মঙ্গলবার, ২৮ নভেম্বর, ২০২৩

মৃগয়া: নাট্য চৰ্চা

এখন নাটক চালোঁ-- "মৃগয়া"। নাট্যকাৰ: অজিত বৰঠাকুৰ। নাটক খনৰ "ৰচনা সময়" স্পষ্ট-- কাহিনীৰ গতিত ব্যৱহাৰ কৰা দুটা "Property"ত। সংবাদ পোৱাৰ বাবে কেৱল বাতৰি কাকতৰ ব্যৱহাৰ আৰু বাৰ্তা সংযোগ মাধ্যম হিচাবে landline phone ব্যৱহাৰ। নাটকৰ "কাহিনী" সেই সময়ৰ, যি সময়ত বহুতে landline phone-ত ফোন কৰিবলৈ ওচৰৰ ঘৰলৈ গৈছিল। নাট্যকাৰে এটা "চৰিত্ৰ" নিৰ্মাণ কৰিছে, যিয়ে কাহিনীৰ প্ৰথমটো বিন্দুলৈ "...ফোন এটা কৰোনে?" বুলি যায়। এই "চৰিত্ৰ"টো নাথাকিলে হয়তো আজিৰ "WhatsApp যুগত" দৰ্শকে খেলি-মেলি পালে হেতেন। 
"মৃগয়া" মুকলি কৰে নাট্যকৰ্মী মৃদুল চুতীয়াই 
নাটক খনৰ কাহিনীৰ মূল বিন্দু-- সত্যপ্ৰসাদ বৰুৱা। কলেজৰ শিক্ষক সত্যপ্ৰসাদ বৰুৱাই মন মেলিলে-- ৰাজনীতি কৰিব, টকা ঘটিব। নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি ৩০ লাখ টকা খৰচ কৰিব, ৮০ লাখ টকা ঘটিব। মোটামুটি অংক কৰি পত্নীক শুনাইছে বৰুৱাই। পত্নীয়ে কিন্তু ভাল পোৱা নাই। পত্নীৰ মতে, কলেজৰ শিক্ষকতায়ে ভাল। কিন্তু বৰুৱাই নিজৰ "অংক"ত স্থিৰ। ৰাজনৈতিক বাটত খোজ আগবঢ়ালে বৰুৱাই, মনৰ বিপৰীতে গৈ পত্নী আৰতিয়ে সহায় কৰিলে, বৰুৱাৰ ঘৰ ভৰিল "ৰাজনৈতিক বেপাৰী"ৰে। জমাৰ টকা "ৰাজনৈতিক বেপাৰী" হাতত তুলি দিলে। ৰঙীন ৰাজনৈতিক ভৱিষ্যতৰ "সপোন" মনত বান্ধি ধাৰৰ বোজাও বঢ়ালে। এদিন নিৰ্বাচন হ'ল। নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছত "সপোন" ভাঙিল বৰুৱাৰ। নিৰ্বাচনত হৰাৰ পাছতহে বৰুৱাই, ৰঙীন ৰাজনৈতিক সপোন যি সকলৰ ভৰসাত দেখিছিল, সেই সকল "ৰাজনৈতিক বেপাৰী"হে। 

--নাটক খনৰ কাহিনী নিৰ্মাণ কৰিছে ঘুণে ধৰা, লেটেৰা, অৰ্থ কেন্দ্ৰীক নিৰ্বাচন ব্যৱস্থাটোক "বিষয় বস্তু" হিচাবে লৈ। এই "বিষয় বস্তু" আজিৰ তাৰিখতো প্ৰাসঙ্গিক।

নাটক খনৰ "কাহিনী"ৰ পৰিণতি-- অৰ্থ কেন্দ্ৰীক নিৰ্বাচন ব্যৱস্থাটোৰ চিকাৰ হ'ল সত্যপ্ৰসাদ বৰুৱা। ৰঙীণ "ৰাজনৈতিক সপোন" দেখা বৰুৱাই নিজৰ চেহেৰাত এৰুৱাব নোৱাৰা ৰং অনুভৱ কৰিলে। (ক'লা-বগা পোষ্টাৰ থাকোতে ৰঙিণ পোষ্টাৰ কিয়!

নিৰ্বাচন ৰঙিণ। --এনে ধৰণৰ অৰ্থপূৰ্ণ সংলাপ প্ৰয়োগ আৰু মূল চৰিত্ৰই চেহেৰাত ৰং অনুভৱৰ প্ৰয়োগে বিষয় বস্তুক কাহিনীৰ সৈতে সৰল ৰৈখিক গতি দিয়াত সহায় কৰিছে।) অভিনয়, কেৱল অভিনয় ক্ষমতাৰে চৰিত্ৰটোৰ মানসিক যন্ত্ৰণা দৰ্শকক অনুভৱ কৰাইছে বসন্ত শইকীয়াই। এই দিশ চৰ্চলৈ নানিলে অন্যায় হ'ব-- নাটক খনৰ মূল সৌন্দৰ্য বসন্ত শইকীয়াই মূল চৰিত্ৰটোত কৰা অভিনয়। সংলাপ প্ৰক্ষেপনত, আঙ্গিক অভিনয়ত আভিনেতা গৰাকী সংযত। নাটক খনৰ সৌন্দৰ্য বঢ়োৱাত সহায় কৰিছে নিবেদিতা মহন্ত (আৰতি), বিজিত দেব চৌধুৰী (পেইণ্টাৰ), ৰন্‌ধীৰ মাধৱ গোস্বামী (কটকী), ভৱেন দাস (তৰণী), ডাঃ প্ৰদ্যুৎ প্ৰতিম বৰুৱা (শহুৰ), আদ্ৰিকা নৌকাক্ষী (ইছা), অনন্যা কাশ্যপ (মুনু), বিদ্যুৎ বৰা (পুলিচ), বিৰিণামণি দত্ত (মিনতি) -ৰ পৰিপাটি অভিনয়ে। অৱশ্যে আমনিৰ বিষয় হৈছে দুটা মান চৰিত্ৰৰ footwork আৰু  অ-পৰিপাটি সংলাপ প্ৰক্ষেপন। তেনেদৰে নাটক খনৰ সৌন্দৰ্য বঢ়োৱাত সহায় কৰিব নোৱাৰিলে পোহৰ, সংগীতে। মঞ্চ ডিজাইন, মঞ্চ সজ্জা সু-পৰিকল্পিত।  কিন্তু সু-পৰিকল্পিত নহয় মঞ্চ নিয়ন্ত্ৰণ।

শেষত এটা কথা অৱশ্যেই উল্লেখ কৰিম-- পৰিচিলকৰ drama design আৰু realistic acting (যথাৰ্থৱাদী আভিনয়!) -ৰে নিৰ্মাণ কৰা "মৃগয়া" আমাৰ বাবে নিৰ্মল নাট্য আনন্দ হৈ ৰ'ল।📌নাটক : মৃগয়া 

📌নাট্যকাৰ : অজিত বৰঠাকুৰ 

📌পৰিচালক : বসন্ত শইকীয়া 

সোমবার, ২৭ নভেম্বর, ২০২৩

বৰুৱাৰ সংসাৰ/৩

চন্দ্ৰনাথ বৰুৱা-জোনপ্ৰভা বৰুৱানীৰ চতুৰ্থ সন্তান ব্ৰজেন বৰুৱাই [ ক্ৰমে বৰুৱা ভাতৃ-ভগ্নী পদ্মাৱতী বৰুৱা (ছোৱালী), দ্বৈত্যেন বৰুৱা, দ্বিজেন বৰুৱা, ব্ৰজেন বৰুৱা, ৰম্ভা বৰুৱা ( ছোৱালী), নৃপেন(নীপ) বৰুৱা, দ্বিবন বৰুৱা, গিৰীণ বৰুৱা, প্ৰতিভা বৰুৱা (ছোৱালী), ৰমেন বৰুৱা, বিভা বৰুৱা (ছোৱালী), নীৰেন বৰুৱা, দ্বিপেন বৰুৱা] সংগীতৰ লগতে চিনেমা পৰিচালনা কৰাৰ চিন্তা কৰিছিল, ১৯৬০ চনৰ শেষৰ ফালে। লেখক-সাংবাদিক পবিত্ৰ কুমাৰ ডেকাই দৈনিক কাকত "আজি"ৰ (সম্পাদক: অজিত কুমাৰ ভূঞা) বাবে মই যুগুত কৰা প্ৰতিবেদন এখনত কৈছিল--

"ব্ৰজেন বৰুৱাই সংগীত, অভিনয়ৰ পাছত চিনেমা পৰিচালনাত যে মন দিব--, এই খবৰ কাকতত প্ৰথম প্ৰকাশ পাইছিল ১৯৬০ চনৰ শেষৰ ফালে। সম্ভৱতঃ চিত্ৰনাট্যৰ কাম সেই সময়তে আৰম্ভ কৰিছিল। মুক্তি পাইছিল ১৯৬৩ চনৰ ২২ নৱেম্বৰত। মোৰ মনত আছে, চিনেমা খন মুক্তি পোৱাৰ এসপ্তাহ মান আগতে ব্ৰজেন বৰুৱাই সাংবাদিকক কৈছিল, 'বোলছবি ভাল হ'লেই নহব, ব্যৱসায়তো সফল হ'ব লাগিব। ব্যৱসায়ৰ কথা মনত ৰাখিয়ে আমি একে ধৰণৰ বোলছবি নিৰ্মাণ কৰাৰ পৰা আঁতৰত থাকিব লাগিব। মোৰ এই বোলছবি খন বেলেগ ধৰণৰ।' চিনেমা খন হাস্যৰসাত্মক। তেতিয়ালৈকে অসমীয়া কমেডী চিনেমা নিৰ্মাণ হোৱা নাছিল। 'ইটো সিটো বহুতো' নামৰ ব্ৰজেন বৰুৱাৰ প্ৰথম পৰিচালনা খনেই প্ৰথম অসমীয়া কমেডী চিনেমা।" ("আজি"/২২ নৱেম্বৰ ২০০৩)

"ইটো সিটো বহুতো"ৰ চিত্ৰনাট্য ব্ৰজেন বৰুৱাই এটা বিদেশী গল্পৰ আধাৰত ৰচনা কৰিছিল। (আমাৰ সৈতে হোৱা আলাপৰ সময়ত ৰমেন বৰুৱাই বিদেশী গল্পটো, লেখক গৰাকীৰ নাম মনলৈ আনিব পৰা নাছিল। পাছতো দুবাৰ মান সুধিছিলোঁ। ৰমেন বৰুৱাই কৈছিল--"বহু কথা পাহৰি গৈছোঁ।") চিনেমা খন প্ৰযোজনা কৰিছিল জে পি চিনে আৰ্টৰ বেনাৰত পৰিচালক বৰুৱাৰ মাতৃ জোনপ্ৰভা বৰুৱানীয়ে। অৰ্থাৎ ঘৰুৱা প্ৰডাকছনৰ প্ৰযোজনা। 

চিনেমা খনত ফনী শৰ্মাই অভিনয় কৰিছিল অৱসৰপ্ৰাপ্ত মেজৰ এগৰাকীৰ চৰিত্ৰত। নাম--মোহন চলিহা। এই চৰিতটোৱে ৰূপালী গল্পটোৰ প্ৰথমটো বিন্দু। চলিহাৰ পুত্ৰ বিমান (অভিনয় কৰিছিল ব্ৰজেন বৰুৱাই)। গুৱাহাটীত পঢ়ে। আন এটা বিন্দু-- মিচেচ গুপ্তা। বিধৱা। মহিলা গৰাকীৰ ঘৰত তিনি বন্ধুৰ সৈতে বিমানে মেছ কৰি থাকে। চাৰি ভাৰাতীয়াক শাসন কৰোতে মিছেচ গুপ্তা অতিষ্ঠ হৈ পৰে।

মোহন চলিহাৰ এটা বেমাৰ আছে। বেমাৰ উঠিলেই সকলো কথা পাহৰি যায়। এই যে পাহৰি যায়, সেই সুযোগ লৈ বিমানে মাহেকত দুবাৰকৈ টকা আনে। লগৰীয়াহঁতৰ লগত খাই-বৈ ফুৰ্টি কৰি টকা উৰাই। কিন্তু কিমান দিন! বিমানৰ কু-কৰ্ম এদিন চলিহাই ধৰিব পাৰে। আৰু ধৰা পৰাৰ পাছতে মেজৰ চলিহা আহি মিছেচ গুপ্তাৰ ঘৰত উপস্থিত হয়। মিচেচ গুপ্তাৰ ঘৰ তল-ওপৰ হয়। কাহিনীৰ মাজলৈ আহে এগৰাকী গাভৰু। মিছেচ গুপ্তাৰ ঘৰ খন আৰু তপত হয়। মেজৰ চলিহা, মেচত থকা চাৰি "চৰিত্ৰ" মিছেচ গুপ্তা আৰু গাভৰু গৈ থানা পায়। আনহাতে মিছেচ গুপ্তাৰ ঘৰত থাকে বন কৰা ছোৱালী কাচনমতী, মেজৰ চাহাবৰ ভৃত্য পাইলট আৰু এটা হাতুৰী। হাতুৰীটোকো চৰিত্ৰলৈ ৰূপান্তৰ কৰে পৰিচালকে। কাহিনী আগবঢ়াই হাস্য ৰসৰ মাজেৰে।

সংলাপ, অভিনয়ৰ লগতে গীতেৰে আগবঢ়াই ৰূপালী গল্পটো। ব্যৱহাৰ কৰে চাৰিটা গীত। সংগীতো ব্ৰজেন বৰুৱাৰ। গীত চাৰিতা-- "বক্ উৰি পখিলাটি বগা-কলা পাখিমেলি, তাৰ কথা ভাবিগুণি কিনোবা...", "মন মোৰ চম্পাকলি উন্মুখ অন্তৰ খুলি সানিলে তন্দ্ৰাৰ মায়া...", "কোন তুমি আনমনা আহি মনেমনে, সোণ বুলি মাতিলাহি মোৰ কাণেকাণে...", "নেমাত চেনাই বুলি নেচাৱ চকু মেলি, কলিজা মনে মোৰ জ্বলি জ্বলি এ..."। চিনেমা খনত ফণী শৰ্মা, ব্ৰজেন বৰুৱাৰ লগতে অভিনয় কৰিছিল-- শৰৎ দাস, মোৱাজ্জিন আলি, গিৰিণ বৰুৱা, প্ৰবীন বৰা, সুতপা মজুমদাৰ, সাধনা ৰায়চৌধুৰী, কৰুণা গোস্বামী, অমৰেন্দ্ৰ ঠাকুৰ, সমৰেন শইকীয়া, ৰেণু শইকীয়া, বীণা দাস আদিয়ে। 

চিত্ৰগ্ৰহণকৰিছিল শঙ্কৰ বেনাৰ্জীয়ে। চিনেমা খন "লাভ হৈছে বুলি কব পৰাকৈ সফল হোৱা নাছিল"। প্ৰথম পৰিচালনাৰ অভিজ্ঞতাই ব্ৰজেন বৰুৱাক শিকাইছিল-- বাজেট কমোৱাৰ বাবে আসমীয়া চিনেমাৰ চিত্ৰগ্ৰহণ ইত্যাদিৰ কাম অসমীয়া চিনেকৰ্মীৰ দ্বাৰা অসমতে কৰিব লাগে। ষ্টুডিঅ'ত ছে'টৰ নামত অৰ্থ ব্যয় কৰাৰ প্ৰয়োজন নাই, অসমৰ বাস্তৱ স্থান (realistic location)-ত কাহিনীয়ে বিছৰা ধৰণে দৃশ্য গ্ৰহণ কৰিব লাগে। পৰিচালক গৰাকীয়ে এই অভিজ্ঞতা কামত লগাইছিল দ্বিতীয় খন পৰিচালনাত, "ডক্তৰ বেজবৰুৱা"ত। (ক্ৰমশঃ)

[উৎস:ৰমেন বৰুৱা, অসম বাণী, দি কু হা, মানস কুমাৰ মহন্ত]

রবিবার, ২৬ নভেম্বর, ২০২৩

ভূত লেখকৰ আত্মকথা/৩

কমাৰ্চ কলেজ পইণ্ট বহু সলনি হ'ল। 

ৰাজগড়ৰ ফালে যোৱা পথৰ কোনোবা খিনিত এখন ফাষ্টফুড খাব পৰা দোকান আছিল। ভাটো পোৱা গৈছিল দোকান খনত। এবাৰ জুবিন গাৰ্গক লগ পাবলৈ দোকান খনত ধনজিতৰ সৈতে বহু সময় অপেক্ষা কৰিছিল বিপুলে। সেই যে লগ পোৱাৰ বাবে আপেক্ষা কৰিছিল, তেতিয়া জুবিন "হার্টথ্রব জুবিন" হোৱা নাছিল। ধনজিতে কৈছিল-- "বিপুলদা, জুবিনৰ গায়কীয়ে আপোনাকো পাগল কৰিব! লিখি ৰাখক! এদিন ক'ব-- ধনজিতে মিছা কোৱা নাছিল!" 

--জুবিনৰ আপেক্ষাত থকা দোকান খন বিপুলে বহুকষ্ট কৰিয়ো বিছাৰি উলিয়াব নোৱাৰিলে বিপুলে। দোকান খন এনেয়ে বিছাৰিলে, উলিয়াব পাৰিলে ভাল লাগিল হেতেন, ইমানে।

¥

ভাগৰ অনুভৱ কৰিলে বিপুলে। আগতে এনে ভাগৰ গুচাবলৈ বিপুলে হাতত তুলি লৈছিল থামস আপ নতুবা স্প্ৰাইট। এতিয়া এই ৰঙিন, ক্যাফিন মুক্ত, লেবু-চুন স্বাদযুক্ত কোমল পানীয় চুবলৈয়ো ভয় কৰে বিপুলে। জন্মৰ সময়ে ৫০ গৰকাৰ পাছৰে পৰা ফাষ্টফুডৰ লোভকো নিয়ন্ত্ৰনত ৰাখিছে বিপুলে। আগতে হ'লে এনে ভাগৰক খেদিবলৈ জে-ফোৰটিনতো সোমাই চিকেন ৰোলত কামোৰ দিছিল বিপুলে, ভোক নাথাকিলেও।

--শেষৰ বাৰ কেতিয়া জে-ফোৰটিনত সোমাইছিল বিপুলে! মনত পৰিল, বিশ বছৰ মান আগতে, সেৱাব্ৰত বৰুৱাই বিপুলক ৰোল আৰু কিবাকিবি খুৱাইছিল। সেৱব্ৰত বৰুৱা নাট্যকাৰ-পৰিচালক। 

সেই সময়ত কিছু দুখৰ মাজত আছিল নাট্যকাৰ গৰাকী। 

ব্যক্তিগত সমস্যাৰ বাবে নহয়, নাটকৰ সমস্যাৰ বাবে। ভ্ৰাম্যমাণ থিয়েটাৰ শৈলী দক্ষিণ ভাৰতৰ জনপ্ৰিয় শৈলীৰ মাজত হেৰাই যোৱা কথাটো সহজ ভাৱে লব পৰা নাছিল নাট্যকাৰ গৰাকীয়ে। সেই দিনা বিপুলে অনুভৱ কৰিছিল নাট্যকাৰ গৰাকীৰ মনৰ ধুমুহা।

ধুমুহা হৈ আঁতৰি গৈছিল সেৱাব্ৰত বৰুৱা।

দ্ৰুত গতিত খোজ কাঢ়ি সেৱাব্ৰত বৰুৱা আঁতৰি যোৱাৰ দুই-তিনি মিনিট পাছতে বিপুল মুখামুখী হৈছিল সনন্ত দাসৰ। জনপ্ৰিয় ঔপন্যাসিক সনন্ত দাসে জনপ্ৰিয় অসমীয়া চিনেমাৰ চিত্ৰনাট্য-কাহিনীও লিখিছিল।

"বিপুল, সেই গৰাকী সেৱাব্ৰত বৰুৱা নহয় নে?" --ফুটপাথেৰে জু-ৰোড তিনি আলিৰ ফালে গৈ থকা, তেতিয়া মনিব পৰা দূৰত্বত থকা সেৱাব্ৰত বৰুৱাৰ ফালে আঙুলিয়াই সনন্ত দাসে সুধিছিল।

"হয় দাদা।"

বৃহস্পতিবার, ২৩ নভেম্বর, ২০২৩

ৰঙাটাপু–১৯৮২ (আলোচনা)


আমি চৰ্চা কৰিছিলোঁ-- 'ৰঙাটাপু-১৯৮২' চিনেমা খনৰ কাহিনী ব্রহ্মপুত্রৰ মাজৰ এটা সৰু চাপৰিৰ। সঁচা। "সঁচা কাহিনী"ৰ আধাৰতে ৰচনা হৈছে চিত্ৰনাট্য। ৰূপালী গল্পলৈ ৰূপান্তৰ কৰিছে "সঁচা-সঁচা" লগাকৈ [সামাজিক মাধ্যমত দেখা চিনেমা খনৰ কেইটামান টুকুৰা দেখাৰ পাছত আমাৰ ধাৰণা চৰিত্ৰ নিৰ্মাণ কৰিছে realistic acting -ৰে। কেমেৰাত বন্দি কৰিছে "realistic moving picture" (বাস্তৱিক চলন্ত ছবি)।]। আমাৰ ধাৰণাত ৰূপালী গল্পটোত দেখা যাব ১৯৮২ চনত অবৈধ প্রব্রজনকাৰীৰ সৈতে হোৱা খিলঞ্জীয়াৰ সংঘাত। মাটিৰ অধিকাৰক লৈ হোৱা সংঘর্ষ। অবৈধ প্রব্রজনকাৰীয়ে অসমৰ সাৰুৱা কৃষিভূমি আৰু নদীৰ পাৰসমূহ দখল কৰি লোৱাৰ লগতে নানা হিংসাত্মক কার্যত লিপ্ত হৈ অসমৰ খিলঞ্জীয়া লোকসকলৰ বাবে সমস্যা হৈছিল। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ লালেটাপুৰৰ মাটি ৰাঙলি হৈছিল ভূপেন ডেকা, বলীন নাথ, প্ৰসন্ন বৰুৱা, বীৰেণ মিশ্ৰ, শ্যাম কুণ্ডু, জয়ৰাম বৰুৱা, পলাশ ৰাজবংশী, বল্লভ নাথৰ (খিলঞ্জীয়াৰ তেজেৰে) 

তেজেৰে। সম্ভৱতঃ ৮০ দশকত বহিৰাগত লোকসকলৰ সৈতে হোৱা থলুৱাৰ সংগ্ৰাম এই কথা ৰূপালী গল্পটোৰ মাজলৈ আহিব। জানিব পাৰিছোঁ চিনেমা খনৰ কাহিনীয়ে গতি ল'ব ৰূপালী, মালা, মৰম আৰু ৰাফিজা নামৰ চাৰিটা নাৰী চৰিত্ৰৰ সহ্য, ধৈর্য, সাহস আৰু ত্যাগৰে।  আমি শুনা, ধাৰণা কৰি লোৱা কথাবোৰ কিমান সত্য স্পষ্ট হ'ব ২৪ নৱেম্বৰৰ পাছত। 

--আমাৰ এই চৰ্চাৰ পাছত, ২৩ নৱেম্বৰত, চিনেমা খনৰ লেখক-পৰিচালক আদিত্যম শহকীয়াৰ আমন্ত্ৰণত 'ৰঙাটাপু-১৯৮২' চালোঁ। চোৱাৰ পাছত আমাৰ ধৰণা পূৰ্বালোকনত উল্লেখ কৰাৰ দৰে  শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ লালেটাপুৰ মাটি ৰাঙলি হোৱা সেই ক'লা অধ্যায়ৰ চিনেমা ৰূপ নহয়। লেখক-পৰিচালকে কাল্পনিক কাহিনীৰে সেই সময়ৰ অবৈধ প্রব্রজনকাৰীৰ সৈতে হোৱা খিলঞ্জীয়াৰ সংঘাত ৰূপালী গল্পটোলৈ আনিছে।

আমাৰ পূৰ্বালোকনৰ অভিনয় ধাৰণা শুদ্ধ। আইমী বৰুৱা, কল্পনা কলিতা, ৰিম্পী দাসক লৈ নিৰ্মাণ কৰা নাৰী চৰিত্ৰ তিনিটা --পৰিপাটি, বিশ্বাসযোগ্য। পৰিচালকৰ চিনেশক্তি, আইমী, ৰিম্পী, কল্পনাৰ অভিনয় শক্তি স্পষ্ট। কিন্তু কল্পনাৰ অভিনয় প্ৰয়োগত পৰিচালক কিছু সংযম হ'ব লাগিছিল। তেনেদৰে অলিস্মিতালৈ নিৰ্মাণ কৰা চৰিত্ৰটো নিৰ্মাণতো সংযত হোৱাৰ প্ৰয়োজন আছিল। কম ফুটেজৰ "ৰিম্পী"ক ৰূপালী গল্পটোত কৰা বিন্যাস (নিৰ্মাণ আৰু প্ৰয়োগ। যদিওবা কেচি চলোৱাৰ প্ৰয়োজন আছিল) পৰিচালকৰ স্বীকৃতিবাচক এটা দিশ। ভাগিৰথীয়, গুঞ্জন ভৰদ্বাজ, প্ৰতিভা চৌধুৰী, অলিস্মিতা, বিবেক বৰাৰ অভিনয়ো পৰিপাটি, স্বাভাৱিক। ইমান কেইটা "ভাল অভিনয়"ৰ মাজত আমাক বিশেষ ভাৱে চুই গৈছে,

মন-মগজুত ৰৈ গৈছে অবৈধ প্রব্রজনকাৰী এজনৰ চৰিত্ৰত অভিনয় কৰা হেমন্ত দেবনাথ। সংলাপহীন, অতি কম ফুটেজৰ চৰিত্ৰ। "চেহেৰাৰ ভাষা"ই, "শৰীৰৰ ভাষা"ই "সংলাপ" কৈছে। অৰ্থাৎ আঙ্গিক অভিনয়ৰে নিৰ্মাণ কৰা চৰিত্ৰ।
পৰিচালকে পৰিবেশ নিৰ্মাণত "চৰিত্ৰ", কেমেৰাৰ ভাষাক গুৰত্ব দি সাহিত্যৰ ভাষা ব্যৱহাৰ কৰিছে। গাঁৱৰ মেল, দন-কাজিয়া, ফাকুৱা উৎসৱ আদিৰ পৰিপাটি প্ৰয়োগ পৰিবেশ নিৰ্মাণত সহায় হৈছে। এই দিশত সংগীতকে ধৰি শব্দৰ সু-প্ৰয়োগৰ কথা অৱশ্যেই উল্লেখ কৰিব লাগিব। অমৃত প্ৰীতমৰ ছাউণ্ড ডিজাইনিং, অমৃত প্ৰীতম আৰু সুকুমাৰ দত্তৰ সংগীতে পৰিবেশ নিৰ্মাণত সহায় কৰাৰ লগতে "গতি"হৈ চিনে সৌন্দৰ্যলৈ ৰূপান্তৰ হৈছে। বিশেষকৈ ফাকুৱাৰ ছিকুৱেন্সত ব্যৱহাৰ কৰা গীতটিয়ে আমাক (দৰ্শকক) চুই গৈছে।-- ছাউণ্ড ডিজাইনৰ দৰে ছে'ট ডিজাইনো সু-পৰিকল্পিত। বিপৰীতে কাহিনীৰ গতিত অতীতচাৰণ (Flashback) আৰু বৰ্তমানৰ ৰেখাদালৰ অস্পষ্ট ব্যৱহাৰ কেইবাৰো অনুভৱ কৰিছোঁ। দেখিছোঁ-- কেইটামান শ্বটৰ অপ্ৰয়োজনীয় পুনৰাবৃত্তি (repetition)। এই ত্ৰুটিৰ কাৰণ যে পৰিচালকৰ অমনোযোগ বা দুৰ্বল চিনে ডিজাইন সন্দেহ নাই। এই ত্ৰুটিৰ বাবে ৰূপালী গল্পটো মাজে মাজে অচিজিল হৈছে। আৰু অচিজিল হৈছে কেইবাটাও ছিকুৱেন্সৰ ক্ৰম ত্ৰুটিৰ বাবে। এই খিনিতে উল্লেখ নকৰিলে ভুল হ'ব-- শ্বট নিৰ্মাণ আৰু শ্বটৰ সু-গাণিতিক প্ৰয়োগত নিৰ্মণ হোৱা নান্দনিক ছিকুৱেন্স (পৰিচালকৰ লগতে প্ৰশংসা কৰিব লাগিব চিত্ৰগ্ৰহনকাৰী কৃষ শ্বাহক।) চিনেমা খনৰ এপদ অলংকাৰ। এটা বাক্যত ক'ব পাৰোঁ, কেমেৰা ডিজাইন-- excellent. বিপৰীতে গল্পৰ ডিজাইনত পৰিশ্ৰমৰ প্ৰয়োজন আছিল। যি সকলে সেই ক'লা অধ্যায় নাজানে, সেই সকল দৰ্শকৰ সন্মুখলৈ আহিব কেইবাটাও প্ৰশ্নবোধক। ইতিসাহৰ লগতে চিত্ৰনাট্যকাৰে ভূগোলতো মন দিয়াৰ প্ৰয়োজন আছিল। এই চিনেদোষ মুক্ত হ'লে এখন বিশুদ্ধ অসমীয়া মৌলিক চিনেমা চালো বুলি গৌৰৱ কৰিব পাৰিলো হেতেন। তথাপি আমি আত্মপ্ৰকাশতেই আদিত্যমে মৰসাহ কৰি বিশাল বিষয় এটাৰে কৰা বিশাল আয়োজনৰ বাবে ধন্যবাদ জনাম। পৰিচালক-লেখক গৰাকীয়ে কাহিনীৰ শেষত সংবাদ সংযজন কৰিছে "মৰম" আইমী বৰুৱাৰ মুখত দিয়া সংলাপেৰে-- "মোৰ যিটো সন্তান জন্ম হ'ব তাৰ কোনো ধৰ্ম নাথাকিব । সি হিন্দুও নহয়, সি মুছলমানো নহয় । সি হ'ব মানুহ ।" এই সাহিত্যৰ ভাষা প্ৰয়োগৰ সময়ত দৰ্শকক চুব পৰা কেমেৰাৰ ভাষা-- কেমেৰাৰ ফ্ৰেমত এখন নদী, মৰমে(আইমী বৰুৱা) নিজে নাৱঁৰ বঠা মাৰি মাৰি স্বামী যাদৱৰ (গুঞ্জন ভৰদ্বাজ) মৃতদেহ কঢ়িয়াই লৈ আহিছে। নাৰী নদীৰ দৰে। প্রতিকূল সময়তো নতুনৰ আশা দিয়ে।

বুধবার, ২২ নভেম্বর, ২০২৩

ৰঙাটাপু–১৯৮২



কিমান বিষয় আছে অসমত! ঘটনা, সমস্যা। সেইবোৰ অসমীয়া চিনেমাৰ বিষয় হব নোৱাৰে কিয়!

 দীৰ্ঘদিন চৰ্চা হৈ থকা 'বিষয়'। এই 'বিষয়ে' চুই গৈছে অসমৰ তৰুণ পৰিচালক, চিনেকৰ্মী এচামক। 'ৰঙাটাপু-১৯৮২' শেহতীয়া উদাহৰণ।

চিনেমা খনৰ কাহিনী ব্রহ্মপুত্রৰ মাজৰ এটা সৰু চাপৰিৰ। সঁচা। "সঁচা কাহিনী"ৰ আধাৰতে ৰচনা হৈছে চিত্ৰনাট্য। ৰূপালী গল্পলৈ ৰূপান্তৰ কৰিছে "সঁচা-সঁচা" লগাকৈ [সামাজিক মাধ্যমত দেখা চিনেমা খনৰ কেইটামান টুকুৰা দেখাৰ পাছত আমাৰ ধাৰণা চৰিত্ৰ নিৰ্মাণ কৰিছে realistic acting -ৰে। কেমেৰাত বন্দি কৰিছে "realistic moving picture" (বাস্তৱিক চলন্ত

ছবি)।]। আমাৰ ধাৰণাত ৰূপালী গল্পটোত দেখা যাব ১৯৮২ চনত অবৈধ প্রব্রজনকাৰীৰ সৈতে হোৱা খিলঞ্জীয়াৰ সংঘাত। মাটিৰ অধিকাৰক লৈ হোৱা সংঘর্ষ। অবৈধ প্রব্রজনকাৰীয়ে অসমৰ সাৰুৱা কৃষিভূমি আৰু নদীৰ পাৰসমূহ দখল কৰি লোৱাৰ লগতে নানা হিংসাত্মক কার্যত লিপ্ত হৈ অসমৰ খিলঞ্জীয়া লোকসকলৰ বাবে সমস্যা হৈছিল। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ লালেটাপুৰ মাটি ৰাঙলি হৈছিল ভূপেন ডেকা, বলীন নাথ, প্ৰসন্ন বৰুৱা, বীৰেণ মিশ্ৰ, শ্যাম কুণ্ডু, জয়ৰাম বৰুৱা, পলাশ ৰাজবংশী, বল্লভ নাথৰ (খিলঞ্জীয়াৰ তেজেৰে) 

তেজেৰে। সম্ভৱতঃ ৮০ দশকত বহিৰাগত লোকসকলৰ সৈতে হোৱা থলুৱাৰ সংগ্ৰাম এই কথা ৰূপালী গল্পটোৰ মাজলৈ আহিব। জানিব পাৰিছোঁ চিনেমা খনৰ কাহিনীয়ে গতি ল'ব ৰূপালী, মালা, মৰম আৰু ৰাফিজা নামৰ চাৰিটা নাৰী চৰিত্ৰৰ সহ্য, ধৈর্য, সাহস আৰু ত্যাগৰে।  আমি শুনা, ধাৰণা কৰি লোৱা কথাবোৰ কিমান সত্য স্পষ্ট হ'ব ২৪ নৱেম্বৰৰ পাছত। --হয়, ২৪ নৱেম্বৰত ছবিঘৰলৈ আহিব এই অসমীয়া চিনেমা খন। চিনেমা খনৰ পৰিচালক আদিত্যম শহকীয়া। বি আৰ চি চিনে প্রডাকচনৰ বেনাৰত অৰুণ কুমাৰ ৰায় আৰু অজয় কুমাৰ ৰায়ে প্রযোজনা কৰা এই চিনেমা খনত অভিনয় কৰিছে গুঞ্জন ভৰদ্বাজ, ৰিম্পী দাস, বিবেক বৰা, কল্পনা কলিতা, ভাগীৰথী, হেমন্ত দেৱনাথ, আইমী বৰুৱা আদিয়ে। চিত্রগ্রহণ: কৃষ শ্বাহৰ। শব্দ সম্পাদনা আৰু সংমিশ্রণ: অমৃত প্রীতমৰ। আৱহ সংগীত কৰিছে অমৃত প্রীতম আৰু সুকুমাৰৰ৷

শুক্রবার, ১৭ নভেম্বর, ২০২৩

হেমেন দাস

চিনেমা পৰিচালক হেমেন দাস আৰু নাই। লেখক-পৰিচালক গৰাকীৰ মৃত্যুৰ খবৰ আজি দুপৰীয়া ১ মান বজাত পাইছিলোঁ। মৃত্যুৰ সময়ত লেখক-পৰিচালক গৰিকীৰ বয়স প্ৰায় ৭৭ বছৰ। ১নৱেম্বৰ, ১৯৪৬ চনত আহঁতগুৰিত (মৰিগাঁও) জন্ম হৈছিল চিনেকৰ্মী গৰাকীৰ। 

লেখক-পৰিচালক গৰাকীক প্ৰথম বাৰ লগ পাইছিলোঁ ১৯৯৩ চনৰ এটা বিশেষ দিনত। সেই দিনটোত আমন্ত্ৰিত দৰ্শকৰ সন্মুখত প্ৰদৰ্শন কৰা হৈছিল পৰিচালক গৰাকীৰ দ্বিতীয় খন চিনেমা-- "গৰখীয়া"। সেই সময়ত মই আন কাকতৰ লগতে সাপ্তাহিক কাকত "জনক্ৰান্তি"তো লিখা-মেলা কৰোঁ। কাকত খনৰ প্ৰকাশক আৰু চিনেমা খনৰ প্ৰযোজক একেজনেই বাবে হয়তো মোৰ নামত চিনেমা খনৰ premiere show-ৰ কাৰ্ড এখন আহিছিল! চিনেমা খন চোৱাৰ দুদিন মান পাছত "জনক্ৰান্তি"ৰ কাৰ্যালয়ৰ সন্মুখত প্ৰথম বাৰ মুখা-মুখি হৈছিলোঁ হেমেন দাসৰ সৈতে। আৰু কাকত খনৰ কিছু আঁতৰত থকা সৰু চাহৰ দোকান এখনত বহি প্ৰথমটো সাক্ষাৎকাৰ লৈছিলোঁ। সেই দিনা অনুভৱ কৰিছিলোঁ, পৰিচালক গৰাকীৰ চিনেমা ধাৰণা-- "চিনেমা পৰিচালকৰ মাধ্যম। এগৰাকী পৰিচালকৰ চিন্তা পৰ্দাত যদি পৰিচালক গৰাকীয়ে নিজে দেখিছে তেনহ'লে সেই পৰিচালক গৰাকী সফলসফল নহয় বুলিব পাৰি তেতিয়া, যেতিয়া বজাৰ বা দৰ্শকৰ কথা মনলৈ আনি নিজৰ চিন্তাৰ পৰা পৰিচালক গৰাকী আঁতৰি যায়। মই হৈছো নিজৰ চিন্তাত খামোচ মাৰি ধৰি থাকি চিনেমাৰ কাম শেষ কৰা পৰিচালক।" তাৰ পাছত আৰু দুবাৰ মানহে লগ পাইছিলোঁ চিনেকৰ্মী গৰাকীক। শেষৰ বাৰ লগ পাইছিলোঁ ২০১৭ চনৰ এটা দিনত ড্ৰিম ষ্টুডিঅ'ত। ষ্টুডিঅ'ৰ পৰা গৈ আমি (মই, হেমেন দাস আৰু সংগীত শিল্পী তৰালি শৰ্মা) মহানগৰীৰ জু ৰোড তিনিআলিৰ Cafe Coffee Day-ত বহিছিলোঁ। পৰিচালক গৰাকীয়ে কৈছিল-- "অহা মাহত চিনেমা খন (মৃগনাভি) মুক্তি দিম। ভালো লগিছে, ভয়ো লাগিছে। ভাল লাগিছে-- বহু পৰিশ্ৰমত চিনেমা খনৰ কাম শেষ কৰিলোঁ, এতিয়া দৰ্শকক দেখুৱাম! ভয় লগিছে-- চিনেমা খনে দৰ্শক পাব পৰাকৈ প্ৰচাৰ কৰিব পৰা নাই। ভাল দৰে প্ৰচাৰ কৰিব পৰাকৈ টকা নাই!" আৰু কৈছিল-- "এই খনেই মোৰ শেষ চিনেমা। দৰ্শকৰ মুড সলনি হৈছে। ভাল চিনেমাৰ দৰ্শক কমিছে। চিনেমা খনে ভাল ব্যৱসায় কৰক বুলি দৰ্শকৰ মুড বুজি মই চিনেমা নিৰ্মাণ কৰিব নোৱাৰোঁ। নিজৰ চিন্তাৰে চিনেমা কৰি দৰ্শক নাপালে চিনেমা নকৰায়ে ভাল। --মই আজি কালি এনেদৰে ভাবোঁ।"

"মৃগনাভি" (২০১৭) -- হেমেন দাসৰ তৃতীয় পৰিচালনা। প্ৰথম পৰিচালনা-- "যুঁজ" (১৯৯০)। "যুঁজ"-এ ৩৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ বঁটা লাভ কৰিছিল। 

আৰু পৰিচালনা কৰিছিল-- "Dr. Saran’s e-HRD Model (ভিডিঅ’ চিনেমা), আঘোণৰ নতুন বাট  (টেলি প্লে), Marriage Ritual of the Tribes of Arunachal Pradesh (তথ্যচিত্ৰ) আদি।

বুধবার, ১৫ নভেম্বর, ২০২৩

১০০ বছৰ: অসমীয়া চিনেমাৰ কাৰখানাটোৰ/২

বিহদিয়া গাঁৱৰ ( কামৰূপ জিলাৰ )  চন্দ্ৰনাথ বৰুৱা (গড়কাপ্তানি বিভাগৰ চাব ডিভিজনেল অফিচাৰ) ই সেই বিখ্যাত ঘৰটো সজোৱাইছিলহে! সাংস্কৃতিক মন্দিৰলৈ ৰূপান্তৰ কৰিছিল পত্নী জোনপ্ৰভাই। ঘৰ খনত সংগীতৰ পোখা মেলিছিল ৰমেন বৰুৱাৰ মাতৃ জোনপ্ৰভাৰ প্ৰাৰ্থনাৰে। মাতৃয়ে গানো গুণ গুণাইছিল-- "ও প্ৰাণগোপাল পাতিলা মায়াৰে খেলা ..."। এই  লোকগীতটো "মুকুতা" চিনেমা খনত ব্যৱহাৰ কৰিছিল । 

ৰমেন বৰুৱাৰ ভাতৃ-ভগ্নী:  ব্ৰজেন বৰুৱা, দ্বৈতেন বৰুৱা, দ্বিজেন বৰুৱা,  নৃপেন বৰুৱা ( নিপ বৰুৱা), দ্বিবন বৰুৱা, গিৰিণ বৰুৱা, নিৰেণ বৰুৱা , দ্বিপেন বৰুৱা ,পদ্মাৱতী  বৰুৱা, প্ৰতিভা বৰুৱা , ৰম্ভা বৰুৱা আৰু বিভা বৰুৱা।

ব্ৰজেন বৰুৱা আৰু ৰমেন বৰুৱাৰ সৰুৰে পৰা ৰাপ সংগীতত। সৰুৰে পৰা ভায়েক-ভনীয়েকৰ সৈতে ব্ৰজেন বৰুৱাই সংগীত চৰ্চা কৰিছিল, চ'ৰাঘৰৰ মজিয়াত। হাৰমনিয়াম বজায় ব্ৰজেন বৰুৱা আৰু ৰমেন বৰুৱাই গীত গাইছিল। দ্বিবন বৰুৱাই তবলা, নিপ বৰুৱাই বাঁহী বজাইছিল।

ৰমেন বৰুৱাই "অসমীয়া প্ৰতিদিন"ৰ বাবে "বৰুৱাৰ সংসাৰ" লিখাৰ সময়ত আমাক কৈছিল-- "ব্ৰজেন বৰুৱাই  তেনেই সৰুৰে পৰা সংগীত চৰ্চা কৰিছিল। সুৰ ৰচনা কৰিছিল। স্কুল-কলেজত পঢ়ি থকা সময়তে অজিৎ বৰুৱা, কেশৱ মহন্ত আদিৰ গীত  সুৰেৰে সজাইছিল। ১৯৪৪ চনত কলিকতাত বহা নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনত সংগীত পৰিচালনা কৰিছিল।" 

১৯৪৮ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ মুকলি কৰা হয়। প্ৰথমে অনাতাঁৰ কেন্দ্ৰৰ কাৰ্যালয় আৰু ষ্টুডিঅ' আছিল লতাশিলত, বৰুৱা পৰিয়ালৰ ঘৰৰ ওচৰতে। ব্ৰজেন বৰুৱাই গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত  সুৰকাৰ আৰু কণ্ঠশিল্পী ৰূপে সংগীত কৰ্ম কৰে।

আৰু যেতিয়া ভাতৃ নিপ বৰুৱাই 'স্মৃতিৰ পৰশ" পৰিচালনাৰ হাতত ল'লে সংগীতৰ দায়িত্ব নিজৰ হাতলৈ আনিলে ব্ৰজেন বৰুৱাই। চিনেমা খনৰ বাবে ৭টা গীত ৰচনা কৰিছিল। কণ্ঠদান কৰিছিল "বৰুৱা পৰিয়াল"ৰ ৰমেন বৰুৱা, ব্ৰজেন বৰুৱা, বিভা বৰুৱা, গিৰিণ বৰুৱাই (লগতে গুণদা কাকতি, ননী কাকতিয়ে)। "বৰুৱা পৰিয়াল"ৰ দ্বিবন  বৰুৱাই এটা গীত লিখিছিল। (চিনেমা খনৰ ৪টা গীতৰ কথা কেশৱ মহন্তৰ। দুুটা হিন্দী গীত ৰচনা কৰিছিল বীৰেণ দত্ত আৰু এম গৌতমে। চিনেমা খনত ব্যৱহাৰ কৰা হিন্দী গীত দুটাত কণ্ঠদান কৰিছিল ক্ৰমে শ্যামল মিত্ৰ আৰু আল্পনা বন্দোপধ্যায়ে।)

পৰৱৰ্তী সময়ত ব্ৰজেন বৰুৱাই সংগীত পৰিচালনা কৰে "লখিমী" (পৰিচালক: ভবেন দাস /১৯৫৬ ), "মাক আৰু মৰম" (পৰিচালক : নিপ বৰুৱা /১৯৫৭), "ভক্ত প্ৰহ্লাদ " (নিপ বৰুৱা/ ১৯৫৮),"আমাৰ ঘৰ" ( পৰিচালক : নিপ বৰুৱা/ ১৯৫৯) , " লাচিত বৰফুকন / ১৯৬১ ), "নৰকাসুৰ" (নিপ বৰুৱা /১৯৬১), (ইটো সিটো বহুতো" (ব্ৰজেন বৰুৱা /১৯৬৩)ৰ বাবে। (ক্ৰমশঃ)

বীৰাংগনা সাধনী/১

এখন অসমীয়া চিনেমা। প্ৰস্তুতি চলিছে। প্ৰচাৰ চলাইছে। জ্যোতি চিত্ৰবনত নুৰুদ্দিন আহমেদৰ নেতৃত্বত চে'ট নিৰ্মাণৰ কাম আৰম্ভ হৈছে। চিনেমা খনৰ বাজেট ১০ কোটি টকা। চিত্ৰনাট্যৰ বুনিয়াদ-- চুতীয়া ৰাজ্যৰ শেষ গৰাকী ৰাণী সতী সাধনী বা সাধনী নাৰায়ণ। বিষয়বস্তুৰ গৱেষণাৰ লগতে চিত্ৰনাট্য ৰচনাত, চৰিত্ৰ নিৰ্মাণৰ বাবে অভিনেতা-অভিনেত্ৰী নিৰ্বাচনতো পৰিশ্ৰম কৰিছে চিনেমা খনৰ লেখক-পৰিচালক বিশ্বজিৎ বৰাই। আমাৰ বাবে ভাল লগা এটা দিশ হ'ল-- মোৰ ভাল লগা তিনি গৰাকী অভিনেতাক নিৰ্বাচন কৰিছে চিনেমা খনৰ তিনিটা বিশেষ চৰিত্ৰৰ বাবে।

📌ভৱেশ বৰুৱা: আমাৰ শৈশৱৰে হিৰো ভৱেশ বৰুৱা। শৈশৱতে লগ পাইছিলোঁ ভৱেশ বৰুৱাক। নাটক বুজা-নুবুজা বয়সত। আমাৰ গাওঁ বেলশৰলৈ আৱাহন থিয়েটাৰ আহিছিল। ১৯৮০ চন। আৱাহন থিয়েটাৰৰ প্ৰথম নাট্যবৰ্ষ। কৃষ্ণ ৰয়ৰ আৱাহন থিয়েটাৰ। (১৯৭৬ চনত ৰতন লহকৰ আৰু কৃষ্ণ ৰয়ে আৰম্ভ কৰিছিল কহিনুৰ থিয়েটাৰ। কৃষ্ণ ৰয়ে কহিনুৰৰ পৰা আঁতৰি আহে আৰু ১৯৮০ আৱাহন আৰম্ভ কৰে।) সম্পৰ্কীয় এগৰাকীৰ সৈতে গৈ গেলাৰীৰ পৰা "নিগ্ৰো লগুৱা" (নাটক: স্নেহবন্ধন) ভৱেশ বৰুৱাক চাইছিলোঁ। মনত লৈ আহিছিলোঁ। নাটক চোৱাৰ পাছদিনা ওচৰৰ পৰা চাইছিলোঁ, আমাক ওচৰলৈ মাতি নি কথা পাতিছিল ভৱেশ বৰুৱাই। --সেই তেতিয়াৰে পৰা প্ৰতি বছৰে (শাৰদীয় পূজাৰ সময়ত) ভৱেশ বৰুৱাৰ নাটক চোৱা, পাছৰ দিনা লগ কৰা আমাৰ অলিখিত নিয়ম আছিল। ভৱেশ বৰুৱাই অভিনয় কৰা কিমান যে নাট্যাভিনয় চাইছোঁ, নাটক বুজা-নুবুজা বয়সৰ পৰা নাটক বুজা বয়সলৈ? এখন দীৰ্ঘ তালিকা। 

ভৱেশ বৰুৱা চিনেমাৰো অভিনেতা। চিনেমাৰ "নায়ক"ৰ চৰিত্ৰৰ (চিনেমা: মন প্ৰজাপতি/ ১৯৭৯) বাবে বিছাৰি উলিয়াইছিল ড° ভূপেন হাজৰিকাই। কিন্তু ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত "চিনেমাৰ গ্লেমাৰ" ব্যৱহাৰ হোৱা নাছিল। (মঞ্চত অভিনয় ক্ষমতাৰে নিৰ্মাণ হৈছিল "ভৱেশ বৰুৱা গ্লেমাৰ", তাৰকা ভৱেশ বৰুৱা।) বৰঞ্চ এনেদৰে ক'ব পাৰি পৰৱৰ্তী সময়ত ভ্ৰাম্যমাণ থিয়েটাৰৰ "তাৰকা ভৱেশ বৰুৱা ইমেজ"হে চিনেমাত ব্যৱহাৰ হৈছিল। শেহতীয়া ভাৱে "বীৰাংগনা সাধনী"ৰ বাবেও নিৰ্বাচন কৰিছে অভিনেতা গৰাকী এই ইমেজৰ বাবই। এই অসমীয়া চিনেমা খনত ভৱেশ বৰুৱাক লৈ নিৰ্মাণ কৰিব চুতীয়া সাম্ৰাজ্যৰ নৃপতি ধীৰ নাৰায়ণ চৰিত্ৰটো। ধৰ্মধ্বজপাল বা ধীৰনাৰায়ণ সাধনীৰ পিতৃ। 


📌তপন দাস: মোৰ প্ৰিয় অভিনেতা তপন দাস। তপন দাসক আজিৰ তাৰিখতো মনত ৰাখিছোঁ "ৰমু ইমেজ"ত (নাটক: অৰুণ শৰ্মাৰ "কুকুৰনেচীয়া মানুহ")। অভিনয় ক্ষমতাৰে চৰিত্ৰটোক যে স্থায়ী আকাৰ দিছিল সন্দেহ নাই। ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত কেইবাটও নাট্যবৰ্ষত অভিনয় কৰা, "সেন্দুৰ" (১৯৮৪), "শকুন্তলা আৰু শংকৰ জোছেফ আলী", "প্রভাতী পখীৰ গান", "সূত্রপাত", "ইতিহাস", "আবর্তন", "দীনবন্ধু" আদিৰে চিনেযাত্ৰা কৰা তপন দাসৰ বিশেষত্ব-- ভিন্ন ইমেজৰ "চৰিত্ৰ"ৰে দৰ্শকক চুই আহিছে। এই গৰাকী অভিনেতাক লৈ পৰিচালক বিশ্বজিৎ বৰাই নিৰ্মাণ কৰিব "বীৰাংগনা সাধনী"ৰ মহামন্ত্ৰী কাঁচিতৰা চৰিত্ৰটো। চুতীয়া ৰজাৰ শিৰৰ মুকুটৰ গৰিমা অটুট ৰখা, মহান দেশপ্ৰেমিক, নিপুন ৰাজনীতিক মহামন্ত্ৰী কাঁচিতৰা।

📌মৃদুল চুতীয়া: অভিনয় শৈলী, পৰিচালনা শৈলী, নাটক ৰচনাৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত গতিনুগতিকতাৰ বিপৰীতে বিশেষ স্থান দখল কৰা মৃদুল চুতীয়াৰ চিনেযাত্ৰা দীঘল নহয়। "সূৰ্যাস্ত"কে ধৰি কেইখন মান চিনেমাতহে অভিনয় কৰিছে। এই গৰাকী অভিনেতাক লৈ "বীৰাংগনা সাধনী"ৰ মহাৰাজ ধীৰনাৰায়ণৰ ভ্ৰাতৃ যুৱৰাজ সুৰধ্বজ পাল চৰিত্ৰটো। চিনেমা খনৰ মূল নেতিবাচক চৰিত্ৰটো। --আমাৰ ধাৰণাত চিনেমাত প্ৰথম বাৰৰ বাবে মৃদুল চুতীয়াৰ অভিনয় ক্ষমতা অনুভৱ কৰিব দৰ্শকে।

আমাক মৃদুল চুতীয়াৰ নাট্যকৰ্মৰ ওচৰ চপাই নিছিল কবি-কলাকাৰ ৰমেন্দ্ৰ নাৰায়ণ জোৱাদ্দাৰে। ৰমেনদাই টিকট ক্ৰয় কৰি হেঙুল থিয়েটাৰৰ "অস্তপথ" দেখুৱাইছিল। ( মূল চৰিত্ৰত অভিনয় কৰা মৃদুল চুতীয়াই নাটক খন ৰচনা-পৰিচালনা কৰিছিল।) গৌৰৱেৰে কৈছিল-- "আমাৰ 'জংগম'ৰ (তেজপুৰৰ) নাট্যকৰ্মী! হয় নে নহয় কোৱা-- চমৎকাৰ!" আমি "হয়" বুলিছিলোঁ, আৰু তেতিয়াৰৈ পৰা "মৃদুল চৰ্চা" কৰি আহিছোঁ। (ক্ৰমশঃ)

শনিবার, ১১ নভেম্বর, ২০২৩

১০০ বছৰ: অসমীয়া চিনেমাৰ কাৰখানাটোৰ/১

বিখ্যাত ঘৰটোৰ ১০০ বছৰলতাশিল খেল পথাৰৰ পৰা দেখা বলিউডৰ চিনেমাৰ চেট যেন লগা ঘৰটোৰ ১০০ বছৰ। ১৯২৩ চনৰ আজিৰ দিনটোতে লতাশিল খেল পথাৰৰ পূব দিশত থকা  সুদৃশ্য অসম আৰ্হিৰ ঘৰটোৰ দুৱাৰ মুকলি কৰিছিল। নিজে ডিজাইন কৰি ঘৰটো নিৰ্মান কৰোইছিল বাইহাটা চাৰিআলিৰ বিহদিয়া গাঁওৰ অভিযন্তা প্ৰয়াত চন্দ্ৰধৰ বৰুৱাই। 
প্ৰায় ১৫বছৰ পাছত আজি আকৌ ঘৰটোৰ ভিতৰলৈ গৈছিলোঁ। 
২০০৮ চনৰ কোনো এটা দিনত তৃতীয় বাৰৰ বাবে ঘৰটোৰ ভিতৰলৈ গৈছিলোঁ, "অসমীয়া প্ৰতিদিন" কাকতৰ সেই সময়ৰ সম্পাদক অজিত কুমাৰ ভূঞাৰ নিৰ্দেশত। ("অসমীয়া প্ৰতিদিন"ত কাম কৰাৰ সময়ত সম্পাদক অজিত কুমাৰ ভূঞাই মোক চাৰিটা দায়িত্ব দিছিল-- ১। প্ৰতি শুকুৰবাৰে প্ৰকাশ পোৱা সংগীত-নাটক-চিনেমা কেন্দ্ৰীক পৃষ্ঠাটো সম্পাদনা, ২। প্ৰতি দেওবাৰে প্ৰকাশ পোৱা "সম্ভাৰ" সম্পাদনাত সহায় কৰা, ৩। প্ৰতি ধুধবাৰে প্ৰকাশ পাব পৰাকৈ শিল্পীৰ পৰিয়াল কেন্দ্ৰীক লেখা এটা যুগুত কৰা, ৪। প্ৰয়োজনত প্ৰথম পৃষ্ঠাৰ বাবে প্ৰতিবেদন লিখা।) ঘৰটোৰ "শিল্পী" কেইগৰাকীক জনাৰ বাবে। সেই বিশেষ দিনটোত ৰমেনদাই কৈ গৈছিল, মই "নোট" কৰি গৈছিলোঁ। আৰু নিৰ্দিষ্ট দিনত প্ৰকাশ পাইছিল-- "বৰুৱাৰ সংসাৰ"। মোৰ বাবে ভাল লগা খবৰটো হ'ল, এই একে নামেৰে এখন তথ্যচিত্ৰ পৰিচালনা কৰিছে চিনেমা সমালোচক, চিনেমা পৰিচালক-লেখক উৎপল বৰপূজাৰীয়ে। (স্পষ্ট কৰি দিছোঁ-- মই তথ্যচিত্ৰ খনৰ সৈতে কোনো প্ৰকাৰে জড়িত নহও।
"বৰুৱাৰ সংসাৰ" (The House of Baruas) অহা ২২ নৱেম্বৰ তাৰিখে গোৱাত ৫৪তম আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ভাৰত-ৰ ইন্ডিয়ান পেনোৰামা শাখাত তথ্যচিত্ৰ খনৰ বিশ্ব প্ৰীমিয়াৰ হ'ব। আজি সেই বিখ্যাত ঘৰটোৰ চৌহদত তথ্যচিত্ৰৰ পোষ্টাৰ, ট্ৰেইলাৰ উন্মোচন  কৰে ঘৰটোৰ বাসিন্দা ৰমেন বৰুৱা আৰু দ্বীপেন বৰুৱাই। ৭১ মিনিটৰ এই তথ্যচিত্ৰখনি সাংস্কৃতিক অনুষ্ঠান সূৰ্য্য আৰু জেমিনী ফুকন প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰিছে নয়ন প্ৰসাদ, জেমিনী ফুকন আৰু দিব্যজ্যোতি চহৰীয়াই। মুখ্য সহ পৰিচালক ভাস্কৰজ্যোতি দাস, চিনেমাটোগ্ৰাফ ঋতুৰাজ শিৱমৰ, সম্পাদক কৰিছে ঝুলনকৃষ্ণ মহন্তই, চাউণ্ড ডিজাইনাৰ আৰু মিক্সিং ইঞ্জিনীয়াৰ দেৱজিৎ গায়ন আৰু গৱেষক তথা সহকাৰী পৰিচালক মনস্বিনী মহন্ত।)
কাঠ, ইকৰা, গোবৰ-মাটিৰে সজোৱা এই ঘৰটোৰ বাসিন্দা সকলৰ প্ৰিয় বিষয় আছিল সংগীত, নাটক, চিনেমা। প্ৰতিদিনে স্বাভাৱিকতে ঘৰটোত চৰ্চাৰ বিষয় আছিল "প্ৰিয় বিষয়"। খেলৰো আলোচনা হৈছিল। ঘৰটোৰ বাসিন্দা নিপ বৰুৱাই ফুটবল খেলিছিল। আন এগৰাকী বাসিন্দা দ্বীপেন বৰুৱা ক্ৰিকেটাৰ। ৰঞ্জী ট্ৰফীৰ খেলতো অংশ লৈছিল। (ক্ৰমশঃ)

মঙ্গলবার, ৭ নভেম্বর, ২০২৩

অসমীয়া চিনমাৰ বাহিৰে-ভিতৰে/১

১৯৯৩ চনত দৈনিক কাকত "আজিৰ সংবাদ"ত আৰু সাপ্তাহিক কাকত "জনক্ৰান্তি"ত; আৰু তাৰ আগতে সাপ্তাহিক কাকত "ইস্তাহাৰ" লিখিছিলোঁ অসমীয়া চিনেমা কেন্দ্ৰিক তিনিটা লেখা। সেই লেখা তিনিটা আজিৰ তাৰিখতো ছপাব পাৰি, সম্পাদনা নকৰাকৈ। বিষয়: অসমীয়া চিনেমাৰ "চিত্ৰগৃহ সমস্যা" ইত্যাদি। আজিৰ তাৰিখতো সেই একে সমস্যা, অসমত অসমীয়া চিনেমাই বিছৰা মতে চিত্ৰগৃহৰ "সময়" নোপোৱাৰ সমস্যা।
"মমতাৰ চিঠি" প্ৰযোজক-পৰিচালক পক্ষৰ আভিযোগ: চিত্ৰগৃহৰ মালিকে অসমীয়া চিনেমা খনক "প্রাইম টাইম" নিদিলে। মানে, সৰ্বাধিক দৰ্শকে চিনেমা চাবলৈ যিখিনি সময় পছন্দ কৰে, সেই "সময়" নিদিলে। গতিকে দৰ্শকৰ মন আছিল যদিও চিনেমা খন চোৱাৰ সুযোগ নাপালে! ১৯৯৩ চনৰ পৰা আমি প্ৰত্যক্ষ সাংবাদিকতাৰ সৈতে জড়িত হৈছোঁ। তেতিয়াৰ পৰা এতিয়ালৈকে এনে ধৰণৰ আভিযোগ প্ৰায়ে উত্থাপন হোৱা কথা আমাৰ ভালদৰে মনত আছে।  মনত আছে-- হিন্দী চিনেমা চলাবলৈ অসমৰ (গুৱাহাটীৰ) চিত্ৰগৃহৰ পৰা দৰ্শকে আদৰি থকা অসমীয়া চিনেমা এখন আঁতৰোৱাৰ প্ৰতিবাদত চিনেকৰ্মী সকল ৰাজপথলৈ ওলাই অহা কথা। নিৰ্দিষ্ট চিনেমা খনত আভিনয় নকৰা অভিনেতা, অভিনেত্ৰী সকলো ওলাই আহিছিল।
--আজিৰ তাৰিখতো যদি এখন অসমীয়া চিনেমাই অসমৰ চিত্ৰগৃহত "প্রাইম টাইম" নোপোৱাৰ প্ৰতিবাদত, নিৰ্দিষ্ট চিনেমা খনত অভিনয় নকৰা চিনেকৰ্মী সকলেও প্ৰতিবাদ কৰিলে হেতেন!

অসমীয়া চিনেমাই অসমীয়া চিনেমাৰ বাবে চিত্ৰগৃহ নোপোৱা খবৰ নতুন নহয়!
--মহানগৰীত এখন অসমীয়া চিনেমাৰ কৰ্মীয়ে আন এখন অসমীয়া চিনেমাৰ পোষ্টাৰ ফলাৰ খবৰো আমি লিখিছিলোঁ, ছপাইছিলোঁ। (সেই সময়ত চিনেমাৰ বজাৰ নিয়ন্ত্ৰণ কৰিছিল বিতৰকে। "প্ৰিণ্ট"ৰ যুগ।এখন অসমীয়া চলাইছিল ৩-৪ টা প্ৰিণ্টেৰে।) তেনদৰে এই বছৰটোতে অসমীয়া চিনেমাৰ বাবে অসমীয়া চিনেমাই চিত্ৰগৃহ নোপোৱা খবৰ লিখিছোঁ।
"অনুৰ" চলি থকা সময়তে, দৰ্শকে আদৰি লৈ থকা সময়তে চিত্ৰগৃহলৈ আহিছিল আন এখন অসমীয়া চিনেমা "ডক্তৰ বেজবৰুৱা-২"। কেইটান চিত্ৰগৃহত "অনুৰ" আৰু কেইবাটাও চিত্ৰগৃহত "ডক্তৰ বেজবৰুৱা-২" চলি থকা সময়ত চিত্ৰগৃহলৈ আহিছিল আন এখন অসমীয়া চিনেমা "ব্লেক এন হোৱাইট"।
--চিনেমা এখন "বজাৰ"ত চলাবলৈ পৰিপাটি পৰিকল্পনাৰ প্ৰয়োজন, যাক কোৱা হয় marketing design of cinema (চিনেমাৰ মার্কেটিং ডিজাইন)। চিত্ৰগৃহ, চিত্ৰগৃহৰ সময়, প্ৰচাৰ এই ডিজাইনৰ মূল দিশ। এই দিশত "ডক্তৰ বেজবৰুৱা-২"কৈ আন দুখন চিনেমা দুৰ্বল আছিল। ফলফল: সুপৰিকল্পিত চিনেশক্তিৰে "অনুৰ"ৰ ("অনুৰ"-এ যে স্থানীয় বজাৰত ব্যৱসায়ত বাধা পাইছিল, সেয়া আছিল অসমীয়া চিনেমাৰ ক্ষতি।) কেইখনমান পৰ্দাত চলি আছিল, "ব্লেক এন হোৱাইট"ৰ চিনেযাত্ৰা এটা সপ্তাহতে শেষ হৈছিল।
অসমীয়া চিনেমাৰ সংখ্যা বঢ়িছে। গতিকে নিৰ্দিষ্ট শুকুৰবাৰটোত নিৰ্দিষ্ট অসমীয়া চিনেমা বা দুখন চিত্ৰগৃহলৈ আহিব নালাগে বুলি কোৱাৰ যুক্তি নাই। (অসমীয়া চিনেমা অসমৰ চিত্ৰগৃহতে মুক্তি নিদি ক'ত দিব?) গতিকে আমি নিশ্চয় এনেদৰে ক'ব পাৰো-- চিনেমা তিনিখনৰ প্ৰযোজকে আলোচনাৰ মাজেৰে একেলগে চিনেমা তিনিখন চলাৰ বাট মুকলি কৰি ল'ব পাৰিলে হেতেন। বিশেষকৈ "ডক্তৰ বেজবৰুৱা-২"য়ে "অনুৰ"ৰ চিনেযাত্ৰাত সহায় কৰিব পাৰিলে হেতেন, কিছু বাট (কেইটামা চিত্ৰগৃহ) এৰি দি। (এখন মাৰাঠী চিনেমাই আন এখন মাৰাঠী চিনেমা স্থানীয় বজাৰত সহায় কৰা দেখিছিলোঁ। ১৯৯৪-২০০২ সময় চোৱাত। "চৰকাৰনামা" নামৰ মাৰাঠী চিনেমা খনৰ পৰিচালক শ্রাৱনী দেওধৰে চিনেমা খন মুক্তি পোৱাৰ দিনা (১ জানুৱাৰী ১৯৯৮) কৈছিল-- "বাণিজ্যিক হিন্দী চিনেমাৰ হেচাত ভালদৰে উশাহ লবলৈ মাৰাঠী চিনেমাৰ নিৰ্মাতা সকলে এক হৈ, ইজনে সিজনক সহায় কৰিব লাগিব।..." /উৎস:  লোকমত)

আমি আজিলৈকে এনে এখন ছবি দেখা নাই, যিয়ে আমাক আশা দিয়ে-- অসমীয়া চিনেমাৰ প্ৰযোজক-পৰিচালক বা চিনেকৰ্মী সকলে "অসমীয়া চিনেমা উদ্যোগ" গঢ়িবলৈ বা অসমীয়া চিনেমাৰ উত্তৰণৰ স্বাৰ্থত এক হৈ আগবাঢ়িব। দুৰ্ভাগ্য, অতি দুৰ্ভাগ্যৰ কথা-- (চিত্ৰগৃহলৈ অহাৰ আগতে) " অমুক খন অসমীয়া চিনেমা চাব নালাগে" (দুটা উদাহৰণ: বুলু ফিল্ম, ৰাঘৱ) বুলি একাংশ "অসমীয়া চিনেকৰ্মী"য়ে সামাজিক মাধ্যমত সময়ে সময়ে সক্ৰিয় হোৱা ছবিহে আমি দেখিছোঁ।
এই খিনিতে চৰ্চালৈ আনিব পাৰি "অসমীয়া চিনেকৰ্মীয়েই অসমীয়া চিনেমা টিকট ক্ৰয় কৰি ইচ্ছা নকৰা প্ৰসংগ।" --এই প্ৰসংগত মই "অসমীয়া প্ৰতিদিন" আৰু "সাদিন" (২০০৮ চনত) কাকতত প্ৰথমবাৰ চৰ্চা কৰিছিলোঁ, প্ৰথমবাৰ। এই চৰ্চা আজিৰ তাৰিখত কৰিলে একেখন ছবিয়ে দেখা যায়। অসমীয়া চিনেমাৰ মানুহ (অভিনেতা, অভিনেত্ৰী, চিত্ৰগ্ৰহণকাৰী আদিৰ সৰহ সংখ্যকেই) -ৰে টিকট ক্ৰয় কৰি অসমীয়া চিনেমা চোৱাৰ অভ্যাস নাই। "অসমীয়া চিনেমা"ৰহৈ একেলগে ঠিয় হোৱাৰ অভ্যাস নাই। 
এই খিনিতে মনলৈ আহিছে-- অমূল্য কাকতিৰ কথা। নাট্যকাৰ, চিত্ৰনাট্য লেখক, অভিনেতা, প্ৰযোজক অমূল্য কাকতিয়ে অসমীয়া চিনেমাই, চিনেকৰ্মীয়ে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পালেই চিনে আনন্দ উপভোগ কৰিছিল। বঁটা প্ৰাপ্ত চিনেমা খনৰ সৈতে তেওঁৰ সম্পৰ্ক নাথাকিলেও। "অসমীয়া চিনেমা"ৰ ভাল খবৰে (বঁটা, বাণিজ্য...) সুখি কৰা অমূল্য কাকতিৰ দৰে অসমীয়া চিনেমাৰ লোক ধেৰ আছে।
মুনিন বৰুৱাৰ পাছত অসমীয়া চিনেমাক স্থানীয় বজাৰত "দ্ৰুত গতি" দিয়া পৰিচালক তিনিগৰাকী-- জুবিন গাৰ্গ (মিছন চাইনা, কাঞ্চনজংঘা), যতীন বৰা (ৰত্নাকৰ), সুব্ৰত কাকতি (শ্ৰী ৰঘুপতি)। এই পৰিচালক তিনি গৰাকীৰ পৰৱৰ্তী চিনেমাই যদি গতি হেৰুৱাই (box office report-- flop বা below average হয়) , অসমীয়া চিনেমাৰ স্থানীয় বজাৰ খনৰ ক্ষতি হ'ব, সহজতে আকৌ নতুন কোনো প্ৰযোজকে "বিগ বাজেট"ৰ অসমীয়া চিনেমা নিৰ্মাণ কৰিবলৈ আগবাঢ়ি নাহিব। গতিকে "ৰাঘৱ"ৰ বাণিজ্যিক সফলতা বিছাৰোঁ। আজিৰ তাৰিখত ৰীমা দাস, মঞ্জুল বৰা, কৃপাল কলিতা, জয়ছেং জয় দহোতীয়া আদি পৰিচালকৰ পৰা যেনেদৰে "মহোৎসৱ সফলতা" আশা কৰোঁ, তেনেদৰে জুবিন, যতীন, সুব্ৰতৰ পৰা "স্থানীয় বজাৰ সফলতা" আশা কৰোঁ। স্বাৰ্থ এটা-- দুয়োটা ট্ৰেকতে অসমীয়া চিনেমাৰ গতি দ্ৰুত হৈ থাকক।
--এই খিনিতে যতীন বৰাৰ "ৰাঘৱ" কেন্দ্ৰীক চৰ্চা অনুভৱ কৰিছোঁ। এটা কথা মন কৰিছোঁ-- "ৰত্নাকৰ" চিত্ৰগৃহলৈ আহাৰ সময়ত এচামে নেতিবাচক চৰ্চাৰ মাজলৈ চিনেমা খনৰ লগতে যতীন বৰাক টানি আনিছিল। ব্যতিক্ৰম নহয় এইবাৰো। এইবাৰ আৰু এখোপ আগলৈ গৈ-- "ৰাঘৱ" চাব নালাগে চৰ্চা আৰম্ভ কৰি দিছে। যতীন বৰাৰ "ৰাজনৈতিক দোষ" (Political fault) দেখিছে, "কা" বিৰোধী আন্দোলনত অস্থিৰ স্থিতি অনুভৱ কৰিছে! গতিকে "যতীন বৰাৰ চিনেমা চাব নালাগে" চৰ্চা আৰম্ভ কৰি দিছে, সামাজিক মাধ্যমত। সামাজিক মাধ্যমৰ পৰা গৈ সংবাদ মাধ্যমো পাইছে। কোনো ৰাজনৈতিক নেতা, কোনো সংগঠনৰ নেতাই (যি সকলৰ বহুতেই অসমীয়া চিনেমাৰ "চিত্ৰগৃহ সমস্যা" ইত্যাদি প্ৰসংগত মাত নামাতে, টিকট ক্ৰয় অসমীয়া চিনেমা নাচায়...) "ৰাঘৱ" কেন্দ্ৰীক নেতিবাচক চৰ্চা কৰিছে, সেই প্ৰসংগত কিবা কোৱাৰ প্ৰয়োজন আমি অনুভৱ কৰা নাই, সেয়া চিন্তাৰ বিষয়ো নহয়। চিন্তাৰ বিষয়-- এই যে নেতিবাচক চৰ্চা কৰিছে, সেই সকলৰ মাজত অসমীয়া চিনেমাৰ সৈতে প্ৰত্যক্ষ, পৰোক্ষ ভাৱে জড়িত একাংশ সক্ৰিয় হৈ থকা কথাটোহে। (মুনিন বৰুৱা, ৰীমা দাস, যতীন বৰা কেন্দ্ৰীক নেতিবাচক চৰ্চাৰ মূল কাৰণ? চৰ্চা নিশ্চয় কৰিম।)  (ক্ৰমশঃ)
                               --উৎপল মেনা
                                  ২০/১০/২০২৩

রবিবার, ৫ নভেম্বর, ২০২৩

ভূত লেখকৰ আত্মকথা/২


||লেখক: বিপুল কাশ্যপ।।

বিপুল কাশ্যপৰ অস্থিৰতা বাঢ়িল! শাৰদ-শাৰদ বতৰে ছুব পৰা নাই। ভৱা নাছিল-- এদিন এনেদৰে আৰ্থিক সমস্যাই হেচা মাৰি ধৰিব!

--অৰ্থৰ বিনিময়ত কিমানৰ বাবে যে সাহিত্য কৰ্ম কৰিছে বিপুলে! 

আৰু সেই "ঠিকনা"ৰ গৰাকীৰ বাবে!

নিতমে "ঠিকনা" দিয়াৰে পৰা...

¥

প্ৰথম খন উপন্যাস "ঠিকনা"ৰ গৰাকীৰ হাতত নিৰ্দিষ্ট দিনত তুলি দিছিল বিপুলে। বুকুত বিষ অনুভৱ কৰিছিল! মনত কিন্তু আক্ষেপ নাছিল। এনেয়েতো দিয়া নাছিল; শ্ৰমৰ দাম দিছিল, লৈছিল।

¥ 

আজি কিন্তু বিপুলে অনুভৱ কৰিছে, শ্ৰমৰ দাম দিয়া নাছিল, সামান্য মাননিহে দিছিল।

নন্দনে ৰক্তিমা চৌধুৰীৰ মাত্ৰ এখন উপন্যাসৰ বাবে পৰিশ্ৰম কৰিছিল। ৫০০ পৃষ্ঠাৰ পৰিশ্ৰম। নন্দনে বিপুলক নিজে কোৱা কথা-- "মোক ৫০ লাখ টকা পাৰিশ্ৰমিক দিছিল। আজিলৈকে মাজে মাজে দি আছে। বাইদেউৰ এটায়ে অনুৰোধ-- মই যেন আৰু আন কৰোবাৰ বাবে গল্প বা উপন্যাস নিলিখো। মই বাইদেউৰ অনুৰোধক সন্মান জনাই আহিছোঁ। কিয় জানা, বাইদেউৰ বাবেই মই কোনো দিনেই আৰ্থিক সমস্যাত পৰা নাই। বাইদেৱে মোক সন্মান দি আহিছে, কোনো দিনে পুতৌ কৰা নাই। বাইদেউৰ কৃতজ্ঞতা বোধে মোক সদায় আকৰ্ষণ কৰি আহিছে!"

¥

আৰু বিপুলে!

আজিলৈকে সাত খন মান উপন্যাসৰ পাৰিশ্ৰমিক কিমান পালে! গল্পৰ বাবেও কম পৰিশ্ৰম কৰা নাই! তথাপি আৰ্থিক আকালৰ মাজত বিপুল।

"নৈ বৈ যায়"ৰ পাছত তিনিখন উপন্যাস লিখি দিছিল বিপুলে। পাৰিশ্ৰমিকৰ নামত পাইছিল মাত্ৰ ৬০ হেজাৰ টকা। তাৰ পাছত সৰু-বৰ..., নাই, মনত নাই বিপুলৰ।

¥

আজিহে বিপুলে অনুভৱ কৰিছে সেই "ঠিকনা"ৰ মানুহ জনৰ বাবে কমেও ২০০ লাখ টকাৰ পৰিশ্ৰম কৰিছিল। নিজৰ অজ্ঞতাৰ বাবেই আজি এই আৰ্থিক দীনতা।

--নহয়, নহয়! কেৱল অজ্ঞতাৰ বাবে নহয়। বিপুলক প্ৰলোভনৰ জালত বন্দি কৰিছিল "ঠিকনা"ৰ মানুহজনে। মানুহজনে বিপুলক কৈছিল, "দুখন মান ৰোমাণ্টিক উপন্যাস লিখি দিব লাগিব। এখনৰ কাহিনী মই কৈ যাম, আপুনি আপোনাৰ মতে লিখি যাব! ইয়াত নহয়, অসমৰ বাহিৰৰ কৰোবালৈ আমি ফুৰিবলৈ যাম, আৰু মই কাহিনীটো আপোনাক কৈ যাম। সেই খনত আপোনাক বেছিকৈ টকা দিম, কিবা এটা কৰিব পৰাকৈ।" সেই প্ৰলোভতে পৰিছিল বিপুল। 

¥

আৰু আজি বিপুল কাশ্যপে ভালদৰে বুজিছে প্ৰলোভনৰ অন্য নাম শোষণ।

¥

য'ত শোষণ থাকে, তাত সততা অৰ্থহীন নহয় জানো!

¥

সততা এৰিব বিপুলে।

নন্দনক ইমান দিনে নকোৱা বহু কথা ক'ব। ক'ব, "ঠিকনা"ৰ গৰাকীৰ নামটো। নূপুৰ চুলতান। এটা বাক্যয়ো ভালদৰে লিখিব নজনা নূপুৰ চুলতান কেনেকৈ বিখ্যাত সাহিত্যিক হ'ল সকলো কথা ক'লে ক'ব। লিখিব। চিঞৰি চিঞৰি ক'ব বিপুলে।

সুধিব-- সকলো ৰক্তিমা চৌধুৰি কিয় নহয়!

¥

সততাক বহুতে দুৰ্বলতা বুলি ভাৱে! সততা এৰিব বিপুলে, কেৱল আৰ্থিক সমস্যাৰ পৰা মুকলি হোৱাৰ বাবে। (ক্ৰমশঃ)

শুক্রবার, ৩ নভেম্বর, ২০২৩

ভূত লেখকৰ আত্মকথা/১

চাৰিও ফালে হাহাকাৰ দেখিছিল বিপুলে।

 "নিয়মীয়া বাৰ্তা" এৰি এখন নতুন দৈনিক কাকতত যোগ দিছিল। কিন্তু কাকত খন কেইটি মান সংখ্যাৰ পাছতে বন্ধ হৈ থাকিল। কোনো নতুন বাটৰ সন্ধান পোৱা নাছিল।

--হাহাকাৰ মন-মগজুত লৈ থাকিয়ো বহু দিনৰ পৰা পৰিকল্পনা কৰি থকা উপন্যাস খনৰ কাম কৰি গৈছিল বিপুলে। 

"জীৱন নদীৰ দুটি ঘাট..." বিপুলৰ মেগা প্ৰকল্প। উপন্যাস। চাৰি বছৰ পৰিশ্ৰম কৰি দুহেজাৰ মান পৃষ্ঠা লিখিছে। দুহেজাৰ পৃষ্ঠাৰ পৰা চাৰিশ মান পৃষ্ঠালৈ কমাব, সম্পাদনা কৰি।

হাতত টকা নাই, তথাপি কাম আগবঢ়াই নিছে বিপুলে। ডিটিপি অ'পাৰেটৰ নিতমৰ সহায়ত। 

দহ হেজাৰ মান টকা বাকী আছে, তথাপি বিপুলৰ আৱেগ অনুভৱ কৰি নিতমে সহায় কৰি গৈছে।

বিপুলৰ আৰ্থিক সমস্যা বাঢ়ি গৈ আছিল। দৈনিক খৰচ, ঘৰৰ ভাড়া ইত্যাদি মিলি বিশ হাজাৰ মান টকাৰ প্ৰয়োজন! উপন্যাস খনৰ কামত ঘুৰোতে আশি হাজাৰ মান টকা খৰচ হৈছিল। জমাৰ যি কেইটা আছিল উপন্যাস খনৰ কামত খৰচ হৈছিল! 

"ছাৰ, আপোনাৰ কিবা সম্পত্তি আছে যদি বিক্ৰি কৰি সমস্যাৰ পৰা মুক্ত হৈ ল'লে নতুন বাট বিছৰাৰ বাবে শিতল মগজুৰে চিন্তা কৰিব পাৰিব।" --এদিন কামৰ মাজতে নিতমে বিপুলক কৈছিল।

"পৈতৃক সম্পত্তি বিক্ৰিৰ কথা ভৱাতোও ভাল কথা নহয় নিতম!"

"ছাৰ, আপুনি বেয়া নাপালে কথা এটা ক'ব পাৰোঁ!"-- প্ৰশ্নবোধক দৃষ্টিৰে চাইছিল নিতমে।

"তোমাক আৰু বেয়া কিয় পাম?"

"আপুনি যে লিখি আছে, উপন্যাস খন, সেই খন বিক্ৰী কৰি দিয়ক।"

"মোৰ প্ৰথম উপন্যাস! কোন প্ৰকাশকে কিনিব!"

"প্ৰকাশকে নহয় ছাৰ! লেখকে!"

--নিতমৰ কথাত মাত হেৰাল বিপুলৰ, সাংবাদিক বিপুল কাশ্যপৰ। সাংবাদিকতাৰ বাটে-ঘাটে ধেৰ কথা শুনে, এনে কথা শুনা নাছিল! 

"ছাৰ, বহুতৰে লেখক হোৱাৰ মন! কিন্তু লিখিব নোৱাৰে। বহুতে বাক্য এটাও লিখিব নোৱাৰে, বহুতে আকৌ এখন উপন্যাসৰ বাবে, এই যে আপুনি এখন উপন্যাসৰ বাবে বছৰৰ পাছত বছৰ পৰিশ্ৰম কৰি আছে, তেনেদৰে পৰিশ্ৰম কৰাৰৰ বাবে সময় বা ধৈৰ্য নাথাকে। তেওঁলোকেই উপন্যাস, গল্প আদি ক্ৰয় কৰে। কেতিয়াবা লিখায়ো লয়। আপোনাক তেনে এজন লোকৰ ঠিকনা দিব পাৰোঁ। যদি আপোনাৰ 'নৈ বৈ যায়' উপন্যাস খন বিক্ৰী কৰি আৰ্থিক সমস্যাৰ পৰা মুক্ত হোৱাৰ মন, মানুহ জনৰ সৈতে কথা পাতিব পাৰে!" --নিতমে কৈ গৈছিল। বিপুলৰ মুখত মাত নাছিল।

"ছাৰ, আপুনি এনে ধৰণৰ ধেৰ উপন্যাস লিখিব পাৰিব! আপুনি, মই চিনি পোৱা বহুতে গল্প, উপন্যাস লিখি বিক্ৰি কৰে। অলপতে আপুনি যে সম্পাদনা কৰি দিছিল 'চীনা শিপা' উপন্যাস খন, সেই খন নন্দনদাই লিখা। এতিয়া দেখিছে আপোনাৰ নামো নাই, নন্দনদাৰো নাম নাই। পাঠকে জানে-- 'চীনা শিপা' ৰক্তিমা চৌধুৰীৰ উপন্যাস, বঁটা লৈছে, সম্বোৰ্ধনা লৈ ঘুৰি ফুৰিছে। এনেদৰে চলি আছে...।" --নিতমে আৰু কৈছিল।

¥

আৰ্থিক হেচা আৰু নিতমৰ কথাৰ হেচাত সপোনৰ উপন্যাস খন বিক্ৰি কৰিবিলৈ নিজকে সাজু কৰিছিল বিপুলে।

--বিপুলক এটা ঠিকনা দিছিল, নিতমে। নামটো শুনা মাত্ৰকে বিপুল আচৰিৎ হৈছিল। 'ঠিকনা'ৰ মানুহ জনক বিপুলে আগৰে পৰা জানিছিল।

¥

কৌশলেৰে, মনত ভয় লৈ 'ঠিকনা'ৰ মানুহজনক কৈছিল বিপুলে। 

কোৱাৰ পাছতহে বিপুলে অনুভৱ কৰিছিল 'ঠিকনা'ৰ মানুহ জনৰ বাবে উপন্যাস এখন ক্ৰয় কৰি নিজৰ নামত ছপোৱাটো যেন গতিনুগতিক কথা।

¥

নিতমক কৈছিল বিপুলে।

নিতমে হাঁহিছিল।

¥

'ঠিকনা'ৰ মানুহ জনৰ বাবেই কৰ্মৰ নতুন বাট দেখিছিল বিপুলে।

¥

আজিহে বিপুলে অনুভৱ কৰিলে, সেই বাটত জীৱন নাথাকে। (ক্ৰমশঃ)