বৃহস্পতিবার, ২৮ ডিসেম্বর, ২০২৩

"আৰু এখন চিনেমা..."

"আৰু এখন চিনেমা কৰিম! ছুটি নহয়, দীঘল! কম বাজেটত। কিন্তু ভাল চিনেমা।" --কথা প্ৰসংগত লেখক-পৰিচালক হেম চন্দ্ৰ বৰাই কৈছিল।

পৰিচালক গৰাকীয়ে বিশ্বাস কৰে, বাজেট চিনেমাৰ "ভাল-বেয়া"ৰ নিয়ন্ত্ৰক নহয়। নিয়ন্ত্ৰক চিনেচিন্তাহে। বাজেটৰ কথা মনত ৰাখি পৰিচালকে কাহিনীক শাসন কৰিলে, শাসন কৰিব পাৰিলে কম বাজেটতে ভাল চিনেমা নিৰ্মাণ কৰিব পাৰি-- এই কথাও পৰিচালক বৰাই বিশ্বাস কৰে। এই "বিশ্বাসৰ বুনিয়াদ"ত ঠিয় হৈয়ে হঠাতে এদিন মহানগৰীৰ প্ৰেছ ক্লাৱত (পৰিচালক গৰাকীৰ জন্মদিনৰ অনুষ্ঠানত) ঘোষণা কৰিছিল চিনেমা খনৰ নাম। ঘোষণাৰ পাছতে rupaliparda.com -ৰ পাঢ়ুৱৈক চিনেমাৰ খবৰ দিছিলো-- "এয়েতো জীৱন"। যথা সময়ত চিনেমা খন ফ্ল'ৰলৈ গ'ল। চিত্ৰ গ্ৰহণৰ কাম প্ৰায় সম্পূৰ্ণ হ'ল। আৰু চিনেমা খনৰ নামটোও সলনি হ'ল। হেম চন্দ্ৰ বৰাই পৰিচালনা কৰা চিনেমা খনৰ নতুন নাম-- "ঝংকাৰ-the melody of resonance "। কাহিনী, প্ৰযোজনা ড° জয়ন্তী ছুটীয়াৰ। পৰিচালক বৰাই কথা প্ৰসংগত এদিন কৈছিল-- কাহিনীৰ গতিত গীত প্ৰয়োগৰ সুযোগ আছে। গতিকে গীতত গুৰুত্ব দিছে। সংগীত-- সদানন্দ গগৈৰ। কণ্ঠদান কৰিছে দীক্ষু শৰ্মা , অনিন্দিতা পাল, গায়ত্ৰী শৰ্মা , সদানন্দ গগৈ , বিপ্লৱ গগৈ , ড°দিগন্ত গোস্বামী, শতাব্দী খাতনিয়াৰ,  নিয়ন্তা ভাৰতী আদিয়ে। চিত্ৰগ্ৰহণ নৱ কুমাৰ দাসৰ। সাজসজ্জা বনশ্ৰী বৰাৰ। পৰিচালনাত সহায় কৰিছে দীপক কুমাৰ ৰয় , বিতোপন মহন্তই। 

চিনেমা খনত অভিনয় কৰিছে-- দুলাল ৰয়, ৰেবা ফুকন , ৰাগ ঐনিতম , অনিন্দিতা ৰূদ্ৰজ , দীপক কুমাৰ ৰয় , ৰাজেন ফুকন , ভগৱত প্ৰীতম , ৰাজীৱ গোস্বামী , কবিতা দেৱী , পল ফুকন ,তপজিৎ দত্তবৰা ,

ত্ৰৈলোক্য কাশ্যপ, ৰাজকুমাৰ ঠাকুৰ , মামু নাথ , অনাবিল মহন্ত , পাৰ্থ দত্ত , চোনীয়া ভৰদ্বাজ , যুক্তা বৰা , ৰাজেন নেওঁগ , মুকুল দাস , ধ্ৰুব জ্যোতি চাহা , ৰূপজ্যোতি ভূঞা , নুনুসিং কৰ্মকাৰ শিশু শিল্পীদ্বয় ক্ৰমে  বিপঞ্চিকা বৰা - গ্ৰান্থিক বৰা  আদিয়ে। 

বৃহস্পতিবার, ২১ ডিসেম্বর, ২০২৩

অসমীয়া চিনেমা ২০২৩: আশাৰ বছৰ

"স্থানীয় বজাৰ" সফলতাক বাদ দি চিনেমাৰ দৰে খৰচী মাধ্যম এটাৰ কৰ্ম ধাৰাবাহিকতা ৰক্ষা কৰা সম্ভৱ নহয়। এই যে সম্ভৱ নহয়, সেই বাবেই "বজাৰ কেন্দ্ৰীক চিনেচিন্ত"ৰ গুৰুত্ব বাঢ়িছে। ইয়াৰ মাজতে "স্থানীয় বজাৰ চিন্তা"ৰ আঁতৰত থাকিও একাংশ পৰিচালকে চিনেকৰ্ম কৰি আহিছে। নিৰ্মাতাৰ চিন্তাৰে, পৰিচালকৰ চিন্তাৰে কৰা এনে চিনেকৰ্ম [বহুতে যাক art cinema, arthouse film, art film বুলিয়ো কয়। এয়া ভাৰতীয় ধাৰণা। কোৱা হয় এনে ধৰণৰ চিনেকৰ্ম "প্ৰধানকৈ বাণিজ্যিক লাভৰ পৰিৱৰ্তে নান্দনিক কাৰণত নিৰ্মিত"। এনেদৰেও কোৱা হয় এয়া স্বতন্ত্ৰ চিনেমা (independent cinema)। এনে চিনেমাৰ পৰিকল্পনা কৰাৰৰ সময়ত, ডিজাইন কৰাৰৰ সময়ত 'much viewers'ৰ সন্তুষ্টিৰ প্ৰতি লক্ষ্য ৰখা নহয়, লক্ষ্য-- নিৰ্দিষ্ট বজাৰ (niche market)। এই শৈলীৰ অসমৰ চিনেকৰ্মী সকলৰ লক্ষ্য-- দেশ-বিদেশৰ চলচ্চিত্ৰ মহোৎসৱ আৰু একাংশ বিশেষ দৰ্শক।] -ৰ লক্ষ্য মূলতঃ দেশ-বিদেশৰ চলচ্চিত্ৰ মহোৎসৱ। ভাললগা বিষয়: ২০২৩ বৰ্ষটোত এনে শৈলীৰ চিনেমাৰ দৰ্শকৰ সংখ্যা বাঢ়িছে অসমীয়া চিনেমাৰ স্থানীয় বজাৰত। বৰ্ষটোত চিত্ৰগৃহলৈ অহা দ্বিতীয় খন অসমীয়া চিনেমা এই ধাৰাৰে। পৰিচালনা শৈলী "বজাৰ চিন্তা" মুক্ত যদিও স্থানীয় বজাৰত (চিনেমাৰ বজাৰৰ ভাষাত) "চেমি হিট"। প্ৰায় ৬০ লাখ টকাৰ বাজেটৰ চিনেমা খনে হয়তো আৰু কিছু "বজাৰ" পালে হেতেন, যদিহে "ডক্তৰ বেজবৰুৱা-২" প্ৰচাৰ ধুমুহাৰে ৩ফেব্ৰুৱাৰী তাৰিখে চিত্ৰগৃহলৈ নাহিল হেতেন। "ডক্তৰ বেজবৰুৱা-২" বছৰটোত মুক্তি পোৱা তৃতীয় খন অসমীয়া চিনেমা। দ্বিতীয় খন-- "অনুৰ"। মঞ্জুল বৰুৱাৰ পৰিচালনা। এই চিনেমা খনৰ প্ৰধান অলংকাৰ ডাঃ জাহানাৰা বেগমক লৈ নিৰ্মাণ কৰা কেন্দ্ৰীয় চৰিত্ৰটো। পৰিপাটি অভিনয়ৰ বাবে ডাঃ বেগমক ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ জুৰীয়ে বিশেষ স্বীকৃতি প্ৰদান কৰে। আৰু চিনেমা খনলৈ ৰাষ্ট্ৰীয় বঁটা আহে শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ শিতানত। 
বৰ্ষটোত চিত্ৰগৃহলৈ অহা আন কেইখন "স্বতন্ত্ৰ" অসমীয়া চিনেমা--"কমলা কুঁৱৰী" (পৰিচালক: পৰমানন্দ ৰাজবংশী, চিত্ৰগৃহলৈ: ৬ জানুৱাৰী), "কৃষ্ণলীলা" (পৰিচালক: ড° ৰুক্মিণী বৰা, চিত্ৰগৃহলৈ: ৩ মাৰ্চ), "the consequences   (পৰিচালক: চন্দ্ৰ শেখৰ দাস, চিত্ৰগৃহলৈ: ২৬ মে'), tora's husband (পৰিচালক: ৰীমা দাস, চিত্ৰগৃহলৈ: ২২ ছেপ্টেম্বৰ।), "মমতাৰ চিঠি" (পৰিচালক: নিৰ্মল দাস, চিত্ৰগৃহলৈ: ৬ অক্টোবৰ।), "নেলীৰ কথা" (পৰিচালক: পাৰ্থজিৎ বৰুৱা, চিত্ৰগৃহলৈ: ৮ ডিচেম্বৰ।) ইয়াৰে দেশ-বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত চিত্ৰৰসিকক সন্তুষ্ট কৰা (টৰণ্টো আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ, বুছান আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ, বেংকক বিশ্ব চলচ্চিত্ৰ মহোৎসৱ,
হাইনান দ্বীপ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ, কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আদিত)
"তৰা'ছ হাজবেণ্ড"-এ স্থানীয় বজাৰত মধ্যমিয়া ব্যৱসায় কৰাৰ বিপৰীতে আন কেইখনৰ ব্যৱসায়-- সাধাৰণ। উল্লেখ্য যে "মমতাৰ চিঠি" (হেম বৰুৱাৰ একে নামৰ কবিতাৰ) কবিতাৰ আধাৰত নিৰ্মাণ কৰা প্ৰথম খন পূৰ্ণদৈৰ্ঘৰ অসমীয়া চিনেমা।
আহিছো বজাৰ কেন্দ্ৰীক চিন্তাৰে নিৰ্মাণ কৰা অসমীয়া চিনেমালৈ। বছৰটোত চিত্ৰগৃহলৈ আহিছিল-- "ডক্তৰ বেজবৰুৱা ২" (পৰিচালক: নিপন গোস্বামী,    চিত্ৰগৃগলৈ: ৩ফেব্ৰুৱাৰী), "ব্লেক এণ্ড হোৱাইট" (পৰিচালক: ধনজিৎ দাস,  চিত্ৰগৃহলৈ: ২৪ ফেব্ৰুৱাৰী), "দিছপুৰত গাভৰু" (পৰিচালক: এম এম ৰহমান, আসীম বৈশ্য,  চিত্ৰগৃহলৈ: ৩মাৰ্চ), "অৰ্জুন"  (পৰিচালক:ৰজনী বৰ্মন,চিত্ৰগৃহলৈ: ৭ এপ্ৰিল), " কি কোৱা দোস্তি" (পৰিচালক: কেনী বসুমতাৰী, চিত্ৰগৃহলৈ: ২৮ এপ্ৰিল), "শ্ৰী ৰঘুপতি"  (পৰিচালক: সুব্ৰত কাকতি, চিত্ৰগৃহলৈ ৫জুন), "দ্য শ্লেমবুক" (পৰিচালক: প্ৰাঞ্জল গৈয়াৰী, চিত্ৰগৃহলৈ: ৩০ জুন), "এটি নক্ষত্ৰ" (পৰিচালক: ৰুদ্ৰজিৎ মজুমদাৰ,  চিত্ৰগৃহলৈ : ৬ অক্টোবৰ), "বীৰ" (পৰিচালক: নাৰায়ণ শীল, চিত্ৰগৃহলৈ: ১১ অক্টোবৰ), "ৰাঘৱ" (পৰিচালনা: যতীন বৰা  চিত্ৰগৃহলৈ: ২৭ অক্টোবৰ), "ৰঙাটাপু-১৯৮২" (পৰিচালক: আদিত্যম শইকীয়া, চিত্ৰগৃহলৈ: ২৪ নৱেম্বৰ)। 
অসমীয়া চিনেমাৰ শুদ্ধ, স্পষ্ট box office collection report পোৱা নাযায়। বিভিন্ন উৎসৰ পৰা পোৱা তথ্য: প্ৰায় ২ কোটি টকা বাজেটৰ "ডাক্তৰ বেজবৰুৱা"ৰ collection ৫.৫ কোটি টকা, প্ৰায় ২ কোটি টকা বাজেটৰ "শ্ৰী ৰঘুপতি"ৰ collection ১৩.৮১ কোটি টকা। ১কোটি টকা বাজেটৰ "ৰঙাটাপু-১৯৮২"ৰ লগতে "কি কোৱা দোস্তি"ৰ স্থানীয় বজাৰত ব্যৱসায় সন্তোষজনক। আনকেইখনৰ-- সাধাৰণ। বছৰটোত অসমীয়া চিনেমাৰ বজাৰৰ ক্ষতি-- যতীন বৰাৰ "ৰাঘৱ"ৰ সাধাৰণ ব্যৱসায়। প্ৰায় ২.৩ কোটি টকা বাজেটৰ চিনেমা খনৰ প্ৰযোজকে বিনিয়োগ কৰা টকা খিনিহে স্থানীয় বজাৰৰৰ পৰা আহৰণ কৰিছে। উল্লেখ্য যে যতীন বৰাৰ "ৰত্নাকৰ"ৰ collection আছিল ৯,৪৮,১৬,২৬০ টকা (100 rupees in 2019 are equivalent to 126.27
 rupees in 2023.)। এই সংখ্যা চলিত বৰ্ষত অতিক্ৰম কৰিলে "শ্ৰী ৰঘুপতি"য়ে। এই যে অতিক্ৰম কৰিলে, এয়া আশাৰ বতৰা। অসমীয়া চিনেমাৰ স্থানীয় বজাৰৰ ইতিবাচক বতৰা। তেনেদৰে ইতিবাচক খবৰ-- বছৰটোত "অসমীয়া চিনেমা"ই চন্দ্ৰ শেখৰ দাস, সুব্ৰত কাকতি, ৰুদ্ৰজিৎ মজুমদাৰ, নিৰ্মল দাস, আদিত্যম শইকীয়া নামেৰে নতুন পৰিচালক পালে, যাৰ পৰা আশা কৰিব পাৰোঁ-- নতুন চিনেচিন্তাৰ নতুন চিনেকৰ্ম।
২০২৩ বৰ্ষটোৰ আন তিনিখন অসমীয়া চিনেমা -- প্ৰদ্যুৎ কুমাৰ ডেকাৰ পৰিচালনাৰে নিৰ্মিত-- "The Government Servant", কেনী বসুমতাৰীৰ পৰিচালনাৰে নিৰ্মিত-- "জিয়া"। চিত্ৰগৃহত মুক্তি দিয়া নাই। চলিত বৰ্ষটোত চিত্ৰগৃহত মুক্তি নিদিয়া আন এখন অসমীয়া চিনেমা "অনুনাদ"।  ৰীমা বৰাৰ পৰিচালনাৰে অসম চলচ্চিত্ৰ নিগম লিমেটডে নিৰ্মাণ কৰা এই চিনেমা খনে লাভ কৰিছে ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবিৰ শিতানত।
                                  ---উৎপল মেনা

বিষয়: তথ্যচিত্ৰ

চিত্ৰই গতি লোৱাৰ মূহুৰ্ততে নিৰ্মাণ হৈছিল তথ্যচিত্ৰ

(Documentary film)। 

চিনেমা চৰ্চা কৰা লোক মাত্ৰেই  জানে-- গ্রিক ‘কিনেমা’(kinema) শব্দটোৰ পৰা  'চিনেমা’ (Cinema) শব্দটো আহিছে, যাৰ অর্থ-- গতি। আৰু প্ৰথম গতি পোৱা চিনেমা

'Workers Leaving the Lumiere Factory’ প্ৰকৃততে তথ্যচিত্ৰ।  অগাষ্ট মাৰি লুই নিকোলা লুমিয়েৰ আৰু লুই জঁ লুমিয়েৰে কাৰখানাৰ শ্ৰমিকক কেমেৰাত ধৰি ৰাখিছিল। দৈৰ্ঘ আছিল মাত্ৰ ৪৬ ছেকেণ্ড। দেখা যায়-- কাৰখানাটোৰ পৰা শ্ৰমিক ওলাই আহিছে। বেছিভাগে মহিলা। এজন পুৰুষ শ্ৰমিকে চাইকেল লৈ আহিছে। কেমেৰাৰ ফ্ৰেমলৈ আহিছে শ্ৰমিকৰ লগতে এটা কুকুৰ। চিনেমা আলোচক সকলৰ বিশ্লেষণ: সেই সময়ত তথ্যচিত্ৰ এখনত শ্ৰমিকৰ সঁচা কথা কব পৰাকৈ ইয়াতকৈ বেছি সুযোগ নাছিল।

(আৰু আছে)

শনিবার, ১৬ ডিসেম্বর, ২০২৩

এদিন আমি সকলোৱে ঢলি পৰিম! ইমান 'টেনচন' ভাল নহয়...

জয়ন্ত দাস গ'লগৈ...! 

"এদিন আমি সকলোৱে ঢলি পৰিম! ইমান 'টেনচন' ভাল নহয়, যি কেইটা দিন চলি থাকো, হাঁহি হাঁহি 'টেনচন ফ্ৰী' হৈ চলিব লাগে।" ৰাজুদাই কৈছিল, জয়ন্ত দাসে।

"নিউজ লাইভ"ৰ এক সাক্ষাৎকাৰত স্পষ্টবাাদী জয়ন্ত দাসক অনুভৱ কৰিছিলোঁ

--আজি "ঢলি পৰিল" জয়ন্ত দাস। ৮ বাজি ৪০ মিনিটত।

জয়ন্ত দাস আছিল এক ইমেজ, অসমীয়া চিনেমা-ধাৰাবাহিকৰ হাস্য অভিনেতা (comedian বা comic hero.) কিন্তু এই ইমেজৰ উৰ্ধত আছিল আভিনেতা গৰাকীৰ অভিনয় ক্ষমতা। চিনেমা লেখক-পৰিচালক মুনিন বৰুৱাই অভিনেতা গৰাকীৰ বাবে ৰচনা কৰা কেইবাটাও "চৰিত্ৰ"ক ছিৰিয়াছ মুডলৈ নিছিল, আৰু কম ফুটেজৰ ছিৰিয়াছ মুডৰ মাজত স্পষ্ট হৈছিল "ছিৰিয়াছ অভিনেতা জয়ন্ত দাস"। কিন্তু দুখৰ বিষয় "হাস্যৰ আৱৰণ" ভেদ কৰি ছিৰিয়াছ অভিনেতা গৰাকীৰ অভিনয় ক্ষমতা ব্যৱহাৰ কৰিব পৰা চৰিত্ৰ ৰচনা নকৰিলে।

এই কথা অস্পষ্ট নহয়--, জয়ন্ত দাসৰ চিনেযাত্ৰাৰ সময় চোৱাত ইমেজৰ বিপৰীতে গৈ "চৰিত্ৰ" নিৰ্মাণ কৰিব পৰি পৰিচিলকৰ সংখ্যা কম আছিল। (আজিৰ নতুন চাম পৰিচালকে আভিনেতোৰ বিশেষ ইমেজৰ উৰ্ধলৈ গৈ চৰিত্ৰ কৰে। কৰিবলৈ সাহস কৰে।) সৰহ সংখ্যক পৰিচালকে অভিনেতাৰ ইমেজ মনত ৰাখিহে চৰিত্ৰ নিৰ্মাণ কৰিছিল। (আনকি যতীন বৰাৰ দৰে অভিনেতাকো। যতীন বৰাৰ বিশেষ ইমেজ নিৰ্মাণ হৈছিল মুনিন বৰুৱাৰ চিনেমাত কৰা অভিনয়ৰে। সেই ইমেজতে আভিনেতা গৰাকীক লৈ চৰিত্ৰ নিৰ্মাণ কৰিছিল আন পৰিচালকেও, আনকি জাহ্নু বৰুৱাৰ দৰে পৰিচালকেও।) --হয়, খলনায়ক, ৰোমাণ্টিক নায়কৰ চৰিত্ৰ জয়ন্ত দাসক লৈ নিৰ্মাণ নকৰা নহয়। কিন্তু?

কিন্তু কথাটো এনেধৰণৰ--

নৱাজুদ্দিন ছিদ্দিকীক লৈ হাস্য, খলনায়ক আৰু ৰোমাণ্টিক নায়কৰ চৰিত্ৰ নিৰ্মাণ কৰিছে। কিন্তু নৱাজুদ্দিনক লৈ নিৰ্মাণ কৰা ৰোমাণ্টিক চৰিত্ৰই শ্বাহৰুখ খানৰ দৰে অভিনেতাক লৈ নিৰ্মাণ কৰা ৰোমিণ্টিক চৰিত্ৰৰ দৰে "ৰোমাঞ্চ" নকৰে। নৱাজুদ্দিনক লৈ নিৰ্মাণ কৰা খলনায়কে অতি-অভিনয় (overacting) নকৰে। হাস্য-অভিনেতা নৱাজুদ্দিন দৰ্শকৰ ওচৰ চাপে ন-ইমেজৰ নায়ক হৈ, ন-ইমেজৰ খলনায়কৰ ৰূপত। আৰু এই ন-ইমেজৰ বাবেই সস্পূৰ্ণ অভিনেতা নৱাজুদ্দিনৰ সফল চিনেযাত্ৰা আমি দেখি আছোঁ।

ক্ৰিকেটাৰ জয়ন্ত দাসক বহল মঞ্চলৈ আনিছিল পৰিচালক, অভিনেতা সঞ্জীৱ হাজৰিকাই। পৰিচালক হাজৰিকাই 'দ্বীপ' নামৰ নাটক এখনত ক্ৰিকেটাৰ গৰাকীক অভিনয় কৰাইছিল। নাটক খনত কৰা অভিনয়ৰ বাবে জ্যোতিৰূপাৰ সেইবছৰৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিল। আৰু সেই "সফলতা"ৰ পাছত "ক্ৰিকেটক পিঠি নিদিয়াকৈ অভিনয় কৰি গৈছিলোঁ। ইখনৰ পাছত সিখন নাটকত অভিনয় কৰি গৈছিলোঁ। সেই সময়ত মোৰ মূৰত, মনত নাটকৰ পোক সোমাইছিল। সেই বুলি নাটকতে ব্যস্ত নাছিলোঁ। চিনেমা চাইছিলোঁ, ক্ৰিকেট খেলিছিলোঁ। পঢ়াৰ বাহিৰে সকলো কাম মন দি কৰিছিলোঁ।"(মোৰ প্ৰশ্নৰ উত্তৰত জয়ন্ত দাস। "আজিৰ সংবাদ" /১৮ জানুৱাৰী ,১৯৯৫)

নাটকৰ অভিনেতা গৰাকীক মই দেখা নাছিলোঁ, জয়ন্ত দাসৰ অভিনয় দেখিছিলোঁ-- সৰু পৰ্দাৰ ধাৰাবাহিক, সৰু পৰ্দাৰ চিনেমা আৰু গীতৰ লগতে ৰূপালী পৰ্দাত। চিনেযাত্ৰা আৰম্ভ কৰিছিল পুলক গগৈৰ "সূৰুয" চিনেমা খনেৰে। অভিনয় কৰা চিনেমাৰ তালিকা খন এনে ধৰণৰ: ৰিক্সাৱালা, উত্তৰকাল, দ্বীপজ্যোতি, শকুন্তলা আৰু শংকৰ যোচেফ আলী,  প্ৰভাতী পখীৰ গান, আই মোৰ জনমে জনমে, দেৱতা, পিতা-পুত্ৰ,

নায়ক, কন্যাদান, বুকুৰ মাজত জ্বলে, যৌৱনে আমনি কৰে, ভুমিপুত্ৰ, মন, আই ক'ত নাই, খেল, ৰামধেনু, ইতিহাস, এই মৰম তোমাৰ বাবে, সাৰথি, সূত্ৰপাত, অজলা ককাই, ' যখিনী, হলধৰ,  উৰ্বশী, মীমাংসা, ৰং, আবৰ্তন, সপোন, দেউতাৰ বিয়া, মহাৰথী, প্ৰেম আৰু প্ৰেম, মিঠা মিঠা লগনত, অগ্নিসাক্ষী, ধুনীয়া তিৰোতাবোৰ, কাদম্বৰী, আকাশ চুবলৈ মন, মমতাজ, ককাইদেউ বিন্দাছ, ৰ'দ হৈ আহা তুমি আদি। 

ধাৰাবাহিক: পাপু নিকু সংবাদ, আগন্তুক, এই চহৰতে, ভাড়াঘৰ...

--জনপ্ৰিয় হৈছিল মূলতঃ ধাৰাবাহিকেৰে।

এই প্ৰজন্মৰো দৰ্শকৰ হৃদয় চুইছিল কাকতি (ধাৰাবাহিক: ভাড়াঘৰ) চৰিত্ৰৰে। 

--কথাটো এনেধৰণৰ, চৰিত্ৰৰ দীৰ্ঘ বিন্যাস ধাৰাবাহিকতহে সম্ভৱ। আৰু দীৰ্ঘ বিন্যাসৰ (দৰ্শকক চুই থকাকৈ) বাবে পৰিচালকৰ বাবে সম্ভৱ হয় "অভিনয় শক্তি" (acting power) -ৰ। পৰিচালকক সকলো ধৰণৰ চৰিত্ৰ নিৰ্মাণত সহায় কৰিব পৰাকৈ "অভিনয় শক্তি" আছিল জয়ন্ত দাসৰ।

"অভিনয় শক্তি"ৰ দৰে মনৰো প্ৰচুৰ শক্তি আছিল জয়ন্ত দাসৰ। যি আছে, যেনেদৰে আছে, তাত তেনেদৰেই সুখী আছিল।

--এদিনৰ কথা। ২০০২-০২ চনৰ কোনো এটা দিনৰ। দুপৰীয়া। প্ৰচণ্ড ৰ'দ। নিজৰ দুচকীয়া খন ঠেলি-ঠেলি  মহানগৰীৰ ৰজগড়ৰ পথত জয়ন্ত দাস। প্ৰচণ্ড ৰ'দ গৰমক নেওচি মুখত হাঁহি লৈ আগবাঢ়ি থকা অভিনেতা গৰাকীক সেই স্থানতে আমাৰ মাজত থকা বিৰিঞ্চিয়ে (সেই সময়ত বিৰিঞ্চি শৰ্মাই চিনেমা ইত্যাদিৰ প্ৰচাৰ কৰ্ম কৰিছিল।) চিঞৰি কৈছিল-- "ৰাজুদা সেই খনক আৰু কিমান টানে! ঢলি পৰিছে। এৰি দিয়ক।"

"কি কৰিবি! চলিয়ে আছিল। আজি ঠগালে। 'টেনচন' নাই। কথাটো কি জান, এদিন আমি সকলোৱে ঢলি পৰিম! ইমান 'টেনচন' ভাল নহয়, যি কেইটা দিন চলি থাকো, হাঁহি হাঁহি 'টেনচন ফ্ৰী' হৈ চলিব লাগে।" --আমাৰ ওচৰত ঠিয় হৈ, ভাগৰ জিৰাই ৰাজুদা, মানে জয়ন্ত দাসে কৈছিল।

--আমাৰ অনুভৱ: সেই গৰাকী জয়ন্ত দাসে হয়তো মৃত্যুৰ আগৰ সময় চোৱা "টেনচন ফ্ৰী" হৈ চলিব পৰা নাছিল! অসমৰ আন দহ গৰাকী "শিল্পী"ৰ দৰে অস্থিৰতাৰ মাজেৰে উভতি নহা বাটেৰে গৈছিল!


শুক্রবার, ১৫ ডিসেম্বর, ২০২৩

Kooki

কুকি-- ৰূপালী গল্পটোৰ প্ৰথমটো বিন্দু। বিন্দুটোৰ সৰল ৰৈখিক গতি। গতিত আন কেইবাটাও বিন্দুক মসৃন স্পৰ্শ।

ৰূপালী গল্পটোৰ নাম-- "কুকি" (kooki)। হিন্দী ভাষাৰ চিনেমা (কেইটা মান অসমীয়া সংলাপ প্ৰয়োগ কৰিছে যদিও কাহিনীক গতি দিছে 'হিন্দী সাহিত্যৰ ভাষা' আৰু কেমেৰাৰ ভাষাই। জ্ঞান গৌতমে চিত্ৰগ্ৰহণ কৰা চিনেমা খনৰ ছিকুৱেন্স নিৰ্মাণ পৰিপাটি। ছিকুৱেন্সৰ গতিত চিনে-গাণিতিক প্ৰয়োগ সুপৰিকল্পিত। কাহিনীৰ গতিত সাহিত্যৰ ভাষাক গুৰুত্ব দিছে; কিন্তু কোনো এটা ছিকুৱেন্সতে কেমেৰাৰ ভাষাক সাহিত্যৰ ভাষাৰ বহতীয়া হব দিয়া নাই পৰিচালক প্ৰণৱ জে ডেকাই। (পৰিচালক ডেকাই ড॰ জোনমণি দেৱী খাউণ্ডৰ পৰিকল্পনাৰে ‘কুকি’ৰ কাহিনী-চিত্ৰনাট্য তথা সংলাপো ৰচনা কৰিছে।) --এই যে বহতীয়া হব দিয়া নাই, ইয়াতেই পৰিচালকৰ চিনে শক্তি, পৰিস্কাৰ চিনেচিন্তা (পৰিচালনা কেন্দ্ৰীক) স্পষ্ট। চিনেমা খনৰ বিষয়বস্তু কেন্দ্ৰীক চিনেচিন্তা-- বাস্তৱ, বুদ্ধিদীপ্ত।

--চিনেমা খনৰ সৌন্দৰ্য প্ৰসঙ্গ চৰ্চালৈ আনিলে উল্লেখ কৰিব লাগিব মূলতঃ 'বাস্তৱ অভিনয়'ৰ ওচৰত থাকি কৰা চৰিত্ৰ নিৰ্মাণ, কেমেৰা (-ৰ ভাষা প্ৰয়োগ)  ডিজাইন, শব্দ (আনুষঙ্গিক, প্রভাৱক, নীৰৱতা, সংলাপ আৰু সংগীতো।) ডিজাইনৰ কথা। কেইটামান ছিকুৱেন্স যোৱাৰ পাছত (নায়ক-নায়িকা মুখা-মুখী হোৱা) কেমেৰাৰ খেলি-মেলিয়ে আমনি দিছিল, চিনেমা "গতি"ত বাধা হৈছিল। (এই ত্ৰুটিয়ে চিনেমা খনৰ পৰিচালকক মুকলি মনেৰে প্ৰশংসা কৰাত বাধা দিলে।) এই কেমেৰা দোষক বাদ দি, বাকী চিনেমা খনক গতি দিয়া ছিকুৱেন্স নিৰ্মাণ পৰ্ব, শ্বট নিৰ্বাচন-শ্বটৰ গাণিতিক প্ৰয়োগ পৰিপাটি। গল্পক গতি দিয়াৰ লগতে ভূগোল স্পষ্ট কৰাত ব্যৱহাৰ কৰিছে কেমেৰাৰ ভাষা। ব্যৱহাৰ কৰা সংলাপ মেদহীন। তেনেদৰে কাহিনীৰ গতিত প্ৰয়োগ কৰা অসমৰ থলুৱা "সংস্কৃতি" চিনে সৌন্দৰ্যৰ এটা দিশ। 


আহিছো কাহিনীলৈ-- ১৬ বছৰীয়া কুকি। ভাল লগা, ভাল পোৱাৰ সৈতে সুখৰ, আনন্দময়ী জীৱন পাৰ কৰা কুকি। আচম্বিতে কুকিৰ সুৰীয়া জীৱন বেসুৰৰ মাজত সোমাই পৰে।... (তাৰ পাছত? চৰ্চা কৰিম চিনেমা খন চিত্ৰগৃহলৈ অহাৰ পাছত। এই blog -ত, নিৰ্দিষ্ট ছপা মাধ্যমত)

শুক্রবার, ৮ ডিসেম্বর, ২০২৩

"জুনিয়ৰ মেহমুদ" নঈম ছৈয়দে আভিনয় কৰিছিল অসমীয়া চিনেমা "ভাইটি"তো...

"জুনিয়ৰ মেহমুদ" নঈম ছৈয়দ আৰু নাই। 

নঈমৰ শাৰীৰিক অভিনয় সংলাপ প্ৰক্ষেপন বা কথাবার্তাত বলিউডৰ বিখ্যাত কৌতুক অভিনেতা মেহমুদেৰ সৈতে হুবহু মিল আছিল। আৰু মিল আছিল বাবেই নঈমক "জুনিয়ৰ মেহমুদ" বুলিছিল (প্ৰথমে বলিউড বাসীয়ে, পাছত দৰ্শকে), এই নামেৰেই বিখ্যাত হৈছিল।

মেহমুদৰ সৈতে জুনিয়ৰ মেহমুদ
নঈমে অভিনয় কৰা প্ৰথম খন চিনেমা-- নৌনিহাল (১৯৬৭)। ইয়াৰ পাছত, প্ৰায় ৩০ খন হিন্দী চিনেমাত অভিনয় কৰাৰ পাছত "ভাইটি" (১৫ ডিচেম্বৰ ১৯৭২)-তো দেখা যায়। কমল নাৰায়ণ চৌধুৰীৰ পৰিচালনাৰে এ এছ জুনেজা আৰু কে এছ জুনেজাই প্ৰযোজনা কৰা প্ৰথম খন সম্পূৰ্ণ ৰঙীন অসমীয়া চিনেমা "ভাইটি"ত উৎপতীয়া কিশোৰ তনুৰামৰ চৰিত্ৰত অভিনয় কৰে ১৫ বছৰীয়া জুনিয়ৰ মেহমুদে।
১৯৯৭ চন। মাৰ্চ মাহৰ এটা দিন। "মহানতা" নামৰ হিন্দী চিনেমা এখনৰ ফ্ল'ৰত দেখিছিলোঁ-- জুনিয়ৰ মেহমুদক। চিনেমা খনৰ নায়ক সঞ্জয় দত্তৰ (চৰিত্ৰ: সঞ্জয় মালহোত্ৰা) বন্ধুৰ চৰিত্ৰত অভিনয় কৰিছিল। আফজাল খানৰ চিনেমা (চিনেমা খনৰ চমু শ্বুটিং ৰিপ'ৰ্ট সেই সময়ত লিখিছিলোঁ, জনপ্ৰিয় আলোচনী "বিস্ময়"ত।) combined shot, যথা সময়ত "নায়ক" আহি পোৱা নাছিল। শ্বটৰ বাবে সাজু হৈ "নায়ক"ৰ অপেক্ষাত আছিল-- জুনিয়ৰ মেহমুদ। আৰু অপেক্ষাৰ "মিঠা ফল" খাইছিল বলিউডৰ বাটে-ঘাটে পিটপিটাই ফুৰা চিনে সাংবাদিকে।
"অভিনয় ভাল লাগিছিল, সেই বাবেই আভিনয় কৰিছিলোঁ। এতিয়া অভিনয় নিচাৰ লগতে পেশা। প্ৰথম চিনেমা খনত কাম কৰাৰ সময়ত মই ৯ বছৰীয়া আছিলোঁ। তেতিয়া মোৰ বাবে অভিনয় মানেই আছিল মেহমুদ চাহাবৰ অভিনয়। হয়তো সেইবাবেই অভিনয়ত 'মেহবুদ'হৈ পৰিছিলোঁ।" --জুনিয়ৰ মেহমুদে কৈছিল।

চামেলি মেমচা'ব चमेली मेमसाब

পঢ়িছিলোঁ-- "চামেলি মেমচা'ব। নিৰোদ চৌধুৰীৰ গল্প। নিৰোদ চৌধুৰীৰ "শব্দ-চয়ন", নিৰোদ চৌধুৰীৰ "কাহিনী"ৰ যিমান আকৰ্ষণ শক্তি, সিমানেই চিনে শক্তি একে নামৰ অসমীয়া চিনেমা খনৰ। 

বাংলা "চামেলী মেমসাহেব"ত ৰাখী, জৰ্জ বেকাৰ

"অসম দেশৰ বাগিচাৰে ছোৱালী..." (ঊষা মংগেশকাৰ) "জিগিজা গিজাও ..." (ভূপেন হাজৰিকা, ঊষা মংগেশকাৰ), “হাৱা নাই বতাচ নাই...” (ভূপেন হাজৰিকা ঊষা মংগেশকাৰ), “হায়ৰে প্ৰাণেৰ বাচা মোৰ..." (ভূপেন হাজৰিকা ঊষা মংগেশকাৰ), "অ' বিদেশী বন্ধু" (ভূপেন হাজৰিকা) -- গীতকেইটা, গীত কেইটাৰ চিত্রায়ন আজিও মনত সেউজ হৈ আছে। প্রথমবাৰ যেতিয়া চাইছিলোঁ 'চায়াবাজি' বুলিয়ে চাইছিলোঁ। ১৯৭৮-৮০। সেই সময়ত আমাৰ গাওঁ বেলশৰলৈ 'ছায়াবাজি' আহিছিল। বিভিন্ন তথ্যচিত্র দেখুৱাইছিল। মাজে সময়ে অসমীয়া চিনেমাৰ অংশ বিশেষো দেখুৱাইছিল। এদিন চাইছিলোঁ 'অসম দেশৰ বাগিচাৰে ছোৱালী...' গীতটো আৰু নাটকীয় কিছু অংশ। পাছত, চিনেমা বুজা বয়সত ডিব্ৰুগড়ৰ ৰংঘৰ চিত্ৰগৃহত ৰূপালী গল্পটো চাইছিলোঁ। সেই সময়ত চিনেমা খনৰ সংলাপ হজম কৰিব পৰা নাছিলো। পৰবৰ্তী সময়ত বুজিলো সংলাপ সমূহেই আছিল চিনেমা খনৰ সৌন্দৰ্য। ৰূপালী গল্পটো চাহ বাগিছা এখনৰ। আৰু 'নায়ক' ব্রিটিছ। (কাহিনী: পাঠশালা স্কুলৰ শিক্ষক গৰাকী চাহ বাগিছাত নতুন। এদিন চিনাকি হয় ব্রিটিছ চাহাব বার্কলীৰ সৈতে। আচহুৱা প্ৰকৃতিৰ। সেইখন বাগিছাৰে মেনেজাৰ আছিল। মেনেজাৰী এৰি দিছিল; কিন্তু বাগিছা এৰা নাছিল। চাকৰি তেতিয়া এৰি দিছিল, যেতিয়া পত্নী চামেলিয়ে আত্মহত্যা কৰিছিল। সমাজে কয়, চামেলিৰ মাকে ভাবে --চামেলীয়ে বাকলী চাহাবৰ দোষতে আত্মহত্যা কৰিছে। 

-- কোন চামেলি! একেখন বাগিছাৰে চৰ্দাৰৰ জীয়েক চামেলি। অসম দেশৰ বাগিছাৰ চঞ্চলা চামেলি, তাইৰ প্ৰেমত পৰিছিল বাৰ্কলী চাহাব। চামেলীৰ ঘৰৰ, সমাজৰ বিৰোধৰ পিছততো তাইক পত্নীৰূপে গ্রহণ কৰিছিল। এদিন চামেলি মা হবলৈ ওলাল। গর্ভবতী অৱস্থাত ধৰা পৰে চামেলিৰ-- দেহত কুষ্ঠৰোগ। এনে বেয়া সময়তে তাই মা হয়। এজনী ছোৱালী সন্তান জন্ম দিয়ে। সন্তানটোক লৈ বার্কলী চাহাবৰ ভয় হয়, যদি তাইৰ দেহলৈয়ো কুষ্ঠৰোগ আহে! মাতৃৰ পৰা সন্তানক আঁতৰত ৰাখে বাৰ্কলী চাহাবে। বুজিব নোৱাৰিলে মাতৃৰ মমতা! সন্তানটোক চাবলৈ নাপায়, ওচৰত নাপায় চামেলীয়ে আত্মহত্যা কৰে। 

আৰু সন্তানটো! 

সন্তানটো শাৰীৰিকভাবে বাধাগ্রস্থ। চিকিৎসকে কৈছে সন্তানটো আৰু ভাল নহয়। সন্তানটোৰ জীৱনৰ শেষ দিনটোলৈ বাৰ্কলী চাহাবে বাগিছা এৰিব নোৱাৰে।) অসমত থকা ব্রিটিছ চাহাব এজনে যেনেধৰণৰ 'ভাষা' ক'ব পাৰে, চাহ বাগিছাৰ 'চৰিত্ৰ'বোৰে যেনেধৰণৰ ভাষা কয়, তেনে ধৰণৰ সংলাপ চিনেমাখনত ব্যৱহাৰ কৰিছে। যাৰ বাবে দর্শকে প্রতিটো চৰিত্ৰক 'বাস্তৱ'ত দেখিছে।  

--চিনেমাখনৰ চৰিত্ৰ নিৰ্মাণ আন এক যোগাত্মক দিশ। ব্ৰিটিছ চাহাবৰ চৰিত্ৰটোৰ বাবে জর্জ বেকাৰৰ বাহিৰে আন কোন হব পাৰে? বাকলী চাহাবৰ লগতে বিনীতা বৰগোহাঁইক লৈ চামেলি চৰিত্ৰটোও দর্শকক চুব পৰাকৈ নিৰ্মাণ কৰিছে। সাহিত্যৰ ভাষাৰ লগতে কেমেৰাৰ ভাষাৰো ব্যৱহাৰ সুপৰিকল্পিত। 

চিনেমা খনৰ কেইটামান তথ্য:

-- এই ক'লা-বগা অসমীয়া চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ১০ অক্টোবৰ ১৯৭৫ ত। চিত্ৰনাট্যকাৰ-পৰিচালক: আব্দুল মজিদ। চিত্ৰগ্ৰহণ: বিজয় দে। সম্পাদক: প্ৰণৱ ঘোষ।  বিনীতা বৰগোহাঁই, জৰ্জ বেকাৰৰ লগতে অভিনয় কৰিছিল হাদি আলম বৰা, আব্দুল মজিদ, ৰাণী পাঠক, তিলমিজুৰ ৰহমান আদিয়ে। এই চিনেমা খনৰ সংগীতৰ বাবে ড° ভূপেন হাজৰিকাই লাভ কৰিছিল শ্ৰেষ্ঠ সংগীত পৰিচালকৰ শিতানত (১৯৭৫ চনত) ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (23rd National Film Awards)। 

চিনেমা খনৰ (মুক্তিৰ সময়ত ) প্ৰিণ্টৰ সংখ্যা আছিল ৫টা। (সেই সময়ৰ "টকাৰ মূল্য"ত চিনেমা খন নিৰ্মাণত খৰচ হৈছিল প্ৰায় ১লাখ ১৫ হাজাৰ টকা। Box office Collection প্ৰায় ৪ লাখ টকা।) এটা প্ৰিণ্ট আজিৰ তাৰিখতো আছে-- অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ আৰ্কাইভত। (প্ৰিণ্টটো চিনেমা খনৰ নিৰ্মাতাৰ পৰিয়ালৰ ফালৰ পৰা সংৰক্ষণৰ বাবে ASFFDC-ক দিছে। আনহাতে ডিজিটেল সংস্কৰণো কৰি ৰাখিছে পৰিচলকৰ পৰিয়ালে।

এই চিনেমা খন 48 IffI 2017 Homeg  শিতানত প্ৰদৰ্শিত হৈছিল। যত পৰিয়ালৰ লোকো উপস্থিত আছিল।

বিশেষ তথ্য, যি "তথ্য" মনত ৰাখি আমি গৌৰৱ কৰিব পাৰোঁ-- অসমীয়া "চামেলি মেমচা'বৰ সফলতাৰ পাছত নিৰ্মাণ হৈছিল আৰু দুখন-- "চামেলি"।

হিন্দী আৰু বাংলা "চামেলি"। বাংলা "চামেলী মেমসাহেব"ৰ চিত্ৰনাট্য-পৰিচালনা ইন্দৰ সেনৰ। চামেলীৰ চৰিত্ৰটোত আভিনয় কৰিছিল ৰাখীয়ে। বাৰ্কলী চাহাবৰ চৰিত্ৰত জৰ্জ বেকাৰে বাংলা খনতো অভিনয় কৰিছে। অন্যান্য চৰিত্ৰত-- অনিল চট্টোপাধ্যায়, তৰুণকুমায়, নিমু ভৌমিক, চিন্ময় ৰায়, গীতা দে, সংহিতা মুখোপাধ্যায় কুমকুম মুখোপাধ্যায় তপতী ভট্টাচার্য আদিয়ে। এই খনৰো সংগীত ভূপেন হাজৰিকাৰ। গীতৰ কথা: পুলক বন্দ্যোপাধ্যায় আৰু শিবদাস বন্দ্যোপাধ্যায়। গীত কেইটাত কণ্ঠদান কৰিছে ভূপেন হাজৰিকাৰ লগতে হেমন্ত মুখোপাধ্যায়, আশা ভোছলে, ঊষা মঙ্গেশকাৰ আৰতি মুখোপাধ্যায়ে। --অসমীয়া খনৰ দৰে এইখনো ব্যৱসায়িক দিশত সফল হৈছিল। মুক্তিৰ সময়ত প্ৰিণ্ট আছিল ১৫টা। 

১৯৭৯ চনত চিত্ৰগৃহলৈ আহিছিল হিন্দী "চামেলি মেমেচা'ব" (चमेली मेमसाब)। চিত্ৰনাট্য-পৰিচালনা অজিত লাহিড়ীৰ। অভিনয় কৰিছিল টম অলটাৰ, 

মিঠুন চক্ৰৱৰ্তী, আভা ধুলীয়া, জন মেকেঞ্জী, সুসন্ত সন্যাল, অঞ্জন শ্ৰীবাস্তৱ, কেৰল ইভান্স অলটাৰ, মিচেছ ফ্ৰেডী ষ্ট্ৰাউড আদিয়ে। এই খনৰ সংগীত ভূপেন হাজৰিকা, ৰবিশঙ্কৰ শর্মাৰ (ৰবি)।

সোমবার, ৪ ডিসেম্বর, ২০২৩

ছেম বাহাদুৰ (Sam Bahadur)

এখন  হিন্দী (আৰু উৰ্দু)  চিনেমা-- "ছেম বাহাদুৰ" (Sam Bahadur)। 

১৪৮ মিনিট দৈৰ্ঘৰ চিনেমা খন চিত্ৰগৃহলৈ আহিছে ১ ডিচেম্বৰত (২০২৩)।

আমাৰ বাবে চিনেমা খন চৰ্চাৰ বিষয় হৈছে তিনিটা কাৰণত--

১। চিনেমা খনৰ-- কাহিনী ভাৰতৰ প্ৰথমজন ফিল্ড মাৰ্শ্বাল তথা কিংবদন্তি আৰ্মী জেনেৰেল ছেম এইচ এফ জে মানেকশ্ব (India's first field marshal, Sam HFJ Manekshaw) কেন্দ্ৰীক। 

২। এই  জীৱনীমূলক যুদ্ধ নাটক চিনেমা (biographical war drama cinema) খনৰ পৰিচালক মেঘনা গুলজাৰ (লেখক: শান্তনু শ্ৰীবাস্তৱ

মেঘনা গুলজাৰ, ভৱানী আয়েৰ)। 

৩। চিনেমা খনৰ তিনিটা চৰিত্ৰত অভিনয় কৰিছে তিনিগৰাকী আসমীয়া অভিনেতা-- কেনী বসুমতাৰী, মনোজ বৰকটকী আৰু কৌশিক ভৰদ্বাজে। (চিনেমা খনৰ প্ৰচাৰতো মনোজৰ নামটো দেখিছোঁ।) ইয়াৰো এগৰাকীয়ো চিনেমা খনৰ "নায়ক" নহয়। "নায়ক" ছেম মানেকশ্বৰ চৰিত্ৰত অভিনয় কৰিছে ভিকি কৌশলে। ছেমৰ পত্নী চিলু মানেকশ্বৰ চৰিত্ৰত সন্যা মালহোত্ৰাই। আন্যন্য চৰিত্ৰত: অভিনয় কৰিছে ইন্দিৰা গান্ধীৰ চৰিত্ৰত ফাতিমা চানা শ্বেইখ,  জৱাহৰলাল নেহৰুৰ চৰিত্ৰত নীৰজ কবি, যশৱন্তৰাও চাৱনৰ চৰিত্ৰত আঞ্জন শ্ৰীবাস্তৱ, চৰ্দাৰ বল্লভ ভাই পেটেলৰ চৰিত্ৰত গোবিন্দ নামদেৱ আদি। 

কেনী আৰু মনোজৰ অভিনয়ে আমাক সদায় চুই যায়, চিনেমেটিক (cinematic acting = realistic acting)

অভিনয়ৰ বাবে। আমি আশা ৰাখিম-- আগলৈ বলিউডৰ কনী-মনোজৰ এই  চিনেযাত্ৰাৰ বাবে আমি আৰু আনন্দ কৰাৰ সুযোগ পাম!

"ছেম বাহাদুৰ"-- মেঘনাৰ সপ্তম পৰিচালনা। প্ৰথম পৰিচালনা-- "ফিলহাল" (১/২/২০০২)। চিনেযাত্ৰা কৰিছিল "হু তু তু" (২২/১/১৯৯৯)।

২১ জানুৱাৰী। "হু তু তু" ৰূপালী গল্পটো চোৱাৰ পাছত বলিউডৰ সংবাদ মাধ্যম ব্যস্ত হৈছিল এগৰাকী যুৱতীক লৈ। চেহেৰাত হাঁহি লৈ ওচৰত ঠিয় হৈ আছিল পিতৃ গুলজাৰ। (আৰু আছে)

রবিবার, ৩ ডিসেম্বর, ২০২৩

চিনেতথ্য

#তথ্য /৮

"চিকমিক বিজুলী"-- চিত্ৰগৃহলৈ আহিছিল ২৪ অক্টোবৰ ১৯৬৯ ত। চিনেমা খন ৰাজশ্ৰী প্ৰডাকচনৰ তাৰাচান্দ বৰজাত্য আৰু কামৰূপ চিত্ৰৰ ভূপেন হাজৰিকাই যৌথভাবে প্ৰযোজনা কৰিছিল। --হয়, বিখ্যাত ৰাজশ্ৰী প্ৰডাকচন। 

#ভাগ্য চিনেমা খন আছিল তাৰাচাঁদ বাৰজাতিয়া (#ताराचंद_बड़जात्या #Tarachand_Barjatya )

 আৰু ভূপেন হাজৰিকাৰ সংযোগ ৰেখা। ৰাজশ্ৰী প্ৰডাকচনৰ মুখ্য গৰাকীয়ে বিচাৰিছিল ভূপেন হাজৰিকাই "তকদিৰ" ( #तकदीर ) চিনেমা খন অসমীয়ালৈ ডাব কৰক।

১৯৬৭ চন।বলিউডৰ নিৰ্মাতা  তাৰাচাঁদ বাৰজাতিয়াই এটি নতুন আঁচনি লৈছিল। সেই সময়ত প্ৰদৰ্শনৰ বাবে সাজু হোৱা হিন্দী চিনেমা "তকদিৰ" একে সময়তে সাতটা আঞ্চলিক ভাষাত চিত্ৰগৃহত মুক্তি দিব। আঁচনিৰ সাতটা ভাষাৰে এটা-- অসমীয়া। যথা সময়ত "তকদিৰ"-এ "ভাগ্য" ৰূপ পালে। আৰু ১২ এপ্ৰিল ১৯৬৭ ত চিত্ৰগৃহলৈ আহিল।

চিনেমা খনত অভিনয় কৰিছিল-- ভাৰত ভূষণ, শালিনী, ফৰিদা জালাল, জনী ৱাকাৰ, কমল কাপুৰ, জালাল আঘা, সুশীল কুমাৰ, কাজল, সুভাষ ঘাই, অজয় ভেৰেকাৰ, দীনেশ হিংগু আদিয়ে। পৰিচালক: এ চলাম ( #ए_सलाम )। ডাবিং বিশেষজ্ঞ: শ্ৰীৰামচাজ। সংগীত: লক্ষ্মীকান্ত-প্যাৰেলাল।

--এই চিনেমা খনৰ পাছতে ভূপেন হাজৰিকাই "চিকমিক বিজুলী"ৰ দৃশ্য গ্ৰহণৰ কাম আৰম্ভ কৰিছিল। (সেই সময়ত ভূপেন হাজৰিকা বিধান সভাৰ সদস্য আছিল "এফালে 'চিকমিক বিজুলী'ৰ কাম, আনফালে বিধানসভা আৰু সমষ্টিৰ ৰাইজৰ মাজত বিধায়কৰ দায়িত্বও পালন কৰিব লগা হোৱাত সময়বোৰ মোৰ কেনি গৈ থাকিল ধৰিবই নোৱাৰা হ'লো।" --ভূপেন হাজৰিকা/ "মই এটি যাযাবৰ")। চিনেমা খনৰ চিত্ৰনাট্য ভূপেন হাজৰিকাই "ভাগ্য"ৰ কাম হাতলৈ অহাৰ আগতে সম্পূৰ্ণ কৰিছিল। অভিনয় কৰিছিল-- বিজয় শঙ্কৰ, বিদ্যা ৰাও, প্ৰশান্ত বৰুৱা, কুলদা কুমাৰ ভট্টাচাৰ্য, তচদ্দুক ইউচুফ, দোস্ত হবিবুৰ ৰহমান, ৰুমা গুহঠাকুৰতা, ডেভিদ, ভোলা কাকতি, মনমোহনজহৰ ৰায় আদিয়ে। চিনেমা খনৰ সংগীত স্বাভাৱিকতে ভূপেন হাজৰিকাৰ আছিল। কাহিনীৰ মুড বুজি ব্যৱহাৰ কৰিছিল ৬টা গীত। 

"চম্মা থাকিলে জৰুৰ জৰুৰ পৰোৱানা যে আহিবই..." কণ্ঠ: ভূপেন হাজৰিকা...), "মিলনৰ এই শুভক্ষণ পখিলা উৰাদি উৰে মন..." (কণ্ঠ: ভূপেন হাজৰিকা, সুমন কল্যাণপুৰ), "বিজুলীৰ পোহৰ মোৰ নাই, তথাপি এন্ধাৰে মোলৈ ৰ লাগি চায়..."  (কণ্ঠ: ভূপেন হাজৰিকা), "পক্ষীৰাজ ঘোৰা খট্ খট্ খটকৈ দৌৰা, মোৰ কপাল ফটা পাখি দুখনো কটা..."  কণ্ঠ: কিশোৰ কুমাৰ, ভূপেন হাজৰিকা), "মৃত্যুক সাৱতি সমাধি তলীতে অকলে আছোহি শুই..." (কণ্ঠ:জয়ন্ত হাজৰিকা), "ঘৰ আমাৰ মাটি হয় মাটিয়ে ঘৰ, বাটেই আমাৰ আপোন হয় আপোনেই ঘৰ..."  (কণ্ঠ:ভূপেন হাজৰিকা, মুকেশ)। চিনেমা খনৰ চিত্ৰগ্ৰহণ কৰিছিল অনিল গুপ্ত আৰু জ্যোতি লাহাই।

এই চিনেমা খনে লাভ কৰিছিল ১৯৬৬ চনৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক। এই "ৰাজ্যিক চলচ্চিত্ৰ বঁটা"* পোৱা ভূপেন হাজৰিকাৰ আন দুখন চিনেমা-- "শকুন্তলা" (১৯৬১), "প্ৰতিধ্বনি" (১৯৬৪)। 

*১৯৬৬ চনৰ পৰা "ৰাজ্যিক চলচ্চিত্ৰ বঁটা" (State Award) "ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা"লৈ (National Film Award) পৰিবৰ্তন কৰে। 

#তথ্য /৭

"এৰা বাটৰ সুৰ" --ড° ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম চিনেমা। সংগীতসূৰ্যই এই চিনেমা খনৰ চিত্ৰনাট্য ৰচনা কৰিছিল নিজৰে একে নামৰ অঁনাতাৰ নাটকৰ (১৯৫৪ চনত গৌহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক হৈ থাকোতে লিখিছিল নাটক খন। মঞ্চস্থও হৈছিল। ১৯৫৪ চনত অনাতাঁৰ নাটখৰ দৰে ভাৰতীয় গণনাট্য সংঘৰ অধিবেশনতো পৰিৱেশন কৰিছিল।) আধাৰত। চিনেমা খনৰ নায়ক জয়ন্ত দুৱৰা "চৰিত্ৰ"টো বাস্তৱৰ ভূপেন হাজৰিকাৰ ছাঁ ("এৰাবাটৰ সুৰ" খনত মোৰ জীৱন-চিত্ৰখিনিকে দাঙি ধৰিব খুজিছিলোঁ। ... এইখন মোৰ সম্পূৰ্ণ আত্ম-জীৱনীমূলক ছবি।" --ভূপেন হাজৰিকা/ "মই এটি যাযাবৰ")। ভূপেন হাজৰিকাৰ দৰে জয়ন্তই এৰা বাটৰ (মাটিৰ) সুৰ বিচৰাত ব্যস্ত হয়।... চিনেমা খনত অভিনয় কৰিছিল  বিজয় শঙ্কৰ, ইভা আচাও, ফণী শৰ্মা, বিষ্ণু ৰাভা, তচদ্দুক ইউচুফ, বলৰাজ চাহানী, প্ৰীতিধাৰা, ৰেবেকা আচাও, পুণ্য দুৱৰা, মিনতি দাস, অনিল দাস, ছায়া দেৱী, লৰেটা বুথ, ৰমেশ শৰ্মা আদিয়ে। চিনেমা খন নিৰ্মাণত খৰচ হৈছিল প্ৰায় ১লাখ (প্ৰাথমিক বাজেট আছিল ৯০ হাজাৰ) টকা। এই ক'লা-বগা চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ৩০ নৱেম্বৰ ১৯৫৬ত।

#তথ্য /৬

#চামেলি মেমচা'ব-- এই ক'লা-বগা অসমীয়া চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ১০ অক্টোবৰ ১৯৭৫ ত। পৰিচালক: আব্দুল মজিদ। চিত্ৰগ্ৰহণ: বিজয় দে। সম্পাদক: প্ৰণৱ ঘোষ। অভিনয়ত: জৰ্জ বেকাৰ,  বিনীতা বৰগোহাঁই, হাদি আলম বৰা, আব্দুল মজিদ, ৰাণী পাঠক, তিলমিজুৰ ৰহমান আদি। এই চিনেমা খনৰ সংগীতৰ বাবে ড° ভূপেন হাজৰিকাই লাভ কৰিছিল শ্ৰেষ্ঠ সংগীত পৰিচালকৰ শিতানত (১৯৭৫ চনত) ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (23rd National Film Awards)। চিনেমা খনত ব্যৱহাৰ কৰা হৈছে ৫টা গীত-- "অ' বিদেশী বন্ধু..."  (কণ্ঠ: ভূপেন হাজৰিকা), "

জিগিজা গিজাও..." (কণ্ঠ: ভূপেন হাজৰিকা, ঊষা মংগেশকাৰ), "হাৱা নাই বাতাচ নাই..." (কণ্ঠ: ঊষা মংগেশকাৰ), "অসম দেশৰ বাগিচাৰে..."  (কণ্ঠ:ঊষা মংগেশকাৰ, ভূপেন হাজৰিকা), "হায়ৰে প্ৰাণেৰ বাচা মোৰ"  (কণ্ঠ: ঊষা মংগেশকাৰ)। 

#চিনেমা খনৰ (মুক্তিৰ সময়ত ) প্ৰিণ্টৰ সংখ্যা আছিল ৫টা। এটা প্ৰিণ্ট আজিৰ তাৰিখতো আছে অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ আৰ্কাইভত। (প্ৰিণ্টটো চিনেমা খনৰ পৰিয়ালৰ ফালৰ পৰা সংৰক্ষণৰ বাবে ASFFDC-ক দিছে। আনহাতে ডিজিটেল সংস্কৰণো কৰি ৰাখিছে পৰিচলকৰ পৰিয়ালে।

#এই চিনেমা খন 48 #IffI 2017 Homeg  শিতানত প্ৰদৰ্শিত হৈছিল। যত পৰিয়ালৰ লোকো উপস্থিত আছিল।

(সেই সময়ৰ "টকাৰ মূল্য"ত চিনেমা খন নিৰ্মাণত খৰচ হৈছিল প্ৰায় ১লাখ ১৫ হাজাৰ টকা। Box office Collection প্ৰায় ৪ লাখ টকা।)