সোমবার, ৩১ জানুয়ারি, ২০২২

দুখেৰ আৰম্ভ কৰিছিল "অভিনয়"ৰ সুখৰ জীৱন...

    অনুপমা ভট্টাচাৰ্য ( জন্ম: ২৩ আগষ্ট, ১৯২৮, শিৱসাগৰ / মৃত্যু: ৩০ জানুৱাৰী,২০২২, গুৱাহাটী)
       -----------------------------
দুখেৰ আৰম্ভ কৰিছিল অভিনয়ৰ সুখৰ জীৱন। দুখৰ মাজত জুপুকা মাৰি থকা সময়তে এদিন নটসূৰ্য ফনী শৰ্মা আৰু কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আহি ক'লে-- তুমি অভিনয় কৰা! মন মুকলি লাগিব! আমি 'ছিৰাজ' কৰিম! তোমাৰ দেউতাক কৈছো। ফাতেমাৰ চৰিত্ৰটোত তুমি অভিনয় কৰিবা বুলি ধৰি লৈয়ে আমি আহিছো! কিছু সময় ল'লে। আৰু নিৰ্দিষ্ট সময়ত  অনুপমা ভট্টাচাৰ্যই ক'লে-- মই অভিনয় কৰিম।
--অনুপমা ভট্টাচাৰ্যই কৈ গৈছিল।
 ২০০৩ চনৰ কোনো এটা দিনত। সেই সময়ত আমি দৈনিক কাকত "আজি"ৰ সম্পাদনা বিভাগৰ কৰ্মী। সম্পাদক অজিত কুমাৰ ভূঞা আৰু লেখক-অভিনেতা দিলীপ কুমাৰ হাজৰিকাই অভিনেত্ৰী গৰাকীৰ বিষয়ে বহু কথা কৈছিল। দিলীপ কুমাৰ হাজৰিকাই কৈছিল --"এই বোৰ কথা লিখিব লাগে। আমি কোৱা ধৰণে নহয়, অনুপমা ভট্টাচাৰ্যই কোৱা ধৰণে। তুমি এদিন গৈ কথা পাতি আহা।" আমি গৈছিলো। আমি জানিব বিছৰাত কৈ গৈছিল। ("এইবোৰ জানিবলগীয়া কথা নে! লিখিলেনো কি হব!"  বুলি কৈ গৈছিল।) 
"সেই সময়ত মোৰ বয়স কিমান আছিল! ভালদৰে মনত নাই। খেলাৰ বয়স আছিল। আজি-কালি সিমান বয়সত দৰা-কইনা খেলে। মই পিছে সচাকৈয়ে কইনা হৈছিলো। কইনাৰ সাজ-অলংকাৰ পিন্ধি বিয়াত বহিছিলো। মোকনো এই গধুৰ সাজ-অলংকাৰ পিন্ধাই কিয় বিয়া দিলে! --বুজি লোৱাৰ আগতে এদিন ওচৰৰ তিৰোতাবোৰে আহি মোৰ গহনা-গাঁথৰি খুলি পেলালে, কপালৰ ফোঁট মচি দিলে। মই মাত্ৰ কান্দিছিলো, বিয়াৰ দিনা কন্দাৰ দৰে। আন বহুতে কন্দা বাবে। আনহাতে ভালো পাইছিলো সাজ-পাৰৰ বোজা এৰি খেলিবলৈ সুবিধা কৰি দিয়া বাবে। মোৰ মন কিন্তু দুখেৰে ভৰি আছিল, মোক বিয়া দিয়া ল'ৰা জন যে মৰি থাকিল, সেই বাবেই হয়তো! খেলত মন দিব পৰা নাছিলো।" 
 --হয়, বিয়াৰ বিয়াৰ কেইমাহমানৰ পিছতে অনুপমা ভট্টাচাৰ্যৰ স্বামীৰ মৃত্যু হৈছিল। 
--সময়ত‘চিৰাজ’ৰ কাম আৰম্ভ হৈছিল। আৰু চিত্ৰগ্ৰহণৰ সময়তেই সংগীত পৰিচালক শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ লগত পুনৰ বিবাহত বহিছিল। "আৰু বিয়াত বহিলো যে! আইদেউ সন্দিকৈৰ দৰে বিপদত নপৰিলো। কিন্তু মহিলাই চিনেমাত অভিনয় কৰা কামটো সেই সময়তো অপৰাধ আছিল। আৰু সমাজৰ পৰা পোৱা লাঞ্ছনা গঞ্জনা সহ্য কৰিব লগিয়া হৈছিল। সমাজে আমাৰ ঘৰখনক এৰিছিল।" 
--ৰৈ থকা নাছিল। অভিনয় কৰি গৈছিল। সৰাপাত, নিমিলা অংক, বিপ্লৱী, মানৱ আৰু দানৱ, তৰামাই, ‘নতুন পৃথিৱী’, 'মৰম', 'ৰাংঢালী', 'আদালত', 'অকণ'কে ধৰি ১৪ খন অসমীয়া চিনেমাত অভিনয় কৰিছিল। 
অভিনয় কৰিছিল ভ্ৰাম্যমাণ থিয়েটাৰতো। ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম গৰাকী 'নায়িকা' বুলি কোৱা হয় অনুপমা ভট্টাচাৰ্যক। ( নটৰাজ থিয়েটাৰৰ প্ৰথম নাট্যবৰ্ষৰ অভিনেত্ৰী:  জ্যোৎস্না দেৱী, অনুপমা ভট্টাচাৰ্য, স্বৰ্ণলতা বৰা, বনিতা বৰঠাকুৰ)। এনেদৰেও কব পাৰি --ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰা প্ৰথম গৰাকী (চিনে গ্লেমাৰ!) অভিনেত্ৰী। "নাটকত সৰুৰে পৰা অভিনয় কৰিছিলো। সৰুৰে পৰা নাটকৰ মানুহ দেখিছিলো। (('দৈনিক অসম'ৰ পৰা সংযজন: অসমীয়া সাহিত্যৰ কাণ্ডাৰী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ আজোনাতিনী আছিল অনুপমা ভট্টাচার্য। তেওঁৰ পিতৃৰ নাম আছিল গোপাল বেজবৰুৱা আৰু মাতৃ আছিল গুণদা বেজবৰুৱা। বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱা আছিল শিল্পীগৰাকীৰ মোমায়েক।) ১১ বছৰ মান বয়সত প্ৰথমবাৰ মঞ্চত অভিনয় কৰিছিলো। শিৱসাগৰত। গতিকে মোৰ বাবে থিয়েটাৰৰ মঞ্চত অভিনয় কৰা কামটো সহজ আছিল। অচ্যুত লহকৰৰ তাগিদা আৰু আৰ্থিক কাৰণত মই নটৰাজ থিয়েটাৰত অভিনয় কৰিবলৈ মান্তি হৈছিলো। যাত্ৰা আৰম্ভ হোৱাৰ পিছত অনুভৱ কৰিছিলো --মঞ্চত অভিনয় কৰা মোৰ বাবে কঠিন কাম নহয়; কিন্তু ভ্ৰাম্যমাণ থিয়েটাৰত কঠিন। সময়ৰ সৈতে খোজ মিলাই অভিনয়ৰ কাম কৰিব লাগে। নাটক লৈ ইখন ঠাইৰ পৰা সিখন ঠাইলৈ যাব লাগে। শেষৰ ফালে মোৰ ভাল নলগা হৈছিল। ভ্ৰাম্যমাণত পোৱা সকলো অভিজ্ঞতা মিঠা নাছিল। বিষ্ণু ৰাভা, ফণী শৰ্মাৰ সৈতে কৰা নাটকৰ মধুৰ অভিজ্ঞতাবোৰ সদায় মনত থাকিব। মই নাটকত অভিনয় কৰিহে ভাল পাইছিলো। চিনেমাৰ পোকটো সোমাইছিল 'জয়মতী'ৰ পৰা। অভিনয় কৰিম বুলি কিন্তু কোৱা নাছিলো, ভয়ত।" --অনুপমা ভট্টাচায্যই কৈছিল। হয়তো পিতৃ গোপাল বেজবৰুৱাই পঢ়িছিল জীয়ৰীৰ মন। আৰু সমাজৰ বাধাকো আওকান কৰি 'ফাতেমা'ৰ চৰিত্ৰত অভিনয় কৰাৰ অনুমতি দিছিল। আৰু 'ফাতেমা'ৰে ৰূপালী পৰ্দাত জিলিকিছিল,দৰ্শকৰ হৃদয়ত স্থান লৈছিল। দৰ্শকৰ হৃদয়ত স্থান লোৱা 'ফাতেমা' গ'লগৈ, হৃদয়ত বহু ব্যথা লৈ। 
(অকালতে হোৱা স্বামী শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ মৃত্যু শোক, অকালতে  হোৱা কন্যা ৰুণুমী ঠাকুৰৰ মৃত্যু শোক। আৰু যে কিমান শোক!)  By: Utpal Mena
 

শুক্রবার, ২৮ জানুয়ারি, ২০২২

এনেদৰেই হেৰাই যাব অসমীয়া গীতৰ শিপা...

এক)
    সত্যজিৎ ৰায়ৰ "পথেৰ পাঁচালী"ক আকিৰা কুৰোছাৱাৰ "ছেভেন ছামুৰাই" (Seven Samurai)ৰ সৈতে তুলনা কৰি লিখিছিল এগৰাকী বঙালি বুদ্ধিজীৱীয়ে। বুদ্ধিজীৱী গৰাকীৰ নাম উল্লেখ নকৰাকৈ সত্যজিত ৰায়ে অসন্তুষ্টি প্ৰকাশ কৰিছিল। কাৰণ? "তেওঁৰ নামটো কোৱাৰ যুক্তি মই বিছাৰি নাপালো। আমাৰ বাঙালি বুদ্ধিজীৱী। বুদ্ধিজীৱীৰ লিখাৰ স্বাধীননতাত বাধা হোৱাৰ অধিকাৰক লৈয়ো প্ৰশ্ন উত্থাপন হব পাৰে! কিন্তু নকলে ক্ষতি হব, চিনেমাৰ ক্ষতি। বুদ্ধিজীৱী গৰাকীয়ে চিনেমা নুবুজাকৈ বা অধ্যয়ণ নকৰাকৈ "ছেভেন ছামুৰাই"ৰ ওপৰত "পথেৰ পাঁচালী"ক  স্থান দিছে। সমাজত বুদ্ধিজীৱীৰ পৰিচয় থকা লেখকৰ এনে বুদ্ধীহীন তুলনাই আমাক লাজ দিছে আৰু বিবুদ্ধিত পেলাইছে। বুদ্ধিজীৱীয়ে দিশ নিৰ্ণয় কৰে। চিনেমা নুবুজাকৈ চিনেমা কেন্দ্ৰীক এনে লেখাই  "চিনেমা আলোচনা"ক ভুলে বাটে লৈ যাব।" --সত্যজিত ৰায়ে কৈছিল। (উৎস: নন্দন, চিত্ৰবানী) এই প্ৰসংগত চৰ্চাৰ বাট মুকলি ৰাখিলো।

                           (দুই)
মনত আছে নিশ্চয়--"কোলাবৰি ডি..."। ধনুষৰ সংগীত ধেমালি! ধনুষ অসমৰ, অসমীয়া হ'লে হয়তো "অসমীয়া বুদ্ধিজিৱী" একাংশৰ বাবে আলোচনাৰ বিষয় হ'ল হেতেন! আৰু "বুদ্ধি"ৰে নিশ্চয় ধনুষৰ গুণ বখানিলে হেতেন! এই ভাব মনলৈ নাহিল হেতেন যদিহে তামিল-তেলেগু গীতৰ সুৰেৰে অসমীয়া গীত নিৰ্মাণ (--হয়, নিৰ্মাণ) কৰা গায়কৰ "সৃষ্টি"ত একাংশ "অসমীয়া বুদ্ধিজিৱী"য়ে আসমীয়া সংগীতৰ বিশাল ভাণ্ডাৰৰ সন্ধানত ব্যস্ত নহ'ল হেতেন। "চুৰকাৰ", সুৰকাৰক একাকাৰ নকৰিলে হেতেন। আমাৰ বুজাত দিগদাৰ হয়-- এয়া "বুদ্ধিজীৱী"ৰ জনপ্ৰিয়তাৰ নেগুৰত ধৰাৰ প্ৰৱণতা নে  বুদ্ধিহীনতা। বিপৰীতে আমাৰ বুজাত অসুবিধা নহয়-- বুদ্ধিজিৱীৰ এনে বৌদ্ধিক কচৰতে অসমীয়া সংগীতৰ শিপা দুৰ্বল কৰে।
                          (তিনি)
এনেদৰেই হেৰাই যাব অসমীয়া গীতৰ শিপা। কামৰূপী লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠকৰ কণ্ঠত শুনিছিলো --"মাই তই জলে না যায়ও..."। এই কামৰূপী গীতটো এতিয়া "অসমীয়া" হৈ থকা নাই। থাকিব দিয়া পশ্চিম বংগৰ একাংশ সংগীত শিল্পীয়ে। কোৱা হৈছে --গীতটোৰ ভাষা বাংলা । গীতটোৰ প্ৰসংগত আমি চৰ্চা কৰিছিলো লোকসংগীত চৰ্চা কৰা অসমৰ কেইবাগৰাকীও শিল্পীৰ সৈতে। দৃশ্য-শ্ৰাব্য "বাংলা কামৰূপী লোকগীত" কেইটাৰ বাহিৰে কোনো ধৰণৰ তথ্য দিব নোৱাৰিলে। এই যে তথ্য দিব নোৱাৰিলে বা লোকগীতটোৰ চৰ্চ নাই, বিপৰীতে পশ্চিমবংগ আৰু বাংলাদেশৰ শিল্পীয়ে লোকগীতটো চৰ্চাৰ পিছত চৰ্চা কৰি গৈছে --এই কথাই স্পষ্ট কৰি দিছে অতি কম দিনতে "মাই তই জলে না যায়ও..." বাংলা লোকগীত বুলি আমি সকলোৱে মানি লব লাগিব। ইতিমধ্যে জনপ্ৰিয় কামৰূপী লোকগীতটোৰ শব্দ কেইটামান ইফাল-সিফাল কৰি বিশেষ বাঙালি গীতিকাৰে লিখা বুলিয়ো উল্লেখ কৰা হৈছে। এয়া কামৰূপী লোকগীতটোক "বাংলা লোকগীত"লৈ ৰূপান্তৰ কৰাৰ যে প্ৰথম খোজ তিলমানো সন্দেহ নাই।
    ভাষা গ'ল, ভাষা যাব! অসমীয়া ভাষা-সংস্কৃতি নথাকিব!-- আমি এনেদৰে নাভাবো। যি ভাষা চহকী, যি সংস্কৃতি চহকী, সেই ভাষা-সংস্কৃতি চিৰকাল থাকিব। অৱশ্যে হেৰাই যাব তেতিয়া, যেতিয়া উৎকৃষ্ট সাহিত্য সৃষ্টি নহব, "সংস্কৃতি কৰ্ম" নহব। কোনো আন্দোলনে  জাতিৰ ভাষা-সংস্কৃতি ৰক্ষা কৰিব নোৱাৰে। জাতি ৰক্ষা সম্ভৱ "সাহিত্য-সংস্কৃতি" ইত্যাদি উৎকৃষ্ট কৰ্মৰেহে। তামিল-তেলেগু সুৰেৰে, সংগীতেৰে ভালেমান গীত নিৰ্মাণ কৰি "অসমীয়া সংস্কৃতি"ৰ ভড়াল ভৰাইছে ঠিকেই, বিপৰীতে অসমীয়া লোক সংগীত, গীত আনৰ হাতলৈ যোৱৰ সময়তো কৈছে, "কোনে কাক বাধা দিব!" আৱশ্যে কথাটো হয়-- যি গৰাকীয়ে তামিল, তেলেগু সুৰ-সংগীতেৰে "জনপ্ৰিয়তাৰ জখলা" বগাইছে, সেই গৰাকীয়ে "বাংলা কামৰূপী লোকগীত"ৰ বিৰূদ্ধে মাত মাতিব কেনেকৈ!

বৃহস্পতিবার, ২৭ জানুয়ারি, ২০২২

জয়মতী, জয়মতীৰ বাটেৰে/৪

Joymoti
 এৰাধৰাৰে আৰম্ভ হৈছিল অসমীয়া চিনেমাৰ যাত্ৰা। আৰু এৰাধৰাৰ মাজেৰেই আজিৰ তাৰিখতো অসমীয়া চিনেকৰ্ম চলি আছে। শিৱপ্ৰসাদ ঠাকুৰৰ চিনেকৰ্মৰ পৰা আমি দেখিছো, অনুভৱ কৰিছো। আৰু যাত্ৰাকালৰ, যাত্ৰাকালৰ পৰা শিৱপ্ৰসাদ  ঠাকুৰলৈ "অধ্যয়ণ" ( লেখা পঢ়ি, চিনেকৰ্মীৰ সৈতে কথা পাতি) কৰি অনুভৱ কৰিছো, জনিবলৈ চেষ্টা কৰিছো। অসমীয়া চিনেমাৰ পিতৃ জ্যোতি প্ৰসাদ আগৰৱালাই লিখিছিল-- "আমি অসমীয়া মানুহ আন প্ৰদেশৰ দৰে ধনী হোৱা হ’লে আৰু ‘ছিকন্দৰ’ৰ (১৯৪১ চনত চিত্ৰগৃহলৈ অহা হিন্দী চিনেমা। মুখ্য চৰিত্ৰটোত অভিনয় কৰিছিল পৃথ্বীৰাজ কাপুৰে। এই মহাকাব্যিক খনৰ পৰিচালনা ছোহবাৰ মোদীৰ। দৈৰ্ঘ ১৪৬ মিনিট।) দৰে দহ লাখ টকা খৰচ কৰি ‘জয়মতী’ কৰিবলৈ পোৱা হ'লে অৱশ্যেই পৃথিৱী তভক্ খুৱাব পৰা বাঁহ-কাঠৰ কাৰেং দেখুৱাব পাৰিলোঁহেঁতেন। ..." কব পাৰি "জয়মতী"ৰ কাম শেষ কৰিছিল প্ৰয়োজনতকৈ ৯ লাখ ৫০ হাজাৰ কম বাজেটেৰে। আৰু কব পাৰি সেই সময়তো অসমীয়া চিনেমাৰ প্ৰধান সমস্যা আছিল-- "স্থানীয় বজাৰ", আজিৰ তাৰিখতো প্ৰধান সমস্যা সেই একেটায়ে। [জ্যোতি প্ৰসাদ আগৰৱালাই লিখিছিল-- "অভ্যস্ত ৰুচিমতে নকৰিলে ফিল্মখন সৰবৰহী (box office success) হৈ নুঠে। ভি. এছ. শান্তাৰাম এজন প্রথম শ্ৰেণীৰ ভাৰতীয় পৰিচালক। (শান্তাৰামে, শান্তৰাম ৰাজাৰাম ভানকুদ্রে, ভিয়ে ভাৰতীয় চিনেমাক গতি দিছিল।) কিন্তু তেৱোঁ box office-ৰ খাতিৰত 'শকুন্তলা' ( 'শকুন্তলা' মুম্বাইৰ ৰাজকামাল কালামন্দিৰৰ বেনাৰত নিমাণ কৰা প্ৰথম চিনেমা। প্ৰযোজনা গোষ্ঠী প্রভাত ফিল্ম বাদ দিয়াৰ পাছত ১৯৪২ চনত ভি শান্তাৰামে প্ৰতিষ্ঠা কৰিছিল। 'অভিজ্ঞান শকুন্তলম'ৰ কাহিনীৰ আধাৰত চিত্ৰনাট্য ৰচনা কৰা এই চিনেমা খনৰ দৈৰ্ঘ ১২২ মিনিট। ১৯৪২ চনত চিত্ৰগৃহলৈ অহা হিন্দী 'শকুন্তলা' মার্কিন যুক্তৰিষ্ট্রত বাণিজ্যিকভাবে প্রদর্শিত প্রথম ভাৰতীয় চিনেমা।) চিত্ৰত নিজকে কিমানখিনি তললৈ নমাই আনিছিল তাক এই বিষয়ে বুজোঁতাসকলে জানে। 'জয়মতী' ফিল্মতো এই সমস্যাই হৈছে।..." --এই লেখাৰ আট ধৰি কব পাৰি কোটি টকা ব্যৱসায় কৰা অসমীয়া চিনেমা 'ৰত্নাকৰ', 'মিছন চাইনা', 'কাঞ্চনজংঘা'ৰ পৰিচালকেও বজাৰ চিন্তাৰে 'নিজকে তললৈ নমাই আনিছিল।' --'চিৰাজ', 'আজলী নবৌ', 'বোৱাৰী' 'হিয়া দিয়া নিয়া', 'যৌৱনে আমনি কৰে' আদি অসমীয়া চিনেকৰ্মও আছিল বজাৰ কেন্দ্ৰীক।]"জয়মতী"ৰ পৰিচালক গৰাকীয়ে লিখিছিল, অসমীয়া চিনেমাৰ বজাৰ ছয় খন জিলাৰ আধা সংখ্যক লোকহে। আৰু আজিৰ তাৰিখতো ব্ৰহ্মপুত্ৰ উপত্যকাৰ কেইখন মান জিলাৰ কিছু সংখ্যক লোকহে।
--অসমীয়া চিনেমাৰ বয়স বাঢ়ি আছে, অসমীয়া     চিনেকৰ্ম চলি আছে, সেই একে সমস্যাৰ মাজেৰে।
             এই খিনিতে আলোচনাৰ বিষয় হব পাৰে জোতি প্ৰসাদ আগৰৱালাই ভি. এছ. শান্তাৰামৰ 'শকুন্তলা' প্ৰসংগ কিয় উল্লেখ কৰিছিল। ইয়াৰ কাৰণ এনেদৰে ব্যাখ্যা কৰিব পাৰি-- 'জয়মতী' আৰু 'ইন্দ্ৰমালতী'ৰ চিনেকৰ্মৰ যি পৰিবৰ্তন, সেই পৰিবৰ্তন হয়তো দেখা যায় 'নেতাজী পলকৰ' (১৯২৭) আৰু 'শকুন্তলা' (১৯৪২)ত।
             'নেতাজী পলকৰ' (Indian biopic historical silent film) গুৰুত্বপূর্ণ ঐতিহাসিক 'এক ব্যক্তিত্ব' [Netaji Palkar (1620–1681) was a Sardar Senapati or Sarnaubat (Commander-in-Chief) under Chhatrapati Shivaji Maharaj, founder of the Maratha empire./wikipedia.] কেন্দ্ৰীক চিনেমা। নিৰ্বাক। স্বাভাবিকতে কেমেৰাৰ ভাষায়ে আছিল ভৰসা। পৰিচালকে 'গল্প' কৈছিল 'কেমেৰা-ছাবজেক্ট' গতিৰে। --শান্তাৰামে 'অয়োধ্যেচা ৰাজা'ৰে (২৩ জানুৱাৰী,১৯৩২) মাৰাঠি চিনেমাৰ সবাক যুগৰ দুৱাৰ মুকলি কৰিছিল। চৰিত্ৰৰ মুখত মাৰাঠি সংলাপ আছিল, 'গল্প' কোৱাত কিন্তু কেমেৰাৰ ভাষাক গুৰুত্ব দিছিল। ১৪৬ মিনিট দৈৰ্ঘৰ এই মাৰাঠি চিনেমা খনত প্ৰায় ৯০ হাজাৰ টকা খৰচ হৈছিল; আৰু 'জয়মতী'ৰ দৰে ব্যৱসায়িক দিশত সফল হোৱা নাছিল। 'জয়মতী'ৰ দৰে কাৰিকৰী ত্ৰুটিৰ বাবে শান্তাৰামে সমস্যাত পৰিছিল। অৱশ্যে অভিজ্ঞ শান্তৰামে সহজতে ত্ৰুটি মুক্ত কৰিছিল। বাদ দিবলৈ বাধ্য হৈছিল প্ৰায় ৭ মিনিট দৈৰ্ঘ। (উৎস: Filmindia) অজয় মাহত্ৰেৰ 'আজছা চিত্ৰপট'ত পঢ়িছিলো-- "শান্তাৰামে নিৰ্বাক চলমান ছবিৰে মাৰাঠি চিনেমাক চহকী কৰিছিল। কিন্তু নিজে আৰ্থিক দিশত চহকী হব পৰা নাছিল। সবাক যুগত শান্তাৰামৰ হাততে মাৰাঠি চিনেমাৰ উত্তৰণ হৈছিল। কিন্তু আৰ্থিক হেচাত পৰি ৰৈছিল। অভিনয়ৰে (১৯২১ চনত) চিনেমাৰ কামত জড়িত হৈছিল। ৪৩ খন হিন্দী-মাৰাঠি চিনেমা পৰিচালনা কৰিছিল। ৮ খন চিনেমা প্ৰযোজনা কৰিছিল। প্ৰথম পৰ্যায়ত "চিনেমা শিল্প"ৰ বাবে চিনেমা কৰা শান্তাৰামে 'শকুন্তলা'ৰে বজাৰ কেন্দ্ৰীক চিনেমাৰ কাম আৰম্ভ কৰিছিল। শান্তাৰামে কৈছিল --'চলমান ছবি শিল্পৰ ধাৰাবাহিকতা তেতেয়াহে সম্ভৱ হব, যেতিয়া সৰহ সংখ্যক দৰ্শকক চুব পাৰিব।' বক্স অ'ফিছত 'শকুন্তলা' সফল হৈছিল। আৰু সেই সফলতাৰ পাছত শান্তাৰামৰ পৰিচালনা শৈলী সলনি হৈছিল।" by: Utpal Mena

বৃহস্পতিবার, ২০ জানুয়ারি, ২০২২

জয়মতী, জয়মতীৰ বাটেৰে .../৩

Joymotiজ্যোতি চৰ্চা
               (৩)
   জ্যোতি প্ৰসাদ আগৰৱাল 'মন-চিন্তা' অনুভৱ কৰিব পাৰি নাটকৰ মাজত। ৰচনা কৰা নাটকৰ মাজত। কল্পনাৰ ঘোড়াত উঠি মনিমুগ্ধৰ দৰে সৌন্দৰ্য অনুভৱ কৰে শিপাত খামোচি। সংলাপেৰে সপোনৰ ছবি আঁকে মাটিত থাকি। চিনেকৰ্মতো মাটিত থাকি সপোনৰ চৰিত্ৰবোৰ নিৰ্মাণ কৰিছিল। কথা প্ৰসংগত "জয়মতী"ৰ অভিনেতা থানুৰাম বৰাই কৈছিল--"আমি বহি আছোঁ। আখৰালৈ মাতিছিল। জ্যোতিদেউ ভাবত বিভোৰ। নৰেন বৰদলৈয়ে ভয়ে ভয়ে সুধিলে--'কিবা চিন্তাত পৰিছে নেকি? আখৰা নহব নেকি?'
   'আখৰা হব। চৰিত্ৰ কেইটামানহে সলনি হব। সলনি কৰিব লাগিব। ছাঁয়াছবিৰ চৰিত্ৰ, সংলাপ নাটকৰ দৰে হ'লে নহব। বাস্তৱ হব লাগিব। গদাপাণিৰ ভাওত প্ৰভাত শৰ্ম্মাক ভাল নালাগিব। প্ৰভাত শৰ্মাতকৈ ফুনুকহে বাস্তৱৰ গদাপাণি যেন লাগিব। প্ৰভাত শৰ্মৰ চেহেৰা ঠিকেই আছে। কিন্তু কলাফুল ফুনুৰ দৰে শকত নহয়। নগা সাজেৰে ফুনুৰ শকত-আৱত কলাফুলহে ভাল লাগিব।' --জ্যোতিদেৱে কৈছিল।
   'আপুনি বাস্তৱ চৰিত্ৰ বুলিলে যে! গদাপাণিক দেখিছে জানো!' --কৌতুক কৰি নৰেন বৰদলৈয়ে কৈছিল।
   'দেখা নাই। কিন্তু মোৰ কল্পনাত গদাপাণি আৰু আন চৰিত্ৰ কেইটা যেনেদৰে গঢ় লৈছে, সেয়াই মোৰ ধাৰণাত বাস্তৱ।' --গহীন মনে কৈছিল জ্যোতিদেৱে। ফুনু বৰুৱাক প্ৰথমে লালুকসোলাৰ চৰিত্ৰত অভিনয় কৰাৰ কথাহে কৈছিল।" অভিনেতা গৰাকীয়ে আৰু কৈছিল নাটক-ভাওনত কৰাৰ দৰে অভিনয় কৰিব দিয়া নাছিল। "চৰিত্ৰ"টোই বাস্তৱত যেনেদৰে কয় বা কব পাৰে, সেই দিশটো মনত ৰাখি অভিনয় কৰাৰ কথা কৈছিল। বাস্তৱ পৰিবেশ ৰচনাৰ বাবে প্ৰয়োজনত সঁচা ভালুক (পোহনীয়া ভালুক), সাপ আদি কেমেৰাৰ সম্মুখলৈ অনা হৈছিল। সংগীতসূৰ্য ভূপেন হাজৰিকাই লিখিছিল, "গদাপাণিক Rug এখন মেৰিয়াই, হাতত Dagger এখন দি ফেক্টৰীৰ ওপৰ মহলৰ পৰা নমাই আনে। সেয়া ল'ৰাৰজাই ৰাতি সপোন দেখা ছুপাৰইমপজিশ্বনৰ আখৰা। গদাপাণিৰ ওচৰত ভালুক ওলোৱা দৃশ্য পোহনীয়া ভালুক এটা লৈ কৰা হৈছিল—। কিন্তু সাপ ওলোৱা দৃশ্যটো Co incidental। নগা ল'ৰা কেইজনমানে শ্বুটিঙত অংশ গ্ৰহণ কৰিবলৈ আহিছিল। সিহঁতে বাগিচাৰ ওচৰতে প্ৰকাণ্ড ইন্দ্ৰজিৎ সাপ এটা মূৰত মৰিয়াই মাৰি জ্যোতিক দিলে। তেওঁ সেই Shot-টো সেই ৰাতিয়েই Artificial light-এৰে ল'লে। জ্যোতিয়ে অৰগেন বজোৱা দৃশ্য চাবলৈ বৰ মনোৰম। সুৰ সৃষ্টিত ব্যক্ত থাকিলে জ্যোতি আপোনপাহৰা হয়।"
     --থানুৰাম বৰাৰ এই কথা, সংগীতসূৰ্যৰ এই লেখা মনত ৰাখি আমি নিশ্চয় কব পাৰো, জ্যোতি প্ৰসাদ আগৰৱালাই চিত্ৰনাট্যৰ কাম কৰাৰ সময়তে মনৰ মাজত চৰিত্ৰ নিৰ্মাণ কৰিছিল। আৰু চিত্ৰগ্ৰহণৰ আগলৈকে চৰিত্ৰ নিৰ্মাণ প্ৰক্ৰিয়া চলাই আছিল। আৰু ক'ব পাৰো, সেই সময়তে realestic acting-এৰে চৰিত্ৰ নিৰ্মাণত গুৰুত্ব দিছিল।(জ্যোতি প্ৰসাদ আগৰৱালাই লিখিছিল-- "মই ‘জয়মতী' ছবিখন আৰু তাৰ অভিনেতাক একেবাৰেই বাস্তৱিক (realistic)দৃষ্টিৰে পৰিচালনা কৰিছোঁ যিটো সকলো ইংলিছ, আমেৰিকান আৰু ৰুছীয় প্ৰথম শ্ৰেণী ফিল্মৰ লক্ষণ। সেই কাৰণে মোৰ 'জয়মতী'য়ে ৰাজসভাত বক্তৃতা দি— আন ঠাইত নানা ভাবপ্ৰৱণ বক্তৃতাৰে গোৰোহনি মৰা নাই। ধৈৰ্য্যশীলা, অল্পভাষিণী অসমীয়া সম্ভ্রান্ত বোৱাৰীয়ে নিজৰ কাৰ্য্যৰে, মৌনভাৱে, য'ত কথা ক’ব লাগে মাত্র তাতহে মাতি আৰু ঘটনাৰ মাজেদি নিজৰ কৰ্ম্মৰ দ্বাৰাই চৰিত্ৰবল দেখুৱাই যায়, সেইদৰেই 'জয়মতী কো অঁকা হৈছে।)
 ('ইস্তাহাৰ' প্ৰকাশ পাইছিল,মাৰ্চ-১৯৮৪ত: উৎপল মেনা)

বুধবার, ১৯ জানুয়ারি, ২০২২

ছবি >>চলচ্চিত্ৰ>>কথাছবি>>চিনেমা /১

নেতৃত্বত অধ্যাপক গিলফোর্ড। আমেৰিকাৰ ক্যালিফোর্নিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক। আন ভালেমান বিষয়ৰ লগতে গবেষনা কৰিছিল বুদ্ধি (Wisdom) আৰু ধীশক্তি (Intelligence) বিষয়ত। গবেষক গৰাকীৰ মতে, "ধীশক্তি  মানুহৰ  বৌদ্ধিক শক্তিৰ সামগ্রিক আধাৰ। বুদ্ধি ধীশক্তিৰ এক অংশ। যি অংশ কৰ্মৰ মাজত স্পষ্ট হয়।" --এই কথা মনত ৰাখি কব পাৰি শৈলী নহয়, পৰিচালক এগৰাকীৰ চিনেশক্তি স্পষ্ট হয় "চিনেমেটিক" ভাষাৰ বৌদ্ধিক প্ৰয়োগত। প্ৰতিটো ফ্ৰেমতে পৰিচালকৰ চিনে ক্ষমতা লুকাই থাকে। শ্বটৰ গাণিতিক প্ৰয়োগ, শ্বটেৰে বিষয়বস্তুৰ গৰ্ভ প্ৰবেশ, শ্বটেৰে ছন্দ নিৰ্মাণত দক্ষ পৰিচালৰ পক্ষেহে দৃশ্যকাব্য সম্ভৱ, সাৰ্থক ৰূপালী গল্প সম্ভৱ। --এই খিনিতে চৰ্চাৰ অৱকাশ আছে, চিনেমা সাহিত্যৰ নহয়, চিত্ৰশিল্পৰহে (Painting)     ওচৰৰ। কেইবাটও গৱেষনাত স্পষ্ট-- প্ৰায় আঠ হাজাৰ বছৰ পূৰ্বে প্ৰাচীন স্পেইনৰ আলতামিৰা (Cave of Altamira)  গুহাচিত্ৰত ছবিক গতি দিয়াৰ তথ্য পোৱা গৈছে। কোৱা হয় এই গুহাচিত্ৰ ছবিক গতি দিয়াৰ প্ৰথম প্ৰামাণ্য দলিল। ২৮ ডিচেম্বৰ, ১৮৯৫ৰ আগলৈকে "গুহাচিত্ৰ'ৰ আৰ্হিত ছবিক গতি দিয়া পদ্ধতি জনপ্ৰিয় হৈছিল, উত্তৰণ হৈছিল। কোৱা হয় লুমেয়ৰ ভাতৃদ্বয়ৰো (Lumière brothers) প্ৰেৰণা আছিল "গুহাচিত্ৰ"। তেনেদৰে প্ৰাচীন মিছৰতো ধৰ্মীয় অনুষ্ঠান বা প্ৰাৰ্থনা ঘৰত ছবি আকি, গতিৰে গল্প কোৱা হৈছিল। এই মাধ্যমক কোৱা হয়-- Hieroglyphic. বিষয়বস্তু আছিল-- মৃত ৰজা-ৰাণী, যুদ্ধ, সৈন্য, চিকাৰ আদি। সেই শিল্পকৰ্মৰো আত্মা আছিল বিষয়বস্তু।
--হয়, বিষয়বস্তু চিনেমাৰ আত্মা। মৌলিক চিনে চিন্তাৰে, কেমেৰাৰ ভাষাৰে আত্মা স্পৰ্শ কৰিব পৰাটো, কৰিব নোৱাৰাটোৱে পৰিচালকৰ সফলতা, বিফলতা। ব্যাখ্যাৰ প্ৰয়োজন আছে বুলি নাভাবো নিৰ্বাক যুগত চিনেমাৰ ভাষা আছিল-- এটা, সকলোৱে বুজা। আৰু সেই ভাষাটো "কেমেৰা"ৰ। একাংশ চিনেপণ্ডিতে এনেদৰেও কৈ আহিছে-- সৰহ সংখ্যক বিশুদ্ধ চিনেমা নিৰ্বাক যুগৰ। নিৰ্বাক যুগৰ দুই চিনেকৰ্মী আইজেনষ্টাইন আৰু চাৰ্লি চেপলিনৰ হাততে উত্তৰণ হৈছিল বিশুদ্ধ চিনেমাৰ দুটা শৈলী। সময়ত চিনেমাৰ ভুল চৰ্চাৰ বাবে ভাৰতত নাম পাইছিল-- আৰ্ট চিনেমা, কমাৰ্চিয়েল চিনেমা। (আৰ্ট-কমাৰ্চিয়েল বিভাজনে যে ভাৰতীয় চিনেমাৰ ক্ষতি কৰিছে --এই প্ৰসংগ যথাস্থানত কেইবাবাৰো চৰ্চা কৰিছো। পুণৰ চৰ্চা অনুভৱ কৰা নাই।) বিভাজন নিৰ্বাক যুগত হোৱা নাছিল। বিভাজন স্পষ্ট হৈছিল-- ৰাজ কাপুৰ, সত্যজিৎ ৰায়ৰ সময় চোৱাত। সবাক যুগৰ এই সময় চোৱাতে চিনেকৰ্মৰ বিশুদ্ধতা ক্ৰমে হৃাস পাইছিল। "সংলাপ" কেন্দ্ৰীক চিন্তাৰে চিনেমা পৰিচালনাৰ পৰিবেশ গঢ়ি উঠিছিল। আৰু আজিৰ তাৰিখতো নিৰ্মাণ হোৱা সৰহ সংখ্যক ভাৰতীয় চিনেমায়ে "সংলাপ" কেন্দ্ৰীক চিন্তাৰ। নিৰ্বাক যুগত চলি থকা ছবিৰে (কেমেৰাৰ ভাষাৰে)
কাহিনী কোৱাৰ বিপৰীতে সবাক যুগত কথাৰে (সংলাপ) কাহিনী কোৱাত গুৰুত্ব দি আহিছে। চিনেমাত কথাৰে গল্প কোৱাৰ প্ৰৱণতা বঢ়াৰ সময়তে  "চিনেমাৰ বিশুদ্ধতা" প্ৰশ্নটো চৰ্চলৈ আহিছিল।
                 (২)
এই কথা ঠিক-- চিনেশিল্প একক নহয়। ৰং-শব্দ ইত্যাদি অলংকাৰ ব্যবহাৰ কেইবা গৰাকীও 'চিনেকৰ্মী'ৰ চিন্তাৰে হয়। কিন্তু এই কথাও ঠিক, চূড়ান্ত সিদ্ধান্ত পৰিচালকৰ; যিহেতু মিশ্রশিল্প চিনেমা পৰিচালকৰ মাধ্যম (‘Director’s Media')। গতিকে আমাৰ ধাৰণাত পৰিচলকৰ ধীশক্তিহে আলোচনাৰ বিষয় হব পাৰে চিনেমাৰ উত্তৰণ কেন্দ্ৰীক চৰ্চাত। আমাৰ ধাৰণাত প্ৰথমে চৰ্চালৈ আহিব দুটা নাম--
ছের্গেই আইজেনষ্টাইন (Sergei Eisenstein: Years active 1923–1946)  আৰু  চার্লি চেপলিন (Charlie Chaplin: Years active 1899–1976)।চিনেকৰ্মী দুগৰাকীৰ মাজত সময়ৰ দূৰত্ব আছে। চিনে চিন্তাৰো দূৰত্ব আছে। মিল-- পৰিচালক দুগৰাকীয়ে চিনেমাৰ বিশুদ্ধ ধাৰা আগবঢ়াই নিছিল দুটা ট্ৰেকত।
               (৩)
নিৰ্বাক যুগৰ মৌলিক, প্রভাবশালী ব্যক্তিত্ব চাৰ্লি চেপলিন। চাৰ্লিৰ চিনে চিন্তা আছিল স্বাধীন, একক। দৰাচলতে একক বাবেই স্বাধীন। চাৰ্লিয়ে চিনেমাৰ বিশুদ্ধতা মনত ৰাখি গল্পৰ বিকাশত গুৰুত্ব দিছিল। প্ৰায় কেইটা ৰূপালী গল্পৰ শৰীৰ হাস্যৰসৰ। হাস্যৰসৰ মাজত বিছাৰি পোৱা যায় --সামাজিক, ৰাজনৈতিক উপাদান। "দ্য গ্রেট ডিক্টেটৰ"ৰ দৰে ৰাজনৈতিক উপাদানেৰেও চিনেচিন্তা কৰিছিল। "ছিটি লাইট্‌ছ", "মডার্ন টাইমছ"ক বাদ দি আজিৰ তাৰিখতো "সম্পূৰ্ণ চিনেচৰ্চা" সম্ভৱ নহয়। চাৰ্লিৰ আন কেইটামান চিনেকৃতি-- "দ্য কিড", "এ ৱ'মেন অব পেৰিছ", "দ্য গোল্ড ৰাছ", "দ্য ছার্কাছ", "মঁছিয়ে ভের্দু", "লাইমলাইট"। "লাইমলাইট" বিশেষ চৰ্চাৰ বিষয় হৈছিল সংগীতৰ বাবে। সংগীতৰ শিক্ষা নথকা চাৰ্লিয়ে এই চিনেমা খনত  ব্যৱহাৰ কৰা সংগীতৰ বাবে "অস্কাৰ" পাইছিল, ১৯৫২ চনত। চাৰ্লিয়ে কৈছিল-- "হৃদয়ত যি আছে, সেয়া মগজুত সোমাই লোৱাৰ বাবে শিক্ষাৰ প্ৰয়োজন আছে বুলি ভাবিব পৰা নাই। মোৰ মগজুৰ চিনেমাই হৃদয় পাইগৈ! হৃদয়ত থকা সংগীতত পৰেগৈ। কাৰীকৰি কামৰ সময়ত মগজুক কষ্ট নিদিয়াকৈ হৃদয়েৰে কৰিছিলো। মই যি কৰো, মগজুৰে কৰা নহয়, হৃদয়েৰে কৰা।"

বিজ্ঞানী এলবাৰ্ট আইনষ্টাইন আছিল চাৰ্লি চেপলিনৰ ঘনিষ্ট বন্ধু। "চিটি লাইট্‌ছ" চিনেমা খনৰ প্ৰিমিয়াৰ শ্ব'ৰ দিনা বিজ্ঞানী বন্ধুক লৈ চিত্ৰগৃহত প্ৰবেশ কৰাৰ সময়ত "দৰ্শক"ৰ আগ্ৰহ তুংগত উঠিছিল। আৰু সেই সময়ত বিজ্ঞানী বন্ধুক চাৰ্লিয়ে কৈছিল-- "দৰ্শকৰ এই আগ্ৰহ, উত্তেজনা আমাৰ বাবে। আপোনাৰ বাবে, আৰু মোৰ বাবে। আগ্ৰহৰ কাৰণ কি জানে-- আপোনাৰ মেধাশক্তি ইয়াত উপস্থিত থকা কোনো এজনেও নুবুজে, আৰু মোৰ কাম সকলোয়ে বুজে।"
"এই বুজা-নুবুজাৰ কাৰণ মোক বুজোৱা চোন!" --এলবাৰ্ট আইনষ্টাইনে কৈছিল।
"তেনেই সহজ-- আপোনাৰ কাম মগজুৰে কৰা, মোৰ কাম হৃদয়েৰে কৰা। দৰ্শকে 'কাম' অনুভৱ কৰে হৃদয়েৰে। হৃদয়ৰ পৰা হৃদয়লৈ দূৰত্ব কম।" --চাৰ্লিয়ে কৈছিল। আৰু তেতিয়া বিজ্ঞানী বন্ধুৱে চাৰ্লি চেপলিনক কৈছিল-- "বন্ধু তোমাৰ ধাৰণা শুদ্ধ নহয়। তুমিয়ো বিজ্ঞানী, ছবিক গতি দি দৰ্শকক নতুন নতুন চিন্তাৰ বাট মুকলি কৰি দিছা। চিন্তাৰ অৱকাশ দি মগজুৰ কচৰৎ কৰাৰ সুযোগ দিছা। তুমিতো বন্ধু মগজু নিৰ্মাতা! আৰু তুমি যি কাম হৃদয়েৰে কৰা বুলিছা, সেই কামতে আমি অনুভৱ কৰো তোমাৰ ধীশক্তি।" (আৰু আছে)চাৰ্লি চেপলিন- আইজেনষ্টাইন by: Utpal Mena

সোমবার, ১৭ জানুয়ারি, ২০২২

মনত আছেনে?দৰিকা দিচাঙে পানী বাঢ়ি গ'লে ... ভূপেন হাজৰিকাই লিখিছিল লতা মংগেশকাৰৰ অনুৰোধত /১

'এৰাবাটৰ সুৰ'। ১০৫৬ত চিত্ৰগৃহলৈ অহা এখন অসমীয়া চিনেমা। ভূপেন হাজৰিকাৰ পৰিচালনা। ভূপেন হাজৰিকাই ঠিক (মনৰ মাজতে) কৰিলিছিল। মনৰ কথা হেমন্ত মুখাৰ্জীক কৈছিল। কাৰণ সেই সময়ত ভূপেন হাজৰিকাই লতা মংগেশকাৰক চিনি নাপাইছিল ("তেতিয়ালৈকে লতাক ম‌ই চিনিও নাপাওঁ। ম‌ই আমেৰিকাত থাকোঁতেই লতা শীৰ্ষস্থানলৈ উঠিছিল।" --ভূপেন হাজৰিকা)। মনতে ঠিক কৰা কথা-- ভূপেন হাজৰিকাই "এৰাবাটৰ সুৰ"ৰ চৰিত্ৰ মিনিৰ ওঁঠত লতা মংগেশকাৰে গোৱা গীত দিব।  ("হেমন্ত মুখাৰ্জীক কলোঁ যে লতাক লাগিব ' জোনাকৰে ৰাতি' গানটো আৰু 'ৰ'দ পুৱাবৰ কাৰণে' কোৰাছটো গোৱাবলৈ। কোৰাছটোত তিনিটা Voice লাগিব।..." --ভৃপেন হাজৰিকা) --এদিন হেমন্ত মুখাৰ্জীয়ে মুম্বাইৰ পৰা খবৰ পঠিয়ালে-- " - 'ভূপেন, তুমি আহিব পাৰাঁ৷ মই লতাক কৈছোঁ।"
--ভূপেন হাজৰিকা ৰৈ নাথাকিল। মুম্বাই পালে। পকেতত লতা মংগেশকাৰক দিবলৈ চাৰি হাজাৰ টকা।("লতাই এটা গানত তেতিয়া দুই নে তিনি হাজাৰ টকাকৈ লয়। দুটা গান হ'ব। গতিকে দুই হাজাৰকৈ ম‌ই চাৰি হাজাৰ টকা লৈ গৈছিলোঁ। প‌ইচা বচাবলৈ হেমন্ত কুমাৰৰ লগতে ৰাতি আছিলোঁ। হোটেলত নহয়। হেমন্তদাই বেয়া পায় বুলি ম‌ই ৰাতিপুৱাই মাছ কিনি লৈ আহোঁ। মোক মাছ কিনি অনাৰ কাৰণে ধমকি দিয়ে। তেতিয়া হেমন্ত কুমাৰৰ লাখ লাখ টকা।..." --ভূপেন হাজৰিকা)
--ভূপেন হাজৰিকা গৈ লতা মংগেশকাৰৰ ঘৰ পাইছিল। ঘৰটো সাগৰৰ পাৰত। সাধাৰণ সাজ-পাৰ পিন্ধি লতা মংগেশকাৰে মাটিত বহি আছিল। হেমন্ত মুখাৰ্জীয়ো বহি আছিল। ভূপেন হাজৰিকা গৈ পোৱাৰ লগে লগে হেমন্ত মুখাৰ্জীয়ে লতা মংগেশকাৰক কৈছিল-- "এয়া ভূপেন হাজৰিকা, তোমাক যে ম‌ই কৈছিলোঁ। ..."
--লতা মংগেশকাৰে ভূপেন হাজৰিকালৈ চাইছিল। মাটিৰপৰা উঠি।
ভূপেন হাজৰিকাৰ ভৰিৰপৰা মূৰলৈ চাই লতা মংগেশকাৰে কৈছিল-- "আপোনাৰ যিমান নাম শুনিছোঁ, বয়স তাতকৈ বহুত কম। বলৰাজ ছাহানিয়ে মোক কৈছে, বিমল ৰয়ে কৈছে, সলিলদাই কৈছে, আব্বাচ চাহাবেও কৈছে।"
লতা মংগেশকাৰে কৈছিল-- "গীত গাম..." ( " 'জোনাকৰে ৰাতি' গাবৰ বাবে তেওঁ মোক ৰিহাৰ্ছেল ৰূমলৈ নিবলৈ বিচাৰিলে যদিও নিনিলে। হেমন্তদাক বুজাই দিলে। তেওঁৰ শোৱা কোঠাটোতে হাৰমনিয়ামটো দিলে, ম‌ই গালোঁ। তেতিয়া লতাই ক'লে, 'আপোনাক দাদা বুলিয়েই মাতিম।' সুৰটো বৰ ভাল পালে। মোক ক'লে-- গানটোৰ অৰ্থটো মোক বুজাই দিয়ক। ম‌ই বুজাই দিলোঁ। কোঠাটোত অন্য একো নাই, শিৱাজীৰ ছবি এখন আছিল। তেওঁৰ দেউতাক দীননাথ মংগেশকাৰৰ ছবিখনো আছিল। দেউতাকৰ যাত্ৰাপাৰ্টি আছিল, আমাৰ ব্ৰজ শৰ্মাৰ নিচিনা। কোঠাটোত মহালক্ষ্মী মন্দিৰৰ আৰ্হি এটাও আছিল। লতাক বৰ আধ্যাত্মিক ভাবৰ যেন লাগিল। মোৰ কিন্তু কোঠাটোত সোমাই নিজকে বৰ পাপী পাপী যেন লাগিছিল। ম‌ই চিগাৰেট খাই থাকোঁ। দিনটোত বহুত খাওঁ। এটাৰ পাছত আনটো জ্বলাই থাকোঁ। ছাই-টাই পৰিছে। ম‌ই ৰূমটোত একেবাৰে মিলা নাই। 'ৰ'দ পুৱাবৰ কাৰণে' কোৰাছটো হেমন্ত কুমাৰ, লতা আৰু ম‌ই গালোঁ। ..." --ভূপেন হাজৰিকা) --গীত ৰেকৰ্ডিং হ'ল। অসমৰ শ্ৰোতাই শুনাৰ আগতে মহাৰাষ্ট্ৰৰ সংগীত ৰসিকৰ মাজত চৰ্চাৰ বিষয় হ'ল। উৎসাহ মনত লৈ লতা মংগেশকাৰে ভূপেন হাজৰিকাক কৈছিল-- "আপুনি ইয়াত এটা ষ্টুডিঅ' কৰক। ৰাজ কাপুৰে আৰ, কে, ষ্টুডিঅ' কৰিছে, আপুনি বি, কে, ষ্টুডিঅ' কৰক। ম‌ই আছোঁ।..." ভূপেন হাজৰিকাই একো কোৱা নাছিল! হাঁহিছিল। ("মোৰ যেন কিবা গুণ আছে! ম‌ই যেন সাংঘাতিক কিবা এটা কৰিব পাৰিম! এনে ভাৱত কথাবোৰ কৈছিল। লতাই যেতিয়া 'জোনাকৰে ৰাতি ...' গাই দিলে, তেতিয়া মাৰাঠী প্ৰেছ, গোটেইবোৰতে হুলস্থুল লাগি গ'ল। কিমানবোৰ যে হেডলাইন ওলাইছিল। লতায়ো ক'লে, 'ম‌ই এনেকুৱা কথা, সুৰ আগতে পোৱা নাই।' গানটো Golden- ত উঠি গ'ল। কৃষ্ণ চৈতন্য‌ই Times of India-ত লিখিলে---- 'Along India with Lata' ৰেকৰ্ডখনৰ শ্ৰেষ্ঠ গান হ'ল ভূপেন হাজৰিকাৰ গানটো'..." --ভূপেন হাজৰিকা) 
--দিলীপ কুমাৰ দত্তই লিখিছে, "'জোনাকৰে ৰাতি অসমীৰে মাটি' গীতটো লতাই ইমান আন্তৰিকতাৰে গাব পৰাৰ প্ৰধান কাৰণ হৈছে ভূপেন দাদাৰ যোগেদি অসম আৰু অসমীয়া গীতৰ প্ৰতি লতাৰ মনত ওপজা অকৃত্রিম ভাল পোৱা।..." কোৱা হয় "জোনাকৰে..." ভাৰতৰ সংগীত বজাৰলৈ যোৱা, দখল কৰা প্ৰথম অসমীয়া গীত।
--এই কথা স্পষ্ট, "জোনাকৰে..."ৰে ভূপেন-লতাৰ সংগীতৰ জোনাকী বাট নিৰ্মাণ হৈছিল। ("লতাই গাড়ীখন লৈ আহি হেমন্ত কুমাৰৰ ঘৰৰপৰা মোক লৈ যায়৷ কোলহাপুৰ, পুণা - এইবোৰ দেখুৱাই লৈ আহে৷ বহুত আলোচনা হ’ল তাৰ পাচত৷ তুলনামূলক কথা৷ আমাৰ লাচিত বৰফুকন আছে৷ মহাৰাষ্ট্ৰত শিৱাজী আছে। ৰামদাস আছে তাত৷ আমাৰ আছে শঙ্কৰদেৱ৷ উষাই কান্দে তেজপুৰত৷ সীতাই কান্দে মহাৰাষ্ট্ৰত৷ অসমৰ আছে আইনাম, বিহুনাম, বৰগীত৷ মহাৰাষ্ট্ৰত আছে ওভি, পোৱাড়া, তামাচা৷ লতাই ক’লেঃ আৰু বহু কথাই মিলে৷ কিছু আৱেগ-গধুৰ হৈ ক’লে - 'ভূপেনদা, আচৰিত হৈছোঁ যে ভাৰতৰ কোনো ঠাইতে 'আই' নোবালে৷ অসমৰ দৰে আমিও মাৰাঠীতে আইহে কওঁ৷'" -- ভূপেন হাজৰিকা)
[ উৎস: ভূপেন হাজৰিকাৰ "গীত আৰু জীৱন ৰথ" /দিলীপ কুমাৰ দত্ত, মই এটি যাযাবৰ/ড°ভূপেন হাজৰিকা, শিল্পীৰ পৃথিৱী, 'Swarratn - Lata Mangeshkar" /Aaryaa Joshi, "Mid-Day"]

১৭ জানুৱাৰী। শিল্পী দিৱস। ১৯৫৩ চনৰ ১৭ জানুৱাৰী ৰ পৰা প্ৰতি বছৰে উদযাপন কৰা হৈছে।এই দিনটো। আজিও উদযাপন কৰা হব। আজিৰ পৰা আমাৰ এই জ্যোতি চৰ্চা--

Joymoti      (এক)
  "জ্যোতি ককাইদেৱে বিলাতৰপৰা লাহোৰলৈ আহি পৰিকল্পনা কৰিলে, এখন কথাছবি কৰিব। জয়মতী ষ্টুডিঅ' খুলিব ভোলাগুৰি চাহ বাগিচাত। তেতিয়া হিমাংশুৱে বোম্বেলৈ আহি ব’ম্বে ট'কীজ আৰম্ভ কৰিছে। ইফালে, সমান্তৰালভাৱে প্রমথেশ বৰুৱা নামে আন এজন অসমীয়া ল'ৰাই কলিকতাত নিউ থিয়েটাৰ আৰম্ভ কৰি 'দেবদাস' আদি কৰি গুলজাৰ কৰি পেলাইছে। এফালে ব’ম্বে ট’কীজ আৰু আনফালে প্রমথেশ বৰুৱা। ইফালে ভোলাগুৰিত অকলে জ্যোতিপ্ৰসাদ। লাহোৰত টেক্‌নিচিয়ান বন্দোৱস্ত কৰি আহিল। লগতে ছাউণ্ড ছিষ্টেমো অসমলৈ লৈ আহিল। কেঁচা ফিল্মখিনি তেতিয়া কলিকতাৰ পৰা জাহাজত বৰফেৰে ঢাকি আনিব লগা হৈছিল। 'ফ্রিজ' নাছিল। সেয়ে, বিশ্বনাথ চাৰিআলিত আহি জাহাজ ৰওঁতে ৰওঁতে বৰফ গলি শেষ। তেতিয়া তাতে এটা গেৰেজত জ্যোতি ককাইদেৱে ৰসায়নাগাৰ এটাও কৰি ল'লে। অকল সেইটোৱেই নহয়। তাৰ পাচত, আহোমৰ দিনৰ পুৰণি কীৰ্ত্তিচিহ্নসমূহ গোটাই ভোলাগুৰি চাহ বাগিচাত এটা ডাঙৰ মিউজিয়ামৰ দৰে কৰি ল'লে। কাৰণ, সেইবিলাক ছবি কৰোঁতে দৰকাৰ হ'ব। সেই কালত ৰংঘৰ, কাৰেংঘৰৰ বাহিৰে অন্য সাধাৰণ মানুহৰ ঘৰ কেনে ধৰণৰ আছিল। খেৰিঘৰেই আছিল, নে গড়গাঁৱৰ ওচৰত পোৱা চুণ-চুৰুকীৰে সজা, তাৰ কোনো নিদর্শন নাছিল। সেয়ে, আৰ্টৰ দিশৰপৰাই কল্পনাৰে এইবিলাক ৰচনা কৰাৰ পৰিকল্পনাও ল’লে। ৰূপচর্চ্চাৰ মন্দিৰৰ নিচিনা কৰি তাক 'চিত্রবন' নাম দিলে আৰু সেইটোক এটা ইনষ্টিটিউটৰ নিচিনা কৰি পেলালে। ইয়াৰপৰাই 'জয়মতী'খন ১৯৩৩ চনত কৰিলে।" -- ভূপেন হজৰিকা লিখিছিল। এই তথ্য মনত ৰাখি আমি কব পাৰো পোষ্ট-প্রোডাকশনত (Post-production) প্ৰায় দুবছৰ সময় লৈছিল।
         জ্যোতি প্ৰসাদ আগৰৱালা পৰিপাটি, 'সময়' বুজা মানুহ আছিল। সংগীতসূৰ্যৰ ভাষাত "বিষ্ণুপ্ৰসাদ ৰাভা, ফনী শৰ্মাই ভয় কৰিছিল" সময়ৰ কাম সময়ত পৰিপাটিকৈ কৰি ভাল পোৱা জ্যোতি প্ৰসাদ আগৰৱালাক।
         জ্যোতিপ্ৰসাদ আগৰৱালাই কাহিনী-চিত্ৰনাট্যৰ পাছতে চিন্তা কৰিছিল "ফেক্টৰি"ৰ। কাম ক'ত কৰিব, ক'ত থাকি কৰিব। কৰ্মী সকলক ক'ত ৰাখিব। চিত্ৰগ্ৰহণৰ আগে আগে ঠিক কৰি লৈছিল কাম কৰা, চিনেকৰ্মী সকলক ৰখা স্থান। ১৯৩৩ চনত তেজপুৰৰ কলংপুৰ বালিজান নৈৰ পাৰত "চিত্রলেখা মুভিট"ন কোম্পানী'ৰ ফিল্ম-শিবিৰ "চিত্ৰবন" পৰিপাটিকৈ সজাই মুকলি কৰিছিল। ভাগে ভাগে কৰ্মী সকলক ৰখা হৈছিল। পুৰুষ-মহিলাক পৃথকে ৰখা হৈছিল। সংগীতসূৰ্যৰ লেখাত পঢ়িছিলো-- "জ্যোতিয়ে ফুনু বৰুৱা আদি বন্ধুৰ হাতত হাত মিলাই আনুষ্ঠানিকভাৱে শপত খাইছিল আৰু খুৱাইছিল এইবুলি 'আহা, আমি শপত খাওঁ যে আমাৰ ছবিত অভিনয় কৰিবলৈ অহা গাভৰুসকলৰ সম্মান আমি অটুট ৰাখিম। ভনীৰূপে সন্মান ৰাখিম।' ...” সংগীতসূৰ্যই আৰু লিখিছিল-- "পঞ্জাবৰ কলাকুশলী মেহতাৰ দলটো থাকে ডাক্তৰৰ কোৱাৰ্টাৰত। ১৯৩২-ৰপৰা 'জয়মতী'ৰ শ্বুটিং হৈছিল ভোলাগুৰিত। 'চিত্ৰবন'ৰ আৰম্ভণি সঁচাকৈয়ে ১৯৩২ চনত।" --এই তথ্য মনত ৰাখি আমি কব পাৰো নেকি, "চিত্ৰবন" পাছত, "জয়মতী"ৰ কাম আগতে আৰম্ভ হৈছিল! "জয়মতী"ৰ অভিনেতা থানুৰাম বৰাই আমাক কৈছিল, "১৯৩১ চনত  জ্যোতিপ্ৰসাদে তেজপুৰৰ বিখ্যাত  'পৰ্কী' ঘৰৰ (য'ত গান্ধী, নেহৰুও থাকিছিল) পৰায়ে 'জয়মতী'ৰ কাম আৰম্ভ কৰিছিল। ফটো উঠোৱা কাম আৰম্ভ কৰিছিল 'চিত্ৰবন' মুকলি কৰাৰ পাছত। ফটো উঠোৱাৰ আগতে আখৰা হৈছিল। দুই বছৰ আখৰা হৈছিল।..." সংগীতসূৰ্য ভূপেন হাজৰিকাৰ লেখাতো "জয়মতী"ৰ আখৰাৰ কথা পঢ়িছো-- " 'চিত্ৰবন’ত Internal phone connection আছিল। Light বহুতো। চাৰিটাকৈ কেম্প। দিনত ফেক্টৰী হয়। নিশা তাত Rehearsal চলে। নিশাৰ দৃশ্যবোৰ নিশা আখৰা কৰে। ২ বছৰ Rehearsal হৈছিল। পুৱাৰপৰা মেক আপ আৰম্ভ হয়। আকৌ, দুপৰীয়া দুই বজাৰপৰা মে'ক আপৰ শব্দ থপ্ থপ্ থপ্ থপ্ খঁহাৰ শব্দ। Special property-ৰ কক্ষকো অসমৰ জীৱন্ত যাদুঘৰ যেন লাগিছিল। ..."


                        (দুই)
জয়মতী'ৰ চিত্ৰনাট্য কৰ্ম এটা পৰ্যয়ত কৰা নাছিল জ্যোতি প্ৰসাদ আগৰৱালাই। এই কথা স্পষ্ট। উদাহৰণ:
                      (ক)
1. Fade in on title বনৰীয়া সৌন্দৰ্য্যৰ নন্দন ফুলনি নেদেখা নজনা নির্জনত আপোনাতে আপুনি বিকশি ফুলি মৰহি যোৱা লাখো ফুলকলিৰ হাঁহিৰ নিজৰাৰে ভৰপূৰ নগা পৰ্ব্বত।
Fade out
2. Fade in on -
Ext. Long shot slow panoram right and left of distant Naga Hills.
Mix to
Ext. Close view of certain part of Naga Hills with its jungles-view of several falls and vast flower fields.
Fade out
3. Fade in on title
         এই চিত্ৰনাট্য অংশ মন কৰক। কেমেৰাৰ ভাষা প্ৰয়োগৰ কথা আছে। আৰু মন কৰক--
                         ( খ) 
      ৰূপধৰা নাগবন সৌন্দৰ্য্য— অনাঘ্ৰাত সুৰভি সঁফুৰা— আপোনাতে আপুনি বিভোৰা, আপোনাতে আপোন পাহৰা— আপোনাৰ নৃত্যতেই আপুনিয়ে বিয়াকুল হোৱা— নিজৰাৰ পাৰে পাৰে, শিলনিৰ গায়ে গায়ে— দেও দি নাচি ফুৰা— চৰগী ৰাজ্যৰ বাট চিৰআনন্দ– চিৰসৌন্দৰ্য্যৰ জ্বলন্ত কণিকা— আজলী, ৰূপহী— ডালিমী।
      কোনে কয় মানৱী লয়ে হায় বনৰ সৌন্দৰ্য্যই ৰূপ ধৰি আহি ডেও দি চাপৰি বায় ।
      ৰূপ ধৰা নাগবন সৌন্দৰ্য্য অনাঘ্ৰাত সুৰভি সঁফুৰা আপোনাতে আপুনি বিভোৰা, আপোনাতে আপোন পাহৰা, আপোনাৰ নৃত্যতেই আপুনি বিয়াকুল হোৱা— নিজৰাৰ পাৰে পাৰে।
      (খ)ত চিত্ৰনাট্যকাৰ গৰাকীয়ে ছবি আকি লৈছিল। সন্দেহ নাই এয়া (ক)ৰ পূৰ্বে লিখা। কেমেৰাৰ 'চকু'ৰে যি দেখুৱাব, সেয়া নিশ্চয় নিজৰ মনৰ চকুৰে চায় 'সাহিত্য'ৰ ভাষাৰে বৰ্ণনা কৰি লৈছিল।
      'জয়মতী'ৰ আন এখন চিত্ৰনাট্য পোৱা যায়, যি খন চিত্ৰনাট্যৰ ৰচনাশৈলী নাটকৰ দৰে। কব পাৰি এই চিত্ৰনাট্য খন সংলাপ কেন্দ্ৰীক। আমি এনেদৰে কব পাৰো নেকি 'নাট্যকাৰ জ্যোতি প্ৰসাদ আগৰৱালা'ই চিনেমা খনৰ চিত্ৰনাট্যৰ বুনিয়াদ 'নাটকে'ৰে নিৰ্মাণ কৰি লৈছিল! ( 'জয়মতী'ৰ নিৰ্মাণ প্ৰক্ৰিয়া কেন্দ্ৰীক চৰ্চা পোৱা যায় বাংলা আলোচনী 'চিত্ৰপঞ্জী', 'চিনেমা জগৎ', 'নন্দন', অজয় মাহ্‌ত্ৰেৰ মাৰাঠী গ্ৰন্থ 'আজছা চিত্ৰপট', 'Filmindia'ৰ বিশেষ সংকলন আদিত।  উল্লেখ কৰা গ্ৰন্থ, আলোচনী কেইখনত 'জয়মতী'ৰ চিত্ৰগ্ৰহণকাৰীয়ে কোৱা, 'জয়মতী'ৰ চিত্ৰনাট্য কেন্দ্ৰীক 'চৰ্চা' আছে। সেই 'চৰ্চা'ৰ পৰা ধাৰণা কৰিব পাৰি জ্যোতি প্ৰসাদ আগৰৱালাই ফ্ল'ৰতো চিত্ৰনাট্যৰ কাম কৰিছিল, চিত্ৰনাট্য সলনি কৰিছিল, চিত্ৰগ্ৰহণকাৰীক বুজাবলৈ 'ৰেখা'ৰ আশ্ৰয় লৈছিল। । আগলৈ চৰ্চাৰ বাট মুকলি ৰাখি আৰু উল্লেখ কৰিলো জ্যোতি প্ৰসাদ আগৰৱালাই ১৯২২ চনত শিশিৰকুমাৰ ভাদুড়ী আৰু নৰেশ মিত্রৰ পৰিচালনাৰে নিৰ্মিত 'আঁধাৰে আলো' (The Influence of Love ) চোৱাৰ পিছৰে পৰা চিত্ৰনাট্য অধ্যয়ণ আৰু লিখাত ব্যস্ত হৈছিল। সেই সময়ত, 'আঁধাৰে আলো' খন চোৱাৰ পিছত হেনো জ্যোতি প্ৰসাদ আগৰৱালাই চিনেমা খনৰ চিত্ৰগ্ৰহণকাৰী ননি গোপাল ছান্যালক দুবাৰমান লগ কৰিছিল। চিনেমা চৰ্চা কৰিছিল। )১৭ জানুৱাৰী। শিল্পী দিৱস। ১৯৫৩ চনৰ ১৭ জানুৱাৰী ৰ পৰা প্ৰতি বছৰে উদযাপন কৰা হৈছে এই দিনটো। আজিও উদযাপন কৰা হব। আজিৰ পৰা আমাৰ এই জ্যোতি চৰ্চা--

সোমবার, ৩ জানুয়ারি, ২০২২

"বাংলা কামৰূপী লোকগীত"/১

এনেদৰেই হেৰাই যাব অসমীয়া গীতৰ শিপা। কামৰূপী লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠকৰ কণ্ঠত শুনিছিলো --"মাই তই জলে না যায়ও..."। এই কামৰূপী গীতটো এতিয়া "অসমীয়া" হৈ থকা নাই। থাকিব দিয়া পশ্চিম বংগৰ একাংশ সংগীত শিল্পীয়ে। কোৱা হৈছে --গীতটোৰ ভাষা বাংলা। গীতটোৰ প্ৰসংগত আমি চৰ্চা কৰিছিলো লোকসংগীত চৰ্চা কৰা অসমৰ কেইবাগৰাকীও শিল্পীৰ সৈতে। দৃশ্য-শ্ৰাব্য "বাংলা কামৰূপী লোকগীত" কেইটাৰ বাহিৰে কোনো ধৰণৰ তথ্য দিব নোৱাৰিলে। এই যে তথ্য দিব নোৱাৰিলে বা লোকগীতটোৰ চৰ্চ নাই, বিপৰীতে পশ্চিমবংগ আৰু বাংলাদেশৰ শিল্পীয়ে লোকগীতটো চৰ্চাৰ পিছত চৰ্চা কৰি গৈছে --এই কথাই স্পষ্ট কৰি দিছে অতি কম দিনতে "মাই তই জলে না যায়ও..." বাংলা লোকগীত বুলি আমি সকলোৱে মানি লব লাগিব। ইতিমধ্যে জনপ্ৰিয় কামৰূপী লোকগীতটোৰ শব্দ কেইটামান ইফাল-সিফাল কৰি বিশেষ বাঙালি গীতিকাৰে লিখা বুলিয়ো উল্লেখ কৰা হৈছে। এয়া কামৰূপী লোকগীতটোক "বাংলা লোকগীত"লৈ ৰূপান্তৰ কৰাৰ যে প্ৰথম খোজ তিলমানো সন্দেহ নাই।
ভাষা গ'ল, ভাষা যাব! অসমীয়া ভাষা-সংস্কৃতি নথাকিব!-- আমি এনেদৰে নাভাবো। যি ভাষা চহকী, যি সংস্কৃতি চহকী, সেই ভাষা-সংস্কৃতি চিৰকাল থাকিব। অৱশ্যে হেৰাই যাব তেতিয়া, যেতিয়া উৎকৃষ্ট সাহিত্য সৃষ্টি নহব, "সংস্কৃতি কৰ্ম" নহব। কোনো আন্দোলনে  জাতিৰ ভাষা-সংস্কৃতি ৰক্ষা কৰিব নোৱাৰে। জাতি ৰক্ষা সম্ভৱ "সাহিত্য-সংস্কৃতি" ইত্যাদি উৎকৃষ্ট কৰ্মৰেহে। তামিল-তেলেগু সুৰেৰে, সংগীতেৰে ভালেমান গীত নিৰ্মাণ কৰি "অসমীয়া সংস্কৃতি"ৰ ভড়াল ভৰাইছে ঠিকেই, বিপৰীতে অসমীয়া লোক সংগীত, গীত আনৰ হাতলৈ যোৱৰ সময়তো কৈছে, "কোনে কাক বাধা দিব!" আৱশ্যে কথাটো হয়-- যি গৰাকীয়ে তামিল, তেলেগু সুৰ-সংগীতেৰে "জনপ্ৰিয়তাৰ জখলা" বগাইছে, সেই গৰাকীয়ে "বাংলা কামৰূপী লোকগীত"ৰ বিৰূদ্ধে মাত মাতিব কেনেকৈ!