বৃহস্পতিবার, ২৮ মার্চ, ২০২৪

ৱাইড এংগল: চিনেচৰ্চা

"দৈনিক জনমভূমি" (২৯/০৩/২০২৪)

"ৱাইড এংগল" -- চালোঁ। জয়ন্ত নাথৰ পৰিচালনা। ড৹ নগেন শইকীয়াৰ গল্প "ষ্টাফ ৰিপ’ৰ্টাৰৰ ছবি"ৰ আধাৰত পংকজজ্যোতি ভূঞাই ৰচনা কৰিছে চিনেমা খনৰ চিত্ৰনাট্য। ৰূপালী গল্পটোৰ কাহিনীৰ প্ৰথম বিন্দু এগৰাকী প্ৰেছ ফটোগ্ৰাফাৰ (যদি আমি গল্পটো মনত ৰাখো, চিনেমা খনৰ শিৰোণাম মনত ৰাখো)। চৰিত্ৰটো নিৰ্মাণ কৰিছে তপন দাসক লৈ। প্ৰথমটো বিন্দুৰ গতিত আমাৰ অনুভৱ-- (সংলাপ, চেহেৰাৰ ভাষাত) হতাশা, সমস্যাৰ মাজত জীয়াই থকা দুৰ্বল মনৰ এগৰাকী প্ৰেছ ফটোগ্ৰাৰ ভাগৱতীয়ে মনৰ মানুহ গৰাকীকো সুখী কৰিব পৰা নাই। কাহিনী আগবাঢ়ে। শেষৰ ফালে ফটোগ্ৰাফাৰ গৰাকীৰ সংলাপত দৰ্শকে জানিব পাৰে-- সংবেদনশীল ফটোগ্ৰাফাৰ গৰাকী দৃঢ় মনৰ। আৰ্থিক সমস্যাৰ হেচাত বাস কৰা ফটোগ্ৰাফাৰ গৰাকীয়ে উপায়ুক্তই পথোৱা আৰ্থিক সহায় দহ হেজাৰ টকা ওভতাই দিয়ে। 
--কাহিনী ভাগ আৰু স্পষ্ট কৰি দিছোঁ। প্ৰেছ ফটোগ্ৰাফাৰ ভাগৱতীয়ে সম্পাদকক সন্তুষ্ট কৰিব পৰা নাই। দৈনিক কাকত খনৰ (ভাগৱতী যি খন দৈনিক কাকতৰ ষ্টাফ ফটোগ্ৰাফাৰ) সম্পাদকে বিছৰা ধৰণৰ ফটো দিব পৰা নাই। সম্পাদক গৰাকীয়ে বাৰে বাৰে ভাগৱতীক বুজাইছে-- এখন ৱাইড এংগলৰ ফটো লাগে। আন্দোলনৰ গৰম বতাহ! যুদ্ধ সদৃশ পৰিবেশ! "এক্সন ফটো" লাগে। সম্পাদকে বিছৰা ধৰণৰ দুখনমান ফটো দিবলৈ সক্ষম হোৱা ভাগৱতী "আন্দোলনৰ এক্সন মূহুৰ্ত"ৰ মাজত সোমাই পৰে। আৰু পুলিচৰ লাঠিচার্জৰ মাজত ফটো লৈ থাকোতে হাতত আঘাত পায়। আঘাতপ্রাপ্ত ভাগৱতীৰ ওচৰলৈ চৰকাৰী সহায় লৈ উপায়ুক্তৰ প্ৰতিনিধি আহে। দহ হাজাৰ টকা আগবঢ়াই, প্ৰতিনিধি গৰাকীৰ এটা সংলাপত স্পষ্ট হয়-- দহ হাজাৰ টকা আগবঢ়োৱা হৈছে আন্দোলনৰ ফটো নুঠাবলৈ। এই কথা ভাগৱতীৰ ক্ষোভ বাঢ়ে, আন্দোলনৰ "এক্সন ফটো" উঠাবলৈ, আন্দোলনৰ যুদ্ধ সদৃশ পৰিবেশৰ মাজত সোমাই পৰে। আৰু পুলিছৰ গুলিত ঢলি পৰে, মৃত্যু হয়। ফটো উঠাবলৈ "আন্দোলন"ৰ মাজত সোমাই পৰা ষ্টাফ ফটোগ্ৰাফাৰ ভাগৱতী ফটোৰ বিষয় হয়। ষ্টাফ ফটোগ্ৰাফাৰ ভাগৱতী "ৱাইড এংগল"ৰ ফটো হয়। 
আমাৰ ধাৰণাত এইটো চিনেমা খনৰ মূল কাহিনী। এই মূল কাহিনীটোৰ সমান্তৰালকৈ আগবঢ়াইছে আন এটা কাহিনী। এই কাহিনীটোত আছে প্ৰেম, প্ৰতাৰণা-- নায়ক-নায়িকাৰ, "আন্দোলন"ৰ। 
 দুটা কাহিনীক সমান্তৰাল গতি দিয়াত পৰিচালক সফল। এই সফলতাক চুই গৈছে এক বিফৰতাই। মূল কাহিনীটোক কিছু পৰিমানে নিস্প্ৰভ কৰিছে আন কাহিনীটোৱে। ফটোগ্ৰাফাৰ ভাগৱতীক তল পেলাই "নায়ক"ৰ ঠাই লৈছে আন্দোলনৰ নেতা অংকুৰে। অংকুৰৰ চৰিত্ৰটোত অভিনয় কৰা অভিনেতা গৰাকীৰ অভিনয় অৱশ্যেই ৰূপালী গল্পটোৰ সৌন্দৰ্য।
এই "দোষ"ৰ লগতে চিনেমা খনৰ কাহিনীৰ গতিত বাধা হোৱা আন এটা দিশ-- ফ্লেছবেক প্ৰয়োগ। কাহিনী ফ্লেছবেকত কবলৈ গৈ চিনে সৌন্দৰ্য হ্ৰাস কৰিছে। চিনেমাৰ আৰম্ভণীতে "অসম আন্দোলনৰ ((১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰবেশকাৰীসকলৰ বিৰুদ্ধে কৰা অসমীয়া মানুহৰ আন্দোলনৰ) ছবি"। পৰ্দাত স্পষ্ট কৰি দিয়া হৈছে কাহিনী ১৯৮৩ চনৰ। আৰম্ভনীতে "পটভূমি--সময়"ৰ সৈতে গতি কৰা কাহিনীক ফ্লেছবেকেৰে উজুটি খুৱাই চিনে সৌন্দৰ্য হৃাস কৰিছে। পৰিচালকে "পটভূমি" স্পষ্ট কৰাত আৰু পৰিশ্ৰম কৰাৰ প্ৰয়োজন আছিল। তেনেদৰে কাহিনীৰ গতিত "চৰিত্ৰ নিৰ্মাণ"তো পৰিশ্ৰমৰ প্ৰয়োজন আছিল। উদাহৰণ-- কাহিনীৰ শেষৰ ফালে হঠাতে পৰ্দালৈ অহা দুগৰাকী ফটোগ্ৰাফাৰ।
আৰু কিছু ত্ৰুটি আছে-- শব্দ প্ৰয়োগ, অন্যান্য কাৰিকৰী। --এই ত্ৰুটিৰ কথা মনত ৰাখিয়ো ক'ব পাৰি কাহিনীৰ বাবে "অসমীয়া কথাছবি চোৱা" দৰ্শকে চিনেমা খন চাব পাৰে! 
চিনেমা খনৰ ভাল লগা দিশ বা ইতিবাচক দিশ-- অভিনয়। মন চুই যোৱা, চিনে সৌন্দৰ্যলৈ ৰূপান্তৰ হোৱা অভিনয়-- জ্বলি লস্কৰ আৰু অৰ্পনা দত্ত চৌধুৰীৰ। পবিত্ৰ বৰুৱা, জেবতন বৰুৱা আদিক লৈ নিৰ্মাণ কৰা চৰিত্ৰ কেইটাও পৰিপাটি। এই খিনিতে ক'ব পাৰি ক্ষন্তেক সময় পৰ্দাত থকা জুবিন গাৰ্গক লৈ নিৰ্মাণ কৰা "চৰিত্ৰ"টো গুৰুত্ব দি "বজাৰ চিন্তা"ৰ বাট আছিল। অভিনয়ৰ লগতে গীতো চিনেমা খনৰ সৌন্দৰ্য।

বুধবার, ২৭ মার্চ, ২০২৪

ইতি তোমাৰ: চিনেচৰ্চা

দৈনিক জনমভূমি (০৫/০৪/২০২৪)
"ইতি তোমাৰ" --এখন অসমীয়া চিনেমা। পাৰৱেজ আহমেদৰ প্ৰথম (পূৰ্ণদৈৰ্ঘ) পৰিচালনা। চিনেমা খন চোৱাৰ পাছতে (জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত। ২৩ মাৰ্চ ২০২৪।) আমি দৃশ্য মাধ্যমৰ এগৰাকী সংংবাদকৰ্মীৰ প্ৰশ্নৰ উত্তৰত কৈছিলোঁ, পৰিচালকৰ গল্প কোৱাৰ শৈলীত নতুন চিনে চিন্তাৰ ছাঁ, ভাল লগা দিশ-- কেমেৰা ডিজাইন, চৰিত্ৰ নিৰ্মাণ আৰু গীত। গীত চিনেমাৰ অংগ হৈছে, গীতে ৰূপালী গল্পটোক গতি দিছে। গীতৰ কথা, সুৰ, গায়কী আৰু চিত্ৰায়ণক চিনে অলংকাৰ বুলিব পাৰি, মুকলি মনেৰে। (সংগীত:  হীৰকজ্যোতি নাথ। কথা আৰু সুৰ: যুতিমালা বুঢ়াগোঁহাই, মধু পাটোৱাৰী। কণ্ঠ: হীৰকজ্যোতি নাথ, যুতিমালা বুঢ়াগোহাঁই।)
ৰূপালী গল্পটোৰ গতিৰ পূৰ্বে চিনেমেটিক চমক, (পৰিচালকৰ লগতে আৱশ্যেই প্ৰশংসা কৰিব লাগিব চিনেমাটোগ্ৰাফাৰ ৰূপমজ্যোতি শইকীয়াক।) ইতিহাস স্পষ্ট। কাহিনীৰ গতিত ভূগোল স্পষ্ট। শ্বট নিৰ্বাচন, শ্বটৰ গাণিতিক প্ৰয়োগ আৰু "সময়"ৰ সৈতে খাপ খোৱাকৈ নিৰ্মাণ কৰা চৰিত্ৰই চুই যোৱাৰ পাছতো কিন্তু আমাক "চিনেমা" খনে হতাশ কৰিলে--, কাহিনীৰ গতি, কাহিনীৰ "ট্ৰিটমেণ্ট"-এ। 

"ইতি তোমাৰ"-- মনলৈ স্বাভাৱিকতে আহিব পাৰে মিঠা, ভাল লগা প্ৰেমৰ চিঠি। কিন্তু চিনেমা খনৰ কাহিনীৰ গতিত "প্ৰেমপত্ৰ" গৌণ, বিষয়বস্তুও "প্ৰেমপত্ৰ" নহয়। বিষয়: প্ৰেম। প্ৰথম বিন্দু কৈশোৰৰ প্ৰেম। শেষ বিন্দু জীৱনৰ প্ৰায় বিয়লি বেলাত প্ৰেমিক-প্ৰেমিকাৰ মিলন।

চিনেমা খনৰ দৰ্শক হোৱাৰ পূৰ্বে জানিছিলোঁ-- চিনেমা খনৰ মূল চৰিত্ৰ (নায়ক) -ৰ জন্ম দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ৰ। অভাৱৰ হেচাত কৈশোৰ, যৌৱন। জীৱন সংগ্ৰামৰ মাজেৰে আমেৰিকাত প্ৰতিস্থিত হোৱাৰ পাছত, পত্নী-দুই ছোৱালী-জোৱাই-নাতিনীৰ সৈতে জীৱনৰ বিয়লি বেলাৰ সুখৰ সময় কটোৱা "নায়ক"ৰ কাহিনীৰ গতি।

 আদহীয়া "নায়কে" কৈশোৰ যৌৱনৰ প্ৰেম বিছাৰি অসমলৈ উৰা মাৰে। অসমৰ মাটিত ভৰি দি হাহাকাৰ অনুভৱ কৰে, ষাঠিৰ দশকত এৰিছিলগুৱাহাটী, সেই গুৱাহাটীখনৰ আজি বহু পৰিবৰ্তন হ'ল। অচিনাকী আচিনাকী অনুভৱ হ'ল। ক'ত বিছাৰি পাব, কৈশোৰ-যৌৱনৰ প্ৰেয়সীক! 

অতীতচাৰণ-- "নায়ক"ৰ মনলৈ আহে কৈশোৰ-যৌৱনৰ প্ৰেম আৰু বিচ্ছেদৰ বেদনা। "বৰ্তমান", 'অতীতে"ৰে কাহিনী আগবাঢ়ে। শেষত  কৈশোৰ-যৌৱনৰ প্ৰেয়সীক লগ পাই, আৰু মনৰ দুৱাৰ খুলি দিয়ে। অতীতচাৰণত "নায়ক"ৰ জন্ম ৰহস্যও আহে। 

--নীলকণ্ঠৰ সৰলৰৈখিক কাহিনী। কিন্তু সৰলৰৈখিক হৈ নাথাকিল অৰিন্দম বৰকটকী আৰু পাৰৱেজ আহমেদৰ চিত্ৰনাট্য। আৰু স্বাভাৱিকতে কিছু হৃাস পালে চিনে সৌন্দৰ্য। "হৃাস পোৱা সৌন্দৰ্য" উদ্ধাৰৰ বাট আছিল। আমাৰ ধাৰণাত সম্পাদনাৰ সময়ত পৰিশ্ৰমৰ প্ৰয়োজন আছিল। (এই খিনিতে উল্লেখ কৰিব পাৰি-- আমাৰ ধাৰণাত পৰিচালক, চিত্ৰনাট্যকাৰ চিনেচিন্তা "স্থানীয় বজাৰচিন্তা" শূন্য, "চিনে শিল্পৰ বাবে চিনেমা"ৰ ওচৰৰ।)

আহিছোঁ-- চৰিত্ৰ নিৰ্মাণলৈ। চিনেমাত পৰিচালক গৰাকীৰ দক্ষতা (power of director) স্পষ্ট হয় চৰিত্ৰ নিৰ্মাণত। দক্ষতা স্পষ্ট হয় দুটা পৰ্যায়ত-- চৰিত্ৰৰ বাবে আভিনেতা-অভিনেত্ৰী নিৰ্বাচনত, "চৰিত্ৰ" আকাৰ দিয়া সময়ত। পৰ্যায় দুটাত পৰিচালক পাৰৱেজ আহমেদ সফল। প্ৰতিটো চৰিত্ৰৰ নিৰ্মাণ কৰ্ম (শব্দ প্ৰয়োগ, সাজ-সজ্জা, খোজ-কাটল, subject-camera movement) পৰিপাটি, , বাস্তৱিক। বিশেষভৱে আমাক চুই গৈছে কিশোৰ অভিনেতা হৰ্ষদ ডি কাশ্যপ (নায়ক অমৰৰ কৈশোৰ কাল...), বৰেণ্যা বৰা (নায়িকা মানসীৰ কৈশোৰ কাল...) -ই। আৰু লিপিকা বৰা মেধি (নায়িকা মানসীৰ বয়স্ক কাল...), ডৰথী ভৰদ্বাজ (নায়িকা মানসীৰ যৌৱন কাল...), অৰুণ নাথে (নায়ক অমৰৰ বয়স্ক কাল...)। নায়ক অমৰৰ যৌৱন কালৰ 'সময়' চোৱাৰ চৰিত্ৰত আভিনয় কৰা ড° অনুপম কৌশিক বৰা আৰু ডৰথীৰ অভিনয়ে "৭০ দশকৰ ভাৰতীয় (বলিউড) চিনেমাৰ নায়ক-নায়িকাৰ ইমেজ" মনলৈ আনি দিয়ে। (এই "ইমেজ" ৰূপালী গল্পটোৰ ইতিবাচক দিশ।) "মৌকন" ডৰথীয়ে আমাক আৰু এবাৰ চুই গ'ল, অনুপমৰ সৈতে। 

--চৰিত্ৰ নিৰ্মাণৰ ক্ৰম, কেমেৰাৰ ভাষা প্ৰয়োগ, শব্দ (সংলাপ, সংগীত...) -ৰ লগতে চিনেমা খনৰ আন এটা প্ৰশংসা কৰিব পৰা দিশ জ্যোতি শংকৰ ভট্টাচাৰ্যৰ কলা নিৰ্দেশনা-- পৰিবেশ আৰু "সময়" নিৰ্মাণত সহায় কৰিছে।


(আৰু আছে)

বুধবার, ৬ মার্চ, ২০২৪

এটা নিৰ্জন দুপৰীয়া

"এটা নিৰ্জন দুপৰীয়া" --এখন অসমীয়া চিনেমা। খঞ্জন কিশোৰ নাথৰ পৰিচালনা। খঞ্জন কিশোৰ নাথ-সূৰজ দুৱৰাৰ চিত্ৰনাট্য। জয়ন্ত সেথু মাথৱনৰ চিনেমাটোগ্ৰাফী।

প্ৰথম কথা-- চিনেমা খনে দিয়া "চিনে সুখ"। সাহিত্যৰ ভাষাৰে শাসন নকৰা "কাহিনী"ৰ গতি। আৱহ শব্দ, সৰল ৰৈখিক "কাহিনী"য়ে চুই যোৱা যোৱা "দৃশ্য" (টুকুৰা), কম "দৈৰ্ঘ"তে প্ৰয়োজনীয় চৰিত্ৰ নিৰ্মাণ -- ৰূপালী গল্পটোৰ নিৰ্মাণ পৰ্বৰ বিশেষত্ব।

ৰূপালী গল্পটোৰ মুল বিন্দু "নায়ক-নায়িকা"। 

সৰস্বতী পূজাৰ দিন। পূজা শেষ! "নায়িকা" আহি শিক্ষানুষ্ঠানৰ বাহিৰ পালে। ৰৈ থাকিল, কিছু সময়। "নায়ক" আহি উপস্থিত, মটৰ চাইকেল এখনত। মটৰ চাইকেলৰ পাছত আসনত "নায়িকা"ক বহুৱাই "সৰস্বতী পূজাৰ পৰিবেশ"ৰ ফাকেৰে "নায়ক"ৰ গতি, কাহিনীৰ গতি। বেছি সময় অপেক্ষা কৰিব নালাগিল, --দৰ্শকে বুজিলে "নায়ক-নায়িকা"ৰ উদ্যেশ্য। নিষিদ্ধ আনন্দ লাভ কৰিব বা প্ৰেমৰ শেষ বিন্দুত বাস কৰিব। কোঠা এটা ঠিক কৰি ৰাখিছিল--, "নায়কে"। বন্ধুৰ ভাড়াঘৰ। সময়ত নাপালে, ভাড়াঘৰৰ মালিকৰ লগত বন্ধুৰ দ্বন্দৰ বাবে। আন এক বন্ধুৰ সৈতে "নায়ক"ৰ ফোনিক যোগাযোগ। নাই, নহ'ল-- সেই গৰাকী বন্ধুৰ দেউতাক আহিব। হোটেল! "পৰাচয় পত্ৰ" সমস্যা। শেষত যেনিবা পালে! "নায়ক-নায়িকা"ৰ উদ্দেশ্য প্ৰায় পূৰণ হ'ল। আনন্দৰ পাছতে বিষাদ! "সমস্য"ৰ মাজত বন্দি হ'ল-- "নায়ক-নায়িকা"। কাহিনীলে আহে দুই আৰক্ষী। দুই আৰক্ষীয়ে ধৰ্ষণ কৰে "নায়িকা"ক। শেষত বিষৰ্জন দিয়া স্বৰস্বতীৰ মুৰ্তীৰ সৈতে "নায়িকা"ক কেমেৰাৰ ফ্ৰেম ৰাখি শেষৰ বুদ্বিদীপ্ত  শ্বট নিৰ্মাণ কৰে। এখন পিলপিলিত "নায়িকা"ৰ যাত্ৰা (হয়তো ঘৰলৈ!) , গীতৰ সংযোগ-- "পৃথিৱীৰ অসুখ/  জহিছে খহিছে/  উশাহৰ কায়া/ কোলাহল বিদাৰি/ সাৰ পাই ফেকুৰে/ এটা নিৰ্জন দুপৰীয়া..."

--গীতৰো বুদ্ধিদীপ্ত সংযোগ। ভাল লগা। ৰূপালী গল্পটোক মাত্ৰা দিয়া।

ৰূপালী গল্পটোৰ বিশেষত্ব-- গ্ৰহণযোগ্যতা। "চৰিত্ৰ"ৰ গতি, "কাহিনী"ৰ গতিত  কল্পনা, নাটকীয়তা--শূন্য। কাহিনীলৈ "নায়ক"ৰ প্ৰৱেশ, সমস্যাৰ মাজত ইত্যাদি অকনো বাস্তৱৰ আঁতৰৰ নহয়। গল্পৰ পৰিণতি বাস্তৱ। পৰিচালকক প্ৰশংসা কৰাৰ বাট মুকলি। কিন্তু "মুকলি প্ৰসংসা"ৰ বাট মুকলি নহয়। কাৰণ-- (ক) দৃশ্য আৰু আৱহ শব্দৰে "সৰস্বতী পূজাৰ পৰিৱেশ"ৰ ধাৰাবাহিকতা ৰক্ষাত পৰিচালক ব্যৰ্থ। (খ) চিনেমা খনৰ গল্পৰ গতিৰ ধাৰাবাহিকতা ৰক্ষাত ব্যৰ্থ। কেইমিনিট মানলৈ মন চুই যোৱা গতি। পাছত "জিৰণি"লৈকে মন্থৰ গতি। (গ) "নায়ক-নায়িকা"ৰ প্ৰেমৰ শেষ বিন্দুত বাস কৰাইছে। সেই খিনিতে চিনেমাৰ গতিয়ে এনে ধাৰণা দিছে, "নায়ক-নায়িকা"ৰ "অন্তৰংগতা"ৰ ছিকুৱেন্স নিৰ্মাণেই যেন আছিল পৰিচালকৰ উদ্দেশ্য। (ঘ) কাহিনীৰ গতিত "ধৰ্ষণ"ৰ প্ৰয়োজন আছিল। পৰিচালকে দেখুৱাইছে। কিন্তু ছিকুৱেন্সটো পৰিকল্পিত বুলি ক'ব নোৱাৰি, অপ্ৰয়োজনীয় হৈ ৰৈছে। 

আৰু অভিনয়?

অভিনয় চিনেমা খনৰ শক্তিশালি সম্পদ। "চিনেমেটিক" অভিনয়ৰে নিৰ্মিত প্ৰতিটো চৰিত্ৰ। "নায়িকা"ৰ চৰিত্ৰত অভিনয় কৰা পাৰ্ভি বৰুৱাৰ প্ৰসংগত ক'ব পাৰি-- অসমীয়া চিনেমাই এগৰাকী দক্ষ অভিনেত্ৰী পালে।

(আৰু আছে)

শনিবার, ২ মার্চ, ২০২৪

"চিত্ৰবন"ৰ পৰা "চিত্ৰবন"লৈ /২

অসমত চিনেমাকেন্দ্রিক বিশ্লেষণ, আলোচনা আৰম্ভ হৈছিল প্রথমখন অসমীয়া চিনেমা 'জয়মতী' চিত্ৰগৃহলৈ অহাৰ পাছৰে পৰা। চৰ্চা আৰম্ভ কৰিছিল চিনেমাখনৰ অভিনেতা, সংগীত- শিল্পী প্রফুল্লচন্দ্ৰ বৰুৱাৰ ভাতৃ ফুনু বৰুৱাই। প্রফুল্লচন্দ্ৰ বৰুৱাই লিখিছিল, “জ্যোতিপ্ৰসাদৰ স্কুলীয়া জীৱনতে অপৈণত হাতেৰে লেখা নাট 'দানৱ নন্দিনী' পিছলৈ 'মিছৰ কুমাৰী'ৰ প্ৰভাৱত 'শোণিত কুমাৰী' ('শোণিত কুঁৱৰী') নামেৰে পৈণত ৰূপ পাইছিল। সেইসময়তে জ্যোতিপ্ৰসাদৰ নাটকৰ বিষয়ে লিখিছিল ফুনু বৰুৱাই। ফুনুবে জ্যোতিপ্ৰসাদৰ 'জয়মতী' বোলছবিৰ বিষয়ে, অসমীয়া বোলছবিৰ বিষয়ে লিখিছিল তেতিয়া, যেতিয়া বোলছবিখনৰ আখৰা চলিছিল। ফুনুৰ লেখাৰে আমি 'জয়মতী' কেনেধৰণৰ কাম হ'ব অনুভৱ কৰিছিলো।”
'জয়মতী' চিত্ৰগৃহলৈ অহাৰ পিছত চৰ্চা কৰিছিল অতুল চন্দ্ৰ হাজৰিকা, উত্তম বৰুৱা, কমল নাৰায়ণ চৌধুৰী, পদুম বৰুৱা আদিয়ে। পদুম বৰুৱাৰ লগতে অপূর্ব কুমাৰ শৰ্মাৰ বিশ্লেষণত 'জয়মতী' সুন্দৰভাৱে অনুভৱ কৰিব পাৰি। ক'ব পাৰি অসমীয়া চিনেমাৰ সুস্থ সমালোচনা ধাৰাটো নির্মাণ কৰিছিল পদুম বৰুৱাই। আগবঢ়াই নিছিল অপূৰ্ব কুমাৰ শৰ্মাই। পৰৱৰ্তী সময়ত চিনে চৰ্চাৰ এই ধাৰা আগুৱাই নিয়ে আলতাফ মজিদ, বিতোপন বৰবৰা, উৎপল দত্ত, অৰ্ণৱজান ডেকা, মনোজ বৰপূজাৰী, ঘন হাজৰিকা, উৎপল বৰপূজাৰী, কৰুণা ডেকা, প্রমোদ কলিতা, উৎপল মেনা আদিয়ে।
ফুনু বৰুৱাই কেবল 'জয়মতী' চর্চাই কৰা নাছিল, চিনেমা, সংগীত আদি প্রসংগত বিভিন্ন শৈলীৰে সাংস্কৃতিক চর্চা কৰিছিল। ক'ব পাৰি এই ধাৰাটোৱে আধুনিক ৰূপত সম্পূর্ণ নিজা শৈলীৰে আগবঢ়াই নিছিল ডঃ ভূপেন হাজৰিকাই। নিজৰ বিশেষ শৈলীৰে নাটক, চিনেমা-সংগীত-কলাকেন্দ্রিক লেখা লিখিছিল- 'দিকবলয়', 'আমাৰ প্রতিনিধি', 'শিল্পীৰ পৃথিবী', 'জনমভূমি', 'প্রতিধ্বনি' আদি কাকত-আলোচনীত। সুদক্ষ সাংস্কৃতিক সাংবাদিক-সম্পাদকগৰাকীৰ লেখাৰ ধাৰাই বা শৈলীয়ে বিশেষ ষ্টাইল এটা নিৰ্মাণ কৰিছিল। হেমাংগ বিশ্বাসৰ ভাষাত 'ভূপেন্দ্ৰ ষ্টাইল'। 'সুন্দৰৰ ন-দিগন্ত', 'সুন্দৰৰ সৰু-বৰ ১ আলিয়েদি', 'সময়ৰ পক্ষী ঘোঁৰাত উঠি' আদি গ্রন্থত অনুভৱ কৰিব পাৰি সংগীত সূৰ্যৰ সাংস্কৃতিক সাংবাদিকতা। শিল্পী- গৰাকীৰ সম্পাদনাত প্ৰকাশ পাইছিল (১৯৬৪-৬৭) প্রথমখন নে অসমীয়া কলা পত্রিকা বা আর্ট জার্ণেল 'গতি'।
'গতি' অসমৰ প্ৰথমখন কলা পত্রিকা বা আর্ট জার্নেল। সম্পাদক ডঃ ভূপেন হাজৰিকা। ১৯৬৪ চনত গুৱাহাটীৰ গতি প্রকাশনৰ উদ্যোগত আলোচনীখনৰ প্ৰথমটো সংখ্যা প্রকাশ হয়। এই আলোচনীখনৰ যোগেদি ডঃ ভূপেন হাজৰিকাই অসমত এক নতুন দৃষ্টিভংগীৰ সাংস্কৃতিক পৰিৱেশ গঢ়ি তুলিবলৈ যত্ন কৰিছিল। অসমত চলচ্চিত্র ষ্টুডিঅ' নিৰ্মাণৰ বাবে এক জনমত গঠনতো 'গতি' বিশেষভাৱে যত্নপৰ হয়।
'গতি'ৰ এটা সংখ্যা 'পার্বতি প্ৰসাদ বৰুৱা সংখ্যা' হিচাপে বৰুৱাৰ জীৱনকালতে প্রকাশ কৰিছিল। কোনো ব্যক্তিৰ জীৱনকালতে সন্মান প্ৰদৰ্শনৰ বাবে আলোচনীৰ এটা বিশেষ সংখ্যা প্রকাশ কৰাটো অসমৰ সংবাদপত্ৰৰ ইতিহাসত এয়ে প্রথম। ড° হাজৰিকাৰ সীমাহীন ব্যস্ততাৰ বাবে আলোচনীখনৰ যাত্রা দীঘলীয়া নহ'ল। চাৰিটা সংখ্যা প্রকাশ হোৱাৰ পাছত ১৯৬৭ চনত 'গতি'ৰ গতি স্তব্ধ হয়। 
-- এই খিনিতে 'চিত্ৰম"ৰ কথাও  উল্লেখ কৰিব পাৰি। অপূৰ্ব দাসৰ সম্পাদনাত ১৯৭১ চনৰ পৰা প্ৰকাশ পোৱা সংগীত-চিনেমা কেন্দ্ৰীক এই আলোচনী খন আছিল ক্ষুদ্ৰ।
--এইখিনিতে অবশ্যে উল্লেখ কৰিব লাগিব অসমীয়া সাংস্কৃতিক সাংবাদিকতাৰ বুনিয়াদ নির্মাণ কৰিছিল জ্যোতিপ্রসাদ  আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাই। এই কথাও উল্লেখ কৰিব লাগিব যে নৰেন বৰদলৈক প্ৰথম অসমীয়া চিত্র সাংবাদিক বুলি কোৱা হয়। "... অভিনয় কৰাৰ লগতে 'জয়মতী'ৰ প্ৰচাৰৰ দায়িত্বও পালন কৰিছিল নৰেন বৰদলৈয়ে। জ্যোতিপ্ৰসাদৰ ষ্টুডিঅ' চিত্ৰবনৰ প্ৰচাৰ বিষয়া হিচাপে নৰেন বৰদলৈয়ে 'অসমীয়া বাতৰি', 'টাইমছ অব্ আছাম', 'অমৃত বজাৰ পত্রিকা' আদিত 'জয়মতী' কথাছবিখনৰ লগতে ছবিখনত অভিনয় কৰা শিল্পীসকলৰ বিষয়ে লিখিছিল। গতিকে ক'ব পাৰি নৰেন বৰদলৈ হ'ল প্ৰথম গৰাকী অসমীয়া চিত্র সাংবাদিক।" (উৎসঃ 'আমাৰ প্রতিনিধি, বিশেষ শাৰদীয় সংখ্যা, ১৯৬২)
আৰু আছে

শুক্রবার, ১ মার্চ, ২০২৪

"চিত্ৰবন"ৰ পৰা "চিত্ৰবন"লৈ

আমি জানিছিলোঁ-- "ৰূপকাৰ"। 

--পৱিত্ৰ কুমাৰ ডেকাৰ সম্পাদনাত প্ৰকাশ পোৱা "ৰূপকাৰ"। এটা যুগ আছিল, চিত্ৰ সাংবাদিক বা সাংস্কৃতিক সাংবাদিক নিৰ্মাণৰ "বিদ্যালয়-বিশ্ববিদ্যালয়" আছিল। চিনেমা-নাটকৰ "প্ৰচাৰ কেন্দ্ৰ" আছিল।

আমি জনা নাছিলোঁ-- "ৰূপকাৰ"ৰ পূৰ্বে এখন "সাংস্কৃতিক" আলোচনী প্ৰকাশ পাইছিল। কবি হীৰেণ ভট্টাচাৰ্যই সম্পাদনা কৰা-- "চিত্ৰবন"। চিনেমা-নাটক-সংগীত ইত্যাদি কেন্দ্ৰীক আলোচনী খনৰ প্ৰথম সংখ্যাটো প্ৰকাশ পাইছিল মাৰ্চ ১৯৫৬-ত। (কথা প্ৰসংগত এদিন পৱিত্ৰ দাই (পৱিত্ৰ কুমাৰ ডেকা) কৈছিল— ‘তুমি নজনাটো স্বাভাৱিক। তোমাৰ তেতিয়া জন্ম হোৱাই নাছিল। আজি তোমালোকে হীৰেন ভট্টক কবিতাৰ বাবে জানা। মই জনাত তেওঁ কবিতাতকৈ চিনেমাহে ভাল পাইছিল। সম্ভৱতঃ ১৯৫৬ চনৰ মাৰ্চ মাহৰ পৰা ‘চিত্ৰবন’ নামৰ আলোচনী এখন উলিয়াইছিল। মোৰ 'ৰূপকাৰ' যেনেকুৱা, তেনেকুৱা আছিল ৷ চিনেমাক বিশেষভাৱে গুৰুত্ব দিয়া হৈছিল। সাহিত্য, ৰংগমঞ্চ আদিৰ নামতো পৃষ্ঠা খৰচ কৰিছিল। প্রতি ইংৰাজী মাহৰ দ্বিতীয় সপ্তাহত প্ৰকাশ পাইছিল। অমূল্য বৰুৱা, ড° মহেশ্বৰ নেওগ, নৱকান্ত বৰুৱা, আৰু বহুতে লিখিছিল। চিনেমা সমালোচনা লিখিছিল নাম নিদিয়াকৈ হীৰেন ভট্টই।')

পৱিত্ৰ কুমাৰ ডেকাৰ সম্পাদনাত "ৰূপকাৰ"ৰ প্ৰথম সংখ্যাটো প্ৰকাশ পাইছিল ১ এপ্ৰিল, ১৯৭৫ চনত। প্ৰকাশ পাইছিল অক্তোবৰ, ১৯৯৪ চনলৈ।লিখিছিল-- পদ্ম বৰকোটোকী, লক্ষ্মী নন্দন বৰা, নিৰোদ চৌধুৰী, ৰত্ন ওজা, অৰুণ গোস্বামী, উদয়াদিত্য ভৰালী, নিত্য বৰা, দেৱব্ৰত দাস, দিলীপ চন্দন, সত্য ৰঞ্জন কলিতা, প্ৰফুল্ল কুমাৰ দত্ত,উৎপল দত্ত আদিয়ে। আলোচনী খনৰ উপদেষ্টা আছিল-- ভূপেন হাজৰিকা, নিৰোদ চৌধুৰী। 

(কথা প্রসংগতে পবিত্র কুমাৰ ডেকাই কৈছিল, "... সাংস্কৃতিক সাংবাদিকতা বা চিত্র সাংবাদিকতাৰ বিশেষ ধাৰা অসমত, অসমীয়া কাকত- আলোচনীত আৰম্ভ কৰিছিল নিৰোদ চৌধুৰীয়ে। 'অসমবাণী', 'নতুন অসমীয়া', 'দৈনিক অসম', 'দৈনিক জনমভূমি' আদি কাকতৰ বিশেষ সাংস্কৃতিক পৃষ্ঠাত নিৰোদ চৌধুৰীয়ে লিখিছিল। লিখায়ে নহয়, হিন্দী আদি বিভিন্ন ভাষাত নির্মাণ হোৱা চিনেমাৰ খবৰ দিছিল পাঠকক। গল্প, উপন্যাস লিখা মানুহ, সেয়েহে নিৰোদ চৌধুৰীয়ে গল্প-উপন্যাসৰ দৰে চিনেমাৰ, শিল্পীৰ খবৰ লিখিছিল। স্বাভাৱিকতে নিৰোদ চৌধুৰীৰ লিখন শৈলীয়ে পাঠকক মুগ্ধ কৰিছিল। নিৰোদ চৌধুৰীৰ লেখাৰ জনপ্ৰিয়তাৰ বাবেই অসমত সাংস্কৃতিক সাংবাদিকতা-চিনেমা সাংবাদিকতাৰ গুৰুত্ব বাঢ়িছিল।..." ('আজি', ২৯ জানুৱাৰী, ২০০৭)

----------

( আৰু পৱিত্ৰ কুমাৰ ডেকাৰ ভাষাৰে-- “মই এই পেছাদাৰী চিত্র সাংবাদিকতাৰ কথাটো ভাবি কলকাতাৰ এজন প্রকাশক যোগাৰ কৰি ১৯৭৪ চনৰ অক্টোবৰ মাহত প্রথম 'আনন্দ সংবাদ' নামেৰে এখন আলোচনী প্রকাশ কৰোঁ। উপদেষ্টা হিচাপে আছিল ডঃ ভূপেন হাজৰিকা আৰু নিবোদ চৌধুৰী। কিন্তু দুটা সংখ্যা প্রকাশৰ পাছতে প্রকাশকে লোকচান হৈছে বুলি লোচনীখনৰ আলোচনীখন বন্ধ কৰি দিলে। তাৰ পাছত নিজেই কেইটামান হাজৰিকাই পইচা যোগাৰ কৰি নিজৰেই প্রকাশনা আৰু সম্পাদনাত ১৯৭৫ চনৰ এপ্রিল মাহৰ পৰা প্রকাশ কৰো মাহেকীয়া আলোচনী 'ৰূপকাৰ'। ভূপেনদা আৰু নিৰোদদা উপদেষ্টা হিচাপে আছিল। প্রথম সংখ্যাৰ বেটুপাত কৰিছিল বেণু মিশ্রই। তাৰ পাছত ত্রৈলোক্য দত্তই আৰু পাছলৈ প্রায় স্থায়ীভাবে চন্দন চুতীয়াই। কলকাতা, মুম্বাই আৰু দিল্লীত প্রতিনিধি ৰখাৰ লগতে (কলকাতাৰ প্রতিনিধি আছিল সাংবাদিক নিতাই ঘোষ। দিল্লীত আছিল 'আৱাহন'ৰ সম্পাদক দীননাথ শৰ্মাৰ কন্যা আৰতি ঠাকুৰ, মুম্বাইত আছিল জিতু-তপন) অসমৰ বিভিন্ন ঠাইত পঢ়ি থকা ডেকা ডেকা ল'ৰাক স্থানীয় প্রতিনিধি হিচাপে নিয়োগ কৰিছিলো। গুৱাহাটীত মোৰ লগত প্রতিনিধি আৰু ফটোগ্ৰাফাৰ হিচাপে আছিল কমললোচন দাস।... সম্পাদনাৰ সৈতে কিছুদিন অপূর্ব কুমাৰ দাসো জড়িত আছিল। ভাতৃ ৰাণা ডেকাৰ নামটো কিছুদিন প্রকাশক আৰু মুদ্রক হিচাপে ব্যৱহাৰ কৰিছিলো। 'আছাম সংখ্যা ট্রিবিউন 'ত চাকৰি কৰি থকাৰ বাবে প্রথমে কিছুদিন আদালতত এফিডেভিট দি মোৰ নামটো 'অমিতাভ বৰুবা' কৰি সম্পাদক হিচাপে ছপাইছিলো। 'ৰূপকাৰ'ত বিশ্ব চলচ্চিত্ৰৰ পৰা মুম্বাই, কলকাতা, অসমৰ চলচ্চিত্ৰৰ খা-খবৰ, প্ৰবন্ধ আদি নিয়মিত প্রকাশ হৈছিল। কলাত্মক ছবিৰ পৰা ব্যবসায়িক চলচ্চিত্রলৈ, অপেছাদাৰী মঞ্চৰ পৰা ভ্ৰাম্যমাণৰ মঞ্চ-নাটকলৈ, নৃত্য, গীত আদিৰ শিল্পী আক অনুষ্ঠান, চিত্রকলা, যুবক-যুবতী, ৰূপ-লাবণ্য, বিশ্ব সাহিত্য, গল্প, উপন্যাস, কবিতা, ৰম্য বচনা আদি সকলো সামৰা হৈছিল। ভূপেনদাই 'অন্যমত' শিতানটোত কিছুদিন লিখিছিল। নগাঁৱৰ শেখৰজ্যোতি ভূঞাই 'ফ্রেশ্ববেক' শিতানত পুৰণি ছবি আৰু শিল্পীক সামৰিছিল। চলচ্চিত্র পৰিচালক অমৰ পাঠকে চলচ্চিত্ৰৰ ওপৰত ধাৰাবাহিক 'চলচ্চিত্ৰৰ খুটি-নাটি' লিখিছিল। চিঠি-পত্ৰৰ শিতানটোরেও বহু তথ্য-পাতি আৰু উল্লেখযোগ্য ঘটনা সামৰিছিল। নব্রৈৰ প্ৰায় আৰম্ভণিলৈকে 'ৰূপকাৰ' চলাইছিলো।"  (উৎস: 'অসমীয়া সা ৰে গামা', জানুৱাৰী ২০১০)

"ৰূপকাৰ যুগ" আৰম্ভ হৈছিল "আনন্দ সংবাদ"ৰে। আৰু "চিত্ৰ সাংবাদিকতা"ৰ বাট কাটিছিল নিৰোদ চৌধুৰীয়ে। --এই কথা স্পষ্ট। 

"চিত্ৰ সাংবাদিকতা"ৰ পৰিবেশ নিৰ্মাণ হৈছিল "ৰূপকাৰ যুগ"ত। --এয়াও স্পষ্ট।

আৰু স্পষ্ট-- "চিত্ৰ সাংবাদিকতা" আৰম্ভ হৈছিল প্ৰথম খন অসমীয়া চিনেমা "জয়মতী"ৰ নিৰ্মাণ পৰ্বৰ সময়তে। (আৰু আছে)