শুক্রবার, ২৫ অক্টোবর, ২০২৪

সুন্দৰপুৰ কেঅছ /চিনেচৰ্চা

চিনেমা খনৰ নাম-- "সুন্দৰপুৰ কেঅছ"। ঝুলন কৃষ্ণ মহন্তৰ পৰিচালনা। চিনেমা খনত এটা কাহিনী আছে, সৰল ৰৈখিক। কাহিনীটোৰ মূল বিন্দু-- কিংকৰ। মনে যি কয় কৰিব বিছৰা, নিজৰ সংস্কৃতিক ভাল পোৱা, সমাজৰ বাবে ভাল কাম কৰিব বিছৰা সুন্দৰপুৰ সত্ৰৰ যুৱক কিংকৰ গোস্বামী। দেউতাক-মাক আৰু ভনীয়েক-- কিংকৰৰ ঘৰ খন। দেউতাক, মাক, ভনীয়েকৰ লগতে "কিংকৰ"ক বিন্যাস কৰিছে ছয়গৰাকী বন্ধুৰ সৈতে প্ৰয়োগ কৰা সাহিত্যৰ ভাষাৰে। কাহিনীৰ গতিত সুন্দৰপুৰ সত্ৰৰ কিংকৰ গৈ গুৱাহাটী পালে উচ্চ শিক্ষাৰ বাবে। আন বহুতৰে লগতে লগ পালে এগৰাকী বান্ধৱীক। বান্ধৱীৰ সৈতে ঘনিষ্ঠতা বাঢ়ে। --এটা প্ৰেমৰ গল্প নিৰ্মাণ হয়, মসৃণ গতিত আগবাঢ়ে। প্ৰেমতে প্ৰেম ৰৈ যায়, সামাজিক ৰেখা অতিক্ৰম নকৰে কিংকৰে। ("নায়িকা" বড়ো সম্প্ৰদায়ৰ!--পৰিচালকে এনেদৰে ভৱাৰো বাট দিছে, কিংকৰৰ "ফোন"টো নেহেৰুৱালে, দেউতাকক চিকিৎসালয়ত থকাৰ খবৰ পাই হঠাতে ঘৰলৈ আহিব নলগা হ'লে "গাহৰিৰ মাংস" খোৱা কিংকৰে হয়তো সামাজিক ৰেখা অতিক্ৰম কৰিলে হেতেন! অতিক্ৰম কৰা বুলিয়ো ভৱাৰ বাট দিছে পৰিচালকে--  কিংকৰৰ ওঁঠত দিয়া এই সংলাপটোৰে,"মোৰ এটা সপোন আছে, এখন ভাওনা পতাৰ।...এখন ভাওনা য’ত এটা tribal বাচ্ছা কৃষ্ণ হ'ব আৰু গোসাঁই ল’ৰাবোৰ গোপবালক।") 
--"নায়িকা" আঁতৰি যায় কিংকৰক মনৰ মাজত লৈ, কিংকৰ সুন্দৰপুৰ সত্ৰলৈ উভতি আহে। (চিনেমা খনৰ শেষত মাত্ৰ দুটা শ্বটতে পৰিচালকে স্পষ্ট কৰে, কিংকৰৰ মনৰ মাজতো যে "নায়িকা" আছে।) 
মুকলি মনৰ কিংকৰ কেন্দ্ৰিক গল্পটোত চিত্ৰনাট্যকাৰ-পৰিচালকে পৰিপাটিকৈ গুঠিছে সত্ৰৰ সংস্কৃতি, সত্ৰৰ (মাটিৰ) সমস্যা। সত্ৰৰ মাটি দখল কৰা সমস্যাটো কেমেৰাৰ ভাষাৰে, সাহিত্যৰ ভাষাৰে গুঠিছে কম ফুটেজত।

--শেহতীয়াকৈ অসমৰ বিভিন্ন সত্ৰৰ ভূমিত এচাম সন্দেহজনক লোকে অবৈধভাবে বসতি স্থাপন কৰা বিষয়টো, ফলত সামাজক পৰিবেশ প্ৰদূষিত হোৱা বিষয়টো সু-পৰিকল্পিত ভাৱে কাহিনীলৈ আনিছে, কাহিনীৰ অংগ কৰি লৈছে।

--চিনেমা খনৰ বিষয়বস্তু? 

"সত্ৰ আমাৰ আবেগ। কিন্তু সিহঁতৰ বাবে এডোখৰ ভূমি।... বৰদোৱা, মাজুলীৰ ভূমি দখল হ'লে খবৰ ওলায় । কিন্তু এইবোৰ সত্ৰৰ এনে খবৰ বাতৰিত নাহে।... সত্ৰত বহা এই মানুহখিনিক লৈয়ে আকৌ ৰাজনীতি কৰে।... আমাৰ মাজত বহুত কিংকৰ আছে।সকলো কিংকৰ ওলাই অহিলে আমাৰ বহুতো সমস্যা

সমাধান হ'ব। ...মাটিকণ কেৱল ঠিয় হৈ থাকিবৰ বাবে প্ৰয়োজন হোৱা এডোখৰ ঠাই নহয়। ...আমাৰ আজি, আমাৰ কালি, আমাৰ ভৱিষ্যত, আমাৰ সপোন, আমাৰ বাস্তৱ,  আমাৰ মৰ্য্যদা,আমাৰ সম্পদ, সম্ভৱনা, নিৰাপত্তা ...আমি কি আছিলোঁ বা আমি কি হব বিচাৰিছিলো এই মাটিয়েই কব সেই কথা। আৰু আমাৰ শিপা কিমান মজবুত, সেই কথা কব লাগিব আমি।" --আমাৰ ধাৰণাত কাহিনীৰ গতিত (কিংকৰৰ ওঁঠত) ব্যৱহাৰ কৰা এই সংলাপ কেইটাৰে বিষয়বস্তু নিৰ্মাণ কৰিব বিচাৰিছে। (চিনেমা খনৰ বিষয়বস্তু যদি (সত্ৰৰ মাটি দখল সমস্যা বুলি ধৰা হয়, তেনেহ'লে ক'ব লাগিব-- বিষয়বস্তু স্পষ্ট কৰাত পৰিচালক ব্যৰ্থ।)

চিনেমা খনৰ পৰিচালনা শৈলীৰ কথা মনত ৰাখি এনেদৰে ক'ব পাৰোঁ-- "চিনে শিল্পৰ বাবে চিনেমা 'সুন্দৰপুৰ কেঅছ'"; কিন্তু "বজাৰৰ বাবে চিনেমা"ৰ আঁতৰৰ নহয়। পৰিচালকে চিনে শিল্প, চিনে-দায়িত্বক গুৰুত্ব দি চিনেমা খনৰ বিষয় বস্তু নিৰ্বাচন কৰিছে, পৰিচালনা শৈলীত মন দিছে যদিও চিত্ৰগৃহত টিকট ক্ৰয় কৰি "বিনোদনৰ বাবে চিনেমা" চোৱা "দৰ্শক"কো মনত ৰাখিছে। চিনেমা খনৰ গীত প্ৰয়োগ, গীত ডিজাইন, কেমেৰা ডিজাইন, আৱহ সংগীত প্ৰয়োগ, চৰিত্ৰ নিৰ্মাণ আৰু বিন্যাস পৰিপাটি। পৰিচালকৰ লগতে এই ৰূপালী সৌন্দৰ্যৰ বাবে স্বাভাৱিকতে প্ৰশংসা কৰিম সংগীত পৰিচালক  সৌৰভ মহন্ত (আৱহ সংগীত আৰু ব্যৱহৃত গীত ৰূপালী গল্পটোৰ প্ৰধান অলংকাৰ) আৰু চিনেমাট'গ্ৰাফাৰ চন্দ্ৰ কুমাৰ দাসক। 

আহিছোঁ-- অভিনয়লৈ। বাস্তৱিক অভিনয়ৰে নিৰ্মাণ কৰা প্ৰতিটো চৰিত্ৰ মন চুই যোৱা। কিংকৰৰ পিতৃৰ চৰিত্ৰত ৰাজীৱ গোস্বামী, মাতৃৰ চৰিত্ৰত জ্বলী লস্কৰ আৰু ভনীয়েকৰ চৰিত্ৰত গাৰ্গী দত্ত মহন্ত, সত্ৰাধিকাৰৰ চৰিত্ৰত অৰুণ নাথকে ধৰি প্ৰতটো চৰিত্ৰ। কিন্তু বিশেষ ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ হৈছে পাৰ্থপ্ৰতীম হাজৰিকাক লৈ নিৰ্মাণ কৰা কিংকৰৰ চৰিত্ৰটো। চকুৰ ভাষা, চেহেৰাৰ ভাষা, শৰীৰৰ ভাষা, সংলাপ প্ৰক্ষেপণত অৱশ্যেই স্পষ্ট অভিনেতা গৰাকীৰ অভিনয় শক্তি (Acting power)। (আৰু আছে)

মঙ্গলবার, ১৫ অক্টোবর, ২০২৪

ভাইমনদা

(১)

অনুপম আহিছিল। চিনেমা লেখক-পৰিচালক মুনিন বৰুৱা কেন্দ্ৰিক কথা পাতিছিল। কৈছিল-- "মুনিন বৰুৱা কেন্দ্ৰিক চিনেমা এখনৰ কাম চলি আছে।..." চিনেমা খনৰ সহায় হব পৰাকৈ মই কি, কিমান খিনি ক'ব পাৰিছিলোঁ, নাজানোঁ।...
ভাইমনদাক, মুনিন বৰুৱাক অতি ওচৰৰ পৰা পাইছিলোঁ। চিত্ৰৰসিক মুনিন বৰুৱাক ভালদৰে জানিছিলোঁ। নিজৰ চিনেমাতকৈ আন পৰিচালকৰ (দেশ-বিদেশৰ) ভাল চিনেকৰ্ম চৰ্চা কৰি সুখ অনুভৱ কৰিছিল।...
জ্যোতিপ্ৰসাদ আগৰৱালাই "ইন্দ্ৰ-মালতী"ৰে বাট কাটা অসমীয়া চিনেমাৰ ধাৰাটোক ফণী শৰ্মা, ব্ৰজেন বৰুৱা, নিপ বৰুৱা, শিৱপ্ৰসাদ ঠাকুৰৰ পাছত মুনিন বৰুৱাই আগবঢ়াই নিছিল।...
মমতা --মুনিন বৰুৱাই "কাম" কৰা প্ৰথম খন চিনেমা। নলীন দুৱৰাৰ পৰিচালনাৰে নিৰ্মিত চিনেমা খনৰ ৰেহনা আখতাৰ হান্নানে গোৱা ‘আঁউসীৰ পাছত…’ গীতটোত মেণ্ডোলিন বজাইছিল৷ চিনেমাখনৰ গীত ৰেকৰ্ডিং আউটড’ৰত হৈছিল; আৰু সংগীতৰ সেইবোৰ কামতো মুনিন বৰুৱাই সহায় কৰিছিল।
১৯৭৬ চন৷ পৰিচালক শিৱ প্ৰসাদ ঠাকুৰে হাতত লৈছিল প্ৰথম পৰিচালনা৷ এই চিনেমাখনতে প্ৰথমবাৰৰ বাবে কেমেৰাৰ পিছফালে কাম কৰে মুনিন বৰুৱাই, সহকাৰী পৰিচালক হিচাবে৷ ১৯৭৮ চনত চিত্ৰগৃহলৈ অহা এই চিনেমাখন ব্যাৱসায়িক দিশত সফল নহ’ল৷ সেই সময়ত বহুতে দোষ দিলে ‘চিত্ৰনাট্য’ক৷ দুৰ্বল চিত্ৰনাট্য৷ কাহিনী, চিত্ৰনাট্য, সংলাপ লিখিছিল বসন্ত দাসে৷ পৰিচালক গৰাকীৰ দ্বিতীয় পৰিচালনা ‘বোৱাৰী’ৰ কাহিনী বসন্ত দাসৰে৷ চিত্ৰনাট্য-সংলাপ কিন্তু মুনিন বৰুৱা, বসন্ত দাসৰ৷ চিত্ৰনাট্য-সংলাপৰ লগতে মুখ্য সহকাৰী পৰিচালকৰো দায়িত্ব পালন কৰিছিল মুনিন বৰুৱাই৷ ১৯৮২ চনৰ ১৫ জানুৱাৰীত চিত্ৰগৃহলৈ অহা ‘বোৱাৰী’য়ে ‘অসমীয়া চিনেমাৰ বজাৰ’ত ঢৌৰ সৃষ্টি কৰিছিল৷ সফলতাৰ ঢৌ৷ সেইবাবেই হয়তো ‘শেৱালী’ (১৯৮৯), ‘ঘৰ সংসাৰ’ (১৯৮৩), ‘মন মন্দিৰ’ (১৯৮৫), ‘সোণ মইনা’ (১৯৮৪), ‘এই দেশ মোৰ দেশ’ (১৯৮৬) ৰো চিত্ৰনাট্য-সংলাপৰ দায়িত্ব দিছিল মুনিন বৰুৱাক৷ এই প্ৰতিটো ‘চিনে কৰ্ম’ই আছিল সফল৷ সফলতাৰ বাটত আৰু এখোজ আগবাঢ়ি নিপন গোস্বামীৰ সৈতে যুটীয়াভাৱে পৰিচালনা কৰে ‘প্ৰতিমা’৷ চিত্ৰগৃহলৈ আহে ১৯৮৭ চনত৷ ‘প্ৰতিমা’ দৰ্শকে পছন্দ কৰিলে৷ ইয়াৰ পাছতে হাতত ল’লে ‘পিতা-পুত্ৰ’৷ ‘পিতা-পুত্ৰ’ৰ শৈলীৰে পৰিচালকগৰাকীয়ে পৰৱৰ্তী সময়ত ‘চিনে কৰ্ম’ আগবঢ়াইছে ‘পাহাৰী কন্যা’, ‘প্ৰভাতী পখীৰ গান’, ‘দীনবন্ধু’, ‘ৰামধেনু’ নামেৰে৷ বিশ্লেষণ কৰিলে স্পষ্ট হৈ পৰে ‘হিয়া দিয়া নিয়া’, ‘দাগ’, ‘নায়ক’, ‘কন্যাদান’, ‘বিধাতা’, ‘বাৰুদ’, ‘ৰং’ পৰিচালকগৰাকীৰ আন এক শৈলীৰ ‘চিনে কৰ্ম’৷–এই দুয়োটা শৈলীৰে সু-পৰিকল্পিত প্ৰয়োগ স্পষ্ট ‘প্ৰিয়াৰ প্ৰিয়’ত৷...
--এই গৰাকী চিনেকৰ্মী চিনেমাৰ বিষয় হোৱা খবৰটো নিঃসন্দেহে ইতিবাচক।
চিনেমা খনৰ নাম ৰাখিছে "ভাইমন দা-A Tribute to Assamese Cinema"। পৰিচালক: শশাংক সমীৰ৷
প্ৰযোজক: শ্যামন্তক গৌতম।
(২)
সংগীত শিল্পী মনিষা হাজৰিকাৰ পৰা পালো আৰু এটা তথ্য-- আন বহু অনুষ্ঠানৰ লগতে সংগীতসূৰ্যৰ গীতৰ অনুষ্ঠিনতো মুনিন বৰুৱাই মেণ্ডোলিন বজাইছিল। মুনিন বৰুৱাই গীত লিখিছিল, সুৰো কৰিছিল। চিনেমাৰ মানুহ, নাটকৰ মানুহ মুনিন বৰুৱা আছিল সংগীতৰো মানুহ। কিন্তু নিজৰ এখনো চিনেমাৰ  সংগীতৰ কাম কৰা নাছিল। কিয়?
কথা প্ৰসংগত ভাইমনদাই কৈছিল-- "সংগীত মোৰ প্ৰিয় বিষয়। বজাই ভাল পাওঁ। কেতিয়াবা আনন্দতে সুৰ কৰিছিলোঁ, গাইছিলোঁ। কিন্তু মই সংগীতৰ কাম কৰা মানুহ নহওঁ। মই ক'ব পাৰোঁ-- এনেকুৱা কৰা, তেনেকুৱা হ'লে ভাল। কিন্তু কৰিব নোৱাৰো যেন লাগে। গতিকে এই দিশটোত মন দিয়া নহ'ল, পাছৰ পৰ্যায়ত। শিৱপ্ৰসাদ ঠাকুৰ ছাৰে মোক কেমেৰাৰ পাছলৈ ঠেলিলে, পাছতে থাকি ভাল পালোঁ।... মোৰ ইচ্ছাও নাছিল চিনেমাত সংগীতৰ কাম কৰাৰ, অভিনয় কৰাৰ (নায়ক হোৱাৰহে) মন আছিল!" (অজিত কুমাৰ ভূঞা সম্পাদিত দৈনিক কাকত "আজি"/ ১৮ নৱেম্বৰ ২০০৩)
--মাৰ্চ ২০০২ চনৰ কোনো এটা নিশা প্ৰথম বাৰ মুখামুখি হৈছিলোঁ মুনিন বৰুৱাৰ সৈতে। নগাঁৱত "কন্যাদান" চিনেমা খন চোৱাৰ পাছত ৰাতিৰ আহাৰ খোৱা সময়ত। ভাতৃপ্ৰতীম সাংস্কৃতিক কৰ্মী (বৰ্তমানৰ সাংসদ) পৱিত্ৰ মাৰ্ঘেৰিটা আছিল আমাৰ মুখামুখিৰ সাঁকো। মুনিন বৰুৱাই মোক কোৱা প্ৰথম দুটা বাক্য আছিল-- "চিনেমা খন কেনে পালা? 'নাটক'হৈ আছে নেকি?" (এই "প্ৰশ্ন"ৰ কাৰণ? আগলৈ চৰ্চা আগলৈ।)
প্ৰথম মুখামুখিৰ কেইদিন পাছত মুনিন বৰুৱাৰ প্ৰথমটো সাক্ষাৎকাৰ লৈছিলো (সেই সময়ত মই সম্পাদনা বিভাগত কাম কৰা) "আজি"ৰ বাবে। এটা প্ৰশ্নৰ উত্তৰত চিনকৰ্মী গৰাকীয়ে কৈছিল-- "দেৱৰাজ ৰয় কলেজত বি এছ চি পঢ়ি থাকোঁতে কলেজ উইকত আমি নাটক কৰিছিলোঁ। আমাৰ ব'টানীৰ ছাৰ শিৱপ্ৰসাদ ঠাকুৰৰ নাটক। মই আছিলোঁ প্রম্পটাৰ। নাটকখন মঞ্চস্থ কৰাৰ দুদিন আগতে মোৰ স্থান সলনি হ'ল। ছাৰে ক'লে-- 'তুমি অভিনয় কৰিব লাগিব। তুমি পাৰিবা, বুজিছা...।' প্রম্পটাৰৰ আসনৰ পৰা ছাৰে দিয়া উৎসাহৰ বাবেই অভিনেতাৰ আসনত বহিলোঁ। প্রম্পটাৰ আছিলোঁ যেতিয়া সংলাপবোৰ প্ৰায় মুখস্থ হৈয়েই গৈছিল। দিগদাৰ অনুভৱ কৰা নাছিলোঁ। নাটকখন শেষ হোৱাৰ পিছত দীঘলকৈ উশাহ এটা লৈ চিঞৰি দিছিলোঁ-- উঃ ৰক্ষা। পিছদিনাখন প্রতিযোগিতাৰ ৰিজাল্ট ওলাল। মই আচৰিত! 
মোৰ নামটো আছিল যুটীয়াভাবে মোৰ বন্ধু ৰাণা গগৈৰ সৈতে শ্রেষ্ঠ অভিনেতাৰ তালিকাত। মোৰ আত্মবিশ্বাস বাঢ়িল। শ্রেষ্ঠ অভিনেতাৰ সেই বঁটাটোৱে মোৰ যেন বিশ্বাস দিলে-- অভিনেতা হ'ব পাৰিম। মই গোলাঘাটৰ নাটকত ওতপ্রোতভাবে অভিনেতা হিচাপে জড়িত হৈ পৰিলোঁ। কিন্তু সংগীতক বাদ দিব পৰা নাছিলোঁ। কাৰণ মই আছিলোঁ সংগীতৰহে ছাত্র। তেতিয়া গোলাঘাটত সংগীতৰ ভাল পৰিবেশ আছিল। দুখনকৈ নাম কৰা সংগীত মহাবিদ্যালয় আছিল। মোৰ দুয়োজনী বাইদেবে সংগীত শিকিছিল। মাই হেঁচা দিলে-- ময়ো কিবা এটা শিকিব লাগে। মই গোলাঘাটৰ বিশেষ সংগীত মহাবিদ্যালয়খনলৈ নগ'লোঁ, যিখনত বাইদেউহঁতে শিকিছিল। মোমাইদেউ প্রদীপ চলিহাৰ অজন্তা কলামণ্ডলত তবলা শিকিবলৈ গ'লোঁ। এতিয়াৰ নৃত্যপটীয়সী ইন্দিৰা পি পি বৰায়ো তেতিয়া অজন্তা কলামণ্ডলত নাচিছিল। দেওধনী, বিহু আদি দলীয় নৃত্যত ল'ৰা কম হোৱাৰ বাবে আমাকো নাচিবলৈ লগাই দিছিল। সেই সময়তে আমি দেখিছিলোঁ ফিলিম মেকফার্লিন ছাৰক। তেওঁ গুণী-জ্ঞানী সংগীতজ্ঞসকলৰ ভিতৰৰ এজন। প্রাচ্য আৰু পাশ্চাত্যৰ বাদ্যযন্ত্ৰসমূহ খুব সুন্দৰকৈ বজাইছিল। ছাৰে গোলাঘাট সংগীত বিদ্যালয়ত বাদ্যযন্ত্ৰৰ শিক্ষা দিছিল। ছাৰৰ প্ৰতি আকর্ষিত হৈ ময়ো মেন্ডোলিন শিকিবলৈ তাতেই নাম লগালোঁ। পিছত গীটাৰো শিকিছিলোঁ। গীটাৰৰ শিক্ষা দিছিল মোৰ এজন বন্ধু মেজেন চাংমাই। সেই সময়ত যোৰহাটত এটা অর্কেস্ট্রা গ্রুপ আছিল। মূল শিল্পী দুগৰাকী আছিল জিতু-তপন। সেই গ্ৰুপটোৰ জনপ্রিয়তা দেখি আমিও এটা গ্রুপ খুলিলোঁ। নাম দিলোঁ ইক'। আমাৰ গ্ৰুপটোত বাবুল নাগ, মেজেন চাংমা, ৰবীন দে' আদিৰ লগতে পিছৰ সময়ত আমাৰ সৈতে মেক-আপ মেন হিচাপে কাম কৰা যোগেন দাসো আছিল। বিভিন্ন ঠাইত আমি প্রগ্রেম কৰোঁ। মাননি আদিৰ কথা নাছিল। প্রগ্ৰেম কৰিব পাৰিলেই হ'ল। ইমানেই।...
সেই যে মই শ্রেষ্ঠ অভিনেতা হৈছিলোঁ, তেতিয়াৰ পৰাই ছাৰে (শিৱপ্ৰসাদ ঠাকুৰে) তেওঁৰ প্ৰায়কেইখন নাটকতে মোক কামত লগাবলৈ ল'লে। ছাৰৰ নাটকত মিউজিক দিয়াৰ সুবিধাও পালোঁ। মিউজিক দিছিলোঁ ৰেকৰ্ড প্লেয়াৰৰ সহায়ত। কামটো আছিল আজিকালি 'ডি জে'বোৰে যে কৰে, ঠিক তেনেধৰণৰ।” 
[এই অংশ নতুন নহয়। ১৮ মে' ২০২২ সংখ্যাত, "আজি" কাকতত প্ৰকাশ পাইছিল, মোৰ "ৰাফকাট" শিতানত। (পাছত কিছু অংশ ছপা হৈছিল "জাগৰণ সাহিত্য প্ৰকাশনে" প্ৰকাশ কৰা মোৰ  #অসমীয়া_চিনেমা গ্ৰন্থত।)
এদিন কথা প্ৰসংগত পৱিত্ৰদাই (লেখক, সাংবাদিক পৱিত্ৰ কুমাৰ ডেকাই) কৈছিল-- "তোমাৰ লেখাটো ভাইমনে ভাল পাইছে। তোমাক মাতিছে, তেওঁৰ ঘৰলৈ।" পৱিত্ৰদাই বুজাই দিয়া বাটেৰে গৈ ভাইমনদাৰ ঘৰ পাইছিলোঁ, ভাতৃপ্ৰতীম সাংস্কৃতিক কৰ্মী বিৰিঞ্চি মোহন শৰ্মাক লগতলৈ। নিৰ্দিষ্ট ঘৰটোৰ বহা কোঠাত বহাৰ পাছতে ভাইমনদাই কোৱা প্ৰথম বাক্যটো আছিল-- "তোমাৰ লেখাটো ভাল পাইছোঁ।" --এয়া আছিল ভাইমনদাৰ সৈতে মোৰ পঞ্চম মুখামুখি।]
(৩)
"চিনেমাখন কেনে পালা? 'নাটক' হৈ আছে নেকি?" --প্রথমে হজম কৰিব নোৱৰা, পাছলৈ "ভাল লাগি" থকা এটি প্রশ্নৰেই প্ৰথম মুখামুখি, মুনিন বৰুৱাৰ সৈতে।
--প্রথম মুখামুখিতেই এনেধৰণৰ প্ৰশ্ন। দিগদাৰ অনুভৱ কৰিছিলোঁ।
--কিবা এটা কোৱাৰ বাট বিছাৰি পোৱা নাছিলোঁ। 
"আপুনি আপোনাৰ চিন্তাৰে লিখিছে, মই বেয়া পোৱা নাই। আপোনাৰ লেখা পঢ়ি মই ভাল পাইছোঁ! আপোনাৰ লেখাটো ভাল পাইছো বাবেই আজি চিনেমা খন চাবলৈ আমন্ত্ৰণ কৰিছিলোঁ। 'কন্যাদান'ৰ বিষয়ে আপুনি তেনেদৰেই লিখিব, যেনেদৰে আপুনি চাইছে! ভাল লাগিব!" --পৰিচালক, চিনেমা লেখক গৰাকীয়ে মোৰ মনলৈ অহা "দিগদাৰ" আঁতৰাই দিছিল। কথা আগবঢ়াই নিয়াৰ বাট কাটি দিছিল। (এই খিনিতে সংযোজন: চিনেমা লেখক মুনিন বৰুৱাৰ চিনেচিন্তাৰ সৈতে মোৰ চিনেমা ধাৰণা একে নাছিল। দূৰত্ব আছিল। আৰু স্বাভাৱিকতে মতান্তৰ হৈছিল। মনান্তৰ কিন্তু হোৱা নাছিল। --উৎপল মেনা ০৯/১০/২০২৪) বাট কাটি দিয়াৰ পাছতো আমি কোনো ধৰণৰ মন্তব্য দিয়া নাছিলোঁ। 
--মুনিন বৰুৱাই নিজে কৈ গৈছিল। চিনেমাৰ ছিকুৱেন্সৰ প্ৰসংগত। চিনেমাৰ সংলাপৰ প্ৰসংগত। কেতিয়াবা চিনেমাৰ ছিকুৱেন্সে "নাটক" হৈ কিয় থাকে... ইত্যাদি ইত্যাদি। সেই কথাবোৰৰ মাজত বিচাৰি পাইছিলোঁ "এজন ভাল দর্শক, সমালোচক বৰুৱা"ক। "হজম কৰিব নোৱৰা" প্ৰশ্নটো ভাল লাগিললৈ আৰম্ভ কৰিছিল। স্পষ্ট হৈ পৰিছিল সেয়া আমাৰ সন্মুখত উত্থাপন কৰা প্রশ্ন নাছিল। মুনিন বৰুৱাৰ ভাষাত-- " 'দাগ'ৰ প্ৰসংগত যিকেইটা কথা আমি উল্লেখ কৰিছোঁ, বিশেষকৈ নাটকৰ প্ৰসংগতো আপোনাৰ লগত পাছত এদিন আলোচনা কৰিম। মই ভাবোঁ, নাটকৰ পৰা 'কন্যাদান' মুক্ত। আপুনি কি কয়?..." 
--সঁচাকৈয়ে আছিল "কন্যাদান"ৰ পৰিচালনা শৈলী "দাগ"তকৈ বহু বেলেগ। পৰিচালকে "ছাবজেক্ট মুভমেন্ট-কেমেৰা মুভমেন্ট"ত বিশেষভাৱে গুৰুত্ব দিছিল। আমাৰ এই মনৰ ভাব প্রকাশ নকৰি প্ৰস্তাৱ এটা দিলোঁ-- এদিন কেইঘণ্টামান বহি মত বিনিময় কৰাৰ। কাৰণ ইতিমধ্যে মুনিন বৰুৱা, "পৰিচালক মুনিন বৰুৱা"ৰ প্রতি আমাৰ আগ্রহ বাঢ়িছিল।
চন ২০০২। কেইটামান মাহ পূর্বে মোৰ কৰ্মস্থান সলনি কৰিছিলোঁ। কেইবাবছৰো মুম্বাইত থকাৰ পাছত গুৱাহাটীলৈ উভতি আহিছিলোঁ। আহিয়েই সময় খৰচ কৰিছিলোঁ আঁতৰি থকা বছৰকেইটাত চিত্রগৃহলৈ অহা "অসমীয়া চিনেমা অধ্যয়ন"ত। প্রথমে "অধ্যয়ন" কৰিবলৈ চেষ্টা কৰিলোঁ "পিতা-পুত্র"ৰ (মুনিন বৰুৱাৰ প্ৰথম স্বতন্ত্ৰ পৰিচালনা) পৰা মুনিন বৰুৱা কিমান দূৰ আগুৱাইছে! বিষয়বস্তু আৰু পৰিচালনা শৈলীৰ দিশত আমাৰ "অধ্যয়ন" যোগাত্মক আছিল যদিও ছিকুরেন্স নির্মাণত থকা "নাটকৰ গোন্ধে" আমাক আমনি কৰিছিল। 
-- এই "আমনি"ৰ কথা কাকত-আলোচনীৰ পৃষ্ঠাত ছপা হৈছিল (চিনেমা:দাগ, নায়ক)। সম্ভবতঃ সেই কাৰণেই প্রথম মুখামুখিতেই আছিল "হজম" কৰিব নোৱৰা সেই প্রশ্ন। 
-----------------------------------------
আমি বহিছিলোঁ। 
মুনিন বৰুৱাৰ চিনেমা কাৰ বাবে? 
মুনিন বৰুৱাই কিয় চিনেমা পৰিচালনা কৰে? পৰিচালক মুনিন বৰুৱাৰ কোনো চিন্তাত... "চিনেমা বজাৰে" দিগদাৰ দিয়ে নেকি? ইত্যাদি আছিল আমাৰ চৰ্চৰ বিষয়।
ইতিমধ্যে মুনিন বৰুৱাৰ সৈতে আমাৰ সম্পৰ্ক সহজ হৈ আহিছিল। বুজি উঠিছিলোঁ-- চিনেমা বিষয়ত ঘণ্টাৰ পিছত ঘণ্টা "আড্ডা" দি ভাল পোৱা মানুহ মুনিন বৰুৱা। নিজতকৈ আনৰ চিনেমাৰ (হিন্দী, ইংৰাজী, বাংলা ভাষাৰ সুপৰিকল্পিত ৰচনাসমূহ) প্ৰসংগত আলোচনা কৰি আনন্দ অনুভৱ কৰে। 
মুনিন বৰুৱাই কৈছিল-- "ছাৰে মোক কেমেৰৰ পিছলৈ ঠেলাৰ আগতে অভিনয়ৰ কৰোৱাৰ চিন্তা কৰিছিল। মোৰ বাবে চৰিত্ৰ লিখাইছিল। "ফাগুনি"ত মোৰ বাবে লিখোৱা চৰিত্ৰটোত প্ৰাঞ্জল শইকীয়াই অভিনয় কৰিছিল।" 
--মুনিন বৰুৱাৰ চিনেমাৰ "নায়ক" হোৱাৰ মন আছিল। সুযোগ পোৱাৰ পাছতো "নায়ক" নহ'ল! কিয়? 
(৪)
মাতিছিলো "মুনিনদা..."।
কৈছিল-- "মোক সকলোৱে ভাইমনদা বুলি মাতে। তুমিও...।"
ভাইমনদা? (মুনিন বৰুৱা এতিয়া আমাৰ বাবেও ভাইমনদা)
ভাইমনদা নামটো সম্ভৱতঃ ভাইটিৰ পৰা আহিছে। (ভাইমনদাই ক'লে-- "পৰিয়ালৰ সদস্যসকলৰ ওচৰত প্ৰকৃত নামটো আঁৰতে থাকি গৈছিল। সকলোৱে মোক মাতিছিল-- ভাইটি বুলি।") অৱশ্যে এই প্রসংগত ভাইমনদাৰ পৰা কোনো ধৰণৰ কথা জনা নাই আৰু জানিবলৈ চেষ্টাও কৰা নাই। কেৱল এদিন "মুনিন বৰুৱা" নামটো কেনেদৰে হ'ল তাৰহে ব্যাখ্যা আগবঢ়াইছিল। পৰিচালকগৰাকীৰ ভাষাত-- "মোৰ পৰিয়ালৰ লোকসকলে মোৰ প্ৰকৃত নামটো হয়তো পাহৰিয়ে গৈছে। স্কুললৈ গৈ এদিন মই নামটো নিজেই দি ল'লোঁ-- মুনীন্দ্রনাথ বৰুৱা। ইয়াৰ কাৰণ মোৰ ককাদেউতাৰ নাম মহেন্দ্রনাথ বৰুৱা, দেউতাৰ নাম হেমেন্দ্রনাথ বৰুৱা। সেই আৰ্হিতে মোৰ নামটো ৰাখিছিলোঁ মুনীন্দ্রনাথ বৰুৱা। কিছুদিন যোৱাত ভাবিলোঁ নামটো কিছু চুটি কৰা যাওক। চুটি কৰি নামটো ৰাখিলোঁ- মুনীন বৰুৱা। আৰু এদিন "ী"কাৰডাল আঁতৰাই ''িকা"ৰ লগাই ল'লোঁ। কিয় লগালোঁ তাৰ ব্যাখ্যা মোৰ ওচৰত নাই। ভাল লাগিল লগাই ল'লোঁ। এতিয়া সকলোৱে মোৰ নামটো মুনিন বৰুৱা বুলি লিখিলে ভাল পাম। মোৰ বোধেৰে মোৰ নামটোৰ ভুল-শুদ্ধ বিচাৰ কৰি থকাৰ কোনো অর্থ নাই।"
মুনীন্দ্ৰনাথ বৰুৱাৰ পৰা মুনিন বৰুৱা হোৱা বর্তমান সময়ত দক্ষ পৰিচালকগৰাকীৰ জন্ম গোলাঘাট জিলাৰ খুমটাইত, ১৯৪৭ চনত। খুমটাই মৌজাৰ মৌজাদাৰ আছিল দেউতাক।
হেমেন্দ্রনাথ বৰুৱা। 
মাক লতিকা বৰুৱা। 
তিনিটা সন্তান।
 একেবাৰে সৰু আছিল মুনিন বৰুৱা। মূল ঘৰ খুমটাইত যদিও নিগাজিকৈ থাকিবলৈ লৈছিল গোলাঘাট চহৰৰ বেঙেনাখোৱাত। দুগৰাকী ছোৱালীৰ পাছত একমাত্ৰ ল'ৰা হোৱাৰ বাবে স্বাভাৱিকতে সীমাহীন মৰমৰ মাজত ডাঙৰ হৈছিল। পৰিয়ালটো আছিল যৌথ। সৰুৰে পৰা দেউতাক-খুৰাকহঁতৰ লগত গাঁৱৰ সেউজ পৰিৱেশ আৰু চাহ বাগিচাৰ মাজত অতিবাহিত কৰিছিল-- শৈশৱ-যৌৱনৰ বহু বসন্ত, শৰৎ। 
পৰিচালকগৰাকীয়ে কৈছিল-- "মোৰ দদাইদেৱে ২০ বছৰৰো অধিক কাল চাকৰি কৰিছিল বিহৰা চাহ বাগিচাত। দেউতাই বেছি সময় খৰচ কৰিছিল খুমটাইত। মৌজাৰ কামত গাঁবে গাঁৱে ঘুৰি ফুৰিছিল। গতিকে গাঁও আৰু চাহ বাগিচাৰ পৰিৱেশৰ মাজত মোৰ বেছিভাগ সময় অতিবাহিত হৈছিল। সেই সেউজ সময়বোৰেই মোৰ পৰৱৰ্তী সময়ত ৰচনাৰ উৎস।"(এই অংশ: "আজি" ২৫ মে' ২০০২ পৰা)
[আৰু আছে]
                         

সোমবার, ৭ অক্টোবর, ২০২৪

গমন/ চিনেচৰ্চা

"গমন" --চন্দ্ৰ মুদৈৰ পৰিচালনা। শ্মশানত খৰি ইত্যাদি যোগান ধৰা এটা "চৰিত্ৰ" আৰু "চৰিত্ৰ"টোৰ পৰিয়াল ৰূপালী গল্পটোৰ মূল বিন্দু। কাহিনীয়ে কেইমিনিট মান সময় গতি কৰাৰ পাছতে দৰ্শকে জানিব পাৰে চিনেমা খনৰ বিষয় বস্তু খৰিৰে জ্বলোৱা চিতা বনাম কাৰেণ্টত জ্বলোৱা চিতাৰ সংঘাত। পৰম্পৰা আৰু বিজ্ঞানৰ সংঘাত। কাহিনী আৰু কিছু আগবাঢ়ে। "বিষয় বস্তু"হৈ কাহিনীলৈ ড্ৰাগছ আহে, গার্হস্থ্য হিংসা আহে। আগবাঢ়ে এখন ঘৰক কেন্দ্ৰ কৰি দুটা "বিষয় বস্তু"ক লৈ সমান্তৰাল ভাৱে দুটা কাহিনী। পৰিচালক-চিত্ৰনাট্যকাৰ চন্দ্ৰ মুদৈয়ে কাহিনী দুটা এক কৰি গুঠিবলৈ চেষ্টা কৰে মূল বিন্দুটোৰ সৈতে, গতানুগতিক শৈলীৰে।
কাহিনীৰ গতিত "বিষয়বস্তু" সংঘাত স্পষ্ট হয়, কাহিনীৰ গতিত বাধা হয়।

"ড্ৰাগছ, গার্হস্থ্য হিংসা" বিষয় বস্তুই নিস্প্ৰভ কৰে চিনেমা খনৰ নামত ইংগিত থকা বিষয় বস্তুক। এয়া পৰিচালকৰ ব্যাৰ্থতা। মানুহৰ জীৱন গতিৰ শেষ বিন্দু য'ত শেষ হয় (জীৱনৰ পৰা প্রস্থান), সেয়া যদি বিষয় বস্তু বুলি ধৰা হয়, তেনেহ'লে ক'ব লাগিব-- বিষয় বস্তুৰ গভীৰতা নাপালে পৰিচালকৰ চিনে-চিন্তাৰ লগতে সাহিত্য-কেমেৰাৰ ভাষাই। আৰু যদি ভৱা হয় চিনেমা খনৰ বিষয় বস্তু সম্ভোগ বা গতি, তেতিয়াও ক'ব লাগিব-- ব্যৰ্থ।


--চিনেমা খনৰ প্ৰথম দুৰ্বলতা অভিনয়। মূল চৰিত্ৰটো নিৰ্মাণ কৰিছে যতীন খনিকৰক লৈ। খনিকৰৰ অভিনয় ক্ষমতা নথকা নহয়। "কুহিপাঠ--মানুহ হোৱাৰ প্ৰথম খোজ" আৰু "বোৰ্খা" নামৰ চিনেমা দুখনত অভিনেতা গৰাকীয়ে ন্যায় কৰা দুটা চৰিত্ৰ অনুভৱ কৰিছোঁ। উল্লেখ কৰা চিনেমা দুখনৰ দৰে "গমন"ত "চৰিত্ৰ" অনুভৱ কৰিব নোৱাৰিলে বা অভিনেতা গৰাকীক লৈ চৰিত্ৰ নিৰ্মাণত ব্যৰ্থ।  অবাবতে "চৰিত্ৰ"টোক দৌৰাইছে, ডাষ্টবিনত বহুৱাইছে ইত্যাদি। বিপৰীতে দিব্যজ্যোতি দাস, অমৃতা গগৈক লৈ পৰিপাটি চৰিত্ৰ নিৰ্মাণত পৰিচালক সফল। এই চৰিত্ৰ দুটাক কেন্দ্ৰ কৰি আগবঢ়া কাহিনী ভাগে হয়তো দৰ্শকক চুব! (এই চৰিত্ৰ দুটাৰ ইতিবাচক নিৰ্মাণে নিস্প্ৰভ কৰিছে যতীন খনিকৰক লৈ নিৰ্মাণ কৰা চৰিত্ৰটো। "নায়ক"ৰ পৰা সহ-চৰিত্ৰলৈ ঠেলি দিছে যতীন খনিকৰক লৈ নিৰ্মাণ কৰা চৰিত্ৰটোক। আমাৰ ধাৰণাত এই চৰিত্ৰটোক কেন্দ্ৰ কৰি কাহিনী ৰেখা আগবঢ়ালে ৰূপালী গল্পটোৰ সৌন্দৰ্য বাঢ়িল হেতন!)

চিনেমা খনৰ কাহিনীৰ গতিত, কাহিনী কোৱাৰ শৈলীত এটা দিশ স্পষ্ট-- নিৰ্মাণ পৰ্বত পৰিচালক confuse, চিনেমা খন বজাৰ কেন্দ্ৰিক চিন্তাৰে, নে চলচ্চিত্ৰ মহোৎসৱলৈ প্ৰেৰণ কৰাৰ চিন্তাৰে আগবাঢ়িব! যাৰ ফলত চিনেমা খন কেৱল "সংখ্য"হে বঢ়ালে। --সংগীত, সংলাপকে ধৰি চিনেমা খনৰ শব্দ আন এটা নেতিবাচক দিশ। 

শেষত

"বাকৰ পুতেক"ৰ পৰিচালক গৰাকীৰ পৰা আমি এনে চিনেকৰ্ম আশা কৰা নছিলোঁ। (এই চিনেমা খন চিত্ৰগৃহলৈ আহিব অহা বছৰৰ প্ৰথম ভাগত। ক'ব পাৰি "স্থানীয় বজাৰ"ত সফল হোৱাৰ আশা নাই। চিনেমা খনৰ বাজেট প্ৰায় ৪০ লাখ টকা। অসমীয়া চিনেমাই হয়তো আৰু এজন "প্ৰযোজক" হেৰুৱাব! আমাৰ দুখ-- সেইখিনিতে।)

উৎপল মেনা

০৭/০৮/২০২৪



(লিখি আছোঁ)