শুক্রবার, ২৮ অক্টোবর, ২০২২

অসমৰ চিনেমাৰ বজাৰ খন নিৰ্মাণত গুৰুত্ব নিদিয়ে কিয়?

"মুম্বাইত আয়োজিত Ficci Frames 2022 অনুষ্ঠানত অসম ৰাজ্যিক চলচ্চিত্ৰ ( বিত্ত আৰু উন্নয়ন) নিগমৰ তৰফৰ পৰা অংশগ্ৰহণ কৰিছিল বিভাগটোৰ অধ্যক্ষ সীমান শেখৰৰ নেতৃত এটা তিনি নে চাৰিজনীয়া দলে। অধ্যক্ষ গৰাকীয়ে সামাজিক মাধ্যমত জনাইছিল-- "এই অনুষ্ঠানত বিভিন্ন ৰাজ্যৰ প্ৰতিনিধি সকলৰ সৈতে Shooting Locations সমূহৰ লগতে বিভিন্ন Film Policy  সমূহৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। ..." --আমি অধ্যক্ষ গৰাকীৰ পৰা জানিব বিচাৰিছিলোঁ, এই যে বৰ্তমান অনুষ্ঠানটোত অংশ লৈছে, আপোনাৰ ধাৰণাত ইয়াৰ পৰা "অসমীয়া চিনেমা"ৰ কি লাভ হব? আমাক অধ্যক্ষ গৰাকীয়ে Ficci Frames 2022 অনুষ্ঠানত অংশ লৈ থকাৰ মাজতে সময় উলিয়াই যোৱা ২৮ ছেপ্টেম্বৰ তাৰিখে নিজে ফোন কৰি জনাইছিল কেইবাটাও "লাভ"ৰ কথা। এটা "লাভ" --বজাৰ নিৰ্মাণ। অধ্যক্ষ গৰাকীয়ে কোৱা কথাৰ পৰা বুজিছিলোঁ এনে ধৰণৰ অনুষ্ঠানত অংশলৈ অসমীয়া চিনেমাৰ বাবে অসমৰ বাহিৰত বজাৰ নিৰ্মাণৰ চেষ্টাত আছে "অসমীয়া চিনেমাৰ উন্নতিৰ স্বাৰ্থত কাম কৰা" চৰকাৰী বিভাগটো। (এই দিশত সফল হওক! আমাৰ শুভেচ্ছা থাকিল। আমি আশাৰে ৰৈ আছো, সোনকালে বিভাগটোৱে অসমৰ বাহিৰত অসমীয়া চিনেমাৰ বাবে নিৰ্মাণ কৰা বা সন্ধান পোৱা "বজাৰ" কেইখন মুকলিকৈ সকলোকে জনাব।) আমাৰ ধাৰণাত কিন্তু হাতত চিনেমা লৈহে "বজাৰৰ সন্ধান" কৰিব লাগিছিল। --এয়া প্ৰথম কথা।
দ্বিতীয়তে "বজাৰৰ সন্ধান"ৰ বাবে চৰকাৰী (জনসাধাৰণৰ) টকা খৰচ কৰি ঘূৰি ফুৰাতকৈ দেশৰ, দেশৰ বাহিৰৰ "চিনেমাৰ বজাৰ"ৰ অভিজ্ঞতা থকা অসমৰে জাহ্নু বৰুৱা, উৎপল বৰপূজাৰী, বিতোপন বৰবৰা, ৰীমা দাসৰ সৈতে অধ্যক্ষ গৰাকীয়ে, অধ্যক্ষ গৰাকীৰ "বিশেষজ্ঞ দলে" মত বিনিময় নকৰে কিয়?
তৃতীয় আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল-- অসমৰ চিনেমাৰ বজাৰ খন নিৰ্মাণত গুৰুত্ব নিদিয়ে কিয়? বিভাগটোৱে মিনি চিত্ৰগৃহ নিৰ্মাণ আৰু ভ্ৰাম্যমাণ চিত্ৰগৃহৰে অসমীয়া চিনেমাৰ সৰু বজাৰ খন বহল কৰিব নোৱাৰাৰ কাৰণ নিশ্চয় নাই।
-- বৰাক উপত্যকাকে ধৰি অসমৰে কিছু অঞ্চলত "অসমীয়া চিনেমা নচলে" বুলি এৰি দিয়া হয়। এই যে এৰি দিয়া হয়, এই অঞ্চলত ৰাজ্যৰ বাহিৰত "বজাৰ" নিৰ্মণ কৰিব  খোজা বিভাগটোৱে অসমৰে ভিতৰৰ এই অঞ্চলত অসমীয়া চিনেমা চলাৰ পৰিবেশ নিৰ্মাণ কৰক। বিভাগটোৱে অনুভৱ কৰিলে ভাল হয়-- অসমতে আছে অসমীয়া চিনেমাৰ বহল বজাৰৰ সম্ভাৱনা। বৰ্তমানৰ "সৰু বজাৰ" খনতে এখন অসমীয়া চিনেমাই ৬০-৬৫ খন স্ক্ৰীনৰ পৰা ৯-১০ কোটি টকাৰ ব্যৱসায় কৰাৰ উদাহৰণ আছে। ৰাজ্যৰ প্ৰায় ৩ কোটি ৪০ লাখ জনসংখ্যাৰ ৰাজ্যখনৰ মাত্ৰ ১ লাখ মানুহেও এখন অসমীয়া চিনেমা চালে সহজতে বজাৰ সফল চিনেমাৰ তালিকা ভুক্ত নোহোৱাৰ কাৰণ নাই। প্ৰয়োজন মাত্ৰ ভাল চিনেমা আৰু দৰ্শকৰ ওচৰত-- চিত্ৰগৃহ।
বহুতে ওপৰে ওপৰে 'বজাৰ' কেন্দ্ৰীক চিনেমাৰ চৰ্চা হ'লেই দিয়ে 'দক্ষিণ'ৰ চিনেমাৰ উদাহৰণ। বিশ্লেষণ কৰি চায় বা চাব নাজানে  দক্ষিণ ভাৰতৰ চিনেমা মানেই এটা ভাষাৰ চিনেমা নহয়। দক্ষিণ ভাৰতৰ অধিকাংশ লোকেই তামিল, তেলুগু, কন্নড় আৰু মালয়ালম—এই চাৰিটা দ্রাবিড় ভাষাত কথা কয়, জানে।  শ্রীলঙ্কা, ইন্দোনেছিয়া, থাইলেন্ড আৰু মালয়েচিয়াতো এই চাৰিটা ভাষা জনা, কথা কোৱা মানুহ আছে। --এই বৃহৎ বজাৰ খনত 'দক্ষিণৰ চিনেমা" বুলি চলোৱা হয় তামিল, তেলুগু, কন্নড় আৰু মালয়ালম ভাষাৰ চিনেম। এখন চিনেমা এই চাৰিটা ভাষাত বা ইয়াৰে দুটা মান ভাষাতো প্ৰথম পৰ্যায়তে নিৰ্মাণ কৰা হয়। ইয়াৰো পৰি হিন্দী ভাষাতো। আৰু ব্যৱসায় হয় এই বজাৰ খনত, হিন্দী চিনেমাৰো বজাৰ খনত। "আৰ আৰ আৰ" চিনেমা খনে যে ১,১১১-১,২০০ কোটি টকা ব্যৱসায় কৰিছে এটা ভাষাৰে নহয়, হিন্দী আৰু তামিল, তেলেগু আদি যিমানটা ভাষাৰে চিত্ৰগৃহলৈ আহিছে, আটাইকেইটা সংস্কৰণ মিলি। এই বক্স অ'ফিছ কালেক্সনক আমি এনে দৰে চৰ্চা কৰো, যেন এটা ভাষাতহে ইমান হাজাৰ কোটি টকা ব্যৱসায় কৰিছে! ৫৫০ কোটি টকাৰ 'আৰ আৰ আৰ'-এ প্ৰায় ১২০০ কোটি টকা ব্যৱসায় কৰিছে।
আৰু ইয়াৰ বিপৰীতে অসমীয়া চিনেমালৈ চালে দেখিম-- ১.৫ (ডেৰ) কোটি টকাৰো কম বাজেটৰ এটা ভাষাৰ 'ৰত্নাকৰ'-এ এখন ৰাজ্যৰ কেইটামান চিত্ৰগৃহত প্ৰায় ১২ কোটি টকা ব্যৱসায় কৰিছে। --অসমীয়া চিনেমাৰ "সৰু বজাৰ" খনত 'ৰত্নাকৰ' বিগ বাজেটৰ বিগ হিট (ছুপাৰ হিট) বুলি নিশ্চয় কব পাৰো। (আৰু আছে)

বৃহস্পতিবার, ২৭ অক্টোবর, ২০২২

নিপন গোস্বামী— অসমীয়া চিনেমাৰ এটা যুগ। অসমীয়া চিনেমাৰ “নায়কৰ এটা ইমেজ’

ৰূপালী পৰ্দাৰ ককাদেউতা by: Utpal Mena
 (এক)
২৮ অক্টোবৰ। জ্যোতি চিত্ৰবনত শেষ শ্ৰদ্বা জনাইছিলোঁ শৰীৰৰটোক, হৃদস্পন্দন নথকা নিপন গোস্বামীৰ শৰীটোক। পুৱা ৯-৩০ বজাত শৰীৰটো জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ'ৰ পৰা লৈ গৈছিল। --নাহে, এই বাটে লাইট-কেমেৰা-একশ্বনৰ মাজলৈ আৰু উভতি নাহে।
২৭ অক্টোবৰত চিৰদিনৰ বাবে জিৰণি লৈছিল, আৰু এনিশা জ্যোতি চিত্ৰবনত থাকি বাট লৈছিল স্থায়ী ঠিকনা নৱগ্ৰহলৈ।
শেষবাৰ নিপনদাক লগ পাইছিলো "অনুৰ"ৰ পোষ্টাৰ মুকলি অনুষ্ঠানত। আন আন কথাৰ মাজতে কৈছিল-- "তুমি মই পৰিচালনা কৰা 'ডক্তৰ বেজবৰুৱা'ৰ খবৰ পোৱা নে নাই! কাম শেষ কৰিলোঁ। ভাল চিনেমা হব। খবৰ দিম, এদিন চিনেমা খন একেলগে চাম। আহিবা!" --আমি নিশ্চয় চাম "ডক্তৰ বেজবৰুৱা-২"। কিন্তু একেলগে চোৱা নহ'ল।

   (দুই)
নিপন গোস্বামী— অসমীয়া চিনেমাৰ এটা যুগ। অসমীয়া চিনেমাৰ “নায়কৰ এটা ইমেজ"। অসমীয়া চিনেমাত ফনী শৰ্মৰ দৰে অভিনেতাই অভিনয় কৰিছিল, বিজয় শংকৰৰ লগতে আৰু কেইবা গৰাকীয়ো অভিনেতাই অভিনয় কৰিছিল, নিপন গোস্বামীয়ে "নায়ক"ৰ চৰিত্ৰত অভিনয় কৰাৰ পূৰ্বে; কিন্তু “নায়কৰ ইমেজ" নিৰ্মাণ হোৱা নাছিল বা অভিনয়ৰে “নায়কৰ ইমেজ"ত নিজকে বন্দী কৰিব পৰা নাছিল। "নায়ক নিপন" বিন্দুটো স্পষ্ট হৈছিল "ডক্তৰ বেজবৰুৱা"ত। আৰু এই বিন্দুটো "জীৱন সুৰভি" লৈ আগবাঢ়িছিল। পাছৰ সময় চোৱাত ভিন্ন "ইমেজ"ত দেখা যায়। --আমাৰ ধাৰণাত, "আজলী নবৌ", "ককাদেউতা নাতি আৰু হাতী"ৰ সফলতাৰ পাছত "নায়ক নিপন" "অভিনেত নিপন"লৈ ৰূপান্তৰ হয় আৰু চিনেমা পৰিচালকে অভিনেতা গৰাকীক লৈ ভিন্ন চৰিত্ৰ নিৰ্মাণত আগ্ৰহী হয়। বিশেষকৈ "ককাদেউতা নাতি আৰু হাতী"ৰ সফলতাই নিস্প্ৰভ কৰে "নায়ক ইমেজ"। এই খিনিতে উল্লেখ কৰিব পাৰি "ককাদেউতা নাতি আৰু হাতী", "ককাদেউতাৰ ঘৰজোঁৱাই" আৰু "কাদম্বৰী” চিনেমা তিনিখনে অভিনেতাগৰাকীক দিছিল আন এক ইমেজ-- ককাদেউতা। ক'ব পাৰি এই ইমেজত অভিনেতাগৰাকীয়ে বেছি জনপ্রিয়তা পাইছিল।
--আমি মন কৰিছোঁ, ভালেমান কম ফুটেজৰ চৰিত্ৰটো অভিনয় কৰিছিল নিপন গোস্বীয়ে। আন সময়ৰ কথা বাদ দিলো, যি সময়ত জনপ্ৰিয়তাৰ শীৰ্ষত, সেই সময়তো কম ফুটেজৰ চৰিত্ৰত অভিনয় কৰিছিল। উদহৰণ-- "অপৰূপা" (১৯৮২)। সেই সময় চোৱাত অসমীয়া চিনেমাৰ "নায়কৰ যুদ্ধ" এখন এনেদৰে ধাৰণা কৰি লোৱা হৈছিল-- বিজু ফুকন বনাম নিপন গোস্বামী। গতিকে আমাৰ মনলৈ প্ৰশ্ন আহিছিল, যি খন চিনেমাৰ নায়ক বিজু ফুকন, সেই খন চিনেমাত নিপন গোস্বামীয়ে অতি কম ফুটেজৰ চৰিত্ৰত অভিনয় কৰিলে কিয়? প্ৰশ্নটো মনতে ৰাখি নথৈ যেতিয়া ১৯৯৪ চনত সাক্ষাৎকাৰ লবলৈ গৈছিলোঁ, তেতিয়া অভিনেতা গৰাকীৰ সন্মুখত মুকলি কৰি দিছিলোঁ। অভিনেতা গৰাকীয়ে হাঁহিছিল, আৰু কৈছিল-- "আমাৰ অসমীয়া ছবিৰ জগত খন সৰু, ঘৰুৱা। কামবোৰ ঘৰৰ দৰে হয়। জাহ্নু বৰুৱাই ছবি পৰিচালনাৰ শিক্ষা লৈ আহিছে। এখন ছবি কৰিব। চৰিত্ৰ এটাত অভিনয় কৰি মই সহায় কৰিব লাগে। মই মোৰ চৰিত্ৰটো শুনিছিলোঁ। ভাল লাগিছিল। সৰু, মজাৰ চৰিত্ৰ। গতিকে কৰিছিলোঁ। মূল চৰিত্ৰ এটাত বিজু ফুকনে অভিনয় কৰিব বুলি জাহ্নু বৰুৱাই মোক জনাইছিল। মই ভাল পাইছিলো। বিজু ফুকন মোৰ ভাল বন্ধু। আমাৰ বন্ধুত্বৰো কাহিনী এটা আছে। মোৰ বাবে ডাঙৰ ত্যাগ কৰিছিল বিজু ফুকনে। "ডক্তৰ বেজবৰুৱা"ৰ নায়কৰ চৰিত্ৰটোৰ বাবে প্ৰথমে বিজু ফুকনৰ কথা ভাবিছিল পৰিচালকে। পাছত চৰিত্ৰটোত যে মই অভিনয় কৰিলো, সহজতে মানি লৈছিল বিজু ফুকনে। খং নকৰি চকুত নপৰা চৰিত্ৰত অভিনয়ো কৰিছিল। "ডক্তৰ বেজবৰুৱা"ৰ চৰিত্ৰটোত অভিনয় কৰিমেই বুলি বিজু ফুকনে জেদ কৰিলে মই চৰিত্ৰটোত অভিনয়ৰ বাবে নিজকে ৰাজি কৰাব নোৱাৰিলো হেতেন! --সেই তেতিয়াৰে পৰা আমি ভাল বন্ধু। মোৰ সফলতাই বিজু ফুকনক আনন্দ দিয়ে, বিজু ফুকনৰ সফলতাই মোক আনন্দ দিয়ে।"
   (তিনি)
    কহিনুৰ থিয়েটাৰৰ মঞ্চত "অসীমত যাৰ হেৰাল সীমা"। কাঞ্চন বৰুৱাৰ একে নামৰ উপন্যাসৰ নাট্যৰূপ। নাট্যকাৰ প্ৰফুল্ল বৰা। ৮০-৮১ নাট্যবৰ্ষ। --এই নাটক খনৰ চন্দনৰ (নাটক খনৰ মূল চৰিত্ৰ) চৰিত্ৰৰ অভিনয় কৰিছিল নিপন গোস্বামীয়ে। তেতিয়ালৈকে আমাৰ মনত নিপন গোস্বামী কেন্দ্ৰীক কোনোধৰণৰ "ইমেজ" নাছিল। চিনেমাৰ নায়ক বুলি জানিছিলোঁ, ইমানেই। (আমাৰ গাৱঁত সেই সময়তো চিত্ৰগৃহ নাছিল, আজিও নাই।) নাটক চোৱাৰ পাছদিনা আমাৰ গাৱঁৰ নাট্যকৰ্মী ভৈৰৱ বৰ্মণ, সূৰ্য মজুমদাৰ, উগ্ৰ মেনা, ভোগী বৰ্মণ আদিয়ে নিপন গোস্বামীক মাজত বহুৱাই বেলশৰ মিলন শিল্পী সংঘৰ পুথিভড়ালত কথা পাতি আছিল, আমি খিৰিকীৰে জুমি চাইছিলোঁ। আৰু চকুৱে চকুৱে পৰাত খুড়া উগ্ৰ মেনাই মাতি নি নিপন গোস্বামীক একেবাৰে ওচৰৰ পৰা চোৱাৰ সুযোগ দিছিল। সেয়াই আছিল আমাৰ প্ৰথম "নিপন গোস্বামী দৰ্শন" (--হয়, আগদিনা নাটকত নিপন গোস্বামীক দেখিছিলোঁ; কিন্তু গেলাৰীৰ পৰা ভালদৰে দেখা নাছিলো।) আৰু দ্বিতীয়বাৰ? ১৯৯৪ চনত। "আজিৰ সংবাদ" নামৰ দৈনিক কাকত এখনত এখন সংবাদকৰ্ম আৰম্ভ কৰাৰ পাছত সাক্ষাৎকাৰ লৈছিলোঁ। আৰু পৰৱৰ্তী সময়ত কিমান বাৰ যে লগ পাইছো, কথা পাতিছো। নিপনদাক লগ পোৱা সেই সময় সদায় মনৰ মাজত সেউজ হৈ থাকিব।

(চাৰি)

"অভিনয়ক বাদ দি মোৰ পক্ষে জীয়াই থকা সম্ভৱ নহয়। সম্ভৱ নহয় বাবেই ম‍ই অভিনয় যিকোনো মাধ্যমতে কৰি গৈছোঁ।" —এয়া অভিনেতাগৰাকীৰ উত্তৰ। উত্তৰ দিছিল আমাৰ প্ৰশ্নৰ। অসমীয়া চিনেমাৰ কাম কমি গৈছিল। বিপৰীতে ভিডিঅ' চিনেমাৰ বজাৰ এখন গঢ়ি উঠিছিল। চিনেমাৰ দৰে ভিডিঅ' চিনেমাতো ব্যস্ত হৈছিল নিপন গোস্বামী। অসমীয়া চিনেমাৰ তাৰকা গৰাকীয়ে ভিডিঅ' চিনেমাত অভিনয় কৰাটো আমি সহজ ভাবে লব পৰা নাছিলো। এই প্ৰসংগতে আছিল আমাৰ প্ৰশ্ন। "জীৱন বাটৰ লগৰী"ৰ লোকেশ্বনত।
"জীৱন বাটৰ লগৰী" নামৰ অসমীয়া চিনেমাৰ শ্বুটিং চলিছিল কাৰ্বি আংলঙৰ লোকেচনত। চিনেমাখনৰ মূল চৰিত্ৰটোত অভিনয় কৰিছিল নিপন গোস্বামীয়ে। আমি আছিলোঁ চিনেমাখনৰ প্রযোজক-পৰিচালকৰ আলহী।  শ্বট দিয়াৰ মাজে মাজে আমাৰ সৈতে মত বিনিময় কৰিছিল অভিনেতাগৰাকীয়ে। ইটো-সিটো কথাৰ পৰা অনুভৱ কৰিছিলোঁ, গ্লেমাৰাৰ বাবে নহয়, "অভিনয়"ৰ বাবেহে অভিনয় কৰিবলৈ অহা বাবেই হয়তো সত্তৰৰ দশকৰ পৰা অভিনয় কৰি আছে। দৰ্শকৰ মন-মগজু অভিনয়েৰে স্পৰ্শ কৰি আছে। অভিনেতা গৰাকী চৰিত্ৰৰ সন্ধানত আছে, এনে চৰিত্ৰ, যিটো চৰিত্ৰত সম্পূৰ্ণ অভিনয় ক্ষমতা প্ৰয়োগ কৰিব পাৰে। "অভিনয়ৰ পাঠশালাৰ পৰা অভিনয় শিকিলো, অভিনয় কৰি গৈ থাকোতে অভিনয় শিকিলো, যি শিকিলো, সেয়া নিজৰ মাজতে আছে। প্ৰয়োগৰ বাবে চৰিত্ৰ নাপালোঁ। আগতে নায়কৰ চৰিত্ৰত অভিনয় কৰিছিলোঁ, এতিয়া নায়ক-নায়িকাৰ দেউতাক, ককাক, খুড়াকৰ চৰিত্ৰত অভিনয় কৰিছোঁ। কৰিবলৈ বিশেষ একো নাথাকে। পৰিচালকে বিছৰা ধৰণে অভিনয় কৰো। মনতে ভাবি থাকো-- মোৰ বয়সৰ কথা মনত ৰাখি, মোৰ বাবে বেলেগ ধৰণৰ চৰিত্ৰ ৰচনা হব নোৱাৰে নে!" (৫ এপ্ৰিল ২০১৪)

(পাঁচ)
ব্ৰজেন বৰুৱাৰ"ডক্তৰ বেজবৰুৱা"ই অসমীয়া চিনেমাৰ বজাৰলৈ সোণালী সুদিন আনিছিল।  "নায়ক"ৰ চৰিত্ৰত অভিনয় কৰিছিল নিপন গোস্বামীয়ে। এই চিনেমাখনেই আছিল নায়ক গৰাকীৰ প্ৰথম সফলতা।
—এইখন কিন্তু নায়ক গৰাকীৰ প্রথমখন অসমীয়া চিনেমা নহয়। প্রথম অভিনয় কৰা  চিনেমাখন হ'ল অমন পাঠকৰ পৰিচালনাৰে নিৰ্মিত "সংগ্রাম" (শিশু চৰিত্ৰত অভিনয় কৰিছিল "পিয়লি ফুকন"ত)। পুনে ফিল্ম ইনস্টিটিউটত অভিনয়ৰ শিক্ষা গ্ৰহণ কৰি থকা সময়তে ‘শ্বট' দিয়ে। আমাৰ সৈতে হোৱা আলাপত অভিনেতাগৰাকীয়ে কৈছিল— “তুমি জানা মোৰ জন্ম তেজপুৰত । এতিয়াও তেজপুৰত নাট্যচর্চা-সংগীত চৰ্চাৰ সুন্দৰ পৰিৱেশ আছে। আমি যেতিয়া স্থূল কলেজৰ ছাত্ৰ আছিলোঁ, তেতিয়া আৰু বেছি সুন্দৰ আছিল। আমাৰ ঘৰখনতো আছিল 'সাংস্কৃতিক চর্চা'ৰ সুন্দৰ পৰিৱেশ। দেউতা চন্দ্ৰধৰ গোস্বামী, আমাৰ সেই অঞ্চলৰে নহয়, সেই সময়ত অসমৰ নাম থকা অভিনেতা। ১৯৫৭ চনত চিত্রগৃহলৈ অহা "পিয়লি ফুকন"ত অভিনয় কৰিছিল। ময়ো অলপ সময়ৰ বাবে অভিনয় কৰিছিলোঁ। তেতিয়াই মোৰ মনলৈ আহিছিল— চিনেমাতে অভিনয় কৰিম যেতিয়া অভিনয় শিকাৰ প্ৰয়োজন আছে। সেয়েহে ১৯৬৫ চনত মই পুনে ফিল্ম ইনষ্টিটিউট লৈ গৈছিলোঁ। অভিনয় শিকিবলৈ। 'চিনেমাৰ অভিনয়' জানিবলৈ। তাৰ পৰা উভতি আহিয়ে সুযোগ পাইছিলোঁ 'ডক্তৰ বেজবৰুৱা'ত অভিনয় কৰাৰ।"—এই চিনেমাখনে অভিনেতাগৰাকীক 'ৰোমাণ্টিক নায়কৰ 'ইমেজ' দিছিল। এই 'ইমেজ' -এৰে অভিনয় কৰিছিল 'বৰুৱাৰ সংসাৰ', 'অভিযান', 'অনুতাপ', 'আশ্রয়', 'মেঘমুক্তি', 'দূৰণিৰ ৰং, ঘৰ-সংসাৰ', 'নয়নমণি' আদি চিনেমাত।
--নিপন গোস্বামীয়ে 'দো আনজানে', 'বিৰোধ' আৰু 'নৌকা' নামৰ হিন্দী চিনেমাতো অভিনয় কৰিছিল। সাধাৰণ চৰিত্ৰত, কম ফুটেজৰ চৰিত্ৰত। অভিনয় কৰিছিল দুখন বাংলা চিনেমা 'তৃষাৰ তীৰ্থ', 'দেৱগুলি আৰু মৌচুমী 'তো। এই “চৰিত্ৰবোৰ অৱশ্যেই নিষ্প্রভ অভিনেতাগৰাকীয়ে অসমীয়া চিনেমা, নাটক, টিভি ধাৰাবাহিক, ভিডিঅ' চিনেমাত কৰা "চৰিত্ৰ"বোৰৰ ওচৰত।
"পর্দা"ৰ অভিনয়ৰ লগতে মঞ্চতো অভিনয় কৰি গৈছিল নিপন গোস্বামীয়ে। বিশেষভাৱে উল্লেখ কৰিব পাৰি মহেন্দ্ৰ বৰঠাকুৰৰ নাটক "সৰাপাতত বসন্ত", কহিনুৰ থিয়েটাৰৰ প্রযোজনা "অসীমত যাৰ হেৰাল সীমা", 'হেঙুল থিয়েটাৰৰ প্রযোজনা "পগলা চাহাব"ৰ হৃদয়স্পর্শী অভিনয়।

মুনিন বৰুৱাৰ নাটক

১। ঘৰ 
২। আহত 
৩। শেষ ভাওনাৰ ভাওৰীয়া
৪। সোণমইনা
৫। বৈৰী বন্ধু
৬। অচিন চিনাকী
৭। জয় পৰাজয়
৮। উদ্গীৰণ
৯। জয় পৰাজয়
১০। কালশংখ
১১। কাৰ্টুজ
১২। প্ৰতিপল প্ৰতিক্ষণ
১৩। অগ্নিময়
১৪। জোনবাইৰ দৰে
১৫। ৰস
১৬। এনেকৈয়ে ভাঙে সপোন
১৭। জোনাকী কাৰেং
১৮। জন্ম জন্মান্তৰ
১৯। কইনাৰ পদুলী উদুলী মুদুলী
২০। গৃহযুদ্ধ
২১। আকাশী গংগা
২২। মহাজন
২৪। বন্ধন 
২৫। বাৰুদ  
২৬। চাবুক
২৭। অন্নদাতা
২৮। হিয়া দিয়া নিয়া
২৯। নাগপাশ
৩০। অজান আপোন
৩১। শ্ৰীমান শ্ৰীমতী
৩২। মুক্তাস্নান
৩৩।মুখাৰ আঁৰৰ মুখ
৩৪। সন্যাসী
৩৫। মাই নেম ইজ জোনালী গগৈ
৩৬। সোন ভৰা সপোন
৩৭। পাখি লগা মন
৩৮। জোনাকৰ বৰষুণ
 ৩৯। গ্ৰহণ 
 ৪০। বেণ্ডিত কুইন
 ৪১। সপোন যেন এজাক বৰষুন 
 ৪২। লুকা ভাকু
 ৪৩। হিৰা 
 ৪৪। প্ৰিয়াৰ প্ৰিয়
 ৪৫। অপ্ৰিয়
 ৪৬।খিৰিকী
 ৪৭। অস্ত্ৰ
 ৪৮। খলনায়ক
 ৪৯। সদাগৰ
 ৫০। সূৰ্য পুত্ৰ কৰ্ণ
 ৫১। সহোদৰ
 ৫২। চিৰিয়াখানা
 ৫৩। অজাত শত্ৰু
 ৫২। সৎকাল
 ৫৩। অকাল বৃষ্টি
 ৫৪। ৰং-বিৰং
 ৫৫। ৰুদ্ৰছাঁয়া
 ৫৬। নিজানৰ গান
 ৫৭। মায়া
 ৫৮। চেকগেট
 ৫৯। চিনাকা মানুহ অচিনাকি মন
 ৬০। নিয়ৰৰ ফুল
 ৬১। গোলাম
 ৬২। মন্ত্ৰী আৰু মানুহ
 ৬৩। নিজানৰ গান
 ৬৪। মায়ামৃগ
 ৬৫। পুৱা গঘূলীৰ ৰং
 ৬৭। জোনাক
 ৬৮। ছাৰ
 ৬৯। চিকাৰ
 ৭০। অজ্ঞাত বাস

মুনিন বৰুৱাৰ নাটক by: Utpal Mena

শুক্রবার, ২১ অক্টোবর, ২০২২

Children’s Film Society য়ে চিনেমা খন প্ৰযোজনা কৰিলে কিয়?

The wide shot is a director's best friend' --এই কথা ভালদৰে জানে, নিশ্চয় অনুভৱ কৰে উৎপল বৰপূজাৰীয়ে। কাৰণ পৰিচালক পাছত, আগৰ পৰিচয় চিনেমাৰ দক্ষ সমালোচকহে। দেশ-বিদেশৰ ভালেমান চলচ্চিত্ৰ মহোৎসৱত জুৰীৰ আসনৰ পৰা চিনেমা বিশ্লেষণৰ অভিজ্ঞতাও আছে। এই দক্ষতা, অভিজ্ঞতাৰ বাবেই হয়তো উৎপল বৰপূজাৰীয়ে 'ঈশ্বু'ৰ visual design কৰিছিল লং শ্বট-ৱাড শ্বটক গুৰুত্ব দি। চিনেমা খনৰ ৫০-৬০% শতাংশ লং শ্বটতে (ৱাইড শ্বটক লং শ্বট বা সম্পূৰ্ণ শ্বট বুলি ধৰা হয়।) দেখুৱাইছে। কেমেৰাৰ ভাষাৰে (মেদহীন সংলাপ প্ৰয়োগেৰে) বিষয়বস্তুক কাহিনীৰে বান্ধি গতি দিছে। এনে চিনে সৌন্দৰ্য অসমীয়া চিনেমাত খুব কম দেখা যায়। দেখা নাযায় বুলিলেও অত্যুক্তি নহব।
"ঈশ্বু" চিনেমা খনৰ শিপা মণিকুন্তলা ভট্টাচাৰ্যৰ একে নামৰ উপন্যাস। শিপা বুলি কোৱাৰ কাৰণ, চিনেমা খনৰ চিত্ৰনাট্যকাৰ-পৰিচালক উৎপল বৰপূজাৰীয়ে চিনেকৰ্ম কৰিছে উপন্যাস খনৰ বৃত্তটোৰ পৰা মুক্ত হৈ। গল্প-উপন্যাসক ৰূপালী গল্পলৈ ৰূপান্তৰ কৰিলে সততে 'সাহিত্য'ই 'চিনেমা'ক নিয়ন্ত্ৰন কৰে। আৰু নিয়ন্ত্ৰনে স্বাভাৱিকতে চিনেসৌন্দৰ্য হৃাস কৰে বা কেমেৰত বন্দী নাটকৰ পৰ্যায়তে ৰাখে। এনে দোষৰ পৰা মুক্ত 'ঈশ্বু'। এই যে দোষৰ পৰা মুক্ত, এয়াই চিনেমা খনৰ পৰিচালকৰ প্ৰথম সফলতা। ব্যখ্যাৰ প্ৰয়োজন আছে বুলি নাভাবো, এই সফলতাৰ কাৰণ উপন্যাস খনৰ পৰা মুক্ত হৈ কৰা visual design আৰু  'সাহিত্য'ক 'চিনেমা'ৰ নিয়ন্ত্ৰনলৈ আনিব পৰা (পৰিচালকৰ) দক্ষতা।
--পুৱাৰ পৰিবেশত (ক্ৰেডিট টাইটেলছৰ পাছত) পৰ্দালৈ ঈশ্বু আহে। সৰল মনৰ ঈশ্বু। তাৰ এটা কুকুৰ আছে, ভালু নামৰ কুকুৰ। "সি কিয় বিয়া পাতিব! সি এতিয়া মোৰ সৈতে খেলিবহে। পঢ়া-শুনা কৰি সি ডাঙৰ হ'ব,  ধুনীয়া গৰাল সাজি দিম, তাৰপাছত বিয়া হয় যদি হ'ব।' এনে ধৰণৰ সংলাপৰ মাজেৰে 'সৰল মনৰ ঈশ্বু'ক স্পষ্ট কৰিছে। সৰল মনৰ ঈশ্বুয়ে সকলো কথা সৰল দৃষ্টিৰে চায়। সৰল দৃষ্টি সদায় সত্য। বেজে যেতিয়া ঈশ্বু হতক ডাইনীৰ কথা কয়, সেয়াও সৰল ভাবে চায়, ইজনৰ-সিজনৰ পৰা ডাইনীৰ প্ৰসংগত জানিব খোজে। কিন্তু মানি লব নোখোজে তাৰ অতি মৰমৰ অম্বিকা জেঠীক ডাইনী বুলি কোৱা কথাটো। 'গল্প' আগবাঢ়ে, লাহে লাহে স্পষ্ট হয়-- ঈশ্বুৰ অম্বিকা জেঠীয়ে সেই অঞ্চলৰ মানুহক বন দৰৱ দিয়ে।  বন দৰৱ  ব্যৱহাৰ কৰি গাঁৱৰ লোকসকলৰ বেমাৰ-আজাৰ ভাল হয়। এই যে ভাল হয়, সেই বাবে  বেজে অম্বিকাক নিজৰ প্ৰতিদ্বন্দ্বী বুলি গণ্য কৰিবলৈ লয়। আৰু ঈশ্বুৰ আন এগৰাকী জেঠী ভদ্ৰেশ্বৰীৰ লগ লৈ বেজে অম্বিকাক ডাইনী সজায়। ভদ্ৰেশ্বৰীৰ লক্ষ্য-- অকালতে বিধৱা হোৱা অম্বিকাৰ সা-সম্পত্তি নিজৰ হাতলৈ অনা। অন্ধবিশ্বাসী, অশিক্ষিত গঞাই অম্বিকাৰ ঘৰ জ্বলাই দিয়ে। গঞাৰ অত্যাচাৰৰ বলি অম্বিকাই নদীৰ সিটো পাৰত থকা হাবিত আশ্ৰয় লয়। আৰু শেষত ঈশ্বুৰ সহায়ত পুলিছে হাবিৰ পৰা অম্বিকাক উদ্ধাৰ কৰে। এই খিনিতে আমি উল্লেখ কৰিব পাৰো ডাইনী হত্যাৰ সমস্যা চিনেমা খনৰ প্ৰথম বিষয়বস্তু। কিশোৰ ঈশ্বুৰ দৃষ্টিৰে ডাইনী হত্যাৰ সমস্যাটো চাইছে পৰিচালকে। দ্বিতীয় বিষয়বস্তু অসমৰ হাবিত থকা বনৌষধ। চিনেমা খনৰ শেষত দেখা যায় বনৌষধি বিশেষজ্ঞ ঈশ্বৰ প্ৰসাদ ৰাভা, মানে ঈশ্বুক। বনৌষধি বিশেষজ্ঞ ঈশ্বুই কয়, তেওৰ প্ৰেৰণা আছিল অম্বিকা জেঠী। --এই 'দীঘল গল্প'টো হিচাবি পৰিচালকে 'চুটি ৰূপালী গল্প'লৈ ৰূপান্তৰ কৰিছে কম ফুটেজ ব্যৱহাৰ কৰি। মাত্ৰ এটা শ্বটতে দেখুৱাইছে অসমৰ এখন ভিতৰুৱা জনজাতীয় গাঁৱৰ কিশোৰ ঈশ্বু, তাৰ মাক-দেউতাক, খুড়াক আৰু আইতাকৰ লগতে পোহনীয়া কুকুৰটো। বিষয়বস্তুও আনিছে কম ফুটেজত। কেমেৰ বেছিকৈ ঘুৰিছে ঈশ্বুক কেন্দ্ৰ কৰি। ইশ্বুৰ কৈশোৰ জীৱন-ইশ্বুৰ কৈশোৰ আনন্দৰ পৰিপাটি চিত্ৰায়ণ চিনেমা খনৰ চুই যোৱা সৌন্দৰ্য। এই পৰিপাটি চিত্ৰায়ণে চিনেমা খন চাই থকাৰ সময়ত আমিয়ো নিজৰ "কৈশোৰ" চুই আহিলো। --এয়া পৰিচালকৰ আন এক সফলতা।
চিনেমা খনৰ পটভূমি গোৱালপাৰা জিলাৰ এখন ভিতৰুৱা গাঁৱৰ। পটভূমি পৰিচালকে স্পষ্ট কৰিছে চিনেমা খনত ব্যৱহাৰ কৰা সংলাপৰ ভাষা, সাজ-পাৰ আৰু সংগীতেৰে। সংগীত অনুৰাগ শইকীয়াৰ। চিনেমা খনৰ চিনেমেটিক সৌন্দৰ্য নিৰ্মাণৰ অংশীদাৰ অনুৰাগ শইকীয়াৰ লগতে চিত্ৰগ্ৰহণকাৰী সুমন দুৱৰা আৰু স্বাভাৱিক অভিনয় কৰা (ঈশ্বুৰ চৰিত্ৰত) কপিল গাৰো, অন্যান্য অভিনেতা-অভিনেত্ৰী সকল। পৰিচালকৰ লগতে এই সকলোকো ধন্যবাদ জনালো, 'ঈশ্বু' নামেৰে চিনে আনন্দ দিয়া বাবে।
শেষত:
এই চিনেমা খন অসমৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শন হোৱা উচিৎ। বিষয়বস্তুৰ কথা মনত ৰাখি কৈছো। কিন্তু চাব ক'ত?  যদি cfsi/nfdc য়ে চিনেমা খন ott ত  release কৰে একাংশ দৰ্শকে নিশ্চয় চোৱাৰ সুযোগ পাব। চিনেমা খন যদি দৰ্শকৰ আঁতৰতে থাকি যায় Children’s Film Society য়ে চিনেমা খন প্ৰযোজনা কৰিলে কিয়?--আমাৰ মনলৈ অহা প্ৰশ্ন।ঈশ্বু by:Utpal Mena

সোমবার, ১৭ অক্টোবর, ২০২২

আৰু অভিজিৎ ভট্টাচাৰ্য, লভিতা ... /৪

'অসমীয়া প্ৰতিদিন'ত মই যে মুকলি মনেৰে কাম কৰিব নোৱাৰিম বুজিবলৈ বেছি দিন নালাগিল। মোৰ বুজি নাপালো ভ্ৰাম্যমাণ থিয়েটাৰৰ খবৰ কিয় সৰুকৈ দিব লাগে ( মই সম্পাদনা কৰা ভিতৰৰ বিশেষ পৃষ্ঠাটোত), নাট্যকাৰ জীতেন শৰ্মাৰ নাটক কিয় কাকত খনৰ প্ৰথম পৃষ্ঠাৰ খবৰ হয়! ( জীতেন শৰ্মাৰ হয়, মৃদুল চুতীয়াৰ নাটকৰ নহয়। কিয়? মৃদুল চুতীয়া এনে এগৰাকী নাট্যকৰ্মী, যি গৰাকীয়ে ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চতো নতুন নতুন নাট্যচিন্তাৰে নাটক কৰি আহিছে।) আৰু বিশেষ ধৰণে (সমালোচনাৰ সাজ পিন্ধাই প্ৰচাৰত সহায় হোৱা) মাজে মাজে অভিজিত ভট্টাচাৰ্যৰ নাটক কেন্দ্ৰিক লেখা ভিতৰৰ আন পৃষ্ঠাত কিয় ছপোৱা হয়! এই যে মই ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটকৰ খবৰক কম ঠাই দিবলৈ বাধ্য হৈছিলোঁ, সহজ ভাবে লব পৰা নাছিল ভ্ৰাম্যমাণ থিয়েটাৰৰ  কেইবা গৰাকীয়ো প্ৰযোজকে। --প্ৰযোজকৰ এই অসন্তুষ্টিৰ কথা মোক জনাইছিল ভ্ৰাম্যমাণ থিয়েটাৰৰ এগৰাকী সংবাদকৰ্মী দিগন্ত কুমাৰ চৌধুৰীয়ে। দিগন্ত সেই সময়ত (চন:২০০৮) একেটা  গোষ্ঠীৰে আলোচনী 'নন্দিনী'ৰ সম্পাদনা বিভাগত কাম কৰিছিল। দিগন্তই এনেদৰেও কৈছিল, 'মই প্ৰযোজক কেইগৰাকীক কৈছো, দোষ আপোনাৰ নহয়, তেওলোকে কিন্তু মানি নলয়। ...দাই (প্ৰযোজক গৰাকী আজি আমাৰ মাজত নাই। সেয়েহে নামটো উহ্য ৰাখিলো।) জয়ন্ত বৰুৱা ছাৰক কৈ আপোনাক  প্ৰতিদিনৰ আঁতৰোৱাৰ ব্যৱস্থা কৰিম বুলিয়ো কৈছে।' প্ৰযোজক গৰাকীৰ খঙৰ কাৰণ আছিল 'অজানিতে ভাঙি গ'ল মোৰ বুকুৰে ঘৰ'। মৃদুল চুতীয়াৰ নাট্যকৰ্ম। ডাইনী হত্যা বিষয়বস্তুক আগবঢ়াই নিছিল এটা ত্ৰিকোনীয় প্ৰেমৰ কাহিনীৰে। মূল চৰিত্ৰ তিনিটাত অভিনয় কৰিছিল তপন দাস, জেৰিফা ৱাহিদ আৰু মৃদুল চুতীয়াই। নাটক খনে আমাৰ মন-মগজু চুই গৈছিল। আৰু নিৰ্দিষ্ট শুকুৰবাৰটোত প্ৰযোজক গৰাকীৰ নাট্যদলটোত মঞ্চস্থ নাটক এখনৰ লেখা এটা আঁতৰাই (লে-আউত হোৱাৰ পাছত, শেষ মুহুৰ্তত।) অমৰজ্যোতি ডেকাই লিখা 'অজানিতে ভাঙি গ'ল মোৰ বুকুৰে ঘৰ'ৰ লেখাটো লগাইছিলোঁ। কাকত খনৰ লে-আউট কোঠাৰ এই খবৰ কোনোবাই হয়তো প্ৰযোজক গৰাকীক জনাইছিল! পাছত প্ৰসংগক্ৰমে প্ৰযোজক গৰাকীয়ে কৈছিল--'মোৰ কথা বাদ দে। নাট্যকাৰৰ কথা বাদ দে। ইখন কাকতৰ সাংবাদিকৰ সৈতে সিখন কাকতৰ সাংবাদিকৰ মিল নাই বুলি কেনেকৈ কবি!" ইংগিতপূৰ্ণ উত্তৰ। 
'অজানিতে ভাঙি গ'ল মোৰ বুকুৰে ঘৰ'ৰ লেখাটোক কেন্দ্ৰ কৰি 'অদ্ভুত ঘটনা' এটা ঘটিছিল। লেখাটো প্ৰকাশ পোৱাৰ পাছতে এখন চিঠি আহিছিল-- 'নাটক খন নকল ...'। পাছত আৰু এখন, আৰু এখন। ১০ খন মান চিঠি আহিছিল। 'অদ্ভুত কথা'টো হ'ল-- একে খন চিঠি। ভিন্ন ঠাই। ভিন্ন নামৰ প্ৰেৰক। তালুকদাৰ উপাধিৰ মধ্যভোগি এগৰাকীয়ে খবৰ আনিছিল-- ভিন্ন নামত অহা এই চিঠি হেনো কম্প'জ কৰোৱাইছিল এগৰাকী নাট্যকাৰে। তালুকদাৰে নাট্যকাৰ গৰাকীৰ নামটো নকলে। ('অজানিতে ভাঙি গ'ল মোৰ বুকুৰে ঘৰ' কেন্দ্ৰীক চিঠি কেইখন হয়তো ছপা হ'ল হেতেন, যদিহে অচ্যুৎ কুমাৰ পাটোৱাৰী আৰু আমি চিঠি কেইখন মিলাই নাচালো হেতেন!)

--এই লেখা কম্প'জ কৰি থকা সময়ত সামাজিক মাধ্যমত লেখা এটা পালো। কমল কুমাৰ মেধিৰ। মেধিৰ  মতে, 'মালাকাৰ উপাধিৰ এজন ডিটিপি অপাৰেটৰ আছিল ৷ ...দাই নিজৰ নাটকৰ  সমালোচনা  নিজেই মালাকাৰক ডিক্টেচন দি লিখিছিল ৷ সেই সময়ৰ বিভিন্নজন চিত্ৰ সাংবাদিকৰ নামত প্ৰিণ্ট আউট উলিয়াই থৈ দিয়ে ৷ অন্য কাকতলৈ সেইবোৰ গুচি যায় ৷ নিজেই নিজৰ নাটকৰ উচ্চ প্ৰশংসা কৰে বেলেগৰ নাম দি ৷...' এই 'দা' গৰাকীয়ে 'অজানিতে ভাঙি গ'ল মোৰ বুকুৰে ঘৰ' কেন্দ্ৰীক চিঠিৰ লেখক নেকি! --নাই, প্ৰমাণ আমাৰ হাতত নাই। 
------------------------------------------
আৰু আছে wait

রবিবার, ১৬ অক্টোবর, ২০২২

যতীন বৰাৰ পৰা 'ৰাঘৱ' নামেৰে আৰু এখন 'বজাৰ' সফল চিনেমা আশা কৰিম

আভিনয়- যতীন বৰাৰ বাবে কেৱল পেছা নহয়, নহয় কেৱল নিছা।
অভিনয়-- যতীন বৰাৰ বাবে আৱেগ।
কোনে জানো কৈছিল-- আৱেগ জীৱনৰ চালিকা শক্তি। আৱেগ বিন্দুয়ে জীৱন ৰেখা টানে। জীৱন ৰেখা সিমানতে শেষ, য'ত আৱেগ শেষ।
--হয়, 'অভিনয় আৱেগ' যতীন বৰাৰ জীৱন ৰেখা। --এয়া মোৰ অনুভৱ।
অভিনয়ৰ বাবে যতীন, নাটকৰ বাবে যতীন। চিনেমাৰ বাবে যতীন। (যতীন ৰাজনীতিৰ বাবে নহয়।) 
১৪ অক্টোবৰ ২০২২। 'ৰাঘৱ'ৰ মহুৰৎ। যতীন বৰাৰ 'ৰাঘৱ'ৰ। 
দেখিছিলোঁ--চিনেমা খনৰ চিনেমেটিক মহুৰৎ।
মুম্বাইত থকা সময়ত কেইবা খনো হিন্দী চিনেমাৰ মহুৰৎ দেখিছিলো। 'বিস্ময়'ত শ্বুটিং ৰিপ'ৰ্ট লিখিছিলোঁ, 'হেল্লো ব্ৰাডাৰ' চিনেমা খনৰ। চিনেমা খনৰ মহুৰৎ অনুষ্ঠানত উপস্থিত থকা সময়ত মনৰ মাজতে কৈছিলোঁ-- কেতিয়াবা অসমীয়া চিনেমাৰো যদি এনে মহুৰৎ হব নে? হ'লে মন আনন্দৰে ভৰি পৰিব!
--মন আনন্দৰে ভৰি পৰিল, 'ৰাঘৱ'ৰ মহুৰৎ অনুষ্ঠানত। 'হেল্লো ব্ৰাডাৰ'ৰ লোকেশ্বনত, 'মনতে কোৱাৰ' দৰে মহুৰৎ  দেখি। 
'ৰাঘৱ'ৰ শুভ মহুৰৎ অনুষ্ঠানৰ চুই যোৱা দিশটো হ'ল  অভিনেতা-চিনেকৰ্মী গৰাকীৰ 'কৃতজ্ঞতাবোধ'। অভিনেতা গৰাকীয়ে হয়তো মনত, মগজুত লৈ ফুৰে-- "কৃতজ্ঞতাবোধ হল সর্বশ্রেষ্ঠ নীতি।” নিজক গঢ়াৰ। নিজৰ বাট সেউজ কৰাত সহায় কৰে কৃতজ্ঞা বোধে। এই মহুৰৎ অনুষ্ঠানত নিজৰ মনত সাচি ৰখা কৃতজ্ঞবোধ সিচি দিলে অভিনেতা গৰাকীয়ে।("কৃতজ্ঞতাবোধ নিয়ে আমরা জন্মাই না কিন্ত,কৃতজ্ঞতা বোধ নিজেদের মধ্যে জন্মে দিতেই পাৰি")
--যতীন বৰাক চিনেমাৰ ক্ষেত্ৰ খনত খোজ পেলোৱাৰ সুযোগ দিছিল অভিনেতা-পৰিচালক আব্দুল মজিদে।
--যতীন বৰাক টিভি ধাৰাবাহিকত কাম কৰাৰ সুযোগ দিছিল অসমীয়া চিনেমাৰ মহানায়ক, পৰিচালক বিজু ফুকনে।
--যতীন বৰাক হিন্দী চিনেমাৰে 'চিনেমা অভিনয়'ৰ নতুন বাট'ত খোজ পেলোৱাৰ সুযোগ দিছিল ড°ভৱেন্দ্ৰ নাথ শইকীয়াই।
--যতীন বৰাক "নায়ক ইমেজ' দিছিল বা 'জনপ্ৰিয় অভিনেত যতীন'ক নিৰ্মাণ কৰিছিল নাটক-চিনেমা লেখক, পৰিচালক মুনিন বৰুৱাই।
'অভিনেতা যতীন বৰা'ৰ বুনিয়াদ গঢ়া এই কেইগৰাকী চিনেকৰ্মীৰ অবৰ্তমানত মহুৰৎ অনুষ্ঠানত , চিত্ৰকৰ্মী চাৰিগৰাকীৰ সহধৰ্মীণীক মাতি আনি তেখেতসকলৰ পৰা আশীষ লৈছিল। চিনেমাৰ কাম আৰম্ভ কৰিছিল ৷ যতীন বৰাৰ এই 'কৃতজ্ঞতাবোধ'ৰ ৰূপ ভাল লাগিল ৷ আমাৰ মন চুই গ'ল।
--সেইদিনা মহুৰৎ অনুষ্ঠানত শেষলৈকে উপস্থিত থাকিব পৰা নাছিলো, এৰিব নোৱাৰ 'ব্যস্ততা'ৰ বাবে।  দিনটোৰ ব্যস্ততাৰ পৰা যোৰকৈ এঘণ্টা উলিয়াই লৈছিলো যতীনৰ আগ্ৰহৰ বাবে, যতীন বৰাৰ প্ৰতি থকা মোৰ আগ্ৰহৰ বাবে। উপস্থিত থকা সেই এঘণ্টাতে অনুভৱ কৰিছিলোঁ অনূষ্ঠানটোৰ সৌন্দৰ্য। মই যতীন বৰাক শুভেচ্ছা জনাই কৈছিলোঁ-- 'ইমান সুন্দৰ, সুপৰিকল্পিত অসমীয়া চিনেমাৰ মহুৰৎ পূৰ্বে দেখা নাছিলো! মন ভৰিল। চিনেমা খনৰ প্ৰতি আগ্ৰহ বাঢ়িল।'
--চিনেমা খনৰ প্ৰতি আগ্ৰহ বাঢ়িল! আগ্ৰহৰ চিনেমা খনৰ ধাৰণা?
যতীন বৰাৰ পৰা 'ৰাঘৱ' নামেৰে আৰু এখন 'বজাৰ' সফল চিনেমা আশা কৰিম, যি খনৰ ওচৰত নিস্প্ৰভ হওক 'ৰত্নাকৰ"।
 (বহুতে ওপৰে ওপৰে 'বজাৰ' কেন্দ্ৰীক চিনেমাৰ চৰ্চা হ'লেই দিয়ে 'দক্ষিণ'ৰ চিনেমাৰ উদাহৰণ। বিশ্লেষণ কৰি নাচায় বা চাব নাজানে  দক্ষিণ ভাৰতৰ চিনেমা মানেই এটা ভাষাৰ চিনেমা নহয়। দক্ষিণ ভাৰতৰ অধিকাংশ লোকেই তামিল, তেলুগু, কন্নড় আৰু মালয়ালম—এই চাৰিটা দ্রাবিড় ভাষাত কথা কয়, জানে।  শ্রীলঙ্কা, ইন্দোনেছিয়া, থাইলেন্ড আৰু মালয়েচিয়াতো এই চাৰিটা ভাষা জনা, কথা কোৱা মানুহ আছে। --এই বৃহৎ বজাৰ খনত 'দক্ষিণৰ চিনেমা' বুলি চলোৱা হয় তামিল, তেলুগু, কন্নড় আৰু মালয়ালম ভাষাৰ চিনেম। এখন চিনেমা এই চাৰিটা ভাষাত বা ইয়াৰে দুটা মান ভাষাতো প্ৰথম পৰ্যায়তে নিৰ্মাণ কৰা হয়। ইয়াৰোপৰি হিন্দী ভাষাতো। আৰু ব্যৱসায় হয় এই বজাৰ খনত। "আৰ আৰ আৰ' চিনেমা খনে যে ১,১১১-১,২০০ কোটি টকা ব্যৱসায় কৰিছে এটা ভাষাৰে নহয়, হিন্দী আৰু তামিল, তেলেগু আদি যিমানটা ভাষাৰে চিত্ৰগৃহলৈ আহিছে, আটাইকেইটা সংস্কৰণ মিলি। এই বক্স অ'ফিছ কালেক্সনক আমি এনে দৰে চৰ্চা কৰো, যেন এটা ভাষাতহে ইমান হাজাৰ কোটি টকা ব্যৱসায় কৰিছে! ৫৫০ কোটি টকাৰ 'আৰ আৰ আৰ'-এ প্ৰায় ১২০০ কোটি টকা ব্যৱসায় কৰিছে, ১.৫ (ডেৰ) কোটি টকাৰো কম বাজেটৰ এটা ভাষাৰ 'ৰত্নাকৰ'-এ এখন ৰাজ্যৰ কেইটামান চিত্ৰগৃহত প্ৰায় ১২ কোটি টকা ব্যৱসায় কৰিছে। --অসমীয়া চিনেমাৰ সৰু বজাৰ খনত 'ৰত্নাকৰ' বিগ বাজেটৰ বিগ হিট (ছুপাৰ হিট) বুলি নিশ্চয় কব পাৰো।)
'ৰত্নাকৰ-মৰমৰ নতুন আখ্যান --যতীন বৰাৰ দ্বিতীয় (চিনেমা) পৰিচালনা। চিত্ৰগৃহলৈ আহিছিল ১১ অক্টোবৰ ২০১৯ -ত। অভিজিৎ ভট্টাচাৰ্যই লিখা এই চিনেমা খনত 'পৰিচালক যতীন বৰা'ৰ চিনেমেটিক কাৰবাৰ অনুভৱ কৰিছিলোঁ। চিনেমা খনৰ 'গল্প', চিত্ৰনাট্য মৌলিক নাছিল। এই যে মৌলিক নাছিল, এয়া দৰ্শকৰ বাবে সমস্যা হোৱা নাছিল। বিশেষকৈ চিনেমাৰ চিনেমেটিক গতি, সংগীত (গীতৰ চিত্ৰায়ন, গীত। 'এটা কথা ...' হৰ্ষিতা ভট্টাচাৰ্যৰ কণ্ঠত জনপ্ৰিয় হৈছিল।) আৰু চৰিত্ৰ নিৰ্মাণে দৰ্শকক চিত্ৰগৃহলৈ টানিছিল। 
--এই যে টানিছিল, চিনেমা খনৰ দ্বিতীয় পৰ্যায়ৰ দৰ্শকক। 
 --প্ৰথম পৰ্যায়ত টানিছিল সু-পৰিকল্পিত প্ৰচাৰ আৰু 'যতীন ইমেজ'-এ। শেষ পৰ্যন্ত চিনেমা খনৰ সৰ্বমুঠ আয় ১০-১২ কোটি টকা বুলি চৰ্চা হৈছে। (আন এক তথ্য: ১.৩ কোটি টকা বাজেটৰ চিনেমা খনৰ আয় ৯.২৩ কোটি টকা।) এয়া অসমীয়া চিনেমাৰ স্থানীয় বজাৰৰ অভিলেখ। এই অভিলেখ নিস্প্ৰভ কথায়ে কৈছোঁ, 'ৰঘৱা-এ নিস্প্ৰভ কৰক।

শুক্রবার, ১৪ অক্টোবর, ২০২২

বেলকনিত ভগৱান

ভগৱান আমাৰ মাজতো, মানুহৰ ৰূপতো আছে। সমস্যা বা আক্ষেপ সেইখিনিতে, যেতিয়া মানুহৰ মাজৰে যি সকলক ভগৱান বুলি ভাৱো, প্ৰয়োজনত সহায়ৰ হাত আগ নবঢ়াই, জীৱন বাটত সমস্যাৰ মাজত কক বকাই থকা জনক বেলকনিৰ পৰা চাই থাকে। অসহায় খগেনে মৃত পত্নীৰ নিথৰ দেহটো চাইকেলতে কঢ়িয়াই যেতিয়া ঘৰলৈ যোৱা খলা-বামা পথেৰে আগবিঢ়িছিল, তেতিয়াও "মানুহ ভগৱান" বেলকনিৰ পৰা নামি অহা নাছিল। ৰাজনীতিৰ চিন্তাত আছিল, টি আৰ পিৰ অংকত আছিল।
খগেন দাসে এম্বুলেন্সৰ ড্ৰাইভাৰ নথকাত মৃত পত্নীৰ শৰীৰটো ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰি লৈছিল, জীয়েকজনীৰ সৈতে ঘৰলৈ উভতিছিল। উভতাৰ বাটত দুই সাংবাদিকক লগ পায়। এই যে লগ পায়, এই খিনিতে ৰূপালী গল্পটোৰ প্ৰথমটো বিন্দু অনুভৱ কৰে দৰ্শকে, চিত্ৰৰসিকে। আৰু এই বিন্দুটোৰ পৰায়ে "বেলকনিত ভগৱান" (God on the Balcony) ৰূপালী গল্পটোৰ সৰল ৰৈখিক গতি আৰম্ভ হয়। বিন্দুটো পোৱাৰ পাছতহে চিনেমা খনৰ প্ৰতি আমাৰ আগ্ৰহ বাঢ়ে। (ইয়াৰ কাৰণ অৱশ্যেই চিনেমা খনৰ প্ৰচাৰ ডিজাইন। প্ৰচৰত এই বিন্দুটোহে হাইলাইট কৰিছে।) বিন্দুটো পোৱাৰ আগতে খগেনৰ দৃষ্টিৰে পৰিচালকে ফ্লেচ-বেকত পৰিয়ালটোৰ "গল্প" কয়। পত্নী নুমলী, জীয়েক কুঁৱলীক লৈ খগেন দাসৰ পৰিয়ালটো। খাদ্যৰ সন্ধানত জনাঞ্চললৈ অহা হাতীৰ গচকত  নুমলীয়ে আঘাত পায়, আৰু চিকিৎসালয়ত চিকিৎসা পোৱাৰ আগতে মৃত্যু হয়। সময়ত চিকিৎসা নোপোৱাৰ কাৰণ  --খগেন দাসৰ গাঁও খনত চিকিৎসাৰ কোনো ব্যৱস্থা নাই, বাট-পথ বেয়া, মাত্ৰ এখন বাঁহৰ দলঙেৰে আন অঞ্চলৰ সৈতে সংযোগ থকা গাঁও খনৰ যাতায়ত ব্যৱস্থা সাধাৰণো নহয়। আৰু যি খন চিকিৎসালয়লৈ নিছিল, সেই গ্ৰাম্য চিকিৎসালয় খনত নিশা চিকিৎসক নাথাকে। নুমলীয়ে যন্ত্ৰনা লৈ চিকিৎসাৰ অপেক্ষাত থকা সময়ত, চিকিৎক গৰাকী ৰাসৰ সভাত গামোচা লোৱাত ব্যস্ত। নুমলীৰ মৃত্যুৰ মাজেৰে পৰিচালকে গ্ৰাম্য চিকিৎসাৰ দুৰ্বল-কদৰ্য ছবি খন স্পষ্ট কৰিছে কম ফুটেজতে। --ৰূপালী গল্পটোৰ শেষত আমি অনুভৱ কৰিছো, নুমলীৰ মৃত্যু, নুমলীৰ মৃত শৰীৰ চাইকেলত বান্ধী কঢ়িয়াই নিয়া কাৰ্য তপত খবৰ হৈছে, প্ৰতিবাদ হৈছে, ৰাজনীতি হৈছে, এখন নতুন দলঙৰ আাধাৰশিলা হৈছে। এইবোৰে কিন্তু চুব নোৱাৰে খগেন দাস হতক, খগেন দাস হতৰ সমাজ খনক। ঠেলা গাড়ীয়েই খগেন দাস হতৰ বাবে এম্বুলেন্স। চিকিৎসাৰ বাবে ঠেলাযাত্ৰা, ঠেলাতেই মৃত্যু "গ্ৰাম্য চিকিৎসা"। --এয়া অসমৰ গ্ৰাম্য চিকিৎসাৰ কাল্পনিক ছবি নিশ্চয় নহয়! চিনেমা খনৰ লেখক-পৰিচালকে ভাৰতৰ, অসমৰ "গ্ৰাম্য চিকিৎসা"ৰ দুৰ্বল  আন্তঃগাঠনিৰ লগতে যোগাযোগ অব্যৱস্থাৰ বাস্তৱ ছবি খন স্পষ্ট কৰিছে। --হয়, আমাৰ ধাৰণাত "গ্ৰাম্য চিকিৎসা" চিনেমা খনৰ বিষয়বস্তু। এখন মাত্ৰ বাঁহৰ দলং, বন্যহস্তীৰ তাণ্ডৱ, গণবিৰোধী ৰাজনীতিকৰ ভণ্ডামি আদি বিষয়বস্তু নিৰ্মাণৰ উপাদান। --বিষয়বস্তুক গতি দিছে খগেন দাস হতৰ কাহিনীৰে। বিষয়বস্ত নিৰ্বাচন আৰু উপস্থাপন, গল্প কোৱাৰ শৈলীৰ বাবে 'বেলকনিত ভগৱান'-এ আমাক বহুদিনলৈ চুই থাকিব। চুই থাকিব হৰিশ খান্না (খগেন), প্ৰণামী বৰা (নুমলী), পৰিনন্ধী জীমা চুলতানা (কুঁৱলী) ৰ অভিনয়ে। বিশেষকৈ হৰিশ খান্নাৰ চেহেৰা-দেহৰ অভিনয় চিনেমা খনৰ মূল অলংকাৰ। সৌন্দৰ্য।
-- সীতাংশু খামাৰীৰ চিত্ৰগ্ৰহণ, বিশাল খত্ৰীৰ সংগীতো চিনেমা খনৰ যোগাত্মক দিশ।
মন চুই থকা আন কেইটামান ছিকুৱেন্স-- ছাগলী পোৱালীটোৰ সৈতে প্ৰথমে নুমলীৰ, পাছত কুৱলীৰ সম্পৰ্ক। অতি কম ফুটেজতে খগেন-নুমলীৰ মৰম-ভালপোৱা নিৰ্মাণ।
চিনেমা খনে আমাক চুই থকাৰ আন এটা কাৰণ--মেদহীন সাহিত্য প্ৰয়োগ, কেমেৰাৰ ভাষা কেন্দ্ৰীক চিনেকৰ্ম।
ইমান খিনি ভালৰ পাছতো বিশ্বজিতৰ এই চিনেকৰ্মক মুকলি মনেৰে প্ৰসংসা কৰিব নোৱাৰিম এই কাৰণে--
(ক) প্ৰথমটো ফ্লেছ-বেকৰ দৈৰ্ঘ, গতি। বেছি দৈৰ্ঘৰ ফ্লেছ-বেকটো বিভাজনেৰে চিনে সৌন্দৰ্য বঢ়োৱাৰ থল আছিল। মন্থৰ গতিয়ে খন্তেক সময় আমনি দিছে।
(খ) চিনেমা খনৰ শেষৰ ফালে 'সময়' নিৰ্মাণ বা স্পষ্ট কৰাত পৰিচালক বিফল। স্থানীয় বিধায়কৰ ভণ্ডামি দেখুৱাবলৈ গৈ আধাৰশিলা আদি এটা দিনতে নিৰ্মাণ, স্থাপন, বাঁহৰ দলং খন ভাগি স্থানীয় বিধায়ক, সাংবাদিক নদীৰ পানীত পৰা আদি এটা দিনৰে নে? যদি এটা দিনৰ বাস্তৱতাৰ আঁতৰতে থাকি গ'ল চিনেমা খনৰ এই অংশ।

জ্যোতি চিত্ৰবনত শুভ মহূৰৎ হয় ‘ৰাঘৱ’ৰ। #অভিনন্দন #যতীন_বৰা

আজি জ্যোতি চিত্ৰবনত শুভ মহূৰৎ হয় ‘ৰাঘৱ’ৰ। অভিনেতা-পৰিচালক,বন্ধু যতীন বৰাৰ নতুন চিনেমা। অসমীয়া চিনেমাৰ অভিনেতা-অভিনেত্ৰী, চিত্ৰৰসিকৰ সৈতে আমিয়ো উপস্থিত থাকো, অভিনেতা গৰাকীৰ  মৰম ভৰা আমন্ত্ৰণত।
#অভিনন্দন  #যতীন_বৰা
-----------------------------------------
#অধিনায়ক --যতীন বৰাৰ পৰিচালনাৰে নিৰ্মিত চিনেমা। নায়ক যতীনৰ প্ৰথম পৰিচালনা। ২০০৬ চনত চিত্ৰগৃহলৈ আহিছিল। অনুভৱ কৰিছিলোঁ, চিনেমা খন মুনিন বৰুৱাৰ পৰিচালনা শৈলীৰ পৰা মুক্ত নহয়। এই যে মুক্ত নহয় বুলিছো ইয়াৰ কাৰণ হব পাৰে চিনেমা খনৰ লেখক আছিল মুনিন বৰুৱা। গতিকে চিনেমা খনক লৈ বিশেষ উৎসাহ অনুভৱ কৰা নাছিলো। 
#ৰত্নাকৰ  মৰমৰ নতুন আখ্যান --যতীন বৰাৰ দ্বিতীয় (চিনেমা) পৰিচালনা। চিত্ৰগৃহলৈ আহিছিল ১১ অক্টোবৰ ২০১৯ -ত। অভিজিৎ ভট্টাচাৰ্যই লিখা এই চিনেমা খনত 'পৰিচালক যতীন বৰা'ৰ চিনেমেটিক কাৰবাৰ অনুভৱ কৰিছিলো। চিনেমা খনৰ 'গল্প' মৌলিক নাছিল। এই যে মৌলিক নাছিল, এয়া দৰ্শকৰ বাবে সমস্যা নাছিল। বিশেষকৈ চিনেমাৰ চিনেমেটিক গতি, সংগীত (গীতৰ চিত্ৰায়ন, গীত। 'এটা কথা ...' হৰ্ষিতা ভট্টাচাৰ্যৰ কণ্ঠত জনপ্ৰিয় হৈছিল।) আৰু চৰিত্ৰ নিৰ্মাণে দৰ্শকক চিত্ৰগৃহলৈ টানিছিল। 
--এই যে টানিছিল, চিনেমা খনৰ দ্বিতীয় পৰ্যায়ৰ দৰ্শকক। 
--প্ৰথম পৰ্যায়ত টানিছিল সু-পৰিকল্পিত প্ৰচাৰ আৰু 'যতীন ইমেজ'-এ। শেষ পৰ্যন্ত চিনেমা খনৰ সৰ্বমুঠ আয় ১০-১২ কোটি টকা বুলি চৰ্চা হৈছে। (আন এক তথ্য: ১.৩ কোটি টকা বাজেটৰ চিনেমা খনৰ আয় ৯.২৩ কোটি টকা।) এয়া অসমীয়া চিনেমাৰ স্থানীয় বজাৰৰ অভিলেখ।
 এতিয়া যতীন বৰা ব্যস্ত তৃতীয় চিনেকৰ্মত। নাম ৰাখিছে #ৰাঘৱ । মূল চৰিত্ৰটোত স্বাভাৱিকতে যতীনেই অভিনয় কৰিব। সংগীত জুবিন গাৰ্গৰ। অহা ১৪ অক্তোবৰত শুভ মহুৰৎ। আৰু তাৰ পাছতে যতীনৰ নিৰ্দেশত কেমেৰা  ঘুৰাব, ৰাজ্যৰ বাহিৰৰ ভিতৰৰ লোকেশ্বনত। 
 --স্বাভাৱিকতে আমি আশা কৰিম আৰু এখন "বজাৰ সফল" চিনেমা। 'ৰত্নাকৰ' দৰে, 'ৰত্নাকৰ'ক নিস্প্ৰভ কৰিব পৰা।

বৃহস্পতিবার, ১৩ অক্টোবর, ২০২২

আৰু অভিজিৎ ভট্টাচাৰ্য, লভিতা ... /৩

"সাদিন", "অসমীয়া প্ৰতিদিন" কাকত দুখনৰ প্ৰতিষ্ঠাপক সম্পাদক অজিত কুমাৰ ভূঞা। ভিতৰৰ কথা নাজানো, কাকত দুখনৰ পৰা কিয় আঁতৰি গৈছিল? --আঁতৰি গৈ কিয় "আজি" (দৈনিক), "নতুন সময়" (সাপ্তাহিক) প্ৰকাশ কৰিছিল, সম্পাদকৰ দায়িত্ব লৈছিল? আজিলৈকে জানিব বিছৰা নাই বাবেই নাজানো।
--নাজানো, পৰৱৰ্তী সময়ত আকৌ কিয় "অসমীয়া প্ৰতিদিন"ৰ সম্পাদকৰ আসনত বহিছিল। এই যে বহিছিল, সেই সময়তে মোক কাকত খনৰ সম্পাদনা বিভাগত কাম কৰিবলৈ মাতি নিছিল। 
--মোৰ সম্পাদনাত প্ৰকাশ পোৱা কাকত খনৰ সাংস্কৃতিক পৃষ্ঠাটো প্ৰথমবাৰ প্ৰকাশ পোৱাৰ দিনাই স্বত্বাধিকাৰ জয়ন্তু বৰুৱাই মাতি নি  কৈছিল, মই হেনো "সানন্দা" নামৰ বাংলা আলোচনী খনত প্ৰকাশ হোৱা খবৰ অনুবাদ কৰি লগাইছো। মই "মিছা" বুলি কোৱাত স্পষ্ট কৰি দিছিল স্বত্বাধিকাৰ গৰাকীয়ে, কাকত খনৰে এজনে কৈছিল। কৈছিল বাবেই মোক সুধিছিল। স্বত্বাধিকাৰ গৰাকীয়ে হয়তো বুজা নাছিল, মই বুজিছিলো, ভ্ৰাম্যমাণ থিয়েটাৰৰ বিজ্ঞাপন ধৰ্মী লেখা কেইটামান 'খবৰ'ৰ আকাৰ দি পৃষ্ঠাটোত লগোৱাৰ "অপৰাধ" কৰিছিলো! কাকত খনত জড়িত সাংবাদিক এগৰাকীয়ে ভ্ৰম্যমাণ থিয়েটাৰৰ প্ৰযোজকক কথা দিছিল বিজ্ঞাপন ধৰ্মী লেখা উলিয়াই দিম বুলি। বিজ্ঞাপন ধৰ্মী লেখা কেইটা যে নোলাল, এই কথাটো স্বত্বাধিকাৰ গৰাকীক কব নোৱাৰে, নোৱাৰে বাবেই 'সানন্দা'ৰ কথা কৈছিল। --হয়, বিজ্ঞাপন ধৰ্মী লেখা কেইটা আছিল অভিজিৎ ভট্টাচাৰ্যৰ নাটকৰ। সকলো কথা মুকলিকৈ সম্পাদক অজিত কুমাৰ ভূঞাক কৈছিলো। "তুমি যেনেদৰে ভাৱা কৰি যোৱা। মই আছো।" --অজিত কুমাৰ ভূঞাই কৈছিল। কৰি গৈছিলোঁ।
আৰু অথন্তৰ! 
মাহ-তাৰিখ মনত নাই। মই গৈ "অসমীয়া প্ৰতিদিন"ৰ কাৰ্যালয় পোৱা মাত্ৰকে অচ্যুৎ কুমাৰ পাটোৱাৰীয়ে কৈছিল, কিছু সময়ৰ আগতে কাকত খনৰ স্বত্বাধিকাৰলৈ এটা "ফোন" আহিছিল। "ফোন" কৰোতাৰ অভিযোগ, মই হেনো  ভ্ৰাম্যমাণ নাট্যদল ৰাজশ্ৰীৰ প্ৰযোজকৰ ওচৰলৈ গৈছিলো টকা বিছাৰি। "ফোন" অহাৰ সময়ত  অচ্যুৎ কুমাৰ পাটোৱাৰীয়ো আছিল। অচ্যুৎ কুমাৰ পাটোৱাৰীয়ে  মূহুৰ্ততে নাট্যদলটোৰ সেই নাট্যবৰ্ষৰ অভিনেতা চম্পক শৰ্মাৰ সৈতে যোগাযোগ কৰিছিল, "ফোন"ত চম্পক শৰ্মাই যি কৈছিল স্বত্বাধিকাৰ জয়ন্ত বৰুৱাক প্ৰত্যক্ষ ভাবে শুনাইছিল। চম্পক শৰ্মাই কৈছিল-- "উৎপল মেনা ইয়ালৈ অহা নাই। ৫-৬ বছৰ মান দেখায়ে নাই। কেইদিন মান আগতে ফোন কৰিছিল। 'অগ্নিস্নান'ৰ কথা পাতিছিল।..." --সেইদিনা অচ্যুত পাটোৱাৰীয়ে মই ৰাজশ্ৰী থিয়েটাৰলৈ নোযোৱা কথাটো প্ৰমাণ নকৰিলে এটা "কলংকৰ বোজা"ৰ সৈতে মোক হয়তো "অসমীয়া প্ৰতিদিন"ৰ পৰা বাহিৰলৈ যোৱাৰ বাট দেখুৱালে হেতেন! 
--সেই "ফোন"টো কৰাৰ কাৰণ? 
--চম্পক শৰ্মাই 'অগ্নিস্নান'ৰ কথা পাতিছিল বুলিছিল যে! 'অগ্নিস্নান'ৰ কথা পাতিছিলো প্ৰতিবেদন এখন যুগুত কৰিবলৈ। ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ একে নামৰ চিনেমাৰ আধাৰত চম্পক শৰ্মাই লিখিছিল, পৰিচালনা কৰিছিল "অগ্নিস্নান", সেই নাট্যবৰ্ষত ৰাজশ্ৰী থিয়েটাৰৰ বাবে। "অগ্নিস্নান"ৰ বিশেষ প্ৰতিবেদন যুগুত কৰি প্ৰকাশ কৰিছিলোঁ; কিন্তু অভিজিৎ ভট্টাচাৰ্যৰ নাটক কেন্দ্ৰীক বিজ্ঞাপন ধৰ্মী লেখা তিনিটা ... (ব্যখ্যাৰ প্ৰয়োজন আছে জানো!) --এই যে মোৰ "ব্যক্তিগত কথা" যেন লগা কথা বোৰ লিখিছো! --কিয় লিখিছো পৰৱৰ্তী চৰ্চাত স্পষ্ট হ'ব।
------------------------------------------
আৰু আছে wait

বুধবার, ১২ অক্টোবর, ২০২২

আৰু অভিজিৎ ভট্টাচাৰ্য, লভিতা ... /২

"প্ৰচাৰ মাধ্যম" বাঢ়িল। 
--সামাজিক মাধ্যম।
সামাজিক মাধ্যমত ভ্ৰাম্যমাণ থিয়েটাৰৰো প্ৰচাৰ দেখিলোঁ। "গোট" নিৰ্মাণ কৰা দেখিলোঁ। সৰহ সংখ্যক গোটতে (ভ্ৰাম্যমাণ থিয়েটাৰ কেন্দ্ৰিক) দেখিলোঁ-- অভিজিত ভট্টাচাৰ্যৰ নাটকৰ প্ৰচাৰ। সন্দেহ নৰখাকৈ কব পাৰি, সামাজিক মাধ্যমত হোৱা (প্ৰচাৰ) চৰ্চাই "জনপ্ৰিয়" নাট্যকাৰ অভিজিৎ  ভট্টাচাৰ্যৰ জনপ্ৰিয়তা আৰু বঢ়াইছিল। 
বিশেষকৈ facebook -ত কম দিনৰ ভিতৰতে ভ্ৰাম্যমাণ থিয়েটাৰ কেন্দ্ৰীক গোটৰ সংখ্যা বাঢ়িল। দুটা মান গোটত দেখিলো অভিজিত ভট্টাচাৰ্যৰ নাটক কেন্দ্ৰীক তেনেধৰণৰ চৰ্চা, যেনেধৰণৰ চৰ্চা আমি (মই আৰু ৰাকেশ প্ৰকাশে) "দৰা হ'ব কোন" -ৰে আৰম্ভ কৰিছিলোঁ। ভাল লাগিল। কিন্তু পৰৱৰ্তী সময়ত অনুভৱ কৰিলোঁ, গোটটোৰ উদ্দেশ্য --অভিজিত ভট্টাচৰ্যক "যেনে তেনে ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰা আঁতৰাব লাগে।" (" "-ৰ ভিতৰত এই কাৰণে লিখিছো, মই অনুভৱ কৰা কথা খিনিয়ে এদিন কথা প্ৰসংগত "গোট"টোৰ এগৰাকীয়ে কৈছিল।), আৰু আন এগৰাকীক "ভ্ৰাম্যমাণ থিয়েটাৰৰ জনপ্ৰিয় নাট্যকাৰ"ৰ আসনত বহুৱাব লাগে। (সেই বিশেষ নাট্যকাৰ গৰাকীয়ে কথাশিল্পী মহেন্দ্ৰ বৰঠাকুৰে অভিযোজনা কৰা নাটক এখন ইফাল-সিফাল কৰি, সেই সময়ত ভ্ৰাম্যমাণ থিয়েটাৰত "নাট্যকাৰ" হিচাবে খোজ দিছিল। অভিজিত ভট্টাচৰ্যৰ "মিলন-মালা পৰ্ব"ত এই গৰাকী নাট্যকাৰ আৰু নাট্যকাৰ গৰাকী কোন ইত্যাদি স্পষ্ট কৰিম। এই গোটটোৰ দুই-একে আমাক লক্ষ্য কৰিও লিখিছিল, সেই বিশেষ নাট্যকাৰ গৰাকীৰ নাটকৰ্ম পছন্দ নকৰা বাবে, আন এগৰাকী নাট্যকৰ্মী মৃদুল চুতীয়াৰ নাট্যকৰ্ম পছন্দ কৰা বাবে। --এই প্ৰসংগ আগলৈ ৰাখিলো।)
--সামাজিক মাধ্যমৰ গুৰুত্ব বঢ়াৰ পাছত পূৰ্বে সংবাদ মাধ্যমৰ একাংশৰ সহায়ত "প্ৰচাৰৰ পিঠিত" (বিজ্ঞাপন ধৰ্মী লেখাৰে) উঠি নাট্যযাত্ৰাত গুৰুত্ব দিয়া অভিজিত ভটাচাৰ্যৰ (বলিউডী শৈলীৰ নাট্যকৰ্মৰ) "নাট্যযাত্ৰা" আৰু দ্ৰুত হ'ল। "নাট্য সম্ৰাট"ৰ দৰে নানা উপাধিৰে সন্মানো দিয়া হ'ল। মুঠৰ ওপৰত, মূলতঃ সামাজিক মাধ্যমৰ সহায়ত এনে ধাৰণা নিৰ্মাণ কৰা হ'ল --অভিজিত ভট্টাচাৰ্যৰ নাটকক বাদ দি ভ্ৰাম্যমাণ থিয়েটাৰৰ "বজাৰ" সফলতা অসম্ভৱ। এই ধাৰণা যে ১০০% শতাংশয়ে অশুদ্ধ, তেনেও নহয়। এয়াও সত্য-- হঠাতে অভিজিত ভট্টাচাৰ্যই ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নাটক নিলিখা হ'লে কেইবাটাও নাট্যদলে সমস্যাত পৰিব। (এই খিনিতে মনলৈ আহিছে "নতুন সময়"ত কথাশিল্পী মহেন্দ্ৰ বৰঠাকুৰ প্ৰসংগ ক্ৰমে লিখা "নাটক লিখা সহজ নহয়, ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নাটক লিখা কামটো তাতকৈয়ো কঠিন।" কথষাৰ।) চলিত নাট্যবৰ্ষত কেইবাটাও ভ্ৰাম্যমাণ নাট্যদলত অভিজিৎ ভট্টাচাৰ্যৰ নাটক নাই। তেনেদৰে পৰ্যায়ক্ৰমে অভিজিত ভট্টাচাৰ্যৰ নাটক নোলোৱাকৈ "বজাৰ" সফলতা পালে অভিজিত ভট্টাচাৰ্যই ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নাটক নিলিখা হ'লেও নাট্যদলৰ বাবে "সমস্যা" নহব পাৰে! (এই খিনিতে উল্লেখ কৰাৰ প্ৰয়োজন আছে-- যি সকল নতুন বা আন নাট্যকাৰক লৈ একাংশ "অভিজিত ভট্টাচাৰ্য বিৰোধি" নাট্য পণ্ডিত উৎসাহিত হৈছে, সেই সকলৰ সৰহ ভাগেই "অভিজিত ভট্টাচাৰ্যৰ বাটে"ৰে আগবাঢ়িছে। এয়া "উৎসাহ"ৰ খবৰ নহয়। উদ্দেশ্য অভিজিৎ ভট্টাচাৰ্য নহয়, অভিজিৎ ভট্টাচাৰ্যই আমদানি কৰি "জনপ্ৰিয়" কৰা বলিউদ-দক্ষিণ ভাৰতীয় চিনেমাৰ শৈলী আঁতৰোৱাহে হোৱা উচিৎ, নহয় নে?) 
------------------------------------------
#সেই সময়ত মই "অসমীয়া প্ৰতিদিন"। --কোনে কাকত খনৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাক ফোন কৰিছিল, মই ৰাজশ্ৰী থিয়েটাৰৰ প্ৰযোজকৰ ওচৰলৈ গৈ টকা বিচাৰিছো বুলি অভিযোগ দি? অচ্যুত কুমাৰ পাটোৱাৰীয়ে কি প্ৰমাণ কৰিছিল?

#সেই সময়ত মই "আজিৰ দৈনিক বাতৰি"ত। প্ৰতি শুকুৰবাৰে এগৰাকী "চিত্ৰসাংবাদিকে" কিয় কাকত খনৰ স্বত্বাধিকাৰী অঞ্জন দত্তক ফোন কৰিছিল?
#এগৰাকী চিনেমাৰ অভিনেত্ৰীয়ে "নিয়মীয়া বাৰ্তা"ৰ সেই সময়ৰ সম্পাদক শংকৰ লস্কৰক মোৰ বিৰূদ্ধে কি, কিয় কৈছিল?  অভিজিত ভট্টাচাৰ্যৰ নাটকৰ "বেয়া"কৈ লিখিলে মোক কি কৰাৰ ভাবুকি দিছিল ? 
#চিৰসেউজ অসমীয়া নাটক সংৰক্ষণৰ বাবে বিশেষ আইনৰ কথা কিয় চিন্তা কৰিব লাগে? এই ক্ষেত্ৰত অসম চৰকাৰৰ "সাংস্কৃতিক মন্ত্ৰী" গৰাকীয়ে আগভাগ কিয় লব লাগে।
...লিখি আছো। 
------------------------------------------
(আৰু আছে)  wait

সোমবার, ১০ অক্টোবর, ২০২২

নুৰুল চুলতান ...

বাৰ, তাৰিখ মনত নাই। ২০০৮ চনৰ এটা দিন। মই "অসমীয়া প্ৰতিদিন"ৰ সম্পাদনা বিভগৰ সৈতে জড়িত আছিলো, সেই সময়ত। কাকত খনৰ সাংস্কৃতি পৃষ্ঠাটো সম্পাদনা কৰা-লিখা, বুধবৰীয়া বিশেষ পৃষ্ঠাৰ বাবে লিখা, "সম্ভৰ" সম্পাদনাত সেই সময়ৰ কাকত খনৰ সম্পাদক অজিত কুমাৰ ভূঞাক সহায় কৰা, ইমানেই মোৰ কাম। এদিন কাম সামৰি উভতাৰ বাটত এগৰাকী ব্যক্তিক লগ পাইছিলোঁ। লগ পাইছিলোঁ মানে, ব্যক্তি গৰাকিয়ে আগবাঢ়ি আহি মোৰ সৈতে চিনাকী হৈছিল। ব্যক্তি গৰাকীক অনুৰোধ কৰাত আমাৰ ঘৰলৈ আহিছিল। বহু সময় কথা পাতিছিলোঁ। অসমীয়া চিনেমাৰ বজাৰ কেন্দ্ৰীক কথা পাতিছিলোঁ। কাৰণ দুই-এটা কথা পতাৰ পাছতে অনুভৱ কৰিছিলো, সেই সময়ৰ কেইবাখনো জনপ্ৰিয় ভিডিঅ' ছবিৰ প্ৰযোজক গৰাকীৰ "চিনেমা বজাৰ"ত দখল আছে। প্ৰযোজক এগৰাকীৰ থাকিব লগীয়া জ্ঞান খিনিয়ো আছে। (ভিডিঅ' ছবিৰ বাবে) কাহিনী নিৰ্বচন, চিত্ৰনাট্যকাৰ নিৰ্বাচন আদি নিজে কৰি পৰিচালকৰ হাতত তুলি দিয়ে। সেই দিনায়ে অনুভৱ কৰিছিলো, "অসমীয়া চিনেমা"ই এগৰাকী ভাল প্ৰযোজক পাব। নাম-- নুৰুল চুলতান। (অসমীয়া চিনেমাৰ প্ৰযোজকৰ দায়িত্ব "টকা দিয়া"তেই শেষ। বাজেট-বজাৰ আদিয়ো পৰিচালকেই চিন্তা কৰিব লাগে। দুই-তিনিজন মানহে প্ৰকৃত প্ৰযোজক বিছাৰি পোৱা যাব।)
প্ৰযোজনা দক্ষতা আৰু লেখা-মেলাতো দখল থকা বাবে সেই তেতিয়াৰে পৰা নুৰুল চুলতানৰ সৈতে আমাৰ সম্পৰ্ক। --কেতিয়াবা চিনেমা কেন্দ্ৰীক কথা পাতো, লগ পালে, "ফোন"ত। 
--সময় গৈ থাকিল।
এদিন পৰিচালক যদুমণি দত্ত আহিছিল, আমাৰ ঘৰলৈ। কথা প্ৰসংগত কৈছিল, চিনেমা এখনৰ কাম হাতত লৈছে। নুৰুল চুলতানে প্ৰযোজনা কৰিব। 
'জেতুকা পাতৰ দৰে' নেকি? ... আইমী বৰুৱাই অভিনয় কৰিব!
"আপুনি কেনেকৈ জানিলে?"
নুৰুল চুলতানে কৈছে। মুনিন বৰুৱাই চিত্ৰনাট্য লিখা নাই জানো!
"হয়।" বুলিছিল যদুমণি দত্তই।
আৰু সময়ত সেই চিনেমা খন সম্পূৰ্ণ হৈছিল, অসমীয়া চিনেমাৰ শিতানত শ্ৰেষ্ঠ চিনেমাৰ ৰাষ্ট্ৰীয় বঁটাও পাইছিল। --এই গৰাকী প্ৰযোজকৰে শেহতীয়া চিনেমা "বেলকনিত ভগৱান"  (God on the Balcony)। লেখক, পৰিচালক --বিশ্বজিত বৰা। (চিনেমা খনৰ চৰ্চা যথাস্থানত ...) চিনেমা খন বৰ্তমান চিত্ৰগৃহত।

রবিবার, ৯ অক্টোবর, ২০২২

ছেমখৰ

'ছেমখৰ' চালো। আইমী বৰুৱাৰ পৰিচালনা। প্ৰথম পৰিচালনা। চিনেমা খন চোৱাৰ আগলৈকে কল্পনাও কৰা নাছিলো চিনেসৌন্দৰ্যৰে ভৰপুৰ, কালাৰফুল, বাস্তৱ অভিনয়ৰ হব 'ছেমখৰ'। --চিনেমা খনৰ বিষয়বস্তু কেন্দ্ৰীক চৰ্চা চলি আছে। চৰ্চাৰ ৰাজনৈতিক কৰণো হৈছে। চৰ্চাত কোৱা হৈছে-- " 'ছেমখৰ’ত ভুল তথ্যৰে ডিমাচা জনগোষ্ঠীক অপমান কৰিছে পৰিচালিকা আইমী বৰুৱাই। 
চিনেমা খনত দেখুওৱাৰ দৰে প্ৰসূতি মাতৃৰ মৃত্যুৰ পাছত জন্ম হোৱা সন্তানটি কন্যা সন্তান হ’লে মাতৃৰ লগত সন্তানটিকো মাৰি পেলোৱা বুলি উপস্থাপন কৰা কথাটো জনগোষ্ঠীটোৰ লগত মিল নথকা কথা।..." এই প্ৰসংগত নিশ্চয় চৰ্চাৰ প্ৰয়োজন আছে। কাৰণ নামটোৱে স্পষ্ট কৰি দিছে চিনেমা খনৰ বিষয়বস্তু --ছেমখৰ। চিনেমা খন ছোৱাৰ পাছত দেখিলো এক নাৰীৰ নীৰৱ বিদ্ৰোহ, পুৰুষতান্ত্ৰিক সমাজৰ নিষ্পেষিত নাৰী এগৰাকীৰ বিদ্ৰোহ। নাৰী সেই খন সমাজত এক যন্ত্ৰ, সন্তান জন্ম দিয়া যন্ত্ৰ। কোনো নিজস্ব অস্তিত্ব থাকিব নোৱাৰে, আৱেগ থাকিব নোৱাৰে। স্বামী নামৰ পুৰুষ জনৰ সকলো প্ৰয়োজন পুৰণৰ, পৰিয়ালৰ প্ৰয়োজন পুৰণৰ বাহিৰে আন কোনো দায়িত্ব থাকিব নোৱাৰে চিনেমা খনত দেখুওৱা সমাজ খনত। সেই খন সমাজ 'জ্ঞানৰ পোহৰ' নপৰা সমাজ। বেজৰ মইমতালি চলা সমাজ।--পৰিচালকে 'সমাজ' খন ৰূপালী পৰ্দালৈ আনিছে কেমেৰাৰ ভাষাক গুৰুত্ব দি। কেমেৰাৰ ভাষাৰ সু-গাণিতিক প্ৰয়োগেৰে ৰূপালী গল্পটোক মসৃণ গতি দিয়াত সফল পৰিচালক। আৰু সফলতা চিনেমা খনৰ যোগাত্মক দিশ।
--চিনেমা খনৰ 'গল্প'ৰ প্ৰথমটো বিন্দু ডিৰ’ৰ পত্নীৰ ষষ্ঠ সন্তানটোৰ জন্ম মুহূৰ্ত। পথাৰত কামৰ মাজত ব্যস্ত থকা সময়তে প্ৰসৱ বেদনা আৰম্ভ হয় ডিৰ’ৰ পত্নীৰ। নৱজাতকৰ কন্দোন, আনফালে ওচৰৰে জংঘলত ডিৰ’ৰ সংঘাত বাঘৰ সৈতে। জন্ম আৰু মৃত্যুৰ গতি, দুই মেটাফৰ সমান্তৰাল গতি। বুদ্ধিদীপ্ত শ্বট। এই বিন্দুটোৰ পৰা ৰূপালী গল্পটোৱে গতি লয়, অন্ধবিশ্বাস-কুসংস্কাৰ আদি বিষয়বস্তুৰ উপাদান লৈ।  কম সংলাপৰ, চিনেমেটিক কাৰবাৰ কেন্দ্ৰীক ৰূপালী  গল্পটোৰ গতিত বিষয়বস্তু বাধা হোৱা নাছিল। চিনে সৌন্দৰ্যৰে ভৰপুৰ শেষ চিকুৱেন্সটোলৈ। --চিনেমা খনৰ গল্পটো শেষৰ চোৱাত দেখা যায়, অসহায় প্ৰসৱ বেদনাত ডিৰ’ৰ জীয়ৰী। কন্যা সন্তানৰ জন্ম হয়। সন্তুান জন্ম দি  ডিৰ’ৰ জীয়ৰীৰ মৃত্যু হয়। ডিৰ’ৰ পত্নীয়ে জানে জীৱন থকা নৱজাতক অন্ধবিশ্বাস-কুসংস্কাৰৰ বলি হব। তেনে হোৱাত বাধা হয় ডিৰ’ৰ পত্নী। নৱজাতকক লৈ তাই হাবিৰ মাজ পায়, হাবিৰ মাজত নিজকে হেৰুৱাই। বুকুৰ মাজত নৱজাতকক লৈ হাবিৰ বিশাল জলৰাশিৰ মাজৰ শিলৰ ওপৰত শুই দিয়ে আকাশমুৱা হৈ। কেমেৰাৰ ফ্ৰেমত স্থিৰ ছাবজেক্ট, কেমেৰা মুভমেণ্ট। ছাবজেক্টৰ সৈতে সেউজ সৌন্দৰ্য, নদীৰ জলোচ্ছ্বাস,শিলত ঠেকা খাই অহা প্ৰবহমান সোঁত।এই শ্বটটোৰে ইংগিত দিছে জীৱনৰ অবিৰত ধাৰা অন্ধবিশ্বাস-কুসংস্কাৰ ইত্যাদিত ঠেকা খাইছে, ঠেকা খাই ৰৈ যোৱা নাই, গৈ আছে।
--চিনেমা খনৰ গল্পটোৰ কেন্দ্ৰ বিন্দু ডিৰ’ৰ পত্নী। ডিৰ’ৰ পত্নী, মুৰিৰ মাকৰ আঁৰতে থাকি গৈছে নাৰী চৰিত্ৰটোৰ নাম। চৰিত্ৰটোত অভিনয় কৰিছে আইমী বৰুৱাই। আৰম্ভনীৰে পৰা দেখা গৈছে চৰিত্ৰটোৰ মনত ক্ষোভ আছে। সমাজ খনৰ পুৰুষতান্ত্ৰিক চিন্তা, অন্ধবিশ্বাস-কুসংস্কাৰৰ বিৰূদ্ধে। এই ক্ষোভ ৰূপালী গল্পটোৰ মাজে মাজে উজাৰিছে মটিত আঘাট কৰি। আৰু এই ক্ষোভ শেষ হৈছে ৰূপালী গল্পটোৰ শেষত, ডিৰ’ৰ পত্নীৰ নিয়ম ভঙা প্ৰতিবাদী দৌৰত। --সকলো ঠিকেই আছিল, আইমীক লৈ নিৰ্মাণ কৰা মূল চৰিত্ৰটোৰ কেশ সজ্জা, খোজ-কাটলত মন দিব লাগিছিল। চৰিত্ৰটোত 'পাৰ্লাৰৰ গোন্ধ' থাকি গ'ল। অৱশ্যে অভিনয় বাস্তৱৰ ওচৰৰ। পৰিচালকে বাস্তৱিক অভিনয়ৰে (realistic acting) আন কেইটা চৰিত্ৰয়ো নিৰ্মাণ কৰিছে। নিৰ্মাণত সফল হৈছে। তেনেদৰে সফল হৈছে নৃত্য-গীত ব্যৱহাৰত, কম ফুটেজতে ছেমখৰৰ থলুৱা সংস্কৃতি তথ্যচিত্ৰ পৰ্যায়লৈ যাব নিদিয়াকৈ কৰা চিনেমেটিক ব্যৱহাৰত।

আৰু অভিজিৎ ভট্টাচাৰ্য, লভিতা ... /১

সামাজিক মাধ্যমত "লভিতা" চৰ্চা। নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য কেন্দ্ৰীক চৰ্চা। এই চৰ্চাৰ যুক্তি আছে, প্ৰয়োজন আছে। জ্যোতি প্ৰসাদ আগৰৱালাৰ সেউজ নাট্যকৰ্মক বিকৃত কৰাৰ অধিকাৰ কাৰো নাই। অভিজিৎ ভট্টাচাৰ্যৰো নাই। আৰু সম্পাদনা কৰি (দুই-তিনিটা দৃশ্য বাদ দি) মঞ্চস্থ কৰা নাট্যকৰ্মী সকলৰো নাই। 
বহুতৰে প্ৰশ্ন, অভিজিৎ ভট্টাচাৰ্য কেন্দ্ৰীক "লভিতা" চৰ্চা আমি কিয় কৰা নাই। 
আৱাহন থিয়েটাৰত মঞ্চস্থ নাটক খন  চোৱা, সেই বাবে লিখা নাই। --আমাৰ উত্তৰ।
কেতিয়া চাব? ...কেতিয়া লিখিব?
এসময়ত চাইছিলো, লিখিছিলো। এতিয়া মই ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক নাচাও। নিলিখো। --আমাৰ উত্তৰ।
কাৰণ নিশ্চয় আছে।
হয়, আছে। অভিজিৎ ভট্টাচাৰ্য কেন্দ্ৰীক চৰ্চা কৰি-কৰি ভাগৰ লাগিছে। "দৰা হ'ব কোন?" ৰ পৰা...। মোৰ লগত আছিল মাত্ৰ এগৰাকী, হাজোৰ ৰাকেশ প্ৰকাশ। সেই সময়ত অভিজিৎ ভট্টাচাৰ্যৰ নাটকে ভ্ৰাম্যমাণ থিয়েটাৰক অবাটে নিব বুলি লিখাৰ 'অপৰাধ'তে মই অকলশৰীয়া হৈছিলো।( অ', অকলশৰীয়া নহয়, মোৰ সৈতে আছিল ৰাকেশ।) --সেই সময়ত থিয়েটাৰ দেখুৱাবলৈ প্ৰতিখন দৈনিক কাকতৰে সাংস্কৃতিক পৃষ্ঠাৰ দায়িত্বত থকা 'সাংবাদিক' গৰাকীক আমন্ত্ৰণ কৰি নিছিল। আমাক বাদ দি। আমন্ত্ৰিত সকল গৈ অভিজিৎ ভট্টাচাৰ্যৰ নাটক চাইছিল, বলিউড শৈলীৰ নাটক লিখিবলৈ উৎসাহ দিছিল। ইমানতে শেষ নহয়, দুই-এক 'সাংবাদিকে' আমাক অভিজিৎ ভট্টাচাৰ্যৰ নাটকক প্ৰশংসা নকৰাৰ 'অপৰাধত'  তাচ্ছিল্য কৰি লিখিছিল।
 --সেই যে মোক তাচ্ছিল্য কৰি লিখিছিল, সেই সকলৰে এগৰাকীয়ে  এতিয়া অভিজিৎ ভট্টাচাৰ্য কেন্দ্ৰীক "লভিতা" চৰ্চাত আগভাগ লৈছে। ভাল কথা। "দৰা হ'ব কোন?" ৰ সময়ত, তাৰ পাছৰ সময় চোৱাত এই গৰাকী সাংবাদিকে ৰাকেশ আৰু মোক সমৰ্থন কৰিলে অভিজিৎ ভট্টাচাৰ্য কেন্দ্ৰীক "লভিতা" চৰ্চা আজি আঁতৰতে থাকিল হেতেন!
এই খিনিতে আমাৰ মত স্পষ্ট, সেই সকলো সমানেই দোষি, যি সকলে "নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য" নিৰ্মণ কৰিছিল, বলিউডৰ চিনেমাৰ পৰা, দক্ষিণ ভাৰতৰ চিনেমাৰ পৰা কাটকুট কৰি "চিত্ৰহাৰ মাৰ্কা" নাটক লিখা কাৰ্যত উৎসাহ দিছিল। --সেই সময়ত আমি মন কৰিছিলো, অসমীয়া কাকত-আলোচনী "অভিজিত বন্দনা"ৰে ভৰি পৰিছিল। আনৰ কথা বাদেই দিলো, ভবেশ বৰুৱাৰ দৰে অভিনেতাৰ মুখতো শুনিছিলো, "অভিজিত ভট্টাচায্যৰ দৰে নাটক বুজা, অভিনেতাক বুজা নাট্যকাৰ মই ভ্ৰাম্যমাণত পোৱা নাছিলো।" আছৰিত হৈছিলো, মোৰ প্ৰিয় নেতা গৰাকীৰ মুখত এই কথা শুনি। আছৰিত হোৱাৰ কাৰণ, এই গৰাকী অভিনেতায়ে ভ্ৰাম্যমাণ থিয়েটাৰলৈ ভৱেন্দ্ৰ নাথ শইকীয়া, মহেন্দ্ৰ বৰঠাকুৰৰ নাটক আনিছিল।
-------------------------------------------------------------------
১৯৯৪ চনৰ পৰা ২০০২ চনলৈ ভ্ৰাম্যমাণ থিয়েটাৰৰ খবৰ ৰখা নাছিলো, আমাৰ কৰ্মস্থান (মুম্বাই) সলনি হোৱা বাবে। এই সময় চোৱাত ভ্ৰাম্যমাণ থিয়েটাৰৰ ভালেমান পৰিৱৰ্তন হৈছিল। পৰিৱৰ্তনৰ এটা-- আন্তৰিকতাৰে নিজৰ পকেটৰ টকা খৰচ কৰি ভ্ৰাম্যমাণ থিয়েটাৰৰ 'খবৰ' লিখা অলিখিত নিয়মটোৰ সলনি 'পেইড নিউজ ষ্টাইল' আৰম্ভ হৈছে। এই যে 'পেইড নিউজ ষ্টাইল' আৰম্ভ হৈছিল, তেতিয়াৰে পৰা প্ৰযোজক পক্ষৰ নিয়ন্ত্ৰনলৈ গৈছিল কোন খন নাটকৰ বিষয়ে কেনেদৰে লিখিব ইত্যাদি কথা। প্ৰযোজক পক্ষৰ পৰা "ৰেডিমেট নিউজ" আহিছিল; আৰু সেইবোৰ কাকতৰ নাটক-চিনেমাৰ পৃষ্ঠাত লগোৱাতো অলিখিত নিয়ম আছিল, সৰহ সংখ্যক কাকতৰ বিভাগীয় সম্পাদকৰ। এই অলিখিত নিয়মৰ বিপৰীতে যোৱা বাবে আমি কেনেধৰণ সমস্যাৰ মাজত পৰি হাহাকাৰ অনুভৱ কৰিছিলো, এই প্ৰসংগ পাছলৈ ৰাখিছো।
-------------------------------------------------------------------
#wait (আৰু আছে।)

বৃহস্পতিবার, ৬ অক্টোবর, ২০২২

বেলকনিত ভগৱান

ভগৱান আমাৰ মাজতো, মানুহৰ ৰূপতো আছে। সমস্যা বা আক্ষেপ সেইখিনিতে, যেতিয়া মানুহৰ মাজৰে যি সকলক ভগৱান বুলি ভাৱো, প্ৰয়োজনত সহায়ৰ হাত আগ নবঢ়াই, জীৱন বাটত সমস্যাৰ মাজত কক বকাই থকা জনক বেলকনিৰ পৰা চাই থাকে। অসহায় খগেনে মৃত পত্নীৰ নিথৰ দেহটো চাইকেলতে কঢ়িয়াই যেতিয়া ঘৰলৈ যোৱা খলা-বামা পথেৰে আগবিঢ়িছিল, তেতিয়াও "মানুহ ভগৱান" বেলকনিৰ পৰা নামি অহা নাছিল। ৰাজনীতিৰ চিন্তাত আছিল, টি আৰ পিৰ অংকত আছিল। 
খগেন দাসে এম্বুলেন্সৰ ড্ৰাইভাৰ নথকাত মৃত পত্নীৰ শৰীৰটো ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰি লৈছিল, জীয়েকজনীৰ সৈতে ঘৰলৈ উভতিছিল। উভতাৰ বাটত দুই সাংবাদিকক লগ পায়। এই যে লগ পায়, এই খিনিতে ৰূপালী গল্পটোৰ প্ৰথমটো বিন্দু অনুভৱ কৰে দৰ্শকে, চিত্ৰৰসিকে। আৰু এই বিন্দুটোৰ পৰায়ে "বেলকনিত ভগৱান" (God on the Balcony) ৰূপালী গল্পটোৰ সৰল ৰৈখিক গতি আৰম্ভ হয়। বিন্দুটো পোৱাৰ আগতে খগেনৰ দৃষ্টিৰে পৰিচালকে ফ্লেচ-বেকত পৰিয়ালটোৰ "গল্প" কয়। পত্নী নুমলী, জীয়েক কুঁৱলীক লৈ খগেন দাসৰ পৰিয়ালটো। খাদ্যৰ সন্ধানত জনাঞ্চললৈ অহা হাতীৰ উপদ্ৰপত নুমলীয়ে আঘাত পায়, আৰু চিকিৎসালয়ত চিকিৎসা পোৱাৰ আগতে মৃত্যু হয়। সময়ত চিকিৎসা নোপোৱাৰ কাৰণ  --খগেন দাসৰ গাঁও খনত চিকিৎসাৰ কোনো ব্যৱস্থা নাই, বাট-পথ বেয়া, মাত্ৰ এখন বাহৰ দলঙেৰে আন অঞ্চলৰ সৈতে সংযোগ থকা গাঁও খনৰ যাতায়ত ব্যৱস্থা সাধাৰণো নহয়। আৰু যি খন চিকিৎসালয়লৈ নিছিল, সেই গ্ৰাম্য চিকিৎসালয় খনত নিশা চিকিৎসক নাথাকে। নুমলীয়ে যন্ত্ৰনা লৈ চিকিৎসাৰ অপেক্ষাত থকা সময়ত, চিকিৎক গৰাকী ৰাসৰ সভাত গামোচা লোৱাত ব্যস্ত। নুমলীৰ মৃত্যুৰ মাজেৰে পৰিচালকে গ্ৰাম্য চিকিৎসাৰ দুৰ্বল-কদৰ্য ছবি খন স্পষ্ট কৰিছে কম ফুটেজতে। --ৰূপালী গল্পটোৰ শেষত দৰ্শকে অনুভৱ কৰিছে, নুমলীৰ মৃত্যু, নুমলীৰ মৃত শৰীৰ চাইকেলত বান্ধী কঢ়িয়াই নিয়া কাৰ্য তপত খবৰ হৈছে, প্ৰতিবাদ হৈছে, ৰাজনীতি হৈছে, এখন নতুন দলঙৰ আাধাৰশিলা হৈছে। এইবোৰে কিন্তু চুব নোৱাৰে খগেন দাস হতক, খগেন দাস হতৰ সমাজ খনক। ঠেলা গাড়ীয়েই খগেন দাস হতৰ বাবে এম্বুলেন্স। চিকিৎসাৰ বাবে ঠেলাযাত্ৰা, ঠেলাতেই মৃত্যু "গ্ৰাম্য চিকিৎসা"। --এয়া অসমৰ গ্ৰাম্য চিকিৎসাৰ কাল্পনিক ছবি নিশ্চয় নহয়!
২০২০ চনৰ নৱেম্বৰ মাহত কলিকতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰথমটো প্ৰিমিয়াৰ হোৱা এই চিনেমা খনৰ দ্বিতীয়তো প্ৰিমিয়াৰ হয় আজি, মহানগৰিৰৰ মেট্ৰিস্ক চিনেমাত। মইনা প্ৰডাকচনৰ বেনাৰত লেখক-ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত প্ৰযোজক নুৰুল ছুলতানে নিৰ্মাণ কৰা এই চিনেমা খনত অভিনয় কৰিছে হৰিশ খান্না (খগেন), প্ৰণামী বৰা (নুমলী), সুনীত বৰা (প্ৰণৱ), বিনোদ লাল দাস (বিধায়কৰ সহকাৰী), অৰুণ হাজৰিকা (মন্ত্ৰী),ৰাজীৱ ক্ৰ' (প্ৰহৰী), ইভা মহন্ত (জীনা), পৰিনন্ধী জীমা চুলতানা (কুঁৱলী) আদিয়ে। পৰিচালক বিশ্বজিৎ বৰাই লিখা, সম্পাদনা কৰা এই চিনেমা খনৰ পৰ্দাৰ আঁৰত আছে-- সীতাংশু খামাৰী (চিত্ৰগ্ৰহণ),জয়ন্ত ফুকন (কলা-নিদেৰ্শনা), লোপামুদ্ৰা গগৈ (সাজসজ্জা), আকাশ ডেকা (মুখসজ্জা), বিশাল খত্ৰী (নেপথ্য সংগীত), সুজিৎ বৰা (কালাৰিষ্ট), প্ৰণাম দেশাই (প্ৰথম সহকাৰী পৰিচালক), সুভাষিনী বৰা (দ্বিতীয় সহকাৰী পৰিচালক), প্ৰজ্ঞানাভ বৰা (তৃতীয় সহকাৰী পৰিচালক), ৰিংকু বড়ো (SFX ৰেকৰ্ডিং/ ধ্বনি ৰেকৰ্ডিং), জ্যোতি চেতিয়া ধ্বনি ব্যৱস্থাপক (ছাউণ্ড ডিজাইনাৰ),জ্যোতি চেতিয়া ধ্বনি ব্যৱস্থাপক (ছাউণ্ড ডিজাইনাৰ), পল্লৱ জ্যোতি মহন্ত (স্থিৰ ফটোগ্ৰাফী) আদি। (চিনেমা খনৰ সমালোচনা নহয়। সমালোচনা যথাস্থানত নিশ্চয় কৰিম।)

সোমবার, ৩ অক্টোবর, ২০২২

অসমীয়া চিনেমা 'ব্ৰিজ'

শব্দ! পুৱাৰ পৰিৱেশ। প্রথম শ্বট। ক্লোজআপ। ছাবজেক্ট ‘নাৰী চৰিত্ৰ”। বিছনাত । সাৰ পায়। যেন শব্দত সাৰ পায়! বিছনা এৰে। কেমেৰা পেন কৰে। দৰ্শকে দেখে শব্দৰ উৎস। বাঢ়নীৰে চোতাল সৰাৰ শব্দ। ‘নাৰী চৰিত্ৰ' ই ঘৰটোৰ পিছলৈ যায়। দাঁত মাজে। মুখ ধোৱে। পিন্ধি থকা ফ্ৰকটোতে হাত-মুখ মচে।
“মা তই চাহ খাবিনে ?'— 'নাৰী চৰিত্ৰ'ৰ মুখত প্ৰথম সংলাপ, চিনেমাখনৰ প্রথম সংলাপ। চিনেমাখনৰ নাম ‘ব্ৰিজ’। কৃপাল কলিতাৰ পৰিচালনা । 

আগষ্ট, ২০১৮ -ত কৃপাল কলিতাৰ সম্পূৰ্ণ নোহোৱা চিনেকৰ্মৰ কেইবাটাও ছিকুরেন্স চাইছিলো। চিনেকৰ্মৰ নাম— 'জোনাকী'। জোনাকী নামৰ ছোৱালী এজনীৰ ‘গল্প’ কৈছে, 'সাহিত্য’ক গুৰুত্ব দি। অনুভৱ কৰিছিলো-- পৰিচালকৰ 'কেমেৰাৰ ভাষা'ৰ প্ৰতি আগ্ৰহ কম। সেই 'জোনাকী'য়ে এতিয়া দেশ-বিদেশের চিত্ৰৰসিকক সন্তুষ্ট কৰিছে (সন্তুষ্ট কৰাৰ খবৰ পাইছো) 'ব্ৰিজ' নামেৰে। 
শেহতীয়া খবৰ: 'ব্ৰিজ' নিৰ্বাচিত হ’ল ‘পেনোৰামা'ত প্ৰদৰ্শনৰ বাবে। 'ভাৰতীয় পেনোৰামা'ৰ বাবে নিৰ্বাচিত হোৱাৰ পাছতে কৃপাল কলিতাই চিনেমা খন দেখুৱালে। ‘কেমেৰাৰ ভাষাৰে' আৰম্ভ কৰিছে, 'কেমেৰাৰ ভাষা'ৰ সু-ব্যৱহাৰ স্পষ্ট, কিন্তু 'গল্প' আগুৱাই নিয়াত গুৰুত্ব দিছে 'সাহিত্যৰ ভাষা'ক।

‘গল্প’আগবাঢ়ে। ‘গল্পই গতি লোৱাৰ সময়তে 'সাহিত্যৰ ভাষা'ত পৰিচালকে জানিবলৈ দিয়ে ‘নাৰী চৰিত্ৰ'ৰ নাম — জোনাকী। জোনাকীক কেন্দ্ৰ কৰি পৰিচালকে ‘গল্প’টো নিৰ্মাণ কৰিছে। জোনাকীক কেন্দ্ৰ কৰি এখন গাঁৱৰ ছবি দেখুৱাইছে। গাঁওখন ৰাজ্যৰ আন ঠাইৰ পৰা বিচ্ছিন্ন। বাট-পথ নাই। দলং নাই— নদী এখনে বিচ্ছিন্ন কৰি ৰাখিছে গাঁওখনক। নদীৰে যাতায়াতৰ একমাত্ৰ মাধ্যম কলগছৰ ভেল এখন। এই যাতায়াত ব্যৱস্থাৰ বাবে সেই গাঁওখনৰ ছোৱালীৰ সৈতে বিয়া পাতিব নোখোজে অন্য প্ৰান্তৰ লোকে । এয়া চিনেমাখনৰ বিষয়বস্তু'। বিষয়বস্তুলৈ বানপানী সমস্যা আনিবলৈ চেষ্টা কৰিছে। যাতায়াত ব্যৱস্থা (এখন দলং), বানপানীক যদি বিষয়বস্তু হিচাপে ধৰা হয়, তেনেহ'লে ক'ব লাগিব— পৰিচালকে 'গল্প' নিৰ্মাণৰ বাবেহে 'বিষয়বস্তু' ব্যৱহাৰ কৰিছে। (গাঁওখন বানপানীয়ে ডুবাইছে। ডুবোৱাৰ পিছত পলস পৰিছে। বালিৰ মাজত এটা বাকচ উদ্ধাৰ কৰিছে। বাকচটোত কইনাই ব্যৱহাৰ কৰা সামগ্ৰী। সেন্দূৰৰ টেমা, সেন্দূৰ অলপ লৈ নিজৰ শিৰত সানিছে জোনাকীয়ে। শিৰত সেন্দূৰ সানি জোনাকী নতুনকৈ ঘৰ সজাত ব্যস্ত হৈছে। নিচেমাখনৰ 'গল্প' শেষ। বুদ্ধিদীপ্ত সমাপ্তি।) অর্থাৎ চিনেমাখনত বিষয়বস্তুৰ বাবে 'গল্প' নহয়, ‘গল্প’ৰ বাবেহে বিষয়বস্তু।

অস্পষ্ট বিষয়বস্তু, স্পষ্ট — 'গল্প'। 'গল্প' পৰিপাটিকৈ কৈছে পৰিচালকে। ‘গল্প’ কোৱাৰ সময়ত স্পষ্ট কৰি গৈছে— ভূগোল, ইতিহাস। জোনাকী চৰিত্ৰটো স্পষ্ট কৰিছে সংলাপৰ মাজেৰে। (জোনাকী : ম‍ই পথাৰত কাম কৰি ভাল পাওঁ দদাই। এই কামটো মোৰ পিতায়ে কৰিছিল।) জোনাকীয়ে পথাৰত হাল বায়, খেতি কৰে। গাঁওখনত দলং নথকা নহয়। আছিল। সেই দলংখন ভাগি থাকিল। দলংখন ভাগি থকাৰ সময়তে নদীত পৰি জোনাকীৰ পিতাকৰ মৃত্যু হয়। (বাপুকণ ঃ এই নদীখনে আমাক বহুত কষ্ট দিছে, আমাৰ ঘৰ ভাঙি নিলে। দেউতাক মাৰি লৈ গ'ল। বাইদেউ, তোৰ বিয়া ভাঙিলে... ।) পিতাকৰ মৃত্যুৰ পিছত ভায়েক বাপুকণ আৰু মাতৃ পুতুলীক লৈ জোনাকীৰ ঘৰখন। 'গল্প'ৰ আৰম্ভণিতে ‘কেমেৰাৰ ভাষাৰে স্পষ্ট কৰি দিছে আর্থিক সমস্যাত চেপা খাই থকা জোনাকীৰ ঘৰখন। চিনেমাখনত 'সাহিত্য-কেমেৰা'ৰ ভাষাৰে ইতিহাস স্পষ্ট কৰাৰ বিপৰীতে ভূগোল স্পষ্ট কৰিছে 'শব্দ-সাহিত্য'ৰ ভাষাৰে।ব্ৰিজ by: Utpal Mena

শেষত :

(১) পৰিচালকে চিনেমাখন নিৰ্মাণত কৰা কষ্ট স্পষ্ট। স্পষ্ট— আয়োজন সুপৰিকল্পিত নহয়।

(২) বাস্তৱত থাকি চৰিত্ৰক আচৰণ কৰাইছে। কিন্তু আবেগ শূন্য।
 (৩) 'ব্রিজ' ভাল কথাছবি; কিন্তু সার্থক চিনেমা নহয়।

(৪) 'নতুন পৰিচালকৰ চিনেউত্তৰণে আৰু উত্তৰণৰ আশা বঢ়ায়। নিঃসন্দেহে কৃপাল কলিতাই আশা বঢ়াইছে।

(৫) চিনেমাখনত ‘নতুন চিন্তা' শূন্য। ‘ভিলেজ ৰকষ্টাৰ্ছৰ প্ৰভাৱ স্পষ্ট। মনলৈ আহে 'সাগৰলৈ বহু দূৰ', 'হালধীয়া চৰায়ে বাওধান খায়', 'লাজ' আদি।

(গুৱাহাটী/ফেব্ৰুৱাৰী/২০২১, প্ৰকাশ: দৈনিক অসম)
-----------------------------------------
প্রযোজক : ৰমা কুমাৰ দাস, 
পৰিচালক : কৃপাল কলিতা,
 চিত্রগ্রহণঃ ৰামেন ৰাভা, 
 সম্পাদক ঃ কিশোৰ ডেকা, 
 অভিনয়তঃ শিবাৰাণী কলিতা, পার্থপ্রতীম বৰা, আনন্দিতা দাস, স্বপ্নীল নাথ, দ্বীপেন চুতীয়া, ভূপেন শৰ্মা ...