শনিবার, ২৩ জুলাই, ২০২২

"নৈ" ৰূপালী গল্পটোলৈ আহিছে আমাৰ প্ৰান্তীয় মানুহখিনিৰ মনৰ হাহাকাৰ, প্ৰশ্ন উত্থাপন কৰিছে সংগ্ৰাম-আদৰ্শৰ নামত আমি কি পালো ?

কেৱল  প্ৰচাৰ আৰু "তাৰকা শক্তি" (star power)-এ চিনেমা চলাব নোৱাৰে, অসমীয়া চিনেমা চলাব নোৱাৰে। (অৱশ্যে অসমীয়া চিনেমাৰ তাৰকা বিষয়টো প্ৰশ্নোবোধক।) উদাহৰণ-- অসমীয়া চিনেমা "গংগা", হিন্দী চিনেমা "Dhaakad" (১০০ কোটি টকা বাজেটৰ এই চিনেমা খনে মাত্ৰ ৩.৭৭ কোটি টকাহে ব্যৱসায় কৰিছে।), "Anek" (৪৫ কোটি টকা বাজেটৰ এই চিনেমা খনৰ ব্যৱসায় মাত্ৰ ১১.৫৯ কোটি টকা।) । বিপৰীতে ১০০ কোটি টকাৰ "K.G.F: Chapter 2" (মুল কানাড়া ভাষাৰ চিনেমা খন হিন্দী , তেলেগু , তামিল আৰু মালয়ালম ভাষাত ডাব কৰি একে সময়তে চিত্ৰগৃহত মুকলি কৰা হৈছে। )
চিনেমাই ব্যৱসায় কৰিছে ( কৰি আছে। আৰু বাঢ়িব। চিনেমা খনত তাৰকা আৱশ্যেই আছে। ব্যৱসায় কিন্তু কেৱল তাৰকা কেন্দ্ৰীক নহয়। যথা স্থানত ইতিমধ্যে চৰ্চা কৰিছো।) ১২৩৫.২ কোটি টকা। আৰু অসমীয়া? কোনো "তাৰকা"ই অভিনয় নকৰা কেনি বসুমতাৰীৰ পৰিচালনাৰে নিৰ্মিত "লোকেল উৎপাত" চিত্ৰগেহৰ বক্স অফিচ কালেকচন ১ কোটি টকা , ৩৫ টা চিত্ৰগৃহত (১জুনৰ খবৰ। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ১৩ মে', ২০২২ত)। --এটা দিশ স্পষ্ট, চিনেমাৰ গল্প কোৱৰ কৌশল, গল্প, অভিনয় শৈলী (চৰিত্ৰ নিৰ্মাণ) সলনি হৈছে। এই যে সলনি হোৱা বুলিছো, এই "সলনি"ৰ সৈতে খোজ মিলাব পৰা চিনেশক্তি কেনী বসুমতাৰীৰ আছে বাবেই "লোকেল উৎপাত" সফল। বজাৰ ঠেক নহলে অসমীয়া চিনেমা খনৰ ব্যৱসায় আৰূ বাঢ়িল হেতেন। --হয়, বহল বজাৰ। বহুতৰে ধাৰণা দক্ষিণ ভাৰতৰ চিনেমাই শ কোটি-হাজাৰ কোটি টকা ব্যৱসায় কৰিছে নিজা আঞ্চলিক ভাষাৰে। এই তথ্য শুদ্ধ নহয়। মূলতঃ দক্ষিণ ভাৰতৰ আন আঞ্চলিক ভাষালৈ আৰু হিন্দী ভাষালৈ ডাব কৰা সংস্কৰণৰ "কালেকচন" মিলাইহে শ কোটি-হাজাৰ কোটি হৈছে। ১২৩৫.২ কোটি টকা ব্যৱসায় কৰা "K.G.F: Chapter 2" -য়ে ৬০% ব্যৱসায় কৰিছে হিন্দী সংস্কৰেণেৰেহে। আটাইতকৈ কম কালেকছন মুল কানাড়া সংস্কৰণৰ। (উৎস: Kumudam) গতিকে কব পাৰি একে সময়তে আন আঞ্চলিক ভাষাৰ লগতে হিন্দী ভাষালৈ "লোকেল উৎপাত"ৰ দৰে অসমীয়া চিনেমা বহল বজাৰলৈ নিলে সফল নহোৱাৰ কাৰণ নাই।
"সফল চিনেমা"ৰ ব্যখ্যা ভিন্ন দৃষ্টিত ভিন্ন হব। আমাৰ ব্যখ্যা এনেধৰণৰ-- মৌলিক চিনেচিন্তাৰ, চিত্ৰৰসিকক সন্তুষ্ট কৰাৰ ক্ষমতা থকা, চিনে সৌন্দৰ্য থকা, বজাৰ (স্থানীয়, মহোৎসৱ কেন্দ্ৰীক) দখল কৰাৰ ক্ষমতা থকা চিনেমা খনক সফল চিনেমা বুলি কব পাৰি। কেমেৰাত বন্দী নাটক এখনক, মৌলিক চিনেচিন্তা শূন্য বঁটা প্ৰাপ্ত চিনেমাক সফল চিনেকৰ্ম বুলি কব নোৱাৰি।
--এই কথা স্পষ্ট, ভাল চিনেমা নিৰ্মাণ সম্ভৱ চিনেশক্তি পূৰ্ণ, দক্ষ পৰিচালকৰ দ্বাৰাহে। অসমীয়া চিনেমাৰ বাবে আশাৰ বতৰা চিনেশক্তি পূৰ্ণ, দক্ষ পৰিচলকৰ সংখ্যা বাঢ়িছে। ৰীমা দাস, ভাস্কৰ হাজৰিকা, কংকন ডেকা, জয়ছেং জয় দহোটিয়া, অনুপম কৌশিক বৰা, ৰীমা বৰা, অৰুণজিৎ বৰা আদিৰ চিনেকৰ্মই আমাক আশা দেখুৱাইছে। ৰীমা দাসৰ "ভিলেজ ৰকষ্টাৰ্ছ"-এ নিৰ্মল চিনেমেটিক কাৰবাৰেৰে অসমীয়া চিনেমাৰ নতুন বাট মুকলি কৰিলে। এই বাটেৰে আগবাগৰিবলৈ চেষ্টা কৰিছে কেইবাগৰাকীও তৰুণ পৰিচালকে। সৰহ সংখ্যকেই পিছল খাইছে। (আনৰ বাটত "বাট" অনূভৱ নকৰাকৈ খোজ কাঢ়িবলৈ গ'লে পিছল খাবয়ে!)
ৰীমা দাসৰ দৰে ৰীমা বৰাৰো ৰূপালী গল্প কোৱাৰ নিজা বাট (নিজা শৈলী) আছে। "বকুল"ত অনুভৱ কৰিছিলো, "নৈ"ত অনুভৱ কৰিলো ৰীমা বৰাৰ চিনেদক্ষতা। এটা চৰিত্ৰ ঠিয় কৰাইছে, যিটো চৰিত্ৰক আমি "নৈ"ৰ মূল চৰিত্ৰ বুলি কব পাৰো। এটা বৃত্তৰ মাজত জীৱনৰ সৰহ খিনি সময় পাৰ কৰা "চৰিত্ৰ"টোৱে এদিন বাহিৰ ওলাল, এটা চৰিত্ৰৰ সন্ধানত। "চৰিত্ৰ"টোৰ সন্ধানত আগ বাঢ়ে, লগ পায় ভিন্ন চৰিত্ৰ। প্ৰতিটো চৰিত্ৰই লৈ ফুৰিছে একোটা কাহিনী। কাহিনীৰ মাজত সুখ-দুখ আছে, "সমস্যা" আছে। মূল চৰিত্ৰৰ সৈতে আন চৰিত্ৰ গুঠিছে, "সমস্যা" কৈছে মেডহীন সংলাপ, সু-পৰিকল্পিত কেমেৰাৰ ভাষা (cinematic language)-ৰে। ভালেমান শ্বট ৰূপান্তৰ হৈছে মন চুই যোৱা painting art -লৈ। চিনেমা খনৰ মূল সৌন্দৰ্য কি বুলি যদি প্ৰশ্ন উত্থাপন কৰা হয়, উত্তৰ হব --বাস্তৱবাদৰ আশ্ৰয়ত, ওচৰত নিৰ্মাণ কৰা চৰিত্ৰ, কেমেৰাত ধৰি ৰখা চলন্ত ছবি। হয়,  আমাৰ চৌপাশৰ জগতখনৰ প্ৰতিফলন স্পষ্ট চিনেমা খনত। (কোৱা হয়, ১৯৫০ চনৰ শেষৰ ফালে “চিনেমাত বাস্তৱবাদ” বিশ্বৰ অন্যান্য অঞ্চললৈ বিয়পি পৰিছিল, ভাৰতৰ পৰা। অসমীয়া চিনেমাৰ জনক জ্যোতিপ্ৰসাদ আগৰৱালাই “চিনেমাত বাস্তৱবাদ”ৰ প্ৰয়োগ কৰিছিল "জয়মতী"তে, ১৯৩৫ চনতে। "জয়মতী"ৰ কাৰিকৰী বিফলতা আৰু সেই সময়ৰ অসমীয়া চিনেমা আলোচকৰ চিনে শূন্য চিন্তাই বাধা নিদিলে হয়তো আজি “চিনেমাত বাস্তৱবাদ” কেন্দ্ৰীক আলোচনা আৰম্ভ হ'ল হেতেন অসমীয়া চিনেমাৰে।) আৰু অভিনয়? ভাল অভিনয়ৰ প্ৰসংগত কোৱা হয়, চকুত-চেহেৰাত প্ৰকাশ হোৱা আৱেগ, মনৰ ৰং-মনৰ খং ইত্যাদি। অভিনয় কৰে কিন্তু অভিনয় কৰা যেন নালাগে। অভিনয় শিল্পীয়ে "চৰিত্ৰ"ত বাস কৰে, "চৰিত্ৰ"টো বিশ্বাসযোগ্য কৰি দৰ্শকৰ ওচৰলৈ নিয়ে। দৰ্শকক আৱেগিক কৰিবলৈ চেষ্টা নকৰে। "ভাল অভিনয়"ৰ এই বিন্দু কেইটা স্পষ্ট "নৈ"ৰ অভিনয় শিল্পীৰ অভিনয়ত।
"নৈ" ৰূপালী গল্পটোলৈ আহিছে আমাৰ প্ৰান্তীয়  মানুহখিনিৰ মনৰ হাহাকাৰ, প্ৰশ্ন উত্থাপন কৰিছে সংগ্ৰাম-আদৰ্শৰ নামত আমি কি পালো ?
(আৰু আছে)

রবিবার, ১০ জুলাই, ২০২২

১৯৯৭ চনৰ ২১ নৱেম্বৰ। পৃথ্বি থিয়েটাৰত লগ পাইছিলোঁ দেশমুখক। একেলগে বহি নাটক চাইছিলোঁ। নাটক চোৱাৰ পিছত আড্ডা দিছিলোঁ। আড্ডাত মই অমিত দেশমুখৰ মাজেৰে 'লতা মংগেশকাৰ'ক অনুভৱ কৰিবলৈ চেষ্টা কৰিছিলোঁ

লতাজীৰ বিয়া প্ৰসংগত আৰু বিভিন্ন চর্চা শুনা যায়— দেৱদাসী হয়, সেইবাবেই বিয়া হ'ব নোৱাৰে; সংগীতৰ সৈতে বিয়া হৈছে ইত্যাদি। এয়া লতাজীৰ ‘সংবাদ মূল্য’ বঢ়াৰ সময়ৰ চৰ্চা। সন্দেহ নাই, কাকত-আলোচনীৰ প্ৰচলন বঢ়োৱাৰ স্বাৰ্থত কৰা চৰ্চা। এনেধৰণৰ আৰু বহু চর্চা চলি থকা সময়ত অমিত দেশমুখে ‘লোকমত’ (২০জুন/১৯৮৪)ত লিখিছিল— 'মই লতাজীক কেইবাবাৰো লগ পাইছোঁ। “মানুহগৰাকীৰ মাজত সংগীতৰ বাহিৰে যেন আন কোনোৰে অস্তিত্ব নাই। সংগীত, কেৱল সংগীত চর্চা। 'বজাৰকেন্দ্ৰিক সংগীতক লৈ যেন সুখী নহয়। 'সংগীতকো বজাৰ লাগিব। ভাল গীতে বজাৰ দখল কৰিলে ভাল লাগে। কিন্তু বজাৰত চলোৱাৰ উদ্দেশ্যেৰে যেতিয়া গীত গাবলগীয়া হয়— দুখ লাগে ....' -এনে ধৰণৰ আৰু বহু চৰ্চা কৰিছোঁ লতাজীৰ সৈতে। এনে চৰ্চাৰ মাজত কোনো দিনে বিয়াৰ প্ৰসংগত প্রশ্ন সুধিবলৈ সাহস কৰিব পৰা নাছিলোঁ। মোৰ ধাৰণা হৈছিল— এইগৰাকী 'মানুহে' সংগীতৰ বাহিৰে আনক ভাল পাব নোৱাৰে। ভাল পাব নোৱাৰিলে বিয়া হ'ব কিয়?— এই ধাৰণাৰ কাৰণ ? প্ৰসংগক্ৰমে লতাজীয়ে এবাৰ নিজেই কৈছিল, 'মৰম-ভালপোৱাই সম্পর্ক গঢ়ে। য'ত মৰম নাই, যাঁত ভালপোৱা নাই, তাত সম্পৰ্ক অবান্তৰ।' মোৰ ধাৰণাত লতাজীৰ বিবাহ চর্চা অবান্তৰ।"

১৯৯৭ চনৰ ২১ নৱেম্বৰ। পৃথ্বি থিয়েটাৰত লগ পাইছিলোঁ দেশমুখক। একেলগে বহি নাটক চাইছিলোঁ। নাটক চোৱাৰ পিছত আড্ডা দিছিলোঁ। আড্ডাত মই অমিত দেশমুখৰ মাজেৰে 'লতা মংগেশকাৰ'ক অনুভৱ কৰিবলৈ চেষ্টা কৰিছিলোঁ। 'মই আচৰিত হওঁ আজিৰ তাৰিখতো লতাজীয়ে নতুন গায়িকাৰ দৰে পৰিশ্ৰম কৰে। পুৱা চাৰি বজাৰ আগতে বিছনা এৰে, সংগীত কচৰৎ কৰে। মই নিজেই দেখিছোঁ এ আৰ ৰেহমান, বিশাল ভৰদ্বাজৰ সৈতে সংগীতৰ কাম কৰা। সংগীত পৰিচালকৰ সম্পূর্ণ সন্মান দি নিজকে সাধাৰণ পৰ্যায়ৰ গায়িকাৰ স্তৰত ৰাখে। কথা প্ৰসংগত এ আৰ ৰেহমানে মোক কৈছিল—'দেশমুখজী মই যেনেদৰে ভাবিছিলোঁ সামান্যয়ো লৰচৰ নকৰাকৈ ‘আ জা চব মিলকে ৰব চে দুৱা মাংগে...' ৰেকৰ্ডিং হৈছিল মাত্ৰ এটা ট্রেকত। অসাধাৰণ।' নক্ষত্ৰ আৰু নাটক

বুধবার, ৬ জুলাই, ২০২২

দ্বিতীয় উদ্দেশ্যৰ কথা মনত ৰাখি আমি ঘোষণা কৰিছিলো ২০২১ বৰ্ষৰ শিল্পী। ২০২১ বৰ্ষৰ "সংগীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা"ৰ বাবে বাছনি কৰিছিলো ৰাভা লোক সঙ্গীতৰ সাধনাত ব্ৰতী তথা সম্ভাৱনাময় উদীয়মান গায়িকা বৰষা ৰাভাক। আৰু ২০২২ বৰ্ষত বাছনি কৰা হ'ল বৰপেটাৰ নুপুৰ জ্যোতি মেধিক। উদীয়মান শিল্পী গৰাকীয়ে খোলবাদন, ভোৰতাল নৃত্য, সত্ৰীয়া নৃত্যৰে অসমীয়া সংস্কৃতিৰ উত্তৰণ আৰু প্ৰচাৰত সহায় কৰি আহিছে।--অভিনন্দন নুপুৰ জ্যোতি মেধি!


আর্থিক সমস্যাৰ হেঁচাতে এদিন শিল্পীগৰাকীৰ মৃত্যু হয়। প্ৰকৃত শিল্পী। শিল্প কৰ্ময়ে জীৱন। নিজে একো নাপালেও কিবা কিছু দি যায়। "শল্প" ভঁৰাল চহকী কৰি যায়।   মৃত্যুৰ পাছত, সেই শিল্পকৰ্মৰ 'মূল্য' আমি বুজিবলৈ আৰম্ভ কৰোঁ। বা শিল্পী গৰাকীৰ নামত বঁটা ইত্যাদি ঘোষণা কৰো। দুখ কৰোঁ "শিল্পীৰাকীক জীবিত কালত যে আমি চিনি নাপালো ইত্যাদি কৈ। "শিল্পী গৰাীকক জীৱিত কালত চিনি নোপোৱাৰ বাবে আক্ষেপ কৰি, নিজকে গালি পাৰিও আমি নিজে "মহান", হবলৈ চেষ্টা কৰো। কোন "শিল্পী"? শিল্পী গৰাকী সংগীতকাৰো হ'ব পাবে, কোনো ভাইবাও হ'ব পাৰে।
আনৰ কথা বাদ দিয়ক, জীবিত কালত, জীবনৰ শেষ সময়ছোৱাত সংগীত সূর্য ভূপেন হাজৰিকাৰ ওচৰত কেইজন ব্যক্তি আছিল? মৃত্যুৰ পাছত কিন্তু হৈছিল 'প্রতিযোগিতা', কোনে 'শিল্পীৰাকীক ভালদৰে বুজিছিল, কিমান ভাল পাইছিল, কিমান ওচৰৰ আছিল ইত্যাদি। চগ বুজি শিল্পীগৰাকীৰ সৈতে উঠা ফটো দি প্ৰচাৰ নকৰাকৈ থকা নাছিল। "শিল্পী"গৰাকীৰ শেষ সময়ছোৱাত শিল্পীগৰাকীৰ সপক্ষে 'কিছু কথা কোৱা "অসনীয়া মানুহৰো আকাল হৈছিল। এবাৰ মোৰ প্ৰিয় সম্পাদক অজিত কুমাৰ ভূঞাৰ নিৰ্দেশত সংগীত সুৰ্যৰ সপক্ষে কোৱা পাঁচঘৰাকী বিশেষ "ব্যক্তি"ৰ সন্ধান কৰিছিলোঁ। বিচাৰি কিন্তু পোৱা নাছিলো। কোনো এজনেও ৰাজি হোৱা নাছিল, শিল্পীগৰাকীৰ সপক্ষে ক'বলৈ। সঁচা কথা সেইটোৱে আছিল সংগীত সূৰ্যৰ আর্থিক সমস্যা যেতিয়া বাঢ়ি গৈ আছিল তেতিয়া শিল্পীগৰাকীক "ভালপোৱা" বহুতো আঁতৰি গৈছিল। কাৰণ সেইসকলৰ "ভালপোৱা" আত্মিক নাছিল, আৰ্থিকহে আছিল। শিল্পীৰ মৃত্যুৰ পাছত কিন্তু "ভূপেন প্ৰেমী সাজ" পিন্ধি লবলৈ পাহৰা নাছিল।  মৃত্যুৰ পাছত এতিয়া সুযোগ পাসেই এইসকল ব্যক্তিয়ে চিঞৰে— ভূপেন হাজৰিকাক জীয়াই ৰাখিবলৈ কি কৰিব লাগে? --হাঁহি উঠে। দুখ লাগে।
--এয়াই আমাৰ শিল্পীক সন্মান জনাবলৈ তৈয়াৰ কৰি ৰখা অলিখিত নিয়ম। কেৱল অসমতে নহয়, অসমৰ বাহিৰতো মৃত্যৰ পাছত শিল্পীক সন্মান জনোৱাতহে বেছি গুৰুত্ব দিয়া হয়। "মৃত্যু তিথি"ত বিশেষ গুৰুত্ব দিয়া হয়।
--জীৱনৰ শেষ সময় চোৱাত প্ৰচাৰৰ দূৰত থাকি শিল্পকৰ্ম কৰি ভালপোৱা শিল্পীৰ কথা বাদেই দিলো, অলেখ "তৰা"ৰো বিননি শুনা যায়। অকলে জীৱন পাৰ কৰা "তৰা"ৰ মৃত্যুৰ পাছত বন্ধ কোঠাৰ পৰা মৃতদেহ উদ্ধাৰ কৰা খবৰো আমি পাইছো। সেই "তৰা"ৰ নামত বঁটা ঘোষণা কৰা, জীৱন কালত এবাৰো খবৰ নোলোৱা আন "তৰা"ই বঁটা লৈ "জীৱন কালত তেওঁক একো দিয়া নহ'ল, এতিয়া তেওঁক আমিয়ে জীয়াই ৰাখিব লাগিব" বুলি স্মৃতি ৰক্ষাৰ কচৰৎ কৰাও আমি দেখিছো।
--এই যে দেখি আহিছো, শুনি আহিছো ইয়াৰ বিপৰীতে আমি কিবা এটা কৰিব নোৱাৰো নে? --জীৱন কালতে "শিল্পী"ক সন্মান জনোৱাৰ কথা চিন্তা কৰিব নোৱাৰো নে! জীৱন কালতে লোকসংগীতৰ সাধক প্ৰভাত শৰ্মাক সন্মান জনাব নোৱাৰোনে?... ( এই চৰ্চা প্ৰকাশ পাইছিল "দৈনিক জনমভূমি"ত, ১৪/০৫/২০২১ সংখ্যাত।)
--এনে চিন্তাৰে পৰিকল্পনা কৰিছিলো "সংগীতশ্ৰী প্ৰভাত শৰ্মা বঁটা"। আমাৰ চিন্তাক আগবঢ়াই নিয়াত সহায় কৰিবলৈ আগবাঢ়ি আহিছিল গ্ৰন্থ প্ৰকাশক "চিত্ৰাচল"। ২০১৮ বৰ্ষত এটা বঁটা দিছিলো লোকবাদ্যৰ শিল্পী গীৰেণ কলিতাক। ২০১৯ বৰ্ষত এই বঁটাৰে উৎসাহ দিয়া হৈছিল হীৰক জ্যোতি শৰ্মাক। হীৰক জ্যোতি শৰ্মাক নিৰ্ধৰিত সময়ত বঁটা দিয়াৰ পৰিবেশ নাছিল। COVID-19 সমস্যাৰ বাবে ২০২১ চনত, প্ৰভাত শৰ্মাৰ কায়িক মৃত্যুৰ পাছতহে দিয়া হৈছিল। এই সময় চোৱাত আমাৰ মনলৈ আহিছিল-- প্ৰভাত শৰ্মাৰ কায়িক অবৰ্তমানত "সংগীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা" প্ৰদানৰ যুক্তি থাকিব জানো!
--আমাৰ মনলৈ আহিল "সংগীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা" প্ৰদানৰ দ্বিতীয় উদ্দেশ্য, লোক-সংগীত, লোক-বাদ্য, লোক-নৃত্যৰ তৰুণ সাধকক উৎসাহ দিয়া। (প্ৰথম উদ্দেশ্য --জীয়াই থাকোতেই শিল্পীক শ্ৰদ্ধা জনোৱা।) দ্বিতীয় উদ্দেশ্যৰ কথা মনত ৰাখি আমি ঘোষণা কৰিছিলো ২০২১ বৰ্ষৰ শিল্পী। ২০২১ বৰ্ষৰ "সংগীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা"ৰ বাবে বাছনি কৰিছিলো ৰাভা লোক সঙ্গীতৰ সাধনাত ব্ৰতী তথা সম্ভাৱনাময় উদীয়মান গায়িকা বৰষা ৰাভাক। আৰু ২০২২ বৰ্ষত বাছনি কৰা হ'ল বৰপেটাৰ নুপুৰ জ্যোতি মেধিক। উদীয়মান শিল্পী গৰাকীয়ে খোলবাদন, ভোৰতাল নৃত্য, সত্ৰীয়া নৃত্যৰে অসমীয়া সংস্কৃতিৰ উত্তৰণ আৰু প্ৰচাৰত সহায় কৰি আহিছে।
--অভিনন্দন নুপুৰ জ্যোতি মেধি!