ভূপেন হাজৰিকা"জীৱন তৃষ্ণা"-- অসিত সেনৰ পৰিচালনা। ২৫ ডিচেম্বৰ ১৯৫৭ত চিত্ৰগৃহলৈ অহা ১৪০ মিনিট দৈৰ্ঘৰ চিনেমা খন ব্যৱসায়িক দিশত সফল হৈছিল। সফলতাৰ এটা কাৰণ আছিল সংগীত।
"সাগৰ সঙ্গমত..."ৰ লগতে ব্যৱহাৰ কৰিছিল "আকৌ নতুন প্ৰভাত হব ..." , "হে জয় ৰঘুৰ নন্দন..." গীতদুটাত ব্যৱহাৰ কৰা সুৰ। আৱহ সংগীততো "ভূপেন্দ্ৰ সুৰ" স্পষ্ট।
--উত্তম কুমাৰে কৈছিল, "ভূপেন হাজৰিকাৰ অসাধাৰণ সংগীত কৰ্মই মোক মুগ্ধ কৰিছিল। 'জীবন তৃষ্ণা'ৰ চিত্ৰগ্ৰহন আৰম্ভ হোৱাৰ দুদিনমান আগতে ভূপেন হাজৰিকাক ৰাতিৰ আহাৰৰ বাবে নিমন্ত্ৰন কৰিছিলো। সেইদিনা মোক শুনাইছিল এটা অসমীয়া গীত-- 'সাগৰ সংগমত কতনা সাঁতৰিলো/
তথাপিটো হোৱা নাই ক্লান্ত…'। মই তেতিয়ালৈকে জনা নাছিলো মোৰ ওঁঠত যে এই সুৰ ব্যৱহাৰ কৰিব। সেই সুৰ মোৰ মনৰ মাজত সোমাই আছিল বাবেই চিত্ৰায়নৰ সময়ত সহজতে ওঁঠ মিলাইছিলো। পৰৱৰ্তী সময়ত মই অভিনয় কৰা দুখন ছবিৰ বাবে ভূপেন হাজৰিকাৰ গীত বিচাৰিছিলো। নিদিলে। তেতিয়া মই বুজিছিলো--, ভূপেন হাজৰিকাই বজাৰ বিছাৰি কলিকতালৈ অহা নাই।..." (উৎস: Indian Movie News)
--ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা আন এখন বাংলা চিনেমা "জোনাকিৰ আলো"। এই চিনেমা খনৰ গীতত কণ্ঠদান কৰিছিল ভূপেন হাজৰিকা, লতা মংগেশকাৰে। চিনেমা খনত এটা বাউল গীত ব্যৱহাৰ কৰিছিল। কণ্ঠদান কৰিছিল পূৰ্ণদাসে।
--এই খিনিতে চৰ্চা কৰিব পাৰি "অসিত সেন"
প্ৰসংগ। ভূপেন হাজৰীকাৰ বাংলা চিনেযাত্ৰাত অসিত সেনৰ সহায় অস্বীকাৰ কৰিব নোৱাৰি। "সহায়"ৰ পৰিবৰ্তে আমি নিশ্চয় এনেদৰেও কব পাৰো--, ভূপেন হাজৰিকাৰ সংগীতেৰে নিজৰ চিনেমাৰ সৌন্দৰ্য বঢ়াইছিল।
"সীমানা পেৰিয়ে"-- ভূপেন হজৰিকাই "সুৰ" ৰচনা কৰা আন এখন বাংলা চিনেমা। বাংলাদেশৰ চিনেমা। চিনেমা খনৰ সংগীত পৰিচাল কৰিছিল বুলি কোৱা হয়; কিন্তু "সুৰ"হে ব্যৱহাৰ কৰিছিল নয়ীম গহৰ, কবি ফজল চাহাবুদ্দিনে লিখা ( অনুবাদ!) গীতত। গীতত কণ্ঠদান কৰিছিল ভূপেন হাজৰিকা আৰু আবিদা চুলতানাই। আবিদাই কণ্ঠদান কৰা "বিমূর্ত এই ৰাত্রি আমাৰ..." চিনেমা খনৰ বিশেষ চৰ্চা বুলি হৈছিল। চিনেমা খনত ব্যৱহাৰ হোৱা আন দুটা গীত-- "মেঘ থম থম কৰে...", "আজ জোৎস্না ৰাতে..."। এই তিনিটা গীতৰ লগতে চিনেমা খনৰ কাহিনীৰ দাবিত আদিবাসী ভাষাৰ এটি গীতো ব্যৱহাৰ কৰিছিল।
--১৯৭৭ চনত চিত্ৰগৃহলৈ অহা "সীমানা পেৰিয়ে"ৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ১৯৭৫ চনৰ পৰা। বন্ধু এজনৰ সৈতে পৰিচলক আলমগীৰ কবিৰ আহিছিল ভূপেন হাজৰিকাক লগ কৰিবলৈ। ভূপেন হাজৰিকাই শুনাইছিল-- (ৰচনা কাল : ১৯৭১)
"বিমূৰ্ত মোৰ নিশাতি যেন
মৌনতাৰ সূতাৰে বোৱা
এখনি নীলা চাদৰ ।
এখনি নীলা চাদৰ..
তাৰেই এটি মিঠা ভাঁজত
নিশ্বাসৰে উম
আৰু জীয়া জীয়া আদৰ্
এখনি নীলা চাদৰ ..."
"এই গীতটো মোৰ চিনেমাত লাগিব! গীতটোৰ সুৰে মোক চুই গৈছে। এই গীতটোৱে নহয়, চিনেমা খনৰ সংগীত আপুনিয়ে কৰিব লাগিব।" বুলিছিল আলমগীৰ কবিৰে। কবিৰে চিনেমাৰ কাহিনী, বিষয়বস্তু শুনাইছিল সংগীতসূৰ্যক।
--আন এদিন আলমগীৰ কবিৰ আহি ভূপেন হাজৰিকাৰ ওচৰ পালে, গায়িকা এগৰাকীক লৈ। নাম-- আবিদা সুলতানা। আবিদাৰ কণ্ঠত "বিমূৰ্ত..." ৰেকৰ্ডিং কৰাৰ মন পৰিচালক কবিৰৰ। পৰিচালক গৰাকীয়ে সংগীতসূৰ্যক ক'লে --, আবিদাই সংগীতসূৰ্যৰ সুৰত গীত গাবলৈ ভয় অনুভৱ কৰিছে! "দাদা, আপুনি মোক গীতৰ বিষয়বস্ত বুজাই দিয়ক। গাবলৈ চেষ্টা কৰিম। আপোনাৰ বেয়া লাগিলে মই গোৱা গীতটো ৰাখিব নালাগে।" --আবিদাই কৈছিল। সংগীতসূৰ্যই বুজাই দিছিল। আৰু সেই গীতটোৱে আবিদা চুলতানাক সংগীতৰ সুৰীয়া বাট কাটি দিছিল। পৰৱৰ্তী সময়ত গায়িকা গৰাকীয়ে ৪৫০ৰো (চিনেমাৰ) অধিক গীতত কণ্ঠদান কৰিছে। আবিদা চুলতানা বাংলাদেশত জনপ্ৰিয় চিনেমা-আধুনিক গীত, ৰবীন্দ্র সঙ্গীত আৰু নজৰুল সঙ্গীতৰ গায়কীৰ বাবে। "ভূপেন দাদাৰ 'বিমূৰ্ত...'ই মোক শ্ৰোতাৰ ওচৰলৈ নিছিল। ভূপেন দাদাৰ সুৰ, শিকোৱা পদ্ধতিয়ে মোক বহুত শিকাইছিল। গীত গোৱাৰ আগতে কেনে ধৰণৰ কচৰৎ কৰিব লাগে, সেয়া ভূপেন দাদাৰ পৰা শিকিছিলো। দাদাই কৈছিল, গীত এটা গোৱাৰ আগতে গীতটোৰ মাজত সোমাই বুজি লব লাগে। চিনেমাৰ গীত হ'লে পৰিচালকে গীতটো কেনেদৰে ব্যৱহাৰ কৰে, গীতিকাৰ-সুৰকাৰ ভাৱ কেনেধৰণৰ বুজি লব লাগে।" --আবিদা চুলতানাই কৈছিল। (উৎস: দৈনিক জনকণ্ঠ, দৈনিক পূর্বকোণ)
শনিবার, ২৬ ফেব্রুয়ারি, ২০২২
মঙ্গলবার, ২২ ফেব্রুয়ারি, ২০২২
ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /২
Bhupen Hazarika
'পিয়লি ফুকন'ৰ আগতে জ্যোতি প্ৰসাদ আগৰৱালাৰ 'ইন্দ্ৰ-মালতী'ত অভিনয় কৰিছিল, গীত গাইছিল কিশোৰ ভূপেন হাজৰিকাই। 'বদন বৰফুকন'ত বৈৰাগীৰ চৰিত্ৰত অভিনয় কৰাৰ লগতে "কত দিন আৰু আশাৰ ..." ( কথা: নলিনীবালা দেবী) গীতটো গাইছিল। 'চিৰাজ'তো অভিনয় কৰিছিল, গীত গাইছিল, সুৰ দিছিল। আৰু সংগীতৰ কামো কৰিছিল বুলি কোৱা হয়। কিন্তু চিনেমা খনৰ ক্ৰেডিট টাইটেলত সংগীত পৰিচালক হিচাবে সংগীতসূৰ্যৰ নামটো ৰখা নাছিল। ("চিৰাজ"ৰ সংগীত প্ৰসংগত লোকসংগীতৰ সাধক, বাঁহীবাদক প্ৰভাত শৰ্মাই কৈছিল--"...'ছিৰাজ'ৰ সংগীতৰ দায়িত্বত আছিল বিষ্ণুপ্ৰসাদ ৰাভা। এদিনৰ কথা-- কলিকতাৰ ষ্টুডিঅ'ত শ্বুটিং চলি আছে। সকলোৱে মন কৰি আছিল--বিষ্ণু ৰাভাই কিছু সময়হে থাকে। তাৰ পাছত নহোৱা হয়। এদিন ফণী শৰ্মাই সুধিলে-- কি কামতনো ইমান ব্যস্ত! "কি কামত মানে! গানত। চিনেমাৰ গানত।" কিনো গান কৰিছা শুনো বুলি বিষ্ণু ৰাভাৰ সৈতে গৈ ফণী শৰ্মা যথাস্থান পালে। গীত শুনি মূৰে-কপালে হাত দিলে। সুন্দৰ গীত কৰিছে বিষ্ণু ৰাভাই। কিন্তু চিনেমাৰ সৈতে গীতৰ সামান্যও সম্পৰ্ক নাই। কি কৰা যায়! বিষ্ণু ৰাভাই বেয়া গীত কৰিব নে! কিন্তু চিনেমাৰ কাহিনীয়ে যে গীত কেইটা নিবিছাৰে! শেষত শিৱ ভট্টাচাৰ্য্যৰক গীত কৰিব দিলে। ভূপেনদাৰো দুটা গীত বিষ্ণু ৰাভাৰ পছন্দতে ল'লে।" --তেনেদৰেই 'ছিৰাজ'ৰ গীত কৰিছিল। সেই সময়ত চিনেমাৰ পৰিচালক কোন, সংগীত পৰিচালক কোন, সেয়া অৱান্তৰ আছিল। সকলোৰে উদ্দেশ্য আছিল--, ভাল কাম হব লাগে। 'ছিৰাজ'ৰ ভাল সংগীত হৈছিল বিষ্ণুপ্ৰসাদ ৰাভা, শিৱ ভট্টাচাৰ্য আৰু ভূপেন হাজৰিকাৰ বাবে।) --সংগীত পৰিচালনা কৰিছিল "সতী বেউলা"ৰ।
'পিয়লি ফুকন'ৰ কাম কৰিব ভূপেন হাজৰিকাই। যি কৰে কলিকতাতে কৰিব। সেই সময়ত ভূপেন হাজৰিকাক সাহস দিছিল এগৰাকী চিনেমা পৰিৱেশকে। নাম-- কে. কে. চৌধুৰী। পৰিৱেশক গৰাকীয়ে বাংলা চিনেমা এখনৰ পৰিকল্পনা কৰিছিল। আৰু ভূপেন হাজৰিকাক সংগীতৰ কামৰ দায়িত্ব দিছিল। ("তেওঁ মোক ক'লে, 'হাজৰিকা, ব’লক কলিকতালৈ। এখন বাংলা ছবি কৰিব খুজিছে। নাম 'কড়ি ও কমল'। এই বাংলা ছবিখনৰ সঙ্গীত পৰিচালনাৰ দায়িত্ব আপুনিয়েই লওক। ল'লোঁও। তাৰ বাবে তেওঁ মোক দিছিল বাৰশ টকা। বাংলা ছবিৰ সঙ্গীত পৰিচালনাৰ ক্ষেত্ৰত সেয়াই আছিল মোৰ শুভাৰম্ভ।" --ভূপেন হাজৰিকা)
যথা সময়ত 'পিয়লি ফুকন' আৰম্ভ হৈছিল। শেষ হৈছিল। ভূপেন হাজৰিকাই পাৰিশ্ৰমিক পাইছিল ৬০০ টকা। সেই সময়তে 'কড়ি ও কমল’ৰ লগতে আন এখন বাংলা চিনেমা, উত্তম কুমাৰ আৰু সুচিত্রা সেন অভিনীত ‘জীৱন তৃষ্ণা'ৰো সংগীত পৰিচালনা কৰিলে। 'জীৱন তৃষ্ণা'ত ব্যৱহাৰ (উত্তম কুমাৰৰ ওঁঠত) কৰিছিল-- "সাগৰ সঙ্গমত..." গীতটোৰ বাংলা ৰূপান্তৰ।
ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /১
Bhupen Hazarika
খবৰটো প্ৰকাশ পাইছিল-- 'মিড-ডে' কাকতত। এখন চিনেমা নিৰ্মাণ হব। বিষয়-- ভূপেন হাজৰিকা। চিত্ৰনাট্য লিখি আছে কল্পনা লাজমীয়ে। এই খবৰ সেই সময়ৰ, যি সময়ত 'কায়িক ভূপেন হাজৰিকা' উভতি আহিব নোৱাৰা বাটে আতৰি গৈছিল। কাকত খনত আৰু প্ৰকাশ পাইছিল--, কল্পনা লাজমী এগৰাকী সহ-চিত্ৰনাট্যৰ সন্ধানত আছে। ("I am about to finish work on the screenplay of the biopic, and I am now looking for a co-writer to help me write the film. Mahesh Bhatt will be supervising all creative aspects of the film" --mid-day/24 February,2014)
--খবৰটোত কোৱা হৈছিল চিনেমা খন নিৰ্মাণ কৰিব পূজা ভাটে। ("...Interestingly, the biopic - that chronicles the life of the legendary musician Bhupen Hazarika - is being produced by Pooja Bhatt, and it may also see the actress-filmmaker essay the role of Lajmi." --mid-day) চিনেমা খন হয়তো আমি দেখিলো হেতেন, যদিহে "কায়িক কল্পনা লাজমী" আমাৰ মাজত আৰু কিছু বছৰ থাকিল হেতেন!
৭জানুৱাৰী,২০২২। ভৃপেন হাজৰিকা কেন্দ্ৰীক চিনেমা খনৰ 'তথ্য' জানিবলৈ চেষ্টা কৰিছিলো। ভাট পৰিয়ালৰ 'প্ৰডাকচন হাউচ'ৰ পৰা কোনো ধৰণৰ 'তথ্য' নাপালো। এতিয়া, আজিৰ তাৰিখত এই 'খবৰ' আমি নিশ্চয় দিব পাৰো, চিনেমা খন হোৱাৰ এক শতাংশ-ও আশা নাই।
--মৃত্যুৰ পাছতো বলিউড জালত--, "ভৃপেন হাজৰিকা"!
"কিংষ্টাৰ" নামৰ চিনে সাপ্তাহিক খনত ছপোৱা আন এটা খবৰ-- "ভূপেন হাজৰিকা কেন্দ্ৰিক চিনেমা খনৰ কাম আগবঢ়া নাই। তথ্যৰ খেলি-মেলিৰ কাৰণে পুনৰ চিত্ৰনাট্যৰ কামত ব্যস্ত হৈছে এটা দল, পৰিচালক-চিত্ৰনাট্যকাৰ কল্পনা লাজমিৰ নেতৃত্বত।
সংগীত শিল্পী, চিনেমা পৰিচালক ভূপেন হাজৰিকাৰ বহু কামৰ শুদ্ধ তথ্য নথকাত সমস্যা বাঢ়িছে চিত্ৰনাট্যকাৰৰ।..." (৩০ফেব্ৰুৱাৰী,২০১৪)
--হয়। সত্য। আন কেইবাগৰাকিও "শ্ৰেষ্ঠ অসমীয়া"ৰ সৃষ্টিকৰ্মৰ শুদ্ধ (বিশুদ্ধ!) তথ্য নাই। এই প্ৰসংগত চৰ্চাৰ বাট মুকলি ৰাখি (যথাস্থানত কৰিম) "ভূপেন হাজৰিকাৰ চিনেমা" প্ৰসংগলৈ আহিছো।
--বিশ্ববিদ্যালয়ৰ চাকৰি বাদ দি ভূপেন হাজৰিকাই কলকাতালৈ (তেতিয়াৰ কলিকতা) যোৱাৰ সিদ্ধান্তত অলৰ-অচৰ হৈ থকা সময়তে নটসূৰ্য ফনী শৰ্মাৰ প্ৰস্তাৱ-- 'পিয়লী ফুকন' কৰিম। তুমি সংগীত দিবা। আগধনো দিলে নটসূৰ্যই। ("নাটকীয়ভাৱে গঙ্গাপ্রসাদ আগৰৱালা আৰু ফণী শৰ্ম্মা তেজপুৰৰপৰা আহি আমাৰ বাকচটোৰ দৰে ঘৰটোত উপস্থিত হ’লহি। তেওঁলোকে ক'লে—
: তুমি কিয় কাম এৰিবা? ক'লৈ যাবা?
: মই পদত্যাগ পত্ৰখন লিখি থৈছোঁ। দিয়াহে নাই। দিম। অসমৰ বাহিৰৰপৰা তেখেতৰ প্ৰশংসা কৰিব খোজা নাই। মই
: এৰি নিদিবা। সকলো ঠিক হৈ যাব। : এৰিম বুলি মই সিদ্ধান্ত লৈছোঁবেই। মই যথেষ্ট মনোকষ্ট পাইছোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ত ডেৰটা বছৰ চাকৰি কৰাৰ পাচত যিটো মনোকষ্ট পাইছোঁ, তাক সহিব নোৱাৰোঁ। এতিয়া নতুন কিবা এটাহে কৰিবলৈ মন গৈছে।
: ঠিক আছে, আমি ‘পিয়লি ফুকন'খন কৰিম। তুমি সঙ্গীত-পৰিচালনাৰ দায়িত্বত থাকিবা। তোমাক তোমাৰ প্ৰাপ্যখিনি দিয়া হ'ব।
এয়া আগধন এশ টকা লোৱাঁ। এই বুলি বলীনদাই দলিল এখন উলিয়ালে। দলিলখন বলীনদাই লগত লৈয়েই আহিছিল। চহী কৰিলোঁ।..." --ভূপেন হাজৰিকা)
শুক্রবার, ১৮ ফেব্রুয়ারি, ২০২২
সুৰৰ মালিতা /১
Lata Mangeshkar /1
‘সেইটো মন্দিৰ!'— গোৱালৈ ফুৰিবলৈ যাওঁতে সাগৰৰ পাৰতে থকা ঘৰ এটা দেখুৱাই ‘গাইড’গৰাকীয়ে কৈছিল।
নহয়, সেইটো ঘৰহে! – মন্দিৰ যেন নালাগে। — আমি কৈছিলোঁ।
হয়, সেইটো ঘৰেই; কিন্তু মন্দিৰ। কাৰণ গোৱালৈ আহিলে সেই ঘৰটোতে থাকে লতা মংগেশকাৰ।' — ‘গাইড’জনে পুনৰ কৈছিল।
২০০১ চনৰ সেই বিশেষ দিনটোতে আমাৰ মনত এক 'ধাৰণা' ই আকাৰ লৈছিল, কেৱল 'সুৰ’ৰ লতা নহয়, সুৰীয়া লতা নহয়, লতা মংগেশকাৰ বহুতৰে বাবে ভাৰতীয় ‘গীত’ৰ দেৱী, ৰাণী। প্রায় ২৫,০০০ গীতেৰে কোটি কোটি সংগীত ৰসিকৰ মনত আকাৰ লোৱা— ‘স্বৰবাণী'। (২০১৫ চনৰ ১৮ মাৰ্চত ‘ভাৰতীয় চিনেমাৰ সংগীত 'কেন্দ্ৰিক আলোচনা হৈছিল মুম্বাইৰ ফিল্মচিটি চৌহদত। আয়োজক ‘স্বৰ'ৰ সম্পাদক প্রকাশ নান্দেটকাৰে আদৰণী ‘প্রতিবেদন ত কৈছিল— ..... ভাৰতীয় জনপ্রিয় গীতৰ তালিকাখনত স্থান পাব লতা মংগেশকাৰে গোৱা প্ৰায় ২৫,০০০ গীতৰ ২৪,০০০টাই। আমি ভাবোঁ— এই প্ৰসংগত বিতৰ্কৰ অৱকাশ নাই। প্রকাশ নান্দেটকাৰে লতা মংগেশকাৰে প্ৰায় ১১০০খন ভাৰতীয় চিনেমাত গীত গোৱাৰ তথ্য জনাইছিল।)
সেই সময়ত, ১৯৮৫ চনৰ পাছৰ সময়ছোৱাত বলীউডৰ চিনেকৰ্মীসকলৰ বহুতে ধাৰণা কৰি লৈছিল 'লতা যুগ' শেষ। স্বাভাবিক ধাৰণা। যাঠি বছৰীয়া লতা মংগেশকাৰৰ 'কণ্ঠ' ১৬-২৫ বছৰীয়া 'নায়িকা'ৰ ওঁঠত শ্রোতা-দর্শকে কিয় গ্রহণ কৰিব? -এনে বহু চৰ্চাৰ সময়তে বিখ্যাত বাজশ্রী প্রডাকচনৰ সুৰজ বৰজাত্যই ঘোষণা কৰিলে—‘মেইনে প্যাৰ কিয়া'ত ২০ বছৰীয়া ভাগ্যশ্ৰীৰ ওঁঠত দিয়াৰ বাবে গীত গালে ৬০ বছৰীয়া লতা মংগেশকাৰে। লগে লগে চর্চা ঃ শ্রোতা-দর্শকে পছন্দ কৰিব নে? “কিয় নকৰিব! 'সুৰক প্ৰাণ দিয়া লতাজীৰ কণ্ঠৰ বাবেহে ভাগ্যশ্রীক শ্রোতা-দর্শকে আদৰিব।" সুৰজ বৰজাত্যই কৈছিল। এইখিনিতে মনলৈ আহিছে সোনিক-অ'মিৰ যুটিৰ সোনিক শৰ্মাই কোৱা কথা। সংগীত পৰিচালকগৰাকীয়ে লতা মংগেশকাৰৰ প্ৰসংগত মাত্ৰ দুটা শব্দ কৈছিল— ‘সুৰ'ব লতা। এই দুটা শব্দতে স্পষ্ট হৈ আছে 'সুৰ'ৰ বাবে জন্ম হৈছে লতা মংগেশকাৰৰ। 'সুৰ'ৰ বাবে লতাৰ কণ্ঠ।
ভাৰতীয় চিনেমাৰ শ্ব'মেন ৰাজ কাপুৰে 'প্ৰেমৰোগ'ৰ প্ৰথমখন সংবাদ মেলত কৈছিল, ‘চিনেমা উৰি গ'লেও গীত ৰৈ যাব।— কিয়? লক্ষ্মীকান্ত প্যাৰেলালৰ 'সুৰ', মোৰ আৱেগ আছে লতা মংগেশকাৰৰ কণ্ঠত। তাৰ পাছতে সংবাদ মেলত বজাই দিছিল—'য়ে গলিয়া চে চৌবাৰা... । পৰৱৰ্তী সময়ত প্যাবেলালে কৈছিল, .... সেই গীতটো এবাৰ বিশ্ব সংগীত যাত্ৰাত লতাজীয়ে ১৮ দিনত, ১৮খন মঞ্চত ৪৯বাৰ গাবলৈ বাধ্য হৈছিল। গীতটোত কি আৱেদন আছে, যাৰ বাবে বিদেশৰ মঞ্চতো আদৰ।— সন্দেহ নাই আদৰৰ কাৰণ কেৱল লতাজীৰ কণ্ঠ, গায়কী। সেই সময়ত জাপানৰ দৰ্শকে চিনেমাখন কেইবাবাৰো চাইছিল লতাজীৰ গীতৰ বাবেই।— সেই সময়ত এনে ধৰণৰ চৰ্চা হৈছিল 'মায়াপুৰী' জাতীয় আলোচনীত, লতা মংগেশকাৰৰ কণ্ঠ, গায়কীৰ জনপ্ৰিয়তাৰ বাবেহে ৰাজকাপুৰৰ চিনেমাই জাপানত ‘বজাৰ' পাইছিল।— এইখিনিতে উল্লেখ কৰিব পাৰি ৰাজকাপুৰৰ চিনেমাৰ গীতেৰে 'গায়িকা লতা' নির্মাণ হোৱা নাছিল, লতা মংগেশকাৰৰ যিকেইটা গীত বিদেশৰ শ্ৰোতাৰ মাজত জনপ্ৰিয় হৈছিল, তাৰ ভিতৰত ৰাজকাপুৰৰ চিনেমাৰ ‘য়ে গলিয়া... হে আছিল।
১৯৮৪-৮৫ৰ 'সময়'ছোৱাত ‘লণ্ডন টাইমছ'কে ধৰি বিদেশৰ ভালেমান কাকত আলোচনীত 'লতা চর্চা' হৈছিল, কেৱল গায়কী আৰু 'কণ্ঠ'ৰ বাবে। 'কিংষ্টাৰ' (১৭ জুন, ১৯৯৭)ত পঢ়িছিলোঁ— ‘লণ্ডন টাইমছ'ৰ ৮ পৃষ্ঠাৰ পৰিপূৰিকাত মাইকেল জেকছনক তৃতীয় স্থানত ৰাখি, বিশ্বৰ ১০গৰাকী ‘গায়ক’ৰ তালিকাত প্রথম স্থানত ৰাখিছিল লতা মংগেশকাৰক। ১৯৮৪ চনত।
( প্ৰকাশ: জনমভূমি/ ২০১৯) by Utpal Mena

শনিবার, ১২ ফেব্রুয়ারি, ২০২২
কপৌ পাহি তোৰে খোপাত.../৩
-apurba bezbaruah-গীত তিনিটালৈ মন কৰক, সুৰশিল্পী ভিন্ন, সুৰ কিন্তু ভিন্ন নহয়। আৰু গায়কী? ৰিদীপ দত্ত, মহানন্দ মজিন্দাৰ বৰুৱা, আৰু অপূৰ্ব বেজবৰুৱাৰ গায়কীৰ যেন দূৰত্ব নাছিল। হয়তো এই কাৰণেই, গীতৰ কথাই বাট কাটিছিল সুৰৰ।
আমি 'ছবি' প্ৰসংগ উল্লেখ কৰিছো।
"মোৰ মনৰ ছবি! ঠিকেই কৈছা, মই লিখা গীতত ছবি আছে। মোৰ মনৰ ছবি শব্দৰে আঁকো। ছবিবোৰ কল্পনাৰ নহয়। মই বাস্তৱত দেখা। চাহ বাগিছাৰ লছমী জনীক মই দেখিছো। আৰু 'লগ দিয়াৰ কথা আাছিল.. নৈৰে ঘাটত..' তোমাৰ গাৱঁৰ, মোৰ গাৱঁৰ ছবি নহয় জানো!" --সেই যে দ্বিতীয় 'সাক্ষাৎ', অমৰ আৰু মোক কৈছিল।
--গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক, অপূর্ব বেজবৰুৱাৰ "সাংগীতিক যাত্ৰা" কেতিয়া আৰম্ভ হৈছে? --,নাই, মনত নাছিল শিল্পী গৰাকীৰো।
সুযোগ পালেই সংগীত চৰ্চা কৰিছিল। গীত লিখিছিল। গীত গাইছিল। "গীত কেতিয়াৰ গাইছিলো তাৰিখ-বাৰ মনত নাই। সৰুতে গাইছিলো ইজনৰ-সিজনৰ মুখত শুনা গীত। টোকাৰী গীত, জ্যোতি সংগীত ইত্যাদি। মোৰ যিমানদূৰ মনত পৰে চতুৰ্থ নে পঞ্চম শ্ৰেণীত গীত এটা লিখি সুৰ এটা লগাই গাইছিলো। নিশ্চয় কব পাৰো, তেনেদৰেই আৰম্ভ হৈছিল।।মোৰ মায়ে গীত গাইছিল। কবিতা লিখিছিল। মাৰ কেইবাখনো কবিতা আৰু গোসানী নামৰ পুথি প্ৰকাশ পাইছিল। সম্ভৱতঃ মাৰ পৰা গোৱা আৰু লিখাৰ প্ৰেৰণা পাইছিলোঁ। লিখা, গোৱাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিছিলোঁ। মাৰ পৰায়ে লোক সংগীতৰ, বৰগীতৰ শিক্ষা লৈছিলোঁ। মায়ে শিকোৱা গীত স্কুলীয়া জীৱন আৰম্ভ হোৱাৰ আগেয়েই ‘মইনা পাৰিজাত চ’ৰাত’ গাইছিলোঁ। কথাটো মই এনেদৰে কব পাৰো--, মোৰ পিতৃ-মাতৃয়ে মোৰ সংগীতৰ বুনিয়াদ গঢ়োতা। --হয়, মা মোৰ প্ৰথম গৰাকী সংগীত গুৰু। কিন্তু সংগীতৰ অ-আ, ক-খ খিনি শিকাইছিল গুৰু প্ৰয়াত জগন্নাথ দেৱে। সংগীতৰ বহু খিনি কথা শিকিছিলোঁ সুবীৰ মুখার্জী, দেৱেন শৰ্মা, বীৰেণ ফুকনৰ পৰা। সংগীতৰ ব্যাকৰণ শিক্ষা গুৱাহাটীলৈ আহিহে লোৱাৰ সুযোগ পাও--, প্রয়াত দেৱেন শৰ্মা আৰু প্ৰয়াত বীৰেণ ফুকন দেৱৰ তত্ত্বাৱধানত।
মোৰ ভালদৰে মনত আছে ১৯৬৬-৬৭ চনত নাজিৰাত অনুষ্ঠিত সদৌ অসম লাচিত মেলাৰ সংগীত প্রতিযোগিতাত শ্রেষ্ঠ শিল্পীৰ বঁটা পাইছিলোঁ। মোৰ প্ৰাথমিক শিক্ষা আৰাম্ভ হৈছিল নাজিৰাৰ, নাজিৰা বৰপুখুৰীপাৰ এল পি স্কুল। তাৰ পাছত নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়হৈ গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয় পাওঁ।১৯৭১-৭২ বৰ্ষত বি বৰুৱা কলেজত দুবাৰকৈ শ্ৰেষ্ঠ সংগীত শিল্পী হৈছিলোঁ। এই স্বীকৃতিয়ে মোৰ সংগীত কৰ্মক গতি দিছিল। আৰু ১৯৭৩ চনত বুৰঞ্জী সহ বি এ পাছ কৰো। আইন পঢ়ি উকিল হোৱাৰ মন আছিল। ল’ কলেজত আইন বিষয়ৰ পাঠ্যক্ৰমতো নামভৰ্তি কৰিছিলোঁ। আধাতে এৰিলো।
১৯৭৫-৭৬ চনত ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ পৰা গীতিকাৰ-সুৰকাৰ আৰু কণ্ঠশিল্পী হিচাপে স্বীকৃতি পালোঁ। গতিকে সংগীতৰ প্ৰতি আগ্ৰহ আৰু বাঢ়িছিল। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত অস্থায়ী ঘোষক হিচাপে বাতৰি বিভাগত কাম কৰিছিলোঁ, তিনি বছৰ। ১৯৭৮ চনত ভাৰতীয় খাদ্য নিগমতো চাকৰি কৰি আছো জীৱন চলাবলৈ। এই চাকৰি নকৰি যদি সংগীতৰ কামেৰেই জীৱন চলাব পাৰিলো হেতেন! --হয়, বেছি সুখী হলো হেতেন! (আমি জানিব বিছৰাত 'নিজৰ কথা' লিখি দিছিল অপূৰ্ব বেজবৰুৱাই। সেই সময়ত অজিত কুমাৰ ভূঞা সম্পাদিত 'আজি'ৰ সম্পাদনা বিভাগত কাম কৰিছিলো। স্বাভাৱিকতে অপূৰ্ব বেজবৰুৱাই লিখি দিয়া 'নিজৰ কথা' দৈনিক কাকত 'আজি'ত প্ৰকাশ পাইছিল। সেই সময়ত আমাৰ অনুৰোধত আন এগৰাকী সংগীত শিল্পী জিতুল সোণোৱালে 'আজি'ত 'সা-ৰে-গা-মা' শিতান লিখিছিল।)
--কোৱা হয়, অসমীয়া থলুৱা সুৰক আধুনিক ৰূপ দিয়া, আধুনিক ৰূপ দি প্ৰতিস্থা কৰা প্ৰথম গৰাকী সংগীতশিল্পী অপূৰ্ব বেজবৰুৱা। (ক্ৰমশঃ)

শুক্রবার, ১১ ফেব্রুয়ারি, ২০২২
কপৌ পাহি তোৰে খোপাত.../২
সেইদিনা, দ্বিতীয় 'সাক্ষাৎ'ত আৰু বহুকথা কৈছিল অপূৰ্ব বেজবৰুৱাই। অমৰজ্যোতি আৰু শুনি গৈছিলো। কথাৰ মাজলৈ 'গীতত ছবি' প্ৰসংগ আহিছিল।
--শব্দৰে ছবি আঁকিছিল। 'ছবি'ক প্ৰাণ দিছিল থলুৱা মিঠা সুৰেৰে।
এই মূহুৰ্ততো ভালে মান গীত মনলৈ আহি আছে। (প্ৰায় তিনি হাজাৰ গীত ৰচনা কৰিছিল।)--
"চিলমিল টোপনিতে
মিঠা মিঠা সপোনতে
তূমি আছিলা
মোৰেই নিচেই কাষতে...!
চঁকামকাকৈ সাৰ পায়
কাষতে দেখোঁ কোনো নাই..." ( কণ্ঠ : সন্ধ্যা মেনন, কথা-সংগীত : অপূৰ্ব বেজবৰুৱা।)
"চাহ গছৰ কোমল পাতত/ লছমী জনীৰ হাতৰে পৰশ..." (কথা-সংগীত-কণ্ঠ : অপূৰ্ব বেজবৰুৱা)
"লগ দিয়াৰ কথা আাছিল..
নৈৰে ঘাটত
এ,নোৱাৰোঁ যাব চেনাই ঐ
আই আছে বহি
অ, পিৰালি মুখত
আই আছে বহি
অ, পিৰালি মুখত..."(কণ্ঠ: অনিমা চৌধুৰী / সংগীত: বিজয় ভূঞা/ কথা: অপূৰ্ব বেজবৰুৱা।)
-- (আমাৰ মনত "চাহ গছৰ আঁৰত লুকাই..." দৰে আৰু ভালেমান গীত সেউজ হৈ আছে।) এই গীত তিনিটা উল্লেখ কৰিলো এটা দিশ স্পষ্ট কৰিবলৈ। কণ্ঠশিল্পী, সুৰশিল্পী যিয়েই নহওক কিয়--, অপূৰ্ব বেজবৰুৱাৰ "গীত" এডাল বিশেষ সুতাৰে বন্ধা, এটা বিশেষ বৃত্তৰ মাজৰ। আৰু সেই "বিশেষ"ৰ নাম বিহুসুৰীয়া। (অলপতে সামাজিক মাধ্যমত মঞ্জুলা হাজৰিকাৰ লেখাত পঢ়িলো-- "১৯৮৩ চন । অসমৰ কেইবাগৰাকী প্ৰতিভাৱান কণ্ঠশিল্পীক এখন মঞ্চ দিবলৈ ড° ভূপেন হাজৰিকা দেৱক উপদেষ্টাৰূপে লৈ আৰু প্ৰখ্যাত শব্দযন্ত্ৰী পিয়ুষকান্তি ৰয়ৰ সহযোগিতাত তেওঁৰ পত্নী স্মিতা ৰয় আৰু মই 'নৰ্থ ইষ্টান ৰেকৰ্ড কোম্পানী' (নৰেৰেকো) প্ৰতিষ্ঠা কৰিছিলো। আমাৰ উদ্দেশ্য আছিল সংগীতৰ জগতখনত কিবা অলপ ইতিবাচক কাম কৰা আৰু পৃষ্ঠপোষকতাহীন শিল্পীসকলক সহায় কৰা। কেইগৰাকীমান শিল্পীৰ গীত বাণীবন্ধন কৰি ই পি ৰেকৰ্ডেৰে সেই গীতসমূহ প্ৰচাৰ কৰাৰ দিহা কৰিছিলো। অনুষ্ঠানটিৰ জন্মলগ্নতে ক্ষীণকৈ এটি ডেকাল'ৰা আহি মোক কৈছিল --- 'বৌ মই গীত গাওঁ। মোৰ কেইটিমান গীত মঞ্চত পৰিৱেশন কৰোতে ৰাইজে খুব ভাল পাইছে। গীতকেইটি মই ৰেকৰ্ড আকাৰে উলিয়াব খুজিছো। আপোনালোকে গীতকেইটি উলিয়ালে ভাল পাম।' সেই ক্ষীণ ডেকাল'ৰাজনেই আছিল অপূৰ্ব বেজবৰুৱা । তেৱেই আছিল নৰেৰেকোৰ প্ৰথমগৰাকী কণ্ঠশিল্পী -- যাৰ কণ্ঠত নিগৰিছিল 'কপৌপাহি তোৰে খোপাত কিমান ধুনীয়া দেখি...'। এইগীতটিৰে আৰম্ভ কৰি অপূৰ্ব বেজবৰুৱাই সংগীতৰ জগতখন সমৃদ্ধ কৰি গ'ল। আজি বহু কথাই মনত পৰিছে। আমি একেলগে ঘৰে ঘৰে গৈ ৰেকৰ্ড বিক্ৰী কৰাৰ কথা মনত পৰিছে। বহু তিতা-মিঠা অভিজ্ঞতাৰে অপূৰ্ব বেজবৰুৱাই সংগীতৰ জগতত এক বিশেষ স্থান দখল কৰি গ'লগৈ।") ভালদৰে মনত নাই, সম্ভৱতঃ ''কপৌপাহি তোৰে খোপাত কিমান ধুনীয়া দেখি...' আৰু কেইটামান গীতৰ 'খবৰ'টোত, অপূৰ্ব বেজবৰুৱাই প্ৰথম 'সাক্ষাৎ'ত দিয়া 'খবৰ'টোত। এই বিশেষ গীতটোৰে অপূৰ্ব বেজবৰুৱাৰ বিহুসুৰীয়া গীতে গতি লৈছিল, জনপ্ৰিয় হৈছিল।
--আহিছো উল্লেখ কৰা গীত তিনিটালৈ। ( ক্ৰমশ:)Apurba bezbaruah
'জয়মতী', 'জয়মতী'ৰ বাটেৰে/৫
Joymotiজ্যোতি চৰ্চা /৫
Shakuntala has a charm entirely its own" (The New York Times /1947) --সেই সময়তে বিদেশৰ বজাৰৰ পৰা চিনেমা খনৰ প্ৰযোজকে লাভ কৰিছিল প্ৰায় ২ লাখ টকা। ৫০ হাজাৰ টকা বাজেটৰ 'শকুন্তলা' দেশৰ চিত্ৰগৃহত (প্ৰথম পৰ্যায়ৰ) একে লেঠাৰিয়ে ১০৪ সপ্তাহ চলিছিল। বক্স অ'ফিচ ৰিপ'ৰ্ট-- "major hit"। এই বজাৰ সফলতাৰ বাবেই দৰ্শকৰ মন বুজি চিনেমা পৰিচালনা কৰিবলৈ বাধ্য হৈছেল বা পৰিচালনা কৰিছিল। আৰু সম্ভৱতঃ এই কাৰণেই জ্যোতি প্ৰসাদ আগৰৱালাই "নিজকে কিমানখিনি তললৈ নমাই আনিছিল" বুলি লিখিছিল শান্তাৰামৰ "শকুন্তলা" প্ৰসংগত!
শান্তাৰামে "নিজকে তললৈ নমায়" চিনেমা পৰিচালনা কৰিছিল নাটকৰ মাজত ডুবি থকা দৰ্শকক সন্তুষ্ট কৰিবলৈ।
--সেই সময়ত ভাৰতীয় দৰ্শক "চিনেমা"ৰ অভিনৰ সৈতে অভ্যস্থ নাছিল। বুজিছিল, অভিনয় মানে নাটকৰ অভিনয়। "ৰাজা হৰিচন্দ্র"ৰ (৩ মে ,১৯১৩) পৰিচালক দাদাচাহেব ফালকেয়ে বুজিছিল, গুৰুত্ব দিছিল "চিনেমা অভিনয়"ত। "আলম আৰা"ৰ (১৪মার্চ, ১৯৩১) পৰিচালক অৰ্দেশিৰ ইৰাণীয়ে অভিনয়ক নাটকৰ ওচৰত ৰাখিছিল। সংলাপ কম, সংগীত বেছি আছিল। "দে দে খোদা কে নাম পৰ..." গীতটো আজিৰ তাৰিখতো সংগীত ৰসিকে গুণগুণাই। এক ফকিৰৰ ওঁঠত দিয়া এই গীতটো ভাৰতীয় চিনেমাৰ প্ৰথম গীত, (দৃশ্য গ্ৰহণৰ সময়তে হাৰমনিয়াম-তবলা বজায় গীতটোৰ শব্দ-শ্ৰাব্য গ্ৰহণ কৰিছিল। --"আলম আৰা"ৰ দৃশ্য গ্ৰহণ কৰা হৈছিল তানাৰ ছিঙ্গল-ছিষ্টেম কেমেৰাৰ সহায়ত। এটা কেমেৰা এটা স্থানত বহুৱাই শ্বট লোৱা হৈছিল, প্ৰাকৃতিক পোহৰত।) প্ৰথম হিট গীত বুলি কোৱা হয়। আৰু কোৱা হয়, এই গীতটোৰ বাবেই চিনেমা খন ব্যবসায়িক দিশত সফল হৈছিল; [দৰ্শকক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ সহায় লবলৈ বাধ্য হৈছিল মুম্বাই (তেতিয়াৰ বোম্বাই)ৰ চিনেমা ম্যাজেষ্টিক থিয়েটাৰ পক্ষই। চিনেমা ম্যাজেষ্টিকত একেৰাহে ১৪ সপ্তাহ চলিছিল।] আৰু এই উৎসাহতে ভাৰতীয় চিনেমাই "গীত অলংকাৰ"-এৰে দৰ্শকৰ ওচৰ চাপিবলৈ চেষ্টা কৰিছিল। অৰ্থাৎ পৰিচালকে ধৰি লৈছিল--"গীত" চিনেমাৰ "বজাৰ সফলতা মন্ত্ৰ"।
--হয়, জ্যোতি প্ৰসাদ আগৰৱালয়ো "গীত অলংকাৰ"ত গুৰুত্ব দিছিল। "জয়মতী"ৰ গীতে শ্ৰোতা-দৰ্শকক আমোদো দিছিল। কিন্তু দৰ্শকে হজম কৰিব পৰা নাছিল চিনেমেটিক অভিনয়। অৰ্দেশিৰ ইৰাণীয়ে সংলাপৰ নামত যি কম ফুটেজ ব্যৱহাৰ কৰিছিল, সেয়া আছিল নাট্যাভিনয়ত অভ্যস্থ দৰ্শকে হজম কৰিব পৰা। অসমৰ দৰ্শকো বংগৰ প্ৰভাৱত গঢ়ি উঠা, নাট্যাভিনয়ৰ ওচৰৰ। "'জয়মতী' ফিল্মতো এই সমস্যাই হৈছে। 'জয়মতী' ফিল্মখন ইংৰাজী আৰু ৰুছীয় ফিল্মৰ আচল ফিল্মীয় পৰিচালনা আৰু অভিনয়ৰে কৰিবলৈ চেষ্টা কৰা হৈছে। 'জয়মতী'ত অভিনয়ৰ ভঙ্গী স্বাভাৱিক আৰু তাৰ উপৰিও অসমীয়া কথা কোৱাৰ বিশিষ্ট ভঙ্গী, অসমীয়া মাত-কথাৰ বিশেষ প্রশ্ন ইত্যাদিলৈ ইয়াত অতি সূক্ষ্মভাৱে মন দিয়া হৈছে। অসমীয়া বচন, প্রকাশ-ভঙ্গী, ঠাঁচ ইত্যাদি যে আমাৰ সাধাৰণতে চলিত ষ্টেজবোৰতকৈ বহুত বেলেগ হোৱা উচিত তাকো এই ছবিত দেখুৱাব খোজা হৈছে।" --জ্যোতি প্ৰসাদ আগৰৱালাই লিখিছিল। এই যে বেলেগ কৰিবলৈ গৈছিল, সেয়াই সমস্যা হৈছিল। ইৰানিৰ দৰে অভিনয় শৈলী ব্যৱহাৰ কৰিলে হয়তো "জয়মতী"ক অধিক দৰ্শকে আদৰি ল'লে হেতেন!
"জয়মতী"ৰ ব্যবসায়িক বিফলতাৰ এটা কাৰণ "বজাৰ সমস্যা" ইতিমধ্যে যথা স্থানত চৰ্চা কৰিছো। --মূল কাৰণ পৰিবেশ নিৰ্মাণৰ আগতেই চিনেমা নিৰ্মাণৰ কাম হাতত লৈছিল জ্যোতি প্ৰসাদ আগৰৱালাই। সূন্যত সূন্যৰ পৰা চিনেকৰ্ম আৰম্ভ কৰিছিল, "লোকচান হ'লেও টকী (Talking Picture) কৰিবয়ে লাগিব" বুলি। "গীত"ৰ চিন্তা নাছিল! "খাটি অসমীয়া সুৰ" জ্যোতি প্ৰসাদৰ শিৰাই শিৰাই বৈয়ে আছে! আৰু পৰিচালক গৰাকীৰ ধাৰণা আছিল-- চলমান ছবিৰে গুঠা গীত দৰ্শকে আদৰিব, ছবিৰে গুঠা কথাহে দৰ্শকে আদৰি নলব পাৰে! পৰিচালক গৰাকীৰ ধাৰণা এশ শতাংশয়ে শুদ্ধ আছিল। চৰিত্ৰৰ মুখত দিয়া কথাবোৰ --নাটকৰ সংলাপৰ দৰে নাছিল। নাটকৰ দৰে নাছিল বাবেই বহুতে ভেকাহি মাৰি কৈছিল, এয়া আৰু বচন হ'ল নে? কেৱল চলমান ছবিত নাটক বা ভাওনা চাম বুলি অহা সকলে কেমেৰাৰ কাম আদি বুজি পোৱা হ'লে জ্যোতি প্ৰসাদ আগৰৱালাক হিয়া উবুৰিয়াই প্রশংসা কৰিলে হেতেন।(উৎস: আজিৰ সংবাদ। শিক্ষক, ৰাজনীতিক, অভিনেতা-পৰিচালক, নাট্যকাৰ লক্ষ্যধৰ চৌধুৰীয়ে কৈছিল। আমি লিখি গৈছিলো। প্ৰথম পুৰুষত। "আজিৰ সংবাদ"ৰ সুন্দৰম পৃষ্ঠাত ছপা হৈছিল।) --লক্ষ্যধৰ চৌধুৰীয়ে আৰু কৈছিল, "তুমি যে চিনেমাৰ কথা সুধিছা, লগে লগে মোৰ মন ভটিয়াই লৰ মাৰিছিল ১৯৩৫ চনলৈ। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদে এখন অসমীয়া কথাছবি নিৰ্মাণ কৰাৰ সেই অভূতপূর্ব আনন্দময় দিনবোৰলৈ। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদে কথাছবিৰ কাৰণেই এই কথাছবি নিৰ্মাণ কৰিছিল বুলি ভবাতো ভুল হ'ব। কথাছবি শিল্পৰ কথা ভাবি কাম কৰিছিল। সেই সময়ত ৰূপকোঁৱৰে ঘৰুৱা বৈঠকত, সভা-সমিতিত আৰু কাকতে-পত্রে এইবোৰৰ বহু কথা বহু ধৰণে লেখি অসমীয়া সমাজলৈ নিজ কর্তব্য নিৰূপণ আৰু নিজক গঢ় দিবলৈ পথৰ সন্ধানো দি গৈছিল। আৰু কি কৈছিল জানা!-- বংগত ছবি হব পাৰে, আমাৰ ইয়াত কিয় নোৱাৰিম! গালি শপনি খাই হলেও ছবি কৰিব লাগিব!"
এই কথা নিশ্চয় অস্পষ্ট নহয়-- বজাৰ চিন্তাৰে 'জয়মতী'ৰ কাম হাতত লোৱা নাছিল জ্যোতি প্ৰসাদ আগৰৱালাই। মনত এটায়ে চিন্তা আছিল --এখন উন্নত মানৰ অসমীয়া চিনেমা নিৰ্মাণৰ।

(৬)
'জয়মতী'ৰ চিত্ৰপ্ৰহণৰ কাম এদিন শেষ হৈছিল। চেহেৰালৈ হাঁহি আহিছিল, আৰু সম্পাদনৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালা অকলে গৈ লাহোৰত উপস্থিত হৈছিল। হাঁহি হেৰাইছিল প্ৰথম গৰাকী অসমীয়া চিনেকৰ্মীৰ, যেতিয়া দেখিছিল--, ছবি আছে, কথা নাই। শব্দ গ্ৰহণত ক্ৰুটি। সংলাপ বেছি নাইয়ে, থকা খিনিও আছিল অস্পষ্ট। জ্যোতিপ্ৰসাদৰ কানত লাগিছিল--, মাথোঁ যন্ত্ৰৰ কৰ্কশ শব্দ। অশান্ত মনক মুহুৰ্ততে শান্ত কৰিছিল আৰু কাৰকৰী দিশত দক্ষ লোকৰ সহায়ত বাট বিছাৰি লৈছিল। বিছাৰি পোৱা বাটটোৰ নাম আছিল --ডাবিং (Dubbing)। এই পোষ্ট উৎপাদন প্রক্রিয়া সেই সময়লৈ দুই-তিনিটা চিনেকৰ্মতহে ব্যৱহাৰ হৈছিল। ভালেকেইটা সংগীত কৰ্মতো ব্যৱহাৰ কৰা হৈছিল।
[২৫মাৰ্চ, ১৮৫৭ চনত আৱিস্কাৰ হৈছিল প্ৰথমটো শব্দ গ্ৰহণ যন্ত্ৰ। আৱিষ্কাৰক--, গায়ক এডৱাৰ্ড লিয়ঁ স্কট। ফ্ৰান্সৰ। যন্ত্ৰটোৰ নাম ৰাখিছিল ফোনাটোগ্ৰাফ* (Phonograph.)। ৯ এপ্ৰিল, ১৮৬০ত শ্ৰোতাৰ বাবে মুকলি কৰি দিছিল বিশেষ যন্ত্ৰটোত ৰেকৰ্ডিং কৰা প্ৰথমটো গীত--, "Au clair de la lune..." (Genre: Children's, Style: Nursery Rhymes)। যন্ত্ৰটো যে আৱিষ্কাৰ হৈছে, সেয়া জনাবলৈ-- ২৬ জানুৱাৰী, ১৮৫৭ ত "ফোনোটোগ্রাফি"ৰ বৈজ্ঞানিক তথ্য Académie des Sciences-লৈ প্ৰমাণ সহ চিঠি প্ৰেৰণ কৰিছিল।
--এই তথ্য পোহৰলৈ আহিছে ২০০৮ চনত। ইয়াৰ আগলৈকে এডিচনক শব্দগ্ৰহণ যন্ত্ৰৰ পিতৃ বুলি কোৱা হৈছিল।১৮৭৭চনত এডিচনে ( Thomas Alva Edison) আৱিষ্কাৰ কৰিছিল-- গ্ৰামোফোন (phonograph/ কোৱা হৈছিল-- first device to play back recorded sound.)।]
ছবিক গতি দিব পৰা যন্ত্ৰ আৱিষ্কাৰ হোৱাৰ ('kinetograph' আাগৰ সময় ছোৱাত, 'aeroscope' আৱিষ্কাৰৰ) বহু বছৰ আগতে স্থিৰচিত্ৰত শব্দ দি কাহিনী কোৱাৰ বিশেষ শিল্প আৰম্ভ হৈছিল। আৰু পৰৱৰ্তী সময়ত এই বিশেষ শিল্প 'ডাবিং শিল্প'লৈ ৰূপান্তৰ হৈছিল। এই পদ্ধতিৰে চিনেমাৰ সবাক যুগ আৰম্ভ হোৱাৰ পাছত কেইবাখনো নিৰ্বাক চলমান ছবিৰ চৰিত্ৰৰ মুখত সংলপ দিয়া হৈছিল। সম্ভৱতঃ এইবোৰ কথা জ্যোতিপ্ৰসাদ আগৰৱালাই জানিছিল; আৰু "জয়মতী"ৰ নিৰ্বাক চৰিত্ৰৰ ওঁঠ মিলাই অকলে ভিন্ন মাত উলিয়াই সংলাপ দি গৈছিল। পুৰুষ চৰিত্ৰৰ লগতে নাৰী চৰিত্ৰতো। (আৰু আছে)
by: Utpal Mena
বুধবার, ৯ ফেব্রুয়ারি, ২০২২
কপৌ পাহি তোৰে খোপাত.../১
Apurba bezbaruahঅপূৰ্ব বেজবৰুৱাঅপূৰ্ব বেজবৰুৱা আৰু নাই! (জন্ম: ১৫ অক্টোবৰ,১৯৫১/ নাজিৰাত। মৃত্যু: ০৯ ফেব্ৰুৱাৰী, ২০২২/ গুৱাহাটীত।) --'গীতেৰে,সুৰেৰে' সদায় থাকিব। সদায় থাকিব মাদলী, মাইচানা, চাহফুল, মোৰে চেনাই ঐ, মন নাচে ব’হাগত, মন হীৰাদৈ, ৰূপহী, ৰূপে মোহনীয়া, ৰাংঢালি, মাকন ঐ, দোমাজাতে, মৌপিয়া, মৰম তৃষ্ণা, চঞ্চলা, সন্ধান, কপৌ পাহি তোৰে খোপাত, কাষত গাগৰি শ্ৰাব্য সংকলনৰ থলুৱা সুৰৰ সাজ পিন্ধোৱা গীতবোৰ। 'কপৌ পাহি তোৰে খোপাত...’, ‘নাচনী অ শৰীৰত ..., ‘নিবিচাৰো আজি কাৰো...', ‘পানী অনাৰ চলেৰে নৈৰে ঘাটলৈ...’, ‘কি ফুল ফুলিলে অ' মোৰ মাইচানা’, ‘কোন পাহি ফুল...', ‘নিবিচাৰো আজি কাৰো...’, 'চাহ গছৰ কোমল পাতত...'আদি গীত সদায় সেউজ হৈ থাকিব।
--হয়, ১৯৯৪ চনৰ এটা দিনত অপূৰ্ব বেজবৰুৱা আহিছিল সৰুমটৰীয়াৰ (গুৱাহাটী) আমাৰ কাৰ্যালয়লৈ। আমাৰ কাৰ্যালয় মানে--, সেই সময়ত আমি সম্পাদনাৰ কাম কৰা দৈনিক কাকত 'আজিৰ সংবাদ'ৰ কাৰ্যালয়লৈ। সৰু 'খবৰ' এটা লৈ আহিছিল। কাকত খনৰ 'নিউজ এডিটৰ' পুলিন ডেকাই অপূৰ্ব বেজবৰুৱাক মোৰ হাতত খবৰটো দিলে নিৰ্দিষ্ট পৃষ্টাটোত ওলাব (ছপা হব) বুলিছিল। আমি 'খবৰ'টো অপূৰ্ব বেজবৰুৱাৰ পৰা লৈ ১০-১৫ মিনিট সময় কথা পাতিছিলো, 'খবৰ'টোক কেন্দ্ৰ কৰি।
--সেয়াই আছিল অপূৰ্ব বেজবৰুৱাৰ সৈতে আমাৰ প্ৰথম সাক্ষাৎ। আমাৰো মনত আছিল সেই 'প্ৰথম সাক্ষাৎ'। অপূৰ্ব বেজবৰুৱাৰ নাই বুলি ভাবিছিলো!
'আছে দাদা' বুলি সেই দিনা অমৰজ্যোতি আৰু মই অপূৰ্বদাৰ (বহুতে মতাৰ দৰে মই 'অপুদা' বুলি নামাতিছিলো।) সৈতে বহু সময় কথা পাতিছিলো, গীতৰ, গীতৰ ভাষাৰ, সংগীতৰ ভাষাৰ। মনত আছে, অপূৰ্বদাই কৈছিল, "গীতৰ ভাষা হব লাগে সহজ সৰল। সুৰ হব লাগে থলুৱা। তেতিয়া গীত মিঠা হয়। আৰু আমি পাহৰিব নালাগে সেই তাহানিতে গুৰুজনাই আমাক সংগীত দি গৈছে, জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, ভূপেন হাজৰিকাই 'গুৰুজনাৰ সংগীত'ক অসমীয়া সংগীতৰ বুনিয়াদ বুলি মানি লৈ সংগীত সৃষ্টি কৰি আমাক চহকী কৰিছে। ভূপেনদাই আমাক এৰাবাটৰ সুৰ বুটলিব শিকাইছে। জ্যোতি প্ৰসাদ আগৰৱালাই আমাৰ থলুৱা সুৰেৰেই 'অসমীয়া আধুনিক গীত'ৰ ভেটি নিৰ্মাণ কৰা নাছিল জানো! ভূপেনদাৰ গীততো নুশুনো জানো, অসমীয়া বিয়ানাম, আইনাম, বিহু আদিৰ সুৰ! গতিকে মই বুজো--, অসমীয়া গীত মানে, অসমীয়ৰ থলুৱা সুৰেৰে নিৰ্মাণ হোৱা গীত।...'
--অপূৰ্ব বেজবৰুৱাৰ সংগীত প্ৰেম তেতিয়াৰে,যেতিয়া সংগীত বুজা নাছিল, সংগীত শুনিলেই শিৰাই শিৰাই ভাললগা অনুভৱ বৈছিল।
--২০০২ চনৰ কোনো এটা দিনত দ্বিতীয়বাৰ লগ পাইছিলো অপূৰ্ব বেজবৰুৱাক। সেই সময়ত সাংবাদিকতা কৰা, বৰ্তমান ৰাজনীতিৰ সৈতে জড়িত হৈ সমাজৰ কাম কৰা অমৰজ্যোতি ডেকাই সংগীত শিল্পী গৰাকীৰ ওচৰলৈ লৈ গৈছিল, চিনাকী কৰি দিছিল। গীতিকাৰ-গায়ক,সুৰকাৰ গৰাকীয়ে কৈছিল, "বহুদিন আগতে আমি কথা পাতিছিলো নহয়! সৰমটৰীয়াত। মোৰ মনত আছে। তুমি হয়তো পাহৰিছা!"--হয়, ১৯৯৪ চনৰ এটা দিনত অপূৰ্ব বেজবৰুৱা আহিছিল সৰুমটৰীয়াৰ (গুৱাহাটী) আমাৰ কাৰ্যালয়লৈ। আমাৰ কাৰ্যালয় মানে--, সেই সময়ত আমি সম্পাদনাৰ কাম কৰা দৈনিক কাকত 'আজিৰ সংবাদ'ৰ কাৰ্যালয়লৈ। সৰু 'খবৰ' এটা লৈ আহিছিল। কাকত খনৰ 'নিউজ এডিটৰ' পুলিন ডেকাই অপূৰ্ব বেজবৰুৱাক মোৰ হাতত খবৰটো দিলে নিৰ্দিষ্ট পৃষ্টাটোত ওলাব (ছপা হব) বুলিছিল। আমি 'খবৰ'টো অপূৰ্ব বেজবৰুৱাৰ পৰা লৈ ১০-১৫ মিনিট সময় কথা পাতিছিলো, 'খবৰ'টোক কেন্দ্ৰ কৰি।
--সেয়াই আছিল অপূৰ্ব বেজবৰুৱাৰ সৈতে আমাৰ প্ৰথম সাক্ষাৎ। আমাৰো মনত আছিল সেই 'প্ৰথম সাক্ষাৎ'। অপূৰ্ব বেজবৰুৱাৰ নাই বুলি ভাবিছিলো!
'আছে দাদা' বুলি সেই দিনা অমৰজ্যোতি আৰু মই অপূৰ্বদাৰ (বহুতে মতাৰ দৰে মই 'অপুদা' বুলি নামাতিছিলো।) সৈতে বহু সময় কথা পাতিছিলো, গীতৰ, গীতৰ ভাষাৰ, সংগীতৰ ভাষাৰ। মনত আছে, অপূৰ্বদাই কৈছিল, "গীতৰ ভাষা হব লাগে সহজ সৰল। সুৰ হব লাগে থলুৱা। তেতিয়া গীত মিঠা হয়। আৰু আমি পাহৰিব নালাগে সেই তাহানিতে গুৰুজনাই আমাক সংগীত দি গৈছে, জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, ভূপেন হাজৰিকাই 'গুৰুজনাৰ সংগীত'ক অসমীয়া সংগীতৰ বুনিয়াদ বুলি মানি লৈ সংগীত সৃষ্টি কৰি আমাক চহকী কৰিছে। ভূপেনদাই আমাক এৰাবাটৰ সুৰ বুটলিব শিকাইছে। জ্যোতি প্ৰসাদ আগৰৱালাই আমাৰ থলুৱা সুৰেৰেই 'অসমীয়া আধুনিক গীত'ৰ ভেটি নিৰ্মাণ কৰা নাছিল জানো! ভূপেনদাৰ গীততো নুশুনো জানো, অসমীয়া বিয়ানাম, আইনাম, বিহু আদিৰ সুৰ! গতিকে মই বুজো--, অসমীয়া গীত মানে, অসমীয়ৰ থলুৱা সুৰেৰে নিৰ্মাণ হোৱা গীত।...'
by: Utpal Mena
মঙ্গলবার, ৮ ফেব্রুয়ারি, ২০২২
মনত আছেনে?দৰিকা দিচাঙে পানী বাঢ়ি গ'লে ... ভূপেন হাজৰিকাই লিখিছিল লতা মংগেশকাৰৰ অনুৰোধত /৩
...আকাশ অ’ আকাশ
মোক জোনাক এমুঠি দিয়া
অজি মৰম উতলা মোৰ হিয়া
দিয়া জোনাক এমুঠি দিয়া৷
ডাৱৰৰ সুৰঙাৰে জোনাক নামিল
জিলমিল, জিলমিল
এন্ধাৰ ঘৰত মোৰ পোহৰ পৰিল
জিলমিল জিলমিল
জীৱনত জাগে (আজি) নতুন মায়া
মন হৰি নিয়া-
দিয়া জোনাক এমুঠি দিয়া৷
সপোনৰ দিনবোৰ উজলি উঠিল
নীল নীল, নীল নীল
অতীতৰ আশাবোৰ উভতি আহিল
নীল নীল, নীল নীল৷
কণমানি লাগে (মোক) শীতল ছায়া
হিয়া জুৰণীয়া
দিয়া জোনাক এমুঠি দিয়া৷”
--লতা মংগেশকাৰে গাইছিল, সলিল চৌধুৰীৰ পৰিচালনাৰে। চিনেমা: "অপৰাজেয়"। চতুৰংগ (ফণী তালুকদাৰ, অতুল বৰদলৈ, মুনিন বায়ন আৰু গৌৰী বর্মন)ৰ পৰিচালনা। ("...চিনেমাৰ কাম আগবাঢ়িছিল। ফ্ল'ৰলৈ যোৱা নাছিল। আমি সলিল চৌধুৰীৰ সৈতে গীতৰ কথা পাতিছিলো। আমাৰ আগ্ৰহত সলিল চৌধুৰীয়ে কৈছিল-- ঠিক আছে। লতা মংগেছকাৰৰ সৈতে কথা পাতি জনাম। আমাৰ আগ্ৰহৰ কথা ভূপেন হাজৰিকাকো জনাইছিলো। কোনে সন্মত কৰাইছিল নাজানো। লতা মংগেশকাৰৰ কণ্ঠত ফণী তালুকদাৰে লিখা গীতটো ৰেকৰ্ডিং কৰা হৈছিল।" --গৌৰী বৰ্মন/ "জনক্ৰান্তি") শ্ৰুতিমধুৰ গীতটো আঁৰতে থাকি গ'ল। হয়তো চিনেমা খনৰ বাণিজ্যিক বিফলতাৰ বাবে! কথাটো এনেদৰেও আগবাঢ়িছিল-- গৌৰী বৰ্মনে বিচাৰিছিল চিনেমা খনৰ সংগীত ভূপেন হাজৰিকাই পৰিচালনা কৰক। ("ভূপেন হাজৰিকা মুডি মানুহ। এদিন ক'লে --'তোমাৰ ছবি হ'লে দিগদাৰ নাছিল। তোমালোকৰ চিনেমা, নকৰো দিয়া! পাছত কেতিয়াবা তোমাৰ বাবে সংগীত কৰিম দিয়া!' সময়ত ছবি খন হ'লে হয়তো আৰু ভূপেন হাজৰিকাৰ ওচৰলৈ গৈ অনুৰোধা কৰিলো হেতেন! ভূপেন হাজৰিকাৰ সৈতে কথা পতাৰ ৭-৮ মাহ মান পাছতহে আমি চিত্ৰনাট্য সাজু কৰি ছবিৰ কামত আগবঢ়িছিলো। পাছত মোৰ 'অকন'ৰ বাবে ভূপেন হাজৰিকাই সংগীত কৰিছিল। মোৰ আশা আছিল ভূপেন হাজৰিকাই সংগীতৰ কাম কৰিলে "অপৰাজেয়"ত লতা মংগেশকাৰক গীত গোৱাব পাৰিম। যি নহওক সলিল চৌধুৰীয়ে আমাৰ আশা পুৰণ কৰিছিল।" --আমাৰ প্ৰশ্নৰ উত্তৰত গৌৰী বৰ্মন/ "জনক্ৰান্তি", "আজিৰ সংবাদ")
--১৯৪৮ চনত চিত্ৰগৃহলৈ আহিছিল প্ৰথম "ছুপাৰ হিট" অসমীয়া চিনেমা "চিৰাজ"। বিষ্ণু প্ৰসাদ ৰাভা-ফণী শৰ্মাৰ পৰিচালনা। চিনেমা খনত ভূপেন হাজৰিকাই গোৱা এই গীতটো ব্যৱহাৰ কৰিছিল:
"হায়! হায়! হায়! হায়! হায়! হায়!
কঁপি উঠে কিয় তাজমহল ?
পুৱতী নিশাৰ অজানাৰ সতে আজান
যমুনাত তুলি শত ধুমুহাৰ কোলাহল
তাজমহল ! তাজমহল! ..."
--ভূপেন হাজৰিকাই গীতটো লিখিছিল,সুৰেৰেও সজাইছিল। আৰু গীতটো বিষ্ণু প্ৰসাদ ৰভাই ভাল পাইছিল। ফণী শৰ্মাক কৈছিল, "ভূপেনৰ গীতটো লগাই দিলে ভাল হব।" সেই গীতটো ভূপেন হাজৰিকাই পুণৰ পৰিচালনা কৰা "চিৰাজ"তো ৰাখিছিল। গীতটো নিজৰ আৰু লতা মংগেশকাৰৰ (দ্বৈত কণ্ঠত) কণ্ঠত ৰেকৰ্ডিং কৰিছিল।
--সম্ভৱত এই গীতটো গোৱাৰ আগতে 'খাটি অসমীয়া" এটা গীত লিখাৰ কথা কৈছিল লতা মংগেশকাৰে। আৰু ভূপেন হাজৰিকাই লিখিছিল,
"মনত আছেনে?
দৰিকা দিচাঙে পানী বাঢ়ি গ'লে
ময়ো বৰ এজনী হলো..."
[ উৎস: ভূপেন হাজৰিকাৰ "গীত আৰু জীৱন ৰথ" /দিলীপ কুমাৰ দত্ত, মই এটি যাযাবৰ/ড°ভূপেন হাজৰিকা, শিল্পীৰ পৃথিৱী, 'Swarratn - Lata Mangeshkar" /Aaryaa Joshi, "Mid-Day", "জনক্ৰান্তি", "আজিৰ সংবাদ"]
সোমবার, ৭ ফেব্রুয়ারি, ২০২২
মনত আছেনে?দৰিকা দিচাঙে পানী বাঢ়ি গ'লে ... ভূপেন হাজৰিকাই লিখিছিল লতা মংগেশকাৰৰ অনুৰোধত /২
"অসমৰ ভূপেন হাজৰিকাৰ সংগীতে মোক আকৰ্ষণ কৰিছিল। কিন্তু ভূপেন দাদা ৰাজি নাছিল হিন্দী চিনেমাৰ যি ধাৰা, সেই ধাৰাত কাম কৰিবলৈ। মই কেইবা গৰাকীয়ো পৰিচলকৰ সৈতে কথা পাতিছিলো। কাম নিসিজিল। চিনেমাৰ পৰিচালকে সংগীতৰ কাম ভূপেন হাজৰিকাক এৰি নিদিয়ে, ভূপেন দাদাই পৰিচালকক সন্তুষ্ট কৰিবলৈ সংগীত কৰিব নখোজে। মন আছিল কিন্তু কম কাম কৰাৰ সুযোগ পাইছিলো। এবাৰ মই কৈছিলো-- "খাটি অসমীয়া গাম।... ("শ্ৰীমতী লতা মঙ্গেশকৰৰ ঘৰৰ পৰা ট্রাঙ্ক কল পালো—অসমীয়া গীতৰ সঙ্কলন এটিৰ লং-প্লেয়িং ৰেকৰ্ড এখনৰ বাবে এটি বিহুসুৰীয়া গীত যেন মই লেখো।..." --ভৃপেন হাজৰিকা) "জোনাকেৰে ৰাতি..." সুৰ মই কেইবাবাৰো গাইছো। অসমীয়াৰ পাছত বাংলা, হিন্দীত। হিন্দীত দাদাৰ কেইবাটাও গাইছো।" --হয়, কেইবাটাও গীত গাইছে। 'আৰোপ"ৰ ‘'নেইনো মে দর্পন হে..."ৰ পৰা "ৰুদালি"ৰ "দিল হুম হুম কৰে...", "সময় অ’ ধীৰে চলো..." , "ঝুঠী মুঠী মিতৱা..."লৈ, কেইবাটিও গীত।জনপ্রিয়তাৰ কথা সর্বজনবিদত।
--দিলীপ কুমাৰ দত্তই লিখিছে, "লতাৰ কাৰণে ভূপেন দাদাই ৰচিছিল 'গোদাবৰী নৈৰ পাৰৰে পৰা অসমী আইলৈ যাটো প্রণাম'। অৱশ্যে, সেই গীতটো লতাই বহুত দিন পাচতহে বাণীবদ্ধ কৰে। সেই গীতটো আনে বাণীৱদ্ধ কৰিবলৈ বিচাৰিছিল যদিও ভূপেন দাদাই আনক নিদি লতাৰ কাৰণেই গীতটো সাঁচি ৰাখিছিল। ভূপেন দাদাৰ মতে লতাৰ গীত কেৱল কণ্ঠৰ পৰা নাহে সি আছে তেঁওৰ প্ৰাণৰ একেবাৰে গভীৰতম কোণৰ পৰা।..." --এই গীতটোৰে অসম-মহাৰাষ্ট্ৰৰ মাজত কথা-সুৰেৰে সাঁকো সাজিছিল লতা মংগেশকাৰৰ হতুৱাই ভূপেন হাজৰিকাই।( " 'গোদাবৰী নৈৰ পাৰৰ পৰা অসমী আইলৈ যাচো প্ৰণাম...' গীতটো আৱেগ, সুৰ, কায়িক সৌন্দর্য্য আৰু অতুলনীয় পৰিবেশনৰ পিনৰ পৰা এটা অতি মনোৰম গীত। অসমীয়াই গীতটোক যথাযথ ভাবে মর্যাদা নিদিয়া কাৰণেই হয়তো লতাই অসম অসমীয়ালৈ আগ বঢ়েৱা মৰম আৰু শ্ৰদ্ধাৰ উত্তৰ আজিলৈকে দিব পৰা নাই।" --দিলীপ কুমাৰ দত্ত)
--লতা মংগেশকাৰৰ বাবে ভূপেন হাজৰিকাই লিখিছিল, সুৰ-সংগীতেৰে সজাইছিল, " মই অথাই জলধিৰ মাজলৈ/ আহিলোঁ সাঁতুৰি/ দূৰ দূৰণিত দুপাৰ এৰি/ খাইছোঁ হাবাথুৰি... (চিনেমা: পানী)
[ উৎস: ভূপেন হাজৰিকাৰ "গীত আৰু জীৱন ৰথ" /দিলীপ কুমাৰ দত্ত, মই এটি যাযাবৰ/ড°ভূপেন হাজৰিকা, শিল্পীৰ পৃথিৱী, 'Swarratn - Lata Mangeshkar" /Aaryaa Joshi, "Mid-Day"]
মঙ্গলবার, ১ ফেব্রুয়ারি, ২০২২
LIGHT! CAMERA! AND BHUPEN HAZARIKA
BHUPEN HAZARIKA
LIGHT! CAMERA! AND BHUPEN HAZARIKA
--by: Utpal Mena
In many contexts Bhupen Hazarika talked on his own movies, those he directed. He himself analysed his own movies. The below is the edited version of his recorded interview where he described the films he directed.
'Era Bator Xur' (The notes of the lost path)(1956): Directed by Bhupen Hazarika/ Priyam Hazarika; Story and Music: Bhupen Hazarika Cast: Bijay Sjhankar, Ibha Asao,Phani Sarma, Balraj Sahani, Anil Das, Tasadduk Usuf and others.
About the film:
Nightingle of India Lata Mangeskar sang: "Jonakare Rati.." in this film. It is worth mentioning that this is the only Assamese film song that Lataji ever sang. Moreover another famous song of Bhupen Hazarika Saagar Sangamot... has been included in the film. Famous director Hrishikesh Mukharjee directed the film.
There are some thoughts which can't be reflected through a song or a poem. I had a passion to cinema. So I thought those ideas which I could not reflect through my songs. Why should I not try my hand in cinema so that I can represent my thoughts through this medium also! So I thought, why should not I make a film! Many big film personalities like Hrishikesh Mukharjee inspired me. This film is the result of these inspirations.
Mahut Bandhu Re (1958):
Directed by Dr. Bhupen Hazarika, Screen Play Dr. Bhupen Hazarika, Music Direction-Dr. Bhupen Hazarika.
About the film: The film was made in Bengali Language. He is the second Assamese after Pramathesh Barua to make a Bengali Film.
What Bhupenda said about the film:
The main motto of making of this film is to establish folk songs of Goalpara in the world.
Shakuntala (1961):
Producer Dr. Bhupen Hazarika. Director/ Music Dierctor: Dr. Bhupen Hazarika. Starring: Phani Sarma, Pabitra Kakati, Ibha Asao, Anita Devi, Devbala Chaliha, Khagen Mahanta, Bidya Rao, Dheren Das, Rebeka Asao, Dilip Choudhury, Tanu Aao, Kulada Kumar Bhattacharya, Dinkar Rao, Krishna Das, Neimuddin.
About the film:
It was the first screen play of Kalidas' historic creation 'Abhigyan Shakuntalam'. The film received President's Award. It is the first partly coloured feature film in Assamese. Bidya Rao was the child artist in this film.
What Bhupenda said about the film:
While I read Shakuntala, I was so involved that I thought of making a film on this subject. After completing half a portion of the film I thought this is a colourful story, so from half I made this film coloured.
Pratidhwani: (1965)
Producer Dr. Bhupen Hazarika, Direction/Music Dr,. Bhupen Hazarika. Starring: Bishnu Prasad Rabha, Phani Sarma, Ibha Asao, Bidya Rao, Pabitra Barkakati, Ranjana Bordaloi, Krishna Das, Swagata Chakravarty, Kamal Choudhury, Niroda Bhuyan, Manik Das, Tarun Duwara, Subha Barua, Sarat Das, Dhiraj Das, Hiramoni Goswami, Ananda Bhagawati etc.
About the Film:
India's famous singers Tatal Mamood and Suman Kalyanpu sang in this film. The film has been dubbed to Khasi language as KACHARATI. The film was awarded as Presidents Silver Medal and it was screened in France Film Festival.
What Bhupen Hazarika said about the film: A love story. Folklore of Khasi people. It's a love story of legendery lover Manik Raitang. This love stories moved me very much. I could see a bonding between the people of hills (of Meghalaya) and valley (of Assam). As it could not be possible to depict the immortal love story though."
Loti Ghoti: (1966)
Producer Dr. Bhupen Hazarika, Direction Music Dr. Bhupen Hazarika. Starring: Bijoy Shankar, Bidya rao Kulada kr. Bhattacharya, Ratna Ojha, Sarat Das, Jayanta Hazarika, Hari Narayan Das, Manisha Sen Gupta, Johor Roy, Nripen Chatterjee, Baby Gupta, Sadhana Patel etc.
About the film:
It's a comic film. Serious and sorrowful story depicted nicely in a very light and comic way. A song of this film was sang by famous singer Md. Rafi. Jayanta Hazarika and Manisha Sen Gupta played the main role in this film and this film too received President's silver medal.
What Bhupen Hazarika said about the film:
I remember, I saw a foreign film. A comic one. I too desired to make a comic film...
Chikmik Bijuli: (1969)
Directed by Dr. Bhupen Hazarika; Music: Bhupen Hazarika. Starring Bidya Rao, Bijay Shankar, Kulada Kr. Bhattacharya, Tasdduk Yusuf, Ruma Guhathakurata, Shashanka Som, Dost Habibur Rahman..
About the film:
Bollywood's famous singers Mukesh, Kishore Kumar, Asha Bhosle sang in this film. The song 'mrityu savoti samadhi..' by Jayanta hazarika got huge appreciation.
What Bhupen Hazarika said about the film:
Grief and happiness of a common man had been reflected in this film. All the characters in this film are real and somewhere, some time I met them.
Mera dharam, Meri maa (1975):
Direction and music by Dr. Bhupen Hazarika. Starring: Bengia Mala, HN Tata, Droni...
About the film:
It is the first colour hindi movie made in Arunachal Pradesh. A student from Arunachal Pradesh wrote the screenplay, and story of the film, which was given to Bhupen Hazarika later.
What Bhupenda said about the film:
It took the responsibility of making this film only because of Arunachal Pradesh Guwahati.
Mon prajapati 1979:
Direction/music-Dr. Bhupen Hazarika. Starring-Bhabesh Barua, Gayatri Dutta, Meena, Hiren Choudhury, Kamal Narayan Choudhury, Hemen Rajkhowa, Nirada Bhuya, Jiten Sarma.
About the film:
The story of the film is on the life style of people working in circus, their sorrow, happiness, love etc. were the main characteristics of the film. Asha Bhosle sang a song in this film.
What Bhupen Hazarika said about the film: Once I met a worker of a circus party. In our conversation he said about their life style, happiness, sorrow etc. This meeting inspired me to make a film on this subject matter.
Siraj: 1988
Direction and music by Bhupen Hazarika. Starring; Nipan Goswami, Mridula Barua,Purabi Sarma, Rupak Barua, Parag Chaliha, Mirel Kuddus, Bharati Deka, Mamoni Saikia, Diganta Barua, Deben Bhuyan.
About the film:
This film was a remake of film 'Siraj' made by Bishnu Rabha and Phani Sarma on 16th January of 1948.
What Bhupen Hazarika said about the film:
While the film was made by Bishnu Kakaideo and his team, some peculiar thought came to my mind. I remembered all and finally one day decided to remake the film so that new generation can also know about the message of 'Siraj".
এতে সদস্যতা:
পোস্টগুলি (Atom)