বুধবার, ১৮ সেপ্টেম্বর, ২০২৪

ভূপেন হাজৰিকা, গল্পকথা ইত্যাদি

লিখিম, লিখিম বুলি বহু কথা লিখা নহয়। লিখিম, লিখিম বুলি লিখা নাছিলোঁ "গল্পকথা"। অতনু ভট্টাচাৰ্য, মিতালী দেৰ "গল্পকথা"। মোৰ সদায় এনেকুৱা হয়, "ভাল লগা বিষয়"টোৰ বিষয়ে লিখিবলৈ "মন-মগজুৱে" বহু সময় লয়।

৮ ছেপ্টেম্বৰ ২০২৪। কলকাতা।

 কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাই প্ৰায় এটা দশকৰো অধিককাল ড: ভূপেন হাজৰিকাদেৱৰ জন্মদিন কলকাতাত উদযাপন কৰি আহিছে। 

--এই বছৰো ব্যতিক্ৰম নহয়। 

--এই বাৰো আয়োজন কৰিছিল-- "ভূপেন্দ্ৰজয়ন্তী"।

--এইবাৰ এই অনুষ্ঠান আছিল মোৰ বাবে বিশেষ। এই সুৰ-কথাৰ অনুষ্ঠানত উন্মোচনৰ সুযোগ দিয়া হৈছিল আমাৰ (সম্পাদিত) "ভূপেন হাজৰিকা প্ৰকল্প"ৰ চতুৰ্থ খন গ্ৰন্থ "Bhupen Hazarika: volume iv" (এই সংখ্যাৰ অতিথি সম্পাদক: মুকুল ৰাভা, ড: বনজিৎ ভট্ট। সম্পাদক: উৎপল মেনা)। 

১ ডিচেম্বৰ ২০১৯। কলকাতা। এই দিনটোতে "চামেলি মেমচা'ব" খ্যাত জৰ্জ বেকাৰ আৰু বিনীতা বৰগোহাঁয়ে উন্মোচন কৰিছিল আমাৰ "ভূপেন হাজৰিকা" প্ৰকল্পৰ প্ৰথম খন গ্ৰন্থ (সম্পাদিত) "Bhupen Hazarika: Volume I", স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে ১৫ চেপ্টেম্বৰ ২০২২ ত নতুন দিল্লীত উন্মোচন কৰিছিল "Bhupen Hazarika: Volume II" আৰু ৮ চেপ্টেম্বৰ ২০২৩-ত অৰুণাচলৰ প্ৰদেশৰ ইষ্ট চিয়াং জিলাৰ পাছিঘাটত উন্মোচন কৰিছিল এই প্ৰকল্পৰ তৃতীয় খন গ্ৰন্থ। আৰু যোৱা ৮ চেপ্টেম্বৰত আকৌ কলকাতাত উন্মোচন কৰিলে প্ৰকল্পৰ  চতুৰ্থ খন গ্ৰন্থ-- "Bhupen Hazarika: Volume-IV", উন্মোচক: St.Paul's Cathedral Mission College'ৰ বেঙ্গলী বিভাগৰ জ্যেষ্ঠ অধ্যাপক,বহু গৱেষণামূলক গ্ৰন্থ ভূপেন হাজৰিকা বিশ্ব সংস্কৃতিৰ কন্ঠস্বৰ'ৰ প্ৰণেতা,গৱেষক ড০ শেখ মকবুল ইছলাম। (ড° ইছলাম প্ৰসংগত আগলৈ চৰ্চা কৰিম।)

--সেইদিনা বিয়লি ৪-৩০ বজাত এগছি বন্তি প্ৰজ্জলন আৰু সুধাকণ্ঠৰ প্ৰতিছবিত পুস্পাঞ্জলিৰে সমূহীয়া ভাবে গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। তাৰ পাছতে সম্পাদক ইন্দুকল্প শইকীয়াই সভাৰ আঁত ধৰি সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণত আগ বাঢ়ে। কিছুদিন আগতে সংঘটিত হৈ যোৱা এক মৰ্মান্তিক হত্যাকাণ্ডত মৃত্যু বৰণ কৰা চিকিৎসকৰ প্ৰতি শ্ৰদ্ধা জনাই এক মিনিট সময় মৌনতা অৱলম্বন কৰি

" জিলিকাব লুইতৰে পাৰ... " ভূপেন্দ্ৰ সঙ্গীতেৰে শুভাৰম্ভ কৰে সংস্থাৰ শিল্পীয়ে । গীতৰ পাছত "কথা"। কাৰ্যকৰী সভাপতি হিতেন হাতখোৱাই আদৰণি ভাষণ প্ৰদান কৰে। আৰু অনুষ্ঠান আগবাঢ়ে।

--কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাই  প্ৰতিবছৰেই ড: ভূপেন হাজৰিকাৰ বিশাল সৃষ্টিৰ কোনো এক নিৰ্দিষ্ট বিষয় বস্তুক বাচনি কৰি এই জন্মদিৱস উদযাপন কৰে।  এইবছৰৰ বিষয় আছিল 'সাহিত্য'। 

নিৰ্দিষ্ট বিষয়ত ভাষণ দিছিল ধেমাজি কলেজৰ অৱসৰ প্রাপ্ত উপাধ্যক্ষ, বিশিষ্ট লেখক ড: বনজিৎ ভট্টই। "ড: ভূপেন হাজৰিকাৰ গীতত আধুনিক অসমীয়া সাহিত্যৰ উন্মেষণ" বিষয়ত ড° ভট্টই দিয়া "সুৰ-কথা"ৰ ভাষণ আছিল অনুষ্ঠানটোৰ বিশেষ "কথা-সুৰ সৌন্দৰ্য"। 

--এই অনুষ্ঠানৰে আন এক "কথা-সুৰ সৌন্দৰ্য" আছিল "গল্পকথা"। অতনু আৰু মিতালীৰ কণ্ঠত সুৰ-গদ্যৰ যুগলবন্দী। ৩টা গল্গ পাঠ কৰিছিল-- ড° ভূপেন হাজৰিকা, সৌৰভ চলীহা, লক্ষ্মীনাথ বেজবৰুৱাৰ গল্প। সৌৰভ চলীহাৰ গল্প-ভূপেন হাজৰিকাৰ গীত যুগলবন্দী আছিল অনন্য। বেজবৰুৱাৰ গল্প-ভূপেন হাজৰিকাই জনপ্ৰিয় কৰা পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ যুগলবন্দীও আছিল মন চুই যোৱা, মনত ৰৈ যোৱা।

অতনু ভট্টাচাৰ্যৰ এই "গল্প চিন্তা"। "গল্প কোৱা"ৰ এই যাত্ৰা আৰম্ভ কৰিছিল অভিনেত্ৰী ৰুণু বৰঠাকুৰৰ সৈতে। প্ৰথম বাৰ গল্প কৈছিল ২০০৭ চনৰ কোনো এটা দিনত, চতিয়াত। গল্প: ড° ভৱেন্দ্ৰ নাথ শইকীয়াৰ "বানপ্ৰস্থ"। (এই গল্পটোৰ আধাৰত ড° ভৱেন্দ্ৰ নাথ শইকীয়াই চিত্ৰনাট্য লিখিছিল "সন্ধ্যাৰাগ"ৰ। চিনেমা খনৰ এটা মূল চৰিত্ৰত অভিনয় কৰিছিল ৰুণু দেৱীয়ে।)

--অতনু ভট্টাচাৰ্যৰ মনলৈ কিয় আহিছিল এই "গল্প কোৱা" কথা। চনটো কৈছিল, মনত ৰাখিব নোৱাৰিলো।  বক্ত হৈ কবি অতনু ভট্টাচাৰ্য গৈছিল এখন সভালৈ। --তৃতীয় নে চতুৰ্থ বক্তা।

--উপস্থিত ৰাইজৰ ভাষণ শুনাৰ ধৈৰ্য নাই।

--এজন-দুজনকৈ উঠিব লৈছে।

--"বক্তা অতনু ভট্টাচাৰ্য"ই গতানুগতিক বক্তিতাৰ সলনি "গল্পৰ দৰে বক্তিতা" আৰম্ভ কৰিলে। গল্প কোৱাৰ দৰে কিছু কথা ক'লে। শুনিলে, আগ্ৰহেৰে, সভা এৰি যোৱা একাংশও উভতি আহিল। ক'ব পাৰি এই সভা খনতে অতনু ভট্টাচাৰ্যৰ মনত পোখা মেলিলে 'গল্পকথা"ই। 

২০১৪। "গল্পকথা"ৰ নতুন ৰূপ। অতনু ভট্টাচাৰ্যৰ সৈতে মিতালী দে। আমি শুনিলোঁ নতুন ৰূপৰ ৯৩ সংখ্যক "গল্পকথা"। অতনু ভট্টাচাৰ্যৰ কথনশৈলী-মিতালীৰ গায়কী আৰু কথাৰে, চেহেৰাৰ ভাষাৰে গল্পৰ গতিত কৰা সহযোগ যে "গল্পকথা"ৰ অলংকাৰ নুই কৰিব নোৱাৰি।

--"গল্পকথা"ৰ প্ৰসংগত আৰু আমি এনেদৰে কব বিছাৰিম, "ছপা মাধ্যম"ৰ গল্প, উপন্যাস আদি আৰু পঢ়ুৱৈৰ মাজত দূৰত্ব বাঢ়িছে। আজিৰ তাৰিখত দূৰত্ব কমাব পাৰে "গল্পকথা"ৰ দৰে চিন্তাই। অতনু ভট্টাচাৰ্যৰ দৰে জনপ্ৰিয় লেখকৰ "গল্পকথা"ই। (আৰু আছে। অসস্পাদিত। বানান ইত্যাদি সম্পাদনা কৰা হ'ব।)

সোমবার, ২ সেপ্টেম্বর, ২০২৪

সোঁতৰ বিপৰীতে

সেই সময়ত মৃদুল চুতীয়াক লগ পোৱা নাছিলোঁ, মৃদুল চুতীয়াৰ মুখা-মুখি হোৱা নাছিলোঁ। হেঙুল থিয়েটাৰৰ মঞ্চত ("অস্তপথ" ২০০৪-০৫, "মোৰ শ্ৰদ্ধাৰ প্ৰভু হনুমান" আৰু "প্ৰজন্ম" ২০০৬-০৭, "আত্মলিপি" ২০০৪-০৬ নাট্যবৰ্ষত) অভিনয়, পৰিচালনা শৈলী, নাট্যকৰ্মী গৰাকীয়ে ৰচনা কৰা নাটক চোৱাৰ পাছত অনুভৱ কৰিছিলোঁ-- মৃদুল চুতীয়াৰ নাট্যচিন্তা আন নাট্যকাৰ, পৰিচালকতকৈ বহুত বেলেগে। ভ্ৰাম্যমাণ থিয়েটাৰত নিজা শৈলীৰে সুস্থ নাটকৰ নতুন বাট কাটিছিল নাট্যকৰ্মী গৰাকীয়ে। 
--নাটক কেইখন চাইছিলোঁ, লিখিছিলোঁ। ভাল নাটকৰ চৰ্চা কৰি আনন্দ অনুভৱ কৰিছিলোঁ। ইমানেই। 
২০০৭-০৮ নাট্যবৰ্ষ। বৰদৈচিলা থিয়েটাৰত চুক্তিবদ্ধ হৈছিল মৃদুল চুতীয়া। নাট্যদলটোৰ প্ৰযোজক গৰাকীৰ প্ৰথম পৰিচয়-- সচেতন নাট্যকৰ্মী। ধাৰণা কৰিছিলোঁ, মৃদুল চুতীয়াই সেই নাট্যবৰ্ষটো নাট্য চমক দেখুৱাব! দেখুৱালে। কিন্তু নাটক খন আখৰালৈ নিয়াৰ, মঞ্চলৈ নিয়াৰ আগতে এক "অদৃশ্য শক্তি"ৰ বাধা অতিক্ৰম কৰিহে। 
খবৰ পাইছিলোঁ-- "মৃদুল চুতীয়াই আৰু নাটক নিলিখে।" 
--এই খবৰৰ আঁত ধৰি "অসমীয়া খবৰ"ত লিখিছিলোঁ-- "ফাঁচিৰ কাঠড়াত এগৰাকী নাট্যকাৰ"। লেখাটো প্ৰকাশ হোৱাৰ পাছতে চৰ্চা হৈছিল, "চৰ্চা"ই নাট্যদলটোৰ প্ৰযোজকক বাধ্য কৰাইছিল, "নাটক" খনক গুৰুত্ব দিবলৈ। 
নাটক খনৰ শিৰোণাম-- "ভগ্নাৱশেষ"। 
--সেই তেতিয়াৰ পৰা ২০১৫-১৬ নাট্যবৰ্ষলৈ (নাটক: লংকাবিহীন ৰাৱন") মৃদুল চুতীয়াৰ নাটক (আন নাট্যকাৰৰ নাটকৰ লগতে) চাইছিলোঁ, চৰ্চা কৰিছিলোঁ। (২০১৫-১৬ নাট্যবৰ্ষৰ পাছৰ পাৰা মই ভ্ৰাম্যমাণ থিয়েটাৰৰ এখনো নাটক চোৱা নাই। কিয় চোৱা নাই! --সেয়া আন এক অধ্যায়।) 
--এই সময় চোৱাত অতুল মজুমদাৰ, ৰাকেশ প্ৰকাশ-- আমি কেইজন মানহে মৃদুল চুতীয়াৰ নাট্যকৰ্ম চৰ্চা কৰিছিলোঁ। 
--বিপৰীতে সেই "অদৃশ্য শক্তি"ৰ বাধা আৰু বলিউড, তামিল-তেলেগু চিনেমাৰ ("জনপ্ৰিয় মচলা, নকল") শৈলীৰ নাটকৰ "বিজ্ঞাপন ধৰ্মী" লেখাৰ এখন অতিক্ৰম কৰিব নোৱাৰা দেৱাল!
--অৱশেষত হাৰি গ'ল (নাটকৰ বাটত নহয়, ভ্ৰামমাণ থিয়েটাৰত।)! 
ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰা আঁতৰি গ'ল। ব্যস্ত হ'ল চিনেমা ইত্যাদিৰ কামত।
২০২৩-২৫ নাট্যবৰ্ষ। কথাৰ মাজতে মৃদুল চুতীয়াই ক'লে-- নাটক এখন লিখিছে। "এ বি চি ডি"। কহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন লহকৰৰ আগ্ৰহত, তাগিদাত। 
--নাটক গুৰুত্ব দি প্ৰযোজনা কৰিছিল তপনে! সফল হ'ল। দৰ্শকে ভাল পালে। 
২০২৪-২৫ নাট্যবৰ্ষ। আকৌ "কহিনুৰ"ৰ বাবে নাটক লিখিলে মৃদুল চুতীয়াই। পৰিপাটি, মাৰ্জিত সংলাপৰ লগতে জ্যোতি সংগীতৰ ব্যৱহাৰ কৰিছে নাটক খনত। চোৱ নাই।শুনিছোঁ। পঢ়িছো-- ভিন্ন চৰ্চাত।
--এইবাৰ চৰ্চা অতুল মজুমদাৰ, ৰাকেশ প্ৰকাশ, আমি কৰা নাই। চৰ্চা কৰিছে, সেই সকলেও, যি সকল "অদৃশ্য শক্তি"ৰ অংশ আছিল। "বিজ্ঞাপন ধৰ্মী" লেখাৰে "বলিউড, তামিল-তেলেগু চিনেমাৰ জনপ্ৰিয় মচলা" প্ৰয়োগ কৰি, নকল কৰি কৰা "নাট্যকৰ্ম"ৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ "নাট্য শৈলী"ৰ ক্ষতি কৰা, কৰি থকা নাটকক উৎসাহ দিছিল, উৎসাহ দি আছে।
২০২৪-২৪ বৰ্ষত মৃদুল চুতীয়াৰ ৰচনা-পৰিচালনাৰে তপন লহকৰে প্ৰযোজনা কৰা "পিঞ্জৰা" চাবলৈ দৰ্শকে ভিৰ কৰাৰ খবৰ পাইছোঁ, দৃশ্য মাধ্যমত দেখিছোঁ। পূৰ্বৰ দৰে মৃদুল চুতীয়াৰ এই নাটক খনৰো সৌন্দৰ্য-- সংলাপ, "চৰিত্ৰ", অভিনয়, সংগীত বুলি "দৰ্শক" মুখত শুনিছোঁ। জেৰিনা বৰুৱা নামৰ অভিনেত্ৰী গৰাকীয়ে মন চুই যোৱা অভিনয় কৰিছে বুলি শুনিছোঁ। ...
"চাৰ্কাছ-নাটক"ৰ  বিপৰীতে "পিঞ্জৰা"ৰ এই সফলতা "নাটকৰ জয়"।
স্পষ্ট-- "অভিনয় চমক", "সংলাপ চমক"ৰ বাবেও ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক চাবলৈ দৰ্শকে ভিৰ কৰে! আজিৰ দৰ্শকেও।