মঙ্গলবার, ৩০ জানুয়ারি, ২০২৪

চোৰ -The Bicycle

কাহিনী নিৰ্মাণ:

'চোৰ -The Bicycle' কৈশোৰ কেন্দ্ৰীক কৈশোৰৰ বাবে নিৰ্মাণ কৰা চিনেমা। খঞ্জন কিশোৰ নাথৰ পৰিচালনা। দুটা পৰিয়াল আৰু এখন প্ৰাথমিক বিদ্যালয় ৰূপালী গল্পটোৰ মূল তিনিটা বিন্দু। মূল চৰিত্ৰ বিদ্যলয় খনৰ একেটা শ্ৰেণীৰ ছাত্ৰ-- ৰাজু আৰু নিপু। পঢ়াত দুয়োজনেই ভাল। চোকা। নিপু শ্ৰেণীৰ প্ৰথম, ৰাজু দ্বিতীয়। আৰ্থিক হেচাত নথকা ৰাজুক দেউতাকে এখন চাইকেল দিয়ে। আৰ্থিক হেচাৰ মাজত জীৱন পাৰ কৰা নিপুৰ মনেও বিছাৰে এখন চাইকেল। --চাইকেল চলোৱাৰ অদম্য হেঁপাহ আৰু ৰোমাঞ্চৰ বাবে নিপুয়ে এদিন ৰাজুৰ অনুমতি অবিহনে, সেই শ্ৰেণীৰ আন এক ছাত্ৰৰ উচতনিত, মনে মনে চাইকেলখন চলাবলৈ লৈ যায়। নিপুৰ কপাল ভাল নাছিল! চাইকেল খন চুৰ হয়। চোৰৰ চেকা পৰে নিপু আৰু নিপুৰ পৰিয়ালটোত। চেকা আঁতৰাবলৈ চুৰি হোৱা চাইকেল খন নিপুই বিছাৰে; কিন্তু নাপালে। শেষত সিদ্ধান্ত লয় নিজৰ ঘৰৰ, ভনীয়েকৰ মৰমৰ ছাগলী দুটা চোৰ কৰি কচাইৰ তাত বিক্ৰী কৰি ৰাজুক এখন নতুন চাইকেল কিনি দিব। সিদ্ধান্ত মতে কাম। 

--ৰূপালী গল্পটোৰ শেষ বিন্দু, নতুন চাইকেল খন দিবলৈ যোৱা নিপুক ৰাজুই কয়, তাৰ হেৰোৱা চাইকেল খন বিছাৰি পাইছে।

চৰিত্ৰ নিৰ্মাণ...

চিনেমা খনৰ গল্পৰ গতি চৰিত্ৰ কেন্দ্ৰীক। গল্পৰ গতিত, গল্পৰ বাহিৰৰ চৰিত্ৰ নাই। প্ৰতিটো চৰিত্ৰ, আমাৰ দৰে গাঁৱত কৈশোৰৰ সময় কটোৱা সকলৰ বাবে চিনাকী। গছ বগোৱা, নদী-পুখুৰীত, কুঁৱা-দমকলৰ পাৰত মুকলিকৈ গাধোৱা, বাঁহৰ চকা চলোৱা আমাৰ দৰে বহুতৰে কৈশোৰ কালৰ অংগ। (কৈশোৰৰ সঁচা ছবি যদিও ৰাজুক উলংগ নকৰিলেও হ'ল হেতেন!) এই 'অংগ' বোৰৰ পৰিপাটি প্ৰয়োগে মূল চৰিত্ৰ দুটাৰ লগত আন কৈশোৰ চৰিত্ৰ কেইটাক বান্ধিছে, কাহিনীৰ অংগ হৈছে। প্ৰতিটো চৰিত্ৰক কম ফুটেজতে পূৰ্ণতা দিছে। কৈশোৰ অভিনেতাক লৈ কৰা "realistic character" পৰিচালকৰ চিনকৰ্মৰ ইতিবাচক দিশ। চৰিত্ৰ নিৰ্মাণত পৰিচালকে কেমেৰাৰ ভাষ প্ৰয়োগত গুৰুত্ব দিছে। সাহিত্যৰ ভাষা-- স্বাভাৱিক। (আমাৰ ধাৰণাত-- কেমেৰাৰ সন্মুখত 'কৈশোৰ চৰিত্ৰ'ক মুকলি আচৰণৰ পৰিবেশ দিছে।)

পৰিচালনা শৈলী

পৰিচালকে কেমেৰাৰ ভাষাক গুৰুত্ব দিছে। কাহিনীৰ গতিৰ লগে লগে চিনে সৌন্দৰ্য নিৰ্মাণতো মন দিছে। কাহিনীৰ গতিত প্ৰয়োজনীয় চৰিত্ৰ (নিপুৰ ভনীয়েক, ভনীয়েকৰ মৰমৰ ছাগলী দুটা ইত্যাদি) নিৰ্মাণ কৰি গুঠি গৈছে। কাহিনীৰ গতিত স্পষ্ট কৰি গৈছে ভূগোল, ইতিহাস। 

--------------------------

প্ৰযোজক: কৃষ্ণ অধিকাৰী, ললিত শইকীয়া

পৰিচালক-লেখক: খঞ্জন কিশোৰ নাথ

সংগীত: অনুৰাগ শইকীয়া

চিত্ৰগ্ৰহণ: জয়ন্ত মাথবন

অভিনয়ত: ৰক্তিম গোহাই, অমিয়া হাজৰিকা, অভিলাষা কটকী, শচীন নাথ, গুঞ্জন শইকীয়া...

চিত্ৰগৃহলৈ: অহা নাই


বৃহস্পতিবার, ২৫ জানুয়ারি, ২০২৪

ৰূপালী পৰ্দাৰ সোণোৱালী অধ্যায়/১

কাহিনী: 

খাচি পাহাৰ অঞ্চলৰ এটা জনপ্ৰিয় লোকগাথাৰ আধাৰত ড° ভূপেন হাজৰিকাই "প্ৰতিধ্বনি"ৰ চিত্ৰনাট্য ৰচনা কৰিছিল। 

ঘাটমাউৰা-- মাণিক ৰাইটং। অকলশৰীয়া, দুৰ্ভগীয়া। নিজা বুলিবলৈ আছে এটি বাঁহী। ৰাতি ৰাতি সি বাঁহী বজায়। বাঁহীৰ সুৰুৰে যেন সি বহু কথা কয়। এন্ধাৰৰ ফাকেৰে কথা বোৰ সৰকি যায়। আৰু আছে, বাঁহীটোৰ লগতে তাৰ মন জুৰি আছে লিয়েন মাকাউ। সাত খন পাহাৰৰ সিপাৰৰ সৰল মনৰ ছোৱালী। মনৰ মাজতে মাণিকে ঠিক কৰে-- লিয়েনক বিয়াৰ প্ৰস্তাৱ দিব। কিন্তু প্ৰস্তাৱ দিয়াৰ আগতেই মাণিকে জানিলে তাই ইতিমধ্যে বৃদ্ধ চিয়েমলৈ (খাচিসকলৰ ৰজালৈ) বিয়া হৈ গৈছে। কাহিনী আগবাঢ়ে-- ৰাজসুখৰ মাজত লিয়েন মাকাউ। ৰাজসুখৰ মাজতো নিঃসংগতা অনুভৱ কৰে ৰানী লিয়েনে তেতিয়া, যেতিয়া চিয়েমে ৰাজকীয় কামকাজত বাহিৰত থকে। প্ৰায়ে থাকে। 

আনফালে মাণিকে বাঁহী নেৰে। বাঁহীৰ সুৰে এন্ধাৰৰ ফাকে ফাকে সৰকে। সৰকি ৰাণী লিয়েনৰ হৃদয় গৰকে। 

ৰাণী লিয়েনে মাণিকৰ ওচৰত নিঃসংগতা আঁতৰাই। ৰাণীয়ে মাণিকৰ পৰা সন্তানো কামনা কৰে।

--এই কথা ৰাজ্য ভ্ৰমি অহা চিয়েমৰ কানত পৰে। চিয়েমে আদেশ দিয়ে, "মাণিকক জীৱন্তে দাহ কৰা হওক"। আদেশ কাৰ্যত পালন কৰা হয়। সহ্য কৰিব নোৱাৰি লেলিহান শিখাত ৰাণী লিয়েন মাকাৱেও জঁপিয়াই নিজৰ প্ৰাণ দিয়ে। 

প্ৰবাদ আছে-- সেই চিতাৰ ঠাইতে পানীয়ে ডোঙা বান্ধে।বাঁহৰ আগ উৰ্ধমুখী হয়।

 আৰু এই মৰ্মান্তিক ঘটনাৰ সোঁৱৰণত সেইঠাইৰ নিজৰাবোৰে আজিও উচুপি উচুপি কান্দে।

চৰিত্ৰ নিৰ্মাণ: 

চিনেমা খনৰ লেখক, পৰিচালক ড°ভূপেন হাজৰিকাই মাণিক চৰিত্ৰটো নিৰ্মাণ কৰিছিল পবিত্ৰ বৰকটকীক লৈ। লিয়েন: ইভা আচাও। চিয়েম: বিষ্ণু প্ৰসাদ ৰাভা। ফণী শৰ্মা, বিদ্যা ৰাও, মঘাই ওজা, কৃষ্ণ দাস, কমল চৌধুৰীয়, ৰঞ্জনা বৰদলৈ, স্বাগতা চৌধুৰী, নিৰদা ভূঞা, মাণিক দাস, তৰুণ দুৱৰা, শুভ বৰুৱা, শৰৎ দাস আদিয়ে অভিনয় কৰিছিল আান চৰিত্ৰত।

সংগীত:

স্বাভাৱিকতে চিনেমা খনৰ সংগীতো ৰচনা-পৰিচালনা কৰিছিল ড°ভূপেন হাজৰিকাই। কাহিনীৰ গতিত ব্যৱহাৰ কৰিছিল পাচটা গীত-- "দেহি ঐ লুইতৰ সিপাৰে মাজুলী..." (কথা-কণ্ঠ: ড°ভূপেন হাজৰিকা), "অয় অয় আকাশ শুব, অয় অয় বতাহ শুব..." (কথাঃ ড°ভূপেন হাজৰিকা, কণ্ঠ: ড°ভূপেন হাজৰিকা, সুমন কল্যাণপুৰ), "শৰত কালৰ ৰাত্ৰি অতি বিতোপন সখী, ৰাসক্ৰীয়া কৰন্ত গোপাল..." (পৰম্পৰাগত/ কণ্ঠ: কবিতা হাজৰিকা), "হে হে হে ঢোলে-দগৰে, হে হে হে হিয়াৰ উমেৰে..." (কথা: ড°ভূপেন হাজৰিকা, কণ্ঠ: ভূপেন হাজৰিকা, বন্দনা হাজৰিকা), "লিয়েন মাকাও, কোন পাহাৰৰ শিখৰতে বাট চাইছা..." (কথা: ড°ভূপেন হাজৰিকা, কণ্ঠ: ভূপেন হাজৰিকা, তালাত মাহমুদ)।

চিত্ৰগ্ৰহণ: বিজয় দে

সম্পাদনা: ৰাজ বিহাৰী চিহ্না 

টোকা বিশেষ: 

১। সম্পূৰ্ণ চিনেমা খন আমি চোৱা নাই।

২। অসমীয়া চিনেমা খাচি ভাষালৈ ডাব কৰা হৈছিল। 

৩। ১৯৮৪ চনত এই একে কাহিনীৰে "মাণিক ৰাইটং'" নামৰ খাচি চিনেমা এখন পৰিচালনা কৰিছিল, ড°ভূপেন হাজৰিকাই।

৪। ১৯৬৪ চনত চিনেমা খনৰ প্ৰযোজক-পৰিচালকে ৰূপৰ পদক পাইছিল।

৬। ছেপ্টেম্বৰ ১৯৬৪ -ত চিনেমা খন ফ্ল'ৰলৈ গৈছিল।চিত্ৰগৃহলৈ আহিছিল ২২জানুৱাৰী ১৯৬৫ -ত।

৭। "প্ৰতিধ্বনি" ভূপেন হাজৰিকাৰ তৃতীয় পৰিচালনা (feature film)। 

৮। এই চিনেমা খন নিৰ্মাণ কৰিছিল সংগীতসূৰ্যই গীতৰ অনুষ্ঠান কৰি গোটোৱা টকাৰে। 

*****************************

"প্ৰতিধ্বনি" প্ৰসংগত ভূপেন হাজৰিকা: 

গীত-মাতৰ মাজতে ডুবি থকাৰ উপৰি ১৯৬৩ চনতে মই আৰু কাম এটা কৰিলোঁ। দুবছৰমান আগতেই ছবি এখন কৰাৰ কথা ভাবিছিলোঁ-- নাম 'প্রতিধ্বনি'। নানান অসুবিধাত কৰিব পৰা নাছিলোঁ। কিন্তু ছবিখন মোৰ হেৰাই যোৱা নাছিল।

মই দুবছৰমান আগৰেপৰাই ছবিখন কৰাৰ কথা ভাবি, মনে মনে থিৰাং কৰিছিলো। 'মাণিক ৰাইটং' নামৰ এটি খাচী লোক-গাথাৰ আধাৰতে ছবিখন নিৰ্ম্মাণ কৰিম। তেতিয়া খাচী সকলে মোক ক'লে, 'আপুনি আহক; আমি সকলো ধৰণৰ সহায় কৰিম।' সেই লোক- কাহিনীটো ভালদৰে জানি-বুজি ল'বৰ কাৰণে ১৯৬২ চনতে মই শ্বিলঙলৈ গৈছিলোঁ। দীর্ঘদিন তাতে থাকি খাচীসকলৰ পুৰণি সাজ-পোছাক, আহাৰ-বিহাৰ আৰু সামাজিক ৰীতি-নীতিবোৰৰ বিষয়ে অধ্যয়ন কৰিছিলোঁ। তেওঁলোকৰ সাংস্কৃতিক জীবন-ধাৰা, লাহো আৰু নংক্ৰেম নামৰ নৃত্য-গীতৰ বিষয়ে ভালকৈ বুজি ল'ব লগা হৈছিল। খাচীসকলৰ নৃত্যৰ অঙ্গী-ভঙ্গী, পদ-সঞ্চালন, খাচী আৰু জয়ন্তীয়াসকলৰ লোক-সঙ্গীতৰ সুব-সা আৰু বাদ্যযন্ত্ৰসমূহৰ তাল-মানৰ বিষয়েও সেই বিষয়ৰ অভিজ্ঞ লোকসকলৰ লগত আলোচনা কৰিছিলোঁ। তাৰ লগে লগে 'মাণিক ৰাইটং' নামৰ লোক-কাহিনীটোও আগৰপৰা গুৰিলৈকে বিতংভাৱে শুনি কাহিনীটোৰ আঁৰত নিহিত থকা প্রকৃত তাৎপর্য্য সম্পর্কেও খাচী লোক-কলাবিদৰপৰা বুজি লৈছিলোঁ। 'মাণিক ৰাইটং' লোক-কাহিনীৰ জৰিয়তে বিচাৰি পোৱা যায় অসমৰ পাহাৰ আৰু ভৈয়ামৰ, খাচী আৰু অসমীয়াৰ সমন্বয়-সম্প্রীলি এক সুন্দৰ নিদৰ্শন। সমন্বয়-সম্প্রীতিৰ সাঁকো ৰূপে কাহিনীটোক চিত্রায়িত কৰাৰ সপোন এটি লৈ উভতি আহিলোঁ গুৱাহাটীলৈ। ছবিখনৰ নাম সম্পর্কেও ভবা-চিন্তা কৰিলোঁ। অৱশেষত নাম দিলোঁ 'প্রতিধ্বনি'। 'প্রতিধ্বনি'খন উপন্যাস আকাৰে লিখিলে 'ইয়াকঈঙ্গম'ৰ দৰে হ'লহেঁতেন। তাকে নকৰি ছবি কৰিবলৈকে সিদ্ধান্ত ল'লোঁ।

এনে এখনি কথাছবি নিৰ্ম্মাণ কৰিবলৈ মই আগ বাঢ়ি যোৱাৰ মূল উদ্দেশ্য আছিল - অসমীয়াৰ প্ৰতি খাচীৰ, ভৈয়ামৰ প্ৰতি পাহাৰৰ ভুল বুজাবুজি আঁতৰাই পাহাৰ- ভৈয়ামৰ মাজত সমন্বয়-সম্প্রীতি প্রতিষ্ঠা কৰাহে- মোৰ ব্যক্তিগত লাভালাভ নহয়। কিন্তু ছবিখন কৰিবলৈ মোৰ হাতততো পইচা নাই!

গুৱাহাটীলৈ উভতি আহি গুৱাহাটী ৰে'ল ষ্টেচনৰ কাষৰে ডাক-বঙলাতে আছোঁহি। পইচাৰ চিন্তাই মোক বিব্রত কৰি পেলালে। এনেবোৰ কথা ভাবি-চিন্তি থাকোঁতেই ৰত্ন ওজা ওলালহি। তেওঁৰ লগত কথা পাতি থাকোঁতে আন বহুতো কথাৰ মাজতে 'প্রতিধ্বনি'র কথাও ওলাল। মই ৰত্ন ওজাক ক'লোঁ, ছবিখন বৰ ভাল হ'ব, বুজিছাঁ। কাহিনীটো মোৰ বৰ ভাল লাগিছে। লাভ-লোকচানৰ কথা বাদ দিয়াঁ। কিন্তু পাহাৰ-ভৈয়ামৰ মাজত সম্প্রীতিৰ বাণী বিলোৱাত ছবিখনে বহুতো সহায় কৰিব। ছবিখনৰ সঙ্গীতত খাচী আৰু অসমীয়াৰ পৰম্পৰাগত গীতৰ সুৰে কণ্ঠত কণ্ঠ মিলাই আগ বাঢ়ি যাব। এটা বৰ ভাল ল'ৰা পাইছোঁ। নাম ফিলকিন। ফিলকিন লালু। ভায়োলিনত সি খাচী-জয়ন্তীয়া লোক-সঙ্গীত বৰ সুন্দৰ বজায়। তাৰ দক্ষতা দেখি মই আচৰিত হৈ গৈছোঁ। সেই ফিলকিনেই মোক সঙ্গীতত সহায় কৰিব। খাচী চিয়েমৰ ভাওটো দিম বিষ্ণু ককাইদেউক (বিষ্ণুপ্ৰসাদ ৰাভা), আহোম স্বৰ্গদেউৰ ভাওটো দিম বলীনদাক (ফণী শৰ্ম্মা) আৰু মাণিকৰ ভাওটোৰ কাৰণে পৱিত্ৰ বৰকাকতিৰ কথা ভাবিছোঁ। ...কিন্তু এটা কথা ভাবিছানে বত্ন-- ছবিখনৰ কাৰণে টকাতো বহুত লাগিব। ইমান টকা পাম কোনে দিব?

...ৰত্ন ওজাই ইমানপৰে মোৰ কথাখিনি একান্তমনে শুনি আছিল। কিন্তু মই যেতিয়া ছবি খনৰ কাৰণে টকা-পইচাৰ কথাটো ক'লোঁ, তেতিয়া তেওঁ লাহেকৈ মাত লগাই কৈ উঠিলি-- 'কস্তুৰীমৃগই নাজানে যে তেওঁৰ নাভিতে আছে নাকত লগা গোন্ধটোৰ উৎস- গন্ধকলাই। ভূপেনদা, আপোনাৰ কণ্ঠতে আছে সেই অমৃতৰ ভাণ্ড। শ্ৰোতাৰ সন্মুখত মেলি দিলেই হ'ল। শ্রোতা-জনতাই পান কৰিব আৰু তাৰ বিনিময়ো আপোনাক দিব। ড°ঘনশ্যাম দাস, টাটা-বিৰলাই কটা বাটেৰেই আপোনাৰ হাতলৈ আহিব হেজাৰ হেজাৰ টকা।

ৰত্ন ওজাই কোৱা কথাটো মোৰ বৰ ভাল লাগি গ'ল। ময়ো তেনেকুৱা কথা এটা নে মনে ভাবি আছিলোঁ। গোটেই অসমতে গান গাম আৰু ৰাইজে মৰমতে যি দিয়ে, একে লম। তেনেকৈয়ে অর্থ সংগ্ৰহ কৰি কৰিয়েই ছবিখন কৰিম। তেতিয়া ৰত্ন ওজাক বকলো- তুমি ঠিকেই কৈছাঁ। মই গাম, মনোৰঞ্জনো কৰিম, জনজাগৰণো আনিম। এইদৰেই ৰাইজৰপৰা দান-বৰঙনি তুলিয়েই 'প্রতিধ্বনি'খন কৰিম। 

অনুৰোধতে মালিগাঁৱত শ্রীশ্রীশঙ্কৰদেৱৰ তিথিতো অংশ ল'লোঁ। কাৰণ মহাপুৰুষ শম্ভবদের অকল ধৰ্ম্মগুৰুৱেই নহয়- তেওঁ আছিল সমন্বয়-সম্প্রীতিবো এক জীবন্ত প্রতীক।

'প্রতিধ্বনি'ৰ বাবে মোৰ এই অভিনব অভিযান আৰম্ভ কৰিলোঁ বৰপেটাৰ পৰাই ।। ৰত্ন ওজাই মোক তাত সহায় কৰিলে। তাৰ পাচতেই মই আমন্ত্রণ পালোঁ জোতিপ্ৰসাদ আগৰৱালাৰ ভ্ৰাতৃ দেৱপ্ৰসাদ আগৰৱালাৰপৰা। ...

তাৰ পাচতেই মোক মাতি পঠিয়ালে বিখ্যাত চাহ- ব্যৱসায়ী হেমেন্দ্রপ্রসাদ বৰুৱাই। .  'প্রতিধ্বনি'খন কৰাৰ মোৰ সম্বল হৈ পৰিল লাখ লাখ মানুহৰ মৰম আৰু সাহস। একেদৰে মোক মৰম আৰু সাহস যোগালে ডিব্ৰুগড়ৰ 'মঞ্চৰূপা'ই মাতি নি।

১৯৬৪ চনৰ দহ জানুৱাৰীত 'মঞ্চৰূপা'ত গীত গোৱাৰ উপৰি ডিগবৈ গণেশবাৰী, ডুমডুমা আৰু দুলীয়াজানতো গীত গালোঁগৈ। এইদৰে ৰাইজৰ মৰমতে লাভ কৰা সাহস আৰু প্ৰেৰণাতেই 'প্রতিধ্বনি'ৰ শ্বুটিং আৰম্ভ কৰিছিলোঁ '৬৪- ছেপ্টেম্বৰতহে। বহির্দৃশ্য গ্রহণ কৰিছিলোঁ চেৰাপুঞ্জীত।(উৎস:মই এটি যাযাবৰ)

সোমবার, ২২ জানুয়ারি, ২০২৪

কুঁহি (সংবাদ)

চিনেমা খনৰ নাম-- 'কুহিঁ'। কুঁহি চিনেমা খনৰ নায়িকা। কেন্দ্ৰীয় চৰিত্ৰ। সৰল মনৰ কুঁহিয়ে নিজ, নিকা বাটে খোজ কাঢ়ি ভাল পায়। পৰিচালক-লেখকে কুঁহি কেন্দ্ৰিক এটা ত্ৰিকোণীয় প্ৰেমৰ গল্প নিৰ্মাণ কৰিছে। নায়িকাৰ বিপৰীতে দুই চৰিত্ৰ-- এজন হিন্দু (নায়ক), আনজন মুছলমান (খলনায়ক!)। প্ৰেম কেন্দ্ৰিক সংঘাত। সংঘাত 'ধৰ্ম'লৈ বিয়পাই। চহৰৰ দাঁতি কাষৰীয়া (এখন হিন্দু, আনখন মুছলমানৰ) দুখন গাঁৱৰ সম্প্ৰীতিত ফাট মেলে। দুখন গাঁৱৰ এখন বিহু দুখন হয়। খলনায়কৰ দুৰ্ঘটনা হয়। তেজৰ প্ৰয়োজন হয়। কুঁহিয়ে তেজ দিয়ে। শেষত মিলন।

--চিনেমা খনৰ পৰিচালক লর্ড দাস। অভিনয় কৰিছে চেতনা দাস, ভার্গব কটকী, পার্থিব প্রিয়ানুজ, ৰূপম শৰ্মা, পীয়া বৰুৱা, মুন বৰা, আদিপ্রিয়া বনিয়া, চন্দ্রামিকা শর্মা, লিপিকা, উপাসনা ভৰদ্বাজ, নিপম কলিতা, আশুতোষ ৰাজ প্রীতম, আৰক্ষী বিষয়া গৰ্গেশ্বৰ দাস, ভবেন্দ্ৰ দেৱ গোস্বামী, মন ময়ুৰী শইকীয়া, মামণি দাস, ড° নিখিলেশ বৰুৱা, দীক্ষিতা আদিয়ে। চিনেমা খনৰ-- সংগীত পৰিচালনা মানস (মিকু), আবহ সংগীত কবীন্দ্ৰ দাস সহযোগী উদ্দিপ্ত শর্মা, সম্পাদনা ৰিতুৰঞ্জন হাতিমুৰীয়াৰ, চিত্ৰগ্ৰহণ প্রসেনজিৎ আৰু অমৰৰ। ৰৃপালী গল্পটোত ব্যৱহাৰ হোৱা গীত কেইটাত কণ্ঠদান কৰিছে ৰক্তিম দত্ত, দীক্ষিতা দাস, গীতিকাৰ সুৰজিত শৰ্মাই। প্ৰযোজনা কৰিছে ড° নিখিলেশ বৰুৱাই। সহ-প্রযোজক গকুল বনিয়া।

রবিবার, ২১ জানুয়ারি, ২০২৪

দৰথী

"বৰনদী ভটিয়াই"-- আমাৰ বাবে আছিল surprise, চিনে আশ্চর্য। ২০১৯ চনৰ ৩ মে' তাৰিখে চিত্ৰগৃহলৈ আহিছিল-- এই অসমীয়া চিনেমা খন। অনুপম কৌশিক বৰাৰ পৰিচালনা।
 চিনে আশ্চর্য আমাৰ বাবে এই কাৰণেই আছিল-- সেই সময়ত পৰিচালক গৰাকী আমাৰ পৰিচিত নাছিল, চিনেমা খনৰ পূৰ্ব ধাৰণা নাছিল। আৰু আমি পৰ্দাত দেখিছিলোঁ সতেজ বিষয়বস্তুৰ নতুন চিনেচিন্তাৰ চিনেকৰ্ম। অনুভৱ কৰিছিলোঁ পৰিপাটি dark comedy এখনৰ চিনে-আনন্দ। 
চিনেমা খনৰ দৰেই আমাৰ বাবে surprise আছিল-- মৌকণ (চিনেমা খনৰ "নায়িকা") -ৰ চৰিত্ৰত অভিনয় কৰা ডৰথী ভৰদ্বাজ। মুকলি অভিনয়, সংলাপ প্রক্ষেপণে চুই গৈছিল, মনত ৰৈ গৈছিল।
--ডৰথীৰ অভিনয়ৰ আনন্দ দ্বিতীয়বাৰ লৈছিলোঁ "জলছবি"ত (পৰিচালক: জয়ছেং জয় দহোতীয়া), তাপসীৰ চৰিত্ৰত। তাপসীৰ আশা, সপোন চিনেমা খনৰ বিষয়বস্তু। শিক্ষা শেষ কৰি তাপসী উভতি আহে নিজৰ ঘৰ খনলৈ। মাক-দেউতাক আৰু ভায়েকক লৈ তাপসী হতৰ ঘৰখন। চহৰৰ পৰা তাই লৈ আহিছিল "আধুনিকতা" (তাপসীৰ প্ৰতি দেউতাক: তই এই বোৰ কাপোৰ নিপিন্ধিবি!), হাতত "মোবাইল"। তাই হয়তো ভাবিছিল, তইৰ হাতৰ মুঠিতে সকলো! গাওঁত থাকিয়ো তাই সপোন বোৰ বাস্তৱ কৰিব পাৰিব! (কেইটামান শ্বটেৰে আজিৰ, বাস্তৱৰ "মোবাইলৰ পৃথিৱী" খন দেখুৱাইছে পৰিচালকে।) কিন্তু বাস্তৱত? ইণ্টাৰনেট আছে, ঘণ্টাৰ পাছত ঘণ্টা কাৰেণ্ট নাই, সময়ত চাকৰিৰ বাবে দি আহা ইণ্টাৰভিউটোৰ খবৰ "নেট"ত চাব পৰা নাই। নিৰ্দিষ্ট সময়ত, নিৰ্দিষ্ট চৰকাৰী কাৰ্যালয়টোত, নিৰ্দিষ্ট কৰ্মচাৰী গৰাকী নাই, "আজি নহব, কাইলৈ আহিব" উত্তৰ লৈ ঘৰলৈ উভতি আহে। --তাপসীৰ "সপোন যাত্ৰা"ত সহায় নকৰে মাক-দেউতাক, ভায়েকে। আঁতৰি যায় প্রেমাস্পদো। আৰু এদিন জীৱনৰ এই যুঁজত তাপসী ধৰাশায়ী হয়, বিধ্বস্ত তাপসীয়ে তাইৰ সমস্ত আশা অদৃষ্টৰ হাতত তুলি দিবলৈ বাধ্য হয়। অজস্ৰজনৰ মাজত লাহে লাহে হেৰাই যাবলৈ ধৰে। মাক-দেউতাকৰ ইচ্ছাত বিয়াত বহে। কিন্তু জীৱন পূৰ্ণ হোৱাৰ আগতেই স্বামীক হেৰুৱাই। ঘৰলৈ উভতি আহে। 
--তাপসী ৰৈ নাযায়, নিজকে নতুন ৰূপত প্ৰতিস্থা কৰে, জীৱন বাটত নিজক নতুন গতি দিয়ে, জলছবিৰ দৰে জলমলাই জলমলাই আগৰবোৰ এদিন নোহোৱা হৈ পৰে, কোনোৱে হিচাপ নৰখাকৈ। দৰ্শকে সংগীতৰ তাল তালে ভায়েকৰ সৈতে নৃত্য কৰি থকা (ইমানতে ৰূপালী গল্পটো শেষ) তাপসীক মনত ৰাখি অনুভৱ কৰে-- জীবনে মোট সলায়, আশাবোৰে নতুনৰ বাট লয়। 
--চৰিত্ৰটোৰ প্ৰতি কৰা ন্যায় আমাৰ আনন্দৰ কাৰণ।
তৃতীয়বাৰ দৰথীৰ অভিনয়ে চুই গ'ল "অনুনাদ" (পৰিচালক: ৰীমা বৰা) কৰা অভিনয়ৰে। আৰ্থিক হেচাৰ মাজত সপোন দেখা, সপোন সাকাৰৰ বাবে ৰাজ্যৰ বাহিৰলৈ যোৱা ছোৱালী এজনীৰ চৰিত্ৰত কৰা অভিনয়ো মুকলি, মনত ৰৈ যোৱা। 
--চতুৰ্থবাৰ দৰথীৰ অভিনয় দেখিলোঁ, "সত্য-THE TRUTH"ত। ৰূপজ্যোতি বৰঠাকুৰৰ পৰিচালনা। 
--আমাৰ ধাৰণাত অসমীয়া চিনেমাৰ পৰিচালকে দৰথীৰ নামেৰে এগৰাকী অভিনেত্ৰী পালে যাৰ চেহেৰাত ইলা কাকতিৰ দৰে "হাঁহি সৌন্দৰ্য" আছে, মলয়া গোস্বামী-ৰুণু দেৱীৰ দৰে অভিনয় শক্তি আছে।

শুক্রবার, ১৯ জানুয়ারি, ২০২৪

সত্য

আৰু এখন অসমীয়া চিনেমা চালোঁ-- 'সত্য- দ্য ট্ৰুথ'। বিষয়বস্তু কেন্দ্ৰীক ৰূপালী গল্প। পুৰুষৰ সৈতে পুৰুষৰ প্ৰেম কাহিনী। নহয়, কেৱল  শৰীৰ প্ৰেম নহয় প্ৰেমৰ মানসিক অনুভৱ। 'পুৰুষ সত্য'ৰ আন এক পুৰুষৰ প্ৰতি প্ৰেমৰ যি আৱেগ আৱেগ সেয়া সত্য। ঘৰে, সমাজে মানি নললেও এগৰাকী পুৰুষে আন এগৰাকী পুৰুষৰ প্ৰতি অনুভৱ কৰা প্ৰেমৰ আৱেগ সত্য। 'পুৰুষ সত্য'ই পুৰুষ প্ৰেমিকক এৰি থকাৰ বা আঁতৰি যোৱাৰ কথা ভাবিব নোৱাৰে। পৰিচালকে নৱাগত অভিনেতা ৰাকেশ বৰুৱাক লৈ সত্য আৰু সত্যৰ বিপৰীতে অমৰ বৰুৱা চৰিত্ৰটো নিৰ্মাণ কৰিছে, উৎপল দাসক লৈ। পৰিচালকে কেইটামান ছিকুৱেন্সেৰে দুই প্ৰেমিকৰ শাৰিৰিক-মানসিক প্ৰেম স্পষ্ট কৰিছে। সম্পৰ্কৰ, বিষয়বস্তুৰ গতি সৰল ৰৈখিক, পৰিপাটি। দুই অভিনেতাৰ আভিনয়ো পৰিপাটি। চিনেমাত (কেমেৰাৰ সন্মুখত) প্ৰথম অভিনয় ৰাকেশৰ। প্ৰথমটো চৰিত্ৰয়ে অগতানুগতিক, সফল। 

--বিষয়বস্তুক লৈ কাহিনীক গতি দিবলৈ কেইটামান চৰিত্ৰ নিৰ্মাণ কৰিছে, যি কেইটাত অভিনয় কৰিছে উদয়ন দুৱৰা, ডৰথী ভৰদ্বাজ, মহেশ বৰা, সুমন দাস আদিয়ে। চৰিত্ৰ নিৰ্মাণ, বিন্যাস কিছু পৰ্যায়লৈহে পৰিপাটি। অভিনয় আৰু পৰিচালকৰ ট্ৰিটমেণ্ট দুটা ট্ৰেকত আগবাঢ়িছে-- নাটকীয় আৰু চিনেমেটিক। বিশেষকৈ সত্যৰ দেউতাকৰ অতীতচাৰণ (flashback) -ত ব্যৱহাৰ কৰা ছিকুৱেন্স কেইটাৰ ডিজাইন (নাটকীয়, সাধাৰণ পৰ্যায়ৰ) আৰু প্ৰয়োগত পৰিচালক আৰু চিত্ৰনাট্যকাৰৰ পৰিশ্ৰমৰ প্ৰয়োজন আছিল। আৰু ছিকুৱেন্স কেইটাই কাহিনীৰ দৈৰ্ঘহে বঢ়ইছে। মূল কাহিনীৰ গতিত বাধা হৈছে। 

আৰু সত্যক কেন্দ্ৰ কৰি আগবঢ়া কাহিনী ভাগ (মূল কাহিনী) -ৰ ছিকুৱেন্স নিৰ্মাণ, সাহিত্যৰ ভাষা প্ৰয়োগ, অভিনয় চিনেমেটিক। চুই যোৱা। ব্যৱহাৰ কৰা গীতো কাহিনীৰ অংগ হৈছে, কাহিনীক গতি দিছে। আৰু শেষ-- দৰ্শকৰ মনত ৰৈ যোৱা, পৰিচালকক প্ৰশংসা কৰিব পৰা।

চিনেমেটিক-- উদয়নৰ বিপৰীতে ডৰথীক লৈ নিৰ্মাণ কৰা ছিকুৱেন্স কেইটাও। উদয়নৰ অভিনয় ক্ষমতা স্পষ্ট, বিপৰীতে ডৰথীৰ বাবে অভিনয় ক্ষমতা দেখুৱাব পৰা বাট নাছিল। উদয়নৰ চৰিত্ৰটো--, সত্যৰ ককায়েক। মূল কাহিনীটোৰ অংগ। ডৰথীৰ চৰিত্ৰটো মূল কাহিনীৰ অংগ নহয়, 'নায়কৰ বিপৰীতে নায়িকা' --ইমানেই।

--পৰিচালকে বিষয়বস্তু কেমেৰাৰৰ ভাষা (cinematic lenguas) -ৰে স্পষ্ট কৰাৰ বিপৰীতে কাহিনীক গতি দিয়াত গুৰুত্ব দিছে সাহিত্যৰ ভাষা। (ভূগোল, ইতিহাসো স্পষ্ট কৰিছে সাহিত্যৰ ভাষাৰে।) নাটকৰ ওচৰৰ সাহিত্যৰ ভাষা। ফলত canned theatre পৰ্যায়তে থাকিল ৰূপালী গল্পটো।

--দৃশ্যধৰ্মিতাই বাট হেৰুৱাছে কেমেৰা 'সাহিত্যৰ দাস' হোৱা বাবে। এই দিশত পৰিচালকে মন দিয়াৰ প্ৰয়োজন আছিল। মন দিলে হয়তো 'canned theatre' মুক্ত হ'ল হেতেন!

------------------------

প্ৰযোজনা: তিলোত্তমা তালুকদাৰ

পৰিচালনা: ৰূপজ্যোতি বৰঠাকুৰ

চিত্ৰগ্ৰহণ: হিতেন ঠাকুৰীয়া

সংগীত: তৰালি শৰ্মা, দিগন্ত ভাৰতী

অভিনয়ত: উৎপল দাস, ৰাকেশ বৰুৱা...

চিত্ৰগৃহলৈ: ২ ফেব্ৰুৱাৰী ২০২৪


অনুনাদ

বিষয়বস্তু কেন্দ্ৰীক চিনেচিন্তা "অনুনাদ-The Resonance" চালোঁ। ৰীমা বৰাৰ পৰিচালনা। অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ প্ৰযোজনা।

প্ৰথমে এটা তথ্য: ২০১৩ চনত অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমে চিত্ৰগৃহ এটাৰ নিৰ্মাণ কৰ্ম হাতত লৈছিল। ২০২৪ চনৰ ১৫ জানুৱাৰীত চিত্ৰগৃহটো মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। চিত্ৰগৃহটোৰ নাম আইদেউ। অসমীয়া চিনেমাৰ প্ৰথম গৰাকী নায়িকা আইদেউ সন্দিকৈৰ স্মৃতিত। এই চিত্ৰগৃহটোত মুক্তি পোৱা প্ৰথম খন চিনেমা 'অনুনাদ'। উল্লেখ্য দিশ-- চিনেমা খনৰ পৰিচালক এগৰাকী নাৰী, চিনেমা খনৰ বিষয়বস্তু নাৰী সৰবৰাহ কৰাৰ, হোৱাৰ এক  মর্মান্তিক ঘটনা। --সঁচা কথাৰ ৰূপালী গল্প।

বাস্তৱৰ বুনিয়াদত নিৰ্মাণ হোৱা কাহিনীটোৰ মূল বিন্দু এটা নহয়। কেইবা গৰাকীয়ো ছোৱালীৰ সপোন। সপোন সাকাৰৰ বাবে উপাৰ্জনৰ বাট বিছাৰে। বাট দেখুৱাই, বাট কাটে এক ধূর্তই। কেমেৰাৰ ভাষাক গুৰুত্ব দি চাচপেন্স নিৰ্মাণ। অতীত-চাৰণৰ সুপ্ৰয়োগ। কাহিনীৰ মসৃণ গতি। কম ফুটেজতে সম্পূৰ্ণ চৰিত্ৰ বিন্যাস, চৰিত্ৰৰ পৰিপাটি গাঁথনি, ক্ৰমে বিষয়বস্তুৰ স্পষ্টতা, নাটকীয় চিকুৱেন্সকো চিনেমেটিক বান্ধোন-- পৰিচালকৰ চিনেশক্তিৰ, পৰিশ্ৰমৰ ফচল। কাহিনীৰ গতিত পৰিচালকে স্পষ্ট কৰি গৈছে --ভূগোল, ইতিহাস।

--চিনেমা খনৰ কাহিনীৰ গতিত আমি যি দেখিছো, বাস্তৱতো দেখিছো-শুনিছো বহি ৰাজ্যলৈ অচিনাকী (বা হঠাৎ চিনাকী হোৱা) লোকৰ সৈতে বিয়া হৈ যোৱা অসমীয়া ছোৱালীৰ বহু ঘটনা। শুনিছো বিয়া হৈ যোৱা ছোৱালী 'বজাৰৰ সামগ্ৰি' হোৱা খবৰ। এজেণ্টৰ সহায়ত বা এজেণ্টৰ কথাত ভোল গৈ কামৰ সন্ধানত বহি ৰাজ্যলৈ যোৱা অসমীয়া ছোৱালীৰ সংবাদো আমাৰ হাতত পৰে, কাকতৰ পৃষ্টাত পঢ়ো, দৃশ্য মাধ্যমত দেখো। অসমীয়া ছোৱালী সৰবৰাহ কৰাৰ  বা হোৱাৰ এনে ধৰণৰ কেইটিমান কাহিনীৰ ৰূপালী গল্পটো চোৱাৰ সময়ত আমি 'বাস্তৱ সমাজ'ত বাস কৰিছিলোঁ। মূল কাৰণ দুটা-- চিনেমেটিক অভিনয় (যাক কোৱা হয়   realistic acting) -ৰে নিৰ্মাণ কৰা চৰিত্ৰ আৰু কেমেৰাৰ ভাষাৰে নিৰ্মাণ কৰা বাস্তৱ পৰিবেশ। আমাৰ ধাৰণাত পৰিচালকে কেমেৰা, চৰিত্ৰক বাস্তৱ পৰিবেশলৈ লৈ গৈছিল। ((অভিনয়ৰ দিশত এনদৰে ক'ব পাৰোঁ-- প্ৰতি গৰিকী অভিনেতা-অভিনেত্ৰীয়ে পৰিচালকক চৰিত্ৰ নিৰ্মাণত সহায় কৰিছে। বিশেষ প্ৰশংসা: অশ্ৰুমণি বৰা, বংশ ভৰদ্বাজ, উৰ্মিলা মহন্ত, ডৰথী ভৰদ্বাজ, উদয়ন দুৱৰা, মনোজ বৰকটকীক। ডৰথীৰ মুকলি অভিনয়ে আমাক সদায় চুই যায়।) 

চিনেমা খনৰ কাহিনী অসমৰ বিশ্বনাথ চাৰিআলিৰ পৰা গৈ হাৰিয়ানা পাইছে। পৰিচালকে হাৰিয়ানাৰ চৰিত্ৰৰ মুখত স্থানীয় ভাষা হাৰিয়ানভি প্ৰয়োগ কৰি (বংশ ভৰদ্বাজ আৰু দুগৰাকী), তাৰ স্থানীয় অভিনেতাক চৰিত্ৰ নিৰ্মাণৰ বাবে নিৰ্বাচন কৰি ৰূপালী গল্পটো 'নিৰ্মল বাস্তৱ'ত ৰাখিছে; কিন্তু কোনো মুহূর্ততে তথ্যচিত্ৰ পৰ্যায়লৈ যাব দিয়া নাই। আনকি বাস্তৱৰ চৰিত্ৰ এটাৰ মুখত দিয়া 'বাস্তৱিক' সংলাপ প্ৰয়োগৰ সময়তো।

--চিনেমা খনৰ আন এটা চুই যোৱা দিশ, বিষয়বস্তুৰ ওচৰতে থাকি নিৰ্মাণ কৰা (কেমেৰা আৰু মেদহীন সাহিত্যৰ ভাষাৰে) চিনে সৌন্দৰ্য। চিনে-ভাষালৈ ৰূপান্তৰ হোৱা চিনে সৌন্দৰ্য। কুঁৱলি ফালি যোৱা চৰিত্ৰ, এজোপা গছৰ তলত জ্যোতি সংগীতৰ  তালে তালে এক কিশোৰীৰ নৃত্য, জলাশয়ত ডুবি যোৱা ৰঙা কাপোৰখনে সৌন্দৰ্য হৈ সংলাপৰ পৰিপূৰকৰ কাম কৰিছে। 

--চিনেমা খনৰ আন এটা চুই যোৱা দিশ, বিষয়বস্তুৰ ওচৰতে থাকি নিৰ্মাণ কৰা (কেমেৰা আৰু মেদহীন সাহিত্যৰ ভাষাৰে) চিনে সৌন্দৰ্য। চিনে-ভাষালৈ ৰূপান্তৰ হোৱা চিনে সৌন্দৰ্য। কুঁৱলি ফালি যোৱা চৰিত্ৰ, এজোপা গছৰ তলত জ্যোতি সংগীতৰ  তালে তালে এক কিশোৰীৰ নৃত্য, জলাশয়ত ডুবি যোৱা ৰঙা কাপোৰখনে সৌন্দৰ্য হৈ সংলাপৰ পৰিপূৰকৰ কাম কৰিছে। 

---------------

প্ৰযোজক: অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত

পৰিচালক-লেখক: ৰীমা বৰা

চিত্ৰগ্ৰহণ: সিদ্ধাৰ্থ মিত্ৰগোত্ৰী

সংগীত: সিদ্ধান্ত সাগৰ

অভিনয়ত: অশ্ৰুমণি বৰা, বংশ ভৰদ্বাজ,

উৰ্মিলা মহন্ত, ডৰথী ভৰদ্বাজ, উদয়ন দুৱৰা, মনোজ বৰকটকীক, থুৰিয়া শইকীয়া, অন্তৰা জে জে গগৈ, যশশ্ৰী ভূঞা, নিবেদিতা কলিতা, শংকৰ চাহাৰাণ...

বৃহস্পতিবার, ১১ জানুয়ারি, ২০২৪

ভ্ৰাম্যমাণ থিয়েটাৰ ২০২৪-২৫



📌বৃন্দাবন থিয়েটাৰ
১। দেউতা বেগতে আহিবি ধ্ৰুৱজ্যোতি শৰ্মা 
২। বিষাক্ত গোলাপ ৰাজদ্বীপ 

📌কলাগুৰু থিয়েটাৰ
১। মই এন্ধাৰৰ ৰজা  ভাস্কৰজ্যোতি শৰ্মা
২। ময়ূৰ চৰাইৰ নাচ অভিজিৎ ভট্টাচাৰ্য
৩। কৰ্ণ-অৰ্জুন চম্পক শৰ্মা
📌 কহিনুৰ থিয়েটাৰ
মই ব্ৰহ্মপুত্ৰ অভিজিৎ ভট্টাচাৰ্য (২)
বনৰীয়া ফুল চম্পক শৰ্মা (২)
পিঞ্জৰা মৃদুল চুতীয়া
📌ইতিহাস থিয়েটাৰ
জুয়ে পোৰা মানুহ অভিজিৎ ভট্টাচাৰ্য (৩)
📌ৰাজমুকুট থিয়েটাৰ 
মহাৰণৰ বলীয়া ঘোঁৰা অভিজিৎ ভট্টাচাৰ্য (৪)
📌আৱাহন থিয়েটাৰ
লেডী মেকবেথ অভিজিৎ ভট্টাচাৰ্য (৫)/ আভিযোজনা
মেডাম মেনকা অভিজিৎ ভট্টাচাৰ্য (৬)
মইনা কুশলে আছে নে? অভিজিৎ ভট্টাচাৰ্য (৭)
📌হেঙুল থিয়েটাৰ 
বিড়ি  অভিজিৎ ভট্টাচাৰ্য (৮)
চিলনী  প্ৰনৱ বৰুৱা (১)
মছজিদ ৰোড, নামঘৰ পথ প্ৰণৱ ভড়ালী (১)
📌বৰদৈচিলা থিয়েটাৰ 
সীতাৰ সংসাৰ  নৱৰত্ন পাটোৱাৰী  (১)
📌সুদৰ্শন থিয়েটাৰ
ফোঁট  হেমন্ত দত্ত (১)

📌ৰাজধানী থিয়েটাৰ
মচি দিম তোমাৰ সেন্দুৰ অভিজিৎ ভট্টাচাৰ্য (৯)
তপস্যা অভিজিৎ ভট্টাচাৰ্য (১০)
বিশ্বনাথ ৰাজদ্বীপ (২)
📌বিনোদন থিয়েটাৰ
মহাতাণ্ডৱ  শ্যমন্ত হাজৰিকা (১)
📌বৰদৈচিলা থিয়েটাৰ
ফুটপাথত মেঘালিৰ বিয়া অভিজিৎ ভট্টাচাৰ্য (১১)






Before Spring বিফোৰ স্প্ৰিং

Before Spring --চিনেমা খনৰ নাম। অসমীয়া চিনেমা। শ্ৰুতিস্মৃতি চাংকাকতিৰ পৰিচালনা। 
 "কেমেৰাৰ ভাল লগা কবিতা"। কেমেৰাৰ ভাষাৰ পৰিপাটি প্ৰয়োগ (শ্বট নিৰ্মাণ, শ্বটৰ গাণিতিক ব্যৱহাৰ। --জয়ন্ত সেথু মাথৱনৰ চিনেমাটোগ্ৰাফী স্বাভাৱিকত প্ৰশংসা কৰিব পৰা এটা দিশ। চিনেমা খনৰ প্ৰধান অলংকাৰ।) আৰু ৰূপালী গল্পটোৰ গতি কেমেৰাৰ ভাষা কেন্দ্ৰীক --এয়া চিনেমা খন ভাল লগাৰ প্ৰথম কাৰণ। 

দ্বিতীয় কাৰণ-- চৰিত্ৰ নিৰ্মাণ। প্ৰতিটো চৰিত্ৰ বাস্তৱৰ ওচৰৰ। কম 'ফুটেজ'তে পূৰ্ণতা পোৱা চৰিত্ৰ। চিনেমা খনৰ কাহিনীৰ গতি 'চৰিত্ৰ' কেন্দ্ৰীক। কাহিনীৰ মূল বিন্দু তিনিটা-- জোনমণি (অভিজিত ৰয়ক লৈ নিৰ্মাণ কৰিছে চৰিত্ৰটো), মণিকান্ত (দ্বীপজ্যোতি কাকতিক লৈ নিৰ্মাণ কৰিছে চৰিত্ৰটো), মাজনী (উপাসনা প্রিয়ামক লৈ নিৰ্মাণ কৰিছে চৰিত্ৰটো)। তিনিটা বিন্দুৰ গতি, সমান্তৰাল, সৰল ৰৈখিক।

--জোনমণিয়ে আনৰ ঘৰত কাম কৰি সংসাৰ চলোৱা মাকক কয়, পঢ়াত মন নাই। তাৰ দেউতাক নাই। মাকক কয়, কিবা এটা কৰি খুৱাব। কাহিনীয়ে গতি লয়। জোণমণিয়ে নাও চালকৰ কামত যোগ দিয়ে। তাৰ প্ৰেম আছিল। 'কৰ্ম শ্ৰেণী'য়ে প্ৰেমৰ পৰা পৃথক কৰে। (আৰ্থিক দীনতাৰ হেচাত বাস কৰা জোণমণিৰ প্ৰেয়সী উচ্চবৰ্ণৰ পৰিয়ালৰ। জোনমণিৰ প্ৰতি প্ৰেয়সীৰ প্ৰেম অস্পষ্ট।)

--মনিকান্তৰ বয়স ৬০। এখন দোকান আছে। দোকান খন নচলা হৈছে। বহুত কম বয়সীয়া পত্নীৰ (যিয়ে মহানগৰীৰ কাপোৰৰ দোকান এখনত কাম কৰে) উপাৰ্জনেৰে ঘৰ খন চলে। পত্নীয়ে মণকান্তৰ আৰ্থিক শূন্যতাক সহজ ভাৱে নলয়; সমস্যা হয়। সমস্যা বাঢ়ে, মণিকান্তৰ অস্থিৰতা বাঢ়ে তেতিয়া, যেতিয়া উপাৰ্জনৰ বাবে নদী পাৰ হৈ যায়; আৰু আন এজন পুৰুষৰ সৈতে পত্নীক দেখে। 

--দশম পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা মাজোনীৰ ঘৰুৱা শিক্ষক প্ৰদীপ (চৰিত্ৰটো নিৰ্মাণ কৰিছে মনোজ বৰকটকীক লৈ)। প্ৰদীপে মাজনীৰ সৌন্দৰ্য বন্দনা কৰে , প্ৰেমপত্ৰ আকাৰত আৰু এদিন শাৰীৰিক সম্পৰ্ক ঘটাই। আৰু মাজনীয়ে ইয়াকে প্ৰেম বুলি ভাবে। শাৰীৰিক সম্পৰ্ক ঘটাৰ পাছত মাজনীৰ পৰা প্ৰদীপে দূৰত্ব বঢ়াই। এসময়ত মাজনীয়ে অনুভৱ কৰে-- সেয়া প্ৰেম নাছিল। 

--চৰিত্ৰ তিনিটাক অদৃষ্টই নিৰ্জনতাত বন্দী কৰে!

--চিনেমা খনৰ শেষত দেখা যায়, চৰিত্ৰ তিনিটা এখন নাওত। যি আৱেগৰ বাবে নিৰ্জনতাত বন্দী হৈছিল, সেই আৱেগৰ পৰা মুক্ত হৈছে। জীৱনক নতুন বাটত গতি দিছে, নদীৰ ঢৌৰ মাজেৰে, ওপঙি থকা নাওৰ দৰে।

মুল বিন্দু তিনিটাক স্পৰ্শ কৰা বিন্দু (চৰিত্ৰ) -ও আছে, যি কেইটাক 'গল্প' নিৰ্মাণত ব্যৱহাৰ কৰিছে। চৰিত্ৰ কেইটাক এই প্ৰজন্মৰ 'মানসিকতাৰ প্ৰতিনিধি' বুলি ক'ব পাৰি।

চিনেমা খন ভাল লগাৰ তৃতীয় কাৰণ-- গতি (subject-camera)। দীৰ্ঘ, সাহিত্যৰ ভাষাই গুৰুত্ব পোৱা ছিকুৱেন্সও আমনিদায়ক হোৱা নাই। গল্পৰ গতি মসৃণ। তিনিটা বিন্দুই তিনিটা বাটেৰে গতি কৰি ৰেখা তিনিডাল সম্পূৰ্ণ কৰিছে এখন নাওত। আৰু ৰেখা তিনিডালক নতুন বাটেৰে গতি দি চিনেমা খন শেষ কৰিছে। গতিৰ সৌন্দৰ্য বঢ়াইছে ৱাইড (Wide) শ্বটেৰে।

--আহিছোঁ প্ৰথমটো ছিকুৱেন্সলৈ।

তিনিজন যুৱকে গা ধুইছে, সাঁতুৰি সাঁতুৰি, নদীত (কাহিনীয়ে গতি লোৱাৰ পাছত আনুভৱ কৰিব পাৰি--ব্ৰহ্মপুত্ৰ নদত)। কেমেৰা পেন কৰায়।  এজনে নদীৰ পাৰৰ বালিৰ ওপৰৰ পৰা চাৰ্ট এটা তুলি লৈ যায়। 

পৰৱৰ্তী শ্বট-- যুৱক এজনৰ হাতত হাইলাইট কৰায় এখন ৫০০ টকীয়া নোট। 

--এই চিনেমেটিক গতিতে পৰিচালকে স্পষ্ট কৰে ৰূপালী গল্পটোৰ ভূগোল; আৰু কাহিনীৰ গতিৰ লগে লগে ইতিহাস। 

এয়া স্পষ্ট-- পৰিচালকে মনোযোগ দিছে প্ৰতিটো দিশত। শব্দ (আনুষঙ্গিক, প্রভাৱক, নীৰৱতা, সংলাপ আৰু সংগীত।) ডিজাইনৰ পৰা কেমেৰা (চিনেমেটিক ভাষা) ডিজাইনলৈ, বেশভূষাৰ পৰা ৰূপসজ্জালৈ।

চিনেমা খনৰ বিষয়বস্তু? 

সহজতে ঢুকি পাইছোঁ-- 'চৰিত্ৰ'ই ঠিয় কৰোৱা কাহিনী। বিয়য়বস্তু কিন্তু ফটফটিয়া নহয়। 

বিষয়বস্তুৰ 'শিৰোণাম' কেন্দ্ৰীক সন্ধান কৰিব পাৰোঁ নেকি?

 'বসন্তৰ আগত'! শীতৰ আমেজ, আমেজৰ আগৰ ৰুক্ষ , বিবৰ্ণ সময়। গছৰ পাত সৰিবলৈ ধৰা সময়। হেমন্তৰ অস্থিৰতা, উদ্বিগ্নতা। ধূলি-আচ্ছাদিত

জাহাজঘাট। এই চিনেমেটিক কাৰ-বাৰৰ সৈতে কাহিনীৰ মূল বিন্দু আৰু আনুষঙ্গিক বিন্দুৰ সংযোগ বা প্ৰয়োগৰ মাজত যেন ছাঁ হৈ থাকিল বিষয়বস্তু। হয়তো এয়া চিত্ৰনাট্যকাৰ-পৰিচালকৰ ইচ্ছাকৃত চিনেকৰ্ম! --আমাৰ ধাৰণাত এয়া ইতিবাচক নহয়।

--আমাৰ ধাৰণাত পৰিচালকে চিনেমেটিক কাৰ-বাৰৰ বাবে চৰিত্ৰ নিৰ্মাণ, চৰিত্ৰক গতি দিয়াৰ কাহিনীৰ আকাৰতে মনোযোগ দি বিষয়বস্তু কেন্দ্ৰীক চিনেচিন্তাৰ আঁতৰত অবস্থান কৰিলে। 

কেমেৰাৰ ভাষাৰ গতি, চৰিত্ৰ বিন্যাস আৰু গতিয়ে 'বিষয়বস্তু'ৰ আঁকাৰ এটা দিছে ঠিক; কিন্তু সাৰ্থক চিনেকৰ্ম পৰ্যায়ৰ নহয়। তথাপি মুকলি মনেৰে ক'ব পাৰোঁ-- শ্ৰুতিস্মৃতি চাংকাকতিৰ 'বিফোৰ স্প্ৰিং ' বিশ্ব চিনেমালৈ অসমীয়া চিনেমাৰ এটা বাট। ত্ৰুটি মুক্ত নহয়; কিন্তু নতুন চিনেচিন্তা।




আৰু আছে

মঙ্গলবার, ৯ জানুয়ারি, ২০২৪

এটা নিৰ্জন দুপৰীয়া: ১ মাৰ্চত চিত্ৰগৃহলৈ

চৰ্চাত এখন অসমীয়া চিনেমা-- "এটা নিৰ্জন দুপৰীয়া"।খঞ্জন কিশোৰ নাথৰ পৰিচালনা।
সেই সময়ত "দৈনিক অসম"ত "শিল্পকথা" লিখিছিলোঁ। ২০১৭ বৰ্ষৰ শেষত অসমীয়া চিনেমা কেন্দ্ৰীক (সেই বছৰটোৰ অসমীয়া চিনেমাৰ) লেখা এটা ছপা হোৱাৰ আগতে চকু ফুৰাই এজনে কৈছিল --ইয়াত "চোৰ" বাদ পৰিছে। লগে লগে আমি চিনেমা চৰ্চা কৰা, খবৰ ৰখা ইজনৰ লগত-সিজনৰ লগত চৰ্চা কৰি চিনেমা খনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিলোঁ। জানিবলৈ চেষ্টা কৰা বাটত ধাৰণা কৰিছিলোঁ-- নতুন চিনেচিন্তা মন-মগজুত লৈ থকা চিনেকৰ্মী। অসমীয়া চিনেমাৰ উত্তৰণৰ বাট বহলাব পৰা পৰিচালক-লেখক।
--নাই, "চোৰ" আমি আজিৰ তাৰিখতো চোৱাৰ সুযোগ পোৱা নাই। আমাৰ ধাৰণা যে অশুদ্ধ নহয় উমান পালোঁ "এটা নিৰ্জন দুপৰীয়া"ৰ পোষ্টাৰত। সামাজিক মাধ্যমত, চিত্ৰ ৰসিক সকলৰ মাজত চৰ্চাৰ বিষয় হোৱা প্ৰথম পোষ্টাৰ খনে মনলৈ আনি দিছিল "জল সাগৰ", "খাৰিজ", "অৰণ্যেৰ দিনৰাত্ৰি" ইত্যাদি। 
খঞ্জনৰ নতুন চিনেকৰ্মটোৰ প্ৰতি আমাৰ আগ্ৰহ বাঢ়িছিল। 
আমাৰ আগ্ৰহৰ কথা কোৱাত খঞ্জনে ক'লে-- " 'এটা নিৰ্জন দুপৰীয়া' আজিৰ সময়ৰ চিনেমা। এহাল ডেকা গাভৰুৱে কিছু একান্ত ব্যক্তিগত সময় কটাবলৈ যাওঁতে  সমাজৰ হাতত কেনেকৈ নিৰ্যাতিত হয় তাৰেই এক অৱলোকন। ...এই চিনেমা খন বহু কেইটা দিশৰ পৰা (অসমীয়া চিনেমাৰ ক্ষেত্ৰত) ব্যতিক্ৰম। প্ৰায় দুই ঘণ্টাৰ চিনেমা খনত সৰ্বমুঠ ৫০ টা শ্বট আছে।  সৰ্বাধিক দৈৰ্ঘৰ শ্বটতো হৈছে প্ৰায় ১২ মিনিটৰ। দ্বিতীয়তে চিনেমা খনৰ কাহিনীভাগ মাত্ৰ এটা দিনৰ। অসমীয়া চিনেমাত এনে ধৰণৰ চিনেকৰ্ম দেখিবলৈ নাই। তৃতীয়তে এই চিনেমা খনত যথেষ্ঠ বোল্ড দৃশ্য থকাৰ বাবে চেন্সৰ বোৰ্ডৰ পৰা এ চাৰ্টিফিকেট লাভ কৰিছে।"
আমি জানিব বিচাৰিছিলোঁ খঞ্জন কিশোৰ নাথৰ ভিতৰত থকা "চিনেমাৰ মানুহ" জনক। 
খঞ্জনে জনালে-- "চিনেমাৰ ধাৰণা মোৰ বাবে সময় সাপেক্ষে সলনি হৈ থাকে। শৈশৱ আৰু কৈশোৰ কালত চিনেমা মোৰ বাবে আছিল অন্তহীন এক বিস্ময়। যৌৱনত চিনেমা এক ৰোমাণ্টিক ভাৱনা আৰু আজিৰ সময়ত চিনেমা  জীৱনৰ অন্য নাম। মোৰ বাবে চিনেমা হল জীৱনৰ এক কলাত্মক ৰূপ যাৰ জৰিয়তে জীৱনৰ বিভিন্ন সময়,ৰূপ আদিবোৰ এক বেলেগে দৃষ্টিকোণৰ পৰা ৰূপায়িত কৰিব পাৰি।
চিনেমা ব্যৱসায় নে কলা সেয়া ব্যক্তি বা পৰিস্থিতি সাপেক্ষে ভিন্ন হব পাৰে। কিন্তু ব্যক্তিগত ভাৱে মই ভাবোঁ যে চিনেমা মূলত এক কলা। এই কলাত যিহেতু যথেষ্ঠ অৰ্থ জঢ়িত হৈ আছে সেয়ে ইয়াক অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা চাবই লাগিব। কিন্তু কেৱল মাত্ৰ বজাৰৰ কথা ভাবি চিনেমা নিৰ্মাণ কৰাটো আচলতে নিজকে ফাকি দিয়াৰ দৰে কথা। চিনেমাৰ বজাৰ ভাল হ'ব নে বেয়া হ'ব সেয়া সম্পূৰ্ণ পৰিকল্পিত প্ৰচাৰৰ ওপৰত নিৰ্ভৰ কৰিব। অসমৰ দৰে এখন ঠাইত আমাৰ দৰে পৰিচালকে ধাৰাবাহিক ভাৱে চিনেমা নিৰ্মাণ কৰাটো এক বৃহৎ প্ৰত্যাহ্বান। কাৰণ আমি চিনেমা বজাৰক লক্ষ্য কৰি নিৰ্মাণ নকৰোঁ।"

।। অতীতচাৰণ ।। 
"চিনেমা নিৰ্মাণৰ প্ৰক্ৰিয়াটোত মই ২০০৬ বৰ্ষৰ পৰাই জঢ়িত হৈ আছোঁ। প্ৰথম অৱস্থাত ছুটি চিনেমাৰে এই যাত্ৰা আৰম্ভ কৰিছিলোঁ। ২০০৯ বৰ্ষত চিনেমা পৰিচালনাৰ পাঠ্যক্ৰম কৰিবলৈ মুম্বাইলৈ যোৱাৰ আগতেই মই তিনিখন ছুটি ছবি নিৰ্মাণ কৰিছিলোঁ। তাৰ ভিতৰত "সূৰ্যসন্ধান" নামৰ চিনামা খনে সেই সময়ত ভালেকেইটা চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছিল। পৰবৰ্তী সময়ত ২০১২ বৰ্ষত "চাকনৈয়া" নামৰ এখন ছুটি চিনেমা কৰোঁ, যিখন প্ৰায় ২০ টা মান ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত নিৰ্বাচিত হৈ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ পিছত মই ২০১৩ বৰ্ষত মোৰ প্ৰথম খন পূৰ্ণ দৈৰ্ঘ্য চিনেমা "চোৰ" ৰ কাম আৰম্ভ কৰোঁ। অৰ্থৰ অভাৱত চিনেমা খন সম্পূৰ্ণ কৰোঁ ২০১৭ বৰ্ষত। এই চিনেমা খনেও বহু কেইটা চলচ্চিত্ৰ মহোৎসৱত নিৰ্বাচিত হোৱাৰ লগতে বঁটা পাবলৈ সক্ষম হৈছিল। উল্লেখ্য যে এই চিনেমা খনে  শ্ৰেষ্ঠ নতুন পৰিচালক, শ্ৰেষ্ঠ সংগীত আৰু শ্ৰেষ্ঠ শিশু শিল্পীৰ অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। ২০১৯ বৰ্ষত আকৌ কাৰ্বি ভাষাত ছুটি চিনেমা কৰা হৈছিল। নাম আছিল "কাঁচিচিনিথু"।এই খনে ২০২০ বৰ্ষৰ শ্ৰেষ্ঠ ছুটি ছবিৰ ৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হৈছিল।" --খঞ্জন কিশোৰ নাথে ক'লে।

শনিবার, ৬ জানুয়ারি, ২০২৪

নাটক চোৱাৰ আনন্দ

আজি ১ জানুৱাৰী, ২০২৪। মুম্বাইৰ কেইটামান নাটঘৰত মঞ্চস্থ হ'বলগীয়া নাটকৰ তালিকা খন বিচাৰিছিলোঁ সাংবাদিক বন্ধুৰ পৰা। বন্ধুয়ে আমালৈ প্ৰেৰণ কৰা তালিকাত আছে -- 'গগন দামামা বাজয়ো' (টিকটৰ মূল্য: ৪৯৯ টকা), 'মাম্মা মিয়া!' (টিকটৰ মূল্য: ১২০০ টকা), 'ভ্যাকুয়াম ক্লিনাৰ' (টিকটৰ মূল্য: ৩০০ টকা), 'কৰুণ গেলো গাঁও' (টিকটৰ মূল্য: ৩০০ টকা), 'ইয়াদা কদাচিৎ ৰিটার্নছ' (টীকটৰ মূল্য: ২০০ টকা)। মন কৰক-- টিকটৰ মূল্য ২০০ৰ পৰা ১২০০টকা। নাট্যৰিসিকে টিকট ক্ৰয় কৰে, নাটক চাবলৈ ভিৰ কৰে, নাটক চোৱাৰ আনন্দ অনুভৱ কৰে! 
১৯৯৪ চনৰ পৰা ২০০২ চনৰ আগভাগলৈ আমাৰ কৰ্মস্থান আছিল মুম্বাই। সেই সময় চোৱাত সুযোগ মিলিলেই আমি পৃথ্বি থিয়েটাৰ, যশোবন্ত নাট্য মন্দিৰ আদিত নাটক উপভোগ কৰিছিলোঁ। নাট্যকৰ্মীৰ নিজা নিজা কম আসনৰ নাটঘৰলৈ গৈয়ো নাটক চোৱাৰ আনন্দ অনুভৱ কৰিছিলোঁ। 'ফ্ৰী পাছ' লৈ নহয়, টিকট ক্ৰয় কৰি।
তেনেদৰে কলকতাৰ ৰবীন্দ্র সদন, গিৰিশ মঞ্চ, অকাডেমি অফ ফাইন আর্টছ, শিশিৰ মঞ্চ, মিনার্ভা থিয়েটাৰ আদিত নাটক চোৱাৰ আনন্দ কৰিছোঁ, কেইবাৰো, টিকট ক্ৰয় কৰি। নাটুৱাৰ প্ৰযোজনা, গৌতম হালদাৰ পৰিচালিত, অভিনীত নাটক 'মৈমনসিংহ গীতিকা' , 'মেঘনাদধ' আৰু 'মাটিৰ গাড়ি' চোৱাৰ সময়ত এক 'অদ্ভুত অভিজ্ঞতা'ই আমাক আনন্দ দিছিল। নাট্যৰসিকে দুই-তিনিদিন আগতে টিকট ক্ৰয় কৰা দেখিছিলোঁ।  নাটক আৰম্ভ হোৱাৰ এঘণ্টা মান আগৰ সময়ত টিকট ক্ৰয় কৰিবলৈ গৈ আমি বিমুখ হৈছিলোঁ।
--আমাৰ বাবে 'অদ্ভুত আভিজ্ঞতা' এই বাবেই আছিল, আমাৰ ৰবীন্দ্ৰ ভৱন (বহু 'সময়' বন্ধ হৈ আছে। পুন:নিৰ্মাণ কৰিব), কুমাৰ ভাস্কৰ নাট্য মন্দিৰ, কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহ আদিত নাটক চোৱাৰ আনন্দ সততে অনুভৱ কৰি আহিছোঁ টিকট ক্ৰয় নকৰাকৈ।  (মাজে সময়ে নাছিৰুদ্দিন শ্বাহৰ দৰে কোনো তাৰকাই নাটকলৈ আহিলে টিকট ক্ৰয়ৰ ভাল লগা ছবি এখন দেখা যায়।) কোনো নাট্যগোষ্টিয়ে টিকট বিক্ৰয়ৰ ব্যৱস্থা কৰে, 'পুছিং চেল' কৰে। পুছিং চেল' কৰাৰ সময়ত নাটকৰ্মীয়ে অনুভৱ কৰা মিঠা অভিজ্ঞতা কম, তিতা বেছি। সততে নাট্যকৰ্মী সকলে নিজৰ পকেটৰ টকাৰেহে ধাৰাবাহিক ভাৱে নাটকৰ্ম কৰি আহিছে। (বিশেষ নাট্যগোষ্টিয়ে, নাট্যকৰ্মীয়ে চৰকাৰী পুঁজিৰে নাট্যকৰ্ম কৰাৰ সুবিধা নপোৱা নহয়। সংখ্যা তেনেই কম।) বজাৰ চিন্তাৰে নাট্যকৰ্ম কৰা ভ্ৰাম্যমাণ থিয়েটাৰে প্ৰদূষিত কৰা 'অসমৰ নাট্যচৰ্চা'ক নিৰ্মল কৰাৰ দায়িত্ব নিজে পালন কৰি আহিছে অসমৰ বিভিন্ন প্ৰান্তত থকা নিজৰ পকেটৰ টকাৰে নাট্যচৰ্চা কৰি অহা নাট্যকৰ্মী সকলে।
--কথাটো এনে ধৰণৰ নহয়, দুৰ্বল নাট প্ৰযোজনাৰ বাবে অসমৰ দৰ্শকে স্বতন্ত্ৰ নাটকৰ প্ৰতি আগ্ৰহ নেদেখুৱাই। কথাটো হ'ল, পৰিবেশ। টিকট ক্ৰয় কৰি কুমাৰ ভাস্কৰ নাট্য মন্দিৰ আদিত টিকট ক্ৰয় কৰি নাটক চোৱাৰ পৰিবেশ গঢ়ি উঠা নাই, গঢ়ি তোলাৰ চেষ্টা কোনো পক্ষয়ে কৰা নাই। আছেনে-- অসমৰ প্ৰতিটো স্থায়ী নাটঘৰৰ সন্মুখত টিকট কাউণ্টাৰ? নথকা নহয়, যি কেইটাত আছে টিকট খিৰিকী বন্ধ থকায়ে দেখো।
আৰু কেতিয়াবা দেখিছোঁ-- কোনো নাট্যকৰ্মীয়ে 'কোনো নাট্য পণ্ডিত'ক গাড়ীৰে নাটক চাবলৈ অনা দৃশ্য। এনে দৃশ্য দেখাৰ পাছত আমাৰ 'নাটক চোৱাৰ আনন্দ' মনৰ পৰা আঁতৰি যায়।

মুকলি আকাশ, মুকলি পথাৰ, নাটক জিন্দাবাদ...

নাটক চাম! 
উদ্দেশ্য-- কেৱল নাটক চোৱা।
 মোৰ বাবে নাটকৰ আনন্দ অনুভৱ কৰাৰ নতুন বাট আছিল। সমৰেন্দ্ৰ কাকাই (মাৰাঠী নাটক, চিনেমাৰ সমালোচক) কৈছিল-- 'মুকলি আকাশৰ তলত নাটক। মঞ্চ নাথাকিব, প্ৰেক্ষাগৃহ নাথাকিব। সুৰ্যৰ পোহৰেই লাইট। চৰিত্ৰ মুখত অৱশ্যেই মেক-আপ থাকিব। সাজ-সজ্জা কৰিব।...' 
সমৰেন্দ্ৰ কাকাই কৈ গৈছিল। 
আমাৰ গাড়ীৰ গতি দ্ৰুত হৈছিল। 
আমাৰ আগ্ৰহ বাঢ়িছিল!
আমাৰ লক্ষ্য স্থান-- জলগাঁও। জলগাঁও জিলাৰ এখন গাঁও। মুম্বাইৰ পৰা প্ৰায় ৪১২ কিলোমিটাৰ বাট। গাড়ীৰে প্ৰায় ৯ ঘণ্টাৰ বাট। (সেই সময় চোৱাত আমাৰ কৰ্মস্থান আছিল-- মুম্বাই)
মাৰ্চ ১৯৯৫। যথা সময়ত যথা স্থান পাইছিলোঁ।
 যথা সময়ত এখন খেল পথাৰত, মুকলি আকাশৰ তলত, দিনৰ পোহৰত প্ৰথম বাৰ অভিনয় উপভোগ কৰিছিলোঁ। নাটক: মেকবেথ। উইলিয়াম শ্বেইকছপীয়েৰৰ 'মেকবেথ'। 
--মোৰ বাবে 'অদ্ভুত অভিজ্ঞতা' আছিল।
 কেৱল অভিনয়ৰে তিন ডাইনিয়ে ভবিষ্যতবাণী কৰা দৃশ্যটোৰ পৰিবেশ নিৰ্মাণ আজিৰ তাৰিখতো মন-মগজুত শিপাই আছে।
পৰৱৰ্তী সময়ত, দ্বিতীয় বাৰ মুকলি আকাশৰ তলত, প্ৰাকৃতিক পৰিবেশত নাটক চোৱাৰ আনন্দ অনুভৱ কৰিছিলোঁ গোৱালপাৰাৰ ৰামপুৰৰ শালনী বাৰীত, শাল গছৰ মাজত, মুকলি আকাশৰ তলত। 
২০০৮ চনৰ পৰা বাদুংডুপ্পাই  আয়োজন কৰি আহিছে ‘আণ্ডাৰ দ্য শাল ট্রীজ'। নেতৃতত আছিল শুক্রাচার্য ৰাভা। (যিমান দূৰ জানো-- ১৯৯৮ চনত ৰামপুৰত পিতৃ প্রদত্ত পাঁচ বিঘামাটিত শুক্রাচার্য ৰাভাই 'বাদুংডুপ্পা কলা কেন্দ্র’ নিৰ্মাণ কৰিছিল। নাট্যকৰ্মী গৰাকীৰ কায়িক অৱৰ্তমানতো নাট্যচৰ্চা চলি আছে।)
আমাৰ ধাৰণাত ‘আণ্ডাৰ দ্য শাল ট্রীজ'ৰ সফলতাৰ বাবে অসমৰ নাট্যকৰ্মীয়ে মুকলি আকাশৰ তলত, প্ৰাকৃতিক পৰিবেশত নাট্যচৰ্চাৰ বাট বিছাৰি পালে। উদাহৰণ: কৈঠালকুছিৰ বার্ষিক পথাৰ নাটমেলা, নগাঁৱৰ "ৰদঘাই বেবেজীয়া"ৰ নাটমেলা, হোলোং দ্য থিয়েটাৰ ভেষ্টিভেল আদি।
হাতী-মানুহৰ সংঘাত কমা নাই, বাঢ়ি আছে। এই সমস্যা সমাধানৰ বাট বিছাৰি ঢেকিয়াজুলিৰ ৰঙ্গপীঠ সাংস্কৃতিক গোষ্ঠীৰ কলা-কুশলী সকলে 'ঐৰাৱত' নামৰ এখন ব্যতিক্ৰমী নাটক মঞ্চস্থ কৰিছিল, সেউজীয়াৰ মাজত। তেনেদৰে ক'ব পাৰি তিতাবৰ বিনয় শইকীয়া আৰু পঞ্চানন দুৱৰা, নৰেন তাঁতী কপিল বৰুৱা আৰু পুলক কছাৰী আদিকে ধৰি কেইজনমান নাট্যকৰ্মীৰ উদ্যোগ অসম-নাগালেণ্ড সীমান্তৰ পাদপ্ৰদেশত আয়োজন কৰা পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ ২০২৩ -ৰ কথা।
নতুন বছৰৰ তৃতীয় দিনটোত পালোঁ আৰু এটা তথ্য-- অহা ৩ আৰু ৪ ফেব্ৰুৱাৰী তাৰিখে সৰভোগত পঞ্চম বাৰ্ষিক 'পথাৰ নাট মেলা' অনুষ্ঠিত কৰিব। মোৰ এই 'চৰ্চা' এই নাট মেলাৰ স্মৰণিকা 'পথাৰ'ৰ বাবে।
--এই নাট মেলাতো মুকলি আকাশৰ তলত নতুন 'নাট্যচিন্তা' হয়, নাট্যৰসিকে নাটক চোৱাৰ আনন্দ অনুভৱ কৰে।

আৰু উভতিছোঁ মাৰ্চ ১৯৯৫ লৈ।
'মেকবেথ' চোৱাৰ পাছত সত্যদেব দুৱেৰ লিখিত ভাষণ পাঠ কৰিছিল। (লেখক-পৰিচালক গৰাকীক উদ্যোক্তা সকলে আমন্ত্ৰণ কৰিছিল। যথা সময়ত উপস্থিত থাকিব নোৱাৰাত লিখিত ভাষণ প্ৰেৰণ কৰিছিল।) নাট্যকৰ্মী গৰাকীৰ মতে, অভিনয়-সংলাপ চৰ্চা মুকলি আকাশৰ তলত, সেউজীয়াৰ মাজতে আৰম্ভ হৈছিল। 'অভিনয়ৰ বাটত আগ বাঢ়ি বাঢ়ি আমি মঞ্চ পালোঁ। মুকলি আকাশ এৰি ঘৰৰ মাজলৈ আহিলোঁ। সূৰ্যৰ পোহৰ এৰি কৃত্ৰিম পোহৰৰ মাজত সোমাই পৰিলোঁ। আমাৰ নাটকৰ শিপাৰ পৰা বহু বাট আগুৱাই আহিলোঁ। আৰু আজি আমি, আমি নাট্যকৰ্মী সকলে শিপালৈ ওভতাৰ বাটত  খেল পথাৰ পাইছোঁ। বহুতে আকৌ অভিনয়ৰ আত্মাৰ সন্ধানত গৈ হাবিৰ মাজ পাইছে। ...এনেদৰেই বৃত্তৰ গতিত নাটক জীয়াই থাকিব।... নাটক জিন্দাবাদ।'