বুধবার, ২৯ অক্টোবর, ২০২৫

এখন তথ্যচিত্ৰৰ "সপোন", মকবুল ছাৰ ইত্যাদি

হেমাঙ্গ বিশ্বাসৰ "জিৰণি" (কলকাতা)-ত ৰঙিলি বিশ্বাসৰ সৈতে উৎপল মেনা
---------------------------------------

মানুহ জনৰ সৈতে প্ৰথমবাৰ মুখা-মুখি হৈছিলোঁ, ৮ ছেপ্তেম্বৰত (২০২৪), কলকাতাত। আমি সম্পাদনা কৰা "ভূপেন হাজৰিকা প্ৰকল্প"ৰ চতুৰ্থ গ্ৰন্থ উন্মোচক আছিল।

-- "মানুহ", বিশেষ ধৰ্মৰ ভাষাৰ বৃত্তত বন্দি হৈ নথকা মানুহ। নাম-- ড°শেখ মকবুল ইছলাম, যি গৰাকীক জনা যায় জগন্নাথ মহাপ্রভুৰ প্রতি থকা গভীৰ ভক্তিৰ বাবে, এই বিষয়ত কৰা গবেষণাৰ বাবে। (২০১৫ চনত এই গৱেষণাৰ বাবে লাভ কৰে  ওড়িশাৰ সর্বোচ্চ সম্মান "নবকলেবৰ পুৰস্কাৰ"।)

কোৱা হয়-- "বাংলা সাহিত্যত লোক-সংস্কৃতি বিষয়ত বিজ্ঞানসম্মত আলোচনা আৰু গবেষণাৰ বাট কাটে  মকবুল ইছলামে।" কেৱল বাংলাতে শেষ নহয়, অসমীয়ৰ ভাষা-লোক-সংস্কৃতিয়ো অধ্যয়ণ কৰে, চৰ্চা কৰি আহিছে। চৰ্চাৰ, গৱেষণাৰ এক ফচল-- "Mising-- Folklorography" (প্ৰকাশ: ২০২২)। আমাক চুই যোৱা, ভাল লগা কথা-- এই গৰাকী লেখক-গৱেষকে অসমীয়া ভাষা শিকি, অসমীয়া ভাষাত অসম কেন্দ্ৰিক কেইবাখনো গ্ৰন্থ লিখিছে। প্ৰথম বাৰ মুখা-মুখি হোৱাৰ সময়ত আমাৰ হাতত তুলি দিছিল-- "কাৰবি ডিছ্‌কোৰ্ছ-ৰংবং তেৰাঙৰ নিৰ্বাচিত প্রবন্ধ: সাহিত্যতাত্ত্বিক বোধান্বয়ন", "Bishnuprasad Rabha-Bhupen Hazarika:Bengal-Assam Cultural Relation (বিষ্ণুপ্ৰসাদ ৰাভা ভূপেন হাজৰিকা), "বাংলা-অসম: বিদ্যায়তনিক-সাংস্কৃতিক বিনিময়" আদিৰ লগতে "Bengal-Assam 20th Century Perspective (Cazi Nazrul, Jyotiprasad, Bishnu Rabha, Bhupen Hazarika) আৰু বাংলাত লিখা "ভূপেন হাজরিকা: বিশ্বসংস্কৃতির কণ্ঠস্বর"। লেখক-গৱেষক গৰাকীয়ে এবাৰো ভূপেন হাজৰিকাক লগ পোৱা নাই; কিন্তু "ভূপেন হাজৰিকা" বিষয়ত নজনা কথা নাই! আমাৰ গ্ৰন্থ উন্মচন কৰি দিয়া ভাষণত কৈছিল-- "ভূপেন সাজৰিকা অসম আৰু পশ্চিমবংগৰ মাজত এক সমন্বয়ৰ সাঁকো।" 

আৰু দ্বিতীয়বাৰ মুখা-মুখি হোৱাৰ সময়ত কৈছিল-- "ভূপেন হাজৰিকাক মই কোনো দিনে লগ পোৱা নাই; কিন্তু তেওঁ মোৰ অতি ওচৰৰ। প্ৰতিটো গীতেই মোক চুই যায়, চুই থাকে।"

দ্বিতীয়বাৰক মুখা-মুখি বুলি নকৈ আলহী হোৱা বুলি ক'লেহে শুদ্ধ হ'ব!

("সপোন" এটা লৈ গৈছিলোঁ! কিছু দিন পূৰ্বে অসমৰ এগৰাকী নাট্যকৰ্মী নিৰ্মল দাসক এটা "সপোন"ৰ কথা কৈছিলোঁ। মকবুল ছাৰৰ লগতে ৰঙিলি বিশ্বাস আৰু কেইগৰাকীমান ভূপেন হাজৰিকা কেন্দ্ৰিক চৰ্চাত নিজকে ব্যস্ত ৰখা "ভূপেন্দ্ৰ-প্ৰেমী"ৰ কথা কৈছিলোঁ। নিৰ্মল দাসে "কৰিম" বুলিছিল। অৱশ্যে মোৰ "সপোন" সপোন হৈয়ে থাকিল!-- এই প্ৰসংগত আগলৈ চৰ্চা কৰিম। চৰ্চা কৰিম-- কলাজ-চিনেমানো কি? তথ্যচিত্ৰৰ সৈতে কলাজ-চিত্ৰৰ সম্পৰ্ক আছে নে?)

 পুৱা ৫ বজাৰ আগতে কলকতা পাইছিলোঁ। আমাৰ অপেক্ষাত আছিল! আশ্ৰম পৰিবেশৰ ঘৰটোলৈ লৈ গৈছিল। নিজ হাতে সাজু কৰা ৰাতিপুৱাৰ আহাৰেৰে আমাক আপ্যায়ন কৰিছিল! আৰু তাৰ পাছতে ব্যস্ত হৈছিলোঁ নিৰ্দিষ্ট কামত।

কেমেৰাৰ সন্মুখত পৰিপাটি "ভূপেন্দ্ৰ চৰ্চা" কৰিলে লেখক-গৱেষক গৰাকিয়ে। 

(২)

 "প্ৰতি গৰাকী মানুহে লিখা উচিৎ! মানুহ মাত্ৰেই নিজা চিন্তা থাকে, সমাজৰ অভিজ্ঞতা বুটলে, সেই অভিজ্ঞতা বোৰৰ নিজা নিজা বিশ্লেষণ থাকে, সেই বোৰ লিখি ৰাখিব লাগে-- মই ভাৱো! মানুহৰ মনৰ ভাৱ লিখি ৰাখিলে মানুহৰ কামত আহে। লিখা প্ৰতি গৰাকী ব্যক্তিৰে দায়িত্ব। মই মোৰ দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰিছোঁ।" --অধ্যাপক, লেখক, গবেষক মকবুল ইছলামে ক'লে। আমি জানিব বিছাৰিছিলোঁ-- আপুনি কিয় লিখে? 

--লেখাৰ সংখ্যা কম নহয়, গ্ৰন্থৰ সংখ্যা কম নহয়। বাংলা, অসমীয়া, ওড়িয়া আৰু ইংৰাজীত লিখা গ্ৰন্থৰ সংখ্যা ৭০ খনৰো বেছি হ'ব। ড° শামসুদ্দীন শিশিৰৰ "শিশিৰ দৰ্পণে মকবুল: মননবিম্ব" (প্ৰকাশ কাল: ২০২৪) গ্ৰন্থত আছে ৬৪ খন গ্ৰন্থৰ তালিকা আৰু পৰিচয়। সৰহ সংখ্যকেৰে বিষয়: লোক-কাহিনী, লোক-সাহিত্য, লোক-সংগীত, 'মানুহ'। --হিন্দু তথা সনাতন ধর্ম আৰু ইছলাম ধর্মেৰ তুলনামূলক চৰ্চা৷ বিশেষকৈ হিন্দুৰ প্রাচীন ধর্মগ্রন্থ "শ্রীমদ্ভাগবদ্ গীতা' আৰু ইছলামেৰ পবিত্র গ্রন্থ "কোৰান"ৰ লগতে খ্ৰীষ্টানৰ "বাইবেল" কেন্দ্ৰিক তাত্বিক চৰ্চাৰ বাবে অধ্যপক ইছলামক বৌদ্ধিক সমাজে জানে।

--নিৰ্দিষ্ট সময়ত আমাৰ কাম শেষ হ'ল। (কি কাম? সময়ত চৰ্চা কৰিম) নিজৰ নিৰ্দিষ্ট কাম শেষ হোৱাৰ পাছত লেখক-অধ্যপক ইছলামে আমাক লৈ গ'ল তেওঁৰ কৰ্মস্থান 'চেণ্টপল’ কলেজ'লৈ। আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই ১৯২৮ চনত  প্ৰথম বিভাগত আই এছ ছি পাছ কৰা কলেজ খনলৈ। কলেজ চৌহদত থকা সেউজীয়া খেল পথাৰ খনলৈ আঙুলিয়াই ড° ইছলামে ক'লে-- "সেই খন খেল পথাৰতে সেই সময়ত বিষ্ণুপ্ৰসাদ ৰাভাই ফুটবল খেলিছিল...।" 

হাতত সময় কম আছিল! পৰিচালক নিৰ্মল দাসে চিত্ৰগ্ৰহণকাৰীৰ সহায়ত কলেজ চৌহদত নিৰ্দিষ্ট কাম শেষ কৰাৰ পাছতে ড° ইছলামৰ সৈতে আমি যাত্ৰা কৰিলোঁ 'হেমাঙ্গ বিশ্বাসৰ ঘৰ'লৈ। 

১২ জুন। দিনৰ ১২:৩০ বজাত পাইছিলোঁ "জিৰণি"। ... (ক্ৰমশঃ)

সোমবার, ২৭ অক্টোবর, ২০২৫

মেৰা ধৰম মেৰি মা


 

"আৰোপ" (Aarop)-- ভূপেন হাজৰিকাৰ প্ৰথম খন হিন্দী চিনে-কৰ্ম। পৰিচালক নাছিল, সংগীত পৰিচালক আছিল। মুখ্য চৰিত্ৰত বিনোদ খান্না আৰু শায়ৰা বানুৱে অভিনয় কৰা এই চিনেমা খনত ব্যৱহাৰ কৰা "নৈনোঁ মেঁ দৰ্পন হায়, দৰ্পন মেঁ কই.." (কণ্ঠ: লতা মংগেশকাৰ, কিশোৰ কুমাৰ) ৰোমাণ্টিক গীতটো জনপ্ৰিয় হৈছিল। মায়া গোবিন্দে লিখা এই গীতটোৰ সুৰ চিনেমা খনৰ সংগীত পৰিচালক ড° হাজৰিকাৰ। উল্লেখ কৰিব পৰা দুটা দিশ-- ড° হাজৰিকাই ৰচনা কৰা সুৰ (খাচী গৰখীয়া এজনৰ "মুখ"ৰ পৰা সংগ্ৰহ কৰিছিল) শুনি গীতটোৰ শব্দ-মালা গুঠিছিল মায়া গোবিন্দে। চিনেমা খনত ব্যৱহাৰ কৰা আন কেইটা গীতৰো ৰচনা বা অসমীয়াৰ পৰা হিন্দীলৈ ৰূপান্তৰ কৰিছিল বলিউডৰ গীতিকাৰ গৰাকীয়ে। [এই খিনিতে আমি চৰ্চালৈ আনিব পাৰোঁ-- "গজ গামিনী"। এম এফ হুচেইনৰ পৰিচালনাৰে নিৰ্মিত এই চিনেমা খনৰো সংগীত পৰিচালনা কৰিছিল ভূপেন হাজৰিকাই। চাৰিটা গীতৰ কথা বা ৰূপান্তৰ মায়া গোবিন্দৰ। গীত চাৰিটা-- "গজ গামিনী..." (সুৰ-কণ্ঠ: ভূপেন হাজৰিকা), "মেৰী পায়ল বলে..." (সুৰ: ভূপেন হাজৰিকা, কণ্ঠ: কবিতা কৃষ্ণমূৰ্তি), "হামৰা হান্সা গয়া বিদেশ..." (সুৰ: ভূপেন হাজৰিকা, কণ্ঠ: কবিতা কৃষ্ণমূৰ্তি), "দীপক ৰাগ..." (সুৰ: ভূপেন হাজৰিকা, কণ্ঠ: শংকৰ মহাদেৱন)। চিনেমা খনৰ কাহিনী-ৰেখাৰ গতিত ব্যৱহাৰ হোৱা এটা গীতৰ কথা জাভেদ আখতাৰৰ ("ডো সদিঅ' কে সংগম..."/ সুৰ: ভূপেন হাজৰিকা, কণ্ঠ: উদিত নাৰায়ণ, কবিতা কৃষ্ণমূৰ্তি)। দুটা গীত লিখিছিল চিনেমা খনৰ পৰিচালক হুচেইনে-- "য়ে গাথৰি তাজ কি তাৰাহ..." (সুৰ: ভূপেন হাজৰিকা, কণ্ঠ: কবিতা কৃষ্ণমূৰ্তি), "য়ে গাথৰি তাজ কি তাৰাহ..." (সুৰ: ভূপেন হাজৰিকা, কণ্ঠ: এম. এফ. হুচেইন)। ব্যৱহাৰ কৰিছে সুমন দেৱগনৰ কণ্ঠত কালিদাসৰ দুটি শ্লোক।]

--আত্মৰামে পৰিচালনা কৰা "আৰোপ" হিন্দী চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ১৯৭৩ চনত। ইয়াৰ প্ৰায় দুবছৰ পাছত চিত্ৰগৃহলৈ আহিছিল আন এখন ভূপেন হাজৰিকাৰ হিন্দী চিনমা "মেৰা ধৰম মেৰি মা" (Mera Dharam Meri Maa)। চিনেমা খনৰ সংগীত, চিত্ৰনাট্য সম্পাদনা, পৰিচালনা ভূপেন হাজৰিকাৰ। কাহিনী: অৰুণাচলৰ স্কুল এখনৰ ছাত্ৰ, নাট্যকাৰ নৱম টাটাই।

 চিনেমা খনৰ বিশেষ তথ্য: অৰুণাচল প্ৰদেশৰ পৰা নিৰ্মাণ কৰা প্ৰথম খন চিনেমা। 

অৰুণাচলৰ তদানিন্তন লেঃ গৱৰ্নৰ কে. এ. এ. ৰাজাৰ আনুৰোধত এই চিনেকৰ্ম হাতত লৈছিল ড° হাজৰিকাই। চন: ১৯৭৬। চিনেমা খন পথম প্ৰদৰ্শন হৈছিল ২১ মে' ১৯৭৭-ত কলকাতাৰ (তেতিয়াৰ কলিকতাত) "লাইট হাউচ" চিত্ৰগৃহত।"কলিকতা চিনে ক্লাবে" আয়োজন কৰা চিনেমা উৎসৱত। ড° হাজৰিকায়ো অভিনয় কৰা চিনেমা খনৰ কিছু অংশহে চাইছোঁ। সেই সময়ত কাকত-আলোচনীত ছপা হোৱা চৰ্চাৰ পৰা ধাৰণা কৰিছোঁ-- ৰূপালী গল্পটোত তথ্যচিত্ৰ আৰু কাহিনী-চিত্ৰৰ মাজত থাকিব লগা ৰেখা প্ৰায় নিশ্চিহ্ন।

চিনেমা খনৰ কাহিনীৰ গতিত দৰ্শকে দেখিছে 

অৰুণাচল প্রদেশৰ নিশি উপজাতিৰ ধর্মীয় বিশ্বাস, কুসংস্কাৰ। অনুভৱ কৰিছে-- নগৰীয়া সভ্যতাৰ প্ৰভাৱত নিশি জনজাতিৰ জীৱনত চিৰন্তন বিশ্বাস আৰু অৱক্ষয়ী মূল্যবোধৰ সংঘাত অনিবাৰ্য হৈ পৰে। এই সংঘাতৰ দুটা বিপৰীত মেৰুত দুজন ভাতৃ। কাহিনীটোত নাটক, খলনায়ক, চিনেমেটিক অভিনয়, ৰোমাঞ্চ আদি আছে যদিও পৰিচালকে এই উপাদানবোৰক সীমাৰ বাহিৰলৈ যাবলৈ নিদিলে। তেওঁ মূলতঃ সৎ বিশ্বাসৰ সংগ্ৰাম দেখুৱাইছিল। তেওঁ অৰুণাচলৰ মনোমোহা পাহাৰীয়া পৰিৱেশত জনজাতীয় সমাজৰ সহজ-সৰল লোকসকলক উপস্থাপন কৰে। 

"CINE ADVANCE" কাকতত চৰ্চা হৈছিল এনেদৰে-- "A colour Hindi film from Arunachal Pradesh 'Mera Dharam Meri Maa'

was applauded by the large audience (at Lighthouse, Calcutta) for its patriotic theme and lyrical beauty, based on the life, culture and problems of the tribals of the state.... Hazarika deserves kudos for his lyrical treatment throughout the film. The technical qualities including the colour photography are of a high order... the music wizard himself has scored the music and also sings a few wonderful songs, Ruma Guha Thakurta and Bose also sing for the film, The group-acting deserves mention specially the acting of Tata, Tayung, Asangla and Taba." (উৎস: মই এটি যাযাবৰ/ ড° ভূপেন হাজৰিকা)

চিনেমা খন স্থানীয় বজাৰতো সফল হৈছিল। অৰুণাচলৰ দৰ্শক, চিত্ৰৰসিকে আদৰি লৈছিল। অভিনয় কৰিছিল বেঙ্গিয়া মালা, নাবাম টাটা, টাডু টায়ুং, আছালা আও আদিয়ে। 

শনিবার, ২৫ অক্টোবর, ২০২৫

|| জুবিন স্মৰণ ||

--উৎপল মেনা


এদিন জুবিনৰ ওচৰ পাইছিলোঁ!

এদিন জুবিনৰ পৰা আঁতৰি আহিছিলোঁ। 

জুবিনক হয়তো বুজা নাছিলোঁ, আঁতৰি অহা বাবে বুজাৰ সুযোগ পোৱা নাছিলোঁ, বুজিবলৈ চেষ্টা কৰা নাছিলোঁ। 

এদিন লিখিছিলোঁ-- "জুবিন মোৰ প্ৰিয় বিষয় নহয়!" (লেখাটো প্ৰকাশ পোৱাৰ পাছত "জুবিন ফেন"-এ কম গালি পাৰিছিল নে!) লেখাটো প্ৰকাশৰ পাছত "বকুলৰ দোকান"ৰ সন্মুখত জুবিনে কৈছিল (যিমানদূৰ মনত পৰে, সেই সময়ত উপস্থিত আছিল সাংবাদিক, গৌতম শৰ্মা, "আজি" কাকতৰ প্ৰকাশক ৰাজীৱ বৰ্মন।)-- "...মোক বেছি ভাল পায়, মোৰ পৰা আৰু বেছি ভাল কাম বিছাৰে, সেই বাবে লিখিছে।"

কি  লিখিছিলো?

দীৰ্ঘ সময় মুম্বাই থকাৰ পাছত উভতিছিলোঁ। গুৱাহাটী পাইছিলোঁ। গৌতম শৰ্মা আৰু আন এগৰাকী সাংবাদক অনুপম চক্ৰৱৰ্তীয়ে কাটি দিয়া বাটেৰে গৈ "আজি" কাকতৰ সম্পাদক অজিত কুমাৰ ভূঞাৰ ওচৰ পাইছিলোঁ। "আজি" সম্পাদনা বিভাগত যোগ দিছিলোঁ। ২০০২ চনৰ শেষৰ ফালে। ("আজি" কাকতৰ সন্মুখতে "বকুলৰ দোকান"। সেই বাটে জুবিন প্ৰায়ে অহা-যোৱা কৰে। "বকুলৰ দোকান"ত ৰৈ দিয়ে। চমু আড্ডা চলে!...)

মই আৰু বিৰিঞ্চি (বিৰিঞ্চি মোহন শৰ্মা) ডি জি মিউজিকৰ ওচৰতে ঘৰ এটা ভাড়াত লৈ আছিলোঁ। আমাৰ ঘৰত চিনেমা-নাটকৰ-সংগীতৰ আড্ডা বহিছিল। কোন অহা নাছিল-- পবিত্ৰ মাৰ্ঘেৰিটা (বৰ্তমানৰ সাংসদ), মানস ৰবিন, নয়ন প্ৰতীম কুমাৰ (বৰ্তমান "প্ৰতিদিন টাইম"ৰ সাংবাদিক), নয়ন নিলীম, আকাশদ্বীপ, কৃষ্ণমণি নাথ...। আড্ডাত প্ৰায়ে "বিষয়" হৈছিল-- জুবিন।

 "আড্ডা"ত আমি অনুভৱ কৰিছিলোঁ "এজন অ-চিজিল জুবিন"। (পাছত, পাছৰ সময় চোৱাত অনুভৱ কৰিছিলোঁ, জানিছিলোঁ মই অনুভৱ কৰা "অ-চিজিল" জুবিনৰ কাম কৰা ষ্টাইল! "অ-চিজিল"-লৰ মাজতেই সৃষ্টি বা নিৰ্মাণ কৰিব পাৰে চিজিল গান!)

আমি মুকলি মনেৰে খং নকৰাকৈ থাকিব নোৱাৰা জুবিন।

--সেই সময়ত আন কাৰণ নাছিল। আছিল মাত্ৰ এটা কাৰণ! "জুবিন কণ্ঠ"ৰ প্ৰতি আমাৰ মনত নিৰ্মাণ পৰ্ব আৰম্ভ হোৱা ইতিবাচক জুবিন আবেগ। আমাৰ মনলৈ আহিছিল-- জিতুল সোণোৱালে নিৰ্মাণ কৰা "অসমীয়া সংগীতৰ ধাৰা"টো আৰু মজবুট কৰিব, বহুদূৰলৈ লৈ যাব-- জুবিনে! 

অসমীয়া গীতৰ "সেমেকিব ধৰা বজাৰ" বহল কৰিব জুবিনে! (আমাৰ ধাৰণা ভুল নাছিল। পৰৱৰ্তী সময়ত স্পষ্ট হৈছিল-- নিজৰ গায়ন শৈলীৰে, সংগীত নিৰ্মাণৰে জুবিনে "জুবিন শৈলী" ধাৰণাৰ সৃষ্টি কৰিছিল, অসমীয়া সংগীতক আৰু চহকী কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, ড° ভূপেন হাজৰিকাৰ "অসমীয়া সংগীত"ক নতুন বাটে আগুৱাই নিছিল।) 

"জুবিন মোৰ প্ৰিয় বিষয় নহয়" চৰ্চাত চুই গৈছিলোঁ-- 

(১) জুবিন গাৰ্গৰ "ইনাৰ চাৰ্কোল"ত কোনো নৱকান্ত বৰুৱা, হেমাংগ বিশ্বাস নাই। আছে জুবিন সৃষ্টিক  "Product"লৈ ৰূপান্তৰ কৰি বেপাৰ কৰিব খোজা বহুজন। (আজি অনুভৱ কৰিছোঁ-- মোৰ ধাৰণা ভুল নাছিল। এটা সাক্ষাৎকাৰত দেখিলোঁ জুবিনে নিজে মুখে কৈছিল-- "মোক যন্ত্ৰ বনালে!")

(২) "সময়"ৰ ক্ষেত্ৰত সজাগ নহয় জুবিন। [পৰৱৰ্তী সময়ত, এক সাক্ষাৎকাৰত হাতত ঘড়ী নিপিন্ধা জুবিন-- "এইটো মোৰ বেয়া অভ্যাস"।) আমি এনেদৰেও চৰ্চা কৰিছিলোঁ-- "ঘড়ীৰ কাটা"ৰ সৈতে তাল মিলাব নোখোজে জুবিনে! "সময়"ক নিজৰ নিয়ন্ত্ৰণত ৰাখিব খোজে হয়তো! এয়া কিন্তু ইতিবাচক দিশ নহয়। বিশেষকৈ বলিউদত খোজ দিয়া জুবিনে "ঘড়ীৰ সময়"ৰ সৈতে দৌৰিবয়ে লাগিব। (দৌৰা নাছিল! হয়তো ড° ভূপেন হাজৰিকাৰ বাটেৰ যাব বিচাৰিছিল! ভূপেন হাজৰিকাই কৈছিল-- "মই বলিউদৰ এন্দুৰ দৌৰত অংশ ল'ব নোৱাৰোঁ। অংশ লোৱাৰ ইচ্ছা নাই।" 

--জুবিনে বলিউদত খোজ পেলাইছিল। "য়া আলী..."ৰে চৰ্চালৈ আহিছিল। "ফিজা"কে ধৰি কেইবাখনো চিনেমাৰ বাবে কণ্ঠদান কৰিছিল।  আৰু আগবঢ়াৰ বাট আছিল! "বলিউদ"-এ জুবিনক চিনিছিল! হাতলৈ চিনেমা আহি আছিল! "গুৰুত্ব" থকা তেনে "সময়"তে জুবিনে বলিউদ এৰিছিল। কৈছিল-- "প্ৰয়োজন হ'লে বলিউড মোৰ ওচৰলৈ আহিব!"

সন্দেহ নাই-- বলিউদ এৰি জুবিনে অসমত থাকি অসমীয়া সংগীত-চিনেমাৰ ঢেৰ ইতিবাচক কাম কৰিলে। স্থানীয় বজাৰত অসমীয়া ভাষাৰ চিনেমাক দ্ৰুত গতি দিলে। কিন্তু বলিউদক শাসন কৰাৰ সুযোগ হেৰুৱালে। 

দৃষ্টিভংগী সকলোৰে একে নহয়। 

স্বাভাৱিক!

 জুবিনে বলিউদ এৰা বাবে অসমৰ চিনেকৰ্মী, ভ্ৰাম্যমাণ থিয়েটাৰৰ মালিক, কেছেট ব্যৱসায়ীৰ লাভ হৈছিল, সুবিধা হৈছিল। আমাৰ ধাৰণাত জুবিনৰ, "অসম"ৰ লোকচাল হৈছিল। উদিত নাৰায়ণ বা চনু নিগমৰ দৰে নহয়, বলিউদত এ আৰ ৰেহমানৰ দৰে বাস কৰিব পাৰিলে হেতেন-- জুবিনে। এই খিনিতে উল্লেখ কৰিব পাৰি-- জুবিন আছিল এ আৰ ৰেহমানৰ পছন্দ। ৰেহমানে "তাল"ৰ বাবে "নৱাগত জুবিন"ক পছন্দ কৰিছিল। অৱশ্যে কামটো জুবিনৰ হাতত নাথাকিল। চিনেমা খনৰ পৰিচালক সুভাষ ঘায়ে নিৰ্দিষ্ট গীতটোৰ পছন্দ কৰিছিল সুখবিন্দৰ সিঙক। পৰৱৰ্তী সময়ত আৰু আৰু কেইবাখনো চিনেমাৰ কাম কিছু আগবঢ়াৰ পাছতো জুবিনৰ হাতত থকা নাছিল। কিয়?]

(৩) স্বাভাৱিকতে "বলিউদ ৰাজনীতি"ৰ বলি হৈছিল জুবিন। এই অনুভৱেৰে লিখিছিলোঁ-- বলিউদত সহজে আগবাঢ়িব নোৰাৰে জুবিনে। প্ৰতিভাৰ লগতে (সেই সময় চোৱাত) বলিউদৰ বাটত পিছল নোখোৱাকৈ আগবঢ়াৰ বাবে প্ৰয়োজন-- "গডফাদাৰ"ৰ। জুবিনৰ কোনো গডফাদাৰ নাছিল, বলিউদৰ যিমান খিনি দখল কৰিছিল নিজৰ "কণ্ঠ-সংগীত শক্তি"ৰে। গতিকে স্বাভাৱিকতে জুবিনক লৈ "বলিউদ ৰাজনীতি" হৈছিল। (এনে ৰাজনীতিয়ে চনু নিগমক দীৰ্ঘ সময় স্থিৰ কৰি ৰাখিছিল। চনুৰো বলিউদত কোনো গডফাদাৰ নাছিল।) চৰ্চা কৰিছিলোঁ-- শ্ৰেষ্ঠ গীত গোৱাৰ পাছতো জুবিনে "ফিল্মফেয়াৰ"ৰ দৰে বঁটা নাপাব। এনে চৰ্চাৰ কাৰনো আছিল-- "বলিউদ ৰাজনীতি"। ("বকুলৰ দোকান"ৰ সন্মুখত কথা প্ৰসংগত জুবিনে কৈছিল-- "এই ৰাজনীতি-চাজনীতি মই ভাল নাপাওঁ। শুনিছোঁ এইবোৰ কথা। গুৰুত্ব দিব লাগে বুলি ভৱা নাই। কাম কৰিম বুলি গৈছোঁ। কিন্তু কাম কৰি ভাল লগা নাই। হয়তো তাত থাকি বেছিদিন কাম নকৰিম!")

(৫) সংগীত সমালোচকৰ আদৰ পোৱা নাই। কিন্তু পোৱাৰ যোগ্য। প্ৰচাৰ মাধ্যমত জুবিন হৈ আছে মাত্ৰ "প্ৰচাৰ ব্যৱসায়"। (আজিৰ তাৰিখতো সন্দেহ নৰখাকৈ ক'ব পাৰি--  সেই সময়ত যে সমালোচকৰ আদৰ পোৱা নাছিল, "প্ৰচাৰ ব্যৱসায়ী"ৰ বাবে যে জুবিন আৰু সংগীত সমালোচকৰ মাজত দূৰত্ব বাঢ়িছিল-- ক্ষতি জুবিনৰ হোৱা নাছিল! ক্ষতি অসমীয়া সংগীতৰ হৈছিল।)

*******

জুবিনক প্ৰথম লগ পাইছিলোঁ ১৯৯২-৯৩ চনৰ কোনো এটা দিনত। ভাতৃপ্ৰতীম ধনজীত দাসে লৈ গৈছিল, মহানগৰীৰ কমাৰ্চ পইন্ট বুলি জনাজাত ঠাইখিনিলৈ-- জুবিনৰ সৈতে কথা পাতিব লাগে, লিখিব লাগে বুলি। সেইদিনা জুবিনৰ সৈতে সংগীত কেন্দ্ৰিক ঢেৰ কথা পাতিছিলোঁ। বুজিছিলোঁ-- জুবিনৰ লক্ষ্য- সংগীতৰ বহল বিশ্ব। বলিউদৰ চিনেমাৰ বাবেও গীত গোৱাৰ মন।

আৰু শেষৰ বাৰ এই কমাৰ্চ পইন্টতে লগ পাইছিলোঁ-- জুবিনক। দীৰ্ঘ সময়ৰ পাছত।

জুবিনে কৈছিল-- "ৰৈ ৰৈ বিনালে”ৰ কথা।

"তোমাৰ চিনেমাৰ বিষয়েতো লিখিব নোৱাৰি! তোমাৰ ফেনৰ গালি হজম কৰিব পৰা বয়স নাই!" --ধেমালীৰ সুৰেৰে কৈছিলোঁ।

"এই খন চাব! সামালোচনা কৰিব লাগিব! যদি বেয়া হৈছে, পাছৰ খন আৰু ভাল কৰিম!" 

"ৰৈ ৰৈ বিনালে"ৰ অভিনৰ কথা কৈছিল, বিষয়-বস্তু প্ৰসংগত কৈছিল। "মই চকুৰে নেদেখো।" মানে, জুবিনে অভিনয় কৰা চৰিত্ৰটোই চকুৰে নেদেখে।

দীৰ্ঘদিনৰ পাছত লগ পোৱা জুবিনৰ মাজত পৰিৱৰ্তন অনুভৱ কৰিছিলোঁ। ইতিবাচক পৰিৱৰ্তন। সুখ অনুভৱ কৰিছিলোঁ। 

আকৌ লগ পাম বুলি জুবিনক এৰিছিলোঁ। 

কিন্তু!

নিয়তি!

সময়! 

রবিবার, ১২ অক্টোবর, ২০২৫

চিৰাজ/ মন প্ৰজাপতি

প্রথমখন 'ছুপাৰহিট' অসমীয়া চিনেমা 'চিৰাজ' নির্মাণ হৈছিল ১৯৪৭ চনত। চিত্রগৃহলৈ আহিছিল ১৬ জানুৱাৰী, ১৯৪৮ -ত। পৰিচালনা কৰিছিল বিষ্ণুপ্রসাদ ৰাভা আৰু ফণী শৰ্মাই। নটসূর্য' ফণী শৰ্মাই মূল চৰিত্ৰটোত অভিনয়ো কৰিছিল। ব্যাখ্যাৰ প্রয়োজন আছে বুলি নাভাবোঁ-- 'নটসূর্য'ই নিজৰ অভিনয় ক্ষমতাৰে 'মঞ্চ'ত, 'পর্দা'ত ভালেমান চৰিত্ৰ নিৰ্মাণ কৰিছিল আৰু প্ৰতিটো চৰিত্ৰয়ে আছিব তাৰিখতো 'চিৰসেউজ ইতিহাস'। এই বহু চৰিত্ৰৰ মাজতো বিশেষভাবে জিলিকি থাকিল-- চিৰাজহে। অসমীয়া চিনেমাৰ ইতিহাসত 'চিৰাজ'ৰ চিৰাজ এক বিশেষ 'ইমেজ'। যি 'ইমেজ'ক আজিৰ তাৰিখতো কোনো অভিনেতাইয়ে স্পর্শ কৰিব পৰা নাই। নিপন গোস্বামীয়েও নোৱাৰিলে। ১৯৮৮ চনৰ ১৮ মাৰ্চত চিত্রগৃহলৈ আহিছিল দ্বিতীয়খন 'চিৰাজ', যিখনৰ পৰিচালক আছিল ভূপেন হাজৰিকা। ভূপেন হাজৰিকাই 'চিৰাজ' পুনৰ নিৰ্মাণ কৰাৰ 'সঁচা কাহিনী' আছে। 'অসমবাণী'ৰ ৭আগষ্ট, ১৯৭০ সংখ্যাত 'সংগীতসূর্য'ৰ 'ৰচনা' এখন প্রকাশ হৈছিল, য'ত উল্লেখ কৰিছিল ফণী শৰ্মাৰ সপোন। সেই যে প্রথম 'চিৰাজ' পৰিচালনা কৰিছিল, সেই পৰিচালনাত সম্ভৱতঃ ফণী শৰ্মা সুখী নাছিল। 'চিৰাজ' চিত্রগৃহলৈ অহাৰ পাছত, পর্দাত দেখাৰ পাছত হয়তো অনুভৱ কৰিছিল-- কিবা কিছু কৰিবলৈ থাকি গ'ল। গুৱাহাটী মেডিকল কলেজৰ কোনো এটা ৱাৰ্ডত মৃত্যুব ক্ষণ গণি থকা ফণী শৰ্মাই ভূপেন হাজৰিকাৰ সৈতে মনৰ কথা পাতিছিল। নটসূর্যক বেজী দিবলৈ অহা ধুনীয়া নাৰ্ছৰ্গৰাকীলৈ চাই ভূপেন হাজৰিকাক কৈছিল- 'ভূপেন, এই ছোৱালীজনীক চোৱাচোন-- ধুনীয়া। 'চিৰাজ'ত দেখোন এটা পার্ট দিব পাৰি। --' তাৰ পিছত নাৰ্ছৰ্গৰাকীক কৈছিল, 'নতুন চিৰাজ'ৰ শুটিং অলপতে আছে। মোক সোনকালে ১০-১২ দিনত ভাল কৰি দিয়া। মই মিঠাই খুৱাই দিম।..' এয়া আছিল ১৯৭০ চনৰ ২৫ জুলাইৰ কথা। তিনিদিন পাছত পুনৰ ভূপেন হাজৰিকাক নটসূর্যই কৈছিল--'চিৰাজ'ৰ চিত্ৰনাট্যখন মোৰ লগত আছে। মই আউটড'ৰ ইনড'ৰৰ ছিকুরেন্সখিনি ভগাই পেলাম। মই কৈ থাকিম, মোৰ ভাগিনীজনীয়ে লিখি যাব। ভয় নকৰিবা। ১৫ আগষ্টত তেজপুৰত শুটিং আৰম্ভ কৰি দিব পাৰিবা। কিন্তু সেয়া সম্ভব নহ'ল। 'জীবন নাট'-এই শেষ হ'ল নটসূৰ্যৰ। নটসূৰ্যৰ এই কথাত এটা কথা স্পষ্ট-- চিনেমাখনৰ পৰিচালনাৰ দায়িত্ব যে ভূপেন হাজৰিকাই ল'ব। সন্দেহ নাই নটসূৰ্যৰ সেই সপোন পূৰণৰ বাবেই ভূপেন হাজৰিকাই দ্বিতীয়বাৰ চিৰাজ নির্মাণ কৰিছিল।

দ্বিতীয়খন 'চিৰাজ'ৰ বিষয়বস্তু, কাহিনীৰ পৰিবৰ্তন হোৱা নাছিল। পৰিচালনা শৈলী স্বাভাবিকতে পৰিৱৰ্তন স্পষ্ট। 'আধুনিকতাৰ' প্রলেপ পৰিছিল। কিন্তু অভিনয়ৰ দিশত প্রথমখন 'চিৰাজ' বেছি আগবঢ়া আছিল। দ্বিতীয়খন 'চিৰাজ 'ক স্পর্শ কৰি যোৱা এটা দিশ আছিল গীতৰ চিত্ৰায়ণ, 'বিমূর্ত মোৰ নিশাটি...' গীতটিৰ চিত্রায়ণ। চিনেমাখনৰ মূল চৰিত্ৰটোত যে নিপন গোস্বামীয়ে অভিনয় কৰিছিল, সেয়া আমি উল্লেখ কৰিছোঁ। ফণী শৰ্মাৰ চিৰাজৰ ইমেজৰ পৰা আঁতৰত থাকি অৱশ্যে ক'ব পাৰি নিপন গোস্বামীয়ে পৰিচালকক চৰিত্ৰটো নির্মাণত এশ শতাংশই সহায় কৰিছে। অন্যান্য চৰিত্ৰত অভিনয় কৰিছিল- মৃদুলা বৰুৱা, পূৰবী শৰ্মা, ৰূপক বৰুৱা, পৰাগ চলিহা, মিৰেল কুদ্দুচ, ভাৰতী ডেকা আদিয়ে। 'চিৰাজ'ৰ বিষয়বস্তু 'সাম্প্রদায়িক সম্প্রীতি'। 'বিষয়বস্তু'ক কেন্দ্ৰ কৰি চিনেমাখনৰ বাবে 'গল্প'টোৰ আধাৰত কাহিনী নির্মাণ কৰা হৈছে। কাহিনীলৈ জাতি-ভেদ, আর্থিক ভেদ ইত্যাদি আহিছে। --হয়, 'গল্প' এটাৰ আধাৰত ৰচনা হৈছিল 'চিৰাজ'ৰ চিত্ৰনাট্য। লক্ষীধৰ শৰ্মাৰ গল্প। গল্পটোৰ নামো 'চিৰাজ'। দেখা যায়, চিনেমাখনত মূল গল্পটোৰ আঁকাটোহে আছে। 'গল্প 'টোৰ বৃত্তৰ পৰা আঁতৰি গৈ চিনেমাখনত উন্মোচন কৰিছে ৰক্ষণশীল হিন্দু সমাজৰ স্বৰূপ, বিপৰীতে চিৰাজৰ উদাৰ চিন্তা।

'চিৰাজ'ৰ সংলাপ পৰিপাটি। ব্যৱহাৰ সু-পৰিকল্পিত। হাস্যৰসৰ বাবে নিৰ্মাণ কৰা ছিকুৱেন্সতো স্পষ্ট 'বিষয়বস্তু'। চিত্রনাট্যকাৰে সৃষ্টি কৰা আঘোণা চৰিত্ৰটোৱে 'হাস্যৰস'ৰ মাজত থাকিয়ে কৈছে-- "আহ সাবিত্রী আহ, জোতাৰ ধূলিবে গোটেইখন মই তিয়াই নেপেলাওঁতেই হেৰ' দুয়ো পাৰো মানে মজামাৰি বাগৰি লওঁ"।

চিনেমা খনত ব্যৱহাৰ কৰা গীত: কঁপি উঠে কিয় তাজমহল (কথা-সুৰ: ভূপেন হাজৰিকা, কণ্ঠ: সমৰ হাজৰিকা, মণিমা শইকীয়া। এই গীতটো ভূপেন হাজৰিকা আৰু লতা মংগেশকাৰ কণ্ঠটো ৰেকৰ্ডিং হৈছে।), আৰু নবজাবি বীণ বাটৰুৱা...  (কথা-সুৰː শিৱ ভট্টাচাৰ্য, কণ্ঠ: ভূপেন হাজৰিকা, উষা মংগেশকাৰ), হাতে বাঁশি মুখে হাঁসি কদমৰে ডালে বসি... (ঝুমুৰ/ কণ্ঠ: সমৰ হাজৰিকা, মণিমা শ‌ইকীয়া), আল্লাৰ বিনে কেও নাই... (জিকিৰ/ কণ্ঠ: ভূপেন হাজৰিকা), অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম... (কথা-সুৰː ভূপেন হাজৰিকা, কণ্ঠ: ভূপেন হাজৰিকা)।

দ্বিতীয় খন "চিৰাজ"ৰ পৰিচালনা-সংগীত-চিত্ৰনাট্য ভূপেন হাজৰিকাৰ। প্ৰথম খন খনত এটা চৰিত্ৰত (অনিল) অভিনয় কৰাৰ লগতে সংগীত পৰিচালনাত সহায় কৰিছিল। প্ৰথম খনৰ পৰিচালনা-চিত্ৰনাট্য: বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মা। সংগীত: বিষ্ণুপ্ৰসাদ ৰাভা।

"চিৰাজ"ৰ পূৰ্বে ভূপেন হাজৰিকাই সুৰ-শব্দ-কেমেৰাৰ ভাষাৰে ৰূপালী-ৰূপ দিছিল "মন প্ৰজাপতি" (২৯৮৯)। চিনেমা খনৰ কাহিনী নিৰোদ চৌধুৰীৰ একে নামৰ উপন্যাৰ । চিত্ৰনাট্য-সংলাপ: ভূপেন হাজৰিকা, নিৰোদ চৌধুৰীৰ।

নিৰোদ চৌধুৰীৰ এটা গল্প-- "সূৰুয কপালী"। "অসম বাণী"ত প্ৰকাশ পাইছিল। চৰ্চালৈ আহিছিল। চৰ্চাৰ প্ৰথম কাৰণ-- বিষয়বস্তু। চাৰ্কাছ কেন্দ্ৰিক, এটা প্ৰেমৰ গল্পৰে আগবাঢ়িছে। কাহিনী-ৰেখাৰ মূলবিন্দু-- ভগীৰথ। এজন ইলেকট্ৰিক মেকানিক। মূল বিন্দুৰ গতিত কাহিনী-ৰেখালৈ আহে মিছ জানকী, নৱমী। জানকী এটা চাৰ্কাছৰ খেল দেখুওৱা ছোৱালী। ছুৰি দলিওৱা খেল দেখুৱাই। সুন্দৰী। নৱমী ভগীৰথৰ পত্নী। এদিন চাৰ্কচৰ সমস্যা হ'ল-- ইলেকট্ৰিক মেকানিকৰ প্ৰয়োজন হ'ল। ভগীৰথে সমস্যা সমাধা কৰিলে। আৰু প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিল জানকীৰ সৈতে। মিছ জানকী প্ৰেমৰ মায়াজালত বন্দী কৰি পত্নীৰ সৈতে ভগীৰথৰ দূৰত্ব বঢ়াই। জানকীৰ মৰমৰ মাজত সুখ অনুভৱ কৰে ভগীৰথে। কিন্তু কেইটা মান দিনহে। এদিন নিৰ্দিষ্ট গাওঁ খনৰ পৰা চাৰ্কছ খন অন্য ঠাইলৈ যাত্ৰা কৰে। স্বাভাৱিকতে মিছা প্ৰলোভনেৰে ভগীৰথক আকৰ্ষণ কৰা মিছ জানকীও গুছি যায়। মন ভাঙে তাৰ। পত্নী নৱমীয়ে সকলোঁ লক্ষ্য কৰি থাকে। ভঙা মনেৰে ঘৰলৈ উভতি অহা ভগীৰথক নৱমীয়ে প্ৰশ্ন কৰে: চাৰ্কাছৰ ছোৱালীজনী বাৰু মোতকৈও ধুনিয়া আছিল নেকি?

"সেইজনী একেবাৰে ৰাক্ষসী"-- ভগীৰথৰ উত্তৰ। ভৱেশ বৰুৱাৰ মুখত সংলাপ। --হয়, ভগীৰথ চৰিত্ৰটো নিৰ্মাণ কৰিছিল ভৱেশ বৰুৱাক লৈ। আন দুটা মূল চৰিত্ৰ মিছ জানকী আৰু নৱমী নিৰ্মাণ কৰিছিল মীনা ৰাজখোৱা, গায়ত্ৰী দত্তক লৈ। মীনা সচাকৈয়ে চাৰ্কাছৰ ছোৱালী আছিল। আন গৰাকী "নায়িকা"ৰ এই খনেই প্ৰথম, একমাত্ৰ চিনেমা।  চিনেমা খনৰ গতি মন্থৰ আছিল, চিত্ৰনাট্যকাৰ "উপন্যাস"ৰ পৰা মুক্ত হব পৰা নাছিল-- এই দুটা নেতিবাচক দিশ। এটা ইতিবাচক দিশ-- গীত। কাহিনীৰ গতিত ব্যৱহাৰ হৈছে-- চেনাই মোৰ অ’... (কণ্ঠ: ড° ভূপেন হাজৰিকা, আশা ভোচলে)

অʼ অভিমানী বন্ধু... (কণ্ঠ: আশা ভোচলে)

এই ধুনীয়া গধুলি লগন... (কণ্ঠ: আশা ভোচলে)। গীত তিনিটাৰ কথা-সুৰ ভূপেন হাজৰিকাৰ।

 (আৰু আছে, সম্পাদনা কৰা নাই।)

শনিবার, ১১ অক্টোবর, ২০২৫

জুবিনৰ চিনেমা/২

জুবিন-- চিনেমাৰ অভিনেতা, "নায়ক" (আৰু লেখক-পৰিচালক। এই প্ৰসংগত ইতিমধ্যে চৰ্চা কৰিছোঁ।)। চিনেযাত্ৰা-- সংগীতেৰে। "হিয়া দিয়া নিয়া"ৰ সংগীত পৰিচালনাৰ প্ৰস্তাৱ পোৱাৰ সময়ত জুবিন ব্যস্ত আছিল "তুমি মোৰ মাথো মোৰ"ৰ কামত। পৰিচালনা কৰিব। নিজকে "নায়ক" নিৰ্মাণ কৰিব।সংগীতৰ কাম কৰিব। প্ৰথমে হাতত লোৱা "তুমি মোৰ মাথোঁ মোৰ" চিত্ৰগৃহলৈ আহিছিল ২৪ মাৰ্চ ২০০০ -ত।

হাতত লোৱা দ্বিতীয় খন চিনেমা "হিয়া দিয়া নিয়া" চিত্ৰগৃহলৈ আহিছিল ২৫ ফেব্ৰুৱাৰী ২০০০ -ত। মুনিন বৰুৱাৰ পৰিচালনা "হিয়া দিয়া নিয়া"ত জুবিনে সংগীত পৰিচালনা কৰিছিল। গীতত কণ্ঠ দান কৰিছিল। এটা গীত লিখিছিল। জুবিনে লিখা, সুৰেৰে সজোৱা, গোৱা (থীম্ চং) "হিয়া দিয়া নিয়া..." ৰূপালী গল্পটোৰ প্ৰধান অলংকাৰলৈ ৰূপান্তৰ হৈছিল, জনপ্ৰিয় হৈছিল (আজিও জনপ্ৰিয়)। কাহিনীৰ গতিত চিনেমা খনত ব্যৱহাৰ হৈছিল আৰু ৭টা গীত-- "মিঠা মিঠা..." (কথা: জীমণি চৌধুৰী, কণ্ঠ: জুবিন গাৰ্গ, দেবজিৎ চৌধুৰী, শান্তা উজীৰ, মালবিকা বৰা), "

মিছাতে মিছাতে..."  (কথা: দিগন্ত ভাৰতী, কণ্ঠ: জুবিন গাৰ্গ, দিগন্ত ভাৰতী, চেতনা দাস, হিৰণ্য ডেকা), "নহ’লে পৰিচয়..."  (কথা: হেমন্ত দত্ত। গীতটো দুটা কণ্ঠত ব্যৱহাৰ কৰা হৈছে। এটাত কণ্ঠদান কৰিছে শান্তা উজীৰে, আনটোত জুবিন গাৰ্গে।), "কথাটি বুজিলোঁ..."  কথা: দিগন্ত ভাৰতী, কণ্ঠ: জুবিন গাৰ্গ, তৰালী শৰ্মা), "মলয়াৰ দুপাখিত..."  

কথা: দিগন্ত ভাৰতী, কণ্ঠ: জুবিন গাৰ্গ, তৰালী শৰ্মা)।

জুবিনে পৰিচালনা কৰা "তুমি মোৰ মাথোঁ মোৰ" স্থানীয় বজাৰত সফল নহ'ল। গতিকে স্বাভাৱিতে জুবিত চৰ্চাত থাকিল মুনিন বৰুৱাৰ চিনেমাৰে। ৰোমাণ্টিক গীতৰ পৰা "প্ৰাৰ্থনা"লৈ (শিল্পী গৰাকীৰ কায়িক মৃত্যুৰ পাছত) ৰূপান্তৰ হোৱা "মায়াবিনী ৰাতিৰ বুকুত, দেখা পালোঁ তোমাৰ ছবি..."ও মুনিন বৰুৱাৰ চিনেমা (চিনেমা: দাগ) গীত। চিনেমা খনত ব্যৱহাৰ কৰা গীত ৭টাৰ ভিতৰত কিন্তু বেছি জনপ্ৰিয় হৈছিল-- "মনলে উভতি আহে ল'ৰালি..."  

(কথা: দিগন্ত ভাৰতী, কণ্ঠ: জুবিন গাৰ্গ, দিগন্ত ভাৰতী) গীতটোহে। জনপ্ৰিয়তাৰ কাৰণ-- চিনেমেটিক ট্ৰিটমেণ্ট। সাহিত্যৰ ভাষাৰ বিকল্প হিচাবে ব্যৱহাৰ কৰিছিল। "মায়াবিনী..."ৰ চিত্ৰায়ণ আছিল গতানুগতিক। দৰ্শকে চিত্ৰগৃহৰ পৰা মনত লৈ আহিব পৰা "চিনেমাৰ গীত"লৈ ৰূপান্তৰ হোৱা নাছিল। পাছৰ পৰ্যায়ত গীতটো জনপ্ৰিয় হৈছিল "জুবিনৰ গীত" হিচাবে। (এই খিনিতে উল্লেখ কৰিব পাৰি-- ড°ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰায় ভাগ "চিনেমাৰ গীত" শ্ৰোতাই "শিল্পী" দুগৰাকীৰ গীত হিচাবেই গ্ৰহণ কৰি আহিছে। শ্ৰোতাৰ মাজত জীয়াই আছে।)

চিনেমা কেন্দ্ৰিক চৰ্চাত এই দিশ স্পষ্ট-- সফল ৰূপালী যুটি মুনিন-জুবিন (মুনিন বৰুৱা-জুবিন গাৰ্গ। লগতে অভিনেতা যতীন বৰাৰো নাম যোগ নিদিলে অন্যায় হ'ব। এনে ধৰণৰ চৰ্চা হৈছিল-- অসমীয়া চিনেমাৰ সফল অংক "মুনিন-যতীন-জুবিন"।) মুনিন বৰুৱাই পৰিচালনা কৰা ৯ খন চিনেমা-- "হিয়া দিয়া নিয়া" (২০০০), "দাগ" (২০০১), "নায়ক" (২০০১), "কন্যাদান" (২০০২), "বিধাতা" (২০০৩), "বাৰুদ" (২০০৪), "ৰং" (২০০৪), "দীনবন্ধু" (২০০৪), "প্ৰিয়াৰ প্ৰিয়" )২০১৭)-ৰ সংগীত জুবিন গাৰ্গৰ।

"দাগ"ৰ দুটা গীত উল্লেখ কৰিছোঁ। আন কেইটা গীত-- "বিচাৰিছোঁ কাষৰতে..."  (কথা: দিগন্ত ভাৰতী, কণ্ঠ: জুবিন গাৰ্গ, শাশ্বতী ফুকন), "বতাহে বতাহে আহে..."  

কথা: দিগন্ত ভাৰতী; কণ্ঠ: জুবিন গাৰ্গ, জংকী বৰঠাকুৰ), "দাগ মোৰ বুকুতে..."  (কথা-কণ্ঠ: জুবিন গাৰ্গ), "যেনি যাবা সোণ..."  (কথা: দিগন্ত ভাৰতী, কণ্ঠ: মহালক্ষ্মী আয়াৰ, জুবিন গাৰ্গ), "কিনো ভাবা ইমানকৈ..."  (কথা: দিগন্ত ভাৰতী, কণ্ঠ: জুবিন গাৰ্গ, উৎপল শৰ্মা, ৰূপজ্যোতি দেৱী)।

"নায়ক"ৰ গীত: কিনো সুৰীয়া... (কথা:হেমন্ত দত্ত, কণ্ঠ: জুবিন গাৰ্গ, পামেলা জৈন), মতলীয়া বতাহে... (কথা: হেমন্ত দত্ত, কণ্ঠ: জুবিন গাৰ্গ, মহালক্ষ্মী আয়াৰ), লাহে-লাহে বাঢ়িছে... (কথা: দিগন্ত ভাৰতী, 

কণ্ঠ: জুবিন গাৰ্গ, শাশ্বতী ফুকন), মনতে নো আজি... (কথা: জুবিন গাৰ্গ, কণ্ঠ: জুবিন গাৰ্গ, অৰ্ণৱ চক্ৰৱৰ্তী),  

নায়ক হ'ব খুজি... (কথা: হেমন্ত দত্ত, কণ্ঠ: জুবিন গাৰ্গ), মন গহনত বিছাৰিলেই পাওঁ... (কথা: জুবিন গাৰ্গ, কণ্ঠ: জুবিন গাৰ্গ, ছান, পামেলা জৈন)।


"কন্যাদান"ৰ গীত: বান্ধৈ ঐ... (কথা:দিগন্ত ভাৰতী, কণ্ঠ: জুবিন গাৰ্গ), নীলা নীলা... (কথা: জুবিন গাৰ্গ, কণ্ঠ: জুবিন গাৰ্গ, কল্পনা পাটোৱাৰী), লহিয়ালে ৰঙা বেলি... ( কথা: মানস ৰবীন, কণ্ঠ: জুবিন গাৰ্গ, নিৰ্মালী দাস), সোণ-ৰূপেৰেও... (কথা: দিগন্ত ভাৰতী, কণ্ঠ: জ্যোতি প্ৰকাশ দাস, জুবিন গাৰ্গ, মানস ৰবীন, জংকী বৰঠাকুৰ), চোৱাঁ চোৱাঁ... (জুবিন গাৰ্গ, কণ্ঠ: জুবিন গাৰ্গ, মিতালী বৰকটকী), ঊল গুঁঠিব জানেনে... (কথা: মানস ৰবীন, কণ্ঠ: শাশ্বতী ফুকন, মহালক্ষ্মী আয়াৰ, জুবিন গাৰ্গ)।

ৰূপালী গল্পটোক গতি দিয়া "ঊল গোঠিঁব জানেনে নাজানে? তাই ভাত ৰান্ধিব জানেনে নাজানে? তাই তাতঁ লগাব জানেনে নাজানে?..." গীতটো "চিনেমাৰ গীত" হিচাবে জনপ্ৰিয় হৈছিল।


"বিধাতা"ৰ গীত: আলফুলে সাবতি... (কথা-কণ্ঠ: জুবিন গাৰ্গ), আঁতৰি আঁতৰি নৰ'বা... (কথা: জুবিন গাৰ্গ, কণ্ঠ: জুবিন গাৰ্গ, শাশ্বতী ফুকন), ধুনীয়া ধুনীয়া... (কথা: মানস ৰবীন, কণ্ঠ: জুবিন গাৰ্গ, শাশ্বতী ফুকন), মামা অ’ মামী অ’... (কথা: মানস ৰবীন, কণ্ঠ: জুবিন গাৰ্গ, সৌৰিণ), যা যা আঁতৰি যা... (কথা: দিগন্ত ভাৰতী, কণ্ঠ: জুবিন গাৰ্গ)

--এই চিনেমা খনত কামৰূপী লোকগীত "শ্যাম কানু..."ৰ চিনেমেটিক পয়োগ হৈছে। চিনেমা খনৰ "মামা অ’ মামী অ’ বোলো কত গ'লা..." জনপ্ৰিয় হৈছিল, "চিনেমাৰ গীত" হিচাবে। গীতটোত সুৰকাৰ জুবিন গাৰ্গে ওজাপালীৰ সুৰৰ পৰিপাটি ব্যৱহাৰ কৰিছিল। চিনেমা খনৰ "নায়ক"ৰ মনৰ কথা কোৱা গীতটো ব্যৱহাৰ হৈছিল সাহিত্যৰ ভাষাৰ পৰিৱৰ্তে। 

বৃহস্পতিবার, ৯ অক্টোবর, ২০২৫

চিকমিক বিজুলী/ ভাগ্য

নাম তাইৰ বিজুলী। সঁচা বিজুলীৰ দৰেই তাই গুৱাহাটীৰ ফাঁচী বজাৰ এলেকাত এদিন চমকি উঠিল। তাই নাচে, তাই গান গায়, তাই কালৈকো ভূক্ষেপ নকৰে। ৰহস্যময়ীৰ দৰে ঘূৰি ফুৰা বিজুলী সকলোৰে চকুৰ চিনাকি। নিঠৰুৱা বিজুলীয়ে এদিন উপায়হীন হৈ সত্ৰীয়া নাচ শিকোৱা স্কুল এখনত সোমায়। প্রথমে শিকিবলৈ শিকাবলৈ। কিন্তু বাটত বিড়ি বিকি ফুৰা বিড়িৱালাৰ স'তে নচা ছোৱালীয়ে সত্ৰীয়া নাচ শিকায় কেনেকৈ? বিজুলী অপমানিত হয়। সত্রীয়া নাচৰ স্কুল বন্ধ হৈ যায়।

চহৰৰ বিখ্যাত ব্যৱসায়ী আৰু 'পক্ষীৰাজ' বিড়ি ফাৰ্মৰ মালিক কেশ মহাজনৰ চকুত পৰে বিজুলী। কেশ মহাজনৰ সকলো ব্যৱসায়ৰ মূল মানুহ আৰু ঘাই পৰিচালক বনমালী শইকীয়াই কৌশলেৰে বিজুলীক বিড়ি প্ৰচাৰৰ কামৰ অজুহাতত লৈ আহিল। বিজুলী থাকিব চহৰৰ তথাকথিত 'বেয়া' অঞ্চলত। সংগী হ'ল বিধৱা আজলী আৰু তেওঁৰেই সন্তান ভাইটি। ভাগ্যৰ যেন এক অসহায় চিকাৰ বিজুলী। দুই হাতেৰে কৰা শ্ৰমক মর্যাদা দিয়া মানুহ প্রশান্ত মেকানিক। বিভিন্ন ভাষা-ভাষীৰ হৰজিত সিঙৰ গেৰেজ হৈ উঠে প্রশান্তৰ ঘৰ। এদিন প্রশান্তই বিজুলীক ভাল পাই বিয়াৰ প্ৰস্তাৱ দিলে, কিন্তু এই বিয়াৰ বিৰোধিতা কৰিলে কেশ মহাজন আৰু বনমালী শইকীয়াই। কিয়? কেশ মহাজনৰ বিড়িয়েই প্রধান ব্যৱসায়নে? বিয়া কিয় এওঁলোকে বন্ধ কৰিবলৈ বিচাৰিছিল? বিয়াৰ দিনা বিজুলী ক'লৈ গ'ল? ভাইটি? দৰাৰ সাজেৰে প্ৰশান্তই বা কিয় লৰ মাৰিলে? কিয়? কিয়? এনে বহু প্ৰশ্নৰ উত্তৰ 'চিকমিক বিজুলী'য়ে দিব। এই ছবিয়ে দেখুৱাব সমাজ আকাশৰ এন্ধাৰ নাশি এনেদৰেই সঁচা বিজুলীয়ে হাঁহি গৈছে। ("চিকমিক বিজুলী" বুকলেটৰ পৰা। সৌজন্য: পবিত্ৰ কুমাৰ ডেকা।)

--ভূপেন হাজৰিকাৰ "চিকমিক বিজুলী"ৰ কাহিনী-ৰেখাৰ আভাস। চিনেমা খনৰ নায়কৰ নাম-- প্রশান্ত। প্রশান্ত মেকানিক। "মেকানিক হ'লেও তেওঁ গুৱাহাটীৰ ৰাইজৰ মাজত অতি পৰিচিত। কেৱল সুদক্ষ আৰু সৎ মেকানিক বুলিয়ে নহয়, এওঁ অইন মেকানিকতকৈ কিছু পৃথক। তেওঁ নগৰৰ এটা সম্ভ্রান্ত পৰিয়ালৰ শিক্ষিত ডেকা। কোনো কামেই সৰু নহয়, এই আদর্শ লৈ তেওঁ মেকানিক হৈছে। শ্ৰমৰ মৰ্যাদা তেওঁ বৰ্তমান যুগৰ নিবনুৱা শিক্ষিত যুৱকসকলক দেখুৱাব খোজে। এই আদর্শকে লৈ তেওঁ বিয়া কৰিবলৈ এজন কেনভাছাৰৰ ৰূপহী ছোৱালী বিজুলীক।..." (উৎস: নতুন অসমীয়া/ ২৬ অক্টোবৰ ১৯৬৮)

"নায়ক" প্ৰশান্তৰ চৰিত্ৰটো নিৰ্মাণ কৰিছিল বিজয় শংকৰক লৈ। বিপৰীতে "নায়িকা" বিজুলী-- বিদ্যা ৰাও। বিজয় শংকৰ-বিদ্যা ৰাও যুটিক দৰ্শক ভাল পাইছিল। পৰিচালনা শৈলীতো দৰ্শকে "নতুন চিনেমা" অনুভৱ কৰিছিল। আৰু স্বাভাৱিকতে "বিগ বাজেট"ৰ চিনেমা খনে স্থানীয় "বিগ বজাৰ" দখল কৰিছিল। প্ৰিণ্টৰ সংখ্যা-- ৫টা। ১৭ অক্টোবৰ ১৯৬৯-ত চিত্ৰগৃহলৈ অহা চিনেমা খন প্ৰথম পৰ্যায়ত গুৱাহাটীত ৬, তেজপুৰত ৪, শিৱসাগৰত ৪ আৰু যোৰহাটত ৬ সপ্তাহ চলিছিল। গুৱাহাটীৰ চিত্ৰগৃহত তিনিটা দৰ্শনী প্ৰদৰ্শন কৰা হৈছিল। সেই সময়ৰ চৰ্চাৰ পৰা জনা যায় "চিৰাজ"ৰ বাণিজিক অভিলেখ ভংগ কৰিছিল। ("চিৰাজ" বাণিজ্যিক দিশত সফল হৈছিল; কিন্তু অপৰিপাটি "মাৰ্কেট ডিজাইন"ৰ বাবে প্ৰযোজকৰ হাতলৈ "বাজেট"ৰ ধন অহা নাছিল।)

"চিকমিক বিজুলী"ৰ বিশেষ দিশ, সেই সময়ত চৰ্চাৰ দিশ আছিল-- চিনেমা খনত ব্যৱহাৰ হোৱা গীত। চিনেমা খন চিত্ৰগৃহলৈ অহাৰ আগতেই জনপ্ৰিয় হৈছিল-- "

পক্ষীৰাজ ঘোৰা খট্ খট্ খটকৈ দৌৰা..." (কথা-সুৰ: ভূপেন হাজৰিকা, কণ্ঠ: কিশোৰ কুমাৰ, ভূপেন হাজৰিকা)। চিনেমা খনত ব্যৱহাৰ হোৱা আন কেইটা গীত-- "চম্মা থাকিলে জৰুৰ জৰুৰ পৰোৱানা যে আহিবই... (কথা-কণ্ঠ: ভূপেন হাজৰিকা), "

মৃত্যুক সাবতি সমাধি তলীতে অকলে আছোহি শুই... (কথা: ভূপেন হাজৰিকা, কণ্ঠ: জয়ন্ত হাজৰিকা), "

ঘৰ আমাৰ মাটি হয়, মাটিয়েই ঘৰ, বাটেই আমাৰ আপোন হয় আপোনেই পৰ... (কথা: ভূপেন হাজৰিকা, কণ্ঠ: ভূপেন হাজৰিকা, মুকেশ), "

মিলনৰে এই শুভক্ষণ, পখিলা উৰাদি উৰে মন..." (কথা: ভূপেন হাজৰিকা, কণ্ঠ: ভূপেন হাজৰিকা, সুমন কল্যাণপুৰ), "আ... বিজুলীৰ পোহৰ মোৰ নাই..." (কথা-কণ্ঠ: ভূপেন হাজৰিকা)। এই গীতৰ লং প্লেয়িং ৰেকৰ্ড উলিইছিল। এইখনেই আছিল লং প্লেয়িং ৰেকৰ্ড উলিওৱা প্ৰথম খন অসমীয়া চিনেমা।

কাহিনী-ৰেখাৰ গতিত ৰূপালী গল্পটোত ব্যৱহাৰ কৰিছিল মাজুলীৰ বংশ গোপাল নাট্য মন্দিৰৰ ৰাসনৃত্য। অংশ লৈছিল ভোলা কাকতী, চাৰু কাকতি আৰু ইলা কাকতিয়ে। 

আহিছোঁ-- নিৰ্মাণ পৰ্বলৈ। বলিউদৰ বিখ্যাত "ৰাজশ্ৰী"য়ে অসমীয়া চিনেমা এখন নিৰ্মাণত ভূপেন হাজৰিকালৈ সহায়ৰ হাত আগবঢ়োৱাৰ কাৰণ?

এখন চিনেমাৰ কাম হাতলৈ আহিছিল ড° ভূপেন হাজৰিকাৰ। "তক্‌দীৰ"। ৰাজশ্ৰী প্ৰডাকচনৰ চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ১৯৫৭ চনত। প্ৰযোজক পক্ষই ঠিক কৰিছিল-- হিন্দী চিনেমা খন একেলগে (১৯৬৭ চনৰ নৱেম্বৰত) সাতটা আঞ্চলিক ভাষাত মুক্তি দিব। সিদ্ধান্ত লৈছিল-- অসমীয়া ভাষালৈয়ো ডাব কৰিব। অসমীয়ালৈ ডাব কৰাব ভূপেন হাজৰিকাৰ নেতৃত্বত। ("তক্‌দীৰ"ৰ পৰিচালক: এ. চালাম,অভিনয়ত: ভাৰত ভূষণ, শালিনী,কমল কাপুৰ আদিয়ে। সংগীত লক্ষ্মীকান্ত প্যাৰেলালৰ।) ড° ভূপেন হাজৰিকা মান্তি হৈছিল, লগতে প্ৰযোজক তাৰাচান্দ বৰজাত্যক প্ৰস্তাৱ দিলে পাঁচ খন অসমীয়া চিনেমা নিৰ্মাণত সহায় কৰিব লাগিব। সেই প্ৰস্তাৱৰে প্ৰথম খন-- "চিকমিক বিজুলী"। 

"তক্‌দীৰ"ৰ অসমীয়া ৰূপ "ভাগ্য" চিত্ৰগৃহলৈ আহিছিল ১২ এপ্ৰিল ১৯৬৮-ত। অসমীয়া ৰূপটো চৰ্চালৈ আহিছিল গীতৰ বাবে। ("...গীতবোৰ লিখিছে বোম্বেৰ বিখ্যাত গীতিকাৰ আনন্দ বক্সীয়ে। চাজ চাহাবে টেপ ৰেকৰ্ডাৰ এটাত গীতবোৰ বাৰে বাৰে বজাই আমাক শুনাই দিয়ে। আমি দুয়ো ভাবার্থ অনুসৰি বঙলা ভাষাৰ আৰু অসমীয়া ভাষাৰ প্রতিশব্দ বিচৰাত ব্যস্ত হ'ব লগা হয়। অকল প্রতিশব্দ বিচাৰি পালেও নহ'ব। শব্দটো উচ্চাৰণৰ সময়ত অভিনেতা বা অভিনেত্ৰীগৰাকীৰ ওঁঠৰ সৈতে মিলি যাব লাগিব। ভাষাগত ৰূপান্তৰ কৰোঁতে মূল ছবিখনৰ ইমেজটোও বাৰুকৈয়ে চাব লগা হয়। আমাক সেইবোৰো দেখুৱাই দিছে। ইফালে গীতৰ কথাৰ যিটো গতি (Spirit) সেইটোও থাকিব লাগিব। এই সকলোবোৰ দিশ চাই মই হিন্দী গীতত থকা সেই- 'যব যব বাহাৰ আয়ে' বোলা কথাটো অসমীয়াত লিখিলোঁ 'নৱ নৱ ব'হাগ আহে' বুলি। আকৌ 'ঔৰ ফুল মুচুকুৰায়ে'টো লিখিলোঁ- 'সৰু ফুলে মিচিকি হাঁহে' আৰু 'মুঝে তুম ইয়াদ আয়ে'টো লিখিলোঁ-- 'মনে তোমাক ধিয়ায়' বুলি। 'ইয়াদ'ৰ লগত মিল ৰাখি 'বিয়ায়' কৰিলোঁ। এনেকৈ গানবোেৰ অসমীয়া কৰিবলৈ যাওঁতে বহুতো খুঁজিব লগা হৈছিল। একেই অবস্থা হৈছিল গৌৰীপ্রসন্ন মজুমদাৰে বঙলা কৰাৰ ক্ষেত্ৰতো। ডাবিং কৰাটো সঁচাকৈ বৰ কঠিন কাম - দেখাত সহজ যেন লাগিলেও।" (ড° ভূপেন হাজৰিকা /"মই এটি যাযিবৰ")। চিনেমা খনত ব্যৱহাৰ হৈছিল ছয়টা গীত-- "নৱনৱ বহাগ আহে, সৰু ফুলে মিচিকি হাঁহে, মনে তোমাকে ধিয়ায়..." কণ্ঠ: শ্যামল মিত্ৰ, ইলা বোস), "সাত সমুদ্ৰ পাৰৰে ধুনীয়াকৈ বজাৰৰে..." (কণ্ঠ: ইলা বোস আৰু 

...), "শাদী কৰাই লওক, অ’ দিলৱালো মতৱালো.."  

কণ্ঠ: তৰুণ বেনাৰ্জী), "হাঁহিকে ভগাওঁ সমভাগেৰে..." (কণ্ঠ: ইলা বোস), "কোনে জানে তোমাৰ সপোন হ’বনে পূৰণ..." (কণ্ঠ: শ্যামল মিত্ৰ), "মোৰ বুকুৰ জ্বালাত নয়ন উতলে..." (কণ্ঠ: শ্যামল মিত্ৰ)।

চিনেমা খনৰ ডাবিঙত ব্যৱহাৰ কৰিছিল ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, কুলদা ভট্টাচাৰ্য, প্ৰফুল্ল বৰুৱা, ৰত্ন ওজা, পুলক গগৈ, ৰেণু গগৈ আদিৰ  কণ্ঠ।

(তথ্য: মেঘদূত চিত্ৰগৃহত মুক্তি পোৱা "ভাগ্য" প্ৰথম খন অসমীয়া "ডাবিং" চিনেমা।)




বুধবার, ৮ অক্টোবর, ২০২৫

জুবিনৰ চিনেমা/১

জুবিন গাৰ্গৰ প্ৰথম "জনপ্ৰিয় পৰিচয়"-- সংগীত শিল্পী। 

আৰু পাছৰ পৰ্যায়ত "জনপ্ৰিয় পৰিচয়"-- চিনেমাৰ মানুহ বা চিনেকৰ্মী। 

এগৰাকী সম্পূৰ্ণ চিনেমা নিৰ্মাতা আছিল-- জুবিন।

চিনেমাৰ সংগীত পৰিচালক, চিনেমাৰ লেখক-পৰিচালক, চিনেমাৰ প্ৰযোজক আছিল-- জুবিন।

অস্পষ্ট নাছিল-- "চিনে-কলাৰ বাবে চিনেমা"ক বিশ্বাস কৰিছিল যদিও জুবিনৰ চিনে-চিন্তা আছিল, "বজাৰৰ বাবে চিনেমা"। এই দিশত সফল হৈছিল, বৈপ্লৱিক পৰিৱৰ্তন আনিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই “ইন্দ্ৰ-মালতী” (১ আগষ্ট ১৯৩৯) -ৰে আৰম্ভ কৰা চিনেযাত্ৰাক ফণী শৰ্মা, ব্ৰজেন বৰুৱা, নিপ বৰুৱা, শিৱপ্ৰসাদ ঠাকুৰ, মুনিন বৰুৱাই দিয়া গতিক আগবঢ়াই নিয়াৰ লগতে অসমীয়া চিনেমাৰ বজাৰ খন বহল কৰিছিল। কোটি টকা বাজেটৰ অসমীয়া চিনেমা এখনে অসমৰ বজাৰতে সফল ব্যৱসায় (হিট, ছুপাৰহিট) কৰিব পাৰে-- হাটে কামে স্পষ্ট কৰি দিছিল। (জুবিন গাৰ্গৰ পৰিচালনাৰে নিৰ্মিত "মিছন চাইনা"ৰ প্ৰথম তিনি দিনৰ  Box Office Collection আছিল ১.২৮ কোটি টকা। প্ৰথম পৰ্যায়ত ২কোটি টকা বাজেটৰ চিনেমা খনৰ Box Office Collection প্ৰায় ৬ কোটি টকা। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ৮ ছেপ্তেম্বৰ, ২০১৭ ত। বাজেট: ২ কোটি টকা।) 

"তুমি মোৰ মাথোঁ মোৰ"-- জুবিন গাৰ্গৰ প্ৰথম পৰিচালনা। ২০০০ চনত চিত্ৰগৃহলৈ অহা এই চিনেমা খনৰ কাহিনী (চিত্ৰনাট্য অমূল্য কাকতিৰ), পৰিচালনা, সংগীত জুবিনৰ। মূল (নায়ক) চৰিত্ৰটোত অভিনয়ো কৰিছিল জুবিনে। এখন গতানুগতিক পৰিচালনা শৈলীৰ-কাহিনীৰ ৰোমান্তিক, এক্সনধৰ্মী চিনেমা আছিল। বাণিজ্যিক দিশত সফল হোৱা নাছিল, কিন্তু গীতৰ কেছেটৰ ব্যৱসায়ে প্ৰযোজকক বাজেটৰ ধন ঘূৰাই দিছিল। কিছু লাভো হৈছিল। (অধুনালুপ্ত দৈনিক কাকত "আজি"ৰ হৈ কথা পতোতে চিনেমা খনৰ প্ৰযোজক দেৱ বৰকটকীয়ে কৈছিল-- "চিনেমা খনৰ পৰা আমাৰ লাভ হোৱা নাছিল। চিত্ৰগৃহৰ পৰা আমি চিনেমা খনৰ বাজেটৰ ধন খিনিয়ো ঘূৰাই পোৱা নাছিলোঁ। কিন্তু আমাৰ লোকচান হোৱা নাছিল। অডিঅ' কেছেটে (গীতৰ) ভাল ব্যৱসায় কৰিছিল।..." /"আজি" ২০মাৰ্চ ২০০৩)।

"আজি"ৰ নিৰ্দিষ্ট সংখ্যাটোত প্ৰযোজকৰ লগতে পৰিচালক জুবিন গাৰ্গৰ মন্তব্যও প্ৰকাশ ছপা হৈছিল, "তুমি মোৰ মাথোঁ মোৰ" প্ৰসংগত। জুবিনে কৈছিল-- "ভৱা ধৰণে বহুত কাম কৰিব নোৱাৰিলোঁ। শিকিলোঁ, ইয়াৰ পাছত যেতিয়া চিনেমা পৰিচালনা কৰিম, ভৱা ধৰণে কাম কৰাত কোনো অসুবিধা নহব। মোৰ দ্বিতীয় খন (পৰিচালনা) চিনেমা ছুপাৰ-ডুপাৰ হিট হ'ব!..."

২০০৩ চনত কৈছিল, ২০১৭ চনত কৰি দেখুৱাইছিল। স্পষ্ট হৈছিল-- "বজাৰ সফলতাৰ মন্ত্ৰ" (বজাৰ সফল মানেই চিনে-সফল নহয়।) জুবিনৰ আয়ত্বত। --হয়, জুবিনৰ দ্বিতীয় পৰিচালনা "মিছন চাইনা"।


|| "মিছন চাইনা" চৰ্চা ||


"মিছন চাইনা'"সম্পূর্ণৰূপে জুবিনৰ চিনেমা। পৰিচালক, চিত্রনাট্য, সংগীত জুবিনৰ। মূল চৰিত্ৰটোত অভিনয়োকৰিছে। ৰূপালী গল্পটোৰ গতি  জুবিনে অভিনয় কৰা চৰিত্ৰটোক কেন্দ্ৰ কৰি। চৰিত্ৰটো-- কর্ণেল গোস্বামী। 'নায়ক' কর্ণেল গোস্বামী। বি এল এফ নামৰ উগ্রপন্থী সংগঠন এটাই গৃহমন্ত্ৰীৰ কিশোৰী কন্যাক অপহৰণ কৰে। সংগঠনটোৱে কিশোৰীগৰাকীৰ বিনিময়ত ১০ লাখ টকা বিচাৰে। আৰক্ষীয়ে কর্ণেল গোস্বামীৰ সহায় লয়। কর্ণেল গোস্বামীয়ে জানিবলৈ পায় যে কিশোৰীগৰাকীক লৈ সংগঠনটোৰ নেতাগৰাকী চীনত আত্মগোপন কৰি আছে। তিনি সহযোগীৰ সৈতে কৰ্ণেল গোস্বামীৰ 'চীন অভিযান'। কাহিনী আগবাঢ়ে। দর্শকে জানিব পাৰে-- সংগঠনটোৰ 'নেতাগৰাকীক কর্ণেল গোস্বামীয়ে পূর্বেও এবাৰ বন্দী কৰিছিল যদিও পলাবলৈ সক্ষম হয়। পলাই যোৱাৰ সময়ত কর্ণেল গোস্বামীৰ প্ৰেয়সীক লৈ যায়। শেষত কর্ণেল গোস্বামীয়ে কিশোৰীগৰাকীৰ সৈতে প্রেয়সীকো উদ্ধাৰ কৰে। 

ৰূপালী গল্পটোত স্পষ্ট হয়-- প্রতীকীৰূপত  ব্যৱহাৰ কৰা ৰাৱণ-ৰাম-সীতা "চৰিত্ৰ"। লামা "ৰাৱণে" নায়িকা "সীতা"ক হৰণ কৰি বন্দী ৰাখিছে। কর্ণেল গোস্বামী "ৰামে" ৰাৱণ বধ কৰি সীতা উদ্ধাৰ কৰিছে।

আৱহ সংগীত হিচাপে ব্যৱহাৰ কৰিছে--

"নমস্তে অস্ত্র ভগৱান

বিশ্বেশ্বৰায় মহাদেৱায়

এ্যম্বকায় ত্রিপুৰাওকায়...।"

কাহিনী গতানুগতিক। পৰিচালনা শৈলী-- সাধাৰণ। (কেইখন মান বলিউদৰ মূল ধাৰাৰ চিনেমাই চুই গৈছে।) চিত্ৰগৃহত দৰ্শকৰ সহাৰি-- অসাধাৰণ।

দৰ্শকৰ সহাৰিৰ কাৰণ?

আমি এনেদৰে চৰ্চা কৰিব পাৰো-- 

দৰ্শকে ভিৰ কৰাৰ কৰণ কেৱল জুবিন ইমেজ?

-- জুবিনে পূর্বেও এখন চিনেমা পৰিচালনা কৰিছিল। 'মন যায়', 'দীনবন্ধু'ৰ দৰে অসমীয়া চিনেমাত অভিনয়ো কৰিছে। সেই চিনেমাসমূহত দৰ্শকৰ এই ভিৰ দেখা নগ'ল কিয়?

--এইবোৰ প্ৰশ্নও স্বাভাৱিকতে আমি মনত ৰাখিব লাগিব 'প্রমথ প্রশ্ন'টোৰ উত্তৰ বিচৰা সময়ত। সকলো কথা যেতিয়া চালি-জাৰি চোৱা হয়, তেতিয়া নিশ্চয় স্পষ্ট হয় 'প্ৰচাৰ পৰিকল্পনা' চিনেমাখনৰ 'বজাৰ' সফলতাৰ প্ৰথম কাৰণ। চিনেমাখনত ব্যৱহাৰ কৰা গীত, গীতৰ চিত্ৰায়ণ আৰু ইয়াৰ আগতীয়া প্ৰচাৰ 'মিছন চাইনা'ৰ 'বজাৰ সফলতাৰ' দ্বিতীয় কাৰণ। তৃতীয় কাৰণ - উন্নত কাৰিকৰী ব্যৱস্থা আৰু চিনেমাখনৰ 'বিষয়বস্তু' আৰু 'কেমেৰাৰ ভাষা'ৰ দ্রুত গতি। চতুর্থ কাৰণ- চিনেমাখনৰ  লোকেচন আৰু 'কেমেৰাৰ কাম'। কেৱল 'কেমেৰাৰ কাম' আৰু লোকেচনৰ সৌন্দৰ্য্যৰ বাবেই কেইবাটাও ছিকুরেন্স মন মগজু স্পৰ্শ কৰিব পৰা স্তৰ পাইছে।

এই দিশ স্পষ্ট-- চিনে-মানৰ প্ৰশ্নত "মিছন চাইনা" কেন্দ্ৰিক উত্তৰ ইতিবাচক নহয়।  কিন্তু জুবিনৰ "বজাৰ" কেন্দ্ৰিক চিন্তা সফল। 

|| "কাঞ্চনজংঘা" চৰ্চা ||

"আমি নতুন প্ৰজন্মৰ হয়। ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ, দেশ জ্বলাবও পাৰোঁ।" --চুই যোৱা সংলাপ।

"মই আকৌ ঘূৰি আহিম। তোৰ হাতে এসাঁজ খাবলৈ, তোৰ কোলাত একোলা শুবলৈ।" -- মনত ৰৈ যোৱা সংলাপ।

জুবিনৰ তৃতীয় পৰিচালনা-- "কাঞ্চনজংঘা"। এই চিনেমা খনৰো সংগীতৰ লগতে চিত্ৰনাট্য-পৰিচালা জুবিন গার্গৰ। মূল চৰিত্ৰটোত আভিনয় কৰিছিল জুবিনে। চিনেমা খন চোৱাৰ পাছত আমাৰ মন চুই আছিল সংলাপ সৌন্দৰ্যই। উল্লেখ কৰা সংলাপ সৌন্দৰ্য ব্যৱহাৰ কৰিছিল 'নায়ক জুবিন'ৰ মুখত। 

কব পাৰি পৰিচালক-চিত্ৰনাট্যকাৰে সাহিত্যৰ ভাষা প্ৰয়োগত গুৰুত্ব দিছে, আৱেগ নিৰ্মাণ কৰিছে; বিপৰীতে কেমেৰাৰ ভাষাৰে 'দর্শক'ৰ মনত আৱেগ নিৰ্মাণত (সৃষ্টিত!) গুৰুত্ব দিয়া নাই। "আৱেগ"-- দর্শক'ক চুই যোৱাকৈ; কিন্তু মন-মগজু জোকাৰি যোৱা নহয়। (এই খিনিতে উল্লেখ কৰাৰ প্ৰয়োজন আছে-- এই চিনেকৰ্মও জুবিনে কৰিছিল বজাৰ-চিন্তাৰে। সফল হৈছিল; কিন্তু সফলতাই "মিছন চাইনা"ক চুব নোৱাৰিলে। (১.৫ কোটি টকা বাজেটৰ চিনেমা খনৰ কালেকচন ৫.১২ কোটি টকা/২০১৯)। 

"মিছন চাইনা"ৰ দৰে এই ৰূপালী গল্পটোৰ মূল বিন্দু জুবিনে অভিনয় কৰা চৰিত্ৰটো। কাহিনী-ৰেখাৰ সৰল ৰৈখিক গতি জুবিনে অভিনয় কৰা অনির্বান চৰিত্ৰটো। অনিৰ্বানৰ বিদ্ৰোহ দুর্নীতি, চাকৰিৰ 'বজাৰ'ত ঘোচ খোৱা, মাটিৰ দালালি কৰা 'ব্যক্তি' (হয়তো ব্যৱস্থাটোৰ সৈতে!) ৰ সৈতে। 'ব্যক্তি'কেইগৰাকীক 'খলনায়ক' বুলি ধৰি লৈ আমি এনেদৰে ক'ব পাৰোঁ-- 'সংঘাত'ত ফুটেজ খৰচ কৰাত পৰিচালক আগ্রহী নহয়। আগ্রহী 'প্রতিশোধ' আৰু কেৱল 'নায়ক' নির্মাণতহে ফুটেজ খৰচ কৰাত। 'চৰিত্ৰ' নির্মাণ, 'গল্প কোৱা'ত দক্ষিণ ভাৰতীয় চিনেমাৰ প্ৰভাৱ স্পষ্ট। চিনেমাখনত 'নায়ক-খলনায়কে' আচৰণ কৰিছে দক্ষিণ ভাৰতীয় চিনেমাৰ ষ্টাইলত। অৱশ্যে এয়া অস্বাভাৱিক নহয়, যিহেতু ভাৰতীয় চিনেমাৰ 'স্থানীয় বজাৰ' দক্ষিণ ভাৰতীয় 'চিনেমা শৈলী'ৰ কব্জাত। ১৮ মে, ২০১৮ সংখ্যাত 'ফিল্ম চিটি'ৰ প্রতিবেদকে লিখিছে- 'তামিল, তেলেগু চিনেমাৰ পৰিচালকৰ চিন্তাৰে চলি আছে ভাৰতৰ চিনেমাৰ বজাৰ। হয়তো এই বাটে সফলতাৰ বাট দেখিছিল জুবিনে।

চিনেমাৰ 'ৰি-মেক' বাদ দিলে অচল হ'ব 'বলিউড বজাৰ'--জুবিনে হয়তো অনুভৱ কৰিছিল বলিউডৰ ট্ৰেড পণ্ডিতে কোৱা এই কথা। 

আমাৰ এক সমীক্ষাত স্পষ্ট হৈছে দেশৰ চিনেমা গৃহত টিকট ক্ৰয় কৰি চোৱা ৮৯.০৮ শতাংশ দর্শক'ৰে পছন্দ দক্ষিণ ভাৰতীয় চিনেমা। গতিকে ব্যৱসায়ৰ স্বাৰ্থত দক্ষিণ ভাৰতীয় চিনেমাৰ পৰিচালনা শৈলীক, চিনেমা ৰচনা শৈলীক আন অঞ্চলৰ পৰিচালকে গ্রহণ আৰু ব্যৱহাৰ কৰাটো স্বাভাৱিক। জুবিন গাৰ্গেও ব্যৱহাৰ কৰাতো অস্বাভাৱিক নহয়। কাৰণ-- জুবিনৰ লক্ষ্য "বজাৰ নিৰ্মাণ"। "বজাৰ নিৰ্মাণে"ৰে অসমীয়া চিনেমাৰ উত্তৰণ বাট আৰু বহল কৰা। 

চিনেমা খন চোৱাৰ পাছত আমি "দৈনিক অসম"ত লিখিছো-- আমাৰ ধাৰণাত পৰিচালক জুবিন গাৰ্গ ফ্ল'ৰলৈ পূৰ্বৰ দৰে এইবাৰো আহিছে দুৰ্বল চিত্রনাট্য লৈ। পূৰ্বৰ দৰে 'কেমেৰাৰ ভাষা'ৰ সৎ ব্যৱহাৰ কৰি ভালেমান শ্বট লোৱাইছে। মন ভাল লগাই যোৱা 'শ্বট', মন ভাল লগাই যোৱা 'ছিকুৱেন্স'লৈ ৰূপান্তৰো হৈছে; কিন্তু দুর্বল চিত্রনাট্যই, বিশেষকৈ নাটকীয় মুহূর্তত canned theaterৰ উদ্ধলৈ যোৱাৰ সুযোগ নিদিলে। 'চিনেমেটিক' সৌন্দর্য হ্রাস কৰিছে কেইবাটাও সংলাপ প্রধান কিছুৱেন্সে। - এনেবোৰ বহু দোষৰ মাজতো চিনেমাখনত 'দর্শক'ক ('জুবিন প্রেমী' দর্শকক নহয়, 'চিনেমা প্রেমী' দর্শকক) বহুৱাই ৰাখিছে 'গল্প' কোৱাৰ শৈলীয়ে। 'নায়ক'ৰ অতীত-বর্তমান দুপৰিকল্পিতভাৱে 'কম্প'জ' কৰি উৎকণ্ঠাৰ সৃষ্টিৰে 'দর্শক'ক 'চিনেমা'খনৰ মাজলৈ লৈ যোৱাত চিত্রনাট্যকাৰ-পৰিচালক সফল। অৱশ্যে 'গল্প' কোৱাৰ এই শৈলী 'কাঞ্চনজংঘা'ৰ চিত্ৰনাট্যকাৰ, পৰিচালকৰ 'মৌলিক' চিনেচিন্তা নহয়। 'ফ্লেছবেক'ৰ সুপ্ৰয়োগৰ লগতে চিনেমাখনৰ ভাল লগা দিশ হ'ল- গীত, গীতৰ চিত্রায়ণ আৰু সঞ্জীর হাজৰিকা, সমীৰ, অতনু ভূঞাৰ স্বাভাৱিক অভিনয়। পৰিচালকে গীত ব্যৱহাৰ কৰিছে 'নায়ক-নায়িকা'ৰ প্ৰেমৰ 'গল্প' কোৱাত, আৰু বিচ্ছেদৰ সময়ত। গীত আৰু কম সংলাপ প্রধান ছিকৱেলেৰে 'প্ৰেমৰ গল্প' কোবাত, আৰু 'নায়িকা'ৰ চৰিত্ৰটো নিৰ্মাণত চিত্রনাট্যকাৰ পৰিচালক জুবিন গাৰ্গ সফল। 'নায়িকা'ৰ দুৰ্বল অভিনয় কেমেৰাৰ ভাষা সৌন্দর্য ব্যৱহাৰেৰে ঢকাৰ প্রয়াস অৱশ্যেই স্পষ্ট। 'প্ৰেমৰ গল্প' কোৱাৰ সময়ত চুটি চুটি সংলাপ ব্যৱহাৰ ৰূপালী গল্পটোৰ সৌন্দর্য বুলি ক'ব পাৰি। গীতৰ লগতে আবহ সংগীতৰ বাবে 'সংগীত পৰিচালক' জুবিন গাৰ্গক প্রশংসা কৰিব লাগিব। প্রশংসা কৰিছোঁ।

হিংসাৰে সমাজ সংস্কাৰ!-- কেতিয়াও যোগাত্মক 'সংবাদ' হ'ব নোৱাৰে। এয়া আমি প্ৰশংসা কৰিব নোৱাৰা এটা দিশ।


|| জুবিনৰ সৈতে চিনেচৰ্চা ||


"অসমীয়া প্ৰতিদিন" লিখিছিলোঁ-- জুবিন গাৰ্গৰ পৰা এখন "লেকিন" আশা কৰোঁ। "লেকিন"ৰ  লেখক-পৰিচালক গুলজাৰ। চিনেমা খন গুলজাৰে নিৰ্মাণ কৰিছিল লতা মঙ্গেশকাৰৰ ইচ্ছাক সন্মান জনাই। "লেকিন" গীতৰ বাবে গল্প। ৰূপালী গল্পটোৰ আধাৰ লতা মঙ্গেকাৰে গোৱা গীত। গীতৰ কথা গুলজাৰৰ। সংগীত হৃদয়নাথ মঙ্গেশকাৰৰ। হিন্দুস্তানি শাস্ত্রীয় আৰু ৰাজস্থানি লোকসঙ্গীতেৰ মিশ্রণত নিৰ্মাণ (সৃষ্টি) হোৱা গীত আছিল চিনেমা খনৰ বিশেষ সৌন্দৰ্য। --জুবিন চিনেম-সংগীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতা, লেখক। "লেকিন"ৰ দৰে "জুবিনৰ গীত"ৰ বাবে এটা ৰূপালী গল্প নিৰ্মাণ কৰিব নোৱাৰিব কিয়?

লেখাটো ছপা হৈছিল ২০০৮ চনৰ কোনো এটা শুকুৰবাৰে। সেই সময়ত মই "অসমীয়া প্ৰতিদিন"ৰ সম্পাদনা বিভাগৰ কৰ্মী। লেখাটো ছপা হোৱাৰ দুদিন পাছত মান পাছত মুখা-মুখী হৈছিলোঁ জুবিনৰ সৈতে। জুবিনে কৈছিল--(এই প্ৰসংগত "অসমীয়া প্ৰতিদিন"ত  চৰ্চা কৰিছিলোঁ।) "মিউজিকেল চিনেমা এখন কৰাৰা মন আছে। চিৰিয়াছ কাম হ'ব! হয়তো (চিত্ৰগৃহত) নচলিব! 'মনযায়' নচলিল। মণিৰামে ('মনযায়'ৰ পৰিচালক) ভাল কাম কৰিছে। কিন্তু দৰ্শকৰ সংখ্যা কম। মই "লেকিন"ৰ দৰে কাম কৰাৰ আগতে দুটামান 'শ্বোলে'ৰ দৰে কাম কৰাৰ মন। 'হিয়া দিয়া নিয়া' চলিছে, ভাইমনদাৰ আন চিনেমাও দৰ্শকে চাইছে। কিন্তু আমাৰ মাৰ্কেট খন সৰু হৈ আছে। মই গোটেই অসমত, অসমৰ বাহিৰতো চলাব পৰাকৈ অসমীয়া চিনেমা কেইখনমান কৰাৰ মন আছে। 'বিগ বাজেট', 'বিগ মাৰ্কেট'। যেনেদৰে মোৰ গীত শুনিছে, মোৰ চিনেমাও চাব।...বজাৰ খন ঠিক হোৱাৰ পাছত 'লেকিন'ৰ দৰে চিনেমাৰ চিন্তা কৰিম।" 

--এই কথাত স্পষ্ট, জুবিনৰ লক্ষ্য আছিল অসমীয়া চিনেমাৰ "বহল বজাৰ" নিৰ্মাণ। আৰু দিশত সফলো হৈছিল।

--উৎপল মেনা

প্ৰকাশ: বিস্ময় (নৱেম্বৰ ২০২৫)

সোমবার, ৬ অক্টোবর, ২০২৫

জুবিনৰ চিনেমা

জুবিন গাৰ্গৰ প্ৰথম "জনপ্ৰিয় পৰিচয়"-- সংগীত শিল্পী। 

আৰু পাছৰ পৰ্যায়ত "জনপ্ৰিয় পৰিচয়"-- চিনেমাৰ মানুহ বা চিনেকৰ্মী। 

এগৰাকী সম্পূৰ্ণ চিনেমা নিৰ্মাতা আছিল-- জুবিন।

চিনেমাৰ সংগীত পৰিচালক, চিনেমাৰ লেখক-পৰিচালক, চিনেমাৰ প্ৰযোজক আছিল-- জুবিন।

অস্পষ্ট নাছিল-- "চিনে-কলাৰ বাবে চিনেমা"ক বিশ্বাস কৰিছিল যদিও জুবিনৰ চিনে-চিন্তা আছিল, "বজাৰৰ বাবে চিনেমা"। এই দিশত সফল হৈছিল, বৈপ্লৱিক পৰিৱৰ্তন আনিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই “ইন্দ্ৰ-মালতী” (১ আগষ্ট ১৯৩৯) -ৰে আৰম্ভ কৰা চিনেযাত্ৰাক ফণী শৰ্মা, ব্ৰজেন বৰুৱা, নিপ বৰুৱা, শিৱপ্ৰসাদ ঠাকুৰ, মুনিন বৰুৱাই দিয়া গতিক আগবঢ়াই নিয়াৰ লগতে অসমীয়া চিনেমাৰ বজাৰ খন বহল কৰিছিল। কোটি টকা বাজেটৰ অসমীয়া চিনেমা এখনে অসমৰ বজাৰতে সফল ব্যৱসায় (হিট, ছুপাৰহিট) কৰিব পাৰে-- হাটে কামে স্পষ্ট কৰি দিছিল। (জুবিন গাৰ্গৰ পৰিচালনাৰে নিৰ্মিত "মিছন চাইনা"ৰ প্ৰথম তিনি দিনৰ  Box Office Collection আছিল ১.২৮ কোটি টকা। প্ৰথম পৰ্যায়ত ২কোটি টকা বাজেটৰ চিনেমা খনৰ Box Office Collection প্ৰায় ৬ কোটি টকা। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ৮ ছেপ্তেম্বৰ, ২০১৭ ত। বাজেট: ২ কোটি টকা।) 

"তুমি মোৰ মাথোঁ মোৰ"-- জুবিন গাৰ্গৰ প্ৰথম পৰিচালনা। ২০০০ চনত চিত্ৰগৃহলৈ অহা এই চিনেমা খনৰ কাহিনী (চিত্ৰনাট্য অমূল্য কাকতিৰ), পৰিচালনা, সংগীত জুবিনৰ। মূল (নায়ক) চৰিত্ৰটোত অভিনয়ো কৰিছিল জুবিনে। এখন গতানুগতিক পৰিচালনা শৈলীৰ-কাহিনীৰ ৰোমান্তিক, এক্সনধৰ্মী চিনেমা আছিল। বাণিজ্যিক দিশত সফল হোৱা নাছিল, কিন্তু গীতৰ কেছেটৰ ব্যৱসায়ে প্ৰযোজকক বাজেটৰ ধন ঘূৰাই দিছিল। কিছু লাভো হৈছিল। (অধুনালুপ্ত দৈনিক কাকত "আজি"ৰ হৈ কথা পতোতে চিনেমা খনৰ প্ৰযোজক দেৱ বৰকটকীয়ে কৈছিল-- "চিনেমা খনৰ পৰা আমাৰ লাভ হোৱা নাছিল। চিত্ৰগৃহৰ পৰা আমি চিনেমা খনৰ বাজেটৰ ধন খিনিয়ো ঘূৰাই পোৱা নাছিলোঁ। কিন্তু আমাৰ লোকচান হোৱা নাছিল। অডিঅ' কেছেটে (গীতৰ) ভাল ব্যৱসায় কৰিছিল।..." /"আজি" ২০মাৰ্চ ২০০৩)।

"আজি"ৰ নিৰ্দিষ্ট সংখ্যাটোত প্ৰযোজকৰ লগতে পৰিচালক জুবিন গাৰ্গৰ মন্তব্যও প্ৰকাশ ছপা হৈছিল, "তুমি মোৰ মাথোঁ মোৰ" প্ৰসংগত। জুবিনে কৈছিল-- "ভৱা ধৰণে বহুত কাম কৰিব নোৱাৰিলোঁ। শিকিলোঁ, ইয়াৰ পাছত যেতিয়া চিনেমা পৰিচালনা কৰিম, ভৱা ধৰণে কাম কৰাত কোনো অসুবিধা নহব। মোৰ দ্বিতীয় খন (পৰিচালনা) চিনেমা ছুপাৰ-ডুপাৰ হিট হ'ব!..."

২০০৩ চনত কৈছিল, ২০১৭ চনত কৰি দেখুৱাইছিল। স্পষ্ট হৈছিল-- "বজাৰ সফলতাৰ মন্ত্ৰ" (বজাৰ সফল মানেই চিনে-সফল নহয়।) জুবিনৰ আয়ত্বত। --হয়, জুবিনৰ দ্বিতীয় পৰিচালনা "মিছন চাইনা"।