মঙ্গলবার, ২৯ আগস্ট, ২০২৩

"মৌলিক নাটক"ৰ নাট্যকাৰৰ "বাংলা নাট্য প্ৰীতি"

প্ৰসঙ্গ: ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্যকাৰ, থিয়েটাৰৰ জনপ্ৰিয় নাট্যকাৰ। 
সময়: ২০০০ চনৰ আগৰ।
সেই সময়তো স্বাভাৱিকতে জনপ্ৰিয় নাট্যকাৰ আছিল। আৰু সৰহ সংখ্যক জনপ্ৰিয় নাট্যকাৰৰ "মৌলিক ৰচনা"ৰ উৎস আছিল বাংলা নাটক। কোনোৱে  আক্ষৰিক অনুবাদ কৰিছিল, কোনোৱে ভাবানুবাদ। কোনোৱে আকৌ চৰিত্ৰ, সংলাপ ইফাল-সিফাল কৰি "অসমীয়াকৰণ" কৰিছিল। 
--হয়, সেই সময়ত সামাজিক মাধ্যম নাছিল, হাতৰ মুঠিতে গুগল (Google) নাছিল। তেতিয়া যদি কোনোৱে কৈছিল, "এই খন দেখোন বিধায়ক ভট্টাচার্যৰ 'মাটিৰ ঘৰ'! চৰ্চা এখন বা দুখন কাকততে শেষ হৈছিল।" 
আমাৰ কথা: এই যে হিন্দী, তামিল, তেলেগু চিনেমাৰ কাহিনীৰে, "চৰিত্ৰ"ৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নাটক লিখাৰ "চুৰি পৰ্ব" চলি আছে, এয়া নতুন কথা নহয়। 

সোমবার, ২৮ আগস্ট, ২০২৩

বিচ্যুত-বিলাপ

স্পৃহা। ইচ্ছা-- মানুহৰ জীৱনৰ চালিকা শক্তিৰ এটা বিন্দু। এই বিন্দুটোৰ পৰা মানৱৰ গতি। বিশুদ্ধ, নিভাজ স্পৃহা-- মানৱৰ (আন দহ জনৰ দৰে!)।জীৱনৰ গতি দ্ৰুত কৰাৰ কথা মনলৈ আহে মনৱৰ। উচ্চাকাঙ্খাৰ জখলা বগায়। ইচ্ছাৰ বিপৰীত বিন্দুত ঠিয় হৈ জীৱনটো "ৰচনা" কৰি লয়। কিন্তু মুক্ত হব নোৱাৰে মনৰ স্পৃহাৰ পৰা। --আমাৰ ধাৰণাত এয়াই "বিচ্যুত-বিলাপ"। নিৰঞ্জন ভূঞাৰ শেহতীয়া নাট্যকৰ্ম। মৌলিক নহয়, মাৰাঠী নাট্যকাৰ হৰ্ষদ চাল্পেৰ হিন্দি নাটক "ভটকে গজল"ৰ
অভিযোজনা। "ভটকে গজল"ৰ বুনিয়াদ মাৰাঠী কবি ডঃ সচ্চিদানন্দ যোশীৰ কবিতা।
নাটক খনৰ ৰচনা শৈলীয়ে আমাক উচ্চমানৰ বুলি কোৱাৰ সুযোগ নিদিলে। বিপৰীত পৰিচালনা শৈলী বা ডিজাইন (director's design) পৰিপাটি, বিশেষকৈ নাটক খনৰ শেষৰ দৃশ্যটো মন-মগজু চুই যোৱা। পৰিচালকক সহায় কৰিছে ৰক্তোৎপল দিকু ভৰদ্বাজৰ সংগীত আৰু ভৰত চুতীয়াৰ পোহৰ প্ৰয়োগে। এই দুটা দিশে ঢাকি ৰখিছে স্পৃহা (মনিষা মজিন্দাৰ বৰুৱা), মানৱ (ধনজিৎ শৰ্মা) চৰিত্ৰ দুটাত কৰা আবেগহীন অভিনয়। এই দুই চৰিত্ৰৰ বিপৰীত বিন্দুত-- ৰচনা (ৰিমা বৰুৱা) চৰিত্ৰটোৰ স্বাভাৱিক সংলাপ প্ৰক্ষেপণ, স্বাভাৱিক অভিনয় (real acting)। স্পন্দনৰ চৰিত্ৰত অনিল হালৈয়ে কৰা অভিনয়ে নাটকৰ গতি নিৰ্মাণত পৰিচালকক সহায় কৰিছে।

রবিবার, ২০ আগস্ট, ২০২৩

চিত্ৰনাট্য সাজু!

চিত্ৰনাট্য সাজু। কাইলৈৰ পৰা শ্বুটিং কৰিম। আপোনাক চিনেমা খন অহা সপ্তাহত দেখুৱাম।' কথা মতেই কাম। নিৰ্দিষ্ট দিনৰ নিৰ্দিষ্ট সময়ত পৰিচালক গৰাকীয়ে চিনেমা খন দেখুৱালে। মাত্ৰ তিনিটা চৰিত্ৰৰ ৰূপালী গল্প। 'কথাছবি'। মাজে মজে কেমেৰা পেন কৰে। বেছি ভাগ সময়ে কেমেৰা স্থিৰ , অস্থিৰ চৰিত্ৰই সংলাপ কৈ গৈছে। সংলাপৰ নামত শব্দ কিছুমান। ' ( থিয়েটাৰ ) চিনেমা অব দ্য  এবছার্ড' বুলিয়ো কব নোৱাৰি। পৰিচালক গৰাকীয়ে ক'লে -- 'আজি কালি এনেধৰণৰ সংলাপৰ চিনেমা চলিছে। মানে বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত বঁটা পায়। আমি পামেই।' পৰিচালক গৰাকীৰ নাম অলকেশ বৰুৱা। অলকেশৰ আত্মবিশ্বাসত আনন্দ অনুভৱ কৰিলো।শুভেচ্ছা জনলো -- বঁটা পাওক , আশা পূৰণ হওক! কিন্তু 'বঁটাৰ বাবে চিনেমা' কথাটো সহজ ভাবে লব নোৱাৰিলো। চিনেমা খন চোৱাৰ পিছত অলকেশে ক'লে -- 'চিনেমা খন কেৱল বঁটা পোৱাৰ আশাত কৰিছো। চিত্ৰগৃহত 'ৰত্নাকৰ'ৰ দৰে চিনেমা চলে। গতিকে চিত্ৰগৃহত দিয়াৰ কথা ভবা নাই।আজি কালি প্ৰতিমাহেও চিনেমাৰ 'অনলাইন' প্ৰতিযোগীতা হয়। গতিকে এটা হলেও বঁটা পাম। বঁটা পোৱাৰ পিছত টিভি - কাকতত আমাৰ চিনেমাৰ চৰ্চা হোৱাৰ পিছত আমাক আৰু একো নালাগে। আমাৰ চিনেমা দৰ্শকৰ বাবে নহয় , সমালোচকৰ বাবেও নহয় , কেৱল বঁটাৰ বাবে।' -- এতিয়া আহিছো আটাইতকৈ 'চিন্তা'ৰ বিষয়টোলৈ। চিনেমা খনৰ নিৰ্মাণ পৰ্বলৈ। অলকেশৰ কথাত স্পষ্ট -- বিশ্বৰ বঁটা প্ৰাপ্ত চিনেমাৰ বিষয়বস্তু , শ্বট আদি চিনেমা খনত ব্যৱহাৰ কৰিছে। 'মই সৃষ্টি কৰা নাই , নিৰ্মাণ কৰিছো। অলপতে মই বঁটা পোৱা অসমীয়া চিনেমা এখন চাইছো। চিনেমা খন চাই থকাৰ সময়ত 'ভিলেজ ৰকষ্টাৰ্ছ'ৰ কথা মনলৈ আহিছে , 'সাগৰলৈ বহু দূৰ'ৰ বিষ্ণু খাৰঘৰীয়াই যে দলং খন ভাঙিব আহে সেই মূহুৰ্তটো মনলৈ আহে , দুখন মান ইৰাকৰ চিনেমাৰ কথা মনলৈ আহে। পৰিচালকৰ মৌলিক চিন্তা বুলিবলৈ একো নাই। এই অসমীয়া চিনেমা খনে যদি বঁটাৰ পিছত বঁটা পাব পাৰে ,মই নাপাম কিয়?' --  প্ৰশ্নৰ যুক্তি আছে। কিন্তু এনে ধৰণৰ চিনেচিন্তাই অসমীয়া চিনেমাৰ উত্তৰণত সহায় নকৰে , পিছুৱাই নিব। এনে ধৰণৰ চিনেচিন্তাই অসমীয়া চিনেমাৰ ক্ষতি কৰিব এই কাৰণেই , এনে চিনেচিন্তাৰে কাম কৰি আছে কেইবাজনো 'অলকেশ বৰুৱা'ই। ইয়াৰ কাৰণ ভুল 'প্ৰযোজিত' চিনেচৰ্চা। মাহে - তিনি মাহে হোৱা অনলাইন চলচ্চিত্ৰ উৎসৱ বা মহোৎসৱ , তৃতীয় - দ্বিতীয় - প্ৰথম শ্ৰেণীৰ চলচ্চিত্ৰ মহোৎসৱ প্ৰচাৰ মাধ্যমত একাকাৰ হৈছে। যিখন চিনেমাৰ বঁটাৰ সংখ্যা বেছি , বেছি চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শণত হৈছে সেই খনেকে 'শ্ৰেষ্ঠ চিনেমা'ৰ তালিকাত ৰাখি চৰ্চাৰ পৰিবেশ গঢ়ি তোলা হৈছে। আৰু এনে পৰিবেশে উৎসাহ দিছে  'অলকেশ' হতক। 'অলকেশ' হতৰ চিনেশক্তি নথকা নহয়। কিন্তু ভুল চিনেচৰ্চাৰ চিকাৰ যে হৈছে সন্দেহ নাই ।
                 **************

শেহতীয়া ভাবে সাধাৰণ চিনেকৰ্মক প্ৰচাৰ মাধ্যমৰ সহায়ত অসাধাৰণ চিনেকৰ্মৰ তালিকাভুক্ত কৰা হৈছে ' বঁটা ' কেন্দ্ৰীক চৰ্চাৰে । আজিৰ তাৰিখত ' বঁটা প্ৰাপ্ত চিনেমা মানেই সাৰ্থক চিনেমা ' ধাৰণা নিৰ্মাণ হৈছে একাংশ চতুৰ  ' পৰিচালক - প্ৰযোজক'ৰ প্ৰযোজনাত । চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন হোৱা মানেই অসাধাৰণ চিনেমাৰ তালিকাত ৰাখি ' সংবাদ ' নিৰ্মাণৰ অলিখিত নিয়ম পালনৰ প্ৰতিযোগীতা আৰম্ভ হৈছে । স্বাভাবিকতে এনে ধাৰণা, নিয়মে  ক্ষতি কৰিছে চিনেমাৰ ,অসমীয়া চিনেমাৰ । -- হয় , দেশ - বিদেশৰ ১৮ - ২০ খন চলচ্চিত্ৰ মহোৎসৱ আছে , যি কেইখনত প্ৰদৰ্শন হ'লে , বঁটা পালে সাৰ্থক চিনেকৰ্ম  নোচোৱাকৈয়ে কব পাৰি । দেশ - বিদশৰ এই ১৮ - ২০ টা চলচ্চিত্ৰ মহোৎসৱত অসমীয়া চিনেমা প্ৰদৰ্শন হৈছে কেইখন ? -- দেশ - বিদেশৰ কেইবাখনো চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন হোৱা , বঁটা পোৱা ৭ লাখ টকা বাজেটৰ ' হালধীয়া চৰায়ে বাঁও ধান খায় ' -এ ১ কোটি টকাৰো বেছি ব্যৱসায় কৰিছিল । ১৯ ৮৭ - ১৯৮৮   চনত । শেহতীয়া ভাবে ২৫ - ৫০ টা চলচ্চিত্ৰ মহোৎসৱ ' জয় ' কৰা অসমীয়া চিনেমা কেইখনে ১০ হাজাৰো টকা ব্যৱসায় কৰিব পৰা নাই কিয় ? -- এই যে পৰা নাই , ইয়াতেই স্পষ্ট হৈ আছে শেহতীয়া ভাবে মহোৎসৱ ' জয় ' কৰা চিনেমা কেইখনৰ মানৰ মান । এনে ' জয় 'ৰ প্ৰচাৰ পৰ্বই যে অসমীয়া চিনেমাৰক্ ক্ষতি কৰিছে ব্যাখ্যাৰ প্ৰয়োজন আছে জানো ! -- যদি অসমতো ' কলিকতা ফিল্ম ছোচাইটি 'ৰ দৰে সাধাৰণ চিনেমাক অসাধাৰণ কৰা  কাৰ্যৰ বিৰূদ্ধে ঠিয় হোৱা কনো চিনেসংস্থা থাকিল হেতেন !

মঙ্গলবার, ১৫ আগস্ট, ২০২৩

যতীন বৰাৰ চিনেমা (না)চাব/৩

এই ধাৰণা শুদ্ধ নহয়-- নেতিবাচক প্রচাৰে (Negative publicity) চিনেমাক বক্স অ'ফিচ (box office) বৈতৰণী পাৰ কৰায়। আৰু এই ধাৰণাও শুদ্ধ নহয়-- চিনেমাৰ বাণিজ্যত ক্ষতি কৰে। শুদ্ধ--  নেতিবাচক প্রচাৰে চিনেমা এখনক "দৰ্শক" (মানুহ)-ৰ মাজলৈ লৈ যায়। এনেদৰে"দৰ্শক"ৰ মাজলৈ  যোৱা প্ৰতি খন চিনেমা যে বক্স অ'ফিছত সফল হব তেনে কোনো কথা নাই। সৰহ সংখ্যক টিকট ক্ৰয় কৰা দৰ্শকৰ পছন্দৰ হ'লেহে চিনেমা এখনৰ বক্স অ'ফিচ সফলতা সম্ভৱ।
কথাটো আমি এনেদৰে ক'ব পাৰোঁ-- নেতিবাচক প্রচাৰে চিনেমা এখনৰ প্ৰচাৰত সহায় হ'ব পাৰে, স্থানীয় বজাৰত সফল কৰাব নোৱাৰে-- যদিহে চিনেমা খনৰ নিৰ্মাণ শৈলীয়ে "much viewers" -ক সন্তুষ্ট কৰিব নোৱাৰে।
          "অভিনেতা যতীন বৰা"ৰ ক্ষেত্ৰত "স্থানীয়  
          বজাৰ"ত চিনেমাৰ সফলতা প্ৰসংগটো অন্য 
          ধৰণে বিশ্লেষণ কৰিব পাৰো। 
বিভিন্ন মাধ্যমত হোৱা নেতিবাচক প্রচাৰে "দৰ্শক"ৰ মাজলৈ এই খবৰ লৈ গৈছে-- যতীন বৰাৰ আৰু এখন চিনেমা চিত্ৰগৃহলৈ আহিব, 'ৰাঘৱ' নামেৰে। এই খবৰে স্বাভাৱিকতে চিত্ৰগৃহলৈ টানি আনিব "যতীন প্ৰেমী" সকলক।
"হিয়া দিয়া নিয়া"ৰ সফলতাৰ পাছৰে পৰা মুনিন বৰুৱাই যতীন বৰাক লৈ চৰিত্ৰ নিৰ্মাণত গুৰুত্ব দিছিল। সফলো হৈছিল। সফলতাই যতীন বৰাৰ গুৰূত্ব বঢ়াইছিল অসমীয়া চিনেমাৰ ক্ষেত্ৰ খনত। (গুৰুত্ব আজিৰ তাৰিখতো আছে।) আৰু এই "গুৰূত্ব"ই নিৰ্মাণ কৰিছিল-- "যতীন ইমেজ", "যতীন গ্লেমাৰ"। আৰু আজিৰ তাৰিখতো এই "ইমেজ", "গ্লেমাৰ" -এ চিত্ৰগৃহলৈ একাং দৰ্শকক যে টানি আনে সন্দেহ নাই। এই খিনিতে এনেদৰেও ক'ব লাগিব-- "ইমেজ", "গ্লেমাৰ"-এ টানিহে আনে, চিত্ৰগৃহত বহুৱাই নাৰাখে। দৰ্শক তেতিয়াহে বহে (চিনেমা খন চাবলৈ দুই-তিনিবাৰ আহে), যেতিয়া চিনেকৰ্ম বহুৱাই ৰাখিব পৰা স্তৰৰ হয়। --আমাৰ ধাৰণাত "ৰাঘৱ" বহুৱাই ৰাখিব পৰা স্তৰৰ হ'ব। আমাৰ এই ধাৰণাৰ বুনিয়াদ "ৰত্নাকৰ"। (ক্ৰমশঃ)

শুক্রবার, ১১ আগস্ট, ২০২৩

যতীন বৰাৰ চিনেমা (না)চাব/২

যতীন বৰা "অভিনয়ৰ মানুহ"। 
মূল ধন "অভিনয়"। 
"অভিনয়"ৰে টকা উপাৰ্জন কৰে। আৰু সেই উপাৰ্জন চিনেমা নিৰ্মাণত খৰচ কৰে। 
যতীন বৰাৰ প্ৰথম পৰিচালনা "আধিনায়ক" (২০০৬) প্ৰযোজনা কৰিছিল লিখন চমুৱাই। দ্বিতীয়, তৃতীয়  পৰিচালনাৰ প্ৰযোজক যতীন বৰা আৰু বৰাৰ পত্নী, অভিনেত্ৰী নৱনীতা শৰ্মা। যদি বৰা দম্পতিৰ দ্বিতীয় প্ৰযোজনা সফল হয়, সফলতাৰ ধনেৰে তৃতীয় এখন অসমীয়া চিনেমা নিৰ্মাণ কৰিব সন্দেহ নাই। গতিকে চিনেমা খন আমি কিয় নাচাম! 
           📌 ( --হয়, যদি চিনেকৰ্ম হজম কৰিব পৰা
           স্তৰৰ     
            হোৱা নাই, তেতিয়া স্বাভাবিকতে দৰ্শকৈ 
            নাচাব। কিন্তু চিনেমা খন চিত্ৰগৃহলৈ অহাৰ 
            পূৰ্বে "চাব নালাগে" বুলি "প্ৰচাৰ" কৰিব 
            কিয়? আৰু "প্ৰচাৰ"ত অসমীয়া চিনেকৰ্মী 
            এচামেও হাত-উজান দিব কিয়? আজিৰ 
            তাৰিখতে এই বোৰ প্ৰশ্নৰ উত্তৰৰ সন্ধান কৰা    
            উচিৎ!
            আমাৰ মনলৈ আহিছে-- "অসমীয়া চিনেমা" 
            বনাম "অসমীয়া চিনেমা"ৰ সংঘাত 
            দিনকেইটা। এখন অসমীয়া চিনেমাৰ 
            "মানুহে" প'ষ্টাৰ ফালিছিল আন এখন 
            অসমীয়া চিনেমাৰ "মানুহে"। সেই সময়ৰ 
            সেই সংঘাতে ক্ষতি কৰিছিল অসমীয়া 
            চিনেমাৰ, কেৱল অসমীয়া চিনেমাৰ।
            আৰু আজি যে যতীন বৰাৰ চিনেমা "চাব 
            নালাগে প্ৰচাৰ" একাংশই চলাই আছে, এই 
            "প্ৰচাৰে"ও অসমীয়া চিনেমাৰে ক্ষতি কৰিব। 
            কেনেকৈ? --এই চৰ্চা পাচলৈ ৰাখিছো।)
এয়া অস্পষ্ট নহয়-- চিনেমাৰ বাবেও চিনেমা নিৰ্মাণ কৰিব লাগিব, চিনেআৰ্টৰ বাবেও চিনেকৰ্ম হব লাগিব আৰু "স্থানীয় বজাৰ"ত সফল হোৱা চিনেমাও বঢ়াব লাগিব। "বজাৰ সফলতা"ৰ আঁতৰত থাকি চিনেকৰ্মৰ ধাৰাবাহিকতা ৰক্ষা সম্ভৱ নহয়। (ক্ৰমশঃ)

বুধবার, ৯ আগস্ট, ২০২৩

যতীন বৰাৰ চিনেমা (না)চাব

চৰ্চাত যতীন বৰা।
চৰ্চাত যতীন বৰাৰ তৃতীয় পৰিচালনা-- "ৰাঘৱ"।
"চৰ্চা" স্বাভাৱিক। 
অস্বাভাৱিক "চৰ্চ কৌশল"।
 --হয়, কৌশল।
 সন্দেহ নাই, অসমীয়া চিনেমাৰ সৈতে প্ৰত্যক্ষ ভাবে জড়িত একাংশ আছে এই "কৌশল" প্ৰয়োগত। উদ্দেশ্য এটায়ে-- যতীন বৰাৰ "ৰাঘৱ" ব্যৱসায়িক দিশত সফল হব নালাগে।
 --কিয় সফল হ'ব নালাগে?
(এটা চেটেলাইট চেনেলে সামাজিক মাধ্যমত হোৱা "চৰ্চা" প্ৰচাৰ কৰিছিল। তাৰ পৰায়ে অনুমান কৰি লৈছোঁ।) 
--"কা আন্দোলন"ৰ সময়ত যতীন বৰাইৰ "ৰাইজ'ৰ পক্ষত ঠিয় নিদিলে! (এই যুক্তিয়ে আমাৰ মনলৈ এনে ধৰণৰ ভাৱো আনে, এয়া প্ৰচাৰ কৌশল নহয়তো!)
--"কা আন্দোলন"ৰ পাছত "ৰাইজ"ৰ ৰাজনৈতিক সিদ্ধান্ত কি আছিল, কোনে আন্দোলনটোক কেনেনেদৰে নিয়ন্ত্ৰণ কৰিলে, কোনে কোনে নিজৰ নিজৰ ৰাজনৈতিক বাট মুকলি কৰি ল'লে ইত্যাদি কথা মনত ৰাখি চৰ্চা কৰাৰ ধেৰ বাট আছে, যুক্তি আছে। কিন্তু "অসমীয়া চিনেমা" কেন্দ্ৰীক চৰ্চাৰ সৈতে এইবোৰৰ কোনো সম্পৰ্ক নাই। যেনেদৰে সম্পৰ্ক নাই "ৰাঘৱ" চিনেকৰ্মৰ।

--এই খিনিত স্পষ্ট দিছোঁ, "মিছন চাইনা", "ৰত্নাকৰ", "শ্ৰী ৰঘুপতি" আদি অসমীয়া চিনেমাৰ পৰিচালনা শৈলী আমাৰ পছন্দৰ নহয়। কিন্তু "স্থানীয় বজাৰ" সফল এই চিনেমা কেইখনে যে অসমীয়া ভাষাৰ চিনেমাৰ বজাৰ বহল কৰিছে সন্দেহ নাই। আমাৰ ধাৰণাত "ৰাঘৱ"-এও স্থানীয় বজাৰত ভাল ব্যৱসায় কৰাৰ সম্ভাৱনা আছে। এই যে স্থানীয় বজাৰত ভাল ব্যৱসায় কৰাৰ সম্ভাৱনা আছে এইটোৱে একাংশ 'চিনেকৰ্মী'ৰ বাবে মূৰৰ বিষ। যি সকলে "'ৰাঘৱ' চাব নালাগে" আভিযান আৰম্ভ কৰিছে, সেই সকলৰ মাজত এই 'চিনেকৰ্মী' সকলো আছে। (ক্ৰমশঃ ...স্পষ্ট হ'ব সকলো কথা।)

বৃহস্পতিবার, ৩ আগস্ট, ২০২৩

এটি নক্ষত্ৰ, আনটো পুৱতিৰ তৰা

৪ আগষ্ট। দুটি "সুৰ-কণ্ঠ"ৰ জন্মদিন-- কিশোৰ কুমাৰ, তৰালি শৰ্মাৰ। কায়িক কিশোৰ কুমাৰ আজি আমাৰ মাজত নাই (কায়িক মৃত্যু: ১৩ অক্টোবৰ, ১৯৮৭, মুম্বইত); আছে অসমীয়া, বাংলা, হিন্দি, মাৰাঠি, গুজৰাটি, কন্নড়, ভোজপুৰি, মালয়ালম, ওড়িয়া, উর্দু ভাষাত গোৱা ৩,০০০ ৰো অধিক গানৰ মাজত (আৰু অভিনয় কৰা ৯০ খন চিনেমাৰ চৰিত্ৰৰ মাজত)। কোনে পাহৰিব কিশোৰদাই গোৱা रिम-झिम गिरे सावन..., रूप तेरा मस्ताना..., मिल गया हमको साथी..., पल पल दिल के पास..., ये शाम मस्तानी..., आज रपट जायें तो..., ॐ शांति ॐ..., एक लड़की भीगी भागी सी..., जिंदगी की यहीं रीत है... আদি গীত!
আৰু আনটো "সুৰ-কণ্ঠ"?
তৰালি নামৰ "সুৰ-কণ্ঠ" বৈ আছে পুৱতিৰ পৰা সংগীতৰ পৃথিৱী (music world)-লৈ।
তৰালিৰ গায়কী-কণ্ঠৰ সৈতে আমাৰ পৰিচয় "ইমান অভিমান কিয় মই নেজানো...", "তই দিয়া ৰিহা খনি পিন্ধি ল'লো...", "মৰমৰে এনাজৰি...", "দূৰৈত শুনিলো ৰিণি-ৰিণি চেনাইৰ পেঁপাৰে মাত..." আদি গীতৰ মাজেৰে। singing power --এই গীত কেইটাৰ মূল আকৰ্ষণ শক্তি। এই গীত কেইটাৰে এটা ইমেজত বন্দী কৰি লৈছিলোঁ-- তৰালিৰ গায়কী, তৰালিৰ কণ্ঠ। কিন্তু আমাৰ ধাৰণা শুদ্ধ নাছিল! শুদ্ধ নহয় বুলি ভাবিৱলৈ বাধ্য কৰালে তৰালিয়ে গোৱা "মিঠা এটি ৰাতি...", "নিলাজি মলয়া কিয় জানো বলে..." দৰে গীত কেইটা শুনাৰ পাছত। আছৰিত কৰি দিয়ে "মিঠা এটি ৰাতি..." গোৱা তৰালিয়ে গোৱা "ওলাই অহা আইদেউৱে ঐ সসী..." যেতিয়া শুনোঁ। কেৱল বিয়া নামেই নহয়, পাছত তৰালিৰ কণ্ঠত লোকগীত শুনিলোঁ, বৰগীত শুনিলোঁ।
--এই খিনিতে মনলৈ আহিছে তৰালিৰ গীত শুনি সুধাকণ্ঠই তৰালিৰ পিতৃ সংগীতশ্ৰী প্ৰভাত শৰ্মাক কোৱা দুটা বাক্য "তাই লতা মংগেশকাৰো হ'ব পাৰে, পাৰবিন চুলতানাও হ'ব পাৰে।..."
         (চন ১৯৯৯। স্থান গুৱাহাটী। ভূপেন      
         হাজৰিকাৰ 'বিশেষ সংগীত অনুষ্ঠান'। এই 
         অনুষ্ঠানত সংগীতসূৰ্যৰ গীতৰ মাজতে দুটি 
       গীত গাইছিল তৰালিয়ে। তৰালিয়ে গাইছি—
    'বনে বাজে কাৰ...'। গীতটোৰ সুৰ প্ৰভাত শৰ্মাৰ।
        গোৱা আনটো গীত ভূপেন হাজৰিকাৰ – 
       “নিজকে দেখি...'। সেই অনুষ্ঠানত ভূপেন  
        হাজৰিকাইতৰালি সম্পৰ্কে কৰা ৰাজহুৱা
         মন্তব্যটো আছিল এনেধৰণৰ --ভূপেন
         হাজৰিকাৰ  সংগীতৰ অনুষ্ঠানত, ভূপেন
         হাজৰিকাৰ গীত গায়ো তৰালি শৰ্মাই নিজৰ
         ইমেজ অক্ষুন্ন ৰাখিব পাৰিছে। এয়া সহজ
         নহয়। --সেই সংগীতৰ অনুষ্ঠানতৰ পাছদিনা 
         সংগীতসূৰ্যই তৰালি শৰ্মাৰ গায়কী প্ৰসংগত
         প্ৰভাত শৰ্মাক কৈছিল --"তাই লতা
         মংগেশকাৰো হ'ব পাৰে, পাৰবিন চুলতানাও
         হ'ব পাৰে। তাইক গাবলৈ দিবা।")
--আমি যে উল্লেখ কৰিলোঁ, সেই গীত বোৰেই দিছিল "গায়িকা তৰালি"ৰ পৰিচয়। এই পৰিচয়ৰে আৰম্ভ কৰিছিল দ্বিতীয় পৰ্যায়ৰ সংগীতকৰ্ম। স্বাধীন সংগীত চিন্তাৰে স্বাধীন সংগীত কৰ্ম। প্ৰথমটো স্বাধীন সংগীত কৰ্মৰ নাম-- "মুকলি"। দ্বিতীয়-- "হেঙুলীয়া"। আৰু তৰালিৰ স্বাধীন সংগীত চিন্তাৰ তৃতীয়টো সংগীত প্ৰকল্প-- "ডেউকা"। "ডেউকা"ৰ দুটা গীত ইতিমধ্যে আমি আনুভৱ কৰিছোঁ-- "মাতিলেই নামি অহা জোনাক..." (কথা-সুৰ: তৰালি শৰ্মা) আৰু ""ডেউকা মেলি উৰে / সাঁচি ৰখা বহু কথা..." (কথা: গৌতম শৰ্ম, সুৰ: তৰালি শৰ্মা)।
       --আজি জন্মৰ দিনটোত কৈছোঁ, "মুকলি"
       মনেৰে। তৰালি তোমাৰ "হেঙুলীয়া" গীতবোৰ        শুনি অনুভৱ  কৰিছোঁ, সাংগীতিক "ডেউকা"ৰে
       যে আৰু বহু  সুৰীয়া বাট অতিক্ৰম কৰিবা
       সন্দেহ নাই।

বুধবার, ২ আগস্ট, ২০২৩

আভিজিৎ ভট্টাচাৰ্যই নাটক লিখিব নালাগে /১

আভিজিৎ ভট্টাচাৰ্যই নাটক লিখিব নালাগে!
"তুমবিন"ৰ নাট্যৰূপো ভ্ৰাম্যমাণ থিয়েটাৰত মঞ্চস্থ হৈছিল। নাট্যকাৰ কিন্তু অভিজিৎ ভট্টাচাৰ্য নহয়।
                      -----------------------
ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য চৰ্চাৰ পৰিবেশ নষ্ট কৰিছে নাট্যকাৰ গৰাকীয়ে! "চিণ্ডিকেট" কৰিছে নাট্যকাৰ গৰাকীয়ে! দক্ষিণ ভাৰতৰ চিনেমাৰ পৰা "কপি" কৰি নাটক লিখে নাট্যকাৰ গৰাকীয়! --এনে ধৰণৰ আৰু ধেৰ অভিযোগ নাট্যকাৰ গৰাকীৰ বিৰূদ্ধে।       
       📌অভিযোগ কৰা সকলৰ মাজত সেই সকলো      
         আছে, যি সকলে এসময়ত নাট্যকাৰ গৰাকীৰ 
         নাটকক "পেকেজ" (এই প্ৰংগত নিশ্চয় চৰ্চা 
         কৰিম)-ত প্ৰশংসা কৰিছিল।

         অভিযোগ কৰা সকলৰ মাজত সেই সকলো 
         আছে, যি সকল ভ্ৰাম্যমাণ থিয়েটাৰৰ 
         প্ৰযোজকে এসময়ত "অভিজিতৰ 
         নাটক নহলে থিয়েটাৰ চলোৱা অসম্ভৱ" 
         বুলিছিল। 

         অভিযোগ কৰা সকলৰ মাজত সেই সকলো 
         আছে, যি সকলে এসময়ত আনৰ সহায়ত 
         নাটক লিখি এটকাও মাননী নোলোৱাকৈ 
         ভ্ৰাম্যমাণ থিয়েটাৰত মঞ্চস্থ কৰোৱাইছিল। 

         অভিযোগ কৰা সকলৰ মাজত সেই                      গৰাকীও আছে, যি গৰাকীয়ে এসময়ত                   নাটক নোচোৱাকৈও ভ্ৰাম্যমাণ থিয়েটাৰৰ               নাটকৰ "সমালোচনা" লিখিছিল। 
--এই খিনিতে স্পষ্ট কৰি দিয়াৰ প্ৰয়োজন অনুভৱ কৰিছোঁ, অভিজিত ভট্টাচাৰ্যৰ নাটক "দৰা হব কোন" আছিল "পৰদেশ" নামৰ বলিউডৰ চিনেমা এখনৰ নাট্যৰূপ। এয়া কোনো নতুন কথা নাছিল। বলিউডৰ চিনেমা, বাংলা চিনেমাৰ (আৰু নাটক) নাট্যৰূপ, আমি দেখাৰে পৰা গতানুগতিক কথা। "মাটিৰ ঘৰ"ৰ দৰে জনপ্ৰিয় বাংলা নাটক হুবাহু অনুবাদ কৰি "মৌলিক নাটক" বুলি মঞ্চস্থ কৰাৰ উদাহৰণো আছে। তথাপি অভিজিত ভট্টাচাৰ্যৰ নাটক "দৰা হব কোন" আমি সহজ ভাৱে লোৱা নাছিলো। 
--কিয়?
কাৰণ "নাটক সমালোচক অভিজিৎ ভট্টাচাৰ্য"ই সহজ ভাৱে লোৱা নাছিল। ( -হয়, আভিজিত ভট্টাচাৰ্যৰ আন এটা "পৰিচয়" দক্ষ নাটক সমালোচক। আমাৰ ধাৰণাত।) "দৰা হব কোন"ৰ দৰে নাট্যকৰ্ম সমৰ্থন কৰা নাছিল; আৰু সমৰ্থন নকৰা ধৰণৰ নাট্যকৰ্ম নিজে কৰিছিল। "সমালোচক অভিজিৎ ভট্টাচাৰ্য" আৰু "নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য" দুটা বিপৰীত বিন্দুত কিয়? (ক্ৰমশঃ)