শুক্রবার, ৩১ মে, ২০২৪
"ককাদেউতা" যতীন বৰা..
শুক্রবার, ২৪ মে, ২০২৪
প্ৰতিশ্ৰুতি /চিনেচৰ্চা
চিনেমা খনৰ কাহিনীৰ আন এটা বিন্দু-- ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে ঠিয় দিয়া পুলিছ, এগৰাকী পুলিছ বিষয়া (চৰিত্ৰটো নিৰ্মান কৰিছে প্ৰস্তুতি পৰাশৰক লৈ)। এই বিন্দুটোৰ গতিত দেখা যায়-- চৰকাৰে বিছাৰে, পুলিছ বিভাগে বিছাৰে, এখন ড্ৰাগছ মুক্ত অসম। বিছৰাৰ পাছতো ড্ৰাগছ ব্যৱসায় কেনদৰে চলি থাকে! ড্ৰাগছ ব্যৱসায় চলাই "ৰাজনৈতিক ক্ষমতা" থকা লোকে, সহযোগ কৰে একাংশ পুলিছ বিষয়াই। (ধাৰণা-- এই "গল্প" এই অসমৰে! চিনেমা খনৰ কাহিনী লেখক: চিনেমা খনৰ প্রযোজনাক ৰাতুল বৰুৱাৰ।) সাহিত্যৰ ভাষাৰে, কাহিনীৰ গতিত অসমলৈ ড্ৰাগছ অহাৰ বাট, ড্ৰাগছৰ বজাৰ নিৰ্মাণ কেনেদৰে হয় ইত্যাদিৰো ছবি খন দেখুৱাই।
--কাহিনীৰ শেষত (দুয়োটা বিন্দুৰ গতি য'ত শেষ হয়) "দৰ্শক"ক আহ্বান, ড্ৰাগছ মুক্ত অসম গঢ়াৰ।
--চিনেমা খনৰ পৰিচালক কিশোৰ তহবিলদাৰে "শক্তি শালি" বিষয়বস্তুক কাহিনীৰে গুঠি (চিত্ৰনাট্য, সংলাপ: কিশোৰ তহবিলদাৰ, ৰাতুল বৰুৱা) কাহিনী, বিষয়বস্তু স্পষ্ট কৰাত সফল। আৱহ সংগীত, গীত আৰু গতিয়ো ইতিবাচক। কিন্তু সাহিত্যৰ ভাষা প্ৰয়োগ হোৱা ছিকুৱেন্সৰ সৰহ ভাগেই "নাট্য মুক্ত" নহয়। আৰু ৰূপালী গল্পটোৰ সৰহ ভাগতে কেমেৰাৰ ভাষা সাহিত্যৰ ভাষাৰ দাস হৈ থাকিল।
চিনেমা খনৰ আমাৰ ভাল নলগা আন এটা দিশ-- চৰিত্ৰ নিৰ্মাণ। অভিনেতা-অভিনেত্ৰীৰ চেহেৰা ভাষা, সংলাপ প্ৰক্ষেপনে "চৰিত্ৰ"ক প্ৰাণ দিয়াত বা চিন সৌন্দৰ্যলৈ ৰূপান্তৰ কৰাত ব্যৰ্থ। কেইবাটাও ছিকুৱেন্সত চোৱাৰ সময়ত আমাৰ অনুভৱ-- অভিনেতা বা অভিনেত্ৰীয়ে "চৰিত্ৰ" বুজা নাই, কাহিনীৰ গতি আৰু পৰিবেশ অনুভৱ কৰিব পৰা নিই বা পৰিচালকে অনুভৱৰ সুযোগ দিয়া নাই। কথাটো এনেদৰে ক'ব পাৰি-- বেছিভাগ "চৰিত্ৰ" নিৰ্মাণ হৈছে "যান্ত্ৰীক অভিনয়" (mechanical acting)-ৰে। (যান্ত্ৰীক অভিনয়" ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত, বহু ক্ষেত্ৰতে স্বাভাৱিক হ'ব পাৰে! চিনেমাত স্বাভাৱিক বুলিব নোৱাৰি--, দোষ বুলিব পাৰি। এই দোষৰ বিপৰীতে ভাল অভিনয় কৰিছে চিন্ময় চক্ৰৱৰ্তী আৰু প্ৰিয়াংশু বৰুৱাই। অতি কম দৈৰ্ঘৰ চৰিত্ৰত কৰা প্ৰিয়াংশুৰ লগতে পুলিছ বিষয়াৰ চৰিত্ৰত অভিনয় কৰা চিন্ময় চক্ৰৱৰ্তীৰ অভিনয়ে আমাক চুই গৈছে। বিভূতি ভূষণ হাজৰিকাক লৈ নিৰ্মাণ কৰা (অতি-নাটকীয়) খলনায়কৰ চৰিত্ৰটো অতি সাধাৰণ পৰ্যায়তে থাকিল। দক্ষ অভিনেতা গৰাকীক লৈ বাস্তৱিক অভিনয় (realistic acting)-ৰে খলনায়কৰ চৰিত্ৰ এটি নিৰ্মাণৰ বাট নিশ্চয় আছিল!
শেষত আকৌ সংগীত প্ৰসংগলৈ আহিছোঁ-- পৰিচালকে সংগীত প্ৰয়োগ কৰিছে পৰিবেশ নিৰ্মাণৰ বাবে, কাহিনীক গতি দিয়াত। গীত কেন্দ্ৰিক ছিকুৱেন্স নিৰ্মাণত কেমেৰা ডিজাইন প্রশংসনীয়। চিনেমা খনত ব্যৱহাৰ কৰা "ৰিঙা ৰিঙা মন ডিঙা/ বৰনৈ ভটিয়াই যায়…" (কথা: আমৰিনা জেৰিয়ানা, সুৰ: পৰাণ বৰকটকী, কণ্ঠ: ৰূপম ভূঞা) গীতটো ৰূপালী গল্পটোৰ অংগ, সৌন্দৰ্য, "চিনেমাৰ বাবে গীত" পৰ্যায়ৰ।
বৃহস্পতিবার, ২৩ মে, ২০২৪
গোবৰধন চৰিত /চিনেচৰ্চা
মঙ্গলবার, ২১ মে, ২০২৪
ৰুদ্ৰ / চিনে সংবাদ
পৰিচালক ৰূপক গগৈৰ "ৰুদ্ৰ' তৃতীয় পৰিচালনা, "গেংছ অৱ নৰ্থইষ্ট" (হিন্দী), "তুমি মালালা"ৰ পাছত। আমাৰ ধাৰণাত "ৰুদ্ৰ" হ'ব-- একশ্বন আৰু থ্ৰিলাৰ। কাহিনীক গতি দিব ৰবি শৰ্মাই অভিনয় কৰা চৰিত্ৰটোক কেন্দ্ৰ কৰি! সন্দেহ নাই-- এই চিনেমা খনত "একশ্বন হিৰো" ৰবি শৰ্মাক নতুন ৰূপত দেখা যাব। কেৱল "একশ্বন বৃত্ত"তে নাৰাখি ৰবিক নিশ্চয় "ৰোমাণ্টিক ইমেজ"তো বন্দী কৰিব পৰিচালকে। ৰবিৰ বিপৰীতে নন্দিনী কাশ্যপক লৈ নিশ্চয় ৰোমাণ্টিক মুডৰ গীতো চিত্ৰায়ণ কৰিব।
--চিনেমা খনৰ অন্যান্য চৰিত্ৰ নিৰ্মাণ কৰিব মৃদুলা বৰুৱা, অলক নাথ,, অlৰ্চিত অদ্ৰৱ, প্ৰতিভা চৌধুৰী, ৰাজীব গোস্বামী, অদ্ৰি হাতীবৰুৱা, শান্তা ডী জী চৌধুৰী, অনামিকা বৰ্মন, হিমাংশু গগৈ, নৱ মহন্ত, অংসুতা কাশ্যপ, অশ্ৰlমিকা, জাহ্নৱী ম'ৰে, অনুৰাগ অধিকাৰী, হৰি প্ৰসাদ চাহু আদিক লৈ। ২ কোটি টকা বাজেট (চৰ্চা মতে)-ৰ এই অসমীয়া চিনেমা খন শ্যাম প্ৰডাকচনৰ বেনাৰ নিৰ্মাণ হৈ থকা এই চিনেমা খনৰ প্ৰযোজক: ৰাজেশ কুমাৰ ম'ৰ।
এক চিনে আড্ডাত "ৰুদ্ৰ" চৰ্চা চলি থাকোতো মনলৈ আহিছিল "সূৰুয” (১৯৮৫)-ৰ, আন এখন অসমীয়া চিনেমাৰ। পুলক গগৈৰ পৰিচালনা। এই চিনেমা খন আছিল অসমীয়া চিনেমাৰ সেই সময়ৰ "স্থানীয় বজাৰ"ৰ চমক। পৰিচালনা শৈলী আছিল, সেই সময়ৰ আন অসমীয়া চিনেমাতকৈ বেলেগ, বলিউডৰ চিনেমাৰ ওচৰৰ। তপন দাসৰ দৰে (হিৰো ইমেজৰ) অভিনেতাক লৈ নিৰ্মাণ কৰিছিল "খলনায়ক চৰিত্ৰ"। একশ্বন, সংগীতৰ ব্যৱহাৰো আছিল বলিউডৰ ওচৰৰ। "সূৰুয" প্ৰসংগ মনলৈ এই কাৰণেই আহিছিল-- "ৰুদ্ৰ"ৰ পৰিচালক ৰূপক পুলক গগৈৰ পুত্ৰ। আৰু! বাকী সময়ত স্পষ্ট হ'ব।
সোমবার, ২০ মে, ২০২৪
"কুকি": চিনে সংবাদ
কুকি-- ৰূপালী গল্পটোৰ প্ৰথমটো বিন্দু। বিন্দুটোৰ সৰল ৰৈখিক গতি। গতিত আন কেইবাটাও বিন্দুক মসৃন স্পৰ্শ।
ৰূপালী গল্পটোৰ নাম-- "কুকি" (kooki)। হিন্দী ভাষাৰ চিনেমা (কেইটা মান অসমীয়া সংলাপ প্ৰয়োগ কৰিছে যদিও কাহিনীক গতি দিছে 'হিন্দী সাহিত্যৰ ভাষা' আৰু কেমেৰাৰ ভাষাই। জ্ঞান গৌতমে চিত্ৰগ্ৰহণ কৰা চিনেমা খনৰ ছিকুৱেন্স নিৰ্মাণ পৰিপাটি। ছিকুৱেন্সৰ গতিত চিনে-গাণিতিক প্ৰয়োগ সুপৰিকল্পিত। কাহিনীৰ গতিত সাহিত্যৰ ভাষাক গুৰুত্ব দিছে; কিন্তু কোনো এটা ছিকুৱেন্সতে কেমেৰাৰ ভাষাক সাহিত্যৰ ভাষাৰ বহতীয়া হব দিয়া নাই পৰিচালক প্ৰণৱ জে ডেকাই। (পৰিচালক ডেকাই ড॰ জোনমণি দেৱী খাউণ্ডৰ পৰিকল্পনাৰে ‘কুকি’ৰ কাহিনী-চিত্ৰনাট্য তথা সংলাপো ৰচনা কৰিছে।) --এই যে বহতীয়া হব দিয়া নাই, ইয়াতেই পৰিচালকৰ চিনে শক্তি, পৰিস্কাৰ চিনেচিন্তা (পৰিচালনা কেন্দ্ৰীক) স্পষ্ট। চিনেমা খনৰ বিষয়বস্তু কেন্দ্ৰীক চিনেচিন্তা-- বাস্তৱ, বুদ্ধিদীপ্ত।
--চিনেমা খনৰ সৌন্দৰ্য প্ৰসঙ্গ চৰ্চালৈ আনিলে উল্লেখ কৰিব লাগিব মূলতঃ 'বাস্তৱ অভিনয়'ৰ ওচৰত থাকি কৰা চৰিত্ৰ নিৰ্মাণ, কেমেৰা (-ৰ ভাষা প্ৰয়োগ) ডিজাইন, শব্দ (আনুষঙ্গিক, প্রভাৱক, নীৰৱতা, সংলাপ আৰু সংগীতো।) ডিজাইনৰ কথা। কেইটামাণ ছিকুৱেন্স যোৱাৰ পাছত (নায়ক-নায়িকা মুখা-মুখী হোৱা) কেমেৰাৰ খেলি-মেলিয়ে আমনি দিছিল, চিনেমা "গতি"ত বাধা হৈছিল। (এই ত্ৰুটিয়ে চিনেমা খনৰ পৰিচালকক মুকলি মনেৰে প্ৰশংসা কৰাত বাধা দিলে।) এই কেমেৰা দোষক বাদ দি, বাকী চিনেমা খনক গতি দিয়া ছিকুৱেন্স নিৰ্মাণ পৰ্ব, শ্বট নিৰ্বাচন-শ্বটৰ গাণিতিক প্ৰয়োগ পৰিপাটি। গল্পক গতি দিয়াৰ লগতে ভূগোল স্পষ্ট কৰাত ব্যৱহাৰ কৰিছে কেমেৰাৰ ভাষা। ব্যৱহাৰ কৰা সংলাপ মেদহীন। তেনেদৰে কাহিনীৰ গতিত প্ৰয়োগ কৰা অসমৰ থলুৱা "সংস্কৃতি" চিনে সৌন্দৰ্যৰ এটা দিশ।
আহিছো কাহিনীলৈ-- ১৬ বছৰীয়া কুকি। ভাল লগা, ভাল পোৱাৰ সৈতে সুখৰ, আনন্দময়ী জীৱন পাৰ কৰা কুকি। আচম্বিতে কুকিৰ সুৰীয়া জীৱন বেসুৰৰ মাজত সোমাই পৰে। তাইক তাইৰ সুৰীয়া পৃথিৱী খনৰ পৰা বিচ্ছিন্ন কৰে। ধর্ষিতা কুকিয়ে ন্যায়বিচাৰত ন্যায় পায়। কিন্তু তাই ন্যায়ৰ পৰ্যাপ্ততাক লৈ প্ৰশ্ন উত্থাপন কৰে। কুকিয়ে উত্থাপন কৰা প্ৰশ্নটোৱে ৰূপালী গল্পটোৰ বিষয়বস্তু। --বিষয়বস্তু স্পষ্ট কৰিছে ৰূপালী গল্পটোৰ শেষত, কুকিৰ মুখত দিয়া সংলাপেৰে। বিষয়বস্তু কৈছে গল্পৰ বুনিয়াদত। সৰল ৰৈখিক গল্পটোৰ ভাল লগা দিশটো হ'ল কাহিনী, চৰিত্ৰ বিন্যাস। কাহিনীৰ গতিত কেইবাটাও উপকাহিনীৰ উক- মুকনি। পৰিচালক-চিত্ৰনাট্যকাৰে মূল গল্পৰ গতিতে সামৰি প্ৰতিটো "উপকাহিনী" সামৰি থৈছে, মূল কাহিনীৰ সৈতে "বিষয়বস্তু"লৈকে গতি দিছে।
--অসমৰ প্ৰযোজকে অসমীয়া পৰিচালকৰ পৰিচালনাৰে নিৰ্মাণ কৰা এই হিন্দী চিনেমা খন (১০০টা) চিত্ৰগৃহলৈ আহিব অহা ২৮ (২০২৪) জুনত।
প্ৰযোজক পক্ষৰ মতে, হিন্দী ভাষাত নিৰ্মাণ কৰা "কুকি’"হৈছে অসমীয়া চিনেমা জগতখনৰ সহযোগিতামূলক প্ৰচেষ্টাৰ এক অনন্য নিদৰ্শন। চিনেমা খনৰ সৈতে জড়িত ৯৮ শতাংশ কলা-কুশলী অসমৰ মাটি-পানীৰ সৈতে জড়িত। এই পদক্ষেপে উদ্যোগটোৰ প্ৰতিভাৰ প্ৰাচুৰ্য্যক উজ্জ্বল কৰি তোলাই নহয়, চিনেমা খনৰ সৈতে জড়িত লোকসকলৰ মাজত শিক্ষণ, আন্তঃসাংস্কৃতিক বিনিময় আৰু দক্ষতা বিকাশৰ বাবেও এক মঞ্চ প্ৰদান কৰিছে। এই চিনেমা খনত উদ্যোগটোৰ সুপৰিচিত নামকে ধৰি স্থানীয় আৰু ৰাষ্ট্ৰীয় উভয় পটভূমিৰ অভিনেতা, কণ্ঠশিল্পী আৰু সংগীতজ্ঞসকলে কাম কৰিছে।
"আমাৰ লক্ষ্য হৈছে আমাৰ স্থানীয় অঞ্চলৰ বাহিৰৰ দৰ্শকৰ আগত অসমীয়া চিনেমা সমৃদ্ধি আৰু বৈচিত্ৰ্যক চিত্ৰিত কৰা। ৰাষ্ট্ৰীয় পৰ্যায়ৰ কথিত ভাষা হিন্দীত এই ছবিখন নিৰ্মাণৰ বাবে লোৱা সিদ্ধান্তই আমাৰ কাহিনী উপস্থানৰ শৈলী আৰু কাৰিকৰী দক্ষতাক বহল পৰিসৰৰ দৰ্শকৰ আগত প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰে।" --প্ৰযোজক পক্ষৰ ব্যখ্যা, চিনেমা খন হিন্দী ভাষাত নিৰ্মাণ কৰা প্ৰসংগত।