রবিবার, ২৭ নভেম্বর, ২০২২

Zubin জুবিন: মোৰ অপ্ৰিয় বিষয় ৩

কথাটো এনেধৰণৰ-- আমি জুবিন গাৰ্গ "গায়ক" গৰাকীক অসমৰ পৰা চাবলৈ বা অনুভৱ কৰিবলৈ চেষ্টা কৰো বাবে "বলিউদত জুবিনৰ জনপ্ৰিয়তা" দেখো। এই যে আমাৰ বহুতে লিখে "বলিউদত জিলিকিছে", বলিউদত জিলিকা সহজ নহয়। (বলিউদ পৰিয়ালৰ ঋত্বিক ৰৌচন, অভিষেক বচ্চন আদিৰ কথা মনলৈ আনক, আনুভৱ কৰিব-- বলিউদৰ বাটত পিছল নোখোৱাকৈ কোনোমতে ঠিয় হৈ আছে। আজিৰ তাৰিখতো "মিডিয়া ষ্টাৰ" হৈয়ে আছে। "ষ্টাৰ" হব পৰা নাই। আৰো হোৱাৰ আশাও দেখা নাই। গতিকে "বলিউদ জনপ্ৰিয়তা" অনুভৱ কৰিবলৈ চেষ্টা কৰক।) --জুবিন গাৰ্গৰ বাবেও সহজ নাছিল। আৰু সহজ নাছিল বাবেই জুবিন অসমৰহে 'heartthrob" হৈ থাকিল। এই কথা স্পষ্ট, বলিউদৰ বাটত সংঘৰ্ষ কৰি থাকিলে সংগীত ৰসিকে ভালেমান সুৰীয়া অসমীয়া গীত জুবিনৰ পৰা নাপালে হেতেন! হয়তো অসমত অসমীয়া গীতৰ শ্ৰোতাৰ মাজত ইমান জনপ্ৰিয় নহ'ল হেতেন, বৰ্তমান যিমান জনপ্ৰিয়!
--কথা এটা মনলৈ আহিছে। বাৰ, তাৰিখ মনত নাই। মুম্বাইৰ ফেমাছ ষ্টুডিঅ'ৰ ওচৰত আড্ডা দি আছিলো। বলিউদৰ বাটে-ঘাটে সংবাদৰ সন্ধানত পিট্‌পিটাই ফুৰা এগৰাকীয়ে কৈছিল জুবিনৰ কথা। এখন চিনেমাত গীত গোৱাৰ সুযোগ পোৱাৰ খবৰ। কৈছিল, জুবিনে সময়ত ৰেকৰ্ডিং ষ্টুডিঅ' নোপোৱাৰ বাবে গীতটো গোৱাৰ পৰা বঞ্চিত হোৱাৰ খবৰ। (এই খবৰ কিমান দূৰ সত্য, সেয়া আমি নাজানো। আজিলৈকে জুবিনক সোধা নাই। সোধাৰ প্ৰয়োজন অনুভৱ কৰা নাই।) বঞ্চিত হোৱা সেই গীতটো হ'ল-- "ভিগে ওঁঠ তেৰি..." (চিনেমা: মাৰ্ডাৰ ২ এপ্রিল ২০০৪)। এই গীতটো গোৱা হ'লে "বলিউদত জনপ্ৰিয়" হবলৈ জুবিনে দুটা বছৰ অপেক্ষা কৰিব নালাগিল হেতেন! (২৮ এপ্ৰিল ২০০৬ চনত চিত্ৰগৃহলৈ আহিছিল "গেংষ্টাৰ"। ব্যখ্যাৰ প্ৰয়োজন আছে জানো!)
--সময়ত জুবিনে ষ্টুডিঅ'ত উপস্থিত নোহোৱাৰ কথা কেইবাগৰাকীও সংগীত ৰসিকৰ মুখত শুনিছোঁ। ধাৰণা কৰিব পাৰি জুবিন moody. (এয়া শিল্পীৰ "স্বাভাৱিক গুণ" বুলি কৱা হয়। কিন্তু শিল্প বাণিজ্যত --দোষ। এই দোষে জুবিন গাৰ্গৰ "সংগীত কেৰিয়াৰ"ত ক্ষতি কৰা নাই বুলিব নোৱাৰি।) বাণিজ্যিক শিল্প কেৰিয়াৰৰ মূলমন্ত্ৰ-- "professional" আৰু নিয়মানুবর্তিতা। জুবিন গাৰ্গৰ  "inner circle"-এ জানিব।
দৃশ্য সংবাদ মাধ্যমত পোৱা তথ্য: জুবিনে গোৱা গীতৰ সংখ্যা ৩২ হাজাৰ। জুবিনে লিখা গীতৰ সংখ্যা ৪ হাজাৰ। এই তথ্য মনত ৰাখি কব পাৰি, "জনপ্ৰিয় গীত"ৰ সংখ্যাৰে জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, ড°ভূপেন হাজৰিকা, দ্বিপেন বৰুৱাৰ পাছতহে স্থান জুবিনৰ। কিয়? --এই "কিয়" চৰ্চা কৰাৰ প্ৰয়োজন আছিল, চৰ্চা কৰিব লাগিছিল সংগীত শিল্পী গৰাকীৰ "inner circle"-এ। (নামটো এই মূহুৰ্তত মনলৈ অহা নাই, জুবিন গাৰ্গে গোৱা ৩২ হাজাৰৰো বেছি গীত সংৰক্ষণ কৰিছে সংগীত ৰসিক গৰাকীয়ে। সংগীত ৰসিক গৰাকীয়ে দৃশ্য সংবাদ মাধ্যমত কৈছে, জুবিনৰ এনে গীতো আছে, যি বোৰ গীত খুব কম সংখ্যক শ্ৰোতাই শুনিছে। --এই তথ্য মনত ৰাখি সহজতে উলিয়াই লব পাৰি জুবিনৰ স্থান "জনপ্ৰিয় গীত"ৰ সংখ্যাৰে কিয় প্ৰথম নহয়।)

বৃহস্পতিবার, ২৪ নভেম্বর, ২০২২

বেলকনিত ভগৱানৰ ৫০ দিন

বেলকনিত ভগৱান by: Utpal Mena
অসমীয়া চিনেমা "বেলকনিত ভগৱান" (God on The Balcony) -ৰ ৫০ দিন, চিত্ৰগৃহত। ৭ অক্টোবৰ ২০২২ -ত চিত্ৰগৃহলৈ আহিছিল চিনেমা খন। চিনেমা খনৰ এই "স্থানীয় বজাৰ" যাত্ৰাই আশা দেখুৱাইছে চিনেমাৰ বাবে চিনেমা নিৰ্মাণ কৰা সকলক। সন্দেহ নাই এই সফলতা সম্ভৱ হৈছে চিনেমা খনৰ নিৰ্মাতা নুৰুল চুলতানৰ পৰিশ্ৰম আৰু "বজাৰ চিন্তা"ৰ বাবে। ("বন্ধু"ৰ দৰে বজাৰ চিন্তাৰ অসমীয়া চিনেমা এখন চিত্ৰগৃহত চলি থকা সময়ত "বেলকনিত ভগৱান"ৰ এই বজাৰ সফলতা মন কৰিব লগীয়া।) --এই বজাৰ সফলতা চিত্ৰৰসিকৰ বাবে নিঃসন্দেহে এই কাৰণে আনন্দৰ, ৮৮ মিনিট দৈৰ্ঘৰ চিনেমা খন দেশ-বিদেশৰ কেইবাটাও চলচ্চিত্ৰ মহোৎসৱত (২৪তম কলিকতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, 
২৫তম কেৰেলা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ,
১৯তম পুণে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ,১৯সংখ্যক ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, 
২৪সংখ্যক ছাংহাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ,
২১সংখ্যক নিউইয়ৰ্ক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ,
১৮সংখ্যক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ, ষ্টুটগাৰ্ট, জাৰ্মানী, ২০সংখ্যক ইমাজিন ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, মাদ্ৰিদ, স্পেইন, লাছা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ব্ৰাজিল, ২২ সংখ্যক ৰেইনব' চলচ্চিত্ৰ মহোৎসৱ, লণ্ডন আদিত) প্ৰদৰ্শন হৈছে, সন্মানিত হৈছে। সততে "মহোৎসৱ যাত্ৰা"ত সফল হোৱা চিনেমা এখনে স্থানীয় বজাৰ দখল কৰিব নোৱাৰে; কিন্তু বিশ্বজিত বৰাৰ পৰিচালনাৰে নিৰ্মিত "বেলকনিত ভগৱান"-এ পাৰিছে। এই যে পাৰিছে, ইয়াৰ ফলত অসমীয়া চিনেমাৰ সুষ্ঠ যাত্ৰা অব্যাহত থাকিব।
--"সন্ধ্যাৰাগ", "ভিলেজ ৰকষ্টাৰ্ছ", "আমিষ", "বৰনদী ভটিয়ায়", "গৰু" আদিৰ পাছত "বেলকনিত ভগৱান"ৰ এই বাণিজ্যিক সফলতা "বন্ধু"ৰ দৰে চিনেমাৰ সফলতাতকৈ বহুবেছি ভাল খবৰ।

মঙ্গলবার, ২২ নভেম্বর, ২০২২

বিজু ফুকন

আজি ২২ নৱেম্বৰ ২০২২। 
 --আজিৰ দিনটোতে (২২ নৱেম্বৰ, ২০১৭) উভতি নহা বাটেৰে গৈছিল অসমীয়া চিনেমাৰ মহানায়ক বিজু ফুকন।
বিজু ফুকন। "অসমীয়া চিনেমা"ৰ মানুহ। কেৱল নিজৰ চিনেমাৰ কথা ভৱা নাছিল, "অসমীয়া চিনেমা"ৰ কথা ভবিছিল, অসমীয়া চিনেমাৰ উত্তোৰণৰ স্বাৰ্থত কাম কৰা মানুহ আছিল। সক্ৰিয় হৈ থকা দিনটোলৈ কৈ আছিল "চলচ্চিত নীতি"ৰ কথা, "মিনি চিত্ৰগৃহ"ৰ কথা। ১৯৯৪ চনৰ কোনো এটা দিনত "আজিৰ সংবাদ" নামৰ দৈনিক কাকতত উপ-সম্পাদক হিচাপে যোগ দিয়া পাছৰে পৰা  বিজু ফুকনক লগ পাইছিলোঁ ১৮ -২০ বাৰ। "চিনেমা নিৰ্মাণৰ সংখ্যা বাঢ়িলেহে ভাল চিনেমা নিৰ্মাণ হ'ব। আজিৰ তাৰিখতো আমি যি সকলে অসমীয়া চিনেমাত কাম কৰো, আমাৰ বাবে পাৰ্ট টাইম কামহে হৈ আছে। ফুল টাইমৰ কাম যেতিয়া হব, তেতিয়াৰ পৰাহে ভাল অসমীয়া চিনেমা নিৰ্মাণ হব-- এয়া মোৰ ধাৰণা।" --বিজু ফুকনে কৈছিল, প্ৰথম সাক্ষাৎকাৰটোত, ১৯৯৪ চনৰ শেষৰ ফালে।

রবিবার, ২০ নভেম্বর, ২০২২

zubeen জুবিন --মোৰ অপ্ৰিয় বিষয় /২

জুবিনৰ "অনামিকা"ৰ জনপ্ৰিয় গীত দুটা হ'ল --"গানে কি আনে..."  কথা: হীৰেন ভট্টাচাৰ্য, কণ্ঠ: জুবিন গাৰ্গ), "অনামিকা..." (কথা-কণ্ঠ: জুবিন গাৰ্গ)। সংকলনটোৰ আন কেইটা গীত-- "পথে পথে..." ( কথা: সবিতা শৰ্মা কণ্ঠ:কবিতা কৃষ্ণমূৰ্তি) ,"হিয়া দহে..."  কথা-কণ্ঠ: জুবিন গাৰ্গ),
"প্ৰীতিৰ সুবাসে..."  কথা: ৰেনু শৰ্মা, কণ্ঠ:জুবিন গাৰ্গ ), "মনৰ নিজানত... ( কথা-কণ্ঠ:জুবিন গাৰ্গ),
"কিয় জানো আজি..."  কথা: জুবিন গাৰ্গ, কণ্ঠ: কবিতা কৃষ্ণমূৰ্তি-জুবিন গাৰ্গ), "শুনা শুনা..."  কথা: জুবিন গাৰ্গ , কণ্ঠ:জুবিন গাৰ্গ-কবিতা কৃষ্ণমূৰ্তি)। --এই গীত ৮ টাৰ "অনামিকা..." আৰু  "শুনা শুন..." গীত দুটিৰ সুৰ যুটীয়াভাৱে জুবিন আৰু উৎপল শৰ্মাৰ। বাকীকেইটি গীতৰ সুৰকাৰ জুবিনৰ। শ্ৰোতাই গায়কী আৰু সুৰৰ মাজত অনুভৱ কৰিছিল-- অসমীৰ থলুৱা সুৰৰ সৈতে পশ্চিমীয়া ৰক সংগীতৰ মিশ্ৰণ ঘটাই নিৰ্মণ কৰা "নতুন ধৰণৰ অসমীয়া গীত"। এন কে প্ৰডাক্‌চনৰ বেনাৰত নিৰ্মাণ কৰা এই শ্ৰব্য সংকলটোৱে লাহে লাহে বজাৰ দখল কৰে। --এই সংকলটোত স্বাভাৱিকতে "জুবিন"ক বিশ্বাসত লোৱা নাছিল, কবিতা কৃষ্ণমূৰ্তিৰ সৈতে জুবিনক হাইলাইটলৈ অনিবলৈ চেষ্টা কৰিছিল। কিন্তু সময়ত জুবিন চৰ্চালৈ আহিছিল নিজৰে গায়কী শক্তিৰে। যি গায়কী শক্তিয়ে পূৰ্ণতা পাইছিল "মায়া"ত। মনত আছে, ভালদৰে মনত আছে জুবিনৰ সাংগিতিক উত্থান স্পষ্ট হৈছিল। আৰু জুবিনৰ উত্থানত শংকিত হৈছিল সেই সময়ৰ কেইবা গৰাকীয়ো জনপ্ৰিয় সংগীত শিল্পী, গায়ক। এই যে শংকিত হৈছিল, সেই সকলৈ সংবাদ মাধ্যমৰ সহায়ত এটা ঢৌ বোৱাবলৈ চেষ্টা কৰিছিল এই বুলি-- জুবিনে অসমৰ থলুৱা সংগীতৰ ক্ষতি কৰিব। জুবিনে পশ্চিমৰ সুৰেৰে অসমীয়া থলুৱা সুৰত দাগ লগাব। এনে ধৰণৰ চৰ্চা চলি থকা সময়তে আমি অসম এৰিছিলোঁ। গৈ মুম্বাই পাইছিলোঁ।
যি সময়ত মুম্বাই পাইছিলো, মুম্বাইত আছিলো, সেই সময়ত সামাজিক মাধ্যম ইত্যাদি নাছিল। স্বাভাৱিকতে "জুবিন"ৰ আঁতৰি গৈছিলো, মনত ৰখা নাছিলোঁ। মোৰ সংবাদকৰ্ম চলাই ৰাখিছিলোঁ "বিস্ময়"ত। তাৰিখ, চন স্পষ্ট মনত নাই-- "বিস্ময়"ৰ গুৱাহাটীৰ কাৰ্যলয়ৰ পৰা কোৱা হৈছিল, জুবিন গাৰ্গ বলিউদত ব্যস্ত। কেইবাখনো চিনেমাৰ বাবে গীত গাইছে। গতিকে জুবিনৰ বলিউদ ব্যস্ততা কেন্দ্ৰীক লেখা এটা মুম্বাইৰ পৰা প্ৰেৰণ কৰিব লাগে। মন ভৰাইছিল "জুবিনৰ সফলতা"ই (!)। আমি আগবাঢ়িছিলোঁ "জুবিনৰ সফলতা"ৰ সংবাদৰ সন্ধানত। কিন্তু আমি বলিউদৰ বাটে-ঘাটে সন্ধান কৰি, সুভাষ ঘাই আদিৰ কাৰ্যলয়ত খবৰ কৰি "জুবিনৰ সফলতা"ৰ খবৰ গোটাব পৰা নাছিলোঁ। অসমৰ দৈনিক কাকত দুখন মানত প্ৰকাশ পাইছিল জুবিনে গীত গোৱা হিন্দী চিনেমাৰ দীঘল তালিকা। চিনেমাৰ তালিকাত সুভাষ ঘাইৰ "তাল" ইত্যাদি আছিল। আমি স্পষ্ট হৈছিলোঁ-- সজোৱা খবৰ! একাংশ সাংবাদিকে তৈয়াৰ কৰি "জুবিনৰ বলিউদ সফলতা"ৰ খবৰ উৰাইছিল। সন্দেহ নাই সেই "উৰা খবৰ"-এ জুবিন গাৰ্গৰ ক্ষতি কৰিছিল। (আজিৰ তাৰিখতো ভাবি ভাবি উত্তৰ নাপালো, জুবিন কেন্দ্ৰীক সেই মিছা খবৰ "উৰাইছিল" কিয়? জুবিনৰ "গীত"ক লৈ বেপাৰ কৰিব খোজাৰ "পেইড নিউজ" নাছিলতো!)
--আমি "জুবিনৰ সফলতা"ৰ সন্ধান কৰা সময়ত বলিউদে জুবিন গাৰ্গক নাজানিছিল। কিন্তু পৰৱৰ্তী সময়ত জুবিন কণ্ঠই বলিউদ কপাইছিল। বিশেষকৈ "য়া আলি..."ৰে (চিনেমা: গেংষ্টাৰ) বলিউদত উজলিছিল জুবিন কণ্ঠ। জুবিনে এই গীতটোৰে লাভ কৰিছিল  ২০০৭ চনত গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড, ষ্টাৰডাষ্ট এৱাৰ্ড-- শ্ৰেষ্ঠ নেপথ্য সংগীত শিল্পীৰ (পুৰুষ)  শিতানত। ফিল্মফেয়াৰ এৱাৰ্ড আদিৰ মঞ্চতো চৰ্চা হৈছিল "য়া আলি" জুবিনৰ। আৰু কেইবখনো হিন্দী চিনেমাৰ বাবে জুবিনে গীত গাইছিল। কিন্তু ...

শনিবার, ১৯ নভেম্বর, ২০২২

zubeen জুবিন --মোৰ অপ্ৰিয় বিষয় /১

আজি ১৮ নৱেম্বৰ ২০২২। জুবিন প্ৰেমীৰ উৎসৱৰ দিন। ৫০ বছৰীয়া হ'ল (জন্ম:১৮ নৱেম্বৰ ১৯৭২)
এক বিশেষ শৈলীৰে অসমীয়া সংগীতক চহকী কৰা-- জুবিন গাৰ্গ। আন বাদ, জুবিনৰ কণ্ঠ আৰু গায়ণ শৈলীয়ে আমাক সদায় আনন্দ দি আহিছে। জুবিনৰ দীঘল সাংগীতিক বাট আমি অনুভৱ কৰিছিলো, আৰু সংকিত হৈছিলোঁ। সংকিত হোৱাৰ কাৰণ আছিল, জুবিনৰ কাষত কোনো "হেমাংগ বিস্বাস" নাছিল, কোনো "নৱকান্ত বৰুৱা" নাছিল। "ইনাৰ চাৰ্কোল"ত আছিল "জুবিন প্ৰডাক্ট"ৰ লোভত পৰা একাংশ।
কেতিয়া লগ পাইছিলোঁ জুবিনক? মনত আছে, এখন দৈনিক কাকত প্ৰকাশ পাইছিল, "আজিৰ সংবাদ"। কাকত খনৰ সম্পাদনা বিভাগত কাম কৰাৰ সুযোগ পাইছিলোঁ। আমাৰ দায়িত্বত আছিল কাকত খনৰ সাংস্কৃতিৰ পৃষ্ঠাটো। মাজে সময়ে পৃষ্ঠাটোত ছপাবলৈ লেখা লৈ আহে ধনজিৎ দাস নামৰ ভাতৃপ্ৰতীম বন্ধু এজনে। এদিন ধনজিতে লেখা অনা নাছিল, আনিছিল কেইখনমান স্থিৰ চিত্ৰ। কৈছিল-- ইয়াৰ নাম জুবিন। জুবিন গাৰ্গ। বহুত ধুনীয়া গায়। আপুনি লিখিব নেকি? আপোনাক মই জুবিনৰ ওচৰলৈ লৈ যাম। (জুবিন নামটো শুনা মাত্ৰকে মোৰ মনত ফ্লেছ-বেক হৈছিল উৎপল শৰ্মই কোৱা কথালৈ। কেইদিন মান আগতে শুনিছিলোঁ জুবিন নামটো। উৎপলদাই কৈছিল, "এজন ভাল গায়ক ওলাব। জুবিন, নাম। চাবা, এদিন সি অসমৰ সংগীতৰ ক্ষেত্ৰখন দখল কৰিব।")  লৈ গৈছিল। কমাৰ্ছ কলেজৰ কোনোবা খিনিত লগ পাইছিলোঁ। ভালদৰে মনত নাই। মনত আছে, সেই প্ৰথম সাক্ষাৎতত জুবিনৰ সৈতে এক ঘণ্টামান সময় কথা পাতিছিলোঁ। দঘণ্টা সময় অপেক্ষা কৰি প্ৰায় এঘণ্টা সময় জুবিনৰ সৈতে কথা পাতি অনুভৱ কৰিবলৈ চষ্টা কৰিছিলোঁ। কথাৰ পৰা অনুভৱ কৰিছিলোঁ, জুবিনৰ লক্ষ্য --সংগীত বিশ্ব। বলীউদতো গীত গোৱাৰ লক্ষ্য। 
--"জুবিন" নিৰ্মাণ পৰ্ব আৰম্ভ হৈছিল। কেছেটৰ বজাৰলৈ আহিছিল "অনুৰাধা" (১৯৯২), "অনামিকা" (১৯৯২), "মায়া" (১৯৯৪)। ক'ব পাৰি "মায়" জুবিনৰ সংগীত কেৰিয়াৰৰ টাৰ্ণিং পইণ্ট। জুবিনৰ কণ্ঠ, কথা, সুৰেৰে নিৰ্মিত "মায়া, মায়া মাথো মায়া ..."ৰে অসমৰ সংগীত ৰসিকৰ মাজত "সাংগীতিক মায়া"ৰ সৃষ্টি কৰিছিল। বিশেষকৈ যুৱ সমাজৰ মাজত "জুবিন ইমেজ"-এ আকাৰ লৈছিল এই গীতটোৰে। সংকলটোত আছিল আৰু সাতটা গীত-- "নিৰিবিলি গধুলি.  " (কথা:জুবিন গাৰ্গ, কণ্ঠ: জুবিন গাৰ্গ-কবিতা কৃষ্ণমূৰ্তি), "জোনাকে..."  (কথা: কপিল ঠাকুৰ, কণ্ঠ: জুবিন গাৰ্গ), "ফুলেৰে সজালোঁ..." (কথা: হীৰেন ভট্ট, কণ্ঠ: কবিতা কৃষ্ণমূৰ্তি), "দূৰে দূৰে..." (কথা-কণ্ঠ: জুবিন গাৰ্গ), "জোনাশ গলা ..." (কথা-কণ্ঠ: জুবিন গাৰ্গ), "উন্মনা ..." (কথা-কণ্ঠ: জুবিন গাৰ্গ),"উজাগৰী ...(কথা-কণ্ঠ: জুবিন গাৰ্গ)। এই শ্ৰব্য সংকলনৰ পাছৰে পৰা "এন কেৰ জুবিন"মানেই "জনপ্ৰিয় গীত"ৰ ধাৰণাই শ্ৰোতাক চুলে। সেই সময়ত আমি শুনিছিলোঁ, জানিছিলোঁ-- জুবিন গাৰ্গ আৰু এন কে প্ৰডাক্‌চনৰ মাজত বিশেষ চুক্তি হৈছে, জুবিনে আন কেছেট নিৰ্মাতাৰ এলবাম বা কেছেটৰ বাবে সংগীতকৰ্ম নকৰে, গীত নাগায়। (আজিলৈকে এন কেৰ দেৱ বৰকটকীৰ বা জুবিনৰ পৰা জানিব বিছৰা নাই, চুক্তিৰ সেই খবৰ কিমান সঁচা!)
--এই খিনিতে দুটা কথা উল্লেখ কৰাৰ যুক্তি বিছাৰি পাইছো, জুবিন গাৰ্গে যিটো বাটেৰে (শৈলীৰে) অসমীয়া সংগীতক আগবঢ়াই নিছিল, সেই বাটৰ অগ্ৰজ জীতুল সোণোৱাল। আৰু জুবিনক সেই বাট দেখুৱাইছিল উৎপল শৰ্মাই। (সম্ভৱতঃ জুবিনে এই কথা অস্বীকাৰ নকৰিব।)
জুবিন গাৰ্গ by : Utpal Mena

বৃহস্পতিবার, ১৭ নভেম্বর, ২০২২

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena
মহাশ্বেতাই গাইছিল--
"অস্ত আকাশৰে সপোন ৰহণ সানি
ক্লান্ত লুইতৰে হেঙুলীয়া পানী।
বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..."
মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই।
২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ-- তুমি ইমান সুন্দৰ গাইছা, কেনেকৈ, ক'ত শিকিছিলা? "সুধাকণ্ঠৰ গীত বাবেই হয়তো ইমান ভাল পাইছে! সুধাকণ্ঠৰ শব্দত প্ৰাণ থাকে, সুৰত জীৱন থাকে, মই মাত্ৰ গাইছোহে! আন গীত গালে হয়তো ইমান ভাল নাপালেহেতেন!" --মহাশ্বেতাই কৈছিল। কথাত সৰলতা।
সঁচাকৈয়ে তুমি ভাল গাইছা! তোমাৰ গায়কীৰ বাবেই নিশ্চয় আমজাদ আলী খানৰ দৰে সংগীত নক্ষত্ৰই আকৌ গীতটো তোমাৰ কণ্ঠত শুনিছে! 'ভূপেনদাৰ গীত" বুলি ইউটিউব আদিতো নিশ্চয় গীতটো শুনিব পাৰিলে হেতেন! --আমি কৈছিলোঁ। মহাশ্বতাই হাঁহিছিল।
আমি আকৌ সুধিছিলোঁ, কেনে লাগিছিল তেতিয়া, যেতিয়া গীতটো আকৌ শুনিম বুলিছিল। " আন এটা গীত শুনাব বুলিছিলো। কিন্তু এই গীতটোহে শুনিম বুলিছিল। গীতটো কিমান খিনি বুজি পাইছিল মই নাজানো! কিন্তু গীতটো যে মন দি শুনিছিল, গোৱাস্থানৰে পৰা অনুভৱ কৰিছিলোঁ! মই কিমান অভিভূত হৈছিলো ভাষাৰে বুজাব নোৱাৰিম!"
--মহাশ্বেতা শৰ্মা। নলবাৰীৰ ছোৱালী। দিল্লীৰ মিৰাণ্ডা হাউচ কলেজৰ ছাত্ৰী। পঢ়াৰ লগে লগে সংগীতো চৰ্চা কৰি আহিছে, সৰুৰে পৰা। ৭-৮ বছৰৰে পৰা। লোক সংগীতৰ, শস্ত্ৰীয় সংগীতৰ শিক্ষা লৈছিল। প্ৰথম গুৰু আছিল দীপালি নায়ক আৰু ৰূমী নায়ক। পাছলৈ শিকিছিল জীতেন বসুমতাৰীৰ ওচৰত। মহাশ্বেতাই কৈছিল-- "সৰুৰে পৰা মা-দেউতাহঁতে গাবলৈ দিছিল বাবেই গাইছিলোঁ। স্কুলত সংগীত প্ৰতিযোগিতাত অংশ লৈছিলোঁ, পুৰস্কাৰ পাইছিলোঁ। লাহে লাহে আগবাঢ়িছিল মোৰ সংগীত কৰ্ম। মই গাবলৈ লৈছিলোঁ, চৰ্চা কৰিছিলোঁ ভূপেন হাজৰিকা, দীপালি বৰঠাকুৰ, জ্যোতিষ ভট্টাচাৰ্য, দেৱেন শৰ্মাৰ গীত।  এই সকল স্বনাম ধন্য শিল্পীৰ গীতৰ কথা, সুৰ, গায়কীয়ে মোক আকৰ্ষণ কৰিছিল। আৰু কব নোৱাৰৈকেয়ে মই সংগীত সাগৰৰ মাজত সোমাই পৰিছিলোঁ। এতিয়া সংগীত মোৰ বাবে  --শান্তি, ভগৱানৰ সৈতে সংযোগ কৰিব পৰা বাট। সংগীত মোৰ জীৱনৰ অংশ, সংগীতক বাদ দি এতিয়া মোৰ বাবে দিন-ৰাতি অসম্পূৰ্ণ।"
আমি অনুভৱ কৰিছিলোঁ, মহাশ্বেতাৰ প্ৰথম পচন্দ-- ভূপেন হাজৰিকাৰ গীত, ভূপেন হাজৰিকাৰ সংগীত। মহাশ্বেতাই কথা প্ৰসংগত কৈছিল-- "মোক যদি কোনোবাই প্ৰশ্ন কৰে-- সংগীত কি? মোৰ উত্তৰ হ'ব, সুধা কণ্ঠৰ সংগীতেই হ'ল সংগীতৰ সংজ্ঞা। সুধাকণ্ঠৰ গীতত যি সাংগীতিক সৌন্দৰ্য বিছাৰি পাও , গীতৰ শব্দত যি সৌন্দৰ্য অনুভৱ কৰো আন কোনো গীততে সেই সৌন্দৰ্য অনুভৱ নকৰোঁ। আৰু অসমৰ ৰাজনীতি, অৰ্থনীতি, সমাজনীতি, বুৰঞ্জী ইত্যাদি যদি কোনোবাই আধ্যয়ণ কৰিব খোজে তেন্তে সুধাকণ্ঠৰ গীত অধ্যয়ণ কৰিলেই হ'ল। তথাপি আন শিল্পীৰো ভালেমান গীত মোৰ প্ৰিয়।"
যেনে?
"জয়ন্ত হাঝৰিকা দেৱৰ 'তোমাৰ মৰমে মোক...', দিপালী বৰঠাকুৰ বাইদেউৰ 'কণমান বৰশিৰে চিপ...' বীৰেন্দ্ৰ নাথ দত্তদেৱৰ 'অ' ধুন ধুনীয়া মোৰ...', মন্দিৰা লাহিড়ী বাইদেউৰ 'হৃদয় পূৰ্ণ প্ৰতিশ্ৰুতি... ' গীত কেইটা মোৰ প্ৰিয় পাঁটা গীতৰ চাৰিটা।"
আৰু আনটো?
"সুধাকণ্ঠৰ 'কপি উঠে কিয় তাজমহল...'।" --মহাশ্বেতাৰ উত্তৰ।
এই পাঁচটা গীতৰ ভিতৰত "অস্ত আকাশৰে..." নাই। গীতটো আমাৰ এই অনুষ্ঠানত গোৱাৰ বাবে কিয় নিৰ্বাচন কৰিছিলা?
"এই গীতটোৰ কথা আৰু সুৰ মোৰ বিশেষ ভাৱে প্ৰিয়। কিমান বাৰ যে গাইছো! --মনত নাই। কোনে জানো গাইছিল, গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত। মই গীতটো প্ৰথমবাৰ শুনিছিলোঁ। তেতিয়াৰে পৰা মনত লৈ ফুৰিছো, গাইছো। প্ৰতিযোগিতাতো গাইছো, গাই পুৰস্কাৰো পাইছো।"
সংগীতকলৈ তুমি কিবা পৰিকল্পনা কৰিছা নিশ্চয়! ভবিষ্যত পৰিকল্পনাৰ কথা জানিব বিচাৰিছো। --শেষত সুধিছিলো।
"গীত গাম, জীৱনৰ শেষ দিনটোলৈক গোৱাৰ মন। কিন্তু সংগীতক পেছা হিচাপে নলও। গাম নিজৰ বাবে, সংগীত ৰসিকৰ বাবে, টকাৰ বাবে নহয়।"  --চেহেৰাত হাঁহি লৈ মহাশ্বেতাৰ উত্তৰ।শেষত:
চন-তাৰিখ ভালদৰে মনত নাই (দৈনিক কাকত "আজিৰ সংবাদ"ত লিখিছিলোঁ। বিছাৰিলে নিশ্চয় পাম। সম্ভৱতঃ ১৯৯৪!) অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত গীত গাবলৈ গৈছিল সংগীতৰত্ন ভূপেন হাজৰিকাই। গীত গোৱাৰ আগ মূহুৰ্তত সংগীত ৰসিকৰ মাজত সুধাকণ্ঠ। মঞ্চত-- এগৰাকী সেই সময়ৰ জনপ্ৰিয় গায়িকা। গায়িকৰ কণ্ঠত --"বিমূৰ্ত মোৰ নিশাতি..."।
গীতটো শুনি গুণমুগ্ধৰ মাজতে নিশ্চুপ হৈ বহি ৰৈছিল সুধাকণ্ঠ। গায়িকাই গীতপৰ্ব শেষ কৰি সুধাকণ্ঠৰ ওচৰ পাইছিল হে! সুধাকণ্ঠই কৈছিল-- "মোৰ গীত আৰু তুমি নাগাবা! এই গীতটো মোৰ অতি মৰমৰ ...।"
যদি মহাশ্বেতাই গোৱা ""অস্ত আকাশৰে সপোন ..." শুনিলে হেতেন! হয়তো সংগীতসূৰ্যই ক'লে হেতেন--, মোৰ বৰ মৰমৰ গীত এইটো। তুমি মোৰ গীত গাবা!

বুধবার, ১৬ নভেম্বর, ২০২২

আৰু বকুল ফুলৰ দৰে

 Bakul Phular Dare 
বকুল ফুলৰ দৰে by: Utpal Mena
        ফোটো: দৰ্শনা চৌধুৰী

#হলধৰ (১৯৯২), #মীমাংসা (১৯৯৪), #মৎসগন্ধা (২০০০) -ৰ পাছত "বকুল ফুলৰ দৰে'-- #সঞ্জীৱ_হাজৰিকা ৰ চিনেমা। সুদীৰ্ঘ ২২ বছৰৰ মুৰত। 
----========
এখন অসমীয়া চিনেমা। "হলধৰ"। "ধৰ ধৰ নাঙল চোৰক ধৰ"-- চিনেমা খন চোৱাৰ পাছত মনৰ মাজত বাজি আছিল। মনৰ পৰ্দাত ভাহি আছিল "নাঙল চোৰ" অতুল পাচনী। 
গতানুগতিক অসমীয়া চিনেমাৰ পৰা বহু আঁতৰৰ-- ‘হলধৰ’। ‘ধৰ ধৰ নাঙল চোৰক ধৰ...'  আমাৰেই নহয়, চিত্রগৃহৰ পৰা ওলাই অহা প্ৰতিগৰাকী দর্শকৰ মনতো হয়তো  বাজি আছিল এই সংলাপ। --এই সংলাপৰ মাজতেই স্পষ্ট হৈ আছে চিনেমাখনৰ বিষয়বস্তু। চিনেমাখনত নাঙলখনক ব্যৱহাৰ কৰা হৈছে ‘ছিম্বল' হিচাপে। মহাজনে গাঁৱৰে খেতিয়ক সোমেশ্বৰৰ হতুৱাই নাঙল চুৰি কৰায়। শেষত দৰিদ্ৰ খেতিয়ক সোমেশ্বৰে অনুভৱ কৰে বাস্তৱতা । পৰিশ্ৰমী কৃষক বলোৰামৰো ‘অনুভৱৰ পৃথিৱী'ত স্পষ্ট হয়— মহাজনৰ আঘাত, আত্মাত দিয়া আঘাত। —এই চিনেমাখন সঞ্জীৱ হাজৰিকাৰ প্ৰথম পৰিচালনা। চিনেমাখনৰ স্পৰ্শ কৰা দিশটো হ'ল পৰিচালনা শৈলী। গল্প কোৱাৰ চিনেমেটিক গণিত আছিল --গতি + বিনোদন। গতি-বিনোদনৰ সহায়ত ‘গভীৰ বিষয়বস্তু’ ৰূপালী গল্পলৈ ৰূপান্তৰ কৰিছে। ১০৭ মিনিট দৈৰ্ঘৰ চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ৩ চেপ্তেম্বৰ ১৯৯৩ -ত।
শুনা-পঢ়া, দূৰৰ পৰা কৰা অনুভৱেৰে মানুহে আন এজন মানুহক এটা "ইমেজ"ত বন্দী কৰি লয়। বিশেষকৈ সৃষ্টি কৰ্মত জড়িত সকলৰ, "জনপ্ৰিয় লোক"ৰ। আমাৰ অনুভৱত সঞ্জীৱ হাজৰিকা "ছিৰিয়াছ মানুহ", ধৰণা কৰিছিলোঁ --"চিৰিয়াছ মানুহ" জনে আধা পোহৰ, আধা ছাঁত সমস্যাৰ হেচাত পোন হব নোৱাৰা "চৰিত্ৰ" কেইটা মানে মন্থৰ গতিত অভিনয় কৰা "আৰ্ট চিনেমা" এখন নিৰ্মাণ কৰিব! তেনে ধাৰণা লৈয়ে চিনেমা খন চাইছিলোঁ। চোৱাৰ সময়ত আমি আচৰিত হৈছিলো--, চিনেচমকত। 
--সেই চিনেচমক লৈ ফুৰা সময়তে এদিন লগ পাইছিলোঁ সঞ্জিৱ হাজৰিকাক। ৰবীন্দ্ৰ ভৱন নে ভাস্কৰ নাট্যমন্দিৰৰ সন্মুখত। তপনদা (লেখক-অভিনেতা তপন দাস), বিদ্যুৎদা (অভিনেতা-পৰিচালক বিদ্যুৎ চক্ৰৱৰ্তী)ৰ সৈতে কথা পাতি আছিলোঁ। ("সাংবাদিকতা" কৰিম বুলি তেতিয়া গুৱাহাটীলৈ আহিছিলোহে! এখন সাপ্তাহিক কাকতৰ সাংস্কৃতিক পৃষ্ঠাত লিখা আৰু লে-আউট কৰাৰ কাম পাইছিলোঁ।) যিমান দূৰ মনত পৰে এখন নাটকৰ অপেক্ষাত আছিলো, সেইদিনা। সঞ্জীৱ হাজৰিকাইও সম্বৱতঃ নাটক খন চাবলৈ আহিছিল। চিনেমা খনৰ প্ৰসংগত কথা পাতিবলৈ চেষ্টা কৰিছিলো। বিশেষ গুৰুত্ব দিয়া যেন নালাগিল। তাৰ পাছত, দ্বিতীয়বাৰ লগ পাইছিলো ২০০৩ চনতহে।  লগ পোৱা নাছিলোঁ মাজৰ এই সময় চোৱা মোৰ কৰ্মস্থান মুম্বাই আছিল বাবে। এই সময় চোৱাত সঞ্জীৱ হাজৰিকাৰ পৰিচালনাৰে নিৰ্মাণ হৈছিল আৰু দুখন চিনেমা-- "মীমাংসা" (১৯৯৪) আৰু "মৎস্যগন্ধা" (২০০০)। আৰু শেহতীয়া পৰিচালনা "বকুল ফুলৰ দৰে" (সম্পূৰ্ণ হৈছে ২০২২ -ত, চিত্ৰগৃহলৈ অহা নাই।) 
দেখা যায় সঞ্জীৱ হাজৰিকাৰ চিনেমা কেইখনৰ চিত্ৰনাট্যৰ শিপা "সাহিত্য" (গল্প বা উপন্যাস)। "সাহিত্যের চলচ্চিত্রায়ন" (Filming of literature) প্ৰসংগত বিশেষ ভাবে চৰ্চা হৈছে "পথেৰ পাঁচালী"ৰ সফলতাৰ পাছত। "যি সকল পৰিচালে ভাবে চিনেমাৰ আত্মা গল্প আৰু বিষয়বস্তু, সেই সকল পৰিচালকৰ প্ৰথম পছন্দ উন্নত মানৰ গল্প বা উপন্যাস, দ্বিতীয় পছন্দ উন্নত মানৰ নাটক।" (আজছা চিত্ৰপট/ অজয় মাহ্‌ত্ৰে) গতিকে আমি কব পাৰো নেকি-- সঞ্জীৱ হাজৰিকাৰ চিন্তাতো গল্প আৰু বিষয়বস্তু চিনেমাৰ আত্মা! "হলধৰ" (৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপ্ত, পৰিচালকৰ প্ৰথম চিনেমাৰ শিতানৰ"ইন্দিৰা গান্ধী বঁটা") "মীমাংসা", "মৎস্যগন্ধা", "বকুল ফুলৰ দৰে" ক্ৰমে অপূৰ্ব শৰ্মা, নিৰুপমা বৰগোহাঞি, হোমেন বৰগোহাঞি, মৃণাল কলিতাৰ "সাহিত্য"।
 এই খিনিতে উল্লেখ কৰিব পাৰি পুলক গগৈ, ভবেন্দ্ৰনাথ শইকীয়াৰ সৈতে চিনেমা পৰিচালনাৰ কাম কৰিছিল (পৰিচালনাত সহায় কৰিছিল) সঞ্জীৱ হাজৰিকাই। এই দুগৰাকী পৰিচালকৰো চিত্ৰনাট্যৰ শিপা আছিল-- সাহিত্য। (আৰু আছে। wait😊 )


The Seventh String

"The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা।
--চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ)
চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ।
শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে।
--ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লোকেল ট্ৰেইন, মানুহৰ দ্ৰুত গতি, ব্যস্ত জীৱন। পৰিচালকে কেইটামাণ শ্বটতে স্পষ্ট কৰিছে। মুম্বাইৰ ঘণ জন অৰণ্যতো যেন নিৰাশক্ত নিষ্ঠা কাশ্যপ। দেউতাকৰ অকাল মৃত্যুত মাকৰ ব্যস্ততা বাঢ়ে। ৰাগিয়াল দ্ৰব্যৰ মাজত জীৱন পাৰ কৰে নিষ্ঠাই। কেইটা মান শ্বটেৰে পৰিচালকে স্পষ্ট কৰে-- নিষ্ঠাৰ নিজা আদৰ্শ আছে, স্পষ্টবাদী, মিছা কৈ বেয়া পায়, সাহসী।
--মুম্বাইত আৰম্ভ হোৱা কাহিনীয়ে অসমলৈ গতি কৰে। "উৰি উৰি যায় পখী..." (কণ্ঠ: জুবিন গাৰ্গ)। নিষ্ঠা আহি অসম পায়। নিষ্ঠা পখী হৈ উৰে। হাঁহি হাঁহি কৈশোৰ পাৰ কৰা নিষ্ঠাৰ চেহেৰালৈ আকৌ হাঁহি আহে। নিষ্ঠাৰ হাঁহি ভৰা চেহেৰাই মাকক আনন্দ দিয়ে। মাকৰ প্ৰশ্নৰ উত্তৰত তাই কয় "ইয়াত" তাইৰ ভাল লাগিছে। লাহে লাহে দৰ্শকৰ সন্মুখত স্পষ্ট হয়, "ইয়াত" নিষ্ঠাৰ প্ৰেম আছিল। ১৩ বছৰ বয়সত তাইৰ জীৱনলৈ প্ৰেম লৈ আহিছিল বাবাদা। বাবাদাৰ ওচৰত ভায়োলিন শিকিছিল; আৰু চেভেন্থ ষ্ট্ৰিঙৰ সন্ধান কৰিছিল।
( নিষ্ঠা: ভায়োলিনৰ তাৰ চাৰি দাল কিয়, পাঁচদাল কিয় নাথাকে?
বাবাদা: পাঁচ দালো থাকে, ইলেকট্ৰিকৰ ছয় দালো থাকে।
নিষ্ঠা: সাতদাল কিয় নাথাকে!
বাবাদা: থাকিবও পাৰে!)
--নিষ্ঠাৰ জীৱনলৈ হাহাকাৰ আনে এই সন্ধানে। সাত নম্বৰ তাঁৰত জীৱনৰ ছন্দ বিছাৰি নাপালে। প্ৰেমত প্ৰতাৰিত হয়। বাবাদাৰ প্ৰতাৰণাই বিশ্বাস আৰু মানুহৰ মাজৰ পৰা আঁতৰাই নিয়ে নিষ্ঠাক। হৃদয়ত বাবা দাদাই দিয়া "হাহাকাৰ"ৰ বোজা লৈ অসম এৰি মুম্বাই লৈ যায়। আৰু মনৰ সেই বোজা লৈয়ে ফুৰিবলৈ আহি অসম পায়। কৈশোৰৰ ভাল লগা সময়বোৰ মনলৈ আহে, চেহেৰালৈ হাঁহি আহে। হাতত পৰে কৈশোৰৰ স্মৃতি থকা ভায়োলিন খনো। কিন্তু কেইটামান দিন। কাহিনী আৰু আগবাঢ়ে। নিষ্ঠা আৰু  হাহাকাৰৰ মাজত সোমাই পৰে। আকৌ আত্মহত্যাৰ চেষ্টা। বাবাদাই তাইৰ জীৱনলৈ যে আনিছিল-- "প্ৰেম", সেই প্ৰেম যে কেৱল শাৰিৰীক আছিল, সেয়া আৰু এবাৰ ষ্পষ্ট হোৱাৰ পাছত।
--কাহিনীয়ে শেষ বিন্দুলৈ গতি কৰে। আইতাকে নিষ্ঠাক কয়, "মাজনী গীতাত কৈছে--কৰ্ম কি? আমি বুজা উচিৎ। সিদ্ধ কৰ্ম কি? --আমি তাকো জানিব লাগিব । কৰ্ম শূন্যতা বুজাতো বৰ দৰ্কাৰ। আৰু কৰ্মতত্ব বুজাটো বৰ কঠিন।" আইতাকৰ (অভিনয় কৰিছে পূৰ্ণিমা শইকীয়াই।) মুখত দিয়া এই সংলাপে নিষ্ঠাক (ৰূপালী গল্পটো) শেষ বিন্দুটোলৈ লৈ যায়। মুকলি বাট, মুকলি পথাৰ-আকাশে স্পষ্ট কৰে মুকলি মনৰ নিষ্ঠাক-- "উৰি উৰি যায় পখী..."। মুকলি মনৰ পখী! (কেমেৰাৰ ভাষাৰে ৰেখা সম্পূৰ্ণ)
সুন্দৰ কাহিনী, সু-পৰিকল্পিত ছন্দত আগবঢ়া ৰূপালী গল্প। ভাল লগাৰ প্ৰথম কাৰণ-- গল্প কোৱাৰ কৌশল। পৰিচালকৰ চিনেমেটিক গণিত এনেধৰণৰ: উৎকণ্ঠা + ফ্লেছবেকত কাহিনী নিৰ্মাণ + সৰল ৰৈখিক গতি + কাহিনীৰ লগতে চিনেমা খনৰ ভূগোল, ইতিহাস ক্ৰমে স্পষ্ট + কম ফুটেজতে চৰিত্ৰ বিন্যাস।
ভাল লগাৰ দ্বিতীয় কাৰণ-- অভিনয় আৰু সংগীত। সংগীত বাহাৰুল ইছলামৰ। আৱহ সংগীতত লোকবাদ্যক গুৰুত্ব দিছে, ৰাগ ব্যৱহাৰেৰে কাহিনীক গতি দিছে। গতি দিছে গীতেৰে। গীতেৰে কাহিনী কৈছে। হীৰেন ভট্টাচাৰ্যৰ কথাৰে (কবিতা) চিত্ৰায়ণ কৰা "তুমি দুচকুত কাজল ল'লে..." গীতটো গল্পৰ আঁতৰৰ কিন্তু অলংকাৰ। এই খিনিতে কব লাগিব মূল অলংকাৰ বৰ্ষা বাহাৰৰ অভিনয়। প্ৰতিটো মূহুৰ্ততে বাস্তৱত থাকি আছৰণ কৰিছে। আমি কব পাৰো সফল --realistic acting (বাস্তৱসম্মত অভিনয়)। চুই গৈছে ৰাহুল গৌতম শৰ্মা আৰু গুণগুণৰ অভিনয়ে।
বিপৰীতে ভাল নালাগিল (আমাৰ ধাৰণাত চিনেমেটিক গতিত যতি পৰিছে) মনৰ কথা কব পৰা ঘৰটোত যেতিয়া নিষ্ঠাই নিজৰ প্ৰেমৰ কথা কৈছিল, সেই দীৰ্ঘ ছিকুৱেঞ্চটো। আৰু আমাৰ ধাৰণাত নিষ্ঠা--বাবা দাদাক মুখামুখী কৰোৱাৰ প্ৰয়োজন নাছিল।
চিনেমা খন চোৱাৰ পাছত মনৰ মাজত লৈ আহিছিলোঁ ধেৰ চিনেসৌন্দৰ্য আৰু এটা প্ৰশ্ন-- চিনেমা খনত এটা ঘৰ দেখুৱাইছে, যিটো ঘৰৰ দুৱাৰ সকলোৰে বাবে খোলা, যিটো ঘৰত সকলোৱে মুকলিকৈ মনৰ কথা কব পাৰে। তেনে ঘৰ কৰোবাত আছে জানো! থাকিবয়ো পাৰে! --তেনে ঘৰৰ প্ৰয়োজন আছে আজিৰ সমাজত।
শেষত:
--এই খন এই প্ৰজন্মৰ চিন্তাৰ চিনেমা। এই প্ৰজন্মৰ মনৰ "সমস্যা"ৰ চিনেমা। অভিভাৱক সকলে চোৱা উচিৎ। অভিভাৱকে অনুভৱ কৰিব নোৱাৰাৰ দোষতে এই প্ৰজন্ম বহুতৰে মাজত থাকিয়ো অকলশৰীয়া হৈছে নেকি? মনৰ মাজত বাজি আছে আত্মহত্যাৰ চেষ্টা কৰা নিষ্ঠৰ মনৰ কথা, মাকক কান্দি কান্দি কয়--, তাইৰো জীয়াই থকাৰ মন, মৰমৰ মাজত।


সোমবার, ১৪ নভেম্বর, ২০২২

আৰু সান্নিধ্য ( যতীন বৰা -২)

১৯৯৩ – ১৯৯৭ আছিল গুৱাহাটী দূৰদৰ্শনৰ ধাৰাবাহিকৰ সোণালী সময় । আৰু এই সময় চোৱাতে অভিনয় ক্ষমতাৰে ‘ ধাৰাবাহিকৰ নায়ক ইমেজ ‘ পাইছিল যতীন বৰাই। কথা প্ৰসংগত এদিন লেখক-পৰিচালক মুনিন বৰুৱাই কৈছিল, "যতীনক মই কেইবাখনো ধাৰাবাহিকত লক্ষ্য কৰিছিলোঁ। মনতে ঠিক কৰিছিলোঁ, ৰোমাণ্টিক চিনেমা এখন কৰিম! এদিন কথা প্ৰসংগত বিজু ফুকনে যতীনৰ কথা কৈছিল। প্ৰশংসা কৰিছিল। আৰু যেতিয়া যতীনক  থিয়েটাৰত পাইছিলোঁ, সিন্ধান্ত লৈছিলোঁ, মনতে --মোৰ নতুন চিনেমাৰ নায়ক যতীনেই হব। "হিয়া দিয়া নিয়া"ৰ পাছত "দাগ", "নায়ক", "কন্যাদান" কৰিলোঁ, যতীনক লৈ। এতিয়া দেখিছাই এই খনৰো ("বিধাতা"ৰ চিত্ৰগ্ৰহণ স্থলিত আমি কথা পাতিছিলোঁ। আমাৰ প্ৰশ্নৰ উত্তৰত যি কৈছিল, সেয়া প্ৰকাশ পাইছিল অজিত কুমাৰ ভূঞা সম্পাদিত দৈনিক কাকত "আজি"ত। "বিধাতা" চিত্ৰগৃহলৈ আহিছিল ২০০৩-ত।) নায়ক যতীন। আন এগৰাকী অভিনেতাক লৈ "কন্যাদান"ৰ পৰিকল্পনা কৰিছিলোঁ। চিত্ৰনাট্যৰ কাম শেষ হোৱাৰ পাছত অনুভৱ কৰিলোঁ, মই মনতে ভৱা অভিনেতা গৰাকী যতীনৰ বিকল্প হব নোৱাৰে।"
"অভিনেতা যতীন বৰা" প্ৰসংগত ভাইমনদাই (মুনিন বৰুৱা) কোৱা আৰু কিছু কথাৰ পৰা ধাৰণা কৰিছিলোঁ --চৰিত্ৰ নিৰ্মাণ প্ৰক্ৰিয়া সহজ কৰি (পৰিচালকক) দিয়ে। সহজতে "চৰিত্ৰ"ৰ মাজত সোমাব পৰা ক্ষমতা আছে যতীনৰ। ("হিয়া দিয়া নিয়" চিত্ৰগৃহলৈ অহাৰ পাছত চৰ্চ হৈছিল ৰবি শৰ্মাৰ উত্থান, ৰোমাণ্টিক নায়ক ইমেজত ৰবিয়ে যতীন বৰাক নিস্প্ৰভ কৰিব প্ৰসংগ। "হিয়া দিয়া নিয়া" ৰবিয়ে অভিনয় কৰা প্ৰথম চিনেমা। কিন্তু সময়ত স্পষ্ট হ'ল যতীন বৰাৰ উত্থান। কাৰণ? --যতীনৰ অভিনয় ক্ষমতা, অভিনয়ৰ বাবে পৰিশ্ৰম কৰিব পৰা ক্ষমতা।)
চিনেমাত অভিনয় কৰাৰ মন; কিন্তু যতীনৰ হাতলৈ চিনেমা অহা নাছিল। সৰু পৰ্দাৰ ধাৰাবাহিকত অভিনয় কৰি কিছু উপাৰ্জন অৱশ্যেই কৰিছিল। ( "মোৰ এটা নোটবুক আছিল। চিনেমাৰ অপেক্ষাত আছিলোঁ। চিনেমাত সুবিধা কৰিব নোৱাৰাত টি ভিৰ ধাৰাবাহিকত ব্যস্ত হৈছিলোঁ। একে লগে কেইবাখনো ধাৰাবাহিকত অভিনয়ৰ সুযোগ পাইছিলোঁ। প্ৰতি খনকে নিৰ্দিষ্ট সময় দি সৰু নোটবুকটোত লিখি থৈছিলোঁ। প্ৰতিদিনে তেতিয়া চলিব পৰা জোখাৰে ধাৰাবাহিকৰ পৰা উপাৰ্জন কৰিছিলোঁ। সেই সময়ত বহুতে মোক ভ্ৰাম্যমাণ থিয়েটাৰলৈ যোৱাৰ কথা কৈছিল, যিহেতু মই নাটকৰ মানুহ। সৰুৰে পৰা নাটকত অভিনয় কৰিছিলোঁ। মঞ্চ নাটকত কৰা অভিনয় দেখিয়ে মোক আব্দুল মজিদে "উত্তৰকাল"ত অভিনয়ৰ সুযোগ দিছিল।" --যতীন বৰা, মোৰ প্ৰশ্নৰ উত্তৰত। সম্পূৰ্ণ সাক্ষাৎকাৰটো প্ৰকাশ পাইছিল "আজিৰ সংবাদ" নামৰ দৈনিক কাকত খনত। ১৯৯৪ চনৰ জুন মাহৰ দ্বিতীয় শুকুৰবাৰে, মই সম্পাদনা কৰা "সুন্দৰম" পৃষ্ঠাত।) যিমান দূৰ জানো, আৰ্থিক কাৰণতে ধাৰাবাহিকৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰতো অভিনয় কৰাৰ সিদ্ধান্ত লৈছিল ১৯৯৪ চনত। ১৯৯৪-৯৫ নাট্যবৰ্ষত চুক্তিবদ্ধ হৈছিল হেঙুল থিয়েটাৰৰ সৈতে। প্ৰযোজক প্ৰশান্ত হাজৰিকাৰ সৈতে। প্ৰশান্ত হাজৰিকাই কৈছিল--"যতীন বৰা অভিনয়ৰ ভাল ছাত্ৰ। সহজতে চৰিত্ৰ আয়ত্ব কৰিব পাৰে। অভিনয়ৰ ছাত্ৰইহে শিকিব পাৰে, অভিনেতাই নোৱাৰে।" ( "সাদিন"/ পবিত্ৰ কুমাৰ ডেকা)
--সেই সময়ত ভ্ৰাম্যমাণ থিয়েটাৰত যতীন বৰাৰ গুৰুত্ব বাঢ়িছিল, কেৱল অভিনয় ক্ষমতাৰ বাবে, দক্ষ নাট্যকৰ্মী প্ৰশান্ত হাজৰিকাই কোৱা "গুণ"টোৰ বাবে।(আমি মঞ্চত যতীন বৰাৰ অভিনয় দেখা নাছিলো, সেই সময়ত, ডিচেম্বৰ ২০০১ লৈকে আমাৰ কৰ্ম স্থান মুম্বাই আছিল বাবে। ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত যতীন বৰাৰ উত্তৰণ প্ৰসংগত কৈছিল পবিত্ৰদাই (লেখক, সাংবাদিক-সম্পাদক পবিত্ৰ কুমাৰ ডেকাই।)। যতীন বৰাৰ হাতলৈ চিনেমাৰ কাম অহা নাছিল। ৩ নৱেম্বৰ ১৯৯৫ -ত চিত্ৰগৃহলৈ অহা অসমীয়া চিনেমা "আই কিল্ড হিম ছাৰ" ( পৰিচালনা: প্ৰদীপ গগৈ) আৰু ড°ভৱেন্দ্ৰ নাথ শইকীয়াৰ পৰিচালনাৰে নিৰ্মিত হিন্দী চিনেমা "কালসন্ধ্যা" (১৯৯৭) -ত অভিনয়ৰ সুযোগ পাইছিল যদিও চিনেব্যস্ততা নাছিল। আকৌ ব্যস্ত হৈছিল ভ্ৰম্যমাণ থিয়েটাৰত। ১৯৯৫-৯৬ আৰু ১৯৯৬-৯৭ নাট্যবৰ্ষত অভিনয় কৰিছিল আৱাহন থিয়েটাৰৰ মঞ্চত।
(১৯৯৭ চন।  এদিন ” কিংষ্টাৰ ” নামৰ চিনে সাপ্তাহিক খনত দেখিলো আশিষ বিদ্যার্থীৰ সৈতে যতীন বৰাৰ স্থিৰ চিত্ৰ । হিন্দী চিনেমা ” কালসন্ধ্যা “ৰ । কাকত খনৰ পেন’ৰামা শিতানত তিনি কলনত লোৱা ফটো খনৰ তলত ছুটি লেখা । পৰিচালক ভবেন্দ্ৰ নাথ শইকীয়াৰ পৰিচালনা শৈলী আৰু যতীন বৰাৰ প্ৰশংসা । আৰু ২০০০ চনত সেই একেখন কাকততে যতীনৰ ফটো দেখিছিলো , উত্তৰ – পূৱৰ চিনেমাৰ শিতানত । ফটোৰ তলত ” কেপচন ” — মুনিন বৰুৱাৰ “হিয়া দিয়া নিয়া ” ৰ প্ৰথম সপ্তাহৰ কালেকচন এশ শতাংশ ।পাছত গুৱাহাটীলৈ আহি চিনেমা দুখন চাই ” যতীনৰ অভিনয় ” অনুভৱ কৰিছিলো । চিনেমা দুখনত কৰা অভিনয়ৰ কথা মনত ৰাখি “বিস্ময় “ত লিখিছিলো — অসমীয়া চিনেমাৰ পৰিচালকে এজন সম্পূৰ্ণ অভিনেতা পালে।)
আৱাহন থিয়েটাৰৰ আখৰা শিৱিৰতে মুনিন বৰুৱাই "নায়ক যতীন বৰা"  নিৰ্মাণৰ ব্লু-প্ৰিণ্ট আঁকিছিল।আৰু সফলো হৈছিল। পৰৱৰ্তী সময়ত (ক) ” কালসন্ধ্যা ” , (খ) ” হিয়া দিয়া নিয়া “ৰ বাটেৰে আগবাঢ়িছিল যতীন বৰাৰ অভিনয় কেৰিয়াৰ । যতীনৰ অভিনয় ক্ষমতাৰ দিশটো মনত ৰাখি কম — (ক) বাটটো অতি চুটি আছিল । স্বাভিবিকতে কম — এয়া অসমীয়া চিনেমাৰ ক্ষতি। অভিনেতা গৰাকীৰো ক্ষতি ।
চিত্ৰৰসিকক বহুমাত্ৰিক অভিনৰে সন্তুষ্ট কৰিব পৰাৰ ক্ষমতা থকা স্বত্বেও কিয় ব্যৱহাৰ নহ’ল ! আনকি জাহ্নু বৰুৱাৰ ” বন্ধন ” তো কিয় ব্যৱহাৰ নহ’ল ! — নিঃসন্দেহে চিত্ৰৰসিকৰ বাবে চৰ্চাৰ বিষয় । ” বন্ধন “তো ব্যবহাৰ হৈছে ” মুনিন বৰুৱাৰ নায়ক ” গৰাকী বা মুনিন বৰুৱাই নিৰ্মাণ কৰা ” যতীন ইমেজ ” । কিছু ব্যতিক্ৰম সঞ্জীৱ সভাপণ্ডিতৰ পৰিচালনাৰে নিৰ্মিত ” জুয়ে পোৰা সোন ” ৰ যতীন বৰা । আজিও অপেক্ষাত আছো — যতীন বৰাৰ সম্পূৰ্ণ অভিনয় ক্ষমতা ব্যৱহাৰ হোৱা ” শ্ৰেষ্ঠ চৰিত্ৰ ” এটাৰ । ” আই কিল্ড হিম ছাৰ ” – এৰে খোজ দি অসমীয়া চিনেমাৰ ” নায়কৰ ট্ৰেক “ত বিশেষ ইমেজ লৈ আগবাঢ়ে ” হিয়া দিয়া নিয়া “ৰে ।
অভিনয় কৰে — অহংকাৰ , তুমি মোৰ মাথোঁ মোৰ , দাগ , শেষ উপহাৰ ,অন্য এক যাত্ৰা , কইনা মোৰ ধুনীয়া ( ** পৰিচালক সুমন হৰিপ্ৰিয়াই যতীন বৰাক লৈ ” কমেডী হিৰো ” নিৰ্মাণৰ চেষ্টা কৰিছে । সফল হোৱা নাই বুলি কব নোৱাৰি । কিন্তু ” চৰিত্ৰ ” গৈ গৈ মুনিন বৰুৱাই নিৰ্মাণ কৰা ইমেজত বন্দী হয় । ) , এই মৰম তোমাৰ বাবে , নায়ক , প্ৰেম আৰু প্ৰেম , জীৱন নদীৰ দুটি পাৰ , কন্যাদান , প্ৰিয়া অ’ প্ৰিয়া , ত্যাগ , মিঠা মিঠা লগনত , প্ৰেমগীত , অগ্নিসাক্ষী , প্ৰিয়া মিলন , বিধাতা ( * মুনিন বৰুৱাৰ পৰিচালনা । এই চিনেমা খনত পৰিচালকে অভিনেতা গৰাকীক চেহেৰাৰ অভিনয়ৰ সুযোগ দিছিল বা পৰিচালকে যতীনৰ চেহেৰাৰ ভাষা আৰু কেমেৰাৰ ভাষাৰে কেইবাটাও ছিকুৱেঞ্চ ৰচনা কৰিছিল । — কথা প্ৰসংগত যতীনে কৈছিল , ” মই চিনেমাৰ নায়ক হলো , অভিনেতা হব পৰা নাই । ” মই কৈছিলো — আপোনাৰ ধাৰণা শুদ্ধ নহয় । ” কালসন্ধ্যা ” ,”নায়ক “ত অভিনেতা যতীন বৰাক দেখিছো । অৱশ্যে পিছৰ সময় চোৱাত ” নায়ক যতীন বৰাৰ ওচৰত ” অভিনেতা যতীন বৰা ” নিস্প্ৰভ হৈছিল । ) , এয়াই জোনাকবিহীন জীৱন , জুমন সুমন , উজনীৰ দুজনী গাভৰু , হেঁপাহ (* মুনিন বৰুৱাই নিৰ্মাণ কৰা ইমেজৰ পৰা মুক্ত আছিল যতীন বৰাৰ অভিনয় ।পৰিচালক শংকৰ বৰুৱাই যতীনৰ লগতে আন অভিনেতা – অভিনেত্ৰীকো ” বাস্তৱ অভিনয় কৰোৱাইছিল । কথা প্ৰসংগত , “হেঁপাহ “ৰ কাম চলি থাকোতে শংকৰ বৰুৱাই কৈছিল , ” মই মাত্ৰ এখন অসমীয়া চিনেমা চাইছো । জাহ্নু বৰুৱাৰ ‘ হালধীয়া চৰায়ে বাঁও ধান খায় ‘ । … ” — এই যে চোৱা নাছিল , সেই বাবেই হয়তো যতীন বৰাই মুনিন বৰুৱাই নিৰ্মাণ কৰা ইমেজৰ পৰা মুক্ত হৈ অভিনয় কৰাৰ সুযোগ পাইছিল । — এনেদৰে কোৱাৰ বা ভবাৰ যুক্তি ? ২০০৮ চনৰ এটা নিশা । জ্যোতি চিত্ৰবনত চিনেমা এখনৰ চিত্ৰগ্ৰহণ চলি আছে ।শ্বটৰ ফাকে ফাকে আমাৰ সৈতে যতীনৰ আলাপ বা আড্ডা । “নায়িকা ” ই খুব এন জি দিছে । গতিকে ” নায়ক ” কিছু সময়ৰ বাবে মুক্ত ! ইটো – সিটো কথা চলি আছে । হঠাতে চিত্ৰগ্ৰহণ চলি থকা চিনেমা খনৰ পৰিচালক গৰাকী আহি কৈছিল , ” যতীন তুমিযে ‘ নায়ক ‘ত … ওলাই আহিছিলা , এতিয়া যে শ্বটটো লম , ঠিক তেনেকৈ আহিবা ! ” — গতিকে ভবাৰ যুক্তি নিশ্চয় আছে । ) , মা তুমি অনন্যা , হৃদয় কঁপোৱা গান , বাৰুদ , কাদম্বৰী , ৰং . দীনবন্ধু ( অতিথি শিল্গী । ** চিনেমা খনৰ চিত্ৰনাট্যৰ কাম চলি থকা সময়ত চৰ্চা হৈছিল — মূল চৰিত্ৰটোত যতীন বৰাই অভিনয় কৰিব । সেই সময়ত মই এই প্ৰসংগত দৈনিক কাকত ” আজি “ত লিখিছিলো । ভাইমন দা , মানে পৰিচিলক মুনিন বৰুৱাই মিছা বুলি কোৱা নাছিল ।
পিছত চৰ্চা হৈছিল — চৰিত্ৰটোত অভিনয় কৰিবলৈ মান্তি নহ’ল যতীন বৰা ! এই চৰ্চ যদি সঁচা আছিল , কব লাগিব — যতীন বৰাৰ সিদ্ধান্ত শুদ্ধ নাছিল । অভিনয় ক্ষমতা প্ৰদৰ্শনৰ সুযোগ আছিল । — এই প্ৰসংগত মই কেইবাবাৰো লিখিছো । ভাইমন দাই মিছা বুলি কোৱা নাছিল । আজিলৈকে যতীন বৰাই মিছা বুলি কোৱা নাই । ) , চুৰেন চোৰৰ পুতেক , চেনাই মোৰ ঢুলীয়া , অঘৰী আত্মা , অধিনায়ক (* যতীন বৰাৰ প্ৰথম পৰিচালনা । চিত্ৰনাট্য মুনিন বৰুৱাৰ । পৰিচালক যতীনে অভিনেতা যতীনক মুনিন বৰুৱাই নিৰ্মাণ কৰা ইমেজৰ পৰা মুক্ত কৰিব নোৱাৰিলে । ) , দেউতা দিয়া বিদায় , ধুনীয়া তিৰোতাবোৰ , ৰামধেনু , জানমণি (* ৰজেশ ভূঞাৰ পৰিচালনা । যতীনৰ শৰীৰ অভিনয়ৰ সুপ্ৰয়োগ ! ) , হিয়া দিবা কাক , জিলমিল জোনাক , দূৰদৰ্শন…এটি যন্ত্ৰ , বহ্নিমান ( * বিশ্বজিত বৰাৰ পৰিচালনা । বিশ্বজিতে যতীনক লৈ ” এণ্টি হিৰো ” নিৰ্মাণ কৰিছে । সফল হৈছে। যতীনৰ অভিনয় চিনেমা খনৰ — চমক । ) , নিজানৰ গান , ৰত্নাকৰ ( * যতীন বৰাৰ দ্বিতীয় পৰিচালনা । সফল পৰিচালনা । ) ত । "ৰত্নাকৰ"ত মুনিন বৰুৱাই নিৰ্মাণ কৰা ইমেজটোৰ পৰা নিজকে মুক্ত কৰিছিল যতীন বৰাই। ৰোমাণ্টিক-এংৰি ইমেজৰ যতীনক দেখিছিলোঁ। আৰু দেখিছিলোঁ নায়ক সুলভ আছৰণ। হয়তো যতীনৰ তৃতীয় পৰিচালনাত "অন্য এগৰাকী যতীন"ক দেখিম! (আৰু আছে। অহা সংখ্যাত)

সান্নিধ্য (বশিষ্ঠ দেৱ শৰ্মা)

সত্ৰীয়া সংস্কৃতিৰ সাধক, জীৱন কালত সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে কাম কৰা বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ দেহাৱসান, ১১ অক্টোবৰ ২০২২-ত। জন্ম ১৯৩৮ চনৰ ১ এপ্ৰিলত বৰপেটাৰ সুন্দৰীদিয়াত। --এই বিশাল ব্যক্তিত্বক মই প্ৰথম লগ পাইছিলো ২০০২ নে ০৩ চনৰ এটা দিনত। প্ৰমোদদাই (সেই সময়ৰ "বিস্ময়" আলোচনীৰ উপ-সম্বাদক, বৰ্তমান অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই)। আমি গীতৰ কথা পাতিছিলোঁ, বৰগীতৰ সুৰৰ, গায়কীৰ বিশেষত্ব বুজাই কৈছিল। কথাৰে নহয়, সুৰেৰে। সত্ৰ সংস্কৃতিৰ কথা কৈছিল, সত্ৰ সংস্কৃতি, আমাৰ লোক সংস্কৃতি আমাৰ "সমাজ জীৱনৰ শিপা" বুলিছিল। আৰু বহু কথা কৈছিল, এই মূহুৰ্তত মনলৈ আনিব পৰা নাই। সেই সময়ত মই জড়িত থকা "আজি" কাকতৰ প্ৰথম পৃষ্ঠাত (ছপা হোৱা প্ৰতিবেদনত) লিখিছিলোঁ। সেই সময়তে "আজি"ৰ সম্পাদক আৰু লেখক-অভিনেতা দিলিপ কুমাৰ হাজৰিকাৰ পৰা জানিছিলোঁ, কেৱল বৰপেটাতে নহয়, অসমতে নহয়, পশ্চিমবংগ, দিল্লী ,  হিমাচল প্ৰদেশ, পঞ্জাৱ, বিহাৰ, তামিলনাডু,
মহাৰাষ্ট্ৰ , আদি ভাৰতৰ বিভিন্ন ৰাজ্যতো সত্ৰীয়া সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰ বাবে ভালেমান কাম কৰিছিল।
বশিষ্ঠ দেৱ শৰ্মাক দ্বিতীয়বাৰ লগ পাইছিলোঁ, সংগীত শিল্পী তৰালি শৰ্মাৰ ঘৰত। "সংগীতশ্ৰী প্ৰভাত শৰ্মা" কেন্দ্ৰীক মোৰ গ্ৰন্থ এখন উন্মোচন কৰিছিল। সেই দিনা এই বিশাল ব্যক্তিত্বক আৰু এবাৰ ওচৰৰ পৰা অনুভৱ কৰিছিলোঁ। 
জানিছিলোঁ, সত্ৰীয়া পৰিৱেশত সত্ৰীয়া পৰম্পৰা অনুসৰণ কৰিছিল। সত্ৰৰ সংগীত গাইছিল, গোৱাইছিল। বীৰ নাম, নিবিড় কীৰ্তন, ঘোষা কীৰ্তন, হোলীগীত, নাও খেলৰ গীত, বৰগীত, ভাওনা আদি চৰ্চা কৰিছিল। ১৯৬৫ চনত অল ইণ্ডিয়া ৰেডিঅ’ গুৱাহাটী কেন্দ্ৰৰ পৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশনৰ বাবে আমন্ত্ৰণ পাইছিল। তাৰ পাছৰে পৰা আকাশবাণীযোগেও কীৰ্তন, ঘোষা, নাও খেলৰ গীত, ভাওনা আদিৰ চৰ্চা কৰিছিল। আকাশবানী, গুৱাহাটীৰ  শ্ৰীবৎস চিন্তা, নল দময়ন্তী, সতী বেউলা, পূজনী পখি আদি নাটকো পৰিচালনা কৰিছিল৷ তেওঁ এজন সু-লেখকো আছিল।  সত্ৰ সংস্কৃতি কেন্দ্ৰীক ভালেমান প্ৰৱন্ধ লিখিছিল। নাও খেলৰ গীত, মহোহো গীত, পূৰ্ণ মানৱ সমন্বয়ৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ, সত্ৰীয়া নীতি-বিচাৰ, মানৱ জীৱন চন্দন কাঠ আদি তেওঁৰ সৃষ্টিৰ অন্যতম, বিভিন্ন চৰ্চাৰ পৰা জানিছিলোঁ। 
১৮জুন ২০০৭ বৰপেটালৈ গৈছিলোঁ, কেৱল বশিষ্ঠ দেৱ শৰ্মাক জানিবলৈ, ভালদৰে বুজিবলৈ। লগ পোৱা নাছিলোঁ। কেইবা গৰাকীয়ো ব্যক্তিৰ সৈতে অৱশ্যেই "বশিষ্ঠ দেৱ শৰ্মা চৰ্চা" কৰিছিলোঁ। জানিছিলোঁ, শিক্ষক আছিল। বৰপেটা জিলাৰ পল্লাৰপাম প্ৰাথমিক বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰিছিল। অৱসৰ লৈছিল সুন্দৰীদিয়াৰ দক্ষিণহাটী প্ৰাথমিক বিদ্যালয়ৰ পৰা। ১৯৯৩ চনত নিৰ্বাাচিত হৈছিল বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া হিচাপে। ১৪ বছৰ ডেকা সত্ৰীয়া হিচাপে সেৱা আগবঢ়াইছিল। (আৰু ২০০৭ চনৰ পৰা  বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াৰূপে নিৰ্বাচিত হৈছিল, মৃত্যুৰ আগমুহূৰ্তলৈকে।) --কব পাৰি, মৃত্যুৰ আগলৈকে সমাজৰ শিক্ষক হৈয়ে আছিল। প্ৰথম চোৱাত "আখৰৰ পাঠ দিয়া শিক্ষক", পাছৰ সময় চোৱাত "সত্ৰ সংস্কৃতিৰ পাঠ দিয়া শিক্ষক"।
"সমাজৰ শিক্ষক হোৱাৰ সুযোগ ভাগ্যৰ বলত নহয়, কৰ্মৰ বলতহে লাভ কৰে। তুমি কিতাপ খনত বা আন কিতাপত যদি সমাজৰ ভালৰ বাবে, এই প্ৰজন্মই বা পাছৰ প্ৰজন্মই জানিব লগীয়া কিবা লিখিছা, তেনেহ'লে কম বা আনেও কব--তুমি সমাজৰ শিক্ষক।" --দ্বিতীয়বাৰ লগ পোৱাৰ সময়ত কৈছিল, বশিষ্ঠ দেৱ শৰ্মাই। মোৰ "প্ৰভাত শৰ্মা" কেন্দ্ৰীক গ্ৰন্থ খন উন্মোচন কৰাৰ পাছত।
--বশিষ্ঠ দেৱ শৰ্মাৰ প্ৰতি মোৰ আগ্ৰহ বাঢ়িছিল "প্ৰভাত শৰ্মা" প্ৰকল্পৰ কাম কৰাৰ সময়ত। (আমি সকলোৱে জানো, প্ৰভাত শৰ্মাৰ ভাতৃ, সংগীত শিল্পী তৰালি শৰ্মাৰ খুড়াক --বশিষ্ঠ দেৱ শৰ্মা৷) প্ৰকল্পৰ স্বাৰ্থত "সংগীতশ্ৰী"ৰ সৈতে দীৰ্ঘ সেউজ সময় কটাইছিলোঁ। সেই সেউজ সময়তে আৰু কিছু অনুভৱ কৰিছিলোঁ বশিষ্ঠ দেৱ শৰ্মাক। আৰু স্বাভাৱিকতে আগ্ৰহ বাঢ়িছিল। আৰু এই আগ্ৰহ লৈয়ে হাতত লৈছিলোঁ আন এটা প্ৰকল্প "বশিষ্ঠ দেৱ শৰ্মা"। আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল বশিষ্ঠ দেৱ শৰ্মাৰ পুত্ৰ, সংগীত শিল্পী ভাস্কৰ আৰু নাট্যকৰ্মী নিৰ্মল দাস। সহযাত্ৰী হিচাবে লৈছিলোঁ বৰপেটাৰ কৌশিক দাস আৰু ধ্ৰুৱজ্যোতি তহবিলদাৰক। কিন্ত দুখোজমান  দিয়ে আগবঢ়াৰ সুযোগ নাপালো। উভতি নহা বাটেৰে গ'ল গৈ বশিষ্ঠ দেৱ শৰ্মা। এই দুখে মোক সদায় ছুই থাকিব।
--বশিষ্ঠ দেৱশৰ্মাৰ দুটা দিশে মোক বিশেষ ভাৱে আকৰ্ষণ কৰিছিল। সাংগীতিক কৰ্মৰ সময়ত তেওঁৰ শৰীৰ ভাষা, গায়কী, কণ্ঠস্বৰ, চেহেৰাত স্পষ্ট হোৱা ব্যক্তিত্ব আৰু কৰ্মত উদাৰতা। উদাৰতাৰ এটা উদাহৰণ-- সকলো জাতি-জনগোষ্ঠীৰ মাজলৈ গৈ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল। কাকতত পঢ়িছিলোঁ ২০১৫ চনত  লখিমপুৰলৈ গৈ মিচিং জনগোষ্ঠীয় এক অঞ্চললৈ গৈ তাত থকা চাঙনী সত্ৰত এজন মিচিং সম্প্ৰদায়ৰ লোকক সত্ৰাধিকাৰ পতাৰ খবৰ।  

শনিবার, ১২ নভেম্বর, ২০২২

পুলক গগৈ: এক অধ্যায়

পুলক গগৈ by: Utpal Mena
পুলক গগৈ আৰু নাই। অসমীয়া চিনেমাৰ পৰিচালক, ৰং-তুলিকাৰে কেনভাছ খেলা মানুহ জন আজি গ'লগৈ উভতি নহা বাটেৰে।
কায়িক পুলক গগৈৰ অবৰ্তমানত বহু কথায়ে মনলৈ আহিছে।
বহুতে পুলক গগৈক "চিনেমাৰ মানুহ"-তে ৰাখিছে। কোনোৱে "ৰং-তুলিকা"তে। কিন্তু ইমানতে শেষ নহয়। পুলকদাই কার্টুন আঁকিছিল, গল্পও লিখিছিল। অর্থাৎ "শব্দ"ক লৈও খেলিছিল। এবাৰ পুলকদাই মোৰ হাতত তুলি দিছিল এটা গল্প— "দাপোণত আপোন মুখ'। “আজি"ত প্ৰকাশ পাইছিল। এই গল্পটো পঢ়াৰ পিছত অনুভৱ কৰিছিলোঁ— 'ৰঙৰ দৰেই সুন্দৰকৈ খেলে ‘শব্দ’ৰ খেল। পুলকদাৰ কেমেৰাৰ ‘ৰচনা’ যিমান মসৃণ, সিমানেই মসৃণ কলমৰ (শব্দৰ) ৰচনা। কেমেৰা 'ৰচনা'!
"শ্রীমতী মহিমাময়ী"— মই চোৱা পুলকদাৰ প্ৰথমখন চিনেমা। হাস্যৰসক গুৰুত্ব দি ‘ৰচনা’ কৰা হৈছে। কৃপণ মহিলা এগৰাকী চিনেমাখনৰ মূল চৰিত্ৰ। ইমানেই কৃপণ যে দিয়াচেলাইৰ কাঠীডালো দুফাল কৰি লৈহে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে। সেই সময়ত, যি সময়ত এই চিনেমাখন নিৰ্মাণ হৈছিল, এনে শৈলীৰ চিনেমা খুউব কম নিৰ্মাণ হৈছিল। অসমীয়াতে নহয়, অন্যান্য ভাষাতো। চৰিত্ৰটোত অভিনয় কৰিছিল বীণা গোস্বামীয়ে। —এইখন পৰিচালকগৰাকীৰ দ্বিতীয় পৰিচালনা । প্রথম পৰিচালনা খোজ' (১৯৭৫)। অসমীয়া চিনেমাৰ চোতালত সফল খোজ। প্রযোজনাৰ দায়িত্ব লৈছিল নিজে। সংগীত ড° ভূপেন হাজৰিকাৰ। পুলকদাই কৈছিল--"ভৃপেনদাৰ সৈতে মুম্বাইৰ সাগৰৰ বালিৰ ওপৰত বহি সংগীতৰ কথা পাতিছিলোঁ, শেষ ৰাতিলৈকে। প্ৰথমে চিনেমাৰ কাহিনী শুনাইছিলোঁ। ভূপেনদাই পছন্দ কৰিছিল। চিনেমাৰ নামটোও দিছিল। ভূপেনদাই কৈছিল--'তোমাৰ ছবিত প্ৰথম খোজ। ছবি খনৰ কাহিনীৰ সৈতেও মিলিব। 'খোজ'নামটোৱে ৰাখিবা।..." পুলকদাই আৰু কৈছিল চিনেমা খনৰ চিত্ৰগ্ৰহণৰ কাম আগবঢ়াৰ আগতে গীতৰ কাম হৈছিল। সংগীত বেচ জনপ্ৰিয় হৈছিল। "জিলমিলীয়া কোমল বালি তাহানিৰ কথা কিয় আজি কলি..."  (কণ্ঠ:ভূপেন হাজৰিকা, উষা মঙ্গেশকাৰ), "চিনাকী মোৰ মনৰ মানুহ তোমাৰ বাবেই জনম লভিছো..."  (কণ্ঠ: উষা মঙ্গেশকাৰ ) শ্ৰোতাই আদৰি লৈছিল।
—পৰিচালকগৰাকীৰ আন কেইখন চিনেমা হ'ল 'সাদৰী’, ‘সেন্দূৰ’, ‘সূৰুয', 'ৰে'লৰ আলিৰ দূবৰি বন’, ‘মৰম নদীৰ গাভৰু ঘাট", ‘পত্নী’, ‘মমতাজ’। কথা প্ৰসংগত এই এবাৰ জানিব খুজিছিলোঁ মুক্তিপ্রাপ্ত 'পত্নী' চিত্রগৃহলৈ অহাৰ পাছতে। এই চিনেমাখনৰ প্ৰচাৰত পৰিচালকগৰাকীয়ে মোৰ
"সমালোচনাৰ কেইটামান শব্দ" আৰু মোৰ নাম ব্যৱহাৰ কৰিছিল। মোৰ বাবে আছিল সেয়া "মিঠা অভিজ্ঞতা"। সেই বিশেষ বিজ্ঞাপনটোত চকু ফুৰাই ম‍ই জানিব বিচাৰিছিলোঁ— “পত্নী’ আপোনাৰ শ্ৰেষ্ঠ পৰিচালনা ? চিনেমাকেইখনৰ ভিতৰত শ্ৰেষ্ঠ পৰিচালনা কোনখন?
উত্তৰত কৈছিল— “শ্রেষ্ঠ এখনো নহয়। কিন্তু প্রতিখন চিনেমাই মোৰ বাবে সুন্দৰ অভিজ্ঞতা। ইয়াৰ কাৰণ হয়তো জানিব খুজিবা! উত্তৰত ম‍ই কম এনেদৰে, চিনেমাকেইখন যেনেদৰে নিৰ্মাণ হৈ উঠিছিল, তেনেদৰে অভিজ্ঞতাই মোক শিকাই গৈছিল। চিনেমাৰ কাম কৰিম বুলি ভৱাৰ সময়ত মই কেমেৰাটোৱ বুজা নাছিলোঁ। প্ৰাথমিক কথাখিনি চিত্ৰগ্ৰহণকাৰী ভবানী নাথৰ পৰা জানি লৈছিলোঁ। মোৰ বিশ্বাস-- বহু অভিজ্ঞতাৰ পাছতহে "শ্রেষ্ঠ চিনেমা" নিৰ্মাণ সম্ভৱ। আৰু পৰিচালক এগৰাকীয়ে সততে সদায় 'শ্রেষ্ঠ চিনেমা'ৰ সন্ধানত থাকে।...”
--আমি মন কৰিছিলোঁ পৰিচালক পুলক গগৈৰ চিনেমা কোনো বিশেষ বৃত্তৰ মাজত বন্দী নহয়। ভিন্ন বিষয়বস্তু, ভিন্ন পৰিচালনা শৈলী। "পত্নী" বা "ৰে'লৰ আলিব দূবৰি বন"তকৈ বহু দূৰত 'সুৰুষ'। মাৰপিট, কৰিঅ'গ্ৰাফৰ সমাহাৰ ৷ "মমতাজ"ৰ পৰিচালনা শৈলী আৰু বহু বেলেগে। "মিউজিকেল চিনেমা" বুলিও ক'ব পৰা যায়। এয়া কেনেকৈ সম্ভব? "... মোৰ বাবে সহজ। এটা বিশেষ ষ্টাইলত কাম কৰাটোহে সম্ভবতঃ মোৰ বাবে সহজ নহয়। মোৰ ধাৰণা— মই চিনেমাখন ‘সূৰুয'ৰ দৰে কৰিম, 'পত্নী'ৰ দৰে কৰিম বুলি যদি ভাবি লওঁ, তুমি কোৱাৰ দৰে এটা বৃত্তৰ মাজত সোমাই লওঁ, তেনেহ'লে নতুন চিনেমাখনৰ বিষয়বস্তুৰ প্ৰতি অন্যায় কৰা হয়। আৰু মোৰ বাবেও কামটো-আমনিদায়ক হ'ব।.... কিন্তু এইটো নহয়, আমনিদায়ক হোৱাৰ ভয়ত ম‍ই বিভিন্ন ষ্টাইলত কাম কৰোঁ। মোৰ 'কাম' আগবাঢ়ে কাহিনী— ‘বিষয়বস্তু’ক কেন্দ্ৰ কৰি। ‘বিষয়বস্তু’ কাহিনীৰ মাজেৰে আগবঢ়াই কেনেদৰে নিলে দৰ্শকে দিগদাৰ নাপায়, বুজি পাব— সেয়া মোৰ প্ৰথম ‘চিন্তা’। সেই ‘চিন্তা’য়ে পৰিচালনা শৈলীৰ নিয়ন্ত্রক।...” পুলকদাই কৈছিল।
পুলক গগৈয়ে চিনেমাৰ পৰিচালনা শৈলী ভিন্ন হোৱাৰ আন এটা কাৰণ — পৰিচালনা চিন্তা, চিনেমাৰ বিভাজনৰ ঊর্ধ্বত। একাংশ ভাৰতীয় পৰিচালকে বিশ্বাস কৰাৰ দৰে, 'আর্ট' আৰু 'কমাচিয়েল' বিশ্বাস নকৰে। পৰিচালকগৰাকীৰ মতে, “চিনেমা মানে চিনেমা। চিনেমা চিনেমাৰ দৰে হ'ব লাগে। 'আর্ট চিনেমা', 'কমাচিয়েল চিনেমা' ইত্যাদি ম‍ই বুজি নাপাওঁ। 'কমাৰ্চিয়েল চিনেমা' জানো 'আর্ট'ক বাদ দি সম্ভৱ। ব্যবসায়ক বাদ দি জানো ধাৰাবাহিকভাবে চিনেমাৰ কাম কৰা সম্ভৱ !! বুজাত মোৰ দিগদাৰ হয়।...?”
এতিয়া আহিছোঁ পুলক গগৈৰ চিনেমাৰ আন দুটা বিশেষত্বলৈ। পৰিচালকগৰাকীয়ে তাৰকা ইমেজ'ক বাহিৰত ৰাখি 'চৰিত্ৰ' নিৰ্মাণ কৰি ভাল পাইছিল, গীত ব্যৱহাৰত গুৰুত্ব দিছিল। ‘তাৰকা ইমেজ’ৰ বাহিৰত আছিল চিনেচিন্তা! সেয়া স্পষ্ট হ'ব ‘নায়ক নায়িকা'ৰ তালিকাখনত চকু ফুৰালে। ‘খোজত মাহতাব-দীপিকা আৰন্ধৰা, ‘শ্ৰীমতী মহিমাময়ী'ত ৰূপজ্যোতি দাস-ৰবীন নেওগ, ‘"সাদৰী"ত ৰবীন নেওগ-গীতাঞ্জলি, ‘সেন্দূৰ’ত তপন দাস-বিদ্যা ৰাও, ‘সূৰুয’ত ব্ৰজেন বৰা, ‘ৰে'লৰ আলিৰ দূবৰিবন'ত অমিতাভ গগৈ, ‘মৰম নদীৰ গাভৰু ঘাট'ত বিক্ৰম হাজৰিকা-বৰ্ণালী পূজাৰী, ‘পত্নী’ত পাকিজা বেগম। বিদ্যা ৰাওৰ বাহিৰে এগৰাকীৰো তাৰকা বা বিশেষ 'ইমেজ' নাই। ইয়াৰ কিবা কাৰণ আছে নেকি?
এই প্ৰসংগত পুলক গগৈৰ উত্তৰ আছিল স্পষ্ট— “কাহিনী নির্বাচন মোৰ প্ৰথম কাম। তাৰ পাছত চিত্ৰনাট্য, ‘চৰিত্ৰ’ নিৰ্মাণ। চিত্ৰনাট্যত ‘চৰিত্ৰ' নিৰ্মাণ কৰাৰ সময়ত নায়ক বা নায়িকাৰ বিশেষ 'ইমেজ' মোৰ মনলৈ আহে। সেই 'ইমেজ'ৰ কথা মনত ৰাখি নায়ক বা নায়িকা নির্বাচনত আগবাঢ়োঁ। কোনো ‘তাৰকা ইমেজ'ৰ কথা মনত ৰাখি ম‍ই ‘চৰিত্ৰ' ৰচনা নকৰোঁ।”

শ্বেইক্সপীয়েৰৰ নাটকৰ ‘নতুন চিন্তা’ৰ এক অধ্যায়

‘নতুন চিন্তা’ নে ‘আধুনিক চিন্তা' বুলিলে বিশুদ্ধ হ'ব? 'আধুনিক চিন্তা' বুলিলে ব্যাখ্যাৰ প্ৰয়োজন হ'ব। এটা 'বস্তু' বা 'সৃষ্টি' এটা সময়ত ‘আধুনিক’ হ’ব পাৰে। পৰৱৰ্তী সময়ত সেই 'বস্তু' বা 'সৃষ্টি' আধুনিক নহ'বও পাৰে। আজিৰ ৫০ বছৰ, ১০০ বছৰৰ আগৰ নাটক এখন, গীত এটা সেই সময়ত 'আধুনিক' নাছিল জানো ? — শ্বেইক্সপীয়েৰৰ নাটকসমূহো আধুনিকেই আছিল। বহু ফালৰ পৰা সেই নাটকসমূহ আজিৰ তাৰিখতো ‘আধুনিক' হৈয়ে আছে; কিন্তু 'আধুনিক' বুলিলে বিশুদ্ধ নহব। গতিকে আমি ‘নতুন চিন্তা' বুলিয়ে ক'ম।
স্পষ্ট কৰি দিছোঁ – এই লেখাত শ্বেইক্সপীয়েৰৰ নাটকক লৈ হোৱা ‘ভাৰতীয় নতুন চিন্তা’ বিষয়েহে আলোচনা কৰিম।
"হেমলেট'। 'শ্বেইক্সপীয়েৰ চৰ্চা কৰাসকলে নিশ্চয় জানে নাটকখনৰ কাহিনী আগ বাঢ়ে ডেনমাৰ্কৰ বিখ্যাত ৰজাসকলৰ এজনৰ পুত্ৰ হেমলেটক কেন্দ্ৰ কৰি। হেমলেটৰ পিতৃৰ মৃত্যু, মৃত্যুৰ লগে লগে খুড়াকৰ সৈতে মাতৃৰ বিবাহ। তাৰ পাছত ? নাটকখনৰ কাহিনী বর্ণনা আমাৰ এই লেখাৰ "বিষয়বস্তু" নহয়। "বিষয়বস্তু"ৰ স্বাৰ্থত চৰিত্ৰ তিনিটা উল্লেখ কৰিলোঁ। নাটকখনৰ এই চৰিত্ৰ তিনিটাক লৈ মাৰাঠী ভাষাত ৰচনা হৈছিল 'আজছা হেমলেট' নামৰ নাটক এখন। নাটকখন প্ৰথমবাৰ মঞ্চস্থ হৈছিল ১৯৩৮ চনত। লেখক অজয় মাহৰেৰ "ৰচনা"ত পোৱা যায়-- নাটক খনৰ পার্টভূমি মুম্বাইলৈ অনা হৈছিল। পাৰিবাৰিক নাটকৰ গঢ় দিয়াৰ চেষ্টা চলিছিল। স্বাভাবিক সেই সময়ৰ মাৰঠী সমাজে বা 'নাট্যৰসিকে' নাটকখন আদৰি নল'লে। সমালোচক সকসকলে -- "অ-নাটক"ৰ তালিকাভুক্ত কৰিলে। কোনো কোনোৱে মাৰাঠী সমাজৰ অদ্ভুত ঘটনা' বুলি ব্যাখ্যা কৰিলে।
শ্বেইক্সপীয়েৰৰ আন এক সেউজ নাট্যকৰ্ম -- "মেকবেথ" (Macbeth / সম্পূৰ্ণ নাম "The Tragedy of Macbeth")। আনুমানিক ১৬০৬ চনত  এই  প্রথম মঞ্চায়িত হৈছিল। তেতিয়াৰ পৰা এতিয়ালৈকে মঞ্চস্থ হৈ আছে, বিশ্বৰ বিভিন্ন ভাষাত। ৰাজনৈতিক বা ক্ষমতাৰ উচ্চাকাংক্ষা নাটক খনৰ বিষয়বস্তু। দুঃসাহসী সেনাপ্রধান মেকবেথ আৰু ৰজা ডানকান নাটক খনৰ দুটা বিন্দু। আন এটা বিন্দু তিন ডাইনিৰ ভবিষ্যতবাণী। আৰু এক বিন্দু মেকবেথৰ পত্নী। এই বিন্দুকেইটাক লৈ ভালেমান নাট্যকৰ্ম, চিনেকৰ্ম হৈছে। আজিৰ তাৰিখতো হৈ আছে। তিনি ডাইনি কেন্দ্ৰীক নাট্য-চিনেকৰ্মও হৈছে। কলকাতাৰ পৰা প্ৰকাশ পোৱা আলোচনী "নন্দন"ত প্ৰকাশ পোৱা লেখা এটাত পঢ়িছিলোঁ "নাটকখনত তিনি পিশাচিনীয়ে কোৱা ভবিষ্যতবাণী যে দৰাচলতে মূল বিষয়বস্তু। ভৱিষ্যতবাণীত যি কোৱা হৈছে, সেয়া মানুহৰ মনৰ মাজত লুকাই থকা কথা। মেকবেথে নিজৰ বাবে বা লেডী মেকবেথৰ উচ্চ অভিলাষৰ বাবে মনত লুকাই থকা 'বেয়া ইচ্ছা' দমন কৰিব পৰা নাছিল। দমন কৰিব নোৱৰাটোৱে শেষত মেকবেথৰ ধ্বংসৰ কাৰণ হৈছিল। এই বিষয়বস্তুক লৈ হিন্দী ভাষাত ৰচনা হৈছিল 'তিন ডায়েন'নামৰ নাটক এখন। প্ৰথমবাৰ মঞ্চস্থ হৈছিল ১৯৫৭ চনত। নাটকখনৰ বঙালী অনুবাদ মঞ্চস্থ হৈছিল কলকাতাত, ১৯৭০ চনৰ শেষৰ ফালে। জনা যায় এই নাটকখনৰ বিষয়বস্তুক লৈ ৰচনা হৈছে কমেও ৫০ খন নাটক। দুখৰ বিষয় সেই নাটকসমূহৰ সৰহভাগেই পোৱা নাযায়।” 
নাট্যকর্মী ৰতন থিয়ামৰ ব্যাখ্যা – "মেকবেথ সাম্প্রতিক পৃথিৱীত দ্রুত গতিৰে বাঢ়ি অহা হতাশা আৰু তথাকথিত উন্নয়নশীল সভ্যতাৰ ৰোগাক্ৰান্ত অৱস্থিতি।"
- মণিপুৰৰ নাট্যকর্মীগৰাকীয়ে পৰিচালনা কৰা "মেকবেথ"ত সু- পৰিকল্পিতভাৱে ব্যৱহাৰ কৰিছিল মণিপুৰী পৰম্পৰাগত নৃত্য-নাট্যৰ আংগিক। নাটকখনত স্পষ্ট সমৰকলা থাংটা, তৰোৱাল যুদ্ধৰ নান্দনিক প্রয়োগ । থিয়ামৰ নাট্যচিন্তাৰ বিশেষ দিশটো হ'ল-- প্রাচীন গ্রীক ট্রেজেদী, জাপানৰ নৌ নাট "কাবুকী"। আৰু ভৰত মুনিৰ নাট্যশাস্ত্ৰৰ প্ৰতিফলন 'মেকবেথ'ত স্পষ্ট। নাট্যকর্মীগৰাকীৰ মতে, শ্বেইক্সপীয়েৰে "মেকবেথ"ত নাট্যশৈলী প্রয়োগৰ নাট্যচিন্তাৰ ‘বহু বাট’ দি গৈছে। সেইবাবেই "অথেলো" আদিৰ পৰীক্ষা-নিৰীক্ষা আজিও চলি আছে, চলি থাকিব। নাট্যকর্মী গৰাকীয়ে বিশেষভাৱে "অথেলো'ৰ নাম উল্লেখ কৰিছে। ইয়াৰ কাৰণ নথকা নহয়। এতিয়ালৈকে এই নাটকখনক লৈ চিনেকৰ্ম হৈছে কমেও দুই হাজাৰ। (তথ্যঃ 'দ্য ষ্টেজ’/ জানুৱাৰী, ২০১৭) ‘চিনেকর্ম’ বিশেষভাৱে উল্লেখ কৰিব পাৰোঁ ১৯৫১ চনত Orsar Welles এ পৰিচালনা কৰা ৯১ মিনিটৰ, ১৯৯৫ চনত Stuart Burge ৰে পৰিচালনা কৰা ১৬৫ মিনিটৰ ‘অথেলো'। ইয়াৰ উপৰি ‘অথেলো'ক বিষয়বস্তুক বা কাহিনীক ‘নতুন চিন্তা’ৰে ‘চিনেৰূপ’ দিছে, মঞ্চ ৰূপ দিছে অনেক। শেহতীয়াভাৱে চৰ্চালৈ অহা 'অথেলো'ৰ ‘ভাৰতীয় চিনে চিন্তা’হ'ল 'ওমকাৰা’। বিশাল ভৰদ্বাজৰ পৰিচালনা । 'দ্য ষ্টেজ'ৰ তথ্যমতে, এনে ধৰণৰ ‘চিনেকৰ্ম ৰ সংখ্যা ২০১৬ চনলৈকে ৭৮২। ইয়াৰ বিপৰীতে আলোচনীখনৰ প্ৰতিবেদকে উল্লেখ কৰিছে –কিমান বাৰ বিশ্বৰ বিভিন্ন মঞ্চত 'অথেলো' মঞ্চস্থ হৈছে তাৰ তথ্য পোৱা নাযায়। অসম্ভৱ।
অসমতো নাটকখন কিমানবাৰ মঞ্চস্থ হৈছে তাৰ শুদ্ধ তথ্য পোৱা নাযায়। কহিনুৰ থিয়েটাৰ, বাহাৰুল ইছলামৰ 'ছিগাল' আদিকে ধৰি কেইবাটাও "নাট্যগোটে" নাটকখন মঞ্চস্থ কৰিছে। — শ্বেইক্সপীয়েৰৰ আন নাটকসমূহো মঞ্চস্থ কৰিছে। কেৱল অনুবাদেই মঞ্চস্থ হোৱা নাই; ‘নতুন চিন্তা’ৰে অসমীয়াত লিখা 'নাট্যকর্ম ত মঞ্চস্থ হৈছে। ১৮৮৬-১৮৮৭ চনৰ সময়ছোৱাত ইংৰাজী শিক্ষাৰে শিক্ষিত অসমৰ ডেকাৰ মাজত শ্বেইক্সপীয়েৰ নাটকৰ গুৰুত্ব বাঢ়ে। সেই সময়তে ৰত্নকান্ত বৰুৱা, গুঞ্জানন শৰ্মা, ঘনশ্যাম বৰুৱা আৰু ৰমাকান্ত বৰকাকতিয়ে অনুবাদ কৰে 'The Comedy of Errors'। ইয়াৰ পাছৰ সময়ছোৱাত সত্য প্ৰসাদ বৰুৱা, ডাঃ দীনেশ শর্মা, প্রদীপ শ‍ইকীয়া, মহেন্দ্ৰ বৰঠাকুৰ আদিয়ে শ্বেইক্সপীয়েৰৰ কেইবাখনো নাটক অনুবাদ কৰে। মঞ্চস্থ কৰায়। মহেন্দ্ৰ বৰঠাকুৰে বিশ্ববিখ্যাত নাট্যকাৰগৰাকীৰ ‘নাটক’ক অসমৰ পটভূমিলৈ আনি ‘নতুন চিন্তাৰে নাটকো ৰচনা কৰে। তেনে এক সফল ‘চিন্তা' কিংলিয়েৰ'ৰ আধাৰত ৰচনা কৰা ‘বালিঘৰ’। (প্ৰকাশ পাইছে গ্ৰন্থ "ছেইক্সপীয়েৰৰ সুৱাস"ত)

শুক্রবার, ১১ নভেম্বর, ২০২২

আৰু সান্নিধ্য: যতীন বৰা -১

যতীন বৰা -১ by: Utpal Mena
অভিনয়-- যতীন বৰাৰ বাবে কেৱল পেছা নহয়, নহয় কেৱল নিছা।
অভিনয়-- যতীন বৰাৰ বাবে আৱেগ।
কোনে জানো কৈছিল-- আৱেগ জীৱনৰ চালিকা শক্তি। আৱেগ বিন্দুয়ে জীৱন ৰেখা টানে। জীৱন ৰেখা সিমানতে শেষ, য'ত আৱেগ শেষ।
--হয়, 'অভিনয় আৱেগ' যতীন বৰাৰ জীৱন ৰেখা। --এয়া মোৰ অনুভৱ।
অভিনয়ৰ বাবে যতীন, নাটকৰ বাবে যতীন। চিনেমাৰ বাবে যতীন। (যতীন ৰাজনীতিৰ বাবে নহয়।)
১৪ অক্টোবৰ ২০২২। 'ৰাঘৱ'ৰ মহুৰৎ। যতীন বৰাৰ 'ৰাঘৱ'ৰ।
দেখিছিলো--চিনেমা খনৰ চিনেমেটিক মহুৰৎ।
মুম্বাইত থকা সময়ত কেইবা খনো হিন্দী চিনেমাৰ মহুৰৎ দেখিছিলো। 'বিস্ময়' শ্বুটিং ৰিপ'ৰ্ট লিখিছিলো, 'হেল্লো ব্ৰাডাৰ' চিনেমা খনৰ। চিনেমা খনৰ মহুৰৎ অনুষ্ঠানত উপস্থিত থকা সময়ত মনৰ মাজতে কৈছিলো-- কেতিয়াবা অসমীয়া চিনেমাৰো যদি এনে মহুৰৎ হব নে? হ'লে মন আনন্দৰে ভৰি পৰিব!
--মন আনন্দৰে ভৰি পৰিল, 'ৰাঘৱ'ৰ মহুৰৎ অনুষ্ঠানত। 'হেল্লো ব্ৰাডাৰ'ৰ লোকেশ্বনত, 'মনতে কোৱাৰ' দৰে মহুৰৎ  দেখি।
'ৰাঘৱ'ৰ শুভ মহুৰৎ অনুষ্ঠানৰ চুই যোৱা দিশটো হ'ল  অভিনেতা-চিনেকৰ্মী গৰাকীৰ 'কৃতজ্ঞতাবোধ'। অভিনেতা গৰাকীয়ে হয়তো মনত, মগজুত লৈ ফুৰে-- "কৃতজ্ঞতাবোধ হল সর্বশ্রেষ্ঠ নীতি।” নিজক গঢ়াৰ, নিজৰ বাট সেউজ কৰাত সহায় কৰে কৃতজ্ঞা বোধে। এই মহুৰৎ অনুষ্ঠানত নিজৰ মনত সাচি ৰখা কৃতজ্ঞবোধ সিচি দিলে অভিনেতা গৰাকীয়ে।("কৃতজ্ঞতাবোধ নিয়ে আমরা জন্মাই না কিন্ত,কৃতজ্ঞতা বোধ নিজেদের মধ্যে জন্মে দিতেই পাৰি")
--যতীন বৰাক চিনেমাৰ ক্ষেত্ৰ খনত খোজ পেলোৱাৰ সুযোগ দিছিল অভিনেতা-পৰিচালক আব্দুল মজিদে।
--যতীন বৰাক টিভি ধাৰাবাহিকত কাম কৰাৰ সুযোগ দিছিল অসমীয়া চিনেমাৰ মহানায়ক, পৰিচালক বিজু ফুকনে।
--যতীন বৰাক হিন্দী চিনেমাৰে 'চিনেমা অভিনয়ৰ নতুন বাট'ত খোজ পেলোৱাৰ সুযোগ দিছিল ড°ভৱেন্দ্ৰ নাথ শইকীয়াই।
--যতীন বৰাক "নায়ক ইমেজ' দিছিল বা 'জনপ্ৰিয় অভিনেত যতীন'ক নিৰ্মাণ কৰিছিল নাটক-চিনেমা লেখক, পৰিচালক মুনিন বৰুৱাই।
'অভিনেতা যতীন বৰা'ৰ বুনিয়াদ গঢ়া এই কেইগৰাকী চিনেকৰ্মীৰ অবৰ্তমানত মহুৰৎ অনুষ্ঠানত , চিত্ৰকৰ্মী চাৰিগৰাকীৰ সহধৰ্মীণীক মাতি আনি তেখেতসকলৰ পৰা আশীষ লৈছিল। চিনেমাৰ কাম আৰম্ভ কৰিছিল ৷ যতীন বৰাৰ এই 'কৃতজ্ঞতাবোধ'ৰ ৰূপ ভাল লাগিল ৷ আমাৰ মন চুই গ'ল।
--সেইদিনা মহুৰৎ অনুষ্ঠানত শেষলৈকে উপস্থিত থাকিব পৰা নাছিলো, এৰিব নোৱাৰ 'ব্যস্ততা'ৰ বাবে।  দিনটোৰ ব্যস্ততাৰ পৰা যোৰকৈ এঘণ্টা উলিয়াই লৈছিলো যতীনৰ আগ্ৰহৰ বাবে, যতীন বৰাৰ প্ৰতি থকা মোৰ আগ্ৰহৰ বাবে। উপস্থিত থকা সেই এঘণ্টাতে অনুভৱ কৰিছিলো অনূষ্ঠানটোৰ সৌন্দৰ্য। মই যতীন বৰাক শুভেচ্ছা জনাই কৈছিলো-- 'ইমান সুন্দৰ, সুপৰিকল্পিত অসমীয়া চিনেমাৰ মহুৰৎ পূৰ্বে দেখা নাছিল! মন ভৰিল। চিনেমা খনৰ প্ৰতি আগ্ৰহ বাঢ়িল।'
--চিনেমা খনৰ প্ৰতি আগ্ৰহ বাঢ়িল! আগ্ৰহৰ চিনেমা খনৰ ধাৰণা?
যতীন বৰাৰ পৰা 'ৰাঘৱ' নামেৰে আৰু এখন 'বজাৰ' সফল চিনেমা আশা কৰিম, যি খনৰ ওচৰত নিস্প্ৰভ হওক 'ৰত্নাকৰ"।
(বহুতে ওপৰে ওপৰে 'বজাৰ' কৈন্দ্ৰীক চিনেমাৰ চৰ্চা হ'লেই দিয়ে 'দক্ষিণ'ৰ চিনেমাৰ উদাহৰণ। বিশ্লেষণ কৰি চায় বা চাব নাজানে  দক্ষিণ ভাৰতৰ চিনেমা মানেই এটা ভাষাৰ চিনেমা নহয়। দক্ষিণ ভাৰতৰ অধিকাংশ লোকৈই তামিল, তেলুগু, কন্নড় আৰু মালয়ালম—এই চাৰিটা দ্রাবিড় ভাষাত কথা কয়, জানে।  শ্রীলঙ্কা, ইন্দোনেছিয়া, থাইলেন্ড আৰু মালয়েচিয়াতো এই চাৰিটা ভাষা জনা, কথা কোৱা মানুহ আছে। --এই বৃহৎ বজাৰ খনত 'দক্ষিণৰ চিনেমা" বুলি চলোৱা হয় তামিল, তেলুগু, কন্নড় আৰু মালয়ালম ভাষাৰ চিনেম। এখন চিনেমা এই চাৰিটা ভাষাত বা ইয়াৰে দুটা মান ভাষাতো প্ৰথম পৰ্যায়তে নিৰ্মাণ কৰা হয়। ইয়াৰো পৰি হিন্দী ভাষাত। আৰু ব্যৱসায় হয় এই বজাৰ খনত। আৰ আৰ আৰ চিনেমা খনে যে ১,১১১-১,২০০ কোটি টকা ব্যৱসায় কৰিছে এটা ভাষাৰে নহয়, হিন্দী আৰু তামিল, তেলেগু আদি যিমানটা ভাষাৰে চিত্ৰগৃহলৈ আহিছে, আটাইকেইটা সংস্কৰণ মিলি। এই বক্স অ'ফিছ কালেক্সনক আমি এনে দৰে চৰ্চা কৰো, যেন এটা ভাষাতহে ইমান হাজাৰ কোটি টকা ব্যৱসায় কৰিছে! ৫৫০ কোটি টকাৰ 'আৰ আৰ আৰ'-এ প্ৰায় ১২০০ কোটি টকা ব্যৱসায় কৰিছে, ১.৫ (ডেৰ) কোটি টকাৰো কম বাজেটৰ এটা ভাষাৰ 'ৰত্নাকৰ'-এ এখন ৰাজ্যৰ কেইটামান চিত্ৰগৃহত প্ৰায় ১২ কোটি টকা ব্যৱসায় কৰিছে। --অসমীয়া চিনেমাৰ সৰু বজাৰ খনত 'ৰত্নাকৰ' বিগ বাজেটৰ বিগ হিট (ছুপাৰ হিট) বুলি নিশ্চয় কব পাৰো।)
ৰত্নাকৰ  মৰমৰ নতুন আখ্যান --যতীন বৰাৰ দ্বিতীয় (চিনেমা) পৰিচালনা। চিত্ৰগৃহলৈ আহিছিল ১১ অক্টোবৰ ২০১৯ -ত। অভিজিৎ ভট্টাচাৰ্যই লিখা এই চিনেমা খনত 'পৰিচালক যতীন বৰা'ৰ চিনেমেটিক কাৰবাৰ অনুভৱ কৰিছিলো। চিনেমা খনৰ 'গল্প', চিত্ৰনাট্য মৌলিক নাছিল। এই যে মৌলিক নাছিল, এয়া দৰ্শকৰ বাবে সমস্যা হোৱা নাছিল। বিশেষকৈ চিনেমাৰ চিনেমেটিক গতি, সংগীত (গীতৰ চিত্ৰায়ন, গীত। 'এটা কথা ...' হৰ্ষিতা ভট্টাচাৰ্যৰ কণ্ঠত জনপ্ৰিয় হৈছিল।) আৰু চৰিত্ৰ নিৰ্মাণে দৰ্শকক চিত্ৰগৃহলৈ টানিছিল।
--এই যে টানিছিল, চিনেমা খনৰ দ্বিতীয় পৰ্যায়ৰ দৰ্শকক।
--প্ৰথম পৰ্যায়ত টানিছিল সু-পৰিকল্পিত প্ৰচাৰ আৰু 'যতীন ইমেজ'-এ। শেষ পৰ্যন্ত চিনেমা খনৰ সৰ্বমুঠ আয় ১০-১২ কোটি টকা বুলি চৰ্চা হৈছে। (আন এক তথ্য: ১.৩ কোটি টকা বাজেটৰ চিনেমা খনৰ আয় ৯.২৩ কোটি টকা।) এয়া অসমীয়া চিনেমাৰ স্থানীয় বজাৰৰ অভিলেখ। এই অভিলেখ নিস্প্ৰভ কথায়ে কৈছোঁ, 'ৰঘৱা-এ নিস্প্ৰভ কৰক।
--চিনেপথত যতীন বৰাৰ যাত্ৰা মসৃন নাছিল।
-- অভিনেতা যতীন বৰাই গঢ় লৈছিল মঞ্চত । যিমান দূৰ মনত পৰে ১৯৮৪ চনৰ কোনো এটি দিনত প্ৰথমবাৰ লগ পাইছিলো যতীন বৰাক । তেতিয়ালৈকে মাত্ৰ এখন অসমীয়া চিনেমাত অভিনয় কৰিছিল । সাধাৰণ চৰিত্ৰত ।  "চৰিত্ৰটো কেনেধৰণৰ ইত্যদি ভবা নাছিলো । – সেই সময়ত মই নাটক কৰি ঘূৰি ফুৰো । তেজপুৰ জিলা পুথিভঁৰালত আব্দুল মজিদ দাই মোৰ অভিনয় দেখিছিল ! আৰু এদিন সুধিছিল — 'মোৰ নতুন চিনেমা খনত তোমাৰ বাবে চৰিত্ৰ এটা আছে । কৰিবা নেকি ?' নকৰো বুলিম নে ! সেই সুযোগ পোৱাৰ পিছত মোৰ মনলৈ বাৰে বাৰে এটা কথায়ে আহিছিল — মই ‘ চামেলী মেমচা’ব ‘ৰ পৰিচালকৰ চিনেমাত অভিনয় কৰিম ! মাজে মাজে নিজকে জৰ্জ বেকাৰৰ সৈতেও ঠিয় কৰাই চাইছিলো। আৰু সেই সময়ত মোৰ মন ভাল নাছিল। সৰুৰে পৰা সপোন দেখিছিলো — চিনেমাৰ নায়ক হম। বিজু ফুকনৰ দৰে চিনেমাত অভিনয় কৰিম ! বিজু ফুকন – মৃদুলা বৰুৱাৰ চিনেমা আহিলেই চাইছিলোঁ। মনতে কেতিয়াবা বিজু ফুকনৰ ঠাইত মৃদুলা বৰুৱাৰ সৈতে মোক ভাবিছিলোঁ ! তেনে এখন সপোনৰ দেশত থাকোতেই সূযোগ পাইছিলো  'আই মোৰ জনমে জনমে'ত। নিপ বৰুৱাৰ চিনেমা । কিন্তু শেষত মোক নলৈ দিবাকৰ দাক লৈছিল । মোৰ হেনো বয়স কম ! সাংঘাতিক দুখ লিগিছিল । সেই দুখৰ সময়তে 'উত্তৰকাল' ত অভিনয়ৰ সুযোগ পাইছিলো। সেই সময়ত এটা কথায়ে চিন্তুা কৰিছিলো — অভিনয় কৰিব লাগে । মোৰ চিন্তা  'চৰিত্ৰ' নাছিল, কেৱল 'চিনেমা'হে আছিল।" (ভিন্ন প্ৰশ্নৰ উত্তৰত যতীন বৰা কৈছিল। দৈনিক কাকত 'আজিৰ সংবাদ'ৰহৈ লোৱা সাক্ষাৎকাৰত । ) — কৈছিল যতীন বৰাই ।  'আজিৰ মানুহ' নামৰ গুৱাহাটী দূৰদৰ্শনৰ বাবে নিৰ্মাণ হৈ থকা ধাৰাবাহিক এখনৰ লোকেচনত । সোণাপুৰৰ ভিতৰুৱা গাঁও এখনত । সেই দিনা যতীন বৰাই প্ৰথম শ্বট দিয়াৰ অভিজ্ঞতাও কৈছিল — ” মোক সাজু কৰোৱা হৈছিল । যেনেদৰ বুজাইছিল , তেনেদৰো কৰিবলৈ চেষ্টা কৰিছিলো । নাই , কৰিব পৰা নাছিলো ! মজিদ দাই কৈছিল মই হেনো সহজ হব পৰা নাই । মই খোজ কাঢ়ি গৈ দোকান এখনত সোমাব লাগে । তিনিবাৰতহে অ’ কে হৈছিল । মই দোকান খনৰ আগৰ পৰা দৌৰ দিলোঁ । লাজত , ভয়ত বা আন কিবা কাৰণত । লোকেচন আছিল চামগুৰি । ” — যতীন বৰাই কোৱা এই ” কথা “ৰ মাজত স্পষ্ট হৈ আছে ” চিনেমাৰ নায়ক ” হোৱাৰ পথ মসৃন নাছিল।
আৰু যেতিয়া ” উত্তৰকাল ” চিত্ৰগৃহলৈ আহিছিল, তেতিয়া অধিক স্পষ্ট হৈছিল ” চিনেমাৰ নায়ক ” নিৰ্মাণত সহায় কৰিব পৰা নহয় যতীনক লৈ নিৰ্মাণ কৰা চৰিত্ৰটো । কম ফুটেজৰ সাধাৰণ চৰিত্ৰ । স্বভাবিকতে অপেক্ষা ! আৰূ তাৰ পিছত মন্থৰ গতি । ১৯৯৫ চনত চিত্ৰগৃহলৈ অহা প্ৰদীপ গগৈৰ পৰিচালনাৰে নিৰ্মিত “আই কিল হিম ছাৰ” তহে যতীন বৰাক দেখিলো ।

যতীন বৰাৰ "ৰাঘৱ" ফ্ল'ৰত। চিনেমা খনত হেনো খৰচ কৰিব ২কোটি টকাৰো বেছি। এই যে ২কোটি টকাৰো বেছি খৰচ কৰিব, খৰচ কৰিবলৈ সাহস দিছে "ৰত্নাকৰ"ৰ সফলতাই...

যতীন বৰাৰ "ৰাঘৱ" ফ্ল'ৰত। চিনেমা খনত হেনো খৰচ কৰিব ২কোটি টকাৰো বেছি। এই যে ২কোটি টকাৰো বেছি খৰচ কৰিব, খৰচ কৰিবলৈ সাহস দিছে "ৰত্নাকৰ"ৰ সফলতাই। "ৰত্নাকৰ"-এ ব্যৱসায় কৰা বজাৰ খন অসম চৰকাৰৰ বিশেষ বিভাগে নিৰ্মাণ কৰি দিয়া বজাৰ নহয়, যতীন বৰাৰ ইমেজ আৰু পৰিশ্ৰমেৰে নিৰ্মাণ কৰি লোৱা বজাৰ। চিনেমা খনৰ মান, মৌলিকতা  প্ৰসংগ চিনেমা খন চিত্ৰগৃহলৈ অহাৰ সময়তে চৰ্চা কৰিছো। এই চৰ্চা কেৱল বজাৰ (বক্স অ'ফিচ) কেন্দ্ৰীক। সন্দেহ নাই, পৰিচালক যতীন বৰাৰো চিন্তা আছিল বজাৰ কেন্দ্ৰীক। গতিকে কব পাৰি যতীন ১০০%শতাংশয়ে সফল। বক্স অ'ফিচ গণিত আছিল ১০০%শতাংশয়ে শুদ্ধ। ইয়াৰ পূৰ্বে সফল হৈছিল জুবিন গাৰ্গ। কব পাৰি --পৰিচালক জুবিন গাৰ্গে "মিছন চাইনা" (Wikipedia -ৰ তথ্য: বাজেট ২ কোটি টকা,  কালেকছন ৬ কোটি টকা), "কাঞ্চনজংঘা" (Wikipedia -ৰ তথ্য: বাজেট ১.৫ কোটি টকা, কালেকছন ৭ কোটি টকা) -ৰে মুকলি কৰা বাটটো আৰু বহলাই আগ বাঢ়িছিল পৰিচালক যতীন বৰাই। সন্দেহ নাই নিজৰ ইমেজ, পৰিশ্ৰম আৰু ফেনক্লাৱৰ সহায়ত অসমীয়া চিনেমাৰ সৰু বজাৰ খন বহল কৰিছিল জুবিন গাৰ্গে। --এই খিনিতে আমি উল্লেখ কৰিব পাৰো, বজাৰ চিন্তাৰে চিনেমা পৰিচলানা কৰি সফল হোৱা প্ৰথম গৰাকী পৰিচালক জ্যোতি প্ৰসাদ আগৰৱালা (চিনেমা: ইন্দ্ৰ-মালতী, বাজেট প্ৰায় ১৫,০০০টকা , কালেকছন প্ৰায় ২৭,০০০টকা)। পৰৱৰ্তী সময় চোৱাত ফনী শৰ্মাৰ পৰিচালনাৰে নিৰ্মিত "চিৰাজ", ব্ৰজেন বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত "ডক্তৰ বেজবৰুৱা" বজাৰত সফল হৈছিল, "ছুপাৰ হিট" বুলি কোৱা হৈছিল। সেই তেতিয়াও বজাৰ নিৰ্মাণ কৰি লৈছিল প্ৰযোজক, পৰিচালক সকলে। সেই তেতিয়াৰ পৰা এতিয়ালৈ স্পষ্ট-- বজাৰ নিৰ্মাণ কৰা হয় "চিনেমা"ৰে। "চিনেমা"ৰেহে বজাৰৰ সন্ধান কৰে, নিৰ্মাণ কৰে।
চিনেমাৰ বজাৰ নিৰ্মাণ কৰি চিনেমা হিট কৰোৱা এগৰাকী পৰিচালক হিমাংশু প্ৰসাদ দাস। নিৰ্মাতা-পৰিচালক গৰাকীয়ে "গৰু" (বাজেট: প্ৰায় ২০ লাখ টকা, আয় প্ৰায় ৩০ লাখ টকা) ব্যৱসায়িক দিশত সফল কৰাইছিল বিকল্প বজাৰত। তেনেদৰে নিজে এটা দল লৈ বজাৰ নিৰ্মাণ কৰি সফল হৈছিল পৰৱৰ্তী সময়তো (চিনেমা: বুলু ফিল্ম, বাজট: ৩০ লাখ টকা,কালেকছন ৭০ লাখ টকাৰো বেছি।)
চিত্ৰগৃহত পঞ্চম সপ্তাহ চলি থকা এখন অসমীয়া চিনেমা "বেলকনিত ভগৱান"। এই চিনেমা খনৰ বাবে বজাৰ নিৰ্মাণ কৰি লৈছে চিনেমা খনৰ নিৰ্মাতা নুৰুল চুলতানে। --এয়া মাত্ৰ কেইটামান উদাহৰণ।
আৰু "মহোৎসৱৰ বজাৰতো" সফল হৈছে নিজা পৰিশ্ৰমেৰে। ১৯৮৭ চনতে জাহ্নু বৰুৱাৰ "হালধীয়া চৰায়ে বাওধান খায়"-এ ১কোটি টকা ব্যৱসায় কৰিছিল (তথ্য: উৎপল বৰপূজাৰী/ আউটলুক)। চিনেমা খনৰ বাজেট আছিল ৭ লাখ টকা। তেনেদৰে ৰীমা দাসৰ "ভিলেজ ৰকষ্টাৰ্ছ"ৰ পৰা বিশ্বজিৎ বৰাৰ "বুম্বা ৰাইড"লৈ কেইবাখনো অসমৰ চিনেমাই বাণিজ্যিক সফলতা পোৱাৰ তথ্য পোৱা যায়। (বিপৰীতে টকা খৰচ কৰি চলচ্চিত্ৰ মহোৎহৱ ঘুৰি ফুৰাৰ তথ্যও পোৱা যায়। এয়া অন্য প্ৰসংগ। এই শিতানতে পূৰ্বে চৰ্চা কৰিছোঁ।) গতিকে ব্যাখ্যাৰ প্ৰয়োজন আছে বুলি নাভাবো, অসম ৰাজ্যিক চলচ্চিত্ৰ ( বিত্ত আৰু উন্নয়ন) নিগমৰ বা চৰকাৰৰ সহায়ত যে "বাহিৰৰ বজাৰ"ত অসমীয় চিনেমাই "বজাৰ" পোৱা নাই।
চিনেমা যি শৈলীৰে নহওক কিয়, চিনেমা জনা প্ৰযোজক-পৰিচালকে বজাৰ চিন্তা কৰে। ড°ভৱেন্দ্ৰ নাথ শইকীয়াই কৈছিল --"চিনেমা খনত খৰচ হোৱা টকা আৰু কিছু লাভৰ অংক কৰি লওঁ। তাৰ পাছত বাজেট ঠিক কৰো। ঠিক কৰি লোৱা বাজেটৰ কথা মনত ৰাখি চিত্ৰনাট্যৰ কাম কৰো, আন কাম আগ বঢ়াওঁ।" অৰ্থাৎ পৰিচালক গৰাকীৰ বাজেটৰ অংকটো এনে ধলণৰ, খৰচ+কিছু লাভ=বাজেট। এই কথা স্পষ্ট চিত্ৰনাট্যৰ পূৰ্বে পৰিচালক গৰাকীয়ে বাজেট ঠিক কৰি লৈছিল।
নাট্যকৰ্মী কিশোৰ তহবিলদাৰে চিনেমা এখনৰ কাম শেষ কৰিছে। পৰিচালক গৰাকীয়ে বজাৰ এখন লক্ষ কৰি লৈ প্ৰচাৰ চলাই আছে। পৰিচালক গৰকীয়ে বিদ্যালয়-মহাবিদ্যালয়ত প্ৰচাৰ নচলায়। প্ৰচাৰৰ বাবে "গাওঁ সভা"ক গুৰুত্ব দিব। নিজে চিনেমা লৈ দৰ্শকৰ ওচৰলৈ যাব। পৰিচালক গৰাকীয়ে চিনেমা খনৰ বিষয়বস্তু মনত ৰাখি বজাৰ চিন্তা কৰিছে।
এতিয়া আমাৰ মনলৈ অহা প্ৰশ্নটো হ'ল-- অসম ৰাজ্যিক চলচ্চিত্ৰ ( বিত্ত আৰু উন্নয়ন) নিগমৰ বজাৰ সন্ধানৰ বুনিয়াদ কি? --উত্তৰ কাৰ পৰা আশা কৰিম? --নিশ্চয় সীমান্ত শেখৰৰ পৰা।অসমীয়া চিনেমাৰ বজাৰ/২ by: Utpal Mena

বৃহস্পতিবার, ১০ নভেম্বর, ২০২২

Box Office Collection

Box Office Collection by:Utpal Mena
👉জুবিন গাৰ্গৰ পৰিচালনাৰে নিৰ্মিত "মিছন চাইনা"ৰ প্ৰথম তিনি দিনৰ  Box Office Collection আছিল ১.২৮ কোটি টকা। প্ৰথম পৰ্যায়ত ২কোটি টকা বাজেটৰ চিনেমা খনৰ Box Office Collection প্ৰায় ৬ কোটি টকা। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ৮ ছেপ্তেম্বৰ, ২০১৭ ত।
👉যতীন বৰাৰ পৰিচালনাৰে নিৰ্মিত "ৰত্নাকৰ"ৰ প্ৰথম তিনিদিনৰ Box Office Collection আছিল প্ৰায় ১ কোটি ৪৫ লাখ টকা। ১.৩ কোটি টকা বাজেটৰ এই চিনেমা খনৰ প্ৰথম পৰ্যায়ৰ Box Office Collection প্ৰায় ৯.২৩ কোটি টকা। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ১১ অক্টোবৰ ২০১৯ ত। 
👉ত্ৰিদিপ ডি লাহনৰ পৰিচালনাৰে নিৰ্মিত "বন্ধু"ৰ প্ৰথম তিনি দিনৰ Box Office Collection ৭০ লাখ ২৫ হাজাৰ টকা। চিনেমা খন চিত্ৰগৃহলৈ আহিছে ৪ নৱেম্বৰ ২০২২ ত। 

এটা কাম কৰিব নোৱাৰানে? ... তোমাৰ ঘৰৰে নাট্যকাৰগৰাকীৰ বিষয়ে লিখিব নোৱাৰানে?

উগ্ৰ মেনা by: Utpal Mena
মোৰ দেউতাৰ খুড়াৰ সৰু ল'ৰা —উগ্ৰ মেনা। গতিকে মোৰ — খুড়া। মোৰ ঘৰৰে নাট্যকাৰ। 'নাটক' নুবুজা সময়ৰে পৰা দেখোঁ— মে' মাহৰ প্ৰথম সপ্তাহমানৰ পৰা খুড়া খুউব ব্যস্ত হৈ পৰে। [খুড়াক আমি মাতিছিলোঁ সৰপিতে (সৰু পিতা) বুলি।] অভিনয় কৰা মানুহে ভিৰ কৰে। যেতিয়া ভিৰ নোহোৱা হয় কলম কাগজ লৈ ব্যস্ত হৈ পৰে। আমি জানিছিলোঁ — নাটক লিখাত ব্যস্ত হয়। সেই সময়ত খুড়াই নাটক লিখিছিল কেৱল মকুন্দ থিয়েটাৰৰ বাবে। মকুন্দ থিয়েটাৰ বেলশৰলৈ আহিলে আমাক ‘মিউজিক বক্স' ত, ডাঙৰ কাঠৰ বাকচত বহি নাটক চোৱাৰ সুবিধা কৰি দিছিল । সেয়া আছিল এক অনুভৱ, নাটক চোৱাৰ উত্তেজনা। --'নাটক' বুজাৰ বয়সত, সেই কাঠৰ বাকচত বহিয়ে চাইছিলোঁ ‘কমলা কুঁৱৰী', ‘বিপ্লবীৰ চেতনা', 'বঞ্চিতা' আদি। ‘কমলা কুঁৱৰী’ত 'কমলা কুঁৱৰী ৰাইজৰ ঈশ্বৰী...' গীতটো অতি সুন্দৰভাৱে ব্যৱহাৰ কৰিছিল, এটা পাৰিবাৰিক কাহিনীৰ সৈতে। সেই নাটকখনৰ বিষয়ে লিখি ম‍ই শ্ৰদ্ধাৰ কনক সেন ডেকাৰ হাতত দিছিলোঁ। সম্পাদিত ৰূপত প্ৰকাশ পাইছিল 'তিনি দিনীয়া অগ্রদূত ত। —কনক সেন ডেকা বেলশৰৰ গৌৰৱ; আৰু সেই সময়ত 'বেলশৰীয়া' কনক সেন ডেকাৰ ‘অগ্ৰদূত' আছিল আমাৰ গাঁৱৰ বহুতৰে ঘৰতে। আছিল মানে,লৈছিল। গতিকে 'কমলা কুঁৱৰী' সম্পৰ্কীয় লেখাটো খুড়াৰ চকুত পৰিছিল। লেখাটো পঢ়াৰ পাছত মোক কৈছিল— 'যি কোনো লেখায়ে লেখকে নিজৰ বাবে লিখিব লাগে। তই মোৰ বাবে লিখিলি।' মই বুজা নাছিলোঁ। বুজাই দিছিল. - ... নাটকখনৰ ভাল দিশৰ কথাহে লিখিছ। দুর্বল দিশো আছিল। দুৰ্বল দিশবোৰ হয়তো তোৰ চকুত পৰা নাই। যদি পৰা নাই— তই নাটকখন চাব জনা নাই। 'নাটক'ৰ কিতাপ কিছুমান আছে, সেইবোৰ পঢ়িব লাগিব। — পাছত মোক কেইখনমান কিতাপ আনি দিছিল। বহু দিন খুড়াৰ নাটকৰ বিষয়ে লিখা নাছিলোঁ। মোৰ মনত সোমাইছিল 'ম‍ই ভ্ৰাম্যমাণ থিয়েটাৰ'ৰ বিষয়ে, বিশেষকৈ ‘নাটকৰ সমালোচনা' লিখিব পৰা হোৱা নাই। মোৰ মনত সোমাই থকা সেই ভাবটো বাহিৰ হৈছিল সুৰদেৱী থিয়েটাৰৰ প্রযোজক ধৰণী বৰ্মনক লগ পোৱাৰ পাছত। তেতিয়া মই নৱম শ্ৰেণীৰ ছাত্ৰ। চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ। মোৰ এজন বন্ধু আছিল (দুঃখিত নামটো মনলৈ আনিব পৰা নাই।); 'নাট্যকর্মী', 'চং'খ্যাত ৰমণী বৰ্মনৰ ভায়েক। সেই বন্ধুজনেই ‘সুৰদেৱী'ৰ প্রযোজকগৰাকীৰ, আমাৰ বিদ্যালয়ৰ ওচৰত থকা ঘৰলৈ লৈ গৈছিল। দুই, তিনিবাৰ । দ্বিতীয়বাৰ যাওঁতে কৈছিল— 'তোৰ লেখা এটা পঢ়িলো। ফণী শৰ্মাৰ ‘এমুঠি চাউল'ৰ বিষয়ে যে লিখিছ, 'দৈনিক অসমত । ভাল লিখিছ। বহুতে 'আজকাল'ৰ কথা উল্লেখ নকৰে। নকৰে মানে, নাজানেই... । তই নাটকৰ সমালোচনা লিখ। পাৰিবি...' লিখিছিলোঁ। আকৌ উগ্র মেনাৰ নাটক। সেই নাট্যবৰ্ষত 'হিট' হৈছিল মকুন্দ থিয়েটাৰৰ 'মামৰে ধৰা অলংকাৰ'। নাটকখনৰ সমালোচনা পঢ়ি খুড়াই আনন্দ প্ৰকাশ কৰিছিল। নাটকখন 'মৌলিক' বুলি ‘চৰ্চা হৈ আছিল; কিন্তু ম‍ই লিখিছিলোঁ 'মাটিৰ ঘৰ' নামৰ বাংলা নাটক এখনৰ সৈতে 'প্রায় একেই। অভিনেতা অভিনেত্রীর অভিনয়ো আলোচনা কৰিছিলোঁ।
'মামৰে ধৰা অলংকাৰ'ৰ বিষয়ে যিটো 'লেখা' লিখিছিলোঁ, সেইটো আজিৰ অসম' (সেই সময়ত পৃষ্ঠাটো সম্পাদনা কৰিছিল মোহন কাকতিয়ে। পৰৱৰ্তী সময়ত মোহন দাৰ সৈতে কাম কৰিছিলোঁ 'আজি'ত। 'আধুনিক চিন্তাৰ সাংবাদিক মোহন দা।) ত প্ৰকাশ পোৱাৰ দিনা মুখামুখি হৈছিলোঁ ভবেন বৰুৱাৰ সৈতে। শিল্পীগৰাকীয়ে সেইদিনা মোক উগ্ৰ মেনাৰ কথা কৈছিল। – ঠিক আছে, তুমি যেনেদৰে ভাবিছা 'মামৰে ধৰা অলংকাৰ'ৰ বিষয়ে তেনেদৰেই লিখিছা। এই বিষয়ত মই একো নকওঁ । ...এটা কাম কৰিব নোৱাৰানে? ... তোমাৰ ঘৰৰে নাট্যকাৰগৰাকীৰ বিষয়ে লিখিব নোৱাৰানে? এবাৰ ভাবাচোন— উগ্ৰ মেনাৰ 'নাটক' বহুতে জানে; কিন্তু উগ্র মেনাক কিমানে জানে? উগ্ৰ মেনাৰ অভিনয় দক্ষতাৰ কথা কিমানে জানে ? ... হয়তো তুমিয়ে নাজানা।সঁচাকৈয়ে জনা নাছিলোঁ। তাৰ দুদিন পাছত উগ্ৰ মেনাৰ সৈতে বহু সময় কথা পাতিছিলোঁ। যি ‘কথা’ পাতিছিলোঁ প্ৰকাশ পাইছিল পষেকীয়া আলোচনী 'সমকাল'ত। উগ্ৰ মেনাই কৈছিল-- "তেতিয়া ম‍ই ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ। তেল শোধনাগাৰ আন্দোলনত যোগ দি গুৱাহাটীৰ কাছাৰীত। পিকেটিং কৰাৰ অপৰাধত আৰক্ষীয়ে গ্রেপ্তাৰ কৰে। সেই সময়তে ব্যাপক ৰূপত গুৱাহাটীবাসীক ইনফ্লুয়েঞ্জা ৰোগে গ্ৰাস কৰে। মইও আক্রান্ত হ'লোঁ। আৰু গণৰাজ্য দিৱস উপলক্ষে মুক্তি দিয়াত ঘৰৰ ল'ৰা ঘৰলৈ গুচি আহিলোঁ। — পঢ়া জীৱনৰ যতি পৰিল আগলৈও নপঢ়োঁ বুলি মন কোচাই ল'লোঁ'। ...
সেই সময়তে নাট্য সাহিত্য আৰু অভিনয়ৰ প্ৰতি মোৰ অনুৰাগ প্ৰকাশ্যভাৱে তীব্র হৈ পৰিল। আৰু 'কঠালবাৰী নাট্য সমিতি'ত যোগ দিলোঁ।চনটো আছিল ১৯৫৮। মোৰ কাম আছিল বাংলা নাটক আক্ষৰিক অনুবাদ কৰা আৰু হৈ  নাটক স্মৰণ কৰোৱা। কিন্তু কেইগৰাকীমান বন্ধুৰ হেঁচাত অতি কম দিনৰ ভিতৰতে নাট্য সমিতি এৰি গুৱাহাটী কটন কলেজিয়েট ভর্তি হওঁ। সেই সময়ছোৱাত সুকণ্ঠী গায়ক 'নলিনী চৌধুৰী, 'নতুন পৃথিৱী' চলচ্চিত্রৰ নায়িকা মীনাক্ষি চৌধুৰী আদিৰ লগ হৈ মই লিখা কেইবাখনো নাটক মঞ্চস্থ কৰো।
১৯৬৬ চনত বেলশৰ 'কামৰূপ নাট্য কলাকেন্দ্র'ত অভিনয়কে জীবিকা ৰূপে গ্ৰহণ কৰি আজিলৈকে ভ্রাম্যমাণ নাট্যদলৰ নাট্যকাৰ আৰু পৰিচালকৰূপে সাঙোৰ খাই আছোঁ। সেই সময়ত ভ্ৰাম্যমাণত অভিনয় কৰিবলৈ বাংলা নাটক অনুবাদ কৰি লোৱা হৈছিল। ৭২ চনলৈকে ময়ো তাকেই কৰিছিলোঁ যদিও আক্ষরিক অনুবাদ নকৰি বাংলা ভাষা আৰু আচাৰ-ব্যৱহাৰৰ প্ৰতিফলন নপৰাকৈ অসমীয়া সাঁচত নিজৰ কথাৰে লিখিছিলোঁ। 'মিলন মালা' নাটকখন মূল বাংলাৰ পৰা এনে সতর্কতাৰে যুগুতোৱা হৈছিল যে, প্ৰতিজন দৰ্শকৰ মনত গভীৰ ৰেখাপাত কৰিবলৈ সমৰ্থ হৈছিল । ভ্রাম্যমাণ যাত্ৰা জগতত এইখনেই মোৰ প্ৰথম সামাজিক নাটক। ৭৩ চনত 'মকুন্দ থিয়েটাৰ'ত যোগদান কৰাৰ পাছত নাটৰ লিখন ৰীতি সলনি কৰিলোঁ। দুই-এখন হিন্দী আৰু বাংলাৰ পৰা সম্পাদনা কৰি, উপন্যাসৰ আধাৰত নাট লিখিব ল'লোঁ। আৰু বছৰেকত এখনকৈ হ'লেও মৌলিক নাট ৰচনা কৰাত মনোযোগ দিলোঁ । আর্তনাদ এটি নিশাৰ' --মোৰ প্ৰথম স্বৰচিত পূৰ্ণাংগ নাটক। পূৰ্বতে উল্লেখ কৰা পদ্ধতিৰে যুগুতোৱা আৰু ৰচনা কৰা পূৰ্ণাংগ নাটৰ সংখ্যা প্ৰায় এশ হ'বগৈ। ইয়াৰ বাহিৰেও পোন্ধৰখন মান একাংকিকা বন্ধু-বান্ধৱৰ তাগিদাত লিখিছিলোঁ ছাত্রাবস্থাতে।  ৬৫ চনত নলবাৰীত অনুষ্ঠিত সদৌ অসম একাংকিকা নাট প্ৰতিযোগিতাত পুৰস্কাৰপ্ৰাপ্ত 'জোৰণ' উল্লেখযোগ্য।
আৰু পৰিচালক ? --অপেচাদাৰী নাট্যদলত স্বয়ম্ভু নাট পৰিচালক হ'লেও ভ্ৰাম্যমাণত পৰিচালকৰ দায়িত্ব ভাৰ অৰ্পণ কৰে ভাগ্যদেৱী'ৰ প্ৰযোজক শৰৎ মজুমদাৰে। তেতিয়াৰে পৰাই আজিলৈকে 'মকুন্দ থিয়েটাৰেও পৰিচালনাৰ ভাৰ মোৰ ওপৰত থাপিছে। সময়ৰ গতিবেগত এই ভাৰ গ্ৰহণ কৰা মোৰ আৰ্থিক পৰিবেশবিহীন এজন নিঃসহায় লোকৰ বাবে অতি কষ্টকৰ।" ( "সমকাল" / ১৯ ৮৬)
--কায়িক উগ্ৰ মেনা আজি আমাৰ মাজত নাই। নাটক বোৰো হেৰাই থাকিল। কিন্তু ভ্ৰামমাণ থিয়েটাৰৰ ইতিহাস কোনেও নিলিখিব উগ্ৰ মেনাক বাদ দি।

শনিবার, ৫ নভেম্বর, ২০২২

দূৰ্গাৰ নিৰ্দেশত কেমেৰা ঘূৰাইছে... /৩

চিনামা by: Utpal Mena
১৭ জুলাই ২০২২। চেৰাপুঞ্জিত আমাৰ দ্বিতীয়তো দিন।
-- সময় আগুৱাইছিল।
-- চাহ-মেগি পৰ্ব শেষ হৈছিল। চুটি হোৱা চিগাৰেটৰ টুকুৰাটো মাটিত পেলাই দি জোতাৰে গচকি দিছিল দূৰ্গাই।
-- ৰ'দ ওলাইছিল। চেচাঁ চেচাঁ ভাৱ অকনো নাছিল। সুন্দৰ পোহৰ পোৱাত দূৰ্গা আকৌ ব্যস্ত হৈছিল চিত্ৰগ্ৰহনত। 
স্পষ্ট হৈছিল চেভেন চিষ্টাৰছ জলপ্ৰপাত। দূৰ্গাই নিৰ্দেশ দিছিল বিভিন্ন দিশৰ পৰা  কেমেৰাত বন্দী কৰিবলৈ।
মই উভতিছিলোঁ Bynardi inn -লৈ। দূৰ্গাই কৰিবলৈ দিয়া কামত ব্যস্ত হৈছিলোঁ। 
শ্বিলঙৰ পৰা সোহ-ৰালৈ (ছেৰাপুঞ্জিলৈ) যোৱাৰ বাটত অদ্ভুত পাহাৰ খন। গাড়ী ৰাখি পথৰ বাওঁফালে আমি নামি গৈছিলোঁ। পথতকৈ কিছু তললৈ, খটখটিৰে। নিজৰাৰ কুলু কুলু শব্দ আমাৰ কাণত পৰিছিল। এটা-দুটা নহয়, যেন শ-হেজাৰ নিজৰাৰ কুলু কুলু! আৰু কিছু নামি আৰু কিছু তল পালোঁ। নাই, এটা নিজৰাও চকুত নপৰিল। শব্দ, কেৱল শ-হেজাৰ নিজৰাৰ হাঁহি! যিমান দূৰলৈ চাব পাৰি, সিমান দূৰলৈ কেৱল খাচী পাহাৰৰ সেউজীয়া সৌন্দৰ্য। --কেমেৰা ঘূৰাই থকাৰ সময় দূৰ্গাই কৈছিল, "এই যে শ-হেজাৰ নিজৰাৰ কুলু কুলু, এই যে দেখা নাই, শুনিছোঁহে, এয়া হৃদয়ৰ হাঁহি হব পাৰে, কান্দোনো হব পাৰে! --নায়িকাৰ!"
--ঠিক গল্পটো নহয়, গল্পটোৰ blueprint আঁকি লৈ কাম আগবঢ়াই প্ৰাক চিত্ৰনাট্য পৰ্ব। দূৰ্গাই কৈছিল-- "এই খিনিতে চিনেমা খনৰ নায়িকাক লৈ দুই ঘণ্টা মানৰ কাম কৰিব পৰিচালকে। আমি যে আজি এই কাম খিনি কৰিলোঁ, নকৰিলে দুই ঘণ্টাত নহয়,  এসপ্তাহতো কাম শেষ নহব!"
--কিয়?
"আজি যিমান খিনি কাম কৰিলো, শ্বট ললো, ইমান খিনিৰে গল্প বহুখিনি আগবঢ়াব পাৰিব। 'চৰিত্ৰ'ক লৈ কেইটামাণ শ্বট ল'লেই হব, মোৰ ধাৰণাত।..." --দূৰ্গাই কৈছিল। যাত্ৰাকালত দূৰ্গাই কোৱা কথাৰ পৰা ধাৰণা কৰিছিলোঁ, প্ৰাক চিত্ৰনাট্যৰ কেমেৰাকৰ্মৰ ১০০% শতাংশ ফুটেজেই পৰিচালক-চিত্ৰনাট্যকাৰে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে। আৰু ইমান খিনি জানিছিলোঁ, চিত্ৰনাট্য ৰচনাৰ পূৰ্বে আংশিক (৪০% শতাংশ)  চিত্ৰগ্ৰহণ কৰা চিনেমাৰ প্ৰাথমিক চিত্ৰনাট্য পৰিচালকে লিখে, চিত্ৰনাট্য ডিজাইনাৰৰ সহায়ত। 
--সময় আগবাঢ়িল।
--এন্ধাৰ নামি আহিছিল।
দূৰ্গাই দিয়া দায়িত্ব শেষ কৰি Bynardi inn -ৰ বেলকনিত ঠিয় হৈছিলোহে, দৌৰাৰ দৰে আহি বান থাবাহই ক'লে-- "গান গাবলৈ গান গোৱা মানুহ আহিব, সেই খিনিতে (Bynardi inn -ৰ সন্মুখৰ পথটো দেখুৱাই ক'লে) গাব। চকী পাৰি দিম। ইয়াৰ পৰায়ে দেখিব!"
দেখিলোঁ, বাদ্য-শব্দ যন্ত্ৰ লৈ চাৰি-পাঁচ গৰাকী যুবকে পথৰ দাঁতিত নামিছে। বুজিলোঁ, আৰু কিছু সময় পাছতে গীত শুনিবলৈ, চাবলৈ পাম। দেখিলোঁ, যুৱক কেইগৰাকীৰ সৈতে দূৰ্গাকো। দূৰ্গাই কথা পাতিছে। বুজিলোঁ, দূৰ্গাই কেমেৰা চলাব।
দুৰ্গাৰ নিৰ্দেশত কেমেৰা চলিল। পদপথত গীত গাইছে, গীটাৰ আদিৰ সৈতে খাচী সমাজৰ লোকবাদ্যও বাজিছে।
মিড শ্বট, ৱাইড শ্বটত ধৰি ৰাখিলে পদপথৰ সংগীতানুষ্ঠান। পাছত সৰু পৰ্দাত গীতটো চাইছিলোঁ। বুজিছিলোঁ-- কেনেদৰে realistic cinematic কৰ্ম বোৰ কৰা হয়।
দূৰ্গাই কৈছিল, "এনেধৰণৰ সংগীতকৰ্ম ইয়াত প্ৰতি শনিবাৰ, দেওবাৰে হয়। আনবাৰেও হয়, মাজে সময়ে। গতিকে দিগদাৰ নহব, পাছত নায়িকাক লৈ দুটামান ক্ল'জ শ্বট লোৱাত। মই তেওঁলোকৰ সৈতে কথা পতিছোঁ, মই যে কেমেৰাত ধৰি ৰখালোঁ, খাচী লোক গীতটো, সেই গীতটোৰে সংগীতানুষ্ঠান আৰম্ভ কৰাতো তেওঁলোকৰ অলিখিত নিয়ম।" (আৰু আছে)