শুক্রবার, ৩১ ডিসেম্বর, ২০২১

ৰমেন নাথ, জোনাক, বিদুৰভাই ইত্যাদি

ৰমেন নাথ, জোনাক, বিদুৰভাই ইত্যাদি
                          (এক)
  কেইটামান শব্দ। সুৰেৰে বান্ধি ছন্দত ছটিয়াই (নে দলিয়াই! কিয় জনো প্ৰথমবাৰ শুনাৰ সময়ত শব্দবোৰ দলিয়াই দিয়া যেন লাগিছিল। একাংশ শব্দ!) দিয়া শব্দ। মগজুত স্পৰ্শ কৰি হৃদয়ত ৰৈ যোৱা শব্দ। শব্দবোৰ বাক্য হৈছিল। বাক্যবোৰ গল্প হৈছিল। নিৰ্মাণ হোৱা গল্পটোত বাস্তৱৰ ছবি স্পষ্ট হৈছিল। --হয়, গীতৰ কথা কৈছো। এটা গীতৰ-- "ৰমেন নাথ নামৰ এজন সুখী লোক..."। গীতটোৰ "গল্পৰ বৃত্ত' তিনিটা পৰিয়াল -- ৰমেন নাথৰ, ভড়ালী খুড়া, কাকতি জেঠীৰ। পৰিয়াল তিনিটাৰ সুখ-দুখৰ কথাৰে নাৰীজনিত অপৰাধ, যুৱ-উচ্ছৃংখলতাৰ সুৰীয়া ছবি আঁকিছে কণ্ঠশিল্পী ৰূপম ভূঞাই। ৰূপমৰ গায়ন শৈলী সুকীয়া,কণ্ঠ হৃদয় ছুই যোৱা। কিন্তু এই গীতটোৰ সৌন্দৰ্য গায়কী-কণ্ঠতে শেষ নহয়। গীতটোৰ সৌন্দৰ্য নিৰ্মাণ হৈছে কথা, সংগীত  সুৰকে ধৰি প্ৰতিটো দিশৰ সুপৰিকল্পিত প্ৰয়োগত। সৌন্দৰ্য নিৰ্মাণৰ মূল মন্ত্ৰ-- ফ্রেম। গীতৰ ফ্ৰেম নিৰ্মাণ কথা-সুৰ কেন্দ্ৰীক। গতিকে কব লাগিব গীতটোক শব্দ দিয়া চন্দনা পাঠক, সুৰ দিয়া ৰাণা বুঢ়াগোহাই আৰু গায়ক ৰূপম ভূঞাৰ সাংগিতিক সৌন্দৰ্য-- "ৰমেন নাথ নামৰ এজন সুখী লোক..."।
                         (দুই)
        কোৱা হয়, সেইটোৱে "ভাল গীত" য'ত নান্দনিক অনুভৱৰ অৱকাশ থাকে। এই গুণ স্পষ্ট  "মাতিলেই নামি অহা জোনাক..."ত। তৰালি শৰ্মাৰ "ডেউকা" প্ৰকল্পৰ গীত। গীতটোৰ সম্পূৰ্ণ নিৰ্মাণ কৰ্ম তৰালিৰ। লেখিকা-গায়িকা তৰালিয়ে শ্ৰোতাক "জোনাকৰ ছবি" অনুভৱৰ অৱকাশ দিছে। শ্ৰোতাক মনৰ মাজত জোনাকৰ ছবি এখন অঁকাৰ অৱকাশ দিছে। আমি গীতটো শুনিছিলো গীতটোৰ দৃশ্যকৰ্মৰ কাৰবাৰ আৰম্ভ হোৱাৰ আগতে। কিন্তু দৃশ্যমাধ্যমত গীতটো জনপ্ৰিয় হোৱাৰ পিছত গীতটো শ্ৰোতা-দৰ্শকে ভিডিঅ' পৰিচালকৰ দৃষ্টিৰে চাবলৈ বাধ্য হৈছে বা চাইছে। দৃশ্যমাধ্যমত গীতটোৰ "গল্প"ই দুটা বিন্দু হৈ গতি কৰিছে-- আকাশৰ জোনাক, মাটিৰ জোনাক। মাটিৰ জোনাক মানে পৰিচালকে নিৰ্মাণ কৰা জোনাক নামৰ 'নায়ক চৰিত্ৰ'। গীতটো নাটক-সংলাপেৰে আৰম্ভ কৰিছে, গীতৰ মাজে-মাজেও নাটক-সংলাপ প্ৰয়োগ কৰিছে। কব পাৰি পৰিচালক মঞ্জুল বৰুৱাই তৰালিৰ গীতটো সংগীত প্ৰধান চুটি চিনেমালৈ ৰূপান্তৰ কৰিছে। কব পাৰি এখন সুপৰিকল্পিত musical short cinema "মাতিলেই নামি অহা..."।
                       ( তিনি)
arranged -- চুটি চিনেমা। সমুজ্বল কাশ্যপৰ পৰিচালনা। অভিনয় কৰিছে ৰঞ্জীৱ লাল বৰুৱা, লিমা দাস, উদয়ন দুৱৰা আদিয়ে। দুটা "গল্প" চাইছো। মন ছুই গৈছে। গল্প কোৱাৰ শৈলী, মেদ মুক্ত সংলাপ আৰু নাটকীয় মেদ শূন্য অভিনয়ৰ  (real acting!)ৰ বাবে।
গল্প কোৱাৰ শৈলী আৰু মেদ মুক্ত সংলাপৰ লগতে বিষয়বস্তুৰ বাবে মন চুই আছে আন ( এটা web series) এক চুটি চিনেকৰ্ম-- "বিদুৰভাই"-এ।
                         (চাৰি)
"বেল বটম"-- এখন হিন্দী চিনেমা। বেয়া দিনত বেয়া ব্যবসায় কৰা চিনেমা। ১৭০ কোটি টকা বাজেটৰ হিন্দী চিনেমা খনে ব্যবসায় কৰিছে ৫০. ৫৮ কোটি টকাহে। ৰঞ্জিত এম তিৱাৰীয়ে পৰিচালনা কৰা চিনেমা খনৰ কাহিনী ১৯৮০ ৰ দশকৰ খালিস্তানি বিচ্ছিন্নতাবাদী কেন্দ্ৰীক। অভিনয় কৰিছে অক্ষয় কুমাৰ,লাৰা দত্তা, হুমা কুৰেছি আদিয়ে। স্বাভাবিকতে চিনেমা খনে ভাল ব্যবসায় কৰিব লাগিছিল। এটা ধাৰণ আছে অক্ষয় কুমাৰৰ চিনেমা মানেই "ভাল চিনেমা"! অক্ষয় কুমাৰৰ "ভাল চিনেমা"ৰ বজাৰ আছে! ট্ৰেড ৰিপ'ৰ্টত স্পষ্ট-- এই ধাৰণা যে অশুদ্ধ নহয়। এতিয়া আমি এনেদৰে কম নেকি --ওটিটি (over-the-top) মাধ্যমত প্ৰায় প্ৰতিদিনে হৈ থকা ভিন্ন ৰসৰ, উন্নত মানৰ চিনেকৰ্ম হেঙাৰ হৈছে বিগবাজেটৰ ৰূপালীকৰ্ম!
            ওটিটি মাধ্যমৰ বাবে কৰা চিনেকৰ্মৰ বাবে কোনো চেঞ্চৰ ব্যৱস্থা নাই। আৰু হোৱাৰ আশাও নাই। বিষয়টো চৰ্চলৈ নহা নহয়। যি সময়ত চৰ্চ হৈছিল, সেই সময়ত ভাৰত চৰকাৰৰ নিৰ্দিষ্ট বিভাগটোৰ ফালৰ পৰা কোৱা হৈছিল-- "It is easy to censor 50 or 100 movies released in a year. But censoring OTT's thousands of content is not an easy task. That is why we have drafted a policy as is being done in other countries including India which will be issued in the form of notification after scrutiny. So that our culture, culture, heritage is not damaged or misleading the society and people, foreign culture is not encouraged or can not confuse our young society." গতিকে মুকলি মনেৰে চিনেকৰ্ম কৰাৰ বাট মুকলি হৈ আছে আজিৰ তাৰিখতো। মুকলি মনেৰে চিনেকৰ্ম কৰাৰ বাট মুকলি মানে ভাল কাম কৰাৰ বাটো মুকলি-- নহয় জানো!

সোমবার, ২৭ ডিসেম্বর, ২০২১

কথাছবি নহয়/২

সাহিত্যৰ ভাষাৰ মাজতে কেমেৰাৰ ভাষাই আমাক চুই যোৱা দুখন হিন্দী চিনেমা ‘শব্দ’ আৰু চৰকাৰ ৰাজ। কেমেৰাৰ ফ্লেমত অমিতাভ বচ্চনক, ঐশ্বর্য ৰায়ক, অমিতাভ-ঐশ্চর্যক লৈ ক্লোজ শট ব্যৱহাৰ কৰি ৰামগোপাল বাৰ্মাই ‘চৰকাৰ ৰাজত যি চিনেমেটিক সৌন্দৰ্য ৰচনা কৰিছে, সেয়া চিত্ৰৰসিকৰ মন-মগজুত ৰৈ যায়। শ্বটৰ গাণিতিক ব্যৱহাৰ দক্ষ পৰিচালকৰ পক্ষেহে এনে ‘সৌন্দৰ্য’ ৰচনা সম্ভৱ। চিনেমাখনৰ ছাবজেক্ট মুভমেণ্ট, কেমেৰা মুভমেণ্ট আদি অতি পৰিপাটি। তেনেদৰে লীনা যাদৱৰ পৰিচালনাৰে নিৰ্মাণ কৰা ‘শব্দ’ৰ কেমেৰাৰ ভাষা কেইবাটাও ছিকুৱেন্সত হৈ পৰিছিল সহজ-সৰল, মন চুই যোৱা কবিতা— মগজুত ৰৈ যোৱা সুন্দৰ কবিতা। কেমেৰাৰ ভাষাৰে এনে ‘কবিতা’ ৰচনাৰ বাবে ‘বিগ বাজেট’ৰ প্ৰয়োজন নাই, প্রয়োজন মাথোঁ ‘বিগ চিন্তা শক্তি’ৰ।
শেহতীয়াভাৱে অসমৰ তৰুণ পৰিচালকসকলেও কেমেৰাৰ ভাষাক গুৰুত্ব দিয়া দেখা গৈছে। বিশ্বজিত বৰাৰ ‘ফেঁহুজালি’, এম মণিৰাম ‘সন্ধিক্ষণ’ শেহতীয়া উদাহৰণ।

‘সন্ধিক্ষণ’ৰ কাহিনী আৰম্ভ কৰিছে ‘কেমেৰাৰ ভাষা’ৰে। উচ্চ কৌণিক শ্বট। কেমেৰাৰ ফ্ৰেমত মহানগৰীৰ ৰাজপথ, গাড়ী মটৰেৰে গিজগিজাই আছে। গোমা পৰিৱেশ। কিছু সময় পাছতে দৰ্শকে জানিব পাৰে— এজন ব্যক্তিক অপহৰণ কৰা হৈছে। তিনিদিন ধৰি সন্ধান পোৱা নাই। ক'ব পাৰি অপহৃত ব্যক্তিগৰাকীয়েই চিনেমাখনৰ ‘নায়ক’। (নায়কক পৰ্দালৈ অনা নাই। ‘কেমেৰাৰ ভাষাৰে আৰু কম সংলাপেৰে ‘আকাৰ’ দিছে।)

চিনেমাখনৰ শেষাংশত দেখা যায় অপহৃত ‘নায়ক’ৰ পত্নী হাহাকাৰৰ মাজত। সময় দুঃসময় হৈ পৰে। ক্ষোভত ‘সময়’ক স্তব্ধ কৰি দিব খোজে ঘৰত থকা ঘড়িবোৰ ভাঙি । সেয়া জানো সম্ভৱ ! ঘড়িৰ কাঁটাই গতি কৰিয়ে থাকে নিৰ্দিষ্ট ছন্দত। কেমেৰাৰ ভাষা, শব্দৰ সহায়ত অৰ্থপূৰ্ণ মোখনি। ক’ব পাৰি সু-পৰিকল্পিত চিনেমেটিক কবিতা, কিন্তু দুর্বোধ্য।

‘ফেঁহুজালি’ত দেখা যায়—‘নায়ক’ আছিল (শ্বিলং) কলেজৰ অধ্যাপক। পেঞ্চন নোপোৱা চাকৰি। অৱসৰৰ পিছত ভাড়াতীয়াৰ পইচাৰে চলিব লাগে। সেই কথা মানুহজনৰ বাবে সুখকৰ নহয়। কাহিনী আগবাঢ়ে। মানুহজনৰ পত্নী আছিল শিক্ষয়িত্রী। একমাত্ৰ জীয়ৰী বিয়াৰ পিছত স্বামীৰ সৈতে দেশৰ বাহিৰত থাকে। মানুহজনৰ পত্নী ডিমনেছিয়া ৰোগত আক্রান্ত। ক্ষোভ-বেদনাৰে ভৰি পৰে মানুহজনৰ মন। মৰমেৰে জীৱন সুন্দৰ কৰা পত্নীয়ে এতিয়া মানুহজনক চিনিয়ে নাপায় ৷ জীৱনৰ বিয়লি বেলাৰ মন-মগজু কঁপোৱা হৃদয়বিদাৰক ছবি আঁকিছে কেমেৰাৰ ভাষাক গুৰুত্ব দি, কম ‘সাহিত্যৰ ভাষা’ ব্যৱহাৰ কৰি। পৰিচালকে কেৱল কেমেৰাৰ ভাষাৰে নিৰ্মাণ কৰিছে কেইবাটাও হৃদয় চুই যাব পৰা ছিকুৱেন্স।

চিনেমাখনৰ প্ৰথমটো ছিকুৱেন্স আছিল তেনেই সৰলৰৈখিক। খটখটিৰে মানুহজন তললৈ নামি আহিছে, দৰ্শকে অস্পষ্টভাৱে শুনিছে ‘নাৰী কণ্ঠ’। কিছু সময় দর্শকক উৎকণ্ঠাৰ মাজত ৰাখিহে পৰ্দালৈ আনিছে সেই নাৰী কণ্ঠক— মানুহজনৰ ডিমনেছিয়াত আক্রান্ত পত্নীক ।

শেষত এটা কথা অৱশ্যেই স্পষ্ট কৰিম—‘ফেঁহুজালি’, ‘সন্ধিক্ষণ’ক মুকলি মনেৰে কেমেৰাৰ কবিতা বুলি ক’ব পৰা নাযায়, ‘কেমেৰাৰ ভাষা'ই গুৰুত্ব পোৱা চিনেমা বুলিহে ক'ব পৰা যায়।
( ৰচনাকাল ২০১৮। প্রকাশ পাইছিল'বিস্ময়'ত।)

কথাছবি নহয়/১

বৰষুণৰ টোপাল সৰে। টোপাল সৰাৰ গতি দ্রুত হয়। টোপাল (পুখুৰী নে নদীৰ) পানীত পৰে। টোপালে পানীত এক ছন্দৰ সৃষ্টি কৰে। ছন্দই সৌন্দৰ্যৰ সৃষ্টি কৰে। ‘ক্রেডিট টাইটলছ’ শেষ নোহোৱালৈকে বৰষুণৰ টোপালৰ সৌন্দৰ্য দৰ্শকৰ চকুত পৰিয়ে থাকে। সন্দেহ নাই সেই সৌন্দর্যই দৰ্শকক বহুৱাই ৰখাত সহায় কৰেবৰষুণৰ টোপাল সৰে। টোপাল সৰাৰ গতি দ্রুত হয়। টোপাল (পুখুৰী নে নদীৰ) পানীত পৰে। টোপালে পানীত এক ছন্দৰ সৃষ্টি কৰে। ছন্দই সৌন্দৰ্যৰ সৃষ্টি কৰে। ‘ক্রেডিট টাইটলছ’ শেষ নোহোৱালৈকে বৰষুণৰ টোপালৰ সৌন্দৰ্য দৰ্শকৰ চকুত পৰিয়ে থাকে। সন্দেহ নাই সেই সৌন্দর্যই দৰ্শকক বহুৱাই ৰখাত সহায় কৰে। আমাকো বহুৱাই ৰাখিছিল। সেই ‘চিনেমেটিক’ সৌন্দর্যই। এখন নিঃশব্দ চুটি চিনেমা। নাম—‘ব্লেক লিলি’। পৰিচালক মহেশ পি ম’ৰে আৰু চিনেমাটোগ্ৰাফাৰ বিজয় মহাজন-প্রশান্ত যাদৱ যুটীয়ে ‘ব্লেক লিলি’ নামেৰে কেৱল ‘চিনেমেটিক সৌন্দর্য'ই নিৰ্মাণ কৰা নাই, সু-পৰিকল্পিতভাৱে, সহজ সৰলভাৱে কাহিনী এটাও কৈছে। পৰিচালকগৰাকীয়ে হাতে-কামে প্ৰমাণ কৰি দেখুৱাইছে ৰেণে ক্লেয়াৰে কোৱা— ‘কেমেৰাৰ ভাষা প্রয়োগহে মূল কথা, সাহিত্যৰ ভাষা নোহোৱাকৈয়ে চিনেমা নির্মাণ হ’ব পাৰে, দৰ্শকে বুজাকৈ।' - কথাষাৰ। এটা কথা ঠিক— চিনেমালৈ কথা অহাৰ পাছত কেমেৰাৰ ভাষাৰ লগতে ‘সাহিত্যৰ ভাষা’ৰ সু-প্ৰয়োগ হোৱা চিনেমাখনকহে ‘ভাল চিনেমা’ বুলি কোৱা হয়। ‘চিনেমাৰ ব্যাকৰণ’ অধ্যয়ন নকৰা বা নজনাসকলৰ মতে আকৌ ‘সাহিত্যৰ ভাষা’ৰ সু-প্ৰয়োগ হোৱাখনেই ‘ভাল চিনেমা’। সংলাপ আৰু ‘বিষয়বস্তু’তেই শেষ ‘চিনেমা আলোচনা’। এনে পৰিৱেশত ‘কথাচিনেমা’ স্তৰৰ ‘চিনেকর্ম’কে আমি ‘ভাল চিনেমা’ বুলি হজম কৰিবলৈ চেষ্টা কৰি আছোঁ, আৰু তেনে চিনেমাক ‘ছিৰিয়াছ চিনেমা’ বা ‘আৰ্ট চিনেমা’ নাম দি ছিৰিয়াছ আলোচনীত ছিৰিয়াছ সমালোচনা লিখি আনন্দ লাভ কৰিছোঁ। বাস্তৱত এই ভুল চিনেমা আলোচনাৰ বাবেই আজিৰ তাৰিখতো অসমীয়া চিনেমা বহুদূৰ পিছপৰি আছে।

চিনেমাৰ ভাষা এটায়েই বুলি কোৱা হয়। ইয়াৰ অৰ্থ কেমেৰাৰ ভাষাই চিনেমাৰ ভাষা ৷ সেয়েহে সেইখন চিনেমাকে ভাল চিনেমা বুলি কোৱা হয়, যিখন চিনেমা বুজাত ‘ভাষা’ বাধা নহয়। এনে এখন চিনেমা— ‘চ’লমা’। অসমৰ অন্যতম জনগোষ্ঠী তিৱা ভাষাৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ চিনেমা। সুমীৰ দেউৰীয়ে পৰিচালনা কৰা চিনেমাখন ত্রুটিমুক্ত নহয়, সু-পৰিকল্পিত নহয়, কিন্তু সুন্দৰ। সংলাপ নুবুজাকৈ চিনেমাখন বুজাত দিগদাৰ পোৱা নাই।‘ব্লেক লিলি’ৰ দৰে এই চিনেমাখনতো আছে দৰ্শকক বহুৱাই ৰাখিব পৰা, ‘কেমেৰাৰ ভাষাৰে নিৰ্মাণ কৰা চিকুৱেন্স।

‘সাহিত্যৰ ভাষা’ (সংলাপ)ক গুৰুত্ব দি নিৰ্মাণ হোৱা চিনেমা এখনকো তেতিয়াহে সফল ‘চিনেকৰ্ম’ বুলি ক’ব পাৰি, যেতিয়া কেমেৰাৰ ভাষাৰ সু-প্রয়োগ হয়। অন্যথা সু-বিষয়বস্তু, সংলাপৰ চিনেমা এখনো ‘Canned theatre’ পর্যায়তে থাকি যায়। চিনেমাৰ ছাত্ৰ হিচাপে আমি অনুভৱ কৰোঁ, ‘চিনেপণ্ডিত’ ৰুডলফ আর্নহেইমে কোৱাৰ দৰে সবাক চিত্ৰত সংলাপক বাস্তৱৰ অংশ হিচাপেহে ব্যৱহাৰ কৰিব লাগে, শিল্পৰ ৰূপ হিচাপে নহয়। অসম মুলুকত কিন্তু সংলাপকো চিনেমা শিল্পৰ ৰূপ বুলি ধৰা হয়। কেবল সংলাপ ব্যৱহাৰৰ সফলতাৰ বাবেই চিনেমা এখনক ‘শ্রেষ্ঠ চিনেমা’ৰ আসনত ৰখা হয়। ("চিনেমা-চিনেমা"ৰ পৰা।)

শুক্রবার, ২৪ ডিসেম্বর, ২০২১

দুৰ্গা-The Warrior

দুৰ্গা-- The Warrior" এখন অসমীয়া চিনেমা। নাট্যকৰ্মীৰ চিনেমা। নাট্যকৰ্মী কিশোৰ তহবিলদাৰে লিখিছে, পৰিচালনা কৰিছে।
                 তিনি বছৰ পূৰ্বে 'ফোন'ত কিশোৰ তহবিলদাৰক লগ পাইছিলো। কৈছিল, "আপোনাৰ সৈতে চিনেমাৰ কথা পাতিব লাগিছিল!" আমি 'আহিব পাৰে' বুলিছিলো। কিশোৰ তহবিলদাৰ আহিছিল। আমাৰ চিনেমাৰ আলোচনা আগবাঢ়িছিল। সেই দিনায়ে বুজিছিলো নাট্যকৰ্মী গৰাকীয়ে কেমেৰৰ পিছত কাম কৰিবলৈ নিজকে সাজু কৰিছে। আমাৰ লগত যে চিনেমা চৰ্চা কৰিছিল সেয়াও আছিল চিনে  কচৰৎ। ২০১৮ চনৰ শেষৰ ফালে নাট্যকৰ্মী গৰাকীয়ে কৈছিল-- "চিনেমাৰ কাম আতি সোনকালে আৰম্ভ কৰিম।" কৰিছিলো। কিন্তু চিনেমাৰ কাম আগবঢ়োৱাৰ সুযোগ পোৱা নাছিল। 'লকডাউন'ৰ বাবে আন বহুতৰে দৰে কিশোৰ তহবিলদাৰৰো চিনেমা খনৰ কাম স্থবিৰ হৈছিল। চিনেমা খনৰ কামহে ৰৈ গৈছিল, চিনে কচৰৎ কিন্তু দ্ৰুত হৈছিল। পৰিচালনা কৰিছিল দুখন চুটি চিনেমা। এখন ভাল চিনেমা আশা কৰিব পৰা চুটি চিনেমা। আৰু আমি আশাৰে অপেক্ষা কৰি আছিলো চিনেমা "দুৰ্গা-- The Warrior"লৈ।
                 যোৱা মাহৰ শেষৰ ফালে কিশোৰ তহবিলদাৰৰ প্ৰস্তাৱ --চিনেমা খনৰ সম্পাদনা, সংগীত আদিৰ কাম চলি আছে। "আপুনি এবাৰ চালে উৎসাহ পালো হেতেন!" কলো, এতিয়া নহয়, পম্পূৰ্ণ হ'লেহে চাম। এতিয়া শুনো, আপোনাৰ পৰা। কিশোৰ তহবিলদাৰে ক'লে -- "চিনেমা খনৰ প্ৰযোজনা ডা: উৎপল তহবিলদাৰৰ। দুৰ্গাৰ(নাম ভূমিকাত)  চৰিত্ৰত অভিনয় কৰিছে অপেচাদাৰী মঞ্চৰ প্ৰতিষ্ঠিত অভিনেত্ৰী বৰপেটাৰ দীপা দাসে। অপেচাদাৰী মঞ্চৰ বলিষ্ঠ অভিনেতা অক্ষেণ ৰয়, কে.কে খ্যাত সিদ্ধাৰ্থ শৰ্মা, জয়ন্ত দাস, মহেন্দ্ৰ দাস, ঈশান হাজৰিকা,অসীমকৃষ্ণ বৰুৱা, কবিন দাস, ৰুমী ভূঞা আদিকৰি বহুত কেইজন টিভি ধাৰাবাহিক আৰু ৰুপালী পৰ্দাৰ প্ৰতিষ্ঠিত অভিনেতা অভিনেত্ৰীৰ লগতে নবগঠিত বজালী জিলাৰ প্ৰায়  চাৰিশ ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে।
আৱহ সঙ্গীত কৰিছে ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত সঙ্গীত শিল্পী তৰালী শৰ্মাই, চাউণ্ড ডিজাইন-মিক্সিঙ কৰিছে ৰাষ্ট্ৰীয় বটা প্ৰাপ্ত চাউণ্ড ইঞ্জিনীয়াৰ দেবজিৎ গায়নে।  ডি.আই কৰিছে 'মিচন চাইনা', 'কাঞ্চনজঙ্ঘা', 'ৰত্নাকৰ ', 'ব্ৰীজ'ৰ কালাৰিষ্ট ৰাজেশ যাদৱে।"
                আৰু কাহিনী, বিষয় বস্তু?
                " ২০২০ চনত বিশ্ব স্বাস্হ্য সন্থাই প্ৰকাশ কৰা মতে সমগ্ৰ বিশ্বতে প্ৰতি বছৰে মদ্যপান কৰাৰ বাবে বছৰি একৈশ লাখ নব্বৈ হেজাৰ মানুহ মৃত্যু মুখত পৰে। বিশ্বজুৰি মদ্যপান  মাৰাত্মক ব্যাধি হিচাপে চিহ্নিত হোৱাৰ পিছতো কিন্তু  চৰকাৰে ৰাজহ অৰ্জনৰ উদ্দেশ্যে গাৱে-ভূঞে মদৰ দোকান খুলিবলৈ লাইচেঞ্চ দিয়েই আছে। আৱকাৰী বিভাগ এটা থকাৰ পিছতো চুলাই মদৰ ঘাটিত চুলাই মদ উৎপাদন হৈয়েই আছে। ফলত চুলাই মদৰ ঘাটি থকা অঞ্চলত  বেছি সংখ্যক পুৰুষে মদ্যপান কৰে আৰু তেওঁলোকৰ গঢ় আয়ুস ৫০-৫৫।  আৰু দেখা গৈছে ঠায়ে ঠায়ে চুলাই মদৰ বিষক্ৰীয়া হৈ মানুহ মৰিয়েই আছে। এনে এক পটভূমিতে 'দুৰ্গা-The Warrior' চিনেমাখন নিৰ্মাণ কৰা হৈছে।  মোৰ উদ্দেশ্য কাহিনীৰে মদপীবোৰৰ পৰিয়াল, সমাজৰ কথা আঙুলিয়াই দি সমাজখনক সজাগ কৰা।"  --কিশোৰ তহবিলদাৰে ক'লে।
                আমাৰ ধাৰণাত কিশোৰ তহবিলদাৰে "দুৰ্গা-The Warriorদুৰ্গা-The Warrior" পৰিচালনা কৰিছে দৰ্শকৰ কথা বা "স্থানীয় বজাৰ"ৰ কথা মনত ৰাখি। যদি মহোৎসৱ যাত্ৰাৰ সুযোগ পায়, বঁটা ইত্যাদি লাভ কৰে --সেয়া হব পৰিচালক গৰাকীৰ বাবে বোনাচ। আমি আাশা কৰিম নাট্যকৰ্মী গৰাকীয়ে বোনাচ লাভ কৰক, "স্থানীয় বজাৰ"তো সফল হওক।
               

বৃহস্পতিবার, ২৩ ডিসেম্বর, ২০২১

'ভাষিক ৰূপান্তৰে সংগীতৰ দিগন্ত প্ৰসাৰিত কৰে, সংস্কৃতত এই গতি ফলপ্ৰসূ আৰু তৰান্বিত হয়'

(প্ৰেছ বিজ্ঞপ্তি)
যোৱা ২২ ডিচেম্বৰ তাৰিখে কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়, নতুন দিল্লীৰ অধীনত নগাওঁ ছোৱালী মহাবিদ্যালয়ত 
'অনৌপচাৰিক সংস্কৃত শিক্ষণ পাঠ্যক্ৰম- ২০২১-২২'ৰ উদ্ঘাটন সমাৰোহ সফলভাৱে অনুষ্ঠিত হয়। এই পাঠ্যক্ৰমৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা দহদিনীয়া সংস্কৃত সম্ভাষণ শিবিৰৰো সামৰণি পৰে। সংকল্প মন্ত্ৰ আৰু স্বাগত গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত সভাপতিৰ আসন গ্ৰহণ কৰে মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপিকা ডঃ মীৰা বৰুৱাই। পাঠ্যক্ৰমটিৰ সংযোজিকা অধ্যাপিকা ৰশ্মি ডেকাই সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু উপাধ্যক্ষা কল্পনা ভট্টাচাৰ্যই  সংস্কৃত শিক্ষণ পাঠ্যক্ৰম কেন্দ্ৰটিৰ আনুষ্ঠানিক উদ্ঘাটন কৰে। সভাত ''আধুনিক ভাৰতীয় গীতি-সাহিত্যৰ সংস্কৃত অনুবাদ: সংস্কৃতিৰ নতুন দিগন্তৰ সন্ধানত'' সন্দৰ্ভত মনোজ্ঞ বক্তৃতা প্ৰদান কৰে 'ৰাষ্ট্ৰীয় সংস্কৃত গীতিকবি' সন্মানপ্ৰাপক শিল্পী, সংগীত-আলোচক ৰঞ্জন বেজবৰুৱাই। সংস্কৃত বিভাগৰ অধ্যাপিকা ডঃ সঞ্জিতা সিংহই  শিল্পীগৰাকীৰ বৰ্ণিল সাংস্কৃতিক পৰিক্ৰমাৰ এক খতিয়ান দাঙি ধৰে। আধুনিক ভাৰতীয় গীতিসাহিত্যৰ অনুবাদ তথা ৰচনাৰ ক্ষেত্ৰখনত নিজৰ বিচিত্র অনুভৱ-অভিজ্ঞতা ব্যক্ত কৰাৰ লগতে বহুখিনি মৌলিক আৰু সংস্কৃতলৈ অনূদিত গীত পৰিৱেশন কৰি শিল্পী বেজবৰুৱাই সকলোকে মুগ্ধ কৰে।লগতে বহুখিনি মৌলিক আৰু সংস্কৃতলৈ অনূদিত গীত পৰিৱেশন কৰি শিল্পী বেজবৰুৱাই সকলোকে মুগ্ধ কৰে।

 সভাত সংস্কৃত সম্ভাষণ শিবিৰৰ প্ৰশিক্ষক তপন ৰাজবংশীয়ে বক্তব্য আগবঢ়োৱাৰ অন্তত  অধ্যাপিকা ডঃ মিতালী গোস্বামীৰ তত্বাৱধানত ছাত্ৰীসকলক শিবিৰত অংশগ্ৰহণৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয় আৰু ছাত্ৰীসকলৰ নীতিবচন, গীত আৰু শান্তিমন্ত্ৰেৰে সভাখনৰ সামৰণি পেলোৱা হয়।

রবিবার, ১৯ ডিসেম্বর, ২০২১

"সংবাদ নিৰ্মাণ, বিশুদ্ধ সংবাদ ইত্যাদি"/৪

...বহু প্ৰচলিত দৈনিক কাকতৰ "মালিক" গৰাকিয়ে কৈছিল -- "আপোনাক বেয়া পাইছো।" আৰু সেই "বেয়া পোৱা"ৰ মূল্য আছিল মোৰ ১৮ মাহৰ পাৰিশ্ৰমিক। "অপৰাধ" আছিল --"মালিক"ৰ সম্পৰ্কীয় এগৰাকীয়ে প্ৰযোজনা কৰা চিনেমাত দোষ দেখিছিলো। দৈনিক কাকত খনৰ মোৰ দায়িত্বত থকা পৃষ্ঠাটোত লিখিছিলো। এতিয়া কথাটো এনেধৰণৰ-- চিনেমা এখনৰ "দোষ" লিখাৰ স্বাধীনতা নথকা কাকত খনত বিশুদ্ধ সাংবাদিকতাৰ পৰিবেশ আছে বুলি আমি ভাবিব পাৰোনে? সেই দৈনিক কাকত খনত "মালিকে দিয়া খবৰ" বুলিয়ে অসমীয়া চিনেমা এখনে কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন, বঁটা পোৱাৰ অশুদ্ধ খবৰ এটা আমি সম্পাদনা কৰা পৃষ্ঠটোত লগাবলৈ  হেচাঁ দিছিল কাকত খনৰে "সাংবাদিক"এগৰাকীয়ে। আমি লগোৱা নাছিলো। কিন্তু কাকত খনৰ শেষ পৃষ্ঠাত ফটোৰ সৈতে অশুদ্ধ খবৰটো ছপা হৈছিল। এই একেটা সংবাদ প্ৰতিষ্ঠানৰ ডিজিটেল মাধ্যমত অসমীয়া চিনেমাৰ নায়িকা এগৰাকীক আমিৰ খানে "ডংগল-২"ত অভিনয়ৰ বাবে প্ৰস্তাৱ দিয়াৰ মিছা খবৰো আমি পঢ়িছিলো।-- আমি কিয় বিশ্বাস কৰিম, এই কাকত খনত  "সজোৱা খবৰ" ছপা নহয়! --আমি কব খোজা নাই প্ৰতিদিনে কাকত খনত এনে ধৰণৰ "সজোৱা খবৰ" ছপা হয়। (কাকত খনৰ নাম? সাংবাদিক গৰাকী? আৰু মালিক গৰাকী? ইয়াত উল্লেখ কৰিব খোজা নাই। আমাৰ প্ৰকল্প "সংবাদ নিৰ্মাণ, বিশুদ্ধ সংবাদ ইত্যাদি"ত নিশ্চয় উল্লেখ কৰিম।) /কিয়দাংশ

শুক্রবার, ১৭ ডিসেম্বর, ২০২১

আইদেউ সন্দিকৈ (জন্ম: ১৯২০ চনৰ চ'ত মাহত; পানী-দিহিঙীয়া গাঁও, গোলাঘাটমৃত্যু: ১৭ ডিচেম্বৰ, ২০০২; কমাৰগাঁও, গোলাঘাট)

‘ভােগৰাম কাই...ল’ৰা।’ ৰূপালী পর্দাত দর্শকে দেখিছিল এখন মুখ। দাঁতহীন৷ চেহেৰাত বয়সৰ আঁচোৰ। বয়স ৰেখাৰ ভাঁজে-ভাঁজে ওলমি পৰিছিল হাঁহি। কৃত্রিমতাই স্পর্শ নকৰা হাঁহি। দেখা গৈছিল পদুম বৰুৱাৰ ‘গঙা চিলনীৰ পাখি’ত। ‘ভােগৰাম কাই।... ল’ৰা’ সংলাপ ফাকি কোৱা অভিনেত্রী’গৰাকী—আইদেউ সন্দিকৈ (১৯২০-২০০২)। প্রথমখন অসমীয়া চিনেমা ‘জয়মতী'ৰ নায়িকা। 
সম্পূর্ণ 'জয়মতী’ আমি চোৱা নাই। চোৱাৰ সুযােগ নাপালোঁ। কেইটামান ‘ছিকুৱেন্স’হে চাইছোঁ। ছিকুৱেন্সকেইটাত আইদেউ সন্দিকৈৰ অভিনয় ‘অনুভৱ' কৰিব পাৰিছিলোঁ। তেতিয়া স্বাভাৱিকতে মনলৈ প্ৰশ্ন আহিছিল— আইদেউ সন্দিকৈৰ বিষয়ে যিবােৰ শুনা যায়, কাকত-আলােচনীত প্ৰকাশ হৈ থাকে সেইবােৰ
কিমান সঁচা? —আমি জানিছিলোঁ, আমি পঢ়িছিলোঁ : 
১) জাহাজ দেখুৱাম বুলি ঘৰৰ পৰা আইদেউ সন্দিকৈ নামৰ 'সহজ- সৰল’ছােৱালীজনীক লৈ যােৱা হৈছিল আৰু চিনেমাৰ বাবে 'শ্বট’ লােৱা হৈছিল।
২) চিনেমাখনৰ ছিকুৱেন্স নির্মাণৰ স্বাৰ্থত ‘পৰৰ মানুহ’ (ফুনু বৰুৱা)ক ‘বঙহৰদেউ’ (চিনেমাখনৰ সংলাপ) বুলিছিল। তেতিয়াৰ সমাজৰ দৃষ্টিত সেয়া ‘অপৰাধ’ আছিল। সেই ‘অপৰাধ'ৰ বাবে গাঁৱৰপৰা এঘৰীয়া কৰা হৈছিল।
৩) 'বঙহৰদেউ’ বােলাৰ 'অপৰাধ'ত পৰাচিত কৰা হৈছিল।
৪) চিনেমাত অভিনয় কৰাৰ 'অপৰাধ'ত আজীৱন অবিবাহিতা হৈয়েই থাকিবলগীয়া হৈছিল।

১৯৯৩ চনৰ কোনাে এটা দিনত আমি লগ পাইছিলোঁ ‘জয়মতী'ৰ অভিনেতা থানুৰাম বৰুৱাক (মই আৰু তেজপুৰৰ যাদৱ চন্দ্র শর্মাই লােৱা থানুৰাম বৰাৰ সাক্ষাৎকাৰৰ একাংশ প্রকাশ হৈছিল ‘শ্রীময়ী’ আলােচনীৰ ১৬-৩১ জুলাই, ১৯৯৩ সংখ্যাত)। 'অভিনেতা’গৰাকীৰ পৰা জানিব বিচাৰিছিলোঁ ‘আইদেউ সন্দিকৈ’ক। 'নায়িকা’গৰাকীৰ বিষয়ে চর্চা শুনা যায়, সেয়া কিমান দূৰ সত্য। উত্তৰত 'বিশেষ নাজানাে’ বুলিছিল। 'অভিনেতা'গৰাকীয়ে কৈছিল— ‘তােমালােকে কোৱা বহু কথাই মই নাজানাে। এঘৰীয়া কৰা কথাটো শুনিছিলোঁ। কথাটোৰ বুজ ল'বলৈ, বুজাবলৈ আমি কেইজনমান গৈছিলোঁ। আইদেউৰ সহায়ৰ বাবে আমি একো কৰিব নােৱাৰিলোঁ। 'কিবা' এটা কৰাৰ পৰিৱেশ নাছিল।... তেতিয়া এনে এটা পৰিৱেশ নাছিল। আমি গৈ জ্যোতিপ্ৰসাদ আগৰৱালাক আইদেউৰ দুখৰ কথা কম বুলি ভাবিছিলোঁ। তেতিয়া তেওঁ নিজে বহুত দুখৰ মাজত আছিল। শ্বুটিং কৰি নিয়া ‘ ৰিল’বােৰ চাই দেখিছিল— ছবি আছে, কথা নাই। হাতত এটকাও নাছিল।... পিছত শুনিছিলোঁ—আইদেউ অবিবাহিতা হৈয়েই থাকিল। মনতে দুখ পাইছিলোঁ। বাকী কথাবােৰ কিন্তু নাজানাে। চিনেমাখনৰ 'ফটো' লৈ থকা সময়তহে আইদেউক দেখিছিলোঁ। জ্যোতিপ্ৰসাদ আগৰৱালাই যেনেদৰে বিচাৰে বচন কয়, অভিনয় কৰে। সকলােৱে উৎসাহ দিয়ে, ভাল হােৱা বুলি প্রশংসা কৰে। মােৰ কোনাে মুহূর্ততে এনে লগা নাছিল যে আইদেউক অভিনয় কৰিবলৈ বাধ্য কৰােৱা হৈছিল।... অ’ কেতিয়াবা আমাৰ দুখ লাগিছিল, তেতিয়া শুনিছিলোঁ- কালি ফটো’ উঠোৱা সময়ত সঁচাকৈয়ে বলিন (ফণী শৰ্মা)ৰ চামতাৰ কেইটামান কোব আইদেউৰ গাত লাগিল। আইদেউৰ চকুত সঁচা চকুপানী, তেতিয়া আমাৰ বেয়া লাগিছিল। এবাৰ আমি সুধিবলৈ কোৱাত ‘জয়মতী'ৰ আন এগৰাকী অভিনেত্রী মােহিনী ৰাজকুমাৰীয়ে সুধিছিল- 'বহুত দুখ পালা নেকি ?' উত্তৰত মুখত হাঁহি ৰাখি আইদেউৱে কৈছিল— ‘মােৰ অভিনয় সকলােৱে ভাল হােৱা বুলি কৈছে।' - মই আইদেউ সন্দিকৈক ইমানখিনিয়ে জানাে।

থানুৰাম বৰাৰ সহায়তে তেজপুৰৰ ব্যক্তি এগৰাকীৰ সৈতে আইদেউ সন্দিকৈৰ ঘৰ পাইছিলোঁ। কমাৰ গাঁৱৰ ওচৰৰে পানী দিহিঙীয়া। গা ভাল নাছিল। কৈছিল- দুদিনমান হ’ল জ্বৰ। গাত বিষ। ইহঁতে (আইদেউৰ ভতিজাহঁতে) জ্বৰ, গাৰ বিষটোৰ বাবে ডাক্তৰৰপৰা কিবা-কিছু আনি দিছে। মােৰ আৰু এইবােৰ খাবলৈ ইচ্ছা নােহােৱা হৈছে।... কিন্তু খাইছোঁ, ইহঁতৰ শান্তিৰ বাবে।’

মই যিগৰাকী ব্যক্তিৰ সৈতে গৈছিলোঁ, তেওঁ আছিল আইদেউ সন্দিকৈ পৰিয়ালৰ সৈতে ঘৰুৱা সম্পর্ক থকা। স্বাভাৱিকতে ঘৰুৱা কথাত ব্যস্ত হৈছিল তেওঁলােক। মই 'জয়মতী'ৰ কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ। মােৰ মনলৈ আহিছিল, আইদেউ সন্দিকৈৰ গাত যে বিষ, সেয়া চামতাৰ কোবৰ বিষ নেকি?

'জয়মতী'ৰ প্ৰসংগত সেইদিনা কেইবাটাও প্রশ্ন কৰাৰ পিছত আইদেউ সন্দিকৈয়ে কৈছিলজয়মতী'ৰ প্ৰসংগত সেইদিনা কেইবাটাও প্রশ্ন কৰাৰ পিছত আইদেউ সন্দিকৈয়ে কৈছিল— ‘সেই কথাবােৰ মই মনত ৰখা নাই। আজিলৈকে সেই 'ফটো’বোৰে (চিনেমাখন) চোৱা নাই৷ যােৱা কথা গ’ল। এতিয়া মই মােৰ ভতিজাহঁতৰ সৈতে, সিহঁতৰ মৰমৰ মাজত আছে। 'জয়মতী'ত অভিনয় কৰাৰ বাবে মােৰ খবৰ লয় বহুতে। বহুতে আহি মােক কয়— মােৰ বাবেই হেনাে এতিয়া অসমীয়া চিনেমাত ছােৱালী-বােৱাৰীয়ে অভিনয় কৰিব পাৰিছে। এইবােৰাে মােৰ বাবে মৰম। এই মৰমবােৰৰ বাবে মনটো ভাল লাগি থাকে। এতিয়া মােৰ কোনাে আক্ষেপ নাই। কাৰাে প্ৰতি খং নাই।' —হয়, আইদেউ সন্দিকৈৰ খং নাথাকিব পাৰে, কিন্তু অসমীয়া চিনেমাৰ প্ৰথমগৰাকী 'নায়িকা' প্রতি শ্রদ্ধা থকা প্ৰতিগৰাকীৰ খং আছে, কোনাে পক্ষই উপযুক্ত ‘আসন'ত স্থান নিদিয়াৰ বাবে। মই 'পেঞ্চন' ইত্যাদিৰ কথা ক'ব খােজা নাই। ক'ব খুজিছোঁ—‘জ্যোতি চিত্ৰবন’ৰ ওচৰে-পাঁজৰে আইদেউ সন্দিকৈৰ বাবে গৃহ নির্মাণৰ চিন্তা কৰিব পাৰিলেহেঁতেন। অসম চৰকাৰৰ চিনেমা নির্মাণৰ কথা ভাবিব পাৰিলেহেঁতেন। নােৱাৰিলেহেঁতেন নে ... ? ( 'আজিৰ সংবাদ'/ ২০ জুন (১৯৯৫)

শুক্রবার, ১০ ডিসেম্বর, ২০২১

আৰু সান্নিধ্য/৩ (গ)

১৯৭৬ চন। শিৱপ্ৰসাদ ঠাকুৰে হাতত লৈছিল ‘ফাগুনী’ নামৰ চিনেমাখন। ‘বর্ণালী ফিল্মছ’ নামেৰে কো-অপাৰেটিভ ছ'চাইটী এটা গঠন কৰা হ’ল। ঠিক হ’ল এই ছ'চাইটীটোৰ বেনাৰতে চিনেমাখন নিৰ্মাণ হ'ব। ১৯৭৬ চন। শিৱপ্ৰসাদ ঠাকুৰে হাতত লৈছিল ‘ফাগুনী’ নামৰ চিনেমাখন। ‘বর্ণালী ফিল্মছ’ নামেৰে কো-অপাৰেটিভ ছ'চাইটী এটা গঠন কৰা হ’ল। ঠিক হ’ল এই ছ'চাইটীটোৰ বেনাৰতে চিনেমাখন নিৰ্মাণ হ'ব। সমিতিখনৰ সভাপতি আছিল শিৱপ্ৰসাদ ঠাকুৰ। সম্পাদকৰ দায়িত্বত আছিল মুনিন বৰুৱা। সম্পাদকৰ লগতে আৰু দুটা দায়িত্ব দিয়া হৈছিল সহকাৰী পৰিচালনা আৰু অভিনয়ৰ। সেই সময়ৰ স্মৃতি ৰোমন্থন কৰি ভাইমনদাই জানিবলৈ দিলে— “সহকাৰী পৰিচালক হিচাপে কাম কৰি মই বেছি ভাল পালোঁ। কেমেৰাৰ পিছত থাকি যিখিনি কাম কৰিব লাগে, সেইখিনিতহে মনোযোগ দিলোঁ। কেমেৰাৰ সন্মুখলৈ আহিবলৈ বেয়া পালোঁ। নাহিলোঁ। গতিকে ছাৰে কোৱা সত্ত্বেও চিনেমাখনৰ চৰিত্ৰ এটাত অভিনয় নকৰিলোঁ। মোৰ বাবে যিটো চৰিত্ৰ ৰচনা কৰা হৈছিল, সেইটোত পিছত অভিনয় কৰিলে প্ৰাঞ্জল শইকীয়াই। কিন্তু আমাৰ বাবে দুখৰ বিষয় হৈ পৰিল চিনেমাখনে ব্যৱসায়িক দিশত সুবিধা কৰিব নোৱাৰিলে। ফ্লপ হ’ল। তুমি হয়তো জানা, ‘ফ্লপ’ লেবেলখন চিনেমা নির্মাতা-পৰিচালকৰ বাবে বৰ বেয়া চেকা। পিছৰ কামত দিগদাৰ দিয়ে। সেয়া মই অনুভৱ কৰিছিলোঁ, যেতিয়া ছাৰৰ সৈতে ‘বোৱাৰী’ৰ পৰিকল্পনাত ব্যস্ত হৈছিলোঁ। চিনেমাৰ ব্যৱসায়ৰ লগত যিসকল জড়িত, সেইসকলে আমাক বিশেষ উৎসাহ দিয়া নাছিল।... সি যি কি নহওক, আমি ‘বোৱাৰী’ৰ কামত আগবাঢ়িলোঁ। কাহিনী বসন্ত দাসৰ। ছাৰে ক'লে ব্যৱসায়িক দিশটোৰ কথা মনত ৰাখি তুমিয়ে চিত্রনাট্য লিখা। ছাৰৰ মতে, মোৰ প্ৰচুৰ চিনেমা চোৱাৰ অভ্যাস আৰু বঙালী নাটকৰ অনুবাদ কৰাৰ অভিজ্ঞতা আছে। সেই অভিজ্ঞতাৰে মই অতি সুন্দৰভাৱে চিত্রনাট্যখন ৰচনা কৰিব পাৰিম। অৱশ্যে ছাৰক মই হতাশ কৰা নাছিলোঁ। ব্যৱসায়িক দিশত ‘বোৱাৰী’ সফল হৈছিল। কিমান সফল হৈছিল, সেয়া তোমালোকে নিশ্চয় জানা। পুনৰ কোৱাৰ প্ৰয়োজন নাই। আৰু এটা কথাই মোক আনন্দ দিলে — ‘ফাগুনী’ৰ বিফলতাৰ বাবে যিকেইগৰাকী চিনেমা হলৰ মালিকে আমাক বেয়া ধৰণে কৈছিল, তেওঁলোকেই ‘বোৱাৰী’ৰ বাবে হেতা-ওপৰা লগাইছিল।”
             ‘বোৱাৰী’ৰ সফলতাৰ পিছত ভাইমনদাই শিৱপ্ৰসাদ ঠাকুৰৰ ‘ঘৰ-সংসাৰ’, ‘সোণমইনা’ৰ চিত্ৰনাট্য ৰচনাৰ লগতে সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল। ইয়াৰ পিছৰ সময়ছোৱাত মুক্তি পোৱা শিৱপ্ৰসাদ ঠাকুৰৰ ‘মন মন্দিৰ’, ‘এই দেশ মোৰ দেশ’, ‘শেৱালি’ৰ কেৱল চিত্রনাট্যহে ৰচনা কৰিছিল। সেই সময়ত (১৯৮৯-৯০ চন) চৰ্চা হৈছিল মুনিন বৰুৱাই স্বাধীনভাৱে পৰিচালনাৰ কামত ব্যস্ত হ’ব। কিন্তু কিছুদিন পিছতে শুনা গ'ল স্বাধীনভাৱে নহয়, অভিনেতা নিপন গোস্বামীৰ সৈতে যুটীয়াভাৱেহে চিনেমা এখন পৰিচালনা কৰিব। চিনেমাখনৰ নাম ‘প্রতিমা'। স্বাধীনভাৱে চিনেমা আৰম্ভ কৰিলে ‘পিতা-পুত্র’ৰেহে। এই চিনেমাখনৰ চিত্ৰনাট্য ৰচনা কৰা হৈছিল অমুল্য কাকতিৰ ‘অংকুৰ' নামৰ বহুচৰ্চিত গল্প এটিৰ আধাৰত। এই চিনেমাখনেই অসমৰ চিত্ৰৰসিকক আশা দেখুৱাইছিল। আশা দেখুওৱাৰ মূল দিশটো আছিল গভীৰ বিষয়বস্তু এটা লৈ চিনেমাখন ৰচনা কৰা হৈছিল আৰু দৰ্শকেও আদৰি লৈছিল। সততে এটা ধাৰণা কৰা হয়, গভীৰ বিষয়বস্তুৰ চিনেমা বক্স অফিচত সফল নহয়। এই ধাৰণাটো শুদ্ধ নহয় বুলি প্ৰমাণ কৰিবলৈ সক্ষম হৈছিল মুনিন বৰুৱা। অৱশ্যে পৰিচালকগৰাকীৰ পৰৱৰ্তী সময়ত ‘পিতা-পুত্র’ৰ এই বিশেষ ধাৰাটোত সোমাই থকা নাছিল। দ্বিতীয়খন স্বাধীন পৰিচালনা ‘পাহাৰী কন্যা’। ‘পাহাৰী কন্যা'ৰ পৰিচালনা শৈলী আৰু বিষয়বস্তু আছিল সম্পূর্ণ বেলেগ। ক'ব পাৰি চিনেমাখনৰ দূৰত্ব আছিল বহুত। সেই দূৰত্ব অসমৰ আন কোনো পৰিচালকৰ পৰিচালনাতে দেখা নাযায়। ‘প্রভাতী পখীৰ গান’ৰ পিছত পৰিচালকগৰাকীয়ে পৰিচালনা শৈলী
আকৌ সলনি কৰিছে। সেই পৰিচালনা শৈলী আছিল সৰ্বভাৰতীয় পৰ্যায়ৰ। যাৰ বাবে ‘হিয়া দিয়া নিয়া' ছবিখন বলীউডৰ ব্যৱসায়িক সফল চিনেমাকো অসমৰ বজাৰত নিষ্প্রভ কৰি পেলাইছিল। ইয়াৰ পিছৰ পৰাই দৰ্শকৰ মাজত -এটা ধাৰণাৰ সৃষ্টি হৈছিল— মুনিন বৰুৱাৰ চিনেমা মানেই ভাল চিনেমা, চিত্ৰগৃহত বহি আমনি নলগাকৈ ৰস ল’ব পৰা চিনেমা। পৰিচালকগৰাকীৰ পৰিচালনা শৈলীৰ কথা মনত ৰাখি এতিয়ালৈকে চিত্ৰগৃহলৈ অহা চিনেমাকেইখনক দুভাগত ভাগ কৰিব পাৰি। এটা ভাগ আগবাঢ়ি গৈছে ‘পিতা-পুত্র’ৰ পৰিচালনা শৈলীৰে। এই ভাগটোত আমি ৰাখিব পাৰোঁ ‘পাহাৰী কন্যা’, ‘প্রভাতী পখীৰ গান' আৰু 'দীনবন্ধু’ক। আনটো ভাগ আগবাঢ়িছে ‘হিয়া দিয়া নিয়া’ৰ পৰিচালনা শৈলীৰে। এই ভাগটোত ৰাখিব পাৰোঁ— ‘দাগ’, ‘নায়ক’, ‘কন্যাদান’, ‘বিধাতা’, ‘বাৰুদ’ আৰু ‘ৰঙ’ক। সম্ভৱতঃ ‘ৰামধেনু’কো এই ভাগটোত ৰাখিব পৰা যাব। পৰিচালনা শৈলীৰে ভাগ কৰা এই কথাখিনি মানি ল'ব নোখোজে পৰিচালকগৰাকীয়ে। পৰিচালকগৰাকীৰ মতে— “বিষয়বস্তু মনত ৰাখি চিত্রনাট্য ৰচনা কৰা হয়। কোনো শৈলীৰ কথা মনত ৰাখি মই আজিলৈকে বিষয়বস্তু বা কাহিনী নির্বাচন কৰা নাই। কাহিনীটো কেনেকৈ দেখুৱালে দৰ্শকে সহজে বুজি পাব, সেই কথাটোতহে মই গুৰুত্ব দি আহিছোঁ। অৱশ্যে কিছু ইমেজে পৰিচালকক বান্ধি নৰখা নহয়। যেনেদৰে ‘দীনবন্ধু’ৰ ইমেজ এটা ইতিমধ্যে দৰ্শকৰ মাজত সোমাই পৰিছে (‘দীনবন্ধু’ আছিল ড° ভবেন্দ্ৰনাথ শইকীয়াৰ ভ্রাম্যমাণ থিয়েটাৰৰ মঞ্চত মঞ্চস্থ জনপ্রিয় নাটক। এই নাটকখনক লৈয়ে মুনিন বৰুৱাই ‘দীনবন্ধু’ চিনেমাখনৰ চিত্ৰনাট্য ৰচনা কৰিছিল।)। (চন:২০০৬)
 

মঙ্গলবার, ৭ ডিসেম্বর, ২০২১

ডক্তৰ বেজবৰুৱা

ডক্তৰ বেজবৰুৱা' অসমীয়া চিনেমাৰ এটা ‘টার্ণিং পইণ্ট’। অসমীয়া চিনেমাৰ ‘বজাৰ চিন্তা’ আৰম্ভ হৈছিল এই চিনেমাখনেৰে। ‘বজাৰ চিন্তা’ মনত ৰাখিয়ে চিনেমাখনৰ কাহিনী নির্বাচন কৰা হৈছিল,ডক্তৰ বেজবৰুৱা' অসমীয়া চিনেমাৰ এটা ‘টার্ণিং পইণ্ট’। অসমীয়া চিনেমাৰ ‘বজাৰ চিন্তা’ আৰম্ভ হৈছিল এই চিনেমাখনেৰে। ‘বজাৰ চিন্তা’ মনত ৰাখিয়ে চিনেমাখনৰ কাহিনী নির্বাচন কৰা হৈছিল, পৰিচালনা শৈলী-চিত্রগ্রহণ ‘চিন্তা’ পৰিৱৰ্তন কৰা হৈছিল। এই কথা অনুভৱ কৰিছিলোঁ ‘ৰূপকাৰ’ আলোচনীত চিনেমাখনৰ চিত্ৰনাট্য পঢ়ি। ‘ক’লা-বগা’ এই অসমীয়া চিনেমাখনৰ আন এটা উল্লেখযোগ্য দিশ হ’ল— প্ৰথমবাৰৰ বাবে সম্পূর্ণ চিত্ৰগ্ৰহণ অসমত, কেৱল অসমীয়া শিল্পীৰ দ্বাৰা কৰোৱা হৈছিল। ক'ব পাৰি অসমীয়া চিনেমা নিৰ্মাণৰ ‘থলুৱা ভেটি’ নিৰ্মাণ কৰিছিল চিনেমাখনৰ পৰিচালক, চিত্রনাট্যকাৰ ব্ৰজেন বৰুৱাই। পৰিচালকৰ নিৰ্দেশত চিত্ৰগ্ৰহণকাৰী সুজিত সিংহই বাস্তৱিক লোকেচনত (অসমৰ ঘৰ-দুৱাৰতে) চিত্ৰগ্ৰহণ কৰিছিল। স্বাভাৱিকতে এই চিত্ৰগ্ৰহণ ব্যৱস্থাৰ বাবে আৰু চিনেমাখনৰ সম্পূৰ্ণ ‘নির্মাণ পর্ব’ অসমত সম্পূর্ণ কৰা বাবে ‘বাজেট’ কম হৈছিল। ব্যৱসায়িক দিশত সফল হৈছিল। চিনেমাখনৰ প্রযোজক ‘ৰংঘৰ চিনে প্ৰডাকচন’ৰ লাভ হৈছিল। '‘বাজেট'ৰ স্পষ্ট তথ্য পোৱা নাযায়। ‘অসম বাণী’ত ব্ৰজেন বৰুৱাই কোৱা ‘তথ্য’ এটা প্রকাশ পাইছিল। ‘লাভৰ পৰিমাণ ৮০ শতাংশ...'। বিশ্লেষণ কৰিলে স্পষ্ট হয়— ‘ডক্তৰ বেজবৰুৱা'ৰ সফলতাৰ মূল কাৰণ কাহিনী আৰু কাহিনী কোৱাৰ কৌশল। প্ৰথমটো ছিকুৱেন্সৰ পৰায়ে পৰিচালকে ‘নির্মাণ’ কৰিছে— কৌতুহল। চিনেমাখনৰ গতি দ্রুত নহয়। গতিত প্রশংসা কৰিব পৰা ছন্দও নাই। গতিত ভাৰসাম্য ৰক্ষাত ব্যৰ্থতা স্পষ্ট। দ্রুতবেগী থ্রিলাৰৰ বিপৰীতে আবেগিক ছিকুৱেন্সৰ গতি মন্থৰ। কিন্তু ‘গল্প’ কোৱাৰ কৌশলৰ বাবে চিনেমাখন দৰ্শকৰ বাবে আমনিদায়ক হোৱা নাই। এইখিনিতে উল্লেখ কৰিব পাৰি সাধাৰণ ‘ক্রাইম থ্রীলাৰ’ আছিল যদিও অসমীয়া চিনেমাৰ দৰ্শকৰ বাবে ‘নতুন’ আছিল। চিনেমাখনৰ ‘নায়ক’ক দেখা যায় দ্বৈত চৰিত্ৰত। এজন ক্রিমিনেল, আনজন বিলাত ফেৰৎ ডাক্তৰ। দুয়োটা 'চৰিত্ৰ'ৰ ‘চিনেমেটিক কাৰবাৰ'ৰ মাজত পদালৈ আহে সেন্দূৰীকণা গাঁৱৰ, দুখৰ মাজত ককবকাই থকা জেউতিৰ কাহিনী। বিলাত ফেৰৎ ডাক্তৰ বেজবৰুৱাৰ ক্লিনিক নির্মাণ চলি আছে। বেজবৰুৱাৰ বন্ধু ললিত দুৱৰা আহিছিল; ‘ক্লিনিক’ চাবলৈ। হঠাতে, সেই দিনা দুৱৰাৰ তিনি বছৰীয়া সন্তান মন্তিৰ মৃত্যু হয়, নির্মাণ কার্য চলি থকা ‘ক্লিনিক’খনৰ ওপৰৰপৰা পৰি। সেইদিনা সেন্দূৰীকণা গাঁৱৰ জেউতিৰ স্বামী নাৰায়ণ ভূঞাৰ ভৰি ভাগিল। ভূঞাক নিবলৈ গাঁৱৰ পৰা পত্নী আহে। আঢ়ৈ বছৰীয়া পুত্ৰক লৈ। নাম দীপ। নামটো হাতত টাটু কৰি লিখি থোৱা দর্শকে দেখে। দীপক ললিত দুৱৰাই হাস্পতালৰ বাৰাণ্ডাৰপৰা চুৰি কৰি লৈ যায় পত্নীৰ উকা কোলা পূৰ কৰিবলৈ। ‘টাটু’ কৰা যে আছিল দীপ, সেই ‘দীপ’ৰ আগত ‘প্ৰ’ বহুৱাই দিয়ে। প্রদীপ ডাঙৰ হয়। বন্ধুৰ ঘৰলৈ ফুৰিব যাওঁতে ভাগৰুৱা প্ৰদীপক বয়সিয়াল মানুহ এগৰাকীয়ে খাবলৈ দিয়ে। ‘দৰ্শকে' ঠিকেই বুজি পায়— প্রদীপক খাবলৈ দিছে প্রকৃত মাতৃয়ে। কিন্তু চৰিত্ৰ দুটাই পৰস্পৰক চিনি নাপায়। কাহিনী আগবাঢ়ে। পালিত মাতৃ ৰেণু দুৱৰাই প্ৰদীপক হেৰুওৱাৰ ভয়ত চক্রান্ত কৰি জেউতিক পুলিচ হাজোতত বন্দী কৰায়। কাহিনী আগবাঢ়ে। ডাক্তৰ বেজবৰুৱাৰ ঘৰত দাগী এজন সোমায়। সোঁ বাহুত গুলীৰ ক্ষত চিহ্ন। আৰু সেই দিনাই ডাক্তৰ বেজবৰুৱাৰ জীৱনলৈ বিৰাট পৰিৱৰ্তন আহে। ডাক্তৰ বেজবৰুৱাই বাকদত্তা মণিকাক হত্যা কৰে, চম্পাক অপৰহণ কৰে ইত্যাদি। পুলিচে ডাক্তৰ বেজবৰুৱাক গ্ৰেপ্তাৰ কৰে। কাহিনী শেষ কৰে ‘বেয়া নায়ক’ৰ বেয়া ফল, ‘ভাল নায়ক’ৰ ভাল ফল আৰু মিলনেৰে। সংগীত : ‘ডক্তৰ বেজবৰুৱা'ৰ গীত আজিৰ তাৰিখতো জনপ্রিয়। চিনেমাখনৰ সংগীত ৰমেন বৰুৱাৰ। বিহুসুৰীয়া গীত প্ৰথমবাৰৰ বাবে ‘চিনেমা’ত ব্যৱহাৰ কৰি সংগীত জগতলৈ পৰিৱৰ্তন আনে, নতুন ঢৌৰ সৃষ্টি কৰে। জনপ্রিয় হয় ‘মইনা কোন বিধাতাই সাজিলে, তোমাৰ পদুম চকুটি...' (গীতিকাৰ : ব্ৰজেন বৰুৱা), ‘ফুল ফুল ফুলে মেলিলে পাহি...' (গীতিকাৰ : এলি আহমেদ), ‘কি নাম দি মাতিম...' (গীতিকাৰ : নিৰ্মলপ্ৰভা বৰদলৈ)। গীতকেইটাত কণ্ঠদান কৰিছিল দ্বীপেন বৰুৱাই। চিনেমাখনেৰে আত্মপ্রকাশ কৰি দ্বীপেন বৰুৱাই গায়কীৰে, ৰমেন বৰুৱাই সুৰেৰে ‘অসমীয়া সংগীত’ৰ এটা ‘নতুন যুগ’ৰ সৃষ্টি কৰিছিল। — এইখিনিতে উল্লেখ কৰিব পাৰি দ্বীপেন বৰুৱা, নিৰ্মলা মিশ্ৰই কণ্ঠদান কৰা ‘কি নাম দি মাতিম...’ অসমীয়া চিনেমাৰ প্ৰথম ৰোমান্টিক গীত। ফুল-পখিলা, সেউজীয়া আৰু নায়ক-নায়িকাক ফ্ৰেমত লৈ চিত্ৰায়ণ কৰিছে গীতটো। নায়িকাৰ মৰম দিয়া-লোৱা ফুল- পখিলাক প্রতীক হিচাপে ব্যৱহাৰ কৰিছে, কেমেৰাৰ ভাষাক গুৰুত্ব দি। অভিনয় : দ্বৈত চৰিত্ৰত অভিনয় কৰিছিল নিপন গোস্বামীয়ে। অন্যান্য চৰিত্ৰত অভিনয় কৰিছিল ব্ৰজেন বৰুৱা, মেঘালী দেৱী, তৰুণ দুৱৰা, ৰঞ্জনা বৰদলৈ, ৰেণু শইকীয়া, প্রবীণ বৰা, প্রতিভা ঠাকুৰ, সত্যেন চৌধুৰী, ৰবীন বৰুৱা, ৰেণু বৰুৱা, তিলক দুৱৰা আদিয়ে। ‘চৰিত্ৰ’ নিৰ্মাণত পৰিচালকে বিশেষ গুৰুত্ব দিয়া যেন নালাগে। ৭ নৱেম্বৰ, ১৯৬৯ত চিত্ৰগৃহলৈ অহা চিনেমাখনত পৰিচালকে গুৰুত্ব দিছিল কাহিনী কোৱাত। শেষত : ব্যৱসায়িক সফলতাক বাদ দি ধাৰাবাহিক ‘চিনেকৰ্ম’ অসম্ভৱ। ‘ডক্তৰ বেজবৰুৱা’ৰ সফলতাই অসমীয়া চিনেমাৰ প্ৰযোজকক সাহস দিছিল আৰু এই সফলতাৰ বাবেই চিনেমাৰ সংখ্যা বাঢ়িছিল। সত্তৰ-আশীৰ দশক দুটা অসমীয়া চিনেমাৰ সোণালী যুগ হিচাপে চিহ্নিত হৈছিল। এই চিনেমাখনে ১৯৬৭ চনত শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটাও লাভ কৰিছিল। (গুৱাহাটী, ১৯৯২/ পদ্ম বৰকটকী পম্পাদিত 'ইস্তাহাৰ'ত প্ৰকাশিত।)

সোমবার, ৬ ডিসেম্বর, ২০২১

আৰু সান্নিধ্য / ৩ (খ)

মাতিছিলো– মুনিন দা বুলি পৰিচালকগৰাকীয়ে এদিন নিজেই ক'লে— “মোক সকলোৱে ভাইমনদা বুলি মাতে।" মুনিন বৰুৱা এতিয়া আমাৰ বাবেও ‘ভাইমনদা'। ভাইমনদা নামটো সম্ভৱতঃ ভাইটিৰ পৰা আহিছে। কাৰণ পৰিয়ালৰ সদস্যসকলৰ ওচৰত প্ৰকৃত নামটো আঁৰতে থাকি গৈছিল। সকলোৱে মাতিছিল ভাইটি বুলি। অৱশ্যে এই প্ৰসংগত ভাইমনদাৰ পৰা কোনো ধৰণৰ কথা জনা নাই আৰু জানিবলৈ চেষ্টাও কৰা নাই। কেৱল এদিন 'মুনিন বৰুৱা' নামটো কেনেদৰে হ'ল তাৰহে ব্যাখ্যা আগবঢ়াইছিল। পৰিচালকগৰাকীৰ ভাষাত— “মোৰ পৰিয়ালৰ লোকসকলে মোৰ প্ৰকৃত নামটো হয়তো পাহৰিয়ে গৈছে। স্কুললৈ গৈ এদিন মই নামটো নিজেই দি ল'লোঁ— মুনীন্দ্ৰনাথ বৰুৱা। ইয়াৰ কাৰণ মোৰ ককাদেউতাৰ নাম মহেন্দ্ৰনাথ বৰুৱা, দেউতাৰ নাম হেমেন্দ্রনাথ বৰুৱা। সেই আৰ্হিতে মোৰ নামটো ৰাখিছিলোঁ মুনীন্দ্ৰনাথ বৰুৱা। কিছুদিন যোৱাত ভাবিলোঁ নামটো কিছু চুটি কৰা যাওক। চুটি কৰি নামটো ৰাখিলোঁ— মুনিন বৰুৱা। আৰু এদিন 'ঈ’কাৰ আঁতৰাই ‘ই'কাৰ লগাই ল'লোঁ। কিয় লগালোঁ তাৰ ব্যাখ্যা মোৰ ওচৰত নাই। ভাল লাগিল লগাই ল'লোঁ। এতিয়া সকলোৱে মোৰ নামটো মুনিন বৰুৱা বুলি লিখিলে ভাল পাম। মোৰ মোৰ পৰিয়ালৰ লোকসকলে মোৰ প্ৰকৃত নামটো হয়তো পাহৰিয়ে গৈছে। স্কুললৈ গৈ এদিন মই নামটো নিজেই দি ল'লোঁ— মুনীন্দ্ৰনাথ বৰুৱা। ইয়াৰ কাৰণ মোৰ ককাদেউতাৰ নাম মহেন্দ্ৰনাথ বৰুৱা, দেউতাৰ নাম হেমেন্দ্রনাথ বৰুৱা। সেই আৰ্হিতে মোৰ নামটো ৰাখিছিলোঁ মুনীন্দ্ৰনাথ বৰুৱা। কিছুদিন যোৱাত ভাবিলোঁ নামটো কিছু চুটি কৰা যাওক। চুটি কৰি নামটো ৰাখিলোঁ— মুনিন বৰুৱা। আৰু এদিন 'ঈ’কাৰ আঁতৰাই ‘ই'কাৰ লগাই ল'লোঁ। কিয় লগালোঁ তাৰ ব্যাখ্যা মোৰ ওচৰত নাই। ভাল লাগিল লগাই ল'লোঁ। এতিয়া সকলোৱে মোৰ নামটো মুনিন বৰুৱা বুলি লিখিলে ভাল পাম। মোৰ বোধেৰে মোৰ নামটোৰ ভুল-শুদ্ধ বিচাৰ কৰি থকাৰ কোনো অর্থ নাই।” মুনীন্দ্ৰনাথ বৰুৱাৰ পৰা মুনিন বৰুৱা হোৱা বর্তমান সময়ৰ দক্ষ পৰিচালকগৰাকীৰ জন্ম গোলাঘাট জিলাৰ খুমটাইত, ১৯৪৭ চনত। খুমটাই মৌজাৰ মৌজাদাৰ আছিল দেউতাক হেমেন্দ্ৰনাথ বৰুৱা। মাক লতিকা বৰুৱা। তিনিটা সন্তান। একেবাৰে সৰু আছিল মুনিন বৰুৱা। মূল ঘৰ খুমটাইত যদিও নিগাজিকৈ থাকিবলৈ লৈছিল গোলাঘাট চহৰৰ বেঙেনাখোৱাত। দুগৰাকী ছোৱালীৰ পিছত একমাত্ৰ ল'ৰা হোৱাৰ বাবে স্বাভাৱিকতে সীমাহীন মৰমৰ মাজত ডাঙৰ হৈছিল। পৰিয়ালটো আছিল যৌথ। সৰুৰে পৰা দেউতাক-খুৰাকহঁতৰ লগত গাঁৱৰ সেউজ পৰিৱেশ আৰু চাহ বাগিচাৰ মাজত অতিবাহিত কৰিছিল শৈশব, যৌৱনৰ বহু বসন্ত, শৰৎ। পৰিচালকগৰাকীয়ে কৈছিল— “মোৰ দদাইদেৱে ২০ বছৰৰো অধিক কাল চাকৰি কৰিছিল বিহৰা চাহ বাগিচাত। দেউতাই বেছি সময় খৰচ কৰিছিল খুমটাইত। মৌজাৰ কামত গাঁৱে গাঁৱে ঘুৰি ফুৰিছিল। গতিকে গাঁও আৰু চাহ বাগিচাৰ পৰিৱেশৰ মাজত মোৰ বেছিভাগ সময় অতিবাহিত হৈছিল। সেই সেউজ সময়বোৰেই মোৰ পৰৱৰ্তী সময়ত ৰচনাৰ উৎস।”
                            (8) 
 আজিৰ জনপ্ৰিয় পৰিচালক মুনিন বৰুৱাই 'চিনেমা কেৰিয়াৰ' আৰম্ভ কৰিছিল সংগীতৰ মাজেৰে। পৰিচালকগৰাকীয়ে জানিবলৈ দিয়ে, সংগীতৰ মাজেৰেই তেওঁৰ সংযোগ ঘটিছিল চিনেমাৰ সৈতে। “মই জড়িত হোৱা প্রথমখন চিনেমা যে 'মমতা' সেই কথা বহুতেই নাজানে। নলীন দুৱৰাৰ ‘মমতা’ৰ সংগীতৰ সৈতে মই জড়িত আছিলোঁ। চিনেমাখনৰ গানৰ ৰেকর্ডিং গোলাঘাটতেই আউট ড’ৰত কৰা হৈছিল। কোনো ষ্টুডিঅ'ত ৰেকৰ্ডিং হোৱা নাছিল। তাত মই মেণ্ডোলিন বজাইছিলোঁ। তোমাৰ নিশ্চয় মনত আছে। ৰেহেনা আখতাৰ হান্নানে গোৱা 'আঁউসীৰ পিছতে...' গানটো। গানটোত মেণ্ডোলিনৰ পিচকেইটা মই বজোৱা। দৰাচলতে সেই সময়ত মই আছিলোঁ নাটকৰ মানুহ। সেই সময়ত শিৱপ্ৰসাদ ঠাকুৰ ছাৰহঁতৰ ‘মিট বিটান’ নামৰ নাট্যগোষ্ঠী এটা আছিল। আমি কেইজনমান ডেকাই 'ত্রিশূল' নামৰ নাট্যগোষ্ঠী এটাৰ জন্ম দিছিলোঁ। আমি প্রথমবাৰৰ বাবে মঞ্চস্থ কৰিছিলোঁ বাংলা নাটক ‘অন্যছায়া'ৰ অনুবাদ। নাটকখনৰ নাম দিছিলোঁ— 'সেই মানুহজন'। শিৱ ঠাকুৰ ছাৰে নাটকখন পৰিচালনা কৰিছিল। তাৰ পিছৰে পৰা আৰম্ভ হৈছিল আমাৰ ধাৰাবাহিক নাট্যচর্চা।” অতীতলৈ উভতি গৈছিল ভাইমনদা। ৰোমন্থন কৰিছিল নাটকৰ সৈতে জড়িত ভাল লগা মুহূৰ্তবোৰ। “দেৱৰাজ ৰয় কলেজত বি এছ চি পঢ়ি থাকোঁতে কলেজ উইকত আমি নাটক কৰিছিলোঁ। আমাৰ ব’টানীৰ ছাৰ শিৱপ্ৰসাদ ঠাকুৰৰ নাটক। মই আছিলোঁ প্রম্পটাৰ। নাটকখন মঞ্চস্থ কৰাৰ দুদিন আগতে মোৰ স্থান সলনি হ'ল। ছাৰে ক'লে— 'তুমি অভিনয় কৰিব লাগিব। তুমি পাৰিবা, বুজিছা...।' প্রম্পটাৰৰ আসনৰ পৰা ছাৰে দিয়া উৎসাহৰ বাবেই অভিনেতাৰ আসনত বহিলোঁ। প্ৰম্পটাৰ আছিলোঁ যেতিয়া সংলাপবোৰ প্ৰায় মুখস্থ হৈয়েই গৈছিল। দিগদাৰ অনুভৱ কৰা নাছিলোঁ। নাটকখন শেষ হোৱাৰ পিছত দীঘলকৈ উশাহ এটা লৈ চিঞৰি দিছিলোঁ— “উঃ ৰক্ষা! পিছদিনাখন প্ৰতিযোগিতাৰ ৰিজাল্ট ওলাল। মই আচৰিত। মোৰ নামটো আছিল যুটীয়াভাৱে মোৰ বন্ধু ৰাণা গগৈৰ সৈতে শ্রেষ্ঠ অভিনেতাৰ তালিকাত। মোৰ আত্মবিশ্বাস বাঢ়িল। শ্রেষ্ঠ অভিনেতাৰ সেই বঁটাটোৱে মোৰ যেন বিশ্বাস দিলে— অভিনেতা হ’ব পাৰিম। মই গোলাঘাটৰ নাটকত ওতপ্রোতভাৱে অভিনেতা হিচাপে জড়িত হৈ পৰিলোঁ। কিন্তু সংগীতক বাদ দিব পৰা নাছিলোঁ। কাৰণ মই আছিলোঁ সংগীতৰহে ছাত্র। তেতিয়া গোলাঘাটত সংগীতৰ ভাল পৰিৱেশ আছিল। দুখনকৈ নাম কৰা সংগীত মহাবিদ্যালয় আছিল। মোৰ দুয়োজনী বাইদেৱে সংগীত শিকিছিল। মাই হেঁচা দিলে— ময়ো কিবা এটা শিকিব লাগে। মই গোলাঘাটৰ বিশেষ সংগীত মহাবিদ্যালয়খনলৈ নগ'লোঁ, যিখনত বাইদেউহঁতে শিকিছিল। মোমাইদেউ প্রদীপ চলিহাৰ অজন্তা কলামণ্ডলত তবলা শিকিবলৈ গ'লোঁ। এতিয়াৰ নৃত্যপটীয়সী ইন্দিৰা পি পি বৰায়ো তেতিয়া অজন্তা কলামণ্ডলত নাচিছিল। দেওধনী, বিহু আদি দলীয় নৃত্যত ল’ৰা কম হোৱাৰ বাবে আমাকো নাচিবলৈ লগাই দিছিল। সেই সময়তে আমি দেখিছিলোঁ ফিলিম মেকফার্লিন ছাৰক। তেওঁ গুণী-জ্ঞানী সংগীতজ্ঞসকলৰ ভিতৰৰ এজন। প্রাচ্য আৰু পাশ্চাত্যৰ বাদ্যযন্ত্ৰসমূহ খুব সুন্দৰকৈ বজাইছিল। ছাৰে গোলাঘাট সংগীত বিদ্যালয়ত বাদ্যযন্ত্ৰৰ শিক্ষা দিছিল। ছাৰৰ প্ৰতি আকৰ্ষিত হৈ ময়ো মেণ্ডোলিন শিকিবলৈ তাতেই নাম লগালোঁ। পিছত গীটাৰো শিকিছিলোঁ। গীটাৰৰ শিক্ষা দিছিল মোৰ এজন বন্ধু মেজেন চাংমাই। সেই সময়ত যোৰহাটত এটা অর্কেষ্ট্রা গ্রুপ আছিল। মূল শিল্পী দুগৰাকী আছিল জিতু-তপন। সেই গ্রুপটোৰ জনপ্ৰিয়তা দেখি আমিও এটা গ্রুপ খুলিলোঁ। নাম দিলোঁ ইক'। আমাৰ গ্ৰুপটোত বাবুল নাগ, মেজেন চাংমা, ৰবীন দে’ আদিৰ লগতে পিছৰ সময়ত আমাৰ সৈতে মেক-আপ মেন হিচাপে কাম কৰা যোগেন দাসো আছিল। বিভিন্ন ঠাইত আমি সংগীতৰ অনুষ্ঠান কৰোঁ। মাননি আদিৰ কথা নাছিল। প্ৰ'গ্ৰেম কৰিব পাৰিলেই হ'ল। ইমানেই।" ভাইমনদাই কৈছিল-- "সেই যে মই শ্রেষ্ঠ অভিনেতা হৈছিলোঁ, তেতিয়াৰ পৰাই ছাৰে (শিৱপ্ৰসাদ ঠাকুৰে) তেওঁৰ প্ৰায়কেইখন নাটকতে মোক কামত লগাবলৈ ল’লে। ছাৰৰ নাটকত মিউজিক দিয়াৰ সুবিধাও পালোঁ। মিউজিক দিছিলোঁ ৰেকৰ্ড প্লেয়াৰৰ সহায়ত। কামটো আছিল আজিকালি ‘ডি জে’বোৰে যে কৰে, ঠিক তেনেধৰণৰ।” সন্দেহ নাই, সংগীতেই ভাইমনদাক শিৱপ্ৰসাদ ঠাকুৰৰ ওচৰ চপাই নিছিল। বিশেষভাৱে। সম্ভৱতঃ সেই কাৰণেই নলীন দুৱৰাক পৰিচালক হিচাপে লৈ শিৱপ্ৰসাদ ঠাকুৰে যেতিয়া ‘মমতা’ৰ কাম হাতত লৈছিল, ভাইমনদাকো সংগীতৰ কামত লগাইছিল। আৰু পৰৱৰ্তী সময়ত ব্যস্ত হৈ পৰিছিল জনপ্রিয় পৰিচালকগৰাকী চিত্রনাট্যকাৰ, সহকাৰী পৰিচালক হিচাপে। (আৰু আছে/ ২০০২/ 'আজি'ৰ পৰা)

রবিবার, ৫ ডিসেম্বর, ২০২১

আৰু সান্নিধ্য /৩ (ক)

'চিনেমাখন কেনে পালা? 'নাটক' হৈ আছে নেকি?” – প্রথমে হজম কৰিব নোৱৰা, পিছলৈ ‘ভাল লাগি' যোৱা এটি প্ৰশ্নৰেই আমাৰ প্ৰথম মুখামুখি। পৰিচালক মুনিন বৰুৱাৰ সৈতে প্ৰথম মুখামুখি। ভাতৃপ্রতিম সাংস্কৃতিক কর্মী পৱিত্ৰ মাৰ্ঘেৰিটাই ‘কন্যাদান'ৰ প্ৰিমিয়াৰ শ্ব’ৰ পিছত আমাক চিনাকি কৰি দিছিল পৰিচালকগৰাকীৰ সৈতে। মাজত কোনো শব্দৰ বিনিময় নাছিল। প্রথম মুখামুখিতেই এনেধৰণৰ প্ৰশ্ন! দিগদাৰ অনুভৱ কৰিছিলোঁ। ('ফোন'ত দুবাৰ মান মুনিন বৰুৱাৰ সৈতে কথা নপতা নহয়। এবাৰ ফোন কৰিছিলো মুম্বাইৰ প্ৰকাশ পোৱা 'ফিল্মচিটি' নে 'কিংষ্টাৰ'ত 'হিয়া দিয়া নিয়া' চিনেমা খনৰ খবৰ আৰু স্থিৰচিত্ৰ প্ৰকাশ পোৱাৰ পিছত। কৈছিলো-- দাদা, মই মুম্বাইত। ইয়াৰ কাকতত আপোনাৰ চিনেমাৰ খবৰ আৰু স্থিৰচিত্ৰ ছপা হৈছে। 'হিয়া দিয়া নিয়া'ৰ ১০০% শতাংশ কালেকচনৰ খবৰ ছপা হৈছে। ...)

         ২০০২ চন। কেইটামান মাহ পূর্বে মোৰ কৰ্মস্থান সলনি কৰিছিলোঁ। কেইবাবছৰো মুম্বাইত থকাৰ পিছত গুৱাহাটীলৈ উভতি আহিছিলোঁ। আহিয়েই সময় খৰচ কৰিছিলোঁ আঁতৰি থকা দিনকেইটাত চিত্ৰগৃহলৈ অহা ‘অসমীয়া চিনেমা অধ্যয়ন'ত। প্রথমে ‘অধ্যয়ন’ কৰিবলৈ চেষ্টা কৰিলোঁ ‘পিতা-পুত্ৰ'ৰ (মুনিন বৰুৱাৰ প্ৰথম স্বতন্ত্র পৰিচালনা) পৰা মুনিন বৰুৱা কিমান দূৰ আগুৱাইছে। বিষয়বস্তু আৰু পৰিচালনা শৈলীৰ দিশত আমাৰ ‘অধ্যয়ন’ যোগাত্মক আছিল যদিও ছিকুরেন্স নিৰ্মাণত থকা ‘নাটকৰ গোন্ধে' আমাক আমনি কৰিছিল। এই ‘আমনি'ৰ কথা কাকত-আলোচনীৰ পৃষ্ঠাত ছপা হৈছিল। সম্ভৱতঃ সেই কাৰণেই প্রথম মুখামুখিতেই আছিল ‘হজম' কৰিব নোৱৰা সেই প্রশ্ন। প্রশ্নটো আমি হজম কৰিব পৰা নাছিলোঁ। সেই কথা হয়তো মুনিন বৰুৱাই অনুভৱ কৰিছিল। আমি কোনো ধৰণৰ মন্তব্য দিয়া নাছিলোঁ। মুনিন বৰুৱাই নিজে কৈ গৈছিল। চিনেমাৰ ছিকুৱেন্সৰ প্ৰসংগত। চিনেমাৰ সংলাপৰ প্ৰসংগত। কেতিয়াবা চিনেমাৰ ছিকুৱেন্সে ‘নাটক’ হৈ কিয় থাকে... ইত্যাদি ইত্যাদি। সেই কথাবোৰৰ মাজত বিচাৰি পাইছিলোঁ ‘এজন ভাল দর্শক, সমালোচক মুনিন বৰুৱা’ক।
          হজম কৰিব নোৱৰা প্ৰশ্নটো ‘ভাল লাগিবলৈ আৰম্ভ কৰিছিল। স্পষ্ট হৈ পৰিছিল সেয়া আমাৰ সন্মুখত উত্থাপন কৰা প্ৰশ্ন নাছিল। মুনিন বৰুৱাৰ ভাষাত— “ 'দাগ’ৰ প্ৰসংগত যিকেইটা কথা তুমি উল্লেখ কৰিছা, বিশেষকৈ ‘নাটক’ প্ৰসংগতো, তোমাৰ লগত পিছত এদিন আলোচনা কৰিম। মই ভাবোঁ, ‘নাটক'ৰ পৰা ‘কন্যাদান' মুক্ত। তুমি কি কয়?...”
          সঁচাকৈয়ে আছিল ‘কন্যাদান'ৰ পৰিচালনা শৈলী ‘দাগ 'তকৈ বহু বেলেগ। পৰিচালকে ‘ছাবজেক্ট মুভমেণ্ট-কেমেৰা মুভমেণ্ট’ত বিশেষভাৱে গুৰুত্ব দিছিল।
          আমাৰ এই মনৰ ভাব প্রকাশ নকৰি প্ৰস্তাৱ এটা দিলোঁ— এদিন কেইঘণ্টামান বহি মত বিনিময় কৰাৰ। কাৰণ ইতিমধ্যে মুনিন বৰুৱা ‘পৰিচালক মুনিন বৰুৱা'ৰ প্ৰতি আমাৰ আগ্ৰহ বাঢ়িছিল।

                         (২)

মুনিন বৰুৱাৰ চিনেমা কাৰ বাবে?
মুনিন বৰুৱাই কিয় চিনেমা পৰিচালনা কৰে? পৰিচালক মুনিন বৰুৱাৰ চিনে চিন্তাত ‘চিনেমা বজাৰে’ দিগদাৰ দিয়ে নেকি?
– ইতিমধ্যে মুনিন বৰুৱাৰ সৈতে আমাৰ সম্পৰ্ক সহজ হৈ আহিছিল। বুজি উঠিছিলোঁ— চিনেমা বিষয়ত ঘণ্টাৰ পিছত ঘণ্টা ‘আড্ডা’ দি ভাল পোৱা মানুহ মুনিন বৰুৱা। নিজতকৈ আনৰ (হিন্দী, ইংৰাজী, বাংলা ভাষাৰ সুপৰিকল্পিত ৰচনাসমূহ) প্ৰসংগত আলোচনা কৰি আনন্দ অনুভৱ কৰে। কথা প্ৰসংগত এদিন কৈছিল— “মহেশ ভাট ভাল পৰিচালক। সন্দেহ নাই। মোৰ কেতিয়াবা কেনে ভাব হয় জানা— পিছৰ পৰ্যায়ত পৰিচালকগৰাকীয়ে কেৱল প্ৰযোজকৰ বাবে, দৰ্শকৰ বাবেহে চিনেমা পৰিচালনা কৰিছে।”

—হয়, ‘অৰ্থ’, ‘সাৰাংশ’ৰ পৰিচালকগৰাকী হেৰাই থাকিল 'দিল হো কি মানতা নহী’ত। ‘সাৰাংশ’ৰ মহেশ ভাটক বিচাৰিলে যিকোনো চিত্ৰৰসিকৰে কষ্ট হয়। বেদনা হয়। এজন ভাল পৰিচালকক হেৰুওৱাৰ বেদনা।
—সেই বেদনা মহেশ ভাটে নিজে অনুভৱ কৰেনে? মহেশ ভাটৰ দৰে ‘পিতা-পুত্ৰ’ৰ মুনিন বৰুৱাই কেৱল দৰ্শকৰ বাবে ‘হিয়া দিয়া নিয়া’ পৰিচালনা কৰিছিল নেকি?
–স্পষ্ট হ'বৰ বাবে উত্থাপন কৰিলোঁ ওপৰৰ প্ৰশ্নটো। পৰিচালকগৰাকীয়ে ক'লে— “বজাৰৰ বাবে অসমীয়া চিনেমা নিৰ্মাণৰ পৰিৱেশ ৰচনা হোৱা নাই। ৰচনা হোৱাৰ আশাও নাই। কেইখন অসমীয়া চিনেমা নির্মাণ হৈছে, কেইজন ভাল পৰিচালক ওলাইছে সেয়া বেলেগ কথা। অসমৰ প্ৰতিগৰাকী পৰিচালক-প্রযোজকে ‘ভাল চিনেমা' নিৰ্মাণৰ চেষ্টা কৰে। প্ৰথমে নিজৰ চিন্তাৰে চিনেমাখন নিৰ্মাণ কৰে। তাৰ পিছতহে চিন্তা কৰে চিত্ৰগৃহত কেনেকৈ চলাব, ‘বজাৰ’ৰ চিন্তাই মোক কোনো মুহূর্ততে আমনি কৰা নাই। আমনি কৰিবলৈ দিয়া নাই। কিন্তু মই সদায় নিজৰ দায়িত্ব বুলি ভাবোঁ— প্রযোজকৰ কথা চিন্তা কৰিব লাগে, প্ৰযোজকৰ টকা ঘূৰাই দিয়াৰ কথা পৰিচালকে চিন্তা কৰিব লাগে, দায়িত্ব বুলি ভাবিব লাগে।”
          প্ৰসংগক্ৰমে মুনিন বৰুৱাই কৈছিল --"চিনেমাৰে ব্যৱসায় কৰক। চিনেমাৰে ব্যৱসায় কৰিবই লাগিব। চিনেমা খৰচী মাধ্যম। গতিকে নিৰ্মাণৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ ব্যৱসায় কৰিবই লাগিব। মোৰ ব্যক্তিগত মত— ব্যৱসায়ৰ বাবে চিনেমা নিৰ্মাণৰ পদ্ধতিয়ে চিনেমাৰ ক্ষতি কৰাৰহে আশংকা বেছি। আৰু তুমি কি ভাবা নাজানো! মোৰ মতে, ব্যৱসায়ৰ বাবে নিৰ্মাণ কৰা চিনেমা এখনে যে ব্যৱসায় কৰিব, তাৰ কোনো গেৰাণ্টী নাই। কিন্তু দৰ্শকৰ কথা নাভাবি পৰিচালকে সুচিন্তাৰে পৰিচালনা কৰা চিনেমা এখনে ব্যৱসায় কৰাৰ আশা থাকে। সত্যজিৎ ৰায়ে ‘পথেৰ পাঁচালী', ছাৰে (ড° ভবেন্দ্ৰনাথ শইকীয়াই) ‘সন্ধ্যাৰাগ’ নিশ্চয় ব্যৱসায়ৰ বাবে নিৰ্মাণ কৰা নাছিল। কিন্তু ভাল ব্যৱসায় কৰা নাছিল জানো?ব্যৱসায়ৰ বাবে চিনেমা নিৰ্মাণৰ পদ্ধতিয়ে চিনেমাৰ ক্ষতি কৰাৰহে আশংকা বেছি। আৰু তুমি কি ভাবা নাজানো! মোৰ মতে, ব্যৱসায়ৰ বাবে নিৰ্মাণ কৰা চিনেমা এখনে যে ব্যৱসায় কৰিব, তাৰ কোনো গেৰাণ্টী নাই। কিন্তু দৰ্শকৰ কথা নাভাবি পৰিচালকে সুচিন্তাৰে পৰিচালনা কৰা চিনেমা এখনে ব্যৱসায় কৰাৰ আশা থাকে। সত্যজিৎ ৰায়ে ‘পথেৰ পাঁচালী', ছাৰে (ড° ভবেন্দ্ৰনাথ শইকীয়াই) ‘সন্ধ্যাৰাগ’ নিশ্চয় ব্যৱসায়ৰ বাবে নিৰ্মাণ কৰা নাছিল। কিন্তু ভাল ব্যৱসায় কৰা নাছিল জানো?
          'আশা’কেই কৰি আছোঁ ইমানদিনে, অসমীয়া চিনেমাৰ দিন ভাল হব! মই তোমাক এটা কথা কৈ থওঁ — অসমীয়া চিনেমাৰ শ্মশানযাত্রা, অসমীয়া চিনেমাৰ মৃত্যু ইত্যাদি ইত্যাদি যে লিখা হয় বা কোৱা হয়, সেই সম্পর্কত মই একমত হ’ব নোৱাৰোঁ। মোৰ বোধেৰে তেনেদৰে লিখা বা কোৱা উচিত নহয়। অসমীয়া চিনেমাৰ মৃত্যু নহয়। অসমীয়া চিনেমাৰ গতি বৃত্তাকাৰ। কেতিয়াবা ছবিঘৰত ভালদৰে চলিছে, একেলগে কেইবাখনো চিনেমা ফ্ল’ৰলৈ গৈছে। কেতিয়াবা চলা নাই। নির্মাণ কৰ্ম হৈছে। ভাল-বেয়াৰ মাজেৰেই চলি আছে, চলি থাকিব অসমীয়া চিনেমা।" ( আৰু আছে/ প্ৰকাশ: আজি,
জানুৱাৰী ২০০৩। )

শুক্রবার, ৩ ডিসেম্বর, ২০২১

পৱিত্ৰ দাই কৈছিল— ‘তুমি নজনাটো স্বাভাৱিক। তোমাৰ তেতিয়া জন্ম হোৱাই নাছিল। আজি তোমালোকে হীৰেন ভট্টক কবিতাৰ বাবে জানা। মই জনাত তেওঁ কবিতাতকৈ চিনেমাহে ভাল পাইছিল। সম্ভৱতঃ ১৯৫৬ চনৰ মাৰ্চ মাহৰ পৰা ‘চিত্ৰবন’ নামৰ আলোচনী এখন উলিয়াইছিল। মোৰ 'ৰূপকাৰ' যেনেকুৱা, তেনেকুৱা আছিল ৷ চিনেমাক বিশেষভাৱে গুৰুত্ব দিয়া হৈছিল। সাহিত্য, ৰংগমঞ্চ আদিৰ নামতো পৃষ্ঠা খৰচ কৰিছিল। প্রতি ইংৰাজী মাহৰ দ্বিতীয় সপ্তাহত প্ৰকাশ পাইছিল। অমূল্য বৰুৱা, ড° মহেশ্বৰ নেওগ, নৱকান্ত বৰুৱা, আৰু বহুতে লিখিছিল। চিনেমা সমালোচনা লিখিছিল নাম নিদিয়াকৈ হীৰেন ভট্টই।'

আন এদিন হীৰুদাৰ উপস্থিতিত পৱিত্ৰ দাই ‘চিত্ৰবন’ৰ প্ৰসংগটো উলিয়াইছিল। পৱিত্ৰ দাই হীৰুদাক সুধিছিল— ‘চিত্র সাংবদিকতা’, চিনেমা সমালোচনা কিয় বাদ দিলে। হীৰুদাৰ সংক্ষিপ্ত উত্তৰ— ‘টান বিষয়। বহু পঢ়া-শুনা কৰিব লাগে। চাব লাগে। মোৰ ধৈৰ্য কম হৈ আহিছে। সেই দিনা আমাৰ মাজৰে এগৰাকীয়ে সুধিছিল— কেতিয়াবা চিনেমাপৰিচালনা কৰাৰ ইচ্ছা মনলৈ নাহেনে?
ফটো: বিদ্যুৎ কুমাৰ ভূঞা
হীৰুদা...

তেওঁ মোৰ ওচৰৰ নাছিল।... কিন্তু তেওঁৰ ‘শব্দ’বোৰ আছিল মোৰ অতি ওচৰৰ। তেওঁৰ মুখামুখি হৈছিলোঁ তিনিবাৰ। মাত্ৰ তিনিবাৰ। তিনিবাৰ, তিনিটা ‘ইমেজ’ত হৃদয়ত ভৰাই লৈ আহিছিলোঁ।
               প্ৰথমবাৰ মোক লৈ গৈছিল মোৰ এজন সাংবাদিক বন্ধুৱে। তেওঁ ঘৰত নাছিল। আমাক বহিবলৈ কোৱা হ’ল। ঘৰত নবহি আমি বহিলোঁ তেওঁৰ প্ৰেছ ‘চিত্ৰবন’ত। চিত্ৰবন। মই ‘চিনেমা’ৰ গোন্ধ পালোঁ।... তেওঁ আহিল৷ তেওঁৰ সৈতে বন্ধুৱে মোক চিনাকি কৰি দিয়াৰ পাছতে ক'লোঁ— ‘চিত্রবন’ কবিতা কবিতা যেন নালাগে, চিনেমা যেন লাগে। উত্তৰত তেওঁৰ কেইটামান শব্দ ক'লে— ‘কবিতা-চিনেমাৰ সম্পৰ্ক আছে। গীত-কবিতাৰ সম্পৰ্ক আছে। চিনেমাত গীত থাকে।'কবিতা-চিনেমাৰ সম্পৰ্ক আছে। গীত-কবিতাৰ সম্পৰ্ক আছে। চিনেমাত গীত থাকে।'
সেই কাৰণেইনে ‘চিত্রবন’?
                    চিত্র সাংবাদিক পৱিত্ৰ কুমাৰ ডেকা আজি আমাৰ মাজত নাই। সেই সময়ত সপ্তাহত কমেও এটা দিনত ২০-৩০ মিনিট পৱিত্ৰ দাৰ সুন্দৰ পুথিভঁৰালটোত বহি আড্ডা দিয়াটো যেন ৰুটিনৰ ভিতৰত আছিল। এদিন ‘চিত্ৰবন’ৰ কথা উলিয়াইছিলোঁ। মোৰ সন্দেহৰ কথা কৈছিলোঁ। পৱিত্ৰ দাই কৈছিল— মোৰ সন্দেহৰ যুক্তি আছে। পৱিত্ৰ দাই কৈছিল— ‘তুমি নজনাটো স্বাভাৱিক। তোমাৰ তেতিয়া জন্ম হোৱাই নাছিল। আজি তোমালোকে হীৰেন ভট্টক কবিতাৰ বাবে জানা। মই জনাত তেওঁ কবিতাতকৈ চিনেমাহে ভাল পাইছিল। সম্ভৱতঃ ১৯৫৬ চনৰ মাৰ্চ মাহৰ পৰা ‘চিত্ৰবন’ নামৰ আলোচনী এখন উলিয়াইছিল। মোৰ 'ৰূপকাৰ' যেনেকুৱা, তেনেকুৱা আছিল ৷ চিনেমাক বিশেষভাৱে গুৰুত্ব দিয়া হৈছিল। সাহিত্য, ৰংগমঞ্চ আদিৰ নামতো পৃষ্ঠা খৰচ কৰিছিল। প্রতি ইংৰাজী মাহৰ দ্বিতীয় সপ্তাহত প্ৰকাশ পাইছিল। অমূল্য বৰুৱা, ড° মহেশ্বৰ নেওগ, নৱকান্ত বৰুৱা, আৰু বহুতে লিখিছিল। চিনেমা সমালোচনা লিখিছিল নাম নিদিয়াকৈ হীৰেন ভট্টই।'

            আন এদিন  হীৰুদাৰ উপস্থিতিত পৱিত্ৰ দাই ‘চিত্ৰবন’ৰ প্ৰসংগটো উলিয়াইছিল। পৱিত্ৰ দাই হীৰুদাক সুধিছিল— ‘চিত্র সাংবদিকতা’,  চিনেমা সমালোচনা কিয় বাদ দিলে। হীৰুদাৰ সংক্ষিপ্ত উত্তৰ— ‘টান বিষয়। বহু পঢ়া-শুনা কৰিব লাগে। চাব লাগে। মোৰ ধৈৰ্য কম হৈ আহিছে। সেই দিনা আমাৰ মাজৰে এগৰাকীয়ে সুধিছিল— কেতিয়াবা চিনেমা
পৰিচালনা কৰাৰ ইচ্ছা মনলৈ নাহেনে?
‘যায়। একেটাই সমস্যা। ধৈর্য। ৪-৫ মিনিটত যদি সম্ভৱ হয়, চেষ্টা কৰি চাব পাৰি।' — হীৰুদাৰ উত্তৰ। (পৱিত্ৰ ঘৰত, এয়া হীৰুদাৰ সৈতে মোৰ দ্বিতীয় মুখামুখি।) তৃতীয় মুখামুখিৰ অভিজ্ঞতা মোৰ বাবে আছিল ‘অদ্ভুত'।
এখন গ্ৰন্থ উন্মোচন কৰিব হীৰুদাই। উৎপল দাই (লেখক, সমালোচক উৎপল দত্তই) দায়িত্ব দিলে নিৰ্দিষ্ট সময়ত হীৰুদাক ‘গৌৰী সদন'লৈ আনিব লাগে। নিৰ্দিষ্ট সময় দিনৰ ১২ বজাত আমি গৈ পাব লাগিছিল। আমি গৈ পালোঁ ১২ বাজি কেইমিনিটমান যোৱাৰ পাছত। গৈ জানিব পাৰালো কবি ঘৰত নাই।কেইটামান নিৰ্দিষ্ট স্থানত বিচাৰিলোঁ। যিকেইটা স্থানত হীৰুদাক পোৱা যায় বুলি দুই-একে ক’লে। নাই, সেই স্থানবোৰতো নাই। সময় আগবাঢ়িল। দুই বাজিল। উন্মোচন কৰিবলগীয়া গ্ৰন্থখনৰ বিষয় আছিল— ‘কেশৱ মহন্ত'। ঠিক কৰা হ’ল কেশৱ মহন্তই গ্ৰন্থখন উন্মোচন কৰিব। সভা আৰম্ভ হ'ল। গ্রন্থ উন্মোচন কৰিবলৈ সাজু... । তেনেতে উপস্থিত হীৰুদা। ছাৰ্টৰ বুটাম খোলা, ঘামত শৰীৰ তিতিছে।... সকলোৰে দৃষ্টিত ‘?’।
"মোক লৈ অহাৰ কথা আছিল ১২ বজাত। ৫ মিনিট সময় বাট চালোঁ। পাহৰিলে বুলি ভাবিলোঁ । ভাবিলোঁ— খোজ কাঢ়িয়ে গৈ থাকোঁ। ৰাস্তাত লগ পালোঁ...।" হীৰুদাই কৈ গ'ল।

                   হীৰুদাই গীত জানে। সেয়েহে তেওঁৰ কবিতাবোৰ সুৰ দিব পাৰি। ‘তিনিদিনীয়া অগ্ৰদূত’ৰ বাবে লোৱা এটা সাক্ষাৎকাৰত মোক কৈছিল ৰুবী সিংহই। ৰুবী সিংহই গাইছিল হীৰুদাৰ ‘গ’লিগৈ বগলী বগা পাখি মেলি...’, "গানে কি আনে/সুৰৰ সোপানে সোপানে...",  "বন্ধু মেলি দে তোৰ..."আদি।
                   বীৰেন্দ্ৰনাথ দত্তই গাইছিল "মোৰ সপোনৰ  , সৌ শিৰীষ ডালত, মোৰ আই সাতোখন শুৱনি...। আৰু ?
                   অপূর্ব কুমাৰ দাসে "মই বাটৰুৱা দুচকুত মোৰ...", চাৰু গোহাঁয়ে "ৰাতি বাঁহী বাই ...", পুলক বেনাৰ্জীয়ে "গানে কি আনে...", "আন্ধাৰলে হাত...", অৰ্চনা মহন্তই "যা বাৰিষা...", তৰালি শৰ্মাই গাইছিল ‘মন কমোৱা তুলাৰ দৰে....’, অনিন্দিতা পালে ‘বকুল বনৰ দৰে/জোনাকৰ পখী উৰে...’, জুবিন গাৰ্গে ‘অ’ মোৰ ৰণৰ তেজী ঘোঁৰা অ' মোৰ মনৰ বেগী ঘোঁৰা...’, গানে কি আনে...", "হেৰ' বাঁহী...", দুৰ্গাময়ী বৰাই  "মোৰ পাহৰা গানৰ...", "কিয়বা দুটি নয়ন...", লোকনাথ গোস্বামীয়ে "আমোলমোল শোৱালিৰ গোন্ধ...", পাৰবিন চুলতানাই "নীলা চৰাই...",  সংগীতা বৰঠাকুৰে "সোণ সুৱদী...", দীগেন মহন্তই "মোৰ জীৱনৰে..." দিলীপ চৌধুৰীয়ে "আজি জোনাক ৰাতি...", "হেমেন দাসে "ফুলৰে চাকি...",  নিবেদিতা শৰ্মা বৰাই "বকুল ফুলৰ দৰেই...", পাপৰি দাসে "জোনাক নাছিল...", ৰুমী অঞ্জনা চৌধুৰীয়ে  "সোণ সুৱদী চৰাই উৰে...", জয়প্ৰকাশ মেধি "অ মোৰ মিঠা মৌ..." আৰু টফি দেয়ে গাইছিল "এটি তৰা আপোন পাহৰা..."। এই প্ৰতিটো গীতেই অসমীয়া ‘গীত’ৰ একোটা ‘চমক’।
                    গীতৰ চমক শব্দ? এই প্ৰসংগত হীৰুদাৰ ব্যাখ্যা আছিল এনেধৰণৰ—
"শব্দ— নহয়। কেৱল শব্দ নহয়। কণ্ঠ আৰু অলংকাৰো। অলংকাৰ গায়কী, সুৰ, সংগীত ইত্যাদি। গীত মানে কেৱল শব্দ নহয়। কেৱল কণ্ঠ নহয়...। সকলো মিলিহে গীত।" (প্রকাশ : মাহেকীয়া গল্প/২০১২)