শনিবার, ৭ ফেব্রুয়ারি, ২০২৬

কাংব' আলতি | চিনেচৰ্চা

চিনেমা খনৰ নাম-- কাংব' আলতি (ইংৰাজীত ৰখা নাম:The Lost Path)। চিনেমা খনৰ সাহিত্যৰ ভাষা কাহিনী-বিষয়বস্তুৰ সৈতে খাপ খোৱা। কাহিনী-ৰেখাৰ মূলবিন্দু এজন জনজাতীয় কাৰ্বি ডেকা। নাম-- লংছিং। উগ্ৰপন্থী সংগঠন এটাৰ স্থানীয় সক্ৰিয় সদস্য। সংগঠনটোৰ প্ৰভাৱ বঢ়াবলৈ হিয়েক পঞ্জা নামৰ গাওঁ এখনত তাক দায়িত্ব দিয়া হয়।

কাহিনী আগবাঢ়ে-- নিজৰ দায়িত্ব পালনৰ বাটত আগবঢ়াৰ সময়ত লংছিং-এ এগৰাকী স্থানীয় যুৱতী ৰিংলিৰ প্ৰেমত পৰে। 

কাহিনীলৈ আহে-- বীৰেনছিং। গাঁও খনৰ একমাত্ৰ বিদ্যালয় খনৰ শিক্ষক। কাহিনীৰ গতিত বীৰেনছিং-এ  লংছিং-ক বিদ্যালয় খনলৈ মাতি আনে পঢ়ুৱাবলৈ। প্ৰসংগক্ৰমে বীৰেনছিং-এ নিৰ্দিষ্ট উগ্ৰপন্থী গোটটোক সমাজত চলাই থকা নিষ্ঠুৰ কাৰ্যকলাপৰ বাবে মুকলিকৈ সমালোচনা কৰে। আৰু এদিন সমালোচনা কৰাৰ অপৰাধত উগ্ৰপন্থী দলটোৰ সদস্যই বীৰেনছিঙক অপহৰণ কৰে, হত্যা কৰিবলৈ নিৰ্দেশ দিয়ে লংছিং-ক। সি নিৰ্দেশ অমান্য কৰে, সন্ত্ৰাসবাদ এৰি গাঁওলৈ উভতি আহে, বহু সেউজ সপোন মনত লৈ। কিন্তু সপোন সাকাৰ কৰাৰ বাটত খোজ দিয়াৰ আগতে দুজন বন্দুকধাৰীয়ে তাক হত্যা কৰে। ইমানতে কাহিনী শেষ।

কাহিনীত স্পষ্ট হয়-- শিক্ষা আৰু হিংসাৰ সংঘাত। 

চিনেমা খনৰ লেখক-পৰিচালক: খঞ্জন কিশোৰ নাথ। চিনেমা খনৰ ভাল লগা দিশ প্ৰতিটো ছিকুৱেন্সৰ বিশ্বাসযোগ্যতা। পৰিবেশ নিৰ্মাণ, সংগীত প্ৰয়োগ, চৰিত্ৰ নিৰ্মাণৰ লগতে "ভূগোল", "ইতিহাস"ৰ স্পষ্টতাত পৰিচালকৰ দক্ষতা, চিনে-শক্তি অনুভৱ কৰিছোঁ। 
(লিখি আছোঁ)

বুধবার, ৪ ফেব্রুয়ারি, ২০২৬

বিষয়: চিনেমা আলোচনী

ভাৰতৰ প্ৰথম খন "চিনেমা আলোচনী"  ১৯০৯ চনত প্ৰকাশ পাইছিল। নাম: The Indian Cinematograph. আলোচনীখন  প্ৰকাশ পাইছিল বোম্বে (বৰ্তমান মুম্বাই)-ৰ পৰা। --এই তথ্য পোৱা যায় আজয় মাহাত্ৰেৰ গ্ৰন্থ "আজছা চিত্ৰপট"ত। পৰৱৰ্তী সময়ত প্ৰকাশ পোৱা কেইখনমান ভাৰতীয় "চিনেমা আলোচনী"-- 

"বিজলী" (বাংলা): বিজলী  ভাৰতৰ অন্যতম প্রাচীন চিনেম আলোচনী। সাপ্তাহিক। ১৯২০ চনত কলিকতা (কলকাতা) পৰা প্ৰকাশ পাইছিল। মূল উদ্যোক্তা আছিল-- বাৰীন্দ্র কুমাৰ ঘোষ, নলিনীকান্ত সৰকাৰ, দীনেশ ৰঞ্জন দাস, শচ্চিদানন্দ সেনগুপ্ত আৰু অৰুণ সিংহ। সম্পাদক: প্রবোধকুমাৰ সান্যাল, নলিনীকান্ত সৰকাৰ। "তথ্য"ত পোৱা যায়-- এই আলোচনী খনত কাজী নজৰুল ইছলামৰ বিখ্যাত কবিতা  'বিদ্রোহী' প্রথম প্রকাশ প্ৰকাশ হৈছিল। এই তথ্যই স্পষ্ট কৰি দিয়ে-- চিনেমা আলোচনী খনত কবিতা আদিয়ো ছপা হৈছিল। --এই খিনিতে আমাৰ মনলৈ অহা এখন

#বিশেষ বাংলা চিনেমা আলোচনী "আন্তৰ্জাতিক আঙ্গিক"। বাংলা আলোচনী খনৰ প্ৰথম গৰাকী সম্পাদক: ৰাণা চৰকাৰ। ১৯৬০-ৰ দশকৰ পৰা ১৯৭০-ৰ দশকৰ মাজভাগলৈকে সক্ৰিয় আছিল। ১৯৭০-ৰ দশকৰ শেষৰ ফালে বন্ধ হৈছিল। 

"মৌজ মজা" (গুজৰিটী): গুজৰাটী চিনেমাৰ ইতিহাসত অন্যতম প্ৰভাৱশালী আৰু প্ৰথম খন চিনেমা আলোচনী। প্ৰকাশ স্থান: বোম্বে (মুম্বাই)। চন: ১৯২৪। প্ৰকাশক-সম্পাদক: জে. কে. দ্বিবেদী। সেই সময় চোৱাত "চিত্ৰপট" (প্ৰতিষ্ঠাপক সম্পাদক: নগিনলাল শ্বাহ। চন: ১৯২৯।) আন এখন গুজৰাটী ভাষাৰ চিনেমা আলোচনী প্ৰকাশ পোৱাৰ তথ্য পোৱা যায়।


 "মুভি মিৰৰ" (ইংৰাজী): Movie Mirror প্ৰকাশ পাইছিল মাদ্ৰাজ (বৰ্তমানৰ চেন্নাই) -ৰ পৰা। ১৯২৭ চনত। সম্পাদক আছিল এচ. কে. বাসুদেৱম (S. K. Vasudevam)। আলোচনী খনত গুৰুত্ব দিয়া হৈছিল বলিউড আৰু দক্ষীণ ভাৰতৰ চিনেমাৰ তাৰকা সকলক। 

পাছত, একে নামেৰে আমেৰিকান চলচ্চিত্ৰ বিষয়ক আলোচনী এখন প্ৰকাশ পোৱাৰ তথ্য পোৱা যায়। প্ৰকাশ পাইছিল ১৯৩১ চনৰ পৰা। ১৯৮০-ৰ দশকলৈ প্ৰকাশ পাইছিল। প্ৰথম গৰাকী সম্পাদক আছিল ৰুথ ৱাটাৰবেৰী (Ruth Waterbury)। আৰম্ভণিতে আলোচনী খন ফুটেৰা পাব্লিছিং (Futura Publishing) আৰু পৰৱৰ্তী সময়ত মেকফাডেন পাব্লিকেশ্যন (Macfadden Publications)-ৰ দ্বাৰা প্ৰকাশিত হৈছিল। আলোচনী আছিল।

 ১৯৪১ চনত এই আলোচনী খন #Photoplay  আলোচনীৰ সৈতে একত্ৰিত হৈছিল। --এই আলোচনী খনৰ বিষয়ে তথ্য পোৱা যায়-- "আমেৰিকাৰ অন্যতম প্ৰাচীন আৰু প্ৰভাৱশালী চিনেমা বিষয়ক অনুৰাগী আলোচনী (fan magazine)।" আলোচনী খনৰ পূৰ্ব ইতিহাস আছে-- "১৯১১ চনত এক চুটি থিয়েটাৰ প্ৰগ্ৰেম হিচাপে আৰম্ভ হৈছিল, পাছলৈ এক পূৰ্ণাঙ্গ আলোচনী ৰূপত হৈছিল। ১৯৮০ চনত ইয়াৰ প্ৰকাশ বন্ধ হৈছিল।"

এই খিনিতে উল্লেখ কৰিব পাৰি-- #অস্কাৰ আৰম্ভ হোৱাৰো বহু আগৰে পৰা এই আলোচনী খনে 'ফটোপ্লে মেডেল অফ অনাৰ' (Photoplay Medal of Honor) নামৰ এটা বছৰেকীয়া বঁটা প্ৰদান কৰিছিল। কোৱা হয়-- চেলিব্ৰিটি সংস্কৃতি গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এইটো বিশ্বৰ প্ৰথমটো উল্লেখযোগ্য চলচ্চিত্ৰ বঁটা। 

--এই আলোচনী খনৰ আৰ্হিতে "আনন্দলোক" (বাংলা) চিনেমা আলোচনী খন প্ৰকাশ কৰাৰ চৰ্চা পোৱা যায়। ১৯৭৫ চনৰ ২৫ জানুৱাৰীত প্ৰকাশ হৈছিল আলোচনী খনৰ প্ৰথমটো সংখ্যা। প্ৰথমগৰাকী সম্পাদক আছিল অৰুণ ভট্টাচাৰ্য। এই আলোচনী খনৰ সম্পাদকৰ দায়িত্ব দক্ষ চিনেমা পৰিচালক ঋতুপৰ্ণ ঘোষেও পালন কৰিছিল, ১৯৯৭ চনৰ পৰা ২০০৪ চনলৈ। বৰ্তমান সম্পাদক: কৌশিক পাল। (লিখি আছোঁ)

মঙ্গলবার, ৩ ফেব্রুয়ারি, ২০২৬

বিষয়: চিনেমা

বুদ্ধদেৱ দাশগুপ্তৰ মতে, 

"চিনেমাৰ মূল আধাৰ কাহিনী বা বিষয়বস্তু নহয়,  চিত্ৰকল্পহে। মোৰ বিশ্বাস-- শব্দতকৈ দৃশ্যই অধিক গভীৰভাৱে মন চুব পাৰে।"

কবিতা আৰু চিনেমাৰ সংমিশ্ৰণ: তেওঁৰ চিনেমাক "এগৰাকী ভাল পৰিচালক হ’বলৈ হ’লে কবিতা পঢ়া আৰু চিত্ৰকলা চৰ্চা কৰাটো অত্যন্ত জৰুৰী।"

"কেৱল বাস্তৱিক চিনেমা নিৰ্মাণ কৰাতকৈ বাস্তৱৰ সৈতে সপোন আৰু যাদুৰ মিশ্ৰণ ঘটাই এক পৃথক জগত সৃষ্টি কৰাটোহে প্ৰকৃত চিনেমা।" 

"বাস্তৱৰ সৈতে কল্পনা আৰু যাদু (Magic Realism) এক গিলাচত মিহলাই দিলে যিটো তৈয়াৰ হ’ব, সেয়াই তেওঁৰ চিনেমা। মোৰ ধাৰণাত চিনেমাত ৰিয়েলিজম বা বাস্তৱবাদক চেৰাই এক ধৰণৰ আধ্যাত্মিক আৰু কাব্যিক সত্য বিচাৰি পোৱা যায়।"

"ব্যৱসায়িক লাভালাভ বা ব্যৱস্থাৰ ওচৰত আত্মসমর্পণ কৰিলে এজন পৰিচালকৰ মৌলিকত্ব হেৰাই যায়।"

"জনসাধাৰণৰ দুখ-যন্ত্ৰণা আৰু সামাজিক বিসংগতিসমূহক চিনেমাত প্ৰকাশ কৰা উচিৎ!"

"কেৱল বাজেট ভাল হ’লেই চিনেমা ভাল নহয়; সৃজনশীলতা আৰু নতুনত্বহে আচল কথা।" 

 "যুৱ পৰিচালকসকলক কাকো অনুকৰণ নকৰি নিজৰ শৈলী বিচাৰি উলিয়াব লাগে।"

সোমবার, ২ ফেব্রুয়ারি, ২০২৬

সাহিত্যৰ চিনেমা, চিনেমাৰ সাহিত্য/১

আৰম্ভ কৰিছোঁ মোৰ প্ৰিয় পৰিচালক, মজিদ মাজাদি আৰু সঞ্জয় লীলা ভাঞ্চালিৰ কথাৰে--

ইৰানৰ পৰিচালক মজিদ মাজাদিৰ মতে, সাহিত্য আৰু চিনেমাৰ মাজত এক গভীৰ আৰু আত্মিক সম্পৰ্ক আছে। "চিনেমা কেৱল এটা দৃশ্যমান মাধ্যম নহয়, বৰঞ্চ ই সাহিত্যৰ দৰেই এক ভাষা। কবিতাৰ বেছি ওচৰৰ। যিদৰে কবিতাৰ ভাষা চুটি কিন্তু ভাব গভীৰ, তেনেদৰে চিনেমাৰ দৃশ্যবোৰেও শব্দতকৈ অধিক মৌনতা আৰু প্ৰকৃতিৰ উপাদানৰ (যেনে-- আকাশ, বৰষুণ, চৰাই) জৰিয়তে গল্প কয়।"

বলিউডৰ পৰিচালক সঞ্জয় ভাঞ্চালিৰ মতে, "চিনেমা আৰু সাহিত্যৰ সম্পৰ্ক কেৱল কাহিনী কোৱাৰ মাধ্যম নহয়, বৰঞ্চ ই এক দৃশ্যমান কবিতা (Visual Poetry) সদৃশ।"

চিনেচিন্তা ভিন্ন, পৰিচালনা শৈলীৰ দূৰত্ব আছে, ভৈগোলিক দূৰত্ব আছে; কিন্তু ব্যখ্যা একে ধৰণৰ। 

কেৱল এই দুগৰাকী পৰিচালকেই নহয়, বিশ্বৰ বহু পৰিচালকৰ ব্যাখ্যত এই মিল পোৱা যায়-- "Chinese poets use metaphors or symbols to express deep meaning." আৰু ভিন্ন চিনেমা কেন্দ্ৰিক আলোচনাত পোৱা আন এটা মিল-- "There is a similarity between the rhythm of the poem and the editing or pace of the film, which binds the audience emotionally.

এই খিনিতে মনলৈ আহিছে বুদ্ধদেব দাশগুপ্তৰ "চিনেকৰ্ম"। "চিনেমাৰ কবি" (চলচ্চিত্রের কবি)

খ্যাত এই গৰাকী পৰিচালকে কেমেৰাৰৰ ভাষাক কাব্যিক-চিনেমা পৰ্যায়ত উত্তৰণ কৰাইছিল। পৰিচালক গৰাকীৰ ভাষাত-- "চিনেমা এখনত কেতিয়াবা, কোনো লেখক-পৰিচালকৰ চিন্তাত গল্প নাথাকিব পাৰে! মই ক'ব বিচাৰিছোঁ 'গল্প' এটাক বাদ চিনেমা এখন সম্ভৱ হ'ব পাৰে; কিন্তু চিনেমাত 'কবিতা' থাকিবয়ে।... যিসকলে কবিতা আৰু সংগীত ভাল পায়, তেওঁলোকৰ বাবে চিনেমা এক নিৰন্তৰ দৰ্শন।"

--এই লেখাৰ বিষয় "চিনেম-কবিতা সম্পৰ্ক নহয়। বিষয়ৰ বাহিৰতো নহয়, আমাৰ এই চৰ্চা। উল্লেখ কৰা চিনে-পণ্ডিত কেইগৰাকীৰ "কবিতা অনুভৱ"কে চিনেমাৰ সাহিত্য বুলি ক'ব পাৰি। কেমেৰাৰে ৰচনা কৰা "অনুভৱী সাহিত্য" বুলিব পাৰি। য'ত স্পষ্ট হয় পৰিচালকৰ চিনে-দক্ষতা, নিৰ্দিষ্ট বিষয়বস্তুৰ গভীৰতা (depth) -লৈ যাব পৰা ক্ষমতা। 

আহিছোঁ মূল বিষয়লৈ। সাহিত্যৰ চিনেমালৈ। গল্প, নাটক, উপন্যাসৰ আধাৰত চিত্ৰনাট্য ৰচনা কৰা "চিনেমা" প্ৰসংগলৈ। 

তথ্যই কয়-- নিৰ্বাক যুগতে "সাহিত্য"ৰ আধাৰত চিনেমা (সেই সময়ত যাক কোৱা হৈছিল Moving pictures, ছলমান ছবি। পাছলৈ-- Movie) নিৰ্মাণ হৈছিল। উদাহৰণ--

১।বেন-হুৰ (Ben-Hur, 1907):  

Wallaceৰ ১৮৮০ চনত প্ৰকাশ পোৱা জনপ্ৰিয় উপন্যাস "Ben-Hur: A Tale of the Christ" (বেন-হুৰ: এ টেল অফ দ্য ক্ৰাইষ্ট)ৰ ওপৰত আধাৰত  Sidney Olcott আৰু Frank Oakes Rose-এ পৰিচালনা কৰা নিৰ্বাক চিনেমা খনৰ চিত্ৰনাট্য লিখিছিল Gene Gauntier-এ। ১৫ মিনিট দৈৰ্ঘৰ এই চিনেমা খনৰ কাহিনীক তিনিটা ভাগত চিত্ৰায়ণ কৰাৰ তথ্য পোৱা যায়। সংগ্ৰহ কৰা কাহিনী-ৰেখা অসমীয়াত অনুবাদ কৰিলে এনেধৰণৰ হ'ব-- "কাহিনীৰ আৰম্ভণিতে দেখা যায়-- জেৰুজালেমত এজন ৰোমান গৱৰ্ণৰৰ আগমনৰ শোভাযাত্ৰা চলি থকা সময়তে বেন-হুৰৰ ঘৰৰ চালৰ পৰা এটা টাইল (tile) দুৰ্ঘটনাক্ৰমে গৱৰ্ণৰৰ ওপৰত পৰে। ইয়াকে হত্যাৰ চেষ্টা বুলি গণ্য কৰি বেন-হুৰৰ বাল্যবন্ধু মেছলাই তেওঁক গ্ৰেপ্তাৰ কৰে আৰু দাস হিচাপে গ্যালি জাহাজলৈ (galley ship) পঠিয়াই দিয়ে। --এয়া কাহিনীৰ প্ৰথম পৰ্যায়। 

দ্বিতীয় পৰ্যায়ত-- বেন-হুৰে কেইবাবছৰো গ্যালি জাহাজত শিকলিৰে বন্ধা অৱস্থাত দাসত্ব স্বীকাৰ কৰি থকা সময়ত, এখন যুদ্ধৰ সময়ত তেওঁ ৰোমান সেনানায়ক অৰিয়াছৰ প্ৰাণ ৰক্ষা কৰে। ইয়াৰ বিনিময়ত অৰিয়াছে তেওঁক তোলনীয়া পুত্ৰ হিচাপে গ্ৰহণ কৰে  ৰোমান নাগৰিকত্ব লাভ কৰি মুক্তি পায় লাভ কৰে।

মুক্তি লাভ কৰাৰ পাছত বেন-হুৰে নিজৰ পৰিয়ালক বিচাৰি আৰু মেছলাৰ বিৰুদ্ধে প্ৰতিশোধ ল'বলৈ জেৰুজালেমলৈ উভতি আহে। চিনেমাখনৰ আটাইতকৈ আকৰ্ষণীয় দৃশ্যটো হৈছে ৰথ দৌৰৰ প্ৰতিযোগিতাখন, য'ত বেন-হুৰ আৰু মেছলাই মুখামুখি হয়। এই দৌৰত বেন-হুৰ জয়ী হয় আৰু মেছলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। --এয়া তৃতীয়; আৰু চিনেমা খনৰ শেষ পৰ্যায়।" --এই খিনিতে উল্লেখ কৰিব পাৰি-- এই চিনেমা খনত মূল উপন্যাসখনৰ ধৰ্মীয় দিশ আৰু যীশু খ্ৰীষ্টৰ চৰিত্ৰটো সম্পূৰ্ণৰূপে বাদ দিয়া হৈছিল। (উৎস: বাংলা আলোচনী-- "আন্তৰ্জাতিক আঙ্গিক")

২। বাৰ্থ অৱ এ নেচন (The Birth of a Nation, 1915): 

মূলতঃ আমেৰিকান লেখক থমাছ ডিক্সন জুনিয়ৰ (Thomas Dixon Jr.) -ৰ ১৯০৫ চনত প্ৰকাশ প্ৰকাশ পোৱা এখন ধাৰাবাহিক উপন্যাস দ্য ক্লেনছমেন (The Clansman: A Historical Romance of the Ku Klux Klan)  আধাৰত চিত্ৰনাট্য লিখিছিল। চিত্ৰনাট্যত ছাঁ পৰিছিল ডিক্সনৰ আন এখন উপন্যাস 'দ্য লিপাৰ্ডছ স্পটছ' (The Leopard's Spots) -ৰ। চিনেমা খনৰ কাহিনী নিৰ্মাণ হৈছিল আফ্ৰিকান-আমেৰিকানসকলক নেতিবাচকভাৱে উপস্থাপনেৰে। "চিনেমাৰ ইতিহাস"ত উল্লেখ আছে-- এই চিনেমা খনত পোনপ্ৰথমবাৰৰ বাবে ক্লজ-আপ (close-up), ফেড-আউট (fade-out), বৃহৎ যুদ্ধৰ দৃশ্যৰ দৰে আধুনিক কৌশল ব্যৱহাৰ কৰা হৈছিল। চিত্ৰনাট্য লিখিছিল-- D. W. Griffith আৰু Frank E. Woods-এ। তথ্য মতে, এই খন আছিল আমেৰিকাৰ প্ৰথম 'ব্লকবাষ্টাৰ'।

৩। দ্য আৰু দা ফেণ্টম অৱ দা অপেৰা (The Phantom of the Opera, 1925): একে নামৰ উপন্যাসৰ আধাৰত ৰচনা কৰা হৈছিল চিত্ৰনাট্য। ঔপন্যাসিক: গেষ্টন লেৰক্স। ১৯১০ চনত প্ৰকাশ পোৱা উপন্যাস। চিনেমা খন পৰিচালনা কৰিছিল ৰুপাৰ্ট জুলিয়ানে। 

--সংগ্ৰহ কৰা কাহিনী ভাগ অসমীয়ালৈ অনুবাদ কৰিলে এনে ধৰণৰ হ'ব-- "পেৰিছ অপেৰা হাউচৰ তলত বাস কৰা এজন বিকৃত চেহেৰাৰ সংগীত প্ৰতিভাই এগৰাকী নৱাগতা গায়িকা ক্ৰীষ্টিন ডায়েৰ  প্ৰেমত পৰে। তেওঁক তাৰকা সজাবলৈ এৰিকে বিভিন্ন অপৰাধমূলক কাণ্ড সংঘটিত কৰে আৰু অৱশেষত তেওঁক অপহৰণ কৰে।" 


(লিখি আছোঁ)

রবিবার, ১ ফেব্রুয়ারি, ২০২৬

আকাশ হেনো নদীৰ নাম | চিনেচৰ্চা

এখন গাঁও বা চহৰ। নদীৰ পাৰৰ। পৰম্পৰাক, নিজৰ আচাৰ-ব্যৱহাৰক সন্মান জনাই অহা গাওঁ খনৰে বাসিন্দা ৰূপালী গল্পটোৰ "নায়ক"ৰ (চৰিত্ৰটো নিৰ্মাণ কৰিছে বিষ্ণু খাৰঘৰীয়াক লৈ। বিপৰীতে চৰিত্ৰটো নিৰ্মাণ কৰিছে ৰীণা বৰাক লৈ। পতি-পত্নী।)। "নায়ক" ব্যস্ত ব্ৰজাৱালী ভাষা চৰ্চাত, উদ্ধাৰত। ৰূপালী গল্পটোৰ গতিৰ পূৰ্বেই দেখা যায়-- "নায়ক"ৰ মন-মগজুত ব্ৰজাৱলী শব্দ! প্ৰায় বিলুপ্ত ভাষাটোক পুনৰুজ্জীৱিত কৰিবলৈ চেষ্টা কৰা "নায়ক"ৰ পুত্ৰ ঘৰলৈ আহে বহু বছৰৰ পাছত। লগত এজন বন্ধু। কাহিনী আগবাঢ়ে। মাক-দেউতকে পুত্ৰৰ বিয়াৰ কথা ভাৱে। এদিন ছোৱালীৰ ঘৰৰ মানুহ আহে। সেই দিনটোতে পুত্ৰৰ পৰা মাকে জানিব পাৰে-- লগত অহা "বন্ধু" জনৰ সৈতেই তাৰ সংসাৰ (সমলিংগ সম্পৰ্ক)। স্বাভাৱিকতে সংঘাত হয়-- পুত্ৰৰ ভাৱধাৰা আৰু পিতৃ-মাতৃৰ ভাৱধাৰাৰ। ঘৰখনৰ সৈতে কাহিনীৰ সমাজ খনৰ সৈতে দূৰত্ব বাঢ়ে। --"নায়ক" ব্যক্তিগত আৰু সামাজিক সংকটৰ চাকনৈয়াত পৰে। 

(লিখি আছোঁ)