মঙ্গলবার, ২৭ ফেব্রুয়ারি, ২০২৪

তৰালিৰ গীত

"উপমাৰ সিপাৰে..." --মুকলি হ'ল। সুৰৰ ডেউকাত ভাল লগা, মৰম লগা আৰু এবোজা শব্দ লৈ শ্ৰোতাৰ ওচৰ পালে আৰু এটা "ভাল লগা" গীত, তৰালিৰ গীত,তৰালি শৰ্মাই "সুৰ-সংগীত অলংকাৰ" পিন্ধোৱা ৰাহুল গৌতম শৰ্মাৰ গীত। 
এটা "ভাল লগা"গীতে আমাক প্ৰথমে চুই যায় 
--সুৰেৰে।
 বাৰে বাৰে শুনিবলৈ বাধ্য কৰাই-- গায়কী-কণ্ঠই।
 আৰু মগজুত খুন্দিয়াই কথাৰে।
 ("উপমাৰ সিপাৰে..." মন চুই যোৱা, বাৰে বাৰে শুনিবলৈ বাধ্য কৰোৱা, মন-মগজুত ৰৈ যোৱা।)
কিন্তু!
শুনাৰ আগতে চালোঁ, অনুভৱৰ আগতে আকাৰ ল'লে "উপমাৰ সিপাৰে..."। চোৱাৰ কিছু সময়ৰ পাছলৈ হ'লেও অনুপ বৰুৱা দিয়া "আকাৰ"তে অনুভৱ কৰিব লাগিব। --হয়, গীতটোৰ যিটো ভিডিঅ' চালোঁ, সেইটোৰ ডিজাইন আৰু চিত্ৰায়ণ (চিত্ৰগ্ৰহণ: চন্দ্র কুমাৰ) অনুপ বৰুৱাৰ।
--অনুপৰ কেমেৰা, তৰালিৰ "শব্দ" (সাহিত্যৰ ভাষা, কণ্ঠ, বাদ্য শব্দ)-ৰ পৰিপাটি যুগলবন্দী। গায়কী, সাহিত্যৰ ভাষা মসৃণ। মসৃণ (আৰু সৰল ৰৈখিক) কেমেৰাৰ ভাষাও। এগৰাকী সংগীতকাৰ (চৰিত্ৰটো নিৰ্মাণ কৰিছে তৰালি শৰ্মাক লৈ) আৰু এগৰাকী সংগীত ৰসিক, ফটোগ্ৰাফাৰ (চৰিত্ৰটো নিৰ্মাণ কৰিছে বিষুনাথক লৈ)-ৰ প্ৰেমৰ গল্প এটা নিৰ্মাণ কৰিছে। (প্ৰেমৰ গল্পটোই "গীত"টোৰ ছবি খন কিমান সফল ভাবে আঁকিছে --সঠিক সিদ্ধান্ত গীতিকাৰৰ হাতত। --এয়া প্ৰথম কথা। দ্বিতীয়তে-- গীতটো শুনাৰ পাছত, অনুভৱ কৰাৰ পাছত শ্ৰোতাৰ "নিজাকৈ" মনতে ছবি এখন আঁকাৰ বা গল্প এটা নিৰ্মাণৰ অধিকাৰ নিশ্চয় থাকিব!) ক'ব পাৰি-- অনুপে গীতটো "চুটি প্ৰেমৰ চিনেমা"লৈ ৰূপান্তৰ কৰিছে শ্বটৰ প্ৰয়োজনীয়, পৰিপাটি গাণিতিক ব্যৱহাৰেৰে (যদিওবা আৰম্ভনীতে উজুতি খাইছে) আৰু দুই মূল চৰিত্ৰৰ চেহেৰাৰৰ ভাষাৰে। দুই চৰিত্ৰৰ "ইতিহাস" চাৰি-পাচটা শ্বটতে স্পষ্ট কৰিছে। অসমীয়া চিনেমাৰ বহু সংখ্যক পৰিচালকে "ইতিহাস"ৰ লগতে "ভূগোল"ও পাহৰি থাকে "ৰূপালী গল্প" নিৰ্মাণৰ সময়ত। অনুপে গীতটো চিত্ৰায়ণৰ সময়ত কিন্তু পাহৰা নাই। এই যে পাহৰা নাই বা প্ৰয়োগ কৰিছে, এয়া ইতিবাচক, যিয়ে প্ৰশংসা কৰাৰ বাট কাটিছে। 
আৰু "অভিনয়"। অনুপে "অভিনয়"ক চিনে সৌন্দৰ্যলৈ ৰূপান্তৰ কৰিছে।
দৃশ্য মাধ্যমৰ পৰা আঁতৰি আহিছোঁ-- শব্দ মোহনীয়। কণ্ঠ, কথা। কথাই আমাক অনুপে নিৰ্মাণ কৰা "ৰূপালী গল্প"টোৰ বাহিৰলৈ লৈ যায়। "হেঁপাহৰে ডেউকা আকাশলে’ উৰি যায় জোনালীকে বোকোচাতে লৈ..." বা "আদৰৰে ডেউকা দূৰণিলে’ মেলি যায় মেঘালীৰে ওৰণিকে লৈ... " শব্দৰ মালাই অন্য এখন "সপোন দেশ"লৈ যোৱাৰ বাট কাটি দিয়ে। সেই খন "সপোন দেশ"লৈ আমাৰ যাবলৈ মন নাযাব কিয়!

বৃহস্পতিবার, ২২ ফেব্রুয়ারি, ২০২৪

ইতি তোমাৰ/ পূৰ্বালোকন

"ইতি তোমাৰ" --চুই যোৱা নাম। এখন অসমীয়া চিনেমাৰ। নতুন চিনেমা। নতুন পৰিচালক। নতুন চিনেচিন্তাৰ ইংগিত। পৰিচালক: পাৰ্ভেজ আহমেদ। ৰেড ৰিভাৰ ফাণ্ড আৰু মনচুন স্ক্ৰিপ্তৰ বেনাৰত নিৰ্মাণৰত চিনেমা খনৰ কাৰ্য্যবাহী প্ৰযোজক অনুপম হাজৰিকা। চিত্ৰগৃহলৈ আহিব অহা ২৯ মাৰ্চত।

--চিনেমা কেন্দ্ৰীক এটা লেখাত পঢ়িছিলোঁ-- "soft romantic..."।

 লেখাটোত নাম উল্লেখ কৰা চিনেমা কেইখন মান চাইছিলোঁ। "শব্দ" (পৰিচালক: লীনা যাদব), "কৰিব" (পৰিচালক: বিধু বিনোদ চোপ্ৰা) "ইন দ্য মুড ফৰ লাভ" (পৰিচালক: ৱং কাৰ-ৱাই / "In the Mood for Love", Directed by Wong Kar-wai), "টাইটানিক" (পৰিচালক:  জেমছ কেমেৰন/ "Titanic", 

Directed by James Cameron)।

--কিয় জানো, "soft romantic..." বুলিলে মোৰ মনলৈ উল্লেখ কৰা চিনেমা কেইখনৰ কেইটামান ছিকুৱেন্সহে মনলৈ আহে।

--চিনেমা কেন্দ্ৰীক লেখাটোত পোৱা আন এক বাক্য, অসমীয়াত এনেদৰে লিখিব পাৰি, "কেমেৰত কবিতাৰ ছন্দ"। এই বাক্যটোৰ পাছত লিখা চিনেমাৰ নাম-- "শব্দ", ঐশ্বৰ্য ৰায়-সঞ্জয় দত্তক ফ্ৰেমত লৈ নিৰ্মাণ কৰা কেইটামান ছিকুৱেন্স।

--চিনেমা কেইখনৰ সৈতে "ইতি তোমাৰ"ৰ দূৰ দূৰলৈ সম্পৰ্ক নাই।

-- এনে লাগে, "ইতি তোমাৰ" যেন পৰ্দালৈ আহিব "soft romantic..." হৈ, "কেমেৰত কবিতাৰ ছন্দ"হৈ!

 কাৰ্য্যবাহী প্ৰযোজক অনুপম হাজৰিকাৰ পৰা জানিলোঁ-- "দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত জন্ম গ্ৰহণ কৰা এটা শিশুৱে নিজৰ পৰিয়ালক হেৰুৱাই কেনেদৰে জীৱন সংগ্ৰাম অব্যাহত ৰাখি আমেৰিকাত  প্ৰতিস্থিত হৈছিল আৰু শেষত শৈশৱৰ স্মৃতি ৰোমন্থন কৰি ,কৈশোৰ যৌৱনৰ প্ৰেম বিছাৰি অসমলৈ ঘূৰি অহাৰ এটা দীঘলীয়া পৰিক্ৰমা চিনেমা খনৰ মূল কাহিনী।"

মূল চৰিত্ৰটো নিৰ্মাণ কৰিছে অৰুন নাথক লৈ। ৰূপালী গল্পটোৰ মূল প্ৰটাগণিষ্ট। গুৱাহাটী খনৰ পৰিবৰ্তন দেখি আবেগিক হ'ব। কাহিনীৰ গতিত যৌৱনৰ প্ৰেমাস্পদৰ সন্ধানো আহিব যেন লাগে! 

--অৰুন নাথৰ লগতে চিনেমা খনত অভিনয় কৰিব মলয়া গোস্বামী, অনুপম কৌশিক, লিপিকা বৰা মেধি, দৰথী ভৰদ্বাজ, মণীষা হাজৰিকা আদিয়ে। 

--এই খিনিতে এটা তথ্য: মণিষা হাজৰিকাই ড°ভূপেন হাজৰিকাৰ পৰিচালনাৰে নিৰ্মিত "লটিঘটি"ত অভিনয় কৰিছিল। চিনেমা গীত "জীৱনটো যদি অভিনয় হয়..." জয়ন্ত হাজৰিকা আৰু মণিষা হাজৰিকাক (সেই সময়ৰ সেনগুপ্তা) লৈ চিত্ৰায়ণ কৰা হৈছিল।

--অৰুন নাথৰ লগতে মলয়া গোস্বামীক লৈ নিৰ্মাণ কৰা চৰিত্ৰ দুটা "ভাল লগা" হ'ব পাৰে। তেনেদৰে অনুপম, দৰথীক লৈ নিৰ্মাণ কৰা চৰিত্ৰ দুটা ৰূপালী গল্পটোৰ সৌন্দৰ্য হ'ব বুলি আশা কৰাৰ বুনিয়াদ আছে। 

--অভিনয় সৌন্দৰ্যৰ লগতে চিনে সৌন্দৰ্য অনুভৱৰ অপেক্ষাত, ২৯ মাৰ্চলৈ।

রবিবার, ১৮ ফেব্রুয়ারি, ২০২৪

অৱনী ৰঞ্জন পাঠক: চিনে খোজলৈ


অৱনী ৰঞ্জন পাঠক-- সংগীতৰ মানুহ।

 শ্ৰব্য সংকলন-- “মামন”, দুৰদৰ্শনৰ ধাৰাবাহিক-- “জোৱাই”, “সংসাৰ” আদিৰ সংগীত পৰিচিলক অৱনী ৰঞ্জন পাঠকে সুৰ ৰচনা কৰা কেইটামাণ গীত-- “বৰষা ৰাতি নিবিড় মায়া সানি...” (কণ্ঠ: মালবিকা বৰা, কথা: হীৰেন গোস্বামী), “শদিয়াত ঢুলীয়াই ঢোলত চাপৰ মাৰি ধুবুৰী ৰজন জনাই...” (কণ্ঠ: মনোৰঞ্জন গগৈ, কথা: তফজ্জুল আলি), "কণ্ঠ নিগৰি নিগৰি বোৱালা কতনো সুৰৰে ধাৰ...” (কণ্ঠ: জুবিন গাৰ্গ, কথা: জ্যোতিৰ্ময় কলিতা) “শৰতে শুকুলা শেৱালীৰ বাবে ফুলাৰ বতৰ আনে...” (কণ্ঠ: সমৰ হাজৰিকা, কথা: কমল ৰানা শৰ্মা), “কুৱলীৰ ওৰণি দাঙি তুমি চালা... “ (কণ্ঠ: দেৱজিৎ চৌধুৰী-অপৰ্ণা দত্ত চৌধুৰী, কথা: ৰূদ্ৰ বৰুৱা)। আৰু ভালে মান "সুৰ" আছে। 

২০০২ -ত চিত্ৰগৃহলৈ আহিছিল "প্ৰেম ভৰা চকুলো"। প্ৰবীন বৰাৰ পৰিচালনাৰে নিৰ্মিত অসমীয়া চিনেমা। সংগীত: অৱনী-ভবেন। এই যুটীৰ শ্ৰব্য সংকলন (শ্ৰব্য গ্ৰামোফোন ৰেকৰ্ড, কেচেট, চিডি)-- “নিৰিবিলি জোনাক ৰাতি” “চিনাকি সুহুৰী, “ঢুলীয়া নাচনী”, “মহানগৰী”,”হিটচ অফ অৱনী- ভবেন”  “নাচনী”, “মনে মনে মৰমেৰে”, “মনালিচা” আদি। এই যুটীৰ অৱনী-- অৱনী ৰঞ্জন পাঠক। 

অৱনী ৰঞ্জন পাঠকৰ এটি সাংগীতিক চিনে খোজ-- এনিমেটেড চিনেমা “মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ” (পৰিচালনা: ডালিম পাঠক)। সংগীত পৰিচালনাৰ লগতে চিনেকৰ্মটো ব্যস্ত হয়। লিখে, পৰিচালনা কৰে দুখন তথ্যচিত্ৰ-- "ফাগুনৰ ৰং" (বিষয়:বৰপেটাৰ হোলী উৎসৱ), "জাপি"।  আৰু এখোজ-- লিখে, পৰিচালনা কৰে চিনেমা (feature cinema) -- "অন্তিম নিৰ্ণয়"। কুশান চৌধুৰীৰ প্ৰযোজনা। প্ৰযোজক গৰাকীয়ে অৱনী ৰঞ্জন পাঠকৰ পৰিচালনাৰে আৰু এখন চিনেমা নিৰ্মাণ কৰিব। ঘোষণা কৰা চিনেমা খনৰ নাম-- "নীলা চাদৰ"। যোৱা ১৩ ফেব্ৰুৱাৰী তাৰিখে নতুন চিনেমা খনৰ নাম ঘোষণা কৰাৰ পাছতে প্ৰদৰ্শন কৰে "অন্তিম নিৰ্ণয়"।

--আহিছোঁ চিনেমা খনলৈ। বিষয়বস্তু দুৰ্বল নাছিল। কাহিনীৰ গতিত দুটি কিশোৰ পৰ্দালৈ আহে। পঢ়া-শুনাত মন দিয়াৰ প্ৰয়োজন অনুভৱ নকৰে। টকা উপাৰ্জনৰ সপোন দেখে, বাট বিছাৰে। আৰু এদিন বাট বিছাৰি পায়-- ড্ৰাগছৰ ব্যৱসায় কৰি টকা উপাৰ্জনৰ বাট। বাটত পিছল খালে, দুই কিশোৰ পুলিছৰ চকুত পৰে, কাৰাগাৰত বন্দী হয়। ড্ৰাগছ কি বুজি নোপোৱা সৰল মনৰ দুই কিশোৰক কাৰাগাৰৰ পৰা মুকলি কৰি আনি বিদ্যালয়ৰ বাট দেখুৱাই এন জি অ' এটাৰ কৰ্মীয়ে। 

--চিনেমা খনৰ "নায়িকা" এজিঅ' কৰ্মী। (ৰং-তুলিকাৰে দুই কিশোৰক কেনভাচত আকাৰ দিয়ে "নায়িকা"ই। দুই কিশোৰ বিন্দু আৰু "নায়িকা" বিন্দুৰ সংযোগ স্থাপন কৰে। পৰিচালকৰ চিন্তা ইমানলৈ পৰিপাটি আছিল। কিন্তু দুই বিন্দুক সৰল ৰৈখিক গতি দিয়াত ব্যৰ্থ। আমাৰ মনলৈ অহা ধাৰণা-- গল্প লেখকৰ লগত যেন কৰোবাত সম্পৰ্ক স্থাপনত ব্যৰ্থ চিত্ৰনাটকাৰ-পৰিচালক। কাহিনীকাৰৰ 'অনুভৱ' যেন কেমেৰাত বন্দি কৰাত ব্যৰ্থ। কেমেৰাৰ ভাষা প্ৰয়োগেৰে কাহিনীক গতি দিয়েৰ ধেৰ সুযোগ আছিল।) পৰিচালক-লেখকে "নায়িকা" গৰাকীক লৈ এটা প্ৰেমৰ গল্প নিৰ্মাণ কৰিছে, গুঠিছে। গুঠিছে এটা আৰ্থিক হেচাত জীৱন পাৰ কৰা পৰিয়ালৰ কাহিনী। সংযোগ কৰিছে কেইবাটাও "চৰিত্ৰ"। এনে চৰিত্ৰও গুঠিছে, যি কেইটা চৰিত্ৰ কাহিনীৰ গতিত সমস্যা হৈছে। 

চিনেমা খনৰ দৰ্শক হৈ থকা সময়ত আমাৰ অনুভৱ-- লেখক ৰেডিঅ' নাটকৰ ওচৰত থাকিল, পৰিচালক "চিনেমা"ৰ আঁতৰত থাকিল। (লেখক-পৰিচালক গৰাকীৰ আন এক পৰিচয়-- অল ইণ্ডিয়া ৰেডিঅ'ৰ বিষয়া। হয়তো চিত্ৰনাট্য, সংলাপ ৰচনাৰ সময়ত ৰেডিঅ'ৰ নাটকৰ শৈলীৰ মাজৰ পৰা নিজকে মুক্ত কৰিব নোৱাৰিলে।) কেমেৰাৰ ভাষা প্ৰয়োগ, সংলাপ, চৰিত্ৰ নিৰ্মাণত পৰিচালক-লেখকৰ পৰিশ্ৰমৰ প্ৰয়োজন আছিল। 

আমি নিশ্চয় আশা কৰিব পাৰোঁ-- "নীলা চাদৰ"ত পৰিপাটি চিনেসুখ অনুভৱৰ সুযোগ দিব পৰিচালক অৱনী ৰঞ্জন পাঠকে। 

আমি এনেদৰেও আশাৰ বাট দেখিছোঁ-- অৱনী ৰঞ্জন পাঠক মূলত সংগীতৰ মানুহ। গতিকে "নীলা চাদৰ" মাজত অনুভৱৰ সুযোগ দিব নিৰ্মল সাংগীতিক চিনেচিন্তাৰ।

শুক্রবার, ১৬ ফেব্রুয়ারি, ২০২৪

চেলেঞ্জ আৰু... /চিনে সংবাদ

১৫ ফেব্ৰুৱাৰী, ২০২৪। উপস্থিত আছিলোঁ এখন অসমীয়া চিনেমাৰ "নাম ঘোষণা" অনুষ্ঠানত। "চেলেঞ্জ"-- চিনেমা খনৰ নাম। পৰিচালক এজন নহয়, এন জে আৰু এদল যুৱ পৰিচালক। প্ৰযোজক অসমৰ বাহিৰৰ, মুম্বাই চিনে মেলডী (প্ৰযোজক: এম মাচমে আলম, সহঃ প্ৰযোজক: চৈয়দ হাফিজুল ইছলাম।)। বিগ বাজেটৰ চিনেমা খনৰ বজাৰ চিন্তা "ভাৰত কেন্দ্ৰীক"। ভিন্ন ভাষাত ভাৰতৰ লগতে নেপাল আৰু বাংলাদেশৰ চিত্ৰগৃহত মুক্তি দিব চলিত বৰ্ষৰ অক্টোবৰ বা নৱেম্বৰত মাহত। অসমীয়া চিনেমা খন প্ৰথম পৰ্যায়ত হিন্দী আৰু বাংলা ভাষাত; আৰু পৰৱৰ্তী সময়ত অন্যান্য ভাষালৈ "ডাব" কৰা হ'ব--, জনাইছে চিনেমা খনৰ লেখক অভিজিৎ ভট্টাচাৰ্য আৰু সংগীত পৰিচালক অজয় ফুকনে। সন্দেহ নাই--, এই বজাৰ চিন্তা অসমীয়া চিনেমাৰ বাবে ইতিবাচক। 

--"নাম ঘোষণা"ৰ লগতে চিনেমা খনৰ পোষ্টাৰ মুকলি কৰে। আৰু স্পষ্ট কৰি দিয়ে "নায়ক" কেন্দ্ৰীক গতি দিয়া হ'ব ৰূপালী গল্পটো। চৰিত্ৰটো নিৰ্মাণ কৰা হ'ব যতীন বৰাক লৈ। আমাৰ ধাৰণাত সামাজিক-ৰোমাণ্টিক "action drama"ৰ আকাৰ ল'ব চিনেমা খনে। প্ৰেমৰ বাবে "নায়িকা", মাৰপিটৰ বাবে স্বাভাৱিকতে "খলনায়ক"ৰ চৰিত্ৰ নিৰ্মাণ কৰিব! নায়িকা খলনায়কৰ চৰিত্ৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে বলিউডৰ অভিনেতা-অভিনেত্ৰীক লৈ। অন্যান্য চৰিত্ৰটো অসমৰ বাহিৰৰ অভিনেতা, অভিনেত্ৰীয়ে অভিনয় কৰিব।

--চিত্ৰগ্ৰহণৰ কাম আৰম্ভ হ'ব আহা মে’ মাহৰ দ্বিতীয় সপ্তাহৰ পৰা।

যতীন বৰাক লৈ চৰিত্ৰ নিৰ্মাণৰ বাবে সাজু আন এগৰাকী পৰিচালক-- মৃণ্ময় অৰুণ শইকীয়া। 

চিনেমা খনৰ নাম: অগ্নিবাণ। 

চিনেমা খনৰ বিষয়বস্তু-- উত্তৰ-পূব ভাৰতত বিভীষিকা নমাই অনা মাদক দ্ৰব্য ।

এই চিনেমা খনৰ অন্যান্য চৰিত্ৰত অভিনয় কৰিব কংকনা চক্ৰৱৰ্তী (কলকাতা), কমল লোচন, হিমাংশু প্ৰসাদ দাস, প্ৰীতি কংগনা আদিয়ে।

বৃহস্পতিবার, ৮ ফেব্রুয়ারি, ২০২৪

দিনেশ দাস

অসমীয়া চিনেমাৰ এক ইমেজ-- দিনেশ দাস। খলনায়কৰ ইমেজে অভিনেতা গৰাকীৰ প্ৰথমটো, শেহতীয়াটো চিনেবিন্দু। 
নাট্যাভিনয়ৰো ইমেজ-- খলনায়ক। 
এটা আবেলি কথা পাতিছিলোঁ অভিনেতা গৰাকীৰ সৈতে। অনুভৱ কৰিছিলোঁ, বুজিছিলোঁ। কেৱল অভিনয়ৰ বাবেই অভিনয় কৰিছিল। অভিনেতা গৰাকীৰ বাবে অভিনয়-- আৱেগ, নিজৰ ছাঁ। (দিনেশ দাসৰ সৈতে কথা পাতি থকা সময়ত, ক্ৰমে বুজাৰ সময়ত মনলৈ আহিছিল শ্ব'মেন ৰাজ কাপুৰে কোৱা এষাৰ কথা-- "অভিনয় সেই দিনা এৰিব পাৰিম, যি দিনা পোহৰত মোৰ ছাঁটো এৰিব পাৰোঁ।" --Filmindia, জুন ১৯৪৯) পেতৰ খাদ্যৰ বাবে ক্ৰমে এলবাৰ্ট ডেভিদ মেডিকেল কোম্পানীৰ মেডিকেলৰ ৰিপ্ৰেজেণ্টেটিভৰ, নেচনেল টেক্সটাইল কৰ্প'ৰেচনৰ মেনেজাৰৰ চাকৰি কৰিছিল। আৰু মনৰ খাদ্যৰ বাবে অভিনয় কৰি গৈছিল নাটকত, চিনেমাত। কণ্ঠ দিছিল আকাশবাণীৰ নাটকত। যদিওবা আকাশবাণীৰ নাটকত 'কণ্ঠ' দিয়াৰ পূৰ্বে প্ৰথম খন চিনেমা চিত্ৰগৃহলৈ আহিছিল। দীনেনে দাসে অভিনয় কৰা প্ৰথম খন চিনেমা 'মৰম তৃষ্ণা'। চিত্ৰগৃহলৈ আহিছিল ৫ জানুৱাৰীৰ, ১৯৬৮-ত। আব্দুল মজিদৰ পৰিচালনা। এই চিনেমা খন 'স্থানীয় বজাৰ'ত সফল হোৱা নাছিল। স্বাভাৱিকতে 'খলনায়ক দীনেশ দাস'ৰ অভিনয় শক্তি সৰু বৃত্ততে বন্দী হৈছিল। অভিনেতা গৰাকীক জনপ্ৰিয় কৰিছিল 'মানৱ আৰু দানৱ'ৰ চৰিত্ৰটোই। ২৬ ফেব্ৰুৱাৰী ১৯৭১ -ত চিত্ৰগৃহলৈ আহিছিল চিনেমা খন। ইন্দুকল্প হাজৰিকাৰ পৰিচালনা। একেটা বছৰতে আহে দীনেশ দাসে অভিনয় কৰা তৃতীয় খন চিনেমা-- 'শেষ বিচাৰ' (দেৱ কুমাৰ বসুৰ পৰিচালনা)।
--সেই সময়ত (১৯৬৫-৬৬) সবাতকৈ জনপ্ৰিয় মাধ্যমটোৱে আছিল ৰেডিঅ'। দিনেশ দাস ব্যস্ত হৈছিল আকাশবাণীৰ নাটকত। অভিনেতা গৰাকীৰ 'কণ্ঠ'ই চুই গৈছিল শ্ৰোতাক, কণ্ঠস্বৰ ৰৈ গৈছিল শ্ৰোতাৰ মনত। প্ৰথমে আভিনয় নহয়, দীনেশ দাসৰ 'কণ্ঠ'হে  জনপ্ৰিয় হৈছিল। আৰু 'মানৱ আৰু দানৱ'ৰ সফলতাৰ পাছত জনপ্ৰিয় হৈছিল 'কণ্ঠ-অভিয়'ৰ 'যুগলবন্দি'। বলিউডৰ আমজাদ খান, ওমৰিশ পুৰিৰ দৰে দীনেশ দাসে অভিনয়ৰে 'পৰ্দাৰ বেয়া মানুহ'ৰ আকাৰ লৈছিল।
দীনেশ দাসে কৈছিল-- 'দীনেশ দাস খলনায়ক জনৰ ৯০% শতাংশ নিৰ্মাণ কৰিছিল চন্দ্ৰ ফুকনে, মঞ্চ নাটকত'। পৰ্দাত 'মঞ্চত নিৰ্মাণ হোৱা খলনায়ক' জনক ৯০% শতাংশ আকাৰ দিছিল আব্দুল মজিদে। 'বাকী ১০% শতাংশ মই কৰিছিলোঁ বা মোৰ প্ৰতিভা-- তুমি যি বুলি ভাবা!" --দীনেশ দাসে কৈছিল।
দীনেশ দাসে মঞ্চত প্ৰথমবাৰ অভিনয় কৰিছিল ১৯৫২ চনত (দীনেশ দাসৰ জন্ম ১৯৪২ চনৰ ৫ অক্টোবৰ। পিতৃ: কেশৱ দাস, মাতৃ:আইকণ বালা দাস।)। নাটক-- "পিয়লি ফুকন"। সেই সময়ত নগাঁৱৰ ৰূপহী হাইস্কুলত পঞ্চম শ্ৰেণীৰ ছাত্ৰ আছিল। সৰু চৰিত্ৰ। এগৰাকী বাটৰুৱাৰ চৰিত্ৰ। বিদ্যালয়ৰ পৰা মহাবিদ্যালয়, ভিন্ন নাটঘৰ হৈ সেই নাট্যযাত্ৰাই নতুন গতি লৈছিল আকাশবাণীত।
দীনেশ দাসে অভিনয় কৰা চতুৰ্থ খন আৰু তাৰ পাছৰ চিনেমা: উত্তৰণ (১৯৭৩), অনুতাপ (১৯৭৩),আদালত (১৯৭৬), নতুন আশা (১৯৭৭), নিয়তি (১৯৭৮), মেঘমুক্তি (১৯৭৯), বিশেষ এৰাতি (১৯৭৯), শ্ৰীশ্ৰী মা কামাখ্যা (১৯৮৩), সেন্দূৰ (১৯৮৪), দেৱী (১৯৮৪), জীৱন সুৰভি (১৯৮৪), সূৰুয (১৯৮৫), ব'হাগৰ দুপৰীয়া (১৯৮৫), পূজা (১৯৮৫), সংকল্প (১৯৮৬), প্ৰতিদান (১৯৮৭), প্ৰতিশোধ (১৯৮৭), ৰঙা নদী (১৯৯০), যখিনী (১৯৯১), ৰিক্সাৱালা (১৯৯৩), অভিশপ্ত প্ৰেম (১৯৯৭), কুশল (১৯৯৮), দেৱতা (১৯৯৮), নায়ক (২০০১), গৰম বতাহ (২০০১), ককাদেউতাৰ ঘৰজোঁৱাই (২০০২), জোনাকী মন (২০০২), কণিকাৰ ৰামধেনু (২০০৩), সত্যম শিৱম সুন্দৰম (২০০৩), প্ৰিয়া মিলন (২০০৩), এয়েই জোনাকবিহীন জীৱন (২০০৩), সতী ৰাধিকা, মা তুমি অনন্যা (২০০৪), হৃদয় কঁপোৱা গান (২০০৫), কদমতলে কৃষ্ণ নাচে (২০০৫), সোণৰ খাৰু নালাগে মোক (২০০৫), চুৰেণ চোৰৰ পুতেক (২০০৫),জয়মতী (২০০৬), বান্ধোন (২০১২), লুইতক ভেটিব কোনে (২০১৩), মহাসমৰ (২০১৩), জিলমিল জোনাক (২০১৪), মহাপুৰুষ (২০১৪)। (অসমাপ্ত)

রবিবার, ৪ ফেব্রুয়ারি, ২০২৪

চিনে সংবাদ

ভিন্ন পৰ্যায়ত থকা ৩২ খন অসমীয়া চিনেমা-- 
১। ৰুদ্ৰ পৰিচালক: ৰূপক গগৈ
২। নটসূৰ্য The Untold Story পৰিচালক: বিশ্বজিৎ ডেকা 
৩। ইতি তোমাৰ পৰিচালক: পাৰভেজ আহমেদ
৪। মানস বৰুৱা-- পথ-উপপথ
৫। মানস বৰুৱা-- বাৰুদ -২
৬। সমীৰ --"ভাইমন"
৭। দেবাংকৰ বৰগোঁহায়-- চিকাৰ
৮। ৰাজেশ ভূঞা --ৰৈ ৰৈ বিনালে
৯।কিশোৰ তহবিলদাৰ --দুৰ্গা- দি ৱাৰিয়ৰ
১০।কিশোৰ তহবিলদাৰ-- প্ৰতিশ্ৰুতি
১১।  অশোক কুমাৰ বিষয়া-- যৌৱনে আমনি কৰে-২
১২। কেনী বসুমতাৰী)-- লোকেল কুংফু-৩
১৩।কেনী বসুমতাৰী--"জিয়া
১৪। ৰুবুল দাস--ৰক্ষক
১৫। প্ৰাঞ্জল প্ৰতিম চেতিয়া--মহাবাহু  ব্ৰহ্মপুত্ৰ
১৬।হিমাংশু প্ৰসাদ দাস-- জয় হনুমেন
১৭।অচিন্ত শংকৰ-- হোমৱ'ৰ্ক
১৮। অচিন্ত শংকৰ-- অভিমন্যু
১৯। হিমজ্যোতি তালুকদাৰ--তাৰিখ
২০। হিমজ্যোতি তালুকদাৰ-- মৰমৰ দেউতা
২১।হেম চন্দ্ৰ বৰা-- ঝংকাৰ
২২। জয়ছেং জয় দহোতীয়া-- বাঘজান
২৩। জয়ছেং জয় দহোতীয়া-- জলছবি
২৪। ঝুলন কৃষ্ণ মহন্ত-- গোসাঁইঘৰত আউল
২৫।ঝুলন কৃষ্ণ মহন্ত-- সন্ধ্যামালতি, 
২৬। ঝুলন কৃষ্ণ মহন্ত-- এতিয়াও সাৰে আছে 
২৭। সঞ্জীৱ হাজৰিকা-- বকুল ফুলৰ দৰে
২৮। উপাসনা মহন্ত-- গেং অব ৰাজুমামা
২৯।জুল্ফিকাৰ পাৰভেজ-- তেজপাত
৩০। ৱাইড এংগোল (Wide angle) পৰিচালক: জয়ন্ত নাথ 
৩১। নৈৰ সিপাৰে  পৰিচালক: ধ্ৰুৱজিত বৈশ্য
৩২। হনুমানৰ সাধু  পৰিচালক: প্ৰবীণ হাজৰিকা
৩৩। কলাজ   পৰিচালক: অমৰদীপ গগৈ


শ্ৰী শ্ৰী মাধৱদেৱ: প্ৰসংগক্ৰমে

কুইৰিনো ক্ৰীষ্টিয়ানিৰ "এল এপষ্টল" (El Apóstol)-ৰে ১৯১৭ চনৰ ৯ নৱেম্বৰত আৰম্ভ হৈছিল এনিমেটেড চিনেমাৰ যাত্ৰা। তেতিয়াৰ পৰা এতিয়ালৈ কিমান যে পৰিবৰ্তন! কাৰ্ডবৰ্ড কাটাআউট কৌশলৰ পৰা 3D ৰ কৌশললৈ-- এক "জনপ্ৰিয় যাত্ৰা"। 

ভাৰতত নিৰ্মাণ হোৱা প্ৰথম খন এনিমেটেড চিনেমা-- "জম্বু কাকা" (১৯৩৪ চনৰ ১৫ নৱেম্বৰ/ তেতিয়াৰ বোম্বাইৰ চিত্ৰগৃহত মুক্তি পাইছিল)। কাৰণ জনা নাযায়, এই তথ্য থকাৰ পাছতো কিয় "The Banyan Deer" (১৯৫৭) ভাৰতৰ প্ৰথম এনিমেটেড চিনেমা বুলি কোৱা হয়।

আৰু অসমত?

প্ৰথমখন অসমীয়া এনিমেটেড চিনেমা "সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ" অসমৰ প্ৰায় ৪৬ টা চিত্ৰগৃহত মুক্তি পাইছিল ১১ নৱেম্বৰ ২০১৬ -ত। মঞ্জু বৰাৰ পৰিচালনাৰে নিৰ্মাণ কৰিছিল সঞ্জীৱ নাৰায়ণে। (গৱেষণামূলক কাম কাজ সম্পন্ন কৰাৰ লগতে সংলাপ ৰচনা কৰিছিল প্ৰভাত চন্দ্ৰ দাসে। এনিমেচন  পৰিচালনা ড°গৌতম দাসৰ, সম্পাদনা: শ্ৰীকৰ প্ৰসাদৰ। সংগীত:তৰালি শৰ্মা, সহকাৰী পৰিচালক:জীৱন ডাউকা।)

আৰু মঞ্জু বৰাৰ পৰিচালনাৰে সঞ্জীৱ নাৰায়ণে নিৰ্মাণ কৰিলে দ্বিতীয় খন এনিমেটেড চিনেমা -- "শ্ৰী শ্ৰী মাধৱদেৱ"। চিত্ৰগৃহলৈ আহিল ২ ফেব্ৰুৱাৰী ২০২৪ -ত। এই খনৰো সংগীত তৰালি শৰ্মাৰ। 
--এই খিনিতে মনলৈ আনিছোঁ কেইখন মান সফল ভাৰতীয় এনিমেটেড চিনেমা: গুপি গোৱাইয়া বাঘা বজৈয়া (১ মাৰ্চ ২০১৯/ পৰিচালক: শিল্পা ৰানাডে), দিল্লি ছাফাৰি (১৯ অক্টোবৰ, ২০১২/ পৰিচালক:নিখিল আডৱাণী/ ভাৰতৰ প্রথম Stereoscopy 3D এনিমেটেড চিনেমা।), ৰামায়ণ: দ্য এপিক (১৫ অক্টোবৰ ২০১০/ পৰিচালক: চেতন দেশাই), মহাভাৰত (২৭ ডিসেম্বর, ২০১৩/ পৰিচালক: আমান খান), বাল গণেশ (২৬ অক্টোবর, ২০০৭/ পৰিচালক: পংকজ শৰ্মা), কোচাদৈয়ান  (২৩ মে’ ২০১৪/ পৰিচালক: সৌন্দৰ্য ৰজনীকান্ত/ এক তামিল ঐতিহাসিক কল্পকাহিনী। অষ্টম শতিকাৰ এজন যোদ্ধাৰ। ঈৰ্ষাপৰায়ণ শাসকে নিজৰ ৰাজ্যৰ এজন সদ্ভাৱৰ যোদ্ধা পিতৃক দিয়া অবৈধ শাস্তিৰ সাক্ষী হয়। আৰু প্ৰতিশোধ বিচাৰে। তামিল আৰু হিন্দী ভাষাত-- দুটা সংস্কৰণ নিৰ্মাণ কৰা হৈছিল। ভাৰতৰ প্ৰথম photorealistic motion capture চিনেমা। বাজেট: ১২৫ কোটি টকা। ব্যৱসায়িক দিশত সফল নাছিল। বক্স অ'ফিচ কালেকচন প্ৰায় ৪০ কোটি টকা।), হনুমান (২১ অক্টোবৰ, ২০০৫/ পৰিচালক: ভি. জি. সামন্ত/ কোৱা হয় প্ৰকৃততে ভাৰতীয় এনিমেটেড চিনেমাৰ যাত্ৰা আৰম্ভ হয় এই খনেৰে। তথ্য মতে, এইখন প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ২ডি এনিমেটেড ভাৰতীয় চিনেমা। বাজেট ৩.২৫ কোটি টকা। ব্যৱসায় কৰিছিল ৭.৬৮ কোটি টকা।)
 (আৰু আছে)