শুক্রবার, ৩১ জানুয়ারি, ২০২৫

বৈভৱ /চিনে-চৰ্চা


|| প্ৰস্তাৱনা ||

অসমীয়া চিনেমাৰ চৰ্চা! এখন মাৰাঠি দৈনিক কাকত "লোকমত"ত। চন: ২০০০। ঢাকা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ কেন্দ্ৰিক প্ৰতিবেদন এখনত অসমীয়া চিনেমা "বৈভৱ"ৰ প্ৰসংগত লিখিছিল (অসমীয়া অনুবাদ এনেধৰণৰ হ'ব)-- "কেমেৰাৰ চমৎকাৰ কবিতা। অসমীয়া ভাষা মই সামান্যহে বুজিছোঁ, চাব-টাইটেল পঢ়ি চিনেমা চোৱাৰ আনন্দ হেৰুওৱা দৰ্শক মই নহও। কাহিনী জনাৰ চেষ্টাত মই নাথাকোঁ। মই চিনেমা এখনত ব্যৱহাৰ হোৱা কেমেৰাৰ ভাষা বা চিনেমেটিক ভাষা অনুভৱ কৰি চিনেমা চোৱাৰ আনন্দ অনুভৱ কৰোঁ। মই ইমানেই বুজো, চিনেমাৰ ভাষা ভিন্ন নহয়, এটা-- কেমেৰাৰ ভাষা (cinematic language)। "বৈভৱ" অনুভৱ কৰি মই তৃপ্ত।" (অজয় মহাত্রে) --এই বাক্য কেইটাই অসমীয়া চিনেমা "বৈভৱ"ৰ প্ৰতি মোৰ আগ্ৰহ বঢ়াইছিল (সেই সময়ত আমাৰ কৰ্ম স্থান আছিল-- মুম্বাই)। আমাৰ আগ্ৰহক গুৰুত্ব দিছিল পৰিচালক মঞ্জু বৰাই, চিনেমা খন পৰিচালক গৰাকীৰ কাৰ্যালয়ত চোৱাৰ ব্যৱস্থা কৰি দিছিল। সঁচাকৈয়ে, "কেমেৰাৰ কবিতা"। তেতিয়ালৈকে কেমেৰাৰ ভাষাক গুৰুত্ব দি অসমীয়া চিনেমা নিৰ্মাণ হোৱা নাছিল। "কেমেৰাৰ চমৎকাৰ" বিষয়টো পদুম বৰুৱাৰ "গঙা চিলনীৰ পাখি"তে শেষ হৈছিল।


|| চিনেমা খন ||

কাহিনী আগবাঢ়িছিল!

বালিচৰৰ ওপৰেৰে কেমেৰা পেন কৰাইছি পৰিচালক; বা কেমেৰা পেন কৰিছিল মৃণাল কান্তি দাসে। চিনে সৌন্দৰ্য নিৰ্মাণতে শেষ নাছিল, কেমেৰাৰ ভাষাৰে গল্পকো গতি দিছিল।

চিনেমা খনৰ কাহিনীৰ মূল বিন্দু-- সমীৰণ। দুৰ্নীতিৰ হেচাৰ মাজত নিৰ্মল হৈ থকাৰ মনৰ সমীৰণ। ইংৰাজীত কবিতা লিখে বা কবিতা চৰ্চা কৰে। আৰু এদিন অসমীয়া ভাষাত লিখিলে-- ''স্কুল ছুটীৰ পাছতো থাকে শাস্তিৰ পিৰিয়ড..."। প্ৰথমটো অসমীয়া কবিতা। কব পাৰি সমীৰণৰো "শাস্তিৰ পিৰিয়ড" আৰম্ভ হৈছিল গল্পৰ গতিৰ প্ৰথমটো বিন্দুতে।

বহুদিনৰ আগতেই সমীৰণৰ ভায়েক আৰু মাকৰ মৃত্যু হৈছিল। সমীৰণৰ মনত বাহ লৈছিল এই চিন্তাই, মৃত্যুুৰ সিয়েই দোষী। শৈশৱৰ এটা কাণ্ডই সমীৰণক খেদি ফুৰে য’ত সমীৰণৰ চাইকেলে খুন্দা মাৰি সৰু ভাতৃৰ মৃত্যু হয়। ইয়াৰ পিছত অলপ পাছতে এই দুখৰ বাবেই মাকৰো মৃত্যু হয়। ৰূপালী গল্পটোৰ গতিত পৰ্দালৈ আহে-- বিভাষ, মানসী, নাজনীন, সমীৰণৰ পিতৃ পৰীক্ষিত চৌধুৰী, প্ৰৱাল বৰুৱা, ইফতিখাৰ, ফাৰহা আদি চৰিত্ৰ। মনসী সমীৰণৰ পত্নী, সুখেৰে সংসাৰ যাত্ৰা কৰি থকা নহয়, ডিভোৰ্চৰ ৰায়দানৰ অপেক্ষাত থকা। কোনো দিনে পত্নীৰ সৈতে সুখৰ ছন্দ মিলাব নোৱাৰিলে কবি সমীৰণে। তেনেদৰে পিতৃ, ককায়েকৰ সৈতেও জীৱনৰ ছন্দ নিমিলে সমীৰণৰ। সমীৰণৰ জীৱন ছন্দ মিলে, সুখ অনুভৱ কৰে বান্ধৱী নাজনীনৰ কাষত, মুকলি হ'ব পাৰে বন্ধু বিভাষৰ সৈতে। বিভাষৰ মাতৃৰ মাজত "মাতৃৰ মৰম" অনুভৱ কৰা সমীৰণে নাজনীনৰ ওচৰত পূৰ্ণ জীৱনৰ সন্ধান কৰে। সমীৰণৰ পৰা "দৰ্শকে" অনুভৱ কৰে-- তাৰ মাক নাই, মাকৰ মৰম বিছাৰি পাব বিভাষৰ মাকৰ মাজত, পত্নীৰ স্থানত থাকিব "কবিতা", যদি ওচৰত নাথাকে নাজনীন-- শূন্যতা, মাথো শূন্যতা।

কিন্তু একো নাথাকিল, সকলো হেৰুৱালে, শূন্যতাৰ মাজত সোমাই পৰিল সমীৰণ। বিভাষৰ মাতৃৰ মৃত্যু হ'ল, নাজনীনো আঁতৰি যাব লগা হ'ল। 

আনহাতে দুর্নীতিৰ গোচৰত সমীৰণৰ পিতৃ অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া পৰীক্ষিত চৌধুৰীক বৃহৎ আৰ্থিক কেলেংকাৰীত জড়িত বুলি অভিযোগ কৰি চিবিআইয়ে তেওঁলোকৰ ঘৰত অভিযান চলাই, গ্ৰেপ্তাৰ কৰে, পাছত এৰি দিয়ে। --এই সকলো বোৰ ঘটনা সমীৰণৰ বাবে সহজে লব পৰা বিষয় নাছিল। সমীৰণে সহজে ল'ব পৰা নাছিল, সমীৰণৰ কবিতা ভালপোৱা চিবিআই বিষয়া প্ৰৱাল বৰুৱাই যেতিয়া অভিযোগ উত্থাপন কৰে--, পিতৃ পৰীক্ষিত চৌধুৰীৰ কলংকিত ধনেৰে সমীৰণে বৰ্তমানৰ মৰ্যাদা লাভ কৰিছে। সকলো ঘূৰাই দিব পাৰিলেও সমীৰণে দেউতাকৰ কেলংকিত ধনেৰে লোৱা শিক্ষা ঘূৰাই দিব পাৰিবনে! 

অস্থিৰতাৰে মন ভৰি পৰা সমীৰণে দূৰৈৰ গাঁৱত, সৰল গাঁৱৰ মানুহৰ মাজতলৈ যায়, সুখী হয়, জীৱনৰ নিৰ্মল ছন্দ বিচাৰি পায় (বৈভৱ গাৱঁৰ সৰলতা, কৰ্মৰ মাজতহে অনুভৱ কৰে সমীৰণে)। গাৱৰ পথাৰৰ কৃষি কৰ্মৰ মাজত সেই ঘূৰাই দিব নোৱৰাখিনিৰ হিচাপ দিব বিচাৰে। সমীৰণৰ সন্ধানত গাৱলৈ সমীৰণৰ কবিতা ভাল পোৱা চিবিআই বিষয়াজনক কোৱা সাহিত্যৰ ভাষাত স্পষ্ট হয়-- আগৰ জীৱনৰ পৰা নিৰ্বাসন লোৱাৰ মন লৈ, শিপাৰ সন্ধানত আৰু পিতৃৰ কলংকিত ধনেৰে নিজৰ উচ্চ সামাজিক মৰ্যাদা লাভ কৰাৰ পাপৰ প্ৰায়শ্চিত্তৰ বাবে সৰল মানুহৰ মাজলৈ আহিছে। (দুৰ্নীতিৰ বিৰূদ্ধে এনেদৰেও প্ৰতিবাদ হ'ব পাৰে!)

শেষত সংবেদনশীল সমীৰণ চৌধুৰী উভতি আহে। বিভাষে পাঠ কৰে সমীৰণৰ কবিতা-- "বৈভৱ", সেইটো কবিতা, যিটো সমীৰণে বিভাষৰ মাকৰ মৃত্যুৰ পাছতেই লিখিছিল, কবিতা পঢ়িবলৈ কোৱাৰ বাবে বিভাষে

সংবেদনহীন আৰু স্বাৰ্থপৰ বুলিছিল। --সকলোৱে বুজিলে সমীৰণক!

--চিনেমা খনৰ প্ৰথমটো ইতিবাচক দিশ কাহিনীৰ গতিত কেমেৰাৰ ভাষাৰ পৰিপাটি ব্যৱহাৰ। সাহিত্যৰ ভাষা সিমানেই ব্যৱহাৰ কৰা হৈছে, যিমান প্ৰয়োজন। চৰিত্ৰ নিৰ্মাণৰ সময়ত "বাস্তৱ অভিনয়"ক (realistic acting) গুৰুত্ব দিছে, যদিও নিপন গোস্বামীক লৈ নিৰ্মাণ কৰা পৰীক্ষিত চৌধুৰীৰ "মঞ্চ নাটকৰ" ওচৰতে থাকিল। সমীৰণৰ চৰিত্ৰত অভিনয় কৰা অশোক মেধিৰ জড় শৰীৰৰ ভাষা "সমস্যা" হৈ থাকিল। বাহাৰুল ইছলাম (চৰিত্ৰ:বিভাষ), নিকুমনি বৰুৱা (নাজনীন), প্ৰৱাল বৰুৱা (দিলীপ বৰা), এনিষা গগৈ (মানসী) আদিৰ আভিনয়ে কাহিনীৰ গতিত সহায় কৰিছে। 

--কাহিনীৰ গতিত সহায় কৰাৰ লগতে ৰূপালী সৌন্দৰ্য বঢ়াইছে মৃণালকান্তি দাসৰ "কেমেৰাৰ ভাষা", শব্দই। সংলাপ শব্দ, সংগীত শব্দ চিনেমা খনৰ আন এক সৌন্দৰ্য, ইতিবাচক দিশ। সংগীত: ৰিচি আৰ ডিৰ। কেমেৰাৰ ভাষাৰ লগতে সংগীতে পৰিবেশ নিৰ্মাণতো সহায় কৰিছে। উদাহৰণ: কেমেৰা যেতিয়া গ্ৰাম্য পৰিবেশত পেন কৰিছে ব্যৱহাৰ কৰিছে দোতাৰাৰ ধ্বনি,ৰূপালী গল্পটোৰ আৰম্ভনীৰে পৰা পছিমীয়া সংগীতৰ ৰেঙনিৰ বিপৰীতে।

শেষত: ত্ৰুতি মুক্ত নহয়, কেমেৰাৰ ভাষা প্ৰয়োগতো মৌলিকতা আছে; কিন্তু সাৰ্থক চিনে-কৰ্ম "বৈভৱ"।

                                          --উৎপল মেনা           (প্ৰকাশ: নতুন সময়/ ১৮ জুন ২০০১)


শনিবার, ২৫ জানুয়ারি, ২০২৫

জুয়ে পোৰা সোণ (The 'Self' triumphs)/ চিনেচৰ্চা

পৰিচালক-লেখক: সঞ্জীৱ সভাপণ্ডিত

প্ৰযোজক: মান্‌পী ক্ৰিয়েশ্যন

শব্দগ্ৰহণকাৰী: যতীন শৰ্মা

চিত্ৰগ্ৰহণকাৰী: মৃণাল কান্তি দাস

সম্পাদনা: এ শ্ৰীকৰ প্ৰসাদ

সংগীত: অনিৰুদ্ধ বৰুৱা

অভিনয়ত: যতীন বৰা, বীণা পটংগীয়া, আব্দুল মজিদ, 

ৰূপশিখা, লক্ষ্মী বৰঠাকুৰ, উপকূল বৰদলৈ, আৰতি বৰুৱা, ৰিকি ঠাকুৰীয়া,এম তীব্ৰেৱাল,নিশান্ত বৰুৱা।

চিত্ৰগৃহত: ২০০৪


সঞ্জীৱ সভাপণ্ডিতৰ প্ৰথম পৰিচালনা। কাহিনীৰ মূল বিন্দু-- মানৱ (চৰিত্ৰটো নিৰ্মাণ কৰিছে যতীন বৰাক লৈ)। ৰাজস্থানৰ পৰা গৃহভূমিলৈ উভতি অহা মানৱ অবৈধ প্ৰব্ৰজনকাৰী আৰু ভূমিদখলকাৰীৰ ৰোষত পৰে, উভতি অহা দিনটোতে। মানৱে মাটিৰ অধিকাৰৰ বাবে যুঁজ দিয়ে, উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে। সফল হ'ব নোৱাৰে। মানবে নতুনকৈ সজা কাৰখানা এটাত যোগ দিয়ে।

মানৱৰ ককায়েক-বৌৱেক ক্ৰমে কোষেশ্বৰ-প্ৰভা। প্ৰভাৰ দেউতাকৰ পৰামৰ্শ মতে পৰিয়ালটোৱে থিতাপি লয় নৈৰ পাৰত পজা এটা বান্ধি। বিপদৰ পাছত বিপদ! মানৱে মাটি উদ্ধাৰৰ যুঁজ দি থকা সময়তে বানে পজাটোৰ ক্ষতি কৰে। জীৱন চলোৱাৰ বাবে প্ৰভাই আনৰ ঘৰত কাম কৰে। "সমস্যা" শেষ নহয় পৰিয়ালটোৰ, বাঢ়ে। মানৱে অনুভৱ কৰে-- আনৰ সহায়লৈ অপেক্ষা নকৰি, নিজৰ বাট নিজে কাটি ল'ব লাগে! কাহিনীয়ে "বান সমস্যা", "বিংশ শতিকাৰ অসমত ঘটা অবৈধ বিদেশী-প্ৰব্ৰজনৰ সমস্যা" চুই যায়। 

--কাৰিকৰি ত্ৰুটি, অভিনয় চমক নথকা, চিনেমাৰ ভাষাই ভাষা পয়োগে চুই যাব নোৱাৰা চিনেমা খনৰ ইতিবাচক দিশ বিষয় বস্তু।

--চিনেমা খনলৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (২০০৪) আহিছে পৰিবেশ, সংৰক্ষণ, পৰিৰক্ষণ (Best film on Environment Conservation/preservation) 

শাখাত। 




হালধীয়া চৰায়ে বাওধান খায়/ চিনেচৰ্চা

শ্ৰেষ্ঠ চিনেমাৰ (Best Feature Film)
শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (National Film Awards) অসমীয়া চিনেমালৈ আহিছে মাত্ৰ দুটা। প্ৰথমটো আহিছে-- ১৯৮৭ চনত। চিনেমা: হালধীয়া চৰায়ে বাওধান খায়। পৰিচালক: জাহ্নু বৰুৱা, প্ৰযোজক: শৈলধৰ বৰুৱা। পৰিচালক গৰাকীৰ আন তিনিখন চিনেমা-- "বনানী" পৰিবেশ শিতানত (Best film on Environment/ ১৯৯০), "ফিৰিঙতি" দ্বিতীয় শ্ৰেষ্ঠ চিনেমা (Second Best Feature Film/ ১৯৯২),"তৰা" শ্ৰেষ্ঠ শিশু চিনেমা (National Film Award for Best Children's Film/ ২০০৩) লাভ কৰিছে। ১৯৯৫ চনত পৰিচালক গৰাকীয়ে লাভ কৰিছে শ্ৰেষ্ঠ পৰিচালকৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। চিনেমা: "সাগৰলৈ বহুদূৰ"। শ্ৰেষ্ঠ অসমীয়া চিনেমা/ আঞ্চলিক চিনেমাৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে-- "অপৰূপা" (১৯৮৩), "সাগৰলৈ বহুদূৰ" (১৯৯৫), "কুশল" (১৯৯৮), "পখি" (১৯৯৯), "কনিকাৰ ৰামধেনু" (২০০৩), "বন্ধন" (২০১২), অজেয়" (২০১৩) চিনেমা কেইখনে।
   
|| হালধীয়া চৰায়ে বাওধান খায় (The Catastrophe) ||
প্ৰযোজক: শৈলধৰ বৰুৱা, জাহ্নু বৰুৱা
পৰিচালক-চিত্ৰনাট্যকাৰ: জাহ্নু বৰুৱা
সংলাপ: জাহ্নু বৰুৱা, ৰত্ন ওজা
কাহিনী: হোমেন বৰগোহাঞি (উপন্যাস)
চিত্ৰগ্ৰহণ: অনুপ জটোৱানী
সংগীত: সত্য বৰুৱা
শব্দগ্ৰহণ: যতীন শৰ্মা
সম্পাদনা: হিউ এন বৰা
কলা নিৰ্দেশনা: ফটিক বৰুৱা
অভিনয়ত: ইন্দ্ৰ বণিয়া, পূৰ্ণিমা শইকীয়া, গৌৰৱ বণিয়া, প্ৰাঞ্জল শইকীয়া, হেমেন চৌধুৰী, বাদল দাস, শোভন গগৈ, অমূল্য কাকতি, টংক শইকীয়া, ননী মহন্ত, শুভেশ্বৰ দাস, পবিত্ৰ কুমাৰ ডেকা, কিশোৰ চৌধুৰী, বাবুল দাস, ৰঞ্জিত দাস, ৰমণী বৰ্মন, ধ্ৰুৱজ্যোতি মহন্ত, মুনিন ডেকা...
দৈৰ্ঘ্য: ১২০ মিনিট
চিত্ৰগৃহত: ১৯৮৭



পুৱাৰ পৰিৱেশ। মহেনে গৰু ধুৱাইছে। এৰাল দিছে। গাঁৱৰ ৰাস্তাৰে 'কল্পনাৰ গাড়ীত' উঠি ঘৰলৈ উভতিছে। পৰিচালক জাহ্নু বৰুৱাই চিনেমাখনৰ আৰম্ভণিৰ 'শ্বট'কেইটাতে স্পষ্ট কৰি দিছে 'চিনেমা'খন গাঁৱৰ 'দুখীয়া পৰিয়াল'ৰ। কাহিনী আগবাঢ়ে। স্পষ্ট হয়-- জোৰা-টাপলি মৰা সংসাৰ, চিনেমাখনৰ 'নায়ক' ৰসেশ্বৰ। পত্নী তৰু আৰু দুই সন্তানক লৈ কোনোমতে চলি আছে। সম্পত্তি বুলিবলৈ পৈতৃক মাটি টুকুৰা। বৰষুণৰ অপেক্ষাত ৰসেশ্বৰ। বৰষুণ পৰিলেই হাল লৈ পথাৰলৈ যাব। বৰষুণ আহিল। ৰাতি। পথাৰতো বৰষুণ পৰিল, ৰসেশ্বৰৰ ঘৰৰ ভিতৰতো বৰষুণ পৰিল। (ৰসেশ্বৰৰ মুখত সংলাপ: বৰষুণ দিলেও মৰণ, নিদিলেও মৰণ।) পুৱাই হালখন লৈ পথাৰ পালে। পথাৰত হালৰ পাক মাৰি থাকোঁতেই ৰূপালী পর্দালৈ আহিল আন এক চৰিত্ৰ-- সনাতন শর্মা। সনাতন মহাজন। সনাতন মহাজনে ক'লে-- মাটি টুকুৰা এতিয়া ৰসেশ্বৰৰ হৈ থকা নাই। সনাতন শৰ্মাৰ হৈছে, ৰসেশ্বৰৰ দেউতাকে বন্ধকীত ৰাখিছিল, মোকলাই নোলোৱা বাবে। দৰাচলতে ৰসেশ্বৰৰ দেউতাকে মাটিখিনি মোকলাইছিল, 'ভাল মানুহৰ বাবে ৰচিদ লাগেনে?' বুলি ভবাৰ বাবেই এই 'সমস্যা'। এই 'অন্যায়'। (পৰিচালকে সনাতন মহাজনৰ 'অন্যায়'ৰ ক্ষোভ সুপৰিকল্পিতভাৱে স্পষ্ট কৰিলে ৰসেশ্বৰক কেমেৰাত লৈ।) চিঞৰি চিঞৰি হাল বাইছে। গৰুহাল এৰাল দিছে। তৰুক এচাৰিৰে কোৱাইছে। কি কৰিব ৰসেশ্বৰে? মণ্ডলৰ পৰামৰ্শ মতে 'অন্যায়'ৰ বিৰুদ্ধে গোচৰ দিলে। লাভ একো নহ'ল। ৰঙা ফিটাৰ মেৰপাকত বেছি দুর্দশাগ্রস্তহে হ'ল। তেনেতে নির্বাচন আহে। সনাতন মহাজনো প্রার্থী। পেটৰ দায়ত সনাতন মহাজনৰ হৈ 'নির্বাচনী পোষ্টাৰ' লগায় মহেনৰ সৈতে ৰসেশ্ববে। আনহাতে 'ৰসেশ্বৰৰ মাটি' নিৰ্বাচনৰ ইছ্যু হৈ পৰে, আৰু মাটি কুকুৰা মহাজনে ৰসেশ্বৰক ঘুৰাই দিবলৈ বাধ্য হয়। মাটি টুকুৰা সনাতন মহাজনে ঘুৰাই দিলে, কিন্তু আর্থিকভারে নিঃশেষ কৰি গ'ল। (চিনেমাখনৰ শেষৰ ছিকুৱেন্সত ৰসেশ্বৰৰ উপলব্ধি। ক্ষোভ। কেমেৰা পেন কৰাত ফ্ৰেমলৈ আহে গৰু নোহোৱা গোহালি। হাতত কোৰখন লৈ পথাৰলৈ যায়। ক্ষোভৰ উদ্‌দ্গীৰণ। দৌৰ। দৌৰি কান্ধত থকা কোৰখনেৰে সনাতন শৰ্মাৰ নিৰ্বাচনী পোষ্টাৰখনত আঘাত। -'মাটি ঘূৰাই দিলি বুলিয়ে তোক ভোট দিম নেকি?') ইমানতে শেষ 'হালধীয়া চৰায়ে বাওধান খায়' ৰূপালী গল্পটো। 

সংগীত: চিনেমাখনত গীত ব্যৱহাৰ কৰা হৈছে। সুৰ, কণ্ঠ চিনেমাখনৰ সংগীত পৰিচালক সত্য বৰুৱাৰ। 'যদি পেৰা ভৰি ধন থাকিলেহেঁতেন...' গীতটোৰ কথা ৰত্ন ওজাৰ। পৰিচালকে গানটো দিছে ৰসেশ্বৰৰ 'ওঁঠত। আচহুৱা যেন লাগিল, গীতটোৰ চিত্ৰায়ণ চিনেমাখনৰ 'ছিকুৱেন্স'ৰ দৰে বাস্তৱসন্মত যেন নালাগিল। তেনেদৰে পৈণত বুলি ক'ব নোৱাৰি আৱহ সংগীতৰ 'চিন্তা'। চিনেমাখনৰ 'বিষয়বস্তু' আছিল- অসমৰ গ্ৰাম্য জীৱন, গ্রাম্য অর্থনীতি, বঞ্চনা ইত্যাদি। আমাৰ বোধেৰে চিনেমাখনত প্রয়োজন আছিল অসমৰ লোক-সংগীতৰ সহজ-সৰল 'সুৰ'। সংগীত পৰিচালকে কেইবাটাও ছিকুৱেন্সত 'আধুনিক' প্রলেপ সানি সাৰেংগী, সন্তৰৰ সহায়তহে আৱহ সংগীত ৰচনা কৰিলে। এয়া এক ত্রুটি। তেনেদৰে ত্রুটি বুলিব লাগিব কেমেৰাৰ ভাষাই গুৰুত্ব নোপোৱাটো (যদিও বুদ্ধিদীপ্ত শ্বট কেইটামান আছে)। এই ত্রুটিৰ পিছতো কিন্তু ক'ব লাগিব এই চিনেমাখন অসমীয়া চিনেমাৰ 'সোণালী অধ্যায়'।

অভিনয় : ৰসেশ্বৰৰ চৰিত্ৰত অভিনয় কৰিছিল ইন্দ্ৰ বণিয়াই। অভিনেতাগৰাকী 'নিজৰ ইমেজ' আৰু 'নাটকীয়তা'ৰ পৰা মুক্ত নহয়। স্বাভাৱিক অভিনয়ৰ মাজত বহুকেইটা ছিকুরেন্সত, বিশেষকৈ কথনভংগীত ইন্দ্র বণিয়া 'ইন্দ্র বণিয়া' হৈয়ে আছে, কিন্তু 'দর্শক'-এ দিগদাৰ পোৱা নাই। 'চৰিত্ৰ'টোক সেই 'ইমেজ'তে মানি লৈছে। মানি লোৱাৰ কাৰণ অভিনেতাগৰাকীৰ শৰীৰ আৰু চেহেৰাৰ ভাষা। অপূর্ব। মন-মগজু চুই যোৱা।
অন্যান্য চৰিত্ৰত পূর্ণিমা শইকীয়া, হেমেন চৌধুৰী, বাদল দাস, গৌৰৱ বণিয়াৰ অভিনয় বাস্তবিক।

শেষত': 
চিনেমা খন সেই বছৰ অৰ্থাৎ ১৯৮৭ত ইণ্ডিয়ান পেনোৰামা শাখাতো প্ৰদৰ্শন কৰা হৈছিল। ইয়াৰ উপৰি দেশ-বিদেশৰ ভালেমান চলচ্চিত্র মহোৎসৱত প্রদর্শিত এই চিনেমাখনে লাভ কৰিছিল লোকার্ণো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত দ্বিতীয় শ্রেষ্ঠ চিনেমাৰ 'ছিলভাৰ লিউপার্ড', 'লোকার্ণো চিটিজেন এৱাৰ্ড এক্সেলেন্স ইন ডাইৰেকচন', 'ইণ্টাৰনেচনেল এফিউ মেনিকেল এৱাৰ্ড'। চিনেমাখনত কৰা অভিনয়ৰ বাবে এই মহোৎসৱত ইন্দ্ৰ বণিয়াই লাভ কৰিছিল শ্রেষ্ঠ অভিনয় শিল্পীৰ বঁটা। উল্লেখযোগ্য আন এটা দিশ হ'ল ৭ লাখ টকা বাজেটৰ এই চিনেমাখনে ব্যৱসায় কৰিছিল ১ কোটি টকাৰো অধিক।

বনানী ( Banani) /চিনেচৰ্চা

প্ৰযোজক: শৈলধৰ বৰুৱা, জাহ্নু বৰুৱা
পৰিচালক: জাহ্নু বৰুৱা
কাহিনী-চিত্ৰনাট্য: সুশীল গোস্বামী
সংলাপ: জাহ্নু বৰুৱা, সুশীল গোস্বামী
চিত্ৰগ্ৰহণ: অনুপ জটোৱানী
সংগীত: সত্য বৰুৱা
প্ৰশান্ত বৰদলৈ
শব্দগ্ৰহণ: দীপক ৰয়
সম্পাদনা: হিউ এন বৰা
কলা নিৰ্দেশনা: ফটিক বৰুৱা
অভিনয়ত: বিষ্ণু খাৰঘৰীয়া, মৃদুলা বৰুৱা, সুশীল গোস্বামী, মনামী বেজবৰুৱা, জ্যোতি ভট্টাচাৰ্য, গোলাপ দত্ত, মুনিন শৰ্মা, বীৰেন দাস, প্ৰদীপ ভূঞা আদি।
দৈৰ্ঘ্য: ১০৮ মিনিট
চিত্ৰগৃহত: ১৯৯০

স্বাভাৱিকতে এটা কাহিনী আছে, কাহিনী নিৰ্মাণ বিষয় বস্তু কেন্দ্ৰীক। চিনেমা খনৰ নামটোতে স্পষ্ট হৈ আছে-- বনানী। বনানী বোৰ নোহোৱা হ'লে, ধ্বংস কৰিলে মানৱ সমাজৰ কি দশা হ'ব। ক্ৰমে কমি আহিছে বনানী। বনবিষয়া তপনৰ (চৰিত্ৰটো নিৰ্মাণ কৰিছে সুশিল গোস্বামীক লৈ) চিন্তা, কৰ্ম বনানীক ৰক্ষা কৰাৰ। বিপৰীতে মহেশৰ নেতৃত্বত একাংশ ব্যস্ত টকাৰ খকত বনানী ধ্বংস কৰা, মূল্যবান গছৰ চোৰাং বেহাত। চোৰাং বেহাত পৰোক্ষ, প্ৰত্যক্ষ ভাবে জড়িত ভিন্ন স্তৰৰ মানুহ। সাধাৰণ কাম কৰা মানুহৰ পৰা পুলিছ বিষয়া, ষ্টেচন মাষ্টৰ, ৰাজনৈতিক নেতালৈকে। তপনৰ দৰে সৎ বন বিষয়াৰ বিপৰীতে মহেশ (চৰিত্ৰটো নিৰ্মাণ কৰিছে বিষ্ণু খাৰঘৰীয়াক লৈ) হতৰ শক্তি বেছি। গতিকে বাৰে বাৰে হাৰ মানিবলৈ বাধ্য হয় তপনে। তপনৰ বনানী প্ৰীতিত অতিষ্ঠ পত্নী ৰুবীয়ো (চৰিত্ৰটো নাৰ্মাণ কৰিছে মৃদুলা বৰুৱাক লৈ)। ৰুবীয়ে বিছাৰে তপনে আন দহগৰাকী বনবিষয়াৰ দৰে চাকৰি কৰক, তপনৰ সঘনাই বদলি নহওক, অসুস্থ সন্তানক চোৱাচিতা কৰক! কাহিনীৰ শেষৰ ফালে দেখা যায়-- ৰুবীৰ মন সলনি হয়। চাহ জনজাতিৰ ছোৱালী গৌৰী (চৰিত্ৰটো নিৰ্মাণ কৰিছে লক্ষী সিন্‌হাক লৈ), যিয়ে জীৱনৰ সকলো বিছাৰি পায় বনানীৰ মাজত, তাইৰ চিন্তা ৰেখাৰ সৈতে এক হয় ৰুবীৰ চিন্তা। মহেশ হতৰ শক্তিৰ ওচৰত হাৰ মানি দুৰ্বল হৈ পৰা তপনৰ ওচৰত এইবাৰ ঠিয় হয় পত্নী ৰুবী। বনানীক উপলব্ধি কৰিব পৰা ৰুবীয়ে তপনক কয়-- আমি আৰু এখন নতুন ঠাইলৈ যাম, তাত আকৌ বনানীৰ সপক্ষে যুঁজ দিবা, তোমাৰ সৈতে এইবাৰ মই থাকিম! (হুবাহু সংলাপ নহয়)। কাহিনীৰ শেষত দেখা যায়, বন ধ্বংসৰ বিপক্ষে ঠিয় দিয়ে বনগাওঁ ফোৰেষ্ট গাওঁৰ লোক সকলে। 
--কাহিনীৰ গতিত পৰিচালকে স্পষ্ট কৰিছে, বনানীয়ে মানুহক সকলো দিছে, শাকৰ পৰা ঔষধলৈ সকলো। আনহাতে একাংশ মানুহে বনানী ধ্বংস কৰিছে। বনানীৰ পৰিসৰ মানুহৰ ভুলৰ বাবেই কমি আহিছে। বনানী ধ্বংসৰ কু-প্ৰভাৱ কৃষিকৰ্ম আদিত পৰিছে।
পৰিচালকে কাহিনী নিৰ্মাণত কেমেৰাৰ ভাষাক বিশেষ গুৰুত্ব দিয়া নাই (মন চুই যোৱা এটা শ্বটো ব্যৱহাৰ কৰা নাই। এয়া চিনেমা খনৰ ইতিবাচক দিশ নহয়।) গুৰুত্ব দিছে সাহিত্যৰ ভাষাত। পৰিচালকে চৰিত্ৰ নিৰ্মাণতো বিশেষ গুৰুত্ব দিয়া যেন নালাগে। চৰিত্ৰৰ মুখত সংলাপ দিছে, সংলাপেৰে কাহিনী আগবঢ়াই নিয়াত গুৰুত্ব দিছে।

তৰা /চিনেচৰ্চা

পৰিচালক-লেখক: জাহ্নু বৰুৱা
প্ৰযোজক: চিলড্ৰেনছ ফিল্ম ছ'ছায়টি, ইণ্ডিয়া
চিত্ৰগ্ৰহণকাৰী: পি. ৰঞ্জন
সম্পাদনা: শিৱাজী চৌধুৰী
সংগীত পৰিচালক: ৰীতা দাস, ৱাই. এছ. মূল্কী
চিত্ৰগৃহত: ২০০৪
দৈৰ্ঘ্য: ৬৩ মিনিট
অভিনয়ত: মৃগাক্ষী, অনুপ হাজৰিকা, অতুল পাচনি, ইন্দ্ৰানী চেতিয়া, প্ৰতিভা চৌধুৰী, দীন বৈশ্য, আবতোশ ভূঞা, অৰুণ হাজৰিকা, সুকন্যা খাৰঘৰীয়া।

শিশুৰ বাবে চিনেমা, শিশু চৰিত্ৰ কেন্দ্ৰিক চিনেমাৰ মাজত ৰেখা এডাল আছে। এই ৰেখা দালক সততে মনত ৰখা নহয়--, শিশু চিনেমা কেন্দ্ৰিক চৰ্চাৰ সময়ত। শিশু মনস্তত্ব কেন্দ্ৰিক চিনেমা শিশু চিনেমা নে? --এয়াও প্ৰশ্নৰ বিষয়।
তৰা-- এগৰাকী কিশোৰী। সাত বছৰীয়া। এই চৰিত্ৰটোৱে "তৰা" চিনেমা খনৰ মূল বিন্দু। চৰিত্ৰট নিৰ্মাণ কৰিছে কিশোৰী মৃগাক্ষীক লৈ। মাক জোনাকী (অভিনয়ত: ইন্দ্ৰানী চেতিয়া), দেউতাক পূৰ্ণ (অভিনয়ত: অনুপ হাজৰিকা) আৰু আইতাকৰ (প্ৰতিভা চৌধুৰী) সৈতে থাকে। আন এটা পৰিয়াল। শয্যাগত মাতৃৰ সৈতে থাকে দুই ভায়েক নৱ আৰু দেৱ। এদিন প্ৰতিৱেশী পৰিয়াল দুটাৰ মাজত সংঘাত মাটিক কেন্দ্ৰ কৰি। ওচৰে-ওচৰে থকা পৰিয়াল দুটা আঁতৰে-আঁতৰে থাকিবলৈ লয়। পৰিয়াল দুটাৰ কাজিয়া সহজ ভাবে লব নোৱাৰিলে তৰাই। আৰু কাজিয়াখন মীমাংসা কৰাৰ বাট কাটে। ইমানেই।

ফিৰিঙতি --The Spark

পৰিচালক-লেখক: জাহ্নু বৰুৱা
প্ৰযোজক: শৈলধৰ বৰুৱা
চিত্ৰগ্ৰহণকাৰী: অনুপ জোটৱানী
সম্পাদনা: হিউৱেন বৰুৱা, ৰঞ্জিত দাস
সংগীত পৰিচালক: সত্য বৰুৱা
অভিনয়ত: মলয়া গোস্বামী, বিষ্ণু খাৰঘৰীয়া, লক্ষ্যধৰ চৌধুৰী, হেমেন চৌধুৰী, ইনু বৰুৱা,বাদল দাস,চেতনা দাস...
জাহ্নু বৰুৱাৰ এখন সুপৰিচালনা-- 'ফিৰিঙতি"। চিনেমাখনৰ 'কাহিনী' ভাগৰ 'সময়' ১৯৬২। চীন ভাৰতৰ যুদ্ধৰ সময়। চিনেমাখনৰ মূল চৰিত্ৰটো নাৰী। নাম- ঋতু। বিধৱা। স্বামীৰ মৃত্যুৰ পাছত ঋতুৱে সিদ্ধান্ত লয় শিক্ষকৰ চাকৰি কৰিব। নিযুক্তি পায় কৰঙা নামৰ এখন সৰু গাঁৱত। গাঁওখনলৈ গৈ জানিব পাৰে, যিখন বিদ্যালয়ত নিযুক্তি পাইছে সেইখন যোৱা ১১ বছৰে নাই। সেইখানেই নহয়, কোনো বিদ্যালয়ে নাই। ঋতুবে জানিব পাৰিলে বিদ্যালয়খন জুইত জাহ গৈছে। শিক্ষকজনে পেঞ্চন পাইছে। গাঁওখনৰ গাঁওবুঢ়াৰ তাগিদাত ঋতুরে বিদ্যালয়লখন আকৌ আৰম্ভ কৰাৰ কথা চিন্তা কৰে। তাই অনুভৱ কৰে কামাটে। সহজ নহয়, তাইৰ বাবে ডাঙৰ প্রত্যাহবান। গাঁৱৰ মানুহখিনিয়ে প্রথমে শংকা কৰিছিল যদিও পাছত সহায় কৰে। বিদ্যালয় আৰম্ভ হয়। তেনেতে যুদ্ধৰ বাবে চাকৰি হেৰুওৱা মানুহ এজনে বিদ্যালয়খন নিজৰ হাতলৈ নিয়াৰ চিন্তা কৰে। ষড়যন্ত্র ৰচনা কৰে। কাৰণ অৱশ্যে অন্য। চিনেমাখনৰ আন এটা চৰিত্ৰ ডালিমী। শিক্ষা লৈ ডালিমীয়ে 'উৰা'ৰ সপোন দেখে। ঋতুৰ পৰা শিক্ষা লয়। ঋতুক সহায় কৰে। ডালিমীৰ বিয়া হোৱাৰ মন নাই, চাকৰি এৰি গাঁওলৈ অহা সেই মানুহজনে ডালিমীক বিয়া কৰাব খোজে। ডালিমীৰ পক্ষত থিয় দিয়ে ঋতুরে। সেই খঙতে মানুহজনে এদিন বিদ্যালয়খন জ্বলাই দিয়ে। এইবাৰ আগবাঢ়ি আহে গাঁওবাসী--কোনো জুইকে জ্ঞানৰ ফিৰিঙতিক আকৌ নির্বাপন কৰিব দিয়া নহ'ব বুলি বিদ্যালয়খন সাজিবলৈ। --চিনেমাখনৰ মন চুই যোৱা দিশটো পিছে এই কাহিনীভাগ নহয়। পৰিচালনা, সত্য বৰুৱাৰ সংগীত আৰু অভিনয়হে চিনেমাখনৰ ইতিবাচক দিশ। বিশেষকৈ মলয়া গোস্বামীৰ অভিনয়, ঋতুৰ চৰিত্ৰটোত কৰা অভিনয়। সন্দেহ নৰখাকৈ ক'ব পাৰি চৰিত্ৰটো আছিল সুন্দৰ, সুপরিকল্পিত। মন টুই যোৱা আন এটা চৰিত্র 'পইছা খোৱা'। চৰিত্ৰটোত অতি সুন্দৰ অভিনয় কৰিছে বিষ্ণু আবঘৰীয়াই। এই অভিনয়ৰ লগতে চিনেমাখনৰ মন চুই যোৱা দিশটো হ'ল পৰিবেশ নিৰ্মাণ। বাস্তৱিক লোকেশ্বনত চিত্রগ্রহণ কৰিছে। প্ৰতিটো চৰিত্ৰয়ে বাস্তৱৰ ওচৰৰ। গাঁও খনৰ সহজ-সৰল মানুহ খিনিয়ে নুবুজে, নাজানে-- নাগাচাকি-হিৰোচিমা, এটমবোম ইত্যাদি। বুজে যুদ্ধ, যুদ্ধ মানেই ধ্বংস। যেতিয়া "এটমবৈম" বুজে গছৰ তলত তাছপাত খেলি সময় পাৰ কৰা বৃদ্ধ এজনে (অভিনয়ত: লক্ষ্যধৰ চৌধুৰী) কয়-- "সিহত বুৰ্বক নেকি! পৃথিৱী ধ্বংস হ'লে যে সিহঁতো ধ্বংস হ'ব!" মন চুই যোৱা সংলাপ। চিনেমা খনে দিয়া "সংবাদ"।

ভিলেজ ৰকষ্টাৰ্ছ /চিনেচৰ্চা

শ্ৰেষ্ঠ চিনেমাৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা দ্বিতীয় খন অসমীয়া চিনেমা-- "ভিলেজ ৰকষ্টাৰ্ছ"। ৰীমা দাসৰ পৰিচালনা। দ্বিতীয় পৰিচালনা। ছবি)
"অন্তৰ্দৃষ্টি"ৰ (২০১৬) পাছত পৰিচালনা কৰা "ভিলেজ ৰকষ্টাৰ্ছ" (চিত্ৰগৃহলৈ আহিছে ২০১৮ চনত) -ৰে লাভ কৰিছে দেশ-বিদেশৰ ভিন্ন চলচ্চিত্ৰ মহোৎসৱত, ভিন্ন শিতানত ৪৪টা বঁটা। চিনেমা খন প্ৰদৰ্শিত হৈছে
প্ৰায় ৮০খন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত। "বিশ্ব চিনেমা" জয় কৰা এই চিনেমা খনে অস্কাৰৰ দৌৰত অংশ লৈছিল। ২০১৮ চনৰ একাডেমী পুৰস্কাৰৰ বিদেশী ভাষাৰ শ্ৰেষ্ঠ চিনেমাৰ শিতানত মনোনয়ন পাবৰ বাবে ভাৰত চৰকাৰৰ আধিকাৰীক প্ৰবিষ্টি লাভ কৰিছে। অস্কাৰলৈ ভাৰত চৰকাৰৰ আধিকাৰীক প্ৰবিষ্টি লাভ কৰা এইখন প্ৰথম আৰু একমাত্ৰ (২০২৫ চনলৈ) অসমীয়া চিনেমা । 
--ৰিমাই পৰিচালনা কৰা আন কেইখন অসমীয়া চিনেমা: বুলবুল কেন ছিং (চিত্ৰগৃহলৈ: ১০১৮), তৰা'ছ হাছবেণ্ড (চিত্ৰগৃহলৈ: ২০২২) আৰু "ভিলেজ ৰকষ্টাৰ্ছ-২" (চিত্ৰগৃহলৈ অহা নাই)। --ইয়াৰে "বুলবুল কেন চিং" চিনেমা খনে দেশ-বিদেশৰ আন বঁটাৰ লগতে অসমীয়া ভাষাৰ চিনেমাৰ শিতানত শ্ৰেষ্ঠ চিনেমাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে।


পৰিচালক-লেখক, চিত্ৰগ্ৰহণ, সম্পাদনা: ৰীমা দাস
প্ৰযোজক: ৰীমা দাস, জয়া দাস
অভিনয়ত: ভণিতা দাস, মানবেন্দ্র দাস, বাসন্তী দাস, বিষ্ণু কলিতা, বিংকু দাস, বলোৰাম দাস, কুলদা কুমাৰ ভট্টাচার্য আদি।
সংগীত পৰিচালক: নিলোৎপল বৰা
দৈৰ্ঘ্য: ৮০ মিনিট

কি আছে-- ভিলেজ বকষ্টাৰ্ছত! এটা সৰল কাহিনী, গম্ভীৰ বিষয়বস্তু। কাহিনীৰ কেন্দ্রবিন্দু ধুনু নামৰ এগৰাকী কিশোৰী (চৰিত্ৰটোত অভিনয় কৰিছে ভনিতা দাসে)। ধুনুৰ দেউতাক নাই। মাকেই যেন সকলো। 'ছোৱালী হৈয়ো তাই ল'ৰাৰ স'তে ওমলে। ল'ৰাবোৰৰ সৈতে ঘূৰি ফুৰে। তাতেই যেন তাই জীৱনৰ ছন্দ বিচাৰি পায়। লোকে কয়-- ধুনু ছোৱালী, ছোৱালীৰ দৰে আচৰণ কৰিব লাগে। তাইক গাঁৱৰ মহিলাকেইগৰাকীমানে তিৰস্কাবো কৰে-- ছোৱালী হৈ ছোৱালীৰ দৰে নাথাক কিয়! মাকে কিন্তু সদায় ধুনুৰ পক্ষ লয়। মাকে ধুনুক সাহসী হ'বলৈ কয়, সাঁতুৰিবলৈ শিকায়। মাকে কয়, সাঁতুৰিবলৈ নিশিকা বাবেহে তাইৰ দেউতাক বানত বুৰি মৰিল।
কষ্টৰ বোজা লৈ জীৱনৰ বাটত আগবঢ়া ধুনুরে এদিন দেখিলে-- কেইজনমান ল'ৰাই টেপত এটা জনপ্রিয় গীত বজাইছে; আৰু ল'ৰাকেইজনে থার্মোকলেৰে সাজি লোৱা গীটাৰ-ড্রাম আদি লৈ বজোৱাৰ দৰে আচৰণ কৰিছে। মাকৰ সৈতে ঘুৰিবলৈ গৈ দেখা সেই আচৰণে বুনুক চুই যায়। পিছত তাইয়ো লগৰ ল'ৰাকেইজনমানৰ সৈতে তেনে আচৰণ কৰিব ধৰিলে। আৰু এদিন তাই মাকক ক'লে, তাইক এখন আচল গীটাৰ লাগে। --আৰম্ভ হয় ধুনুৰ সপোন। সপোনৰ লগত আগবাঢ়ে সময়। ধুনু গাভৰু হয়। গাঁৱৰ তিৰোতাসকলে ৰীতি-নীতি পালনৰ মাজেৰে কিছুমান 'পাঠ' দিয়ে। সেই পাঠ আছিল 'গাভৰু ধুনু' সজাত বন্দী হোৱাৰ পাঠ। কিন্তু তাই সজাত বন্দী হৈ নাথাকিল। এদিন মাকে পুৰণি গীটাৰ এখন কিনি আনি ধুনুৰ হাতত দিয়ে। মাকৰ চেহেৰাত গৰ্ব।
--গীটাৰৰ তাঁৰত ধুনুরে আঙুলি বুলায়। শব্দ হয়। শব্দত সুৰ নাথাকে। সুৰ নথকা সেই শব্দৰ সৈতে তাল মিলাই ল'ৰাহঁতে নাচ আৰম্ভ কৰি দিয়ে।
কাহিনীৰ মাজলৈ মুনু নামৰ ছাগলী এটাও আছে। ছাগলীটোৰ সৈতে বুনুৰ আত্মিক সম্পর্ক চিত্রায়ণ কৰে। কাহিনীত দেখা যায় এবাৰ মাকে মুনু নামৰ এই ছাগলীজনীক বিক্ৰী কৰি এখন গীটাৰ কিনিব নেকি বুলি মাকে প্রশ্ন কৰে, মাকৰ প্রশ্নত ধুনুরে হাহাকাৰ অনুভৱ কৰে। সেই মুনু এদিন হেৰাই থাকে। এই যে মুনু হেৰাই থাকে, সেইখিনিতে পৰিচালকে কেমেৰাৰ ভাষাৰে হৃদয় চুই যোৱা 'খেল খেলে'। মন-মগজু চুই যোৱা এই ছিকুৱেন্স দর্শকৰ মনত যে সেউজ হৈ থাকিব সন্দেহ নাই।
এতিয়া আহিছোঁ বিষয়বস্তুলৈ। ধুনুৰ 'সপোন'ৰ লগতে চিনেমাখনৰ বিষয়বস্তু বানে গৰকা এখন গাঁও। প্রতি বছৰে খেতি কৰে। প্ৰতি বছৰে গাঁওখন বানৰ কবলত পৰে। পানীয়ে খেতি নষ্ট কৰিব বুলি জানিও খেতি কিয় কৰে? --ধুনুৰ প্রশ্ন। মাকে কয়-- 'কর্মই ধর্ম'। কাহিনীৰ বিষয়বস্তু অতি সুন্দৰভাৱে কেমেৰাৰ ভাষাৰে 'আঁকিছে' পৰিচালকে। সেই চিনে সৌন্দর্যই হৈছে চিনেমাখনৰ মূল সম্পদ।
পৰিচালক, চিত্রনাট্যকাৰ, চিত্রগ্রহণকাৰী ৰীমা দাস চৰ্চাৰ বিষয় হৈ পৰিছে 'চিনেমাৰ পৃথিৱী'ত। চিনেমা খনত ব্যৱহাৰ কৰিছে কামৰূপৰ ছয়গাওঁ অঞ্চলৰ ভাষা। ভাষাই ৰূপালী গল্পটোক "বাস্তৱতা"ৰ আৰু ওচৰলৈ নিছে, অকৃতিমতাৰ প্ৰলেপ সানি ৰূপালী সৌন্দৰ্য বঢ়াইছে। চিনেমা খন "যান্ত্ৰিকতাৰ আঁতৰৰ, প্ৰকৃতিৰ ওচৰৰ" ইতিবাচক দিশটোৰ বাবেই যে চিত্ৰৰসিকক বিশেষ ভাবে চুই গৈছে সন্দেহ নাই।

বৃহস্পতিবার, ২৩ জানুয়ারি, ২০২৫

হাগ্ৰামায়াও জিনাহাৰি (ৰেপ ইন দ্য ভাৰ্জিন ফ'ৰেষ্ট) | চিনেচৰ্চা

পৰিচালক-প্ৰযোজক, সম্পাদনা, চিত্ৰগ্ৰহণ: জাংদাও বডোচা
চিত্ৰনাট্য: জাংদাও বডোচা,কামাখ্যা ব্ৰহ্ম নাৰ্জাৰী,
মঙ্গল সিং হাজোৱাৰী, মতিলাল বসুমতাৰী
সংগীত পৰিচালক: ৰাজেশ্বৰ ব্ৰহ্ম, ধনঞ্জয় বৰগয়াৰী
চিত্ৰগৃহত: ১৯৯৬ 
দৈৰ্ঘ্য: ৭৩ মিনিট
অভিনয়ত: টিকেন্দ্ৰজিৎ নাৰ্জাৰী, অঞ্জলি বসুমতাৰী...

এই চিনেমা খনত ব্যৱহাৰ কৰা সাহিত্যৰ ভাষা-- বড়ো। কাহিনী বনানী কেন্দ্ৰিক। বনানী ধ্বংস। পৰিচালকে কেমেৰাৰ ভাষা প্ৰয়োগ আৰু বাস্তৱিক অভিনয়ত গুৰুত্ব দিছে। বুদাং (চৰিত্ৰটো নিৰ্মাণ কৰিছে টিকেন্দ্ৰজিৎ নাৰ্জাৰীক লৈ) আৰু বুদাঙৰ জীয়েক মিথিংগা (চৰিত্ৰটো নিৰ্মাণ কৰিছে অঞ্জলি বসুমতাৰীক লৈ) চিনেমা খনৰ কাহিনীৰ মূল দুটা বিন্দু। বনানী খন ধ্বংস হৈ আহিছে। বুদাঙৰো জীৱন চলে হাবি খনৰ পৰা চুৰ কৰি বজাৰত বিক্ৰি কৰা খৰিৰে, কাঠেৰে। জীয়েক মিথিংগা ডাঙৰ হৈছে, বিয়াৰ বয়স হৈছে। গতিকে বুদাঙৰ টকাৰ প্ৰয়োজন বাঢ়িল। পৰিশ্ৰমো বঢ়ালে। আৰু এদিন বজাৰলৈ চোৰাং খৰি নিয়াৰ সময়ত ধৰা পৰে, শাস্তিৰ সন্মুখীন হয়। -- বুদাঙে চোৰ্য বৃত্তি এৰিব নোৱাৰিলে, এৰাৰ বাট নাপালে। শাস্তি পোৱাৰ পাছত কামৰ বাট সলালে। বজাৰলৈ নগৈ গছ কাটি হাবিৰ ভিতৰতে কাঠৰ চোৰাং কাৰবাৰীক বিক্ৰী কৰিবলৈ ধৰিলে। --কাহিনী আগবাঢ়ে। চোৰাং কাৰবাৰীৰ লগত বুদাঙৰ ব্যৱসায় চলি থাকে। আৰু এদিন বুমাঙে কল্পনা নকৰা "ঘটনা" ঘটিল। সুযোগ বুজি চোৰাং ব্যৱসায়িয়ে মিথিংগাক দলবদ্ধভাবে বলাৎকাৰ কৰে। পৰিচালকে মিথিংগাক দলবদ্ধভাবে কৰা বলাৎকাৰত প্ৰতিফলিত কৰিছে কুমাৰী অৰণ্যৰ ওপৰত অসৎ লোকবোৰে গছ-বন কাটি অত্যাচাৰ, বনানীক কৰি থকা বলৎকাৰ। সুপৰিকল্পিত প্ৰতিক প্ৰয়োগ।
--এই চিনেমা খনলৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আহিছে পৰিবেশ শিতানত শ্ৰেষ্ঠ চিনেমাৰ।

ৱশ্ব'বিপো | চিনেচৰ্চা

পৰিচালক-লেখক: গৌতম বৰা
প্ৰযোজক: কাৰ্বি আংলং জিলা পৰিষদ
চিত্ৰগ্ৰহণকাৰী: বিবেক বেনাৰ্জী
সম্পাদনা: এ শ্ৰীকৰ প্ৰসাদ
সংগীত, সাজ-সজ্জা: শ্বেৰ চৌধুৰী
শব্দগ্ৰহণ: অনুপ মুখাৰ্জী
কলা নিৰ্দেশক: উৎপল বৰুৱা
অভিনয়ত: ৰমন ৰংপি, ৰত্না ৰংচেহনপী, এলিচা হাঞ্চে
জুলী টেৰাংপী, বাবুল টেৰাং (শিশুশিল্পী) আদি।
চিত্ৰগৃহত: ১৯৯০
দৈৰ্ঘ্য: ১৩৮ মিনিট

"ৱশ্ব'বিপো" (কাৰ্বি শব্দ। অৰ্থ কুলিৰ মাত)--চিত্ৰৰসিকক সন্তুষ্ট কৰা এই চিনেমা খনৰ পৰিচালক-লেখক গৌতম বৰা। চিনেমা খনত ব্যৱহাৰ কৰা সাহিত্যৰ ভাষা-- কাৰ্বি। চিনেমা খনৰ কাহিনীত দেখুৱাইছে কাৰ্বিসকলৰ অৰ্থনৈতিক সমস্যা, সামাজিক সমস্যাৰ ছবি। চিনেমা খনৰ কাহিনীৰ মূল বিন্দু-- চাৰ্থে ৰংহাং। চাৰ্থে শিক্ষিত যুৱক। গাঁৱৰে স্কুল এখনৰ শিক্ষক। 
কুলিৰ মাতে শস্য চপোৱাৰ সময়ৰ জাননী দিয়ে। কাৰ্বি ঝুম পদ্ধতিত খেতি কৰে। ঠাই সলাই সলাই। চাৰ্থেয়ে অনুভৱ কৰে বহু পৰিশ্ৰমৰ পাছতো কাৰ্বি সম্প্ৰদায়ৰ লোকসকলৰ আৰ্থিক অৱস্থা উন্নত হোৱা নাই। দিনক দিনে বেয়াৰ ফাললৈ গৈছে। আৰ্থেৰ মন-মগজূলৈ আহে, উন্নত জীৱনৰ সন্ধানত সি তাৰ সেই জন্মৰ ঠাই খন, আত্মিয় সকল থকা ঠাই খন, তাৰ কৈশোৰ-যৌৱনৰ বহু স্মৃতি থকা তাৰ নিজৰ ঠাই খন এৰিব নেকি! মন-মগজুত এই প্ৰশ্ন ওলোমাৰ পাছতে তাক আমনি দিয়ে শৈশৱে, প্ৰকৃতিৰ সৈতে কটোৱা সময়ে, ককাকৰ সৈতে কটোৱা অতীতৰ মধুৰ সময়ে।
চিনেমা খনৰ বিশেষ সৌন্দৰ্য: কেমেৰাৰ ভাষা আৰু সংগীত প্ৰয়োগ।
চিনেমা খনলৈ ৰাষ্ট্ৰীয় বঁটা (১৯৯০) আহিছিল দুটা শিতানত-- পৰিচালকৰ প্ৰথম পৰিচালনা শিতানত শ্ৰেষ্ঠ চিনেমাৰ ইন্দিৰা গান্ধী বঁটা আৰু শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা।

দিকচৌ বনত পলাশ | চিনেচৰ্চা

পৰিচালক-লেখক: সঞ্জীৱ সভাপণ্ডিত
প্ৰযোজক: অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত, উৎপল কুমাৰ দাস
চিত্ৰগ্ৰহণকাৰী: পৰাশৰ বৰুৱা
সম্পাদনা: সৌৰভ দত্ত
সংগীত: অনুৰাগ শইকীয়া
অভিনয়ত: কুলদা কুমাৰ ভট্টাচাৰ্য, লোনেলা আও, মালা গোস্বামী, আৰেন জমিৰ, চিন্ময় চক্ৰৱৰ্তী, সাজন নায়ক, বিদ্যুত বিকাশ শৰ্মা, তেজস্বিনী বৰুৱা, অসীম কৃষ্ণ বৰুৱা, অমিতাভ ৰাজখোৱা আদি।
চিত্ৰগৃহত: ২০১৬
এই চিনেমা খনলৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (২০১৬) আহিছিল "ৰাষ্ট্ৰীয় একতাৰ নাৰ্গিছ দত্ত বঁটা" শিতানত।
"দিকচৌ বনত পলাশ" ৰূপালী গল্পটোৰ মূল চৰিত্ৰটো নিৰ্মাণ কৰিছিল কুলদা কুমাৰ ভট্টাচাৰ্যক লৈ। এগৰাকী স্বাধীনতা সংগ্ৰামী। অসমীয়া। চন ১৯৪৬। ততীতচাৰণ ২০০২ চনৰ পৰা। বৃদ্ধ স্বাধীনতা সেনানী গৰাকীয়ে এৰি অহা দিনবোৰ যেতিয়া মনলৈ আনে প্ৰেমৰ মিঠা স্মৃতি--, নগা যুৱতী গৰাকীৰ নিৰ্মল মৰম। নগা পাহাৰত ঘূৰি ফুৰা এজন তৰুণ নায়কে লগ পাইছিল নগা যুৱতী গৰাকীক। অসমীয়া তৰণ নায়ক গৃহ জিলাত সন্দেহৰ আৱৰ্তত পৰিছিল, গৃহ জিলাৰাপৰা নিৰ্বাসন দিছিল। কলৈ যোৱা যায় বুলি নগা পাহাৰ পাইছিল, তাতেই লগ পোৱা নগা ছোৱালী গৰাকীৰ প্ৰেমত বান্ধ খাইছিল। কিন্তু সেই বান্ধোন স্থায়ী নহ'ল। এৰা এৰি হ'ল। অতীতচাৰণত বৃদ্ধ স্বাধীনতা সেনানী গৰাকীৰ আৰু মনলৈ আহে জীৱন চলাবলৈ নগা যুৱতী গৰাকীয়ে কেইটামান মুদ্ৰা দিছিল। সেই মুদ্ৰা কেইটা পূৰ্বৰ প্ৰেয়সীক লগ কৰি ঘুৰাই দিয়াৰ মন! ঘূৰাই দিয়াৰ পৰিকল্পনা কৰে। 
পৰিচালকে কাহিনী কোৱাৰ লগতে পৰিবেশ নিৰ্মাণত মন দিছে। সংগীতে ৰূপালী গল্পটোৰ সৌন্দৰ্য বঢ়াইছে।

বৃহস্পতিবার, ১৬ জানুয়ারি, ২০২৫

গোলাই চোৰ / চিনে-চৰ্চা

"গোলাই চোৰ" চিনেমা খনৰ নাম।

বছৰটোত চিত্ৰগৃহলৈ আহিবলৈ সাজু হোৱা প্ৰথম দুখন অসমীয়া চিনেমাৰ এখন। ১২ জানুৱাৰী ২০২৫ -ত আইদেউ চিত্ৰগৃহত চিনেমা খন চালোঁ। লেখক-পৰিচালকৰ চিনে-চিন্তাই আমাক আকৰ্ষণ কৰিলে। 

প্ৰথম কথা-- "গোলাই চোৰ" অসমীয়া ভাষাৰ "বলিউডী, তামিল-তেলেগু" চিনেমা নহয়, অসমীয়া চিনেমা। চোৰৰ কাহিনী, "চুৰী কলা"ৰ ৰূপালী গল্প। "চুৰি কলা" আৰু কলা বিদ্যাৰে নিৰ্মাণ কৰিছে ৰূপালী গল্পটোৰ এটা বিন্দু, ৰেখালৈ ৰূপান্তৰ কৰি শেষ বিন্দুত শেষ কৰিছে গল্পটো। বিন্দুটোৰ নাম-- গোলাপী। হিমাংশু গগৈক লৈ নিৰ্মাণ কৰা এই চৰিত্ৰটো চিনেমা খনৰ প্ৰধান সৌন্দৰ্য। কাহিনীৰ গতিত চোৰক শিক্ষা দিয়া বিদ্যালয় (টোল) নিৰ্মাণ হয়, এক গোট হোৱা বিশেষ চুৰি বিদ্যাত পকৈত চোৰ কেইজন মানক "চুৰি কলা"ৰ শিক্ষা দিয়ে এজন গভাইত চোৰে। চোৰৰ মাজত এজন ডকাইতো থাকে। --এই "বিদ্যালয়"ৰে এজন ছাত্ৰ গোলাপী। চুৰি-চিন্তাত পাকৈত গোলাপী ভাল কলাকাৰো। ভাওনাত অভিনয় কৰে। কাহিনীৰ শেষ বিন্দুত-- "চোৰ বনাম কলা" সংঘাট নিৰ্মাণ কৰে, "চোৰ"ক "নায়ক" নিৰ্মাণৰ চেষ্টা কৰে। খলনায়ক ৰূপালী গল্পটোৰ পুলিচ বিষয়া এগৰাকী (চৰিত্ৰটো নিৰ্মাণ কৰিছে বসুমতাৰীক লৈ। চোৰে চুৰ কৰিছে। প্ৰমাণ নাই বাবেই পুলিছ বিষয়া গৰাকী খননায়ক! আমি এনেদৰেই বুজিছো। এনে দৰে ভৱাৰো বাট আছে--, গোলাপী চৰিত্ৰটো anti hero -ৰ!)।

পৰিচালকে "চোৰ"ক নায়ক নিৰ্মাণৰ চেষ্টা কৰিছে এনেধৰণৰ সংলাপ বৱহাৰ কৰি (হিমাংশু প্ৰসাদ দাসক লৈ নিৰ্মাণ কৰা ডকাইত চৰিত্ৰটোৰ মুখত)-- "চোৰৰ ঘৰতহে চুৰ কৰে গোলাই চোৰে। জোলোৱা কিমান ডাঙৰ, সেইটো চাই গোলাই চোৰে চোৰ নকৰে। জোলোৱাৰ মালিক কোন, সেইটো চাইহে তেওঁ চলাই চাফাই অভিযান।..."

উল্লেখ কৰা চৰিত্ৰ দুটাৰ লগতে প্ৰতিটো চৰিত্ৰৰে নিৰ্মাণ কৰ্ম পৰিপাটি। বিন্যাস, সংলপ প্ৰয়োগ, অভিনয়, কাহিনীৰ গতিত চৰিত্ৰ গুঠা-- প্ৰতিটো দিশ।

কাহিনী আৰম্ভ হয় দিগা চোৰৰ পৰা। ব্ৰিটিছ ট্ৰেজাৰিত সোমাই চৌৰ্য্যকলাৰ ঊৎকৃষ্টতম প্ৰদৰ্শন কৰা, কৰি পুৰস্কাৰ পোৱা দিগা চোৰৰ পৰা। ইংৰাজ পুলিছ বিষয়াৰ মুখত সংলাপ-- "দিগা চোৰ, ইউ আৰ অ লিজেণ্ড!" দিগা কিন্তু ৰূপালী গল্পটোৰ মূল বিন্দু নহয়, ইতিমধ্যে উল্লেখ কৰি অহা গোলাপীহে। 

ৰূপালী গল্পটো চোৰৰ চুৰি বিদ্যাতে শেষ নহয়! অসমৰ লোক সংগীত, মুখা শিল্প, ভাওনা পৰিপাটিকৈ ব্যৱহাৰ কৰিছে কাহিনীৰ গতিত। "চোৰ গোলাপী"ৰ বিপৰীতে "শিল্পী গোলাপী" নিৰ্মাণ কৰিছে, গোলাপীৰ প্ৰেম কাহিনী নিৰ্মাণ কৰিছে-- এই নিৰ্মাণ পৰ্বও পৰিপাটি, মসৃণ। কিন্তু মসৃণ নহয়, কাহিনীৰ গতি। আমাৰ ধাৰণাত--এনিমেচন প্ৰয়োগৰ ছিকুৱেন্স কেইটা কাহিনীৰ গতিত "সমস্যা" হৈছে। মন্থৰ গতিৰ (সাহিত্যৰ ভাষাৰে "গল্প"ক গতি দিবলৈ চেষ্টা কৰিছে যদিও) চিনেমা খনৰ গতি আৰু মন্থৰ কৰিছে। আৰু এটা নেতিবাচক দিশ-- চিনেমা খনৰ লেখকে "গল্প" নিৰ্বাচন আৰু নিৰ্মাণত আৰু পৰিশ্ৰম কৰিব লাগিছিল। 

--চিনেমা খনৰ সৌন্দৰ্য বঢ়োৱা আৰু দুটা দিশ হ'ল পৰিবেশ নিৰ্মাণ আৰু সংগীত প্ৰয়োগ। ১৯৪৫ চনৰ পৰা ১৯৮৩ লৈ কাহিনীৰ গতি। স্বাধীনোত্তৰ অসমখনৰ গাওঁ খনৰ পৰিবেশ, জীৱনশৈলীক কেমেৰাৰৰ ভাষাৰে, সাহিত্যৰ ভাষাৰে পৰিচালক পৰ্দালৈ আনিছে। এই ইতিবাচক চিনে কৰ্মৰ বাবে পৰিচালকৰ লগতে স্বাভাৱিকতে প্ৰশংসা কৰিম চিত্ৰগ্ৰহণকাৰী শৰ্মা তামুলী আৰু কলা নিৰ্দেশক ...ক। অমৃত প্ৰীতমৰ চাউণ্ড ডিজাইন ৰূপালী গল্পটোৰ আন এক সৌন্দৰ্য। (আৰু আছে) 

মঙ্গলবার, ৭ জানুয়ারি, ২০২৫

বীৰাংগনা সাধনী

এখন অসমীয়া চিনেমা-- "ফেঁহুজালি"। ২০১৭ চনৰ চিনেমা। লেখক-পৰিচালক বিশ্বজিৎ বৰা। চিনেমা খনৰ বাজেট আছিল প্ৰায় ১০ লাখ টকা। পৰিচলক-লেখক গৰাকীৰ আন এখন চিনেমা-- ১২ লাখ টকা বাজেটৰ


 "বুম্বা ৰাইড" (মিচিং ভাষাৰ শ্ৰেষ্ঠ চিনেমা হিচাপে ২০২১ চনৰ ৰজত কমল বঁ‌টা প্ৰাপ্ত)। এই চিনেমা দুখনত অনুভৱ কৰিব পাৰি পৰিচালক বিশ্বজিতৰ চিনে শক্তি আৰু উত্তৰণ,  "ফেঁহুজালি"ৰ পৰা "বুম্বা ৰাইড"লৈ উত্তৰণ। কেমেৰাৰ ভাষাৰ পৰিপাটি ব্যৱহাৰ, মেডহীন সাহিত্যৰ ভাষাৰে নিৰ্মাণ কৰা দুখন "চিনে কলাৰ ববে চিনেমা" পৰ্যায়ৰ চিনেমা। চিনেমা দুখনত পৰিচালক-লেখকৰ সমাজিক দায়বদ্ধতা স্পষ্ট। দায়বদ্ধতা স্পষ্ট পৰিচালক গৰাকীৰ আন এখন চিনেমা-- "এইচা য়েহ জাহান"তো। ২০১৫ -ৰ চিনেমা, হিন্দী ভাষাৰ। পৰিচালক গৰাকীৰ তৃতীয় চিনেকৰ্ম। প্ৰথম, দ্বিতীয় ক্ৰমে-- "এজাক জোনাকীৰ জিলমিল" (অসমীয়া/ ২০০৮), "এঞ্জেল অফ দা এবৰিজিনেলছ: ডাঃ ভেৰিয়াৰ" (ইংৰাজী/২০১০)। পৰিচালক গৰাকীৰ প্ৰথম দুই চিনেকৰ্ম আমি চোৱা নাই। আমি পৰিচালক গৰাকীৰ চিনেকৰ্ম প্ৰথম বাৰ অনুভৱ কৰিছিলোঁ-- "বহ্নিমান" (বাজেট: প্ৰায় ৮০ লাখ টকা/ অসমীয়া/ ২০১৬) -ত। বলিউডৰ জনপ্ৰিয় ধাৰাৰ  শৈলিৰ চিনেমা। এই একে শৈলীৰ আন এখন চিনেমা-- "ৰক্তবীজ" (বাজেট: ৬৮ লাখ টকা/ অসমীয়া/ ২০১৮)।  


চিনেমাৰ "মধ্যম পন্থা" এসময়ত চৰ্চাৰ বিষয় হৈছিল। ক'ব পাৰি এই "পন্থা"ৰে চিনেমা  বিশ্বজিতৰ  অষ্ঠম পৰিচালনা-- "বেলকনিত ভগৱান" (মেকিং বাজেট: ২৮ লাখ টকা/ অসমীয়া/ ২০২০)।  (পৰিচালক গৰাকীৰ আন দুখন চিনেমা: হিন্দী "ধোঁৱে চে ধোঁৱে টক", অসমীয়া "লখিমী" আমি চোৱা নাই।)  চোৱা চিনেমা কেইখনৰ পৰা আমাৰ ধাৰণা --বিশ্বজিত এটা বৃত্তত বন্দী পৰিচালক নহয়। ভিন্ন শৈলীৰ চিনেকৰ্ম কৰিছে, কৰি সফল হৈছে। এই "সফলতা"ৰ বুনিয়াদত ঠিয় হৈ পৰিচালনা কৰি উলিয়াইছে  আন এখন চিনেমা-- "বীৰাংগনা সাধনী"। এই চিনেমা খনৰ বাজেট লাখ নহয়, কোটি। প্ৰায় ৩ কোটি টকা। চিনেমা খনৰ বিষয় বস্তু, নিৰ্মাণ শৈলী মনত ৰাখি ক'ব পাৰি চিনেমা খনৰ বাজেট ১০ কোটি বুলি ক'লেও আছৰিৎ হোৱাৰ কাৰণ নাই!



পূৰ্বালোকন


"বীৰাংগনা সাধনী"ৰ  সাজু কৰা দুটা ট্ৰেইলাৰত অনুভৱ কৰিছিলোঁ-- বিশ্বজিতৰ শেহতীয়া চিনেকৰ্ম।


ট্ৰেইলাৰ দুটাত "ৰক্তবীজ"ৰ, ফেঁহুজালি"ৰ চিনেকৰ্মৰ ছাঁ নাই, মনলৈ আনি দিছে "বাহুবলী: দ্য বিগিনিং" ইত্যাদিৰ। colourful, পৰিপাটি চিনেকৰ্মৰ অনুভৱ দিছে। ঐতিহাসিক চিনেমা যেতিয়া চিনেমা খনৰ বুনিয়াদ "কাহিনী", চৰিত্ৰ নিৰ্মাণ। "কাহিনী" নিৰ্মাণ কৰিছে চুতীয়া ৰাজ্যৰ শেষ গৰাকী ৰাণী সতী সাধনী বা সাধনী নাৰায়ণক কেন্দ্ৰ কৰি। সাধনী নাৰায়ণ জন্ম আনুমানিক ১৫ শতিকাৰ শেষ ভাগত হৈছিল বুলি কোৱা হয়। --চিনেমা খনৰ কাম আৰম্ভ হোৱাৰে পৰা চৰ্চাৰ বিষয় আছিল, কোনে অভিনয় কৰিব এই চৰিত্ৰটোত। অভিনেতা-অভিনেত্ৰী নিৰ্বাচন পৰ্ব আৰম্ভ হৈছিল। নিৰ্বচন পৰ্বত মই নিজেও এগৰাকী বিচাৰক আছিলোঁ। কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰী পৰিচালকৰ চকুত পৰিছিল (আন চৰিত্ৰৰ বাবে নিৰ্বাচন কৰিছিল।), চৰিত্ৰটোৰ বাবে কিন্তু অভিনেত্ৰী পোৱা নাছিল। 


অৱশেত এগৰাকী পাইছিল, বিশ্বজিতে খবৰটো দিছিল, বিতং তথ্য দিয়া নাছিল। চিত্ৰগ্ৰহণৰ সময়তো "নায়িকা" আঁৰতে থাকিল। থাকিল মানে, পৰিচালকেই ইচ্ছাকৃতভাবে আঁৰতে ৰাখিলে। নাম জনাৰ আগতে, চোৱা ট্ৰেইলাৰ দুটাত আশাৰে চাবলৈ ৰৈ থকা  নায়িকাগৰাকীকো দেখিলোঁ, আন কেইবাটাও চৰিত্ৰৰ সৈতে।  যুদ্ধৰ পৰিৱেশ নায়িকা, আন চৰিত্ৰৰ লগতে "নীতিপাল" লুকানন্দক। দেখিলোঁ সুৰধ্বজ পাল" মৃদুল চুতীয়াক, 'কাঁচিতৰা" তপন দাসকে ধৰি বহুতকে। অনুমান কৰিব পাৰি--  চিনেমা খনৰ নিৰ্মাণ পৰ্ব, বিশেষকৈ যুদ্ধৰ শিহৰণকাৰী দৃশ্য নিৰ্মাণৰ আয়োজন আছিল তামিল-তেলেগু বা বলিউডৰ বিগ বাজেটৰ চিনেমাৰ পৰ্যায়ৰ। খৰছ কিমান কৰিছে নাজানো, জানিবলৈ চেষ্টা কৰা নাই, "কাম" কিন্তু বলিউডৰ চিনেমাক ফেৰ মাৰিব পৰা হৈছে। যদি চিনেমা খনৰ সম্পূৰ্ণ নিৰ্মাণ পৰ্ব ট্ৰেইলাৰ দুটাৰ পৰ্যায়ৰ হৈছে, ক'ব পাৰিম অসমৰ পৰিচালকে "বাহুবলী"ৰ দৰে চিনেমা নিৰ্মাণ কৰিব নোৱাৰে বুলি কোনো কথা নাই, অসমৰ পৰিচালকে "লাচিত বৰফুকন" কেন্দ্ৰিক "ৰাষ্ট্ৰীয় পৰ্যায়"ৰ চিনেমা নিৰ্মাণ কৰিব নোৱাৰে বুলিয়ো কোনো কথা নাই!


--শেষৰজন চুতীয়া ৰজা ধীৰনাৰায়ণ চিনেমা খনৰ কাহিনীৰ এটা বিন্দু। এই চৰিত্ৰটোত অভিনয় কৰিছে দক্ষ অভিনেতা অভিনেতা ভৱেশ বৰুৱাই। ড°ভূপেন হাজৰিকাৰ পৰিচালনাৰে নিৰ্মিত "মন প্ৰজাপতি"ৰ নায়ক গৰাকীৰ এয়া চিনেযাত্ৰাৰ নতুন বাট বুলিব পাৰি।

--চিনেমা খনত প্ৰাঞ্জল শইকীয়া,, মলয়া গোস্বামী, লেম ছেঞ্চু, হিমাংশু প্ৰসাদ দাস, ৰাজীৱ ক্ৰ', চন্দনা শৰ্মা, পলাশ মেচ, অৰুণ হাজৰিকা, ৰমেন তামুলীকে ধৰি প্ৰায় ৫০০ আভিনেতা-অভিনেত্ৰী কেমেৰাৰ ফ্ৰেমলৈ আহিছে।

--এক বিশাল ইউনিট লৈ কাম কৰিছে বিশ্বজিতে। অসমৰ, অসমৰ বাহিৰৰ।  ডাইৰেক্টৰ অফ ফটোগ্ৰাফী এশৱাৰ ইয়েল্লুমাহান্থী। একচন ডাইৰেক্টৰ হিচাপে আছে  দক্ষিণৰ এগৰাকী প্ৰখ্যাত একচন ডাইৰেক্টৰ এন জি বাবু। কলা নিৰ্দেশনা নুৰুদ্দিন আহমেদৰ। সংগীত অংগৰাগ পাপন মহন্তৰ। কষ্টিউম লুপামুদ্ৰা গগৈ বৰাৰ।প্ৰযোজনা নিয়ন্ত্ৰক অসীম শইকীয়া। চিত্ৰনাট্য বিশ্বজিত বৰা, লুপামুদ্ৰা গগৈ বৰা আৰু বিনীদ মেননৰ।

প্ৰায় ৯৫ শতাংশ চিত্ৰ গ্ৰহণৰ কাম সম্পূৰ্ণ হোৱা এই চিনেমা খনৰ নাম-- "বীৰাংগনা সাধনী"। চুতীয়া উন্নয়ন পৰিষদৰ বেনাৰত নিৰ্মিত। সম্ভৱতঃ চিত্ৰগৃহলৈ আহিব অহা ২৫ জুলাইত।