বৃহস্পতিবার, ২৬ আগস্ট, ২০২১

আৰু সান্নিধ্য /৫

(১) ‘সপোন’ বোলা বস্তুটো মই বেয়া পাওঁ। মোৰ চিনেমাখনত কোনো সপোন নাই। দর্শকক সপোন দেখুৱাব খোজা নাই। বাস্তৱৰ মুখামুখি কৰাব খুজিছোঁ।—এয়া পদুম বৰুৱাই কোৱা কথা। তেওঁ পৰিচালনা কৰা একমাত্র চিনেমা ‘গঙা চিলনীৰ পাখি’ প্রসংগত কৈছিল এই কথা। সন্দেহ নাই যে পদুম বৰুৱাৰ এই অসমীয়া চিনেমাখন আজিৰ তাৰিখতো অসমৰ চিত্ৰৰসিকৰ বাবে গৌৰৱ। এই লেখাৰ প্ৰসংগ পিছে ‘গঙা চিলনীৰ পাখি’ নহয়, পদুম বৰুৱাহে। চিনেমাৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণ আছিল পদুম বৰুৱাৰ। তেতিয়া তেওঁৰ বয়স ন নে দহ। তেওঁ ঠিক কৰিছিল— যিকোনো প্রকাৰে চিনেমা এখন চাবই। চোৱাৰ সুযোগো পালে। ডগলাছ ফেয়াৰ বেংকৰ নির্বাক ছবি এখন। তাৰ পিছত ১৯৩৫ চনত যোৰহাটৰ ভ্রাম্যমাণ ছবিগৃহত ‘জয়মতী’ চোৱাৰ সুযোগ পালে। মূলতঃ এই দুখন চিনেমাই পদুম বৰুৱাক অনুভৱ কৰিবলৈ শিকালে। তেওঁ মাধ্যমটোৰ গভীৰতা উপলব্ধি কৰিলে পুডভকিনৰ ‘জেনেৰেল চুভভ’ চোৱাৰ পিছত। এইবোৰ কথা দক্ষ পৰিচালকগৰাকীয়ে নিজে কৈছিল। আৰু কৈছিল, তেওঁক চিনেমা মাধ্যমটোৰ প্ৰতি অধিক আগ্রহী কৰি তুলিছিল চার্লি চেপলিন, জন ফ’র্ড, ভিক্টৰ ফ্লেমিং, হিচকক, উইলিয়াম ৱাইলীৰ চিনেমাই। আৰু তেওঁ চিনেমাৰ মাজত সোমাই পৰিছিল ৰজাৰ মেনভিলৰ ‘দি ফিল্ম’ নামৰ কিতাপখন পঢ়াৰ পিছত। তেওঁৰ মনলৈ আহিল তেওঁৰ দ্বাৰা চিনেমা পৰিচালনা কৰিব পৰা নাযাব কিয়? পদুম বৰুৱাৰ কেৱল তেনে আগ্রহ নাছিল— এদিন চিনেমা পৰিচালনা কৰিব। তেওঁৰ মূল উদ্দেশ্য আছিল তেওঁ কাম কৰা সমাজখনত চিনেমাৰ সুস্থ পৰিৱেশ গঢ়ি তুলিব আৰু তাৰেই এটা অংশ হ’ল সুস্থ চিনেমা পৰিচালনা। কাশীত অধ্যয়ন কৰি থকা সময়ত ভালেমান শ্রেষ্ঠ চিনেমা চোৱাৰ, চর্চা কৰাৰ সুযোগ পায় পদুম বৰুৱাই। তেওঁ উপলব্ধি কৰে ভাল চিনেমা চালেই নহ’ব। চোৱাৰ পিছত চর্চাৰো প্রয়োজন। তেতিয়াহে সুস্থ চলচ্চিত্র আন্দোলন সম্ভৱ হ’ব পাৰে। পঢ়া-শুনা শেষ কৰি যেতিয়া ১৯৪৮ চনত অসম চৰকাৰৰ অর্থনীতি আৰু পৰিসংখ্যা বিভাগৰ চাকৰিত যোগ দি শ্বিলঙত থাকিবলৈ লয়, তেতিয়া চিনেমা চোৱা, চর্চা কৰাত গুৰুত্ব দিলে। গঠন হ’ল ফিল্ম ছ’চাইটী। ১৯৬৩ চনত শ্বিলঙৰ ফিল্ম ছ’চাইটীৰ বেনাৰত সত্যজিৎ ৰায়ৰ ‘পথেৰ পাঁচালী’ প্রদর্শনৰ ব্যৱস্থা কৰে। এই চিনেমাখন প্রদর্শন হোৱাৰ পিছত তেখেতে উপলব্ধি কৰে— ‘পথেৰ পাঁচালী’ৰ শৈলীৰ চিনেমা অসমীয়া ভাষাতো সম্ভৱ। অৱশ্যে সেই সময়ত অসমীয়া চিনেমাৰ বজাৰ আছিল অতি দুখলগা। তথাপি তেওঁৰ মনৰ ভাব বুজি আগবাঢ়ি আহিছিল মহম্মদ ছাদুল্লা। তাৰ পিছত…? মহম্মদ ছাদুল্লাৰ প্ৰস্তাৱ— “মনৰ মাজতে আৰু কিমান দিন ৰাখিব? কিবা এটা কৰি পেলোৱা উচিত। মই উপন্যাস এখন আনিছোঁ। এই উপন্যাসৰ কাহিনীভাগ লৈয়ে আগবাঢ়িব নোৱাৰানে?…” উপন্যাসখনৰ নাম ‘গঙা চিলনীৰ পাখি’। লক্ষ্মীনন্দন বৰাৰ উপন্যাস। প্রথমে পদুম বৰুৱাই গুৰুত্ব দিয়া নাছিল। কিন্তু হাতত তুলি লোৱাৰ পিছত, যেতিয়া উপন্যাসখনৰ মাজত সোমাই পৰিল, অনুভৱ কৰিলে— হয়, পৰা যায়। চিত্রনাট্য ৰচনাৰ কাম আগবাঢ়িল। লগে লগে ব্যস্ত হৈ পৰিল অভিনেতা-অভিনেত্রী, বিশেষকৈ মূল ‘নায়িকা’ৰ সন্ধানত। প্রথমে ঠিক কৰিলে সত্ৰৰ গোঁসাইৰ ছোৱালী এগৰাকী। ঘৰত আপত্তি। ছোৱালীগৰাকীয়ে কেমেৰাৰ সন্মুখত অভিনয় কৰাৰ অনুমতি নাপালে। ছাদুল্লা ব্যস্ত হ’ল ভ্রাম্যমাণ থিয়েটাৰত। পদুম বৰুৱা অন্য স্থানত। অৱশেষত পদুম বৰুবাই টীয়ক কলেজত ‘নায়িকা’ গৰাকী বিচাৰি পালে। নাম বীণা বাৰুৱতী। কাম আৰু কিছু আগবাঢ়িল। পদুম বৰুৱাই শেষত হাতত থকা নিজৰ সঞ্চিত কিছু টকা ছাদুল্লাক দিলে কলকাতালৈ যাবলৈ। প্ৰাৰম্ভিক কামৰ বাবে। কেমেৰামেন ঠিক কৰা হ’ল নলীন দুৱৰাক। কলকাতাৰ পৰা সহায় কৰাৰ বাবে আহিল ফটিক মজুমদাৰ। তেনেতে সমস্যা এটা হ’ল, যাৰ বাবে নলীন দুৱৰাই দায়িত্ব ল’ব নোৱাৰিলে আৰু কেমেৰাৰ দায়িত্ব দিয়া হ’ল ইন্দুকল্প হাজৰিকাক। ১৯৬৮ চনৰ মে’ মাহত ‘গঙা চিলনীৰ পাখি’ৰ শুভ মহুৰৎ হ’ল। …আকৌ সমস্যা। এইবাৰ টকাৰ। সহায়ৰ হাত আগবঢ়ালে মাতৃয়ে। মাকৰ পৰা ৭,০০০ টকা লৈ আৰু কিছু কাম আগবঢ়ালে। ৰাজ্যিক লটাৰী বিভাগৰ পৰাও উভতাই দিয়াৰ চুক্তিৰে ৩০,০০০ টকা ল’লে। তেনেদৰে ১৯৭২ চনত চিনেমাখনৰ চিত্ৰগ্ৰহণৰ কাম কোনোমতে শেষ কৰে। বাকী কামখিনি শেষ কৰে অসম ফিল্ম ফাইনেন্স ডেভেলপমেন্ট কৰ্পৰেচনৰ পৰা তিনিটা কিস্তিত উলিয়াবলৈ সক্ষম হোৱা ৪৫,০০০ টকাৰে। উলিয়াবলৈ সক্ষম হোৱা বুলি এই কাৰণেই কোৱা হৈছে, কাৰণ এই টকাখিনিৰ বাবে পদুম বৰুৱাই অন্য এক সংগ্রাম কৰিবলৈ বাধ্য হৈছিল। সেয়া যি কি নহওক, ১৯৭৬ চনত চিনেমাখন সম্পূর্ণ হয় আৰু চিত্ৰগৃহলৈ আহে সেই বছটোৰে ১২ মার্চত। পদুম বৰুৱা আছিল সংগীত জনা মানুহ, সংগীত বুজা মানুহ। সেয়ে ‘গঙা চিলনীৰ পাখি’ৰ সংগীত ৰচনাৰ কাম আনক দিয়া নাছিল। নিজে কৰিছিল। তেওঁ চিনেমাখনৰ চৰিত্ৰ, পৰিৱেশ আদিৰ লগতে সংগীতকো বাস্তৱ ৰূপত ৰাখিবলৈ চেষ্টা কৰিছিল। বাস্তৱৰ পৰা বুটলি আনিছিল সংগীতকো। তেওঁ তেতিয়া যোৰহাটত বাঁহীবাদনৰ শিক্ষাদান কৰে। যোৰহাটত যিটো ঘৰত আছিল, তাৰ ওচৰতে আছিল এগৰাকী যুৱতী। সেই যুৱতীৰ সৈতে যুৱক এজনৰ প্ৰেমৰ সম্পর্ক হৈছিল, কাৰণ জনা নাযায়—প্ৰতিটো নিশা হাতত বীণ এখন লৈ যুৱকে কিয় যুৱতীৰ ঘৰৰ ওচৰলৈ আহে? কিয় বীণত কৰুণ সুৰ বজায়? যি কি নহওক, বীণৰ সেই কৰুণ সুৰে গভীৰতা বঢ়াইছিল। চিনেমাখনত তেনে পৰিৱেশ এটা ৰচনা কৰিবলৈও পদুম বৰুৱাই সেই যুৱকগৰাকীয়ে বজোৱাৰ দৰে বীণৰ সুৰ ব্যৱহাৰ কৰিছিল। তেনেদৰে বাস্তৱিকতাৰ স্বাৰ্থত এটা গীত গোৱাইছিল যোৰহাটৰ ফুটপাথত বহি সুৰেৰে জীৱন নির্বাহ কৰা তিতাবৰৰ মাণিক সন্দিকৈৰ হতুৱাই। (২) লং হাই এংগল শ্বট : জোনাক ৰাতি… বাসন্তীয়ে কাষত কাপোৰৰ টোপোলা লৈ আহি থাকে। (আৱহ সংগীত, মাজে মাজে শিয়ালৰ হুৱাৰ শব্দ)। মিড ক্লজ শ্বট : ফ্রেমৰ বাঁওফালৰ পৰা সোঁফালে বাসন্তী খোজ কাঢ়ি গৈ থকা ভৰি দুটাৰ দৃশ্য (আৱহ সংগীত)। মিড লং শ্বট : বাসন্তী বাঁহনিৰ মাজেৰে একেটা দিশতে গৈ থাকে। (আৱহ সংগীত) ক্ল’জ শ্বট : বাসন্তীয়ে বাঁহনিৰ মাজেৰে কেমেৰাৰ ফালে মুখ কৰি আহি থাকে। বাঁহৰ পাতৰ মাজেৰে অহা জোনৰ পোহৰ বাসন্তীৰ মুখৰ ওপৰত খেলা কৰে। (আৱহ সংগীত) মিড লং শ্বট : বাসন্তী ফ্ৰেমৰ বাঁওফালৰ পৰা সোঁফালে থকা এজোপা গছৰ তললৈ আহে। (আৱহ সংগীত) মিড লং শ্বট : বাসন্তীয়ে গছজোপাৰ গাত সোঁহাতখন দি থিয় হৈ দূৰলৈ চায়। লং শ্বট : বাসন্তীৰ দৃষ্টিকোণৰ পৰা দেখা সোণাই নৈৰ ঘাটত এখন নাও। ধনঞ্জয় আৰু এজন মানুহ নাওখনৰ ওচৰত থিয় হৈ আছে। (আৱহ সংগীত)। ক্ল’জ শ্বট : গছৰ তলত থিয় হৈ থকা বাসন্তী। বাসন্তীয়ে উচুপি উচুপি কান্দে। চকুত পানী। (আৱহ সংগীত উচ্চ স্বৰত বাজে) বাসন্তীয়ে গছজোপাৰ আঁৰ লৈ থিয় হয়। লং শ্বট : ধনঞ্জয়ে দূৰলৈ চায় আৰু ইফালে-সিফালে অহা-যোৱা কৰে। (আৱহ সংগীত) ক্ল’জ আপ : বাসন্তীৰ মুখ। চকুৰ পানী। (নেপথ্যত তৰুলতাৰ কণ্ঠস্বৰ) —-এয়া পদুম বৰুৱাৰ ‘গঙা চিলনীৰ পাখি’ৰ কেইটামান শ্বটৰ চিত্ৰনাটা। মন কৰক, দীর্ঘ সময় ধৰি কোনো চৰিত্ৰৰ মুখত সংলাপ ব্যৱহাৰ কৰা হোৱা নাই। চিনেমাখনৰ কাহিনীয়ে গতি কৰিছে। চিনেমাখনৰ কাহিনীয়ে কি ক’ব খুজিছে, সেয়া কিন্তু চিত্ৰ ৰসিকে বুজাত অসুবিধা পোৱা নাই। কাৰণ কেমেৰাৰ ভাষাৰে সুপৰিকল্পিতভাৱে কোৱা হৈছে কাহিনী, বক্তব্য। চিনেমাৰ প্রাথমিক জ্ঞান থকা যিকোনো লোকেই সহজেই বুজিব, এয়া সম্ভৱ কেৱল মাধ্যমটোত দখল থকা পৰিচালক এগৰাকীৰ পক্ষেহে। এইখিনিতে আন এটা কথা উল্লেখ কৰিব পাৰি। অসমীয়া চিনেমাৰ ক্ষেত্ৰখনত কেমেৰাৰ ভাষাৰ (যাক কোৱা হয় চিনেমাৰ মূল ভাষা) গুৰুত্ব কম। সততে সংলাপক গুৰুত্ব দিহে চিনেমা নির্মাণ কৰা দেখা যায়। চিনে পণ্ডিতসকলৰ দৃষ্টিত এয়া চিনেমাৰ ডাঙৰ ত্ৰুটি। এই ত্ৰুটিৰ পৰা মুক্ত নহয় ড° ভবেন্দ্রনাথ শইকীয়া, জাহ্নু বৰুৱা, মঞ্জু বৰা আদিৰ চিনেমাও। গতিকে পদুম বৰুৱাৰ ‘গঙা চিলনীৰ পাখি’ যে এই দিশত অসাধাৰণ আছিল, তাৰ ব্যাখ্যাৰ নিশ্চয় প্রয়োজন নাই। প্ৰতিটো ছিকুৱেন্স ৰচনাৰ সময়তে পৰিচালকগৰাকীয়ে নিশ্চয় মনত ৰাখিছিল চিনেমা পৰিচালকৰ মাধ্যম। কেমেৰাৰ মাধ্যম। ‘গঙা চিলনীৰ পাখি’ৰ দর্শক হোৱাৰ পিছত আমাক চুই যোৱা দুটা দিশ হ’ল— চিনেমেটিক ভাষা আৰু সংগীত। দিশ দুটাৰ বিষয়ে এটা শব্দত কৈ থ’ব পাৰি— সুপৰিকল্পিত। চিনেমাখনৰ প্ৰথমটো ছিকুৱেন্সতেই দেখা গৈছে লং, মিড লং শ্বটৰ সুগাণিতিক প্রয়োগ। কেমেৰাৰ ভাষাৰে আগবঢ়াই নিয়া হৈছে কাহিনী।.. লং শ্বটত এটি ছাঁ… সোণাই নৈ… আকাশত এটি গঙা চিলনী.. নদীত পানী ভৰাবলৈ যোৱা নায়িকা (ছাঁ) গঙা চিলনীৰ মাতত আকৃষ্ট। প্রথম ছিকুৱেন্সটোতেই ফ্রিজ্ মটিফটিৰ অপূর্ব ব্যৱহাৰ। চিনেমাৰ পৰিচালক পদুম বৰুৱাই স্পষ্ট কৰি দিছে গঙা চিলনী নায়িকাৰ আশা-আকাংক্ষাৰ প্রতীক। আজিৰ তাৰিখত ভাৰতীয় চিনেমাসমূহ যদি বিশ্লেষণ কৰি ‘গঙা চিলনীৰ পাখি’ৰ সৈতে তুলনা কৰা হয়, সময় অনুপাতে দেখা যাব চিনেমেটিক ভাষা প্রয়োগৰ ক্ষেত্ৰত কিছু আগবঢ়া। একেদৰে আজিৰ তাৰিখত অসমীয়া চিনেমা সাহিত্যতো এই দিশটোৰ কথা মনত ৰাখি যদি বিশ্লেষণ তথা তুলনা কৰা হয়, দেখা যাব ‘গঙা চিলনীৰ পাখি’ বহু আগবঢ়া।( প্ৰকাশ: পদ্ম বৰকটকী সম্পাদিত "ইস্তাহাৰ"/১৯৯৩)

মুনিন বৰুৱা /২

Munim Baruaএক] 


 মুনিন বৰুৱাৰ প্ৰথম স্বাধীন পৰিচালনা ‘পিতা-পুত্ৰ’৷ ‘চিনেমা কেৰিয়াৰ’ আৰম্ভ হৈছিল ‘মমতা’ৰে৷ নলীন দুৱৰাৰ পৰিচালনা৷ ৰেহনা আখতাৰ হান্নানে গোৱা ‘আঁউসীৰ পাছত…’ গীতটোত মেণ্ডোলিন বজাইছিল৷ চিনেমাখনৰ গীত ৰেকৰ্ডিং আউটড’ৰত হৈছিল; আৰু সংগীতৰ সেইবোৰ কামতো তেওঁ সহায় কৰিছিল৷ ১৯৭৬ চন৷ পৰিচালক শিৱ প্ৰসাদ ঠাকুৰে হাতত লৈছিল প্ৰথম পৰিচালনা৷ এই চিনেমাখনতে প্ৰথমবাৰৰ বাবে কেমেৰাৰ পিছফালে কাম কৰে মুনিন বৰুৱাই, সহকাৰী পৰিচালক হিচাবে৷ ১৯৭৮ চনত চিত্ৰগৃহলৈ অহা এই চিনেমাখন ব্যাৱসায়িক দিশত সফল নহ’ল৷ সেই সময়ত বহুতে দোষ দিলে ‘চিত্ৰনাট্য’ক৷ দুৰ্বল চিত্ৰনাট্য৷ কাহিনী, চিত্ৰনাট্য, সংলাপ লিখিছিল বসন্ত দাসে৷ পৰিচালক গৰাকীৰ দ্বিতীয় পৰিচালনা ‘বোৱাৰী’ৰ কাহিনী বসন্ত দাসৰে৷ চিত্ৰনাট্য-সংলাপ কিন্তু মুনিন বৰুৱা, বসন্ত দাসৰ৷ চিত্ৰনাট্য-সংলাপৰ লগতে মুখ্য সহকাৰী পৰিচালকৰো দায়িত্ব পালন কৰিছিল মুনিন বৰুৱাই৷ ১৯৮২ চনৰ ১৫ জানুৱাৰীত চিত্ৰগৃহলৈ অহা ‘বোৱাৰী’য়ে ‘অসমীয়া চিনেমাৰ বজাৰ’ত ঢৌৰ সৃষ্টি কৰিছিল৷ সফলতাৰ ঢৌ৷ সেইবাবেই হয়তো ‘শেৱালী’ (১৯৮৯), ‘ঘৰ সংসাৰ’ (১৯৮৩), ‘মন মন্দিৰ’ (১৯৮৫), ‘সোণ মইনা’ (১৯৮৪), ‘এই দেশ মোৰ দেশ’ (১৯৮৬) ৰো চিত্ৰনাট্য-সংলাপৰ দায়িত্ব লৈছিল৷ এই প্ৰতিটো ‘চিনে কৰ্ম’ই আছিল সফল৷ সফলতাৰ বাটত আৰু এখোজ আগবাঢ়ি নিপন গোস্বামীৰ সৈতে যুটীয়াভাৱে পৰিচালনা কৰে ‘প্ৰতিমা’৷ চিত্ৰগৃহলৈ আহে ১৯৮৭ চনত৷ ‘প্ৰতিমা’ দৰ্শকে পছন্দ কৰিলে৷ ইয়াৰ পাছতে হাতত ল’লে ‘পিতা-পুত্ৰ’৷ ‘পিতা-পুত্ৰ’ৰ শৈলীৰে পৰিচালকগৰাকীয়ে পৰৱৰ্তী সময়ত ‘চিনে কৰ্ম’ আগবঢ়াইছে ‘পাহাৰী কন্যা’, ‘প্ৰভাতী পখীৰ গান’, ‘দীনবন্ধু’, ‘ৰামধেনু’ নামেৰে৷ বিশ্লেষণ কৰিলে স্পষ্ট হৈ পৰে ‘হিয়া দিয়া নিয়া’, ‘দাগ’, ‘নায়ক’, ‘কন্যাদান’, ‘বিধাতা’, ‘বাৰুদ’, ‘ৰং’ পৰিচালকগৰাকীৰ আন এক শৈলীৰ ‘চিনে কৰ্ম’৷–এই দুয়োটা শৈলীৰে সু-পৰিকল্পিত প্ৰয়োগ স্পষ্ট ‘প্ৰিয়াৰ প্ৰিয়’ত৷ কাহিনী এটা আছে৷ কাহিনীভাগৰ কথা মনত ৰাখি ক’ব পৰা যায়– ‘ৰোমাণ্টিক কমেডি ড্ৰামা’ বুলি৷ ‘কাহিনী’ৰ কথা মনত ৰাখি এনেদৰেও ক’ব লাগিব–দৈৰ্ঘ্যৰ বাবে, অপ্ৰয়োজনীয় ছিকুৱেন্সৰ বাবে মাজে-মাজে আমনিদায়ক হৈছে৷ কেইটামান চৰিত্ৰক বাদ দিও চিনেমাখনক গতি দিব পাৰিলেহেঁতেন। এই চিনেমাখনত অৱশ্যে কাহিনীভাগ শৰীৰহে, আত্মা নহয়৷ আত্মা বিষয়বস্তু৷ প্ৰধান অলংকাৰ- সংলাপ আৰু অভিনয়৷ পৰিচালক, চিত্ৰনাট্যকাৰ মুনিন বৰুৱাই বিষয়বস্তু উপস্থাপনৰ বাবে চাৰিটা চৰিত্ৰক বিশেষভাৱে নিৰ্মাণ কৰিছে৷ বৃকোদৰ, প্ৰিয়ব্ৰত, প্ৰিয়নাথ আৰু প্ৰিয়ৰঞ্জন৷ [প্ৰিয়ব্ৰতৰ মুখত দিয়া সংলাপতে স্পষ্ট হৈ আছে প্ৰিয়ৰঞ্জন, প্ৰিয়নাথ৷ ‘…নিৰ্বাচনৰ নামত সৃষ্টি হোৱা উৎসৱৰ উপহাৰ হ’ল প্ৰিয়ৰঞ্জন, নৃপতিৰ দৰে ৰাজনীতিকৰ দল৷ স্বজন-তোষণৰ কুফল প্ৰিয়নাথৰ দৰে নতুন পুৰুষ’৷] মোৰ আজোককা অসমীয়া আছিল৷ ‘স্বীকাৰ কৰিছোঁ, তোমালোকৰ দৰে শিক্ষা- দীক্ষা মোৰ নাই বাবেই হয়তো মোৰ পদ্ধতিটো শুদ্ধ নহ’ল৷ কিন্তু তোমালোকে এৰি নিদিবাহে, নহ’লে হয়তো অহাটো শতিকাত যেতিয়া আমাৰেই কোনোবা বংশধৰক অন্য মানুহে সুধিব–তোমাৰ জাতি কি? তেতিয়া হয়তো সেই দুৰ্ভগীয়াই ক’ব লাগিব–মোৰ আজো ককা অসমীয়া আছিল…’ [ফ্ৰেমত সৰিয়হময় হালধীয়া-পথাৰ, বৃকোদৰ, প্ৰিয়ব্ৰত আৰু কেইটামান চৰিত্ৰ৷] হৃদয় চুই যোৱা, মগজু জোকাৰি যোৱা ছিকুৱেন্স৷ ছিকুৱেন্সটোৰ মূল সৌন্দৰ্য প্ৰাঞ্জল শইকীয়াৰ অভিনয়, সংলাপ প্ৰক্ষেপণ আৰু মুনিন বৰুৱাই ৰচনা কৰা সংলাপ৷ প্ৰায় শেষ অংশৰ এই ছিকুৱেন্সটোত পৰিচালকে স্পষ্ট কৰে চিনেমাখনৰ বিষয়বস্তু; মুনিন বৰুৱাৰ পৰিচালনা ‘প্ৰিয়াৰ প্ৰিয়’ৰ বিষয়বস্তু৷ দক্ষ অভিনেতা প্ৰাঞ্জল শইকীয়াই অভিনয় কৰা চৰিত্ৰটোৰ নাম–‘বৃকোদৰ’; চিনেমাখনৰ নায়িকা প্ৰিয়াৰ আদহীয়া মোমায়েক৷ নিজকে ‘খাটি অসমীয়া’ বুলি ভাবে৷ ‘অসমীয়া’ক লৈ সচেতন৷ অন্য ভাষা-সংস্কৃতিয়ে যেন অসমীয়া সমাজখন শেষ কৰিলে- প্ৰতিটো মুহূৰ্ততে বৃকোদৰৰ ‘অসমীয়া’ হৈ থকাৰ চেষ্টা৷ তেওঁ বিচাৰে প্ৰতিটো মুৰ্হূততে আমি অসমীয়া ভাষা, সাজ-পাৰ তথা মূলত: অসমীয়া সংস্কৃতিৰ মাজত থাকিব লাগে৷ বাহ্যিক দৃষ্টিত চিনেমাখনৰ নায়ক প্ৰিয়ব্ৰত তেনে নহয় বাবেই ‘সংঘাত’ হয়৷ নায়ক-নায়িকাৰ মিলনত বাধা হয়৷ পৰিচালক, চিত্ৰনাট্যকাৰে ‘বৃকোদৰ’ৰ বিপৰীতে প্ৰিয়ব্ৰতকহে ‘খাটি অসমীয়া’ হিচাপে ‘নিৰ্মাণ’ কৰিছে৷ বিদেশৰ পৰা উভতি আহি ‘নায়কে’ সৰু গাঁও এখনত ‘সোণালী পাম’ গঢ়িছে; দাপু পাল, দৈমাৰীহঁতক লগত লৈ৷ ‘নায়কে’ কৰ্ম-সংস্কৃতিৰে নতুন যুগৰ ভাল অসমীয়া গঢ়াৰ চেষ্টা কৰিছে৷ ‘নায়ক’ প্ৰিয়ব্ৰতে ‘খাটি অসমীয়া’ বৃকোদৰক কৈছে–“সময় সলনি হ’ল মামা৷ পৃথিৱীখন দিনক দিনে সৰু হৈ আহিছে৷ এই ভিতৰুৱা ঠাইখনৰ পৰাই মই পৃথিৱীৰ এটা মূৰৰ পৰা আনটো মূৰ চুব পৰা হ’লোঁ৷ এইটো সময়ত জাতীয় পোছাক, জাতীয় সংগীত, জাতীয় উৎসৱক লৈ বিতৰ্কৰ সৃষ্টি কৰি কিবা লাভ হ’বনে? কেৱল ডিঙিত গামোচা লৈ ‘জয়-আই-অসম’ শ্ল’গানেৰে এই অসমীয়াৰ উন্নতি হ’বনে?…আন ভাষাৰ ওপৰত ক’লা ৰং সানিলেই আমাৰ নিজৰ ভাষাৰ উন্নতি হ’বনে?” ‘নায়ক’ৰ মুখেৰে লেখক, পৰিচালক মুনিন বৰুৱাই কৈছে–“..ভাষা থাকিবলৈ প্ৰথমতে জাতিটোও থাকিব লাগিবতো। এতিয়াতো ‘অসমীয়া কোন?” বুলিও প্ৰশ্নৰ অৱতাৰণা হৈছে৷ বন্ধ, ধৰ্মঘট, প্ৰতিবাদ অৱৰোধৰ নামত বহু মূল্যৱান সময় নষ্ট হৈ গ’ল৷ পৃথিৱীৰ বাকীবোৰ বহুদূৰ আগুৱাই গ’ল৷ তাৰ মাজে মাজে সাহিত্যৰ মেলা আৰু সংস্কৃতিৰ বেহা। চিনেমাখনত ‘ভাল অসমীয়া’ৰ ব্যাখ্যাও দিয়া হৈছে, “ভাল অসমীয়া সেইজন, যিজনে ঘৰটোকে ভাগ ভাগ নকৰে৷ ভাল অসমীয়া সেইজন, যি বিশ্বৰ সকলো সংস্কৃতিৰ সোৱাদ ল’ব বিচাৰে; কিন্তু প্ৰথমতে নিজৰ সাহিত্য-সংস্কৃতিক হিয়াৰ থাপনাত প্ৰতিষ্ঠিত কৰাৰ পাছত৷” ইমানখিনি আৰু ভালেমান ‘গধুৰ সংলাপ’ ব্যৱহাৰ কৰাৰ পাছতো কিন্তু ‘প্ৰিয়াৰ প্ৰিয়’ কোনো শ্ৰেণীৰ দৰ্শকৰ বাবেই ‘গধুৰ’ হোৱা নাই৷ ইয়াৰ মূল কাৰণ পৰিচালনা শৈলী¸ শ্বট নিৰ্বাচন, সংগীতৰ ব্যৱহাৰ আৰু ‘চৰিত্ৰ নিৰ্মাণ’৷ ‘নায়ক’ৰ ‘ভিতৰৰ অসমীয়া’জনক পৰিচালকে স্পষ্ট কৰি দিছে কেইটামান সংলাপ আৰু ‘কেমেৰাৰ ভাষা’ৰে৷ দীপক পালৰ মুখেৰে ‘নায়ক’ প্ৰিয়ব্ৰত সম্পৰ্কত কোৱাইছে– “বাবা দাই [মানে ‘নায়কে’] সদায় কয় নিজৰ ৰীতি-নীতি, নিজৰ পৰম্পৰা কোনো কাৰণতে নেৰিবি… বাবাদাই কয় নিজকে পৃথিৱীৰ বাসিন্দা বুলি ভাবিবলৈ শিক৷ এই ভাবটো যদি বিয়পাই দিব পাৰ, দেখিবি গোটেই মানৱ জাতিয়েই তোৰ বন্ধু, তোৰ আপোন৷” আনহাতে কেমেৰা পেন কৰাইছে ‘নায়ক’ৰ কোঠাত বিভিন্ন ভাষাৰ কিতাপ, হেমকোষ, বিষ্ণু ৰাভাৰ ফটো, একেটা ফ্ৰেমতে থকা ভূপেন হাজৰিকা, পল ৰবচনৰ ফটোৰ ওপৰেৰে৷ সুপৰিকল্পিতভাৱে ব্যৱহাৰ কৰিছে “we are in the same boat brother… আমি একেখন নাৱৰে যাত্ৰী..” গীতটো৷ চিনেমাখনক এটা বিশেষ স্তৰলৈ লৈ গৈছে এই ‘কোৰাছ’ৰ ব্যৱহাৰে৷ ‘ঝক ঝক ঝক ৰে’লগাড়ী চলে উকিয়াই সকীয়াই ৰে’লগাড়ী চলে। বন্ধু উঠিবৰ হ’ল কিম্বা নামিবৰ হ’ল। পৃথিৱীৰ বাকীবোৰ বহুদূৰ গ’ল। প্ৰগতিৰ ধ্বজাবাহী অসমীয়াবোৰ সৰু সৰু ষ্টেচনত নামি নামি ৰ’ল। সৰু সৰু ষ্টেচনত নামি নামি ৰ’ল৷’ ‘সংলাপ’ৰ দৰেই চিনেমাখনত স্পষ্ট কেমেৰাৰ ভাষাৰ সু-পৰিকল্পিত প্ৰয়োগ৷ একেটা ফটোৰ ফ্ৰেমতে পল ৰবচন, ভূপেন হাজৰিকাক ৰাখি কেমেৰা পেন কৰা, বৃকোদৰে গ্ল’বটো ঘূৰাই আঁতৰি যোৱা ইত্যাদি৷ অভিনয় আৰু সংগীত ‘প্ৰিয়াৰ প্ৰিয়’ৰ আন দুটা যোগাত্মক দিশ৷ সংগীত জুবিন গাৰ্গৰ৷ ‘প্ৰিয়া, প্ৰিয়া…’ গীতটোৰ চিত্ৰায়ণ সু-পৰিকল্পিত৷ আনহাতে অভিনয়ত প্ৰথমেই প্ৰশংসা কৰিব লাগিব বৃকোদৰ চৰিত্ৰত অভিনয় কৰা প্ৰাঞ্জল শইকীয়াক৷ প্ৰিয়নাথ, প্ৰিয়ৰঞ্জন, প্ৰিয়ব্ৰতৰ চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে–গুঞ্জন, বিকি আৰু জুবিন গাৰ্গে৷ ‘কমেডি ইমেজ’ত বিকিৰ অভিনয় দৰ্শকক চুই যোৱা৷ কম ফুটেজত সৌৰভ হাজৰিকা, দুই নায়িকা সুনীতা কাশ্যপ-আৰাধনা আৰু ত্ৰিদিপ লাহনকো স্বাভাৱিকতে প্ৰশংসা কৰিব লাগিব৷ স্বাভাৱিকতে প্ৰশংসা কৰিব লাগিব চিত্ৰগ্ৰহণকাৰী প্ৰদীপ দৈমাৰীক৷ শেষত এটা কথাই ক’ম–‘প্ৰিয়াৰ প্ৰিয়’ কেৱল প্ৰেমৰ চিনেমা নহয়, ‘অসমীয়া’ৰ চিনেমা৷ আজিৰ তাৰিখত প্ৰতিগৰাকী অসমীয়াই চাবলগীয়া চিনেমা৷ 
                           [দুই] 
 সন্দেহ নাই ‘দীনবন্ধু’ মুনিন বৰুৱাৰ সফল পৰিচালনা৷ সম্পূৰ্ণ ‘চিন্তা’ কিন্তু মুনিন বৰুৱাৰ নহয়৷ ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘চিন্তা’হে মুনিন বৰুৱাই ৰূপালী পৰ্দালৈ আনিছিল৷ পৰিচালনা শৈলীও ভবেন শইকীয়াৰ ‘চিনেকৰ্ম’ৰ পৰা মুক্ত নাছিল৷ আনহাতে ‘পিতা-পুত্ৰ’ৰ পৰিচালনা শৈলীও স্পষ্ট৷ ‘পিতা-পুত্ৰ’৷ পিতা আৰু পুত্ৰৰ সংঘাত, আদৰ্শৰ সংঘাত এই অসমীয়া চিনেমাখনৰ ‘কাহিনী’৷ এই চিনেমা আকৌ চালো ১২ এপ্ৰিল, ২০১৫ ত৷ প্ৰথমতে এটা কথা উল্লেখ কৰিব খুজিছোঁ– পিতা-পুত্ৰৰ সংঘাতক লৈ যিমান ভাৰতীয় চিনেমা নিৰ্মাণ হৈছে, সম্ভৱতঃ সিমান আৰু কোনো বিষয়কে লৈ হোৱা নাই৷ দ্বিতীয়তে ক’ব খুজিছোঁ, এই বিষয়ৰ চিনেমাসমূহ সংলাপ প্ৰধান; দৰ্শকক স্পৰ্শ কৰিছে সংলাপে৷ ব্যতিক্ৰম নহয় মুনিন বৰুৱাৰ ‘পিতা-পুত্ৰ’ও৷ –হয়, আমি যিখন পিতা-পুত্ৰ বিষয়ৰ চিনেমাৰ প্ৰসংগ আলোচনা কৰিব খুজিছোঁ, সেইখনৰ পৰিচালক মুনিন বৰুৱা৷ পৰিচালকগৰাকীৰ প্ৰথম স্বাধীন পৰিচালনা৷ চিনেমাখনৰ কাহিনীভাগ এনে ধৰণৰ–কিশোৰ পুত্ৰৰ দুৰাৰোগ্য ৰোগৰ বাবে নিজৰ আদৰ্শৰ ওচৰত হাৰ মানিছিল অভিনন্দন চলিহাই৷ দুৰ্নীতিৰ মাজত সোমাই পৰিছিল৷ কম দিনৰ ভিতৰতে ধনী-মানী হিচাবে সমাজত প্ৰতিষ্ঠিত হ’ল৷ কিন্তু অভিনন্দনৰ পুত্ৰ মানৱ; অতীতৰ অভিনন্দনক দেখা গ’ল মানৱৰ ৰূপত৷ দুৰ্নীতিৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ হ’ল মানৱৰ৷ দুৰ্নীতিৰ বিৰুদ্ধে এখন নিকা সমাজ গঢ়াৰ স্বাৰ্থত মানৱহঁতে প্ৰকাশ কৰিলে এখন কাকত–‘অংকুৰ’৷ পিতা-পুত্ৰৰ মাজত আৰম্ভ হোৱা সেই সংঘাতেই চিনেমাখনৰ চালিকা শক্তি৷ পৰিচালক মুনিন বৰুৱাই ‘পিতা-পুত্ৰ’ৰ চিত্ৰনাট্য ৰচনা কৰিছে অমূল্য কাকতিৰ ‘অংকুৰ’ নামৰ গল্প এটাৰ আধাৰত৷ গল্পটো পঢ়ি গ’লে, তাত ‘চিনেমা’ বিচাৰি পোৱা নাযায়৷ সম্ভৱ হৈছে চিত্ৰনাট্যকাৰৰ সুপৰিকল্পনাৰ বাবে৷ কেমেৰাৰ ভাষাৰ প্ৰয়োগ কম; কিন্তু সুন্দৰ৷ সংলাপৰ মাজেৰে পৰিচালকে ‘গল্প’ কৈছে, কিন্তু কোনো মুহূৰ্ততে দিগদাৰ পোৱা নাই৷ থকা নাই নাটকৰ পৰ্যায়তো৷ ইয়াৰ অন্যতম কাৰণ অভিনেতা-অভিনেত্ৰীৰ স্বাভাৱিক অভিনয়৷ মানৱৰ চৰিত্ৰত অভিনয় কৰা প্ৰাঞ্জল শইকীয়াৰ বাহিৰে কোনো এটা ‘চৰিত্ৰ’ৰে অভিনয়ত ‘নাটকীয়তা’ নাই৷ অভিনয় কৰিছে বিজু ফুকন, প্ৰাঞ্জল শইকীয়া, তপন দাস, ৰাজীৱ গোস্বামী, মিৰেল কুদ্দুছ, আদিল হুছেইন, মৃদুল বৰুৱা, পূৰৱী শৰ্মা, মঞ্জুলা বৰুৱা, ৰবীন ডেকা আদিয়ে৷ চিত্ৰগ্ৰহণ ইন্দুকল্প হাজৰিকাৰ৷ ১৯৮৮ত মুক্তি পোৱা এই চিনেমাখনৰ সংগীত ভূপেন উজীৰৰ৷ এইখিনিতে চিনেমাখনত ব্যৱহাৰ কৰা এটা ‘গীত’ৰ কথা উল্লেখ কৰিব খুজিছোঁ– ‘‘এখন নিকা সমাজ গঢ়িবলৈ ঘৃণাৰ জন্ম দিব লাগে, দুৰ্নীতিৰ বিৰুদ্ধে ঘৃণা’’–এটা সময়ত অভিনন্দন চলিহাই লিখিছিল৷ সেইজন অভিনন্দন চলিহাই তেওঁৰে বন্ধু এজনৰ দুৰ্নীতিৰ বিৰুদ্ধে লিখা পুত্ৰ মানৱৰ বাতৰিকাকত ‘অংকুৰ’ৰ প্ৰেছ বন্ধ কৰিব বুলি ভাবুকি দিয়ে৷ কাৰণ, পিতা অভিনন্দনৰ হাততেই প্ৰেছৰ চাবিকাঠী৷ ইয়াৰ প্ৰতিবাদতে সাতজন সংবাদকৰ্মী আলিবাটলৈ ওলাই আহে, আৰু গায়– “বন্ধ কৰিব মাত বন্ধ কৰিব হাত বন্ধ কৰিব ক্ষোভ প্ৰকাশৰ পথ নহ’লে নহ’লে কিদৰে চলিব বাৰু দেশ আৰু ৰাইজৰ প্ৰগতিৰ পথ….” সুন্দৰ চিত্ৰায়ণ৷ নিশা আলিবাটত৷ বুদ্ধিদীপ্ত শ্বটৰ সমাহাৰ৷ অসমীয়া চিনেমাৰ দৰ্শকে ‘নতুন’ সোৱাদ পাইছিল৷
                    *******
 ‘পিতা-পুত্ৰ’ শৈলীৰ ‘ৰামধেনু’৷ –আশাৰ ৰামধেনু৷ মানুহৰ মনৰ ৰং, জীৱনৰ ৰং চিনেমাখনৰ বিষয়বস্তু৷ ভিন্ন ৰঙৰ চৰিত্ৰ, ভিন্ন ‘গল্প’৷ বান্ধিছে এটা ‘চৰিত্ৰ’ৰে৷ চৰিত্ৰটোৰ নাম মন্দিৰা৷ চিনেমাখনৰ শেষৰফালে স্পষ্ট হয় মন্দিৰাৰ ‘অতীত ৰং’৷ সুখৰ অতীত নহয়৷ যাক ভৰসা কৰিছিল, সেই প্ৰেমিক চৰিত্ৰৰ দ্বাৰাও প্ৰতাৰিত৷ শেষত পৰিচালকে চৰিত্ৰবোৰক মন্দিৰাৰ ঘৰত থিয় কৰাইছিল৷ চৰিত্ৰবোৰত ‘সুখৰ ৰং’ সানি দিছিল৷ মন্দিৰাৰ ঘৰ এখন গাঁৱত৷ ৰেলগাড়ীত উঠি চহৰ পাইছিল৷ ‘নাৰ্ছ’ৰ চাকৰি কৰিছিল৷ বাস কৰিছিল ‘বৰদেউতা’ৰ ঘৰত, ভাৰাতীয়া হিচাপে৷ ‘বৰদেউতা’ৰ সেই ঘৰটোত ‘ভিন্ন ৰঙৰ’ অন্য কেইবাজনো ভাৰাতীয়াই বাস কৰে৷ সঞ্জীৱ, দুজন ঠগ, এজন কলেজত পঢ়া যুৱক, পত্নীৰ সৈতে দুৰ্নীতিক প্ৰশ্ৰয় দিয়া চৰকাৰী বিষয়া এজন৷ কাহিনীৰ মাজলৈ কলেজৰ ছাত্ৰ পলমকৈ আহে৷ কিছু পলমকৈ৷ ক’ব পাৰি কলেজৰ ছাত্ৰজনেই চিনেমাখনৰ ‘নায়ক’৷ সময়ত সেই ঘৰটোলৈ পৰিচালকে আনে ‘নায়ক’ৰ প্ৰেয়সীকো৷ এই চৰিত্ৰ দুটাৰে পৰিচালক, চিত্ৰনাট্যকাৰে সংযোগ কৰিছে মন্দিৰাৰ ‘হেৰোৱা অতীত’৷ মন্দিৰাৰ সেই প্ৰেমিক, যিয়ে নিৰ্লজভাৱে অস্বীকাৰ কৰিছিল ‘মৰম-ভালপোৱাৰ ৰং’, ঘোষণা কৰিছিল অৰ্থৰ ওচৰত ‘ভালপোৱাৰ ৰং’ অৰ্থহীন–সেইজনৰে জীয়াৰী ‘নায়ক’ৰ প্ৰেয়সী৷ মন্দিৰাৰ ‘মনৰ ৰং’ উন্মোচন হোৱাৰ পূৰ্বেই স্পষ্ট হয় আনকেইটা চৰিত্ৰৰো মনৰ ‘ৰং’৷ ‘দুই ঠগ’ (চৰিত্ৰ দুটাত অভিনয় কৰিছে যতীন বৰা আৰু জয়ন্ত দাসে)ক ভাল মানুহ বুলিয়ে বিশ্বাস কৰিছিল মন্দিৰাই৷ পুলিচৰ খেদাত দৌৰি যাওঁতে মন্দিৰাৰ সন্মুখতে পৰিল৷ চৰকাৰী বিষয়াজন-দুৰ্নীতিৰ আঁৰৰ পাৰিবাৰিক ‘গল্প’ উন্মোচন হ’ল৷ আৰু সঞ্জীৱ-‘বৰদেউতা’ৰ আকস্মিক হৃদৰোগত তাৰ ভিতৰত থকা ‘চিকিৎসকজন’ সাৰ পালে৷ ঘৰটোৰ মালিক ‘বৰদেউতা’ৰো বাহিৰৰ ‘ৰং’ ভিতৰৰ ‘ৰঙৰ’ দৰে নহয়৷ ‘বৰদেউতা’ৰ কথা–সেই বিশেষ ঘৰটো খালী কৰি দিব লাগিব৷ বিদেশৰ পৰা উভতি আহিলে তেওঁৰ পুত্ৰ থাকিব৷ কিন্তু বাস্তৱত পুত্ৰৰ মৃত্যুৰ হৈছে, দুৰ্ঘটনাত৷ আৰু এটা চৰিত্ৰ আছে৷ ‘চৰিত্ৰ’বোৰক ঘৰুৱা কামত সহায় কৰা গুণদা৷ গিৰীয়েক আছে৷ বহুদিন হ’ল অহা নাই৷ আহিব। মন্দিৰাৰ পৰামৰ্শ মতে গুণদা ওলাল গিৰীয়েকৰ সন্ধানত৷ আশা ভংগ হয় গুণদাৰো৷ ভিন্ন ‘ৰং’, ভিন্ন কাহিনী৷ দৰ্শকে কিন্তু চাইছে এটা কাহিনী চোৱাৰ দৰে৷ পৰিচালক, চিত্ৰনাট্যকাৰৰ দক্ষতাৰ বাবে ‘ভিন্ন ৰং’বোৰ মিলি হৈছে ‘ৰামধেনু’৷ আহিছো অভিনয় প্ৰসংগলৈ৷ সন্দেহ নৰখাকৈ ক’ব পাৰি প্ৰস্তুতি পৰাশৰক লৈ ‘মন্দিৰা’ নামেৰে অসমীয়া চিনেমাৰ ‘শ্ৰেষ্ঠ চৰিত্ৰ’ নিৰ্মাণ কৰিলে মুনিন বৰুৱাই৷ অসমীয়া চিনেমাৰ শ্ৰেষ্ঠ চৰিত্ৰ ‘মেনকা’ (চিনেমাঃ অগ্নিস্নান), ঋতু (চিনেমাঃ ফিৰিঙতি) আদিৰ পৰ্যায়ৰ ‘মন্দিৰা’৷ চৰিত্ৰটো ‘প্ৰস্তুতিৰ ইমেজ’ৰ বাহিৰৰ৷ তেনেদৰে প্ৰশংসা কৰিব পাৰি ‘বৰদেউতা’ চৰিত্ৰটোত কৰা অভিনয়ৰ বাবে বিষ্ণু খাৰঘৰীয়াক৷ যতীন বৰা, উৎপল দাস, তপন দাস, নিশিতা গোস্বামী, পাকিজা বেগম আদিয়ে অভিনয় কৰিছে অন্যান্য চৰিত্ৰত৷ ‘ৰামধেনু’ত পৰিচালনা শৈলীত যি চমক, সেয়া ‘কেমেৰা’ত নাই৷ ‘কেমেৰা’ যেন কোনো মুহূৰ্তৰ বাবেই পৰিচালকে চিত্ৰগ্ৰহণকাৰী সুমন দুৱৰাৰ হাতত এৰি দিয়া নাই। বিপৰীতে ‘সংগীত’ত ‘বিশেষ চমক’ অৱশ্যেই আছে৷ কাহিনীক গতি দিছে৷ ‘কাহিনী’, ‘চৰিত্ৰ’ত ‘ৰং’ সানিছে৷ ব্যৱহাৰ কৰা ‘আইটেম ছং’টোৱে ‘ব্যৱসায়’ত সহায় কৰিছে৷ কথাটো এনে ধৰণে ব্যাখ্যা কৰিব পাৰি–‘টুপী…টুপী…’ চিত্ৰায়ণ কৰা হৈছিল মুনমী ফুকনক লৈ৷ গীতটোৰ আকৰ্ষণ শক্তি আছিল৷ দৰ্শকৰ এটা অংশ ‘আইটেম ছং’টোৰ বাবেই চিত্ৰগৃহলৈ গৈছিল৷ কিন্তু চিনেমাখনৰ ‘দৰ্শক’ হোৱাৰ পাছত ‘আইটেম ছং’টো গুৰুত্বহীন হৈ পৰিছিল৷ 
                         [তিনি] 
 ‘হিয়া দিয়া নিয়া’ৰ মাজত স্পষ্ট হৈছিল আন এগৰাকী ‘পৰিচালক মুনিন বৰুৱা’৷ ‘পিতা-পুত্ৰ’ (১৯৮৮), ‘পাহাৰী কন্যা’ (১৯৯১), ‘প্ৰভাতী পখীৰ গান’ (১৯৯২)ৰ পাছত পৰিচালনা কৰা এই চিনেমাখনক ‘মিউজিকেল ৰোমাণ্টিক’ বুলিও ক’ব পৰা যায়৷ এই চিনেমাখনৰ পাছত দেখা গৈছিল ‘মুনিন-যতীন-জুবিন’ মানেই যেন ‘সফলতা’৷ পৰিচালক মুনিন বৰুৱা, নায়ক যতীন বৰা, সংগীত পৰিচালক জুবিন গাৰ্গ যেন হৈ পৰিল অসমীয়া চিনেমাৰ ‘বক্স-অফিচ সফলতা’ৰ মন্ত্ৰ’৷ এই মন্ত্ৰৰ চিনেমা ‘দাগ’ (২০০১), ‘নায়ক’ (২০০১), ‘কন্যাদান’ (২০০২), ‘বিধাতা’ (২০০৩), ‘ৰং’ (২০০৪) আৰু ‘বাৰুদ’ (২০০৪)৷ 
 'কন্যাদান' চিনেমা এখনৰ বিষয়ে লিখিবলৈ গৈ প্ৰখ্যাত সমালোচক দীপা গেহলটে লিখিছিল–“চিনেমা পাৰিবাৰিক, ৰোমাণ্টিক, হাস্যপ্ৰধান যিয়ে নহওক কিয়; সেইখন চিনেমাহে আজিৰ দৰ্শকে আদৰি লোৱা দেখা যায়, যিখন চিনেমাৰ দৰ্শক হৈ বেছিভাগ সময় উৎকণ্ঠাৰে কটাব লগা নহয়…৷’’ এনেধৰণৰ ‘দৰ্শকে আদৰি লোৱা’ কাহিনী, ট্ৰিট্‌মেণ্টৰে এখন চিনেমা ‘কন্যাদান’৷ চিনেমাখনৰ কাহিনীভাগ জটিল নহয়৷ যিকোনো পৰিয়াল এটাত ঘটিব পৰা বা ঘটি থকা এটা সাধাৰণ কাহিনী৷ চিত্ৰনাট্যকাৰ মুনিন বৰুৱাৰ অসাধাৰণ ট্ৰিট্‌মেণ্টৰ বাবেই সাধাৰণ কাহিনীটো সকলো শ্ৰেণীৰ দৰ্শকৰ বাবে হৈ উঠিছে উপভোগ্য৷ পৰিচালক-চিত্ৰনাট্যকাৰ বৰুৱাৰ পূৰ্বৰ চিনেমাৰ দৰে এই চিনেমাখনত সংলাপৰ ‘আতিশয্য’ একেবাৰেই নাই৷ যিমানখিনি সংলাপ ব্যৱহাৰ নকৰিলে নহয়, সিমানখিনি সংলাপহে ব্যৱহাৰ কৰিছে৷ সংলাপেই নহয় অযথা শ্বট এটাও ব্যৱহাৰ কৰা নাই৷ যাৰ বাবে ছবিখনৰ গতি হৈছে মসৃণ আৰু কোনো এটা ছিকুৱেন্সতেই দৰ্শকে বিৰক্তি অনুভৱ কৰা নাই৷ ‘কন্যাদান’ত চৰিত্ৰৰ সংখ্যা কম নহয়৷ চৰিত্ৰকেইটাত সু-অভিনয় কৰিছে অৰুণ নাথ, মৃদুল বৰুৱা, যতীন বৰা, তপন দাস, পূৰৱী শর্মা, মাধুৰিমা বৰুৱা, হিৰণ্য ডেকা আদি জনপ্ৰিয় শিল্পীসকলে৷ এই জনপ্ৰিয় শিল্পীসকলক গুৰুত্ব সহকাৰে উপস্থাপন কৰাতোৱেই হৈছে পৰিচালক-চিত্ৰনাট্যকাৰ বৰুৱাৰ কৃতিত্বৰ অন্যতম দিশ৷ চিনেমাখনত কোনো চৰিত্ৰ গুৰুত্বহীন যেন লগা নাই৷ সংলাপ, শ্বট, চৰিত্ৰত হিচাপী পৰিচালকে মনোযোগ দিয়া যেন নালাগিল৷ মনোযোগ দিয়া যেন নালাগিল আৱহ সংগীত আৰু নায়িকা নিৰ্বাচনৰ ক্ষেত্ৰতো৷ আৱহ সংগীতৰ আতিশয্যই মাজে মাজে সংলাপো ঢাকি ৰাখিছে৷ চিনেমাখনৰ চৰিত্ৰটোৰ সৈতে সকলো পিনৰ পৰাই খাপ খাই পৰিছিল নায়িকা ঋতুপৰ্ণা কটকী৷ কিন্তু নায়িকাগৰাকীৰ কণ্ঠস্বৰ আৰু সংলাপ প্ৰক্ষেপনে সকলো পণ্ড কৰি পেলালে৷ আমি আশা ৰাখিছো, আগলৈ এনে ধৰণৰ সৰু সৰু ত্রুটি মুনিন বৰুৱাৰ দৰে পৰিচালকৰ চিনেমাত নাথাকিব৷ 
          *********
 'নায়ক' প্ৰতিজন দৰ্শককে সন্তুষ্ট কৰিব পৰা চিনেমা অৱশ্যেই নহয়৷ কিন্তু সুপৰিকল্পিত যে সন্দেহ নাই; মুনিন বৰুৱাই ‘ট্ৰিট’ কৰা চিনেমা ‘নায়ক’৷ ‘নায়ক’ৰ কাহিনীভাগ দৰ্শকক চুই যাব পৰা, সংগীত হৃদয় স্পৰ্শ কৰিব পৰা, চিত্ৰায়নো যথাযথ৷ অসমীয়া চিনেমাৰ সৰহ সংখ্যক পৰিচালকেই শ্বট নিৰ্বাচন, শ্বট ব্যৱহাৰত ভুল কৰে; যাৰ বাবে চিনেমাই গতি নকৰে বা গতি কৰি থকা চিনেমা এখনেও উজুটি খায়৷ কেতিয়াবা চিনেমাখন চোৱাৰ পাছত চিনেমা যেন নালাগে, লাগে চেলুলয়ডৰ নাটক যেনহে৷ এইবোৰ হয় পৰিচালকৰ পৰিপক্কতাৰ অভাৱৰ বাবেই৷ মুনিন বৰুৱা পৰিপক্ক পৰিচালক যেতিয়া এনেবোৰ ভুলৰ পৰা মুক্ত হৈ থকাটোৱেই স্বাভাৱিক৷ অস্বাভাৱিক কথাটো হৈছে পৰিপক্ক পৰিচালক বৰুৱাই সংলাপৰ মোহ এৰিব নোৱাৰাটো৷ (নাটকৰ দৰে সকলো কথা সংলাপৰ মাজেৰেই কৈ দিয়ে, কেমেৰা খুব কম ব্যৱহাৰ কৰে৷ কেৱল শুনিয়েই অকণো অসুবিধা নোপোৱাকৈ বুজি ল’ব পাৰি৷) ‘নায়ক’ত এনে বহুকেইটা ছিকুৱেন্স আছিল, যিকেইটাত কেমেৰাত কথা কোৱাৰ সুযোগ দিব পাৰিলেহেঁতেন৷ পৰিচালক বৰুৱাই নিজেও জানে–চিনেমাত অভিনয় শিল্পীৰ ‘এক্সপ্ৰেচন’ কেমেৰাত ধৰি ৰাখিয়েই বহু কথা কৈ দিব পাৰি৷ এনে কৰিলে সংলাপৰ আতিশয্য কমে আৰু ছবিখনৰ সৌন্দৰ্য বাঢ়ে৷ সুপৰিকল্পিত এই ছবিখনৰ দৰ্শক হৈ থাকোঁতে মাজে মাজে অসুবিধা অনুভৱ কৰাৰ কাৰণ নিশ্চিতকৈ সংলাপৰ আতিশয্য৷ ‘নায়ক’ৰ গীতাংশৰ চিত্ৰায়ন প্ৰসংগত ক’ব পাৰি যে গীতকেইটা কম্প’জ কৰা ছিকুৱেন্সকেইটাৰ এটাতো গীতৰ আগে আগে পৰিৱেশ এটা সৃষ্টি কৰিব পৰা নাই৷ যাৰ ফলত কাহিনীৰ মাজলৈ গীতকেইটা হঠাতে আহি যোৱা যেন লাগিল৷ ‘মনতে আজি কিহৰে নাচোন….’ গীতটোৰ আগে আগে অৱশ্যে পৰিৱেশ এটা সৃষ্টি কৰিবলৈ চেষ্টা চলাইছিল৷ তথাপি প্ৰশংসা কৰিব লাগিব কৰিঅ’গ্ৰাফাৰ অসীম বৈশ্যক৷ চিনেমাখনৰ মাৰপিটৰ দৃশ্যসমূহো দৰ্শকে ভাল পাব৷ প্ৰশংসা কৰিব পৰা আৰু এটা দিশ হৈছে সাজ-সজ্জা৷ ‘নায়ক’ চিনেমাখন সুপৰিকল্পিত বুলি কোৱাৰ মূল কাৰণটো হ’ল চিত্ৰনাট্যকাৰ মুনিন বৰুৱাই প্ৰতিটো চৰিত্ৰ প্ৰতিষ্ঠা কৰিছে সুন্দৰভাৱে৷ কোনো এটা চৰিত্ৰকে এনেয়ে ৰখা নাই৷ কোনো এটা চৰিত্ৰ মিলাবৰ বাবে ক’ৰবাৰ পৰা টানিও অনা নাই৷ আনহাতে পৰিচালক বৰুৱাই প্ৰতিটো চৰিত্ৰত অভিনয় শিল্পীৰ পৰা সু-অভিনয় আদায় কৰি লৈছে৷ গতিকে ‘নায়ক’ যতীন বৰাকো প্ৰশংসা কৰিব লাগিব৷ অতিথি শিল্পী বাহাৰুল ইছলামকো প্ৰশংসা কৰিব লাগিব৷ প্ৰশংসা কৰাৰ পাছতো অৱশ্যে ‘কিন্তু’ এটা ৰৈ যায়৷–যতীন বৰাক আন এজন নায়ক ৰবি শৰ্মাই ছাপ’ৰ্ট দিব পৰা নাই কেইবাটাও গুৰুত্বপূৰ্ণ ‘ছিকুৱেন্স’ত৷ ফলত এই ‘ছিকুৱেন্স’কেইটা দুৰ্বল হৈ পৰিছে৷ এনেধৰণৰ কিছু ত্ৰুটি থাকিলেও ক’ব লাগিব বৰ্ষটোত এতিয়ালৈকে মুক্তি পোৱা অসমীয়া চিনেমাকেইখনৰ ভিতৰত ‘নায়ক’ নিঃসন্দেহে ‘নায়ক’, কিন্তু চিনেমা হিচাপে ‘নায়ক’ নহয়৷ 
               ******
  ‘বাৰুদ’ৰ নায়ক কোন–যতীন বৰা নে তপন দাস?…আৰু নায়িকা–পূৰৱী শৰ্মা নে প্ৰস্তুতি পৰাশৰ? বিষ্ণু খাৰঘৰীয়াক নায়ক বুলি ক’লে ভুল হ’ব নেকি? প্ৰশ্নকেইটাৰ উত্তৰ আমি যেনেদৰেই নিদিওঁ কিয়, অশুদ্ধ বুলি ক’ব নোৱাৰিব৷ অৰ্থাৎ চিনেমাখনৰ প্ৰতিটো চৰিত্ৰক নায়ক সজাব পাৰো, নায়িকা সজাব পাৰো৷ অৱশ্যে বিজু ফুকন, ৰবি শৰ্মাৰ ক্ষেত্ৰত এটা শব্দ ব্যৱহাৰ কৰিব লাগিব–‘নিগেটিভ’৷ ‘বাৰুদ’ৰ বিষয়বস্তু বিশাল৷ চৰিত্ৰৰ সংখ্যাও কম নহয়৷ বিশাল বিষয়বস্তু লৈ বিষয়বস্তুৰ গভীৰতালৈ যোৱা; অধিক চৰিত্ৰক গুৰুত্ব দি হিচাপত ‘ফুটেজ’ খৰচ সম্ভৱ কেৱল মাধ্যমটোত সম্পূৰ্ণ দখল থকা পৰিচালকৰ পক্ষেহে৷ চিনেমাখনৰ প্ৰতিটো ‘ছিকুৱেন্স’ত ফুটি উঠিছে পৰিচালকগৰাকীৰ দক্ষতা৷ হিচাপত বেছি ‘ফুটেজ’ খৰচ কৰিছে যতীন বৰা আৰু তপন দাসৰ নামত; বিপৰীতে আন বহুকেইটা চৰিত্ৰৰ নামত কম ‘ফুটেজ’ খৰচ কৰিছে যদিও স্পষ্ট হৈ পৰিছে যতীন, তপনে অভিনয় কৰা চৰিত্ৰ দুটাতকৈ গুৰুত্ব কোনোগুণে কম নহয়৷ এইখিনিতে প্ৰখ্যাত চিনেমা আলোচক সবিতা গেহলটে লিখা এষাৰ কথা উল্লেখ কৰিব পৰা যায়৷ চিনেমা আলোচকগৰাকীয়ে প্ৰসংগক্ৰমে লিখিছিল–‘‘চিনেমাৰ ‘বিষয়বস্তু’ৱেই যেতিয়া চিনেমাৰ ‘মূল চৰিত্ৰ’ হৈ পৰে ‘ফুটেজ’ৰ দৈৰ্ঘ্য হিচাপ কৰি চৰিত্ৰৰ গুৰুত্ব বিচাৰ কৰা উচিত নহয়৷ আৰু সম্ভৱো নহয়৷ এনেধৰণৰ চিনেমা যেতিয়া দক্ষ পৰিচালকে ট্ৰিট কৰে, বিশ্লেষণ কৰিলে দেখিব–প্ৰতিজনেই নায়ক, নায়িকা আৰু প্ৰতিটো চৰিত্ৰই পার্শ্ব চৰিত্ৰ৷’’ হয়, ক’ব পাৰি ‘বাৰুদ’ৰ বিষয়বস্তুৱে মূল চৰিত্ৰ৷ বিষয়বস্তু পুলিচ৷ পুলিচক বিষয় হিচাবে লৈ হিন্দী ভাষাত কেইবাখনো চিনেমা নিৰ্মাণ হৈছে৷ নিৰ্মাণকাৰ্য চলি আছে৷ যিকেইখন মুক্তি পাইছে, যিকেইখনৰ কাহিনী আমি জানিব পাৰিছো- সেইকেইখনৰ সৈতে ‘বাৰুদ’ৰ কোনো মিল নাই৷ চিনেমা পৰিচালক, চিত্ৰনাট্যকাৰ মুনিন বৰুৱাই কাহিনীভাগ লৈছে ভ্ৰাম্যমাণ থিয়েটাৰত পূৰ্বে মঞ্চস্থ হোৱা নিজৰে এখন নাটকৰ পৰা৷ কাহিনীভাগত আছে পুলিচৰ কৰ্তব্য, পুলিচৰ ইম’চন, সমাজৰ আন দহগৰাকী মানুহৰ দৰেই পুলিচ৷ সমাজত ভাল মানুহ আছে, বেয়া মানুহ আছে৷ পুলিচৰ মাজতো ভাল-বেয়া আছে৷…আন দহজনৰ দৰে পুলিচো কাৰোবাৰ পিতৃ, কাৰোবাৰ স্বামী, কাৰোবাৰ প্ৰেমিক৷ পুলিচৰ দায়িত্বক গুৰুত্ব দিয়া হৈছে যদিও কম ছিকুৱেন্সৰ মাজত এই প্ৰতিটো দিশেই সুন্দৰভাৱে ধৰি ৰাখিছে৷ পুলিচৰ দায়িত্ব আৰু ব্যক্তিগত জীৱন মসৃণ গতিত আগবঢ়াই নিছে৷ উজুটি খোৱা নাইনে? মসৃণ গতিত আগুৱাই যোৱা ‘বাৰুদ’ চিনেমাখনে ক’তো উজুটি খোৱা নাইনে? খাইছে। প্ৰতিটো ছিকুৱেন্সৰ ‘কেমেৰা মুভমেণ্ট’, ‘ছাবজেক্ট মুভমেণ্ট’ৰ ফালৰ পৰা সুন্দৰ গতিত থকা চিনেমাখনে উজুটি খাইছে অযথা গীত প্ৰয়োগৰ বাবে৷ আমি অনুভৱ কৰিছো, চিনেমাখনৰ কোনো এটা ছিকুৱেন্সতেই গানৰ প্ৰয়োজন নাছিল৷ গীত ব্যৱহাৰ নকৰি পৰিচালক বৰুৱাই প্ৰমাণ কৰি দিয়াৰ অৱকাশ আছিল–গান নোহোৱাকৈয়ে যে চিনেমা ব্যাৱসায়িক দিশত সফল কৰিব পাৰি৷ সুন্দৰ সুযোগটো গ্ৰহণ নকৰিলে৷ হয়তো পৰিচালক গৰাকীয়ে ‘ট্ৰেণ্ড’ৰ বাহিৰলৈ গৈ চিনেমাখন ট্ৰিট কৰি ‘ৰিস্ক’ ল’বলৈ টান পালে৷ অসমীয়া চিনেমাৰ ক্ষেত্ৰখনত ব্যস্ত থকা কেইগৰাকী পৰিচালকে ‘চিনেমা’ৰ ভূগোল জানে? নাই, সৰহ সংখ্যকৰে নাই৷ যি দুগৰাকীমানৰ আছে, তাৰ মাজৰে এজন আছিল মুনিন বৰুৱা৷ পৰিচালকগৰাকীয়ে ‘ভূগোল’ জানে বাবেই আমি উল্লেখ কৰিলো- ৰৈ যোৱা এই ত্ৰুটিটো৷ পুলিচ থানাত প্ৰাঞ্জল শইকীয়া বহা আৰু যতীনহঁতে বহা কোঠা দুটাৰ দূৰত্ব, দিশ স্পষ্ট নহ’ল৷ ‘বাৰুদ’ৰ সফলতাৰ মূল সম্পদ–সংলাপ আৰু অভিনয়৷ ৰবি শৰ্মাৰ দৰে অভিনয়ত ‘কেঁচা’ শিল্পীৰ পৰাও পৰিচালক বৰুৱাই সুন্দৰ অভিনয় উলিয়াই লৈছে৷                          [চাৰি] 
 চাহ বাগানৰ মালিকৰ সন্তান, এটি কিশোৰ৷ কিশোৰ কালতে পিতৃক হেৰুওৱা ‘কিশোৰ’ৰ গাত, মনত খুৰাকে দিয়া অত্যাচাৰৰ দাগ৷ হয়তো সেই দাগৰ বাবেই মনলৈ খং আহে, যি খঙে যন্ত্ৰণা দিয়ে; আৰু মনত ‘অশান্ত মানুহ এজন’ সাৰ পাই উঠে৷ ‘কিশোৰ’জন ডাঙৰ হয়, চাহ বাগানখনৰ ‘মালিক’ৰ দায়িত্ব নিজৰ হাতত লয়৷ তাৰ মাতৃ আছে, ভাতৃ আছে৷ অত্যন্ত মৰম আছে দুয়োৰে প্ৰতি৷ খুৰাকক কিন্তু সহ্য কৰিব নোৱাৰে৷ খুৰাকক দেখিলেই মনৰ মাজত থকা ‘অশান্ত মানুহজন’ সাৰ পাই উঠে৷ বুকুৰ মাজত ‘দাগ’ লৈও কিন্তু ভাতৃৰ সৈতে সি কৈশোৰৰ পৰা যৌৱনত ভৰি দিয়ে চাহ বাগানৰ সেউজীয়াৰ মাজত উমলি৷ পৰিচালকে দুই ভাতৃৰ মিলা-প্ৰীতি চিত্ৰায়িত কৰিছে এটা গীতৰ আশ্ৰয়ত–‘মনলৈ উভতি আহে ল’ৰালি…’৷ ভাতৃৰ বাবেই যেন তাৰ জীৱন৷ পৰিচালক, চিত্ৰনাট্যকাৰ মুনিন বৰুৱাই ‘চৰিত্ৰ’টো নিৰ্মাণ কৰিছে তপন দাসক লৈ৷ –হয়, চৰিত্ৰটো তপন দাসৰ অভিনয়শৈলীৰ বৃত্তৰ মাজতে বন্দী; কিন্তু চৰিত্ৰটো তপন দাস হোৱা নাই, তপন দাস চৰিত্ৰটো হৈছে৷ গতিকে দৰ্শকে স্বাভাৱিকতে চৰিত্ৰটো গ্ৰহণ কৰিছে৷ –পৰিচালকে এই চৰিত্ৰটোক কেন্দ্ৰ কৰিয়ে ‘কাহিনী’ আগবঢ়াই নিছে৷ চৰিত্ৰটো কিন্তু ‘হিৰো’ নহয় ‘এণ্টি হিৰো’৷ ‘হিৰো’ হিচাপে পৰিচালকে নিৰ্মাণ কৰিছে ‘চৰিত্ৰ’টোৰ ভায়েকৰ চৰিত্ৰটো, যিটো চৰিত্ৰত অভিনয় কৰিছে যতীন বৰাই৷–‘পৰ্দা’লৈ ‘নায়িকা’ আহে৷ নায়ক-নায়িকাৰ মৰম-ভালপোৱা আগবাঢ়ে৷ নায়কৰ ককায়েক, মানে মূল ‘চৰিত্ৰ’টোৱে ধাৰণা কৰি লয় ‘নায়িকা’ৰ মৰম-ভালপোৱা তাৰ বাবে৷ ‘নায়িকা’ৰ মৰম-ভালপোৱা তাৰ নহৈ ভায়েকৰ বাবেহে বুলি যেতিয়া ‘চৰিত্ৰ’টোৱে জানিব পাৰে, তাৰ মনৰ ‘অশান্ত মানুহজন’ সাৰ পাই উঠে; আৰু ভাতৃক হত্যা কৰে৷–এইখিনিতে পৰিচালকে ‘ছাছপেন্স ড্ৰামা’ লৈ ৰূপান্তৰ কৰে৷ চিনেমাখনৰ শেষৰফালে স্পষ্ট হয়- ভাতৃ বুলি ‘চৰিত্ৰ’টোৱে আন এজনকহে হত্যা কৰিছিল৷ শেষত ‘চৰিত্ৰ’টোৰ আত্মহত্যা৷ পৰিচালক বৰুৱাৰ পূৰ্বৰ চিনেমা কেইখনৰ দৰে এই চিনেমাখনতো দৰ্শকক চুব পৰা কাহিনী আছে৷ সহজ-সৰলভাৱে কাহিনীটো কৈছে৷ কাহিনীটো কিন্তু দুৰ্বল হৈ পৰিছে ‘ভুল’ নায়িকা নিৰ্বাচনৰ বাবে৷ অনুৰূপা পাঠক আৰু ইন্দ্ৰা ৰাওৰ অভিনয় অতি দুৰ্বল৷ দেহ-চেহেৰা ‘ভাষা শূন্য’৷ গীতেও ‘হিয়া দিয়া নিয়া’ক কৰাৰ দৰে সহায় কৰিব নোৱাৰিলে৷ তেনেদৰে চিনেমাখনত ‘কেমেৰাৰ ভাষা’ প্ৰয়োগৰ সুযোগ আছিল৷ সেই ‘সুযোগ’ পৰিচালকে ব্যৱহাৰ নকৰিলে৷ ইয়াৰ পাছতো কিন্তু ক’ব লাগিব অসমত ‘কথাছবি যুগ’ চলি থকা সময়ত এখন ‘ভাল চিনেমা’ৰ সংখ্যা বাঢ়িল৷ চিনেমাখনৰ নাম ‘দাগ’৷
              **************
 এই চিনেমাখনৰ পাছতে পৰিচালক, চিত্ৰনাট্যকাৰ বৰুৱা ব্যস্ত হৈ পৰিছিল ‘ৰং’ নামৰ চিনেমাখনৰ কামত৷ চিনেমাখন কিন্তু ফ্ল’ৰলৈ নিছিল ‘বাৰুদ’ৰ পাছতহে৷ চিনেমাখনৰ বিষয়বস্তু মানুহৰ মনৰ ‘ৰং’৷ চিত্ৰনাট্যকাৰ, পৰিচালকে কেইটামান চৰিত্ৰ নিৰ্মাণ কৰিছে৷ দুটা প্ৰেমৰ কাহিনীৰ সহায়ত চিনেমাখনৰ কাহিনীভাগ আগবঢ়াই নিছে৷ চিনেমাখনৰ মূল চৰিত্ৰটোৰ নাম বসুন্ধৰা চলিহা, কেইবাখনো চাহ বাগিচা আৰু উদ্যোগৰ মালিক৷ চৰিত্ৰটোত অভিনয় কৰিছে মলয়া গোস্বামীয়ে৷ মলয়া গোস্বামীৰ ‘এক্সপ্ৰেছন’ত অতি সুন্দৰভাৱে স্পষ্ট হৈ পৰিছে অহংকাৰী বসুন্ধৰাৰ মনৰ মাজতে লুকাই আছে আন এটি ৰং৷ সহজ-সৰল মনৰ ৰং৷ সহজ-সৰল ৰংটো অহংকাৰেৰে ঢাকি ৰাখিবলৈ বহুখিনি কষ্ট কৰিব লগা হৈছে৷ পৰিচালক, চিত্ৰনাট্যকাৰ বৰুৱাই এই কথাখিনি দৰ্শকক বুজাবলৈ সংলাপ ব্যৱহাৰ কৰা নাই৷ নায়িকাগৰাকীৰ ‘এক্সপ্ৰেছন’তেই বুজি পোৱা গৈছে৷ বসুন্ধৰা চলিহাৰ দুই পুত্ৰ৷ চৰিত্ৰ দুটা নিৰ্মাণ কৰিছে যতীন বৰা, ঋষি কৌশিকক লৈ৷ ঋষিৰ চৰিত্ৰটো সহজ-সৰল, মৰম আকলুৱা মনৰ৷ ঋষিৰ বিপৰীতে অভিনয় কৰিছে নিশিতা গোস্বামীয়ে৷ গতানুগতিক প্ৰেম কাহিনী৷ বসুন্ধৰা চলিহাৰ ‘চৰিত্ৰ’টোৰ দৰেই পৰিচালকে নিৰ্মাণ কৰিছে যতীন বৰাৰ চৰিত্ৰটো৷ যতীনৰ বিপৰীতে অভিনয় কৰিছে প্ৰস্তুতি পৰাশৰে৷ স্বাভাৱিকতে ক’ব পৰা যায় যতীন-প্ৰস্তুতিৰ ‘ৰোমাণ্টিক কমেডী’য়ে চিনেমাখনৰ ৰং বঢ়াইছিল৷ এইখিনিতে উল্লেখ কৰিব পাৰি ‘বাৰুদ’ৰ পাছত ছবিঘৰলৈ অহা মুনিন বৰুৱাৰ চিনেমা হ’ল ‘ৰং’৷ চিনেমা দুখনৰ দৰ্শক হোৱাৰ পাছত আমি অনুভৱ কৰিছোঁ–‘বাৰুদ’ নতুনত্বৰ সন্ধান কৰা চিনেমা৷ ‘ৰং’ সফলতাৰ মন্ত্ৰ প্ৰয়োগ কৰা চিনেমা৷ মসৃণ গতিত এই চিনেমাখন (ৰং) দৰ্শকে যে আদৰি ল’ব সন্দেহ নাছিল৷ মুনিন বৰুৱাই সফলতাৰ মন্ত্ৰ বিচাৰি পাইছিল ‘হিয়া দিয়া নিয়া’ত আৰু সেই সফলতাৰ মন্ত্ৰটোৱেই প্ৰয়োগ কৰিছে ‘ৰং’ত৷ সংলাপ, অভিনয় আৰু সুপৰিকল্পিত ‘কেমেৰা মুভমেণ্ট’, ‘ছাবজেক্ট মুভমেণ্ট’ৰ বাবেই বিৰক্তিকৰ হৈ উঠা নাই কোনো এটা ‘ছিকুৱেন্সে’ই৷ সততে অসমীয়া চিনেমাৰ গীত ব্যৱহাৰৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা দেখা যায় পৰিচালকসকলক৷ এই ব্যৰ্থতা ‘বাৰুদ’তো স্পষ্ট আছিল৷ ‘ৰং’ত কিন্তু পৰিচালক বৰুৱা এই ব্যৰ্থতাৰ পৰা মুক্ত বুলি ক’ব পৰা যায়৷ গীত চিত্ৰায়নৰ ক্ষেত্ৰত অৱশ্যে সুপৰিকল্পনাৰ অভাৱ স্পষ্ট হৈ থাকিল৷ এইখিনিতে এটা কথা স্পষ্ট কৰি নিদিলে দোষে চুব৷ মুনিন বৰুৱাৰ চিনেমাৰ যি ত্ৰুটিৰ কথা আমি উল্লেখ কৰি আহিছো, সেয়া অসমীয়া চিনেমাৰ বাবে সমস্যা নহয়৷ সমস্যা এইবাবেই নহয়, পৰিচালকগৰাকীৰ চিনেমাৰ প্ৰতি দৰ্শকৰ দুৰ্বলতা স্পষ্ট৷ পৰিচালকগৰাকীৰ দৰ্শকক আকৰ্ষণ কৰিব পৰা ক্ষমতা স্পষ্ট৷ মুনিন বৰুৱাৰ চিনেমাৰ বিশেষত্ব–খাটি অসমীয়া চৰিত্ৰ, কাহিনী নিৰ্মাণত গুৰুত্ব৷ দৰ্শকক চুব পৰা কাহিনী প্ৰতিখন চিনেমাতে আছে৷ ‘নাটক’ৰ ওচৰত থাকি ‘চিনেমাকৰ্ম’ কৰে৷ মুনিন বৰুৱাৰ চিনেমা দৰ্শকে ভাল পোৱাৰ কাৰণ–কাহিনী৷ অসমীয়া সমাজৰ ‘কাহিনী’ পৰিচালকগৰাকীয়ে কয়, পৰিপাটিকৈ দৰ্শকক চুব পৰাকৈ৷ থোৰতে ক’ব পাৰি–মুনিন বৰুৱাৰ চিনেমাই টিকট ক্ৰয় কৰি চিত্ৰগৃহত চিনেমা চোৱা দৰ্শকক চুই যায়৷ 
                          [পাঁচ] 
 ‘নায়ক’ আঁতৰি যাব খোজা নাছিল, কিন্তু বিধাতাই কপালত লিখি দিছিল– আঁতৰি যোৱা৷ বিধাতাই যেতিয়া নিবিচাৰে তেতিয়া কাৰোবাৰ থকাৰ অধিকাৰ আছে নে? –চিনেমাখনৰ শেষৰ ছিকুৱেন্সটো মন চুই যোৱা৷ ‘নায়ক’ৰ চেহেৰা হাতৰ ভাষাৰ সু-প্ৰয়োগ৷ –নিজে যন্ত্ৰণাত থকা ‘নায়ক’-এ বিচাৰে সকলোৱে যাতে সুখত থাকে৷ সেয়েহে ঘৰখনৰ এজনকো জানিব নিদিয়ে নিপুৰ দুৰাৰোগ্যৰ কথা৷ চিকিৎসকে যেতিয়া কৈছিল দুৰাৰোগ্যৰ কথা, তেতিয়া ‘নায়ক’ৰ মুখত অসহায়ৰ সংলাপ– ‘জীয়াই থকাৰ উপায় নাইনে?’ জীয়াই থকাৰ, জীৱন সুন্দৰ কৰাৰ হেঁপাহ– ‘নায়ক’ৰ৷ মাতৃৰ অবৰ্তমানত মোমায়েক-মামীয়েকৰ মাজতে ডাঙৰ হয় ‘নায়ক’৷ পিতৃৰ দ্বিতীয় বিবাহত নাৰাজ ‘নায়ক’৷ সেয়েহে পিতৃৰ ঘৰৰ পৰা আঁতৰত থাকে৷ নিজৰ আয়ুস জনাৰ পাছত ‘নায়কে’ সকলোৰে জীৱন ‘সুন্দৰ’ কৰিব খোজে, জীয়াই থকা দিনকেইটাতে মোমায়েকৰ ঘৰখনৰ সকলোবোৰ খেলি-মেলি আঁতৰ কৰিব খোজে৷ সকলো হয়৷ আনকি ‘নায়কে’ প্ৰেয়সীকো সু-পাত্ৰৰ হাতত গতাই দিয়ে, বুকুত যন্ত্ৰণা লৈ৷ শেষবাৰৰ বাবে নিজৰ ঘৰলৈ গৈ ‘নায়কে’ অনুভৱ কৰে– সুন্দৰ পৰিয়াল৷ সেই সুখৰ মাজতো থাকিব খোজে, কিন্তু সময় যে নাই৷ বিধাতাই কাঢ়ি নিছে৷ –কি কৰিব৷ অসহায় ‘নায়ক’৷ –‘নায়ক’ক কেন্দ্ৰ কৰিয়ে চিনেমাখনৰ কাহিনী ভাগ আগবঢ়াই নিছে মুনিন বৰুৱাই– ‘বিধাতা’ নামৰ অসমীয়া চিনেমাখনত৷ ২৮ মাৰ্চ, ২০০৩ ত চিত্ৰগৃহলৈ অহা এই পাৰিবাৰিক চিনেমাখনত ‘নায়িকা’কে ধৰি কেইবাটাও চৰিত্ৰ নিৰ্মাণ কৰিছিল যদিও চিত্ৰনাট্যকাৰ, পৰিচালক যেন ব্যস্ত কেৱল ‘নায়ক’ৰ চৰিত্ৰটোক লৈহে৷ চৰিত্ৰটো নিৰ্মাণ কৰিছিল যতীন বৰাক লৈ৷ সন্দেহ নৰখাকৈ ক’ব পাৰি ‘চৰিত্ৰ’টোত যতীনৰ অভিনয় ক্ষমতা প্ৰদৰ্শনৰ পূৰ্ণ সুযোগ আছিল, আৰু সুযোগৰ সৎ ব্যৱহাৰো কৰিছিল৷ পৰিচালক বৰুৱাই প্ৰথমবাৰৰ বাবে এই চিনেমাখনত সাহিত্যৰ ভাষাৰ লগত কেমেৰাৰ ভাষা ব্যৱহাৰত গুৰুত্ব দিছিল৷ বহু কথা ‘কেমেৰাৰ ভাষা’ৰে কৈছিল, কাহিনী ‘কেমেৰাৰ ভাষাৰে’ আগুৱাই নিয়াত গুৰুত্ব দিছিল৷ স্বাভাৱিকতে ‘চিনে সৌন্দৰ্য’ও বাঢ়িছিল৷ ‘চিনে সৌন্দৰ্য’ বঢ়াইছিল সংগীতেও৷ বিশেষভাৱে উল্লেখ কৰিব পাৰোঁ আৱহ সংগীত আৰু ‘শ্যামকানু…’ গীতাংশৰ প্ৰয়োগৰ প্ৰসংগ৷ সুন্দৰ, অৰ্থপূৰ্ণ৷
                           [ছয়] 
 প্ৰভাতী পখীৰ গান। চিনেমাখনৰ প্ৰতিটো মূল চৰিত্ৰই ‘নায়ক-নায়িকা’৷ পিতা-পুত্ৰ-পুত্ৰীক লৈ এটা পৰিয়াল৷ পিতাৰ চৰিত্ৰটোত অভিনয় কৰিছে কুলদা কুমাৰ ভট্টাচাৰ্য৷ দুই সন্তান– তপন দাস, মৃদুলা বৰুৱাক লৈ নিৰ্মাণ কৰিছে চৰিত্ৰ দুটা৷ সুখৰ নহয়, আৰ্থিক সমস্যাৰ মাজত কক্‌বকাই থকা পৰিয়াল৷ মাকৰ গহনা বন্ধকত থৈহে পিতৃৰ চিকিৎসা কৰে জীয়ৰীয়ে৷ পুত্ৰ হিচাবে তপন দাসে অভিনয় কৰা চৰিত্ৰটো শিক্ষিত কিন্তু নিবনুৱা৷ অন্যায় সহ্য কৰিব নোৱাৰে, সেইটোৱে তাৰ দোষ৷ –আন এটা পৰিয়ালৰ নিবনুৱা যুৱক এজন৷ সি কয়– ‘সংগীতৰ বাহিৰে মই আন কথা চিন্তা কৰিব নোৱাৰো৷’ গীত লিখে, সুৰ দিয়ে৷ পুৱা দেৰিলৈকে বিছনা নেৰে, বিছনাত পৰি পৰিয়ে বৌৱেকৰ গালি শুনি থাকে৷ চৰিত্ৰটো নিৰ্মাণ কৰিছে প্ৰাঞ্জল শইকীয়াক লৈ৷– নিবনুৱা হৈ নাথাকি ‘কাম’ৰ পিছে পিছে দৌৰা আন এটা চৰিত্ৰ নিৰ্মাণ কৰিছে সঞ্জীৱ হাজৰিকাক লৈ৷ তেনেদৰে বিদ্যুৎ চক্ৰৱৰ্তী, জয়ন্ত দাস, পূৰৱী শৰ্মা, মিৰেল কুদ্দুছক লৈ নিৰ্মাণ কৰিছে আন চাৰিটা চৰিত্ৰ৷ –এই চৰিত্ৰকেইটাক পৰিচালক মুনিন বৰুৱাই লৈ আহে এটা সংঘলৈ৷ সংঘটো হৈ পৰে দেশৰ প্ৰতীক৷ ‘চৰিত্ৰ’কেইটাই সংঘটো সুন্দৰভাৱে গঢ়িব খোজে, অৰ্থাৎ সুন্দৰ দেশ নিৰ্মাণ কৰিব খোজে৷ সংঘটো ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰে ৰাজনৈতিক নেতা, দালাল ইত্যাদিয়ে৷ নেতা, দালালসকলেই যেন দেশৰ ‘সমস্যা’৷ গঢ়িব নাজানে, ভাঙিব জানে৷ চিনেমাখনৰ শেষত সংঘটো ভঙাত ব্যৰ্থ হয় নেতা-দালাল…৷ চিনেমাখন শেষ কৰে অসমীয়াতে কোৱা ‘we shall Over come…’ গীতটোৰে, যিটো গীত জড়িত নাগৰিক অধিকাৰ আন্দোলনৰ সৈতে৷ এই গীতটোৰ ব্যৱহাৰ অৰ্থৱহ৷ ‘নিবনুৱা সমস্যা’ স্পষ্ট হৈ পৰা এই চিনেমাখনৰ নাম– ‘প্ৰভাতী পখীৰ গান’৷ চিত্ৰগৃহলৈ আহিছিল ২৭ মাৰ্চ, ১৯৯২ চনত৷ সন্দেহ নৰখাকৈ ক’ব পাৰি– ‘প্ৰভাতী পখীৰ গান’ পৰিচালক মুনিন বৰুৱাৰ শ্ৰেষ্ঠ ‘চিনেকৰ্ম’৷ আজিও চিনেমাখন দিগদাৰ ‘অনুভৱ’ নকৰাকৈ চাব পাৰি৷– চিনেমাখনৰ চুই যোৱা প্ৰথম দিশটো স্বাভাৱিকতে পৰিচালনা শৈলী আৰু বিষয়বস্তু৷ চমক ‘বিষয়বস্তু’ৰ বিন্যাস আৰু অভিনয়৷ প্ৰতিটো ‘চৰিত্ৰ’ৰে স্বাভাৱিক অভিনয়৷ ‘কম ফুটেজ’ত অৰুণ নাথক লৈ নিৰ্মাণ কৰা চৰিত্ৰটোৰ কথা বিশেষভাৱে উল্লেখ কৰিব পাৰি৷ চৰিত্ৰটোৰ মুখত দিয়া এটা সংলাপ আছিল– “সততে ৩০ টকা ফিজ লোৱা ডাক্তৰজনে অসময়ত চিকিৎসা কৰিবলৈ যদি ১০০ টকা লয়, সেই চিকিৎসকজন ব্লেকাৰ নে আগতে গৈ টিকট কাটি ‘সময়’ত চিনেমা চাবলৈ যোৱাজনৰ পৰা কেইটামান টকা বেছিকৈ লোৱা ‘চৰিত্ৰ’টো ব্লেকাৰ?” [হুবহু সংলাপটো মনলৈ আনিব পৰা নাই৷]– হয়, অৰুণ নাথে অভিনয় কৰা ‘চৰিত্ৰ’টো ব্লেকাৰৰ৷ নিশা মাতাল হৈ ক্ষোভ উজাৰে৷ –চিনেমাখনত পৰিচালকে দুটা প্ৰেমৰ ‘কাহিনী’ ৰচনা কৰিছে, তপন দাস-পূৰৱী শর্মা, মৃদুলা বৰুৱা-সঞ্জীৱ হাজৰিকাক লৈ৷ ৰচনা কৰিছে- অসমীয়া সংস্কৃতিৰ দুৰ্দশাৰ ছবিখনো৷ অসমীয়া সংস্কৃতি চৰ্চা কৰাজনৰ স্থান কাৰোবাৰ শ্ৰাদ্ধত৷ জীয়াই থকাজনৰ বাবে নহয়, মৃতজনৰ আত্মাৰ বাবেহে যেতিয়া অসমীয়া শিল্পীয়ে ‘গীত’ গোৱাৰ পৰিৱেশ হয়, তেতিয়া ক্ষোভ প্ৰকাশ নহ’ব নে? – ক্ষোভ প্ৰকাশ হয় বিদ্যুৎ চক্ৰৱৰ্তীক লৈ নিৰ্মাণ কৰা ‘চৰিত্ৰ’টোৰ মুখেৰে৷ ‘চৰিত্ৰ’টোৰ দেউতাকে গোটেই জীৱন ‘অসমীয়া সংস্কৃতি’ চৰ্চা কৰি কি পালে? শৰাই-গামোচা৷ ‘চৰিত্ৰ’টোৱে ক্ষোভেৰে কয়– ‘সেই গামোচা শিল্পীৰ পেটত বান্ধিবলৈহে৷ পৰিচালকে এটা বুদ্ধিদীপ্ত ছিকুৱেন্স ৰচনা কৰিছে–‘চৰিত্ৰ’টোৱে ঢোল বজাইছে, ‘চৰিত্ৰ’টোৰ শিল্পী দেউতাকে গামোচাৰে তৈয়াৰ কৰা দীঘল ‘সাঁকো’ এখনেৰে পাৰ হ’বলৈ চেষ্টা কৰিছে৷ ‘সাঁকো’ ভাঙি শিল্পীগৰাকী মাটিত পৰে, আৰু ভিতৰৰ পৰা ভাঁহি আহে কান্দোন– ‘শিল্পী’ৰ মৃত্যু৷ – সুন্দৰ ছিকুৱেন্স, সুন্দৰ চিনেমা৷ 
                              [সাত] 
 দীনবন্ধু : মিড শ্বট৷ …কেমেৰা স্থিৰ৷ ফ্ৰেমত দীনবন্ধু দাস আৰু বিপুল৷ ছবিখনৰ এই ছিকুৱেন্সটোতেই প্ৰকাশ পাইছে দীনবন্ধুৰ উপলব্ধি৷ দীনবন্ধুৱে বিপুলৰ সন্মুখতে উন্মুক্ত কৰি দিছে মনৰ মাজত হাহাকাৰ লগাই থকা উপলব্ধিখিনি : তুমিতো দেখিয়েই আছা ৰাণীক মই কেনেকৈ উলিয়াই দিলোঁ৷ কিন্তু এইক, বাণীক মই কেনেকৈ গতাওঁ? এতিয়াও মই ভাবো জানা, ৰাণীৰ দৰে তাইৰো কপালৰ সোঁমাজত এটা ৰঙা ফোঁট থাকিব৷ ডিঙি, হাত, কাণ সকলোতে সোণৰ অলংকাৰৰ মাজৰ পৰা বাখৰবোৰে তিৰবিৰাই থাকিব৷ এসময়ত তাই মোক সেৱা কৰিবলৈ আহি মোৰ ভৰিতে বাগৰি পৰিব আৰু মই তাইৰ বিয়া বুলি লোৱা নতুন পাঞ্জাৱী চোলাটোৰ আস্তিনত চকুপানী মচিম৷ জানা বিপুল৷ মোৰ নিজৰ বিয়াৰ বেণ্ডপাৰ্টীৰ সুৰটোৰ কথা মনত পৰিলে আজি এনেকুৱা লাগে যেন মোৰ জীৱনটোৰ ছালখন চেলাই তাৰে মানুহবোৰে এটা ঢোল সাজিলে আৰু অতি নিষ্ঠুৰ হাতেৰে দিনে-নিশাই ঢোলটো বজাই থাকিল৷ …মোৰ আত্মীয়-কুটুম্ব, বন্ধু-বান্ধৱে কাগজেৰে মেৰিয়াই ১৫ খন শৰাই মোক উপহাৰ দিছিল৷ কিন্তু সেই শৰাইৰে মই দুৰ্ভাগ্যৰ বাহিৰে একোকে আদৰিব নোৱাৰিলোঁ৷ …থিয়েটাৰ৷ গান-বাজনা, ঢোল-দগৰ, ৰসগোল্লা, মিঠাইৰ থিয়েটাৰ বিপুল৷ …এনেকুৱা এখন থিয়েটাৰ আকৌ নাপাতিলে নহয়নে? বিপুলৰ সৈতে দীনবন্ধুৰ সৰু জীয়ৰী বাণীৰ মনৰ মিল হৈছে৷ ডাঙৰ জীয়ৰী ৰাণীৰ দৰে বাণীক এঘৰলৈ উলিয়াই দিয়া, ধাৰ কৰি হ’লেও নিজৰ বিয়াখন ধুমধামেৰে পতা দীনবন্ধুৰ বাণীক যৌতুক হিচাপে দিবলৈ একোৱেই নাই– ‘‘আজি আৰু তাইৰ যৌতুকত দিবলৈ মোৰ আশীৰ্বাদৰ বাহিৰে একো নাই৷ কিন্তু মোৰ আশীৰ্বাদৰো কোনো মূল্য নাই৷ মূল্য আছে তোমালোকে ইটোৱে সিটোক দিয়া আশীৰ্বাদ৷’’ বাণীক পলুৱাই নিবলৈ দীনবন্ধুৱে বিপুলক উপদেশ দিয়ে– ‘‘এদিন তাইক ফুৰিবলৈ যোৱাৰ দৰে, ফাংচনলৈ যোৱাৰ দৰে ওলাই আহিবলৈ ক’বা৷ তাৰ পিছত সুন্দৰ দীঘলীয়া বাটেদি দুয়ো গৈ থাকিবা৷ হুলস্থূল কৰি বাটটোৰ শান্তি নষ্ট নকৰিবা৷ …মোক জীৱনৰ একমাত্ৰ আৰু শেষ ফাঁকিটো দিবলৈ সুবিধা দিয়া৷ মই যেন তোমালোকৰ বিয়াখন পাতিবলৈ সুবিধাই নাপালোঁ৷ মোক তেনে এটা অৱস্থাত এৰি থৈ যোৱা৷’’ হৃদয়স্পৰ্শী সংলাপ, সুপৰিকল্পিত ‘ট্ৰিটমেণ্ট’ৰ এই ছবিখনত দীনবন্ধুৰ সুখ-দুখ দেখুওৱা হৈছে বাণীৰ দৃষ্টিৰে৷ নিজৰ মনত হাহাকাৰ লগাই থকা অৱস্থাটোৰে দীনবন্ধুৱে যৌতুক নামৰ এটা গল্প লিখিছিল৷ গল্পটো কপি কৰাৰ দায়িত্ব দিছিল বাণীক৷ মাজে মাজে ব্যৱহাৰ কৰা অপূৰ্ব ‘ফ্লেছবেক’ৰ সহায়ত ছবিখনৰ কাহিনীভাগ আগবঢ়াই নিয়া হৈছে৷ ছবিখনৰ পৰিচালক, চিত্ৰনাট্যকাৰ মুনিন বৰুৱাই মসৃণ গতিত কাহিনীভাগ আগবঢ়াই নিছে৷ ছবিখনৰ নাম ‘দীনবন্ধু’৷ ড॰ ভবেন্দ্ৰনাথ শইকীয়াৰ নাটক ‘দীনবন্ধু’ৰ চিত্ৰৰূপ৷ নাটকখনৰ কাহিনীভাগ লৈছিল নিজৰে গল্প ‘যৌতুক’ৰ পৰা৷ গল্পৰ পৰা নাটক, নাটকৰ পৰা ছবিৰ ৰূপ পাওঁতে কাহিনীভাগৰ কিছু পৰিৱৰ্তন হৈছে, বিন্যাস হৈছে৷ কিন্তু এই পৰিৱৰ্তন বা বিন্যাসে বিষয়বস্তুৰ সৌন্দৰ্য হ্ৰাস কৰা নাই৷ গল্পটোৰ সৌন্দৰ্য ধৰি ৰাখিছে ড॰ শইকীয়াৰ হৃদয়স্পৰ্শী সংলাপে৷ ‘চিনে পণ্ডিত’সকলৰ মতে সংলাপ ছবিৰ প্ৰধান অলংকাৰ৷’ –সন্দেহ নাই সংলাপৰ সুদক্ষ ‘সোণাৰি’ ড॰ শইকীয়াই পৰিচালক মুনিন বৰুৱাক নিখুঁত অলংকাৰ দি থৈ গৈছে৷ দ্বিতীয়বাৰৰ বাবে ছবিখনৰ দৰ্শক হৈ অনুভৱ কৰিছোঁ ‘ট্ৰিটমেণ্ট’ আৰু অভিনয়ত ৰৈ যোৱা বহুকেইটা খুঁত সংলাপে ঢাকি ৰাখিছে৷ প্ৰখ্যাত ৰুছ পৰিচালক আইজেনষ্টাইনে ছবিৰ কাহিনীৰ প্ৰসংগত কৈছিল– ‘‘কাহিনী হৈছে চিনেমাৰ শৰীৰ৷ শৰীৰটোক প্ৰাণ দিয়ে পৰিচালকে৷ কেমেৰাৰ ভাষা, শ্বট নিৰ্বাচন, শ্বটৰ গাণিতিক প্ৰয়োগত পৰিচালকৰ কিমান দক্ষ তাৰ ওপৰতহে নিৰ্ভৰ কৰে চিনেমাৰ সৌন্দৰ্য৷’’ গতিকে ক’ব পাৰি কাহিনীতকৈ গুৰুত্বপূৰ্ণ পৰিচালকৰ কাম৷ ‘দীনবন্ধু’ৰ পৰিচালক মুনিন বৰুৱাৰ কামত দক্ষ পৰিচালকৰ উপস্থিতি স্পষ্ট৷ ‘ক্ল’জ-আপে’ ছবিখনৰ গতিত আউল লগোৱা নাই, শ্বটৰ গাণিতিক ব্যৱহাৰত ভুল হোৱা নাই৷ কেমেৰাৰ ভাষাও অৰ্থৱহভাৱে ব্যৱহাৰ কৰিছে৷ এটা উদাহৰণ– ‘ফ্ৰেম’ত দীনবন্ধু আৰু বাণী৷ দীনবন্ধু : এসময়ত ভাবিছিলোঁ জিদ, অহংকাৰ, দম্ভ এইবোৰ নিজৰ সম্পত্তি; এইবোৰ নাথাকিলে মানুহ দুৰ্বল হয়৷ কিন্তু মোৰ নিচিনা মানুহৰ গাত এইবোৰ বস্তুৱে শোভা নাপায়৷ …বাণীৰ মৰমৰ সন্মান ৰাখিবলৈ মই বলিয়া হৈ গৈছিলোঁ৷ …এতিয়া মই ইমান খালী হৈ গ’লো, তোক মই পঠিয়াও কেনেকৈ? দীনবন্ধুক চিন্তাৰ পৰা মুক্ত কৰি দিয়াৰ কথা বাণীয়ে চিন্তা কৰে৷ …লং শ্বট৷ ফ্ৰেমত বাণী, বাণীৰ প্ৰেমিক বিপুল, এটা ৰেল লাইনত৷ বাণী : আমাৰ বিয়াখনৰ বাবে টকা গোটাইছিলা নেকি? …এইখিনি গোটাবলৈ তুমি ছাগে বহুত চখ বাদ দিছা, বিয়াৰ পিছত সেইবোৰ উভতি অহাৰ বাট থাকিবনে? দেউতাই কৈছে তেওঁৰতো চখ বাদ দিওঁতেই গ’ল৷ এতিয়া বোলে এতিয়া এটাহে চখ আছেগৈ৷ আমাৰ বিয়াখন নেদেখাৰ চখ৷ বিপুল : তোমাৰ কইনাৰ সাজ পিন্ধি উৰুলিৰ মাত, বেণ্ডপাৰ্টীৰ মাত শুনাৰ চখ আছে নেকি? বাণী : নাই৷ বিপুল : তেনেহ’লে সেয়ে হওক৷ আমি আৰু এখন থিয়েটাৰ নাপাতো দিয়া৷ দেখা যায়– ‘নাপাতো দিয়া’ বুলি কৈয়েই ৰেল লাইনটোৰ পৰা বিপুল ওলাই আহে৷ পিছে পিছে বাণী৷ কেমেৰাৰ ভাষাৰেই পৰিচালকে বুজাই দিলে যে বিবাহ নামৰ ট্ৰেকটোৰ পৰা সিহঁতে ফালৰি কাটিলে৷ নিঃসন্দেহে এটা বুদ্ধিদীপ্ত শ্বট৷ কিন্তু শ্বটটোৱে পূৰ্ণতা নাপালে৷ পূৰ্ণতা পালেহেঁতেন যদিহে ৰেললাইনৰ ওপৰত বিপুল-বাণীক আৰু দুবাৰমান (উল্লিখিত ছিকুৱেন্সটোৰ পূৰ্বে) ধৰি ৰাখিলেহেঁতেন৷ ছবিখনত দীনবন্ধু দাস নামৰ কেৰাণীজন, ৰাণী-বাণী নামৰ গাভৰু দুগৰাকীৰ পিতৃজনৰ সুখ-দুখো পৰ্দাত প্ৰতিফলিত কেইটামান ক্ল’জ শ্বটৰ সহায়ত৷ কেমেৰাৰ ভাষাৰ অপূৰ্ব প্ৰয়োগ হৈছে দীনবন্ধুৰ ডাঙৰ জীয়ৰী ৰাণীৰ বিয়াত যৌতুক দিবলৈ সাজু হোৱাৰ পাছৰ কেইটামান ছিকুৱেন্সতো৷ পৰিচালকে কেমেৰাৰ ভাষাৰে সময়ৰ গতিও বুজাইছে৷ সময় আগবঢ়াই নিছে প্ৰকৃতিৰ ওপৰত কেমেৰা পেন কৰি৷ ইয়াৰে ক্ল’জ শ্বটকেইটাৰ সৌন্দৰ্য বঢ়াইছে দীনবন্ধুৰ চৰিত্ৰত অভিনয় কৰা তপন দাসৰ মাৰ্জিত অভিনয়ে৷ অভিনেতাগৰাকীক তিনিটা ‘গেট-আপ’ত দেখা গৈছে৷ ‘গেট-আপ’ তিনিটাত অভিনয়ৰ ভিন্নতা স্পষ্ট৷ ‘চিনে পণ্ডিত’সকলৰ মতে, সংলাপৰ লগতে ছবিৰ সৌন্দৰ্য বঢ়োৱা অলংকাৰ হৈছে অভিনয় আৰু সংগীত৷ তপন দাসৰ লগতে ‘দীনবন্ধু’ৰ সৌন্দৰ্য বঢ়াইছে বাণীৰ চৰিত্ৰত অভিনয় কৰা নিশিতা গোস্বামীৰ মুক্ত অভিনয়ে৷ অৰুণ নাথ, প্ৰস্তুতি পৰাশৰ, ভাস্কৰ বৰা, গায়ত্ৰী মহন্তৰ অভিনয় স্বাভাৱিক৷ ড॰ ভবেন্দ্ৰনাথ শইকীয়াই সংলাপৰ লগতে গীতি-সাহিত্যও ৰচনা কৰি থৈ গৈছে৷ জুবিন গাৰ্গে সুৰেৰে সজোৱা ‘ক’ৰ এজাক সপোন যেন বৰষুণ, ধূলিৰ ওৰণি ঠেলি ভাঁহি আহে, কোমল মাটিৰ গুণ গুণ…’ গীতটোৱে দীনবন্ধুৰ সৌন্দৰ্য বঢ়োৱাৰ লগতে ছবিখনক দৰ্শকৰ ওচৰলৈ চপাই নিয়াতো সহায় কৰিছে৷ আৱহ সংগীতে পৰিৱেশ সৃষ্টিত বিশেষ সহায় কৰিব পৰা নাই৷ অনুভৱ হয় সংগীত পৰিচালক জুবিন গাৰ্গে ছবিখনৰ কেমেৰাৰ ভাষা অধ্যয়ন কৰা নাই৷ আৱহ সংগীতৰ দৈন্য ৰূপটোৰ বাবে অৱশ্যেই দোষাৰোপ কৰিব লাগিব ছবিখনৰ পৰিচালকক৷ স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হ’ব পৰিচালক মুনিন বৰুৱাই আৱহ সংগীতৰ নামত সময় খৰচ কৰিছিলনে? (প্ৰসংগক্ৰমে সাংবাদিকে সুদক্ষ ছবি পৰিচালক প্ৰকাশ ঝাক সুধিছিল– ‘‘ছবি এখনৰ কোনটো দিশত আপুনি বেছি সময় খৰচ কৰে?’’ পৰিচালকগৰাকীৰ স্পষ্ট উত্তৰ– ‘‘আৱহ সংগীতত৷’’) মই ভাবোঁ আৱহ সংগীতে কেমেৰাৰ ভাষাত প্ৰাণ দিয়ে৷ শেষত এজনক প্ৰশংসা নকৰিলে এই আলোচনা আধৰুৱা হৈ ৰ’ব– চিত্ৰগ্ৰহণকাৰী সুমন দুৱৰাক৷ ছবিৰ পৰিচালকে ছিকুৱেন্সৰ চিন্তা-চৰ্চাহে কৰে৷ ছিকুৱেন্স নিৰ্মাণ কৰে চিত্ৰগ্ৰহণকাৰীয়ে৷ ছবি পৰিচালকৰ মাধ্যম৷ পৰিচালকৰ চিন্তাশক্তিৰ ওপৰতে নিৰ্ভৰ কৰে ছবিৰ স্তৰ, গভীৰতা৷ কিন্তু পৰিচালকৰ পক্ষে চিন্তাক কাৰ্যত পৰিণত কৰা সম্ভৱ নহয়, যদিহে প্ৰতিটো পদক্ষেপতে প্ৰযোজকৰ সমৰ্থন নাথাকে৷ যদিহে পৰিচালক-প্ৰযোজকে আঁকি দিয়া বৃত্তৰ ভিতৰত থাকি কাম কৰিবলৈ বাধ্য হয়৷ ‘ছিৰিয়াছ’ ছবিৰ (যিবোৰ ছবিত পৰিচালকৰ চিন্তাই গুৰুত্ব পায়৷ পৰিচালকে দৰ্শকৰ চিন্তাৰ সৈতে ‘কম্প্ৰ’মাইজ’ নকৰে৷ এই ব্যাখ্যা – ছবিৰ আলোচক সবিতা গেহলটৰ] ক্ষেত্ৰত পৰিচালকসকলে সততে প্ৰযোজকৰ সমৰ্থন নাপাই বৃত্তৰ ভিতৰত থাকি কাম কৰিব লগা হয়৷ ‘ছবিৰ বিষয়’ শীৰ্ষক ৰচনা এখনত প্ৰখ্যাত ছবি পৰিচালক বুদ্ধদেৱ দাশগুপ্তই লিখিছে– ‘‘এজন সচেতন পৰিচালকৰ ডাঙৰ সমস্যাটো হ’ল টকা৷’’ আমি ভাবোঁ প্ৰযোজক কৃষ্ণ ৰয়ে ‘দীনবন্ধু’ৰ পৰিচালকক টকাৰ সমস্যাটো অনুভৱ কৰিবলৈ দিয়া নাই৷ আমি জনাত আৱাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয়ক ছবিখন প্ৰযোজনা কৰিবলৈ তাগিদা দিছে ড॰ ভবেন্দ্ৰনাথ শইকীয়াৰ সৈতে থকা সম্পৰ্ক আৰু শ্ৰদ্ধাই৷ কেৱল সম্পৰ্ক আৰু শ্ৰদ্ধাৰ বাবেই ব্যৱসায়িক অংকৰ পৰা আঁতৰত থাকি ছবিখন নিৰ্মাণৰ দায়িত্ব লোৱাৰ বাবে কৃষ্ণ ৰয়ক ধন্যবাদ নজনামনে? ধন্যবাদ কৃষ্ণ ৰয়, ধন্যবাদ সহঃ প্ৰযোজক গোপাল জালান৷

প্ৰভাত শৰ্মা

প্রথম কথা- প্রভাত শর্মাৰ চিনেমাৰ সংগীত বিশ্লেষণ সহজ কাম নহয়। কেইবাখনো চিনেমাৰ সংগীতৰ কাম সংগীততে মিহলি হৈ আছে। -‘ককাদেউতাৰ ঘৰ জোঁৱাই’ৰ সংগীতৰ কাম আন তিনি সংগীতকাৰৰ সৈতে কৰিছে, ‘সন্ধ্যাৰাগ’ৰ সংগীতৰ কাম কৰিছে আন দুগৰাকী সংগীতকাৰৰ সৈতে, ‘অনল’ৰ সংগীতৰ কাম কৰিছে আন এগৰাকী সংগীত পৰিচালকৰ সৈতে। দ্বিতীয় কথা — প্রভাত শর্মাই সংগীত পৰিচালনা কৰা প্রথমখন চিনেমা ‘ব্লেকমানি’ৰ মই দর্শক হোৱা নাই, গীতো শুনা নাই। কথা প্রসঙ্গত প্রভাত শর্মাই কৈছিল, ” এদিন প্রযোজক অচ্যুত লহকৰে মোক মাতিলে। ক’লে- ‘শর্মা, মই এখন চিনেমা কৰিম। সংগীতৰ কামখিনি আপুনি কৰিব লাগিব।” কথা মতে কাম। গীত বাণীবদ্ধৰ বাবে অচ্যুত লহকৰে চোতালতে এটা অস্থায়ী ষ্টুডিঅ’ নির্মাণ কৰিলে। অভিনয়ৰ লগতে সংগীততো দখল আছিল অচ্যুত লহকৰৰ। চিনেমাখনৰ বাবে গীতো লিখিছিল। সেই সুন্দৰ গীতবোৰ এতিয়া হেৰাই থাকিল। ‘ব্লেকমানি’ৰ সময়ত চিনেমাৰ কামৰ পৰিবেশ এতিয়াৰ দৰে নাছিল। মোক ‘সংগীত’ কৰাৰ কথা কৈছিল। কৰিছিলোঁ। মই নহয়, আমি। চন্দ্র চৌধুৰী আৰু ……। নাই, নামবোৰ মনলৈ অহা নাই। আমি এজনেও ভবা নাছিলো- সংগীত পৰিচালক কোন? এই প্রশ্ন আমাৰ বাবে অবান্তৰ আছিল। আমাৰ মনত এটাই কথা–কামটো ভাল হ’ব লাগে। চিনেমাখনৰ বাবে আমি পাঁচটা গীত ‘ৰচনা’ কৰিছিলোঁ। চিনেমাখন মই আজিলৈকে চোৱা নাই, চোৱাৰ সুযোগ পোৱা নাই।” ক’ব পাৰি চিনেমাখন, চিনেমাখনৰ গীত হেৰাই থাকিল। তৃতীয় কথা– চিনেমাৰ সংগীত মানে কেৱল গীত নহয়। গীততকৈ গুৰুত্ব Background Score, Background music ৰ। চিনেমাৰ গীতক কোৱা হয় পর্দাৰ গীত, ঘটনামূলক গীত। কোৱা হয়- composition screen music বুলিয়ো। গীতৰ সফলতা স্পষ্ট হয় দৃশ্য মাধ্যমত। প্রভাত শর্মাই সংগীত পৰিচালনা কৰা আটাইকেইখন চিনেমা মই চোৱা নাই। যিকেইখন চাইছো, সেই কেইখনৰো সংগীত-ছিকুৱেন্স মনলৈ আনিব পৰা নাই। সেয়েহে প্রভাত শর্মাৰ চিনেমাৰ সংগীতৰ বিশ্লেষণ, আলোচনাৰ পৰা আঁতৰত থাকি কৰা আলোকপাতহে এয়া। সুৰৰ মালিতা লতা মংগেশকাৰে কথা প্রসংগত কৈছিল— “মোৰ দুগৰাকী প্রিয় সংগীত শিল্পী– পান্নালাল ঘোষ, হৰিপ্রসাদ চৌৰাছিয়া। পান্না বাবুয়ে বাঁহী বজোৱা নাছিল, যেন গাইছিল। ‘বসন্ত বাহাৰ’ চিনেমাৰ মোৰ এটা গীত ‘মে পিয়া তেৰী তু মানে য়া না মানে..’ শুনিবচোন। নিশ্চয় অনুভৱ কৰিব- দুগৰাকী গায়ক। এগৰাকী মই, আন গৰাকী পান্না বাবুৰ বাঁহী। মই গোৱা আন এটা গীত ‘তেৰে মেৰে হোঁঠো পে, মিঠে মিঠে গীত মিতৱা..’ আৰম্ভ হৈছিল হৰিজীৰ বাঁহীৰ সুৰেৰে। সেই গীতটোতো বাঁহী হৈ পৰিছে এগৰাকী গায়ক। দুয়ো গৰাকী বাঁহীবাদকৰে বাঁহীয়ে কথা কয়, ছবি আঁকে। ছবি আঁকিব পৰা, কথা ক’ব পৰা বাঁহীবাদকে যেতিয়া চিনেমাৰ সংগীত পৰিচালনা কৰে, মোৰ ধাৰণাত তেতিয়া কেমেৰাৰ ভাষাৰ দৰে বাঁহীৰ সুৰো স্বাভাৱিকতে চিনেমাৰ গীতৰ সৌন্দর্য হৈ পৰে।” প্রভাত শর্মাৰ বাঁহীৰ সুৰেও কথা কয়, ছবি আঁকে। আৰু প্রভাত শর্মাই সংগীত পৰিচালনা চিনেমা কেইখনৰ সৌন্দর্য হৈ পৰিছে বাঁহীৰ সুৰ। সন্দেহ নাই। কথা প্রসংগত চিনেমা পৰিচালক ধীৰাজ দাস কাশ্যপে প্রভাত শর্মাৰ বাঁহীৰ সুৰৰ চিনেমেটিক সৌন্দর্যৰ কথা কৈছিল। ধীৰাজৰ প্রথম পৰিচালনা ‘মোহমুক্তি’। নাও খেল, পাকৈত নাৱৰীয়া ‘মিঠাৰাম’ (চিনেমাখনৰ কেন্দ্রীয় চৰিত্র) চিনেমাখনৰ বিষয়বস্তু। চিনেমাখনত মাত্র এটা গীত ব্যৱহাৰ কৰিছে- ‘নৈৰ দৰে বৈ থাকে ওৰেটো জীৱনী/ ধাৰ চিনি বাই যা নাও নেপেলাবি মন..’ (কথা–কেশৱ মহন্ত, কণ্ঠ–দিলীপ দাস)। গীতটোৰে সংগীত পৰিচালক প্রভাত শর্মাই চিনেমাখনক গতি দিছে, নায়কৰ মনৰ বেদনা আঁকিছে। তেনেদৰে ‘চিনে গল্প’ টোক গতি দিছে বাঁহীৰ সুৰ, দোতাঁৰাৰে। চিনেমাখনৰ দুটামান ছিকুৱেন্সত প্রভাত শর্মাই অনুভৱ কৰিলে এটা বিশেষ ‘সাংগীতিক শব্দ’ৰ। সেই বিশেষ ‘সাংগীতিক শব্দ’ কোনো এটা বাদ্যতে সংগীত পৰিচালক গৰাকীয়ে বিচাৰি পোৱা নাছিল। শেষত দেৰগাঁৱৰ অমূল্য বৰুৱাৰ হতুৱাই বাঁহেৰে নির্মাণ কৰি অনাইছিল-বিশেষ বীণ (ইয়াতেই স্পষ্ট প্রভাত শর্মা চিনেমাত সংগীত ব্যৱহাৰত কিমান সচেতন, কিমান দ লৈ চিন্তা কৰে!)– চিনেমাখনৰ কেইবাটাও ছিকুৱেন্সত লতা মংগেশকাৰে কোৱাৰ দৰে ‘বাঁহীৰ সুৰৰ গায়ক’ স্পষ্ট। কেৱল ‘মোহমুক্তি’তে নহয়, প্রভাত শর্মাই সংগীত পৰিচালনা কৰা ‘সাৰথি’. ‘কদমতলে কৃষ্ণ নাচে’, ‘আপোনজন’, ‘সন্তান’ আদিতো লোকবাদ্য প্রয়োগ, লোক-সংগীত ব্যৱহাৰ কৰা দেখা যায়। গৌৰী বর্মনৰ পৰিচালনাৰে নির্মিত ‘আপোনজন’তো পৰিবেশ ৰচনা কৰিছিল লোকবাদ্য, লোক-সংগীতেৰে। দুখৰ ছিকুৱেন্স এটা ৰচনা কৰিছিল ‘হে মাধৱ মুকুন্দ অ’ মুৰাৰী..’ দেহ বিচাৰ গীতটিৰে। কেইবাটাও ছিকুৱেন্সত ‘বাঁহীৰ সুৰৰ গায়ক’ স্পষ্ট হৈছে। অৱশ্যেই এটা কথা উল্লেখ কৰিব পাৰি ‘অনল’ আৰু এই চিনেমাখনৰ সংগীত গতানুগতিক। ইয়াৰ বিপৰীতে ‘কদম তলে কৃষ্ণ নাচে’ৰ সংগীত সু-পৰিকল্পিত। চিনেমাৰ অলংকাৰেই নহয়, অংগ হৈ পৰিছে সংগীত। বৰগীত-হোলী গীতৰ ‘চিনে-সাংগীতিক ডিজাইন’ আছিল ‘কদম তলে কৃষ্ণ নাচে’ৰ সফলতাৰ মূলমন্ত্র। সংগীতৰ সু-প্রয়োগৰ বাবে ‘চিনেমাৰ বাবে গীত’ ৰূপান্তৰ হৈছিল ‘গীতৰ বাবে চিনেমা’লৈ। সংগীতৰ কোনো এটা শ্বটতে আধুনিক উপাদানৰ প্রলেপ নাছিল, সত্রীয়া পৰম্পৰাৰ বৃত্তৰ বাহিৰৰ নাছিল, কিন্তু ‘কালাৰফুল’ আছিল। ‘কালাৰফুল’ সংগীতৰ বাবে কাহিনী, বিষয়বস্তু নিস্প্রভ হোৱা নাছিল; বৰঞ্চ অধিক উজ্জ্বল হৈছিল, গতি পাইছিল। ইয়াতই স্পষ্ট প্রভাত শর্মাৰ দক্ষতা, ‘সংগীত ক্ষমতা’। আন দুগৰাকী পৰিচালকৰ সৈতে ‘সন্ধ্যাৰাগ’ আৰু ভবেন্দ্র নাথ শইকীয়াৰ আন এখন চিনেমা ‘সাৰথি’ৰ সংগীত পৰিচালনা কৰিছে প্রভাত শর্মাই। ‘সাৰথি’ৰ সংগীতত বিশেষভাৱে ব্যৱহাৰ কৰিছে বাঁহী, সৰোদ। চিনেমাখনত বাঁহী, সৰোদ ‘শব্দ’ (সংলাপ, ‘গায়ক’) লৈ ৰূপান্তৰিত হৈছে। পৰিচালক ভবেন্দ্র নাথ শইকীয়াৰ বাবেই হওল বা সংগীত পৰিচালকৰ বাবেই হওক — চিনে গল্পটোত সংগীত মেদশূন্য। সংগীত পৰিচালক প্রভাত শর্মা জনপ্রিয় হৈছিল ‘সন্তান’ চিনেমাত ব্যৱহাৰ কৰা গীতেৰে। হয়, ‘গীতে’ৰে। প্রভাত শর্মাই সংগীত পৰিচালনা কৰা দ্বিতীয় খন চিনেমা ‘সন্তান’–অমৰ পাঠকৰ পৰিচালনা। “আহাচোন আহা কাষতে বহা, কোৱাচোন কোৱা চেনাই; নাহাঁহা নেমাতা কথাও নোকোৱা কিয়?- লাজ কৰিছা?…” — গীতটো সংলাপ যেন লাগে, ‘গল্প’ আছে। সংলাপৰ গল্পটো সুৰেৰে বান্ধি গীতলৈ ৰূপান্তৰ কৰিছে প্রভাত শর্মাই। সুৰত বন্ধা আছে নাটকীয় আবেদন। লোকগীতৰ সংগীতকাৰ গৰাকীয়ে গল্পটোত ব্যৱহাৰ কৰিছে পপ সংগীত। কেবাৰে+ছেন্সুৱেলিটি (সংগীতকাৰ তৰালি শর্মাৰ সাংগীতিক অংক!) স্পষ্ট। — চিনেমা খনত ব্যৱহাৰ কৰা আন এটা গীত “ৰিং ৰিং হুৰা হুৰা…”। এই গীতটোৰ সুৰ ৰচনা হৈছে ৱেষ্টার্ণৰ সৈতে কামৰূপী লোকগীতৰ সংমিশ্রণেৰে। এই গীতটোত আছে ছবি- আকাশ চুবলৈ খোজাৰ ছবি। সু-পৰিকল্পিত ভাৱে ব্যৱহাৰ কৰিছে “শংকৰে বোলে বাণী ভকতক মাতি আনি..” লোকগীতটোৰ সুৰ, এটা পংক্তি। — ‘অসমীয়া চিনেমাৰ সংগীত’ প্রসঙ্গত চর্চা হ’লে আমাৰ মনলৈ আহে, এই গৰাকী সংগীত পৰিচালকক ‘অসমীয়া চিনেমা’ই কিয় হেৰুৱালে?

রবিবার, ২২ আগস্ট, ২০২১

জীৱেশ্বৰ ডেকা

 বুজা - নুবুজা বয়সতে প্ৰথমবাৰ লগ পাইছিলো জীৱেশ্বৰ ডেকাক ( জন্ম : ১৯৪৬ চনৰ ২০ জুলাইত নলবাৰী জিলাৰ বেলশৰ গাঁৱত। মৃত্যু : ২০২০ চনৰ ২৪ আগষ্টত গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয় হস্পিটেলত।)। মনত 'ভয়' লৈ ইটো - সিটো কথা সুধিছিলো। আৰু পৰিপাটিকৈ লিখি 'তিনিদিনীয়া অগ্ৰদূত"লৈ প্ৰেৰণ কৰিছিলো। কিছু অংশ প্ৰকাশ হৈছিল। পিছত সেই লেখাটোৱে আৰু এখন কাকতত ছপা হৈছিল। সেই তেতিয়াৰে ( ১৯৮০) ৰে পৰা ২০০৮ -০৯ লৈ অনুভৱ কৰিছিলো অভিনেতা গৰাকীৰ অভিনয় শৈলী , অভিনয় ক্ষমতা। মাজতে ১৯৯৪ - ২০০১ সময় চোৱাত মোৰ কৰ্মস্থল মুম্বাই হোৱাত অভিনেতা গৰাকীৰ সৈতে দূৰত্ব স্বাভাৱিকতে বাঢ়িছিল। দূৰত্ব কমাইছিল মুম্বাইৰ পৰা ৮ বছৰ মান পিছত উভতি আহি অজিত কুমাৰ ভূঞা সম্পাদিত 'আজি'ৰ সম্পাদনা বিভাগৰ এজন হোৱাৰ পিছত। হঠাতে এদিন 'আজি'ৰ কাৰ্যালয়লৈ আহিছিল আমাৰ পৰিয়ালৰে এজন দিলীপ মেনাৰ সৈতে। কৈছিল -- 'আমি নিজাকৈ থিয়েটাৰ খুলিম। তুমি সহায় কৰিব লাগিব।' যিমান খিনি সম্ভৱ সহায় কৰিছিলো। ভ্ৰাম্যমাণ নাট্যদলটোৰ নাম ৰাখিছিল -- অনুৰাগ। নাট্যকাৰ উগ্ৰ মেনাৰ শেষ ৰচনা 'তোমাৰ জন্মদিনত' মঞ্চস্থ হৈছিল 'অনুৰাগ'ত। এই নাটক খনেৰে যাত্ৰা কৰিছিল নাট্যদলটোৱে। সংগীতশিল্পী তৰালি শৰ্মাক লৈ গৈছিলো যাত্ৰা আৰম্ভ কৰাৰ বাবে। 'কিমান নাটকত যে অভিনয় কৰিলো! আনৰ চিন্তাৰে কিমান চৰিত্ৰত যে অভিনয় কৰিলো! ভাল লগা চৰিত্ৰত , বেয়া লগা চৰিত্ৰত! গতিকে এইবাৰ নিজৰ চিন্তাৰে কৰিম বুলি ভাবিছো। নাটকৰ বাবে নাটক কৰিম 'অনুৰাগ'ৰ মঞ্চত।' -- সেই সময়ত পৰিবৰ্তনৰ নামত ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত বলিউড আৰু দক্ষিন ভাৰতীয় চিনেমাৰ জনপ্ৰিয় শৈলীক ব্যৱহাৰ কৰিছিল , কেইবা খনো আগশাৰীৰ থিয়েটাৰেও। হেমন্ত দত্ত , মুনিন বৰুৱা , সেৱাব্ৰত বৰুৱা আদিৰ 'ভ্ৰাম্যমাণ থিয়েটাৰ বিশুদ্ধ নাট্যচিন্তা'ক নিস্প্ৰভ কৰাৰ অঘোষিত যুজ আৰম্ভ হৈছিল। আৰু সৰহ সংখ্যক থিয়েটাৰ মালিক আৰু প্ৰযোজকে বেপাৰৰ আশাত বা স্বাৰ্থত বলিউড - দক্ষিন ভাৰতীয় চিনেমাৰ জনপ্ৰিয় শৈলীক সমৰ্থন কৰিছিল। এই কামে দুখ দিছিল জীৱেশ্বৰ ডেকাক। সেয়েহে হয়তো কৈছিল -- 'ভ্ৰাম্যমাণ থিয়েটাৰৰ নিজা নাট্যশৈলী আছে। এই বিশেষ শৈলীৰ পৰা আঁতৰি যোৱা মানে ভ্ৰাম্যমাণ থিয়েটাৰক হত্যা কৰা। মই মন কৰিছো বৰ্তমান কেইবাখনো থিয়েটাৰৰ জকাটোহে ( পেণ্ডেল) আছে , আত্মা ( বিশুদ্ধ ভ্ৰাম্যমাণ শৈলীৰ নাটক) নাই। অচ্যুত লহকৰে বহু পৰিশ্ৰম কৰি নিৰ্মাণ কৰা নাট্য শৈলীক বাদ দিলে ভ্ৰাম্যমাণ থিয়েটাৰক লৈ গৌৰৱ কৰিব লগীয়া আমাৰ একো নাথাকিব।' জীৱেশ্বৰ ডেকা অভিনেতা গৰাকী নিৰ্মাণ হৈছিল নাটকৰ চৰিত্ৰৰে। মঞ্চত কৰা অভিনয়ৰে। নাট্যকাৰ, পৰিচালক, অভিনেতা, চিত্ৰকৰ ভবেন বৰুৱাৰ সৈতে ( ১৯ ৮৮ - ১৯৯৪ সময় চোৱাত ) প্ৰায়ে নাটকৰ কথা পাতিছিলো। কথা প্ৰসংগত এবাৰ কৈছিল -- 'নলবাৰীত আমাৰ নাটকৰ গ্ৰুপ এটা আছিল। আমাৰ সৈতে প্ৰতিবাৰে প্রতিদ্বন্দীতা হৈছিল বেলশৰৰ পৰা অহা গ্ৰুপ এটাৰ। গ্ৰুপটোৰ মূল মানুহ তিনিজন আছিল -- ভৈৰৱ বৰ্মন, উগ্ৰ মেনা আৰু জীৱেশ্বৰ ডেকা। নলবাৰীত হোৱা নাটকৰ এই প্ৰতিযোগীতাত 'ভাগ্যদেৱী'ৰ প্ৰযোজক শৰৎ মজুমদাৰে বেলশৰৰ গ্ৰুপটোৰ নাটক ভাল পাইছিল। আৰু নাটক শেষ হোৱাৰ পিছত ভৈৰৱ বৰ্মনক প্ৰস্তাৱ দিছিল : আপোনালোক ভাগ্যদেৱীলৈ ( 'ভাগ্যদেৱী নাট্য সমিতি' / ১৯৭০-৭১ নাট্যবৰ্ষত) আহক! আৰু সেই বছটোতে মঞ্চস্থ কৰিছিল 'মিলন - মালা'। নাট্যকাৰ উগ্ৰ মেনাৰ, পৰিচালক ভৈৰৱ বৰ্মন, অভিনয়ত জীৱেশ্বৰ ডেকা। মিলনৰ চৰিত্ৰত জীৱেশ্বৰ ডেকাক দৰ্শকে পছন্দ কৰিছিল। আৰু সেই সময়তে জীৱেশ্বৰ ডেকাৰ গুৰুত্ব বাঢ়িছিল। ... ' মই 'মিলন'ক দেখা নাছিলো, 'নন্দ পাঠক'কহে দেখিছিলো। মহেন্দ্ৰ বৰঠাকুৰৰ ৰচনা 'দধিচী'ৰ মূল চৰিত্ৰ নন্দ পাঠক। ৪১ বছৰীয়া জীৱেশ্বৰ ডেকাই ৯৫ বছৰীয়া নন্দ পাঠকৰ চৰিত্ৰত কৰা আভিনয় আছিল পৰিপাটি 'নাট্যচমক' ( এই নাট্যচমকৰ বাবে জীৱেশ্বৰ ডেকাক ১৯৮৮ চনত অসম চৰকাৰে ‘নটসূৰ্য ফণী শৰ্মা বঁটা’ প্ৰদান কৰিছিল )। 'দধিচী'ৰ পূৰ্বে জীৱেশ্বৰ ডেকাৰ অভিনয় দেখিছিলো উগ্ৰ মেনাৰ 'বিপ্লৱীৰ চেতনা'ত। পিছত চৰ্চালৈ আহিছিল ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ নাটক 'দীনবন্ধু'ত কৰা অভিনয়ৰ বাবেও। ১৯৬৭ চনত ‘বেলশৰ স্মৃতি নাট্যসংঘ’ত কৰা অভিনয়ৰে 'অভিনয় কেৰিয়াৰ' আৰম্ভ কৰা জীৱশ্বৰ ডেকাৰ প্ৰসঙ্গত কোৱা হয় -- 'বৃদ্ধৰ চৰিত্ৰ'ৰ অপ্ৰতিদন্দী অভিনেতা। এয়া সম্ভৱ হৈছিল অভিনেতা গৰাকীৰ আঙ্গিক - বাচিক অভিনয় ক্ষমতাৰ বাবে। ২০০ৰো অধিক নাটকত অভিনয় কৰা জীৱেশ্বৰ ডেকাই নাটক লিখিছিল , নাটক পৰিচালনা কৰিছিল। কিন্তু 'নাট্যকাৰ - পৰিচালক জীৱেশ্বৰ ডেকা' আঁৰতে থাকি গ'ল 'অভিনেতা জীৱেশ্বৰ ডেকা'ৰ।

বৃহস্পতিবার, ১২ আগস্ট, ২০২১

আৰু সান্নিধ্য/৬

মৃদুল চুতীয়াক মই নাজানিছিলো। মৃদুল চুতীয়াৰ 'নাটক'হে জানিছিলো। সেই সময়ত মই 'আজি'ৰ সম্পাদনা বিভাগৰ কৰ্মী। কাকত খনৰ মুখ্য আৰ্টিষ্ট আছিল ৰমেন্দ্ৰ নাৰায়ন জোৱাদ্দাৰ। ৰমেনদাৰ তাগিদাতে মৃদুল চূতীয়াৰ নাটক চাইছিলো মহানগৰীৰ চানমাৰীত। নাটক -- 'অস্তপথ' ( নাট্যকাৰ - পৰিচালক : মৃদুল চুতীয়া )। নাটক খনে ( বিশেষকৈ কাহিনী কোৱাৰ কৌশল , কাহিনীৰ গতি , বাবুল নাগৰ সংগীত আৰু মৃদুল চুতীয়া - প্ৰাঞ্জনা দত্তৰ অভিনয় ) আমাৰ মগজু চুই গৈছিল , মনত ৰৈ গৈছিল। ৰমেনদাৰ তাগিদা আৰু মোৰ মনৰ তাগিদাত 'অস্তপথ' কৈন্দ্ৰীক লেখা এটা লিখিছিলো। ইমানতে ইতি আছিল 'মৃদুল আধ্যয়'। কেৱল মনতে সিদ্ধান্ত লৈছিলো -- মৃদুল চুতীয়াৰ নাটক চাম। কিয় চাম? -- মৃদুল চুতীয়াই নিজৰ বাবে ৰচনা কৰা 'চৰিত্ৰ'টোৰ বাবে। এখন নাটকতে স্পষ্ট হৈছিলো -- 'চৰিত্ৰ'টো অভিনয় ক্ষমতা প্ৰদৰ্শনৰ সুযোগ থকাকৈ ৰচনা কৰে। গৌতম হালদাৰৰ দৰে। নাট্য শৈলী ভিন্ন ; কিন্তু ষ্টাইল প্ৰায় একে। ( গৌতম হালদাৰৰ 'মেঘনাদবধ কাব্য’ , 'মাটিৰ গাড়ি -- মৃচ্ছকটিক’ , 'মৈমনসিংহ গীতিকা' সদায় মনত থাকিব। গৌতম হালদাৰৰ অনবদ্য অভিনয় , অনন্য পৰিচালনাশৈলীয়ে মন চুই আছে , থাকিব।) -- সেই সময়ত মই rupaliparda.com ৰ সম্পাদক। কেবল অসমীয়া চিনেমা আৰু সংগীতহে আছিল আামাৰ বিষয়। কোনো কাকত - আলোচনীৰ সৈতে জড়িত নাছিলো।গতিকে ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰা লাহে লাহে আঁতৰি গৈছিলো। সাংবাদিক খনিন্দ্ৰ কুমাৰ ডেকা সেই সময়ত ' অসমীয়া খবৰ'ত। খনিন্দ্ৰৰ তাগিদাত 'অসমীয়া খবৰ'ত 'ৰাফকাট' নামৰ শিতান লিখিছিলো। -হয় , লিখিছিলো। 'বিষয়' খনিন্দ্ৰই যোগান ধৰিছিল। মই 'বিষয়'টো যেনেদৰে ভাবিছিলো , তেনেদৰে লিখিছিলো। এদিন ক'লে -- মৃদুল চুতীয়াৰ নাটক খন বৰদৈচিলা থিয়েটাৰে হয়তো মঞ্চস্থ নকৰে। ( সেই নাট্যবৰ্ষত মৃদুলৰ চুতীয়াৰ ' ভগ্নাৱশেষ' মঞ্চস্থ হব বুলি কাকত - আলোচনীত খবৰ ওলাইছিল।) -- কিয় নকৰে ? খা -খবৰ লৈ জানিব পাৰিছিলো , প্ৰযোজকৰ ওপৰত বিৰাট হেচা -- বিশেষ নাটক এখন 'বেনাৰ নাটক' কৰিব লাগে। দৰাচলতে 'বেনাৰ নাটক' হয় দৰ্শকৰ নিৰ্বাচনত। দৰ্শকৰ নিৰ্বাচনত যে "ভগ্নাৱশেষ' বেনাৰ হব প্ৰায় খাটাং। সেয়েহে এই অথন্তৰ! -- এই অথন্তৰৰ 'ৰাফকাট' লিখিছিলো 'ফাঁচিৰ কাঠগড়াত এগৰাকী নাট্যকৰ্মী'। ভাবিলে ভাল লাগে -- দূৰ্গা পূজাৰ অঘোষিত নাট উৎসৱত দৰ্শকৰ নিৰ্বাচনত 'ভগ্নাবশেষ' হৈছিল নাট্যদলটোৰ 'বেনাৰ নাটক'। আৰু নাট্যদলটোৰ 'বেনাৰ নাটক' খনৰ দৰ্শক হোৱাৰ পিছত প্ৰথমবাৰ মৃদুল চুতীয়াৰ মুখামুখী হৈছিলো। নাটক চোৱাৰ পিছদিনা আমাৰ ঘৰত ( বেলশৰ ) আলহী হৈছিল। স্বাভাৱিকতে নাট্যচৰ্চা হৈছিল। অনুভৱ কৰিছিলো 'নাটক'ৰ বাবে নাটক লিখা , 'অভিনয়'ৰ বাবে অভিনয় কৰা নাট্যকৰ্মী মৃদুল চুতীয়া। নাট্যকৰ্মী গৰাকীৰ কথাত স্পষ্ট হৈছিল -- নাটকৰ বৃত্ত মঞ্চতে শেষ নহয়। সমাজৰ বাবে নাটক ,সমাজ নিৰ্মাণৰ বাবে নাটক। নাটকৰ বিষয় -- চৰিত্ৰ সমাজৰ পৰা আহে। আৰু মঞ্চৰ পৰা সমাজলৈ যায়। সেই খনেই সফল নাটক , যি খনত দৰ্শকে নিজক দেখে বা নিজৰ সমাজ খন অনুভৱ কৰে। (স্পষ্ট কৰি দিছো -- এয়া মৃদুল চুতীয়াই কোৱা কথা নহয় , মৃদুল চুতীয়াৰ কথা মাজত অনুভৱ কৰা মোৰ কথা।) -- সেই যে বেলশৰত , আমাৰ ঘৰত মৃদুল চুতীয়াৰ সৈতে আমাৰ 'নাট্যচৰ্চা' আৰম্ভ হৈছিল , সেয়া আজিও চলি আছে। মাজে - মাজে। কেতিয়াবা মোৰ ঘৰত ( গুৱাহাটী ) , কেতিয়াবা নাট্যকৰ্মী গৰাকীৰ ঘৰত ( তেজপুৰ)। তেজপুৰৰ বান থিয়েটাৰৰ মঞ্চত থিয় হৈ। ( তেজপুৰত , মৃদুল চুতীয়াৰ ঘৰত ইটো - সিটো কথা । কথাৰ মাজতে মৃদুল চুতীয়াৰ প্ৰস্তাৱ -- বাণ থিয়েটাৰ চাব নেকি? বাণ থিয়েটাৰৰ মঞ্চত থিয় হৈ বাণ থিয়েটাৰ চাইছিলো। সাহিত্যাচাৰ্য লক্ষ্মীৰাম বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য্য ফণী শৰ্মা, সংগীতসূৰ্য ড° ভূপেন হাজৰিকা, পদ্মনাথ গোহাঞিবৰুৱা, নকুল চন্দ্ৰ ভূঞা আৰু অনেকৰ বাণ থিয়েটাৰ। ১৯০৬ চনত স্থাপন হৈছিল , 'কৰ্ণবধ’ ভাওনাৰে। এই মঞ্চ বহুতৰে আপোন , মৃদুল চুতীয়াৰো আপোন। মৃদুল চুতীয়া তেজপুৰৰ 'জংগম' নাট্যগোষ্ঠীৰ নাট্যকৰ্মী। 'জংগম'ৰ বাবে কেইবাখনো নাটক লিখিছিল -- 'ভগৱান আহি আছে' , 'ডেউকা লগা সন্তান' , 'চোৰ' , 'নিৰ্বাচন' ইত্যাদি। নাটক কেইখন পৰিচালনা কৰিছিল , নাটক কেইখনত অভিনয়ো কৰিছিল। আৰু এদিন জড়িত হৈছিল ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে। কেৱল অভিনয় কৰাৰ চুক্তিৰে। চুক্তিৰ বাহিৰত -- এদিন পৰিচালক হ'ল , নাট্যকাৰ হ'ল। ( নাট্যকৰ্মী গৰাকীয়ে নিজকে 'তাগিদাৰ নাট্যকাৰ' বুলি কয়। ) জড়িত থকা নাট্যদলটোৰ (সেই নাট্যবৰ্ষত জড়িত আছিল মেঘালি থিয়েটাৰৰ সৈতে। ) নাটকৰ আকাল আঁতৰ কৰিবলৈ নাট্যকৰ্মী গৰাকীয়ে ৰচনা কৰিছিল ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে প্ৰথম খন নাটক। নাম -- 'বাস্তৱ'। অসফল প্ৰযোজনা।অসফল নাটক। অসফলতাৰ পিছতো আকৌ তাগিদা। লিখিলে , পৰিচালনা কৰিলে ,অভিনয় কৰিলে -- 'প্ৰিয় শত্ৰু'। মাধৱদেৱ থিয়েটাৰত। -- এইবাৰ সফলতাৰ বাট বিছাৰি পালে।আৰু আৰম্ভ হ'ল 'নাট্যকাৰ - পৰিচালক মৃদুল চুতীয়া'ৰ সফল যাত্ৰা। ৰচনা কৰিল -- অস্তপথ , আত্মলিপি , প্ৰজন্ম , মোৰ শ্ৰদ্ধাৰ প্ৰভু হনুমান , ভগ্নাৱশেষ , অজানিতে ভাঙি গ'ল মোৰ বুকুৰে ঘৰ , মই আন্ধাৰতো দেখোঁ , ন - পুৰুষ , ন - ৰূপ , মৃত্যুৰ পাছত ,অন্তহীন , মকৰাৰ পঁজা , ইতি নহয় প্ৰেম , লংকাবিহীন ৰাৱন ,সংগীবিহীন ,মংগলবৰীয়া প্ৰেম ,দৰাৰ গাড়ী ,সংস্কাৰ , সূৰ্যগ্ৰহণ । দৰ্শকে আদৰি লৈছিল সেইকেইখন নাটক , যি কেইখনত গুৰত্ব আছিল মৃদুল চুতীয়াই অভিনয় কৰা চৰিত্ৰটোৰ। অৰ্থাৎ কব পাৰি নাট্যশৈলীৰ সৈতে দৰ্শকে বিচাৰে 'অভিনেতা মৃদুল চুতীয়া'কো। কব পাৰি 'অভিনেতা মৃদুল চুতীয়া' নথকা মৃদুল চুতীয়াৰ নাটক নিমখ নিদিয়া আঞ্জাৰ দৰে !

সোমবার, ৯ আগস্ট, ২০২১

বেলকনিত ভগৱান

আৰু এটা ভাল খবৰ , 'বেলকনিত ভগৱান’ কেন্দ্ৰীক। ভাৰতৰ ৪০খনৰো অধিক চিনেমাৰ মাজৰ পৰা ‘বেলকনিত ভগৱান’ নিৰ্বাচিত হৈছে 12th Indian Film Festival of Melbourne লৈ। 'Ludo' ( directed by Anurag Basu), 'Sherni ' (directed by Amit Masukar ) Soorarai Pottru (Tamil / directed by Sudha Kongara ) আদি চিনেমাৰ লগতে বিশ্বজিত বৰাৰ পৰিচালনাৰে নিৰ্মিত এই অসমীয়া চিনেমা খনেও তিনিটা শাখাত ( শ্ৰেষ্ঠ চিনেমা , শ্ৰেষ্ঠ পৰিচালক , শ্ৰেষ্ঠ অভিনেতা ) মনোনয়ন লাভ কৰিছে। এই খবৰে স্বাভাবিকতে উৎসাহিত কৰিছে নিৰ্মাতা নুৰুল চুলতানক। 'জেতুকা পাতৰ দৰে' ( পৰিচালনা : যদুমণি দত্ত Jadumoni Dutta ) চিনেমা খনৰ বাবে শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (National Film Awards) লাভ কৰা নিৰ্মাতা গৰাকীয়ে কয় -- 'আমাৰ দৰে প্ৰযোজকৰ বাবে এয়া আশাৰ বাট। এনে খবৰে আমাক আৰু চিনেমাৰ কাম কৰাৰ বাবে উৎসাহ দিয়ে। আমি যি আশাৰ বাট দেখিছো , সেই বাটেৰে আগবাঢ়িবলৈ , অসমীয়া চিনেমাক আগবঢ়াই নিবলৈ চেষ্টা কৰিম।' ২৬ তম কলকাতা চলচ্চিত্ৰ মহোৎসৱত পৰিচালকৰ 'গ’ল্ডেন ৰ’য়েল বেংগল টাইগাৰ' বঁটা , লণ্ডনত অনুষ্ঠিত ৰেইনবো চলচ্চিত্ৰ মহোৎসৱত 'বিশেষ সন্মান' , ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা , জাৰ্মানীৰ ষ্টুটগাৰ্ট চলচ্চিত্ৰ মহোৎসৱত স্কুল অৱ দ্য ইয়েৰ , নিউয়ৰ্ক চলচ্চিত্ৰ মহোৎসৱত হৰিশ খান্নাই শ্ৰেষ্ঠ অভিনেতাৰ বঁটা আৰু পৰিনান্ধি জিমা চুলতানাই শ্ৰেষ্ঠ শিশুশিল্পীৰ বঁটা, ব্ৰাজিলত অনুষ্ঠিত হোৱা লাছা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো নেৰেটিভ শাখাত অনাৰেবল মেনচন এৱাৰ্ড লাভ কৰা চিনেমা খনে 12th Indian Film Festival of Melbourne বঁটা লাভ কৰিব নে? -- অহা ১২ৰ পৰা ২১ আগষ্টলৈ অনুষ্ঠিত হ’ব লগিয়া এই ৯ দিনীয়া চলচ্চিত্র মহোৎসৱত ‘বেলকনিত ভগৱান’ ৰ গুৰুত্ব - স্থানক কেন্দ্ৰ কৰি ইতিমধ্যে চৰ্চা হৈছে ।

রবিবার, ৮ আগস্ট, ২০২১

জ্ঞানদা কাকতি

জ্ঞানদা কাকতি by: Utpal Mena'পাৰঘাট' জ্ঞানদা কাকতিৰ প্ৰথম খোজ , অসমীয়া চিনেমাৰ ক্ষেত্ৰ খনত। চৰ্চলৈ আহে পৃবেৰুণত কৰা অভিনয়ৰে। ১৯৬০ চনত বাৰ্লিন চলচ্চিত্ৰ মহোসৎৱত চিনেমা খন প্ৰদৰ্শন কৰাৰ সুযোগ পায় প্ৰযোজক - পৰিচালকে। মহোৎসৱত জ্ঞানদা কাকতিয়ো উপস্থিত থাকে । (শুনা যায় -- সেই সময় চোৱাত অভিনেত্ৰী গৰাকীয়ে কেৰী গ্ৰাণ্ট, ছ'ফিয়া লৰেন আদি হলীউদৰ শিল্পীক ঘনিষ্ঠভাৱে লগ পাইছিৰ । আৰু চিনেমা চৰ্চা কৰিছিল।) চিনেমা খনে , বিশেষকৈ নায়িকা জ্ঞানদা কাকতিৰ অভিনয়ে চিত্ৰৰসিকক সন্তুষ্ট কৰে । শুনা যায় (যিমান দূৰ মনত পৰে লেখক - সাংবাদিক ৰত্ন ওজাই 'অসম বাণী' বিশেষ সংখ্যত লিখিছিল ।) অভিনয় ইমানেই ভাল পাইছিল , কোনো চিত্ৰৰসিকে নায়িকা গৰাকীক বিয়াৰ প্ৰস্তাৱ দিছিল। সেয়া যি নহওক , এই চিনেমা খনেৰেই গায়িকা ( আকাশবাণী গুৱাহাটী আৰু শ্বিলং কেন্দ্ৰৰ নিয়মীয়া কণ্ঠশিল্পী আছিল।) জ্ঞানদা কাকতিয়ে অভিনয়ৰ বাট ভালদৰে মুকলি কৰিছিল । অভিনয় কৰিছিল 'চাকনৈয়া: , 'নৰকাসুৰ' , 'শেষ বিচাৰ' ,'ওপৰ মহলা' , 'প্ৰথম ৰাগিনী', 'প্ৰিয়জন', 'ৰাগ-বিৰাগ', 'পিয়লি ফুকন' , 'লখিমী' ,'ৰঙা পুলিচ' ,'পুৱতি নিশাৰ সপোন' আদিত। অভিনয় কৰিছিল 'নীলাচলেৰ মহাপ্ৰভু', 'গড়েৰ মাঠে' আদি বাংলা চিনেমাতো । 

 সংযোজন : জ্ঞানদা কাকতিৰ ঘৰ শ্বিলঙত । অবিভক্ত অসমৰ শ্বিলঙত জন্ম , ১৯৩২ চনত । পিতৃ আছিল দেৱেন দাস আৰু মাতৃ বিৰজা দাস। চৰকাৰী চাকৰিয়াল পিতৃৰ আন এক পৰিচয় মঞ্চাভিনেতা। আৰু পিতৃৰ বাবেই মঞ্চত অভিনয়ৰ সুযোগ পাইছিল । অসম ক্লাৱ নামৰ সাংস্কৃতিক অনুষ্ঠানটিৰ উদ্যোগত হোৱা নাটকতো অভিনয়ৰ সুযোগ পাইছিল । জীৱেশ্বৰ গোস্বামীৰ অধীনত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণো লৈছিল ।চিনেমাত অভিনয় কৰে লোহিত কাকতিৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পিছতহে।

সংগ্ৰাম

নিপন গোস্বামীয়ে অভিনয় কৰা প্ৰথম খন চিনেমা -- 'সংগ্ৰাম' । পুণেৰ ফিল্ম এণ্ড টেলিভিচন ইঞ্চিটিটিউটত অভিনয়ৰ পাঠ শেষ কৰি' কি কৰা যায়' চিন্তা মনলৈ অহাৰ আগতে পৰিচালক অমৰ পাঠকে প্ৰস্তাৱ আগ বঢ়াইছিল -- 'মোৰ চিনেমা খনৰ নায়কৰ চৰিত্ৰটোৰ বাবে তোমাক ভাবিছো । তুমি কি কোৱা ?' নিপন গোস্বামীয়ে কি কৱ ! নিৰ্দিষ্ট দিনত কলিকতা পালে । আৰু যেতিয়া চিনেমা খন চিত্ৰগৃহলৈ আহিল দৰ্শকে বলিউদৰ দৰে 'স্মাৰ্ট' ৰোমাণ্টিক নায়ক এজন পালে । সেই সময়ৰ সৰহ ভাগ চিনেমাৰ বিষয়বস্তু আছিল ভাল - বেয়াৰ সংঘাত । ব্যতিক্ৰম নাছিল সংগ্ৰামো । অন্যায়ৰ বিৰূদ্ধে নায়কৰ সংগ্ৰাম । আৰ্থিক সমস্যৰ চেপাত পঢ়া শুনা কৰিব নোৱাৰিলে ৰঞ্জিতে । চাহ বাগিছাৰ মালিকৰ জিয়ৰী নিৰুপমা বৰুৱাই ৰঞ্জিতৰ প্ৰতি আকৰ্ষণ অনভৱ কৰে । আৰু স্বাভাবিকতে দেউতাৰ পইচাৰে উচ্চশিক্ষাৰ বাবে সহায় কৰিব খোজে । ৰঞ্জিত মান্তি নহয় । সি মাক-ভনীয়েকৰ ভৰণ-পোষণৰ বাবে উপাৰ্জনৰ বাট বিছাৰিলে । পালে । নিৰুপমা বৰুৱাৰ দেউতাকৰ চাহ বাগিছাতে । ৰঞ্জিতৰ সততা আৰু কৰ্মপটুতাই নিৰুপমাৰ দেউতাক সন্তুষ্ট কৰিলে । আৰু তাক জোৱাইৰ ৰূপত ভাবিলে । আনহাতে অনৈতিক ভাবে ধন ঘটিবলৈ মান্তি নহোৱাত ৰঞ্জিতৰ শত্ৰু বাঢ়ে আৰু সমস্যাত পৰে । -- কব পাৰি আধুনিকতাৰ মিছা সভ্যতাৰ ধুমুহাই সমাজখনৰ নৈতিকতা, স্বভাৱ-চৰিত্ৰ সলনি কৰি পেলোৱাৰ বিপৰীতে নায়কৰ সংগ্ৰামেই অমৰ পাঠকৰ 'সংগ্ৰাম' । সংগীত : চিনেমা খনত শঙ্কৰদেৱ বিৰচিত এটা বৰগীত আৰু এটা হিন্দী গীত ব্যৱহাৰ কৰিছে । 'মধুৰ মুৰাৰী ...' বৰগীতটোত কণ্ঠ দিছিল কলিকতাৰ পিণ্টু ভট্টাচাৰ্যই । খোল বজাইছিল প্ৰভাত শৰ্মাই । 'জীৱনটো যদি তুমি ভাল পোৱা, যৌৱনটো তুমি যদি ভাল পোৱা ...' জনপ্ৰিয় হৈছিল । আন কেইটা গীত : 'আজি মোৰ শেষ গান, নহয় অভিমান...' , 'মন মোৰ উতলা হিয়া চুৰ কৰিলা...' , 'সোণ মোৰ শোৱা টোপনি নাভাঙো...' , 'যা যাৰে ছলিয়া তুঝে নহী বলুঁ ...' ।

অকণ

অকণ' । গৌৰী বৰ্মনৰ পৰিচালনা । কাহিনী - চিতনাট্য নিৰোদ চৌধুৰীয়ে লিখিছিল ,গৌৰী বৰ্মণৰ কাহিনীৰে । কোৱা হয় 'অকণ' প্ৰথম অসমীয়া শিশু চিনেমা । কিন্তু সেই সময়ত শিশু চিনেমাৰ বেলেগ চাৰ্টিফিকত দিয়াৰ নিয়ম নাছিল । কিন্তু সেই সময়ত 'কিশোৰ মনে'ৰে চিনেমা খন উপভোগ কৰিছিলো । মনত ৰৈ গৈছিল অকন । -- অকনৰ দেউতাক নাই । দেউতাকে জীয়াই থাকোঁতে চৌধুৰীৰ বাংলোত কাম কৰিছিল । আইতাকৰ সৈতে দেউতাকৰ অবৰ্তমানতো চৌধুৰীৰ চৌহদতে থাকে । আৰ্থিক সমস্যাই অকনৰ মন স্পৰ্শ নকৰ , কেতিয়াও । তাক সকলোৱে ভাল পায় । তাক সকলোৱে কিয় ভাল পায় , এই কথা সহজ ভাবে লব নোৱাৰে আবিৰে ।আবিৰে অকনক হিংসা কৰে । অকনে হাঁহিমুখে সহজ ভাবে লয় । আৰু এদিন আবিৰক দুৰ্ঘটনাৰ পৰা বচাবলৈ গৈ অকনৰ মৃত্যু হয় । -- চিনেমা খনৰ কাহিনীক গতি দিয়ে এক শিক্ষামূলক ভ্ৰমণেৰে । স্কুল বন্ধ । সিদ্ধান্ত লোৱা হয় শিক্ষাৰ্থী সকলক ভূগোল, ইতিহাস, সংস্কৃতি ইত্যাদিৰ জ্ঞান বঢ়াবলৈ কাজিৰঙা, শিৱসাগৰ , হাজো, গুৱাহাটী,বৰপেটা আদিলৈ ফুৰাব নিব । অকনৰ টকা নাই । কেনেকৈ যাব ! ঠিক হ'ল পইচা বৰঙণি তুলি অকণৰ ভাগৰ টকা খিনি দিয়া হব ।আৰু ভ্ৰমণত গ'ল অকনহত । আৰু দৰ্শক সকলেও ভ্ৰমণৰ আনন্দ উপভোগ কৰে । -- চিনেমা খনত 'উদ্ধৱ বন্ধু মধুপুৰ ৰহল মুৰাৰী, কাহে নাহেৰি ৰহব অব জীৱন ... ' বৰগীতটোৰ লগতে 'ৰং ৰং নানা ৰং কিনিবলৈ যাওঁ... ' , 'আমি ভাইটি ভণ্টি নাই দেখোন...' আৰু 'কাজিৰঙা কাজিৰঙা কাজিৰঙা ভয়াৱহ নহয়, নহয় অভয়াৰণ্য ...' গীত তিনিতা ব্যৱহাৰ কৰা হৈছে । -- কব পাৰি চিনেমা খনৰ মাজেৰে পৰিচালক গৌৰী বৰ্মনে কিশোৰ সকলক অসম কেন্দ্ৰীক জ্ঞান দিছে । মঠ , মন্দিৰ , অৰণ্য ,বৰগীত ইত্যাদিৰ ।

হৃদয়ৰ প্ৰয়োজন

প্ৰথম কথা চিনেমা খনৰ কাহিনী হোমেন বৰগোহাঞিৰ । দ্বিতীয় কথা A চাৰ্টিফিকেট লাভ কৰা এইখন প্ৰথম অসমীয়া চিনেমা । চিত্ৰনাট্য , সংলাপ লিখিছিল চিনেমা খনৰ পৰিচালক গৌৰী বৰ্মনে । মই এই ক’লা-বগা চিনেমা খন অস্পষ্ট প্ৰিণ্ট এটাত সামান্য অংশহে দেখিছিলো । যিমান খিনি চাইছিলো তাৰ পৰা ধাৰণা কৰিব নোৱাৰি কোন পৰ্যায়ৰ চিনেমা -- 'হৃদয়ৰ প্ৰয়োজন' । -- হয় , হৃদয়ৰ প্ৰয়োজন'ৰ কথা কৈছো । ভবা হৈছিল চিনেমা খনে ভাল ব্যৱসায় কৰিব ; কিন্তু সাধাৰণ ব্যৱসায়ো নকৰিলে । ( তথ্য : গৌৰী বৰ্মন ) চিনেমা খনৰ কাহিনী ভাগ : চহকী মাক-দেউতাকৰ একমাত্ৰ সন্তান অজয় । নাৰীক সহ্য কৰিব নোৱাৰা অজয় আংশিকভাবে যৌন অক্ষম ।তাৰ জীৱনে পূৰ্ণতা নাপালে । দোষ পিতৃ বিজয় চৌধুৰীৰ । পিতৃৰ বাবেই সহ্য কৰিব নোৱাৰা হল -- নাৰীক । বিজয় চৌধুৰীৰ চিন্তা , বিশাল সম্পত্তিৰ গৰাকী তেওঁৰ অবৰ্তমানত কোন হব ? মানসিক বিকাৰগ্ৰস্থ ল’ৰাক কোনে ছোৱালী দিব ! ছোৱালী পালে । সুমিতা । দেখাই শুনাই ভাল ছোৱালী । শিক্ষক দেউতাকৰ মৃত্যুৰ পিছত আৰ্থিক সমস্যাৰ মাজেৰ আগবাঢ়ে সুমিতা হতৰ ঘৰখন । ঘৰ খনত আছে মাক, এজনী বিধবা বায়েক আৰু দুজনী গাভৰু ভনীয়েক । এম.এ. পাছ তাই । তাইক এটা চাকৰিৰ প্ৰয়োজন । চুমিতাক পুতেকলৈ আনিলে হয় ,কিন্তু এবাৰলৈয়ো নাভাৱিলে তাইৰ হৃদয়ত যে ধন - সম্পত্তিৰ বাহিৰে আৰু কিবা প্ৰয়োজন থাকিব পাৰে ! ( সংযোজন : চিনেমা খনত এটা বৰগীত ব্যৱহাৰ কৰিছিল ।)

শুক্রবার, ৬ আগস্ট, ২০২১

মৃণালকান্তি দাস

কেমেৰাৰে সপোন ৰচিছিল! কেমেৰাৰে যেন কথা কৈছিল! কেমেৰাৰ কাম দেখি দেশ - বিদেশৰ পৰিচালকে তেওঁক কামৰ প্ৰস্তাৱ দিছিল। তেওঁ কিন্তু অসমীয়া চিনেমাত কাম কৰিহে ভাল পাইছিল। -- কথা প্ৰসংগত মাণিকদাই কৈছিল । মাণিকদা , মাণিক বড়া । ঔপন্যাসিক মাণিক বড়াৰ আঁৰত থকা 'চিনেপণ্ডিত' গৰাকী আছিল মোৰ অতি প্ৰিয়। আলোচনী 'বিস্ময়' আৰু আন ঠাইত যেতিয়া মাণিকদাক লগ পাইছিলো চিনেমাৰ, কেৱল চিনেমাৰ কথা পাতিছিলো। (মাণিকদা আছিল ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ 'সন্ধাৰাগ' চিনেকৰ্মৰ আঁৰৰ এগৰাকী চিনেকৰ্মী। 'ছবিৰ জোখ মাখৰ বহু কথা বুজি লৈছিলো মাণিক বড়াৰ পৰা' ---ড° ভবেন্দ্ৰ নাথ শইকীয়াই কৈছিল ।) মাণিকদাই আৰু কৈছিল -- 'তেওঁৰ পৰিচালকক নিয়ন্ত্ৰন কৰিব পৰাৰ ক্ষমতা আছিল।' মাণিকদাই কৈছিল মৃণাল কান্তি দাসৰ কথা। মৃণাল কান্তি দাস ( জন্ম : ৩০ অক্তোবৰ ১৯৬৫ , মৃত্যু : ৩ ছেপ্টেম্বৰ ২০০৪)মৃণাল কান্তি দাসৰ কথা। মৃণাল কান্তি দাস ( জন্ম : ৩০ অক্তোবৰ ১৯৬৫ , মৃত্যু : ৩ ছেপ্টেম্বৰ ২০০৪) পুণে ফিল্ম আৰু টেলিভিছন ইনষ্টিটিউটৰ স্নাতক (ফিল্ম এণ্ড টিভি ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ চলচ্চিত্ৰগ্ৰহণৰ পাঠ্যক্ৰমৰ বাচনি পৰীক্ষাত প্ৰথম হয় আৰু ১৯৮৯ চনত তিনি বছৰীয়া পাঠ্যক্ৰমৰ সুযোগ পায়)। কেইবাখনো অসমীয়া চিত্ৰগ্ৰহণকাৰী। দূৰদৰ্শন ধাৰাবাহিকৰ পৰিচালক। যেতিয়া 'বৈভৱ' চাইছিলো , অবাক হৈছিলো । কেইবাটাও ছিকুৱেন্সত কেমেৰাই ,কেৱল কেমেৰাই কথা কৈছিল । হিয়া দিয়া নিয়া, গুণ গুণ গানে গানে , 'ৰাগ-বিৰাগ' , 'অদাহ্য' , মিমাংশা আদি মৃণাল কান্তীয়ে চিত্ৰগ্ৰহণ কৰা চিনেমা । ইয়াৰে ৰাগ-বিৰাগ' , 'অদাহ্য'ৰ বাবে শ্ৰেষ্ঠ চিত্ৰগ্ৰহণৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল ।

বৃহস্পতিবার, ৫ আগস্ট, ২০২১

বৃষ্টি

বৃষ্টিবৃষ্টি। চিনেমা খনৰ নাম । চিনেমা খনৰ নায়িকাৰ নাম । বিয়াৰ পিছত প্ৰথম বাৰ বৃষ্টি আহিছে , ঘৰলৈ ।অকলে আহিছে । বিমানকোঠৰ পৰা অনাৰ দায়িত্ব পৰিল পংকজৰ ।বিমানকোঠলৈ গৈ থকা সময়ত পংকজৰ মনলৈ আহে বৃষ্টি , জাজ , জাজনী ,ৰথি ,বীণা বাইদেউ ... । যোৰহাটৰ পংকজ দত্ত । আইন পঢ়িব । ডিব্ৰুগড়লৈ আহিছে । ৰথি হতৰ ঘৰ এটা ভাড়াত লৈছে । সময়ত ঘৰ খনৰ সদস্যৰ দৰে হয় পংকজ । ৰথিৰ দেউতাক নাই । তাৰ চাকৰিও নাই । ৰথিৰ বাইদেউ -- বীণা বাইদেউ । ব্যক্তিগত খণ্ডৰ বিদ্যালয় এখনত পঢ়ুৱাই । বেকাৰ জীৱন । ৰথিৰ মনত ক্ষোভ -- একো নকৰে বাবেই তাক কোনেও গুৰুত্ব নিদিয়ে । মদ - ভাঙৰ মাজত থাকে , তথাকথিত শিক্ষিত সকলৰ বিৰূদ্ধে তাৰ মনত -- বিদ্ৰোহ । অৱশ্যে স্বধীন মনৰ ৰথিয়ে কাৰো দয়া - মৰম আশা নকৰে । সি তৰা - চন্দ্ৰক থাপ মাৰি আনি ঠেকিচিব খোজে । বীণা বাইদেউৰ দুখেও ৰথিক চুই থাকে । এজন টকা থকা মানুহে বিয়া পাতিম বুলি বীণা বইদেউক কামাখ্যালৈ নিছিল ।বিয়া নাপাতিলে । বাইদেউ কেলেংকাৰী হয় । বাইদেউ নিৰ্লিপ্ত । বাইদেউৰ খং ৰথিয়ে দাড়ী নকটাক কেন্দ্ৰ কৰি । দাড়ী কেন্দ্ৰীক খং ধেমালীলৈ ৰূপান্তৰ হোৱা মূহুৰ্ত এটাত ৰথিয়ে বায়েকৰ লগতে পংকজকো বেয়াকৈ কয় । আৰু তাৰ কেইদিন মান পিছতে পংকজক জাজে লৈ যায় । পংকজ জাজৰ ঘৰতহে থকাৰ কথা আছিল । কিন্তু তাৰ ভাল লগা নাছিল এঘৰ মানুহৰ ঘৰত চিনকী সূত্ৰে এনেয়ে থাকিবলৈ । কিন্তু জাজৰ কথা পেলাব নোৱাৰিলে । জাজৰ ছোৱালী বৃষ্টি । বৃষ্টিৰ সৈতে পংকজে মুকলি সময় কটালে । জাজে আশা কৰিছিল ভায়েক - ভনীয়েকৰ দৰে থাকিব সিহত । কিন্তু যেতিয়া বৃষ্টিৰ বিয়া ঠিক হ'ল পংকজে বুকুৰ কোনোবা খিনিত বিষ অনুভৱ কৰিলে । বৃষ্টিয়ে মাকক ক'লে -- পংকজৰ সৈতেহে বিয়াত বহিব । জাজে কথাতো সহজ ভাবে লৈছিল ।কিন্তু পংকজে কথাটো সহজ ভাবে কব পৰা নাছিল । বিয়াৰ দিনায়ো বৃষ্টিয়ে পংকজক কয় -- 'তুমি মোক নতুনকৈ শিৰত সেন্দূৰ দি লৈ যোৱা পংকজ !' বিপৰীতে পংকজে মৰমেৰ কয় -- ' বৃষ্টি , তুমি বিয়া হৈ যোৱা ।' ক্ষোভ বাঢ়ে বৃষ্টিৰ । আৰু কাপুৰুষ বুলি আতৰি যায় । -- বিমানকোঠত বাস্তৱলৈ আহে পংকজ । বৃষ্টি ৰৈ আছে । গাড়ীৰ সমুখৰ দুৱাৰ খুলি দিয়ে বৃষ্টিক । বৃষ্টিয়ে পিছৰ দুৱাৰ খুলি বহে । 'কেনে আছা বৃষ্টি ?' -- পংকজে সোধে । বৃষ্টিয়ে একো নকয় । খিৰিকীৰে বাহিৰলৈ চায় । ঘৰ পায় । গেৰেজত গাড়ী খন থৈ পংকজে নিজৰ স্কুটাৰ খন লৈ নিজ বাটে আঁতৰি যায় (ৰথিৰ ঘৰলৈ । চেহেৰাত বয়সৰ আঁচোৰ পৰা পংকজ ৰথি হতৰ ঘৰতে থাকে। অৱশেষত ৰথিৰ চাকৰি হ'ল। ৰথি হত গ'ল , চাকৰিৰ স্থানলৈ । ) পৰ্দাৰ আঁৰত ৰৈ যায় সেমেকা চকুৰে বৃষ্টি । -- গল্প আৰু গল্গ কোৱাৰ শৈলী চিনেমা খনৰ সৌন্দৰ্য । পৰিচালক দেউতি বৰুৱাই সংলাপ প্ৰধান ছিকুৱেন্সেৰে চিনেমা খনক গতি দিছে । কাহিনীত গীত গুঠিছে , কাহিনীৰ অংগলৈ ৰূপান্তৰ কৰি । 'ৰম্ভা, মেনকা কিম্বা যুথিকা নামবোৰ নাজানো ভাই...' , 'কাৰোবাৰ দুনয়ন সৰগৰ তৰা যেন লাগে...' , 'তুলসীৰ তলেতলে কত চাকি জ্বলালো...' , 'সুৰাত মগন ভয়াল ৰাতি মৌন কোলাহল...' গীত কেইটাও কাহিনীক গতি দিয়াত ব্যৱহাৰ হৈছে । মুলতঃ প্ৰেমৰ গল্পটোৰ বিষয়বস্তু -- মধ্যবিত্তীয় আদৰ্শ আৰু সংঘাত । শিক্ষিত-নিবনুৱা খঙাল যুৱক ৰথি চৰত্ৰটো চিনেমা খনৰ আন এক সৌন্দৰ্য । অভিনয় কৰিছে বিষ্ণু খাৰঘৰীয়াই । (১৯৯৪/'আজিৰ অসম)

চামেলী মেমচা'ব

" অসম দেশৰ বাগিচাৰে ছোৱালী ... " ( ঊষা মংগেশকাৰ) "জিগিজা গিজাও ..." ( ভূপেন হাজৰিকা, ঊষা মংগেশকাৰ ) , "হাৱা নাই বতাচ নাই..." ( ভূপেন হাজৰিকা ঊষা মংগেশকাৰ ) , "হায়ৰে প্ৰাণেৰ বাচা মোৰ..." ( ভূপেন হাজৰিকা ঊষা মংগেশকাৰ) , "অ' বিদেশী বন্ধু.," ( ভূপেন হাজৰিকা) -- গীত কেইটা , গীত কেইটাৰ চিত্ৰায়ন আজিও মনত সেউজ হৈ আছে । প্ৰথমবাৰ যেতিয়া চাইছিলো ' চায়াবাজি 'বুলিয়ে চাইছিলো । ১৯৭৮ - ৮০ । সেই সময়ত আমাৰ গাওঁ বেলশৰলৈ 'ছায়াবাজি ' আহিছিল । বিভিন্ন তথ্যচিত্ৰ দেখুৱাইছিল । মাজে সময়ে অসমীয়া চিনেমাৰ অংশ বিশেষো দেখুৱাইছিল । এদিন চাইছিলো " অসম দেশৰ বাগিচাৰে ছোৱালী ... " গীতটো আৰু নাটকীয় কিছু অংশ । পিছত , চিনেমা বুজা বয়সত ডিব্ৰুগড়ৰ ৰংঘৰ চিত্ৰগৃহত । সেই সময়ত চিনেমা খনৰ সংলাপ হজম কৰিব পৰা নাছিলো । পৰৱৰ্তী সময়ত বুজিলো সংলাপ সমূহেই আছিল চিনেমা খনৰ সৌন্দৰ্য । ৰূপালী গল্পটো চাহ বাগিছা এখনৰ । আৰু 'নায়ক' ব্ৰিটিছ । ( কাহিনী : পাঠশালা স্কুলৰ শিক্ষক গৰাকী চাহ বাগিছাত নতুন । এদিন চিনাকী হয় ব্ৰিটিছ চাহাব বাৰ্কলীৰ সৈতে । আচহুৱা প্ৰকৃতিৰ । সেইখন বাগিছাৰে মেনেজাৰ আছিল। মেনেজাৰী এৰি দিছিল ; কিন্তু বাগিছা এৰা নাছিল । চাকৰি তেতিয়া এৰি দিছিল , যেতিয়া পত্নী চামেলিয়ে আত্মহত্যা কৰিছিল । সমাজে কয় , চামেলিৰ মাকে ভাবে -- চামেলীয়ে বাৰ্কলী চাহাবৰ দোষতে আত্মহত্যা কৰিছে। -- কোন চামেলী ! একেখন বাগিছাৰে চৰ্দাৰৰ জীয়েক চামেলী । অসম দেশৰ বাগিছাৰ চঞ্চলা চামেলীৰ তাইৰ প্ৰেমত পৰিছিল বাৰ্কলী চাহাব । চামেলীৰ ঘৰৰ , সমাজৰ বিৰোধৰ পিছততো তাইক পত্নীৰূপে গ্ৰহণ কৰিছিল। এদিন চামেলী মা হবলৈ ওলাল । গৰ্ভৱতী অৱস্থাত ধৰা পৰে চামেলীৰ দেহত কুষ্ঠৰোগ । এনে বেয়া সময়তে তাই মা হয় । এজনী ছোৱালী সন্তান জন্ম দিয়ে । সন্তানটোক লৈ বাৰ্কলী চাহাবৰ ভয় হয়, যদি তাইৰ দেহলৈয়ো কুষ্ঠৰোগ আহে ! মাতৃৰ পৰা সন্তানক আঁতৰত ৰাখে বাৰ্কলী চাহাবে । বুজিব নোৱাৰিলে মাতৃৰ মমতা ! সন্তানটোক চাবলৈ নাপায় , ওচৰত নাপায় চামেলীয়ে আত্মহত্যা কৰে । আৰু সন্তানটো ! সন্তানটো শাৰীৰিক ভাবে বাধাগ্ৰস্থ । চিকিৎসকে কৈছে সন্তানটো আৰু ভাল নহয়। সন্তানটোৰ জীৱনৰ শেষ দিনটোলৈ বাৰ্কলী চাহাবে বাগিছা এৰিব নোৱাৰে । ) অসমত থকা ব্ৰিটিছ চাহাব এজনে যেনেধৰণৰ 'ভাষা' কব পাৰে , চাহ বাগিছাৰ 'চৰিত্ৰ'বোৰে যেনেধৰণৰ ভাষা কয় , তেনে ধৰণৰ সংলাপ চিনেমা খনত ব্যৱহাৰ কৰিছে । যাৰ বাবে দৰ্শকে প্ৰতিটো চৰিত্ৰক 'বাস্তৱ'ত দেখিছে । -- চিনেমা খনৰ চৰিত্ৰ নিৰ্মাণ আন এক যোগাত্মক দিশ । ব্ৰিটিছ চাহাবৰ চৰিত্ৰটোৰ বাবে জৰ্জ বেকাৰৰ বাহিৰে আন কোন হব পাৰে ? বাৰ্কলী চাহাবৰ লগতে বিনীতা বৰগোহাঁইক লৈ চামেলী চৰিত্ৰটোও দৰ্শকক চুব পৰাকৈ নিৰ্মাণ কৰিছে । সাহিত্যৰ ভাষাৰ লগতে কেমেৰাৰ ভাষাৰো ব্যৱহাৰ সুপৰিকল্পিত ।

মলয়া গোস্বামী

'ৰং ' -- ফ্ল'ৰত । মুনিন বৰুৱাৰ ' ৰং '। ভাইমনদাৰ  ( মুনিন বৰুৱাৰ ) ফোন -- কাইলৈ আহিবা। দিলীপ হাজৰিকা , মলয়া গোস্বামী থাকিব । গৈছিলো । সেইদিনায়ে , মাত্ৰ  সেইদিনায়ে কথা পাতিছিলো মলয়া গোস্বামীৰ সৈতে । কেইমিনিটমান কথা পাতি অনুভৱ কৰিছিলো 'চৰিত্ৰ 'হৈ কেমেৰাৰ সন্মুখলৈ আহে অভিনেত্ৰী গৰাকী । পৰিচিলকে বুজোৱা চৰিত্ৰটোলৈ নিজকে ৰূপান্তৰ কৰে । আৰু কেমেৰাৰ সন্মুখত আছৰণ কৰে । আৰু সম্ভৱতঃ এয়াই মলয়া গোস্বামীৰ সফলতাৰ ৰহস্য । পৰ্যালোচনা কৰিলে স্পষ্ট হয় 'ৰং' চিনেমা খনৰ বসুন্ধৰা চলিহা ,      ' অগ্নিস্নান’ৰ মেনকা ,' ফিৰিঙতি’ ৰ ঋতু ৰ মাজত দূৰত্ব কম নহয় । চিনেমা তিনি খনত মলয়া গোস্বামীৰ উপস্থিতি -- সূণ্য । অহংকাৰী - কথোৰ বসুন্ধৰা চলিহাৰ মনত আছে আন এক ৰং , ' মমতা ৰং '। সংলাপ প্ৰক্ষেপন আৰু চেহেৰাৰ অভিনয়ৰে ৰচনা কৰা  চৰিত্ৰটোত অভিনেত্ৰী গৰাকীৰ অভিনয় ক্ষমতা স্পষ্ট । আন এটা চৰিত্ৰ -- মেনকা ( চিনেমা : অগ্নিস্নান । কাহিনী , চিত্ৰনাট্য , পৰিচালনা : ড° ভৱেন্দ্ৰ নাথ শইকীয়া । ৪০ খনৰো অধিক অনাতাঁৰ  নাটকত কণ্ঠ দিয়া মলয়া গোস্বামীয়ে অভিনয় কৰা এই খনেই প্ৰথম চিনেমা । ) । পত্নী মেনকাৰ বৰ্তমানত স্বামী মহীকান্তই দ্বিতীয় পত্নী আনিছে । মেনকাই মদন চোৰৰ সৈতে শাৰীৰিক সম্পৰ্ক গঢ়ি স্বামীৰ দ্বিতীয় বিবাহৰ প্ৰতিবাদ কৰে । এক শক্তিশালি চৰিত্ৰ , নিৰ্মাণ সম্ভব হৈছে অভিনয় শক্তিৰ বাবে । আমি জনাত মেনকা চৰিত্ৰটোলৈ ৰূপান্তৰ হবলৈ মলয়া গোস্বামীয়ে প্ৰচুৰ পৰিশ্ৰম কৰিছিল । চিনেমা খনৰ চিত্ৰনাট্যৰ লগতে ' অন্তৰীপ 'উপান্যাস ( উপন্যাস খনৰ এটা অংশৰ আধাৰত ৰচনা কৰিছিল চিনেমা খনৰ চিত্ৰনাট্য । ) খন অধ্যয়ণ কৰিছিল । নিজকে শাৰীৰিক - মানসিক ভাবে মেনকালৈ ৰূপান্তৰ কৰিছিল । তেনেদৰে ঋতুলৈ ৰূপান্তৰ হৈছিল অভিনয় ক্ষমতা - পৰিশ্ৰমেৰে । পৰিচালক জাহ্নু বৰুৱাই ৪-৫ঘণ্টা ' ফিৰিঙতি’ৰ কাহিনী কৈছিল । চৰিত্ৰ বুজাইছিল । --  স্বামীৰ  মৃত্যুৰ পাছত   হতাশা - সামাজিক সমস্যাৰ  পৰা  নিজকে ৰক্ষা কৰিবলৈ ঋতুৱে  চহৰৰ পৰা বহু দুৰৰ স্কুল খনত শিক্ষকতা কৰিবলৈ গৈছিল । স্কুল খন পুনৰ সাজিছিল । শিক্ষাৰ পোহৰ বিলাবলৈ সংঘৰ্ষ কৰিছিল । চুই গৈছিল ঋতুৰ মাজত সোমাই পৰা মলয়া গোস্বামীয়ে । এই চৰিত্ৰটোত কৰা অভিনয়ৰ বাবে মলয়া গোস্বামীয়ে লাভ কৰিছিল  শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত ৩৯ সংখ্যক  ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা । -- এই তিনি খন চিনেমাৰ লগতে মলয়া গোস্বামীয়ে অভিনয় কৰে  আই কিলড হিম ছাৰ ,  আছেনে কোনোবা হিয়াত , পলে পলে উৰে মন , জীৱন বাটৰ লগৰী , শেষ উপহাৰ , ভাল পাব নাজানিলো , শ্ৰীমন্ত শংকৰদেৱ , কনিকাৰ ৰামধেনু , কেলেণ্ডাৰ , মা আদিত ।

সংযোজন : মলয়া ৰাজখোৱা । নাটকৰ অভিনেত্ৰী ।জন্ম ডিব্ৰুগড়ত । অভিনয়ৰ লগতে খেল আছিল প্ৰিয় । মহাবিদ্যালয়ত পঢ়ি থকা সময়ছোৱাত অসমৰ প্ৰথম মহিলা হকী দলত স্থান পাইছিল । ক্ৰমে  সোণাৰি মহাবিদ্যালয় , জাগীৰোড মহবিদ্যালয়ত শিক্ষা দান কৰিছিল । ১৯৮১ চনত মলয়া ৰাজখোৱাৰ বিবাহ হয়  প্ৰদীপ গোস্বামীৰ সৈতে । সন্তান : নিশিতা গোস্বামী, নিমিশা গোস্বামী ।

বুধবার, ৪ আগস্ট, ২০২১

সোণ মইনা

শিৱ প্ৰসাদ ঠাকুৰৰ পৰিচালনাৰে নিৰ্মিত 'সোণ মইনা' । কাহিনী বা বিষয়বস্তু মৌলিক নহয় । কোৱা হয় ৰঞ্জন ৰয়ৰ বাংলা অঁনাতাৰ নাট ' ছাহেব'ৰ আধাৰত ৰচনা কৰিছ চিনেমা খনৰ চিত্ৰনাট্য ( চিত্ৰনাট্য : মুনিন বৰুৱা ) । কাহিনীৰ প্ৰায় মিল থকা হিন্দী , বাংলা চিনেমাও সেই সময়ত চিত্ৰগৃহলৈ আহিছিল । সেই সময়ত চৰ্চা হৈছিল -- চিনেমা খনৰ শিপা দক্ষিণ ভাৰতৰ নহয়তো ! সেয়া যি নহওক , কব পাৰি ' সোণ মইনা ' মন চুই যোৱা , সুপৰিকল্পিত ৰূপালী গল্প । মুল চৰিত্ৰটো ৰচনা কৰিছে প্ৰাঞ্জল শইকীয়াক লৈ । মধ্যমবৰ্গীয় পৰিয়ালৰ আটাইতকৈ সৰু । ক্ৰিকেট খেলে ।ভাল ক্ৰিকেট খেলুৱৈ হোৱাৰ মন । নিবনুৱা । প্ৰতিটো মূহুৰ্ততে আনক সহায় কৰিবলৈ সাজু থাকে ! ওচৰ-চুবুৰীয়াৰ মাজত বেচ জনপ্ৰিয়। ভৰা ঘৰ । আৰু মৰমৰ ভনীয়েক । -- কাহিনী আগবাঢ়ে । দেউতাকে ভনীয়েকৰ বিয়া ঠিক কৰে । উপাৰ্জনৰ বাট বিছাৰি পোৱা পুতেক কেইজনৰ পৰা দেউতাকে আৰ্থিক সহায় বিচাৰে । কিন্ত বিচৰা ধৰনে সহায় নাপালে । দেউতাকে ক'লে প্ৰয়োজনত ঘৰটো বেছি হ’লেও বিয়াৰ টকাৰ যোগাৰ কৰিব । বিপৰীতে ক্ৰিকেটাৰ 'নায়ক' ? ভনীয়েকৰ বিয়াত দেউতাকক সহায় কৰাৰ বাবে টকাৰ বিনিময়ত কিডনী দিবলৈ সাজু হয় , দুয়োটা কিডনীয়ে নষ্ট হোৱা ছোৱিলী এজনীক । এই কথা জানিয়ো কিডনী দিয়াৰ পিছত কঠোৰ পৰিশ্ৰম কৰিব নোৱাৰিব । অৰ্থাৎ ক্ৰিকেটাৰ হোৱাৰ বাট বন্ধ । শেষত ক্ৰিকেটাৰ হোৱাৰ সপোন বাদ দি ঘৰখনৰ অ়জ্ঞাতেই নিজৰ কিডনী এটা দান কৰে । -- দৰ্শকৰ চকুপানী উলিয়াব পৰা কাহিনীতো পৰিচালকে পৰিপাটিকৈ কৈ ' সাহিত্য 'ৰ ভাষাক গুৰুত্ব দি কৈছে । নাটক বেছি , ' চিনেমেটিক ড্ৰামা 'লৈ ৰূপান্তৰ কৰাত পৰিচালক ব্যৰ্থ । অভিনয়ত মঞ্চৰ সুৰেণ মহন্ত জনকে দেখিলো । অভিনেতা গৰাকীক লৈ দৰ্শকক চুই যাব পৰি কৈইবাটাও ছিকুৱেন্স ৰচনা কৰিছে । ( অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চিনেমাৰ শিতানত ৩২সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে । ) পৰিচালক : শিৱ প্ৰসাদ ঠাকুৰ প্ৰযোজক : আৰ বি মেহতা, এন পি এন নায়াৰ, শিৱ প্ৰসাদ ঠাকুৰ চিত্ৰনাট্য : মুনিন বৰুৱা অভিনয়ত : প্ৰাঞ্জল শইকীয়া , মঞ্জুলা বৰুৱা ,সুৰেণ মহন্ত ,পূৰৱী শৰ্মা , জৱা ভূঞা ,অঞ্জলি ভূঞা , অপূৰ্বা দত্ত . বিজু ভঁড়ালী , মৰমী বৈশ্য শিৱ ঠাকুৰ ,মিৰেল কুদ্দুচ ,সমুদ্ৰগুপ্ত দত্ত (শিশুশিল্পী ) ,ৰাণা তামুলী । সংগীত পৰিচালক : বসন্ত-মাণিক চিত্ৰগ্ৰহণকাৰী : ইন্দুকল্প হাজৰিকা সম্পাদনা : ৰাস বিহাৰী সিনহা দৈৰ্ঘ্য : ১৩৫ মিনিট

শিৱ প্ৰসাদ ঠাকুৰ

ব্ৰজেন বৰুৱা ,নিপ বৰুৱাৰ পিছত অসমীয়া চিনেমাৰ ' স্থানীয় বজাৰ ' খনক গতি দিছিল শিৱ প্ৰসাদ ঠাকুৰে । ফাগুনী , বোৱাৰী , ঘৰ সংসাৰ , সোণ মইনা , এই দেশ মোৰ দেশ , অহিৰ ভৈৰৱ , অস্তৰাগ , মন মন্দিৰ , ময়ূৰী , শেৱালি , অশান্ত প্ৰহৰ শিৱ প্ৰসাদ ঠাকুৰৰ পৰিচালনাৰে নিৰ্মিত অসমীয়া চিনেমা ( চিনেমা প্ৰযোজনাৰে চিনেকৰ্ম আৰম্ভ কৰিছিল । চিনেমা খনৰ নাম : মমতা । চিনেমা খনত অভিনয়ো কৰিছিল । এই চিনেমা খনেৰে সংগীতৰ দিশত সহায় কৰি মুনিন বৰুৱাই ও চিনে যাত্ৰা কৰিছিল । পৰবৰ্তী সময়ত প্ৰতিটো খোজতে শিৱ প্ৰসাদ ঠাকুৰক সহায় কৰিছিল বা কাম কৰিছিল মুনিন বৰুৱাই । কথা প্ৰসংগত মুনিন বৰুৱাই কৈছিল -- প্ৰথম পৰিচালনা ' ফাগুনী ' সফল হোৱা নাছিল । ' সেই সময়ত আমাক চিত্ৰগৃহ দিবলৈ কেইবাটাও হলৰ মালিক মান্তি হোৱা নাছিল । আৰু ' বোৱাৰী ' সফলতাৰ খবৰ প্ৰচাৰ হোৱাৰ পিছত সেই মালিক কেইগৰাকীয়ে প্ৰিণ্ট বিছাৰি আহি আমাক মান্তি কৰাব পৰা নাছিল । ' শিৱ প্ৰসাদ ঠাকুৰৰ দ্বিতীয় পৰিচালনা ' বোৱাৰী ' সফল হৈছিল । ছুপাৰ হিট হৈছিল । কথা প্ৰসংগত ( স্থান : ' আজি'ৰ কাৰ্যালয় । ২০০৩ । ) -- ' ভাল ছবি নিৰ্মাণ কৰি থাকিবলৈ বজাৰো ভাল হব লাগিব । বজাৰ কেতিয়া ভাল হব ? যেতিয়া ছবিয়ে ভাল ব্যৱসায় কৰিব পাৰিব । 'বোৱাৰি ৰ' সময়ত যি খন বজাৰ গঢ়ি উঠিছিল , সেই বজাৰ খন আমি ধৰি ৰাখিব নোৱাৰিলো । মানে ' বোৱাৰী 'ৰ দৰে চিনেমা দিব নোৱাৰিলো । মোৰ কথা কৈছো , মই দিব নোৱাৰিলো । মোৰ লোকচান হোৱা নাছিল ; কিন্তু ' ঘৰ সংসাৰ ' ( ১৯৮৩ ) , 'সোণ মইনা ' ( ১৯৮৪ ) ' মন মন্দিৰ' ( ১৯৮৫ ) ৰ ব্যৱসায় ' বোৱাৰি 'ৰ দৰে নাছিল । এতিয়া মই হাতত লৈছো ' অস্তৰাগ ' । মই ভবা নাই চিনেমা খনে ভাল ব্যৱসায় কৰিব । ভাবিছো -- এনে এখন চিনেমা মই কৰা উচিৎ । ' হোমেন বৰগোহাঞিৰ ‘অস্তৰাগ’ চিনেমা খনৰ শিপা । বিসয়বস্তু বাৰ্ধক‍্য‌ই‌ গ্ৰাস কৰা জীৱন আৰু পিতা -পুত্ৰৰ আৱেগিক সম্পৰ্ক । দৰ্শকৰ আসনৰ পৰা দেখিছো কেইটমান বাস্তৱৰ চৰিত্ৰ । তপন দাস ,পূৰবী শৰ্মা , কপিল বৰা , নিশিতা গোস্বামী , মুনিন বৰুৱা আদিয়ে অভিনয় কৰিছে । মোৰ ধাৰণাত ' অস্তৰাগ ' শিৱ প্ৰসাদ ঠাকুৰৰ শ্ৰেষ্ঠ পৰিচালনাা । কিন্তু বহুতে কব খোজে ' সোণ মইনা 'হে শ্ৰেষ্ঠ পৰিচালনা । কাৰণ ? চিনেমা খনে লাভ কৰিছে বঁটা । শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ ৰাষ্ট্ৰীয় বঁটা -- শিৱ প্ৰসাদ ঠাকুৰৰ প্ৰথম প্ৰযোজনা ' মমতা 'ৰ বাবেও পাইছিল । ( শিৱপ্ৰসাদ ঠাকুৰৰ জন্ম : ২২ ছেপ্টেম্বৰ, ১৯৩৭ নাজিৰাত মৃত্যু : ৫ জানুৱাৰী, ২০০৮ ,গুৱাহাটীত )

মঙ্গলবার, ৩ আগস্ট, ২০২১

জয়ন্ত হাজৰিকা

Jayanta Hazarika
জয়ন্ত হাজৰিকাক আমি লগ নাপালো। ১৫ অক্টোবৰ ১৯৭৭ ত কায়িক জয়ন্ত হাজৰিকা আমাৰ মাজৰ পৰা আতৰি গৈছিল । ২০০৩ চনৰ কোনো এটা দিনত  মিঠু বৌৰ সৈতে , নিজৰাপাৰৰ ' জয়ন্তু হাজৰিকা'ৰ ঘৰত গীতৰ কথা পাতিছিলো , জয়ন্ত হাজৰিকাৰ গীতৰ । 'কেনেকৈ যে কম সময়ৰ ভিতৰতে সুৰ একোটা সৃষ্টি কৰিছিল! আমি আছৰিত হও। কেতিয়াবা সুৰ সৃষ্টি কৰি  গীতিকাৰক গীত লিখিব দিয়ে। ৰাণাৰ সুৰ ৰচনাৰ কৌশল দেখা জনেহে অনুভৱ কৰিব । ' গীতিকাৰ হেমন্ত দত্তইয়ো মিঠু বৌৱে ( মণিষা হাজৰিকা ) কোৱা কথা খিনিয়ে কৈছিল । -- জয়ন্ত হাজৰিকাকহে লগ পোৱা নাছিলো , জয়ন্ত হাজৰিকাৰ গীত কিন্তু আমাৰ অতি ওচৰৰ। মাত্ৰ ৩৪ টা বছৰত মগজু চুই হৃদয়ত ৰৈ যোৱা ভালেমান গীত দি গৈছে। গীত বোৰ লোক-সংগীত বা অসমৰ থলুৱা সুৰৰ বুনিয়াদত নিৰ্মিত,যি সুৰত শাস্ত্ৰীয় - পশ্চিমীয়া সংগীতৰ প্ৰলেপ ঢালি দিয়ে । শ্ৰোতাই অনুভৱ কৰে  নতুন ধ্বনি।  -- ব্যতিক্ৰম নহয় চিনেমাৰ গীতৰ বাবে ৰচনা কৰা সুৰো । জয়ন্ত হাজৰিকাই  সংগীত পৰিচালনা কৰা চিনেমা কেইখন : বনৰীয়া ফুল (পৰিচালক: অতুল বৰদলৈ) , বৃষ্টি (পৰিচালক: দেউতী বৰুৱা),
নিয়তি (পৰিচালক: ইন্দুকল্প হাজৰিকা) ,
ধৰ্মকাই (পৰিচালক: ভবেন দাস) । ' নতুন আশা ' চিনেমা খনৰ কাম চলি থকা সময়তে হঠাৎ শিল্পী গৰাকীৰ মৃত্যু হৈছিল । আৰু কাম শেষ কৰিছিল মণীষা হাজৰিকাই । মণীষা হাজৰিকাই '  উপপথ'ৰ কামো শেষ কৰিছিল । ৰঙামেঘ (পৰিচালক: অতুল বৰদলৈ), এনাজৰী (পৰিচালক: গৌৰী বৰ্মন, ৫টা গান সম্পূৰ্ণ কৰি গৈছিল) আৰু পোহৰ (পৰিচালক: মাণিক বৰা, ২টা গান সম্পূৰ্ণ কৰি গৈছিল) কামো শিল্পী গৰাকীৰ মৃত্যুৰ সময়ত সম্পূৰ্ণ হোৱা নাছিল ।এই চিনেমা কেইখনৰ কাম কোন পৰ্যায়ত ৰৈ গ'ল জনা নাযায়।
'সোণাৰ বৰণ পাখীৰে তোৰ ' -- জয়ন্ত হাজৰিকাই চিনেমাৰ বাবে  কণ্ঠদান কৰা  প্ৰথমটো গীত । ভূপেন হাজৰিকাৰ পৰিচালনাত শ্যামল মিত্ৰৰ সৈতে কণ্ঠদান কৰিছিল । ' মণিৰাম দেৱান 'ত ব্যৱহাৰ কৰিছিল গীতটো । কণ্ঠদান কৰিছিল ' চিকমিক বিজুলী' , ' লটিঘটি ' , 'বনৰীয়া ফুল' , '  মণিৰাম দেৱান ' ,  ' ফাগুনী ' আদিৰ গীতত ।


'শকুন্তলা'ৰ চিত্ৰনাট্য লিখিম বুলি বহুতকে কৈছিল...

'শকুন্তলা'ৰ চিত্ৰনাট্য লিখিম বুলি বহুতকে কৈছিল। থানু বৰাকো কৈছিল বিষ্ণুপ্ৰসাদ ৰাভাই। পিছত  চিত্ৰনাট্য লিখিছিল -- 'শংকৰদেৱ', 'সীমিন্তৰ সৈনিক', 'কুমাৰ হৰণ', 'ধুমুহা', 'বোৱঁতী সুঁতি'ৰ। কিন্তু ছবি কেইখন কাগজতে থাকিল। 'মোক কৈছিল -- হেৰা চণ্ডী ( থানু বৰাই দ্বিতীয় খন অসমীয়া চিনেমা ' ইন্দ্ৰ মালতী 'ত চণ্ডীৰামৰ চৰিত্ৰত অভিনয় কৰিছিল । ) বোলছবি কৰিম'। তুমিয়ো অভিনয় কৰিব লাগিব।' -- কথা প্ৰসংগত তেজপুৰৰ থানু বৰাই আমাক কৈছিল । থানু বৰাৰ মতে 'সময় নাছিল। বহু কামৰ পিছত দৌৰা মানুহ। ছবিৰ কামত বহু সময় দিব লাগে । ছবি এদল মানুহে কৰা কাম । আনৰ সৈতেও পৰিচালকে সময় মিলাব লাগে । মই ভাবো ইচ্ছাহে আছিল , সময় নাছিল।' বহুতে কব খোজে 'চিৰাজ' সম্ভৱ হৈছিল ফনী শৰ্মাৰ বাবে । --  বিষ্ণুপ্ৰসাদ ৰাভাই  চিৰাজৰ চিত্ৰনাট্য - পৰিচালনা ফনী শৰ্মাৰ সৈতে কৰিছিল । সংগীতৰো কাম কৰিছিল ।  অভিনয়ো কৰিছিল । ( 'এৰাবাটৰ সুৰ ', 'প্ৰতিধ্বনি' তো আভিনয় কৰিছিল ।) -- এই যে চিনেমাৰ বাবে 'সময় সমস্যা'ৰ কথা কোৱা হৈছে যুক্তিহীন নহয় । শুনা যায় ( কথা প্ৰসংগত লোক সংগীতৰ সাধক প্ৰভাত শৰ্মাইও কৈছিল ) 'চিৰাজ'ৰ চিত্ৰগ্ৰহণৰ সময়তো হেনো প্ৰায়ে বিছাৰি আনিব লগীয়া হৈছিল ! আন কিবা কামত ব্যস্ত হৈ পৰিছিল , চিনেমাৰ কথা পাহৰি আছিল । 
সংগ্ৰামী , সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা , কবি, সাহিত্যিক, নাট্যকাৰ ইমান কেইটা যদি পৰিচয় নহ'ল হেতেন  ! -- বিষ্ণু প্ৰসাদ ৰাভাৰ পৰিচয় যদি চিনেকৰ্মী হ'ল হেতেন নিশ্চয় অসমীয়া চিনেমাৰ বুনিয়াদ আৰু মজবুট হ'ল হেতেন।'সীমান্তৰ সৈনিক' ৰ চিত্ৰনাট্য খন পঢ়িলে অনুভৱ কৰিব পাৰি  শিল্পী গৰাকীৰ চিনেদক্ষতা । 

সংযোজন :  নৃত্যভাষাত অসাধাৰণ দখল থকা বিষ্ণু প্ৰসাদ ৰাভাক  হিন্দু বিশ্ববিদ্যালয়ৰসেই সময়ৰ  উপাচাৰ্য্য সৰ্বপল্লী ৰাধাকৃষ্ণণে (১৯৩৯ চনত) কলাগুৰু উপাধি প্ৰদান কৰিছিল , নটৰাজ' নৃত্যত বিমুগ্ধ হৈ (এই তথ্য ভুল বুলি কব খোজে একাংশ 'গৱেষকে'।) বিশিষ্ট শিল্পী,  মুক্তি যুঁজাৰু গৰাকীৰ কায়িক মৃত্যু : ২০ জুন, ১৯৬৯ । জন্ম : ৩১ জানুৱাৰী, ১৯০৯ । শিক্ষা : ঢাকাৰ সেনা বিভাগৰ বিদ্যালয় ,   তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় , ( ১৯২৬ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সেই সময়ৰ অবিভক্ত দৰং জিলাৰ সকলো পৰীক্ষাৰ্থীৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে তেওঁ ‘কুইন এমপ্ৰেছ’ পদক লাভ কৰিছিল ) , চেণ্টপল’ কলেজ (প্ৰথম বিভাগত আই এছ ছি পাছ কৰে ) , কলিকতাৰ  ৰিপন কলেজ  ।  by: Utpal Mena

বিশ্বজিত বৰা

 আজিৰ তাৰিখতো চিত্ৰগৃহলৈ অহা নাই ' ফেঁহুজালি ' । এই চিনেমা খনেই কিন্তু স্পষ্ট কৰিছিল , বিশ্বজিত বৰাই চিনেমা জানে , কেমেৰাৰ ভাষাৰে  কবিতা লিখিব পৰাকৈ দক্ষতা আছে । হিন্দি চিনেমা 'এইছা  ইয়ে জাহা' ৰে চিনকৰ্ম আৰম্ভ কৰা বিশ্বজিতে পৰিচালনা কৰা অসমীয়া চিনেমা কেইখন : বহ্নিমান ( ২০১৬ ) , 
ৰক্তবীজ ২০১৮ ) , বেলকনিত ভগৱান ' , বুম্বা ৰাইড মিছিং , লখিমি। মাত্ৰ দুখন চিনেমাহে চিত্ৰগৃহলৈ আহিছে । -- বিশ্বজিতৰ আমন্ত্ৰণ ৰক্ষা কৰি ফেঁহুজালি , বহ্নিমান , ৰক্তবীজ চাইছিলো । হিন্দী চিনেমা খনো চাইছো । কব পাৰি পৰিচালক গৰাকীৰ পৰিচালনা শৈলী এক বিশেষ বৃত্তত বন্দী নহয় । ফেঁহুজালি চোৱাৰ দুদিন পিছত বিশ্বজিত আমাৰ ঘৰলৈ আহিছিল । কথা প্ৰসংগত কৈছিল -- ' মোৰ চিন্তা কাহিনী কেন্দ্ৰীক । কাহিনীয়ে যেনেদৰে দাবী কৰে তেনেদৰে চৰিত্ৰৰ বাবে অভিনেতা - অভিনেত্ৰী নিৰ্বাচন কৰো , কেমেৰাৰ কাম কৰো । কিন্তু মই সদায় মনত ৰাখো চিনেমা দৰ্শকৰ বাবে । দৰ্শকে চিনেমা খন আদৰি লব লাগিব । ' -- সন্দেহ নৰখাকৈ কব পাৰি বহ্নিমান , ৰক্তবীজ দৰ্শকে উপভোগ কৰিছে । আনহাতে ' বেলকনিত ভগৱান ' দেশ - বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন হৈছে , বঁটা লাভ কৰিছে ।

রবিবার, ১ আগস্ট, ২০২১

আব্দুল মজিদ

আব্দুল মজিদ । প্ৰথম দৃষ্টিত অসমীয়া চিনেমাৰ -- খলনায়ক । আমি যি সময়ত চিনেমা চাবলৈ আৰম্ভ কৰিছিলো , সেই সময়ত অভিনেতা গৰাকীক দেখিছিলো  ' বেয়া মানুহ'ৰ  চৰিত্ৰত । সংলাপ কোৱাৰ বিশেষ কৌশল , চেহেৰা - দেহৰ আচৰণৰে ( অভিনয় ) খলনায়কৰ বিশেষ ইমেজ নিৰ্মাণ কৰি লৈছিল । নিৰ্মাণ কৰি লোৱা বুলি কোৱাৰ কাৰণ --  একে ইমেজতে ভিন্ন পৰিচালকৰ চিনেমাত , ভিন্ন চৰিতত্ৰত দেখা গৈছিল ।  এনেদৰেও কব পাৰি -- কোনো পৰিচালকে নিৰ্মাণ কৰা এই বিশেষ ইমেজত একাংশ পৰিচালকে আব্দুল মজিদক পচন্দ কৰিছিল । আৰু যেতিয়া ' অসমীয়া চিনেমা ' জানিবলৈ চেষ্টা কৰিছিলো , তেতিয়া অনুভৱ কৰিছিলো আব্দুল মজিদ চিনেমাৰ নায়ক বা খলনায়ক নাছিল । ( ১৯৮৩ -৮৪ সময় চোৱাত আব্দুল মজিদৰ সৈতে প্ৰথমবাৰ মুখা - মুখী হৈছিলো । সোণাপুৰত । ' আজিৰ মানুহ ' নামৰ টিভি ধাৰাবাহিক এখনৰ লোকেশ্বনত । ধাৰাবাহিক খনৰ পৰিচালক অধৰ দাসৰ আমন্ত্ৰন জনোৱাত গৈছিলো ।কথা প্ৰসংগত যেতিয়া ' অসমীয়া চিনেমাৰ শ্ৰেষ্ঠ খলনায়ক ' বুলি কৈছিলো  অভিনেতা গৰাকী অসন্তুষ্ট হৈছিল । কৈছিল -- ' মই অভিনেতা । পৰিচালকে চৰিত্ৰটো যেনেদৰে বুজায় , তেনেদৰে অভিনয় কৰিবলৈ চেষ্টা কৰো । তুমিনো মোক ক'ত খলনায়ক দেখিলা ! ' ) ভাল অভিনেতা আছিল । কেইবাখনো চিনেমাত খলনায়কৰ চৰিত্ৰত অভিনয় কৰাৰ দৰে আন কেইবাখনো চিনেমাত দৰ্শকক হহুৱাইছে , সহজ - সৰল মানুহৰ , দাম্ভিক মানুহৰ , অভিজাত ভদ্ৰলোকৰ চৰত্ৰতো অভিনয় কৰিছে । সফল অভিনয় ।' ধৰিলোৱা মই পুলিঢৰ চৰিত্ৰত অভিনয় কৰিছো । যদি মোক সচা পুলিচ যেন লাগিছে -- সেয়াই সফল অভিনয় । আৰু আমি যে তুমি কোৱাৰ দৰে খলনায়কৰ চৰিত্ৰত অভিনয় কৰো , তেনে চৰিত্ৰৰ সফলতা - বিফলতা নিৰ্ভৰ কৰে দৰ্শকৰ ধাৰণাৰ ওপৰত । আমি যেনেদৰে অভিনয় কৰিছো , তেনে ধাৰণা যদি সৰহ সংখ্যক দৰ্শকে কৰে  , তেনেহলে সফল।' -- কথা প্ৰসংগত আব্দুল মজিদে কৈছিল ।

-- নাটকৰ মানুহ আব্দুল মজিদে অভিনয় কৰা প্ৰথম খন চিনেমা ' ৰঙা পুলিচ ' ।  'ৰঙা পুলিচ 'ৰ শিপা একে নামৰ এখন নাটক । ৰমেশ শৰ্মাৰ নাটক । ' ১৯৫৩ চনৰ কথা । সেই সময়ত আমি নাটক কৰো । ইখনৰ পিছত সিখন । যোৰহাটত । সেই সময়তে এটা সাংস্কৃতিক  অনুষ্ঠান গঢ়ি উঠে । নাম ৰাখো 'মিলিত শিল্পী সমাজ'  । নাট্যাচাৰ্য্য ইন্দ্ৰেশ্বৰ বৰঠাকুৰে   গুৰি ধৰিছিল। সাধাৰণ সম্পাদক আছিল ভুবন ৰঞ্জন বৰঠাকুৰ আৰু সাংস্কৃতিক সম্পাদক আছিলো মই ।  'মিলিত শিল্পী সমাজে' ৰে নাটক  'ৰঙা পুলিচ' । নাটক খন  চাবলৈ নিপ বৰুৱা আৰু ব্ৰজেন বৰুৱা গৈছিল ।  নাটক শেষ হোৱাৰ পিছত আড্ডা । আমি ক'লো -- আমিয়ো চিনেমা কৰিম  ।  চৈয়দ আব্দুল মালিকৰ 'মাটিৰ চাকি'ৰ কাহিনীৰে চিনেমা কৰিম । নিপ বৰুৱাই ক'লে -- আপোনালোকে ' ৰঙা পুলিচ' খনেই চিনেমা কৰক । নিপ বৰুৱাই কোৱাৰ দৰে আমি আগবাঢ়িলো । ১৯৫৭ চনত 'মিলিত শিল্পী চিনে প্ৰডাক্‌চনচ্‌' নামেৰে কোম্পানী এটা ৰেজিষ্ট্ৰেচন কৰো ।  আমি  'মিলিত শিল্পী সমাজে' সমজুৱা ভাবে কলো  টকা সংগ্ৰহ  আমি কৰিম । নিৰ্মাণৰ বাবে নিপ বৰুৱাক  দায়িত্ব  দিব লাগে । অভিনয়ৰ দায়িত্ব মই লোৱা নাছিলো । নিপ বৰুৱাই কৈছিল -- এই চৰিত্ৰটোত তুমি অভিনয় কৰিবা । কৰিলো । তেনেদৰেই চিনেমাৰ মাজত সোমালো । ' -- আব্দুল মজিদে কৈছিল , সেই প্ৰথম সাক্ষাতত । অভিনেতা গৰাকীয়ে অভিনয় কৰা চিনেমাৰ তালিকাত আছে -- সূৰুজ, সেন্দূৰ, উপপথ, এই দেশ মোৰ দেশ, পূজা , বোৱাৰী, সংকল্প, মমতাজ, ভাই ভাই, প্ৰতিদান, এণ্টনী মোৰ নাম, পিতা-পুত্ৰ, জুমন সুমন আদি ।

   আব্দুল মজিদৰ দ্বিতীয় পৰিচয় -- নাট্যকাৰ । আমাৰ ধাৰণাত ' পৰিচাল আব্দুল মজিদ'ৰ আঁৰতে থাকিল  দ্বিতীয় পৰিচয় ।  নাটকৰ দক্ষ পৰিচালক গৰিকীয়ে ' মৰম তৃষ্ণা' (১৯৬৮) ৰে চিনেমা পৰিচালনাত হাত দিছিল । চিনেমা খনত ব্যৱহাৰ কৰা , খগেন মহন্তই গোৱা ' দিগদাৰী দিগদাৰী মহা দিগদাৰী, গাড়ীত চাকৰি কৰা মহা দিগদাৰী ... ' গীতটো বেচ জনপ্ৰিয় হৈছিল । চিনেমা খনৰ  তিনিটা গীতত পাৰবীন চুলতানাই আৰু এটা গীতত শ্যামল মিত্ৰই কণ্ঠদান কৰাটো আছিল সেই সময়ৰ চৰ্চিত বিষয় । সংগীত পৰিচালনা কৰিছিল
বিবেকানন্দ ভট্টাচাৰ্যই । কিন্তু সংগীতৰ দৰে চৰ্চালৈ নাহিল চিনেমা খনৰ কাহিনী , পৰিচালনা শৈলী ইত্যাদি । ' মোৰ প্ৰথম পৰিচালনা দৰ্শকে ভাল নাপালে । সেই সময়ত ভূপেনদাই মোক দেখিলেই মাতিছিল -- কিহে ফ্লপ মাষ্টাৰ ? সেয়া আছিল মৰমৰ মাত । দ্বিতীয় চিনেমা খনৰ সংগীতৰ কাম ভূপেনদাই কৰিছিল । ... ' -- আব্দুল মজিদে কৈছিল । ( কেইমাহ মান ' আজিৰ অসম 'ৰ সম্পাদনা বিভাগত কাম কৰিছিলো । কাকত খনত প্ৰকাশ পোৱা ' সাত নম্বৰৰ সন্ধানত ' কেন্দ্ৰীক  খবৰ এটা পৰিচালক গৰাকীয়ে সহজ ভাবে লব পৰা নাছিল । আৰু মোক খং কৰিছিল । খং কৰাৰ পিছ দিনা পুণৰ পৰিচালক গৰাকীয়ে ফোন কৰি মোৰ সৈতে ৩০ মিনিট মান সময় কথা পাতিছিল । সেই দিন কথা প্ৰসংগত এনেদৰে কৈছিল ।)  দ্বিতীয় পৰিচালনাৰ নাম --  ' চামেলী মেমচা'ব ' ( ১৯৭৫ ) । চিনেমা খন দৰ্শকে ভাল পাইছিল । শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল । ড° ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল । ( ২০১৩ চনত গোৱাত অনুষ্ঠিত ৪৪তম ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ “Focus: North East” শাখাতো চিনেমা খন প্ৰদৰ্শিত হৈছিল  ।) ' ভূপেনদাই চিনেমা খনৰ সফলতাৰ খবৰ শুনাৰ পিছত মোক কৈছিল , বিফলতাৰ পিছত সফলতা আহিবয়ে ! সফলতাৰ আশাৰে বিফলতা সদায় মনত ৰাখিব লাগে । সেই দিনা মই বুজিছিলো --  ফ্লপ মাষ্টাৰ বুলি ভূপেনদাই মোক মোৰ বিফলতা মনত পেলাই দিছিল। ' -- আব্দুল মজিদে কৈছিল।

       আব্দুল মজিদে পৰিচালনা কৰা আন ৫ খন চিনেমা --  বনহংস ( ১৯৭৭/ নিৰোদ চৌধুৰীৰ একে নামৰ উপন্যাসৰ আধাৰত ) , বনজুই (১৯৭৮ ) , পোনাকণ (১৯৮১ ) , উত্তৰ কাল (১৯৯০) আৰু সাত নম্বৰৰ সন্ধানত (২০১৬ / জেহিৰুল হুছেইনৰ একে নামৰ চুটি গল্পৰ আধাৰত ) ।

সংযোজন :  আব্দুল মজিদৰ জন্ম   ১৯৩১ চনৰ ১৬ নবেম্বৰত , যোৰহাটৰ পুৰণি বালিবাটত ।  শিক্ষা যোৰহাট মোক্তাৱ স্কুল , যোৰহাট বেজবৰুৱা হাইস্কুল , যোৰহাট গৱৰ্ণমেণ্ট হাইস্কুল আৰু যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত । কৰ্ম স্থান :  বিদ্যুৎ পৰিষদ ।  কায়িক মৃত্যু ২৪ ছেপ্টেম্বৰ , ২০১৭ ত ।
পৰিচালনা কৰা ধাৰাবাহিক আৰু তথ্যচিত্ৰ :
“নামঘৰীয়া”, “অজাগা”, “জোৰ পুৰি হাত”, “দাপোণ” (২টা খণ্ড), “অগ্নিগৰ্ভ”, “হাতোৰা”, “শেগুন পুলি ৰুব কোনে”, “ৰাম-ৰহিম”, “ৰোমন্থন” ইত্যাদি ।