সোমবার, ২৪ জুলাই, ২০২৩

ডেউকা: তৰালিৰ গীত/১

গীতৰ আত্মা-- গীতৰ কথা। 
সুৰ-সংগীত "আত্মা"ৰ অলংকাৰ। 
কণ্ঠ-গায়কী "আত্মা"ৰ প্ৰাণ, সৌন্দৰ্য।
আৰু সংগীত?
কোৱা হয়-- সংগীত মানৱিক বিজ্ঞানৰ এটা ভাগ। গীত, বাদ্য, নৃত্য-- এই তিনিটাৰ সমন্বয়ত নিৰ্মাণ হয় এই ভাগটো। এই কথা মনত ৰাখি ক'ব পাৰি-- সংগীত "দর্শনেন্দ্রিয় আৰু শ্রবণেন্দ্রিয় দ্বাৰা গ্রাহ্য এক প্রকাৰ প্রৱাহমান নান্দনিক উপস্থাপনজাত অনুভূতি।" 
প্ৰথমবাৰ এটা গীত শুনিছো। স্পষ্টকৈ বা বহু দূৰৰ পৰা ভাহি অহা, অস্পষ্ট কথাৰ। গীতটো শুনি ভাল লাগিল। মানে, সুৰ আৰু গায়কীয়ে মন চুই গ'ল।
--হয়, এই ধাৰণা শুদ্ধ বুলি কোৱা হয়। শ্ৰোতাই যেতিয়া গীত শুনে প্ৰথম দুই-তিনিবাৰ গায়কী-সুৰহে শুনে। তাৰ পাছতহে ক্ৰমে গীতৰ কথা শুনে, গীতৰ কথা অনুভৱ কৰিবলৈ চেষ্টা কৰে। 

২২ জুলাই। আমি গৈ উপস্থিত হৈছিলোঁ সোনাপুৰৰ যথা স্থানত। যথা সময়ত পৰ্দাত দেখিছিলোঁ-- এটা ভাল পোৱাৰ গল্প। কৈশোৰৰ পৰা যৌৱনলৈ গীত আৰু কেমেৰাৰ ভাষাই বোঁৱাই নিয়া নিৰ্মল প্ৰেমৰ গল্প। (আমি এনেদৰে ক'ব পাৰোঁ-- কেমেৰাৰে ধৰি ৰখা পৰিপাটি প্ৰেমৰ গল্প।)
দেখিছিলোঁ; কিন্তু প্ৰথমবাৰ চাব পৰা নাছিলোঁ! চোৱাত বাধা হৈছিল তৰালিৰ কণ্ঠ আৰু সুৰেৰে বোঁৱাই নিয়া "কথা"বোৰ: 
"ডেউকা মেলি উৰে 
 সাঁচি ৰখা বহু কথা..."

"ৰাশি ৰাশি সৌ উর্মিমালা
 থুপি তৰা নীহাৰিকাত..."

"আধাফুলা কথাৰ পকীয়নিত
 বুকুখনি হয় নদী..." 

গীত চোৱাৰ সময়ত শ্ৰোতা-দৰ্শকে "চলমান ছবি"তহে মন দিয়ে। 
অভিনয়, গল্পতহে মন দিয়ে। 
কিন্তু ব্যতিক্ৰম হয় তেতিয়া, যেতিয়া গায়ন শক্তি (The power of singing) -য়ে চিনে শক্তিক নিস্প্ৰভ কৰে। 
--তৰালি শৰ্মৰ "সংগীত প্ৰকল্প" বোৰ তেনেকুৱায়ে, চিনে শক্তি নিস্প্ৰভ কৰিব পৰা।
তৰালি শৰ্মাৰ সুগম সংগীতৰ লগতে শাস্ত্রীয় সংগীত, লোক-সংগীতো দখল আছে। "সুৰকাৰ তৰালি"ৰ নিৰ্মাণৰ বুনিয়াদ অসমৰ লোক-সংগীত (আমাৰ ধাৰণাত)। --এয়া প্ৰথম কাৰণ তৰালিৰ "সুৰ শক্তি"ৰ। দ্বিতীয় কাৰণ-- তৰালিৰ "সংগীত সাহিত্য"তো দখল আছে। আৰু "সংগীত সাহিত্য"তো গুৰুত্ব দিয়ে। "সংগীত সাহিত্য" কেন্দ্ৰীক সুৰ নিৰ্মাণ (ৰাগ ইত্যাদিৰ প্ৰয়োগ) "সুৰকাৰ তৰালি"ৰ গীতৰ বিশিষ্টতা। ব্যতিক্ৰম নহয় "ডেউকা মেলি উৰে..."ও।
"ডেউকা মেলি উৰে..."ৰ কথা গৌতম শৰ্মাৰ। তৰালি-গৌতম যুটিৰ (এই মূহুত্তত মনলৈ অহা) তিনিটা "ছুপাৰ হিট" গীত: 
             ১।হেঙুলীয়া সপোনে...
             ২। অনুৰাগ তোমাৰ বাবে
                  অনুভূতি তোমাৰ বাবে...
              ৩।অভিমানী মনে মোৰ কিয় বিচাৰে
                 নিভঁজুৱা কথাবোৰ সাঁচি থ'বলে...
(আৰু আছে😊) সংগীত by: Utpal Mena


শুক্রবার, ২১ জুলাই, ২০২৩

সংকল্প:

assamese cinema
১৯৮৬ চনত চিত্ৰগৃহলৈ অহা এখন অসমীয়া চিনেমা "সংকল্প"। হেম চন্দ্ৰ বৰাৰ প্ৰথম স্বাধীন পৰিচালনা। চিনেমা খনৰ  আৰু এবাৰ দৰ্শক হোৱাৰ সুযোগ পালোঁ, যোৱা ১২ মাৰ্চ (২০২৩) -ত,
জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰক্ষা গৃহত। 
আকৌ এবাৰ অনুভৱ কৰিলোঁ– এক পৰিপাটি চিনেকৰ্ম। প্ৰায় ৩৭ বছৰ পাছতো চিনেমা খনৰ পৰিচালনা শৈলী, অভিনয় ইত্যাদিত "outdated" আনুভৱ কৰা নাই। গতিসূত্ৰই চিৰসেউজ কৰি ৰাখিছে ৰূপালী গল্পটো।
চিনেমা খনৰ কাহিনী নিৰ্মাণ কৰিছে অসম আন্দোলনক (১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰবেশকাৰীসকলৰ বিৰুদ্ধে কৰা অসমীয়া মানুহৰ আন্দোলন।) কেন্দ্ৰ কৰি। বয়স কম আছিল যদিও সেই আন্দোলন আমি দেখিছিলোঁ, অনুভৱ কৰিছিলোঁ। দেখা, অনুভৱ কৰা সেই আন্দোলন কেন্দ্ৰীক ৰূপালী গল্পটোত “কল্পনা” স্বাভাৱিকতে আছিল যদিও “কল্পনাৰ প্ৰলেপ” অনুভৱ কৰা নাছিলোঁ। নকৰাৰ কাৰণ চিনেমাৰ ভাষা (cinematic language) -ৰ পৰিপাটি প্ৰয়োগ। শ্বট নিৰ্বাচন আৰু সু-গাণিতিক প্ৰয়োগে, মেডহীন সাহিত্যৰ ভাষা প্ৰয়োগে নান্দনিক সৌন্দর্য বঢ়াইছে। পৰিচালকক সহায় কৰিছে ৰঞ্জিত শৰ্মাৰ চিত্ৰনাট্যই।
চিনেমা খনত “অসম আন্দোলন” আছে, সিমান খিনিলৈ আছে, যিমান খিনিলৈ ৰাখিলে, চিনেমা খন প্ৰাসংগিক হৈ থাকিব। 
চিনেমা খনত তপন দাসে অভিনয় কৰা মূল চৰিত্ৰটোৰ নাম ৰমেন। পুলচ বিষয়াৰ পুত্ৰ। উচ্চাকাংখী দেউতাক, ভায়েক, ভাবী ভগ্নীপতিৰ বিপৰীত বিন্দুত ৰমেন। আন্দোলনৰ নেতা। আন্দোলনত দেহে-কেহে খাটিছে যদিও আন্দোলনকাৰীৰ  এটা পক্ষই মানসিক যন্ত্ৰনা দিয়ে ৰমেনক। কাৰণ?
আন্দোলন কালত পুলিচ বিষয়া সকলে ৰমেনক আটক কৰিহে লাঠিচার্জ, গুলি চালনাৰ আদেশ দিয়ে। --বাহিৰত (আন্দোলন স্থলীত) আন্দোলনকাৰীৰ ওপৰৰত পুলিচৰ সন্ত্ৰাস, হাজোতত বন্দী কৰি ৰখা ৰমেনৰ যন্ত্ৰণা। অনাহাৰে যন্ত্ৰণাৰ সময় কটায়। ক্ষোভত হাজোতৰ চিমেণ্টৰ দেৱালতে নহয়, মনৰ দেৱালতো লিখে নিজৰ সংকল্প। 
কাহিনী আগবাঢ়ে। "অসম বন্ধ"ৰে আন্দোলনকাৰীৰ প্ৰতিবাদ। সেই দিনটোতে উচ্চ চাকৰিৰ সাক্ষাৎকাৰৰ বাবে ৰমেনৰ ভাতৃয়ে (অভিনয় কৰিছে প্ৰাঞ্জল শইকীয়াই) বিমানযোগে যাব লাগে। পুলিচ বিষয়াৰ পুত্ৰ, নাযাব নে! ৰমেনৰ ভতৃয়ে বৰঝাৰলৈ বুলি ওলিয় যায় সশস্ত্ৰ পুলিচ বাহিনীৰ লগত। আনফালে আন্দোলনকাৰী। আন্দোলনকাৰীৰ মাজত ৰমেন। পূৰ্বৰ দৰে, চক্রান্তৰে অত্যাচাৰী পুলিচ বিষয়া এজনক লগাই দেউতাকে ৰমেনক আন্দোলন স্থলীৰ পৰা চোচৰাই ভানত তুলি নিয়ে। 
আৰু গুলি চালনাৰ আদেশ দিয়ে। পুলিবিদ্ধ হয় আন এগৰাকীৰ লগতে ৰমেনৰ বন্ধু আফজলো (আভিনয়ত: সঞ্জীৱ হাজৰিকা)। ৰমেনৰ ভাতৃয়ে এন পৰিবেশৰ কথা সপোনতো ভৱা নাছিল! বিমানযাত্ৰা বাদ দি ৰমেনৰ ভায়েকে মৃত আফজলৰ দেহ লৈ আফজলৰ বিধবা মাতৃ আৰু একমাত্র ভগ্নীৰ (অভিনয়ত: পূৰৱী শৰ্মা। এই চৰিত্ৰটোৰ সৈতে ৰমেনৰ প্ৰেমৰ কাহিনী এটাও আগবঢ়াই নিছে।) ওচৰ পালেগৈ। ৰমেনৰ ভায়েকে হাহাকাৰ অনুভৱ কৰিলে।
আনফালে ৰমেন! ৰমেন অকলশৰীয়া হ'ল। সকলো আঁতৰি গ'ল। ছাত্র দলে নেতৃত্বৰ কথা নপতা হ'ল। মানসিক অস্থিৰতা বঢ়িল।  
সমাজ-সময়ো অস্থিৰ হ'ল। শাসকে "কার্ফিউ" জাৰি কৰিলে। "কার্ফিউ" ভংগ কৰা যিকোনো লোকক থিতাতে গুলীয়াই মৰাৰ আদেশ। "আদেশ"ত কলংকৰ স্নানৰ বাট বিছাৰি পালে ৰমেনে। পথবন্ধ কৰি ৰেল লাইনত নিৰ্ভীকভাৱে বুকু পাতি অত্যাচাৰী পুলিচ বিষয়াৰ গুলিত প্রাণ দিয়া বসুমতাৰী, বৰঝাৰত মৃত আফজলৰ আত্মত্যাগে বাট দিলে ৰমেনক। কার্ফিউ উলংঘা কৰিলে। সশস্ত্ৰ প্ৰহৰীৰ গুলি বুকুত ল'লে ৰমেনে।
আন্দোলন স্থৱিৰ নহ'ল, দ্ৰুত হ'ল। নেতৃত্বত-- ৰমেনৰ প্ৰতিকৃতি অংকিত পতাকা লৈ, ৰমেনক পুলিচ বিষয়াৰ ল'ৰা বুলি ইতিকিং কৰা ছাত্ৰজনেই আৰু ভায়েক-ভনীয়েকো (অভিনয়ত: বিদ্যা ৰাও)-য়েকো। এই যে আন্দোলনৰ গতি দ্ৰুত হৈছে, সিমানতে চিনেমা খন শেষ কৰিছে।
আমাৰ অনুভৱত চিনেমা খনৰ প্ৰতিটো চৰিত্ৰ “বাস্তৱ”ৰ পৰা চিত্ৰনাট্যলৈ আনিছে। আৰু তপন দাস, সঞ্জীৱ হাজৰিকা, পূৰৱী শৰ্মা, প্ৰঞ্জল শইকীয়া আদিৰ বাস্তৱিক অভিনয় (realistic acting) -ৰে চৰিত্ৰবোৰ নিৰ্মাণ কৰিছে। আমাৰ অনুভৱত– চিনেমা খনৰ অভিনয়ৰ লগতে ডঃভূপেন হাজৰিকাৰ সংগীতে, স্বপন নায়কৰ কেমেৰাৰ কামে চিনেমা খনৰ সৌন্দৰ্য বঢ়াইছে।

বৃহস্পতিবার, ১৩ জুলাই, ২০২৩

"সঙ্গীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা-২০২৩": মাজুলীৰ অচ্যুত কুমাৰ নাথলৈ

"সঙ্গীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা-২০২৩": মাজুলীৰ অচ্যুত কুমাৰ নাথলৈ


জীৱিত কালতে শিল্পীক যৎকিঞ্চিত সন্মান জনোৱাৰ উদ্দেশ্যে লোক সঙ্গীতৰ আজীৱন সাধক প্ৰভাত শৰ্মাৰ কায়িক বৰ্তমানত প্ৰকাশন গোষ্ঠী চিত্ৰাচলে ২০১৮ চনৰে পৰা প্ৰদান কৰি আহিছিল ‘সঙ্গীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা’। শিল্পী গৰাকীৰ জন্ম তিথি ৭ জুলাইৰ দিনটোতে প্ৰতি বছৰে সংশ্লিষ্ট বঁটা প্ৰাপকৰ নাম ঘোষণা কৰা হৈছিল। সঙ্গীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা সমিতিয়ে  শিল্পী গৰাকীৰ স্মৃতি ৰক্ষাৰ্থে কায়িকভাৱে অবৰ্তমানতো এই বঁটা প্ৰদান অব্যাহত ৰাখিছে। 

বিশেষকৈ লোক সঙ্গীতৰ সাধনাত ব্ৰতী নৱ প্ৰজন্মক উদগনি দিয়াই এই বটা প্ৰদানৰ মুখ্য উদ্দেশ্য। ২০২৩ বৰ্ষৰ এই বঁটাৰ বাবে সংগীতশিল্পী তৰালি শৰ্মা, লেখক-সাংবাদিক উৎপল মেনা, আৰু সাংবাদিক কৃষ্ণ ভূঞাৰ নেতৃত্বত বিশেষ জুৰী মণ্ডলীয়ে মাজুলীৰ   অচ্যুত কুমাৰ নাথক নিৰ্বাচন কৰিছে। আজি এই বঁটা  ৰাজনৈতিক বিশ্লেষক, লেখক মানস কুমাৰ মহন্তই ঘোষণা কৰাৰ পূৰ্বে গুৱাহাটী প্ৰেছ ক্লাবত  অনুষ্ঠিত হয় এক গীত-মাতৰ অনুষ্ঠান -- "প্ৰভাত স্মৰণ"। লোক সংগীতৰ শিল্পী হীৰক জ্যোতি শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত অংশ লয় চিনেমা পৰিচালক মঞ্জু বৰা, মঞ্জুল বৰুৱা, ধীৰাজ কাশ্যপ, সাংবাদিক সঞ্জীৱ কুমাৰ ফুকন আদিৰ লগতে "সন্তান" চিনেমাৰ পৰিচালক অমৰ পাঠকৰ পুত্ৰ কুমাৰজিৎ পাঠকে। 

গাম্ভীৰ্যপূৰ্ণ আজিৰ অনুষ্ঠানত  প্ৰভাত শৰ্মাৰে থকা ঘনিষ্ঠতা আৰু সান্নিধ্যক সোৱঁৰি চমুকৈ বক্তব্য আগবঢ়ায়। বাঁহী বাদনৰে প্ৰভাত শৰ্মাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে শিল্পী পৰমেশ্বৰ বসুমতাৰীয়ে। অনুষ্ঠানত শিল্পী প্ৰভাত শৰ্মাক 'সংগীতশ্ৰী' উপাধি প্ৰদানৰ আৰঁৰ কাহিনী সুন্দৰকৈ তুলি ধৰে সাহিত্য সভাৰ মাণিক আহমেদে।আহমেদে প্ৰভাত শৰ্মাৰ নামত এটা বঁটা প্ৰৱৰ্ত্তনৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনায়। আজিৰ স্মৃতিচাৰন অনুষ্ঠানত মনপৰশা দ্বৈত বাঁহী বাদনৰে অনুষ্ঠানৰ সৌষ্ঠব বঢ়ায় প্ৰয়াত প্ৰভাত শৰ্মাৰ দুই ছাত্ৰ-ছাত্ৰী ক্ৰমে হিমাংশু বণিয়া আৰু গীতিকা তালুকদাৰে।

গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যোৱা 'প্ৰভাতী স্মৰণ' দৰাচলতে আছিল গধুৰ আৰু গাম্ভীৰ্যপূৰ্ণ।


📌থোৰতে অচ্যুত কুমাৰ নাথৰ বিষয়ে: 

মাজুলীৰ বৰগুৰি গাঁৱৰ গজেন নাথ আৰু অমিয়া নাথৰ পুত্ৰ অচ্যুত কুমাৰ নাথ। ৬ বছৰ বয়সৰ পৰাই গুৰু সংস্কৃতিৰ প্ৰতি এক অনন্য টান আছে অচ্যুতৰ। ৬ বছৰ বয়সৰ পৰাই ভাওনা, সংগীতৰ চৰ্চা আৰম্ভ কৰা অচ্যুতে ২০১৫ত নাৰায়ণপুৰত লাভ কৰিছিল শিশু পাঠক সন্মান। ৬ বছৰ বয়সতে জিভাৰ আগত আছিল শ্ৰীমদ্ভাৱগতৰ প্ৰতিটো শ্লোক। সুন্দৰ ভাগৱত পাঠেৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ খুব কম বয়সতে জনপ্ৰিয় হৈ পৰিল অচ্যুত কুমাৰ নাথ। ভাগৱত পাঠ, ভাওনাৰ গীত, বৰগীত, লোকগীত শুদ্ধ ৰূপত পৰিৱেশন কৰাৰ লগতে অচ্যুতে সুন্দৰকৈ বজাব জানে দেৱবাদ্য। লোকসংগীতৰ ক্ষেত্ৰখনত যথেষ্ট দখল আছে এই ২০ বছৰীয়া যুৱকজনৰ। তাৰ উমান কেইবাবাৰো দিছে অচ্যুতে। ২০১৪ত অসম ভিত্তিত বৰগীত প্ৰতিযোগিতাত প্ৰথম, ২০১৫ত অসম মইনা পাৰিজাতত জ্যোতি সংগীতত প্ৰথম, ২০১৯ত অসম ভিত্তিত অনুষ্ঠিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত দ্বিতীয়, ২০২১ত DY365ৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব’ আকাশ চুবৰ মন ছিজন 5ৰ ছেমি ফাইনেলিষ্ট, ২০২২ত ওদালগুৰি কেন্দ্ৰীয় ৰঙালী বিহু প্ৰতিযোগিতাত বিহু কোঁৱৰ সন্মান লাভ কৰিছে অচ্যুতে। অসমৰ জনপ্ৰিয় বিহু দল ভৰালীপৰীয়া বিহু দলৰ মূল কণ্ঠশিল্পী অচ্যুত। ভাওনাৰ জনপ্ৰিয় দোহাৰ ৰূপেৰেও জনাজাত হৈছে অচ্যুত কুমাৰ নাথ। ২০২৩ত মুক্তি লাভ কৰা যুৰীয়া পেঁপা বিহু গীতটোৰ বাবে বিহু মঞ্চত জনপ্ৰিয় হৈ পৰিছিল এই যুৱকজন। মাজুলীৰ ৰাস মহোৎসৱৰ মুখ্য কণ্ঠশিল্পী অচ্যুত কুমাৰ নাথ।