শনিবার, ২৫ ফেব্রুয়ারি, ২০২৩

বীৰঙ্গনা সাধনী

"বীৰঙ্গনা সাধনী" --এখন নতুন অসমীয়া চিনেমা। "দৈনিক অসম"ত লিখিছিলোঁ, যোৱা বছৰৰ শেষৰ ভাগত। যোৱা কেইবা মাহো চিত্ৰনাট্য ইত্যাদিৰ কামত চিনেমা খনৰ লেখক-পৰিচালক বিশ্বজিৎ বৰা ব্যস্ত থকাৰ খবৰ পাই আছিলোঁ। যোৱা ২০ ফেব্ৰুৱাৰীত প্ৰযোজক পক্ষৰ ফালৰ পৰা আমাক জনোৱা হ'ল-- ২৪ ফেব্ৰুৱাৰী তাৰিখে মূল চৰিত্ৰৰ অভিনেতা-অভিনেত্ৰীৰ বাচনি পৰ্ব আৰম্ভ হ'ব, জ্যোতি চিত্ৰবনত।
-------
>> বিচাৰকৰ আসনত আমাৰ সৈতে পৰিচাল বিশ্বজিৎ বৰা, সাংবাদিক অৰুণ লোচন দাস, অভিনেতা অৰুণ হাজৰিকা >>
  "বাচনি পৰ্ব"ত আমিয়ো "বিচাৰক"ৰ আসনত বহিব লাগে। যথা সময়ত বহিলোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা "প্ৰতিভা"ৰ অভিনয় ক্ষমতা অনুভৱ কৰিলোঁ। বিশেষ চৰিত্ৰ দুটাৰ বাবে অৱশ্যে (মোৰ অনুভৱত) "প্ৰতিভা" অনুভৱ নকৰিলোঁ। এই কথা ঠিক, বাচনি পৰ্বত অংশ লোৱা কেইবা গৰাকীও "প্ৰতিভা"ক লৈ পৰিচালকে চিনেমা খনৰ আন কেইবাটাও চৰিত্ৰ নিৰ্মাণ কৰিব পাৰিব!
 "বাচনি পৰ্ব" স্থলিত লগ পালো যতীন বৰাক। 
 (দক্ষ অভিনেতা গৰাকীয়ে হাতত লোৱা "ৰাঘৱ"ৰ দৃশ্য গ্ৰহণৰ কাম প্ৰায় শেষ হৈছে। এটা গীতৰ চিত্ৰায়ণ হোৱাৰ পাছত চিত্ৰগ্ৰহণ সম্পূৰ্ণ হ'ব। চিনেমা খন চিত্ৰগৃহলৈ আহিব এই বছৰৰ শাৰদীয় বতৰত। "ৰাঘৱ" যতীন বৰাৰ তৃতীয় পৰিচালনা।)
 পূৰ্বেই পৰিচালক বিশ্বজিত বৰাই কৈছিল--, যতীন বৰা আৰু তপন দাসক লৈ দুটা বিশেষ চৰিত্ৰ নিৰ্মাণ কৰিব। "most powerful  Cinematic  characters" দুটা নিৰ্মাণৰ বাবে পৰিচালকে ব্লু-প্ৰিণ সাজু কৰিছে। "এনে দুটা চৰিত্ৰ নিৰ্মাণ কৰিম, যি দুটা চৰিত্ৰৰ মাজত দৰ্শকে আজিলৈকে দেখি অহা অভিনেতা দুগৰাকীক বিছাৰি নাপাব।" --বিশ্বজিতৰ কথাত দৃঢ়তা।
 "বীৰাঙ্গনা সাধনী"ৰ বিষয়বস্তু নামটোতে স্পষ্ট-- বীৰাঙ্গনা সতী সাধনীৰ জীৱন গাঁথা তথা ত্যাগ। শেষৰজন চুতীয়া ৰজা ধৰ্মধ্বজপাল বা ধীৰনাৰায়ণৰ জীয়েক-- সাধনী। ৰাজত্ব: ১৫২২-১৫২৪। জন্ম: আনুমানিক ১৫ শতিকাৰ শেষ ভাগত। --বিষয়বস্তুত চেকা বা আঘাট নলগাকৈ color full চিনেকৰ্ম কৰিব পৰিচালকে। পৰিচালকৰ চিন্তা-- নিকা, নিৰ্মল, দৰ্শকক চুব পৰাকৈ বিষয়বস্তুক ৰূপালী গল্পলৈ ৰূপান্তৰ কৰিব। সদৌ অসম চুতীয়া ছাত্র সন্থা,সদৌ চুতীয়া জাতি সন্মিলন,অসম,চুতীয়া যুৱ সন্মিলন অসম, সদৌ চুতীয়া জাতি মহিলা সন্মিলন,অসম ৰ সমূহীয়া প্রচেষ্টাত নিৰ্মাণ হ'বলগীয়া এই চিনেমা খনৰ বাজেট ১০ কোটি টকা বুলি কোৱা হৈছে। (আৰু আছে)
--------------------------
>>বিচাৰকৰ আসনত পৰিচালক চন্দ্ৰ মুদৈ, সাংবাদিক শিৱাণু বৰা, লেখক-চিনেমা নিৰ্মাতা নুৰুল চুলতান, অভিনেত্ৰী চন্দনা শৰ্মা >>

রবিবার, ১২ ফেব্রুয়ারি, ২০২৩

নেদেখা বাট /১

সান্ধ্য আইন ! জনতা সান্ধ্য আইন! --এটা ভাইৰাছৰ পৰা ভাৰতৰ জনতাক ৰক্ষা কৰিবলৈ এটা সূত্ৰ বিছাৰি পাইছে! আৰু দেশৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে আহ্বান জনাইছে। বিপুলে আহ্বানক সহাৰি নিদিয়াৰ বাট দেখা নাছিল। বিপুলৰ মনলৈ এবাৰো আহা নাছিল, তাৰ পাছত এনেদৰে যে ঘৰৰ চৰিবেৰৰ মাজত নিজকে বন্দী কৰি ৰাখিব লাগিব। ২২ মাৰ্চ, ২০২০ ৰ পৰা আজিলৈকে।
সেই যে ২২ মাৰ্চৰ দেওবাৰটোৰ আড্ডাটো হেৰুৱাইছিল, তাৰ পাছত আৰু যে কিমানটা আড্ডা হেৰুৱালে!
২২ মাৰ্চটোৰ পুৱাতেই অনুপমৰ ফোন-- "আজি লগ পাম জানো! আহিবা জানো আমাৰ আস্থানালৈ!"
"পুৱা ৭ বজাৰ পৰা ৰাতি ৯ বজালৈ জনতা সান্ধ্য আইন! ৯ বজাৰ পাছত বহিম দিয়া, তোমাৰ ঘৰত।"
--বিপুল, অনুপম, ৰাজ আৰু দুই-তিনি জনে দিনটোৰ কামৰ অন্তত কোনো এজনৰ ঘৰত আড্ডাত বহে। নিতৌ আড্ডা মৰাতো সিহতৰ অলিখিত নিয়ম। দেওবাৰে সিহতৰ আড্ডা বেছি জমে! সেই দেওবাৰটোত নজমিল, সেই যে নজমিল, আজিলৈকে। চীনৰ পৰা অহা ভাইৰাচটোৰ ভয়ত নিজকে ঘৰৰ চাৰিবেৰৰ মাজত বন্দী কৰি ৰাখিছে বিপুলে। 
বিপুলে শুনিছে চীনৰ ৱুহানত মাৰাত্মক ভাইৰাচটোৰ জন্ম। ভাৰতত হোৱা নাছিল! ৩০ জানুৱাৰী ২০২০ ত ভাৰতত এজন মানুহৰ দেহত ভাইৰাচটোৰ উপস্থিতি পোৱাৰ পাছতে হাহাকাৰ লাগিল। সেই যে লাগিল, লাগিলেই, আজিলৈকে।
¥
কি কৰিম! --কি নকৰিম! মনতে ভাবি আৰু কিছু সময় বিছনাতে বাগৰ সলাই থাকিল বিপুলে। 
৩০-৪০ মিনিট...
হঠাতে বিছনাৰ পৰা জাপ মাৰি উঠি বিপুলে সজতনে ৰাখি থোৱা পুৰণা কাকত-আলোচনীৰ দ'মটোৰ ওচৰ পালে। নিজে লিখা আৰু লে-আউট কৰা কাকত-আলোচনী বোৰ ৰাখি থৈছিল, কিবা এৰাব নোৱাৰা টানত। 
--কিমান যে খবৰ, সাক্ষাৎকাৰ আদি চেপা খাই আছে এই কাকত-আলোচনীৰ দ'মত।
¥
বিপুলৰ মনলৈ আহিল সেই বিশেষ দিনটো। আলোচনী খনৰ পৃষ্ঠা দুটা মান লুটিওৱাৰ পাছতে চকুত পৰিল ফটো খন। 
--জুলেন বৰঠাকুৰৰ ফটো।
ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ জুলেন আহিছিল, গায়ক হোৱাৰ সপোন লৈ।
আৰু আজি! --আজি জুলেন অসমৰ শ্ৰোতাৰ বুকুৰ আপোন।
কিমান বছৰ আগৰ কথা!
--বিপুলৰ ভালদৰে মনত আছে, সেই দিনটো! ১৯৮৪ চনৰ মাৰ্চ মাহৰ দ্বিতীয়তো শুকুৰবাৰ। গুৱাহাটী কমাৰ্চ কলেজৰ ওচৰতে থকা ৰেষ্টুৰেন্ট এখনত বিপুলৰ অপেক্ষাত আছিল জুলেন।
ধনজিৎ দাসৰ সৈতে গৈছিল বিপুল।
¥
বিপুলে জুলেনক নাজানিছিল। ধনজিতে জানিছিল।
বিপুল যি খন কাকতৰ উপ-সম্পাদক, সেই কাকত খনৰ সাংস্কৃতিক পৃষ্ঠাত লিখিছিল ধনজিতে। এদিন ধনজিতে কৈছিল-- "বিপুলদা, জুলেনক হয়তো আপুনি নাজানিব! ডিব্ৰুগড়ৰ! বি বৰুৱা কলেজত পঢ়ে। বহুত ভাল গায়। এই কেছেটটো লওক, শুনিব! আৰু মোৰ অনুৰোধ, কাইলৈ মোৰ সৈতে জুলেনৰ ঘৰলৈ আপুনি যাব লাগিব। জুলেনে আপোনাক লগ পাব খোজে!" বিপুলে "ঠিক আছে" বুলিছিল। ধনজিতে বিপুলৰ ফালে চাইছিল, একেষাৰতে "ঠিক আছে' বুলি কোৱাত।
"মই জুলেনৰ কথা শুনিছোঁ। আছৰিত হ'ব লগীয়া একো নাই!" --বিপুলে কৈছিল।
¥
একোটাকৈ চিকেন ৰ'ল, কফি একোকাপ লৈ বহিছল-- জুলেনৰ সৈতে বিপুল-ধনজিতে। সংগীতৰ কথা পাতিছিল। "মই অসমতে থাকিব নিবিছাৰোঁ, মুম্বাইলৈ যোৱাৰ মন। যামেই!" --জুলেনে কৈছিল।
¥
ধনজিতে জুলেনৰ ফটো লৈছিল। 
পুৰনি আলোচনী খনত নামটো স্পষ্ট হৈ আছে-- ফটো: ধনজিৎ দাস।
বাহিৰত কাৰোবাৰ খোজৰ শব্দ। "কোন আহিব পাৰে", মনতে ভাবি বিপুলে কোঠাৰ দুৱাৰ খন খুলি দিলে।
মানুহ নহয়, এটা কুকুৰ।
কুকুৰ বা মানুহৰ সন্ধানত থকা এটা কুকুৰ।
--বিপুলৰ মনত কিছু ৰং লাগিল। সংগী লাভৰ। ৰৈ নাথাকি ভিতৰলৈ গৈ বিস্কুটৰ টেমাটো আনি এখন নিজৰ মুখত ভৰালে। আৰু দুখন কুকুৰটোক দিলে।
"খা ভাই! অকলে আৰু কিমান দিন খাম! তোৰ সৈতে বিস্কুট খাই পৰম সন্তোষ পালোঁ। অলপ ৰৈ যাবি নে! দুপৰিয়াৰ সাজলৈ!"
কুকুৰটোই কু-কুৱালে। হয়তো বুজিলে, বিপুলৰ কথা!
বুজা বুলি ভাবিয়ে বিপুলে খোজ আগ বঢ়ালে, ৰন্ধা ঘৰলৈ।

শনিবার, ১১ ফেব্রুয়ারি, ২০২৩

অসমীয়াত "দেৱদাস" নিৰ্মাণ হৈছিল নে?

"দেৱদাস" --এখন বাংলা উপন্যাস। শৰৎচন্দ্র চট্টোপাধ্যায়ৰ। প্ৰকাশ পাইছিল ৩০ জুন ১৯১৭ -ত।
এই উসন্যাস খনৰে ৰূপালী গল্প-- "দেৱদাস"। পৰিচালনা কৰিছিল এগৰাকী অসমীয়াই, বাংলা ভাষাত। --হয়, প্ৰমথেশ বৰুৱাই (চিত্ৰগৃহলৈ আহিছিল ১৯৩৫ চনৰ ৩০ মার্চত। দৈর্ঘ্য:১৪১ মিনিট।) বিখ্যাত দেৱ চৰিত্ৰটোত প্ৰমথেশ বৰুৱাই অভিনয়ো কৰিছিল দুই নায়িকা যমুনা বৰুৱা, চন্দ্রাবতী দেৱীৰ বিপৰীতে।
 আৰু তাৰ পাছত? 
 আৰম্ভ হৈছিল "দেৱদাস" কেন্দ্ৰীক ৰূপালী পৰ্দাৰ সোনালী অধ্যায়। 
 নিৰ্মাণ হয় আৰু কেইবা খনো বাংলা "দেৱদাস"। তমিল, তেলেগু, হিন্দী ভাষাতো কেইবা খনো "দেৱদাস" নিৰ্মাণ হয়, চৰ্চালৈ আহে। বিশেষ ভাৱে চৰ্চালৈ আহে বেদান্ত ৰাঘবৈয়াৰ পৰিচালনাৰে নিৰ্মিত তামিল, তেলেগু ভাষাত নিৰ্মিত "দেৱদাসু" (১৯৫৪) আৰু বিমল ৰায়ৰ পৰিচালনাৰে নিৰ্মিত হিন্দী "দেৱদাস" (১৯৫৫)। আৰু চৰ্চালৈ আহিছিল তৃতীয় খন হিন্দী "দেৱদাস", সঞ্জয় লীলা ভাঞ্চালীৰ পৰিচালনাৰে নিৰ্মাণ কৰা ৫০ কোটি টকা বাজেটৰ "দেৱদাস" (জুলাই ১২,২০০২ -ত চিত্ৰগৃহলৈ অহা, 
১৮৩ মিনিট দৈর্ঘ্যৰ, ৫০ কোটি টাকা আয় কৰা) --এই যে চৰ্চালৈ আহিছিল, ইয়াৰ ভিতৰত দুখন দৰ্শকৰ মনত সেউজ হৈ থাকিল। বিমল ৰায় আৰু বেদান্ত ৰাঘবৈয়াৰ "দেৱদাস" দুখন। সৰ্বকালৰ দেৱদাস হৈ থাকিল বিমল ৰায়ৰ দিলীপ কুমাৰ। অৱশ্যে দক্ষিণ ভাৰতত আজিৰ তাৰিখতো সেউজ হৈ আছে বেদান্ত ৰাঘবৈয়াৰ "দেৱদাসু"ৰ নাম ভূমিকাত অভিনয় কৰা আক্কিনেনি নাগেশ্বৰা ৰাও। --এই দুগৰাকী "দেবদাস মুখোপাধ্যায়"ক নিস্প্ৰভ কৰিব নোৱাৰিলে ভাঞ্চালীৰ "দেবদাস মুখোপাধ্যায়" শ্বাহৰুখ খানে। (আৰু আছে)

শুক্রবার, ১০ ফেব্রুয়ারি, ২০২৩

জলছবি

জয়ছেং জয় দহোতীয়াৰ চিনেমা "হান্দুক" চাইছিলোঁ। পৰিচালকৰ চিনেমা, কেৱল পৰিচালকৰ চিনেমা "হান্দুক"। কেমেৰাৰ ভাষাত বিনোদনৰ সন্ধান পোৱা চিনেমা খনৰ বাবে আগ্ৰহ অনুভৱ কৰিছিলোঁ "জলছবি"ৰ প্ৰতি। --হয়, "জলছবি"ও জয়ছেং জয়ৰ পৰিচালনা।চিনেমা খনৰ কাহিনী আগবাঢ়িছে "নায়িকা"ক কেন্দ্ৰ কৰি। "নায়িকা" তাপসীৰ আশা, সপোন চিনেমা খনৰ বিষয়বস্তু। শিক্ষা শেষ কৰি তাপসী উভতি আহে নিজৰ ঘৰ খনলৈ। মাক-দেউতাক আৰু ভায়েকক লৈ তাপসী হতৰ ঘৰখন। চহৰৰ পৰা তাই লৈ আহিছিল "আধুনিকতা" (তাপসীৰ প্ৰতি দেউতাক: তই এই বোৰ কাপোৰ নিপিন্ধিবি!), হাতত "মোবাইল"। তাই হয়তো ভাবিছিল, তইৰ হাতৰ মুঠিতে সকলো! গাওঁত থাকিয়ো তাই সপোন বোৰ বাস্তৱ কৰিব পাৰিব! (কেইটামান শ্বটেৰে আজিৰ, বাস্তৱৰ "মোবাইলৰ পৃথিৱী" খন দেখুৱাইছে পৰিচালকে।) কিন্তু বাস্তৱত? ইণ্টাৰনেট আছে, ঘণ্টাৰ পাছত ঘণ্টা কাৰেণ্ট নাই, সময়ত চাকৰিৰ বাবে দি আহা ইণ্টাৰভিউটোৰ খবৰ "নেট"ত চাব পৰা নাই। নিৰ্দিষ্ট সময়ত, নিৰ্দিষ্ট চৰকাৰী কাৰ্যালয়টোত, নিৰ্দিষ্ট কৰ্মচাৰী গৰাকী নাই, "আজি নহব, কাইলৈ আহিব" উত্তৰ লৈ ঘৰলৈ উভতি আহে। 
--তাপসীৰ "সপোন যাত্ৰা"ত সহায় নকৰে মাক-দেউতাক, ভায়েকে। আঁতৰি যায় প্রেমাস্পদো। আৰু এদিন জীৱনৰ এই যুঁজত তাপসী ধৰাশায়ী হয়, বিধ্বস্ত তাপসীয়ে তাইৰ সমস্ত আশা অদৃষ্টৰ হাতত তুলি দিবলৈ বাধ্য হয়। অজস্ৰজনৰ মাজত লাহে লাহে হেৰাই যাবলৈ ধৰে। মাক-দেউতাকৰ ইচ্ছাত বিয়াত বহে। কিন্তু জীৱন পূৰ্ণ হোৱাৰ আগতেই স্বামীক হেৰুৱাই। ঘৰলৈ উভতি আহে। 
--তাপসী ৰৈ নাযায়, নিজকে নতুন ৰূপত প্ৰতিস্থা কৰে, জীৱন বাটত নিজক নতুন গতি দিয়ে, জলছবিৰ দৰে জলমলাই জলমলাই আগৰবোৰ এদিন নোহোৱা হৈ পৰে, কোনোৱে হিচাপ নৰখাকৈ। দৰ্শকে সংগীতৰ তাল তালে ভায়েকৰ সৈতে নৃত্য কৰি থকা (ইমানতে ৰূপালী গল্পটো শেষ) তাপসীক মনত ৰাখি অনুভৱ কৰে-- জীবনে মোট সলায়, আশাবোৰে নতুনৰ বাট লয়। 
পৰিচালকে ৰূপালী গল্পটো কোৱাৰ সময়ত ৰূপক (metaphor)-ৰ আশ্ৰয় লৈছে। উৎকণ্ঠাৰ সৃষ্ঠি কৰিছে। নায়িকাৰ মনৰ হাহাকাৰ অনুভৱ কৰাইছে।নয়িকাৰ মুখেৰে কোৱাইছে মাছৰ জীৱন। --ৰূপালী গল্পটোৰ গতি ৰূপকৰ আশ্ৰয়ত। এখন ঘন জংঘল। ছাঁ-পোহৰ, এদল লোকৰ পৰা পলাই ফুৰে "চৰিত্ৰ"ই। "চৰিত্ৰ"ক গৰুৰ আকাৰ দিয়া হৈছে। স্পষ্ট হয়, সেই "চৰিত্ৰ"টোৱে কাহিনীৰ মূল বিন্দু--, তাপসী। এই ৰূপকৰ সংযোগ ঘটাই জংঘলত তাপসীৰ সম্পৰ্কীয়ই কৰা-- এটা হেৰুৱা গৰুৰ সন্ধানক। আহ...আহ... ধ্বনি তাপসীৰ মনৰ হাহাকাৰলৈ ৰূপান্তৰ হৈ দৰ্শকৰ ওচৰ পাইছে।  তাপসীৰ অন্তদণ্ড দৰ্শকক সহজতে অনুভৱ কৰাইছে।
--পৰিচালকৰ গল্প কোৱাৰ শৈলীত নতুন চিনেচিন্তা আৱশ্যেই স্বীকাৰ কৰিব লাগিব। লগতে ক'ব লাগিব গল্পৰ ছন্দহীনতা (lack of rhythm)-ৰ কথা। এই ত্ৰুটিৰ বাবেই হয়তো দৰ্শক হৈ থকা সময়ত অনুভৱ কৰিছোঁ, ৰূপালী গল্পটোত সকলো থকাৰ পাছতো যেন "কিবা" নাই।
আহিছো অভিনয় প্ৰসংগলৈ। 
তাপসী চৰিত্ৰটো নিৰ্মাণ কৰিছে ডৰথী ভৰদ্বাজক লৈ। ভাল অভিনয়, ৰূপালী গল্পটোক গতি দিয়াত পৰিচালকক সহায় কৰিছে। (তাপসীৰ দেউতাকৰ চৰিত্ৰত) নাট্যকর্মী নোমলচন্দ্ৰ গগৈৰ, (মাকৰ চৰিত্ৰতঅভিনয় কৰা) বিশিষ্ট বিহুনৃত্য পটীয়সী দুলভা মৰাণ, (ককায়েকৰ চৰিত্ৰত) দুলুকান্ত মৰাণৰ আভিনয় বাস্তৱৰ ওচৰৰ, "গল্পৰ বাবে অভিনয়"। অভিনয়ৰ বিশেষ সুযোগ নথকা চৰিত্ৰ, পৰিচলকৰ চৰিত্ৰ। 
চিনেমা খনৰ মূল সৌন্দৰ্য কেমেৰাৰ ভাষাৰ পৰিপাটি প্ৰয়োগ। বিস্তীর্ণ শ্বট (wide shot) -ৰ সুব্যৱহাৰ চিনে সৌন্দৰ্য বঢ়োৱাৰ লগতে ৰূপালী গল্পটোক দ্ৰুত গতি দিছে (চিনেমাখনৰ চিত্ৰগ্ৰহণ কৰিছে চিদা বৰাই)। প্ৰথম চোৱাত মাজে মাজে "মন্থৰ গতিৰ দোষ"-এ অৱশ্যেই আমনি দিছে (কিন্তু ৰূপালী গল্পটোক দোষে চুৱা নাই)। পৰিচালকে এই "সামান্য আমনি" নিদিলে আমাৰ চিনেসুখৰ অনুভৱ মুকলি-মুকলি হ'ল হেতেন! (আৰু আছে😊)

বুধবার, ৮ ফেব্রুয়ারি, ২০২৩

জুৰী পৰ্ব .../২

অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত (ASFFDC) ৰ ফালৰ পৰা এখন চিঠিৰে মোক আমন্ত্ৰণ জনাইছিল। চিঠিত উল্লেখ আছিল--  ৰাজ্যিক চলচ্চিত্ৰ বঁটা কেন্দ্ৰিক আলোচনা হ'ব.....। যথা সময়ত উপস্থিত হৈছিলোঁ। উপস্থিত আছিল উৎপল বৰপূজাৰী, নয়ন প্ৰসাদ, মঞ্জু বৰা, চন্দ্ৰ মুদৈ, জয়ছেং জয় দহোতিয়া, সান্ত্বনা বৰদলৈ, অশোক কুমাৰ বিষয়া আৰু কেইবা গৰাকীয়ো অসমীয়া চিনেমাৰ সৈতে প্ৰত্যক্ষ-পৰোক্ষ ভাবে জড়িত ব্যক্তি। অসমীয়া চিনেমাৰ উত্তৰণৰ স্বাৰ্থত কাম কৰা চৰাকাৰী বিভাগটোৰ (অসমীয়া চিনেমাৰ উত্তৰণৰ স্বাৰ্থত কিমান কাম কৰিছে সেয়া অন্য প্ৰসংগ।) বৰ্তমানৰ অধ্যক্ষ সীমান্ত শেখৰ, উপ-অধ্যক্ষ অলেক্ষ্য‌ বৰুৱা উপস্থিতিত সেইদিনা চৰ্চা হৈছিল --ৰাজ্যিক চলচ্চিত্ৰ বঁটা ২০১৮ আৰু ২০১৯ বৰ্ষক কেন্দ্ৰ কৰি। ভিন্ন জনে ভিন্ন মত আগ বঢ়াইছিল। আমাৰ ধাৰণাত কথাটো এনেধৰণৰ, বঁটা কেনেদৰে দিয়া হ'ব বিভাগটোৰ ফালৰ পৰা "ব্লু-প্ৰিণ্ট" সাজু কৰা হৈছিল, আমাক শুনোৱা হৈছিল মাত্ৰ! গোটেই "চৰ্চা"টোত মোৰ কিবা গুৰুত্ব থকা বুলি ধাৰণা নকৰিলোঁ, মোক কিয় আমন্ত্ৰণ কৰা হৈছিল-- নুবুজিলোঁ। গতিকে সেই প্ৰসংগ সিমানতে মনৰ পৰা উলিয়াই, "চৰকাৰী কাম এনে ধৰণৰে" বুলি ধৰি লৈ নিজৰ কামত মন দিলোঁ।
কিছু দিন পাছত মনৰ পৰা উলিয়াই দিয়া "বঁটা প্ৰসংগ" আকৌ মনত পেলাই দিলে অধ্যক্ষ সীমান্ত শেখৰৰ "ফোন"-এ। অধ্যক্ষ গৰাকীয়ে ক'লে-- "আপোনাক ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ জুৰী হিচাবে ৰাখিব খুজিছোঁ, আপোনালৈ ২০১৯ বৰ্ষৰ তালিকা খন পঠিয়াই আছো, কিবা প্ৰকাৰে চিনেমা কেইখনৰ সৈতে জড়িত আছে নেকি! জনাব।" --তালিকা খনৰ অপেক্ষাত থাকিলোঁ। (মই চিনেমাত অভিনয় নকৰো, চিত্ৰনাট্য নিলিখো, প্ৰচাৰৰ "ঠিকা"ও নলও। গতিকে মই জড়িত হোৱাৰ কথা নাই। এনেদৰে "ফোন"তে স্পষ্ট কৰি দিয়া বাবে হয়তো!) তালিকা খন কিন্তু নাহিল। (আজিলৈকে অহা নাই।) আহিল এখন "মেইল", "জুৰী" হোৱাৰ আমন্ত্ৰণ। "মেইল"ক গুৰুত্ব দিয়া নাছিলোঁ। ASFFDC -ৰ পৰা "ফোন" আহিছিল, ব্যস্ততাৰ বাবে সহাৰি জনাব পৰা নাছিলোঁ (পাছত "চেক" কৰি দেখিছিলোঁ ৩টা "মিছকল", ১+২) আকৌ অধ্যক্ষ গৰাকীৰ "ফোন"। মোক ASFFDC -ৰ পৰা অহা "ফোন ধৰিবলৈ" আনুৰোধ। আৰু "মেইল" খনৰ কথা মনত পেলাই দিলে। ("মেইল" খনত আছিল-- "The people of Assam feel proud of you about your immense contribution to the Indian Film Industry and we are glad to cordially invite you to the 8th State Film Awards, 2023 as a Jury Member of the Feature Film Section which were certified by Censor Board between 1.1.2019 and 31.12.2019.  ...")
মই অধ্যক্ষ গৰাকীৰ অনুৰোধক সন্মান জনাই "মেইল"ৰ উত্তৰ দিলোঁ -- "ধন্যবাদ, আমন্ত্ৰণৰ বাবে। যথা সময়ত নিশ্চয় উপস্থিত থাকিম।" মোৰ উত্তৰৰ  পাছতে ASFFDC-ৰ ফালৰ পৰা ফোন। মোৰ ঘৰৰ ঠিকনা বিছাৰিলে। আৰু নিৰ্দিষ্ট দিন কেইটাত গাড়ীৰে লৈ যোৱা হ'ব বুলি জনালে, পুৱা ৮-৩০ বজাত সাজু হৈ থকাৰ কথা ক'লে।
--মই নিজকে সাজু কৰিলোঁ। "জাৰ্নেল" দুখন মানৰ পৃষ্ঠা লুটিয়াই শেহতীয়া কাৰিকৰী তথ্য, চিনেমাৰ ভাষা ইত্যাদিৰ মাজত সোমাই থকাৰ মাজতে অচিনাকী নম্বৰ এটাৰ "ফোন" আহিল। চিনাকী দিলে ASFFDC-ৰ বিষয়া। ক'লে --যি কামৰ বাবে আমাক সাজু হৈ থকাৰ কথা কৈছিল, সেই কামটো "Postponed... পাছত যেতিয়া হ'ব জনাম।" আনহাতে অধ্যক্ষ গৰাকীয়ে জনালে--, মোক "২০১৮ বৰ্ষৰ জুৰী"লৈ নিছে। আৰু কিছু কথা।
--তেনেতে পালো আৰু কেইটা মান খবৰ, সেই "কেইটামান" খবৰৰ এটা, "জুৰী" নিৰ্বাচনৰ ক্ষেত্ৰত হস্তক্ষেপ কৰিছে এক বিশেষ "লবী'য়ে। এই খবৰ কিমান সত্য? বিশ্বাস কৰিম জানো!
এই খিনিতে মনলৈ অহা প্ৰশ্ন-- ASFFDC-ৰ বিষয়া গৰাকীৰ সৈতে অধ্যক্ষ গৰাকীৰ কথাৰ মিল নাই কিয়? --এগৰাকী বিষয়াই সাজু হ'বলৈ দি, কেইঘণ্টা মান পাছত  আন এগৰাকী বিষয়াই চিনেমা নিৰ্বাচনৰ কাম "Postponed..." বুলি জনালে কিয়? (মইতো নিজে বা আনৰ হতুৱাই হেচা দি "জুৰী" হ'বলৈ যোৱা নাছিলোঁ!)
--মই "জুৰী"ৰ পৰা আঁতৰি অহাৰ মূল কাৰণ "খেলিমেলি" নহয়। মূল কাৰণ "জুৰী" হোৱা খবৰটো গোপন হৈ থকা নাছিল। চিনেমা নিৰ্বাচন প্ৰক্ৰিয়া শেষ হোৱাৰ আগলৈকে "জুৰী"ৰ নাম প্ৰচাৰ হোৱা কথাটো সহজ ভাৱে লব পৰা বিষয় নহয়। অন্ততঃ মই সহজ ভাৱে লৱ নোৱাৰিলোঁ। নোৱাৰোঁ। (কিয়? চৰ্চা কৰিম আগলৈ। আৰু চৰ্চা কৰিম মোৰ লগতে কোন কেইগৰাকী "জুৰি"ৰ নাম প্ৰচৰ হৈছিল। "প্ৰচাৰ" হোৱা "জুৰী" কেইগৰাকী মানৰ নাম ইতিমধ্যে  ASFFDC-ৰ অধ্যক্ষ গৰাকীক জনাইছোঁ। যদি আমি দিয়া নাম কেইটা "জুৰি"ৰ আসনত আছে...? "চিনেমা" নিৰ্বাচন প্ৰক্ৰিয়াত "প্ৰশ্নোবোধক" থাকি নাজাব নে?)

রবিবার, ৫ ফেব্রুয়ারি, ২০২৩

জুৰী পৰ্ব ১ ...

বঁটা, জুৰী প্ৰসংগত বিভিন্ন চৰ্চা শুনি আছিলোঁ। পঢ়িছিলোঁ, বিশেষকৈ সামাজিক মাধ্যমত। বঁটা ক্ৰয়-বিক্ৰয়ৰ কথাও শুনিছিলোঁ, পঢ়িছোঁ। পঢ়িছোঁ, ঋষি কাপুৰে ১৯৭৩ চনত বঁটা ক্ৰয়ৰ কথা, যিটো বঁটা দৰাচলতে অমিতাভ বচ্চনে পাব লাগিছিল। এই বঁটা ক্ৰয়ৰ কথা কোনে লিখিছিল বা প্ৰকাশ কৰিছিল? --ঋষি কাপুৰে, নিজে, তেওঁৰ biography "Khullam Khulla" -ত। 
"মই ভাবো যে অমিতাভে হুমুনিয়াহ কাঢ়িছিল, কাৰণ মই "ববি"ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিলোঁ, যিটো সেই যুগৰ আগশাৰীৰ চিনেমা আলোচনীয়ে দিয়া বঁটা। মই নিশ্চিত যে তেওঁ অনুভৱ কৰিছিল-- সেই বঁটাটো একে বছৰতে মুক্তি পোৱা "জঞ্জীৰ"ৰ বাবে সঠিকভাৱে তেওঁৰে আছিল।" --ঋষি কাপুৰে লিখিছিল।
এনে ধৰনৰ আৰু বহু কথা সময়ে সময়ে চৰ্চা হৈছে, ভিন্ন মাধ্যমত।
--আমাৰ এই চৰ্চা আগবঢ়াম, চৰ্চলৈ অহা "বঁটা ক্ৰয়-বিক্ৰয়"ৰ দুৱাৰো মুকলি কৰি যাম। 
অসমতো "বঁটাৰ দোকান" কেন্দ্ৰীক চৰ্চা নোহোৱা নহয়। এনে ধৰণৰ চৰ্চাও মন কৰিছোঁ-- এক বিশেষ "লবী"ৰ নিয়ন্ত্ৰণত অসমৰ, অসম কেন্দ্ৰীক "চিনেমাৰ বঁটা"। আনকি "জুৰী" নিৰ্বাচন প্ৰক্ৰিয়া বিশেষ "লবী"ৰ নিয়ন্ত্ৰণত। ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা কৰাৰ আগে আগে "অসমৰ জুৰী" কেন্দ্ৰীক চৰ্চা হৈছিল। অসমৰ পৰা যোৱা জুৰী গৰাকীৰ "চিনে অভিজ্ঞতা"ক প্ৰশ্ন উত্থাপন হৈছিল, চৰ্চা হৈছিল-- অসমৰ "বিশেষ লবী"য়ে "বিশেষ চিনেমা" এখনৰ স্বাৰ্থত দুখন মান অসমীয়া চিনেমাত অভিনয় কৰ, মঞ্চাভিনেত্ৰী গৰাকীক "জুৰী"ৰ আসনত বহুৱাবলৈ "ৰাজনীতি" কৰিছিল, সফল হৈছিল। 
এই "বিশেষ লবী"টোৰ বিৰূদ্ধে একাংশ পৰিচালক-প্ৰযোজকে মাত নমতা নহয়। এগৰাকী প্ৰযোজকে (*প্ৰযোজক গৰাকীৰ লেখাটো আমাৰ হাতত পৰিলে ইয়াত সংযোগ কৰি দিম। লেখাটো আমি বিছাৰি পোৱা নাই। প্ৰযোজক গৰাকীয়ে দিম বুলিছে।) দুগৰাকী ব্যক্তিৰ "নাম" উল্লেখ লিখিছিল-- তেওঁ লোকৰ সৈতে সম্পৰ্ক ভালে ৰাখিব লাগে, ঘৰত গৈ চিনেমা দেখুৱাব লাগে। অন্যথা আমাৰ চিনেমাৰ পাছত লাগি যায়, বিভিন্ন "বঁটা" চলচ্চিত্ৰ মহোৎসৱৰ বাট বন্ধ কৰাত।
--এই "চৰ্চা" কিমান সত্য? চৰ্চা কৰিম, আমাৰ শেহতীয়া "অভিজ্ঞতা"ৰে, আমাৰ হাতত থকা তথ্যৰে। চৰ্চা কৰিম "বঁটা" প্ৰদানৰ পূৰ্বে, নিৰ্বাচনৰ পূৰ্বে "জুৰী"ৰ নাম চৰ্চালৈ অহা প্ৰসংগও। (আৰু আছে😊)

বুধবার, ১ ফেব্রুয়ারি, ২০২৩

হেম চন্দ্ৰ বৰা :এক অধ্যায়

"সংকল্প" --এখন অসমীয়া চিনেমা। 
"শিল্পীৰ পৃথিৱী" --এখন অসমীয়া আলোচনী।
দুটা মাধ্যমৰ, এই দুটা "কাম"ৰ বাবে জানিছিলোঁ হেম চন্দ্ৰ বৰাক। দুটা পৰিপাটি কাম, মন চুই যোৱা কাম। 
হেম চন্দ্ৰ বৰা "সংকল্প", "শিল্পীৰ পৃথিৱী" প্ৰকাশক। --ইমানেই নহয়! 
হেম চন্দ্ৰ আছিল শিক্ষক। গুৱাহাটী কমাৰ্ছ কলেজত পঢ়ুৱাইছিল। কাৰণ জনা নাযায় (জানিব বিছৰা নাই) , শিক্ষকতা বাদ দিয়ে। আৰু এদিন খোজ দিয়ে চিনেমাৰ ক্ষেত্ৰ খনত। প্ৰযোজনা কৰে চুটি চিনেমা "সন্ধান" (১৯৭৪)। তাৰ পাছত "নিয়তি" (চিত্ৰগৃহলৈ আহে ২৪ মাৰ্চ ১৯৭৮ত) নিৰ্মাণ কৰে ইন্দুকল্প হাজৰিকাৰ পৰিচালনাৰে। 
১৯৭৯। দেৱ কুমাৰ বৰুৱাৰ (প্ৰমথেশ বৰুৱাৰ পুত্ৰ) পৰিচালনাৰে নিৰ্মাণ হৈছিল অসমীয়া চিনেমা "নিশাৰ চকুলো"। এই চিনেমা খনেৰে আৰু দুখোজ আগবাঢ়ে-- হেম চন্দ্ৰ বৰাই। পৰিচালনাত সহায় কৰে, মূল চৰিত্ৰ এটাত অভিনয়ো কৰে।
১৯৮৬ চনত আৰু এখোজ। সৱল খোজ। স্বাধীন পৰিচালনা "সংকল্প" চিত্ৰগৃহলৈ আহে।
 "সংকল্প"ৰ দৰ্শক হৈছিলোঁ। কিন্তু নাই, চিনেমা খনৰ পৰিচালনা শৈলী মনলৈ আনিব পৰা নাই। আমি আৰ্ট ফিল্ম বুলি কৈছিলোঁ, লিখিছিলোঁ, (পাছত "চিনেমা" অধ্যয়ণ কৰি জানিছিলো "আৰ্ট চিনেমা" চিনেমা চৰ্চাৰ ভূল ধাৰণা।) আমাৰ দুৰ্বল চিনে চিন্তাৰে। বিষয়বস্তু কিন্তু মনত আছে। বিষয়বস্তুৰ কথা মনলৈ আনি, পদুম বৰুৱাৰ লেখাৰ পৰা অনুভৱ কৰি "সৱল খোজ" বুলি কৈছোঁ।
অসম আন্দোলন (১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰবেশকাৰীসকলৰ বিৰুদ্ধে কৰা অসমীয়া মানুহৰ আন্দোলন।) -ক কেন্দ্ৰ কৰি, ছুই যোৱা কেইবা খনো অসমীয়া চিনেমা নিৰ্মাণ হৈছে, পৰৱৰ্তী সময়ত। মনলৈ অহা চিনেমা কেইখন হ'ল-- মৃদুল গুপ্তাৰ "সূত্ৰপাত", গৌৰি বৰ্মনৰ "যুগে যুগে সংগ্ৰাম", জাহ্নু বৰুৱাৰ "পাপৰি" আৰু হেম বৰাৰ "সংকল্প"।
আমাৰ ধাৰণাত ইয়াৰে একমাত্ৰ হেম বৰাৰ "সংকল্প"ৰ কাহিনী, চৰিত্ৰ নিৰ্মাণ, গল্প সম্পূৰ্ণভাবে আন্দোলনকেন্দ্ৰীক। চিনেমা খনৰ প্ৰসংগত চিনেকৰ্মী, চিনেমা আলোচক পদুম বৰুৱাই লিখিছিল-- " ... 'সংকল্প'ৰ প্ৰাক-প্ৰদৰ্শনী চাই অসমত সুস্থ চলচ্চিত্ৰ নিৰ্মাণৰ বাবে যে শিল্পৰ মাধ্যমটোৰ স্বকীয় প্ৰকাশ-ভঙ্গী আৰু কাৰিকৰী দিশ সম্পৰ্কীয় প্ৰয়োজনীয় ন্যূন্যতম জ্ঞানৰ উপৰিও এটা প্ৰকৃত সংস্কৃতি পৰায়ণ মানসিকতা আৰু মানৱীয় মূল্যবোধৰ অধিকাৰী হোৱাটো নিত্যান্ত বাঞ্চনীয় সেই কথা আগতকৈ ন-দি ক'ব পৰা হ'লো। 'সংকল্প' নিঃসন্দেহে এখন উল্লেখযোগ্য সাফল্য অৰ্জন কৰা সুস্থ কলাধৰ্মী ছবি। সেই স্তৰত আসমীয়া চলচ্চিত্ৰৰ দুখীয়া ভঁৰাললৈ এটা লেখত ল'বলগীয়া দান। ..." ("অগ্ৰদূত"/ ৯ নৱেম্বৰ ১৯৮৬)
--ইয়াৰ পৰায়ে ধাৰণা কৰিব পাৰি ৰঞ্জিত শৰ্মাৰ কাহিনী আৰু চিত্ৰনাট্যৰে নিৰ্মাণ কৰা চিনেমা খনৰ মান।
"সংকল্প"ৰ পাছত?
"হেৰাই থাকিল" পৰিচালক গৰাকী! 
২০ আগষ্ট ২০২২। এটা খবৰ, এখন চুটি চিনেমাৰ। মোৰ w নম্বৰত। মন দিয়া নছিলোঁ।
২৫ ছেপ্টেম্বৰ ২০২২ -ত এটা "পেপাৰ কাটিং"। চকুত পৰিল হেম বৰাৰ নাম। "হেমচন্দ্ৰ বৰাৰ 'হাৰিকেন'লৈ পাঁচটাকৈ বঁটা"।
 "হেমচন্দ্ৰ বৰা পৰিচালিত আৰু ড° জয়ন্তী চুতীয়া প্রযোজিত ‘হাৰিকেন’ নামৰ চলচ্চিত্ৰখনে কলকাতাত শেহতীয়াকৈ অনুষ্ঠিত ‘টেগৰ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত পাঁচটাকৈ বঁটা পাবলৈ সক্ষম হৈছে। হেমচন্দ্ৰ বৰালৈ শ্রেষ্ঠ পৰিচালকৰ বঁটা, ড° জয়ন্তী চুতীয়ালৈ শ্ৰেষ্ঠ প্ৰযোজকৰ বঁটা, হেমচন্দ্ৰ বৰালৈ শ্রেষ্ঠ শিশু পাৰিবাৰিক ছবিৰ সন্মান, অনিন্দিতা ৰুদ্ৰাজ আৰু গ্ৰন্থিক বৰালৈ ক্ৰমে শ্ৰেষ্ঠ অভিনেত্ৰী আৰু অভিনেতাৰ বঁটা প্ৰদান কৰা হৈছে। উল্লেখ্য, লগতে বৰাৰ 'দিবাস্বপ্ন' নামৰ চলচ্চিত্ৰখনো ইতিমধ্যে মুম্বাই ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শনৰ বাবে অন্তৰ্ভুক্ত হৈছে।"
 --হেম বৰা চিনেকৰ্মত ব্যস্ত, মইহে খবৰ ৰখা নাছিলোঁ!
মনত খেদ ভাৱ লৈ চিনেকৰ্মী গৰাকীৰ সৈতে যোগাযোগ কৰিলো। ক'লো "হাৰিকেন" চোৱাৰ মন।
যথা সময়ত চালো। 
(আৰু আছে 😊)assamese cinema by: Utpal Mena