সীমান্ত শেখৰ, অসমীয়া চিনেমাএই চৰ্চা আৰু আগ বঢ়োৱাৰ মন নাছিল। যোৱা সংখ্যাত সীমান্তু শেখৰক প্ৰশংসা কৰি লিখিছিলো-- অসমীয়া চিনেমা প্ৰদৰ্শনৰ কাম হাতত লৈ অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতে ভাল কাম কৰিছে। আমি মুকলি মনেৰে প্ৰশংসা কৰিছিলো। কাম প্ৰশংসাৰ যোগ্য। কিন্তু কামৰ পদ্ধতি প্ৰশংসাৰ যোগ্য নহয়, যদি সামাজিক মাধ্যমত চৰ্চাৰ বিষয় হোৱা পৰিচালক সৌৰভ বৈশ্যৰ "অভিযোগ" সত্য-- পৰিচলক গৰাকীৰ "ক্ষণচৰ" নামৰ অসমীয়া চিনেমা খন ASFFDC য়ে প্ৰদৰ্শনৰ আগ্ৰহ প্ৰকাশ কৰিছে; কিন্তু প্ৰদৰ্শন কৰাৰ বাবে চিনেমা খনৰ নিৰ্মাতাৰ কোনো ধৰণৰ আৰ্থিক লাভ নহব। এই অভিযোগ সত্য বুলি ধৰি লৈ আমাৰ প্ৰশ্ন-- অসমীয়া চিনেমাৰ ভালৰ স্বাৰ্থত, উত্তৰণৰ স্বাৰ্থত যিটো চৰকাৰী বিভাগে কাম কৰে বুলি কোৱা হয়, সেই বিভাগটোৱে আৰ্থিক দিশত বা প্ৰযোজনাত সহায় নকৰা অসমীয়া চিনেমা এখন প্ৰদৰ্শনৰ বাবে "ফ্ৰী"তে বিচৰাৰ যুক্তি আছে জানো? বিভাগটো ইমানে আৰ্থিক সমস্যাত ডুবিছে নে--, প্ৰদৰ্শনৰ বাবে "ফ্ৰী"তে নতুন অহমীয়া চিনেমা বিচাৰিব লগীয়া হৈছে। আমি ভাবো-- "ক্ষণচৰ" আৰু আন কোনো অসমীয়া চিনেমাৰ যদি ASFFDC য়ে প্ৰদৰ্শনৰ প্ৰয়োজন অনুভৱ কৰিছে নিৰ্মাতাৰ সৈতে আৰ্থিক বুজাবুজি কৰি লওক। এয়া আৰু ভাল কথা হব পাৰে নে-- নিৰ্মাতাই নিজৰ জেপৰ টকা খৰচ কৰি চিনেমা নিৰ্মাণ কৰিব। আৰু ASFFDC য়ে প্ৰদৰ্শনৰ বাবে "ফ্ৰী"তে বিচাৰিব!
পৰৰ বিহুৱানেৰে বিহু পতাৰ চিন্তা বাদ দি ASFFDC য়ে নিজৰ প্ৰযোজনাৰ বা আৰ্থিক সহায়ৰ অসমীয়া চিনেমাৰ সংখ্যা বঢ়াওক। আৰু যেতিয়ালৈকে বঢ়াব নোৱাৰে অসমৰ গাৱে ভূঞে ASFFDC য়ে আৰু অন্যান্য চৰকাৰী বিভাগে প্ৰযোজনা বা নিৰ্মাণত সহায় কৰা অসমীয়া চিনেমা কেইখন প্ৰদৰ্শন কৰক।
(আমি নিশ্চয় এনেদৰে ভাবিব পাৰো --ASFFDCৰ চিনেচিন্তা একক নহয়। সীমান্ত শেখৰৰ নেতৃত্বত নিশ্চয় চিনে পণ্ডিতৰ দল এটা আছে। চিনে পণ্ডিত সকলে কিমান চিনেমা বুজে, কথাছবি আৰু চিনেমাৰ মাজত থকা দৃৰত্ব কিমান বুজে --সেয়া অৱশ্যে সন্দেহৰ বিষয়।) আৰু যদি আৰ্থিক সমস্যা নাই বিভাগটোৰ চিনে পণ্ডিতক ভাল অসমীয়া চিনেমাৰ নিৰ্বাচনৰ দায়িত্ব দিব লাগে; আৰু নিৰ্বাচিত চিনেমাৰ নিৰ্মাতাৰ সৈতে আৰ্থিক বুজাপৰাৰ মাজেৰে আগবাঢ়ি অসমৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শন কৰিব লাগে। পূৰ্বেও কৈছিলো, আকৌ কৈছো-- ৰাজনৈতিক চিন্তাৰে নহয়, সুপৰিকল্পিত চিনেচিন্তাৰে আগবাঢ়ক "অসমীয়া চিনেমাৰ উত্তৰণৰ স্বাৰ্থত কাম কৰো" বুলি কৈ অহা এই চৰকাৰী বিভাগটো। আৰু এটা কথা-- অসমীয়া চিনেমা নহয়, সাৰ্থক অসমীয়া চিনেমা প্ৰদৰ্শন কৰাতহে গুৰুত্ব দিয়ক। বলীউড শৈলীৰ বা দক্ষিণ ভাৰতীয় চিনেমাৰ শৈলীৰে (কাহিনী, শ্বট আদি নকল কৰি নিৰ্মাণ কৰা) নিৰ্মাণ কৰা অসমীয়া ভাষাৰ চিনেমা প্ৰদৰ্শন কৰাৰ যুক্তি আছে বুলি আমি নাভাবো। আমাৰ ধাৰণাত কোনো চিত্ৰ ৰসিকেই নাভাবে।
এই দিশটোতো মন দিয়াৰ প্ৰয়োজন আছে-- চিনেমা নিৰ্মাণ কৰি ASFFDC য়ে টকা খৰচ কৰিহে আছে। আৰ্থিক লাভৰ চিন্তা কৰা নাই, চৰকাৰী বিভাগ বাবেই হয়তো "বজাৰ চিন্তা"ৰ প্ৰয়োজন অনুভৱ কৰা নাই। আনহাতে চৰকাৰী বিভাগটোৰ প্ৰযোজনাই দেশ-বিদেশৰ চলচ্চিত্ৰ মহোৎসৱতো বিশেষ স্থান দখল কৰিব নাই। এই ব্যৰ্থতাৰ কাৰণো বিভাগটোৰ চিনে পণ্ডিত সকলে চৰ্চা কৰক, সফলতাৰ বাট মুকলি কৰক। আৰু যদি সফলতাৰ বাট নেদেখে উৎপল বৰপূজাৰী, জাহ্নু বৰুৱা, ৰীমা দাস আদিৰ সহায় লওক।
শনিবার, ৩০ এপ্রিল, ২০২২
মঙ্গলবার, ২৬ এপ্রিল, ২০২২
আলোচনী খনৰ বেটুপাতত ৩০ বাৰ স্থান পাইছে The Beatles-এ। আৰু এতিয়া এই আলোচনী খনৰে ভাৰতীয় সংস্কৰণৰ বেটুপাতত পাপনক স্থান দিছে দুবাৰ...
|| অংগৰাগ মহন্ত /৩ ||
"ৰোলিং ষ্টোন" ( "'Rolling Stone' is an American monthly magazine that focuses on music, politics, and popular culture.') --সংগীতক গুৰুত্ব দিয়া মাৰ্কিন দ্বি-সাপ্তাহিক আলোচনী। সংগীত বিশ্বৰ জনপ্ৰিয় আলোচনী। ৭ নবেম্বৰ, ১৯৬৭ চনত প্ৰকাশ পাইছিল প্ৰথম সংখ্যা। ইংৰাজী ভাষাত। প্ৰচলন সংখ্যা ২০১৪ চনত আছিল ১,৪৬৮,২৬৩। ২০২১ চনত ২৫% শতাংশ বৃদ্ধি পোৱাৰ তথ্য পোৱা যায়। Jan Weiner-এ প্ৰকাশ কৰা এই আলোচনী খনৰ প্ৰতিষ্ঠাতা Jan Weiner আৰু Ralph J. Glason নামৰ দগৰাকী সংগীত ৰসিক। --আজিৰ তাৰিখত আলোচনী খনৰ কেইবাটাও (দেশ কেন্দ্ৰিক) সংস্কৰণ প্ৰকাশ পায়। ডিজিটেল সংস্কৰণো আছে-- প্ৰতিটো সংস্কৰণৰ। --আলোচনী খনৰ বেটুপাতত ৩০ বাৰ স্থান পাইছে The Beatles-এ। আৰু এতিয়া এই আলোচনী খনৰে ভাৰতীয় সংস্কৰণৰ বেটুপাতত পাপনক স্থান দিছে দুবাৰ। আলোচনী খনৰ সাংবাদিকক প্ৰসংগক্ৰমে পাপনে কৈছিল-- My dad is a folk artist from Assam, (he is one of the formost representatives of folk music in Assam.) I was bombarded with traditional music. Folk music, traditional music, tea-garden music- all that came to me. And as my mom is into Hindustani classical, I was introduced to ghazals through that. So at a very interesting age, without even understanding Hindi I was hooked on to it. Then obviously, soft rock, jazz and electronic later.” সংগীত আলোচক সকলৰ মতে, এই কথা খিনিয়ে সংগীতৰ পৃথিৱীত "সংগীত শিল্পী পাপন"ৰ পৰিচয় স্পষ্ট কৰিছিল।
--হয়, সংগীতৰ পৃথিৱীত অংগৰাগ পাপন মহন্তৰ পৰিচয় নিৰ্মাণ হৈছে অসমৰ লোক সংগীতেৰে। আৰু পৰিচয়ে পাপনৰ সাংগীতিক দায়বদ্ধতা ("Musical responsibility") বঢ়াইছিল। "কৈ নিদিয়া কিয়" সংগীত কৰ্মৰে সংগীতেৰে "ভাষা"ৰো প্ৰচাৰ, প্ৰসাৰৰ কাম কৰিছে। "অসমীয়া ভাষা আৰু নাথাকিব!" বুলি আন্দোলনৰ মুডত থকা সকলক যেন সংগীতেৰে পাপনে বুজাই দিছে-- আমাৰ ভাষা এনেদৰে সদায় থাকিব। সংগীতেৰেও বড়ো, তিৱা, অসমীয়া ভাষাৰ প্ৰতি আকৰ্ষণ কৰিব, সেই দিশটো স্পষ্ট কৰি দিলে "কৈ নিদিয়া কিয়"ৰে। গীতটো শুনাৰ পাছত নুবুজা জনেও বুজি লৈছে --"আং নাগো কামুন মানং ..." ("Aang nago kamun manong...")
মানে নো কি? --"আং নৱংকৌ..." ("Ang nwngkou...") মানেনো কি?
--যেতিয়া অসমীয়া আৰু বড়ো আদি ভাষাত চুই যাব পৰা, শ্ৰেষ্ঠ সাহিত্য, নাট্য-চিনে, সংগীত কৰ্ম হয়, ভাষাটো হেৰাই যাব কিয়? আন্দোলনেৰে নহয়, কৰ্মৰেহে ভাষা-সংস্কৃতি জীয়াই ৰাখিব পাৰি। (ক্ৰমশ:)অংগৰাগ পাপন মহন্ত
by: Utpal Mena
সোমবার, ২৫ এপ্রিল, ২০২২
গীতটোৰ কথাত তিনিটা ভাষাৰ প্ৰয়োগতে শেষ নহয়, সংগীত ৰচনাৰ সময়ত-দৃশ্য কৰ্মৰ সময়তো তিৱা-বড়ো "সংস্কৃতি" প্ৰয়োগত মন দিছে। --এই গীতটোতো পাপনৰ সাংগীতিক দায়বদ্ধতা স্পষ্ট
|| অংগৰাগ মহন্ত /২ ||অংগৰাগ পাপন মহন্ত
"তোৰ ঘৰ ইপাৰত
মোৰ ঘৰ সিপাৰত
মাজতে বোৱতি নৈ ..."
--বিশাল মঞ্চ। মঞ্চত গাইছে অংগৰাগ পাপন মহন্তই।
আৰু দৰ্শকে গাইছে (কৈছে)-- "হয়"।
দৰ্শকে বিহুগীতৰ সুৰে সুৰে হাতচাপৰিৰে তাল মিলাইছে।
এয়া আজিৰ তাৰিখৰ গতানুগতিক ছবি, অসমৰ সংগীত অনুষ্ঠানৰ। অসমৰ বাহিৰত হোৱা (আমি চৰ্চাৰ বিষয় কৰি লোৱা) বিশেষ অনুষ্ঠানটো কিন্তু গতানুগতিক নাছিল। --কিয়?
যেতিয়া পাপনে গাইছিল-- "তোৰ ঘৰ ইপাৰত
মোৰ ঘৰ সিপাৰত
মাজতে বোৱতি নৈ ..."
দৰ্শকৰ আসনৰ পৰা "হয়" কৈছিল-- অমিতাভ বচ্চন, স্মৃতি ইৰানী, জাহ্নু বৰুৱা, কিৰন ৰিজেজু আদিৰ দৰে ব্যক্তিত্বই। বিহুগীতৰ সুৰে সুৰে হাতচাপৰিৰে তাল মিলাইছিল অমিতাভ বচ্চন, ছলমান খানকে ধৰি কেইবাগৰাকীও বলীউডৰ তাৰকা-মহাতাৰকাই।
--এই "ছবি" খনে আমাক স্বাভাৱিকতে আনন্দৰ, গৌৰৱৰ বাট দেখুৱাই। আৰু কোৱাৰ সুযোগ দিয়ে, অসমীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰৰ এয়াও এক সুৰীয়া বাট। অংগৰাগ পাপন মহন্তই অসমীয়া গীতক, সুৰক এই বাটেৰে লৈ গৈছে। অসমৰ "লোক সংগীত"ক এই বাটেৰে লৈ যাওতে সমালোচনাৰ চাকনৈয়াতো সোমাইছে, লোক সংগীতৰ সুৰ বিকৃত কৰাৰ "অপৰাধ"ত। সমালোচনা যুক্তিহীন নহয়। কিন্তু এই কথা আমি অস্বীকাৰ কৰিম নেকি-- পাপনে অসমৰ গোৱলপৰীয়া লোক গীত, বিহু নাম, ঝুমুৰ গীত আদিৰ চৰ্চা সংগীতৰ বহল পৃথিৱী খনলৈ লৈ গৈছে। অস্বীকাৰ কৰিম জানো-- একাংশ গায়কে তামিল, তেলেগু আদি গীতৰ সুৰেৰে নিৰ্মাণ কৰা গীতেৰে অসমত জনপ্ৰিয় হোৱাৰ বিপৰীতে পাপনে অসমৰ মাটিৰ সুৰেৰে "সংগীত বিশ্ব"ত জনপ্ৰিয় হৈছে।
--আমি এনেদৰেও কব বিছাৰিম, সংগীতসূৰ্য ভূপেন হাজৰিকাৰ পাছত 'অসম বৃত্ত"ৰ বাহিৰলৈ অসমৰ থলুৱা সুৰ লৈ গৈ "জনপ্ৰিয়" কৰিছে পাপনে। এয়া সাংগীতিক দায়বদ্ধতা। "Musical responsibility"।
পাপনৰ শেহতীয়া গীত-- "কৈ নিদিয়া কিয়..."। কথা-সুৰ: কেশৱ নয়নৰ।গাইছে শ্ৰেয়া ঘোষালৰ সৈতে পাপনে। গীতটোত গীতিকাৰে ব্যৱহাৰ কৰিছে তিনিটা ভাষা-- অসমীয়া, তিৱা, বড়ো। গীতটোত এটা প্ৰেমৰ গল্প স্পষ্ট। তিৱা যুৱকৰ সৈতে বড়ো যুৱতীৰ প্ৰেম কাহিনী। দুয়োৰে ভাষাৰ সাঁকো-- অসমীয়া। গীতটোৰ কথাত তিনিটা ভাষাৰ প্ৰয়োগতে শেষ নহয়, সংগীত ৰচনাৰ সময়ত-দৃশ্য কৰ্মৰ সময়তো তিৱা-বড়ো "সংস্কৃতি" প্ৰয়োগত মন দিছে। --এই গীতটোতো পাপনৰ সাংগীতিক দায়বদ্ধতা স্পষ্ট। (ক্ৰমশ:)
by: Utpal Mena
এতে সদস্যতা:
পোস্টগুলি (Atom)