শুক্রবার, ৩১ মে, ২০২৪

"ককাদেউতা" যতীন বৰা..

যতীন বৰাই "অভিনয় শক্তি" দেখুৱাব পৰা চৰিত্ৰত আভিনয় নকৰা নহয়, কৰিছে--, মাত্ৰ এটা ইমেজত। পৰিচালক মুনিন বৰুৱাই নিৰ্মাণ কৰা ইমেজত। "বিধাতা"কে ধৰি কেইখন মান চিনেমাত। সন্দেহ নাই, বিতৰ্কৰ অৱকাশ নাই-- নিপন গোস্বামী, বিজু ফুকনৰ পাছত অসমীয়া চিনেমাৰ "নায়কৰ স্থান" দখল কৰিছে যতীন বৰাই। তেনেদৰে সন্দেহ নাই-- যতীন বৰা নামৰ সম্পূৰ্ণ অভিনেতা গৰাকীৰ "অভিনয় শক্তি" আজিৰ তাৰিখতো অসমীয়া চিনেমাত দৰ্শকে দেখা নাই, চিনেমা লেখকে, চিনেমা পৰিচালকে অভিনেতা গৰাকীক লৈ নতুন বা অন্য ধৰণৰ "চৰিত্ৰ চিন্তা" নকৰা বাবে। 
আমাৰ ধাৰণাত শেহতীয়া ভাবে ("ৰত্নাকৰ"ৰ স্থানীয় বজাৰ সফলতাৰ বাবে হয়তো!) একশ্বনৰ মোহত পৰি চিনে যাত্ৰাৰ ভুল বাটত আগবাঢ়িছে যতীন বৰাই। ভুল বাটত আগবাঢ়ি থকা সময়তে খবৰ পালোঁ-- "ককাদেউতা নাতি আৰু হাতী-২"ৰ খবৰ। খবৰ পালোঁ-- "ককাদেউতা নাতি আৰু হাতী"ত নিপন গোস্বামীক লৈ কৰা "জনপ্ৰিয় ককাদেউতা"ৰ চৰিত্ৰটোৰ দৰে এটা চৰিত্ৰত অভিনয় কৰিব যতীন বৰাই। আভিনয় কৰিব চিনেমা খনৰ আন এটা চৰিত্ৰটো। আমি আশাৰ বাট দেখিছোঁ "ককাদেউতা যতীন"ৰ মাজত যতীন বৰাৰ "অভিনয় শক্তি" অনুভৱৰ সুযোগ পাম!
"ককাদেউতা নিপন গোস্বামী" (মৌজাদাৰ সৰ্বেশ্বৰ শইকীয়া) চৰিত্ৰটো নিপ বৰুৱা, মহেন্দ্ৰ বৰঠাকুৰৰ ৰচনা (পৰিচালক: নিপ বৰুৱা/ কাহিনী: নিপ বৰুৱা, মহেন্দ্ৰ বৰঠাকুৰ/ চিত্ৰনাট্য: নিপ বৰুৱা, মহেন্দ্ৰ বৰঠাকুৰ)। জানিব পৰা নাই "ককাদেউতা যতীন"ৰ চিন্তা নতুনকৈ কৰিছে, নে পূৰ্বৰ ইমেজতে নিৰ্মাণ হ'ব! 
--"ককাদেউতা নাতি আৰু হাতী-২"ৰ পৰিচালক: অচিন্ত শংকৰ, চিত্ৰনাট্য: ৰাজদ্বীপৰ। 
--এই খিনিতে মনলৈ আমিতাভ বচ্চন প্ৰসংগ। ভুল ৰাজনৈতিক সিদ্ধান্তৰ (চন: ১৯৮৪-১৯৮৭) পাছত, জনপ্ৰিয়তা হৃাস হোৱাৰ (চন: ১৯৮৮-১৯৯২) পাছত "লাল বাদশ্বাহ"  (১৯৯৯), "হিন্দুস্তান কি কছম" (১৯৯৯) আদি চিনেমাৰে "বলিউডৰ ভুল বাট"ত খোজ দি পিছল খোৱাৰ পাছত "নতুন ইমেজ" দি আকৌ সফলতাৰ বাট দেখুৱাইছিল আদিত্য চোপ্ৰা(কভি খুছি কভি গম), ৰবি চোপ্ৰা (বাঘবান) আদিৰ দৰে তৰুণ পৰিচালক সকলে। আৰু পাছৰ পৰ্যায়ত ঋতুপর্ণ ঘোষৰ'দ্য লাষ্ট লিয়াৰ", সুজিত সৰকাৰৰ "পিকু",  সঞ্জয় লীলা ভাঞ্চালীৰ "ব্লেক", ৰাম গোপাল বার্মাৰ "চৰকাৰ", মীৰা নায়াৰৰ "শান্তৰাম", শ্বুজিত ছিৰকাৰ "গুলাবো সীতাবো" আদিৰে নতুন বাট লৈছে; এই বাটত কোনো "ইমেজ" নাই, আছে  কেৱল অমিতাভ বচ্চনৰ "আভিনয় শক্তি"। (আমিতাভ বচ্চনৰ এই প্ৰসংগৰ যতীন বৰা কেন্দ্ৰিক ব্যাখ্যা আমি নিশ্চয় কৰিব পাৰোঁ! --আচিন্ত তৰুণ পৰিচালক।)
--আকৌ আহিছোঁ "ককাদেউতা নাতি আৰু হাতী-২"লৈ। প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্টছ প্ৰাইভেট লিমিটেডৰ বেনাৰত ৰিণিকি ভূঞা শৰ্মাই প্ৰযোজনাৰ দায়িত্ব লোৱা এই চিনেমা খনত যতীন বৰাৰ লগতে অভিনয় কৰিব প্ৰাঞ্জল শইকীয়া, উৎপল দাস, প্ৰীতি কংকণা, য়শস্বী ভূঞা আদিয়ে।

শুক্রবার, ২৪ মে, ২০২৪

প্ৰতিশ্ৰুতি /চিনেচৰ্চা

প্ৰথম কথা--  "প্ৰতিশ্ৰুতি"ৰ (বিষয়বস্তুৰ) দৰে চিনেমা এখনৰ প্ৰয়োজন আছিল। চিনেমা খনৰ বিষয়বস্তু: ড্ৰাগছ সমস্যা। চিনেমা খনৰ কাহিনীলৈ আহিছে সৰুৰে পৰা পিতৃ-মাতৃৰ পৰা "মৰমৰ সময়" নোপোৱা এজন যুৱক, যিয়ে ড্ৰাগছৰ কৱলত পৰি জীৱনৰ সোণালী সময় হেৰুৱাই। চহকী পিতৃ-মাতৃৰ একমাত্ৰ সন্তান, এই যুৱক ৰূপালী গল্পটোৰ এটা বিন্দু। যুৱক জন ড্ৰাগছ আসক্ত হোৱাৰ কাৰণ-- পিতৃ-মাতৃৰ প্ৰতি ক্ষোভ। কাহিনীৰ প্ৰথমৰে পৰা দেখা যায় ড্ৰাগছ আসক্ত যুৱক জনৰ মন-মগজুত আছে সংগীত, লোকসংগীত। লোক সংগীত অধ্যয়ণত ব্যস্ত থকা এক যুৱতীৰ সান্নিধ্যলৈ আহে যুবক জন; আৰু যুৱতী গৰিকীৰ তাগিদাত যুবক জন ড্ৰাগছৰ পৰা মুক্ত হয়, সুৰ-সংগীতৰ মাজত বন্দি হয়। ড্ৰাগছ হাৰে, সংগীত জিকে। আৰু স্বাভাৱিকতে (চিনেমা খনৰ নায়ক-নায়িকা যেতিয়া) যুৱক-যুৱতীৰ মাজত প্ৰেমৰ সম্পৰ্ক হয়। "সমস্যা"ৰ লগতে এটা ৰোমাণ্টিক কাহিনী নিৰ্মাণ কৰে পৰিচালকে। ৰোমাণ্টিক কাহিনীটোৰ সৌন্দৰ্য-- গীত, সংগীত আৰু কিছু পৰিমানে কেমেৰাৰ ভাষা। 

চিনেমা খনৰ কাহিনীৰ আন এটা বিন্দু-- ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে ঠিয় দিয়া পুলিছ, এগৰাকী পুলিছ বিষয়া (চৰিত্ৰটো নিৰ্মান কৰিছে প্ৰস্তুতি পৰাশৰক লৈ)। এই বিন্দুটোৰ গতিত দেখা যায়-- চৰকাৰে বিছাৰে, পুলিছ বিভাগে বিছাৰে, এখন ড্ৰাগছ মুক্ত অসম। বিছৰাৰ পাছতো ড্ৰাগছ ব্যৱসায় কেনদৰে চলি থাকে! ড্ৰাগছ ব্যৱসায় চলাই "ৰাজনৈতিক ক্ষমতা" থকা লোকে, সহযোগ কৰে একাংশ পুলিছ বিষয়াই। (ধাৰণা-- এই "গল্প" এই অসমৰে! চিনেমা খনৰ কাহিনী লেখক: চিনেমা খনৰ প্রযোজনাক ৰাতুল বৰুৱাৰ।) সাহিত্যৰ ভাষাৰে, কাহিনীৰ গতিত অসমলৈ ড্ৰাগছ অহাৰ বাট, ড্ৰাগছৰ বজাৰ নিৰ্মাণ কেনেদৰে হয় ইত্যাদিৰো ছবি খন দেখুৱাই। 

--কাহিনীৰ শেষত (দুয়োটা বিন্দুৰ গতি য'ত শেষ হয়) "দৰ্শক"ক আহ্বান, ড্ৰাগছ মুক্ত অসম গঢ়াৰ।

--চিনেমা খনৰ পৰিচালক কিশোৰ তহবিলদাৰে "শক্তি শালি" বিষয়বস্তুক কাহিনীৰে গুঠি (চিত্ৰনাট্য, সংলাপ: কিশোৰ তহবিলদাৰ, ৰাতুল বৰুৱা) কাহিনী, বিষয়বস্তু স্পষ্ট কৰাত সফল। আৱহ সংগীত, গীত আৰু গতিয়ো ইতিবাচক। কিন্তু সাহিত্যৰ ভাষা প্ৰয়োগ হোৱা ছিকুৱেন্সৰ সৰহ ভাগেই "নাট্য মুক্ত" নহয়। আৰু ৰূপালী গল্পটোৰ সৰহ ভাগতে কেমেৰাৰ ভাষা সাহিত্যৰ ভাষাৰ দাস হৈ থাকিল। 

চিনেমা খনৰ আমাৰ ভাল নলগা আন এটা দিশ-- চৰিত্ৰ নিৰ্মাণ। অভিনেতা-অভিনেত্ৰীৰ চেহেৰা ভাষা, সংলাপ প্ৰক্ষেপনে "চৰিত্ৰ"ক প্ৰাণ দিয়াত বা চিন সৌন্দৰ্যলৈ ৰূপান্তৰ কৰাত ব্যৰ্থ। কেইবাটাও ছিকুৱেন্সত চোৱাৰ সময়ত আমাৰ অনুভৱ-- অভিনেতা বা অভিনেত্ৰীয়ে "চৰিত্ৰ" বুজা নাই, কাহিনীৰ গতি আৰু পৰিবেশ অনুভৱ কৰিব পৰা নিই বা পৰিচালকে অনুভৱৰ সুযোগ দিয়া নাই। কথাটো এনেদৰে ক'ব পাৰি-- বেছিভাগ "চৰিত্ৰ" নিৰ্মাণ হৈছে "যান্ত্ৰীক অভিনয়" (mechanical acting)-ৰে। (যান্ত্ৰীক অভিনয়" ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত, বহু ক্ষেত্ৰতে স্বাভাৱিক হ'ব পাৰে! চিনেমাত স্বাভাৱিক বুলিব নোৱাৰি--, দোষ বুলিব পাৰি। এই দোষৰ বিপৰীতে ভাল অভিনয় কৰিছে চিন্ময় চক্ৰৱৰ্তী আৰু প্ৰিয়াংশু বৰুৱাই। অতি কম দৈৰ্ঘৰ চৰিত্ৰত কৰা প্ৰিয়াংশুৰ লগতে পুলিছ বিষয়াৰ চৰিত্ৰত অভিনয় কৰা চিন্ময় চক্ৰৱৰ্তীৰ অভিনয়ে আমাক চুই গৈছে। বিভূতি ভূষণ হাজৰিকাক লৈ নিৰ্মাণ কৰা (অতি-নাটকীয়) খলনায়কৰ চৰিত্ৰটো অতি সাধাৰণ পৰ্যায়তে থাকিল। দক্ষ অভিনেতা গৰাকীক লৈ বাস্তৱিক অভিনয় (realistic acting)-ৰে খলনায়কৰ চৰিত্ৰ এটি নিৰ্মাণৰ বাট নিশ্চয় আছিল! 

শেষত আকৌ সংগীত প্ৰসংগলৈ আহিছোঁ-- পৰিচালকে সংগীত প্ৰয়োগ কৰিছে পৰিবেশ নিৰ্মাণৰ বাবে, কাহিনীক গতি দিয়াত। গীত কেন্দ্ৰিক ছিকুৱেন্স নিৰ্মাণত কেমেৰা ডিজাইন প্রশংসনীয়। চিনেমা খনত ব্যৱহাৰ কৰা "ৰিঙা ৰিঙা মন ডিঙা/ বৰনৈ ভটিয়াই যায়…" (কথা: আমৰিনা জেৰিয়ানা, সুৰ: পৰাণ বৰকটকী, কণ্ঠ: ৰূপম ভূঞা) গীতটো ৰূপালী গল্পটোৰ অংগ, সৌন্দৰ্য, "চিনেমাৰ বাবে গীত" পৰ্যায়ৰ।




বৃহস্পতিবার, ২৩ মে, ২০২৪

গোবৰধন চৰিত /চিনেচৰ্চা

তৰুণ শইকীয়াৰ অনাতাঁৰ নাটক  "গোবৰধন চৰিত"। নাটক খনৰ গোবৰ আৰু মইনা চৰিত্ৰ দুটা আজিও মনৰ মাজত সেউজ হৈ আছে। 
--ইন্দ্ৰ বনীয়াৰ কণ্ঠ আৰু সংলাপ প্ৰক্ষেপন শৈলীয়ে নিৰ্মাণ কৰা গোবৰ, আমাৰ মন-মগজু দখল কৰা "গবৰ ইমেজ"ৰ ওচৰেই নাপালে অৰুণ হাজৰিকাক লৈ নিৰ্মাণ কৰা (চিনেমা খনৰ গোবৰ) চৰিত্ৰটো। দৰ্শকৰ আসনৰ পৰা এয়া আমাৰ প্ৰথম আক্ষেপ। আমাৰ "ইমেজ"ৰ গবৰ আছিল সহজ-সৰল, অজলা। চিনেমাত দেখা গবৰ জনক "সাহিত্যৰ ভাষা"ৰে অজলা বুজাবলৈ চেষ্টা কৰা হৈছে। আৰু যদি এনেদৰে ভৱা হয়-- অনাতাঁৰ নাটক খনৰ "গোবৰ"ৰ সৈতে চিনেমা খনৰ গোবৰৰ কোনো সম্পৰ্ক নাই বা থাকিব লাগে বুলি কোনো কথা নাই! তাৰ পাছতো আমি ক'ম-- গোবৰ চৰিত্ৰটো নিৰ্মাণত পৰিচালক ব্যৰ্থ। চৰিত্ৰটো "অৰুণ হাজৰিকা" হৈ থাকিল। কেবল অৰুণ হাজৰিকায়ে নহয়, মইনাৰ চৰিত্ৰত অভিনয় কৰা স্বাগতা ভৰালীক বাদ দি কোনো এগৰাকী অভিনেতা-আভিনেত্ৰীয়ে "চৰিত্ৰ"ৰ সৈতে একাত্ম হোৱাত সফল বুলিব নোৱাৰি। ক'ব লাগে-- সংলাপ কৈছে, কেমেৰাৰ সন্মূখত "চৰিত্ৰ"ক গতি দিছে। ইমানেই। (অন্যান্য চৰিত্ৰত আভিনয় কৰিছে প্ৰতিভা চৌধুৰী, চেতনা দাস, পূৰ্ণদা শইকীয়া, নমিতা গোস্বামী, মধুমিতা কটকী, মালা বৰঠাকুৰ, কমলেশ শইকীয়া, জয়ন্ত গোস্বামী আদিয়ে।)
--এটা চৰিত্ৰ নিৰ্মাণ কৰিছে সুজিত শৰ্মাক লৈ। মঞ্চ নাটক (ভ্ৰাম্যমাণ থিয়েটাৰ) অভিনয়ৰ পৰা মুক্ত নহয় যদিও, চৰিতটো নিৰ্মাণত পৰিচালক কিছু পৰিমানে সফল। এই চৰিত্ৰটোৰ ওচৰত নিস্প্ৰভ-- মূল চৰিত্ৰ "গোবৰ"। অপ্ৰয়োজনীয় "চৰিত্ৰ"ৰ ভিৰ গোবৰ" নিস্প্ৰভ হৈ পৰাৰ আন এটা দিশ। আমাৰ ধাৰণাত পৰিচালকৰ চৰিত্ৰ নিৰ্মাণ ডিজাইন, গল্পক গতি দিয়াৰ কেমেৰা ডিজাইন নাছিল। কিন্তু কেমেৰা ডিজাইনত মন দিছিল! কেমেৰাৰ ভাষাৰে "পৰিবেশ নিৰ্মাণ"ত মন দিছিল। 
--হয়, চিনেমা খনৰ কাহিনী নিৰ্মাণ কৰিছে গাঁৱত। বিশেষকৈ কেমেৰাৰ ভাষাৰে নিৰ্মাণ কৰা গ্ৰাম্যছবিয়ে আমাক চুই গৈছে। ক'ব পাৰি, কাহিনীৰ গতিত ব্যৱহাৰ কৰা গ্ৰাাম্যছবি চিনেমা খনৰ প্ৰধান অলংকাৰ, ৰূপালী সৌন্দৰ্য। এই ইতিবাচক দিশৰ বাবে স্বাভাৱিকতে প্ৰশংসা কৰিব লাগিব পৰিচালক জয়ন্ত গোস্বামীয়ৰ লগতে চিত্ৰগ্ৰহণকাৰী চন্দন সাগৰক। গাওঁৰ ছবি খন আৰু সুন্দৰ কৰিবলৈ পৰিচালকে (সংগীতো পৰিচালক গোস্বামীৰ।) লক্ষ্মীনাথ বেজবৰুৱাই লিখা 
"ক'ত আছে এনে চাউল পানীত দিলে ভাত?
ক'ত এনে কুঁজীথেকেৰা টেঙাই যায় দাঁত ?
ক'ত পাবা পকাখৰিচা, ক'ত ঢেকীয়া শাক ?
এঠাদৈ ক'ত এনে নেৰায় ধুলে যাক।
হেৰা আমাৰ জন্মভূমি..." গীতটো ব্যৱহাৰ কৰিছে। (এই গীতটো ড° ভূপেন হাজৰিকা, দিলীপ শৰ্মা, সুদক্ষিণা শৰ্মাৰ কণ্ঠত বাণীবদ্ধ কৰিছিল। পূৰ্বে। চিনেমা খনত ব্যৱহাৰ হোৱা গীতটোত কণ্ঠদিন কৰিছে গায়ত্ৰী হাজৰিকাই।) গীতটোৰে অসমৰ এখন (চিনেমাৰ গল্পটোৰ) গাৱঁৰ ছবি আৰু সুন্দৰকৈ স্পষ্ট কৰিছে। গীতটোৰ চিত্ৰায়ণত কুঁহিয়াৰ পেৰা শাল আদি কেমেৰাৰ ফ্ৰেমলৈ আনিছে।

মঙ্গলবার, ২১ মে, ২০২৪

ৰুদ্ৰ / চিনে সংবাদ

'ৰুদ্ৰ" নিৰ্মাণ কৰ্ম চলি আছে! আজিৰ তাৰিখত "বজাৰ সফলতা"ৰ ট্ৰেকত থকা "নায়ক" ৰবি শৰ্মাক লৈ "ৰুদ্ৰ" নিৰ্মাণত ব্যস্ত আছে চিনেমা লেখক-পৰিচালক ৰূপক গগৈ। ৰূপকৰ আমন্ত্ৰণত যোৱা ১০ মে'ত উপস্থিত আছিলোঁ "ৰুদ্ৰ"ৰ মহুৰৎ অনুষ্ঠানত। মহুৰৎ শ্বট দিছিল ৰবি শৰ্মা আৰু অসমৰ বিভিন্ন জিলাৰ পৰা নিৰ্বাচন কৰি অনা কেইগৰাকী মান যুৱকে। দুটা শ্বট লৈছিল, পৰিপাটি action shot (ডিজাইন, নিয়ন্ত্ৰক: দীপক দাস), পৰিচালকৰ নিৰ্দেশত। ভাল লগা দিশটো হ'ল-- দীপক দাস অসমৰ, ৰবি শৰ্মাৰ সৈতে অংশ লোৱা যুৱকৰ দলটো অসমৰ। পৰিচালকে action shot নিৰ্মাণৰ বাবে অসমৰ বাহিৰৰ চিনেকৰ্মীক গুৰুত্ব দিয়া নাই। এয়া ইতিবাচক দিশ। (দীপক দাসে বলিউড কেন্দ্ৰিক চিনেমাত কাম কৰিছে।) 

পৰিচালক ৰূপক গগৈৰ "ৰুদ্ৰ' তৃতীয় পৰিচালনা, "গেংছ অৱ নৰ্থইষ্ট" (হিন্দী), "তুমি মালালা"ৰ পাছত। আমাৰ ধাৰণাত "ৰুদ্ৰ" হ'ব-- একশ্বন আৰু থ্ৰিলাৰ। কাহিনীক গতি দিব ৰবি শৰ্মাই অভিনয় কৰা চৰিত্ৰটোক কেন্দ্ৰ কৰি! সন্দেহ নাই-- এই চিনেমা খনত "একশ্বন হিৰো" ৰবি শৰ্মাক নতুন ৰূপত দেখা যাব। কেৱল "একশ্বন বৃত্ত"তে নাৰাখি ৰবিক নিশ্চয় "ৰোমাণ্টিক ইমেজ"তো বন্দী কৰিব পৰিচালকে। ৰবিৰ বিপৰীতে নন্দিনী কাশ্যপক লৈ নিশ্চয় ৰোমাণ্টিক মুডৰ গীতো চিত্ৰায়ণ কৰিব।

--চিনেমা খনৰ অন্যান্য চৰিত্ৰ নিৰ্মাণ কৰিব মৃদুলা বৰুৱা, অলক নাথ,, অlৰ্চিত অদ্ৰৱ, প্ৰতিভা চৌধুৰী, ৰাজীব গোস্বামী, অদ্ৰি হাতীবৰুৱা, শান্তা ডী জী চৌধুৰী, অনামিকা বৰ্মন, হিমাংশু গগৈ, নৱ মহন্ত, অংসুতা কাশ্যপ, অশ্ৰlমিকা, জাহ্নৱী ম'ৰে, অনুৰাগ অধিকাৰী, হৰি প্ৰসাদ চাহু আদিক লৈ। ২ কোটি টকা বাজেট (চৰ্চা মতে)-ৰ এই অসমীয়া চিনেমা খন শ্যাম প্ৰডাকচনৰ বেনাৰ নিৰ্মাণ হৈ থকা এই চিনেমা খনৰ  প্ৰযোজক: ৰাজেশ কুমাৰ ম'ৰ।

এক চিনে আড্ডাত "ৰুদ্ৰ" চৰ্চা চলি থাকোতো মনলৈ আহিছিল "সূৰুয” (১৯৮৫)-ৰ, আন এখন অসমীয়া চিনেমাৰ। পুলক গগৈৰ পৰিচালনা। এই চিনেমা খন আছিল অসমীয়া চিনেমাৰ সেই সময়ৰ "স্থানীয় বজাৰ"ৰ চমক। পৰিচালনা শৈলী আছিল, সেই সময়ৰ আন অসমীয়া চিনেমাতকৈ বেলেগ, বলিউডৰ চিনেমাৰ ওচৰৰ। তপন দাসৰ দৰে (হিৰো ইমেজৰ) অভিনেতাক লৈ নিৰ্মাণ কৰিছিল "খলনায়ক চৰিত্ৰ"। একশ্বন, সংগীতৰ ব্যৱহাৰো আছিল বলিউডৰ ওচৰৰ। "সূৰুয" প্ৰসংগ মনলৈ এই কাৰণেই আহিছিল-- "ৰুদ্ৰ"ৰ পৰিচালক ৰূপক পুলক গগৈৰ পুত্ৰ। আৰু! বাকী সময়ত স্পষ্ট হ'ব।

সোমবার, ২০ মে, ২০২৪

"কুকি": চিনে সংবাদ

কুকি-- ৰূপালী গল্পটোৰ প্ৰথমটো বিন্দু। বিন্দুটোৰ সৰল ৰৈখিক গতি। গতিত আন কেইবাটাও বিন্দুক মসৃন স্পৰ্শ।


ৰূপালী গল্পটোৰ নাম-- "কুকি" (kooki)। হিন্দী ভাষাৰ চিনেমা (কেইটা মান অসমীয়া সংলাপ প্ৰয়োগ কৰিছে যদিও কাহিনীক গতি দিছে 'হিন্দী সাহিত্যৰ ভাষা' আৰু কেমেৰাৰ ভাষাই। জ্ঞান গৌতমে চিত্ৰগ্ৰহণ কৰা চিনেমা খনৰ ছিকুৱেন্স নিৰ্মাণ পৰিপাটি। ছিকুৱেন্সৰ গতিত চিনে-গাণিতিক প্ৰয়োগ সুপৰিকল্পিত। কাহিনীৰ গতিত সাহিত্যৰ ভাষাক গুৰুত্ব দিছে; কিন্তু কোনো এটা ছিকুৱেন্সতে কেমেৰাৰ ভাষাক সাহিত্যৰ ভাষাৰ বহতীয়া হব দিয়া নাই পৰিচালক প্ৰণৱ জে ডেকাই। (পৰিচালক ডেকাই ড॰ জোনমণি দেৱী খাউণ্ডৰ পৰিকল্পনাৰে ‘কুকি’ৰ কাহিনী-চিত্ৰনাট্য তথা সংলাপো ৰচনা কৰিছে।) --এই যে বহতীয়া হব দিয়া নাই, ইয়াতেই পৰিচালকৰ চিনে শক্তি, পৰিস্কাৰ চিনেচিন্তা (পৰিচালনা কেন্দ্ৰীক) স্পষ্ট। চিনেমা খনৰ বিষয়বস্তু কেন্দ্ৰীক চিনেচিন্তা-- বাস্তৱ, বুদ্ধিদীপ্ত।

--চিনেমা খনৰ সৌন্দৰ্য প্ৰসঙ্গ চৰ্চালৈ আনিলে উল্লেখ কৰিব লাগিব মূলতঃ 'বাস্তৱ অভিনয়'ৰ ওচৰত থাকি কৰা চৰিত্ৰ নিৰ্মাণ, কেমেৰা (-ৰ ভাষা প্ৰয়োগ)  ডিজাইন, শব্দ (আনুষঙ্গিক, প্রভাৱক, নীৰৱতা, সংলাপ আৰু সংগীতো।) ডিজাইনৰ কথা। কেইটামাণ ছিকুৱেন্স যোৱাৰ পাছত (নায়ক-নায়িকা মুখা-মুখী হোৱা) কেমেৰাৰ খেলি-মেলিয়ে আমনি দিছিল, চিনেমা "গতি"ত বাধা হৈছিল। (এই ত্ৰুটিয়ে চিনেমা খনৰ পৰিচালকক মুকলি মনেৰে প্ৰশংসা কৰাত বাধা দিলে।) এই কেমেৰা দোষক বাদ দি, বাকী চিনেমা খনক গতি দিয়া ছিকুৱেন্স নিৰ্মাণ পৰ্ব, শ্বট নিৰ্বাচন-শ্বটৰ গাণিতিক প্ৰয়োগ পৰিপাটি। গল্পক গতি দিয়াৰ লগতে ভূগোল স্পষ্ট কৰাত ব্যৱহাৰ কৰিছে কেমেৰাৰ ভাষা। ব্যৱহাৰ কৰা সংলাপ মেদহীন। তেনেদৰে কাহিনীৰ গতিত প্ৰয়োগ কৰা অসমৰ থলুৱা "সংস্কৃতি" চিনে সৌন্দৰ্যৰ এটা দিশ।

আহিছো কাহিনীলৈ-- ১৬ বছৰীয়া কুকি। ভাল লগা, ভাল পোৱাৰ সৈতে সুখৰ, আনন্দময়ী জীৱন পাৰ কৰা কুকি। আচম্বিতে কুকিৰ সুৰীয়া জীৱন বেসুৰৰ মাজত সোমাই পৰে। তাইক তাইৰ সুৰীয়া পৃথিৱী খনৰ পৰা বিচ্ছিন্ন কৰে। ধর্ষিতা কুকিয়ে ন্যায়বিচাৰত ন্যায় পায়। কিন্তু তাই ন্যায়ৰ পৰ্যাপ্ততাক লৈ প্ৰশ্ন উত্থাপন কৰে। কুকিয়ে উত্থাপন কৰা প্ৰশ্নটোৱে ৰূপালী গল্পটোৰ বিষয়বস্তু। --বিষয়বস্তু স্পষ্ট কৰিছে ৰূপালী গল্পটোৰ শেষত, কুকিৰ মুখত দিয়া সংলাপেৰে। বিষয়বস্তু কৈছে গল্পৰ বুনিয়াদত। সৰল ৰৈখিক গল্পটোৰ ভাল লগা দিশটো হ'ল কাহিনী, চৰিত্ৰ বিন্যাস। কাহিনীৰ গতিত কেইবাটাও উপকাহিনীৰ উক- মুকনি। পৰিচালক-চিত্ৰনাট্যকাৰে মূল গল্পৰ গতিতে সামৰি প্ৰতিটো "উপকাহিনী" সামৰি থৈছে, মূল কাহিনীৰ সৈতে "বিষয়বস্তু"লৈকে গতি দিছে।

--অসমৰ প্ৰযোজকে অসমীয়া পৰিচালকৰ পৰিচালনাৰে নিৰ্মাণ কৰা এই হিন্দী চিনেমা খন (১০০টা)  চিত্ৰগৃহলৈ আহিব অহা ২৮ (২০২৪) জুনত। 

প্ৰযোজক পক্ষৰ মতে, হিন্দী ভাষাত নিৰ্মাণ কৰা "কুকি’"হৈছে অসমীয়া চিনেমা জগতখনৰ সহযোগিতামূলক প্ৰচেষ্টাৰ এক অনন্য নিদৰ্শন। চিনেমা খনৰ সৈতে জড়িত ৯৮ শতাংশ কলা-কুশলী অসমৰ মাটি-পানীৰ সৈতে জড়িত। এই পদক্ষেপে উদ্যোগটোৰ প্ৰতিভাৰ প্ৰাচুৰ্য্যক উজ্জ্বল কৰি তোলাই নহয়, চিনেমা খনৰ সৈতে জড়িত লোকসকলৰ মাজত শিক্ষণ, আন্তঃসাংস্কৃতিক বিনিময় আৰু দক্ষতা বিকাশৰ বাবেও এক মঞ্চ প্ৰদান কৰিছে। এই চিনেমা খনত উদ্যোগটোৰ সুপৰিচিত নামকে ধৰি স্থানীয় আৰু ৰাষ্ট্ৰীয় উভয় পটভূমিৰ অভিনেতা, কণ্ঠশিল্পী আৰু সংগীতজ্ঞসকলে কাম কৰিছে।

"আমাৰ লক্ষ্য হৈছে আমাৰ স্থানীয় অঞ্চলৰ বাহিৰৰ দৰ্শকৰ আগত অসমীয়া চিনেমা সমৃদ্ধি আৰু বৈচিত্ৰ্যক চিত্ৰিত কৰা। ৰাষ্ট্ৰীয় পৰ্যায়ৰ কথিত ভাষা হিন্দীত এই ছবিখন নিৰ্মাণৰ বাবে লোৱা সিদ্ধান্তই আমাৰ কাহিনী উপস্থানৰ শৈলী আৰু কাৰিকৰী দক্ষতাক বহল পৰিসৰৰ দৰ্শকৰ আগত প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰে।" --প্ৰযোজক পক্ষৰ ব্যখ্যা, চিনেমা খন হিন্দী ভাষাত  নিৰ্মাণ কৰা প্ৰসংগত।

শুক্রবার, ১৭ মে, ২০২৪

প্রতিশ্রুতি/ চিনে সংবাদ

কিশোৰ তহবিলদাৰ নাটকৰ মানুহ। serious drama worker-- নাট্যকাৰ, নাটক পৰিচালক, অভিনেতা। এদিন আহিছিল আমাৰ গৃহলৈ, আহি নাটকৰ কথা পতা নাছিল, চিনেমাৰ কথা পাতিছিল। কৈছিল-- "চিনেমা কৰাৰ মন। চিত্ৰনাট্য লিখি আছোঁ, লগতে 'চিনেমা' পঢ়ি আছোঁ।" কথাৰ পৰা আমি ধাৰণা কৰিছিলোঁ, "নাটক"ৰ আঁতৰত থাকি চিনেকৰ্ম কৰিব। আমাৰ ধাৰণা কিমান শুদ্ধ-- সেয়া স্পষ্ট হোৱাৰ বাবে কিশোৰ তহবিলদাৰৰ চিনেমাৰ বাবে আমাৰ প্ৰথম আগ্ৰহ। পৰিচালক গৰাকীৰ প্ৰথম পৰিচালনা চিত্ৰগৃহলৈ অহা নাই, আহিব। দ্বিতীয় পৰিচালনা-- "প্ৰতিশ্ৰুতি"। চিত্ৰগৃহলৈ আহিব অহা ২৪ মে'ত। এই চিনেমা খনৰ প্ৰতি আমাৰ আগ্ৰহৰ  দ্বিতীয় কাৰণ-- চিনেমা খনৰ বিষয়বস্তু। বিষয়বস্তু: ড্ৰাগছৰ ভয়াৱহতা, ড্ৰাগছ সমস্যা। 
চিনেমা খনৰ লেখক-পৰিচালক তহবিলদাৰৰ সৈতে চিনেমা খনৰ কাহিনী, বিষয়বস্তু চৰ্চা কৰিছিলোঁ। "চৰ্চা"ৰ পাছত আমাৰ ধাৰণা-- কাহিনীৰ বিন্দু দুটা। এটা বিন্দু পুলিছ বিষয়া (যিটো চৰিত্ৰ নিৰ্মাণ কৰিছে প্ৰস্তুতি পৰাশৰক লৈ), ড্ৰাগছৰ বিৰূদ্ধে পুলিছৰ অভিযান। দ্বিতীয়টো বিন্দু চহকী পৰিয়ালৰ এজন ড্ৰাগছ আসক্ত যুৱক। দ্বিতীয়টো বিন্দুৰ গতিত সম্ভৱতঃ সংগীত আহিব! ড্ৰাগছ আসক্ত যুৱক জনৰ মন-মগজু ভৰি আছে সংগীতেৰে, লোক সংগীতেৰে। লোক সংগীত অধ্যয়ণত ব্যস্ত থকা এক যুৱতীৰ সান্নিধ্যলৈ আহে যুবক জন; আৰু যুৱতী গৰিকীৰ তাগিদাত যুবক জন ড্ৰাগছৰ পৰা মুক্ত হয়, সুৰ-সংগীতৰ মাজত বন্দি হয়। ড্ৰাগছ হাৰে, সংগীত জিকে! 
কাহিনীৰ গতিত চৰকাৰ আৰু ভিন্ন পক্ষই ড্ৰাগছৰ বিৰূদ্ধে ঠিয় হোৱাৰ পাছতো কিয় বন্ধ কৰিব পৰা নাই ইত্যাদি বিষয়ো আহিব।
--চিনেমা খনৰ অন্যান্য চৰিত্ৰত অভিনয় কৰিছে সিদ্ধার্থ কাশ্যপ, প্লাবিতা বৰঠাকুৰ, বিভূতি ভূষণ হাজৰিকা, চিন্ময় চক্রবর্তী আৰু গীতাবলী ৰাজকুমাৰীয়ে। কাহিনী: চিনেমা খনৰ প্রযোজনাক ৰাতুল বৰবাৰ। চিত্রনাট্য-সংলাপ কিশোৰ তাহবিলদাৰ আৰু ৰাতুল বৰুৱাৰ। সহকাৰী পৰিচালক: সমৰ জ্যোতি। দৃশ্যগ্রহণ কৰিছে সূৰুয ডেকা আৰু সুমন দুৱৰা, হিমানীল কাশ্যপ আৰু ৰাজ দত্তই। 
আমাৰ ধাৰণাত কাহিনীৰ প্ৰথমটো বিন্দুৰ গতিত এক্‌ছনে গুৰুত্ব পাব। এই বিন্দুটোৰ গতিত হয়তো প্ৰস্তুতিক লৈ নিৰ্মাণ কৰা চৰিত্ৰটোৰ বিৰূদ্ধে ঠিয় কৰাব 
 বিভূতি ভূষণ হাজৰিকাক লৈ নিৰ্মাণ কৰা "খলনায়ক"ৰ চৰিত্ৰ এটা। বিভূতি ভূষণ হাজৰিকা মোৰ পছন্দৰ অভিনেতা। স্বাভাৱিকতে "চুই যাব পৰা" চৰিত্ৰ এটাৰ অপেক্ষাত আমি।

মহাযুদ্ধ /চিনেবাৰ্তা

এখন অসমীয়া চিনেমা-- "মহাযুদ্ধ"। ফ্ল'ৰত যুদ্ধ আৰম্ভ হোৱা নাই, হ'ব অহা অক্টোবৰ পৰা, প্ৰধান সেনাপতি নিৰ্মল দাসৰ নিৰ্দেশত। --হয়, "মমতাৰ চিঠি"ৰ পৰিচালক নিৰ্মল দাসৰ দ্বিতীয় পৰিচালনা (feature film) "মহাযুদ্ধ"। কাহিনী চিত্ৰনাট্য সংলাপ পৰিচালক দাসে লিখিছে চিনে চিন্তাৰে, বজাৰ চিন্তাৰে। প্ৰযোজনা ভোগদৈ প্ৰডাকচনৰ বেনাৰত অনুপম ভৰালীৰ। প্ৰযোজক গৰাকীৰ প্ৰথম খন চিনেমা। আভিনয়-সংগীত ভালপোৱা প্ৰযোজক গৰাকীৰ দৰ্শকক এখন ভাল অসমীয়া চিনেমা দিয়াৰ মন। প্ৰযোজক গৰাকীৰ ধাৰণা, অসমীয়া চিনেমাৰ দৰ্শক আছে, ভাল চিনেমা দিব পাৰিলে দৰ্শকে গ্ৰহণ কৰিব।
--চিনেমা খনৰ পৰিচালক-লেখক দাসে কাহিনীৰ ধাৰণা দিলে এনেদৰে--
"যুদ্ধ মানুহৰ মনে মনে
প্ৰেম  ভালপোৱা মৰম
ব্যক্তি সমাজ পৰিয়াল দেশ পৃথিৱী সকলোৰে মনে
অন্তৰে যুদ্ধ--
যুদ্ধৰ পৰা মহাযুদ্ধ লৈ পৰ্যবৰ্সিত হৈছে এই যুদ্ধ।
কিন্তু উপশম হোৱাৰ বাট কি
তাকেই বিশ্লেষণ কৰা হ'ব মহাযুদ্ধ চলচ্চিত্ৰৰ মাজেৰে
মহাযুদ্ধ হ'ব নিবেদন
মহাযুদ্ধৰ
প্ৰতিখন স্ক্ৰিনত
যুদ্ধ হ'ব মনৰ বিৰুদ্ধে মনৰ
প্ৰেমৰ বিৰুদ্ধে অপ্ৰেমৰ
ভালপোৱাৰ বিৰুদ্ধে চলনাৰ
ইত্যাদি ইত্যাদি বহু যুদ্ধ
কিন্তু
উপশম ঘটোৱাৰ উপায়?
অপেক্ষা অপেক্ষা অপেক্ষা মাথোঁ‌!"
পৰিচালক গৰাকীয়ে গৰাকীয়ে আমাক ধাৰণা দিলে, চিনেমা খন চিনেশিল্প বৃত্তটোৰে হ'ব; কিন্তু চিনেচিন্তা কৰা হ'ব বজাৰ চিন্তাৰে।
--প্ৰথম খন চিনেমা "মমতাৰ চিঠি"ৰে চৰ্চালৈ অহা পৰিচালক নিৰ্মল দাস মূলতঃ নাট্যকৰ্মী। ভালে মান নাটক লিখিছে, পৰিচালনা কৰিছে, অভিনয় কৰিছে। চৰ্চালৈ আহিছে। "প্ৰতীক্ষা" (মঞ্চস্থ হোৱা চনঃ১৯৯৭) ৰে নাট্যযাত্ৰা কৰা  নাট্যকৰ্মী গৰাকীৰ ৰচনা: মায়া, সৃষ্টি, মেৰুদণ্ড, ৰ'দ ৰেঙনি, মনৰ মৰম, শূন্যতা পূৰ্ণতা, ভায়োলীন, শব্দ স্তব্ধ সময়, কৈলাশৰ ভকুৱা, ৰ'দালি, আশা, ক্ষুধা  শব্দ স্তব্ধ সময়,নিসংগতাৰ ৰং(একাংকিকা)। লিখা পূৰ্ণাংগ নাটক-- মায়া মথোঁ‌ মায়া, কেনে আছা ৰাধা, মমতাৰ চিঠি, মনৰ মৰম(পূৰ্ণাংগ ৰূপত), মন নগ্ন নগ্ন সময়
 মনৰ চিলা, তথাস্তু(ৰমা বেজবৰুৱাৰ গল্পৰ আধাৰত), সংকল্প, ৰাবনে হৰি নিলে সীতা কি এহে, ইতি মৰমেৰে ..., সুদৰ্শন চক্ৰ। ভ্ৰাম্যমান থিয়েটাৰত মঞ্চস্থ হোৱা নাটক--মমতাৰ চিঠি,  মই ভূপেন দাই কৈছো, মায়া মাথো মায়া, মৰমৰ উৰ্মিমালা, ছহিদ খৰ্গেশ্বৰ,সপোনৰ শেষ নাই, আকাশৰ চন্দ্ৰমা, ভুলতো নাচাবা তুমি, মৰমেৰে দেউতা, মা এধানি মৰম দিয়া,এখনি আলসুৱা হৃদয়,বৰষুণ আদি।
নাট্যকৰ্মী গৰাকীয়ে অসমীয়া চিনেমাতো অভিনয় কৰিছে। অভিনয় কৰা চিনেমাৰ তালিকাত আাছে-- "নটসূৰ্য The Untold Story " (পৰিচালক: বিশ্বজিৎ ডেকা), ধন কুবেৰৰ ধন (পৰিচালক: ধীৰাজ কাশ্যপ)
আৰু লোকবন্ধু (পৰিচালক: ধীৰাজ কাশ্যপ)।

বৃহস্পতিবার, ১৬ মে, ২০২৪

বোৰ্খা আৰু এগৰাকী অভিনেতা /চিনেচৰ্চা

এটা সৰু চৰিত্ৰ। অতি কম ফুটেজৰ চৰিত্ৰ। নিৰ্মাণ কৰিছে বিশ্বজিৎ বৰাই। বহু "চিনাকী মুখ"ৰ বেছি দৈৰ্ঘৰ চৰিত্ৰৰ মাজত আমাৰ চকুত কম দৈৰ্ঘৰ চৰিত্ৰটো পৰিছিল চিনেমেটিক অভিনয়ৰ বাবে। চিনেমা খনৰ নাম-- "বেলকনিত ভগৱান"। অভিনেতা গৰাকীক জনা নাছিলোঁ, জানিলোঁ "কুঁহিপাঠ" নামৰ চিনেমা খন চোৱাৰ পাছতহে। যোৱা ১২ মে' তাৰিখে চিনেমা খন চোৱাৰ পাছত অভিনেতা গৰাকীক জানিছিলোঁ, বুজিবলৈ চেষ্টা কৰিছিলোঁ! ইমান খিনি বুজিছিলোঁ-- অভিনয়ৰ বাবে অভিনয় কৰা অভিনেতা। সৰল ভাষাত "আভিনয় পাগল" বুলিয়ো কব পাৰি। আৰু জানিছিলোঁ, চৰিত্ৰ বুজি, "চৰিত্ৰ"লৈ নিজকে ৰূপান্তৰ কৰাৰ পাছতহে কেমেৰাৰ সন্মুখত শ্বট দিয়ে। --অভিনেতা গৰাকীৰ নাম যতীন খনিকৰ। 
যতীন খনিকৰ চৰ্চালৈ আহিছিল চন্দ্ৰ মুদৈৰ পৰিচালনাৰে নিৰ্মিত-- "গো গো আই"ত কৰা অভিনয়ৰে। মূল চৰিত্ৰটোত অভিনয় কৰিছিল। পৰিচালক-লেখক মুদৈয়ে COVID-19 lockdown-ৰ সময়ৰ এটা সঁচা কথাৰ আধাৰত কাহিনী, আৰু কাহিনীক গতি দিয়া চৰিত্ৰ (কাহিনীৰ মূল বিন্দু)  এটা নিৰ্মাণ কৰিছিল। কাহিনীৰ সেই মূল বিন্দুটো পৰিচালকে নিৰ্মাণ কৰিছিল যতীন খনিকৰক লৈ। চৰিত্ৰটো লকডাউনৰ সময়ত গুজৰাটৰ পৰা অসমলৈ যাত্ৰা কৰা এগৰাকী লোকৰ। চিনেমা খনৰ মূল সৌন্দৰ্য খনিকৰৰ অভিনয়।
--এই গৰাকী অভিনেতাক লৈ আৰু ভালেমান ভাল চৰিত্ৰ নিৰ্মাণ হৈছে। শেহতীয়া ভাবে নিৰ্মাণ হোৱা এটা চৰিত্ৰৰ নিৰ্মাতা হীৰেণ বৰা। চিনেমা: বোৰ্খা (the veil)। কাহিনী: জিতুমণি বৰাৰ। চিত্ৰনাট্য লিখিছে নৰেন পাটগিৰিয়ে। 
চিনেমা খনৰ মুখ্য সহকাৰী পৰিচালক মলয় ৰয়, সহকাৰী পৰিচালক সুমনা সুৰভি, কলা নির্দেশক পংকজ বেজবৰুৱা, ব্যৱস্থাপনা হীৰেণ কলিতাৰ লগতে কেমেৰাত পাপু ডেকা আৰু কেমেৰা সহযোগী মৃদুপৱন বৰ্মন, দেৱাশিস প্রাণকৃষ্ণ বৰা। সাজসজ্জাত ৰ'জী বৰা, সম্পাদনাত দীপক মণ্ডল, শব্দগ্রহণ বলেন পাঠক আৰু ব্যৱস্থাপনা সমন্বয়ক নৱকুমাৰ কলিতা। ৰি-ৰেকৰ্ডিং হিমান্ত কুমাৰ গগৈ আৰু কল্পনা ভূঞাঁ গগৈৰ। অন্যান্য চৰিত্ৰত অভিনয় কৰিছে, ৰঞ্জিত কুমাৰ দাস, ডাঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা, ডাঃ নৰেশ্বৰ শৰ্মা, ৰ'দালী বৰা, দুর্গাশ্ৰী বৰা, আদ্রিতা পৰশা মহন্ত, ৰ'জী বৰা, অহিত খান, দীপাংকৰ দেৱ বৰাল, জেচমিন খাতুন, ৰেজাউল কবিৰ, আজাদ উচমান গনি, কাচভি বৰুৱা আহমেদ আৰু শিশু শিল্পী নিৰজ শৰ্মা।
কথা প্ৰসংগত পৰিচালক বৰাই ক'লে-- "কষ্ট কৰিব পৰা অভিনেতা। অভিনয় জানে, অভিনয় বুজে। চৰিত্ৰটো নিৰ্মাণৰ বাবে যেনেদৰে বিচাৰিছিলোঁ, তেনেদৰে সহায় কৰিছিল। এনে স্তৰৰ অভিনেতা পালে পৰিচালকৰ পৰিশ্ৰম কৰিবলৈ আগ্ৰহ বাঢ়ে।"







কুঁহিপাঠ, কুকি আৰু জিয়া

 "কুঁহিপাঠ-মানুহ হোৱাৰ প্ৰথম খোজ"। প্ৰশান্ত কলিতাৰ পৰিচালনা। নৱজ্যোতি বৰদলৈৰ প্ৰযোজনা। দক্ষিণ কামৰূপৰ কথিত ভাষা আৰু সেই অঞ্চলৰ পৰম্পৰাগত সংগীত চিনেমা খনৰ প্ৰধান শব্দ সৌন্দৰ্য।  চিনেমা খনৰ বিষয়বস্তু-- শিক্ষা। 
শিক্ষাৰ প্ৰথম খোজ-- "কুঁহিপাঠ" (আমাৰ, আজিৰ তাৰিখতো বহুতৰে প্ৰথম শিক্ষাৰ আদিপাঠ-- কুঁহিপাঠ।)
পৰিচালকে যতীন খনিকৰক লৈ এটা চৰিত্ৰ নিৰ্মাণ কৰিছে। নাম এটা নিশ্চয় আছে; কিন্তু সকলোৱে শিল্পী বুলি মাতে। সংগীত ভাল পোৱা "শিল্পী"য়ে সকলোকে বুজাবলৈ চেষ্টা কৰে-- শিক্ষা সুস্থ সমাজৰ বুনিয়াদ। সৰল মনৰ "শিল্পী"ৰ মনত বৈ থাকে "কুঁহিপাঠ"। "শিল্পী"য়ে "কুঁহিপাঠ" বোৱাই দিয়ে তিনি শিশু শ্ৰমিকৰ মনলৈ। 
পৰিচালকৰ কাহিনীৰ কেন্দ্ৰবিন্দু "শিল্পী" নৈপৰীয়া। মাছৰীয়া। আৰু কেইবাটাও পৰিয়ালৰ দৰে দক্ষিণ কামৰূপ কলহী নৈ খনৰ ওপৰতে নিৰ্ভৰ কৰি "শিল্পী"ৰ জীৱন যাত্ৰা। নৈপৰীয়া এই মানুহ খিনিৰ জীৱন আগৰ দৰে হৈ থকা নাই, নদীৰ পানী অস্বাভাৱিক গতিত কমিছে, মাছ কমি আহিছে। "শিল্পী"ৰ মুখত দিয়া কেইটা মান সংলাপেৰে প্ৰাকৃতিক বিপৰ্যয়ৰ ছবি খন স্পষ্ট কৰি দিছে। নিজৰ পেটৰ বাবে, পৰিয়ালৰ পেটৰ বাবে "শিল্পী"য়ে শিহুৰ মুখৰ মাছ কাঢ়ে। এয়া "শিল্পী"ৰ বাবে ক্ষোভ।
 শিহু কেইটা আছে নে! সিহতে খাবলৈ মাছ পাইনে! --সেই কথাও চিন্তা কৰে "শিল্পী"য়ে। "শিল্পী"ৰ চিন্তাৰে পৰিচালকে কাহিনত গুঠি যায় শিক্ষা, প্ৰকৃতি, সমাজৰ বিভিন্ন সমস্যা।
--আহিছোঁ যতীন খনিকৰৰ অভিনয় প্ৰসংগলৈ। অভিনয় চিনেমেটিক। বাস্তৱিক চৰিত্ৰ নিৰ্মাণত পৰিচালকক সহায় কৰিছে। সমাজৰ ওচৰৰ "চৰিত্ৰ" হৈছে। কিন্তু সংলাপ প্ৰক্ষেপন "melodrama" মুক্ত নহয়। এই "চিনে দোষ"ৰ পাছতো যতীন খনিকৰৰ অভিনয়ে চুই গৈছে। দৰ্শকক চুই যোৱা অভিনয় অনুৰূপা ডেকাৰজাৰো। প্ৰতিটো চৰিত্ৰৰ কথা মনত ৰাখি ক'ব পাৰি-- "চৰিত্ৰ নিৰ্মাণ"ত পৰিচালক সফল।
--চিনেমা খনৰ চুই যোৱা প্ৰথমটো  দিশ কাহিনীৰ গতিত ব্যৱহাৰ কৰা পৰম্পৰাগত সংগীত। পৰম্পৰাগত গীতে কাহিনীক গতি দিছে, কাহিনীৰ পৰিবেশ নিৰ্মাণত সহায় কৰিছে। জেজেৰা পাৰ্টি , মহোহো, বিহু আদিৰ প্ৰয়োগ, কাহিনীৰ গতিত ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ চিনেমা খনৰ ইতিবাচক দিশ। --এই সকলো সামৰি পৰিচালকক মুকলি মনেৰে প্ৰশংসা কৰিব পাৰিলো হেতেন যদিহে পৰিবেশ নিৰ্মাণৰ দৰে পৰিচালকে কাহিনী নিৰ্মাণ-গতিত গুৰুত্ব দিলে হেতেন।
 
 (২)

কুকি-- ৰূপালী গল্পটোৰ প্ৰথমটো বিন্দু। বিন্দুটোৰ সৰল ৰৈখিক গতি। গতিত আন কেইবাটাও বিন্দুক মসৃন স্পৰ্শ।
ৰূপালী গল্পটোৰ নাম-- "কুকি" (kooki)। হিন্দী ভাষাৰ চিনেমা (কেইটা মান অসমীয়া সংলাপ প্ৰয়োগ কৰিছে যদিও কাহিনীক গতি দিছে 'হিন্দী সাহিত্যৰ ভাষা' আৰু কেমেৰাৰ ভাষাই। জ্ঞান গৌতমে চিত্ৰগ্ৰহণ কৰা চিনেমা খনৰ ছিকুৱেন্স নিৰ্মাণ পৰিপাটি। ছিকুৱেন্সৰ গতিত চিনে-গাণিতিক প্ৰয়োগ সুপৰিকল্পিত। কাহিনীৰ গতিত সাহিত্যৰ ভাষাক গুৰুত্ব দিছে; কিন্তু কোনো এটা ছিকুৱেন্সতে কেমেৰাৰ ভাষাক সাহিত্যৰ ভাষাৰ বহতীয়া হব দিয়া নাই পৰিচালক প্ৰণৱ জে ডেকাই। (পৰিচালক ডেকাই ড॰ জোনমণি দেৱী খাউণ্ডৰ পৰিকল্পনাৰে ‘কুকি’ৰ কাহিনী-চিত্ৰনাট্য তথা সংলাপো ৰচনা কৰিছে।) --এই যে বহতীয়া হব দিয়া নাই, ইয়াতেই পৰিচালকৰ চিনে শক্তি, পৰিস্কাৰ চিনেচিন্তা (পৰিচালনা কেন্দ্ৰীক) স্পষ্ট। চিনেমা খনৰ বিষয়বস্তু কেন্দ্ৰীক চিনেচিন্তা-- বাস্তৱ, বুদ্ধিদীপ্ত।
--চিনেমা খনৰ সৌন্দৰ্য প্ৰসঙ্গ চৰ্চালৈ আনিলে উল্লেখ কৰিব লাগিব মূলতঃ 'বাস্তৱ অভিনয়'ৰ ওচৰত থাকি কৰা চৰিত্ৰ নিৰ্মাণ, কেমেৰা (-ৰ ভাষা প্ৰয়োগ)  ডিজাইন, শব্দ (আনুষঙ্গিক, প্রভাৱক, নীৰৱতা, সংলাপ আৰু সংগীতো।) ডিজাইনৰ কথা। কেইটামাণ ছিকুৱেন্স যোৱাৰ পাছত (নায়ক-নায়িকা মুখা-মুখী হোৱা) কেমেৰাৰ খেলি-মেলিয়ে আমনি দিছিল, চিনেমা "গতি"ত বাধা হৈছিল। (এই ত্ৰুটিয়ে চিনেমা খনৰ পৰিচালকক মুকলি মনেৰে প্ৰশংসা কৰাত বাধা দিলে।) এই কেমেৰা দোষক বাদ দি, বাকী চিনেমা খনক গতি দিয়া ছিকুৱেন্স নিৰ্মাণ পৰ্ব, শ্বট নিৰ্বাচন-শ্বটৰ গাণিতিক প্ৰয়োগ পৰিপাটি। গল্পক গতি দিয়াৰ লগতে ভূগোল স্পষ্ট কৰাত ব্যৱহাৰ কৰিছে কেমেৰাৰ ভাষা। ব্যৱহাৰ কৰা সংলাপ মেদহীন। তেনেদৰে কাহিনীৰ গতিত প্ৰয়োগ কৰা অসমৰ থলুৱা "সংস্কৃতি" চিনে সৌন্দৰ্যৰ এটা দিশ।
আহিছো কাহিনীলৈ-- ১৬ বছৰীয়া কুকি। ভাল লগা, ভাল পোৱাৰ সৈতে সুখৰ, আনন্দময়ী জীৱন পাৰ কৰা কুকি। আচম্বিতে কুকিৰ সুৰীয়া জীৱন বেসুৰৰ মাজত সোমাই পৰে। তাইক তাইৰ সুৰীয়া পৃথিৱী খনৰ পৰা বিচ্ছিন্ন কৰে। ধর্ষিতা কুকিয়ে ন্যায়বিচাৰত ন্যায় পায়। কিন্তু তাই ন্যায়ৰ পৰ্যাপ্ততাক লৈ প্ৰশ্ন উত্থাপন কৰে। কুকিয়ে উত্থাপন কৰা প্ৰশ্নটোৱে ৰূপালী গল্পটোৰ বিষয়বস্তু। --বিষয়বস্তু স্পষ্ট কৰিছে ৰূপালী গল্পটোৰ শেষত, কুকিৰ মুখত দিয়া সংলাপেৰে। বিষয়বস্তু কৈছে গল্পৰ বুনিয়াদত। সৰল ৰৈখিক গল্পটোৰ ভাল লগা দিশটো হ'ল কাহিনী, চৰিত্ৰ বিন্যাস। কাহিনীৰ গতিত কেইবাটাও উপকাহিনীৰ উক- মুকনি। পৰিচালক-চিত্ৰনাট্যকাৰে মূল গল্পৰ গতিতে সামৰি প্ৰতিটো "উপকাহিনী" সামৰি থৈছে, মূল কাহিনীৰ সৈতে "বিষয়বস্তু"লৈকে গতি দিছে।

(৩)

চিনেমা খনৰ নাম-- "জিয়া"। মূল চৰিত্ৰটোৰ নাম-- জিয়া। কেনী বসুমতাৰীৰ পৰিচালনা। প্ৰথম কথা-- কেনী বসুমতাৰী জনপ্ৰিয় "লোকেল কুংফু"ৰে ("লোকেল কুংফু"ৰ পাছত "লোকেল কুংফু-২" পৰিচালনা কৰিছে। স্থানীয় বজাৰত সফল হৈছে। "লোকেল কুংফু-৩" পৰিচালনাৰ কাম হাতত লৈছে।)। এই "জনপ্ৰিয় শৈলী"ৰ পৰা আঁতৰত "জিয়া"ৰ পৰিচালনা শৈলী। জিয়া চিনেমা খনৰ কাহিনীৰ মূল বিন্দু। কাহিনীৰ গতি সৰল ৰৈখিক। কাহিনী আমাৰ সমাজ খনৰে। ঘৰুৱা হিংসাৰ বাবে স্বামীৰ পৰা পৃথক হোৱা এগৰাকী নাৰী--জিয়া। পৰিচালকে গুৰুত্ব দিছে অকলশৰীয়া মাতৃ জিয়াৰ জীৱন বাটৰ সংগ্ৰামত। 
এক মাত্ৰ কিশোৰী সন্তানক পিতৃ লাগে। স্বামীৰ সৈতে নথকা জিয়াক সমাজৰ বহুতে অন্য ধৰণে লয়। এই বোৰ "সমস্য"ৰ পৰা মুক্ত হও বুলিয়ে জিয়াই আকৌ বিয়াৰ কথা মনলৈ আনে। জীৱনলৈ এক পুৰুষ আহে। কিন্তু আকৌ জিয়াই জীৱন বাটত উজুটি খায়। আকৌ এবাৰ মুখাৰ আঁৰৰ মুখে জিয়াক কষ্ট দিয়ে। শেষত-- জিয়াই একমাত্ৰ সন্তানৰ সৈতে জীৱনৰ বাট বুলাৰ সিদ্ধান্ত লয়। 
--চিনেমা খনৰ মূল সৌন্দৰ্য জিয়াৰ চৰিত্ৰত অভিনয় কৰা শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ অভিনয় আৰু সংগীত। ৰিকি শৰ্মা,ইপ্সিতা হাজৰিকা, আৰাধ্যা মহন্ত আদিৰ অভিনয়ো চিনেমেটিক। 
--চিনেমা খনৰ ভাল নলগা দিশ কাহিনীৰ গতিত মাজে মাজে "কেমেৰাৰ ভাষা সাহিত্যৰ ভাষাৰ বহতীয়া হৈ  পৰিছে"।

শুক্রবার, ৩ মে, ২০২৪

স্বৰ্গৰথ / চিনে সংবাদ

বজাৰ মন্ত্ৰত সিদ্ধহস্ত ৰাজেশ ভূঞা। চিনে মন্ত্ৰতো। জ্যোতিপ্ৰসাদ আগৰৱালাই "ইন্দ্ৰ-মালতী" (১ আগষ্ট ১৯৩৯) -ৰে আৰম্ভ কৰা চিনেযাত্ৰাক ফণী শৰ্মা, ব্ৰজেন বৰুৱা, নিপ বৰুৱা, শিৱপ্ৰসাদ ঠাকুৰ, মুনিন বৰুৱাই দিয়া গতিক আগবঢ়াই নিয়া পৰিচালকৰ তালিকা খন তেনেই চুটি। চুটি তালিকা খনৰে অন্যতম-- ৰাজেশ ভূঞা।
"দূৰদৰ্শন এটি যন্ত্ৰ" (২ ছেপ্টেম্বৰ, ২০১৬), "জানমণি"  (১৫ এপ্ৰিল, ২০১১), "কোঁৱৰপুৰৰ কোঁৱৰ" (৬ জানুৱাৰী ২০১৭) আদি ৰাজেশ ভূঞাৰ "পৰিচালনা" বিশ্লেষণ কৰিলে এটা দিশ নিশ্চয় স্পষ্ট হ'ব-- "অসমীয়া চিনেমাৰ পৰিচয়" বিসৰ্জন দি তামিল-তেলেগু বা বলিউডৰ বজাৰ মন্ত্ৰৰ সহায়ত বজাৰ সফলতাৰ বাট বিছৰা নাই। 
 আমাৰ ধাৰণাত "স্বৰ্গৰথ"ৰে ৰাজেশে নিশ্চয় "ইন্দ্ৰ-মালতী" ধাৰাটোক আগবঢ়াই নিব।
--হয়, "স্বৰ্গৰথ" ৰাজেশ ভূঞাৰ শেহতীয়া চিনেকৰ্ম। অহা ৭ জুনত চিত্ৰগৃহলৈ আহিব। এ এম টেলিভিশ্যন প্ৰাইভেট লিমিটেডৰ বেনাৰত ড০ সঞ্জীৱ নাৰায়ণ আৰু ডা: অক্ষতা নাৰায়ণে প্ৰযোজনা কৰা এই চিনেমা খনৰ 
কাহিনী, চিত্ৰনাট্য ৰাজেশ ভূঞা, শান্তনু ৰৌমূৰীয়াৰ। সংলাপ আৰু গীতৰ কথা শান্তনু ৰৌমূৰীয়াৰ। কথাৰ লগতে "সম্পূৰ্ণ গীত" ("মনৰ মাজত মনবন্ধু..." ইতিমদ্ধে চৰ্চালৈ আহিছে। গীতটোৰ চিত্ৰায়ণত নাগাৰা নাম (!) "পে পে পে" ৰ জৰিয়তে ভাইৰেল হোৱা কৰিশ্মা নাথক সংযোগ কৰিছে। --এয়া পৰিচালকৰ স্থানীয় বজাৰ চিন্তাৰ ইতিবাচক দিশ।) ইতিমধ্যে বিভিন্ন মাধ্যমত চৰ্চাৰ বিষয় হৈছে। গীতটোত কণ্ঠদান কৰিছে অৰূপজ্যোতি বৰুৱাই। সংগীত: অনুৰাগ শইকীয়াৰ। কৰিঅ’গ্ৰাফী: দীপক দেৰ।
--ৰাজেশ ভূঞাৰ চিনেমাত সকলো শ্ৰেণীৰ দৰ্শকক চুব পৰা নিটোল কাহিনী থাকে। পৰিচালক গৰাকীৰ কাহিনী কোৱাৰ শৈলী "অসমীয়া-অসমীয়া", গতি-- সৰল ৰৈখিক। আমাৰ ধাৰণাত শেহতীয়া এই চিনেকৰ্ম ব্যত্যিক্ৰম নহব।
আমি জানিব বিছৰাত পৰিচালক গৰাকীয়ে ৰূপালী গল্পটোৰ ধাৰণা দিছিল এনেদৰে-- "এজন স্বৰ্গৰথৰ চালক,  তিনিজন যুৱক আৰু দুজন আৰক্ষীৰ লোকৰ দৈনন্দিন জীৱনে এদিন হঠাৎ কি মোৰ লয় তাৰ ওপৰত নিৰ্মিত এক কাহিনী। লগতে তেওঁলোকৰ জীৱনত জড়িত হৈ থকা আন আন চৰিত্ৰসমূহে কি ধৰণেৰে সহায় কৰে বা বিধি পথালি দিয়ে আৰু সমাজৰ সমসাময়িক কিছু ঘটনাই সাধাৰণ মানুহৰ জীৱনৰ আশা-আকাংক্ষাক কিদৰে প্ৰভাৱিত কৰে তাৰ কাহিনী দেখিবলৈ পাব ‘স্বৰ্গৰথ’ত।" কাহিনীক গতি দিয়া চৰিত্ৰ কেইটা নিৰ্মাণ কৰিছে কেনী বসুমতাৰী, সিদ্ধাৰ্থ শৰ্মা, কমল লোচন, বনী দেউৰী, উদ্ভাৱন শইকীয়া, ৰিণ্টু বৰা, মাধুৰিমা চৌধুৰী, ৰিমঝিম ডেকা হিমাংশু গগৈ আদিক লৈ। পৰিচালকক ৰূপালী গল্পটো নিৰ্মাণ আৰু গতি দিয়াত সহায় কৰিছে প্ৰদীপ দৈমাৰী (চিত্ৰগ্ৰহণ), প্ৰতীম খাউণ্ড (ৰাজা/ সম্পাদনা), জ্যোতি শংকৰ ভট্টাচাৰ্য (কলা নিৰ্দেশনা), অনুৰাগ শইকীয়া (আৱহ সংগীত), অকু বোথ্ৰা (ৰূপসজ্জা), দেৱজিত চাংমাই, অমৃত প্ৰীতম (শব্দ) আদিয়ে।
শেহতীয়া খবৰ: যোৱা ১মে' বুধবাৰে মুক্তি পালে চিনেমা খনৰ শীৰ্ষ গীতটিৰ লগতে পোষ্টাৰ।