৰ নতুন কামত লভ্যাংশ খটুৱাব পাৰিলো হেতেন। চলা যে নাই, এই কথা মনলৈ আনি মই দুখ নকৰো। অসমীয়া বোলছবি এখন কৰা উচিৎ বুলি মনতে ভাবিছিলো। ভবা ধৰণে কৰিলো। কৰি মই সুখ অনুভৱ কৰিছো।" --পাৰ্বতি প্ৰসাদ বৰুৱা।)
    কমলেশ্বৰ চলিহাৰ এটা চুটি গল্পৰ আধাৰত "ৰূপহী"ৰ চিত্ৰনাট্য ৰচনা কৰিছিল পাৰ্বতি প্ৰসাদ বৰুৱাই (সংলাপ: পদ্মধৰ চলিহা, মোক্ষদা চলিহাৰ)। কাহিনী নিৰ্মাণ কৰিছিল ভূমি আৰু চম্পা নামৰ চৰিত্ৰ দুটাক কেন্দ্ৰ কৰি। লুইতপৰীয়া এখনি সৰু গাঁও--ৰূপহীমুখ। এই গাঁও খনতে ডাঙৰ-দীঘল হোৱা ভূমি-চম্পাই ঘৰ পতাৰ সপোন দেখিছিল। সপোনৰ বাধা হয় মায়াৰাম। বৰমেধি মায়াৰামৰ ঘৰত থাকি ডাঙৰ-দীঘল হোৱা ঘাট-মাউৰা চম্পাক ধনৱান মানুহলৈ বিয়া দি টকা ঘটাৰ মনলৈ আনে; আৰু মায়াৰামে সুন্দৰী চম্পাক বিয়া দিম বুলি নগৰৰ উকীল বিশ্বকান্ত হাজৰিকাৰ পৰা টকা সৰকাই। এই কু-কাৰ্যত সহায় কৰে বিশ্বকান্ত হাজৰিকাৰ মহৰী ধনঞ্জয় দত্তই। ৰূপালী গল্প আগবাঢ়ে। কাহিনীলৈ আহে নগৰৰ আঢ্যৱন্ত ভদ্ৰলোক হৰপ্ৰসাদ বৰুৱাৰ সন্তান কনক-মিনতি, আভিজাত্যভিমানী মৃদুলা আদি চৰিত্ৰ। -- ছায়াবাজি দেখুৱাই ফুৰা ৰৱিণ বেজবৰুৱা নামৰ লোক এজনৰ সহায়ত "ৰূপহী"ৰ টুকুৰা কেইটামানহে দেখিছিলো, সম্পূৰ্ণ চিনেমা খন চোৱা নাই। (চিনেমা খনৰ প্ৰিণ্ট দুটাৰ এটা-- ১৯৭৮ চনত সোণাৰিৰ চিত্ৰগৃহত জুই লাগিছিল, সেই সময়তে ভস্মীভূত হয়। কলিকতাৰ ফিল্ম ছাৰ্ভিছেছৰ গুদাম ঘৰত থকা আনটো প্ৰিণ্ট আৰু নিগেটিভো নষ্ট হয়।) চোৱাৰ সুযোগ নাপালো। চোৱা টুকুৰা আৰু বিভিন্ন উৎসহৰ পৰা ধাৰণা কৰি লৈছো এই ৰূপালী গল্প। বিভিন্ন চৰ্চাত পোৱা গৈছে --মূল গল্পটোৰ সৈতে "ৰূপহী" ৰূপালী গল্পটোৰ মিলহে আছে, মূল গল্পটোৰ চিত্ৰৰূপ নহয়। কোৱা হয় এই চিনেমা খনৰ সৌন্দৰ্য বঢ়াইছিল সংগীতে। সংগীতৰ কামো স্বাভাৱিকতে পৰিচলক গৰিকীয়ে নিজে কৰিছিল। আৰু স্বাভাৱিকতে থলুৱা গীত-সংগীত ব্যৱহাৰ কৰিছিল।
    অতুল চন্দ্ৰ হাজৰিকাই লিখিছিল --"বিখ্যাৎ গ্রামোফোনশিল্পী দুর্গাপ্রসাদ দত্তই এই ছবিত ‘বজালে আহিনে বাঁহী নে বীণ’ নামৰ গীত এটা ৰচনা কৰি নিজে সুৰ দি গাইছিল।" আৰু পাৰ্বতি প্ৰসাদ বৰুৱাই স্বৰচিত বনগীতসুৰীয়া গীত আৰু নামঘোষাৰ পদেৰে ৰূপালী গল্পটোৰ সৌন্দৰ্য বঢ়াইছিল। মূলতঃ থলুৱা গীত-সংগীতৰ ব্যৱহাৰৰ বাবে ৰূপালী গল্পটো খাটি অসমীয়া-অসমীয়া লাগিছিল বুলি কথা প্ৰসংগত লেখক-পৰিচলক, অভিনেতা লক্ষ্যধৰ চৌধুৰীয়ে আমাক কৈছিল। ৰাজনীতিক লক্ষ্যধৰ চৌধুৰীয়ে আৰু কৈছিল-- "পাৰ্বতি প্ৰসাদ বৰুৱাই ছবি খনত মহন্ত এজনৰ ভাও লৈ সুললিত কণ্ঠেৰে নামঘোষাৰ পদ গাই দৰ্শকক মোহিত কৰিছিল।"
--চিনেমা খনত ব্যৱহাৰ কৰিছিল "জোনাক জোনাক শীতল জোনাক..."  (কথা-সুৰ: পাৰ্ৱতি প্ৰসাদ বৰুৱা, কণ্ঠ;পুণ্য কোঁৱৰ) , "বজালে আহিনে বাঁহী নে বীণ..." (কণ্ঠ: দুৰ্গা প্ৰসাদ দত্ত), "নোবোলো তোক সোণৰ অসম..."  (কথা-সুৰ: পাৰ্ৱতি প্ৰসাদ বৰুৱা , কণ্ঠ: তৰুণ হাজৰিকা আৰু চাৰু বৰদলৈ), "প্ৰিয়তম তুমি আহিবা বুলি.."  (কথা-সুৰ: পাৰ্ৱতি প্ৰসাদ বৰুৱা, কণ্ঠ: দুৰ্গা ফুকন), "তোৰ নাই যে বন্ধোৱা বাট ..."  (কথা-সুৰ: পাৰ্ৱতি প্ৰসাদ বৰুৱা, কণ্ঠ: চাৰু বৰদলৈ), "অকলশৰীয়া বাটৰুৱা..."  (কথা-সুৰ: পাৰ্ৱতি প্ৰসাদ বৰুৱা, কণ্ঠ: তৰুণ হাজৰিকা), "হাতৰ হেৰোৱা ধন বাটত হেৰা পায়.. "  (কথা-সুৰ, কণ্ঠ: পাৰ্ৱতি প্ৰসাদ বৰুৱা পাৰ্ৱতি প্ৰসাদ বৰুৱা) । অভিনয় কৰিছিল-- ডানকান আচাও (ভূমি), কানন চক্ৰবৰ্তী (চম্পা)
গৌৰী কাকতি (কনক),পুণ্য কোঁৱৰ (মৃদুলা), শৈলেন ফুকন (বিশ্বকান্ত), পদ্মধৰ চলিহা (হৰপ্ৰসাদ), সুভা দত্ত (মিনতি), সূৰ্য বৰুৱা (মায়াৰাম), দুলাল গোস্বামী (ধনঞ্জয়),  মণিকা নাজিৰ (কেতেকী), প্ৰদীপ চলিহা (পৱন), তৰুণ হাজৰিকা (গগন), চাৰু বৰদলৈ (অমৰ), পাৰ্বতি প্ৰসাদ বৰুৱা (আনন্দ),  দুৰ্গা ফুকন (বেজ), বাপুৰাম বৰা (গোচৰীয়া), এছ. এম. মহবুবুল্লা (ডাক্তৰ), শৰৎ বৰা (দাৰোগা), ৰাম দত্ত (লাটুম) আদিয়ে। অভিনয় প্ৰসংগত অতুল চন্দ্ৰ হাজৰিকাই লিখিছিল-- "প্রসিদ্ধ অভিনেতা পদ্মধৰ চলিহা, শৈলেন্দ্রনাথ ফুকন, ডানকান আচাও (ইভা আচাওৰ ককায়েক) আৰু গৌৰীনাথ কাকতী ছবিৰ মুখ্য ভূমিকাত ওলাইছিল। নাৰী-ভূমিকাত আছিল পুণ্য কোঁৱৰ, কানন চক্রৱর্তী আৰু মণিকা নাজিৰ। প্রফুল্লচন্দ্ৰ বৰুৱা এম-পি আৰু স্বৰ্গীয় যাদৱপ্রসাদ চলিহাকো দুটা সৰু ভাৱত দেখা গৈছিল। ...মায়াৰাম নামৰ তৰণী এজনৰ ভাও দক্ষতাৰে ৰূপায়িত কৰিছিল গোলাঘাটৰ সূৰ্য বৰুৱাই। বৰুৱা গোলাঘাটৰ এমেছাৰ থিয়েটাৰৰ এগৰাকী খুহুটীয়া সৰবৰহী অভিনেতা। এওঁ জীৱনৰ আধা বয়সত ভৰি দিও আজিলৈকে মঞ্চাভিনয়ৰ লগত জড়িত হৈ আছে।  ...তেওঁ (পাৰ্বতি প্ৰসাদ বৰুৱাই) নিজে ৰূপায়িত কৰা সুদর্শন মহন্তজনৰ চৰিত্ৰটোৱেই বোলছবিত জাকত জিলিকা হৈছিল বুলি নিঃসন্দেহে কব পাৰি।"
অতুল চন্দ্ৰ হাজৰিকাই আৰু লিখিছিল-- "...চতুর্থ অসমীয়া বোলছবি নিৰ্মাণ কৰিছিল সোণাৰিৰ সোণালী পামৰ গীতিকৱি পাৰ্ৱতি প্ৰসাদ বৰুৱা আৰু তেওঁৰ ভাতৃসকলে। এই ছবিখন কেনেভাৱে আৰু কি আলৈ-আহুকালৰ মাজেদি তোলা হৈছিল সেই সকলো কথা বৰুৱাদেৱে আমাক বিতংভাৱে জনাম বুলি কথা দিছিল। দুখৰ বিষয় তেওঁৰ শয্যাশায়ী ৰোগে আৰু অকাল মৃত্যুৰ বাবে সেইটো হৈ নুঠিল-আলচা কথা আলচাতে থাকিল।"
পদ্ম বৰকটকী আৰু পবিত্ৰ কুমাৰ ডেকাৰ ৰচনাত পাইছো এই কেইটা তথ্য-- ১৯৪১ চনৰ ৬ ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীৰ 'সতী টকী হাউছ' ( 'বিজুলী')-ত মুক্তি দিয়া "ৰূপহী"ৰ প্ৰিমিয়াৰ শ্ব' হৈছিল ১৯৪১ চনৰ ৩০ আগষ্ট তাৰিখে কলিকতাৰ 'পূৰবী থিয়েটাৰ'ত। চিত্ৰগ্ৰহণ কৰিছিল মাজুলী আৰু কলিকতাৰ 'শ্ৰী ভাৰত লক্ষ্মী ষ্টুডিঅ'ত। দক্ষিণপাট সত্ৰৰ ৰাস-নৃত্য আৰু ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াৰ দৃশ্যগ্ৰহণ কৰা হৈছিল। অসমত গ্ৰহণ কৰা দৃশ্যাংশৰ ত্ৰুটি থকাত বাদ দিয়া হয়। বাদ দিয়া বাবে চিত্ৰনাট্য সলনি কৰি কলিকতাত সাজি লোৱা ছেটত দৃশ্যগ্ৰহণ কৰা হয়। চিত্ৰগ্ৰহণ কৰিছিল ধীৰেন দে (কলিকতা) আৰু বিভূতি দাসে।
-----------------------------------------
উৎস:
১। মঞ্চলেখা ( লেখক: অতুলচন্দ্ৰ হাজৰিকা)
২। ৰূপকাৰ ( সম্পাদক: পবিত্ৰ কুমাৰ ডেকা)
৩। চিত্ৰবানী (সম্পাদক: গৌৰ চট্টোপধ্যায়)
৪। অসমীয়া চিনেমা (লেখক: উৎপল মেনা)

শুক্রবার, ১০ জুন, ২০২২

এখন নতুন অসমীয়া চিনেমা-- 'গুৱাহাটী ডায়েৰীজ'। প্ৰশান্ত শইকীয়াৰ পৰিচালনা। ডাঃ প্ৰণীতা শইকীয়াৰ প্ৰযোজনা।

এখন নতুন অসমীয়া চিনেমা-- 'গুৱাহাটী ডায়েৰীজ'। প্ৰশান্ত শইকীয়াৰ পৰিচালনা।  ডাঃ প্ৰণীতা শইকীয়াৰ প্ৰযোজনা। প্ৰযোজক গৰাকীৰ আমন্ত্ৰণ --"আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে অহা ১০ জুন ২০২২ তাৰিখে মুক্তি লাভ কৰিব প্ৰহৰ প্ৰডাকচনৰ প্ৰয়োজনাত নির্মিত অসমীয়া চিনেমা 'গুৱাহাটী ডায়েৰীজ'-ৰ ট্ৰেইলাৰ৷ তদুপলক্ষে আয়োজন কৰা অনুষ্ঠানলৈ আপোনাক  নিমন্ত্রণ জনালোঁ৷ আপোনাৰ উপস্থিতিয়ে আমাক কৃতাৰ্থ কৰিব৷" যথা সময়ত উপস্থিত থাকিব নোৱাৰিলো, শুভেচ্ছা অৱশ্যেই জনালো। আশা ৰাখিলো অহা ১ জুলাইৰ পৰা  চিত্ৰৰসিকে এখন ভাল চিনেমা চোৱাৰ সুযোগ পাব। --হয়, অহা ১ জুলাইত (শেহতীয়া সংযোজন: ১জুলাইত নহয়, ১৫ জুলাইত) চিত্ৰগৃহলৈ আহিব চিনেমা খন। শেহতীয়া ভাবে এটি দিশ স্পষ্ট-- কেৱল  প্ৰচাৰ আৰু "তাৰকা শক্তি" (star power)-এ চিনেমা চলাব নোৱাৰে, অসমীয়া চিনেমা চলাব নোৱাৰে। (অৱশ্যে অসমীয়া চিনেমাৰ তাৰকা বিষয়টো প্ৰশ্নোবোধক।) উদাহৰণ-- অসমীয়া চিনেমা "গংগা", হিন্দী চিনেমা "Dhaakad" (১০০ কোটি টকা বাজেটৰ এই চিনেমা খনে মাত্ৰ ৩.৭৭ কোটি টকাহে ব্যৱসায় কৰিছে।), "Anek" (৪৫ কোটি টকা বাজেটৰ এই চিনেমা খনৰ ব্যৱসায় মাত্ৰ ১১.৫৯ কোটি টকা।) । বিপৰীতে ১০০ কোটি টকাৰ "KGF 2 ( All Languages) চিনেমাই ব্যৱসায় কৰিছে ( কৰি আছে। আৰু বাঢ়িব। চিনেমা খনত তাৰকা আৱশ্যেই আছে। ব্যৱসায় কিন্তু কেৱল তাৰকা কেন্দ্ৰীক নহয়। যথা স্থানত ইতিমধ্যে চৰ্চা কৰিছো।) ১২৩৫.২ কোটি টকা। আৰু অসমীয়া? কোনো "তাৰকা"ই অভিনয় নকৰা কেনি বসুমতাৰীৰ পৰিচালনাৰে নিৰ্মিত "লোকেল উৎপাত" -ৰ বক্স অফিচ কালেকচন ১ কোটি টকা , ৩৫ টা চিত্ৰ গৃহত (১জুনৰ খবৰ। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ১৩ মে', ২০২২ত)।  আমি আশা ৰাখিম-- "গুৱাহাটী ডায়েৰীজ' সফল হব, ব্যৱসায়ত, চিনেকৰ্মৰে চিত্ৰ ৰসিকক সন্তুষ্ট কৰাত।  এই চিনেমা খনত অভিনয় কৰিছে উৰ্মিলা মহন্ত, বৰষাৰাণী বিষয়া, উদয়ন দুৱৰা, মিণ্টু বৰুৱা, ৰঞ্জীৱলাল বৰুৱা, নাজ চুলতানা, অৰ্ঘদীপ বৰুৱা, হেমন্ত দেৱনাথ,ৰঞ্জীৱ লাল বৰুৱা, কমল লোচন, মিন্টু বৰুৱা, নাজ চুলতানা আদিয়ে। চিনেমা খনৰ দৃশ্যগ্ৰহণ কৰিছে পাপু ডেকাই, সম্পাদনা অভিজিৎ‍ ৰয়ৰ,  ডি-আই কালাৰ ৰতন শীল শৰ্মাৰ,  শব্দ-সজ্জা বিজয় কুমাৰ নাথ আৰু বলেন পাঠকৰ, শব্দ-সংমিশ্রণ বিজয় কুমাৰ নাথৰ। সংগীত পৰিচালনা অম্বৰীশ শ‍ইকীয়া, অমিতাভ বৰুৱা আৰু সংগীত ব্যৱস্থাপনা পৰাণ বৰকটকীৰ। গীতৰ ৰচনা ডাঃ প্ৰণীতা শইকীয়া,হিৰেন্দ্ৰ সিনহা, অংশুমান বৰা আৰু নাজ চুলতানাৰ। জানিব পাৰিছো, চিনেমা খনত ৪টা গীত ব্যৱহাৰ কৰিছে-- এটা হিন্দী, তিনিটা অসমীয়া। সম্ভৱতঃ কাহিনী, পৰিবেশৰ দাবীত পৰিচালকে হিন্দী গীতটো ব্যৱহাৰ কৰিছে! গীতকেইটিত কণ্ঠ দান কৰিছে  হিৰেন্দ্র সিনহা, কেইছী, নাজ চুলতানা, ডাঃ প্রণীতা শ‍ইকীয়া আৰু চাৰু শ‍ইকীয়াই। চিনেমা খনৰ সহঃ পৰিচালক বিতুপণ বৰা আৰু নন্দিনী দাস. ৰূপসজ্জা বিশ্ব কলিতাৰ।

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /১০

ভূপেন হাজৰিকা bhupen hazarika
ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা অসমীয়া চিনেমা কেইখন: সতী বেউলা (১৯৫৪), পিয়লী ফুকন (১৯৫৫), এৰা বাটৰ সুৰ (১৯৫৬), ধুমুহা (১৯৫৭), কেঁচা সোণ (১৯৫৯), পুৱতি নিশাৰ সপোন (১৯৫৯), শকুন্তলা (১৯৬১), মণিৰাম দেৱান (১৯৬৪), প্রতিধ্বনি (১৯৬৫), লটিঘটি (১৯৫৬), চিকমিক বিজুলী (১৯৬৯), খোজ (১৯৭৫), চামেলি মেমচা'ব (১৯৭৫), পলাশৰ ৰং (১৯৭৬), বনহংস (১৯৭৭), বনজুই (১৯৭৮), মন প্রজাপতি (১৯৭৯), অকণ (১৯৮০), অপৰূপা (১৯৮২), অংগীকাৰ (১৯৮৫), যুগে যুগে সংগ্রাম (১৯৮৬), মা (১৯৮৬), সংকল্প (১৯৮৬), জিউনি সিমাং (১৯৮৭), প্রতিশোধ (১৯৮৭), চিৰাজ __(১৯৮৮), প্রিয়জন (১৯৯৩), অশান্ত প্ৰহৰ (১৯৯৪), পানী (১৯৯৫) আৰু বড়ো ভাষাৰ "জিউনী চিৎমা" (১৯৮৭ চন)
আৰু হিন্দী চিনেকৰ্ম (সংগীত) : আৰোপ (১৯৭৩),
মেৰা ধৰতি মেৰী মা (১৯৭৭) অপেক্ষা (১৯৮৪) একপল (১৯৮৬), ৰুডালি (১৯৯৩ চন) প্রতিমূর্তি (১৯৯৩ ) ছাজ ( ১৪৮ মিনিট দৈৰ্ঘৰ চিনেমা খনৰ সংগীত পৰিচালক আছিল তিনি গৰাকী-- ভূপেন হাজৰিকা, জাকিৰ হুচেইন, ৰাজ কমল/ ১৯৯৮) দো ৰাহে (১৯৯৭ চন) দাৰ্মিয়াঁ (১৯৯৭ চন) গজগামিনি (২০০০), দমন (২০০১ ), কৌন? (২০০৩)।
--সংগীতেৰে সজোৱা বাংলা চিনেমাৰ তালিকাত আছে: জীবন তৃষ্ণা (১৯৫৭ চন) কড়ি ও কোমল (১৯৫৭ চন) অসমাপ্ত (১৯৫৭ চন) জোনাকিৰ আলো (১৯৫৮ চন), দুই বেচেৰা ("১৩ জুলাই, ১৯৭৬। পালি হিলছত থকা গুলজাৰৰ ঘৰত। গুলজাৰ, মোৰ আৰু সুনীল দত্তৰ মাজত নানা কথাৰ আলোচনা চলিল। গুলজাৰে সুনীল দত্তক ক'লে— 'ভূপেনদাই তাহানিৰ ১৯৫৯ চনত বাংলা ছবি 'দুই বেচাৰা'ত এটা হিন্দী গীত বিচাৰিছিল। মই লিখি দিছিলোঁ। গতিকে, মোৰ জীৱনৰ প্ৰথম গীতৰ সুৰ দিছে ভূপেনদাই।' ..." --ভূপেন হাজৰিকা) / ১৯৫৯ চন) সীমানা পেৰিয়ে (১৯৭৫ চন) দম্পত্তী (১৯৭৫ চন) কালো সিদূৰ (১৯৮৪ চন), এখানে পিণ্ডৰ,চামেলি মেম্‌চাব (১৯৭৫ চন), দেৱদাস (১৯৭৯)।
আৰু পৰিচালনা? --ভূপেন হাজৰিকাই পৰিচালনা কৰিছে ৮ খন চিনেমা।অসমীয়া চিনেমা "এৰা বাটৰ সুৰ" (১৯৫৬), "শকুন্তলা" (১৯৬১), "প্রতিধ্বনি", (১৯৬৫), "লটিঘটি" (১৯৬৬), "চিকমিক বিজুলী" (১৯৬৯), "মন প্রজাপতি" (১৯৭৯), "চিৰাজ" (১৯৮৮) আৰু হিন্দী চিনেমা "মেৰা ধৰতি মেৰী মা" (১৯৭৬)। আন এক "বিশেষ" চিনেকৰ্ম  "মাহুত বন্ধুৰে"।
"মাহুত বন্ধুৰে"ৰ প্ৰসংগত সংগীত সূৰ্যই কৈছিল--"ছবি খন চোৱাৰ সময়ত, বহুতে মোক কৈছিল 'অদ্ভুত' ছবি। এনে কথাছবি নেদেখা বুলিয়ো কৈছিল। কৈছিল--কাহিনী ছবিয়ো নহয়, তথ্যচিত্ৰ বুলিয়ো কব নোৱাৰি! সুধিছিল-- বাংলা ছবি নেকি?মই কৈছিলো গোৱালপৰীয়া ছবি। অসমীয়া ছবি। বুজাইছিলো। কি বুজিছিল নাজানো। মূৰ দুপিয়াই দুপিয়াই বুজা যেন দেখুৱাইছিল।" ভূপেন হাজৰিকাৰ এই বিশেষ চিনেকৰ্ম সেই সময়ৰ প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুই চাইছিল। (" ১৯৫৮ চনত 'মাহুত বন্ধুৰে' কৰিলোঁ। গোৱালপৰীয়া ভাষাত... ল'ৰা-ছোৱালীবোৰক হাতীক লৈ সেইখন কৰিলোঁ। 'মাহুত বন্ধুৰে'ৰ গানবিলাকৰ বিষয়ে কলিকতাত কয়  এইবোৰতো বাংলা নহয়, গুৱাহাটীৰ আকাশবাণীৰ সঞ্চালকৰ ওচৰলৈ পঠোৱাত কয়— 'এইবোৰতো অসমীয়া নহয়'। "গেইলে কি আছিবেন মোৰ মাহুত বন্ধুৰে...' — এওঁলোকে কয়া, বাংলা নহয়, তেওঁলোকে কয় অসমীয়া নহয়। মই প্ৰথমবাৰৰ যে গোৱালপাৰাৰ সাংস্কৃতিক উদ্ধাৰ কৰি আনি দুয়োখন ৰাজ্যৰ ড্রইং ৰূমত এৰি দিলো।  “আমাৰ গোৱালপাৰাৰ গীত' বুলি, কলিকতাত আমাদেৰ গোয়ালপাড়াৰ গীত তুলি কয়, ৰবীন্দ্ৰ সদনত প্ৰতিমা বৰুৱাক সন্মান যাচে, গীতবোৰক সন্মান কৰে। মই আৰু অলকেশ বৰুৱাই হাতত কোনো পইচা নথকাতো খিচিৰি খাই খাই কোনো সূচী নোহোৱাকৈ 'মাহুত বন্ধুৰে' উলিয়াই দিলোঁ। সুন্দৰভাৱে চলিল। সাংঘাতিক নাম কৰিলোঁ।...সেইখন কৰি নতুন লহৰৰ আৰু এটা হুলস্থূল লগাই দিলোঁ। জৱাহৰলাল নেহৰুৱে মাতি লৈ গৈছিল। গোটেই বিদেশী দূতাৱাসবোৰলৈ সেইখন পঠিয়াই দি ক'লৈ, 'এইখন বৰ অদ্ভুত ছবি হৈছে। কাৰণ তাত কোনো ষ্টাৰকাষ্ট নাই।'..." -ভূপেন হাজৰিকা)

সোমবার, ৬ জুন, ২০২২

পুৱতিৰ তৰালি /৪

Tarali Sarma তৰালি শৰ্মা by: Utpal Mena

আমি বহিছিলো।
অপেক্ষা কৰিছিলো।
সময়ত এজন এজনকৈ আঁতৰি গৈছিল ৰাষ্ট্ৰীয় বঁটা পোৱাৰ বাবে শুভেচ্ছা জনাবলৈ অহা সংগীতৰসিক, চিত্ৰৰসিক, গুণমুগ্ধসকল। তৰালি শৰ্মাৰ গুণমুগ্ধসকল। আমি কথা আৰম্ভ কৰিছিলো। কথা আগবাঢ়িছিল। তৰালি শৰ্মাৰ জন্ম 'সংগীত পৰিয়াল 'ত। 'সংগীতৰ পৰিৱেশত। সেয়েহে সম্ভবতঃ 'সংগীত শিল্পী তৰালি শৰ্মা'ৰ নিৰ্মাণপর্ব স্বাভাৱিক।
তৰালি শৰ্মাৰ মাক বেণু শৰ্মাক অৱশ্যেই বহুতে নাজানে 'সংগীতৰ মানুহ' হিচাপে। ৰেণু শৰ্মাৰ তেজতো আছে লোক-সংগীতৰ প্ৰৱাহ। সেয়েহে স্বাভাৱিকতে মাতৃগর্ভতে তৰালিৰ দেহলৈ বৈছিল সংগীত। সন্দেহ নাই— দেউতাক লোক সংগীতৰ ওজা, বাঁহীবাদক প্রভাত শৰ্মাৰ 'সংগীতো' মাতৃগর্ভতে ‘অনুভৱ কৰিছিল 'তৰালিয়ে। সেয়েহে গায়িকাগৰাকীয়ে স্পষ্টভাবে ক'ব নোৱাৰে (যেতিয়া আমি প্রশ্ন কৰোঁ) কেনেকৈ সোমাই পৰিল 'সংগীতৰ পৃথিৱী'ত। "দেউতাক দেখিছিলোঁ, সৰুৰে পৰা কেনেকৈ সংগীতৰ মাজত সোমাই থাকে। সংগীত সাধনা কৰে। কেনেকৈ, কোন সময়ৰ পৰা ক'ব নোৱাৰিম নিজে সংগীতৰ কিবা অনুভৱ কৰাৰ পূর্বেই দেউতাৰ সংগীতৰ পৃথিৱীখনৰ মাজত সোমাই
পৰিছিলোঁ। আৰু এদিন অনুভৱ কৰিছিলোঁ মোৰ বাবেও সংগীতৰ পৃথিৱী খন সুন্দৰ। 'জীৱন জীৱন বৰ অনুপম' যেন মোৰ বাবে— সংগীত, কেৱল সংগীত।"
লাহে লাহে 'সংগীতৰ পৃথিৱীত খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে তৰালি শৰ্মাই। বিশ্লেষণ কৰিলে স্পষ্ট হৈ পৰে— 'সংগীত' জানি বুজিহে আৰম্ভ কৰিছিল সংগীত যাত্রা'।
চন ১৯৯৯। স্থান গুৱাহাটী। ভূপেন হাজৰিকাৰ 'বিশেষ সংগীত অনুষ্ঠান'। এই অনুষ্ঠানত সংগীতসূৰ্যৰ গীতৰ মাজতে দুটি গীত গাইছিল তৰালিয়ে। তৰালিয়ে গাইছিল— 'বনে বাজে কাৰ...। গীতটোৰ সুৰ প্ৰভাত শৰ্মাৰ। গোৱা আনটো গীত ভূপেন হাজৰিকাৰ – “নিজকে দেখি...'। সেই অনুষ্ঠানত ভূপেন হাজৰিকাই তৰালি সম্পৰ্কে কৰা ৰাজহুৱা মন্তব্যটো আছিল এনেধৰণৰ --ভূপেন হাজৰিকাৰ  সংগীতৰ অনুষ্ঠানত, ভূপেন হাজৰিকাৰ গীত গায়ো তৰালি শৰ্মাই নিজৰ ইমেজ অক্ষুন্ন ৰাখিব পাৰিছে। এয়া সহজ নহয়। --সেই সংগীতৰ অনুষ্ঠানতৰ পাছদিনা  সংগীতসূৰ্যই তৰালি শৰ্মাৰ গায়কী প্ৰসংগত প্ৰভাত শৰ্মাক কৈছিল --"তাই লতা মংগেশকাৰো হ'ব পাৰে, পাৰবিন চুলতানাও হ'ব পাৰে। তাইক গাবলৈ দিবা।"
তৰালিৰ ভাষাত এয়া আছিল ভূপেন হাজৰিকাৰ আশীৰ্বাদ । এই 'আশীর্বাদ' সম্ভৱ হৈছিল সেইবাবেই—তৰালিয়ে 'সংগীত' জানি-বুজি সংগীত যাত্ৰা কৰা বাবে।
আমাৰ অনুভৱ --তৰালিৰ 'সংগীত যাত্রা' আছিল মন্থৰ। সংগীত যাত্ৰা সাবধানে কৰা যেন লাগে। সংগীতক লৈ ছিৰিয়াছ। ছিৰিয়াছ হোৱাৰ পিছতো কিন্তু ভুল নকৰাকৈ থকা নাছিল, 'সংগীত মেদ' নবঢ়োৱাকৈ থকা নাছিল। তৰালি শৰ্মাৰ সংগীত কৰ্মৰ তালিকাখনত আছে (সুগম সংগীতৰ এলবাম)— 'লীলা', 'ৰাগশ্ৰী', 'অভিমান', 'তোমাৰ মৰমৰ কোন', "অভিসাৰী প্রিয়া', 'প্রজাপতি', “তৰালিৰ অনুভবৱ', 'পাৰবিন চুলতানাৰ গীত', 'নীলা চৰাই, 'মুকলি', 'হেঙুলীয়া' (অন্যান্য) "বৰগীত', 'স্নেহ', 'ভক্তি' ইত্যাদি। এই শ্ৰব্য সংকলনসমূহত 'গায়িকা তৰালি'ক ভিন্ন ইমেজত অনুভব কৰিব পাৰি। অনুভৱ কৰিব পাৰি তৰালি যে মূলতঃ শাস্ত্ৰীয় আৰু লোক-সংগীতৰ 'শিল্পী।
এইখিনিতে এটা কথা স্পষ্ট নকৰিলে আধৰুৱা হ'ব। অন্যায় হ'ব। হয়তো শ্ৰব্য কেছেট নির্মাতাই 'গায়িকা তৰালি'ক অনুভব কৰিব পৰা নাছিল। নাছিল বাবেই "অ চিজিল' গীত গোৱাইছিল। যিবোৰ গীত আছিল 'বলীউডী চিনেমাৰ তৃতীয় শ্ৰেণী'ৰ দৰ্শকৰ কথা মনত ৰাখি নিৰ্মাণ কৰা গীতৰ সুৰৰ "অপভ্রংশ"। সততে গীত-সংগীতত দখল নথকা 'সুৰে'ৰে সংগীতেৰে বজাৰ দখলৰ তাগিদাত এনে 'অপভ্রংশ'ৰ আশ্রয় লয়। এনে "অপভ্ৰংশ'ৰ কবলত নপৰিলে হয়তো 'মুকলি তৰালি' বা 'হেঙুলীয়া তৰালি'ক সংগীতৰসিকে বহু আগতেই অনুভৱৰ সুযোগ পালেহেঁতেন। অপভ্ৰংশৰে কিছুদিন জনপ্ৰিয় হোৱা সেই 'সংগীত নিৰ্মাতা'ৰ দৰে হয়তো তৰালিও হেৰাই গ'লহেঁতেন, যদিহে গায়িকাগৰাকীৰ নিজৰ সংগীত বুনিয়াদ খন মজবুত নহ'লহেঁতেন! এক সাক্ষাৎ প্রসংগত কথাশিল্পী জাভেদ আখতাবে কৈছিল 'কেৰিয়াৰৰ আৰম্ভণিতে প্ৰতিগৰাকী গায়ক-গায়িকা, নায়ক-নায়িকাই ভুল কৰাটো স্বাভাবিক। এনে ভুল অমিতাভ বচ্চনেও কৰিছিল, আমিৰ মানেও কৰিছিল। আনকি ৰফি চাহাবেও কৰিছিল। দেখা যায় যিসকলৰ মাধ্যমটোৰ বুনিয়াদ মজবুট নহয়, বা কৰা ভুলৰ পৰা শিকনি নলয়, তেওঁলোক হেৰাই যায়। কেতিয়াবা এনেও হয় – কেৰিয়াৰৰ স্বাৰ্থত নতুন নায়ক-নায়িকা বা গায়কই জানিও ভুল কৰে। কিন্তু লক্ষ্য স্থিৰ হৈ থাকে। এনে গায়ক গায়িকা বা নায়ক নায়িকাক এটা বা দুটা ‘ভুলে' নস্যাৎ কৰিব নোৱাৰে। কিছুমান ভুল আর্থিক কাৰণতো কৰা হয়।"
—আকৌ কৈছোঁ তৰালিৰ সংগীতৰ বুনিয়াদ খন মজবুত আছিল।
মজবুত আছিল বাবেই আজিৰ তৰালি নিৰ্মাণ হৈছে। আৰু আজিব ভাৰিখত এয়াও সত্য 'অপভ্রংশ'বোৰ সংগীতৰসিকে কিন্তু বেছি দিনলৈ মনত ৰখা নাছিল, মনত ৰাখিছে 'আহিবা তুমি...', 'অনুৰাগ তোমাৰ বাবে ..', 'সাজৰ তৰা...', হেঙুলীয়া সপোনে....'ৰ দৰে সুৰীয়া গীতবোৰহে।
--আহিছো "ৰাষ্ট্ৰীয় বঁটা" প্ৰসংগলৈ। "আকাশী তৰাৰ কথাৰে..." --শ্রেষ্ঠ অসমীয়া চিনেমা শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা এই চিনেমাখনৰ পৰিচালনা শৈলীয়ে আমাক সন্তুষ্ট কৰিব পৰা নাছিল। বিপৰীতে 'সংগীত' আমাৰ মন-মগজুত বৈ গৈছিল। সুযোগৰ সৎ ব্যৱহাৰ কৰি চিনেমা খনৰ সংগীত পৰিচালক তৰালিয়ে ব্যৱহাৰ কৰিছিল নিজৰ কণ্ঠত ৰেকৰ্ডিং কৰা
"কিমতি ভকতি কৰিবো তোমাত হৰি এ
মঞি মূঢ়-মতি নজানো তাৰ উপায় ৰাম-ৰাম
মহাবলৱন্ত দুৰ্ব্বাসনা ঘোৰ হৰি এ
আমাৰ মনক তেজিয়া দূৰ নযায় ৰাম ৰাম..." (ঘোষা ছন্দ) ব্যৱহাৰ কৰিছিল। আৰু এই কাকূতিৰ মন চুই যোৱা গায়কীৰ বাবেই লাভ কৰিছিল শ্ৰেষ্ঠ গায়িকাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা।
এতিয়া তৰালিয়ে কি কৰিব! তৰালিৰ দায়িত্ব বাঢ়িল বুলি আমি ভাবো। এই প্ৰসংগত তৰালিৰ ব্যাখ্যা কেনে ধৰণৰ হ'ব?
"মই ঠিক তেনেদৰে ভৱা নাই। মানে দায়িত্ব বাঢ়িল বুলিলে যে, সেই কথাটো। মই এতিয়ালৈকে যি কৰিছো, সংগীতৰ যি সামান্য কাম কৰিছো, দায়িত্বৰ বান্ধোনত থাকিয়ে কৰিছো। সংগীতেৰে বা গীতেৰে সমাজৰ কি বা কিমান ভাল কৰিছো মন কব নোৱাৰিম। নিজৰ এনেধৰণৰ কথা নিজে কোৱাও উচিৎ নহয়! কিন্তু ক'ব পাৰো-- এনে গীত গোৱা নাই, সংগীতৰ এনে কাম কৰা নাই, যিয়ে সমাজৰ ক্ষতি কৰিব পাৰে। --এতিয়া মই তেনেদৰেই কাম কৰি যাম, যেনেদৰে কৰি আছো। এই এনেদৰে নাভাবো, এটা বা কেইটামান বঁটাই আমাৰ দৰে সাধাৰণ সংগীত কৰ্মীৰ সংগীত কৰ্মৰ দিশ সলনি কৰি দিব পাৰে। মই অসমত থাকিয়ে অসমীয়া সংগীতৰ কাম কৰি যাম।" --তৰালিয়ে কৈছিল।
আমাৰ যিমান দূৰ মনত পৰে--, শ্ৰেষ্ঠ গায়িকাৰ "ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা" প্ৰাপ্তিৰ বাবে চৰ্চাত থকা সময়তে তৰালি শৰ্মালৈ ভ্ৰাম্যমাণ থিয়েটাৰ নাটকৰ সংগীত পৰিচালনাৰ বাবে প্ৰস্তাৱ আহিছিল, কহিনুৰ থিয়েটাৰৰ সেই সময়ৰ প্ৰযোজক ৰতন লহকৰৰ পৰা। ২০০৫-০৬ নাট্যবৰ্ষত।
--এই যে ৰতন লহকৰে কহিনুৰ থিয়েটাৰত "সংগীত কৰিব লাগিব বুলি" তৰালি শৰ্মাক প্ৰস্তাব দিছিল, স্বাভাৱিকতে সংবাদ মাধ্যমত চৰ্চা হৈছিল। "ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপ্ত গায়িকা তৰালি শৰ্মাই ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটকত সংগীত দিব" বুলি চৰ্চা হৈছিল কাকত-আলোচনীত। সেই সময়ত আমি দৈনিক কাকত "আজি"ৰ (সম্পাদক : অজিত কুমাৰ ভূঞা) সম্পাদনা বিভাগৰ সৈতে জড়িত। তৰালিৰ "ভ্ৰাম্যমাণ" কেন্দ্ৰীক চৰ্চা আমাৰ কাকততো প্ৰকাশ হৈছিল। মই "আজি"ত যোগ দিয়াৰে পৰা আঁতৰি অহালৈকে নিয়মীয়াকৈ লিখিছিল প্ৰমোদ কলিতাই (সেই সময়ৰ "বিস্ময়"ৰ উপ-সম্পাদক, বৰ্তমান অসম প্ৰকাশন পৰিষদৰ সচিব।)। প্ৰমোদাই কৈছিল-- তৰালিৰ "ভ্ৰাম্যমাণ" কেন্দ্ৰীক চৰ্চা কেতিয়াও যোগাত্মক হ'ব নোৱাৰে। প্ৰমোদাৰ মতে, ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্তিৰে তৰালিয়ে সংগীতৰ বিশাল পৃথিৱী খনলৈ যোৱাৰ বাট পাইছে। গতিকে অসমত সোমাই থকাৰ কোনো যুক্তি নাই। সেই সময়ত প্ৰমোদদাৰ কথাত আমিয়ো যুক্তি বিছাৰি পাইছিলো। আৰু চৰ্চা কৰিছিলো-- তৰালি শৰ্মাক আমি বলিউডতো বিছাৰো। আজিৰ তাৰিখত কিন্তু আমাৰ ধাৰণা সলনি হৈছে, সলনি কৰি দিছে তৰালিৰ সংগীত কৰ্মই। আজিৰ তাৰিখত (১৮ মাৰ্চ, ২০২২) আমি এনেদৰে ক'ম-- বলিউডৰ বাটত খোজ দিলে হয়তো "গায়িকা তৰালিক" প্ৰশংসা কৰাৰ বহল বাট পালো হেতেন! কিন্তু বৰ্তমান সময়ৰ "সংগীতকাৰ তৰালি শৰ্মা"ক পালো হেতেন নে?
--বলিউডৰ বাটত খোজ আগবঢ়োৱা সহজ নহয়। বলিউডলৈ গৈ দুখোজ মান দি অসমৰ "জনপ্ৰিয়" গায়কো উভতি অহাৰ উদাহৰণ আছে। উভতি আহি "জনপ্ৰিয়" গায়কে কৈছে-- মই অসমত থাকি অসমীয়া সংগীত, সংস্কৃতিৰ কাম কৰিম। বিপৰীতে তৰালিয়ে বলিউডত খোজ পেলোৱাৰ বাট পোৱাৰ সময়তো কৈছে-- "মই আসমীয়া সংগীতৰ মাজত থাকিয়ে সংগীতৰ কাম কৰিম। অসমৰ থলুৱা সংগীতৰ পথাৰ খন বহুত বহল, বহুত ৰসাল, বহুত চহকী। জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, ড°ভূপেন হাজৰিকাই আমাৰ ৰসাল থলুৱা সংগীতেৰেই 'অসমীয়া সংগীত' চহকী কৰা নাই জানো! মোৰো সেই বাটেৰেহে যোৱাৰ মন! অসমৰ বাহিৰত থাকি সংগীতৰ কাম, অসমীয়া সংগীতৰ কাম কৰাৰ মন নাই।" --সেইদিনা তৰালিয়ে কৈছিল। সেই যে ৰাষ্ট্ৰীয় বঁটা পোৱাৰ বাবে শুভেচ্ছা জনাবলৈ অহা সংগীতৰসিক, চিত্ৰৰসিক, গুণমুগ্ধসকল আঁতৰি গৈছিল, তাৰ পাছত, আমাৰ প্ৰশ্নৰ উত্তৰত।

শনিবার, ৪ জুন, ২০২২

পুৱতিৰ তৰালি /৩

চিনেমাৰ গীত-সংগীত, তৰালি শৰ্মাৰ।
হঠাৎ এদিন, তৰালিৰ প্ৰস্তাৱ, "উংপল দা, চিনেমা এখন চোৱাৰ বাবে সময় হব নেকি?"
"মোৰ সময়, চিনেমাৰ বাবে নহব নে! কোৱা কেতিয়া, ক'ত চাম?" --মোৰ আগ্ৰহ বাঢ়িছিল মূলতঃ দুটা কাৰণত। প্ৰথম কাৰণ, চিনেমা খনৰ সৈতে তৰালি জড়িত আছে নিশ্চয়। আৰু তৰালিয়ে চিনেমা খন চোৱাৰ কথা কৈছে যেতিয়া, চিনেমা খনে হতাশ নকৰিব! দ্বিতীয় কথা, নতুন অসমীয়া চিনেমা।
"ইয়াত (গুৱাহাটীত) নহয় কিন্তু! বঙাইগৱত।"
--তৰালিৰ আগ্ৰহৰ বাবে আমি নিৰ্দিষ্ট সময়ত গৈ বঙাইগাৱ পাইছিলো। ১৮৩.৯ কিলোমিটাৰ বাট আমাক নিজে ড্ৰাইভিং কৰি লৈ গৈছিল দুলুমণি দাসে। দুলুমণি এটা ভ্ৰাম্যমাণ নাট্যদলৰ প্ৰযোজক, সেই সময়ত। চিনেমা চোৱাৰ পাছত, ওভতাৰ বাটত "চিনেমাৰ সংগীত" কেন্দ্ৰীক ইটো-সিটো কথা পাতিছিলো তৰালিৰ সৈতে। "চিনেমাৰ সংগীত চিনেমাৰ গল্পৰপৰিবেশ ৰচনাৰ বাবে ব্যৱহাৰ হয়। পৰিবেশ ৰচনা কৰিবলৈ যাওতে সৌন্দৰ্যৰ কথাও ভবা হয়। মোৰ ধাৰণাত কেৱল  চিনেমাৰ দৈৰ্ঘ বঢ়োৱাৰ বাবে চিনেমাত গীত ব্যৱহাৰ কৰিব নালাগে। চিনেমাৰ গল্পৰ অংশ হব লাগে চিনেমাৰ গীত। চিনেমাৰ গল্পৰ পৰা চিনেমাৰ গীতক পৃথক কৰাৰ সুযোগ দৰ্শকক দিব নালাগে। গীত গল্পক আগুৱাই নিয়াত ব্যৱহাৰ হব লাগে। আৰু আৱহ সংগীত যেতিয়া ব্যৱহাৰ কৰা হয়, মন কৰিব লাগে, চিনেমাৰ চেকা নহৈ যাতে অলংকাৰ হয়।" ( তৰালিয়ে এনেদৰে কোৱা নাছিল, তৰালীয়ে কোৱা প্ৰায় ৬০ মিনিটৰ কথা-- আমি এনেদৰে বুজিছিলো।)
--তৰালিয়ে সংগীত পৰিচালনা কৰিছে "আকাশীতৰাৰ কথাৰে..." (২০০৩), "লাজ" (২০০৪), "বসুন্ধৰা" (২০০৯),"Let's Dance" (২০০৯ / হিন্দী চিনেমা), "অথেলো" (২০১৪), অন্তৰীণ" (২০১৫ ), "ক্ষোভ" (২০১৬) "সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ" (২০১৬ / প্ৰথমখন অসমীয়া এনিমেটেড ছবি), "তুমি আহিবা নে" (২০১৭), "মৃগনাভি" (২০১৭),  "মাৰ্কশ্বিট” (২০১৮), "কেলেণ্ডাৰ" (২০১৮), "বৰনদী ভটিয়ায়" (২০১৯), "কানীন" (২০১৯), "লাইফ ইন এ পাপেট" (২০২১), "অণুৰ", "দূৰ্গা", "নাচিমাই","বাঁহী", "জোনাকী পৰুৱা" আদি চিনেমাৰ। আমাৰ ধাৰণাত চিনেমাৰ বাবে সংগীত ৰচনাৰ সময়তো অসমৰ থলুৱা বা লোকসংগীতৰ আঁতৰত নাথাকে তৰালি, সুযোগ বুজি সৎ ব্যৱহাৰ কৰে। আৰু আমাৰ ধাৰণাত তৰালিয়ে চিনেমাৰ বাবে শ্ৰেষ্ঠ সংগীতৰ কাম কৰিছে "তুমি আহিবানে"ত।

বৃহস্পতিবার, ২ জুন, ২০২২

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika
"এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম।
("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱে-ভূঞে জানে। মই এইবাৰ 'শকুন্তলা খনৰ কথা ভাবিলোঁ। তৎক্ষণাৎ মই কলেজ স্ট্রীটলৈ গৈ সংস্কৃত-বাংলা অভিজ্ঞান লম খন লৈ আহিলোঁ। অৱনীন্দ্রনাথ ঠাকুৰে ছবিৰে অঁকা ‘শকুন্তলা’খনো আনিলোঁ। আনি ভাবিলোঁ, প্রথমতে কেনেকৈ আৰম্ভ কৰোঁ? অতি কমেও প্রথমতে পাঁচ হেজাৰ লাগিব। সঙ্গীতখিনি বাৰু ময়েই কিবা এটা কৰি ল'ব পাৰিম। ভাবিলোঁ, শ্যামাপ্রসাদ আগৰৱালাৰ ওচৰলৈকে যাম। ছবিখন আৰম্ভ কৰিম বুলি ঠিক কৰোতেই 'ৰাধা ফিল্মছ -এ মোক বাকী দিলে। তিনিদিনমান ফ্রি শুটিং কৰিবলৈ। দিলে। মাধৱ বাবুৱে কৈছিল, 'শিল্পীসকলক যে তুমি এতিয়া পইচা নিদিয়া, পিচত দিবা। খালী ফিল্মৰ পইচাখিনি যোগাৰ কৰাঁ। সেইখিনি ডিস্ট্রিবিউটক দেখুৱাব লাগিব। 'ছাউণ্ড' অলপ কিনা।' এই বুলি তেওঁ মোক বহুত সহায় কৰিলে।" --ভূপেন হাজৰিকা) কাম কিছু আগবঢ়াই ভূপেন হাজৰিকাই চিঠি লিখিলে বিষ্ণু প্ৰসাদ ৰাভা, ফণী শৰ্মালৈ। অভিনয় কৰিব লাগিব আৰু "আপোনালোকে মোক অসমত শকুন্তলা এজনী বিচাৰি দিয়ক" বুলি। ভি শান্তাৰামৰ পৰিচালনাৰে চিত্ৰগৃহলৈ ১৯৪৪ চনত আহিছিল "অভিজ্ঞান শকুন্তলম"। তাৰ পাছত  "শকুন্তলা" কাহিনীৰ আৰু ৪-৫ খন চিনেমা নিৰ্মাণ হৈছিল। ফণী শৰ্মাই হেনো ভূপেন হাজৰিকাক পৰামৰ্শ দিছিল-- আটাইকেইখন শকুন্তলা চাই লোৱা! চাইছিল, অৱশ্যে ৩ খনহে চাইছিল। আৰু চোৱাৰ বাবে আন কেইখন "শকুন্তলা"তকৈ অসমীয়া "শকুন্তলা"ৰ কাম ভাল হৈছিল। এজন বন্ধুৰ পৰা ৫০০০ টকা ধাৰ লৈ, ধাৰৰ টকাৰে আৰম্ভ কৰা "শকুন্তুলা"ৰ কাম সম্পূৰ্ণ কৰি দিছিল নগাঁৱৰ কাশীনাথ বিহানীয়ে। ব্যৱসায়িক দিশত চিনেমা খন সফল হৈছিল, চিত্ৰৰসিকেও ভাল পাইছিল। কাশীনাথ বিহানীৰ ইচ্ছাক সন্মান জনাই ক'লা-বগা চিনেমা খনৰ
"প্ৰথম প্ৰহৰ ৰাত্ৰি ফুলি আছিল চম্পা ।
শুনা সখি শকুন্তলা তুলি বান্ধা খোপা।।
দ্বিতীয় প্ৰহৰ ৰাত্ৰি ফুলি আছিল তগৰ।
শুনা সখি ৰূপৱতী নধৰা জগৰ।।
তৃতীয় প্ৰহৰ ৰাত্ৰি ফুলিলে শেৱালি।
কেতেকীয়েও তোমাৰ হিয়াত দিলে পৰাগ ঢালি।।
আইদেউৰ গালৈকে চাবকে নোৱাৰি।
হীৰা কি মুকুতা জ্বলে ধৰিব নোৱাৰি।।
ষষ্ঠ প্ৰহৰ ৰাত্ৰি ফুলি আছিল যুতি।
তোমাৰ স্বামী দুষ্যন্তকে আজি কৰাঁ স্তুতি।।" গীতটো ৰঙীন কৰিছিল। --এই যে গীতটো ৰঙীন আছিল, সেই বাবে কোৱা হয়, "শকুন্তলা" প্ৰথম অসমীয়া আংশিক ৰঙীন চিনেমা।
--গীতটোত "ৰং সানিছিল" ভূপেন হাজৰিকাই। আৰু চিনেমা খনে ৰং আনিছিল ভূপেন হাজৰিকাৰ মনলৈ। পৰিচালক গৰাকীক চিনেমা খনে আৰ্থিক সমস্যাৰ পৰা কিছু মুক্ত কৰিছিল, ৰাষ্ট্ৰীয় সন্মান দিছিল। অৱশ্যে আশা কৰিছিল শ্ৰেষ্ঠ চিনেমাৰ বঁটা, পাইছিল অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চিনেমাৰ শিতানত ৰূপৰ পদকহে। ("অসমীয়া 'শকুন্তলা' – এই মুক্তি দিলোঁ, শুনিলোঁ ভাল চলিল। সিফালে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ব্লেকেটেড হ’ল বুলি লিখিছিল। অর্থাৎ বাংলা 'ভগিনী নিবেদিতা' আৰু অসমীয়া 'শকুন্তলা' – এই দুখনক  লৈ আলোচনা হ'ল কোনখনক প্ৰথম পুৰস্কাৰ দিব:  মানে ছেমি ফাইনেল হ'ল। 'শকুন্তলা'ক নিদিলে। শকুন্তলাজনীৰ অভিনয় বৰ ভাল নহ'ল। অভিনয়ত কেইটামান নম্বৰ কম পালে। ইফালে 'ভগিনী নিবেদিতা'ৰ ভাওত অভিনয় কৰিছিল। অৰুন্ধতী মুখার্জ্জীয়ে। অভিনয়ৰ দিশৰপৰা দুৰ্ব্বল বাবেই মই হাৰিলোঁ। শকুন্তলা ই আঞ্চলিক ভিত্তিত শ্রেষ্ঠ পুৰস্কাৰটো পালে। জাতীয় পুৰস্কাৰটো নাপালে।" --ভূপেন হাজৰিকা) শ্ৰেষ্ঠ চিনেমাৰ বঁটা পোৱা "ভগিনী নিবেদিতা" বিজয় বসুৰ পৰিচালনা। বিজয় বসুই বঁটা গ্ৰহণ কৰাৰ পাছত "সিনেমা জগৎ"-ক দিয়া সাক্ষাৎকাৰত কৈছিল --"ভূপেন হাজৰিকাৰ 'শকুন্তলা'ই মোক চুই গৈছে। গল্প ইমান ধূনীয়াকৈ কৈছে! গীত-সংগীত গল্পত ইমান সুন্দৰকৈ পিন্ধাইছে! মোৰ মন ভৰি গৈছে। সংগীত ব্যৱহাৰ ছবিত কেনেদৰে কৰে, ভূপেন হাজৰিকাৰ দৰে অতি কম সংখ্যক পৰিচালকহে জানে, মোৰ ধাৰণাত। ছবিত সংগীত-গীতৰ ব্যৱহাৰত মই ভূপেন হাজৰিকাতকৈ বহু পাছত আছো।"