বৃহস্পতিবার, ৩০ সেপ্টেম্বর, ২০২১

ইন্দ্ৰ-মালতী

assameae cinema Indramalati


মাত্র ১০ দিনত চিত্ৰায়নৰ কাম শেষ কৰিছিল ‘ইন্দ্ৰ-মালতী'ৰ। কাৰণ জ্যোতিপ্ৰসাদ আগৰৱালাৰ উদ্দেশ্য আছিল যিমান সম্ভৱ সিমান কম সময়ত চিনেমাখন সম্পূর্ণ কৰিব লাগে। কম সময় মানে, কম খৰচ৷ পৰিচালকগৰাকীয়ে নিজৰ কাহিনীৰে নিৰ্মাণ কৰা চিনেমাখনৰ বহিঃদৃশ্য গ্ৰহণ কৰিছিল তেজপুৰৰ মিছন চাৰিআলিৰ তালবাৰীত। এইবাৰ পৰিচালকগৰাকীয়ে ইনড’ৰৰ কাম সমূহ কৰিছিল মাত্র তিনিটা দিনতে।

কাহিনী : ইন্দ্ৰ-মালতীত দেখা গৈছে এটা প্রেম কাহিনী। ইন্দ্রজিৎ বৰুৱা (অভিনয় কৰিছে মনােভিৰাম বৰুৱাই) আৰু মালতীৰ (অভিনয় কৰিছে ৰাসেশ্বৰী বৰুৱাই) প্রেমৰ কাহিনী। তেজপুৰৰ ইন্দ্রজিৎ বৰুৱা। কলিকতাত পঢ়ি আছে। মাক নাই। মৃত্যু হৈছে। গৰমৰ বন্ধত ঘৰলৈ আহে। মাকৰ অভাৱ অনুভৱ কৰে। মন দুখেৰে ভৰি পৰে। দুখ পাতলাবলৈ সি দদায়ে ঘৰলৈ যায়। তাতেই মানে দদায়েকৰ গাঁও- সােণাপুৰত মালতীক লগ পায়। কম দিনৰ ভিতৰতে ইন্দ্রই মালতীৰ মন অনুভৱ কৰে। সময়ত ইন্দ্ৰ কলিকতালৈ উভতি যায়। তাত গৈয়াে মনৰ পৰ্দাত দেখি থাকে মালতীৰ হাঁহি।—কাহিনীলৈ আহে চিনেমাখনৰ খলনায়ক-চণ্ডীৰম (অভিনয় কৰিছে থানুৰাম বৰাই)। মালতীক বিয়া কৰাব খােজে। মালতীয়ে কিন্তু চণ্ডীৰামৰ নামটোকে শুনিব নােখােজে। তাৰ জেদ বাঢ়ে আৰু এদিন অপহৰণ কৰি মিচিং গাঁৱত ৰাখে।- খবৰ গৈ ইন্দ্ৰৰ কাণত পৰে। কলিকতাৰপৰা বন্ধু ললিত (অভিনয় কৰিছে ফণী শৰ্মাই)ৰ সৈতে আহি মালতীক উদ্ধাৰ কৰে। শেষত মালতী ইন্দ্ৰৰ মিলন। মিলনৰ ইংগিত।

অভিনয় : 'অসম বাণী'ত প্ৰকাশ পােৱা ফণী শৰ্মাৰ লেখা এটা পঢ়ি জানিব পৰিছিলোঁ চিনেমাখনৰ 'চৰিত্ৰ'ৰ বাবে প্রযােজক পক্ষই সাজ-পাৰ কিনা নাছিল। যাৰ যি পােছাক আছিল তাকে পিন্ধি ওলাইছিল।... “ছবিৰ নায়ক মনােভিৰাম বৰুৱাৰ নিজৰ লংপেণ্ট আছে। মােৰ নাই। মনত বৰ দুখ। কিনি ল’বলৈও হাতত পইচা নাই।” – ফণী শৰ্মাই লিখিছিল। আনহাতে, কোনাে অভিনয় শিল্পীয়ে পাৰিশ্ৰমিক লােৱা নাছিল। সন্দেহ নৰখাকৈ ক'ব পাৰি অসমীয়া চিনেমা নির্মাণত 'কম্প্রমাইজ’ তেতিয়াৰপৰায়ে আৰম্ভ হৈছিল। এই কথাও ক'ব পাৰি অসমীয়া চিনেমাই গতি কৰিছিল। ইন্দ্ৰমালতী’ৰ বাটেৰে। 'জয়মতী'ৰ বাটত খােজ পেলাইছিল পৰৱৰ্তী সময়ত পদুম বৰুৱাই। এইখিনিতে স্পষ্ট কৰি থব খুজিছোঁ 'জয়মতী’ আৰু 'ইন্দ্ৰমালতী'ৰ 'সােৱাদ’ লৈছিলোঁ 'ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আৰু জয়মতী' তথ্যচিত্ৰখনত।

ব্যৱসায় : 'ইন্দ্ৰ-মালতী’ৰ উদ্দেশ্য আছিল–ব্যৱসায়। 'জয়মতী'ও লােকচান হৈছিল। সাংঘাতিক লােকচান। 'জয়মতী’, 'ইন্দ্ৰমালতী'ৰ অভিনেতা তেজপুৰৰ থানুৰাম বৰাই আমাক কৈছিল—“প্ৰথমখন চিনেমাত যে লােকচান হ'ব, সেয়া জ্যোতিপ্ৰসাদ আগৰৱালাই আগতে অনুমান কৰিছিল। সেয়েহে তেওঁ ভাঙি পৰা নাছিল। মােক মাতি নি কৈছিল— “হাতলৈ কিছু টকা ঘূৰাই আনিব লাগে। 'ইন্দ্ৰমালতী'ৰ বাবে বজাৰ চাইছোঁ। মই এইবাৰ সফল হম।...” সফল হৈছিল। ১০-১২ হাজাৰ টকা লাভ হৈছিল। কিন্তু চিনেমা হিচাপে 'জয়মতী'ৰ পর্যায় পােৱা নাছিল। কিয় পােৱা নাছিল?– থানুৰাম বৰাই কৈছিল— “চিনেমাৰ কাহিনী, চিত্রনাট্য পৰিচালক জ্যোতিপ্ৰসাদ আগৰৱালাই নিজে ৰচনা কৰিছিল। চিত্রনাট্য ৰচনাৰ সময়ত 'বাজেট’ৰ কথা মনত ৰাখিছিল যেন লাগে। মই ভাবো চিনেমাখনৰ চিত্রগ্রহণ ‘জয়মতী'ৰ দৰে ভােলাগুৰিৰ চিত্ৰবনত কৰা নাছিল বাজেট কমােৱাৰ বাবে। 'ইনড’ৰ শ্বুটিং কৰিছিল কলিকতাৰ নাৰকেল ডাংগাৰ আৰােৰ ষ্টুডিঅ’ত। মাত্র তিনিদিনৰ কাম কৰিছিল। চিনেমাখনৰ বেছিভাগ চিত্ৰগ্ৰহণৰ কাম কৰিছিল তেজপুৰৰ তালবাৰীত, এঘৰ মানুহৰ ঘৰত। ছয় দিন চিত্রগ্রহণৰ কাম কৰিছিল। কেমেৰা মুভমেণ্ট নাছিল। কেমেৰা একে ঠাইতে ৰাখিছিল। এংগল সলাইছিল।” সম্ভৱতঃ এই কাৰণেই ‘চিনেমা সৌন্দর্য’ নাছিল, কথাছবি পর্যায়তে ৰৈ গৈছিল 'ইন্দ্ৰমালতী'।

শেষত :  'ইন্দ্ৰ-মালতী’ত কিশােৰ চৰিত্ৰত ভূপেন হাজৰিকাই অভিনয় কৰিছিল— গৰখীয়া ল'ৰাৰ চৰিত্ৰত। ওঁঠত গীতাে আছে— গাইছিল বিশ্ব বিজয়ী নৱ জোৱান...'। তেওঁ লিখিছিল—“..নায়ক মনােভিৰাম বৰুৱাই ষ্টুডিঅ'ৰ বহির্ভাগৰ চোতালত থকা মধুৰিআম গছ এজোপাৰ ওচৰত থিয় হৈ মােক (গৰখীয়া ল'ৰাক) সুধিব— এইগীতটো ক'ত শিকিচা ? মই উত্তৰ দিব লাগিব—ভলণ্টিয়াৰৰ পৰা।” বুজাত অসুবিধা নহয়, ৰােমাণ্টিক কাহিনীটোৰ মাজলৈ ‘দেশভক্তি’ও আনিছিল। গীতে চিনেমাখনৰ ব্যৱসায়ত সহায় কৰিছিল। পৰৱৰ্তী সময়ত 'ইন্দ্ৰমালতী'ৰ ট্রেকেৰেহে অসমীয়া চিনেমাই গতি কৰে। 'জয়মতী'ৰ ট্রেকেৰে গতি কৰিলে ‘বিশ্ব চিনেমা'ৰ ক্ষেত্ৰখনত বিশেষ স্থান দখল কৰি থাকিলহেঁতেন। 

মঙ্গলবার, ২৮ সেপ্টেম্বর, ২০২১

জয়মতী /১

1st Assamese Cinema Joymoti

প্ৰস্তাৱনা : জ্যোতিপ্ৰসাদৰ ‘জয়মতী’ প্রথম অসমীয়া চিনেকর্ম। চিত্ৰগৃহলৈ আহিছিল ২০ মার্চ, ১৯৩৫ত। আৰু ১৪ বছৰ পিছত অর্থাৎ ২০৩৫ চনৰ ২০ মার্চত ১০০ বছৰ সম্পূৰ্ণ হ'ব। অসমীয়া চিনেমা এশ বছৰীয়া হ'ব। এই মুহূর্তত আমাৰ মনলৈ অহা প্ৰশ্নটো হ’ল প্ৰথমখন অসমীয়া চিনেমাক লৈ আমি কিমান সচেতন? চিনেমাখনৰ সম্পূর্ণ প্রিন্ট’ নাই। যিখিনি ‘টুকুৰা আছে, সেইখিনিক মূলধন’ হিচাপে লৈ কোনাে ধৰণৰ ‘চিনে চিন্তা’ও হােৱা দেখা নাযায়। গতিকে প্রশ্নৰ অৱকাশ থাকি যায়—অসমীয়া চিনেমাৰ 'জন্মদাতা’গৰাকীৰ প্রতি আমাৰ শ্ৰদ্ধা কিমান?- ‘জয়মতী'ৰ যিকেইটা 'টুকুৰা' আছে, সেইকেইটাক লৈ, সেইকেইটাক কেন্দ্ৰ কৰি ‘জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিনেকৰ্ম'ক বিষয় হিচাপে লৈ অসমীয়া চিনেমা এখন নির্মাণ কৰিব নােৱাৰিনে ?– অসমীয়া চিনেমাৰ স্বাৰ্থত কাম কৰাৰ বাবে অসম চৰকাৰৰ বিভাগ এটা আছে। অসম ৰাজ্যিক চলচ্চিত্র (বিত্ত আৰু উন্নয়ন) নিগম। এই বিভাগটোৱে অসমীয়া চিনেমা নির্মাণৰ নামত ৰাইজৰ টকা কিমান পানীত পেলাইছে ব্যাখ্যাৰ প্ৰয়ােজন নাই। এই বিভাগটোৱে দক্ষ পৰিচালকৰ হতুৱাই 'জয়মতী আৰু জ্যোতিপ্ৰসাদ’ক কেন্দ্ৰ কৰি চিনেমা এখন নির্মাণ কৰিব নােৱাৰাৰ কাৰণ নাই।

এইখিনিতে আমাৰ মনলৈ অহা এটি প্রশ্ন— ‘গুৱাহাটী ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল’ অসমক হেনাে চলচ্চিত্ৰৰ মেপ’ত অন্তর্ভুক্ত কৰিলে। এই যে অন্তর্ভুক্ত কৰিলে, এয়া হেনাে এক ইতিহাস। —হ’বও পাৰে! কিন্তু সেই মহােৎসৱত জ্যোতিপ্রসাদ-জয়মতীক কিমান গুৰুত্ব দিয়া হ'ল ?

‘জয়মতী’ চিনেমাখন : 'ৰূপধৰা নাগবন সৌন্দর্য’— অনাঘ্রাতা সুৰভি সঁফুৰা আপােনাতে আপুনি বিভােৰ, আপােনাতে আপােন পাহৰা—

আপােনাৰ নৃত্যতেই আপুনিয়ে বিয়াকুল হােৱা— নিজৰাৰ পাৰে পাৰে শিলনিৰ গায়ে গায়ে— দেও দি নাচি ফুৰা— চৰগী ৰাজ্যৰ বাট চিৰ আনন্দ— চিৰ সৌন্দৰ্যৰ জ্বলন্ত কণিকা— আজলী, ৰূপহী— ডালিমী।
কোনে কয় মানৱী লয়ে হায়
বনৰ সৌন্দর্যই ৰূপ ধৰি আহি
দেও দি চাপৰি বায়
ৰূপধৰা নাগবন সৌন্দর্য অনাঘ্রাত সুৰভি সঁফুৰা আপােনাত আপুনি বিভােৰ... ('জয়মতী’ চিত্রনাট্যৰ পৰা)

জ্যোতিপ্ৰসাদ আগৰৱালাই চিত্রনাট্য ৰচনা কৰাৰ সময়তে ‘কেমেৰাৰ ভাষা’ অনুভৱ কৰিছিল। 'চিত্রনাট্য'ৰ এই অংশটোৱে স্পষ্ট উদাহৰণ। –চিনেমাখন আমি চোৱা নাই। জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয় পৰিচালনা 'ইন্দ্ৰমালতী’ চোৱাৰ সুযোগো আমি পােৱা নাই। চোৱাৰ সুযােগ পাইছিলোঁ ড° ভূপেন হাজৰিকাই সম্পাদনা কৰা চিনেমা দুখনৰ কিছু ছিকুৱেন্স। সেই ছিকুৱেন্সসমূহৰ দ্বাৰাই অনুমান কৰিব পাৰি— 'ইন্দ্ৰমালতী’ কিছু পৰিমাণে নাটক আছিল। ব্যৱসায়িক দিশত 'ইন্দ্ৰমালতী’ সফল আছিল আৰু সম্ভৱতঃ এই বাবেই 'ইন্দ্ৰমালতী’ৰ অভিনয়, পৰিচালনা শৈলী স্পষ্ট হৈছিল পৰৱৰ্তী সময়ছােৱাত অসমীয়া চিনেমাত। অর্থাৎ ক’ব পাৰি অসমীয়া চিনেমাৰ বুনিয়াদ 'ইন্দ্ৰমালতী শৈলী'। পৰৱৰ্তী সময়ছােৱাত পৰিচালকসকলে 'জয়মতী শৈলী'ক আদৰি ল'লে অসমীয়া চিনেমাই হয়তাে বিশ্ব চিনেমাৰ স’তে খােজ দিব পাৰিলেহেঁতেন। আমি কি ক'ব খুজিছো, সেয়া আৰু স্পষ্ট কৰি দিছে— এই শতিকাৰ ভাৰতীয় চিনেমা পৰিচালকসকলে যি চিন্তা কৰিছে, সেয়া জ্যোতিপ্ৰসাদে ‘জয়মতী’ পৰিচালনাৰ সময়তে কৰিছিল।

'জয়মতী’ চোৱা ছিকুৱেন্সকেইটাৰ পৰাই আমি অনুভৱ কৰিছে—কেমেৰাৰ ভাষা, শ্বটৰ গাণিতিক ব্যৱহাৰ (সেই সময়ৰ কথা মনত ৰাখি ক'ব পাৰি) —অপূর্ব। পৰিচালক জ্যোতিপ্ৰসাদে কেমেৰাৰ ফ্ৰেমত স্বামী গদাপাণিৰ ভালৰ বাৰে সঁফুৰা এখন আগত লৈ প্রার্থনা কৰি থকা জয়মতীক লৈ লােৱা আংশিক টপ এংগ’ল শ্বট, যুদ্ধৰ ছিকুৱেন্সৰ মাজত লােৱা ক্লজ শ্বট, কেমেৰাৰ ভাষাৰে সন্ধিয়া নামি অহা 'শ্বট’, ৰাজসভাত জয়মতীক ফ্রেমত লৈ ক্লজ শ্বট, 'নগাপাহাৰ'ত গদাপাণি-ডালিমীক ফ্রেমত লৈ ‘মিড শ্বট' ইত্যাদি আছিল সেই সময়ত ভাবিব নােৱাৰা ‘চিনেকর্ম'। 'চলচ্চিত্র ইতিহাস' অধ্যয়ন কৰিলে জনা যায় সেই সময়ত প্ৰতিটো শ্বট লােৱা হৈছিল এটা ঠাইত কেমেৰা ৰাখি। আমি চোৱা ছিকুৱেন্সকেইটাত স্পষ্ট 'কেমেৰা-ছাবজেক্ট মুভমেণ্ট’ পৰিপাটি। সেই সময়ত সেই পৰিৱেশত এয়া কেনেকৈ সম্ভৱ হৈছিল সেয়া স্বাভাৱিকতে গৱেষণাৰ বিষয়৷

২০ মার্চ, ১৯৩৫ চনত ‘জয়মতী'ক 'মুক্তি' দিয়া হৈছিল [১০ মাৰ্চ, ১৯৩৫ত কলিকতাৰ ধৰমতলাৰ 'ৰাওনাক মহল'ত (জ্যোতি চিনেমা)] চিত্রগৃহত। এখন 'ৰচনা'ত উত্তম বৰুৱাই উল্লেখ কৰিছিল– '২০ মার্চৰ দিনা গুৱাহাটীৰ কলামােদী ৰাইজৰ ওচৰত ‘জয়মতী’ প্রদর্শন কৰালে জ্যোতিয়ে নিজেই।.. এমাহজুৰি প্রদর্শন হ’ল।' জ্যোতিপ্ৰসাদে কৈছিল— 'আজি প্রায় ডেৰ বছৰৰ মূৰত ‘জয়মতী’ ফিল্ম ৰাইজৰ আগলৈ উলিয়াবলৈ সমৰ্থ হৈছোঁ।...' অর্থাৎ চিনেমাখনৰ দৃশ্যগ্ৰহণৰ কাম আৰম্ভ হৈছিল ১৯৩৩ চনৰ শেষৰ ফালে। কিন্তু চিনেমাখনৰ চিন্তা আছিল ১৯২২ চনৰে।

কলকাতাত 'আঁধাৰে আলাে’ নামৰ নির্বাক চিনেমাখন চোৱাৰ পিছত (জয়মতীত গদাপাণিৰ চৰিত্ৰত অভিনয় কৰা) ফুনু বৰুৱাই ৰচনা এখনত উল্লেখ কৰিছে— ১৯২১ চনৰ শেষভাগত জ্যোতিয়ে কলিকতা বিদ্যাপীঠ আৰু মই বেংগল টেকনিকেল ইনষ্টিটিউটত পঢ়িবলৈ বুলি কলকাতালৈ যাওঁ। ১৯২২ চনত কলকাতাত ‘আঁধেৰ আলাে’ নামৰ বায়ােস্কোপ এখন চোৱাৰ পিছতেই আমাৰাে অসমীয়া বায়ােস্কোপ এখন কৰিবলৈ হাবিয়াস জাগে।...'— সম্ভৱতঃ ইয়াৰ কাৰণ হয়তাে এনে ধৰণৰ আছিল— কলকাতাৰ পৰা সম্ভৱ হৈছে, অসমৰপৰা নহ'ব কিয়? কিন্তু কেনেকৈ, সম্ভৱ কৰিব পৰা যায়? ফুনু বৰুৱাৰ ভাষাত— 'সেই দিনাই জ্যোতিৰ মনত বায়ােস্কোপৰ চিন্তাই বাহ লয়। জ্যোতিয়ে মােক ক'লে— আমি প্রথমে 'বিষয়'টো ভালদৰে জানিব লাগিব। জানিবৰ বাবে মই বিদেশলৈ যাম।' —কেনেকৈ? অপেক্ষা কৰিব লগা হ'ল ১৯২৬ চনলৈ। ১৯২৬ চনৰ ছেপ্টেম্বৰত উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যায়। এডিনবৰা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ত সংগীতৰ শিক্ষা লয়। এডিনবৰা বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা সম্পূর্ণ নকৰাকৈ জার্মানীলৈ যায়। উদ্দেশ্য— ১৯২২ চনতে মনত বাহ লােৱা 'সপােন'টো বাস্তৱ ৰূপ দিয়া। তাত জ্যোতিপ্রসাদক ‘ভাগ্য'ই লগ দিয়ে। লগ চেপলিন, গ্রিফিথ, আইজেনস্টাইন, ৰেনে ক্লেয়াৰ আদিৰ নির্বাক 'চিত্রকথা’ চোৱাৰ। এই মহান ‘চিত্ৰকৰ্মী'সকলৰ 'চিত্রকর্ম'ই হয়তাে শিক্ষা দিলে ‘চিনেমা'ৰ। শিক্ষা দিলে ‘চিনেমা'ৰ মূলমন্ত্র যে কেমেৰাৰ ভাষা প্রয়ােগ। দুখৰ বিষয়— সেয়া আছিল পৰিচালকগৰাকীৰ বাৰে, 'জয়মতী'ৰ বাবে অভিজ্ঞতা। 'জয়মতী' আছিল সময়তকৈ আগবঢ়া। চিনেমাৰ যিবােৰ প্ৰধান 'গুণ', সেইবোৰক সেই সময়ৰ চিনেমা আলোচকসকলে 'দোষ' হিচাপে ব্যাখ্যা কৰিছিল৷ জ্যোতিপ্ৰসাদে সেই সময়তে বুজিছিল, চিনেমাৰ অভিনয় স্বাভাবিক। সেয়েহে অভিনেতা-অভিনেত্রীসকলক স্বাভাবিক অভিনয় কৰােৱাত গুৰুত্ব দিছিল। সেয়েহে সমালােচকসকলে মন্তব্য কৰিছিল— “অভিনয়বােৰ অভিনয় যেন লগা নাই। ভাৱৰীয়া-ভাৱৰীয়ানীসকলৰ অভিনয় হাদয়গ্রাহী হােৱা নাই।... এই প্রসংগত জ্যোতিপ্ৰসাদৰ ব্যাখ্যা : '...মই ‘জয়মতী' ছবিখন আৰু ভাল অভিনেতাক একেবাৰে বাস্তৱিক দৃষ্টিৰে পৰিচালনা কৰিছোঁ, যিটো সকলো ইংলিছ, আমেৰিকান আৰু ৰুছীয় প্রথম শ্রেণীৰ ফিল্মৰ লক্ষণ। সেই কাৰণে মােৰ ‘জয়মতী’য়ে ৰাজসভাত বক্তৃতা দি আন ঠাইত নানা ভাৰপ্ৰৱণ বক্তৃতাৰে গােজৰণি মৰা নাই।

‘জয়মতী'ৰ নির্মাণকার্য সহজ নাছিল। সেই সময়ত মহিলাই অভিনয় কৰাটো 'অপৰাধ’ আছিল। 'নায়িকা’ৰ চৰিত্ৰৰ বাবে গােলাঘাটৰ আইদেউ সন্দিকৈক বিচাৰি উলিয়াইছিল। অভিনয় কৰােৱাইছিল ৰাজমাতাৰ ভূমিকাত মােহিনী ৰাজকুমাৰীক, তৰবৰীৰ চৰিত্ৰত ভনীতি বুঢ়াগােহাঁইক, ডালিমীৰ চৰিত্ৰত মাকণ দত্তক। এই প্রসংগত বহু সমস্যাৰ সৃষ্টি হৈছিল। ইয়াতকৈ ডাঙৰ সমস্যাটো আছিল অবিভক্ত ভাৰতৰ লাহােৰৰ চিনেমা ষ্টুডিঅ'ৰ ছাউণ্ড ইঞ্জিনীয়াৰ ফৈজী চাহাবৰ বিফলতাই। ... 'চিনেমাখনৰ আধাতকৈও বেছি অংশৰ ঘৰঘৰণিৰ বাহিৰে আন কোনাে শব্দ উঠা নাই। গালাে-বালো খােলাকটিৰ তাল হ’ল। জ্যোতিপ্ৰসাদে প্রমাদ গণিলে। লাহােৰৰ তথাকথিত ‘ফৈজী ছিষ্টেমে’ প্রথম অসমীয়া বােলছবিৰ মূৰতে ৰাম-টাঙোন মাৰিলে। এই প্রণালীৰ প্ৰৱৰ্তক ইঞ্জিনীয়াৰ ফৈজী চাহাবে কথা বিষম দেখি পলাই ফাট মাৰিলে। জ্যোতিপ্ৰসাদে চকুৰে সৰিয়হ ফুল দেখিলে। তেওঁ মনৰ বেজাৰতে দুদিন-দুনিশা নােখােৱা-নােলােৱাকৈ এটা কোঠালিত দুৱাৰ বন্ধ কৰি সােমাই আছিল। অৱশেষত বুকুত অসীম ধৈর্য লৈ তেওঁ ওলাই আহি সম্পাদনাৰ মেজত বহিল। ষ্টুডিঅ’ ঘৰত সােমাই ডেৰ কুৰিমান অভিনেতাৰ বচন ‘ডাবিং' কৰিবলৈ সাজু হ'ল। অকলে কিয়নাে সেই দূৰণিবটীয়া ৰাজ্যত মাত- কথাৰে সহায় কৰিবলৈ তেওঁ দ্বিতীয়জন অসমীয়া মানুহ পাবলৈ আশা কৰিব। নােৱাৰে। তদুপৰি দুনাই ঘৰৰপৰা ধন পাবলৈ আশা কৰাটোও টান।...' (মঞ্চলেখা’, অতুল চন্দ্ৰ হাজৰিকা) যি নহওক, প্রায় ডেৰ কুৰিৰ ওঁঠত সংলাপ নাই, ছহেজাৰ ফুট সংলাপ ৰেকর্ডিং কৰি ‘জয়মতী'ৰ মাত ফুটালে। ক’ব পাৰি ‘জয়মতী’ হ’ল ‘ডাবিং’ কৰা প্ৰথমখন ভাৰতীয় কথাছবি, চিনেমা।

* জয়মতী আখ্যান : জয়মতী আখ্যান সাহিত্যৰথী বেজবৰুৱাৰ ‘জয়মতী কুঁৱৰী’ নাটৰ পৰা যদিও লােৱা হৈছে, তথাপি তাত বহুতাে সালসলনি কৰা হৈছে। বিশেষকৈ ড° সূর্যকুমাৰ ভূঞাদেৱে প্ৰকাশ কৰা তুংখুঙীয়া বুৰঞ্জীৰ পৰা লালুকসােলা বৰফুকন আৰু দক্ষিণপটীয়া গাঠি হাজৰিকাৰ চৰিত্ৰ জয়মতী ফিল্মত ন-কৈ অৱতাৰণা কৰা হৈছে। জয়মতীৰ যি কাহিনী জোনাকী কাকতত ৰত্নেশ্বৰ মহন্তই লিখিছিল, সেই কাহিনীকেই সাহিত্যগুৰু পদ্মনাথ আৰু সাহিত্যৰথী বেজবৰুৱাই আলম লৈ নাটক লিখি গৈছে। সেই কাহিনীয়েই জনসাধাৰণৰ মাজতাে প্রচলিত হৈ আছে। তুংখুঙীয়া বুৰঞ্জীয়েও প্রায় সেই কাহিনীকেই সমর্থন কৰে ... পদ্য বুৰঞ্জীত জয়মতীৰ কাহিনী কিছু বেলেগকৈ দিয়া আছে। এই বিষয়ে সাহিত্যৰথী বেজবৰুৱা আৰু ঔপন্যাসিক ৰজনী বৰদলৈৰ ভিতৰত কাকতৰ যােগেদি যথেষ্ট আলােচনা-বিলােচনা হৈছিল। ড° বাণীকান্ত কাকতিদেৱ আৰু ড° সূর্যকুমাৰ ভূঞাৰ পৰামর্শ মতে, আমি ৰত্নেশ্বৰ মহন্তৰ কাহিনী আৰু তুংখুঙীয়া বুৰঞ্জীৰ তথ্যৰ ওপৰতেই ‘জয়মতী’ ফিল্মৰ আখ্যান প্রতিষ্ঠিত কৰিছিলোঁ।

লালুকসােলা বৰফুকন গুৱাহাটীত ৰাজপ্রতিনিধি ৰূপে শাসনকর্তা হৈ আছিল। তেওঁ ৰাজক্ষমতালৈ হাবিয়াস কৰি— দক্ষিণপটীয়া গাঠি হাজৰিকাক সোঁহাত স্বৰূপে লৈ উজনিলৈ হাত মেলে। স্বৰ্গদেউ চুদৈফাক হত্যা কৰােৱাই, ডাঙৰীয়াসকলক হাতৰ মুঠিলৈ আনি স্বৰ্গদেউ ৰত্নধ্বজ সিংহ (ল’ৰাৰজা)ক সিংহাসনত পুতলাকৈ বহুৱাই লালুক বৰফুকন আহােম ৰাজ্যৰ সৰ্বময় নিয়ামক হৈ পৰে। তেওঁৰ ক্ষমতা অটুট ৰাখিবলৈ সিংহাসন বিচৰা উপযুক্ত কেঁৱৰসকলক ঘুণীয়া কৰাবলৈ ধৰে। আহােম নিয়ম মতে ঘুণীয়া কোঁৱৰ ৰাজপাটত বহিব নােৱাৰে।

ৰাজ্যত এনে অসহনীয় কথা হােৱাত, ডাঙৰীয়াসকলৰ ভিতৰত কেইজনমান লালুকৰ বিৰােধী হ’ল। লালুকৰ এনে কাম ল’ৰাৰজাৰ মাক ৰাজমাৱেও সমর্থন কৰিব নােৱাৰিলে।

তুংখুঙীয়া ফৈদৰ গদাপাণি আছিল এজন উপযুক্ত কোঁৱৰ। তেওঁক আঁতৰাই নিষ্কণ্টক হ'বলৈ লালুকে নানা ষড়যন্ত্র কৰিবলৈ ধৰিলে, কিন্তু বন্ধুসকলৰ সহায়ত আৰু বিশেষকৈ গদাপাণিৰ কুঁৱৰী জয়মতীৰ ৰাজনৈতিক দূৰদর্শিতাৰ বাবে গদাপাণি পলাই সাৰি থাকিব পাৰিলে।

লালুকৰ চকুত জয়মতী পৰিল। জয়মতীক নানা শাস্তি বিহিলে৷ জয়মতীয়ে গিৰীয়েকৰ সন্ধান দিব বুলি আৰু জয়মতীৰ শাস্তিৰ কথা শুনিলে গদাপাণিয়ে নিজেই ধৰা দিবহি বুলি লালুক বৰফুকনে জয়মতীৰ ওপৰত গাঠি হাজৰিকাৰ হতুৱাই অত্যাচাৰ কৰােৱাবলৈ ধৰিলে।

আনফালে, গদাপাণি নগা পর্বতত গৈ আঁৰে আঁৰে লুকাই ফুৰি থাকোতে পৰ্বতীয়া 'সুখৰ সামাজিক’ ডালিমীয়ে গদাপাণিৰ জীৱনত মৌ বৰষি থাকিবলৈ ধৰিলে।

জয়মতীৰ শাস্তিৰ কথা গৈ গদাপাণিৰ কাণত পৰিল— বিয়াকুল হৈ গদাপাণি ভৈয়ামলৈ আহিল, কিন্তু জয়াই সকলাে অত্যাচাৰ-নির্যাতন স্বামীৰ কল্যাণৰ বাবে, দেশৰ মংগলৰ বাবে তিল তিলকৈ সহি এদিন সন্ধিয়া মাৰ যােৱা বেলিৰ সােণালী-ৰূপালী পােহৰতে মিলি গ'ল—
সেই গৌৰৱৰ কাহিনী
দেশে বিদেশে ক’বলৈ—
লুইতৰ পানী দূৰ-দূৰণিলৈ
বৈ গ'ল—

চিত্ৰবনৰ বুৰঞ্জী* : ১৯৩৩ চনত তেজপুৰৰ কলংপুৰৰ বালিজান নৈৰ পাৰত অসমৰ ফিল্ম শিল্পৰ প্রথম প্রতিষ্ঠান চিত্রলেখা মুভিটন কোম্পানীৰ ‘ফিল্ম শিবিৰ' 'চিত্ৰবন’ ভােলাগুৰি চাহ বাগিচাৰ ভিতৰত পতা হৈছিল।

১৯৩৪ চনৰ প্রথম ভাগতে জ্যোতিপ্ৰসাদৰ পিতৃ, অসমৰ ফিল্ম শিল্প পিতামহস্বৰূপ স্বর্গীয় পৰমানন্দ আগৰৱালাই ‘চিত্ৰবন’ উদ্বোধন কৰে আৰু অসমীয়া প্রথম কথাচিত্র জয়মতী'ৰ প্রযােজনাৰ কাম জ্যোতিপ্ৰসাদে তেওঁৰ ককায়েক-ভায়েকসকল আৰু শিল্পীসকলৰ সহায়-সহযােগেৰে আৰম্ভ কৰে।

চিত্ৰবনতেই সম্পূর্ণ ছাউণ্ড ষ্টুডিঅ’ পতা হৈছিল। অসমৰ সকলাে ঠাইৰেই ডেকা-ডেকেৰীৰ সমূহীয়া চেষ্টাৰ ফলতেই অসমৰ ফিল্ম শিল্পৰ পাতলি মেলে৷...

‘জয়মতী' কথাছবিত অংশগ্ৰহণ কৰা গাঁৱৰ আইদেউসকলে সমাজৰ গৰিহণা, দুষ্কৃতিৰ নানা অপবাদ মূৰত লৈ নিজকে নানা সামাজিক নির্যাতনৰ ভাগি কৰিও নির্ভীকভাৱে সকলাে বাধা-বিঘিনি মষিমূৰ কৰি অসমৰ ফিল্ম শিল্প গঢ় দিবলৈ নহা হ'লে জ্যোতিপ্ৰসাদে অসমীয়া কথাছবি উলিয়াবলৈ নিশ্চয় অক্ষম হ'লহেঁতেন। অসমৰ গাঁৱৰ মাজত প্রযােজিত হােৱা কথাছবি ‘জয়মতী' জ্বলন্ত কীর্তি। গাঁৱলীয়া আৰু চহৰীয়াৰ সহযােগ আৰু সমবায়ত কেনেকৈ শিল্পানুষ্ঠান গঢ়ি তুলিব পাৰি, তাৰ পতিয়ন নিয়াৰ পৰা নিদর্শন।

‘জয়মতী'ৰ প্রযােজনাৰ সময়তেই জ্যোতিপ্ৰসাদৰ পিতৃ পৰমানন্দ আৰু মাতৃ কিৰণময়ীৰ পৰলােক হয়।

জ্যোতিপ্ৰসাদে ইয়াৰ উপৰি নানা পর্বতসম বাধা-বিঘিনি পাৰ হৈ ১৯৩৫ চনত ‘জয়মতী’ সম্পূর্ণ কৰে। ১৯৩৫ চনৰ ১০ মার্চত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই কলকাতাৰ ধৰ্মতলাৰ 'ৰাওনাক’ মহলত এই ‘জয়মতী'ৰ প্রদর্শন অনুষ্ঠান মুকলি কৰে। অসমৰ ডেকা-ডেকেৰীৰ প্রথম প্রচেষ্টাতেই আজি স্বাধীন ৰাইজৰ আগলৈ চিত্রলেখাই পুনৰ আগবঢ়ালে।

পৃথিৱীত সবাক চিত্ৰ আৱিষ্কাৰ হােৱাৰ মাত্ৰ কেইবছৰমান পিছতেই অসমৰ গাঁৱৰ মাজত প্রযােজিত কথাছবি ‘জয়মতী'ৰ প্রযােজনাৰ অৱশ্যেই ত্রুটি হৈছিল। শব্দগ্রহণত হােৱা বিশেষ ত্রুটিৰপৰা এই আটকধুনীয়া কথাছবিখনৰ
যথেষ্ট সৌন্দর্য হানি হৈছিল।

এই দ্বিতীয় সংস্কৰণত সেই সকলাে শব্দ তােলাৰ ত্ৰুটি গুচাই দিয়া হৈছে।

শব্দ সংস্কাৰ কৰাৰ বাহিৰে, প্রথম সংস্কৰণ ‘জয়মতী'ৰ সকলাে আগৰ দৰেই আছে। অসমীয়া শিল্পীসকলৰ প্রথম প্রচেষ্টাতেই কিমান দূৰ কৃতকার্যতা লাভ কৰিছিল— তাৰেই ‘জয়মতী’ নিদর্শন ৰূপে ৰখা হ’ল।

‘জয়মতী’ প্রথম প্রযােজনাৰ বাবে চিত্রলেখা মুভিটনে বহুতাে লােকচান ভৰে। দ্বিতীয় কথাছবি ‘ইন্দ্ৰমালতী’য়েও সেই ক্ষতি পূৰাব নােৱাৰাত, চিত্রলেখাই অসমত স্থায়ী ফিল্ম ষ্টুডিঅ’ পতাৰ সপােন সামৰিব লগা হয়। (*‘জয়মতী'ৰ দ্বিতীয় সংস্কৰণৰ পুস্তিকা এখন দিছিল চিনেমা লেখক পবিত্র কুমাৰ ডেকাই। সেই পুস্তিকাখনৰ সৌজন্যত। ১৯৩৫ চনৰ ২০ মার্চত মুক্তি পােৱা ‘জয়মতী'ৰ ত্রুটি আঁতৰাই দ্বিতীয়বাৰ মুক্তি দিয়া হয় ১৯৪৯ চনত।)

অর্থনীতি : 'জয়মতী’ বােলছবি নাছিল, চিনেমা আছিল। সম্ভৱতঃ এই কাৰণেই ১৯৩৫-৩৬ চনত এই প্রথমখন অসমীয়া চিনেমাই দৰ্শকৰ আদৰ পােৱা নাছিল। স্পষ্ট, দৰাচলতে এই কথা অস্পষ্ট হৈ থকা নাই। অসমীয়া চিনেমাৰ ক্ষেত্ৰখনৰ সৰহসংখ্যকেই (ছবি আলােচককে ধৰি) আজিৰ তাৰিখতে কথাছবি’ সময়ছােৱাত অসমৰ দৰ্শকে বা চিত্ৰৰসিকে চিনেমাৰ মােল নুবুজাটো অস্বাভাৱিক কথা নহয়। 'জয়মতী’ ত্রুটিমুক্ত নাছিল। কিয়? এগৰাকী সমালােচকে লিখিছিল ... 'নাটক নাই'৷ আজিৰ তাৰিখত চিনেমাত নাটক থকাটো ত্ৰুটি বুলি ব্যাখ্যা কৰা হয়৷ অর্থাৎ জ্যোতিপ্ৰসাদ আগৰৱালাই চিত্রনাট্য ৰচনাৰ সময়ত, এনেদৰেও ক'ব পাৰোঁ জ্যোতিপ্ৰসাদৰ 'জয়মতী’য়ে যেতিয়া সফলতা পালে৷ আজি অসমীয়া চিনেমা 'বিশ্ব চিনেমা'ৰ এৰিব নােৱাৰা অংগ হৈ থাকিলহেঁতেন।

জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰৱৰ্তী সময়ছােৱাত অসমীয়া চিনেমাৰ ক্ষেত্ৰখনত যি পৰিচালকে কাম কৰিছে, সেইসকলক আলােচনা কৰিব পৰাকৈ তথ্য মােৰ হাতত নাই। ইয়াৰ মূল কাৰণ এই পৰিচালকসকলৰ চিত্রকর্ম চোৱাৰ সুযােগ পােৱা নাই। যিখিনি চাইছোঁ তাৰ ওপৰত ভিত্তি কৰি ক’ব পৰা যায়—জ্যোতিপ্ৰসাদৰ দৰে পিছৰ সময়ছােৱাত চিন্তা-চৰ্চা কৰা পৰিচালকগৰাকী হল পদুম বৰুৱা। চিনেমাৰ মূলমন্ত্র চিনেমেটিক ভাষা প্রয়ােগ। এই কথাটো যে পৰিচালকগৰাকীয়ে উপলব্ধি কৰিছিল সেয়া ‘গঙা চিলনীৰ পাখি’ (১৯৭৬) চালেই, ‘অধ্যয়ন কৰিলেই বুজিব পাৰি। পৰিচালক দুগৰাকীৰ (জ্যোতিপ্রসাদ আগৰৱালা-পদুম বৰুৱাৰ) আন মিল হ’ল— 'বজাৰ' উপলব্ধ কৰিছিল। 'জয়মতী'ৰ এগৰাকী অভিনেতা থানুৰাম বৰাক লগ পাইছিলোঁ ২৮ জুন, ১৯৯৩ত। 'জয়মতী'ত ভাওনাৰ দৃশ্য সংযােজন কৰা হৈছিল। সেই ভাওনাতে থানুৰাম বৰাই অসুৰৰ চৰিত্ৰত অভিনয় কৰিছিল। জ্যোতিপ্ৰসাদৰ দ্বিতীয়খন চিনেমা 'ইন্দ্ৰমালতী’ (১ আগষ্ট, ১৯৩৯)তো অভিনয় কৰিছিল, চণ্ডীৰামৰ চৰিত্ৰত। কেৱল অভিনয়ে কৰা নাছিল, আন দিশত সহায় কৰিছিল। অভিনেতাগৰাকীয়ে কৈছিল—‘জয়মতী'ত আর্থিকভাৱে জুৰুলা হােৱাত কিবাকৈ 'ইন্দ্ৰমালতী’ নিৰ্মাণৰ কথা মােক কৈছিল। কাৰিকৰী সমস্যাৰ বাবে 'জয়মতী'ত খৰচ হৈছিল অতিৰিক্ত ১২ হাজাৰ টকা। মােক তেওঁ কোৱা মতে চিনেমাখনৰ প্ৰথমটো প্রিণ্ট ওলােৱালৈকে খৰচ হৈছিল প্রায় ৫০ হাজাৰ টকা। ভাবিব নােৱাৰা কথা। হাতলৈ ১০ হাজাৰ টকাও ঘূৰি অহা নাছিল। মােক কোৱা মতে এই লােকচানৰ কথা তেওঁ আগতেই অনুমান কৰিছিল। সেয়েহে তেওঁ ভাঙি পৰা নাছিল। মােক কি কৈছিল— 'হাতলৈ কিছু টকা ঘূৰাই আনিব লাগে। 'ইন্দ্ৰমালতী’ৰ বাবে বজাৰ চাইছোঁ। মই এইবাৰ সফল হ'ম।... তুমি মালতীৰ ভাওত অভিনয় কৰিবলৈ ছােৱালী এজনী চোৱা।' কামটো মােৰ বাবে দুঃসাধ্য আছিল যদিও অনুসন্ধান চলাই ছােৱালী এজনী পালে। নাম ৰসেখৰী বৰুৱা।... চিনেমাৰ কাম আগবাঢ়িল। জ্যোতিপ্রসাদ আগৰৱালাই মােক ক'লে— 'এইবাৰ ১৫ হাজাৰ টকাৰ বেছি খৰচ নকৰো ।...' (মই আৰু তেজপুৰৰ যাদৱ চন্দ্ৰ শৰ্মাই লােৱা থানুৰাম বৰাৰ সাক্ষাৎকাৰটোৰ একাংশ প্রকাশ হৈছিল হেমন্ত বৰ্মনৰ সম্পাদিত ‘শ্রীময়ী'ত, ১৬-১৩ জুলাই, ১৯৯৩ সংখ্যাত।) —হয়, বেছি খৰচ কৰা নাছিল। মাত্র ১২ হাজাৰ টকা খৰচ কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই ‘ইন্দ্ৰমালতী’ সম্পূর্ণ কৰিছিল। আনহাতে ‘অসমৰ চিত্রশিল্প গঢ়াত অসমীয়া দর্শকৰ দায়িত্ব’ শীর্ষক লেখাত জ্যোতিপ্রসাদ আগৰৱালাই লিখিছিল — ‘চিনেমা চোৱা ৰাইজ বৰ তাকৰ থকাত চিত্রলেখা মুভিটনৰ প্রায় ৩০ হাজাৰ টকা লােকচান হৈছিল।

জয়মতীৰ সংগীত : চিনেমাখনৰ সংগীত ৰচনা কৰিছিল— পৰিচালক জ্যোতিপ্ৰসাদে নিজে। আৱহ সংগীতত ব্যৱহাৰ হৈছিল অসমীয়া লােক-সংগীতৰ সুৰ। আমাৰ হাতত থকা তথ্য মতে, চিনেমাখনত ব্যৱহাৰ হৈছিল ৭টা গীত। “টাইটেল সংগীত' হিচাপে ব্যৱহাৰ কৰিছিল চন্দ্ৰকুমাৰ আগৰৱালাৰ ৰচনা, কমলাপ্রসাদ আগৰৱালাৰ সুৰেৰে 'অসম- সুষমা- কামৰূপা ...'। আনকেইটা গীত হ’ল— লুইতৰে পানী যাবি ঐ বৈ ...' (কথা-সুৰ : জ্যোতিপ্ৰসাদ আগৰৱালা), ‘ল’ৰা-বুঢ়া কাক কয়. ...' (কথা : লক্ষ্মীনাথ বেজবৰুৱা, সুৰ : জ্যোতিপ্ৰসাদ আগৰৱালা), ‘খােপাতে পিন্ধিম মই ...' (কথা : লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, সুৰ : জ্যোতিপ্ৰসাদ আগৰৱালা), ‘জোন যেন কুঁৱৰী ..' (কথা : ভৰত বৰপূজাৰী, জ্যোতিপ্ৰসাদ আগৰৱালা, সুৰ : বিয়া নামৰ ...), ‘পৰ্বতৰ চেঁকীয়া ...' (কথা : লক্ষ্মীনাথ বেজবৰুৱা, সুৰ : জ্যোতিপ্ৰসাদ আগৰৱালা)। গীতকেইটাত কণ্ঠদান কৰিছিল লিলি বৰুৱা, স্বর্গজ্যোতি দত্ত আৰু অন্ন আগৰৱালাই। চিনেমাখনত অভিনয় কৰিছিল— আইদেউ সন্দিকৈ (জয়মতী), মােহিনী ৰাজকুমাৰী (ৰাজমাও), স্বর্গজ্যোতি দত্ত (ডালিমী), ৰেৱতী হাজৰিকা (পাটমাদৈ), সুবর্ণ শইকীয়া (সেউতী), উপা কটকী (কাৰেঙৰ লিগিৰী), ফুনু বৰুৱা (গদাপাণি), নৰেন বৰদলৈ (ল’ৰাৰজা), প্রফুল্ল বৰুৱা (বৰগােহাঁই), ললিত মােহন চৌধুৰী (লালুকসােলা মন্ত্রীফুকন), মনােভিৰাম বৰুৱা (দিলিহিয়াল ফুকন), জয়ন্ত বৰুৱা (লাই), ৰঞ্জিত বৰুৱা (লেচাই), ফণী শৰ্মা (গাঠি হাজৰিকা), পুতুল দাস (চাওদাং) আদিয়ে।

                            জয়মতীৰ নায়িকা

‘ভােগৰাম কাই...ল’ৰা।’ ৰূপালী পর্দাত দর্শকে দেখিছিল এখন মুখ। দাঁতহীন৷ চেহেৰাত বয়সৰ আঁচোৰ। বয়স ৰেখাৰ ভাঁজে-ভাঁজে ওলমি পৰিছিল হাঁহি। কৃত্রিমতাই স্পর্শ নকৰা হাঁহি। দেখা গৈছিল পদুম বৰুৱাৰ ‘গঙা চিলনীৰ পাখি’ত। ‘ভােগৰাম কাই।... ল’ৰা’ সংলাপ ফাকি কোৱা অভিনেত্রী’গৰাকী—আইদেউ সন্দিকৈ (১৯২০-২০০২)। প্রথমখন অসমীয়া চিনেমা ‘জয়মতী'ৰ নায়িকা। 


নায়িকা : আইদেউ সন্দিকৈ

ফটো : হেমন্ত কুমাৰ দাস

সম্পূর্ণ 'জয়মতী’ আমি চোৱা নাই। চোৱাৰ সুযােগ নাপালোঁ। কেইটামান ‘ছিকুৱেন্স’হে চাইছোঁ। ছিকুৱেন্সকেইটাত আইদেউ সন্দিকৈৰ অভিনয় ‘অনুভৱ' কৰিব পাৰিছিলোঁ। তেতিয়া স্বাভাৱিকতে মনলৈ প্ৰশ্ন আহিছিল— আইদেউ সন্দিকৈৰ বিষয়ে যিবােৰ শুনা যায়, কাকত-আলােচনীত প্ৰকাশ হৈ থাকে সেইবােৰ
কিমান সঁচা? —আমি জানিছিলোঁ, আমি পঢ়িছিলোঁ : 
১) জাহাজ দেখুৱাম বুলি ঘৰৰ পৰা আইদেউ সন্দিকৈ নামৰ 'সহজ- সৰল’ছােৱালীজনীক লৈ যােৱা হৈছিল আৰু চিনেমাৰ বাবে 'শ্বট’ লােৱা হৈছিল।
২) চিনেমাখনৰ ছিকুৱেন্স নির্মাণৰ স্বাৰ্থত ‘পৰৰ মানুহ’ (ফুনু বৰুৱা)ক ‘বঙহৰদেউ’ (চিনেমাখনৰ সংলাপ) বুলিছিল। তেতিয়াৰ সমাজৰ দৃষ্টিত সেয়া ‘অপৰাধ’ আছিল। সেই ‘অপৰাধ'ৰ বাবে গাঁৱৰপৰা এঘৰীয়া কৰা হৈছিল।
৩) 'বঙহৰদেউ’ বােলাৰ 'অপৰাধ'ত পৰাচিত কৰা হৈছিল।
৪) চিনেমাত অভিনয় কৰাৰ 'অপৰাধ'ত আজীৱন অবিবাহিতা হৈয়েই থাকিবলগীয়া হৈছিল।

১৯৯৩ চনৰ কোনাে এটা দিনত আমি লগ পাইছিলোঁ ‘জয়মতী'ৰ অভিনেতা থানুৰাম বৰুৱাক (মই আৰু তেজপুৰৰ যাদৱ চন্দ্র শর্মাই লােৱা থানুৰাম বৰাৰ সাক্ষাৎকাৰৰ একাংশ প্রকাশ হৈছিল ‘শ্রীময়ী’ আলােচনীৰ ১৬-৩১ জুলাই, ১৯৯৩ সংখ্যাত)। 'অভিনেতা’গৰাকীৰ পৰা জানিব বিচাৰিছিলোঁ ‘আইদেউ সন্দিকৈ’ক। 'নায়িকা’গৰাকীৰ বিষয়ে চর্চা শুনা যায়, সেয়া কিমান দূৰ সত্য। উত্তৰত 'বিশেষ নাজানাে’ বুলিছিল। 'অভিনেতা'গৰাকীয়ে কৈছিল— ‘তােমালােকে কোৱা বহু কথাই মই নাজানাে। এঘৰীয়া কৰা কথাটো শুনিছিলোঁ। কথাটোৰ বুজ ল'বলৈ, বুজাবলৈ আমি কেইজনমান গৈছিলোঁ। আইদেউৰ সহায়ৰ বাবে আমি একো কৰিব নােৱাৰিলোঁ। 'কিবা' এটা কৰাৰ পৰিৱেশ নাছিল।... তেতিয়া এনে এটা পৰিৱেশ নাছিল। আমি গৈ জ্যোতিপ্ৰসাদ আগৰৱালাক আইদেউৰ দুখৰ কথা কম বুলি ভাবিছিলোঁ। তেতিয়া তেওঁ নিজে বহুত দুখৰ মাজত আছিল। শ্বুটিং কৰি নিয়া ‘ ৰিল’বােৰ চাই দেখিছিল— ছবি আছে, কথা নাই। হাতত এটকাও নাছিল।... পিছত শুনিছিলোঁ—আইদেউ অবিবাহিতা হৈয়েই থাকিল। মনতে দুখ পাইছিলোঁ। বাকী কথাবােৰ কিন্তু নাজানাে। চিনেমাখনৰ 'ফটো' লৈ থকা সময়তহে আইদেউক দেখিছিলোঁ। জ্যোতিপ্ৰসাদ আগৰৱালাই যেনেদৰে বিচাৰে বচন কয়, অভিনয় কৰে। সকলােৱে উৎসাহ দিয়ে, ভাল হােৱা বুলি প্রশংসা কৰে। মােৰ কোনাে মুহূর্ততে এনে লগা নাছিল যে আইদেউক অভিনয় কৰিবলৈ বাধ্য কৰােৱা হৈছিল।... অ’ কেতিয়াবা আমাৰ দুখ লাগিছিল, তেতিয়া শুনিছিলোঁ- কালি ফটো’ উঠোৱা সময়ত সঁচাকৈয়ে বলিন (ফণী শৰ্মা)ৰ চামতাৰ কেইটামান কোব আইদেউৰ গাত লাগিল। আইদেউৰ চকুত সঁচা চকুপানী, তেতিয়া আমাৰ বেয়া লাগিছিল। এবাৰ আমি সুধিবলৈ কোৱাত ‘জয়মতী'ৰ আন এগৰাকী অভিনেত্রী মােহিনী ৰাজকুমাৰীয়ে সুধিছিল- 'বহুত দুখ পালা নেকি ?' উত্তৰত মুখত হাঁহি ৰাখি আইদেউৱে কৈছিল— ‘মােৰ অভিনয় সকলােৱে ভাল হােৱা বুলি কৈছে।' - মই আইদেউ সন্দিকৈক ইমানখিনিয়ে জানাে।

থানুৰাম বৰাৰ সহায়তে তেজপুৰৰ ব্যক্তি এগৰাকীৰ সৈতে আইদেউ সন্দিকৈৰ ঘৰ পাইছিলোঁ। কমাৰ গাঁৱৰ ওচৰৰে পানী দিহিঙীয়া। গা ভাল নাছিল। কৈছিল- দুদিনমান হ’ল জ্বৰ। গাত বিষ। ইহঁতে (আইদেউৰ ভতিজাহঁতে) জ্বৰ, গাৰ বিষটোৰ বাবে ডাক্তৰৰপৰা কিবা-কিছু আনি দিছে। মােৰ আৰু এইবােৰ খাবলৈ ইচ্ছা নােহােৱা হৈছে।... কিন্তু খাইছোঁ, ইহঁতৰ শান্তিৰ বাবে।’

মই যিগৰাকী ব্যক্তিৰ সৈতে গৈছিলোঁ, তেওঁ আছিল আইদেউ সন্দিকৈ পৰিয়ালৰ সৈতে ঘৰুৱা সম্পর্ক থকা। স্বাভাৱিকতে ঘৰুৱা কথাত ব্যস্ত হৈছিল তেওঁলােক। মই 'জয়মতী'ৰ কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ। মােৰ মনলৈ আহিছিল, আইদেউ সন্দিকৈৰ গাত যে বিষ, সেয়া চামতাৰ কোবৰ বিষ নেকি?

'জয়মতী'ৰ প্ৰসংগত সেইদিনা কেইবাটাও প্রশ্ন কৰাৰ পিছত আইদেউ সন্দিকৈয়ে কৈছিল— ‘সেই কথাবােৰ মই মনত ৰখা নাই। আজিলৈকে সেই 'ফটো’বোৰে (চিনেমাখন) চোৱা নাই৷ যােৱা কথা গ’ল। এতিয়া মই মােৰ ভতিজাহঁতৰ সৈতে, সিহঁতৰ মৰমৰ মাজত আছে। 'জয়মতী'ত অভিনয় কৰাৰ বাবে মােৰ খবৰ লয় বহুতে। বহুতে আহি মােক কয়— মােৰ বাবেই হেনাে এতিয়া অসমীয়া চিনেমাত ছােৱালী-বােৱাৰীয়ে অভিনয় কৰিব পাৰিছে। এইবােৰাে মােৰ বাবে মৰম। এই মৰমবােৰৰ বাবে মনটো ভাল লাগি থাকে। এতিয়া মােৰ কোনাে আক্ষেপ নাই। কাৰাে প্ৰতি খং নাই।' —হয়, আইদেউ সন্দিকৈৰ খং নাথাকিব পাৰে, কিন্তু অসমীয়া চিনেমাৰ প্ৰথমগৰাকী 'নায়িকা' প্রতি শ্রদ্ধা থকা প্ৰতিগৰাকীৰ খং আছে, কোনাে পক্ষই উপযুক্ত ‘আসন'ত স্থান নিদিয়াৰ বাবে। মই 'পেঞ্চন' ইত্যাদিৰ কথা ক'ব খােজা নাই। ক'ব খুজিছোঁ—‘জ্যোতি চিত্ৰবন’ৰ ওচৰে-পাঁজৰে আইদেউ সন্দিকৈৰ বাবে গৃহ নির্মাণৰ চিন্তা কৰিব পাৰিলেহেঁতেন। অসম চৰকাৰৰ চিনেমা নির্মাণৰ কথা ভাবিব পাৰিলেহেঁতেন। নােৱাৰিলেহেঁতেন নে ... ?


                             জয়মতীৰ নায়ক

'১৯২১ চনৰ শেষভাগত জ্যোতিয়ে কলকাতা বিদ্যাপীঠ আৰু মই বেংগল টেকনিকেল ইনষ্টিটিউটত পঢ়িবলৈ বুলি কলকাতালৈ যাওঁ। ১৯২২ চনত কলিকতাত 'আঁধেৰ আলাে’নামৰ বায়ােস্কপ এখন চোৱাৰ পিছতেই আমাৰাে অসমীয়া বায়ােস্কপ এখন কৰিবলৈ হাবিয়াস জাগে। ...' —এখন 'ৰচনা'ত লিখিছিল ফুনু বৰুৱাই। জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৈতে পঢ়িবলৈ কলকাতালৈযােৱা এই গৰাকী ফুনু বৰুৱাই অভিনয় কৰিছিল প্রথমখন অসমীয়া কথাছবিত। 'জয়মতী'ৰ নায়ক গদাপাণিৰ চৰিত্ৰত অভিনয় কৰিছিল।

'জয়মতী'ৰ এগৰাকী অভিনেতা তেজপুৰৰ থানুৰাম বৰাই আমাক কোৱা মতে, জ্যোতিপ্রসাদ আগৰৱালাই হেনাে ফুনু বৰুৱাক কৈছিল - 'তােমাতকৈ সুন্দৰ গদাপাণি মই ক'ত পাম’—থানুৰাম বৰাৰ মতে, '... ফুনু বৰুৱাক নায়কৰ চৰিত্ৰটোত লােৱাৰ মূল কাৰণ— ফুনু বৰুৱাই কেমেৰাৰ সন্মুখত অভিনয় কেনেকৈ কৰিব লাগে জানিছিল। আনহাতে তেওঁ আছিল মঞ্চৰ সু-অভিনেতা। 'শকুনিৰ প্রতিশােধ'ত শকুনিৰ চৰিত্ৰত অভিনয় কৰি সেই সময়ত নাম কৰিছিল। 'পিয়লি ফুকন', 'কর্ণার্জুন’, 'মৰাণ জীয়ৰী’, ‘চক্ৰধ্বজ সিংহ’, 'নন্দ দুলাল’ আদি নাটকত অভিনয় কৰি, সেই সময়ত অসম বিখ্যাত। নহ'লেনাে কিয়? ফুনু বৰুৱাৰ জন্ময়ে যে অভিনয়-সংগীতৰ মাজত। সংগীতাচার্য লক্ষীৰাম বৰুৱাৰ দ্বিতীয় পুত্র। পােছাকী নাম পৰশুৰাম বৰুৱা। সকলােৱে ফুনু বুলি মাতিছিল কাৰণেই পােছাকী নামটো আঁৰতে থাকি যায়। সেয়া যি নহওক ‘জয়মতী'ৰ বাবে বহু বাক-বিতণ্ডাৰ পিছত ফুনু বৰুৱাক মান্তি কৰােৱা হৈছিল। ফুনু বৰুৱাই লিখিছিল— আচলতে মােৰ চিনেমাত কাম কৰিবলৈ ভয় লাগিছিল। যাত্রা, ভাওনা, মঞ্চত অভিনয় কৰিছিলোঁ যদিও চিনেমাৰ অভিনয় এইবােৰৰ ওচৰৰ নাছিল। অৱশ্যে এটা কথা অনুভৱ কৰিছিলোঁ চিনেমাৰ অভিনয়ত যাত্রা বা ভাওনাৰ অভিনয়তকৈ কম কষ্টকৰ। কিয়নাে মঞ্চত এবাৰ ভুল কৰিলে শুধৰােৱাৰ কোনো বাট নাথাকে। চিনেমাৰ অভিনয়ত ৰিটেকৰ সুবিধা থাকে। বিভিন্ন এংগলৰ পৰা ছবি লােৱাৰ সুবিধা থাকে। কেতিয়াবা যদি বচন ভুল হৈছে, সেইবােৰ শুধৰােৱাৰ সুযােগ থাকে। এই সুযােগৰ কথা মনলৈ অহাৰ পাছতেই কথাছবিত অভিনয় কৰিবলৈ মই সাহস গােটাইছিলোঁ।' এইখিনিতে উল্লেখ কৰিব পাৰি যে ফুনু বৰুৱা অকল অভিনেতাই নাছিল, সংগীতৰ সৈতেও জড়িত আছিল। পিতৃ লক্ষ্মীনাথ বৰুৱাই গৌৰীপুৰৰ জমিদাৰ প্রভাত চন্দ্ৰ বৰুৱাৰ পৰা পেৰিছৰপৰা অনা এখন সুন্দৰ বেহেলা উপহাৰ হিচাপে পাইছিল। পিতৃৰ হাতৰপৰা পিছত এই বেহেলাখন ফুনু বৰুৱাৰ হাতলৈ আহিছিল। আৰু এই বেহেলাখন লৈয়েই বিভিন্ন সংগীতানুষ্ঠানত যােগ দিছিল।

                    জয়মতী চাৰি নে পাঁচ নম্বৰ...
প্ৰথমখন অসমীয়া চিনেমা 'জয়মতী’কেন্দ্রিক দুটা চর্চা প্রায়ে হয়—(ক) ভাৰতৰ চতুর্থখন সবাক চিনেমা, (খ) ডাবিং কৰা প্ৰথমখন ভাৰতীয় চিনেমা। —হয় জানো? ২০ মার্চ, ১৯৩৫ চনৰ আগৰ সময়ছােৱাত মাত্র তিনিখনহে সবাক ভাৰতীয় চিনেমা নির্মাণ হােৱা 'তথ্য’টো কিমান সত্য? প্রথমবাৰ এই 'তথ্য’টো পঢ়িছিলাে এখন সাপ্তাহিক অসমীয়া কাকতত, কায়িকভাৱে আমাৰ মাজৰ পৰা আঁতৰি যােৱা চিত্র সাংবাদিক এগৰাকীৰ লেখাত। তাৰ পাছত সেই 'তথ্য’ কেইবাখনাে কাকত-আলােচনীৰ পৃষ্ঠাত পঢ়িছিলাে। সেই প্রসঙ্গ এই লেখাৰ বিষয় নহয়। এই লেখাৰ বিষয়— প্রকৃত তথ্যৰ সন্ধান।জয়মতী চাৰি নে পাঁচ নম্বৰ...প্ৰথমখন অসমীয়া চিনেমা 'জয়মতী’কেন্দ্রিক দুটা চর্চা প্রায়ে হয়—(ক) ভাৰতৰ চতুর্থখন সবাক চিনেমা, (খ) ডাবিং কৰা প্ৰথমখন ভাৰতীয় চিনেমা। —হয় জানো? ২০ মার্চ, ১৯৩৫ চনৰ আগৰ সময়ছােৱাত মাত্র তিনিখনহে সবাক ভাৰতীয় চিনেমা নির্মাণ হােৱা 'তথ্য’টো কিমান সত্য? প্রথমবাৰ এই 'তথ্য’টো পঢ়িছিলাে এখন সাপ্তাহিক অসমীয়া কাকতত, কায়িকভাৱে আমাৰ মাজৰ পৰা আঁতৰি যােৱা চিত্র সাংবাদিক এগৰাকীৰ লেখাত। তাৰ পাছত সেই 'তথ্য’ কেইবাখনাে কাকত-আলােচনীৰ পৃষ্ঠাত পঢ়িছিলাে। সেই প্রসঙ্গ এই লেখাৰ বিষয় নহয়। এই লেখাৰ বিষয়— প্রকৃত তথ্যৰ সন্ধান।

প্ৰথমখন 'সবাক ভাৰতীয় ছবি (সেই সময়ত ‘চিনেমা’ ধাৰণা নাছিল) বা ভাৰতীয় বােলছবি ‘আলম আৰা'। ইমানদিনে আলমআৰা ভাৰতৰ প্ৰথমখন সবাক ছবি বুলি কৈ অহা হৈছে। কিন্তু শেহতীয়াভাৱে কেইবাগৰাকীও ছবি আলােচকে উল্লেখ কৰিছে যে কানাড়া ভাষাৰ 'ভক্ত কবীৰ'হে ভাৰতৰ প্ৰথমখন। সবাক ছবি বা বােলছবি। (ভাৰতৰ চিনেমা ইতিহাসত ১৯৩৪ চনতহে 'সতী সুলােচনা'ৰে কন্নড় চিনেমাৰ ‘সবাক যুগ' আৰম্ভ হােৱা যি তথ্য পােৱা যায়, সেয়া যে সত্য নহয়, যুক্তি আগবঢ়াইছে একাংশ চিনে পণ্ডিতে।) ১৯৩০ চনত বােলছবিখন দর্শকে চোৱাৰ সুযােগ পাইছিল। 'ইণ্ডিয়ান চিনেমা’ নামৰ সংকলন এটাত সন্নিবিষ্ট লেখা এটাত এই বিষয়ে এনেদৰে উল্লেখ কৰিছে- 'গাব্বি বিৰান্না এগৰাকী মঞ্চকর্মী। তেওঁক নাটকৰ ন-ন শৈলীৰ আৱিষ্কাৰক বুলি কোৱা হয়। আজিও এইগৰাকী নাট্যকর্মীৰ নাম শ্রদ্ধাসহকাৰে লােৱা হয়। ১৯২২-২৩ চনৰ সময়ছােৱাত গাব্বিৰ এখন নাটকে দর্শকৰ বিশেষ সমাদৰ লাভ কৰিছিল। দর্শকসকলৰ মাজত জনপ্রিয় হােৱা বাবেনাটকখন অসংখ্যবাৰ মঞ্চস্থ কৰিবলগীয়া হৈছিল। কিন্তু গাব্বিৰ পক্ষে দর্শকে বিচৰা ধৰণে নাটকখন একেৰাহে ইমানবােৰ দর্শনী মঞ্চস্থ কৰাটো সম্ভৱ নাছিল। বিশেষকৈ নাটকখনৰ অভিনেতা-অভিনেত্ৰীসকলক গাব্বিয়ে ইয়াৰ বাবে সন্মত কৰাব পৰা নাছিল। সেই সময়ত দক্ষিণ ভাৰতৰ তামিল আৰু তেলেগু চিনেমাৰ ক্ষেত্ৰ দুখনত নির্বাক যুগ আৰম্ভ হৈছিল। গাব্বিয়ে ঠিক কৰিলে— নাটকখন কেমেৰাত বন্দী কৰা হওক। কিন্তু সংলাপৰ কি কৰা হ'ব? সেই কথা ভাবি গাব্বি প্রায় নিৰাশ হৈ পৰিছিল। কিন্তু নিৰাশ নহ’ল বিজ্ঞান চর্চা কৰি ভাল পােৱা তেওঁৰ দলৰে এজন অভিনেতা। অৱশ্যে ইয়াৰ বাবে গাব্বিয়ে ১৯৩০ চনলৈকে অপেক্ষা কৰিবলগীয়া হ’ল। সেই অভিনেতাজনে ১৯২৯ চনৰ কোনােবা এটা দিনত মুম্বাইৰ মে ডানা থিয়েটাৰত আমেৰিকান সবাক ছবি ‘মেল’ডী অব লাভ’ চোৱাৰ সুযােগ পাইছিল। অভিনেতাজনে ‘মেল’ডী অৱ লাভ’ৰ প্রযুক্তি ব্যৱহাৰ কৰি 'ভক্ত কবীৰ'ত শব্দ দিয়াৰ ব্যৱস্থা কৰিলে। এই সবাক ছবিখন দর্শকে চোৱাৰ সুযােগ পালে ১৯৩০ চনৰ ২৭ মার্চত। এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি বিশ্বৰ প্ৰথমখন সবাক ছবি ১৯২৭ চনৰ ৬ অক্টোবৰত নিউয়র্কত মুক্তি পাইছিল।

All talking, all singing, all dancing বুলি প্ৰচাৰ চলােৱা হিন্দী ভাষাৰ ‘আলমআৰা’মুম্বাইত মুক্তি পাইছিল ১৯৩১ চনৰ ১৪ মার্চত, ‘ভক্ত কবীৰ'ৰ প্রায় এবছৰ পাছত। অৱশ্যে এটা কথা স্পষ্ট— ‘ভক্ত কবীৰ' প্ৰকৃতাৰ্থত পূর্ণদৈর্ঘ্যৰ ছবি নাছিল। সেই হিচাপত এম ইৰানীৰ ‘আলমআৰা'হে প্রথমখন ভাৰতীয় পূর্ণদৈর্ঘ্যৰ সবাক ছবি। আন এখন সবাক ছবি 'কালিদাস’ মুক্তি পাইছিল ১৯৩১ চনৰ জানুৱাৰীত, তৃতীয় শুকুৰবাৰে৷ কিন্তু এইখনো পূৰ্ণদৈৰ্ঘ্যৰ ছবি নাছিল৷ হ’লেও ‘কালিদাস' ‘আলমআৰাত’কৈ আগেয়ে চিত্ৰগৃহলৈ আহিছিল। এতিয়া স্বাভাৱিকতে প্রশ্ন উত্থাপন হৈছে– চিনেমা সম্পর্কে চিন্তা-চৰ্চা কৰাসকলৰ মাজত এই তথ্য বিভ্রান্তি হােৱাৰ কাৰণ কি? এইখিনিতে এটা কথা স্পষ্ট কৰি হােৱা ভাল হ'ব—এই চিনেমাবােৰ মুক্তি পােৱাৰ সময়লৈকে কোনাে চেন্সৰৰ ব্যৱস্থা নাছিল। চিনেমাবােৰ সম্পূৰ্ণ হােৱাৰ লগে লগে দর্শকৰ ওচৰলৈ গুচি গৈছিল। সেই কাৰণেই সম্ভৱতঃ এই তথ্য বিভ্রান্তিৰ সূত্রপাত হৈছে। আৰু এটা কথা, চিনেপণ্ডিতসকলৰ চিনেমা চর্চা আছিল হয়তাে মুম্বাই কেন্দ্রিক। ফলত আঞ্চলিক ভাষাবােৰত নির্মাণ হােৱা ছবিবােৰ আঁৰতে ৰৈ গৈছিল। তাৰ ফলত ভাৰতীয় চিনেমাৰ বুনিয়াদ গঢ়ি তােলা ভাৰতৰ আঞ্চলিক ভাষাবােৰৰ ভালেকেইগৰাকী চিত্রকর্মী স্বীকৃতিৰ পৰা বঞ্চিত হৈ আহিছে। এতিয়া কথা হ'ল— সেই মহান চিত্রকর্মসকলক আজিও স্বীকৃতি দিয়া নহ'ব নেকি? সেই কাৰণেই ভাৰতৰ চিনেমাৰ ইতিহাস নতুনকৈ লিখাৰ কাম চলিছে।

১৯৩৫ চনৰ ২৭ মার্চলৈকে 'ভাৰতীয় চিনেমাৰ ইতিহাস’ অধ্যয়ন কৰিছিলো বিভিন্ন মাধ্যমত। চিনেমা বিষয়ত গৱেষণা কৰি থকা আৰ কে ৰাঘৱনে ক'লে—১৯৩০ চনৰ ৭ মার্চলৈকে তামিল, তেলেগু ভাষাত ১৮খন পূর্ণদৈর্ঘৰ কথাছবি নির্মাণ হৈছিল। চুটি-চুটি বােলছবিও নির্মাণ হৈছিল। শুদ্ধ তথ্য পােৱা নাযায়।' তামিল চিনেমাৰ ‘সবাক’ আৰম্ভ হৈছিল 'কালিদাস’ৰে, ১৯৩১ চনত। 'ভক্ত প্রহ্লাদ’ৰে সেই একেটা বর্ষতে তেলেগু চিনেমাৰ 'সবাক যুগ’ আৰম্ভ হৈছিল। বাংলা চিনেমাৰাে 'সবাক যুগ’ আৰম্ভ হৈছিল এই বছৰটোতে। অমৰ চৌধুৰীয়ে পৰিচালনা কৰা ‘জামাই ষষ্ঠী’প্রথমখন বাংলা কথাছবি। দৈর্ঘ আছিল প্রায় ৩০ মিনিটহে। ৩০ ডিচেম্বৰ, ১৯৩১ ত ‘দর্শক’ৰ বাবে মুকলি কৰি দিয়া প্রেমাকুংৰ আতর্থীৰ 'দেনা-পাওনা’প্ৰথমখন পূর্ণদৈর্ঘ্য বাংলা কথাছবি। প্রথমখন অসমীয়া কথাছবি চিত্ৰগৃহলৈ অহাৰ বৰ্ষটোত নির্মাণ হৈছিল ১২ খন পূর্ণদৈর্ঘ্য বাংলা, ৮ খন মাৰাঠী আৰু দক্ষিণ ভাৰতৰ পৰা ২৫ খন কথাছবি। এই তথ্য মাৰাঠী গ্রন্থ ‘আজছা চিত্রপট’ৰ। গ্ৰন্থখনত প্ৰকাশ পােৱা তথ্যমতে, ১৯৩২ চনত চিত্ৰগৃহলৈ অহা সবাক মাৰাঠী চিত্রকর্ম ‘অযােধ্যেচা ৰাজা'ৰ লগতে পৰৱর্তী বৰ্ষত চিত্ৰগৃহলৈ অহা বাংলা চিনেমা নিতীন বােসৰ ‘ভাগ্যচক্র’ ‘ডাব’ কৰা হৈছিল। --গতিকে সন্দেহ নৰখাকৈ কব পাৰি 'জয়মতী' প্ৰথম ৫০ খন সবাক ভাৰতীয় চিনেমাৰ তালিকাতো নাই।

                      নলীন দুৱৰাই কৈছিল...
নলীন দুৱৰা। অসমীয়া চিনেমাৰ 'সেউজ অতীত'। চিনেমেটোগ্রাফাৰ, পৰিচালক। 'মমতাজ’ (১৯৭৩) আৰু 'ৰতনলাল’ (১৯৭৫)ৰ পৰিচালক। ‘নিমিলা অংক’, ‘স্মৃতিৰ পৰশ’, ‘লখিমী’, ‘মাক আৰু মৰম’, ‘ধুমুহা’, নৰকাসুৰৰ পৰা ‘কনকলতা’, ‘বংশধৰ'লৈকে প্রায় দুকুৰি অসমীয়া চিনেমাৰ চিত্রগ্রহণকাৰী। ১৯৫৫ চনত লক্ষ্যধৰ চৌধুৰীৰ পৰিচালনাৰে নির্মিত ‘নিমিলা অংক’ প্রথম চিত্ৰগ্ৰহণ কৰা চিনেমা। মুম্বাইৰ জেভিয়াৰচৰ অধীনস্থ আব্দুল্লাহ ফতেহ ভাই চিনেমেটোগ্রাফী ইনষ্টিটিউটৰ (১৯৪৮) স্নাতক নলীন দুৱৰাক লগ পাইছিলোঁ কেইবাবাৰাে। শেষৰবাৰ লগ পাইছিলোঁ ১৯৯৪ চনৰ শেষৰফালে। শেষবাৰ লগ পােৱাৰ পিছতে মই মুম্বাইলৈ গুচি গৈছিলোঁ আৰু তাত থকা সময়ছােৱাতে, ২০০১ত 'খবৰ' পাইছিলোঁ— দক্ষ 'চিত্রকর্মী’গৰাকীৰ পৰলােকপ্রাপ্তিৰ। সেই যে কেইবাবাৰাে লগ পাইছিলোঁ, তেতিয়া বহু কথাৰ মাজতে ‘জয়মতী'ৰ কথাও পাতিছিলো। সেই সময়ত দৈনিক কাকত ‘আজিৰ সংবাদ’ৰ সম্পাদনা বিভাগৰ সৈতে জড়িত হৈছিলোঁ; আৰু চিত্রকর্মী’গৰাকীয়ে কোৱা কথাৰে ‘জয়মতী'ৰ বিষয়ে লিখিছিলোঁ। পৰিচালক- চিনেমেটোগ্রাফাৰগৰাকীয়ে কৈছিল— '১৯৩৬ চনত চিনেমাখন মই চাইছিলোঁ। চোৱাৰ সৌভাগ্য হৈছিল। চিনেমাখনত শব্দৰ খুঁত ৰৈ গৈছিল। শুনামতে Film Developingৰ কাম জ্যোতিপ্ৰসাদ আগৰৱালাই নিজে সজা Laboratory তে কৰিছিল। Print ক'ত কৰা হৈছিল নাজানাে। চিনেমাখনৰ ছিকুৱেন্সবােৰ দীঘল-দীঘল আছিল। 'কেমেৰা মেন’ কৰা সেই সময়ত সহজ কাম নাছিল। তথাপি Geography সহজে বুজাই দিছিল। এনে ঘটবােৰ সাধাৰণতে লং শ্বটেৰে লােৱা হয়। ফটোগ্রাফীৰ কম্পজিচন সুন্দৰ আছিল। এটা ধোঁৱা খােৱা ব্যৱহাৰ কৰি ক'লা বগা ছবিৰ ভাৰসাম্য ৰক্ষা কৰিছিল। মই আচৰিত হৈছিলোঁ— এটা শ্বটৰ পৰা আনটো শ্বটলৈ যাওঁতে কেনেকৈ অভিনেতাসকলৰ স্থান, গতি, চকুৰ দৃষ্টি আদি সঠিকভাৱে 'মঞ্চ' নকৰাকৈ কৰিছিল, সেই কথা ভাবি। বহু সময় ভবাৰ পিছত মই উত্তৰ পাইছিলোঁ— জয়মতীৰ চিত্রনাট্য আছিল সুপৰিকল্পিত, যাৰ বাবে প্রতিটো শ্বট প্রায় একে ঠাইতেই কেমেৰা বহুৱাই লােৱা হৈছিল যদিও গতি ইত্যাদি সমস্যা হােৱা নাছিল। - (বেলশৰ/জুন/১৯৯৪, সংযােজন : ১০ মার্চ, ২০০২/১৫ মার্চ, ২০১৭)


চিত্ৰনাট্য /৩

চিত্ৰনাট্য প্ৰসংগত বহুতে গদাৰক (Jean-Luc Godard) পছন্দ কৰিছিল। কৰে। সত্যজিত ৰায়ে কিন্তু নকৰিছিল। কাৰণ?
'গদাৰৰ প্রায় চলচ্চিত্ৰ লক্ষ্য কৰিলে দেখা যাব যে তেওঁৰ এটা লক্ষ্য হল চিনেমাৰ সনাতন ৰীতি সমূহ অত্যন্ত সচেতনভাবে ভাঙা । কাৰ্যতঃ গদাৰক বুজাৰ আগে জানি লোৱা উচিৎ  সনাতন ৰীতিসমূহ।  চিত্রনাট্যকাৰৰ কোনো সমস্যাৰ সৈতে সাহিত্যিকৰ সমস্যাৰ বিশেষ কোন পাৰ্থক্য নাই। দুজনৰ কাম হ'ল কোন এটি বিষয়বস্তুক ভাষাৰে ব্যক্ত কৰা। পাৰ্থক্য এই যে, সাহিত্যিকে কেৱল  কথাৰ আশ্রয় লয়; চিত্রনাট্যকাৰে কিছু কথাৰে আৰু কিছু ছবি - ধ্বনিৰ মাজেৰে কোৱাৰ বাট মুকলি কৰি দিয়ে পৰিচালকক।' -- সত্যজিত ৰায়ৰ ব্যখ্যা। চিনেমাৰ সনাতন ৰীতিসমূহৰ বাহিৰত থাকি কৰা চিনেকৰ্মৰে চিনেমাৰ উত্তৰণৰ বাট দেখা নাছিল দক্ষ পৰিচালক গৰাকীয়ে।
সত্যজিত ৰায়ে গদাৰক পছন্দ নকৰা প্ৰসঙ্গৰ স্পষ্ট ছবি এখন আজিও অনুভৱ কৰিব পৰা নাই। পৰিচিলক গৰাকীৰ গদাৰ কেন্দ্ৰীক ব্যাখ্যাবোৰ (মই পঢ়া) স্পষ্ট হৈয়ো অস্পষ্ট। হয়তো কথাটো এনে ধৰণৰ হব-- চিনেমাৰ মূলধাৰাৰ (যি ধাৰাক ভাৰতত 'সমান্তৰাল' আৰু চিনেমাৰ ভুল চৰ্চাৰ বাবে হোৱা বিভাজনৰ পিছত 'আৰ্ট ফিল্ম' বুলি কোৱা হয়।) পৰা আতৰি গদাৰে চিনেকৰ্ম কৰিছিল। ফৰাচি নবকল্লোল (French novelty) চিনেমা ধাৰণা নিৰ্মাণ আন্দোলনৰ প্রধান চিনেকৰ্মী আছিল। কোৱা হয় 'সচেতনভাবে ধ্রুপদী ছিনেমেটিক ৰূপায়ণ প্রত্যাখ্যান কৰিছিল' গদাৰে (গদাৰ আৰু,ফ্রঁছোয়া ত্রুফো, এৰিক ৰোমাৰ, ক্লোদ শাব্রল আৰু জাক ৰিভেতে)। গদাৰৰ পক্ষত থাকি এই নতুন ধাৰাৰ বাট বহল কৰাত সহায় কৰিছিল চিনেমা কেন্দ্ৰীক আলোচনী 'Cahiers du cinéma'ই। কম সময়ৰ ভিতৰতে এই ধাৰা জনপ্ৰিয় ধাৰালৈ ৰূপান্তৰ হৈছিল। গদাৰৰ 'দ্য লিটল ছোলজাৰ' (১৯৬০), 'এ উইমেন ইজ এ উইমেন' (১৯৬১), 'মাই লাইফ টু লিভ' (১৯৬৩), কনটেম্পট (১৯৬৩), 'এ মেৰিড উইমেন' (১৯৬৪), 'পিয়েৰে ল্য ফু' (১৯৬৫), 'মেইড ইন ইউ. এছ. এ' (১৯৬৬), 'উইক এন্ড' (১৯৬৭), 'নিউ ৱেভ' (১৯৯০), 'জেএলজি/জেএলজি' (১৯৯৪), 'গুডবাই টু লেঙ্গুৱে'জ (২০১৪)  আদিক জনপ্ৰিয় চিনেমা বুলি কোৱা হৈছিল। কেইবা গৰিকীও চিনেপণ্ডিতৰ লেখাত পঢ়িছো  'নিউ ৱেভ’ চিনেমাৰ জনক গৰাকীয়ে ১৯৬০ চনত প্রথম খন পূর্ণ দৈর্ঘৰ চিনেকৰ্ম ‘আ বু দ্য ছুফ্‌ল' (Aa bu the sufdhal)   -এৰে নতুন চিনেমাৰ ভাষা জন্ম দিছিল। ৮৭ মিনিট দৈৰ্ঘৰ এই চিনেমা খনৰ চিত্ৰনাট্যক আজিৰ জনপ্ৰিয় চিনেমাৰ চিত্ৰনাট্যৰ শিপা বুলি কোৱা হয়।
  'গদাৰে সেই সময়ৰ, আগৰ চিনেমা অধ্যয়ন কৰিছিল, সংগ্ৰহ কৰি চিত্ৰনাট্য অধ্যয়ন কৰিছিল। আৰু অধ্যয়ন কৰি অনুভৱ কৰিছিল --কোনো গতি নাই, কোনো নতুন বাট নাই। নতুন নতুন চিন্তা অৱশ্যেই আছে, কিন্ত এটা বৃত্তত বন্দী। প্ৰথম খন চিনেমাৰ, প্ৰথম খন চিত্ৰনাট্যতে বৃত্ত ভাঙিছিল গদাৰে। 'কাহিনী ব্যাখ্যাৰ নামত ফুটেজ খৰচ নকৰাত, গতি দ্ৰুত কৰাত গুৰুত্ব দিছিল চিত্ৰনাট্যকাৰ গদাৰে। সাতটা স্তৰত ৰচনা কৰিছিল প্ৰথম খন চিত্ৰনাট্য। প্ৰথম স্তৰত চিত্ৰনাট্য খনৰ দৈৰ্ঘ আছিল ২০৭ মিনিট। সংলাপ আছিল, কেমেৰাৰ ভাষা প্ৰয়োগৰ ব্যাখ্যা আছিল। সপ্তম স্তৰত চিত্ৰনাট্য খনৰ দৈৰ্ঘ আছিল ৮০ মিনিট। গদাৰৰ মতে, চিত্ৰনাট্যৰ দৈৰ্ঘ কমোৱা কাৰ্যই চিনেমাৰ গতি বঢ়াইছিল।'
  কোৱা হয় --গদাৰৰ প্ৰথম পৰিচয় দক্ষ চিনেমা সমালোচক। সমালোকৰ দৃষ্টিৰে ভালেমান চিনেমাৰ 'গতি'ৰ ত্ৰুটি সন্ধান কৰিছিল, বিছাৰি পাইছিল আৰু 'দ্ৰুত গতি সূত্ৰ আৱিস্কাৰ' কৰিছিল।
  এয়া স্পষ্ট --গদাৰ কোনো এখন চিনেমায়ে 'চিনেমাৰ ভাষা'ৰ বাবে নাছিল, পৰিপাটিকৈ 'গল্প' দৰ্শকৰ ওচৰলৈ নিয়াৰ বাবে 'চিনেমাৰ ভাষা' প্ৰয়োগ কৰিছিল। গদাৰে কৈছিল--'কাহিনী চিত্ৰায়ণত সাহিত্যৰ নিচা বাদ দিলেহে দ্ৰুতগতি সম্ভৱ।' চিনেমাৰ এটা মূল দিশ --গতি। কথাছবি (Sound film) চিনেমাৰ বুনিয়াদ নহয়, চিনেমাৰ বুনিয়াদ চলমান ছবিহে (Moving picture)। গতিকে গদাৰে কব খোজে 'কথা' নহয়, 'গতি'হে চিনেমাৰ মূলমন্ত্ৰ।
  গদাৰে বিশ্বাস কৰিছিল চিনেমাৰ নিয়ন্ত্ৰক চিত্ৰনাট্য। সফল চিনেমাৰ বুনিয়াদ সুপৰিকল্পিত চিত্ৰনাট্য।
  পৰিচালকৰ চিত্ৰনাট্য, অভিনেতাৰ বাবে চিত্ৰনাট্য, চিত্ৰগ্ৰহণকাৰীৰ বাবে চিত্ৰনাট্য ধাৰণা আৰম্ভ কৰে গদাৰে। আধুনিক চিত্রনাট্য ৰচনাৰ ৰীতিৰো  পৰিবর্তন হৈছিল গদাৰৰ নেতৃত্বত সেই সময় চোৱাতে। গদাৰৰ শৈলীৰ এই চিত্ৰনাট্যৰ 'সাহিত্য মুল্য' নাছিল। বিপৰীতে সত্যজিত ৰায়ৰ লগতে ঋতুপর্ণ ঘোষ, ঋত্বিক ঘটক, বুদ্ধদেব দাশগুপ্ত, মৃণাল সেন আদি পৰিচালকৰ  চিত্রনাট্যৰ গ্ৰন্থৰ বজাৰত গুৰুত্ব আছিল, আছে। ভবেন্দ্ৰ নাথ শইকীয়াৰ চিত্ৰনাট্যও প্ৰন্থৰ আকাৰ পাইছে। জ্যোতি প্ৰসাদ আগৰৱালাৰ 'জয়মতী', 'ইন্দ্ৰমালতী'ৰ চিনেৰস আজিৰ চিত্ৰৰসিকে অনুভৱ কৰিছ চিত্ৰনাট্য পঢ়ি। 
  বিষ্ণু প্ৰসাদ ৰাভাৰ 'চিত্ৰনাট্য' কেৱল পঢ়াৰ বাবেই ৰৈ গ'ল। বিষ্ণুপ্ৰসাদ ৰাভাই চিত্ৰনাট্য লিখিছিল -- 'শংকৰদেৱ', 'সীমিন্তৰ সৈনিক', 'কুমাৰ হৰণ', 'ধুমুহা', 'বোৱঁতী সুঁতি'ৰ। কিন্তু 'চিনেমা' কেইখন কাগজতে থাকিল। 'মোক কৈছিল -- হেৰা চণ্ডী (থানুৰাম বৰাই দ্বিতীয় খন অসমীয়া চিনেমা ' ইন্দ্ৰ মালতী 'ত চণ্ডীৰামৰ চৰিত্ৰত অভিনয় কৰিছিল ।) বোলছবি কৰিম। তুমিয়ো অভিনয় কৰিব লাগিব।' -- কথা প্ৰসংগত তেজপুৰৰ থানুৰাম বৰাই আমাক কৈছিল। থানুৰাম বৰাৰ মতে, 'সময় নাছিল। বহু কামৰ পিছত দৌৰা মানুহ। ছবিৰ কামত বহু সময় দিব লাগে । ছবি এদল মানুহে কৰা কাম । আনৰ সৈতেও পৰিচালকে সময় মিলাব লাগে। মই ভাবো ইচ্ছাহে আছিল, সময় নাছিল।'
  বহুতে কব খোজে 'চিৰাজ' সম্ভৱ হৈছিল ফনী শৰ্মাৰ বাবে । --  বিষ্ণুপ্ৰসাদ ৰাভাই  চিৰাজৰ চিত্ৰনাট্য - পৰিচালনা ফনী শৰ্মাৰ সৈতে কৰিছিল । সংগীতৰো কাম কৰিছিল। অভিনয়ো কৰিছিল । ( 'এৰাবাটৰ সুৰ ', 'প্ৰতিধ্বনি' তো আভিনয় কৰিছিল।) -- এই যে চিনেমাৰ বাবে 'সময় সমস্যা'ৰ কথা কোৱা হৈছে যুক্তিহীন নহয় । শুনা যায় ( কথা প্ৰসংগত লোক সংগীতৰ সাধক প্ৰভাত শৰ্মাইও কৈছিল ) 'চিৰাজ'ৰ চিত্ৰগ্ৰহণৰ সময়ত হেনো প্ৰায়ে বিছাৰি আনিব লগীয়া হৈছিল ! আন কিবা কামত ব্যস্ত হৈ পৰিছিল , চিনেমাৰ কথা পাহৰি আছিল বিষ্ণু প্ৰসাদ ৰাভাই। 
 

শুক্রবার, ২৪ সেপ্টেম্বর, ২০২১

ৰবীন্দ্ৰ সংগীত,ভূপেন্দ্ৰ সংগীত ইত্যাদি

Bhupen Hazarikaভূপেন হাজৰিকা ...

ৰহা (Raha,) লৈ নহয়, ৰোহা (Roha) লৈ গৈছিলো। মহাৰাষ্ট্রৰ ৰায়গড় জিলাৰ এখন চহৰ ৰোহা। মুম্বাইৰ পৰা ১২০ কিলোমিটাৰ দক্ষিণ-পূৱত চহৰ খন। এই চহৰ খনতে কোঙ্কন ৰেলেৱে আৰম্ভ, চেণ্ট্ৰেল ৰেলেৱেৰ শেষ সীমা। চহৰ খন  কুণ্ডলিকা ( Kundalika) নদীৰ পাৰত, কলাছগিৰি ( Kalasgiri)  পাহাৰৰ মাজত। মুম্বাইৰ পৰা ৰেলেৰে ৩ ঘণ্টা ৩৪ মিনিটৰ বাট। আমি ৰেলেৰে গৈ নিৰ্দিষ্ট সময়ত ৰোহা পাইছিলো ১৯৯৫ চনৰ মাৰ্চ মাহৰ এটা দিনত। আমি বাট বিচাৰিছিলো। 
মই এজনক কৈছিলো-- 'মুম্বাইৰ পৰা আহিছো।'
মাৰাঠি ভাষাত মোক কৈছিল--'তুমি মাৰাঠি নাজানা!'
মই কৈছিলো--'নজানো। মই অসমৰ। মই অসমীয়া।'
এইবাৰ হিন্দী ভাষাত কৈছিল--'অসমীয়া! তেনেহ'লে দিল হুম হুম গোৱা'।
--অদ্ভুত কথা! মই অপ্ৰস্তুত হৈছিলো।
'মই গীত গোৱা মনুহ নহয়।'
'ময়ো জানো তুমি গায়ক নহয়। ময়ো নহও।'বুলি দিল হুম হুম গালে, 'সুৰ'ত থাকি। আৰু ক'লে 'তুমি অসমীয়া নহও। হ'লে ভূপেন হাজৰিকাক লৈ গৌৰৱ কৰিলা হয়, গৌৰৱ কৰিবলৈ ভূপেন হাজৰিকাৰ গীত শিকিলা হয়!'
-- সেই দিনা 'অসমীয়া হব নোৱাৰা'ৰ লাজে আজিও মাজে মাজে লাজ দিয়ে। আৰু এবাৰ, ৰোহাৰ বিশাল ঘাট্‌নে নামৰ সেই সংগীত ৰসিক গৰাকীয়ে আৰু এবাৰ লাজ দিলে যোৱা ২০ ছেপ্তেম্বৰ, ২০২১ত।
           প্ৰথমবাৰ লগ পোৱাৰ পিছত বিশাল ঘাট্‌নেৰ সৈতে আমাৰ বন্ধুত্ব ক্ৰমে ওচৰ হৈছিল। মাৰাঠি কাকত-আলোচনীৰ 'সংগীত বিশ্লেষক' বিশালে 'ভূপেন হাজৰিকা' কেন্দ্ৰীক কেইবাটাও লেখা লিখিছে। যোৱা ২০ ছেপ্তেম্বৰত কথা প্ৰসংগত ক'লো-- ভূপেনদাৰ এটা গীত 'ৰবীন্দ্ৰ সংগীত'ৰ মাজত সমোৱা হৈছে। এই প্ৰসঙ্গত চৰ্চা অনুভৱ কৰিছো। মোৰ কথাই বিশালক হহুৱালে। ক'লে--'নতুন নহয়। এই প্ৰসঙ্গত মই লিখিছো,   এবছৰ মানেই হ'ল। আৰু এটা গীত নহয়, কেইবাটাও।' আৰু কিছু সময় পিছতে এটা 'লিংক' দিলে। হয়, এটা নহয়, ৪৫টা। গীত ৪৫টাৰ মাজত আছে-- 'মই এটি যাযাবৰ..., 'মানুহে মানুহৰ বাবে...', 'দোলা হে দোলা...', '  বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে...', 'এটি কোলি দুটি পাত...', 'এটুকুৰা আলসুৱা মেঘ ভাহি যায়...', 'আমি একেখন নাৱৰে যাত্ৰী...', 'কি যে তোমাৰ সংগ প্ৰিয়া...', ' সহস্ৰ জনে মোক প্ৰশ্ন কৰে মোৰ প্ৰেয়সীৰ নাম...', 'তুমি নতুন পুৰুষ...',  'আকাশী গংগা বিচৰা নাই ...' আদি সেউজ  সুৰেৰে বন্ধা, ভূপেনদাৰ কথাৰ স্পৰ্শ থকা বাংলা গীত, ভূপেনদাৰ কণ্ঠত। 
           কথাটো এনেদৰে কব পাৰি বকলাত "ৰবীন্দ্ৰ সংগীত", ভিতৰত ভূপেন হাজৰিকাৰ গীত।  Description ত ভূপেন হাজৰিকাৰ আৰু শিৱদাস বেনাৰ্জীৰ গীত বুলি উল্লেখ কৰিছে। 
           বকলাত ৰবীন্দ্ৰ সংগীত কিয়?
           --"বিজ্ঞাপন কৌশল"?(যদি "বিজ্ঞাপন কৌশল"-- ভূপেন হাজৰিকাৰ গীতক কেন্দ্ৰ কৰি এনে বিজ্ঞাপন কৌশল প্ৰয়োগ কৰিব কিয়?)
           --ভুল, ইচ্ছাকৃত ভুল?(ইচ্ছাকৃত ভুলেৰে "ভূপেন্দ্ৰ সংগীত"ক অপ্ৰাংগীক কৰিব খোজা নাইতো!)
           --আৰু এক ষড়যন্ত্ৰৰ আৰম্ভনী? (এয়া নহব বুলি কব নোৱাৰি-- সময়ত এই গীত বোৰ শিৱদাস বেনাৰ্জীৰ নামত ৰৈ যাব বাংলা সংগীতৰ ক্ষেত্ৰ খনত।) 
'কাৰণ', 'কাৰণ বিশ্লেষণ' অপ্ৰাসংগীক। সত্য কথা-- "ভূপেন্দ্ৰ সংগীত"ৰ ক্ষতি হৈছে। আজিৰ তাৰিখতে এই ক্ষতিৰ বিৰূদ্ধে প্ৰতিবাদ নকৰিলে আৰু ক্ষতি নহব বুলি ভবাৰ যুক্তি নাই। ইতিমধ্যে 'জোনাকৰে ৰাতি অসমীৰে মাটি /জিলিকি জিলিকি পৰে/ মলয়াৰে এছাটি দুহাতে সাবটি...'ৰ সুৰ হেমন্ত কুমাৰৰ হৈ যোৱাৰ দৰে আৰু নহব বুলি ভবাৰ যুক্তি নাই।
       'জোনাকৰে ৰাতি ...'ৰ ৰচনা কাল ১৯৫৬।
        ডঃ ভূপেন হাজৰিকাৰ পৰিচালনাৰে নিৰ্মিত অসমীয়া চিনেমা 'এৰা বাটৰ সুৰ'ত (সংগীত, কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা ভূপেন হাজৰিকাৰ)    ব্যৱহাৰ হৈছে। 'এৰা বাটৰ সুৰ' চিত্ৰগৃহলৈ আহিছিল  ১৯৫৬ চনত। চিত্ৰগৃহলৈ অহাৰ পিছতে অসমৰ লগতে কলকাতাৰ (কলিকতা) সংবাদ মাধ্যমতো চৰ্চ হৈছিল 'এৰা বাটৰ সুৰ', 'জোনাকৰে ৰাতি...'। 'জোনাকৰে ৰাতি...'ৰ সুৰেৰেই নিৰ্মাণ কৰা হিন্দী গীত এটা ব্যৱহাৰ কৰিছিল পৰিচালক লেখৰাজ ভকৰীয়ে (Lekhraj Bhakri) ১৯৫৮ চনত চিত্ৰঘৃহলৈ অহা 'চাহাৰা' (Sahara)    চিনেমা খনত।  চিনেমা খনৰ সংগীত হেমন্ত কুমাৰৰ। 'জোনাকৰে ৰাতি...'ৰ গায়িকা লতা মংগেশকাৰৰ কণ্ঠতে ৰেকৰ্ডিং হৈছিল হিন্দী গীতটো। 'কিংষ্টাৰ' নামৰ সাপ্তাহিক কাকত খনে হেমন্ত কুমাৰৰ 'টপ-টেন' হিন্দী গীতৰ তালিকাত 'জোনাকৰে ৰাতি...'ৰ সুৰেৰে নিৰ্মাণ কৰা গীতটোও ৰাখিছে। গতিকে ব্যখ্যাৰ প্ৰয়োজন নাই হেমন্ত কুমাৰৰ 'সুৰ' বুলিহে অসমৰ বাহিৰৰ সংগীত ৰসিকে মনত ৰাখিব, চৰ্চা কৰিব 'জোনাকৰে ৰাতি...'ৰ সুৰ।
        কথা প্ৰসংগত অসমীয়া চিনেমাৰ পৰিচালক এগৰাকীয়ে কৈছিল--'সেই সময়ত মই মোম্বাইত (মুম্বাই) আছিলো। ভূপেনদাই চিনেমাৰ পাৰ্টি এটালৈ মোকো লৈ গৈছিল। সেই পাৰ্টিতে লতা মংগেশকাৰে ভূপেনদাক অনুৰোধৰ সুৰত কৈছিল--'মই জোনাকৰে ৰাতি আৰু এবাৰ গাব বিছাৰো, হিন্দীত। আপুনি যদি অনুমতি দিয়ে!' সেই দিনায়ে গীতৰ সুৰটো ব্যৱহাৰ কৰাৰ অনুমতি দিছিল হেমন্ত কুমাৰক।...' --ধৰি ললো অনুমতি দিছিল! কিন্তু 'সুৰকাৰ ভূপেন হাজৰিকা'ৰ সৃষ্টিৰ স্বীকৃতি?

মঙ্গলবার, ১৪ সেপ্টেম্বর, ২০২১

মঞ্জুল বৰুৱা

আমাৰ প্ৰশ্ন : 
প্ৰথমে জানিব বিছাৰিম আপোনাৰ 'সফলতা'ক আপুনি কেনেদৰে বিশ্লেষণ কৰিব? -- হয় ,'কানীন' আৰু 'অন্তৰীণ'ৰ  কথা কৈছো।
মঞ্জুলঃ বিস্ময়, মোৰ বাবে এটা অতি আপোন শব্দ। উৎপল মেনা দা আপোনাৰ উত্তৰ দিয়াৰ আগতে মই কিছু কথা কৈ লব বিচাৰিছো। সৰুৰে পৰা মই বিস্ময় খন পঢ়ি খুউৱ ভাল পাইছিলো। যতেই গৈছিলো বিস্ময় দেখিলে লগে লগে পঢ়িবলৈ মেলি লৈছিলো। অকপতে, এটা কথা স্বীকাৰ কৰো যে তেতিয়াৰ পৰা এতিয়ালৈকে জীৱনত সদায়ে শেষৰ পৰাহে বিস্ময় পঢ়িছো। কাৰণ চিনেমাৰ খৱৰবোৰ শেষৰ পৃষ্ঠাকেইটাইহে থাকে। সৰুৰে পৰা অসমীয়া চিনেমা কি কি নিৰ্মান হৈ আছে। কোনে কোনে অভিনয় কৰিছে, কোনে পৰিচালনা কৰিব ইত্যাদি নানা খৱৰ আঙুলিৰ মুৰত ৰাখিছিলো আৰু ইয়াৰ তথ্য সংগ্ৰহ কৰিছিলো বিস্ময়ৰ পাতৰ পৰা। তেতিয়াৰ পৰা চিনাকী নাম হৈ পৰিছিল অৰুনলোচন দাস দা, প্ৰমোদ কলিতা দা আৰু উৎপল মেনা দা। আৰু আজি সেই উৎপল মেনা দাইয়ে যেতিয়া ফোন কৰি মোক বিস্ময়ৰ বাবে প্ৰশ্নৰ উত্তৰৰ বিচৰাত মোৰ নিজকে সপোনত থকা যেন অনুভৱ হৈছে, নিজকে বিশ্বাস কৰিবলৈ যেন টান লাগিছে। তেখেতৰ পৰা এই প্ৰস্তাৱ পোৱা টোৱেই মোৰ বাবে সৌভাগ্য। এইবাৰ পৰিচালকৰ শিতানত মোক নিৰ্বাচন কৰা বাবে ইয়াতে আপোনাক মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। চিনেমা কৰো যদিও আজিলৈকে মই কিবা সফল হৈছো বুলি ভৱা নাই। বহুতো শিকিব লগীয়া আছে। হয়, দুখন চিনেমা পৰিচালনা কৰিব সুযোগ পাইছো কানীন আৰু অন্তৰীণ। ৰাইজে ইতিমধ্য দুয়োখন চাইছে। গতিকে ৰাইজে জানে কিমান কি মই কৰিব পাৰিলো। চেষ্টা কৰি আছো, যাতে অসমৰ ৰাইজক আগলৈ আৰু উন্নত চিনেমা দিব পাৰো।

২। আমাৰ প্ৰশ্ন : আজিৰ তাৰিখত অসমীয়া চিনেমা নিৰ্মাণৰ এটি সুন্দৰ পৰিবেশ গঢ়ি উঠা বুলি প্ৰসংগক্ৰমে কেইবা গৰাকীও চিনেকৰ্মীয়ে আমাক কৈছে। এই প্ৰসংগত আপুনি কি ক'ব? বিশেষকৈ বঁটাৰ প্ৰসংগত।
মঞ্জুলঃ হয় মইও একমত, অসমীয়া চিনেমাই এতিয়া এক ন ৰূপ পোৱা যেন লাগিছে। শেহতীয়াকৈ যোৱা তিনি চাৰিবছৰ একে লেঠাৰিয়ে বহুতো উন্নত অসমীয়া চিনেমা নিৰ্মান হৈ আছে। আৰু বহুতো চলচ্চিত্ৰ মহোৎসৱত জিলিকিও আছে। তাতে ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰে কি কৰিলে আমি সকলোৱে জানো। মই বহুত যোগাত্মক ভাৱে ভাৱো আৰু কাম কৰি গৈ আছো। ভাল কাম হলে নিশ্চয় এদিন নহয় এদিন স্বীকৃতি পাবই বুলি বিশ্বাস কৰো।

৩।আমাৰ প্ৰশ্ন : পূৰ্বে অসমীয়া চিনেমাই দেশ - বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত ইমান গুৰুত্ব পোৱা নাছিল।২০১৯ -২১ সময় চোৱাত যিমান পাইছে! -- এই ধাৰণা শুদ্ধ নে ? শেহতীয়া ভাবে একাংশ 'প্ৰচাৰ মাধ্যম'ত এনে ধাৰণা নিৰ্মাণ কৰা হৈছে -- অসমীয়া চিনেমাৰ মান বহু বাঢ়িছে। সেয়েহে অসমীয়া চিনেমাৰ গুৰুত্ব  দেশ - বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত বাঢ়িছে বুলি কোৱা হৈছে। আপোনাৰ ধাৰণাত এই ধাৰণা কিমান শুদ্ধ ?
মঞ্জুলঃ অসমীয়া চিনেমাৰ বুৰঞ্জী ১৯৩৫ চনৰ পৰাই চহকী। পূৰ্বে কৰি অহা মহান কামসমুহে আমাক এই পৰিবেশ দিছে। গতিকে মই ভাৱো আমি যি কৰিব পাৰিছো আমাৰ অগ্ৰজ সকলৰ অক্লান্ত কৰ্মৰ বাবে। তেওঁলোকে দেখুৱাই দিয়া বাট যদি আমি নাপালো হেঁতেন তেতিয়া হয়তো আমাৰ অসমীয়া চিনেমাৰ স্থান আজিৰ দৰে নহল হেঁতেন। মোৰ মতে এয়া চাগে কাৰোবাৰ অহংকাৰ মিশ্ৰিত অভিব্যক্তি আছিল। মই সেইসকল মহান নমস্য ব্যক্তি সকলক সদায়ে শ্ৰদ্ধা কৰো। তুলনা কৰাৰ পৰিবৰ্তে তেওঁলোকৰ সৃষ্টিক লৈ মই গৌৰৱহে কৰো।

৪। আপুনি মুকলি মনেৰে কব পাৰিব নে -- আজিৰ তাৰিখত অসমীয়া চিনেমাৰ মান  আন ভাষাৰ চিনেমাতকৈ কোনো গুণে কম নহয়।
মঞ্জুলঃ হয় মই মুকলি মনেৰে কব পাৰিম ভাৰতবৰ্ষৰ ২৮ খন ৰাজ্যৰ চলচ্চিত্ৰ উদ্যেগ্যৰ মানৰ তুলনাত হয়তো আমাৰ অসমীয়াৰ চলচ্চিত্ৰ মানৰ স্থান ৫ বা ৬ নম্বৰ পাব। যিসকলে আজি তাৰিখলৈ প্ৰতিখন অসমীয়া চিনেমাই যদি চাইছে তেওঁহে এই কথা কব পাৰিব। সকলো অসমীয়া চিনেমা নোচোৱা সকলক যদি এই প্ৰশ্ন কৰা হয় তেওঁলোকে অসমীয়া চিনেমাৰ মানৰ বিষয়ে সঠিককৈ কব নোৱাৰিব বুলি ভাৱো।

৫।আমাৰ প্ৰশ্ন : আজিৰ তাৰিখত অসমীয়া চিনেমাৰ 'বিকল্প বজাৰ' কেনেদৰে চিন্তা কৰিব পাৰি ? 
মঞ্জুলঃ চিনেমা হ’লৰ বিকল্প OTT প্লেটফ্ৰমে দিব। ইতিমধ্য বিশ্বৰ বজাৰত ই এক নতুন আলোৰন সৃষ্টি কৰিছে। গতিকে আমি সকলোৰে লগত তিস্তি থাকিবলৈ ভাল চিনেমা নিৰ্মান কৰিবই লাগিব অন্যাথা ইয়াৰ বিকল্প নাই।

৬।  আমাৰ প্ৰশ্ন : আপোনাৰ ধাৰণাত চিনেমা দৰ্শকৰ বাবে নে বঁটাৰ বাবে ? 
মঞ্জুলঃ মোৰ বাবে সদায় চিনেমা দৰ্শকৰ বাবেহে। কিন্তু চিনেমা মানেই নাচ, গান আৰু যৌনতা নহয়। যদি ইয়াৰ প্ৰয়োগ কাহিনীৰ স্বাৰ্থত হয় তেতিয়াহে উচিত বুলি ভাৱো। বঁটাই সদায় আমাক চিনেমাৰ মান নিৰূপন কৰাত সহায় কৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে বঁটা নোপোৱা চিনেমাবোৰৰ মান ভাল নহয়। আমি যদি বিশ্বৰ ভাল ভাল চিনেমা সমুহ স্কুলৰ পৰাই দেখুৱাৰ পৰিবেশ এটা দিব পাৰো তেতিয়া হয়তো ভাল চিনেমাৰ ৰস লবলৈ বেছি দৰ্শক ওলাব। আৰু মোৰ মনত পৰিছে আমাৰ সকলোৰে চিনাকী মনোৰজ্ঞ বিশেষজ্ঞ জয়ন্ত দাস দায়ে প্ৰায়ে এটা কথা কয় ভাল চিনেমাই হেনো দৰ্শকৰ আয়ুস বৃদ্ধি কৰে।
৭। আমাৰ প্ৰশ্ন : আপোনাৰ পৰিচালনা শৈলীক আপুনি কেনেদৰে বিশ্লেষন কৰিব ?
মঞ্জুলঃ হয়, সকলো পৰিচালকৰে নিজৰ নিজৰ এটা নিজস্ব শৈলী আছে। তেনেকৈয়ে দৰ্শকে ৰুচি অনুযায়ী পৰিচালকৰ সেই শৈলীক তেওঁলোকে স্বীকৃতি দিয়ে। এদিন শ্ৰদ্ধাৰ জাহ্নু বৰুৱা চাৰে এটা কথা কৈছিল, যিকোনো এটা কাহিনী, ঘটনা বা সমস্যাকলৈ যেতিয়া চিনেমা নিৰ্মানৰ কাম আৰম্ভ কৰিবি। সেই কাহিনীটোক তই কেনেকৈ চিনেমা আকাৰে চাবলৈ ভাল পাবি। তেনেকৈয়ে লিখি যাবি আৰু যেতিয়াই কাহিনীৰ কথনটো তোৰ ভাল লাগিব তেতিয়াই তই তেনেকৈয়ে চিনেমা নিৰ্মান কৰিবলৈ চাবি। সেইকেইটা মহান বানীৰ অৱলম্বন কৰিয়ে মই আজিলৈকে চিনেমা নিৰ্মান কৰি আহিছো। সেইয়াই মোৰ শৈলী। মোৰ নিজা।

৯।আমাৰ প্ৰশ্ন : আমাৰ ধাৰণাত অসমত আজিৰ তাৰিখতো 'চিনেমা'ৰ শুদ্ধ ধাৰণাৰে চিনেমাৰ বিশুদ্ধ চৰ্চা হয় বুলি কব নোৱাৰি। ফলত 'অসমীয়া চিনেমা'ৰ ক্ষতি হোৱা নাই নে?
মঞ্জুলঃ হয় কথাটো মইও উপলদ্ধি কৰো। অসমীয়া চিনেমাৰ সুষ্ঠ আলোচনা হোৱা পৰিলক্ষিত হোৱা দেখা নাই।  যদিও দুই এক হয় সেইবিলাকত কেৱল দোষাৰূপ কৰাহে দেখা যায়। ফলত বহুতো চলচ্চিত্ৰ কৰ্মী নিৰোৎসাহ হে হৈছে। সমালোচকৰ সমালোচনাই আমাক সজাগ কৰে, নতুন দৃষ্টি দিয়ে। আমি ৰৈ থাকো তেওঁলোকৰ তুলা-চালনী খনলৈ। কিন্তু ভালেই হওক বা বেয়াই হওক তুলা-চালনীৰ নিৰবতাক কোনেও ভাল নেপায়। অসমীয়া চলচ্চিত্ৰৰ বিশুদ্ধ চৰ্চা সদায়ে কাম্য কৰো। আৰু ইয়াৰ যোগেদি নতুন প্ৰজন্মই এক নতুন বাট দেখিব।
১০। আপুনি জাহ্নু বৰুৱাৰ চিনেমাৰে চিনেকৰ্ম আৰম্ভ কৰিছিল। এতিয়া আপুনি স্বাধীন পৰিচালক। তেতিয়াৰ পৰা এতিয়ালৈ 'চিনেমা'ৰ নিশ্চয় পৰিবৰ্তন হৈছে। এই পৰিবৰ্তনক কেনেদৰে ব্যাখ্যা কৰিব?
মঞ্জুলঃ হ়য়, মোৰ মতে জাহ্নু বৰুৱা চাৰ এজন ব্যক্তি নহয় এক অনুষ্ঠান। তেখেতৰ ছত্ৰছায়াত কাম শিকিবলৈ পোৱাতো মোৰ বাবে সৌভাগ্যৰ কথা। আজিলৈ যি অলপ কৰিব পাৰিছো তেখেতৰ বাবেহে কৰিব পাৰিছো। একেৰাহে তেখেতৰ প্ৰায় সাত খন চিনেমাত সহকাৰী পৰিচালক হিচাপে কাম কৰিবলৈ সুযোগ পাইছিলো। সেইখিনি সময় মোৰ বাবে স্বৰ্ণময় সময় আছিল। তেখেতৰ লগত ছাঁৰ দৰে থাকি কাম শিকিব পাৰিছিলো। নিৰ্মান প্ৰক্ৰিয়াৰ পৰিবৰ্তন হোৱা নাই যদিও কাৰিকৰী দিশ (যেনে- কেমেৰা,চাউন্ড, এডিটিং) বিলাকহে পৰিবৰ্তন হৈছে। চিনেমাৰ ভাষাৰ ব্যাকৰণ সেই একেই আছে। চিনেমা নিৰ্মানৰ প্ৰস্তুতি যেনেকৈ জাহ্নু চাৰে কৰে সেয়া ছাগে আজিৰ ন-প্ৰজন্মই প্ৰায় সকলে তেখেতৰ পৰাহে অনুকৰনহে কৰিবলৈ লৈছে। মইও আজিলৈকে তেখেতে শিকোৱা পদ্ধতিৰে নিৰ্মান কৰি আছো। পৰিবৰ্তন কেৱল কাৰীকৰি ভাৱেহে হৈছে বুলি ভাৱো। আৰু সেয়া হবই। আমি নিজকে পৰিবৰ্তনৰ লগত চলিব লাগিব। নতুন পৰীক্ষামুলক চিন্তা তেতিয়াও আছিল আৰু আজিও আছে।

শনিবার, ১১ সেপ্টেম্বর, ২০২১

ৰঞ্জন বেজবৰুৱা

ৰঞ্জন বেজবৰুৱাক নাজানিছিলো।
ৰঞ্জন বেজবৰুৱাৰ 'গীত'ক জানিছিলো। সংগীতকৰ্মী গৰাকীৰ সংগীত কৰ্মই আমাক আকৰ্ষন কৰিছিল বাবেই জানিছিলো। 
ৰঞ্জন বেজবৰুৱাই সংগীতসূৰ্যৰ গীত গাইছিল, সংস্কৃতত।
২০১৮ চন। ভূপেন হাজৰিকা কেন্দ্ৰীক লেখাৰ 'চিৰিজ' এটাৰ পৰিকল্পনা কৰিছিলো। ইংৰাজীত। ২০১৯ চনত কামটো চলি থকা সময়তে মনলৈ আহিছিল ৰঞ্জন বেজবৰুৱাই ভৃপেন হাজৰিকাৰ সংগীতৰ কাম সংস্কৃতত কৰিছে, কৰি আছে। গতিকে সংগীতকৰ্মী গৰাকীক বাদ দি 'চিৰিজ'টো সম্পূৰ্ণ হব নোৱাৰে! আৰু আমি তুৰন্তে 'ফোন' কৰিছিলো। সংগীত কৰ্মী গৰাকীয়ে কৈছিল-- 'মই গোৱা মানুহ! লিখিবলৈ চেষ্টা কৰিম।' আৰু নিৰ্দিষ্ট সময়ত আমি যেনেধৰণৰ বিচাৰিছিলো, তেনেধৰণৰ লেখা এটা দিছিল। 
-- ইমানতে শেষ হব লাগিছিল!
-- স্বাভাবিকতে ইমানতে শেষ হয়। কিন্তু ৰঞ্জন বেজবৰুৱাই লেখাটো আমাক দিয়াৰ পিছৰে পৰা আমাৰ প্ৰকল্পৰ এজন হৈছিল। প্ৰতিটো মূহুৰ্ততে খবৰ ৰাখিছিল। আৰু প্ৰকল্পৰ প্ৰথম খণ্ডটো উন্মোচন কৰাৰ দিনা পুৱা কলকাতাৰ অসম ভৱনত উপস্থিত হৈছিল। (-- হয়, ২০১৯ চনৰ ১ডিচেম্বৰত প্ৰকল্পৰ প্ৰথম খণ্ড 'Bhupen Hazarika' উন্মোচন কৰিছিল অসমীয়া চিনেমা 'চামেলী মেমচা'ব'ৰ নায়ক-নায়িকা জৰ্জ বেকাৰ-বিনীতা বৰগোহায়ে। অনুষ্ঠান আৰম্ভ হৈছিল ৰঞ্জন বেজবৰুৱাৰ সংগীতেৰে। অনুষ্ঠানত উপস্থিত আছিল লেখক গৌতম প্ৰসাদ বৰুৱা, গায়িকা ডলী ঘোষ আৰু ভালেমান সংগীত ৰসিক। সেইদিনা সকলোৱে  ৰঞ্জন বেজবৰুৱাৰ সংগীত সৌন্দৰ্য ৰ কথা কৈছিল।)
    ১ ডিচেম্বৰ, ২০১৯। বৰ্ষাসিক্ত কলকাতা। ৰাছেল ষ্ট্ৰিটত গৰম ইডলী-চাম্বাৰৰ সোৱাদ লৈ আছিলো। দূৰৰ পৰা দেখিছিলো -- সেই গৰাকী ৰঞ্জন বেজবৰুৱা নহয়তো!
    'হয়, মই ৰঞ্জন বেজবৰুৱা।' -- আমি ওচৰ পাইছিলো। কথা পাতিছিলো। 
    আৰু কথা পাতিছিলো।
     --আন দহজনৰ দৰে ৰঞ্জন বেজবৰুৱাৰ সংগীত-কৰ্ম নহয়। সংগীতকৰ্মীগৰাকীৰ সংগীতৰ ভাষা-- সংস্কৃত। কথা প্ৰসংগত জানিব বিচাৰিছিলোঁ তেওঁৰ গীতৰ ভাষা সংস্কৃত কিয়?
 উত্তৰত কৈছিল-- 'সংস্কৃত অতি সাংগীতিক আৰু শ্ৰুতিমধুৰ ভাষা। যিকোনো কথা সংস্কৃতত উচ্চাৰণ কৰিলে সি অধিক আৱেদনময় হৈ পৰে। গীতৰ ক্ষেত্ৰত এই আৱেদন হয় সৰ্বাধিক। সেয়েহে সংস্কৃতৰ দৰে এটি অৰ্থ-গৌৰৱময় ধ্ৰুপদী ভাষাত গীত ৰচনা কৰা বা অন্য ভাষাৰ গীত ৰূপান্তৰ কৰি গোৱাটো মোৰ বাবে হৈ পৰিল এক স্বপ্ন, এক সাধনা।'
  আৰু কৈছিল
'সংস্কৃত ভাষাত মৌলিক বা অনূদিতৰূপত গীত পৰিৱেশন কৰিলে কেইবাটাও উদ্দেশ্যে সিদ্ধি হ’ব পাৰে। প্ৰথমে-- আমাৰ প্ৰান্তীয় সংগীত ধাৰাই অৱধাৰিতভাৱে লাভ কৰিব পাৰে-- এক নতুন ব্যাপ্তি, নতুন দীপ্তি তথা ধ্ৰুপদী মহিমা। গীতে-সংগীতে, ধ্বনিয়ে-প্ৰকাশে  এক অনুপম ‘ভাৰতীয়ত্ব’ ইয়াত নতুনকৈ যুক্ত হ’ব পাৰে। তাৰ দ্বাৰা আমাৰ জাতীয় সংগীতধাৰা হৈ পৰিব পাৰে বিশ্বজনীন। কিয়নো সংস্কৃত একে সময়তে ভাৰতীয় আৰু আন্তৰ্জাতিক ভাষা। ভাষাতত্ত্বৰ ইতিহাসৰ দৃষ্টিৰে প্ৰায় পাঁচ হেজাৰ বছৰীয়া ইণ্ডো-ইউৰোপীয় ভাষা গোষ্ঠীৰ জ্যেষ্ঠ দুহিতা সংস্কৃতৰ লগত আছে বিশ্বৰ বহু প্ৰসিদ্ধ প্ৰধান ভাষাৰ নাড়ী।'
ৰঞ্জন বেজবৰুৱাক আমি জানিছিলো!
    --ৰঞ্জন বেজবৰুৱাৰ জন্ম ১৯৭১ চনত অসমৰ নগাঁৱৰ হাতীচোঙত। পিতৃ: শিক্ষাবিদ, সাহিত্যিক  ৰোহিত চন্দ্ৰ বেজবৰুৱা। মাতৃ: শিক্ষয়িত্ৰী, শিল্পী সুভদ্ৰা বেজবৰুৱা। 
       শিক্ষা: নগাঁৱৰ এ. ডি. পি. কলেজ,  কটন কলেজ, গৌহাটী বিশ্ববিদ্যালয়। সংস্কৃত সাহিত্যৰ এম. এ. ৰঞ্জন বেজবৰুৱাই সংস্কৃত ভাষাত সংগীত চৰ্চায়ো আগবঢ়াই নিয়ে আৰু সংগীত ৰসিকৰ মাজত চৰ্চা লাভ কৰে। 
       বেজবৰুৱাই জ্যোতিপ্ৰসাদৰ ‘জানো জানো জানো, বিফলে নাযায়, মোৰ গানো...'  গীতটোৰে সংগীত যাত্ৰা আৰম্ভ  কৰে। আৰু আগবাঢ়ে জ্যোতি প্ৰসাদ আগৰৱালাৰ লগতে বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, ৰবীন্দ্ৰনাথ, ইকবাল, কবি প্ৰদীপ, এ আৰ ৰহমান আদিৰ গীতৰে।  ‘অ’ মোৰ আপোনাৰ দেশ...' ‘‘একলা চলো ৰে...’, ‘চাৰে জাহা চে আচ্ছা...’ ও সংস্কৃত ভাষালৈ অনুবাদ কৰিছে আৰু গাইছে। কব পাৰি সংস্কৃত ভাষাৰে সংগীতৰ নতুন বাটৰ সৌন্দৰ্য বঢ়াইছে ৰঞ্জন বেজবৰুৱাই।

চিত্ৰনাট্য /২

ছবিলৈ 'কথা' আহিছিল ১৯২৭ (চিনেমা: The Jazz Singer) চনত। ১৮৯৮ চনত প্ৰথম ঘূৰ্ণিয়মান কেমেৰা ব্যৱহাৰ হৈছিল। Panning shot লোৱা হৈছিল। আৰু সেই সময়তে চিত্ৰনাট্যৰ গুৰুত্ব অনুভৱ কৰে চিনেনিৰ্মাতাই। আৰু 'কথা' অহাৰে পৰা চিত্ৰনাট্যৰ গুৰুত্ব বাঢ়ে। চলমান ছবিত 'কথা' ব্যৱহাৰ হোৱাৰ আগৰ সময় চোৱাত চিত্ৰনাট্যত ৰেখাৰ ব্যৱহাৰ হোৱাৰ তথ্য পোৱা যায়। 'the Grand Cafe' -- বজাৰ চিন্তাৰে মুকলি কৰি দিয়া প্ৰথম খন চিনেমা (the world's first commercial movie )। ২৮ ডিচেম্বৰ, ১৮৯৫ ত প্ৰদৰ্শন হোৱা এই চিনেমা খনৰ প্ৰথম চিত্ৰনাট্য খনত ৰেখা আৰু সংখ্যা ব্যৱহাৰ হৈছিল। পৰবৰ্তী সময়ত চাৰ্লি চেপলিন (কর্মজীবন :১৮৯৯–১৯৭৬) কে ধৰি কেইবা গৰাকীও পৰিচালক-নিৰ্মাতাই ৰেখা-সংখ্যাৰ চিত্ৰনাট্য ব্যবহাৰ কৰিছিল। (উৎস : Screenwriting / Film Journal ) ভাৰতীয় পৰিচালকে ৰেখা-সংখ্যাৰ চিত্ৰনাট্য ব্যৱহাৰ কৰা নাছিল। 'নানান সুৰেৰ ৰেখাচিত্র' ( লেখক: নন্দিল ঘোষ) নামৰ গ্ৰন্থ খনৰ ৫৭৪ নম্বৰ পৃষ্ঠাত আছে, 'নিৰ্বাক যুগত ভাৰতীয় ছবিৰ চিত্ৰনাট্যকাৰে ৰেখাচিত্ৰ ব্যৱহাৰ কৰিছিল। এই ধাৰণাই সত্যজিৎ ৰায়, পূর্ণেন্দু পত্রীকে ধৰি কেইবাগৰাকীও পৰিচালকক আকৰ্ষণ কৰিছিল। আৰু মনলৈ অহা দৃশ্যবোৰ চিত্ৰগ্ৰহণকাৰিক বুজাবলৈ স্কেচ মাধ্যমৰ সহায় লৈছিল। আৰু সম্পূৰ্ণ পৰিকল্পনাৰ স্বেচ আংকন কৰি চিত্ৰনাট্যৰ বিকল্প হিচাবে ব্যৱহাৰ কৰাৰ উদাহৰণ আছে। এটা উদাহৰণ: স্ত্ৰীৰ পত্ৰ (১৯৭২)। এই কথা স্পষ্ট --নিৰ্বাক যুগৰ দৰে সবাক যুগত ৰেখাচিত্ৰৰ চিত্ৰনাট্যই গুৰুত্ব পোৱা নাছিল। ভাৰতত সবাক যুগ আৰম্ভ হৈছিল ১৯৩১ চনৰ ১৪ মার্চত (চিনেমা: আলম আৰা)। কোৱা হয়, সেই তেতিয়াৰে পৰা ভাৰতীয় চিনেমাৰ 'গল্পৰ যুগ' আৰম্ভ হৈছিল। চিনেমা সাহিত্যনিৰ্ভৰ হৈছিল। 'গল্প' ৰূপালী গল্পলৈ ৰূপান্তৰ কৰা পৰ্বৰ প্ৰথম পৰ্যায় সহিত্যকন্দ্ৰীক চিত্ৰনাট্যৰ বিকল্প নাছিল, নাই। খাজা আহমেদ আব্বাছ (কর্মজীবন:১৯৩৫–১৯৮৭) আছিল ৰাজ কাপুৰৰ প্ৰথম পছন্দৰ চিত্ৰনাট্যকাৰ। 'আৱাৰা', 'শ্ৰী৪২০'ৰ কহিনী-চিত্ৰনাট্য আব্বাছৰ। 'ববি'ৰ চিত্ৰনাট্য লিখিছিল আনৰ কাহিনীৰে। আব্বাছে লিখিছিল --'ৰাজ কাপুৰক সন্তুষ্ট কৰা কামটো মোৰ বাবে সহজ নাছিল। ৰাজ কাপুৰে কহিনী এটা শুনাৰ পিছতে নিজৰ মন-মগজুত চিনেমা এখন নিৰ্মাণ কৰি লয়। শ্বট, শ্বটৰ গাণিতিক প্ৰয়োগ, নায়িকাৰ চেহেৰা ফ্ৰেমত লৈ কেমেৰাৰে কোন বিধ প্ৰ'পাৰ্টিত ফ'কাচ কৰিব ইত্যাদি গল্পটো শুনাৰ পিছতে মনৰ মাজত ৰচনা কৰি যায়। ৰচনা কৰি যোৱা সেই চিত্ৰনাট্য খন চিত্ৰনাট্যকাৰে লিখি দিব পাৰিলেহে ৰাজ কাপুৰ সন্তুষ্ট হৈছিল। সেয়েহে মই গল্প এটা শুনোৱাৰ পিছত যেতিয়া ৰাজ কাপুৰে কয় 'আগবাঢ়া!', মানে চিত্ৰনাট্যৰ কাম আগবঢ়োৱা, তেতিয়া মই কৈছিলো-- চিত্ৰনাট্য আগবঢ়োৱাৰ আগতে গল্পটো আপোনাৰ শব্দৰে শুনিম। মই কোৱা ৩০-৪০ মিনিটৰ গল্পটো ৰাজ কাপুৰৰ পৰা ১০,০০০ মিনিটত শুনিছিলো। শুনিবলৈ কেইবাদিনো বহিছিলো। এই যে কেইবাদিনো বহিছিলো, তেতিয়াই ৰাজ কাপুুৰৰ মনৰ মাজত থকা চিনেমা খন আয়ত্ব কৰিবলৈ চেষ্টা কৰিছিলো।' আব্বাছে ৰাজ কাপুৰৰ বাবে তিনিটা পৰ্যায়ত চিত্ৰনাট্যৰ কাম সম্পূৰ্ণ কৰিছিল। তৃতীয় পৰ্যয়তহে সংলাপ সংযোজন কৰিছিল। প্ৰথম দূটা পৰ্যায়ত কেমেৰাৰ ভাষা কেন্দ্ৰীক কামবোৰ কৰিছিল। চিত্ৰনাট্যৰ চূড়ান্ত সিদ্ধান্ত লৈছিল ৰাজ কাপুৰে, ফ্ল'ৰত। কাহিনী গতি নসলাই, কেমাৰৰ গতি-দিশ কিন্তু মূহুৰ্ততে সলনি কৰাৰ উদাহৰণ আছে। চিত্ৰনাট্যত থকা বহুখিনি কেমেৰাৰ কাম নকৰে, বিপৰীতে চিত্ৰনাট্যত নথকা কেমেৰাৰ ভাষা কেন্দ্ৰীক শ্বট, ছিকুৱেন্স চিত্ৰগ্ৰহণকাৰীৰ সহায়ত ৰচনা কৰে। এটা উদাহৰণ : সত্যম শিৱম সুন্দৰম। চিনেমা খনৰ লেখক জৈনেন্দ্র জৈন (Jainendra Jain)। সংলাপ প্ৰধান চিনেমা আছিল। পৰিচালক ৰাজকাপুৰে চিত্ৰগ্ৰহণকাৰী ৰধু কর্মকাৰ সহায়ত ভালেমান শ্বট লৈছিল (চিত্ৰনাট্যত নথকা)। আৰু যেতিয়া সম্পাদনাৰ টেবুলত বহিছিল ( সম্পাদনা পৰিচালক ৰাজ কাপুৰে নিজে কৰিছিল।) পৰিচালক গৰাকীয়ে অনুভৱ কৰিছিল লোৱা শ্বট কেইটাৰে কাহিনী বহুদূৰ আগুৱাই নিব পাৰি, তেতিয়া কেইবাটাও নাটকীয় অংশ বাদ দিছিল। সংলাপৰ গুৰুত্ব কমিছিল। চিত্ৰগৃহলৈ অহাৰ পিছত কোৱা হৈছিল, কেমেৰা-সংগীতৰ যুগল সৌন্দৰ্য 'সত্যম শিৱম সুন্দৰম'। তেনেদৰে 'ববি'ৰো কেইবাটাও নাটকীয় শ্বট বাদ দিছিল, সম্পাদনাৰ সময়ত। (উৎস: Jansatta, K. A. Abbas: A Man in Tune with History) ৰাজ কাপুৰৰ শৈলীৰ পৰিচালক নাছিল সত্যজিৎ ৰায়। কাম কৰাৰ পদ্ধতিৰ কিন্তু মিল আছিল। পৰিচালক ৰায়ে চিত্ৰগ্ৰহণকাৰী সুব্রত মিত্রৰ সহায়ত "পথেৰ পাঁচালী'ৰ বাবে কেইবাটাও শ্বট লৈছিল, হঠাতে চিত্ৰগ্ৰহণৰ সময়ত পৰিকল্পনা কৰি। এটা উদাহৰণ : অপু আৰু দুর্গাৰ ৰেলগাড়ী চাবলৈ দৌৰাৰ দৃশ্যটো। 'পথেৰ পাঁচালী'ৰ শ্বুটিং চিত্ৰনাট্য এখন অৱশ্যেই আছিল। পৰিচালক সত্যজিত ৰায়ে কেইবটাও পৰ্যায়ত পূর্ণাঙ্গ চিত্রনাট্য এখন লিখিছিল। কিন্তু পৰিচালক গৰাকীয়ে চিত্ৰগ্ৰহণকাৰীৰ সৈতে সাঁকো নিৰ্মাণ কৰিছিল প্ৰাথমিক চিত্ৰনাট্য খনেৰে। কাগজত লিখা টুকুৰা-টুকুৰি নোট আৰু স্কেচ আছিল (চিত্ৰগ্ৰহৰ সময়তো কিছু স্কেচ আঁকিছিল, চিত্ৰগ্ৰহণকাৰীক বুজাবলৈ।) প্ৰাথমিক চিত্ৰনাট্য খনত। ১৯৫০ চনত জলপথেৰে লণ্ডনলৈ যোৱাৰ সময় চোৱাত কৰিছিল এই চিত্ৰনাট্য কৰ্ম। কেৱল সংলাপ (সংলাপ: বিভূতিভূষণ বন্দোপাধ্যায়, সত্যজিৎ ৰায়) লিখা আন এখন 'চিত্ৰনাট্য' লিখিছিল আভিনেতা-অভিনেত্ৰী সকলৰ বাবে। 'সংলাপ বিভূতিভূষণ বন্দোপাধ্যায়ৰ উপন্যাস খনত আছিলেই। মাত্ৰ কিছু পৰিবৰ্তনৰ প্ৰয়োজন আছিল। উপন্যাস খনত থকা কিছু চৰিত্ৰৰ লগতে সংলাপ বাদ দিছিলো, উপন্যাস খনত নথকা চৰিত্ৰ-সংলাপ চলচ্চিত্ৰ খনত যোগ কৰিছিলো। সংলাপ ছবিৰ কথা মনত ৰাখি পৰিপাটি কৰা হৈছিল। চলচ্চিত্ৰৰ সংলাপৰ প্রধানত দুটি কাম। এক, কাহিনী ব্যক্ত কৰা; দুই, পাত্র-পাত্রীৰ চৰিত্র প্রকাশ কৰা। সাহিত্যৰ কাহিনীত কথাই যি কাম কৰে, চলচ্চিত্ৰত ছবি আৰু কথা মিলিহে সেই কাম কৰে। … সংলাপ যদি স্বাভাবিক নহয়, স্বাভাবিক অভিনয় কৰাবলৈ দিগদাৰ হয়। বাস্তব জীবনত মানুহ এজনে বক্তব্য বিভিন্ন অবস্থাত বিভিন্ন ভাষাত ব্যক্ত কৰে। একে কথা অলসমূহুর্তত যেনেদৰে কয়, কর্মৰত অবস্থাত তেনেদৰে নকব। গৰমত ঘর্মাক্ত হৈ যেনেদৰে কব, শীতত কপি কপি তেনেদৰে নকব। এনে ধৰণৰ কথাৰ বাবে অভিনেতা-অভিনেত্ৰীৰ বাবে চিত্ৰনাট্যৰ প্ৰয়োজন।' --সত্যজিৎ ৰায়ে কৈছিল। (উৎস : নন্দন, চলচ্চিত্রেৰ সংলাপ প্রসঙ্গে / আনন্দবাজাৰ পত্রিকাৰ শাৰদীয় সংখ্যা, ১৯৬৩) --পৰিচালক গৰাকীয়ে গদাৰক (Jean-Luc Godard) পছন্দ নকৰিছিল। 'আমি চিত্রনাট্য সম্পর্কে বলতে গিয়ে গদাৰ এৰ কথা বলবো না।' (কিয়?... পৰৱৰ্তী সংখ্যাত)

কৃপাল কলিতা

আমাৰ প্ৰশ্ন : প্ৰথমে জানিব বিছাৰিম আপোনাৰ 'সফলতা'ক আপুনি কেনেদৰে বিশ্লেষণ কৰিব? - হয় ,'ব্ৰীজ'ৰ কথা কৈছো। কৃপাল কলিতা : আমাৰ মনৰ কথা খিনি জানিব বিচৰা বাবে প্ৰথমে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথম প্ৰশ্নটোৰ উত্তৰত ক'ব বিছাৰিম, মোৰ দৃষ্টিত প্ৰতি টো সৃষ্টি কৰ্মৰ স্বীকৃতি হ'ল কৰ্মটোৱে পোৱা এক বিশেষ মাত্ৰা,যি মাত্ৰাই অনাগত দিনত কোনো এজন সৃষ্টি শিল ব্যক্তিক কৰ্মক্ষম হৈ থাকিব অধিক প্ৰেৰণা যোগাই।১৯৯৩/৯৪ চনৰ পৰাই কেৱল মাত্ৰ নাটক চিনেমা ৰ লগতেই লাগি আছোঁ। অন্য চিন্তা কোনো দিনেই কৰা নাই।এই যাত্ৰাত বহু ভাল কাম কৰাৰ সুযোগ পাইছোঁ, কিন্তু স্বীকৃতি ?? হয় যি কোনো কাম এটা মানুহৰ ওচৰলৈ লৈ যোৱা টো একে বাৰে ই সহজ কাম নহয়।দীৰ্ঘ সময় ৰ সংঘৰ্ষ ৰ অন্তত ব্ৰীজ চিনেমা খনে ঈশ্বৰৰ আশীৰ্বাদ ত মানুহৰ অন্তৰ চুব সক্ষম হ'ল।দেশে -বিদেশে ব্ৰীজ ক আদৰি ল'লে।এই আদৰণিৰেই অহিবলগা দিন বোৰত কাম কৰি যাবলৈ অধিক কৰ্ম প্ৰেৰণা পাম। কিন্তু এয়া মোৰ প্ৰথমটো খোজ ,সন্মুখত অনন্ত পথ এতিয়াও বাকী। আমাৰ প্ৰশ্ন : প্ৰসংগক্ৰমে আপুনিয়ে কৈছিল -- 'ব্ৰীজ'ক 'পথেৰ পাঁচালী'ৰ সৈতে তুলনা কৰিছিল কোনো মহোৎসৱৰ সৈতে জড়িত চিত্ৰৰসিকে। বিতংকৈ ক'লে আামাৰ ভাল লাগিব ! কৃপাল কলিতা : এইটো মোৰ বাবে এক অমূল্য পুৰাস্কাৰ।যিখন চিনেমা ৰ নাম ল'লেই শ্ৰদ্ধাত মুৰ দোষ খাই যায় তেনে এখন মহান চিনেমা ৰ লগত ব্ৰীজ ৰ তুলনা নিশ্চয় এক অনন্য স্বীকৃতি। প্ৰতিজন ব্যক্তিৰে এক নিজস্ব দৃষ্টি ভংগী আছে হয়টো তেনে দৃষ্টি ভংগীৰেই চাগে South Asian Film festival of Montreal ৰ ফেষ্টিভেল ডিৰেক্টৰ Dushyant Yajnik ক মহোডয়ে ২০২০ চনৰ ২০ নবেম্বৰ ত হোৱা zoom meeting এই তুলনা কৰিছিল। উল্লেখযোগ্য যে চলচিত্ৰ মহোৎসৱখনৰ লগত সংগতি ৰাখি হোৱা সিদিনাৰ আলোচনা চক্ৰ খনৰ মূল বিষয় আছিল Courageous ordinary Lives in flood prone Assam.আমাৰ চিনেমা ব্ৰীজ ৰ জড়িয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এনে এক গুৰুত্বপূৰ্ণ বিষয় এটাই স্হান পোৱা টো নিশ্চয় এক ভাল লগা কথা। গোৱা ত অনুষ্ঠিত 51 International film festival of India (IFFI-2020) ত আমাৰ চিনেমা প্ৰদৰ্শন হোৱাৰ পিছত press information bureau (PIB)ৰ প্ৰেছ মিতটোত অসমৰ বানপানী ৰাষ্ট্ৰীয় সমস্যা হ'ব লাগে বুলি মই সযোৰে দাবি কৰিছিলোঁ। Google বা YouTube ত বিছাৰিলে (IFFI 2020 PIB Bridge ) প্ৰেছ মিতটোত চাব পাৰিব। আমাৰ প্ৰশ্ন : পূৰ্বে অসমীয়া চিনেমাই দেশ - বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত ইমান গুৰুত্ব পোৱা নাছিল।২০১৯ -২১ সময় চোৱাত যিমান পাইছে! -- এই ধাৰণা শুদ্ধ নে ? শেহতীয়া ভাবে একাংশ 'প্ৰচাৰ মাধ্যম'ত এনে ধাৰণা নিৰ্মাণ কৰা হৈছে -- অসমীয়া চিনেমাৰ মান বহু বাঢ়িছে। সেয়েহে অসমীয়া চিনেমাৰ গুৰুত্ব দেশ - বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত বাঢ়িছে বুলি কোৱা হৈছে। আপোনাৰ ধাৰণাত এই ধাৰণা কিমান শুদ্ধ ? কৃপাল কলিতা : এই কথাটোৰ সত্যতা একেবাৰেই নুই কৰিব নোৱাৰি। কোনো এটা আঞ্চলিক ভাষাৰ চিনেমা ৰ মান বঢ়াই সেই অঞ্চলৰ নিৰ্মাতা সকলে। যাৰ ফলত সেই অঞ্চলৰ চিনেমা ই বিশেষ গুৰুত্ব পাই। আমাৰ মনতএক সহজাত ধাৰণা গঢ় লৈ উঠিছে যে দক্ষিণ ভাৰতত ভাল চিনেমা নিৰ্মাণ হয় বা বেংগলি চিনেমা ৰ এক বিশেষ মৰ্য্যদা আছে।এই ধৰণা প্ৰতিষ্ঠিত হৈছে সেই অঞ্চলৰ অগ্ৰজ মহান চলচ্চিত্ৰ নিৰ্মাতা কেইজনমান ৰ কিছুমান বিশেষ কাম ৰ বাবে। আমাৰ অসম টো শ্ৰদ্ধাৰ ভবেন্দ্ৰ নাথ শইকীয়া, জাহ্নু বৰুৱা,মঞ্জু বৰা, সান্ত্বনা বৰদলৈ, ৰীমা দাস আদি মহান চলচ্চিত্ৰ নিৰ্মাতাই অসমীয়া চিনেমা ক এক সন্মানজনক স্হানত ঠিয় কৰাইছে। যাৰ বাবে দেশ-বিদেশত অসমীয়া চিনেমা ই গুৰুত্ব পাব লৈছে। অসমীয়া চিনেমা ৰ মান সম্পৰ্কে এইটো ক'ব পাৰি যে অসমত বহু মান সম্পন্ন চিনেমা পূৰ্বৰ পৰাই নিৰ্মাণ হৈ আহিছে। অগ্নিস্নান ,সাগৰলৈ বহু দুৰ ,গঙা চিলনীৰ পাখি, অদাহ্য আদি নিসন্দেহে বৰ উন্নত মানৰ চিনেমা।সম্ৰতি কাৰিকৰী দিশত অসমীয়া চিনেমা ই আনভাষাৰ চিনেমা ৰ লগত ফেৰ মাৰিব গৈ থকা পৰিলক্ষিত হৈছে।আন এটা কথা ক'ব পাৰি যে ইন্টাৰনেটৰ সহজ ব্যৱহাৰৰ বাবে দেশী- বিদেশী চলচ্চিত্ৰ মহোৎসৱবোৰ ঢুকি পোৱা টো এতিয়া সম্ভৱ যিটো আগতে বৰ কঠিন কাম আছিল।সেই বাবে হয়টো পূৰ্বৰ তুলনাত এতিয়া দেশ-বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত অসমীয়া চিনেমা ই অংশগ্ৰহণ কৰাৰ অধিক সুযোগ পাইছে। অন্যহাতে এখন চলচ্চিত্ৰ মহোৎসৱত যেতিয়া যিকোনো চিনেমা এখনে স্হান পাব নিশ্চয় সেই চিনেমা খন ভাল চিনেমা ই হ'ব লাগিব। কিয়নো বৰ্তমান সময়ত চলচ্চিত্ৰ মহোৎসৱ বোৰত সমগ্ৰ বিশ্বৰ হাজাৰ ৰ হিচাপত অংশ গ্ৰহণ কৰে কিন্তু মহোৎসৱখনত ৬০/৭০ খন চিনেমা হে নিৰ্বাচিত কৰা হয়।ইমান বোৰ চিনেমা ৰ মাজৰ পৰা স্থান লাভ কৰাটো সহজ কথা নহয়। আমাৰ প্ৰশ্ন : আপুনি মুকলি মনেৰে কব পাৰিব নে -- আজিৰ তাৰিখত অসমীয়া চিনেমাৰ মান আন ভাষাৰ চিনেমাতকৈ কোনো গুণে কম নহয়। কৃপাল কলিতা : কোনো গুণে কম নহয় বুলি নকৈ আমাৰ চিনেমাৰো মান আছে বুলি কোৱা ভাল হ'ব।সেই বাবেই অসমীয়া চিনেমাই আন ভাষাৰ চিনেমা ৰ লগত সমানে গুৰুত্ব পাব লৈছে। বাজেটৰ সিমাবদ্ধতাৰ বাবে কিছু ক্ষেত্ৰত আমাৰ হাত ভৰি বন্ধা থাকে।অসমৰ বাহিৰলৈ গ'লে যেতিয়া আমাৰ চিনেমা ৰ প্ৰশংসা ওলাই তেতিয়া তেওঁ লোকে সন্মান সহকাৰে আমাৰ চিনেমা ৰ কথা কয়। তেতিয়া অনুভব হয় আমাৰ চিনেমা ৰ মান ভাৰতৰ আন চিনেমাৰ তুলনাত কম নহয়। কিন্তু এই পৰ্য্যয়ৰ পৰা আমি আৰু উন্নতি কৰিব লাগিব। আমাৰ প্ৰশ্ন : আজিৰ তাৰিখত অসমীয়া চিনেমাৰ 'বিকল্প বজাৰ' কেনেদৰে চিন্তা কৰিব পাৰি ? কৃপাল কলিতা : ৰাজ্যত ১০০ টা যি মিনি চিত্ৰ গৃহৰ কথা দশক দশক ধৰি কৈ অহা হৈছে সেয়া বজাৰৰ ক্ষেত্ৰত বাস্তৱ সন্মত প্ৰস্তাৱ। চিনেমা ৰ মৰ্য্যদা ছবি গৃহতহে মোবাইল ফোন ত নিশ্চয় নহয় । আনহাতে বহু উন্নত মানৰ চিনেমা কৰিলে বজাৰ খন নিজৰ ৰাজ্য খনতে সিমিত হৈ নাথাকে, বিশ্বব্যাপী হ'ব পাৰে।এই ক্ষেত্ৰত আমি চৰকাৰৰ মুখলৈ চাই থকাৰ বাহিৰে গত্যন্তৰ নাই। আমাৰ প্ৰশ্ন : আপোনাৰ ধাৰণাত চিনেমা দৰ্শকৰ বাবে নে বঁটাৰ বাবে ? কৃপাল কলিতা : চিনেমা নিশ্চয় দৰ্শকৰ বাবেই।যি কোনো মাধ্যমেৰে ই দৰ্শকৰ ওচৰ চাপেই। চলচ্চিত্ৰ মহোৎসৱবোৰটো দৰ্শকে চিনেমা চাই। আমাৰ ব্ৰীজ এতিয়া লৈ ৩৫ টা চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে। প্ৰতিটো মহোৎসৱত অতি কমেও ২০০০ কৈ দৰ্শক হ'লেও পৃথিৱীৰ প্ৰায় ৭০ হাজাৰ দৰ্শকে চিনেমা খন চালে। কম বাজেটৰ চিনেমা ৰ ক্ষেত্ৰত বঁটাই চিনেমা এখনক আৰু অধিক দৰ্শকৰ মনোযোগ আকৰ্ষণৰ সহায়ক হয় আৰু এক মৰ্য্যদা প্ৰদান কৰে। আমাৰ প্ৰশ্ন : আপোনাৰ পৰিচালনা শৈলীক আপুনি কেনেদৰে বিশ্লেষন কৰিব ? কৃপাল কলিতা : মোৰ পৰিচালনা শৈলী দৰ্শকে বিশ্লেষণ কৰিব , মই মোৰ বিচাৰকৰ কেনেদৰে হ'ম? নিজৰ নিৰ্মাণ শৈলী ৰ ক্ষেত্ৰত এটা কথাই ক'ব বিছাৰিম যিহেতু মই কোনো পঢ়াশালি ৰ পৰা চিনেমা নিৰ্মাণ কৌশল আয়ত্ব কৰা নাই গতিকে যি কৰো আনক দেখি শুনি পঢ়ি নিজৰ অনুভবেৰে কৰোঁ।প্ৰতিটো কামৰ নিৰ্মাণ শৈলী চিত্ৰনাট্য খনৰ ওপৰত নিৰ্ভৰ কৰে।Red to Black নামৰ চুটি চিনেমা খনত এটাও সংলাপ ব্যৱহাৰ কৰা নাছিলোঁ।আন কাম বোৰত সংলাপ ৰ ব্যৱহাৰ বা কেমেৰাৰ ব্যৱহাৰ আদি বেলেগ হয় বা হৈছে। মই বিশ্বাস কৰো সৃষ্টিশীল ব্যক্তি কোনো এটা বদ্ধমূল ধাৰণা ত বন্দী হৈ থকাটো উচিত নহয়। আমাৰ প্ৰশ্ন : আমাৰ ধাৰণাত অসমত আজিৰ তাৰিখতো 'চিনেমা'ৰ শুদ্ধ ধাৰণাৰে চিনেমাৰ বিশুদ্ধ চৰ্চা হয় বুলি কব নোৱাৰি। ফলত 'অসমীয়া চিনেমা'ৰ ক্ষতি হোৱা নাই নে? কৃপাল কলিতা : মোৰ দৃষ্টিৰে সৃষ্টিশিল কৰ্ম কোনো ফৰমুলাত বন্দী নহয় । চিনেমা এনেকুৱাই হ'ব লাগিব বুলি কোনো নিৰ্দিষ্ট সূত্ৰ মই ভাবো নাই ।কিয়নো বিশ্বৰ বাৰণ্য নিৰ্মাতা সকলে এই কথাটো প্ৰতিয়মান কৰি গৈছে। কোনোবাই এটা শ্বটেৰেই চিনেমা ৰ সৰ্বাধিক দৈৰ্ঘ্যৰ ফুটেজ ব্যৱহাৰ কৰিছে।গদফাদাৰৰ দৰে চিনেমাত অনৰ্গল সংলাপ ব্যৱহাৰ কৰিও ক্লাচিক হৈ পৰিছে এনেকুৱা উদাহৰণ অলেখ ওলাব। মূল কথাটো হ'ল বিশ্বাস যোগ্যতা।যিটো কামে মানুহৰ মনত বিশ্বাস জন্মাব পাৰিছে সেইটোৱেই সফল কাম । চিনেমা ত মানুহৰ মুখৰ ভাষাত কৈ কেমেৰাৰ ভাষাৰ গুৰুত্ব বহুত বেছি। আমি আনক দেখি শিকোঁ বা ভুল কৰি কৰি শিকোঁ । আমাৰ শিকনি নিশ্চয় এদিন পুৰঠ হ'ব তেতিয়া আমাৰ অসমীয়া চিনেমা ও বিশুদ্ধ চৰ্চা হোৱা বুলি চৰ্চিত হ'ব।

সোমবার, ৬ সেপ্টেম্বর, ২০২১

চিত্ৰনাট্য /১

মই পিকাচোই, মই এম এফ হুচেইনে কৈ যোৱাৰ দৰে চিত্ৰকৰ্ম কৰিম। ( কোনো চিত্ৰকৰৰ চিত্ৰকৰ্মৰ প্ৰভাৱ আন কোনো চিত্ৰকৰৰ সৃষ্টিত পৰাৰ উদাহৰণ আছে। সময়ে সময়ে 'নকল'ৰ অভিযোগো উত্থাপন হোৱাৰ ঢেৰ উদাহৰ আছে। Screenplay refers to the script of a film plan. The screenplay was originally written to work with the camera. -- চিত্ৰনাট্য চিনেমাৰ বুনিয়াদ। এই কথা স্পষ্ট -- চিত্রনাট্য লেখাৰ কোন বিধিবদ্ধ নিয়ম নাই। চেপলিৰ সময়তো চিত্ৰনাট্য ৰচনা কৰা হৈছিল। বিখ্যাত ৰুছ চিনেমাৰ পৰিচালক ছের্গেই আইজেনষ্টাইনেও চিত্রনাট্য ৰচনা কৰাৰ তথ্য পোৱা যায়। চিনেপণ্ডিত সকলে কৈ আহিছে -- আইজেনষ্টাইনে ( কর্মজীবন : ১৯২৩-১৯৪৬ ) চিত্ৰনাট্য প্ৰসংগত সময়ে সময়ে বহু কথা কৈছিল। আৰু সেই কথাবোৰ চিত্ৰনাট্যৰ, চিনেমাৰ নিজস্ব ব্যাকৰণৰনলৈ ৰূপান্তৰ হৈছিল। আন দেশৰ লগতে ভাৰতৰ চিত্ৰনাট্যকাৰেও সেই ব্যকৰণ মানি লৈছিল। কিন্তু আইজেনষ্টাইনে কৈছিল-- 'মোৰ লিখাৰ, কেমেৰাৰে কাম কৰাৰ যি কৌশল, সেয়া কেৱল মোৰ। মোৰ কৌশল আনক জাপি দিয়াটো মুৰ্খৰ কাম হব। অৱশ্যে সেই সকলে নিশ্চয় মোৰ কৌশল ব্যৱহাৰ কৰিব পাৰে, যি সকলে চিত্ৰনাট্য লিখাৰ সময়ত বা কেমেৰাৰে কাম কৰাৰ সময়ত অনুভৱ কৰে মোৰ কৌশলে সহায় কৰিব। মোৰ কৌশলৰ কথা মনত ৰাখি কামত আগবাঢ়িলে বেবেৰিবাং হোৱাৰহে সমভৱনা বেছি।' (উৎস : Screenwriting / Film Journal ) আইজেনষ্টাইনৰ কথাত স্পষ্ট হৈ আছে-- scriptwriting is the art. চিত্ৰকৰে চিত্ৰকৰ্ম কৰাৰ সময়ত কোন বিধিবদ্ধ নিয়ম মানি নচলে। বৃত্ত এটাৰ মাজত বন্দি হৈ কাম নকৰে। কোনো চিত্ৰকৰে কোৱা মনত নপৰে -- মই পিকাচোই, মই এম এফ হুচেইনে কৈ যোৱাৰ দৰে চিত্ৰকৰ্ম কৰিম। ( কোনো চিত্ৰকৰৰ চিত্ৰকৰ্মৰ প্ৰভাৱ আন কোনো চিত্ৰকৰৰ সৃষ্টিত পৰাৰ উদাহৰণ আছে। সময়ে সময়ে 'নকল'ৰ অভিযোগো উত্থাপন হোৱাৰ ঢেৰ উদাহৰ আছে। এনে 'উদাহৰণ'ৰ সৈতে কোন বিধিবদ্ধ নিয়মৰ সম্পৰ্ক আছে বুলি নাভাবো।) কিন্তু চিনেকৰ্মৰ চৰ্চাত এনে কথা শুনা যায়-- মোৰ চিত্ৰনাট্য 'পথেৰ পাঁচালী'ৰ দৰে, চিত্ৰনাট্য কিন্তু 'A Separation'ৰ দৰে হব লাগিব! (উদাহৰণ : আমি নিজে শুনা। প্ৰথমটো এগৰাকী অসমীয়া চিনেমাৰ চিত্ৰনাট্যকাৰে কোৱা। দ্বিতীয়তো চিত্ৰনাট্যকাৰ এগৰাকীক অসমীয়া চিনেমাৰ পৰিচালক এগৰাকীয়ে কোৱা।) এনে উদাহৰণক বাদ দি ছের্গেই আইজেনষ্টাইনৰ 'কৌশল'ক বিধিবদ্ধ নিয়ম বুলি মানি লোৱা প্ৰসঙ্গ উল্লেখ কৰিব পাৰি। দাদা চাহেব ফাল্কেয়ে (চিনেকৰ্মত সক্ৰিয় :১৯১২ - ১৯৪৪) কিন্তু চিত্ৰনাট্য ৰচনাৰ সময়ত কোনো বিধিবদ্ধ কৌশল মনা নাছিল। স্বাভাবিকতে 'ব্রিটিছ চিনেমা'ৰ প্ৰভাৱ মুক্ত নাছিল; কিন্তু 'ব্ৰিটিছ চিনেমা'ৰ চিত্ৰনাট্য কৌশল, কেমেৰা কৌশলৰ আতৰত থাকি কাম কৰিছিল। '... সেই সময়ত বোম্বাইত ছবি প্ৰদৰ্শণ হৈছিল। ছুটি ছুটি। ফাল্কেৰ ভাষাত -- চলা ফুৰা অদ্ভুত ছবি। ছবিৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিছিল আৰু এদিন শিকিবলৈ জল পথেৰে বিদেশ পাইছিল। শিকি বুজি ছবি নিৰ্মাণ কৰি বিদেশত প্ৰদৰ্শন কৰিছিল। আৰু বিদেশত বজাৰো পাইছিল। প্ৰযোজক পাইছিল। পোৱাৰ কাৰণ আছিল -- ফাল্কেৰ নিৰ্মণ শৈলী আছিল বহু ব্যতিক্ৰম।' ব্ৰিটিছ চিনেকৰ্মী আৰ এণ্টনীয়ে সুধিছিল -- 'তুমি আমাৰ পৰা শিকিছিলা; কিন্তু তুমি যি কৰিছা, সেয়া আমি শিকোৱা নহয়। কেনেকৈ সম্ভৱ হ'ল?' উত্তৰত ফাল্কেয়ে কৈছিল -- 'ৰীল, কেমেৰাহে নাজানিছিলো! বাকী সৰুৰে পৰা আজিলৈকে দেখি বুজি শিকা। খাটি মাৰাঠী।' বিদেশত ফাল্কেৰ চিনেমাই বজাৰ-প্ৰযোজক পোৱাৰ কাৰণ আছিল সেই সময়ৰ বিধিবদ্ধ নিয়মৰ বাহিৰত কাম কৰা বাবে। সেই সময়ত 'চিনেমা'য়ো আছিল ব্ৰিটিছৰ দখলত। ব্ৰিটিছৰ বিধিবদ্ধ নিয়মৰে হৈছিল চিনেকৰ্ম। বিপৰীতে নাটক, চিত্ৰৰ সংমিশ্ৰণত লিখিছিল 'ৰাজা হৰিচন্দ্ৰ'ৰ (১৯১৩) চিত্ৰনাট্য। ৯৫ খন পূর্ণদৈর্ঘ, ২৬খন কম দৈর্ঘৰ ছবি নির্মাণ কৰিছিল ফাল্কেয়ে। ইয়াৰে ৪৮ খনৰ চিত্ৰনাট্য লিখা নাছিল। ফাল্কে চিত্রকৰ ৰাজা ৰবি বর্মাৰ অংকনশৈলীৰ ভক্ত আছিল। আৰু স্বাভিবিকতে চিত্ৰকৰ গৰাকীৰ কৰ্মৰ প্ৰভাৱ ফাল্কেৰ চিনেকৰ্মত পৰিছিল। আৰু প্ৰথম ভাৰতীয় চিনেমা নিৰ্মাতা গৰাকীয়ে অনুভৱ কৰিছিল চিত্ৰকৰ্ম চিত্ৰনাট্যৰ বিকল্প হব পাৰে। চিত্ৰকৰ্মক চিত্ৰনাট্যৰ সলনি ব্যৱহাৰ কৰি ফাল্কেয়ে সাত খন চিনেমা নিৰ্মাণ কৰিছিল। (উৎস : আজছা চিত্ৰপট / গ্ৰন্থৰ লেখক : অজয় মাহত্ৰে) এই শৈলীৰে পৰবৰ্তী সময়ত চিনেকৰ্ম কৰিছিল সত্যজিৎ ৰায়, মকবুল ফিদা হুছেইনে। ভাৰতীয় চিনেকৰ্মী সকলে ফাল্কেৰ বাটেৰে আগবাঢ়িব নোৱাৰাৰ কোনো কাৰণ নাছিল। কিন্ত আগবাঢ়িল আইজেনষ্টাইনৰ বাটেৰে। ফলত আইজেনষ্টাইনে কোৱাৰ দৰে 'বেবেৰিবাং' নিৰ্মাণ হৈছিল। 'বেবেৰিবাং'ৰ মাজতে ভাল কামো নহোৱা নহয়। আৰু ইয়াৰ মাজতে একাংশ পৰিচালকে ভাৰতীয় চিনেমাৰ নিজা শৈলী নিৰ্মাণৰ চেষ্টা নকৰাকৈ থকা নাছিল। অন্যতম আছিল গুৰু দত্ত ( কর্মজীবন : ১৯৪৪-১৯৬৪)। আবৰাৰ আলভীৰ (Abrar Alvi ) সৈতে চিত্ৰনাট্যৰ সময়ত নিজে বহিছিল। চিত্ৰনাট্যকাৰ আলভীক গুৰু দত্তই কৈছিল-- 'মই সম্পূর্ণ স্বাভাবিকবাদী লাইটিং আৰু মৌলিক কেমেৰৰ গতিৰ সন্ধানত আছো। এই কাম ফ্ল'ৰত কৰা অসম্ভৱ, মোৰ ধাৰণাত। কাগজত কৰি লোৱাৰ বাহিৰে অন্য বাট নাই।' পৰিচালক-প্ৰযোজক গৰাকীয়ে চিত্রনাট্যতে কাট, জাম্প কাট, ইন্টাৰ কাট, মিক্স বা ভিজলভ, ফেড আউট, ফেডইন ইত্যাদি লিখাই লৈছিল। পৰিচালক গৰাকীয়ে বিশ্বাস কৰিছিল -- 'এই বোৰেই ছবিৰ ব্যকৰণ। যতিচিহ্ন -- দাৰি,কমা।' সত্যজিত ৰায়ে প্ৰসংগক্ৰমে কৈছিল-- 'চিত্ৰনাট্য এবং সিনেমাটোগ্রাফির সর্বশ্রেষ্ঠ উদাহরণ মেলে ‘প্যাসা’, ‘কাগজ কে ফুল’ , ‘সাহিব, বিবি আউর গুলাম’ ছবিতে। ভারতীয় সিনেমায় শাদা-কালাে চলচ্চিত্র-প্রতিমার বিবর্তনের ক্ষেত্রে অবিস্মরণীয় হয়ে আছে।' (উৎস: উল্টোৰথ, চিত্রালী, The History of Indian Film Music )

রবিবার, ৫ সেপ্টেম্বর, ২০২১

আজি মুকলি কৰে বিশ্বজিত বৰাৰ পৰিচালনাৰে নিৰ্মিত 'বোম্বা ৰাইড' ৰ পোষ্টাৰ

আজি মুকলি কৰে বিশ্বজিত বৰাৰ পৰিচালনাৰে নিৰ্মিত 'বুম্বা ৰাইড' ৰ পোষ্টাৰ। মিছিং ভাষাৰ চিনেমা। ৫২সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ 'ভাৰতীয় পেনোৰামা শাখা'ত (Indian Panorama) প্ৰদৰ্শন কৰা চিনেমা খনৰ মহোৎসৱ যাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে।
           ( পৰিচালক বিশ্বজিত বৰাৰ সৈতে আমাৰ আলাপ)
আমাৰ প্ৰশ্ন : আপোনাৰ পৰিচালনাত নিৰ্মিত 'বেলকনিত ভগৱান'ৰ সফলতাৰ খবৰে আমাক আনন্দ দিছে।আপোনাক অভিনন্দন জনাইছো। কিন্তু আমি দোমোজাত আছো -- সফলতাক লৈ। গতিকে প্ৰথমে সফলতাৰ ব্যাখ্যা বিচাৰিছো। 

বিশ্বজিত : ধন্যবাদ। চিনেমা খনৰ সফলতা বিফলতাৰ মাপকাঠি নিৰ্নয় কৰিবলৈ কিছুদিনৰ প্ৰয়োজন হব বুলি ভাবো, যিহেতু এই ছবিখন নিৰ্মান কৰা হৈছিল এটা নিদিষ্ট পৰিকল্পনা আগত ৰাখি, সেই হিচাপত ইয়াৰ পৰিসমাপ্তি ঘটা নাই। নিৰ্মানৰ পিছতেই ছবি খন আগশাৰীৰ চলচ্চিত্ৰ মহোৎসৱত পঠিওৱাৰ বাবে ব্যবস্থা হৈছিল। সেইমতে আমি আশা কৰিছিলো ‘WORLD PREMIERE’ এটা ভাল মহোৎসৱত হওক, তেনেদৰেই ‘কলকাতা আন্ত:ৰাস্ত্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ৰ যোগেদি আৰম্ভ হৈছিল আৰু আমাৰ পৰিকল্পনা মতেই ছবি খন পৃথিৱীৰ বিভিন্ন ঠাইত নিৰ্বাচিত হৈ না না সন্মান বুটলি আছে। যিহেতু বহু কেইখন ৰাষ্ট্ৰত আমি যোৱাৰ সুবিধা লাভ কৰিছিলো, কিন্তু ক'ৰোণা মহামাৰীৰ বাবে সেইয়া সম্ভৱ নহল, সেইয়া আমাৰ বাবে হৈ পৰিল অতিকৈ দুৰ্ভাগ্যজনক। কাৰন এখন আগশাৰীৰ মহোৎসৱত পৃথিৱীৰ না না DISTRIBUTION COMPANY লগ কৰাৰ এটা পৰিবেশ সৃষ্টি হয় আৰু ছবি খন বিভিন্ন দেশৰ TERITORY ত বিক্ৰীৰ এক সুবিধা হোৱাৰ সম্ভাবনা বোৰ আমি কিছু হলেও হেৰুৱালো কৰুনাৰ বাবে। তথাপিও আমি ‘বেলকনিৰ ভগৱান’ৰ overseas কথা চলিছে আৰু খুব সোনকালে জনাব পাৰিম। ছবি খন আন্ত:ৰাষ্ট্ৰিয় ভাবে সফল এইবাবেই হৈছে, যিহেতু কাহিনী ভাগত যি দেখুৱাব বিছাৰিছো, সেইয়া বৰ্তমান ক'ৰোণাৰ বাবে পৃথিৱীৰ বহু লোকে এনে পৰিষ্টিতিক হৃদয়ংগম কৰিব পাৰিব আৰু ইয়াৰ চৰিত্ৰ বোৰ RELATE কৰিব পাৰিব। সেই হিছাপত এজন কাহিনীকাৰ আৰু পৰিচালক হিচাপে আমি খুবেই সফলতা পাইছো। কিন্তু নিজে সম্পুৰ্ণ সফল হোৱা বুলি তেতিয়া ভাবিম ,যেতিয়া প্ৰযোজকে ছবিত লগোৱা পইচা খিনিৰ উপৰিও কিছু পইছা বেছিকৈ পায়। সেয়েহে ‘বেলকনিত ভগৱান’ ৰ এই যাত্ৰা শেষ হোৱা নাই, ছবি খন সৰ্বভাৰতীয় পৰ্য্যায়ত জনপ্ৰিয় হৈছে, সেইবাবে খুব ভাল এটা খবৰ আহিব বুলি আমি বিশ্বাস ৰাখিছো। 
 আমাৰ প্ৰশ্ন : পূৰ্বে অসমীয়া চিনেমাই দেশ - বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত ইমান গুৰুত্ব পোৱা নাছিল।২০১৯ -২১ সময় চোৱাত যিমান পাইছে! -- এই ধাৰণা শুদ্ধ নে ? শেহতীয়া ভাবে একাংশ 'প্ৰচাৰ মাধ্যম'ত এনে ধাৰণা নিৰ্মাণ কৰা হৈছে -- অসমীয়া চিনেমাৰ মান বহু বাঢ়িছে। সেয়েহে অসমীয়া চিনেমাৰ গুৰুত্ব দেশ - বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত বাঢ়িছে বুলি কোৱা হৈছে। আপোনাৰ ধাৰণাত এই ধাৰণা কিমান শুদ্ধ ? 

 বিশ্বজিত : আগৰ সময় খিনিত পৰিবেশ বেলেগ আছিল, যোগাযোগৰ পৰিৱেশ নাছিল, ইণ্টাৰ নেট নাছিল। বহু কষ্টৰ বলত যি সকলে এই সফলতা লাভ কৰিছিল সেইয়া ধন্যবাদ আৰু সন্মানৰ যোগ্য। পিছে আজিৰ পৃথিৱীখন যিহেতু বিশ্বায়েনে কাষ চাপি আনিলে, সেইবাবে আৰম্ভ হ’ল সৰু ডাঙৰ বহু চলচ্চিত্ৰ মহোৎসৱৰ। সেই সমুহত আজিকালি কিছু পইচা খৰছ কৰিয়েই অংশগ্ৰহন কৰিব পাৰি, তাৰেই প্ৰায় ৫,০০০ ৰ অধিক এনে চলচ্চিত্ৰ মহোৎসৱ অনুষ্টান আছে যি বোৰ অনুষ্টিত কৰা হয় মাহে মাহে, এনে মহোৎসৱো আছে, যি বোৰত আজিয়েই অংশগ্ৰহন কৰি কাইলৈ এটা এৱাৰ্ড পাবলৈ সক্ষম হয়। কিছুমান এনে চলচ্চিত্ৰ মহোৎসৱ আছে, সেইবিলাকত কোনো ধৰনৰ চলচ্চিত্ৰ প্ৰদৰ্শনৰ সুবিধা নাই, মাত্ৰ তেওলোকে ‘Official Selection’ আৰু কিছুমান মাত্ৰ ‘Award’ দি তাতে সমাপ্ত কৰে, তাৰ বাবদ তেওঁলোকে এটা পইছা লয়। কিন্তু এই মহোৎসৱ বোৰত অংশগ্ৰহন কৰি আত্মসন্তুষ্টিৰ বাদে অন্য একো লাভ নহয় । কিন্তু আজিকালি ‘সামাজিক মাধ্যম’বোৰৰ যোগেদি সেইয়া প্ৰচাৰ কৰি ছবি খনৰ বিষয়ে ৰাইজক জনোৱা হয় ঠিকেই কিন্তু সেইয়া সামগ্ৰিক ভাবে ‘এখন চলচ্চিত্ৰ সমাজ অথবা উদ্যোগ’ ৰ মানদণ্ড বাঢ়িছে বুলি কলে ভুল হব। প্ৰচাৰ মাধ্যমত সেইয়া বাতৰি যুগুতোৱা সকলে আৰু বাতৰি পঢ়া সকলেও বুজি উঠিব লাগে যে কোনটো মহোৎসৱ কি বা কি মানদণ্ডৰ। এটা বাতৰি পৰিবেশন কৰাৰ আগতে আজিকালি এটা মিনিটৰ ভিতৰতে নিজৰ ‘স্মাৰ্ট’ ফোনৰ যোগেদি সেইয়া ভালকৈ খুছৰি চালেই ওলাই পৰে। মোৰ ধাৰণাত দেশ বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত অসমীয়া চিনেমাৰ উন্নতি তেতিয়াহে দেখিম যেতিয়া কাৰিকৰী মানদণ্ড, কাহিনীৰ উপস্থাপন, সামগ্ৰিক পৰিকল্পনাৰে পৰিপুষ্ট এখন অসমীয়া ছবিয়ে বিদেশৰ ‘A CLASS’ ফেষ্টিভেলত অন্তৰ্ভুক্ত হয় । আৰু দৰ্শক ৰাইজৰ মন জয় কৰে।

 আমাৰ প্ৰশ্ন : প্ৰসংগক্ৰমে এগৰাকী পৰিচালকে ক'লে -- কোনো এটা মহোৎসৱৰ জুৰি এগৰাকীয়ে হেনো ক'লে , তেওঁৰ অসমীয়া চিনেমা খন 'পথেৰ পাঁচালী'ৰ পৰ্যায়ৰ। আমাৰ প্ৰশ্ন : অসমীয়া চিনেমাই যদি 'পথেৰ পাঁচালী'ৰ পৰ্যায় পাইছে , দেশ - বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে পকেটৰ ধন খৰচ কৰিবলৈ বাধ্য হৈছে কিয়? 
 বিশ্বজিত : মোৰ বাবে সেইয়া সপোন এক সপোন, আমি তেনে চিনেমা দেখা নাই আজিৰ তাৰিখত। সেই তুলনা অমুলক আৰু তাক লৈ শান্তি লভিলে আমি যে কিমান পিছলৈ গুছি গৈ আছো সেইয়াই প্ৰমান কৰে, এই একবিশং শতিকাত পৃথিৱীৰ বিভিন্ন চলচ্চিত্ৰ সমুহ চাই এটা কথায়ে বুজিছো -- আমি কি পৰ্যায়ত আছো, আমি বেলেগ নেলাগে, কাষৰে বাংলাদেশৰ দুখন মান চলচ্চিত্ৰ চালেই গম পাম যে, সেই পৰ্যায় পাবলৈ আমি যে কঠোৰ পৰিশ্ৰম কৰিব লাগিব । সহজতে বাহ বাহ লোৱাৰ প্ৰবনতা আৰু মই বৰ এক মনোবৃতিৰ বাবেই আজি আমি বেছি আগবাঢ়িব পৰা নাই। -- দেশ - বিদেশৰ চলচ্চিত্ৰ মহোৎসৱৰ প্ৰায় মহোৎসবতেই অন্তভুক্তিৰ বাবে এটা ‘FEES’ লোৱা হয়, কেতিয়াবা বিভিন্ন সমস্যা বা পইছাৰ অসুবিধাৰ কাৰন দৰ্শালে অথবা কাহিনী বা ছবিৰ এটা সম্ভাৱনা দেখিলে মহোৎসৱৰ ফালৰ পৰা কেতিয়াবা ‘Fees’ টো ‘Waived off’ কৰি দিয়ে নিৰ্মাতা জনক। আকৌ ছবি খনে যদি এটা বিশেষ চৰ্চা লাভ কৰে, তেতিয়া বিভিন্ন মহোৎসৱে নিজেই আমন্ত্ৰন দিয়ে। আমাৰ ‘বেলকনিত ভগৱানে"ও তেনেদৰে আমন্ত্ৰন পাইছে। কিন্তু আমি ভাবো – চলচ্চিত্ৰ মহোৎসৱত ছবি প্ৰদৰ্শন কৰিবলৈ ছবি নিৰ্মাতা জনৰ পৃথিৱীৰ বিভিন্ন SALES, MARKETING & DISTRIBUTION ৰ কোম্পানী বোৰৰ লগত সম্পৰ্ক স্থাপন হয়, ভাব বিনিময় হয় আৰু তাৰ ফলত ছবি খনৰ OVERSEAS বেছিবলৈ সুবিধা হয়। সেইয়া অসমীয়া ছবিৰ ক্ষেত্ৰত খুবেই কম হৈছে, সেইয়া সম্ভব হলে, প্ৰযোজকৰ হাতলৈ এটা ভাল অংশ আহিব। 
 আমাৰ প্ৰশ্ন : আজিৰ তাৰিখত অসমীয়া চিনেমাৰ 'বিকল্প বজাৰ' কেনেদৰে চিন্তা কৰিব পাৰি ? বিশ্বজিত : আমি ভাবো চিনেমাৰ কাহিনী, অভিনয়ৰ লগতে কাৰিকৰী মানদণ্ড ভাল হব লাগিবই, সেইয়া কৰিবলৈ হলে – ছবি ভাল ধৰনে নিৰ্মান কৰিবলৈ জনা মানুহ হব লাগিব, আৰু সেই চলচ্চিত্ৰ খনত থকা ‘প্ৰডাক’ টোক বেছিবলৈ মাৰ্কেটিং জ্ঞান এজন প্ৰযোজকৰ থাকিব লাগিব। আজি কালি চিনেমা বেচা মেলাৰ বিভিন্ন উপাই আৰু পথ আছে, সেই বোৰ গ্ৰহন কৰিবলৈ নিজৰ সময়ৰ লগতে ‘MARKETING STRATEGIES’ বনাব লাগিব। টকা থাকিলেই অকল লোকৰ ওপৰত এৰি দি ‘টকা গলেও যাব, মোক সমাজত নামহে লাগে’ জাতীয় প্ৰযোজক আমাক নেলাগে আৰু সেইবোৰে গৈ ‘সমগ্ৰ চিনেমা জগত’ খনকে ক্ষতি কৰে। লগতে চৰকাৰৰ এটা ডাঙৰ ভুমিকা লাগিব । কিন্তু আমি আচৰিত হওঁ -- প্ৰায় দলৰে চৰকাৰ নহওক কিয় , চিনেমা জনা মানুহৰ হাতত নিৰ্দিষ্ট বিভাগটো নাথাকে । আমাৰ ধাৰণাত অসমীয়া চিনেমাৰ উন্নতিৰ বাবে প্ৰয়োজন – ১) মিনি চিনেমা হল। ২) Marketing strategies ৩) চিনেমাৰ কাৰীকৰি দিশ উন্নীত কৰন। ৪) Visionary producers ৫) ভাল online platforms . আমাৰ প্ৰশ্ন : আপোনাৰ পৰিচালনা শৈলীক আপুনি কেনেদৰে বিশ্লেষন কৰিব ? বাশ্বজিত : আমি শিকি আছো। শেহতিয়াকৈ বাহিৰৰ চিনেমা বোৰ বেছিকৈ চাইছো। নিজৰ শৈলী যে ইমান পিছ পৰি আছে, সেইয়া কেনেকৈ পৰবৰ্তি সময়ত নাইকিয়া কৰিব পাৰো, তাৰে চেষ্টাত আছো । 

 আমাৰ প্ৰশ্ন : দেশ - বিদেশৰ কেইবাখনো চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন হোৱা , বঁটা পোৱা ৭ লাখ টকা বাজেটৰ ' হালধীয়া চৰায়ে বাঁও ধান খায় ' -এ ১ কোটি টকাৰো বেছি ব্যৱসায় কৰিছিল । ১৯ ৮৭ - ১৯৮৮ চনত । শেহতীয়া ভাবে ২৫ - ৫০ টা চলচ্চিত্ৰ মহোৎসৱ ' জয় ' কৰা অসমীয়া চিনেমা কেইখনে ১০ হাজাৰো টকাও ব্যৱসায় কৰিব পৰা নাই কিয়? 
 বিশ্বজিত : এই প্ৰশ্নৰ উওৰ বহু খিনি আমি আগত দিছো। সেইসময়ৰ পৰিবেশ বেলেগ আছিল। আজিৰ তাৰিখত এটি ‘A’ লিষ্ট ফেস্তিভেলত প্ৰায় ১০,০০০ হাজাৰ সৰু বৰ চিনেমাৰ ‘এণ্টি’ হয়, আৰু তাৰ ভিতৰত মাত্ৰ ২০০/৩০০ খন চিনেমাৰ ‘অফিছিয়েল অন্তৰ্ভুক্তি’ হয়। সেইবোৰ মহোৎসৱলৈ পৃথিৱীৰ বিভিন্ন ঠাইৰ ‘SALES, MARKETING & DISTRIBUTION’ ৰ মানুহ আহে, সেইবোৰ মানুহক আকৰ্শিত কৰিবলৈস অথবা তেওঁলোকক সেই চিনেমা খনৰ কথা জনাবলৈ আগবাঢ়ি যাব লাগিব, কথা হব লাগিব আৰু সেইয়া কৰিবলৈ পইচাৰো কথা আহিব। ঠিক তেনেকৈ আজি কালি বহু ‘INDEPENDENT CINEMA’ ৰ কাহিনী, চিত্ৰনাট্যৰ সময়ৰ পৰাই বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত আয়োজন কৰা ‘ফিল্ম বজাৰ’ বোৰত অন্তৰ্ভুক্ত হবলৈ সুবিধা পায়, যাৰ ফলত সেইবোৰ ‘STEP BY STEP’ এই চলচ্চিত্ৰ মহোৎসৱ বোৰত অন্তৰ্ভুক্তি হবলৈ বাট বোৰ খোল খাই গৈ থাকে, লগতে ফেস্তিভেল বোৰৰ ‘প্ৰগেমাৰ’ বোৰৰ চকুত সেইবোৰ চিনেমাই আগস্থান পাই, তাৰ লগতে সেই সময়তেই ‘এজন INTERNATIONAL SALES AGENT’ ৰ যদি অন্তৰ্ভুক্তি হয়, তেতিয়া চিনেমা খন ‘SECURE’হৈ পৰে আৰু যথেষ্ট পইছা ঘটিবলৈও সমৰ্থ হয়। কৈছোঁ – প্ৰকৃত প্ৰদৰ্শনৰ ব্যবস্থা থকা ‘ভাল মহোৎসৱ’ বোৰৰ কথা। আৰু টকা সেইবাবে ঘটাৰ সম্ভৱনা নথকা নহয়। কিন্তু বাকী কিছুমান মহোৎসৱলৈ ২০/৩০ টা নেলাগে ১০০ টাত গ’লেও বিশেষ একো লাভ নহয় , মাত্ৰ সেইয়া লোকেল মিডিয়াত জনপ্ৰিয় কৰি নিজৰ ঠাইত এটা ভাল ‘ৰিলিজ’ দিয়াৰ বাদে। আমাৰ প্ৰশ্ন : আমাৰ ধাৰণাত অসমত আজিৰ তাৰিখতো 'চিনেমা'ৰ শুদ্ধ ধাৰণাৰে চিনেমাৰ বিশুদ্ধ চৰ্চা হয় বুলি কব নোৱাৰি। ফলত 'অসমীয়া চিনেমা'ৰ ক্ষতি হোৱা নাই নে? বিশ্বজিত : একেবাৰে সছাঁ । আৰু পোনপটিয়া কৈ কবলৈ গলে অসমত ‘লবি কেন্দ্ৰিক’ চিনেমাৰ ৰাজনীতি হয়। আমি এইটোও শুনো যে – লোকেল মাৰ্কেটত বিফল বহু ব্যক্তিয়ে ‘নেচনেল এৱাৰ্ড, ইণ্ডিয়ান পেনোৰামাত’ যথেষ্ট প্ৰভুত্ত খটুৱাই পট পৰিবৰ্তন কৰে। কিন্তু তেওঁলোকৰ প্ৰভাব অসমীয়া ৰাইজৰ মাজত নাই! আচলতে নিজে কৰিব নোৱাৰি আনৰ ‘কাম বোৰ’ সহ্য নহৈ মনৰ মাজত থকা সেই ‘FRUSTRATION’ টোৰ বাবেই কিছু মান চিনেমাৰ লগত জড়িত ব্যক্তিয়ে এইবোৰ কাম কৰে। মই ভাবো চিনেমা নিৰ্মাতা হবলৈ প্ৰথম এজন ভাল মানুহ আৰু অনুভৱি ব্যক্তি হব লাগিব । আমি তথাপি আশাবাদী, নতুন প্ৰযন্ম আজি অতিকৈ ‘সৃষ্টিশীল’, তেওঁলোকক ভালকৈ আগবঢ়াই নিলে আমাৰ 'অসমীয়া চিনেমা' ৰ বাট সোনালী হব। 

 আমাৰ প্ৰশ্ন : ভাৰতীয় চিনেমা ' মজবুট হোৱাৰ আঁৰত এক চিনেশক্তিয়ে পৰিশ্ৰম কৰিছিল । এক চিনেশক্তিৰ নাম -- ' কলিকতা ফিল্ম ছোচাইটি '। ১৯৪৭ চনত সত্যজিৎ ৰায়ৰ নেতৃত্বত স্থাপিত হৈছিল । উদেশ্য নিৰ্মল চিনে চৰ্চাৰে চিনেশিল্পৰ উত্তৰণৰ পথ প্ৰসস্থ কৰা । সংবাদ মাধ্যমত বা আন কোনো মাধ্যমত হোৱা 'ভুল চিনে চৰ্চা'ৰ বিৰুদ্ধেও 'কলিকতা ফিল্ম ছোচাইটি'য়ে ঠিয় দিছিল। আজি অসমতো এনে ধৰণৰ 'ফিল্ম ছোচাইটি'ৰ প্ৰয়োজন। -- আপুনি কি কয় ? 

 বিশ্বজিত : অসমীয়া চিনেমাৰ চিন্তাৰ উওৰনৰ বাবে আমি কিবা কৰাৰ মানসেৰে যদি আমি এটা অনুষ্টান জন্ম দিও আৰু সেইয়া ব্যক্তিগত আক্ৰোশৰ এক আশ্ৰয় নহৈ এক সাৱলীল আৰু সকলোৰে গ্ৰহনযোগ্য অনুষ্টান হয়, যাৰ ফলত আমাৰ অসমীয় চিনেমাৰ প্ৰসাৰ আমি দেখিব পাৰো। অসমত আমি এনে এক সুষ্ঠিৰ চিনে চৰ্চা কৰা অনুষ্ঠান আশা কৰো যি ভাল চিনে চিন্তাৰে পৰিপুষ্ট হৈ নতুন প্ৰজন্মক আগুৱাই লৈ যাব পাৰে।

বুধবার, ১ সেপ্টেম্বর, ২০২১

ইবচন লাল বৰুৱা

ইবচন লাল বৰুৱা। সংগীতৰ মানুহ। সংগীত কৰ্ম কৰা মানুহ, সংগীত চৰ্চা কৰা মানুহ। সংগীতৰ কাৰিকৰী কৰ্মৰ পৰা সৃষ্টি কৰ্মলৈ -- প্ৰায় প্ৰতিটো কৰ্ময়ে কৰে। বৰ্তমান মুম্বাই ইবচনৰ সংগীত কৰ্মৰ স্থান, মুম্বাইত থাকিয়ে 'অসমীয়া সংগীত'ৰো কাম কৰি আছে। ভাল কাম। ভালেমান কাম। সংগীত ৰসিকক সন্তুষ্ট কৰিব পৰা কাম, শ্ৰোতাক চুব পৰা কাম। ভালেমান ভাল কামৰ মাজৰে এটা কাম, যিটো কাম মোৰ মনলৈ প্ৰথমে আহে 'দীপৰ বিলৰ পাৰে পাৰে ৰেল চলে ৰেল চলে জাকে জাকে চৰাই উৰে চৰাই জাকো উৰা মাৰে...' -- যেতিয়াই ইবচন লাল বৰুৱাৰ সৈতে কথা পাতো মনলৈ আহে এই গীতটো। গীতটোৰ কথা, সুৰ, গায়কী, চিত্ৰায়ণ। প্ৰতিটো দিশ। 'সম্পূৰ্ণ গীত'টোত অনুভৱ হয় বাস্তৱ। দীপৰ বিলৰ বাস্তৱ ছবি। 'দীপৰ বিলৰ পাৰতেই মোৰ জন্ম। দীপৰ বিলৰ বতাহ পানী সেৱন কৰিয়ে আমি ডাঙৰ হৈছোঁ। ...' --গীতটো শুনোৱাৰ পিছত কথা প্ৰসংগত ইবচনে কৈছিল। সন্দেহ নাই দীপৰ বিলৰ সৌন্দৰ্য আৰু দীপৰ বিলৰ ওপৰেৰে এটা ৰে’ল লাইন হোৱাৰ পিছত স্পষ্ট হোৱা 'পৰিণতি' ইবচনে অনুভৱ কৰিছিল। আৰু অনুভৱৰ তাগিদাৰ ফচল ( আমাৰ ধাৰণাত) -- 'দীপৰ বিলৰ পাৰে পাৰে...'। আন কেইবাটাও দিশৰ লগতে এই গীতটোত স্পষ্ট হৈছিল ইবচনৰ 'চিনেমেটিক' অনুভৱ। -- কথা প্ৰসংগত ইবচন ক'লে 'ভগা খিৰিকী'ৰ কথা-- '২৯ আগষ্ট, ২০২১ত চিনেমা খনৰ গীত মুকলি হব।' মুকলি কৰিলে। 'ভগা খিৰিকী'ৰ আগ্ৰহেৰে ৰৈ আছিলো জাহ্নু বৰুৱাৰ পৰিচালনাৰে প্ৰিয়ংকা চোপ্ৰা, ডঃ মধু চোপ্ৰা, শ্বাহনাব আলমে নিৰ্মাত কৰা অসমীয়া চিনেমা খন চাবলৈ। খা-খবৰ নহোৱা হ'ল। পাহৰি থাকিলো। আৰু মনত পেলাই দিলে মুকলি কৰি দিয়া গীতে। 'বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ... মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী ...' -- 'ভগা খিৰিকী'ৰ গীতাংশ। কথা, সুৰ, সংগীত, গায়কী চুই যোৱা, মনত ৰৈ যোৱা। যিমানে শুনিছো, সিমানে বেছি সাংগীতিক সৌন্দৰ্য অনুভৱ কৰিছো। গীতটো শুনাৰ সময়ত আকৌ এবাৰ ইবচনৰ 'চিনেমেটিক' দখল অনুভৱ কৰিলো। -- কথা প্ৰসংগত চিনেমা খনৰ নায়িকা জেৰিফা ৱাহিদৰ পৰা অনুভৱ কৰিছিলো 'ভগা খিৰিকী' ৰূপালী গল্পটো। সেই ৰূপালী গল্পটোৱে অনুভৱ কৰিলো ইবচনে কথা-সুৰেৰে নিৰ্মাণ কৰা অনিন্দিতা পালে গোৱা গীতটোত। ধাৰণা কৰিব পাৰি চিনেমা খনৰ সংগীত পৰিচালক ইবচন লাল বৰুৱাই 'ভগা খিৰিকী' গল্পটোৰ আত্মা স্পৰ্শ কৰি গীতটোৰ শব্দ বোৰ সজাইছে। -- মনলৈ আহিছে জাভেদ আখতাৰৰ কথা। চিনেমাৰ গীতৰ প্ৰসংগত কথাশিল্পী গৰাকীয়ে কৈছিল, 'চিনেমাৰ গান আৰু চিনেমাৰ বাবে গান -- একে কথা নহয়। দূৰত্ব আছে। চিনেমাৰ বাবে গান -- চিনেমাৰ গল্পটোৰ অলংকাৰ হব পাৰে, গল্প আগবঢ়াই নিয়াত বা গল্পৰ দৈৰ্ঘ বঢ়োৱাত ব্যৱহাৰ হব পাৰে, চিনেমাৰ গল্পৰ সৈতে মিল নথকা স্বাধীন গল্পৰ গানো হব পাৰে। কিন্তু চিনেমাৰ গান চিনেমাৰ বা চিনেমাৰ গল্পৰ অংশ। চিনেমাৰ গানত শব্দ-সুৰ আৰু সংগীতৰ সফল ব্যৱহাৰ সংগীত পৰিচালকৰ বাবে তেতিয়াহে সম্ভৱ হব পাৰে, যেতিয়া সংগীত পৰিচালকে চিনেমাৰ গল্পৰ আত্মা স্পৰ্শ কৰিব পাৰে।' (উৎস: কিংষ্টাৰ,৭মাৰ্চ-২০০১) ইবচন লাল বৰুৱা। কেৱল অসমীয়া চিনেমাৰ সংগীত কৰ্মৰ সৈতে জড়িত নহয়। আমি জনাত দেশৰ অন্যান্য প্ৰদেশৰ লগতে বিদেশৰো বহুখিনি সাংস্কৃতিক কৰ্মৰ সৈতে জড়িত। সংগীত কৰ্ময়ে ইবচনৰ পেছা। 'সংগীত মোৰ নিচা, সংগীত মোৰ পেচাও। বৰ্তমান মোৰ জীৱন নিৰ্বাহৰ বাবে উপাৰ্জনৰ একমাত্ৰ পথ সংগীত।' -- ইবচনে কৈছিল।প্ৰথমবাৰ 'মুখা মুখী'ত কথা প্ৰসংগত। চন, তাৰিখ মনত নাই। ইমান খিনিয়ে মনত আছে -- জয় বৰুৱাৰ প্ৰথমটো এলবাম মুকলিৰ দিনা, মহানগৰীৰ টাউন ক্লাৱত। এই যে পেচা, সেই বাবে মনে বিছৰা বহু সংগীত কৰ্ময়ে সময়ত কৰা নহয়, মন-মগজুত লৈ ফুৰে ইবচনে। বিপৰীতে উপাৰ্জনৰ বাবে কৰিবলৈ বাধ্য হয় মনে নিবিছৰা কামো। প্ৰসংগক্ৰমে ইবচনে কৈছিল -- 'কেৱল নিচাৰ কাৰণে সংগীতৰ কাম কৰিলে নিশ্চয় অপচন্দৰ কাম নকৰিলো হয়! বিষয়বস্তু অথবা মই সংযোগ স্থাপন কৰিব নোৱাৰা বিষয় এটাক নকৰো বুলি ক’ব পাৰিলোহেঁতেন। কিন্তু পেচা হোৱা বাবে অমাৰ্জিত বিষয়বস্তুৰ বাহিৰে মই ভাল পোৱা, মই বেয়া পোৱা সকলো কাম কৰিবলৈ চেষ্টা কৰো। কেৱল মই ভাল পোৱা কামটোহে কৰিম বুলি ভাবিলে হয়টো মোৰ উপাৰ্জনৰ পথটো সংকীৰ্ণ হৈ পৰিব। আৰু সেয়া মোৰ বাবে সমস্যা হব।' 'ভগা খিৰিকী'ৰ কামো নিঃসন্দেহে পেচাৰ কাম; কিন্তু মনৰ বিপৰিতে কৰা কাম নহয়। পৰিচালক জাহ্নু বৰুৱাৰ পৰা চিনেমা খনৰ কাহিনী শুনাৰ পিছত, কাহিনী অনুভৱ কৰাৰ পিছত হৃদয়ৰ তাগিদাত নিৰ্মাণ হোৱা গীত -- 'বিষুৱ ৰেখা/ নাপাওঁ দেখা...'। আমাৰ ধাৰণাত 'ন যুঁজৰ ৰণুৱা' (কথা), 'মেঘৰ জোলোঙা ...' (কথা), 'পৰিধি ভাঙি ...' (কথা-কণ্ঠ), 'আহ ঐ আহ খেতি কইৰবাক লোগি ...' (কথা), 'দিহিঙে দিচাঙে দিবাঙে...', (কথা), 'তেজীমলা ...'(কথা), 'উজায়ে যা নৈ বেলিটিক ক গৈ ...' (কথা), 'বকুল ফুলৰ দৰে...' (ভিডিঅ' পৰিকল্পনা) মনৰ বিপৰিতে কৰা কাম নহয়। এই কামত স্পষ্ট শব্দ আৰু কেমেৰা ভাষা প্ৰয়োগত সমানে অনুভৱ ইবচন লাল বৰুৱাৰ। || ইবচন লাল বৰুৱাই লিখা কেইটিমান গীত || ১। উজায়ে যা নৈ বেলিটিক ক গৈ -- কণ্ঠ : পাপন (চিনেমা : ৰামধেনু)। ২। নদী মাথোঁ বয় -- কণ্ঠ : পাপন। ৩। হাঁহি এটি পিন্ধি লোৱা -- কণ্ঠ : পাপন। ৪।হাতৰ ৰেখাই - কণ্ঠ : পাপন (চিনেমা : উল্কা)। ৫। অমানিশা সাৰে আছে -- কণ্ঠ : জুবিন গাৰ্গ। ৬। অহেতুক -- কণ্ঠ : জুবিন গাৰ্গ (চিনেমা : অহেতুক)। ৭। তৰাৰ দৰে -- কণ্ঠ : জুবিন গাৰ্গ (চিনেমা : উল্কা)। ৮। পৃথিৱী ৰঙীন -- কণ্ঠ : জুবিন গাৰ্গ (চিনেমা : মন)। ৯। অভিলাষী মনে -- কণ্ঠ : জুবিন গাৰ্গ (চিনেমা : মন)। ১০। আহ ঐ আহ খেতি কইৰবাক লোগি -- কণ্ঠ : দীক্ষু। ১১। গান পাগলা -- কণ্ঠ : দীক্ষু। ১২। দিহিঙে দিচাঙে দিবাঙে -- কণ্ঠ : দীক্ষু। ১৩। মেঘৰ জলঙা -- কণ্ঠ : পম্পী গগৈ। ১৪। তেজীমলা -- কণ্ঠ : জয় বৰুৱা। ১৫। ৰাভা -- কণ্ঠ : জয় বৰুৱা। ১৬।।দীপৰ বিলৰ পাৰে পাৰে -- কণ্ঠ : ইবচন লাল বৰুৱা। ১৭। থাকিবানে সাৰে… -- কণ্ঠ : শ্বাশ্বতী ফুকন।