সংবাদ মাধ্যমক চিনেমা খনৰ পৰিচালক ৰক্তিম কমল বৰুৱাই কৈছে, "... এখন পিৰিয়ডিক হাস্যমধুৰ চিনেমা। সাধুকথাৰ নিচিনা! যোৰহাটৰ এটা অঞ্চলৰ এটা সঁচা ঘটনাৰ আলম হিচাপে লৈ ইয়াৰ কাহিনী নিৰ্মাণ কৰা হৈছে। স্বাভাৱিকতে কিছু অংশ কাল্পনিক । ১৯৪৫ চন কিছুমান ঘটনা আৰু নতুন স্বাধীন ভাৰতৰ সমাজ ব্যৱস্থাকলৈ চোৰ আৰু পুলিচৰে এটা কাহিনী হাস্যমধুৰভাৱে তাত উপস্থাপন কৰা হৈছে ।" চিনেমা খনত অভিনয়
কৰিছে জয়ন্ত দাস, হিমাংশু গগৈ, কেনী বসুমতাৰী, জয়ন্ত ভাগৱতী, টনী বসুমতাৰী, হিমাংশু প্ৰসাদ দাস, মৃন্ময় শইকীয়া, বনী দেউৰী, বনদ্বীপ শৰ্মা, বেদব্ৰত বৰা, সপ্তৰ্ষি গগৈ, নৱজ্যাতি নাথ মৈত্ৰী দাস, বলীন বৰা, বনদীপ শৰ্মা, প্ৰতিভা চৌধুৰী আদিয়ে। সংগীত পৰাশৰ কাশ্যপৰ, দৃশ্যগ্ৰহণ প্ৰয়াস শৰ্মাৰ। তামুলীয়ে, চাউণ্ড ডিজাইন অমৃত প্ৰীতমৰ । এই চিনেমা খন চিত্ৰগৃহলৈ আহিব অহা ১৭ জানুৱাৰীত।(গোলাই ছিৰিজ-- ৬০ খনৰো বেছি ডিটেকটিভ উপন্যাসৰ এটি ছিৰিজ। লেখক: কুমুদেশ্বৰ বৰঠাকুৰ। এই উপন্যাস চিৰিজৰ সৈতে "গোলাই চোৰ"ৰ কিবা সম্পৰ্ক আছে নেকি! --মনলৈ অহা প্ৰশ্ন।)রবিবার, ২৯ ডিসেম্বর, ২০২৪
গোলাই চোৰ /নতুন চিনেমা
সোমবার, ২৩ ডিসেম্বর, ২০২৪
ভৈৰৱী/ নাটক
ভৈৰৱী-- আন এক অৰ্থ সন্ত্ৰাস বা বিস্ময়কৰ। এঠাই পঢ়িছিলোঁ "ভৈৰৱী হিন্দু দেৱী মহাবিদ্যাৰ লগত যুক্ত। তেখেত ভৈৰৱৰ পত্নী। তেখেতৰ চাৰি হাত, এক হাতত গ্ৰন্থ, এটা জপমালা, এটা অভয়া মুদ্ৰা আৰু আনটো ভাৰদ মুদ্ৰা লৈ পদুমৰ উপৰত বহি আছে। তেখেত ৰঙা পোচাক পৰিধান কৰে।..."
নাটক খনৰ নাম-- "ভৈৰৱী"। নাট্যকাৰে দ্বিতীয়তো অৰ্থ মনত ৰাখি নামাকৰন কৰিছে। স্পষ্ট হৈছে নাটক খনৰ শেষ দৃশ্যটোত।
মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত চোৱা এই নাটক খনৰ নাট্যকাৰ মৃন্ময় ভূঞা, পৰিচালনা বসন্ত শইকীয়াইৰ। নাটক খনৰ কাহিনীৰ মূল বিন্দু ভৈৰৱী নহয়, মাটি। মাটিৰ শিল্প, মাটিৰ অধিকাৰ।
ভৈৰৱীৰ পিতৃ (চৰিত্ৰ: ক্ষেত্ৰপাল। অভিনেতা: বিজিত দেৱ চৌধুৰী) মৃৎশিল্পী। প্ৰজন্মৰ পাছত প্ৰজন্মই কৰি এই কলা কৰ্মৰ আদৰ কমিছে যদিও ভৈৰৱীৰ পিতৃয়ে এৰি দিয়া নাই। এৰি নিদিয়ে! ভৈৰৱীৰ ভাতৃয়ে কিন্তু এই কৰ্ম আগবঢ়োৱাৰ পক্ষত নাই। এই শিল্পকৰ্মত ভৈৰৱীৰ দেউতাকক সহায় কৰে কাৰ্তিকে (অভিনেতা: নিলোৎপল নাথ)। মুছলিম পৰিয়ালত ডাঙৰ হোৱা কাৰ্তিকৰ প্ৰকৃত পিতৃ-মাতৃৰ পৰিচয় নাই। এই চৰিত্ৰটোক নাটক খনত নায়কৰ আকাৰ দিয়া হৈছে।
নায়িকা?
স্বাভাৱিকতে-- ভৈৰৱী।
--ভৈৰৱী। সুন্দৰ মনৰ। অশুৱনি চেহেৰাৰ।
--ভৈৰৱীক কোনো ডেকাই পচন্দ নকৰে, বিয়াৰ বাবে। চাবলৈ আহে, অশুৱনি চেহেৰাৰ বাবে পছন্দ নকৰে।
নাটক খনৰ আন এটা চৰিত্ৰ-- দলৈ গোঁসাই (অভিনেতা: ৰণধীৰ মানৱ গোস্বামী)। দলৈ গোঁসাইৰ ওচৰত নাৰীৰ জাতি নাই, নিৰাপত্তা নাই। অন্তঃসত্বা হয় ভৈৰৱী। দেৱালয়ৰ মাটিৰ মুখ্য দলৈ গোঁসাই আঁৰতে থাকি যায় ভৈৰৱীৰ গৰ্ভত থকা সন্তানৰ প্ৰশ্ন উত্থাপন হোৱাৰ সময়তো। কাৰ্তিকে কয়-- সন্তান তাৰ। ... থাকক, কাহিনী ইমানতে এৰিছোঁ। এৰাৰ কাৰণ-- কাহিনীয়ে আমাক চুব পৰা নাই। (কাহিনীয়ে চুব নোৱাৰাৰ এটা কাৰণ-- ঠিয় হৈ নাটক চোৱা বিশৃংখল পৰিবেশ হৈছিল, যাৰ বাবে আমি বহি নাটক চোৱা একাংশ দৰ্শকে আধা মঞ্চৰ, প্ৰায় ৬০% শতাংশ নাটক দেখিছিলোঁ। আন নাটক খনৰ কাহিনীৰ "বাস্তৱতা" আমাৰ বাবে প্ৰশ্নবধক হৈ ৰ'ল, এন আৰ চি প্ৰসংগ আনি এটা সম্প্ৰদায়ক হত্যাৰ যি দৃশ্য দেখিলোঁ। নাটক খনৰ কাহিনীৰ গতিত নাট্যকাৰে নিৰ্মাণ কৰা চৰিত্ৰৰ দলৈ গোঁসাই আমাৰ ধাৰণাৰ বাহিৰত।) আমাক আমাক চুইছে-- পৰিচালনাই, অভিনয়ে।পৰিপাটি পৰিচালনা। পোহৰ-সংগীত সৌন্দৰ্যলৈ ৰূপান্তৰ কৰিছে। "চৰিত্ৰ"ক মঞ্চৰ একোনত অৱস্থান কৰোৱাৰ সময়তো মঞ্চ ভৰাই ৰাখিছে, পৰিবেশ নিৰ্মাণত কৰিছে "পোহৰে" (স্বাভাৱিকতে প্ৰশংসা কৰিম পোহৰ ব্যৱস্থাপনাৰ দায়িত্বত থকা দীপক ডেকাক), সংগীত পৰিকল্পনাই (সংগীত: দীকু ভৰদ্বাজ।) আৰু মঞ্চ সজ্জাই (মঞ্চসজ্জা:ধনজিত শৰ্মা)।
অভিনয়লৈ আহিছোঁ-- ভৈৰৱীৰ চৰিত্ৰত অভিনয় কৰা বিপাশা দৈমাৰীৰ নাম প্ৰথমতেই উল্লেখ কৰিব লাগিব। বিপাশাৰ লগতে ক্ষেত্ৰপালৰ চৰিত্ৰত বিজিত দেৱ চৌধুৰীৰ, লাঠিয়াল শম্ভুৰ চৰিত্ৰত অভিনেতা যতীন খনিকৰৰ, পাঞ্চালীৰ চৰিত্ৰত সুকন্যা ফুকনৰ অভীনয় নাটক খনৰ আন এক সৌন্দৰ্য।
(আৰু আছে)
রবিবার, ২২ ডিসেম্বর, ২০২৪
মজ'লী /চিনেচৰ্চা
পৰিচালক নৱজ্যোতি বৰাৰ (আমাৰ ধাৰণাত) প্ৰথম পৰিচয়-- নাট্যকৰ্মী। চৰিত্ৰ নিৰ্মাণ, গল্প কোৱাত (দেখুৱাত) কেইটা মান ছিকুৱেন্সক (বিশেষকৈ পাকিজা বেগমে অভিনয় কৰা দৃশ্য কেইটা) বাদ দি "নাটক"ৰ পৰা "চিনেমা"ক আঁতৰত ৰখাত পৰিচালক সফল।
"চৰিত্ৰ"ৰ মুখত দিয়া সংলাপো "নাটকৰ সংলাপ" হৈ থকা নাই (সৰহ সংখ্যক অসমীয়া চিনেমাৰ এটা দোষ-- সাহিত্যৰ ভাষাৰে সকলো বুজাব বা ক'ব বিছাৰে। অপৰিপাটি, দুৰ্বল সংলাপ প্ৰয়োগৰ ফলত চিত্ৰ ৰসিকৰ বাবে বিৰক্তিকৰ হৈ পৰা অসমীয়া চিনেমাৰ সংখ্যা কম নহয়।)। পৰিচালকে কাহিনীৰ গতিত, সেই খিনিতহে সংলাপ ব্যৱহাৰ কৰিছে, যি খিনিত প্ৰয়োজন, কেমেৰাৰ পৰিপাটি ব্যৱহাৰেৰে।
--চিনেমা খনৰ কাহিনী নিৰ্মাণ কৰিছে এটা "সচা চৰিত্ৰ"ক কেন্দ্ৰ কৰি। সমাজৰ পৰা বিচ্ছিন্ন হৈ মজ'লীত বহু বছৰ বাস কৰা ৰজাৰ (চিনেমা খনৰ লেখক-পৰিচালকে যাক ৰজাদা বুলি মাতে। (চিনেমা খন চোৱাৰ আগ মূহুৰ্তত "ৰজাদা"ৰ সৈতে চিনাকী কৰি দিছিল পৰিচালকে।) "কাহিনী"ক কেন্দ্ৰ কৰি।
মজ'লী এটা সৰু নদীদ্বীপ। বাসিন্দাহীন দ্বীপ। দ্বীপটোত স্থায়ীভাৱে বাস নকৰে, খেতি কৰিবলৈহে যায় দুই একে। ভিন্ন প্ৰজাতিৰ বিষাক্ত সাপ আৰু বাৰিষাৰ পানী সমস্যাৰ বাবে স্থায়ি ভাবে বাস কৰাৰ পৰিবেশ নথকা দ্বীপটোত (ব্ৰহ্মপুত্ৰত) ক্ৰুজিং কৰি থকা বিদেশী দম্পতীয়ে ৰজাক দেখে, আচৰিৎ হয়, জানিব বিছাৰে। "মানুহ"ৰ প্ৰতি ঘৃণা থকা ৰজাক বিদেশী দম্পতীয়ে জানিব পাৰে বহু পৰিশ্ৰমৰ পাছত। অতীতচাৰণত পৰিচালকে দেখুৱাইছে শিক্ষিত হৈয়ো ৰজাই দ্বীপটোত অকলে বাস কৰাৰ "কাহিনী"।
--কাহিনী মৌলিক; কিন্তু চুই যাব পৰাকৈ কব (দেখুৱাব) পৰা নাই। চুই গৈছে "চৰিত্ৰ"ই। গুনাকৰ দেৱগোস্বামীক লৈ নিৰ্মান কৰা বাবা(ৰাজাৰ দেউতাক)-ৰ চৰিত্ৰটোৰ কথা প্ৰথমে উল্লেখ কৰিব পাৰি। শুখুনাৰ চৰিত্ৰত শশিন্দ্ৰ শৰ্মা, বেউলাৰ চৰিত্ৰত শিল্পী শিখা দেৱী, মিথুনৰ চৰিত্ৰত সিদ্ধাৰ্থ শৰ্মাই কৰা অভিনয়ে কাহিনীক গতি দিছে; কিন্তু ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ হোৱা নাই। ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ হৈছে মন্টু কুমাৰ দাসক লৈ নিৰ্মাণ কৰা ৰাজা চৰিত্ৰটো। ৰূপালী সৌন্দৰ্য বঢ়াইছে সংগীতে। কেমেৰাৰ ভাষা, লোক গীতৰ পৰিপাটি প্ৰয়োগৰ নিৰ্মাণ কৰা "চিনেমেটিক গতি"য়ে একোটা ছিকুৱেন্স বিশেষ স্তৰলৈ লৈ গৈছে পৰিচালকে। পৰিচালকক সহায় কৰিছে সম্পাদক ৰমেন বৰাই।
(আৰু আছে)
রবিবার, ১৫ ডিসেম্বর, ২০২৪
শ্বুটিং ৰিপ'ৰ্ট/ মঞ্জু বৰাৰ নিৰ্দেশত কেমেৰা ঘূৰিছে
অভিনেত্ৰী: সেইদিনা লক্ষ্মী ককাইদেৱে কি কৈছিল ককাইদেউ?
বলোৰাম: মোক একো কোৱা নাই। দেউতাকহে কিবা কৈছিল হ'ব পায়?
অভিনেত্ৰী: তুমি পইছাৰ কথা চিন্তা কৰিছা নেকি?
বলোৰাম: পইছাৰ কথা চিন্তা নকৰা মানুহ পৃথিবীত কোন আছে?
অভিনেত্ৰী: পইছা জানো এনেয়ে খৰছ কৰিছা?
বলোৰাম: জানো! কিন্তু ককাইদেৱে যদি তেনেকৈ ভাবিছে মই কি কৰিম?...দেউতাই কি ক'লে?
অভিনেত্ৰী: মোক একো কোৱা নাই। মই জানো দেউতাই তোমাৰ কামত বাধা নিদিয়ে। যিমান টকাৰ দৰকাৰ তোমাক দিব।
বলোৰাম: ময়োতো তেনেকৈয়ে আশা কৰিছোঁ; কিন্তু সময়মতে যদি আৱশ্যকীয় টকা নেপাওঁ তেতিয়াহে বৰ বিপদ হ'ব।
অভিনেত্ৰী: একো বিপদ নহয়, তুমি চিন্তাই নকৰিবা, মোৰ বাইদেউৰে নাই বুলিলে চল্লিশ হাজাৰ টকাৰ অলঙ্কাৰ আছে। বাইদেৱে নিদিলেও মই সকলো বেচি দিম- যদি তোমাৰ দৰকাৰ হয়।
(সংলাপ আমাৰ কানত পৰা নাছিল। মনিটৰত চাই অনুভৱ কৰিছিলোঁ মূল উপন্যাসত থকা এই চোৱা কেমেৰাৰ স্থান সলাই সলাই কেমেৰাত ধৰি ৰাখিছে।)
কেমেৰাৰ স্থান আৰু সলনি কৰিলে। এই কেমেৰাৰ ফ্ৰেমলৈ আহিল আৰু তিনিটা চৰিত্ৰ। ছিলি আৰু ছেটৰ কাম কৰা দুটা চৰিত্ৰ। কলগছ ব্যৱহাৰ কৰি ছেট সজাত ব্যস্ত দুই চৰিত্ৰই। কাট কাটকৈ ফ্ল'ৰত পেলাই ৰখা কলগছতো কেমেৰা পেন কৰালে পৰিচালকে।
--বুজাত অসুবিধা নহ'ল জ্যোতিপ্ৰসাদ আগৰৱালাই "জয়মতী"ৰ বাবে ভোলাগুৰি চাহবাগিচাত সজাই লোৱা চিত্ৰবন ষ্টুডিঅ'ত কলগছ ব্যৱহাৰ কৰি যেনেদৰে ছেট সজাইছিল, ঠিক তেনেদৰেই কলা নিৰ্দেশক নুৰুদ্দিন আহমেদৰ হতুৱাই পৰিচালক মঞ্জু বৰাই ছেট ডিজাইন কৰাই, সজাই লৈছে "ৰূপতীৰ্থৰ যাত্ৰী"ৰ বাবে। সুন্দৰ ছেট, চকু ৰৈ যোৱা ছেট। আমাৰ ধাৰণাত সুপৰিকল্পিত প্ৰচাৰৰ সহায়ত এই ছেট সৌন্দৰ্যক "দৰ্শক"ৰ ওচৰলৈ নিব পাৰিলে চিনেমা খনে স্থানীয় বজাৰত সহায় পাব।
চিনেমা খনৰ লোকশ্বনত আন এটা দিন:
দুটা চৰিত্ৰ-- ৰচনা আৰু মিৰিণ্ডা। "দুজনী বেলেগ ছোৱালী-- ৰচনা আৰু মিৰিণ্ডা।" ৰচনা --জোতিৰ্ময়ৰ কাষত থাকিও দূৰত আছে। মিৰিণ্ডা-- হেজাৰ মাইল দূৰত থাকিও জ্যোতিৰ্ময়ৰ অন্তৰৰ অতি কাষতে আছে। চৰিত্ৰ তিনিটা "ৰূপতীৰ্থৰ যাত্ৰী"ৰ, কথাশিল্পী ছৈয়দ আব্দুল মালিকৰ উপন্যাসৰ। হাজাৰ হাজাৰ পাঠকৰ চিনাকী, ছপা মাধ্যমৰ পৰা পাঠকৰ মন-মগজুত বিশেষ ইমেজত বন্দী হোৱা এই তিনিটা চৰিত্ৰ (লগতে উপন্যাস খনৰ আন চৰিত্ৰ) সাহিত্যৰ ভাষাৰে, কেমেৰাৰ ভাষাৰে নিৰ্মাণত ব্যস্ত দক্ষ পৰিচালক মঞ্জু বৰা। --হয়, উপন্যাস খনৰ আধাৰতে পৰিচালক গৰাকীয়ে চিত্ৰনাট্য ৰচনা কৰি চিনেমা আকাৰ দিয়াত ব্যস্ত হৈ আছে যোৱা ২৩ দিন ধৰি। যোৰহাট, কলকাতা, তাজপুৰৰ পাছত বৰ্তমান ব্যস্ত হৈ আছে জ্যোতি চিত্ৰবনত।
আজি (১ ডিচেম্বৰ ২০২৪) আমি দেখিলোঁ --জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ত নুৰুদ্দিন আহমেদে সজোৱা ছেটত গীত চিত্ৰায়ণত ব্যস্ত, ফ্ৰেমত চোফীয়া আৰু বলোৰাম দাস।
"সোণৰে পালেঙতে অ' মনেতৰা
ধুনীয়া কোঁৱৰৰ ঘুমটি নাহিলে
কপাহৰে তালিচা পৰা মনেতৰা।।..."
কৰিঅ'গ্ৰাফাৰক কামৰ স্বাধীনতা দিছে; কিন্তু এৰি দিয়া নাই, পৰিচালকে চিত্ৰায়ণৰ কাম নিজৰ মতে কৰাই লৈছে। পৰিচালকৰ ওচৰত বহি আমি মনিটৰত অনুভৱ কৰিলোঁ "ৰূপকোঁৱৰৰ সপোন"!
--অভিনয় শক্তি (powerful acting) -ৰ বাবে বলোৰামক চিত্ৰৰসিকে জানে! কিন্তু চোফিয়া?
--চোফিয়াক নজনাৰে কথা।
পৰৱৰ্তী শ্বটৰ বাবে অপেক্ষাত চোফীয়া। অকলে, নিৰৱে। হয়তো "চৰিত্ৰ" হৈ আছে!
--পৰিচালক মঞ্জু বৰাৰ পৰা জানিলো চোফীয়াৰ কথা। ইউক্ৰেইনৰ ছোৱালী। "ৰূপতীৰ্থ যাত্ৰী" অভিনয় কৰা প্ৰথম খন চিনেমা। নাটকত অভিনয় কৰা অভিজ্ঞতাও নাই। কিন্তু অনুভৱ কৰিলোঁ --পৰিচালকৰ, টিমৰ সৈতে professional actor-ৰ দৰে কাম কৰিছে। (পৰিচালকে চোফীয়াক আমাৰ সৈতে চিনাকী কৰি দিলে। নম্ৰ। ভদ্ৰ। চিনেমাত অভিনয় কৰাৰৰ অনুভৱ সুন্দৰ বুলি ক'লে।) মিৰিণ্ডাক নিৰ্মাণত পৰিচালকে বিছৰা ধৰণে পৰিশ্ৰম কৰিছে!
জোতিৰ্ময়ে (উপন্যাস খনৰ কাহিনীৰ গতিত) মিৰিণ্ডাক লগ পাইছিল ইটালিত। "সোণবৰণীয়া কেঁকোৰা মিহি চুলি, গভীৰ নীলা এযোৰ চকু, এযোৰ সৰু কোমল হাঁহিৰ ৰেখা লাগি থকা ওঁঠ, এটা অলপ চুটি কিন্তু গঢ়িত নাক-- সেয়াই ১৯ বছৰীয়া মিৰিণ্ডা।" ঔপন্যাসিকৰ "কল্পনাৰ মিৰিণ্ডা"ৰ পৰা মঞ্জু বৰাই সাহিত্যৰ ভাষাৰে, কেমেৰাৰ ভাষাৰে নিৰ্মাণ কৰি থকা "মিৰিণ্ডা" কিমান ওচৰৰ, কিমান দূৰৰ-- সেয়া সময়ত চিত্ৰৰসিকে পৰ্দাত দেখিব। কিন্তু আমাৰ এই ধাৰণা ভূল নহব-- মিৰিণ্ডা হ'ৰ ৰূপালী গল্পটোৰ অলংকাৰ, সৌন্দৰ্য।
সন্দেহ নাই-- ৰূপালী গল্পটোৰ মূল বিন্দু জোতিৰ্ময়। (চৰিত্ৰটো নিৰ্মাণ কৰি আছে বলোৰাম দাসক লৈ। সন্দেহ নাই এগৰাকী "নতুন বলোৰাম"ক অনুভৱ কৰিব দৰ্শকে।) হয়তো মূল বিন্দুটোক বহু খিনি আগবঢ়াই নিয়াত পৰিচালকে "মিৰিণ্ডা" বিন্দুটো ব্যৱহাৰ কৰিব!
--চিত্ৰগ্ৰহণ শেষ হোৱা নাই। বৰ্তমান চলি আছে মৰিগাঁৱৰ লোকেশ্বনত। চিনেমা খনৰ প্ৰযোজক ড৹ সঞ্জীৱ নাৰায়ণ, ডাঃ অক্ষতা নাৰায়ণৰ।
শুক্রবার, ১৩ ডিসেম্বর, ২০২৪
ভিলেজ ৰকষ্টাৰ্ছ ২/চিনেচৰ্চা
কিন্তু জীৱনটো ধুনুৰ বিছৰা বাটে নাযায়। তিতা আৰু টেঙা মুহূৰ্তবোৰৰ সন্মুখীন হয়। হতাশ নহৈ তাই এসময়ৰ সুখী শৈশৱক এৰি যোৱাৰ দুৱাৰমুখত থিয় দিয়ে। আশা কৰে এই বাৰ খেতি বানে নিলে, প্ৰথম বাৰ কৰিছিল বাবে সফল নহ'ল! অহা বাৰ হ'ব!
--এই "বিশ্বাস" মাকৰ পৰা পোৱা। মাকক ভাল পাই, তুলনা কৰে আকাশৰ সৈতে। আকাশতকৈ ডাঙৰ কি? মাকক সোধে ধুনুই। মাকে কিবা এটা কোৱাৰ আগতে তাই আৰু কয়-- মাতা। মাকৰ কপট বিৰক্তি- একে কথাকে কিমাননো কৈ থাকে। এই সংলাপে প্ৰথম খন "ভিলেজ ৰকষ্টাৰ্ছ"ৰ সৈতে দ্বিতীয় খনৰ সংযোগ আনে আৰু স্পষ্ট কৰে মাক-জীয়েকৰ সম্পৰ্ক হৈছে ৰূপালী গল্পটোৰ এটা অৱলম্বন। কামৰূপৰ ছয়গাঁৱৰ ভাষা আৰু পৰিবেশত নিৰ্মাণ ৰূপালী গল্পটোৰ গতিত আঞ্চলটোৰ বান সমস্যা আহিছে, বানপীড়িতৰ লগতে অঞ্চলটোৰ লোকৰ জীৱনসংগ্রাম, সামাজিক-অৰ্থনৈতিক, প্ৰাকৃতিক ছবি আনিছে পৰিপাটিকৈ-- কেমেৰাৰ ভাষাৰে, সাহিত্যৰ ভাষাৰে।
কাহিনীৰ গতিত দেখা যায় ধুনুৰ দেউতাকক বানে নিছিল। মাকে অকলেই ধুনু আৰু এক মাত্ৰ পুত্ৰ সন্তানক ডাঙৰ কৰে, খেতি-বাতি চম্ভালে। পুত্ৰ সন্তান অবাটে যায়, মদ খায় যতে-ত'তে পৰি থাকে। মাটিৰ দালালৰ জালত পৰে। সি খেতিৰ মাটি বিক্ৰী কৰি বাইক এখন দিয়াৰ কথা কয়, মাকক। মাকৰ কথা-- মাটি বিক্ৰী নকৰে। ধন শেষ হ'ব, বাইকত মামৰে ধৰিব, কিন্তু মাটিয়ে খুৱাব, বছৰি শস্য দিব। মাকৰ ওচৰ চপা, কৌশলেৰে মাটি ক্ৰয় কৰিব খোজা দালালকো খং কৰে মাকে, কয়-- খেতিৰ মাটি কোনোপধ্যে এৰি নিদিয়ে। ধুনুক মায়েকে কয়-- "মই তোৰ মায়েৰে, মাটিখিনিও মায়েৰে।"
সাহিত্যৰ ভাষা সিমানেই ব্যৱহাৰ কৰিছে, যিমান প্ৰয়োজন। কোনো ছিকুৱন্সতে নাটকীয় পৰিবেশ নিৰ্মাণ কৰা নাই, কাহিনীৰ গতিয়ে সুযোগ দিয়াৰ পাছতো। বিপৰীতে কেমেৰাৰ ভাষাক গুৰুত্ব দি চুই যোৱা ছিকুৱেন্স ৰছনা কৰিছে। উদাহৰণ: বানে বুৰোৱা সময়ত অসহায় গঞাক ওঁঠত সংলাপ দি হৈ-চৈ কৰোৱা নাই। একাঠু বাঢ়নী পানীৰ মাজতে ধুনুই বিছনাত তোলা চৌকাত আহাৰ সিজাইছে। ধুনুক জোকে ধৰিছে, ভৰিৰ পৰা জোক এৰুৱাইছে। খেতি পানীত ডুব গৈছে। খেতিপথাৰত একাংশ গঞাই মাছ ধৰিছে। মাছ ধৰা কামটো বান আক্ৰান্ত গৃহিনীয়ে পছন্দ কৰা নাই, তেওঁলোকৰ "পৰিশ্ৰম" যে পানীৰ তলত! --কেইটা মান অকৃত্ৰিম শ্বটেৰে নিৰ্মাণ কৰিছে বিষণ্ন "সময়", পৰিৱেশ।
কাহিনীৰ গতিত প্ৰকৃতি আহিছে। উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ বাস্তৱ ছবি খন আহিছে, হাড়গিলা সংৰক্ষণৰ কথা আহিছে (ধুনুই মাকৰ মৃত্যুৰ পাছত মাকক হাড়গিলাৰ ঠোঁট-মুখৰ কিৰিটী পিন্ধা ৰূপত পথাৰৰ সোঁমাজত দেখা পায়। বুদ্ধিদীপ্ত ছিকুৱেন্স)। মানুহ-প্ৰকৃতিৰ সংযোগ আন ছিকুৱেন্সেৰেও কৰিছে। যেনে: মৃত মাতৃক ধুনুৱে অনুভৱ কৰিছে গছ এডাল আঁকোৱালি ধৰি।
--এই খিনিতে উল্লেখ কৰিব পাৰি চিনেমিটিক ভাষা প্ৰয়োগত, সাহিত্যৰ ভাষা ব্যৱহাৰত ৰীমা দাসে পুনৰ তেওঁৰ মৌলিকতা স্পষ্ট কৰি দিছে। "মৌলিকতা" মনত ৰাখিয়ে পৰিচালকে মন জোকাৰি যোৱা ছিকুৱেন্স নিৰ্মাণ কৰিছে ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ হোৱাকৈ। যেনে: ধুনুৰ মাতৃৰ মৃত্যুৰ সময়ৰ ছিকুৱেন্সটো। এখন অট'ৰিক্সাৰে চহৰৰ হাস্পতাললৈ নিয়াৰ বাটত অসুস্থ মাকৰ মৃত্যু হয়। কাৰণ চহৰলৈ নিয়াৰ একমাত্ৰ বাটটো বন্ধ হৈছিল, উভালি পৰা গছ পৰি থকাত। এবাৰ অসহায় ধুনুৰ গছ আঁতৰাবলৈ কৰা নিষ্ফল চেষ্টা, আনবাৰ মাকৰ নিষ্প্রাণ দেহ সাৱটি কৰা বিলাপে দৰ্শকক চুই গৈছে। এই ছিকুৱেন্সটোত নিশ্চয় পৰিচালকে স্পষ্ট কৰিব বিচাৰিছে গাঁৱৰ উন্নয়নৰ প্ৰকৃত ছবি এখন। --এই খিনিতে ক'ব পাৰি, ৰীমা দাসে কেৱল ধুনুৰ সপোনৰ কথায়ে কোৱা নাই, ৰূপালী গল্পটোত ধুনুৰ দৃষ্টিৰে (বা ধুনুক কেন্দ্ৰ কৰি পৰিচালকৰ দৃষ্টিৰে), তাইৰ "সৰু পৃথিৱী" খন দেখুৱাইছে।
--ভালে মান ইতিবাচক দিশ থকাৰ পাছতো, সাৰ্থক চিনেমা বুলি কোৱাৰ বাট মুকলি হৈ থকাৰ পাছতো ক'ব নোৱাৰিম "ভিলেজ ৰকষ্টাৰ্ছ-২" ত্ৰুটি মুক্ত। কাহিনীৰ গতিত ভিন্ন বিষয় বস্তু গুঠাৰ সময়ত "গতি মন্থৰ" হৈছে, ৰূপালী গল্পটোক কিছু শিথিলতাই চুইছে। আৰু কাহিনী চিনেমা খনক "তথ্যচিত্ৰ"ৰ পৰা মুক্ত কৰিব নোৱাৰাটো আনা এটা ত্ৰুটি। এই ত্ৰুটি কিছু পৰিমানে ঢাকি ৰাখিছে ভনীতা দাসৰ লগতে বসন্তী দাস, জুনুমণি বড়ো, বলোৰাম দাস, আৰু মনাবেন্দ্ৰ দাস আদিৰ অভিনয়ে। --হয়, ধুনুৰ লগতে প্ৰতিটো চৰিত্ৰৰে নিৰ্মাণ কৰ্ম পৰিপাটি। (আৰু আছে। অসম্পাদিত)
বৃহস্পতিবার, ১২ ডিসেম্বর, ২০২৪
মোক্ষ: চিত্ৰগ্ৰহণ চলিছে...
এই খিনিতে মনলৈ আহিছে ৰবি শৰ্মাই কোৱা কেইটা মান কথা। অসমীয়া চিনেমাৰ "বজাৰ" কেন্দ্ৰিক কথা। 9th Brahmaputra Valley Film Festival-ৰ এক অনুষ্ঠাত ৰবিয়ে কৈছিল-- অসমীয়া চিনেমা আৰু অসমীয়া চিনেমাৰ দৰ্শকৰ মাজত কোনোবা খিনিত সংযোগ নোহোৱা হৈছে। এই দিশটো মনত ৰাখি ৰবিয়ে চিনে চিন্তা কৰে, কৰি "শ্ৰী ৰঘুপতি"ত সফল হৈছে। আৰু সেই একেটা দিশত গুৰুত্ব দিছে "মোক্ষ" চিনেমা লিখাৰ সময়তো। অৰ্থাৎ (আমাৰ ধাৰণাত) কথাটো এনে ধৰণৰ-- অসমীয়া আৱেগ, শিপাৰ কথা মনত ৰাখি নিৰ্মাণ কৰা অসমীয়া চিনেমাৰ প্ৰতিহে আগ্ৰহ দেখুৱাই অসমীয়া চিনেমাৰ দৰ্শকে। আমাৰ ধাৰণাত ৰবিৰ "মোক্ষ" ৰূপালী গল্পটোও হ'ব "অসমীয়া আৱেগ"ৰ!
--ৰবি শৰ্মা, বিভাষ চক্ৰৱৰ্তী, প্ৰিয়ম পল্লৱীৰ লগতে এই চিনেমা খনত অভিনয় কৰিছে, কৰিব বলীউডৰ প্ৰবীণ অভিনেতা শৰৎ ছাক্সেনা, নাট্যকৰ্মী মৃদুল চুতীয়াৰ লগতে সঞ্জীৱ হাজৰিকা, সিদ্ধাৰ্থ মুখাৰ্জী, অৰ্চিতা আগৰৱাল আদিয়ে।
--মিৰ্জা আৰিফ হাজৰিকাৰ পৰিচালনাৰে নিৰ্মাণ হৈ থকা এই চিনেমা খনৰ চিত্ৰগ্ৰহণ জ্যোতি চিত্ৰবনৰ লগতে চলিব অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, উত্তৰ বংগৰ বিভন্ন লোকেশ্বনত।
চিনেমা খনৰ টেকনিক পৰিচালনাত থকা ঝুলন কৃষ্ণ মহন্তৰ সৈতেঅসমীয়া চিনেমা/১
অসমীয়া চিনেমাৰ দুটা বাট কাটিছিল তাহানিতে, জ্যোতিপ্ৰসাদ আগৰৱালাই। এটা বাট "জয়মতী"ৰে। আনটো বাট "ইন্দ্ৰ-মালতী"ৰে। চিনে শিল্পৰ বাবে চিনেমা, চিনেমাৰ বাবে চিনেমা "জয়মতী" (২০ মার্চ, ১৯৩৫), বজাৰ কেন্দ্ৰিক চিন্তাৰ "ইন্দ্ৰ-মালতী" (১ আগষ্ট, ১৯৩৯)। "জয়মতী" চিনে শৈলীক পৰৱৰ্তী সময়ত আগুৱাই নিছিল পদুম বৰুৱাই "গঙা চিলনীৰ পাখী"ৰে। এই ধাৰাৰে শেহতীয়া চিনেকৰ্ম "ভিলেজ ৰকষ্টাৰ্ছ" (২৮ ছেপ্তেম্বৰ, ২০১৮) ইত্যাদি।
আনটো বাট--, বজাৰ কেন্দ্ৰিক চিন্তাৰ চিনেমাৰ বাটেৰে অসমীয়া চিনেমাক আগবঢ়াই নিছিল, সফল হৈছিল ফনী শৰ্মা (চিনেমা: চিৰাজ/ ১৬ জানুৱাৰী, ১৯৪৮), ব্ৰজেন বৰুৱা (চিনেমা: ডাক্তৰ বেজবৰুৱা/ ৭ নৱেম্বৰ, ১৯৬৯ ...), নিপ বৰুৱা (আজলী নবৌ/ ২২ফেব্ৰুৱাৰী, ১৯৮০ ...), শিৱ প্ৰসাদ ঠাকুৰ (বোৱাৰী/ ১৫ জানুৱাৰী ১৯৮২ ...) মুনিন বৰুৱা ("হিয়া দিয়া নিয়া"/ ২৫ ফেব্ৰুৱাৰী ২০০০...)।
আজিৰ তাৰিখত আমি এনেদৰ ক'ব পাৰোঁ-- "জয়মতী"ৰে অসমীয়া চিনেমাৰ যি ধাৰা আৰম্ভ হৈছিল, সেই ধাৰাৰে অসমীয়া চিনেমা বহুদূৰ আগবাঢ়ি গৈছে। দেশ-বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত অসমীয়া চিনেমা চৰ্চাৰ বিষয় হৈছে, অস্কাৰৰ দৌৰত অংশ লৈছে। অস্কাৰ দৌৰত অংশ লোৱা এক মাত্ৰ অসমীয়া চিনেমা "ভিলেজ ৰকষ্টাৰ্ছ"ৰ পৰিচালক ৰীমা দাস আজিৰ তাৰিখত দেশ-বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত চৰ্চিত নাম। "বুলবুল কেন চিং" ( ২০ ছেপ্টেম্বৰ ২০১৯), "তৰা'ছ হাছবেণ্ড" (২২ ছেপ্টেম্বৰ, ২০২৩)-ৰ পাছত পৰিচালক গৰাকীৰ চিনে শক্তি আমি অনুভৱ কৰিলোঁ "ভিলেজ ৰকষ্টাৰ্ছ-২"ত (অসমৰ চিত্ৰগৃহলত মুক্তি পোৱা নাই।)।
--এই খিনিতে এনেদৰে চৰ্চা কৰিব পাৰি: "পথের পাঁচালী" সার্থক চিনেকৰ্মৰ বিশুদ্ধ উদাহৰণ। সন্দেহ নাই। ১৯৫৫ চনৰ এই চিনেকর্ম যদি পৰিচালক সত্যজিৎ ৰায়ে আজি, ২০২৪ত কৰিলে হেঁতেন পৰিচালনা শৈলী তেনেকুৱা হ'ল হেঁতেন নে? -- নিশ্চয় নহ'লহেঁতেন। চিনেমাত্মার অপূর্ব "কেমেৰা ভাষা" প্ৰয়োগৰ কথা স্বীকাৰ কৰাৰ পিছতো ক'ম-- সেই সময় "কথা" আৰু "ছবি"ৰ পৰিপাটি ব্যৱহাৰতহে গুৰুত্ব দিয়া হৈছিল। অসমীয়া চিনেমার একাংশ পৰিচালকে কিন্তু সত্যজিত ৰায়ৰ ১৯৫৫ চনৰ পৰিচালনা শৈলীতে খামোচ মাৰি ধৰি আছে। "পথেৰ পাঁচালী" নামৰ "আর্টফিল্ম"ৰ বৃত্তটোৰ মাজত থাকি চিনেকর্ম কৰি আছে। যাৰ ফলত "বিশ্ব চিনেমা"ৰ বহু দূৰতে ৰৈ গৈছে সাৰ্থত চিনেকর্মৰ সম্ভাৱনা থকা কেইবাখনো অসমীয়া চিনেমা। সন্দেহ নাই, "গঙা চিলনীৰ পাখি" (১২ মার্চ, ১৯৭৬) ৰে পৰিচালক পদুম বৰুৱাই "জয়মতী"য়ে আৰম্ভ কৰা শৈলীক আগবঢ়াই নিছিল। আমাৰ ধাৰণাত "গঙা চিলনীৰ পাখি"ত "পথের পাঁচালী"ৰ শৈলীৰ প্রভাৱ পৰিছিল। দৈনিক কাকত 'আজি'ৰ বাবে লোৱা সাক্ষাৎকাৰত আমাৰ এই ধাৰণা অশুদ্ধ বুলি কোৱা নাছিল পৰিচালকগৰাকীয়ে। এই যে "পথেৰ পাঁচালী"ৰ শৈলীৰ প্ৰভাৱ পৰিছিল, সেই বাবেই হয়তো পৰৱৰ্তী সময়ত চিনেমাখনক অসমীয়া চিনেমাৰ পৰিচালক একাংশই সার্থক চিনেকৰ্মৰ 'ব্যাকৰণ' হিচাপে মানিছিল। যাৰ ফলত 'জয়মতী' শৈলীৰ উত্তৰণৰ বাবে চিত্ৰৰসিকে অপেক্ষা কৰিব লগা হৈছিল ২০১৭-১৮ লৈ। "ভিলেজ ৰকষ্টাৰ্ছ" নামেৰে উত্তৰণ সম্ভব হৈছিল, পৰিচালক ৰীমা দাসে "পথেৰ পাঁচালী" নামৰ 'আর্টফিল্ম'ৰ 'বৃত্ত'টোৰ বাহিৰত থাকি চিনেকর্ম কৰা বাবে।- এইখিনিতে স্বাভাৱিকতে উল্লেখ কৰিব লাগিব 'গঙা চিলনীৰ পাখি'য়ে গঢ় দিয়া অসমীয়া চিনেমাৰ শৈলীটোক আগবঢ়াই নিছিল- 'বান', 'হালধীয়া চৰায়ে বাওধান খায়', 'ৱশ্ব 'বিপো', 'সংস্কাৰ', 'অদাহ্য', বৈভৱ', 'নিষিদ্ধ নদী' আদিয়ে।
--ৰীমাৰ লগতে এই ধাৰাটোক মজবুট কৰিছে ভাস্কৰ হাজৰিকা (চিনেমা: কথানদী/ ১৬ ছেপ্টেম্বৰ ২০১৬, আমিষ/ ২২ নৱেম্বৰ ২০১৯), ৰীমা বৰা (চিনেমা: অনুনাদ/ ১৫ জানুৱাৰী, ১৯২৪, বকুল, নৈ/ চিনেমা দুখন অসমৰ চিত্ৰগৃহত মুক্তি পোৱা নাই), জয়ছেং জয় দহোটীয়া (চিনেমা: হান্দুক, জলছবি), হিমজ্যোতি তালুকদাৰ (চিনেমা: তাৰিখ), মঞ্জুল বৰুৱা ( চিনেমা: অনুৰ/ ২৭ জানুৱাৰী ২০২৩), কুলনন্দিনী মহন্ত (চিনেমা: এমুঠি পুঠি/ ১৭ জুন ২০২২), কংকন ডেকা (চিনেমা: উপসৰ্গ/ ২৯ জুলাই ২০২২, বিউটিফুল লাইভ্জ ১৭ ফেব্ৰুৱাৰী ২০১৭), বিশ্বজিৎ বৰা (চিনেমা: বুম্বা ৰাইড /মিচিং ভাষাৰ/ ১৬ ছেপ্তেম্বৰ ২০২২), হিমাংশু প্ৰসাদ দাস (চিনেমা: গৰু/ ২২ জানুৱাৰী ২০২১), শ্ৰুতিস্মৃতি চাংকাকতি (চিনেমা: বিফোৰ স্প্ৰিং) আদিয়ে।
--ড° ভৱেন্দ্ৰ নাথ শইকীয়া, জাহ্নু বৰুৱা, সঞ্জীৱ হাজৰিকা, বিদ্যুৎ চক্ৰবৰ্তী, মঞ্জু বৰা, হেমন্ত কুমাৰ দাস আদিয়ে সাৰ্থক চিনেকৰ্মৰে মজবুট কৰা "চিনে শিল্পৰ বাবে চিনেমা" বাটটোই আজিৰ তাৰিখত "বিশ্ব চিনেমা" চুইছে। আমি গৌৰৱ কৰিব পাৰো। এই বাটত কাম কৰি থকা এই প্ৰজন্মৰ চিনে কৰ্মী সকলৰ পৰা আমি বিশ্ব মানৰ চিনে কৰ্ম আশা কৰিব পাৰোঁ।
--কিন্তু বজাৰ কেন্দ্ৰিক চিনে চিন্তাৰ অসমীয়া চিনেমাই আমাক আশাৰ বাট দেখুৱাব পৰা নাই। "ৰত্নাকৰ" (৯.২৩ কোটি টকা), "মিছন চাইনা" (৬.০৭ কোটি টকা), "শ্ৰী ৰঘুপতি" (১৩.৮১ কোটি) আদিকে ধৰি কেইখন মান "বিগ বাজেট"ৰ চিনেমাই ভাল ব্যৱসায় কৰিছে। কৰিছে বুলি চৰ্চা হৈছে। (অসমীয়া চিনেমাৰ প্ৰকৃত box office collection report সংগ্ৰহ কৰিব পৰা ব্যৱস্থা নাই। প্ৰযোজক পক্ষই দিয়া তথ্যকে সত্য বুলি লোৱা ধৰি লোৱা হয়।) বিপৰীতে ২০১৭-২০২৪ (মিছন ছাইনা-ডেউকা) সময় চোৱাত বজাৰ চিন্তাৰে নিৰ্মাণ কৰা বেছি ভাগ অসমীয়া চিনেমাৰে "বজাৰ" অতি বেয়া বা সামান্য। চিনেমাৰ বজাৰত যাক কোৱা হয়-- ফ্লপ। শেহতীয়া ভাবে "ফ্লপ" হোৱা তিনি খন অসমীয়া চিনেমা-- "চিকাৰ" (২০ ছেপ্টেম্বৰ), "জয় হনুমেন" (১৮ অক্টোবৰ ২০২৪) আৰু "অভিমন্যু" (১৫ নৱেম্বৰ ২০২৪) -ই অসমীয়া চিনেমাৰ "স্থানীয় বজাৰ"ত আৰু সমস্যা বঢ়াইছে। গতিকে সন্দেহ নৰখাকৈ ক'ব পাৰি--, বজাৰ কেন্দ্ৰিক অসমীয়া চিনেমাৰ ভৱিষ্যত সমস্যা কেৱল সমস্যাৰ মাজত।
--"সমস্যা"ৰ কাৰণ?
--এই ধাৰাত চিনেকৰ্ম কৰা বেছি ভাগ পৰিচালক-প্ৰযোজকে নতুন চিনে চিন্তা, বজাৰ চিন্তাৰ পৰা বহু আঁতৰত থাকি কাম কৰে বা নতুন চিনে চিন্তা, বজাৰ চিন্তা কৰিব পৰা ক্ষমতা নাই। এয়া প্ৰথম কাৰণ। দ্বিতীয় কাৰণ-- অসমীয়া আৱেগ, অসমীয়া চিনেমাৰ শিপাৰ পৰা আঁতৰি গৈ সৰহ সংখ্যক পৰিচালকেই বলিউড, তামিল, তেলেগু চিনেমাৰ কাহিনী, শ্বট, ছিকুৱেন্সৰ "copy paste" -ত মন দিছে। অৰ্থাৎ, অসমীয়া চিনেমাৰ এই ধাৰাত কাম কৰা বেছি ভাগ পৰিচাল-লেখক "অসমীয়া চিনেমা"ৰ পৰা আঁতৰি গৈছে। বলিউড, তামিল, তেলেগু চিনেমাৰ শৈলীৰে অসমীয়া চিনেমা নিৰ্মাণ মন দিছে। অসমীয়া চিনেমাৰ এই সকল পৰিচালকে হয়তো মন কৰা নাই-- তামিল, তেলেগু চিনেমাৰ পৰিচালক সকলে নিজৰ শিপাত খামোচ মাৰি উত্তৰণৰ বাট কাটি আহিছে বাবে ভাৰতৰ চিনেমাৰ বজাৰ দখল কৰিব পাৰিছে। আজিৰ তাৰিখত আন আঞ্চলিক চিনেমাৰ বজাৰৰ লগতে বলিউডৰ বজাৰো নিয়ন্ত্ৰণ কৰিছে দক্ষিণ ভাৰতৰ চিনেমাই।
--এয়া অস্পষ্ট নহয়, অসমত অসমীয়া চিনেমাৰ বজাৰ আছে। শিপাত থাকি অসমীয়া চিনেমাৰ বজাৰ চিন্তা অতি কম হৈছে। "মিছন চাইনা"ৰ দৰে চিনেমা অসমীয়া চিনেমাৰ "বজাৰ উত্তৰণ" নহয়, দক্ষিণ ভাৰতীয় চিনেমাৰ বা বলিউডৰ চিনেমা শৈলীৰহে বজাৰ জয়।
--প্ৰথম খন বজাৰ কেন্দ্ৰিক চিন্তাৰে নিৰ্মাণ কৰা অসমীয়া চিনেমা "ইন্দ্ৰ-মালতী"ৰ পৰা শেহতীয়া "ডেউকা" (২২ নৱেম্বৰ ২০২৪) -লৈ "বজাৰ সফল" অসমীয়া চিনেমাৰ সংখ্যা ৫০ খনো নহব।