মঙ্গলবার, ৩০ এপ্রিল, ২০২৪

চিনেমাৰ মানুহ /২১

এখন চিনেমা চাইছিলোঁ, জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত। চিনেমা খন চোৱাৰ পাছতে লগ পাইছিলোঁ  
ড° মাইনু দেবীক। চিনেমা খনৰ প্ৰযোজক, এগৰাকী পৰিচালক (চিনেমা খনৰ আন এগৰাকী পৰিচালক ৰমেন বৰা)। পৰিচালক ড° দেবীয়ে চিনেমা খনৰ সংগীত কেন্দ্ৰিক কাম খিনিয়ো কৰিছে। চিনেমা খনত ব্যৱহাৰ কৰা এক মাত গীতটো লিখিছে, সুৰেৰে সজাইছে আৰু হীৰকজ্যোতি কোঁৱৰৰ সৈতে কণ্ঠদান কৰিছে। "মোৰ ধাৰণাত চিনেমা এটা শিল্প , কলা আৰু সংস্কৃতিৰ সংযোজন" ধৰণাৰে চিনেকৰ্ম কৰিবলৈ আগবঢ়া ড°দেবীৰ উদ্দেশ্য-- "সমাজক এটা সৃষ্টিশীল বা যোগাত্মক বাৰ্তা প্ৰেৰণ কৰা।" 
বৰ্তমানলৈ ভিডিঅ' চিনেমা "সাক্ষী" ( ২০০৬),  "তৰা" (২০০৭), পূৰ্ণ দৈৰ্ঘ্যৰ চিনেমা "কইনা কন্দা শিল (২০২৪) , আৰু "কইনা ক্ৰৱা অৰ্লং (টিৱা)" ৰ লগতে তথ্য চিত্ৰ "দা সাক্ৰেত গ্রুউভ" (বৰ্তমান কাম চলি আছে) পৰিচালনা কৰা ড°দেবীৰ প্ৰথম পৰিচয় কিন্তু "চিনেমা" নহয়, "সংগীত"। আমি জানিব বিছৰাত ক'লে-- "স্কুল কলেজৰ পাঠ্যক্ৰমৰ লগতে সমান্তৰাল ভাৱে ভাল পোৱা সংগীত মোৰ বাবে এটা অবিচ্ছেদ্য অংগ। গান শুনি , লিখি আৰু গাই ভাল পাওঁ। পঞ্চম শ্ৰেণী পঢ়ি থাকোঁতে গীত  এটি ৰচনা কৰি , সুৰ বুলাই, নিজে হাৰমনিয়াম বজাই বাৰ্ষিক অধিবেশনত গাইছিলো। শ্ৰদ্ধাৰ সুদক্ষশিনা শৰ্মা বাইদেউয়ে গীতটি বহুত ভাল হৈছে বুলি কৈছিল, যিটো মোৰ বাবে আশীৰ্বাদ যেন আছিল। বাইদেউৰ কথাত বহুত অনুপ্ৰেৰণা পাইছিলো। পঢ়াৰ লগে লগে শাস্ত্ৰীয় সংগীতৰ চৰ্চা কৰি গৈছিলো শাস্ত্ৰীয় সংগীতজ্ঞ দামোদৰ বৰাৰ ওচৰত। পিছত শাস্ত্ৰীয় সংগীতজ্ঞ ভবেন পাটগীৰিৰ তত্বাবধানত ভাতখণ্ডে সংগীত বিদ্যাপীঠৰ পৰা বিশাৰদ ডিগ্ৰী ললোঁ। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ যুৱবাণী যোগে  আধুনিক গীত পৰিৱেশন   কৰাৰ বাবে অনুমোদিত হওঁ। বিবাহ সূত্ৰে ডিফুত আছিলো যদিও গীতৰ চৰ্চা বাদ দিয়া নাছিলোঁ। ডিফু অনাতাঁৰ কেন্দ্ৰযোগে মোৰ গীত বানিবন্ধন আৰু প্ৰচাৰ হৈছিল। ইয়াৰ পিছত কেবাটাও গীতৰ এলবাম ত মই কণ্ঠদানৰ লগতে ভিদিও পৰিচালনা কৰোঁ। ২০২০ আৰু ২০২১ ত ফিলিপাইন ৰ মনিলা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ জাৰ্চিত বিশেষ অনলাইন যোগে পতা নিমন্ত্ৰিত অতিথিৰ শ্বোত মোৰ কেবাতিও লাইভ গীত প্ৰদৰ্শিত হৈছে। ২০০৬ চনত দৰ্শকৰ বাবে মুকলি  হোৱা ভিডিঅ'
 ফিল্ম "সাক্ষী" ৰ ৬ টা গীতত মই কণ্ঠদান কৰিছিলোঁ । মুঠতে ডিজিটেল আৰু ইলেকট্ৰনিক মাধ্যমেৰে মোৰ  বহু গীত প্ৰচাৰ হৈ গৈছে। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত থকা শিল্পকলা একাডেমীয়ে প্ৰতিবছৰে ৫ নভেম্বৰ তাৰিখে ডক্তৰ ভূপেন হাজৰিকাৰ প্ৰয়াণ তিথি উদযাপন কৰে । ২০১৯ আৰু ২০২২ ত অসমক প্ৰতিনিধিত্ব কৰি এই মঞ্চত মই দুবাৰকৈ গীত গাবলৈ নিমন্ত্ৰিত হওঁ।" 
ড°দেবীয়ে কয়-- "সংগীত আৰু চিনেমা,  দুটাৰ মাজত এটা নিবিড় সম্পৰ্ক আছে, সংগীতে চিনেমাৰ কাহিনীভাগ জীৱন্ত ৰূপলৈ লৈ যায় , আকৰ্ষণ বৃদ্ধি কৰে। গতিকে এই দুইটি মাধ্যমেৰে নতুন প্ৰজন্মক সৃষ্টিশীল তথা যোগাত্মক দিশত আগবঢ়াই নিব বিচাৰোঁ।"
চিনেমা পৰিচালক-সংগীত শিল্পী গৰাকীৰ আন এক পৰিচয়-- লেখক। আমি জানিব বিছৰাত ক'লে-- "মই লিখা  চাৰিখন গ্ৰন্থ এতিয়ালৈ প্ৰকাশ পাইছে। ইয়াৰে ভিতৰত মোৰ গৱেষণামুলক কিতাপ " বাইলিজী অফ চিলকৱৰম ৰিয়াৰদ অন মাইকানিয়া মাইক্ৰন্থা এণ্ড ৰিচিনাছ কমিউনিচ" আন্তৰাষ্ট্ৰীয় প্ৰকাশক লামবাৰ্ড একাডেমী পাবলিছিং য়ে প্ৰকাশ কৰিছে । বাকী তিনিখন কিতাপ, "কাজিৰঙা নেশ্যনেল পাৰ্ক, দা ৱৰ্ল্ড হেৰিটেজ সাইত", "ছেল এণ্ড মলিকিউলৰ বাইওলজি - প্ৰথম খণ্ড" আৰু  "ইউনেস্কো ৱৰ্ল্ড হেৰিতেজ সাইট, কাজিৰঙা নেশ্যনেল পাৰ্ক" ৰাষ্ট্ৰীয় প্ৰকাশকে প্ৰকাশ কৰিছে।"

চিনেমা মোৰ কাৰণে এক মাধ্যম যি মাধ্যমৰ জৰিয়তে মানুহে কলাত্মক অভিজ্ঞতা লাভ কৰিব পাৰে: ঝুলন কৃষ্ণ মহন্ত

এখন অসমীয়া চিনেমাৰ চৰ্চা, সামাজিক মাধ্যমত। পৰিপাটি চৰ্চা। প্ৰতিটো "চৰ্চা" যেন একোটা গল্প। সন্দেহ নাই-- প্ৰতটো "চৰ্চা"ই চুই গৈছে সামাজিক মাধ্যমৰ সৈতে সম্পৰ্ক ৰখা চিত্ৰ ৰসিকক। চিনেমা খনৰ নাম-- "সুন্দৰপুৰ কেয়ছ"। পৰিচালক: ঝুলন কৃষ্ণ মহন্ত। পৰিপাটি পৰিচালক, "পৰিচালনা"ৰ প্ৰতিটো দিশতে দখল থকা পৰিচালক। স্পষ্ট এই কেইটা দিশত-- চিনেমা খনৰ কাহিনী, চিত্ৰনাট্য আৰু সম্পাদনাও ঝুলন কৃষ্ণ মহন্তৰ। (নিজৰ চিনেমায়ে নহয়, আন পৰিচালকৰো চিনেকৰ্ম পৰিপাটিকৈ সম্পাদনা কৰা দেখিছোঁ, ঝুলনে আন পৰিচালকৰ বাবে কাহিনী, চিত্ৰনাট্য লিখাৰ কথাও আমি জানো। জানো, আমাৰ অনুভৱত ঝুলন সফল সম্পাদকো, চিনেমা লেখকো।) আমি চিনেকৰ্মী গৰাকীৰ পৰা জানিব বিছৰাত "সুন্দৰপুৰ কেয়ছ"ৰ বিষয়ে ক'লে, হাতত থকা চিনেমাৰ কথা ক'লে-- "নতুন চিনেমা কেইখনৰ বিষয়ে ক'বলৈ গলে মই সম্পাদনা কৰা আৰু লিখি উলিওৱা আহিবলগীয়া চিনেমা সমূহৰ ভিতৰত 'গেং অফ ৰাজু মামা'ৰ কিছু কাম আছে। 
'সন্ধ্যামালতি, এতিয়াও সাৰে আছে'ৰ কাম আৰম্ভ হ'বলৈ বাকী আছে কিন্তু প্ৰায় প্ৰস্তুত হৈ উঠিছে 'সুন্দৰপুৰ কেয়ছ' বুলি চিমেমাখন। অসমৰ এক সমস্যা ভূমি বেদখলৰ সমস্যা । চুবুৰীয়া ৰাজ্যৰ ক্ষেত্ৰতো এনে অভিযোগ ওলায় যদিও বাংলাদেশী অনুপ্ৰৱেশ আৰু সত্ৰৰ মাটিত তেওঁলোকৰ অৱস্থানৰ খবৰ আমাৰ বাবে নতুন নহয়। 
অসমৰ এক অনন্য সম্পদ অসমৰ সত্ৰ সমূহ। অসমীয়া বৃহত্তৰ জাতি গঠন হোৱাৰ প্ৰক্ৰিয়াটোত গুৰি ধৰা, আধ্যাত্মিক জ্ঞান আৰু বৈষ্ণৱ সাহিত্য সংস্কৃতিৰ চৰ্চাৰ প্ৰচাৰ তথা প্ৰসাৰৰ বাবে শংকৰদেৱ গুৰুজনাই জন্ম দিয়া সত্ৰ সমূহত যেতিয়া বিদেশী আহি বহি লয়হি কোনোবা এজন অসমীয়া ল'ৰাৰ যদি খং উঠে কি কৰিব পাৰে? সত্ৰৰ পৰিৱেশত ডাঙৰ হৈও খঙাল  অথচ যুক্তিবাদী এজন লৰা কিংকৰে সমাজ আৰু সত্ৰাধিকাৰক কি প্ৰশ্ন কৰিব পাৰে? সত্ৰাধিকাৰে কি উত্তৰ দিব পাৰে, এইবোৰৰ কথাৰ কল্পনা কৰিয়েই মই লিখি উলিয়াইছিলো 'সুন্দৰপুৰ কেয়ছ'ৰ কাহিনী । অসমত বহু কেইটি মিউজিক ভিডিঅ’ ৰ প্ৰযোজনা কৰা আৰ চি প্ৰডাকচনৰ প্ৰযোজকসকলে কাহিনীটো ভাল পাই আগবাঢ়ি আহিল চিনেমাখন প্ৰযোজনা কৰিবলৈ। এই বছৰ নবেম্বৰৰ ২৯ তাৰিখে অসমৰ চিনেমা হল সমূহত মুক্তি পাব চিনেমাখনে।চিত্ৰনাট্যৰ ওপৰিও সম্পাদনা আৰু পৰিচালনাৰ দায়িত্ব লোৱা এই অসমীয়া চিনেমাখনৰ বাবে মই যথেষ্ট আশাবাদী। মই অসমৰ মানুহৰ আশীৰ্বাদ বিচাৰিম যাতে এনে কিছু কথা ৰাইজৰ সন্মুখলৈ আনিব পৰাকৈ শক্তি পাওঁ। শংকৰদেৱে অসমৰ জাতি জনজাতিক একেডাল দোলেৰে বান্ধিবলৈ চেষ্টা কৰাৰ পাছতো মই ভাবোঁ আমি ভাবি চাব লাগে আমি কিমান সফল হৈছোঁ।  যিবোৰ প্ৰয়োজনীয় কথাৰ পৰা আমি প্ৰায়েই গা এৰাই চলোঁ তেনে বহু কথাৰ প্ৰশ্ন উঠিব 'সুন্দৰপুৰ কেয়ছ'ত। মই অসমৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিম কথাবোৰ যাতে চৰ্চালৈ আহে।  চিনেমা এখন হৈ উঠা আৰু হললৈ অহাৰ মাজতো তাৰ এক দীঘলীয়া যাত্ৰা আৰু বহু পৰিশ্ৰম থাকে। মই আশা কৰোঁ ৰাইজৰ সহায় পাম। চিনেমাখন বিভিন্ন মহোৎসৱলৈও পঠোৱাৰ যোজা কৰা হৈছে। আশা কৰোঁ সকলো শিল্পী কলা কুশলীৰ কষ্টই সফলতাৰ মুখ দেখিব।"
--প্ৰায় সম্পূৰ্ণ হোৱা "সুন্দৰপুৰ কেয়ছ" গায়ত্ৰী হাজৰিকা, আৰ চমুৱা আৰু দিগন্ত ঠাকুৰীয়াৰ প্ৰযোজনা। চিত্ৰগ্ৰহণ: চন্দ্ৰ কুমাৰ দাস, সংগীত: সৌৰভ মহন্ত, শব্দ- দেৱজিত গায়ন, সাজ সজ্জা ৰাণী দত্ত বৰুৱা আৰু গৰিমা শইকীয়া গাৰ্গৰ। "চৰিত্ৰ" নিৰ্মাণ কৰিছে অৰুণ নাথ, ৰাজীৱ গোস্বামী, জ্বলি লস্কৰ, গাৰ্গী দত্ত, পাৰ্থ প্ৰতিম হাজৰিকা, বনি দেউৰী, শিল্পী দত্ত আদিক লৈ।
--আমাৰ ধাৰণাত এয়া স্পষ্ট, ঝুলনৰ চিনেচিন্তা কেৱল  "স্থানীয় বজাৰ" কেন্দ্ৰিক নহয়। চিনে শিল্পৰ বাবে চিনেকৰ্ম কৰি, সমাজৰ ওচৰত থাকি "স্থানীয় বজাৰ"তো সফলতাৰ বাট বিছাৰে। "চিনেকৰ্মী ঝুলন"ক আৰু স্পষ্টকৈ জানিবলৈ সুধিছিলোঁ--

ৰূপালী পৰ্দা: তোমাৰ ধাৰণাত চিনেমা?

ঝুলন কৃষ্ণ মহন্ত: চিনেমা মোৰ কাৰণে এক মাধ্যম যি মাধ্যমৰ জৰিয়তে মানুহে কলাত্মক অভিজ্ঞতা লাভ কৰিব পাৰে।
চিনেমা চোৱাটো যেনেকৈ এক অভিজ্ঞতা, নিৰ্মাণ কৰাটোও এক অভিজ্ঞতা।
মই ব্যক্তিগতভাবে চিনেমাক ওচৰৰ পৰা চাবলৈ আৰু পাবলৈ যত্ন কৰিছোঁ যদিও মোৰ ধাৰণাত মই ঢুকি পোৱাতকৈ বহু কাম কৰিব পৰা যায় চিনেমাৰ মাধ্যমটোৰে।

ৰূপালী পৰ্দা: চিনেমা নিৰ্মাণৰ উদ্দেশ্য?

ঝুলন কৃষ্ণ মহন্ত: বিভিন্নজনৰ বাবে চিনেমা নিৰ্মাণৰ উদ্দেশ্য ভিন ভিন, যেনকৈ কাৰোবাৰ বাবে ই এক শিল্প, কাৰোবাৰ বাবে বানিজ্য বা কাৰোবাৰ বাবে আন কিবা।
মই চিনেমা নিৰ্মাণ কৰি ভাল পোৱাৰ কাৰণটো হ'ল মই চিনেমা ভাল পাওঁ আৰু ইয়াৰ জৰিয়তে মই ভাল পোৱা আন কলা সমূহক সাধনা কৰিব পাৰোঁ। সংগীত, চিত্ৰকলা, অভিনয় আদিৰ লগত মোৰ সৰুকালতেই চিনাকী আছিল যদিও চিনেমাৰ মাধ্যমৰে মই এই সমূহ কলাক আন কিছু বেলেগ ধৰনেও চাবলৈ সুবিধা পাইছোঁ। আটাইতকৈ ডাঙৰ কথা চিনেমাৰ জৰিয়তে মই  "মানুহৰ" কথাবোৰ দেখুৱাব পাৰোঁ মানুহে চাব পৰাকৈ, মোৰ নিজৰ ধৰণে।

ৰূপালী পৰ্দা: চিনেমাৰে সমাজক কি দিব বিছাৰা?

ঝুলন কৃষ্ণ মহন্ত: মই চিনেমাৰে মোক আৰু মোৰ সমাজ খনক আঁ‌কি চাব বিচাৰোঁ।  কি দিব বিচাৰোঁ বুলি সুধিলে ক'বলৈ কিছু অসুবিধা হ'ব কাৰণ মই মোৰ সীমিত চিন্তা বা শিল্প চৰ্চাৰে একো বিশেষ কৰিব পৰা নাই বুলিয়েই ভাবো । চিনেমাৰ বহু শক্তি আছে, মনোৰঞ্জনৰ মাধ্যমেৰে কাৰোবাক দুখ কষ্টৰ পৰা আঁ‌তৰাই সুখ দিয়া,  কাহিনীৰ  মাধ্যমেৰে  সমাজক নতুন দিশৰ উমান দিয়া বা ইয়াৰ জৰিয়তে বহু মানুহৰ সংস্থাপনৰ ব্যৱস্থাও হৈ আহিছে। মই মোৰ চিনেমাৰে যিকোনো ভাল কামৰে অংশীদাৰ হ'বলৈ ভাল পাম। তাৰ মাজতে ক'ব খুজিলে মই মোৰ চিনেমাৰে জাতিগত ভাৱে নিজকে চোৱাৰ সুযোগ এটা ল'ব বিচাৰিছোঁ, চিনেমাৰ জৰিয়তে। সমাজত যদি শিল্পৰ দৰ থাকে অকল মোৰ বুলি নকও, প্ৰতিটো প্ৰজন্মতেই মানুহে শিল্প কলা প্ৰদৰ্শন আৰু অনুশীলনৰ জৰিয়তে সমাজ আৰু মানুহক নতুন কৈ জন্ম হ'বলৈ শিকায়।  ইয়েই যিকোনো শিল্পৰ শ্ৰেষ্ঠতম সাফল্য। চিনেমাও ব্যতিক্ৰম নহ'ব, অন্ততঃ ইয়াক শিল্প হিচাপে মৰ্যাদা দিয়া সকলৰ বাবে নিজকে চোৱাৰ বহুত সমল আছে চিনেমাৰ মাধ্যমটোত।

ৰূপালী পৰ্দা: তুমি পৰিচালনা কৰা, নিৰ্মাণ কৰা তথ্যচিত্ৰ, "মিউজিক ভিডিঅ' " ইত্যাদিৰ বিষয়ে কবা নেকি?

ঝুলন কৃষ্ণ মহন্ত: হয় মই নিৰ্মাণ কৰা  তথ্যচিত্ৰ বা যি সমূহ মিউজিক ভিডিঅ’ আছে প্ৰায় বোৰেই সংখ্যা হিচাপত বৰ বেছি জনপ্ৰিয় নহয়।
বেছি ভাগ কামেই মই নতুন মুখ আৰু নতুন মানুহৰ সৈতে কৰোঁ কাৰণেও হয়তো মিলিয়ন মিলিয়ন ভিও বৰ বেছি নাই বা মই তাৰ পাছে পাছে দৌৰিও থকা নাই। মই যিমান সম্ভৱ মোৰ নিজা চিন্তা ধাৰণাক গুৰুত্ব দি প্ৰযোজকৰ সৈতে মিলি সিদ্ধান্ত লওঁ। তাৰ মাজত তৰালি বা, পাপন দা, অনিন্দিতা বা, গায়ত্ৰী বা, শুভমিতা বেনাৰ্জী বাইদেউ আদি ভাল ভাল সংগীতজ্ঞৰ সৈতে কৰা কামবোৰৰ জনপ্ৰিয়তা আছে । হয়তো সামাজিক মাধ্যমত মিলিয়ন ভিও হৈছে। কিন্তু মই কেৱল সংখ্যাৰ জনপ্ৰিয়তাত গুৰুত্ব নিদি গুনগত মানদণ্ডও ৰক্ষা কৰিব বিচাৰোঁ। তথ্যচিত্ৰৰ ক্ষেত্ৰত বিভিন্ন মহোৎসৱ আৰু প্ৰতিযোগিতাত সমাদৰ বা বঁ‌টা পোৱাৰ বাবে উৎসাহ পাইছোঁ। সেইসমূহৰ জৰিয়তে মনোৰঞ্জনৰ ওপৰিও বৌদ্ধিক সমাজখনৰ ক্ষেত্ৰত মই কিবা অলপ বৰঙনি আগবঢ়াব পাৰিলে ভাল পাম।

বৃহস্পতিবার, ২৫ এপ্রিল, ২০২৪

জিতুল: এক সুৰীয়া যাত্ৰা (এখন গ্ৰন্থৰ খচৰা)

জিতুল সোণোৱাল-- এক সুৰীয়া অনুভৱ! আমাক চুই থকা সেউজ অনুভৱ! সময় আগবাঢ়িছিল--, "সুৰ"ৰ জিতুলদাক লগ পাইছিলোঁ "কথা"ৰ মাজত। আমাৰ অনুৰোধত জিতুলদাই লিখিছিল প্ৰতি শুকুৰবাৰে  "সা ৰে গা মা পা"। এক সুৰীয়া গদ্য।... কেৱল গায়ক-সংগীত পৰিচালক জিতুল সোণোৱালৰ বিষয়ে নহয়, লেখক, গ্রন্থকীট জিতুল সোণোৱালৰ বিষয়েও আমাৰ চৰ্চা কৰিম।

চৰ্চাৰ পূৰ্বে-- ভাল লগা অনুভৱ, আজিৰ তাৰিখত, এই বহাগ বিহুৰ বতৰত। সেই তেতিয়া যেনেকৈ চুই গৈছিল

"অ' মৰমী লগৰী, আছা বুকু জুৰি

নাযাবা আঁতৰি, দূৰণিলে

তোমাৰ লাহি, পৰশ লাগি, সপোন সৰে

তোমাৰ লাহি, পৰশ লাগি, সপোন সৰে ।


মৰমৰ ভাষাৰে দুচকুত আঁকিছা

ঠুনুকা সপোনৰ ছবি তুমি

নিৰাশাৰ এন্ধাৰত অকলে আছোঁ মই

আশাৰে চাকিটি জ্বলালা তুমি..."

বা

"যদি কেতিয়াবা অকলে

জ্বলে বুকু মোৰ নিৰৱে

কিয় আহা মোৰ মনলে

তুমি জানো জানা ?

যদি কেতিয়াবা অকলে

জ্বলে বুকু মোৰ নিৰৱে

কিয় আহা মোৰ মনলে

তুমি জানো জানা ?..."

ইত্যাদি ইত্যাদি। ("ইত্যাদি" বোৰো আগলৈ চৰ্চালৈ আনিম)

 "অ' মৰমী লগৰী, আছা বুকু জুৰি..."ৰ কথা: বিজয় দুৱৰাৰ,সংগীত-সুৰ জিতুল সোণোৱালৰ। সেই সময় আছিল কেছেটৰ। "নিৰিবিলি গধূলি" আছিল শ্ৰব্য সংকলনটোৰ নাম। জিতুলদাৰ সৈতে গীতটোত কণ্ঠদান কৰিছিল কবিতা কৃষ্ণমূর্তিয়ে। আৰ এম চিৰ এই শ্ৰব্য সংকলনটো "বজাৰ"ত মুকলি কৰি দিছিল ১ এপ্ৰিল (১৯৮৭) তাৰিখে। বহাগ বিহুৰ সময়। গীতটো কম দিনৰ ভিতৰতে জনপ্ৰিয় হৈছিল। আৰু এই বহাগত স্পষ্ট হৈছে-- গীতটো আজিৰ তাৰিখতো জনপ্ৰিয়।

উল্লেখ কৰা আনটো গীত "যদি কেতিয়াবা অকলে..."ৰ কথা বিজয় দুৱাৰাৰ। সংগীত-কণ্ঠ: জিতুল সোণোৱালৰ। গীতটো "বৰষা" (১৯৮৬) শ্ৰব্য সংকলনৰ এটা। বিজয় দুৱৰাৰ কথাৰে এই কেছেটটোৰ বাবে জিতুলদাই গোৱা আন এটা গীত--

"চিনাকি মিঠা এই চাৱনি

দিলিহি মৰমৰ বাতৰি মনকে ভুলাই

ধৰা দি মৰমী নাযাবা আতৰি

ধৰা দি মৰমী নাযাবা আতৰি

জগালা প্ৰেমৰে হৰিণী

কৰিছা তুমিয়েই আমনি মনকে ভুলাই

কাষলে আনি সোণ নাযাবা পাহৰি

কাষলে আনি সোণ নাযাবা পাহৰি..."। এই গীতটোত কণ্ঠদান কৰিছিল কবিতা কৃষ্ণমূৰ্তীৰ সৈতে।

"বৰষা" শ্ৰব্য সংকলনটোৰ সংগীত: জিতুল সোণোৱালৰ। কণ্ঠদান কৰা (মুঠ ৮টা গীতত) আন কেইগৰাকী শিল্পী: কুমাৰ চানু, যুথিকা চৌধুৰী। (ক্ৰমশ:)

বুধবার, ২৪ এপ্রিল, ২০২৪

অভিমন্যু : চিনে সংবাদ

"অভিমন্যু"-- আচিন্ত শংকৰৰ চিনেমা। তৃতীয় (Feature) চিনেমা। চিত্ৰগৃহলৈ আহিব অহা ১৫ নৱেম্বৰ (২০২৪) তাৰিখে। চিনেমা খনৰ প্ৰযোজনা শ্ববনমচ এন্টাৰটেইণ্টমেণ্টৰ বেনাৰত মতলেবুদ্দিন আহমেদৰ। কাৰ্যবাহী প্ৰযোজকঃ দেবজিৎ মজুমদাৰ। চিত্ৰনাট্য আৰু সংলাপঃ হিমাংশু নাথৰ। হিমাংশুই চিত্ৰনাট্য ৰচনা কৰিছে চিনেমা খনৰ পৰিচালক অচিন্ত শংকৰৰ কাহিনীৰে। 
--কাহিনী এনেধৰণৰ (পৰিচালকৰ ভাষাত) "প্রভাত আৰু জ্যোৎস্নাৰ এখন সৰু মবমৰ সংসাৰ। শিক্ষয়িত্রী জ্যোৎস্না-- আৰু 'তুষ্টি' নামেৰে এখন 'খোৱাৰ হোটেল' চলোৱা প্রভাতে বন্ধু ৰঞ্জিত, শ্ৰেয়া আৰু দেৱৰ সৈতে মিলি সমাজৰ আর্তসকলৰ হকে যিমানলৈ পাৰে কাম কৰি যায়। কিন্তু, সমগ্র বিশ্বতে আতংকৰ সৃষ্টি কৰা ক'ভিড মহামাৰীয়ে প্রভাত-জ্যোৎস্নার সুখৰ সংসাৰখনকো চুই যায়। 
সমস্যা বাঢ়ে। সমস্যা আৰু বাঢ়ে তেতিয়া, যেতিয়া চৌদিশে চলি থকা 'লকডাউন'ৰ সময়চোৱাৰ মাজতে ঘটা এক অপৰাধমূলক দুর্ঘটনাই সিহঁতৰ জীৱনলৈ ধুমুহা নমাই আনে। তচনচ হৈ পৰা জীৱনটো সামৰিবলৈ বিধস্ত প্রভাতে যুদ্ধত অৱতীৰ্ণ  হয়। জ্যোৎস্নাৰ হৈ ন্যায় বিচাৰি, প্রভাত, ৰঞ্জিত, দেৱ, শ্রেয়া, ৰহমান কাকা, জিলমিল, নিৰূপম হতে অতিক্রম কৰ যাত্রাই হৈছে 'অভিমন্যুৰ' মূল কাহিনী।
কষ্ট আৰু সততাৰে জীবন নির্বাহ কৰা প্রভাতৰ দবে সাধাৰণ লোকসকল প্রায়ে বিত্তবান আৰু ক্ষমতাশালী লোকসকলৰ কোপদৃষ্টিত শোষিত হয়। সেই জুইত ঘিউ ঢালে আমাৰ শিথিল শাসনতন্ত্ৰৰ অনিয়ম আৰু দুর্নীতি পিষ্ট অমানুহ বোৰে। মহাভাৰতৰ অভিমন্যুৰ দৰেই আপুনি, মই। আমি  এই চিৰন্তন বেহু খনত বন্দী। কিন্তু এইবাৰ মহাভাৰত আমি নতুনকৈ লিখিব লাগিব। অপৰাধীক শাস্তি দিবলৈ কুটিলতাৰ হাতোৰি উফৰাই বেহু ফালি ওলাই অহাৰ সক্ষমতা আজিৰ অভিমন্যুৰ আছি। ...আৰু এই নতুন মহাভাৰতত 'অভিমন্যু'ৰ জয় নিশ্চিত।"
--এটা সৰল গল্প। পৰিচালকে কথা প্ৰসংগত কৈছে, সৰলৰৈখিক গতি দিয়া হৈছে। চিনেমাৰ ভাষা, সাহিত্যৰ ভাষাৰ লগতে কাহিনীৰ গতিত গীত ব্যৱহাৰ কৰা হৈছে। (সংগীত: দিগন্ত ভাৰতী, অৰূপজ্যোতি বৰুৱা, ৰাজদ্বীপৰ। গীতিকাৰঃ দিগন্ত ভাৰতী, ৰাজদ্বীপ, অৰূপজ্যোতি বৰুৱা, ৰাহুল গৌতম শৰ্মা। শিল্পীঃ জুবিন গাৰ্গ, পাপন অংগৰাগ মহন্ত, অৰূপজ্যোতি বৰুৱা, ভাস্বতী ভাৰতী, প্ৰিয়ংকা ভৰালী, দীপলিনা ডেকা। কৰিঅ'গ্ৰাফিঃ দীপক দে, প্ৰণৱ ভৰালী।) পৰিচালকৰ সৈতে ইটো-সিটো কথা পতাৰ সময়ত অনুভৱ কৰিছোঁ, গীতৰ বাবে গীত ব্যৱহাৰ কৰা হোৱা নাই। গীতক কাহিনীৰ অংগ কৰা হৈছে, চিনে অলংকাৰলৈ ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰা হৈছে। সংলাপ, সংগীতৰ লগতে "শব্দ"ৰ প্ৰতিটো দিশতে গুৰুত্ব দিছে পৰিচালকে। শব্দ-সজ্জাঃ অমৃত প্ৰীতম আৰু দেবজিৎ চাংমাইৰ। 
--ৰূপালী গল্পটোৰ গতিত মাৰপিটৰ (এক্সনঃ ৰাজেশ কান্নান) প্ৰয়োগো আছে। বজাৰ চিন্তাৰে এক্সন প্ৰয়োগ-- আজি কালি অসমীয়া চিনেমাৰ আলিখিত নিয়ম। পৰিচালকৰ মতে, এই চিনেমা খনত এক্সনকো ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ কৰি কাহিনীৰ গতিত ব্যৱহাৰ কৰা হৈছে। 
--চিনেমা পৰিচালকৰ সোঁ হাত চিত্ৰগ্ৰহণ কাৰী। এই চিনেমা খনৰ পৰিচালকৰ সোঁ হাত প্ৰদীপ দৈমাৰী। আৰু ভিন্ন দিশত পৰিচালকক সহায় কৰিছে প্ৰতীম খাওন্দ (সম্পাদনা), জ্যোতি শংকৰ ভট্টাচাৰ্য্য (কলা), ভাস্কৰজ্যোতি দত্ত (ৰূপসজ্জা), ধীৰাজ ডেকা (সাজসজ্জা), মনোজ মিশ্ৰ (প্ৰযোজনা নিয়ন্ত্ৰণ), হিমাংশু নাথ (মুখ্য সহকাৰী পৰিচালক), জিতুল ৰাজৱংশী, দেৱাশীষ কলিতা, হিৰক জ্যোতি কলিতা (সহকাৰী পৰিচালক)।
আহিছোঁ-- "চৰিত্ৰ"লৈ। মূল চৰিত্ৰ প্রভাত আৰু জ্যোৎস্নাক নিৰ্মাণ কৰিছে কমল লোচন, দীপলিনা ডেকাক লৈ। আন এটা মূল চৰিত্ৰ নিৰ্মাণ কৰিছে দেৱজিৎ মজুমদাৰক লৈ। অন্যান্য চৰিত্ৰ নিৰ্মাণ কৰিছে  
ভগৱৎ প্ৰীতম, ৰাজীৱ গোস্বামী, হিৰন্য ডেকা, অমৃতা গগৈ,অসীম কৃষ্ণ বৰুৱা,জ্বলী লস্কৰ, কৌশিক নাথ, চাংকু নিৰঞ্জন নাথ, শংকৰ ৰাজখোৱা,শ্ৰেয়া বৰঠাকুৰ আদিক লৈ। বিশেষ ভূমিকাঃ জুবিন গাৰ্গ আৰু লিজা (ৰাছিয়ান বেলে ডাঞ্চাৰ)। চিনেমা খনৰ লোকেশনঃ বজালী, গুৱাহাটী, মেঘালয়।

মঙ্গলবার, ২৩ এপ্রিল, ২০২৪

জয় হনুমেন/ চিনে সংবাদ

" জয় হনুমেন" --এখন অসমীয়া চিনেমা। হিমাংশু প্ৰসাদ দাসৰ পৰিচালনা।
হিমাংশুৰ চিনেকৰ্মৰ এটা ভাললগা বা ইতিবাচক দিশ-- বিষয়বস্তু নিৰ্বচানত যিমান মন দিয়ে, সিমান মন দিয়ে বজাৰ চিন্তা বা "বজাৰ সূত্ৰ"টো। "ভাল চিনেমা" নচলে বুলি কৈ ভাল পোৱা চিনেকৰ্মী সকলৰ পৰা বহু আঁতৰৰ -- হিমাাংশু প্ৰসাদ দাস। আমি অনুভৱ কৰিছোঁ নিজৰ "চিনেমা"ৰ বাবে নিজে "বজাৰ" নিৰ্মাণ কৰি লয়, চিনেচিন্তাৰে, প্ৰচাৰ পৰিকল্পনাৰে। বিশেষকৈ "গৰু"ৰ বাণিজ্যিক সফলতা অসমীয়া চিনেমাৰ "স্থানীয় বজাৰ"ৰ ইতিবাচক দিশ।
নিৰ্মাণ কাৰ্য প্ৰায় শেষ হৈছে, প্ৰচাৰ চলিছে "জয় হনুমেন"ৰো। 
--চিনেমা খনৰ কাহিনী হিমাংশু প্ৰসাদ দাসৰ, চিত্ৰনাট্য হিমাংশু প্ৰসাদ দাস, শান্তনু ৰৌমৰিয়া, অধিৰাজ কাশ্যপৰ। 
--হিমাংশু প্ৰসাদ দাসে কাহিনীৰ ধাৰণা দিছে এনেদৰে, এটা এনকাউণ্টাৰ, ভুৱা। কাহিনীৰ গতিত এনকাউণ্টাৰৰ লগত হঠাৎ জড়িত হয় বিশ্ববিদ্যালয়ৰ এগৰিকী ছাত্ৰ। আমাৰ ধাৰণাত এই ছাত্ৰ গৰিকী ৰূপালী গল্পটোৰ মূল বিন্দু। নাম এটা আছে; কিন্তু বিশ্ববিদ্যালয়ৰ চৌহদত "মূল বিন্দু" (চিনেমা খনৰ নায়ক) জনপ্ৰিয় হনুমান নামেৰে। কাহিনীৰ শেষ বিন্দু-- হনুমানৰ দ্বাৰা এটা ভয়ংকৰ ৰাজনৈতিক ষড়যন্ত্র উন্মোচন হয়। 
আমাৰ ধাৰণাত "হনুমান" নিৰ্মাণ, "হনুমান"ক লৈ গতি কৰা গল্প হ'ব চিনেমা খনৰ সৌন্দৰ্য। গল্পৰ গতিত গীতকো গুৰুত্ব দিব। তিনিটা গীত থাকিব। গীতৰ কথা:  
দিগন্ত ভাৰতী, ৰাহুল গৌতম শৰ্মা, মিনিমী। সুৰ: দিগন্ত ভাৰতী, পৰাণ বৰকটকী, মিনিমি। আৱহ সংগীত: বেছহল। পৰিচালকে চিনেমা খনৰ চৰিত্ৰ কেইটা নিৰ্মাণ কৰিছে অমৃতা গগৈ, জ়য় কাশ্যপ,গীতাৱলী ৰাজকুমাৰী , ভাস্কৰ তামূলী, প্ৰদীপ নিশিথ, প্ৰনামী বৰা,ৰাজীৱ গোস্বামী,বিভূতি ভূষণ হাজৰিকা, অনন্যা কাশ্যপ, চাজু,সিদ্ধাৰ্থ বড়োক লৈ।  চিত্ৰ গ্ৰহণ: চন্দ্ৰ কুমাৰ দাস। সম্পাদনা: উদ্দিপ্ত কুমাৰ ভটাচাৰ্য। 

(শেষত: কিয় জানো মনলৈ আহিল-- Spider-Man, Superman -ৰ  হনুমেন!)

সোমবার, ২২ এপ্রিল, ২০২৪

তাৰিখ/ চিনে সংবাদ

আৰু এখন অসমীয়া চিনেমা-- হিমজ্যোতি তালুকদাৰৰ। "কেলেণ্ডাৰ"ৰ পৰিচালক গৰাকীৰ দ্বিতীয় খন চিনেমা, নাম-- তাৰিখ"।
সামাজিক মাধ্যমত এখন দেখা এখন স্থিৰচিত্ৰ। বহু কথা কৈ যোৱা, চকু চুই যোৱা। ফ্ৰেমত-- এক আদহীয়া ব্যক্তি, প্ৰকৃতি। "প্ৰকৃতি"ৰ ভাষায়ে যেন ব্যক্তি গৰাকীৰ মনৰ কথা। ফটো খনৰ ব্যাক্তি গৰাকী "কেলেণ্ডাৰ"ৰ হিতেশ কাকতি (অৰুণ নাথ) নহয়তো! হিতেশ কাকতি নহয়, ব্যক্তি গৰাকীৰ নাম-- দুৰ্লভ দত্ত। ফটো খনে কয়-- দুৰ্লভ দত্তৰ জীৱন বাটৰ অভিজ্ঞতা ৭০ বছৰৰ কম নহয়! 
পৰিচালক হিমজ্যোতি তালুকদাৰে লিখিছে-- "কোলাহলৰ পৃথিৱীখনত মৌনতাৰ এক বিশেষ ভাষা আছে – য’ত সোমাই থাকে আমাৰ ভিতৰখনত তোলপাৰ লগাই থকা আশাবোৰ, ঠিক যেন নিস্তব্ধ কিছুমান মুহূৰ্তত থকা সম্ভাৱনাৰ এটা আভাস! নৈঃশব্দৰ মাজতো লুকাই থাকে কিছুমান অকথিত কাহিনী - হৃদয়ৰ কথা কোৱা কাহিনী, ভালপোৱা আৰু হেৰুওৱাৰ কাহিনী, অতীতৰ গহ্বৰত লীন হৈ ভৱিষ্যতৰ সপোন দেখাৰ কাহিনী, আৱেগৰ ভাষাৰে সকলোকে সংযোগ কৰা কাহিনী – দুৰ্লভ দত্তৰ কাহিনী! ...মৌনতাৰ মাজেৰে আপাহবোৰক খেপিয়াই ফুৰা দুৰ্লভ দত্তৰ পৃথিৱীখনলৈ আপোনাক স্বাগতম।"
থাকক, কাহিনী প্ৰসংগ ইমানত থাকক, আৰু বেছি অনুভৱৰ বাট নিবিচাৰোঁ! ৬ ডিচেম্বৰ (২০২৪) -লৈ অপেক্ষা কৰোঁ! এই দিনটোতে চিত্ৰগৃহলৈ আহিব চিনেমা খন।
"চিনেমা"ত আমি "চিনেমাৰ ভাষা" (cinematic language) -ৰ আনন্দ লোৱা দৰ্শক। ফটো খনে দিয়া "অনুভৱ"-- আমাক হতাশ নকৰিব! আৰু সংগীত! সংগীত তৰালি শৰ্মাৰ যেতিয়া আশা কৰিব পাৰি-- ৰূপালী গল্পটোৰ অলংকাৰ হ'ব! (চিনেমা খনৰ প্ৰসংগত তৰালি শৰ্মা: কেতিয়াবা কিছুমান কামে দকৈ মন-মগজু চুই যায়। শেহতীয়াকৈ হিমজ্যোতি তালুকদাৰৰ নতুন চিনেমা 'তাৰিখ'ৰ আৱহ সংগীত কৰি থাকোতে তেনে ভাৱ হৈছিল। প্ৰত্যেক মানুহেই যে কিমান বেদনা কঢ়িয়াই লৈ ফুৰে...নীৰৱে...৷ শ্ৰদ্ধাৰ অৰুণ নাথ দা মানে দুৰ্লভ দত্তই একো সংলাপ নোকোৱাকৈও কিমান শক্তিশালী অথচ কিমান অসহায়-- "তাৰিখবোৰ কাৰোবাৰ কাৰণে যদি হাঁহি কাৰোবাৰ কাৰণে অন্তহীন প্ৰতীক্ষা!")
অৰুন্ধতী শৰ্মা বৰুৱা আৰু ড° মুক্তিস্মান হাজৰিকাৰ প্ৰযোজনাৰে নিৰ্মিত এই "তাৰিখ"ত আৰুণ নাথৰ লগতে অভিনয় কৰিছে-- বলোৰাম দাস, স্বাগতা ভৰালী, কুল কুলদীপ, ডা: জয়ন্ত দাস, সঞ্জীৱ শৰ্মা আদিয়ে।
--চিনেমা খনৰ চিত্ৰনাট্য হিমজ্যোতি তালুকদাৰ, অংকুৰ ডেকা আৰু অধিৰাজ কাশ্যপৰ। চিত্ৰগ্ৰহণ: অনিৰুদ্ধ বৰুৱা, শব্দ গ্ৰহণত দেৱজিৎ গায়ন, সম্পাদনা : উদীপ্ত কুমাৰ ভট্টচাৰ্য, সাজ-সজ্জাৰ দায়িত্বত আছে ৰাণী দত্ত বৰুৱা, ৰূপ সজ্জাত আকাশ গগৈৰ।

অসমীয়া চিনেমাত বিহু: এক অধ্যয়

অসমীয়া চিনেমাৰ (চিনেমাত ব্যৱহাৰ হোৱা) "জনপ্ৰিয় বিহুগীত" সমূহ প্ৰকৃততে বিহু সুৰীয়া গীতহে। যেনে-- "মন হীৰা দৈ..
চাইকেল নহয় টিলিঙা..." (চিনেমা: বোৱাৰী, সংগীত: উপেন কাকতী।) 
"হাঁহে হৈ পৰিমগৈ তোমাৰে পুখুৰীত
পাৰ হৈ পৰিমগৈ চালত..." (চিনেমা: তৰামাই, সংগীত: ৰমেন বৰুৱা।)
"হেয়!
জাক জাক জাকৈয়া ছোৱালী..." (চিনেমা: ৰাংঢালী, সংগীত: হেমেন হাজৰিকা) আদি। অসমীয়া চিনেমাত এনে ধৰণৰ বিহু সুৰীয়া গীতৰ চিত্ৰায়ণ বেছি দেখা যায়, বিহু গীতৰ বিপৰীতে।
অসমীয়া চিনেমাত বিহু গীত প্ৰথমবাৰ ব্যৱহাৰ কৰিছিল সুৰেশ চন্দ্ৰ গোস্বামীয়ে, 'ৰুণুমী" (মে' ১৯৫৩) ত-- "ফাগুণৰে পচোৱাই আঁচলকে উৰুৱাই ৰঙালী বিহুৰেনো বাতৰি বিলাই যায়.."  ( সংগীত: দৰ্পনাথ শৰ্মা) গীতটোৰ গায়ন শৈলী, চিত্ৰায়ণ --স্বাভাৱিক। চিনেমা খনত সম্পূৰ্ণ গীতটো ব্যৱহাৰ কৰা নাছিল। চিনেমা খনৰ প্ৰথমচোৱাত চৰিত্ৰ এটাকো গোৱাইছিল আন এটা বিহু গীতৰ কলি-- "মাকু তাতৰ শালত, চকু আলি বাটত..."। 
এই খিনিতে প্ৰথম খন অসমীয়া চিনেমা "জয়মতী" (২০ মাৰ্চ, ১৯৩৫) ত ব্যৱহাৰ কৰা বিহু নাচ চৰ্চা অৱশ্যেই কৰিব লাগিব। সম্পূৰ্ণ "জয়মতী" চোৱাৰ সুযোগ আমি পোৱা নাই। টূকুৰা টুকুৰাকৈ কিছু অংশহে চাইছোঁ। আমি চোৱা "টুকুৰা"ত বিহু নাচ নাছিল। বিভিন্ন লেখাত পোৱা যায় "জয়মতী" বিহু গীত নাছিল, বিহু নাচ আছিল। বিহু নাচত আজি-কালি ব্যৱহাৰ কৰাৰ দৰে বাঁহৰ জাপি ব্যৱহাৰ কৰিছিল।
আমাৰ ফাইলৰ চেপাত থকা তথ্যই কয়-- পৰিপাটিকৈ, পৰিকল্পনাৰ মাজেৰে বিহু নাচ-বিহু গীত ব্যৱহাৰ কৰা প্ৰথম খন অসমীয়া চিনেমা-- নিপ বৰুৱা পৰিচালিত 'স্মৃতিৰ পৰশ' (৬ এপ্ৰিল, ১৯৫৬)। ৰমেন বৰুৱাৰ সংগীতেৰে, গুনদা দাস, ৰমেন বৰুৱা, ননী কাকতি, বিভা বৰুৱা আৰু গিৰীণ বৰুৱাই কণ্ঠদান কৰা গীতটো-- 
"অ' মোৰে দেহিটি ঐ
অ' মোৰে চেনাইটি ঐ
 চকু জুৰণীয়া ৰোৱা কুমলীয়া 
কাইলৈ মেলিবি ঠোক..."
অসমীয়া চিনেমাত ব্যৱহাৰ কৰা এটা নিভাজ বিহু গীত-- 
"দেহি ঐ লুইতৰ সিপাৰে মাজুলী,
 চাপৰি ঐ মাজুলী, 
চাপৰি ঐ মাজুলি, 
উজাইনো পানী ভাহে..."
--নিজৰ সংগীতেৰে পৰিচালক ভূপেন হাজৰিকাই ব্যৱহাৰ কৰিছিল "প্ৰতিধ্বনি" (২২ জানুৱাৰী, ১৯৬৫)-ত। কণ্ঠ: ভূপেন হাজৰিকা, কবিতা হাজৰিকাৰ। ভূপেন হাজৰিকাই চিনেমাত ব্যৱহাৰ কৰা আন এটা জনপ্ৰিয় বিহুগীত--
"আই সৰস্বতী অ'- ৰংফুল বকুলী 
তোমালৈ মানি যাওঁ কি 
তোমালৈ মানি যাওঁ শুকুলা ছাগলী
মাহে পৰমানে দি মিলন দৈ 
শশী মিলনদৈ বাখৰ ক'লিদৈ 
বাখৰ ক'লিদৈ
আৰু মঙলদৈ মাহে পৰমানে দি... "
নিপন গোস্বামী আৰু এগৰাকী কিশোৰীক কেমেৰাৰ ফ্ৰেমত ৰাখি চিত্ৰায়ণ কৰা বিহুগীতটো জনপ্ৰিয় হৈছিল। কণ্ঠ: বন্দনা বৰা, ভূপেন হাজৰিকাৰ। চিনেমা: অপৰূপা (১৬ এপ্ৰিল, ১৯৮২)
সংগীত পৰিচালক ড°ভূপেন হাজৰিকাই "মণিৰাম দেৱান" (পৰিচালক: সৰ্বেশ্বৰ চক্ৰৱৰ্তী/ ১০ জানুৱাৰী, ১৯৬৪) আৰু "চিৰাজ" পৰিচালক: ভূপেন হাজৰিকা/...) -তো বিহুগীত ব্যৱহাৰ কৰিছিল।
"বাঁহৰে আগতে অ' লোহিত চাপৰি 
বাঁহীটি বজালোঁ অ' লোহিত চাপৰি ..." --পৱিত্ৰ কুমাৰ এটা লেখাত পঢ়িছিলোঁ, "মণিৰাম দেৱাণ"ত ব্যৱহাৰ কৰা ৰঞ্জনা বৰদলৈৰ বিহুনাচ চিনেমা খনৰ সৌন্দৰ্য আছিল। --হয়, এই বিহুগীতটোৰে চিত্ৰায়ণ কৰিছিল; কিন্তু ব্যৱহাৰ কৰা "বিহু নাচ" বিশুদ্ধ নাছিল। সত্ৰিয়া আৰু অন্যান্য নৃত্যৰ তাল ব্যৱহাৰ কৰিছিল, পৰিচালকে (সেই সময়ত কৰিঅ'গ্ৰাফাৰ নাছিল।)।
"চিৰাজ"ত পৰিচালক ভূপেন হাজৰিকাই 
"পিৰিতি পিৰিতি পিৰিতি 
পিৰিতি বোৱা বোৱৰ্তী নৈ 
পিৰিতি পিৰিতি পিৰিতি 
ওৰে জীৱন থাকিব বৈ..." বিহুগীতটো কাহিনীৰ গতিত ব্যৱহাৰ কৰিছিল। বিহুগীতটো ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ হৈছিল।
--অধ্যয়ণ কৰিলে স্পষ্ট হয়, ১৯৭০-২০১৫ সময় চোৱাত "বিহু" অসমীয়া চিনেমাৰ এৰিব নোৱাৰা বিষয় আছিল। নায়ক-নায়িকা বা আন চৰিত্ৰক বিহুৰ সাজ পিন্ধোৱা, "বিহু"ৰ মাজলৈ নিয়া অলিখিত নিয়ম আছিল। বিহু কেন্দ্ৰিক অসমীয়া চিনেমাও নিৰ্মাণ হৈছিল। উদাহৰণ: 'তৰামাই'(২৪ জানুৱাৰী ১৯৭৬), 'মাঘত মামণিৰ বিয়া' (১৮ অক্তোবৰ ২০০২), 'চেনাই মোৰ ঢুলীয়া' (৩০ ডিচেম্বৰ ২০০৫) আৰু 'জানমণি' (১৫ এপ্ৰিল, ২০১১)। এই সময় চোৱাত চিত্ৰগৃহলৈ অহা 'যোগ বিয়োগ' (৩১ ডিচেম্বৰ ১৯৭১) 'তৰামাই'(২৪ জানুৱাৰী ১৯৭৬), 'মৰমী' (২০ জানুৱাৰী ১৯৭৮), 'ৰাংঢালী' (২৮ ডিচেম্বৰ ১৯৭৯) 'মইনাজান' (১৪ নৱেম্বৰ ১৯৮০) আদি চিনেমা দৰ্শকৰ ওচৰলৈ লৈ গৈছিল বিহুগীতে, বিহুগীতৰ সুৰে-নৃত্যই। ব'হাগৰ দুপৰীয়া', 'মধুচন্দা', 'জীৱন সুৰভি' আদি চিনেমাৰো সৌন্দর্য বঢ়াইছিল বিহুগীত-নৃত্যই। 'ঊর্বশী', 'প্রিয়জন'ৰো এটা 'সৌন্দর্য' আছিল বিহুৰ সুৰ, বিহুৰ 'সুৰ'ৰ চিত্ৰায়ণ।
"অ' হায় হায়..
পূবে ভগৱন্তই বৃন্দাবনতে
ষোল্লশ গোপিনী ঐ পাই
আজৌ আজৌ!..."
"বহাগৰ দূপৰীয়া" (পৰিচালনা: জ'নছ মহলীয়া) -ৰ এই গীতটো গাইছিল ভূপেন উজীৰৰ সংগীতেৰে মহানন্দ মজিন্দাৰ বৰুৱাই। এই বিহুগীতটো আজিৰ তাৰিখতো জনপ্ৰিয়।
আজিৰ তাৰিখতো জনপ্ৰিয় অসমীয়া চিনেমাত ব্যৱহাৰ কৰা আন কেইটামান বিহুগীত--
📌"কোমলকৈ বাঁহৰে ঐ লেকেচী লেহুকা 
 পাতলকৈ পাবতে পাখি 
আমাকে ঐ নথ'বা ৰাখি
বা লাগি বাজিছে ঐ মন-ছিঙা সুহুৰি
বুটলিনো নল'লি ..." (চিনেমা: মইনাজান, সংগীত: খগেন মহন্ত, পৰিচালনা: দেৱকুমাৰ)

📌“সাতামপুৰুষীয়া / বছেৰেকৰ বিহুটি
নেপাতি কেনেকৈ থাকো
কোৱা সোণ
নাচনী নাচনী অ' মইনা নাচনী
চকৰি ঘূৰাদি ঘূৰা মইনা নাচনী 
ভালেকৈ ধৰিবা বিহুৰে মান নাচনী..."  (চিনেমা: জেতুকী, পৰিচালক: চন্দ্ৰ তালুকদাৰ, সংগীত: সুজিত সিংহ, চিত্ৰগৃহলৈ:   ১৯৮৭)

📌"হেৰ' অসমীয়া বিহুৰে বলিয়া 
লুইতৰ পাৰতে ঘৰ
লোকে আহি খেদিলে
ভাত কাপোৰ কাঢ়িলে..." (চিনেমা: প্রেম জনমে জনমে, পৰিচালক: যাদৱ চন্দ্ৰ দাস, সংগীত: ৰিদীপ দত্ত, চিত্ৰগৃহলৈ: ১৯৯১)
📌"বিহুৰে কঠীয়া কোনে সিঁচি গ'লে
কোনে ৰচি গ'লে গীত 
মন ৰমেৰমায় বুকু হমেহমায়
অলিয়া-বলিয়া চিত..." (চিনেমা: ককাদেউতা নাতি আৰু হাতী, পৰিচালক: নিপ বৰুৱা, সংগীত: ৰমেন বৰুৱা, চিত্ৰগৃহত: ১৮ নৱেম্বৰ ১৯৮৩।)

📌"নাই!
নাই এজাৰ ফুলা নাই
নাই!
নাই বিহু অহা নাই,
নাই!
নাই এজাৰ ফুলা নাই..." (চিনেমা: বোৱাৰী, পৰিচালক: শিৱ প্ৰসাদ ঠাকুৰ, সংগীত: ড°উপেন কাকতি, চিত্ৰগৃহলৈ: ২৫ জানুৱাৰী ১৯৮২)
📌"পইতা ভাতৰ লগত খাবা গৰৈ মাছৰ পোৰা..." (চিনেমা: পলে পলে উৰে মন, সংগীত পৰিচালক তিমথী দাস হাঞ্চে, বিমান বৰুৱা আৰু অৰূপ দত্ত, চিত্ৰগৃহলৈ: ২০ মে, ২০১১)

--এই শতিকাৰ অসমীয়া চিনেমাত "বিহু" প্ৰয়োগৰ পৰিবৰ্তন স্পষ্ট। পৰিচালকে চিনেমাৰ ইতিহাস আৰু সৌন্দৰ্যলৈ ৰূপান্তৰ কৰিছে "বিহু"ক। চিনে সৌন্দৰ্যলৈ ৰূপান্তৰ হোৱা দুটি বিহুগীত-- "তোমাৰেনো বিৰহত..." (চিনেমা: বৰনদী ভটিয়ায়, সংগীত: তৰালি শৰ্মা, পৰিচালক: অনুপম কৌশিক বৰা, চিত্ৰগৃহলৈ: ৩মে', ২০১৯), "অৰ্জুন গছৰ কোমল পাত..." (চিনেমা:অনুনাদ, পৰিচালক: ৰীমা বৰা, চিত্ৰগৃহলৈ: ১৫ জানুৱাৰী ২০২৪)
বিহুগীতৰ ভাললগা প্ৰয়োগ জয়ছেং জয় দহোতীয়াৰ "জলছবি"। পৰিচালক গৰাকীয়ে পৰিবেশ নিৰ্মাণত ব্যৱহাৰ কৰিছে এই বিহুগীতটো--
"হয়দেই…….. 
যোৱাবাৰ বিহুতে অই 
তেনেই সৰুজনী আছিলি অই...
সৰু বুলি নেচালোং তোক ৷
এএএএইইই
এতিয়া দেখিচোং অই 
বৰে জনী হলিচোন অই
নেচাই থাকি নোৱাৰোং তোক ..."
এই বছৰ চিত্ৰগৃহলৈ অহা প্ৰথম খন অসমীয়া চিনেমা "কইনা কন্দা শিল"  (পৰিচালক: পৰিচালক: ড° মাইনু দেৱী আৰু ৰমেন বৰা, সংগীত-গীতৰ কথা:  ড° মাইনু দেৱী, চিত্ৰগৃহলৈ: ৫ জানুৱাৰী) তো বিহুৰ পৰিপাটি প্ৰয়োগ দেখিছোঁ। চিনেমা খনত থকা একমাত্ৰ গীতটোত চাৰি শাৰী কথাত তিৱা বিহুৰ সুৰ প্ৰয়োগ কৰিছে। গীতটোত বিহু সুৰীয়া গীতৰ প্ৰভাৱ স্পষ্ট।  গীতটো--
"বঘৰাৰ দেশৰে ৰূপহী কুঁৱৰী
কেঁচা বিহু মাৰিব জানে,
মায়ঙৰ দেশৰে পানথাই কোঁৱৰে 
খ্রাম থোৰাং বজাব পাৰে !

বঘৰাৰ দেশৰে  ৰূপহী কুঁৱৰী
টাগলা ফাছকাই বনাব জানে,
মায়াংৰ দেশৰে পানথাই কোঁৱৰে
পবিতৰাৰ হাতিকো বশে |

অ' মোৰ  দেহা অই
তেনেকৈ নাচাবি মোক,
অ' মোৰ দেহা অই
কলিজাতো দিলোঙ তোক,
লাজতে মোৰ 
নয়ন যুৰি সেমেকী উঠে, 
লাহি কঁকাল বতাহঁতে উৰে |

বৰ ঘৰৰ জীয়াৰি অ'ই
লখিমী ৰাজকুমাৰী অ'ই
পুজো আমি অনন্ত গোঁসাই !!

অ' মোৰ দেহা অ'ই
সাঁচি ৰখা মৰমবোৰ,
অ' মোৰ দেহা অ'ই 
হিয়া ভৰাই দিমে অ'ই,
ফালি কই ফান হাতত লৈ 
বৰ ঘৰত খুঁজিম গৈ 
কইনা হবি মোৰে তই |" --গীতটো কাহিনীৰ গতি নিৰ্মাণত ব্যৱহাৰ কৰিছে।

শেষত: বিষয়বস্তু অসম্পূৰ্ণ। সেয়েহে শিৰোণামত "এক আধ্যায়" বাক্যটো ব্যৱহাৰ কৰা হৈছে।
(প্ৰকাশ: বহাগ বিহু সংখ্যা...)

শুক্রবার, ৫ এপ্রিল, ২০২৪

আৰু এখন চিনেমা, লৰ্ড দাসৰ

৪ এপ্ৰিল। কালি উপস্থিত আছিলোঁ এখন অসমীয়া চিনেমাৰ শুভ মহুৰৎ অনুষ্ঠানত। পৰিচালক লৰ্ড দাসে আমন্ত্ৰণ কৰিছিল কেমেৰাৰ ছুইচ অন কৰিবলৈ। চিনেমা খনৰ পৰিচিলক গৰাকীয়ে আঁতধৰা অনুষ্ঠানটিত নাৰিকল ভাঙি মংগল কামনা কৰে সংগীত শিল্পী-চিনেমা পৰিচালক অৱনী ৰঞ্জন পাঠকে। কেমেৰাত মাল্যদান কৰে ড° নিখিলেশ বৰুৱাই। 
--শুভ মহুৰতত লগ পালোঁ সংগীত পৰিচালক, বাঁহী বাদক দীপক শৰ্মাক। চিনেমা খনৰ আৱহ সংগীত ৰচনা-সংযোগ কৰিব। চিনেমা খনত দুটা গীত ব্যৱহাৰ কৰিব। এটা গীতৰ সুৰ দীপক শৰ্মাৰ, কথা: প্ৰনৱ কুমাৰ বৰ্মনৰ। সুৰ-কথা মন চুই যোৱা, মনত ৰৈ যোৱা।  চিনেমা খনৰ আনটো গীত মুম্বাইৰ ৰটনাৰ। দীপক শৰ্মা-ৰটনা এই চিনেমা খনৰ সংগীত পৰিচালক। 
চিনেমা খনৰ লেখক-পৰিচালক লৰ্ড দাসে জনালে, কাহিনী কেন্দ্ৰ বিন্দু-গতি এই প্ৰজন্ম। কাহিনীৰ ইংগিত আছে চিনেমা খনৰ নামত-- "লাভ ডট কম"। চিনেমা খনত "হিংলিছ চিনেমা ষ্টাইল"ত হিন্দী আৰু অসমীয়া সংলাপ ব্যৱহাৰ কৰিব। অভিনয় কৰিব দিল্লীৰ ৰাহুল কামাণ্ডু, বিগবছ খ্যাত লাকী কেম্বোজ, মুম্বাইৰ তাহিৰ কামাল খান, ব্রজেশ দাস, কল্যাণজী, অসমৰ হিমজ্যোতি মেধি, ভার্গৱ কটকী, ডঃ নিখিলেশ বৰুৱা, অমিত চৌধুৰী, জিমলী তালুকদাৰ, সংগীতা কৈৰী আদিয়ে। দিল্লী, মুম্বাই আৰু অসমত দৃশ্যগ্রহণ হ'ব লগীয়া চিনেমা খনৰ চিত্ৰগ্ৰহণ কৰিব মুম্বাইৰ সৰবৰ - চয়ীদ আৰু অভি দাসে।