শনিবার, ৩০ সেপ্টেম্বর, ২০২৩

মমতাৰ চিঠি


"মমতাৰ চিঠি" চালোঁ।
কবিতাৰ চিনেমা! 
হেম বৰুৱাৰ "মমতাৰ চিঠি"ৰ আধাৰত চিত্ৰনাট্য লিখি চিনেমাৰ ৰূপ দিছে নাট্যকৰ্মী নিৰ্মল দাসে। 
চোৱাৰ পাছত আমাৰ অনুভৱ: "মমতাৰ চিঠি" কবিতা চিনেমা (চিনেমাৰ এটা উপশৈলী-- কবিতা চিনেমা) নহয়। এখন কাহিনী কেন্দ্ৰীক চিনেমা। মূল কবিতাটোৰ সৈতে নিৰ্মাণ কৰি লোৱা গল্প এটাৰ চিনেমেটিক খেল খেলিছে, পৰিপাটি flashback
 প্ৰয়োগেৰে। (অসমীয়া চিনেমাত ফ্লেচবেকৰ এনে পৰিপাটি, সু-গাণিতিক  প্ৰয়োগ আজিলৈকে হোৱা নাই বুলি ক'ব পাৰি।"মমতাৰ চিঠি"ৰ পূৰ্বে ড°ভৱেন্দ্ৰ নাথ শইকীয়াই "সাৰথি"ত প্ৰয়োগ কৰা পৰিপাটি ফ্লেছবেক মনলৈ আহে। "মমতাৰ চিঠি"ৰ ফ্লেছবেক প্ৰয়োগ "ইজাজত", "ৰং দে বাসন্তী" ৰ পৰ্যায়ৰ বুলি মুকলি মনেৰে ক'ব পাৰি। এই ফ্লেছবেকৰ সু-প্ৰয়োগৰ বাবে পৰিচালকৰ লগতে চিনেমা খনৰ সম্পাদক প্ৰতীম খাউণ্ডক প্ৰশংসা কৰিম।) কেমেৰাৰ ভাষাক গুৰুত্ব দি আগবঢ়াই নিয়া ৰূপালী গল্পটোৰ গতি মসৃন; (প্ৰথমটো শ্বটৰে পৰা চুই যোৱা কেমেৰাৰ ভাষা, সু-চিনেচিন্তাৰ শ্বট নিৰ্বাচন আৰু গাণিতিক প্ৰয়োগৰ বাবে পৰিচালকৰ লগতে প্ৰশংসা কৰিম cinematographer প্ৰদীপ দৈমাৰীক।)
 কিন্তু যেতিয়াই সাহিত্যৰ ভাষাক গুৰুত্ব দি ছিকুৱেন্স ৰচনা কৰিছে, তেতিয়াই উজুটি খাইছে। আৰু সাহিত্য কেন্দ্ৰীক ছিকুৱেন্সতে গল্পটো "canned theatre" -ত বন্দী হৈছে। আমি যদি এনেদৰেও ব্যাখ্যা কৰোঁ-- নাটকৰ মানুহ নিৰ্মল দাসে চৰিত্ৰ নিৰ্মাণ, অভিনয়ত "মঞ্চ নাটক"ৰ আঁতৰত থাকিব খোজা নাই, তেতিয়া ক'ব লাগিব এয়া "cinema lacking"। 
কবিতাৰ ৰূপালী গল্প বা চিনেচিন্তা নতুন কথা নহয়। কবিতাৰ চিনেমা প্ৰসংগ ওলালে মনলৈ আহে-- Winter Days (২০০৩, জাপান), The Wind Will Carry Us (১৯৯৯, ইৰাণ), The White Cliffs of Dover (১৯৪৪, আমেৰিকা যুক্তৰাষ্ট্ৰ), War-Gods of the Deep (১৯৬৫, আমেৰিকা) আদি।
সম্ভৱতঃ কবিতাক চিনেমা আকাৰ দিয়া প্ৰথম খন ভাৰতীয় "ৰামানন"। মালয়ালম ভাষাৰ চিনেমা। চিত্ৰগৃহলৈ আহিছিল ১৯৬৭ চনত। চাঙ্গামপুঝা কৃষ্ণ পিল্লাইৰ একে নামৰ কবিতাৰ আধাৰত চিত্ৰনাট্য লিখিছিল চিনেমা খনৰ প্ৰযোজক-পৰিচালক ডি এম  পোট্টেক্কটে। ব্যৱসায়িক দিশত সফল হোৱা নাছিল সংগীত প্ৰধান  (romantic musical) এই চিনেমা খন। চৰ্চালৈ আহিছিল অভিনয় আৰু কেমেৰাৰ কামৰ বাবে।
--আন এখন ভাৰতীয় চিনেমা "পদ্মাৱত" (সঞ্চয় লীলা ভাঞ্চালীৰ পৰিচালনা) -ৰ চিত্ৰনাট্য ৰচনা (সঞ্জয় লীলা ভাঞ্চালী আৰু প্রকাশ কাপাডিয়াই) কৰিছিল ছূফী   কবি মালিক মুহাম্মদ জায়চীৰ একে নামৰ মহাকাব্যিক কবিতাৰ আধাৰত। 
-- "মমতাৰ চিঠি"  ডি এম  পোট্টেক্কটেৰ "ৰামানন"ৰ দৰে romantic musical বুলি ক'ব পাৰি। চিনেমা খনত দুবাৰ ব্যৱহাৰ কৰা (জুবিন গাৰ্গ আৰু তৰালি শৰ্মাৰ একক কণ্ঠত) "আহিবানে জোনাক হৈ, মৰমৰ সুৰ বোৰ হৈ, দুখৰ ঘৰত মোৰ, সংগী হ'বলৈ, উদাসী মনে মোৰ
অশ্ৰু টুকে, তোমাক পাবলৈ..." (সংগীত: ৰাজীৱ নাথ
সুৰ: নিৰূপ দাস। কথা: নিৰ্মল দাস।) গীতটো অলংকাৰৰ লগতে ৰূপালী গল্পটোৰ অংগ হৈছে। গল্প কৈছে। পৰিবেশ নিৰ্মাণতো সহায় কৰিছে। (এই গীতটোৰ লগতে চিনেমা খনত ব্যৱহাৰ কৰা আন কেইটা গীতৰো চিত্ৰায়ণ আৰু প্ৰয়োগ পৰিপাটি।)
সংগীত পৰিচালকৰ লগতে পৰিচালকক "মমতাৰ চিঠি" ৰূপালী গল্পটো নিৰ্মাণত চিত্ৰগ্ৰহণকাৰী (প্ৰদীপ দৈমাৰী), আৱহ সংগীতে (তৰালি শৰ্মা) সহায় কৰাৰ বিপৰীতে "আভিনয়ে" (মূল চৰিত্ৰ মমতা আৰু মৰমৰক realistic acting -ৰ ওচৰত থাকি ক্ৰমে গীতাঞ্জলী শইকীয়া, গুঞ্জন ভৰদ্বাজে "চৰিত্ৰ" নিৰ্মাণত সহায় কৰিছে যদিও) সহায় কৰিব নোৱাৰিলে। সহায় কৰিব নোৱাৰিলে চিত্ৰনাট্যই। "চিত্ৰনাট্যকাৰ নিৰ্মল দাস"-এ "পৰিচালক নিৰ্মল দাস"ক কেমেৰাৰ ভাষা প্ৰয়োগৰ পূৰ্ণ সুযোগ দিলে, বিপৰীতে ভূগোল আৰু ইতিহাস স্পষ্ট কৰাৰ সুযোগ নিদিলে। সুযোগ নহয়, "ইতিহাস"ত মনেই নিদিলে চিত্ৰনাট্যকাৰে। এই যে মন নিদিলে, ইয়াৰ বাবে চিত্ৰনাট্যকাৰৰ লগতে পৰিচালককো দোষ দিম। (ব্যখ্যাৰ প্ৰয়োজন আছে জানো-- "ইতিহাস"ত মন নিদিয়া বাবে কাহিনীৰ বিশ্বাসযোগ্যতা কমিছে, বিশেষকৈ WhatsApp যুগৰ দৰ্শকৰ ওচৰত।)

চিনেমা খন চোৱাৰ পাছত আমাক আমনি দিয়া প্ৰথম দিশটো হ'ল-- পৰিচালকে অভিনেতা-অভিনেত্ৰী নিৰ্বাচন আৰু চৰিত্ৰ নিৰ্মাণত আৰু পৰিশ্ৰম কৰিব লাগিছিল। কেইবাটাও ছিকুৱেন্সে সৌন্দৰ্য হেৰুৱালে নাটকীয়, অতিনাটকীয় অভিনয়ৰ বাবে। ইয়াৰ মাজতে চৰিত্ৰানুযায়ী ভাল অভিনয় কৰিছে (যদিওবা নাট্যাভিনয়ৰ পৰা মুক্ত নহয়।) ৰীনা বৰা, মল্লিকা শৰ্মা,

ভাৰ্গৱ কটকীৰ লগতে কিশোৰ মমতা-মৰম আৰু মমতাৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা গৰাকীয়ে। অভিনয়ৰ দৰে "নাটক"ৰ পৰা মুক্ত নহয় সংলাপ আৰু সংলাপ প্ৰক্ষেপণো।

 --এই চিনেত্ৰুটিৰ পাছতো আমি এনেদৰ ক'ম: কাহিনীৰ বাবে চিনেমা চোৱা দৰ্শকক "মমতাৰ চিঠি"য়ে হয়তো হতাশ নকৰে। চিনেমাা খনৰ প্ৰচাৰ পৰিকল্পনা চিনেমা খনৰ বিষয়বস্তু মনত ৰাখি কৰা হ'লে স্থানীয় বজাৰত ব্যৱসায় (Box office Collection) আৰু কিছু উন্নত হ'ল হেতেন। আৰু ক'ম নিৰ্মল দাসৰ পৰা আগলৈ উচ্চমানৰ চিনেমা আশা কৰিব পাৰো।

শেষত:

পৰিচালক নিৰ্মল দাসে কবিতাক চিনেমা ৰূপ দিয়াৰ "পৰীক্ষা"ত সফল হৈছে। 

পৰিচালক গৰাকীয়ে "চিনেমাৰ বাবে চিনেম"((cinema for cinema) নিৰ্মাণ নকৰি , দৰ্শকৰ (বজাৰৰ) বাবে চিনেমা খন নিৰ্মাণ কৰিছে। পৰিচালকৰ সফলতা-- দৰ্শকৰ বাবে চিনেমা নিৰ্মান কৰিও "চিনেশিল্পৰ বাবে চিনেকৰ্ম"ৰ ওচৰতে আছে।


শুক্রবার, ২২ সেপ্টেম্বর, ২০২৩

tora's husband

"চকুলো দেখিলে হাঁহিম বাৰু কেনেকৈ
হৃদয়ত ৰাখিলে ভাঙিম বাৰু কেনেকৈ
চকুলো মচি দিয়া যেনেকৈ
হৃদয়ত সাঁচি ৰাখা যেনেকৈ
তেনেকৈ... "
মন চুই যোৱা গীতেৰে শেষ হৈছিল ৰূপালী গল্পটো। কথা, সুৰ-সংগীত, গায়কী, চিত্ৰায়ণ আৰু প্ৰয়োগৰ কথা মনত ৰাখি ক'ব পাৰি authentic cinematic song, লগতে ৰূপালী গল্পটোৰ অংগ, চিনেমা খনৰ সৌন্দৰ্য।
চিনেমা খনৰ নাম-- "তৰা'ছ হাজবেণ্ড" (Tora's Husband)। ৰীমা দাসৰ পৰিপাটি পৰচালনা। তৰাৰ  "হাজবেণ্ড" ভাল মানুহ। তৰাই কয়--  “তেওঁ ভাল মানুহ, কিন্তু ভাল স্বামী নহয়।" 
চিনেমা খনৰ ইতিহাস, চিনেমা খনৰ ভূগোল গল্পটোৰ গতিৰ কেইটা মান মিনিট আগতে স্পষ্ট। প্ৰথমটো শ্বটতে স্পষ্ট-- কাহিনীৰ প্ৰথমটো বিন্দু।জান (অভয়)-- কাহিটোৰ প্ৰথমটো বিন্দু। চৰিত্ৰ বিন্যাসৰ লগে লগে বিন্দুৰ সৰল ৰৈখিক গতি। সৰল মনৰ জান। সি বিছাৰে সকলোৱে ভালে থাকক, সকলোৰে ভাল হওক। লকডাউনৰ পাছতো, আৰ্থিক ক্ষতিৰ পাছতো জানে ইতিবাচক হৈ থাকিবলৈ আৰু আনক সমৰ্থন কৰিবলৈ চেষ্টা কৰে। ফুটবল খেলুৱৈ জানে খেলৰ পৰিবেশ গঢ়াৰ বাবে কাম কৰে, তেজৰ সম্পৰ্ক নথকা মানসিক ভাৰসাম্যহীন "চৰিত"টোৰ মনৰ কথা বুজিবলৈ চেষ্টা কৰে, মদ খাবলৈ ২০ টকা বিছাৰি আমনি কৰা জনকো সোধে-- "কিবা খাবি!" 
কৰ্ম সংস্কৃতিক শ্ৰদ্ধা কৰে জানে। নিজৰ ল’ৰা-ছোৱালীদুটিক মৰম কৰাৰ দৰে কুকুৰটোক, তাৰ ব্যৱসায় প্ৰতিষ্ঠানত কাম কৰা কৰ্মী কেইজনকো মৰম কৰে-খবৰ ৰাখে। লকডাউনৰ সময়তো আৰ্থিক বিপদত পৰিব নিদিয়ে।
কিন্তু জানৰ পক্ষে মন্থৰ অৰ্থনীতিৰ প্ৰভাৱৰ বিৰুদ্ধে যুঁজ দিয়াটো কঠিন হ'ল। বেকাৰী (ৰেষ্টুৰেণ্ট এখনৰ সৈতে বেকাৰী আছে জানৰ। পৰিচালকে 'হাইলাইট" কৰে বেকাৰীৰ কেক। আজিৰ তাৰিখত কেক মৰমৰ বা আনন্দৰ প্ৰতীক নহয় জনো! আনে মৰম বিলোৱাৰ বাবে আনৰ হতুৱাই কেক তৈয়াৰ কৰাই জানে।) খন আনক চলাব দিলে। জানে অনুভৱ কৰিলে-- অসহায়! জানৰ বন্ধু আছে। সিহতক সহায় কৰিছে। সিহতৰ সৈতে মদ খাই, পিকনিক ইত্যাদিত আনন্দৰ সময় পাৰ কৰিছে।
জানৰ পত্নী-- তৰা (তৰাৰ বাবে যেন সময় নাই জানৰ! মদ্যপানত ব্যস্ত সময় চোৱাত তাইৰ কথা মনলৈ নানে। প্ৰতিশ্ৰুতিৰ পাছতো তৰাক "মৰম" দিবলৈ সময় নাই জানৰ! "মৰম" নোপোৱাৰ ক্ষোভ তৰাৰ মুখত দিয়া সংলাপত।)। জান আৰু দুই সন্তানক লৈ তৰাৰ সংসাৰ। জানৰ মদ খোৱা অভ্যাস তৰাৰ পছন্দৰ নহয়। সাংসাৰিক, দৈনন্দিন কামৰ মাজত অতিষ্ঠ তৰা। --হয়, মূৰৰ বিষ লৈ ফুৰা জানে মদ, বন্ধুৰ মাজত সময় পাৰ কৰে, দৈনন্দিন কাম শেষ হোৱাৰ পাছত। (মদ খোৱাৰ পাছত মূৰৰ বিষটোও নোহোৱা হয়!) কিন্তু লকডাউনৰ বাবে হোৱা মন্থৰ অৰ্থনীতিৰ প্ৰভাৱ, ক্ষোভ, হতাশাৰ মাজতো পাৰিবাৰিক বান্ধোনৰ মৰ্য্যদা ৰক্ষাৰ চেষ্টা কৰে। তৰাৰ সৈতে মনান্তৰ হোৱাত ঘৰৰ পৰা আঁতৰি থকা মাকক ওভতাই আনিবলৈ চেষ্টা কৰে।
জানে বিছাৰে তাৰ জীৱনৰ অস্থিৰ সময় খিনিত তাক সকলোৱে সহায় কৰক। 
কিন্তু?
জানে অনুভৱ কৰে নিঃসংগতা, মানুহৰ অৰণ্যৰ মাজত থাকিও যেন অকলশৰীয়া-- "পৃথিৱীত যিমান মানুহ আছে সিমানখন পৃথিৱী আছে৷“ বন্ধু কেইজন, তৰা, তাৰ মাক-- প্ৰতিগৰাকীয়ে নিজৰ নিজৰ পৃথিৱীত ব্যস্ত। তাৰ অস্থিৰ সময়, সি অকলেই স্থিৰ কৰিব লাগিব! (ৰূপালী গল্পটোৰ প্ৰথম ভাগত ব্যৱহাৰ কৰা এটা ছিকুৱেন্স: খেলপথাৰ। জানে দলীয় সহযোগিতাৰে ফুটবলটো আগুৱাই নিয়ে। কিন্তু গ'ল দিয়াৰ সময়ত আন দহজন খেলুৱৈৰ মাজত থাকিয়ো সি অকলশৰীয়া। গ’ল দিয়াৰ দায়িত্ব তাৰ। পৰৱৰ্তীসময়ত জানৰ কান্ধত থকা  জীৱনৰ দায়িত্ববোধে কাহিনীক গতিশীল কৰিছে৷ পৰিচালক-চিত্ৰনাট্যকাৰৰ বুদ্ধিদীপ্ত চিনেচিন্তা।)
 জান বিন্দুটোৰ গতি শেষ (ৰূপালী গল্পটোত) হয় তৰা বিন্দুটোত। ক'ভিড-১৯য়ে আক্ৰান্ত কৰা তৰাক চিকিৎসালয়লৈ লৈ যায়। সমস্ত ঘৰুৱা দায়িত্ব জানৰ ওপৰত। তৰাক "মিছ" কৰে জানে। তৰাই চিকিৎসালয়ত খালে নে জানিবলৈ মনযায়! 
জানে এছ এম এছ কৰে। 
তৰাৰ অভিমান ভৰা এছ এম এছ-- মোক খোৱাৰ কথা তুমিয়ে সুধিছা নে! 
এছ এম এছৰে কাহিনীয়ে শেষলৈ গতি কৰে। জানে এছ এম এছৰে তৰাক জানিব দিয়ে, সি তাইৰ অপেক্ষাত আছে। তাই অহাৰ দিনা সি কেক বনাব। (আনক মৰম বিলোৱাৰ বাবে আনৰ হতুৱাই কেক বনোৱা জানে তৰাৰ বাবে নিজে কেক বনাব।)
এই খিনিতে আমি এনেদৰে ক'ব পাৰো-- পৰিচালকে, লেখকে জানৰ মাজেৰে, জানৰ সৰু পৃথিৱী খনেৰে অতিমৰীয়ে জ্বলাই যোৱা বিশাল পৃথিৱী খন অনুভৱ কৰিব খুজিছে। চিনেমা খনৰ বিষয় বস্তু "ক'ভিড-১৯ সমস্যা" নহয়, ক'ভিড-১৯য়ে চুই যোৱ জান হতৰ পৃথিৱী খন। ৰূপালী গল্পটো চোৱাৰ পাছত, অনুভৱ কৰাৰ পাছত ক'ব পাৰি-- ৰীমা "good, restrained storyteller", যাৰ সাহিত্যৰ ভাষাক চিনেমেটিক কৌশলেৰে নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা আছে। চুটি চুটি সংলাপ, পৰিপাটি শ্বটৰ গাণিতিক ব্যৱহাৰে (যিয়ে চিনেমাৰ গতি মসৃন কৰিছে, গতিত ছন্দ দিছে। যাক ক'ব পাৰি-- চিনেমা খনৰ সৌন্দৰ্য।) গল্পটো আগবঢ়াই নিছে। আগবঢ়াই নিছে realistic acting -ৰ সহায়ত, বাস্তৱ পৰিৱেশ নিৰ্মাণেৰে। চৰিত্ৰ পৰিবেশ নিৰ্মাণৰ সময়ত পৰিচালকৰ দৃষ্টিভংগী পৰ্যবেক্ষণমূলক, তথ্যচিত্ৰ শৈলীৰে জীৱনবোধৰ উন্মেষ ঘটাইছে।
কাহিনী কোৱাৰ শৈলীৰ লগতে ভাললগা দিশটো হ'ল অভিনয়, প্ৰতিটো "চৰিত্ৰ"য়ে "অভিনয়"ৰ আঁতৰত থাকি কৰা অভিনয়। মলয়া গোস্বামীয়ে অভিনয় কম ফুটেজৰ চৰিত্ৰটোৰ পৰা দুই শিশুশিল্পীয়ে কৰা অভিনয়। কাহিনীৰ মূল বিন্দু জান চৰিত্ৰটো সহজ-সৰল নহয়। জটিল। পত্নীৰে সৈতে  দুটি মৰমলগা শিশু, ঘৰৰ পৰা আঁতৰি থকা মাক আৰু বহু বন্ধু তথা কৰ্মচাৰীৰে পৰিবেষ্টিত হৈও এজন মানুহ ক্ৰমশঃ কেনেকৈ নিসংগ হৈ গৈ থাকে সেয়া চৰিত্ৰটোত আভিনয় কৰা অভিজিত দাসে সুন্দৰকৈ তুলি ধৰিছে, চৰিত্ৰটোৰ বিশ্বাসযোগ্যতা বঢ়োৱাত পৰিচালকক সহায় কৰিছে।
চিনেমা খনৰ লেখক-পৰিচালক, সম্পাদক, চিনেমাটোগ্রাফাৰ ৰীমা দাস। গতিকে ক'ব পাৰি চৰিত্ৰ নিৰ্মাণকে ধৰি প্ৰতিটো দিশ ৰীমাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণত। মাথো ৰীমাক আৱহ সংগীতেৰে সহায় কৰিছে সাগৰ দেশায়ে। সংগীতকো (চিনেমা আৰু সংগীত সম্পূৰ্ণ বিপৰীত বিন্দুৰ, ধৰ্মৰ কলা। প্ৰায়ে দেখা যায় সংগীতে চিনেমাক শাসন কৰে। আৱহ সংগীত চিনেমাৰ চেকা হয়।) চিনেমেটিক দণ্ডৰে শাসন কৰিছে ৰীমাই। ফলত আৱহ সংগীত "cinematic music"লৈ ৰূপান্তৰ হৈছে, ৰূপালী গল্পটোৰ সৌন্দৰ্য বঢ়াইছে।

বিপৰীতে ৰূপালী গল্পটোৰ সৌন্দৰ্য আৰু বিশ্বাসযোগ্যতা হৃাস কৰিছে "ক'ভিড-১৯ সমস্যা"ৰ পৰিবেশ নিৰ্মাণে। আমাৰ ধাৰণাত "ক'ভিড পৰিবেশ"ৰ ভয়াৱহতা কেমেৰাৰ ভাষাৰে নিৰ্মাণ কৰাত পৰিচালক ব্যৰ্থ। কেমেৰাৰে ধৰি ৰখা ক'ভিড কালৰ বজাৰৰ দৃশ্য কেইটাত পৰিচালকে পৰিশ্ৰম কৰাৰ প্ৰয়োজন আছিল।

শেষত: 

চিনেমা খনৰ আৰু দুটা ইতিবাচক দিশ-- সৰু সৰু চৰিত্ৰটো কেইটাকো কাহিনীৰ সৈতে গুথিছে, কাহিনীৰ গতিত মিলি যোৱাকৈ "মেচেজ" দি গৈছে-- খিলঞ্জীয়াৰ কৰ্ম সংস্কৃতিৰ, সন্তানক বিভিন্ন বাট দেখুৱাই দিব লাগে কিন্তু নিৰ্দিষ্ট বাটত আগবাঢ়িবলৈ মাক-দেউতাকে বাধ্য কৰাব নালাগে ইত্যাদি।




 (আৰু আছে)tora's husband assamese cinema

রবিবার, ১৭ সেপ্টেম্বর, ২০২৩

বিষয়: চিনেমা, চলচ্চিত্ৰ নীতি /১

ASFFDC -ৰ আমন্ত্ৰণত যোৱা ১৬ ছেপ্টেম্বৰত উপস্থিত আছিলোঁ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত অনুষ্ঠিত "সুমধুৰ আবেলি"। স্থান: তাজ ভিভান্টা। চৰ্চা হৈছিল অসমীয়া চিনেমা আৰু অসমৰ শিল্পীৰ সমস্যা প্ৰসংগ। 
চৰ্চাৰ মুল বিষয় আছিল-- 
1.OTT Platform
2. Promotion of Mobile Digital Film Screening
3. Safety, Security & Welfare of Film Fraternity
4. Infrastructural support
5. Financial support
6. Policy support
7. Summarization by Hon'ble Minister
8. National Anthem
সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী  বিমল বৰা, শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু স্বাস্থ্য তথা বিজ্ঞান - প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত। প্ৰথম কথা-- তিনিজনকৈ কেবিনেট মন্ত্ৰীয়ে সময় দিছে। মন দি চিনেকৰ্মী, নাট্যকৰ্মীৰ কথা শুনিছে। আমি এনেদৰে ক'ব পাৰোঁ-- চৰকাৰে কিছু সদিচ্ছা দেখুৱাইছে! আশা কৰিব পৰাকৈ। (আশাৰ মাজতো নিৰাশা-- বিশেষ অনুষ্ঠানটোত "চিনেমা-নাটক" জনা মানুহতকৈ নজনা মানুহৰ সংখ্যা বেছি। দুই-একে "বিষয়"ৰ বাহিৰৰ কথা ক'লে। দুই-একে মাৰাঠী, ইৰানৰ কথা কৈ ভুল তথ্য দিলে। দুই-একে চিনেমাৰ বজাৰ, অসমীয়া চিনেমা চিত্ৰগৃহলৈ অহা প্ৰসংগত অৰ্থহীন কথা ক'লে।) কিন্তু উপস্থিত থকা "চিনেমাৰ মানুহ" ব্যৰ্থ নিৰ্দিষ্ট বাট দেখুৱাত। বিষয় বস্তু ঠিক কৰি দিয়াৰ পাছতো বাৰে বাৰে আঁতৰি কথা কৈছে, সৰহ সংখ্যকে।

আমাৰ ধাৰণাত "মিনি চিত্ৰগৃহ" প্ৰসংগতো গোটেই আলোচনাতে "OTT Platform" -ৰে ঢাকি ৰাখিবলৈ চেষ্টা কৰা হৈছে। 

"OTT Platform" হওক। কিন্তু আগতে অসমৰ বিভিন্ন প্ৰান্তত সৰু চিত্ৰগৃহ নিৰ্মাণত গুৰুত্ব দিয়ক। (ক্ৰমশঃ)

শনিবার, ১৬ সেপ্টেম্বর, ২০২৩

The Government Servant

"প্ৰদ্যুতৰ চিনেমা" --প্ৰদ্যুৎ কুমাৰ ডেকাৰ পৰিচলনাৰে নিৰ্মিত প্ৰথম খন চিনেমাৰ আলোচনা বা সমালোচনাৰ শিৰোনাম এনেদৰে দিছিলোঁ। দিয়াৰ কাৰণ-- চিনেমা খনৰ পৰিচালনা শৈলী। পৰিচালকে কেমেৰাৰ ভাষা প্ৰয়োগ, গল্প কোৱাৰ (দেখুওৱাৰ) নতুন বাট কাটিছিল। চিনেমা খনৰ নামো গতানুগতিক নাছিল-- "ধুনীয়া তিৰোতাবোৰ" (২০০৯)। পৰৱৰ্তী সময়ত প্ৰদ্যুতৰ আৰু আৰু তিনিখন চিনেমা চাইছোঁ-- "সমীৰণ বৰুৱা আহি আছে" (২০১২), "সূৰ্যাস্ত" (২০১৩), "গল্পৰ শেষ নাই" (তিনিটা গল্পৰ চিনেমা। এটা গল্পৰ পৰিচালক প্ৰদ্যুৎ কুমাৰ ডেকা)। আৰু অলপতে চালোঁ-- "The Government Servant"। পৰিচালক গৰাকীৰ সপ্তম খন চিনেমা। চিনেমা খন চাই থকা সময়ত আমাৰ মনলৈ অহা প্ৰথমটো প্ৰশ্ন-- এই খন প্ৰদ্যুত কুমাৰ ডেকাৰ পৰিচালনা নে? মনলৈ অহা দ্বিতীয়টো প্ৰশ্ন-- এই খন তথ্যচিত্ৰ নেকি? শেষত আনুভৱ: উপন্যাস এখন দৰ্শকক দেখুৱাব-শুনাব খুজিছে পৰিচালকে।
--হয়, জয়ন্ত মাধৱ বৰাৰ "মায়ং-যাদুৰ দেশৰ গোপন গাথা" উপন্যাস খনৰ চিত্ৰৰূপ "The Government Servant"। চিত্ৰনাট্য: জয়ন্ত মাধৱ বৰা আৰু চিনেমা খনৰ পৰিচালক প্ৰদ্যুৎ কুমাৰ ডেকাৰ। এখন অতি দুৰ্বল চিত্ৰনাট্য; আৰু এই দুৰ্বল চিত্ৰনাট্য খনেই চিনেমা খনৰ প্ৰধান দুৰ্বলতা। সংলাপ লেখোতাৰ "চিনেমা জ্ঞান" --শূন্য। 

(আৰু আছে)

শুক্রবার, ১৫ সেপ্টেম্বর, ২০২৩

দিলীপ কুমাৰ হাজৰিকা: এক অধ্যায়

১৪ ছেপ্টেম্বৰ। নিশা। "নিয়মীয়া বাৰ্তা" কাকতৰ সাংবাদিক হেমন্ত মজুমদাৰৰ "ফোন"-- দিলীপ কুমাৰ হাজৰিকা আৰু নাই। স্বাভাৱিক খবৰ! মানি লব নোৱাৰা খবৰ! বুকু বিষোৱা খবৰ!
"বুকু হম হম কৰে..."ৰ কথা কৈছিল দিলীপ কুমাৰ হাজৰিকাই। চন: ২০০২। বাৰ, তাৰিখ মনত নাই। ৭-৮ বছৰ পাছত কৰ্মস্থান মুম্বাইৰ পৰা প্ৰত্যৱৰ্তন কৰি দৈনিক কাকত "আজি"ৰ সম্পাদনা বিভাগত জড়িত হৈছিলোঁ। মোক "আজি"ৰ সম্পাদক অজিত কুমাৰ ভূঞাৰ কক্ষলৈ মতাই আনি দিলীপ কুমাৰ হাজৰিকাই বলিউড কেন্দ্ৰীক ইটো-সিটো কথা সুধিছিল। সুধিছিল "দিল হুম হুম কৰে..." কেন্দ্ৰীক ইটো-সিটো কথা। আৰু কৈছিল "মণিৰাম দেৱান"ৰ কথা। "সেই সময়ত ("মণিৰাম দেৱান" চিত্ৰগৃহলৈ আহিছিল
১০ জানুৱাৰী, ১৯৬৪ -ত। চিনেমা খনৰ চিত্ৰগ্ৰহণৰ কাম আৰম্ভ হৈছিল ১৯৬২ চনত। একে লেথাৰিয়ে চিত্ৰগ্ৰহণৰ কাম হোৱা নাছিল। কলিকতাৰ (কলকাতাৰ) ইন্দ্ৰপুৰী ষ্টুডিঅ'ত এৰা এৰিকৈ দীৰ্ঘ সময় চিত্ৰগ্ৰহণৰ কাম চলিছিল।) চিনেমা বুলিলেই মই পাগল আছিলোঁ। পৰিচালক সৰ্বেশ্বৰ চক্ৰৱৰ্তীয়ে মোক কৈছিল-- 'তুমি পিয়লি বৰুৱাৰ চৰিত্ৰত অভিনয় কৰিবা! মোক পাই কোনে! আৰু কেইদিন পাছতে শুনিলোঁ মোৰ ওঁঠত গীত থাকিব। ভূপেন হাজৰিকাই গোৱা গীত-- 'বুকু হম হম কৰে...'। চিত্ৰায়ণৰ আগতে গীতটো মোক কেইবাবাৰো শুনোৱা হৈছিল। গীতৰ ৰিহাৰ্ছেলৰ সময়ত, ৰেকৰ্ডিঙৰ সময়তো শুনিছিলোঁ, কলিকতাৰ 'হিন্দুস্থান ৰেকৰ্ডিং ষ্টুডিঅ'ত'। বুকু হম হমাই গৈছিল। আজিও বুকু হম হমাই, সেই সময়ৰ কথা মনলৈ আহিলে। চিনেমা খনৰ নামত ইমানেই পাগল হৈছিলো, আন সকলো কাম বাদ দি কলিকতাতে আছিলোঁ, চিনেমা খনৰ নিজৰ চৰিত্ৰটোৰ লগতে ইটো-সিটো কাম কৰি।"
"মণিৰাম দেৱান"ৰ পাছৰ সময় চোৱাত দিলীপ কুমাৰ হাজৰিকাই অভিনয় কৰিছিল "ককাদেউতা নাতি আৰু হাতী", "পিতাপুত্ৰ", "ৰং", "প্ৰভাতী পখীৰ গান", "প্ৰতিমা", "ভাই ভাই", "বহাগৰ দুপৰীয়া", "সপোন" আদিত। কম ফুটেজৰ চৰিত্ৰত। "অভিনয় আৰু লেখা মোৰ নিচা। মোৰ নিচাৰ কথা জানেই বাবে ভাইমন (মুনিন বৰুৱা) হতে মোৰ বাবে সৰুকৈ চৰিত্ৰ ৰচনা কৰে, অজিত (অজিত কুমাৰ ভূঞা) হতে লিখিবলৈ কাকতত ঠাই দিয়ে।"
কাকত-আলোচনীৰ columnist আছিল দিলীপ কুমাৰ হাজৰিকাৰ আন এক পৰিচয়। সমাজৰ, ৰাজনীতিৰ কথা লিখিছিল যদিও পৰিচয় পাইছিল চিত্ৰ সাংবাদিক হিচাবে। ৬০ দশকৰ আৰম্ভনীতে, সেই সময়ৰ "অসম বাণী" কাকতৰ সম্পাদক সতীশ চন্দ্ৰ কাকতিয়ে কাকত খনৰ চিনেমাৰ পৃষ্ঠাটো সজাবলৈ (সম্পাদনা কৰাৰ) দায়িত্ব দিছিল দিলীপ কুমাৰ হাজৰিকাক। "মই লেখা এটা লৈ সতীশ চন্দ্ৰ কাকতিৰ ওচৰলৈ গৈছিলোঁ। মোৰ বয়স ২২-২৩  বছৰ। (দিলীপ কুমাৰ হাজৰিকাৰ জন্ম: ১৫ জুন ১৯৩৩।) শিৱসাগৰ চৰকাৰী বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰি কটন কলেজত নাম লগাইছিলোঁ। তাৰ পাছত গৌহাটী বিশ্ববিদ্যায়, আইন কলেজ। কটন কলেজত পঢ়ি থকা সময়তে মোক বহুতে নাটক, চিনেমাৰ বিষয়ে লিখা মানুহ বুলি জানিছিল। শিৱসাগৰত থকা সময়ত "সেউজীয়া সমাজ"ৰ হৈ নাটক কৰিছিলো। সেই সময়ত অভিনয় কৰাৰ লগতে নাটকৰ বিষয়ে সাংবাদিকতা কৰিবলৈ প্ৰেৰণা পাইছিলো পৰাগধৰ চলিহাৰ। গুৱাহাটীলৈ অহাৰ পাছত প্ৰেৰণা দিছিল সত্য প্ৰসাদ বৰুৱা, লক্ষ্যধৰ চৌধুৰী, প্ৰবীণ ফুকন, মোৰ মামা তিলক দাস আদিয়ে। মঞ্চত, অনাটাৰ কেন্দ্ৰত নাটকৰ কাম কৰাৰ লগতে লিখা-মেলা কৰো বুলি সতীশ চন্দ্ৰ কাকতিয়ে জানিছিল বাবে মোক পৃষ্ঠা সজাবলৈ সুযোগ দিছিল।"

১৯৬২ চনত "মণিৰাম দেৱান" চিনকৰ্মৰ বাবে কলিকতাত এবছৰৰো বেছি সময় থাকিবলৈ বাধ্য হোৱাত "অসম বাণী"ৰ কাম এৰিবলগীয়া হৈছিল। চিনেমা খনৰ কাম শেষ হোৱাৰ পাছত, ১৯৬৩ চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সম্পাদনাত প্ৰকাশ পোৱা "নৱযুগ"ৰ সম্পাদনা বিভাগৰ সৈতে জড়িত হয়। লগতে দিকুহা নামেৰে "অসম বাণী"ত আৰম্ভ কৰে এটা নতুন শিতান "এক মিনিট"। এই নাম আৰু শিতান কম সময়তে জনপ্ৰিয় হয়। পাছলৈ এই নামেৰে, এই শিতান লিখিছিল "পূৰ্বাঞ্চল" আৰু অন্যান্য কাকততো। দিকুহাৰ "এক মিনিট" গ্ৰন্থ আকাৰতো প্ৰকাশ পাইছে।

"এক মিনিট"ৰ লেখন শৈলীৰে আকৰ্ষণ কৰা দিকুহাক আমি ইমান ওচৰৰ পৰা নাপালো হেতেন, যদিহে "আজি" কাকতৰ সম্পাদনা বিভাগ মোৰ কৰ্মস্থলী নহ'ল হেতেন! "আজি"ৰ লগতে "নতুন সময়"ৰ নিৰ্দিষ্ট পৃষ্ঠা কেইটামান মোৰ দায়িত্বত আছিল। দায়িত্বত থকা পৃষ্ঠা কেইটাৰ ভিতৰত চিনেমাৰ পৃষ্ঠাও আছিল। প্ৰতি সপ্তাহত চিনেমাৰ পৃষ্ঠ কেইটাত চকু ফুৰাই এটা বাক্যয়ে কৈছিল-- "keep it up"। চিনেমাৰ সমালোচনা লিখি প্ৰায়ে সমস্যাত পৰিছিলোঁ। "সমস্যা" পৰিলে মোৰ ওচৰত ঠিয় হৈছিল। সমালোচনাৰ নামত "সমালোচনা" লিখিবলৈ উৎসাহ দিছিল। মোৰ "অসমীয়া চিনেমা" গ্ৰন্থ খন দি কু হা, দিলীপ কুমাৰ হাজৰিকাৰ তাগিদাতে আৰম্ভ কৰিছিলোঁ। গ্ৰন্থ খনৰ বাবে তথ্যৰে সহায় কৰিছিল। এটা লেখা লিখি দিছিল। আমি যেতিয়া "অসমীয়া প্ৰতিদিন", "নিয়মীয়া বাৰ্তা"ৰ সম্পাদনা বিভাগত কাম কৰিছিলোঁ, তেতিয়াও লেখাৰে, তথ্যৰে সহায় কৰিছিল। 

 এই গৰাকী ব্যক্তিৰ মৃত্যু! কেনেকৈ মানি লব পৰা খবৰ হব পাৰে! কেনেকৈ বুকু নিবিষোৱা খবৰ হব পাৰে!

        --উৎপল মেনা

বৃহস্পতিবার, ১৪ সেপ্টেম্বর, ২০২৩

"মানুহক প্ৰথম পৰিচয় মাতৃভাষাৰে দিব লাগে..."

টাবেন টামুক-- মানুহ জনৰ নাম। পাছিঘাটৰ এখন গাওঁ টেবোত ঘৰ মানুহ জনৰ। কিছু দিন পূৰ্বে পাছিঘাটত উন্মোচন হৈছিল আমাৰ সম্পাদনাত প্ৰকাশ পোৱা #Bhupen_Hazarika_vol_lll গ্ৰন্থ খন। অনুষ্ঠানটো পৰিপাটিকৈ আয়োজন কৰাত আগভাগ লৈছিল মাৰ্টিনে। এদিন মাৰ্টিনে লৈ গ'ল তেওঁলোকৰ ঘৰলৈ। নিশা ৮ মান বজাত। নিৰ্জন ঘৰ। মাৰ্টিন আৰু মাক-দেউতাক থাকে। সেই সময়ত মাক আছিল চাংঘৰত, খোৱা-লোৱাত ব্যস্ত! দেউতাক টাবেন টামুক ব্যস্ত, আপঙৰ সোৱাদ লৈ, নিজৰ সৈতে। ("নিজৰ লগতে ব্যস্ত আছোঁ দে, নিজৰ সৈতে কথা পাতি আছোঁ! তয়ো এবাতি লবি নেকি!" --আমি গৈ ওচৰত ঠিয় হোৱাত, মাটিত বহি থকাৰ পৰা উঠিছিল। আৰু কৈছিল টাবেন টামুকে।) 
আমাৰ সৈতে যোৱা হৰিয়ে সুধিছিল টাবেন টামুকক, হিন্দীত-- "ভালে আছে..."। 
টাবেন টামুকে খং কৰিছিল। কৈছিল-- "মানুহক প্ৰথম পৰিচয় মাতৃভাষাৰে দিব লাগে। তই যাৰ সৈতে কথা পাতিছ, সি যদি তোৰ মাতৃভাষা নুবুজে তেতিয়াহে হিন্দী বা ইংৰাজী ক'ব লাগে। তহতে আৰু ইংৰাজী মিডিয়ামহে! হিন্দী কথা কৈ তহতে নিজকে ডাঙৰ মানুহ বুলি ভাৱ! তহতৰ বাবেই অসমীয়া ভাষাটো এদিন হেৰাই থাকিব! যিদিনা হেৰাই থাকিব, সেই দিনা বুজিবি--, মাতৃভাষা হেৰাই থকাৰ দুখ! তেতিয়া আৰু দুখ কৰি লাভ নহব! ..."

মই অসমীয়াতে কথা পাতিছিলোঁ। টাবেন টামুক সন্তুষ্ট হৈছিল। মোক সাৱতি ধৰিছিল। কৈছিল-- "অসমীয়া ভাষাটো ধৰি ৰাখিবি। আমি হেৰুৱালো। অসমীয়া মাধ্যমত পঢ়িছিলোঁ। লাহে লাহে অসমীয়া মাধ্যমৰ স্কুলবোৰ নোহোৱা হ'ল। অৰুণাচলৰ মানুহে ইংৰাজী, হিন্দীত কথা কবলৈ বাধ্য হ'ল। আমাৰ ভাষা অসমীয়া হৈ থাকিলে আমি বেছি উন্নতি কৰিব পাৰিলো হয়। এতিয়া আমাৰ বেছি ভাগ ল'ৰা-ছোৱালীয়ে নিজৰ ভাষা মানে, ইংৰাজী-হিন্দী বুলিয়ে জানে! তই আমাৰ ইয়াৰে ল'ৰা-ছোৱালীৰ লগত অসমীয়াত কথা পাতিবি। সিহতে অসমীয়া বুজে। অসমৰ পৰা অহা মানুহ খিনিয়ে আমাৰ ল'ৰা-ছোৱালীৰ সৈতে অসমীয়াত কথা পাতিলেহে অসমীয়া ভাষাটো ভালদৰে শিকিব!"
 (মাৰ্টিনৰ সৈত আমি ইংৰাজী বা হিন্দীত কথা পতিছিলোঁ। টাবেন টামুক লগ পোৱাৰ পাছৰে পৰা মাৰ্টিনৰ সৈতে অসমীয়াত কথা পাতিছিলোঁ। 
মাৰ্টিনে অসমীয়া বুজে, মাৰ্টিনে আমাক চিনাকী কৰি দিয়া প্ৰতি গৰাকীয়ে অসমীয়া বুজে, অসমীয়া ক'ব পাৰে।)
অসমীয়া ভাষা, গীত, ভূপেন হাজৰিকা ইত্যাদি বিষয়ত কথা পাতি আমি টাবেন টামুকৰ ঘৰৰ পৰা উভতিছিলো। টাবেন টামুকে কৈছিল-- "আৰু আহিবি! মোৰ ঘৰলৈ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, হৃষিকেশ গোস্বামী, কৃষ্ণমণি চুটিয়া আহি থাকে! তয়ো আহি থাকিবি।
(টাবেন টামুক মানুহ জনক মোৰ ভাল লাগিছিল। মনলৈ ভাৱ আহিছিল-- এনে মানুহক শ্ৰদ্ধা জনোৱা উচিৎ! আৰু পাছ দিনা শ্ৰদ্ধা জনাইছিলোঁ মোৰ "Bhupen Hazarika vol lll" -ৰ উন্মোচনী অনুষ্ঠানত।) 

বুধবার, ১৩ সেপ্টেম্বর, ২০২৩

য়েছে দৰজে ঠংচি: এক অধ্যায়

য়েছে দৰজে ঠংচিৰ সৈতে কথা পাতিছিলোঁ। ইটানগৰত। কথাশিল্পী গৰাকীৰ আৱাসত। ইটো-সিটো কথাৰ মাজতে কৈছিল লিখি থকা নতুন উপন্যাস খনৰ কথা। কেতিয়া কাহিনীটোৱে শেষ বিন্দু পাব নাজানে কথাশিল্পীয়ে। কথাশিল্পী গৰাকীয়ে উপন্যাৰ প্ৰথম আৰু শেষ বিন্দুটো প্ৰথমে ঠিক কৰি লয়। "মই নতুন উপন্যাসৰ কাম হাতত ল'লে কাহিনীটোৰ আৰম্ভনী আৰু কাহিনীটো ক'ত শেষ কৰিম ঠিক কৰোঁ। শেষলৈ কাহিনী কেতিয়া, কেনেদৰে যাব আগতে কৈ দিব নোৱাৰিম। গতিকে মোৰ নতুন উপন্যাস খনো কেতিয়া লিখি শেষ কৰিব পাৰো, ক'ব নোৱাৰিম।" 
কথাশিল্পী গৰাকীয়ে যোৱা ১১-১২ বছৰে লিখা নাই, কলমেৰে লিখা নাই। গল্প, উপন্যাস আদি সৃষ্টি কৰি আহিছে কম্পিউটাৰত, নিজে কম্প'জ কৰি। --এই যে কলম এৰি কম্পিউটাৰত কাহিনী নিৰ্মাণ, কথাশিল্পী গৰাকীৰ বাবে সমস্যা হোৱা নাই নে!

"হোৱা নাই। সহজ হৈছে। (কিবা ভুল হ'লে, সম্পাদনা অনুভৱ কৰিলে) সহজতে মচিব পাৰি, লিখিব পাৰি।..." --কথাশিল্পীয়ে ক'লে।

কেতিয়া লিখে? --কথাশিল্পিৰ কোনো ধৰা-বন্ধা সময় নাই। পুৱাৰ নিৰ্জন সময়ত লিখি ভাল পায়, আন সময়তকৈ। কিয়? "সেই সময়ত ইহতৰ (দুই নাতিনীক দেখুৱাই) আমনি নাথাকে। সেই সময়ত মোক লগ কৰিবলৈ আন মানুহ অহা কথাটোও নাথাকে। বাধা নোপোৱাকৈ লিখি যাব পাৰি। আৰু সেই সময়ত মনটোও বেছি মুকলি হৈ থাকে। প্ৰয়োজনত, কেতিয়াবা আন সময়তো বেছি লিখো।"

কথাশিল্পী গৰাকীৰ উপন্যাস: চনম আৰু লিংঝিক, মই পুনৰ জনম লম, মৌন ওঁঠ মুখৰ হৃদয়, শৱ কটা মানুহ,

মিছিং। গল্পৰ সংকলন: পাপৰ পুখুৰী,  বাঁহৰ ফুলৰ গোন্ধ, অন্য এখন প্ৰতিযোগিতা। 

--আপোনাৰ প্ৰতি খন উপন্যাস, প্ৰতিটো গল্পক লৈ আপুনি সুখী নে? কেতিয়াবা মনলৈ এনে ভাৱ নাহেনে, এইটো এনেদৰে লিখিলে বেছি ভাল হ'ল হেতেন!

"আহে। প্ৰকাশ পোৱাৰ পাছত মই বিশেষকৈ মোৰ উপন্যাসৰ কিছু সাল সলনি বা সম্পাদনাৰ প্ৰয়োজন অনুভৱ কৰোঁ। মই যি ভুল বা খুট দেখো, সেয়া আনে নেদেখে বা অনুভৱ নকৰে। গতিকে পাঠকে দিগদাৰ অনুভৱ নকৰাকৈ পঢ়ি যায়। "শৱ কটা মানুহ" উপন্যাস খন "সাদিন" কাকতত প্ৰকাশ পাইছিল। (প্ৰথম প্ৰকাশ হয় নৱেম্বৰ, ২০০৪ চনত। তাৰপাছত ক্ৰমে ডিচেম্বৰ, ২০০৬ চনত আৰু জুলাই, ২০০৮ চনত।) "সাদিন"ৰ পৰা প্ৰকাশকে (বনলতা) লৈ কিতাপৰ আকাৰত প্ৰকাশ কৰিছিল। সেই সময়ত সম্পাদনাৰ সুযোগ পোৱা নাছিলোঁ। উপন্যাস খনৰ এটা সংস্কৰণ অলপতে আকৌ প্ৰকাশ পাব। এই সংস্কৰণটোত উপন্যাস খনৰ খণ্ড ইফাল-সিফাল কৰিছোঁ, সম্পাদনা কৰিছোঁ।..." --কথাশিল্পীৰ উত্তৰ।

কথাশিল্পী গৰাকীয়ে আৰু কিছু কথা কৈছিল। নিজৰ উপন্যাস-গল্পৰ প্ৰসংগত। সেই "কিছু কথা"ত স্পষ্ট-- নিজৰ সৃষ্টিক লৈ কোনো লেখক-লেখিকাই সন্তুষ্ট হ'ব নোৱৰে! যিমান বাৰ পঢ়ে সিমান বাৰ নতুন নতুন দোষ চকুত পৰে, কাহিনী আগবঢ়াই নিয়াৰ নতুন নতুন বাট দেখে।

 "শৱ কটা মানুহ"ৰ দৰে আন কেইখন উপন্যাসো সম্পাদনা কৰিব বিছাৰে কথাশিল্পী গৰাকীয়ে! -- এই একেটা কাৰণতে।

আৰু ভালেমান বিষয়ত কথা পাতিছিলোঁ কথাশিল্পী গৰাকীৰ সৈতে। ইটো-সিটো কথাৰ মাজতে সুধিছিলোঁ-- এই প্ৰজন্মৰ লেখকৰ গল্প, উপন্যাস পঢ়ে নে?

"নপঢ়ো। দুটা কাৰণত। প্ৰথম কাৰণ-- চকুৰ সমস্যাত ভুগি আছোঁ। বেছি সময় পঢ়িব নোৱাৰো। গতিকে নিজৰ লিখা-পঢ়া কাম খিনিতে ব্যস্ত থাকো। দ্বিতীয়তে-- মোৰ এনে ভাৱ হয়, যেন পঢ়ি শেষ কৰিলোঁ, পঢ়িবলৈ একো নাই। আগৰ দৰে পঢ়াৰ আগ্ৰহ অনুভৱ নকৰো। আগ্ৰহ অনুভৱ নকৰাৰ কাৰণ মোৰ বয়সো হব পাৰে। কিন্তু মই এনেদৰে নাভাবোঁ, নতুন ভাল সৃষ্টি হোৱা নাই।" (ক্ৰমশঃ)


রবিবার, ৩ সেপ্টেম্বর, ২০২৩

হাতী বন্ধু

২ ছেপ্টেম্বৰ। অভিনেতা, লেখক, পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যক সম্বৰ্ধনা জনালে "সূর্য"ই, ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পোৱা বাবে। বঁটা পাইছে হাতী বন্ধু তথ্য চিত্ৰ খনৰ বাবে ধাৰাভাষ্যকাৰ শিতানত। এই সম্বৰ্ধনা অনুষ্ঠানত দুগৰাকী ৰাষ্ট্ৰীয় চলচ্চিত্ৰ  বঁটা প্ৰাপ্ত পৰিচালকৰ দুই চিনেকৰ্ম প্ৰদৰ্শন কৰে-- কৃপাল কলিতাৰ তথ্যচিত্ৰ হাতী বন্ধু আৰু দীপ চৌধুৰীৰ পৰিচালনাৰে নিৰ্মিট চুটি চিনেমা কেফে ষ্টৰীটেলাৰ । 

কৃপাল কলিতাক আমি ব্ৰিজ পৰিচালনাৰ বাবে মুকলি মনেৰে প্ৰশংসা কৰিব পৰা নাছিলোঁ। চিনেমেটিক কাৰবাৰে আমাক আকৰ্ষণ কৰিব পৰা নাছিল, বিপৰীতে "হাতী বন্ধু"ৰ চিনেমেটিক কাৰবাৰে (Cinematic techniques), কেমেৰা ডিজাইনে আমাৰ মন-মগজু চুই গ'ল। আলোড়িত কৰি গ'ল। তথ্যচিত্ৰ খনৰ লেখক-সম্পাদকো কৃপাল কলিতা। গতিকে আমি এনেদৰে ক'ব পাৰোঁ-- কৃপালৰ অসাধাৰণ, পৰিপাটি চিনেকৰ্ম "হাতী বন্ধু" (Friends of Elephant.)। সৌন্দৰ্য বঢ়াইছে অমৃত প্ৰীতমে শব্দ সম্পাদনা (ছাউণ্ড ডিজাইন আৰু মিক্সিং)-ৰে। (তথ্যচিত্ৰ খনৰ সকলো দিশ মনত ৰাখি চৰ্চা কৰিম যথা স্থানত।) 

শুক্রবার, ১ সেপ্টেম্বর, ২০২৩

আৰু চিত্ৰবন

"ৰূপকাৰ"ৰ প্ৰথম সংখ্যা...
>>>>>>>>>>>>>>>>>>>>>>>>>>>
আলোচনী খনৰ নাম ৰাখিম-- "চিত্ৰবন"!
আলোচনী খনৰ নাম ৰাখিছিলোঁ-- "চিত্ৰবন"।
মোৰ নাছিল, নামটো দিছিল কবি হীৰেন ভট্টাচাৰ্যই।
"চিত্ৰবন"ৰ প্ৰথম সংখ্যা...
>>>>>>>>>>>>>>>>>>>>>>>
কবি হীৰেন ভট্টাচাৰ্যই চিনেমা-নাটক-সংগীত ইত্যাদি কেন্দ্ৰীক আলোচনী "চিত্ৰবন" সম্পাদনা কৰিছিল, প্ৰকাশ কৰিছিল। প্ৰথম সংখ্যাটো প্ৰকাশ পাইছিল মাৰ্চ ১৯৫৬-ত। 
--হীৰেন ভট্টাচাৰ্যাৰ সেই "চিত্ৰবন" মন-মগজুত লৈ আমি আগবঢ়িছিলোঁ [আমি মানে, মই আৰূ সঞ্জীৱ শৰ্মা। সঞ্জীৱ শৰ্মাই ২০০১ চনৰ ১১ ছেপ্টেম্বৰত আৰম্ভ কৰিছিল অসমৰ প্ৰথমটো চিনেমাৰ website (অসমীয়া, খাচী, ইংৰাজী ভাষাৰ) rupaliparda.com (বিশেষ দিনটোত মুকলি কৰিছিল সুধাকণ্ঠ ভূপেন হাজৰিকাই)। প্ৰায় এটা বছৰ website -টোৰ সম্পাদকৰ দায়িত্বত আছিলোঁ, সেই সময় চোৱাতে চিনেমা কেন্দ্ৰীক আলোচনী এখন প্ৰকাশৰ কথা কৈছিল সঞ্জীৱ শৰ্মাই।] আমি কিছু আগবাঢ়িছিলোঁ। কিন্তু সম্ভৱ নহ'ল। সম্ভৱ হ'ল ১৫ জানুৱাৰী ২০১৮ -ত (মুখ্য সম্পাদক: উৎপল মেনা, সম্পাদক: তফিক উদ্দিন আহমেদ, প্ৰকাশক: প্ৰতিবিম্ব পাব্লিকেচন)। লকডাউনৰ সময়ত আমাৰ "চিত্ৰবন"ক আৰ্থিক সমস্যাই চুলে; আৰু প্ৰকাশ কৰিব পৰা নগ'ল। 
হীৰেণ ভট্টাচাৰ্যৰ সম্পাদনাত প্ৰকাশ পোৱা "চিত্ৰবন"ৰো প্ৰকাশ বন্ধ হৈছিল আৰ্থিক সযস্যাৰ বাবে। --এই খিনিতে আমি উল্লেখ কৰিব পাৰো, "চিত্ৰবন" প্ৰথম খন অসমীয়া ভাষাত প্ৰকাশ পোৱা সাংস্কৃতিক আলোচনী। --পৰৱৰ্তী সময়ত প্ৰকাশ পোৱা চিনেমা কেন্দ্ৰীক, অসমীয়া সাংস্কৃতিক আলোচনীৰ তালিকা খন এনে ধৰণৰ: মনোৰঞ্জন, ৰূপম, আনন্দ সংবাদ, ৰূপকাৰ, অৱকাশ, চিত্ৰবাণী, চিত্ৰ সংবাদ, চিত্ৰদূত, দাপোন আদি। (ক্ৰমশঃ)