শনিবার, ২৯ নভেম্বর, ২০২৫

ৰৈ ৰৈ বিনালে | চিনেচৰ্চা

"ৰৈ ৰৈ বিলালে" চালোঁ।

চুই গ'ল-- গীতে, গীতৰ চিত্ৰায়নে। 

চুই গ'ল-- জুবিনৰ অভিনয়ে। পূৰ্বৰ পৰিপাটি অভিনয় (দীনবন্ধু, মনযায়) -তকৈ শ্ৰেষ্ঠ ৰাউল। 

চিনে-চিন্তা আছিল জুবিন গাৰ্গৰ। গতিকে ক'ব পাৰোঁ-- পুৰঠ হৈ আহিছিল চিনেকৰ্মী জুবিন গাৰ্গ। কাহিনী-ৰেখাৰ গতিত সংগীত প্ৰয়োগ, গীতৰ আৰু  গীতাংশৰ সংযোজন, বিষয়-বস্তু প্ৰয়োগ (চিনে-সৌন্দৰ্যত চেকা নলগাকৈ সাহিত্যৰ ভাষাক গুৰুত্ব দি) চিনেমা খনৰ প্ৰথম ইতিবাচক দিশ।

জুবিনৰ এই চিনে-চিন্তা সংগীত কেন্দ্ৰিক। 

--নাম আছিল ৰাহুল। অনা-অসমীয়া সংগীতৰ শিক্ষক ভিক্টৰ ছাৰে (অভিনয় কৰিছিল ভিক্টৰ বেনাৰ্জীয়ে) মাতিছিল ৰাউল বুলি। ছাৰৰ "ৰাউল" উচ্চাৰণ সলনি কৰিব নোৱাৰিলে ৰাহুলে। সময়ত ৰাউল নামেৰেই জনাজাত হ'ল। ৰাউল ৰূপালী গল্পটোৰ মূল বিন্দু। কাহিনীৰ গতি সৰল-ৰৈখিক। গতিত পৰিপাটি অতীত-চাৰণ প্ৰয়োগ।

--চিনেমা খনৰ কাহিনীৰ গতিত দেখা গৈছে "সন্ত্ৰাসবাদৰ দাগ"। বোম বিস্ফোৰণত চকু হেৰুৱালে ৰাউলে। কিশোৰ ৰাউলে দুচকু হেৰুৱালে। নেদেখা হ'ল। মনৰ মাজত সি হাহাকাৰ অনুভৱ কৰিলে। "মই নেদেখো ছাৰ!" ভিক্টৰ ছাৰে তাৰ হাতত তুলি দিলে-- গীতাৰ। musical instrument (বাদ্যযন্ত্র)। 

সংগীতে পোহৰৰ বাট দিলে ৰাউলক।

সংগীতৰ "বহল পৃথিৱী" বিছাৰি সি মহানগৰী পালে। আহিয়ে সি অনুভৱ কৰিলে-- সি বিছৰা "সংগীতৰ পৃথিৱী" খন যেন মহানগৰীত নাই! সি ওভটাৰ বাট ল'লে। উভতি সি তাৰ গাওঁ পালে হেতেন, যদিহে দেবুদাক (চৰিত্ৰটো নিৰ্মাণ কৰিছে সৌৰভ হাজৰিকাক লৈ। অভিনেতা গৰাকীৰ "শ্ৰেষ্ঠ অভিনয়" যে ৰূপালী গল্পটোৰ বিশেষ সৌন্দৰ্য সন্দেহ নাই। সন্দেহ নাই-- অভিনেতা গৰাকীৰ ৰূপালী-কৰিয়াৰ শ্ৰেষ্ঠ অভিনয়।) লগ নাপালে হেতেন! বুকুত অসম আন্দোলনৰ যন্ত্ৰণা লৈ মহানগৰীত ৰেষ্টুৰেণ্ট এখন চলাই জীৱন পাৰ কৰি আছে দেবুদাই।

দেবুদাই ৰাউলক চিনাকী কৰি দিলে-- সংগীতৰ ছুপাৰষ্টাৰ নীড়ৰ সৈতে (চৰিত্ৰটো নিৰ্মাণ কৰিছে জয় কাশ্যপক লৈ)। নীড়ৰ সংগীত-চিন্তা ৰাৱলৰ সংগীত-চিন্তাৰ সম্পূৰ্ণ বিপৰীত (চিনেমা খন চোৱাৰ সময়ত আমাৰ মনলৈ আহিছিল-- নীড়-ৰাউল "জুবিন গাৰ্গ"ৰ দুটা "সংগীত-চিন্তা" বুলি ভাবিব পাৰোঁ নেকি!)। স্বাভাৱিকতে সংঘাত হয়। আৰু সংঘাতে কাহিনীক গতি দিয়াত সহায় কৰে। (কাহিনী প্ৰসংগ ইমানতে এৰিলোঁ। কাহিনীৰ গতিয়ে মনলৈ আনি দিয়া প্ৰশ্ন-- পৰিচালকে সম্পাদনাত আৰু পৰিশ্ৰম কৰিব লাগিছিল নেকি? জুবিনৰ অবৰ্তমানত পৰিচালকে "জুবিনৰ চিনে-চিন্তা"ক পৰ্দালৈ নিয়াত আপোচ কৰিলে নেকি বা কৰিবলৈ বাধ্য হ'ল নেকি? কোনোবা খিনিত আধৰুৱা হ'ল নেকি?) কাহিনীৰ গতি মসৃন বা ছান্দিক বুলিব নোৱাৰি। সংগীত, সংলাপ প্ৰয়োগৰ ইতিবাচক দিশৰ বিপৰীত চিনেমা খনৰ কাহিনীৰ গতি। (আৰু আছে)

সংযোজন:

চিনেমা খনৰ বাজেট: ৪ কোটি টকা। 

চিনেমা খন প্ৰথম পৰ্যায়ত দেশৰ ১৪৩টা চিত্ৰগৃহত (দৈনিক ৬৬৪ দৰ্শনী) মুক্তি দিয়া হৈছে। প্ৰথম পৰ্যায়ত অসমৰ ৫৩টা চিত্ৰগৃহত (দৈনিক ৪৩১টা দৰ্শনী), 

প্ৰথম পৰ্যায়ত অসমৰ বাহিৰৰ ৯০টা চিত্ৰগৃহত (দৈনিক ২৩৪ টা দৰ্শনী)। 

প্ৰথমটো দৰ্শনী আৰম্ভ হৈছিল পুৱা ৪.২৫ বজাত, গুৱাহাটীৰ বেলতলাত। 

চিনেমা খনৰ প্ৰথম দিনটোৰ সংগ্ৰহ ২.৫২ কোটি টকা। 

--এয়া অসমীয়া চিনেমাৰ "বজাৰ অভিলেখ।



মঙ্গলবার, ২৫ নভেম্বর, ২০২৫

মঙহ্‌ | নাটক


"মঙহ্"-- চালোঁ। ৰচনা-পৰিচালনা সীমান্ত শর্মাৰ। সুৰজিৎ একাডেমীৰ উদ্যোগত  শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ ড° বানীকান্ত কাকতি প্ৰেক্ষাগৃহত মঞ্চস্থ নাটক খনৰ বিষয়-বস্তু-- নাৰী। নাৰী নিৰ্যাতন! নাৰী শক্তি! বিষয়-বস্তু নিৰ্মাণৰ বাবে নাট্যকাৰে জন্মৰ পাছতেই, জন্মদাত্ৰীয়ে বা আন কোনোৱে পেলাই থৈ যোৱা "জীৱন্ত মঙহ্‌" (দেৱশিশু) প্ৰসংগ আনিছে। আনিছে ঘৰুৱা নিৰ্যাতনৰ বলি হোৱা কিশোৰ প্ৰসংগ। "জন্মৰ পাছতেই পথৰ দাঁতিত পেলাই যাবলৈ কিয় জন্মদিয়ে আমাক!" --এনে ধৰণৰ সংলাপেৰে গতি লয় নাটক খনৰ কাহিনী-ৰেখাই। কাহিনী-ৰেখাৰ মূল বিন্দু-- আই। নাম:শেৱালী। চৰিত্ৰটোত অভিনয় কৰিছে কৰিস্মিতা তালুকদাৰে। সন্দেহ নৰখাকৈ ক'ব পাৰি-- কৰিস্মিতাৰ অভিনয় নাটক খনৰ প্ৰধান সৌন্দৰ্য। অতীত-চাৰণেৰে দেখুৱাই শেৱালী ধৰ্ষণৰ বলি হয়, শেৱালীৰ প্ৰেমিকক হত্যা কৰায় নাটক খনৰ কাহিনীৰ খলনায়ক বংশীধৰে (অভিনয় কৰিছে ধ্ৰুৱজ্যোতি কলিতাই)। কাহিনীৰ গতিত স্পষ্ট হয় বংশীধৰে কাম কৰে ৰাজনীতিৰ ক্ষেত্ৰ খনত আগবাঢ়িব খোজা হিমাদ্রী হাজৰিকাৰ (আভিনয় কৰিছে জেছমিনা হুছেইনই।) পক্ষত থাকি। আনফালে কৰৱী (কৃষ্টি ৰাজবংশী), পদুমী (পলক কৈৰি), মিতু (লিয়ানা দেৱ), ৰিতু (কৌস্তভ চৌধুৰী), 
ৰন্টু (অংশুমান দাস) আদি অনাথ শিশু কিশোৰক জীৱনৰ বাট দেখুৱাই শেৱলীৰ পৰা সমাজত আইৰ পৰিচয় পোৱা শেৱালী হিমাদ্রী হাজৰিকাৰ বাটৰ কাইট হৈ পৰে। মানুহৰ হিটৰ বাবে, সমাজৰ বাবে কাম কৰি জনপ্ৰিয় হোৱা শেৱালীক বংশীধৰৰ হতুৱাই আঁতৰাবলৈ ফাং পাতে। 
--নাট্যকাৰ, পৰিচালকে (নাটকৰ কাহিনী-ৰেখাৰ শেষত) শেৱালীক দেৱীৰ ৰূপলৈ ৰূপান্তৰ কৰে। দুর্গা, কালি, চণ্ডীৰ ৰূপত নাৰী শেৱালীয়ে শেষ কৰে সমাজৰ অপশক্তিক, অন্ধকাৰ আঁতৰাই জগত পোহৰাই তোলে । সমাজৰ নেতিবাচক শক্তিক আঁতৰাই ইতিবাচক আদর্শ প্রতিষ্ঠা কৰে নাৰীৰ সেই ৰূপে। শেষ (হত্যা কৰে) কৰে সমাজৰ দানৱ বংশীধৰক। এই নাট্য-দৃশ্যত দৰ্শক অনুভৱ কৰে কৰিস্মিতাৰ অভিনয় শক্তি (acting power)। নাট্য-দৃশ্যটো নাট্য-সৌন্দৰ্যলৈ ৰূপান্তৰ কৰিছে অভিনয়ৰ লগতে সংগীত (পৰিচালনা: গৌতম শইকীয়া), পোহৰ (কৃতাৰ্থ শৰ্মা আৰু যাদৱ মহন্ত), মঞ্চসজ্জাই (গনেশ বড়ো)।
--এই নাটক খনৰ নাটখনৰ সহকাৰী পৰিচালক বিনীতা দেৱী আৰু হেমেন সেনাপতি,  গীতৰ কণ্ঠ চন্দামিতা ডেকা, সংগীতৰ সহযোগী দীপা মহন্ত,  নৃত্য পৰিচালনা প্ৰণৱ জ্যোতি ৰাভা, ৰূপ সজ্জা জ্যোতিস্মিতা কলিতা, সাজসজ্জা তৃষ্ণা কলিতা আৰু হিমাংশু দাসৰ।   
সংযোজন, প্ৰযোজনা গোষ্ঠীৰ বিষয়ে:
সুৰজিৎ একাডেমী ১৯৯৭ চনৰ ১ জুনত গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা কৰা হৈছিল। তেতিয়াৰ পৰা অহৰহ নাট্য-কৰ্ম, নাট্য-চৰ্চা কৰিআহিছে। তেতিয়াৰ পৰা দুবছৰীয়া নাটৰ পাঠ্যক্ৰম আজি পৰ্য্যন্ত চলি আছে। প্ৰশিক্ষণ প্ৰদান কৰি আহিছে অসমৰ অভিজ্ঞ নাট্য কলা কুশলীয়ে। বছৰত তিনি-চাৰি খন নাট পৰিৱেশিত হৈ আহিছে। তাৰ লগতে অসমত নাটৰ প্ৰতিযোগিতা সমূহতো অংশ লোৱা হৈছিল। ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ অধীনৰ বিভিন্ন বিভাগৰ আঁচনি সমূহ বাটৰ নাটেৰেও পৰিৱেশন কৰে।
শিক্ষাৰ্থী বহুজন ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, দিল্লীৰ পৰাও স্নাতক হৈছে। বহু জন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংস্কৃতিক ক্ষেত্ৰ, অসমৰ মঞ্চ আৰু চলচ্চিত্ৰত প্ৰতিষ্ঠিত- হিমাংশু প্ৰসাদ দাস, চন্দনা শৰ্মা, ৰাজীব কলিতা, বিনীতা দেৱী, মণ্টু কুমাৰ দাস, অদিষ্ণা ৰাজবংশী, দিগন্ত শৰ্মা, কাবেৰী মহন্ত, হিমাংশু শৰ্মা, স্বপন দাস, প্ৰাণজিৎ ডেকা, গৌতম দাস, মৃণাল শৰ্মা।
বহুজন শিক্ষাৰ্থী ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেগৰ স্কলাৰশ্বিপ, ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ, চিনিয়ৰ ফেল' শ্বিপ, জুনিয়ৰ ফেল' শ্বিপ, যুৱ স্কলাৰশ্বিপ, শিশু স্কলাৰশ্বিপ পাইছে। 
নাট্য-চৰ্চাৰ লগতে ২০০৩ চনৰ পৰা পুতলা নাট কৰি আহিছে। সংগীত নাটক অকাডেমী, আই জি এণ চি, আই চি চি আৰ, এন ই জেড চি চি, নাবাৰ্ড, চি চি আৰ টি, এচ বি আই, আই আই টি, বিজ্ঞান প্ৰসাৰ, এচ এইছ টে ক সমূহত পুতলা নাট কৰি আহিছে, প্ৰতি বছৰে ১৫-১৬ খন। 
--উৎপল মেনা

বৃহস্পতিবার, ২০ নভেম্বর, ২০২৫

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত সহায় কৰে। 
"তুমি মোৰ মাথোঁ মোৰ"ত জুবিনে (চিনেমা খনৰ পৰিচালক: জুবিন গাৰ্গ। প্ৰথম পৰিচালনা। চিত্ৰগৃহলৈ আহিছিল ২০০০ চনত।) নিজকে ৰোমাণ্টিক হিৰো ইমেজত নিৰ্মাণ কৰিছিল। স্বাভাৱিকতে কেচা অভিনয়। এই বাটে আগবাঢ়ি জুবিনে পৈনত অভিনৰে পৰিচালকক চৰিত্ৰ নিৰ্মাণত সহায় কৰিছিল "গানে কি আনে"ত (পৰিচালক: ৰাজেশ যশপাল। চিত্ৰগৃহলৈ আহিছিল ২০১৬-ত)। এই চৰিত্ৰটো বহু পৰিমানে "জুবিন ইমেজ" মুক্ত, যাৰ বাবে "ৰ’দৰ চিঠি" (পৰিচালক: বাহাৰুল ইছলাম। চিত্ৰগৃহলৈ আহিছিল ২০১৪-ত।), "ডক্টৰ বেজবৰুৱা ২" (পৰিচালক: নিপন গোস্বামী। চিত্ৰগৃহলৈ আহিছিল ২০২৩-ত।), "চিকাৰ" (পৰিচালক: দেবাংকৰ বৰগোহাঁই। চিত্ৰগৃহলৈ আহিছিল ২০২৪-ত।), "সাত নম্বৰৰ সন্ধানত" (পৰিচালক: আব্দুল মজিদ। চিত্ৰগৃহলৈ আহিছিল ২০১৬-ত।), "প্ৰিয়াৰ প্ৰিয়" (পৰিচালক: মুনিন বৰুৱা। চিত্ৰগৃহলৈ আহিছিল ২০১৭-ত।), "দি আণ্ডাৰৱৰ্ল্ড" (পৰিচালক: ৰাজেশ যশপাল। চিত্ৰগৃহলৈ আহিছিল ২০১৮-ত।), "ৰাজনীতি" (পৰিচালক: মঞ্জিত শৰ্মা। চিত্ৰগৃহলৈ আহিছিল ২০২২-ত।) -তকৈ ওপৰত ৰাখিব পাৰি। "চৰিত্ৰ" ভিন্ন। মুনিন বৰুৱাই "কমেডি হিৰো"ৰো বাট দিছিল। কিন্তু জুবিনে "জুবিন ইমেজ"-এৰেহে পৰিচালকৰ নিৰ্দেশ মানিছিল, আমাৰ ধাৰণাত। 
জুবিন গাৰ্গে নিজৰ বাবে নিৰ্মাণ কৰা দুটা চৰিত্ৰ-- কৰ্ণেল গোস্বামী (চিনেমা: মিছন চাইনা। ২০১৭।), অনিৰ্বাণ ভট্টাচাৰ্য (চিনেমা: কাঞ্চনজংঘা। ২০১৯।)। এয়াই সত্য-- চৰিত্ৰ দুটা "বলিউডী ষ্টাইল"ৰ। অভিনয়ৰ সুযোগ লোৱা নাছিল, "চৰিত্ৰ"ক লৈ কাহিনীক দ্ৰুত গতি দিয়াত গুৰুত্ব দিছিল। আমাৰ ধাৰণত-- দৰ্শকে "জুবিনৰ চিনেমা" বুলিয়ে গ্ৰহণ কৰিছিল। তুলনা মুলক ভাৱে কৰ্ণেল গোস্বামীতকৈ অনিৰ্বান শ্ৰেষ্ঠ (অভিনয়), অভিনয়-শক্তি প্ৰয়োগৰ বাবে কিছু "ফুটেজ" লৈছিল। 
--এই খিনিতে চৰ্চা নকৰিলে ভুল হ'ব-- জুবিন গাৰ্গে পৰিচালনা কৰা দ্বিতীয় আৰু তৃতীয় চিনেমা দুখনত "বজাৰ-চিন্তা"ত জোৰ দিছিল। লক্ষ্য আছিল-- অসমীয়া চিনেমাৰ বজাৰ খন বহল কৰা। "বিগ-বাজেট, বিগ-বাজাৰ"। সকলোকে আছৰিত কৰি ২ কোটি টকা বাজেটৰ "মিছন চাইনা" নিৰ্মাণ কৰিছিল। সফলো হৈছিল। চিনেমা খনৰ প্ৰথম পৰ্যায়ত সৰ্বমুঠ আয় ৬.০৭ কোটি টকা। "কাঞ্চনজংঘা" নিৰ্মাণ কৰিছিল ১.৫ কোটি টকা খৰচ কৰি। প্ৰথম পৰ্যায়ত সৰ্বমুঠ আয় ৫.১২ কোটি টকা। এই বাণিজ্যিক সফলতাই অসমীয়া চিনেমাৰ প্ৰযোজকক সাহস দিছে, নতুন বাণিজ্যিক বাট দেখুৱাছে। --জুবিনৰ এই সফলতাৰ মূল-মন্ত্ৰ আছিল আত্মবিশ্বাস। "অসমীয়া চিনেমা নচলে"ৰ দৰে কথা মনলৈ অনা নাছিল। "কিয় নচলিব, চলামেই" ধাৰণাৰে আগবাঢ়িছিল। ক'ব পাৰি-- জুবিনৰ সাহস আৰু বজাৰ-চিন্তা দক্ষতাৰ বাবেই "বিগ-বাজেট, বিগ-বাজাৰ" সূত্ৰ সফল হৈছে। 
আহিছোঁ-- জুবিনে অভিনয় কৰা "ৰৈ ৰৈ বিনালে"লৈ। জুবিনৰ চিনে-চিন্তাৰে ৰাজেশ ভূঞাই পৰিচালনা কৰা এই চিনেমা খনৰ বাজেট ৪ কোটি টকা। প্ৰথম দিনটোৰ সংগ্ৰহ ২.৫২ কোটি টকা। অসমীয়া চিনেমাৰ বজাৰত "নতুন ৰেকৰ্ড"। এই খিনিতে আমি এনে দৰেও চৰ্চা কৰিব পাৰো-- অসমীয়া চিনেমা ৰ "বজাৰ" খন আজিৰ তাৰিখতো বলিউদ বা তেলেগু ইত্যাদি চিনেমাৰ "বজাৰ"ৰ সৈতে তুলনা কৰিব পৰা পৰ্যায় পোৱা নাই। পোৱা সহজ নহয়। গতিকে তুলনা কৰা উচিৎ নহয়। যোৱা ৩১ অক্টোবৰত (২০২৫) চিত্ৰগৃহলৈ অহা তেলেগু চিনেমা (Baahubali: The Epic) "বাহুবলী"ৰ প্ৰথম দিনটোৰ মুঠ বাণিজ্য বিশ্বজুৰি প্ৰায় ১৯ কোটি টকা। ইয়াৰ মুঠ সংগ্ৰহ ভাৰতত প্ৰায় ১৫ কোটি টকা। এই বাণিজ্য মনত ৰাখি আমি "অসমীয়া চিনেমা" বা অসমীয়া ভাষাৰ চিনেমা এখনৰ "বাণিজ্য স্থান" নিৰ্ধাৰণ কৰিলে শুদ্ধ নহব। শুদ্ধ নহব-- এই বাণিজ্য মনত ৰাখি "বাহুবলী"ক প্ৰথম স্থানত ৰাখিলে। আমাৰ "অংক"ত-- যোৱা ৩১ অক্টোবৰত চিত্ৰগৃহলৈ অহা ভাৰতীয় চিনেমাৰ "বক্স অ'ফিচ ৰিপ'ৰ্ট"ত প্ৰথম স্থানত থাকিব লাগে "ৰৈ ৰৈ বিনালে"। "বাহুবলী"ৰ তুলনাত (আনুমানিক বাজেট: প্ৰায় ৪০০ কোটি টকা) "ৰৈ ৰৈ বিনালে"ৰ বাজেট অতি কম। ৪ কোটি টকা। 
--জুবিনৰ লক্ষ্য আছিল "ভাৰতীয় বাণিজ্যিক চিনেমা"ৰে ফেৰ মাৰা। সফল হ'ল-- জীৱনৰ শেষ চিনে কৰ্মৰে।
[জুবিনৰ "চিনেমাৰ গীত,সংগীত" আৰু "ৰৈ ৰৈ বিনালে"ৰ অভিনয় চৰ্চালৈ অনা নাই।]