বুধবার, ৩০ জুন, ২০২১

হীৰেন বৰা/১



নাটকৰ মানুহ , চিনেমাৰ মানুহ  হীৰেন বৰা ।             -- ২০০৩  বৰ্ষৰ কোনো এটা নিশা ' অভিনয়ৰ মানুহ' জনৰ সৈতে মোৰ প্ৰথম মুখামুখি । সেই সময়ত মই ' আজি 'ৰ উপ সম্পাদক । দৈনিক কাকত খনৰ সম্পাদক অজিত কুমাৰ ভূঞাৰ নিৰ্দেশ -- এঠাইৰ পৰা আহিব লাগে । নিশা ৯ বাজি গৈছিল । ২ মিনিট মান আগতে শেষ পৃষ্ঠাৰ কাম শেষ কৰিছোহে ! পুৱৰে পৰা লাগি - লাগি সাহিত্য আৰু প্ৰকৃতিৰ পৃষ্ঠা দুটা কৰিছোঁ ! এতিয়া আকৌ ! ' আৰু নোৱাৰিম  ' বুলি কোৱাৰ আগতে ভূঞা ছাৰে কৈছিল -- " বিশেষ কাম নাই ! তুমি যোৱা , তাত ৰাতিৰ আহাৰ খাবা ! আৰু ঘৰলৈ যাবা ! মোৰ গাড়ী খন লৈ যোৱা ! মোক মাতিছিল ! মই যাব নোৱাৰিম ! মোৰ হৈ তুমি যাবা বুলি কৈছোঁ । 
-- যাবা নহয় ? "
 মই নাযাও বুলিব নোৱাৰিলো । ১০ মান বজাত  মহানগৰীৰ নাৰিকলবাৰীৰ নিৰ্দিষ্ট ঘৰটো পাইছিলোঁ । মানুহ ভৰি আছিল ! কেইবা  খনো চিনকি মুখ । অসমীয়া ৰূপালি পৰ্দাৰ বাহিৰৰ - ভিতৰৰ চিনাকি মুখ । স্বাভাবিকতে অসমীয়া  চিনেমাৰ অতীত - বৰ্তমানক  লৈ ব্যস্ত হৈছিলোঁ। সেইদিনা অনুভৱ কৰিছিলোঁ -- অসমীয়া চিনেমাৰ কেইবা গৰাকীও পৰিচালকে নিজে নিজকে ৰাজ কাপুৰ - সুভাষ ঘাইৰ স্থানত ৰাখিছে ! আৰু এনে ' ভাব ' ( অহংকাৰ ) -এ অসমীয়া চিনেমাৰ সমস্যা বঢ়াইছে ! মই হয়তো কঠোৰ ভাবে কৈছিলো -- অসমত 'কথাছবি 'ৰ পৰিচালকৰ আকাল নাই , চিনেমাৰ পৰিচালকৰহে আকাল ! মজাৰ কথা ' সুভাষ ঘাই ' কেইগৰাকীয়ে মোৰ কথাৰ অৰ্থ বুজিয়ে নাপালে ! কথা আৰু বঢ়াৰ আগতে এজনে কৈছিল -- " আপোনাক দাদাই মাতিছে ! সেইফালে , ভিতৰলৈ ! "                                   
 -- ভিতৰত খোৱাৰ আয়োজন !                             " মই হীৰেন বৰা ! " -- খোৱাৰ পাতত প্ৰথমবাৰ মুখা মুখি হৈছিলো হীৰেন বৰাৰ সৈতে । তেতিয়ালৈকে মই জানিছিলো হীৰেন বৰাই অভিনয় কৰে ! টি ভি  ধাৰাবাহিক পৰিচিলনা কৰে , লিখে । কথা প্ৰসঙ্গত কৈছিল , লখিমী থিয়েটাৰতো  অভিনয় কৰিছিল । সেইটো নাট্যবৰ্ষত , যিটো নাট্যবৰ্ষত অসমীয়া চিনেমাৰ তাৰকা বিজু ফুকনে অভিনয় কৰিছিল ।     "চিনেমাৰ কথা চিন্তা কৰি আছো । সহায় কৰিব লাগিব !" -- সেই ৰাতি হীৰেন বৰাই কৈছিল।
-- আৰু তাৰ  পাছত ! -- মাজে - মাজে বহিছিলো ! চিনেমাৰ কথা আগবাঢ়িছিল । আৰু এদিন কৈছিল , চিনেমাৰ বিষয়বস্তু খাটাং -- হাতী আৰু মানুহৰ সংঘাত । নাম ৰাখিছে ' বসুন্ধৰা ' । পৰিচালনা হীৰেন বৰাই নিজে কৰিব । 
"এতিয়া তোমাৰ সহায়ৰ প্ৰয়োজন ! "-- হীৰেন বৰাই কৈছিল ।
  -- প্ৰথম ' সহায় '  সংগীত পৰিচালনা কোনে কৰিব পাৰিব মোৰ ফালৰ পৰা চিন্তা কৰিব লাগে  আৰু ঠিক কৰিব কৰিব লাগে । মই এক মিনিতো চিন্তা নকৰাকৈ তৰালি শৰ্মাৰ কথা কৈছিলোঁ। আৰু এদিন তৰালি শৰ্মাক লৈ গৈছিলোঁ।
 আৰু সংগীত পৰিচালনাৰ দায়িত্ব তৰালি শৰ্মাই লৈছিল। ( কথা প্ৰসঙ্গত হীৰেন বৰাই কৈছিল -- তৰালি ' সংগীত 'ক লৈ সুখী । আৰু পৰিচালক গৰাকীৰ পৰৱৰ্তী চিনেকৰ্মৰো সংগীত সৌন্দৰ্য আছিল তৰালি শৰ্মাৰ সংগীত । )
 -- আহিছোঁ দ্বিতীয় ' সহায় 'লৈ । চিনেমা খনৰ ' খলনায়ক 'ৰ চৰিত্ৰটো যতীন বৰাক লৈ চিন্তা কৰিছে ! মই যতীনৰ সৈতে কথা পাতিব লাগে ! পাতিছিলোঁ । যতীন বৰা মান্তি হৈছিল । কিন্তু শেষ      ' সময় ' ত কি হ'ল নাজানিলো ! চৰিত্ৰটোৰ বাবে নিৰ্বাচন কৰিছিল আন এগৰাকী অভিনেতাক । অৱশ্যে ইমান খিনি জানো -- যতীন বৰাই অভিনয় নকৰাৰ কাৰন ' আৰ্থিক ' নাছিল ।
 -- পৰিচালক গৰাকীয়ে আৰু কৈছিল , চিনেমা খনত সাংবাদিকৰ চৰিত্ৰ এটা আছে । চৰিত্ৰটোই ৰূপালী গল্পটো আগবঢ়াই নিব।-- মই সৌৰভ হাজৰিকাৰ কথা কৈছিলোঁ । সৌৰভ হাজৰিকাৰ সৈতে কথা পাতিছিলোঁ । আৰু চৰিত্ৰটোত সৌৰভ হাজৰিকাকে দেখিছিলোঁ। মোৰ পৰা বিচৰা ' সহায় ' সিমানে আছিল ! 
 -- মই ' অসমীয়া প্ৰতিদিন 'ত ব্যস্ত হৈছিলো । ' বসুন্ধৰা 'ৰ খবৰ ৰখা নাছিলো । এদিন ' অসমীয়া প্ৰতিদিন ' লৈ অহা খবৰ এটা সম্পাদনাৰ বাবে হাতত লৈহে জানিব পাৰিছিলোঁ ' বসুন্ধৰা ' সম্পূৰ্ণ । আৰু এদিন চিত্ৰগৃহত চিনেমা খন চাইছিলোঁ, টিকট ক্ৰয় কৰি। প্ৰিমিয়াৰ শ্ব' পাতিছিল। মোক আমন্ত্ৰণৰ প্ৰয়োজন অনুভৱ কৰা নাছিল!
--চিনেমা খনৰ গল্প কোৱাৰ কৌশল , পৰিচালনা শৈলীয়ে মোক সন্তুষ্ট কৰিব পৰা নাছিল । মোৰ ধাৰণাত বিষয়বস্তুক চিত্ৰনাট্যকাৰে বিশেষ গুৰুত্ব দিয়া নাছিল , গল্পকেন্দ্ৰিক গতি দিয়াতহে গুৰুত্ব দিছিল  । দৰ্শকে চিনেমা খন চোৱাৰ  পাছত প্ৰকৃতিক ৰক্ষাৰ বাবে সংঘৰ্ষ কৰা ' নায়িকা 'কহে  মনত ৰাখিছিল । হাতী - মানুহৰ সংঘাত ' নায়িকা 'ৰ সংঘৰ্ষ - দুখৰ ওচৰত নিস্প্ৰভ হৈছিল সু-পৰিকল্পনাৰ অভাৱত । (  দ্বিতীয়তে -- কেমেৰাৰ ভাষাতকৈ সাহিত্যৰ ভাষাক বেছি গুৰুত্ব দিছিল । গতিকে ' নাটক ' বেছি আছিল ।) ফলত ' বিশেষ বিষয়বস্তু ' সাধাৰণ পৰ্যায়ত ৰৈ গৈছিল । [বিষয়বস্তু : হাতী - মনুহৰ সংঘাত । পৰিচালকৰ সাধাৰণ চিন্তা নাছিল ! সেই সময়ত , আজিৰ তাৰিখতো কেৱল অসমৰে নহয় , বিশ্বৰে সমস্যা । চিনেচিন্তা সুপৰিকল্পিত হ'লে ' বসুন্ধৰা ' ( শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ শিতানত )  ৫৭ সংখ্যক  ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ উৰ্ধলৈ গ'ল হেতেন ! বিশ্বৰ চিনেমা হ'ল হেতেন !  (' বসুন্ধৰা -The Earth '  ২০১০ চনৰ চিনেমা ।  ' সুৰভি এন্টাৰপ্ৰাইজ'ৰ বেনাৰত নিৰ্মিত  এই চেনেমা খনত  অভিনয় কৰিছে  বৰষা ৰাণী বিষয়া, সৌৰভ হাজৰিকা, বিষ্ণু খাৰঘৰীয়া ভ্ৰান্তি মেধি  ইফটিকাৰ আদিয়ে।] এই দিশটো হয়তো মই অনুভৱ নকৰিলোঁ হেতেন ! -- যদিহে পৰিচালক হীৰেন বৰাই ৰূপালী গল্পলৈ ৰূপান্তৰ হোৱাৰ পূৰ্বে ' বসুন্ধৰা 'ৰ গল্প আৰু বিষয়বস্তু অনুভৱৰ সুযোগ নিদিলে হেতেন ! 
নিদিলে ' হীৰেন বৰাৰ চিনেচিন্তা ' যে ' হীৰেন বৰাৰ চিন্তা 'ত কৈ দুৰ্বল , সেয়া হয়তো অনুভৱ নকৰিলো হেতেন !
  --  মোৰ  'বেয়া  লগা ' মানেই  চিনেমা এখনৰ মান নিম্ন নহবও পাৰে ! আনৰ কথা বাদ দিলো ! 'বসুন্ধৰা 'ক লৈ পৰিচালক সুখী । প্ৰথম ( চিনেমা ) স্বাধীন পৰিচলনাৰেই ' ৰাষ্টীয় বঁটা '!
 -- সুখী নহব কিয় ? আৰু চিনেমা খনে দেশ - বিদেশৰ কেইবাটাও চলচ্চিত্ৰ মহোৎসৱতো চিত্ৰৰসিকক সন্তুষ্ট কৰাৰ , সন্মান পোৱাৰ খবৰো বিভিন্ন মাধ্যমত দেখিছোঁ , পঢ়িছোঁ । ' স্থনীয় বজাৰ 'ৰ বিফলতাৰ বিপৰিতে নিঃসন্দেহে এয়া সফলতা । আৰু এই সফলতাৰ বুনিয়াদত ঠিয় হৈ পৰিচালক গৰাকীয়ে নিৰ্মাণ কৰিছে -- ' ক্ষোভ ' ( ২০১৭) , ' সীমা : দা আনটোল্ড ষ্টোৰী ' ( ২০১৮ ) , 'বাঁহী ' । ২০১০ চনত প্ৰকাশ পাইছিল মণিকুন্তলা ভট্টাচাৰ্যৰ উপন্যাস ' বাঁহী ' । এই উপন্যাস খন ৰূপালী গল্পলৈ ৰূপান্তৰ কৰিছে হীৰেন বৰাই । ( আগলৈ চিনেমা কেইখন আলোচনা কৰিম)

বুধবার, ২৩ জুন, ২০২১

আমিৰ খান /১

cinema "লাল সিং চড্‌ঢা" ( Lal Singh Chadha )কেন্দ্ৰীক চৰ্চাৰ শেষ নাই ! 
৩১ অক্তোবৰত , ২০১৯ ত চিনেমা খন ফ্ল'ৰলৈ আহিছিল । আৰু সেই দিনটোৰে পৰা দেশৰ ১০০ ৰো বেছি  স্থানত চিত্ৰগ্ৰহন হৈছিল । শেষ হৈছিল । সম্পুৰ্ণ হৈছে । চৰ্চা হৈছে  আমেৰিকান 'হাস্য-নাট্য 'চিনেমা ' ফৰেষ্ট গাম্প ' (১৯৯৪) ৰ বুনিয়াদত চিত্ৰনাট্য ৰচনা কৰিছে এই হিন্দী চিনেমা খনৰ । চিত্রনাট্য অতুল কুলকৰ্নিৰ । ( অতুল কুলকার্নি  নাট্যকৰ্মী , অভিনেতা ।  হিন্দি, মাৰাঠি, কন্নড়, মালায়ালাম, তামিল আৰু তেলেগু ভাষাৰ চিনেমাৰ অভিনেতা । ' হে ৰাম ' আৰূ ' চাঁদনী বাৰ 'ত  কৰা অভিনয়ৰে  সহ অভিনেতাৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে । )  পৰিচালনা কৰিছে অদ্বৈত চন্দনে । -- এই যে চিনেমা খন চৰ্চাৰ বিষয় হৈছে , চৰ্চাৰ কাৰণ আমিৰ খান , কেৱল আমিৰ । কেন্দ্ৰীয় চৰিত্ৰটোত অভিনয় কৰিছে আমিৰ খানে ( আমিৰৰ বিপৰীতে কৰিনা কাপুৰ ) । কিৰণ ৰাৱৰ সৈতে আমিৰ খানে চিনেমা খন প্ৰযোজনাও কৰিছে । এই খিনিতে আমিৰ খানে  প্ৰযোজনা কৰা চিনেমা কেইখন মনত পেলাইছো : ২০০১ত ' লাগান ' (পৰিচালক : আশুতোষ গোয়াৰিকৰ ) । ২০০৭ ত ' তাৰে জমিন পৰ ' ( পৰিচালনা : আমিৰ খান ) । ২০০৮ত ' জানে তু ইয়া জানে না ' (পৰিচিলক : আব্বাছ টায়াৰৱালা ) ।
২০১০ ত ' পিপলি লাইভ' ( পৰিচিলক : আনুশা ৰিজভি ) । ২০১১ ত ' ধোবি ঘাট ' ( পৰিচিলক : কিৰণ ৰাও ) । ২০১১ত ' দিল্লি বেলি ' ( পৰিচালক : অভিনয় দেও ) । ২০১২ ত  'তালাশ ' ( পৰিচালক : ৰীমা কাকতি ) । ২০১৬ত ' দংগল ' ( পৰিচালক :  নিতেশ তিৱাৰী ) ,  ২০১৭ ত ' ছিক্রেট  ছুপাৰস্টাৰ ( পৰিচিলক : অদ্বৈত চন্দনে ) । -- আমিৰ খানে নিৰ্মাণ কৰা এই চিনেমা কেইখন বিশ্লেষণ কৰিলে স্পষ্ট হয় -- পৰিচালনা শৈলী , গল্প কোৱাৰ কৌশল , বিষয়বস্তু ব্যতিক্ৰম । ন - ন চিনেচিন্তা স্পষ্ট । 'লগান ' আৰু ' দংগল ' ত অভিনয় ক্ষমতাৰে আমিৰে ' চিনেমাৰ অভিনয় 'ক বিশেষ পৰ্যায়ত প্ৰতিস্থা কৰিছে । গতিকে আমিৰে অভিনয় কৰা , আমিৰে নিৰ্মাণ কৰা চিনেমা চৰ্চালৈ অহা আৰু চিত্ৰৰসিকে আশাৰে অপেক্ষা কৰা অস্বাভিক খবৰ নহয় ।
-- মন কৰক আমিৰে অভিনয় কৰা চিনেমাৰ তালিকালৈ : ১৯৭৩ ত ' ইয়াদোঁ কি বাৰাত ' (কিশোৰ অভিনেতা ) । ১৯৭৪ ত ' মদহোছ ' (কিশোৰ অভিনেতা ) । ১৯৮৪ ত ' হোলি '  ( চৰিত্ৰ : মদন শর্মা ) । ১৯৮৮ ত ' কেয়ামাত সে কেয়ামাত তক ' (  চৰিত্ৰ : ৰাজ ) । ১৯৮৯ত ' ৰাখ ' ( চৰিত্ৰ : আমিৰ হুসেন ) ,  ' লাভ লাভ লাভ ' ( চৰিত্ৰ : অমিত )  ১৯৯০ ত ' আৱাল নাম্বাৰ ' ( চৰিত্ৰ : ছানি) , ' তুম মেৰে হো ' ( চৰিত্ৰ : শিৱ ) ,  ' দিল ' (চৰিত্ৰ : ৰাজা  ) , ' দিৱানা মুঝছা নেহি ' (চৰিত্ৰ : অজয় শর্মা ) , ' জোৱানি জিন্দাবাদ ' ( চৰিত্ৰ : শশি) ।
১৯৯১ ত ' আফছানা প্যাৰ কা ' ( চৰিত্ৰ : ৰাজ ) ,
' দিল হ্যায় কে মানতা নেহি ' ( চৰিত্ৰ : ৰঘু  ) ,
' ইছিকি কা নাম জিন্দেগি ' ( চৰিত্ৰ : ছোটু ) ,
' দৌলত কি জং ' ( চৰিত্ৰ : ৰাজেশ চৌধুৰী ) ।
১৯৯২ত ' জো জিতা ৱহি ছিকন্দৰ ' ( চৰিত্ৰ : সঞ্জয়লাল শর্মা ) । ১৯৯৩ ত ' পৰম্পৰা ' ( চৰিত্ৰ : ৰণবীৰ পৃথ্বী সিংহ ) ,  ' হাম হ্যায় ৰাহি প্যাৰ কে  ' ( চৰিত্ৰ : ৰাহুল মালহোত্রা ) ।
১৯৯৪ ত ' আন্দাজ আপনা আপনা ' ( চৰিত্ৰ : অমৰ ) । ১৯৯৫ ত ' বাজি ' ( চৰিত্ৰ : ইন্সপেক্টৰ অমৰ দামজি ) , ' আতঙ্ক হি আতঙ্ক ' (চৰিত্ৰ : ৰহন ) , ' ৰংগীলা ' ( চৰিত্ৰ : মুন্না ) , ' আকেলে হম আকেলে তুম ' (চৰিত্ৰ : ৰহিত ) । ১৯৯৬ ত ' ৰাজা হিন্দুস্তানি ' ( চৰিত্ৰ : ৰাজা ) । ১৯৯৭ ত ' ইস্ক ' ( চৰিত্ৰ : ৰাজা ) । ১৯৯৮ ত ' গোলাম ' ( চৰিত্ৰ : সিদ্ধার্থ মাৰাঠে ) । ১৯৯৯ ত ' ছৰফৰোশ ' ( চৰিত্ৰ : অজয় সিং ৰাঠোৰ ),  ' মন ' ( চৰিত্ৰ : কৰণ দেব সিং ) , 'আর্থ ' ( চৰিত্ৰ : দিল নাভেজ ) ।
২০০০ত ' মেলা ' ( চৰিত্ৰ : কিশান পেয়াৰে ) ।
২০০১ ত ' লগান ' ( চৰিত্ৰ : ভুৱন ) , ' দিল চাহ্‌তা হ্যাঁয় ' ( চৰিত্ৰ : আকাশ মালহোত্রা ) ।
২০০৫ ত ' মঙ্গল পাণ্ডে: দ্য ৰাইজিং ' ( চৰিত্ৰ : মঙ্গল পাণ্ডে ) । ২০০৬ ত ' ৰং দে বাসন্তি ' ( চৰিত্ৰ : দালজিৎ সিং ওৰফে ডিজে ) ,  ' ফানা ' (চৰিত্ৰ : ৰেহান কাদৰি ) । ২০০৭ত ' তাৰে জমিন পৰ ' ( চৰিত্ৰ : ৰাম শঙ্কৰ )  । ২০০৮ ত ' গজনী ' ( চৰিত্ৰ : সঞ্জয় সিঙ্ঘানিয়া ) । ২০০৯ত ' থ্রি ইডিয়টছ ' ( চৰিত্ৰ : ৰেঞ্চো ) । ২০১০ ত ' ধোবি ঘাট ' ( চৰিত্ৰ : অৰুণ ) । ২০১২ ত ' তালাশ ' ( চৰিত্ৰ :  শেখাৱত )
২০১৩ত ' ধুম - ৩ ' ( চৰিত্ৰ : ছাহিৰ খান/সমৰ খান )।
২০১৪ ত ' পিকে ' ( চৰিত্ৰ : পিকে / ভিনগ্রহবাসী )।
২০১৫ ত ' দিল ধ্বকনে দো ' । ২০১৬ ত ' ডংগল ' ( চৰিত্ৰ : মহাবীৰ ফোঘট )। ২০১৭ ত ' ছিক্রেট  ছুপাৰস্টাৰ ' ( চৰিত্ৰ  : শক্তি কুমাৰ )
২০১৮ ত ' ঠগছ অব হিন্দুস্তান ' ( চৰিত্ৰ : ফিৰাংগী মাল্লা )।
 -- কব পাৰি ' গোলাম ' লৈকে ' অভিনেতা আমিৰ ' নিৰ্মাণত ব্যস্ত আছিল আমিৰ খান । এই নিৰ্মাণ যাত্ৰাত ' কায়ামাত সে কায়ামাত তক ' ৰ  গল্প আৰু  ' হাম হ্যায় ৰাহি প্যাৰ কে 'ৰ চিত্রনাট্য লিখিছিল । এই চিনেমা দুখনেৰে লৈছিল ' চকলেট হিৰো ইমেজ '। কিন্তু এই কথা ঠিক কোনো ' ইমেজ 'ত বন্দী হোৱাৰ হোৱাৰ বিপৰীতে ভিন্ন চৰিত্ৰৰ অভিনয়তহে  গুৰুত্ব দিছিল । ' অর্থ ' (১৯৮২)  , ' সাৰংশ ' (১৯৮৪ ) খ্যাত  পৰিচালক মহেশ ভাটে কৈছিল -- " ১৯৯০ চনত ' চাৰ " আৰু তাৰ পিছত ' গুমৰাহ ' , ' ক্ৰিমিনেল ' সফল হৈছিল । ভাল ব্যৱসায় কৰিছিল । 'চাৰ 'ৰ পিছতে মোৰ মনটোৱে মোক কৈছিল আমিৰ খানক লৈ ' অৰ্থ ' দৰে চিনেমা এখন কৰা উচিৎ ! কথা পাতিছিলো । আমিৰে মোক হলিউডৰ কেইখন মান ৰোমাণ্টিক চিনেমাৰ কথা কৈছিল । কলেজৰ ল'ৰা - ছোৱালীৰ পছন্দৰ ৰোমাণ্টিক উপন্যাসৰ কাহিনী শুনাইছিল । শেষত মই ঠিক কৰিছিলো হলিউডৰ ' হ্যাপেনড ৱান নাইটে ' ৰ ' ৰিমেক ' কৰিম । নাম ৰাখিলো ' দিল হ্যায় কে মনতা নাহি ' । " -- সেই সময়ত বলিউডৰ একাংশ চিনেপণ্ডিতে আমিৰ কেন্দ্ৰীক চৰ্চাত কৈছিল ,  " আমিৰে ভাল চিনেমাৰ ভাল চৰিত্ৰতকৈ ভিন্ন চৰিত্ৰত অভিনয় কৰাত গুৰুত্ব দিছে । ' অৰ্থ ' দৰে চিনেমাৰ প্ৰতি আগ্ৰহ নকৰাটো আমিৰৰ ঘাতক সিদ্ধান্ত । " কিন্তু আজি স্পষ্ট আমিৰৰ ঘাতক নহয় , সুপৰিকল্পিত সিদ্ধান্ত ।  
(-হয় , ' অৰ্থ 'ৰ দৰে চিনেমাৰ প্ৰতি আগ্ৰহ কৰা নাছিল ; কিন্তু পৰৱৰ্তি সময়ত ' অৰ্থ 'ৰ দৰে চিনেমা 'আর্থ 'ত অভিনয় কৰিছিল । চৰিত্ৰ -- দিল নাভেজ। ১৯৪৭ ৰ ভাৰত বিভাজন বিষয়ক বাপছি সিদ্ধৰ উপন্যাস " ক্রেকিং ইন্ডিয়া "ৰ আধাৰত চিত্ৰনাট্য ৰচনা কৰা চিনেমা খনত " নিগেটিভ " চৰিত্ৰত অভিনয় কৰিছে আমিৰে  । দীপা মেহতাৰ পৰিচালনা । " চকলেট হিৰো "ৰ চকুত ক্ৰুৰতা ! ভয়ানক চৰিত্ৰলৈ ৰূপান্তৰ হৈছে চেহেৰাৰ ভাষাৰে বা অভিনয়ৰে । শান্তা  চিনেমা খনৰ নায়িকা । অভিনয় কৰিছে নন্দিতা দাসে । হিন্দু সুন্দৰী শান্তৰ প্ৰেমত দুই মুছলিম যুৱক  --  দিল নাভেজ আৰু  হাছান মাছোৱাৰ  ।  নিজৰ কৰিব নোৱাৰৰ ক্ষোভত   শান্তাক দিল নাভেজে হত্যা কৰে । কোনেও কল্পনা নকৰা চৰিত্ৰ এটাত আমিৰ ! চিত্ৰৰসিকৰ বাবে -- চমক ! ) স্পষ্ট হৈছি স্পষ্ট হৈছিল ' ছৰফৰোশ ' , ' লগান ' আৰু ' দিল চাহ্‌তা হ্যাঁয় ' ত । আৰু অধিক স্পষ্ট হৈছিল  ' ছিক্রেট  ছুপাৰস্টাৰ ' ত । অদ্বৈত চন্দনৰ পৰিচালনা । আমিৰে সংগীত পৰিচালক শক্তি কুমাৰ চৰিত্রত অভিনয় কৰিছে ।আমাৰ ধাৰণা হয় এই 'ইমেজ 'টোৰেই যেন শক্তিশালি প্ৰকাশ লাল সিং চড্‌ঢা ! চৰিত্ৰ ভিন্ন , ' ইমেজ 'ৰ কথাহে কৈছো । ("official remake of the 1994 American film Forrest Gump, Laal Singh Chaddha shows events in India`s history unfold through the perspective of a man with a low IQ." ) 
--আমিৰক  লৈ অদ্বৈতৰ এয়া দ্বিতীয় পৰিচালনা ।
২০০৭ত চিত্ৰগৃহলৈ অহা ' হানিমুন ট্রাভেলস প্রাঃ লিমিটেড 'ৰ উৎপাদন সহকাৰিৰ দায়িত্বৰে বলিউডৰ বাটত অদ্বৈতৰ প্ৰথম খোজ । পৰৱৰ্তি সময়ত আমিৰ অভিনিত ' তাৰে জমিন পৰ ' আৰু ' ধোবি ঘাট 'ত সহকাৰী পৰিচিলক আৰু পোস্ট প্রোডাকশন সুপাৰভাইজাৰৰ দায়িত্ব পালন কৰে । " এই সময় ছোৱাতে মই আমিৰ ছাৰক জনাৰ সুযোগ পাও আৰু নিশ্চয় আমিৰ ছাৰেও মোক বুজে ! আৰু মোৰ প্ৰথম স্বাধীন পৰিচালনা
' ছিক্রেট সুপাৰস্টাৰ ' ত অভিনয় কৰে । প্ৰযোজনাৰ দায়িত্ব লৈ উৎসাহিত কৰে । আৰু আমিৰ ছাৰৰ প্ৰেৰনাতে শেষ কৰিলো ' লাল সিং চড্‌ঢা ' । " -- পৰিচালক অদ্বৈতই ক'লে । (:লাল সিং চড্‌ঢা ' চিত্ৰগৃহলৈ অহাৰ তাৰিখ আছিল ডিচেম্বৰ ,২০২০ । ক'ৰ'ণা সমস্যাই আহিব নিদিলে । আহিব ২৪ ডিচেম্বৰ ২০২১ত । চিনেমা খনৰ সংগীত প্ৰীতমৰ । চিত্ৰগ্ৰহণ সেতু ( সত্যজিৎ পাণ্ডেৰ )ৰ । সম্পাদনা মানিকৰ । )

শুক্রবার, ১৮ জুন, ২০২১

ভ্ৰাম্যমাণ থিয়েটাৰ /২

ভ্ৰম্যমাণ থিয়েটাৰৰ জনক অচ্যুত লহকৰে অনুভৱ কৰিছিল সংখ্যা বাঢ়িব লাগিব , বজাৰ নিৰ্মাণৰ স্বাৰ্থত । " সেয়েহে মই ইচ্ছা কৰাত হেমকান্ত তালুকদাৰক  উৎসাহ দিছিলো । ১৯৬৯ চনত পাঠশালাত হেমকান্ত তালুকদাৰে মঞ্চৰূপা থিয়েটাৰ   গঠন কৰিছিল।   মই জানিছিলো  তালুকদাৰ সৰুৰে পৰাই নৃত্য-গীতৰ প্ৰতি আগ্ৰহী আছিল । কিন্তু থিয়েটাৰ খন দুটা বছৰহে আছিল। " -- অচ্যুত লহকৰে কৈছিল । মঞ্চৰূপা থিয়েটাৰ ' নটৰাজত 'কৈ  ব্যতিক্ৰম আছিল , মঞ্চৰ দিশত ।  প্ৰথম নাট্যবৰ্ষত  চাৰিখন নাট মঞ্চস্থ কৰিছিল  --  'বিজয় বসন্ত', 'শেষ আফগান', 'শ্ৰী বৎসচিন্তা' আৰু 'কাৰবালা'। ইয়াৰে 'বিজয় বসন্ত' আৰু 'শেষ আফগান' নাটক দুখন পৰিচালনা কৰিছিল  ধৰণীধৰ গোস্বামীয়ে আৰু 'শ্ৰী বৎসচিন্তা' আৰু 'কাৰবালা' নাটক দুখন পৰিচালনা কৰিছিল মঞ্চসম্ৰাট প্ৰয়াত চন্দ্ৰ চৌধুৰীয়ে।   নাটক  চাৰিখন  বাংলা নাটকৰ অনুবাদহে আছিল।   দ্বিতীয় নাট্যবৰ্ষৰ নাটক কেইখনো  অনুবাদ  আছিল।   'শ্ৰী ৰামচন্দ্ৰ', 'বিজয় বসন্ত', 'কৃষ্ক সন্তান' আৰু 'হৰিশ্চন্দ্ৰ' নাটক কেইখন পৰিচালনা  কৰিছিল  জীতেন পাল আৰু ধৰণীধৰ গোস্বামীয়ে। নাট্যদলটো বন্ধ হৈছিল আৰ্থিক সমস্যাৰ বাবে ।  উল্লেখযোগ্য যে নাট্যদলটোৰ দ্বিতীয় নাট্যবৰ্ষত   স্থিতিশীল যুৰীয়া মঞ্চৰ  পৰিকল্পনা কৰিছিল মহানন্দ শৰ্মা আৰু ভবেন বৰুৱাই। -- হয় , বৰ্তমান যি মঞ্চ দেখা যায় ।

অচ্যুত লহকৰৰ প্ৰেৰণাত আৰু এটা  ভ্ৰাম্যমাণ নাট্যদল গঠন হৈছিল পাঠশালাত । কুমুদ শৰ্মাৰ প্ৰযোজনাত , ১৯৭০ চনত । এই নাট্যদলটোও কেইটামান নাট্যবৰ্ষৰ পিছতে বন্ধ হৈ থাকিল । নাট্যদলটোৰ নাম ৰাখিছিল -- অসম ষ্টাৰ থিয়েটাৰ ।  প্ৰথম নাট্যবৰ্ষত মঞ্চস্থ কৰিছিল  -- ' ৰাজলক্ষ্মী সীতা' , ' সম্ৰাট জাহাঙ্গীৰ ', ' ভক্ত বীৰ ', ' হিন্দুবীৰ ' , ' অপৰাধী কোন ', ' মাতৃ পূজা ' আৰু '  নগাকোঁৱৰ '। নাটকেই পৰিচালনা কৰিছিল  চন্দ্ৰ চৌধুৰীয়ে। ।     প্ৰথম নাট্যবৰ্ষত অভিনয় কৰিছিল -- চন্দ্ৰ চৌধুৰী, সুৰেন পাটগিৰী, বলদেৱ শইকীয়া, ৰমা শীল, অনিল ৰয়, সুমিত্ৰা বৰুৱা, ফুলকুমাৰী ভূঞা আদিয়ে।   সংগীত প্ৰভাত শৰ্মাই আৰু নৃত্য  যতীন গোস্বামীয়ে পৰিচালনা কৰিছিল।

ভ্ৰাম্যমাণ থিয়েটাৰ /১

কোৱা হয়  বৰপেটাত ১৮৬০ - ৭০ ৰ সময় চোৱাত  তিথিৰাম বায়ন নামৰ এজন নৃত্য-বাদ্যত পাৰ্গত অভিনেতা এগৰিকীয়ে নাটক লৈ ঘুৰি ফুৰিছিল। অকলে নহয়, অসমীয়া কলা-কুশলীৰে গঠিত এটা দল লৈ। এই দলটোৱে অসম ভ্ৰমি ফুৰা অসমৰ প্ৰথম  যাত্ৰাদল। কথা প্ৰসঙ্গত ওষ্টাদ উদয় ভাগৱতীয়ে কৈছিল ( ওষ্টাদ ভাগৱতীৰ সৈতে মোক চিনাকি কৰি দিছিল সাংবাদিক চন্দন ভাগৱতীয়ে । ১৯৯২ - ৯৩ চনৰ কোনো এটা দিনত। সেই সময়ত ভাগৱতী-মই কলেজৰ ছাত্ৰ । কাকত-আলোচনীত আমাৰ লেখা ছপা হয় । হেমন্তু বৰ্মন সম্পাদিত পষেকীয়া আলোচনী শ্ৰীময়ীত "সংস্কৃতিৰ টোকাবহী" নামেৰ শিতান লিখো। মাজে - মাজে যাত্ৰা দলৰ শিল্পীৰ, শিল্পীয়ে কোৱা কথা লিখো। "শ্ৰীময়ী"ত ওষ্টাদ ভাগৱতীয়ে কোৱা যাত্ৰাৰ কথাও লিখিছিলো।) -- "তিথিৰিম বয়নৰ বহু কথা শুনিছো। মই শুনামতে দুৰ্য্যোধনৰ "উৰু-ভংগ",  "ৰাম বনবাস" আৰু "ৰাধিকাৰ মান ভঞ্জন" নাটক তিনিখনেৰে প্ৰথম বছৰ যাত্ৰা কৰিছিল। সেই সময়ত অসমীয়া নাটক নাছিলেই। তথাপি অসমীয়া নাটক দুখন যোগাৰ কৰিছিল। "ৰাম বনবাস" আৰু "ৰাধিকাৰ মান ভঞ্জন" লিখিছিল গোবিন্দৰাম চোধুৰীয়ে । আন খন নাটক আছিল  বঙালী নাট্যকাৰৰ। এই যাত্ৰাদলটো প্ৰথম হয় নে নহয় নাজানো।"  -- ওষ্টাদ ভাগৱতীয়ে আমাক আৰু কিছু তথ্য দিছিল । সেই তথ্যৰ কথা  মনত ৰাখি কব পাৰি ১৮৭০-১৯৫০  চনৰ সময় ছোৱাত কমেও ৫০০ টা যাত্ৰা দলে অসমৰ বিভিন্ন স্থানত নাটক মঞ্চস্থ কৰিছিল। সৰহ সংখ্যক  যাত্ৰা দল আছিল কামৰূপ আৰু গোৱালপাৰা জিলাৰ। এই যাত্ৰা অভিনৰ উত্তৰন হৈছিল ১৯৩০ চনত, ব্ৰজনাথ শৰ্মাৰ নেতৃত্বত । এনেদৰে ক'লে ভুল নহব -- এই বুনিয়াদতে পাঠশালাৰ সদানন্দ লহকৰে নটৰাজ অপেৰা গঠন কৰে, ১৯৫৯ চনত। আৰু  সদানন্দ লহকৰৰ জেষ্ঠ্য ভাতৃ অচ্যুত লহকৰে "নটৰাজ অপেৰা"ক  ভ্ৰাম্যমাণ থিয়েটাৰলৈ ৰূপান্তৰ কৰে ।
১৯৬৩ চনৰ ২ অক্টোবৰত পাঠশালা নগৰৰ হৰিমন্দিৰ প্ৰাংগনৰপৰা যাত্ৰা কৰে। প্ৰথম ৰাতি  মঞ্চস্থ কৰিছিল  ফণী শৰ্মাৰ "ভোগজৰা"। তেতিয়ালৈ "নটৰাজ"ক দৰ্শকে যাত্ৰা বুলিয়ে কৈছিল, চাইছিল। তেতিয়ালৈ "ভ্ৰাম্যমাণ থিয়েটাৰ' নাম দিয়া হোৱা নাছিল। অৱশ্যে সেই প্ৰথম নাট্যবৰ্ষতে  সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাই "গুৱাহাটীৰ টাউন ক্লাব"ৰ সাহায্যাৰ্থ নটৰাজ থিয়েটাৰক আমন্ত্ৰন কৰিছিল। বাতৰি কাকতত  দিয়া বিজ্ঞাপনত ব্যৱহাৰ কৰিছিল এই কেইটা শব্দ -- "বিশ্বৰ সৰ্বপ্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ"। আৰু  তেতিয়াৰেপৰা  এই অনুষ্ঠানটোক 'ভ্ৰাম্যমাণ থিয়েটাৰ' বুলি কোৱা হয়। -- প্ৰথম নাট্যবৰ্ষত "নটৰাজ"ৰ নাটক আছিল -- উত্তম বৰুৱাৰ "জেৰেঙাৰ সতী", ফণী শৰ্মাৰ "ভোগজৰা", অতুল চন্দ্ৰ হাজৰিকাৰ "টিকেন্দ্ৰজিৎ" আৰু বাংলাৰ পৰা অনুবাদ কৰা নাটক "হায়দৰ আলি",চন্দ্ৰ চৌধুৰীৰ নেতৃত্বত। গজেন বৰুৱা, আদ্য শৰ্মা আৰু ত্ৰৈলোক্য দত্তই ৰূপাঙ্কন কৰিছিল। সংগীত আছিল প্ৰভাত শৰ্মাৰ। আলোক পৰিচালনা আছিল অচ্যুত লহকৰে। কথা প্ৰসঙ্গত প্ৰভাত শৰ্মাই কৈছিল  -- "দৰাছলতে আমি আছিলো সৈনিক । অচ্যুত লহকৰ গুণী-জ্ঞানী মানুহ আছিল। নাটক-সংগীত জানিছিল । সংগীত , নাটক , লাইটৰ কাম কৰিছিল। নৃট্য - নাটিকা কম সময়তে লিখি দিছিল। নাটকৰ সংগীতৰ কাম চন্দ্ৰ চৌধুৰীৰ সৈতে কৰিছিলো। আমি দল হৈ কাম কৰিছিলো।" --অভিনয় কৰিছিল চন্দ্ৰ চৌধুৰী, জ্যোৎস্না দেৱী, অনুপমা ভট্টাচাৰ্য, ভোলা কটকী, নেত্ৰকমল বৰঠাকুৰ, জীতেন পাল, বনিতা বৰঠাকুৰ, মঞ্জিল বৰদলৈ, ধৰণী বৰ্মন, বলদেৱ শইকীয়া, সদা লহকৰ, ৰুদ্ৰ চৌধুৰী, হৰেণ ডেকা, স্বৰ্ণলতা বৰা, অক্ষয় পাটগিৰী, কৃষ্ণ বৰুৱা, নগেন শৰ্মা, প্ৰাণেশ্বৰ কাকতি, কৃষ্ণ ৰয়, খগেন বৰ্মন, মুকুল দাস, উদয় দাস আদিয়ে । নৃত্যত খগেন (নাউ) বৰ্মন, স্বৰ্ণ বৰা, জয়হৰি দাস, উদয় দাস, মুকুল দাস, বীণা বৰঠাকুৰ, পৱিত্ৰী কাকতি আৰু ভূপেন দাস। প্ৰভাত শৰ্মাই কোৱা মতে , বিভিন্ন বাদ্য বজাইছিল গোপী দাস, লীলা শইকীয়া, মুনীন্দ্ৰ বৰকটকী, জয়হৰি দাস, ৰাজকৃষ্ণ বাঢ়ৈ, ৰজনী দাস, উদয় দাস, কান্তেশ্বৰ দাস, উপেন্দ্ৰ বৰ্মন আৰু চন্দ্ৰ চৌধুৰীয়ে আৰূ গীত  গাইছিল ৰাজকৃষ্ণ বাঢ়ৈ ৰাজকৃষ্ণ বাঢ়ৈয়ে।
            সেই সময়ত  মঞ্চ আজিৰ দৰে নাছিল। এখন আছিল। ছেট দুখন চকা লগোৱা মঞ্চত সজোৱা হৈছিল। দুখন মঞ্চৰ তলত চকা লগোৱা  মঞ্চত । এখন মঞ্চত অভিনয় চলি থাকোঁতে আনখন মঞ্চত ছেট সজাই সাজু কৰি ৰখা হৈছিল। "ড্ৰপ-চিন পৰাৰ লগে লগে অভিনয় চলি থকা মঞ্চখনঠেলি আঁতৰাই ছেট সাজু কৰি ৰখা মঞ্চখন ড্ৰপচিনৰ আঁৰত ৰখা হৈছিল। প্ৰথম অৱ্স্থাত টায়াৰৰ চকা ব্যৱ্হাৰ কৰা হৈছিল। সমস্যা হৈছিল। সেয়েহে  পাছলৈ লোৰে নিৰ্মিত বিশেষ ধৰণৰ চকা ব্যৱহাৰ কৰা হৈছিল।" -- কৈছিল প্ৰযোজক অচ্যুত লহকৰে।
নটৰাজ  থিয়েটাৰৰ এগৰাকী অভিনেতা ধৰণী বৰ্মন। ১৯৬০ চনত অভিনেতা গৰাকীয়ে  চামতাত  ‘সুৰদেৱী নাট্য সংঘ’ নামৰ ভ্রাম্যমাণ দল এটাৰ গঠন কৰে। নাট্যদলটোই মঞ্চস্থ কৰে ' সোণৰ ভাৰত ' , ' বনবীৰ' , ' হৰিশ্চন্দ্র '  আদি নাটক। ১৯৬৫ চনত সুৰদেৱী নাট্য সংঘৰ নাম সলনি কৰি সুৰদেৱী থিয়েটাৰলৈ ৰূপান্তৰিত কৰে৷ সেই সময়ত কলাগুৰু বিষ্ণু প্রসাদ ৰাভাই ধৰণী বর্মনক নাটক - নৃত্য পৰিচালনাত সহায় কৰিছিল। সময়ত সুৰদেৱী থিয়েটাৰত মঞ্চস্থ হৈছিল ' সম্রাট অশোক ','  চম্বলৰ অভিশাপ ', ' ৰজা হৰিশ্চন্দ্র '  আদি। তেতিয়ালৈকে যাত্ৰাত খোলা মঞ্চৰহে ব্যৱস্থা আছিল। মাজত মঞ্চ। চাৰিও ফালে   দৰ্শক । সুৰদেৱী থিয়েটাৰে এই ব্যৱস্থাৰ সলনি কৰি তিনিফাল খোলা আৰু পিছফাল বন্ধ মঞ্চৰ ব্যৱস্থা কৰিছিল। ১৯৭০-৭১ চনত আৰু  পৰিবৰ্তন হয় । ধৰণী বৰ্মনে  'থ্ৰি ডাইমেনছন ষ্টেজ' (Three dimension stage) পদ্ধতি আৰম্ভ কৰে কৰে কলা নিৰ্দেশক গোবিন্দ চৌধুৰীৰ সহায়ত। -- এই খিনিতে উল্লেখ কৰিব  পাৰি "সুৰদেৱী পৰিয়াল"ৰ পৰা ১৯৭৬ চনত সুৰদেৱী শিল্পী তীর্থ নাট্যদল, ১৯৭৮ চনত বর্মনৰ সহধর্মিণী অৱলা বর্মনে প্রথম মহিলা থিয়েটাৰ মুন থিয়েটাৰ , ১৯৮০ চনত জ্যেষ্ঠ পুত্র হিৰণ্য বর্মনে বিষ্ণুজ্যোতি থিয়েটাৰ , ১৯৮২ চনত কনিষ্ঠ পুত্র ৰবীন্দ্র দেৱবর্মনে ৰংঘৰ থিয়েটাৰ  গঠন কৰিছিল ।( ' ইস্তাহাৰ ' /১৯৮৪) by: Utpal Mena
                        

বুধবার, ১৬ জুন, ২০২১

সীমান্ত ফুকন /১

|| মহোৎসৱত মনোজ কুমাৰ গোস্বামীৰ কাহিনীৰে নিৰ্মিত " পাপ "|| 
by : utpal mena

সীমান্ত ফুকন । নাট্যকৰ্মী । নতুন নাট্য চিন্তাৰে আমাক কেইবাবাৰো ছুই গৈছে । সৰুপৰ্দাতো চাইছো কেইবটাও মন ছুই যোৱা কাম । কথা প্ৰসঙ্গত আজি ( ১৬ জুন , ২০২১ ) পৰিচালক গৰাকীয়ে ক'লে -- " 
আমাৰ  চুটি চিনেমা  'PAAP' নিৰ্বাচিত হৈছে ( Official Selection )  FILMINGO INTERNATIONAL SHORT FILM FESTIVAL-2020 ,Mumbai - ত প্ৰদৰ্শনৰ বাবে । চুটি চিনেমা খনৰ প্ৰসঙ্গত পৰিচালক সীমান্ত ফুকনে কয় : পৰিৱৰ্তিত সময়ৰ মেৰপেচত ক্ৰমে খঁহিপৰা সামাজিকতাৰ এক নগ্নৰূপ হ'ল "পাপ"।প্ৰতিটো পুৱা যেন এক ভয় লগা ৰুঢ় বাস্তৱ আমাৰ দুৱাৰ দলিত ৰৈ থাকে হি গোপণে-সংগোপনে। আৰু এক অজান আশংকা,ভয় তথা অনামি উত্তেজনাৰে পাৰ হয় আমাৰ প্ৰতিনিয়ত।আচলতে উদ্দেশ্যহীন ভাৱে গঢ়ি উঠা নগৰীয়া চঞ্চলতাত বিব্ৰত হোৱা মানুহৰ কষ্টকৰ শ্বাস-প্ৰশ্বাসৰ অনুৰণনৰ নিৰ্মোহ ৰেখাংকনেই হ'ল "পাপ"। কাহিনী:মনোজ কুমাৰ গোস্বামীৰ ।https://www.filmingo.in/filmingo-2020-official-selection/ চিত্ৰনাট্য:সীমান্ত ফুকন আৰু অসীম কুমাৰ নাথৰ ,সংগীত:অহিৰ ভৈৰৱৰ। অভিনয় কৰিছে  অৰুণ নাথ আৰু চিমি গোস্বামীয়ে। 
কথা  প্ৰসঙ্গত "অন্য আকাশ" কথা ক'লে পৰিচালক গৰাকীয়ে । " বয়স বৃদ্ধি এটা স্বাভাবিক প্ৰক্ৰিয়া।এই চুটি ছবিখনত এগৰাকী বয়স্ক ভদ্ৰলোক সৌৰভ হাজৰিকাৰ আবেগ আৰু চহৰীয়া জীৱনৰ বস্তুবাদী সুখ স্বাচ্ছন্দ্যৰ সতে খাপ খাব নোৱাৰা তেওঁৰ অৱস্থাক আলোকপাত কৰাৰ প্ৰয়াস কৰা হৈছে।ব্যক্তিৰ জীৱনত অতীত স্মৃতিয়ে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰে।গ্ৰাম্যাঞ্চলত জন্ম হৈ ডাঙৰ দীঘল হোৱা এজন ব্যক্তিয়ে সেই জীৱনৰ সতে সম্পৃক্ত থকা স্মৃতি কেতিয়াও এৰি চলিব নোৱাৰে । মৰম সাদৰ অথবা সকলো প্ৰয়োজনীয়তা পূৰ্ণ হৈ থাকিলেও তেওঁ স্মৃতিকাতৰ হৈ কটায়।জীৱনৰ অধিক সময় যি ঠাইত পাৰ কৰে সেই ঠাইখনলৈ যাবলৈ বা তাতে থাকিবলৈ তেওঁৰ ইচ্ছা হয়।সৌৰভৰ দৰে মানুহে তেনে ঠাইতে মুকলিমুৰিয়া , স্বাধীনতা অনুভৱ কৰে।অৰ্ণবৰ দৰে সততে তেওঁৰ যত্ন লৈ থকা পুত্ৰ থাকিও,অপৰ্ণাৰ দৰে সাদৰী বোৱাৰী থকাৰ পিচতো,ছাঁ‌ৰ দৰে থকা বিজিত আৰু মৰমলগা নাতিনী আদৰ পাইয়ো তেওঁ অসম্পূৰ্ণ যেন অনুভৱ হয়।বয়স বৃদ্ধি এক সংবেদনশীল বিষয়।কাহিনী:সীমান্ত ফুকন,চিত্ৰনাট্য-সংলাপ:নৱজ্যোতি বৰা,সংগীত:অহিৰ ভৈৰৱ।                                    মূখ্য চৰিত্ৰত:বিষ্ণু খাৰঘৰীয়া   সহযোগী চৰিত্ৰত:গীতাৱলী ৰাজ কুমাৰী,সুনিল আকাশ,ত্ৰিদীপ শৰ্মা।        শিশু শিল্পী:হিয়াংগী ফুকন। "
                                


 || সীমান্ত ফুকনৰ আন এক চিনেকৰ্ম "TEARS OF RAIN"....The others. ||

একৈশ শতিকাৰ আধুনিক জীৱনশৈলীয়ে গৰকি যোৱা বিজ্ঞানৰ যুগতো “কিন্নৰ” সকলৰ প্ৰতি মানুহৰ মানসিকতা হয়তো যৎ-কিঞ্চিতহে সলনি হৈছে বা কোনো কোনো ক্ষেত্ৰত সমাজ তথা পৰিয়াল সাপেক্ষে সলনি হোৱাই নাই ৷ কিন্নৰ সকল অ-প্ৰাকৃতিক নহয় ৷ মাথো কিছু শাৰীৰিক পার্থক্যৰ বাবেই তেওঁলোক সমাজৰ আনকি পৰিয়ালৰো অৱহেলিত ৷ শাৰীৰিক পার্থক্য থাকিলেও তেওঁলোকৰ হৃদয়ৰ তাড়না সাধাৰণ লোকৰ সৈতে একে ৷ “Teares of Rain”মূলত তৃতীয় লিংগ সকলৰ প্ৰেম ভালপোৱা, আবেগ অনুভূতি, খং ৰাগ, মান-অভিমান, আক্ষেপ,অভিযোগ আৰু অন্তৰৰ হাঁহাকাৰৰ বর্হি: প্ৰকাশ ৷

কাহিনী:অজন্তা         চিত্ৰনাট্য: সীমান্ত ফুকন,গৌতম বৰা,সংগীত:নিপন চুতীয়া।অভিনয়:অৰ্ঘদ্বীপ বৰুৱা,অসীম কৃষ্ণ বৰুৱা,পাকিজা বেগম আৰু পাঁচ গৰাকী প্ৰকৃত কিন্নৰ,শিশু শিল্পী:ৰোহন গৌতম আৰু আদ্ৰিত আনয়ণ।

তিনিওখন চুটি চিনেমা Deep Sea Production ৰ বেনাৰত প্ৰযোজনা কৰিছে চৈয়দ ইচ্‌মে আলমে,পৰিচালনা:সীমান্ত ফুকন,সহকাৰী পৰিচালক:ৰনাল হুছেইন আৰু প্ৰয়াস ফুকন,চিত্ৰগ্ৰহণ(DOP):পৃথৱী
ৰাজ দত্ত,সম্পাদনা:মানস কাশ্যপ আৰু প্ৰতীম লামা,মেকাপ:বিশ্বজিৎ কলিতা।

অংগৰাগ মহন্ত /১

Papon

অংগৰাগ মহন্ত । 
-- সেই সময় ! 
২০০২ - ২০০৫ । মাহত কমেও দুই - তিনি দিন সংগীত কেন্দ্ৰীক আড্ডা , খগেন মহন্তৰ সৈতে । কেৱল সংগীতৰ কথা । 
কেতিয়িবা ৰং , 
" তুমি শুনিছা নে ! কি শ্ৰুতিমধুৰ ! -- শুনা নাই যদি শুনিবা!"
 আৰু কেতিয়াবা খং !
"সহ্য নহয় ! এই সোপা কি গাইছে ! নুশুনিবা ! সময় নষ্ট হব ! মন মলিন হব ! " 
শিল্পী গৰাকীৰ খং তেতিয়া আৰু বাঢ়িছিল , যেতিয়া বিহু ( গীত ) ' বিহ ' ( শিল্পী গৰাকীৰ ভাষাত ) হৈছিল ! 
-- নাই , তেনে সংগীত কেন্দ্ৰীক আড্ডাত কোনো দিনেই শুনা নাছিলো অংগৰাগ মহন্তৰ নাম । 
--  সেই দিনালৈ , শুনা নাছিলো অংগৰাগ মহন্তৰ নাম । পাপনৰ নাম । 
-- কোন দিনা জানিছিলো গায়ক অংগৰাগক ?       -- ২০০৪ চনৰ শেষৰ ফালে প্ৰথমবাৰ ' গায়ক অংগৰাগ 'ক অনুভৱ কৰিছিলো । সেই সময়ত মই ' আজি ' ৰ উপ সম্পাদক । দৈনিক কাকত । সম্পাদক : অজিত কুমাৰ ভূঞা । সেই সময়ত ৰাজনৈতিক - সামাজিক - সাংস্কৃতিক প্ৰতি খন ক্ষেত্ৰতে গুৰুত্ব থকা কাকত । কাকত খনৰ এগৰাকী সহকৰ্মী মানস দা । জ্যেষ্ঠ সাংবাদিক , ৰাজনৈতিক বিশ্লেষক মানস মহন্ত । এদিন মানস দাই বকলা নথকা অডিঅ' কেছেট এটা দি ক'লে -- " শুনি ভাল পাবা ! লিখিবা । "                             
-- কেছেটোৰ নাম ? 
মানস দাই ক'লে "  ' জোনাকী ৰাতি ' । অংগৰাগ মহন্তৰ । খগেন মহন্তৰ পুতেকৰ । "
 -- খগেন মহন্তৰ ... !    -- শুনিলো ! ' মন মোৰ উৰি গুচি যায় ... ' আৰু ... ! কথা - সুৰ - গায়কীৰ পৰিপাটি , অপূৰ্ব পেকেজ ! মগজু ছুই গ'ল , মনত ৰৈ গ'ল । লিখিলো । ' আজি 'ৰ বিশেষ পৃষ্ঠাত ছপা হ'ল ।
 " পাপনে ভাল গাইছে নহয় ! "-- ছপা হোৱাৰ দিনা খগেন মহন্তৰ ' ফোন ' । শিল্পী গৰাকীৰ মুখত প্ৰথমবাৰ  শুনিলো পুত্ৰৰ নাম ।   
-- আপুনিতো মোক কোনো দিনেই কোৱা নাছিল পাপনৰ কথা । আপোনাৰ সন্তানে গীত গায় , সেয়া স্বভাৱিকতে আপোনাৰ পৰায়ে জানিব নালাগিছিল নে ? 
মোৰ কথাত হাঁহিছিল শিল্পী গৰাকীয়ে । কৈছিল -- " কাইলৈ আহিবা ! কথা পাতিম ! "
-- গৈছিলো । পাপনৰ কথা কৈ গৈছিল । " পাপনে যি কৰিছে, নিজৰ চিন্তাৰে কৰিছে । আমি , মই আৰু মায়েকে ( অৰ্চনা মহন্তই ) কোনো দিনেই কোৱা নাছিলো অমুক গোৱা উচিৎ - তমুক গোৱা উচিৎ ! মই ইমান খিনিয়ে জানিছিলো , সি লোক সংগীতৰ সন্ধানত ঘূৰি ফুৰে । তাৰ তেজতে লোকসংগীত আছে যেতিয়া -- স্বাভাৱিক । নহয় নে?" 
মই হয় বুলিছিলো।
-- হয় , খগেন মহন্তৰ সংগীতৰ শিপা সত্ৰৰ সংগীত , বিহু গীত । ( ব্যাখ্যাৰ প্ৰয়োজন আছে জানো ! )  
-- সেইদিনা জানিছিলো , পাপনে আঁৰত থাকি কাম কৰিছিল ! ' ইষ্ট ইণ্ডিয়া কোম্পানী ' ৰ আৰত থাকি ।  বেণ্ডটোৰ মূল কণ্ঠশিল্পী আছিল পাপন । ২০০৭ চনত  এই বেণ্ডটোৰ সাংগীতিক যাত্ৰা । বেণ্ডটোত আছিল   ব্ৰীণ দেচাই (সংগীত ব্যৱস্থাপক), কৃষ্ণা (গিটাৰবাদক), দিপু (বেচ্ গিটাৰবাদক), কীৰ্তি (তবলাবাদক), আৰু পংকজ (গীটাৰবাদক) । অসমৰ পৰা ভাৰতৰ বাহিৰলৈ  আছিল বেণ্ডটোৰ সংগীত যাত্ৰা । ( এই সময় চোৱাতে জুবিন গাৰ্গৰ সৈতে অ'ডিঅ' এলবাম এটাৰ বাবে গীত গাইছিল । সফল হোৱা নাছিল।) 
কথা প্ৰসঙ্গত আন এদিন খগেন মহন্তই কৈছিল -- "পাপনে মুম্বাইতো কাম কৰি আছে । মনটো ভাল লাগি গ'লহে! "    
 -- বলিউডৰ চিনেমাত গীত গোৱা বাবে ? 
"নহয় হে !" বুলি শিল্পী গৰাকীয়ে আন এটা কথাহে কৈছিল । যি কথা মই জানিছিলো , ' আজি 'ত লিখিছিলো । 
-- অসমলৈ নাটক লৈ আহিছিল অভিনেতা - নাট্যকৰ্মী নাছিৰুদ্দিন শ্বাহে । খগেন মহন্তই ওচৰতে পাই নাট্যকৰ্মী গৰাকীক কৈছিল -- " মই খগেন মহন্ত । " 
কোৱা মাত্ৰকে নাট্যকৰ্মী গৰাকীয়ে কৈছিল -- '"পাপনৰ পাপা ! "                   
" আপুনি পাপনক জানে ? " -- আছৰিত হৈ লোকশিল্পীয়ে আনন্দ মনেৰে সুধিছিল ।
 উত্তৰত নাট্যকৰ্মীয়ে কৈছিল , "জানো । আমি একেলগে এখন  চিনেমাৰ কাম কৰাৰ মন আছিল। সময়ত সময় দিব নোৱাৰিলে পাপনে । ... " 
-- এই যে তাৰকা এগৰাকীয়ে 'পুত্ৰ'ক জানো বুলিছে তাতেই 'পিতা'ৰ গৌৰৱ ! 
"নাছিৰুদ্দিন শ্বাহে পাপনৰ পাপা  বুলিলে যে ! -- এয়াই  মোৰ বাবে গৌৰৱ ! " -- খগেন মহন্তুই কৈছিল।
"আৰু এটি কথাত মই গৌৰৱ অনুভৱ কৰো -- পাপনৰ গায়কী পাপনৰ দৰে ! তাৰ পিতৃৰ দৰে , মানে মোৰ দৰে নহয় । " -- খগেন মহন্তই আৰু কৈছিল।
 -- হয় , অংগৰাগ মহন্তই সংগীতৰ নতুন বাট তৈয়াৰ কৰি লৈছে ! আনকি ' গোমছেং ' ৰ বিহুতো।
পাপনে পশ্চিমৰ বা দক্ষিন ভাৰতৰ সুৰৰ সহায়ত সফলতাৰ বাট বিছৰা নাই।  অসমীয়া - অসমীয়া সুৰেৰে নিৰ্মাণ কৰিছ 'জোনাকী ৰাতি ' (২০০৫ ) , ' চিনাকি অচিনাকি ' (২০১০ ) । 
-- এনেদৰেই ক'লে শেষ নহব , অংগৰাগে হিন্দী চিনেমাৰ বাবেও কণ্ঠ দিছে , আধুনিক বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰি  অসমৰ লোক সংগীত ফিউজন ৰূপত শ্ৰোতাৰ মাজত উপস্থাপন কৰি জনপ্ৰিয় হৈছে , কেইবাটাও জনপ্ৰিয় অসমীয়া গীত সৃষ্টি কৰিছে বা জনপ্ৰিয় সংগীত শিল্পী । আমাৰ ধাৰণাত পাপনে অসমৰ লোক সংগীতক ভাৰতৰ বিভিন্ন প্ৰান্তত , ভাৰতৰ বাহিৰতো ' প্ৰচাৰ ' কৰিছে। আমি দেখিছো -- অংগৰাগে অসমৰ বাহিৰৰো ' মেগা মিউজিক নাইট 'ত বিহুৰে , গোৱালপৰীয়া গীতৰ সুৰেৰে সাংগীতিক ঢৌ নিৰ্মাণ কৰা মূহুৰ্ত । যিবোৰ মূহুৰ্ত জিপাল কৰিছে ভাৰতৰ তাৰকা - মহাতাৰকাই , হাত চাপৰিৰে । আৰু দেখিছো -- কম দিনৰ ভিতৰতে বিশেষকৈ ভাৰতৰ ' মেগা মিউজিক নাইট 'ৰ অংগ হৈছে । এয়া সহজ কথা নহয় । সন্দেহ নাই -- এয়া পাপনে  সম্ভৱ  কৰিছে  পৰিশ্ৰম আৰু  সুপৰিকল্পনাৰে । নিউজ চেনেল 'আজতক'ৰ ' মেগা শ্ব' ' এটাত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত পাপনে কৈছিল --  সফলতাৰ বাবে সপোন নেদেখে , অংক কৰে । ( অৰ্থাৎ  নিৰ্দিষ্ট বিন্দু মনত ৰাখি পৰিশ্ৰম কৰে । বহু কষ্ট কৰিও পাপনে কোৱা শব্দ কেইটা মনলৈ আনিব পৰা নাই।) যিমানদূৰ মনত পৰে শ্ৰেষ্ঠ প্‌প এলবাম - গ্লোবেল ইণ্ডিয়ান মিউজিক একাডেমী এৱাৰ্ড ২০১২ ("দা ষ্টৰি চ’ ফাৰ"-ৰ বাবে)ৰে সন্মানিত হোৱাৰ পিছত সেই বিশেষ অনুষ্ঠানটোত পাপনে এনেদৰে কৈছিল ।
 -- মনলৈ আহিছে গুলজাৰৰ প্ৰসঙ্গ । এখন ইংৰাজি আলোচনীত প্ৰকাশ  পাইছিল এনেদৰে: feel really blessed to be working with Gulzar saab. He is writing one song. He showed so much love to me and said ''beta aur karte hai (let''s do more). If I will write for you then my health will be good''," Papon told IANS  
-- শেহতীয়া বহু খবৰেই মই ৰাখিব পৰা নাই । ৰাখিব নোৱাৰা  খবৰৰ ভিতৰত পাপন - গুলজাৰৰ প্ৰজেক্টটোও আছে । গতিকে এই প্ৰসঙ্গত চৰ্চা নকৰো । মাথো উল্লেখ কৰিব খুজিছো --গুলজাৰৰ আগ্ৰহত স্পষ্ট ভাৰতীয় সংগীতৰ ক্ষেত্ৰ খনত পাপনৰ গুৰুত্ব , স্থান প্ৰসঙ্গ । (গুৱাহাটী, জুন ২০২১)

মঙ্গলবার, ১৫ জুন, ২০২১

তৰালি শৰ্মা / ৫

Tarali Sarma
এখন গ্ৰন্থৰ খচৰা /৫ 
.............................
তৰালি শৰ্মাৰ উত্তৰ : প্রায়ে এই প্রশ্নটো শুনো-গায়িকা তৰালি নির্মাণৰ প্রক্রিয়া, সংগীত পৰিচালিকা তৰালি নির্মাণৰ প্রক্রিয়াগায়িকা তৰালি নির্মাণৰ প্রক্রিয়া, সংগীত পৰিচালিকা তৰালি নির্মাণৰ প্রক্রিয়া। উত্তৰ কি দিও কেতিয়াবা আচলতে মই ভাৱিয়েই নাপাও। গান গাও-গান ভাল পাওঁ কাৰণে গান গাও। মই লিখিছোৱে আগতে যে মই গান ইমান ভাল পাওঁ। সংগীত ভাল পাওঁ কাৰণেই পৃথিৱীখন ভাল পাওঁ, প্রকৃতি ভাল পাওঁ। এই ভালপোৱাই মোক মা-দেউতা, স্বামী-পুত্র, বন্ধু-বর্গ বা সচাঁ অর্থত মানু্হক ভাল পাবলৈ শিকাইছে। এই কাৰণে গান গাও আচলতে। কিন্তু কাৰিকৰীভাৱে যদি কও, ঘৰত যেতিয়া দেউতাই হাৰমনিয়ামখন বজাই ল’ৰা-ছোৱালীবোৰক শিকাই থাকে; দেখি দেখিয়েই বজাবলৈ চেষ্টা কৰিছিলোঁ। মোক কোনেও হাৰমনিয়াম বজাবলৈ শিকোৱা নাই। নিজে নিজে বজাই লাহে-লাহে গানবোৰ হাৰমনিয়ামত বজাবলৈ পৰা হৈছিলো। তানপূৰাখন বজাবলৈও নিজেই শিকিছো। গুৰু হিচাপে মোৰ প্রথম গুৰু আছিল শিৱানী দত্ত। তেখেত তেতিয়া আকাশবাণীৰ স্বীকৃতিপ্রাপ্ত কণ্ঠশিল্পী আছিল। দেউতাই সদায় কৈছিল গুৰুৰ এক সুকীয়া গুৰুত্ব আছে জীৱনত। সেই কথা মানিয়েই শিৱানী দত্তৰ ওচৰত মই আৰু মোৰ দেউতাৰ গীতিকাৰ বন্ধু (পেছাত উকীল) বিনোদ পাঠকৰ জীয়ৰী সূর্যশিখাৰ (আমি লুলুমনি বুলি মাতিছিলো) ওচৰত গান শিকিবলৈ গৈছিলো। তাৰপিছত মই পল্লৱ বৰুৱা, অনিতা বুঢ়াগোহাঁই, অজয় বর্মন, দেৱ বর্মন, দ্বিজেন বর্মন আৰু বিশেষ ভাৱে অনন্ত ওজা আদি বহু কেইগৰাকীৰ ওচৰত সংগীতৰ শিক্ষা গ্রহণ কৰিছোঁ। ভাৰতীয় শাস্ত্রীয় সংগীতৰ যি গায়কী সেয়া বিতংকৈ বিশেষভাৱে শিকিছিলো পুস্পৰঞ্জন দে ছাৰৰ ওচৰত। কলিকতাৰ শিপ্রা বোস, জয়শ্রী সেনগুপ্ত তেওঁলোকো মোৰ গুৰু। প্রত্যেকজনৰ পৰাই সংগীতৰ বিভিন্ন দিশৰ কথা শিকিছো। ইতিমধ্যে উল্লেখ কৰা ধৰণে গায়কী যদি পুস্পৰঞ্জন দে ছাৰৰ পৰা শিকিছো, শিপ্রা বোসৰ পৰা পালটা, জয়শ্রী সেনগুপ্তৰ পৰা ভজনৰ শিক্ষা গ্রহণ কৰিছিলো। ভাটখাণ্ডেৰ পাঠদান গ্রহণ কৰি বিশাৰদলৈকে উত্তীর্ণ হৈছিলো। এয়া আছিল সংগীতৰ কাৰিকৰী শিক্ষা। 
ব্যৱহাৰিক দিশৰ পৰা গায়িকা হোৱাৰ কথা ক’বলৈ গ’লে মনত পৰে মাইক্র’ফোনৰ সন্মুখত প্রথম গীত গোৱাৰ কথা। অষ্টম মানৰ কথা। আকাশবাণীৰ এটি অনুষ্ঠান “চেমনীয়া চ’ৰা”ত দেউতাৰ শিষ্য তথা সহকর্মী জয়হৰি দাসে মোক লৈ গৈ তাত নামটো ভৰাই দিছিল। তাৰে এটি অনুষ্ঠানত মই গীত গোৱাৰ আমন্ত্রণ পাইছিলো। দেউতাক যেতিয়া কৈছিলো, দেউতাই নলবাৰীৰ কেশৱ দত্তৰ হতুৱাই এটি গীত লিখাই আনি মোৰ হাতত দি কৈছিল- “এইটো গীত- সুৰ কৰা আৰু গোৱা।” এতিয়াও মনত আছে- মোৰ ৰেকর্ডিং আছিল জানুৱাৰী ২৭ তাৰিখে। আগদিনা ২৬ জানুৱাৰীত গণৰাজ্য দিৱসৰ বন্ধ। গোটেই দিনটো মই সুৰ কৰিছিলো আৰু অলপ অভিমানো হৈছিল দেউতাৰ ওপৰত যে মোক গানটো সুৰ কৰি দিয়া নাছিল,আনকি শুনিবলৈ সময়ো হোৱা নাছিল। কিন্তু পিছদিনাখন মই কৰা সুৰেৰেই গীতটো গাইছিলো, গীতটো আছিল “মই ফুলনিৰ ফুল বুটলি...”। কিন্তু মোৰ ইমান সৌভাগ্য- মাইক্র’ফোনৰ সন্মুখত মই প্রথম গীত গাইছো, সুৰ মোৰ নিজৰ, প্রচাৰ হৈছে আকাশবাণীৰ যোগেদি আৰু গীতটো গোৱাৰ সময়ত বাদ্যযন্ত্র বজাইছিল অসমৰ বহুকেইজন বিখ্যাত বাদ্যযন্ত্রীয়ে। তেতিয়া তেওঁলোকে আকাশবাণী গুৱাহাটীতে ষ্টাফ আর্টিষ্ট হিচাপে কাম কৰিছিল। যদিও চেমনীয়া সকলৰ অনুষ্ঠান আছিল “চেমনীয়া চ’ৰা”, তথাপি আকাশবাণীৰ মুখ্য বাদ্যযন্ত্রীসকলে অনুষ্ঠানটিত বাদ্য সংগত কৰিছিল। মোৰ লগত বাঁহী বজাইছিল প্রভাত শর্মাই, একর্ডিয়ান বজাইছিল পার্থপ্রতীম চৌধুৰী, গীটাৰ বজাইছিল হাইদৰ আলি, তবলা বজাইছিল পুস্প বৰা- তেওঁলোক কোনটো উচ্চ স্তৰৰ শিল্পী মই বুজাব নোৱাৰো, মাথো নিজে ধন্য হৈছিলো মোৰ প্রথম গীতটোতে তেওঁলোকক বাদ্যযন্ত্রী হিচাপে পাই। সেয়া সচাঁই এক বুজাব নোৱাৰা অনুভৱ। আৰু এটা কথা আজিও মনত সজীৱ হৈ আছে-গীতটো গোৱাৰ সময়ত ৰেকর্ডিং ৰুমৰ গ্লাছৰ সিটো পাৰে আকাশবাণী কেন্দ্রৰ বহু কর্মচাৰীৰ এটা ভিৰ হৈ গৈছিল। প্রথমে "প্রভাত দা"ৰ জীয়ৰী বুলি গম পোৱা নাছিল, এজনী ছোৱালীয়ে নিজে সুৰ কৰি ভাল গীত গাইছে বুলিয়েই সকলো আহিছিল চাবলৈ। গীত গোৱাৰ পাছত পার্থ প্রতীম চৌধুৰী খুড়াই মোৰ মূৰত হাত থৈ সুৰ আৰু গান ভাল হোৱা বুলি আশীর্বাদ দিছিল, লগতে দেউতাক মোৰ সন্মুখতে আপোনাৰ ছোৱালী ভাল কম্প’জাৰ আৰু গায়িকা হ’ব বুলি ভালকৈ চোৱা-চিতা কৰিবলৈ কোৱাৰ কথা মোৰ মনত পৰে। সেয়াই আছিল আৰম্ভণি। 
তাৰপিছত বেছিকৈ গীত গোৱা নাছিলো স্কুলৰ সময়ত। সেই সময়চোৱাত খুউব পেইন্টিংহে কৰিছিলো কিন্তু গীতৰ বিভিন্ন প্রতিযোগিতাসমূহত অংশগ্রহণ কৰা নাছিলো। মাত্র এতিয়া মনত পৰাকৈ এবাৰ নে দুবাৰহে ঘৰৰ ওচৰতে হোৱা বৰগীতৰ প্রতিযোগিতাত অংশ লৈছিলো আৰু পুৰস্কাৰো পাইছিলো। অৱশ্যে স্কুলীয়া দিনত আন এক ধৰণেও মোৰ সংগীত চর্চা চলি আছিল। হলী ছাইল্ড স্কুলত পঢ়ি থকাৰ সময়ত মই একধৰণে স্কুলৰ ‘চুপাৰষ্টাৰ’ এ আছিলো। সকলোৰে প্রিয় পাত্র আছিলো। তাৰ কাৰণ এইটোৱে যে-বিদ্যালয়ত বছৰি যিমান অনুষ্ঠান হ’লেও এটা অনুষ্ঠানত যদি বাৰটা ‘আইটেম’ থাকে, তেন্তে তাৰ দহটাতে মঞ্চত মইয়েই থাকো বেলেগ বেলেগ ধৰণে। ক্লাছ এইটৰ ছাত্র-ছাত্রীক যদি মই কোৰাছ শিকাইছো, তেন্তে তেওঁলোকৰ লগত মঞ্চত হাৰমনিয়াম বজাইছো বা ক্লাছ নাইনৰ কাৰোবাক যদি বেলেগ গান শিকাইছো, তেন্তে তেওঁলোকৰ লগত মই কংগো বজাইছো। ক্লাছ ছিক্সৰ কোনোবাই যদি নাচিছে, তেন্তে গীতটো মইয়ে গাই দিছো। এই সকলোখিনিৰ উপৰি স্কুলত আমাৰ এটা বেণ্ড আছিল ‘এভাৰগ্রীণ’ নামেৰে। বেণ্ডটোত ৰুমণি শইকীয়া বুলি এগৰাকীয়ে মেণ্ডোলিন বজাইছিল, সঞ্চয়িতা শর্মাই কংগো বজাইছিল আৰু সেই বেণ্ডতে বর্তমানৰ চলচ্চিত্র পৰিচালক হিচাপে খ্যাত প্রেৰণা বৰবৰাই হাৱাইন গীটাৰ বজাইছিল। আৰু এগৰাকী আছিল লয়না (বর্তমানৰ উপাধি আৰোৰা) য়ো হাৱাইন গীটাৰ বজাইছিল। দলটোৰ দলপতি হিচাপে মই কেতিয়াবা পিয়ানোখন বজাও যদিও বেছিভাগ সময়ত কংগো বজাইছিলো আৰু সংগীত কম্প’জ কৰিছিলো। আমাৰ বেণ্ডটোৰ এটা কষ্টিউমো আছিল- ৰঙা-বগা-ক’লা তথা চকলেট ৰঙী ষ্ট্রাইপ থকা স্পেনিছ স্কার্ট, বগা চার্ট আৰু ব’ এডাল। স্কুলত যিকোনো অনুষ্ঠান থাকিলে আমাৰ বেণ্ডটোৰ এটা অনুষ্ঠান থকাতো অৱধাৰিত কথা হৈ গৈছিল সকলোৰে বাবে। আনকি আমি স্কুলৰ বাহিৰতো বেণ্ডৰ বেনাৰতে বহু অনুষ্ঠান কৰিছিলো।
সেই সোণালী সময় পাৰ কৰি সন্দিকৈ মহাবিদ্যালয়ত যেতিয়া নামভর্তি কৰিছিলো, প্রথম বর্ষৰে পৰা কিয় জানো মোৰ মনত সোমাই গৈছিল- মহাবিদ্যালয়ৰ শ্রেষ্ঠ গায়িকা হোৱাৰ সপোন এটি। অৱশ্যে স্কুলত থাকোতেই মোৰ লগৰ ছোৱালী নয়নশিখাই কথাই কথাই বায়েকেৰ কলেজত ‘বেষ্ট ছিংগাৰ’ৰ কথা এটা কৈছিল, তেতিয়া সেই ‘বেষ্ট ছিংগাৰ’ শব্দযুৰিৰ প্রতি এক আগ্রহ তথা আকর্ষণ হৈছিল। সেইটোৱেই হয়তো মনত সোমাই ৰৈছিল- ক’ব নোৱাৰাকৈ। সন্দিকৈৰ প্রথম বছৰটোত গানৰ দুখন প্রতিযোগিতা হৈছিল যদিও দেউতাৰ কাৰণে গোৱা নহ’ল। দেউতাই জইন কৰিব নালাগে বুলি কৈছিল আৰু দেউতাৰ কথা অমান্য কৰা নাছিলো কাহানিও। কিন্তু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বর্ষত মায়ে বহুত সহায় কৰিছিল। এই বিষয়ে পাছত ক’ম বাৰু ভালকৈ। সেই বছৰ ‘শ্রেষ্ঠ গায়িকা’ৰ সন্মান পাইছিলো আৰু তাৰ পিছৰ বছৰো। ইয়াৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়লৈ গৈ তাতো ‘শ্রেষ্ঠ গায়িকা’ হোৱাৰ সৌভাগ্য হ’ল। সেই তেতিয়াৰ পৰাই আচলতে লাহে-লাহে মানুহে জানিবলৈ ধৰিছিল- তৰালি শর্মা বুলি গায়িকা এগৰাকী আছে, বৰ ভাল গায়। মই য’তেই প্রতিযোগিতাত অংশ ল’বলৈ গৈছিলো- এক ধৰণৰ ভিৰ এটা হৈছিল- কোননো ছোৱালীজনী তাকে চাবলৈ-গান শুনিবলৈ। তেনেকুৱা পৰিৱেশ এটা কিবাকৈ গুৱাহাটীত সৃষ্টি হৈছিল মোৰ বাবে- ভাৱিলে আজিও কৃতজ্ঞ হৈ পৰো সময়ৰ ওচৰত। 
সেই সময়ছোৱাত ষ্টুডিঅ’ত কাম কৰিবলৈ মাতে মোক। আচলতে কাম মানে গীত বিলাকৰ মাজে মাজে থকা কোৰাছ গাবলৈ। মোৰ ওপৰত আস্থা ৰাখি ৰিস্ক ল’বলৈ সেই বিশ্বাসৰ অভাৱৰ আছিল বহুতৰ, কাৰণ প্রায় সকলেই তৰালি বুলি নতুন ছোৱালী এজনী আছে, সন্দিকৈত পঢ়ে আৰু ভাল গীত গাই বুলিহে জানিছিল। গতিকে ইমান ইমান ৰিস্ক কিয় ল’ব? সংগীত পৰিচালক সকলে মোৰ গীত শুনাই নাই তেতিয়ালৈ। অন্যহাতে প্রভাত শর্মাৰ ছোৱালী বুলিও বহুতেই নাজানিছিল। সেয়ে মোক কোৰাছ গাবলৈ মাতিছিল তেতিয়াৰ প্রতিষ্ঠিত মালবিকা বৰা, শান্তা উজীৰ, কল্পনা পাটোৱাৰী আদি সকলৰ গীতত। গতিকে বৃত্তিগত সংগীতৰ এই ক্ষেত্রখনত প্রথম এগৰাকী কোৰাছ শিল্পী হিচাপেহে মই সোমাইছিলো। মোৰ লগত তেতিয়া আৰু দুগৰাকী আছিল জে পি দাসৰ কন্যা জিন্টী আৰু জনছ মহলীয়াৰ কন্যা জিনি। তিনিও জনীকে কোৰাছ গাবলৈ মাতে আৰু আনকি তিনিওজনীকে ‘হামিং বার্ডছ’ বুলিও কৈছিল বহুতে।  
সেই সময়ত মই পূৱ গুৱাহাটী সংগীত বিদ্যালয়ত ভাটখাণ্ডেৰ সংগীতৰ শিক্ষা লৈ আছিলোঁ। মোৰ গুৰু আছিল অনিতা বুঢ়াগোঁহাই। গুৰু অনিতা বুঢ়াগোঁহাইৰ বিহু গোৱাৰ ক্ষেত্রত এটা বিশেষ নাম আছিল। তেখেতৰ বিহু এলবামসমূহ যথেষ্ট হিট হৈছিল তেতিয়া। তেখেতৰ এটি বিহুগীতৰ এলবামত এবাৰ মোক বিহু গাবলৈ মাতিছিল সহ: কণ্ঠশিল্পী হিচাপে। তেখেত যিহেতু মোৰ গুৰু আছিল, মোৰ গান শুনিছে আৰু সেয়ে মই পাৰিম বুলি এটা বিশ্বাস হৈছিল। কিন্তু ৰেকর্ডিঙৰ দিনা মই ভালকৈ গাব পৰা নাছিলো। শাৰীৰিক ভাৱে অসুস্থ হৈ থকাৰ লগতে সেইদিনা ‘ফেৰেনজাইটিছ’ৰ বাবে ভাগি থকা মাতটিয়েও মোক সহযোগ কৰিব পৰা নাছিল। সেইদিনা একপ্রকাৰ অপমানিত কৰিয়েই পঠোৱাৰ নিচিনা । মোৰ ওপৰত বিশ্বাস কাৰো নাছিল আনকি এই ছোৱালীজনীৰ ভৱিষ্যৎ নাই বুলিয়েই মোক ষ্টুডিঅ’ৰ পৰা পঠাই দিয়া হৈছিল। মোৰ ওপৰত বিশ্বাস ৰাখি গাবলৈ মতা অনিতা বাইদেউৰ কথা ভাবি মোৰ বেয়া লাগিছিল। এইটো এটা বেলেগ কাহিনী-কেতিয়াবা বিস্তৰকৈ ক’ম-লিখিম। 
বিহু গাবলৈ লওতেই প্রথমেই ব্যর্থতা পালো যদিও আকৌ বিহুগীত গাবলৈ ল’লো। ইটো-সিটোকৈ বহু কেইজনে মাতা হ’ল বিহু গাবলৈ। নিতুল শইকীয়া দাৰ প্রযোজিত তথা পল্লৱী এন্টাৰপ্রাইজৰ এটা বিহু এলবামত মুখ্য কণ্ঠশিল্পী হিচাপেই বিহু গালো। সেই সময়ত পল্লৱী এন্টাৰপ্রাইজৰ ‘লীনা’ বুলি এটা আধুনিক গীতৰ এলবাম ওলাইছিল। সেইটো আকৌ নিতুল দাৰ প্রথমটো আধুনিক গীতৰ এলবাম। নিতুল দাই তাত গাবলৈ ভাল কোনোবা গায়িকা আছে নেকি বুলি মোক সুধিছিলে-মই মেৰী মজুমদাৰ নামৰ মোৰ বান্ধৱী এগৰাকীৰ নাম কৈছিলো। মেৰী গ’ল আৰু গালে। কিবা কাৰণত তেওঁলোকৰ পছন্দ নহ’ল। তেওঁলোকে এবাৰ মোক ক’লে- তুমি এবাৰ ‘ট্রাই’ কৰি চোৱাচোন। তেনেকৈ সেই ‘লীনা’ এলবামটিত তিনিটা গীত গাইছিলো। সেয়া আছিল আধুনিক গীতৰ এলবামত মোৰ প্রথম একক গীত। সেই সময়ত ‘বৃকোদৰ বৰুৱাৰ বিয়া’ বুলি এখন ধাৰাবাহিক আছিল। ‘বৃকোদৰ বৰুৱা বিয়া’ৰ বাবে এটি গীত গাইছিলো- “তুমি হ’বা”। গীতটোৰ পুৰুষ সংস্কৰণটিত কণ্ঠদান কৰিছিল ভূপেন হাজৰিকাই আৰু মহিলাৰ সংস্কৰণটি মোক গোৱাইছিল ৰাজেন ৰাজখোৱাই। সংগীত প্রভাত শর্মাৰে আছিল যদিও ৰাজেন ৰাজখোৱাৰ তৎপৰতাতহে মোক গাবলৈ মতা হৈছিল। ধাৰাবাহিকৰ দুই মিনিটৰ গীতটো গোৱাৰ পাছত দুশ টকা মাননি পাইছিলো। গীতটোৰ লগতো ভাল লগা কাহিনী আছে, পিছত ক’ম।
‘বৃকোদৰ বৰুৱাৰ বিয়া’ৰ পিছত বৃত্তিগতভাৱে ফুল ফ্লেজেদ ট্রেকত গোৱা প্রথমটি গীত মই অনিল দাসৰ এটি ভক্তিমূলক গীতৰ এলবামৰ বাবে গাইছিলো। “মনোহৰ মধুমিঠা” বুলি অনুপ্রাস ছন্দৰ গীত আছিল সেইটি। গীতটি প্রায় ৫ মিনিট মানৰ আছিল। গীতটোৰ বাবে তেতিয়াৰ দিনতে মই দুহেজাৰ টকা পাইছিলো। এলবামটিত মুঠ চাৰিগৰাকী কণ্ঠশিল্পীৰ গীত আছিল-ৰামেশ্বৰ পাঠক, সন্ধ্যা মেনন, অনিল দাস আৰু মই। অনিল দাসৰ দৃষ্টিভংগীৰে কথাটি ক’বলৈ হ’লে- নিজক বাদ দি তেওঁ দুগৰাকী প্রতিষ্ঠিত শিল্পী আৰু এগৰাকী নতুন গায়িকা বিচাৰি এলবামটি কৰাৰ সিদ্ধান্ত লৈছিল। তেওঁ মোৰ গীত শুনিছিল। কাৰণ তেখেতৰ ৰিহার্চেল আমাৰ ঘৰতে হৈছিল। তেওঁলোক অহাৰ আগতে মই ৰেৱাজ কৰি থাকো। মোৰ গীত শুনি দেউতাক নতুন গায়িকাগৰাকী হিচাপে মোকেই গোৱাবৰ বাবে কৈছিল। দেউতাই প্রথমতে ৰাজী হোৱা নাছিল-তাই শিকিহে আছে বুলি কাৰণ দর্শাইছিল। দেউতাই ৰামেশ্বৰ পাঠকৰ জীয়ৰী মূর্চ্চনা পাঠকক গোৱাবলৈ কৈছিল। কিন্তু অনিল দাসে নেৰানেপেৰাকৈ ধৰাত শেষত মইয়ে গোৱাৰ সুযোগ পাইছিলোঁ। 
মাইলষ্ট’ন বুলিলে যিটো গীতৰ বাবে মোক মানুহে জানিছিল বুলি মই ভাৱো, সংযোগপূর্ণ তথা আচৰিত ধৰণে গীতটো আছিল মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিৰচিত বৰগীত “পাৱে পৰি হৰি”। “সাঁচিপাতৰ পুথি” বুলি এখন চিৰিয়েলত গাইছিলো। পৰিচালনা কৰিছিল মঙলদৈৰ ........... সংগীত দেউতাৰে আছিল যদিও সেইটো গীতত সহায় কৰিছিল ৰূপম তালুকদাৰে। সেই গীতটোৰ সম্প্রচাৰৰ পাছতহে বোধ কৰো আচলতে তৰালি শর্মা নামটো যিসকলে গান শুনে তেওঁলোকৰ মাজলৈ আহিছিল। সেইটো আছিল একপ্রকাৰ মোৰ বাবে টার্ণিং পইন্ট। মোৰ সংগীতৰ জীৱনত গুৰু দুজনাৰ বহুত প্রভাৱ আছে বুলি সেয়ে অনুভৱ কৰোঁ আজিও। তাৰপিছত প্রকৃততে বেলেগ বেলেগ মিউজিকেল বেনাৰ যেনে- ৱেভ, সৰস্বতী, পল্লৱী, আৰ এম চি আদিৰ একক এলবামৰ বহুতো অফাৰ মোলৈ আহিছিল। মই অৱশ্যে ভালকৈ চালি-জাৰি বহু সময় চাইছিলো-কিন্তু কাৰো লগত গোৱা নাছিলো, চুক্তি স্বাক্ষৰ কৰা নাছিলো। অৱশেষত সৰস্বতী কমিউনিকেছনৰ লগতে চাইন আপ হ’ল। সৰস্বতী কমিউনিকেছনছ্ ৰ আঁৰত থকা দুগৰাকী মূল ব্যক্তি-‘বিস্ময়’ৰ সম্পাদক শশী ফুকনৰ ভাতৃ গুঞ্জন ফুকন আৰু প্রমোদ কলিতা। সৰস্বতী কমিউনিকেছনৰ সৈতে মোক যোগসুত্র স্থাপন কৰাত মিলনদূত আছিল আলোকচিত্র শিল্পী জীৱন ডাউকা। জীৱন ডাউকাই গুঞ্জন ফুকনক এদিন আমাৰ ঘৰলৈ লৈ আনিছিল আৰু এটি এলবামৰ অফাৰ দিছিল। সেই অফাৰটো মোৰ ভাল লাগিল লগতে তেওঁলোকৰ চিন্তাবোৰ। এনেকৈয়ে সৰস্বতী কমিউনিকেছনছৰ লগত মোৰ সংগীতৰ অধ্যায়টি আৰম্ভ হৈছিল। তেওঁলোকৰ লগত বহু কেইখন এলবাম কৰিছিলো। সৰস্বতী কমিউনিকেছনছ্ ৰ বেনাৰত মোৰ প্রথমটো একক এলবাম মুক্তি পাইছিল ১৯৯৯ চনত। নামটো আছিল ‘অভিমান’। মুক্তিৰ তাৰিখটোও মনত আছে মোৰ। ১৪ ফেব্রুৱাৰী মানে ‘ভেলেন্টাইন ডে’ত। এটা কথা ভাৱি আজিও ভাল লাগে- ‘অভিমান’ এলবামখনৰ এক অভিলেখকাৰী বিক্রী হৈছিল। তেতিয়াৰ দিনত পুৰুষ কণ্ঠশিল্পীৰ এটা এলবাম আশী হাজাৰ-এক লাখ (কেতিয়াবা দুই লাখ) পর্যন্ত কপি বিক্রী হয়। সেই এলবামটি তেতিয়া চুপাৰহিট বুলি গণ্য কৰা হৈছিল। তাৰ তুলনাত এককভাৱে মহিলা কণ্ঠশিল্পীৰ তিনি বা পাঁচ হাজাৰ কপি বিক্রী হ’লেই হিট বুলি ধৰা হৈছিল। কাৰণ কি আছিল সেয়া বিচাৰ কৰিবলৈ নাযাও বাৰু এতিয়া। যিকি নহওক, তেনে প্রেক্ষাপটতো মোৰ এলবামটো প্রথম পর্যায়তে ওঠৰ হাজাৰ বিক্রীৰ মুখ দেখিবলৈ সক্ষম হৈছিল। তাক লৈ এক চর্চাও হৈছিল- আজিও মনত আছে মোৰ। 
চলচ্চিত্র জগতত মোৰ প্রথম হিচাপে ক’বলৈ গ’লে ৰাজেন ৰাজখোৱাৰ চিনেমা ‘সপোন’ত গোৱা ‘জানিও নজনা’ বুলি গীতটো।  সংগীত পৰিচালনা আছিল জয়ন্ত পাঠক আৰু মই গোৱা গীতটো লিখিছিল প্রশান্ত বৰদলৈয়ে। ‘সপোন’ চিনেমাখনত মোৰ একক গীতৰ লগতে দ্বৈত গীতো আছিল। সেয়া আছিল ১৯৯৬ চনৰ কথা। গতিকে মোৰ একক এলবাম ওলোৱাৰ আগতেই আচলতে মই ছবিৰ বাবে গীত গাইছিলো।   
সংগীত পৰিচালক হিচাপে মোৰ প্রথমখন চিনেমা আছিল মঞ্জু বৰাৰ ‘আকাশীতৰাৰ কথাৰে’। প্রযোজক আছিল সংগীতা তামূলী। সংযোগৰ কথা এয়ে যে, আগতে উল্লেখ কৰিছোৱে মোৰ সংগীত জীৱনত মহাপুৰুয দুজনাৰ অৱদান আছে। এই চিনেমাখনত মহাপুৰুষ মাধৱদেৱ বিৰচিত এটি কাকুতি ঘোষাৰ বাবে মোৰ জীৱনলৈ বেলেগ এটা টার্নিং পইন্ট বা বেলেগ এটা মাইলষ্ট’নৰ দৰে সেই বিশেষ পুৰস্কাৰটি আহিছিলে। তাৰ পাছৰ পর্যায়ৰ কথাখিনি কম-বেছি পৰিমাণে সকলোৱে জানেই..
by: Utpal Mena

সোমবার, ১৪ জুন, ২০২১

তৰালি শৰ্মা /৪

এখন গ্ৰন্থৰ খচৰা /৪ 
-----------------------------
 মোৰ প্ৰশ্ন :  ময়ো গীত গাম -- এই ধাৰণা কেতিয়া মনলৈ আহিছিল -- মনত আছেনে?
তৰালি শৰ্মা : মনত সঠিককৈ নাই যদিও গীত ইমান ভাল পাবলৈ লৈছিলো। আচলতে মোৰ প্রথম প্রেম সংগীতৰ লগতে। সেই প্রেমে ভাললগাও আনে-অভিমানো আনে বা বিষাদো আনে মাজে মাজে। সংগীতে ইমান বেছি আৱেগিক কৰি তোলে বা ইমান বেছি গাত লাগি যোৱা হ’ল যে এটা সময়ত সেই কথাটো অনুভৱ কৰা যায়-- যেতিয়া কাৰোবাৰ কাৰোবাৰ লগত সচাঁ প্রেম হয়, ইমান গভীৰলৈ গুচি যোৱা যায় যে এক ঐশ্বৰিক বা স্বর্গীয় অনুভূতি হৈ পৰে গোটেই কথাটো..। তাৰ পিছতে এনে লাগে যেন এই মানুহজনক বাদ দি মই জীৱনটো জীয়াই থাকিব নোৱাৰিম।যেতিয়া কাৰোবাৰ কাৰোবাৰ লগত সচাঁ প্রেম হয়, ইমান গভীৰলৈ গুচি যোৱা যায় যে এক ঐশ্বৰিক বা স্বর্গীয় অনুভূতি হৈ পৰে গোটেই কথাটো..। তাৰ পিছতে এনে লাগে যেন এই মানুহজনক বাদ দি মই জীৱনটো জীয়াই থাকিব নোৱাৰিম। মোৰ ক্ষেত্রত সংগীত থিক তেনেকুৱাই । এটা সময়ত গান গাই ইমান ভাল পাও, গান শুনি ইমান ভাল পাও- ক’ৰবাত ইমান বেছি প্রেম হ’ল যে মই গীত নোগোৱাকৈ থাকিব নোৱাৰা অনুভৱ এটা হ’ল। জীয়াই থাকিবলৈ হ’লে মই গান গাবই লাগিব। সংগীত আচলতে জীৱনৰ আহিলা, মই মোৰ লগত প্রেমত পৰাৰ আহিলা, জীৱনৰ প্রেমত পৰাৰ আহিলা। আৰু এই অনুভৱ সেই তেৰ-চৈধ্য বছৰীয়া মইজনী স্কুলত পঢ়াৰ পৰাই। তেতিয়া এটাই উদ্দেশ্য-গান গাব লাগে, ৰেৱাজ কৰিব লাগে। সময়-অসময় পাহৰি ৰেৱাজ কৰো। হাৰমনিয়ামখন একান্ত সংগী হৈ পৰিছিল মোৰ। স্কুলৰ হওক বা ঘৰৰ ওচৰৰ-দূৰৰ বন্ধু-বর্গও যথেষ্ট আছিল। কিন্তু হাৰমনিয়ামখনৰ লগত সময় কটাই আটাইতকৈ বেছি ভাল পাইছিলো সেইসময়ত। আৰু তেতিয়াই মনত সেই কথাটো ভাবি লৈছিলো- যি হ’লেও মই গান গাবই লাগিব। জীয়াই থাকিবলৈ উশাহ যেনেকৈ লৈ থাকিব লাগিব, তেনেকৈয়ে মই গান গাব লাগিব-সংগীতৰ লগত থাকিব লাগিব- এই উপলব্ধি সেই সময়তে কৰিছিলো আৰু সেই উপলব্ধি আজিও আছে জীপাল হৈ মোৰ মন-মগজুত আছে। by: Utpal Mena

রবিবার, ১৩ জুন, ২০২১

তৰালি শৰ্মা / ৩

এখন গ্ৰন্থৰ খচৰা / ৩ || মোৰ প্ৰশ্ন : মনত আছেনে কাৰ সংগীতে তোমাক আকৰ্ষণ কৰিছিল? তৰালি শৰ্মা : আছে, বহুত বেছিকৈ আছে। গুৰু দুজনাৰ সংগীত। পূর্বে উল্লেখ কৰিছোৱেই মই যেতিয়া সৰু আছিলো গীত-পদ, ঘোষা, বৰগীতৰ অর্থ বিশেষ একো বুজি নাপাও, কিন্তু দেউতাই যেতিয়া গায় বা সত্রত যেতিয়া কেৱলীয়া ভকতে পুৱাৰ গীত “তেজৰে কমলাপতি” গায়, কিবা এক অদ্ভুত ধৰণৰ প্রশান্তি বিচাৰি পাও তাত। সেইটোৱেই এক ধৰণে মোক আকর্ষণ কৰিছিল- স্বৰৰ প্রতি, সুৰৰ প্রতি, ভক্তিৰ প্রতি, সাধনাৰ প্রতি। সেয়া আছিল গুৰুদুজনাৰ সংগীতৰ প্রতি প্রথম আকর্ষণ। তাৰ পিছৰ আকর্ষণ হিচাপে জ্যোতিপ্রসাদ-বিষ্ণুপ্রসাদৰ গীতসমূহো সৰুতেই শিকিছিলো। নাম উল্লেখ কৰিব পৰাকৈ এলাহ নলগাকৈ যাৰ গীত বাৰে বাৰে শুনিছিলো বা যি গীতে মোক অত্যন্ত বেছি আকর্ষণ কৰিছিল, সেয়া আছিল পার্বতী প্রসাদৰ গীত। বিশেষকৈ “জোনাক জোনাক শীতল জোনাক”, “তোৰ নাই যে বন্ধোৱা বাট”, “তোমাৰ প্রেমৰ ভোগজৰাটি”, “……..”, “…….” গীত কেইটিয়ে। আৰু দুগৰাকী মান ব্যক্তিৰ কথা মই ক’বই লাগিব। দীপালি বৰঠাকুৰ, হেমলতাৰ মোৰ বৰ প্রিয়। দ্বিতীয়তে যিগৰাকী ব্যক্তিৰ গান শুনি ডাঙৰ হৈছো-লতা মংগেশকাৰ, প্রতি পলে যাৰ গানেৰেই উশাহ-নিশাহ লোৱা বুলি ক’লেও ভুল কোৱা নহ’ব- ইমান বেছি আকর্ষণ মোৰ বাবে তেওঁৰ মাতটো। তেওঁৰ গায়কী, ভাৱ-ভংগী, তেওঁৰ সুৰ, তেওঁৰ ব্যক্তিত্বই মোক ইমান বেছি প্রভাৱিত কৰিছিল যে সেই আকর্ষণ আজি পর্যন্ত একেই আছে। ভাৰতীয় শাস্ত্রীয় সংগীত যেতিয়া শিকিবলৈ লৈছিলো, তাৰে কেইটিমান ৰাগ যেনে- মালকোস, ভূপালী, পুৰিয়া ধনশ্রী, তৰী আদিয়ে বিশেষভাৱে আকর্ষণ কৰিছিল। আকর্ষণ কৰিছিল কেশৱ মহন্তৰ গীতৰ কথাবোৰে, ভূপেন হাজৰিকাৰ গীতবোৰে। অৱশ্যে ভূপেন হাজৰিকাৰ গীতবোৰ সৰুতে ভাল লাগে বাবে শুনো যদিও তাৰ প্রকৃত তত্ত্ব জনা-বুজা হোৱাৰ পৰাহে বেছিকৈ উপলব্ধি কৰিবলৈ শিকিছো। অসমৰ বাহিৰৰ সংগীত শিল্পীৰ গীতেও মোক প্রভাৱিত কৰিছিল। ৰবীন্দৰ জৈন আৰু খয়াম-এই দুজন ব্যক্তিয়ে সৃষ্টি কৰা যি সুৰ, সেই সুৰসমূহে বুজাব নোৱাৰাকৈ মোৰ বুকুত চুই গৈছিল সেইসময়ত। দেউতাৰো প্রিয় আছিল দুয়োজন। আচলতে মোৰ এই সংগীত ভালপোৱাৰ আঁৰৰ একো একোটা কাৰণ তেওঁলোক, তেওঁলোকৰ সুৰ, তেওঁলোকৰ সংগীত। ৰবীন্দৰ জৈনৰ সুৰৰ “গৰিয়া ৰে তেৰে আনে চে চজ গয়ী হামৰী টুটি ফুতি নাও”, “গীত গাতা চল”, “আখিয়ৌ কি ঝাৰখোঁ চে” থিক তেনেকৈয়ে খয়ামৰ “নুৰি” আদি গীতবোৰে সংগীতৰ প্রতি জাগি উঠা ভালপোৱা ক্রমান্বয়ে বঢ়াই গৈছিল।

তৰালি শৰ্মা /২

তৰালিৰ গীত। তৰালিৰ সাংগীতিক অনুভৱ-- মাতিলেই নামি অহা জোনাক... ('ডেউকা' এটি ...)।
স্বাভাবিকতে মনলৈ আহিছিল -- তৰালিয়ে সংগীত অনুভৱ কৰিছিল কেতিয়াৰ পৰা?
(| এখন গ্ৰন্থৰ খচৰা  /২ || 
 মোৰ প্ৰশ্ন আছিল -- সংগীত কেতিয়াৰ পৰা অনুভৱ কৰিছিলা ?)
তৰালি শৰ্মা :  গানবোৰ অথবা সুৰবোৰ যে ক’ৰবাত চুই যোৱা ধৰণৰ অনুভৱ এটা হোৱাৰ পৰাই ইয়াৰ আৰম্ভণি। পার্বতী প্রসাদ বৰুৱাৰ “তোমাৰ প্রেমৰ ভোগজৰাটি”, “তোৰ নাই যে বন্ধোৱা বাট”, “জোনাক জোনাক শীতল জোনাক” এই গীতবোৰ লাহে লাহে বুকুৰ ক’ৰবাত লগা হ’ল, বাৰে বাৰে  ৰিৱাইণ্ড কৰি শুনিব মন যোৱাকৈ। সৰু থাকোতে নেপালী চেন্টাৰ খুউব শুনিছিলো। ৰেডিঅ’ শুনাতো মোৰ চখ আছিল। ৰেডিঅ’টোৰ গীতবোৰ যেতিয়া শুনো, শুনিয়েই থাকো। পাছলৈ এনেকোৱা হৈ গৈছিল যে কোনটোৰ পিছত কোনটো গীত দিব আগতীয়াকৈ জনা হৈ গৈছিলো। আৰু সেই গীতবোৰেও এনেকুৱাকৈ চুই গৈছিল যে সংগীতৰ প্রতি থকা প্রেম এটাই ক’ব নোৱাৰাকৈ ক্রমান্বয়ে ঠাই লৈছিল, বুকুত। থাউকতে মনত পৰাকৈ এই যে দিলীপ দাসৰ কণ্ঠৰ “ৰ’দ পাই ৰঙা হ’ল সোৱাদ সুমথিৰা” গীতটো- ক’ৰবাত কথাখিনি যেতিয়া ব’হাগৰ বতৰত গধূলি সময়ত দূৰৰ পৰা ভাঁহি আহে- সেই বতাহ, সেই আকাশখন, সেই বিহু বিহু গাত লগাকৈ অহা পৰিৱেশটো.. মানে সেই অনুভৱবোৰ... পাঁচোটা ইন্দ্রিয় সক্রিয় হৈ এটা সময়ত একমুখী হৈ পৰিছিল গানবোৰ শুনি শুনি।
বৰগীতৰ ক্ষেত্রতো তেনেকুৱা। মই শিকা প্রথম বৰগীতটি দেউতাই প্রথম গাই শুনাইছিল। গীতটো আছিল শ্রীমন্ত শংকৰদেৱ বিৰচিত “প্রাণনাথ নকৰা বঞ্চিত”। বৰগীতটো প্রথম শুনাৰ লগে লগে- ক’ৰবাত যে কিবাকে খুন্দিয়াই যায়, মানে সেই আৱেগবোৰ- ভৰাই তুলিছিল বুকুখন। বা হিন্দীগীতৰ কথাবোৰো সেই চতুর্থ-পঞ্চম শ্রেণীত পঢ়ি থকা সময়ত বুজা নাছিলো, কিন্তু সুৰবোৰে ইমান চুই যায়.. শুনাৰ সময়ত মনটোৱে যেনেকৈ আচৰণ কৰে, লগতে মোৰ চেতনায়ো একেধৰণেই আচৰণ কৰিছিল। মই ভাৱো-তেনে ধৰণেই আৰম্ভ হৈছিল সংগীত বুজাৰ কথাটো বা সংগীত অনুভৱ কৰাতো। মানে সংগীতৰ সাতটা স্বৰ মাত্র গোৱাৰ বাবেই নহয় বা ৰেৱাজৰ বাবেই নহয়, সাধনাৰ আন এটা দিশ হৈছে অনুভৱ কৰাটো। কিবা এটা গান শুনি গোটেই ৰাতিটো বিষাদময় হৈ যায়, বা ক’ৰবাত ভাগিয়েই পৰো জীৱনটো অসাৰ বুলি।কাৰণ গানটোত তেনেকুৱা কথা এটাই কৈছে। কোনোবা এটা গান শুনি এপাক নাচিবলৈও মন যায়, কোনোবা এটা গান শুনি জীৱনটো নতুনকৈ জীয়াবলৈও মন যায়-- হয়তো গানৰ সুৰ বা কথা তেনেধৰণৰ বাবেই। গানৰ এই উপলব্ধিবোৰ যে স্কুলৰ দিনৰ পৰাই, যেতিয়াৰ পৰা বুজা হৈছো, তেতিয়াৰ পৰাই গানবোৰে ক’ব নোৱাৰাকৈ চুবলৈ ধৰিছিল। মানে দেহত এজন মানুহৰ স্পর্শটো যেনেকুৱা-- মোৰ মাৰ স্পর্শটো বা দেউতাৰ স্পর্শ যেনেকুৱা, থিক তেনেকৈ গানবোৰে মোক স্পর্শ কৰিবলৈ ল’লে। সেই স্পর্শবোৰেই এটা সময়ত অনুভৱ হ’লগৈ ছাগে, গম নোপোৱাকৈ.. যিটো অনুভৱত আজিও জীয়াই আছো। সেই অনুভৱৰ কাৰণেই যি নটা ৰস আছে তাক অনুভৱ কৰিব পাৰো; সেই অনুভৱৰ কাৰণেই প্রকৃতিক বিৰাট ভাল পাওঁ; সেই অনুভৱৰ কাৰণেই বতাহ দিলে বেলেগ এটা ভাৱনা বিচাৰি পাওঁ; বৰষুণত তিতিবলৈ, জোনাক চাই উজাগৰী নিশা পাৰ কৰিবলৈ অথবা পাহাৰৰ বুকুত সময় কটাবলৈ ভাল পাওঁ, কিজানি সেই অনুভৱৰ কাৰণেই... সংগীতক তেনেকৈয়ে অনুভৱ কৰো- সাতটা স্বৰৰ মাজত, শব্দৰ মাজত, সুৰৰ মাজত, মনৰ মাজত..

তৰালি শৰ্মা /১

Tarali Sarma
|| এখন গ্ৰন্থৰ খচৰা  /১ || 
 মই সুধিছিলো -- " সত্ৰ সংগীত " এ ৰে নিৰ্মাণ হৈছিল  তোমালোকৰ " সংগীত পৰিয়াল " | সংগীতৰ মাজত  " তৰালি শৰ্মা " ৰ জন্ম   | মোৰ এই ধাৰণা নিশ্চয় ভুল নহয় ! 
তৰালি শৰ্মাই ক'লে  : দেউতাই কৈ থকা কাহিনীবোৰ শুনি অনুভৱ কৰিছিলো কিমান ষ্ট্রাগল কৰিব লগা হৈছিল দেউতাই। ভৰ বাৰিষাৰ পানী ভেদি ভেদি সংগীতৰ কাৰণেই ঘুৰি ফুৰা সেই কুমলীয়া বয়সৰ ল'ৰাজন, নাটক-গান কৰি ফুৰা সেই ল'ৰাজন, স্কুলৰ পিছত সংগীতৰ ক্লাছ কৰিবলৈ আগ্রহেৰে বাট চাই থকা ল'ৰাজন, হাতত বাঁহী আৰু বুকুত সুৰবোৰ কঢ়িয়াই ফুৰাৰ দৰেই কঢ়িয়াই ফুৰিছিল সত্রৰ সংগীত আৰু সংস্কৃতি। সুন্দৰীদিয়া সত্রৰ লগতে লাগি থকা আমাৰ দেউতাৰ ঘৰখন। গতিকে  ব্রহ্মপুৱাৰ পৰা চৈধ্য প্রসংগৰ নাম, সত্রত অনুষ্ঠিত অনুষ্ঠান আৰু গীত-মাতবোৰে সমৃদ্ধ কৰি ৰাখিছিল ঘৰৰ প্রত্যেককে। চর্চা চলিছিল বৰগীত, পদ-ঘোষা লগতে লোক-সংগীত আৰু শাস্ত্রীয় সংগীতৰো। নাও খেলৰ গীত, থিয় নাম, হোলী গীতৰ লগতে দেউতাৰ বাঁহীৰ সুৰবোৰ সৰুৰে পৰাই শুনি আহিছিলো। আৰু এই পৰিৱেশতে মোৰ জন্ম। মনত থকাৰ পৰা, বুজা হোৱাৰ পৰা কেৱল গীত আৰু গীত, বাঁহীৰ সুৰ.... মুঠতে সংগীত মোৰ চাৰিওকাষে জন্ম হোৱাৰে পৰা। আতাই শিকোৱা সংস্কৃত শ্লোকৰ পৰা আৰম্ভ কৰি দেউতা আৰু খুড়াৰ ওচৰত বৰগীতৰ আদিপাঠ শিকাৰ মাজতে অতিবাহিত হৈছিল মোৰ শৈশৱ। তাতে আকৌ মায়ে গীত গাইছিল, ভায়লিনো বজাইছিল। আজিও শৈশৱলৈ ঘুৰি চালে মনত পৰে সুন্দৰীদিয়াৰ বিভিন্ন গীত-মাতেৰে সমৃদ্ধ গধূলিৰ আখৰাবোৰ.. কেতিয়াবা যদি আমাৰ তাত, কেতিয়াবা খুড়াৰ চোতালত..
খোলৰ বোলবোৰ, বৰগীতৰ ৰাগবোৰ, লোকসংগীতৰ কথাবোৰ, ভাৰতীয় শাস্ত্রীয় সংগীতৰ তুলনামূলক চর্চাবোৰ- এইবোৰৰ মাজতে সংগীতৰ ভেঁটিত নির্মাণ হৈছিল আমাৰ পৰিয়ালটো... তাৰ মাজতেই জীৱনটোক লাহে লাহে উপলব্ধি কৰিবলৈ শিকিছিলো মই।
by: Utpal Mena

শনিবার, ১২ জুন, ২০২১

বলিউড যাত্ৰা /২

চৰ্চাত মনোজ বাজপেয়ী।
'ভোঁছলে' ত কৰা অভিনয়ৰে শ্ৰেষ্ঠ অভিনেতাৰ শিতানত ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত হৈ যি চৰ্চা লাভ কৰিছিল , সেয়া মাৰ যোৱাৰ পূৰ্বে আকৌ চৰ্চালৈ আহিছে অ' টি পি প্লেটফৰ্মত মুকলি কৰি দিয়া ' দ্য ফেমিলি মেন - ২ ' ত কৰা অভিনয়ৰে। দৰাচলতে কথাটো এনেধৰণৰ -- অভিনয়ৰ বাবে চৰ্চা মনোজ বজপেয়ীৰ ক্ষেত্ৰত গতানুগতিক কথা।সেই তেতিয়াৰে পৰা , সৰু পৰ্দাৰ ' স্বাভিমান ' (১৯৯৫) ৰে পৰা।টি ভি ধাৰাবাহিক খনত মনোজে অভিনয় কৰা চৰিত্ৰটোৰ নাম আছিল সুনীল ।  বহুদিনলৈ বহুতে সুনীল নামেৰেই জানিছিল অভিনেতা গৰাকীক।
আমিয়ো বলিউডৰ বাটত খোজ পেলায়ে ' সুনীল'ৰ সন্ধান কৰিছিলো । সন্ধান কালতহে এজনে কৈছিল -- সুনীল নহয় , নাম মনোজ বজপেয়ীবহুদিনলৈ বহুতে সুনীল নামেৰেই জানিছিল অভিনেতা গৰাকীক।আমিয়ো বলিউডৰ বাটত খোজ পেলায়ে ' সুনীল'ৰ সন্ধান কৰিছিলো । সন্ধান কালতহে এজনে কৈছিল -- সুনীল নহয় , নাম মনোজ বজপেয়ী । বিহাৰৰ নৰকাটিয়াগঞ্জৰ বেলৱা গাওঁৰ । মনোজে কৈছিল, 'আভিনয় কৰাৰ সপোন দেখা নাছিলো , ঠিক কৰিছিলো -- অভিনয় কৰিম । ১৭ বছৰ , তেতিয়া মোৰ বয়স । দিল্লী পালো , অধ্যয়ণৰ বাবে। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত অভিনয় শিকাৰ মন। আৱেদন কৰিলো । চাৰিবাৰ আৱেদন কৰিয়ো সফল নহলো।'
   -- পঢ়াৰ লগতে মঞ্চত অভিনয় চোৱা আৰু কৰাত গুৰুত্ব দিলে । মনতে ভাবিলে -- এনেদৰেও শিকিব নোৱাৰাৰ কাৰণ নাই!
 -- তেনেদৰেই শিকিলে ! আৰু এদিন সুযোগ পালে বলিউডৰ চিনেমাত । নাম -- ' দ্ৰোহকাল ' (১৯৯৪)। মাত্ৰ ১ মিনিট দৈৰ্ঘৰ চৰিত্ৰ । আক্ষেপ নাছিল , আনন্দ অনুভৱ কৰিছিল । চিনেমাত অভিনয় কৰাৰ আনন্দ । অভিনয়ৰ সুযোগ পায় দ্বিতীয় খন চিনেমাত । ' বেণ্ডিত কুইন ' ( ১৯৯৪ ) । ডকাইতৰ কম দৈৰ্ঘৰ চৰিত্ৰ । মোৰ ভালদৰে মনত আছে , চিনেমা খনৰ মুল চৰিত্ৰত অসমৰ সীমা বিশ্বাসে অভিনয় কৰিছিল বাবে তিনিবাৰ চাইছিলো। মনোজ বাজপেয়ী চকুতেই পৰা নাছিল ! আৰু ' সত্যা 'ত ? 
-- ৰাম গোপাল বাৰ্মাৰ ' সত্যা ' ৰ ( ১৯৯৮ ) ভিকু মাত্ৰেৰ চৰিত্ৰত মনোজৰ অভিনয় আছিল চিত্ৰ ৰসিকৰ বাবে চমক । ৰামগোপাল বাৰ্মাই ই নিৱাসৰ পৰিচালনাৰে নিৰ্মাণ কৰা ' শূল ' ( ১৯৯৯ ) তো মুখ্য চৰিত্ৰ এটাত অভিনয় কৰিছে । ৰামুই এই চিনেমা খনৰ চিত্ৰনাট্য ৰচনা কৰি  নিবাসক কেবল পৰিচালনাৰ দায়িত্বহে দিছিল ।
-- মনোজ বাজপেয়ীৰ মই চোৱা আন কেইখন চিনেমাৰ তালিকা : 'জুবেদা ' (২০০১) , ' অক্স ' (২০০১), ' ৰোড ' (২০০২) , ' পিঞ্জৰ ' (২০০৩) , ' ৰাজনীতি ' (২০১০) , ' গেংছ অফ ৱাছেপুৰ ' (২০১২) , ' আলীগড় ' (২০১৬) । ভিন্ন ইমেজৰ চৰিত্ৰ । পৰিচালকে যি ইমেজৰ চৰিত্ৰ ৰচনা কৰিছে , সেই ইমেজতে বন্দী হৈ অভিনয় কৰিছে । ৰোমহৰ্ষক ৰজনীতিকৰ পৰা সমকামীলৈকে , ভিন্ন চৰিত্ৰত ।বিশেষ ভাবে ছুই গৈছিল ' আলীগড় 'ৰ চৰিত্ৰটোই।
 --ৰূপালী গল্পটোত দেখা যায়  আলীগড় মুসলিম বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক ।  নাম ৰামমচন্দ্র  ছিৰাজ । সমকামী।  মাৰিঠি ভাষা পঢ়াই, ভদ্ৰলোক। কিন্তু সমাজত গুৰুত্ব দিয়া নহয় ! কাৰণ ৰামচন্দ্ৰ সমকামী প্ৰবৃত্তিৰ। 
'অক্স'(২০০১)। মানে --প্রতিবিম্ব । ৰাকেশ অ'মপ্রকাশ মেহৰাৰ প্ৰথম স্বাধীন পৰিচালনা । এক্সন - থ্ৰিলাৰ । মুল চৰিত্ৰ মনু বাৰ্মা । অভিনয়ত মোৰ প্ৰিয় অভিনেতা অমিতাভ বচ্চন । বিপৰীতে মোৰ প্ৰিয় অভিনেত্ৰী নন্দিতা দাস । আৰক্ষী বিষয়া বাৰ্মাই এজন খুনিৰ সন্ধানত ব্যস্ত হয় । অশৰীৰী খুনি ! এই চৰিত্ৰটোক কেন্দ্ৰ কৰিয়েং গতি কৰে ৰূপালী গল্পটো । মনোজ বাজপেয়ীক লৈ নিৰ্মাণ কৰিছিল চৰিত্ৰটো ।  চৰ্চালৈ আহিছিল ! আৰু চিত্ৰৰসিকৰ ওচৰ চপাৰ সুযোগ পাইছিল । -- এই চিনেমা খনৰ দৰ্শক হোৱাৰ পিছত মনোজক ওচৰৰ পৰা শুনিছিলো । অভিনেতা গৰাকীয়ে কৈছিল , " মোৰ বাবে সহজ কথা নাছিল ! মই অমিতাভ অনুৰাগি ! মোৰ চিন্তাৰ বিষয় আছিল অমিতাভ বচ্চনে ইমান বিপৰীত চৰিত্ৰত অভিনয় কেনেকৈ কৰে ? কেনেকৈ সম্ভৱ ! কেতিয়াবা লগ পালে সূধিম -- চাৰ , কেনেকৈ সম্ভৱ ! -- লগ পলো । লগ পোৱাৰ পিছতে অভিনয় ! মোৰ মনত দুটা ক্ৰিয়া অনুভৱ কৰিছিলো ! 
প্ৰথমটো : ভাল লগা । মই অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰিম ! 
দ্বিতীয়তে : ভয় লাগিছিল ! মই অমিতাভ বচ্চনৰ সৈতে কেনেকৈ অভিনয় কৰিম ?
 মোৰ মনৰ অৱস্থা হয়তো অমিতাভ জীয়ে অনুভৱ কৰিছিল ! আমাৰ কৰিব লগিয়া একো নাই । যি কৰিব অ'ম প্ৰকাশেই কৰিব । সেই দিনায়ে বুজিছিলো অমিতাভ বচ্চনে কেনেকৈ ভিন্ন চৰিত্ৰত অভিনয় কৰে । মই মহাতাৰকা গৰাকীৰ ওচৰত সহজ হৈছিলো । " আৰু আজি কব পাৰি মহাতাৰকা গৰাকীৰ অভিনয় চমকে নিস্প্ৰভ কৰিব পৰা নাছিল মনোজৰ অভিনয় ক্ষমতা ।

বৃহস্পতিবার, ১০ জুন, ২০২১

বুদ্ধদেব দাশগুপ্ত

বুদ্ধদেব দাশগুপ্ত আৰু নাই । আজি (১০জুন , ২০২১ ) কায়িক  বুদ্ধদেব গ'ল গৈ , উভতি নহা বাটেৰে  (জন্ম: ১৯৪৪ বয়স ৭৫)  । চিনেমাক কবিতাৰ ওচৰলৈ নিয়া চিনেকৰ্মী গৰাকীৰ প্ৰথম পৰিচয় কবি । সেয়েহে চিনেকাব্য  পৰিচালক গৰাকীৰ পক্ষে সম্ভৱ হৈছিল ।ভাৰতীয় চিনেমাৰ উত্তৰণত সহায় কৰা পৰিচিলক গৰাকীয়েচিত্ৰৰসিক দি গৈছে -- 
সময়ের কাছে (১৯৬৮) (short)
দুরত্ব (১৯৭৮) (Distance)
নিম অন্নপূর্ণা (১৯৭৯) (Bitter Morsel)
গৃহযুদ্ধ (১৯৮২) (The Civil War)
অন্ধ গলি (১৯৮৪) (Blind )                               ফেৰা (১৯৮৮) (The Return)
বাঘ বাহাদুৰ (১৯৮৯) (The Tiger Man)
তাহাদেৰ কথা (১৯৯২) (Their Story)
চৰাচৰ (১৯৯৩) (Shelter of the Wings)
লাল দৰজা (১৯৯৭) (The Red Door)
উত্তৰা (২০০০) (The Wrestlers)
মন্দ মেয়েৰ উপাখ্যান (২০০২) (A Tale of a Naughty Girl)
স্বপ্নেৰ দিন (২০০৪) (Chased by Dreams)
আমি, ইয়াছিন আৰ আমাৰ মধুবালা (২০০৭) (The Voyeurs)
কালপুৰুষ (২০০৮) (Memories in the Mist)
জানালা (২০০৯) (The Window)[৪]
মুক্তি(২০১২)
পত্রলেখা (২০১২)
আনোয়াৰ কা আজিব কিসসা (২০১৩) (Sniffer, Hindi)[৫]
টোপ (২০১৭) । আৰু তথ্যচিত্র  আৰু  সৰু পৰ্দাৰ :
দ্য় কন্তিনেন্ত অব লাভ (১৯৬৮)
ধোলাৰ ৰাজা খিৰোড নত্ত (১৯৭৩)
ফিছাৰ ম্যান অব সুন্দৰবন (১৯৭৪)
সাৰাচন্দ্র (১৯৭৫)
ৰিদম অব ষ্টিল(১৯৮১)
ইন্ডিয়ান সায়েন্স মার্চে অ্যাহেড (১৯৮৪)
বিজ্ঞান ও তার আবিষ্কার (১৯৮০)
গ্লাস স্টোৰি (১৯৮৫)
ভাৰত অন দ্য মুভ (১৯৮৫)
ছিৰামিকছ (১৯৮৬)
আৰণ্যক (১৯৯৬)
কন টেম্পোৰাৰি ইন্ডিয়ান স্ক্‌লাপচাৰ (১৯৮৭)
হিস্ট্রি অব ইন্ডিয়ান জুট(১৯৯০)


বুধবার, ৯ জুন, ২০২১

প্ৰাঞ্জল শইকীয়া

cinemaপ্ৰাঞ্জল শইকীয়া । আমি প্ৰথম প্ৰথম দেখিছিলো ৰোমাণ্টিক ইমেজত । চিনেমা-- 'আজলী নবৌ ' ( ১৯ ৮০ ) । পৰিচালক : নিপ বৰুৱা । পাৰিবাৰিক চিনেমা খনত প্ৰাঞ্জল - বেবি ( পূৰবি শৰ্মা ) ক লৈ ৰচনা কৰা প্ৰেমৰ গল্পটো চৰ্চাৰ বিষয় হৈছিল । আন এখন অসমীয়া চিনেমা ' ককাদেউতা নাতি আৰু হাতী ' (১৯৮৪) । নিপ বৰুৱাৰ পৰিচালনাৰে নিৰ্মাণ কৰা এই পাৰিবাৰিক চিনেমা খনতো ' প্ৰেমৰ গল্প ' এটা আছে । ৰচনা কৰিছে মৃদুলা বৰুৱা - প্ৰাঞ্জল শইকীয়াক লৈ । আমাৰ ধাৰণাত এই চিনেমা দুখনেৰে নিৰ্মাণ হৈছিল ' নায়ক ' গৰাকীৰ ৰূপালী ৰোমাণ্টিক ইমেজ । কিন্তু এই ইমেজৰ পৰা মুক্ত হয় , কম সময়ৰ ভিতৰতে । আৰু উত্তৰণ হয় অভিনেতালৈ । অৱশ্যে কেইবা গৰাকীয়ো পৰিচালকে অভিনেতা গৰাকীৰ ৰোমাণ্টিক ইমেজ ব্যৱহাৰ কৰিয়ে থাকিল ' যৌৱনে আমনি কৰে ' ( ১৯৯৮) লৈকে । -- শিব প্ৰসাদ ঠাকুৰৰ প্ৰথম পৰিচালনা ' ফাগুনী ' (১৯৭৮) ৰে অসমীয়া চিনেমাৰ ক্ষেত্ৰ খনত খোজ পেলেৱা প্ৰাঞ্জল শইকীয়াৰ অভিনয় ক্ষমতা প্ৰথমবাৰ ৰূপালী পৰ্দাত স্পষ্ট হৈছিল মুনিন বৰুৱাৰ ' পিতা পুত্ৰ 'ত (১৯৮৮ ) । আৰু অভিনয় ক্ষমতা ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ হৈছিল মুনিন বৰুৱাৰে ' প্ৰিয়াৰ প্ৰিয় ' ত (২০১৭) । ইয়াৰ মাজতে দক্ষ পৰিচালক বিদ্যুৎ চক্ৰৱৰ্তীয়ে ' ৰাগ বিৰাগ 'ত (১৯৯৬ ) অভিনেতা গৰাকীক লৈ পৰিপাটি চৰিত্ৰ এটা ৰচনা কৰিছিল । -- এই খিনিতে অৱশ্যেই উল্লেখ কৰিব লাগিব প্ৰাঞ্জল শইকীয়াৰ চিনেমাৰ অভিনয় আৰু প্ৰাঞ্জল শইকীয়াৰ মঞ্চাভিনয়ৰ মজত দূৰত্ব অতি কম । || প্ৰাঞ্জল শইকীয়াৰ || জন্ম ১৬ জানুৱাৰী ,১৯৫২ ( যোৰহাট ) পেচা অভিনেতা, প্ৰযোজক, পৰিচালক || অভিনীত অসমীয়া চিনেমা || ফাগুনী , উপপথ , আজলী নবৌ , প্ৰিয়জন , সোণ মইনা , এই দেশ মোৰ দেশ , প্ৰতিমা , মন মন্দিৰ , প্ৰতিদান , পিতা-পুত্ৰ , একত্ৰিশ জুন , ময়ূৰী , ভাই-ভাই ,পাহাৰী কন্যা , প্ৰভাতী পখীৰ গান , উৰ্বশী . পানী ,বিধাতা ,ৰাগ-বিৰাগ .হিয়া দিয়া নিয়া , অনল ,দাগ ,নায়ক ,বাৰুদ , আকাশী তৰাৰ কথাৰে ,অন্য এক যাত্ৰা , চক্ৰব্যূহ , হালধীয়া চৰায়ে বাওধান , খায় যৌৱনে আমনি কৰে , জয়মতী , প্ৰিয়াৰ প্ৰিয় , অজানিতে মনে মনে , কালসন্ধ্যা ( হিন্দী )

মঙ্গলবার, ৮ জুন, ২০২১

চিনে যাত্ৰা / ২ Cine journey / 2

সমস্যা -- চিনেচৰ্চা । বিশুদ্ধ চিনেচৰ্চা । সত্যজিৎ ৰায়ৰ ' পথেৰ পাঁচালী 'ৰ পিছৰ সময় ছোৱাতে বিভাজন স্পষ্ট হয় ভাৰতীয় চিনেমাৰ । ভুল চিনেচৰ্চাৰ বাবে এক ধাৰণাৰ নিৰ্মাণ হয় -- গীতৰ ফেণ্টাচি চিত্ৰায়ণ ব্যৱহাৰ নহোৱা , ছাঁ - পোহৰৰ চলমান চিত্ৰয়ে ' আৰ্ট ফিল্ম '। আৰু গীত - নৃত্য ব্যৱহাৰ কৰি গল্প কোৱা চলমান চিত্ৰয়ে -- ' 
কমাৰ্চিয়েল ফিল্ম ' ।   
আর্ট ফিল্ম ' নো কি ? -- কোনো কোনোৱে আৰু ক'ব খোজে ,  যি চিনেমাত  সৃষ্টিশীলতাৰ আনন্দ অনুভৱৰ অৱকাশ , কেৱল চিনেশিল্পৰ সৌন্দৰ্য পানৰ অৱকাশ থাকে। আৰু কোৱা হয় পৰিচালকে নিজেৰ ভাবনাক , চিনেচিন্তিক  প্রাণ দিয়াৰ স্বাৰ্থত যি চিনেমা ৰচনা কৰা হয় , বজাৰ চিন্তা মুখ্য নহয়, কেৱল শিল্প চিন্তৰ গুৰুত্ব স্পষ্ট , সেয়াই ' আৰ্ট ফিল্ম ' ।                                   
আৰ্ট ফিল্ম ' ধাৰণা নাছিল ; কিন্তু ভাৰতত আৰম্ভ হৈছিল  ১৯২০ - ১৯৩০ ৰ দশকত।  কোৱা হয় এই শৈলী বাবুৰাও পেইণ্টাৰৰ  নিৰ্বাক চলমান ছবি Savkari Pash (Indian Shylock) দেখা যায় । চিনেমা খনৰ গল্পত আছে ( মই চোৱাৰ সুযোগ পোৱা নাই । 'ইণ্ডিয়ান চিনেমা 'ত পঢ়িছিলো । ) এজন দৰিদ্ৰ কৃষকৰ মন - মগজু ছুই যোৱা ছবি । লুভীয়া জমিদাৰ এজনৰ হাতত নিজৰ মাটি হেৰুৱাই । -- কি কৰিব ? কামৰ সন্ধানত চহৰলৈ যোৱাৰ বাহিৰে অন্য উপাই নাছিল ।    কৃষিকৰ্ম বাদ দি  কল-শ্রমিক হিসাবে কাম কৰিবলৈ বাধ্য হয় । চিনে আলোচক সকলৰ লেখাত পোৱা যায় -- চিনেমা খনত শিল্পলৈ ৰূপান্তৰ হোৱাকেইবাটাও শ্বট আছে , যি কেইটাক  ভাৰতীয় চিনেমাৰ টাৰ্ণিং পইণ্ট বুলি কোৱা হয় ।এজন দৰিদ্ৰ কৃষকৰ মন - মগজু ছুই যোৱা ছবি । লুভীয়া জমিদাৰ এজনৰ হাতত নিজৰ মাটি হেৰুৱাই । -- কি কৰিব ? কামৰ সন্ধানত চহৰলৈ যোৱাৰ বাহিৰে অন্য উপাই নাছিল । কৃষিকৰ্ম বাদ দি কল-শ্রমিক হিসাবে কাম কৰিবলৈ বাধ্য হয় । চিনে আলোচক সকলৰ লেখাত পোৱা যায় -- চিনেমা খনত শিল্পলৈ ৰূপান্তৰ হোৱাকেইবাটাও শ্বট আছে , যি কেইটাক ভাৰতীয় চিনেমাৰ টাৰ্ণিং পইণ্ট বুলি কোৱা হয় । উদাহৰণ : মিড শ্বটত এটা জুপুৰি, কাষত এটা বলীয়া কুকুৰ । -- ৮০ মিনিত দৈৰ্ঘৰ Savkari Pash চিত্ৰগৃহলৈ আহিছিল ১৯২৫ চনত । আৰূ এই ধাৰাই গতি লৈছিল চল্লিছ দশকৰ শেষ ভাগৰ পৰা ১৯৬৫ চনৰ সময় ছোৱাত । আগবঢ়াই নিছিল গুৰু দত্ত, ভি. চন্তৰাম , তপন সিংহা, খাৱাজা আহমেড আৱাজ, বুদ্ধদেৱ দাসগুপ্ত, চেতন আনন্দ, মৃণাল সেন, ঋত্বিক ঘটক আদিৰ লগতে সত্যজিৎ ৰায়ে । আৰু ধাৰাটোক ' বিশ্ব চিনেমা ' পৰ্যায়লৈ নি বিশুদ্ধ চিনেমালৈ ৰূপান্তৰ কৰি প্ৰতিস্থা কৰে । এই সময় ছোৱাত আৰু পৰৱৰ্তী সময় ছোৱাত গল্প - উপন্যাসক ৰূপালী গল্গলৈ ৰূপান্তৰ কৰাত গুৰুত্ব এই ধাৰাৰ একাংশ পৰিচালকে । ( অসমাপ্ত )

সোমবার, ৭ জুন, ২০২১

আৰু সান্নিধ্য /৪



চিনেমা জনা মানুহ জন , চিনেমাৰ ভাষা ব্যবহাৰত গুৰুত্ব দিয়া পৰিচালক জন , কাৰিকৰী দিশত দক্ষ চিনেকৰ্মী জনৰ প্ৰসঙ্গত কম চৰ্চা হৈছে | হয়, দাৰা আহমেদৰ চিনে কৰ্মৰ চিনেচৰ্চাৰ কথা কৈছোঁ | কেৱল 'গল্প'ৰ বাবে চিনেমা নিৰ্মাণ কৰা পৰিচালক নাছিল , 'চিনেমা'ৰ বাবে চিনেমা পৰিচালনা কৰিছিল | ১৯৮৪ চনত পৰিচালনা কৰে 'দেৱী' (শম্ভু গুপ্তৰ সৈতে তেওঁৰ যুটীয়া পৰিচালনা ) ৷ ১৯৮৫ চনৰ ২০ ডিচেম্বৰত মুক্তি পায় দাৰা আহমেদৰ স্বাধীন পৰিচালনা 'পূজা' ৷ ব্যৱসায়িক ভাৱে অতি সফল হৈছিল ৷ চিত্ৰগৃহলৈ আহে 'মধুচন্দা' (১৯৮৬) , 'প্ৰতিদান'(১৯৮৭) ,'বৰদৈচিলা'(১৯৮৯), 'ধ্ৰুৱতৰা'(১৯৯০), 'যখিনী'(১৯৯১), 'ৰিক্সাৱালা'(১৯৯৩), 'উৰ্বশী'(১৯৯৫) 'দেৱতা'(১৯৯৮)। অসমীয়া চিনেমাক নতুন গতি দিয়া ব্ৰজেন বৰুৱাৰ ব্যৱসায় সফল জনপ্ৰিয় ছবি 'ডক্টৰ বেজবৰুৱা'ৰ সহকাৰী পৰিচালক হিচাপে দাৰা আহমেদৰ প্ৰথম খোজ | পৰৱৰ্তী সময়ত আব্দুল মজিদকো পৰিচালনাত সহায় কৰে ' চামেলী মেমচা'ব' আৰু ' পোনাকন ' ত | এই চিনেকৰ্ম বিশ্লেষণ কৰিলে 'চিনেমাৰ মানুহজন'ক সহজতে অনুভৱ কৰিব | এয়া স্পষ্ট --- দাৰা আহমেদৰ চিনেকৰ্মক সাৰ্থক চিনেকৰ্মৰ তালিকা ভুক্ত কৰিব নোৱাৰি | আৰু আজিৰ তাৰিখত কাৰিকৰী দিশতো প্ৰশংসা কৰিব নোৱাৰি | আমি প্ৰশংসা কৰিছো ১৯৮৪ -- ১৯৯৮ সময় চোৱাৰ অসমীয়া চিনেকৰ্মৰ কথা মনত ৰাখি | সেই সময় চোৱাত তিনি গৰাকী অসমীয়া চিনেমাৰ পৰিচালকৰ কামত কাৰিকৰী ক্ষমতা অনুভৱ কৰিছিলোঁ --- জনছ মহলীয়া , দাৰা আহমেদ , জাহ্নু বৰুৱাৰ | সেই সময় চোৱাৰ সৰহ সংখ্যক অসমীয়া চিনেমাৰ পৰিচালকে ' কাৰিকৰী উপদেষ্টা ' ৰ আশ্ৰয় লৈছিল , লবলৈ বাধ্য হৈছিল | কোনে জানো কৈছিল --- " কাৰিকৰী জ্ঞান নথকা চিনেমা পৰিচালক ভাষাৰ ব্যাকৰনৰ জ্ঞান নথকা কবিৰ দৰে " | মনত পৰিছে , দাৰা আহমেদে কৈছিল | পৰিচালক গৰাকীৰ নিজৰ কথা নাছিল | আইজেনষ্টাইনৰহে আছিল | কেচা ফিল্মৰ অভাৱত আইজেনইষ্টানে চিনেমাৰ তৃতীয় ভাষা মন্টাজ আৱিস্কাৰ কৰিছিল , ব্যৱহাৰ কৰিছিল | আইজেনষ্টাইনৰ সময়ত হলিউডৰ তুলনাত চোভিয়েত ৰাচিয়াত প্ৰাযুক্তিক সুযোগ - সুবিধা কম আছিল , অতি কম | সীমাবদ্ধ প্ৰাযুক্তিৰেই কিন্তু আইজেনষ্টাইনৰ দৰে উৰ্বৰ চিনেচিন্তাৰ চিনেকৰ্মীয়ে অতুলনীয় চিনেশৈল্পিক সাফল্য অৰ্জন কৰিছিল | আৰু সেই সময়ত , পৰৱৰ্তী সময়তো চাৰ্লি চেপলিনৰ চিনেকৰ্মতকৈ আইজেনষ্টাইনৰ চিনেকৰ্মক শ্ৰেষ্ঠ বুলি কোৱা হৈছিল | কিন্ত জনপ্ৰিয় হৈছিল চেপলিনৰ গতিয়ে গুৰুত্ব পোৱা চিনেকৰ্ম | ভাৰততো চেপলিনৰ চিনেশৈলিয়ে বা পৰ্দাত গল্প কোৱা পদ্ধতি জনপ্ৰিয় হৈছিল | আৰু স্বাভাবিকতে ভাৰতীয় চিনেকৰ্মীয়ে 'জনপ্ৰিয় ধাৰাটো'ক গুৰুত্ব দিছিল | কব পাৰি --- চাৰ্লিৰ ধাৰাটো ভাৰতীয় চিনেধাৰালৈ ৰূপান্তৰ কৰিছিল ৰাজ কাপুৰে | " ৰাজ কাপুৰৰ চিনেমাই মোক আকৰ্ষন কৰিছিল | মই আইজেনষ্টাইনৰ চিনেমাও চাইছো | আইজেনষ্টাইনৰ A × B = C পদ্ধতিয়ে মোক আকৰ্ষণ কৰিছিল | ভাবিছিলো --- ময়ো এদিন চিনেমা পৰিচালনা কৰিম | আইজেনষ্টাইনৰ দৰে মন্টাজ ব্যবহাৰ কৰিম | মই জন ফোৰ্ড , জৰ্জ ষ্টিফেনৰ , সত্যজিত ৰায় , মৃণাল সেন , তপন সিনহা আদিৰ চিনেমাও হজম কৰিছিলোঁ | কিন্তু ব্ৰজেন বৰুৱাৰ সান্নিধ্যই মোক সলনি কৰিলে | সেই সময়ত মই ' ডক্টৰ বেজবৰুৱা'ৰ কামত ব্যস্ত | ৰাতি দেৰকৈ ঘৰ সোমাই বিছনাত পৰি আছিলো | মনৰ মাজত চিনেমাৰ বহুকথা |বাৰে বাৰে মোৰ মনটো ৰৈ গৈছিল ৰাজ কাপুৰৰ চিনেমাত | সেই ৰাতি মই ঠিক কৰিছিলো , মই দৰ্শকৰ বাবেহে চিনেমা পৰিচালনা কৰিম | আৰু সেই ৰাতি মই অনুভৱ কৰিছিলো --- মোক ছুই আছে ৰাজ কাপুৰৰ পৰিচালনা ষ্টাইলে | সেই ৰাতিৰ পৰা মই হিন্দী , বংলা , তামিল ইত্যাদি ভাষাৰ ব্যৱসায়িক সফল চিনেমা চোৱাত ব্যাস্ত হলো | আজি মই বিশ্বাস কৰো চিনেমা বিনোদন , কেৱল বিনোদনৰ বাবে | অৱশ্যেই পৰিচালকে সামাজিক দায়িত্বৰ কথা মনত ৰাখিব লাগিব | এয়া মোৰ ধাৰণা | " --- দাৰা আহমেদে কৈছিল | স্বাভাবিকতে দাৰা আহমেদৰ চিনেমাত বলীউডৰ শৈলী আৰু বংলা চিনেমাৰ ' গল্প ' কোৱাৰ কৌশল স্পষ্ট হৈছিল | এই যে স্পষ্ট হৈছিল অস্বীকাৰ কৰা নাছিল পৰিচালক গৰাকীয়ে | --- ১৯৯৪ চন | 'আজিৰ সংবাদ ' নামৰ অধুনালুপ্ত দৈনিক কাকত খনৰ সম্পাদনা বিভাগত ব্যস্ত আছিলো | ' উৰ্বশী ' চিনেমা খনৰ খবৰ লৈ আহিছিল দাৰা আহমেদ | কৈছিল --- " মই দাৰা আহমেদ | মোৰ নতুন চিনেমাৰ খবৰ লৈ আহিছোঁ | ছপালে ভাল লাগিব ! " সেয়াই প্ৰথম মুখা মুখী | সেই দিনা আমি ( মানে মই , কাকত খনৰ নিৱন্ধ সম্পাদক দিগন্ত ওজা , বতৰি সম্পাদক পুলিন ডেকা আৰু ষ্টাফ ৰিপ'ৰ্টাৰ শংকৰ লস্কৰ ) বহু কথা পাতিছিলোঁ | পৰিচালক গৰাকীৰ তেতিয়ালৈকে চিত্ৰগৃহলৈ অহা চিনেমা কেইখনৰ নাম উল্লেখ কৰি কৈছিলোঁ --- আপোনাৰ চিনেমা মৌলিক বুলি কম জানো ! হিন্দী - বংলা চিনেমাৰ ছাঁ ... " পৰিব পাৰে ! মই কেতিয়াও দাবি কৰা নাই , নকৰো মোৰ নিজা শৈলী আছে বুলি | মই অসমীয়া ভাৰতীয় চিনেমা নিৰ্মান কৰি আহিছোঁ , নিৰ্মান কৰিম | ছাঁ - পোহৰৰ চিনেমা নিৰ্মান নকৰো | মোৰ ধাৰণাত চিনেমা মানেই কালাৰফুল | " --- আমাৰ প্ৰশ্ন শেষ হোৱাৰ আগতে দাৰা আহমেদে কৈছিল | সেই দিনা দিগন্ত ওজাই দাৰা আহমেদক ' আজিৰ সংবাদ'ৰ দ্বিতীয় প্ৰস্তাৱনা সংখ্যাটো দিছিল | সেই সংখ্যাত আইজেনষ্টাইন প্ৰসংগত লিখিছিলো | সেই লেখাটোত চকু ফুৰায়ে দাৰা আহমেদে কৈছিল --- " কাৰিকৰী জ্ঞান নথকা চিনেমা পৰিচালক ভাষাৰ ব্যাকৰণৰ জ্ঞান নথকা কবিৰ দৰে | "

নিখিলেশ বৰুৱা Nikhilesh Barua

Nikhilesh Baruaনিখিলেশ বৰুৱা । ৭০ দশকতে কলকাতাত (কলিকতা ) হেমন্ত মুখাৰ্জী , মান্না দেৰ দে'ৰ দৰে সংগীত নক্ষত্ৰৰ সৈতে সাংগীতিক সম্পৰ্ক গঢ়িছিল। গীত গোৱাইছিল।নিখিলেশ বৰুৱা আছিল লোক সংগীতৰ শিল্পী , লেখক। গোৱালপৰীয়া লোকগীতৰ সাধক।শিল্পী গৰাকীৰ সৈতে , শিল্পী গৰাকীৰ শিল্প কৰ্মৰ সৈতে মোক চিনাকি কৰি দিছিল সাংবাদিক - সস্পাদক অজিত কুমাৰ ভূঞাই । ২০০৩ চনৰ এটা দিন । শীতৰ পুৱা । আমি অজিত কুমাৰ ভূঞা সম্পাদিত ' আজি 'ৰ উপ সম্পাদক । মহানগৰীৰ ৰাজগড় বিহুতলীৰ ওচৰত ' আজি 'ৰ কাৰ্যালয় । আহিব নালাগিলেও পুৱা ১০ বজাতে কাৰ্যালয় আহিছিলো । সেই দিনাও আহিছলো । কাৰ্যালয়ৰ সমুখত ইটো - সিটো কথা পাতি আছিলো , সম্পাদক ভূঞা ছাৰৰ সৈতে । কিছু কথা আগবঢ়াৰ সময়তে বাটৰুৱা এগৰাকী ছাৰৰ ওচৰতে ৰৈ দিছিল । নমস্কাৰ জনাই শ্ৰদ্ধাত মূৰ দোখোৱা ব্যক্তিত্বক ( বাটৰুৱা গৰাকীক ) সুধিছিল ছাৰে -- ' ভাল নে ? ' ছাৰে মোৰ ফালে চাই কৈছিল -- ' চিনি পোৱা নাই ! নিখিলেশ বৰুৱা ... ।' সেয়াই আছিল প্ৰথম সাক্ষাৎ , সংগীত - লোক সংগীতৰ গৱেষক গৰাকীৰ সৈতে। ছাৰে শিল্পী গৰাকীক কাৰ্যালয়ত বহুৱাইছিল । আমি কিছু সময় , ৪০ - ৪৫ মিনিট কথা পাতিছিলো। আমি ' নিখিলেশ বৰুৱাক ' জানিবলৈ চেষ্টা কৰিছিলো , সংগীতৰ কথা পাতিছিলো । " সংগীত অসমীয়া , ইংৰাজী , গণিত ইত্যাদিৰ দৰে শিক্ষকৰ ওচৰত শিক্ষা লৈ শিকা বিষয় নহয় । গুৰুৰ ওচৰত শিকাৰ প্ৰয়োজন নাই বুলি কব খোজা নাই । জোৰকৈ গুৰু ভোজি সংগীতৰ শিক্ষা লৈ গায়ক - গায়িকা হোৱা এজনৰ নাম কোৱাচোন! মই জানো ,কব নোৱাৰা । সেই গৰাকীয়েহে সংগীত আয়ত্ব কৰিব পাৰে বুলি মোৰ বিশ্বাস , যি গৰাকীৰ সংগীত অনুভৱ কৰাৰ ক্ষমতা আছে । মই সংগীত শিকিছিলো , সংগীতৰ প্ৰতি থকা আগ্ৰহৰ বাবে । গীত গাইছিলো শিকাৰ বহু আগৰে পৰা । " -- নিখিলেশ বৰুৱাই কৈছিল । নিখিলেশ বৰুৱাৰ জন্ম গৌৰীপুৰত, ১৯৩৬ চনত । সংগীতৰ মাজত , গোৱালপৰীয়া লোকসংগীতৰ মাজত । প্ৰতিমা (পাণ্ডে ) বৰুৱাৰ গোৱালপৰীয়া গীতৰ সুৰে স্বাভাবিকতে চুইছিল , আৰু এদিন ডাঙৰ ডাঙৰকৈ গাবলৈ চেষ্টা কৰিছিল -- ' তোমৰা গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে... ' । মুকলি আকাশ, মুকলি পৰিবেশত গোৱা সেই গীত স্বাভাৱিকতে বহুতৰে কানত পৰিছিল , হৃদয়ত ৰৈছিল । আৰু এদিন গাবলৈ বাধ্য হৈছিল মানুহৰ মাজত । " মোৰ বয়স ৬ - ৭ বছৰ । সংগীতৰ অনুষ্ঠান । গীত জনা , গোৱা মানুহো আছে । মোৰ গীত শুনিব । ভয় ভয়কৈ গাইছিলো । এই মুহুৰ্তত মনত পৰা নাই । মনত আছে সেই সময়ৰ সংগীত চৰ্চা কৰা কেইবা জনেও মোক উৎসাহ দিছিল -- গাব পাৰিবি । ' কিন্তু পৰৱৰ্তী সময়ত গোৱাতকৈ চৰ্চাত বেছি সময় খৰচ কৰিছিল , গোৱালপৰীয়া গীতৰ শিপাৰ পৰা পাতলৈ সন্ধানত ব্যস্ত হৈছিল । " গীত গাম বাৰু ! যদি সুৰ নহোৱা হয় ! তেতিয়া মোৰ গীত - সংগীত বুজাৰ বয়স । মই অনুভৱ কৰিছিলো গোৱালপৰীয়া লোক গীতৰ সুৰে ভিন্নৰূপ লবলৈ আৰম্ভ কৰিছে । প্ৰকৃত সুৰৰ চৰ্চাৰ প্ৰয়োজন ! গোৱাতকৈ সুৰ চৰ্চাত ব্যস্ত হ'লো । তেনেকৈয়ে সংগীত পৰিচালনাত ব্যস্ত হ'লো । " -- নিখিলেশ বৰুৱাই কৈছিল । আমাৰ প্ৰশ্ন আছিল : আপোনাক সংগীত পৰিচালক, সুৰকাৰ হিচাবে যিমানে জানে , গায়ক হিচাবে হয়তো সিমান সংখ্যকে নাজানে -- আমাৰ ধাৰনাত । গোৱালপৰীয়া লোকগীতৰ লগতে চড়ক গীত -নৃত্য , কুশান গীত- নৃত্য আদিও চৰ্চা কৰিছিল নিখিলেশ বৰুৱাই । সেই প্ৰথম সাক্ষাততে কৈছিল অসমৰ লোকসংগীত কেন্দ্ৰীক গ্ৰন্থ এখন লিখিব । শিল্পী গৰাকীক দ্বিতীয়বাৰ লগ পোৱাৰ সময়ত ' গ্ৰন্থ " খনৰ পণ্ডুলিপিৰ ৫ টা পৃষ্ঠা দিছিল , আমাৰ অনুৰোধত । সেই গ্ৰন্থ খন সম্পূৰ্ণ হ'ল নে নাই খবৰ নাৰাখিলো । শিল্পী গৰাকীক আমি লগ পাইছিলো ৫ বাৰ । প্ৰতিবাৰেই লগ পাইছিলো ' আজি 'ৰ কাৰ্যালয়তে । অজিত কুমাৰ ভূঞাই ' আজি ' হস্তান্তৰ কৰিছিল । আৰু সেই সময়তে আমি ' আজি ' এৰি ৰূপালী পৰ্দা ডট কমত ব্যস্ত হৈছিলো । তাৰ পিছত অন্যান্য কাকতত। আমি যন্ত্ৰৰ দৰে কামত ব্যস্ত হৈছিলো , আমাৰ কৰ্ম সূচিত কনো ' নিখিলেশ বৰুৱা ' নাছিল। আৰু লগ কৰা নাছিলো , লগ কৰা নহ'ল নিখিলেশ বৰুৱাক । -- " যান্ত্ৰিক সাংবাদিকতা 'ৰ পৰা আঁতৰি আহি আমি কেইটামান কামৰ বাবে সাজু হৈছিলো । তালিকাত থকা ' সংগীতৰত্ন প্ৰভাত শৰ্মা ' ৰ কাম শেষ হোৱাৰ পিছত ' গোৱালপৰীয়া লোক সংগীত , সুধাকণ্ঠ , নিখিলেশ বৰুৱা ' ৰ কাম হাতত লৈছো । ঠিক কৰিছিলো সাংবাদিক - লেখক ৰূপম বৰুৱাৰ পৰা ' নিখিলেশ বৰুৱা'ক আৰু জানিম , শিল্পী গৰাকীক আৰু লগ কৰিম । লগ কৰাৰ বাবে সময় বিছৰাত ৰূপম বৰুৱাই নিৰ্দিষ্ট সময় দিছিল মহানগৰীৰ প্ৰেছ ক্লাবত । যোৱা নহ'ল । ঠিক কৰিছিলো ' গ্ৰন্থ ' খনৰ বাকী কাম শেষ কৰি লগ কৰিম । ৰূপম দাক নিশ্চয় লগ কৰিম । 'গ্ৰন্থ ' খনৰ কামো শেষ কৰিম! কিন্তু পৰিকল্পনা কৰাৰ দৰে কামটো যে নহ'ল , নিখিলেশ বৰুৱাক যে লগ কৰা নহ'ল , সেই দুখ মনত ৰৈ যাব ।

ডঃলক্ষ্মীনন্দন বৰা /১ Dr. Lakhminandan Bora / 1


লক্ষ্মীনন্দন বৰাবৃত্তৰ বাহিৰত ' ! -- হয় . শিতানটোৰ নাম ' বৃত্তৰ বাহিৰত ' আছিল । পবিত্ৰ কুমাৰ ডেকা সম্পাদিত ' ৰূপকাৰ 'ত লিখিছিল ডঃলক্ষ্মীনন্দন বৰাই । এটা সংখ্যাত লিখিছিল ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰসঙ্গত । সেই সময়ত কাকত - আলোচনীত ' ভ্ৰাম্যমাণ থিয়েটাৰ 'ক গুৰুত্ব নিদিছিল । তৃতীয় শ্ৰেনীৰ লেখকৰ কাম বুলি কোৱা হৈছিল । আনকি ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্যকাৰকো তৃতীয় শ্ৰেনীত স্থান দিছিল । -- ইয়াৰ বিপৰীতে লিখিছিল কথাশিল্পী গৰাকীয়ে । সম্ভৱতঃ ১৯৮৬ - ৮৭ চন । সেই সময়ৰ জনপ্ৰিয় নাট্যকাৰ ভবেন বৰুৱাৰ প্ৰসঙ্গত একে নামৰ লেখক এগৰাকীয়ে লিখিছিল -- কোন ভবেন বৰুৱা ? অসমত ভবেন বৰুৱা এজনেই আছে , যি জনে ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নাটক নিলিখে ।-- এই কথাৰ প্ৰতিবাদ কৰি ' বৃত্তৰ বাহিৰত ' লিখিছিল ডঃলক্ষ্মীনন্দন বৰাই । -- সেই লেখাৰ সমৰ্থনত আমি চিঠি এখন এখন লিখিছিলো , ' ৰূপকাৰ 'ৰ ঠিকনাত পঠিয়াইছিলো । ব্যক্তিগত চিঠি । এমাহ পিছত ' উত্তৰ ' পাইছিলো , ডঃলক্ষ্মীনন্দন বৰাৰ হাতৰ আখৰ পাইছিলো । ( সেই ' হাতৰ আখৰ ' সজতনে ৰাখিছো । ) -- তেনেদৰেই কথাশিল্পী গৰাকীৰ সৈতে আমাৰ প্ৰথম সম্পৰ্ক । ১৯৮৭-৮৮ চন,দ্বাদশ নাট্যবৰ্ষত কহিনুৰ থিয়েটাৰত মঞ্চস্থ হৈছিল ডঃলক্ষ্মীনন্দন বৰাৰ উপন্যাস 'পাতাল ভৈৰৱী' ৰ নাট্যৰূপ । নাট্যকাৰ অতুল বৰদলৈয়ে দিয়া নাট্যৰূপ। অভিনয় কৰিছিল ভৱেশ বৰুৱা, সুৰেন মহন্ত,বিনু কলিতা আদিয়ে। -- নাটক খনৰ বিষয়ে লিখিছিলো পদ্ম বৰকটকীৰ সম্পাদনাত প্ৰকাশ পোৱা ' ইস্তাহাৰ 'ত । ' পেপাৰ কাটিং ' প্ৰেৰণ কৰিছিলো , সেই একে ঠিকনাত -- মাৰফৎ ' ৰূপকাৰ ' । আকৌ একেই ' হাতৰ আখৰ ' আশা কৰিছিলো ! পোৱা নাছিলো । ভাবিছিলো -- পঢ়া নাই ! -- কিয় পঢ়িব ! কিন্তু পঢ়িছিল । -- কেনেকৈ জানিলো ? -- যেতিয়া প্ৰথম বাৰ কথাশিল্পী গৰাকীক লগ পাইছিলো । তেতিয়া আমি ' মেঘদূত মিডিয়া ' ত। দিগন্ত ওজাৰ নেতৃত্বত । ঘৰুৱা সংবাদ প্ৰতিষ্ঠানটোৰে সাংবিদিকতা আগবঢ়াইছিলো । উপদেষ্টা ডঃলক্ষ্মীনন্দন বৰা । ' ই ... ' বুলি দিগন্ত ওজাই চিনাকী পৰ্ব আৰম্ভ কৰিছিলহে ! ডঃলক্ষ্মীনন্দন বৰাই কৈছিল , মোৰ নামটো কোৱা মাত্ৰকে -- ' জানো , পদ্ম বৰকটকীৰ কাকতত মোৰ নাটকৰ বিষয়ে লিখিছিল ।... ' -- ডঃলক্ষ্মীনন্দন বৰাৰ নাটক ! -- নাট্যৰূপহে ! কথা সেইটোৱে , মই ' লক্ষ্মীনন্দন বৰাৰ নাটক ' বুলি লিখিছিলো । মোৰ ব্যাখ্যাই কথাশিল্পীক সন্তুষ্ট কৰিছিল , মোৰ ধাৰণাত । ( নাটক খনৰ ৯৫% সংলাপেই উপন্যাস খনৰ । গতিকে ডঃলক্ষ্মীনন্দন বৰাৰ নাটক বুলি নিশ্চয় কব পাৰো ! ... মই লিখিছিলো । ) লগ পোৱাৰ দুদিন পিছত (১৯৯৩-৯৪ ) ডঃলক্ষ্মীনন্দন বৰাৰ সৈতে কথা পাতিছিলো ৬০ - ৬৫ মিনিত । বিষয় : নাটক আৰু চিনেমা । " নাটক - চিনেমা" হ'ল বিনোদন কলা । কলাৰ বাবে চৰ্চা কৰা কলা নহয় । দৰ্শকৰ বাবে কৰা কলাচৰ্চা । ভ্ৰম্যমাণ থিয়েটাৰৰ অস্থায়ী প্ৰেক্ষাগৃহত প্ৰতিদিনে শ শ দৰ্শকে নাটক উপভোগ কৰে । মন কৰিবা , এক বিশেষ শ্ৰেণীৰ দৰ্শক নাথাকে । ভিন্ন শ্ৰেণীৰ , ভিন্ন দৰ্শক থাকে । সকলোকে সন্তুষ্ট কৰে । মই এদিন ৰতন লহকৰক সুধিছিলো -- কেনেকৈ সম্ভৱ ? হাঁহিৰে উত্তৰটো সামৰি থলে । মোৰ মনলৈ প্ৰায়ে আহে -- উপন্যাস ' পাতাল ভৈৰৱী ' সকলো শ্ৰেণীৰ পাঠকে পঢ়িছে বুলে মই নাভাবো , নাটক খন কিন্তু সকলো শ্ৰেণীৰ দৰ্শকে চাইছে । চোৱাৰ কাৰণ বা নচোৱাৰ কাৰণ একমাত্ৰ ' মাধ্যম ' বুলি নাভাবো । মই ইমান খিনিয়ে বুজিছো -- ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নাটক লিখা , ৩ মাহৰো কম সময়ত ৪ খন নাটক সাজু কৰা কামটো সহজ নহয় ! ভ্ৰাম্যমাণ থিয়েটাৰৰ যি অনুশাসন , কামৰ যি গতি সেয়া সমাজৰ প্ৰতিটো স্তৰতে হব লাগে । অসম বহুদূৰ আগবাঢ়িব ! '  পদুম বৰুৱাই ' গঙা চিলনীৰ পাখি 'ৰে অসমীয়া চিনেমাক নতুন গতি দিছিল । জ্যোতিপ্ৰসাদ আগৰৱালাৰ ' জয়মতী 'ৰ শৈলীক আগবঢ়াই নিছিল । -- ১৯৬৩ চনত প্ৰকাশ পাইছিল ডঃলক্ষ্মীনন্দন বৰাৰ উপন্যাস ' গঙা চিলনীৰ পাখি ' । ১৯৭৬ চনত চিত্ৰগৃহলৈ আহিছিল পদুম বৰুৱাৰ অসমীয়া চিনেমা' গঙা চিলনীৰ পাখি ' । " মোৰ উপন্যাসৰ চিনেমা । চিনেমা খন কিন্তু মোৰ হৈ থকা নাই । সম্পূৰ্ণৰূপে পদুম বৰুৱাৰ ' গঙা চিলনীৰ পাখি ' চিনেমা খন । কেৱল ঔপন্যাসিকৰ চিন্তাৰে চিনেমা খন ৰচনা হোৱা নাছিল । ' (অসমাপ্ত )

বলিউড যাত্ৰা /১ Bollywood journey / 1

ভাগ্য ! মিডিয়া ষ্টাৰ হোৱাৰ পৰা বাচিল বিবেক || by : Utpal Mena
 মুম্বাই , ২০০০। সদায় বহা তাজ হোটেলৰ সন্মুখৰ ' প্ৰিয় ঠাই 'ত সময় খৰচ কৰি আছিলো। সদায় বহাৰ দৰে সাগৰলৈ মুখ কৰি বহিছিলো।
" মই মুম্বাই এৰিম " -- মই কৈছিলো।
মোৰ কথাই হয়তো আৰছদ ৰিয়াজক ছুইছিল! বহু সময় একো কোৱা নাছিল।
 " ৭ বছৰৰ বন্ধুত্ব ইমানতে ইতি ! স্বাভাবিক কথা । হেমচন্দ্ৰ দলেও কেইটা মান বছৰহে আছিল। এটা কথা বুজিলো -- তহতে অসম এৰিব নোৱাৰ।বাৰু সেইবোৰ এতিয়া বাদ।ব'ল , আমি সুৰেশ অ'বেৰয়ৰ ঘৰলৈ যাম। জন্মদিন আজি । " 
-- ১৭ ডিচেম্বৰ , ১৯৪৬ চনত জন্ম হৈছিল বলিউদৰ অভিনেতা সুৰেশ অ'বেৰয়ৰ । ২০০০ চনৰ সেই বিশেষ দিনটোত অভিনেতা গৰাকীয়ে বিশেষ উদ্দেশ্য মনত ৰাখি সাংবাদিকক নিমন্ত্ৰন কৰিছিল। উদ্দেশ্য -- দুই সন্তানক চিনাকি কৰি দিয়া আৰু এক সন্তানক প্ৰচাৰ দিয়া" 
-- দুই সন্তান বিবেকানন্দ অ'বেৰয় আৰু মেঘনা অ'বেৰয়ক চিনাকি কৰি দি সুৰেশ অ'বেৰয়ে কৈছিল, " বিবেকে সিদ্ধান্ত লৈছে মোৰ বাটেৰে আগবাঢ়িব।আপোনালোকৰ আশীৰ্বাদৰ প্ৰয়োজন...।" আৰু জনাইছিল "ছুপাৰ ফিল্মমেকা"ৰ মণি ৰত্নমে বিবেকানন্দ , মানে বিবেকক পচন্দ কৰিছে । 
-- এই যে মণি ৰত্নমে পছন্দ কৰিছে, এয়া আছিল বিবেকৰ বাবে সেউজ সংকেত। সেই সযয়ত ভবা হৈছিল , মণি ৰত্নমে সেই সময়ত হাতত লোৱা "আলাইপায়ুদে"ত বিবেকে অভিনয় কৰিব! অৰ্থাৎ বিবেকৰ প্ৰথম চিনেমা খন হিন্দী নহব! তামিল হব!
-- সময়ত স্পষ্ট হ'ল সাংবাদিকৰ ধাৰণা শুদ্ধ নহয়! তামিল চিনেমা খনৰ হিন্দী সংস্কৰণতহে অভিনয় কৰিব বিবেকে। নাম : সাথিয়া । গুলজাৰ, মণিৰত্নমৰ চিত্ৰনাট্যৰে পৰিচালনা কৰিব শাদ আলীয়ে। (মালায়লম খনৰ পৰিচালক মণি ৰত্নম )
-- সময়ত চিনেমা খন সম্পূৰ্ণ হয়। ২০ ডিচেম্বৰ , ২০০২ ত চিত্ৰগৃহলৈ আহে। "সাথিয়া" চিত্ৰগৃহলৈ আহে মানে বিবেক অভিনিত, চুক্তিবদ্ধ হোৱা দ্বিতীয়, তৃতীয় চিনেমা ক্ৰমে -- "কম্পানী" আৰু "ৰোড" চিত্ৰগৃহলৈ আহিছিল। গতিকে কোৱা হয় তৃতীয় চিনেমা খনেহে বিবেকৰ সফলতাৰ দুৱাৰ মুকলি কৰিছিল।
-- হয় , "সাথিয়া" ৰ বজাৰ সফলতাই বিবেকক তাৰকাৰ তালিকাভুক্ত কৰাইছিল। চিনে পণ্ডিত সকলে কয় -- দুই বিফলতাই "মিডিয়া ষ্টাৰ" হোৱাৰ পৰা বচালে বিবেকক। 
-- বিবেকৰ মুখতো শুনা গৈছিল, "ভাগ্য"! মিডিয়া ষ্টাৰ"হোৱাৰ পৰা বচালে!"
-- "মিডিয়া ষ্টাৰ"!
--হয়, "মিডিয়া ষ্টাৰ"!
 --"মিডিয়া ষ্টাৰ" মানে প্ৰচাৰ মাধ্যমে নিৰ্মাণ কৰা বা প্ৰচাৰ মাধ্যমৰ সহায়ত নিৰ্মাণ হোৱা তাৰকা। উদাহৰণ: ৰিত্বিক ৰৌশন (ঋত্বিক বা হৃত্বিক নহয়)। প্ৰথম খন চিনেমা চিত্ৰগৃহলৈ অহাৰ পূৰ্বে প্ৰচাৰ মাধ্যমৰ সহায়ত তাৰকা ইমেজত নিজকে বন্দী কৰিছিল ৰিত্বিকে। আৰু চিনেমা খন চিত্ৰগৃহলৈ অহাৰ পিছতে প্ৰচাৰ মাধ্যমে মহাতাৰকাৰ স্থানত ৰাখিছিল। এনে ধৰনে হোৱা তাৰকা নিৰ্মাণ প্ৰক্ৰিয়াত সুপৰিকল্পিত প্ৰচাৰ পৰিকল্পনাৰ প্ৰয়োজন।
-- আন দিশো আছে 'মিডিয়া ষ্টাৰ" নিৰ্মাণৰ।বলিউড পৰিয়ালৰ নৱাগতই প্ৰথম খোজতেই বজাৰ সফলতা পালে প্ৰচাৰ মাধ্যমৰ প্ৰচুৰ প্ৰশংসা লাভ কৰে। আৰু সহজতে তাৰকা হৈ প্ৰচাৰ মাধ্যমত জিলিকে। উদাহৰণ : কুমাৰ গৌৰৱ। এনে তাৰকা। মানে "মিডিয়া ষ্টাৰ" জিলিকে কম দিনৰ বাবে । সেয়েহে বিবেকে কৈছিল --"ভাগ্য ! মিডিয়া ষ্টাৰ হোৱাৰ পৰা বচালে!"।
 বিবেক অ'বেৰয়ৰ প্ৰথম দুখন চিনেমা সফল হোৱা নাছিল। প্ৰচাৰ মাধ্যমত চৰ্চা হৈছিল -- গ্ৰাহক নাই! বিবেকৰ "বলিউড দোকান" বন্ধ ! -- আৰু আজি ? -- বলিউড বজাৰত ৰিত্বিকতকৈ বিবেকৰ গুৰুত্ব বেছি ।

চিনে যাত্ৰা /১ Cine journey / 1

পথেৰ পাঁচালীপথেৰ পাঁচালী১৯৫৬ চন । কাঁ চলচ্চিত্ৰ মহোৎসৱত সন্মানিত হৈছিল ' পথেৰ পাঁচালী '। সত্যজিৎ ৰায়ৰ এই চিনেমেটিক কলাই কেৱল বাংলা চিনেমাৰে নহয়, ভাৰতীয় চিনেমাৰো দুৱাৰ মুকলি কৰিছিল 'চিনেমা বিশ্ব ' যাত্ৰাৰ। 'পথেৰ পাঁচালী' (২৬ আগষ্ট, ১৯৫৫ ত চিত্ৰগৃহলৈ আহিছিল) বিশ্বৰ চিত্ৰৰসিকে চোৱাৰ সুযোগ পোৱাৰ আগৰ সময় চোৱাত ভাৰতীয় চিনেমা মানেই ধাৰনা আছিল ' canned theatre'। চিনেমাত চিনেমেটিক সৌন্দৰ্যৰ সন্ধান কৰা দৰ্শকে ভাৰতীয় চিনেকৰ্মত ' ফিল্ম শিল্প ' দেখা নাছিল। অনুভৱৰ অৱকাশ পোৱা নাছিল।
কাৰণ ?
চিনে পণ্ডিতৰ চিনেচৰ্চাত স্পষ্ট -- সাহিত্যধৰ্মী সংলাপ - মঞ্চাঅভিনয়ৰে আক্ৰান্ত আছিল। প্ৰমথেশ বৰুৱা , ভি শান্তৰাম আদিৰ চিনেকৰ্মত 'গল্প ' আছিল গতি নাছিল । বিশেষকৈ অভিনয়ত অপেৰাৰ প্ৰভাৱ স্পষ্ট আছিল । এই প্ৰসংগত 'আজছা চিত্ৰপট'ত অজয় মাহ্‌ত্ৰেয়ে লিখিছে , 'নাটকৰ ওচৰৰ , মঞ্চাভিনয়ৰ দূৰৰ নহয় বছৰি নিৰ্মান হোৱা ৮০ - ৯০ শতাংশ ভাৰতীয় চিনেমা। কব পাৰি সৰহ সংখ্যক ভাৰতীয় চিনেমায়ে চলমান ছবি বা কথাছবি পৰ্যায়ৰ। আজিৰ তাৰিখতো (গ্ৰন্থ খন প্ৰকাশ পাইছিল ১৯৮৪ চনত) ভাৰতত কথাছবি নিৰ্মাণ হয় বেছি , চিনেমা কম। একাংশ পৰিচালকৰ গীত -নৃত্য ব্যৱহাৰ নকৰা কথাছবিক আৰ্ট ফিল্ম নাম দিয়া হয় । এই ধাৰাটোত কিছু উন্নত কাম কৰে হিমাংশু ৰায় , বিমল ৰয় , চেতন আনন্দ আদিয়ে । এই ধাৰাটো কথাছবিৰ পৰা চিনেমালৈ উত্তৰণ হয় ' পথেৰ পাঁচালী ' নামেৰে।  'পথেৰ পাঁচালী'ৰ সফলতাৰে ' ভাৰতীয় চিনেমা ' মজবুট হোৱাৰ আঁৰত এক চিনেশক্তিয়ে পৰিশ্ৰম কৰিছিল । সেই চিনেশক্তিৰ নাম -- ' কলিকতা ফিল্ম ছোচাইটি '। ১৯৪৭ চনত সত্যজিৎ ৰায়ৰ নেতৃত্বত স্থাপিত হৈছিল । উদেশ্য নিৰ্মল চিনে চৰ্চাৰে চিনেশিল্পৰ উত্তৰণৰ পথ প্ৰসস্থ কৰা । ' নিৰ্মল চিনেচিন্তা ' ৰ সূত্ৰ ভিন্ন জনৰ চিন্তাত ভিন্ন হোৱা বাবে চিনে সংস্থাটো ১৯৫২ চনত বন্ধ হয় । ১৯৫৬ চনত চিনে সংস্থাটোৰ চিনেচৰ্চাই গতি লয় । সমৰেশ বসুৰ ' নন্দন 'ত প্ৰকাশ পোৱা বাংলা চিনেমা কেন্দ্ৰীক লেখাত পঢ়িছো -- " নিৰ্মল বা বিশুদ্ব চিনেমাৰ তিনটা বিন্দু স্পষ্ট হৈছিল কলিকতা ফিল্ম ছোচাইটিৰ মজিয়াত । ১৯৫৬ চনত সেই বিন্দু তিনিটাক এটা বিন্দুলৈ ৰূপান্তৰ কৰিছিল সত্যজিৎ ৰায়ে , ' পথেৰ পাঁচালী 'ৰে । চিনেমা চিন্তা ভিন্ন আছিল । আৰু ভিন্ন সেই চিনেমা চিন্তা দেখিছিল নতুন পৰিচালক ৰায়ৰ চিনেমা খনত । কথাটো এনেধৰণৰ নেকি , সেই সময়লৈ বিশুদ্ধ ভাৰতীয় চিনেমা নিৰ্মাণ হোৱা নাছিল ! ...
'আছিল নে নাছিল ? চৰ্চা আৰম্ভ হৈছিল । আৰু চৰ্চা চলি থকা সময়তে ' পথেৰ পাঁচিলী ' ৰে চিনেমা বিশ্বত যাত্ৰা আৰম্ভ কৰিছিল ভাৰতীয় চিনেমাই । ১৯৫২ চনত ভাৰতত প্ৰথমবাৰ আৰম্ভ হৈছিল আন্তুৰ্জাতিক চলচ্চিত্ৰ উৎসৱ।' সেই চিনেমা উৎসৱত বিশ্বৰ চিত্ৰৰসিকৰ ওচৰত লাজ পাইছিল ভাৰতৰ চিত্ৰৰসিকে । ৪০ খন চিনেমা প্ৰদৰ্শন কৰিছিল । দুখীয়া আছিল ভাৰতীয় চিনেমা , পৰিচালকৰ চিন্তা।' ( সমৰশ বসু ) 
--পৰবৰ্তী বৰ্ষত ভবিছিল বিমল ৰায়ৰ ' দো বিঘা জমিন ' চিনেমা খনে বিশ্বৰ চিত্ৰৰসিকক সন্তুষ্ট কৰিব । কিন্তু আলোচক সকলে ক'লে --  'বাইচাইকেল থীফ'ৰ প্ৰভাৱ স্পষ্ট।
১৯৫৬ চনত ভাৰতলৈ আহিছিল বৃটিছ সমালোচক মেৰী চিতন । চিনেমা চৰ্চাৰ কেইবাটাও অনুষ্ঠানত চিনেমাৰ কথা কৈছিল । প্ৰসঙ্গক্ৰমে কৈছিল --'সত্যজিৎ ৰায়ে মৌলিক চিন্তাৰে নতুন বাট দেখুৱাইছে । আৰু ভাৰতীয় আলোচক সকলে 'পথেৰ পাঁচালী' বিষয়ত সঠিক সিদ্বান্ত লৈছে। 'পথেৰ পাঁচালী'ক ভেটি হিচাবে লৈ কাম কৰিলে ভাৰতীয় চিনেমাই শীৰ্ষ স্থান দখল কৰিব পাৰিব। (উৎস : Cinema India - The Visual Culture of Film )
 'পথেৰ পাঁচালী ' কেন্দ্ৰীক সুস্থ চিনেমা চৰ্চা সম্ভৱ হৈছিল ' কলিকতা ফিল্ম ছোচিইটিৰ ' পৰিবেশ নিৰ্মাণ আৰু নিয়ন্ত্ৰনৰ বাবে । কোনো পক্ষই সাধাৰণ মানৰ চিনে কৰ্মক অসাধৰণ কৰাৰ কচৰৎ আৰম্ভ কৰিলেই ' কলিকতা ফিল্ম ছোচাইটিয়ে ' প্ৰতিবাদ কৰিছিল । প্ৰতিবাদ কৰি যথাস্থানত লিখিছিল । সেই সময়ত বহুতে এনে ধৰনেও চৰ্চা কৰিবলৈ চেষ্টা কৰিছিল -- এয়া দৰাচলতে ফিল্ম ছোচাইটিৰ নামত সত্যজিৎ ৰায়ৰ প্ৰতিবাদ ! আৰু এনে ধাৰণাৰ বাবে কলকতাৰ একাংশ চিনেমা সমালোচকে ' পথেৰ পাঁচালী ' ক প্ৰথম পৰ্যায়ত স্বীকৃতি দিব খোজা নছিল কলকাতা , মুম্বাইৰ একাংশ চিনেমা আলোচকে । স্বীকৃতি দিবলৈ অৱশ্যে বাধ্য হৈছিল বিদেশৰ চিত্ৰৰসিক , সমালোচকে অসাধৰণ মৌলিক চিনেশিল্প হিচাবে প্ৰশংসা কৰাৰ পিছত ।
-- এতিয়া আহিছো অসমীয়া চিনেমাৰ প্ৰসংগলৈ । শেহতীয়া ভাবে সাধাৰণ চিনেকৰ্মক প্ৰচাৰ মাধ্যমৰ সহায়ত অসাধাৰণ চিনেকৰ্মৰ তালিকাভুক্ত কৰা হৈছে ' বঁটা ' কেন্দ্ৰীক চৰ্চাৰে । আজিৰ তাৰিখত ' বঁটা প্ৰাপ্ত চিনেমা মানেই সাৰ্থক চিনেমা ' ধাৰণা নিৰ্মাণ হৈছে একাংশ চতুৰ ' পৰিচালক - প্ৰযোজকৰ প্ৰযোজনাত । চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন হোৱা মানেই অসাধাৰণ চিনেমাৰ তালিকাত ৰাখি ' সংবাদ ' নিৰ্মাণৰ অলিখিত নিয়ম পালনৰ প্ৰতিযোগীতা আৰম্ভ হৈছে । স্বাভাবিকতে এনে ধাৰণা, নিয়মে ক্ষতি কৰিছে চিনেমাৰ ,অসমীয়া চিনেমাৰ । 
-- হয় , দেশ - বিদেশৰ ১৮ - ২০ খন চলচ্চিত্ৰ মহোৎসৱ আছে [ International Federation of Film Producers Associations' ( Fédération Internationale des Associations de Producteurs de Films / FIAPF) --  আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱসমূহৰ সক্ৰিয় পৰ্যবেক্ষক গঠন হৈছিল ১৯৩৩ চনত। ৩০ খন চিনেমা নিৰ্মাণকাৰী দেশৰ ৩৬ টা সংস্থাৰ উপস্থিতিত। ৩৬ টাৰ ভিতৰত ভাৰতৰো সদস্য সংস্থা আছে --  NFDC ( National Film Development Corporation Of India) আৰু FFI (Film Federation Of India)। আৰু অন্য সদস্য -- Asociación General de Productores Cinematográficos (Argentina), Instituto Nacional de Cine y Artes Audiovisuales (Argentina),  Screen Producers Australia (Australia), Fachverband der Audiovisions und Filmindustrie (Austria), Vlaamse Onafhankelijke Film & Televisie Producenten v.z.w. (V.O.F.T.P.) (Belgium), Canadian Media Producers Association (Canada), China Film Producers' Association (China), Croatian Producers Association (HRUP) (Croatia)
Audiovisual Producers' Association (Czech Republic), Danish Film and TV Producers (Denmark),  Egyptian Chamber of Cinema Industry (Egypt),  Estonian National Producers Union (ERPÃ) (Estonia), Audiovisual Producers Finland Finland)
German Producers Alliance – Film & Television (Germany), Verband Deutscher Filmproduzenten (Germany),  Magyar Audiovizualis Producerek Szovetsege – MAPSZ (Hungary),  Association of Icelandic Films Producers (Iceland),  The Iranian Alliance of Motion Picture Guilds – Khaneh Cinema (Iran),  Motion Picture Producers Association of Japan (Japan), Film Producers Association of Latvia (Latvia)
Netherlands Association of Feature Film Producers (Netherlands), Association of Nollywood Core Producers – ANCOP (Nigeria), Norske Film and TV Produsenters Forening (Norway),  Film Producers Guild of Russia (Russia),  Slovak Audiovisual Producers Association (SAPA) (Slovakia)
Federación de Asociaciones de Productores Audiovisuales de España (Spain), Swedish Filmproducers' Associations (Sweden)
Association Suisse des Producteurs de Films (Switzerland), Film Yapimcilari Meslek Birligi – Fiyab (Turkey), Sinema Eseri Yapimcilari Meslek Birligi – Se-Yap (Turkey), Tesiyap Televizyon ve Sinema Film Yapimcilari Meslek Birligi (Turkey)
Film Industry Association of Ukraine (Ukraine), Independent Film and Television Alliance (United States), Motion Picture Association of America (United States). সন্দেহ নৰখাকৈ কব পাৰি --  FIAPF ৰিপ'ৰ্ট পঢ়িলেই স্পষ্ট হব পাৰি, বুজিব পাৰি  বিভিন্ন দেশৰ চলচ্চিত্ৰ মহোৎসৱৰ মান। FIAPF ই স্বীকৃতি দিয়া  বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ মহোৎসৱৰ সংখ্যা প্ৰায় ৫০। ইয়াৰে প্ৰথম শ্ৰেণীৰ বুলি কব পাৰি ১৮ - ২০ খনকহে। আজিৰ তাৰিখত কান (কাঁ) চলচ্চিত্র মহোৎসৱ, ভেনিস চলচ্চিত্র মহোৎসৱ, বার্লিন চলচ্চিত্র মহোৎসৱ আদি ৪-৫ টাকহে কোৱা হয় বিশ্বৰ  প্রাচীন আৰু প্রভাবশালী চলচ্চিত্র মহোৎসৱ (... most influential and prestigious festivals.) বুলি।
 আজিৰ তাৰিখত ভাৰতত চলচ্চিত্ৰ 'মহোৎসৱ'ৰ সংখ্যা কম নহয়। ১০০ খনৰ কম নহব। কিন্তু InternatIional Film Festival Of India'  (প্ৰতিযোগিতামূলক চলচ্চিত্ৰ মহোৎসৱ শাখা),International Film Festival of Kerala (বিশেষ প্ৰতিযোগিতামূলক চলচ্চিত্ৰ মহোৎসৱ শাখা), Mumbai Film Festival (বিশেষ প্ৰতিযোগিতামূলক চলচ্চিত্ৰ মহোৎসৱ শাখা),Kolkata International Film Festival (বিশেষ প্ৰতিযোগিতামূলক চলচ্চিত্ৰ মহোৎসৱ শাখা)ৰ বাহিৰে আন কেইখনৰ গুৰুত্ব FIAPF তালিকাত নাই। -- এতিয়া আমাৰ মনলৈ প্ৰশ্লটো হ'ল : এই চলচ্চিত্ৰ মহোৎসৱ কেইখন অসমীয়া চিনেমাই গুৰুত্ব পাইছে? ], যি কেইখনত প্ৰদৰ্শন হ'লে , বঁটা পালে সাৰ্থক চিনেকৰ্ম নোচোৱাকৈয়ে কব পাৰি । দেশ - বিদশৰ এই ১৮ - ২০ টা চলচ্চিত্ৰ মহোৎসৱত অসমীয়া চিনেমা প্ৰদৰ্শন হৈছে কেইখন? -- দেশ - বিদেশৰ কেইবাখনো চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন হোৱা , বঁটা পোৱা ৭ লাখ টকা বাজেটৰ ' হালধীয়া চৰায়ে বাঁও ধান খায় ' -এ ১ কোটি টকাৰো বেছি ব্যৱসায় কৰিছিল । ১৯ ৮৭ - ১৯৮৮ চনত । শেহতীয়া ভাবে ২৫ - ৫০ টা চলচ্চিত্ৰ মহোৎসৱ ' জয় ' কৰা অসমীয়া চিনেমা কেইখনে ১০ হাজাৰো টকা ব্যৱসায় কৰিব পৰা নাই কিয় ? -- এই যে পৰা নাই , ইয়াতেই স্পষ্ট হৈ আছে শেহতীয়া ভাবে মহোৎসৱ ' জয় ' কৰা চিনেমা কেইখনৰ মান । "জয় ' কৰা চলচ্চিত্ৰ মহোৎসৱ কেইখনৰ মান । এনে ' জয় 'ৰ প্ৰচাৰ পৰ্বই যে অসমীয়া চিনেমাৰক্ ক্ষতি কৰিছে ব্যাখ্যাৰ প্ৰয়োজন আছে জানো ! -- যদি অসমতো ' কলিকতা ফিল্ম ছোচাইটি 'ৰ দৰে সাধাৰণ চিনেমাক অসাধাৰণ কৰা কাৰ্যৰ বিৰূদ্ধে ঠিয় হোৱা কনো চিনেসংস্থা থাকিল হেতেন !  কথাটো এনে ধৰনৰ নহয় -- আজিৰ তাৰিখত অসমত চিনেশক্তি থকা পৰিচালক নাই । -- আছে , ৰীমা দাস , জয়ছেং জয় দহোতীয়া , অনুপম কৌশিক বৰা , ভাস্কৰ হজৰিকাৰ দৰে নিৰৱে চিনেকৰ্ম কৰা চিনেকৰ্মীয়ো আছে । নতুন চিন্তাৰে সাৰ্থক চিনেকৰ্ম কৰি দৰ্শকৰ মন - মগজু ছুই যোৱা পৰিচালক । কিন্তু প্ৰচাৰ পৰ্বৰ বাবে আঁৰতে থাকি যায় । -- কিছু দিন পূৰ্বে এখন অসমীয়া চিনেমাৰ বঁটা কেন্দ্ৰীক চৰ্চা কৰিছিলো । কথা প্ৰসঙ্গত পৰিচিলক - অভিনেতা যদুমণি দত্তই ক'লে -- " সেই বঁটাটো প্ৰতিমাহে দিয়ে ।সেই আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ খন প্ৰতিমাহে হয় । অনলাইন চলচ্চিত্ৰ মহোৎসৱ । " এনে মহোৎসৱ 'জয় ' কৰিও অসমৰ সংবাদ মাধ্যমত ' জিলিকি ' আছে অসমীয়া চিনেমা । 
******************
||  FIAPF ৰ আন ৪০ টা মহোৎসৱ হৈছে ||

◆ প্ৰতিযোগিতামূলক চলচ্চিত্ৰ মহোৎসৱ শাখা :

1.  Mocow International Film Festival 
2. Shanghai International Film Festival 
3.  Karlovy Vary International Film Festival 
4. Locarno International Film Festival 
5.  Montreal World Film Festival 
6.  San Sebastian International Film Festival 
7. Warsaw International Film Festival 
8.  Tokyo International Film Festival 
9. Mar Del Plata Film Festival 
10. Tallinn Black Night Film Festival 
11.Cairo International Film Festival 

|| বিশেষ প্ৰতিযোগিতামূলক চলচ্চিত্ৰ মহোৎসৱ শাখা ||

12. Antalya (Turkey) : International Antalya Golden Orange Film Festival (Asian, central Asian and European films).
13. Astana (Kazakhstan) : Eurasia International Film Festival (Asian, central Asian and European films).
14. Brussels (Belgium) : Brussels International Fantastic Film Festival (fantasy and science fiction films).
15. Busan (South Korea) : Busan International Film Festival (formerly Pusan International Film Festival) (first feature Asian films).
16. Cartagena (Colombia) : Cartagena Film Festival (iberic and Latin-American films).
17. Courmayeur (Italy) : Courmayeur Noir Film Festival (crime films).
18. Gijón (Spain) : Gijón International Film Festival (impact of music on films).
19. Istanbul (Turkey) : Istanbul International Film Festival (art-oriented films: literature, theatre, music, dance, and fine arts).
20. Jeonju (South Korea) : Jeonju International Film Festival (first feature films).
21. Kitzbühel (Austria) : Kitzbühel Film Festival (Young director's films).
22.  Kyiv (Ukraine) : Kyiv International Film Festival "Molodist" (first feature films).
23.  Minsk (Belarus) : Minsk International Film Festival (films produced in Baltic and Central-Asian countries, Central and Eastern Europe and Russia).
24.  Namur (Belgium) : Festival International du Film Francophone de Namur (francophone films).
25. Sarajevo (Bosnia and Herzegovina) : Sarajevo Film Festival (central and south-eastern European films).
26. Sitges (Spain) : Sitges Film Festival (fantasy and horror films).
27. Sofia (Bulgaria) : Sofia International Film Festival (first and second feature films).
28. Stockholm (Sweden) : Stockholm International Film Festival (avant-garde).
29. Sydney (Australia) : Sydney Film Festival (avant-garde directing).
30. Torino (Italy) : Torino Film Festival (first feature films).
31.Transilvania/Cluj (Romania) : Transilvania International Film Festival (first and second feature films).
32.  Valencia (Spain) : Cine Jove Valencia International Film Festival (first feature films).

|| অ-প্ৰতিযোগিতামূলক চলচ্চিত্ৰ মহোৎসৱ শাখা ||

33. Rome (Italy) : Rome Film Festival ।
34. Toronto (Canada) : Toronto International Film Festival ।
35.  Vienna (Austria) : Vienna International Film Festival (Viennale) । 

|| তথ্যচিত্ৰ তথা চুটি ছবি মহোৎসৱ শাখা ||

36. Bilbao (Spain) : Bilbao International Festival of Documentary and Short Films ।
37.  Kraków (Poland) : Kraków Film Festival ।
38.  Oberhausen (Germany) : International Short Film Festival Oberhausen ।
39.  St. Petersburg (Russia) : Message to Man International Film Festival ।
40. Tampere (Finland) : Tampere Film Festival ।

(গুৱাহাটী, ২০জুন, ২০২১ rupaliparda.com)

মুনিন বৰুৱা /১ Munin Barua / 1

কায়িক অবৰ্তমানতো চলি আছে মুনিন বৰুৱাৰ চিনেমাৰ কাম।
মুনিন বৰুৱাৰ কায়িক অবৰ্তমানতো চলি আছে মুনিন বৰুৱাৰ চিনেমাৰ কাম । ' বাৰুদ - ২ ' আৰু ' পথ - উপপথ ' ৰ কাম । কিছু দিন পূৰ্বে ৰিজুক লগ পিইছিলো , মুনিন বৰুৱাৰ পুত্ৰ মানস বৰুৱাক । জ্যোতি চিত্ৰবনত । -- এই জ্যোতি চিত্ৰবনতে এদিন ভাইমনদাই কৈছিল , " ভবেন শইকীয়া ছাৰৰ কাহিনীৰে পাৰিবাৰিক চিনেমা এখন কৰাৰ ইচ্ছা আছিল । সম্ভৱ নহব । ছাৰে মোৰ চিনেমাত যেনেদৰে গীত ব্যৱহাৰ হয় , তেনেদৰে ব্যৱহাৰ কৰিব নিদিয়ে । আৰু দুটামান পৰিকল্পনা আছে । ' বাৰুদ - ২ ' ৰো পৰিকল্পনা আছে ।... ' সেই পৰিকল্পনা এতিয়া আগবঢ়াই নিছে মানস বৰুৱাই । ' সময় ' ৰ কথা মনত ৰাখি মুনিন বৰুৱাই লিখা চিত্ৰনাট্য খন নতুনকৈ লিখাইছে । লিখিছে ভাস্কৰ হাজৰিকাই ( ' কথানদী ' , ' আমিষ 'ৰ পৰিচালক । চিনেমা দুখনৰ ভেটি -- মজবুট চিত্ৰনাট্য । ) ' বাৰুদ ' চিত্ৰগৃহলৈ আহিছিল ২০০৪ চনত । আমি জনাত চিনেমা খনৰ কাম শেষ হৈছিল ২০০২ চনৰ শেষৰ ফালে । -- সেই সময় চোৱাত পুলিছ কেন্দ্ৰীক চিনেমা নিৰ্মাণৰ ঢৌ তুলিছিল বলিউডৰ চিনে নিৰ্মাতাই । কব পাৰি বলিউডৰ পৰিচালকৰ সৈতে খোজ মিলাইছিল মুনিন বৰুৱাই । ' বাৰুদ 'ৰ সম্পূৰ্ণ হোৱাৰ পিছতহে আৰম্ভ হৈছিল বলিউডৰ ' খাকি 'ৰ ফ্ল'ৰৰ কাম । ৰাজকুমাৰ সন্তোষিৰ পৰিচালনাৰে নিৰ্মিত ' খাকি ' চিত্ৰগৃহলৈ আহিছিল ২৩ জানুৱাৰী , ২০০৪ ত । সময়ত ' বাৰুদ ' চিত্ৰগৃহলৈ আহিলে নিশ্চয় বহুতে ক'লে হেতেন -- ' খাকি ' ' বাৰুদ 'ৰ দৰে ! ' বাৰুদ ' চিত্ৰগৃহলৈ আহিছিল ১৪ এপ্ৰিল , ২০০৪ ত । -- আমাৰ ধাৰণাত মুনিন বৰুৱাই ' চিনেমা 'ৰ সম্পূৰ্ণ আকাৰ দিয়ে চিত্ৰনাট্যতে । দক্ষ পৰিচালক গৰাকীৰ কেইবাখনো চিত্ৰনাট্য মই পঢ়িছো । সম্পূৰ্ণ চিনেমা খনেই লিখা থকে । চিনেমা জ্ঞান থকা পৰিচালক এগৰাকীয়ে মুনিন বৰুৱাৰ চিত্ৰনাট্য হাতত লৈ ' মুনিন বৰুৱাৰ চিনেমা ' সহজতে যে কেমেৰাত বন্দী কৰিব পাৰিব , কৰিব পাৰে সন্দেহ নাই । সেয়েহে ৰাজেশ ভূঞাৰ ' কোঁৱৰ পুৰৰ কোঁৱৰ ' , যতীন বৰাৰ ' অধিনায়ক ' আদিত পৰিচালক মুনিন বৰুৱাৰ উপস্থিতি স্পষ্ট । -- কথা প্ৰসঙ্গত মুনিন বৰুৱাই কৈছিল , " চিত্ৰগ্ৰহনৰ সময়ত কেৱল চিত্ৰগ্ৰহণ কৰিব লাগে । শ্বট কেনেধৰনে লম , ' চৰিত্ৰ 'ক কেনে ধৰণে ধৰি ৰাখিম ইত্যাদি চিন্তা ফ্ল'ৰলৈ আনিব নালাগে । চিত্ৰনাট্যতে শেষ কৰি থব লাগে । -- এয়া মোৰ ধাৰণা । মোৰ ধাৰণা , ' ফ্ল'ৰ ৱৰ্ক 'ত কৈ ' পেপাৰ ৱৰ্ক ' বেছি হব লাগে । মই চিত্ৰনাট্য লিখাৰ কথা কোৱা নাই । কৈছো , চিত্ৰনাট্য খন অধ্যয়ণ কৰি 'পেপাৰ ওৱৰ্ক ' কৰিব লাগে । " -- বুজিছিলো ! ' ফ্ল'ৰ ' চিনেমা পৰিচালক মুনিন বৰুৱাৰ দৃষ্টিত ' পৰীক্ষা গৃহ ! চিত্ৰনাট্য ' বিষয় ' ! ' ফ্ল'ৰ ' লৈ আহে পৰিপাটি ' ছাত্ৰ 'ৰ দৰে ! -- আমি এনেদৰে কব পাৰো নেকি , ' চিত্ৰনাট্য ' খনেই পৰিচিলক মুনিন বৰুৱাৰ বাবে ' গীতা ' ! -- ' ব্লুু প্ৰিণ্ট ' নহয় ! " নহয় , এই ধাৰণা শুদ্ধ নহয় । মই ভাৱো প্ৰাথমিক চিত্ৰনাট্য খন ' ব্লু প্ৰিণ্ট '। শ্বুটিং চিত্ৰনাট্য খনো চূড়ান্ত নহয় । শ্বুটিঙৰ সময়ত ভাল চিন্তা মনলৈ আহিলে যোগ - বিয়োগ কৰো । কিন্তু ' ফ্ল'ৰ 'ত কি কৰিম , কেনেদৰে কৰিম , নতুন কিবা কৰিব পৰা যায় নেকি ইত্যাদি চিন্তা কৰি সময় খৰচ নকৰো । '-- আমাৰ প্ৰশ্নৰ উত্তৰত মুনিন বৰুৱাই কৈছিল । ( ' নায়ক 'ৰ চিত্ৰগ্ৰহণৰ সময়ত । সেই সময়ত মই অজিত কুমাৰ ভূঞাৰ সম্পাদনাত প্ৰকাশ পোৱা দৈনিক কাকত ' আজি ' আৰু সাপ্তাহিক কাকত ' নতুন সময় 'ৰ সম্পাদনা বিভাগত ব্যস্ত আছিলো । স্বাভাবিকতে মুনিন বৰুৱাই কোৱা এই ' উত্তৰ ' প্ৰকাশ পাইছিল ' নতুন সময় 'ত । ) -- এই প্ৰসঙ্গ ইমানতে ইতি কৰিছো । এতিয়া আহিছো ' বাৰুদ - ২ ' প্ৰসঙ্গলৈ । আমি আশা কৰিব পাৰো দক্ষ চিনেমা লেখক - পৰিচালক ভাস্কৰ হাজৰিকাই মুনিন বৰুৱাৰ চিত্ৰনাট্যত মুনিন বৰুৱাৰ ' মুড ' অনুভৱ কৰাত ব্যৰ্থ নহব ! পৰিচালক মানস বৰুৱাও মুনিন বৰুৱাৰ চিনেকৰ্মৰ অতি ওচৰৰ । গতিকে আশা কৰিছো ' বহু স্বাভাবিক পৰিবৰ্তন 'ৰ পিছতো ' চিত্ৰৰসিকে ' বৰুদ - ২ 'ত মুনিন বৰুৱাৰ উপস্থিতি অনুভৱ কৰিব ! || মুনিন বৰুৱাৰ চিত্ৰনাট্য || ( তথ্য : মঞ্জুলা বৰুৱা )  ১। বোৱাৰী( পৰিচালক : শিৱপ্ৰসাদ ঠাকুৰ ) ২। ঘৰ সংসাৰ ( পৰিচালক : শিৱপ্ৰসাদ ঠাকুৰ ) ৩। এই দেশ মোৰ দেশ ( পৰিচালক : শিৱপ্ৰসাদ ঠাকুৰ ) ৪। প্ৰতীমা ( পৰিচালক : নিপন গোস্বামী , মুনিন বৰুৱা ) ৫। পিতা পুত্ৰ ( পৰিচালক : মুনিন বৰুৱা ) ৬। প্ৰভাতী পখীৰ গান ( পৰিচালক : মুনিন বৰুৱা ) ৭। সোণ মইনা ( পৰিচালক : শিৱপ্ৰসাদ ঠাকুৰ ) ৮। ভাই ভাই ( পৰিচালক : বিজু ফুকন ) ৯। পাহাৰী কন্যা ( পৰিচালক : মুনিন বৰুৱা ) ১০ । শেৱালী ( পৰিচালক : শিৱপ্ৰসাদ ঠাকুৰ ) ১১। হিয়া দিয়া নিয়া ( পৰিচালক : মুনিন বৰুৱা ) ১২। দাগ ( পৰিচালক : মুনিন বৰুৱা ) ১৩ । নায়ক ( পৰিচালক : মুনিন বৰুৱা ) ১৪ । কন্যাদান ( পৰিচালক : মুনিন বৰুৱা ) ১৫ । অগ্নিসাক্ষী ( পৰিচালক : যদুমণি দত্ত ) ১৬ । মায়া ( পৰিচালক : ৰাজেশ ভূঞা , পবিত্ৰ মাৰ্ঘেৰিটা ) ১৭ । অধিনায়ক ( পৰিচালক : যতীন বৰা ) ১৮ । ৰং ( পৰিচালক : মুনিন বৰুৱা ) ১৯ । বিধাতা ( পৰিচালক : মুনিন বৰুৱা ) ২০ । বাৰুদ ( পৰিচালক : মুনিন বৰুৱা ) ২১ । দীনবন্ধু ( পৰিচালক : মুনিন বৰুৱা ) ২২ । ৰিচাং ( পৰিচালক : মানস বৰুৱা ) ২৩ । জেতুকা পাতৰ দৰে ( পৰিচালক : যদুমণি দত্ত ) ২৪। ৰামধেনু ( পৰিচালক : মুনিন বৰুৱা ) ২৪ । অচিন চিনাকী ( পৰিচালক : মুন্না আহমেদ ) ২৫ । কোঁৱৰ পুৰৰ কোঁৱৰ ( পৰিচালক : ৰাজেশ ভূঞা ) ২৬ । নিজানৰ গান ( পৰিচালক : মুন্না আহমেদ ) ২৭। প্ৰিয়াৰ প্ৰিয় ( পৰিচালক : মুনিন বৰুৱা )