বৃহস্পতিবার, ২৫ ডিসেম্বর, ২০২৫

২০২৬ | চিত্ৰগৃহলৈ আহিব...


২০২৬ বৰ্ষৰ অসমীয়া চিনেমাৰ "যাত্ৰা" চিত্ৰৰসিকৰ বাবে নিশ্চয় সুখকৰ হ'ব! কাৰণ "চিনে-যাত্ৰা" আৰম্ভ হ'ব "চিনেমা"ক চহকী কৰা এগৰাকী চিনে-চিন্তকৰ চিনেমাৰে। জাহ্নু বৰুৱাৰ চিনেমাৰে। পৰিচালক গৰাকীৰ (অপৰূপা, পাপৰি, হালধীয়া চৰায়ে বাওধান খায়, বনানি, ফিৰিঙতি, সাগৰলৈ বহু দূৰ, কুশল, পখী, কণিকাৰ ৰামধেনু, তৰা, বান্ধোন, অজেয়, ভগা খিৰিকী -ৰ পাছত) আন এখন অসমীয়া চিনেমা "হেৰোৱা ছন্দ"। চিনেমা খনত অভিনয় কৰিছে অমৃতা গগৈ, জয় কাশ্যপ, অমৃতা গগৈ, অজু বৰুৱা, সুকন্যা ৰাজগুৰু, ড° অৰূপ বৰঠাকুৰ, উজ্জ্বল বাজখোৱা, ময়ুখ শৰ্মা, দীপচন লাল বৰুৱা, ড° নাৰায়ণ শর্মা আদিয়ে। সংগীত: ইবচন লাল বৰুৱা, নীলোৎপল বৰাৰ। চিত্ৰগ্ৰহণ সুমন দুৱৰাৰ। চৰ্চা মতে, চিনে-চিন্তাৰ লগতে জাহ্নু বৰুৱাই "বজাৰ-চিন্তা"তো গুৰুত্ব দিছে।

২জানুৱাৰীত "হেৰোৱা ছন্দ"ৰ লগতে চিত্ৰগৃহলৈ আহিব আন এখন অসমীয়া চিনেমা "যৌৱনে আমনি কৰে ২"। অশোক কুমাৰ বিষয়াৰ পৰিচালনা। পূৰ্বে এই চিনেমা খন মুক্তি দিয়াৰ কথা আছিল যোৱা ১০ (২০২৫) অক্টোবৰত। কিন্তু নিৰ্দিষ্ট দিনত চিনেমা খন চিত্ৰগৃহলৈ আনিব নোৱাৰিলে জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ বাবে।

"যৌৱনে আমনি কৰে" চিত্ৰগৃহলৈ আহিছিল ১৯৯৮ চনত। সেই সময়ত অসমীয়াৰ "স্থানীয় বজাৰ" প্ৰায় অচল হৈছিল। স্থিৰ 'বজাৰ"ক গতি দিছিল তেতেয়াৰ এগৰাকী নৱাগত পৰিচালক অশোক কুমাৰ বিষয়াই "যৌৱনে আমনি কৰে"ৰে। চিনেমা খনত অভিনয় কৰিছিল প্রাঞ্জল শইকীয়া, বাদল দাস, নিকুমণি বৰুৱা, নিৰেণ শৰ্মা, অংকুৰ বিষয়া, ইনু বৰুৱা, বৰ্ণালী পূজাৰী, হিৰণ্য দাস, বৰষা ৰাণী বিষয়া, শিৱ প্ৰসাদ ঠাকুৰ, নিলয় শংকৰ গুপ্তা, শৈল বৰুৱা, অসীম বৈশ্য আদিয়ে। এই চিনেমা খনৰে চিকুৱেল-- "যৌৱনে আমনি কৰে ২"। 

চিনেমা লেখক-পৰিচালক হিমজ্যোতি তালুকদাৰৰ "মৰমৰ দেউতা" চিত্ৰগৃহলৈ আহিব ১৬ মে'ত। ৰূপালী গল্পটোৰ বাবে চিত্ৰনাট্য লিখিছিল ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ শিশু উপন্যাস "মৰমৰ দেউতা"ৰ আধাৰত। চিত্ৰনাট্য  অভিষেক দত্ত, সান্তনু ৰৌমুৰিয়া, হিমজ্যোতি তালুকদাৰৰ। উপন্যাসৰ পৰা চিনেমালৈ ৰূপান্তৰৰ সময়ত স্বাভাৱিকতে "চৰিত্ৰ-কাহিনী"ৰ স্বাভাৱিক পৰিবৰ্তন হৈছে। উপন্যাস খনৰ মূল চৰিত্ৰ  বিপুলক পাৰ্থলৈ ৰূপান্তৰ কৰি ৰূপালী গল্পটো আগবঢ়াই নিছে এনেদৰে--

অৰুণাচলৰ এখন দুৰ্গম চহৰত কৰ্মৰত সন্তনু বৰুৱাই জীৱন সংগ্ৰাম চলাই থাকে, পৰিয়ালটোৰ সুখৰ বাবে। পৰিয়ালটো আঁতৰত থকে, অসমৰ এখন সৰু চহৰত। পৰিয়াল বুলিবলৈ-- বৰুৱাৰ পত্নী, কন্যা আৰু পুত্ৰ পাৰ্থ। পাৰ্থ অবাটে যায়। মদ্যপান কৰে, ধ্বংসাত্মক আচৰণত কৰে। পিতৃৰ অনুপস্থিতিত পাৰ্থই মাক আৰু ভনীয়েকক অত্যাচাৰ কৰে। পাৰ্থৰ বাবেই ঘৰখনৰ সৈতে বৰুৱাৰ আৱেগিক সম্পৰ্কৰ দূৰত্ব বাঢ়ে। পৰিয়ালটো সমস্যাৰ মাজত সোমাই পৰে।... এদিন পাৰ্থক কোনেৱে প্ৰহাৰ কৰে। চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। --কোনে পাৰ্থক নিৰ্মমভাৱে আক্ৰমণ কৰিছিল! আৰক্ষীৰ তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ সন্মুখত পাৰ্থৰ মাক-দেউতাক। কাহিনী-ৰেখাৰ গতিত উন্মোচন হয়-- লুকাই থকা সত্য, আভ্যন্তৰীণ সংঘাত, আৰু এজন পিতৃয়ে নিজৰ পৰিয়ালক নিজৰ তেজৰ পৰা ৰক্ষা কৰাৰ হতাশজনক প্ৰচেষ্টা।

--চিনেমা খনৰ প্ৰযোজক মমতা  মহিলাৰী। কাৰ্যবাহী প্ৰযোজক ডাঃ মুক্তিমান হাজৰিকা আৰু জ্যোতি প্ৰকাশ নাথ। চিত্ৰগ্ৰহণ চন্দ্ৰ কুমাৰ দাসৰ। মুখ্য সহকাৰী পৰিচালক: ৰ’নাল্ড হুছেইন। 

অভিনয় কৰিছে মিণ্টু বৰুৱা, বোধিসত্ত্ব শৰ্মা, অপৰ্ণ দত্ত চৌধুৰী, অৰুণ নাথ, প্ৰিয় কুলদীপ, গৌৰৱ বৰা, অপৰাজিতা মহন্ত, কাব্যশ্ৰী হাজৰিকা, বীজিত বৰা, মনজিৎ নাথ, সৌন্দজ্য ডেকা বৰুৱা, ঋতুপৰ্ণ কলিতা আদিয়ে। সংগীত: অৰ্ণব বশিষ্ঠ, সম্পাদনা কৰা: উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্যৰ। 

২০২৬ চনৰ মে' মাহৰ ভিতৰত চিত্ৰগৃহলৈ অহিব পাৰে 

"গুডবাই গুৰুজী"। অৰুণজিত বৰাৰ পৰিচালনা। NFDC-ৰ প্ৰযোজনা। ইতিমধ্যে দেশ-বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন হোৱা চিনেমা খনত অভিনয় কৰিছে আইমী বৰুৱা,পাৰ্থ প্ৰতিম হাজৰিকা, নৱ মহন্ত, অন্যুন কাশ্যপ আদিয়ে। চিনেমা খনৰ কাহিনী-ৰেখাই গতি কৰিছে "গুৰুজী নামেৰে জনাজাত প্ৰয়াস শইকীয়া নামৰ এজন যুৱ আৰু নিষ্ঠাবান শিক্ষকৰ শিক্ষা পদ্ধতিৰে। কিংকিনিয়া প্ৰাথমিক বিদ্যালয়ত শিশুসকলক পাঠ্যৰ সৈতে বা শিক্ষাৰ সৈতে জড়িত কৰাৰ বাবে অগতানুগতিক পদ্ধতিৰ প্ৰৱৰ্তন কৰে, আৰু শিক্ষাক সমাজৰ হৃদয়লৈ ঘূৰাই আনে। কাহিনী-ৰেখাত সংযোগ কৰে অসমৰ ৫০০ বছৰীয়া ভাওনা থিয়েটাৰ পৰম্পৰা।..."

২০২৬ বৰ্ষটোত মুক্তি দিব পৰাকৈ সাজু হৈ থকা আন এখন অসমীয়া চিনেমা-- "সূৰ্য্যমুখী"। এখন  ৰোমাণ্টিক থ্ৰিলাৰ। চিত্ৰনাট্য ৰচনা কৰিছে ড° বিৰিঞ্চি কুমাৰ মেধিৰ  গল্প "অনুপম অনুকল্প"ৰ আধাৰত। দিব্য চিনে প্ৰডাকচনৰ বেনাৰত চিনেমা নিৰ্মাণ কৰিব কটন কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° তিলোত্তমা বৰুৱাই। অন্তৰা জি জি চৌধুৰীয়ে পৰিচালনাৰ দায়িত্ব লোৱা এই চিনেমা খনৰ মূল চৰিত্ৰ দুটাত আছে কপিল বৰা-উৰ্মিলা মহন্তই। অন্যান্য চৰিত্ৰত: সাগৰ নীল, কুল কুলদীপ, তিলোত্তমা বৰুৱা,বিদ্যা ভাৰতী, প্ৰীতি খাউণ্ড, ৰিয়ান হাজৰিকা, ভাস্কৰ ৰঞ্জন, ৰফিকুল ইছলাম , অনয়ন বৰা ,হৰপল শইকীয়া, অয়নজিৎ দেৱ শৰ্মা, আৰুণিক চৌধুৰী, কৃষ্ণ নাৰায়ণ দত্তবৰুৱা,মৃদুল শৰ্মা, পৰিস্মিতা দত্ত, অনিৰুদ্ধ বৰুৱা, ধীৰ কাশ্যপ আদি। অতিথি অভিনেতা: অৰুণ নাথ, বাহাৰুল ইছলাম। কাহিনীৰ গতিত তিনিটা গীত ব্যৱহাৰ কৰিব। গীতৰ কথা: তিলোত্তমা বৰুৱা আৰু মৈত্ৰেয়ী পাটৰৰ। সুৰ: জনঞ্জয় শইকীয়া, তিলোত্তমা বৰুৱা আৰু সান্নিধ্য ভূঞাৰ। কণ্ঠ: জুবিন গাৰ্গ, জনঞ্জয় শইকীয়া, সান্নিধ্য ভূঞা , মিতালী দে, তিলোত্তমা বৰুৱাৰ। চিত্ৰগ্ৰহণ হিতেন ঠাকুৰীয়াৰ। সম্পাদনা ৰমেন বৰাৰ। সাজসজ্জা পূৰ্বানী গোস্বামীৰ।

মঞ্জুল বৰুৱাৰ "ৰোমাণ্টিক এফেয়াৰ্ছ" চিত্ৰগৃহলৈ আহিব ২০২৬ বৰ্ষটোৰ মাজ ভাগত। চিনেমা খনৰ প্রযোজনা এএম টেলিভিশ্য়নৰ বেনাৰত সঞ্জীৱ নাৰায়ণ আৰু ডাঃ অক্ষতা নাৰায়ণ। 

ভাল লগা খবৰটো হ'ল-- অহা ৯ জানুৱাৰীৰ পৰা ১৫ জানুৱাৰীলৈ মুম্বাইত অনুষ্ঠিত ২২ সংখ্যক থাৰ্ড আই এছিয়ান ফিল্ম ফেষ্টিভেলত ভাৰতীয় চিনেমা প্রতিযোগিতাৰ শাখাত প্রদর্শিত হ'ব-- মঞ্জুলৰ এই নতুন চিনেমা খন। এই খিনিতে নিশ্চয় উল্লেখ কৰিব পাৰোঁ-- "অন্তৰীণ" (২০১৭), "কানীন" (২০১৯), "অনুৰ" (২০২৩) চিনেমা তিনি খনেৰে চিত্ৰৰসিকৰ ওচৰ চপা প্ৰতিভাধৰ পৰিচালক-চিনেমা লেখক গৰাকীয়ে চিনেমা নিৰ্মাণত "সাহিত্য"ক গুৰুত্ব দি আহিছে। প্ৰথম দুখনৰ চিত্ৰনাট্য ৰচনা কৰিছিল ড° ৰীতা চৌধুৰীৰ উপন্যাৰ আধাৰত। তৃতীয় খনৰ চিত্ৰনাট্য লিখিছিল অনুৰাধা শৰ্মা পূজাৰীৰ এটি চুটি গল্পৰ আধাৰত। কিন্তু চতুৰ্থ খনৰ চিত্ৰনাট্য কোনো উপন্যাস বা গল্পৰ আধাৰত লিখা নাই। কাহিনী চিত্ৰনাট্যকাৰ-পৰিচালক গৰাকীৰ নিজৰ। মঞ্জুলৰ ভাষাত-- "এইবাৰ মই নিজৰ কাহিনীৰে চিত্ৰনাট্য লিখিছোঁ। সঁচা এটা সৰু ঘটনা। যিটো মই দেখা পাইছিলো। আৰু সেই ঘটনাটোকে কেন্দ্ৰ কৰি এটা কাহিনী নিৰ্মাণ কৰিছিলো। মূলতঃ কৈশোৰ বয়সৰ এটা কাহিনী। কাহিনী-- সাম্প্ৰতিক সময়ত কৈশোৰ অৱস্থাত যুৱতীসকলে যিবোৰ সমস্যাত ভুগি থাকে বা যিবোৰৰ সন্মুখীন হয় তেনেকুৱা কিছূ চিনেমাৰ কাহিনী ভাগত দেখা পাব।" 

চিনেমা খনৰ বাবে চৰিত্ৰ নিৰ্মাণ কৰিছে কাজভি শংকৰিছন, বলোৰাম দাস,অৰুণ নাথ, স্বাগতা ভৰালী, দীপজ্যোতি কাকতি, ৰীণা বৰা, ৰোনাল্ড হুছেইন অলকজ্যোতি শইকীয়া, গায়ত্ৰী শৰ্মা আদিক লৈ। চিনেমা খপৰ চিত্ৰগ্ৰহণ সুমন দুৱৰাৰ, শব্দ দেৱজিৎ গায়নৰ। সংগীত সপোন শইকীয়াৰ।

নতুন বৰ্ষটোত মুক্ত পোৱাৰ কথা-- আচিন্ত শংকৰৰ "হোমৱ'ৰ্ক"। চিনেমা খনৰ বিষয়-বস্তু “শিশুৰ মনস্তাত্ত্বিক পৰিস্থিতিৰ সৈতে পিতৃ-মাতৃৰ দায়বদ্ধতা”। চিনেমা খনত ব্যৱহাৰ কৰা “আমি যেন যন্ত্ৰ…” আৰু “কিতাপৰ বোজা…” গীত দুটাৰ চিত্ৰায়ণ দেখাৰ পাছত আমাৰ অনুভৱ– কাহিনী-ৰেখাৰ গতিত হয়তো দৰ্শকে “প্ৰশ্ন এটা” অনুভৱ কৰিব– আমি অভিভাৱক সকলে, শিক্ষক সকলে শিক্ষাৰ নামত হোমৱ’ৰ্কৰ নামত কিশোৰ সন্তানক, ছাত্ৰ-ছাত্ৰীক (আমি যেন…) যন্ত্ৰলৈ ৰূপান্তৰ কৰা নাইতো!

"হোমৱ'ৰ্ক" শিশু চিনেমা; কিন্তু কেৱল শিশু-কিশোৰে নহয়, ডাঙৰ সকলেও চোৱাৰ প্ৰয়োজন আছে!

চিনেমা খনৰ চৰিত্ৰ নিৰ্মাণ কৰিছে সূৰ্যাংগ জিউ মাৰ্ঘেৰিটা, গায়ত্ৰী মহন্তু, দেৱজিৎ মজুমদাৰ, হিৰণ্য ডেকা, দেৱজিত হাজৰিকা, পদ্মৰাগ গোস্বামী, চিন্ময় চক্ৰৱৰ্তী, ৰিম্পী দাস, শিশু শিল্পী বৃত্তান্ত নয়ন কাশ্যপ, অলংকৃতা পদ্মৰাগ গোস্বামী আদিক লৈ। সংগীত জুবিন গাৰ্গ আৰু অৰূপজ্যোতি বৰুৱাৰ। চিত্ৰগ্ৰহণ ৰূপমজ্যোতিশইকীয়াৰ। চিনেমা খনৰ পৰিচালকৰ কাহিনীৰে চিত্ৰনাট্য হিমাংশু নাথৰ।

বৰ্ষটোত মুক্তিৰ বাবে সাজু হৈ থকা দুখন বিগ-বাজেটৰ অসমীয়া চিনেমা-- "খাকী" আৰু "ককা দেউতা নাতি আৰু হাতী ২"। 

"খাকী" অতনু ভূঞাৰ পৰিচালনা। চিত্ৰগৃহলৈ আহিব বৰ্ষটোৰ দ্বিতীয়টো মাহত-- ২৭ ফেব্ৰুৱাৰীত। ৰাজনৈতিক থ্ৰীলাৰ খনৰ সহযোগী পৰিচালক জয়ন্ত কুমাৰ ডেকাই কথা প্ৰসংগত ক'লে-- চিনেমা খনৰ making result ভাল! দৰ্শকে ভাল পাব। আধুনিক কাৰিকৰী দিশত গুৰুত্ব দিছে। কাহিনী-ৰেখাই দৰ্শকক  সন্তুষ্ট কৰিব। এগৰাকী আৰক্ষী বিষয়াক কেন্দ্ৰ কৰি কাহিনী-ৰেখা আগবাঢ়িব। বিভিন্ন চৰিত্ৰ আহিব, ৰাজনীতি আহিব। চৰিত্ৰৰ সংখ্যা কম নহয়, প্ৰায় ৫০০। কাহিনীৰ গতিত, কাহিনী নিৰ্মাণত প্ৰতিটো চৰিত্ৰৰে গুৰুত্ব আছে।

--কেইটামান চৰিত্ৰ নিৰ্মাণ কৰিছে অৰুণ নাথ, ডাঃ জাহনাৰা বেগমে, পদ্মৰাগ গোস্বামী, পৱন গায়ন, শ্ৰেয়া বৰঠাকুৰ, ঈশান হাজৰিকা, গীতাৰ্থ শৰ্মা, দ্বীপজ্যোতি ডেকা, হেমন্ত দেৱনাথ, পৰমেশ্বৰ বৰ্মণ, মণ্টু বৰা, মালামাল বয়জ খ্যাত নৱ নাথ, জয়ন্ত ডেকা, অনুপম হাজৰিকা, অৱয়ব ভূঞা, অতুল লহকৰ, কিশোৰ ভট্টাচাৰ্য, ভবেশ বৰুৱা, অসীম শৰ্মা, পুলক কুমাৰ ডেকা, অশ্বিনী বৰা শিৱাণু বৰাক লৈ। চিনেমা খনৰ কাহিনী-চিত্ৰনাট্য চিনেমা খনৰ পৰিচালক অতনু ভূঞাৰ। দৃশ্যগ্ৰহণ প্ৰদীপ দৈমাৰীৰ । ছাউণ্ড ডিজাইনা হিচাপে অমৃত প্ৰীতমৰ । সংগীত ডেনিয়েল বি জৰ্জৰ। 'ৱাৰ’, ‘থ্ৰী-ইডিয়টছ’, ‘ৰাম সেতু’ আদিৰ দৰে বলিউডৰ বহু ছুপাৰহিট চিনেমাৰ সংগীত পৰিচালক ডেনিয়েলে ৰূপালী গল্পটোৰ বাবে তিনিটা গীত সংগীতেৰে নিৰ্মাণ কৰিছে। গীত তিনিটাত কণ্ঠদান কৰিছে– ৰূপম ভূঞা, জয় বৰুৱা আৰু অনুজা ভূঞাই। চিনেমা খনৰ বাজেট প্ৰায় ২ কোটি টকা।

আন খন চিনেমা "ককা দেউতা নাতি আৰু হাতী ২"ৰ পৰিচালক বিশ্বজিত বৰা। "বহ্নিমান", "ৰক্তবীজ"ৰে চেষ্টা কৰিছিল যদিও স্থানীয় বজাৰত সুবিধা কৰিব নোৱাৰিলে। এইবাৰ "ককা দেউতা নাতি আৰু হাতী ২"ৰে আশা কৰিছে! চিনেমা খনৰ নিৰ্মাতা প্রাইড ইষ্ট এন্টাৰটেইনমেন্টছে। অভিনয় কৰিছে যতীন বৰা,

প্ৰাঞ্জল শইকীয়া, তপন দাস, আদিল হুছেইন, উৎপল দাস, প্ৰস্তুতি পৰাশৰ, প্ৰীতি কংগণা, পংকজ মহন্ত,দেৱজীত মজুমদাৰ, শ্ৰেয়া বৰঠাকুৰ আৰু সিদ্ধান্ত কলিতা আদিয়ে। চিত্ৰগ্ৰহণ প্ৰদীপ দৈমাৰীৰ।

কাহিনী-চিত্ৰনাট্য ভাস্কৰ হাজৰিকাৰ। চৰ্চাত স্পষ্ট কৰা হৈছে, শিৰোনামত স্পষ্ট-- বজাৰ সফল, চিৰসেউজ অসমীয়া চিনেমা নিপ বৰুৱাৰ "ককাদেউতা নাতি আৰু হাতী"ৰ চিকুৱেল। ৮০ৰ দশকৰ এই জনপ্ৰিয় চিনেমা খনৰ কাহিনী-চিত্ৰনাট্য লিখিছিল মহেন্দ্ৰ বৰঠাকুৰ আৰু নিপ বৰুৱাই। (আৰু আছে)

--উৎপল মেনা


বুধবার, ১০ ডিসেম্বর, ২০২৫

মৰমৰ দেউতা | বিশ্ব প্ৰিমিয়াৰ...

"তাৰিখ"ৰ পাছতে খবৰ পাইছিলোঁ-- চিনেমা পৰিচালক হিমজ্যোতি তালুকদাৰে সাজু কৰিছে আন এখন অসমীয়া চিনেমা "মৰমৰ দেউতা"। চিত্ৰনাট্য লিখিছিল ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ শিশু উপন্যাস "মৰমৰ দেউতা"ৰ আধাৰত। চিত্ৰনাট্য  অভিষেক দত্ত, সান্তনু ৰৌমুৰিয়া, হিমজ্যোতি তালুকদাৰৰ। 

--উপন্যাস খনৰ মূখ্য চৰিত্ৰ বিপুল। পৰিয়ালত মাক-দেউতাক, এজনী ভনীয়েক আৰু বায়েক। দেউতাক কর্মসূত্ৰে আঁতৰত থাকে। উৎপতীয়া স্বভাৱৰ বিপুল অবাধ্য, কথা শুনিবলৈ বাধ্য নহয়। সেয়াই ঘৰখনৰ সমস্যা।... অবাটে যোৱা বিপুল নিশ্চয় চিনেমা খনৰ কাহিনী-ৰেখাৰো মূল বিন্দু! সম্ভৱতঃ চৰিত্ৰটো চিত্ৰনাট্যকাৰ, পৰিচালকে কিছু সলনি কৰিছে! উপন্যাসৰ পৰা চিনেমালৈ ৰূপান্তৰৰ সময়তো নিশ্চয় "চৰিত্ৰ-কাহিনী"ৰ স্বাভাৱিক পৰিবৰ্তন হ'ব। গতিকে পৰ্দাত যে এজন নতুন বিপুলক দেখা যাব-- সন্দেহ নাই। আমি এতিয়া অপেক্ষাত-- "নতুন বিপুল"ৰ। 

১১ ডিচম্বৰত চিনেমা খনৰ বিশ্ব প্ৰিমিয়াৰ হ'ব ২৩সংখ্যক চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত, ভাৰতীয় পেনোৰামা শিতানত। অসমৰ দৰ্শকে চিনেমা খন চোৱাৰ সুযোগ পাব ২০২৬-ত। 

--চিনেমা খনৰ প্ৰযোজক মমতা  মহিলাৰী। কাৰ্যবাহী প্ৰযোজক ডাঃ মুক্তিমান হাজৰিকা আৰু জ্যোতি প্ৰকাশ নাথ। চিত্ৰগ্ৰহণ চন্দ্ৰ কুমাৰ দাসৰ। মুখ্য সহকাৰী পৰিচালক: ৰ’নাল্ড হুছেইন। 

অভিনয় কৰিছে মিণ্টু বৰুৱা, বোধিসত্ত্ব শৰ্মা, অপৰ্ণ দত্ত চৌধুৰী, অৰুণ নাথ, প্ৰিয় কুলদীপ, গৌৰৱ বৰা, অপৰাজিতা মহন্ত, কাব্যশ্ৰী হাজৰিকা, বীজিত বৰা, মনজিৎ নাথ, সৌন্দজ্য ডেকা বৰুৱা, ঋতুপৰ্ণ কলিতা আদিয়ে। সংগীত: অৰ্ণব বশিষ্ঠ, সম্পাদনা কৰা: উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্যৰ। 

(সংযোজন: বিপুলক পাৰ্থলৈ ৰূপান্তৰ কৰি ৰূপালী গল্পটো আগবঢ়াই নিব এনেদৰে--

অৰুণাচলৰ এখন দুৰ্গম চহৰত কৰ্মৰত প্ৰদীপ বৰুৱাই জীৱন সংগ্ৰাম চলাই থাকে, পৰিয়ালটোৰ সুখৰ বাবে। পৰিয়ালটো আঁতৰত থকে, অসমৰ এখন সৰু চহৰত। পৰিয়াল বুলিবলৈ-- বৰুৱাৰ পত্নী, কন্যা আৰু পুত্ৰ পাৰ্থ। পাৰ্থ অবাটে যায়। মদ্যপান কৰে, ধ্বংসাত্মক আচৰণত কৰে। পিতৃৰ অনুপস্থিতিত পাৰ্থই মাক আৰু ভনীয়েকক অত্যাচাৰ কৰে। পাৰ্থৰ বাবেই ঘৰখনৰ সৈতে বৰুৱাৰ আৱেগিক সম্পৰ্কৰ দূৰত্ব বাঢ়ে। পৰিয়ালটো সমস্যাৰ মাজত সোমাই পৰে।... এদিন পাৰ্থক কোনেৱে প্ৰহাৰ কৰে। চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। --কোনে পাৰ্থক নিৰ্মমভাৱে আক্ৰমণ কৰিছিল! আৰক্ষীৰ তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ সন্মুখত পাৰ্থৰ মাক-দেউতাক। কাহিনী-ৰেখাৰ গতিত উন্মোচন হয়-- লুকাই থকা সত্য, আভ্যন্তৰীণ সংঘাত, আৰু এজন পিতৃয়ে নিজৰ পৰিয়ালক নিজৰ তেজৰ পৰা ৰক্ষা কৰাৰ হতাশজনক প্ৰচেষ্টা।)





মঙ্গলবার, ৯ ডিসেম্বর, ২০২৫

খাকী | ২৭ ফেব্ৰুৱাৰীত...

"খাকী"। বহু চচিত "খাকী"। বলিউডৰ খন নহয়, জলিউডৰ। সংগীতৰ কাম নিৰীক্ষণ কৰিছে চিনেমা খনৰ লেখক-পৰিচালক অতনু ভূঞা। সংগীতৰ কামত ব্যস্ত সংগীত পৰিচালক ডেনিয়েল। কোন ডেনিয়েল?

--ডেনিয়েল বি জৰ্জৰ। বলিউডত চৰ্চিত, পৰিপাটি কামৰ বাবে। বলিউডৰ বাহিৰৰ কামো কৰিছে। "ইণ্টলিজেনণ্ট মিউজিক মেকাৰ"। চৰ্চিত চিনেমা-- 'ৱাৰ’, ‘থ্ৰী-ইডিয়টছ’, ‘ৰাম সেতু’ আদি। ডেনিয়েলৰ এই খনেই প্ৰথম অসমীয়া চিনেমা। "মই ভাবো চিনেমা এখনত সংলাপৰ সমানেই, বা কোনো ক্ষেত্ৰত তাতকৈ বেছি গুৰুত্ব সংগীতৰ। গীতৰ। আৱহ সংগীতৰ। আমি চিনেমা খনৰ শব্দৰ ডিজাইন অমৃত প্ৰীতমৰ সৈতে বহি চিত্ৰগ্ৰহণৰ আৰম্ভণী পৰ্বতে কৰিছোঁ। তেনেদৰে সংগীতৰ ডিজাইনো কৰি লৈছিলোঁ। সংগীতৰ কথা মনলৈ অহাৰ মূহুৰ্ততে ডেনিয়েলৰ কথা আমাৰ মনলৈ আহিছিল। আৰু আন কাৰোবাৰ কথা নাভাবিলোঁ। চিনেমা খনত তিনিটা গীত বা গীতাংশ ব্যৱহাৰ কৰিম। কণ্ঠ দিছে ৰূপম ভূঞা, জয় বৰুৱা আৰু অনুজা ভূঞাই।..."

ৰাজনৈতিক থ্ৰীলাৰ খনৰ সহযোগী পৰিচালক জয়ন্ত কুমাৰ ডেকাই কথা প্ৰসংগত ক'লে-- চিনেমা খনৰ making result ভাল! দৰ্শকে ভাল পাব। আধুনিক কাৰিকৰী দিশত গুৰুত্ব দিছে। কাহিনী-ৰেখাই দৰ্শকক  সন্তুষ্ট কৰিব। এগৰাকী আৰক্ষী বিষয়াক কেন্দ্ৰ কৰি কাহিনী-ৰেখা আগবাঢ়িব। বিভিন্ন চৰিত্ৰ আহিব, ৰাজনীতি আহিব। চৰিত্ৰৰ সংখ্যা কম নহয়, প্ৰায় ৫০০। কাহিনীৰ গতিত, কাহিনী নিৰ্মাণত প্ৰতিটো চৰিত্ৰৰে গুৰুত্ব আছে।

--কেইটামান চৰিত্ৰ নিৰ্মাণ কৰিছে অৰুণ নাথ, ডাঃ জাহনাৰা বেগমে, পদ্মৰাগ গোস্বামী, পৱন গায়ন, শ্ৰেয়া বৰঠাকুৰ, ঈশান হাজৰিকা, গীতাৰ্থ শৰ্মা, দ্বীপজ্যোতি ডেকা, হেমন্ত দেৱনাথ, পৰমেশ্বৰ বৰ্মণ, মণ্টু বৰা, মালামাল বয়জ খ্যাত নৱ নাথ, জয়ন্ত ডেকা, অনুপম হাজৰিকা, অৱয়ব ভূঞা, অতুল লহকৰ, কিশোৰ ভট্টাচাৰ্য, ভবেশ বৰুৱা, অসীম শৰ্মা, পুলক কুমাৰ ডেকা, অশ্বিনী বৰা শিৱাণু বৰাক লৈ। চিনেমা খনৰ কাহিনী-চিত্ৰনাট্য চিনেমা খনৰ পৰিচালক অতনু ভূঞাৰ। দৃশ্যগ্ৰহণ প্ৰদীপ দৈমাৰীৰ । ছাউণ্ড ডিজাইনা হিচাপে অমৃত প্ৰীতমৰ । সংগীত ডেনিয়েল বি জৰ্জৰ। 'ৱাৰ’, ‘থ্ৰী-ইডিয়টছ’, ‘ৰাম সেতু’ আদিৰ দৰে বলিউডৰ বহু ছুপাৰহিট চিনেমাৰ সংগীত পৰিচালক ডেনিয়েলে ৰূপালী গল্পটোৰ বাবে তিনিটা গীত সংগীতেৰে নিৰ্মাণ কৰিছে। গীত তিনিটাত কণ্ঠদান কৰিছে– ৰূপম ভূঞা, জয় বৰুৱা আৰু অনুজা ভূঞাই। চিনেমা খনৰ বাজেট প্ৰায় ২ কোটি টকা।

"খাকী" চিত্ৰগৃহলৈ আহিব বৰ্ষটোৰ দ্বিতীয়টো মাহত-- ২৭ ফেব্ৰুৱাৰীত। 

২০২৬ৰ চিনেমা

২০২৬ বৰ্ষৰ অসমীয়া চিনেমাৰ "যাত্ৰা" চিত্ৰৰসিকৰ বাবে নিশ্চয় সুখকৰ হ'ব! কাৰণ "চিনে-যাত্ৰা" আৰম্ভ হ'ব "চিনেমা"ক চহকী কৰা এগৰাকী চিনে-চিন্তকৰ চিনেমাৰে। জাহ্নু বৰুৱাৰ চিনেমাৰে। পৰিচালক গৰাকীৰ (অপৰূপা, পাপৰি, হালধীয়া চৰায়ে বাওধান খায়, বনানি, ফিৰিঙতি, সাগৰলৈ বহু দূৰ, কুশল, পখী, কণিকাৰ ৰামধেনু, তৰা, বান্ধোন, অজেয়, ভগা খিৰিকী -ৰ পাছত) আন এখন অসমীয়া চিনেমা "হেৰোৱা ছন্দ"। চিনেমা খনত অভিনয় কৰিছে অমৃতা গগৈ, জয় কাশ্যপ, অমৃতা গগৈ, অজু বৰুৱা, সুকন্যা ৰাজগুৰু, ড° অৰূপ বৰঠাকুৰ, উজ্জ্বল বাজখোৱা, ময়ুখ শৰ্মা, দীপচন লাল বৰুৱা, ড° নাৰায়ণ শর্মা আদিয়ে। সংগীত: ইবচন লাল বৰুৱা, নীলোৎপল বৰাৰ। চিত্ৰগ্ৰহণ সুমন দুৱৰাৰ। চৰ্চা মতে, চিনে-চিন্তাৰ লগতে জাহ্নু বৰুৱাই "বজাৰ-চিন্তা"তো গুৰুত্ব দিছে।

বৰ্ষটোত মুক্তিৰ বাবে সাজু হৈ থকা চিনেমাৰ সংখ্যা কম নহয়! কেইবা খনো বিগ-বাজেটৰ। বিশেষ ভাৱে উল্লেখ কৰিব পাৰি-- "খাকী" আৰু "ককা দেউতা নাতি আৰু হাতী ২"। 

"খাকী" অতনু ভূঞাৰ পৰিচালনা। চিত্ৰগৃহলৈ আহিব বৰ্ষটোৰ দ্বিতীয়টো মাহত-- ২৭ ফেব্ৰুৱাৰীত। ৰাজনৈতিক থ্ৰীলাৰ খনৰ সহযোগী পৰিচালক জয়ন্ত কুমাৰ ডেকাই কথা প্ৰসংগত ক'লে-- চিনেমা খনৰ making result ভাল! দৰ্শকে ভাল পাব। আধুনিক কাৰিকৰী দিশত গুৰুত্ব দিছে। কাহিনী-ৰেখাই দৰ্শকক  সন্তুষ্ট কৰিব। এগৰাকী আৰক্ষী বিষয়াক কেন্দ্ৰ কৰি কাহিনী-ৰেখা আগবাঢ়িব। বিভিন্ন চৰিত্ৰ আহিব, ৰাজনীতি আহিব। চৰিত্ৰৰ সংখ্যা কম নহয়, প্ৰায় ৫০০। কাহিনীৰ গতিত, কাহিনী নিৰ্মাণত প্ৰতিটো চৰিত্ৰৰে গুৰুত্ব আছে।

--কেইটামান চৰিত্ৰ নিৰ্মাণ কৰিছে অৰুণ নাথ, ডাঃ জাহনাৰা বেগমে, পদ্মৰাগ গোস্বামী, পৱন গায়ন, শ্ৰেয়া বৰঠাকুৰ, ঈশান হাজৰিকা, গীতাৰ্থ শৰ্মা, দ্বীপজ্যোতি ডেকা, হেমন্ত দেৱনাথ, পৰমেশ্বৰ বৰ্মণ, মণ্টু বৰা, মালামাল বয়জ খ্যাত নৱ নাথ, জয়ন্ত ডেকা, অনুপম হাজৰিকা, অৱয়ব ভূঞা, অতুল লহকৰ, কিশোৰ ভট্টাচাৰ্য, ভবেশ বৰুৱা, অসীম শৰ্মা, পুলক কুমাৰ ডেকা, অশ্বিনী বৰা শিৱাণু বৰাক লৈ। চিনেমা খনৰ কাহিনী-চিত্ৰনাট্য চিনেমা খনৰ পৰিচালক অতনু ভূঞাৰ। দৃশ্যগ্ৰহণ প্ৰদীপ দৈমাৰীৰ । ছাউণ্ড ডিজাইনা হিচাপে অমৃত প্ৰীতমৰ । সংগীত ডেনিয়েল বি জৰ্জৰ। 'ৱাৰ’, ‘থ্ৰী-ইডিয়টছ’, ‘ৰাম সেতু’ আদিৰ দৰে বলিউডৰ বহু ছুপাৰহিট চিনেমাৰ সংগীত পৰিচালক ডেনিয়েলে ৰূপালী গল্পটোৰ বাবে তিনিটা গীত সংগীতেৰে নিৰ্মাণ কৰিছে। গীত তিনিটাত কণ্ঠদান কৰিছে– ৰূপম ভূঞা, জয় বৰুৱা আৰু অনুজা ভূঞাই। চিনেমা খনৰ বাজেট প্ৰায় ২ কোটি টকা।

আন খন চিনেমা "ককা দেউতা নাতি আৰু হাতী ২"ৰ পৰিচালক বিশ্বজিত বৰা। "বহ্নিমান", "ৰক্তবীজ"ৰে চেষ্টা কৰিছিল যদিও স্থানীয় বজাৰত সুবিধা কৰিব নোৱাৰিলে। এইবাৰ "ককা দেউতা নাতি আৰু হাতী ২"ৰে আশা কৰিছে! চিনেমা খনৰ নিৰ্মাতা প্রাইড ইষ্ট এন্টাৰটেইনমেন্টছে। অভিনয় কৰিছে যতীন বৰা,

প্ৰাঞ্জল শইকীয়া, তপন দাস, আদিল হুছেইন, উৎপল দাস, প্ৰস্তুতি পৰাশৰ, প্ৰীতি কংগণা, পংকজ মহন্ত,দেৱজীত মজুমদাৰ, শ্ৰেয়া বৰঠাকুৰ আৰু সিদ্ধান্ত কলিতা আদিয়ে। চিত্ৰগ্ৰহণ প্ৰদীপ দৈমাৰীৰ।

কাহিনী-চিত্ৰনাট্য ভাস্কৰ হাজৰিকাৰ। চৰ্চাত স্পষ্ট কৰা হৈছে, শিৰোনামত স্পষ্ট-- বজাৰ সফল, চিৰসেউজ অহমীয়া চিনেমা নিপ বৰুৱাৰ "ককাদেউতা নাতি আৰু হাতী"ৰ চিকুৱেল। ৮০ৰ দশকৰ এই জনপ্ৰিয় চিনেমা খনৰ কাহিনী-চিত্ৰনাট্য লিখিছিল মহেন্দ্ৰ বৰঠাকুৰ আৰু নিপ বৰুৱাই। 

নতুন বৰ্ষটোত মুক্ত পোৱাৰ কথা-- আচিন্ত শংকৰৰ "হোমৱ'ৰ্ক", বিশ্বজিৎ বৰাৰ "বীৰাংগনা সাধনী", মৃণ্ময় অৰুণ শইকীয়াৰ "অগ্নিবাণ", মঞ্জু বৰাৰ "ৰূপতীৰ্থৰ যাত্ৰী", সমুজ্জ্বল কাশ্যপৰ "অদৃশ্য", অশোক কুমাৰ বিষয়াৰ "যৌৱনে আমনি কৰে-২"

 চিনেমা কেইখনো। "অদৃশ্য" আৰু "অগ্নিবাণ"ৰ মূল চৰিত্ৰত অভিনয় কৰিছে যতীন বৰাই। আজিৰ তাৰিখতো যতীন বৰাৰ হাতত চিনেমাৰ সংখ্যা কম নহয়। নতুন বৰ্ষটোত মুক্তিৰ দিন ঠিক কৰা "চুপা চুপি"তো অভিনয় কৰিছে। অভিনয় কৰিব ৰাজেশ ভূঞাৰ পৰিচালনাৰে "আজলী নবৌ-২", মানস বৰুৱাৰ পৰিচালনাৰে "বাৰুদ-২"ত। ইয়াৰ লগতে ঘৰুৱা প্ৰডাকচনৰ চিনেমাৰ কামো আৰম্ভ কৰিব।


সোমবার, ৮ ডিসেম্বর, ২০২৫

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ।

আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ। 

"দামি গহনা পিন্ধি হাঁহিছা 

হাঁহিটিয়েই চোন এটি গহনা 

গহনা বুলি ধাতু কিনিছা 

কিনিব জানো হাঁহি পাৰিবা


পাৰা যদি সুৰ তুমি ঢালিবা 

ঢালি গভীৰৰ সঁচা তৰঙ্গ 

অঙ্গ ভেদি গান কঁপিব 

কঁপি উঠিব হেৰোৱা ছন্দ..."

চিনেমাৰ গীত। 

চিনেমাৰ নাম: হেৰোৱা ছন্দ। 

জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) --

"বিষুৱ ৰেখা

নাপাওঁ দেখা

ভৰিৰ তলত

দুখন ধৰা

এখন আকাশ

আকাশ ফালি

মেঘৰ বিবাদ…

মোৰ ভগা খিৰিকী

পোহৰ দিয়া খিৰিকী

মোৰ ভগা খিৰিকী

দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী)

পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল "চৰিত্ৰ"টোৰ মনৰ যুঁজৰ (বা "চৰিত্ৰ"টোৰ মনৰ মাজত থকা দুটা ৰূপৰ কথোপকথন) "গীতি-চিত্ৰ"। সম্ভৱতঃ এই চৰিত্ৰটোৱে হ'ব চিনেমা খনৰ কাহিনী-ৰেখাৰ মূল বিন্দু! 

(--সংগীত পৰিচালকে ৰূপালী-গল্পটো মনত ৰাখি কণ্ঠস্বৰৰ ভিন্নতা, "সুৰ-সংগীত" প্ৰয়োগত গুৰুত্ব দিছে। ঊষা উত্থুপৰ "বিশেষ কণ্ঠস্বৰ"ত পাশ্চাত্য সংগীতাৱলীৰ প্ৰভাৱত গঢ় লোৱা সুৰৰ বিপৰীতে অনিন্দিতাৰ কণ্ঠত "ভাৰতীয় সুৰ" প্ৰয়োগ কৰিছে। এনে ধৰণৰ সংগীত কেন্দ্ৰিক চিনে-চিন্তা কম দেখা যায়। 

এই খিনিতে উল্লেখ কৰিব পাৰি "অপৰূপা", "বনানি", "পাপৰি"ৰ দৰে এই ৰূপালী গল্পটোতও জাহ্নু বৰুৱাই "নাৰী-মনৰ ছবি" পৰ্দালৈ আনিব!) 

--মূল চৰিত্ৰটো নিৰ্মাণ কৰিছে অমৃতা গগৈক লৈ। (আন কেইটামান চৰিত্ৰ নিৰ্মাণ কৰিছে জয় কাশ্যপ, অমৃতা গগৈ, অজু বৰুৱা, সুকন্যা ৰাজগুৰু, ড° অৰূপ বৰঠাকুৰ, উজ্জ্বল বাজখোৱা, ময়ুখ শৰ্মা, দীপচন লাল বৰুৱা, ড° নাৰায়ণ শর্মা আদিক লৈ। --অজু জাহ্নু বৰুৱাৰ পুত্ৰ।) 

--চিনেমা খনত দুটা গীত ব্যৱহাৰ কৰিছে। আনটো গীতৰ কথা ৰীতা বৰুৱা দাসৰ, সুৰ-সংগীত নীলোৎপল বৰাৰ, কণ্ঠ গীতালি দত্ত আৰু শিশুশিল্পী অস্মিতা। 

--চিনেমা খনৰ চিত্রগ্রহণত সুমন দুৱৰাৰ, ছাউণ্ড ডিজাইন আৰু মিক্সিং অমৃত প্রীতম আৰু দেৱজিৎ চাংমাইৰ। কাহিনী, চিত্রনাট্য, সংলাপ আৰু সম্পাদনাত হিউ এন বৰুৱা। সহযোগী (সম্পাদনাত) মৃন্ময়। সহকাৰী (পৰিচালনাত) ৰোনাল্ড হুছেইন আৰু পৰিস্মিতা। প্রডাকশ্যন ডিজাইনত গায়ত্রী বৰুৱা। কার্যবাহী প্রযোজনাত মানস দাস। কষ্টিউম ডিজাইন মীনাক্ষি ঢেকিয়াল ফুকনৰ। ৰূপসজ্জাত অৰূপ দাস।

--চিনেমা খন চিত্ৰগৃহলৈ আহিব ২০২৬ বৰ্ষৰ প্ৰথম মাহত। ২ জানুৱাৰীত।

--উৎপল মেনা

বুধবার, ৩ ডিসেম্বর, ২০২৫

জুবিনৰ চিনেমা/ ৩

জুবিন-- চিনেমাৰ অভিনেতা, "নায়ক" (আৰু লেখক-পৰিচালক। এই প্ৰসংগত ইতিমধ্যে চৰ্চা কৰিছোঁ।)। চিনেযাত্ৰা-- সংগীতেৰে। "হিয়া দিয়া নিয়া"ৰ সংগীত পৰিচালনাৰ প্ৰস্তাৱ পোৱাৰ সময়ত জুবিন ব্যস্ত আছিল "তুমি মোৰ মাথো মোৰ"ৰ কামত। পৰিচালনা কৰিব। নিজকে "নায়ক" নিৰ্মাণ কৰিব।সংগীতৰ কাম কৰিব। প্ৰথমে হাতত লোৱা "তুমি মোৰ মাথোঁ মোৰ" চিত্ৰগৃহলৈ আহিছিল ২৪ মাৰ্চ ২০০০ -ত।

হাতত লোৱা দ্বিতীয় খন চিনেমা "হিয়া দিয়া নিয়া" চিত্ৰগৃহলৈ আহিছিল ২৫ ফেব্ৰুৱাৰী ২০০০ -ত। মুনিন বৰুৱাৰ পৰিচালনা "হিয়া দিয়া নিয়া"ত জুবিনে সংগীত পৰিচালনা কৰিছিল। গীতত কণ্ঠ দান কৰিছিল। এটা গীত লিখিছিল। জুবিনে লিখা, সুৰেৰে সজোৱা, গোৱা (থীম্ চং) "হিয়া দিয়া নিয়া..." ৰূপালী গল্পটোৰ প্ৰধান অলংকাৰলৈ ৰূপান্তৰ হৈছিল, জনপ্ৰিয় হৈছিল (আজিও জনপ্ৰিয়)। কাহিনীৰ গতিত চিনেমা খনত ব্যৱহাৰ হৈছিল আৰু ৭টা গীত-- "মিঠা মিঠা..." (কথা: জীমণি চৌধুৰী, কণ্ঠ: জুবিন গাৰ্গ, দেবজিৎ চৌধুৰী, শান্তা উজীৰ, মালবিকা বৰা), "

মিছাতে মিছাতে..."  (কথা: দিগন্ত ভাৰতী, কণ্ঠ: জুবিন গাৰ্গ, দিগন্ত ভাৰতী, চেতনা দাস, হিৰণ্য ডেকা), "নহ’লে পৰিচয়..."  (কথা: হেমন্ত দত্ত। গীতটো দুটা কণ্ঠত ব্যৱহাৰ কৰা হৈছে। এটাত কণ্ঠদান কৰিছে শান্তা উজীৰে, আনটোত জুবিন গাৰ্গে।), "কথাটি বুজিলোঁ..."  কথা: দিগন্ত ভাৰতী, কণ্ঠ: জুবিন গাৰ্গ, তৰালী শৰ্মা), "মলয়াৰ দুপাখিত..."  

কথা: দিগন্ত ভাৰতী, কণ্ঠ: জুবিন গাৰ্গ, তৰালী শৰ্মা)।

জুবিনে পৰিচালনা কৰা "তুমি মোৰ মাথোঁ মোৰ" স্থানীয় বজাৰত সফল নহ'ল। গতিকে স্বাভাৱিতে জুবিত চৰ্চাত থাকিল মুনিন বৰুৱাৰ চিনেমাৰে। ৰোমাণ্টিক গীতৰ পৰা "প্ৰাৰ্থনা"লৈ (শিল্পী গৰাকীৰ কায়িক মৃত্যুৰ পাছত) ৰূপান্তৰ হোৱা "মায়াবিনী ৰাতিৰ বুকুত, দেখা পালোঁ তোমাৰ ছবি..."ও মুনিন বৰুৱাৰ চিনেমা (চিনেমা: দাগ) গীত। চিনেমা খনত ব্যৱহাৰ কৰা গীত ৭টাৰ ভিতৰত কিন্তু বেছি জনপ্ৰিয় হৈছিল-- "মনলে উভতি আহে ল'ৰালি..."  

(কথা: দিগন্ত ভাৰতী, কণ্ঠ: জুবিন গাৰ্গ, দিগন্ত ভাৰতী) গীতটোহে। জনপ্ৰিয়তাৰ কাৰণ-- চিনেমেটিক ট্ৰিটমেণ্ট। সাহিত্যৰ ভাষাৰ বিকল্প হিচাবে ব্যৱহাৰ কৰিছিল। "মায়াবিনী..."ৰ চিত্ৰায়ণ আছিল গতানুগতিক। দৰ্শকে চিত্ৰগৃহৰ পৰা মনত লৈ আহিব পৰা "চিনেমাৰ গীত"লৈ ৰূপান্তৰ হোৱা নাছিল। পাছৰ পৰ্যায়ত গীতটো জনপ্ৰিয় হৈছিল "জুবিনৰ গীত" হিচাবে। (এই খিনিতে উল্লেখ কৰিব পাৰি-- ড°ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰায় ভাগ "চিনেমাৰ গীত" শ্ৰোতাই "শিল্পী" দুগৰাকীৰ গীত হিচাবেই গ্ৰহণ কৰি আহিছে। শ্ৰোতাৰ মাজত জীয়াই আছে।)

চিনেমা কেন্দ্ৰিক চৰ্চাত এই দিশ স্পষ্ট-- সফল ৰূপালী যুটি মুনিন-জুবিন (মুনিন বৰুৱা-জুবিন গাৰ্গ। লগতে অভিনেতা যতীন বৰাৰো নাম যোগ নিদিলে অন্যায় হ'ব। এনে ধৰণৰ চৰ্চা হৈছিল-- অসমীয়া চিনেমাৰ সফল অংক "মুনিন-যতীন-জুবিন"।) মুনিন বৰুৱাই পৰিচালনা কৰা ৯ খন চিনেমা-- "হিয়া দিয়া নিয়া" (২০০০), "দাগ" (২০০১), "নায়ক" (২০০১), "কন্যাদান" (২০০২), "বিধাতা" (২০০৩), "বাৰুদ" (২০০৪), "ৰং" (২০০৪), "দীনবন্ধু" (২০০৪), "প্ৰিয়াৰ প্ৰিয়" (২০১৭) ৰ সংগীত জুবিন গাৰ্গৰ।

"দাগ"ৰ দুটা গীত উল্লেখ কৰিছোঁ। আন কেইটা গীত-- "বিচাৰিছোঁ কাষৰতে..."  (কথা: দিগন্ত ভাৰতী, কণ্ঠ: জুবিন গাৰ্গ, শাশ্বতী ফুকন), "বতাহে বতাহে আহে..."  

কথা: দিগন্ত ভাৰতী; কণ্ঠ: জুবিন গাৰ্গ, জংকী বৰঠাকুৰ), "দাগ মোৰ বুকুতে..."  (কথা-কণ্ঠ: জুবিন গাৰ্গ), "যেনি যাবা সোণ..."  (কথা: দিগন্ত ভাৰতী, কণ্ঠ: মহালক্ষ্মী আয়াৰ, জুবিন গাৰ্গ), "কিনো ভাবা ইমানকৈ..."  (কথা: দিগন্ত ভাৰতী, কণ্ঠ: জুবিন গাৰ্গ, উৎপল শৰ্মা, ৰূপজ্যোতি দেৱী)।

"নায়ক"ৰ গীত: কিনো সুৰীয়া... (কথা:হেমন্ত দত্ত, কণ্ঠ: জুবিন গাৰ্গ, পামেলা জৈন), মতলীয়া বতাহে... (কথা: হেমন্ত দত্ত, কণ্ঠ: জুবিন গাৰ্গ, মহালক্ষ্মী আয়াৰ), লাহে-লাহে বাঢ়িছে... (কথা: দিগন্ত ভাৰতী, 

কণ্ঠ: জুবিন গাৰ্গ, শাশ্বতী ফুকন), মনতে নো আজি... (কথা: জুবিন গাৰ্গ, কণ্ঠ: জুবিন গাৰ্গ, অৰ্ণৱ চক্ৰৱৰ্তী),  

নায়ক হ'ব খুজি... (কথা: হেমন্ত দত্ত, কণ্ঠ: জুবিন গাৰ্গ), মন গহনত বিছাৰিলেই পাওঁ... (কথা: জুবিন গাৰ্গ, কণ্ঠ: জুবিন গাৰ্গ, ছান, পামেলা জৈন)।

"কন্যাদান"ৰ গীত: বান্ধৈ ঐ... (কথা:দিগন্ত ভাৰতী, কণ্ঠ: জুবিন গাৰ্গ), নীলা নীলা... (কথা: জুবিন গাৰ্গ, কণ্ঠ: জুবিন গাৰ্গ, কল্পনা পাটোৱাৰী), লহিয়ালে ৰঙা বেলি... ( কথা: মানস ৰবীন, কণ্ঠ: জুবিন গাৰ্গ, নিৰ্মালী দাস), সোণ-ৰূপেৰেও... (কথা: দিগন্ত ভাৰতী, কণ্ঠ: জ্যোতি প্ৰকাশ দাস, জুবিন গাৰ্গ, মানস ৰবীন, জংকী বৰঠাকুৰ), চোৱাঁ চোৱাঁ... (জুবিন গাৰ্গ, কণ্ঠ: জুবিন গাৰ্গ, মিতালী বৰকটকী), ঊল গুঁঠিব জানেনে... (কথা: মানস ৰবীন, কণ্ঠ: শাশ্বতী ফুকন, মহালক্ষ্মী আয়াৰ, জুবিন গাৰ্গ)।

ৰূপালী গল্পটোক গতি দিয়া "ঊল গোঠিঁব জানেনে নাজানে? তাই ভাত ৰান্ধিব জানেনে নাজানে? তাই তাতঁ লগাব জানেনে নাজানে?..." গীতটো "চিনেমাৰ গীত" হিচাবে জনপ্ৰিয় হৈছিল।

"বিধাতা"ৰ গীত: আলফুলে সাবতি... (কথা-কণ্ঠ: জুবিন গাৰ্গ), আঁতৰি আঁতৰি নৰ'বা... (কথা: জুবিন গাৰ্গ, কণ্ঠ: জুবিন গাৰ্গ, শাশ্বতী ফুকন), ধুনীয়া ধুনীয়া... (কথা: মানস ৰবীন, কণ্ঠ: জুবিন গাৰ্গ, শাশ্বতী ফুকন), মামা অ’ মামী অ’... (কথা: মানস ৰবীন, কণ্ঠ: জুবিন গাৰ্গ, সৌৰিণ), যা যা আঁতৰি যা... (কথা: দিগন্ত ভাৰতী, কণ্ঠ: জুবিন গাৰ্গ)

--এই চিনেমা খনত কামৰূপী লোকগীত "শ্যাম কানু..."ৰ চিনেমেটিক পয়োগ হৈছে। চিনেমা খনৰ "মামা অ’ মামী অ’ বোলো কত গ'লা..." জনপ্ৰিয় হৈছিল, "চিনেমাৰ গীত" হিচাবে। গীতটোত সুৰকাৰ জুবিন গাৰ্গে ওজাপালীৰ সুৰৰ পৰিপাটি ব্যৱহাৰ কৰিছিল। চিনেমা খনৰ "নায়ক"ৰ মনৰ কথা কোৱা গীতটো ব্যৱহাৰ হৈছিল সাহিত্যৰ ভাষাৰ পৰিবৰ্তে।

"বাৰুদ"ৰ বাবে জুবিনে নিৰ্মাণ কৰিছিল ৫টা গীত-- "দেশখন গ'ল ৰসাতলে..." (কণ্ঠ: জুবিন, কথা: মানস ৰবিন), "পূজোঁ আহাঁ..." (কথা-কণ্ঠ: জুবিন), "দেখোঁ যে স্বপ্ন..."  (কথা: হেমন্ত দত্ত, কণ্ঠ: জুবিন গাৰ্গ, শাশ্বতী ফুকন), "গালিকে পাৰাঁ..."  (কথা: মানস ৰবীন, কণ্ঠ: পদ্মিনী). "হেঁপাহেৰে.."  (কথা:হেমন্ত দত্ত, কণ্ঠ: জুবিন গাৰ্গ, পামেলা জৈন)। গীত কেইটা "চিনেমাৰ গীত" হিচাবেই "দৰ্শক-শ্ৰোতা"ৰ মাজত থাকিল। তেনেদৰে "ৰং" চিনেমা খনৰ গীতো "চিনেমাৰ গীত" হিচাবেই "দৰ্শক"ৰ ওচৰত থাকিল। বিপৰীতে "দীনবন্ধু"ৰ গীত "কাহিনী-ৰেখা"ৰ বাবে গীত হৈয়ো "জুবিনৰ গীত" হিচাবে জনপ্ৰিয় হৈছে। চিনেমা খনত ব্যৱহাৰ হোৱা গীত দুটা-- "দিয়া মোক দিয়া, আকাশৰ দৰে দিয়া..." (কথা: ড° ভবেন্দ্ৰ নাথ শইকীয়া, কণ্ঠ: জুবিন গাৰ্গ, অনিন্দিতা পাল), "ক’ৰ এজাক সপোন..." (কথা: ড° ভবেন্দ্ৰ নাথ শইকীয়া, কণ্ঠ: অনিন্দিতা পাল)। চিত্ৰায়ণত চমক নাছিল, সুৰ-শব্দ-গায়কীৰ বাবে ৰূপালী গল্পটোৰ সৌন্দৰ্য  হৈছে গীত দুটা।


চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত সহায় কৰে। 
"তুমি মোৰ মাথোঁ মোৰ"ত জুবিনে (চিনেমা খনৰ পৰিচালক: জুবিন গাৰ্গ। প্ৰথম পৰিচালনা। চিত্ৰগৃহলৈ আহিছিল ২০০০ চনত।) নিজকে ৰোমাণ্টিক হিৰো ইমেজত নিৰ্মাণ কৰিছিল। স্বাভাৱিকতে কেচা অভিনয়। এই বাটে আগবাঢ়ি জুবিনে পৈনত অভিনৰে পৰিচালকক চৰিত্ৰ নিৰ্মাণত সহায় কৰিছিল "গানে কি আনে"ত (পৰিচালক: ৰাজেশ যশপাল। চিত্ৰগৃহলৈ আহিছিল ২০১৬-ত)। এই চৰিত্ৰটো বহু পৰিমানে "জুবিন ইমেজ" মুক্ত, যাৰ বাবে "ৰ’দৰ চিঠি" (পৰিচালক: বাহাৰুল ইছলাম। চিত্ৰগৃহলৈ আহিছিল ২০১৪-ত।), "ডক্টৰ বেজবৰুৱা ২" (পৰিচালক: নিপন গোস্বামী। চিত্ৰগৃহলৈ আহিছিল ২০২৩-ত।), "চিকাৰ" (পৰিচালক: দেবাংকৰ বৰগোহাঁই। চিত্ৰগৃহলৈ আহিছিল ২০২৪-ত।), "সাত নম্বৰৰ সন্ধানত" (পৰিচালক: আব্দুল মজিদ। চিত্ৰগৃহলৈ আহিছিল ২০১৬-ত।), "প্ৰিয়াৰ প্ৰিয়" (পৰিচালক: মুনিন বৰুৱা। চিত্ৰগৃহলৈ আহিছিল ২০১৭-ত।), "দি আণ্ডাৰৱৰ্ল্ড" (পৰিচালক: ৰাজেশ যশপাল। চিত্ৰগৃহলৈ আহিছিল ২০১৮-ত।), "ৰাজনীতি" (পৰিচালক: মঞ্জিত শৰ্মা। চিত্ৰগৃহলৈ আহিছিল ২০২২-ত।) -তকৈ ওপৰত ৰাখিব পাৰি। "চৰিত্ৰ" ভিন্ন। মুনিন বৰুৱাই "কমেডি হিৰো"ৰো বাট দিছিল। কিন্তু জুবিনে "জুবিন ইমেজ"-এৰেহে পৰিচালকৰ নিৰ্দেশ মানিছিল, আমাৰ ধাৰণাত। 
জুবিন গাৰ্গে নিজৰ বাবে নিৰ্মাণ কৰা দুটা চৰিত্ৰ-- কৰ্ণেল গোস্বামী (চিনেমা: মিছন চাইনা। ২০১৭।), অনিৰ্বাণ ভট্টাচাৰ্য (চিনেমা: কাঞ্চনজংঘা। ২০১৯।)। এয়াই সত্য-- চৰিত্ৰ দুটা "বলিউডী ষ্টাইল"ৰ। অভিনয়ৰ সুযোগ লোৱা নাছিল, "চৰিত্ৰ"ক লৈ কাহিনীক দ্ৰুত গতি দিয়াত গুৰুত্ব দিছিল। আমাৰ ধাৰণত-- দৰ্শকে "জুবিনৰ চিনেমা" বুলিয়ে গ্ৰহণ কৰিছিল। তুলনা মুলক ভাৱে কৰ্ণেল গোস্বামীতকৈ অনিৰ্বান শ্ৰেষ্ঠ (অভিনয়), অভিনয়-শক্তি প্ৰয়োগৰ বাবে কিছু "ফুটেজ" লৈছিল। 
--এই খিনিতে চৰ্চা নকৰিলে ভুল হ'ব-- জুবিন গাৰ্গে পৰিচালনা কৰা দ্বিতীয় আৰু তৃতীয় চিনেমা দুখনত "বজাৰ-চিন্তা"ত জোৰ দিছিল। লক্ষ্য আছিল-- অসমীয়া চিনেমাৰ বজাৰ খন বহল কৰা। "বিগ-বাজেট, বিগ-বাজাৰ"। সকলোকে আছৰিত কৰি ২ কোটি টকা বাজেটৰ "মিছন চাইনা" নিৰ্মাণ কৰিছিল। সফলো হৈছিল। চিনেমা খনৰ প্ৰথম পৰ্যায়ত সৰ্বমুঠ আয় ৬.০৭ কোটি টকা। "কাঞ্চনজংঘা" নিৰ্মাণ কৰিছিল ১.৫ কোটি টকা খৰচ কৰি। প্ৰথম পৰ্যায়ত সৰ্বমুঠ আয় ৫.১২ কোটি টকা। এই বাণিজ্যিক সফলতাই অসমীয়া চিনেমাৰ প্ৰযোজকক সাহস দিছে, নতুন বাণিজ্যিক বাট দেখুৱাছে। --জুবিনৰ এই সফলতাৰ মূল-মন্ত্ৰ আছিল আত্মবিশ্বাস। "অসমীয়া চিনেমা নচলে"ৰ দৰে কথা মনলৈ অনা নাছিল। "কিয় নচলিব, চলামেই" ধাৰণাৰে আগবাঢ়িছিল। ক'ব পাৰি-- জুবিনৰ সাহস আৰু বজাৰ-চিন্তা দক্ষতাৰ বাবেই "বিগ-বাজেট, বিগ-বাজাৰ" সূত্ৰ সফল হৈছে। 
আহিছোঁ-- জুবিনে অভিনয় কৰা "ৰৈ ৰৈ বিনালে"লৈ। জুবিনৰ চিনে-চিন্তাৰে ৰাজেশ ভূঞাই পৰিচালনা কৰা এই চিনেমা খনৰ বাজেট ৪ কোটি টকা। প্ৰথম দিনটোৰ সংগ্ৰহ ২.৫২ কোটি টকা। অসমীয়া চিনেমাৰ বজাৰত "নতুন ৰেকৰ্ড"। এই খিনিতে আমি এনে দৰেও চৰ্চা কৰিব পাৰো-- অসমীয়া চিনেমা ৰ "বজাৰ" খন আজিৰ তাৰিখতো বলিউদ বা তেলেগু ইত্যাদি চিনেমাৰ "বজাৰ"ৰ সৈতে তুলনা কৰিব পৰা পৰ্যায় পোৱা নাই। পোৱা সহজ নহয়। গতিকে তুলনা কৰা উচিৎ নহয়। যোৱা ৩১ অক্টোবৰত (২০২৫) চিত্ৰগৃহলৈ অহা তেলেগু চিনেমা (Baahubali: The Epic) "বাহুবলী"ৰ প্ৰথম দিনটোৰ মুঠ বাণিজ্য বিশ্বজুৰি প্ৰায় ১৯ কোটি টকা। ইয়াৰ মুঠ সংগ্ৰহ ভাৰতত প্ৰায় ১৫ কোটি টকা। এই বাণিজ্য মনত ৰাখি আমি "অসমীয়া চিনেমা" বা অসমীয়া ভাষাৰ চিনেমা এখনৰ "বাণিজ্য স্থান" নিৰ্ধাৰণ কৰিলে শুদ্ধ নহব। শুদ্ধ নহব-- এই বাণিজ্য মনত ৰাখি "বাহুবলী"ক প্ৰথম স্থানত ৰাখিলে। আমাৰ "অংক"ত-- যোৱা ৩১ অক্টোবৰত চিত্ৰগৃহলৈ অহা ভাৰতীয় চিনেমাৰ "বক্স অ'ফিচ ৰিপ'ৰ্ট"ত প্ৰথম স্থানত থাকিব লাগে "ৰৈ ৰৈ বিনালে"। "বাহুবলী"ৰ তুলনাত (আনুমানিক বাজেট: প্ৰায় ৪০০ কোটি টকা) "ৰৈ ৰৈ বিনালে"ৰ বাজেট অতি কম। ৪ কোটি টকা। 
--জুবিনৰ লক্ষ্য আছিল "ভাৰতীয় বাণিজ্যিক চিনেমা"ৰে ফেৰ মাৰা। সফল হ'ল-- জীৱনৰ শেষ চিনে কৰ্মৰে।
[জুবিনৰ "চিনেমাৰ গীত,সংগীত" আৰু "ৰৈ ৰৈ বিনালে"ৰ অভিনয় চৰ্চালৈ অনা নাই।]
--উৎপল মেনা