মঙ্গলবার, ৩০ নভেম্বর, ২০২১

আৰু সান্নিধ্য /১

নতুন চিন্তা, মুকলি মনৰ চিন্তা, শুদ্ধ চিনেমা চৰ্চাৰে তৰুণ পৰিচালকসকলে ‘ভাৰতীয় চিনেমা’ক ‘বিশ্ব চিনেমা'ৰ এৰিব নোৱাৰা ‘অংগ' হিচাপে প্রতিষ্ঠা কৰিব পাৰিবনে?— নোৱাৰাৰ কাৰণ নাই। মণিপুৰৰ অৰিবামে পাৰিছিল, অৰিবাম শ্যাম শৰ্মাৰ চিনেমা ‘কাঁ'ৰ দৰে চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন হৈছিল— চর্চা হৈছিল৷ তেতিয়াৰ পৰাই পৰিচালকগৰাকীয়ে চিঞৰিছিল—— শুদ্ধ চিনেমা চৰ্চাই ভাৰতীয় চিনেমাক ‘বিশ্ব চিনেমা'ৰ স্তৰত সহজে বহুৱাব পাৰে।

দিন হ'ল ! অৰিবাম শ্যাম শৰ্মাক (Aribam Syam Sharma) লগ পাইছিলোঁ, কিছু সময়ৰ বাবে। “চিনেমাৰ ভঁৰাল"— প্রথম আলাপতে অনুভৱ কৰিছিলোঁ। ‘চিত্ৰকৰ্মী’গৰাকীৰ চিন্তা-চৰ্চা কোনো বিশেষ বৃত্তৰ মাজত বন্দী নহয়। কলা-বাণিজ্যৰ বিভাজন চিনেমাত বিশ্বাস নকৰে। কৈছিল— "মই চিনেমা নাজানো, কিন্তু চিনেমা কেনে হোৱা উচিত সেয়া জানো।... সত্যজিৎ ৰায় মোৰ প্ৰিয় পৰিচালক। কিন্তু মই তেওঁৰ ছাত্ৰ হ'বলৈ চেষ্টা কৰা নাছিলোঁ। ভিটাৰিঅ' দি চিকাৰ ( Vittorio De Sica) "বাইচাইকেল থীফ"ৰ ( Bicycle Thieves)   এই মহৎ শৈলী। তেনেদৰে মই অধ্যয়ন কৰিছিলোঁ, ঋত্বিক ঘটকৰ ‘অযান্ত্ৰিক’। সেইখনো মই চৰ্চা কৰিছিলোঁ, কিন্তু মগজুত থাকিব দিয়া নাছিলোঁ। মন-মগজুত সেই চিনেমাসমূহ থকা হ'লে হয়তো মই 'ইছনৌ’( Ishanou / Screened at the Un Certain Regard section of the 1991 Cannes International Film Festival. Best Feature Film in Manipuri at the 38th National Film Awards.) ৰচনা কৰাত উজুটি খালোঁহেঁতেন।..." —অৱশ্যে পৰিচালকগৰাকীয়ে স্বীকাৰ কৰে তেওঁৰ ৰচনাশৈলী, পৰিচালনাশৈলীত যে জাপানী শৈলীৰ প্ৰভাৱ স্পষ্ট।
  পৰিচালকগৰাকীৰ ব্যাখ্যা— "মংগোলীয় মূলৰ চাৰিত্ৰিক, সাংস্কৃতিক বৈশিষ্ট্য থকা হেতু বোধহয় জাপানী চলচ্চিত্র নির্মাতাৰ প্ৰভাৱ মোৰ কামত পৰিছে। সমালোচক আৰু বিশেষজ্ঞসকলে মোক ওজুৰ সৈতে তুলনা কৰে। মই পিছে তেওঁৰ বেছি চিনেমা চোৱা নাই। মোৰ কথা— আঞ্চলিক আৰু থলুৱা লোকৰ জীৱনধাৰা আৰু চাৰিত্ৰিক বৈশিষ্ট্য আমাৰ চিনেমাৰ ভেটি হ’ব লাগে। অসমীয়া চিনেমাৰ প্ৰসংগতো মই তেনেদৰেই ক’ম— অসমৰ চহকী ঐতিহ্য আৰু পৰম্পৰাৰ পৰা বহু চিনেমা নিৰ্মাণ কৰিব লগা আছে আৰু এইবোৰ নিৰ্মাণ কৰি উলিয়াব পাৰিলে যিকোনো ভাষাৰ চিনেমাৰ লগত ফেৰ মাৰিব পাৰিব।... নিজা সংস্কৃতিলৈ পিঠি দি, আন বিষয়বস্তু অনুসৰণ কৰাৰ সময় উকলি গৈছে। মুম্বাইকেন্দ্রিক হিন্দী চিনেমাই দিয়া সোৱাদ দৰ্শকৰ মনত বেয়াকৈ লাগিছে। আমি এই স্বাদক ধীৰে ধীৰে অতি সচেতনভাৱে নোহোৱা কৰিবলৈ চেষ্টা কৰিব লাগিব। মোৰ অভিজ্ঞতাৰ ফালৰ পৰা ক'বলৈ গ’লৈ মোৰ বিশ্বাস যে আমাৰ আঞ্চলিক ভাষাৰ ছবিবোৰত বলীউডকেন্দ্ৰিক হিন্দী ছবিৰ আগত মুখামুখি হোৱাৰ শক্তি আছে।..."

এইখিনিতে 'ভাৰত গৌৰৱ’ পৰিচালকগৰাকীৰ প্ৰসংগত কিছু চৰ্চা কৰা প্রয়োজন নিশ্চয় আছে। ‘ইছ’নৌ’ খ্যাত পৰিচালকগৰাকীৰ ‘এদিন চিনেমা পৰিচালক হ’ম’ ধৰণৰ কোনো সপোন নাছিল। চেন্নাইত ইঞ্জিনীয়াৰিং পাঠ্যক্ৰমত অধ্যয়ন কৰি ইম্ফলত শিক্ষকতাৰ জীৱন আৰম্ভ কৰিছিল। অৱশ্যে নাটক, সংগীত চৰ্চা আছিল তেওঁৰ প্ৰিয় বিষয়। হিন্দুস্থানী সংগীতৰ সুগায়ক আছিল। লক্ষ্ণৌৰ ভাটখাণ্ডে প্ৰতিষ্ঠানৰ পৰা স্নাতক উপাধি লাভ কৰিছিল। সেইবাবেই তেওঁ ইম্ফলৰ আকাশবাণী কেন্দ্ৰত নিয়মীয়াকৈ গীত পৰিৱেশনৰ সুযোগ পাইছিল। ক’ব পাৰি ‘ইছ’নৌ’ অৰিবাম শ্যাম শৰ্মা মণিপুৰী আধুনিক গীতৰ বুনিয়াদ গঢ়োঁতাসকলৰ অন্যতম। এই যে সংগীতৰ সৈতে জড়িত হৈ আছিল, সেই ‘পৰিচয়’ৰ বাবেই কলকাতাৰ চিনেমা পৰিচালকগৰাকীৰ সৈতে তেওঁৰ সম্পৰ্ক স্থাপন হয়। কলকাতাৰ পৰা পৰিচালকগৰাকীলৈ অনুৰোধ— সংগীতৰ দায়িত্ব ল'ব লাগে। তেনেদৰেই চিনেমাৰ ক্ষেত্ৰখনত প্ৰৱেশ। সেই বিশেষ চিনেমাখনত সংগীতৰ দায়িত্ব আছিল যদিও অৰিবাম শ্যাম শৰ্মাই অভিনয়, সম্পাদনা আদিৰ সৈতেও জড়িত হৈ দায়িত্ব লৈছিল। পৰিচালকগৰাকীৰ ভাষাত — "মনত সাহস নির্মাণ হৈছিল। মনটোৱে কৈছিল— তই চিনেমা পৰিচালনা কৰিব নোৱাৰাৰ কোনো কাৰণ নাই।... মই ভাবিলোঁ মনটোৱে কৈছে যেতিয়া পৰীক্ষা হিচাপে কৰি চাব পৰা যায় ৷ কৰি চালোঁ। প্ৰথমখন কৰাৰ পিছত চিনেমা জনা, চিনেমা বুজাসকলে সাহস দিলে। সেই সাহসতে ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ চেষ্টা কৰিলোঁ। চেষ্টা কৰি আছোঁ।..."

মণিপুৰৰ চিত্ৰৰসিক বন্ধু এগৰাকীয়ে ‘অৰিবাম শ্যাম শৰ্মা' বিষয়ৰ ৰচনা কেইখনমান দিছিল। সেই ৰচনাসমূহ মাজতে পালোঁ : এক বিশেষ পৰ্যায়ৰ চিত্ৰৰসিককে নহয়, সাধাৰণ দৰ্শককো স্পৰ্শ কৰিছিল অৰিবাম শৰ্মাৰ 'চিত্ৰকৰ্ম'ই। উদাহৰণ— 'Olangthagee Wangmadasoo' ( Best Feature Film in Manipuri at the 27th National Film Awards. মণিপুৰত একেৰাহে ৩২ সপ্তাহ প্ৰদৰ্শন হৈছিল।)। মণিপুৰত এই চিনেমাখনৰ মুক্তিৰ সময়ত চলি আছিল ‘শ্বোলে’। ‘Olangthagee Wangmadasoo'য়ে ব্যৱসায়ৰ দিশত ‘শ্বোলে’ক চেৰ পেলাইছিল। তেনেদৰে দৰ্শকে আদৰি লৈছিল ‘ইনামী লিংথেম’ক। এই চিনেমাখনে প্ৰথমবাৰৰ বাবে উত্তৰ-পূবলৈ কঢ়িয়াই আনিছিল— ১৯৮২ চনৰ নানটেজ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱৰ গ্ৰেণ্ড প্রিন্স। —এই ‘তথ্যই এটা দিশ স্পষ্ট নকৰেনে— শ্রেষ্ঠ চিনেমাই সকলো শ্ৰেণীৰ দৰ্শককে স্পৰ্শ কৰে। ‘কলা’, ‘বাণিজ্য’ সংঘাতৰ ঊর্ধ্বত থকা চিনেমাহে ‘শ্রেষ্ঠ চিনেমা’। এইখিনিতে উল্লেখ কৰিব পাৰি যে সত্যজিৎ ৰায়ৰ ‘পথেৰ পাঁচালী’, ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘সন্ধ্যাৰাগ’ও আছিল ‘স্থানীয় বজাৰ’ দুখনত সফল। (প্রকাশ : নতুন সময়/২০০৮)

সোমবার, ২৯ নভেম্বর, ২০২১

'জয়মতী' চাৰি নম্বৰো নহয়, পাঁচ নম্বৰো নহয়

জয়মতী চাৰি নে পাঁচ নম্বৰ... প্ৰথমখন অসমীয়া চিনেমা 'জয়মতী’কেন্দ্রিক দুটা চর্চা প্রায়ে হয়—(ক) ভাৰতৰ চতুর্থখন সবাক চিনেমা, (খ) ডাবিং কৰা প্ৰথমখন ভাৰতীয় চিনেমা। —হয় জানো? ২০ মার্চ, ১৯৩৫ চনৰ আগৰ সময়ছােৱাত মাত্র তিনিখনহে সবাক ভাৰতীয় চিনেমা নির্মাণ হােৱা 'তথ্য’টো কিমান সত্য? প্রথমবাৰ এই 'তথ্য’টো পঢ়িছিলাে এখন সাপ্তাহিক অসমীয়া কাকতত, কায়িকভাৱে আমাৰ মাজৰ পৰা আঁতৰি যােৱা চিত্র সাংবাদিক এগৰাকীৰ লেখাত। তাৰ পাছত সেই 'তথ্য’ কেইবাখনাে কাকত-আলােচনীৰ পৃষ্ঠাত পঢ়িছিলাে। সেই প্রসঙ্গ এই লেখাৰ বিষয় নহয়। এই লেখাৰ বিষয়— প্রকৃত তথ্যৰ সন্ধান।
 প্ৰথমখন 'সবাক ভাৰতীয় ছবি (সেই সময়ত ‘চিনেমা’ ধাৰণা নাছিল) বা ভাৰতীয় বােলছবি ‘আলম আৰা'। ইমানদিনে আলমআৰা ভাৰতৰ প্ৰথমখন সবাক ছবি বুলি কৈ অহা হৈছে। কিন্তু শেহতীয়াভাৱে কেইবাগৰাকীও ছবি আলােচকে উল্লেখ কৰিছে যে কানাড়া ভাষাৰ 'ভক্ত কবীৰ'হে ভাৰতৰ প্ৰথমখন সবাক ছবি বা বােলছবি। (ভাৰতৰ চিনেমা ইতিহাসত ১৯৩৪ চনতহে 'সতী সুলােচনা'ৰে কন্নড় চিনেমাৰ ‘সবাক যুগ' আৰম্ভ হােৱা যি তথ্য পােৱা যায়, সেয়া যে সত্য নহয়, যুক্তি আগবঢ়াইছে একাংশ চিনে পণ্ডিতে।) ১৯৩০ চনত বােলছবি খন দর্শকে চোৱাৰ সুযােগ পাইছিল। 'ইণ্ডিয়ান চিনেমা’ নামৰ সংকলন এটাত সন্নিবিষ্ট লেখা এটাত এই বিষয়ে এনেদৰে উল্লেখ কৰিছে- 'গাব্বি বিৰান্না এগৰাকী মঞ্চকর্মী। তেওঁক নাটকৰ ন-ন শৈলীৰ আৱিষ্কাৰক বুলি কোৱা হয়। আজিও এইগৰাকী নাট্যকর্মীৰ নাম শ্রদ্ধাসহকাৰে লােৱা হয়। ১৯২২-২৩ চনৰ সময়ছােৱাত গাব্বিৰ এখন নাটকে দর্শকৰ বিশেষ সমাদৰ লাভ কৰিছিল। দর্শকসকলৰ মাজত জনপ্রিয় হােৱা বাবে নাটকখন অসংখ্যবাৰ মঞ্চস্থ কৰিবলগীয়া হৈছিল। কিন্তু গাব্বিৰ পক্ষে দর্শকে বিচৰা ধৰণে নাটকখন একেৰাহে ইমানবােৰ দর্শনী মঞ্চস্থ কৰাটো সম্ভৱ নাছিল। বিশেষকৈ নাটকখনৰ অভিনেতা-অভিনেত্ৰীসকলক গাব্বিয়ে ইয়াৰ বাবে সন্মত কৰাব পৰা নাছিল। সেই সময়ত দক্ষিণ ভাৰতৰ তামিল আৰু তেলেগু চিনেমাৰ ক্ষেত্ৰ দুখনত নির্বাক যুগ আৰম্ভ হৈছিল। গাব্বিয়ে ঠিক কৰিলে— নাটকখন কেমেৰাত বন্দী কৰা হওক। কিন্তু সংলাপৰ কি কৰা হ'ব? সেই কথা ভাবি গাব্বি প্রায় নিৰাশ হৈ পৰিছিল। কিন্তু নিৰাশ নহ’ল বিজ্ঞান চর্চা কৰি ভাল পােৱা তেওঁৰ দলৰে এজন অভিনেতা। অৱশ্যে ইয়াৰ বাবে গাব্বিয়ে ১৯৩০ চনলৈকে অপেক্ষা কৰিবলগীয়া হ’ল। সেই অভিনেতাজনে ১৯২৯ চনৰ কোনােবা এটা দিনত মুম্বাইৰ মে ডানা থিয়েটাৰত আমেৰিকান সবাক ছবি ‘মেল’ডী অব লাভ’ চোৱাৰ সুযােগ পাইছিল। অভিনেতাজনে ‘মেল’ডী অৱ লাভ’ৰ প্রযুক্তি ব্যৱহাৰ কৰি 'ভক্ত কবীৰ'ত শব্দ দিয়াৰ ব্যৱস্থা কৰিলে। এই সবাক ছবিখন দর্শকে চোৱাৰ সুযােগ পালে ১৯৩০ চনৰ ২৭ মার্চত। এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি বিশ্বৰ প্ৰথমখন সবাক ছবি ১৯২৭ চনৰ ৬ অক্টোবৰত নিউয়র্কত মুক্তি পাইছিল। All talking, all singing, all dancing বুলি প্ৰচাৰ চলােৱা হিন্দী ভাষাৰ ‘আলমআৰা’মুম্বাইত মুক্তি পাইছিল ১৯৩১ চনৰ ১৪ মার্চত, ‘ভক্ত কবীৰ'ৰ প্রায় এবছৰ পাছত। অৱশ্যে এটা কথা স্পষ্ট— ‘ভক্ত কবীৰ' প্ৰকৃতাৰ্থত পূর্ণদৈর্ঘ্যৰ ছবি নাছিল। সেই হিচাপত এম ইৰানীৰ ‘আলমআৰা'হে প্রথমখন ভাৰতীয় পূর্ণদৈর্ঘ্যৰ সবাক ছবি। আন এখন সবাক ছবি 'কালিদাস’ মুক্তি পাইছিল ১৯৩১ চনৰ জানুৱাৰীত, তৃতীয় শুকুৰবাৰে৷ কিন্তু এইখনো পূৰ্ণদৈৰ্ঘ্যৰ ছবি নাছিল৷ হ’লেও ‘কালিদাস' ‘আলমআৰাত’কৈ আগেয়ে চিত্ৰগৃহলৈ আহিছিল। এতিয়া স্বাভাৱিকতে প্রশ্ন উত্থাপন হৈছে– চিনেমা সম্পর্কে চিন্তা-চৰ্চা কৰাসকলৰ মাজত এই তথ্য বিভ্রান্তি হােৱাৰ কাৰণ কি? এইখিনিতে এটা কথা স্পষ্ট কৰি হােৱা ভাল হ'ব—এই চিনেমাবােৰ মুক্তি পােৱাৰ সময়লৈকে কোনাে চেন্সৰৰ ব্যৱস্থা নাছিল। চিনেমাবােৰ সম্পূৰ্ণ হােৱাৰ লগে লগে দর্শকৰ ওচৰলৈ গুচি গৈছিল। সেই কাৰণেই সম্ভৱতঃ এই তথ্য বিভ্রান্তিৰ সূত্রপাত হৈছে। আৰু এটা কথা, চিনেপণ্ডিতসকলৰ চিনেমা চর্চা আছিল হয়তাে মুম্বাই কেন্দ্রিক। ফলত আঞ্চলিক ভাষাবােৰত নির্মাণ হােৱা ছবিবােৰ আঁৰতে ৰৈ গৈছিল। তাৰ ফলত ভাৰতীয় চিনেমাৰ বুনিয়াদ গঢ়ি তােলা ভাৰতৰ আঞ্চলিক ভাষাবােৰৰ আঁৰতে ৰৈ গৈছিল। তাৰ ফলত ভাৰতীয় চিনেমাৰ বুনিয়াদ গঢ়ি তােলা ভাৰতৰ আঞ্চলিক ভাষাবােৰৰ ভালেকেইগৰাকী চিত্রকর্মী স্বীকৃতিৰ পৰা বঞ্চিত হৈ আহিছে। এতিয়া কথা হ'ল— সেই মহান চিত্রকর্মসকলক আজিও স্বীকৃতি দিয়া নহ'ব নেকি? সেই কাৰণেই ভাৰতৰ চিনেমাৰ ইতিহাস নতুনকৈ লিখাৰ কাম চলিছে। ১৯৩৫ চনৰ ২৭ মার্চলৈকে 'ভাৰতীয় চিনেমাৰ ইতিহাস’ অধ্যয়ন কৰিছিলো বিভিন্ন মাধ্যমত। চিনেমা বিষয়ত গৱেষণা কৰি থকা আৰ কে ৰাঘৱনে ক'লে—১৯৩০ চনৰ ৭ মার্চলৈকে তামিল, তেলেগু ভাষাত ১৮খন পূর্ণদৈর্ঘৰ কথাছবি নির্মাণ হৈছিল। চুটি-চুটি বােলছবিও নির্মাণ হৈছিল। শুদ্ধ তথ্য পােৱা নাযায়।' তামিল চিনেমাৰ ‘সবাক’ আৰম্ভ হৈছিল 'কালিদাস’ৰে, ১৯৩১ চনত। 'ভক্ত প্রহ্লাদ’ৰে সেই একেটা বর্ষতে তেলেগু চিনেমাৰ 'সবাক যুগ’ আৰম্ভ হৈছিল। বাংলা চিনেমাৰাে 'সবাক যুগ’ আৰম্ভ হৈছিল এই বছৰটোতে। অমৰ চৌধুৰীয়ে পৰিচালনা কৰা ‘জামাই ষষ্ঠী’প্রথমখন বাংলা কথাছবি। দৈর্ঘ আছিল প্রায় ৩০ মিনিটহে। ৩০ ডিচেম্বৰ, ১৯৩১ ত ‘দর্শক’ৰ বাবে মুকলি কৰি দিয়া প্রেমাকুংৰ আতর্থীৰ 'দেনা-পাওনা’প্ৰথমখন পূর্ণদৈর্ঘ্য বাংলা কথাছবি। প্রথমখন অসমীয়া কথাছবি চিত্ৰগৃহলৈ অহাৰ বৰ্ষটোত নির্মাণ হৈছিল ১২ খন পূর্ণদৈর্ঘ্য বাংলা, ৮ খন মাৰাঠী আৰু দক্ষিণ ভাৰতৰ পৰা ২৫ খন কথাছবি। এই তথ্য মাৰাঠী গ্রন্থ ‘আজছা চিত্রপট’ৰ। গ্ৰন্থখনত প্ৰকাশ পােৱা তথ্যমতে, ১৯৩২ চনত চিত্ৰগৃহলৈ অহা সবাক মাৰাঠী চিত্রকর্ম ‘অযােধ্যেচা ৰাজা'ৰ লগতে পৰৱর্তী বৰ্ষত চিত্ৰগৃহলৈ অহা বাংলা চিনেমা নিতীন বােসৰ ‘ভাগ্যচক্র’ ‘ডাব’ কৰা হৈছিল। -- এই তথ্যত স্পষ্ট 'জয়মতী' চাৰি নম্বৰো নহয়, পাঁচ নম্বৰো নহয়।

রবিবার, ২৮ নভেম্বর, ২০২১

প্ৰচাৰ বিলাস /১

১১ লাখৰো বেছি দৰ্শকে চাইছে!
গালি দি তালি!
 দেশ নিলাম!
-- ইমানেই। আৰু আন কিবা উদ্দেশ্য থকা বুলি নাভাবো। ভবাৰ যুক্তি বিছৰাৰ বাট নিদিয়ে বীৰ দাসৰ দৰে তথাকথিত 'তাৰকা'ই।
         আমাৰ দেশৰ বহুতে নজানিছিল বলীউদত এজন বীৰ দাস নামৰ অভিনেতা আছে। শেহতীয়া 'চৰ্চা'ইহে জনালে নমস্তে লণ্ডন, মুম্বাই কলিং, দিল্লী বেলি, মস্তিদাজে আদি চিনেমাত সৰু-সৰু চৰিত্ৰত অভিনয় কৰা, সৰু পৰ্দাতো কাম কৰা 'চিনাকি মুখ খনৰহে নাম' বীৰ দাস। অৰ্থাত দৰ্শকৰ বাবে 'মুখ' খন অচিনাকী নাছিল, নামটো কিন্তু বহুতেই জনা নাছিল। চৰ্চাই 'হাইলাট'লৈ অনাৰ পিছতহে জানিলে। আৰু আজি যদি over-the-top (OTT) প্লেটফৰ্ম নাথাকিল হেতেন, হয়তো বীৰ দাস ( আৰু বহু কেইগৰাকী বীৰ দাস) নামৰ অভিনেতা গৰাকী হেৰিই থাকিল হেতেন! --হয়, কৰোণা সমস্যাৰ বাবে অ'টিটি প্লেটফৰ্মৰ উত্থান হৈছিল, মুলতঃ চিত্ৰগৃহ বন্ধ হোৱাত। আৰু এই বিনোদনৰ নতুন প্লটফৰ্মে খনে নিজকে তাৰকা বুলি কোৱাৰ সুযোগ দিছিল বীৰ দাসৰ দৰে অভিনেতাক। অৱশ্যে এই কথা স্বীকাৰ কৰিব লিগিব ১৮খন চিনেমাত অভিনয় কৰা বীৰ দাসে প্রায় ৩৫ খন নাটক, ১০০টিৰো বেছি স্ট্যান্ড-আপ কমেডি শ্ব'ত অংশ লৈছিল।-- এনেধৰণৰ শ্ব' এটাত অংশ লৈ ( আমেৰিকাৰ ৱাশ্বিংটনেৰ জন এফ কেনেডি সেন্টাৰত ‘আই কেম ফ্রম টু ইণ্ডিয়াপছ' নামেৰে  নিজেৰ শ্ব'ত) বীৰ দাসে মন্তব্য কৰিছিল, ‘‘আমি সেইখন  ভাৰতৰ বাসিন্দা, যিখানত  দিনত নাৰীক (দেৱী ৰূপে) পুজা কৰা হয় আৰু ৰাতি নাৰীক গণধর্ষণ কৰা হয়।’’ ইমানেই নহয় , কৰোণাৰ বিৰূদ্ধে সংঘৰ্ষ, কৃষি আইনেৰ বিৰূদ্ধে আন্দোলন, ধর্ষণৰ সমস্যা-সহ একাধিক জ্বলন্ত সমস্যাৰ কথাও তুলি ধৰে অভিনেতা গৰকীয়ে সেই শ্ব'ত। আৰু সেই শ্ব'ৰ ভিডিঅ' এতিয়া ইউটিউবত।
         চাওকচোন আমাৰ দেশপ্ৰেম। আমাৰ দেশৰ নাগৰিকৰ দায়িত্ব। ইয়াতকৈয়ো দুখৰ (ভয়ানক) বিষয়-- এটা ৰাজনৈতিক দলৰ 'দেশ উদ্ধাৰ কৰা নেতা'ই বীৰ দাসক সমৰ্থন কৰিছে। কৈছে --"আমি যি কব পৰা নাই, তুমি সাহসেৰে কৈ দিলা।
         বীৰৰ বিৰূদ্ধ ঠিয় দিছে 'বিৰঙ্গনা' কংগনা ৰাণাৱাটে। কংগনাৰ প্ৰশ্ন--"বীৰ তুমি কোনখন দেশত থাকি আজিৰ পৰ্যায় পালা? দ্বিচাৰিতাৰ কথা কৈছা! দৰাচলতে দেশ নে তোমালোক, তুমি? তোমাৰ দৰে লোক সকলৰহে দুটা ৰূপ-- এন্ধাৰ আৰু পোহৰ..."।--প্ৰতিবাদ কৰিছা, ভাল কৰিছা; কিন্তু কংগনা বীৰৰ দৰে তুমিও 'লাইম লাইট'ত থকাৰ আশাতে মহাত্মা গান্ধী কেন্দ্ৰীক মন্তব্য (আপুনি হয় গান্ধীৰ সমর্থক অথবা নেতাজিৰ। আপনি দুয়ো পক্ষকেই সমর্থন কৰিব নোৱাৰে। সিদ্ধান্ত লব লাগিব আপুনি ...) দিয়া নাই জানো।
         --দৰাচলতে কথাটো এনেধৰণৰ বীৰ দাস, কংগনা হতৰ প্ৰচাৰ ভোক বাঢ়িছে। এইবোৰ দেখি ('আদাক দেখি উঠিল গা, কেঁতুৰীয়ে বোলে মোকো খা ') আমাৰ মুলুকৰ 'কেঁতুৰী'ৰো গা উঠিছে! আৰু ভাওনা,ৰাসক বিকৃত কৰি 'তালি' লোৱাৰ প্ৰতিযোগিতাত নামিছে। 
          সংস্কৃতৰ নিলাম।
          লাগে কেৱল প্ৰচাৰ।
          অসমৰ কৃষ্টি-সংস্কৃতি বিকৃত কৰিলে বিশেষ সমস্যাত পৰিব নালাগে। সংবাদ মাধ্যমৰ ওচৰলৈ গৈ দুখ প্ৰকাশ কৰিলেই হ'ল। 'ক্ষমা খোজা'ৰ প্ৰচাৰটো কৰি দিলেই 'সমস্যা'শেষ।
          --এনে 'প্ৰচাৰ বিলাসে' যে দেশ-সমাজৰ ক্ষতি হয়, এই কথাটো বুজিও নুবুজা সকলহে আজি আমাৰ দেশৰ প্ৰধান শত্ৰু ব্যাখ্যাৰ প্ৰয়োজন আছে জানো! --এই 'শত্ৰু' নিধন অস্ত্ৰ হব পাৰে সংবাদ মাধ্যম। 
কেনেকৈ?
'শত্ৰু' সকলক টি আৰ পিৰ আশাত বা অংকত গুৰুত্ব নিদিলেই হ'ল। 

শনিবার, ২৭ নভেম্বর, ২০২১

কাঈফী আজমী ...

মেৰিন ড্রাইভ কিম্বা জুহু বীচ্চৰ আবেলিত তেওঁ হয়তো সন্ধান কৰে এছাটি শীতল, নির্মল বতাহ! প্রায়ে দেখা যায় তেওঁক। সদায় দেখাজনে কথাৰে, হাঁহিৰে সম্ভাষণ জনায়। চিনাকিৰ প্ৰয়োজন নাই, তেওঁৰ বাবে হয়তো অচিনাকি, কিন্তু সম্ভাষণ জনোৱা প্ৰতিগৰাকীৰ বাবে তেওঁ চিনাকি। চিনাকিয়ে নহয়, প্ৰতিগৰাকীৰ যেন অতি ওচৰৰ, অতি মৰমৰ। নাম তেওঁৰ কাঈফী আজমী। : কোন কাঈফী আজমী? : শ্বাবানা আজমীৰ বাবা- - এয়াই নেকি তেওঁৰ পৰিচয়নাম তেওঁৰ কাঈফী আজমী। : কোন কাঈফী আজমী? : শ্বাবানা আজমীৰ বাবা- - এয়াই নেকি তেওঁৰ পৰিচয়। হয়, তেওঁৰ নামটো শুনাৰ পিছত যিসকলে ‘কোন কাঈফী আজমী’ বুলি প্রশ্ন কৰে তেওঁৰ বাবে এয়াই পৰিচয় --কাঈফী আজমী শ্বাবানাৰ দেউতাক। নামটো শুনাৰ পিছত যিসকলে প্ৰশ্ন নকৰে, তেওঁলোকে জানে এছাটি শীতল, নির্মল বতাহৰ সন্ধানত পিটপিটাই ফুৰা এই মানুহজনক ব্যাখ্যা কৰা অসম্ভৱ। (এনেই ঘূৰি ফুৰোঁ। ক’তনো পারা নির্মল বতাহ... প্ৰদূষণ সম্পর্কীয় এটি প্রশ্নৰ উত্তৰত কাঈফী আজমী)। দেখিছোঁ, বহুজনক দেখিছোঁ। শুনিছোঁ, বহুজনৰ বিষয়ে শুনিছোঁ। চাক্ষুস চিনাকিৰ পিছত আমাৰ মনত ‘বিখ্যাত’ বহুজনে চুচুক-চামাককৈ তেওঁৰ ওচৰ চাপে, বুজিবলৈ চেষ্টা কৰে আৰু ছল পালেই আত্মীয়তা গঢ়ি তোলে। স্বার্থ কিছু হ'লেও আস্বাদ লোৱা শ্বায়েৰীৰ। শব্দৰ আন এজন যাদুকৰ গুলজাৰে লিখিছিল, "...আপুনি তেওঁৰ (কাঈফী আজমীৰ) ওচৰে-পাঁজৰে ঘূৰি ফুৰে, অথচ তেওঁৰ শ্বায়েৰী শুনা নাই, তেনেহ'লে সন্দেহ নাই, তেওঁৰ ওচৰত থাকিও আপুনি তেওঁৰ পৰা বহু নিলগত আছে। তেওঁৰ প্ৰতিটো শায়েৰী আপুনি পঢ়িছে, কিন্তু তেওঁৰ কণ্ঠ শুনা নাই, তেনেহ'লে সন্দেহ নাই তেওঁৰ শ্বায়েৰীৰ পূৰ্ণ আস্বাদ লোৱাৰ সুযোগ আপুনি এতিয়াও পোৱা নাই। সঁচা কথা কওঁনে— তেওঁৰ ওচৰ চাপিছিলোঁ কেৱল তেওঁৰ শ্বায়েৰীৰ পূৰ্ণ আস্বাদ লোৱাৰ স্বাৰ্থত।" প্ৰকৃতাৰ্থত তেওঁ আছিল শ্বায়েৰ। তেওঁৰ লক্ষ্যই আছিল শায়েৰী। উত্তৰপ্ৰদেশৰ আজমগড়ৰ তেনেই সৰু গাঁও মিজাবাৰত জন্ম হোৱা কাইফীয়ে শৈশৱতেই পাইছিল শ্বেৰো শ্বায়েৰীৰ পৰিৱেশ। পৰিৱেশেই তেওঁৰ মনত তাগিদা'ৰ সৃষ্টি কৰিছিল আৰু তাগিদাই বাধ্য কৰাইছিল হাতত কাপ তুলি ল'বলৈ। "আচলতে মোৰ মন তেতিয়া বিদ্রোহী হৈ উঠিছিল মোৰ আশে-পাশে ঘূৰি ফুৰা স্বয়েৰীপ্রেমীসকলৰ বিৰুদ্ধে। সৰুতে যেতিয়া মই তেওঁলোকক শ্বায়েৰী শুনাবলৈ চেষ্টা কৰিছিলোঁ, মোক অৱজ্ঞা কৰিছিল। দুই-এজনে শুনিছিল, সুধিছিল ক'ৰ পৰা 'কপী' কৰিছ? মানি লোৱা নাছিল সেয়া যে মই নিজেই লিখা। এনেবোৰ ঘটনাই মোক কন্দুৱাইছিল। কিন্তু মই দুৰ্বল হৈ পৰা নাছিলোঁ। মোৰ একমাত্র বন্ধু হাজিদ বাজিক কৈছিলোঁ— চাই থাকা বাজি, এদিন মই হিন্দুস্তানৰ বিখ্যাত শ্বায়েৰ হ'ম। কোনোধৰণৰ শক্তিয়েই মোক বাধা দিব নোৱাৰে।" ‘লক্ষ্য যাৰ স্থিৰ, সি লক্ষ্যস্থানত উপনীত হ'বই।'--কৈছিল ৱাজিদ বাজিয়ে : মই তেওঁক (কাঈফী আজমীক) তেতিয়াই শ্বায়েৰ হিচাপে পছন্দ কৰিছিলোঁ। আনে বুজাৰ দৰে হয়তো মই শ্বায়েৰী নুবুজোঁ। শ্বায়েৰীৰ আস্বাদ লোৱাৰ পৰিৱেশৰ মাজত আমি লালিত-পালিত হোৱা বাবেই স্বাভাৱিকতেই উত্থাপন হৈছিল ভাল লগা-বেয়া লগাৰ প্ৰশ্নটো। মোৰ উত্তৰ সদায় এটাই আছিল আন কোনো হ’ব নোৱাৰে কাঈফী..... কাঈফীৰ শ্বায়েৰীৰ ওপৰত। বাজিদ বাজিৰ প্ৰিয় শ্বায়েৰ, প্রিয় শ্বায়েৰী, আন বহুতৰো প্ৰিয় হ'ব ধৰিলে। বহুতেই, আনকি পোনতে অৱজ্ঞা কৰাসকলেও দ্বিধাবোধ নকৰিলে প্রিয় শায়েৰৰ আসনত কাঈফী আজমীক বহুৱাবলৈ। আকৌ কন্দুৱাইছিল কাঈফীক, এইবাৰ পিছে সাফল্যৰ সংকেত। 'মুদ কে বাদ উচনে জো কী লুফ কী নীগাহ/জী বৃছ তো হো গয়া মগৰ আঁছু নিকাল পড়ে।' জকাইচুকৰ শ্বায়েৰে মুম্বাইত খোজ পেলালে। মুম্বাইতো ব’বলৈ ধৰিলে ‘কাঈফী শ্বায়েৰী'ৰ সুবাস। বাঃ ইমান সুবাস। প্ৰদূষিত মুম্বাই মহানগৰীতো এনে ‘বিশুদ্ধ’ সুবাস পোৱা যায়নে? হয়, প্রদূষিত মুম্বাই। গীত, শ্বায়েৰী, অভিনয়ৰ জখলাডাল ইয়াতেই থাকে। ইয়াতেই আৰম্ভ হয় শিল্প-সাহিত্যৰ সৈতে জড়িতসকলৰ ‘এন্দুৰ দৌৰ’। ‘এন্দুৰ দৌৰ’ত যোগ দিয়াৰ লগে লগেই শিল্পকর্ম হয় প্ৰদূষিত। কোনোকালেই কিন্তু কাঈফী আজমীয়ে 'এন্দুৰ দৌৰ’ত যোগ দিয়া নাছিল। গ্লেমাৰৰ পিছত দৌৰা নাছিল। তেওঁৰ হৃদয়ত সৃষ্টি হোৱাবোৰহে কাপৰ মুখেৰে ওলাইছিল। কাপেৰে কোনোধৰণৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা নাছিল। আগশাৰীৰ গীতিকাৰ-চিত্রনাট্যকাৰ তথা কাঈফীৰ জোঁৱাই জাভেদ আখতাৰে লিখিছিল, ইয়াত (মুম্বাইত) শ্বায়েৰী, গীত সকলো সৃষ্টিকর্মই পণ্য। পৰিৱেশেই আমাক বাধ্য কৰাইছে। পৰিৱেশৰ সৈতে তাল মিলাই আমি দৌৰ আৰম্ভ কৰিছোঁ। আমি কি লিখিম সেয়া ভবাৰ দায়িত্ব যেন আমাৰ হাতৰ পৰা লাহে লাহে ওলাই গৈছে।... এতিয়া মাথোঁ আমি শব্দ ‘কম্পোজ'ত ব্যস্ত। হৈ পৰিছোঁ। আমাৰ অনুভূতি যেন লাহে লাহে হেৰাই গৈছে।... এনে পৰিৱেশৰ মাজতো কিন্তু তেওঁ (কাঈফী আজমীয়ে) নীৰৱে সৃষ্টিকৰ্ম কৰি গৈছে। ছবিৰ বাবে গীতো লিখিছে। কোনোকালেই কিন্তু আনৰ চিন্তাৰে লিখা নাই। সেই বাবেই হয়তো তুলনামূলকভাৱে গীতৰ সংখ্যা কম আছিল। কিন্তু শ্ৰোতাৰ হৃদয়ত আলোড়ন সৃষ্টি কৰিছিল প্ৰতিটো গীতেই। আজিৰ প্ৰজন্মৰ মুখত শুনা যায়। কাঈফী চাহাবৰ সেই অমৰ সৃষ্টি ‘এ দুনীয়া, এ মেহফিল, কই কাম কি নেহি'। এগৰাকী পৰিচালক, যিজনক আজিৰ তাৰিখত কোৱা হয় ‘ছুপাৰ ফিল্মমেকাৰ', তেওঁ কাঈফী আজমীৰ ওচৰ চাপিছিল বহুদিনীয়া আশা এটা লৈ। ক'লে, "কাঈফী চাহাব, মোৰ বহুদিনীয়া ‘আশা’টো লৈ আহিছোঁ, মোক হতাশ নকৰিব। অন্ততঃ এটা গান হ'লেও মোৰ বাবে লিখক। আপুনিতো শব্দৰ যাদুকৰ। মই বিচৰা গানটো...।" পৰিচালকগৰাকীৰ কথা শেষ হ’বলৈ নিদিলে কাঈফী চাহাবে। স্পষ্টভাৱে ক'লে, "আপুনি বোধহয় মোৰ গান বিচাৰি অহা নাই। মোৰ নামটো ব্যৱহাৰ কৰিব বিচাৰিছে। মোৰ নামটো পিছে সিমান বিখ্যাত নহয় আৰু আপুনি ভবাৰ দৰে মই শব্দৰ যাদুকৰো নহওঁ। বেয়া নাপাব আপুনি বিচৰা ধৰণে শব্দ কেইটামান কম্পোজ কৰি দিবলৈ মই অসমর্থ। আপোনাৰ দৰে পৰিচালকৰ ছবিত মোৰ গান থাকিলে ময়ো আনন্দ অনুভৱ কৰিলোঁহেঁতেন। মোৰেই দুৰ্ভাগ আপুনি সুযোগ দিয়াৰ পিছতো আনন্দ উপভোগ কৰিব নোৱাৰিলোঁ।" এই কথোপকথনখিনিৰ উদ্ধৃতি দি বিখ্যাত সংগীতকাৰ খয়্যাম মৰহুমে কৈছিল, "তেওঁক বুজোৱাৰ প্ৰয়োজন নাই। মাথোঁ ওচৰলৈ গৈ ক'লেই হ’ব এনেধৰণৰ ছবি এখন হাতত লৈছোঁ, আপুনি লিখা গীত ব্যৱহাৰ কৰিব খোজোঁ। দেখিব আপুনি বিচৰাধৰণৰ গানেই, আপোনাৰ হাতত তুলি দিছে। আপুনি কোৱা মতে কিন্তু আন দহজন গীতিকাৰৰ দৰে গীত লিখি দিবলৈ তেওঁ সন্মত নহ’ব। তেওঁৰ স্বভাৱ মই ভালদৰেই জানো। এই স্বভাৱৰ বাবেই বহুতেই তেওঁক অহংকাৰী বুলি কয়। মই কওঁ এই অহংকাৰৰ বাবেই তেওঁ আন দহজনতকৈ বেলেগ, শ্রেষ্ঠ। অহংকাৰী নহ'লে আমি কেতিয়াও আজি পোৱাৰ দৰে হৃদয়স্পর্শী গীত শ্বাৱেৰী নাপালোঁহেঁতেন।" গীত বা শ্বায়েৰীৰ 'ইমেজ'টো মনৰ পৰ্দাত ধৰা দিয়াৰ পিছত কাঈফী চাহাবক শব্দৰ সৈতে খেলা অৱস্থাত বহুজনেই পাইছে। খেলি থকা অৱস্থাত জাভেদ আখতাৰ, গুলজাৰৰ দৰে কোনোবা এজন যদি ওচৰত আছিল খেলখন বেছ উপভোগ্য হৈ পৰিছিল হেনো। ওচৰত থকা কোনোবাজনক শুনাইছিল, মতামত বিচাৰিছিল, মতামতলৈ অপেক্ষা নকৰি ৰং সলাইছিল। এটা সময়ত তেওঁ সন্তুষ্ট হৈছিল, ওচৰত থকা 'কোনোবাজনক' শুনাইছিল, কৈছিল,"মতামত দিব নালাগে। এতিয়া এইটো (শ্বায়েৰী বা গীতটো) মোৰ সম্পত্তি। শুনি বেয়া পালে পাহৰি যাবা।" খয়্যাম মৰহুমে কৈছিল— "এয়াই তেওঁৰ স্বভাৱ। আনৰ মতামত শুনিব নোখোজে। কাৰণ আত্মসন্তুষ্টিৰ ঊর্ধ্বত, তেওঁৰ বাবে আন একো হ’ব নোৱাৰে। মই সুধিছিলোঁ আপুনি কিয় এনেকুৱা ? ধেমালিৰ সুৰেৰে তেওঁ কৈছিল—"কাৰণ মই আনতকৈ বেলেগ।' হয়, কাঈফী আজমী আনতকৈ বেলেগ।" প্ৰদূষিত মুম্বাইত নিজেই ‘ট্রেক’ এটাৰ সৃষ্টি কৰি ‘বিশুদ্ধ সুবাস’ বিলাই গৈছে বিশুদ্ধ শ্বায়েৰী, গীতেৰে। তেওঁ মেৰিন ড্রাইভ বা জুহু বীচ্চত শীতল-নিৰ্মল বতাহৰ সন্ধান কৰাৰ দৰে কাব্যপ্রেমীসকলে ‘বিশুদ্ধ সুবাস’ বিচাৰি পৃষ্ঠা লুটিয়ায় ‘ঝংকাৰ’, ‘ছৰমায়া’ আখিৰ-ই-ছাব, কৈফিয়াৎ, নঈ গুলিস্তাঁ আদি তেওঁৰ কাব্য সংকলন। (সৌজন্য: সামনা,মুম্বাই স্বকাল,মিড ডে' /প্রকাশ : আজি/১১মে,২০০২)

শুক্রবার, ২৬ নভেম্বর, ২০২১

আৰু ডলী ঘোষ ...

ইটো-সিটো কথাৰে আগবাঢ়িছিল আমাৰ সময়। বিশ্বাস মিত্ৰ চিনেমাৰ পোক। কলকাতালৈ গ'লে প্ৰায়ে মুখা-মুখি হওঁ। কলকতাৰ ৰাছেল ষ্ট্ৰিটত। পুৱাৰ চাহকাপ-জলপানেৰে সততে সদায় দিনটো আৰম্ভ কৰে ৰাছেল ষ্ট্ৰিটৰ নিৰ্দিষ্ট চাহৰ দোকান খনত। কলকতালৈ গ'লে আমিয়ো সেই বিশেষ চাহৰ দোকান খনলৈ গৈ পুৱাতেই মাটিৰ কাপত দিয়া চাহৰ সোৱাদ লও। সেই চাহৰ দোকানতে আমাৰ চিনাকি। চিনাকিৰ পিছত আড্ডা। আমাৰ 'চিনেমাৰ আড্ডা' আৰম্ভ হৈছিল 'মাটি'ৰে। লীনা গঙ্গোপাধ্যায়, শৈবাল ব্যানার্জীৰ পৰিচালনাৰে নিৰ্মিত 'মাটি'। মূল চৰিত্ৰ দুটা নিৰ্মাণ কৰিছে আদিল হুসেইন (চৰিত্ৰ: জামিল), পাৱলি দাম (মেঘলা চৌধুৰী)ক লৈ। 'পৰিপাটি চিনেমা, ভুল আলোচনা-সমালোচনাৰ চিকাৰ। আমাৰ ভাৰতীয় চিনেমাৰ এটা সমস্যা কি জানে-- ভুল চৰ্চা। ভুল চৰ্চাৰ কাৰণ-- চিনেমা নজনাকৈ চিনেমাৰ আলোচনা-সমালোচনা কৰা লোকৰ সংখ্যা বাঢ়িছে। যেতিয়া বঁটা চিনেমাৰ মান নিৰ্ণয়ৰ যন্ত্ৰ বুলি ভবা 'সমালোচক'ৰ সংখ্যা বাঢ়ে, তেতিয়া চিনেমা উত্তৰণৰ বিপৰীত মুখী হোৱাটোৱে স্বাভাৱিক।' --বিশ্বাস মিত্ৰই কোৱা এই কথা মনলৈ আহিছে ২০১৯-২০২১ সময় চোৱাৰ অসমীয়া চিনেমাৰ একাংশ পৰিচালকৰ প্ৰচাৰ বিলাস আৰু আৰ্থিক আয় নহয়, ব্যায় কৰি 'বঁটা জয়ৰ কচৰৎ' দেখি। সেই দিনাও ইটো-সিটো কথাৰে আগবাঢ়িছিল আমাৰ সময়। আমি সম্পাদনা কৰা গ্ৰন্থ এখন উন্মোচন হৈছিল কলকাতাত। অনুষ্ঠানৰ পিছত বিশ্বাস মিত্ৰই 'আপোনাক গানৰ মানুহ এগৰাকীৰ সৈতে চিনাকী কৰি দিম।' বুলি হাতত ধৰি টানি লৈ গৈছিল। আৰু মানুহ এগৰাকীৰ সন্মুখত স্থিৰ হৈ ক'লে-- "মেনা, বাইদেউক চিনি পাইছে! ডলী ঘোষ বাইদেউ। 'অসমী আইৰে লালিতা পালিতা...' ডলী বাইদেউ। এসময়ত কৰ্মসূত্ৰে মই ডিব্ৰুগড়ত আছিলো। তেতিয়াই বাইদেউৰ গায়কী-কণ্ঠৰ প্ৰেমত পৰিছিলো। আৰু এদিন বাইদেউক লগ পাইছিলো ইয়াত, কলকাতাত।..." আমি কথা আগবঢ়াইছিলো। ডলী ঘোষ বাইদেৱে কৈ গৈছিল নিজৰ কথা, সংগীত যাত্ৰাৰ কথা। সংগীতসূৰ্যই কেনেদৰে সংগীতৰ বাটত আগ বঢ়াই দিছিল ইত্যাদি কথা। ১৯ডলী ঘোষ বাইদেৱে কৈ গৈছিল নিজৰ কথা, সংগীত যাত্ৰাৰ কথা। সংগীতসূৰ্যই কেনেদৰে সংগীতৰ বাটত আগ বঢ়াই দিছিল ইত্যাদি কথা। ১৯৭৪ চন। ডলী ঘোষ দশম শ্ৰেণীৰ ছাত্ৰী। গীত গায় ভাল পায়। সংগীতৰ মাজত সময় খৰছ কৰি ভাল পায়। গীত-সংগীত নুবুজা সেই বয়সতে ডলী ঘোষে সাংগীতিক সান্নিদ্ধ পাইছিল হীৰেণ গোহাঁই, চৈয়দ চাদুল্লা, ৰাজেন গোহাঁই, প্ৰশান্ত বৰদলৈ আদিৰ। সেই সেউজ সান্নিধ্যই ডলী ঘোষক গীত-সংগীত বুজাত, অধ্যয়নত সহায় কৰে। আৰু সংগীত যাত্ৰাৰ বাটো মুকলি কৰে। গ্রামোফোন ৰেকৰ্ড, চিনেমাৰ বাবে গীত গায়। ৰাজহুৱা মঞ্চ দখল কৰে। চৰ্চা হয়, 'অসমীয়া সংগীতৰ তৰা' ডলী ঘোষ। শ্ৰোতাৰ মনৰ মাজত সোমাই পৰিছিল 'নীলা আকাশৰ ৰূপোৱালী তৰা...', 'এই বিহুৰে উৰুকা নিশা', 'নাহৰ ফুলিবৰ হ’ল নে...', 'নাহৰ ফুলৰ বতৰতে মোৰ...’, 'ভাল লাগে মোৰ...', 'দুবৰিৰ দলিচাতে...', আদি গীতেৰে। আকাশবাণীৰ প্ৰথম শ্ৰেণীৰ গায়িকা ডলী ঘোষৰ জন্ম ডিব্ৰুগড়ত। জন্মসূত্রে বঙালী যদিও গায়িকা গৰাকীৰ অসমীয়া গান, গানৰ সৈতে ভাষা, ভাষাৰ উচ্চাৰণ সকলোখিনিয়ে বিশুদ্ধ। এই গীতটো যেন মোৰেই গীত-- অসমী আইৰে লালিতা-পালিতা মই তোলনীয়া জী অসমীৰ সন্মান সদায়ে ৰাখিমে আৰুনো কওঁ মই কি? অসমীৰ মাতষাৰ আজীৱন শুনিলোঁ অসমীৰ মাতষাৰ আজীৱন শিকিল বিহুসুৰ বিনন্দীয়া, বৰগীত জিকিৰক তামোল দি মানিলোঁ বাটিলোঁ মুগাৰ বটীয়া ; বৰলুইত পাৰৰে শীতলকৈ নাদৰে মিঠা পানী টুপি পি অসমীৰ সন্মান সদায়ে ৰাখিমে আৰুনো কওঁ মই কি ? -- ১৯৫৬ চনত ৰচনা কৰ গীত। সংগীতসূৰ্যৰ গীত। মাতৃভাষা অসমীয়া নহয়; কিন্তু অসমতে জন্ম,অসমী আইৰে লালিতা-পালিতা। সংগীতসূৰ্যই গীতটো শিকোৱাৰ সময়ত ডলী ঘোষক কৈছিল-- তোমাৰ মনৰ কথা,তোমাৰ দৰে বহুতৰে মনৰ কথা। তোমাৰ মনৰ কথা শ্ৰোতাক কৈছা, তেনেদৰে গোৱা। প্ৰতিটো শব্দৰ উচ্চাৰণ, শব্দ কেনেদৰে সুৰত এৰি দিব লাগে সংগীত সূৰ্যই গায়িকা গৰাকীক শিকাইছিল। "মোৰ শব্দ উচ্চাৰণ শুদ্ধ কৰিছিল ভূপেন হাজৰিকাই।" --ডলী ঘোষে কৈছিল। ২৩ ফেব্ৰুৱাৰী, ১৯৭৯ চনত কৰা সংগীতসূৰ্যৰ আন এক সৃষ্টি-- এই বিহুৰে উৰুকা নিশা মোৰ কলিজা পৰিছে ক'লা চিঠি দিম বুলি চিঠিও নিদিলা তুমি পৰদেশী হ’লা ... এই গীতটোও ৰেকৰ্ডিং হৈছিল ডলী ঘোষৰ কণ্ঠত। আমি যেতিয়া উভতিছিলো বিশ্বাস মিত্ৰই গাড়ীৰ Sound System -টোত বজাই দিছিল এই গীতটো।

চিত্ৰনাট্য/৯

film script মানে Screenplay নহয়।
"All screenplays are scripts, film script." কিন্তু scripts, film script মানেই চিত্ৰনাট্য নহয়।
"মই চিত্ৰনাট্য নিলিখো, নিলিখো যদিও মোক চিত্ৰনাট্যকাৰ বুলি কয়।"-- কাদেৰ খানে কৈছিল। কথাটো এনেধৰণৰ নেকি কাদেৰ খানে কেৱল চিনেমাৰ কাহিনী আৰু সংলাপহে লিখিছিল! যোৱা এটা সপ্তাহ আমি এই প্ৰসংগত কেইবাগৰাকীও বলিউদৰ ভিতৰ-বাহিৰৰ খবৰ ৰখা চিনে বিশ্লেষকৰ সৈতে কথা পাতিলো, অধ্যয়ণ কৰিলো।
        ৪৫২ খন চিনেমাত অভিনয় কৰা কাদেৰ খানে চিনেযাত্ৰা আৰম্ভ ১৯৭৩ চনত। চিনেমা : দাগ। সুযোগ দিছিল সেই সময়ৰ মহাতাৰকা ৰাজেশ খান্নাই। যশ চোপ্ৰাৰ পৰিচালনাৰে নিৰ্মিত এই চিনেমা খনৰ নায়কৰ চৰিত্ৰটো নিৰ্মাণ কৰিছিল ৰাজেশ খান্নাক লৈ। আৰু এদিন ৰাজেশ খান্নায়ে কাদেৰ খানক চিত্ৰনাট্য লিখাৰ কথা ক'লে। ৰাজেশ খান্নাৰ তাগিদাত লিখিছিল 'মহাচোৰ', 'ছালিয়া বাবু', 'ফিফটি-ফিফটি' 'নয়া কদম' 'মাষ্টৰ জী'ৰ চিত্ৰনাট্য। কিন্তু পৰিচালকে কাদেৰ খানৰ চিত্ৰনাট্যৰ সংলাপ অংশহে ৰাখিছিল। আৰু পৰৱৰ্তী সময়ত সংলাপ লেখক হিচাবেহে চিনেকৰ্ম কৰিছিল। সংলাপ লিখা চিনেমাৰ সংখ্যা ২০৭ খন।
        হয়, সংলাপ লেখক। কিন্তু অভিনেতা-পৰিচালক সকলে কয় চিত্ৰনাট্যকাৰ।-- কিয়? কাৰণ আন দহগৰাকী সংলাপ লেখকৰ দৰে পৰিচালক-চিত্ৰনাট্যকাৰৰ নিৰ্দেশত খুউব কম সংখ্যক চিনেমাৰহে সংলাপ লিখিছে কাদেৰ খানে। কাদেৰ খানে সংলাপ ৰচনাৰে চিনেমা এখনৰ 'চিত্ৰনাট্য'ৰ আকাৰ দিছিল। অৰ্থাৎ সংলাপক কেন্দ্ৰ কৰিহে চিত্ৰনাট্য ৰচনাৰ অন্য পৰ্ব আগবাঢ়িছিল। পৰিচালক মনমোহন দেশায়ে কৈছিল-- "কাদেৰ খানে শব্দৰে দৰ্শকৰ মন চুব পাৰে, দৃশ্য সৌন্দৰ্যক নিস্প্ৰভ কৰি দিয়াৰ ক্ষমতা আছে কাদেৰ খানে লিখা সংলাপৰ। 'অমৰ আকবৰ এন্থনি', 'কুলী', 'ছুহাগ', 'নছিৱ', 'গংগা যমুনা সৰস্বতী'ৰ সংলাপ ৰচনাৰ সময় চোৱা সদায় মনত থাকিব। চৰিত্ৰ বুজাৰ পিছতে সংলাপেৰে চিনেমা কেইখনৰ 'চিত্ৰনাট্য'ৰ আকাৰ দিছিল। সম্পাদনাৰ সময়ত কেইবাবাৰো এনেকুৱা হৈছে-- সংলাপৰ সৌন্দৰ্যৰ বাবে দৃশ্য সৌন্দৰ্য বাদ দিছিলো। আমাক এনে এটা সংলাপ দিয়া নাছিল, যিটো সংলাপ বাদ দিয়াৰ কাৰণ বিছাৰি পাইছিলো।..." (উৎস : Cinesprint)
        মনমোহন দেশাই-কাদেৰ খানৰ চিনেকৰ্মক কেন্দ্ৰ কৰি সেই সময়ত চৰ্চা হৈছিল, "চিনেমাৰ ক্ষতি"ৰ অভিযোগ উত্থাপন হৈছিল। কোৱা হৈছিল-- "অমিতাভ বচ্চনক লৈ মনমোহন দেশাই-কাদেৰ খানে চিনেমাৰ যি ব্যৱসায় কৰি আছে সেয়া 'ভাৰতীয় চিনেমাৰ পক্ষে শুভ নহয়। অমিতাভ কেন্দ্ৰীক বজাৰৰো ক্ষতি হৈ আছে, চিনেমাৰো ক্ষতি হৈ আছে। চাহৰ মেজত চিত্ৰনাট্য তৈয়াৰ কৰা কৰ্ম বাদ নিদিলে সেইদিনা সমস্যা বঢ়িব, যিদিনা 'অমিতাভ এংৰি ইয়ংমেন ইমেজ'-এ দৰ্শকক আমুৱাব।" (উৎস: Chitralekha) -- 'অমিতাভ যুগ'ৰ সেই সময় চোৱাত 'বলীউদ বাজাৰ' চালিকা শক্তি আছিল তাৰকা, মহাতাৰকা। আৰু প্ৰথম স্থানত থকা অমিতাভ কেন্দ্ৰীক চিন্তাৰে  মনমোহন দেশাই, প্ৰকাশ মেহেৰা ( চিনেমা: মুকদ্দৰ কি ছিকন্দৰ, শাৰাৱী, লাৱাৰিছ, নমক হালাল, যাদুগৰ আদি।), মুকুল এছ আনন্দ (চিনেমা: অগ্নিপথ) সফল হোৱাৰ চৰ্চা হোৱাৰে পৰা "চাহ টেবুলত চিত্ৰনাট্য তৈয়াৰ পৰ্ব" , চিত্ৰনাট্য ৰচনাৰ নতুন শৈলী আৰম্ভ হৈছিল বলীউদত। এই শৈলীৰে ৰচনা কৰা চিত্ৰনাট্যৰে নিৰ্মাণ হৈছিল গোবিন্দা-কৰিশ্মা যুটী।
        মুকুল এছ আনন্দৰ 'অগ্নিপথ' কেন্দ্ৰীক চৰ্চাৰ পৰা জানিছিলো --সন্তোষ সৰোজৰ 'গল্প' শুনোৱাৰ পিছতে চৰিত্ৰ জানি লৈছিল কাদেৰ খানে। কেইবাটাও পৰ্যায়ত সংলাপ ৰচনা কৰিছিল। প্ৰথম পৰ্যায়ত বিজয় (অমিতাভ বচ্চন) আৰু কৃষ্ণা ( মিঠুন চক্ৰৱৰ্তী)ৰ সংলাপ অংশ ৰচনা কৰিছিল। আৰু আন চৰিত্ৰৰ সংলাপ পৰ্যায় ক্ৰমে সংযোজন কৰিছিল। 'সম্পূৰ্ণ সংলাপ'-এ নাটকৰ আকাৰ লৈছিল। আৰু 'সম্পূৰ্ণ নাটক'ক কেন্দ্ৰ কৰি সন্তোষ সৰোজে চিত্ৰনাট্য ৰচনা কৰিছিল।
       

শুক্রবার, ১৯ নভেম্বর, ২০২১

চিত্ৰনাট্য /৮

আমাৰ চৰ্চাৰ বিষয় আছিল— চিত্রনাট্য। প্রযোজক-পৰিচালক বিধু বিনোদ চোপ্ৰাই কৈছিল,‘আমি যাক ‘পেপাৰৱৰ্ক’ কওঁ, শেষ পৰ্যায়ৰ ‘পেপাৰ ৱৰ্ক’ক কোৱা হয় চিত্রনাট্য। চিত্রনাট্যত পৰিচালকে ‘সম্পূর্ণ চিনেমা’ এখন দেখে। মই তেতিয়ালৈকে চিত্রনাট্য এখন লৈ ফ্ল’ৰলৈ নাযাও, যেতিয়ালৈকে চিত্রনাট্যত মই ধাৰণা কৰি লোৱা চিনেমাখন নেদেখো, চিনেমাখন অনুভৱ কৰাত দিগদাৰ অনুভৱ কৰো। চিত্রনাট্য এখন সাজু কৰিবলৈ মোক দীর্ঘ সময় লাগে। মোৰ ধাৰণাত চিত্রনাট্যত ৫-২০ বছৰ পৰিশ্ৰম কৰিব লাগে। কৰা উচিত। ‘পৰিন্দা’ৰ বাবে কেইবাবাৰো চিত্রনাট্য লিখাছিলো। আন্না (নানা পাটেকাৰ), কিষাণ (জেকিশ্রুফ), পাৰো (মাধুৰী দীক্ষিত) আৰু কৰণ (অনিল কাপুৰ) চৰিত্ৰ চাৰিটাক নিৰ্মাণক কেন্দ্ৰ কৰি বহু পৰিশ্ৰম কৰিছিলো। মোৰ ধাৰণাত চিত্রনাট্যত ৫-২০ বছৰ পৰিশ্ৰম কৰিব লাগে। কৰা উচিত। ‘পৰিন্দা’ৰ বাবে কেইবাবাৰো চিত্রনাট্য লিখাছিলো। আন্না (নানা পাটেকাৰ), কিষাণ (জেকিশ্রুফ), পাৰো (মাধুৰী দীক্ষিত) আৰু কৰণ (অনিল কাপুৰ) চৰিত্ৰ চাৰিটাক নিৰ্মাণক কেন্দ্ৰ কৰি বহু পৰিশ্ৰম কৰিছিলো। চৰিত্ৰ চাৰিটাৰে ঠিয় কৰাইছিলো ‘গল্প’টো। মোৰ কেতিয়াবা ভাব হয় ‘পৰিন্দা’ৰ দৰে পৰিশ্ৰম হয়তো আনকেইখন চিনেমাত কৰা নাছিলো।' বিধু বিনোদ চোপ্ৰাৰ চিত্ৰনাট্য কৰ্ম আগবাঢ়ে এনেদৰে-- প্ৰথম পৰ্যায়ত 'গল্প' নিৰ্মাণ। পৰিচালক গৰাকীয়ে নিজে ৰচনা কৰা 'গল্প'টোক কেন্দ্ৰ কৰি চিত্ৰনাট্যকাৰ শিৱ কুমাৰ সুব্রামণিয়ামৰ সৈতে আলোচনাত বহিছিল। আলোচনাৰ অন্তত চৰিত্ৰ নিৰ্মাণ কৰি 'গল্প'টো ঠিয় কৰাইছিল। শিৱ কুমাৰ সুব্রামণিয়াম। অভিনেতা, চিত্ৰনাট্যকাৰ। 'তিনপাত্তি', হাজাৰো খোৱাচ এইছি, চামেলি, 'অৰ্জুন পণ্ডিত', ' ইছ ৰাত কি ছুবাহ নহী', '1942: এ লাভ ষ্টোৰী'ৰ চিত্ৰনাট্যকাৰ সুব্রামণিয়ামে 'পৰিন্দা'ৰ চিত্ৰনাট্য লিখিছিল। ' ইছ ৰাত কি ছুবাহ নহী' সুধিৰ মিশ্ৰাৰ পৰিচালনা। কেইবাটাও পৰ্যায়ত তিনি গৰাকী চিত্ৰনাট্যকাৰে চিত্ৰনাট্যৰ কাম কৰিছিল। সুধিৰ মিশ্ৰাৰ গল্পৰ আধাৰত প্ৰথম খন চিত্ৰনাট্য লিখিছিল নিখিল আদৱানিয়ে। দ্বিতীয় পৰ্যায়ত শিৱ কুমাৰ সুব্রামণিয়ামে। আৰু শেষ পৰ্যায়ত পৰিচালক মিশ্ৰাই। কিন্তু 'পৰিন্দা'ৰ চিত্ৰনাট্য কেইবাটাও পৰ্যায়ত লিখিছিল শিৱ কুমাৰ সুব্রামণিয়ামে। "পৰিপাটি কাম আছিল 'ইছ ৰাত কি ছুবাহ নহী'। গতিকে আমাৰ সমস্যা হোৱা নাছিল। সমস্যা যে হোৱা নাছিল, কাৰণ-- চিত্ৰনাট্যৰ চিন্তা কৰিছিল পৰিচালকে। চিত্ৰনাট্যৰ বুনিয়াদ নিৰ্মাণ, শেষ স্পৰ্শ পৰিচালকৰ। আমি সহায় কৰিছিলো মাত্ৰ। এনে কামত সৃষ্টিৰ তাগিদা নাথাকে, পৰিপাটিকৈ কাম কৰাৰ তাগিদা থাকে। বিপৰীতে 'পৰিন্দা'ত আছিল সৃষ্টিৰ তাগিদা। চিত্ৰনাট্যৰ কাম অকলে আগবঢ়াইছিলো। পৰিচালকৰো চিন্তা আছিল। পৰিচলকে নিজৰ চিন্তা মোক কৈছিল। কিন্তু পৰিচালক গৰাকীয়ে মোক বান্ধি ৰখা নাছিল, মুকলি মনেৰ চিত্ৰনাট্যৰ কাম কৰাৰ অধিকাৰ দিছিল। মোৰ ধাৰণাত --চিত্ৰনাট্য ৰচনাৰ সয়য়ত পৰিচালকে চিত্ৰনাট্যকাৰক বান্ধি ৰাখিব নালাগে। আৰু চিত্ৰনাট্যকাৰ-পৰিচালকে মত বিনিময় কৰি থাকিব লাগে। আৰু মোৰ অনুভৱ চিত্ৰনাট্য চিত্ৰনাট্যকাৰৰ চিন্তাৰে আগবাঢ়িব লাগে।" (সৌজন্য: আৰছদ ৰিয়াজ) চিত্ৰনাট্যকাৰ বিধু বিনোদ চোপ্ৰা আৰু চিত্ৰনাট্যকাৰ জে পি দত্তাৰ সমস্যা হেনো একেটাই। ‘আখৰি মুগল’ নামৰ চিনেমা এখনৰ কাম হাতত লৈছিল চৰ্চিত পৰিচালক জে পি দত্তাই। মূল চৰিত্ৰটো ৰচনা কৰিছিল দিলীপ কুমাৰক মনত ৰাখি। দিলীপ কুমাৰে চিত্রনাট্য বিচাৰিলে। পৰিচালকে দিলে। কেইদিনমান পিছতে অভিনেতাগৰাকীয়ে পৰিচালকক স্পষ্টভাৱে জনাই দিলে (বিভিন্ন কাকত-আলোচনীত হোৱা চৰ্চা মতে)— ‘ইমান দুর্বল চিত্রনাট্যৰ চিনেমাত কাম কৰিব নোৱাৰিম।... ' এইখনেই নহয় জে পিৰ প্ৰায়কেইখন চিনেমাৰ চিত্ৰনাট্য দুৰ্বল৷ মোৰ বুজাত অসুবিধা হয়— বৰ্তমান সময়ৰ শ্ৰেষ্ঠ পৰিচালকগৰাকীয়ে ইমান দুর্বল চিত্রনাট্য লৈ কিয় কাম কৰে।...' চিনেমা আলোচকসকলেও ক’ব খোজে, কেইবাটাও শ্রেষ্ঠ চৰিত্ৰ নিৰ্মাণ কৰা জে পি দত্তাৰ কেৰিয়াত প্ৰতিটো দিশতে প্রশংসা কৰিব পৰা চিনেমা নাই। সমস্যা-- দুর্বল চিত্রনাট্য। এক সমীক্ষা চলাইছিল ‘ফিল্ম চিটী’ নামৰ চিনেমা বিষয়ৰ সাপ্তাহিক কাকতখনে। বলীউডৰ চিনেমাৰ নিৰ্মাতাই ‘পেপাৰ ৱৰ্ক’ত কিমান সময় খৰচ কৰে। সমীক্ষাটোত স্পষ্ট হৈছিল, অতি কম সময় খৰচ কৰে, বিশেষকৈ চিনেমাৰ তুলনাত। কেৱল চিত্রনাট্য ৰচনাতে হলীউডৰ চিত্ৰনিৰ্মাৰ্তাই ১০ বছৰপৰ্যন্ত খৰচ কৰাৰ উদাহৰণ আছে। 'টাইটানিক’ৰ চিত্ৰনাট্য সাজু কৰা হৈছিল ৫ বছৰৰো বেছি সময় খৰচ কৰি। ‘জুৰাচিক পার্ক’ (প্রথম)ত চিত্রনাট্যকাৰে সময় খৰচ কৰিছে ৬ বছৰ। ইয়াৰ বিপৰীতে বলীউডত দেখা যায় ৬ বছৰত এগৰাকী চিত্রনাট্যকাৰ-পৰিচালকে ৬খন চিনেমা সম্পূৰ্ণ কৰি চিত্ৰগৃহত মুক্তি দিয়ে, অতি সহজেই। সমীক্ষাটোৰ মতে, বলীউডৰ চিত্ৰনিৰ্মাৰ্তাই চিত্রনাট্যৰ সময় খৰচ কৰে ১০ শতাংশ, ফ্ল’ৰত ৭০ শতাংশ। এগৰাকী পৰিচালক-- ৱাংকাৰ ৱাই। ' ইন দ্য মুড ফৰ লাভ’ চিনেমাখনৰ পৰিচালক ৱাং কাৰ ৱাই। বিশ্ব চিনেমাৰ চৰ্চিত পৰিচালক। ইতিমধ্যে কেইবাখনো চিনেমাৰে বিশ্ব চিনেমাৰ ক্ষেত্ৰখনত বিশেষ আসন দখল কৰিছে। ১৯৫৮ চনত চীনৰ চাংহাই প্ৰদেশত জন্মগ্ৰহণ কৰা এইগৰাকী পৰিচালকে চিনেমা নিৰ্মাণৰ কাম হাতত লৈ হংকঙলৈ আহে। পৰিচালকগৰাকীৰ বাবে প্ৰথম অৱস্থাত সমস্যা সৃষ্টি কৰিছিল ভাষাই ৷ মান্দাৰিক আৰু চাংহানিজ ভাষাৰ বাহিৰে আন একো ভাষা ক’ব পৰা নাছিল আৰু বুজাৰ ক্ষমতাও নাছিল ৷ তেনেদৰে বুজা-নুবুজাৰ মাজেৰেই হংকঙৰ স্থানীয় তাৰকাসকলৰ সৈতে ব্যস্ত হৈ পৰিছিল পৰিচালকগৰাকী। ৱা কাৰ ৱাই দৰাচলতে হংকঙলৈ পৰিচালক হ'বলৈ অহা নাছিল, আহিছিল গ্রাফিক ডিজাইনাৰ হিচাপে কাম কৰিবলৈহে। গ্রাফিক ডিজাইনাৰ হিচাপে কামত ব্যস্ত হৈও পৰিছিল। কিন্তু যিখন চিনেমাৰ বাবে গ্ৰাফিক ডিজাইনক লৈ ব্যস্ত হৈছিল, সেইখনৰ প্ৰযোজকেই উমান পাইছিল ৱাং কাৰৰ মাজত লুকাই থকা সৃষ্টিশীল পৰিচালকগৰাকীৰ। গতিকে প্রযোজকগৰাকীৰ প্ৰেৰণাতেই চিত্রনাট্য ৰচনাৰ লগতে পৰিচালনাৰো সুযোগ পাইছিল AS TEARS GO BY চিনেমাখন। চিনেমাখনৰ প্ৰযোজক আছিল এলান টং। চিনেমাখনেৰে পৰিচালকগৰাকীয়ে বিশ্ব চিনেমাৰ ক্ষেত্ৰখনত হাইলাইটলৈ আহে যদিও প্রযোজকে বেয়া ধৰণে মাৰ খাব লগা হৈছিল। বক্স অফিচত সামান্যও সুবিধা কৰিব পৰা নাছিল। ইয়াৰ পাছতে প্রযোজকগৰাকীয়ে ৱাং কাৰক দ্বিতীয়বাৰৰ বাবে সুযোগ দিয়ে DAYS OF BEING WILD চিনেমাখন পৰিচালনা কৰিবলৈ দি। দুখৰ বিষয় এইখনতো প্রযোজকগৰাকীয়ে কেইবাকোটি টকা লোকচান ভৰিব লগা হ'ল। প্রথম দুখন পৰিচালনাৰে চৰ্চালৈ অহা ৱাং কাৰে পৰিচালক হিচাপে বিশেষ স্থান দখল কৰি লয় ২০০০ চনতহে। কেইবাবাৰো বিফলতাৰ পাছত বক্স অফিচত সফলতা লাভ কৰে ‘ইন দ্য মুড ফৰ লাভ’ চিনেমাখনেৰে। এই চিনেমাখন কাঁৰ দৰে আগশাৰীৰ চলচ্চিত্র মহোৎসৱতো চৰ্চাৰ বিষয় হৈ পৰে। আৱশ্যে ইয়াৰ পূৰ্বে ১৯৯৭ চনত কা চলচ্চিত্র মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছিল HAPPY TOGETHER চিনেমাখনেৰে। পৰিচালকগৰাকীৰ প্ৰসংগত আগশাৰীৰ চিনে পণ্ডিতসকলে দিয়া মন্তব্যটো হ'ল— ‘ৱাং কাৰ ৱাইয়ে সংগীতৰ আৰু কেমেৰাৰ ভাষাৰ যি সুমধুৰ কম্প’জিচন কাৰে, সেয়া আন কোনো পৰিচালকৰ পক্ষেই সম্ভৱ নহয় যেন অনুভৱ হয়।' (উৎস: Movie Weekly) ‘ইন দ্য মুভ ফৰ লাভ’—৯৮ মিনিট দৈৰ্ঘৰ অনবদ্য দৃশ্যকাব্য। প্রেম-নিঃসংগতাৰ ‘গল্প’টোক বিশেষ পর্যায়লৈ, উপভোগ্য পর্যায়লৈ লৈ যোৱা হৈছিল চিত্রনাট্যতে। পৰিচালকগৰাকীয়ে কৈছিল— 'ছয় বছৰৰো বেছি সময় পৰিশ্ৰম কৰা হৈছিল। এই চিনেমাখনৰ গল্পটো ৰচনা কৰিছিলো ১৯৮৯ চনতে। মোৰ প্ৰথমখন চিনেমা সম্পূর্ণ হোৱাৰ পিছত। চিত্রনাট্যৰ কাম এবাৰতে সম্পূৰ্ণ কৰিব পৰা নাছিলো। সন্তুষ্ট হোৱা নাছিলো, বাৰে বাৰে কৰিছিলো। মাজতে পাঁচখন চিনেমাৰ কাম শেষ কৰিলো। ১৯৯৮ চনতহে চিত্রনাট্য শেষ কৰিছিলো। মোৰ ধাৰণাত চিত্রনাট্যত কৰা পৰিশ্ৰমেই চিনেমাখন সফল হোৱাৰ কাৰণ। মই বিশ্বাস কৰো চিত্রনাট্য চিনেমাৰ বুনিয়াদ।' (উৎস: Vogue Film) কব পাৰি এই চিনেমা খনৰ চিত্ৰনাট্য কৰ্মত সময় খৰচ কৰিছিল ৭০% শতাংশৰো বেছি।

বৃহস্পতিবার, ১৮ নভেম্বর, ২০২১

শূন্যৰ পৰা..("চিনেমা চিনেমা" গ্ৰন্থৰ পৰা)

শক্তি সামন্ত। এটা সময়ৰ প্ৰখ্যাত চিনেমা পৰিচালক। এইগৰাকী পৰিচালকৰ চিনেমাৰ ফ্ল'ৰ। নায়িকা সুপ্রিয়া চৌধুৰী আৰু ৰীতা ভাদুৰীৰ মাতৃ চন্দ্ৰিকা ভাদুৰীয়ে ‘ধৰ্ম যুগ’ত প্ৰকাশ পোৱা গল্প এটাৰ চর্চাত মচগুল। স্পটবয় এজনে পৰিচালকৰ নিৰ্দেশ ক্রমে সুপ্রিয়াক চেণ্ডেল পিন্ধোৱাত ব্যস্ত। চেণ্ডল পিন্ধাই স্পটবয়জন আঁতৰিল। আতৰি যোৱাৰ পাছত আন এজন স্পটবয়ে সুপ্রিয়াক ক'লে— মেদাম আপোনালোকে যিটো গল্পৰ বিষয়ে চৰ্চা কৰি আছে, গল্পকাৰ জন কোন জানেনে? 
--এই মাত্ৰ যে চেণ্ডেল পিন্ধাই গ'ল সেইজনেই। শক্তি সামন্ত। এটা সময়ৰ প্ৰখ্যাত চিনেমা পৰিচালক। এইগৰাকী পৰিচালকৰ শ্বট। নায়িকা সুপ্রিয়া চৌধুৰী আৰু ৰীতা ভাদুৰীৰ মাতৃ চন্দ্ৰিকা ভাদুৰী ‘ধৰ্ম যুগ’ত প্ৰকাশ পোৱা গল্প এটাৰ চর্চাত মচগুল। স্পটবয় এজনে পৰিচালকৰ নিৰ্দেশ ক্রমে সুপ্রিয়াক চেণ্ডেল পিন্ধোৱাত ব্যস্ত। চেণ্ডল পিন্ধাই স্পটবয়জন আঁতৰি . আপোনাক এইমাত্র যে যোৱাৰ পাছত আন এজন স্পটবয়ে সুপ্রিয়াক ক'লে— মেদাম আপোনালোকে যিটো গল্পৰ বিষয়ে চৰ্চা কৰি আছে, গল্পকাৰ্জন কোন জানেনে? চেণ্ডেল পিন্ধাই গ'ল সেইজনেই।
—এয়া পঞ্চাছ বছৰ আগৰ ঘটনা। স্পটবয় আবিদ আজি এক সন্মানীয় ব্যক্তি। কেৱল কলমেৰেই নহয়, ৰং-তুলিকাৰেও সপোন ৰাজ্যৰ সৃষ্টি কৰা আবিদ সুৰভি আজি বহুতৰে ওচৰৰ, মৰমৰ, প্রিয় কথাশিল্পী, চিত্ৰশিল্পী। সাধাৰণ পাঠক-দর্শকৰে নহয়, ৰাজকাপুৰৰ দৰে স্বপ্নৰ সদাগৰৰ হৃদয় আলোড়িত কৰিছিল আবিদৰ শব্দৰ মালাই। আবিদ আছিল ৰং-তুলিকাৰে সৈতে খেলা শিল্পী। হাতত কলম তুলি লৈছিল কেৱল আৰ্থিক দীনতাৰ পৰা মুক্ত হ’বলৈ। ‘ধর্মযুগ’ত গল্প প্রকাশ হোৱাৰ পাছত স্পট বয় আবিদক ‘স্ক্রীপ্ট’ৰ কামত লগাইছিল। আঁৰত থাকি কেইবাখনো বিখ্যাত, জনপ্রিয় চিনেমাৰ ‘স্ক্রীপ্ট’ৰ কাম কৰিছিল। কেৱল স্ক্রীপ্টৰ কামেই কৰিছিলনে? আবিদৰ মুখেৰেই শুনক— ‘কেৱল টকাৰ কাৰণেই, আর্থিক সমস্যাৰ পৰা মুক্তি পাবলৈকে আনৰ নামত স্ক্রীপ্টৰ লগতে চিনেমাৰ কাহিনী, সংলাপ, গীত আৰু কিতাপ লিখাৰ লগতে অনুবাদৰ কামো কৰিছিলোঁ। এই কামত মোৰ অকণো আক্ষেপ নাই। মই যি বিচাৰিছিলোঁ, সেয়া পাইছোঁ। আর্থিক সমস্যাৰ পৰা মুক্তি পাইছিলোঁ।” খুব কম সংখ্যকেহে জানে চিত্রনাট্যকাৰ আবিদক। পঞ্চাছখন উপন্যাস, দহখন গল্প সংগ্ৰহ আৰু অন্যান্য কুৰিখন ৰচনাৰ বাবে মূলতঃ হিন্দী, গুজৰাটী, মাৰাঠী আৰু উৰ্দু সাহিত্যৰ পাঠকেহে জানে। অৱশ্যে ‘কালি কিতাব’ নামৰ গ্ৰন্থখন বিতৰ্কৰ চাকনৈয়াত পৰাৰ পাছত দেশ-বিদেশৰ, আন ভাষাৰ পাঠকৰো ওচৰ চাপে লেখকগৰাকী৷ ইয়াৰ পাছত চৰ্চালৈ আহে আৰু কেইবাখনো গ্রন্থ। বিশেষকৈ উল্লেখ কৰিব পাৰি সুভাষ চন্দ্ৰ বসুৰ জীৱনৰ আধাৰত ৰচিত উপন্যাস ‘গুলমোহৰ কি আঁসু’ (১৯৭৭), দেহ ব্যৱসায়ক উপজীৱ্য হিচাপে লৈ লিখা উপন্যাস ‘বাসক সজ্জা’ (১৯৭৯) আৰু বাবৰি মছজিদ কাণ্ডক লৈ লিখা উপন্যাস ‘কথা বাছক’ (২০০১)। 
--এই উপন্যাসকেইখনেৰে ইংৰাজী সাহিত্যৰ পাঠকৰো ওচৰ চাপে আবিদ। কিন্তু আবিদ সকলোৰে প্ৰিয়, শিশুৰ পৰা বৃদ্ধলৈকে ওচৰৰ কথা চিত্ৰ ‘টাব্বুজী’ৰ বাবে। আজিৰ তাৰিখতো দেশ-বিদেশৰ কাকত আলোচনীৰ পৃষ্ঠাত দেখা যায় ‘টাব্বুজী’। ২৮, জুলাই, ১৯৬৩ত ‘টাব্বুজী’ক সৃষ্টি কৰিছিল পকেট খৰচৰ বাবে। আবিদে সৃষ্টি কৰা জনপ্ৰিয় কথা চিত্ৰৰ চৰিত্ৰকেইটা হ’ল—ইন্সপেক্টৰ বিক্ৰম, ইন্সপেক্টৰ আজাদ, বাহাদুৰ আদি। নায়িকাৰ ভৰিত চেণ্ডেল পিন্ধোৱা আবিদে এদিন নায়িকাক ‘একশ্বন’ বুলিও ক’লে। ১৯৯০ চনত আবিদে পৰিচালনা কৰা প্ৰথমখন চিনেমা ‘আজকা মাছিহা’ চিত্ৰগৃহলৈ আহে। আশীৰ দশকত আবিদে নাট্যক্ষেত্ৰখনতো খোজ পেলায়; আৰু ৰচনা কৰে দহখনৰো অধিক নাটক। এই নাটককেইখন পৰিচালনাও কৰে। ১৯৮৬ চনত লিখা, পৰিচালনা কৰা নাটক ‘ৰাধে-ৰাধে হাম চব আধে’ পৃথ্বি থিয়েটাৰত পঞ্চাছটা হাউচফুল শ্ব’ হয়। পিছৰ সময়ছোৱাত কথাশিল্পী আবিদে নিষ্প্রভ কৰি পেলাইছিল চিত্রশিল্পী আবিদক। 
[ লিখিছিলো ২০০২ত। ‘আজি’ (অজিত কুমাৰ ভূঞা সম্পাদিত)ত প্ৰকাশ পাইছিল।]

মঙ্গলবার, ১৬ নভেম্বর, ২০২১

প্ৰভাত শৰ্মা /৭

১৯৬৩ চন৷ বাৰ, মাহ মনত নাই। তেতিয়া মোৰ আন এটা পৰিচয় সংগীতৰ শিক্ষক। নলবাৰী ছোৱালী হাইস্কুলত এখন সংগীত বিদ্যালয় আৰম্ভ হৈছিল। বৰপেটাৰ পৰা আহি প্ৰতি শনি-দেওবাৰে মই ছাত্ৰ-ছাত্ৰী কেইগৰাকীমানৰ সৈতে সংগীত চর্চা কৰোঁ। মোৰ পৰা যিমানখিনি পাৰে শিকি লয়। — নলবাৰীত মোৰ ঢেৰ বন্ধু আছিল। শনি-দেও, সেই যে দুটা দিন আছিলোঁ আহৰি পোৱা সময়খিনি আড্ডা দি খৰচ কৰিছিলোঁ। আদ্য শৰ্মা, মনোজ শৰ্মা, গুণীন শৰ্মা, দেৱ দাস, ভবেন বৰুৱা, উদয় দাস... এখন দীঘল তালিকা। প্ৰতিগৰাকীয়ে আৰ্ট ভাল পোৱা, সংগীত ভাল পোৱা, অভিনয় ভাল পোৱা মানুহ। সংগীত-নাটক ইত্যাদিয়ে আছিল আমাৰ আড্ডাৰ মূল বিষয়। সেই আড্ডাতেই কোনো এজনে কৈছিল থিয়েটাৰৰ কথা। পাঠশালাৰ অচ্যুত লহকৰে ‘আধুনিক থিয়েটাৰ’ এখনৰ পৰিকল্পনা কৰিছে। তাৰদুটামান সপ্তাহ পিছতে নলবাৰীৰ সেই সংগীত বিদ্যালয়লৈ আহিছিল অচ্যুত লহকৰ। তেতিয়া মোৰ চিনাকি নাছিল। পূর্বে দেখা নাছিলোঁ। সেইদিনা আহিয়ে কৈছিল— “মই অচ্যুত লহকৰ। থিয়েটাৰ এখন কৰিব খুজিছোঁ। আপুনি সংগীতখিনি চাই দিব লাগে। যি টকা-পইচা লাগে মই দিম।...মোক আপোনাৰ কথা পাঠশালাৰ ৰত্নকান্ত তালুকদাৰে কৈছে। মই যেনে ধৰণৰ সংগীতৰ কাম বিচাৰিছোঁ, সেয়া হেনো আপোনাৰ দ্বাৰা সম্ভৱ হ'ব।” ‘মই ‘হ’ব’ বুলি কৈছিলোঁ। কৈছিলোঁ— “মই যাম। চেষ্টা কৰিম।”— গৈছিলোঁ। থিয়েটাৰৰ আখৰাৰ কাম আগবাঢ়িছিল। নৃত্য-সংগীতৰ কামো আৰম্ভ হৈছিল। গৈয়ে বুজিছিলোঁ— যাত্রা পাটী নহয়, বেলেগ ধৰণৰ ‘কিবা’ হ’ব। থিয়েটাৰৰ নাট্যযাত্ৰা আৰম্ভ হোৱাৰ পিছত দেখিলোঁ সঁচাকৈয়ে বেলেগ ধৰণৰ। চলন্ত ৰংগমঞ্চ। তেতিয়া এতিয়াৰ দৰে নাছিল। ভিন্ন পৰীক্ষা-নিৰীক্ষাৰ পিছতহে আজিৰ ৰূপ পাইছে। সেই সময়ত টিনৰ বা প্লাষ্টিকৰ চকী নাছিল। ফল্ডিং চকীৰ ব্যৱস্থাহে আছিল। আজিৰ দৰে গেলাৰীও নাছিল। মোৰ যিমান দূৰ মনত পৰে তৃতীয় নাট্যবৰ্ষৰ পৰাহে গেলাৰীৰ ব্যৱস্থা কৰে। অচ্যুত লহকৰে গেলাৰীৰ ‘ধাৰণা’টো লৈছিল বজালীৰ ডাইমণ্ড চাৰ্কাছৰ পৰা। — হয়, মই নটৰাজ থিয়েটাৰৰ কথাই কৈছোঁ। সেই যে সেইদিনা গৈছিলোঁ নটৰাজ থিয়েটাৰৰ আখৰা শিবিৰলৈ, তেতিয়া নাটকৰ আখৰা চলি আছিল। চন্দ্ৰ চৌধুৰীৰ পৰিচালনাত আখৰা চলি আছিল। ভোলা কটকী, জিতেন পাল, ধৰণী বৰ্মন, ৰুদ্ৰ চৌধুৰী, নেত্ৰকমল বৰঠাকুৰ, মঞ্জিল বৰদলৈ, বলদেৱ শ‍ইকীয়া, সদানন্দ লহকৰ, অনুপমা ভট্টাচাৰ্য, অক্ষয় পাটগিৰী আদি আছিল সেই বৰ্ষৰ, অৰ্থাৎ প্রথম নাট্যবৰ্ষৰ অভিনেতা-অভিনেত্রী। — অচ্যুত লহকৰে মোক কৈছিল, “কামবোৰ চন্দ্ৰ চৌধুৰীৰ নেতৃত্বত হৈ আছে। সংগীতৰ কামো।...” মোৰ ওচৰলৈ চন্দ্ৰ চৌধুৰী আগবাঢ়ি আহিছিল। কৈছিল— “আপোনাৰ মতে, কিবা এটা কৰক। আপুনি কৰা ‘কিবা’টোৰে আমি ‘মঞ্চ’ মুকলি কৰিম।...” - তেতিয়া আজিৰ দৰে ‘আধুনিক’ বাদ্যযন্ত্ৰ নাছিল। মই ঠিক কৰিলোঁ যি আছে, সেইখিনিৰে ‘অৰ্কেষ্টা’ কৰা যাওক। সংগীতৰ দলটোত আছিল— গোপী দাস, ৰাজকৃষ্ণ বাঢ়ৈ, উপেন্দ্ৰ বৰ্মন, লীলা শইকীয়া, মুনীন্দ্ৰ বৰকটকী, ৰজনী ৰয়, উদয় দাস, কান্তেশ্বৰ দাস আদি। চন্দ্ৰ চৌধুৰীয়েও সহায় কৰিছিল। সেই নাট্যবৰ্ষত নাট্যদলটোত নৃত্যশিল্পী হিচাপে জড়িত আছিল জয়হৰি দাস। চন্দ্ৰ চৌধুৰীয়ে কৈছিল— “ইয়াৰ বাঁহী বজোৱাৰ মন। আপুনি শিকাই বুজাই ল’ব।...” জয়হৰি দাসো আমাৰ সংগীতৰ দলটোৰ এজন হৈ পৰিছিল। আমাৰ 'অৰ্কেষ্টা'ৰ কাম আগবাঢ়িছিল। গুৰুত্ব দিছিলোঁ লোকসংগীতৰ ‘সুৰ’ ব্যৱহাৰত। অচ্যুত লহকৰ-চন্দ্ৰ চৌধুৰীয়ে ‘নতুন কিবা এটা বিচাৰিছিল। ময়ো সদায় ‘নতুন কিবা' এটা কৰাৰ চেষ্টাত থাকোঁ।... আৰু ‘নতুন কিবা’ এটা হৈছিলো। সকলোৱে ভালো পাইছিল। কিন্তু মই ‘কিবা’ এটাৰ অভাৱ অনুভৱ কৰিছিলোঁ। এটা ‘শব্দ’ৰ প্ৰয়োজন অনুভৱ কৰিছিলোঁ। ‘শব্দ’টো— এডাল তাঁৰত হ'ব লাগিব। প্রেক্ষাগৃহ কঁপাব পৰা শব্দ হ'ব লাগিব। ‘ঢং’ শব্দ। কিন্তু কেনেকৈ দিয়া যায়!! বুদ্ধি এটা মগজুত সোমাল। চাহপাতৰ পেটি, বাঁহ আৰু এডাল তাঁৰৰ সহায়ত এই ‘শব্দ’ সম্ভৱ। মই মাটিত আঁকি সকলোকে বুজালোঁ। এনে ধৰণৰ ‘বাদ্যযন্ত্ৰ' এটা তৈয়াৰ কৰিব লাগিব। “... আজিয়ে হ'লে ভাল আছিল। মই কাইলৈ যাম। কাম আছে।” তেতিয়া ৰাতি। বাহিৰত বৰষুণ। তথাপি সকলো ব্যস্ত হৈ পৰিল। এজনে চাহপাতৰ পেটি এটা যোগাৰ কৰিলে৷ জয়হৰি দাসে বাঁহ কাটি আনি মই কোৱা ধৰণৰ ‘বাদ্যযন্ত্ৰ'বিধ তৈয়াৰ কৰিলে ৷ বাহিৰত তেতিয়া দবা-পিটা বৰষুণ। আমি ‘অৰ্কেষ্ট্রা’ আৰম্ভ কৰিলোঁ। নিৰ্দিষ্ট সময়ত সেই ‘শব্দ’— ‘ঢং’। বৰষুণৰ শব্দ তল পৰিল। সকলোকে স্পর্শ কৰিলে সেই শব্দই। আকৰ্ষণ কৰিছিল সেই ‘শব্দ’ই। মোৰ চিঞৰি দিবলৈ মন গৈছিল— ‘ইউৰেকা’। এটা ‘শব্দ’ সৃষ্টিৰ সুখ অনুভৱ কৰিছিলোঁ। সেই ‘শব্দ 'ই সংগপোনে মুখৰিত হৈ থকা আখৰা শিবিৰলৈ নীৰৱতা আনিছিল। অভিনেতা অভিনেত্ৰী আৰু থিয়েটাৰৰ অন্য কৰ্মীসকলে আমাৰ ‘সংগীত আখৰা কোঠা লৈ দৌৰি আহিছিল। আমি কৈছিলোঁ ‘শব্দ’ৰ উৎস আৰু নিৰ্মাণৰ কথা৷ চন্দ্ৰ চৌধুৰী “আগুৱাই আহিছিল। চেহেৰাত আনন্দ। হয়তো 'নতুন কিবা এটা পোৱাৰ। চন্দ্ৰ চৌধুৰীক আমি বাবা বুলি মাতিছিলোঁ। বাবাই কৈছিল— “বাদ্যৰ আখৰৰ এটা ‘শব্দই সৌন্দর্য অধিক কৰে, যদিহে ‘শব্দ'ৰ ব্যৱহাৰ স্থান ঠিক হয়, ব্যৱহাৰ পৰিপাটি হয়। তোমাৰ এই ‘শব্দ’ ঠিক ঠাইত বহিছে। পৰিপাটিকৈ বহুৱাইছা।” বাবাৰ এই কথাই মোৰ ‘শব্দ’ সৃষ্টিৰ সুখ আৰু বঢ়াইছিল। যেতিয়ালৈকে ‘নটৰাজ’ আছিল, তেতিয়ালৈকে মই জড়িত আছিলোঁ। 'নটৰাজ’ত সৃষ্টিৰ, মানে ‘নতুন কিবা’ এটা কৰাৰ পৰিৱেশ আছিল, তাগিদা আছিল। অচ্যুত লহকৰ, চন্দ্ৰ চৌধুৰীকে ধৰি সকলোৱে সৃষ্টিৰ তাগিদাত কাম কৰা যেন লাগে। ‘নাম’ৰ পিছত কোনেও দৌৰা নাছিল, ‘কাম’ৰ পিছত দৌৰিছিল। নাটক পৰিচালক কোন, সংগীত পৰিচালক কোন সেয়া কোনেও মনলৈ অনা নাছিল। সকলোৰে লক্ষ্য আছিল— ‘কাম’টো ভাল হ'ব লাগে। নাটকৰ সংগীতৰ লগতে সেই সময়ত ‘নৃত্য’ৰো ভালেমান ‘ভাল কাম’ আমি কৰিছিলোঁ। নৃত্য পৰিচালক যতীন গোস্বামী, চন্দ্ৰ চৌধুৰী আৰু মই। প্রযোজক অচ্যুত লহকৰেও গীত লিখি আমাক সহায় কৰিছিল। অচ্যুত লহকৰৰ মুখত সদায় এটা কথা শুনা গৈছিল—“নৃত্য নাটিকাই হওক, নাটকেই হওক— দৰ্শক, ৰাইজৰ বাবে। সমাজৰ বাবে। গতিকে সমাজলৈ সংবাদ থাকিব লাগিব, সমাজৰ ‘সঁচা ছবি’ থাকিব লাগিব।” মোৰ আজিও মনত আছে, সেই সময়ত কৰা দুখন নৃত্য-নাটিকাৰ কথা— ‘বাসৱ দত্তা’ আৰু ‘দেৱযানী’। সেই সময়ৰ কোনো নাট্যকর্মীয়ে লগ পালে মোক আজিও কয়, বিশেষভাৱে কয় এটা গীতৰ কথা— ‘ৰক্ত জবা তোমাৰ গালত কোনে সানি দিলে...’। থিয়েটাৰ’ৰ আজিৰ বহু কর্মীয়ে, দর্শকে মোক কয়, তেতিয়াৰ দৰে এতিয়া নৃত্য-নাটিকাৰ গুৰুত্ব নাই। কথাটোৱে মোক দুখ দিয়ে। আমি কৈ আছিলোঁ ‘নটৰাজ’ৰ প্ৰথম নাট্যবৰ্ষৰ কথা। সেই যে ‘অৰ্কেষ্ট্ৰা'টো কৰিলোঁ, সেই যে শব্দ’টোক লৈ চৰ্চা হ’ল, সেই যে সকলোৱে ভাল পালে— মোৰ দায়িত্ব বাঢ়িল। দায়িত্ব বঢ়া বুলি মই অনুভৱ কৰিলোঁ। চন্দ্ৰ চৌধুৰীয়ে ক'লে— “আমি নাটকৰ সংগীতো ভাল কৰিব লাগিব। '‘নতুন কিবা’ৰ বাবে চিন্তা কৰিব লাগিব।” নাটককেইখনৰ বিষয়ে মোৰ সৈতে আলোচনা কৰিলে৷ চাৰিখন নাটক— ফণী শৰ্মাৰ ‘ভোগজৰা’, অতুল হাজৰিকাৰ ‘টিকেন্দ্ৰজিৎ’, উত্তম বৰুৱাৰ ‘জেৰেঙাৰ সতী’ আৰু এখন অনুবাদ নাটক— ‘হায়দৰ আলী’। অৱশ্যে নাটককেইখনৰ সংগীতৰ বেছিভাগ কাম, ক’ব পাৰি প্ৰায়খিনি কাম চন্দ্ৰ চৌধুৰীয়ে কৰিছিল। ১৯৬৩ চনৰ ২ অক্টোবৰত পাঠশালাৰ হৰিমন্দিৰৰ চৌহদত প্ৰথমবাৰৰ বাবে ‘নটৰাজে’ নাটক মঞ্চস্থ কৰিছিল। ‘ভোগজৰা’ নাটকখন মঞ্চস্থ কৰিছিল। নাটক মঞ্চস্থ হোৱাৰ পাছত, । থিয়েটাৰে যাত্ৰা কৰাৰ পাছত মোক বহুতে সেই '‘অৰ্কেষ্টা'ৰ কথা কৈছিল। 'ভাল হোৱা’ বুলি কৈছিল৷ মই সুখ অনুভৱ কৰিছিলোঁ। মই তেতিয়া ‘পাবলিচিটী’ত কাম কৰোঁ। 'সময়'ত গৈ ‘নটৰাজ’ৰ সংগীতৰ কামো কৰি আহোঁ। ১৯৬৬ চন৷ পুৱা কাৰ্যালয়তে কামত ব্যস্ত আছিলোঁ। মাহ-বাৰ মনত নাই। মানুহ এজনে আহি ক'লে— মোক ভূপেন দাই বিচাৰিছে। ডাক বঙলাতে আছে। — ভূপেন দাই মাতিছে! নাযাম নে!! — গ'লোঁ। ডাক বঙলাৰ ৰুম এটাৰ - বিছনাত ভূপেন দা বহি আছে। জিৰণি লোৱা ‘মুড’ত। মোক ‘হাৰনিয়াম’টো লৈ যোৱাৰ কথা কৈছিল। লৈ গৈছিলোঁ। মোক দেখিয়ে চিনাকি হাঁহিটো মুখত লৈ মাতিলে— “আহিছা! আহা আহা! তোমাক এটা ‘মিউজিকেল’ কামৰ বাবে মাতিছিলোঁ। ‘নটৰাজ’ৰ দৰে থিয়েটাৰ এখন হ'ব। হাজোেত। ‘পূর্বজ্যোতি’ নাম ৰাখিছে। ‘মালিক’জনৰ নাম কৰুণা মজুমদাৰ। মোক আহি ক'লে— সংগীতৰ কামখিনি কৰিব লাগে। মই ক'লোঁ— হৈ যাব। পিছে মোৰ সময় নহ'ব। তোমালোকে কৰিব লাগিব। ৰাণা (জয়ন্ত হাজৰিকা), দোস্ত হবিবুৰ ৰহমানো থাকিব। তোমাৰ চাকৰিৰ লগত সময় মিলাই ল’বা।...” ভূপেন দাই কৈছে! ‘নকৰোঁ' বুলিব পাৰোনে? মই ‘হয়-হয়' বুলি ভূপেন দাৰ কথা শুনি গ'লোঁ। বিছনাত ‘হামনিয়াম'টো লৈ কৈ গ'ল— ‘এনেকৈ’ কৰিবা, ‘তেনেকৈ’ কৰিবা— “বুজিছা বাপু, সাংঘাতিক কাম নহয়, তোমাৰ বাবে সহজ কাম! মই কৰুণা মজুমদাৰক তোমাৰ কথা কৈছোঁ। তুমি যাবা।” গৈছিলোঁ। গৈ দেখিছিলোঁ— সাংঘাতিক আয়োজন। 'নটৰাজ ’'ত একেলগে কাম কৰা যতীন গোস্বামীক পালোঁ। আকৌ নৃত্য-নাটিকাৰ পৰিকল্পনা কৰিলোঁ।১৯৬৬ চন৷ পুৱা কাৰ্যালয়তে কামত ব্যস্ত আছিলোঁ। মাহ-বাৰ মনত নাই। মানুহ এজনে আহি ক'লে— মোক ভূপেন দাই বিচাৰিছে। ডাক বঙলাতে আছে। — ভূপেন দাই মাতিছে! নাযাম নে!! — গ'লোঁ। ডাক বঙলাৰ ৰুম এটাৰ - বিছনাত ভূপেন দা বহি আছে। জিৰণি লোৱা ‘মুড’ত। মোক ‘হাৰনিয়াম’টো লৈ যোৱাৰ কথা কৈছিল। লৈ গৈছিলোঁ। মোক দেখিয়ে চিনাকি হাঁহিটো মুখত লৈ মাতিলে— “আহিছা! আহা আহা! তোমাক এটা ‘মিউজিকেল’ কামৰ বাবে মাতিছিলোঁ। ‘নটৰাজ’ৰ দৰে থিয়েটাৰ এখন হ'ব। হাজোেত। ‘পূর্বজ্যোতি’ নাম ৰাখিছে। ‘মালিক’জনৰ নাম কৰুণা মজুমদাৰ। মোক আহি ক'লে— সংগীতৰ কামখিনি কৰিব লাগে। মই ক'লোঁ— হৈ যাব। পিছে মোৰ সময় নহ'ব। তোমালোকে কৰিব লাগিব। ৰাণা (জয়ন্ত হাজৰিকা), দোস্ত হবিবুৰ ৰহমানো থাকিব। তোমাৰ চাকৰিৰ লগত সময় মিলাই ল’বা।...” ভূপেন দাই কৈছে! ‘নকৰোঁ' বুলিব পাৰোনে? মই ‘হয়-হয়' বুলি ভূপেন দাৰ কথা শুনি গ'লোঁ। বিছনাত ‘হামনিয়াম'টো লৈ কৈ গ'ল— ‘এনেকৈ’ কৰিবা, ‘তেনেকৈ’ কৰিবা— “বুজিছা বাপু, সাংঘাতিক কাম নহয়, তোমাৰ বাবে সহজ কাম! মই কৰুণা মজুমদাৰক তোমাৰ কথা কৈছোঁ। তুমি যাবা।” গৈছিলোঁ। গৈ দেখিছিলোঁ— সাংঘাতিক আয়োজন। 'নটৰাজ ’'ত একেলগে কাম কৰা যতীন গোস্বামীক পালোঁ। আকৌ নৃত্য-নাটিকাৰ পৰিকল্পনা কৰিলোঁ। ভূপেন দাই কিন্তু মোক দায়িত্ব দিছিল ‘শোণিত কুঁৱৰী'ৰ। জ্যোতিপ্ৰসাদৰ ‘শোণিত কুঁৱৰী পৰিচালনা কৰিছিল ফণী শৰ্মাই। অনিৰুদ্ধৰ চৰিত্ৰত অভিনয় কৰিছিল মহানন্দ শৰ্মাই। ঊষাৰ চৰিত্ৰত অভিনয় কৰিছিল নলিনী বৰুৱাই। নাটকখনত ভূপেন দাই ‘বুজাই দিয়া’ মতে আইনাম, বিয়ানামৰ সুৰ ব্যৱহাৰ কৰিছিলোঁ। ফণী শৰ্মা সন্তুষ্ট হৈছিল। তেতিয়া মোৰ মনত ফণী শৰ্মা ‘'নাটক-চিনেমাৰ তাৰকা’, শ্ৰদ্ধাৰ ব্যক্তি। নাটক-অভিনয়ৰ গুণী মানুহ। কিন্তু কাৰণ কি নাজানো, মই তেওঁৰ বেছি ওচৰ চপা নাছিলোঁ। নাটকখনৰ ‘সংগীতৰ কাম’ক লৈ যি ‘আলোচনা’, যি ‘সম্পর্ক'— সিমানতে শেষ। মই অনুভৱ কৰিছিলোঁ তেওঁৰ সম্পৰ্ক যেন দোস্ত হবিবুৰ ৰহমান, জয়ন্ত হাজৰিকা লগত বেছি! সেয়া অৱশ্যে স্বাভাৱিক। জয়ন্ত হাজৰিকা – দোষ্ট হবিবুৰ ৰহমানে ‘পূৰ্বজ্যোতি’ৰ সৈতে ভ্ৰমি ফুৰিছিল । ‘শোণিত কুঁৱৰী’ৰ ‘কাম’ শেষ হোৱাৰ পিছত মই ‘পূৰ্বজ্যোতি’ৰ আখৰালৈ যোৱা নাছিলোঁ। যোৱাৰ প্ৰয়োজন অনুভৱ কৰা নাছিলোঁ। কিন্তু যাব লগা হৈছিল। ‘পূৰ্বজ্যোতি’ৰ পৰা এজনে খবৰ লৈ আহিছিল— “আপোনাক ফণী শৰ্মাই বিচাৰিছে।” — ফণী শৰ্মাই বিচাৰিছে! — হয়তো ‘শোণিত কুঁৱৰী'ৰ ‘কিবা কাম’ ৰৈ গৈছে!!— গৈ বুজিছিলোঁ, ‘শোণিত কুঁৱৰী’ৰ কাম নহয়, ‘এমুঠি চাউল’ৰ। ফণী শৰ্মাৰ বিখ্যাত নাটক ‘এমুঠি চাউল’ৰ। সংগীতৰ ‘কাম’ হৈছিল; কিন্তু কেইটামান দৃশ্যৰ ‘সংগীত’ত সন্তুষ্ট হোৱা নাছিল। তেওঁ মোক পাঁচ-ছয়টামান দৃশ্য দেখুৱাই কৈছিল— “...তোমাৰ কাম মই অনুভৱ কৰিছোঁ। তুমিহে পাৰিবা বুলি মোৰ বিশ্বাস। মোক লোক-সংগীতৰ ‘সুৰ’ লাগে।”— কেনে ধৰণৰ লাগে বুজাই দিছিল। মই কৰি দেখুৱাইছিলোঁ। দুই-তিনিবাৰ কৰাৰ পিছত তেওঁ সন্তুষ্ট হৈছিল। তেওঁৰ মুখলৈ ‘সন্তুষ্টি’ আহিছিল। সেইদিনা মই অনুভৱ কৰিছিলোঁ—ফণী শৰ্মাৰ সম্পৰ্ক ‘ব্যক্তি’ৰ সৈতে কম, ‘কাম’ৰ সৈতে বেছি। সেইবাৰ ‘পূৰ্বজ্যোতি’ নাট্যাৰম্ভ, ‘নটৰাজ’ৰ নাট্যাৰম্ভ একেটা নিশাতে হৈছিল। অচ্যুত লহকৰে মোক এখন গাড়ী ঠিক কৰি দিছিল। সেইখনত গুৱাহাটীৰ পৰা গৈ মই প্ৰথমে ‘নটৰাজ’ পাইছিলোঁ।‘ পূর্বজ্যোতি’ যেতিয়া পাইছিলোঁ— নাটক আৰম্ভ হৈছিল। কৰুণা মজুমদাৰে বেয়া পাইছিল। ‘তোমাক বেয়া পাইছোঁ’ বুলি কৈ মোক ‘মিউজিক বক্স’লৈ আগুৱাই নিছিল। বহিব দিছিল। দেখিছিলোঁ—‘মিউজিক বক্স’ত ভূপেন দা। কাষত ৰত্ন ওজা। মঞ্চত—‘শোণিত কুঁৱৰী’। সেইদিনা ভূপেন দাই— ‘মিউজিক বক্স’ত বহি ‘নাট্য সন্ধিয়া ঘোষণা’ কৰিছিল, গীত গাইছিল। পিছত শুনিছিলোঁ বহু ব্যস্ততাৰ মাজতো ভূপেন দাই ‘মিউজিক বক্স’ত বহি ‘শোণিত কুঁৱৰী'ৰ গীত গাইছিল। ১৯৭০ চনত পাঠশালাৰ কুমুদ শমাই আৰম্ভ কৰে অসম ষ্টাৰ থিয়েটাৰ। ২ বছৰ এই নাট্যদলটোতো ‘কাম’ কৰিছিলোঁ। বৰপেটাৰ কেওটকুছিৰ পৰা ওলাইছিল ৰূপালী থিয়েটাৰ । তাতো সংগীতৰ কাম কৰিছিলোঁ। এই নাট্যদল দুটাতো পাইছিলে নৃত্য পৰিচালক যতীন গোস্বামীক। চন, তাৰিখ মনলৈ আনিব পৰা নাই। ভাগ্যদেৱী থিয়েটাৰৰ প্ৰযোজক শৰৎ মজুমদাৰ আৰু আলোকশিল্পী কল্যাণ দে’ আহিছিল, মোৰ ঘৰলৈ। এই নাট্যদলটোতো কিছু কাম কৰিছিলোঁ। ভবেন বৰুৱা, বলেন দত্ত আদি জড়িত আছিল ‘ভাগ্যদেৱী’ৰ সৈতে। নৃত্য-নাটিকাৰ ‘কাম’ কৰিছিলোঁ প্ৰফুল্ল হালৈৰ সৈতে। মুকুন্দ থিয়েটাৰতো নাটকৰ, নৃত্য-নাটিকাৰ ‘সংগীত’ৰ কাম কৰিছিলোঁ। তাত পাইছিলোঁ নাট্যকাৰ, পৰিচালক উগ্ৰ মেনাক। সংলাপ-অভিনয়-সংগীতত সমানেই কষ্ট কৰে। চিন্তাশীল পৰিচালক। ৰসিক মানুহ। তেওঁৰ ঘৰ আছিল বেলশৰত। বেলশৰৰে এখন বিদ্যালয়ৰ শিক্ষক আছিল। বিদ্যালয়ত শিক্ষাদান কৰি টিহুৰ মাখিবাহাত থকা ‘মুকুন্দ’ৰ আখৰা শিবিৰলৈ চাইকেল মাৰি আহিছিল। মই আখৰা শিবিৰলৈ গ'লে তেওঁ মোৰ ওচৰলৈ আহিছিল ‘সংগীতৰ কাম’ত ‘নাটক’ৰ আন বাদ দি হ’লেও ৷ মোৰ অনুভৱ হৈছিল— মূৰত যেন তেওঁ লৈ ফুৰিছিল নাটকৰ দৃশ্য, চৰিত্ৰসমূহ। মুকুন্দ থিয়েটাৰত ‘সংগীত’ কৰি ভাল পোৱা এখন নাটক হ’ল— ‘দধিচী’। মহেন্দ্ৰ বৰঠাকুৰৰ ‘ৰচনা’। পৰিচালনা কৰিছিল হেম ভট্টাচাৰ্যই। ১৯৪২ৰ স্বাধীনতা সংগ্ৰামী এগৰাকীৰ কথা, মনৰ বেদনা নাটকখনৰ বিষয়বস্তু। মূল চৰিত্ৰটোত মন চুই যোৱা অভিনয় কৰিছিল জীৱেশ্বৰ ডেকাই। ‘সংগীত’ ব্যৱহাৰত বহু সাৱধান হ’ব লগা হৈছিল। নাটকখনৰ বাবে ৰচনা কৰা এটা গীত আছিল এনে ধৰণৰ—‘যতনে ঘূৰাই যঁতৰ, নাইবা খতৰ...'। প্ৰভাত শৰ্মা গুৱাহাটী, ২ আগষ্ট ২০১৫ (অনুলেখন, সম্পাদনা: উৎপল মেনা)

মঞ্জুল বৰুৱা

আমাৰ প্ৰশ্ন : প্ৰথমে জানিব বিছাৰিম আপোনাৰ 'সফলতা'ক আপুনি কেনেদৰে বিশ্লেষণ কৰিব? -- হয় ,'কানীন' আৰু 'অন্তৰীণ'ৰ কথা কৈছো। 

 মঞ্জুলঃ বিস্ময়, মোৰ বাবে এটা অতি আপোন শব্দ। উৎপল মেনা দা আপোনাৰ উত্তৰ দিয়াৰ আগতে মই কিছু কথা কৈ লব বিচাৰিছো। সৰুৰে পৰা মই বিস্ময় খন পঢ়ি খুউৱ ভাল পাইছিলো। যতেই গৈছিলো বিস্ময় দেখিলে লগে লগে পঢ়িবলৈ মেলি লৈছিলো। অকপতে, এটা কথা স্বীকাৰ কৰো যে তেতিয়াৰ পৰা এতিয়ালৈকে জীৱনত সদায়ে শেষৰ পৰাহে বিস্ময় পঢ়িছো। কাৰণ চিনেমাৰ খৱৰবোৰ শেষৰ পৃষ্ঠাকেইটাইহে থাকে। সৰুৰে পৰা অসমীয়া চিনেমা কি কি নিৰ্মান হৈ আছে। কোনে কোনে অভিনয় কৰিছে, কোনে পৰিচালনা কৰিব ইত্যাদি নানা খৱৰ আঙুলিৰ মুৰত ৰাখিছিলো আৰু ইয়াৰ তথ্য সংগ্ৰহ কৰিছিলো বিস্ময়ৰ পাতৰ পৰা। তেতিয়াৰ পৰা চিনাকী নাম হৈ পৰিছিল অৰুনলোচন দাস দা, প্ৰমোদ কলিতা দা আৰু উৎপল মেনা দা। আৰু আজি সেই উৎপল মেনা দাইয়ে যেতিয়া ফোন কৰি মোক বিস্ময়ৰ বাবে প্ৰশ্নৰ উত্তৰৰ বিচৰাত মোৰ নিজকে সপোনত থকা যেন অনুভৱ হৈছে, নিজকে বিশ্বাস কৰিবলৈ যেন টান লাগিছে। তেখেতৰ পৰা এই প্ৰস্তাৱ পোৱা টোৱেই মোৰ বাবে সৌভাগ্য। চিনেমা কৰো যদিও আজিলৈকে মই কিবা সফল হৈছো বুলি ভৱা নাই। বহুতো শিকিব লগীয়া আছে। হয়, দুখন চিনেমা পৰিচালনা কৰিব সুযোগ পাইছো 'কানীন' আৰু 'অন্তৰীণ'। ৰাইজে ইতিমধ্য দুয়োখন চাইছে। গতিকে ৰাইজে জানে কিমান কি মই কৰিব পাৰিলো। চেষ্টা কৰি আছো, যাতে অসমৰ ৰাইজক আগলৈ আৰু উন্নত চিনেমা দিব পাৰো। আমাৰ প্ৰশ্ন : আজিৰ তাৰিখত অসমীয়া চিনেমা নিৰ্মাণৰ এটি সুন্দৰ পৰিবেশ গঢ়ি উঠা বুলি প্ৰসংগক্ৰমে কেইবা গৰাকীও চিনেকৰ্মীয়ে আমাক কৈছে। এই প্ৰসংগত আপুনি কি ক'ব? বিশেষকৈ বঁটাৰ প্ৰসংগত। মঞ্জুলঃ হয় মইও একমত, অসমীয়া চিনেমাই এতিয়া এক ন ৰূপ পোৱা যেন লাগিছে। শেহতীয়াকৈ যোৱা তিনি চাৰিবছৰ একে লেঠাৰিয়ে বহুতো উন্নত অসমীয়া চিনেমা নিৰ্মাণ হৈ আছে। আৰু বহুতো চলচ্চিত্ৰ মহোৎসৱত জিলিকিও আছে। তাতে ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰে কি কৰিলে আমি সকলোৱে জানো। মই বহুত যোগাত্মক ভাৱে ভাৱো আৰু কাম কৰি গৈ আছো। ভাল কাম হলে নিশ্চয় এদিন নহয় এদিন স্বীকৃতি পাবই বুলি বিশ্বাস কৰো। আমাৰ প্ৰশ্ন : পূৰ্বে অসমীয়া চিনেমাই দেশ - বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত ইমান গুৰুত্ব পোৱা নাছিল।২০১৯ -২১ সময় চোৱাত যিমান পাইছে! -- এই ধাৰণা শুদ্ধ নে? শেহতীয়া ভাবে একাংশ 'প্ৰচাৰ মাধ্যম'ত এনে ধাৰণা নিৰ্মাণ কৰা হৈছে -- অসমীয়া চিনেমাৰ মান বহু বাঢ়িছে। সেয়েহে অসমীয়া চিনেমাৰ গুৰুত্ব দেশ - বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত বাঢ়িছে বুলি কোৱা হৈছে। আপোনাৰ ধাৰণাত এই ধাৰণা কিমান শুদ্ধ ? 
 মঞ্জুলঃ অসমীয়া চিনেমাৰ বুৰঞ্জী ১৯৩৫ চনৰ পৰাই চহকী। পূৰ্বে কৰি অহা মহান কামসমুহে আমাক এই পৰিবেশ দিছে। গতিকে মই ভাৱো আমি যি কৰিব পাৰিছো আমাৰ অগ্ৰজ সকলৰ অক্লান্ত কৰ্মৰ বাবে। তেওঁলোকে দেখুৱাই দিয়া বাট যদি আমি নাপালো হেঁতেন তেতিয়া হয়তো আমাৰ অসমীয়া চিনেমাৰ স্থান আজিৰ দৰে নহল হেঁতেন। মোৰ মতে এয়া চাগে কাৰোবাৰ অহংকাৰ মিশ্ৰিত অভিব্যক্তি আছিল। মই সেইসকল মহান নমস্য ব্যক্তি সকলক সদায়ে শ্ৰদ্ধা কৰো। তুলনা কৰাৰ পৰিবৰ্তে তেওঁলোকৰ সৃষ্টিক লৈ মই গৌৰৱহে কৰো।
 আমাৰ প্ৰশ্ন : আপুনি মুকলি মনেৰে কব পাৰিব নে -- আজিৰ তাৰিখত অসমীয়া চিনেমাৰ মান আন ভাষাৰ চিনেমাতকৈ কোনো গুণে কম নহয়।
 মঞ্জুলঃ হয় মই মুকলি মনেৰে কব পাৰিম ভাৰতবৰ্ষৰ ২৮ খন ৰাজ্যৰ চলচ্চিত্ৰ উদ্যেগ্যৰ মানৰ তুলনাত হয়তো আমাৰ অসমীয়াৰ চলচ্চিত্ৰ মানৰ স্থান ৫ বা ৬ নম্বৰ পাব। যিসকলে আজিৰ তাৰিখলৈ প্ৰতিখন অসমীয়া চিনেমা চাইছে তেওঁহে এই কথা কব পাৰিব। সকলো অসমীয়া চিনেমা নোচোৱা সকলক যদি এই প্ৰশ্ন কৰা হয় তেওঁলোকে অসমীয়া চিনেমাৰ মানৰ বিষয়ে সঠিককৈ কব নোৱাৰিব বুলি ভাৱো। 
 আমাৰ প্ৰশ্ন : আজিৰ তাৰিখত অসমীয়া চিনেমাৰ 'বিকল্প বজাৰ' কেনেদৰে চিন্তা কৰিব পাৰি ? মঞ্জুলঃ চিনেমা হ’লৰ বিকল্প OTT প্লেটফ্ৰমে দিব। ইতিমধ্য বিশ্বৰ বজাৰত ই এক নতুন আলোৰন সৃষ্টি কৰিছে। গতিকে আমি সকলোৰে লগত তিস্তি থাকিবলৈ ভাল চিনেমা নিৰ্মান কৰিবই লাগিব অন্যাথা ইয়াৰ বিকল্প নাই। 
 আমাৰ প্ৰশ্ন : আপোনাৰ ধাৰণাত চিনেমা দৰ্শকৰ বাবে নে বঁটাৰ বাবে ? 

 মঞ্জুলঃ মোৰ বাবে সদায় চিনেমা দৰ্শকৰ বাবেহে। কিন্তু চিনেমা মানেই নাচ, গান আৰু যৌনতা নহয়। যদি ইয়াৰ প্ৰয়োগ কাহিনীৰ স্বাৰ্থত হয় তেতিয়াহে উচিত বুলি ভাৱো। বঁটাই সদায় আমাক চিনেমাৰ মান নিৰূপন কৰাত সহায় কৰে। মঞ্জুলঃ মোৰ বাবে সদায় চিনেমা দৰ্শকৰ বাবেহে। কিন্তু চিনেমা মানেই নাচ, গান আৰু যৌনতা নহয়। যদি ইয়াৰ প্ৰয়োগ কাহিনীৰ স্বাৰ্থত হয় তেতিয়াহে উচিত বুলি ভাৱো। বঁটাই সদায় আমাক চিনেমাৰ মান নিৰূপন কৰাত সহায় কৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে বঁটা নোপোৱা চিনেমাবোৰৰ মান ভাল নহয়। আমি যদি বিশ্বৰ ভাল ভাল চিনেমা সমুহ স্কুলৰ পৰাই দেখুৱাৰ পৰিবেশ এটা দিব পাৰো তেতিয়া হয়তো ভাল চিনেমাৰ ৰস লবলৈ বেছি দৰ্শক ওলাব। আৰু মোৰ মনত পৰিছে আমাৰ সকলোৰে চিনাকী মনোৰজ্ঞ বিশেষজ্ঞ জয়ন্ত দাস দায়ে প্ৰায়ে এটা কথা কয় --ভাল চিনেমাই হেনো দৰ্শকৰ আয়ুস বৃদ্ধি কৰে। আমাৰ প্ৰশ্ন : আপোনাৰ পৰিচালনা শৈলীক আপুনি কেনেদৰে বিশ্লেষন কৰিব ? মঞ্জুলঃ হয়, সকলো পৰিচালকৰে নিজৰ নিজৰ এটা নিজস্ব শৈলী আছে। তেনেকৈয়ে দৰ্শকে ৰুচি অনুযায়ী পৰিচালকৰ সেই শৈলীক তেওঁলোকে স্বীকৃতি দিয়ে। এদিন শ্ৰদ্ধাৰ জাহ্নু বৰুৱা চাৰে এটা কথা কৈছিল, যিকোনো এটা কাহিনী, ঘটনা বা সমস্যাকলৈ যেতিয়া চিনেমা নিৰ্মানৰ কাম আৰম্ভ কৰিবি। সেই কাহিনীটোক তই কেনেকৈ চিনেমা আকাৰে চাবলৈ ভাল পাবি। তেনেকৈয়ে লিখি যাবি আৰু যেতিয়াই কাহিনীৰ কথনটো তোৰ ভাল লাগিব তেতিয়াই তই তেনেকৈয়ে চিনেমা নিৰ্মান কৰিবলৈ চাবি। সেইকেইটা মহান বানীৰ অৱলম্বন কৰিয়ে মই আজিলৈকে চিনেমা নিৰ্মান কৰি আহিছো। সেইয়াই মোৰ শৈলী। মোৰ নিজা। আমাৰ প্ৰশ্ন : আমাৰ ধাৰণাত অসমত আজিৰ তাৰিখতো 'চিনেমা'ৰ শুদ্ধ ধাৰণাৰে চিনেমাৰ বিশুদ্ধ চৰ্চা হয় বুলি কব নোৱাৰি। ফলত 'অসমীয়া চিনেমা'ৰ ক্ষতি হোৱা নাই নে? 

 মঞ্জুলঃ হয় কথাটো মইও উপলদ্ধি কৰো। অসমীয়া চিনেমাৰ সুষ্ঠ আলোচনা হোৱা পৰিলক্ষিত হোৱা দেখা নাই। যদিও দুই এক হয় সেইবিলাকত কেৱল দোষাৰূপ কৰাহে দেখা যায়। ফলত বহুতো চলচ্চিত্ৰ কৰ্মী নিৰোৎসাহ হে হৈছে। সমালোচকৰ সমালোচনাই আমাক সজাগ কৰে, নতুন দৃষ্টি দিয়ে। আমি ৰৈ থাকো তেওঁলোকৰ তুলা-চালনী খনলৈ। কিন্তু ভালেই হওক বা বেয়াই হওক তুলা-চালনীৰ নিৰবতাক কোনেও ভাল নেপায়। অসমীয়া চলচ্চিত্ৰৰ বিশুদ্ধ চৰ্চা সদায়ে কাম্য কৰো। আৰু ইয়াৰ যোগেদি নতুন প্ৰজন্মই এক নতুন বাট দেখিব। আমাৰ প্ৰশ্ন : আপুনি জাহ্নু বৰুৱাৰ চিনেমাৰে চিনেকৰ্ম আৰম্ভ কৰিছিল। এতিয়া আপুনি স্বাধীন পৰিচালক। তেতিয়াৰ পৰা এতিয়ালৈ 'চিনেমা'ৰ নিশ্চয় পৰিবৰ্তন হৈছে। এই পৰিবৰ্তনক কেনেদৰে ব্যাখ্যা কৰিব? মঞ্জুলঃ হ়য়, মোৰ মতে জাহ্নু বৰুৱা চাৰ এজন ব্যক্তি নহয় এক অনুষ্ঠান। তেখেতৰ ছত্ৰছায়াত কাম শিকিবলৈ পোৱাতো মোৰ বাবে সৌভাগ্যৰ কথা। আজিলৈ যি অলপ কৰিব পাৰিছো তেখেতৰ বাবেহে কৰিব পাৰিছো। একেৰাহে তেখেতৰ প্ৰায় সাত খন চিনেমাত সহকাৰী পৰিচালক হিচাপে কাম কৰিবলৈ সুযোগ পাইছিলো। সেইখিনি সময় মোৰ বাবে স্বৰ্ণময় সময় আছিল। তেখেতৰ লগত ছাঁৰ দৰে থাকি কাম শিকিব পাৰিছিলো। নিৰ্মান প্ৰক্ৰিয়াৰ পৰিবৰ্তন হোৱা নাই যদিও কাৰিকৰী দিশ (যেনে- কেমেৰা,চাউন্ড, এডিটিং) বিলাকহে পৰিবৰ্তন হৈছে। চিনেমাৰ ভাষাৰ ব্যাকৰণ সেই একেই আছে। চিনেমা নিৰ্মানৰ প্ৰস্তুতি যেনেকৈ জাহ্নু চাৰে কৰে সেয়া ছাগে আজিৰ ন-প্ৰজন্মই প্ৰায় সকলে তেখেতৰ পৰাহে অনুকৰনহে কৰিবলৈ লৈছে। মইও আজিলৈকে তেখেতে শিকোৱা পদ্ধতিৰে নিৰ্মান কৰি আছো। পৰিবৰ্তন কেৱল কাৰীকৰি ভাৱেহে হৈছে বুলি ভাৱো। আৰু সেয়া হবই। আমি নিজকে পৰিবৰ্তনৰ লগত চলিব লাগিব। নতুন পৰীক্ষামুলক চিন্তা তেতিয়াও আছিল আৰু আজিও আছে। আমাৰ প্ৰশ্ন : শেহতীয়া কাম ?
 মঞ্জুল : যোৱা বছৰৰ লকডাউনৰ সময়খিনিত মই অনুৰাধা শৰ্মা পুজাৰী বাইদেউৰ এটি চুটি গল্পৰ আধাৰত 'অনুৰ' নামৰ চিনেমা খনৰ চিত্ৰনাট্য লিখাত ব্যস্ত আছিলো। আৰু সেইখনৰ চুটিং মই এইবছৰ জানুৱাৰী মাহত আৰম্ভ কৰি ফ্ৰেব্ৰুৱাৰী মাহত শেষ কৰিলো। আমাৰ প্ৰশ্ন : 'অনুৰ'ত ৰজত কাপুৰে অভিনয় কৰিছে। চৰিত্ৰটো কেনেধৰণৰ ? মঞ্জুল : 'অনুৰ'ত এটা মুখ্য চৰিত্ৰত ৰজত কাপুৰে অভিনয় কৰিছে। চৰিত্ৰটো হৈছে অসমত কৰ্মৰত হৈ ৰিটায়াৰ্ড কৰা এজন হিন্দীভাষী আইএএচ(IAS) বিষয়া। আমাৰ প্ৰশ্ন : পৰিচালকৰ আসনৰ পৰা 'অভিনেতা ৰজত কাপুৰক' কৰা অনুভৱ কেনেধৰণৰ ? 

 মঞ্জুল : পৰিচালক হিচাপে মই বহুত ভাগ্যৱান। তেওঁৰ নিচিনা এজন সুপৰিকল্পিত, অভিজ্ঞতা সম্পন্ন দক্ষ অভিনেতাৰ লগত কাম কৰিবলৈ পাইছোঁ‌। তেখেতৰ পৰা আমি যথেষ্ট খিনি শিকিব পাৰিলো। তেখেতক লৈ মোৰ অনুভৱ খুউৱ ভাল। আমাৰ প্ৰশ্ন : 'অনুৰ' কোন পৰ্যায়ত আছে ?
মঞ্জুল : বৰ্তমান 'অনুৰ'ৰ পষ্ট প্ৰডাকচনৰ বিভিন্ন কাম চলি আছে। বিশেষকৈ চাউণ্ড আৰু মিউজিকৰ কাম চলি আছে। ( নবেম্বৰ, ২০২১/ 'বিস্ময়)
সংযোজন :
✔️ মঞ্জুল বৰুৱাা। চিনেমা পৰিচালক। 'কানীন', 'অন্তৰীণ', 'অণুৰ'ৰ পৰিচালক। 

  ✔️  তৰালি শৰ্মা। সংগীতৰ নক্ষত্ৰ। 
   ✔️ নক্ষত্ৰ তৰালিয়ে মাটিত, শিপাৰ ওচৰত সংগীত সৃষ্টি কৰে, নিৰ্মাণ কৰে।
  ✔️   মাটিলৈ মাতে জোনাকক--"মাতিলেই নামি অহা জোনাক..."
পৰিপাটি শব্দ, পৰিপাটি সুৰীয়া সাজ ...
আৰু 

 ✔️ পৰিপাটি শব্দ, পৰিপাটি সুৰীয়া সাজৰ 'জোনাক'ক ৰূপালী গল্পলৈ ৰূপান্তৰ কৰিলে মঞ্জুলে।
   ✔️ তৰালিৰ গীত
     ✔️ মঞ্জুলৰ 'ৰূপালী গল্প'
           গীতৰ গল্প 
         (বাকী যথাস্থানত)

শুক্রবার, ১২ নভেম্বর, ২০২১

চিত্ৰনাট্য /৭

'জয়মতী'ৰ'জয়মতী'ৰ চিত্ৰনাট্য কৰ্ম এটা পৰ্যয়ত কৰা নাছিল জ্যোতি প্ৰসাদ আগৰৱালাই। এই কথা স্পষ্ট। উদাহৰণ: (ক) 
1. Fade in on title বনৰীয়া সৌন্দৰ্য্যৰ নন্দন ফুলনি নেদেখা নজনা নির্জনত আপোনাতে আপুনি বিকশি ফুলি মৰহি যোৱা লাখো ফুলকলিৰ হাঁহিৰ নিজৰাৰে ভৰপূৰ নগা পৰ্ব্বত।
Fade out
2. Fade in on -
Ext. Long shot slow panoram right and left of distant Naga Hills.
Mix to
Ext. Close view of certain part of Naga Hills with its jungles-view of several falls and vast flower fields.
Fade out
3. Fade in on title
         এই চিত্ৰনাট্য অংশ মন কৰক। কেমেৰাৰ ভাষা প্ৰয়োগৰ কথা আছে। আৰু মন কৰক--
      ( খ)  ৰূপধৰা নাগবন সৌন্দৰ্য্য— অনাঘ্ৰাত সুৰভি সঁফুৰা— আপোনাতে আপুনি বিভোৰা, আপোনাতে আপোন পাহৰা— আপোনাৰ নৃত্যতেই আপুনিয়ে বিয়াকুল হোৱা— নিজৰাৰ পাৰে পাৰে, শিলনিৰ গায়ে গায়ে— দেও দি নাচি ফুৰা— চৰগী ৰাজ্যৰ বাট চিৰআনন্দ– চিৰসৌন্দৰ্য্যৰ জ্বলন্ত কণিকা— আজলী, ৰূপহী— ডালিমী।
      কোনে কয় মানৱী লয়ে হায় বনৰ সৌন্দৰ্য্যই ৰূপ ধৰি আহি ডেও দি চাপৰি বায় ।
      ৰূপ ধৰা নাগবন সৌন্দৰ্য্য অনাঘ্ৰাত সুৰভি সঁফুৰা আপোনাতে আপুনি বিভোৰা, আপোনাতে আপোন পাহৰা, আপোনাৰ নৃত্যতেই আপুনি বিয়াকুল হোৱা— নিজৰাৰ পাৰে পাৰে।
      (খ)ত চিত্ৰনাট্যকাৰ গৰাকীয়ে ছবি আকি লৈছিল। সন্দেহ নাই এয়া (ক)ৰ পূৰ্বে লিখা। কেমেৰাৰ 'চকু'ৰে যি দেখুৱাব, সেয়া নিশ্চয় নিজৰ মনৰ চকুৰে চায় 'সাহিত্য'ৰ ভাষাৰে বৰ্ণনা কৰি লৈছিল।
      'জয়মতী'ৰ আন এখন চিত্ৰনাট্য পোৱা যায়, যি খন চিত্ৰনাট্যৰ ৰচনাশৈলী নাটকৰ দৰে। কব পাৰি এই চিত্ৰনাট্য খন সংলাপ কেন্দ্ৰীক। আমি এনেদৰে কব পাৰো নেকি 'নাট্যকাৰ জ্যোতি প্ৰসাদ আগৰৱালা'ই চিনেমা খনৰ চিত্ৰনাট্যৰ বুনিয়াদ 'নাটকে'ৰে নিৰ্মাণ কৰি লৈছিল! ( 'জয়মতী'ৰ নিৰ্মাণ প্ৰক্ৰিয়া কেন্দ্ৰীক চৰ্চা পোৱা যায় বাংলা আলোচনী 'চিত্ৰপঞ্জী', 'চিনেমা জগৎ', 'নন্দন', অজয় মাহ্‌ত্ৰেৰ মাৰাঠী গ্ৰন্থ 'আজছা চিত্ৰপট', 'Filmindia'ৰ বিশেষ সংকলন আদিত।জয়মতী'ৰ নিৰ্মাণ প্ৰক্ৰিয়া কেন্দ্ৰীক চৰ্চা পোৱা যায় বাংলা আলোচনী 'চিত্ৰপঞ্জী', 'চিনেমা জগৎ', 'নন্দন', অজয় মাহ্‌ত্ৰেৰ মাৰাঠী গ্ৰন্থ 'আজছা চিত্ৰপট', 'Filmindia'ৰ বিশেষ সংকলন আদিত। এই প্ৰসংগ চৰ্চা কৰিম বৰ্তমান আমি ব্যস্ত থকা 'জয়মতী' প্ৰকল্প শেষ হোৱাৰ পিছত। উল্লেখ কৰা গ্ৰন্থ, আলোচনী কেইখনত 'জয়মতী'ৰ চিত্ৰগ্ৰহণকাৰীয়ে কোৱা, 'জয়মতী'ৰ চিত্ৰনাট্য কেন্দ্ৰীক 'চৰ্চা' আছে। সেই 'চৰ্চা'ৰ পৰা ধাৰণা কৰিব পাৰি জ্যোতি প্ৰসাদ আগৰৱালাই ফ্ল'ৰতো চিত্ৰনাট্যৰ কাম কৰিছিল, চিত্ৰনাট্য সলনি কৰিছিল, চিত্ৰগ্ৰহণকাৰীক বুজাবলৈ 'ৰেখা'ৰ আশ্ৰয় লৈছিল। । আগলৈ চৰ্চাৰ বাট মুকলি ৰাখি আৰু উল্লেখ কৰিলো জ্যোতি প্ৰসাদ আগৰৱালাই ১৯২২ চনত শিশিৰকুমাৰ ভাদুড়ী আৰু নৰেশ মিত্রৰ পৰিচালনাৰে নিৰ্মিত 'আঁধাৰে আলো' (The Influence of Love ) চোৱাৰ পিছৰে পৰা চিত্ৰনাট্য অধ্যয়ণ আৰু লিখাত ব্যস্ত হৈছিল। সেই সময়ত, 'আঁধাৰে আলো' খন চোৱাৰ পিছত হেনো জ্যোতি প্ৰসাদ আগৰৱালাই চিনেমা খনৰ চিত্ৰগ্ৰহণকাৰী ননি গোপাল ছান্যালক দুবাৰমান লগ কৰিছিল। চিনেমা চৰ্চা কৰিছিল। )
      আহিছো 'ইন্দ্ৰ-মালতী' প্ৰসংগলৈ। আমি ধাৰণা কৰিব পাৰো জ্যোতি প্ৰসাদ আগৰৱালাই দ্বিতীয়খন পৰিচলনাৰ বাবে প্ৰথমে 'গল্প' লিখিছিল। দ্বিতীয় পৰ্যায়ত 'গল্প'টো 'খণ্ড গল্প-খণ্ড গল্প'লৈ ৰূপান্তৰ কৰিছিল। আৰু তৃতীয় পৰ্যায়ত এনেদৰে চিত্ৰনাট্যলৈ ৰূপান্তৰ কৰিছিল--
      Part VI 
      1. মালতীক লুকাই থোৱা ঘৰৰ বাহিৰত গাঁৱলীয়া গুণ্ডাকেইটাই লাওপানী খাই কথা পাতি আছে।
      2. ইফালে উপীনা মনে মনে চাঙত সোমায়।
      3. মালতীক চাঙৰ পৰা উলিয়াই মনে মনে লৈ যায়
      4. গুণ্ডাকেইটাই কেনেবাকৈ গম পায়।
      5. উপীনা-লেদেমে মালতীক লৈ নৈৰ ফালে যায়। 
      6. গুণ্ডাকেইটাই গম পাই উঠি আহি পাছ লয় । গুণ্ডাকেইটাই লেদেমক মাৰি পানীত পেলাই দিয়ে। লেদেম উটি যায়। গুণ্ডাকেইটা নাৱলৈ পলাই যায়। উপীনাই অকলে হাতেৰে নাও মাৰি আহে।
      End of the Part VI

                ********
যোৱা সংখ্যাত 'কোজাংগাল’ (Pebbles)ৰ প্ৰসংগেৰে চৰ্চা শেষ কৰিছিলো। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ৪ ফেব্ৰুৱাৰী,২০২১ত।  পি. এছ বিনোদৰাজ (P. S. Vinothraj)ৰ প্ৰথম স্বাধীন পৰিচালনা। চিনেমা খনৰ চিত্ৰনাট্য ৰচনাত বিনোদৰাজে সময় খৰচ কৰিছিল প্ৰায় তিনি বছৰ। চিনেমা খন চোৱাৰ সুযোগ পোৱা নাই। দৃশ্য আৰু ছপা মাধ্যমত অনুভৱহে কৰিছো। চিনেমা খনৰ গল্পই গতি লৈছে কিশোৰ পুত্ৰ-সুৰাসক্ত পিতৃৰ সম্পৰ্কক কেন্দ্ৰ কৰি। পিতৃৰ সুৰাসক্তৰ দোষতেই মাতৃয়ে ঘৰ এৰি যায়। কিশোৰটিয়ে মাতৃক ঘৰলৈ ওভতাই অনাৰ বাবে পিতৃৰ লগ লয়। ইয়াৰ মাজতে পৰিচালকে সাহিত্য-কেমেৰাৰ ভাষাৰে স্পষ্ট কৰে পিতা-পুত্ৰৰ সম্পৰ্কৰ সমীকৰণ।
           পৰিচালক-চিত্ৰনাট্যকাৰ বিনোদৰাজে নিজৰ অভিজ্ঞতাৰে গল্পটো ৰচনা কৰিছিল। চৰিত্ৰ কেইটা কল্পনাৰ আশ্ৰয় নলোৱাকৈ থিয় কৰাইছিল। 'মই কাহিনীটো সজাই লৈ চৰিত্ৰ নিৰ্মাণ কৰিছিলো। তাৰ পিছত ঠিক কৰিছিলো কাহিনীতো পৰ্দাত কেনেকৈ দেখুৱাম।...' দৃশ্য মাধ্যমত বিনোদৰাজে কৈছে। কেইবাখনো কাকতত প্ৰকাশ পোৱা 'কোজাংগাল’ৰ নিৰ্মাণ প্ৰক্ৰিয়া পঢ়ি অনুভৱ কৰিছো তিনি-চাৰিটা পৰ্যায়ত এখন চিত্ৰনাট্য ৰচনা হৈছিল; কিন্তু চূড়ান্ত নাছিল। দৃশ্যগ্ৰহণৰ শেষ দিনটোলৈ চিত্ৰনাট্য কৰ্ম কৰি আছিল।  প্ৰসংগক্ৰমে সাংবাদিকক চিনেমা খনৰ এগৰাকী চিত্ৰগ্ৰহণকাৰী Vignesh Kumulaiয়ে কৈছে, 'আমি শ্বট লোৱাৰ সময়ত  সিদ্ধান্ত  লৈছিলো কেনেদৰে আগবাঢ়িম। পৰিচলকে চিত্ৰনাট্যত থকাৰ দৰে বহু সময়ত আগবঢ়া নাছিল। শ্বট লোৱাৰ সময়ত পৰিচালকে মোৰ সৈতে বহু সময়ত কথা পাতিছিল। আৰু আমি সিদ্ধান্ত লৈছিলো।' ( উৎস: Dina Mani, Viduthalai, Galatta Cinema)

বৃহস্পতিবার, ১১ নভেম্বর, ২০২১

হৰেকলা হাজাব্বা / Harekala Hajabba ಹರೇಕಳ ಹಾಜಬ್ಬ

প্ৰকৃত নায়ক। চৰ্চা তেনেদৰেই হৈছে।
 A Real Hero, Nijavāda nāyaka --চৰ্চ এনেদৰেই হৈছে।
'আমি একমাত্র কন্নড় ভাষাহে জানো। ইংৰাজী নাজানো, হিন্দীও নাজানো। আপুনি আমাক কন্নড় ভাষাতে কওক! 
'Nijavāda nāyaka'--কন্নড় ভাষাত দখল থকা সাংবাদিক গৰাকীয়ে কৈছিল। মানুহ জনৰ চেহেৰালৈ হাঁহি আহিছিল, তেওঁক 'প্ৰকৃত নায়ক' বুলি কোৱাত। আৰু কৈছিল, 'এনে ধৰণৰ কাম কৰিলে প্ৰকৃত নায়ক বুলি কয় নেকি? প্ৰকৃত নায়ক হবলৈ নহয়, মই কামটো কৰিছিলো এই কথা ভাবি, মোৰ দৰে যাতে লাজ পাবলগীয়া নহয়।'
আপোনভোলা মানুহ জনে কৈ গৈছিল-- 'জনা নাছিলো জীৱন চলাবলৈ বিদ্যালয়লৈ যাব লাগে, শিক্ষা লব লাগে, ইংৰাজী জানিব লাগে! ভাবিছিলো কমলা বিক্ৰী কৰিম, কমলা বিক্ৰী কৰি সামান্য টকা উপাৰ্জন কৰিম, তেনেদৰেই চলি যাব জীৱন! কিন্তু সেই দিনা অনুভৱ কৰিলো, শিক্ষা নোহোৱা জীৱন যিকোনো মূহুৰ্ততে অচল হব পাৰে!'
'কোন দিনাৰ কথা কৈছে?' --সাংবাদিক গৰাকীয়ে সুধিলে।
'মোৰ মনত নাই বাৰ, তাৰিখ। হাতত কমলা ভৰা খৰাহিটো লৈ মই পথত ৰৈ থকা গাড়ীৰ মাজেৰে গৈ আছো। গ্ৰাহকৰ সন্ধান কৰিছো। গ্ৰাহক পাইছো। কমলা লৈছে কোনোৱে, কোনোৱে লোৱা নাই। গৈ আছো, হঠাতে ৰৈ যাবলৈ বাধ্য হলো। ইংৰাজীত মানুহ এজনে মোক কিবা সুধিছে। মই বুজা নাই। বিদেশী মানুহ জন আগবাঢ়িল। মই একো বুজিব নোৱাৰি ঠিয় হৈ থকা ঠাইতে স্থিৰ হলো। এজন আহি মোক ক'লে-- কমলাৰ দাম সুধিছিল। মোৰ মনত বেজাৰ বাঢ়িল। এজন ক্ৰেতা হেৰুৱালো, সেই বাবে নহয়। ভাষা বুজি নপোৱাৰ বাবে উত্তৰ দিব নোৱাৰিলো যে, সেই বাবে। আৰু সেই দিনায়ে ঠিক কৰিলো, বিদ্যালয় এখন নিৰ্মাণ কৰিম। মই যিটো অঞ্চলত বাস কৰো, সেই অঞ্চলটোৰ সৰহ সংখ্যকেই আৰ্থিক হেচাৰ মাজত কোনোমতে উশাহ লৈ থকা। মই নিজে আৰ্থিক সমস্যাৰ বাবে বিদ্যালয়লৈ যাব নোৱাৰা কিশোৰ-কিশোৰীৰ দায়িত্ব ললো। তেতিয়াৰ পৰা চলাই আছো। বৰ্তমান শিক্ষাৰ্থীৰ সংখ্যা ১৮২ গৰাকী।' --অপোনভোলা মানুহ গৰাকীয়ে ক'লে। মনুহ জনৰ নাম হৰেকালা হাজাব্বা। এই মাহত,পদ্ম বঁটা প্ৰদান অনুষ্ঠানত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল এই গৰাকী প্ৰকৃত নায়কে। খালী ভৰিৰে আহি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা ৬৮ বছৰীয়া হৰেকালাই  পদ্মশ্ৰী সন্মান গ্ৰহণ কৰা মূহুৰ্ততো আছিল কৰ্মশক্তিক বিশ্বাস কৰা সকলৰ বাবে বিশেষ সময়, সেউজ সময়।
               কৰ্ণাটকৰ মাংগালোৰ চহৰ নিবাসী হাজাব্বাই ২০০০ চনত গঢ়ি তুলিছিল এখন বিদ্যালয়। স্বাভাবিকতে এই খবৰ বিশেষ নহ'ল হেতেন যদিহে হাজাব্বা পদ পথত কমলা বিক্ৰী কৰা সহজ-সৰল, আৰ্থিক সমস্যাৰ মাজত জীৱন পাৰ কৰা মানুহ নহ'ল হেতেন! নিজৰ সামান্য উপাৰ্জনৰ পৰা ৰাহি কৰি বিদ্যালয় খনৰ কাম আগবঢ়াইছিল। অৱশ্যে পৰৱৰ্তী সময়ত আন বহুতে হাজাব্বালৈ সহায়ৰ হাত আগবঢ়াইছিল।
               হাজাব্বাই ৰাষ্ট্ৰপতি ভৱনত প্ৰদান কৰা দেশৰ চতুৰ্থ শ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মশ্ৰী গ্ৰহণৰ পিছত সাংবাদিকক ক'লে-- 'আমাৰ বিদ্যালয় খনত দশম শ্ৰেণীলৈকে আছে। মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অনুৰোধ জনাম আমাৰ গাওঁত এখন প্রাক-বিশ্ববিদ্যালয় কলেজ স্থাপন কৰক। মোৰ মন, আমাৰ গাওঁত বিদ্যালয়ৰ সংখ্যা বঢ়োৱা।'
               লেখক ইছমথ পজিৰে হাজাব্বা কেন্দ্ৰীক গ্ৰন্থ এখন লিখিছে। নাম--Harekala Hajabbara Jeevana Charitre (Life story of Harekala Hajabba)। এই গ্ৰন্থ খনত 'মানুহ' হাজাব্বাক অনুভৱ কৰিব পাৰি।লেখক ইছমথ পজিৰে হাজাব্বা কেন্দ্ৰীক গ্ৰন্থ এখন লিখিছে। নাম--Harekala Hajabbara Jeevana Charitre (Life story of Harekala Hajabba)। এই গ্ৰন্থ খনত 'মানুহ' হাজাব্বাক অনুভৱ কৰিব পাৰি।
               উল্লেখ্য যে, পদ্মশ্ৰীৰে সন্মানিত হোৱাৰ পূৰ্বে হাজাব্বা Mangalore Universityৰ পাঠ্যক্ৰমৰ বিষয় হৈছে, বিবিচিৰ অনুষ্ঠান ('Unlettered fruit-seller's Indian education dream') হৈছে, ভালেমান বঁটাৰে সন্মিনিত হৈছে।
               (উৎস: CHAMARAJANAGAR, Hubballi)

শকুন্তলা

ভূপেন হাজৰিকাই অসমীয়া ভাষাত তােলা এই ছবিত মহাকবি কালিদাসৰ ‘অভিজ্ঞান শকুন্তলম' নাটকখনক মনত ৰাখিছে।' —অসমীয়া অনুবাদ কৰিলে এনে ধৰণৰ হব ‘দেশ’ত প্রকাশিত অসমীয়া চিনেমা 'শকুন্তলা’ সম্পৰ্কত লিখা বাক্যকেইটা। 'শকুন্তলা’ ভূপেন হাজৰিকাৰ চিনেমা। চিত্রনাট্য, সংগীতসূর্য ড° ভূপেন হাজৰিকাৰ। চিত্ৰগৃহলৈ আহিছিল ২৪ নৱেম্বৰত ১৯৬১তশকুন্তলা’ ভূপেন হাজৰিকাৰ চিনেমা। চিত্রনাট্য, সংগীতসূর্য ড° ভূপেন হাজৰিকাৰ। চিত্ৰগৃহলৈ আহিছিল ২৪ নৱেম্বৰত ১৯৬১ত। চিনেমাখনৰ কেইটামান ‘অংশ’হে চোৱাৰ সুযােগ পাইছিলোঁ। এটা ‘অংশ’ত দেখিছিলোঁ পবিত্র বৰকাকতি, অনিতা বেনাৰ্জী আৰু এগৰাকী শিশু শিল্পীক। অনিতা বেনাৰ্জীৰ লগত এটা ‘অংশ’ত দেখিছিলোঁ ইভা আচাও আৰু কৃষ্ণা দাসক। অনিতা বেনাৰ্জীয়ে অভিনয় কৰিছিল শকুন্তলাৰ চৰিত্ৰত। বিপৰীতে দুষ্মন্তৰ চৰিত্ৰত অভিনয় কৰিছিল পবিত্র বৰকাকতিয়ে। ইভা-কৃষ্ণাই অভিনয় কৰিছিল প্রিয়ম্বদা-অনুসূয়াৰ চৰিত্ৰত। —এটা অংশ’ত দেখিছিলোঁ দুর্বাসাৰ চৰিত্ৰত কৰা ফণী শৰ্মাৰ অভিনয়। অন্যান্য চৰিত্ৰত অভিনয় কৰিছিল খগেন মহন্ত, ৰেবেকা চাচা আচাও, কুলদা কুমাৰ ভট্টচার্য, দেৱবালা চলিহা, দীনকৰ ৰাও আদিৰ লগতে শিশু শিল্পী বিদ্যা ৰাৱে। —হয়, অসমীয়া চিনেমাৰ পৰৱৰ্তী সময়ৰ নায়িকা বিদ্যা ৰাৱে।


শকুন্তলা’ৰ সংগীত আছিল জনপ্রিয় চিনেমাখনৰ দৰেই। অৱশ্যে পিছৰ প্ৰজন্মই চিনেমাখন চোৱাৰ সুযােগ নাপালে। সংৰক্ষণৰ অভাৱত। 'প্রথম প্রহৰ ৰাত্রি ...', 'নৱমল্লিকাৰৰে হেঁপাহ জানাে পলাব ...', 'পিতৃগৃহ ত্যাগী আই ...', “প্ৰজন্মৰ পিছত প্ৰজন্মৰ শ্ৰোতাই আদৰি লৈছিল। এই প্রজন্মৰ মুখতাে শুনা যায়। সেই সময়ৰ সমালােচকসকলে গীত, গীতৰ চিত্রায়ণ, আৱহ সংগীতৰ প্রশংসা কৰিছিল। প্রশংসা কৰিছিল ‘চিনেমেটিক’ কাৰবাৰৰ। 'শকুন্তলা’ অন্তঃসত্ত্বা হােৱা কথাটো দর্শকক বুজাইছিল ফুলৰ কলি— কলি ফুলি উঠা দৃশ্যৰে। ... এহাল কপৌৰ মিলনৰ মাজেৰে দৰ্শকক বুজাইছিল দুষ্মন্ত- শকুন্তলাৰ মিলন।... ইত্যাদি। –প্রাপ্ত তথ্য মতে গুৱাহাটীৰ চিত্ৰগৃহত 'শকুন্তলা’ চলিছিল ৯ সপ্তাহ। '

বক্স অফিচ কালেকচন’– ৫৯,২১২.০৬ টকা। আনহাতে চিনেমাখনে লাভ কৰিছিল ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক।

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু 'অসমীয়া চিনেমা নোচোৱা' সীমান্ত শেখৰ /৩

✔️ 'পথেৰ পাঁচালী'।
ভাৰতীয় চিনেমাৰ নতুন চিনেযাত্ৰাৰ বাট মুকলি কৰা 'পথেৰ পাঁচালি' পশ্চিমবঙ্গ চৰকাৰ প্ৰযোজনা।

   ✔️  'ভিলেজ ৰকষ্টাৰ্ছ' অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত [ Assam State Film (Finance and Development) Corporation Ltd. ] ৰ প্ৰযোজনা নহয়।
------------------------------------------

'ভিলেজ ৰকষ্টাৰ্ছ'ৰ চিনেযাত্ৰাৰ সময়ত 'দৈনিক জনমভূমি'ত লিখিছিলো-- চিনেমা খনৰ নিৰ্মাণত হোৱা 'খৰচ' অসম চৰকাৰে দিব লাগে। আমাৰ ধাৰণাত অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অসমীয়া চিনেমাৰ 'উন্নয়ণ'ৰ বাবে 'বিত্ত' বিনিয়োগ কাম এনেদৰে হব লাগে। অৰ্থাৎ 'ভাল চিনেমা'ক আৰ্থিক সহায় কৰিব লাগে, 'ভাল চিনেমা' নিৰ্মাণৰ (আশাত!) বাবে আৰ্থিক সহায় কৰাৰ যুক্তি আছে বুলি আমি নাভাবো।
           কিয়?
           উদাহৰণ: জাহ্নু বৰুৱাৰ 'কুশল' (অসম সাংস্কৃতিক সঞ্চালকালয় আৰু জাহ্নু বৰুৱাৰ প্ৰযোজনা)  আমি আগ্ৰহেৰে চাইছিলো। হতাশ হৈছিলো। তেনেদৰে 'বান্ধোন' [অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ প্ৰযোজনা] ৰ পৰিচালনা শৈলী বা গল্প কোৱাৰ কৌশল 'হালধীয়া চৰায়ে বাওধান খায়', 'সাগৰলৈ বহুদূৰ'ৰ পৰ্যায়ৰ নহয়। আজিৰ তাৰিখত আমি এনেদৰে নকম কিয়-- পৰিচলকৰ 'নাম' মনত ৰাখি অসম চৰকাৰৰ নিৰ্দিষ্ট বিভাগে টকা খৰচ কৰিছিল চিনেমা দুখনত।
           জাহ্নু বৰুৱাৰ দৰে দক্ষ পৰিচালক এগৰাকীৰ 'চৰকাৰী প্ৰযোজনা'ৰে এই দূৰত্ব, আন পৰিচালকৰ কথা কি কম? ('অচিন চিনাকি', 'অজানিতে মনে মনে' আদিৰ প্ৰসংগত চৰ্চাৰ প্ৰয়োজন আছে। বাট মুকলি ৰাখিলো।)
           আমি এনে ধৰণৰ কথাও শুনো-- অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ প্ৰযোজনাত মুকলি মনেৰে কাম কৰিব নোৱাৰে পৰিচালকে, পৰিচালক-সহঃ প্ৰযোজকে। বিভাগটোৰ কামৰ মেৰপাক অনুভৱ কৰি এগৰাকি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপ্ত পৰিচালকে 'এই বিভাগটোৰ সহায় মোক নালাগে'বুলি আতৰি যোৱাৰ খবৰো পাইছিলো ২০১৩ চনত। মেৰপাকৰ 'টেঙা' খায়ে আগলৈ আৰু 'অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত'ৰ প্ৰযোজনাত বা সহায়ত কাম নকৰো বুলি কোৱা পৰিচালকো আমি লগ পাইছো। গতিকে কথা এটা এনেদৰে কব পাৰি-- বিভাগটোৰ মেৰপাক বোৰ সৰল কৰিব নোৱাৰাৰ কাৰণ কি?
           এই কথা ঠিক-- আৰম্ভনীতে বহু কাম বা ব্যবস্থাৰ মেৰপাক থাকিব পাৰে। পৰৱৰ্তী সময়ত সৰল কৰিব নোৱাৰাৰ নিশ্চয় কাৰণ বা বাধা নাই। অৱশ্যেই বাধা হব পাৰে, সেয়া বিভাগটোৰ অধ্যক্ষ গৰাকীৰ দক্ষতা(বিশেষকৈ চিনেমা প্ৰযোজনাৰ দক্ষতা)। চিনেমা বিষয়ত দক্ষতা নথকা 'অধ্যক্ষ'ৰ পৰা 'চিনেমা প্ৰযোজনা'ৰ 'সৰল বাট' আশা কৰিম জানো!
           অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ প্ৰযোজনাত নিৰ্মাণ হোৱা চিনেমা কেইখনৰ যে পৰিপাটি প্ৰদৰ্শন ব্যৱস্থা নাই, কাৰণ বিভাগীয় মেৰপাকৰ বাহিৰে আন একো নহয়। এনে ধৰণৰ মেৰপাক 'অসমীয়া চিনেমা নোচোৱা' সীমান্ত শেখৰেও কৰিব নোৱাৰৰ কাৰণ নাই। কেইবাখনো চিনেমা দৰ্শকৰ ওচৰেই নাপালে। সহঃ প্ৰযোজক কেইগৰাকীৰ দৰ্শকৰ ওচৰলৈ লৈ যোৱাৰ ইচ্ছা আছে। সমস্যা বিভাগীয় মেৰপাক আৰু 'বজাৰ'ৰ বাবে কৰিবলগীয়া প্ৰচাৰ ইত্যাদি।
           মনলৈ আহিছে 'সাত নম্বৰৰ সন্ধানত' চিনেমা খন। চিনেমা খন  অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমে নিৰ্মাণহে কৰিলে। প্ৰচাৰ নকৰিলে, 'বজাৰ'লৈ নিবলৈ পৰিপাটিকৈ সাজু নকৰিলেমনলৈ আহিছে 'সাত নম্বৰৰ সন্ধানত' চিনেমা খন। চিনেমা খন অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমে নিৰ্মাণহে কৰিলে। প্ৰচাৰ নকৰিলে, 'বজাৰ'লৈ নিবলৈ পৰিপাটিকৈ সাজু নকৰিলে। চিনেমা খনৰ পৰিচলক আব্দুল মজিদক হেনো বিভাগটোৰ পৰা কৈছিল-- 'বাজেট'ৰ টকা শেষ!
          

বুধবার, ১০ নভেম্বর, ২০২১

চিনেমা Cinem

চিনেমা পৰিচালকৰ মাধ্যম ৷ কেমেৰাৰ মাধ্যম ৷ কেমেৰাৰ ভাষা প্রয়োগক গুৰুত্ব দিহে নিৰূপিত হয় চিনেমাৰ মান, স্তৰ আদি। কেমেৰাৰ ভাষাৰ পিছতহে এই মাধ্যমটোত গুৰুত্ব দিয়া হয় বা দিয়ে ‘বিষয়বস্তু', কাহিনীক। এই বাবেই গতানুগতিক কাহিনী, বিষয়বস্তুৰ অসমীয়া চিনেমা ‘গঙা চিলনীৰ পাখি’ক কোৱা হয় ‘শ্রেষ্ঠ চিনেমা’ বুলি ৷ চিনেমাখনৰ কেমেৰাৰ ভাষা প্রয়োগ, শ্বটৰ গাণিতিক ব্যৱহাৰক আজিৰ চিনেমাৰ সৈতেও তুলনা কৰিব পাৰি ৷ অসমীয়া ভাষা নুবুজা ‘চিনে পণ্ডিত’সকলেও স্বীকাৰ কৰিব পৰিচালকগৰাকীৰ ‘আধুনিক চিন্তা' আৰু দক্ষতাৰ। চিনেমাখনৰ পৰিচালক পদুম বৰুৱাই সেই সময়তে কেমেৰাৰে কৰা কামক তুলনা কৰিব পৰা পৰিচালক অসমীয়া চিনেমাৰ ক্ষেত্ৰখনত পৰৱৰ্তী সময়ত দেখা নগ'ল। আজিৰ তাৰিখতো আছে বুলি ক'ব নোৱাৰি। তেনেহ'লে.....।
এটা স্বাভাবিক প্রশ্নঃ তেনেহলে পৰিচালকগৰাকীয়ে দ্বিতীয়খন চিনেমাৰ পৰা চিত্ৰৰসিকসকলক বঞ্চিত কৰিলে কিয়? – প্ৰযোজকৰ আকালত নে অন্য কিবা কাৰণত? কথা প্ৰসংগত এবাৰ প্ৰশ্নটো পদুম বৰুৱাৰ সন্মুখত উত্থাপন কৰিছিলো। পৰিচালকগৰাকীয়ে কৈছিল— '... চিনেমা বুজা প্রযোজকৰ আকালত।' উত্তৰটোৰ ব্যাখ্যা পৰিচালকগৰাকীৰ পৰা পোৱা নাছিলো। 'ব্যাখ্যা’ পাইছিলো পৰিচালকগৰাকীৰ প্ৰতিটো খবৰ ৰখা চিত্ৰৰসিক এজনৰ পৰা। চিত্ৰৰসিকগৰাকীয়ে কৈছিল— পদুম বৰুৱাই দ্বিতীয়খন চিনেমা পৰিচালনাৰ কাম হাতত লৈছিল। প্রযোজক এগৰাকীয়ে আগ্ৰহ কৰাত বিষয়বস্তু নির্বাচন, চিত্রনাট্য ৰচনাৰ কামতো আগবাঢ়িল। পৰিচালকগৰাকীয়ে অনুভৱ কৰিলে বিষয়বস্তুৱে ‘ৰং’ দাবী নকৰে। ক’লা-বগা হ'লেহে চিত্ৰৰসিকে বিষয়বস্তু ভালদৰে উপলব্ধি কৰিব। ৰঙৰ সৈতে বিষয়বস্তুৰ কি সম্পর্ক থাকিব পাৰে! আৰম্ভ হ’ল প্রযোজক-পৰিচালকৰ সংঘাত। 'ৰঙ’ৰ দিনত ক’লা-বগা চিনেমা নির্মাণ ‘মুৰ্খ প্রযোজকেহে কৰিব' বুলি মন্তব্য দি প্ৰযোজকগৰাকীয়ে চিনেমাৰ শ্বট লোৱাৰ পূৰ্বেই ‘পেক-আপ’ ঘোষণা কৰিলে ।

‘পদুম বৰুৱাই সময়ৰ সৈতে খোজ দিব পৰা নাই।'— সেই সময়ত পদুম বৰুৱাৰ ক’লা-বগা চিনেমাখনৰ চৰ্চাত অংশ লৈ মন্তব্য কৰিছিল এগৰাকী অসমীয়া ‘চিনে পণ্ডিতে’। ‘চিনে পণ্ডিত’গৰাকীয়ে কৈছিল— ‘ক’লা-বগা যুগ যে গ'ল সেই খবৰ পদুম বৰুৱাই পোৱা নাই। ঘৰৰ চাৰিবেৰৰ মাজৰ পৰা ওলাই আহিলে পাব। ঘৰৰ চাৰিবেৰৰ মাজত থকা পৰিচালকগৰাকীয়ে অসমীয়া চিনেমা নির্মাণ নকৰিলে একো ক্ষতি নহয়।’ যোৱা জুন (২০০৯)ত এই ‘চিনেপণ্ডিত’গৰাকীৰ লেখা এটা পঢ়িলো। লেখাটোত ‘ফ্ৰ'জেন’ক প্ৰশংসা কৰিছে।‘পদুম বৰুৱাই সময়ৰ সৈতে খোজ দিব পৰা নাই।'— সেই সময়ত পদুম বৰুৱাৰ ক’লা-বগা চিনেমাখনৰ চৰ্চাত অংশ লৈ মন্তব্য কৰিছিল এগৰাকী অসমীয়া ‘চিনে পণ্ডিতে’। ‘চিনে পণ্ডিত’গৰাকীয়ে কৈছিল— ‘ক’লা-বগা যুগ যে গ'ল সেই খবৰ পদুম বৰুৱাই পোৱা নাই। ঘৰৰ চাৰিবেৰৰ মাজৰ পৰা ওলাই আহিলে পাব। ঘৰৰ চাৰিবেৰৰ মাজত থকা পৰিচালকগৰাকীয়ে অসমীয়া চিনেমা নির্মাণ নকৰিলে একো ক্ষতি নহয়।’ যোৱা জুন (২০০৯)ত এই ‘চিনেপণ্ডিত’গৰাকীৰ লেখা এটা পঢ়িলো। লেখাটোত ‘ফ্ৰ'জেন’ক প্ৰশংসা কৰিছে।

‘ফ্ৰ’জেন’ চাইছিলো, চিত্ৰগৃহলৈ অহাৰ পাছতে। ক'লা-বগা এই চিনেমাখনৰ পটভূমি কাশ্মীৰৰ লাডাখ অঞ্চল। শূন্যৰ পৰা ২৫ ডিগ্ৰী উষ্ণতাত, সমুদ্রপৃষ্ঠৰ পৰা ১২০০০ ফুট উচ্চতাত চিত্ৰগ্ৰহণ কৰিছিল। চিনেমাখনৰ কাহিনী, বিষয়বস্তু সাধাৰণ। অসাধাৰণ কেমেৰাৰ কাম আৰু পৰিচালনা শৈলী। চিনেমাখনত লাডাখৰ দুর্বিসহ জীৱন সুন্দৰভাৱে উপস্থাপন কৰিছে চন্দ্ৰভূষণে। চিনেমাখনৰ কাহিনীভাগ এনেধৰণৰ— তিনিটা ‘চৰিত্ৰ’ৰ এটা পৰিয়াল। মূল মানুহজনৰ নাম কৰ্ম (অভিনয় কৰিছে ডেনীয়ে)। কৰ্মই ঘৰতে জাম প্রস্তুত কৰি বিক্ৰী কৰে। এদিন সি প্ৰত্যাহ্বানৰ সন্মুখীন হয়, মেচিনত জাম প্রস্তুত কৰা কোম্পানী এটাৰ । সমস্যাৰ সন্মুখীন হয়। সম্পত্তি বুলিবলৈ আছে উত্তৰাধিকাৰীসূত্রে পোৱা ঘৰটো। সেইটোৰো বেছিভাগ দখল কৰি আছে ভাৰতীয় সেনা বাহিনীয়ে। পৰিচালকে মাত্ৰ কেইটামান শটতে সুন্দৰভাৱে স্পষ্ট কৰি দিছে— এটি শান্ত-সমাহিত লাডাখী পৰিয়ালৰ জীৱনত কিদৰে ভাৰতীয় সেনা আৰু আনুষংগিক কাৰকবোৰে কঠোৰ প্ৰভাৱ পেলায়। চিনেমাখন নিৰ্মাণ হৈছে হিন্দী আৰু লাডাখী ভাষাত। লাডাখী ভাষাত দখল নথকা সকলেও চিনেমাখন বুজাত দিগদাৰ অনুভৱ কৰা নাই পৰিচালনা শৈলীৰ বাবে। অৱশ্যে চিনেমাখনৰ গতি মন্থৰ। মন্থৰ গতিয়ে চিত্ৰৰসিকক দিগদাৰ দিয়া নাই। ‘ক’লা-বগা’ সৌন্দৰ্যৰ বাবে। ‘ৰং’ ব্যৱহাৰ কৰিলে হয়তো বৰফেৰে বগা হৈ থকা লাডাখৰ সৌন্দৰ্যত চেকা লাগিলহেঁতেন। চেং লী নামৰ সমালোচক এগৰাকীয়ে লিখিছে— ‘ক’লা-বগা'ত যে নিৰ্মাণ হৈছে সেয়াই চিনেমাখনৰ সৌন্দৰ্য। সৌন্দর্যখিনিয়ে চিনেমাখনৰ বিশেষত্ব ।... মই ভাবো এই ৰঙীণ যুগত নিৰ্মিত ‘ফ্ৰ'জেন’ক বাদ দি ভাৰতীয় চিনেমাৰ সম্পূৰ্ণ আলোচনা সম্ভৱ নহয়।

‘ফ্ৰ'জেন’ত দেখিলো ‘ক’লা-বগা’ৰ সৌন্দর্য। ‘ফ্র’জেন’-এ শিকালে, স্পষ্ট কৰি দিলে চিনেমাৰ বিষয়বস্তুৰ সৈতে ‘ৰঙ’ৰ সম্পৰ্ক আছে।

‘ৰঙীণ চিনেমা’— চিনেশিল্পৰ উত্তৰণ নহয়, পৰিৱৰ্তন। এই দিশত আমাৰ ধাৰণা স্পষ্ট, এই পৰিৱৰ্তনে চিনেশিল্পৰ ক্ষতি কৰিছে। চিনে পণ্ডিত আৰ্থাৰ নাইটৰ ৰচনাত পোৱা যায়— ‘দুটা পৰিৱৰ্তনত চিনেমাৰ ক্ষতি হৈছে। ‘শিল্প’ৰ পৰা চিনেমা আঁতৰি গৈছে। সবাকযুগ আৰম্ভ হোৱাৰ সময়ত স্থবিৰ হৈ পৰিছিল, দুই তিনি বছৰলৈ সৰহ সংখ্যক পৰিচালক ব্যস্ত হৈ পৰিছিল ‘চিনেমা’ত ‘কথা’ দিয়াত। তেনেদৰে ৰং ব্যৱহাৰত, কেৱল ৰঙৰ চিন্তাত কেইবাটাও বছৰ খৰচ কৰিছিল সৰহসংখ্যক পৰিচালকে। এই সময়ছোৱাত চিনেমাত ‘সাহিত্য’ বাঢ়িছিল, ‘কেমেৰাৰ ভাষা’ৰ ক্ষতি হৈছিল।'

‘A trip to the Moon'— প্ৰথমখন ৰঙীণ চিনেমা। ১৯০২ চনত নির্মাণ কৰিছিল ফ্ৰান্সৰ পৰিচালকে। দ্বিতীয়খন ৰঙীণ চিনেমায়ো ফ্ৰান্সৰ নিৰ্মাতাৰ – La Vie et Passion du Christ (১৯০৩)। হলিউডত ৰঙীন চিনেমা নির্মাণ আৰম্ভ হৈছিল ১৯১২ চনত হে। (প্রথমঃ ‘with our king and queen through India ')। ভাৰতত ৰঙীন চিনেকৰ্ম আৰম্ভ হৈছিল ‘কিষাণ কন্যা' (১৯৩৭)ৰে। ১৯৬১ চনত আংশিক ৰঙীন ‘শকুন্তলা’ৰে অসমীয়া চিনেমাৰ ‘ৰঙীন যুগ’ আৰম্ভ হয়। এই যে আংশিক ৰঙীন, সেইবাবে ‘ভাইটি’ — প্ৰথম অসমীয়া ৰঙীন চিনেমা বুলি কোৱা হয় । ভাৰতৰ, অসমৰ পৰিচালকসকলে হয়তো ধৰি ল'লে ‘ৰঙীন চিনেমা’ চিনে শিল্পীৰ উত্তৰণ । যাৰ বাবে ‘ৰঙীন যুগ’ত পদুম বৰুৱাৰ ‘ক’লা-বগা’ চিনেচিন্তাক অসমীয়া ‘চিনে পণ্ডিতে’ তাচ্ছিল্য কৰিছিল। অসমীয়া চিনেমাৰ প্ৰযোজকে সহজভাৱে ল'ব পৰা নাছিল। সন্দেহ নাই— তাচ্ছিল্য কৰা, সহজভাৱে ল’ব নোৱাৰা সকলে পোৱা নাছিল, বিশ্বৰ বিভিন্ন প্ৰান্তত ‘ৰঙীন যুগ’তো নিৰ্মাণ হৈ থকা ক’লা-বগা চিনেমাৰ খবৰ। ‘Pi’(১৯৯৮), 'Kafka (1991), The girl on the Bridge'(১৯৯৯), Tetro' (২০০৯), Angel-A' (২০০৫), The Man who wasn't there' (২০০১), The Artist' (২০১১), In the Shadow of woman' (২০১৫), The eyes of My Mother’(২০১৬) আদি ‘ৰঙীন যুগ’ৰ ক'লা-বগা চিনেচিন্তা। চিত্ৰৰসিকক চুই যাব পৰা চিনেচিন্তা ।
(২০১৯। ‘দৈনিক অসম’ত প্ৰকাশ পাইছিল।)

মঙ্গলবার, ৯ নভেম্বর, ২০২১

এজন 'পাগল' অভিনেতা ( 'চিনেমা চিনেমা'ৰ পৰা)

এজন পাগল অভিনেতা দুগৰাকী সাংবাদিকৰ আলাপৰ কিয়দাংশ—

প্রভু চাওলা : আপোনাৰ নিৰ্বাচনত শ্ৰেষ্ঠ ভাৰতীয় অভিনেতা?

খালিদ মহম্মদ: কমল হাচান।
প্ৰভু চাওলাঃ নাচিৰুদ্দিন শ্বাহ, অমিতাভ বচ্চন বা আমিৰ খান কিয় নহয়?

খালিদ মহম্মদ ঃ কমল হাচানৰ দৰে অভিনয় কৰি দেখুৱাব পৰা নাই বা সুযোগ পোৱা নাই। কমল হাচানে কেইবাবাৰো নিজৰ অভিনয়ক লৈ, অভিনয় ক্ষমতাক লৈ পৰীক্ষা কৰিছে। সফলো হৈছে।

হয় জানো?

ছেটেলাইট চেনেল এটাত বিশেষ আলাপটো চোৱাৰ পিছত মনলৈ প্ৰশ্ন আহিছিল— হয় জানো? প্ৰশ্নটোৰ স্পষ্ট উত্তৰ পোৱাৰ আশাত যোৱা মাহটোৰ বেচি সময় খৰচ কৰিলো কমল হাচানৰ  চিনেমা চোৱাত । মই, সংগ্ৰহ কৰি লোৱা চিনেমাকেইখন আছিল— 'সাগৰ সংগমম', ‘নায়কন', 'পুষ্পক’, ‘মেয়ৰ চাহাব’, ‘সুন্দৰম পিৰাই (সদমা), ‘আপ্পু ৰাজা’, ইণ্ডিয়ান', ‘অভয়’ আৰু ‘হে ৰাম'। চিনেমাকেইখন চালে এটা দিশ স্পষ্ট হৈ পৰে যে কমল হাচান ‘পৰিচালকৰ অভিনেতা’ নহয়, ‘স্বাধীন অভিনেতা’। স্বাধীন অভিনেতাজনক কেমেৰাৰ সন্মুখত ব্যৱহাৰ কৰি পৰিচালকে দায়িত্ব শেষ কৰিছে। চকুত পৰা দ্বিতীয়টো দিশ অভিনয়ৰ দূৰত্ব। চৰিত্ৰবোৰৰ মাজৰ পৰা 'এজন কমল হাচান' বিচাৰি উলিয়াব নোৱাৰি। ভিন্ন চৰিত্ৰত, ভিন্ন কমল হাচান।কমল হাচান ‘পৰিচালকৰ অভিনেতা’ নহয়, ‘স্বাধীন অভিনেতা’। স্বাধীন অভিনেতাজনক কেমেৰাৰ সন্মুখত ব্যৱহাৰ কৰি পৰিচালকে দায়িত্ব শেষ কৰিছে। চকুত পৰা দ্বিতীয়টো দিশ অভিনয়ৰ দূৰত্ব। চৰিত্ৰবোৰৰ মাজৰ পৰা 'এজন কমল হাচান' বিচাৰি উলিয়াব নোৱাৰি। ভিন্ন চৰিত্ৰত, ভিন্ন কমল হাচান।— এই দুটা কাৰণৰ বাবেই হয়তো চিনেমা আলোচক খালিদ মহম্মদে অভিনেতাগৰাকীৰ প্ৰসংগত কৈছে— ... অভিনয় ক্ষমতাক লৈ পৰীক্ষা কৰিছে। সফলো হৈছে।

‘নায়কন’ৰ মাফিয়া ডন ৰাজন মুদলিয়ান, ‘মেয়ৰ চাহাব’ৰ দুষ্ট নেতা, ‘আপ্লু ৰাজা’ৰ বাওনা, ‘অভয়’ৰ মানসিক ৰোগীৰ চৰিত্ৰকেইটা বিশ্লেষণ কৰি চালে অনুভৱ হয়, কমলে শাৰীৰিক আৰু মানসিকভাৱে প্ৰতিটো চৰিত্ৰৰ বাবে সাজু কৰিছিল। আমিৰ খানে বহু চর্চিত ‘গজিনী’ৰ বাবে যি কষ্ট কৰিছিল, সেই কষ্ট কমল হাচানে ওপৰত উল্লেখ কৰা প্ৰতিখন চিনেমাৰ বাবে কৰিছিল। এয়া অভিনেতা এগৰাকীৰ দায়িত্ব বুলি ধৰি লৈছিল। আৰু সম্ভৱতঃ এই কাৰণেই ‘মন-দেহ চৰ্চা’ক ‘হাইলাইট’ হিচাপে ব্যৱহাৰ কৰা নাছিল।

১৯৮৩ চনত মুক্তি পোৱা ‘সাগৰ সংগমম’ত কমল হাচানে বৃদ্ধৰ চৰিত্ৰত শ্বট দিয়াৰ সময়ত সুখী হ’ব পৰা নাছিল। ক'ৰবাত যেন ভুল হৈ আছে। বৃদ্ধৰ দৰে আচৰণ কৰাত ব্যৰ্থ হৈছে। ৰাছ-প্ৰিণ্টত দুবাৰমান চোৱাৰ পিছতহে ধৰিব পাৰিলে যে সংলাপ প্রক্ষেপণত ভুল হৈ আছে। কণ্ঠস্বৰ বৃদ্ধৰ দৰে হোৱা নাই। সেয়েহে ডাবিঙৰ সময়ত চিঞৰি চিঞৰি কণ্ঠস্বৰ ভাঙি লৈছিল। তাৰ পিছত আৰু আজিলৈকে প্ৰকৃত কণ্ঠস্বৰ ঘূৰাই নাপালে। কোনো চিকিৎসকেই ঘূৰাই দিব নোৱাৰিলে। চৰিত্ৰৰ সৈতে মিলি যোৱাৰ স্বাৰ্থত ‘পাগল অভিনেতা’ (অভিনয়ৰ নামত পাগল)-ইহে এনে কষ্ট বা ত্যাগ কৰিব পাৰে। নিজক শাৰীৰিক যন্ত্রণা দিব পাৰে। সেই শাৰীৰিক যন্ত্ৰণাৰ ফল কিমান মিঠা সেয়া উপলব্ধি কৰিব পাৰি ‘সাগৰ সংগম’ৰ দৰ্শক হোৱাৰ পিছত। এনেদৰে কমলে নিজৰ শৰীৰটোক যন্ত্রণা দিছিল ‘অভয়’ত শ্বট দিয়াৰ সময়ত। শ্বট দিয়াৰ পূৰ্বে প্রায় দুঘণ্টা শৰীৰ চৰ্চা কৰিব লগা হৈছিল। সঘনাই ওজন কম-বেছি কৰিব লগা হৈছিল। চিনেমাখনত কমলে দুটা চৰিত্ৰত অভিনয় কৰিছে। সন্দেহ নাই, শ্বট দিয়াৰ পূৰ্বে কৰা পৰিশ্ৰমৰ বাবেই চৰিত্ৰ দুটাৰ দূৰত্ব বাঢ়িছিল। এই দূৰত্ব বঢ়াব পৰা ক্ষমতাৰ বাবেই হয়তো কমল হাচান অনন্য।

‘ইণ্ডিয়ান’, ‘আপ্পু ৰাজা’তো কমল হাচানে ‘শ্রেষ্ঠ অভিনয়’কৰিছে। সন্দেহ নাই। অভিনয় ক্ষমতা কিন্তু স্পষ্ট হৈছে ‘সুন্দৰম’ পিৰাই’ (সদমা) আৰু ‘পুষ্পক’ত।’ ‘সুন্দৰম পিৰাই’ (‘সদমা’ নোচোৱা চিত্ৰৰসিক হয়তো কম ওলাব।)ৰ ক্লাইমেক্স ছিকুৱেন্সটো নিৰ্মাণ হৈছে কেৱল কমলৰ অভিনয়ৰ ক্ষমতাৰে৷ সংলাপ নাছিল। ‘নায়ক’ৰ যন্ত্ৰণা দৰ্শকক বুজাই দিছিল চেহেৰা আৰু শৰীৰ ভংগিমাৰে ৷ তেনেদৰে ‘পুষ্পক’ (সবাক যুগত নিৰ্মাণ হোৱা নির্বাক চিনেমা) চিনেমাখন হৈছিল কেমেৰাৰ ভাষা আৰু কমালৰ অভিনয়ৰে। কমলৰ অভিনয়ে সংলাপৰ অভাৱ অনুভৱ কৰাৰ অৱকাশ দিয়া নাছিল৷

এতিয়া কমল হাচান চৰ্চাৰ বিষয় হৈ আছে দশঅৱতাৰম’কলৈ। চিনেমাখনত দহটা চৰিত্ৰত অভিনয় কৰিছে। এইখনো হয়তো কমলে ‘অভিনেতা কমল’ক লৈ কৰা আন এটা পৰীক্ষা।
( ২০০৮ চনত লিখা। 'সাতসৰী’ত প্ৰকাশ পাইছিল।)
 

সোমবার, ৮ নভেম্বর, ২০২১

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে। 
( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত্তৰণ আশা কৰিব নোৱাৰিম। নিৰ্মাণ হোৱা ভাল-বেয়া অসমীয়া চিনেমা নজনকৈ ভাল অসমীয়া চিনেমা নিৰ্মাণৰ নেতৃত্ব কেনেকৈ সম্ভব হব? --এয়া নিশ্চয় স্বাভাবিক প্ৰশ্ন। যদি সীমান্ত শেখৰে 'সম্ভব' বুলি সময়ত প্ৰমাণ কৰিব পাৰে আমাৰ বাবে সুখৰ খবৰ হব। আমি অপেক্ষা কৰিম 'সুখৰ খবৰ'ৰ বাবে। --পাম জানো 'সুখৰ খবৰ'! সীমান্ত শেখৰ কেন্দ্ৰীক চৰ্চা আমি ইমানতে শেষ কৰিব খোজা নাই। আগলৈ কৰাৰ বাট মুকলি ৰাখি উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা...ক অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি ? প্ৰশ্নটোৰ, আমাৰ মনলৈ অহা প্ৰশ্নটোৰ প্ৰসংগলৈ আহিছো। দেখি-শুনি বুজিছো 'অধ্যক্ষ'ৰ আসনত বহিবলৈ শাসনত থকা ৰাজনৈতিক দলটোৰ সৈতে ওচৰ সম্পৰ্ক থাকিব লাগে। এয়া লিখিত নে অলিখিত নিয়ম আমি জানিব খোজা নাই, জনাৰ ইচ্ছা নাই। এই 'নিয়ম' কৰ্মশক্তিক গুৰুত্ব দিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিশ্চয় ভাঙিব পাৰিলে হেতেন! বৰ্তমান শাসনত থকা (বিজেপি-অগপৰ ) দলৰ মাজতো 'চিনেকৰ্ম'ৰ, চিনেমা নিৰ্মাণ, চিনেমাৰ বজাৰ ইত্যাদিৰ অভিজ্ঞতা থকা লোক নথকা নহয়। মনলৈ অহা কেইটামান নাম: বিজেপিৰ বিধায়ক সুমন হৰিপ্ৰিয়া,ৰূপক শৰ্মা, সদস্য আঙুৰলতা ডেকা ,যতীন বৰা, মিত্ৰজোঁট অগপৰ সদস্য প্ৰযোজক নুৰুল চুলতান। আৰু...

রবিবার, ৭ নভেম্বর, ২০২১

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /১

কেবল 'চিনেবোদ্ধা'ৰ বাবে চিনেমা নহয়, সকলোৰে বাবে। কলকাতাত আৰম্ভ হৈছিল এই চিনেচিন্তা। কলকাতাৰ মহোৎসৱৰ এই শ্লোগান এতিয়া বহুতৰে মুখে মুখে-- ‘চিনেমাৰ সবাই, সবাৰ চিনেমা’৷
-----------------------------------------
অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত [ Assam State Film (Finance and Development) Corporation Ltd. ] চমুকৈ ASFFDC  কিয়, কাৰ বাবে ব্যাখ্যাৰ নিশ্চয় প্ৰয়োজন নাই। অসমীয়া চিনেমাৰ উন্নয়নৰ বাবে, অসমীয়া চিনেমাৰ প্ৰসাৰৰ বাবে কোম্পানী আইন ১৯৫৬ৰ আধাৰত ১৯৭৪ চনৰ ৪ চেপ্তেম্বৰৰ দিনা অসম চৰকাৰে  মুকলি কৰিছিল। তেতিয়াৰ পৰা এই বিভাগটোৱে কি কৰিছে, অসমীয়া চিনেমাৰ কিমান উন্নয়ন কৰিছে সেয়া অসমৰ চিত্ৰৰসিকে দেখি আহিছে।
          অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ণ)  নিগমে 'নিষিদ্ধ নদী'ৰে (২০০০) অসমীয়া চিনেমা নিৰ্মণৰ কাম আৰম্ভ কৰে। পৰৱৰ্তী সময়ত প্ৰযোজনা কৰে 'বন্ধন' (২০১২) আৰু 'সাত নম্বৰৰ সন্ধানত' (২০১৬)। আৰু কেইখন মান চিনেমা প্ৰযোজনা কৰিছিল, যি কেইখনৰ সহঃ প্ৰযোজক আছিল (২০১২ চনৰ পৰা)। নিগমৰ  ৬০ শতাংশ- ব্যক্তিগত প্ৰযোজকে ৪০ শতাংশ বিনিয়োগ,মুঠ বাজেটৰ।
          নিগমৰ ফালৰ পৰা কোৱা হৈছে-- '...এজন স্বাধীন চলচ্চিত্ৰ নিৰ্মাতাৰ সন্মুখত এক বৃহত প্ৰত্যাহবান হৈছে আৰ্থিক সীমাবদ্ধতা। সকলো স্বাধীন ছবি নিৰ্মাতাই নিজৰ ছবি এখন নিৰ্মাণৰ বাবে আৰ্থিক ৰূপত সক্ষম নহয় আৰু সেইকাৰণে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগম পৰিসীমিতই নতুন আৰু নিজৰ নাগৰিকৰ দ্বাৰা প্ৰস্তুত কৰা নতুন আৰু মূল প্ৰকল্পক আৰ্থিক ভাৱে সমৰ্থন দিয়াৰ এক প্ৰচেষ্টা হাতত লৈছে আৰু এইক্ষেত্ৰত অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগম পৰিসীমিতই ছবি প্ৰযোজনাৰ বাবে চৰকাৰী বে-চৰকাৰী অংশীদাৰিত্বত অসম চৰকাৰৰ পৰা আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিছে যত এই নিগমে ছবি নিৰ্মাণৰ বাবে ৬০ শতাংশ আৰু ব্যক্তিগত প্ৰযোজকে ৪০ শতাংশ বিনিয়োগ কৰে।' [অসম ৰাজ্যিক চলচ্চিত্ৰ(বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ website ৰ পৰা।] 'আৰ্থিক সাহাৰ্য্য প্ৰদান'বুলি উল্লেখ আছে যেতিয়া 'অৰ্থ উন্নয়ন' প্ৰসংগ অবান্তৰ বিষয়। কিন্তু 'আৰ্থিক সাহাৰ্য্য'ৰে নিৰ্মাণ হোৱা কেইখন চিনেমাই 'অসমীয়া চিনেমাৰ উন্নয়ন' কৰিলে? --এই প্ৰশ্ন অবান্তৰ নহয়। এই প্ৰসংগত বাৰে বাৰে আৰু কিমান চৰ্চা কৰিম? মথো কম-- চৰকাৰী টকাৰে বা  'আৰ্থিক সাহাৰ্য্য'ৰে আজিলৈকে 'গঙা চিলনীৰ পাখি', 'সাগৰলৈ বহুদূৰ', 'সাৰথি', 'ভিলেজ ৰকষ্টাৰ্ছ' , 'বৰনদী ভটিয়ায়'ৰ দৰে চিনেমা নিৰ্মাণ হোৱা নাই।
          আমাৰ ধাৰণাত কথাটো এনে ধৰণৰ-- অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ চিনেমা নিৰ্মাণ ব্যবস্থাটোৱে পৰিপাটি নহয়। সম্ভৱতঃ বিভাগটোৰ নিৰ্দিষ্ট বাজেট থাকে, নিৰ্দিষ্ট সময়ত বাজেট খৰচ কৰটোৱে শেষ কথা!
         অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত [ Assam State Film (Finance and Development) Corporation Ltd. ] চমুকৈ ASFFDC কিয়,