বৃহস্পতিবার, ২৮ মার্চ, ২০২৪
ৱাইড এংগল: চিনেচৰ্চা
বুধবার, ২৭ মার্চ, ২০২৪
ইতি তোমাৰ: চিনেচৰ্চা
"ইতি তোমাৰ"-- মনলৈ স্বাভাৱিকতে আহিব পাৰে মিঠা, ভাল লগা প্ৰেমৰ চিঠি। কিন্তু চিনেমা খনৰ কাহিনীৰ গতিত "প্ৰেমপত্ৰ" গৌণ, বিষয়বস্তুও "প্ৰেমপত্ৰ" নহয়। বিষয়: প্ৰেম। প্ৰথম বিন্দু কৈশোৰৰ প্ৰেম। শেষ বিন্দু জীৱনৰ প্ৰায় বিয়লি বেলাত প্ৰেমিক-প্ৰেমিকাৰ মিলন।
চিনেমা খনৰ দৰ্শক হোৱাৰ পূৰ্বে জানিছিলোঁ-- চিনেমা খনৰ মূল চৰিত্ৰ (নায়ক) -ৰ জন্ম দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ৰ। অভাৱৰ হেচাত কৈশোৰ, যৌৱন। জীৱন সংগ্ৰামৰ মাজেৰে আমেৰিকাত প্ৰতিস্থিত হোৱাৰ পাছত, পত্নী-দুই ছোৱালী-জোৱাই-নাতিনীৰ সৈতে জীৱনৰ বিয়লি বেলাৰ সুখৰ সময় কটোৱা "নায়ক"ৰ কাহিনীৰ গতি।
আদহীয়া "নায়কে" কৈশোৰ যৌৱনৰ প্ৰেম বিছাৰি অসমলৈ উৰা মাৰে। অসমৰ মাটিত ভৰি দি হাহাকাৰ অনুভৱ কৰে, ষাঠিৰ দশকত এৰিছিলগুৱাহাটী, সেই গুৱাহাটীখনৰ আজি বহু পৰিবৰ্তন হ'ল। অচিনাকী আচিনাকী অনুভৱ হ'ল। ক'ত বিছাৰি পাব, কৈশোৰ-যৌৱনৰ প্ৰেয়সীক!
অতীতচাৰণ-- "নায়ক"ৰ মনলৈ আহে কৈশোৰ-যৌৱনৰ প্ৰেম আৰু বিচ্ছেদৰ বেদনা। "বৰ্তমান", 'অতীতে"ৰে কাহিনী আগবাঢ়ে। শেষত কৈশোৰ-যৌৱনৰ প্ৰেয়সীক লগ পাই, আৰু মনৰ দুৱাৰ খুলি দিয়ে। অতীতচাৰণত "নায়ক"ৰ জন্ম ৰহস্যও আহে।
--নীলকণ্ঠৰ সৰলৰৈখিক কাহিনী। কিন্তু সৰলৰৈখিক হৈ নাথাকিল অৰিন্দম বৰকটকী আৰু পাৰৱেজ আহমেদৰ চিত্ৰনাট্য। আৰু স্বাভাৱিকতে কিছু হৃাস পালে চিনে সৌন্দৰ্য। "হৃাস পোৱা সৌন্দৰ্য" উদ্ধাৰৰ বাট আছিল। আমাৰ ধাৰণাত সম্পাদনাৰ সময়ত পৰিশ্ৰমৰ প্ৰয়োজন আছিল। (এই খিনিতে উল্লেখ কৰিব পাৰি-- আমাৰ ধাৰণাত পৰিচালক, চিত্ৰনাট্যকাৰ চিনেচিন্তা "স্থানীয় বজাৰচিন্তা" শূন্য, "চিনে শিল্পৰ বাবে চিনেমা"ৰ ওচৰৰ।)
আহিছোঁ-- চৰিত্ৰ নিৰ্মাণলৈ। চিনেমাত পৰিচালক গৰাকীৰ দক্ষতা (power of director) স্পষ্ট হয় চৰিত্ৰ নিৰ্মাণত। দক্ষতা স্পষ্ট হয় দুটা পৰ্যায়ত-- চৰিত্ৰৰ বাবে আভিনেতা-অভিনেত্ৰী নিৰ্বাচনত, "চৰিত্ৰ" আকাৰ দিয়া সময়ত। পৰ্যায় দুটাত পৰিচালক পাৰৱেজ আহমেদ সফল। প্ৰতিটো চৰিত্ৰৰ নিৰ্মাণ কৰ্ম (শব্দ প্ৰয়োগ, সাজ-সজ্জা, খোজ-কাটল, subject-camera movement) পৰিপাটি, , বাস্তৱিক। বিশেষভৱে আমাক চুই গৈছে কিশোৰ অভিনেতা হৰ্ষদ ডি কাশ্যপ (নায়ক অমৰৰ কৈশোৰ কাল...), বৰেণ্যা বৰা (নায়িকা মানসীৰ কৈশোৰ কাল...) -ই। আৰু লিপিকা বৰা মেধি (নায়িকা মানসীৰ বয়স্ক কাল...), ডৰথী ভৰদ্বাজ (নায়িকা মানসীৰ যৌৱন কাল...), অৰুণ নাথে (নায়ক অমৰৰ বয়স্ক কাল...)। নায়ক অমৰৰ যৌৱন কালৰ 'সময়' চোৱাৰ চৰিত্ৰত আভিনয় কৰা ড° অনুপম কৌশিক বৰা আৰু ডৰথীৰ অভিনয়ে "৭০ দশকৰ ভাৰতীয় (বলিউড) চিনেমাৰ নায়ক-নায়িকাৰ ইমেজ" মনলৈ আনি দিয়ে। (এই "ইমেজ" ৰূপালী গল্পটোৰ ইতিবাচক দিশ।) "মৌকন" ডৰথীয়ে আমাক আৰু এবাৰ চুই গ'ল, অনুপমৰ সৈতে।
--চৰিত্ৰ নিৰ্মাণৰ ক্ৰম, কেমেৰাৰ ভাষা প্ৰয়োগ, শব্দ (সংলাপ, সংগীত...) -ৰ লগতে চিনেমা খনৰ আন এটা প্ৰশংসা কৰিব পৰা দিশ জ্যোতি শংকৰ ভট্টাচাৰ্যৰ কলা নিৰ্দেশনা-- পৰিবেশ আৰু "সময়" নিৰ্মাণত সহায় কৰিছে।
(আৰু আছে)
বুধবার, ৬ মার্চ, ২০২৪
এটা নিৰ্জন দুপৰীয়া
প্ৰথম কথা-- চিনেমা খনে দিয়া "চিনে সুখ"। সাহিত্যৰ ভাষাৰে শাসন নকৰা "কাহিনী"ৰ গতি। আৱহ শব্দ, সৰল ৰৈখিক "কাহিনী"য়ে চুই যোৱা যোৱা "দৃশ্য" (টুকুৰা), কম "দৈৰ্ঘ"তে প্ৰয়োজনীয় চৰিত্ৰ নিৰ্মাণ -- ৰূপালী গল্পটোৰ নিৰ্মাণ পৰ্বৰ বিশেষত্ব।
ৰূপালী গল্পটোৰ মুল বিন্দু "নায়ক-নায়িকা"।
সৰস্বতী পূজাৰ দিন। পূজা শেষ! "নায়িকা" আহি শিক্ষানুষ্ঠানৰ বাহিৰ পালে। ৰৈ থাকিল, কিছু সময়। "নায়ক" আহি উপস্থিত, মটৰ চাইকেল এখনত। মটৰ চাইকেলৰ পাছত আসনত "নায়িকা"ক বহুৱাই "সৰস্বতী পূজাৰ পৰিবেশ"ৰ ফাকেৰে "নায়ক"ৰ গতি, কাহিনীৰ গতি। বেছি সময় অপেক্ষা কৰিব নালাগিল, --দৰ্শকে বুজিলে "নায়ক-নায়িকা"ৰ উদ্যেশ্য। নিষিদ্ধ আনন্দ লাভ কৰিব বা প্ৰেমৰ শেষ বিন্দুত বাস কৰিব। কোঠা এটা ঠিক কৰি ৰাখিছিল--, "নায়কে"। বন্ধুৰ ভাড়াঘৰ। সময়ত নাপালে, ভাড়াঘৰৰ মালিকৰ লগত বন্ধুৰ দ্বন্দৰ বাবে। আন এক বন্ধুৰ সৈতে "নায়ক"ৰ ফোনিক যোগাযোগ। নাই, নহ'ল-- সেই গৰাকী বন্ধুৰ দেউতাক আহিব। হোটেল! "পৰাচয় পত্ৰ" সমস্যা। শেষত যেনিবা পালে! "নায়ক-নায়িকা"ৰ উদ্দেশ্য প্ৰায় পূৰণ হ'ল। আনন্দৰ পাছতে বিষাদ! "সমস্য"ৰ মাজত বন্দি হ'ল-- "নায়ক-নায়িকা"। কাহিনীলে আহে দুই আৰক্ষী। দুই আৰক্ষীয়ে ধৰ্ষণ কৰে "নায়িকা"ক। শেষত বিষৰ্জন দিয়া স্বৰস্বতীৰ মুৰ্তীৰ সৈতে "নায়িকা"ক কেমেৰাৰ ফ্ৰেম ৰাখি শেষৰ বুদ্বিদীপ্ত শ্বট নিৰ্মাণ কৰে। এখন পিলপিলিত "নায়িকা"ৰ যাত্ৰা (হয়তো ঘৰলৈ!) , গীতৰ সংযোগ-- "পৃথিৱীৰ অসুখ/ জহিছে খহিছে/ উশাহৰ কায়া/ কোলাহল বিদাৰি/ সাৰ পাই ফেকুৰে/ এটা নিৰ্জন দুপৰীয়া..."
--গীতৰো বুদ্ধিদীপ্ত সংযোগ। ভাল লগা। ৰূপালী গল্পটোক মাত্ৰা দিয়া।
ৰূপালী গল্পটোৰ বিশেষত্ব-- গ্ৰহণযোগ্যতা। "চৰিত্ৰ"ৰ গতি, "কাহিনী"ৰ গতিত কল্পনা, নাটকীয়তা--শূন্য। কাহিনীলৈ "নায়ক"ৰ প্ৰৱেশ, সমস্যাৰ মাজত ইত্যাদি অকনো বাস্তৱৰ আঁতৰৰ নহয়। গল্পৰ পৰিণতি বাস্তৱ। পৰিচালকক প্ৰশংসা কৰাৰ বাট মুকলি। কিন্তু "মুকলি প্ৰসংসা"ৰ বাট মুকলি নহয়। কাৰণ-- (ক) দৃশ্য আৰু আৱহ শব্দৰে "সৰস্বতী পূজাৰ পৰিৱেশ"ৰ ধাৰাবাহিকতা ৰক্ষাত পৰিচালক ব্যৰ্থ। (খ) চিনেমা খনৰ গল্পৰ গতিৰ ধাৰাবাহিকতা ৰক্ষাত ব্যৰ্থ। কেইমিনিট মানলৈ মন চুই যোৱা গতি। পাছত "জিৰণি"লৈকে মন্থৰ গতি। (গ) "নায়ক-নায়িকা"ৰ প্ৰেমৰ শেষ বিন্দুত বাস কৰাইছে। সেই খিনিতে চিনেমাৰ গতিয়ে এনে ধাৰণা দিছে, "নায়ক-নায়িকা"ৰ "অন্তৰংগতা"ৰ ছিকুৱেন্স নিৰ্মাণেই যেন আছিল পৰিচালকৰ উদ্দেশ্য। (ঘ) কাহিনীৰ গতিত "ধৰ্ষণ"ৰ প্ৰয়োজন আছিল। পৰিচালকে দেখুৱাইছে। কিন্তু ছিকুৱেন্সটো পৰিকল্পিত বুলি ক'ব নোৱাৰি, অপ্ৰয়োজনীয় হৈ ৰৈছে।
আৰু অভিনয়?
অভিনয় চিনেমা খনৰ শক্তিশালি সম্পদ। "চিনেমেটিক" অভিনয়ৰে নিৰ্মিত প্ৰতিটো চৰিত্ৰ। "নায়িকা"ৰ চৰিত্ৰত অভিনয় কৰা পাৰ্ভি বৰুৱাৰ প্ৰসংগত ক'ব পাৰি-- অসমীয়া চিনেমাই এগৰাকী দক্ষ অভিনেত্ৰী পালে।
(আৰু আছে)
শনিবার, ২ মার্চ, ২০২৪
"চিত্ৰবন"ৰ পৰা "চিত্ৰবন"লৈ /২
শুক্রবার, ১ মার্চ, ২০২৪
"চিত্ৰবন"ৰ পৰা "চিত্ৰবন"লৈ
--পৱিত্ৰ কুমাৰ ডেকাৰ সম্পাদনাত প্ৰকাশ পোৱা "ৰূপকাৰ"। এটা যুগ আছিল, চিত্ৰ সাংবাদিক বা সাংস্কৃতিক সাংবাদিক নিৰ্মাণৰ "বিদ্যালয়-বিশ্ববিদ্যালয়" আছিল। চিনেমা-নাটকৰ "প্ৰচাৰ কেন্দ্ৰ" আছিল।
আমি জনা নাছিলোঁ-- "ৰূপকাৰ"ৰ পূৰ্বে এখন "সাংস্কৃতিক" আলোচনী প্ৰকাশ পাইছিল। কবি হীৰেণ ভট্টাচাৰ্যই সম্পাদনা কৰা-- "চিত্ৰবন"। চিনেমা-নাটক-সংগীত ইত্যাদি কেন্দ্ৰীক আলোচনী খনৰ প্ৰথম সংখ্যাটো প্ৰকাশ পাইছিল মাৰ্চ ১৯৫৬-ত। (কথা প্ৰসংগত এদিন পৱিত্ৰ দাই (পৱিত্ৰ কুমাৰ ডেকা) কৈছিল— ‘তুমি নজনাটো স্বাভাৱিক। তোমাৰ তেতিয়া জন্ম হোৱাই নাছিল। আজি তোমালোকে হীৰেন ভট্টক কবিতাৰ বাবে জানা। মই জনাত তেওঁ কবিতাতকৈ চিনেমাহে ভাল পাইছিল। সম্ভৱতঃ ১৯৫৬ চনৰ মাৰ্চ মাহৰ পৰা ‘চিত্ৰবন’ নামৰ আলোচনী এখন উলিয়াইছিল। মোৰ 'ৰূপকাৰ' যেনেকুৱা, তেনেকুৱা আছিল ৷ চিনেমাক বিশেষভাৱে গুৰুত্ব দিয়া হৈছিল। সাহিত্য, ৰংগমঞ্চ আদিৰ নামতো পৃষ্ঠা খৰচ কৰিছিল। প্রতি ইংৰাজী মাহৰ দ্বিতীয় সপ্তাহত প্ৰকাশ পাইছিল। অমূল্য বৰুৱা, ড° মহেশ্বৰ নেওগ, নৱকান্ত বৰুৱা, আৰু বহুতে লিখিছিল। চিনেমা সমালোচনা লিখিছিল নাম নিদিয়াকৈ হীৰেন ভট্টই।')
পৱিত্ৰ কুমাৰ ডেকাৰ সম্পাদনাত "ৰূপকাৰ"ৰ প্ৰথম সংখ্যাটো প্ৰকাশ পাইছিল ১ এপ্ৰিল, ১৯৭৫ চনত। প্ৰকাশ পাইছিল অক্তোবৰ, ১৯৯৪ চনলৈ।লিখিছিল-- পদ্ম বৰকোটোকী, লক্ষ্মী নন্দন বৰা, নিৰোদ চৌধুৰী, ৰত্ন ওজা, অৰুণ গোস্বামী, উদয়াদিত্য ভৰালী, নিত্য বৰা, দেৱব্ৰত দাস, দিলীপ চন্দন, সত্য ৰঞ্জন কলিতা, প্ৰফুল্ল কুমাৰ দত্ত,উৎপল দত্ত আদিয়ে। আলোচনী খনৰ উপদেষ্টা আছিল-- ভূপেন হাজৰিকা, নিৰোদ চৌধুৰী।
(কথা প্রসংগতে পবিত্র কুমাৰ ডেকাই কৈছিল, "... সাংস্কৃতিক সাংবাদিকতা বা চিত্র সাংবাদিকতাৰ বিশেষ ধাৰা অসমত, অসমীয়া কাকত- আলোচনীত আৰম্ভ কৰিছিল নিৰোদ চৌধুৰীয়ে। 'অসমবাণী', 'নতুন অসমীয়া', 'দৈনিক অসম', 'দৈনিক জনমভূমি' আদি কাকতৰ বিশেষ সাংস্কৃতিক পৃষ্ঠাত নিৰোদ চৌধুৰীয়ে লিখিছিল। লিখায়ে নহয়, হিন্দী আদি বিভিন্ন ভাষাত নির্মাণ হোৱা চিনেমাৰ খবৰ দিছিল পাঠকক। গল্প, উপন্যাস লিখা মানুহ, সেয়েহে নিৰোদ চৌধুৰীয়ে গল্প-উপন্যাসৰ দৰে চিনেমাৰ, শিল্পীৰ খবৰ লিখিছিল। স্বাভাৱিকতে নিৰোদ চৌধুৰীৰ লিখন শৈলীয়ে পাঠকক মুগ্ধ কৰিছিল। নিৰোদ চৌধুৰীৰ লেখাৰ জনপ্ৰিয়তাৰ বাবেই অসমত সাংস্কৃতিক সাংবাদিকতা-চিনেমা সাংবাদিকতাৰ গুৰুত্ব বাঢ়িছিল।..." ('আজি', ২৯ জানুৱাৰী, ২০০৭)
----------
( আৰু পৱিত্ৰ কুমাৰ ডেকাৰ ভাষাৰে-- “মই এই পেছাদাৰী চিত্র সাংবাদিকতাৰ কথাটো ভাবি কলকাতাৰ এজন প্রকাশক যোগাৰ কৰি ১৯৭৪ চনৰ অক্টোবৰ মাহত প্রথম 'আনন্দ সংবাদ' নামেৰে এখন আলোচনী প্রকাশ কৰোঁ। উপদেষ্টা হিচাপে আছিল ডঃ ভূপেন হাজৰিকা আৰু নিবোদ চৌধুৰী। কিন্তু দুটা সংখ্যা প্রকাশৰ পাছতে প্রকাশকে লোকচান হৈছে বুলি লোচনীখনৰ আলোচনীখন বন্ধ কৰি দিলে। তাৰ পাছত নিজেই কেইটামান হাজৰিকাই পইচা যোগাৰ কৰি নিজৰেই প্রকাশনা আৰু সম্পাদনাত ১৯৭৫ চনৰ এপ্রিল মাহৰ পৰা প্রকাশ কৰো মাহেকীয়া আলোচনী 'ৰূপকাৰ'। ভূপেনদা আৰু নিৰোদদা উপদেষ্টা হিচাপে আছিল। প্রথম সংখ্যাৰ বেটুপাত কৰিছিল বেণু মিশ্রই। তাৰ পাছত ত্রৈলোক্য দত্তই আৰু পাছলৈ প্রায় স্থায়ীভাবে চন্দন চুতীয়াই। কলকাতা, মুম্বাই আৰু দিল্লীত প্রতিনিধি ৰখাৰ লগতে (কলকাতাৰ প্রতিনিধি আছিল সাংবাদিক নিতাই ঘোষ। দিল্লীত আছিল 'আৱাহন'ৰ সম্পাদক দীননাথ শৰ্মাৰ কন্যা আৰতি ঠাকুৰ, মুম্বাইত আছিল জিতু-তপন) অসমৰ বিভিন্ন ঠাইত পঢ়ি থকা ডেকা ডেকা ল'ৰাক স্থানীয় প্রতিনিধি হিচাপে নিয়োগ কৰিছিলো। গুৱাহাটীত মোৰ লগত প্রতিনিধি আৰু ফটোগ্ৰাফাৰ হিচাপে আছিল কমললোচন দাস।... সম্পাদনাৰ সৈতে কিছুদিন অপূর্ব কুমাৰ দাসো জড়িত আছিল। ভাতৃ ৰাণা ডেকাৰ নামটো কিছুদিন প্রকাশক আৰু মুদ্রক হিচাপে ব্যৱহাৰ কৰিছিলো। 'আছাম সংখ্যা ট্রিবিউন 'ত চাকৰি কৰি থকাৰ বাবে প্রথমে কিছুদিন আদালতত এফিডেভিট দি মোৰ নামটো 'অমিতাভ বৰুবা' কৰি সম্পাদক হিচাপে ছপাইছিলো। 'ৰূপকাৰ'ত বিশ্ব চলচ্চিত্ৰৰ পৰা মুম্বাই, কলকাতা, অসমৰ চলচ্চিত্ৰৰ খা-খবৰ, প্ৰবন্ধ আদি নিয়মিত প্রকাশ হৈছিল। কলাত্মক ছবিৰ পৰা ব্যবসায়িক চলচ্চিত্রলৈ, অপেছাদাৰী মঞ্চৰ পৰা ভ্ৰাম্যমাণৰ মঞ্চ-নাটকলৈ, নৃত্য, গীত আদিৰ শিল্পী আক অনুষ্ঠান, চিত্রকলা, যুবক-যুবতী, ৰূপ-লাবণ্য, বিশ্ব সাহিত্য, গল্প, উপন্যাস, কবিতা, ৰম্য বচনা আদি সকলো সামৰা হৈছিল। ভূপেনদাই 'অন্যমত' শিতানটোত কিছুদিন লিখিছিল। নগাঁৱৰ শেখৰজ্যোতি ভূঞাই 'ফ্রেশ্ববেক' শিতানত পুৰণি ছবি আৰু শিল্পীক সামৰিছিল। চলচ্চিত্র পৰিচালক অমৰ পাঠকে চলচ্চিত্ৰৰ ওপৰত ধাৰাবাহিক 'চলচ্চিত্ৰৰ খুটি-নাটি' লিখিছিল। চিঠি-পত্ৰৰ শিতানটোরেও বহু তথ্য-পাতি আৰু উল্লেখযোগ্য ঘটনা সামৰিছিল। নব্রৈৰ প্ৰায় আৰম্ভণিলৈকে 'ৰূপকাৰ' চলাইছিলো।" (উৎস: 'অসমীয়া সা ৰে গামা', জানুৱাৰী ২০১০)
"ৰূপকাৰ যুগ" আৰম্ভ হৈছিল "আনন্দ সংবাদ"ৰে। আৰু "চিত্ৰ সাংবাদিকতা"ৰ বাট কাটিছিল নিৰোদ চৌধুৰীয়ে। --এই কথা স্পষ্ট।
"চিত্ৰ সাংবাদিকতা"ৰ পৰিবেশ নিৰ্মাণ হৈছিল "ৰূপকাৰ যুগ"ত। --এয়াও স্পষ্ট।
আৰু স্পষ্ট-- "চিত্ৰ সাংবাদিকতা" আৰম্ভ হৈছিল প্ৰথম খন অসমীয়া চিনেমা "জয়মতী"ৰ নিৰ্মাণ পৰ্বৰ সময়তে। (আৰু আছে)