রবিবার, ২৩ ফেব্রুয়ারি, ২০২৫

বিজু ফুকন/ নায়ক

বিজু ফুকন। জন্ম: ১৮ ফেব্ৰুৱাৰী ১৯৪৭, ডিব্ৰুগড়। 

সংগীত আছিল বিজু ফুকনৰ প্ৰিয় বিষয়। সুদক্ষ কংগো বাদক আছিল। "দ্য কুইভাৰ্ছ" (১৯৬৪) নামৰ বাদ্যযন্ত্ৰীৰ দল এটাৰ সদস্য আছিল। অভিনয় কৰাৰ মনো নথকা নহয়! --এদিন হেমন্ত দত্ত (নাট্যকাৰ, গীতিকাৰ, অভিনেতা, পৰিচালক) -ৰ সৈতে গৈ বিজু ফুকনে চিনেমা লেখক-পৰিচালক ব্ৰজেন বৰুৱাক লগ কৰিলে। "সংগীতৰ কাম"ৰ বাবে। ব্ৰজেন বৰুৱা ডিব্ৰুগড়ত ব্যস্ত আছিল, "ডক্তৰ বেজবৰুৱা"ৰ কামত। কথা আগবঢ়াৰ আগতে ব্ৰজেন বৰুৱাই বিজু ফুকনক কৈছিল-- তুমি অভিনয় কৰা! "নায়ক" চেহেৰাৰ ল'ৰ এজনক পৰ্দাৰ আঁৰত ৰাখিলে মোৰ ভাল নালাগিব! (আনহাতে অভিনয় কৰিম বুলি ব্ৰজেন বৰুৱাৰ ওচৰলৈ যোৱা হেমন্ত দত্তই কলা নিৰ্দেশকৰ কাম পাইছিল।) বিজু ফুকনে ব্ৰজেন বৰুৱাৰ কথাৰ পৰা ইমান খিনিয়ে বুজিছিল "ডক্তৰ বেজবৰুৱা"ৰ নায়কৰ চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পালে! --সুযোগহে পালে, শেষ মূহুৰ্তত "নায়ক"ৰ চৰিত্ৰটো নাপালে, সৰু চৰিত্ৰ এটাত অভিনয় কৰাৰ প্ৰস্তাৱ দিছিল ব্ৰজেন বৰুৱাই। ("প্রথম চিনেমাখনৰ কথা নক'বা। পিছল খাইছিলোঁ। তেতিয়া সংঘাতিক লাজ পাইছিলোঁ। কথাটো এনে ধৰণৰ-- ব্ৰজেন বৰুৱাই 'ডক্তৰ বেজবৰুৱা'ৰ বাবে মোক সুযোগ দিয়াৰ কথা বহুতেই জানিছিল। সময়ত 'নায়ক'ৰ চৰিত্ৰটোৰ বাবে নিপন গোস্বামীক লা'লে। পিছত ব্রজেনদাই সৰু চৰিত্ৰ এটাত অভিনয় কৰিবলৈ মাতিছিল। নগ'লোঁ অভিমান কৰি।..." বিজু ফুকনে কৈছিল, আমাৰ প্ৰশ্নৰ উত্তৰত।) প্ৰস্তাৱ গ্ৰহন নকৰিলে। অভিমানত। অভিমান ভাঙিছিল, ব্ৰজেন বৰুৱাই-- "তোমাক ইয়াৰ পাছৰ ফিল্ম খনত লম"বুলি। "ডক্তৰ বেজবৰুৱা"ৰ গীত এটাত চকামকাকৈ বিজু ফুকনক দেখা গৈছিল। "জিলিকি জিলিকা তৰা আকাশৰে…" গীতটোত। 

দুৰ্গা- দি ৱাৰিয়ৰ/ চিনেচৰ্চা

কাহিনী ৰেখা:

দুৰ্গাৰ একমাত্ৰ সন্তান অনুজ বেয়া ল'ৰা নহয়! ছবি আঁকে। ছবি অঁকা টকাৰে মাকৰ সৈতে জীৱন বাটত আগবাঢ়ি যোৱাৰ ইচ্ছা। অনুজে মাকক কয়-- আনৰ ঘৰত আৰু কাম কৰিব নালাগে, ছবি আঁকি কৰা উপাৰ্জনেৰে মাকৰ সৈতে দুসাজ সি ভালদৰে খাব পাৰিব! অনুজৰ দেউতাক নাই, মদ খোৱা বদ অভ্যাসত মৃত্যু হৈছে। ওচৰতে, একেখন চোতালতে খুড়াকৰ ঘৰ। ৰাতি তেতুলৈকে মদ পি আহি বিশৃংখল পৰিবেশ কৰে। পৰ্দাত দেখাত যায় খুড়িয়েকক গালি পাৰি, চিঞৰ বাখৰ কৰা খুড়াকক পছন্দ নকৰে অনুজে। খং কৰে। কিন্তু গল্প কিছু আগবঢ়াৰ পাছতে দেখা যায় "সংগ দোষ"ত স্থানীয় মদ পিবলৈ আৰম্ভ কৰে অনুজে। মদ এৰি এখন্তেকো থাকিব নোৱাৰা হয়! মৃত্যুৰ বাটত খোজ দিয়ে অনুজে। সৎ ব্যক্তি গাঁওবুঢ়াৰ (অভিনয়ত: জয়ন্ত দাস) সহায়ত দুৰ্গাই পুতেকক নিচামুক্তি কেন্দ্ৰত ৰাখে যদিও পলাই আহে। কাহিনী ৰেখালৈ আহে আন এক "ঘটনা"-- স্থানীয় মদৰ বিষক্ৰিয়াত কেইবাজনো লোকৰ মৃত্যু হয়। কাহিনী আগবাঢ়ে-- দুৰ্গাই অন্য ৰূপ লয়, স্থানীয় মদ বেপাৰীৰ বিৰূদ্ধে সংগ্ৰাম আৰম্ভ কৰিলে। হাজাৰ হাজাৰ মহিলাৰ লগতে পুৰুষেও সমৰ্থন কৰিলে। কাহিনীৰ শেষ বিন্দুত-- ৰাজনীতিৰ পাকত পৰি চৰকাৰে মদ নিষিদ্ধ কৰিলে। অনুজে আকৌ হাতত তুলিকা লৈ কেনভাচত ৰং বোলালে। 

চিনেমা খনৰ নাম-- "দুৰ্গা- দি ৱাৰিয়ৰ"। কিশোৰ তহবিলদাৰৰ পৰিচালনা।

পৰিচালনা:

 চিনেমা খনত ব্যৱহাৰ কৰা কেমেৰাৰ ভাষা, সাহিত্যৰ ভাষাৰ ব্যৱহাৰ "গল্প" কেন্দ্ৰিক। পৰিপাটি। কিন্তু গতি ছন্দহীন, পৰিপাটি শ্বটক ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ কৰাত সফল বুলিব নোৱাৰি। পৰিচালকৰ গল্প কেন্দ্ৰিক চিন্তা (আৰু বিষয়-বস্তু) ৰূপালী গল্পটোৰ ইতিবাচক দিশ। পৰিচালকে (আৰু সম্পাদকে) গল্পটোৰ গতিত আৰু কিছু পৰিশ্ৰম কৰিলে হয়তো মুকলি মনেৰে প্ৰসংশা কৰাৰ বাট পালো হেতেন! মূল বিষয়-বস্তুৰ লগতে পৰিচালকে মানৱ অধিকাৰ, নিচামুক্তি কেন্দ্ৰ ইত্যাদি চুই গৈছে অতি কম ফুটেজ খৰচ কৰি। চুই গৈছে "মোবাইল ফোবিয়া" ইত্যাদি। এই যে চুই গৈছে, চুই যাওঁতে কাহিনীৰ গতিয়ে বাধা পাইছে। --হয়, কাহিনীৰ শেষ বিন্দুত "মোবাইল ফোন"ৰ প্ৰয়োগ ব্যৱহাৰ হৈছে; (এজন যুৱকে "ভাইৰেল হ'ব" বুলি স্থানীয় মদ বেপাৰী এজনে দূৰ্গাক মাৰ ধৰ কৰাৰ ভিডিঅ' এটা সামাজিক মাধ্যমত  আপলোড কৰিলে। সফল হ'ল। আৰু দূৰ্গাই মদৰ বিৰূদ্ধে প্ৰতিবাদ আগবঢ়াই নিয়াৰ বাট পালে।) কিন্তু "মোবাইল ফোবিয়া" স্পষ্ট কৰাৰ বাবে অযথা ফুটেজ খৰচ কৰাৰ প্ৰয়োজন নাছিল। (ৰূপালী গল্পটোৰ ক্ষতি কৰিছে।)

গল্পৰ গতিত কেমেৰাৰ ভাষাৰে গাঁৱৰ পৰিবেশ নিৰ্মাণ কৰা, সাহিত্য-কেমেৰাৰ ভাষাৰে চুলাই মদৰ ভাটি আদিৰ ছিকুৱেন্স বাস্তৱৰ ওচৰলৈ নিয়া-- পৰিচালকৰ ইতিবাচক কাম। আন এক ইতিবাচক কাম-- সংলাপ ব্যৱহাৰত লেখক-পৰিচাক সংযত। চিনেমা খনৰ পৰিচালক-লেখক তহবিলদাৰৰ প্ৰথম পৰিচয় নাট্যকৰ্মী। কিন্তু ৰূপালী গল্পটো "নাটক" মুক্ত।

সংগীত:

চিনেমা খনৰ সংগীত তৰালি শৰ্মাৰ। কাহিনীৰ গতিত লোক সংগীত-বাদ্য ব্যৱহাৰত গুৰুত্ব দিছে। পৰিবেশ নিৰ্মাণত, কাহিনীৰ গতি নিৰ্মাণত সংগীতে সহায় কৰিছে; কিন্তু ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ হোৱা নাই।

অভিনয়:

পৰিচালকে প্ৰতিটো চৰিত্ৰ বাস্তৱিক অভিনয়ৰে নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছে। চৰিত্ৰ নিৰ্মাণ কৰিছে  দীপা দাস ,অক্ষেন্দ্র দাস, সিদ্ধার্থ শর্মা, ৰুমী ভূঞা, অমন তহবিলদাৰ, জয়ন্ত দাস, মহেন্দ্র দাস, কবিন দাস, জুৰী দেৱী, ঈশান হাজৰিকা, পাপৰি মেধি, অসীম কৃষ্ণ বৰুৱা আদিক লৈ।

শেষত:

ৰূপালী গল্পটোৰ বাৰ্তা (message)--অসমতো মদ বন্ধ কৰিব পাৰি! অসমৰ নাৰী সমাজে মন বন্ধৰ বাট কাটিব পাৰে! 

--উৎপল মেনা

প্ৰকাশ: দৈনিক জনমভূমি (২৮/০৩/২০২৫)

অসমীয়া চিনেমা

শনিবার, ২২ ফেব্রুয়ারি, ২০২৫

ৰঘুনাথ/ নাট্যচৰ্চা

নৈ পৰীয়া ৰঘুনাথ-জানকীৰ একমাত্ৰ কিশোৰী সন্তানক পানীয়ে উটুৱাই নিলে। নদী পাৰ হৈ পঢ়াশালিলৈ যোৱাৰ বাটত। সিটো পাৰত পঢ়াশালি। সিটো পাৰ পাবলৈ  দলং নাই। ৰঘুনাথেই গাওঁ খনৰ এক মাত্ৰ পিতৃ, যিয়ে সন্তানক পঢ়াশালিত নাম ভৰ্তি কৰি দিছে। যদি মথাউৰিৰ কামবোৰ ঠিক মতে হ'ল হেতেন, ৰঘুনাথ-জানকীয়ে সন্তানক হেৰুওৱা বেদনা সহ্য কৰিব নালাগিল হেতেন! মথাউৰিৰ কাম কৰি ঠিকাদাৰ, আনকি মন্ত্ৰী-বিধায়কো ধনী হয়। মৰে পাৰৰ মানুহবোৰ। উপাইহীন ৰঘুনাথ হতে নিজে মথাউৰিত মাটি পেলাই বানৰ পৰা ৰক্ষা পাবলৈ চেষ্টা কৰে। ৰক্ষা পাই জানোঁ! সন্তানৰ মৃত্যুৰ শোকত স্থবিৰ হৈ নাথাকিল ৰঘুনাথ। আহাৰ, নিদ্ৰা, মৈথুনৰ মাজত থাকিও ৰঘুনাথে চিন্তা কৰে সিপাৰলৈ যাবলৈ এখন দলং হ'ব! ইপাৰতে এখন পঢ়াশালি হ'ব! গাওঁ খনৰ উন্নতিৰ বাট বিছাৰি পায় ৰঘুনাথে--, ধৰ্ম। এটা মিছা সপোনৰ আশ্ৰয় ল'লে ৰঘুনাথে-- ভগৱানৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক হোৱা সপোনৰ (ৰঘুনাথে পুখুৰীত এটা প্ৰাচীন মূৰ্তি পাইছে। তাত মন্দিৰ নিৰ্মাণ কৰি স্থাপন কৰা উচিত!)। গাওঁ খনত চৰ্চাৰ বিষয় হ'ল-- ৰঘুনাথৰ সপোন। বাহিৰৰ মানুহেও জানিলে, গাওঁ খনলৈ দৃশ্য মাধ্যমৰ সাংবাদিক আহিল। সংবাদ মাধ্যমে টি আৰ পি বঢ়োৱা "সংবাদ" পালে! 

কাহিনী আগবাঢ়ে-- মিছাৰ আশ্ৰয় লৈ ৰঘুনাথে ভয় খালে। আন পক্ষৰ পৰা পোৱা অত্যাচাৰেও দুখ দিলে ৰঘুনাথক। মনলৈ আত্মহত্যাৰ চিন্তা আহিল, জানকীৰ সৈতে মৃত্যুৰ বাটত খোজ দিবলৈ লোৱাৰ সময়তে "চিন্তা" ৰূপান্তৰ হয়-- ভাল লগা সময়লৈ, গাঁৱত মন্দিৰ হ'ব, স্কুল হ'ব, দলং হ'ব! 

--নগাঁৱৰ ননৈৰ অভিমুখ নাট্যগোষ্ঠীৰ নাটক "ৰঘুনাথ"ৰ কাহিনী ভাগ আমি এনে ধৰণেই আনুভৱ কৰিছোঁ। কাহিনী, অভিনয়, বিষয়-বস্তু নাটক খনৰ প্ৰথম সৌন্দৰ্য নহয়। প্ৰথম সৌন্দৰ্য-- নাট্যচিন্তা, পৰিচালনা শৈলী। নাটকীয় উন্নতি স্পষ্ট-- সংগীত শব্দ আৰু পোহৰক গুৰুত্ব দি অভিনয় কলাৰে উপস্থাপন কৰা বিষয়-বস্তু, গতি দিয়া কাহিনী। কাহিনীৰ গতিত সংলাপ শব্দৰ ব্যৱহাৰ কম। ব্যৱহাৰ কৰা সংলাপ স্বাভাৱিক, পৰিপাটি। ব্যৱহাৰ কৰা সংগীত (বাদ্যকে ধৰি)-নৃত্য শৈলী থলুৱা, শিপাৰ। সংগীত-নৃত্য নাটক খনৰ অলংকাৰ পৰ্যায়ত ৰখা নাই, সৌন্দৰ্য বঢ়াই কাহিনীৰ অংগলৈ উত্তোৰণ কৰাইছে। তেনেদৰে অভিনয় শিল্পীক ষ্টেজ প্ৰপাৰ্টি (Stage Property) -লৈ ৰূপান্তৰ কৰি আন এক নাট্য-সৌন্দৰ্য ৰচনা কৰিছে পৰিচালক বিদ্যুৎ কুমাৰ নাথে। পৰিচালক নাটক খনৰ নাট্যকাৰ, নাম ভূমিকাত অভিনয় কৰা অভিনেতা। আন কেইগৰাকী অভিনয় শিল্পী-- হিমাংশু দেউৰী, পৰেশ দাস, প্ৰাণজিত বৰা, ৰাজদ্বীপ বৰা, ৰূপম শইকীয়া, যুতৃষ্ণা গোহাঁই, জ্যোৎস্না সেনাপতি। সংগীত: গৌতম নাথ। পোহৰ: গৌতম শইকীয়া। সাজসজ্জা, মঞ্চসজ্জা, নাটকীয় সামগ্ৰী: টীম ৰঘুনাথ।

শেষত:

সন্দেহৰ অৱকাশ নাই-- "ৰঘুনাথ" উৎকৃষ্ট নাট্যকলা। কিন্তু নাটকাৰে কাহিনী নিৰ্মাণৰ সময়ত আৰু কিছু মনোযোগ দিয়াৰ প্ৰয়োজন আছিল। নাটক খনৰ দৰ্শক হৈ থকা সময়ত স্বাভাৱিকতে দৰ্শকৰ মনলৈ আহিছিল--মাক-দেউতাকে কিশোৰী গৰাকীক অকলে নদী পাৰ হৈ পঢ়াশালিলৈ যাব দিছিল কিয়? --দৰ্শকক এনে চিন্তাৰ বাট নাট্যকাৰে দিব নালাগিছিল।

শুক্রবার, ২১ ফেব্রুয়ারি, ২০২৫

ৰক্তপুষ্প /নাট্যচৰ্চা

"ৰক্তপুষ্প"-- মূল মাৰাঠী নাটক (নাট্যকাৰ: মহেশ এলকোনচৱাৰ)। নাটক খনৰ ইংৰাজী অনুবাদৰ পৰা অসমীয়ালৈ ৰূপান্তৰ কৰি, পৰিচালনা কৰিছে ডাঃ জাহানাৰা বেগমে। মূল চৰিত্ৰটোত নাট্যকৰ্মী গৰাকীয়ে অভিনয়ো কৰিছে। নাটক খনৰ বিষয়-বস্তু: নাৰীৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অৱস্থা ’ৰজোনিবৃত্তি’ (Menopause)। বিষয়-বস্তুক পৰিপাটিকৈ আগুৱাই নিছে পৰিপাটি সংলাপ আৰু অভিনয়ে। প্ৰতিটো "চৰিত্ৰ"ৰে অভিনয় মাৰ্জিত। সংলাপ প্ৰক্ষেপণ, শাৰিৰীক আচৰণ "অতি নাটকীয়" মুক্ত। ভাল লগা আন এটা দিশ-- মঞ্চ পৰিকল্পনা। কাহিনীৰ গতি-- এটা ঘৰৰ তিনিটা কোঠালী। কাহিনীৰ গতিত মঞ্চ পৰিৱৰ্তন কৰিব নলগাকৈ পৰিকল্পনা কৰা "ডিজাইন"-এ আমাক আকৰ্ষণ কৰিছে নাটক খনৰ বিষয়-বস্তু, কাহিনীৰ মাজলৈ যোৱাৰ আগতে। "মঞ্চ সৌন্দৰ্য" বঢ়াইছে সংগীত আৰু পোহৰ "ডিজাইন", প্ৰয়োগে। আমি এনেদৰে ক'ব পাৰোঁ-- নাটক খনৰ সম্পূৰ্ণ "ডিজাইন", পৰিকল্পনা পৰিপাটি।
নাটক খনৰ মূল বিন্দু (চৰিত্ৰ) ডাঃ জাহানাৰা বেগমে অভিনয় কৰা চৰিত্ৰটো। মূল বিন্দুৰ সৰল ৰৈখিক গতিত আৰু চাৰিটা চৰিত্ৰ গুঠা হৈছে। (এটা চৰিত্ৰ ফটো ফ্ৰেমত। মূল চৰিত্ৰটোৰ সন্তান। সৈনিক আছিল। মৃত্যু হৈছে।) তিনিটা চৰিত্ৰ-- মূল চৰিত্ৰটোৰ স্বামী, পোন্ধৰ বছৰীয়া ছোৱালী সন্তান আৰু ছোৱালী গৰাকীৰ প্ৰায় সম বয়সৰ এজন পেয়িং গেষ্ট। নাট্যকাৰে প্ৰতিটো চৰিত্ৰ ব্যৱহাৰ কৰিছে "বিষয়-বস্তু"ক কাহিনীৰে গতি দিয়াত।
--সংগীতৰ মাজেৰে, "প্ৰেম পত্ৰ"ৰ মাজেৰে, মায়াময় পোহৰৰ মাজেৰে মূল বিন্দুৰ গতি। চৰিত্ৰটোৰ মনৰ মাজত আস্থিৰতা! "চৰিত্ৰ"টোৱে নিজেও বুজিব পৰা নাই--কি হৈছে! নকবলগীয়া কথা কৈছে, জীয়ৰীৰ প্ৰতি মৰম আছে; কিন্তু নকবলগীয়া কথাৰে জীয়ৰীক অসন্তুষ্ট কৰিছে, অজুহাট পালেই স্বামীৰ সৈতে কাজিয়া কৰিছে। ইত্যাদি।  মূল বিন্দুটো ৰেখালৈ ৰূপান্তৰ হোৱাৰ সময়ত স্পষ্ট হয়, মনোদৈহিক অস্থিৰতা-- ৰজোনিবৃত্তিৰ সময়ত হোৱা জটিলতাৰ বাবে। নাট্যকাৰে বিষয়-বস্তুৰে পোন্ধৰ বছৰীয়া নাৰী চৰিত্ৰ এটিকো চুইছে। "বিষয়-বস্তু"ৰ এই গতিত চুই গৈছে মূল চৰিত্ৰত অভিনয় কৰা  ডাঃজাহানাৰা বেগমে। খোজ-কাটাল, চেহেৰাৰ ভাষা, সংলাপ প্ৰক্ষেপনেৰ "চৰিত্ৰ"টোৰ মনৰ মাজৰ হাহাকাৰক আউল নলগাকৈ দৰ্শকৰ মাজলৈ লৈ গৈছে। অভিনেত্ৰী  জাহানাৰা বেগমৰ দৰে সফল পৰিচালক  জাহানাৰা বেগমো। --নাটক খনৰ দৰ্শক হৈছিলোঁ জ্যেতিৰূপা নাট সমাৰোহত।

সোমবার, ১৭ ফেব্রুয়ারি, ২০২৫

মিৰবীন/ চিনেৰ্চা

মৃদুল গুপ্তাৰ পৰিচালনা-- "মিৰবীন"। চিনেমা খনত ব্যৱহাৰ কৰা সাহিত্যৰ ভাষা-- কাৰ্বি। চিনেমা খনত প্ৰয়োগ কৰা সংগীত শব্দ-- কাৰ্বি লোক সংগীত (সংগীত তৰালি শৰ্মাৰ। চিনেমা খনৰ বিশেষ ৰূপালী সৌন্দৰ্য। বাঁহী বাদ্যক গুৰুত্ব দিছে। গীত ব্যৱহাৰ কৰিছে, কাহিনীৰ গতিত।)। চিনেমাৰ কাহিনী নিৰ্মাণৰ বুনিয়াদ-- ২০০৫ চনত কাৰ্বি আংলঙৰ উগ্ৰপন্থী বিবাদ। অশান্ত পৰিবেশত সাধাৰণ মানুহৰ জীৱন বিপদৰ মাজত সোমাই পৰিছিল, আত্মিয়ক হেৰুৱাইছিল, ঘৰ-সম্পত্তি হেৰুৱাইছিল, নিৰ্জাতনৰ বলি হৈছিল। এটা কাহিনীৰে সেই "দুঃসময়" পৰ্দালৈ আনিছে পৰিচালকে। কাহিনীৰেখাৰ মূল বিন্দু-- মিৰবীন নামৰ এগৰাকী কাৰ্বি গাভৰু। সৰুতে তাই আইতাকে কোৱা "ছেৰডিহুন" কথা শুনিছিল। "ছেৰডিহুন" কাৰবি জনগোষ্ঠীৰ এগৰাকী কিংবদন্তি মহিলা চৰিত্ৰ। কোৱা হয়  "ছেৰডিহুনে" কাৰ্বি তাঁতশালৰ সামগ্ৰীত ৰঙৰ প্ৰয়োগ আৰু ডিজাইন উদ্ভাৱন কৰিছিল। --এই চৰিত্ৰটোই মিৰবীনৰ সংবেদনশীল মনটোক চুইছিল, ৰৈ গৈছিল, এক অৰ্থপূৰ্ণ জীৱনৰ সন্ধান কৰে, সন্ধান কৰি মনত হাহাকাৰ অনুভৱ কৰে।

২০০৫ চন। কাৰ্বি আৰু অন্যান্য জাতি-জনগোষ্ঠীৰ মাজত সংঘৰ্ষৰ ৰক্তাক্ত সময়ৰ মাজত হাহাকাৰ অনুভৱ কৰে মুক্ত মনৰ মিৰবীনে। তাইৰ মনৰ হাহাকাৰ আৰু বাঢ়ে তাই ভাল পোৱা বিদ্ৰোহী যুৱক লংকীয়ে এটা বেলেগ সম্প্ৰদায়ৰ এজন শ্ৰদ্ধাৰ ব্যক্তিক হত্যা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা, বিদ্ৰোহীৰ নৃশংসতাত তাইৰ বন্ধু কাবান আৰু বহু আত্মীয়ৰ মৃতুত। ইমানতে মিৰবীনৰ যন্ত্ৰনা শেষ নাহয়। তাইৰ সৰু গাঁওখনৰ ঘৰ জ্বলিল, আক্ৰমণকাৰীয়ে হিংস্ৰভাৱে তাইক ধৰ্ষণ কৰিলে। ইমানৰ পাছতো তাইক শক্তি দিছিল "ছেৰডিহুনে"। তাই জীৱনৰ পোহৰ দেখিছিল, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ছিৰিকালচাৰ বিভাগে প্ৰচাৰ কৰা এখন প্যামফ্লেটে (Pamphlet)

পোহৰৰ সন্ধান দিলে। বস্ত্ৰশিল্পৰ সৈতে জড়িত চৰকাৰী আঁচনিসমূহে মিৰবীনক জীৱনৰ নতুন বাট দিলে।

--পৰিচালকে মূল বিন্দুৰ গতিত কাৰ্বি সমাজৰ সেই সময়ৰ উত্তাল-আশান্ত পৰিবেশ পৰিপাটিকৈ চিত্ৰায়ণ কৰিছে কেমেৰাৰ ভাষাক গুৰুত্ব দি। এই খিনিতে অৱশ্যেই উল্লেখ কৰিব লাগিব-- কেমেৰাৰ ভাষা প্ৰয়োগত কেইবাটাও ছিকুৱেন্সৰ সৌন্দৰ্যৰ  ক্ষতি কৰিছে, কৃত্ৰিমতাই। আৰু আমাৰ ধাৰণাত পৰিচালকে কাহিনীৰ "গতি সৌন্দৰ্য"তকৈ "চৰিত্ৰ সৌন্দৰ্য" আৰু "দৃশ্য সৌন্দৰ্য"ত বেছি গুৰুত্ব দিছে। চুই যোৱা ছিকুৱেন্স, শ্বট নিৰ্মাণৰ বিপৰীতে ৰূপালী গল্পটোৰ নেতিবাচক দিশ-- কেমেৰাৰ ভাষাৰে পৰিচালকে বিষয়-বস্তুৰ গভীৰতালৈ (depth) যোৱা নাই বা যাব পৰা নাই। কাহিনীৰ গতিত-- ভয়ত "চৰিত্ৰ" অস্থিৰ হৈছে; কিন্তু অস্থিৰতাই দৰ্শকক চুব পৰা নাই। মিৰবীন, আন চৰিত্ৰৰ যন্ত্ৰণাই দৰ্শকক চুব পৰা নাই। 

 (লিখি আছোঁ)

বৃহস্পতিবার, ১৩ ফেব্রুয়ারি, ২০২৫

ওপজা সোণৰ মাটি /চিনেচৰ্চা

পৰিচালক: ব্ৰজেন বৰুৱা

লেখক: জীৱন বৰা, ব্ৰজেন বৰুৱা

প্ৰযোজক: মেচাৰ্চ প্ৰগতি চিনে প্ৰ’ডাকচন লিঃ

চিত্ৰগ্ৰহণ: নলিন দুৱৰা

সংগীত: ৰমেন বৰুৱা

আভিনয়ত: ব্ৰজেন বৰুৱা, প্ৰশান্ত হাজৰিকা, মীনা দাস, অনুৰাধা দেৱী, মঞ্জুলা শইকীয়া (বৰুৱা), পৰমেন্দ্ৰ ভূঞা, পৰেশ বৰা, বিজু ফুকন আদি।

চিত্ৰগৃহলৈ: ১৯৭২



কাহিনী:

ঊনৈশ শতিকাৰ শেহৰ পিনে ভাৰতত সমবায় আন্দোলনে গতি লৈছিল। কাৰণ দুটা-- অৰ্থনৈতিক সংকট, অশান্ত অৱস্থা। এই বিষয়-বস্তুৰে "ওপজা সোণৰ মাটি" চিনেমা খনৰ কাহিনীক গতি দিছিল। ৰূপালী গল্পটোৰ পটভূমি চহৰৰ পৰা বহু আঁতৰৰ এখন গাওঁ-- কদমণি। কাহিনীৰ মূল বিন্দু-- হেমন্ত শইকীয়া, সেই গাঁৱৰে এজন শিক্ষিত নিবনুৱা যুৱক। কাহিনীলৈ আহে দুটা চৰিত্ৰ-- শিৱৰাম কাকতি আৰু তেওঁৰ জীয়েক পূৰ্ণিমা। এই দুই চৰিত্ৰই হেমন্তক নিজৰ মাটিত খেটি-বাতি কৰিবলৈ পৰামৰ্শ দিয়ে। হেমন্তই তাকেই কৰিলে, বৈজ্ঞানিক পদ্ধতিৰে সমবায় ভিত্তিত খেতি কৰাত মন দিলে। গাঁওৰ কেইজনমান যুৱকক লৈ খেতিৰ কামত আগবাঢ়িল। এটা ৰাষ্ট্ৰীয়কৃত বেংকলৈ গৈ ঋণৰ বাবে আবেদন কৰিলে। এই কথা ভাল নাপালে গাঁৱৰে সুদখোৰ মহাজন উমাৰামে। উচ্চহাৰৰ সুদত মাটি বন্ধকী লৈ গাঁওৰ মানুহক শোসন কৰি থকা উমাৰামে ভয় খালে-- বেংকৰ পৰা যদি গাৱবাসীয়ে ঋণ ল’বলৈ আৰম্ভ কৰে তেওঁৰ ওচৰলৈ আৰু কোন আহিব! 

--আনহাতে হেমন্ত-পূৰ্ণিমাৰ প্ৰেম কাহিনী আগবাঢ়ে। হেমন্ত-পূৰ্ণিমাৰ ভাল পোৱাও উমাৰামে সহজভাবে ল’ব পৰা নাছিল। 

--হেমন্তৰ দেউতাকে উমাৰামৰ ওচৰত মাটি বন্ধকী থৈছিল। সেই মাটিত কাৰখানা খুলিবলৈ উমাৰামে চহৰৰ এজন চহকী মানুহ নিৰ্মল হাজৰিকাক টানি ধৰে।  হাজৰিকা মান্তি হয়, বিপৰীতে হাজৰিকাৰ পুত্ৰ পঙ্কজ আৰু জীয়েক অৰ্পণা ঠিয় হয়। পঙ্কজ হেমন্তৰ পুৰণি বন্ধু। অৰ্পণাৰ হেমন্তৰ প্ৰতি মনতে মৰম ভাব আছে। হাজৰিকাই পুত্ৰ পঙ্কজক ঘৰৰ পৰা বাহিৰ কৰি দিলে। পঙ্কজ গৈ এখন ট্ৰেক্টৰ লৈ হেমন্তৰ ওচৰ পালে। 

আনহাতে জীয়েক অৰ্পণাই হাজৰিকাৰ কাৰখানা খোলাৰ বাটত বাধা হৈ ঠিয় হৈ থাকিল। আৰু এদিন হাজৰিকাই অনুভৱ কৰিলে কাৰখানা নিৰ্মাণৰ সিদ্ধান্ত শুদ্ধ নহয়। আৰু নিজৰ ভুল উপলব্ধি কৰাৰ পাছত কদমণিলৈ গ’ল, পুত্ৰৰ ওচৰলৈ। গৈ দুখৰ মুখা-মুখী হ'ল, পুত্ৰ পংকজৰ মৃত্যু দেখিলে। 

কাহীনী ৰেখাৰ শেষ বিন্দুত-- হাজৰিকাই সেউজ বিপ্লৱ্ৰৰ লক্ষ্যৰে গঠিত হেমন্ত হতৰ কৃষি সমবায় সমিতিৰ সৈতে জড়িত হ'ল।

অভিনয়, কাহিনীৰ গতি:

প্ৰতিটো চৰিত্ৰ বাস্তৱিক আভিনয়ৰে নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিল। অভিনয়ৰ লগতে কাহিনীয়ে দৰ্শকক চুব পাৰিছিল। কিন্তু কাহিনীৰ গতি মন্থৰ আছিল।

সংগীত: 

কাহিনীৰ গতিত চিনেমা খনত তিনিটা গীত ব্যৱহাৰ কৰিছে। গীত তিনিটা-- "কাকিনী তামোলৰ পাত লৰে-চৰে..." (কথা: কেশৱ মহন্ত, কণ্ঠ: পাহাৰী শইকীয়া), "এই ভালপোৱা যদি হয় ভৰা নদী..." (কথা: কেশৱ মহন্ত, কণ্ঠ: পাহাৰী শইকীয়া, দীপেন বৰুৱা), "অ’ আঘোণৰে আলফুলী বতাহচাটি..." (কথা: কেশৱ মহন্ত, কণ্ঠ: পাহাৰী শইকীয়া, দীপেন বৰুৱা, ৰমেন বৰুৱা, নীলিমা খাতুন আদি)। ৰমেন বৰুৱাৰ সুৰ ৰচনা কৰা গীত আৰু আৱহ সংগীত চিনেমা খনৰ সৌন্দৰ্য।

শেষত:

চিনেমা খনলৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আহিছে, শ্ৰেষ্ঠ আঞ্চলিক চিনেমা শিতানত। ১৯৭২ চনত।


বুধবার, ৫ ফেব্রুয়ারি, ২০২৫

বোৰ্খা/ চিনেচৰ্চা

পৰিচালক-প্ৰযোজক: হীৰেন বৰা

লেখক: (কাহিনী)জিতুমণি বৰা, (চিত্ৰনাট্য) নৰেন পাটগিৰি

সংগীত: তৰালি শৰ্মা

কলা নির্দেশক: পংকজ বেজবৰুৱা

চিত্ৰগ্ৰহণ: পাপু ডেকা

সাজসজ্জা: ৰ’জী বৰা

সম্পাদনা: দীপক মণ্ডল

শব্দগ্রহণ: বলেন পাঠক

ৰি-ৰেকৰ্ডিং: হিমান্ত কুমাৰ গগৈ, কল্পনা ভূঞাঁ গগৈ

অভিনয়: যতীন খনিকৰ, ৰ’দালী বৰা, ৰঞ্জিত কুমাৰ দাস, ডাঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা, ডাঃ নৰেশ্বৰ শৰ্মা, ৰ’দালী বৰা, দুর্গাশ্ৰী বৰা, আদ্রিতা পৰশা মহন্ত, ৰ’জী বৰা, অহিত খান, দীপাংকৰ দেৱ বৰাল, জেচমিন খাতুন, ৰেজাউল কবিৰ, আজাদ উচমান গনি, কাচভি বৰুৱা আহমেদ আৰু শিশু শিল্পী নিৰজ শৰ্মা।

বিশেষ সম্প্ৰদায়ৰ এজনী ছোৱালী। শিক্ষাৰ বাটত আগবঢ়াৰ সপোন দেখে। বোৰ্খাৰ পৰা মুক্ত হৈ মুকলি বাটেৰে নিজকে আগুৱাই নিব বিছৰা ছোৱালী জনীয়ে শেষত সফলতাৰ বাট দেখে। ছোৱালী জনীৰ সপোন আৰু অসমৰ চৰ আঞ্চলৰ সমাজ জীৱনক লৈ নিৰ্মাণ হৈছে এখন চিনেমা। --চিনেমা খনৰ নাম "বোৰ্খা-- The Veil"। পৰিচালক: হীৰেণ বৰা। সাংবাদিক-লেখক জিতুমণি বৰাৰ কাহিনীৰ আধাৰত চিনেমা খনৰ চিত্ৰনাট্য লিখিছে নৰেন পাটগিৰিয়ে। 

--চিনেমা খনৰ সৌন্দৰ্য মূল চৰিত্ৰত ৰ’দালী বৰাই কৰা অভিনয়। অভিনেত্ৰী গৰাকীৰ চেহেৰাৰ ভাষা চুই যাব পৰা। কিন্তু চৰিত্ৰটো নিৰ্মাণত পৰিচালক বিফল। সাজসজ্জা-ৰূপসজ্জাত পৰিচালকে মন দিব লাগিছিল। কাহিনীৰ শেষ বিন্দুত "চৰিত্ৰ"টো বোৰ্খাৰ পৰা মুক্ত হয়। বোৰ্খা দলিয়াই দিয়ে। দলিয়াই দিয়াৰ পাছত "চৰিত্ৰ"টোৰ শৰীৰ দৰ্শকে দেখা পোৱা সাজত দৃষ্টি দিলেই পৰিচালকে নিশ্চয় নিজৰ ভুল অনুভৱ কৰিব! --চিনেমা খনৰ আন এটা চৰিত্ৰ নিৰ্মাণ কৰিছে যতীন খনিকৰক লৈ। বাস্তৱিক অভিনয়। ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ হোৱা অভিনয়। এই চৰিত্ৰটো নিৰ্মাণতো পৰিচালকক মুকলি মনেৰে প্ৰশংসা কৰিব নোৱাৰি। কেইবাটাও ছিকুৱেন্সত "চৰিত্ৰ"টোক গতি লোৱাত বাধা দিয়া হৈছে, সম্ভৱতঃ সম্পাদনাৰ টেবুলত। --চিনেমা খনৰ কাহিনীৰ গতিত এগৰাকী শিক্ষক আহিছে, খলনায়কৰ চৰিত্ৰ আহিছে, আৰু কেইবাটাও চৰিত্ৰ আহিছে।"চৰিত্ৰ" কেইটাৰ নিৰ্মাণ কৰ্ম সাধাৰণ। স্বাভাৱিক আভিনয়ৰে বান্ধিবলৈ চেষ্টা কৰিছে, "চৰিত্ৰ" কেইটাক নাটকৰ অভিনয়ৰ পৰা মুক্ত কৰিব পৰা নাই। চিনেমা খনৰ আন এক দুৰ্বলতা-- অপ্ৰয়োজনীয় শ্বটেৰে চিনে-সৌন্দৰ্য বঢ়াবলৈ চেষ্টা কৰিছে। এয়া ইতিবাচক দিশ নহয়। গল্পৰ গতিত বাধা হৈছে।

--চিনেমা খনৰ ইতিবাচক দিশ কাহিনীৰ গতিত চৰ অঞ্চলৰ নৈ পৰীয়া লোক সকলৰ কৰ্ম, অৰ্থনৈতিক দিশ, সংস্কৃতি-পৰম্পৰাৰ ছবি খন চিত্ৰায়ণ কৰিছে "বাস্তৱ সমাজ"ৰ ওচৰত থাকি। নাৰীয়ে সহ্য কৰা শোষণ, নিৰ্যাতন, শিক্ষাৰ পৰা বঞ্চিত ইত্যাদিয়ো পৰ্দালৈ আনিছে কাহিনীৰ গতিত। ক'ব পাৰি পৰিচালক-লেখকে অসমৰ চৰ অঞ্চলক অনুভৱৰ বাট দিছে এই ৰূপালী গল্পটোত।(আৰু আছে)

সোমবার, ৩ ফেব্রুয়ারি, ২০২৫

ৰাগ-বিৰাগ/চিনেচৰ্চা

|| ৰাগ-বিৰাগ (Vacation for a Sanyasi) ||


প্ৰযোজক: ভবেন বৰুৱা, খনিন বৰুৱা

পৰিচালক: বিদ্যুৎ চক্ৰৱৰ্তী

লেখক: ৰঞ্জিত শৰ্মা

চিত্ৰগ্ৰহণকাৰী: মৃণাল কান্তি দাস

সম্পাদনা: এ শ্ৰীকৰ প্ৰসাদ

সংগীত: শ্বেৰ চৌধুৰী

অভিনয়ত: প্ৰাঞ্জল শইকীয়া, চিমি, জ্ঞানদা কাকতি, বিদ্যা ৰাও, জোৱান দত্ত, সঞ্জীৱ হাজৰিকা, নীলু চক্ৰৱৰ্তী, মুনিন বৰুৱা, ডাঃ হাদি আলম বৰা, সাগৰ সংগম সৰকাৰ, কৌশিক নাথ, বিউটি সভাপণ্ডিত, জুনু বৰুৱা আদি।

চিত্ৰগৃহলৈ: ১৯৯৬


"ৰাগ-বিৰাগ" --বিদ্যুৎ চক্ৰৱৰ্তীৰ প্ৰথম স্বাধীন পৰিচালনা। প্ৰথম পৰিচালনাতে স্পষ্ট-- পৰিচালক গৰাকীৰ পৈনত চিনে-চিন্তা, পৰিচালনা শক্তি। ।

এই চিনেমা খনলৈ আহিছিল-- পৰিচালকৰ শ্ৰেষ্ঠ প্ৰথম চিনেমাৰ ইন্দিৰা গান্ধী শিতানৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৯৭)। চিনেমা খনলৈ আহিছিল আৰু দুটা শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা-- শ্ৰেষ্ঠ সম্পাদক: এ শ্ৰীকৰ প্ৰসাদ, শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী: মৃণাল কান্তি দাস। ভাৰতীয় পেনোৰামত (১৯৯৭ উদ্বোধনী চিনেমা  হিচাপে) এই চিনেমা খন প্ৰদৰ্শন কৰা হয়। 

চিনেমা খনৰ কাহিনী: এটা নগৰীয় মধ্যবিত্তীয় পৰিয়াল। সময়: নব্বৈৰ দশক। পৰিয়ালটোৰ প্ৰতিজনৰে মোক্ষ, মুক্তি আৰু সুখ সম্পৰ্কে নিজানিজা দৃষ্টিভঙ্গী আছে। কাহিনীৰ এটা বিন্দু ভাৰ্গৱ, যিয়ে জীৱনৰ অৰ্থ বিছাৰি ঘৰৰ পৰা ওলাই গৈছিল, সন্ন্যাসী হৈছিল। ভাৰ্গৱৰ এজন ভতিজাক সুৰজিতেও পোন্ধৰ বছৰ পাছত খুৰাকৰ বাট লবলৈ প্ৰস্তুতি চলিয়। ঘৰখনত উৎকণ্ঠাৰ সৃষ্টি হয়! আইতাককে ধৰি সকলোৱে বুজালে ঘৰ এৰি নাযাবলৈ, বুজনিয়ে কাম নিদিলে! আইতাকে সন্ন্যাসী ভাৰ্গৱক মাতিবলৈ ক’লে। মাতিবলৈ গ'ল-- পৰী। চিনেমা খনৰ কাহিনীৰ আন এটা বিন্দু, নাৰী চৰিত্ৰ।

পৰীৰ সম্পৰ্ক আছিল ভাৰ্গৱ আন এজন ভতিজা অৰ্ণৱৰ সৈতে। অন্তৰঙ্গ সম্পৰ্ক। এদিন অৰ্ণৱে বিপ্লৱী সংগঠনত যোগদান কৰি ঘৰৰ পৰা ওলাই যায়। অৰ্ণৱ-পৰীৰ সম্পৰ্ক ইমানতে ইতি হয়। পাছলৈ তাইৰ বন্ধুত্ব হয় সুৰজিতৰ সৈতে। সন্যাসৰ প্ৰতি আকৰ্ষিত হোৱাৰ পাছত সুৰজিতে তাইৰ আঁতৰে আঁতৰে ফুৰে। 

পৰীৰ সৈতে আশ্ৰমৰ পৰা আহি ভাৰ্গৱে সুৰজিতক বুজাবলৈ চেষ্টা কৰে। বুজাওঁতে বুজাওঁতে ভাৰ্গৱে এদিন অনুভৱ কৰিলে যে তেওঁ নাৰীৰ প্ৰেম নাপালে। আৰু পৰীৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰে। পৰীক তেওঁৰ  আসক্তিৰ কথা জনালে। কিন্তু পৰীৰ বাবে এই প্ৰেম গ্ৰহণৰ বাট নাছিল। ভাৰ্গৱৰ ইমান দিনৰ সাধনা ভ্ৰষ্ট হৈ গ’ল বুলিঅনুশোচনা হ’ল! পুনৰ নতুনকৈ সাধনা কৰাৰ সংকল্পেৰে ভাৰ্গৱে আকৌ আশ্ৰমলৈ যাত্ৰা কৰিলে। সুৰজিতেও সন্যাস গ্ৰহণ কৰিলে, ঘৰ এৰিলে। আৰু পৰীয়ে ভাৰ্গৱৰ আন এজন ভতিজাক মণ্টুৰ সৈতে নতুন বাটত সুখৰ সন্ধানত খোজ দিলে। 

চিনেমা খনৰ গতিত অনুভৱ হয়-- পৰিচালকে সুখৰ সন্ধানে সৃষ্টি কৰি ভ্ৰমক সংযোগ কৰিছে সন্যাস আৰু পৰী নামৰ নাৰী চৰিত্ৰটোৰে।

পৰীৰে গুঠিছে চাৰি পুৰুষ চৰিত্ৰ। সন্যাস আৰু পৰীক প্ৰতিক ৰূপত ভৱাৰ অৱকাশ দিছে পৰিচালকে।

বিষয় বস্তু, কাহিনী কোৱাৰ শৈলীৰ লগতে চিনেমা খনৰ সৌন্দৰ্য --(সংলাপ, সংগীতকে ধৰি) শব্দ। পৰিচালক শব্দ প্ৰয়োগত যিমান সচেতন, সিমানেই সচেতন কেমেৰাৰ ভাষা প্ৰয়োগত।


শনিবার, ১ ফেব্রুয়ারি, ২০২৫

বিদুৰভাই/ চিনেচৰ্চা

"যি কৌৰৱৰো হ'ব নোৱাৰিলে, পাণ্ডৱৰো হ'ব নোৱাৰিলে সেয়াই বিদুৰ।" --চিনেমা খনৰ নাম "বিদুৰভাই"। সুব্ৰত কাকতিৰ পৰিচালনা। ৰূপালী গল্পটোত হাঁহিব পৰা, হাঁহি হাঁহি বাগৰি পৰিব পৰা বাট আছে। হাঁহিৰ মাজত সহ্য কৰিব নোৱাৰা বেদনাও আছে। মনলৈ বহু প্ৰশ্ন আনি দিয়ে-- কাহিনীৰ গতিত ধৰ্ষিত পুৰুষ চৰিত্ৰটো দৰাচলতে কামৰ সন্ধানত থকা, উপাৰ্জনৰ বাট বিছাৰি থকা আমাৰ সমজৰ বহু যুৱকৰ প্ৰতিনিধি নেকি! আৰু কুকুৰটো, ৰাজনৈতিক নেতা এজনৰ ধৰ্ষণৰ পৰা পলাব বিছৰা যুৱক জনক ওলাই আহিব নিদিয়া সেই কুকুৰটো দৰাচলতে কোন? --এই প্ৰশ্নও মনলৈ আহিছে, চিনেমা খনৰ দৰ্শক হৈ থকা সময়ত। হাস্য ৰসৰ ৰূপালী গল্পটোৰ গতিত পৰিচালক-লেখকে "বাস্তব সমাজৰ" সমস্যা, কদৰ্য ৰূপো পৰ্দালৈ আনিছে। 

UWeb series-ৰ পৰা চিনে যাত্ৰা-- "বিদূৰভাই"। চাৰিটা চৰিত্ৰ ৰূপালী গল্পটোৰ মূল বিন্দু। উজ্জ্বল (উজ্জ্বল ৰাজখোৱা), বলিন (বলিন বৰা), দ্বীপ (ত্ৰৈলোক্য বৰুৱা), নিতু (নিতু খনিকৰ)। সমস্যাৰ চেপাৰ মাজত সিহত, সমস্যা আঁতৰাবলৈ চেষ্টা কৰে, সপোনো দেখে। বেমাৰী মাকক লৈ নিতুৰ জীৱন। এবছৰে দৰমহা নোপোৱা দ্বীপৰ পৰিয়াল পৰিকল্পনাকলৈ চিন্তা। বলিনৰ প্রেমিকাকলৈ আশা। উজ্জ্বল মৰম আকলুৱা মানুহজনীক সুখী কৰাৰ মন। ক'ব পাৰি চাৰি বিদুৰভাইৰ জীৱন সংগ্ৰামক লৈয়ে চিনেমা খনৰ কাহিনীৰ গতি। চৰিত্ৰ চাৰিটা পৰিচালক-লেখকৰ সৃষ্টি বুলি নকৈ আমাৰ সমাজৰ পৰা "কপি" কৰা বুলিলেহে শুদ্ধ হ'ব। এন "চৰিত্ৰ"ৰ সৈতে আমি বাটে-ঘাটে প্ৰায়ে মুখা-মুখি হওঁ। চৰি চৰিত্ৰই সঠিক জীৱিকাৰ সন্ধান আৰু পৰ্যাপ্ত পৰিমাণৰ ধন আহৰণৰ পৰিকল্পনাৰে স্থানীয় বিধায়কৰ কাষ চাপে। কাম হাতলৈ আহে; কিন্তু কমিচনৰ অংকৰ জালত বন্দী হৈ পিছল খায়। কাহিনীৰ গতিত উন্মোচন হয় চৰকাৰী স্বাস্থ্য-খণ্ডকে ধৰি একাধিক খণ্ডৰ দুৰ্বল দিশ।

--ৰূপালী গল্পটোত ব্যৱহাৰ কৰা "কেমেৰাৰ ভাষা" সাধাৰণ। বিপৰীতে সাহিতৰ ভাষা চুই যোৱা, "চিনেমেটিক"। 

"অন্যায় কৰিবলৈ যিমান কষ্টকৰ অন্যায় সহ্য কৰাটো তাতোকৈও বেছি কষ্টকৰ...", "যেতিয়াই  তই পাবলগীয়া বস্তু এটা তোৰ দুৰ্বলতাৰ সুযোগ লৈ আনে কাঢ়ি লয় তাকে চোৰ বুলি কয়...। ...সময়ত চিকিৎসা কৰিবলৈ নহা ডাক্তৰ জনো চোৰ, ৰাস্তাত আলকটৰা কমকৈ দিয়া ঠিকাদাৰ জনো চোৰ, ঠিকাদাৰ জনৰ পৰা কমিছন খোৱা ইঞ্জিনিয়াৰ জনো চোৰ, বিদ্যালয়লৈ দেৰিকৈ অহা শিক্ষক জনো চোৰ, ঘোচ খোৱা পুলিচ অফিচাৰ জনো চোৰ, ব্লেকমেইল কৰা সাংবাদিক জনো চোৰ, সঁচাক মিছা আৰু মিছাক সঁচা প্ৰমাণ কৰা উকিল জনো চোৰ..." --চুই যোৱা, ৰূপালী সৌন্দৰ্য বঢ়োৱা সাহিত্যৰ ভাষা। 

সংলাপৰ লগতে চিনেমা খনৰ ৰূপালী সৌন্দৰ্য আৱহ সংগীত, অভিনয়। প্ৰতিটো চৰিত্ৰ পৰিপাটিকৈ, বাস্তৱিক অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰিছে, কাহিনীৰ গতিত আউল নলগাকৈ প্ৰয়োগ কৰিছে। কাহিনীৰ গতিত তিনিটা গীত ব্যৱহাৰ কৰিছে, "চিনেমাৰ বাবে গীত" কথাষাৰ মনত ৰাখি। --ইমান কেইটা ইতিবাচক দিশৰ বিপৰীতে ৰূপালী গল্পটোৰ শেষ বিন্দু নাটকীয়, পালমৰা। আৰু চিনেমা খন "চিনে-কলাৰ বাবে চিনেমা" ধাৰণাৰ বহু আঁতৰৰ। 

পৰিচালক, সম্পাদনা: সুব্ৰত কাকতি

লেখক: সুব্ৰত কাকতি, জ্যোতিষ্মান চেতিয়া

প্ৰযোজক: মনোজ বৰাইক, আচুৰ্য বৰপাত্ৰ,দীক্ষু শৰ্মা, অৰ্ণৱ হাজৰিকা, ভাৰ্গৱ খাউণ্ড

অভিনয়ত : চুমকি কছাৰী, ত্ৰৈলোক্য বৰুৱা,বলিন বৰা, উদ্দীপনা বৰা, হীৰক জ্যোতি বৰদলৈ, শৰ্মিষ্ঠা দাস, উজ্জ্বল ৰাজখোৱা, স্নিগ্ধা ফুকন, পংকজ মহন্ত আদি

চিত্ৰগ্ৰহণকাৰী: বিতুল দাস 

সংগীত : প্ৰণয় দত্ত

ৰূপসজ্জা : ৰূপজ্যোতি দত্ত, বিজিয়েতা পাটগিৰি।

কলা-নিৰ্দেশনা: মণ্টু গোঁহাই

সাজ-সজ্জা: জুৰি কলিতা

দৈৰ্ঘ্য: ১৪৮ মিনিট

চিত্ৰগৃহত: ২০২৪