শনিবার, ৩১ জানুয়ারি, ২০২৬

"ভাল চিনেমা"

ৰাজ কাপুৰৰ মতে, বিশ্বত কেৱল দুই ধৰণৰ চিনেমা আছে— "ভাল" আৰু "বেয়া"। পৰিচালক গৰাকীৰ মতে এখন ভাল চিনেমাৰ অৰ্থ হ'ল দৰ্শকক সন্তুষ্ট কৰা। "চিনেমা এনে এটা মাধ্যম যিয়ে লাখ লাখ মানুহক প্ৰভাৱিত কৰিব লাগে। যি চিনেমাই সৰ্বসাধাৰণ ৰাইজক আকৰ্ষণ কৰিব নোৱাৰে বা দৰ্শকক আমোদ দিব নোৱাৰে, সেই চিনেমাৰ কোনো সাৰ্থকতা নাই।"
 "এখন ভাল চিনেমাত ভাষাৰ কোনো বাধা নাথাকে; ইয়াৰ হাঁহি আৰু চকুপানীৰ আবেদন সমগ্ৰ বিশ্বতে একে। চিনেমা হ'ল আৱেগক এটা বৃহৎ পৰিসৰত (spectacle) উপস্থাপন কৰা শিল্প।"
"চিনেমাৰ জৰিয়তে মানৱীয় দয়া, মমতা আৰু জীৱনৰ সত্যক প্ৰতিফলিত কৰিব লাগে।"
"চিনেমাই সমাজৰ বিভিন্ন সমস্যা যেনে দৰিদ্ৰতা, অসাম্য আৰু সামাজিক অন্যায়ৰ বিৰুদ্ধে মাত মাতিব লাগে।"
"সংগীত চিনেমাৰ এটা অপৰিহাৰ্য অংশ। ভাল চিনেমাত গান কেৱল বিৰতিৰ বাবে নহয়, বৰঞ্চ কাহিনীক আগুৱাই নিবলৈ এক শক্তিশালী মাধ্যম হিচাপে ব্যৱহাৰ হ'ব লাগে।"
👌সত্যজিৎ ৰায়ৰ মতে এখন "ভাল চিনেমা" হ’বলৈ তাত কেৱল কাৰিকৰী দক্ষতা থাকিলেই নহয়, বৰঞ্চ মানৱীয় অনুভূতি আৰু বাস্তৱবাদৰ গভীৰ সংমিশ্ৰণ থকাটো প্ৰয়োজন। চিনেমা লেখক-পৰিচালক ৰায়ৰ মতে, চিনেমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল চৰিত্ৰসমূহৰ মাজত থকা মানৱীয় সম্পৰ্কৰ আৱেগিক সততা। চৰিত্ৰসমূহ কেৱল পৰ্দাত চলি থকা ছবি নহৈ তেজ-মঙহৰ মানুহৰ দৰে সঁচা অনুভৱ হ’ব লাগে।

পৰিচালক গৰাকীয়ে কৈছিল-- " ভাৰতীয় চিনেমাত জিলিকি থকা কৃত্ৰিম চাকচিক্যতকৈ অধিক প্ৰয়োজন-- কল্পনাশক্তি, সততা আৰু ভাৰতীয় জীৱনৰ বাস্তৱ প্ৰতিফলন। চিনেমা নিজৰ সংস্কৃতি আৰু মাটিৰ সৈতে গভীৰভাৱে জড়িত হ’ব লাগে।  চিনেমাৰ ভাষাটো হ’ব লাগে এনেকুৱা, যিটো আমাৰ দেশৰ কথা-বতৰা, সাজ-পাৰ আৰু আচাৰ-ব্যৱহাৰৰ সৈতে মিলি এক সুসমন্বিত ৰূপ লাভ কৰে।

👌বিখ্যাত ইৰানী পৰিচালক মজিদ মাজিদিৰ মতে, "এখন 'ভাল চিনেমা' কেৱল মনোৰঞ্জনৰ মাধ্যম নহয়, বৰঞ্চ ই মানৱীয় মূল্যবোধ আৰু সত্যৰ প্ৰতিফলন হ’ব লাগে।"

পৰিচিলক গৰাকীৰ মতে, "চিনেমাৰ মূল বিষয়বস্তু হ'ল মানৱতা আৰু মানৱীয় মৰ্যাদা। মই বিশ্বাস কৰোঁ  পৃথিৱীৰ যি প্ৰান্তৰেই নহওক কিয়, মানুহৰ মৌলিক অনুভূতি আৰু কাহিনীসমূহ একেই থাকে।"

"চিনেমাসমূহত পৰিয়ালক সমাজৰ এক মূল ভেটি হিচাপে দেখুওৱাব লাগে। এখন ভাল চিনেমাই মানুহৰ জীৱনলৈ আশা কঢ়িয়াই আনিব লাগে, আনকি আটাইতকৈ কঠিন পৰিস্থিতিতো।"

"এখন ভাল চিনেমা সদায় দৰ্শকৰ ওচৰলৈ যাব লাগে। ইয়াক কেৱল 'ফিল্ম ফেষ্টিভেল'ৰ মাজতে সীমাবদ্ধ কৰি ৰাখিব নালাগে। দৰ্শকৰ আৱেগিক সংযোগ অবিহনে এটা বাৰ্তা বা কাহিনী কেতিয়াও সফল হ’ব নোৱাৰে।"

"কেৱল বাণিজ্যিক ছবিৰ পৰিৱৰ্তে বাস্তৱ জীৱনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা চিনেমাকহে অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়োজন। যুৱ পৰিচালকসকলৰ সামাজিক সত্যক উপস্থাপন কৰাৰ এক ডাঙৰ দায়িত্ব আছে।"

"ভাল চিনেমাৰ কোনো নিৰ্দিষ্ট একমাত্ৰ সংজ্ঞা নাই; প্ৰতিজন ব্যক্তিয়ে ইয়াক নিজৰ দৃষ্টিভংগীৰে চাব পাৰে। এনেদৰেও ভাবিব পাৰি--ভাল  চিনেমাক বিভিন্ন সংস্কৃতিৰ মাজৰ এখন সেঁতু বুলি গণ্য কৰিব পৰা যায়, যিয়ে কোনো সীমা নোহোৱাকৈ মানুহক একগোট কৰিব পাৰে।"

👌বলিউডৰ পৰিচালক সুভাষ ঘাইৰ মতে, ভাল চিনেমাত-- 

"জীৱন আৰু মানুহৰ প্ৰতিফলন হয়।" 

"এখন ভাল চিনেমাৰ ভেটি হ’ল এক সুন্দৰ কাহিনী য’ত দৰ্শকৰ সৈতে এক আৱেগিক সংযোগ (Emotional connect) থাকে।" 

"চিনেমা খনৰ চৰিত্ৰৰ বাবে অভিনেতাজনৰ "বিক্ৰীযোগ্যতা" (Saleability) তকৈ চৰিত্ৰটোৰ বাবে তেওঁ কিমান যোগ্য, সেইটোহে বেছি গুৰুত্বপূৰ্ণ।" 

"এজন পৰিচালকৰ তেওঁৰ নিৰ্বাচিত বিষয়টোৰ ওপৰত গভীৰ জ্ঞান আৰু সংবেদনশীলতা থাকিব লাগে।"

"যি চিনেমাই এক সঠিক বাৰ্তা দিয়ে আৰু সমাজক দিশ নিৰ্দেশনা কৰিব পাৰে, সেয়াই প্ৰকৃততে ভাল চিনেমা। উদাহৰণ: তেওঁ 'দংগল'।"

"মই বিশ্বাস কৰো-- সময়ৰ লগে লগে মানুহৰ দৰে চিনেমাৰ আংগিক আৰু ধৰণ সলনি হয়, কিন্তু মৌলিক আৱেগ আৰু কাহিনী কোৱাৰ ধৰণ সদায় একেই থাকে।"

👌মাৰ্টিন স্কৰচেছীৰ (Martin Scorsese) মতে-- "ব্যক্তিগত বিষয়বোৰেই আটাইতকৈ সৃজনীমূলক"। পৰিচালক গৰাকীয়ে চিনেমাৰ ফ্ৰেমত কি আছে আৰু কি নাই, তাৰ ওপৰত গুৰুত্ব দিয়ে।

অৰ্চন ৱেলছৰ #Orson_Welles মতে, কেমেৰাটো যদি এজন কবিৰ চকুৰ দৰে নহয়, তেন্তে সেই চিনেমা কেতিয়াও ভাল হ’ব নোৱাৰে। (FILM CRUX)

আকিৰা কুৰোছাৱাৰ #Akira_Kurosawa মতে, ভাল চিনেমা নিৰ্মাণৰ বাবে চিত্ৰনাট্যৰ ওপৰত দখল থকা আৰু পুৰণি চিনেমা অধ্যয়ন কৰাটো জৰুৰী। (Indie Film Hustle) 

আলফ্ৰেড হিচককৰ (Alfred Hitchcock)  মতে, চিনেমা কেৱল মানুহৰ কথোপকথনৰ ফটো নহয়, বৰঞ্চ দৃশ্যৰ জৰিয়তে কাহিনী কোৱাহে প্ৰকৃত চিনেমা (Goodreads)

সত্যজিৎ ৰায়ৰ মতে এখন "ভাল চিনেমা" কেৱল বিনোদনৰ মাধ্যম নহয়, বৰঞ্চ ই মানৱীয় অনুভূতি আৰু সামাজিক বাস্তৱৰ এক গভীৰ প্রতিফলন। পৰিচালক গৰাকীৰ মতে, চিনেমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল মানৱীয় সম্পৰ্কৰ আৱেগিক সততা (emotional integrity)। তেওঁ বিশ্বাস কৰিছিল যে এখন ভাল চিনেমাই দৰ্শকৰ মনত গভীৰ আৱেগ আৰু সহানুভূতি জগাই তুলিব পাৰিব লাগে। 

👌বলিউডৰ "Mr. Perfectionist" আমিৰ খানৰ মতে, "এখন 'ভাল চিনেমা' কেৱল মনোৰঞ্জনৰ মাধ্যম নহয়, ইয়াৰ আঁৰত এক গভীৰ দৰ্শন আৰু প্ৰক্ৰিয়া থাকে। 

এখন ভাল চিনেমাৰ ভেটি হ’ল ইয়াৰ কাহিনী।  যদি এজন পৰিচালকে চিনেমাখনৰ মূল বাৰ্তা এক শাৰীত প্ৰকাশ কৰিব নোৱাৰে, তেন্তে সেই কাহিনীয়ে দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰিব নোৱাৰে।

চিনেমাৰ এক নৈতিক দায়িত্ব আছে আৰু কেৱল হিংসা বা যৌনতাৰ আশ্ৰয় লৈ চিনেমা বনোৱাটো ভুল। চিনেমাৰ জৰিয়তে সত্যক তুলি ধৰা আৰু মানুহক চিন্তা কৰিবলৈ বাধ্য কৰাটোৱেই লক্ষ্য হ'ব লাগে। 

ফলাফলতকৈ চিনেমা নিৰ্মাণৰ প্ৰক্ৰিয়াটোত অধিক গুৰুত্ব দিব লাগে। চুটি বাট লৈ বা চমক সৃষ্টি কৰি চিনেমা বনোৱাতকৈ আন্তৰিকতা আৰু খুঁটি-নাটি মাৰি কাম কৰিলেহে চিনেমা এখন কালজয়ী হয়। এখন ভাল চিনেমাৰ বাবে এজন দক্ষ পৰিচালক, এজন বিশ্বাসযোগ্য প্ৰযোজক আৰু এক উৎকৃষ্ট চিত্ৰনাট্যৰ সমন্বয় হ’ব লাগে।"

ৰ'দৰ পাখি | চিনেচৰ্চা

কাহিনী-ৰেখাৰ মূল বিন্দু জ্যোতি। সৰুৰে পৰা স্পাইনেল মাছকুলাৰ এট্ৰফি (Spinal Muscular Atrophy) ৰোগত আক্ৰান্ত। বিচনাতে জীৱন আৱদ্ধ (চৰিত্ৰটো শৰ্মিষ্ঠা প্ৰীতমৰ জীৱনৰ দ্বাৰা অনুপ্ৰাণিত)। মাক-দেউতাকৰ মৰমে জীয়াই ৰখা জ্যোতিৰ জীৱনলৈ প্ৰেম আহে, প্ৰেমে নতুন জীৱান দিয়ে।  লেখিকা হোৱাৰ সপোন দেখা জ্যোতিৰ লেখা কাকতত ছপা হয়, কাকতৰ সম্পাদকে জ্যোতিক প্ৰশংসা কৰে, মাননী দিব, নিয়মীয়াকৈ লিখাৰ কথা কয়। জ্যোতিয়ে উৎসাহ অনুভৱ কৰে। 

"প্ৰেমিক"-এ জ্যোতিক ঘৰৰ বাহিৰৰ পৃথিৱী খনলৈ লৈ যায়, কবি সন্মিলনত কবিতা পাঠ কৰোৱাই। এদিন এখন হুইল চেয়াৰো আনি দিয়ে।

জ্যোতিৰ ককায়েকেও এখন হুইল চেয়াৰৰ কথা কৈছিল। কিন্তু দেউতাকে বিছৰা নাই। দেউতাকে নিজে ডাংকোলা কৰি জ্যোতিক প্ৰয়োজনত ইফালে-সিফালে নিয়ে। দেউতাকেই জ্যোতিক লিখিবলৈ উৎসাহ দিয়া প্ৰথম গৰাকী ব্যক্তি। কিন্তু বিধিৰ বিপাক জ্যোতিৰ দেউতাক স্মৃতিশক্তি হ্ৰাস পোৱা বেমাৰ (আলঝেইমাৰ ৰোগ) হয়। --দেউতাকৰ চৰিত্ৰটো নিৰ্মাণ কৰিছে অৰুণ নাথক লৈ। পৰিপাটি, সুপৰিকল্পিত অভিনয় শক্তি-কেমেৰাৰ ভাষা প্ৰয়োগ। অভিনয়ৰ লগতে চৰিত্ৰ বিন্যাস-গতি দিশটোৰ বাবে পৰিচালকক, অভিনেতা নাথক অৱশ্যেই প্ৰশংসা কৰিব লাগিব। সুস্থ, মৰমিয়াল দেউতাকৰ পৰা আলঝেইমাৰ ৰোগী দেউতাকলৈ কৰা নিৰ্মাণ কৰ্ম চুই যোৱা। তেনেদৰে মূল চৰিত্ৰটোৰ বিন্যাস-চিনে সৌন্দৰ্যৰ কথাও উল্লেখ কৰিব লাগিব। সুলক্ষণা বৰুৱাই কেৱল চেহেৰাৰ অভিনয় (facial performance) -ৰ সুযোগ আছে চৰিত্ৰটোৰ। চিনে সৌন্দৰ্যলৈ ৰূপান্তৰ হোৱা চৰিত্ৰটোৰ প্ৰসংগত মুকলি মনেৰে ক'ব পাৰি-- অসাধাৰণ, মন-মগজুত ৰৈ যোৱা। বাস্তৱিক অভিনয়ৰে নিৰ্মাণ (মাকৰ চৰিত্ৰত বিনা পটংগীয়া, প্ৰেমিকৰ চৰিত্ৰত কমল লোচন) আন কেইটা চৰিত্ৰও পৰিপাটি।
চৰ্চালৈ অনা এই চিনেমা খনৰ নাম-- "ৰ'দৰ পাখি"। ড° ববী শৰ্মা বৰুৱাৰ পৰিচালনা। সন্দেহ নৰখাকৈ ক'ব পাৰি ড° ববীৰ "পৰিচালনা কৰিয়াৰ"ৰ শ্ৰেষ্ঠ চিনেকৰ্ম। কেৱল চুই যোৱা চৰিত্ৰ, আটম টোকাৰী গল্প এটাতে শেষ নহয়, ৰূপালী গল্পটোক "Poetic Cinematography" -লৈ ৰূপান্তৰ কৰিছ। ইমান খিনি প্ৰশংসা কৰাৰ পাছতো ক'ব লাগিব পৰিচালক গৰাকীৰ কাম ত্ৰুটি মুক্ত নহয়। জ্যোতিৰ প্ৰেমিকে চুলি খুৰাই প্ৰায়শ্চিত্ত কৰা, হাতত WhatsApp-ৰ সুবিধা থকা মোবাইল থকাৰ পাছতো ডাকত চিঠি দিয়া ছিকুৱেন্স কেইটাত পৰিচালকে মন দিয়াৰ প্ৰয়োজন আছিল।
--এনে ধৰণৰ ত্ৰুটিৰ বিপৰীতে পৰিচালকে চুই যোৱা কেইবাটাও ছিকুৱেন্স নিৰ্মাণ কৰিছে। উদাহৰণ: জ্যোতিয়ে "আলঝেইমাৰ ৰোগী" দেউতাকক কাকতত ছপা হোৱা প্ৰথম লেখাটো দেখুৱলৈ যোৱা ছিকুৱেন্সটো, "প্ৰেম-সংঘাত"ৰ সময়ত মাকক "মোক কিয় জন্ম দিছিলি" বুলি প্ৰশ্ন কৰা ছিকুৱৈন্সটো। প্ৰথম আৰু শেষৰ কেমেৰাৰ ভাষাক গুৰুত্ব দি নিৰ্মাণ কৰা ছিকুৱেন্স দুটাও-- মগজু চুই যোৱা।

(লিখি আছোঁ)

শুক্রবার, ৩০ জানুয়ারি, ২০২৬

গছ কটা মানুহ | চিনেচৰ্চা

চিনেমা খনৰ বিষয়বস্তু-- লোকসংগীত। এয়াই সত্য-- আজিৰ তাৰিখতো মূল শিপাত খামোচ মাৰি লোকসংগীতৰ চৰ্চা কৰি আছে গাওঁৰ শ্ৰমজীৱীয়ে। দিনটোৰ পৰিশ্ৰমৰ অন্তত ভাগৰ জুৰাই লোকসংগীত চৰ্চাৰে। এই সকল লোকে লোকগীতৰ ফিউজন, আধুনিকীকৰণ ইত্যাদিৰ কথা মনলৈ আনিব নোৱাৰে। লোকগীত মানে লোকগীত। বনজিতক গাওঁৰ দুই-একে দিহা দিয়ে-- লোকগীতৰ ভিডিঅ' নিৰ্মাণ কৰি সামাজিক মাধ্যমত দিলে সিহতক দহে জানিব! মোবাইলত সহজতে সিহতে গীত গোৱা সময় খিনি কোনোবা এজনৰ হতুৱাই ধৰি ৰাখিব পাৰে! বনজিতৰ মন নথকা নহয়, দুই-একক ক'লে। বনজিতৰ কথা শুনি সামাজিক মাধ্যমত ৰীল চোৱাতে সময় খৰচ কৰি ভালপোৱা পিলিঙা এজনে বনজিতক ইতিকিং কৰিলে, কোনে চাব বুলি! আন এজনে বনজিতক ফিউজনৰো পৰামৰ্শ দিলে। কিন্তু বনজিত তেনে কথা ভাবিব নোৱাৰে। আনে শুনক-নুশুনক যি লোকগীত শুনি আহিছে সেয়াই চৰ্চা কৰি যাব! কষ্টৰ মাজতো বনজিত আৰু তেওঁৰ সৰু দলটোৱে ম্লান হৈ অহা লোক পৰম্পৰা ৰক্ষাৰ বাবে অক্লান্তভাৱে আখৰা কৰি যায়। 

বনজিত-- ৰূপালী গল্পটোৰ মূল চৰিত্ৰ। ৰূপালী গল্পটোৰ নাম-- গছ কটা মানুহ (The Woodcutter)। লেখক-পৰিচালক: প্ৰকাশ ডেকা। বনজিত চৰিত্ৰটো নিৰ্মাণ কৰিছে বাহাৰুল ইছলামক লৈ। বহু দিনৰ পৰা চৰ্চাত আছিল বাহাৰুল ইছলামে অভিনয় কৰা চৰিত্ৰটো আৰু "The Woodcutter" নামটো, ২২ মে', ২০২৪-ত কান চলচ্চিত্ৰ মহোৎসৱৰ ভাৰত পেভিলিয়নত ট্ৰেইলৰ মুকলি কৰাৰ পাছৰে পৰা। অভিনেতা গৰাকীৰ "নতুন অৱতাৰ" আছিল চৰ্চাৰ, আকৰ্ষণৰ মূল কাৰণ। মঞ্চত নিৰ্দিষ্ট ছন্দত জপিয়াই জপিয়াই গোৱা (অভিনয় কৰা) "অ' মোৰ মলুৱা ৰে..." চিত্ৰৰসিকৰ মাজত চৰ্চাৰ বিষয় হৈছিল। চিনেমা খন চোৱাৰ পাছত অনুভৱ কৰিছোঁ-- আৰু এগৰাকী পৰিচালকক এটা "শ্ৰেষ্ঠ চৰিত্ৰ" নিৰ্মাণ সহায় কৰিলে, বাহাৰুল ইছলামে আৰু এবাৰ অভিনয় শক্তি (acting power) দেখুৱালে। 

লোকগীতৰ শিল্পী বনজিতে গছ কাটে। 

সংসাৰ চলাবলৈ গছ কাটে। একমাত্ৰ কিশোৰী সন্তান, পত্নীক লৈ বনজিতৰ সংসাৰ। একেখন চোতালতে থকা "ডাঙাৰ মাই"কো সংসাৰৰ এজন বুলি, নিজৰ মাকৰ দৰে যতন লয় তৰালি শৰ্মাৰ গীত ভাল পোৱা বনজিতে।

হঠাতে বনজিতক কিশোৰী কন্য মুনুৱে তেওঁক ভয় কৰিবলৈ আৰম্ভ কৰে। শিক্ষকে প্ৰসংগক্ৰমে মুনু হ'তক কয়-- গছ কটা মানুহক "বেয়া মানুহ"! এই কথাক কেন্দ্ৰ কৰি স্কুলৰ সহপাঠীয়ে মুনুক জোকায়। মুনুৰ মনত লাগে! মুনুৰ মানসিক অৱস্থালৈ চাই বনজিতে গাছ কটা কামটো বাদ দিয়ে, সংগীত চৰ্চাত মন দিয়াৰ লক্ষ্য স্থিৰ কৰি তৰালি শৰ্মাক লগ পাবলৈ যায়। তৰালিক লগ নাপায় দুখ মনেৰে উভতি আহে। মনত দুখলৈ কামত ব্যস্ত থকা সময়তে বনজিতে শুনা পায়-- সিহতৰ গাওঁলৈ তৰালি শৰ্মা আহিব, গীত গাবলৈ। তৰালি যি খন মঞ্চত গীত গাব, সেই খন মঞ্চতে গীত গোৱাৰ সুবিধা কৰি ল'লে, গীত গালে।  কিন্তু বনজিত হ'তে গীত গোৱাৰ সময়ত মঞ্চৰ সম্মুখত তৰালি নাছিল। মনত দুখ লৈয়ে গালে-- "মোৰ মলুৱাৰে..."। 

তৰালি শৰ্মা নাই, বেছি শ্ৰোতা-দৰ্শকো নাই মঞ্চৰ সম্মুখত। কোনোমতে গীতটো শেষ কৰি ঘৰলৈ দৌৰ দিলে বনজিতে-- "ডাঙাৰ মাই"ৰ যোৱা-থোৱা অৱস্থা। শেষৰ ছিকুৱেন্সটোত দেখা যায়-- বনজিত, বনজিতৰ পত্নীয়ে "ডাঙাৰ মাই"ক লৈ চিকিৎসায়লৈ বুলি বাট বুলে, মঞ্চত বনজিতৰ  কণ্ঠক প্ৰশংসা কৰে তৰালি শৰ্মাই। ৰূপালী গল্পটোৰ শেষ বিন্দুত দৰ্শকে জানিলে, বনজিতে নাজানিলে তৰালি শৰ্মাই যে তাৰ গীত শুনিছে, প্ৰশংসা কৰিছে। [জনা হ'লে-- আশাবাদত ৰূপালী গল্পটো শেষ হ'ল হেতেন।]

চিনেমা খন চোৱাৰ সময়ত অনুভৱ কৰিলোঁ--বনজিতৰ "তৰালি শৰ্মাৰ গীতৰ" প্ৰতি থকা আৱেগ বা টান অস্পষ্ট হৈ থাকিল।

"তৰালি শৰ্মা"ৰ বিন্যাসৰ প্ৰয়োজন আছিল।বনজিতে "তৰালি শৰ্মা"ক লগ পাবলৈ কিয় গৈছিল, অস্পষ্ট হৈ থাকিল। 

চিনেমা খনৰ ভাল লগা দিশ-- বিষয়বস্তুৰ লগতে চৰিত্ৰ নিৰ্মাণ, পৰিৱেশ নিৰ্মাণ, কলা নিৰ্দেশনা, সংগীত প্ৰয়োগ।

(লিখি আছো)

বৃহস্পতিবার, ২৯ জানুয়ারি, ২০২৬

Shape of Momo আৰু... | চিনেচৰ্চা

মন চুই যোৱা, মনত ৰৈ যোৱা এখন চিনেমা-- 'শ্বেপ অফ মোমো'। চিনেমা খনত ব্যৱহাৰ হোৱা সাহিত্যৰ ভাষা-- নেপালী। ছিকিমৰ চিনেমা। [চিকিমৰ চৰকাৰী  ইংৰাজী, নেপালী, ছিকিমিজ আৰু লেপচা। নেপালী মূল ভাষা।] চিনেমা খনৰ নামটো অৰ্থবহ। চিনেমা খন চোৱাৰ পাছত অনুভৱ হয়-- কিমান অৰ্থবহ! উপমা হিচাপে ব্যৱহাৰ কৰিছে-- মোমো। নেপালী মহিলাই মোমো বনাব পৰাতো পৰম্পৰাগত গুণ। এগৰাকী নেপালী সম্প্ৰদায়ৰ বন্ধুৱে চিনেমা খন উপভোগ কৰি থকা সময়ত কৈছিল--  "মোমো বনাব পৰা নেপালী নাৰীক 'প্ৰকৃত নাৰী' বুলি ধৰা হয়। এয়া এক প্ৰকাৰ সামাজিক হেঁচা। পৰম্পৰাগত সামাজিক চিন্তা।" --এই কথা মনত ৰাখি ক'ব পাৰোঁ, "শ্বেপ অফ মোমো"ৰ কাহিনী-ৰেখাৰ মূল বিন্দু বিষ্ণুৱে নাৰীত্বৰ পৰম্পৰাগত হেঁচাৰ মাজত, বান্ধোনত নাথাকে, থাকিব নোৱাৰে। বিষ্ণুৱে নিখুঁতভাৱে মোমো বনাব নোৱাৰে। মোমো বনাব নোৱাৰাতো বিষ্ণুৰ বাবে সমস্যা নহয়! তাই মাক আৰু আইতাকৰ দৰে সমাজৰ "পিতৃতান্ত্রি"ক ছাঁত থাকিব নিবিছাৰে। এই কথা তাইৰ সহ্যৰ বাহিৰত-- ঘৰখনৰ আৰ্থিক দিশত মাক আৰু আইতাকৰ হাত আছে কিন্তু সৰু সৰু দৈনন্দিন কামৰ বাবেও পুৰুষৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। বিষ্ণুৱে তাইৰ আইতাক, মাক আৰু গৰ্ভৱতী ভগ্নী জুনুৰ পৰম্পৰাগত ধাৰণা সলনি কৰি তেওঁলোকক আত্মনিৰ্ভৰশীল কৰিবলৈ চেষ্টা কৰে। 

কাহিনীৰ গতিত দেখা যায়-- দিল্লীৰ কৰ্পৰেট চাকৰি এৰি হিমালয়ৰ নিজৰ গাঁওলৈ উভতি আহা বিষ্ণুই (চৰিত্ৰটো নিৰ্মাণ কৰিছে গৌময়া গুৰুঙক লৈ) নিজৰ পৰিয়াল আৰু সমাজৰ পিতৃতান্ত্রিক আশা আৰু পৰম্পৰাগত নীতি-নিয়মৰ সন্মুখীন হয়। 

বিষ্ণুৰ ঘৰখনত কেৱল মহিলাই আছ। পৰিয়ালটোৰ পুৰুষ সদস্যসকলৰ অকাল মৃত্যু হৈছে, যাৰ বাবে গাঁৱত বিষ্ণুৰ পৰিয়ালটোক 'অভিশপ্ত' বুলি কোৱা হয়।

বিষ্ণুৱে স্বাধীন হ'ব বিছাৰে, নিজৰ বাটে নিজে যাব বিছাৰে! তাই ৰক্ষণশীল গাঁও সম্প্ৰদায়ৰ বিভিন্ন প্ৰশ্নৰ সন্মুখীন হয়--  অবিবাহিত মৰ্যাদা আৰু স্বাধীন স্বভাৱৰ বাবে। মাকে তাইক এজন ৰাজনীতিবিদৰ পুত্ৰ জ্ঞান (চৰিত্ৰটো নিৰ্মাণ কৰিছে ৰাহুল মুখিয়াক লৈ)ৰ সৈতে বিবাহৰ প্ৰস্তাৱ দিয়ে; মাকৰ প্ৰস্তাৱৰ বিপৰীতে তাই গাঁৱত এটা ‘হোমষ্টে’ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰে। সহায় কৰিবলৈ আগবাঢ়ি আহে-- জ্ঞান। 

এনেদৰে ক'ব পাৰি-- নাৰীৰ স্বাধীনতা আৰু পাৰিবাৰিক পৰম্পৰাৰ মাজৰ সংঘাতৰ লগতে হিমালয়ৰ পাদদেশ অঞ্চলৰ পৰম্পৰাগত সংস্কৃতি আৰু আধুনিকতাৰ মাজৰ সংঘাতো কাহিনী-ৰেখালৈ আনিছে। পৰিপাটিকৈ। কেমেৰাৰ ভাষাৰে, সাহিত্যৰ ভাষাৰে। গল্প কোৱাৰ শৈলী, পৰিৱেশ নিৰ্মাণ আৰু অভিনয় চিনেমা খনৰ সফলতাৰ মূলমন্ত্ৰ। চিনেমা খনত ব্যৱহাৰ কৰা সাহিত্যৰ ভাষা আমাৰ আয়ত্বৰ বাহিৰত; কিন্তু পৰিচালকৰ চিনেমেটিক সফলতাৰ বাবে চিনে-ৰস অনুভৱ কৰাত "ভাষা" বাধা হোৱা নাই। ক'ব পাৰি-- চিনেমা খন সম্পূৰ্ণ ৰূপে "চিনেমাৰ ভাষা"লৈ ৰূপান্তৰ কৰাত পৰিচাল-চিনেমা খনৰ সম্পাদক সফল। 

ব্যাখ্যাৰ হয়তো প্ৰয়োজন নাই-- "চিনেমাৰ ভাষা" নিৰ্দিষ্ট ভৌগলিক ভাষা নহয়। ৰাছিয়ান পৰিচালক লেভ কুলেচভ (Lev Kuleshov) -ৰ ধাৰণাৰে ক'ব পাৰি "চিনেমাৰ প্ৰতিটো শ্বট হ’ল বৰ্ণমালাৰ আখৰৰ দৰে, যিবোৰ লগ হৈ একোটা শব্দ বা বাক্য (অৰ্থ) গঠন কৰে। যি বাক্যৰ অৰ্থ বুজিবলৈ আন কোনো ভাষা জনাৰ প্ৰয়োজন নাই।" 
[২]

"শ্বেপ আ'ফ মোমো" চালোঁ-- ২য় গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভে। মুঠ ২৬ খন চিনেমা প্ৰদৰ্শন হৈছিল, বিভিন্ন ভাষাৰ। উজবেকিস্তানৰ চিনেমা "চানডে" (পৰিচালক: শকিৰ খোলিকভ) -ৰে। কাহিনী নিৰ্মণ কৰিছে গাঁৱ এখনত শান্তিপূৰ্ণ জীৱন কটোৱা এহাল বৃদ্ধ দম্পতীৰ কথাৰে। বৃদ্ধ দম্পতীৰ পুত্ৰসকলে তেওঁলোকৰ পুৰণি ঘৰটো ভাঙি আধুনিক সা-সুবিধাৰে এটা নতুন ঘৰ সাজিব বিচাৰে, যিটো তেওঁলোকে নিবিছাৰ। দুই প্ৰজন্মৰ মাজত সংঘাত  হয়। পৰম্পৰা আৰু আধুনিকতাৰ সংঘাত। কাহিনী কোৱা শৈলী, চৰিত্ৰ নিৰ্মাণ চুই যোৱা।

চাইছিলোঁ-- "এছ" ("S")। জাপানী চিনেমা। মাছাহিরো ওটাৰ পৰিচালনা। পৰিচালকৰ প্ৰথম পূৰ্ণদৈৰ্ঘৰ কাহিনী চিনেকৰ্ম। পৰিপাটি চৰিত্ৰ নিৰ্মাণ। কাহিনী এটা স্বাভাৱিকতে আছে। কাহিনীৰ গতিত অতি সুক্ষ্মভাৱে মানুহৰ মনৰ ভিতৰত চলি থকা দ্বন্দ্ব আৰু আৱেগিক উত্তেজনা পৰ্দালৈ আনিছে। কাহিনী  চিনেমা নিৰ্মাতা শিনিচি ছোমেডাৰ  গ্ৰেপ্তাৰ আৰু তেওঁৰ থিয়েটাৰ জগতৰ পুৰণি বন্ধুসকলৰ পুনৰ মিলনক কেন্দ্ৰ কৰি আৱৰ্তিত। --এই দুখন চিনেমা নিম্ন মানৰ নহয়; কিন্তু "শ্বেপ আ'ফ মোমো"ৰ দৰে চুব নোৱাৰিলে। 

(লিখি আছোঁ)

হেৰোৱা ছন্দ | চিনেচৰ্চা

"হেৰোৱা ছন্দ"-- জাহ্নু বৰুৱাৰ চিনেমা। 

"অপৰূপা" (১৯৮৩) -ৰ পৰা "অজেয়" (২০১৩) -লৈ ৰূপালী পৰ্দাৰ সোনালী যাত্ৰা পৰিচালক গৰাকীৰ।পৰিচালক-চিনেমা লেখক গৰাকীৰ "ভগা খিৰিকী" চোৱা নাই, চিত্ৰগৃহত মুক্তি দিয়া নাই। 

এই কথা উল্লেখ কৰাৰ কাৰণ-- জাহ্নু বৰুৱাৰ চিনেমাৰ দৰ্শক হোৱাৰ সময়ত আমাৰ মন-মগজুত এটা বিশেষ "ইমেজ"-এ ক্ৰিয়া কৰি থাকে। "ইমেজ"টো সাধাৰণ মানৰ চিনে-কৰ্মৰ নহয়, বিশেষ স্তৰৰ ওপৰৰ। পৰিচালক গৰাকীৰ "সাধাৰণ মানৰ চিনে-কৰ্ম" আমাৰ (মোৰ) বাবে কষ্টৰ বিষয়।

"হেৰোৱা ছন্দ" (২০২৬) -ৰ কাহিনীৰো মূল বিন্দু এগৰাকী নাৰী, "অপৰূপা"ৰ দৰে, "ফিৰিঙতি"ৰ দৰে, "বনানি" দৰে। কিন্তু চৰিত্ৰ নিৰ্মাণ, গল্প কোৱাৰ শৈলী উল্লেখ কৰা চিনেমা কেইখনৰ স্তৰৰ, জাহ্নু বৰুৱাৰ চিত্ৰগৃহলৈ অহা আন চিনেমা কেইখনৰ স্তৰৰ নহয়। 

"হেৰোৱা ছন্দ"ৰ নাৰী গৰাকীৰ নাম-- কুঁহি (চৰিত্ৰটো নিৰ্মাণ কৰিছে অমৃতা গগৈক লৈ)। ফেশ্বন মডেল। এক কিশোৰী সন্তানৰ মাতৃ। কিশোৰী মুনুৰ সৈতে মুনৰ সৈতে বাস কৰে, মহানগৰীত। কাহিনী কিছু আগবঢ়াৰ পাছতে দৰ্শকে জানিব পাৰে কুঁহিৰ স্বামী অনুপ (জয় কাশ্যপক লৈ চৰিত্ৰটো নিৰ্মাণ কৰিছে)। চিন্তাৰ অমিল, ভুল বুজা-বুজি আৰু ইগ'ৰ বাবে তেওঁলোকৰ বৈবাহিক সম্পৰ্কত ফাঁট মেলে। বিবাহ বিচ্ছেদ হয়। [লেখক-পৰিচালকে কাহিনীৰ গতিত বস্তুবাদী দর্শন বনাম পৰম্পৰাৰ সংঘাত স্পষ্ট কৰিছে মানৱীয় আৱেগক গুৰুত্ব দি। বস্তুবাদী কুঁহিৰ জগত খন "বৰ্তমান"-- মডেলিং, গ্লেমাৰ, মোবাইল-লেপটপ। শিপাৰ পৰা যেন আঁতৰি গৈছে! আৱেগ-সম্পৰ্কতকৈ "কাম"ত গুৰুত্ব! এই খিনিতে উল্লেখ কৰিব পাৰি-- লেখক-পৰিচালকে কাহিনীৰ গতিত মোবাইল-লেপটপক "চৰিত্ৰ"লৈ ৰূপান্তৰ কৰিছে। 

কুঁহিৰ বিপৰীত বিন্দুত-- অনুপ। অনুপে নিজৰ সমাজ-সংস্কৃতিক গুৰুত্ব দিয়ে, সম্পৰ্কক গুৰুত্ব দিয়ে।]

"সময়" আগবাঢ়ে। মডেলিং জগতত গুৰুত্ব কমি অহা কুঁহি আৰু "সময়"ৰ সৈতে আগবাঢ়ি থকা অনুপৰ মাজত মুনুৰ অধিকাৰ আৰু উপাধিক লৈ যুঁজ চলি থাকে। কাৰ বেছি অধিকাৰ, মুনুই কাৰ উপাধি গ্ৰহণ কৰিব! 

কাহিনী-ৰেখাৰ শেষ বিন্দুত-- কুঁহি-অনুপে নিজৰ নিজৰ ভুলবোৰ উপলব্ধি কৰে। মিলন হয়। মুনুৰ ভৱিষ্যতক লৈ ব্যস্ত হয়!

কুঁহি-অনুপৰ জীৱনৰ হেৰোৱা ছন্দ ঘুৰাই পাই, ঘুৰাই অনাত বাট কাটে মোবাই-লেপটপ "চৰিত্ৰ"ই। (মুনুক স্কুলৰ পৰা আনিবলৈ যোৱাৰ বাটত কুঁহিৰ গাড়ী বেয়া হয়, মোবাইল-লেপটপ হেৰাই। সময়তকৈ দেৰিকৈ পোৱা কুঁহিয়ে স্কুলত, অন্যান্য স্থানত মুনুক নাপালে। মুনু হেৰাল! মোবাইল-লেপটপৰ ভৰষাত জীৱন বাটত আগবাঢ়ি থকা কুঁহিয়ে হাহাকাৰ অনুভৱ কৰিলে। সেই সময়ত সম্পৰ্কৰ বাবেই নিজৰ "কাম" বাদ দিব পৰা অনুপ ঠিয় হয় কুঁহিৰ ওচৰত। মুনুক বিছাৰি পায়।)

চিনেমা খনৰ ভাল লগা দিশ-- অভিনয় (বিশেষকৈ জয় কাশ্যপ, অমৃতা গগৈ আৰু কিশোৰ শিল্পী গৰাকীৰ) আৰু গীত প্ৰয়োগ। প্ৰটাগনিষ্ট কুঁহিৰ মনৰ-যুদ্ধ প্ৰকাশৰ বাবে দুটা ছিকুৱেন্সত ব্যৱহাৰ কৰা-- "দামি গহনা পিন্ধি হাঁহিছা

          হাঁহিটিয়েই চোন এটি গহনা

          গহনা বুলি ধাতু কিনিছা

             কিনিব জানো হাঁহি পাৰিবা

            পাৰা যদি সুৰ তুমি ঢালিবা

             ঢালি গভীৰৰ সঁচা তৰঙ্গ

             অঙ্গ ভেদি গান কঁপিব

            কঁপি উঠিব হেৰোৱা ছন্দ…" গীতাংশ (চিনেমা খনত সম্পূৰ্ণ গীতটো একেলগে ব্যৱহাৰ কৰা নাই।) চিনেমা খনৰ চিনেমেটিক অলংকাৰ বুলিব পাৰি। গীতটোৰ কথা-সুৰ ইবচন লাল বৰুৱাৰ। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। ঊষা উত্থুপৰ "বিশেষ কণ্ঠস্বৰ"ত পাশ্চাত্য সংগীতাৱলীৰ প্ৰভাৱত গঢ় লোৱা সুৰৰ বিপৰীতে অনিন্দিতাৰ কণ্ঠত "ভাৰতীয় সুৰ" প্ৰয়োগ কৰিছে। কণ্ঠ-গায়কি-সুৰ-কথাত পৰিপটিকৈ স্পষ্ট কৰিছে প্ৰোটাগনিষ্টৰ মানসিক দ্বন্দ্ব। মুকলি মনেৰে ক'ব পাৰি-- এনে ধৰণৰ "চিনে-সংগীত" কৰ্ম ভাৰতীয় চিনেমাত দেখা যায়।

--এই ইতিবাচক দিশৰ পাছতো চিনেমা খন "জাহ্নু বৰুৱা"ৰ চিনেমাৰ স্তৰ নাপালে। কাহিনীৰ গতি, কাহিনী কোৱাৰ শৈলীত "ছন্দ" হেৰুৱালে পৰিচালক গৰাকীয়ে। আধুনিক সমাজৰ জটিল সম্পৰ্ক, পাৰিবাৰিক আৱেগক কেন্দ্ৰ কৰি গঢ়ি উঠা কাহিনীটো (মন্থৰ গতি, অতীত-চৰণত কুঁহিৰ গাওঁ-ঘৰ দেখুওৱা, কুঁহিৰ ভাতৃৰ সৈতে দেখুওৱা আমনিদায়ক ছিকুৱেন্স ইত্যাদিৰ বাবে) দৰ্শকক চুব পৰা স্তৰৰ নহ'ল। 


(লিখি আছোঁ)

বুধবার, ২৮ জানুয়ারি, ২০২৬

তিনিখন অসমীয়া চিনেমা | চিনেচৰ্চা

তিনিখন চিনেমা এই চৰ্চালৈ আনিছোঁ-- "ইয়াকাসিক ওমেদে" ((Yakasi's Daughter), "গনৰাগ", আৰু "মউনাবিলি" (An Evening Ballad)।

"ইয়াকাসিক ওমেদে"-ত ব্যৱহাৰ হোৱা সাহিত্যৰ ভাষা অসমীয়া (সামান্য অংশত) আৰু মিচিং। ব্যৱহাৰ কৰা ভাষাৰ অনুপাত আৰু শিৰোণামৰ কথা মনত ৰাখি ক'ব পাৰি-- মিচিং চিনেমা। পটভূমি অসমৰ মিচিং জনগোষ্ঠীৰ এখন দুৰ্গম (নদীৰ পাৰৰ) গাওঁ। পৰম্পৰাগত জীৱন যাপন কৰা গাৱবাসীৰ বাবে দৰিদ্ৰতা, দুৰ্বল আন্তঃগাঁথনি, আৰু প্ৰাকৃতিক দুৰ্যোগৰ মাজত জীয়াই থকাটো যেন গতানুগতিক সংগ্ৰাম! তেওঁলোকৰ প্ৰতি শাসক পক্ষৰ যেন কান-সাৰ নাই, মনত পেলাই কেৱল নিৰ্বাচনৰ সময়ত। 

[পৰিচালক-লেখকে সাহিত্যৰ ভাষা-- অসমীয়া ব্যৱহাৰ কৰি নিৰ্দিষ্ট গাওঁ খনৰ সমস্যা এটা ছিকুৱেন্সত পৰ্দালৈ আনিছে। ছিকুৱেন্সটো নিৰ্বাচনৰ সময়ৰ, ভোট গ্ৰহণ কৰি থকা সময়ৰ। --এই ছিকুৱেন্সটোৰ গুৰুত্ব আছে; কিন্তু সৌন্দৰ্য নাই। কাহিনীৰ গতিত বাধা হৈছে।]

কাহিনী-ৰেখাৰ মূল বিন্দু-- ১৪ বছৰীয়া জাৰিয়াম আৰু ১৭ বছৰীয়া মিগাম। প্ৰেম, আৰু তাৰ পাছত বিয়া, সংসাৰ। সংসাৰ চলোৱাৰ সংগ্ৰাম। দৰিদ্ৰতা আৰু প্ৰাকৃতিক দুৰ্যোগৰ সৈতে যুঁজ। 

ৰূপালী গল্পটোৰ পৰিচালক ড° জয়ন্ত মাধব দত্তই কাহিনী কোৱাতকৈ কেমেৰাৰ ভাষা প্ৰয়োগত গুৰুত্ব দি পৰিবেশ নিৰ্মাণত, মিচিং সংস্কৃতি প্ৰয়োগত, সমাজৰ আচাৰ-বিচাৰত অধিক গুৰুত্ব দিছে। ফলত ৰূপালী গল্পটো "তথ্যচিত্ৰ বৃত্ত" মুক্ত হোৱাত পিছল খালে। বিষয় বস্তু কঢ়িয়াই নিয়া গল্পটোৰ গতি মন্থৰ হ'ল। কাহিনীয়ে ছন্দ হেৰুৱালে। 

[সন্দেহ নৰখাকৈ ক'ব পাৰি-- চিনেমা খনৰ প্ৰধান সৌন্দৰ্য কাহিনীৰ গতিত, কাহিনীৰ শেষত ব্যৱহাৰ কৰা মিচিং সমাজৰ লোক সংগীত। সংগীত: অমৃত প্ৰীতম, ভগৱত প্ৰীতম। ৰূপালী গল্পটোৰ সৌন্দৰ্য বঢ়োৱা শব্দ ডিজাইনো অমৃত প্ৰীতমৰ। অভিনয় কৰিছে বনেশ্বৰ পেগু, জুনুমাই পেগু, পাপুজ্যোতি পেগু, অঞ্জলি টাইদ আদিয়ে।]

পৰিচালকে কাহিনীতকৈ বড়ো সমাজ, বড়ো সমাজৰ আচাৰ-বিচাৰ (লোকবিশ্বাস, উৎসৱ-পাৰ্বণ, আহাৰ-বিহাৰ) চিত্ৰায়ণত বেছি গুৰুত্ব দিয়াত কাহিনীয়ে ছন্দ হেৰুওৱা আন এখন চিনেমা (Guwahati Asian Film Festival-26 ত চোৱা) "মউনাবিলি"। বিশাল স্বর্গীয়াৰীৰ পৰিচালনা। প্ৰথম (feature film) পৰিচালনা। 

মউনাবিলি-- বড়ো শব্দটোৰ অৰ্থ গোধূলি। চিনেমা খনৰ ইংৰাজীত নাম ৰখা হৈছে-- "An Evening Ballad"। বিয়লি পৰৰ বেলাড। নামটোৰ সৈতে পৰিচালকে নিশ্চয় সম্পৰ্ক গঢ়িছে প্রোটাগনিষ্টৰ সৈতে। ৰূপালী গল্পটোৰ কাহিনী-ৰেখাৰ মূল বিন্দুটোৰ সৈতে। মূল বিন্দু-- এগৰাকী একক মাতৃ (Single mother)। শ্ৰম কৰি জীৱন যাত্ৰা কৰা মাতৃ গৰাকীৰ সংগ্ৰাম, সাহস আৰু আশাৰ কাহিনী স্পষ্ট হৈছে কাহিনী-ৰেখাত। দেখা যায়-- প্ৰেমৰ কাহিনী। দেখা যায়-- পিতৃতান্ত্ৰিক সমাজত এগৰাকী মহিলাই নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে দিয়া যুঁজ। কাহিনী নিৰ্মাণ, চৰিত্ৰ নিৰ্মাণ "বাস্তৱতা"ক গুৰুত্ব দিয়া হৈছে। অভিনয়, সংগীতকে ধৰি শব্দ প্ৰয়োগ, চিনেমাৰ ভাষা প্ৰয়োগৰ ইতিবাচকতাৰ বিপৰীতে কাহিনীৰ গতিক চিনেমেটিক-ছন্দ দিব নোৱাৰা দিশটো পৰিচালকৰ দুৰ্বলতা, চিনে-ত্ৰুটি। 

চৰ্চাৰ বিষয় কৰি লোৱা আন খন চিনেমা "গনৰাগ"ৰো ত্ৰুটি-- কাহিনীৰ গতিক চিনেমেটিক-ছন্দ দিয়াত পৰিচালকে মন নিদিলে বা পিছল খালে। পৰিচালক: দীপ ভূঞা। বিষয়-বস্তুত নতুন চিনে-চিন্তা স্পষ্ট। চিনেমাখনত বিশেষকৈ সংগীত আৰু সমাজৰ গভীৰ সম্পৰ্ক দেখুওৱা হৈছে কাহিনীৰ গতিত। বিশেষকৈ ওজাপালি আৰু দেওধনী নৃত্যৰ পৰম্পৰাক আধুনিক সমাজৰ প্ৰেক্ষাপটত তুলি ধৰা হৈছে। ওজাপালিক ৰাজনৈতিক যুজত ব্যৱহাৰ কৰিছে, পৰিপটিকৈ। ক'ব পাৰি লোকসংগীতৰ শক্তি (Power of Folk Music)-ৰ সু-পৰিকল্পিত ব্যৱহাৰ ৰূপালী গল্পটোত স্পষ্ট। 

চৰ্চাত পোৱা যায়-- "লোকসংগীতক প্ৰায়েই সমাজৰ দুখ-যন্ত্ৰণা আৰু অন্যায়ৰ বিৰুদ্ধে এক শক্তিশালী মাধ্যম হিচাপে গণ্য কৰা হয়। বিশেষকৈ আমেৰিকাৰ দাসত্ব প্ৰথাৰ বিৰুদ্ধে যুঁজত ই এক "মহাশক্তি" হিচাপে কাম কৰিছিল।" 

ফ্ৰেডৰিক নিটছেৰ (Friedrich Nietzsche) মতে, লোকসংগীত হ’ল মানুহৰ আদিম সুৰ আৰু এয়া সমগ্ৰ পৃথিৱীৰে এক সংগীতময় দাপোণ। লোকসংগীতেৰে সহজতে মানুহৰ মন সহজতে স্পৰ্শ কৰিব পাৰি। "গনৰাগ" লেখক-পৰিচালকে ৰূপালী গল্পটোত নিৰ্বাচনত অংশ লোৱা অসাধু প্ৰাৰ্থীৰ বিৰুদ্ধে ঠিয় হোৱা "সৰল মনৰ প্ৰাৰ্থী"য়ে ওজাপালিৰ "মহাশক্তি" ব্যৱহাৰ কৰি ভোটাৰৰ মন স্পৰ্শ কৰা দেখুৱাইছে। (কাহিনীৰ গতিত ওজাপালি লগত জড়িত শিল্পীসকলৰ সংগ্ৰাম, বিশ্বাস আৰু পৰম্পৰাক ধৰি ৰখাৰ যুঁজৰ কাহিনীও কম ফুটেজতে স্পষ্টকৈ প্ৰকাশ কৰিছে। --এয়া ইতিবাচক দিশ।) 

চিনেমা খনৰ সৌন্দৰ্য-- অভিনয় আৰু কাহিনীৰ গতিত ব্যৱহাৰ কৰা ওজাপালিৰ গীত-নৃত্য শৈলী। পৰিচালকে কেমেৰা ডিজাইনত মন দিলে "দুৰ্বল কাহিনীৰ গতি" চিনেমা খনৰ নেতিবাচক দিশ নহ'ল হেতেন।

(লিখি আছোঁ)

সোমবার, ২৬ জানুয়ারি, ২০২৬

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই। 

[বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।] 

তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে। 

তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতিত।] আৰু বাঢ়িল দুটা কাৰণত-- মৌজাদাৰৰ পুতেকে(বেপাৰী ঠিকাদাৰ) লীজত ল'লে বছৰৰ পাছত বছৰ ধৰি মাছমাৰি অহা নৈ-অংশ। আনহাতে মাছৰ পোনা জগা সময় চোৱাত মাছ ধৰাত বাধা আহে। --"বেপাৰী ঠিকাদাৰৰ" সৈতে সেই সময় চোৱাতে সংঘাত হয় তিলোৰ।সংঘাতৰ বাবে ক্ষমা বিছাৰি "বেপাৰী ঠিকাদাৰ" গৰাকীৰ সহায়তে তিলোৱে ৰিক্সা চলাবলৈ লয়।

 [পৰিচালকে সাহিতৰ ভাষাৰে স্পষ্ট কৰিছে-- ৰিক্সা খন দৰাচলতে তিলো হ'তৰ দৰে লোকৰ বাবে অহা "চৰকাৰী আঁচনী"ৰ। চৰকাৰী বিষয়া-বেপাৰী ঠিকাদাৰৰ দৰে মধ্যভোগীৰ বাবে তিলো হ'তক চুব নোৱাৰে।]

কিছু ভাললৈ আহিছিল তিলোৰ জীৱন! কিন্তু তেনেতে উদণ্ড বাইক আৰোহীৰ সৈতে হোৱা সংঘাতৰ ফলত তাৰ মৃত্যু হয়। 

[ডাক্তৰে চিটি স্কেনৰ কথা কৈছিল। কিন্তু চহৰৰ চিকিৎসালয়লৈ গৈ চিকিৎসা কৰা সম্ভৱ নহয়। গ্ৰাম্য অঞ্চলৰ চৰকাৰী চিকিৎসা; আৰু কাহিনীৰ গতিত গ্ৰাম্য অঞ্চলৰ শিক্ষা ব্যৱস্থাৰ ছবি খন স্পষ্ট কৰিছে কেমেৰা, সাহিত্যৰ ভাষাৰে।]

মৃত্যুৰ পাছত তিলোৱে ব্যৱহাৰ কৰা নাৱৰ বোঠা বাসন্তীয়ে হাতত তুলি লয়। তিলোৱে এৰি যোৱা সংসাৰ খনৰ গুৰি-বঠা বাসনন্তীয়ে নিয়ন্ত্ৰণ কৰে। চিনেমেটিক সৌন্দৰ্যৰে ভৰপূৰ শেষ ছিকুৱেন্সটো চুই যোৱা, বুদ্ধিদীপ্ত। 

[এই খিনিতে উল্লেখ কৰাৰ প্ৰয়োজন আছে-- তিলোৰ মৃত্যুৰ পাছতে ৰূপালী গল্পটোৱে ছন্দ হেৰুৱাইছে। আমাৰ ধাৰণাত-- "বাসন্তী"ক প্ৰয়োজনাধিক ফুটেজ দিয়াৰ ফলত "নৈ"ৰ পৰা কাহিনী-ৰেখা অন্য ফালে গৈছে। এই গতি ইতিবাচক হৈ থকা নাই। সম্পদনাৰ সময়ত পৰিচালক, সম্পাদকৰ পৰিশ্ৰমৰ প্ৰয়োজন আছিল।]

এই খিনিতে উল্লেখ কৰিব পাৰি তিলো মাত্ৰ কাহিনী-ৰেখাৰ বিন্দুহে। ৰূপালী গল্পটোৰ "সংগ্ৰাম, সমস্যা" নৈ পৰীয়া মাছুৱৈ সকলৰ, যি সকলৰ পৰম্পৰাগত জীৱনধাৰা আৰু প্ৰকৃতিৰ সৈতে থকা নিবিড় সম্পৰ্কৰ দূৰত্ব বঢ়াইছে আধুনিকীকৰণ, চৰকাৰী নীতিয়ে। 

[কামৰ অভাৱত গাঁওৰ ডেকাবোৰ কেৰেলা-বাংগালোৰলৈ যোৱা, নদী বান্ধে "নৈ" শুকুৱাই পেলোৱা আন দুটা "সমস্যা" চুই গৈছে।]

পৰিচালকে ৰূপালী গল্পটোৰ গতিত ব্যৱহাৰ কৰা আৰু এটা বুদ্ধিদীপ্ত ছিকুৱেন্সৰ কথা মনলৈ আহিছে-- মাজৰাতি তিলোই চালানী মাছৰ দোকান খন ভাঙি, জ্বলাই দিয়া ছিকুৱেন্সটো। তিলোৰ জীৱন-জীৱিকাৰ বাটত সমস্যা বঢ়োৱা দোকান খন জ্বলাই দি মনৰ খং প্ৰকাশ কৰোৱা ছিকুৱেন্সটো।

[এই ছিকুৱেন্সটোই জাহ্নু বৰুৱাৰ পোৱাল নাৱৰীয়াই (চিনেমা: সাগৰলৈ বহুদূৰ) নদীৰ ওপৰত সজা নতুন দলং খনক কৰা খং, ৰসেশ্বৰে প্ৰকাশ কৰা ক্ষোভৰ (চিনেমা: হালধীয়া চৰায়ে বাওধান খায়) ছিকুৱেন্স দুটা মনলৈ আনি দিয়ে। গতিকে স্বাভাৱিকতে মৌলিকতাৰ প্ৰশ্নটো উত্থাপন হোৱাৰ বাট আছে। এই খিনিতে আৰু উল্লেখ কৰিব পাৰি কেমেৰা ডিজাইন, কেইবাটাও শ্বট নিৰ্মাণে "জাহ্নু বৰুৱাৰ চিনেমা" মনলৈ আনি দিয়ে।]

--ছিকুৱেন্সটোৰ সৌন্দৰ্য বঢ়াইছে বা বঢ়োৱাত সহায় কৰিছে তিলো চৰিত্ৰটোত অভিনয় কৰা ৰাজু ৰয়ে।এনেদৰে উল্লেখ নকৰিলে ভুল হ'ব-- ৰাজু ৰয়ৰ অভিনয় শক্তি প্ৰয়োগেৰ নিৰ্মাণ হৈছে ৰূপালী গল্পটোৰ এক সৌন্দৰ্য [প্ৰতিটো চৰিত্ৰৰে নিৰ্মাণ পৰিপাটি। তথাপি ৰাজু ৰয়ৰ লগতে উল্লেখ কৰিব লাগিব "বাসন্তী" মেঘালী কলিতাৰ। মেঘালীৰ অভিনয় চমক অস্বীকাৰ কৰিব নোৱাৰি]। কেমেৰৰ ভাষাৰে (পৰিপাটি শ্বট নিৰ্বাচন, শ্বটৰ শুদ্ধ গাণিতিক প্ৰয়োগেৰে), কেমেৰাৰ ফ্ৰেমত (বিশেষকৈ লং-শ্বটত) নৈ, নৈৰ বুকুত নাৱৰীয়া-মাছুৱৈ, বিস্তৃত  সৰিয়হনি লৈ নিৰ্মাণ কৰা আন এক চিনেমেটিক সৌন্দৰ্য।

--সন্দেহ নাই "সৌন্দৰ্য" নিৰ্মাণত পৰিচালকৰ সোঁহাত স্বাভাৱিকতে চিত্ৰগ্ৰহণকাৰী (চিত্ৰগ্ৰহণ: চিদা বৰা)। চিত্ৰগ্ৰহণৰ লগতে শব্দ আৰু সংগীত ডিজাইন ৰূপালী গল্পটোৰ চিনেমেটিক সৌন্দৰ্যৰ আধাৰ বুলিব পাৰি। ড° সৌৰভ মহন্তই লোকবাদ্য (বাঁহী আৰু দোতোৰা) প্ৰয়োগেৰে, লোক সংগীতৰ সুৰ প্ৰয়োগেৰ আৱহ সংগীত ৰচনাত গুৰুত্ব দিছে। 


(লিখি আছোঁ🙏







রবিবার, ২৫ জানুয়ারি, ২০২৬

Magic Realist Horror Drama

Magic Realist Horror Drama, আমি অসমীয়াত ক'ব পাৰোঁ--যাদু বাস্তৱবাদী ভৌতিক নাটক।  এনে এক শিল্পশৈলী বা ধাৰা য’ত বাস্তৱ পৃথিৱীৰ সৈতে অলৌকিক বা যাদুকৰী উপাদানসমূহ অতি নিপুণভাৱে মিহলাই দিয়া হয়। 

ইয়াৰ সহজ অৰ্থবোৰ তলত দিয়া হ’ল:

Magic Realism (যাদু বাস্তৱবাদ): ইয়াত কাহিনীটো সম্পূৰ্ণৰূপে কাল্পনিক বা 'ফেণ্টাছী' নহয়। ইয়াৰ পৰিৱেশটো আমাৰ চিনাকি পৃথিৱীখনৰ দৰেই অতি বাস্তৱসন্মত, কিন্তু তাৰ মাজতে কিছুমান আচৰিত বা যাদুকৰী কথা এনেকৈ ঘটে যেন সেইবোৰ অতি স্বাভাৱিক।

Horror Drama (ভৌতিক নাটক): ইয়াত কাহিনীৰ গুৰুত্ব নাটকীয় আৱেগ আৰু চৰিত্ৰৰ ওপৰত থাকে, য’ত ভয় বা ত্ৰাসৰ (horror) এটা আৱহ থাকে। 

গতিকে, Magic Realist Horror Drama মানে হৈছে এনে এক চিনেকৰ্ম য’ত স্পষ্ট হয়-- 

📌 আমাৰ চিনাকি দৈনন্দিন জীৱনৰ মাজতে অতিপ্ৰাকৃতিক বা ভয়ংকৰ কিবা এটা সোমাই থাকে।

📌সেই ভয়ংকৰ বস্তুটোক কোনোৱে অদ্ভুত বুলি নাভাবি জীৱনৰ অংশ হিচাপে গ্ৰহণ কৰে।

📌ইয়াৰ মূল উদ্দেশ্য কেৱল ভয় খুউৱাই নহয়, বৰঞ্চ মানুহৰ মনস্তাত্ত্বিক বা সামাজিক কোনো গভীৰ সত্য প্ৰকাশ কৰা। 


সোমবার, ১৯ জানুয়ারি, ২০২৬

নৰা |চিনেচৰ্চা

কাহিনীৰ মূল বিন্দু ধীৰাজ। (চৰিত্ৰটো নিৰ্মাণ কৰিছে জিত বৰুৱাক লৈ। জিতে বাস্তৱিক অভিনয়ৰে "চৰিত্ৰ"টোক গতি দিয়াত পৰিচালকক সহায় কৰিছে বা অভিনয়ৰ দিশত সফল হৈছে।) এখন গাঁৱৰ "ভাল ল'ৰা"। দায়িত্ববান ল'ৰা। দেউতাকক খেতিপথাৰত সহায় কৰে। মাককো দৈনন্দিন কাম-কাজত হাত বঢ়াই। ধীৰাজৰ লক্ষ্য-- সেনাবাহিনীত যোগদান কৰা।  লক্ষ্যত উপনীত হ'বলৈ প্ৰয়োজনীয় পৰিশ্ৰম কৰিছে, নিজকে সাজু কৰিছে। দেউতাক আৰু মাকৰ সৈতে ধীৰাজৰ ঘৰখন। দেউতাকৰ ম'হৰ বাথান আছে। সেয়াই সিহতৰ জীৱিকা। ৰূপালী গল্পটোৰ আৰম্ভনীতে দেখা যায়-- এজন যুৱকক কোনোৱে হত্যা কৰি নদীত পেলাই যায়, যিজন উগ্ৰপন্থী সংগঠনৰ অংশ আছিল। কাহিনীৰ গতিত বুজা যায় যুৱক জন ধীৰাজৰ ককায়েক, যাৰ সৈতে তাৰ মতাদৰ্শ সম্পূৰ্ণ বিপৰীত। এজন পুত্ৰৰ মৃত্যুৰ পাছত মাকে বিছৰা নাই ধীৰাজে সেনাবাহিনীত যোগ দিয়ক। আন কাৰণ একো নহয়, আৰু এজন পুত্ৰক হেৰুৱাৰ ভয়। বিপৰীতে দেউতাকে বিচাৰে-- ধীৰাজে সেনাবাহিনীত যোগদান কৰক, নিবিছাৰে তেওঁৰ দৰে ম'হৰ বাথানত জীৱন পাৰ কৰক। 

কাহিনীয়ে গতি লয়-- উগ্ৰপন্থী গোটে বিচাৰিছে ধীৰাজে তেওঁলোকৰ লগত যোগদান কৰক! ককায়েকৰ হত্যাৰ প্ৰতিশোধ লওক! এই কথা যেতিয়া মাকে জানিব পাৰে বা অনুভৱ কৰে, মাকৰ মন সলনি হয়। (কাহিনীৰ গতিত অসমৰ সন্ত্ৰাসবাদ, পৰিস্থিতি, মানৱীয় সম্পৰ্ক, সংঘাত আৰু সাধাৰণ মানুহৰ জীৱন-যুঁজক পৰিপাটিকৈ পৰ্দালৈ আনিছে।) মাকে ধীৰাজৰ দেউতাকক কয়-- সি, মানে ধীৰাজে সেনাবাহিনীত যোগদান কৰক। ধীৰাজে সেনাবাহিনীত যোগদান দিয়াৰ বাবে আগবাঢ়ে, ইমানতে ৰূপালী গল্পটো শেষ। ৰূপালী গল্পটোৰ নাম-- "নৰা"। লেখক-পৰিচালক: প্ৰকাশ ডেকা।

নৰা। ধানৰ নৰা (Paddy Straw)। শস্য চপোৱাৰ পাছত পথাৰত ৰৈ যোৱা ধান গছৰ অংশ। নৰাৰে মাঘ বিহুত মেজী সজা হয়, বিশেষকৈ নামনি অসমৰ গাওঁ অঞ্চলত। লেখক-পৰিচালকে নৰাৰে সজা মেজীক কেন্দ্ৰ কৰি ৰূপালী গল্পটোক গতি দিছে, বিষয়-বস্তুৰে কাহিনী গুঠিছে। কাহিনীৰ গতি নিৰ্মাণত কেমেৰাৰ ভাষাক গুৰূত্ব দিছে, প্ৰয়োজনত সাহিত্যৰ ভাষা প্ৰয়োগ কৰিছে।
ৰূপালী গল্পটোত কাহিনীৰ গতিত ধীৰাজৰ লগতে আৰু "চৰিত্ৰ"ৰ সংস্কৃতি ৰক্ষাৰ সংগ্ৰাম, মৎস্য-পশুপালৰ সংগ্ৰাম, গাওঁ খনত থাকিয়ে দেখা সপোন ইত্যাদি চুই গৈছে। 

এয়া স্পষ্ট-- কাহিনীৰ গতিত পৰ্দালৈ অনা "চৰিত্ৰ"ৰে পৰিচালকে কাহিনী বিন্যাস বা কাহিনী নিৰ্মাণত গুৰুত্ব দিয়া নাই, পৰিবেশ নিৰ্মাণতহে গুৰুত্ব দিছে। 

এই দিশটোও স্পষ্ট-- চিনেমা খনত বিষয়বস্তু কঢ়িয়াবলৈ লেখক-পৰিচালকে আটম টোকাৰী কাহিনী নিৰ্মাণতো মন দিয়া নাই (বা নিৰ্মাণত ব্যৰ্থ)। মন দিছে-- কেমেৰাৰ ভাষাক গুৰুত্ব দি (কেমেৰা ডিজাইন ৰূপালী গল্পটোৰ মূল ইতিবাচক দিশ। স্বাভাৱিকতে প্ৰশংসা কৰিব লাগিব পৰিচালকৰ লগতে চিত্ৰগ্ৰহণকাৰী  বীৰেন্দ্র ললিতক।) সংগীতেৰে (সংগীত: নয়ন মণি বৰ্মন, সত্য নাৰায়ণন), বহু সময়ত নিঃশব্দ সংগীতৰে (Silent music) আৰু বাস্তৱিক শব্দৰে (শব্দ ডিজাইন: মানস প্ৰতিম গোস্বামী) পৰিবেশ নিৰ্মাণ কৰি "নৰা"ক চিনেমেটিক গতি দিছে। দিয়াত সফল হৈছে। এই সফলতাৰ বাবে "কাহিনীত মন নিদিয়া" দিশটো চিনেমা খনৰ বাবে "সমস্য" বা নেতিবাচক দিশ হোৱা নাই। (এই ইতিবাচক দিশটোত স্পষ্ট পৰিচালক গৰাকীৰ চিনে-শক্তি। চিনে-কৰ্মী গৰাকীৰ পৰিচালনা ক্ষমতা।)

চিনেমা খনৰ পটভূমি নলবাৰী জিলাৰ এখন গাওঁ। সাহিত্যৰ ভাষা-- সেই অঞ্চলত ব্যৱহাৰ কৰা ভাষা বা কথিত অসমীয়া। "চৰিত্ৰ" নিৰ্মাণত পৰিচালকে নিৰ্দিষ্ট গাওঁ খনৰ কথা মনত ৰাখিছে, সফল হৈছে। আমিয়ো সেই অঞ্চলৰে, চিনেমা খনত সেই অঞ্চলৰ সমাজ, মানুহ, নৰা কাটি বা উভালি মেজি সজা সময়ৰ পৰিবেশ ইত্যাদিৰ "বাস্তৱিক ছবি" অনুভৱ কৰিছোঁ। চিনেমাৰ কাহিনী যেন লগা নাই! বাস্তৱত যেন নিৰ্দিষ্ট সময়ৰ আমাৰ "চুবুৰী"টো দেখি আছোঁ-- তেনে লাগিছে। --এয়াই পৰিচালকৰ সাৰ্থকতা। এই সফলতাৰ ভাগ চিনেমা খন সম্পাদনা কৰা ৰতন শীল শৰ্মাই নিশ্চয় পাব। এই খিনিতে ইতিবাচক কলা নিৰ্দেশনাৰ দিশটো অৱশ্যেই উল্লেখ কৰিব লাগিব। কলা নিৰ্দেশনা চিনেমা খনৰ লেখক-পৰিচালক প্ৰকাশ ডেকাৰ।

(লিখি আছোঁ)

শনিবার, ১৭ জানুয়ারি, ২০২৬

ৰঞ্জিত দাসৰ চিনেমা

প্ৰত্যাৱৰ্তন কেতিয়া কৰিব?

--হয়তো মোৰ প্ৰশ্ন অনুভৱ কৰিব পৰা নাছিল ৰঞ্জিত দাসে! বুজিলে! চেহেৰালৈ হাঁহি আনি ক'লে-- "এইবাৰ বহিম! কিবা এটা কৰিব লাগিব! নতুন কিবা এটা!" বুজিলোঁ-- চিত্ৰনাট্যৰ, নতুন চিত্ৰনাট্যৰ কামত ব্যস্ত হ'ব চিনে-কৰ্মী গৰাকী।  "প্ৰত্যাৱৰ্তন"ৰ পৰিচালক গৰাকী।

"প্ৰত্যাৱৰ্তন (মুক্তি: ২ নৱেম্বৰ ১৯৯৩)-- ৰঞ্জিত দাসৰ প্ৰথম স্বাধীন পৰিচালনা (Feature film)। পৰিচালক-সম্পাদক গৰাকীয়ে সহযোগী বা সহকাৰী হিচাপে চিনে-যাত্ৰা কৰিছিল। বিশষ চিনেমা: জাহ্নু বৰুৱাৰ "পাপৰি", "হালধীয়া চৰায়ে বাওধান খায়", "বনানী", "ফিৰিঙতি", "টিংখঙ"(হিন্দী টেলিফিল্ম)। মুখ্য সহকাৰী পৰিচালকৰ দায়িত্ব পালন কৰিছিল। ফিৰিঙতি আৰু টিংখঙৰ সহযোগী সম্পাদকো আছিল। প্ৰথম চিনেমা: দ্বিবন বৰুৱাৰ "মন আৰু মৰম" (সহকাৰী পৰিচালক)। 

"সংস্কাৰ" (১৯৯৭) ৰঞ্জিত দাসৰ দ্বিতীয় স্বাধীন পৰিচালনা (Feature film)। মামণি ৰয়চম গোস্বামীৰ গল্পৰ আধাৰত চিত্ৰনাট্য ৰচনা কৰিছিল। (আৰু আছে)

বৃহস্পতিবার, ১৫ জানুয়ারি, ২০২৬

অপৰূপা আহিছিল...

 জাহ্নু বৰুৱাৰ প্ৰথম স্বাধীন পৰিচালনা "অপৰূপা"। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বিকাশ নিগমৰ প্ৰযোজনা। প্ৰস্তুতি ঠিক সময়ত ঠিকেই চলিছিল। মূল নায়িকাৰ চৰিত্ৰটোত কোনে অভিনয় কৰিব সেয়াও ঠিক হৈছিল। "চৰকাৰী টকা" সহজতে পৰিচালকৰ বা চিনেমা খনৰ নিৰ্দিষ্ট ব্যক্তি গৰাকীৰ হাতলৈ নাহে হে নাহে! অপেক্ষাৰ অন্তত আহিল। কিন্তু নিৰ্দিষ্ট নঅভিনেত্ৰী গৰাকীয়ে অভিনয় নকৰো বুলিলে এৰিব নোৱাৰা ব্যক্তিগত অসুবিধাৰ বাবে। সমস্যাত পৰিল জাহ্নু বৰুৱা! চিনেমা খনৰ লেখক-পৰিচালক গৰাকীৰ এনে এগৰাকী "নায়িকা"ৰ প্ৰয়োজন হ'ল, যি গৰাকীয়ে নিৰ্দিষ্ট চৰিত্ৰটোৰ গভীৰতা বুজি পায় আৰু অপৰিচিত অথচ শক্তিশালী মুখৰ! বহু চিন্তাৰ অন্তত পৰিচালক গৰাকীৰ মনলৈ আহিল "ভুবন শোম"ৰ গৌৰী! ১৯৬৯ চনত মৃণাল সেনৰ বিখ্যাত হিন্দী চিনেমা "ভুবন শোম"ৰ গৌৰী। চিনেমাখনত  সহজাত আৰু সৰল অভিনয়ে চিত্ৰৰসিকৰ দৃষ্টি আকৰ্ষণ কৰিছিল "গৌৰী"য়ে। হয়তো জাহ্নু বৰুৱাকো! অভিনেত্ৰী গৰাকীৰ নাম-- সুহাসিনী মূলে।

"স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পাছতে মই মোৰ প্ৰথম খন চিনেমাত অভিনয় কৰিছিলোঁ। সেই সময়ত মোৰ বয়স আছিল ১৭ বছৰ। মোৰ যেতিয়া ৫ বছৰ বয়স, তেতিয়াই পিতৃক হেৰুৱাইছিলোঁ । আমাৰ ঘৰত তিনিজনী ছোৱালী আছিল আৰু মা আছিল। ঘৰখনত আটাইকেইজনী মহিলা হোৱাৰ বাবে এইটো কাম ল'ৰাৰ বা এই কামটো ছোৱালীৰ সেই পাৰ্থক্যটো মই বুজি পোৱা নাছিলোঁ। এনেকুৱা এটা পৰিৱেশৰ পৰা মই আহি চিনেমাৰ জগত খন পাইছিলোঁ। মোৰ মা চিনেমাৰ সমাজ খনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল। তথাপি "ভুবন শোম"ত অভিনয় কৰাৰ পাছত মোক মায়ে কৈছিল-- পঢ়াটো প্ৰথম। সেইবাবে মই অভিনয় এৰি কানাডালৈ অধ্যয়ন কৰিবলৈ গৈছিলোঁ। কানাডাৰ মণ্ট্ৰিয়েলৰ মেকগিল বিশ্ববিদ্যালয়ত ভূমি ৰসায়ন আৰু অণুজীৱবিজ্ঞানত কৃষি প্ৰযুক্তিৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিছিলোঁ।

কৃষি প্ৰযুক্তিত এইবাবে মই নামভৰ্তি কাৰণ আছিল-- তাৰ পৰা উভতি আহি যাতে মই ভাৰতৰ বাবে কিবা এটা কৰিব পাৰোঁ! কিন্তু তাৰে প্ৰযুক্তি বিদ্যা ইমানেই উন্নত যে ইয়াৰ লগত তাৰ কোনো পদ্ধতিসমূহ নিমিলে।..."

--সেই একেখন বিশ্ববিদ্যালয়ৰ পৰাই চিনেমা, ৰেডিঅ’, টিভি, সাংবাদিকতা আৰু ছপা মাধ্যমক প্ৰধান বিষয় হিচাপে গণসংযোগৰ ডিগ্ৰীও লাভ কৰে।

১৯৭৫ চনত সুহাসিনী ভাৰতলৈ উভতি আহিল। আহি অভিনয়ৰ পৰিৱৰ্তে কেমেৰাৰ পাছত মন দিলে। সত্যজিত ৰায়ৰ সহায়ক হিচাপে কাম কৰে "জন অৰণ্যত"ত। মৃণাল সেনৰ সহকাৰী পৰিচালক হিচাপে  কাম কৰে "মৃগয়া"ত। তাৰ পাছত?

"সেই সময়ত জাহ্নুৱে সহযোগী পৰিচালক হিচাপে কাম কৰি আছিল। মুম্বাইত। পেয়িং গেষ্ট হিচাপে এটা ঘৰত আছিল। আৰু সেই ঘৰতে গুলগুচন নামৰ আৰু এজন অভিনেতা আছিল। মই গুলগুচনক জানিছিলোঁ। গুলওচনে মোক জাহ্নুৰ কথা কৈছিল। চিনাকি হৈছলোঁ। 'অপৰূপা' ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ প্ৰযোজনা। আমি সকলোৱে জানো যে চৰকাৰী কামত অকণমান সময় লাগে, একেলগে পইচা নাহে। যেতিয়ালৈ পইচা আহিছিল তেতিয়ালৈ চিনেমা খনৰ অভিনেত্ৰীগৰাকী গৰ্ভৱতী। সেই সময়ত জাহ্নুক কোনোবাই মোৰ নামটো ক'লে। তেনেদৰেই..." --সুহাসিনী মূলেই কৈছিল। যোৱা ১০-১১ জানুৱাৰীত অভিনেত্ৰী গৰাকীয়ে শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটা ২০২৫-ত অংশ লৈছিল। ভাষণ দিছিল, মত-বিনিময় কৰিছিল।

"অপৰূপা"ত বিজু ফুকন আৰু সুশীল গোস্বামীৰ বিপৰীতে অভিনয় কৰিছিল। 

"অপৰূপা এগৰাকী শিক্ষিত যুৱতী। উচ্চ শিক্ষা আধাতে সামৰি দেউতাকৰ ধাৰ পৰিশোধ কৰাৰ বাবে অনিচ্ছা স্বত্বেও এজন ধনী চাহ বাগিচাৰ মেনেজাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। (দেউতাকে চাহ খেতিয়কজনৰ পৰা লোৱা বিশাল ঋণ পৰিশোধ কৰিব নোৱাৰাৰ ফলতহে তাইৰ এই বিয়া হৈছিল, বিয়াৰ পাছতহে জানিছিল। তাইৰ অনুভৱ হৈছিল তাই দেউতাকৰ দ্বাৰা স্বামীৰ হাতত যেন বিক্ৰী হৈছিল!) অপৰূপাৰ মানসিক দ্বন্দ্ব আৰম্ভ হয়, নিজকে এজনী কাৰাবন্দীৰ দৰে অনুভৱ কৰে। স্বামীৰ পৰা অবহেলিত অপৰূপাই বাগিচাৰ বিলাসিতা আৰু সামাজিক নিয়ম-নীতিৰ মাজত নিজকে মিলাব পৰা নাছিল।

জীৱনৰ বিৰক্তিকৰ, একঘেয়েমিতাৰ মাজত বাস কৰি থকা সময়তে লগ পালে পুৰণি সহপাঠি  ৰাণাক (অভিনয়ত: বিজু ফুকন) অপৰূপাই ৰাণাৰ মাজত জীৱনৰ সৰ্থকতা বিচাৰি পায়।" 

সন্দেহ নৰখাকৈ ক'ব পাৰি-- চৰিত্ৰটো নিৰ্মাণত ১০০% নহলেও ৯৯% শতাংশয়ে জাহ্নু বৰুৱাক সহায় কৰিছিল সুহাসিনী মুলেয়ে। 

"অপৰূপা" (১৯৮২) -ৰ পাছত সুহাসিনী মূলেয়ে অভিনয় কৰিছে গুলজাৰৰ পৰিচালিত "হু তু তু" (১৯৯৯), আাশুতোষ গোৱাৰিকাৰ পৰিচালিত "লগান" (২০০১), ফাৰহান আখটাৰ পৰিচালিত "দিল চাহতা হ্যায়" (২০০১), সঞ্জয় লীলা ভাঞ্চালী পৰিচালিত "যোধা আকবৰ" (২০০৮), মধুৰ ভাণ্ডাৰ কাৰ পৰিচালিত "পেজ-৩" (২০০৫), মোহিত সুৰিৰ পৰিচালনা "হামাৰী আধুৰী কাহানী" (২০১৫), মহেঞ্জো দাৰো (২০১৬), আশুতোষ গোৱাৰিকাৰ পৰিচালিত "পানীপথ' (২০১৯) আদিত। "হু তু তু"ত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। 

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল পাঁচটাকৈ। 

আন চাৰিটা-- শ্ৰেষ্ঠ তথ্যচিত্ৰৰ শিতানত (১৯৮৩/ তথ্যচিত্ৰ: এন ইণ্ডিয়ান ষ্টোৰী), শ্ৰেষ্ঠ তথ্যচিত্ৰৰ শিতানত (১৯৮৮/  তথ্যচিত্ৰ: ভোপাল বিয়ণ্ড জেনোচাইড), শ্ৰেষ্ঠ শৈক্ষিক/প্ৰেৰণামূলক/নিৰ্দেশনামূলক শিতানত (১৯৮৯/নন-ফিচাৰ/চিটঠি), 

শ্ৰেষ্ঠ কলা/সাংস্কৃতিক শিতানত (১৯৯৮/ নন-ফিচাৰ/দ্য অফিচিয়েল আৰ্ট ফৰ্ম)।

এটা দিশ স্পষ্ট-- কেমেৰাৰ পাছতহে চিনে-কৰ্ম কৰি বেছি সন্তুষ্টি  অনুভৱ কৰে সুহাসিনী মূলেয়ে। অসমীয়া, হিন্দী আৰু মাৰাঠী চিনেমাৰ এগৰাকী  অভিনেত্ৰী গৰাকীয়ে কয়-- "মই যে চিনেমাত অভিনয় কৰিম কোনে কালে ভৱা নাছিলোঁ। চিনেমাৰ কাম যে কৰিম, সেয়া কিন্তু ভাৱিছিলোঁ।" 

অভিনেত্ৰী গৰাকীয়ে প্ৰেম ৰতন ধন পায়ো, ধামাল, মিথ্য, দ্য ফেম গেম (ৱেব চিৰিজ) আদিতো অভিনয় কৰিছে।

 (আগলৈ)



বুধবার, ৭ জানুয়ারি, ২০২৬

প্ৰস্তাৱনা | চিনেচৰ্চা

"প্ৰস্তাৱনা— The Preamble" চালোঁ। ঔপনাসিক, গল্পকাৰ, নিবন্ধকাৰ দিলীপ বৰাৰ কাহিনী (ঔপন্যাসিক গৰাকীৰ "যাত্ৰা"ৰ...)-চিত্ৰনাট্য,  পৰিচালনা। পৰিচালনা কৰিছে নাট্যকৰ্মী মানিক ৰয়ৰ সৈতে। 
"চিনেমা ধাৰণা", "ভাল চিনেমা ধাৰণা" স্বাভাৱিকতে আমাৰো আছে। "প্ৰস্তাৱনা" আমাৰ "ভাল চিনেমা ধাৰণা"ৰ নহয়। কিন্তু পৰিপাটি চিনেমা। কেৱল গল্প কোৱা নাই, বাস্তৱ সমাজৰ ছবি, সমস্যা, "ইতিহাস" স্পষ্ট কৰিছে কাহিনী-ৰেখাৰ গতিত।

(লিখি আছোঁ)

সোমবার, ৫ জানুয়ারি, ২০২৬

"খাকী" কথা | নতুন চিনেমা

--উৎপল মেনা
এখন ৰাজনৈতিক থ্ৰীলাৰ-- "খাকী"। সাংবাদিকৰ পৰিচালনা। সাংবাদিক অতনু ভূঞাৰ ৰূপালী গল্প। সাংবাদিক অতনু ভূঞাই দীৰ্ঘ সময় অসমৰ ৰাজনীতি দেখিছে। ৰাজনীতিক আৰু পুলিছৰ "কৰ্ম"ৰ বাস্তৱ ছবি খনো অনুভৱ কৰিছে! নিশ্চয় দেখা, বাস্তৱত অনুভৱ কৰা "ঘটনা-উপঘটনা" ৰূপালী গল্পটোৰ কাহিনী-ৰেখালৈ আহিব।
আজি মোক পৰিচালক অতনুদা ভূঞা আৰু চিনেমা খনৰ প্ৰচাৰ ডিজাইনাৰ শিৱাণু বৰাই "পোষ্টাৰ" মুকলি কৰাৰ দায়িত্ব দিলে। পৰিচালকৰ সৈতে "পোষ্টাৰ" খন মুকলি কৰাৰ পাছত মোৰ পৰা "পোষ্টাৰ" কেন্দ্ৰিক চৰ্চা বিছাৰিলে। 
ক'লো-- পোষ্টাৰ খনত স্পষ্ট হৈ আছে চিনেমা খনৰ বিষয়-বস্তু। 
--সেই সময়ত পোষ্টাৰ খন ভালদৰে চাব পৰা নাছিলোঁ। পাছত, ভালদৰে চোৱাৰ পাছত অনুভৱ কৰিলোঁ পোষ্টাৰ ডিজাইনাৰৰ (আৰু যি গৰাকীৰ চিন্তাৰে পোষ্টাৰ খন ডিজাইন কৰা হৈছে) পৰিপাটি কৰ্ম, পোষ্টাৰ খনেৰে "দৰ্শক"ৰ ওচৰলৈ "চিনেমা" খন লৈ যাব "শিল্প-শক্তি"। 
পোষ্টাৰ খনত "হাইলাইট" হৈছে-- দুখন স্থিৰচিত্ৰ। এগৰাকী ৰাজপাটত বহি থকা ৰাজনৈতিক নেতা, আনগৰাকী পুলিছ বিষয়া (আৰক্ষীৰ দল), যিয়ে নেতাৰ আসনখন বাগৰি নপৰিবলৈ ধৰি আছে। আৰু পোষ্টাৰ খনত দেখা গৈছে-- দুটা ৰাজনৈতিক দলৰ মাজত পতাকা লৈ কৰা প্ৰতিবাদ। 
ক'ব পাৰি-- পোষ্টাৰ খনে চিনেমা খনৰ বিষয়-বস্তু, কাহিনী অনুভৱৰ বাট দিছে। 
প্ৰেছ বিজ্ঞপ্তিৰ পৰা সংযোজন:
চিনেমা খনৰ প্ৰযোজনা গোষ্ঠী ABCDৰ ফালৰ পৰা জনোৱা হয় ‘খাকী’ মুক্তি দিয়া হ’ব অহা ২৭ ফেব্ৰুৱাৰীত। ৰাজনৈতিক চিনেমাখন নিৰ্বাচনৰ আগে আগে মু্ক্তি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। ‘খাকী’ৰ অন্তিম পৰ্যায়ৰ কাম বৰ্তমান মুম্বাইত চলি আছে। পৰিচালক অতনু ভূঞাই প্ৰায় ১৫ দিন ধৰি মুম্বাইত বাহৰ পাতি চিনেমাখনৰ কাৰিকৰী দিশৰ সৈতে জড়িত বিভিন্নজনৰ সৈতে আলোচনা কৰিছিল। 
বৰ্তমান ছবিৰ DI অৰ্থাৎ ডিজিটেল ইণ্টাৰমিডিয়েটত কাম চলি আছে মুম্বাইৰ বিখ্যাত প্ৰসাদ লেবৰেটৰীত। পৰিচালকৰ মতে, প্ৰথমবাৰৰ বাবে অসমীয়া চিনেমাৰ কালাৰ কাৰেকচনত অতি উচ্চমানৰ টেকন’লজি ব্যৱহাৰ কৰা হৈছে। মুম্বাইৰ প্ৰসাদ লেবৰেটৰীত ডিআইৰ কাম কৰিছে বিখ্যাত পৰিচালক কিৰণ কোটাই। ‘ৱেডনেচ ডে’, ‘দ্য মাদ্ৰাছ কাফে’ আদি চিনেমাৰ ডিআইৰ সৈতে জড়িত আছিল কিৰণ কোটা। ইয়াৰ উপৰি বলীডউৰ বহু ছবিৰ কাম কৰিছে ‘খাকী’ৰ সৈতে জড়িত কিৰণ কোটাই।
--আৱহ সংগীত আৰু অন্যান্য আনুষংগিক কামো চলি আছে মুম্বাইত। আৱহ সংগীতৰ দায়িত্ব দিয়া হৈছে বলীউডৰ জনপ্ৰিয় ডেনিয়েল বি জৰ্জক। ডেনিয়েলে ইয়াৰ পূৰ্বে বলীউডৰ জনপ্ৰিয় চিনেমা ‘আন্ধা ধূন’, ‘মেৰী খ্ৰীষ্টমাছ’, ‘জনী গাড্ডাৰ’ আদি ছবিৰ আৱহ সংগীতৰ কাম কৰিছিল। ‘আন্ধা ধূন’ৰ বাবে ডেনিয়েলে ফিল্ম ফেয়াৰৰ শ্ৰেষ্ঠ আৱহ সংগীতৰ বঁটাও পাইছিল। উল্লেখযোগ্য যে ২০২৫ বৰ্ষত এ আৰ ৰহমান আৰু ৰাম চম্পটৰ সৈতে ডেনিয়েল বি জৰ্জ শ্ৰেষ্ঠ আৱহ সংগীতৰ বাবে ফিল্ম ফেয়াৰ বঁটাৰ মনোনয়ন পাইছিল। অৱশ্যে শেষ মুহূৰ্তত এ আৰ ৰহমান আৰু ডেনিয়েল বি জৰ্জৰ পৰিৱৰ্তে আমীৰ খানৰ প্ৰযোজনাৰ ছবি ‘লাপাটা লেডীজ’ৰ পৰিচালক ৰাম চম্পটে এই বঁটা লাভ কৰিবলৈ সক্ষম হয়।
বৰ্তমান মুম্বাইত ডেনিয়েলৰ তত্বাৱধানত পূৰ্ণগতিত চলি আছে ‘খাকী’ৰ আৱহ সংগীতৰ কাম। আৱহ সংগীতৰ উপৰিও ছবিৰ সংগীত পৰিচালনা কৰিছে ডেনিয়েলে নিজে। কণ্ঠদান কৰিছে অনুজা ভূঞা, ৰূপম ভূঞা আৰু জয় বৰুৱাই। পৰিচালকে জানিবলৈ দিয়া মতে সমান্তৰালভাৱে মুম্বাইত ‘খাকী’ৰ শব্দৰ কাম চলি আছে। দেৱজিৎ চাংমা আৰু অমৃত প্ৰীতমৰ তত্বাৱধানত এই কাম চলি আছে। ‘খাকী’ত শব্দৰ ব্যাপক পয়োভৰ আছে। দেৱজিৎ চাংমা আৰু অমৃত প্ৰতীমে ছবিখনৰ বাবে যথেষ্ট পৰিশ্ৰম কৰিবলগীয়া হৈছে।

শুক্রবার, ২ জানুয়ারি, ২০২৬

হনুমানৰ সাধু | চিনেচৰ্চা

গাওঁ চাবলৈ জিলা চাহাব আহিব। শক্তিমান মৌজাদাৰৰ গাত তত নাই!  চাহাব অসন্তুষ্ট হ'ব লাগিলে-- মৌজাদাৰৰ পৰা চাহাবে মৌজা, গাওঁ কাঢ়ি নিয়াৰ ভয়! গতিকে গাওঁবাসীক গাওঁ খনক চিকুণ কৰাৰ কথা ক'লে, হাতে-কামে লগালে। চাহাবৰ সৈতে মেমচাবো আহিব। চাহাব-মেমচাবৰ বিনোদনৰ বাবে ওস্তাদক মাতি অনালে। দায়িত্ব দিলে-- যাত্ৰা প্ৰস্তুতিৰ বাবে। সময়ত চাহাব-মেমচাবৰ সন্মুখত যাত্ৰা আৰম্ভ হয়। কিন্তু যাত্ৰাত দেখুওৱা ৰাম-সীতা-লক্ষ্মণৰ "সুখ-দুখ" ভাল নাপালে মেমচাবে! চাহাবে আদেশ দিলে মৌজাদাৰক-- মেমেচাবে আনন্দ পাব পৰাকৈ আন কিবা দেখুৱাব লাগে। গাওঁবুঢ়াই নিৰ্দেশ দিলে ওস্তাদক। তেনেতে যাত্ৰাৰ এটা চৰিত্ৰ "হনুমান" মঞ্চলৈ আহে। "হনুমান"ক মেমহাচাবে পছন্দ কৰে, হাঁহিবলৈ ধৰে। মেমহাচাবৰ হাঁহিয়ে চাহাবক সুখী কৰে; আৰু নিৰ্দেশ দিয়ে আৰু এটা হনুমান, তাৰ পাছত আৰু এটা হনুমান উলিয়াবলৈ। সময়ত হনুমানৰ সংখ্যা বাঢ়ি থাকিল-- মৌজাদাৰ, গাঁওবুঢ়াকে ধৰি গাওঁ খনৰ বাসীন্দা সকলো "হনুমান" হৈ নাচিবলৈ ধৰে। যাত্ৰাৰ কাহিনীতকৈ চাহাবৰ সন্তুষ্টিহে গাঁওবুঢ়াৰ বাবে প্ৰধান কথা! --চাহাব, মেমচাহাবক সন্তুষ্ট কৰিবলৈ গাওঁৰ সকলোৱে বান্দৰ নাচ আৰম্ভ কৰ, সম্ভৱতঃ ইমানতে শেষ হ'ব ৰূপালী গল্পটো। ৰূপালী গল্পটোৰ নাম-- "হনুমানৰ সাধু"। প্ৰবীণ হাজৰিকাৰ পৰিচালনা। "শৃংখল"ৰ পাছত পৰিচালক গৰাকীৰ দ্বিতীয় পৰিচালনা (feature film)। চিনেমা খন চিত্ৰগৃহলৈ আহিব এই বছৰটোতে।
চিনেমা খনৰ কাহিনী "ইংৰাজ কাল"ৰ। ১৯৪৭ চনৰ আগৰ। --পৰিচালক হাজৰিকাৰ ব্যখ্যা, "এই কাহিনী আজিও চলি আছে। দিল্লীৰ নেতা এগৰাকী আহিলেই আমাৰ ৰাজ্যৰ নেতাৰ গাত তত নাইকীয়া হয়! বাট-পথ চকুত লগাকৈ চিকুন কৰা হয়। চিনেমা খনৰ কাহিনীৰ গতিত চাহাবে গাওঁবুঢ়াৰ কামত (আলপৈচানত) সন্তুষ্ট হৈ কয়-- 'তোমাক আমি ৰজা বনাম'। এনে ধৰণৰ কথা আজি দিল্লীৰ নেতাৰ পৰা শুনাৰ বাবে ৰাজ্যৰ নেতা সকলে গাওঁবুঢ়াই চাহাবক তেল মৰাৰ দৰে কৰা আচৰণ আমি দেখি থকা নাই জানো! তেতিয়াৰ পৰা এতিয়ালৈ চলি থকা ৰাজনৈতিক তৈল মর্দন বা চামচামি এই চিনেমা খনত দৰ্শকে অনুভৱ কৰিব!" (আৰু আছে)
উৎপল মেনা