শুক্রবার, ১২ জুলাই, ২০২৪

মিছিং /চিনেচৰ্চা

টোপগে মহাজন অচিনাকী নহয়! টোপগে মহাজনৰ পুত্ৰ আবু, পুৰণা ৱান টোনাৰ গাড়ী খনো চিনাকী। কাহিনীৰ মূল বিন্দু আত্মগোপনকাৰী পলাতক সৈনিক মণিপুৰী সিং  ড্ৰাইভাৰ ওৰফে কুঞ্জ সিং আৰু কেইবাটাও চৰিত্ৰ আমাৰ মন-মগজুত ৰৈ গৈছে য়েছে দৰজে ঠংচিৰ "মিছিং" পঢ়াৰ সময়ত। 
--পাতনিত ঔপন্যাসিকে লিখিছে , "পৃথিৱীৰ সকলো জাতি-উপজাতি কম বেছি পৰিমাণে অন্ধবিশ্বাসী। ভূত-প্রেত, ডাইনী, যখিনী, উপকাৰী-অপকাৰী নানা দেৱ-দেৱী আদি লৈ নানা জনশ্রুতি গঢ় লৈ উঠিছে বিভিন্ন সমাজত। মানৱ জাতিয়ে পালন কৰা বিভিন্ন পূজা-পাতল, উৎসৱ- পাৰ্বন ভালেখিনিৰ মূল উদ্দেশ্যৰ আঁৰত আছে নানা ভূত-প্রেত, দেৱ-দেৱীক সন্তুষ্ট কৰি অমঙ্গলৰ কবলৰ পৰা নিজক ৰক্ষা কৰা। আনকি ধৰ্মৰ নানা আচৰণ-বিধি, পুজা- পাতল আদি পালনৰ অন্তৰালত আছে এই অন্ধবিশ্বাস।..." চিনেমা খনৰ কাহিনীৰ গতিত "পাতনি"ৰ ছবি খন দেখিছোঁ। --হয়, "মিছিং" চিনেমা খনত। একে নামেৰে উপন্যাস খন ৰূপালী গল্পলৈ ৰূপান্তৰ কৰিছে ড° ববী শৰ্মা বৰুৱাই। উপন্যাস খনৰ দৰে চিনেমা খনৰো কাহিনীৰ "নায়ক" সিং  ড্ৰাইভাৰ। পৰিচালকে বাস্তৱ অভিনয়ৰ ওচৰত ৰাখি চৰিত্ৰটো নিৰ্মাণ কৰিছে  ৰাজীব ক্ৰ'ক লৈ। নিৰ্মাণ পৰ্ব পৰিপাটি। খোজ-কাটল, চেহেৰাৰ ভাষা, সাজ-সজ্জ আদিৰ ডিজাইন "সময়ৰ গতি"ৰ সৈতে খাপ খোৱা। সংলাপ প্ৰক্ষেপনতো "সময়ৰ গতিত পৰিৱৰ্ত"ত পৰিচালক আৰু অভিনেতাই মন দিছে। তেনেদৰে পৰিচালকে মন দিছে কাহিনীৰ গতিত পৰ্দালৈ অহা প্ৰতিটো চৰিত্ৰত। 
টোপগে মহাজনে  সিং  ড্ৰাইভাৰক বিশ্বাস কৰিছিল, পলাতক সৈনিক বুলি জনাৰ পাছতো কুঞ্জ সিং নাম দিছিল। সিং  ড্ৰাইভাৰৰ মন-মগজুতো টোপগে মহাজন "ঈশ্বৰ"। ইমান খিনি ওচৰ সম্পৰ্কৰ পাছতো এদিন সিং ড্ৰাইভাৰে টোপগে মহাজনৰ ওচৰৰ পৰা পলাইছিল। কিয় পলাইছিল, টোপগে মহাজনৰ মৃত্যুৰ পাছত, আবুক শুনালে সিং ড্ৰাইভাৰে। কাহিনী আগবাঢ়ে। আবুই লগ পালে সিং ড্ৰাইভাৰৰ পৰিয়ালক। জানিব পাৰিলে, সিং ড্ৰাইভাৰ  কেইবামাহো ধৰি দক্ষিণ ভাৰতৰ ভেল্লোৰৰ এখন চিকিৎসালয়ত আছে। তেনেহ'লে! আবু মুখামুখী হৈছিল সিং ড্ৰাইভাৰৰ মিছিঙৰ সৈতে। "চেৰদুকপেন জনজাতিৰ বিশ্বাস --মিছিং, "মৃত্যুৰ আগতে মানুহৰ দেহৰ পৰা ওলাই ফুৰা প্ৰেতাত্মা।" চিনেমাৰ কাহিনীৰ গতি আৰু কেইবাবাৰো মিছিং প্ৰসংগ আহিছে। কাহিনীৰ গতিত
"আয় নোং য়ো য়ো" (প্ৰেমৰ গীত), ফিৰোং জলপ্ৰপাত আদিয়ো পৰিপাটিকৈ পৰিচালকে কাহিনীৰ গতিত ব্যৱহাৰ কৰিছে। চিনেমা খনৰ, আমাৰ চকুত পৰা প্ৰথমটো ইতিবাচক দিশ-- কেমেৰা ডিজাইন। কেমেৰাৰ ভাষা, সংগীত পৰিবেশ নিৰ্মাণ আৰু কাহিনীক গতি দিয়াত ব্যৱহাৰ কৰিছে। অৱশ্যে কাহিনীক গতি দিয়াত গুৰুত্ব দিছে সাহিত্যৰ ভাষাক। চেৰদুকপেন আৰু হিন্দী ভাষা ব্যৱহাৰ কৰিছে, চৰিত্ৰৰ মুখত। 

প্ৰযোজক: সুলাখ্যানা বৰুৱা
সহ-প্ৰযোজক; বসন্ত কুমাৰ বৰুৱা , ড° ববী শৰ্মা বৰুৱা
পৰিচালক: ড°ববী শৰ্মা বৰুৱা
চিত্ৰগ্ৰহণ: চ'নু
সংগীত: শশাংক কোথাৰী
অভিনয়ত: ৰাজিব ক্ৰ', ছেৰিং ডৰ্জী, প্ৰেম দৰ্জী মনোজী, মালা গোস্বামী...
চিত্ৰগৃহলৈ অহা নাই

মঙ্গলবার, ২ জুলাই, ২০২৪

বীৰাংগনা সাধনী / চিনেচৰ্চা

কথা পাতিছিলোঁ, বিশ্বজিৎ বৰাৰ সৈতে।
 সাজু কৰা দুটা ট্ৰেইলাৰত অনুভৱ কৰিছিলোঁ-- বিশ্বজিতৰ শেহতীয়া চিনেকৰ্ম।
ট্ৰেইলাৰ দুটাত "ৰক্তবীজ"ৰ, ফেঁহুজালি"ৰ চিনেকৰ্মৰ ছাঁ নাই, মনলৈ আনি দিছে "বাহুবলী: দ্য বিগিনিং" ইত্যাদিৰ। colourful, পৰিপাটি চিনেকৰ্মৰ অনুভৱ দিছে। ঐতিহাসিক চিনেমা যেতিয়া চিনেমা খনৰ বুনিয়াদ "কাহিনী", চৰিত্ৰ নিৰ্মাণ। "কাহিনী" নিৰ্মাণ কৰিছে চুতীয়া ৰাজ্যৰ শেষ গৰাকী ৰাণী সতী সাধনী বা সাধনী নাৰায়ণক কেন্দ্ৰ কৰি। সাধনী নাৰায়ণ জন্ম আনুমানিক ১৫ শতিকাৰ শেষ ভাগত হৈছিল বুলি কোৱা হয়। --চিনেমা খনৰ কাম আৰম্ভ হোৱাৰে পৰা চৰ্চাৰ বিষয় আছিল, কোনে অভিনয় কৰিব এই চৰিত্ৰটোত। অভিনেতা-অভিনেত্ৰী নিৰ্বাচন পৰ্ব আৰম্ভ হৈছিল। নিৰ্বচন পৰ্বত মই নিজেও এগৰাকী বিচাৰক আছিলোঁ। কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰী পৰিচালকৰ চকুত পৰিছিল (আন চৰিত্ৰৰ বাবে নিৰ্বাচন কৰিছিল।), চৰিত্ৰটোৰ বাবে কিন্তু অভিনেত্ৰী পোৱা নাছিল। 
অৱশেত এগৰাকী পাইছিল, বিশ্বজিতে খবৰটো দিছিল, বিতং তথ্য দিয়া নাছিল। চিত্ৰগ্ৰহণৰ সময়তো "নায়িকা" আঁৰতে থাকিল। থাকিল মানে, পৰিচালকেই ইচ্ছাকৃতভাবে আঁৰতে ৰাখিলে। নাম জনাৰ আগতে, চোৱা ট্ৰেইলাৰ দুটাত আশাৰে চাবলৈ ৰৈ থকা  নায়িকাগৰাকীকো দেখিলোঁ, আন কেইবাটাও চৰিত্ৰৰ সৈতে।  যুদ্ধৰ পৰিৱেশ নায়িকা, আন চৰিত্ৰৰ লগতে "নীতিপাল" লুকানন্দক। দেখিলোঁ সুৰধ্বজ পাল" মৃদুল চুতীয়াক, 'কাঁচিতৰা" তপন দাসকে ধৰি বহুতকে। অনুমান কৰিব পাৰি--  চিনেমা খনৰ নিৰ্মাণ পৰ্ব, বিশেষকৈ যুদ্ধৰ শিহৰণকাৰী দৃশ্য নিৰ্মাণৰ আয়োজন আছিল তামিল-তেলেগু বা বলিউডৰ বিগ বাজেটৰ চিনেমাৰ পৰ্যায়ৰ। খৰছ কিমান কৰিছে নাজানো, জানিবলৈ চেষ্টা কৰা নাই, "কাম" কিন্তু বলিউডৰ চিনেমাক ফেৰ মাৰিব পৰা হৈছে। যদি চিনেমা খনৰ সম্পূৰ্ণ নিৰ্মাণ পৰ্ব ট্ৰেইলাৰ দুটাৰ পৰ্যায়ৰ হৈছে, ক'ব পাৰিম অসমৰ পৰিচালকে "বাহুবলী"ৰ দৰে চিনেমা নিৰ্মাণ কৰিব নোৱাৰে বুলি কোনো কথা নাই, অসমৰ পৰিচালকে "লাচিত বৰফুকন" কেন্দ্ৰিক "ৰাষ্ট্ৰীয় পৰ্যায়"ৰ চিনেমা নিৰ্মাণ কৰিব নোৱাৰে বুলিয়ো কোনো কথা নাই!
--শেষৰজন চুতীয়া ৰজা ধীৰনাৰায়ণ চিনেমা খনৰ কাহিনীৰ এটা বিন্দু। এই চৰিত্ৰটোত অভিনয় কৰিছে দক্ষ অভিনেতা অভিনেতা ভৱেশ বৰুৱাই। ড°ভূপেন হাজৰিকাৰ পৰিচালনাৰে নিৰ্মিত "মন প্ৰজাপতি"ৰ নায়ক গৰাকীৰ এয়া চিনেযাত্ৰাৰ নতুন বাট বুলিব পাৰি।
--চিনেমা খনত প্ৰাঞ্জল শইকীয়া,, মলয়া গোস্বামী, লেম ছেঞ্চু, হিমাংশু প্ৰসাদ দাস, ৰাজীৱ ক্ৰ', চন্দনা শৰ্মা, পলাশ মেচ, অৰুণ হাজৰিকা, ৰমেন তামুলীকে ধৰি প্ৰায় ৫০০ আভিনেতা-অভিনেত্ৰী কেমেৰাৰ ফ্ৰেমলৈ আহিছে।
--এক বিশাল ইউনিট লৈ কাম কৰিছে বিশ্বজিতে। অসমৰ, অসমৰ বাহিৰৰ।  ডাইৰেক্টৰ অফ ফটোগ্ৰাফী এশৱাৰ ইয়েল্লুমাহান্থী। একচন ডাইৰেক্টৰ হিচাপে আছে  দক্ষিণৰ এগৰাকী প্ৰখ্যাত একচন ডাইৰেক্টৰ এন জি বাবু। কলা নিৰ্দেশনা নুৰুদ্দিন আহমেদৰ। সংগীত অংগৰাগ পাপন মহন্তৰ। কষ্টিউম লুপামুদ্ৰা গগৈ বৰাৰ।প্ৰযোজনা নিয়ন্ত্ৰক অসীম শইকীয়া। চিত্ৰনাট্য বিশ্বজিত বৰা, লুপামুদ্ৰা গগৈ বৰা আৰু বিনীদ মেননৰ।
প্ৰায় ৯৫ শতাংশ চিত্ৰ গ্ৰহণৰ কাম সম্পূৰ্ণ হোৱা এই চিনেমা খনৰ নাম-- "বীৰাংগনা সাধনী"। চুতীয়া উন্নয়ন পৰিষদৰ বেনাৰত নিৰ্মিত। সম্ভৱতঃ চিত্ৰগৃহলৈ আহিব অহা বছৰৰ জুন-জুলাইত।