শনিবার, ৩১ জুলাই, ২০২১

অদম্য

অদম্য ' ৰ (২০১৪) ৰ কাহিনী আগবাঢ়ে জুৰি (প্ৰণামী বৰা)ক কেন্দ্ৰ কৰি । বিষয়বস্তু : এইড্‌ছ ৰোগ সমস্যা । কোনো দোষ নাছিল জুৰিৰ । সুন্দৰ সপোন লৈ বিয়াত বহিছিল । গাৱৰ জুৰি চহৰ পাইছিল এগৰাকী অভিযন্তাৰ সৈতে বিয়া হৈ। বিয়াৰ ৬ মাহ পাৰ হয় । জুৰিয়ে জানিব পাৰে  -- স্বামী  এইড্‌ছ ৰোগত আক্ৰান্ত । স্বামীৰ মৃত্যু হয় । সেই সময়ত জুৰি গৰ্ভৱতী । পৰীক্ষা কৰি গৰ্ভৱতী জুৰিৰ দেহতো  এইড্‌ছ ৰোগ ধৰা পেলালে চিকিৎসকে । অসহায় অনুভৱ কৰে জুৰিয়ে । স্বামীৰ ঘৰত , মাকৰ ঘৰত 
 ' অস্পৃশ্য ' হোৱা জুৰিয়ে মাকৰ ঘৰৰ ওচৰতে জুপুৰি এটাত থাকে । আৰু জীৱন যুদ্ধত নামে । এটি কন্যা সন্তানো জন্ম দিয়ে । সন্তানটি  এইড্‌ছ ৰোগ মুক্ত । কিন্ত সমাজৰ হীন ব্যৱহাৰৰপৰা সাৰি নাযায় । কন্যাসন্তানটোৰ নাম ৰাখে জোনাক ।জোনাক জুৰিৰ সপোন । ' জোনাকৰ পোহৰত 'সংগ্ৰাম আৰম্ভ কৰে  জুৰিয়ে । কাহিনীৰ শেষত  দৰ্শকে অনুভৱ কৰে জুৰিৰ জয় । -- এয়া স্পষ্ট , পৰিচালকৰ উদ্দেশ্য গল্প কোৱা নহয় ( গল্পটো  অবশ্যেই পৰিপাটিকৈ কৈছে । জুৰিৰ মানসিক যন্ত্ৰণা , সংঘৰ্ষ কেমেৰাৰ ভাষাৰে - প্ৰণামি বৰাৰ চেহেৰাৰ ভাষাৰে  ' গতি 'ক গুৰুত্ব দি আঁকিছে । চৰিত্ৰটোক কোনো মূহুৰ্ততে অস্বাভাবিক বা ' নাটকীয় ' আছৰণ কৰিব দিয়া নাই । ) , এইড্‌ছ ৰোগৰ অশুদ্ধ ধাৰণাৰ বিৰুদ্ধে ' সমাজ 'ক সজাগ কৰা । আমাৰ এই ধাৰণা নিশ্চয় শুদ্ধ । আৰু নিশ্চয় কম -- পৰিচালক ববী শৰ্মা বৰুৱাৰ এয়া সফল চিনেকৰ্ম  'অদম্য ' । চিনেমাৰ সার্থকতা যান্ত্রিক উপায়ে বাস্তবতাক পুনঃনির্মাণ কৰাৰ মাজত নিহিত।  " Cinemas are a form of visual entertainment . "  -- কব পাৰি  এই কথা পৰিচালকে , চিত্ৰনাট্যকাৰে ' অদম্য ' ৰচনাৰ সময়ত মনত ৰাখিছিল ।
  ' স্থানীয় বজাৰ'ত অসফল চিনেমা খনৰ 'মহোৎসৱ যাত্ৰা ' সুখকৰ । ত্ৰয়োদশ ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত  শ্ৰেষ্ঠ চিনেমাৰ (Spiritual film শাখা) বঁটা প্ৰাপ্ত চিনেমা খন  পঞ্চদশ ৰেইনবো ফিল্ম ফেষ্টিভেল - লণ্ডন (২০১৪ ) , প্ৰথম আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱ - বাংলাদেশ ( ২০১৪ ) , Cana ফিল্ম ফেষ্টিভেল - ছিংগাপুৰ ( ২০১৪ ) , দ্বাদশ Third Eye এছিয়ান ফিল্ম ফেষ্টিভেল ( ২০১৪ ) , Kala Godha Arts festival (২০১৪ ) , তৃতীয় দিল্লী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (২০১৪ ) , মুম্বাই আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱ ( ২০১৪ ) , চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ( ২০১৪ ) আৰু  বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ( ২০১৪ ) ত দেশ - বিদেশৰ চিত্ৰৰসিকক সন্তুষ্ট কৰৰ খবৰ কাকত - আলোচনীত পঢ়িছো । কিন্তু পৰিচালকৰ কষ্ট অধিক সাৰ্থক হ'ল হেতেন , যদিহে অসমৰ বিভিন্ন প্ৰান্তত চিনেমা খন প্ৰদৰ্শন কৰা  হ'ল হেতেন ! অসমীয়া চিনেমা খনৰ প্ৰদৰ্শন  অসমৰ বিভিন্ন প্ৰান্তত জৰুৰী আছিল । সেই সময়ত , এই সময়তো ।






সংযোজন : পৰিচালক ববী শৰ্মা বৰুৱাই ' অদম্য 'ৰ পূৰ্বে ২০০৬ চনত প্ৰথমটো চিনেকৰ্ম কৰিছিল ।বিষয় : অসমৰ চাহ জনগোষ্ঠী । পৰৱৰ্তী সময়ত  "সোণতৰা", "চহৰৰ গধূলি"  আদি গীতৰ দৃশ্য এলবাম , কেইবা খনো   তথ্যচিত্ৰ , টিভি ধাৰাভাহিক পৰিচালনা - নিৰ্মাণ কৰে।  কোৱা হয় চুটি চিনেমা  "ৱেটিং ফৰ এ ক'ল", "দেউতা এণ্ড মিৰ'ৰ" আদি পৰিচালক গৰাকীৰ চিনেকৰ্মৰ বুনিয়াদ । এই বুনিয়াদত পোন হৈ ক্ৰমে -- অদম্য (২০১৪ ), সোণাৰ বৰণ পাখি (২০১৬ ) আৰু  য়েছে দৰজে ঠংচিৰ ‘মিচিং’ নামৰ উপন্যাসখনৰ আধাৰত পৰিচালনা কৰে  "মিচিং - দ্য এপাৰেশ্যন "।  চিনেমা খনে লাভ কৰে শ্ৰেষ্ঠ শ্বেৰদুকপেন ভাষাৰ চিনেমাৰ " ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ২০১৯ " । ' সোণাৰ বৰণ পাখি 'য়ে  ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল লছ এঞ্জেলেচ, ২০১৭ - ত লাভ কৰে শ্ৰেষ্ঠ চিনেমাৰ গ্ৰেণ্ড জুৰী বঁটা । আৰু 
শ্ৰেষ্ঠ চিনেমাৰ  দৰ্শক বঁটা লাভ কৰে ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ - ২০১৭ত । চিনেমা খনৰ বিষয় গোৱালপৰীয়া লোকগীতৰ শিল্পী প্ৰতিমা বৰুৱা পাণ্ডে ।

শুক্রবার, ৩০ জুলাই, ২০২১

চিনেচিন্তা

সাংস্কৃতিক পৰিক্ৰমা বিভাগ, অসম । ১৯৮৭ চনত স্থাপিত অসম চৰকাৰৰ স্বতন্ত্ৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ । -- এই বিভাগটোৰ কাম ? অসমৰ  সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰসাৰৰ  স্বাৰ্থত  কাম কৰা । বৰ্তমান   সাংস্কৃতিক সঞ্চালকালয়, সংগ্ৰহালয় সঞ্চলকালয়, পুৰাতাত্বিক সঞ্চলকালয়, পুথিভঁৰাল সঞ্চালকালয়, জ্যোতি চিত্ৰবন ছোচাইটি,  অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত আৰু শ্ৰীমন্ত শংকৰদেৱ ছোচাইটিয়  এই বিভাগটোৰ হৈ কাম কৰি আছে । কৰি আছে বুলি কোৱা হয় । আমাৰ প্ৰশ্ন  --  এই বিভাগ কেইটাৰ দ্বাৰা  নৃগোষ্ঠীয় ,  সংগীত, নৃত্য, নাটক,  চিনেমা ইত্যাদিৰ উত্তৰণ - সংৰক্ষনৰ  কাম  যিমান হোৱা উচিৎ , হব লাগে , হয় নে ? -- হৈছে নে? 

আমাৰ প্ৰশ্ন যদি  চিনেমা কেন্দ্ৰিক হয় ! অসম ৰাজ্যিক চলচ্চিত্ৰ ( বিত্ত আৰু উন্নয়ন ) নিগমে ব্যবসায়িক দিশত অসফল কেইখন মান অসমীয়া চিনেমা নিৰ্মাণ বা নিৰ্মাণত নিশ্চয় সহায় কৰিছে ! ' স্থানীয় বজাৰত অসফল এই চিনেমা কেইখনৰ  দেশ - বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত গুৰুত্ব বা স্থান কি বুলি প্ৰশ্ন কৰিলেও উৎসাহ অনুভৱ কৰিব নোৱাৰা উত্তৰহে পোৱা যাব । এটা দিশ আমি আনুভৱ কৰি আহিছো --  ৰাজ্যিক চলচ্চিত্ৰ ( বিত্ত আৰু উন্নয়ন ) নিগমে নিৰ্মাণ কৰা ( নিষিদ্ধ নদী , বান্ধোন , সাত নম্বৰৰ সন্ধানত ) আৰু সহঃ প্ৰযোজকৰ সৈতে নিৰ্মাণ কৰা ( পানী , টি আৰ পি আৰু ... , ৰাগ , দিখৌ বনত পলাশ , শৃংখল , তুমি আহিবা নে , সোণাৰ বৰণ পাখি  ) চিনেমা  কেইখনৰ ' বজাৰ ব্যবস্থা ' ( স্থানীয় বজাৰ , মহোৎসৱ বজাৰ ) সু পৰিকল্পিত নহয় । ফলত স্বভিবিকতে মনলৈ প্ৰশ্ন আহে -- ' ৰাইজৰ টকা'ৰে এই চিনেমা কেইখন নিৰ্মাণ কৰা হ'ল কিয় ? ( ' ৰাইজৰ টকা'ৰে নিৰ্মাণ হোৱা চিনেমা কেইখন 'ৰাইজ 'ৰ ওচৰলৈ নযোৱটো নিঃসন্দেহে পৰিতাপৰ বিষয় । -- ' ৰাইজ 'ৰ ওচৰলৈ নিব কেনেকৈ ! এয়াও এক প্ৰশ্ন । -- এই শিতানত পূৰ্বে লিখিছিলো ' গ্ৰাম্য চলচ্চিত্ৰ উৎসৱ 'ৰে নিব পৰা যায় । )

এই খিনিতে মনলৈ আহিছে ড° ভবেন্দ্ৰ নাথ শইকীয়াই আমাৰ ( নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰ , সাংবাদিক অনুপম চক্ৰৱৰ্তী আৰু মোৰ । আজি কায়িক ভাবে ছাৰ নাই , আমাৰ মাজত নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰো নাই , কথা খিনিৰ গুৰুত্ব নিশ্চয় আছে । ) প্ৰশ্নৰ উত্তৰত কোৱা মিনি চিত্ৰগৃহ কেন্দ্ৰীক কথা । শইকীয়া ছাৰে কৈছিল -- "  আজি বহু বজৰ ধৰি এটা কথা মই কৈ আছোঁ -- আমাক এশটা চিনেমা হল লাগে । এই সৰু চিনেমা হল কেইটা তিনিশমান মানুহ বহিব পৰা হ'লেই হ'ব ।   আজি ডাঙৰ চিনেমা হল এটাত য'ত বাৰশ মানুহ বহে তাত তিনিশমান মানুহ বহিলে পিছদিনা মালিকে মানুহ নাই বুলি কৈ চিনেমা খন তুলি দিব খোজে । সেই তিনিশ আশন থকা হলটোত যেতিয়া দুশ মানুহো বহি থাকে তেতিয়া দেখাত কিন্তু পূৰ্ণ যেনেই লাগিব । গতিকে বিভিন্ন ঠাইত এশ সৰু সৰু চিনেমা  হল লাগে আৰু এনে এটা বন্দবস্ত হ'ব লাগে   তেওলোকে অসমীয়া ছবি দেখুৱাবই লাগিব । আৰু এই চিনেমা হলবোৰ কমিটিয়ে সকলো ঠাইতে একে আৰ্হিত গঢ়ি তুলিব লাগিব । এই চিনেমা হলবোৰ বজাৰৰ দৰে নহৈ মন্দিৰৰ দৰেওতো হব পাৰে -- তাত লাইব্ৰেৰী এটাও থাকিব পাৰে  ! সাহিত্য সভাৰ  মিটিং হ'ব পাৰে ! টাউন কমিটিৰ মিটিং এখনো হব পাৰে ! মুঠতে এটা সাংস্কৃতিক কেন্দ্ৰ হিচাপে এই ছবিঘৰ বোৰ হব লাগে । ... ইয়াৰ পৰা চৰকাৰৰ ৰাজহো আহিব । মই ক'লো নহয় -- তোমালোকে পুৱা সাহিত্য সভাৰ বাবে ছবিঘৰটো ভাৰা দিয়া , আবেলি সময়ত ছবি দেখুওৱা ।...  সমস্যাটো তেনেধৰণে শেষ কৰিবলৈ চেষ্টা কৰিব লাগে । " -- সেই বিশেষ দিনটোত ছাৰে আমাক কৈছিল , ছাৰে কোৱা ধৰণে  সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ আগ্ৰহত " ব্লু - প্ৰিণ্ট " এখন সাজু কৰি দিছিল , নিৰ্দিষ্ট বিভাগটোক । হয়তো এতিয়াও সেই " ব্লু - প্ৰিণ্ট " খন নিৰ্দিষ্ট বিভাগটোৰ ফাইলৰ চেপাত পৰি আছে । যদি বৰ্তমানৰ সাংস্কৃতিকমন্ত্রী বিমল বৰাই " ব্লু - প্ৰিণ্ট " খন উদ্ধাৰ কৰি মিনি চিত্ৰগৃহ প্ৰসঙ্গত চিন্তা ড° ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ দৰে কৰে নিশ্চয় সু-ফল পোৱা যাব । -- উল্লেখ কৰা 'ৰাইজ'ৰ টকাৰে নিৰ্মাণ কৰা চিনমাও ' ৰাইজ'ৰ মাজলৈ নিয়াত সহজ হব ড° ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ দৰে মিনি চিত্ৰগৃহৰ চিন্তা কৰিলে।আহিছো ৰাজ্যিক চলচ্চিত্ৰ ( বিত্ত আৰু উন্নয়ন ) নিগমৰ " চিনেমা নিৰ্মিণ " প্ৰসঙ্গলৈ । বিভাগটোই আজিলৈক  শ্ৰীমন্ত শংকৰ দেৱ , জ্যোতি প্ৰসাদ  আগৰৱালা ,  ভূপেন হাজৰিকা কেন্দ্ৰীক চিনেমা নিৰ্মাণৰ কথা কিয় ভবা নাই ?  মাৰাঠী চিনেমা " Harishchandrachi Factory " (২০০৯ ) ৰ দৰে অসমীয়া ( জ্যোতি প্ৰসাদ আগৰৱালা , প্ৰথম খন অসমীয়া চিনেমাৰ জন্ম যন্ত্ৰনা কেন্দ্ৰীক ) চিনেমা এখন নিৰ্মাণ কৰিব নোৱাৰাৰ কোনো কাৰণ নাই ! -- এয়া প্ৰথম কথা । দ্বিতীয় কথা , ৰাজ্যিক চলচ্চিত্ৰ ( বিত্ত আৰু উন্নয়ন) নিগমে  ভাল চিনেমা পৰিচালনাৰ ধাৰাবাহিকতা ৰক্ষা কৰি অহা এই প্ৰজন্মৰ পৰিচালকক গুৰুত্ব দিয়ক । তৃতীয় কথা , ' ভাল চিনেমা ' নিৰ্মণৰ বাবে সহায় কৰাতকৈ , ভাল চিনেমা নিৰ্মাণ কৰা সকলক আৰ্থিক সহায়েৰে উৎসাহ দিয়ক । 

***********************
সমস্যা -- চিনেচৰ্চা । বিশুদ্ধ চিনেচৰ্চা । সত্যজিৎ ৰায়ৰ ' পথেৰ পাঁচালী 'ৰ পিছৰ সময় ছোৱাতে বিভাজন স্পষ্ট হয় ভাৰতীয় চিনেমাৰ । ভুল চিনেচৰ্চাৰ বাবে এক ধাৰণাৰ নিৰ্মাণ হয় -- গীতৰ ফেণ্টাচি চিত্ৰায়ণ ব্যৱহাৰ নহোৱা , ছাঁ - পোহৰৰ চলমান চিত্ৰয়ে ' আৰ্ট ফিল্ম '। আৰু গীত - নৃত্য ব্যৱহাৰ কৰি গল্প কোৱা চলমান চিত্ৰয়ে -- '
কমাৰ্চিয়েল ফিল্ম ' ।  
আর্ট ফিল্ম ' নো কি ? -- কোনো কোনোৱে আৰু ক'ব খোজে ,  যি চিনেমাত  সৃষ্টিশীলতাৰ আনন্দ অনুভৱৰ অৱকাশ , কেৱল চিনেশিল্পৰ সৌন্দৰ্য পানৰ অৱকাশ থাকে। আৰু কোৱা হয় পৰিচালকে নিজেৰ ভাবনাক , চিনেচিন্তাক  প্রাণ দিয়াৰ স্বাৰ্থত যি চিনেমা ৰচনা কৰা হয় , বজাৰ চিন্তা শূণ্য , কেৱল শিল্প চিন্তাৰ গুৰুত্ব স্পষ্ট , সেয়াই ' আৰ্ট ফিল্ম ' ।                                  
' আৰ্ট ফিল্ম ' ধাৰণা নাছিল ; কিন্তু ভাৰতত আৰম্ভ হৈছিল  ১৯২০ - ১৯৩০ ৰ দশকত।  কোৱা হয় এই শৈলী বাবুৰাও পেইণ্টাৰৰ  নিৰ্বাক চলমান ছবি Savkari Pash (Indian Shylock) দেখা যায় । চিনেমা খনৰ গল্পত আছে ( মই চোৱাৰ সুযোগ পোৱা নাই । 'ইণ্ডিয়ান চিনেমা 'ত পঢ়িছিলো । ) -- এজন দৰিদ্ৰ কৃষকৰ মন - মগজু ছুই যোৱা ছবি । লুভীয়া জমিদাৰ এজনৰ হাতত নিজৰ মাটি হেৰুৱাই । -- কি কৰিব ? কামৰ সন্ধানত চহৰলৈ যোৱাৰ বাহিৰে অন্য উপাই নাছিল ।    কৃষিকৰ্ম বাদ দি  কল-শ্রমিক  হিসাবে কাম কৰিবলৈ বাধ্য হয় । চিনে আলোচক সকলৰ লেখাত পোৱা যায় -- চিনেমা খনত শিল্পলৈ ৰূপান্তৰ হোৱাকেইবাটাও শ্বট আছে , যি কেইটাক  ভাৰতীয় চিনেমাৰ টাৰ্ণিং পইণ্ট বুলি কোৱা হয় । উদাহৰণ : মিড শ্বটত এটা জুপুৰি, কাষত এটা বলীয়া কুকুৰ । -- ৮০ মিনিত দৈৰ্ঘৰ Savkari Pash চিত্ৰগৃহলৈ আহিছিল ১৯২৫ চনত । আৰু এই ধাৰাই গতি লৈছিল চল্লিছ দশকৰ শেষ ভাগৰ পৰা ১৯৬৫ চনৰ সময় ছোৱাত । আগবঢ়াই নিছিল গুৰু দত্ত, ভি. চন্তৰাম , তপন সিংহ , খাৱাজা আহমেড আৱাজ, বুদ্ধদেৱ দাসগুপ্ত, চেতন আনন্দ, মৃণাল সেন, ঋত্বিক ঘটক আদিৰ লগতে সত্যজিৎ ৰায়ে । আৰু ধাৰাটোক ' বিশ্ব চিনেমা ' পৰ্যায়লৈ নি বিশুদ্ধ চিনেমালৈ ৰূপান্তৰ কৰি প্ৰতিস্থা কৰিছিল  । এই সময় ছোৱাত আৰু পৰৱৰ্তী সময় ছোৱাত গল্প - উপন্যাসক ৰূপালী গল্গলৈ ৰূপান্তৰ কৰাত গুৰুত্ব এই ধাৰাৰ একাংশ পৰিচালকে । সত্যজিৎ ৰায়ৰ লগতে এই ধাৰাটো মজবুট কৰে শ্যম বেনেগাল, মনি কৌল, ৰাজিন্দৰ সিং বেদী, কন্তিলাল ৰাথোড় আৰু চৈয়দ আখটাৰ মিৰ্জা , আদুৰ গোপালকৃষ্ণন, কে. পি. কুমাৰন, জি অৰবিন্দন, জন আব্ৰাহাম, পদ্মৰাজন, ভাৰথান, টি. বি. চন্দ্ৰত , ছাজি এন. কৰণ , আৰিবাম শ্যাম শৰ্মা আদিয়ে ।
  -- ১৯৬৫ - ১৯৯০ চনৰ সময় ছোৱাত ' আৰ্ট ফিল্ম ' ধাৰণাটো ইমানেই স্পষ্ট হৈছিল যে অভিনেতা - অভিনেত্ৰীকো ছুইছিল । শাবানা আজমী, স্মিতা পাটিল, অমল পালেকাৰ, ওম পুৰী, নাছিৰুদ্দিন শ্বাহ, কুলভূষণ খাৰবান্দা, পংকজ কাপুৰ, দীপ্তি নাভাল, ফাৰুক শ্বেইখ আদিক কোৱা হৈছিল ' আৰ্ট ফিল্ম 'ৰ অভিনয় শিল্পী । নাছিৰুদ্দিন - শাবানাক কোৱা হৈছিল এই ধাৰাৰ সফল আৰু জনপ্ৰিয় যুটী । -- এই ' আৰ্ট ফিল্ম ' ধাৰণাটোৱে তেতিয়াৰ পৰা এতিয়ালৈ ' স্থানীয় বজাৰ ' ত চিনেমাৰ ক্ষতি কৰি আছে । অসমীয়া চিনেমাৰো ক্ষতি কৰিছে ।

বুধবার, ২৮ জুলাই, ২০২১

আইদেউ ( চিনেমা )

অৰূপ মান্নাৰ প্ৰথম পৰিচালনাই আমাক সন্তুষ্ট কৰিব পৰা নাছিল । অসন্তুষ্টিৰ মুল কাৰণ পৰিচালক গৰাকীৰ চিনেদক্ষতা আমি অনুভৱ কৰিছিলো ! -- সেই সময়ত মোৰ কৰ্মস্থান আছিল ' আজি ' । পুৱা ১০ - ১১ বজাৰ পৰা ৰাতি কাম শেষ নোহোৱালৈকে কাৰ্যালয়তে থাকো । কাৰ্যায়লৈ মাজে সময়ে অৰূপ মান্না আহে , কথা পতো । বিষয় : চিনেমা । কেৱল চিনেমা । কিন্তু অৰূপ মান্নাৰ যি চিনেমা ধাৰণা ( কথা পতাৰ মাজেৰে মই অনুভৱ কৰা ) সেয়া প্ৰথম পৰিচালনা ' জীৱন তৃষ্ণা 'ত দেখা নাছিলো । স্বাভিবিকতে পৰিচালক গৰাকীৰ পৰৱৰ্তী চিনেকৰ্মৰ প্ৰতি বিশেষ আগ্ৰহ নাছিল । যাৰ বাবে পৰিচালক গৰাকীৰ ' আইদেউ ' চাইছিলো বহু পলমকৈ । ২০১৬ চনত । ২০০৭ চনৰ চিনেমা খন চাইছিলো ২০১৬ ত । আৰু চাইছিলো অন্য এক কাৰণত । কথাশিল্পী মহেন্দ্ৰ বৰঠাকুৰৰ নাটক ' আইদেউ ' চাইছিলো হেঙুল থিয়েটাৰৰ মঞ্চত । সেই নাটক খনৰ সৈতে চিনেমা খনৰ কিমান মিল , কিমান অমিল -- জনাৰ হেপাহ হৈছিল । কিন্তু চিনেমা খন চাবলৈ বহি মিল - অমিলৰ ৰেখা এদাল টানিবলৈ সাজু হোৱা সময়তে প্ৰবেশ কৰিছিলো মেদহীন , ' গতিমন্ত্ৰ ' ৰে বন্ধা ৰূপালী গল্প এটাৰ আত্মাত । ( বিষয় -- ব্যাখ্যাৰ প্ৰয়োজন আছে জানো ! - হয় , আইদেউ সন্দিকৈৰ জীৱনী-ভিত্তিক চিনেমা । প্ৰথম খন অসমীয়া চিনেমা ' জয়মতী 'ৰ নায়িকা আইদেউ সন্দিকৈৰ যন্ত্ৰনা - ত্যাগ , যন্ত্ৰনাৰ মাজত সুখৰ সন্ধান ইত্যাদি পৰিচালকে পৰিপটিকৈ ৰূপালী গল্পলৈ ৰূপান্তৰ কৰিছে । ) আমাৰ ধাৰণাত চিনেমা খনৰ লেখকে , পৰিচালকে কাহিনীৰ গতি বা অন্য কাৰণত কল্পনাৰ আশ্ৰয় লোৱা নাই । অভিনেত্ৰী গৰাকীৰ ' জীৱন কথা ' গল্পলৈ ৰূপান্তৰ কৰি সাহিত্য - কেমেৰাৰ ভাষাৰে ' বাস্তব ছবি ' আঁকিছে । কোনো মূহুৰ্ততে তথ্যচিত্ৰ পৰ্যায়লৈ যাব দিয়া নাই । অতুক্তি কৰা নহব , যদিহে এনেদৰে কোৱা হয় -- আইদেউৰ সৈতে কেমেৰা এটা ঘূৰিছে । আৰু আমি Live চাই আছো । আৰু চৰিত্ৰ নিৰ্মাণ ? -- আইদেউ আৰু জ্যোতি প্ৰসাদ চৰিত্ৰ দুটা নিৰ্মাণ কৰিছে ক্ৰমে চন্দনা শৰ্মা , প্ৰশান্ত কুমাৰ দাসক লৈ । এই চৰিত্ৰ দুটাৰ স্থিৰ চিত্ৰ এখন সামাজিক মাধ্যমত ' জয়মতী ' ৰ চিত্ৰগ্ৰহণৰ সময়ত জ্যোতিপ্ৰসাদ আগৰৱালা - আইদেউ সন্দিকৈ বুলি চৰ্চালৈ আহিছে । এই যে ' ভুল চৰ্চ ' হৈছে , এটা দিশ স্পষ্ট হৈছে -- চৰিত্ৰৰ দুটাৰ বাবে অভিনেতা - অভিনেত্ৰী নিৰ্বাচনত ভুল হোৱা নাই । এই দুটায়ে নহয় , প্ৰতিটো চৰিত্ৰৰ বাবে অভিনেতা - অভিনেত্ৰী নিৰ্বাচনত পৰিচালকে যে পৰিশ্ৰম কৰিছে চিনেমা খন চোৱাৰ সময়ত অনুভৱ কৰিছো । পৰিশ্ৰম কৰিছে চৰিত্ৰ নিৰ্মাণতো । সাজ - পাৰ , আচৰণ , সংলাপ প্ৰক্ষেপণ আদি প্ৰতিটো দিশতে , প্ৰতিগৰাকী অভিনেতা - অভিনেত্ৰীক পৰিচালকে ' বাস্তৱত বান্ধী ' ৰাখিছে । ' বাস্তৱ অভিনয় 'ৰ লগতে চিনেমা খনৰ সৌন্দৰ্য কেমেৰাৰ ভাষা আৰু সংগীত । কেমেৰাৰ ভাষা ( চিত্ৰগ্ৰহণ ) পৰিচালক অৰূপ মান্নাই নিজে ব্যৱহাৰ কৰিছে । সংগীত মানস হাজৰিকাৰ । নবামিকা বৰঠাকুৰে প্ৰযোজনা কৰা এই চিনেমা খনত অভিনয় কৰিছে আইদেউ সন্দিকৈ, চন্দনা শৰ্মা , নবামিকা বৰঠাকুৰ , সপোনটি বৰদলৈ আদিয়ে । সংযোজন : ' আইদেউ 'ৰ চিনেযাত্ৰা আৰম্ভ হয় মুম্বাই আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ পৰা , ২০০৭ চনৰ ৮ ফেব্ৰুৱাৰী ত । আৰু প্ৰদৰ্শিত হয় পুনা আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, দিল্লী হেবিটেট চলচ্চিত্ৰ উৎসৱ , মিউনিখ আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱ , ব্ৰাজিলত অনুষ্ঠিত ছাউ-পাউলো চলচ্চিত্ৰ উৎসৱত ( "The New Film Makers" প্ৰতিযোগিতা শাখাত ) আদিত । চিনেমা খনে লাভ কৰে শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ শিতানত ৫৪ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা । ৮১ মিনিট দৈৰ্ঘৰ চিনেমা খন চিত্ৰগৃহলৈ আহে ২০০৭ ত ।

মঙ্গলবার, ২৭ জুলাই, ২০২১

ৰুণু দেৱী

|| এক অধ্যয় : ৰুণু দেৱী || 


 অসমীয়া চিনেমা -- ' সন্ধ্যাৰাগ ' , ' কোলাহল ' আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক ' ক্লিওপেট্রা ' ৰ অভিনয়ৰে মোৰ মনত আকাৰ লৈছিল ' অভিনেত্ৰী ৰুণু দেৱী ' য়ে । চন - বাৰ - তাৰিখ মনত নাই ,ইমানেই মনত আছে দৈনিক কাকত ' আজি ' ত উপ - সম্পাদকৰ দায়িত্ব পালন কৰি থকা সময়ত ( ২০০২ - ২০০৫ ৰ মাজৰ সময় চোৱাত ) অভিনেত্ৰী গৰাকীক প্ৰথম বাৰ লগ পাইছিলো । মোৰ প্ৰথমটো প্ৰশ্ন আছিল -- ' সন্ধ্যাৰাগ ' কেন্দ্ৰীক । " মোক যেতিয়া চৰিত্ৰটো বুজোৱা হৈছিল , মই ইমান খিনি বুজিছিলো ছাৰে বাস্তৱৰ চৰিত্ৰ এটা বিচাৰিছে । আৰ্থিক অনাতনৰ মাজত থকা ছোৱালী এজনীৰ চেহেৰাৰ আৰু দেহৰ ভাষা কেনে হব পাৰে সেই কথাত মন দিয়াৰ কথা কৈছিল । মই ছাৰে বুজোৱাৰ দৰে অভিনয় কৰিবলৈ চেষ্টা কৰিছিলো । আৰু কেতিয়াবা নিজেও কিবা কিছু কৰিবলৈ চেষ্টা কৰিছিলো । ভাল পালে ছাৰে কৈছিল -- হব ! এনেদৰেও হব পাৰে । এনে ধৰণৰ কথাই মোক উৎসাহ দিছিল । আৰু ছাৰে দিয়া এনে উৎসাহৰ বাবে ছাৰৰ প্ৰতি শ্ৰদ্ধা বাঢ়ি গৈছিল । আৰু ছাৰৰ প্ৰতি থকা শ্ৰদ্ধাৰ বাবে , যেতিয়াই বিচাৰিছিল সকলো কাম কাটি কৰি থৈ ছাৰৰ চিনেমাত ব্যস্ত হৈছিলো । " আৰু ' কোলাহল 'ৰ প্ৰসংগত কৈছিল -- "মোৰ বাবে চৰিত্ৰটো সহজ নাছিল । ছবি খনত দেখুওৱা সেই সমাজ খনক ভিতৰৰ পৰা মই নাজানিছিলো । বহু পৰিশ্ৰমৰ প্ৰয়োজন হৈছিল । পৰিশ্ৰম কৰিছিলো । মোৰ বাবে ছাৰে ৰচনা কৰা প্ৰতিটো চৰিত্ৰয়ে মোৰ বাবে প্ৰত্যাহ্বান আছিল । মই মোক কৈছিলো -- ছাৰে এনেকৈ বিচাৰিছে , এনেকৈ কৰিমেই ! মই ভাবো , মই যদি সফল হৈছো , এই জেদৰ বাবেই হৈছো । ছাৰৰ সেই মাতষাৰ মোৰ মনত সদায় বাজি থাকিব -- ' এইটো আমি এনেদৰে কৰিম দে ... ! ' ছাৰে কেতিয়াও আদেশ দিয়া নাছিল । বুজাই , মৰমেৰে অভিনয় কৰোৱাইছিল । " আৰু ' ক্লিওপেট্রা ' ? -- " ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনয় শৈলী সম্পূৰ্ণ বেলেগ । সেই শৈলীক সন্মান জনায় অভিনয় কৰিছিলো । মোৰ প্ৰিয় মাধ্যম মঞ্চ । সেই সময়ত আমি গোৱালপাৰাত থাকো । প্ৰথমবাৰ ‘’সংগ্ৰাম লগ্নে আজি " নামৰ একাংকিকা নাটক এখনত অভিনয় কৰো । পুৰস্কাৰ পাও । তাৰ পিছত স্তব্ধবিহংগ , সেন্দূৰৰ ৰং মাধুৰ্য , আথেল , আহাৰ , মা , আৱৰণ , শিপা আদি নাটকত অভিনয় কৰো । মঞ্চ নাটকৰ সংখ্যা ৫০ মান হব পাৰে ! অনাতাঁৰ নাটকৰ সংখ্যা ৬০ খনৰো বেছি হব । " -- নাটকৰ সংখ্যাটো কৈছিল হেঙুল থিয়েটাৰৰ আখৰা শিৱিৰত । নাট্যদলটোৰ সেই নাট্যবৰ্ষত উৎপল দত্তৰ নাটক ' গডমাডাৰ ' আছিল । নাটক খনৰ প্ৰচাৰ স্বাৰ্থত ' মিট বিস্ময় ' নামৰ শিতান এটা ( ' বিস্ময় ' আলোচনীৰ ) যুগুত কৰাৰ বাবে মৰিয়নিলৈ গৈছিলো । -- সেই নিশা আৰু এবাৰ অনুভৱ কৰিছিলো ৰুণু দেৱীৰ অভিনয় ক্ষমতা । -- ২০১৭ চনৰ ৬ জুলাইত শেষ বাৰৰ বাবে কথা পাতিছিলো কথাশিল্পী অৰুণ শৰ্মাৰ সৈতে । সেই দিনা সন্ধিয়া সংগীত শিল্পী তৰালি শৰ্মাৰ সৈতে গৈছিলো ।সেই দিনা কম সময়তে বহু কথা পাতিছিলো । ৰতন লহকৰ , জাহ্নু বৰুৱা , মৃদুল চুতীয়া , ৰুণু দেৱী ইত্যাদি । ৰুণু দেৱী প্ৰসংগত কৈছিল -- " ' আহাৰ 'ৰ প্ৰতিটো চৰিত্ৰয়ে আছিল কল্পনাৰ । পাঁচটা বিভিন্ন চৰিত্ৰত ৰুণু দেৱীয়ে অভিনয় কৰিছিল । যি পাৰংগতা ,অন্তৰ্দৃষ্টি আৰু স্বাভাৱিকতাৰে নিপুণভাৱে চৰিত্ৰকেইটা ৰূপায়ণ কৰিছিল । সেই অভিনয় চোৱা সকলে জানে ৰুণুৰ অভিনয় দক্ষতা । " -- ৰুণু দেৱীৰ অভিনয় দেখিছো ' অপৰূপা ' , ' ' মেঘমুক্তি ' , ' নিয়তি ' , ' মেঘ ' , ' অণিৰ্বাণ ' , ' বহাগৰ দুপৰীয়া ' , ' কইনা মোৰ ধুনীয়া ' , ' কদম তলে কৃষ্ণ নাচে ', 'কাঞ্চনজংঘা ' , ' অদম্য ', ' অথেলো ' আদিত । কম , অতি কম ফুটেজৰ চৰিত্ৰতো অভিনয় কৰিছে ।' অনিৰ্বাণ ' আৰু ' অথেলো ' তো ' সন্ধ্যাৰাগ ' , ' কোলাহল 'ৰ দৰে ৰুণু দেৱীৰ অভিনয়ৰ সুপৰিকল্পিত ব্যৱহাৰ হৈছে । চৰিত্ৰ চাৰিটাৰ মাজত দূৰত্ব স্পষ্ট । পৰিচালকৰ চিনেচিন্তাৰ দূৰত্ব -- স্বাভাবিক । আৰু অভিনেত্ৰী গৰাকীৰ অভিনয়ৰ দূৰত্ব -- চমক । এই চমক কিন্তু আন কেইখন চিনেমাত অস্পষ্ট । এই কথা মনত ৰাখি কব পাৰি -- ৰুণু দেৱী পৰিচালকৰ আভিনেত্ৰী । এই কথা স্পষ্ট -- ' পৰিচালকৰ অভিনয় শিল্পী'ৰ অৰ্হতা -- অভিনয় ক্ষমতা । অভিনেত্ৰী গৰাকীৰ অভিনয়ৰ অপব্যৱহাৰ হৈছিল ' বহাগৰ দুপৰীয়া 'ত । 

 সংযোজন : ২১ ছেপ্তেম্বৰ , ১৯৫৭ত ৰুণু দেৱীৰ জন্ম , গুৱাহাটীত । পিতৃ : ভোলানাথ শৰ্মা , মাতৃ : কিৰণ বালা দেৱী আৰু স্বামী : অঞ্জন ঠাকুৰ । শিক্ষা : নামৰূপৰ অসম ৰাজ্যিক বিদ্যুত পৰিষদ উচ্চ মাধ্যমিক বিদ্যালয়ৰ , সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত ।

রবিবার, ২৫ জুলাই, ২০২১

জয়া শীল

cinema৭ এপ্ৰিলৰ খবৰ । কলকাতাৰ সাংবাদিক বন্ধু এগৰাকীয়ে দিয়া । জয়া শীলৰ নতুন চিনেমাৰ । নাম -- ' দ্য গ্রিন উইন্ডো ' (The Green Window) । ৬৪ বছৰীয়া খ্রিস্টান মহিলা জর্জিয়া ফার্নান্ডেজৰ চৰিত্ৰত অভিনয় কৰিছে জয়াই । সন্দেহ নাই সম্পূৰ্ণ নতুন ৰূপত দেখা যাব অসমৰ অভিনেত্ৰী গৰাকীক । একাকীত্ব ! জীবনেৰ শেষ সময় সময় চোৱাৰ নিঃসঙ্গতা সম্ভৱতঃ ' দ্য গ্রিন উইন্ডো 'ৰ বিষয় বস্তু । " মনেৰ জানলা খুলে নতুন কৰে জীবনকে আপন কৰে নেওয়া যায়। এমনই এক কাহিনি দর্শকদেৰ সামনে তুলে ধৰছেন অভিনেত্রী জয়া শীল ঘোষে । " ( -- হয় , জয়া শীল ঘোষ । জয়া শীলৰ স্বামীৰ নাম বিক্রম ঘোষ । ) ৰূপালী গল্পটোৰ কেন্দ্ৰ বিন্দু জয়াই অভিনয় কৰা চৰিত্ৰটো । এই হিন্দী চিনেমা খনৰ পৰিচালক ইন্দিৰা ধৰ মুখাৰ্জী । নিজৰে উপন্যাসৰ আধাৰত পৰিচালক গৰাকীয়ে চিত্ৰনাট্য ৰচনা কৰিছে । লেখক - পৰিচালক গৰাকীৰ ভাষাত -- " ৰক্তমাংসেৰ মানুষেৰ কাহিনি । একটি বৃদ্ধাশ্রমেৰ একটি জানলা। যে আসলে অনেক ঘটনাৰ সাক্ষী। কিন্তু জীবনেৰ আশাৰ কথা বলে সে। আলো দেখায়। আৰ এক জন মায়েৰ গুৰুত্ব যে কতটা, সে কথাও বলতে চেয়েছি এই ছবিৰ মাধ্যমে। " -- আমি যিমান দূৰ জানো ৰূপালী গল্পটোত ৬৪ বছৰীয়া জর্জিয়া ফার্নান্ডেজ (জয়া শীল ) পুত্ৰ ছিমোন ,পুত্ৰ বধু প্যাট্রিছিয়া আৰু নাতি চনকৰ সৈতে থাকে কলকাতাত । ছিমোনে বিদেশত ভাল চাকৰি পোৱাত পত্নি - পুত্ৰক লৈ বিদেশলৈ যায় । শাৰীৰিক অসুস্থতাৰ বাবে জর্জিয়াৰ ভিছা পোৱাত দেৰি হয়। জর্জিয়াই অকলে ঘৰত নাথাকি বৃদ্ধাশ্রমলৈ যায় । আৰু তাৰ পৰা আৰম্ভ হয় জীৱনক নতুনকৈ চোৱাৰ আন এক অধ্যায় । -- আশা কৰিব পাৰি এই চিনেমা খনেৰে অভিনেত্ৰী জয়া শীলৰো আন এক অধ্যায় আৰম্ভ হব । নাট্যকৰ্মী বাহাৰুল ইছলামে যেতিয়া জয়া শীলৰ সৈতে আমাক চিনাকী কৰি দিছিল , তেতিয়া অভিনেত্ৰী গৰাকীৰ পৰিচয় -- জনপ্ৰিয় বিহু নৃত্য শিল্পী । মঞ্চত অভিনয়ো কৰে । আৰু দ্বিতীয়বাৰ যেতিয়া মুম্বাইত লগ পাইছিলো , তেতিয়া পৰিচয় -- ' অমৃতা " ( ১৯৯৯ ) নামৰ থ্রিলাৰ হিন্দী চিনেমা এখনত অভিনয় কৰিছে । এন এছ ডি ৰ অভিনয় পাঠ শেষ কৰিছে । আৰু পৰবত্তী সময়ত অসমীয়া চিনেমা ' শেষ উপহাৰ ' ( ২০০১ ) , ' শৃংখল ' (২০ ১৩ ) ৰ লগতে কেইবাখনো তামিল, বাংলা, কন্নড়, ওড়িয়া, তেলেগু আৰু হিন্দী ভাষাৰ চিনেমাত অভিনয় কৰিছে । বিশেষ ভাবে উল্লেখ কৰিব পাৰি ' আলিফা ' ( ২০১৮ ) ' পেনিন মানাথাই থোট্টু ' ( ২০০০ ) ' সামুৰাই ' ( ২০০২ ) , ' হঠাৎ নীৰাৰ জন্য ' ( ২০০৪ ) , ' এক্সকিউছ মি '( ২০০৩ ) , কাটি কুটি ( ২০১১ ) , ' শেষ ঠিকানা ' ( ২০০০ ) ' দেশ দেবী'(২০০২ ) , ' উত্তৰা ' ( ২০০০ ) , আৰশি নগৰ (২০১৫ ) , ' থিলাদানাম ' ( 2000 ), ' এভয়াৰ অথগাদু ' ( ২০০৩ ) , ' কাঞ্চন জংঘা এক্সপ্ৰেছ ' (২০১২ ) , ' বাহালা চেননাগাইড ' ( ২০০১ ) , ' মাগুনিরা শাগাদা ' ( ২০০১ ) , ' কালাকালাপ্পু ' ২০০১ , ' ছাল ' ( ২০০২ ) আদি । ' আলিফা ' আৰু ' উত্তৰা 'ৰ অভিনয়ত অভিনেত্ৰী গৰাকীৰ ' অভিনয় পাঠৰ পূৰ্ণতা ' স্পষ্ট । সমৰেশ বসুৰ গল্পৰ আধাৰত নিৰ্মাণ কৰা বুদ্ধদেব দাশগুপ্তৰ এই পৰিচালনাত জয়াই উত্তৰাৰ চৰিত্ৰত অভিনয় কৰিছে । ( ' The film contrasts violence, human sin and lawlessness in seemingly peaceful areas. The place is a quiet village in Purulia district of Bengal . ' ) " আলিফা 'ৰ সৌন্দৰ্য ফটোগ্ৰাফী , সংগীতৰ লগতে জয়াৰ অভিনয় । ( ' This movie carries the story of a couple and their daughter Alifa as they had lost their home for soil erosion by the Beki River at Barpeta and settled in Guwahati for their livelihood. ' ) আৰু ' আলিফা 'ৰ পিছত ' দ্য গ্রিন উইন্ডো ' । by : Utpal Mena

শনিবার, ২৪ জুলাই, ২০২১

লাভলীনা বৰগোঁহাই

এতিয়া মাথো অপেক্ষা !  লাভলীনাই টকিঅ’ৰ বক্সিং ৰিঙত নমাৰ পূর্বেই প্রি–কোৱার্টাৰ ফাইনেললৈ উন্নীত হৈছে । ২৪ জুলাইৰ পুৱা ৮ বজাত অসমৰ  বক্সাৰগৰাকীয়ে প্রথম ৰাউণ্ডৰ মেচত অৱতীর্ণ হোৱাৰ কথা আছিল যদিও তেওঁৰ প্রতিদ্বন্দ্বীগৰাকীয়ে নাম প্রত্যাহাৰ কৰে । আৰু লাভলীনাই ‘বাই’ লাভ কৰি টকিঅ’ অলিম্পিকৰ প্রমথটো ডেওনা অতিক্রম কৰে , সহজতে ৷ এতিয়া লাভলিনাই  অহা ২৭ জুলাইত ৰিঙত নামিব । বিশ্ব ৰেংকিঙৰ তৃতীয় স্থানৰ লাভলীনাই পৰবৰ্তী তিনিখন খেল খেলিব লাগিব ক্ৰমে পঞ্চম স্থানৰ জাৰ্মানীৰ নাডিন এপটেজ (প্ৰি-কোৱাৰ্টাৰ), দ্বিতীয় স্থানৰ চাইনিজ টাইপেৰ নিয়েন-চিন চেন(কোৱাৰ্টাৰ) আৰু প্ৰথম স্থানৰ তুৰ্কীৰ বুচেনাজ চুৰমেনেলিৰ বিপক্ষে(ছেমি-ফাইনেল) । প্ৰতিযোগীতিৰ নিয়মত স্পষ্ট  -- খেলসমূহ নক-আউট যেতিয়া প্ৰতিখনত জিকিলেহে পৰবৰ্তী গৰাকীৰ লগত খেলিৰ সুযোগ পাব । আমি আশা কৰিম  এইকেইগৰাকী খেলুৱৈক হৰুৱাই  ' সোণ ' জয় কৰক লাভলিনাই ।  --  উল্লেখ্য যে এতিয়ালৈকে অসমৰ চাৰিগৰাকী খেলুৱৈয়ে অলিম্পিকত দেশক প্রতিনিধিত্ব কৰাৰ সুযোগ পাইছে । গৌৰৱো অর্জন কৰিছে ।  কিন্তু  কোনেও পদক জয়েৰে  গৌৰৱো অর্জন কৰিব পৰা নাই । লাভলীনাই ' পদক জয় 'ৰে অলিম্পিকত অসম তথা ভাৰতৰ বিজয়ধ্বজা উৰুৱাব  এয়া আমাৰ আশা , ৰাজ্যবাসী আশা !


বহুতে ধাৰণা কৰিছিল -- হিমা দাসৰ সৈতে টকিঅ' অলিম্পিকলৈ লাভলীনা বৰগোঁহাই যাব ! কিন্তু সময় দেখা গ'ল অসমৰ পৰা  টকিঅ' অলিম্পিক  অকলে  লাভলীনাহে গ'ল ।  নিৰৱে প্ৰচাৰৰ পৰা বহু আতৰত থাকি ক্ৰীড়া চৰ্চা কৰা লাভলীনাৰ আজি পৰিচয় --  ভাৰতীয় ৱেল্টাৰৱেইট শ্ৰেণীৰ বক্সাৰ। খেলুৱৈ গৰাকীয়ে  ২০১৬ চনৰ পৰা আন্তৰ্জাতিক পৰ্যায়ত বক্সিঙত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে।  ২০১৭ চনত ভিয়েটনামৰ হো চি মিন চিটিত অনুষ্ঠিত হোৱা মহিলাৰ এছিয়ান চেম্পিয়নশ্বিপ বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক আৰু ২০১৮ চনৰ নতুন দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল , ৬৯ কিলোগ্ৰাম ৱেলটাৰৱেট শাখাত । আৰু আজি ? আজি অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰি ভাৰতীয় খেলুৱৈৰ মাজত থাকি টকিঅ' অলিম্পিকত ভাৰতৰ হৈ খেলাৰ সুযোগ পাইছে । খেলুৱৈ গৰাকীয়ে টকিঅ' অলিম্পিকত অংশ লোৱা  অসমৰ প্ৰথম গৰাকী মহিলা হিচাবে গৌৰৱ কঢ়িয়াই আনিছে । এতিয়া অপেক্ষাত আছো আন এক গৌৰৱলৈ । ' বঁটা ' লাভেৰে আৰু গৌৰৱ কৰাৰ সুযোগ দিয়ক ।  উল্লেখ্য যে  শিৱ থাপাৰ পিছত দেশক প্ৰতিনিধিত্ব কৰা ৰাজ্যখনৰ দ্বিতীয় গৰাকী বক্সাৰ হিচাপেও পৰিচয় পালে  লাভলীনাই ।                               


 ২০২০ চনত তেওঁক ভাৰত চৰকাৰে অৰ্জুন বঁটাৰে সন্মানিত হোৱা লাভলীনা বৰগোঁহাইৰ জন্ম  ১৯৯৭ চনৰ ২ অক্টোবৰত , অসমৰ গোলাঘাট জিলাত ।  পিতৃ টিকেন বৰগোঁহাই আৰু মাতৃ মামণি বৰগোঁহাই শিক্ষাক গুৰুত্ব দিয়া ব্যক্তি । মধ্যম বৰ্গৰ ব্যৱসায়ী পিতৃয়ে সন্তানক কেৰিয়াৰ গঢ়াৰ স্বাধীনতা দিছিল । পিতৃৰ মতে , স্বাধীনতা যে দিছিল তাৰেই ফল লাভলীনাৰ ক্ৰীড়া উত্তৰণ । --  লাভলীনাই প্ৰথমতে কিক বক্সাৰ হিচাপে কেৰিয়াৰ আৰম্ভ কৰে আৰু পিছলৈ  বক্সিং খেলিবলৈ লয় ।  লাভলীনাৰ ক্ৰীড়া উত্তৰণ যাত্ৰা হয় ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে বৰপথাৰ ছোৱালী হাইস্কুলত অনুষ্ঠিত কৰা অনুশীলনীৰ পৰা । তাত  প্ৰশিক্ষক পদুম বড়োৰ চকুত পৰে  লাভলীনাৰ ক্ৰীড়া কৌশল । " মোৰ ধাৰণা আছিল ছোৱালী জনীক শিকালে আৰু  কিছু কৌশলৰ জ্ঞান দিলে আগুৱাব পাৰিব । মই কলো তোক শিকাম ! তাই শিকিম বুলিলে । আৰু মই ২০১২ চনৰ পৰা  প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰে । মোৰ শিক্ষাই হয়তো তাইক সহায় কৰিছিল । কিন্তু তাই তাইৰ পৰিশ্ৰমেৰেহে সফলতা পাইছিল । বহুত পৰিশ্ৰম কৰিব পাৰে লাভলীনাই । " -- কৈছিল প্ৰশিক্ষক পদুম বড়োই । সন্দেহ নাই  , এয়াই সত্য । পথাৰত কঠিয়া তুলিয়ো ক্ৰীড়াৰ বাবে কচৰৎ কৰা আমি দেখিছো । -- পিছলৈ ভাৰতীয় মহিলা বক্সিঙৰ মুখ্য প্ৰশিক্ষক শিৱ সিঙে তেওঁক প্ৰশিক্ষণ দিয়ে।  এই খিনিতে উল্লেখ কৰিব পাৰি যে  লাভলীনাৰ যমজ বায়েক দুগৰাকীও ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সিং খেলুৱৈ । by : Utpal Mena

সুৰেখা চিক্ৰি

বলিউডৰ " তৰা " নাছিল ! - কিন্তু ভালেমান ৰূপালী গল্পৰ পোহৰ তেও ! নক্ষত্ৰৰ দৰে অভিনয় চমক দেখিছো " তমছ " , " মাম্মো " ( ১৯৯৪ ত চিত্ৰগৃহলৈ অহা চিনেমা খনৰ ফায়াজী চৰিত্ৰটোই মনত সাঁচ বহুৱাই থৈছে । ) , " ছৰদাৰী বেগম " , " জো বোলে চো নিহাল " , " মিষ্টাৰ এণ্ড মিচেছ আয়াৰ " , " বধাই হো " আদি চিনেমাত । নাম -- সুৰেখা চিক্ৰি । মঞ্চ অভিনেত্ৰী আছিল । অবিভক্ত ভাৰতৰ দিল্লিত ১৯৪৫ চনৰ ১৯ এপ্রিলত জন্ম সুৰখা চিক্ৰিৰ । আলিগড় মুছলিম বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়তে ঠিক কৰিছিল ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত " অভিনয় " পঢ়িব । ১৯৭১ চনত এন এছ ডি স্নাতক হোৱাৰ পিছত সুৰেখাই দিল্লীৰ পৰা মুম্বাইলৈ আহিছিল কেবল চিনেমাত অভিনয় কৰিবলৈ । " নাটক মোৰ প্ৰিয় বিষয় । অভিনয়ৰ ভোক গুচাব পাৰি কেৱল মঞ্চত । কিন্তু এদিন মোক নাটকে আমুৱালে । আর্থিক সমস্যাত পৰিছিলো । আৰু সিদ্ধান্ত লৈছিলো চিনেমাত অভিনয় কৰি আৰ্থিক সমস্যাৰ পৰা মুক্ত হবলৈ চেষ্টা কৰিম ! কম দিনৰ ভিতৰতে চিনেমাত অভিনয়ৰ সুযোগ পাইছিলো । -- নাই , নাটক এৰিব পৰা নাছিলো । আৰু মোৰ ভাগ্য ভাল আছিল চিনেমাটো অভিনয়ৰ ভোক গুচাব পৰা চৰিত্ৰত অভিনয়ৰ সুযোগ পাইছিলো । " -- কৈছিল , সুৰেখা চিক্ৰিয়ে । ( সেই দিনটো মোৰ ভালদৰে মনত আছে ! মুম্বাইৰ উপকণ্ঠ চহৰ ডম্বিভলিত ১৯৯৮ চনৰ ডিচেম্বৰৰ এটা শনিবাৰে " জনমদিনম " নামৰ মালায়ালাম চিনেমা এখন প্ৰদৰ্শন হৈছিল । -- মন কৰিছিলো প্ৰতি শনিবাৰে নিৰ্দিষ্ট সেই চিত্ৰগৃহটোত দক্ষিণ ভাৰতীয় চিনেমা প্ৰদৰ্শন হয় । মাজে মাজে আমিয়ো দৰ্শকৰ আসনত বহো । সেই বিশেষ দিনটোতো বহিছিলো । নিৰ্দিষ্ট সময়ত চিনেমা শেষ হৈছিল । ৰূপালী গল্পটো বুজা নাছিলো । সুৰেখা চিক্ৰিৰ অভিনয় উপভোগ কৰিছিলো । সেইদিনা সুৰেখা চিক্ৰিও উপস্থিত আছিল । আৰু " দৰ্শক"ৰ প্ৰশ্নৰ উত্তৰত তেনেদৰে কৈছিল । ) প্ৰথম খন চিনেমা -- " কিচ্ছা কুৰ্ছি কা " । " The film was a satire on the politics of Indira Gandhi and her son Sanjay Gandhi and was banned by the Indian Government during the Emergency period and all prints were confiscated. ' স্বাভাবিকতে চৰ্চাৰ বিষয় হৈছিল । অমৃত নাহতাৰ পৰিচালনা । শাবানা আজমি , ৰাজ কিৰণ , উৎপল দত্ত , ৰেহানা সুলতান আদিৰ লগতে সুৰেখা চিক্ৰিয়ে অভিনয় কৰিছিল । আৰু স্বাভাবিকতে সুৰেখা চিক্ৰিৰ অভিনয়ো চিত্ৰৰসিকৰ চকুত পৰিছিল । ১৯ ৭৮ত আৰম্ভ হোৱা এই চিনেযাত্ৰা ক'ৰ'না সমস্যাৰ বাবে দিবলৈ বাধ্য হোৱা " লকডাউন "লৈ চলি আছিল । " লকডাউন "ৰ বাবে চিনেযাত্ৰা স্থিৰ হৈছিল ! আৰ্তনাদ কৰিছিল অভিনেত্ৰী গৰাকীয়ে । আৰ্তনাদ অনুভৱ কৰিছিলো আন কেইবাখনো কাকত - আলোচনীৰ লগতে " আনন্দ বাজাৰ পত্ৰিকা "ত -- " যদি প্রৌঢ় নেতাৰা কাজ কৰতে পাৰেন, তবে অভিনেতাদেৰ বেলায় নিষেধাজ্ঞা কেন । " ( ৬৫ ঊর্ধ্বৰ অভিনেতা - অভিনেত্ৰীক কাম কৰাত নিষেধাজ্ঞা জাৰি কৰিছিল মহাৰাষ্ট্র চৰকাৰে। এই সিদ্ধান্ত মানি লব পৰা নাছিল সুৰেখা চিক্ৰিয়ে । ) -- চিনেমাৰ কাম নাছিল , নাট্যমঞ্চ বন্ধ হৈছিল । অসহায় অনুভৱ কৰিছিল । আৰ্থিক সমস্যা বাঢ়িছিল । -- শৰিৰ ভাল নাছিল , তথাপি কাম কৰি আৰ্থিক চেপাৰ পৰা মুক্ত হবলৈ ইচ্ছা কৰিছিল । -- ২০১৯ ত মহাবালেশ্বৰত চিনেমা এখনৰ বাবে শ্বট দি থকা সময়ত সুৰেখা চিক্ৰিৰ ব্রেইন ষ্ট্ৰোক হৈছিল । অভিনয়ৰ পৰা বেছ কিছু দিন আতৰি থাকিবলৈ বাধ্য হৈছিল । সুষ্ট হৈ ব্যস্ত হৈছিল জোয়া আখতাৰৰ " ঘোষ্ট ষ্টোৰিজ " । যদি অভিনয়ৰ মাজত থকাৰ সুযোগ পালে হেতেন ! আজি ( ১৬ জুলাই, ২০২১ ) আভিনেত্ৰী গৰাকীৰ মৃত্যুৰ খবৰ চিত্ৰৰসিকে নাপালে হেতেন ! এন ধৰণৰ আৱেগীক চৰ্চাও হৈছে । " আনাদী অনন্ত " , " ছেলিম লাংডে পে মাদুৰ ৰো " , " পৰিণীতি " , " নজৰ " " ছোটা বুদ্ধ " , " জুবেইদা " , " দেহম " আদি চিনেমাতো অভিনয় কৰা সুৰেখা চিক্ৰিয়ে তিনিবাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে ( চিনেমা : মাম্মো , তমছ ,বধাই হো ) সন্মানিত হৈছিল । আৰু কেইবাটাও বঁটাৰ লগতে হিন্দী নট্যকৰ্মৰ বাবে সংগীত নাটক অকাডমীৰে সন্মানিত হৈছিল ১৯৮৯ত । সৰু পৰ্দাৰ বাবে কৰা অভিনয়ৰ বাবে ভাৰতীয় টেলিভিচন অকাডেমিৰ বঁটা লাভ কৰিছিল । এক থা ৰাজা এক থানি ৰানী , বালিকা বধু বিশেষ ভাবে চৰ্চিত টি ভি ধাৰাবাহিক । -- ধাৰাবাহিক , চিনেমাৰ অভিনয়ৰ কথা মনত ৰাখি কব পাৰি চেহেৰা অভিনয়ৰ অসাধাৰণ প্ৰতিভাৰ আন এক নাম -- সুৰেখা চিক্ৰি । কেতিয়াবা ঘৃণা কৰিব পৰা ক্ৰুৰতা , কেতিয়াব মৰমে চুই যাব পৰা মমতা , কেতিয়াবা বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য হোৱা আভিজাত্য স্পষ্ট হয় সেই একে চেহেৰাত , সুৰেখা চিক্ৰিৰ সহজ - সৰল চেহেৰাত । ৰূপালী গল্পৰ এই প্ৰতিতো ৰূপেৰেই চিত্ৰৰসিকক চুই গৈছিল সুৰেখা চিক্ৰিয়ে ।

Rima Das

অপেক্ষাত আৰু এখন অসমীয়া চিনেমাৰ ,  ৰীমা দাসৰ নতুন অসমীয়া চিনেমাৰ । হয়তো চিনেমা খনৰ নাম হব ' পূৰ্ণ চন্দ্ৰা ' । হয়তো বুলি কোৱাৰ কাৰণ , অসম ৰাজ্যিক চলচ্চিত্ৰ ( বিত্ত আৰু উন্নয়ণ ) নিগমৰ ৫০ লাখ টকা বাজেটৰ এই চিনেমা খনৰ শেহতীয়া স্থিতি জনোৱা নাই । -- হয়তো ক'ৰোণা সমস্যাৰ বাবে কামবোৰ সময় মতে আগবঢ়া নাই ! আৰু এটা কথা ' হঠাৎ চিত্ৰৰসিকৰ বাবে চৰ্চা 'ৰ বিষয় হোৱা ( ২০১৭ চনত ) ৰীমা দাসে চিনেকৰ্ম কৰি আহিছে প্ৰচাৰ মাধ্যমৰ আতৰত থাকি , নিৰৱে । চিনেকৰ্মী গৰাকী চৰ্চালৈ আহিছিল ২০১৭ চনত , তৃতীয় পৰিচালনা ' ভিলেজ ৰকষ্টাৰ্ছ ' ৰে , দেশ - বিদেশৰ চলচ্চিত্ৰ মহোৎসৱ জয় কৰাৰ পিছত । ২০১৭ চনত টৰোণ্টো আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ পৰা চিনেযাত্ৰা আৰম্ভ কৰিছিল ' ভিলেজ ৰকষ্টাৰ্ছ '-এ । মুলতঃ পৰিচালনাশৈলী যান্ত্ৰীকতা মুক্ত বাবে , ৰূপালী গল্পটো নিৰ্মল গাওঁ এখনলৈ ৰূপান্তৰ হোৱা বাবে 'চিনেমা বিশ্ব 'ত চৰ্চাৰ বিষয় হৈছিল , চিত্ৰৰসিকৰ দৃষ্টি আকৰ্ষণ কৰিছিল চিনেমা খনে । বিশেষকৈ আকৰ্ষণ কৰিছিল  Visual appeal -এ । এগৰাকী  সমালোচকে লিখিছিল --  '  Rim Das' Film Is Not A Masterpiece, It's A Miracle ' আন এগৰাকীয়ে লিখিছিল -- '  Village Rockstars’ film review: This unsentimental underdog story is a visual poem about Assam . ' -- এনে ধৰণৰ আৰু কেইবাটাও লেখা পঢ়াৰ  পিছত চিনেমা খনৰ প্ৰতি আমাৰ আগ্ৰহ বাঢ়িছিল । আৰু যেতিয়া চিনেমা খনৰ দৰ্শক হৈছিলো , অনুভৱ কৰিছিলো -- সচাকৈয়ে চিনেমেটিক চমক । কাৰিকৰী ত্ৰুটি অৱশ্যেই আছিল ; কিন্তু গল্গ কোৱাৰ বিশুদ্ধতাৰ ওচৰত  নিস্প্ৰভ কাৰিকৰী ত্ৰুটি । চিনেমা খন দেশ -  বিদেশৰ প্ৰায় ৮০ খন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হয় । চিত্ৰৰসিকক সন্তুষ্ট কৰাৰ লগতে   ৪৪টা বঁটা লাভ কৰিবলৈ সক্ষম হয় , ভিন্ন চলচ্চিত্ৰ মমোৎসৱৰ ভিন্ন শিতানত ।  আৰু এটা উল্লেখ্য দিশ হ'ল  চিনেমা খনে লাভ কৰে  ৬৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা , শ্ৰেষ্ঠ চিনেমাৰ শিতানত । ১৯৮৭ চনত জাহ্নু বৰুৱাৰ পৰিচালনাৰে  নিৰ্মিত ' হালধীয়া চৰায়ে বাওধান খায়'ৰ পিছত শ্ৰেষ্ঠ চিনেমাৰ  স্বৰ্ণ কমল পোৱা  দ্বিতীয়  খন অসমীয়া চিনেমা ' ভিলেজ ৰকষ্টাৰ্ছ ' । ৰীমা দাসে শ্ৰেষ্ঠ সম্পাদনা, ভণিতা দাসে শ্ৰেষ্ঠ শিশু শিল্পী আৰু মল্লিকা দাসে শব্দ গ্ৰহণৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে । আৰু আন এক বিশেষ সফলতা --  অস্কাৰলৈ ভাৰত চৰকাৰৰ আধিকাৰীক প্ৰবিষ্টি লাভ কৰা  ( প্ৰথম অসমীয়া ) চিনেমাৰ তালিকাভুক্ত হয়  । আৰু  এটা কথা অৱশ্যেই উল্লেখ কৰিব লাগিব -- 'ভিলেজ ৰকষ্টাৰ্ছ ' ৰীমা দাসৰ , কেবল ৰীমা দাসৰ চিনেমা । কেমেৰা চলোৱাৰ পৰা সম্পাদনালৈ -- চিনেমা খনৰ প্ৰতিটো দিশ চম্ভালিছে ৰীমাই । আনকি   কোনো পেশাদাৰী অভিনেতা নোহোৱাকৈ ,  কেৱল গাঁৱৰ ল'ৰা ছোৱালীক কেমেৰাৰ সন্মুখত অভিনয় কৰাই চিকুৱেন্স নিৰ্মাণ কৰিছিল । নিৰ্দিষ্ট বাজেট নাছিল । কম বাজেটত , দীৰ্ঘ সময় লৈ সম্পূৰ্ণ কৰিছিল ৮০ মিনিট দৈৰ্ঘৰ চিনেমা খন ।

'  ভিলেজ ৰকষ্টাৰ্ছ'ৰ দৰ্শক হোৱাৰ পিছত স্বাভাবিকতে জানিবলৈ চেষ্টা কৰিছিলো ৰীমা দাসক । অভিনেত্ৰী হোৱাৰ মন আছিল । অভিনেত্ৰী হোৱাৰ মন লৈ মুম্বই পাইছিল । অভিনয়ৰ পাঠ লৈছিল ।  নাটকত অভিনয় কৰিছিল ।  পৃথ্বি থিয়েটাৰত মুন্সী প্ৰেমচন্দৰ "গোদান" অভিনয় কৰিছিল । কেইখন মান নাটকত অভিনয় কৰাৰ পিছত অনুভৱ কৰিছিল -- ' নহব , মোৰ  পেছা অভিনয় ! -- অসম্ভব ! ' কছু দিন পিছত অনুভৱ কৰিলে -- 'মোৰ দ্বাৰা চিনেমা সম্ভব হব পাৰে ! ' সেই সময়ত ৰীমাক  সত্যজিৎ ৰায়, শ্যাম বেনেগাল  , মাজিদ মাজিদি আদিৰ চিনেকৰ্মই আকৰ্ষণ কৰিছিল , প্ৰেৰণা দিছিল । সেই সময় চোৱাত নিৰ্বাচিত চিনেমা ( চাইছিল ) অধ্যয়ণ কৰিছিল আৰু ' মেকিং ' বুজিবলৈ চেষ্টা কৰিছিল । আৰু সেই সময়ত কেইবাগৰাকীও দক্ষ ভাৰতীয় চিনেকৰ্মীৰ সৈতে চিনেচৰ্চাৰ সুযোগ পোৱা বুলি জনা যায় । আৰু এদিন অভিজ্ঞতাৰে 'চিনেমা ' শিকি মুম্বইৰ পৰা অসমলৈ উভতি আহে । লগত লৈ আহে এটা কেমেৰা  , চিনেমা বিষয়ৰ কেইখন মান গ্ৰন্থ । আৰু এদিন নিজৰ জন্ম গাওঁ ছয়গাৱত চিনেমাৰ কাম আৰম্ভ কৰে । একমাত্ৰ সহযোগী  ভগ্নী মল্লিকা দাস ।  



ভিলেজ ৰকষ্টাৰ্ছৰ পূৰ্বে ৰীমা দাসে চুটি চিনেমা 'প্ৰথা '  আৰু  ' অন্তৰ্দৃষ্টি ' (২০১৬) নামৰ অসমীয়া চিনেমা এখন পৰিচালনা কৰিছিল । কব পাৰি এই দুই চিনেকৰ্মৰে ' ভিলেজ ৰকষ্টাৰ্ছ'ৰ বুনিয়াদ নিৰ্মাণ কৰিছিল । আৰু ' ভিলেজ ৰকষ্টাৰ্ছ'ৰ বুনিয়াদত ঠিয় হৈ  কলম - কেমেৰাৰে ৰচনা কৰিছিল  ' বুলবুল কেন ছিং ' (২০১৮) ।  চিনেযাত্ৰা আৰম্ভ হয় টৰেণ্ট' আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত । ৬৬সংখ্যক আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ( শ্ৰেষ্ঠ অসমীয়া চিনেমা শিতানত ) ৰ লগতে স্বভাবিকতে দেশ - বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত কেইবাটাও বঁটা লাভ কৰিছে , প্ৰদৰ্শন হৈছে । কিন্তু চিত্ৰৰসিকে ' ভিলেজ ৰকষ্টাৰ্ছ'ৰ দৰে প্ৰশংসা কৰাৰ বাট বিছাৰি নাপালে ।

সংযোজন :  ৰীমা দাসৰ জন্ম ১৯৮২ চনত , কামৰূপ জিলাৰ ছয়গাঁৱত ।  মধ্যবিত্ত পৰিয়ালৰ শিক্ষক পিতৃৰ সন্তান  ৰীমাই  প্ৰাথমিক শিক্ষা ছয়গাঁৱত শেষ  কৰি  গুৱাহাটীৰ কটন কলেজৰ পৰা  স্নাতক ডিগ্ৰী ,   পুণে বিশ্ববিদ্যালয়ৰ পৰা সমাজ শাস্ত্ৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা (National Eligibility Test, NET)-ত উত্তীৰ্ণ হয় । কিন্তু ' অভিনয় '-এ মুম্বাইলৈ টানি  নিয়ে । -- ৰীমা দাসক চলচ্চিত্ৰ কৰ্মৰ বাবে ২০১৮ চনত অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ পঞ্চম সমাৱৰ্তন অনুষ্ঠানত  সন্মানীয় ডি.লিট ডিগ্ৰী প্ৰদান কৰে । কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তন উৎসৱতো ৰীমা দাসক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে ।  ইয়াৰোপৰি ২০১৮ চনত জিকিউ (GQ) আলোচনীয়ে ৰীমা দাসক আন এক সন্মান দিয়ে  ৫০ গৰাকী প্ৰভাৱশালী যুৱ ভাৰতীয়ৰ  তালিকাত ৰাখি ।

শনিবার, ১৭ জুলাই, ২০২১

দিলীপ কুমাৰ

An Era Ends With Dilip Kumar's Death At 98 -- জোকাৰি যোৱা খবৰ । বলিউডেৰ কিংবদন্তি অভিনেতা দিলীপ কুমাৰ কায়িক ভাবে আতৰি গ'ল উভতি নহা বাটেৰে । বুধবাৰে পুৱা  ৭ . ৩০ বজাত ।যোৱা ৩০ জুনৰ পৰা  মুম্বাইৰ  হিন্দুজা হাসপাতালত চিকিৎসা চলি আছিল  আৰু আজি ( ৭জুন , ২০২১ ) চিকিৎসা বিজ্ঞানে হাৰ মানে ! অন্তিম শ্বাস লোৱাৰ সময়ত বলিউডৰ প্ৰথম ছুপাৰষ্টাৰ গৰাকীৰ ওচৰত আছিল পত্নী সায়ৰা বানু ।
       দিলীপ কুমাৰ জন্ম পাকিস্তানৰ খাইবাৰত ,  ১১ ডিসেম্বৰ ১৯২২ ত , এটি মুছলিম সম্ভ্রান্ত পৰিয়ালত । পিতৃ লালা গোলাম ছাৰৱাৰ আছিল   ফলৰ ব্যবসায়ী । মাতৃ আয়েশা বেগম আছিল সংগীত প্ৰেমী । পিতৃৰ ব্যৱসায় এদিন বন্ধপ্ৰায় হৈছিল আৰু মাত্ৰ ১২.৫০ টকা বেতনত বোম্বাইৰ ( মুম্বাই ) চিনেমা উদ্যোগত কাম আৰম্ভ কৰিছিল  । আৰু এদিন বলিউডৰ সাধাৰণ কৰ্মিৰ পৰা গৈ নায়কৰ ট্ৰেকত খোজ দিয়াৰ সুযোগ পাইছিল । সুযোগ পাইছিল দেবিকা ৰাণীৰ সহায়ত । ৪০ৰ দশকত দেবিকা ৰাণী আছিল ভাৰতীয় চিনেমাৰ অতি প্ৰভাবী তাৰকা। সুদর্শন ইউছুফ খানে প্রায়ই চিনেমাৰ শ্বুটিং চাবলৈ যায় । আৰু  শ্বুটিং চাবলৈ যোৱা মানুহৰ মাজত  দেবিকা ৰাণীয়ে প্ৰায়ে দেখে ।  এদিন "সুদৰ্শন যুবক " জনক ওচৰলৈ মাতি আনি সুধিছিল শ্বুটিং চোৱাত যে ইমান সময় খৰচ কৰে " চিনেমাত মন " নেকি ! " -হয় , মই চিনেমাত অভিনয় কৰিব বিছাৰো ! " বুলি  দিলীপ কুমাৰে কোৱাত দেবিকা ৰাণীয়ে সুধিছিল উৰ্দু ভাষাৰ জ্ঞান আছে নে নাই ! " তুমি শুদ্ধ উৰ্দু কব পাৰা ?" -- দেবিকা ৰাণীয়ে সুধিছিল । " পাৰো ! " -- দিলীপ কুমাৰে কৈছিল । ( স্পষ্ট কৰি দিছো -- দিলীপ কুমাৰৰ নাম  তেতিয়া ইউছুফ খানহে আছিল ।)   মাৰাঠী গ্ৰন্থ " বলিউড কুইন "ত দেবিকা - দিলীপ কুমাৰৰ এই পৰ্ব উল্লেখ কৰি অজয় মাৰ্হত্ৰেয়ে লিখিছে -- " সম্ভবতঃ হিন্দি চিনেমালৈ দেবিকা ৰাণী চৌধুৰীৰ ( কর্মজীবন : ১৯২৮-১৯৪৩ ) যি অৱদান আন কোনো নায়িকাৰে নাই । অভিনয়ৰে বলিউডক চহকী কৰাৰ লগতে ফল বিক্রেতাৰ পুত্র ইউসুফ খানক দিলীপ কুমাৰলৈ ৰূপান্তৰ কৰিছে । " আৰু সেই সহায় আৰু অভিনয় শক্তিৰে মহাতাৰকালৈ ৰূপান্তৰ হৈছিল ।                                                             
      
                      ******** *********        
       বলিউডী নাম -- দিলীপ কুমাৰ । জন্মৰ পিছতে নাম ৰাখিছিল মোহম্মদ ইউছুফ খান । বলিউডৰ বাটত খোজ পেলোৱাৰ সযয়তে কোৱা হৈছিল -- ইউছুফ খান ! নোৱাৰিবা , এই নামেৰে বলিউডৰ নায়কৰ ট্ৰেকত দৌৰিব নোৱাৰিবা ! নাম সলাব লাগিব ! ( দেবিকা ৰাণীয়ে  জানিছিল , ইউছুফ খান -- এজন ৰোমান্টিক " নায়ক "ৰ নাম হব নোৱাৰে ! দৰ্শেকে গ্ৰহণ নকৰিব !  হিন্দি কবি নৰেন্দ্র শর্মা সেই সময়ত বোম্বে টকিজৰ কৰ্মী আছিল । দেবিকা ৰাণীয়ে এদিন প্ৰসঙ্গক্ৰমে  মনৰ ভাব ব্যক্ত কৰাত নৰেন্দ্ৰ শৰ্মাই তিনিটা নাম দিলে --  জাহাঙ্গীৰ , ভাসুদেব আৰু দিলীপ কুমাৰ । তৃতীয় নামটো দেবিকা ৰাণীয়ে পছন্দ কৰিছিল । )  -- আপত্তি কৰাৰ কাৰণ বিছাৰি নাপালে । আৰম্ভ কৰিলে বলিউড যাত্ৰা । -- ১৯৪৪ চনত চিত্ৰগৃহলৈ আহিল প্ৰথম খন চিনেমা । ' বোম্বে টকিজে 'ৰ প্ৰযোজনাত 'জোৱাৰ ভাটা ' । সেই সময় চোৱাত  আভিনয়ৰ স্টাইলে আছিল  "লাউড অ্যাক্টিং "  । মুলতঃ পাৰ্ছি থিয়েটাৰৰ প্রভাৱত ভাৰতীয় চিনেমাৰ " অভিনয় " নিৰ্মাণ হৈছিল । প্ৰচলিত সেই ষ্টাইলৰ বিপৰীত বিন্দুত ঠিয় হৈছিল দিলীপ কুমাৰ । আৰু কম দিনৰ ভিতৰত সফলো হৈছিল । গল্প - চিনেমা লেখক ছেলিম খানৰ ভাষাত  " দিলীপ কুমাৰৰ অভিনয় কৌশল শান্ত , নিৰব । চেহেৰৰ স্বভিবিক  অভিনয়ে আৰু শান্ত ভাবে কৰা সংলাপ প্ৰক্ষেপনে " চৰিত্ৰ "টো আৰু "চৰিত্ৰ "টোৱে উপস্থাপন কৰা বিষয়   সূক্ষ্ম ভাবে  পর্দাত  তুলি ধৰে ।  আৰু " চৰিত্ৰ "টোৱে নিৰবে দর্শকেৰ মনত গভীৰ ছাপ পেলাই যায় ।" নিম্ন স্বৰৰ অভিজাত , দৃঢ় সংলাপ প্ৰক্ষেপন কৌশল আছিল দিলীপ কুমাৰৰ প্ৰধান " অভিনয় মন্ত্ৰ " । এই " মন্ত্ৰ "ৰে মুগল - ঈ -আজম "ত পৃথ্বীৰাজ কাপুৰৰ ( সম্ৰাত আকবৰ ) প্ৰভিবশালী , শক্তশালি চৰিত্ৰৰ ওচৰতো জিলিকি আছিল " ছেলিম " দিলীপ কুমাৰ ।
        দিলীপ কুমাৰ বলিউডৰ নায়কৰ ট্ৰেকত থকা সময়তে আহিছিল ৰাজ কাপুৰ ( "নীল কমল " /১৯৪৭ । পূৰ্বে ১৯৩৫ চনত  চিত্ৰগৃহলৈ অহা " ইনকিলাব "ত  ১০ বছৰ বয়সত প্রথমবাৰ অভিনয় কৰিছিল । ) আৰু দেব আনন্দ ( " হাম এক হ্যায় " /১৯৪৬ ) । ১৯৪০ - ১৯৬০ সময় চোৱাৰ হলিউডৰ অন্যতম অভিনেতা গ্রেগৰি পেকেৰ প্রভাবত এক বিশেষ ষ্টাইলত বান্ধ খোৱা দেব আনন্দৰ অভিনয় আৰু  " The Show Man ,
The Great Show Man of Bollywood ,
Charlie Chaplin of India " বিশেষনেৰে বান্ধ খোৱা ৰাজ কাপুৰৰো জনপ্ৰিয়তা সময়ত বাঢ়িছিল ; কিন্তু দিলীপ কুমাৰৰ উৰ্ধগামী " বলিউড গ্ৰাফ "ত প্ৰভাব পেলাব পৰা নাছিল । নোৱাৰাৰ মূল কাৰণ -- দিলীপ কুমাৰৰ বহুমাত্ৰিক অভিনয় । ( এই কথাও স্পষ্ট -- বলিউডৰ এই ত্ৰিমূৰ্তিৰ গুৰুত্ব " বলিউড বজাৰ "ত কম - বেছি নাআছিল । )

                     ************
             দিলীপ কুমাৰৰ  জীবনী লেখক মেঘনাথ দেচায়ে  লিখিছে , "  কেৱল  অভিনয়ৰ বাবে যে অভিনয় নহয় মোক  বহুবাৰ বুজাইছিল । বাস্তবতো  " চৰিত্ৰ " ৰ আকাৰত অনুভৱৰ  সুযোগ দিছিল । ' মই   চুলিৰ  স্টাইল, পোছাক, সংলাপ আৰু  আচৰণ অনুকৰণ কৰি  পর্দাৰ বাবে নিৰ্মাণ হৈ থকা চৰিত্রটো  আত্মস্থ কৰাৰ চেষ্টা কৰো ' -- দিলীপ চাহাবে কৈছিল ।  অভিনয় কৰি থকা চৰিত্ৰত প্ৰভাৱ পৰিব বুলিয়ে প্ৰিয় সাজ - ব্যক্তিৰ পৰা আতৰত থকাও মই দেখিছো । ( দিলীপ কুমাৰৰ পছন্দৰ ৰং -- বগা । উৰ্দু সাহিত্যৰ ভক্ত আছিল ।শিক্ষিত ভদ্ৰলোক আছিল ।হিন্দি, উর্দু, ইংৰাজি , পাঞ্জাবী ও পছতু ভাষাত কথা পাতিছিল । মাৰিঠি , ভোজপুৰি আৰু পাৰ্ছিয়ান ভাষা বুজি পাইছিল । ) -- এদিন দেখিছিলো ৰং - বিৰং সাজ পিন্ধি সাধাৰণ মানুহ এজনক বহুৱাই বাংলা ভাষা কোৱাত ব্যস্ত ! ভাবিলো , হ'ল কি ! সেয়াও আছিল চৰিত্ৰক আত্মাত প্ৰৱেশ কৰোৱাৰ কচৰৎ ! " -- এইবোৰৰ মাজতে স্পষ্ট হৈ আছে " অভিনেতা দিলীপ কুমাৰ " নিৰ্মাণ  প্ৰক্ৰিয়া ।
               ********
 
          সত্যজিৎ ৰায়ে কৈছিল , " সর্বশেষ ৰচনাশৈলী একজন গুণী অভিনেতা দিলীপ কুমাৰ । "  -- বিগ বচ্চন অমিতাভৰ ভাষাত , "  Dilip Kumar as the greatest actor of all time. " -- আৰু বলিউড বাদশ্বাহ শ্বাহৰুখৰ মতে , " অভিনয়ৰ পাঠশালা । " - হয় , সেই বাবেই হয়তো শ্বাহৰুখে " অভিনেতা শ্বাহৰুখ "ক নিৰ্মাণ কৰিছে " দিলীপ কুমাৰ ষ্টাইল "-এৰে ! শ্বাহৰুখৰ " ৰোমাণ্টিক আন্দাজ " , " এংৰি ষ্টাইল " , " কমেডী "কে ধৰি প্ৰতিটো স্তৰতে দিলীপ কুমাৰৰ অভিনয়ৰ প্ৰভাৱ স্পষ্ট । -- শ্বহৰুখ খান এটা উদাহৰণহে ।                                                              
         
                                ******
       ২৯ নবেম্বৰ , ১৯৪৪ত চিত্ৰগৃহলৈ আহিছিল  দিলীপ কুমাৰে অভিনয় কৰা প্ৰথম খন চিনেমা । যাযাবৰ সংগীত শিল্পী জগদীশৰ চৰিত্ৰত দিলীপ কুমাৰক দৰ্শকে পচন্দ কৰিছিল । আৰু তাৰ পিছত ? -- অভিনয় কৰি গ'ল ১৯৪৯ চনত ' আন্দাজ ' , ১৯৫২ চনত ' চালবাজ ' , ১৯৫৫ চনত ' দেবদাস ', ১৯৫৫ চনত ' আজাদ ', ১৯৬০ত ' মুগল-ঈ -আজম ', ১৯৬১ ' গঙ্গা যমুনা ' আদি । সকলো ঠিকেই চলি আছিল ; কিন্তু ১৯৭৬ চনত সন্যস ল'লে দিলীপ কুমাৰে । অৱশ্যে চাৰি - পাঁচ বছৰ ! আৰু বিৰতিৰ পিছত নতুন ৰূপ ! চিত্ৰগৃহলৈ আহে -- ' শক্তি ' (১৯৮২), ' কর্ম ' (১৯৮৬) আৰু ' সৌদাগৰ ' (১৯৯১)। অভিনেতা গৰিকীৰ সর্বশেষ অভিনীত চিনেমা ' কিলা ' (১৯৯৮)।                
      

******* দিলীপ কুমাৰে ভাৰতীয় অভিনেতা হিচাবে সর্বোচ্চসংখ্যক বঁটা প্ৰাপ্তিৰে গিনিজ বিশ্ব ৰেকর্ড বুকত স্থান লাভ কৰে । অভিনেতা গৰাকীয়ে ৮ বাৰ ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতা বঁটা সহ ১৯ বাৰ ফিল্মফেয়াৰ মনোনয়ন পাইছিল । অভিনেতা গৰাকীয়ে ১৯৯৩ চনত ফিল্মফেয়াৰ আজীবন বঁটাৰে সম্মানিত হয় । আৰু ২৬ জানুৱাৰি ২০১৫ ত ভাৰত সৰকাৰে অভিনেতা গৰাকীক পদ্মবিভূষণেৰে সন্মানিত কৰে ।

### ( বছৰ / চিনেমা / ভূমিকা / বঁটা )          ১৯৪৪ / জোৱাৰ ভাটা / জগদীশ / ০০০        ১৯৪৫ / প্রতীমা /০০০ /০০০                         ১৯৪৬ / মিলন / ৰমেশ / ০০০                        ১৯৪৭/ জুগনু / সুৰজ / ০০০                         ১৯৪৮ / ছহীদ / ৰাম / ০০ ১৯৪৮ / নাদিয়া কে পাৰ / চটে কুমাৰ /০০০ ১৯৪৮ / মেলা / মোহন /০০০ ১৯৪৮ /ঘৰ কি ইজ্জত / চন্দ্ৰ / ০০০ ১৯৪৮ / আনোখা প্যাৰ / অশোক/ ০০০ ১৯৪৯ / শ্ববনম / মনোজ / ০০০ ১৯৪৯ / আন্দাজ / দিলীপ / ০০০ ১৯৫০ / জোগান / বিজয় /০০০ ১৯৫০ /বাবুল / অশোক / ০০০ ১৯৫০ / আৰজু / বাদল /০০০ ১৯৫১ / তাৰানা / মতিলাল /০০০ ১৯৫১ /হালচাল / কিশোৰ /০০০ ১৯৫১ / দিদাৰ / শ্যামু / ০০০ ১৯৫২ / ছাঙ্গদিল / শঙ্কৰ /০০০ ১৯৫২/ দাগ / শংকৰ / বিজয়ী: ফিল্মফেয়ার শ্রেষ্ঠ অভিনেতাৰ বঁটা ১৯৫২ / আন / জয় তিলক /০০০ ১৯৫৩ / শিকাস্ট / ড. ৰাম সিং / ০০০ ১৯৫৩ /ফুটপাথ / নশু /০০০ ১৯৫৪ / অমৰ / অমৰনাথ / ০০০ ১৯৫৫ / উদান খাতোলা / কাশী /০০০ ১৯৫৫ / ইনছানিয়াত / মঙ্গল /০০০ ১৯৫৫ /দেবদাস / দেবদাস / বিজয়ী: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা ১৯৫৫ / আজাদ / আজাদ ... / বিজয়ী ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা ১৯৫৭ / নয়া দৌৰ / শঙ্কৰ / বিজয়ী: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বটা ১৯৫৭ / মুছাফিৰ / ৰাজা /০০০ ১৯৫৮ / ইহুদী / প্ৰিন্স মার্কাছ / ০০০ ১৯৫৮ / মধুমতি / আনান্দ আৰু দিবেন / মনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা ১৯৫৯ / পাইগাম / ৰতন লাল / মনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা ১৯৬০ /কোহিনুৰ / যুবৰাজ ৰানা দেবেন্দ্র বাহাদুৰ / বিজয়ী: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা ১৯৬০ / মুগল-ঈ -আজম / যুবৰাজ ছেলিম / ০০০ ১৯৬১ / গঙ্গা যমুনা / গংগুৰাম ,গঙ্গা / মনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা ১৯৬৪ / লিডাৰ / বিজয় খান্না / বিজয়ী: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা ১৯৬৬ / দিল দিয়া দর্দ লিয়া / শঙ্কৰ ,ৰাজা ছাহেব মনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা ১৯৬৭ / ৰাম অউৰ শ্যাম / ৰাম আৰু শ্যাম (দ্বৈত ভূমিকা) / বিজয়ী : ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা ১৯৬৮ / সংঘর্ষ / কুন্দা প্ৰসাদ /মনোনীত: ফিল্মফেয়ার শ্রেষ্ঠ অভিনেতাৰ বঁটা ১৯৬৮ / আদমী / ৰাজেশ/ মনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা ১৯৭০ ছাজিনা মাহাতো ( বাংলা চিনেমা ) / ছাজিনা ১৯৭০ /গোপি / গোপি / মনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা ১৯৭২ / দাস্তান / অনিল/সুনীল(দ্বৈত ভূমিকা) /০০০ ১৯৭২ / আনোখা মিলন / ( অতিথি অভিনেতা ) /০০০ ১৯৭২ / কৌশিশ / ( অ . অ . ) / ০০০ ১৯৭৪ / ছাগিনা / ছাগিনা / মনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা ১৯৭৪ / ফির কাব মিলোগী / তেজা সিং /০০০ ১৯৭৬ / বৈৰাগ / কৈলাশ - ভোলানাথ - সঞ্জয় (ট্রিপল ভূমিকা) / মনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা ১৯৮১ / ক্রান্তি / চানগা - ক্রান্তি / ০০০ ১৯৮২ / বিধাতা / শচছেৰ সিং /০০০ ১৯৮২ / শক্তি / অশ্চিনী কুমাৰ / মনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতা । ১৯৮৩ / মাজদোৰ / দিনানাথ ছাক্সিনা / ০০০ ১৯৮৪ / দুনিয়া / মোহন কুমাৰ / ০০০ ১৯৮৪ /মশাল / বিনোদ কুমাৰ / মনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতা । ১৯৮৬ / ধৰম অধিকাৰী / ধৰ্মা / ০০০ ১৯৮৬ / কর্মা / বিশ্বনাথ প্রতাপ সিং, - ইলিয়াস ৰানা - দাদা ঠাকুৰ /০০০ ১৯৮৯ / কানুন আপনা আপনা / কালেক্টার জগৎ প্রতাপ সিং / ০০০ ১৯৯০ / ইজ্জতদাৰ / ব্রহ্মা দত্ত /০০০ আগ কা দৰিয়া ১৯৯১ / সৌদাগৰ / ঠাকুৰ বীৰ সিং / মনোনীত: ফিল্মফেয়াৰ / শ্রেষ্ঠ অভিনেতা । ১৯৯৮ / কিলা /জগন্নাথ - অমৰনাথ সিং (দ্বৈত ভূমিকা) -- এই চিনেমাত কৰা সেউজ অভিনয়ৰ বাবে " বলিউড অভিনয় বাদশ্বাহ " সদায় সেউজ হৈ থাকিব !

বুধবার, ১৪ জুলাই, ২০২১

ৰজত কাপুৰ


ৰজত কাপুৰ । " ৰজত কাপুৰৰ সৈতে বিভ্ৰান্ত হোৱাৰ  অৱকাশ নাই । ৰজত কাপুৰে পৰিচালকক পথভ্ৰষ্ট হোৱাত সহায় নকৰে । ৰজত কাপুৰে হাতে কামে পৰিচালকক কয় -- সপোন নেদেখিবা ! যি কৰাৰ মন কৰিবলৈ সাজু হোৱা , মই আছো ! " -- সেই জনেই ৰজত কাপুৰ । মোৰ সৈতে " মানুহ " জনৰ সম্পৰ্ক নাই । কিন্তু অভিনেতা জনৰ " অভিনয় "ৰ সৈতে ওচৰ সম্পৰ্ক , নিবিড় সম্পৰ্ক ।  -- ৰজত কাপুৰৰ অভিনয় অনুভৱ কৰিছো , ৰজত কাপুৰৰ " কদাখ " চাইছো ।  black comedy  --  "এটি উজ্জ্বল অন্ধকাৰ কৌতুক " ।  অৱশ্যে চৰ্চা হৈছিল " কদাখ "ৰ বুনিয়াদ  আলফ্রেড হিচককৰ   থ্রিলাৰ " ৰোপ"( চিনেমা খন মই চোৱা নাই । ১৯৪৮ চনৰ চিনেমা । " psychological crime thriller ." ৮০ মিনিট দৈৰ্ঘৰ । ) ।  -- ৰজত কাপুৰৰ আন এক পৰিচালনাই মোক চুই গৈছিল , "ৰঘু ৰোমিও "ই । চিত্ৰনাট্য নিজে ৰচনা কৰিছিল ।   ৰঘু ৰোমিও  :  কল্পনাৰ  -  বাস্তৱৰ দূৰত্ব অনুভৱত অক্ষম  এক চৰিত্ৰ । বিজয় ৰাজক লৈ নিৰ্মাণ কৰা  নিম্ন-মধ্যবিত্ত পৰিয়ালৰ  সৰল মনৰ যুৱক । যাৰ সৰলতাক আৱৰি ৰাখিছে  আৱেগে । --  পৰিচালক ৰজত কাপুৰৰ আন কেইখন মান চিনেমা  : তাৰানা ,  Hypnothesis ,  Private Detective: Two Plus Two Plus  , " Mixed Doubles , মিথ্যা  ,  ৰাত গই - বাত গই   , ফ্যাটসো!  ,  আঁখো দেখি । " আঁখো দেখি "ৰ মূল চৰিত্ৰ ৰাজ । অভিনয় কৰিছে সঞ্জয় মিশ্রই । ৰাজে প্ৰতিটো মূহুৰ্তত লৈ ফুৰে  এক নাটকীয় ঘটনা ! অনুভব কৰে সেইটোহে সত্য , যিটো দেখা যায় । আৰু সিদ্ধান্ত লয় , সেইটোহে  কেবল বিশ্বাস কৰিব , যিটো দেখিব !  অদ্ভুত চিন্তাৰ অদ্ভুত ৰূপালী গল্প ! ভাল লগাব পৰা চিনেচিন্তা । -- এই  আৰু কেইবা খনো  ভাল লগাব পৰা পৰিচালনাৰ  পিছতো মোৰ ওচৰত " পৰিচালক ৰজত কাপুৰ "তকৈ " অভিনেতা ৰজত কাপুৰ " বেছি উজ্বল । কম ফুটেজৰ চৰিত্ৰৰেও চিনেমাৰ সৌন্দৰ্য হয় , আভিনয় ক্ষমতাৰে ।  -- ১৯৮৯ চনত বলিউডত খোজ দিয়ে  কুমাৰ ছাহানীৰ " খায়াল গাথা "ৰে । ১০৩ মিনিট দৈৰ্ঘৰ চিনেমা খনত ৰজত কাপুৰৰ অভিনয় " চমক " অৱশ্যেই নাছিল ; " ভবিষ্যতৰ চমক " অনুভৱ কৰিছিল , চিত্ৰৰসিকে ।  পৰবৰ্তী সময়ত অভিনয় কৰা , " ভেজা ফ্ৰাই "  , " দিল চাহতা হ্যায় " , "  ৰঘু ৰোমিও " ,  "মিক্স ডাবলছ " , " ৰণ " আদি প্ৰায় ৫০ খন চিনেমাত অভিনয় কৰিছে ।  ও টি টি প্লেটফৰ্মতো অভিনয় কৰিছে , ১০ খন মান চিনেকৰ্মত ।  ( চিত্ৰনাট্য  লিখিছে ৬  খন চিনেমাৰ । নিৰ্মাণ  কৰিছে ৫ খন চিনেমা । কব পাৰি সম্পূৰ্ণ চিনেমাৰ মানুহ -- ৰজত কাপুৰ । ) চিত্ৰৰসিকৰ বাবে সদায় দুখৰ বিষয় হৈ ৰব -- ৰজত কাপুৰ বলিউডৰ বাবে " কম ফুটেজ"ৰ অভিনেতা হৈ ৰ'ল ! -- এই গৰাকী অভিনেতাই অলপতে এখন অসমীয়া চিনেমাতো অভিনয় কৰিলে । নাম -- " অনুৰ " । পৰিচালক : মঞ্জুল বৰুৱা ।  মঞ্জুলৰ ভাষাত , "  যোৱা বছৰৰ লকডাউনৰ সময়খিনিত মই অনুৰাধা শৰ্মা পুজাৰী বাইদেউৰ এটি চুটি গল্পৰ আধাৰত 'অনুৰ' নামৰ চিনেমা খনৰ চিত্ৰনাট্য লিখাত ব্যস্ত আছিলো। আৰু সেইখনৰ শ্বুটিং মই এইবছৰ জানুৱাৰী মাহত আৰম্ভ কৰি ফ্ৰেব্ৰুৱাৰী মাহত শেষ কৰিলো।  'অনুৰ' চিনেমাখনৰ বৰ্তমান পষ্ট প্ৰডাকচনৰ কাম চলি আছে। "  --  এই  চিনেমা খনৰে এটা মূল চৰিত্ৰত অভিনয় কৰিছে ৰজত কাপুৰে । গতিকে আশা কৰিব পাৰো চিনেমা খনত আভিনেতা গৰিকীৰ " সম্পূৰ্ণ অভিনয় " চোৱাৰ সুযোগ দিব এখন অসমীয়া চিনেমাই । ( " অনুৰ "ৰ চিত্ৰগ্ৰহণৰ সময়ত লোৱা স্থিৰচিত্ৰ খন ৰূপম শইকীয়াৰ )

"জীৱন"ৰ চিনেমা

" শচীন: এ বিলিয়ান ড্রিমছ " -- ২০১৭ চনৰ চিনেমা। ডকুমেন্টাৰি স্পোর্টছ চিনেমা । চিনেমা খনৰ নামটোতে স্পষ্ট হৈ আছে  বিষয় বস্তু । -- হয় , ক্ৰিকেটৰ ভগৱান , ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ । এটা ৰূপালী গল্পলৈ ৰূপান্তৰ নকৰি , ৰূপালী (বাস্তবতা) Reality লৈ ৰূপান্তৰ কৰিছে । ক্ৰিকেট অনুৰাগীয়ে ক্ৰিকেটাৰ গৰাকীক অনুভৱ কৰিব পৰা চিনেমা । ২০১৬ চনৰ এখন চিনেমা -- " এম.এছ. ধোনি : দ্য আনটোল্ড স্টোৰি " । -- হয় , চিনেমা খনৰ বিষয় বস্তু মহেন্দ্ৰ সিং ধোনী । বিষয় বস্তু ৰূপালী গল্পলৈ ৰূপান্তৰ হৈছে । যি সকলে ক্ৰিকেট নাজানে , মহেন্দ্ৰ সিং ধোনীক নাজানে , সেই সকলেও " উপভোগ " কৰিব পৰা চিনেমা । " চিনেমা " বুলি চাব পৰা চিনেমা । জীবনী মূলক চিনেমা । আৰু  ২০১৬ৰ " আজহাৰ " ? এই খনো  জীবনী মূলক ক্রীড়াভিত্তিক নাটকীয় চিনেমা । আন এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ আজহাৰুদ্দিন কেন্দ্ৰীক ৰূপালী গল্প ।      আৰু এইবাৰ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ জীৱনৰ আধাৰত নিৰ্মাণ হ’ব আন এখন হিন্দী চিনেমা । ক্ৰিকেটাৰ গৰাকীৰ ভাষাত " আমাৰ জীবনচিত্র তৈৰি হওয়া নিয়ে আমি ৰাজি। হিন্দিতে হবে। তবে এখনই পৰিচালকেৰ নাম জানানো সম্ভব নয়। কিছু দিনেৰ মধ্যেই সব জানা যাবে। "  বিগ বাজেটৰ ( ২০০ - ২৫০ কোটি টকা ) এই চিনেমা খনত  সৌৰভ গাংগুলীৰ চৰিত্ৰত অভিনয় কৰিব ৰণবীৰ কাপুৰে । বৰ্তমান চিনেমা খন " পেপাৰ ৱৰ্ক " পৰ্যায়ত ।

মঙ্গলবার, ১৩ জুলাই, ২০২১

#Toofaan

বক্সিং ৰিঙত ফাৰহান আখতাৰ ! চেহেৰা - শৰীৰ সলনি হৈছে  " মিলখা "ৰ ।   "ভাগ মিলখা ভাগ "ৰ পৰিচালক ৰাকেশ ওম প্ৰকাশ মেহেৰাই  " মিলখা " ফাৰহানক নতুন গেট-আপ দিছে নতুন চিনেমা  "তুফান "ৰ  বাবে । কলকাতাৰ এক ভার্চুয়াল  সংবাদমেলত  পৰিচালক  মেহৰাই ক'লে , " ফাৰহানে  মোক এই এই চিনেমা খনৰ কথা  কৈছিল ।  আৰু মাত্ৰ  ২০  মিনিটতে চিনেমা খন কৰাৰ সিদ্ধান্ত লৈছিলো । "  -- খেল কেন্দ্ৰীক চিনেমা " তুফান " । ফাৰহানে বক্সাৰ আজিজৰ চৰিত্ৰত অভিনয় কৰিছে । ফাৰহানৰ বিপৰীত দেখা যাব  মৃণাল ঠাকুৰক । আনজুম ৰাজাবলী -  বিজয় মৌর্যৰ চিত্ৰনাট্য  ,   
জে ওজাৰ চিনেমাটোগ্রাফি ,  শঙ্কৰ - এহছান-লয়ৰ সংগীতেৰে  ৰাকেশ ওমপ্রকাশ মেহৰাই সম্পূৰ্ণ কৰা ৰূপালী গল্পটোৰ " চিন্তা "  বাহ্যিক দৃষ্টিত সাধাৰণ ! কিন্তু যেতিয়া 
" অক্ষ " , " ৰং দে বাসন্তুী " , " দিল্লী - 6 " ,  " ভাগ মিলখা ভাগ " , " মির্জ্যা "ৰ পৰিচালনা শৈলী মনলৈ আহে , স্বাভাবিকতে " তুফান " নামেৰে উৎকৃষ্ট  চিনেচিন্তাৰ ৰূপালী গল্প আশা কৰিম । -- আমাৰ আশাত সাৰ - পানী দিছে পৰিচালক মেহেৰাৰ এই কেইটা শব্দই -- " বক্সীং নহয় , ' তুফান ' জীৱনৰ গল্প । আজিজৰ জীৱনৰ ৰং , জীৱনৰ সংঘৰ্ষ - নিজৰ সৈতে  দ্বন্দ্ব ইত্যাদি চিনেমা খনৰ বিষয়বস্তু । " অনুমান কৰিব পাৰি আনদহখন খেল বিষয়ৰ চিনেমাৰ দৰে নহয় , " তুফান " জীৱন গানৰ অনুভৱ থকা ক্রীড়া নাটক ! চিনেমা খনৰ সম্পাদক মেঘনা সেনৰ ভাষাত " জীৱনৰ ৰং আছে , কেমেৰাৰ ৰং আছে । কেমেৰাৰ ভাষাৰে আজিজৰ জীৱনৰ ৰং আকিছে ' তুফান 'ত । "

        " তুফান " সাজু ! ২০২০ চনতে । সেই বৰ্ষৰ  ২ অক্টোবৰত ; আৰু  ১৮ সেপ্টেম্বৰত চিত্ৰগৃহলৈ অহাৰ দিন ঘোষনা কৰিছিল ।   COVID-19 য়ে বাধা দিলে । শেহতীয়া ঘোষণা :   ১৬ বা ২০ জুলাই ২০২১ ত  অ্যামাজন প্রাইম ভিডিওত মুকলি কৰি দিয়াৰ চিন্তা চৰ্চা চলিছে ।  by : utpal mena

শনিবার, ১০ জুলাই, ২০২১

যতীন বৰা /১

ধাৰাবাহিক " দেউতা " , " নামঘৰীয়া " ,  " এই চহৰতে " ,  "প্ৰতিঘাত " , " বিৰিণা পাতৰ আঙঠি " ,  " নীলকণ্ঠ " , " নিশাৰ চকুলো "  আদিৰ বুনিয়াদত নিৰ্মাণ হৈছিল অসমীয়া চিনেমাৰ দীৰ্ঘ সময়ৰ নায়ক যতীন বৰা । আৰু অভিনেতা যতীন বৰাই গঢ় লৈছিল মঞ্চত ।  যিমান দূৰ মনত পৰে ১৯৮৪ চনৰ কোনো এটি দিনত প্ৰথমবাৰ লগ পাইছিলো যতীন বৰাক । তেতিয়ালৈকে মাত্ৰ এখন অসমীয়া চিনেমাত অভিনয় কৰিছিল । সাধাৰণ  চৰিত্ৰত । " চৰিত্ৰটো কেনেধৰণৰ ইত্যদি ভবা নাছিলো । - সেই সময়ত মই নাটক কৰি ঘূৰি ফুৰো ।  তেজপুৰ জিলা পুথিভঁৰালত  আব্দুল মজিদ দাই মোৰ অভিনয় দেখিছিল ! আৰু এদিন সুধিছিল -- " মোৰ নতুন চিনেমা খনত তোমাৰ বাবে চৰিত্ৰ এটা আছে । কৰিবা নেকি ? " নকৰো বুলিম নে ! সেই সুযোগ পোৱাৰ পিছত মোৰ মনলৈ বাৰে বাৰে এটা কথায়ে আহিছিল -- মই ' চামেলী মেমচা'ব 'ৰ পৰিচিলকৰ চিনেমাত অভিনয় কৰিম ! মাজে মাজে নিজকে জৰ্জ বেকাৰৰ সৈতেও ঠিয় কৰাই চাইছিলো ।  আৰূ সেই সময়ত মোৰ মন ভাল নাছিল । সৰুৰে পৰা সপোন দেখিছিলো -- চিনেমাৰ নায়ক হম । ' বিজু ফুকনৰ দৰে চিনেমাত অভিনয় কৰিম ! বিজু ফুকন - মৃদুলা বৰুৱাৰ চিনেমা আহিলেই চাইছিলো । মনতে কেতিয়াবা বিজু ফুকনৰ ঠাইত মৃদুলা  বৰুৱাৰ সৈতে মোক ভাবিছিলো ! তেনে এখন সপোনৰ দেশত  থাকোতেই সূযোগ পাইছিলো  " আই মোৰ জনমে জনমে "ত । নিপ বৰুৱাৰ চিনেমা । কিন্তু শেষত মোক নলৈ দিবাকৰ দাক লৈছিল । মোৰ হেনো বয়স কম ! সাংঘাতিক দুখ লিগিছিল । সেই দুখৰ সময়তে  " উত্তৰকাল "  ত  অভিনয়ৰ সুযোগ পাইছিলো । সেই সময়ত এটা কথায়ে চিন্তুা কৰিছিলো --  অভিনয় কৰিব লাগে  । মোৰ চিন্তা ' চৰিত্ৰ ' নাছিল , কেৱল ' চিনেমা 'হে আছিল । "  ( ভিন্ন প্ৰশ্নৰ উত্তৰত যতীন বৰা কৈছিল ।   দৈনিক কাকত " আজিৰ সংবাদ "  ৰহৈ লোৱা সাক্ষাৎকাৰত । )  -- কৈছিল যতীন বৰাই ।  " আজিৰ মানুহ "  নামৰ   গুৱাহাটী দূৰদৰ্শনৰ বাবে নিৰ্মাণ  হৈ থকা ধাৰাবাহিক  এখনৰ লোকেচনত । সোণাপুৰৰ ভিতৰুৱা গাঁও এখনত । সেই দিনা যতীন বৰাই প্ৰথম শ্বট দিয়াৰ  অভিজ্ঞতাও কৈছিল  -- "  মোক সাজু কৰোৱা হৈছিল । যেনেদৰ বুজাইছিল , তেনেদৰো কৰিবলৈ চেষ্টা কৰিছিলো । নাই , কৰিব পৰা নাছিলো !  মজিদ দাই কৈছিল মই হেনো সহজ হব পৰা নাই ।  মই খোজ কাঢ়ি গৈ দোকান এখনত সোমাব লাগে । তিনিবাৰতহে অ' কে হৈছিল । মই দোকান খনৰ আগৰ পৰা দৌৰ দিলোঁ । লাজত  , ভয়ত বা আন কিবা কাৰণত । লোকচন আছিল চামগুৰি । "  --  যতীন বৰাই কোৱা এই " কথা "ৰ মাজত  স্পষ্ট হৈ আছে " চিনেমাৰ নায়ক " হোৱাৰ পথ মসৃন নাছিল ।  আৰু যেতিয়া " উত্তৰকাল " চিত্ৰগৃহলৈ আহিছিল , অধিক স্পষ্ট হৈছিল  " চিনেমাৰ নায়ক "  নিৰ্মাণত সহায় কৰিব পৰা নহয় যতীনক লৈ নিৰ্মাণ কৰা চৰিত্ৰটো । কম ফুটেজৰ সাধাৰণ চৰিত্ৰ ।  স্বভাবিকতে অপেক্ষা ! আৰূ তাৰ পিছত মন্থৰ গতি ।  ১৯৯৫ চনত চিত্ৰগৃহলৈ অহা   প্ৰদীপ গগৈৰ  পৰিচালনাৰে নিৰ্মিত  "আই কিল হিম ছাৰ" তহে  যতীন বৰাক দেখিলো । ( ১৯৯৩ - ১৯৯৭ আছিল গুৱাহাটী দূৰদৰ্শনৰ ধাৰাবাহিকৰ  সোণালী সময় ।  আৰু এই সময় চোৱাতে  অভিনয় ক্ষমতাৰে ' ধাৰাবাহিকৰ নায়ক  ইমেজ ' পাইছিল । )  ১৯৯৭ চনত  আমাৰ কৰ্মস্থান আছিল মুম্বাই । এদিন " কিংষ্টাৰ " নামৰ চিনে সাপ্তাহিক খনত দেখিলো      আশিষ বিদ্যার্থীৰ সৈতে যতীন বৰাৰ স্থিৰ চিত্ৰ । হিন্দী চিনেমা " কালসন্ধ্যা "ৰ । কাকত খনৰ পেন'ৰামা শিতানত  তিনি কলনত লোৱা ফটো খনৰ তলত ছুটি লেখা । পৰিচালক ভবেন্দ্ৰ নাথ শইকীয়াৰ পৰিচালনা শৈলী আৰু যতীন বৰাৰ প্ৰশংসা । আৰু ২০০০ চনত  সেই একেখন কাকততে  যতীনৰ  ফটো দেখিছিলো , উত্তৰ - পূৱৰ চিনেমাৰ শিতানত । ফটোৰ তলত " কেপচন " --  মুনিন বৰুৱাৰ "হিয়া দিয়া নিয়া " ৰ প্ৰথম সপ্তাহৰ কালেকচন এশ শতাংশ । পাছত গুৱাহাটীলৈ আহি চিনেমা দুখন চাই " যতীনৰ অভিনয় " অনুভৱ  কৰিছিলো ।  চিনেমা দুখনত কৰা অভিনয়ৰ কথা মনত ৰাখি "বিস্ময় "ত লিখিছিলো  --  অসমীয়া চিনেমাৰ পৰিচালকে এজন  সম্পূৰ্ণ অভিনেতা পালে ।  পৰৱৰ্তী সময়ত (ক) "   কালসন্ধ্যা " , (খ) " হিয়া দিয়া নিয়া "ৰ বাটেৰে  আগবাঢ়িছিল যতীন বৰাৰ অভিনয় কেৰিয়াৰ । যতীনৰ অভিনয় ক্ষমতাৰ  দিশটো মনত ৰাখি কম -- (ক) বাটটো অতি চুটি আছিল  । স্বাভিবিকতে কম -- এয়া অসমীয়া চিনেমাৰ ক্ষতি । অভিনেতা গৰাকীৰো ক্ষতি । চিত্ৰৰসিকক  বহুমাত্ৰিক অভিনৰে  সন্তুষ্ট কৰিব পৰাৰ ক্ষমতা থকা স্বত্বেও কিয় ব্যৱহাৰ নহ'ল ! আনকি জাহ্নু বৰুৱাৰ " বন্ধন " তো কিয় ব্যৱহাৰ নহ'ল  ! -- নিঃসন্দেহে  চিত্ৰৰসিকৰ বাবে চৰ্চাৰ বিষয় । " বন্ধন "তো ব্যবহাৰ হৈছে " মুনিন বৰুৱাৰ নায়ক " গৰাকী বা মুনিন বৰুৱাই নিৰ্মাণ কৰা " যতীন ইমেজ " । কিছু ব্যতিক্ৰম সঞ্জীৱ সভাপণ্ডিতৰ পৰিচালনাৰে নিৰ্মিত " জুয়ে পোৰা সোন " ৰ যতীন বৰা ।  আজিও অপেক্ষাত আছো -- যতীন বৰাৰ সম্পূৰ্ণ অভিনয় ক্ষমতা ব্যৱহাৰ হোৱা " শ্ৰেষ্ঠ চৰিত্ৰ " এটাৰ । " আই কিল্ড হিম ছাৰ " - এৰে খোজ দি অসমীয়া চিনেমাৰ  " নায়কৰ ট্ৰেক "ত বিশেষ ইমেজ লৈ আগবাঢ়ে " হিয়া দিয়া নিয়া "ৰে । অভিনয় কৰে --                                         
অহংকাৰ , তুমি মোৰ মাথোঁ মোৰ , দাগ ,  শেষ উপহাৰ ,অন্য এক যাত্ৰা , কইনা মোৰ ধুনীয়া ( **  পৰিচালক সুমন হৰিপ্ৰিয়াই যতীন বৰাক লৈ " কমেডী হিৰো " নিৰ্মাণৰ চেষ্টা কৰিছে । সফল হোৱা নাই বুলি কব নোৱাৰি । কিন্তু " চৰিত্ৰ " গৈ গৈ মুনিন বৰুৱাই নিৰ্মাণ কৰা ইমেজত বন্দী হয় । ) , এই মৰম তোমাৰ বাবে ,  নায়ক  , প্ৰেম আৰু প্ৰেম , জীৱন নদীৰ দুটি পাৰ , কন্যাদান , প্ৰিয়া অ' প্ৰিয়া , ত্যাগ , মিঠা মিঠা লগনত , প্ৰেমগীত , অগ্নিসাক্ষী ,
প্ৰিয়া মিলন , বিধাতা ( ** মুনিন বৰুৱাৰ পৰিচালনা । এই চিনেমা খনত পৰিচালকে অভিনেতা গৰাকীক  চেহেৰাৰ অভিনয়ৰ সুযোগ দিছিল বা পৰিচালকে যতীনৰ চেহেৰাৰ ভাষা আৰু কেমেৰাৰ ভাষাৰে কেইবাটাও ছিকুৱেঞ্চ ৰচনা কৰিছিল । -- কথা প্ৰসংগত যতীনে কৈছিল , " মই চিনেমাৰ নায়ক হলো , অভিনেতা হব পৰা নাই । "  মই কৈছিলো -- আপোনাৰ ধাৰণা শুদ্ধ নহয় । " কালসন্ধ্যা " ,"নায়ক "ত অভিনেতা যতীন বৰাক দেখিছো । অৱশ্যে পিছৰ সময় চোৱাত " নায়ক যতীন বৰাৰ ওচৰত " অভিনেতা যতীন বৰা " নিস্প্ৰভ হৈছিল । )  , এয়াই জোনাকবিহীন জীৱন , জুমন সুমন , উজনীৰ দুজনী গাভৰু , হেঁপাহ (** মুনিন বৰুৱাই নিৰ্মাণ কৰা ইমেজৰ পৰা মুক্ত আছিল যতীন বৰাৰ অভিনয় । পৰিচালক শংকৰ বৰুৱাই যতীনৰ লগতে আন অভিনেতা - অভিনেত্ৰীকো " বাস্তৱ অভিনয় কৰোৱাইছিল । কথা প্ৰসংগত , "হেঁপাহ "ৰ কাম চলি থাকোতে  শংকৰ বৰুৱাই কৈছিল , " মই মাত্ৰ এখন অসমীয়া  চিনেমা চাইছো । জাহ্নু বৰুৱাৰ  ' হালধীয়া চৰায়ে বাঁও ধান খায়  ' । ... " -- এই যে চোৱা নাছিল , সেই বাবেই হয়তো যতীন বৰাই মুনিন বৰুৱাই নিৰ্মাণ কৰা ইমেজৰ পৰা মুক্ত হৈ অভিনয় কৰাৰ সুযোগ পাইছিল ।  -- এনেদৰে কোৱাৰ বা ভবাৰ যুক্তি ?  ২০০৮ চনৰ এটা নিশা । জ্যোতি চিত্ৰবনত চিনেমা এখনৰ চিত্ৰগ্ৰহণ চলি আছে । শ্বটৰ ফাকে ফাকে আমাৰ সৈতে যতীনৰ আলাপ বা আড্ডা ।  "নায়িকা " ই খুব এন জি দিছে । গতিকে " নায়ক " কিছু সময়ৰ  বাবে মুক্ত !  ইটো - সিটো কথা চলি আছে । হঠাতে চিত্ৰগ্ৰহণ চলি থকা চিনেমা খনৰ  পৰিচালক গৰাকী আহি কৈছিল , " যতীন  তুমিযে ' নায়ক 'ত ... ওলাই আহিছিলা , এতিয়া যে শ্বটটো লম , ঠিক তেনেকৈ আহিবা ! " -- গতিকে ভবাৰ যুক্তি নিশ্চয় আছে । ) , মা তুমি অনন্যা , হৃদয় কঁপোৱা গান ,
বাৰুদ , কাদম্বৰী , ৰং . দীনবন্ধু ( অতিথি শিল্গী । ** চিনেমা খনৰ চিত্ৰনাট্যৰ কাম চলি থকা সময়ত চৰ্চা হৈছিল -- মূল চৰিত্ৰটোত যতীন বৰাই অভিনয় কৰিব । সেই সময়ত মই এই প্ৰসংগত দৈনিক কাকত " আজি "ত লিখিছিলো । ভাইমন দা , মানে পৰিচিলক মুনিন বৰুৱাই মিছা বুলি কোৱা নাছিল । পিছত চৰ্চা হৈছিল -- চৰিত্ৰটোত অভিনয় কৰিবলৈ মান্তি নহ'ল  যতীন বৰা ! এই চৰ্চ যদি সচা আছিল , কব লাগিব -- যতীন বৰাৰ সিদ্ধান্ত শুদ্ধ নাছিল । অভিনয় ক্ষমতা প্ৰদৰ্শনৰ সুযোগ আছিল । -- এই প্ৰসংগত মই কেইবাবাৰো লিখিছো । ভাইমন দাই মিছা বুলি কোৱা নাছিল । আজিলৈকে যতীন বৰাই মিছা বুলি কোৱা নাই ।  ) ,
চুৰেন চোৰৰ পুতেক , চেনাই মোৰ ঢুলীয়া , অঘৰী আত্মা , অধিনায়ক  (** যতীন বৰাৰ প্ৰথম পৰিচালনা । চিত্ৰনাট্য মুনিন বৰুৱাৰ । পৰিচালক যতীনে অভিনেতা যতীনক মুনিন বৰুৱাই নিৰ্মাণ কৰা ইমেজৰ পৰা মুক্ত কৰিব নোৱাৰিলে । ) , দেউতা দিয়া বিদায় , ধুনীয়া তিৰোতাবোৰ ,  ৰামধেনু ,  জানমণি (** ৰজেশ ভূঞাৰ পৰিচালনা । যতীনৰ শৰীৰ অভিনয়ৰ সুপ্ৰয়োগ !  ) ,  হিয়া দিবা কাক , জিলমিল জোনাক , দূৰদৰ্শন...এটি যন্ত্ৰ ,  বহ্নিমান ( **  বিশ্বজিত বৰাৰ পৰিচালনা । বিশ্বজিতে যতীনক লৈ " এণ্টি হিৰো " নিৰ্মাণ কৰিছে । সফল হৈছে। যতীনৰ অভিনয়  চিনেমা খনৰ -- চমক । ) , নিজানৰ গান , ৰত্নাকৰ ( ** যতীন বৰাৰ দ্বিতীয় পৰিচালনা । সফল পৰিচালনা ।  ) ত । [ " ৰত্নাকৰ "  ৰ সফলতা আৰু কিছু বিফলতাৰ প্ৰসংগত লিখিম দ্বিতীয় খণ্ডত । ]

শুক্রবার, ৯ জুলাই, ২০২১

বাহাৰুল ইছলাম

" Barkha Bahar has been Nominated as BEST STORY WRITER for the film THE SEVENTH STRING " সামাজিক মাধ্যমত জনালে বাহাৰুল ইছলামে। কেইদিন মান  আগতে জনাইছিল --  " আৰু এক আনন্দৰ খবৰ। আমাৰ চিনেমা THE SEVENTH STRING -এ Amsterdam World International Film Festival ত নিৰ্বাচিত হৈছে। চিনেমা খনৰ প্ৰতিগৰাকী  শিল্পী আৰু কলাকুশলীৰ  এক সামূহিক প্ৰচেষ্টাৰ ফল এয়া। " -- এনেদৰে আহি আছে এখন অসমীয়া চিনেমাৰ ভাল খবৰ ! 
--বাহাৰুল ইছলামে পৰিচালনা কৰা তৃতীয় খন অসমীয়া চিনেমাৰ চলচ্চিত্ৰ মহোৎসৱ যাত্ৰাৰ , জয়ৰ শুভ সংবাদ । 
-- কথা প্ৰসংগত বাহাৰুল ইছলামে কৈছিল এই তৃতীয় পৰিচালনাৰ কথা , " চিনেমা খন বৰষাই লিখিছে । বৰষা বাহাৰ মোৰ ছোৱালী । মোৰ ছোৱালী বুলিয়ে কোৱা নাই -- সচাকৈয়ে ভাল লিখিছে । দৰ্শকক  এইবাৰ ভাল চিনেমা এখন দিব পাৰিম বুলি মোৰ মনে কৈছে ! "   বাহাৰুল দাই কোৱা শেষৰ বাক্যটোত এটা কথা স্পষ্ট হৈ আছে , নিজে পৰিচালনা কৰা  চিনেমা -- " আছেনে কোনোবা হিয়াত " আৰু " ৰ'দৰ চিঠি "ক লৈ সন্তুষ্ট নহয় । তেজত " নাটক " থকা পৰিচালক এগৰাকীৰ বাবে এয়া স্বাভাবিক কথা । নাট্য ক্ষেত্ৰত কৰি অহাৰ দৰে চিনেমা ক্ষেত্ৰ খনতো "চহকী " ( চিনেমা , অসমীয়া চিনেমাক চহকী কৰিব পৰা কাম ) কাম কৰাৰ ইচ্ছা নাট্যকৰ্মী গৰাকীৰ মন - মগজুত স্বাভাবিকতে  থাকিব । আৰু দক্ষ নাট্যকৰ্মীয়ে ,  চিনেকৰ্মীয়ে নিজৰ "কৰ্ম"ত সন্তুষ্ট নহোৱাতো স্বাভাবিক । 
 "সদায় নতুন কিবা এটা কৰিব বিছাৰো ! নতুন চিন্তা এটা মনলৈ অহাৰ পিছত আগৰ বোৰ যেন , কেতিয়াবা কেতিয়াবা সন্তুষ্ট হব নোৱাৰা পৰ্যায় পায়!  ভাল নলগা হয়। বিশেষকৈ চিনেমাৰ ক্ষেত্ৰত। কেতিয়াবা মনলৈ আহে " আছেনে কোনোবা হিয়াত " কৰিব নালাগিছিল নেকি ! আৰু এনেদৰেও ভাবো -- নকৰিলে কেনেকৈ শিকিলো হেতেন ! " -- কথা প্ৰসংগত বাহাৰুল দাই কৈছিল । কিন্তু  " আছেনে কোনোবা হিয়াত "ত সম্পূৰ্ণ হোৱাৰ পিছতে বাহাৰুল দাৰ ঘৰৰ " সৰু পৰ্দা "ত চাই আমি ( চিনেমা খনৰ নায়িকা বৰষা ৰাণী বিষয়া , বাহাৰুল দা আৰু মই ) যেতিয়া  কথা পাতিছিলো  তেতিয়া পৰিচালক গৰিকীৰ চেহেৰাত সন্তুষ্টিৰ হাঁহি দেখিছিলো ! কিন্তু " ৰ'দৰ চিঠি " চোৱাৰ পিছত যেতিয়া পৰিচাক গৰাকীক অভিনন্দন জনাইছিলো , সেই সন্তুষ্টিৰ হাঁহি দেখা নাছিলো ! আমি কিন্তু " ৰ'দৰ চিঠি " বেয়া পোৱা নাছিলো । পৰিচালকৰ নতুন চিনেচিন্তাই আকৰ্ষণ কৰিছিল । চিনেমাত " নাটক " ব্যবহাৰ কৰি চিনেমেটিক গতি দিবলৈ চেষ্টা কৰিছিল ।            বাহাৰুল দাই  যে সদায় " নতুন কিবা " কৰাৰ চিন্তাত থকে সেয়া  অনুভৱ কৰিছিলো ১৯৮৩-৮৪ৰ সময় চোৱাতে ।  মহানগৰীৰ জু ৰোডৰ জুৰণি  উপ পথটো য'ত শেষ হৈছে তাতেই বাহাৰুল দাৰ ঘৰ । সেই চৌহদৰে এটা ঘৰৰ ভাড়াটিয়া মোৰ অতি ওচৰৰ বন্ধু , লেখক - সাংবাদিক দিগন্ত ওজা । দিগন্তুৰ ঘৰত আড্ডা বহে , আজৰি সময়ত । কবি-সমালোচক ৰবীন্দ্ৰ বৰা , দিগন্তৰ বাইদেউ কবি অজন্তা ওজা , ফটো সাংবাদিক চিন্ময় ৰয় , প্ৰমোদ দা ( বৰ্তমান  অসম প্ৰকাশন পৰিষদৰ সচিব ) , আৰু ... ( দীঘল তালিকা ) । আৰু মাজে মাজে  কম সময়ৰ বাবে বাহাৰুল দা  , আহিয়ে নতুন-নতুন " চিন্তা " কয় । 
বাহাৰুল দা খুব ব্যস্ত । চৌহদতে " ছিগাল " । মোৰ ধাৰণাত " actor factory " । (  ১০ ডিচেম্বৰ , ১৯৯০ দুৱাৰ মুকলি হৈছিল আৰু তেতিয়াৰ পৰা অভিনেতা - অভিনেত্ৰী নিৰ্মাণ কৰ্ম চলি আছে । " ছিগাল "ত অভিনয়ৰ  নহয়  , অভিনয় বিজ্ঞানৰ পাঠ দিয়ে । -- এয়া মোৰ ধাৰণা । ) এদিন  আহি ক'লে , " নাটকৰ আলোচনী এখন কৰো আহা ! নাম ঠিক কৰিছো -- ' ইমুখ ' ।  তোমালোকে সহায় কৰিলে খাটাং ওলাব । " যেনেধৰনে বিচিৰিছিল সহায় কৰিলো । ওলাল । উন্মোচন কৰিছিল শিল্পী নীলপৱন বৰুৱাই , পবিত্ৰ দাৰ ঘৰত ( লেখক - সংবাদিক পবিত্ৰ কুমাৰ ডেকাৰ ঘৰত থকা ব্যক্তিগত কাৰ্যালয়টোৱে আছিল " অসম চিত্ৰ সাংবাদিক সংস্থাৰো  কাৰ্যালয় । ) । সেই আলোচনী খনৰ মাজত অনুভৱ কৰিছিলো " দক্ষ সম্পাদক বাহাৰুল ইছলাম" ক ।  লেখক বাহাৰুল ইছলামক অনুভৱ কৰিব পাৰি  "একান্ত মনেৰে " ," সীমাৰ সীপাৰে " ," বিয়ণ্ড দা অব্‌ভিয়াছ " ." খিৰিকী খুলিয়েই" ," কিছু কথা কিছু নাটক "  আদি গ্ৰন্থত।  
            "বাহাৰুল ইছলাম " ৰ বিষয়ে জানিবলৈ বাহাৰুল দাৰ সৈতে প্ৰথমবাৰ বহোতে জানিব পাৰিছিলো --  জন্ম ১৯৬৩ চনৰ ১০ অক্টোৰত । ৰংজুলীত। পিতৃৰ নাম  আব্দুছ ছামাদ , মাতৃৰ নাম  আজিজা খাতুন । দেউতাকৰ কৰ্মসূত্ৰে বাহাৰুল ইছলামে ৰংজুলীৰপৰা গৈ  লক্ষীপুৰত  প্ৰাথমিক শিক্ষা আৰম্ভ কৰে । শেষ কৰে গুৱাহাটীত । ১৯৮৬ চনত আৰ্য বিদ্যাপীঠ কলেজৰপৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে আৰু  ১৯৮৭ - ১৯৯০ ত  নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত আভিনয়ৰ  পাঠ লয় ।  অভিনয়ৰ স্নাতক ডিগ্ৰী লাভ কৰি বলিউড বা আন কৰোবাত অভিনয় কেৰিয়াৰৰ সন্ধান নকৰি অসমলৈ উভতি আহে। আৰু অসমৰ নাট্য উত্তৰণৰ স্বাৰ্থত কাম কৰে । আৰু নাটকৰ লগতে চিনে কৰ্মতো মন দিয়ে । অভিনয় কৰা অসমীয়া চিনেমা : সূৰুয , পিতা-পুত্ৰ ,  সংকল্প , প্ৰভাতী পখীৰ গান , আপোনজন ,  মৰম নদীৰ গাভৰু ঘাট, ৰঙা মদাৰ (চিত্ৰগৃহলৈ নাহিল ) ,  বাৰুদ , বাঘ মানুহৰ খেলা (চিত্ৰগৃহলৈ নাহিল ) , মায়া , বৈভৱ , অন্তহীন যাত্ৰা ,  সমীৰণ বৰুৱা আহি আছে  ,  আছেনে কোনোবা হিয়াত , জাতিঙ্গা ইত্যাদি , বহ্নিমান , ফেঁহুজালি , ৰক্তবীজ , কানীন , দ্য আণ্ডাৰৱ'ৰ্ল্ড  , গৰু ।  -- নাটখৰ দৰে বাহাৰুল ইছলামৰ বাবে অসমীয়া চিনেমাৰ বাট সিমান  মসৃন নাছিল । " সূৰুয "ৰ লুঙি পিন্ধি জপিয়াই থকা " বাহাৰুল "ক সহ্য কৰিব পৰা নাছিলো । টি ভি চাই সাংবাদিকতা কৰা " সমীৰণ বৰুৱা আহি আছে "ৰ " বাহাৰুল "কো সহ্য কৰিব পৰা নাছিলো!  " সম্পূৰ্ণ অভিনেতা বাহাৰুল "ক দেখিলো ২০২১ চনতহে , হিমাংশু প্ৰসাদ দাসৰ " গৰু "ত । চেহেৰা - শৰীৰৰ অসাধাৰণ অভিনয় ! আমাৰ মন ভৰাই  যোৱা এই চৰিত্ৰটোৰ বাবে বাহাৰুল দাই  যিমান পৰিশ্ৰম কৰিছিল তাতকৈ কম পৰিশ্ৰম কৰা নাছিল " সূৰুয " আদি চিনেমাৰ চৰিত্ৰ নিৰ্মানতো । আমি সহ্য কৰিব পৰা নাছিলো  পৰিচিলকে অভিনেতা গৰাকীৰ অভিনয় শক্তি ব্যৱহাৰত মন নিদিয়া বাবেহে ।

        আকৌ আহিছো "  দ্য ছেভেন্থ ষ্ট্ৰিং " প্ৰসংগলৈ । এই চিনেমা খনৰ বুনিয়াদ নিৰ্মাণ হৈছে দুই প্ৰজন্মৰ " চিন্ত "ৰে । বাহাৰুল ইছলাম - বৰ্খা ( বৰষা ) বাহাৰৰ চিন্তাৰে । আন এক উল্লেখ যোগ্য দিশ -- চিত্ৰনাট্য , পৰিচিলনাৰ লগতে সংগীত পৰিচালনা কৰিছে বাহাৰুল ইছলামে । ( অভিনেতা গৰাকীৰ " বলিউড ব্যস্ততা "  ,  " O T T " ব্যস্ততা  আজি নিলিখো । )

মঙ্গলবার, ৬ জুলাই, ২০২১

" পানচুনা - ডালায় "ৰ গায়িকালৈ সংগীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা-২০২১।।

।। " পানচুনা  - ডালায় "ৰ গায়িকালৈ সংগীতশ্ৰী প্ৰভাত শৰ্মা উদগনি  বঁটা -  ২০২১।।--উৎপল মেনা

জীয়াই থাকোতে " শিল্পীক সন্মান জনোৱা উচিৎ " -- এই উদ্দেশ্যেৰে লোক সংগীতৰ সাধক প্ৰভাত শৰ্মাৰ কায়িক বৰ্তমানত  " সংগীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা " দিয়াৰ কথা চিন্তা কৰিছিলো । এই প্ৰসঙ্গত দৈনিক জনমভূমিত  মোৰ  " ৰাফকাট " শিতানত লিখিছিলো । লেখাটো পঢ়ি কেইবাগৰাকীয়ো লোক আগবাঢ়ি আহিছিল । এগৰাকী চিনেমা প্ৰযোজকে বঁটাটো " গ্লেমাৰ আৰ্টিষ্ট "ক দিলে লাখ টকা খৰচ কৰিবলৈ সাজু হৈছিল ! আমাৰ চিন্তাৰ সৈতে আগবাৰি অহা এজনৰো উদ্দেশ্য নিমিলিল । শেষত আমাৰ অনুৰোধত আগবাঢ়ি আহিছিল  গ্ৰন্থ প্ৰকাশক (" চিত্ৰাচলৰ " )  মৃণাল শৰ্মা । আমাৰ যি উদ্দেশ্য , সেই উদ্দেশ্য মনত ৰাখি ২০১৮ চনৰ পৰা    " সংগীতশ্ৰী প্ৰভাত শৰ্মা উদগনি  বঁটা  প্ৰদান কৰি আহিছে । " উদযাপন  সমিতি "য়ে সিদ্ধান্ত লৈছে শিল্পী গৰাকীৰ কায়িক অবৰ্তমানতো এই বঁটা প্ৰদান কৰিব । ২০২১ বৰ্ষৰ এই বঁটাৰ বাবে বিশেষ জুৰী মণ্ডলীয়ে নিৰ্বাচন কৰিছে ৰাভা লোক সংগীতৰ উদিয়মান গায়িকা বৰষা ৰাভাক । তেজপুৰ  বিশ্ববিদ্যালয়ৰ ছাত্ৰী-- নাছিকায় , ৰাংখোপ , পানচুনা  - ডালায় , ছাকছাং ছাকছাং , ছিঙি খুৰাং , অ আঙি নাছিকায় , অ ৰিমা আদি শ্ৰাব্য সংগীতৰ গায়িকা বৰষা  ৰাভাৰ  সংগীত যাত্ৰাত এই বঁটাই নিশ্চয় উৎসাহ দিব !  ******

নিপ - দ্বীবন বৰুৱা

ফুটবল খেলুৱৈ আছিল বৰুৱা পৰিয়ালৰ নৃপেন বৰুৱা । " খেলৰ মাজত আন খেলুৱৈয়ে বল পাছ দিয়াৰ সময়ত , পাছ বিছৰাৰ সময়ত চিঞৰে -- ' নিপ ... ' । দৰ্শকেও চিঞৰে ' নিপ ! ' তেনেদৰে খৈলুৱৈ নৃপেন বৰুৱা নিপ নামেৰে জনপ্ৰিয় হৈছিল । আৰু যেতিয়া চিনেমা পৰিচালনা কৰিলে জনপ্ৰিয় ' নিপ 'নামটোৱে ব্যৱহাৰ কৰিলে । " -- কৈছিল ৰমেন বৰুৱাই । বহুতে এনেদৰে কয় , " ধাৰণা কৰা হৈছিল ' নিপ ' জনপ্ৰিয় নামটোৱে চিনেমা খনক ব্যৱসায়িক দিশত সহায় কৰিব ! "  ১৯৫৫ চনত চিত্ৰগৃহলৈ অহা   " স্মৃতিৰ পৰশ " নিপ বৰুৱাৰ প্ৰথম পৰিচালনা । প্ৰসঙ্গক্ৰমে লেখক - অভিনেতা লক্ষ্যধৰ চৌধুৰীয়ে " তিনিদিনীয়া অগ্ৰদূত "ত লিখিছিল , " জনপ্ৰিয়  খেলুৱৈ নিপ বৰুৱা চিনেমা খনৰ  ( স্মৃতিৰ পৰশ ) পৰিচালক বুলিয়ে বহুতে চাইছিল । চিনেমা ভাল নপোৱা খেলুৱৈ নিপক ভাল পোৱা বহুতেও ' নিপৰ চিনেমা ' চাবলৈ ভিৰ কৰিছিল । " চিনেমা খনৰ সঠিক বাজেট - ব্যৱসায়ৰ তথ্য ৰমেন বৰুৱাৰ পৰা নাপালো । সম্বৱতঃ স্থানীয় বজাৰত -- আংশিক সফল ! এই " আংশিক সফল "তাই মুকলি কৰিছিল অসমীয়া চিনেমাৰ " বজাৰ " সফলতাৰ দুৱাৰ । " ইন্দ্ৰমালতী " , " চিৰাজ " ৰ বাটেৰে অসমীয়া চিনেমাক বহুদূৰ  আগুৱাই নিছিল নিপ বৰুৱাই । -- নিপ বৰুৱাৰ পৰিচালনাৰে নিৰ্মাণ হৈছিল  " মাক আৰু মৰম " (১৯৫৭) ," ৰঙা পুলিচ "( ১৯৫৮ ) ," ভক্ত প্ৰহ্লাদ "(১৯৫৯ ) ," আমাৰ ঘৰ ' ( ১৯৬১ ) ," নৰকাসুৰ " (১৯৬২) ." বৰুৱাৰ সংসাৰ " (১৯৭০ )," সোনেতৰা " ( ১৯৭৭ )" সোণমাই " (১৯৭৮ )" মনিমা " (বাংলা /১৯৮০) ,
" আজলী নবৌ " (১৯৮০ ) ," আই মোৰ জনমে জনমে " ( ১৯৮০ ) ," ককাদেউতা নাতি আৰু হাতী " ( ১৯৮৪ ) ," শকুন্তলা আৰু শংকৰ জোচেফ আলি " (১৯৮৫) ," দাদু নাতি ও হাতী " (বাংলা /১৯৮৬)আৰু " এণ্টনী মোৰ নাম " ( ১৯৮৬ ) । পৰিচালক গৰাকীৰ " মাক আৰু মৰম " আৰু " ৰঙা পুলিচ " চিনেমা দুখনে ক্ৰমে ৰাষ্ট্ৰপতিৰ চাৰ্টিফিকেট অব মেৰিট আৰু ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক পোৱাৰ বিপৰীতে " আজলী নবৌ " , " ককাদেউতা নাতি আৰু হাতী " ৰে ব্যৱসায়িক দিশত সফল ( বক্স অ'ফিচত -- ছুপাৰ হিট ) হৈছিল । এই কথা উল্লেখ নকৰিলো হেতেন , যদিহে সেই সময়তো চিনেমাৰ  " আৰ্ট - কমাৰ্চিয়েল " বিভাজন নাথাকিল হেতেন । এই বিভিজনৰ বিপৰীতে নিপ বৰুৱাই চিনেকৰ্মৰে স্পষ্ট কৰি দিছিল চিনেমা মানে চিনেমা ! " নিপ বৰুৱাই বিশ্বাস কৰিছিল চিনেমাৰ দুটা ভাগ -- ভাল চিনেমা আৰু বেয়া চিনেমা । " ( পদ্ম বৰকটকীয়ে লিখিছিল " সোঁতৰ বিবৰীতে " শিতানত । সম্ভৱতঃ " তিনিদিনীয়া অগ্ৰদূত "ত প্ৰকাশ হৈছিল । কথাশিল্পী গৰাকীয়ে অৱশ্যে " চিনেমা " শব্দটো লিখা নাছিল , " বোলছবি " শব্দটো লিখিছিল । )                             

সংযোজন :  নিপ বৰুৱাই অভিনয়ো কৰিছিল । সংগীতৰ সৈতেও জৰিত আছিল । কৰ্টুনো আকিছিল । " দ্য আছাম ট্ৰিবিউন "ত কাৰ্টুন আৰু  বহু ছবি আঁকিছিল । 

                      *********
চিত্ৰনাট্য ৰচনাত অসাধাৰণ দখল আছিল দ্বিবন দাৰ ! -- কৈছিল পৰিচালক - লেখক হেমন্ত দত্তই । দ্বিবন দা , মানে দ্বিবন বৰুৱা ।চিনেমা পৰিচালনাৰ লগতে  সঙ্গীত , অভিনয়তো দক্ষতা আছিল । পৰিচালনা কৰিছিল : যোগ বিয়োগ (১৯৭১) , তৰামাই (১৯৭৫ ) , মৰম (১৯৭৮) , ৰজা হৰিশ্চন্দ্ৰ (১৯৮০) , মন আৰু মৰম (১৯৮০) , উত্তৰ শূন্য (১৯৮১) আৰু অজলা ককাই(১৯৮৯) । অভিনয় কৰিছিল  " মাক আৰু মৰম " (১৯৫৭), " তৰামাই "  (১৯৭৫), " মৰম " (১৯৭৮), " মন আৰু মৰম " (১৯৮০) আদি চিনেমাত । পৰিচালক গৰাকীৰ চিনেশৈলি এটা বিশেষ বৃত্তত বন্দী নাছিল ।  ১৯৫৭ চনত  অভিনয়ৰে চিনেযাত্ৰা কৰে । প্ৰমাণ দিব পৰাকৈ কোনো তথ্য হয়তো পোৱা নাজাব ! কিন্তু এই কথা নুই কৰিব নোৱাৰি "বৰুৱা পৰিয়াল"ৰ চিনেমাত চিত্ৰনাট্য আদিৰ কাম যে কৰা নাছিল ।

রবিবার, ৪ জুলাই, ২০২১

ব্ৰজেন বৰুৱা

ব্ৰজেন বৰুৱা আছিল সংগীতৰ মানুহ । মঞ্চত গীত গাইছিল , আকাশবাণীৰ বাবে গীত গাইছিল ,   মঞ্চত অৰ্কেষ্ট্ৰা পৰিচালনা কৰিছিল । ৮খন চিনেমাৰ সংগীত পৰিচিলনা কৰিছিল ।        ব্ৰজেন বৰুৱা আছিল সংগীতৰ মানুহ । মঞ্চত গীত গাইছিল , আকাশবাণীৰ বাবে গীত গাইছিল , মঞ্চত অৰ্কেষ্ট্ৰা পৰিচালনা কৰিছিল । ৮খন চিনেমাৰ সংগীত পৰিচিলনা কৰিছিল ।                          -- ২০০৮ চনৰ দুটা দিন । সংগীত পৰিচালক ৰমেন বৰুৱাৰ সৈতে  বহিছিলো । লতাশিলৰ বিখ্যাত ঘৰটোত বহি " ব্ৰজেন বৰুৱা " ৰে আলাপ আৰম্ভ কৰিছিলো ।                                                             -- সেই সময়ত মই " অসমীয়া প্ৰতিদিন "ত । দৈনিক কাকত খনৰ  সেই সময়ৰ সম্পাদক অজিত কুমাৰ ভূঞাই নিৰ্দেশ দিছিল  লতাশিলৰ বিখ্যাত পৰিয়ালটোৰ সাংস্কৃতিক কৰ্মক কেন্দ্ৰ কৰি লিখিব লাগে । আৰু কৈছিল -- " তুমি ৰমেন বৰুৱাৰ সৈতে বহিবা । শুদ্ধ তথ্য পাবা । " আৰু মই ৰমেন বৰুৱাৰ সৈতে বহিছিলো । জানিছিলো --  ব্ৰজেন বৰুৱাই  তেনেই সৰুৰে পৰা সংগীতকৰ্ম কৰিছিল । সুৰ ৰচনা কৰিছিল । স্কুল - কলেজত পঢ়ি থকা সময়তে অজিৎ বৰুৱা, কেশৱ মহন্ত আদিৰ গীত  সুৰেৰে সজাইছিল ।  ১৯৪৪ চনত কলিকতাত বহা নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনত সংগীত পৰিচালনা কৰিছিল  ।  ১৯৪৮ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ মুকলি কৰা হয়। প্ৰথমে অনাতাঁৰ কেন্দ্ৰৰ কাৰ্যালয় আৰু ষ্টুডিঅ' আছিল লতাশিলত, বৰুৱা পৰিয়ালৰ ঘৰৰ ওচৰতে। ব্ৰজেন বৰুৱাই গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত  সুৰকাৰ আৰু কণ্ঠশিল্পী ৰূপে সংগীত কৰ্ম কৰে। আৰু ১৯৫৬ চনত  চিত্ৰগৃহলৈ অহা ভ্ৰাতৃ নিপ বৰুৱাৰ প্ৰথম চিনেমা  " স্মৃতিৰ পৰশ "ৰ সঙ্গীত পৰিচালনাৰে সংগীত ক্ষেত্ৰত আৰু  এখোজ আগবাঢ়ে ।  সংগীত পৰিচালনা কৰে --  " লখিমী " ( পৰিচালক : ভবেন দাস /১৯৫৬ ) , " মাক আৰু মৰম " (পৰিচালক : নিপ বৰুৱা /১৯৫৭ ) , " ভক্ত প্ৰহ্লাদ " ( নিপ বৰুৱা/ ১৯৫৮ ) ,  " আমাৰ ঘৰ " ( পৰিচালক : নিপ বৰুৱা/ ১৯৫৯ ) ,  " লাচিত বৰফুকন / ১৯৬১ ) ,  " নৰকাসুৰ " ( নিপ বৰুৱা /১৯৬১ ) , " ইটো সিটো বহুতো " ( ব্ৰজেন বৰুৱা /১৯৬৩ ) ৰ । চিনেমাৰ বাবে গীতো গাইছিল  ( চিনেমা : " ভক্ত প্ৰহ্লাদ " , " আমাৰ ঘৰ " ) , গীতো লিখিছিল ( চিনেমা :  ডক্তৰ বেজবৰুৱা , মন আৰু মৰম ) ।  অভিনয়ো কৰিছিল । ( চিনেমা :  স্মৃতিৰ পৰশ , মাক আৰু মৰম , নৰকাসুৰ ,  ইটো সিটো বহুতো , ডক্তৰ বেজবৰুৱা , বৰুৱাৰ সংসাৰ , মুকুতা , ওপজা সোণৰ মাটি ,ললিতা ) । কিন্তু নিস্প্ৰভ হৈ থাকিল " পৰিচালক ব্ৰজেন বৰুৱাৰ " ওচৰত । পৰিচালনা কৰিছিল : ইটো সিটো বহুতো ( ১৯৬৩ ) , ডক্তৰ বেজবৰুৱা ( ১৯৬৯ ), মুকুতা ( ১৯৭০ ) , ললিতা ( ১৯৭২ ) আৰু  ওপজা সোণৰ মাটি ( ১৯৭২ ) । পৰিচালক গৰাকীয়ে নিজৰ চিনেমাৰ চিত্ৰনাট্য নিজে লিখিছিল ( দ্বিবন বৰুৱাৰ "ৰজা হৰিচন্দ্ৰ " ৰ চিত্ৰনাট্যও ব্ৰজেন বৰুৱাই লিখিছিল । ) । " অসম বাণী "ত প্ৰসঙ্গ ক্ৰমে কথাশিল্পী নিৰোদ চৌধুৰীয়ে লিখিছিল -- " ব্ৰজেন বৰুৱাই কৈছিল চিত্ৰনাট্য পৰিচালকে লিখিব লাগে । আনে লিখা চিত্ৰনাট্যৰে মুকলি মনেৰে কাম কৰাত দিগদাৰ হয় । " -- ৰমেন বৰুৱাৰ সৈতে কথা পাতি অনুভৱ কৰিছিলো চিত্ৰনাট্যৰ কাম চলি থকা সময়তে ব্ৰজেন বৰুৱাই আভিনেতা , সংগীত ইত্যাদি চিন্তা কৰি যায় । আৰু সম্ভৱতঃ এনে " চিন্তা "ৰ বাবেই নিজে চিত্ৰনাট্য ৰচনা কৰিছিল ।
  সংযোজন : ব্ৰজেন বৰুৱাৰ জন্ম ২৭ ফেব্ৰুৱাৰী , ১৯২৫ত । স্কুলীয়া শিক্ষা শেষ কৰি কলিকতাৰ চিটি কলেজত নাম লগায় । মোৰ ধাৰণা সেই সময় চোৱাত নিশ্চয় কলকতাৰ  চহকী চিনেচিন্তা - চৰ্চাৰ স্পৰ্শ পাইছিল ! চিনেমা নিৰ্মাণ কৌশল অনুভৱৰ সুযোগ পাইছিল ! অৱশ্যে এই কথা ঠিক -- কম দিনহে ব্ৰজেন বৰুৱা কলিকতা ( কলকাতা )ত আছিল । ১৯৪৬ চনৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে উভতিবলৈ বাধ্য হৈছিল । গুৱাহাটীলৈ উভতি আহি  কটন কলেজত ভৰ্তি হয় ; কিন্তু শিক্ষা শেষ নকৰি চাকৰি জীৱন আৰম্ভ কৰে । চাকৰিত মন নবহিল ! -- বহিব কেনেকৈ ! মন - মগজুত যে সৃষ্টিৰ তাগিদা !       
      --  বিহদিয়া গাঁৱ ( কামৰূপ জিলাৰ ) ৰ চন্দ্ৰনাথ বৰুৱা । গড়কাপ্তানি বিভাগৰ চাব ডিভিজনেল অফিচাৰ । জোনপ্ৰভা তেওৰ পত্নীৰ নাম ।  কৰাইছিল। চৰকাৰী চাকৰি । ইখন ঠাইৰ পৰা সিখন ঠাইলৈ বদলি হৈছিল । আৰূ এদিন গুৱাহাটীৰ লতাশিলত নিজাৰ  ঘৰ নিৰ্মাণ কৰিছিল । এই চন্দ্ৰনাথ বৰুৱা - জোনপ্ৰভাৰে  সন্তান ব্ৰজেন বৰুৱা। ব্ৰজেন বৰুৱাৰ  ভতৃ - ভগ্নী  দ্বৈতেন বৰুৱা, দ্বিজেন বৰুৱা,  নৃপেন বৰুৱা, ( নিপ বৰুৱা), দ্বিবন বৰুৱা, গিৰিণ বৰুৱা, ৰমেন বৰুৱা, নিৰেণ বৰুৱা , দ্বিপেন বৰুৱা ,পদ্মাৱতী  বৰুৱা, প্ৰতিভা বৰুৱা , ৰম্ভা বৰুৱা আৰু বিভা বৰুৱা । সৰুৰে পৰা ভায়েক - ভনীয়েকৰ সৈতে ব্ৰজেন বৰুৱাই সংগীত চৰ্চা কৰিছিল , চৰাঘৰৰ মজিয়াত । হাৰমনিয়াম বজায় ব্ৰজেন বৰুৱা আৰু ৰমেন বৰুৱাই গীত গাইছিল  ,দ্বিবন বৰুৱাই তবলা , নিপ বৰুৱাই বাঁহী বজাইছিল  । আন সকলৰ লগতে ব্ৰজেন বৰুৱাৰ মাতৃয়েও  গাইছিল ।মাতৃয়ে  প্ৰায়ে গাইছিল  "ও প্ৰাণগোপাল পাতিলা মায়াৰে খেলা ..."  লোকগীতটো " মুকুতা "    ব্যৱহাৰ কৰিছিল চিনেমা খনত । -- অসমীয়া চিনেমাক চহকী কৰা এই গৰাকী শিল্পীৰ কায়িক মৃত্যু হয় ২৮ জুন, ১৯৭২ত ।

  

শনিবার, ৩ জুলাই, ২০২১

জেৰিফা ৱাহিদ

সম্ভৱতঃ ২০০০ চনৰ কোনো এটা দিনত জেৰিফা ৱাহিদক প্ৰথমবাৰ লগ পাইছিলো ! -- সেই সময়ত মোৰ কৰ্মস্থান আছিল মুম্বাই । কেইদিন মানলৈ গুৱাহাটীলৈ আহিছিলো । " বিস্ময় "ৰ কাৰ্যালয়ত আড্ডা দি আছিলো । চিনেমা কেন্দ্ৰীক আড্ডা । আড্ডাৰ মাজতে লেখক , চিনেকৰ্মী হেমচন্দ্ৰ দলেৰ প্ৰস্তাৱ , জেৰিফা ৱাহিদৰ সাক্ষাৎকাৰ মই যুগুত কৰি দিব লাগে । দলে সেই সময়ত বিস্ময় প্ৰকাশৰ " ৰংঘৰ "ৰ কাৰ্যবাহী সম্পাদক । -- মই না নকৈ নিৰ্দিষ্ট সময়ত জেৰিফাৰ সৈতে বহিছিলো । জেৰিফা ৱাহিদৰ ঘৰত ।" বাৰ্বি ডল "ৰ ঘৰত । মোৰ যিমান দূৰ মনত পৰে জেৰিফাৰ নামৰ আগত "বাৰ্বি ডল’ " শব্দটো প্ৰথমে ব্যৱহাৰ কৰিছিল মোৰ সাংবাদিক বন্ধু প্ৰৱাল খাউণ্ডে , " বিস্ময় "ত । এই প্ৰসঙ্গৰে আৰম্ভ হৈছিল আমাৰ কথা । " হয় , প্ৰথমে বিস্ময়ত । তাৰ পিছত বহুতে "বাৰ্বি ডল’ " বুলি লিখে মোৰ বিষয়ে লিখিলে । লিখিলে স্বাভাবিকতে ভাল লাগে । " -- জেৰিফাই কৈছিল । সেই প্ৰথম সাক্ষাৎৰ সময়লৈকে জেৰিফাই তিনিখন চিনেমাত অভিনয় কৰিছিল । " অভিমান " ( ১৯৯০ ) , " অগ্নিগড় "   ( ১৯৯৪ ) , আৰু "তুমি মোৰ মাথোঁ মোৰ " ( ২০০০ ) ত । চিনেমাৰ সংখ্য হয়তো বাঢ়িল হেতেন ! যদিহে দিল্লীলৈ অধ্যয়নৰ বাবে নগ'ল হেতেন ! ইতিহাস অধ্যয়ন কৰিছিল । অধ্যয়ন শেষ কৰি ঘৰলৈ অহাৰ কেইদিন মান পিছতে প্ৰস্তাৱ পাইছিল  জুবিন গাৰ্গৰ পৰা " তুমি মোৰ মাথোঁ মোৰ "ৰ চৰিত্ৰটোৰ বাবে । জুবিনৰ প্ৰথম পৰিচালনা । চিনেমা খনৰ নায়কো জুবিন । " স্থানিয় বজাৰ "ত অসফল , চিত্ৰৰসিককো সন্তষ্ট কৰিব নোৱাৰিলে চিনেমা খনে । স্বাভাবিকতে " নায়িকা "    জেৰিফাকো " অভিনয় কেৰিয়াৰ "ত চিনেমাখনে সহায় নকৰিলে । বিপৰীতে  চন্দ্ৰ মুদৈৰ পৰিচালনা " অগ্নিগড় "ত কৰা অভিনয় প্ৰশংসাযোগ্য । -- চিনেমা খনৰ প্ৰসঙ্গত জেৰিফাই কৈছিল , " অভিনয়ৰ প্ৰতি মোৰ  বিশেষ  আকৰ্ষন  নাছিল । শিশু চৰিত্ৰ এটাত অভিনয় কৰিছিলো , বাধ্য হৈ ।  চিনেমা খনৰ নাম -- ' অভিমান  '। তাত বিজু ফুকনক  লগ পাইছিলো ।মোৰ মনত তেতিয়া তেওঁ ছুপাৰষ্টৰ । ছুপাৰষ্টাৰ গৰাকীয়ে মোক উৎসাহ দি কৈছিল -- ' তুমি এটা সময়ত  ডাঙৰ অভিনেত্ৰী হ’বা। '  নাজানো কিয় , তেতিয়াৰে পৰা অভিনয়ৰ প্ৰতি মোৰ আগ্ৰহ বাঢ়িছিল । আৰু চন্দ্ৰ মুদৈৰ চিনেমাত আগ্ৰহেৰে আভিনয় কৰিলো । "                                                 সফল  নহলেও " তুমি মোৰ মাথো " ৰে " নায়িকা যাত্ৰা " আৰম্ভ হৈছিল জেৰিফাৰ । অভিনয় কৰিছিল " সেউজী ধৰণী ধুনীয়া " ( পৰিচলক : ৰাজীৱ ভট্টাচাৰ্য্য /২০০১ ) , " অন্য এক যাত্ৰা " ( পৰিচালক : মঞ্জু বৰা /২০০১ ) , " নায়ক " ( পৰিচালক : মুনিন বৰুৱা /২০০১ ) , " গুণ গুণ গানে গানে " ( পৰিচালক : বিদ্যুৎ চক্ৰৱৰ্তী /২০০২ ) , " প্ৰেম গীত " ( পৰিচালক : আশিষ শইকীয়া /২০০২ ) ত । -- এই চিনেমা কেইখনত জেৰিফাৰ বিশেষ অভিনয় ক্ষমতা দেখা নাযায় । কিন্তু চিনেমা কেইখনে নিৰ্মাণ কৰিছিল " নায়িকা জেৰিফা "ক । অভিনয় ক্ষমতা দেখুৱাবলৈ জেৰিফাই অপেক্ষা কৰিবলগীয়া হৈছিল ২০০৩ চনলৈ । আজিৰ তাৰিখৰ দক্ষ পৰিচালক যদুমণি দত্তৰ প্ৰথম পৰিচালনা " অগ্নিসাক্ষী "ত জেৰিফাৰ মন ছুই যোৱা অভিনয় চাইছিলো । এই চিনেমা খনত কৰা অভিনয়ৰ বাবে অসম চৰকাৰৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা পাইছিল  , শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত ।    
     
জেৰিফাই অভিনয় কৰিছিল -- ২০০৪ ত "কাদম্বৰী" (পৰিচালক : বাণী দাস ) ,
২০০৬ত " দেউতা দিয়া বিদায় " (পৰিচিলক : ৰমেশ মোডী ) , ২০০৮ ত "অহিৰ ভৈৰৱ " ( পৰিচিলক : শিৱপ্ৰসাদ ঠাকুৰ ) , ২০১২ত "বান্ধোন " (পৰিচালক : জাহ্নু বৰুৱা ) , ২০১৩ ত " দুৱাৰ " ( পৰিচালক : বিদ্যুৎ চক্ৰৱৰ্তী ) , ২০১৪ ত " ৰাগ - দ্য ৰিদম অৱ লাভ " ( পৰিচালক : ৰজনী বসুমতাৰী ) , ২০১৬ ত " কথানদী " পৰিচালক : ভাস্কৰ হাজৰিকা ) আৰু জাহ্নু বৰুৱাৰ
" ভগা খিৰিকী " ত । "দুৱাৰ " ত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত " প্ৰথম ফিল্মফেয়াৰ বঁটা পূব - ২০১৪ "  জয় কৰে ।  " ফিল্মফেয়াৰ " প্ৰাপ্তিৰ পিছত মোৰ অভিনন্দন গ্ৰহণ কৰি জেৰিফাই কৈছিল , " মই যদি সফল , সফলতা সম্ভৱ হৈছে পৰিচালক বিদ্যুৎ চক্ৰৱৰ্তী‌ৰ পৰিশ্ৰমৰ বাবে । আন্তৰিকতাৰে শিকাইছিল , চৰিত্ৰটো বুজাইছিল ।আৰু মই সহজতে চৰিত্ৰটোৰ মাজত সোমাব পাৰিছিলো । " আৰু যেতিয়া  " ৰাগ - দ্য ৰিদম অৱ লাভ "  চাই " ভাল লাগিল " বুলিছিলো , জেৰিফাই কৈছিল , " ৰজনী বসুমতাৰীয়ে মোক কৈছিল -- চৰিত্ৰটো তোমাৰ বাবে ৰচনা কৰিছো । মোৰ বিশ্বাস তুমি পাৰিবা ! মোক যে বিশ্বাস কৰিছিল , সেয়া মোৰ প্ৰেৰণা আছিল । এনে প্ৰেৰণাই অভিনয় শিল্পীক চৰিত্ৰ নিৰ্মাণত সহায় কৰে । "                                     -- জেৰিফাই কোৱা কথাতে স্পষ্ট , জেৰিফা পৰিচালকৰ অভিনেত্ৰী । এই কথা মনত ৰাখি নিশ্চয় কব পাৰি , " কথানদী "ৰ পৰিচালক " ৰাগ "ৰ  পৰিচালকৰ দৰে সফল নহয় , জেৰিফাৰ অভিনয় ক্ষমতা ব্যৱহাৰত । আৰু " ভগা খিৰিকী "ৰ জাহ্নু বৰুৱ ? চিনেমা খনৰ প্ৰসঙ্গত কেইবা বাৰো কথা পাতিছো জেৰিফাৰ সৈতে । চোৱাৰ আগ্ৰহ বাঢ়িছিল । চোৱাৰ সুযোগহে পোৱা নাই । 

বৃহস্পতিবার, ১ জুলাই, ২০২১

আইমী বৰুৱা

চেহেৰাত আভিজাত্য !                            --সৰলতাৰ প্ৰলেপ !                                                 -- জপনা খুলি আমাৰ ঘৰলৈ সোমাই আহিছিল আইমী বৰুৱা ।                                                       -- হাতত টোপলা । কাগজৰ পেকেটৰ । টোপলাটো মোৰ মাৰ হাতত দিলে , মোৰ মাৰ ভৰি ছুই সেৱা কৰিলে , আৰু আইমীয়ে কলে , " খুৰি জিলাপি খাম ! "                                                                             -- সেয়া শাৰদীয় বতৰৰ কোনো এটা দিন । পূজাৰ বতৰ । দূৰ্গা পূজা । পূজাৰ এই সময় চোৱাত আমাৰ বেলশৰ অঞ্চলত ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্যযুদ্ধ হয় ! অঘোষিত নাট মহোৎসৱ হয় । আনহাতে বেলশৰৰ বিল্বেশ্বৰ দেৱালয়ৰ দূৰ্গা পূজাৰ সেউজ ইতিহাস আছে । মুলতঃ এই দুটা কাৰনতেই শাৰদীয় আলহীৰ ভিৰ হয় বেলশৰৰ ঘৰে ঘৰে । স্বাভাবিকতে আমাৰ ঘৰলৈয়ো আলহী আহিছিল -- পবিত্ৰ মাৰ্ঘেৰিটা , গায়ত্ৰী মহন্ত , আকাশদ্বীপ , আঙুৰলতা ডেকা আৰু বহুজন । আমাৰ আড্ডা চলি আছে । তেনেতে হাতত জিলাপিৰ টোপলা লৈ আইমীৰ প্ৰৱেশ । সেই দিনটোৰ আগতে আইমীক মাত্ৰ এদিনহে লগ পাইছিলো । "সৰু বোৱাৰী " (২০০৩) প্ৰিমিয়াৰত । আইমীয়ে অভিনয় কৰা দ্বিতীয় খন চিনেমাৰ প্ৰিমিয়াৰ শ্ব'ত । কথা প্ৰসঙ্গত সেইদিনা আইমীয়ে কৈছিল , " চিনেমাৰ নায়িকা হম বুলি ভবা নছিলো ! অভিনয়ৰ প্ৰতি কিন্তু দুৰ্বলতা আছিল ! ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতে " অসমৰ সাধুকথা " নামৰ এখন তথ্যচিত্ৰত   আভিনয় কৰিছিলো । তেজীমলাৰ চৰিত্ৰত । সেই সময়ত অৱশ্যে মনলৈ আহিছিল -- মই মৃদুলা বৰুৱাৰ দৰে অভিনয় কৰিব পৰিলে ! চন - তাৰিখ মনত নাই ! সেই যে মৃদুলা বৰুৱাৰ দৰে অভিনয় কৰাৰ কথা মনলৈ আহিছিল , সেই দিনটোৰ পৰা  চিনেমাৰ নায়িকা হোৱাৰ সপোন মাজে মাজে নেদেখা নহয় !  'তুমি মোৰ মাথোঁ মোৰ ' চিনেমা খনত মোৰ মাজে মাজে দেখা সপোনে বাস্তৱ ৰূপ পাব বুলি আশা কৰিছিলো । বয়স কম হোৱাৰ বাবে আশা আশা হৈয়ে থাকিল । আশা পুৰন হ'ল  ' প্ৰেম আৰু প্ৰেম 'ত  (২০০২) । তেতিয়া মই নৱম শ্ৰেণীত পঢ়ি আছিলো । আৰু এবছৰো নহোৱাৰ আগতে আজি মই অভিনয় কৰা দ্বিতীয় খন চিনেমা আপোনালোকে চালে । মই সুখী ! " ( আইমীয়ে কোৱা এই কথা  প্ৰকাশ পাইছিল দৈনিক কাকত " আজি " আৰু rupaliparda.com  ত । ) আৰু দ্বিতীয়বাৰ লগ পোৱাৰ সময়ত আইয়ীয়ে কৈছিল  -- " চিনেমাত যিমান শিকিছো , তাতকৈ ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় বেছি শিকিলো । " -- হয় , ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় শিকিছে আইমী বৰুৱাই ! তেতিয়ালৈকে চিনেমাত অভিনেত্ৰী গৰাকীৰ অভিনয় ক্ষমতা দেখা নাছিলো , কিছু দেখিছিলো ভ্ৰাম্যমাণ থিয়েটাৰ " হেঙুল "ৰ মঞ্চত মৃদুল চুতীয়াৰ " প্ৰজন্ম " নাটক খনতহে । আৰু থিয়েটাৰত অভিনয় কৰাৰ পিছত চিনেমা " জেতুকা পাতৰ দৰে "ত (২০১১) আইমীৰ অভিনয় ক্ষমতা অনুভৱ কৰিছিলো । -- আইমীয়ে অভিনয় কৰা আন কেইখন চিনেমা : প্ৰেম ভৰা চকুলো (২০০৩) , কদমতলে কৃষ্ণ নাচে ( ২০০৫ )  মনে মোৰ কইনা বিচাৰে (২০১৩) , বীৰ চিলাৰায় (২০১৩) , মহাসমৰ (২০১৪), পানী (২০১৪) , নিজানৰ গান (২০১৮)  প্ৰতিঘাত (২০১৯ ) ,   ছেমখৰ ( ডিমাচা ভাষাৰ চিনেমা ) আদি । " জেতুকা পাতৰ দৰে "ৰ পিছত " পানী "ত আকৌ এবাৰ দক্ষ পৰিচালক যদুমণি দত্তই আইমীৰ " অভিনয় ক্ষমতা " ব্যৱহাৰ কৰিছে । -- হয় , চিনেমা দুখনৰ পৰিচালক যদুমণি দত্ত । আশা কৰিব পাৰো , " ছেমখৰ "তো আইমিৰ অভিনয় ক্ষমতা অনুভৱৰ সুযোগ পাম ! -- নহয় , " ছেমখৰ " পৰিচিলক যদুমণি দত্ত নহয় । -- কোন ? -- আইমী বৰুৱা । কেমেৰাৰ সন্মুখত অভিনয়  কৰিছে আৰু কেমেৰাৰ পাছৰ কামো চম্ভালিছে । গতিকে কব পাৰি  " ছেমখৰ "ত স্পষ্ট হব আইমীৰ চিনেক্ষমতা !
   আৰম্ভনিতে " আভিজাত্য " শব্দটো ব্যৱহাৰ কৰিছো । আৰু " সৰলতা " শব্দটোও ব্যৱহাৰ কৰিছো । কোৱা হয় -- বলিউডৰ নায়িকাৰ ট্ৰেকত টিকি থকাৰ বাবে এই " গুণ " দুটাৰ প্ৰয়োজন । কাৰণ ভাৰতীয় চিনেমাৰ সৰহ সংখ্যক চৰিত্ৰ নিৰ্মাণ হয় এই  দুই " গুন "-এৰেই । আৰু অভিনয় ক্ষমতা অৱশ্যেই থাকিব লাগিব । অসমীয়া চিনেমাৰ " নায়িকা " হবলৈ এই " গুণ " থাকিব নালাগে বুলি কোনো কথা নাই !

"ফ'ৰ্বছ" (Forbes)আলোচনীৰ নিৰ্বচনত Outstanding Actors অসমৰ আদিল হুছেইন।

     ৩/১/ ২০২২ (সংযোজন)

"ফ'ৰ্বছ" (Forbes / Based in Jersey City, New Jersey, U.S.) আলোচনীৰ নিৰ্বচনত Outstanding Actors অসমৰ আদিল হুছেইন। ১০৪ বছৰীয়া আলোচনী খনত প্ৰকাশ কৰিছে ২০২১ বৰ্ষৰ হিন্দী চিনেমাৰ ৮ গৰাকী Outstanding Actorsৰ নাম-- আশুতোষ ৰাণা (Ashutosh Rana), সুপ্ৰিয়া পাঠক(Supriya Pathak), অভিষেক বেনাৰ্জী(Abhishek Banerjee), জিমি শ্বেৰগিল (Jimmy Shergill), চিকন্দৰ খেৰ (Sikander Kher), মানৱ কৌল (Manav Kaul)  আৰু অমৃতা সুভাষ (Amruta Subhash) আৰু আদিল হুছেইনে (Adil Hussain)। আদিল হুছেইনৰ প্ৰসংগত কোৱা হৈছে -- "In a movie that is all about larger-than-life heroism, it is not easy for non-central characters to grab attention. When the central character is essayed by Akshay Kumar, the task becomes tougher. Adil Hussain, however makes that possible, and how! He has essayed the role of the chief of the Indian intelligence agency in Bell Bottom Adil Hussain, however makes that possible, and how! He has essayed the role of the chief of the Indian intelligence agency in Bell Bottom and does it like he owns the film. His character walks a thin line and Hussain performs it with much elegance. He has two National Film awards to his credit."

         --হয়, ‘বেল বটম’ত আছে অক্ষয় কুমাৰ, লাৰা দত্তাকে ধৰি কেইবা গৰাকীয়ো অভিনেতা-অভিনেত্ৰী, য'ত আদিল হুছেইনক ৰখা হৈছে এঘাৰ নম্বৰ স্থানত। এই ভিৰৰ মাজত জিলিকি উঠা সহজ কথা নহয়! অসম্ভব বুলি কব পাৰি। আদিল হুছেইনে অসম্ভবক সম্ভব কৰিছে অভিনয় ক্ষমতাৰে।


  ।।আদিল হুছেইন।।

আদিল হুছেইনৰ অভিনয় প্ৰথম কেতিয়া দেখিচিলো ! -- মনত পৰিছে ! -- ' ভায়ামামা 'ত । ৮০ৰ দশকৰ অসমৰ বিখ্যাত কৌতুকগোষ্ঠী "ভায়ামামা"ত অভিনয় কৰিছিল আদিল হুছেইনে । ধ্ৰুৱজিৎ কিশোৰ চৌধুৰী (ভায়ামামা )ৰ নেতৃত্বত বিশেষকৈ বিহুৰ সময়ত অসমৰ ভিভিন্ন প্ৰান্তত হাস্য - ব্যঙ্গ অনুস্থান মঞ্চস্থ কৰিছিল । আমাৰ প্ৰিয় আছিল ভায়ামামাৰ বিহ-হু' আৰু আদিল হুছেইনৰ ' অমিতাভৰ আৱাজ ' ( বলিউডৰ অভিনেতাৰ , অমিতাভ বচ্চনৰ মিমিক্ৰি (mimicry) ) । ভালদৰে মনত আছে । বিহুৰ সময়ত আমাৰ গাওঁ বেলশৰলৈ গৈছিল " ভায়ামামা " । সময়ত আমাৰ গাৱৰ গৌৰৱ নাট্যকাৰ উগ্ৰ মেনাই ঘোষনা কৰিছিল -- আৰু কিছু সময় পিছতে মঞ্চলৈ আহিব " অমিতাভৰ আৱাজ " লৈ আদিল হুছেইন ! -- হয় , সেই দিনায়ে প্ৰথম ! আৰু  তাৰ পিছত ? -- তাৰ পিছত অসমীয়া চিনেমা  " পিতা পুত্ৰ " " সূত্ৰপাত " আদিৰ সৰু সৰু চৰিত্ৰত আদিল হুছেইনক দেখিচিলো । আৰু প্ৰথমবাৰ মুখা মুখি হৈছিলো ১৯৯৪ - ৯৫ নাট্যবৰ্ষত , হেঙুল থিয়েটাৰত ।    ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত (১৯৯০ - ৯৩ )  আৰু "চাৰ্লছ ৱালেছ ইণ্ডিয়া ট্ৰাষ্ট"ৰ বৃত্তি পাই লণ্ডনৰ "ড্ৰামা ষ্টুডিঅ’ লণ্ডন"ত  অভিনয়ৰ পাঠ লৈ প্ৰশান্ত হাজৰিকাৰ " হেঙুল "লৈ গৈছিল ।  সেই সময়ত মই দৈনিক কাকত " আজিৰ সংবাদ "ৰ সম্পাদনা বিভাগৰ সৈতে জড়িত আছিলো । মহানগৰীৰ চানমাৰীত মুখা মুখি হৈছিলো ৰাজীৱ দাৰ সৈতে । আভিনেতা ৰাজীৱ  গোস্বামীৰ । " আমি এই খিনিতে হোটেল এখনত আছো । বলা কথা পাতিম ! আদিল হুছেইনৰ সৈতেও কথা পাতিব পাৰিবা ! "  -- ৰাজীব দাই মোক আদিল হুছেনৰ সৈতে চিনাকি কৰি দিছিল । কথা পাতিছিলো । পিছ দিনা " আজিৰ সংবাদ "ত ছপা হৈছিল ।  -- আদিল হুছেইন হেঙুলৰ মঞ্চত কৰা নিজৰ অভিনয়ক লৈ সন্তুষ্ট নাছিল ! কৈছিল , " অস্বাবিক অভিনয় " মোৰ বাবে সহজ নহয়  ! "  কৈছিল -- আকৌ অভিনয় শিকিব । অভিনয়ৰ কচৰৎ কৰিব । অভিনয় শিপাৰ পৰা অনুভৱ কৰিব ।  " হেঙুল " চাবলৈ আমন্ত্ৰন কৰিছিল । কিন্তু চোৱা নহ'ল । -- সেই যে আদিল হুছেইনক লগ পাইছিলো , তাৰ দুদিন পিছতে উৰা মাৰিছিলো মুম্বাইলৈ । উভতিছিলো ২০০২ চনতহে । -- কথা প্ৰসঙ্গত এদিন নাট্যকৰ্মী অতুল কুলকাৰ্নীয়ে কৈছিল  আদিল হুছেইনৰ  কথা । " অসাধৰণ অভিনয় ক্ষমতা আছে আদিলৰ মাজত । " দৈনিক কাকত " নৱ ভাৰত "ত ছপা হোৱা আদিল কেন্দ্ৰীক লেখা এটা পঢ়ি এনেদৰে কৈছিল । লেখাটোত পোৱা তথ্য : আদিলে দিল্লীত মঞ্চ কেৰিয়াৰ আৰম্ভ কৰে ।  লগতে  খালিদ ত্যাবজীৰ তত্ত্বাৱধানত অভিনয়ৰ পাঠ লয় ।  পৰৱৰ্তী  সময়ত পণ্ডিচেৰীৰ "অৰবিন্দ্ৰ আশ্ৰম"ত  সৌপান বসু ৰ তত্ত্বাৱধানতো অভিনয় অধ্যয়ন কৰে । অভিনয়ৰ পাঠ লয় দিল্লীৰ দিলীপ শংকৰৰ ওচৰতো । --  শিক্ষাৰ ফচল   " অ’থেল’: এ প্লে ইন ব্লেক এণ্ড হোৱাইট " (Othello: A Play in Black and White) । নাটক খনত কৰা অভিনয়ৰ বাবে "এডিনবাৰ্গ ফ্ৰিঞ্জ" পুৰস্কাৰ লাভ কৰিলে আদিল হুছেইনে । ১৯৯৯ চনত ।    ৰয়ষ্টেন এবেলৰ  পৰিচালনাৰে অভিনয় কৰিছিল  "গুডবাই ডেচডি’মনা" ত  । এই নাটক খনত কৰা অভিনয়ৰ বাবেও  নাট্যৰসিকৰ মাজত চৰ্চাৰ বিষয় হৈছিল আদিল । চৰ্চাৰ বিষয় হৈছিল চিনেমাত অভিনয় কৰিও । অভিনয় কৰা চিনেমাাৰ তালিকা খন : " সংকল্প " (১৯৮৬ / অসমীয়া ) ,  " সূত্ৰপাত " ( ১৯৮৭ / অসমীয়া ) , " পিতা পুত্ৰ " , ( ১৯৮৮ / অসমীয়া ) , " ভাই ভাই " ( ১৯৮৯ /অসমীয়া ) ,
   " ইন  অ'থেল' " ( ২০০৩ / ইংৰাজী ) , " ইতি শ্ৰীকান্ত " ( ২০০৪ / বঙালী ) ,  " কমিনে " ( ২০০৯ / হিন্দী ) ,
" ইস্কিয়া " ( ২০১০ / হিন্দী ) ," এজেণ্ট বিনোদ" ( ২০১২/ হিন্দী ) ," ইংলিছ ৱিংলিছ " ( ২০১২ / হিন্দী ) , "  দ্য ৰিলাকটেণ্ট ফাণ্ডামেণ্টেলিষ্ট " (২০১২ / ইংৰাজী ) ,
" লাইফ অৱ পাই " ( ২০১২ /ইংৰাজী ) ,
"লেছনচ ইন ফৰগেটিং " ( ২০১২ / ইংৰাজী ) ,
"লুটেৰা " (২০১৩ /হিন্দী ) ,
" ৰাগ - দ্য ৰিদম অৱ লাভ " ( ২০১৪ /অসমীয়া ) ,
" কাঞ্চি - দ্য আনব্ৰেকেবোল " ( ২০১৪/ হিন্দী ) ,
" দ্য এক্সপ'জ " (২০১৪ / হিন্দী ) ,
শৃংখল ২০১৪ অসমীয়া
" ৰ'দৰ চিঠি " ( ২০১৪ /অসমীয়া ) ," জেড প্লাচ " ( ২০১৪ /হিন্দী ) , " টাইগাৰছ্ " (২০১৪/  হিন্দী ) , " হোৱাইট লাইজ " ( ২০১৪ / হিন্দী ) , " মেই অউৰ চাৰ্লচ " (২০১৫ /হিন্দী ),
" জয় হো ডেম'ক্ৰেচি " ( ২০১৫ /হিন্দী )
" আনফ্ৰিড'ম " (২০১৫ /হিন্দী ) ,"পাৰ্চড " ( ২০১৫ / হিন্দী ) , " ফিষ্ট অৱ্ বাৰাণসী " (২০১৫ /হিন্দী ), " ইয়াটচান " ( ২০১৫ /তামিল ) ," আহান " ( ২০১৫ /হিন্দী ) , " নানক শ্বাহ ফকিৰ " ( ২০১৫ /ইংৰাজী ) ,
" অৰুনোদয় " ( ২০১৫ / মাৰাঠী ) ,
" এংগ্ৰি ইণ্ডিয়ান গডেছ " ( ২০১৫ / হিন্দী )
" হৰ হৰ ব্যোমকেশ " (২০১৫ / বঙালী ) , " উম্ৰিকা " ( ২০১৫/ হিন্দী ) , " দ্য ভায়'লিন প্লেয়াৰ ' (২০১৬/ হিন্দী ) , " বম্বাৰিয়া " ( ২০১৬ /হিন্দী ) ,  " ফ'ৰ্ছ - ২ " ( ২০১৬ /হিন্দী ) , " কথানদী " (২০১৬ /অসমীয়া ) ." লীনাচ বিউটি পাৰ্লাৰ " ( ২০১৬ / অসমীয়া ) " চক্ৰ " ( ২০১৬ /হিন্দী ) ,
" কামাণ্ডো - ২ " ( ২০১৭ / হিন্দী ) ,  " মন্ত্ৰ " (২০১৭ /হিন্দী ) , " মুক্তি ভৱন " ( ২০১৭ / হিন্দী )
" হোৱাট ৱিল পিপ'ল চে " (২০১৭/নৰৱে' ) ,
" মাজ ৰাতি কেতেকী " (২০১৭ /অসমীয়া ) ,
" নেভাল এন্না জুয়েল " (২০১৭ /মালায়ালম ) ,
" দ্য ইলিগেল " ( ২০১৭ /ইংৰাজী )
" মাটি " ( ২০১৮ / বঙালী ) ,
" হাৰে মন " (২০১৮ /বঙালী ) , " বায়োস্কোপৱালা " ( ২০১৮ / হিন্দী ) ,
" 2.0 " (২০১৮ /তামিল , হিন্দী ) ,
" নাইন হাৱাৰছ  ইন মুম্বাই " ( ২০১৮ /হিন্দী ) ,
" ৰাজমা চাৱল " ( ২০১৮ /হিন্দী ) ,
" দিল্লী ক্ৰাইম " (২০১৯ /হিন্দী ) , " কবীৰ সিং " ( ২০১৯ /হিন্দী ) ," গুড নিউজ " (২০১৯/ হিন্দী ) ,
" নিৰ্ভনা ইন্ " ( ২০১৯ /হিন্দী ) ," ৰাহগীৰ " (২০১৯/ হিন্দী ) , " ৰাম " (২০১৯ /মালায়ালম ) ," আখুনি  " (২০২০/ হিন্দী ) ," পৰীক্ষা " (২০২০/ হিন্দী ) আদি । চিনেমা কেইখন বিশ্লেষন কৰিলে স্পষ্ট হয় --  কম ফুটেজৰ চৰত্ৰৰে চিত্ৰৰসিকৰ মনত দীৰ্ঘ ছাপ বহুৱাবলৈ সক্ষম হৈছে আদিলে । -- নহয় , অভিনয় কৰা প্ৰতিটো চৰিত্ৰয়ে কম ফুটেজৰ নহয় । কেইবা খনো চিনেমাৰ কেন্দ্ৰীয় বা নায়কৰ চৰিত্ৰও নিৰ্মাণ হৈছে আদিলক লৈ । যেনে -- "মুক্তি ভৱন "ৰ  ( Hotel Salvation ) ৰাজীৱ চৰিত্ৰটো । চৰিত্ৰটোৰ ওচৰে পাজৰে আদিল হুছেইনৰ উপস্থিতি -- সূন্য । চেহেৰাৰ , শৰীৰৰ অভিনয়ৰে আদিল ৰূপান্তৰ হৈছে ৰাজীৱলৈ । বিভিন্ন সমস্যাৰ মাজত চেপা খাই থকা ৰাজীৱলৈ ।চাকৰিয়াল ৰাজীৱৰ কামৰ হেচা ! আনহাতে পিতৃৰ "সুখ মৃত্যু "ৰ বাবে " মুক্তিভৱন " যাত্ৰা ।    । কৰ্তব্যক , দায়িত্বক গুৰুত্ব দিয়া মধ্যবিত্ত ৰাজীৱৰ মানসিক হেচা দৰ্শকে অনুভৱ কৰে দেহ - চেহেৰাৰ অভিনয় আৰু সংলাপ প্ৰক্ষেপণৰ পৰা । --  আনকইখন মান চিনেমা , যিকেইখনৰ ( আদিল হুছেনৰ ) অভিনয়ে আমাক ছুই গৈছে :  মাজ ৰাতি কেতেকী , ৰাগ - দ্য ৰিদম অৱ লাভ  ,  জেড প্লাস ,   অব্যক্ত , ইতি শ্রীকান্ত , পার্চেদ আদিৰ ।                         --  ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ আমন্ত্ৰণত নতুন দিল্লীত  ২০১০ চনৰ ২৫ - ২৯ এপ্রিলত নাটক মঞ্চস্থ কৰিছিল কহিনুৰ থিয়েটাৰে । দৰ্শক আৰু নাটকৰ মাজত সাঁকো হৈছিল আদিল হুছেইন । সেই তেতিয়াই যে লগ পাইছিলো আৰু পোৱা নাই । তেতিয়া সুধিছিলো -- " ভায়ামামা "ৰ পৰা " অ'থেল' " লৈ কিছু কথা । আৰু কিছু কথা । " চৰিত্ৰ বুজিব লাগিব ! অভিনেতাৰ দেহ - মন  'চৰত্ৰ ' হব লাগিব । সৰু চৰিত্ৰ - ডাঙৰ চৰিত্ৰ বুলি কথা নাই । আৰু মূল কথা -- ' চৰিত্ৰ 'টো উপভোগ কৰিব পাৰিব লাগিব । "  -- আদিল হুছেইনে কৈছিল । " আজিৰ দৈনিক বাতৰি "ত লিখিছিলো । আৰু লিখিছিলো : আদিল হুছেইনৰ জন্ম অসমৰ গোৱালপাৰাত । অভিনয়ৰ আদি পাঠ তাতেই লৈছিল । দেখি - শুনি ! আৰু এদিন গুৱাহটীলৈ আহিছিল । গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত নাম ভৰ্ত্তি কৰিছিল । স্বাভাবিকতে অভিনয়ৰ ক্ষেত্ৰখন বহল পাইছিল ! আৰু এদিন " ভায়ামামা "ৰ ওচৰ পাইছিল ।