শুক্রবার, ২১ জুন, ২০২৪

জিয়া/ চিনেচৰ্চা

চিনেমা খনৰ নাম-- "জিয়া"। মূল চৰিত্ৰটোৰ নাম-- জিয়া। কেনী বসুমতাৰীৰ পৰিচালনা। প্ৰথম কথা-- কেনী বসুমতাৰী জনপ্ৰিয় "লোকেল কুংফু"ৰে ("লোকেল কুংফু"ৰ পাছত "লোকেল কুংফু-২" পৰিচালনা কৰিছে। স্থানীয় বজাৰত সফল হৈছে। "লোকেল কুংফু-৩" পৰিচালনাৰ কাম হাতত লৈছে।)। এই "জনপ্ৰিয় শৈলী"ৰ পৰা আঁতৰত "জিয়া"ৰ পৰিচালনা শৈলী। জিয়া চিনেমা খনৰ কাহিনীৰ মূল বিন্দু। কাহিনীৰ গতি সৰল ৰৈখিক। কাহিনী আমাৰ সমাজ খনৰে। ঘৰুৱা হিংসাৰ বাবে স্বামীৰ পৰা পৃথক হোৱা এগৰাকী নাৰী--জিয়া। পৰিচালকে গুৰুত্ব দিছে অকলশৰীয়া "মাতৃ জিয়া"ৰ জীৱন বাটৰ সংগ্ৰামত। 
এক মাত্ৰ কিশোৰী সন্তানক পিতৃ লাগে। স্বামীৰ সৈতে নথকা জিয়াক সমাজৰ বহুতে অন্য ধৰণে লয়। এই বোৰ "সমস্য"ৰ পৰা মুক্ত হও বুলিয়ে জিয়াই আকৌ বিয়াৰ কথা মনলৈ আনে। জীৱনলৈ এক পুৰুষ আহে। কিন্তু আকৌ জিয়াই জীৱন বাটত উজুটি খায়। আকৌ এবাৰ মুখাৰ আঁৰৰ মুখে জিয়াক কষ্ট দিয়ে। শেষত-- জিয়াই একমাত্ৰ সন্তানৰ সৈতে জীৱনৰ বাট বুলাৰ সিদ্ধান্ত লয়। 
চিনেমা খনৰ এটা ভাল লগা বা ইতিবাচক দিশ--চৰিত্ৰ বিন্যাস, কাহিনী বিন্যাস। কাহিনীৰ গতিত চৰিত্ৰ বিন্যাস। কাহিনীৰ গতিত এৰি যোৱা চৰিত্ৰটোও স্পষ্ট কৰি গৈছে, কম ফুটেজত, সাহিত্যৰ ভাষাক গুৰুত্ব দি। "জিয়া"ক পৰিপাটিকৈ ক্ৰমে দৰ্শকৰ ওচৰত স্পষ্ট কৰি গৈছে। জিয়াৰ লগতে প্ৰতিটো চৰিত্ৰ নিৰ্মাণ কৰিছে বাস্তৱ বা চিনেমেটিক অভিনয়ৰে। আভিনয়ে নহয়, চৰিত্ৰ বোৰৰ চিন্তা, কথা-বতৰা বোৰো বাস্তৱ। জিয়াৰ মাকে তেনেদৰেই ভাৱে, আমাৰ সমজৰ নব্বৈ শতাংশ বিবাহ বিচ্ছেদ মহিলাৰ মাতৃয়ে যেনেদৰে ভাবিব পাৰে! ঠিক  তেনেদৰে জিয়াৰ পিতৃ, বান্ধৱী  আদিকো "বাস্তৱ চৰিত্ৰৰ বৃত্ত" ৰ বাহিৰলৈ যাব দিয়া নাই। 
কাহিনীৰ গতিত জীয়াৰ জিয়াৰ মানসিক স্থিতি মাত্ৰ এটা সংলাপতে স্পষ্ট কৰিছে। জিয়াই যে অস্থিৰতাৰ মাজত থাকিয়ো স্থিৰ, স্থিৰতাৰ মাজত অনুভৱ কৰিব নোৱাৰি, তাই যে sleeping tablet ব্যৱহাৰ কৰে। জিয়াৰ জীৱনলৈ অহা দ্বিতীয় গৰাকী পুৰুষৰ অনুভৱৰ উত্তৰত মাত্ৰ দুটা বাক্য: মুখা পিন্ধি আছোঁ, আমি সকলোৱে। তুমিয়ো কিজানি মুখা পিন্ধিয়ে আছা! বিশ্বাসৰ মাজতো আবিশ্বাস মনত লৈ জিয়াৰ যাত্ৰা। এই ছিকুৱেন্সটোই কাহিনীৰ পৰিনতিৰ বিশ্বাস যোগ্যতা বঢ়াইছে। পৰিচিলক-চিত্ৰনাট্যকাৰৰ পৈনত চিনেচিন্তা স্পষ্ট কৰিছে।
--চিনেমা খনৰ মূল সৌন্দৰ্য জিয়াৰ চৰিত্ৰত অভিনয় কৰা শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ অভিনয় আৰু সংগীত। ৰিকি শৰ্মা,ইপ্সিতা হাজৰিকা, আৰাধ্যা মহন্ত আদিৰ অভিনয়ো চিনেমেটিক। 
--চিনেমা খনৰ ভাল নলগা দিশ কাহিনীৰ গতিত মাজে মাজে "কেমেৰাৰ ভাষা সাহিত্যৰ ভাষাৰ বহতীয়া হৈ  পৰিছে"।

গ'গ' আই /চিনেচৰ্চা

চিনেমা খনৰ কাহিনীয়ে গতি কৰাৰ মূহুৰ্ততে ভূগোল, ইতিহাস স্পষ্ট। ২০২০ চনত ক'ৰোনা মহামাৰীৰ সময়। ২৫ মার্চ-১৪ এপ্রিল (২১ দিন) আৰু ১৫ এপ্রিল-৩ মে' (১৯ দিন) সময় চোৱাৰ কহিনী। কাহিনীৰ নায়ক বা প্ৰথম বিন্দু-- যাদৱ গগৈ।ঘৰ অসমৰ নগাঁৱত। সহজ-সৰল মনৰ যাদৱ গগৈৰ জীৱন যাত্ৰাৰ বাট সুখকৰ নাছিল। দিন হাজিৰা কৰে। কিন্তু দিনৰ পাৰিশ্ৰমিক দিনে নাপায় সহজ-সৰল স্বভাৱৰ বাবে। সংসাৰ কেনেকৈ চলে! পত্নী আৰু দুই কিশোৰ সন্তানক লৈ যাদৱ গগৈৰ সংসাৰ। পত্নী অতিষ্ঠ! এদিন এখন সুখৰ সংসাৰৰ আশা বুকুত বান্ধি যাদৱে ঠিক কৰিলে--, গুজৰটলৈ যাব, গুজৰাটতত বহুত উদ্যোগ, তাত চাকৰিৰ আকাল নাই, চাকৰি কৰিব! আৰু এদিন গুজৰাট পালে, কাপোৰৰ উদ্যোগত গাৰ্ডৰ চাকৰি পালে। তিতা-কেহা আৰু মিঠা সপোনেৰে চাকৰি জীৱন আগবাঢ়ি আছিল। আৰু হঠাতে হোৱা লকডাউনে তাৰ জীৱনত আউল লগাইছিল, ঘৰলৈ প্ৰত্যাৱৰ্তন কৰিছিল। --এই যে ঘৰলৈ প্ৰত্যাৱৰ্তন কৰিছিল, ৰূপালী গল্পটোৰ বিন্দুয়ে তাৰ পৰায়ে গতি কৰিছিল। ২৭ দিনৰ বাট। গুজৰাটৰ পৰা অসমলৈ ২৭ দিন অনাহাৰে, অনিদ্ৰাই পদব্রজে উভতি অহিছিল যাদৱ গগৈয়ে। "কেনেকৈ সম্ভৱ" কাহিনীটো "সম্ভৱ"লৈ ৰূপান্তৰ হৈছে পৰিচালকৰ গল্প কোৱাৰ শৈলীৰ বাবে। গল্পৰ গতিত পৰিচালকে অতীত-চাৰণ ব্যৱহাৰ কৰিছে। গুজৰাটলৈ যোৱাৰ আগৰ "যাদৱ গগৈ"ক স্পষ্ট কৰিছে অতীত-চাৰণত। আৰু পৰিচালকে "চৰিত্ৰ"টোক গুজৰাটৰ পৰা নগাঁৱলৈ গতি দিছে (খোজ কঢ়াইছে) পৰ্যায় ক্ৰমে। গুজৰাটৰ পৰা প্ৰয়াগৰাজলৈ ট্ৰাকেৰে অহা যাদৱ গগৈয়ে অসমলৈ বুলি খোজ আগবঢ়াইছিল আশাৰে-- বাটত কিবা নহয় কিবা পোৱা যাৱ! আশা ভংগ হৈছিল। পৰৱৰ্তী সময়ত ভাবিছিল--, ১৪ এপ্ৰিলৰ পৰা ৰেল চলিব! নচলিল। পৰিচালক-চিত্ৰনাট্যকাৰে "সময়"ৰ এই বিভাজনেৰে আৰু খোজ কাঢ়ি প্ৰত্যাৱৰ্তন কৰা আৰু ভালেমান লোকক ফ্ৰেমলৈ আনি "চৰিত্ৰ"টোৰ দীৰ্ঘ যাত্ৰা "স্বাভাৱিক"লৈ ৰূপান্তৰ কৰিছে। --এই খিনিতে অৱশ্যেই ক'ব লাগিব, সেই সময় চোৱাৰ পৰিৱেশ নিৰ্মণত পৰিচালকৰ পৰিশ্ৰমৰ প্ৰয়োজন আছিল। পৰিবেশ নিৰ্মাণত ষ্টক শ্বট (stock shot) ব্যৱহাৰৰ সুযোগ আছিল। ষ্টক শ্বটেৰে সেই সময়ৰ জীৱন্ত পৰিবেশ নিৰ্মাণেৰে ৰূপালী সৌন্দৰ্য বঢ়োৱাৰ সুযোগ পৰিচালকে নললে বা লোৱাত ব্যৰ্থ। এই ব্যৰ্থতাত পৰিচালকৰ চিনেচিন্তাৰ দুৰ্বলতা স্পষ্ট।
--পৰিচালকে পৰিবেশ নিৰ্মাণত গতি গুৰুত্ব দিছে কেমেৰাৰ ভাষা প্ৰয়োগত। পৰিবেশ নিৰ্মাণত গুৰুত্ব দিছে মূল চৰিত্ৰৰ চেহেৰাৰ ভাষা, আছৰণত। এই দুটা দিশত পৰিচালক সফল। মূল চৰিতটো নিৰ্মাণ কৰিছে যতীন খনিকৰক লৈ (একমাত্ৰ চৰিত্ৰ বুলিব পাৰা! বাকী যি কেইটা চৰিত্ৰ আছে-- কম ফুটেজৰ, অতি কম ফুটেজৰ। পত্নী আৰু কিশোৰ পুত্ৰ-- চৰিত্ৰ দুটাক কিছু গুৰুত্ব দিছে। কিন্তু চিনে সৌন্দৰ্যলৈ ৰূপান্তৰ হোৱা চৰিত্ৰ নহয়।) বাস্তৱিক অভিনয় (realistic acting)-ৰ ওচৰত থাকি নিৰ্মাণ কৰা চৰিত্ৰ। পৰিচালকে দিয়া সম্পূৰ্ণ সুযোগৰ সৎ ব্যৱহাৰ কৰিছে যতীন খনিকৰে। কথাটো এনে দৰেও ক'ব পৰা যায়-- চৰিত্ৰটোৰ বাবে আভিনেতা নিৰ্বাচনত পৰিচালক সফল। 

সোমবার, ১৭ জুন, ২০২৪

ৰূপালী পৰ্দাত ৰূপকোঁৱৰ

"সোণৰে পালেঙত অ' মনেতৰা
সোণৰে পালেঙত অ' মনেতৰা।
ধুনীয়া কোঁৱৰৰ ঘুমটি নাহিলে
কপাহৰে তলিচা পৰা মনেতৰা..." জ্যোতিপ্ৰসাদৰ শব্দ, শব্দ সুৰ। কণ্ঠ--তৰালি শৰ্মাৰ। (চুই গ'ল আজি, আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিনটোত, জ্যোতি চিত্ৰবন চৌহদত।) সুৰ-শব্দই আমাৰ মন পৰ্দালৈ আনি দিলে জ্যোতি বিন্দু। জ্যোতি বিন্দুৰ সৰল ৰৈখিক গতি অভিনেতা বলোৰাম দাসক লৈ! গতিত যেন অভিনেতা গৰাকী ৰূপান্তৰ হ'ল ৰূপকোঁৱৰলৈ! --আমাৰ মন পৰ্দালে হয়তো জ্যোতি বিন্দুৰ এই চিনেমেটিক গতি নাহিল হেতেন, যদিহে "সোণৰে পালেঙত অ' মনেতৰা..." শুনাৰ আগে আগে দক্ষ পৰিচালক মঞ্জু বৰাই জ্যোতিপ্ৰসাদ আগৰৱালা কেন্দ্ৰিক অসমীয়া চিনেমা "ৰূপতীৰ্থৰ যাত্রী" নিৰ্মাণৰ পৰিকল্পনা ঘোষণা নকৰিলে হেতেন! 
--হয়, আজি মঞ্জু বৰাই ঘোষণা কৰিলে প্ৰায় কুৰি বছৰ মন-মগজুত লৈ ফুৰা এক চিনে পৰিকল্পনা, পৰিচালক গৰাকীৰ সপোন প্ৰকল্প (Dream project) "ৰূপতীৰ্থৰ যাত্রী"। চৈয়দ আব্দুল মালিকে লিখা একে নামৰ "জীৱন-ভিত্তিক-কাহিনীৰ উপন্যাস"ৰ আধাৰত চিত্ৰনাট্য লিখি চিত্ৰগ্ৰহনৰ বাবে সাজু কৰিছে পৰিচালক গৰাকীয়ে। আজি ঘোষণা পৰ্বত পৰিচালক গৰাকীয়ে স্পষ্ট কৰি দিয়ে ঔপন্যাসিক গৰাকীয়ে "জ্যোতিৰ্ময়"ক (জ্যোতিপ্ৰসাদ আগৰৱালাক মনত ৰাখি ঔপন্যাসিকে নিৰ্মাণ কৰা চৰিত্ৰটোৰ নাম)    নিৰ্মাণত স্বাধীনতাৰ বাট দেখুৱাইছে। সেই বাটে চিত্ৰনাট্যকাৰ-পৰিচালক মঞ্জু বৰায়ো নিশ্চয় যাব, দুখোজ মান, চিনে সৌন্দৰ্যৰ স্বাৰ্থত। কাৰণ ছপা শব্দ আৰু গতি-শ্ৰব্য শব্দৰ মাজত বহু দূৰত্ব, মধ্যম ভিন্ন। 
পৰিচালক গৰাকীৰ ভাষাত-- "চৈয়দ আব্দুল মালিকে সংস্কৃতিৰ সাধক এই মহান শিল্পী গৰাকীৰ জীবন কাহিনীৰে উপন্যাসৰ ৰূপ দিছে 'ৰূপতীৰ্থৰ যাত্রী'। তেখেতৰ ভাষাত ক'বলৈ গলে 'জীবন-ভিত্তিক কাহিনীৰ উপন্যাস, চুটি গল্প বা নাটক আদি ৰূপ দিব লাগিলে মূল চৰিত্ৰ, কাহিনী আৰু সংঘর্ষ আদিৰ সত্যতা পৰাপক্ষত বক্ষা কৰি সাহিত্যিক ৰূপ দিব লাগে। আগৰকালত ৰজা-মহাৰজা আদিয়ে তেওঁলোকৰ জীৱন- কাহিনীৰ সাহিত্যিক ৰূপ দিয়াবৰ কাৰণে বিশিষ্ট লিখক-সাহিত্যিকক দায়িত্ব অর্পণ কৰিছিল। আমাৰ কাব্য-মহাকাব্যবোৰ এনে কাহিনীৰেই সাহিত্যিক ৰূপ। "ৰূপতীৰ্থৰ যাত্রী" তো জ্যোতিপ্রসাদ আগৰৱালাৰ জীৱন কাহিনী বিভিন্ন ঘটনাক্রমৰ মাজেদি ৰূপ দিয়াৰ চেষ্টা কৰা হৈছে। মোৰ একান্ত বিশ্বাস যে এই বিশিষ্ট ব্যক্তি গৰাকীৰ পৰিচয় এই উপন্যাসখনে দাঙি ধৰিছে।
চিনেমা আৰু সাহিত্য ওতঃপ্রোত ভাবে জড়িত যদিও দুয়োটা মাধ্যমৰে ভাষা পৃথক। 'ৰূপতীৰ্থৰ যাত্রী'ক আমি শিল্পী জনাব সম্পূর্ণ জীবন ভিত্তিক চিনেমা (bippic) বুলি নকৈ bio- fiction বুলি কোৱাহে যথার্থ হ'ব। মূল লিখকে যিহেতু দায়িত্ব লৈছেই যে সাহিত্যৰ খাতিৰত কাহিনী কওঁতে কিছু কল্পনাৰ আশ্রয় লব লগা হয়-- আমিও এই উপন্যাস খনৰ চিত্ৰনাট্য তৈয়াৰ কৰোঁতে কিছু স্বাধীনতা লৈছোঁ। অবশ্যে এই মহান শিল্পীজনাব জীবনত কতো আঁচোৰ পৰিবলৈ নিদি তেওঁৰ জীৱন পৰিক্ৰমাত সংঘটিত উল্লেখনীয় ঘটনা-পৰিঘটনা লগতে বিভিন্ন সময়ত সৃষ্টি হোৱা তেওঁৰ মানসিক অন্তর্দ্বন্দ আৰু অন্তর্দৃষ্টি (introspection)- এজন সংবেদনশীল সৃষ্টিশীল ব্যক্তি হিচাপে চিনেমাখনত যাতে প্রতিফলিত হয়- তাৰ চেষ্টা কৰিম।"
পৰিচালক-চিনেমা লেখক গৰাকীয়ে আৰু জনালে, ইমান দীৰ্ঘ সময় চিনেমা খন আগবঢ়াব পৰা নাছিল প্ৰযোজকৰ আৰু বিশেষ চৰিত্ৰৰ বাবে বিশেষ অভিনয় শিল্পীৰ অভাৱত। বিশেষকৈ মূল চৰিত্ৰটোত কোনে আভিনয় কৰিব--, সেয়া আছিল মূল চিন্তাৰ বিষয়। এতিয়া চিন্তা আঁতৰ হ'ল। প্ৰযোজনা কৰিবলৈ আগবাঢ়ি আহিল-- ড° সঞ্জীৱ নাৰায়ণ। আৰু পৰিচালকে মূল চৰিত্ৰটো নিৰ্মাণৰ বাবে বিছাৰি পালে সুদক্ষ অভিনেতা বলোৰাম দাসক। পৰিচালকে আন কেইটা মান চৰিত্ৰ নিৰ্মাণ কৰিব কুলদা কুমাৰ ভট্টাচার্য, প্রাঞ্জল শইকীয়া, সিদ্ধার্থ গোস্বামী, অপর্ণা দত্তচৌধুৰী, প্রণামী বৰা, পদ্মৰাগ, জয়ন্তজিৎ, নিয়ৰ শইকীয়া, ইভলিনাক লৈ। আৰু বিশেষ চৰিত্ৰ দুটা নিৰ্মাণ কৰিব জনপ্ৰিয় শিল্পী হেলিনা আৰু ইউৰোপৰ এগৰাকী শিল্পী চফিয়াক লৈ। আন কেইবাটাও চৰিত্ৰৰ বাবে অভিনয় শিল্পী নিৰ্বাচন হোৱা নাই, সোনকালে হ'ব। 
--এই চিনেমা খনত কেমাৰাৰ ভাষাৰ সমানেই যে সংগীত শব্দৰ গুৰুত্ব থাকিব সন্দেহ নাই। পৰিচালকে সংগীতৰ দায়িত্ব দিছে তৰালি শৰ্মাক। সাজ-সজ্জাৰ দায়িত্বত আছে ৰক্ষ্মী শইকীয়া আৰু জীৱন ডাউকা। কৰিঅ'গ্ৰাফী মনচুমৰ। সম্পাদনা কৰিব  এ শ্ৰীকৰ প্ৰসাদে। 
আজিৰ এই ঘোষণাৰ পাছত, পৰিকল্পনা জনাৰ পাছত আশা কৰিব পাৰোঁ, মঞ্জু বৰাই "অসমীয়া চিনেমা"ক এটা শ্ৰেষ্ঠ, ভাল চিনেকৰ্ম দিবলৈ গৈ আছে।





বৃহস্পতিবার, ১৩ জুন, ২০২৪

সংসদত অসমৰ সাংসদে কথা কৈছে!/১

সংসদত অসমৰ সাংসদে কথা কৈছে! --এয়াও আছিল খবৰ। অসমৰ কাকতৰ প্ৰথম কাকতৰ প্ৰথম পৃষ্ঠাৰ খবৰ।
অসমৰ সাংসদ হেম বৰুৱাই "সংসদ কপাইছিল" --সেই আমি চুব নোপোৱা অতীত।(তথ্য: ১৯৫৭ আৰু ১৯৬২ চনত গুৱাহাটী লোকসভা সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল। ১৯৬৭ চনত মঙ্গলদৈ লোকসভা সমষ্টিৰ পৰা পুনৰ নিৰ্বাচিত হৈছিল। ডিচেম্বৰ ১৯৭০ চনলৈকে লোকসভাৰ সদস্য হৈ আছিল। সেই সময় চোৱাত সাংসদ হেম বৰুৱাই অসমৰ জ্বলন্ত সমস্যা কেন্দ্ৰীক কথাৰে সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক সঁকিয়নি দিছিল। ১৯৬০ চনৰ ভাষা আন্দোলন ইত্যাদি সংসদৰ মজিয়ালৈ নিছিল। সাংসদ গৰাকীয়ে কৰা দুৰ্নীতিৰ অভিযোগ প্ৰমাণিত হোৱাৰ পিছত তেতিয়াৰ কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু ৰাসায়নিক মন্ত্ৰী কে.ডি. মালৱিয়াই পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। চীন-ভাৰত প্ৰসংগত বিৰোধীৰ আসনত বহা স্বত্বেও প্ৰধানমন্ত্ৰী নেহৰুৱা সাংসদ বৰুৱাক মন দি শুনিছিল।শুনিবলৈ বাধ্য হৈছিল। --সাংসদ হেম বৰুৱাক "টাইমছ অৱ ইণ্ডিয়া"ই দহ গৰাকী শ্ৰেষ্ঠ সাংসদৰ তালিকাত ৰিখিছিল। আন এখন বহু প্ৰচলিত দৈনিক কাকত, পঞ্জাবৰ পৰা প্ৰকাশিত "ট্ৰিবিউন" -এ পোন্ধৰজন সাংসদৰ খতিয়ানৰ তালিকাত ৰাখিছিল।)
সংসদত "কথা কোৱা" আন এগৰাকী সাংসদ-- দীনেশ গোস্বামী। ভাৰতেৰ আইন আৰু বিচাৰ মন্ত্রী (১৯৮৯–১৯৯০), লোকসভাৰ সদস্য (১৯৮৫–১৯৮৯) আছিল। অসম গণ পৰিষদৰ সাংসদ গৰাকীয়ে "অসমৰ সমস্যা" সংসদলৈ নিছিল।
--লোকসভাত (১৯৯১–২০০৪) ৰখা ভাষণেৰে চৰ্চালৈ আহিছিল জয়ন্ত ৰংপি। আৰু তাৰ পাছৰ সময় চোৱাত গৌৰৱ গগৈ...। গৌৰৱ গগৈৰ কথন শৈলী ইত্যাদিয়ে আমাক আকৰ্ষণ কৰিছিল। (স্পষ্ট, শুদ্ধ  হিন্দী-ইংৰাজী উচ্চাৰণেৰ সংসদত "স্মাৰ্ট ভাষণ' দিয়া অসমৰ সাংসদ কেইজন আছে?)
আৰু শেহতীয়াকৈ সংসদত দিয়া "স্মাৰ্ট ভাষণ" -ৰে চৰ্চালৈ আহিছে পবিত্ৰ মাৰ্ঘেৰিটা। ৰাজ্যসভাৰ সাংসদ, বিজেপিৰ।
আমি মন কৰিছোঁ-- সাাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই নিজৰ দলৰ স্বাৰ্থত কোৱা কথাতকৈ অসম-অসমীয়া প্ৰতিফলিত হোৱা কথা বেছিকৈ কৈছে। আমাৰ এই চৰ্চাৰ বিষয় সাংসদ গৰাকীয়ে সংসদত কি কৈছে, সেয়া নহয়। সাংসদ গৰাকীয়ে সংসদত পৰিপাটিকৈ, শুদ্ধ উচ্ছাৰণ, চুই যোৱা শৈলীৰে কৈছে-- সেয়াহে আমাৰ চৰ্চাৰ বিষয়। সন্দেহ নাই-- ভাৰতৰ, অসমৰ ৰাজনীতিত পবিত্ৰ মাৰ্ঘেৰিটাৰ যাত্ৰা চুটি নহব, দীৰ্ঘ, উজ্জ্বল। আৰু ক'ব পাৰি-- অসমে 'নিমাতী সাংসদ'ৰ ভিড়ৰ বিপৰীতে আৰু এগৰাকী 'কথা কোৱা' সাংসদ পালে।
| অতীত-চাৰণ ||
পবিত্ৰ মাৰ্ঘেৰিটা "ৰাজনীতিৰ মানুহ" নাছিল। "চিনেমা-সংগীতৰ মানুহ" আছিল। "মায়া", "সাৰেগামা" নামৰ দুখন অসমীয়া আলোচনীৰ সম্পাদক আছিল।
--চন, তাৰিখ মনত নাই। বাৰটো মনত আছে--শুকুৰ বাৰ।দীৰ্ঘ সময় মুম্বাই থকাৰ পাছত অসমলৈ উভতিছিলোঁ, দৈনিক কাকত "আজি" (সম্পাদক: অজিত কুমাৰ ভূঞা) -ৰ সম্পাদনা বিভাগৰ সৈতে জড়িত হৈছিলোঁ। "অসমৰ সংবাদ জগত"ত মোৰ চিনাকীৰ সংখ্যা কম, সেই সময়ত। "সংবাদ"ৰ কামত জ্যোতি চিত্ৰবনলৈ গৈছিলোঁ। নিৰ্দিষ্ট স্থানত বহি আছিলোঁ। ওচৰত ইতিমধ্যে বহি থকা কেইগৰাকী মনৰ মাজত জুবিন গাৰ্গ কেন্দ্ৰীক চৰ্চা। চৰ্চা মাজলৈ "আজি" আহিছিল, "মোৰ নাম"টো আহিছিল। এজনে কৈছিল-- "নিজকে (মোৰ কথা কৈছিল। সেই দিনা "আজি"ৰ নিৰ্দিষ্ট পৃষ্ঠাত জুবিনৰ এটা গীতৰ বিষয়ে লিখিছিলোঁ। লেখাটো "ইতিবাচক" নাছিল! সেই সময়তো একাংশ "চিত্ৰ সাংবাদিক" বা "সাংস্কৃতিক সাংবাদিক"ৰ ধাৰণা আছিল জুবিন গাৰ্গক, জুবিন গাৰ্গৰ সৃষ্টিক বা সংগীত নিৰ্মাণক প্ৰশংসাহে কৰিব পাৰি, সমালোচনা কৰিব নোৱাৰি।) কি বুলি ভাৱে, জুবিনৰ গীত সমালোচনা কৰে...।" আৰু কিবা কিবি কৈছিল। বাকী কেইবাজনেও হয়ভৰ দিছিল। মই কোৱা খিনি, ঠাট্টা খিনি হজম কৰি আছিলোঁ। কথাত ভাগ লৈ থকা এজনে কিন্তু হয়ভৰ দিয়া নাছিল, কৈছিল-- "তেখেতৰ সমালোচনা কৰাৰ অধিকাৰ আছে। আমিতো তেখেতক নাজানো, তেখেতৰ সমালোচনা কৰিব পৰাকৈ জ্ঞান থাকিবও পাৰে! ..."
--মোৰ ওচৰৰ আসনত বহি থকা এগৰাকীক সুধিলোঁ, হয়ভৰ নিদিয়া গৰাকীৰ ফালে আঙুলিয়াই, এওঁ কোন?
"পবিত্ৰ মাৰ্ঘেৰিটা" বুলি কৈ ধাৰণা দিলে পবিত্ৰ মাৰ্ঘেৰিটা কোন, ধাৰণা এটা দিলে। যি ধাৰণা পালোঁ, তাৰ মাজৰে এটা-- যি কেইগৰাকীয়ে জুবিন চৰ্চা কৰি আছে, সেই সকলৰ ভিতৰত আটাইতকৈ ঘনিষ্ঠ।
--তেনেদৰেই পবিত্ৰ মাৰ্ঘেৰিটাক জানিছিলোঁ, প্ৰথমবাৰ।
--তাৰ পাছত বহুবাৰ।
--কথা পাতিছিলোঁ আমাাৰ ভাড়া ঘৰত, বাহিৰত। বিষয় আছিল একেই। সংগীত, চিনেমা, নাটক।
--এবাৰ দূৰ্গা পূজাৰ বতৰত আমাৰ গাৱঁ বেলশৰলৈ, আমাৰ ঘৰলৈয়ো গৈছিল। পূজাৰ সময়ত আমাৰ সেই অঞ্চলত ভ্ৰাম্যমাণ থিয়েটাৰৰ অঘোষিত নাট মহোৎসৱ হৈছিল, আজিও হয়। আমি ইখন থিয়টাৰৰ পৰা সিখন থিয়েটাৰলৈ গৈ নাটকৰ এটা-দুটা দৃশ্য উপভোগ কৰিছিলোঁ। অনুভৱ কৰিছিলোঁ আমাৰ দৰে পবিত্ৰ মাৰ্ঘেৰিটাও "নাটক পাগল", আমাৰ দৰে "বাট হেৰুওৱা নাটক"ক লৈ দুখী। আমাৰ মাজত চৰ্চা হৈছিল-- ভাল নাটকেৰে কেনেদৰে ব্যৱসায়িক সফলতা সম্ভৱ। এটা দিশ স্পষ্ট-- নাটক, সংগীত, চিনেমাৰ ব্যৱসায়ৰ বাট চিনিছিল পৱিত্ৰই।  এটা উদাহৰণ: জোনবাই। "জোনবাই" --এখন ভিডিঅ' চিনেমা। সেই সময়ত অসমীয়া চিনেমাৰ প্ৰচাৰ পৰিকল্পনাতো সিমান বৃহৎ পোষ্টাৰ নাছিল, যিমান বৃহৎ পোষ্টাৰ "জোনবাই"ৰ দেখিছিলোঁ, মহানগৰীৰ পথৰ দাতিত। শুনিছিলোঁ, তেনে বৃহৎ পোষ্টাৰ মহানগৰীৰ বাহিৰৰ পথতো ওলমাইছিল "জোনবাই"ৰ প্ৰযোজক পক্ষই। সেই "পোষ্টাৰ প্ৰচাৰ" পৰিকল্পনা আছিল "জোনবাই"ৰ এগৰাকী প্ৰযোজক পৱিত্ৰ মাৰ্ঘেৰিটাৰ। এই "পোষ্টাৰ পৰিকল্পনা"ই সলনি কৰি দিছিল ভিডিঅ' চিনেমা উদ্যোগ। (সেই সময়ত পৱিত্ৰ মাৰ্ঘেৰিটাৰ "প্ৰচাৰ পৰিকল্পনা"ৰ ইতিবাচক চৰ্চা কৰিছিলোঁ। আমাৰ সেই ইতিবাচক লেখা পঢ়ি, সেই সময়ত আমাক নেতিবাচক কথাৰে ঠাট্টা কৰিছিল এগৰাকী "চিনেমা সমালোচকে" (এইখিনিতে: পৱিত্ৰ মাৰ্ঘেৰিটা জ্যোতি চিত্ৰবনৰ অধ্যক্ষ হোৱাৰ পাছত, সাংসদ হোৱাৰ পাছত এই "চিনেমা সমালোচক" গৰাকীৰ মুখত, সামাজিক মাধামত সুযোগ পালেই-- "পৱিত্ৰ বন্দনা"।)। পবিত্ৰ মাৰ্ঘেৰিটা কোন হয় বুলি প্ৰশ্ন তুলি এটা বাক্য কৈছিল (মানে, উত্তৰটো নিজে দিছিল), যিটো বাক্য কিছু মাহ পূৰ্বে এগৰাকী ৰাজনীতিকৰ মুখতো শুনিছিলোঁ। ৰাজনীতিক গৰাকীয়ে পবিত্ৰ মাৰ্ঘেৰিটাৰ "সাংস্কৃতিক কৰ্ম-ব্যৱসায়"কেন্দ্ৰীক নেতিবাচক কথাও কৈছিল, --হয়তো  নকলে হেতেন, যদিহে জানিলে হেতেন পঞ্জাৱৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ভগবন্ত মানৰ "আভিনয় কেৰিয়াৰ" জানিলে হেতেন! বা যদি জানিলে হেতেন ইউক্রেনীয় চিত্রনাট্যকাৰ, কৌতুক অভিনেতা ভোলোডিমিৰ জেলেনস্কিক। (অসমাপ্ত)
--উৎপল মেনা
০১/০২/২০২৪
(প্ৰকাশ:  বিশেষ, চতুৰ্থ বৰ্ষৰ দ্বিতীয় সংখ্যা)
 


বুধবার, ১২ জুন, ২০২৪

ৰূপতীৰ্থৰ যাত্ৰী/চিনেচৰ্চা

"শ্ৰী শ্ৰী মাধৱদেৱ" মঞ্জু বৰাৰ চিনেকৰ্ম (এনিমেচন)। যোৱা ২ ফেব্ৰুৱাৰীত দৰ্শক হৈছিলোঁ। শেষ হোৱাৰ পাছত প্ৰযোজক ড৹ সঞ্জীৱ নাৰায়ণে ঘোষণা কৰিছিল--, মঞ্জু বৰাৰ পৰিচালনাৰে জ্যোতিপ্ৰসাদ আগৰৱালা কেন্দ্ৰিক চিনেকৰ্ম প্ৰযোজনা কৰিব। আমি ইমানে বুজিছিলোঁ জ্যোতিপ্ৰসাদ আগৰৱালা কেন্দ্ৰিক এনিমেটেড চিনেমা এখন  নিৰ্মাণ কৰিব! 
--এখন চিনেমাৰ "খবৰ" লিখিছিলোঁ, ২০০৩ নে ২০০৪ চনৰ কোনো এটা শুকুৰ বাৰে প্ৰকাশ পাব পৰাকৈ। সেই সময়ত মই "আজি"ৰ সম্পাদনা বিভাগৰ সৈতে জড়িত। নিৰ্দিষ্ট পৃষ্ঠাত "লে-আউট" কৰা "খবৰ"টো কাকত খনৰ সম্পাদক অজিত কুমাৰ ভূঞাই উঠাই দিয়াৰ কথা কৈছিল; আৰু কৈছিল-- "খবৰ"টোৰ গুৰুত্ব আছে, প্ৰথম পৃষ্ঠাৰ খবৰ! মই লিখা "খবৰ"টোত আৰু কিছূ কথা যোগ দিছিল লেখক-সাংবাদিক মোহন কাকতীয়ে, সম্পাদকৰ নিৰ্দেশত। 
--মই লিখা খবৰটো আছিল, পৰিচালক মঞ্জু বৰাই চৈয়দ আব্দুল মালিকৰ  উপন্যাস "ৰূপতীৰ্থৰ যাত্ৰী"ৰ আধাৰত চিনেমা নিৰ্মাণ কৰিব।
--সম্পাদকে মোহন ককতীৰ হতুৱাই লিখাই যোগ দিছিল  উপন্যাস "ৰূপতীৰ্থৰ যাত্ৰী"ৰ বিষয়ে। 
আৰু "আজি"ৰ প্ৰথম পৃষ্ঠাত খবৰ ছপা হৈছিল-- "ৰূপালী পৰ্দাত ৰূপকোঁৱৰ"।  (হয়, "ৰূপতীৰ্থৰ যাত্ৰী" উপন্যাসখনৰ বিষয়:  জ্যোতিপ্ৰসাদ আগৰৱালাৰ আদি জীৱনভাগ। স্বাভাৱিকতে ৰূপকোঁৰৰ  "জয়মতী" নিৰ্মাণ প্ৰসংগও আহিব মঞ্জু বৰাৰ চিনেমা খনলৈ-- আমাৰ মনলৈ আহিছিল। আনন্দ অনুভৱ কৰিছিলোঁ।)  কিন্তু "খবৰ"টো খবৰ হৈয়ে থাকিল। মঞ্জু বৰাই "জয়মতী"ৰ কাম হাতত ল'লে। সময়ত "জয়মতী" (২০০৬ চনত) চিত্ৰগৃহলৈ আহিল। "আই ক’ত নাই"ৰ পৰা "শ্ৰী শ্ৰী মাধৱদেৱ"লৈ কেইবাটাও চিনেকৰ্ম কৰিলে। "ৰূপতীৰ্থৰ যাত্ৰী" হেৰাই থাকিল।
--"শ্ৰী শ্ৰী মাধৱদেৱ" চোৱাৰ পাছত প্ৰযজক ড৹ সঞ্জীৱ নাৰায়ণে জ্যোতিপ্ৰসাদ আগৰৱালা কেন্দ্ৰিক"এনিমেচন" ঘোষণাৰ পাছতেই আকৌ চৰ্চা কৰিছিলোঁ "ৰূপতীৰ্থৰ যাত্ৰী" প্ৰসংগ।  লিখিছিলোঁ--  "এনিমেচন" নহয়, "ৰূপতীৰ্থৰ যাত্ৰী" ৰূপালী গল্পলৈ ৰূপান্তৰ  হওক!
--"ৰূপতীৰ্থৰ যাত্ৰী"  চৰ্চা কৰিছিলোঁ আৰু  এবাৰ।  "হৰিচন্দ্রচী ফেক্টৰি" চোৱাৰ পাছত। চিনেমা খনৰ বিষয়: প্ৰথম ভাৰতীয় পূৰ্ণদৈৰ্ঘৰ চিনেমা "ৰাজা হৰিচন্দ্ৰ" নিৰ্মাণ আৰু পৰিচিলক দাদাচাহেব ফাল্কে।  "ৰূপতীৰ্থৰ যাত্ৰী"  যথা সময়ত ফ্ল'ৰলৈ গ'লে প্ৰায় একে সময়তে আমি এখন "জয়মতীচী ফেক্টৰি" পালোঁ হেতেন! 
--যি নহওক, এতিয়া পাম! ৰূপালী পৰ্দাত ৰূপকোঁৱক পাম। ইতিমধ্যে কাম আগ বঢ়িছে! আহা ১৭ জানুৱাৰীত চিনেমা খনৰ কিছু খবৰ হয়তো পাম!
--আশাৰে!
--ধেৰ শুভেচ্ছা মঞ্জু বৰা।
--ধেৰ শুভেচ্ছা ১০০ খন অসমীয়া  চিনেমা নিৰ্মাণৰ পৰিকল্পনা থকা ড৹ সঞ্জীৱ নাৰায়ণ! 

মঙ্গলবার, ১১ জুন, ২০২৪

চিনে বিলাস, প্ৰচাৰ বিলাস... /১

এখন বহু প্ৰচাৰিত দৈনিক কাকতত প্ৰকাশ পোৱা খবৰ কেইটা মানৰ কথা মনত ৰাখি এনেদৰে ক'ব পাৰোঁ-- কান চলচ্চিত্ৰ মহোৎসৱলৈ যোৱা অসমীয়া চিনেমাৰ সংখ্যা ৬-৭ খনৰ কম নহব। শুদ্ধ তথ্য-- এখনো যোৱা নাই। [এইখিনিতে মনলৈ আহে আৰিবাম শ্যাম শৰ্মাৰ পৰিচালনা-- Ishanou (The Chosen One)। এই মণিপুৰী চিনেমা খন ১৯৯১ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত আন চাৰ্টেইন ৰিগাৰ্ড (Un Certain Regard) শিতানত প্ৰদৰ্শিত হৈছিল।]
[এই খিনিতে কাকত খনত জড়িত থকা সময় চোৱাৰ আন এক 'তিতা অভিজ্ঞতা'-- দৈনিক কাকত খনত মাজে মাজে অদ্ভুত চিনেমা কেন্দ্ৰীক খবৰ ছপা হৈছিল। যেনে:'...' (দুঃখিত! চিনেমা খনৰ নাম পাহৰিলোঁ।) অসমীয়া চিনেমা খনে কান চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভ কৰিছে। মই জড়িত থকা কাকত খনত এনে অদ্ভুত খবৰ পঢ়ি লাজ পাইছিলোঁ। সেয়েহে কাকত খনৰ মই সম্পাদনা কৰা পৃষ্ঠাটোত লিখিছিলোঁ-- "মন গ'লেই 'কান'লৈ"। মোক কাকত খনৰ 'মালিক' গৰাকীয়ে মাতি নি কৈছিল-- "আপোনাক মই বেয়া পাইছোঁ!" মই এসপ্তাহ পাছতে কাকত খনৰ পৰা আঁতৰি আহিছিলোঁ। সেই যে 'মালিক' গৰাকীয়ে 'বেয়া' পাইছিল, 'বেয়া' পোৱাৰ মূল্য আছিল মোৰ ১৮ মাহৰ পাৰিশ্ৰমিক।]
--ইণ্টাৰ নেটত "অ'স্কাৰ"লৈ যোৱি অসমীয়া চিনেমাৰ সন্ধান কৰিলে দুখনৰ নাম পোৱা যায়। কিন্তু আমি জনাত এখনহে-- "ভিলেজ ৰকষ্টাৰ্ছ"। 
--এই যে ভুল খবৰবোৰ ছপা মাধ্যমত ছপা হয়, দৃশ্য মাধ্যমত চিঞৰি চিঞৰি কয় এয়া এক প্ৰকাৰ "প্ৰচাৰ বিলাস"। বিশেষ বিষয়টোত অজ্ঞ "প্ৰচাৰ মাধ্যমৰ মানুহ"ৰ সহায়ত  "আজুৰি" লোৱা প্ৰচাৰ বিলাস। শুনা যায় একাংশ চিনেমা নিৰ্মাতাৰ এনে প্ৰচাৰ বিলাসৰ বাবে "বাজেট" থাকে। 
-- ব্যাখ্যাৰ প্ৰয়োজন নাই, এনে ধৰণৰ প্ৰচাৰ বিলাসে "চিনেমা"ৰ ক্ষতি কৰে, "চিনেমা"ৰ ভুল বাট নিৰ্মাণ কৰে।

রবিবার, ৯ জুন, ২০২৪

চিনে সংবাদ: the woodcutter, হনুমানৰ সাধু, কলাজ

 খবৰ: কিমান যে অসমীয়া চিনেমা!
চিনে উত্তৰণ আশা কৰিব পৰা, চোৱাৰ বাবে আগ্ৰহ বঢ়া চিনেমাৰ খবৰো আছে। 
দিন হ'ল! সামাজিক মাধ্যমত চৰ্চালৈ আহিছিল দোতাৰা বজাই অভিনেতা বাহাৰুল ইছলামে "অ' মোৰ মলুৱাৰে..." গোৱা এটা ভিডিঅ'। পাছত, বহু পাছত জানিলোঁ এখন চিনেমাৰ কাম চলি থকা সময়ত, চিনেমা খনৰ সংগীত পৰিচালক তৰালি শৰ্মাই মোবাইলত ধৰি ৰখা "ভিডিঅ'"। চিনেমা খনৰ নাম: "the woodcutter"। অসমীয়া চিনেমা, ইংৰাজী নাম।   
প্ৰকাশ ডেকাৰ পৰিচালনা। "ফায়াৰফ্লাইছ-জোনাকী পৰুৱা"ৰ (তৃতীয় লিংগ কেন্দ্ৰিক উত্তৰপূৱ ভাৰতৰ প্ৰথমখন চিনেমা।) পৰিচালক গৰাকীৰ পৰিচালনা, চিনেচিন্তা। নাট্যকৰ্মী, বলিউডৰ বাটতো সফল খোজ দিয়া আভিনেতা বাহাৰুল ইছলামে চিনেমা খনত এগৰাকী লোক সংগীতৰ শিল্পীৰ চৰিত্ৰত অভিনয় কৰিছে। চিনেমা খনৰ ট্ৰেইলাৰ মুকলি হৈছে কান চলচ্চিত্ৰ মহোৎসৱত, যোৱা ২১মে' তাৰিখে। পাছত সামাজিক মাধ্যমত ট্ৰেইলাৰটো চাই অনুভৱ কৰিছোঁ-- এগৰাকী লোক সংগীতৰ শিল্পীৰ জীৱন, লোক সংগীত (সম্ভৱতঃ) চিনেমা খনৰ বিষয় বস্তু। বাহাৰুল ইছলামে অভিনয় কৰা চৰিত্ৰটোক কেন্দ্ৰ কৰি কাহিনী আগবাঢ়িব, কাহিনীয়ে বিষয় বস্তু কঢ়িয়াই নিব! ট্ৰেইলাৰটোৱে আমাক চিনেমা খনৰ প্ৰতি আগ্ৰহ বঢ়াইছে। 
--চিনেমা খনৰ প্ৰযোজনা ড° জে ভি মনীষা বাজাজ আৰু তাৰ্চেম আণ্টিলৰ। ছাউণ্ড ডিজাইন অমৃত প্ৰীতম আৰু দেৱজিৎ চাংহাইৰ। বাহাৰুল ইছলামৰ লগতে অভিনয় কৰিছে শৰ্মিষ্ঠা চক্ৰৱৰ্তী, প্ৰতিভা চৌধুৰী  প্ৰজ্বালিকা আদিয়ে।
আন এখন অসমীয়া চিনেমা, আমি আগ্ৰহেৰে আপেক্ষাত থকা-- "হনুমানৰ সাধু"। প্ৰবীণ হাজৰিকাৰ পৰিচালনা। "শৃংখল" (The Quiver)-ৰ পাছত দ্বিতীয় পৰিচালনা (feature cinema)। জেউতি প্ৰডাকচনচৰ বেনাৰত প্ৰযোজনা কৰিছে মৃণালবিনে। এই হাস্যব্যংগ চিনেমা খনৰ কাহিনী পবিত্ৰ কুমাৰ ডেকাৰ। সংগীত মানস হাজৰিকাৰ।  
আৰু এখন অসমীয়া চিনেমা-- "কলাজ"। অমৰদীপ গগৈৰ চিত্ৰনাট্য-পৰিচালনা। চিনেমা খনৰ কাহিনীলৈ আহিব-- "অসমৰ ৭০-৮০ দশকত চলা অৰাজক অৱস্থা", অসম কেন্দ্ৰিক নক্সাল- আলফা প্ৰসংগ ইত্যাদি। সেই "অ-সময়"ত অসমৰ সাধাৰণ জনতা সোমাই পৰা সমস্যাৰ খণ্ডিত চিত্ৰই চিনেমা খনৰ কাহিনীক গতি দিব! 
--চিনেমা খনৰ কাহিনী আৰু প্ৰযোজনা সুমিত্ৰা হাজৰিকাৰ। চিত্ৰগ্ৰহণ নাহিদ আহমেদৰ। চৰিত্ৰ নিৰ্মাণ কৰিছে কুল কুলদীপ, ৰাজীব কলিতা, দীপজ্যোতি কাকতি, মেঘালী কলিতা, দীপক তাঁতী , অপু অপূৰ্ব বৰ্মন, ৰাজু ৰয়, অন্তৰা জি জি চৌধুৰী, বিদ্যা ভাৰতী, কৃষ্ণা কল্যাণী, কাব্যশ্ৰী হাজৰিকা, লক্ষ্যজিত বৰুৱা, বিনোদ লাল দাস, বিশ্বজিৎ বৰাৰ আদিক লৈ। সংগীতৰ সৌৰভ মহন্তৰ। শব্দ দেৱজিত গায়নৰ।

শনিবার, ৮ জুন, ২০২৪

স্বৰ্গৰথ / চিনে চৰ্চা

ৰূপালী গল্পটোৰ মূল বিন্দু এটা নহয়-- তিনিটা।

 এখন মৃতদেহ কঢ়িয়াই নিয়া গাড়ী-- স্বৰ্গৰথ, গাড়ী খনৰ চালক-- বৈকুণ্ঠ কলিতা। গাড়ী খন নিজৰ নহয়, লোকৰ। গাড়ীৰ মালিককে দিব লাগে সামান্য উপাৰ্জনৰ সৰহ ভাগ টকা। পত্নী আৰু আৰু এটি কন্যা সন্তানক লৈ বৈকুণ্ঠ কলিতাৰ সংসাৰ।  আৰ্থিক হেচাত জীৱন পাৰ কৰা বৈকুণ্ঠৰ সপোন আছে! সপোনক বাস্তৱ ৰূপত আগ বঢ়িই নিয়াৰ বাবে টকাৰ প্ৰয়োজন! "মই কিবা এটা কৰিম!" --পত্নীক কয় বৈকুণ্ঠই। সন্তানক ডাঙৰ-ডাঙৰ শিক্ষানুষ্ঠানত পঢ়োৱাৰ সপোন লৈ ফুৰা বৈকুণ্ঠ ৰূপালী গল্পটোৰ এটা মূল বিন্দু।

ৰূপালী গল্পটোৰ আন এটা মূল বিন্দু-- তিনি বন্ধু। ঋষভ, অভিজিত আৰু ৰবীনচন। উচ্চ শিক্ষাৰ বাবে আহি মহানগৰীৰ এটা ভাড়াঘৰত তিনিও একেলগে থাকে। এই তিনি বন্ধুৰো সপোন আছে! (ক্ৰিকেটাৰ ধোনীৰ ফেন অভিজিতে অৱশ্যে নিজৰ সপোনকলৈ মূৰ ঘমাই থকা স্তৰৰ নহয়, একো কৰিব নোৱাৰিলে ঘৰলৈ উভতি গৈ খেতি পথাৰত নামিব, গাহৰি কাটি বিক্ৰী কৰিব!) "সপোন"ক বাস্তৱৰ বাটত আগুৱাই নিবলৈ টকাৰ প্ৰয়োজন। "টকাৰ বাট" বিছাৰি পালে! অভিজিতৰ পৰিকল্পনা মতে তিনিও আগবাঢ়িল "মিচন স্বৰ্গৰথ"ত। সফল হ'ল। টকা হাতলৈ আহিল। কিন্তু!

--ৰূপালী গল্প আগবাঢ়িল। টকা লৈ ঘটনা ক্ৰমে বৈকুণ্ঠৰ স্বৰ্গৰথৰ যাত্ৰী হ'ল তিনি বন্ধু। তিনি বন্ধুই টকাৰ বেগ এৰি নিৰ্দিষ্ট স্থানত নামিল। টকা বৈকুণ্ঠৰ হাতত পৰিল। আৰু বৈকুণ্ঠৰ হাটৰ পৰা টকা কাঢ়ি ল'লে খাপ পিটি ৰৈ থকা দুই "পুলিছে"। এই দুই "পুলিছ" ৰূপালী গল্পটোৰ আন এটা মূল বিন্দু। দুই "পুলিছ"ৰো সপোন আছে, সপোনক বাস্তৱৰ বাটত আগবঢ়াই নিবলৈ টকা লাগে। (দুই "পুলিছ"ক কেন্দ্ৰ কৰি মজাৰ কাহিনী আছে। ঋষভ, অভিজিত আৰু ৰবীনচনৰো মজাৰ কাহিনী আছে। থাকক, এই মজাৰ কাহিনী চিত্ৰগৃহৰ ভিতৰতে থাকক!)


--চিনেমা খনৰ নাম: স্বৰ্গৰথ। ডঃসঞ্জীৱ নাৰায়ণ আৰু ডাঃ অক্ষতা নাৰায়ণৰ প্ৰযোজনা। পৰিচালনা ৰাজেশ ভূঞাৰ। কাহিনী- চিত্ৰনাট্য ৰাজেশ ভূঞা, শান্তনু ৰৌমূৰীয়াৰ। পৰিচালক-চিত্ৰনাট্যকাৰৰ সফলতা: কাহিনীৰ সৰল ৰৈখিক গতি। সৰল ৰৈখিক গতিত অতীতচাৰণ (পৰিপাটিকৈ ব্যৱহাৰৰ বাবে) বাধা হোৱা নাই, সমস্যা হোৱা নাই। আমাৰ ধাৰণাত চিত্ৰনাট্যকাৰ-পৰিচালকে প্ৰথমে চৰিত্ৰ নিৰ্মাণ কৰিছে, চৰিত্ৰ কেন্দ্ৰিক কাহিনী নিৰ্মাণ কৰিছে। চৰিত্ৰ কেন্দ্ৰিক  কাহিনীৰ গতিত ব্যৱহাৰ কৰিছে শব্দ (ডাইজেটিক আৰু নন-ডাইজেটিক) সৌন্দৰ্য (ছাউণ্ড ডিজাইন:অমৃত প্ৰীতম আৰু দেৱজিত চাংমাই)। শব্দৰ দলং ব্যৱহাৰ কৰি দৃশ্যৰ দৃশ্যলৈ কাহিনীটো আগুৱাই নিয়াৰ পৰিপাটি কৌশল প্ৰয়োগ চিনেমা খনৰ ইতিবাচক দিশ। (এই খিনিতে পৰিচালক-চিত্ৰনাট্যকাৰ গল্প কোৱাৰ শৈলীক প্ৰশংসা কৰাৰ পাছতো ক'ব লাগিব-- গল্পৰ গতি একাংশ দৰ্শকৰ বাবে সমস্যা হ'ব পাৰে! স্থানীয় বজাৰত  ক্ষতি হ'ব পাৰে!) শব্দৰ প্ৰধান অংগ সংলাপো পৰিপাটি, মেদহীন। ড্ৰামাটিক (dramatic) নহয়, চিনেমেটিক। সংলাপ (আৰু গীতৰ কথা) শান্তনু ৰৌমূৰীয়াৰ। অনুৰাগ শইকীয়াৰ সংগীতো চিনেমা খনৰ  আন এক শব্দ সৌন্দৰ্য।

--চিনেমা খনৰ চৰিত্ৰ নিৰ্মাণো চিনেমেটিক। বাস্তৱ অভিনয়ৰে নিৰ্মাণ কৰা। কেনী বসুমতাৰী, মাধুৰীমা চৌধুৰী, আকিদ জামান, হিমাংশু গগৈ, অনুষ্কা গোঁহাই আদিক লৈ নিৰ্মাণ কৰা প্ৰতিটো চৰিত্ৰৰে নিৰ্মাণ কৰ্ম পৰিপাটি। আমাক চুই যোৱা, মন-মগজুত ৰৈ যোৱা (অভিজিতৰ চৰিত্ৰত আভিনয় কৰা) কমললোচনৰ অভিনয় ৰূপালী গল্পটোৰ বিশেষ সৌন্দৰ্য, ৰূপালী সৌন্দৰ্য। তেনেদৰে বৈকুণ্ঠ কলিতাৰ চৰিত্ৰত সিদ্ধাৰ্থ শৰ্মাকো প্ৰশংসা নকৰিলে ভুল হ'ব। চিনেমা খনৰ কাহিনী আগবঢ়াইছে হাস্যৰসক গুৰুত্ব দি; কিন্তু হাস্য অভিনেতা হিচাপে জনপ্ৰিয় সিদ্ধাৰ্থক লৈ নৰ্মাণ কৰা চৰিত্ৰটো হাস্যৰসৰ পৰা বহু আঁতৰৰ।  "চৰিত্ৰ"টোত অভিনেতা গৰাকীৰ অভিনয় শক্তি, পৰিচালকৰ চিনেশক্তি স্পষ্ট।


আকৌ আহিছোঁ কাহিনীলৈ, বিষয় বস্তুলৈ। কাহিনীৰ গতিত "উৎকন্ঠা" আছে, "উৎকন্ঠা"ৰ শেষত হাঁহিৰ বাট। আৰু চিন্তাৰ খোৰাক। (চিনেমা খন চিত্ৰগৃহত চলি আছে। এই প্ৰসংগ মুকলিকৈ চৰ্চাৰ প্ৰয়োজন দেখা নাই।)

 --কাহিনীৰ শেষৰ ফালে নোটবন্দি প্ৰসংগ গুঠি দিয়াত ৰূপালী গল্পটোৰ সৌন্দৰ্য  আৰু বাঢ়ে, দৰ্শকৰ বাবে আৰু আকর্ষণপূর্ণ হয়। কাহিনীৰ গতিত চিনেমা খনৰ ভূগোল, ইতিহাস স্পষ্ট কৰি যোৱাটো পৰিচালনাৰ আন এটা ইতিবাচক দিশ।

চিনেমা খনৰ বিষয় বস্তু-- প্ৰতিজন মানুহৰে সপোন থাকে! "সপোন"ক বাস্তৱৰ বাটত আগুৱাই নিয়াৰ বাবে টকাৰ প্ৰয়োজন। --কাহিনীৰ গতিত আৰু এটা "বিষয় বস্তু" স্পষ্ট-- "মানৱতা"। স্বৰ্গৰথ চলোৱা বৈকুণ্ঠ কলিতাৰ দৰে মানুহৰ মাজত আজিও আছে "মানৱতা"! 

বিপৰীত ছবি-- চিকিৎসালয়ৰ পৰা বৈকুণ্ঠই কঢ়িয়াই নিয়া "গৰাকীবিহীন  মৃতদেহ"টোৰ ওচৰত বহুজন গৰাকীয়ে ভিৰ কৰিলে, যেতিয়া মৃতদেহটো নি ঘৰৰ চোতালত শুৱাই দিয়া হ'ল। কিয়? সম্পত্তিৰ ভাগৰ আশাত। এনে ধৰণৰ বহু কথা পৰিচালকে কৈ গৈছে, গল্পৰ গতিত। 

শেষত উল্লেখ নকৰিলে আধৰুৱা হ'ব-- পৰিচালকক ৰূপালী গল্পটোক গতি দিয়াত সহায় কৰিছে আৰু দুগৰাকী চিনেকৰ্মীয়ে-- প্ৰদীপ দৈমাৰী (চিত্ৰগ্ৰহণ), প্ৰতীম খাউণ্ডে (ৰাজা/ সম্পাদনা)।

শুক্রবার, ৭ জুন, ২০২৪

"ৰক্ষক" আৰু... /চিনে সংবাদ

চিনেমাত অভিনয় কৰিব বিছৰা, পৰিচালনা কৰিব বিছৰা এজন যুৱক-- ৰুবুল দাস। তৃতীয় খন অসমীয়া চিনেমা সাজু কৰিছে স্থানীয় বজাৰ চিন্তাৰে। পৰিচালক গৰাকীৰ প্ৰথম খন স্বাধীন পৰিচালনা-- "ফুটপাথৰ হিৰো" (২০১৯)। আমি পৰিচালক গৰাকীৰ দ্বিতীয় খন পৰিচালনাৰহে দৰ্শক হৈছোঁ-- ঈশ্বৰ (২২ ডিচেম্বৰ, ২০২২)। চিনেমা খন চোৱাৰ পাছত আমাৰ অনুভৱ লিখিছিলোঁ এনেদৰে--  "...চিনেমা খনত সকলো আছে--, প্ৰেম, উৎকণ্ঠা, মাৰপিট (কব পাৰি, Action cinema), গীত ইত্যাদি সকলো আছে। আছে চম্পক শৰ্মা আদি অভিনেতাৰ "নাটকীয় অভিনয়" (dramatic acting)। দক্ষিণ ভাৰতীয় চিনেমাৰ শৈলী প্ৰয়োগৰ চেষ্টাও কৰিছে পৰিচালকে। (এইবোৰ একাংশ দৰ্শকে ভাল পাব পাৰে!) চেষ্টা নকৰিলে, চিনেমা খনৰ গল্পটো পৰিপাটি কৰিবলৈ। চিনেমাৰ ভূগোল, ইতিহাস ইত্যাদিৰ কথা নকলোৱে বা, পৰিচালক গৰাকী "গল্প"ৰ পৰায়ে বহু দূৰত। চিনেমা খনৰ প্ৰসংগত ইমান খিনিয়ে ক'ব পাৰি-- এখন অসমীয়া চিনেমাৰ সংখ্যা বাঢ়িল। --আশা ৰাখিছোঁ, পৰিচালক গৰাাকীয়ে আগলৈ (আৰু যদি চিনেমা পৰিচালনা কৰে) "চিত্ৰনাট্য"ত পৰিশ্ৰম কৰিহে আগবাঢ়িব। (আৰু নিলিখো।)" 
আৰু নিলিখো বুলি লিখিছিলোঁ এই কাৰণেই-- লিখাৰ বাট নাছিল। আৰু পৰিচালক গৰাকীয়ে যে চিনে যাত্ৰাৰ বাবে শুদ্ধ বাট পোৱা নাছিল এই কথাও আমি অনুভৱ কৰা কৰিছিলোঁ। কিছুদিন পূৰ্বে ৰুবুলক লগ পোৱাৰ পাছত আমি স্পষ্ট হ'লো-- আমাৰ ধাৰণা যে শুদ্ধ আছিল। 
--আমাক ৰুবুলে জনালে, আৰু এখন চিনেমা সাজু কৰিছে। নাম ৰাখিছে-- "ৰক্ষক"। চিনেমা খনৰ কাহিনী পৰিচালকৰ। চিত্ৰনাট্য-সংলাপ: ৰমা বৰ্মন, জিতু ৰায়মেধিৰ। পৰিচালকে চৰিত্ৰ নিৰ্মাণ কৰিছে অতুল পাচনি, মুকুল দাস, পল ফুকন, অৰূপ বৈশ্য , প্ৰাঞ্জনা দত্ত, অনিৰুদ্ধ পাঠক, প্ৰয়াত জয়ন্ত দাস, ৰুবুল দাস,ভায়োলিনা বৰুৱা, জুলী হাজৰিকা, নৱাগতা লিজামনি,মণিৰাম ৰাজবংশী, কাজল ৰয়, কাঞ্চন চৌধুৰী আদিক লৈ। সংগীত পৰিচালনা হিমাংশু দেৱ চৌধুৰীৰ। চিত্ৰগ্ৰহণ বেদব্ৰত বৰা, সুৰেশ বড়ো, অভি দাসৰ। ডি আই কালাৰিষ্ট: সুজিত কৰ্মকাৰ। চিনেমা খনত গীতো আছে। গীতত কণ্ঠদান কৰিছে দীক্ষু শৰ্মা, নীল আকাশ, পাপৰি গগৈ, হৰ্ষিতা দাস, কস্তুৰী পাঠকে। 
"ৰক্ষক" চিত্ৰগৃহলৈ অহা নাই। আহিব! পৰিচালক গৰাকীয়ে হাতত লৈছে আৰু এখন চিনেমা। চিনেমি খনৰ শুভ মহুৰৎ অহা ১৪জুন।
--আমি আশা ৰাখিছোঁ "ৰক্ষক" আৰু নতুন চিনেমা খন পৰিপাটি হ'ব! পৰিচালকে নিশ্চয় পৰিপাটি চিত্ৰনাট্য লৈ চিনেকৰ্ম কৰিছে, কৰিব!

শনিবার, ১ জুন, ২০২৪

পিশাচ /চিনে সংবাদ

বলিউডত "ভূতৰ চিনেমা"ৰ নতুন বাট মুকলি কৰিছিল বিক্রম ভাট-মহেশ ভাটে (চিনেমা: ৰাজ। পৰিচালনা: বিক্ৰম ভাট, লেখক: মহেশ ভাট, গিৰীশ ধমিজা)। চৰ্চা মতে, চিনেমা খনৰ চিন্তা-পৰিকল্পনা: মহেশ ভাটৰ। ৫কোটি টকা বাজেটৰ চিনেমা খনৰ চিত্ৰগৃহত প্ৰথম পৰ্যায়ৰ উপাৰ্জন আছিল ৩৬ কোটি টকা। সন্দেহ নাই-- এই বজাৰ সফলতাৰ বাবে পৰৱৰ্তী সময়ত প্ৰৱাল ৰমনৰ "দৰ্না মানা হায়", অনুৰাগ বসুৰ "ছায়া", মণি শংকৰৰ "ৰুদ্ৰাক্ষ", মহেশ ভি মঞ্জৰেকাৰৰ পৰিচালনা "ৰাখত" আদি নিৰ্মাণ হয়। আমাৰ ধাৰণাত  "পিশাচ" এই শৈলীৰ চিনেমা। সামাজিক মাধ্যমত চৰ্চাৰ বিষয় হোৱা এই অসমীয়া চিনেমা খন পৰিচালনা কৰিছে  অমিত ৰাগে। লেখকো অমিত ৰাগ। প্ৰযোজক: অনিমা লহকৰ , চিত্ৰগ্ৰহণ পাপু ডেকাৰ। 
"ৰাজ" প্ৰথম বলিউডী "ভূতৰ চিনেমা" নহয়। "শাদি কি ৰাত" (১৯৩৫), "খুনী" (১৯৪৬), "মহল" (১৯৪৯), "বিছ ছাল বাদ" (১৯৬২) ৰ পৰা "খুনী এলেকা-The Prohibited Area" (১৯৯৯), "খোপদি: The Skull" (১৯৯৯) -লৈকে কেইবা খনো "ভূতৰ চিনেমা" নিৰ্মাণ হৈছে। ইয়াৰ ভিতৰত "ভাল চিনেমা" বুলি চৰ্চাৰ বিষয় হৈছিল কমল আমৰোহীৰ "মহল"। মূল চৰিত্ৰ দুটা নিৰ্মাণ কৰিছিল অশোক কুমাৰ, মধুবালাক লৈ। ("Mahal is a reincarnation and a ghost story"। "... Indian Hindi-language psychological supernatural horror film.") ব্যৱসায়িক দিশত সফল (আজিৰ হিচাপত প্ৰায় ২০০ কোটি টকা ব্যৱসায় কৰিছিল।) এই চিনেমা খন দৰ্শকে প্ৰেমৰ কাহিনী আৰু গীতৰ বাবে গ্ৰহণ কৰিছিল। ৮টা গীত ব্যৱহাৰ কৰিছিল, খেমচান্দ প্ৰকাশৰ সংগীতেৰে। গীত লিখিছিল-- জে নক্ষবে। ইয়াৰ পাছৰ সময় চোৱাত নিৰ্মাণ হোৱা সৰহ সংখ্যক "ভূতৰ চিনেমা"ক তৃতীয় শ্ৰেণীৰ চিনেমা বুলি কোৱা হয়। "তৃতীয় শ্ৰেণীৰ চিনেমা" ধাৰণা সলনি হৈছিল "ৰাজ"চিত্ৰগৃহলৈ অহাৰ পাছত।
--আমি আাশা কৰিব পাৰোঁ, "ৰাজ"ৰ (বলিউডত) দৰে "পিশাচ"-এ (আসমীয়া চিনেমাৰ) নতুন বাট মুকলি কৰিব! "পিশাচ" চিত্ৰগৃহলৈ আহিব অহা ২৬ জুলাইত।