রবিবার, ৩১ আগস্ট, ২০২৫

ভূপেন হাজৰিকাৰ ৰূপালী খোজ/ ১

ভূপেন হাজৰিকাই চিনেমাৰ বাটত খোজ পেলাইছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ হাতত ধৰি। চিনেমাৰ নাম-- "ইন্দ্ৰ-মালতী"। অভিনয় কৰিছিল, গীত গাইছিল। "১৯৩৯ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই মোক পুনৰ কলিকতালৈ লৈ গৈছিল।... মোক ভলণ্টিয়াৰৰ পাৰ্ট দিছিল। 'বিশ্ববিজয়ী ন-জোৱান'টো শিকাই দিছিল, গাইছিলোঁ।" (ড° ভূপেন হাজৰিকা/ "মই এটি যাযাবৰ") 
 ভূপেন হাজৰিকাই আৰু লিখিছিল-- "তেতিয়া প্লেবেক ছিষ্টেমৰ প্ৰচলন হোৱা নাছিল। ডাইৰেক্ট কৰিব লগা হৈছিল। সেয়ে ইন্দ্ৰৰ কিছু পাৰ্ট ক'বলৈ মোক লৈ গৈছিল আৰোৰা ফিল্ম কৰ্প'ৰেশ্বনলৈ। তাত নিৰঞ্জন পাল আছিল। তাত মোক জ্যোতি ককাইদেৱে শিকাইছিল --গৰখীয়া ল'ৰাৰ এটি গীত গাবলৈ। গীতটো আছিল ...।" (জ্ঞানদীপ/ ১৯৮২) 
--এতিয়া আমি এনেদৰে ক'ব পাৰো, চিনেমা খনৰ নায়ক ইন্দ্ৰৰ ওঁঠত ব্যৱহাৰ কৰা সংলাপ কিছু ক'বলৈ ভূপেন হাজৰিকাক জ্যোতিপ্ৰসাদ আগৰৱালাই কলিকতালৈ লৈ গৈছিল। আৰু কিশোৰ চৰিত্ৰ এটাত আভিনয় কৰোৱাইছিল। চৰিত্ৰটো-- এজন গৰখীয়া ল'ৰা। দেশপ্ৰেমমূলক গীত গাই পইচা খুজি ফুৰে। আমাৰ এই ধাৰণা নিশ্চয় ভুল নহব-- ভূপেন হাজৰিকাৰ চিনেমেটিক ধাৰণাৰ বীজ অংকুৰিত হৈছিল ১২-১৩ বছৰ বয়সতে। 
জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিনেচিন্তাই চিনেমা পৰিচালক ভূপেন হাজৰিকাক যে স্পৰ্শ কৰিছিল সন্দেহৰ বাট নাই। "জয়মতী", "ইন্দ্ৰ-মালতী" আৰু ভূপেন হাজৰিকাৰ চিনেমা চোৱা চিত্ৰৰসিক সকলৰ চৰ্চাত অনুভৱৰ বাট পোৱা যায়--
(১) "জয়মতী"ৰ বাণিজ্যিক বিফলতাৰ নেতিবাচক প্ৰভাৱে চুইছিল ভূপেন হাৰৰিকাৰ চিনে-চিন্তাক।
(২) "জয়মতী" বাণিজ্যিক দিশত সফল হ'লে "এৰা বাটৰ সুৰ"ত "ইন্দ্ৰ-মালতী"ৰ আছোঁৰ নালাগিল হেতেন! 
আনহাতে চিনেমা লেখক-পৰিচালক ভূপেন হাজৰিকাৰ মতে-- "বোলছবিয়ে জাতীয় ঐতিহ্য প্ৰতিফলিত কৰা উচিৎ।" 
"প্ৰকৃত অসমীয়া কথাছবিয়েহে যুক্তপ্ৰদেশৰ নাগৰিকক অসমৰ ভাব-অনুভূতি বুজাব পাৰে।"
এই কথা মনত ৰাখিয়ে সম্পূৰ্ণ কৰিছিল প্ৰথমটো ৰূপালী গল্প-- "এৰা বাটৰ সুৰ"।
প্ৰস্তাৱনা: 'এৰাবাটৰ সুৰ' ভূপেন হাজৰিকাৰ প্ৰথম পৰিচালনা। ৩০ নৱেম্বৰ, ১৯৫৬ চনত চিত্রগৃহলৈ আহিছিল। চিনেমাখনৰ প্ৰসংগত পৰিচালকগৰাকীয়ে কৈছিল- "মোৰ প্ৰথমখন কথাছবি 'এৰাবাটৰ সুৰ' আৰু 'মাহুত বন্ধুৰে'ক বাদ দি বাকীবিলাকক ভাত খাবলৈ কৈৰিছিলোঁ। 'লটিঘটি', 'শকুন্তলা' এইবিলাক যে কৰিছিলোঁ ভাত নাছিল কাৰণে কৰিছিলোঁ। এই যে ৬০ হাজাৰ টকা দিয়ে, এই ৬০ হাজাৰ টকাৰে চলিব লাগে। ...(মই বাণীবদ্ধ কৰি ৰখা 'সাক্ষাৎকাৰ'ৰ এই কথাখিনিত স্পষ্ট হৈ আছে 'এৰা বাটৰ সুৰ'ৰ 'বাজেট' ৫০ হাজাৰ টকাৰ বেছি নাছিল।) সকলোৱে জনা কথা- গানৰ মানুহ, সংগীতৰ মানুহ- ড° ভূপেন হাজৰিকাৰ প্ৰথম পৰিচয়; কিন্তু সম্পূৰ্ণ পৰিচয় নহয়। লেখক, সম্পাদক ড° হাজৰিকাই তুলিকাৰে কেনভাছতো সপোন ৰচনা কৰিছিল। মনৰ কথা কৈছিল। তেনেদৰে সৃষ্টি কৰিছিল কেইবাখনো শ্রেষ্ঠ চিনেমা। অসমীয়া চিনেমা। হিন্দী, বাংলা চিনেমা। চিনেমাৰ পৰিচালক হিচাপে শিল্পীগৰাকীয়ে বিশ্বাস কৰিছিল-- "ভাল সাহিত্যৰ পৰাহে ভাল চিনেমা নির্মাণ সম্ভৱ।... সংগীতৰ উপৰি সকলো দিশতে চিনেমা এখন উন্নতমানৰ হ'ব লাগিব। অসমীয়া ছবি এখনত খাচ অসমীয়া সুগন্ধ থাকিলেহে সৰ্বভাৰতে আদৰিব। সৰ্বভাৰতীয় কৰিবলৈ গৈ বিজতৰীয়া কৰিলে ফল অশুভ বুলি মোৰ বিশ্বাস।" শিল্পীগৰাকীৰ এই "বিশ্বাস" প্রতিখন চিনেমাতে স্পষ্ট ৰূপত দেখা গৈছিল। প্ৰথম পৰিচালনা  "এৰাবাটৰ সুৰ" (১৯৫৬) চিনেমাখনৰ পৰিচালনাৰ শৈলীৰ কথা মনত ৰাখি ক'ব পাৰি অসমীয়া সংগীত মধুৰ চিনেমা বুলি। যাক চিনেমাৰ ভাষাত কোৱা হয় "Musical cinema"।
ড° হাজৰিকাৰ পত্নী প্রিয়ম হাজৰিকাও আছিল চিনেমা খনৰ সৈতে জড়িত। চিনেমাখনৰ কাহিনী-সংগীত শিল্পীগৰাকীয়ে নিজে ৰচনা কৰিছিল।
 চিনেমাখনৰ কেইটামান উল্লেখযোগ্য দিশ হ'ল প্ৰথমবাৰৰ বাবে অসমীয়া চিনেমা এখনৰ বাবে কণ্ঠদান কৰিছিল লতা মংগেশকাবে। চিনেমাখনত ব্যৱহাৰ কৰা লতাৰ 'জোনাকৰে ৰাতি অসমীৰে মাটি...' আজিৰ প্ৰজন্মৰ মাজতো জনপ্রিয়।
চিনেমাখনত ব্যৱহাৰ কৰা আন এটা গীত 'সাগৰ সংগমত কতনা সাঁতুৰিলোঁ... 'ও আন এটা উল্লেখযোগ্য গীত। চিনেমাখনৰ উল্লেখযোগ্য আন এটা দিশ হ'ল-- সম্পাদনা কৰিছিল ভাৰতীয় চিনেমাৰ বিখ্যাত পৰিচালক হৃষীকেশ মুখার্জীয়ে। এই চিনেমাখনৰ সম্পাদনাৰ লগতে পৰিচালনা শৈলী আৰু সংগীতৰ প্ৰসংগত সৰ্বভাৰতীয় কাকততো চর্চা হৈছিল। ছবিখনৰ প্রসংগত 'হিন্দুস্তান ষ্টেণ্ডাৰ্ড'ৰ ছবি আলোচকে লিখিছিল- '...The film introduces a gifted new talent in the person of Bhupen Hazarika...
The entire treatment is marked by a lyrical grace that one seldom comes across on the commercial screen. With this open picture Dr. Bhupen Hazarika leaps int film fame ...

'Era Bator Sur' undoubtedly open new vista of hope for Assamese films' (২৩ নৱেম্বৰ, ১৯৫৬)। আনহাতে, 'দেশ' আলোচনীৰ চিত্র সমীক্ষকে লিখিছিল- 'প্রকৃততে ভাল লাগাৰ একটা চমৎকাৰ সুযোগ এনে দিয়েছেন আসামেৰ গুণী শিল্পী ড° ভূপেন হাজাৰিকা তাৰ 'এৰাবাটৰ সুৰ' ছবিখানিতে ৰকমাৰি লোক-সংগীত পৰিৱেশনেৰ দিক থেকে ছবিখানিকে সৰ্বভাৰতীয় পৰ্যায়েও এ বছৰেৰ একটি বিশিষ্ট চিত্ৰ সৃষ্টি বলেও পৰিগণিত কৰা চলে। ... লতা মংগেশকাৰ, হেমন্ত কুমাৰ, সন্ধ্যা মুখোপাধ্যায় প্রমুখ জনপ্রিয় গায়ক-গায়িকাকে দিয়ে গানগুলি পৰিৱেশন কৰা হয়েছে। কিন্তু গানেৰ দিক থেকে অবিসম্বাদীভাৱে সকলকে অতিক্ৰম কৰেছেন ড° ভূপেন হাজাৰিকা(২৩ নৱেম্বৰ, ১৯৫৬)।' এক মানৱদৰদী শিল্পী, লেখকৰ আৱেগক বিষয়বস্তু হিচাপে লৈ ৰচনা কৰা এই চিনেমাখনৰ প্ৰসংগত 'যুগান্তৰ'ৰ ছবি আলোচকৰ মন্তব্য আছিল এনেধৰণৰ- '... 'এৰাবাটৰ সুৰ' এক মানবদৰদী শিল্পী-লেখকের আবেগমণ্ডিত কাব্যময় ইতিকথা।... অসমেৰ চাবাগানেৰ পটে ৰচিত এই কাহিনীতে লেখক অসমেৰ লোক-সংগীত ও নৃত্যেৰ যে বিচিত্র পশৰাহাজিৰ কৰেছেন ভাষা ও ভৌগোলিক সীমা অতিক্ৰম কৰে তাৰ আবেদন বিশ্বমানবেৰা হৃদয়ে গিয়ে পৌঁছবে এবং সেই সংগে পাশ্চাত্য ঘেষা সংগীতেৰ সংগে দেশেৰ সংগীতেৰ তফাৎ কোথায় তা অনুধাৱন কৰাও সহজ হবে।' (২৩ নৱেম্বৰ, ১৯৫৬)।

পটভূমি, কাহিনী: চিনেমাখনৰ নায়ক জয়ন্ত। পশ্চিমীয়া শিক্ষা লৈ অহা জয়ন্তৰ বাবে ৰৈ আছিল চাহ বাগিচাৰ মালিক বিশ্ব ফুকনৰ কন্যা নিশা। নিশা আছিল স্বাভাৱিকতে জয়ন্তৰ বাবে সোণালী, মসৃণ বাট। কিন্তু জয়ন্তই খোজ পেলালে এৰা বাটত। 'সুৰ'ৰ সন্ধানত। 'মাটিৰ সুৰ' বিচাৰি জয়ন্ত সোমাই পৰিল চাহ শ্রমিক মিন্নী, লচমী, বুঢ়া কছাৰী, হাৰাণহঁতৰ মাজত। নিশাই যি সময়ত কলকাতাৰ ডেকা চাহ ব্যৱসায়ী ভূপেনৰ হাতত নিজকে বিলাই দিয়ে, সেই সময়ত জয়ন্ত ব্যস্ত থাকে বড়ো হালোৱা ভুজলং, ৰতনপুৰৰ হাৰাণহঁতৰ 'সুৰ'ৰ মাজত। জয়ন্তৰ ওচৰলৈ আহে 'মৰম, গান, মাটিৰ সুৰৰ প্ৰতীক' মিন্নী। মিন্নীক কিন্তু জয়ন্তই বিচাৰিও গ্ৰহণ কৰিব নোৱৰিলে। মিন্নীৰ ওচৰত সি পৰাজয় হ'ল। মিন্নীয়ে চিঞৰি ক'লে-- "বাবু, তোৰ সাহস নাই।" জয়ন্তই মিছা অপবাদ ল'ব লগা হয়। জয়ন্তই শেষত ঝুগনুৰ হাতত মিন্নীক গতাই দিয়ে। উন্মোচন হয় মিন্নী চাহ বাগিচাৰ মালিক বিশ্ব ফুকনৰ 'অবৈধ' সন্তান। চিনেমাখনৰ কাহিনীত দেখা যায় বহু পোৱাৰ পিছতো এৰা বাটত পিছল খায় নায়ক জয়ন্তই।
(চিনেমাখনৰ কাহিনী স্পষ্টকৈ উল্লেখ কৰিব পৰা নাই। নোৱাৰাৰ কাৰণ ১৯৯৭ চনত মুম্বাইৰ এখন 'চিনেমা উৎসৱ'ত চিনেমাখনৰ যিটো প্রিন্ট চাইছিলোঁ, তাত সংলাপবোৰ স্পষ্ট নাছিল।)
সংগীত: মুকলি মনেৰে ক'ব পাৰি 'এৰা বাটৰ সুৰ' বিশুদ্ধ মিউজিকেল চিনেমা। 'বিষয়বস্তু'ৰ কথা মনত ৰাখি সংগীত পৰিচালক ভূপেন হাজৰিকাই গীত, আৱহ সংগীত ব্যৱহাৰ কৰিছিল। হেমাংগ বিশ্বাসৰ মতে- 'এৰাবাটৰ সুৰ'- এৰা বাটৰ কথা নহয়, সংগীতধর্মী কথাছবি হিচাপে ইয়াৰ মূল্য নিৰূপণ কৰিব লাগিব। সেই ফালৰ পৰা 'এৰাবাটৰ সুৰ'ক ভাৰতৰ প্ৰথম শ্ৰেণীৰ সংগীতপ্রধান চিনেমাবোৰৰ প্ৰথম শাৰীত থিয় দিব পৰাৰ যোগ্যতা আছে। 'তানচেন'ৰ পৰা 'ঝনক ঝনক পায়েল বাজে... লৈকে ভাৰতীয় শাস্ত্রীয় সংগীত-নৃত্যৰ যি আলেখ্য পোৱা যায়, সেই ধাৰাত লোকগীত, লোকনৃত্যৰ আলম লৈ 'এবাবাটৰ সুৰ'-এ নতুন বৈশিষ্ট্য আনিছে। সেই ফালৰ পৰা 'এৰাবাটৰ সুৰ' পায়নিয়াৰ।' উল্লেখযোগ্য দিশটো হ'ল এই প্ৰজন্মৰ বাবে 'চিনেমা'খন অচিনাকি, কিন্তু 'চিনেমা'খনত ব্যৱহাৰ কৰা 'জোনাকৰে কঠি অসমীৰে মাটি ...' (কণ্ঠ: লতা মংগেশকাৰ), 'ৰ'দ পুৱাবৰ কাৰণে মাতিবানে কাক...' (কণ্ঠ: ভূপেন হাজৰিকা, হেমন্ত কুমাৰ), 'গুম গুম মেঘে গৰজিলে ..(কণ্ঠ: ভূপেন হাজৰিকা, হেমন্ত কুমাৰ), 'সাগৰ সংগমত কতনা সাঁতুৰিলোঁ ...' (কণ্ঠ: ভূপেন হাজৰিকা), 'জনকপুৰৰ জানকীয়ে মিচিক-মাচাককৈ হাঁহে ...' চিনাকি। গীত চিত্ৰায়ণৰ প্ৰতিটো শ্বটেই নান্দনিক।
অভিনয় : 'নায়ক' জয়ন্তৰ চৰিত্ৰত বিজয় শংকৰে কৰা অভিনয় সেই সময়ৰ সমালোচকৰ পছন্দৰ নাছিল। বিষ্ণু ৰাভা (ভুজলং কাকা), ফণী শৰ্মা (হাৰাণ), তছদ্দুক ইউছুফ (ৰূপেন), প্রীতি ধাৰা (মিন্নী)ৰ অভিনয় আছিল হৃদয় স্পৰ্শ কৰিব পৰা।
শেষত:
 "এৰা বাটৰ সুৰ"ৰ নায়ক জয়ন্তক বহুতে ভূপেন হাজৰিকা বুলি ক'ব খোজে।

চিনেমা খনৰ প্রযোজক, পৰিচালনা, সংগীতঃ ডঃ ভূপেন হাজৰিকা।
চিত্রগ্রহণ: অনিল গুপ্ত/সম্পাদকঃ তৰুণ দত্ত
অভিনয়ত: ফণী শৰ্মা, বিষ্ণু ৰাভা, বিজয় শংকৰ, ইভা আচাও, ত্যব্দুর ইউচুফ, প্রীতিধাৰা, বলৰাজ সাহনী (অতিথি), ছায়া দেবী, পুণ্য দুবৰা, স্বাগত স্বাগতা চক্রবর্তী, ৰেবেকা আচাও, মিনতি দাস, লৰেটা বুথ, অনিল দাস, ৰমেশ শৰ্মা, ভূপেন নবিশ, শুক্লা বায়, অরণী গোহাঁই বৰুৱা, গিৰিজা বববা
চিত্রগৃহলৈ আহিছিল: ৩০ নৱেম্বৰ, ১৯৫৬

ভূপেন হাজৰিকাৰ ৰূপালী খোজ /২

"এৰা বাটৰ সুৰ" চিত্ৰৰসিকে ভাল পাইছিল। পৰিচালকৰ দুখ-- চিনেমা খনে "ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ" নাপালে। অসমৰ একাংশ দৰ্শকেে "মূৰৰ বিষ উঠোৱা কথাছবি" বুলি কোৱা কথাও সহজ ভাবে ল'ব পৰা নাছিল পৰিচালকে। গতিকে তৃতীয় খন চিনেমা (দ্বিতীয় খন অসমীয়া চিনেমা) হাতত লোৱাৰ সময়ত মনতে ঠিক কৰিলে-- "মই এইবাৰ এনে ধৰণৰ কথাছবি কৰিম, যি খনে বঁটা নাপালেও দৰ্শকে মূৰৰ বিষ উঠিব বুলি ভয় খাব নালাগে!"
চিনেমা পৰিচালক ভূপেন হাজৰিকাৰ দ্বিতীয়টো ৰূপালী খোজ-- "মাহুত বন্ধু ৰে"।  বংগল ফিল্ম আৰ্কাইভত উল্লেখ আছে-- বাংলা চিনেমা। কলা-বগা। ১২ ৰিল। কাহিনী-সংগীত: ভূপেন হাজৰিকা। কাহিনী: অলকেশ বৰুৱা। প্ৰযোজনা: বি পি ফিল্মছ। ১৯৫৯ চনৰ ১২ জুনত (সম্ভৱতঃ কলিকতাৰ) উত্তৰা, উজ্জলা আৰু পূৰৱী চিত্ৰগৃহত মুক্তি পাইছিল। অভিনয় কৰিছিল দিলীপ ৰায়, তৃষ্ণা হাজৰিকা, মানসী ছোম, জহৰ ৰায়, প্ৰকৃতীশ বৰুৱা, অৰুপ বৰুৱা, বিষ্ণুপ্ৰসাদ ৰাভা, প্ৰভাত মুখাৰ্জী। চিনেমা খন চোৱাৰ সুযোগ আমি পোৱা নাই। বিভিন্ন লেখাৰ পৰা ধাৰণা কৰিব পাৰি পৰিচালক ভূপেন হাজৰিকাৰ এই চিনেকৰ্ম আছিল "চিনেশিল্পৰ বাবে চিনেকৰ্ম"। চিনেমা খনৰ প্ৰসংগত পৰিচালক গৰাকীয়ে লিখিছিল-- "১৯৫৮ চনত 'মাহুত বন্ধুৰে' কৰিলোঁ। গোৱালপৰীয়া ভাষাত...। ল'ৰা-ছোৱালীবোৰক লৈ, হাতীক লৈ।... মোৰ কিছু টকা আছিল, অলকেশ বৰুৱাৰ কিছু টকা আছিল--, সেই টকাৰে, কম টকাৰে ছবি খন কৰিছিলোঁ। আমাৰ উদ্দেশ্য বজাৰ নাছিল! উদ্দেশ্য আছিল-- প্ৰতীমা বৰুৱাৰ সাধনা খিনি, গোৱালপৰীয়া লোক গীতক সৰু বৃত্তটোৰ পৰা বাহিৰলৈ নিব লাগে। আমি সফল হৈছিলোঁ। দৰ্শকেও মৰম দিছিল! আমি খৰছ কৰা ধন উভতি আহিছিল। লাভো হৈছিল।..." (চলচ্চিন্তা/১৯৭৩)
"শিল্পীৰ পৃথিৱী" নামৰ আলোছনী খনত ছপা হৈছিল-- "এইখনেই ভূপেন হাজৰিকাৰ প্ৰথম বঙালী ছবি। অসমৰ গোৱালপাৰা জিলাৰ হাতীৰ মাউতক লৈ নিৰ্মাণ কৰা এই ছবিখনত পোন প্ৰথমবাৰ গোৱালপৰীয়া লোকসংগীতক স্থান দি পোহৰলৈ আনিবলৈ কৰা নম্র প্রচেষ্টা ভূপেন হাজৰিকাৰ জীৱনৰ অন্য এক উজ্জ্বল দিশ। এই ছবিতে প্রতিমা পাণ্ডে (বৰুৱা)ই গোৱালপৰীয়া গীতত কণ্ঠদান কৰে। প্রমথেশ বৰুৱাৰ পাছতে ভূপেন হাজৰিকাই প্রথম অসমীয়া ব্যক্তি যি বঙালী ছবি নির্মাণত হাত দিয়ে।
এই ছবি চাই ভাৰতৰ প্ৰাক্তন প্রধানমন্ত্রী জৱাহৰলাল নেহৰুরে কৈছিল: এই উৰাজাহাজ, মটৰৰ যুগত হাতীৰ মাউতসকল লাহে লাহে হেৰাই যাবগৈ। অসমৰ গোৱালপৰীয়া মাউতৰ জীৱনৰ ওপৰত ছবি কৰি এটি ভাল কাম কৰা হৈছে। (অক্তোবৰ, ১৯৮১)
--এটা কথা স্পষ্ট, বঙালি চিনেমা বুলি কোৱা হৈছে যদিও "মাহুত বন্ধুৰে"ৰ সাহিত্যৰ ভাষা "গোৱালপৰীয়া"। 
আহিছোঁ-- "শকুন্তলা"লৈ। "এইবাৰ মই ক্লাছিক বস্তু এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱে-ভূঞে জানে! এইবাৰ মই 'শকুন্তলা' খনৰ কথা ভাবিলোঁ।..." (ভূপেন হাজৰিকাই লিখিছিল।পৰিচালক-লেখকে বজাৰ চিন্তাৰে যে "চিনেশিল্পৰ বাবে চিনেমা"ৰ কথা চিন্তা কৰিছিল এই বাক্য কেইটাতে স্পষ্ট হৈ আছে।) কলকাতাৰ কলেজ ষ্ট্ৰীটলৈ গৈ সংস্কৃত-বাংলা "অভিজ্ঞান শকুন্তলম" খন কিনি আনি চিত্ৰনাট্যত মন দিছিল। বাজেটৰ কথা স্থিৰ কৰা নাছিল। এজনৰ পৰা পাঁচ হাজাৰ টকা ধাৰ লৈ চিনেমাৰ কাম আৰম্ভ কৰিছিল। কিছু কাম আগবঢ়াৰ পাছত নগাঁৱৰ কাশীনাথ বিহানীয়ে প্ৰযোজনাৰ দায়িত্ব লৈছিল। প্ৰযোজকৰ ইচ্ছাক সন্মান কৰি কলা-বগা চিনেমা খনৰ কিছু অংশ ৰঙীন কৰিছিল। "...১লাখ টকাতকৈ কিছু বেছি খৰছ" হোৱা চিনেমা খন চিত্রগৃহলৈ আহিছিল ২৪ নৱেম্বৰত ১৯৬১ত। বাণিজ্যিক দিশত সফল হৈছিল। প্ৰথম পৰ্যায়ত এটা প্ৰিণ্টৰ "বক্স অফি কালেকচন"-- ৫৯,২১২.০৬ টকা। এটা প্ৰিণ্ট গুৱাহাটীৰ চিত্ৰগৃহত  চলিছিল ৯ সপ্তাহ। এই তথ্য আমি পাইছিলোঁ লেখক-অভিনেতা দিলীপ কুমাৰ হাজৰিকাৰ পৰা।
--আনহাতে চিনেমাখনে  ৰাষ্ট্ৰপতিৰ (১৯৬১ চনৰ) ৰূপৰ পদকো লাভ কৰিছিল।  গীতো জনপ্ৰিয় হৈছিল। সকলো মিলি প্ৰযোজকৰ লাভ হৈছিল। পৰিচালক ভূপেন হাজৰিকাকো আৰ্থিক সকাহ দিছিল। " 'শকুন্তলা' খন কৰি আৰ্থিকভাৱে মই অলপ সকাহ পালোঁ। কাৰণ মোৰ মাননিখিনি মই লৈছোঁ-- পৰিচালক হিচাপে, সংগীত পৰিচালক হিচাপে, চিত্ৰনাট্যকাৰ লেখক হিচাপে, গায়ক হিচাপে। সেই খিনি মই পাইছোঁ। সেই খিনি পাই তাৰে মই এবছৰ চলিছিলোঁ।" (ভূপেন হাজৰিকা/ "মই এটি যাযাবৰ")
******
দুষ্যন্ত-শকুন্তলাৰ প্ৰেম কাহিনী কোনে নাজানে!
চিনেমাখনৰ কেইটামান 'অংশ'হে চোৱাৰ সুযোগ পাইছিলোঁ। এটা 'অংশ'ত দেখিছিলোঁ পবিত্র বৰকাকতি, অনিতা বেনাৰ্জী আৰু এগৰাকী শিশু শিল্পীক। অনিতা বেনাৰ্জীৰ লগত এটা 'অংশ'ত দেখিছিলোঁ ইভা আচাও আৰু কৃষ্ণা দাসক। অনিতা বেনাৰ্জীয়ে অভিনয় কৰিছিল শকুন্তলাৰ চৰিত্ৰত। বিপৰীতে দুষ্মন্তৰ চৰিত্ৰত অভিনয় কৰিছিল পবিত্ৰ বৰকাকতিয়ে। ইভা-কৃষ্ণাই অভিনয় কৰিছিল প্রিয়ম্বদা-অনুসূয়াৰ চৰিত্ৰত। এটা 'অংশ'ত দেখিছিলোঁ দুর্বাসাৰ চৰিত্ৰত কৰা ফণী শৰ্মাৰ অভিনয়। --অন্যান্য চৰিত্ৰত অভিনয় কৰিছিল খগেন মহন্ত, ৰেবেকা চাচা আচাও, কুলদা কুমাৰ ভট্টচার্য, দেৱবালা চলিহা, দীনকৰ ৰাও আদিৰ লগতে শিশু শিল্পী বিদ্যা ৰাবে। --হয়, অসমীয়া চিনেমাৰ পৰৱৰ্তী সময়ৰ নায়িকা বিদ্যা বাবে।
ব্যাখ্যাৰ প্ৰয়োজন নাই-- 'শকুন্তলা'ৰ সংগীত আছিল জনপ্রিয় চিনেমাখনৰ দৰেই। অৱশ্যে পিছৰ প্ৰজন্মই চিনেমাখন চোৱাৰ সুযোগ নাপালে। সংৰক্ষণৰ অভাৱত। 'প্রথম প্ৰহৰ ৰাত্রি...', 'নৱমল্লিকাৰৰে হেঁপাহ জানো পলাব...', 'পিতৃগৃহ ত্যাগী আই...', --প্ৰজন্মৰ পাছত প্ৰজন্মৰ শ্ৰোতাই আদৰি লৈছিল। এই প্ৰজন্মৰ মুখতো শুনা যায়। সেই সময়ৰ সমালোচকসকলে গীত, গীতৰ চিত্ৰায়ণ, আৱহ সংগীতৰ প্ৰশংসা কৰিছিল। প্রশংসা কৰিছিল 'চিনেমেটিক' কাৰবাৰৰ। 'শকুন্তলা' অন্তঃসত্ত্বা হোৱা কথাটো দর্শকক বুজাইছিল ফুলৰ কলি-কলি ফলি উঠা দৃশ্যৰে।... এহাল কর্পৌৰ মিলনৰ মাজেৰে দর্শকক বুজাইছিল দুষ্মন্ত শকুন্তলাৰ মিলন।... ইত্যাদি।


চিনেমা খনৰ  চিত্ৰনাট্যকাৰ, পৰিচালক, সংগীতঃ ডঃ ভূপেন হাজৰিকা
চিত্রগ্রহণ: বিজয় দে
সম্পাদক: শিৱ সাধন ভট্টাচার্য, অমলেন্দু শিকদাৰ
ষ্টুডিঅ': ইন্দ্ৰপুৰী ষ্টুডিঅ', কলিকতা
শব্দ: অৱণী চেতাৰ্জী
মেকআপ: অনন্ত দাস

অভিনয়তঃ ফণী শৰ্মা, পবিত্ৰ বৰকাকতি, ইভা আচাও, অনিতা দেবী, দেৱবালা চলিহা, খগেন মহন্ত, শিশু বিদ্যাৰাও, ধীৰেন দাস, বেবেকা আচাও, দিলীপ চৌধুৰী, টুনু ৰাও, কুলদা কুমাৰ ভট্টাচাৰ্য, দীনকৰ ৰিও,কৃষ্ণা দাস, মেইমুদ্দিন। 
চিত্রগৃহলৈ আহিছিল: ২৪ নৱেম্বৰ, ১৯৬১

বৃহস্পতিবার, ১৪ আগস্ট, ২০২৫

ৰুদ্ৰ আৰু...

ৰবিৰ "ৰুদ্ৰ" চালোঁ। 
ৰুদ্ৰ --Action drama চিনেমা, চাচপেন্সভৰা থ্ৰীলাৰ ৰূপালী গল্প। কাহিনী-ৰেখাৰ গতিত পৰ্দালৈ আহিছে অসমৰ সশস্ত্ৰ সংগ্ৰাম ,উত্তৰ তথা দক্ষিণ ভাৰতৰ নক্সাল আন্দোলন। বিষয়-বস্তু চিনেমা খনৰ প্ৰথমটো ইতিবাচক দিশ। দ্বিতীয় ইতিবাচক দিশ চৰিত্ৰ নিৰ্মাণ। কাহিনী-ৰেখাৰ মূল বিন্দু ৰুদ্ৰ। চৰিত্ৰটো নিৰ্মাণ কৰিছে ৰবি শৰ্মাক লৈ। 
চিনেমা খনৰ প্ৰসংগত এনেদৰে ক'ব পাৰি-- দৰ্শকক চুব পৰাকৈ ওপৰত উল্লেখ কৰা কাহিনী ভাগ পৰিচালকে যি ধৰণে ট্ৰিট কৰিছে, তেনেদৰে ৰুদ্ৰৰ প্ৰেম-পৰিয়াল কেন্দ্ৰিক গল্পটো পৰ্দালৈ আনিব পৰা নাই (চৰিত্ৰ আৰু কাহিনী বিন্যাসৰ প্ৰয়োজন আছিল)। অনাত পৰিচালক, চিত্ৰনাট্যকাৰ ব্যৰ্থ। এই ব্যৰ্থতা যে চিনেমাৰ বাণিজ্যিক লোকচানৰ কাৰণ হ'ব-- সন্দেহ নাই। দুয়োটা গল্প সমান্তৰালকৈ আগবঢ়াই ৰূপালী-সৌন্দৰ্য বঢ়োৱাৰ বাট আছিল, যি বাট পৰিচালকে নল'লে। লোৱাত সমস্যা নাছিল, যিহেতু ৰূপালী গল্প দুটাৰ মূল বিন্দু এটা-- ৰুদ্ৰ।  (এই প্ৰসংগত চিনেমা খনৰ লেখক-পৰিচালক ৰূপক গগৈৰ সৈতে চৰ্চা কৰিছিলোঁ। ৰূপালী গল্পটোৰ গতিত আমি ভৱা ধৰণে পৰিচালক গৰাকীয়ে বাট নোলোৱাৰ কাৰণ আছে, যুক্তি আছে। কাৰণ বা যুক্তি-- মৌলিক চিনে-চিন্তা কেন্দ্ৰিক। "নকল"ৰ চেকা লগাৰ ভয়!) ৰুদ্ৰ বিন্দুৰ গতিত কাহিনী-ৰেখালৈ আহিছে কেইবাটাও চৰিত্ৰ। চৰিত্ৰ-সৌন্দৰ্য নিঃসন্দহে আদিল হুচেইনক লৈ নিৰ্মাণ কৰা চৰিত্ৰটো। আদিল হুচেইন আৰু ৰবি শৰ্মাকলৈ নিৰ্মাণ কৰা চৰিত্ৰ দুটাত স্পষ্ট হৈ আছে অভিনয়ৰ দূৰত্ব। আদিল হুচেইনৰ অভিনয়, সংলাপ প্ৰক্ষেপনত স্পষ্ট হৈছে-- Cinematic acting, নাটকীয় বৰ্জিত অভিনয় বা realistic acting (বাস্তৱিক অভিনয়)। 
ভাৰতীয় চিনেমাৰ আভিনয়ৰ উত্তৰণ কোন পৰ্যায়লৈ গৈছে সেয়া অনুভৱ কৰিব পাৰি ৰীমা কাগতীৰ পৰিচালনাৰে নিৰ্মাণ কৰা "মালেগাওঁ কে ছুপাৰবইজ"ৰ (SuperboysOfMalegaon)
চৰিত্ৰ নিৰ্মাণ অনুভৱ কৰি। বাস্তৱ আৰু "আভিনয়"ৰ মাজত সূক্ষ্ম ৰেখা এডালো অনুভৱ কৰাৰ বাট নাই। 
--এই খিনিতে আমি নিশ্চয় উল্লেখ কৰিব পাৰোঁ, "মালেগাঁও কে ছুপাৰবইজ" ২০২৪ চনৰ চিনেমা। চিত্ৰগৃহত মুক্তি দিছে ২৮ ফেব্ৰুৱাৰী ২০২৫-ত। কাহিনী কাল্পনিক নহয়, ২০০৮ চনত নিৰ্মিত তথ্যচিত্ৰ "ছুপাৰমেন অৱ মালেগাওঁ"ৰ  আধাৰত চিত্ৰনাট্য লিখিছে বৰুণ গ্ৰভাৰে। চিনেমা খনৰ চুই যোৱা প্ৰথমটো দিশ-- চৰিত্ৰ নিৰ্মাণ। চৰিত্ৰ বিন্যাস, কাহিনী  কোৱাৰ শৈলী আৰু গতি চুই যোৱা আন দুটা দিশ। এই চিনেমা খনৰ গল্পটোৰ গতিত স্পষ্ট হোৱা এটা দিশ-- মৌলিক চিনে-চিন্তাৰ অনাদৰৰ বিপৰীতে "বাণিজ্যিক ফৰ্মুলা"ৰে কেনেদৰে বলিউডত চিনেমা নিৰ্মাণ হয়। চিনেমা খনত দেখুওৱা "মালেগাওঁ কে শ্বোলে"ৰ দৰে চিনে-কৰ্ম বলিউডত তাহানিৰ পৰা আজিলৈ চলি আছে, চলি নাথাকিব বুলি ক'ব নোৱাৰি। চিনেমা খনৰ নায়ক নাছিৰৰ দৰে বলিউডত "হিট চিনেমা"ৰ চিন্তা আজিৰ তাৰিখতো নকৰে বুলি ক'ব নোৱাৰি। চিনেমা খনৰ বিষয়-বস্তু নহয় যদিও-- "মালেগাঁৱ"ত অনুভৱ কৰিছোঁ "বলিউড"। বলিউডত হিট চিনেমা নিৰ্মাণৰ  চেষ্টা, "অংক" কেনেদৰে চলে ইত্যাদি। "মিছন চাইনা"ৰে জুবিন গাৰ্গে অসমীয়া চিনেমাৰ বহল বাণিজ্যিক বাট মুকলি কৰাৰ পাছৰে পৰা মালেগাঁৱৰ নাছিৰৰ দৰে অসমতো একাংশ চিনেকৰ্মীয়ে বলিউডৰ, দক্ষিণ ভাৰতীয় বজাৰচিন্তাৰ (চিনেমাৰ) শৰণ লৈ স্থানীয় বজাৰত সফলতাৰ সন্ধান কৰিছে। উদাহৰণ-- "ৰুদ্ৰ", যতীন বৰাৰ "ৰত্নাকৰ", "ৰাঘৱ" ইত্যাদি। "হিট" হৈছে, "ফ্লপ"ও হৈছে। "হিট"ৰ পৰা উৎসাহ লৈছে। "ফ্লপ"ৰ পৰা শিক্ষা ল'ব পৰা নাই! আশাৰে ৰৈ আছোঁ-- হয়তো এদিন "মালেগাঁৱ"ৰ নাছিৰৰ দৰে অসমীয়া চিনেমাৰ "নাছিৰ" হতেও স্থায়ি সফলতাৰ বাবে চিনেমাত মৌলিকতাৰ প্ৰয়োজন অনুভৱ কৰিব!
কথাটো এনেধৰণৰ নহয়-- মৌলিক চিন্তা, চিনে-চিন্তা, বিষয়-বস্তুৰে অসমত চিনেকৰ্ম হোৱা নাই। হৈছে। দেশ-বিদেশৰ প্ৰথম শ্ৰেণীৰ চলচ্চিত্ৰ মহোৎসৱতো অসমীয়া চিনেমাই স্থান দখল কৰিছে। এই মহোৎৱৰো এখন "বজাৰ" আছে। অসমীয়া চিনেমাইও "মহোৎসৱ বজাৰ" দখল কৰিছে। এসময়ত এনে "বজাৰ"ৰ পৰায়ে জাহ্নু বৰুৱাৰ ৭লাখ টকা বাজেটৰ "হালধীয়া চৰায়ে বাওধান খায়"-এ ১কোটি টকা ব্যৱসায় কৰাৰ তথ্য আমি পাইছোঁ। ৰীমা দাসকে ধৰি কেইবাগৰাকীও পৰিচালকে এই "বজাৰ" খনৰ কথা মনত ৰাখি চিনেকৰ্মত ব্যস্ত আছে হৈ আছে। [আমি এই "বজাৰ" খনৰ কথা কোৱা নাই, যি খন "বজাৰ"ত  প্ৰযোজক পক্ষৰ আৰ্থিক লাভ-- শূন্য। বঁটা কিনা-বেচাৰ অভিযোগ আছে। এই "বজাৰ" খনৰ পৰা পোৱা বঁটা বা স্বীকৃতিতে সন্তুষ্ট একাংশ অসমীয়া চিনেমা পৰিচালক, অভিনেতা। বিপৰীতে ক্ষতি হৈছে প্ৰযোজকৰ, "চিনেমা"ৰ। সৰহ সংখ্যক অসমীয়া চিনেমাৰ "প্ৰযোজক" (দৰাচলতে financier)-ৰে প্ৰকৃত চলচ্চিত্ৰ মহোৎসৱৰ, বজাৰৰ শুদ্ধ ধাৰণা নথকা বাবে চতুৰ পৰিচালক একাংশই এই "বজাৰ" খনৰ আশ্ৰয়ত "চিনেমা"ৰ ক্ষতি কৰি আহিছে।] এনে শৈলীৰ চিনে-কৰ্মত অসমীয়া চিনেমাৰ উত্তোৰণৰ ছবি স্পষ্ট। 
অসমীয়া ভাষাৰ চিনেমা নিৰ্মাণ নহলেও "অসমীয়া চিনেমা"ৰ ক্ষতি নহয়। "অসমীয়া চিনেমা"ৰ উত্তোৰণৰ বাবে প্ৰয়োজন-- সু চিনে-চিন্তাৰ অসমীয়া চিনেমাৰ। (অসমীয়া ভাষাৰ চিনেমা আৰু অসমীয়া চিনেমাৰ মাজত থকা দূৰত্ব প্ৰসংগত আগলৈ চৰ্চা কৰিম।) শেহতীয়া ভাবে আমি দৰ্শক হোৱা দুখন অসমীয়া চিনেমা-- "কলাজ", "তাৰিখ"। ("কলজ"ৰ চৰ্চা এই শিতানত ইতিমধ্যে কৰিছোঁ। চিনেমা খন চিত্ৰগৃহলৈ আহিব ১ আগষ্ট ২০২৫-ত, মানে এই মাহত। ২০ লাখ টকাও নহয় চিনেমা খনৰ বাজেট। চিত্ৰৰসিক মন দিলে এই চিনেমা খন সহজতে স্থানীয় বজাৰত সফল হ'ব পাৰে।)
আমি কথা পাতিছিলোঁ "কলাজ"ৰ পৰিচালক অমৰদীপ গগৈৰ সৈতে। 
? তোমাৰ চিনেমা খনৰ বাজেট কিমান?
বহু সময়ত শুনা যায়-- বাজেটে "চিনেকৰ্ম" নিয়ন্ত্ৰণ কৰে। এই দিশত তোমাৰ অভিজ্ঞতা?
অমৰদীপ: কলাজৰ বাজেট অতি কম। অৱশ্যে এটা কথাত আমাৰ সুবিধা হৈছিল - চিত্ৰনাট্য লিখাৰ সময়তে আমি গম পাইছিলো আমাৰ বাজেট কম হ'ব। গতিকে সেই মতে আমি প্ৰস্তুত হৈছিলোঁ। ফলত আমাৰ বিশেষ অসুবিধা হোৱা নাছিল। কলাজত কাম কৰা সকলোকে আমি বাজেটৰ কথা অৱগত কৰিছিলোঁ। সকলোৱে সহযোগ কৰাত কলাজৰ নিৰ্মাণ সম্পূৰ্ণ কৰাত আমাৰ অসুবিধা হোৱা নাছিল। অৱশ্যে এটা কথা ঠিক বাজেট অলপ বেছি হ'লে কাম কৰিবলৈ সুবিধা হয়। কাহিনী কথনত আৰু সাৱলীল হ'ব পাৰি।
? তোমাৰ এই চিনেকৰ্মত "বাজেট সমস্যা"ৰ ছাঁ আমি অনুভৱ কৰা নাই। কথাটো এনেদৰে বিশ্লেষণ কৰিব পাৰো নেকি-- চিত্ৰনাট্য, চিনে-চিন্তা "কম" বাজেট কেন্দ্ৰিক আছিল!
অমৰদীপ: হয়। আগতেই আমি চিন্তা কৰিছিলোঁ। আমাৰ বাজেট কম গতিকে আমি এনেদৰে কাম কৰিম। ইমান খিনিহে দৃশ্য লম। টেকনিকেলি কামবোৰ আগতেই ঠিক কৰি লোৱা হৈছিল। এইক্ষেত্ৰত কলাজৰ কলা কৌশলী সকলে সাংঘাটিক ধৰণেৰে সহায় কৰিছিল। সেয়ে হয়তো কলাজত বাজেট সমস্যা আপুনি অনুভৱ কৰা নাই।
? তোমাক যদি মুকলি মনেৰে এই বিষয়-বস্তুৰ চিনেমা এখন  পৰিচালনাৰ সুযোগ দিয়া হয়, বাজেট কিমান নিৰ্ধাৰণ কৰিবা!
অমৰদীপ: পিৰিয়দ এটা ধৰি ৰাখিবলৈ যথেষ্ট বাজেট লাগে। মুকলি মনেৰে কৰিবলৈ হ'লে একে বিষয়বস্তুৰ চিনেমা এখন কৰিবলৈ দুই কোটি মান টকাৰ আৱশ্যক হ'ব। কাৰণ তেতিয়া চিত্ৰনাট্য বেলেগ হ'ব। অৰ্থাৎ কাহিনী কোৱাৰ ধৰণ বা উপস্থাপন বেলেগ হ'ব। অৱশ্যে কুশীলৱ সকল একে থকাটো বিচাৰিম।
?"কলাজ"ৰ ব্যাখ্য তুমি কেনেদৰে কৰিবা-- চৰিত্ৰৰ কলাজ নে কাহিনীৰ কলাজ? নে "সময়"ৰ কলাজ। আমি চিনেমা খনত কলাজেৰে নিৰ্মাত কৰা এটা কাহিনী অনুভৱ কৰিছোঁ।
অমৰদীপ: কলাজৰ কথা আমি ভাবোতে সময়ৰ কথাটো মনত ৰাখিছিলো। সময়ৰ কথা ক'বলৈ হ'লে কিছুমান চৰিত্ৰ সৃষ্টি কৰিব লাগিব। লগতে লাগিব এটা কাহিনী। সূমিত্ৰা হাজৰিকা বাইদেউৰ উপন্যাস খনত কাহিনী এটা আছিলেই। কিন্তু সেই কাহিনী আছিল বিশাল আৰু বহুধাবিভক্ত। গতিকে আমি উপন্যাসখন নলৈ কিছু কাহিনী বুটলি লৈছিলো সুমিত্ৰা হাজৰিকা বাইদেউৰ পৰাই। গতিকে কথাখিনি এটাৰ লগত আনটোৰ সংযোগ আছে। ইটো সিটোৰ পৰিপূৰক বুলি ক'ব পাৰি। কেইবাটাও কাহিনীক একেডাল সুতাৰে বান্ধিবলৈ চেষ্টা কৰা হৈছে। আপুনি কলাজত কাহিনী এটা বিচাৰি পোৱাতোত আমাৰ কষ্ট কিছু সাৰ্থক হোৱা বুলি অনুভৱ কৰিছোঁ।
? "কলাজ"এ তোমাক সম্পূৰ্ণ "চিনেসুখ" দিয়া বুলি ক'বা জানো!
অমৰদীপ: কলাজ কেৱল আৰম্ভণিহে। কলাজ নিৰ্মাণ কৰি সুখ অনুভৱ নিশ্চয় কৰিছোঁ। কিন্তু সেয়া শেষ সুখ নহয়। পৰিচালক হিচাপে সদায় এটা অসন্তোষ থাকেই। যিমানবাৰ চাও কিবা এটা ভুল চকুত পৰে। বা এই দৃশ্যটো বেলেগ ধৰণে লৱ পৰা গ'ল হয় । বা সম্পাদনা কৰিবলৈ আৰু ঠাই আছিল - আদি অনুভৱ বোৰে মনক অশান্তি দি থাকে। এতিয়াও ভাবো - আৰু অলপ মনোনিবেশ কৰিলে আৰু ভাল হ'ল হয়।
#উৎপল_মেনা 
#বিস্ময় (আগষ্ট ২০২৫)

সোমবার, ১১ আগস্ট, ২০২৫

হেমন্ত দত্তই কৈছিল...

"নাটক-চিনেমা"ৰ হেমন্ত দত্ত/১


নৰিয়াপাটিত লাচিত বৰফুকন-- নাটকখনৰ বিষয়বস্তু। নাটকখনৰ নাম 'লাচিত বৰফুকন'। আখৰা চলিছিল। মঞ্চস্থ হোৱাৰ আগদিনা হাহাকাৰ লাগিল-- বিমলা কটকী নৰিয়াত পৰিল। লাচিতৰ চৰিত্ৰত অভিনয় কৰিম বুলি আখৰা কৰি আছিল বিমলা কটকীয়ে। এতিয়া কি হ'ব! সমস্যাত পৰিল। একেটা শ্রেণীতে পঢ়া ইন্দ্র বনিয়াই আন এটা চৰিত্ৰ লৈছে। অভিনয় কৰিব পৰা আন সকলো ব্যস্ত 'চৰিত্ৰ'ক লৈ। মূল চবিত্রটোরে নৰিয়াত পৰিল যেতিয়া নাটক হ'ব কেনেকৈ!-- তেনে হাহাকাৰৰ মাজতে এজনে ক'লে-- হেমন্তই কৰিব। নৃত্যত ভাল, কিন্তু অভিনয় কৰিব পাৰিব জানো হেমন্তই! হেমন্তই ক'লে-- 'মই কেনেকৈ কৰিম!' অৱশেষত কৰিবলৈ বাধ্য হ'ল। বহুতরে হেঁচাত হেমন্তই কম সময় আখৰা কৰি লাচিত বৰফুকনৰ 'গেট-আপ'ত মঞ্চত উঠিল। কোনোমতে দায়িত্ব পালন কৰিলে। কিন্তু কি আচৰত!-- শ্রেষ্ঠ অভিনেতাৰ বঁটা পালে হেমন্তই। আৰু সেই তেতিয়াৰে পৰায়ে অভিনয়ৰ বাটত খোজ পেলালে। যাত্রা আৰম্ভ কৰিলে। হয়তো বিমলা কটকী নৰিয়াত নপৰিলে, শ্রেষ্ঠ অভিনেতাৰ বঁটা নাপালে নাট্যৰসিকে 'অভিনেতা হেমন্ত দত্ত'ক নাপালেহেঁতেন !

--হয়, ১৯৫২-৫৩ চনৰ সেই হেমন্তয়ে নাট্যকাৰ, পৰিচালক, অভিনেতা, গীতিকাৰ হেমন্ত দত্ত। "সেইদিনা মই অভিনয় কৰিব পৰা নাছিলোঁ। সংলাপ কম আছিল, কেনোমতে কঁপি কঁপি কৈছিলোঁ। ভয়ত কঁপিছিলোঁ, ঘামিছিলোঁ। হয়তো ভয়ৰ বাবে নৰিয়াত পৰা লাচিত বৰফুকনৰ চৰিত্ৰটো ফুটি উঠিছিল। সেইবাবে মোক শ্রেষ্ঠ অভিনেতাৰ বঁটা দিছিল।..." --হেমন্ত দত্তই কৈছিল। মোৰ আগ্ৰহত আৰু বহু কথা কৈছিল। ঘটনাক্রমে গীতিকাৰ, নাট্যকাৰ, কলানিৰ্দেশক হোৱাৰ বহু কথা।

তেনেদৰে নাট্যকাৰ হৈছিল হঠাতে। স্কুলৰ শিক্ষকসকলৰ তাগিদাতে লিখি উলিয়াইছিল জীৱনৰ প্ৰথমখন নাটক 'সমাপ্তিত যাৰ ছন্দ মিলিল'। "লিখিবলৈ লৈ মই ভয় খাইছিলোঁ। মোক সাহস দিছিল ইৰছাদ আলীয়ে। মোৰ নলেগলে লগা বন্ধু। ইৰছাদ এতিয়া ডঃ ইৰছাদ আলী হ'ল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক। সেই নাটকখন লৈয়ে আমি তেজপুৰলৈ গৈছিলোঁ। প্রতিযোগিতাত অংশ লৈছিলোঁ। বিচাৰকৰ আসনত আছিল আমাৰ সপোনৰ অভিনেতা-পৰিচালক ফণী শৰ্মা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু তুলসী দাস। মই বিশেষ একো আশা কৰা নাছিলোঁ। বঁটা আদি যে পাম এবাৰলৈ ভবা নাছিলোঁ। মাত্র বহি আছিলোঁ ফণী শর্মাইনো কি কয়, নাটকৰ শেষত বিষ্ণু ৰাভাইনো কি কয় শুনিবলৈ। কিন্তু বিশেষ একো নক'লে। প্রতিযোগিতা শেষ হোৱাৰ পাছতে ফলাফল ঘোষণা কৰিলে। আমি পালোঁ শ্রেষ্ঠ নাট্যকাৰ, শ্ৰেষ্ঠ পৰিচালক, শ্রেষ্ঠ অভিনেতাকে ধৰি ছটা শিতানত বঁটা। জীৱনৰ প্ৰথমখন নাটক লিখি বঁটা পালোঁ, আৰু বঁটা গ্রহণ কৰিলো আমাৰ সপোনৰ অভিনেতাৰ পৰা। ইয়াতকৈ ডাঙৰ ভাগ্য আৰু কি হ'ব

পাৰে। বুজিছা, মই ভাগ্যক বিশ্বাস কৰোঁ। ভাগ্যই মোক আজি এই স্থানত থিয় কৰাইছে।" হেমন্ত দত্তই কৈছিল। 

****

অভিনেতা গৰাকীয়ে কৈছিল-- "যেনেদৰে অভিনেতা হ'ম বুলি ভবা নাছিলোঁ, তেনেদৰে নাট্যকাৰ-পৰিচালক হোৱাৰ কথাও ভবা নাছিলোঁ। সময়ত দায়িত্ব পালন কৰিবলগীয়া হ'ল।" আৰু দায়িত্ব পালন কৰিবলৈ গৈ সফলতাৰ বাটত খোজ

পেলাইছিল। 

চিনেমাত অভিনয় কৰিব! চিনেমা পৰিচালনা কৰিব! --নাই, তেনে কোনো "সপোনো" দেখা নাছিল, পৰিকল্পনাও কৰা নাছিল। মহাবিদ্যালয়ৰ শিক্ষা শেষ কৰাৰ বছৰৰ কথা। কোনো বিশেষ কাম নাই। ঘূৰি ফুৰিছে। হঠাতে এদিন বিজু ফুকনে খবৰ এটা লৈ হেমন্ত দত্তৰ ওচৰ পালে। "ব্রজেন বৰুৱাই আৰু এখন চিনেমা কৰিব। 'ডক্তৰ বেজবৰুৱা'। মইব্ৰজেন বৰুৱাক জানো। ব'ল এপাক আহোঁ।" বিজু ফুকনৰ তাগিদাতে হেমন্ত দত্ত গৈ ব্ৰজেন বৰুৱাৰ ওচৰ পালে। চিনেমাকেন্দ্ৰিক ইটো সিটো কথা পতাৰ অন্তত হেমন্ত দত্তই দায়িত্ব পালে-- 'ডঃ বেজবৰুৱা'ৰ কলা নিৰ্দেশনাৰ দায়িত্ব। চিনেমাখনৰ পৰিচালকক সহায় কৰাৰ সুযোগো পালে। "চিনেমাখনত অভিনয়ৰ সুযোগ গাইছিলোঁ। মানুহৰ জুমৰ মাজত। অৱশ্যে অভিনেতা হেমন্ত দত্তজনক চিনি উলিওৱাটো মোৰ বাহিৰে কাৰোপক্ষে সম্ভৱ নহ'ব। মানে মোৰ পিছফালটোহে দেখা গৈছিল। অৱশ্যে পিছত গম পাইছিলোঁ ব্ৰজেন বৰুৱাই বিজু ফুকনৰ মুখত মোৰ কথা শুনি মাতি পঠিয়াইছিল আৰু মোক যিটো দায়িত্ব দিয়া হৈছে সেই দায়িত্বটো দিম বুলি ঠিক কৰি থৈছিল।..." --হেমন্ত দত্তই কৈছিল। আৰু পৰৱৰ্তী সময়ছোৱাত অসমীয়া চিনেমাৰ অভিনেতা, গীতিকাৰ, পৰিচালকৰ পৰিচয় পালে। স্বাধীনভাৱে পৰিচালনা কৰিলে-- 'উপপথ'। 'উপপথ'ৰ পূর্বে কেইবাখনো চিনেমাত সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল, অভিনয় কৰিছিল হেমন্ত দত্তই। বেছি কাম কৰিছিল দ্বিবন বৰুৱাৰ সৈতে। ব্যৱসায়িক দিশত সফল 'তৰামাই'ৰ মুখ্য সহকাৰী পৰিচালক আছিল হেমন্ত দত্ত। সেই চিনেমাখনৰ কিছু খেলিমেলিৰ বাবেই পৰিচালকে কৰিবলগীয়া সকলোখিনি কাম কৰাৰ সুযোগ পাইছিল, আৰু সুযোগেই স্বাধীনভাৱে চিনেমা পৰিচালনা কৰাৰ বাট মুকলি কৰি দিছিল। হেমন্ত দত্তই কৈছিল-- "দ্বিবনদাই খুব ড্রিংকছ কৰিছিল। 'তৰামাই'ৰ সময়ৰ কথা। অভিনেতা-অভিনেত্রীসকলে মুখত মেকআপ লৈ সাজু হৈ থাকে, ছেট সাজু হৈ থাকে, লাইট-কেমেৰা লৈ আমি সাজু হৈ থাকো। দ্বিবনদা আহি নাপায় হে নাপায়। চিনেমাখনৰ কলা নির্দেশক আছিল হীৰেন চৌধুৰী। এদিন হীৰেনদাই ক'লে-- কিনো ৰৈ থাকিব লাগেহে,  তোমাৰো যিহেতু আইডিয়া আছে আগবঢ়োৱা। শ্বট লোৱা। সময়ত দেখা যাব কি হয়। মই কিন্তু সাহস কৰা নাছিলোঁ। কাৰণ চিনেমাৰ পৰিচালক মইতো নহয়। দ্বিবনদাইহে চিন্তা কৰিব! দ্বিবনদাই যি চিন্তা কৰে সেয়াহে কৰাটো মোৰ দায়িত্ব। তেনেদৰে কাম চলি থকাৰ সময়তেই দ্বিবনদাই ড্রিংকছ কৰি থাকোঁতেই হীৰেনদাই ক'লে-- আমি সকলো আছোৱেই খালি, কেমেৰা চলোৱাৰ নিৰ্দেশটোহে দিব লাগে। আপোনাক ৰৈ থকাতকৈ আমি দেখোন কামবোৰ আগুৱাব পাৰোঁ। আপোনাৰ হৈ হেমন্তই চোন কামখিনি কৰিব পাৰে। কথাটো দ্বিবনদাই সহজেই মানি ল'লে। মুখ্য সহকাৰী পৰিচালক হৈ মই পৰিচালকৰ কাম কৰাৰ সুযোগ পালোঁ। কিছু আত্মবিশ্বাস গোটালোঁ আৰু কিছু কাম শিকিলোঁ। 'তৰামাই'ৰ প্ৰযোজকে হয়তো মোক চাই আছিল। কামবোৰ দেখি আছিল। সেয়ে পৰৱৰ্তী চিনেমাখনৰ দায়িত্ব মোক দিম বুলি বহুতকে ক'লে। এই কথাটো সম্ভৱতঃ দ্বিবনদাই কেনেবাকৈ শুনিলে! তেতিয়া মই গুৱাহাটীত থাকো। হঠাতে এদিন ককাইদেউৰ ঘৰত মই থাকোঁ বুলি জানি দ্বিবনদা আহি ওলাল। আহিয়েই মানুহজনে খুব কান্দিলে। কান্দি কান্দি ক'লে-- তুমি বুধিয়ক ল'ৰা! খুব কম সময়তে তুমি কামখিনি শিকি ল'লা। তুমি শিকিছা বাবে মোৰ ভাল লাগিছে। কিন্তু ভাই তুমি মোক এই লাইনটোৰ পৰা খেদি নপঠিয়াবা। বিশ্বাস কৰা সেইদিনা দ্বিবনদা মানুহজনলৈ মোৰ খুব বেয়া লাগিছিল। মই প্রযোজকৰ ওচৰ পাইছিলোঁ, আৰু কৈছিলোঁ কামটো দ্বিবনদাকে দিয়ক। মই অনুৰোধ কৰিছিলোঁ, কিন্তু প্রযোজকগৰাকীয়ে মানি নল'লে। স্পষ্টকৈ কৈ দিলে-- তুমিয়ে কৰিব লাগিব। কামটো দ্বিবনদাক নিদিলে, ময়ো নকৰিলোঁ। তেনেদৰেই কিছুদিনলৈ পৰিচালক হোৱাৰ ইচ্ছা মনৰ পৰা আঁতৰাই ৰাখি আগৰ দৰেই কাম কৰি গৈছিলোঁ। যি কৰিছিলোঁ নিষ্ঠাৰে পালন কৰিছিলোঁ। আৰু বেচ কিছুদিন পিছতহে 'উপপথ'ৰ কামটো হাতত লৈছিলোঁ। চিনেমাখনৰ সংগীতৰ কাম জয়ন্ত হাজৰিকাই কৰিলে সুখী হ'ম বুলি কৈছিলোঁ। কৈছিলোঁ, মানে ৰাণা (জয়ন্ত হাজৰিকা)ক কৈছিলোঁ। কিন্তু শেষত চিনেমাখনৰ সংগীতৰ কাম মিঠুইহে (মণীষা হাজৰিকা)ই কৰিছিল।