মঙ্গলবার, ৩১ মে, ২০২২

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৮

কলিকতাত চিনেমাৰ কামত ব্যস্ত হৈছিল-- ভূপেন হাজৰিকা। বন্ধু বাঢ়িছিল। চিনেমাৰ, সংগীতৰ চৰ্চা কৰিব পৰা বন্ধু। সত্যজিত ৰায়ৰ পৰা-তপন সিন্‌হালৈ, অনেক। এই বন্ধু সকলৰ তাগিদাতে সংগীতৰ লগতে চুটি চুটি চিনেমা নিৰ্মাণত ব্যস্ত হৈছিল। ("তেতিয়া সত্যজিৎ ৰায়, মৃণাল সেন, তপন সিন্‌হা – - তেওঁলোক সকলোৱে চুটি চুটি ছবি কৰিবলৈ পৰামৰ্শ দিছিল। মোৰ কাম বাঢ়ি গৈছিল। কামসমূহ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সহযোগী। প্রয়োজন হৈছিল। বম্বেত দেখিছিলোঁ, কর্ম্মব্যস্ত ব্যক্তিসকলে কামসমূহ নিয়ারিতে পৰিচালনা কৰিবলৈ ‘সচিব' ৰাখে। সেইখিনি সময়তে এই কল্পনা লাজমী ছোৱালীজনী আহি মোৰ কামৰ সহযোগী ৰূপে যোগদান কৰিলেহি।" --ভূপেন হাজৰিকা) চুটি চিনেমাৰেই চিনেবন্ধুৰ তালিকা খন দীঘল কৰি গৈছিল ভৃপেন হাজৰিকাই। ভূপেন হাজৰিকাৰ চুটি-চুটি চিনেকৰ্মত মুগ্ধ হৈছিল নাচিৰূদ্দিন শ্বাহ, শ্বাবানা আজমী আদি। এই যে মুগ্ধ হৈছিল, সেয়া কলিকতাৰ পৰা মুম্বাইলৈ বিয়পিছিল। --হয়, সৰহ সংখ্যক কামেই কৰিছিল কল্পনা লাজমী আৰু অৰুণকে ধৰি সহযোগী সকলে। কিন্তু আঁৰত নাছিল-- সৰু বৰ চিনে চিন্তাবোৰ যে ভূপেন হাজৰিকাৰ আছিল। ("মই কল্পনা আৰু অৰুণক ছবি কৰিবলৈ পৰামৰ্শ দিলোঁ। মই কাৰিকৰী পৰামৰ্শ দিলো, সঙ্গীত দিলোঁ। সেইখিনি সময়ত কল্পনাহঁতৰ দৰে বোম্বেৰপৰা আহে শ্বাবানা, নাচিকদ্দিন শাহ আদি। মোৰ তাত থাকি মোক বোম্বেলৈ মাতি যায়। বোম্বেত সিহঁতৰ তাত মই ঘৰুৱা পৰিবেশতে থাকো।" --ভূপেন হাজৰিকা) আৰু স্বাভাৱিকতে যেতিয়া ভৃপেন হাজৰিকাই মুম্বাইৰ কৰোবাত "ঘৰুৱা পৰিবেশত" আছিল গৈ, ভিড় কৰিছিল মায়ানগৰীৰ "বেপাৰী" সকলে। "বেপাৰী" সকলৰ মাজত মাধ্যমটোত দখল থকা লোকৰ সংখ্যায়ে বেছি। এই যে সংখ্যা বেছি, সেই সকলৰ মাজৰে এগৰাকী আছিল-- মহেশ ভাট। খবৰ ওলাইছিল, সেই সময়ত চৰ্চাত থকা পৰিচালক ভাটে "অৰ্থ"ৰ সংগীতৰ দায়িত্ব ভূপেন হাজৰিকাক দিব খুজিছিল। আৰু সংগীতসূৰ্যৰ পৰা সেউজ সংকেত নোপোৱা বাবে জগজিৎ সিং (Jagjit Singh), চিত্ৰা সিং (Chitra Singh)-ক দিছিল । এই প্ৰসংগ উল্লেখ কৰি আৰছদ ৰিয়াজে "কিংষ্টাৰ" নামৰ চিনে সাপ্তাহিক খনত লিখিছিল-- "মহেশ ভাট আৰু কেইবা গৰাকীও চিনেমা নিৰ্মাতাই সংগীতৰ পৰামৰ্শ লবলৈ ভূপেন হাজৰিকাৰ ওচৰ পাইছিল। আৰু কাৰণ জনা নাযায়, ভূপেন হাজৰিকাৰ নাম জৰিত নথকা কেইবা খনো চিনেমাত ভূপেন হাজৰিকাৰ সৃষ্টি অনুভৱ কৰিছিলো।" --সুৰ, ভূপেন হাজৰিকাৰ ভালেমান সুৰ "চুৰ" কৰি হিন্দি চিনেমাত ব্যৱহাৰ কৰাৰ উদাহৰণ আছে। শেহতীয়া উদাহৰণ -- "উড়ি উড়ি যায়ে ..." (শ্বহৰুখ খানে অভিনয় কৰা "ৰইছ")। ১৯৭০ চনত ভূপেন হাজৰিকাই লিখিছিল, সুৰেৰে সজাইছিল -- "আজি জীৱন বুটলিবি হাঁহি হাঁহি আহ্‌ আজি মৰণ পাহৰিবি হাঁহি হাঁহি আহ্‌ । বাঁহীটি লৈ আহ্‌ আৰু হাঁহিটি লৈ আহ্‌ আজি যুগৰ নতুন দিগন্তলৈ ওলাই ওলাই আহ্‌। মনৰ চৰাইটিক আৰু কিমান বান্ধিবি কালৰ এলান্ধু চাই কিমান কান্দিবি; আজি বন্ধ সজাৰ দুৱাৰ ভাঙি নাহনে ওলাই? আজি জ্যোতিৰ নতুন দিগন্তলৈ ওলাই ওলাই আহ্‌।" গীতটো জয়ন্ত হাজৰিকাৰ কণ্ঠত ৰেকৰ্ডি কৰিছিল। -- এই গীতটোৰ সুৰেৰেই নিৰ্মাণ কৰিছে "উড়ি উড়ি. .." গীতটো।

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৭

আত্মা ৰাম (Atma Ram Padukone / 1930–94)। পৰিচালক, চিত্ৰনাট্যকাৰ, প্ৰযোজক। ("বোম্বেৰ ফিল্ম-জগতত সেই সময়ত আত্মাৰাম,গুৰুদত্তৰ যথেষ্ট নাম-যশ আছিল। তেতিয়ালৈকে তেওঁলোকৰ লগত মোৰ চিনাকি হোৱা নাছিল। মাথোঁ নামহে শুনিছিলোঁ। তেওঁলোকেও মোৰ বিষয়ে জানিছিল। এনেতে আত্মাৰামে নগা-পাহাৰৰ পটভূমিত এখনি বোলছবি কৰিবলৈ আগুৱাই আহিল। নাম— 'ইয়ে গুলিস্তাঁ হামাৰা'। এই ছবিখনৰ কাম হাতত লৈ তেওঁ গুৱাহাটী পালেহি। গুৱাহাটীৰ যিখন হোটেলত তেওঁ আছিলহি, পিচদিনা ৰাতিপুৱা সেইখন হোটেলৰে কাউণ্টাৰত থকা ৰেডিঅ'ত মোৰ গান এটা বাজি আছিল। গানটো আত্মাৰামে খুব মন দি শুনাৰ পাচতেই কাউণ্টাৰৰ মানুহজনক সুধিলে— “এই গানটো কোনে গাইছে?'
—কাউণ্টাৰৰ মানুহজনে ক'লে, ভূপেন হাজৰিকাই।
—তেওঁ ক'ত থাকে? -তেওঁৰ ঘৰ ইয়াতেই, গুৱাহাটীত।
-গুৱাহাটীৰ কোনখিনিত?
—নাজানো। আপুনি ৰেডিঅ' চেণ্টাৰত খবৰ কৰক। তেওঁলোকেহে ভালকৈ ক'ব পাৰিব।
আত্মাৰাম গুচি গ'ল গুৱাহাটীৰ ৰেডিঅ' চেণ্টাৰলৈ। সুধিলে— 'ভূপেন হাজৰিকাৰ ঘৰটো কোনখিনিত?' উত্তৰ দিলে— নিজৰাপাৰত।
—ঘৰলৈ গ'লে তেওঁক লগ পোৱা যাবনে?
—পাবও পাৰে। কিন্তু তেওঁ শ্বিলঙতো থাকে। তেওঁ এতিয়া এম. এল. এ. আকৌ কলিকতাতো থাকে।
—এম. এল. এ. ? ৰাজনীতিও কৰে। গানো গায়। এয়া কেনেকুৱা কথাহু আত্মাৰাম স্তম্ভিত হৈ ৰ'ল।
তাৰ পাচত ৰেডিঅ' চেণ্টাৰৰপৰা নিজৰাপাৰলৈ যাবৰ কাৰণে বাট-পথৰ বিষয়ে বুজি লৈ আমাৰ ঘৰ পালেগৈ। ঘৰলৈ গৈ জানিব পাৰিলে যে—মই কলিকতাত আছে । কলিকতাৰ ঘৰৰ ঠিকনা, ফোন নম্বৰ আদি লৈ আত্মাৰামে সেইদিনাই কলিকতা পালেগৈ।
তাতেই তেওঁ মোক লগ পাই অনুৰোধ জনালে— 'ইয়ে গুলিস্তাঁ হামাৰা’ ছবিৰ উপদেষ্টা ৰূপে কাম কৰিবলৈ। লগতে ছবিখনৰ সঙ্গীত পৰিচালনা কৰিবলৈও মোক অনুৰোধ কৰিলে।" --ভূপেন হাজৰিকা / মই এটি যাযাবৰ ) আত্মা ৰামে "ইয়ে গুলিস্তাঁ হামাৰা" (Ye Gulistan Hamara / 1972) হিন্দী ড্ৰামা চিনেমা খনত সংগীত পৰিচালনা কৰিবলৈ ভূপেন হাজৰিকাক অনুৰোধ কৰিলে। 
ভূপেন হাজৰিকাই লিখিছিল, "প্রথম চিনাকিতে আত্মা ৰামক মোৰ কিয়নো ইমান ভাল লাগি গ'ল। বন্ধুত্ব হ'ল। তেওঁৰ অনুৰোধ ৰক্ষা কৰিবলৈ মই সম্মতি জনালোঁ।" কিন্তু "ইয়ে গুলিস্তাঁ হামাৰা" সংগীত পৰিচালনা কৰিছিল এছ ডি বৰ্মনে (S. D. Burman.)। ভূপেন হাজৰিকাই নকৰাৰ ৰহস্য? --বা কাৰণ? বলিউডত খোজ দিয়ে ভূপেন হাজৰিকাই কোনো পক্ষৰ পৰা বাধা পোৱা নাছিলতো! এছ ডি বৰ্মনৰ সৈতে ভূপেন হাজৰিকাৰ সম্পৰ্ক মধুৰ নাছিল জানো! --এছ ডি বৰ্মনৰ সৈতে লতা মংগেশকাৰৰো সম্পৰ্ক মধুৰ আছিল; কিন্তু এনে সময়ো আহিছিল, লতা মংগেশকাৰে "আৰু এছ ডি বৰ্মনৰ সৈতে কাম" নকৰো বুলিছিল। সেয়া বাৰু অন্য প্ৰসংগ। যথাস্থানত চৰ্চা কৰিম।
--এনে ধৰণৰ কথা শুনা যায়, ভূপেন হাজৰিকাই "ইয়ে গুলিস্তাঁ হামাৰা"ত উপদেষ্টাৰ দায়িত্বহে পালন কৰিছিল। পৰিচলকৰ হৈ কিছু সংগীতৰ চিন্তা কৰিছিল। শুনা যায়, পৰিছালকৰ হৈ চিনেমা খনৰ সংগীতৰ সম্পাদনা কৰিছিল। চিনেমা খনৰ বাবে এছ ডি বৰ্মনে সাতটা গীত সাজু কৰিছিল। (চিনেমা খনত ছয়টা গীতহে ব্যৱহাৰ হৈছিল। পাচটা গীতত কণ্ঠদান কৰিছিল লতা মংগেশকাৰে। গীত লিখিছিল আনন্দ বক্সীয়ে। --এই গীত কেইটাৰ মাজত ভূপেন হাজৰিকাৰ 'সংগীত চিন্তা' সোমাই আছে বুলিয়ো শুনা যায়। ভূপেন হাজৰিকাই কিন্তু এই প্ৰসংগত কোনো কথা, কোনো মাধ্যমত লিখা, কোৱা আমাৰ চকুত পৰা নাই। এই খিনিতে এই কথাও উল্লেখ কৰিব লাগিব হেমন্ত কুমাৰে যে "জোনাকৰে ৰাতি ..." গীতটো ভূপেন হাজৰিকাৰ নাম উল্লেখ নকৰাকৈ চিনেমাত ব্যৱহাৰ কৰিছিল-- এই প্ৰসংগতো কোনো কথা, কোনো মাধ্যমত লিখা, কোৱা আমাৰ চকুত পৰা নাই। এই "সংগীত শোষন" সম্ভৱ হৈছে "কোনো কালে সংগীতৰ বেপাৰ নকৰো" বুলি স্থিৰ হৈ থকা ভূপেন হাজৰিকাৰ "দুৰ্বলতা"ৰ বাবে।) গীত কেইটা চিনেমা খনত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আত্মা ৰামে ভূপেন হাজৰিকাৰ সহায় লৈছিল। লতা মংগেশকাৰ আৰু ডেনি ডেনজংপাৰ কণ্ঠত ৰেকৰ্ডিং কৰা চিনেমা খনৰ এটা গীত-- "মেৰা নাম আও..."। লোকগীত, নাগালেণ্ডৰ আও নগা সম্প্ৰদায়ৰ। গীতটো চিত্ৰায়ণ কৰা হৈছিল চীনৰ সীমান্তত বসবাস কৰা এটা জনজাতীয় সম্প্ৰদায়ক মনত ৰাখি। (চিনেমা খনৰ ৩০-৪০% শতাংশৰ চিত্ৰগ্ৰহণ কৰা হৈছিল অৰুণাচলত) আত্মা ৰামে কৈছিল-- "কেইবাটাও গীত নিৰ্মাণত মোক সহায় কৰিছিল ভূপেন হাজৰিকাই। কাগজত ছবি আকি দিছিল। 'মেৰা নাম আও...'গীতটোৰ ৯০% শতাংশ পৰিকল্পনা আছিল হাজৰিকাৰ।" (উৎস: মায়াপুৰী/ ৪৬৪ সংখ্যা)
--সেয়া যি নহওক, "আৰোপ"ৰ সংগীতৰ কাম কৰিলে ভূপেন হাজৰিকাই। "আৰোপ" --আত্মা ৰামৰ আন এক পৰিচালনা। ("Aarop is a 1974 Indian Hindi romance film, laced with crime and suspense...") চিনেমা খনৰ বাবে ভূপেন হাজৰিকাই ৰচনা কৰিছিল আঠটা গীত। সংগীতৰ কাম কৰি গৈছিল চিনেমা খনৰ চিত্ৰগ্ৰহণৰ কামৰ সমান্তৰালকৈ। "চিত্ৰনাট্য আলোচনা"ৰ সময়ত নহয়, হঠাতে এদিন চিনেমা খনৰ বাবে ৰচনা কৰিছিল "নেইনো মে দর্পন হে..."ৰ সুৰ। ("১৯৭২ চনত ‘আৰোপ’ ছবিত সুৰ দিয়াৰ কামত ব্যক্ত হৈ থাকোঁতে আঘাবাস। এদিন ক'লে— 'হাজৰিকা, ব’লক এদিন শ্বিলং পিকলৈ যাওঁ। গ'লোঁ। সেয়া আছিল অক্টোবৰ মাহ। শ্বিলং পিকত দুয়ো থাকোঁতে দেখিলোঁ, এজন খাচী গৰখীয়া ল’ৰাই ফটা হাফ পেণ্ট এটা পিন্ধি গৰু চৰাই আছে— আৰু গুণ তৈ আওৰাইছে এটি গানৰ সুৰ। হয়তো সেইটো আছিল সিহঁতৰ একেবাৰে গাঁৱলীয়া গাঁচৰ সুৰ। সুৰটো মোৰ বৰ ভাল লাগি গ'ল। ল'ৰাটোক মই মাতি আনিলোঁ আৰু সি গাই থকা সুৰৰ গানটো সিহঁতৰ ভাষাতেই গাবলৈ ক'লোঁ।— শুনিলোঁ আৰু সুৰটো বুকুৰ মাজতে লৈ গুচি আহিলোঁ। সেইদিনাই ৰাতি কাৰোবাৰপৰা হাৰমনিয়াম এটি খুজি আনি সেই গৰখীয়া ল'ৰাৰ সুৰৰ আলমতে তৈয়াৰ কৰিলোঁ এটি গীতৰ সুৰ। সেই সুৰৰ সৈতে যাপ খুৱাই ৰচনা কৰিলোঁ এটি অসমীয়া গীত
"তোমাৰ উশাহ কঁহুৱা কোমল শেৱালি কোমল হাঁহি।
হাঁহিয়ে হৃদয় হৰিলে শুনাই
এটি কিবা মিঠা বাঁহী।
শাৰদীয় চেনেহীৰে কঁকাল ইমান লাহী। ..."
তাৰ পাচত আত্মাৰামক সুধিলোঁ— 'আৰোপ' ছবিত কিবা প্ৰেমৰ গান আছে নেকি। তেওঁ ক'লে, 'আছে।' এই কথা জনাৰ পাচত সেই খাচী গৰখীয়াৰ conventional অসমীয়া গীতটিৰ সুৰতেই সৃষ্টি কৰা হ’ল সেই জনপ্রিয় হিন্দী গীত--
'নয়নো মে দর্পণ হ্যায়
দৰ্পণ মে কোই...এই গীতটোৱেই হৈছে হিন্দী কথাছবিত মোৰ প্ৰথম গীত।" --ভৃপেন হাজৰিকা) হঠাতে ৰচনা হোৱা সেই "সুৰে" দেশৰ সংগীত ৰসিকৰ ওচৰলৈ লৈ গৈছিল ভৃপেন হাজৰিকাক। চিনেমা খনত ব্যৱহাৰ কৰা
"এ জয় ৰঘুৰ নন্দন হে ৰাঘৱ
ৰামে জয় ৰঘুৰ নন্দন...", আৰু
"মাই হেৰে যশোৱা
আমাক' লাগিয়া
অলপ তোৰ মৰমো নাই..."ৰ সুৰেৰে ৰচনা কৰা গীত দুটাও চিনেমা খনৰ সৌন্দৰ্য।

সোমবার, ৩০ মে, ২০২২

পুৱতিৰ তৰালি /২

সংকট আৰম্ভ হৈছিল ৭০-৮০ৰ দশকত। সংগীতৰ পাছত 'উদ্যোগ’ শব্দটো ব্যৱহাৰ হোৱাৰ পাছৰ পৰাই। কাৰণ স্পষ্ট— ‘উদ্যোগ’ত সৃষ্টি নহয়, নির্মাণহে হয়। নির্মাণেহে গুৰুত্ব পায়। স্বাভাৱিকতে ৭০-৮০ৰ দশকত আৰম্ভ হয় ভাৰতীয় সংগীত নিৰ্মাণ। আৰু ‘নিৰ্মাণ’ বাঢ়িবলৈ ধৰে ১৯৭২-৭৩ চনৰ পৰা। 'হিজ মাষ্টাৰ্ছ' শৈলী আঁতৰি যায় কুন্দনলাল চাইগল, ছাস্তা আপ্টেৰ পদ্ধতি বা শৈলীৰ পৰা। সংগীত নিৰ্মাণৰ শৈলী বা এই পদ্ধতিৰ বা লাগিল আঞ্চলিক ভাষাৰ সংগীতৰ ক্ষেত্ৰখনতো। অসমৰ সংগীত ক্ষেত্ৰখনতো। আৰু সময় এনে হৈছিল যে, এনেদৰে ক'ব পাৰি— সংগীত নিৰ্মাণৰ গ্ৰাসত পৰি নিস্তেজ হৈ পৰিছিল অসমীয়া সংগীতৰ সৌন্দৰ্য। অসমীয়া গীতৰ নিৰ্মল সৌন্দৰ্যৰ সন্ধানত সংগীতৰসিকে হাহাকাৰ কৰি থকা এই সময়তে ‘বজাৰ'লৈ আহিছিল এটা শ্ৰব্য সংকলন— ‘হেঙুলীয়া’। আঠটা সুগম গীতৰ সংকলন। আৰু আহিছিল তৰালিৰ আন আঠটা গীতৰ সংকলন ‘মুকলি’। এই সংকলন দুটাৰ প্ৰসংগত ক’ব পাৰি ‘কেইখনমান মন-মগজু স্পৰ্শ কৰি যোৱা সংগীতিক পেইণ্টিং’।
‘আকৌ ৰাতি পুৱাল/মনৰ ডাৱৰবোৰ সূৰুযে নুগুচাই...',
'অনুৰাগ তোমাৰ বাবে/অনুভূতি তোমাৰ বাবে...’, ‘মন কমোৱা তুলাৰ দৰে...’,
‘ভাগৰুৱা মনৰ নিজান সময়বোৰ...'
—একো একোখন মন-মগজুত ৰৈ যোৱা পেইন্টিং! যেন কেনভাছত বিশুদ্ধ নান্দনিক উপলব্ধি! সুৰেৰে-সংগীতেৰে-গায়কীৰে ‘নিৰ্মাণ’ৰ ঊৰ্ধ্বত থাকি কৰা ‘সেউজ সেউজ’ সৃষ্টি। এই সৃষ্টি যিকোনো লোককে সহজেই স্পৰ্শ কৰি যায়, মনত ৰৈ যায়। গুলজাৰে কোৱাৰ দৰে তৰালি শৰ্মাৰ এই গীতকেইটাৰ প্ৰসংগত এনেদৰে ক’ব পাৰি— ‘গীত মানেই কেইটামান শব্দ নহয়। সংগীত মানেই কোলাহল নহয়। আমি এনেদৰেও ক'ব নোৱাৰোঁ এটা ৰিডমত থাকি কেইটামান শব্দ ক’লেই, কেইপদমান বাদ্যযন্ত্র বজালেই ‘গীত’ হ’ব নোৱাৰে।... গীতে শ্ৰোতাৰ হৃদয়ত বাহ সাজে। গীতে শ্ৰোতাৰ মনলৈ শান্তি আনে।' তৰালিৰ গীতো এনেধৰণৰেই।
সংগীতৰ 'বজাৰ' আৰু সলনি হ'ল। সংগীত সামাজিক মাধ্যমলৈ বিয়পিল, 'youtube'লৈ বিয়পিল। অসমীয়া সংগীতৰ বজাৰ বহল হ'ল। এই যে বজাৰ বহল হ'ল বা বাঢ়িল --এয়া অসমীয়া সংগীতৰ বাবে আষীৰ্বাদ নে অভিশাপ, সেয়া অন্য প্ৰসংগ। কিন্তু এয়া ঠিক-- তৰলিৰ সংগীত, অসমীয়া সংগীত অসম বৃত্তৰ বাহিৰলৈ বিয়পিল। ভাৰতৰ অন্য প্ৰান্তৰ, ভাৰতৰ বাহিৰৰো সংগীত ৰসিকে "তৰালি" শুনিলে, আদৰি ল"লে। ভাষা (গীতৰ কথা) নুবুজাকৈয়ে "তৰালি"ক শুনা, আদৰি লোৱাৰ কাৰণ,   "সংগীত পৰিচালক তৰালি"য়ে গীতত ব্যৱহাৰ কৰা অসমৰ থলুৱা সুৰ।
--তৰালি শৰ্মা ডাঙৰ হৈছে লোক সংগীতৰ মাজত, "সংগীত শিল্পী তৰালি" নিৰ্মান হৈছে সত্ৰ সংগীতৰ মাজত।
"দেউতাই কৈ থকা কাহিনীবোৰ শুনি অনুভৱ কৰিছিলো কিমান ষ্ট্রাগল কৰিব লগা হৈছিল দেউতাই। ভৰ বাৰিষাৰ পানী ভেদি ভেদি সংগীতৰ কাৰণেই ঘুৰি ফুৰা সেই কুমলীয়া বয়সৰ ল'ৰাজন, নাটক-গান কৰি ফুৰা সেই ল'ৰাজন, স্কুলৰ পিছত সংগীতৰ ক্লাছ কৰিবলৈ আগ্রহেৰে বাট চাই থকা ল'ৰাজন, হাতত বাঁহী আৰু বুকুত সুৰবোৰ কঢ়িয়াই ফুৰাৰ দৰেই কঢ়িয়াই ফুৰিছিল সত্রৰ সংগীত আৰু সংস্কৃতি। সুন্দৰীদিয়া সত্রৰ লগতে লাগি থকা আমাৰ দেউতাৰ ঘৰখন। গতিকে  ব্রহ্মপুৱাৰ পৰা চৈধ্য প্রসংগৰ নাম, সত্রত অনুষ্ঠিত অনুষ্ঠান আৰু গীত-মাতবোৰে সমৃদ্ধ কৰি ৰাখিছিল ঘৰৰ প্রত্যেককে। চর্চা চলিছিল বৰগীত, পদ-ঘোষা লগতে লোক-সংগীত আৰু শাস্ত্রীয় সংগীতৰো। নাও খেলৰ গীত, থিয় নাম, হোলী গীতৰ লগতে দেউতাৰ বাঁহীৰ সুৰবোৰ সৰুৰে পৰাই শুনি আহিছিলো। আৰু এই পৰিৱেশতে মোৰ জন্ম। মনত থকাৰ পৰা, বুজা হোৱাৰ পৰা কেৱল গীত আৰু গীত, বাঁহীৰ সুৰ। মুঠতে সংগীত মোৰ চাৰিওকাষে জন্ম হোৱাৰে পৰা। আতাই শিকোৱা সংস্কৃত শ্লোকৰ পৰা আৰম্ভ কৰি দেউতা আৰু খুড়াৰ ওচৰত বৰগীতৰ আদিপাঠ শিকাৰ মাজতে অতিবাহিত হৈছিল মোৰ শৈশৱ। তাতে আকৌ মায়ে গীত গাইছিল, ভায়লিনো বজাইছিল। আজিও শৈশৱলৈ ঘুৰি চালে মনত পৰে সুন্দৰীদিয়াৰ বিভিন্ন গীত-মাতেৰে সমৃদ্ধ গধূলিৰ আখৰাবোৰ। কেতিয়াবা যদি আমাৰ তাত, কেতিয়াবা খুড়াৰ চোতালত।
খোলৰ বোলবোৰ, বৰগীতৰ ৰাগবোৰ, লোকসংগীতৰ কথাবোৰ, ভাৰতীয় শাস্ত্রীয় সংগীতৰ তুলনামূলক চর্চাবোৰ- এইবোৰৰ মাজতে সংগীতৰ ভেঁটিত নির্মাণ হৈছিল আমাৰ পৰিয়ালটো। তাৰ মাজতেই জীৱনটোক লাহে লাহে উপলব্ধি কৰিবলৈ শিকিছিলো মই।" --তৰালিয়ে কৈছিল। আৰু কৈছিল, "। গুৰু দুজনাৰ সংগীত মোৰ মনত শিপাইছিল সৰুতেই, গীত গাম বুলি ভবাৰ বহু আগতেই। তেতিয়া গীত-পদ, ঘোষা, বৰগীতৰ অর্থ বিশেষ একো বুজি নাপাও, কিন্তু দেউতাই যেতিয়া গায় বা সত্রত যেতিয়া কেৱলীয়া ভকতে পুৱাৰ গীত 'তেজৰে কমলাপতি...' গায়, কিবা এক অদ্ভুত ধৰণৰ প্রশান্তি বিচাৰি পাও তাত। সেইটোৱেই এক ধৰণে মোক আকর্ষণ কৰিছিল- স্বৰৰ প্রতি, সুৰৰ প্রতি, ভক্তিৰ প্রতি, সাধনাৰ প্রতি। সেয়া আছিল গুৰুদুজনাৰ সংগীতৰ প্রতি প্রথম আকর্ষণ। তাৰ পিছৰ আকর্ষণ হিচাপে জ্যোতিপ্রসাদ-বিষ্ণুপ্রসাদৰ গীতসমূহো সৰুতেই শিকিছিলো। নাম উল্লেখ কৰিব পৰাকৈ এলাহ নলগাকৈ যাৰ গীত বাৰে বাৰে শুনিছিলো। যি গীতে মোক অত্যন্ত বেছি আকর্ষণ কৰিছিল, সেয়া আছিল পার্বতী প্রসাদৰ গীত। বিশেষকৈ 'জোনাক জোনাক শীতল জোনাক...', 'তোৰ নাই যে বন্ধোৱা বাট...', 'তোমাৰ প্রেমৰ ভোগজৰাটি...' গীত কেইটিয়ে। আৰু দুগৰাকী মান ব্যক্তিৰ কথা মই ক’বই লাগিব। দীপালি বৰঠাকুৰ, হেমলতাৰ মোৰ বৰ প্রিয়। দ্বিতীয়তে যিগৰাকী ব্যক্তিৰ গান শুনি ডাঙৰ হৈছো--লতা মংগেশকাৰ, প্রতি পলে যাৰ গানেৰেই উশাহ-নিশাহ লোৱা বুলি ক’লেও ভুল কোৱা নহ’ব-- ইমান বেছি আকর্ষণ মোৰ বাবে তেওঁৰ মাতটো। তেওঁৰ গায়কী, ভাৱ-ভংগী, তেওঁৰ সুৰ, তেওঁৰ ব্যক্তিত্বই মোক ইমান বেছি প্রভাৱিত কৰিছিল যে সেই আকর্ষণ আজি পর্যন্ত একেই আছে। ভাৰতীয় শাস্ত্রীয় সংগীত যেতিয়া শিকিবলৈ লৈছিলো, তাৰে কেইটিমান ৰাগ যেনে-- মালকোস, ভূপালী, পুৰিয়া ধনশ্রী, তৰী আদিয়ে বিশেষভাৱে আকর্ষণ কৰিছিল। আকর্ষণ কৰিছিল কেশৱ মহন্তৰ গীতৰ কথাবোৰে, ভূপেন হাজৰিকাৰ গীতবোৰে। অৱশ্যে ভূপেন হাজৰিকাৰ গীতবোৰ সৰুতে ভাল লাগে বাবে শুনো যদিও তাৰ প্রকৃত তত্ত্ব জনা-বুজা হোৱাৰ পৰাহে বেছিকৈ উপলব্ধি কৰিবলৈ শিকিছো। অসমৰ বাহিৰৰ সংগীত শিল্পীৰ গীতেও মোক প্রভাৱিত কৰিছিল। ৰবীন্দৰ জৈন আৰু খয়াম-এই দুজন ব্যক্তিয়ে সৃষ্টি কৰা যি সুৰ, সেই সুৰসমূহে বুজাব নোৱাৰাকৈ মোৰ বুকুত চুই গৈছিল সেইসময়ত। দেউতাৰো প্রিয় আছিল দুয়োজন। আচলতে মোৰ এই সংগীত ভালপোৱাৰ আঁৰৰ একো একোটা কাৰণ তেওঁলোক, তেওঁলোকৰ সুৰ, তেওঁলোকৰ সংগীত। ৰবীন্দৰ জৈনৰ সুৰৰ 'গৰিয়া ৰে তেৰে আনে চে চজ গয়ী হামৰী টুটি ফুতি নাও...", 'গীত গাতা চল...', 'আখিয়ৌ কি ঝাৰখোঁ চে...', ঠিক তেনেকৈয়ে খয়ামৰ 'নুৰি' আদি গীতবোৰে সংগীতৰ প্রতি জাগি উঠা ভালপোৱা ক্রমান্বয়ে বঢ়াই গৈছিল।" --তৰালি শৰ্মাৰ এই কথাৰ মাজতে স্পষ্ট হৈ আছে "সংগীত শিল্পী তৰালি শৰ্মা" নিৰ্মাণৰ বুনিয়াদ। থলুৱা সুৰ আৰু ভাল সুৰে প্ৰিয় তৰালিৰ। আৰু নিজে যেতিয়া সুৰ সৃষ্টি কৰে, সেই ভাল লগা সুৰ বোৰ নিশ্চয় প্ৰেৰণা হৈ পৰে।
আন এদিন! জোনাকৰ দিন। জোনাক তেতিয়াও নমা নাছিল। তৰালিয়ে মাতিছিল "ড্ৰিমজ"লৈ। জিণ্টু বৰদলৈৰ ৰেকৰ্ডিং ষ্টুডিঅ' --"ড্ৰিমজ"। (কোন জিণ্টু বৰদলৈ?-- চাউণ্ড ইঞ্জিনীয়াৰ, বাদ্যযন্ত্ৰী। তৰালি-জিণ্টু-- দুয়ো দুয়োৰে জীৱন সংগী। "ড্ৰিমজ" এতিয়া তৰালি শৰ্মাৰো সংগীত সপোন সাকাৰ কৰাৰ "পৃথিৱী"।) গৈ পোৱাৰ পাছতে সংগীতৰ দুৱাৰ। দুৱাৰেৰে জোনাক আহিছিল --"মাতিলেই নামি অহা জোনাক ..."। তৰালিৰ আন এক প্ৰকল্প "ডেউকা"ৰ এটি গীত। কথা, সুৰ, সংগীত, কণ্ঠ তৰালিৰ। তৰালিয়ে এটা গল্প কৈছে, এখন ছবি আকিছে-- শব্দৰে, সুৰেৰে। জোনাকৰ গল্প। -এই গীতটো মুকলি কৰিছে --"youtube"-ত।
আন এদিন। ইটো-সিটোৰ মাজতে তৰালিয়ে কৈছিল সংগীত অনুভৱৰ কথা। সুধিছিলো -- "তৰালিয়ে সংগীত অনুভৱ কেতিয়াৰ পৰা কৰিছিল?
কৈছিল-- "গানবোৰ অথবা সুৰবোৰ যে ক’ৰবাত চুই যোৱা ধৰণৰ অনুভৱ এটা হোৱাৰ পৰাই ইয়াৰ আৰম্ভণি। পার্বতী প্রসাদ বৰুৱাৰ  'তোমাৰ প্রেমৰ ভোগজৰাটি...",
'তোৰ নাই যে বন্ধোৱা বাট...',
'জোনাক জোনাক শীতল জোনাক...'
--এই গীতবোৰ লাহে লাহে বুকুৰ ক’ৰবাত লগা হ’ল, বাৰে বাৰে  ৰিৱাইণ্ড কৰি শুনিব মন যোৱাকৈ। সৰু থাকোতে নেপালী চেন্টাৰ খুউব শুনিছিলো। ৰেডিঅ’ শুনাতো মোৰ চখ আছিল। ৰেডিঅ’টোৰ গীতবোৰ যেতিয়া শুনো, শুনিয়েই থাকো। পাছলৈ এনেকোৱা হৈ গৈছিল যে কোনটোৰ পিছত কোনটো গীত দিব আগতীয়াকৈ জনা হৈ গৈছিলো। আৰু সেই গীতবোৰেও এনেকুৱাকৈ চুই গৈছিল যে সংগীতৰ প্রতি থকা প্রেম এটাই ক’ব নোৱাৰাকৈ ক্রমান্বয়ে ঠাই লৈছিল, বুকুত। থাউকতে মনত পৰাকৈ এই যে দিলীপ দাসৰ কণ্ঠৰ 'ৰ’দ পাই ৰঙা হ’ল সোৱাদ সুমথিৰা...' গীতটো-- ক’ৰবাত কথাখিনি যেতিয়া ব’হাগৰ বতৰত গধূলি সময়ত দূৰৰ পৰা ভাঁহি আহে-- সেই বতাহ, সেই আকাশখন, সেই বিহু বিহু গাত লগাকৈ অহা পৰিৱেশটো.. মানে সেই অনুভৱবোৰ... পাঁচোটা ইন্দ্রিয় সক্রিয় হৈ এটা সময়ত একমুখী হৈ পৰিছিল গানবোৰ শুনি শুনি।
বৰগীতৰ ক্ষেত্রতো তেনেকুৱা। মই শিকা প্রথম বৰগীতটি দেউতাই প্রথম গাই শুনাইছিল। গীতটো আছিল শ্রীমন্ত শংকৰদেৱ বিৰচিত
'প্রাণনাথ নকৰা বঞ্চিত...' বৰগীতটো প্রথম শুনাৰ লগে লগে- ক’ৰবাত যে কিবাকে খুন্দিয়াই যায়, মানে সেই আৱেগবোৰ-- ভৰাই তুলিছিল বুকুখন। বা হিন্দীগীতৰ কথাবোৰো সেই চতুর্থ-পঞ্চম শ্রেণীত পঢ়ি থকা সময়ত বুজা নাছিলো, কিন্তু সুৰবোৰে ইমান চুই যায়, শুনাৰ সময়ত মনটোৱে যেনেকৈ আচৰণ কৰে, লগতে মোৰ চেতনায়ো একেধৰণেই আচৰণ কৰিছিল। মই ভাৱো-তেনে ধৰণেই আৰম্ভ হৈছিল সংগীত বুজাৰ কথাটো বা সংগীত অনুভৱ কৰাতো। মানে সংগীতৰ সাতটা স্বৰ মাত্র গোৱাৰ বাবেই নহয় বা ৰেৱাজৰ বাবেই নহয়, সাধনাৰ আন এটা দিশ হৈছে অনুভৱ কৰাটো। কিবা এটা গান শুনি গোটেই ৰাতিটো বিষাদময় হৈ যায়, বা ক’ৰবাত ভাগিয়েই পৰো জীৱনটো অসাৰ বুলি।কাৰণ গানটোত তেনেকুৱা কথা এটাই কৈছে। কোনোবা এটা গান শুনি এপাক নাচিবলৈও মন যায়, কোনোবা এটা গান শুনি জীৱনটো নতুনকৈ জীয়াবলৈও মন যায়-- হয়তো গানৰ সুৰ বা কথা তেনেধৰণৰ বাবেই। গানৰ এই উপলব্ধিবোৰ যে স্কুলৰ দিনৰ পৰাই, যেতিয়াৰ পৰা বুজা হৈছো, তেতিয়াৰ পৰাই গানবোৰে ক’ব নোৱাৰাকৈ চুবলৈ ধৰিছিল। মানে দেহত এজন মানুহৰ স্পর্শটো যেনেকুৱা-- মোৰ মাৰ স্পর্শটো বা দেউতাৰ স্পর্শ যেনেকুৱা, থিক তেনেকৈ গানবোৰে মোক স্পর্শ কৰিবলৈ ল’লে। সেই স্পর্শবোৰেই এটা সময়ত অনুভৱ হ’লগৈ ছাগে, গম নোপোৱাকৈ.. যিটো অনুভৱত আজিও জীয়াই আছো। সেই অনুভৱৰ কাৰণেই যি নটা ৰস আছে তাক অনুভৱ কৰিব পাৰো; সেই অনুভৱৰ কাৰণেই প্রকৃতিক বিৰাট ভাল পাওঁ; সেই অনুভৱৰ কাৰণেই বতাহ দিলে বেলেগ এটা ভাৱনা বিচাৰি পাওঁ; বৰষুণত তিতিবলৈ, জোনাক চাই উজাগৰী নিশা পাৰ কৰিবলৈ অথবা পাহাৰৰ বুকুত সময় কটাবলৈ ভাল পাওঁ, কিজানি সেই অনুভৱৰ কাৰণেই। সংগীতক তেনেকৈয়ে অনুভৱ কৰো- সাতটা স্বৰৰ মাজত, শব্দৰ মাজত, সুৰৰ মাজত, মনৰ মাজত..."। by: Utpal MenaTarali Sarma

রবিবার, ২৯ মে, ২০২২

আৰু সান্নিধ্য /৮

মহেন্দ্ৰ বৰঠাকুৰ Mahendra Borthakur
আৱাহন থিয়েটাৰৰ দ্বিতীয় নাট্যবৰ্ষ।
ৰতন লহকৰ-কৃষ্ণ ৰয়ৰ প্ৰযোজনাৰে কহিনুৰ থিয়েটাৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ নতুন বাট মুকলি কৰিছিল। এদিন "কহিনুৰ"ৰ পৰা কৃষ্ণ ৰয় আতৰি যায়। আৰম্ভ কৰে নতুন নাট্যদল --আৱাহন থিয়েটাৰ। প্ৰথম নাট্যবৰ্ষৰ নাটক ৪ খন লিখিছিল প্ৰফুল্ল বৰাই। দ্বিতীয় নাট্যৰ্ষত নতুন নাট্যচিন্তা মনলৈ আহিছিল কৃষ্ণ ৰয় আৰু নাট্যদলটোৰ সেই নাট্যবৰ্ষৰ অভিনেতা ভৱেশ বৰুৱাৰ। নতুন নাট্যচিন্তাৰে এটা অংশ আছিল-- মহেন্দ্ৰ বৰঠাকুৰ। ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নাটক লিখাৰ মন লৈ অপেক্ষাত আছিল মহেন্দ্ৰ বৰঠাকুৰো। ("ভ্রাম্যমাণ থিয়েটাৰৰ বাবে নাটক লেখা কথাটো মোৰ মনলৈ অহা নাছিল। ভ্রাম্যমাণ থিয়েটাৰ বৰকৈ চোৱাও নাছিলোঁ। '৬৩-'৬৫ চন মানত তিনিচুকীয়াত নটৰাজ থিয়েটাৰ চাইছিলো। কিটিপ-কাটাপ বিলাকে চকু থৰ কৰিছিল। মানুহৰ মুখে মুখে শুনিছিলো নটৰাজ থিয়েটাৰৰ কথা। সেই বাবে নটৰাজ চাবলৈ গৈছিলো আৰু তেওঁলোকৰ সাংগঠনিক শক্তি দেখি বিস্ময় মানিছিলো। কিন্তু নটিকখন চাই অর্থাৎ নাটকৰ বিষয়বস্তু, গাঁঠনি, অভিনয় এইবোৰে মোক আকৰ্ষণ কৰিব পৰা নাছিল। তেতিয়াই মনে মনে ভাব হৈছিল উদ্যোক্তাসকলে ইমান শ্ৰম কৰে, খৰচ কৰে, শিল্পীসকলেও দেহামাৰি কাম কৰে। পোহৰৰ কি সুন্দৰ কৌশল প্রয়োগ হয়, আবহ সংগীতৰ বাবে কি বঢ়িয়া আয়োজন এনে স্থলত এওঁলোকে ভাল নাটক এখন নলয় কেলেই? ভ্রাম্যমানলৈ নাটক লেখাৰ স্পৃহা মোৰ তেতিয়াই হৈছিল।" --মহেন্দ্ৰ বৰঠাকুৰ।) অৱশ্যে সেই সময়ত মন কিছু টেঙাইছিল। ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নাটক লিখাৰ অভিজ্ঞতা সুখকৰ নাছিল। "মই অনুভৱ কৰিছিলো অচ্যুত লহকৰৰ অসাধাৰণ চিন্তা। কেৱল ভাল নাটকৰ আকাল। ময়ো  প্লেটফৰ্মখনৰ পৰাই কিবা দিবলৈ চেষ্টা কৰিব পাৰো দেখোন! মই জনাত পৃথিৱীৰ কোন প্রেক্ষাগৃহত একেলগে দুহেজাৰ মানুহে আসনত বহি থিয়েটাৰ চাব পাৰাৰ সুবিধা নাই। আমি এই সুন্দৰ নাটক মঞ্চস্থ ব্যৱস্থাক ভালদৰে ব্যৱহাৰ কৰিব পাৰো দেখোন! নটৰাজ থিয়েটাৰ চোৱাৰ পাছত বহুদিনলৈ মনত ভাবি আছিলো। কিন্তু ১৯৭৫ চন লৈকে ভ্রাম্যমানৰ কোনো মানুহৰ লগত মোৰ কোনোধৰণৰ
যোগসূত্ৰ নাছিল। এদিন কথা প্ৰসংগত হেম ভট্টাচার্য্যই মোক ষ্টাৰ থিয়েটাৰৰ বাবে নাটক লেখাৰ কথা কৈছিল। প্ৰযোজক কুমুদ শৰ্মায়ো কৈছিল-- লিখক। লিখি দিলো-- চাৰিটা মান দৃশ্য। কুমুদ শৰ্মাই চাই বৰ ভাল নাপালে। বৰ ভাল নাপালে' মানে বেয়াই পোৱা যেন লাগিল। নাটক খন শেষ কৰাৰ কথা কৈছিল। শেষ কৰিছিলো। কিন্তু নাটক খন নিবলৈ আৰু মানুহ নাহিল। সেই নাটক খনেই পাছত হেম ভট্টাচাৰ্যই মুকুন্দ থিয়েটাৰত মঞ্চস্থ কৰাইছিল মূল চৰিত্ৰটোত জীৱেশ্বৰ ডেকাই বৰ ভাল অভিনয় কৰিছিল। ( নাটক খনৰ নাম "দধিচী"।) যি নহওক, ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে লিখা মোৰ প্ৰথম নাটক দৰ্শকে ভাল পাইছিল। প্ৰথম মঞ্চস্থ হৈছিল 'শিমলু চন্দন'হে। কুমুদ শৰ্মাই নাটক খন যে ভাল নাপালে, মই ৰৈ দিছিলো। ভাবিছিলো-- মোৰ দ্বাৰা ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নাটক লিখা নহব! এদিল ভৱেশ বৰুৱাই আহি ক'লে--'কিয় নহব! আপুনি আৱাহন থিয়েটাৰৰ বাবে নাটক লিখক।' ভৱেশ বৰুৱাৰ লগত প্ৰযোজক কৃষ্ণ ৰয়ো আহিছিল। কৃষ্ণ ৰয়ে যোৰ দি কৈছিল-- 'আপুনি লিখক। আমি ভালদৰে প্ৰযোজনা কৰিম। নিৰ্দিষ্ট দিনত নাটক খন লিখি শেষ কৰিছিলো। কৈছিলো -- দিগদাৰ হ'লে বাদ দিব, বা প্ৰয়োজন হ'লে ইটো-সিটো সলাাই লব পৰা যাব। পাছত নাটক চাই মই সন্তুষ্ট হৈছিলো। নাটক খনৰ সৈতে জড়িত এগৰাকীয়ে কৈছিল, নাটকখন প্রযোজনাৰ ক্ষেত্ৰত কৃষ্ণ ৰয়ে বিশেষ চকু দিছিল। এজন নতুন মানুহৰ নতুন নাটক আমি ভালদৰে কৰিব লাগিব বুলি  কৈছিল হেনো! মনটো ভাল লাগিছিল। পাছত আৱাহন থিয়েটাৰে যেতিয়াই বিচাৰিছে, নাটক লিখি সহায় কৰিছো।" --মহেন্দ্ৰ বৰঠাকুৰে কৈছিল, দৈনিক কাকত "আজি"ৰ হৈ কথা পাতোতে। সময়: ২০০৩ চনৰ এটা দিন। সাংবাদিক অনুপম চক্ৰৱৰ্তীৰ গৈছিলো। ফটোগ্ৰাফাৰ বিজু বড়োয়ো আছিল আমাৰ লগত। আমাৰ ইটো-সিটো প্ৰশ্ন, মহেন্দ্ৰ বৱঠাকুৰৰ "উত্তৰ"-এৰে আগবাঢ়িছিল সময়। নিজৰ, আন নাট্যকাৰৰ নাটক-ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্যকৰ্মীৰ কথায়ো কৈছিল। "ড° ভবেন্দ্ৰ নাথ শইকীয়াক ভ্ৰাম্যমাণৰ মঞ্চলৈ নাট্যকাৰ আৰু পৰিচালক হিচাবে নিব পৰাৰ কৃতিত্ব কৃষ্ণ ৰয়ৰে।" বুলি কৈ মহেন্দ্ৰ বৰঠাকুৰে আৰু কৈছিল-- "কৃষ্ণ ৰয় আৰু ৰতন লহকৰে ব্যৱসায়ৰ কথাত গুৰুত্ব নিদিয়াকৈয়ো ভাল নাটক মঞ্চস্থ কৰাইছিল। আৰু ভাল নাটকৰ দৰ্শক নিৰ্মাণ কৰিছিল। ভ্রাম্যমাণ থিয়েটাৰৰ পৰিকল্পনাত ব্যৱসায়ৰ কথাটোৱেই মুখ্য। এইটো সাংঘাটিক দোষণীয় কথা নহয়। প্ৰতিতো ভ্রাম্যমাণে প্রায় ২৫০ নিশা নাটক অভিনয় কৰে আৰু এটি বুজন সংখ্যক শ্রমিক, শিল্পী, কাৰিকৰী লোকক সংস্থান দিয়ে। গতিকে ব্যৱসায়ৰ কথাটো স্বাভাবিকতেই আহি পৰিব। কিন্তু মই অনুভৱ কৰো ড°শইকীয়াৰ নাটক, মোৰ নাটক লোৱাৰ সময়ত ৰতন লহকৰ, কৃষ্ণ ৰয়ে ব্যৱসায়ক আগস্থান নিদিয়ে। ড°শইকীয়াৰ প্ৰবেশেৰে আৱাহনে ভ্রাম্যমাণত এটি বেলেগ চেতনাৰো জন্ম দিলে। আবাহন থিয়েটাৰক মই যেনেদৰে ৰুচি সন্মত নাটক প্রযোজনা কৰা দল বুলি ভাবো, তেনেদৰে ৰতন লহকৰক দক্ষ নাট্যকৰ্মী বুলি ভাবো। মই "শৰাগুৰি চাপৰি" লিখা বৰ্ষটোত "কহিনুৰ"ৰে "মাটিৰ গড়ী" (নাট্যকাৰ শূদ্রকৰ খ্রীষ্টপূর্ব তৃতীয় শতাব্দীৰ নাটক "মৃচ্ছকটিক"ৰ অসমীয়া অভিযোজন), অৰুন শৰ্মাৰ নাটক 'বাঘজাল' লৈছিল
সেই বছৰ পৰিচালক আছিল কুলদা কুমাৰ ভট্টাচাৰ্য। --এনে শাসহ ৰতন লহকৰেহে কৰিব পাৰে।" ৰতন লহকৰৰ তাগিদাত মহেন্দ্ৰ বৰঠাকুৰে "কহিনুৰ"ৰ বাবে লিখিছিল -- বন্দিনী, ৰজা হৰিচন্দ্ৰ (অভিযোজনা), মানুহ, সম্ৰাট আৰু সুন্দৰী, বলীয়া হাতী, টাৰ্জান টাৰ্জান (সম্পাদনা), তেজ লগা বাট (মূল ডষ্টয়ভস্কিৰ ক্ৰাইম এণ্ড পানিচমেন্ট), মহাবীৰ চিলাৰায়, নৰক বন্দনা, বেনহুৰ (মূল একে নামৰ উপন্যাসৰ আধাৰত), ৰজাৰো ৰজা, হেমলেট, অথেল'  (অনুবাদ), ৰাতিৰ জুই, পোহৰৰ ছাঁ, হে মহানগৰ, প্ৰাৰ্থনা, ডাইনীৰ প্ৰেম, সাগৰলৈ বহুদূৰ (জাহ্নু বৰুৱাৰ একে নামৰ চিনেমাৰ নাট্যৰূপ), পুৰুষ, কাৰাগাৰৰ বাঘ, প্ৰতীক্ষা, বিষ্ণু প্ৰসাদ, মুখাৰ মুখ, প্ৰিয় শত্ৰু আদি । আৰু "আৱাহন"ৰ বাবে লিখিছিল-- এই মাটিতে, বিলকিচ বেগম, কলংকিনি সতী, অমানুহ, সম্ৰাট আদি। মাৰাঠি নাটক "নট সম্ৰাট"ৰ আধাৰত লিখিছিল "সম্ৰাট"। "নট সম্ৰাট" মাৰিঠি ৰূপালী গল্পলৈয়ো ৰূপান্তৰ কৰিছে, মহেশ মাঞ্জেকাৰে। চিনেমা খনত মূল চৰিত্ৰটোত অভিনয় কৰিছিল নানা পাটেকাৰে। অসমীয়া নাটক খনক মাৰাঠি চিনেমা খনে চুব পৰা নাই বা মাৰাঠি চিনেমা খনক অসমীয়া নাটক খনে চুৱা নাই। অসমীয়া নাটক খন চোৱাৰ সময়ত মুল চৰিত্ৰটোৱে দৰ্শকৰ মনলৈ আনি দিছে নটসূৰ্য ফনী শৰ্মাৰ কথা। অসমীয়া নাটক খনৰ মুল চৰিত্ৰত সুৰেণ মহন্তই কৰা অভিনয় সদায় আমাৰ মনত ৰৈ যাব। আমাৰ ধাৰণাত এইটো ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটকত মহেন্দ্ৰ বৰঠাকুৰে ৰচনা কৰা দুটা শ্ৰেষ্ঠ চৰিত্ৰৰ এটা। আনটো "দধিচী"ৰ নন্দ পাঠক (অভিনয় কৰিছিল জীৱেশ্বৰ ডেকাই।)।
মহেন্দ্ৰ বৰঠাকুৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে ৰচনা কৰা আন কেইখন মান নাটক-- বাঘ হাজৰিকা, আইৰ চকুলো, অসতী কন্যা,দধীচি
হালধীয়া চৰায়ে বাওধান খায় (নাট্যৰূপ/ (হোমেন বৰগোহাঞিৰ একে নামৰ উপন্যাসৰ আধাৰত),
মোৰ আই, বেয়া মানুহ, গোসাঁনী, মকৰাজাল,  মুখ্যমন্ত্ৰী,  ভাল মানুহ, অবতাৰ, পুতলা নাট, কামৰূপ কামাখ্যা, পগলা চহাব, পাখিত জুই, প্ৰিয়া আৰু পুলিচ, কলংকিনী সতী, মহাত্মা, পিতামহ, যদুবংশ, তেজাল ঘোঁৰা, আজলী নবৌ, নেদেখা নদীৰ ঘাট, ডেকা হাকিম, মাতৃহত্যা পৰশুৰাম, চাহাব দাদা, অপহৰণ, বালিঘৰৰ আলহী ((মূল: শ্বেক্সপীয়েৰৰ কীংলেয়ৰ),
মাজ নিশাৰ চিঞৰ, অগ্নিক্ষণ, আধাৰশিলা, অতিথি, জুয়ে পোৰা মানুহ,সমদল,
বলিয়া গোসাঁই, ছাংলট ফেনলা (পৰাগ দাসৰ একে নামৰ উপন্যাসৰ আধাৰত),
, কুৰুক্ষেত্ৰ, বনকুঁৱৰী, অচল সুঁতি, প্ৰেতাত্মা, অৰুণ-তৰুণ, আবেলিৰ ৰং, আইদেউ সন্দিকৈ, অগ্নিক্ষণ (মূল ৰবীন্দ্ৰনাথৰ কাবুলীৱালা গল্প), বনকুঁৱৰী, প্রতীক্ষা (ৰাম গগৈৰ উপন্যাসৰ আধাৰত), আধা পোৱা মানুহ, পঁজাঘৰৰ ৰজা,পুতলা নাচ, পানীত জুই,  ইস্মাইল শেখৰৰ সন্ধানত (হোমেন বৰগোহাঞিৰ একে নামৰ গল্পৰ আধাৰত), জংঘল, এমুঠি তৰাৰ জিলিমিলি (কুমাৰ কিশোৰৰ একে নামৰ উপন্যাসৰ আধাৰত), আদি।
নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে লিখা নাটকসমূহক প্ৰধানকৈ তিনিটা ভাগত বিভক্ত কৰিব পাৰি-- পৌৰাণিক, বুৰঞ্জীমূলক আৰু সামাজিক। আৰু বিভক্ত কৰিব পাৰি এনেদৰে-- মৌলিক, নাট্যৰূপ, অনুবাদ আৰু মৌলিক ৰূপান্তৰ। মৌলীক ৰূপান্তৰৰ বিশুদ্ধ উদাহৰণ -- বালিঘৰৰ আলহী। এই নাটক খন মহেন্দ্ৰ বৰঠাকুৰৰ মৌলিক সৃষ্ঠি বুলিলেও আপত্তি কৰাৰ বাট নাথাকিল হেতেন।
--২০০৩ চনৰ সেই বিশেষ দিনটোত আমাৰ প্ৰশ্ন আছিল কেৱল ভ্ৰাম্যমাণ থিয়েটাৰ কেন্দ্ৰিক। পৰৱৰ্তী সময়তহে কথা পাতিছিলো অন্যান্য নাটক, উপন্যাস আদি প্ৰসংগত। এবাৰ ড°ভৱেন্দ্ৰ নাথ শইকীয়াৰ সাক্ষাৎকাৰ লবলৈয়ো গৈছিলো, মহেন্দ্ৰ বৰঠাকুৰৰ সৈতে। ( মহেন্দ্ৰ বৰঠাকুৰৰ জন্ম ১৯৩৫ চনত, কায়িক মৃত্যু ২০০৫ চনত।)

by: Utpal Mena

শুক্রবার, ২৭ মে, ২০২২

পুৱতিৰ তৰালি /১

তৰালিক বিছাৰি গৈছিলো। প্রভাতী সুৰো বিছাৰি পাইছিলো। পুৱতিলৈ যোৱা বাটতে পাইছিলো কথা শিল্পীক, গীতি কবিক। লিখিম, সকলো লিখিম। প্ৰথমে আহিছো --বিষয় বস্তুলৈ। বিষয় বস্তু-- তৰালি শৰ্মা।
তৰালি শৰ্মা। তৰালি ‘সংগীতৰ মানুহ'। কিন্তু আমাৰ মাজত গীতৰ কথা হয় কম। কথা প্ৰসংগত জানিব বিচাৰিলোঁ—
তোমাৰ গীত কাৰ বাবে? কিছু সময় ভাবিছিল। তাৰ পাছত কৈছিল। যি কৈছিল সেয়া ব্যাখ্যা কৰিব পৰা যায় এনেদৰে— "মোৰ প্ৰতিটো গীতেই সৃষ্টি হয় মনৰ মাজত। তাৰ পাছত যন্ত্রণা অনুভৱ কৰোঁ মগজুত। কেতিয়াবা প্রথমে সুৰটোৱে আমনি কৰে আৰু কেতিয়াবা গীতৰ কথাই। যেনে— হীৰুদাৰ গীতবোৰ। হীৰুদাৰ শব্দবোৰে মোক চুই যায় আৰু চুই যোৱা শব্দবোৰৰ কথা মনত ৰাখিয়েই সুৰ দিবলৈ চেষ্টা কৰোঁ। চেষ্টা তেতিয়ালৈকে কৰোঁ, যেতিয়ালৈকে মোৰ মন-মগজু সন্তুষ্ট নহয়। ইয়াৰ বিপৰীতে কিছুমান শব্দই মোক আমনি কৰিবলৈ ধৰে। সেই শব্দবোৰ এটুকুৰা কাগজত লিখি যাওঁ। আৰু কেতিয়াবা এনেকুৱাও হয় সুৰটো মোৰ মনলৈ বাৰে বাৰে আহি থাকে। আৰু সেই সুৰটোৰ কথা মনত ৰাখি কিছুমান শব্দৰ মালা গাঁঠিবলৈ চেষ্টা কৰোঁ। কিন্তু এনে নহয়, কেৱল শব্দৰ মালা উঠিয়েই মই সন্তুষ্ট হওঁ। সেই শব্দৰ মালাৰ পৰা অৰ্থ বিচাৰি চাবলৈ চেষ্টা কৰোঁ। যদি কোনো অর্থ বিচাৰি নাপাওঁ, তেতিয়া সেই গীতৰ পৰা মই আঁতৰি আহোঁ।" ইয়াৰ পৰা অনুভৱ কৰিব পাৰি তৰালিৰ গীত প্রথমে নিজৰ বাবে। আৰু এটা কথা উপলব্ধি কৰিব পাৰি তৰালিয়ে গীত নিৰ্মাণ নকৰে, সৃষ্টিহে কৰে। আৰু সম্ভৱতঃ সেই কাৰণেই প্ৰতিটো এলবাম নির্মাণত সময় লয় পাঁচ-ছবছৰ।
মই গায়িকাগৰাকীক ওচৰৰ পৰা জানো। ওচৰৰ পৰা বুজোঁ। দীর্ঘদিনৰ উপলব্ধিৰ পৰা ক'ব পাৰোঁ— আঠটা গীত সৃষ্টিৰ বাবে তৰালিয়ে কষ্ট কৰে কমেও কুৰিটা গীতৰ বাবে। কেতিয়াবা এনেও হৈছে, এটা বিশেষ গীতক লৈ চৰ্চা হৈছে, সেই চৰ্চা প্ৰচাৰ মাধ্যমৰ সহায়ত শ্রোতাৰ ওচৰ পাইছে। কিন্তু সময়ত দেখা যায় সেই বিশেষ গীতটো সেই বিশেষ এলবামটোত নাথাকে। গায়িকাগৰাকীৰ শেহতীয়া এলবাম 'হেঙুলীয়া'ৰ ক্ষেত্ৰত এনেকুৱা হৈছে। --কিয় হয়? "হয়, এলবামটোত হীৰুদাৰ গীত এটা ৰখাৰ কথা চিন্তা কৰিছিলোঁ। প্রথমে তেওঁৰ সৃষ্টিৰ মাজৰ পৰা দুটামান বাছিও লৈছিলোঁ। কিন্তু মোৰ এনে লাগিল হীৰুদাৰ সেই শব্দবোৰৰ মাজলৈ যেন মোৰ সুৰবোৰ যোৱা নাই। ক'ৰবাত কেৰোণ লাগিছে। কথা প্ৰসংগত এদিন ক'লোঁ। হীৰুদাই ক'লে— ভাবিব নালাগে, কিবা এটা লিখি দিম। এই দুটা বাদ দিয়া। বাদ দিছিলোঁ। কিন্তু হীৰুদাৰ পৰা সেই বিশেষ গীতটো পোৱা নাছিলোঁ। মোৰ ভাবি দুখ লাগে মৃত্যুৰ কেইদিনমান পূৰ্বে আকাৰে-ইংগিতে হীৰুদাই মোক বুজাবলৈ চেষ্টা কৰিছিল যে মোৰ বাবে কিবা এটা লিখিছে। লিখি সম্পূৰ্ণ কৰিছে। কিন্তু কি লিখিছে, কি সম্পূৰ্ণ কৰিছে, সেয়া মই আজিলৈকে বিচাৰি উলিওৱাটো সম্ভৱ নহ'ল।"
তৰালি শৰ্মা কোন স্তৰৰ গায়িকা, সেয়া ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই। স্পষ্ট হৈছে শ্ৰেষ্ঠ গায়িকাৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ সময়ত। সেই বিশেষ গীতটো কোনো শ্রেষ্ঠ গায়কে, শ্রেষ্ঠ সংগীতেৰে, শ্রেষ্ঠ কথাৰে সজোৱ গীত নাছিল। আছিল এফাকি নামঘোষা। গতিকে স্পষ্ট হয় কেৱল গায়কীর বাবেই বঁটাটো লাভ কৰিবলৈ সক্ষম হৈছিল।
কেবল গায়কীয়েনে?
মই ভাবো সংগীত ৰচনা, সুৰ ৰচনা, গীত ৰচনাৰ ক্ষেত্ৰতো বিশেষ স্থানত বহুৱাব পাৰি। আমি যদি পর্যালোচনা কৰি চাওঁ দেখিম – এলবাম ‘মুকলি’ আৰু ‘হেঙুলীয়া’ৰ যিকেইটা গীতে শ্রোতাক স্পৰ্শ কৰিছে, সেই আটাইকেইটাৰ কথা, সুৰো তৰালিৰ নিজৰ। এলবাম দুটা সংগীতেৰেও নিজেই সজাইছে। দেখা যায় দুয়োটা এলবামৰ সংগীত আৰু কথাত অসমীয়া লোকগীত আৰু লোকবাদ্যৰ সুপ্ৰয়োগ। এই ফালৰ পৰা ক'ব পাৰি গায়িকাগৰাকীয়ে অসমৰ লোক-সংগীতৰ পৰীক্ষা-নিৰীক্ষাত গুৰুত্ব দিছে। নিশ্চয় গুৰুত্ব দিবলৈ বাধ্য কৰাইছে গায়িকাগৰাকীৰ মন আৰু মগজুৱে। --আহিছো এই গৰাকী তৰালিৰ নিৰ্মাণ প্ৰক্ৰিয়ালৈ।
এদিন, ইটো-সিটো কথাৰ মাঝতে মোৰ প্ৰশ্ন :  ময়ো গীত গাম -- এই ধাৰণা কেতিয়া মনলৈ আহিছিল -- মনত আছেনে?
তৰালিয়ে কৈ গৈছিল-- "মনত সঠিককৈ নাই। মনত ইমান খিনিয়ে আছে, গীতৰ মাজত থাকি কিবা ভাল লগা-ভাল লগা অনুভৱ কৰিছিলো, সংগীত বুজাৰ বহু আগৰে পৰা। আচলতে মোৰ প্রথম প্রেম সংগীতৰ লগতে। সেই প্রেমে ভাললগাও আনে-অভিমানো আনে বা বিষাদো আনে মাজে মাজে। সংগীতে ইমান বেছি আৱেগিক কৰি তোলে বা ইমান বেছি গাত লাগি যোৱা হ’ল যে এটা সময়ত সেই কথাটো অনুভৱ কৰা যায়-- যেতিয়া কাৰোবাৰ কাৰোবাৰ লগত সচাঁ প্রেম হয়, ইমান গভীৰলৈ গুচি যোৱা যায় যে এক ঐশ্বৰিক বা স্বর্গীয় অনুভূতি হৈ পৰে গোটেই কথাটো..।  তাৰ পিছতে এনে লাগে যেন এই মানুহজনক বাদ দি মই জীৱনটো জীয়াই থাকিব নোৱাৰিম। মোৰ ক্ষেত্রত সংগীত থিক তেনেকুৱাই । এটা সময়ত গান গাই ইমান ভাল পাও, গান শুনি ইমান ভাল পাও-- ক’ৰবাত ইমান বেছি প্রেম হ’ল যে মই গীত নোগোৱাকৈ থাকিব নোৱাৰা অনুভৱ এটা হ’ল। জীয়াই থাকিবলৈ হ’লে মই গান গাবই লাগিব। সংগীত আচলতে জীৱনৰ আহিলা, মই মোৰ লগত প্রেমত পৰাৰ আহিলা, জীৱনৰ প্রেমত পৰাৰ আহিলা। আৰু এই অনুভৱ সেই তেৰ-চৈধ্য বছৰীয়া মইজনী স্কুলত পঢ়াৰ পৰাই। তেতিয়া এটাই উদ্দেশ্য-গান গাব লাগে, ৰেৱাজ কৰিব লাগে। সময়-অসময় পাহৰি ৰেৱাজ কৰো। হাৰমনিয়ামখন একান্ত সংগী হৈ পৰিছিল মোৰ। স্কুলৰ হওক বা ঘৰৰ ওচৰৰ-দূৰৰ বন্ধু-বর্গও যথেষ্ট আছিল। কিন্তু হাৰমনিয়ামখনৰ লগত সময় কটাই আটাইতকৈ বেছি ভাল পাইছিলো সেইসময়ত। আৰু তেতিয়াই মনত সেই কথাটো ভাবি লৈছিলো- যি হ’লেও মই গান গাবই লাগিব। জীয়াই থাকিবলৈ উশাহ যেনেকৈ লৈ থাকিব লাগিব, তেনেকৈয়ে মই গান গাব লাগিব-সংগীতৰ লগত থাকিব লাগিব- এই উপলব্ধি সেই সময়তে কৰিছিলো আৰু সেই উপলব্ধি আজিও আছে জীপাল হৈ মোৰ মন-মগজুত আছে।"
সময় গৈ আছিল। কথা বাঢ়িছিল। তেতিয়া বাহিৰত বলষুণ সৰিছিল। দেওবৰীয়া বৰষুণ। আৰু পুৱতিৰ ভিতৰত তৰালিৰ গীত, তৰালি শৰ্মাৰ কথা। তৰালিয়ে আৰু কৈছিল : প্রায়ে এই প্রশ্নটো শুনো-গায়িকা তৰালি নির্মাণৰ প্রক্রিয়া, সংগীত পৰিচালিকা তৰালি নির্মাণৰ প্রক্রিয়াগায়িকা
উত্তৰ কি দিও কেতিয়াবা আচলতে মই ভাৱিয়েই নাপাও। গান গাও-গান ভাল পাওঁ কাৰণে গান গাও। মই লিখিছোৱে আগতে যে মই গান ইমান ভাল পাওঁ। সংগীত ভাল পাওঁ কাৰণেই পৃথিৱীখন ভাল পাওঁ, প্রকৃতি ভাল পাওঁ। এই ভালপোৱাই মোক মা-দেউতা, স্বামী-পুত্র, বন্ধু-বর্গ বা সচাঁ অর্থত মানু্হক ভাল পাবলৈ শিকাইছে। এই কাৰণে গান গাও আচলতে। কিন্তু কাৰিকৰীভাৱে যদি কও, ঘৰত যেতিয়া দেউতাই হাৰমনিয়ামখন বজাই ল’ৰা-ছোৱালীবোৰক শিকাই থাকে; দেখি দেখিয়েই বজাবলৈ চেষ্টা কৰিছিলোঁ। মোক কোনেও হাৰমনিয়াম বজাবলৈ শিকোৱা নাই। নিজে নিজে বজাই লাহে-লাহে গানবোৰ হাৰমনিয়ামত বজাবলৈ পৰা হৈছিলো। তানপূৰাখন বজাবলৈও নিজেই শিকিছো। গুৰু হিচাপে মোৰ প্রথম গুৰু আছিল শিৱানী দত্ত। তেখেত তেতিয়া আকাশবাণীৰ স্বীকৃতিপ্রাপ্ত কণ্ঠশিল্পী আছিল। দেউতাই সদায় কৈছিল গুৰুৰ এক সুকীয়া গুৰুত্ব আছে জীৱনত। সেই কথা মানিয়েই শিৱানী দত্তৰ ওচৰত মই আৰু মোৰ দেউতাৰ গীতিকাৰ বন্ধু (পেছাত উকীল) বিনোদ পাঠকৰ জীয়ৰী সূর্যশিখাৰ (আমি লুলুমনি বুলি মাতিছিলো) ওচৰত গান শিকিবলৈ গৈছিলো। তাৰপিছত মই পল্লৱ বৰুৱা, অনিতা বুঢ়াগোহাঁই, অজয় বর্মন, দেৱ বর্মন,দ্বিজেন বর্মন আৰু বিশেষ ভাৱে অনন্ত ওজা আদি বহু কেইগৰাকীৰ ওচৰত সংগীতৰ শিক্ষা গ্রহণ কৰিছোঁ। ভাৰতীয় শাস্ত্রীয় সংগীতৰ যি গায়কী সেয়া বিতংকৈ বিশেষভাৱে শিকিছিলো পুস্পৰঞ্জন দে ছাৰৰ ওচৰত। কলিকতাৰ শিপ্রা বোস, জয়শ্রী সেনগুপ্ত তেওঁলোকো মোৰ গুৰু। প্রত্যেকজনৰ পৰাই সংগীতৰ বিভিন্ন দিশৰ কথা শিকিছো। ইতিমধ্যে উল্লেখ কৰা ধৰণে গায়কী যদি পুস্পৰঞ্জন দে ছাৰৰ পৰা শিকিছো, শিপ্রা বোসৰ পৰা পালটা, জয়শ্রী সেনগুপ্তৰ পৰা ভজনৰ শিক্ষা গ্রহণ কৰিছিলো। ভাটখাণ্ডেৰ পাঠদান গ্রহণ কৰি বিশাৰদলৈকে উত্তীর্ণ হৈছিলো। এয়া আছিল সংগীতৰ কাৰিকৰী শিক্ষা।
ব্যৱহাৰিক দিশৰ পৰা গায়িকা হোৱাৰ কথা ক’বলৈ গ’লে মনত পৰে মাইক্র’ফোনৰ সন্মুখত প্রথম গীত গোৱাৰ কথা। অষ্টম মানৰ কথা। আকাশবাণীৰ এটি অনুষ্ঠান “চেমনীয়া চ’ৰা”ত দেউতাৰ শিষ্য তথা সহকর্মী জয়হৰি দাসে মোক লৈ গৈ তাত নামটো ভৰাই দিছিল। তাৰে এটি অনুষ্ঠানত মই গীত গোৱাৰ আমন্ত্রণ পাইছিলো। দেউতাক যেতিয়া কৈছিলো, দেউতাই নলবাৰীৰ কেশৱ দত্তৰ হতুৱাই এটি গীত লিখাই আনি মোৰ হাতত দি কৈছিল- “এইটো গীত- সুৰ কৰা আৰু গোৱা।” এতিয়াও মনত আছে- মোৰ ৰেকর্ডিং আছিল জানুৱাৰী ২৭ তাৰিখে। আগদিনা ২৬ জানুৱাৰীত গণৰাজ্য দিৱসৰ বন্ধ। গোটেই দিনটো মই সুৰ কৰিছিলো আৰু অলপ অভিমানো হৈছিল দেউতাৰ ওপৰত যে মোক গানটো সুৰ কৰি দিয়া নাছিল,আনকি শুনিবলৈ সময়ো হোৱা নাছিল। কিন্তু পিছদিনাখন মই কৰা সুৰেৰেই গীতটো গাইছিলো, গীতটো আছিল “মই ফুলনিৰ ফুল বুটলি...”। কিন্তু মোৰ ইমান সৌভাগ্য- মাইক্র’ফোনৰ সন্মুখত মই প্রথম গীত গাইছো, সুৰ মোৰ নিজৰ, প্রচাৰ হৈছে আকাশবাণীৰ যোগেদি আৰু গীতটো গোৱাৰ সময়ত বাদ্যযন্ত্র বজাইছিল অসমৰ বহুকেইজন বিখ্যাত বাদ্যযন্ত্রীয়ে। তেতিয়া তেওঁলোকে আকাশবাণী গুৱাহাটীতে ষ্টাফ আর্টিষ্ট হিচাপে কাম কৰিছিল। যদিও চেমনীয়া সকলৰ অনুষ্ঠান আছিল “চেমনীয়া চ’ৰা”, তথাপি আকাশবাণীৰ মুখ্য বাদ্যযন্ত্রীসকলে অনুষ্ঠানটিত বাদ্য সংগত কৰিছিল। মোৰ লগত বাঁহী বজাইছিল প্রভাত শর্মাই, একর্ডিয়ান বজাইছিল পার্থপ্রতীম চৌধুৰী, গীটাৰ বজাইছিল হাইদৰ আলি, তবলা বজাইছিল পুস্প বৰা- তেওঁলোক কোনটো উচ্চ স্তৰৰ শিল্পী মই বুজাব নোৱাৰো, মাথো নিজে ধন্য হৈছিলো মোৰ প্রথম গীতটোতে তেওঁলোকক বাদ্যযন্ত্রী হিচাপে পাই। সেয়া সচাঁই এক বুজাব নোৱাৰা অনুভৱ। আৰু এটা কথা আজিও মনত সজীৱ হৈ আছে-গীতটো গোৱাৰ সময়ত ৰেকর্ডিং ৰুমৰ গ্লাছৰ সিটো পাৰে আকাশবাণী কেন্দ্রৰ বহু কর্মচাৰীৰ এটা ভিৰ হৈ গৈছিল। প্রথমে "প্রভাত দা"ৰ জীয়ৰী বুলি গম পোৱা নাছিল, এজনী ছোৱালীয়ে নিজে সুৰ কৰি ভাল গীত গাইছে বুলিয়েই সকলো আহিছিল চাবলৈ। গীত গোৱাৰ পাছত পার্থ প্রতীম চৌধুৰী খুড়াই মোৰ মূৰত হাত থৈ সুৰ আৰু গান ভাল হোৱা বুলি আশীর্বাদ দিছিল, লগতে দেউতাক মোৰ সন্মুখতে আপোনাৰ ছোৱালী ভাল কম্প’জাৰ আৰু গায়িকা হ’ব বুলি ভালকৈ চোৱা-চিতা কৰিবলৈ কোৱাৰ কথা মোৰ মনত পৰে। সেয়াই আছিল আৰম্ভণি।
তাৰপিছত বেছিকৈ গীত গোৱা নাছিলো স্কুলৰ সময়ত। সেই সময়চোৱাত খুউব পেইন্টিংহে কৰিছিলো কিন্তু গীতৰ বিভিন্ন প্রতিযোগিতাসমূহত অংশগ্রহণ কৰা নাছিলো। মাত্র এতিয়া মনত পৰাকৈ এবাৰ নে দুবাৰহে ঘৰৰ ওচৰতে হোৱা বৰগীতৰ প্রতিযোগিতাত অংশ লৈছিলো আৰু পুৰস্কাৰো পাইছিলো। অৱশ্যে স্কুলীয়া দিনত আন এক ধৰণেও মোৰ সংগীত চর্চা চলি আছিল। হলী ছাইল্ড স্কুলত পঢ়ি থকাৰ সময়ত মই একধৰণে স্কুলৰ ‘চুপাৰষ্টাৰ’ এ আছিলো। সকলোৰে প্রিয় পাত্র আছিলো। তাৰ কাৰণ এইটোৱে যে-বিদ্যালয়ত বছৰি যিমান অনুষ্ঠান হ’লেও এটা অনুষ্ঠানত যদি বাৰটা ‘আইটেম’ থাকে, তেন্তে তাৰ দহটাতে মঞ্চত মইয়েই থাকো বেলেগ বেলেগ ধৰণে। ক্লাছ এইটৰ ছাত্র-ছাত্রীক যদি মই কোৰাছ শিকাইছো, তেন্তে তেওঁলোকৰ লগত মঞ্চত হাৰমনিয়াম বজাইছো বা ক্লাছ নাইনৰ কাৰোবাক যদি বেলেগ গান শিকাইছো, তেন্তে তেওঁলোকৰ লগত মই কংগো বজাইছো। ক্লাছ ছিক্সৰ কোনোবাই যদি নাচিছে, তেন্তে গীতটো মইয়ে গাই দিছো। এই সকলোখিনিৰ উপৰি স্কুলত আমাৰ এটা বেণ্ড আছিল ‘এভাৰগ্রীণ’ নামেৰে। বেণ্ডটোত ৰুমণি শইকীয়া বুলি এগৰাকীয়ে মেণ্ডোলিন বজাইছিল, সঞ্চয়িতা শর্মাই কংগো বজাইছিল আৰু সেই বেণ্ডতে বর্তমানৰ চলচ্চিত্র পৰিচালক হিচাপে খ্যাত প্রেৰণা বৰবৰাই হাৱাইন গীটাৰ বজাইছিল। আৰু এগৰাকী আছিল লয়না (বর্তমানৰ উপাধি আৰোৰা) য়ো হাৱাইন গীটাৰ বজাইছিল। দলটোৰ দলপতি হিচাপে মই কেতিয়াবা পিয়ানোখন বজাও যদিও বেছিভাগ সময়ত কংগো বজাইছিলো আৰু সংগীত কম্প’জ কৰিছিলো। আমাৰ বেণ্ডটোৰ এটা কষ্টিউমো আছিল- ৰঙা-বগা-ক’লা তথা চকলেট ৰঙী ষ্ট্রাইপ থকা স্পেনিছ স্কার্ট, বগা চার্ট আৰু ব’ এডাল। স্কুলত যিকোনো অনুষ্ঠান থাকিলে আমাৰ বেণ্ডটোৰ এটা অনুষ্ঠান থকাতো অৱধাৰিত কথা হৈ গৈছিল সকলোৰে বাবে। আনকি আমি স্কুলৰ বাহিৰতো বেণ্ডৰ বেনাৰতে বহু অনুষ্ঠান কৰিছিলো।
সেই সোণালী সময় পাৰ কৰি সন্দিকৈ মহাবিদ্যালয়ত যেতিয়া নামভর্তি কৰিছিলো, প্রথম বর্ষৰে পৰা কিয় জানো মোৰ মনত সোমাই গৈছিল- মহাবিদ্যালয়ৰ শ্রেষ্ঠ গায়িকা হোৱাৰ সপোন এটি। অৱশ্যে স্কুলত থাকোতেই মোৰ লগৰ ছোৱালী নয়নশিখাই কথাই কথাই বায়েকেৰ কলেজত ‘বেষ্ট ছিংগাৰ’ৰ কথা এটা কৈছিল, তেতিয়া সেই ‘বেষ্ট ছিংগাৰ’ শব্দযুৰিৰ প্রতি এক আগ্রহ তথা আকর্ষণ হৈছিল। সেইটোৱেই হয়তো মনত সোমাই ৰৈছিল- ক’ব নোৱাৰাকৈ। সন্দিকৈৰ প্রথম বছৰটোত গানৰ দুখন প্রতিযোগিতা হৈছিল যদিও দেউতাৰ কাৰণে গোৱা নহ’ল। দেউতাই জইন কৰিব নালাগে বুলি কৈছিল আৰু দেউতাৰ কথা অমান্য কৰা নাছিলো কাহানিও। কিন্তু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বর্ষত মায়ে বহুত সহায় কৰিছিল। এই বিষয়ে পাছত ক’ম বাৰু ভালকৈ। সেই বছৰ ‘শ্রেষ্ঠ গায়িকা’ৰ সন্মান পাইছিলো আৰু তাৰ পিছৰ বছৰো। ইয়াৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়লৈ গৈ তাতো ‘শ্রেষ্ঠ গায়িকা’ হোৱাৰ সৌভাগ্য হ’ল। সেই তেতিয়াৰ পৰাই আচলতে লাহে-লাহে মানুহে জানিবলৈ ধৰিছিল- তৰালি শর্মা বুলি গায়িকা এগৰাকী আছে, বৰ ভাল গায়। মই য’তেই প্রতিযোগিতাত অংশ ল’বলৈ গৈছিলো- এক ধৰণৰ ভিৰ এটা হৈছিল- কোননো ছোৱালীজনী তাকে চাবলৈ-গান শুনিবলৈ। তেনেকুৱা পৰিৱেশ এটা কিবাকৈ গুৱাহাটীত সৃষ্টি হৈছিল মোৰ বাবে- ভাৱিলে আজিও কৃতজ্ঞ হৈ পৰো সময়ৰ ওচৰত।
সেই সময়ছোৱাত ষ্টুডিঅ’ত কাম কৰিবলৈ মাতে মোক। আচলতে কাম মানে গীত বিলাকৰ মাজে মাজে থকা কোৰাছ গাবলৈ। মোৰ ওপৰত আস্থা ৰাখি ৰিস্ক ল’বলৈ সেই বিশ্বাসৰ অভাৱৰ আছিল বহুতৰ, কাৰণ প্রায় সকলেই তৰালি বুলি নতুন ছোৱালী এজনী আছে, সন্দিকৈত পঢ়ে আৰু ভাল গীত গাই বুলিহে জানিছিল। গতিকে ইমান ইমান ৰিস্ক কিয় ল’ব? সংগীত পৰিচালক সকলে মোৰ গীত শুনাই নাই তেতিয়ালৈ। অন্যহাতে প্রভাত শর্মাৰ ছোৱালী বুলিও বহুতেই নাজানিছিল। সেয়ে মোক কোৰাছ গাবলৈ মাতিছিল তেতিয়াৰ প্রতিষ্ঠিত মালবিকা বৰা, শান্তা উজীৰ, কল্পনা পাটোৱাৰী আদি সকলৰ গীতত। গতিকে বৃত্তিগত সংগীতৰ এই ক্ষেত্রখনত প্রথম এগৰাকী কোৰাছ শিল্পী হিচাপেহে মই সোমাইছিলো। মোৰ লগত তেতিয়া আৰু দুগৰাকী আছিল জে পি দাসৰ কন্যা জিন্টী আৰু জনছ মহলীয়াৰ কন্যা জিনি। তিনিও জনীকে কোৰাছ গাবলৈ মাতে আৰু আনকি তিনিওজনীকে ‘হামিং বার্ডছ’ বুলিও কৈছিল বহুতে। 
সেই সময়ত মই পূৱ গুৱাহাটী সংগীত বিদ্যালয়ত ভাটখাণ্ডেৰ সংগীতৰ শিক্ষা লৈ আছিলোঁ। মোৰ গুৰু আছিল অনিতা বুঢ়াগোঁহাই। গুৰু অনিতা বুঢ়াগোঁহাইৰ বিহু গোৱাৰ ক্ষেত্রত এটা বিশেষ নাম আছিল। তেখেতৰ বিহু এলবামসমূহ যথেষ্ট হিট হৈছিল তেতিয়া। তেখেতৰ এটি বিহুগীতৰ এলবামত এবাৰ মোক বিহু গাবলৈ মাতিছিল সহ: কণ্ঠশিল্পী হিচাপে। তেখেত যিহেতু মোৰ গুৰু আছিল, মোৰ গান শুনিছে আৰু সেয়ে মই পাৰিম বুলি এটা বিশ্বাস হৈছিল। কিন্তু ৰেকর্ডিঙৰ দিনা মই ভালকৈ গাব পৰা নাছিলো। শাৰীৰিক ভাৱে অসুস্থ হৈ থকাৰ লগতে সেইদিনা ‘ফেৰেনজাইটিছ’ৰ বাবে ভাগি থকা মাতটিয়েও মোক সহযোগ কৰিব পৰা নাছিল। সেইদিনা একপ্রকাৰ অপমানিত কৰিয়েই পঠোৱাৰ নিচিনা । মোৰ ওপৰত বিশ্বাস কাৰো নাছিল আনকি এই ছোৱালীজনীৰ ভৱিষ্যৎ নাই বুলিয়েই মোক ষ্টুডিঅ’ৰ পৰা পঠাই দিয়া হৈছিল। মোৰ ওপৰত বিশ্বাস ৰাখি গাবলৈ মতা অনিতা বাইদেউৰ কথা ভাবি মোৰ বেয়া লাগিছিল। এইটো এটা বেলেগ কাহিনী-কেতিয়াবা বিস্তৰকৈ ক’ম-লিখিম।
বিহু গাবলৈ লওতেই প্রথমেই ব্যর্থতা পালো যদিও আকৌ বিহুগীত গাবলৈ ল’লো। ইটো-সিটোকৈ বহু কেইজনে মাতা হ’ল বিহু গাবলৈ। নিতুল শইকীয়া দাৰ প্রযোজিত তথা পল্লৱী এন্টাৰপ্রাইজৰ এটা বিহু এলবামত মুখ্য কণ্ঠশিল্পী হিচাপেই বিহু গালো। সেই সময়ত পল্লৱী এন্টাৰপ্রাইজৰ ‘লীনা’ বুলি এটা আধুনিক গীতৰ এলবাম ওলাইছিল। সেইটো আকৌ নিতুল দাৰ প্রথমটো আধুনিক গীতৰ এলবাম। নিতুল দাই তাত গাবলৈ ভাল কোনোবা গায়িকা আছে নেকি বুলি মোক সুধিছিলে-মই মেৰী মজুমদাৰ নামৰ মোৰ বান্ধৱী এগৰাকীৰ নাম কৈছিলো। মেৰী গ’ল আৰু গালে। কিবা কাৰণত তেওঁলোকৰ পছন্দ নহ’ল। তেওঁলোকে এবাৰ মোক ক’লে- তুমি এবাৰ ‘ট্রাই’ কৰি চোৱাচোন। তেনেকৈ সেই ‘লীনা’ এলবামটিত তিনিটা গীত গাইছিলো। সেয়া আছিল আধুনিক গীতৰ এলবামত মোৰ প্রথম একক গীত। সেই সময়ত ‘বৃকোদৰ বৰুৱাৰ বিয়া’ বুলি এখন ধাৰাবাহিক আছিল। ‘বৃকোদৰ বৰুৱা বিয়া’ৰ বাবে এটি গীত গাইছিলো- “তুমি হ’বা”। গীতটোৰ পুৰুষ সংস্কৰণটিত কণ্ঠদান কৰিছিল ভূপেন হাজৰিকাই আৰু মহিলাৰ সংস্কৰণটি মোক গোৱাইছিল ৰাজেন ৰাজখোৱাই। সংগীত প্রভাত শর্মাৰে আছিল যদিও ৰাজেন ৰাজখোৱাৰ তৎপৰতাতহে মোক গাবলৈ মতা হৈছিল। ধাৰাবাহিকৰ দুই মিনিটৰ গীতটো গোৱাৰ পাছত দুশ টকা মাননি পাইছিলো। গীতটোৰ লগতো ভাল লগা কাহিনী আছে, পিছত ক’ম।
মই গোৱা প্রথমটি গীত মই অনিল দাসৰ এটি ভক্তিমূলক গীতৰ এলবামৰ বাবে গাইছিলো। “মনোহৰ মধুমিঠা” বুলি অনুপ্রাস ছন্দৰ গীত আছিল সেইটি। গীতটি প্রায় ৫ মিনিট মানৰ আছিল। গীতটোৰ বাবে তেতিয়াৰ দিনতে মই দুহেজাৰ টকা পাইছিলো। এলবামটিত মুঠ চাৰিগৰাকী কণ্ঠশিল্পীৰ গীত আছিল-ৰামেশ্বৰ পাঠক, সন্ধ্যা মেনন, অনিল দাস আৰু মই। অনিল দাসৰ দৃষ্টিভংগীৰে কথাটি ক’বলৈ হ’লে- নিজক বাদ দি তেওঁ দুগৰাকী প্রতিষ্ঠিত শিল্পী আৰু এগৰাকী নতুন গায়িকা বিচাৰি এলবামটি কৰাৰ সিদ্ধান্ত লৈছিল। তেওঁ মোৰ গীত শুনিছিল। কাৰণ তেখেতৰ ৰিহার্চেল আমাৰ ঘৰতে হৈছিল। তেওঁলোক অহাৰ আগতে মই ৰেৱাজ কৰি থাকো। মোৰ গীত শুনি দেউতাক নতুন গায়িকাগৰাকী হিচাপে মোকেই গোৱাবৰ বাবে কৈছিল। দেউতাই প্রথমতে ৰাজী হোৱা নাছিল-তাই শিকিহে আছে বুলি কাৰণ দর্শাইছিল। দেউতাই ৰামেশ্বৰ পাঠকৰ জীয়ৰী মূর্চ্চনা পাঠকক গোৱাবলৈ কৈছিল। কিন্তু অনিল দাসে নেৰানেপেৰাকৈ ধৰাত শেষত মইয়ে গোৱাৰ সুযোগ পাইছিলোঁ।
মাইলষ্ট’ন বুলিলে যিটো গীতৰ বাবে মোক মানুহে জানিছিল বুলি মই ভাৱো, সংযোগপূর্ণ তথা আচৰিত ধৰণে গীতটো আছিল মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিৰচিত বৰগীত “পাৱে পৰি হৰি”। “সাঁচিপাতৰ পুথি” বুলি এখন চিৰিয়েলত গাইছিলো। সংগীত দেউতাৰে আছিল যদিও সেইটো গীতত সহায় কৰিছিল ৰূপম তালুকদাৰে। সেই গীতটোৰ সম্প্রচাৰৰ পাছতহে বোধ কৰো আচলতে তৰালি শর্মা নামটো যিসকলে গান শুনে তেওঁলোকৰ মাজলৈ আহিছিল। সেইটো আছিল একপ্রকাৰ মোৰ বাবে টার্ণিং পইন্ট। মোৰ সংগীতৰ জীৱনত গুৰু দুজনাৰ বহুত প্রভাৱ আছে বুলি সেয়ে অনুভৱ কৰোঁ আজিও। তাৰপিছত প্রকৃততে বেলেগ বেলেগ মিউজিকেল বেনাৰ যেনে- ৱেভ, সৰস্বতী, পল্লৱী, আৰ এম চি আদিৰ একক এলবামৰ বহুতো অফাৰ মোলৈ আহিছিল। মই অৱশ্যে ভালকৈ চালি-জাৰি বহু সময় চাইছিলো-কিন্তু কাৰো লগত গোৱা নাছিলো, চুক্তি স্বাক্ষৰ কৰা নাছিলো। অৱশেষত সৰস্বতী কমিউনিকেছনৰ লগতে চাইন আপ হ’ল। সৰস্বতী কমিউনিকেছনছ্ ৰ আঁৰত থকা দুগৰাকী মূল ব্যক্তি-‘বিস্ময়’ৰ সম্পাদক শশী ফুকনৰ ভাতৃ গুঞ্জন ফুকন আৰু প্রমোদ কলিতা। সৰস্বতী কমিউনিকেছনৰ সৈতে মোক যোগসুত্র স্থাপন কৰাত মিলনদূত আছিল আলোকচিত্র শিল্পী জীৱন ডাউকা। জীৱন ডাউকাই গুঞ্জন ফুকনক এদিন আমাৰ ঘৰলৈ লৈ আনিছিল আৰু এটি এলবামৰ অফাৰ দিছিল। সেই অফাৰটো মোৰ ভাল লাগিল লগতে তেওঁলোকৰ চিন্তাবোৰ। এনেকৈয়ে সৰস্বতী কমিউনিকেছনছৰ লগত মোৰ সংগীতৰ অধ্যায়টি আৰম্ভ হৈছিল। তেওঁলোকৰ লগত বহু কেইখন এলবাম কৰিছিলো। সৰস্বতী কমিউনিকেছনছ্ ৰ বেনাৰত মোৰ প্রথমটো একক এলবাম মুক্তি পাইছিল ১৯৯৯ চনত। নামটো আছিল ‘অভিমান’। মুক্তিৰ তাৰিখটোও মনত আছে মোৰ। ১৪ ফেব্রুৱাৰী মানে ‘ভেলেন্টাইন ডে’ত। এটা কথা ভাৱি আজিও ভাল লাগে- ‘অভিমান’ এলবামখনৰ এক অভিলেখকাৰী বিক্রী হৈছিল। তেতিয়াৰ দিনত পুৰুষ কণ্ঠশিল্পীৰ এটা এলবাম আশী হাজাৰ-এক লাখ (কেতিয়াবা দুই লাখ) পর্যন্ত কপি বিক্রী হয়। সেই এলবামটি তেতিয়া চুপাৰহিট বুলি গণ্য কৰা হৈছিল। তাৰ তুলনাত এককভাৱে মহিলা কণ্ঠশিল্পীৰ তিনি বা পাঁচ হাজাৰ কপি বিক্রী হ’লেই হিট বুলি ধৰা হৈছিল। কাৰণ কি আছিল সেয়া বিচাৰ কৰিবলৈ নাযাও বাৰু এতিয়া। যিকি নহওক, তেনে প্রেক্ষাপটতো মোৰ এলবামটো প্রথম পর্যায়তে ওঠৰ হাজাৰ বিক্রীৰ মুখ দেখিবলৈ সক্ষম হৈছিল। তাক লৈ এক চর্চাও হৈছিল- আজিও মনত আছে মোৰ।
চলচ্চিত্র জগতত মোৰ প্রথম হিচাপে ক’বলৈ গ’লে ৰাজেন ৰাজখোৱাৰ চিনেমা ‘সপোন’ত গোৱা ‘জানিও নজনা’ বুলি গীতটো।  সংগীত পৰিচালনা আছিল জয়ন্ত পাঠক আৰু মই গোৱা গীতটো লিখিছিল প্রশান্ত বৰদলৈয়ে। ‘সপোন’ চিনেমাখনত মোৰ একক গীতৰ লগতে দ্বৈত গীতো আছিল। সেয়া আছিল ১৯৯৬ চনৰ কথা। গতিকে মোৰ একক এলবাম ওলোৱাৰ আগতেই আচলতে মই ছবিৰ বাবে গীত গাইছিলো।  
সংগীত পৰিচালক হিচাপে মোৰ প্রথমখন চিনেমা আছিল মঞ্জু বৰাৰ ‘আকাশীতৰাৰ কথাৰে’। প্রযোজক আছিল সংগীতা তামূলী। সংযোগৰ কথা এয়ে যে, আগতে উল্লেখ কৰিছোৱে মোৰ সংগীত জীৱনত মহাপুৰুয দুজনাৰ অৱদান আছে। এই চিনেমাখনত মহাপুৰুষ মাধৱদেৱ বিৰচিত এটি কাকুতি ঘোষাৰ বাবে মোৰ জীৱনলৈ বেলেগ এটা টার্নিং পইন্ট বা বেলেগ এটা মাইলষ্ট’নৰ দৰে সেই বিশেষ পুৰস্কাৰটি আহিছিলে। তাৰ পাছৰ পর্যায়ৰ কথাখিনি কম-বেছি পৰিমাণে সকলোৱে জানেই.. (ক্ৰমশ:)
Tarali Sarma by: Utpal Mena

ছবি >>চলচ্চিত্ৰ>>কথাছবি>>চিনেমা / ৫

দক্ষিণ ভাৰতীয় চিনেমা মানেই "মাৰ পিট" কেন্দ্ৰীক চিনেমা নহয়। নায়ক-খলনায়কে অস্বাভাবিক আচৰণ কৰা চিনেমা নহয়। "Hello Guru Prema Kosame", "Fida" দৰে ভালেমান প্ৰেমৰ নিৰ্মল ৰূপালী গল্প, "Dhruva"ৰ দৰে পৰিপাটি ক্রাইম-থ্রিলাৰো নিৰ্মণ হয় দক্ষিণ ভাৰতৰ চিনেমাৰ ক্ষেত্ৰ খনত। "Koozhangal", "Rocketry: The Nambi Effect", "Pushpaka Vimana", "Nayakan"ৰ দৰে ভালেমান চিনেকৰ্ম হৈছে, হৈ আছে দক্ষিণ ভাৰতৰ চিনেমাৰ ক্ষেত্ৰখনত।
চিনেমাৰ তথাকথিত বিভাজনৰ উৰ্ধত থাকি কব পাৰো-- ভিন্ন শৈলীৰ ভাল-বেয়া চিনেকৰ্ম হৈছে, হৈ আছে দক্ষিণ ভাৰতৰ চিনেমাৰ ক্ষেত্ৰখনত।
--হয়, কথাটো এনেধৰণৰো নহয়, দক্ষিণ ভাৰতৰ চিনেমা মানেই অসাধাৰণ সু-পৰিকল্পিত চিনেকৰ্ম। বছৰি নিৰ্মাণ হোৱা ৭০% শতাংশ চিনেমায়ে সাধাৰণ মানৰ, ব্যৱসায়িক দিশতো অসফল। বছৰি নিৰ্মাণ হোৱা ১০-২০ খন চিনেমাই "টলিউদ বজাৰ" নিয়ন্ত্ৰনত ৰাখে। আৰু বছৰি  ফিল্ম শিল্পৰ উত্তৰণ দেখা যায় ৬০-৮০ খন চিনেমাত। (উৎস: CINESPRINT) --এই যে ফিল্ম শিল্পৰ উত্তৰণ দেখা যায়, সেই চিনেকৰ্মত "বজাৰ সফল" চিনেমাও আছে। অসমৰ দৰে দক্ষিণ ভাৰতত "বঁটা প্ৰাপ্ত চিনেমা মানেই শ্ৰেষ্ঠ বা মহৎ চিনেমা" ধাৰণাটো নাই। ক'লা-ব্যৱসায়িক কেন্দ্ৰীক বিভাজন ধাৰণাটোও ক্ষীণ। দক্ষিণ ভাৰতীয় কেন্দ্ৰীক কেইবাখনো জাৰ্ণেলে আমাক ধাৰণা দিছে --টলিউদৰ চিনেকৰ্ম "ভাৰতীয় চিনেমাৰ বিভাজন"ৰ উৰ্ধত বা বহিৰত আছিল, আছে। সৰহ সংখ্যক চিনেমাৰে বিষয়বস্তু বাস্তৱৰ সমস্যা, গল্প কোৱাৰ কৌশল ভিন্ন।

"Irumbu Thirai" --পি.এস. মিথৰানৰ পৰিচালনা। তামিল ভাষাৰ একশ্বন থ্রিলাৰ। মাৰ-পিটৰ নামত ফুটেজ খৰচ কৰা এই চিনেমা খনৰ বিষয়বস্তু বৰ্তমান সময়ৰ এটি ডাঙৰ সমস্যা। এই যে হঠাতে কোনো লোকৰ বেংক একাউণ্টৰ পৰা টকা নোহোৱা হয়, কেনেকৈ, কলৈ যায়-- সেয়াই চিনেমা খনৰ বিষয়বস্তু। চাইবাৰ ক্রাইম নেটৱার্ক, ডার্ক নেট ইত্যাদি চিনেমা খনৰ গল্পলৈ আনিছে। ১৪ কোটি টকা বাজেটৰ এই চিনেমা খনে ব্যবসায় কৰিছিল ১০৫ কোটি টকা।
--তেনেদৰে বক্স অ'ফিচ সফল, কে এছ ৰবিকুমাৰৰ তামিল ভাষাৰ একশ্বন ড্রামা ১৬৫ কোটি টকা ব্যবসায় কৰা "Lingaa", এছ. শঙ্কৰৰ
৮১৪ কোটি টকা ব্যবসায় কৰা তামিল বিজ্ঞান কল্পকাহিনী "2.O" আদি চিনেমাৰো বিষয় বস্তু বৰ্তমান সময়ৰ একোটা সমস্যা।
"2.O"ৰ বিষয়বস্তু --বৰ্তমান সময়ত মোবাইল নেটৱার্কৰ ক্রমবর্ধমান প্রতিযোগিতাৰ বাবে  ক্রমশঃ ট্রান্সমিশন ফ্রিকোয়েন্সি বাঢ়ি গৈছে। ফলত যাতনা ভূগিছে চৰায়ে। মোবাইল টাৱাৰৰ পৰা নিঃসৃত ৰেডিয়েছন মৃতুৰ কাৰণ হৈছে হাজাৰ হাজাৰ চৰাই। "Lingaa"ৰ কাহিনীলৈয়ো আহিছে "সমস্যা"--নদীবান্ধ, দুৰ্নীতি। --এয়া মাত্ৰ উদাহৰণৰ বাবেহে (এই লেখা  লিখি থকা সময়ত মনলৈ অহা) কেইখনমান চিনেমাৰ নাম উল্লেখ কৰিলো। উল্লেখ কৰা চিনেমা কেইখন বজাৰ চিন্তাৰে কৰা বিনোদন প্ৰধান বুলি কব পাৰি। কব পাৰি, বিনোদনৰ মাজেৰেও "সংবাদ" দিয়াৰ চেষ্টাত থাকে দক্ষিণ ভাৰতৰ বেছি সংখ্যক চিনেকৰ্মীয়ে।
"কে জি এফ-টু", "আৰ আৰ আৰ", "পুষ্পা: দ্য ৰাইজ" দৰে চিনেমাতো "সংবাদ" আছে; কিন্তু "সংবাদ" কেন্দ্ৰীক নহয়।
দক্ষিণ ভাৰতীয় কেন্দ্ৰীক কেইবাখনো জাৰ্ণেলে আমাক আৰু ধাৰণা দিছে-- দক্ষিণ ভাৰতৰ চিনেমা পৰিচালক সকলৰ বেছি ভাগেই বিশেষ শৈলীৰ বৃত্তৰ মাজত বন্দী নহয়, বিষয়বস্তুৰ দ্বাৰাহে নিয়ন্ত্ৰিত পৰিচালনা শৈলী। এই ধাৰণাৰ বিপৰীতে অসমীয়া চিনেমাৰ পৰিচালকে  "কলা-বাণিজ্য" বিভাজন বৃত্তৰ মাজত বন্দী হৈয়ে চিনেকৰ্ম কৰি আছে।
অসমত বজাৰ চিন্তাৰে নিৰ্মাণ হোৱা অসমীয়া চিনেমা এখন ৬০-৭০ খন স্ক্ৰীনত প্ৰদৰ্শন হব পাৰে, আজিৰ তাৰিখত। অসমীয়া চিনেমাৰ দৰ্শকৰ মনত "কলা-বাণিজ্য" বিভাজন ( চিনেমাৰ ভুল চৰ্চাৰ বাবে) শিপাই থকা বাবে "কলা ধৰ্মী" চিনেমা চাবলৈ ইচ্ছা নকৰে। বছৰটোৰ মে' মাহত চিত্ৰগৃহলৈ আহিছে দুখন অসমীয়া চিনেমা--"গংগা" আৰু "লোকেল উৎপাত" (২৭ মে'ত আহিব "ক্ৰান্তি")। এই বছৰটোত চিত্ৰগৃহলৈ আৰু আহিব " চন্দ্ৰ সূৰ্য আদি" , "ৰাজনীতি", "এমুঠি পুঠি", "জনকনন্দিনী", "ডেউকা", "গুৱাহাটী ডায়েৰিজ", "বুম্বা ৰাইড", "ব্ৰিজ", "কস্তুৰী", "বেলকনিত ভগৱান", "লখিমী", "বন্ধু", "খং", "মোৰ শেষ গান", "বুৰ্বকৰ খেল", "উপসৰ্গ" আদি। অহা সাতটা মাহত কুৰি খন অসমীয়া চিনেমা চিত্ৰগৃহলৈ অহাৰ আাশা আছে। কিন্তু আশা নাই চিনেমা কেইখনৰ এখনেও যে "ৰত্নাকৰ"ৰ (ব্যৱসায় কৰিছিল প্ৰায় ১০ কোটি টকা)
দৰে ব্যৱসায় কৰিব। গতিকে আমি অসমীয়া চিনেমা চিত্ৰগৃহত চলাবলৈ বা চলোৱাৰ স্বাৰ্থত  আন ভাষাৰ ব্যৱসায় সফল চিনেমা চলোৱাত বাধা দিব নালাগিব। এই খিনিতে অৱশ্যেই উল্লেখ কৰিব লাগিব অসমীয়া চিনেমা "ৰত্নাকৰ" টলিউড আৰু বলিউডৰ দুখন চিনেমাৰ "cocktail" ।

বুধবার, ২৫ মে, ২০২২

"কাঁন"লৈ যোৱা নাই, শুনিছো ...

Cannes Film Festival
Cannes Film Festival -- বিশ্বৰ সন্মানীয় চলচ্চিত্ৰ মহোৎসৱ। এই মহোৎসৱ আৰম্ভ হৈছিল ১৯৪৬ চনত।
এফআইএপিএফৰ দ্বাৰা আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া হৈছিল১৯৫১ চনত। --এই মহোৎসৱত বিশ্বৰ বিভিন্ন প্ৰান্তৰ চিনেকৰ্মীয়ে খোজ পেলোৱাৰ সপোন দেখে। মুল শিতানত খোজ পেলাব পাৰিলে নিজকে ভাগ্যৱান বুলি ভাবে।
ভাৰতীয় "চিনেমা"ৰ বাবে দুখৰ বিষয় যোৱা ২৮ বছৰৰো বেছি সময় ধৰি ভাৰতীয় চিনেমাই "কাঁন"ৰ আনুষ্ঠানিক প্রতিযোগিতাৰ দুৱাৰ খুলিব পৰা নাই। ১৯৯৪ চনত শাজি এন কৰুণৰ "SWAHAM" 
নামৰ মালায়লাম চিনেমা খনে দুৱাৰ খুলিছিল। নাই, তাৰ পাছত আৰু নাই। এই বাৰো Official competition  ভাৰতীয় চিনেমা নাছিল,  Un Certain Regard -তো এখনো ভাৰতীয় চিনেমা নাছিল, ভাৰতীয় চিনেমা নাছিল
Out of Competition - শিতনতো। [Un Certain Regard-ত প্ৰদৰ্শন হৈছিল  Ishanou (English: The Chosen One)। মনিপুৰৰ চিনেমা। আৰিবাম শ্যাম শৰ্মাৰ পৰিচালনা ১৯৯১ চনত।]
--মে’ ২০২২। মাহটোৱে ভাৰতত চিনেমা পুনৰুদ্ধাৰৰ দুটা উল্লেখযোগ্য খবৰ। যোৱা ৫ তাৰিখে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ভাৰতৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰ্কাইভ (এন এফ এ আই)ক ৫০ লাখ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰে। আৰু  ঘোষনা কৰে-- অনিৰ্দিষ্ট সময়সীমাৰ ভিতৰত প্ৰায় ২২০০ খন চিনেমা পুনৰুদ্ধাৰ কৰিবলৈ ৩৬৩ কোটি টকা দিয়া হব।
৭৫ সংখ্যক কাঁন চলচ্চিত্ৰ মহোৎসৱে প্ৰকাশ কৰিছিল--  ক্লাছিকছ শিতানত দুখন পুনৰুদ্ধাৰ কৰা ভাৰতীয় চিনেমা প্ৰদৰ্শন কৰা হ’ব: এন এফ এ আইৰ দ্বাৰা পুনৰুদ্ধাৰ কৰা সত্যজিৎ ৰায়ৰ প্ৰতিদ্বন্দী (১৯৭০) আৰু চলচ্চিত্ৰ ঐতিহ্য ফাউণ্ডেচনে পুনৰুদ্ধাৰ কৰা অৰবিন্দনৰ 'থাম্প̄  (১৯৭৮)। 
--১৯৫৯ চনত মাৰ্চে ডু ফিল্ম (Marché du Film: Cannes Film Market) আৰম্ভ কৰা হয়। কোৱা হয়, এয়া চিনেমাৰ বৃহত্তম বজাৰ। কাঁন চলচ্চিত্ৰৰ এই অংশলৈ এইবাৰ অসমৰ চিনেমা "বাঘজান" প্ৰেৰণ কৰিছিল NFDCয়ে। চিনেমা খনৰ পৰিচালক জয়ছে জয় দহোটিয়াই আমাক ক'লে-- "কাঁন চলচ্চিত্ৰ মহোৎসৱৰ মাৰ্চু ডি ফিল্মচৰ Goes to Cannesৰ শিতানলৈ 'বাঘজান'ৰ নিৰ্বাচন চিনেমাখনৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ কথা । চিনেমা খনৰ  স্পৰ্শকাতৰ বিষয়বস্তু  আন্তৰ্জাতিক প্ৰেক্ষাপটত উত্থাপনৰ লগতে চিনেমা খন সম্পূৰ্ণ কৰিবলৈ আৰু তাক আগুৱাই নিবলৈ আমাক সহযোগিতাৰ প্ৰয়োজন। মই আশা কৰিছোঁ Goes to Cannes য়ে আমাক যিখন মঞ্চ প্ৰদান কৰিছে 'বাঘজান'ৰ বাবে ই অতিকৈ এখন উপযুক্ত স্থান । মই ধন্যবাদ জনাইছোঁ NFDC Film Bazaarক, ভাৰত চৰকাৰক। লগতে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগক. চিনেমা খনৰ Post Productionৰ আধৰুৱা কাম সম্পূৰ্ণ কৰিবৰ বাবে আগবাঢ়ি অহাৰ বাবে ।"
--কাঁন চলচ্চিত্ৰ মহোৎসৱৰ ৭৫ বছৰ। ভাৰতৰো স্বাধীনতাৰ ৭৫ বছৰ। এই দিশটোৰ কথা মনত ৰাখি এইবাৰ কাঁন চলচ্চিত্ৰ মহোৎসৱৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত ছয়খন ভাৰতীয় চিনেমাৰ এটা পেকেজ প্ৰদৰ্শিৰ বাবে প্ৰেৰণ কৰিছিল। পেকেজটোত এখন অসমৰ চিনেমাও আছিল-- বিশ্বজিত বৰাৰ পৰিচালনাৰে নিৰ্মিত "বোম্বা ৰাইড"। এই চিনেমা খন প্ৰদৰ্শন কৰে "Country of the Honour" অংশত। আৰু ভাৰত-ফ্রান্সৰ কূটনৈতিক সম্পর্কৰো ৭৫ বছৰ সম্পুৰ্ণ। এই উপলক্ষে ভাৰতক সম্মান জনালে ফ্রান্সে, "চিনেমা"ৰ মাজেৰে। "কাঁন"ত উপস্থিত থকা "বুম্বা ৰাইড"ৰ পৰিচালক বিশ্বজিত বৰাৰ অনুভৱ-- "অসম বাসী ৰাইজৰ আৰ্শীবাদত যোৱা ২২মে' তাৰিখে Olymplia ৭ থিয়েটাৰত আমাৰ চিনেমা খন প্ৰদৰ্শিত হয়। আশা কৰা ধৰণে যিমান দৰ্শক, পৰিবেশক, বিক্ৰেতাৰ আশা কৰিছিলো, তেনে ধৰণে নহলেও আমাক এজন অষ্ট্ৰেলিয়া,  দুজন  ভাৰতীয় পৰিবেশকে যোগাযোগ কৰিছে কিনিবৰ বাবে। যিহেতু আমি ইতিমধ্যে আমেৰিকা আৰু কানাডাৰ বজাৰত চিনেমা খন বিক্রী কৰিছোঁ, সেইবাবে World Rights (আমেৰিকা আৰু কানাডা বাদ দি) বিক্রীলেই আমি সফলতা পাইছোঁ বুলি ভাবিম।
Cannes এখন বিশাল সমুদ্ৰ। তাত নিজৰ অস্তিত্ব নিজৰ কামৰ লগতহে প্ৰতিফলিত হয়। এই বছৰত ভাৰতে CANNES মহোৎসৱত COUNTRY OF HONOR হিচাপে পাই যি কেইখন চিনেমা MARCHE DU FILM ত প্ৰদৰ্শনৰ বাবে আনিছে, সকলো খিনিয়েই খুব সুন্দৰ চিনেমা। তাৰ মাজতে আমাৰ 'বুম্বা ৰাইডে' স্থান পোৱাটোতে আমি সন্তুষ্ট।"
-- "বাঘজান" আৰু "বুম্বা ৰাইড" অসমীয়া চিনেমাৰ, অসমৰ চিনে প্ৰেমীৰ বাবে নিশ্চয় গৌৰৱ। এই "গৌৰৱ" নিঃসন্দেহে অসমীয়া চিনেমাৰ উত্তৰণৰ খটখটি হব পাৰে। 
|| "Country of the Honour" প্ৰদৰ্শিত চিনেমা ছয় খন ||
১। বুম্বা ৰাইড ( অসমীয়া)
বোম্বা ৰাইড হৈছে ভাৰতৰ গ্ৰাম্য শিক্ষা ব্যৱস্থাত হোৱা দুৰ্নীতিৰ ওপৰত আধাৰিত এখন ব্যংগমূলক কমেডী। কাহিনীটো এনে এখন বিদ্যালয়ৰ ওপৰত আবদ্ধ হৈ আছে যিখন বিদ্যালয় চলাবলৈ সংগ্ৰাম কৰি আছে আৰু য’ত শিক্ষকসকল বিমোৰত পৰিছে কাৰণ ইয়াত মাত্ৰ এজন ছাত্ৰ আছে, বুম্বা। চিনেমা খন পৰিচালনা কৰিছে বিশ্বজিত বৰাই।
২।ৰকেট্ৰি- দ্য নাম্বি ইফেক্ট
(হিন্দী, ইংৰাজী, তামিল)
  আৰ মাধৱনৰ  পৰিচালনাৰে নিৰ্মিত "ৰকেট্ৰি- দ্য নাম্বি ইফেক্ট"। আৰ মাধৱনে অভিনয় কৰা এই ছবিখনত ইছৰ’ৰ প্ৰাক্তন বিজ্ঞানী তথা এৰোস্পেচ অভিযন্তা নম্বী নাৰায়ণনৰ জীৱনৰ ওপৰত আধাৰিত হৈছে। ১৯৯৪ চনত নাৰায়ণনৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা গোপনীয়তা প্ৰকাশ কৰাৰ অভিযোগ উত্থাপন হৈছিল যদিও ১৯৯৮ চনত চি বি আই আদালত আৰু উচ্চতম ন্যায়ালয়ে তেওঁক দোষমুক্ত কৰিছিল।মুঠ ৫০ দিন কাৰাগাৰত কটায়। তেওঁক “অপ্ৰয়োজনীয় গ্ৰেপ্তাৰ, হাৰাশাস্তি আৰু মানসিক নিষ্ঠুৰতা”ৰ বাবে উচ্চতম ন্যায়ালয়ে ৫০ লাখ টকা ক্ষতিপূৰণ দিছিল। শ্বাহৰুখ খানৰ এক সাক্ষাৎকাৰত বৰ্ণনা কৰা হৈছে কাহিনীটো। চিনেমা খনৰ প্ৰযোজক সাৰিতা মাধবন, মাধবন। সিনেমাটোগ্রাফি শীর্ষা ৰায়ৰ।
৩।গোদাবৰী (মাৰাঠী)
নিখিল মহাজনৰ পৰিচালনাত নিৰ্মিত এই মাৰাঠী চিনেমা খনত এটা পুৰণি অট্টালিকাত বাস কৰা নিশিকান্ত দেশমুখক অনুসৰণ কৰা হৈছে। তেওঁ আৰু তেওঁৰ পৰিয়ালে চহৰৰ পুৰণি অংশটোৰ চাৰিওফালে থকা বিশাল মাটিত ভাড়া উপাৰ্জন কৰি আহিছে। এই পটভূমিতে গতি লৈছে কাহিনীয়ে। ১৬৯ মিনিট দৈৰ্ঘৰ এই চিনেমা খন প্ৰযোজনা কৰিছে জিতেন্দ্র জোশী, মিতালী জোশী, পবন মালু,নিখিল মহাজনে। অভিনয় কৰিছে অভিনয় নীনা কুলকার্নি, জিতেন্দ্র জোশী, বিক্রম গোখলে আদিয়ে। সিনেমাটোগ্রাফি শামিন কুলকার্নিৰ।
৪। আলফা বিটা গামা (হিন্দী)
শংকৰ শ্ৰীকুমাৰৰ পৰিচালনা। ৰোমান্টিক কমেডী-- ৰূপালী গল্প। কভিড-১৯ লকডাউনৰ সময়। একেলগে আবদ্ধ হৈ থকা এগৰাকী মহিলা, তেওঁৰ অচিৰেই হ’বলগীয়া প্ৰাক্তন স্বামী আৰু তেওঁৰ হ’বলগীয়া স্বামীৰ কাহিনী আছে। ভাৰতৰ ৫২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰথমবাৰৰ বাবে প্ৰিমিয়াৰ হৈছিল চিনেমা খনৰ। গল্প আৰু চিত্রনাট্য  মেনকা শর্মা, শঙ্কৰৰ।১১৯ মিনিট দৈৰ্ঘৰ চিনেমা খন প্ৰযোজনা কৰিছে  জিথিন ৰাজ, মোনা শঙ্কৰ, টমাস পুন্নুছ আৰু মেনকা শর্মাই। অভিনয় কৰিছে নিশান, অমিত কুমার বশিষ্ঠ,
ৰীনা আগৰৱাল আদিয়ে। সিনেমাটোগ্রাফি
কার্তিক কুমাৰ ভগতৰ।
৫। ধুইন (মৈথিলী)
আঞ্চল মিশ্ৰৰ দ্বাৰা পৰিচালিৰে নিৰ্মিত ধুইন। এজন উচ্চাকাংক্ষী অভিনেতা পংকজৰ বিষয়ে যিয়ে শ্ব’বিজত ডাঙৰ হ’ব বিচাৰে কিন্তু স্থানীয় পৌৰসভাৰ বাবে ষ্ট্ৰীট নাটক পৰিৱেশন কৰি জীৱিকা উপাৰ্জন কৰে। পংকজে এমাহৰ ভিতৰত যথেষ্ট উপাৰ্জন কৰি মুম্বাইলৈ যাবলৈ লক্ষ্য ৰাখিছে যদিও ক’ভিড-১৯ লকডাউনৰ বাবে তেওঁৰ পৰিকল্পনা বিফল হৈছে।
৬| নিৰায় থাঠাকলুল্লা মৰম (মালয়ালম)
জয়ৰাজৰ দ্বাৰা পৰিচালিত মালয়ালম চিনেমা খনত আছে এজন ল’ৰাৰ কাহিনী। যিয়ে এজন দুই চকুৰে নেদেখা বৃদ্ধক  ঘৰলৈ উভতি যোৱাৰ পথ বিচাৰি উলিয়াবলৈ সহায় কৰে। মানুহজনে কেৱল নিজৰ নামটোহে মনত পেলাবলৈ সক্ষম হয়।
[আহিছো শিৰাণামলৈ। --হয়, "কান"লৈ যোৱা নাই, শুনিছোহে। বিভিন্ন মাধ্যমত পঢ়িছো, দেখিছো। সেই সময়ত  বহু প্ৰচাৰিত অসমীয়া দৈনিক কাকত এখনৰ বিশেষ পৃষ্ঠাৰ দায়িত্বত আছিলো। এদিন পৃষ্ঠাটোৰ কাম প্ৰায় শেষ হোৱাৰ সময়ত "মালিকে (মানে কাকত খনৰ মালিকে)  দিয়া নিউজ" বুলি ফটো-লেখাৰ পেকেট এটা দিলে সম্পাদক পৰ্যায়ৰ এগৰাকীয়ে। অসমীয়া চিনেমা এখনৰ পৰিচালকে আৰু চিনেমা খনে "কাঁন"ত বঁটা পোৱাৰ খবৰ আৰু ফটো আছিল পেকেটটোত। আমি খবৰটো মিছা বুলি কৈ নিৰ্দিষ্ট পৃষ্ঠাটোত নলগালো। কিন্তু কাকত খনৰ আন পৃষ্ঠাত খবৰটো লগাইছিল সম্পাদক পৰ্যায়ৰ এগৰাকীয়ে। এনেদৰে কিমান যে মিছা খবৰ প্ৰকাশ, প্ৰচাৰ হয় বিভিন্ন মাধ্যমত! এই বাৰো ব্যতিক্ৰম নহয়। --মিছা খবৰে ভুল তথ্য নিৰ্মাণ নকৰক, সেই উদ্দেশ্যেৰে আমাৰ এই চৰ্চা।]

 (ক্ৰমশ:)

বৃহস্পতিবার, ১২ মে, ২০২২

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৬

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৬
নিৰ্বক চিনেমা চাইছিল ভূপেন হাজৰিকাই, চিনেমা নুবুজা বয়সতে। প্ৰমথেশ বৰুৱাৰ চিনেমা। অসমৰ প্ৰমথেশ বৰুৱাই কলিকতালৈ গৈ ধীৰেন্দ্ৰ নাথ গাংগুলীৰ দা ব্ৰিটিছ ডমিনিয়ান ফিল্ম লিমিটেডৰ সৈতে জড়িত হৈছিল। চিনেমাৰ কিছু ধাৰণা লৈ প্ৰমথেশ বৰুৱাই লণ্ডনলৈ যায়: আৰু তাত চিনেমাৰ শিক্ষা লৈছিল। [বিশেষ তথ্য: প্ৰমথেশ বৰুৱাই পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয় চিনেমাত "কৃত্ৰিম পোহৰ" ( "...He was the first to use artificial light in crimina".) কৌশল ব্যৱহাৰ কৰিছিল।]
--উভতি আহি কলিকতাত বৰুৱা পিক্‌চাৰ্ছ লিমিটেড স্থাপন কৰে। ১৯৩১ চনত বৰুৱা পিক্‌চাৰ্ছৰ বেনাৰত চিত্ৰগৃহলৈ আহে "অপৰাধী"। নিৰ্বাক আছিল প্ৰমথেশ বৰুৱাৰ এই প্ৰথম চিনৈকৰ্ম। ৬ বছৰ বয়সত ভৃপেন হাজৰিকাই গুৱাহাটিৰ বিজুলি (তেতিয়া চিত্ৰগৃহটোৰ নাম বিজুলি নাছিল।) চিত্ৰগৃহত "অপৰাধী" চাইছিল। ইয়াৰ পাছত অভিনয় কৰিছিল, অভিনয় কৰি গীতো গাইছিল জ্যোতি প্ৰসাদ আগৰৱালাৰ "ইন্দ্ৰ-মালতী"ত। এনেদৰে ক'লে ভুল নহব--, ভূপেন হাজৰিকাৰ মন-মগজুত গজা "চিনেমা পোখা"ৰ বীজ-- "অপৰাধী" আৰু "ইন্দ্ৰমালতী"। ("প্ৰমথেশ বৰুৱাৰ নিৰ্বাক, সেই কথা নথকা ছবি খন চোৱাৰ সময়ত মোৰ মনলৈ আহিছিল--. এদিন ময়ো ছবি কৰিম। ছবি মই তেতিয়া আঁকো, কাৰোবাক দেখুৱালে কয় 'ভাল হৈছে" বুলি। মই ঠিক কৰিছিলো এদি গতি থকা ছবি আকিম, কেমেৰাৰে।" --ভূপেন হাজৰিকা) --সময় আগবাঢ়িল। বিদেশৰ মাটিতো মনত, মগজূত চিনমাৰ পোক। সংগীতৰ লগতে চিনেমাৰ বাবেও সময় খৰচ কৰিছিল। বিদেশত বিখ্যাত চিনেমা চাইছিল। ভাৰতলৈ আহি বলৰাজ সাহানি, অশোক কুমাৰ আদিৰ লগত চিনেমা চৰ্চা কৰিছিল।
                  ***********
বিদেশৰ পৰা উভতি আহিছিল ভূপেন হাজৰিকা। এদিন মুম্বাই (তেতিয়াৰ বোম্বাই) পাইছিল। বলিউদ ফুৰিছিল। বলৰাজ সাহানিক লগ কৰিছিল। ( "মই বলৰাজ সাহানিক লগ ধৰিলোঁ। তেতিয়া তেওঁ 'দো বিঘা জমীন' কৰি উঠিছে। তেওঁৰ মুটাৰ এখনহে আছিল, তেতিয়াও গাড়ী কিনিব পৰা নাছিল। মই তেওঁৰ প্লুটাৰত উঠি সাহানিক ভাত খাবলৈ শহুৰৰ ঘৰলৈ নিমন্ত্ৰণ কৰি আনিলোঁ। তেওঁৰ মুঠেই অহঙ্কাৰ। নাছিল। ..." --ভূপেন হাজৰিকা) বলৰাজ সাহানিয়ে এদিন আহি ভূপেন হাজৰিকাক প্ৰস্তাৱ দিছিল "মই কথা আগবঢ়াইছো, ছবি এখনত সংগীতৰ কাম কৰিব লাগিব। অমৰ কুমাৰৰ চিনেমা।"  ভৃপেন হাজৰিকাই ইচ্ছা নকৰিলে। ইচ্ছা নকৰিলে অমৰ কুমাৰৰ সৈতে দ্বিতীয় বাৰ বহাৰ পাছত। এই তথ্য স্পষ্ট নহয়-- চিনেমা খনৰ নাম কি? সম্ভৱতঃ গৰম কোট। চিনেমা খনৰ নাম উল্লেখ নকৰাকৈ বলৰাজ সাহানিয়ে কৈছিল-- "ভূপেন হাজৰিকাক মই কেইবাবাৰো মান্তি কৰাব পৰা নাছিলো। অমৰ কুমাৰৰ সৈতে প্ৰথম বাৰ বহাৰ পাছত চিনেমা খনত কেনেধৰণৰ সংগীত দিব মোক কৈছিল। কিন্তু দ্বিতীয়বাৰ বহাৰ পাছত কৈছিল-- চিনেমা খনৰ বাবে সংগীত ৰচনা তেওঁৰ (ভৃপেন হাজৰিকাৰ) বাবে সম্ভৱ নহয়। পাছত খবৰ কৰি ইমান খিনিয়ে জানিছিলো-- ভূপেন হাজৰিকা 'সংগীতৰ বেপাৰী'নহয়। ভূপেন হাজৰিকাৰ বাবে সংগীত প্ৰাৰ্থনা। ..." (উৎস: Filmindia / Editor: Baburao Patel)
অভিনেতা অশোক কুমাৰেও কৈছিল, "তুমি ইয়াত নোৱাৰিবা! তুমি কি ভাবিছা ইয়াত সেইটো ডাঙৰ কথা নহয়। তোমাৰ চিন্তাৰ বিশেষ গুৰুত্ব নাই। তুমি অসমলৈ যোৱা, তাৰ পৰায়ে আৰাম্ভ কৰা। তুমি অসমৰ পৰা যেতিয়া ভাল কাম কৰিবা, ইয়াতো ভাল কাম কৰা মানুহ আছে, এই ভাল কাম কৰা সকলে তোমাক বিছাৰি অসম পাব! ..." (উৎস: Filmindia / Editor: Baburao Patel)  অৱশ্যে ভৃপেন হাজৰিকাই কৈছিল-- "মই ক'লোঁ— মই ফিল্ম কৰিম, কিন্তু এতিয়া মই একো থিৰাং কৰা নাই। কৰিলে মই শিক্ষামূলক কথাছবি কৰিম - other ideas, let me see. যিটো মই শিকি আহিছোঁ। I have got..." ("পাচত অশোক কুমাৰৰ তালৈ গ'লোঁ। অশোক কুমাৰে মোক ভাত খুৱালে। মোক থৈ আহিবলৈ ভায়েক অনুপ কুমাৰক মোমায়েকৰ ঘৰলৈ পঠিয়াই দিছিল। অশোক কুমাৰে তেতিয়া ‘পৰিণীতা' নামৰ ছবিখন কৰি আছিল। মোৰ এতিয়াও মনত আছে নিউয়র্কত থাকোঁতে যে অশোক কুমাৰে 555 চিগাৰেট খাইছিল। হাটৰ অসুখৰ কাৰণে পাচত খাবলৈ এৰিলে। তেওঁ নিজে চিগাৰেট অনাই মোক খাবলৈ দিছিল। বিমল ৰয়ে মোলৈ চাইছিল। মীনাকুমাৰীয়ে বঙালী সাজ-পাৰ পিন্ধি ঘৰ এটাত আছিল। ছেটতে। অশোক কুমাৰে ধুতী পিন্ধিছিল। শ্বটটো ল’বলৈ সকলো সাজু হৈছিল। কিন্তু মই অহা কাৰণে হুলস্থূল লাগি গ'ল। হুলস্থুল লগালে অশোক কুমাৰে নিজেই। তেওঁৰ বোম্বে টকীজৰ শীত-তাপ নিয়ন্ত্রিত কোঠালৈ নি মাছ-ভাত খুৱাইছিল। তেওঁ মোক সুধিলে--  তুমি ফিল্মত কিবা কৰিবা নেকি?
মই ক'লোঁ— মই ফিল্ম কৰিম, কিন্তু এতিয়া মই একো থিৰাং কৰা নাই। কৰিলে মই শিক্ষামূলক কথাছবি কৰিম - other ideas, let me see. যিটো মই শিকি আহিছোঁ। I have got
তেওঁ মোক আকৌ সুধিলে Are you interested in Indian Film Industry?
মই ক'লোঁ : এতিয়ালৈকে মই একো ভবাই নাই।" --ভৃপেন হাজৰিকা)
উভতি অসম পাইছিল। ভূপেন হাজৰিকাৰ মনত অশোক কুমাৰে যি কৈছিল, সেয়া মনৰ দ লৈকে শিপাইছিল। আৰু এদিন আৰম্ভ কৰিছিল "এৰা বাটৰ সুৰ"। সচাকৈয়ে, অশোক কুমাৰে কোৱাৰ দৰে অসমৰ মাটিত কৰা চিনেকৰ্মৰে বলিউদৰ বহুতে ভৃপেন হাজৰিকাৰ "জোনাক-জোনাক" সংগীত অনুভৱ কৰিছিল। অনুভৱ কৰা সকলৰ মাজৰে এটা নাম-- আত্মা ৰাম। "আৰোপ" (১৯৭৩)ৰ পৰিচালক। (ক্ৰমশ:)

বৃহস্পতিবার, ৫ মে, ২০২২

ছবি >>চলচ্চিত্ৰ>>কথাছবি>>চিনেমা /4

""RRR, KGF ৰ দৰে ফটুৱা চিনেমা নাচাব, অসমীয়া চিনেমা চাওক" --জুবিন গাৰ্গে কৈছিল। গায়ক, সুৰকাৰ, সংগীত পৰিচলক জুবিন গাৰ্গৰ আৰু দুটা পৰিচয় --চিনেমা পৰিচালক, অভিনেতা। "তুমি মোৰ মাথো মোৰ", "মিছন চাইনা", "কাঞ্চনজংঘা" নামৰ অসমীয়া চিনেমা তিনিখনৰ পৰিচালক জুবিন গাৰ্গ। অভিনেতা-পৰিচালক গৰিকীয়ে কোৱাৰ দৰে আমিয়ো কম-- "অসমীয়া চিনেমা চাওক"। কিন্ত "RRR, KGF ৰ দৰে ফটুৱা চিনেমা নাচাব" তে শেষ নকৰি আমি কম-- ফটুৱা অসমীয়া চিনেমাও নাচাব! বিশেষকৈ বলিউড আৰু দক্ষিণ ভাৰতীয় চিনেমাৰ শৈলীৰে নিৰ্মাণ কৰা "ফটুৱা" অসমীয়া চিনেমা। জুবিন গাৰ্গৰ পৰিচালনা শৈলীয়ো জুবিনে কোৱা "ফটুৱা" শৈলীৰে। "মিছন চাইনা"ই মনত পেলাই দিয়ে নীৰজ পাণ্ডেৰ "Baby" , প্ৰভু দেৱাৰ "Rowdy Rathore" আদি চিনেমা। বলিউদৰ এই চিনেমা দুখনৰ শিপা দক্ষিন ভাৰতীয় চিনেমাৰ। তেনেদৰে জুবিনৰ "কাঞ্চনজংঘা"ৰ মূল চৰিত্ৰ নিৰ্মাণো দক্ষিণ  ভাৰতীয় চিনেমাৰ শৈলীৰে। আজিৰ তাৰিখত এয়াই সত্য-- দক্ষিণ ভাৰতীয় চিনেকৰ্মীৰ চিনেচিন্তাৰে "চিনেমাৰ বেপাৰ" চলাই আছে ভাৰতৰ অন্য প্ৰান্তৰ চিনেমা পৰিচালক-প্ৰযোজক সকলে। --হয়, বলিউদৰ প্ৰযোজক সকলেও। আৰু এয়াই সত্য-- প্ৰত্যক্ষ বা পৰোক্ষ ভাবে ভাৰতৰ চিত্ৰগৃহ চলাই আছে দক্ষিণ ভাৰতৰ "চিনেমা"-ই।
জুবিন গাৰ্গে এনেদৰে ক'লেহে নিশ্চয় চিত্ৰৰসিকে সুখ অনুভৱ কৰিলে হেতেন-- "ফাল্টু চিনেমা" নাচাব, সু-চিনেচিন্তাৰ চিনেমা চাওক!
--হয়, সু-চিনেচিন্তাৰ চিনেমা। সু-চিনেচিন্তাৰ অসমীয়া চিনেমাৰ সংখ্যা বাঢ়িছে। নতুন চিনেচিন্তাৰে নিৰ্মাণ কৰা অসমীয়া চিনেমাৰ সংখ্যা বাঢ়িছে। মৌলিক চিনেচিন্তাৰ আসমীয়া চিনেমাৰ সংখ্যা অৱশ্যে বঢ়া নাই। বঁটাপ্ৰাপ্ত অসমীয়া চিনেমাতো মৌলিক চিন্তা কম দেখা যায়। বহু বঁটা প্ৰাপ্তিৰে চৰ্চাত থকা অসমীয়া চিনেমা এখনত দেখিলো-- ৰীমা দাসৰ "ভিলেজ ৰকষ্টাৰ্ছ", জাহ্নু বৰুৱাৰ "সাগৰলৈ বহুদুৰ" আৰু আন কেইবাখনো চিনেমাৰ "ককটেল"। বিষয়বস্তু, শ্বট নিৰ্মাণত নকল কৰাৰ প্ৰৱণতা (Propensity) স্পষ্ট। এনে ধৰণৰ "নকল" চিনেমাই অৱশ্যে চিনেমাৰ সুষ্ট পৰিবেশ গঢ়াত সহায় কৰে, চিনেমাৰ সুষ্ট পৰিবেশ নিৰ্মাণত ব্যাঘাত নজন্মায়। কাৰণ? --কাৰণ পৰিচালনা শৈলী "অসমীয়া-অসমীয়া", গল্প কোৱাৰ কৌশলত পৰিচালকে কিছু হ'লেও পৰিশ্ৰম কৰে। বিপৰীতে দক্ষিণ ভাৰতীয়, বলীউডি শৈলীৰ অসমীয়া চিনেমাই "অসমীয়া চিনেমা"ৰ সুষ্ট গতিত ব্যাঘাত জন্মায়। --ভাৰতীয় চিনেমাৰ বুনিয়াদ আজিৰ তাৰিখতো মজবুট কৰি ৰাখিছে নিজা নিজা শৈলীৰে নিৰ্মাণ কৰা আঞ্চলিক ভাষাৰ চিনেমাই। ভাৰতীয় চিনেমাক চহকী কৰা আঞ্চলিক ভাষাৰ চিনেমাৰ তালিকাত অসমীয়া চিনেমাও আছে। পদুম বৰুৱা, ভবেন্দ্ৰনাথ শইকীয়া, জাহ্নু বৰুৱা, জয়ছেং জয় দহোটিয়া, মুনিন বৰুৱা, বিদ্যুৎ চক্ৰৱৰ্তী, সঞ্জীৱ হাজৰিকা, ৰীমা দাস, মঞ্জু বৰা, অৰূপ মান্না, ভাস্কৰ হাজৰিকা, মঞ্জুল বৰুৱা, অনুপম কৌশিক বৰা, হিমাংশু প্ৰসাদ দাস আদিয়ে ভাৰতীয় চিনেমাৰ বুনিয়াদ মজবুট কৰাত সহায় কৰিছে। আৰু অসমত সুষ্ট চিনেচৰ্চাৰ বাট মুকলি কৰিছে, আগুৱাই নিছে। অসমত এই সুষ্ট চিনে চৰ্চা আগুৱাই থকা সময়তে দক্ষিণ ভাৰতীয় চিনেমাৰ জনপ্ৰিয় শৈলীৰে নিৰ্মাণ কৰিবলৈ চেষ্টা কৰা অসমীয়া চিনেমাই দুখোজ পিছুৱাই নিছে।
--"আমাৰ প্ৰতিনিধি"ত (অক্টোবৰ, ১৯৭৭) ড°ভূপেন হাজৰিকাই লিখিছিল-- "আঞ্চলিক ছবি জগততো যে সদায় সৎ ৰুচি থাকে এনে নহয়। কমার্চিয়েল মনোভাব তাতো আহিছে। পিছে হিন্দীতকৈ বহু কম। শক্তি সামন্ত বাঙালী মানুহ। তেওঁ 'অমানুষ' (বাংলা) কৰি সত্যজিৎ-মৃণাল-তপনৰ সুস্থ ছবিৰ আন্দোলনক বঙ্গদেশত ১৫ বছৰ পিছুৱাই নিয়াটোও বঙ্গদেশৰ সমালোচকে মানি লৈছে। অতি সাধাৰণ আৰু অতি শিক্ষিত (1) বাংলা ৰাইজেও তাকে দহবাৰকৈ চোৱাটোও সত্য। কাৰণ নিজৰ ভাষাত হিন্দী টাইপ' পাইছে যে। কাক দোষ দিব? এতিয়াতো 'বাবা তাৰকানাথ' ‘বেউলা লক্ষীন্দৰ’, ‘জাল সন্নাসী'ৰ যুগ বঙ্গদেশতো!..."
আৰু আজি অসমত?
"অসমীয়া চিনেমা" বলিউৰ বাটেৰে আগবাঢ়িছে, দক্ষিণ ভাৰতীয় চিনে চিন্তাৰে। বিপৰীতে সুস্থ চিনে আন্দোলনো আগবাঢ়িছে।
আহিছো "আইজেনষ্টাইন' প্ৰসংগলৈ। আইজেনষ্টইনে "আঞ্চলিক চিনেমা"ৰ পৰা আতৰি গৈ আন ভাষাৰ চিনেমাতো ব্যস্ত হব পাৰিলে হেতেন! সেই সময়ত কেচা ফিল্মৰ অভাৱৰ বাবে ৰাচিয়াৰ সৰহ সংখ্যক চিনেকৰ্মীয়ে কৰ্ম স্থান সলনি কৰিছিল। আইজেনষ্টাইনে জন্মস্থান Riga-ত থাকিয়ে পুৰণি ৰিলেৰে চিনেমাৰ ভাষাৰ নতুন বাট মুকলি কৰিছিল। নতুন "বাট"টোৰ নাম ৰাখিছিল-- "মণ্টাজ"। "মণ্টাজ" ফৰাছি শব্দ। অর্থ-- Editing, সম্পাদনা। অৰ্থ সম্পাদনা যদিও বিভিন্ন ফ্রেম,ইমেজ, শ্বট জোৰা লগোৱা কাৰ্য মাত্ৰেই মণ্টাজ নহয়। মণ্টাজে নতুন অৰ্থ নিৰ্মাণ কৰে, শ্বট সংযোগেৰে ছিকুৱেঞ্চক মনস্তাত্ত্বিক ভাবে উচ্চ পর্যায়লৈ নিয়ে, নান্দনিক সৌন্দৰ্য বঢ়ায়। সত্যজিৎ ৰায়ৰ ভাষাত, "চলচ্চিত্রে যে অন্য শিল্প সাহিত্যেৰ লক্ষণ আছে,তাতে কোন সন্দেহ নেই। নাটকেৰ দ্বন্দ্ব,উপন্যাসেৰ কাহিনী ও পৰিবেশ বর্ণনা,সংগীতেৰ গতি ও ছন্দ,পেইন্টিংসুলভ আলোছায়াৰ ব্যঞ্জনা,এ সবই চলচ্চিত্রে স্থান পেয়েছে।কিন্তু ইমেজ ও ধ্বনির যে ভাষা,দেখানো-শোনানোর বাইরে যার প্রকাশ নেই, সে একেবারে স্বতন্ত্র ভাষা। চলচ্চিত্রেৰ এই ভাষা তাৰ নিজস্বৰূপে প্রকাশ পায় মন্তাজ এৰ মাধ্যমে।" --এই খিনিতে উল্লেখ কৰিব পাৰি মণ্টাজৰ উৎস হাইকু কবিতা।
উদাহৰণ:
A lonely crow
On leafless bough
One autumn eve. (আৰু আছে)
উৎস: নন্দন, The Cinema of Eisenstein, গণকণ্ঠ, আনন্দ আলো।

রবিবার, ১ মে, ২০২২

ছবি >>চলচ্চিত্ৰ>>কথাছবি>>চিনেমা /৩

চাৰ্লি চেপলিনৰ চিনেকৰ্মৰ সৰলতাই মুগ্ধ কৰিছিল মজিদ মাজীদিক।চাৰ্লি চেপলিনৰ চিনেকৰ্মৰ সৰলতাই মুগ্ধ কৰিছিল মজিদ মাজীদিক। "মই চেষ্টা কৰিছো, চাৰ্লি চেপলিনৰ সৰলতাক কিন্তু চুব পৰা নাই। আমাৰ সৰল বিষয়বস্তু জটিল হয়! চেপলিনে জটিল বিষয় সৰলকৈ দেখুৱাই। এই "সৰলতা" গুণৰ বাবেই আন চিনেমা পৰিচালকতকৈ বহু ব্যতিক্ৰম --চাৰ্লি চেপলিন।
চাৰ্লি চেপলিনৰো ধাৰণা আছিল-- "সৰলতা অৰ্জন কৰা কঠিন। সৰলতাৰে সত্য প্ৰকাশ কৰিব পৰাতোৱে সফল শিল্পকৰ্ম।" --"চাৰ্লি চেপলিন" অধ্যয়ণ কৰিলে আৰু বুজা যায়, যি কোনো সৃষ্টিশীল কামৰ স্থায়িত্ব নিৰ্ধাৰণ কৰে বিষয়বস্তুৰ গভীৰতাই। সৰলতাৰে দৰ্শকক গভীৰতালৈ নিব পৰাটোৱা চাৰ্লি চেপলিনৰ চিনে কৰ্মৰ বিশেষত্ব।
আৰু জনা যায়--, "পাগলামি দৃষ্টিকোণেৰে নিজকে বিশ্লেষণ" কৰি চেপলিনে নিজৰ শিল্পকৰ্মক উত্তৰণৰ বাটত গতি দিছিল।
চেপলিনে ছবিক গতি দিয়া "শিল্প"ত তিনিটা বিন্দু স্পষ্ট-- কাহিনী, কাহিনী কেন্দ্ৰীক কেমেৰাৰ ভাষা আৰু আংগিক অভিনয়। বিন্দু তিনিটাক একে স্থানৰ পৰা একে স্থানলৈ গতি কৰায়। বিনোদন চেপলিনৰ "ছবি গতি"ৰ মূল মন্ত্ৰ। 
Andrew Sarris --আমেৰিকান চিনেমা সমালোচক। নেতৃস্থানীয় চিনে প্ৰবক্তা Auteur তত্ত্বৰ পণ্ডিত।
ফৰাচী আলোচনী " Cahiers du Cinnamon" আছিল চিনেকৰ্ম, চিনে শৈলীৰ আলোচনাৰ কেন্দ্ৰবিন্দু। এই আলোচনীতে চিনেমাৰ ভাষা বিশ্লেষণ হয়, চিনেমাৰ আলোচনাত সাহিত্যৰ ভাষা-চিনেমেটিক ভাষা বিভাজন হয়-- প্ৰথম বাৰৰ বাবে। চিনেমা তত্ত্ব চৰ্চাও আৰম্ভ হয়-- এই আলোচনী খনতে। এই খন আলোচনীতে মুকলি হোৱা চিনেমা চৰ্চাৰ "চিৰিয়াছ ধাৰা" আগবঢ়াই নি বিশেষ স্তৰত বহুৱাই  ফ্রান্সোইস ট্রাফাউটে (François Truffaut)। ১৯৫৪ চনত প্ৰকাশ পায় এই গৰাকী চিনে পণ্ডিতৰ গ্ৰন্থ-- "film quality"। চিনেমা তত্ত্বৰ আশ্ৰয়ত চিনেমাৰ মান বিশ্লেষণ কৰে চিনে পণ্ডিত গৰাকীয়ে। চিনেমা চৰ্চাৰ এই ধাৰাৰ আৰু এখোপ উত্তৰণ হয় Andrew Sarrisৰ কলমত। কোৱা হয়-- এই গৰাকী চিনেমা আলোচকৰ লেখাত "চলমান ছবিৰ স্বতন্ত্ৰ বাট" মুকলি হয়। আৰু পৰৱৰ্তী সময়ত স্পষ্ট হয়-- চিনেমা যে স্বতন্ত্ৰ শিল্প। এই গৰাকী চিনেপণ্ডিতে চিনেমাৰ ভাষা কেন্দ্ৰীক লেখাত এলানি লেখাত চাৰ্লি চেপলিনক বিশেষ ভাবে গুৰুত্ব দিছিল। "চাৰ্লিয়ে  সৰল চলচ্চিত্ৰীয় বাস্তৱতা (cinematic realism) বুজিছিল। এই গুনটোৰ বাবে বা দক্ষতাৰ বাবে চাৰ্লি চেপলিনৰ চলমান ছবিয়ে সকলো স্তৰৰ দৰ্শকক চুইছে বা চুব পাৰিছে। এনেদৰে ক'লে ভুল নহব-- চিনেমাৰ বিশুদ্ধ ধাৰণা অনুভৱ কৰিব পাৰি চাৰ্লি চেপলিনৰ চলমান ছবিত।"
আইজেনষ্টাইনৰ চিনেমাতো চলচ্চিত্ৰীয় বাস্তৱতা (cinematic realism) স্পষ্ট; কিন্তু শৈলী, "গল্প" কোৱাৰ কৌশল সৰল নহয়, সহজ নহয়। আন এটা দিশতো স্পষ্ট-- চেপলিন-আইজেনষ্টাইনৰ চিনেকৰ্মৰ দূৰত্ব। চিনেচিন্তৰ সময়ত (আমাৰ এই ধাৰণা নিশ্চয় অশুদ্ধ নহয়।) আইজেনষ্টাইন চিনেকৰ্মৰ বহু ওচৰত, দৰ্শকৰ বহু আতৰত থাকে। চিনে বিজ্ঞানী গৰাকীৰ পৰিচালনা  (১৯২৩) Glumov's Diary, (১৯২৫) Strike,  (১৯২৫) Battleship Potemkin
(১৯২৮) October: Ten Days That Shook the World,  (১৯২৯) The General Line, (১৯৩০) Romance sentimentale, (১৯৩৮) Alexander Nevsky, (১৯৪৪) Ivan the Terrible (দুটা খণ্ড) অধ্যয়ণ কৰিলে এই বিশেষত্ব স্পষ্ট হয়।
--হয়, আইজেনষ্টাইনক চিনেমা পৰিচালক বৃত্তটোতে বন্দি কৰি ৰাখিব নোৱাৰি। আইজেনষ্টাইন চিনেমা লেখক আৰু চিনে বিজ্ঞানীয়ো।
"Total Film" নামৰ বিখ্যাত চিনে আলোচনী খনে আইজেনষ্টাইনৰ  "Battleship Potemkin" চিনেমা খনক পাচটা তৰা দিয়ে। আৰু লিখে "Nearly 90 years later, Eisenstein's masterpiece will still guarantee a fast-paced pulse." লগতে লিখে, চিনেমা খনত পৰিচালক গৰাকীৰ কেইবাটাও আৱিস্কাৰ স্পষ্ট। ১৯৭৯ চনত ৩০ গৰাকী Finnish film critics and experts-এ বিশ্ব চিনেমাৰ সৰ্বকালৰ ১০০ খন চিনেমাৰ তালিকাত ২৩ তম স্থানত ৰখা এই চিনেমা খনৰ প্ৰসংগত François Truffaut-এ লিখিছিল, "চিনেমাৰ বৌদ্ধিক চিন্তাৰ বাট মুকলি কৰা এখন চিনেমা 'Battleship Potemkin'ৰ কথা মনত ৰাখি কব পাৰি বিষয়বস্তুক গতি দিয়াৰ লগতে আইজেনষ্টাইনে শ্বট নিৰ্মাণত নতুন-নতুন দিশ আৱিষ্কাৰত গুৰুত্ব দিছিল। এনেদৰেও কব পাৰি-- আইজেনষ্টাইনৰ উদ্দেশ্য আছিল চিনে বিজ্ঞানৰ নতুন নতুন উদ্ভাৱনেৰে চিনেমাৰ পৰিচালনা শৈলীৰ নতুন নতুন বাট মুকলি কৰা।" (আৰু আছে)
প্ৰকাশ: "বিস্ময়"/ মে', ২০২২

ছবি >>চলচ্চিত্ৰ>>কথাছবি>>চিনেমা /২

চাৰ্লি চেপলিনৰ নাম সেইসকল পৰিচালকৰ তালিকাত ৰাখিব নোৱাৰি--, যিয়ে 'চিনেমা"ৰ বাবে চিনেমা পৰিচালনা বা নিৰ্মাণ কৰে। "মই ছবিক গতি দি শিল্পকৰ্ম কৰিছো। দৰ্শকক মোৰ কামে আনন্দ দিয়ে। ইমানেই।..." --চাৰ্লি চৰ্চাৰ বাট মুকলি ৰাখি আমি মাজিদ মাজিদীৰ চিনেচিন্তালৈ আহিছো।
--‘চলমান শব্দ’ আৰু ‘চলমান ছবি’য়ে হেনো চিনেমা। মাজিদ মাজিদীয়ে বুজা নাছিল । সেয়েহে চিঞৰাৰ দৰে আচৰণ হৈছিল তেওঁৰ প্ৰশ্ন। উত্তৰত জানিব পাৰিছিল— "চিনেমাত কাহিনী থাকিবই। পৰিচালক মূর্খ নহ'লে সংবাদ থাকিবই। স্বাভাৱিকতে অভিনেতা-অভিনেত্রীয়ে অভিনয় কৰিবই।... কিবা ৰন্ধাৰ সময়ত পানী আৰু জুইৰ ব্যৱহাৰৰ কথা কোৱাৰ প্ৰয়োজন আছে জানো?" ইৰাণৰ বিখ্যাত চিনেমা নির্মাতা মহছেন মাখমলবাদৰ ‘ব্যাখ্যা'। তেতিয়াহে বুজিব পাৰিছিল মাজিদ মাজিদীয়ে। ইৰাণৰ বিখ্যাত পৰিচালক মাজিদে ‘চিনেমা কেৰিয়াৰ’ আৰম্ভ কৰিছিল অভিনেতা হিচাপে। অভিনয় কৰিছিল মহছেন মাখমলবাদৰ 'বয়কট' চিনেমাখনতো। এইখিনিতে উল্লেখ কৰিব পাৰি— মাজিদী তেহৰাণৰ ইনষ্টিটিউট অৱ ড্রামাটিক আৰ্টছৰ ছাত্ৰ আছিল। এক সাক্ষাৎ প্ৰসংগত মাজিদীয়ে কৈছিল— "অভিনয় যেতিয়া বুজিবলৈ আৰম্ভ কৰিছিলোঁ, তেতিয়াৰ পৰায়ে মোৰ লক্ষ্য বা উদ্দেশ্য আছিল চিনেমা পৰিচালনা কৰা। 'চিনেমা’ শিকাৰ বাবেই চিনেমাৰ অভিনেতা হৈছিলোঁ। চুটি চিনেমা আৰু তথ্যচিত্ৰ নিৰ্মাণ কৰিছিলোঁ। ভাবিছিলোঁ— পূর্ণদৈৰ্ঘ্যৰ চিনেমা নিৰ্মাণৰ আগে আগে মোৰ বাবে এই ‘কচৰৎ’ৰ প্ৰয়োজন আছে। এই ‘কচৰত’-এ মোক সাহস দিছিল ‘বাডুক’ পৰিচালনাৰ বাবে..."।
"বাডুক" মাজিদীয়ে পৰিচালনা কৰা প্ৰথম চিনেমা। চিনেমাখনৰ বিষয়বস্তু— ‘শিশু দাসত্ব’। চিনেমাখনৰ কাহিনী আগবাঢ়ে ইৰাণ আৰু পাকিস্তানৰ সীমাত স্মাগলিঙৰ কামত বান্ধোন খোৱা ‘কিশোৰ নায়ক’ক কেন্দ্ৰ কৰি। চিনেমাখনৰ বক্তব্য আছিল সাহসী। কাঁ চলচ্চিত্র মহোৎসৱত প্ৰদৰ্শন হৈছিল— “ডিক্টেড ফোর্টনাইট’ শিতানত। মাজিদীয়ে কৈছিল— "গৌৰৱ অনুভৱ কৰোঁ, ইৰাণী চিনেমা সুস্থ চিন্তা-চৰ্চাৰে আগবাঢ়িছে। অৰ্থৰ বাবে আমাৰ পৰিচালকসকলে চিনেমা নকৰে। চিনেমাৰে অৱশ্যেই অৰ্থ লাভ কৰে। মই চিনেমা চিন্তাৰ বাবে সুন্দৰ পৰিৱেশ পাইছোঁ। প্ৰথমখন চিনেমাত ইৰাণৰ সন্মানীয় ফজৰ ফিল্ম ফেষ্টিভেলত মোৰ পৰিচালনা শৈলী, মোৰ চিত্ৰনাট্যই ‘বঁটা’ লাভ কৰাত মই সাহস পাইছিলোঁ। কাৰণ বঁটা’টোৱে মোক স্পষ্ট কৰি দিছিল— মই ঠিক বাটে গৈ আছোঁ।”

১৯৯৬ চন। চিত্ৰগৃহলৈ আহে মাজিদৰ দ্বিতীয়খন চিনেমা ‘দ্য ফাজৰ’। ৯৬ মিনিট দৈৰ্ঘ্যৰ ‘ড্ৰামা’। চিনেমাখনত দেখা যায় এটি ১৪ বছৰীয়া কিশোৰ। দুৰ্ঘটনাত দেউতাকক হেৰুৱায়। পৰিয়ালৰ ভৰণ-পোষণৰ বাবে কিশোৰটিয়ে চহৰলৈ যায় কাম কৰিবলৈ। কিশোৰজনে তেনে সময়তে জানিব পাৰে মাকে অন্য এজন লোকৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। প্রথমে সেই ব্যক্তিজনক কিশোৰটিয়ে প্রতিশোধ লোৱাৰ কথা মনলৈ আনে; কিন্তু ঘটনাক্রমে সম্পর্কই অন্য ৰূপ লয়। — এই চিনেমাখনেও পৰিচালকগৰাকীক সন্মান দিয়ে।
--আমাক মাজিদৰ চিনেমাৰ ওচৰলৈ লৈ গৈছিল, পৰিচালকগৰাকীৰ তৃতীয়খন চিনেমাই। 'চিলড্রেন অৱ হেভেন' নামৰ ৯৬ মিনিটৰ ‘ড্ৰামা’খনে। এই চিনেমাখনলৈ আমাৰ ‘যাত্রা’ আৰম্ভ হয় হিন্দী চিনেমা ‘ব’ম ব’ম বোলে'ৰে। ২০১০ চনৰ চিনেমা। অসমৰ এগৰাকী সমালোচকে লিখিলে— "ভূটান চিনেমাৰ দিশত বহুদূৰ আগুৱাই গৈছে। এতিয়া ভূটানৰ পৰা বলীউডেও ‘নকল’ কৰিবলৈ বাধ্য হৈছে। উদাহৰণ ‘ব’ম ব’ম বোলে’। ভূটানৰ গোলেন্ত দৰ্জীৰ চিনেমা ‘ড’ণ্ট টেল মম'(২০০৮)ৰ নকল।..."
—চিত্ৰৰসিক বন্ধু এজনে ক'লে— নহয়, ভুল লিখিছে। জেক নিঅ'ৰ ‘হোমাৰাণ’(২০০৩)ৰহে হিন্দী ৰূপ ‘ব’ম ব’ম বোলে’। সত্য জনাৰ বাবে ‘ইণ্টাৰনেট যাত্রা’ কৰিলোঁ ৷ দেখিলোঁ— 'ব’মবম বোলে’ৰ মূল শিপা মাজিদ মাজিদীৰ ‘ছিলড্রেন অৱ হেভেন (১৯৯৭)। দুটি শিশু। ভাই-ভনী। ভনীয়েকে পড়ে পুৱাৰ স্কুলত। ককায়েকে আবেলিৰ স্কুলত। দুয়োৰে এযোৰে জোটা। চিনেমাৰ কাহিনী আগবাঢ়ে। পৰিচালকে সু-পৰিকল্পিতভাৱে কেমেৰাত বন্দী কৰে ককায়েকে নতুন জোটাক লৈ দেখা সপোন। আন বহু সন্মানৰ লগতে এই চিনেমাখনে লাভ কৰে বিশ্বৰ চিত্ৰ সমালোচকৰ প্ৰশংসা।
মাজিদ মাজিদীৰ ‘মহম্মদ— দ্য মেছেঞ্জাৰ অৱ গড'(২০১৫) আৰু ‘দ্য কালাৰ অৱ পেৰাডাইজ’(২০০০)ৰ দৰ্শক আমি হ'ব পৰা নাই। দৰ্শক হৈছোঁ ‘বাৰাণ’(২০০১), ‘দ্য ইউলো ট্রি’(২০০৫) আৰু ‘দ্য ছং অৱ স্পেন'জ'(২০০৮)ৰ। 
২০১৫ চনত চিত্ৰগৃহলৈ অহা ‘মহম্মদ—দ্য মেছেঞ্জাৰ অৱ গড' বিতৰ্কৰ চাকনৈয়াত সোমাইছিল, চিনেমাখনৰ সংগীত ৰচনা কৰিছিল ভাৰতৰ এ আৰ ৰহমানে—এই দুটা কাৰণতে চিনেমাখনৰ বিষয়ে ‘চৰ্চা’ কৰিছিলোঁ। 'গার্ডিয়ান'ৰ দৰে কাকতে চিনেমাখনৰ প্রসংগত ‘Intellectually honest, committed and poetie' বুলি ব্যাখ্যা কৰিছে। প্ৰশংসা হৈছিল কম। বেছি কটু সমালোচনাহে কৰিছিল। প্ৰদৰ্শন বন্ধৰ দাবী উত্থাপন কৰিছিল।
আমি ‘দর্শক’ হোৱা ‘বাৰণ’ আৰম্ভ হৈছিল ‘শব্দ'ৰে। কিছু সময় পাছতে স্পষ্ট হয় ‘শব্দ’ ৰুটি তৈয়াৰৰ প্ৰস্তুতিৰ। পুৱাৰ পৰিৱেশ। কাহিনী আগবঢ়াৰ লগে লগে দর্শকে জানিব পাৰে চিনেমাখনৰ পটভূমি। তেহৰাণৰ উপকণ্ঠ অঞ্চল। আফগান ৰিফিউজিৰ অস্থায়ী আবাসিক এলেকা। নায়ক আফগান ৰিফিইজি। নায়িকা— ইৰাণী। চিনেমাখনে আমাক চুই গৈছে মূলতঃ কেমেৰাকেন্দ্ৰিক হোৱা বাবে। সংলাপৰ ব্যৱহাৰ অতি কম।
‘দ্য ইউলো ট্রি’ ৯৬ মিনিটৰ ‘ড্ৰামা’। ‘নায়ক’ ইউছুফ। শৈশৱতে দৃষ্টিশক্তি হেৰুৱায়। কিন্তু অন্ধত্বক সি কোনোদিনেই দুৰ্বলতা বুলি ধৰা নাই। নিজৰ চেষ্টাত সমাজত সম্মানীয় ব্যক্তি হৈ আছে। পত্নী-সন্তানৰ সৈতে তাৰ সুখৰ সংসাৰ। জীৱনৰ শেষ সময়ছোৱাত সি দৃষ্টিশক্তি ঘূৰাই পায়, চিকিৎসকৰ চেষ্টাত। দৃষ্টিশক্তি ঘূৰাই পোৱাৰ পাছতে মন মগজুলৈ কিছুমান ইচ্ছা আহে। সংঘাত হয় দৃষ্টি আৰু অন্তর্দৃষ্টিৰ মাজত। অভিনেতা পাৰভেজ পাৰাষ্ট্ৰইক লৈ মাজিদীৰ অনন্য চৰিত্ৰ নিৰ্মাণ— ‘ইউছুফ’।

আৰু ‘দ্য ছং অৱ স্পেন'জ’– তেহৰাণৰ উপকণ্ঠ। উটপক্ষীৰ ফাৰ্ম এখনৰ কৰ্মী— কৰিম। এদিন সি তাৰ ‘কৰ্ম’ হেৰুৱায়। ‘কর্মহীন' হোৱা বাবেই অবাটে যায়; আৰু দুৰ্যোগৰ মাজত সোমাই পৰে। পৰিয়াল আৰু ওচৰৰ মানুহৰ সহায়ত দুৰ্যোগৰ মাজৰ পৰা ওলাই আহে; আৰু পুনৰ উটপক্ষীৰ ফাৰ্মখনত যোগ দিয়ে। কাহিনীভাগ সাধাৰণ। অসাধাৰণ-- পৰিচালনা শৈলী আৰু কৰিমৰ চৰিত্ৰত ৰেজা নাজিকে কৰা অভিনয়।

১৯৮৫ চনৰ পৰা কৰা ‘চিনেকৰ্ম’ৰে ইৰাণী চিনেমাক বিশেষ পর্যায়লৈ লৈ যোৱা মাজিদ মাজিদীৰ পৰিচালনা শৈলী ভিন্ন। বিশেষ বৃত্তৰ মাজত বন্দী নহয়। কোনোখন যদি ‘চৰিত্ৰ’কেন্দ্ৰিক, আন কোনোখন ‘কেমেৰা’কেন্দ্ৰিক। ‘ষ্ট’ৰী টেলাৰ’ বুলিও কব লাগিব। প্রতিখন চিনেমাতে মিল থকা দিশ দুটা হ’ল— কেমেৰাৰ কাম আৰু চৰিত্ৰ নিৰ্মাণ। কেমেৰাৰ ‘স্থান’ত ‘এংগল’ত বিশেষ গুৰুত্ব দিয়ে। এই প্ৰসংগত মাজিদী স্পষ্ট— ‘মোৰ প্ৰথম কাম চৰিত্ৰ নিৰ্মাণ; আৰু কেমেৰাৰ লেন্সেৰে ‘চৰিত্ৰ’ চোৱা৷ মোৰ কোনো শৈলী আছে বুলি নাভাবোঁ। চিনেমাৰ কাহিনী, বিষয়বস্তুৱে নিয়ন্ত্ৰণ কৰে মোৰ পৰিচালনা শৈলী।’ ( মাজিদ মাজিদিৰমাজিদ মাজিদিৰ চিনেমা ‘ব্যাখ্যা’ আৰছদ ৰিয়াজৰ সৌজন্যত/ ক্ৰমশ:) 
       প্ৰকাশ: "বিস্ময়"/ এপ্ৰিল, ২০২২