শনিবার, ২৬ এপ্রিল, ২০২৫

কাইফি আজমী

["কাইফি আজমী মানুহজন" --লিখিছিলোঁ সাংবাদিক, লেখক (যি গৰাকী আজি আমাৰ মাজত নাই) মোহন কাকতিৰ তাগিদাত। ১০ মে' ২০০২ (বয়স ৮৩)

মুম্বাইত কাইফি আজমীৰ কায়িক মৃত্যু হৈছিল। ১১ মে'ৰ দৈনিক কাকত "আজি"ৰ সম্পাদকীয় পৃষ্ঠাত ছপা হৈছিল এই "কাইফি চৰ্চা"।]


মেৰিন ড্রাইভ কিম্বা জুহু বীচ্চৰ আবেলিত তেওঁ হয়তো সন্ধান কৰে এছাটি শীতল, নির্মল বতাহ। প্রায়ে দেখা যায় তেওঁক। সদায় দেখা জনে কথাৰে, হাঁহিৰে সম্ভাষণ জনায়। চিনাকিৰ প্ৰয়োজন নাই, তেওঁৰ বাবে হয়তো অচিনাকি, কিন্তু সম্ভাষণ জনোৱা প্ৰতিগৰাকীৰ বাবে তেওঁ চিনাকি। চিনাকিয়ে নহয়, প্ৰতিগৰাকীৰ যেন অতি ওচৰৰ, অতি মৰমৰ। নাম তেওঁৰ কাইফি আজমী।


: কোন কাইফি আজমী?


: শ্বাবানা আজমীৰ বাবা।-- এয়াই নেকি তেওঁৰ পৰিচয়! হয়, তেওঁৰ নামটো শুনাৰ পিছত যিসকলে 'কোন কাইফি আজমী' বুলি প্ৰশ্ন কৰে তেওঁৰ বাবে এয়াই পৰিচয়-- কাইফি আজমী শ্বাবানাৰ দেউতাক। নামটো শুনাৰ পাছত যিসকলে প্রশ্ন নকৰে, তেওঁলোকে জানে এছাটি শীতল, নিৰ্মল বতাহৰ সন্ধানত পিটপিটাই ফুৰা এই মানুহজনক ব্যাখ্যা কৰা অসম্ভৱ। ("এনেই ঘূৰি ফুৰোঁ-ক'তনো পাবা নির্মল বতাহ..." প্রদূষণ সম্পর্কীয় এটি প্রশ্নৰ উত্তৰত কাইফি আজমী)।


দেখিছোঁ, বহুজনক দেখিছোঁ। শুনিছোঁ, বহুজনৰ বিষয়ে শুনিছোঁ। চাক্ষুস চিনাকিৰ পাছত আমাৰ মনত 'বিখ্যাত' বহুজনে চুচুক-চামাককৈ তেওঁৰ ওচৰ চাপে, বুজিবলৈ চেষ্টা কৰে আৰু ছল পালেই আত্মীয়তা গঢ়ি তোলে। স্বার্থ--কিছু হ'লেও আস্বাদ লোৱা শ্বায়েৰীৰ। শব্দৰ এজন যাদুকৰ গুলজাৰে লিখিছিল, "...আপুনি তেওঁৰ (কাইফি আজমীৰ) ওচৰে-পাঁজৰে ঘূৰি ফুৰে, অথচ তেওঁৰ শ্বায়েৰী শুনা নাই, তেনেহ'লে সন্দেহ নাই, তেওঁৰ ওচৰত থাকিও আপুনি তেওঁৰ পৰা বহু নিলগত আছে। তেওঁৰ প্ৰতিটো শ্বায়েৰী আপুনি পঢ়িছে, কিন্তু তেওঁৰ কণ্ঠ শুনা নাই, তেনেহ'লে সন্দেহ নাই তেওঁৰ শ্বায়েৰীৰ পূৰ্ণ আস্বাদ লোৱাৰ সুযোগ আপুনি এতিয়াও পোৱা নাই। সঁচা কথা কওঁনে-- তেওঁৰ ওচৰ চাপিছিলোঁ কেৱল তেওঁৰ শ্বায়েৰীৰ পূৰ্ণ আস্বাদ লোৱাৰ স্বাৰ্থত।"*


প্ৰকৃতাৰ্থত তেওঁ আছিল শ্বায়েৰ। তেওঁৰ লক্ষ্যই আছিল শ্বায়েৰী। উত্তৰ প্ৰদেশৰ আজমগড়ৰ তেনেই সৰু গাঁও মিজৱানত 

জন্ম হোৱা কাইফিয়ে শৈশৱতেই পাইছিল শ্বেৰ শ্বায়েৰীৰ পৰিৱেশ। পৰিৱেশেই তেওঁৰ মনত 'তাগিদা'ৰ সৃষ্টি কৰিছিল আৰু তাগিদাই বাধ্য কৰাইছিল হাতত কাপ তুলি ল'বলৈ। "আচলতে মোৰ মন তেতিয়া বিদ্রোহী হৈ উঠিছিল মোৰ আশে-পাশে ঘূৰি ফুৰা শ্বায়েৰী প্রেমী সকলৰ বিৰুদ্ধে। সৰুতে যেতিয়া মই তেওঁলোকক শ্বায়েৰী শুনাবলৈ চেষ্টা কৰিছিলোঁ, মোক অৱজ্ঞা কৰিছিল। দুই-এজনে শুনিছিল, সুধিছিল ক'ৰ পৰা 'কপী' কৰিছ? মানি লোৱা নাছিল সেয়া যে মই নিজেই লিখা। এনেবোৰ ঘটনাই মোক কন্দুৱাইছিল। কিন্তু মই দুৰ্বল হৈ পৰা নাছিলোঁ। মোৰ একমাত্র বন্ধু বাজিদ বাজিক কৈছিলোঁ-- 'চাই থাকা বাজি, এদিন মই হিন্দুস্তানৰ বিখ্যাত শ্বায়েৰ হ'ম। কোনোধৰণৰ শক্তিয়েই মোক বাধা দিব নোৱাৰে।"


"লক্ষ্য যাৰ স্থিৰ, সি লক্ষ্যস্থানত উপনীত হ'বই।..." কৈছিল বাজিদ বাজিয়ে-- "মই তেওঁৰ (কাইফি আজমীক) তেতিয়াই শ্বায়েৰ হিচাপে পছন্দ কৰিছিলোঁ। আনে বুজাৰ দৰে হয়তো মই শ্বায়েৰী নুবুজোঁ। শ্বায়েৰীৰ আস্বাদ লোৱাৰ পৰিৱেশৰ মাজত আমি লালিত-পালিত হোৱা বাবেই স্বাভাৱিকতেই উত্থাপন হৈছিল ভাল লগা-বেয়া লগাৰ প্ৰশ্নটো। মোৰ উত্তৰ সদায় এটাই আছিল আন কোনো হ'ব নোৱাৰে কাইফি, .... কাইফিৰ শ্বায়েৰীৰ ওপৰত।"


ৱাজিদ বাজিৰ প্ৰিয় শ্বায়েৰ, প্রিয় শ্বায়েৰী, আন বহুতৰো প্রিয় হ'ব ধৰিলে। বহুতেই, আনকি পোনতে অৱজ্ঞা কৰাসকলেও দ্বিধাবোধ নকৰিলে প্রিয় শ্বায়েৰৰ আসনত কাইফি আজমীক বহুৱাবলৈ। আকৌ কন্দুৱাইছিল কাইফিক, এইবাৰ পিছে সাফল্যৰ সংকেত। "মুদ্‌দ কে বাদ উচনে জো কী লুতফ কী নীগাহ/জী খুছ তো হো গয়া মগৰ আঁছু নিকাল পড়ে।" জকাইচুকৰ শ্বায়েৰে মুম্বাইত খোজ পেলালে। মুম্বাইতো ব'বলৈ ধৰিলে 'কাইফি শ্বায়েৰী'ৰ সুৱাস। বাঃ ইমান সুৱাস। প্ৰদূষিত মুম্বাই মহানগৰীতো এনে 'বিশুদ্ধ' সুবাস পোৱা যায়নে? হয়, প্রদূষিত মুম্বাই। গীত, শ্বায়েৰী, অভিনয়ৰ জখলাডাল ইয়াতেই থাকে। শিল্প-সাহিত্যৰ সৈতে জড়িতসকলৰ 'এন্দুৰ দৌৰ'। 'এন্দুৰ দৌৰ'ত যোগ দিয়াৰ লগে লগেই শিল্পকর্ম হয় প্রদূষিত। কোনোকালেই কিন্তু কাইফি আজমীয়ে 'এন্দুৰ দৌৰ'ত যোগ দিয়া নাছিল। গ্লেমাৰৰ পাছত দৌৰা নাছিল। তেওঁৰ হৃদয়ত সৃষ্টি হোৱাবোৰহে কাপৰ মুখেৰে ওলাইছিল। কাপেৰে কোনোধৰণৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা নাছিল। আগশাৰীৰ গীতিকাৰ-চিত্রনাট্যকাৰ তথা কাইফিৰ জোঁৱাই জাভেদ আখতাৰে লিখিছিল, 'ইয়াত (মুম্বাইত) শ্বায়েৰী, গীত সকলো সৃষ্টিকর্মই পণ্য। পৰিবেশেই আমাক বাধ্য কৰাইছে। পৰিৱেশৰ সৈতে তাল মিলাই আমি দৌৰ আৰম্ভ কৰিছোঁ। আমি কি লিখিম সেয়া ভবাৰ দায়িত্ব যেন আমাৰ হাতৰ পৰা লাহে লাহে ওলাই গৈছে।... এতিয়া মাথোঁ আমি শব্দ 'কম্পোজ'ত ব্যস্ত হৈ পৰিছোঁ। আমাৰ অনুভূতি যেন লাহে লাহে হেৰাই গৈছে।... এনে পৰিৱেশৰ মাজতো কিন্তু তেওঁ (কাইফি আজমীয়ে) নীৰৱে সৃষ্টিকর্ম কৰি গৈছে। ছবিৰ বাবে গীতো লিখিছে। কোনোকালেই কিন্তু আনৰ 

চিন্তাৰে লিখা নাই।... "** সেই বাবেই হয়তো তুলনামূলকভাবে গীতৰ সংখ্যা কম আছিল। কিন্তু শ্রোতাৰ হৃদয়ত আলোড়ন সৃষ্টি কৰিছিল প্রতিটো গীতেই। আজিৰ প্ৰজন্মৰ মুখত শুনা যায় কাইফি চাহাবৰ সেই অমৰ সৃষ্টি 'এ দুনীয়া, এ মেহফিল, কই কাম কি নেহি...'। এগৰাকী পৰিচালক, যিজনক আজিৰ তাৰিখত কোৱা হয় 'ছুপাৰ ফিল্মমেকাৰ', তেওঁ কাইফি আজমীৰ ওচৰ চাপিছিল বহুদিনীয়া আশা এটা লৈ। কৈছিল-- কাইফি চাহাব, মোৰ বহুদিনীয়া 'আশা'টো লৈ আহিছোঁ, মোক হতাশ নকৰিব। অন্ততঃ এটা গান হ'লেও মোৰ বাবে লিখক। আপুনিতো শব্দৰ যাদুকৰ। মই বিচৰা গানটো...। পৰিচালকগৰাকীৰ কথা শেষ হ'বলৈ নিদিলে কাইফি চাহাবে স্পষ্টভাৱে কৈছিল, "আপুনি বোধহয় মোৰ গান বিচাৰি অহা নাই। মোৰ নামটো ব্যৱহাৰ কৰিব বিচাৰিছে। মোৰ নামটো পাছে সিমান বিখ্যাত নহয় আৰু আপুনি ভবাৰ দৰে মই শব্দৰ যাদুকৰো নহওঁ। বেয়া নাপাব আপুনি বিচৰা ধৰণে শব্দ কেইটামান কম্পোজ কৰি দিবলৈ মই অসমৰ্থ। আপোনাৰ দৰে পৰিচালকৰ ছবিত 'মোৰ' গান থাকিলে ময়ো আনন্দ অনুভৱ কৰিলোঁহেঁতেন। মোৰেই দুর্ভাগ্য আপুনি সুযোগ দিয়াৰ পিছতো আনন্দ উপভোগ কৰিব নোৱাৰিলোঁ।"***  এই কথোপকথনখিনিৰ উদ্ধৃতি দি বিখ্যাত সংগীতকাৰ খয়্যাম মৰহুমে কৈছিল, "তেওঁক বুজোৱাৰ প্ৰয়োজন নাই। মাথোঁ ওচৰলৈ গৈ ক'লেই হ'ব এনেধৰণৰ ছবি এখন হাতত লৈছোঁ, আপুনি লিখা গীত ব্যৱহাৰ কৰিব খোজোঁ। দেখিব আপুনি বিচৰাধৰণৰ গানেই, আপোনাৰ হাতত তুলি দিছে। আপুনি কোৱা মতে কিন্তু আন দহজন গীতিকাৰৰ দৰে গীত লিখি দিবলৈ তেওঁ সন্মত নহ'ব। তেওঁৰ স্বভাৱ মই ভালদৰেই জানো। এই স্বভাৱৰ বাবেই বহুতেই তেওঁক অহংকাৰী বুলি কয়। মই কওঁ এই অহংকাৰৰ বাবেই তেওঁ আন দহজনতকৈ বেলেগ, শ্রেষ্ঠ। অহংকাৰী নহ'লে আমি কেতিয়াও আজি পোৱাৰ দৰে হৃদয়স্পর্শী গীত-শ্বায়েৰী

নাপালোঁহেঁতেন।"* গীত বা শ্বায়েৰীৰ 'ইমেজ'টো মনৰ পৰ্দাত ধৰা দিয়াৰ পাছত কাইফি চাহাবক 

শব্দৰ সৈতে খেলা অৱস্থাত বহুজনেই পাইছে। খেলি থকা অৱস্থাত জাভেদ আখতাৰ, গুলজাৰৰ দৰে কোনোবা এজন যদি ওচৰত আছিল খেলখন বেছ উপভোগ্য হৈ পৰিছিল হেনো! ওচৰত থকা কোনোবাজনক শুনাইছিল, মতামত বিচাৰিছিল, মতামতলৈ অপেক্ষা নকৰি ৰং সলাইছিল। এটা সময়ত তেওঁ সন্তুষ্ট হৈছিল, ওচৰত থকা 'কোনোবাজনক শুনাইছিল, কৈছিল "মতামত দিব নালাগে। এতিয়া এইটো (শায়েৰী বা গীতটো) মোৰ সম্পত্তি। শুনি বেয়া পালে পাহৰি যাবা।"** খয়্যাম মৰহুমে কৈছিল-- "এয়াই তেওঁৰ স্বভাৱ। আনৰ মতামত শুনিব নোখোজে। কাৰণ আত্মসন্তুষ্টিৰ ঊর্ধ্বত, তেওঁৰ বাবে আন একো হ'ব নোৱাৰে। মই সুধিছিলোঁ আপুনি কিয় এনেকুৱা? ধেমালিৰ সুৰেৰে তেওঁ কৈছিল-'কাৰণ মই আনতকৈ বেলেগ।' হয়, কাইফি আজমী আনতকৈ বেলেগ! প্রদূষিত মুম্বাইত নিজেই 'ট্রেক' এটাৰ সৃষ্টি কৰি 'বিশুদ্ধ সুৱাস' বিলাই গৈছে বিশুদ্ধ শ্বায়েৰী, গীতেৰে। তেওঁ মেৰিন ড্রাইভ বা জুহু বীচ্চত শীতল-নিৰ্মল বতাহৰ সন্ধান কৰাৰ দৰে কাব্যপ্রেমীসকলে 'বিশুদ্ধ সুৱাস' বিচাৰি পৃষ্ঠা লুটিয়ায় 'ঝংকাৰ', 'ছমায়া', 'জেহৰ-ই-ইছক'...


[সামনা* মুম্বাই স্বকাল**... মিড ডে***]

শুক্রবার, ২৫ এপ্রিল, ২০২৫

অৰিবাম

নতুন চিন্তা, মুকলি মনৰ চিন্তা, শুদ্ধ চিনেমা চৰ্চাৰে তৰুণ পৰিচালকসকলে 'ভাৰতীয় চিনেমা'ক 'বিশ্ব চিনেমা'ৰ এৰিব নোৱাৰা 'অংগ' হিচাপে প্রতিষ্ঠা কৰিব পাৰিবনে?-- নোৱাৰাৰ কাৰণ নাই। মণিপুৰৰ অৰিবামে পাৰিছিল, অৰিবাম শ্যাম শৰ্মাৰ চিনেমা 'কান"ৰ দৰে চলচ্চিত্র মহোৎসৱত প্রদর্শন হৈছিল-- চর্চা হৈছিল। তেতিয়াৰ পৰাই পৰিচালকগৰাকীয়ে চিঞৰিছিল-- শুদ্ধ চিনেমা চর্চাই ভাৰতীয় চিনেমাক 'বিশ্ব চিনেমা'ৰ স্তৰত সহজে বহুৱাব পাৰে।

দিন হ'ল! অৰিবাম শ্যাম শর্মাক লগ পাইছিলোঁ, কিছু সময়ৰ বাবে। 'চিনেমাৰ ভঁৰাল'-- প্রথম আলাপতে অনুভৱ কৰিছিলোঁ। 'চিত্রকর্মী' গৰাকীৰ চিন্তা-চর্চা কোনো বিশেষ বৃত্তৰ মাজত বন্দী নহয়। কলা-বাণিজ্যৰ বিভাজন চিনেমাত বিশ্বাস নকৰে। কৈছিল-- "মই চিনেমা নাজানো, কিন্তু চিনেমা কেনে হোৱা উচিত সেয়া জানো।... সত্যজিৎ ৰায় মোৰ প্ৰিয় পৰিচালক। কিন্তু মই তেওঁৰ ছাত্র হ'বলৈ চেষ্টা কৰা নাছিলোঁ। ভিট্টোৰিয়া ডি চিকাৰ 'বাইচাইকেল থীফ' ( ইটালীয় ভাষাত: Ladri di biciclette) -ৰ এক মহৎ শৈলী। তেনেদৰে মই অধ্যয়ন কৰিছিলোঁ, ঋত্বিক ঘটকৰ 'অযান্ত্রিক'। সেইখনো মই চৰ্চা কৰিছিলোঁ, কিন্তু মগজুত থাকিব দিয়া নাছিলোঁ। মন-মগজুত সেই চিনেমাসমূহ থকা হ'লে হয়তো মই 'ইছানৌ' ৰচনা কৰাত উজুটি খালোঁহেঁতেন।.... " --অৱশ্যে পৰিচালকগৰাকীয়ে স্বীকাৰ কৰে তেওঁৰ ৰচনাশৈলী, পৰিচালনাশৈলীত যে জাপানী শৈলীৰ প্ৰভাৱ স্পষ্ট। পৰিচালকগৰাকীৰ ব্যাখ্যা-- "মংগোলীয় মূলৰ চাৰিত্ৰিক, সাংস্কৃতিক বৈশিষ্ট্য থকা হেতু বোধহয় জাপানী চলচ্চিত্ৰ নিৰ্মাতাৰ প্ৰভাৱ মোৰ কামত পৰিছে। সমালোচক আৰু বিশেষজ্ঞসকলে মোক ওজুৰ সৈতে তুলনা কৰে। মই পিছে তেওঁৰ বেছি চিনেমা চোৱা নাই। মোৰ কথা-- আঞ্চলিক আৰু থলুৱা লোকৰ জীৱনধাৰা আৰু চাৰিত্ৰিক বৈশিষ্ট্য আমাৰ চিনেমাৰ ভেটি হ'ব লাগে। অসমীয়া চিনেমাৰ প্ৰসংগতো মই তেনেদৰেই ক'ম-- অসমৰ চহকী ঐতিহ্য আৰু পৰম্পৰাৰ পৰা বহু চিনেমা

নির্মাণ কৰিব লগা আছে আৰু এইবোৰ নিৰ্মাণ কৰি উলিয়াব পাৰিলে যিকোনো ভাষাৰ চিনেমাৰ লগত ফেৰ মাৰিব পাৰিব।... নিজা সংস্কৃতিলৈ পিঠি দি, আন বিষয়বস্তু অনুসৰণ কৰাৰ সময় উকলি গৈছে। মুম্বাইকেন্দ্রিক হিন্দী চিনেমাই দিয় সোৱাদ দৰ্শকৰ মনত বেয়াকৈ লাগিছে। আমি এই স্বাদক ধীৰে ধীৰে অধি সচেতনভাবে নোহোৱা কৰিবলৈ চেষ্টা কৰিব লাগিব। মোৰ অভিজ্ঞতাৰ ফালন পৰা ক'বলৈ গ'লে মোৰ বিশ্বাস যে আমাৰ আঞ্চলিক ভাষাৰ চিনেমাৰ বলীউডকেন্দ্রিক হিন্দী চিনেমাৰ লগত মুখামুখি হোৱাৰ শক্তি আছে।..."


--এইখিনিতে 'ভাৰত গৌৰৱ' পৰিচালকগৰাকীৰ প্ৰসংগত কিছু চর্চাৰ প্ৰয়োজন অনুভৱ কৰিছোঁ। "ইছানৌ" খ্যাত পৰিচালকৰ "এদিন পৰিচালক হ'ম" ধৰণৰ কোনো সপোন নাছিল। চেন্নাইত ইঞ্জিনীয়াৰিং পাঠ্যক্রমত অধ্যয়ন কৰি ইম্ফলত শিক্ষকতাৰ জীৱন আৰম্ভ কৰিছিল। অৱশ্যে নাটক, সংগীত চর্চা আছিল তেওঁৰ প্ৰিয় বিষয়। হিন্দুস্থানী সংগীতৰ সুগায়ক আছিল। লক্ষ্ণৌৰ ভাটখাণ্ডে প্ৰতিষ্ঠানৰ পৰা স্নাতক উপাধি লাভ কৰিছিল। সেইবাবেই তেওঁ ইম্ফল আকাশবাণী কেন্দ্রত নিয়মীয়াকৈ গীত পৰিৱেশনৰ সুযোগ পাইছিল। ক'ব পাৰি 'ইছানৌ' (Ishanou)

অৰিবাম শ্যাম শৰ্মা মণিপুৰী আধুনিক গীতৰ বুনিয়াদ গঢ়োঁতাসকলৰ অন্যতম। এই যে সংগীতৰ সৈতে জড়িত হৈ আছিল, সেই 'পৰিচয়'ৰ বাবেই কলকাতাৰ চিনেমা পৰিচালক এগৰাকীৰ সৈতে তেওঁৰ সম্পৰ্ক স্থাপন হয়। কলকাতাৰ পৰা পৰিচালকগৰাকীৰ অনুৰোধ-- সংগীতৰ দায়িত্ব ল'ব লাগে। তেনেদৰেই চিনেমাৰ ক্ষেত্ৰখনত প্ৰৱেশ। সেই বিশেষ চিনেমাখনত (মতামগী মণিপুৰ) সংগীতৰ দায়িত্ব আছিল যদিও অৰিবাম শ্যাম শৰ্মাই অভিনয়, সম্পাদনা আদিৰ সৈতেও জড়িত হৈ দায়িত্ব লৈছিল। পৰিচালকগৰাকীৰ ভাষাত-- "মনত সাহস নির্মাণ হৈছিল। মনটোৱে কৈছিল-- তই চিনেমা পৰিচালনা কৰিব নোৱাৰাৰ কোনো কাৰণ নাই।... মই ভাবিলোঁ মনটোৱে কৈছে যেতিয়া পৰীক্ষা হিচাপে কৰি চাব পৰা যায়। কৰি চালোঁ। প্ৰথমখন কৰাৰ পাছত চিনেমা জনা, চিনেমা বুজাসকলে সাহস দিলে। সেই সাহসতে ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ চেষ্টা কৰিলোঁ। চেষ্টা কৰি আছোঁ।..."


মণিপুৰৰ চিত্ৰৰসিক বন্ধু এগৰাকীয়ে 'অৰিবাম শ্যাম শৰ্মা' বিষয়ৰ ৰচনা কেইখনমান দিছিল। সেই ৰচনাসমূহ মাজতে পালোঁ: এক বিশেষ পর্যায়ৰ চিত্ৰৰসিককে নহয়, সাধাৰণ দৰ্শককো স্পৰ্শ কৰিছিল অৰিবাম শৰ্মাৰ 'চিত্ৰকৰ্ম'ই। উদাহৰণ-- "ওলাংথাগী ৱাংমাদাছু" (Olangthagee Wangmadasoo)। মণিপুৰত এই চিনেমাখনৰ মুক্তিৰ সময়ত চলি আছিল 'শ্বোলে'। 'ওলাংথাগী...'য়ে ব্যৱসায়ৰ দিশত 'শ্বোলে'ক চেৰ পেলাইছিল। তেনেদৰে দৰ্শকে আদৰি লৈছিল 'ইমাজি নিংথেম' (Imagi Ningthem)-ক। এই চিনেমাখনে প্রথমবাৰৰ বাবে উত্তৰ-পূবলৈ কঢ়িয়াই আনিছিল-- ১৯৮২ চনৰ নানটেজ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱৰ গ্ৰেণ্ড প্রিন্স। -এই 'তথ্য'ই এটা দিশ স্পষ্ট নকৰেনে--শ্রেষ্ঠ চিনেমাই সকলো শ্ৰেণীৰ দৰ্শককে স্পর্শ কৰে। 'কলা', 'বাণিজ্য' সংঘাতৰ ঊর্ধ্বত থকা চিনেমাহে 'শ্রেষ্ঠ চিনেমা'। এইখিনিতে উল্লেখ কৰিব পাৰি যে সত্যজিৎ ৰায়ৰ 'পথেৰ পাঁচালী', ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ 'সন্ধ্যাৰাগ'ও আছিল 'স্থানীয় বজাৰ' দুখনত সফল। 

উৎপল মেনা

(প্ৰথম প্রকাশ: নতুন সময়/২০০৮/পৰৱৰ্তী সময়ত এই লেখা মোৰ দ্বিতীয় খন গ্ৰন্থ "যতীন বৰা, চিত্ৰনাট্য ইত্যাদি"ত সন্নিবিষ্ট কৰো।)

মঙ্গলবার, ২২ এপ্রিল, ২০২৫

চিনেমাৰ ৰং

চিনেমা পৰিচালকৰ মাধ্যম। কেমেৰাৰ মাধ্যম। কেমেৰাৰ ভাষা প্রয়োগক গুৰুত্ব দিহে নিৰূপিত হয় চিনেমাৰ মান, স্তৰ আদি। কেমেৰাৰ ভাষাৰ পিছতহে এই মাধ্যমটোত গুৰুত্ব দিয়া হয় বা দিয়ে বিষয়বস্তু, কাহিনীক। এই বাবেই গতানুগতিক কাহিনী, বিষয়বস্তুৰ অসমীয়া চিনেমা "গঙা চিলনীৰ পাখি"ক কোৱা হয় "শ্রেষ্ঠ চিনেমা" বুলি। চিনেমাখনৰ কেমেৰাৰ ভাষা প্রয়োগ, শ্বটৰ গাণিতিক ব্যৱহাৰক আজিৰ চিনেমাৰ সৈতেও তুলনা কৰিব পাৰি। অসমীয়া ভাষা নুবুজা "চিনে পণ্ডিত"সকলেও স্বীকাৰ কৰিব পৰিচালকগৰাকীৰ "আধুনিক চিন্তা" আৰু দক্ষতাৰ। চিনেমাখনৰ পৰিচালক পদুম বৰুবাই সেই সময়তে কেমেৰাৰে কৰা কামক তুলনা কৰিব পৰা পৰিচালক পৰৱৰ্তী সময়ত (অসমীয়া চিনেমাৰ) সময়ত দেখা নগ'ল। আজিৰ তাৰিখতো আছে বুলি ক'ব নোৱাৰি। তেনেহ'লে...। 

এটা স্বাভাবিক প্রশ্নঃ তেনেহ'লে পৰিচালকগৰাকীয়ে দ্বিতীয়খন চিনেমাৰ পৰা চিত্ৰৰসিকসকলক বঞ্চিত কৰিলে কিয়? প্রযোজকৰ আকালত নে অন্য কিবা কাৰণত? কথা প্রসংগত এবাৰ প্ৰশ্নটো পদুম বৰুৱাৰ সম্মুখত উত্থাপন কৰিছিলোঁ।

পৰিচালকগৰাকীয়ে কৈছিল-- চিনেমা বুজা প্রযোজকৰ আকালত। "উত্তৰ"টোৰ ব্যাখ্যা পৰিচালকগৰাকীৰ পৰা পোৱা নাছিলো। "ব্যাখ্যা" পাইছিলোঁ পৰিচালকগৰাকীৰ প্রতিটো খবৰ ৰখা চিত্ৰৰসিক এজনৰ পৰা। চিত্ৰৰসিকগৰাকীয়ে কৈছিল-- পদুম বৰুৱাই দ্বিতীয়খন চিনেমা পৰিচালনাৰ কাম হাতত লৈছিল। প্রযোজক এগৰাকীয়ে আগ্রহ কৰাত বিষয়বস্তু নির্বাচন, চিত্রনাট্য ৰচনাৰ কামতো আগবাঢ়িল। পৰিচালকগৰাকীয়ে অনুভৱ কৰিলে বিষয়বস্তুবে "ৰং" দাবী নকৰে। ক'লা-বগা হ'লেহে চিত্ৰৰসিকে বিষয়বস্তু ভালদৰে উপলব্ধি কৰিব। "ৰঙ'ৰ সৈতে বিষয়বস্তুৰ কি সম্পর্ক থাকিব পাৰে। আৰম্ভ হ'ল প্রযোজক-পৰিচালকৰ সংঘাত। "ৰঙ"ৰ দিনত ক'লা-বগা চিনেমা নির্মাণ "মুর্খ প্রযোজকেহে কৰিব" বুলি মন্তব্য দি প্রযোজকগৰাকীয়ে চিনেমাৰ শ্বট লোৱাৰ পূৰ্বেই "পেক-আপ" ঘোষণা কৰিলে।

"পদুম বৰুৱাই সময়ৰ সৈতে খোজ দিব পৰা নাই।"-- সেই সময়ত পদুম বৰুৱাৰ ক'লা-বগা চিনেমাখনৰ চৰ্চাত অংশ লৈ মন্তব্য কৰিছিল এগৰাকী অসমীৰ চিনেমা আলোচকে। চিনেমা আলোচক গৰাকীয়ে কৈছিল-- "ক'লা-বগা যুগ যে গ'ল সেই খবৰ পদুম বৰুৱাই পোৱা নাই। ঘৰৰ চাৰিবেৰৰ মাজৰ পৰা ওলাই আহিলে পাব। ঘৰৰ চাৰিবেৰৰ মাজত থকা পৰিচালকগৰাকীয়ে অসমীয়া চিনেমা নির্মাণ নকৰিলে একো ক্ষতি নহয়।" 

যোৱা জুন (২০০৯)ত এই চিনেমা আলোচক গৰাকীৰ লেখা এটা পঢ়িলো। লেখাটোত "ফ্র'জেন"ক প্রশংসা কৰিছে।

"ফ্র'জেন" চাইছিলো, চিত্রগৃহলৈ অহাৰ পাছতে। ক'লা-বগা এই চিনেমাখনৰ পটভূমি কাশ্মীৰৰ লাডাখ অঞ্চল। শূন্যৰ পৰা ২৫ ডিগ্রী উষ্ণতাত, সমুদ্রপৃষ্ঠৰ পৰা ১২০০০ ফুট উচ্চতাত চিত্ৰগ্ৰহণ কৰিছিল। চিনেমাখনৰ কাহিনী, বিষয়বস্তু সাধাৰণ। অসাধাৰণ কেমেৰাৰ কাম আৰু পৰিচালনা শৈলী। চিনেমাখনত লাডাখৰ দুর্বিসহ জীৱন সুন্দৰভাৱে উপস্থাপন কৰিছে চন্দ্ৰভূষণে। চিনেমাখনৰ কাহিনীভাগ এনেধৰণৰ-- তিনিটা "চৰিত্ৰ"ৰ এটা পৰিয়াল। মূল মানুহজনৰ নাম কৰ্ম (অভিনয় কৰিছে ডেনীয়ে)। কর্মই ঘৰতে 

জাম প্ৰস্তুত কৰি বিক্ৰী কৰে। এদিন সি প্রত্যাহ্বানৰ সন্মুখীন হয়, মেচিনত জাম প্রস্তুত কৰা কোম্পানী এটাৰ। সমস্যাৰ সন্মুখীন হয়। সম্পত্তি বুলিবলৈ আছে উত্তৰাধিকাৰীসূত্রে পোৱা ঘৰটো। সেইটোৰো বেছিভাগ দখল কৰি আছে ভাৰতীয় সেনা বাহিনীয়ে।

পৰিচালকে মাত্ৰ কেইটামান শ্বটতে সুন্দৰভাৱে স্পষ্ট কৰি দিছে-- এটি শান্ত-সমাহিত লাডাখী পৰিয়ালৰ জীৱনত কিদৰে ভাৰতীয় সেনা আৰু আনুষংগিক কাৰকবোৰে কঠোৰ প্ৰভাৱ পেলায়। চিনেমাখন নির্মাণ হৈছে হিন্দী আৰু লাডাখী ভাষাত। লাডাখী ভাষাত দখল নথকা সকলেও চিনেমাখন বুজাত দিগদাৰ অনুভৱ কৰা নাই পৰিচালনা শৈলীৰ বাবে। অৱশ্যে চিনেমাখনৰ গতি মন্থৰ। মন্থৰ গতিয়ে চিত্ৰৰসিকক দিগদাৰ দিয়া নাই। "ক'লা-বগা" সৌন্দৰ্যৰ বাবে। "ৰং" ব্যৱহাৰ কৰিলে হয়তো বৰফেৰে বগা হৈ থকা লাডাখৰ সৌন্দৰ্যত চেকা লাগিলহেঁতেন। চেং লী নামৰ সমালোচক এগৰাকীয়ে লিখিছে- " 'ক'লা-বগা'ত যে নির্মাণ হৈছে সেয়াই চিনেমাখনৰ সৌন্দর্য। সৌন্দর্যখিনিয়ে চিনেমাখনৰ বিশেষত্ব।... মই ভাবো এই ৰঙীণ যুগত নির্মিত 'ফ্র'জেন'ক বাদ দি ভাৰতীয় চিনেমাৰ সম্পূৰ্ণ আলোচনা সম্ভৱ নহয়।"

"ফ্র'জেন"ত দেখিলো ক'লা-বগাৰ সৌন্দৰ্য। "ফ্র'জেন"-এ শিকালে, স্পষ্ট কৰি দিলে চিনেমাৰ বিষয়বস্তুৰ সৈতে "ৰঙ'ৰ সম্পৰ্ক আছে।

"ৰঙীণ চিনেমা"-- চিনেশিল্পৰ উত্তৰণ নহয়, পৰিৱৰ্তন। এই দিশত আমাৰ ধাৰণা স্পষ্ট, এই পৰিৱৰ্তনে চিনেশিল্পৰ ক্ষতি কৰিছে। চিনে পণ্ডিত আৰ্থাৰ নাইটৰ ৰচনাত পোৱা যায়-- "দুটা পৰিৱৰ্তনত চিনেমাৰ ক্ষতি হৈছে। 'শিল্প'ৰ পৰা চিনেমা আঁতৰি গৈছে। সবাকযুগ আৰম্ভ হোৱাৰ সময়ত স্থবিৰ হৈ পৰিছিল, দুই তিনি বছৰলৈ সৰহ সংখ্যক পৰিচালক ব্যস্ত হৈ পৰিছিল "চলমান ছবি"ত "কথা" দিয়াত। তেনেদৰে ৰং ব্যৱহাৰত, কেৱল ৰঙৰ চিন্তাত কেইবাটাও বছৰ খৰচ কৰিছিল সৰহসংখ্যক পৰিচালকে। এই সময়ছোৱাত চিনেমাত "সাহিত্য" বাঢ়িছিল, "কেমেৰাৰ ভাষা"ৰ ক্ষতি হৈছিল।

"A trip to the Moon" (নিৰ্বাক। science-fiction adventure trick film.) প্ৰথমখন ৰঙীণ চিনেমা। ১৯০২ চনত নির্মাণ কৰিছিল ফ্ৰান্সৰ পৰিচালকে। দ্বিতীয়খন ৰঙীণ চিনেমায়ো ফ্ৰান্সৰ নিৰ্মাতাৰ- La Vie et Passion du Christ (১৯০৩)। হলিউডত ৰঙীন চিনেমা নির্মাণ আৰম্ভহৈছিল ১৯১২ চনত হে। (প্রথম: 'with our king and queen through India')। ভাৰতত ৰঙীন চিনেকৰ্ম আৰম্ভ হৈছিল 'কিষাণ কন্যা' (১৯৩৭)-ৰে। ১৯৬১ চনত আংশিক ৰঙীন "শকুন্তলা"ৰে অসমীয়া চিনেমাৰ "ৰঙীন যুগ" আৰম্ভহয়। এই যে আংশিক ৰঙীন, সেইবাবে "ভাইটি" (১৯৭২)- প্রথম অসমীয়া ৰঙীন চিনেমা বুলি কোৱা হয়।


বৃহস্পতিবার, ১৭ এপ্রিল, ২০২৫

প্ৰযোজকৰ অংক

#বিস্ময় (-ত প্ৰকাশ পোৱা এই চৰ্চা ১৯৯৯--২০০০ সময়ৰ। আজিৰ "সময়"ত চিনেমাৰ "বজাৰ-বাজেট" স্বাভাৱিকতে সলনি হৈছে।)

: চিনেমাখনৰ বাজেট?

: চল্লিশ লাখ টকা।

: ঘুৰাই পাব জানো?

: নিশ্চয় পাম। লাভো হ'ব।

: অমুকে ইমানকৈ খৰচ কৰিছে। লাভো হৈছে। মোৰ নহ'ব কিয়? নিশ্চয় হ'ব।

: অমুকে ইমান লাখ টকা খৰচ কৰি ইমান লাভ কৰিছে যেতিয়া মোৰ নহ'ব কিয়?- এয়াই অসমীয়া চিনেমাৰ প্রযোজকৰ অংক।

ইমানেই সহজনে চিনেমা ব্যৱসায়ৰ অংকটো? নহয়, সহজ নহয়। 

অংকটো অতি জটিল, অতি কঠিন। উপযুক্ত "ফর্মুলা" জানিব লাগিব, প্রয়োগ কৰিব জানিব লাগিব। বলীউডৰ প্ৰথম "নাম্বাৰ ৱান" প্রযোজক বাসু ভাগনানিয়ে কৈছিল-- "চিনেমা ব্যৱসায় জুৱা নহয়, গণিত। উপযুক্ত "ফর্মুলা" প্রয়োগ কৰিলে সফল হ'বই। যিখন চিনেমা বক্স অফিচৰ কথা মনত ৰাখিহে নিৰ্মাণ কৰা হয় আৰু বক্স অফিচত সফল নহয়, জানিব লাগিব চিনেমাখনত ফমূলা প্রয়োগ কৰোঁতে ক'ৰবাত নহয় ক'ৰবাত কিবা খেলিমেলি হৈছে। খেলিমেলি যদি পৰিচালকজনেও কৰিছে, পৰিচালকজনক দোষাৰোপ কৰা উচিত নহয়। পৰিচালকজনকতো প্রযোজকেই ছাইন কৰায়। গতিকে চিনেমা এখনৰ বিফলতাৰ সমস্ত দোষ প্রযোজকজনৰ নিজৰ।"

--হয়, চিনেমা এখন ট্রিট কৰে পৰিচালকজনে। শিল্পী নিৰ্বাচনৰ ক্ষেত্ৰতো থাকে পৰিচালকজনৰেই হাত। কিন্তু স্ক্রিপ্ট, ফিল্ম বজাৰ অধ্যয়ন কৰি চিনেমা এখন ফ্ল'ৰলৈ নিয়া-নিনিয়াৰ সিদ্ধান্ত, বাজেটৰ সিদ্ধান্ত লয় প্রযোজকজনে। কোনো অভিজ্ঞ প্রযোজকেই বজাৰ অধ্যয়ন নকৰাকৈ চিনেমা ফ্ল'ৰলৈ নিনিয়ে আৰু অভাৰ বাজেট হ'বলৈ নিদিয়ে। বাজেট নির্ধাৰণ কৰাৰ সময়ত স্ক্রিপ্ট, বজাৰ অধ্যয়ন কৰাৰ লগতে পৰিচালক আৰু ছাইন কৰোৱা ষ্টাৰৰ "মার্কেট ভেলু'ৰ কথাও মনত ৰাখে।

(২)

স্ক্রিপ্ট: কোৱা হয় সেই সময়ত কেনেধৰণৰ চিনেমা বজাৰত চলিছে। স্ক্রিপ্টখনে যিমান বাজেট দাবী কৰে, সিমান খৰচ কৰিলে বক্স অফিচত সফল হ'বনে নাই? যদিহে চিনেমাখন সময়ত মুক্তি দিব পৰা নাযায়, পিছত দর্শকে গ্রহণ কৰিবনে?


পৰিচালক: পৰিচালকজন কোন শ্ৰেণীৰ? পৰিচালকজনৰ দৰ্শকক প্রেক্ষাগৃহলৈ টানি অনাৰ ক্ষমতা আছে নে "ষ্টাৰ"ৰ সহায়তহে দর্শকক টানি আনে? শতকৰা কিমান ভাগ দর্শক, কোন শ্ৰেণীৰ দৰ্শকক সন্তুষ্ট কৰিব পৰাৰ ক্ষমতা আছে? পৰিচালকজনৰ এইখনেই প্রথম চিনেমা নেকি?


ষ্টাৰ:  শতকৰা কিমান ভাগ দর্শকে নিৰ্দিষ্ট "ষ্টাৰ"জনক বা কেইজনক পছন্দ কৰে? চৰিত্ৰটোত "ষ্টাৰ"জনক বা "ষ্টাৰ" কেইজনক দর্শকে পছন্দ কৰিবনে? ষ্টাৰজনৰ লগত "ইমান" টকা খৰচ কৰিলে বজাৰত সুফল পোৱা

যাবনে?


--এনেবোৰ দিশ  যোগ-বিয়োগ কৰি চায় এজন অভিজ্ঞ প্রযোজকে। অন্যথা ফ্লপ হোৱাৰ আশংকা শতকৰা এশ ভাগ। চিনে পণ্ডিতসকলৰ মত: পৰিচালক বা নায়ক-নায়িকাৰ "মার্কেট ভেলু" নাথাকিলে বক্স অফিচত চিনেমা এখনে কেতিয়াও সফলতা লাভ কৰিব নোৱাৰে। সেইবাবেই দেখা যায় পার্থ ঘোষ, বিক্রম ভাটৰ দৰে পৰিচালকৰ লগত কোনো প্রযোজকেই বিগ বাজেটৰ চিনেমা নিৰ্মাণ কৰিবলৈ সাহস নকৰে। বিক্রম ভাটৰ ফিল্মৰ বজাৰত দাম আছিল আমিৰ খানৰ বাবে। প্রযোজকে পৰিচালক ভাটৰ ভৰসাত নহয়, নায়ক আমিৰৰ ভৰসাতহে সাত-দহ কোটি টকা খৰচ কৰিছিল।

আমিৰ ভাট শিবিৰৰ পৰা আঁতৰি যোৱাৰ পাছত, দুই কোটি টকা বাজেটৰ চিনেমাৰহে পৰিচিলক হ'ব পাৰিছে, সাহস কৰিছে বিক্রম ভাটে (সাহস কৰিছে বুলি কোৱাৰ কাৰণ পৰিচালক ভাট নিজে প্রযোজক হ'লেও আমিৰৰ দৰে "ষ্টাৰ" নোহোৱা চিনেমা এখনত দুই কোট টকা খৰচ কৰাৰহে সাহস কৰিব পাৰে)। সকলোৱে জনা কথা বিক্রম পৰিচালিত "গোলাম" হিট হৈছিল আমিৰৰ বাবেই আৰু আমিৰ নথকাৰ বাবেই বক্স অফিচত সফল নহ'ল কম বাজেটৰ চিনেমা "দস্তুৰ", "কচুৰ"। এতিয়া বিক্রমে হাতত লোৱা ঘৰুবা প্ৰডাকচনৰ চিনেমাৰ বাজেট দুই তিনি কোটি টকা। বিক্ৰমৰ অংকটো হৈছে দুই তিনি কোটি টকাৰে নিৰ্মাণ কৰা চিনেমা এখন ৭০-৮০ লাখ টকাত (এটা ক্ষেত্রত) বিক্রী কৰিলেও লোকচান নহ'ব আৰু বিতৰকসকলেও ভাল ব্যৱসায় কৰিব পাৰিব। গতিকে ষ্টাৰৰ নামত টকা খৰচ কৰি ৮-১০ কোটি টকাৰ চিনেমা এখন নিৰ্মাণ কৰাতকৈ "ষ্টাৰ"বিহীন দুই-তিনি কোটি টকাৰ বাজেটৰ চিনেমা দুই-তিনিখন নিৰ্মাণ কৰাটোৱেই লাভজনক। "ফিল্ম ইনফৰমেচন"ৰ প্ৰতিবেদকৰ মতে, বিক্ৰমৰ দৰে "ষ্টাৰৰ নাম" ফিল্ম বজাৰত তিষ্ঠি থকা পৰিচালকৰ ক্ষেত্ৰত এই অংকটো শুদ্ধ নহয়। "কচুৰ"ৰ দৰে এখন চিনেমায়ে যদি বক্স অফিচত মাৰ খায় বিক্ৰমৰ চিনেমালৈ ঘূৰি যোৱা বিতৰকেই নোলাব। আজি পার্থ ঘোষৰ যিটো অৱস্থা হৈছে, বিক্ৰমৰো সেইটোৱেই হ'ব।

চিনেমা এখনৰ বক্স অফিচৰ ফলাফল নিৰ্ভৰ কৰে প্ৰযোজকৰ বজাৰ জ্ঞানৰ ওপৰত। যদিহে প্রযোজকজনে নাজানে কাৰ ক্রেজ চলি আছে, কেনেধৰণৰ চিনেমা দর্শকে পছন্দ কৰিবলৈ লৈছে, তেন্তে বাজেট নির্ধাৰণ কৰাত খুঁত থাকি যোৱাটো স্বাভাবিক। নিখুঁত বাজেটেৰেহে ব্যৱসায়িক সফলতা লাভ কৰা সম্ভৱ। ধৰা হ'ল বৰ্তমান ফিল্ম বজাৰত পাৰিবাৰিক চিনেমায়ে ভাল ব্যৱসায় কৰি আছে আৰু আগলৈও কৰি থকাৰ সম্ভাবনা। এই সময়ছোৱাত যদি "বিগ বাজেট"ৰ একচন চিনেমা এখন নির্মাণ কৰে, ফ্লপ হোৱাৰ সম্ভাৱনাই বেছি। চিনে পণ্ডিত সকলৰ মতে, এই ভুলটোৱেই কৰে বলীউডৰ সৰহসংখ্যক প্রযোজকে। বক্স অফিচত পাৰিবাৰিক ৰোমাণ্টিক চিনেমাই দপদপাই থকাৰ সময়ত নিৰ্মাণ কৰিছে বিগ বাজেটৰ একচন চিনেমা। ফিল্ম বজাৰৰ জ্ঞান নথকাৰ বাবে ভাল চিনেমা নিৰ্মাণ কৰিও সফল হ'ব পৰা নাই বহুকেইগৰাকী নির্মাতা। 

বক্স অফিচত কেনেধৰণৰ চিনেমা বনালে সফল হ'ব খাটাংকৈ কোনোৱেই ক'ব নোৱাৰে। কিন্তু খাটাংকৈ ক'ব পৰা যায় "এই" ভুলটো কৰিলে বক্স অফিচত সফল হ'ব পৰা নাযায়।

যোৱা দুটা-তিনিটা বছৰত মুক্তি পোৱা বলীউডৰ চিনেমাৰ তালিকাখনত চকু ফুৰালেই দেখা যায় বিগ বাজেটৰ সৰহ সংখ্যক চিনেমা বক্স অফিচত সফল হ'ব পৰা নাই। বিশ কোটি টকা বাজেটৰ "চাইনা গেট"ৰ পৰা পঁচিশ কোটি টকা বাজেটৰ "ৰাজু চাচা"লৈ

এক ডজন চিনেমা আছে, যিকেইখন সফল নহ'ল একমাত্র প্রযোজকৰ ভুল "কেলকুলেচন"ৰ বাবে। ট্রেড গাইডৰ মতে, বলীউডৰ বজাৰত খৰাং বতৰ চলি থকাৰ সময়ত ইমান বেছি বাজেটৰ চিনেমা নাৰ্মাণ কৰাটোৱে আছিল প্রযোজকৰ ভুল সিদ্ধান্ত। (এই সময়ছোৱাতেই মুক্তিপ্রাপ্ত 'দিল তো পাগল হোই', 'কুছ কুছ হোতা হোয়', 'মোহব্বতে', 'কহো না প্যাৰ হোয়'কে ধৰি কেইখনমান চিনেমাকহে ছুপাৰহিট বুলি ক'ব পাৰি। এই চিনেমাকেই খনৰ বাজেট আছিল ১০-১৬ কোটি টকাৰ ভিতৰত। গতিকে বিতৰকৰ ওচৰত দুই কোটি টকাত সহজেই বিক্ৰী কৰি দিব পাৰিছিল। "কহো না..." বিক্ৰী কৰিছিল মাত্র ১.২৫ কোটিত। হ'ব পাৰে ২৫ কোটি টকাৰ "লগান" সফল, সেইবুলি আজিৰ তাৰিখতো ২০-৩০ কোটি টকাৰ বাজেটৰ চিনেমা নির্মাণ কৰাটো শুদ্ধ বুলি মানি ল'ব নোৱাৰি। হয়তো অতীতৰ পৰা শিক্ষা লৈছে প্রযোজকসকলে। ২৫ কোটি বাজেটবে "ৰাজু চাচা" নিৰ্মাণ কৰা অজয় দেবগনে হাতত লোৱা নতুন চিনেমাৰ বাজেট ১০ কোটি টকা মাত্র। ইন্দ্ৰ কুমাৰ, ধর্মেশ দৰ্শনৰ দৰে পৰিচালকৰ চিনেমাৰ বাজেটো ৮-১০ কোটি টকাহে মাত্র। ইয়াৰ বেছি কৰিবলৈ গ'লে হেনো চিনেমাৰ প্ৰযোজকৰ অংক নিমিলে। ৮ কোটি টকাৰ 'আশিক' ফ্লপ হোৱাৰ পিছত ইন্দ্ৰৰ পৰৱৰ্তী চিনেমাৰ বাজেট প্রযোজকে আৰু তললৈ নমাব পাৰে। এয়া একো অস্বাভাবিক নহয়। যিহেতু ১৮ কোটি টকা বাজেটৰ ফ্লপ চিনেমা 'মেলা'ৰ পৰিচালক ধর্মেশ দর্শনে প্রযোজকক মান্তি কৰাব পৰা নাই পৰৱৰ্তী চিনেমাৰ বাজেট ১২ কোটি কৰিবলৈ।

প্রযোজক ৰতন জৈনৰ "কেলকুলেচ"ন সদায় ভুল হয়। জৈনৰ ব্লু-প্রিণ্ট নথকাৰ বাবে, বাব্লু-প্রিন্ট মতে কাম কৰিব নোৱাৰাৰ বাবেই প্রতিখন চিনেমাৰে অভাৰ বাজেট হয়গৈ। জৈনৰ দোষটো হৈছে নিৰ্দিষ্ট সময়ত কাম শেষ কৰিব নোৱাৰাটো।

প্রযোজক বাসু ভাগনানীৰ মতে, দীর্ঘদিন ফ্ল'ৰত থকা চিনেমাৰ প্ৰতি দৰ্শকৰ আগ্রহ কমে। চিনেমাখন ফ্ল'ৰলৈ নিয়া আৰু প্রেক্ষাগৃহলৈ নিয়াৰ মাজত ব্যৱধান বেছি হ'ব নালাগে। জৈনৰ "মেলা" যদিওবা শেষলৈ এভাৰেজ হ'ল, সফল নোহোৱাৰ প্রধান কাৰণ এইটোৱেই। কিন্তু জৈনে ক'ব খোজে অভাৰ বাজেট আৰু সময়ত প্রেক্ষাগৃহলৈ নিব নোৱাৰাটোৱেই চিনেমা এখনৰ বিফলতাৰ কাৰণ হ'ব নোৱাৰে। অভাৰ বাজেট হ'লেও মোৰ প্ৰতিখন চিনেমাৰ কামেই শেষ হৈছে ১৬ কোটি টকাৰ ভিতৰত। চিনেমা এখন ভালদৰে নিৰ্মাণ কৰিবলৈ হ'লে ইয়াতকৈ কম বাজেট সম্ভৱ নহ'ব। মই ভাবিছিলো "মেলা" দহ কোটি টকাৰ ভিতৰতে সম্পূৰ্ণ কৰিব পৰা যাব, কিন্তু নহ'ল। সেইবাবেই অভাৰ বাজেট হোৱা বুলি কোৱা হৈছে। জৈনৰ অংকটো এনেধৰণৰ বাজেট যিমানেই নহওক পৰিচালকে বিচৰা ধৰণে চিনেমাখন কৰিবলৈ দিব লাগে। যিমান বাজেটত পৰিচালকজনৰ পক্ষে ভাল কাম কৰা সম্ভৱ, সিমান বাজেটৰ চিনেমা যদি নিৰ্মাণ সম্ভৱ নহয়, সেই চিনেমাখন হাতত নোলোৱাটোৱেই ভাল। বাজেট কমাই পৰিচালকজনক চিনেমাখন কৰিবলৈ বাধ্য কৰিব লাগে। জৈনৰ মতে, বজাৰ অধ্যয়ন কৰি ঠিক কৰি লোৱাৰ পিছতহে স্ক্রিপ্টৰ কাম কৰিবলৈ দিব লাগে। কাৰণ যিয়েই নহওক এনে কৰা সম্ভৱ নহয়গৈ। আমি আগেয়ে স্ক্রিপ্টহে শুনো। নক'লেও এটা কথা স্পষ্ট জৈনৰ দৰে প্ৰযোজকে পৰিচালকৰ ভৰসাতে চিনেমা নির্মাণ কৰে আৰু এইবাবেই আজিলৈকে সফল নিৰ্মাতাৰ তালিকাভূক্ত হ'ব পৰা নাই।

যশ চোপ্রা, মুক্তা আৰ্টছ, ৰাজশ্ৰীৰ চিনেমা মানেই আজিৰ তাৰিখত বক্স অফিচত সফল চিনেমা। ইয়াৰ কাৰণ চোপ্ৰা, মুক্তা আৰ্টছৰ ঘাই, ৰাজশ্ৰীৰ সুৰজ বৰজাত্যা কেৱল নির্মাতাই নহয়, সফল পৰিচালকো। প্ৰতিখন চিনেমাৰ কামেই হাতত লয় চিন্তা-চৰ্চাৰ মাজেৰে। স্ক্রিপ্টৰ কাম কৰি থকাৰ সময়তে মনত ৰাখে ষ্টাৰকে ধৰি প্ৰতিজন অভিনয় শিল্পীৰ কথা। সুৰজ বৰজাত্যাই ভাবে প্ৰতিটো চৰিত্ৰই চিনেমাৰ অংগ। এটা চৰিত্ৰ দুৰ্বল হৈ গ'লেই দুৰ্বল হৈ পৰিব চিনেমাখন। চোপ্ৰাৰো সেই একেই মত--"চিনেমাৰ কেলকুলেচনটো কৰো স্ক্রিপ্টৰ কাম চলি থকাৰ সময়তেই। হাতত সময় থাকে প্ৰচুৰ, ভুল হোৱাৰ প্রশ্নই নুঠে।" সুভাষ ঘাইৰ "কেলকুলেচন" ফিল্ম বজাৰত কেনেধৰণৰ চিনেমাই ব্যৱসায় কৰি আছে সেয়া চিন্তাৰ বিষয় নহয়। চিনেমা এখন চলাবলৈ দর্শকক প্রেক্ষাগৃহলৈ টানি অনাৰ স্বাৰ্থত "ষ্টাৰ" থাকিবই লাগিব। দৰ্শকক ধৰি ৰখাৰ দায়িত্ব পৰিচালকৰ। প্রযোজকে মাথোঁ জনা উচিত পৰিৱেশটোত চিনেমাখন মুক্তি দিব পৰা যাবনে? কিমানটো প্রিণ্ট কৰিলে সুফল পোৱা যাব আৰু বিতৰকসকল অসুবিধাত পৰিছে নেকি? যদি পৰিছে কেনেদৰে সহায় কৰা যাব? প্রযোজকসকলে সততে বিতৰকৰ লোকচানত মুৰ নঘমায়। ঘাইৰ মতে, তেনে কৰা উচিত নহয়। বিতৰকসকল অসন্তুষ্ট হ'লে তাৰ প্ৰভাৱ পৰে পৰৱৰ্তী চিনেমাত। লোকচান হোৱাত (পৰিচালক) ঘায়ে বিতৰকক টকা ঘূৰাই দিয়াৰো নজিৰ আছে। এই প্ৰসংগতেই কোমল নাহাটাই লিখিছিল-- "আপুনি এজন ভাল অভিনেতা, পৰিচালক, ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি এজন ভাল প্রযোজকো। কিন্তু সুভাষ ঘাই, যশ চোপ্ৰা, সুৰজ বৰজাত্যা ভাল পৰিচালকেই নহয়, ভাল প্রযোজকো। বজাৰ অধ্যয়ন কৰি কেবল চিনেমায়ে নিৰ্মাণ নকৰে, বিতৰকৰ লগত লেনদেনো কৰে। দৰ্শকৰ মনৰ খবৰেই নাৰাখে, বিতৰকৰ লাভ-লোকচানৰ খবৰো ৰাখে।"

প্রযোজক বনি কাপুৰৰ অংকটো এনেধৰণৰ-- সময়সাপেক্ষ স্ক্রিপ্ট+সেই স্ক্রিপ্টখনত কাম কৰা পৰিচালক = সফল চিনেমা। বনিৰ মতে, বাজেটক লৈ মূৰ ঘমোৱাৰ প্ৰয়োজন নাই। বনিৰ এই ভুল ধাৰণাটোৰ বাবেই বক্স অফিচত সফল হ'ব নোৱাৰে বুলি মন্তব্য কৰিছে ট্রেড গাইড আলোচনীয়ে। চিনে পণ্ডিতৰ মত-- "পুকাৰ" নিঃসন্দেহে সু-ট্রিটমেণ্টৰ চিনেমা। প্রযোজক কাপুৰৰ ভুল "কেলকুলেচন"ৰ বাবেই সফল নহ'ল বক্স অফিচত। ফ্ল'ৰত আৰু অন্যান্য পৰ্যায়ত চিনেমাখনৰ দিন বাঢ়ি গৈছিল আৰু স্বাভাৱিকতেই অভাৰ বাজেট হৈছিল। এতিয়া বনিয়ে "পুকাৰ"ৰ আধা বাজেটৰ চিনেমা আৰম্ভ কৰিছে "কোই মেৰে দিল চে পুছে" নামৰ চিনেমাখনৰ কাম। ফিল্মচিটিক দিয়া সাক্ষাৎকাৰত বনিয়ে ক'লে-- "চিনেমাখনৰ কাম সোনকালেই শেষ কৰি প্ৰেক্ষাগৃহলৈ অনা হ'ব।" হয়তো বনিয়ে যোগ বিয়োগ কৰি উলিয়াব পাৰিলে "পুকাৰ", "ৰূপ কী ৰাণী চোৰো কা ৰাজা", "প্রেম" আদিৰ ব্যৱসায়িক বিফলতাৰ কাৰণ।

এতিয়া কথা হৈছে, অসমীয়া চিনেমাৰ প্ৰযোজকসকলৰ যিকেইখন চিনেমা সফল হ'ব পৰা নাই, সফল নোহোৱাৰ কাৰণটো "কেলকুলেচন" কৰি উলিয়াব পাৰিবনে? নাই, নোৱাৰে। যিজন প্রযোজকে কয়-- "চিনেমাৰ আৰু কিবা অংক থাকেনে?" সেইজন প্রযোজকৰ পৰা অন্ততঃ আমি আশা কৰিব নোৱাৰো। আৰু এটা কথা-- অসমীয়া চিনেমাৰ বেছিভাগ প্রযোজকক প্রযোজক বুলি ক'ব নোৱাৰি, ফাইনেন্সাৰ বুলিহে ক'ব পৰা যায়।

বুধবার, ৯ এপ্রিল, ২০২৫

অমিতাভ/১

মন্দিৰটোৰ নাম কি? 

--মনত পেলাব পৰা নাই। বিখ্যাত মন্দিৰ। মন্দিৰ ইত্যাদিৰ প্ৰতি মোৰ বিশেষ আগ্রহ নাই। গতিকে স্বাভাৱিকতে মনত নপৰিব। সেই মন্দিৰটোৰ পৰা কিছু বাট গৈ যিটো "মন্দিৰ" পোৱা যায়, সেইটোৰ নাম কিন্তু মনত আছে।

'অমিতাভ মন্দিৰ'। 'প্রতীক্ষা' । সেই সময়ত প্রতীক্ষাতে থাকে বিগ বচ্চন অমিতাভ।

১৯৯৫-২০০১ চন। সেই বাটেৰে মাহত দুই-তিনিবাৰ যোৱা হয়। বিগ বচ্চনৰ প্ৰতি থকা আকৰ্ষণৰ বাবে নহয়, সাগৰ তীৰৰ আকৰ্ষণৰ বাবে। কেইখোজমান আঁতৰত থকা মন্দিৰটোতকৈ "অমিতাভ মন্দিৰ'টোত ভিৰ বেছি। অমিতাভ ভক্তৰ। শনিবাৰৰ দিনটোত এই ভিৰ আৰু বাঢ়ে। কাৰণ সেই দিনটোত "ভক্ত"ক "দৰ্শন" দিয়ে, ঘৰৰ বেলকনীৰ পৰা 'ভক্ত"ৰ ফালে দৃষ্টি ৰাখি বিগ বিয়ে হাত দুখন লৰাই দিয়ে। তাকে চাই সার্থক হয় ভক্তৰ মন। মই মন কৰিছিলো, যি সময়ত "বলিউড বজাৰ"ত অমিতাভ অচল হৈ পৰিছিল, সেই সময়তো অমিতাভ মন্দিৰত ভক্তৰ ভিৰ কমা নাছিল। এই ছবিখনে স্পষ্ট কৰি দিয়ে দৰ্শকৰ হৃদয়ত থকা ইমেজ আৰু চিনেমাৰ নায়কৰ মাজত দূৰত্ব আছে। দৰ্শকৰ হৃদয়ত অমিতাভ বচ্চন নামৰ মহাতাৰকাগৰাকীৰ ইমেজ হয়তো ভগৱানৰ দৰে, এৰিব খুজিলেও এৰিব নোৱাৰে। 

--কম কথানে? 

অমিতাভৰ সময়ৰ, অমিতাভৰ পিছত বলীউডত খোজ পেলোৱা বহু তাৰকাৰ উজ্জ্বলতা নোহোৱা হ'ল, হেৰাই থাকিল। অমিতাভ কিন্তু আজিলৈ জিলিকি থাকিল। চৰ্চাত থাকিল। ইয়াৰ কাৰণ কোনো চিনেমাৰ চৰিত্ৰ ইমেজ নহয়, একমাত্র অমিতাভ ইমেজ। এই প্রসংগত প্রখ্যাত চিনেমা আলোচক, পৰিচালক, চিত্রনাট্যকাৰ খালিদ মোহম্মদে লিখা কেইটামান বাক্য উল্লেখ কৰিব পাৰো। "যেতিয়া বিফলতাৰ পিছত বিফলতাই অমিতাভক বিৰক্ত কৰি তুলিছিল, চেহেৰাৰ খংটো উজ্জ্বল হৈ গৈ আছিল। 'খং', 'উজ্জ্বল'!! হয়, মই ভুল লিখা নাই। 'খং' অমিতাভৰ অলংকাৰ। বাস্তৱ সেই খং পর্দাতো স্পষ্ট। পর্দাত স্পষ্ট হৈছিল যুৱ খং। যুৱ খং ইমেজলৈ ৰূপান্তৰ হৈছিল। যুৱ খঙে মোহব্বতেত ৰং সলাইছিল। খং যিহেতু বাস্তৱৰ আছিল, সেই ইমেজে নাম পাইছিল অমিতাভ।"

বর্তমান মই পঢ়ি আছো "ইমেজ অমিতাভ"। কৈলাশ বেন্দ্ৰই যুগুত কৰা ৪০০ পৃষ্ঠাৰ ৰচনা। আৰম্ভণিতে অমিতাভে লিখিছে।

"বৰ সুন্দৰ আছিল মোৰ শৈশৱ। যিমানখিনিৰ পৰা মনত আছে, সিমানখিনিৰ পৰা মোৰ অনুভৱ-- সুন্দৰ, অতি সুন্দৰ। বিদ্যালয়ৰ ছাৰ-বাইদেউসকলে মোক প্রশংসা কৰা নাছিল কোনোকালে। কিন্তু মৰম কৰিছিল। কিয় মৰম কৰিছিল তাৰ ব্যাখ্যা মোৰ ওচৰত নাই। ব্যাখ্যা কোনোকালে জানিবলৈ চেষ্টাও কৰা নাই। হ'ব পাৰে, মই এগৰাকী বিখ্যাত কবিৰ পুত্র। হ'ব পাৰে, মই ভাল কবিতা আবৃত্তি কৰো। আবৃত্তি প্রতিযোগিতাত অংশ লৈ প্ৰথম পুৰস্কাৰ পাওঁ। তেতিয়া আবৃত্তি কি মই বুজা নাছিলো। যেতিয়া মই শ্ৰেণীত লগা কবিতা ঘৰত পঢ়িছিলোঁ, 'পিতাজী'য়ে কৈছিল-- কবিতা তেনেদৰে নপঢ়ে। কবিতা পঢ়োতে শব্দবোৰ মুকলিকৈ এৰি দিব লাগে। স্পষ্ট হ'ব লাগে। লগতে মোক ছন্দৰ পাঠ পঢ়ুৱাই দিয়ে। কোনোবাই যদি মোক প্রশ্ন কৰে-- 'অভিনেতা অমিতাভ'ৰ বুনিয়াদ কি? মই ক'ম-- 'পিতাজী'য়ে দিয়া সেই শিক্ষা। কবিতাৰ দৰে চিনেমাত সংলাপ কোৱাৰ সময়তো শব্দবোৰ স্পষ্টকৈ, মুকলিকৈ এৰি দিবলৈ চেষ্টা কৰোঁ। মোৰ মনত অলপো সন্দেহ নাই, পিতাজীয়ে সেই শিক্ষা নিদিয়া হ'লে অভিনয়ৰ বাটত নিশ্চয় পিচল খালোহেঁতেন। মোক আকৌ এবাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বাবে নিৰ্বাচন কৰিলে "শ্রেষ্ঠ অভিনেতা" হিচাপে। 

সংবাদ মাধ্যমৰ পৰা অহা এটা "কমন" প্রশ্ন আছিল-- মোৰ কেনে লাগিছে? কি অনুভৱ হৈছে? 

মনতে মোৰ অনুভৱখিনি বিচাৰি চাওঁতে 'পিতাজী'য়ে দিয়া শিক্ষাৰ কথাখিনি মনলৈ আহিছে। আৰু মনত পৰিছে 'বঁটা' এটা পোৱাৰ পাছত যেতিয়া উৎসাহেৰে পিতাজীক জনাইছিলোঁ-- তেওঁ কি কৈছিল!

 কৈছিল-- 'ৰাষ্ট্ৰীয় বঁটাতো নহয়। সেইটোহে আচল সন্মান। মোৰ বিশ্বাস সেই সন্মান তই পাবি। তেতিয়া মোৰ আনন্দ লাগিব।' সেই বঁটাটো আছিল মই 'চিনেমাৰ অভিনেতা' হিচাপে লাভ কৰা প্ৰথম বঁটা। কিয় জানো পিতাজীৰ মনত ধাৰণা আছিল চিনেমাৰ মুম্বাইকেন্দ্ৰিক বঁটাবোৰৰ নিয়ন্ত্রক চিনেমাৰ প্ৰযোজক আদি। সেই বঁটাবোৰ মার্কেটিঙৰ অংশ। মার্কেটিঙত ব্যৱহাৰ হয়। সেয়েহে সম্ভৱত মই লাভ কৰা প্ৰথমটো মুম্বাইকেন্দ্রিক বঁটাই পিতাজীক সুখী কৰিব পৰা নাছিল।"



বৃহস্পতিবার, ৩ এপ্রিল, ২০২৫

অসমীয়া চিনেমা ২০২২--২০২৫



|| ২০২৫ ৰ অসমীয়া চিনেমা২০২৫ ৰ অসমীয়া চিনেমা ||
১। গোলাই চোৰ  পৰিচালক: ৰক্তিম কমল বৰুৱা  চিত্ৰগৃহলৈ: ১৭ জানুৱাৰী
২। কুঁহিপাঠ   পৰিচালক: প্ৰশান্ত কলিতা   চিত্ৰগৃহলৈ: ১৭ জানুৱাৰী
৩। শীতৰে সেমেকা ৰাতি  পৰিচালক: দীপাংকৰ কাশ্যপ  চিত্ৰগৃহলৈ: ৩১ জানুৱাৰী
৪। দ্যা মিৰাজ  পৰিচালক:বিকাশ মুছাহাৰীৰ চিত্ৰগৃহলৈ: ২১ ফেব্ৰুৱাৰী 
৫। সপোনে পাখি মেলে  পৰিচালক: বিকুল দত্ত  চিত্ৰগৃহলৈ: ২৮ ফেব্ৰুৱাৰী
৬। গমন   পৰিচালক: চন্দ্ৰ মুদৈ  চিত্ৰগৃহলৈ: ১৪ মাৰ্চ
৭। ৰক্ষক  পৰিচালক: ৰুবুল দাস  চিত্ৰগৃহলৈ: ৪  এপ্ৰিল
৮। ঝংকাৰ    পৰিচালক: হেম চন্দ্ৰ বৰা  চিত্ৰগৃহলৈ: ২৫ এপ্ৰিল
৯। কেচটো নগেন পৰিচালক: ধনজিৎ দাস  চিত্ৰগৃহলৈ ১১ মে'
১০। ভাইমন দা-A Tribute to Assamese Cinema     পৰিচালক: শশাংক সমীৰ 
 চিত্ৰগৃহলৈ: ২৩ মে'
১১। ৰুদ্ৰ  পৰিচালক: ৰূপক গগৈ  চিত্ৰগৃহলৈ: ২৭ জুন
১২। মালামাল বইজ  পৰিচালক: মৃণাল ডেকা  চিত্ৰগৃহলৈ: ১৮ জুলাই
১৩। আইৰণ গাৰ্লচ  পৰিচালক: ৰাজেন দাস   চিত্ৰগৃহলৈ: ২৫ জুলাই
১৪। কলাজ পৰিচালক: অমৰদীপ গগৈ  চিত্ৰগৃহলৈ: ১ আগষ্ট
১৫। কিয়?     পৰিচালক: অপৰূপ আগৰৱালা  চিত্ৰগৃহলৈ: ১ আগষ্ট
১৬। তাৰিখ   পৰিচালক: হিমজ্যোতি তালুকদাৰ   চিত্ৰগৃহলৈ: ২২ আগষ্ট
১৭। "যোদ্ধা-The Warrior of Life"  পৰিচালক: ভাস্কৰজ্যোতি গোস্বামী   চিত্ৰগৃহলৈ: ২২ আগষ্ট
১৮। ডাঃ নিশান্ত  পৰিচালক: সমিত চৌধুৰী   চিত্ৰগৃহলৈ:  ২৯ আগষ্ট
১৯। শ্বহীদ প্ৰনামো তোমাক   পৰিচালক: চন্দ্ৰ মুদৈ  চিত্ৰগৃহলৈ: ১৯ ছেপ্টেম্বৰ
২০। ক্ৰন্দন  পৰিচালক: পখিলা কলিতা  চিত্ৰগৃহলৈ: ১০ অক্টোবৰ
২০। ৰৈ ৰৈ বিনালে    পৰিচালক: ৰাজেশ ভূঞা   চিত্ৰগৃহলৈ: ৩১ অক্টোবৰ
২২। শ্ৰীকৃষ্ণ লীলা ২  পৰিচালক: ড° ৰুক্মিণী বৰা   চিত্ৰগৃহলৈ: ০৫ ডিচেম্বৰ 

।। ২০২৪ ৰ অসমীয়া চিনেমা ।।
১। কইনা কন্দা শিল  পৰিচালক: পৰিচালক: ড° মাইনু দেৱী আৰু ৰমেন বৰা      চিত্ৰগৃহলৈ: ৫ জানুৱাৰী
২। অনুনাদ  পৰিচালক: ৰীমা বৰা  চিত্ৰগৃহলৈ: ১৫ জানুৱাৰী (মাত্ৰ এটা দৰ্শনীহে প্ৰদৰ্শন হৈছে। চৰকাৰী ঘোষণা: মুক্তি দিছে।)
৩। 'সত্য- দ্য ট্ৰুথ'  পৰিচালক: ৰূপজ্যোতি বৰঠাকুৰ  চিত্ৰগৃহলৈ ২ ফেব্ৰুৱাৰী
৪। শ্ৰী শ্ৰী মাধৱদেৱ (এনিমেচন)  পৰিচালক: মঞ্জু বৰা  চিত্ৰগৃহলৈ: ২ ফেব্ৰুৱাৰী 
৫। মিনি পৰিচালক:অৰুনজিৎ বৰা চিত্ৰগৃহলৈ: ২৩ ফেব্ৰুৱাৰী
৪। এটা নিৰ্জন দুপৰীয়া  পৰিচালক: খঞ্জন কিশোৰ নাথ চিত্ৰগৃহলৈ: ১মাৰ্চ
৫। কুঁহি  পৰিচালক: লৰ্ড দাস  চিত্ৰগৃহলৈ: ৮ মাৰ্চ
৬। দাদাগিৰি পৰিচালক: ডিম্বেশ্বৰ গগৈ  চিত্ৰগৃহলৈ: ১৫ মাৰ্চ
৭। ৱাইড এংগল  পৰিচালক: জয়ন্ত নাথ   চিত্ৰগৃহলৈ: ২২ মাৰ্চ
৮। ইতি তোমাৰ  পৰিচালক: পাৰৱেজ আহমেদ  চিত্ৰগৃহলৈ: ২৯ মাৰ্চ 
৯। ফাইণ্ডিং মাইনি পৰিচালক: বিজন বি ব্ৰহ্ম   চিত্ৰগৃহলৈ: ১৯ এপ্ৰিল 
৮।  গোৱৰধন চৰিত পৰিচালক: জয়ন্ত গোস্বামী চিত্ৰগৃহলৈ : ৩ মে'
৯। জিয়া পৰিচালক: কেণী বসুমতাৰী চিত্ৰগৃহলৈ: ১৭ মে’
১০। প্ৰতিশ্ৰুতি  পৰিচালক: কিশোৰ তহবিলদাৰ  চিত্ৰগৃহলৈ: ২৩ আগষ্ট
১১। স্বৰ্গৰথ পৰিচিলক: ৰাজেশ ভূঞা চিত্ৰগৃহলৈ: ৭ জুন
১২। হ'মবইজ  পৰিচালক: অৰিন্দম শৰ্মা   চিত্ৰগৃহলৈ: ২১ জুন
১৩। ইমন পৰিচালক: অসীম বৈশ্য  চিত্ৰগৃহলৈ : ৫ জুলাই
১৪। বিদূৰভাই পৰিচালক: সুব্ৰত কাকতি চিত্ৰঘৃহলৈ: ১৯ জুলাই 
১৫। পিশাচ পৰিচালক: অমিতাভ ৰাগ  চিত্ৰগৃহলৈ: ২ আগষ্ট
১৬। সেউজ সন্ধান পৰিচালক: মঞ্জু বৰা  চিত্ৰগৃহলৈ: ৩০ আগষ্ট 
১৭। চিলনী চোৰ  পৰিচালক: প্ৰণৱজ্যোতি ভড়ালী চিত্ৰগৃহলৈ: ৩০ আগষ্ট
১৮। অন্তিম নিৰ্ণয়  পৰিচালক: অৱনী ৰঞ্জন পাঠক  চিত্ৰগৃহলৈ: ১ ছেপ্টেম্বৰ 
১৯। লোকেল কুংফু-৩ পৰিচালক: কেনী বসুমতাৰী  চিত্ৰগৃহলৈ: ৫ ছেপ্টেম্বৰ
২০। চিকাৰ  পৰিচালক: দেবাংকৰ বৰগোঁহাই  চিত্ৰগৃহলৈ: ২০ ছেপ্টেম্বৰ
২১। ভূত জলকীয়া পৰিচালক: চিন্ময় শৰ্মা  চিত্ৰগৃহলৈ: ২৭ ছেপ্টেম্বৰ 
২২। জয় হনুমেন  পৰিচালক: হিমাংশু প্ৰসাদ দাস চিত্ৰগৃহলৈ: ১৮ অক্টোবৰ 
২৩। সুন্দৰপুৰ কেঅছ  পৰিচালক: ঝুলন কৃষ্ণ মহন্ত  চিত্ৰগৃহলৈ: ২৫ অক্টোবৰ
২৪। অভিমন্যু  পৰিচালক: অচিন্ত শংকৰ  চিত্ৰগৃহলৈ: ১৫ নৱেম্বৰ
২৫। ডেউকা  পৰিচালক: জিনী মহলীয়া     চিত্ৰগৃহলৈ: ২২ নৱেম্বৰ


।। ২০২৩ ৰ অসমীয়া চিনেমা।।
১। কমলা কুঁৱৰী*  পৰিচালক: পৰমানন্দ ৰাজবংশী  চিত্ৰগৃহলৈ: ৬ জানুৱাৰী 
২। অনুৰ***    পৰিচালক: মঞ্জুল বৰুৱা   চিত্ৰগৃহলৈ: ২৭ জানুৱাৰী
৩। ডক্তৰ বেজবৰুৱা ২**    পৰিচালক: নিপন গোস্বামী     চিত্ৰগৃগলৈ: ৩ফেব্ৰুৱাৰী
৪।ব্লেক এণ্ড হোৱাইট** পৰিচালক: ধনজিৎ দাস  চিত্ৰগৃহলৈ: ২৪ ফেব্ৰুৱাৰী
৫। দিছপুৰত গাভৰু*  পৰিচালক: এম এম ৰহমান, আসীম বৈশ্য  চিত্ৰগৃহলৈ: ৩মাৰ্চ
৬। কৃষ্ণলীলা*   পৰিচালক: ড° ৰুক্মিণী বৰা  চিত্ৰগৃহলৈ: ৩ মাৰ্চ
৭। অৰ্জুন   পৰিচালক:ৰজনী বৰ্মন  
চিত্ৰগৃহলৈ: ৭ এপ্ৰিল
৮। কি কোৱা দোস্তি  পৰিচালক: কেনী বসুমতাৰী   চিত্ৰগৃহলৈ: ২৮ এপ্ৰিল
৯। the consequences   পৰিচালক: চন্দ্ৰ শেখৰ দাস   চিত্ৰগৃহলৈ: ২৬ মে'
১০। শ্ৰীৰঘুপতি**      পৰিচালক: সুব্ৰত কাকতি  চিত্ৰগৃহলৈ ৫জুন 
১১। দ্য শ্লেমবুক*    পৰিচালক: প্ৰাঞ্জল গৈয়াৰী
  চিত্ৰগৃহলৈ: ৩০ জুন।
১২। tora's husband   পৰিচালক: ৰীমা দাস চিত্ৰগৃহলৈ: ২২ ছেপ্টেম্বৰ।
১৪। এটি নক্ষত্ৰ  পৰিচালক: ৰুদ্ৰজিৎ মজুমদাৰৰ  চিত্ৰগৃহলৈ : ৬ অক্টোবৰ।
১৫। মমতাৰ চিঠি  পৰিচালক: নিৰ্মল দাস  চিত্ৰগৃহলৈ: ৬ অক্টোবৰ।
১৬। বীৰ   পৰিচালক: নাৰায়ণ শীল          চিত্ৰগৃহলৈ: ১১ অক্টোবৰ।
১৭। ৰাঘৱ  পৰিচালনা: যতীন বৰা  চিত্ৰগৃহলৈ: ২৭ অক্টোবৰ।
১৮। ৰঙাটাপু-১৯৮২  পৰিচালক: আদিত্যম শইকীয়া চিত্ৰগৃহলৈ: ২৪ নৱেম্বৰ।
১৯। নেলীৰ কথা পৰিচালক: পাৰ্থজিৎ বৰুৱা    চিত্ৰগৃহলৈ: ৮ ডিচেম্বৰ।
২০। হেঁপাহৰ এনাজৰি পৰিচালক: কুবেৰ ৰাজ বৰদলৈ  চিত্ৰগৃহলৈ: ২৯ ডিচেম্বৰ

|| ২০২২ৰ আসমীয়া চিনেমা ||


১। চিনেমা: একলব্য**   চিত্ৰগৃহলৈ:৭ জানুৱাৰী  পৰিচালক: আলফ্ৰেড খান

২। চিনেমা: ৰাইনো এক্সপ্ৰেছ*  চিত্ৰগৃহলৈ: ৪ মাৰ্চ   পৰিচালক:  মণি সিনহা

৩। চিনেমা: গংগা-এখনি বোৱতী হিয়া*    চিত্ৰগৃহলৈ: ৬ মে'   পৰিচালক: মনি সিনহা

৪। চিনেমা: লোকেল উৎপাত***  চিত্ৰগৃহলৈ: ১৩ মে' পৰিচালক: কেনি  বসুমতাৰী

৫। চিনেমা: এমুঠি পুঠি****   চিত্ৰগৃহলৈ: ১৭ জুন পৰিচালক: কুলনন্দিনী মহন্ত

৬। চিনেমা: দাদা তুমি দুষ্ট বৰ*  চিত্ৰগৃহলৈ আহিছে: ২৪ জুন   পৰিচালক: সমীৰ বুঢ়াগোহাঞি

৭। চিনেমা: গুৱাহাটী ডায়েৰীজ**   চিত্ৰগৃহলৈ আহিছে:১৫ জুলাই  পৰিচালখ: প্ৰশান্ত শইকীয়া 

৮। চিনেমা: উপসৰ্গ***  চিত্ৰগৃহলৈ আহিছে: ২৯ জুলাই পৰিচালক: কংকন ডেকা

৯। চিনেমা: খং*  চিত্ৰগৃহলৈ আহিছে; ৫ আগষ্ট পৰিচালক: কুলদীপ বৰা

১০। চিনেমা: গো গো আই*  চিত্ৰগৃহলৈ আহিছে১৯ আগষ্ট  পৰিচালক: চন্দ্ৰ মুদৈ

১১। চিনেমা: জনকনন্দিনী** চিত্ৰগৃহলৈ আহিছে: ২ ছেপ্তেম্বৰ  পৰিচালক: কুঞ্জলতা গগৈ দাস

১২। চিনেম: বুলু ফিল্ম***  চিত্ৰগৃহলৈ: ৯ ছেপ্তেম্বৰ, ২০২২  পৰিচালক: হিমাংশু প্ৰসাদ দাস

১২। চিনেমা: বুম্বা ৰাইড**** (মিচিং ভাষাৰ) চিত্ৰগৃহলৈ আহিছে: ১৬ ছেপ্তেম্বৰ  পৰিচালক: বিশ্বজিৎ বৰা

১৩। চিনেমা:চেমখৰ****(ডিমাছা ভাষাৰ দ্বিতীয় খন চিনেমা) পৰিচালক: আইমী বৰুৱা  চিত্ৰগৃহলৈ:২৩ ছেপ্তেম্বৰ

১৩। চিনেমা: ব্ৰিজ**  চিত্ৰগৃহলৈ: ৩০ছেপ্তেম্বৰ পৰিচালক: কৃপাল কলিতা

১৪। চিনেমা: বেলকনিত ভগৱান*** চিত্ৰগৃহলৈ:৭ অক্টোবৰ  পৰিচালক: বিশ্বজিৎ বৰা

১৫। চিনেমা: মোৰ শেষ গান*** চিত্ৰগৃহলৈ: ১৪ অক্টোবৰ  পৰিচালক: প্ৰৱাল বৰুৱা

১৬। চিনেমা: ঘোষ্ট অফ মাইখুলী* চিত্ৰগৃহলৈ: ১৪ অক্টোবৰ পৰিচালক: পংকজ চ’ৰাম

১৭। চিনেমা: লংকা কাণ্ড* চিত্ৰগৃহলৈ: ২৮ অক্টোবৰ পৰিচালক: ৰজনী বৰ্মন

১৮। চিনমা:বন্ধু* চিত্ৰগৃহলৈ: ৪ নৱেম্বৰ পৰিচালক: ত্ৰিদীপ লাহন

১৯। চিনেমা:মেড ইন নলবাৰী***   চিত্ৰগৃহলৈ:২ ডিচেম্বৰ  পৰিচালক: তনুজ নাথ 
২০। চিনেমা: The Seventh String**** চিত্ৰগৃহলৈ: ২ ডিচম্বৰ পৰিচালক: বাহাৰুল ইছলাম
২১। চিনেমা: ভোলা ব'মভোলা*  চিত্ৰগৃহলৈ: ৯ ডিচেম্বৰ     পৰিচালক:চন্দ্ৰ মুদৈ
২২। চিনেমা: ৰাজনীতি* পৰিচালক: মনজিৎ শৰ্মা  চিত্ৰগৃহলৈ: ২৩ ডিচেম্বৰ
২৩। চিনেমা: ৰণ     পৰিচালক: দিগন্ত শৰ্মা   চিত্ৰগৃহলৈ: