সোমবার, ৩১ জানুয়ারি, ২০২২
দুখেৰ আৰম্ভ কৰিছিল "অভিনয়"ৰ সুখৰ জীৱন...
শুক্রবার, ২৮ জানুয়ারি, ২০২২
এনেদৰেই হেৰাই যাব অসমীয়া গীতৰ শিপা...
বৃহস্পতিবার, ২৭ জানুয়ারি, ২০২২
জয়মতী, জয়মতীৰ বাটেৰে/৪
এই খিনিতে আলোচনাৰ বিষয় হব পাৰে জোতি প্ৰসাদ আগৰৱালাই ভি. এছ. শান্তাৰামৰ 'শকুন্তলা' প্ৰসংগ কিয় উল্লেখ কৰিছিল। ইয়াৰ কাৰণ এনেদৰে ব্যাখ্যা কৰিব পাৰি-- 'জয়মতী' আৰু 'ইন্দ্ৰমালতী'ৰ চিনেকৰ্মৰ যি পৰিবৰ্তন, সেই পৰিবৰ্তন হয়তো দেখা যায় 'নেতাজী পলকৰ' (১৯২৭) আৰু 'শকুন্তলা' (১৯৪২)ত।
'নেতাজী পলকৰ' (Indian biopic historical silent film) গুৰুত্বপূর্ণ ঐতিহাসিক 'এক ব্যক্তিত্ব' [Netaji Palkar (1620–1681) was a Sardar Senapati or Sarnaubat (Commander-in-Chief) under Chhatrapati Shivaji Maharaj, founder of the Maratha empire./wikipedia.] কেন্দ্ৰীক চিনেমা। নিৰ্বাক। স্বাভাবিকতে কেমেৰাৰ ভাষায়ে আছিল ভৰসা। পৰিচালকে 'গল্প' কৈছিল 'কেমেৰা-ছাবজেক্ট' গতিৰে। --শান্তাৰামে 'অয়োধ্যেচা ৰাজা'ৰে (২৩ জানুৱাৰী,১৯৩২) মাৰাঠি চিনেমাৰ সবাক যুগৰ দুৱাৰ মুকলি কৰিছিল। চৰিত্ৰৰ মুখত মাৰাঠি সংলাপ আছিল, 'গল্প' কোৱাত কিন্তু কেমেৰাৰ ভাষাক গুৰুত্ব দিছিল। ১৪৬ মিনিট দৈৰ্ঘৰ এই মাৰাঠি চিনেমা খনত প্ৰায় ৯০ হাজাৰ টকা খৰচ হৈছিল; আৰু 'জয়মতী'ৰ দৰে ব্যৱসায়িক দিশত সফল হোৱা নাছিল। 'জয়মতী'ৰ দৰে কাৰিকৰী ত্ৰুটিৰ বাবে শান্তাৰামে সমস্যাত পৰিছিল। অৱশ্যে অভিজ্ঞ শান্তৰামে সহজতে ত্ৰুটি মুক্ত কৰিছিল। বাদ দিবলৈ বাধ্য হৈছিল প্ৰায় ৭ মিনিট দৈৰ্ঘ। (উৎস: Filmindia) অজয় মাহত্ৰেৰ 'আজছা চিত্ৰপট'ত পঢ়িছিলো-- "শান্তাৰামে নিৰ্বাক চলমান ছবিৰে মাৰাঠি চিনেমাক চহকী কৰিছিল। কিন্তু নিজে আৰ্থিক দিশত চহকী হব পৰা নাছিল। সবাক যুগত শান্তাৰামৰ হাততে মাৰাঠি চিনেমাৰ উত্তৰণ হৈছিল। কিন্তু আৰ্থিক হেচাত পৰি ৰৈছিল। অভিনয়ৰে (১৯২১ চনত) চিনেমাৰ কামত জড়িত হৈছিল। ৪৩ খন হিন্দী-মাৰাঠি চিনেমা পৰিচালনা কৰিছিল। ৮ খন চিনেমা প্ৰযোজনা কৰিছিল। প্ৰথম পৰ্যায়ত "চিনেমা শিল্প"ৰ বাবে চিনেমা কৰা শান্তাৰামে 'শকুন্তলা'ৰে বজাৰ কেন্দ্ৰীক চিনেমাৰ কাম আৰম্ভ কৰিছিল। শান্তাৰামে কৈছিল --'চলমান ছবি শিল্পৰ ধাৰাবাহিকতা তেতেয়াহে সম্ভৱ হব, যেতিয়া সৰহ সংখ্যক দৰ্শকক চুব পাৰিব।' বক্স অ'ফিছত 'শকুন্তলা' সফল হৈছিল। আৰু সেই সফলতাৰ পাছত শান্তাৰামৰ পৰিচালনা শৈলী সলনি হৈছিল।" by: Utpal Mena
বৃহস্পতিবার, ২০ জানুয়ারি, ২০২২
জয়মতী, জয়মতীৰ বাটেৰে .../৩
বুধবার, ১৯ জানুয়ারি, ২০২২
ছবি >>চলচ্চিত্ৰ>>কথাছবি>>চিনেমা /১
নেতৃত্বত অধ্যাপক গিলফোর্ড। আমেৰিকাৰ ক্যালিফোর্নিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক। আন ভালেমান বিষয়ৰ লগতে গবেষনা কৰিছিল বুদ্ধি (Wisdom) আৰু ধীশক্তি (Intelligence) বিষয়ত। গবেষক গৰাকীৰ মতে, "ধীশক্তি মানুহৰ বৌদ্ধিক শক্তিৰ সামগ্রিক আধাৰ। বুদ্ধি ধীশক্তিৰ এক অংশ। যি অংশ কৰ্মৰ মাজত স্পষ্ট হয়।" --এই কথা মনত ৰাখি কব পাৰি শৈলী নহয়, পৰিচালক এগৰাকীৰ চিনেশক্তি স্পষ্ট হয় "চিনেমেটিক" ভাষাৰ বৌদ্ধিক প্ৰয়োগত। প্ৰতিটো ফ্ৰেমতে পৰিচালকৰ চিনে ক্ষমতা লুকাই থাকে। শ্বটৰ গাণিতিক প্ৰয়োগ, শ্বটেৰে বিষয়বস্তুৰ গৰ্ভ প্ৰবেশ, শ্বটেৰে ছন্দ নিৰ্মাণত দক্ষ পৰিচালৰ পক্ষেহে দৃশ্যকাব্য সম্ভৱ, সাৰ্থক ৰূপালী গল্প সম্ভৱ। --এই খিনিতে চৰ্চাৰ অৱকাশ আছে, চিনেমা সাহিত্যৰ নহয়, চিত্ৰশিল্পৰহে (Painting) ওচৰৰ। কেইবাটও গৱেষনাত স্পষ্ট-- প্ৰায় আঠ হাজাৰ বছৰ পূৰ্বে প্ৰাচীন স্পেইনৰ আলতামিৰা (Cave of Altamira) গুহাচিত্ৰত ছবিক গতি দিয়াৰ তথ্য পোৱা গৈছে। কোৱা হয় এই গুহাচিত্ৰ ছবিক গতি দিয়াৰ প্ৰথম প্ৰামাণ্য দলিল। ২৮ ডিচেম্বৰ, ১৮৯৫ৰ আগলৈকে "গুহাচিত্ৰ'ৰ আৰ্হিত ছবিক গতি দিয়া পদ্ধতি জনপ্ৰিয় হৈছিল, উত্তৰণ হৈছিল। কোৱা হয় লুমেয়ৰ ভাতৃদ্বয়ৰো (Lumière brothers) প্ৰেৰণা আছিল "গুহাচিত্ৰ"। তেনেদৰে প্ৰাচীন মিছৰতো ধৰ্মীয় অনুষ্ঠান বা প্ৰাৰ্থনা ঘৰত ছবি আকি, গতিৰে গল্প কোৱা হৈছিল। এই মাধ্যমক কোৱা হয়-- Hieroglyphic. বিষয়বস্তু আছিল-- মৃত ৰজা-ৰাণী, যুদ্ধ, সৈন্য, চিকাৰ আদি। সেই শিল্পকৰ্মৰো আত্মা আছিল বিষয়বস্তু।
--হয়, বিষয়বস্তু চিনেমাৰ আত্মা। মৌলিক চিনে চিন্তাৰে, কেমেৰাৰ ভাষাৰে আত্মা স্পৰ্শ কৰিব পৰাটো, কৰিব নোৱাৰাটোৱে পৰিচালকৰ সফলতা, বিফলতা। ব্যাখ্যাৰ প্ৰয়োজন আছে বুলি নাভাবো নিৰ্বাক যুগত চিনেমাৰ ভাষা আছিল-- এটা, সকলোৱে বুজা। আৰু সেই ভাষাটো "কেমেৰা"ৰ। একাংশ চিনেপণ্ডিতে এনেদৰেও কৈ আহিছে-- সৰহ সংখ্যক বিশুদ্ধ চিনেমা নিৰ্বাক যুগৰ। নিৰ্বাক যুগৰ দুই চিনেকৰ্মী আইজেনষ্টাইন আৰু চাৰ্লি চেপলিনৰ হাততে উত্তৰণ হৈছিল বিশুদ্ধ চিনেমাৰ দুটা শৈলী। সময়ত চিনেমাৰ ভুল চৰ্চাৰ বাবে ভাৰতত নাম পাইছিল-- আৰ্ট চিনেমা, কমাৰ্চিয়েল চিনেমা। (আৰ্ট-কমাৰ্চিয়েল বিভাজনে যে ভাৰতীয় চিনেমাৰ ক্ষতি কৰিছে --এই প্ৰসংগ যথাস্থানত কেইবাবাৰো চৰ্চা কৰিছো। পুণৰ চৰ্চা অনুভৱ কৰা নাই।) বিভাজন নিৰ্বাক যুগত হোৱা নাছিল। বিভাজন স্পষ্ট হৈছিল-- ৰাজ কাপুৰ, সত্যজিৎ ৰায়ৰ সময় চোৱাত। সবাক যুগৰ এই সময় চোৱাতে চিনেকৰ্মৰ বিশুদ্ধতা ক্ৰমে হৃাস পাইছিল। "সংলাপ" কেন্দ্ৰীক চিন্তাৰে চিনেমা পৰিচালনাৰ পৰিবেশ গঢ়ি উঠিছিল। আৰু আজিৰ তাৰিখতো নিৰ্মাণ হোৱা সৰহ সংখ্যক ভাৰতীয় চিনেমায়ে "সংলাপ" কেন্দ্ৰীক চিন্তাৰ। নিৰ্বাক যুগত চলি থকা ছবিৰে (কেমেৰাৰ ভাষাৰে)
কাহিনী কোৱাৰ বিপৰীতে সবাক যুগত কথাৰে (সংলাপ) কাহিনী কোৱাত গুৰুত্ব দি আহিছে। চিনেমাত কথাৰে গল্প কোৱাৰ প্ৰৱণতা বঢ়াৰ সময়তে "চিনেমাৰ বিশুদ্ধতা" প্ৰশ্নটো চৰ্চলৈ আহিছিল।
(২)
এই কথা ঠিক-- চিনেশিল্প একক নহয়। ৰং-শব্দ ইত্যাদি অলংকাৰ ব্যবহাৰ কেইবা গৰাকীও 'চিনেকৰ্মী'ৰ চিন্তাৰে হয়। কিন্তু এই কথাও ঠিক, চূড়ান্ত সিদ্ধান্ত পৰিচালকৰ; যিহেতু মিশ্রশিল্প চিনেমা পৰিচালকৰ মাধ্যম (‘Director’s Media')। গতিকে আমাৰ ধাৰণাত পৰিচলকৰ ধীশক্তিহে আলোচনাৰ বিষয় হব পাৰে চিনেমাৰ উত্তৰণ কেন্দ্ৰীক চৰ্চাত। আমাৰ ধাৰণাত প্ৰথমে চৰ্চালৈ আহিব দুটা নাম--
ছের্গেই আইজেনষ্টাইন (Sergei Eisenstein: Years active 1923–1946) আৰু চার্লি চেপলিন (Charlie Chaplin: Years active 1899–1976)।চিনেকৰ্মী দুগৰাকীৰ মাজত সময়ৰ দূৰত্ব আছে। চিনে চিন্তাৰো দূৰত্ব আছে। মিল-- পৰিচালক দুগৰাকীয়ে চিনেমাৰ বিশুদ্ধ ধাৰা আগবঢ়াই নিছিল দুটা ট্ৰেকত।
(৩)
নিৰ্বাক যুগৰ মৌলিক, প্রভাবশালী ব্যক্তিত্ব চাৰ্লি চেপলিন। চাৰ্লিৰ চিনে চিন্তা আছিল স্বাধীন, একক। দৰাচলতে একক বাবেই স্বাধীন। চাৰ্লিয়ে চিনেমাৰ বিশুদ্ধতা মনত ৰাখি গল্পৰ বিকাশত গুৰুত্ব দিছিল। প্ৰায় কেইটা ৰূপালী গল্পৰ শৰীৰ হাস্যৰসৰ। হাস্যৰসৰ মাজত বিছাৰি পোৱা যায় --সামাজিক, ৰাজনৈতিক উপাদান। "দ্য গ্রেট ডিক্টেটৰ"ৰ দৰে ৰাজনৈতিক উপাদানেৰেও চিনেচিন্তা কৰিছিল। "ছিটি লাইট্ছ", "মডার্ন টাইমছ"ক বাদ দি আজিৰ তাৰিখতো "সম্পূৰ্ণ চিনেচৰ্চা" সম্ভৱ নহয়। চাৰ্লিৰ আন কেইটামান চিনেকৃতি-- "দ্য কিড", "এ ৱ'মেন অব পেৰিছ", "দ্য গোল্ড ৰাছ", "দ্য ছার্কাছ", "মঁছিয়ে ভের্দু", "লাইমলাইট"। "লাইমলাইট" বিশেষ চৰ্চাৰ বিষয় হৈছিল সংগীতৰ বাবে। সংগীতৰ শিক্ষা নথকা চাৰ্লিয়ে এই চিনেমা খনত ব্যৱহাৰ কৰা সংগীতৰ বাবে "অস্কাৰ" পাইছিল, ১৯৫২ চনত। চাৰ্লিয়ে কৈছিল-- "হৃদয়ত যি আছে, সেয়া মগজুত সোমাই লোৱাৰ বাবে শিক্ষাৰ প্ৰয়োজন আছে বুলি ভাবিব পৰা নাই। মোৰ মগজুৰ চিনেমাই হৃদয় পাইগৈ! হৃদয়ত থকা সংগীতত পৰেগৈ। কাৰীকৰি কামৰ সময়ত মগজুক কষ্ট নিদিয়াকৈ হৃদয়েৰে কৰিছিলো। মই যি কৰো, মগজুৰে কৰা নহয়, হৃদয়েৰে কৰা।"
বিজ্ঞানী এলবাৰ্ট আইনষ্টাইন আছিল চাৰ্লি চেপলিনৰ ঘনিষ্ট বন্ধু। "চিটি লাইট্ছ" চিনেমা খনৰ প্ৰিমিয়াৰ শ্ব'ৰ দিনা বিজ্ঞানী বন্ধুক লৈ চিত্ৰগৃহত প্ৰবেশ কৰাৰ সময়ত "দৰ্শক"ৰ আগ্ৰহ তুংগত উঠিছিল। আৰু সেই সময়ত বিজ্ঞানী বন্ধুক চাৰ্লিয়ে কৈছিল-- "দৰ্শকৰ এই আগ্ৰহ, উত্তেজনা আমাৰ বাবে। আপোনাৰ বাবে, আৰু মোৰ বাবে। আগ্ৰহৰ কাৰণ কি জানে-- আপোনাৰ মেধাশক্তি ইয়াত উপস্থিত থকা কোনো এজনেও নুবুজে, আৰু মোৰ কাম সকলোয়ে বুজে।"
"এই বুজা-নুবুজাৰ কাৰণ মোক বুজোৱা চোন!" --এলবাৰ্ট আইনষ্টাইনে কৈছিল।
"তেনেই সহজ-- আপোনাৰ কাম মগজুৰে কৰা, মোৰ কাম হৃদয়েৰে কৰা। দৰ্শকে 'কাম' অনুভৱ কৰে হৃদয়েৰে। হৃদয়ৰ পৰা হৃদয়লৈ দূৰত্ব কম।" --চাৰ্লিয়ে কৈছিল। আৰু তেতিয়া বিজ্ঞানী বন্ধুৱে চাৰ্লি চেপলিনক কৈছিল-- "বন্ধু তোমাৰ ধাৰণা শুদ্ধ নহয়। তুমিয়ো বিজ্ঞানী, ছবিক গতি দি দৰ্শকক নতুন নতুন চিন্তাৰ বাট মুকলি কৰি দিছা। চিন্তাৰ অৱকাশ দি মগজুৰ কচৰৎ কৰাৰ সুযোগ দিছা। তুমিতো বন্ধু মগজু নিৰ্মাতা! আৰু তুমি যি কাম হৃদয়েৰে কৰা বুলিছা, সেই কামতে আমি অনুভৱ কৰো তোমাৰ ধীশক্তি।" (আৰু আছে)চাৰ্লি চেপলিন- আইজেনষ্টাইন by: Utpal Mena
সোমবার, ১৭ জানুয়ারি, ২০২২
মনত আছেনে?দৰিকা দিচাঙে পানী বাঢ়ি গ'লে ... ভূপেন হাজৰিকাই লিখিছিল লতা মংগেশকাৰৰ অনুৰোধত /১
--ভূপেন হাজৰিকা ৰৈ নাথাকিল। মুম্বাই পালে। পকেতত লতা মংগেশকাৰক দিবলৈ চাৰি হাজাৰ টকা।("লতাই এটা গানত তেতিয়া দুই নে তিনি হাজাৰ টকাকৈ লয়। দুটা গান হ'ব। গতিকে দুই হাজাৰকৈ মই চাৰি হাজাৰ টকা লৈ গৈছিলোঁ। পইচা বচাবলৈ হেমন্ত কুমাৰৰ লগতে ৰাতি আছিলোঁ। হোটেলত নহয়। হেমন্তদাই বেয়া পায় বুলি মই ৰাতিপুৱাই মাছ কিনি লৈ আহোঁ। মোক মাছ কিনি অনাৰ কাৰণে ধমকি দিয়ে। তেতিয়া হেমন্ত কুমাৰৰ লাখ লাখ টকা।..." --ভূপেন হাজৰিকা)
--ভূপেন হাজৰিকা গৈ লতা মংগেশকাৰৰ ঘৰ পাইছিল। ঘৰটো সাগৰৰ পাৰত। সাধাৰণ সাজ-পাৰ পিন্ধি লতা মংগেশকাৰে মাটিত বহি আছিল। হেমন্ত মুখাৰ্জীয়ো বহি আছিল। ভূপেন হাজৰিকা গৈ পোৱাৰ লগে লগে হেমন্ত মুখাৰ্জীয়ে লতা মংগেশকাৰক কৈছিল-- "এয়া ভূপেন হাজৰিকা, তোমাক যে মই কৈছিলোঁ। ..."
--লতা মংগেশকাৰে ভূপেন হাজৰিকালৈ চাইছিল। মাটিৰপৰা উঠি।
ভূপেন হাজৰিকাৰ ভৰিৰপৰা মূৰলৈ চাই লতা মংগেশকাৰে কৈছিল-- "আপোনাৰ যিমান নাম শুনিছোঁ, বয়স তাতকৈ বহুত কম। বলৰাজ ছাহানিয়ে মোক কৈছে, বিমল ৰয়ে কৈছে, সলিলদাই কৈছে, আব্বাচ চাহাবেও কৈছে।"
লতা মংগেশকাৰে কৈছিল-- "গীত গাম..." ( " 'জোনাকৰে ৰাতি' গাবৰ বাবে তেওঁ মোক ৰিহাৰ্ছেল ৰূমলৈ নিবলৈ বিচাৰিলে যদিও নিনিলে। হেমন্তদাক বুজাই দিলে। তেওঁৰ শোৱা কোঠাটোতে হাৰমনিয়ামটো দিলে, মই গালোঁ। তেতিয়া লতাই ক'লে, 'আপোনাক দাদা বুলিয়েই মাতিম।' সুৰটো বৰ ভাল পালে। মোক ক'লে-- গানটোৰ অৰ্থটো মোক বুজাই দিয়ক। মই বুজাই দিলোঁ। কোঠাটোত অন্য একো নাই, শিৱাজীৰ ছবি এখন আছিল। তেওঁৰ দেউতাক দীননাথ মংগেশকাৰৰ ছবিখনো আছিল। দেউতাকৰ যাত্ৰাপাৰ্টি আছিল, আমাৰ ব্ৰজ শৰ্মাৰ নিচিনা। কোঠাটোত মহালক্ষ্মী মন্দিৰৰ আৰ্হি এটাও আছিল। লতাক বৰ আধ্যাত্মিক ভাবৰ যেন লাগিল। মোৰ কিন্তু কোঠাটোত সোমাই নিজকে বৰ পাপী পাপী যেন লাগিছিল। মই চিগাৰেট খাই থাকোঁ। দিনটোত বহুত খাওঁ। এটাৰ পাছত আনটো জ্বলাই থাকোঁ। ছাই-টাই পৰিছে। মই ৰূমটোত একেবাৰে মিলা নাই। 'ৰ'দ পুৱাবৰ কাৰণে' কোৰাছটো হেমন্ত কুমাৰ, লতা আৰু মই গালোঁ। ..." --ভূপেন হাজৰিকা) --গীত ৰেকৰ্ডিং হ'ল। অসমৰ শ্ৰোতাই শুনাৰ আগতে মহাৰাষ্ট্ৰৰ সংগীত ৰসিকৰ মাজত চৰ্চাৰ বিষয় হ'ল। উৎসাহ মনত লৈ লতা মংগেশকাৰে ভূপেন হাজৰিকাক কৈছিল-- "আপুনি ইয়াত এটা ষ্টুডিঅ' কৰক। ৰাজ কাপুৰে আৰ, কে, ষ্টুডিঅ' কৰিছে, আপুনি বি, কে, ষ্টুডিঅ' কৰক। মই আছোঁ।..." ভূপেন হাজৰিকাই একো কোৱা নাছিল! হাঁহিছিল। ("মোৰ যেন কিবা গুণ আছে! মই যেন সাংঘাতিক কিবা এটা কৰিব পাৰিম! এনে ভাৱত কথাবোৰ কৈছিল। লতাই যেতিয়া 'জোনাকৰে ৰাতি ...' গাই দিলে, তেতিয়া মাৰাঠী প্ৰেছ, গোটেইবোৰতে হুলস্থুল লাগি গ'ল। কিমানবোৰ যে হেডলাইন ওলাইছিল। লতায়ো ক'লে, 'মই এনেকুৱা কথা, সুৰ আগতে পোৱা নাই।' গানটো Golden- ত উঠি গ'ল। কৃষ্ণ চৈতন্যই Times of India-ত লিখিলে---- 'Along India with Lata' ৰেকৰ্ডখনৰ শ্ৰেষ্ঠ গান হ'ল ভূপেন হাজৰিকাৰ গানটো'..." --ভূপেন হাজৰিকা)
--দিলীপ কুমাৰ দত্তই লিখিছে, "'জোনাকৰে ৰাতি অসমীৰে মাটি' গীতটো লতাই ইমান আন্তৰিকতাৰে গাব পৰাৰ প্ৰধান কাৰণ হৈছে ভূপেন দাদাৰ যোগেদি অসম আৰু অসমীয়া গীতৰ প্ৰতি লতাৰ মনত ওপজা অকৃত্রিম ভাল পোৱা।..." কোৱা হয় "জোনাকৰে..." ভাৰতৰ সংগীত বজাৰলৈ যোৱা, দখল কৰা প্ৰথম অসমীয়া গীত।
--এই কথা স্পষ্ট, "জোনাকৰে..."ৰে ভূপেন-লতাৰ সংগীতৰ জোনাকী বাট নিৰ্মাণ হৈছিল। ("লতাই গাড়ীখন লৈ আহি হেমন্ত কুমাৰৰ ঘৰৰপৰা মোক লৈ যায়৷ কোলহাপুৰ, পুণা - এইবোৰ দেখুৱাই লৈ আহে৷ বহুত আলোচনা হ’ল তাৰ পাচত৷ তুলনামূলক কথা৷ আমাৰ লাচিত বৰফুকন আছে৷ মহাৰাষ্ট্ৰত শিৱাজী আছে। ৰামদাস আছে তাত৷ আমাৰ আছে শঙ্কৰদেৱ৷ উষাই কান্দে তেজপুৰত৷ সীতাই কান্দে মহাৰাষ্ট্ৰত৷ অসমৰ আছে আইনাম, বিহুনাম, বৰগীত৷ মহাৰাষ্ট্ৰত আছে ওভি, পোৱাড়া, তামাচা৷ লতাই ক’লেঃ আৰু বহু কথাই মিলে৷ কিছু আৱেগ-গধুৰ হৈ ক’লে - 'ভূপেনদা, আচৰিত হৈছোঁ যে ভাৰতৰ কোনো ঠাইতে 'আই' নোবালে৷ অসমৰ দৰে আমিও মাৰাঠীতে আইহে কওঁ৷'" -- ভূপেন হাজৰিকা)
১৭ জানুৱাৰী। শিল্পী দিৱস। ১৯৫৩ চনৰ ১৭ জানুৱাৰী ৰ পৰা প্ৰতি বছৰে উদযাপন কৰা হৈছে।এই দিনটো। আজিও উদযাপন কৰা হব। আজিৰ পৰা আমাৰ এই জ্যোতি চৰ্চা--
"জ্যোতি ককাইদেৱে বিলাতৰপৰা লাহোৰলৈ আহি পৰিকল্পনা কৰিলে, এখন কথাছবি কৰিব। জয়মতী ষ্টুডিঅ' খুলিব ভোলাগুৰি চাহ বাগিচাত। তেতিয়া হিমাংশুৱে বোম্বেলৈ আহি ব’ম্বে ট'কীজ আৰম্ভ কৰিছে। ইফালে, সমান্তৰালভাৱে প্রমথেশ বৰুৱা নামে আন এজন অসমীয়া ল'ৰাই কলিকতাত নিউ থিয়েটাৰ আৰম্ভ কৰি 'দেবদাস' আদি কৰি গুলজাৰ কৰি পেলাইছে। এফালে ব’ম্বে ট’কীজ আৰু আনফালে প্রমথেশ বৰুৱা। ইফালে ভোলাগুৰিত অকলে জ্যোতিপ্ৰসাদ। লাহোৰত টেক্নিচিয়ান বন্দোৱস্ত কৰি আহিল। লগতে ছাউণ্ড ছিষ্টেমো অসমলৈ লৈ আহিল। কেঁচা ফিল্মখিনি তেতিয়া কলিকতাৰ পৰা জাহাজত বৰফেৰে ঢাকি আনিব লগা হৈছিল। 'ফ্রিজ' নাছিল। সেয়ে, বিশ্বনাথ চাৰিআলিত আহি জাহাজ ৰওঁতে ৰওঁতে বৰফ গলি শেষ। তেতিয়া তাতে এটা গেৰেজত জ্যোতি ককাইদেৱে ৰসায়নাগাৰ এটাও কৰি ল'লে। অকল সেইটোৱেই নহয়। তাৰ পাচত, আহোমৰ দিনৰ পুৰণি কীৰ্ত্তিচিহ্নসমূহ গোটাই ভোলাগুৰি চাহ বাগিচাত এটা ডাঙৰ মিউজিয়ামৰ দৰে কৰি ল'লে। কাৰণ, সেইবিলাক ছবি কৰোঁতে দৰকাৰ হ'ব। সেই কালত ৰংঘৰ, কাৰেংঘৰৰ বাহিৰে অন্য সাধাৰণ মানুহৰ ঘৰ কেনে ধৰণৰ আছিল। খেৰিঘৰেই আছিল, নে গড়গাঁৱৰ ওচৰত পোৱা চুণ-চুৰুকীৰে সজা, তাৰ কোনো নিদর্শন নাছিল। সেয়ে, আৰ্টৰ দিশৰপৰাই কল্পনাৰে এইবিলাক ৰচনা কৰাৰ পৰিকল্পনাও ল’লে। ৰূপচর্চ্চাৰ মন্দিৰৰ নিচিনা কৰি তাক 'চিত্রবন' নাম দিলে আৰু সেইটোক এটা ইনষ্টিটিউটৰ নিচিনা কৰি পেলালে। ইয়াৰপৰাই 'জয়মতী'খন ১৯৩৩ চনত কৰিলে।" -- ভূপেন হজৰিকা লিখিছিল। এই তথ্য মনত ৰাখি আমি কব পাৰো পোষ্ট-প্রোডাকশনত (Post-production) প্ৰায় দুবছৰ সময় লৈছিল।
জ্যোতি প্ৰসাদ আগৰৱালা পৰিপাটি, 'সময়' বুজা মানুহ আছিল। সংগীতসূৰ্যৰ ভাষাত "বিষ্ণুপ্ৰসাদ ৰাভা, ফনী শৰ্মাই ভয় কৰিছিল" সময়ৰ কাম সময়ত পৰিপাটিকৈ কৰি ভাল পোৱা জ্যোতি প্ৰসাদ আগৰৱালাক।
জ্যোতিপ্ৰসাদ আগৰৱালাই কাহিনী-চিত্ৰনাট্যৰ পাছতে চিন্তা কৰিছিল "ফেক্টৰি"ৰ। কাম ক'ত কৰিব, ক'ত থাকি কৰিব। কৰ্মী সকলক ক'ত ৰাখিব। চিত্ৰগ্ৰহণৰ আগে আগে ঠিক কৰি লৈছিল কাম কৰা, চিনেকৰ্মী সকলক ৰখা স্থান। ১৯৩৩ চনত তেজপুৰৰ কলংপুৰ বালিজান নৈৰ পাৰত "চিত্রলেখা মুভিট"ন কোম্পানী'ৰ ফিল্ম-শিবিৰ "চিত্ৰবন" পৰিপাটিকৈ সজাই মুকলি কৰিছিল। ভাগে ভাগে কৰ্মী সকলক ৰখা হৈছিল। পুৰুষ-মহিলাক পৃথকে ৰখা হৈছিল। সংগীতসূৰ্যৰ লেখাত পঢ়িছিলো-- "জ্যোতিয়ে ফুনু বৰুৱা আদি বন্ধুৰ হাতত হাত মিলাই আনুষ্ঠানিকভাৱে শপত খাইছিল আৰু খুৱাইছিল এইবুলি 'আহা, আমি শপত খাওঁ যে আমাৰ ছবিত অভিনয় কৰিবলৈ অহা গাভৰুসকলৰ সম্মান আমি অটুট ৰাখিম। ভনীৰূপে সন্মান ৰাখিম।' ...” সংগীতসূৰ্যই আৰু লিখিছিল-- "পঞ্জাবৰ কলাকুশলী মেহতাৰ দলটো থাকে ডাক্তৰৰ কোৱাৰ্টাৰত। ১৯৩২-ৰপৰা 'জয়মতী'ৰ শ্বুটিং হৈছিল ভোলাগুৰিত। 'চিত্ৰবন'ৰ আৰম্ভণি সঁচাকৈয়ে ১৯৩২ চনত।" --এই তথ্য মনত ৰাখি আমি কব পাৰো নেকি, "চিত্ৰবন" পাছত, "জয়মতী"ৰ কাম আগতে আৰম্ভ হৈছিল! "জয়মতী"ৰ অভিনেতা থানুৰাম বৰাই আমাক কৈছিল, "১৯৩১ চনত জ্যোতিপ্ৰসাদে তেজপুৰৰ বিখ্যাত 'পৰ্কী' ঘৰৰ (য'ত গান্ধী, নেহৰুও থাকিছিল) পৰায়ে 'জয়মতী'ৰ কাম আৰম্ভ কৰিছিল। ফটো উঠোৱা কাম আৰম্ভ কৰিছিল 'চিত্ৰবন' মুকলি কৰাৰ পাছত। ফটো উঠোৱাৰ আগতে আখৰা হৈছিল। দুই বছৰ আখৰা হৈছিল।..." সংগীতসূৰ্য ভূপেন হাজৰিকাৰ লেখাতো "জয়মতী"ৰ আখৰাৰ কথা পঢ়িছো-- " 'চিত্ৰবন’ত Internal phone connection আছিল। Light বহুতো। চাৰিটাকৈ কেম্প। দিনত ফেক্টৰী হয়। নিশা তাত Rehearsal চলে। নিশাৰ দৃশ্যবোৰ নিশা আখৰা কৰে। ২ বছৰ Rehearsal হৈছিল। পুৱাৰপৰা মেক আপ আৰম্ভ হয়। আকৌ, দুপৰীয়া দুই বজাৰপৰা মে'ক আপৰ শব্দ থপ্ থপ্ থপ্ থপ্ খঁহাৰ শব্দ। Special property-ৰ কক্ষকো অসমৰ জীৱন্ত যাদুঘৰ যেন লাগিছিল। ..."
(দুই)
জয়মতী'ৰ চিত্ৰনাট্য কৰ্ম এটা পৰ্যয়ত কৰা নাছিল জ্যোতি প্ৰসাদ আগৰৱালাই। এই কথা স্পষ্ট। উদাহৰণ:
(ক)
1. Fade in on title বনৰীয়া সৌন্দৰ্য্যৰ নন্দন ফুলনি নেদেখা নজনা নির্জনত আপোনাতে আপুনি বিকশি ফুলি মৰহি যোৱা লাখো ফুলকলিৰ হাঁহিৰ নিজৰাৰে ভৰপূৰ নগা পৰ্ব্বত।
Fade out
2. Fade in on -
Ext. Long shot slow panoram right and left of distant Naga Hills.
Mix to
Ext. Close view of certain part of Naga Hills with its jungles-view of several falls and vast flower fields.
Fade out
3. Fade in on title
এই চিত্ৰনাট্য অংশ মন কৰক। কেমেৰাৰ ভাষা প্ৰয়োগৰ কথা আছে। আৰু মন কৰক--
( খ)
ৰূপধৰা নাগবন সৌন্দৰ্য্য— অনাঘ্ৰাত সুৰভি সঁফুৰা— আপোনাতে আপুনি বিভোৰা, আপোনাতে আপোন পাহৰা— আপোনাৰ নৃত্যতেই আপুনিয়ে বিয়াকুল হোৱা— নিজৰাৰ পাৰে পাৰে, শিলনিৰ গায়ে গায়ে— দেও দি নাচি ফুৰা— চৰগী ৰাজ্যৰ বাট চিৰআনন্দ– চিৰসৌন্দৰ্য্যৰ জ্বলন্ত কণিকা— আজলী, ৰূপহী— ডালিমী।
কোনে কয় মানৱী লয়ে হায় বনৰ সৌন্দৰ্য্যই ৰূপ ধৰি আহি ডেও দি চাপৰি বায় ।
ৰূপ ধৰা নাগবন সৌন্দৰ্য্য অনাঘ্ৰাত সুৰভি সঁফুৰা আপোনাতে আপুনি বিভোৰা, আপোনাতে আপোন পাহৰা, আপোনাৰ নৃত্যতেই আপুনি বিয়াকুল হোৱা— নিজৰাৰ পাৰে পাৰে।
(খ)ত চিত্ৰনাট্যকাৰ গৰাকীয়ে ছবি আকি লৈছিল। সন্দেহ নাই এয়া (ক)ৰ পূৰ্বে লিখা। কেমেৰাৰ 'চকু'ৰে যি দেখুৱাব, সেয়া নিশ্চয় নিজৰ মনৰ চকুৰে চায় 'সাহিত্য'ৰ ভাষাৰে বৰ্ণনা কৰি লৈছিল।
'জয়মতী'ৰ আন এখন চিত্ৰনাট্য পোৱা যায়, যি খন চিত্ৰনাট্যৰ ৰচনাশৈলী নাটকৰ দৰে। কব পাৰি এই চিত্ৰনাট্য খন সংলাপ কেন্দ্ৰীক। আমি এনেদৰে কব পাৰো নেকি 'নাট্যকাৰ জ্যোতি প্ৰসাদ আগৰৱালা'ই চিনেমা খনৰ চিত্ৰনাট্যৰ বুনিয়াদ 'নাটকে'ৰে নিৰ্মাণ কৰি লৈছিল! ( 'জয়মতী'ৰ নিৰ্মাণ প্ৰক্ৰিয়া কেন্দ্ৰীক চৰ্চা পোৱা যায় বাংলা আলোচনী 'চিত্ৰপঞ্জী', 'চিনেমা জগৎ', 'নন্দন', অজয় মাহ্ত্ৰেৰ মাৰাঠী গ্ৰন্থ 'আজছা চিত্ৰপট', 'Filmindia'ৰ বিশেষ সংকলন আদিত। উল্লেখ কৰা গ্ৰন্থ, আলোচনী কেইখনত 'জয়মতী'ৰ চিত্ৰগ্ৰহণকাৰীয়ে কোৱা, 'জয়মতী'ৰ চিত্ৰনাট্য কেন্দ্ৰীক 'চৰ্চা' আছে। সেই 'চৰ্চা'ৰ পৰা ধাৰণা কৰিব পাৰি জ্যোতি প্ৰসাদ আগৰৱালাই ফ্ল'ৰতো চিত্ৰনাট্যৰ কাম কৰিছিল, চিত্ৰনাট্য সলনি কৰিছিল, চিত্ৰগ্ৰহণকাৰীক বুজাবলৈ 'ৰেখা'ৰ আশ্ৰয় লৈছিল। । আগলৈ চৰ্চাৰ বাট মুকলি ৰাখি আৰু উল্লেখ কৰিলো জ্যোতি প্ৰসাদ আগৰৱালাই ১৯২২ চনত শিশিৰকুমাৰ ভাদুড়ী আৰু নৰেশ মিত্রৰ পৰিচালনাৰে নিৰ্মিত 'আঁধাৰে আলো' (The Influence of Love ) চোৱাৰ পিছৰে পৰা চিত্ৰনাট্য অধ্যয়ণ আৰু লিখাত ব্যস্ত হৈছিল। সেই সময়ত, 'আঁধাৰে আলো' খন চোৱাৰ পিছত হেনো জ্যোতি প্ৰসাদ আগৰৱালাই চিনেমা খনৰ চিত্ৰগ্ৰহণকাৰী ননি গোপাল ছান্যালক দুবাৰমান লগ কৰিছিল। চিনেমা চৰ্চা কৰিছিল। )১৭ জানুৱাৰী। শিল্পী দিৱস। ১৯৫৩ চনৰ ১৭ জানুৱাৰী ৰ পৰা প্ৰতি বছৰে উদযাপন কৰা হৈছে এই দিনটো। আজিও উদযাপন কৰা হব। আজিৰ পৰা আমাৰ এই জ্যোতি চৰ্চা--