মঙ্গলবার, ৩০ নভেম্বর, ২০২১
আৰু সান্নিধ্য /১
সোমবার, ২৯ নভেম্বর, ২০২১
'জয়মতী' চাৰি নম্বৰো নহয়, পাঁচ নম্বৰো নহয়
জয়মতী চাৰি নে পাঁচ নম্বৰ... প্ৰথমখন অসমীয়া চিনেমা 'জয়মতী’কেন্দ্রিক দুটা চর্চা প্রায়ে হয়—(ক) ভাৰতৰ চতুর্থখন সবাক চিনেমা, (খ) ডাবিং কৰা প্ৰথমখন ভাৰতীয় চিনেমা। —হয় জানো? ২০ মার্চ, ১৯৩৫ চনৰ আগৰ সময়ছােৱাত মাত্র তিনিখনহে সবাক ভাৰতীয় চিনেমা নির্মাণ হােৱা 'তথ্য’টো কিমান সত্য? প্রথমবাৰ এই 'তথ্য’টো পঢ়িছিলাে এখন সাপ্তাহিক অসমীয়া কাকতত, কায়িকভাৱে আমাৰ মাজৰ পৰা আঁতৰি যােৱা চিত্র সাংবাদিক এগৰাকীৰ লেখাত। তাৰ পাছত সেই 'তথ্য’ কেইবাখনাে কাকত-আলােচনীৰ পৃষ্ঠাত পঢ়িছিলাে। সেই প্রসঙ্গ এই লেখাৰ বিষয় নহয়। এই লেখাৰ বিষয়— প্রকৃত তথ্যৰ সন্ধান।রবিবার, ২৮ নভেম্বর, ২০২১
প্ৰচাৰ বিলাস /১
শনিবার, ২৭ নভেম্বর, ২০২১
কাঈফী আজমী ...
শুক্রবার, ২৬ নভেম্বর, ২০২১
আৰু ডলী ঘোষ ...
চিত্ৰনাট্য/৯
"All screenplays are scripts, film script." কিন্তু scripts, film script মানেই চিত্ৰনাট্য নহয়।
"মই চিত্ৰনাট্য নিলিখো, নিলিখো যদিও মোক চিত্ৰনাট্যকাৰ বুলি কয়।"-- কাদেৰ খানে কৈছিল। কথাটো এনেধৰণৰ নেকি কাদেৰ খানে কেৱল চিনেমাৰ কাহিনী আৰু সংলাপহে লিখিছিল! যোৱা এটা সপ্তাহ আমি এই প্ৰসংগত কেইবাগৰাকীও বলিউদৰ ভিতৰ-বাহিৰৰ খবৰ ৰখা চিনে বিশ্লেষকৰ সৈতে কথা পাতিলো, অধ্যয়ণ কৰিলো।
৪৫২ খন চিনেমাত অভিনয় কৰা কাদেৰ খানে চিনেযাত্ৰা আৰম্ভ ১৯৭৩ চনত। চিনেমা : দাগ। সুযোগ দিছিল সেই সময়ৰ মহাতাৰকা ৰাজেশ খান্নাই। যশ চোপ্ৰাৰ পৰিচালনাৰে নিৰ্মিত এই চিনেমা খনৰ নায়কৰ চৰিত্ৰটো নিৰ্মাণ কৰিছিল ৰাজেশ খান্নাক লৈ। আৰু এদিন ৰাজেশ খান্নায়ে কাদেৰ খানক চিত্ৰনাট্য লিখাৰ কথা ক'লে। ৰাজেশ খান্নাৰ তাগিদাত লিখিছিল 'মহাচোৰ', 'ছালিয়া বাবু', 'ফিফটি-ফিফটি' 'নয়া কদম' 'মাষ্টৰ জী'ৰ চিত্ৰনাট্য। কিন্তু পৰিচালকে কাদেৰ খানৰ চিত্ৰনাট্যৰ সংলাপ অংশহে ৰাখিছিল। আৰু পৰৱৰ্তী সময়ত সংলাপ লেখক হিচাবেহে চিনেকৰ্ম কৰিছিল। সংলাপ লিখা চিনেমাৰ সংখ্যা ২০৭ খন।
হয়, সংলাপ লেখক। কিন্তু অভিনেতা-পৰিচালক সকলে কয় চিত্ৰনাট্যকাৰ।-- কিয়? কাৰণ আন দহগৰাকী সংলাপ লেখকৰ দৰে পৰিচালক-চিত্ৰনাট্যকাৰৰ নিৰ্দেশত খুউব কম সংখ্যক চিনেমাৰহে সংলাপ লিখিছে কাদেৰ খানে। কাদেৰ খানে সংলাপ ৰচনাৰে চিনেমা এখনৰ 'চিত্ৰনাট্য'ৰ আকাৰ দিছিল। অৰ্থাৎ সংলাপক কেন্দ্ৰ কৰিহে চিত্ৰনাট্য ৰচনাৰ অন্য পৰ্ব আগবাঢ়িছিল। পৰিচালক মনমোহন দেশায়ে কৈছিল-- "কাদেৰ খানে শব্দৰে দৰ্শকৰ মন চুব পাৰে, দৃশ্য সৌন্দৰ্যক নিস্প্ৰভ কৰি দিয়াৰ ক্ষমতা আছে কাদেৰ খানে লিখা সংলাপৰ। 'অমৰ আকবৰ এন্থনি', 'কুলী', 'ছুহাগ', 'নছিৱ', 'গংগা যমুনা সৰস্বতী'ৰ সংলাপ ৰচনাৰ সময় চোৱা সদায় মনত থাকিব। চৰিত্ৰ বুজাৰ পিছতে সংলাপেৰে চিনেমা কেইখনৰ 'চিত্ৰনাট্য'ৰ আকাৰ দিছিল। সম্পাদনাৰ সময়ত কেইবাবাৰো এনেকুৱা হৈছে-- সংলাপৰ সৌন্দৰ্যৰ বাবে দৃশ্য সৌন্দৰ্য বাদ দিছিলো। আমাক এনে এটা সংলাপ দিয়া নাছিল, যিটো সংলাপ বাদ দিয়াৰ কাৰণ বিছাৰি পাইছিলো।..." (উৎস : Cinesprint)
মনমোহন দেশাই-কাদেৰ খানৰ চিনেকৰ্মক কেন্দ্ৰ কৰি সেই সময়ত চৰ্চা হৈছিল, "চিনেমাৰ ক্ষতি"ৰ অভিযোগ উত্থাপন হৈছিল। কোৱা হৈছিল-- "অমিতাভ বচ্চনক লৈ মনমোহন দেশাই-কাদেৰ খানে চিনেমাৰ যি ব্যৱসায় কৰি আছে সেয়া 'ভাৰতীয় চিনেমাৰ পক্ষে শুভ নহয়। অমিতাভ কেন্দ্ৰীক বজাৰৰো ক্ষতি হৈ আছে, চিনেমাৰো ক্ষতি হৈ আছে। চাহৰ মেজত চিত্ৰনাট্য তৈয়াৰ কৰা কৰ্ম বাদ নিদিলে সেইদিনা সমস্যা বঢ়িব, যিদিনা 'অমিতাভ এংৰি ইয়ংমেন ইমেজ'-এ দৰ্শকক আমুৱাব।" (উৎস: Chitralekha) -- 'অমিতাভ যুগ'ৰ সেই সময় চোৱাত 'বলীউদ বাজাৰ' চালিকা শক্তি আছিল তাৰকা, মহাতাৰকা। আৰু প্ৰথম স্থানত থকা অমিতাভ কেন্দ্ৰীক চিন্তাৰে মনমোহন দেশাই, প্ৰকাশ মেহেৰা ( চিনেমা: মুকদ্দৰ কি ছিকন্দৰ, শাৰাৱী, লাৱাৰিছ, নমক হালাল, যাদুগৰ আদি।), মুকুল এছ আনন্দ (চিনেমা: অগ্নিপথ) সফল হোৱাৰ চৰ্চা হোৱাৰে পৰা "চাহ টেবুলত চিত্ৰনাট্য তৈয়াৰ পৰ্ব" , চিত্ৰনাট্য ৰচনাৰ নতুন শৈলী আৰম্ভ হৈছিল বলীউদত। এই শৈলীৰে ৰচনা কৰা চিত্ৰনাট্যৰে নিৰ্মাণ হৈছিল গোবিন্দা-কৰিশ্মা যুটী।
মুকুল এছ আনন্দৰ 'অগ্নিপথ' কেন্দ্ৰীক চৰ্চাৰ পৰা জানিছিলো --সন্তোষ সৰোজৰ 'গল্প' শুনোৱাৰ পিছতে চৰিত্ৰ জানি লৈছিল কাদেৰ খানে। কেইবাটাও পৰ্যায়ত সংলাপ ৰচনা কৰিছিল। প্ৰথম পৰ্যায়ত বিজয় (অমিতাভ বচ্চন) আৰু কৃষ্ণা ( মিঠুন চক্ৰৱৰ্তী)ৰ সংলাপ অংশ ৰচনা কৰিছিল। আৰু আন চৰিত্ৰৰ সংলাপ পৰ্যায় ক্ৰমে সংযোজন কৰিছিল। 'সম্পূৰ্ণ সংলাপ'-এ নাটকৰ আকাৰ লৈছিল। আৰু 'সম্পূৰ্ণ নাটক'ক কেন্দ্ৰ কৰি সন্তোষ সৰোজে চিত্ৰনাট্য ৰচনা কৰিছিল।
শুক্রবার, ১৯ নভেম্বর, ২০২১
চিত্ৰনাট্য /৮
বৃহস্পতিবার, ১৮ নভেম্বর, ২০২১
শূন্যৰ পৰা..("চিনেমা চিনেমা" গ্ৰন্থৰ পৰা)
মঙ্গলবার, ১৬ নভেম্বর, ২০২১
প্ৰভাত শৰ্মা /৭
মঞ্জুল বৰুৱা
শুক্রবার, ১২ নভেম্বর, ২০২১
চিত্ৰনাট্য /৭
1. Fade in on title বনৰীয়া সৌন্দৰ্য্যৰ নন্দন ফুলনি নেদেখা নজনা নির্জনত আপোনাতে আপুনি বিকশি ফুলি মৰহি যোৱা লাখো ফুলকলিৰ হাঁহিৰ নিজৰাৰে ভৰপূৰ নগা পৰ্ব্বত।
Fade out
2. Fade in on -
Ext. Long shot slow panoram right and left of distant Naga Hills.
Mix to
Ext. Close view of certain part of Naga Hills with its jungles-view of several falls and vast flower fields.
Fade out
3. Fade in on title
এই চিত্ৰনাট্য অংশ মন কৰক। কেমেৰাৰ ভাষা প্ৰয়োগৰ কথা আছে। আৰু মন কৰক--
( খ) ৰূপধৰা নাগবন সৌন্দৰ্য্য— অনাঘ্ৰাত সুৰভি সঁফুৰা— আপোনাতে আপুনি বিভোৰা, আপোনাতে আপোন পাহৰা— আপোনাৰ নৃত্যতেই আপুনিয়ে বিয়াকুল হোৱা— নিজৰাৰ পাৰে পাৰে, শিলনিৰ গায়ে গায়ে— দেও দি নাচি ফুৰা— চৰগী ৰাজ্যৰ বাট চিৰআনন্দ– চিৰসৌন্দৰ্য্যৰ জ্বলন্ত কণিকা— আজলী, ৰূপহী— ডালিমী।
কোনে কয় মানৱী লয়ে হায় বনৰ সৌন্দৰ্য্যই ৰূপ ধৰি আহি ডেও দি চাপৰি বায় ।
ৰূপ ধৰা নাগবন সৌন্দৰ্য্য অনাঘ্ৰাত সুৰভি সঁফুৰা আপোনাতে আপুনি বিভোৰা, আপোনাতে আপোন পাহৰা, আপোনাৰ নৃত্যতেই আপুনি বিয়াকুল হোৱা— নিজৰাৰ পাৰে পাৰে।
(খ)ত চিত্ৰনাট্যকাৰ গৰাকীয়ে ছবি আকি লৈছিল। সন্দেহ নাই এয়া (ক)ৰ পূৰ্বে লিখা। কেমেৰাৰ 'চকু'ৰে যি দেখুৱাব, সেয়া নিশ্চয় নিজৰ মনৰ চকুৰে চায় 'সাহিত্য'ৰ ভাষাৰে বৰ্ণনা কৰি লৈছিল।
'জয়মতী'ৰ আন এখন চিত্ৰনাট্য পোৱা যায়, যি খন চিত্ৰনাট্যৰ ৰচনাশৈলী নাটকৰ দৰে। কব পাৰি এই চিত্ৰনাট্য খন সংলাপ কেন্দ্ৰীক। আমি এনেদৰে কব পাৰো নেকি 'নাট্যকাৰ জ্যোতি প্ৰসাদ আগৰৱালা'ই চিনেমা খনৰ চিত্ৰনাট্যৰ বুনিয়াদ 'নাটকে'ৰে নিৰ্মাণ কৰি লৈছিল! ( 'জয়মতী'ৰ নিৰ্মাণ প্ৰক্ৰিয়া কেন্দ্ৰীক চৰ্চা পোৱা যায় বাংলা আলোচনী 'চিত্ৰপঞ্জী', 'চিনেমা জগৎ', 'নন্দন', অজয় মাহ্ত্ৰেৰ মাৰাঠী গ্ৰন্থ 'আজছা চিত্ৰপট', 'Filmindia'ৰ বিশেষ সংকলন আদিত।জয়মতী'ৰ নিৰ্মাণ প্ৰক্ৰিয়া কেন্দ্ৰীক চৰ্চা পোৱা যায় বাংলা আলোচনী 'চিত্ৰপঞ্জী', 'চিনেমা জগৎ', 'নন্দন', অজয় মাহ্ত্ৰেৰ মাৰাঠী গ্ৰন্থ 'আজছা চিত্ৰপট', 'Filmindia'ৰ বিশেষ সংকলন আদিত। এই প্ৰসংগ চৰ্চা কৰিম বৰ্তমান আমি ব্যস্ত থকা 'জয়মতী' প্ৰকল্প শেষ হোৱাৰ পিছত। উল্লেখ কৰা গ্ৰন্থ, আলোচনী কেইখনত 'জয়মতী'ৰ চিত্ৰগ্ৰহণকাৰীয়ে কোৱা, 'জয়মতী'ৰ চিত্ৰনাট্য কেন্দ্ৰীক 'চৰ্চা' আছে। সেই 'চৰ্চা'ৰ পৰা ধাৰণা কৰিব পাৰি জ্যোতি প্ৰসাদ আগৰৱালাই ফ্ল'ৰতো চিত্ৰনাট্যৰ কাম কৰিছিল, চিত্ৰনাট্য সলনি কৰিছিল, চিত্ৰগ্ৰহণকাৰীক বুজাবলৈ 'ৰেখা'ৰ আশ্ৰয় লৈছিল। । আগলৈ চৰ্চাৰ বাট মুকলি ৰাখি আৰু উল্লেখ কৰিলো জ্যোতি প্ৰসাদ আগৰৱালাই ১৯২২ চনত শিশিৰকুমাৰ ভাদুড়ী আৰু নৰেশ মিত্রৰ পৰিচালনাৰে নিৰ্মিত 'আঁধাৰে আলো' (The Influence of Love ) চোৱাৰ পিছৰে পৰা চিত্ৰনাট্য অধ্যয়ণ আৰু লিখাত ব্যস্ত হৈছিল। সেই সময়ত, 'আঁধাৰে আলো' খন চোৱাৰ পিছত হেনো জ্যোতি প্ৰসাদ আগৰৱালাই চিনেমা খনৰ চিত্ৰগ্ৰহণকাৰী ননি গোপাল ছান্যালক দুবাৰমান লগ কৰিছিল। চিনেমা চৰ্চা কৰিছিল। )
আহিছো 'ইন্দ্ৰ-মালতী' প্ৰসংগলৈ। আমি ধাৰণা কৰিব পাৰো জ্যোতি প্ৰসাদ আগৰৱালাই দ্বিতীয়খন পৰিচলনাৰ বাবে প্ৰথমে 'গল্প' লিখিছিল। দ্বিতীয় পৰ্যায়ত 'গল্প'টো 'খণ্ড গল্প-খণ্ড গল্প'লৈ ৰূপান্তৰ কৰিছিল। আৰু তৃতীয় পৰ্যায়ত এনেদৰে চিত্ৰনাট্যলৈ ৰূপান্তৰ কৰিছিল--
Part VI
1. মালতীক লুকাই থোৱা ঘৰৰ বাহিৰত গাঁৱলীয়া গুণ্ডাকেইটাই লাওপানী খাই কথা পাতি আছে।
2. ইফালে উপীনা মনে মনে চাঙত সোমায়।
3. মালতীক চাঙৰ পৰা উলিয়াই মনে মনে লৈ যায়
4. গুণ্ডাকেইটাই কেনেবাকৈ গম পায়।
5. উপীনা-লেদেমে মালতীক লৈ নৈৰ ফালে যায়।
6. গুণ্ডাকেইটাই গম পাই উঠি আহি পাছ লয় । গুণ্ডাকেইটাই লেদেমক মাৰি পানীত পেলাই দিয়ে। লেদেম উটি যায়। গুণ্ডাকেইটা নাৱলৈ পলাই যায়। উপীনাই অকলে হাতেৰে নাও মাৰি আহে।
End of the Part VI
********
যোৱা সংখ্যাত 'কোজাংগাল’ (Pebbles)ৰ প্ৰসংগেৰে চৰ্চা শেষ কৰিছিলো। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ৪ ফেব্ৰুৱাৰী,২০২১ত। পি. এছ বিনোদৰাজ (P. S. Vinothraj)ৰ প্ৰথম স্বাধীন পৰিচালনা। চিনেমা খনৰ চিত্ৰনাট্য ৰচনাত বিনোদৰাজে সময় খৰচ কৰিছিল প্ৰায় তিনি বছৰ। চিনেমা খন চোৱাৰ সুযোগ পোৱা নাই। দৃশ্য আৰু ছপা মাধ্যমত অনুভৱহে কৰিছো। চিনেমা খনৰ গল্পই গতি লৈছে কিশোৰ পুত্ৰ-সুৰাসক্ত পিতৃৰ সম্পৰ্কক কেন্দ্ৰ কৰি। পিতৃৰ সুৰাসক্তৰ দোষতেই মাতৃয়ে ঘৰ এৰি যায়। কিশোৰটিয়ে মাতৃক ঘৰলৈ ওভতাই অনাৰ বাবে পিতৃৰ লগ লয়। ইয়াৰ মাজতে পৰিচালকে সাহিত্য-কেমেৰাৰ ভাষাৰে স্পষ্ট কৰে পিতা-পুত্ৰৰ সম্পৰ্কৰ সমীকৰণ।
পৰিচালক-চিত্ৰনাট্যকাৰ বিনোদৰাজে নিজৰ অভিজ্ঞতাৰে গল্পটো ৰচনা কৰিছিল। চৰিত্ৰ কেইটা কল্পনাৰ আশ্ৰয় নলোৱাকৈ থিয় কৰাইছিল। 'মই কাহিনীটো সজাই লৈ চৰিত্ৰ নিৰ্মাণ কৰিছিলো। তাৰ পিছত ঠিক কৰিছিলো কাহিনীতো পৰ্দাত কেনেকৈ দেখুৱাম।...' দৃশ্য মাধ্যমত বিনোদৰাজে কৈছে। কেইবাখনো কাকতত প্ৰকাশ পোৱা 'কোজাংগাল’ৰ নিৰ্মাণ প্ৰক্ৰিয়া পঢ়ি অনুভৱ কৰিছো তিনি-চাৰিটা পৰ্যায়ত এখন চিত্ৰনাট্য ৰচনা হৈছিল; কিন্তু চূড়ান্ত নাছিল। দৃশ্যগ্ৰহণৰ শেষ দিনটোলৈ চিত্ৰনাট্য কৰ্ম কৰি আছিল। প্ৰসংগক্ৰমে সাংবাদিকক চিনেমা খনৰ এগৰাকী চিত্ৰগ্ৰহণকাৰী Vignesh Kumulaiয়ে কৈছে, 'আমি শ্বট লোৱাৰ সময়ত সিদ্ধান্ত লৈছিলো কেনেদৰে আগবাঢ়িম। পৰিচলকে চিত্ৰনাট্যত থকাৰ দৰে বহু সময়ত আগবঢ়া নাছিল। শ্বট লোৱাৰ সময়ত পৰিচালকে মোৰ সৈতে বহু সময়ত কথা পাতিছিল। আৰু আমি সিদ্ধান্ত লৈছিলো।' ( উৎস: Dina Mani, Viduthalai, Galatta Cinema)
বৃহস্পতিবার, ১১ নভেম্বর, ২০২১
হৰেকলা হাজাব্বা / Harekala Hajabba ಹರೇಕಳ ಹಾಜಬ್ಬ
শকুন্তলা
ভূপেন হাজৰিকাই অসমীয়া ভাষাত তােলা এই ছবিত মহাকবি কালিদাসৰ ‘অভিজ্ঞান শকুন্তলম' নাটকখনক মনত ৰাখিছে।' —অসমীয়া অনুবাদ কৰিলে এনে ধৰণৰ হব ‘দেশ’ত প্রকাশিত অসমীয়া চিনেমা 'শকুন্তলা’ সম্পৰ্কত লিখা বাক্যকেইটা। 'শকুন্তলা’ ভূপেন হাজৰিকাৰ চিনেমা। চিত্রনাট্য, সংগীতসূর্য ড° ভূপেন হাজৰিকাৰ। চিত্ৰগৃহলৈ আহিছিল ২৪ নৱেম্বৰত ১৯৬১তশকুন্তলা’ ভূপেন হাজৰিকাৰ চিনেমা। চিত্রনাট্য, সংগীতসূর্য ড° ভূপেন হাজৰিকাৰ। চিত্ৰগৃহলৈ আহিছিল ২৪ নৱেম্বৰত ১৯৬১ত। চিনেমাখনৰ কেইটামান ‘অংশ’হে চোৱাৰ সুযােগ পাইছিলোঁ। এটা ‘অংশ’ত দেখিছিলোঁ পবিত্র বৰকাকতি, অনিতা বেনাৰ্জী আৰু এগৰাকী শিশু শিল্পীক। অনিতা বেনাৰ্জীৰ লগত এটা ‘অংশ’ত দেখিছিলোঁ ইভা আচাও আৰু কৃষ্ণা দাসক। অনিতা বেনাৰ্জীয়ে অভিনয় কৰিছিল শকুন্তলাৰ চৰিত্ৰত। বিপৰীতে দুষ্মন্তৰ চৰিত্ৰত অভিনয় কৰিছিল পবিত্র বৰকাকতিয়ে। ইভা-কৃষ্ণাই অভিনয় কৰিছিল প্রিয়ম্বদা-অনুসূয়াৰ চৰিত্ৰত। —এটা অংশ’ত দেখিছিলোঁ দুর্বাসাৰ চৰিত্ৰত কৰা ফণী শৰ্মাৰ অভিনয়। অন্যান্য চৰিত্ৰত অভিনয় কৰিছিল খগেন মহন্ত, ৰেবেকা চাচা আচাও, কুলদা কুমাৰ ভট্টচার্য, দেৱবালা চলিহা, দীনকৰ ৰাও আদিৰ লগতে শিশু শিল্পী বিদ্যা ৰাৱে। —হয়, অসমীয়া চিনেমাৰ পৰৱৰ্তী সময়ৰ নায়িকা বিদ্যা ৰাৱে।
শকুন্তলা’ৰ সংগীত আছিল জনপ্রিয় চিনেমাখনৰ দৰেই। অৱশ্যে পিছৰ প্ৰজন্মই চিনেমাখন চোৱাৰ সুযােগ নাপালে। সংৰক্ষণৰ অভাৱত। 'প্রথম প্রহৰ ৰাত্রি ...', 'নৱমল্লিকাৰৰে হেঁপাহ জানাে পলাব ...', 'পিতৃগৃহ ত্যাগী আই ...', “প্ৰজন্মৰ পিছত প্ৰজন্মৰ শ্ৰোতাই আদৰি লৈছিল। এই প্রজন্মৰ মুখতাে শুনা যায়। সেই সময়ৰ সমালােচকসকলে গীত, গীতৰ চিত্রায়ণ, আৱহ সংগীতৰ প্রশংসা কৰিছিল। প্রশংসা কৰিছিল ‘চিনেমেটিক’ কাৰবাৰৰ। 'শকুন্তলা’ অন্তঃসত্ত্বা হােৱা কথাটো দর্শকক বুজাইছিল ফুলৰ কলি— কলি ফুলি উঠা দৃশ্যৰে। ... এহাল কপৌৰ মিলনৰ মাজেৰে দৰ্শকক বুজাইছিল দুষ্মন্ত- শকুন্তলাৰ মিলন।... ইত্যাদি। –প্রাপ্ত তথ্য মতে গুৱাহাটীৰ চিত্ৰগৃহত 'শকুন্তলা’ চলিছিল ৯ সপ্তাহ। '
বক্স অফিচ কালেকচন’– ৫৯,২১২.০৬ টকা। আনহাতে চিনেমাখনে লাভ কৰিছিল ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক।
চিনেবোদ্ধা, চিনেযোদ্ধা আৰু 'অসমীয়া চিনেমা নোচোৱা' সীমান্ত শেখৰ /৩
ভাৰতীয় চিনেমাৰ নতুন চিনেযাত্ৰাৰ বাট মুকলি কৰা 'পথেৰ পাঁচালি' পশ্চিমবঙ্গ চৰকাৰ প্ৰযোজনা।
✔️ 'ভিলেজ ৰকষ্টাৰ্ছ' অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত [ Assam State Film (Finance and Development) Corporation Ltd. ] ৰ প্ৰযোজনা নহয়।
------------------------------
'ভিলেজ ৰকষ্টাৰ্ছ'ৰ চিনেযাত্ৰাৰ সময়ত 'দৈনিক জনমভূমি'ত লিখিছিলো-- চিনেমা খনৰ নিৰ্মাণত হোৱা 'খৰচ' অসম চৰকাৰে দিব লাগে। আমাৰ ধাৰণাত অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অসমীয়া চিনেমাৰ 'উন্নয়ণ'ৰ বাবে 'বিত্ত' বিনিয়োগ কাম এনেদৰে হব লাগে। অৰ্থাৎ 'ভাল চিনেমা'ক আৰ্থিক সহায় কৰিব লাগে, 'ভাল চিনেমা' নিৰ্মাণৰ (আশাত!) বাবে আৰ্থিক সহায় কৰাৰ যুক্তি আছে বুলি আমি নাভাবো।
কিয়?
উদাহৰণ: জাহ্নু বৰুৱাৰ 'কুশল' (অসম সাংস্কৃতিক সঞ্চালকালয় আৰু জাহ্নু বৰুৱাৰ প্ৰযোজনা) আমি আগ্ৰহেৰে চাইছিলো। হতাশ হৈছিলো। তেনেদৰে 'বান্ধোন' [অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ প্ৰযোজনা] ৰ পৰিচালনা শৈলী বা গল্প কোৱাৰ কৌশল 'হালধীয়া চৰায়ে বাওধান খায়', 'সাগৰলৈ বহুদূৰ'ৰ পৰ্যায়ৰ নহয়। আজিৰ তাৰিখত আমি এনেদৰে নকম কিয়-- পৰিচলকৰ 'নাম' মনত ৰাখি অসম চৰকাৰৰ নিৰ্দিষ্ট বিভাগে টকা খৰচ কৰিছিল চিনেমা দুখনত।
জাহ্নু বৰুৱাৰ দৰে দক্ষ পৰিচালক এগৰাকীৰ 'চৰকাৰী প্ৰযোজনা'ৰে এই দূৰত্ব, আন পৰিচালকৰ কথা কি কম? ('অচিন চিনাকি', 'অজানিতে মনে মনে' আদিৰ প্ৰসংগত চৰ্চাৰ প্ৰয়োজন আছে। বাট মুকলি ৰাখিলো।)
আমি এনে ধৰণৰ কথাও শুনো-- অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ প্ৰযোজনাত মুকলি মনেৰে কাম কৰিব নোৱাৰে পৰিচালকে, পৰিচালক-সহঃ প্ৰযোজকে। বিভাগটোৰ কামৰ মেৰপাক অনুভৱ কৰি এগৰাকি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপ্ত পৰিচালকে 'এই বিভাগটোৰ সহায় মোক নালাগে'বুলি আতৰি যোৱাৰ খবৰো পাইছিলো ২০১৩ চনত। মেৰপাকৰ 'টেঙা' খায়ে আগলৈ আৰু 'অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত'ৰ প্ৰযোজনাত বা সহায়ত কাম নকৰো বুলি কোৱা পৰিচালকো আমি লগ পাইছো। গতিকে কথা এটা এনেদৰে কব পাৰি-- বিভাগটোৰ মেৰপাক বোৰ সৰল কৰিব নোৱাৰাৰ কাৰণ কি?
এই কথা ঠিক-- আৰম্ভনীতে বহু কাম বা ব্যবস্থাৰ মেৰপাক থাকিব পাৰে। পৰৱৰ্তী সময়ত সৰল কৰিব নোৱাৰাৰ নিশ্চয় কাৰণ বা বাধা নাই। অৱশ্যেই বাধা হব পাৰে, সেয়া বিভাগটোৰ অধ্যক্ষ গৰাকীৰ দক্ষতা(বিশেষকৈ চিনেমা প্ৰযোজনাৰ দক্ষতা)। চিনেমা বিষয়ত দক্ষতা নথকা 'অধ্যক্ষ'ৰ পৰা 'চিনেমা প্ৰযোজনা'ৰ 'সৰল বাট' আশা কৰিম জানো!
অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ প্ৰযোজনাত নিৰ্মাণ হোৱা চিনেমা কেইখনৰ যে পৰিপাটি প্ৰদৰ্শন ব্যৱস্থা নাই, কাৰণ বিভাগীয় মেৰপাকৰ বাহিৰে আন একো নহয়। এনে ধৰণৰ মেৰপাক 'অসমীয়া চিনেমা নোচোৱা' সীমান্ত শেখৰেও কৰিব নোৱাৰৰ কাৰণ নাই। কেইবাখনো চিনেমা দৰ্শকৰ ওচৰেই নাপালে। সহঃ প্ৰযোজক কেইগৰাকীৰ দৰ্শকৰ ওচৰলৈ লৈ যোৱাৰ ইচ্ছা আছে। সমস্যা বিভাগীয় মেৰপাক আৰু 'বজাৰ'ৰ বাবে কৰিবলগীয়া প্ৰচাৰ ইত্যাদি।
মনলৈ আহিছে 'সাত নম্বৰৰ সন্ধানত' চিনেমা খন। চিনেমা খন অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমে নিৰ্মাণহে কৰিলে। প্ৰচাৰ নকৰিলে, 'বজাৰ'লৈ নিবলৈ পৰিপাটিকৈ সাজু নকৰিলেমনলৈ আহিছে 'সাত নম্বৰৰ সন্ধানত' চিনেমা খন। চিনেমা খন অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমে নিৰ্মাণহে কৰিলে। প্ৰচাৰ নকৰিলে, 'বজাৰ'লৈ নিবলৈ পৰিপাটিকৈ সাজু নকৰিলে। চিনেমা খনৰ পৰিচলক আব্দুল মজিদক হেনো বিভাগটোৰ পৰা কৈছিল-- 'বাজেট'ৰ টকা শেষ!
বুধবার, ১০ নভেম্বর, ২০২১
চিনেমা Cinem
এটা স্বাভাবিক প্রশ্নঃ তেনেহলে পৰিচালকগৰাকীয়ে দ্বিতীয়খন চিনেমাৰ পৰা চিত্ৰৰসিকসকলক বঞ্চিত কৰিলে কিয়? – প্ৰযোজকৰ আকালত নে অন্য কিবা কাৰণত? কথা প্ৰসংগত এবাৰ প্ৰশ্নটো পদুম বৰুৱাৰ সন্মুখত উত্থাপন কৰিছিলো। পৰিচালকগৰাকীয়ে কৈছিল— '... চিনেমা বুজা প্রযোজকৰ আকালত।' উত্তৰটোৰ ব্যাখ্যা পৰিচালকগৰাকীৰ পৰা পোৱা নাছিলো। 'ব্যাখ্যা’ পাইছিলো পৰিচালকগৰাকীৰ প্ৰতিটো খবৰ ৰখা চিত্ৰৰসিক এজনৰ পৰা। চিত্ৰৰসিকগৰাকীয়ে কৈছিল— পদুম বৰুৱাই দ্বিতীয়খন চিনেমা পৰিচালনাৰ কাম হাতত লৈছিল। প্রযোজক এগৰাকীয়ে আগ্ৰহ কৰাত বিষয়বস্তু নির্বাচন, চিত্রনাট্য ৰচনাৰ কামতো আগবাঢ়িল। পৰিচালকগৰাকীয়ে অনুভৱ কৰিলে বিষয়বস্তুৱে ‘ৰং’ দাবী নকৰে। ক’লা-বগা হ'লেহে চিত্ৰৰসিকে বিষয়বস্তু ভালদৰে উপলব্ধি কৰিব। ৰঙৰ সৈতে বিষয়বস্তুৰ কি সম্পর্ক থাকিব পাৰে! আৰম্ভ হ’ল প্রযোজক-পৰিচালকৰ সংঘাত। 'ৰঙ’ৰ দিনত ক’লা-বগা চিনেমা নির্মাণ ‘মুৰ্খ প্রযোজকেহে কৰিব' বুলি মন্তব্য দি প্ৰযোজকগৰাকীয়ে চিনেমাৰ শ্বট লোৱাৰ পূৰ্বেই ‘পেক-আপ’ ঘোষণা কৰিলে ।
‘পদুম বৰুৱাই সময়ৰ সৈতে খোজ দিব পৰা নাই।'— সেই সময়ত পদুম বৰুৱাৰ ক’লা-বগা চিনেমাখনৰ চৰ্চাত অংশ লৈ মন্তব্য কৰিছিল এগৰাকী অসমীয়া ‘চিনে পণ্ডিতে’। ‘চিনে পণ্ডিত’গৰাকীয়ে কৈছিল— ‘ক’লা-বগা যুগ যে গ'ল সেই খবৰ পদুম বৰুৱাই পোৱা নাই। ঘৰৰ চাৰিবেৰৰ মাজৰ পৰা ওলাই আহিলে পাব। ঘৰৰ চাৰিবেৰৰ মাজত থকা পৰিচালকগৰাকীয়ে অসমীয়া চিনেমা নির্মাণ নকৰিলে একো ক্ষতি নহয়।’ যোৱা জুন (২০০৯)ত এই ‘চিনেপণ্ডিত’গৰাকীৰ লেখা এটা পঢ়িলো। লেখাটোত ‘ফ্ৰ'জেন’ক প্ৰশংসা কৰিছে।‘পদুম বৰুৱাই সময়ৰ সৈতে খোজ দিব পৰা নাই।'— সেই সময়ত পদুম বৰুৱাৰ ক’লা-বগা চিনেমাখনৰ চৰ্চাত অংশ লৈ মন্তব্য কৰিছিল এগৰাকী অসমীয়া ‘চিনে পণ্ডিতে’। ‘চিনে পণ্ডিত’গৰাকীয়ে কৈছিল— ‘ক’লা-বগা যুগ যে গ'ল সেই খবৰ পদুম বৰুৱাই পোৱা নাই। ঘৰৰ চাৰিবেৰৰ মাজৰ পৰা ওলাই আহিলে পাব। ঘৰৰ চাৰিবেৰৰ মাজত থকা পৰিচালকগৰাকীয়ে অসমীয়া চিনেমা নির্মাণ নকৰিলে একো ক্ষতি নহয়।’ যোৱা জুন (২০০৯)ত এই ‘চিনেপণ্ডিত’গৰাকীৰ লেখা এটা পঢ়িলো। লেখাটোত ‘ফ্ৰ'জেন’ক প্ৰশংসা কৰিছে।
‘ফ্ৰ’জেন’ চাইছিলো, চিত্ৰগৃহলৈ অহাৰ পাছতে। ক'লা-বগা এই চিনেমাখনৰ পটভূমি কাশ্মীৰৰ লাডাখ অঞ্চল। শূন্যৰ পৰা ২৫ ডিগ্ৰী উষ্ণতাত, সমুদ্রপৃষ্ঠৰ পৰা ১২০০০ ফুট উচ্চতাত চিত্ৰগ্ৰহণ কৰিছিল। চিনেমাখনৰ কাহিনী, বিষয়বস্তু সাধাৰণ। অসাধাৰণ কেমেৰাৰ কাম আৰু পৰিচালনা শৈলী। চিনেমাখনত লাডাখৰ দুর্বিসহ জীৱন সুন্দৰভাৱে উপস্থাপন কৰিছে চন্দ্ৰভূষণে। চিনেমাখনৰ কাহিনীভাগ এনেধৰণৰ— তিনিটা ‘চৰিত্ৰ’ৰ এটা পৰিয়াল। মূল মানুহজনৰ নাম কৰ্ম (অভিনয় কৰিছে ডেনীয়ে)। কৰ্মই ঘৰতে জাম প্রস্তুত কৰি বিক্ৰী কৰে। এদিন সি প্ৰত্যাহ্বানৰ সন্মুখীন হয়, মেচিনত জাম প্রস্তুত কৰা কোম্পানী এটাৰ । সমস্যাৰ সন্মুখীন হয়। সম্পত্তি বুলিবলৈ আছে উত্তৰাধিকাৰীসূত্রে পোৱা ঘৰটো। সেইটোৰো বেছিভাগ দখল কৰি আছে ভাৰতীয় সেনা বাহিনীয়ে। পৰিচালকে মাত্ৰ কেইটামান শটতে সুন্দৰভাৱে স্পষ্ট কৰি দিছে— এটি শান্ত-সমাহিত লাডাখী পৰিয়ালৰ জীৱনত কিদৰে ভাৰতীয় সেনা আৰু আনুষংগিক কাৰকবোৰে কঠোৰ প্ৰভাৱ পেলায়। চিনেমাখন নিৰ্মাণ হৈছে হিন্দী আৰু লাডাখী ভাষাত। লাডাখী ভাষাত দখল নথকা সকলেও চিনেমাখন বুজাত দিগদাৰ অনুভৱ কৰা নাই পৰিচালনা শৈলীৰ বাবে। অৱশ্যে চিনেমাখনৰ গতি মন্থৰ। মন্থৰ গতিয়ে চিত্ৰৰসিকক দিগদাৰ দিয়া নাই। ‘ক’লা-বগা’ সৌন্দৰ্যৰ বাবে। ‘ৰং’ ব্যৱহাৰ কৰিলে হয়তো বৰফেৰে বগা হৈ থকা লাডাখৰ সৌন্দৰ্যত চেকা লাগিলহেঁতেন। চেং লী নামৰ সমালোচক এগৰাকীয়ে লিখিছে— ‘ক’লা-বগা'ত যে নিৰ্মাণ হৈছে সেয়াই চিনেমাখনৰ সৌন্দৰ্য। সৌন্দর্যখিনিয়ে চিনেমাখনৰ বিশেষত্ব ।... মই ভাবো এই ৰঙীণ যুগত নিৰ্মিত ‘ফ্ৰ'জেন’ক বাদ দি ভাৰতীয় চিনেমাৰ সম্পূৰ্ণ আলোচনা সম্ভৱ নহয়।
‘ফ্ৰ'জেন’ত দেখিলো ‘ক’লা-বগা’ৰ সৌন্দর্য। ‘ফ্র’জেন’-এ শিকালে, স্পষ্ট কৰি দিলে চিনেমাৰ বিষয়বস্তুৰ সৈতে ‘ৰঙ’ৰ সম্পৰ্ক আছে।
‘ৰঙীণ চিনেমা’— চিনেশিল্পৰ উত্তৰণ নহয়, পৰিৱৰ্তন। এই দিশত আমাৰ ধাৰণা স্পষ্ট, এই পৰিৱৰ্তনে চিনেশিল্পৰ ক্ষতি কৰিছে। চিনে পণ্ডিত আৰ্থাৰ নাইটৰ ৰচনাত পোৱা যায়— ‘দুটা পৰিৱৰ্তনত চিনেমাৰ ক্ষতি হৈছে। ‘শিল্প’ৰ পৰা চিনেমা আঁতৰি গৈছে। সবাকযুগ আৰম্ভ হোৱাৰ সময়ত স্থবিৰ হৈ পৰিছিল, দুই তিনি বছৰলৈ সৰহ সংখ্যক পৰিচালক ব্যস্ত হৈ পৰিছিল ‘চিনেমা’ত ‘কথা’ দিয়াত। তেনেদৰে ৰং ব্যৱহাৰত, কেৱল ৰঙৰ চিন্তাত কেইবাটাও বছৰ খৰচ কৰিছিল সৰহসংখ্যক পৰিচালকে। এই সময়ছোৱাত চিনেমাত ‘সাহিত্য’ বাঢ়িছিল, ‘কেমেৰাৰ ভাষা’ৰ ক্ষতি হৈছিল।'
‘A trip to the Moon'— প্ৰথমখন ৰঙীণ চিনেমা। ১৯০২ চনত নির্মাণ কৰিছিল ফ্ৰান্সৰ পৰিচালকে। দ্বিতীয়খন ৰঙীণ চিনেমায়ো ফ্ৰান্সৰ নিৰ্মাতাৰ – La Vie et Passion du Christ (১৯০৩)। হলিউডত ৰঙীন চিনেমা নির্মাণ আৰম্ভ হৈছিল ১৯১২ চনত হে। (প্রথমঃ ‘with our king and queen through India ')। ভাৰতত ৰঙীন চিনেকৰ্ম আৰম্ভ হৈছিল ‘কিষাণ কন্যা' (১৯৩৭)ৰে। ১৯৬১ চনত আংশিক ৰঙীন ‘শকুন্তলা’ৰে অসমীয়া চিনেমাৰ ‘ৰঙীন যুগ’ আৰম্ভ হয়। এই যে আংশিক ৰঙীন, সেইবাবে ‘ভাইটি’ — প্ৰথম অসমীয়া ৰঙীন চিনেমা বুলি কোৱা হয় । ভাৰতৰ, অসমৰ পৰিচালকসকলে হয়তো ধৰি ল'লে ‘ৰঙীন চিনেমা’ চিনে শিল্পীৰ উত্তৰণ । যাৰ বাবে ‘ৰঙীন যুগ’ত পদুম বৰুৱাৰ ‘ক’লা-বগা’ চিনেচিন্তাক অসমীয়া ‘চিনে পণ্ডিতে’ তাচ্ছিল্য কৰিছিল। অসমীয়া চিনেমাৰ প্ৰযোজকে সহজভাৱে ল'ব পৰা নাছিল। সন্দেহ নাই— তাচ্ছিল্য কৰা, সহজভাৱে ল’ব নোৱাৰা সকলে পোৱা নাছিল, বিশ্বৰ বিভিন্ন প্ৰান্তত ‘ৰঙীন যুগ’তো নিৰ্মাণ হৈ থকা ক’লা-বগা চিনেমাৰ খবৰ। ‘Pi’(১৯৯৮), 'Kafka (1991), The girl on the Bridge'(১৯৯৯), Tetro' (২০০৯), Angel-A' (২০০৫), The Man who wasn't there' (২০০১), The Artist' (২০১১), In the Shadow of woman' (২০১৫), The eyes of My Mother’(২০১৬) আদি ‘ৰঙীন যুগ’ৰ ক'লা-বগা চিনেচিন্তা। চিত্ৰৰসিকক চুই যাব পৰা চিনেচিন্তা ।
(২০১৯। ‘দৈনিক অসম’ত প্ৰকাশ পাইছিল।)
মঙ্গলবার, ৯ নভেম্বর, ২০২১
এজন 'পাগল' অভিনেতা ( 'চিনেমা চিনেমা'ৰ পৰা)
প্রভু চাওলা : আপোনাৰ নিৰ্বাচনত শ্ৰেষ্ঠ ভাৰতীয় অভিনেতা?
খালিদ মহম্মদ: কমল হাচান।
প্ৰভু চাওলাঃ নাচিৰুদ্দিন শ্বাহ, অমিতাভ বচ্চন বা আমিৰ খান কিয় নহয়?
খালিদ মহম্মদ ঃ কমল হাচানৰ দৰে অভিনয় কৰি দেখুৱাব পৰা নাই বা সুযোগ পোৱা নাই। কমল হাচানে কেইবাবাৰো নিজৰ অভিনয়ক লৈ, অভিনয় ক্ষমতাক লৈ পৰীক্ষা কৰিছে। সফলো হৈছে।
হয় জানো?
ছেটেলাইট চেনেল এটাত বিশেষ আলাপটো চোৱাৰ পিছত মনলৈ প্ৰশ্ন আহিছিল— হয় জানো? প্ৰশ্নটোৰ স্পষ্ট উত্তৰ পোৱাৰ আশাত যোৱা মাহটোৰ বেচি সময় খৰচ কৰিলো কমল হাচানৰ চিনেমা চোৱাত । মই, সংগ্ৰহ কৰি লোৱা চিনেমাকেইখন আছিল— 'সাগৰ সংগমম', ‘নায়কন', 'পুষ্পক’, ‘মেয়ৰ চাহাব’, ‘সুন্দৰম পিৰাই (সদমা), ‘আপ্পু ৰাজা’, ইণ্ডিয়ান', ‘অভয়’ আৰু ‘হে ৰাম'। চিনেমাকেইখন চালে এটা দিশ স্পষ্ট হৈ পৰে যে কমল হাচান ‘পৰিচালকৰ অভিনেতা’ নহয়, ‘স্বাধীন অভিনেতা’। স্বাধীন অভিনেতাজনক কেমেৰাৰ সন্মুখত ব্যৱহাৰ কৰি পৰিচালকে দায়িত্ব শেষ কৰিছে। চকুত পৰা দ্বিতীয়টো দিশ অভিনয়ৰ দূৰত্ব। চৰিত্ৰবোৰৰ মাজৰ পৰা 'এজন কমল হাচান' বিচাৰি উলিয়াব নোৱাৰি। ভিন্ন চৰিত্ৰত, ভিন্ন কমল হাচান।কমল হাচান ‘পৰিচালকৰ অভিনেতা’ নহয়, ‘স্বাধীন অভিনেতা’। স্বাধীন অভিনেতাজনক কেমেৰাৰ সন্মুখত ব্যৱহাৰ কৰি পৰিচালকে দায়িত্ব শেষ কৰিছে। চকুত পৰা দ্বিতীয়টো দিশ অভিনয়ৰ দূৰত্ব। চৰিত্ৰবোৰৰ মাজৰ পৰা 'এজন কমল হাচান' বিচাৰি উলিয়াব নোৱাৰি। ভিন্ন চৰিত্ৰত, ভিন্ন কমল হাচান।— এই দুটা কাৰণৰ বাবেই হয়তো চিনেমা আলোচক খালিদ মহম্মদে অভিনেতাগৰাকীৰ প্ৰসংগত কৈছে— ... অভিনয় ক্ষমতাক লৈ পৰীক্ষা কৰিছে। সফলো হৈছে।
‘নায়কন’ৰ মাফিয়া ডন ৰাজন মুদলিয়ান, ‘মেয়ৰ চাহাব’ৰ দুষ্ট নেতা, ‘আপ্লু ৰাজা’ৰ বাওনা, ‘অভয়’ৰ মানসিক ৰোগীৰ চৰিত্ৰকেইটা বিশ্লেষণ কৰি চালে অনুভৱ হয়, কমলে শাৰীৰিক আৰু মানসিকভাৱে প্ৰতিটো চৰিত্ৰৰ বাবে সাজু কৰিছিল। আমিৰ খানে বহু চর্চিত ‘গজিনী’ৰ বাবে যি কষ্ট কৰিছিল, সেই কষ্ট কমল হাচানে ওপৰত উল্লেখ কৰা প্ৰতিখন চিনেমাৰ বাবে কৰিছিল। এয়া অভিনেতা এগৰাকীৰ দায়িত্ব বুলি ধৰি লৈছিল। আৰু সম্ভৱতঃ এই কাৰণেই ‘মন-দেহ চৰ্চা’ক ‘হাইলাইট’ হিচাপে ব্যৱহাৰ কৰা নাছিল।
১৯৮৩ চনত মুক্তি পোৱা ‘সাগৰ সংগমম’ত কমল হাচানে বৃদ্ধৰ চৰিত্ৰত শ্বট দিয়াৰ সময়ত সুখী হ’ব পৰা নাছিল। ক'ৰবাত যেন ভুল হৈ আছে। বৃদ্ধৰ দৰে আচৰণ কৰাত ব্যৰ্থ হৈছে। ৰাছ-প্ৰিণ্টত দুবাৰমান চোৱাৰ পিছতহে ধৰিব পাৰিলে যে সংলাপ প্রক্ষেপণত ভুল হৈ আছে। কণ্ঠস্বৰ বৃদ্ধৰ দৰে হোৱা নাই। সেয়েহে ডাবিঙৰ সময়ত চিঞৰি চিঞৰি কণ্ঠস্বৰ ভাঙি লৈছিল। তাৰ পিছত আৰু আজিলৈকে প্ৰকৃত কণ্ঠস্বৰ ঘূৰাই নাপালে। কোনো চিকিৎসকেই ঘূৰাই দিব নোৱাৰিলে। চৰিত্ৰৰ সৈতে মিলি যোৱাৰ স্বাৰ্থত ‘পাগল অভিনেতা’ (অভিনয়ৰ নামত পাগল)-ইহে এনে কষ্ট বা ত্যাগ কৰিব পাৰে। নিজক শাৰীৰিক যন্ত্রণা দিব পাৰে। সেই শাৰীৰিক যন্ত্ৰণাৰ ফল কিমান মিঠা সেয়া উপলব্ধি কৰিব পাৰি ‘সাগৰ সংগম’ৰ দৰ্শক হোৱাৰ পিছত। এনেদৰে কমলে নিজৰ শৰীৰটোক যন্ত্রণা দিছিল ‘অভয়’ত শ্বট দিয়াৰ সময়ত। শ্বট দিয়াৰ পূৰ্বে প্রায় দুঘণ্টা শৰীৰ চৰ্চা কৰিব লগা হৈছিল। সঘনাই ওজন কম-বেছি কৰিব লগা হৈছিল। চিনেমাখনত কমলে দুটা চৰিত্ৰত অভিনয় কৰিছে। সন্দেহ নাই, শ্বট দিয়াৰ পূৰ্বে কৰা পৰিশ্ৰমৰ বাবেই চৰিত্ৰ দুটাৰ দূৰত্ব বাঢ়িছিল। এই দূৰত্ব বঢ়াব পৰা ক্ষমতাৰ বাবেই হয়তো কমল হাচান অনন্য।
‘ইণ্ডিয়ান’, ‘আপ্পু ৰাজা’তো কমল হাচানে ‘শ্রেষ্ঠ অভিনয়’কৰিছে। সন্দেহ নাই। অভিনয় ক্ষমতা কিন্তু স্পষ্ট হৈছে ‘সুন্দৰম’ পিৰাই’ (সদমা) আৰু ‘পুষ্পক’ত।’ ‘সুন্দৰম পিৰাই’ (‘সদমা’ নোচোৱা চিত্ৰৰসিক হয়তো কম ওলাব।)ৰ ক্লাইমেক্স ছিকুৱেন্সটো নিৰ্মাণ হৈছে কেৱল কমলৰ অভিনয়ৰ ক্ষমতাৰে৷ সংলাপ নাছিল। ‘নায়ক’ৰ যন্ত্ৰণা দৰ্শকক বুজাই দিছিল চেহেৰা আৰু শৰীৰ ভংগিমাৰে ৷ তেনেদৰে ‘পুষ্পক’ (সবাক যুগত নিৰ্মাণ হোৱা নির্বাক চিনেমা) চিনেমাখন হৈছিল কেমেৰাৰ ভাষা আৰু কমালৰ অভিনয়ৰে। কমলৰ অভিনয়ে সংলাপৰ অভাৱ অনুভৱ কৰাৰ অৱকাশ দিয়া নাছিল৷
এতিয়া কমল হাচান চৰ্চাৰ বিষয় হৈ আছে দশঅৱতাৰম’কলৈ। চিনেমাখনত দহটা চৰিত্ৰত অভিনয় কৰিছে। এইখনো হয়তো কমলে ‘অভিনেতা কমল’ক লৈ কৰা আন এটা পৰীক্ষা।
( ২০০৮ চনত লিখা। 'সাতসৰী’ত প্ৰকাশ পাইছিল।)
সোমবার, ৮ নভেম্বর, ২০২১
চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২
রবিবার, ৭ নভেম্বর, ২০২১
চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /১
------------------------------
অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত [ Assam State Film (Finance and Development) Corporation Ltd. ] চমুকৈ ASFFDC কিয়, কাৰ বাবে ব্যাখ্যাৰ নিশ্চয় প্ৰয়োজন নাই। অসমীয়া চিনেমাৰ উন্নয়নৰ বাবে, অসমীয়া চিনেমাৰ প্ৰসাৰৰ বাবে কোম্পানী আইন ১৯৫৬ৰ আধাৰত ১৯৭৪ চনৰ ৪ চেপ্তেম্বৰৰ দিনা অসম চৰকাৰে মুকলি কৰিছিল। তেতিয়াৰ পৰা এই বিভাগটোৱে কি কৰিছে, অসমীয়া চিনেমাৰ কিমান উন্নয়ন কৰিছে সেয়া অসমৰ চিত্ৰৰসিকে দেখি আহিছে।
অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ণ) নিগমে 'নিষিদ্ধ নদী'ৰে (২০০০) অসমীয়া চিনেমা নিৰ্মণৰ কাম আৰম্ভ কৰে। পৰৱৰ্তী সময়ত প্ৰযোজনা কৰে 'বন্ধন' (২০১২) আৰু 'সাত নম্বৰৰ সন্ধানত' (২০১৬)। আৰু কেইখন মান চিনেমা প্ৰযোজনা কৰিছিল, যি কেইখনৰ সহঃ প্ৰযোজক আছিল (২০১২ চনৰ পৰা)। নিগমৰ ৬০ শতাংশ- ব্যক্তিগত প্ৰযোজকে ৪০ শতাংশ বিনিয়োগ,মুঠ বাজেটৰ।
নিগমৰ ফালৰ পৰা কোৱা হৈছে-- '...এজন স্বাধীন চলচ্চিত্ৰ নিৰ্মাতাৰ সন্মুখত এক বৃহত প্ৰত্যাহবান হৈছে আৰ্থিক সীমাবদ্ধতা। সকলো স্বাধীন ছবি নিৰ্মাতাই নিজৰ ছবি এখন নিৰ্মাণৰ বাবে আৰ্থিক ৰূপত সক্ষম নহয় আৰু সেইকাৰণে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগম পৰিসীমিতই নতুন আৰু নিজৰ নাগৰিকৰ দ্বাৰা প্ৰস্তুত কৰা নতুন আৰু মূল প্ৰকল্পক আৰ্থিক ভাৱে সমৰ্থন দিয়াৰ এক প্ৰচেষ্টা হাতত লৈছে আৰু এইক্ষেত্ৰত অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগম পৰিসীমিতই ছবি প্ৰযোজনাৰ বাবে চৰকাৰী বে-চৰকাৰী অংশীদাৰিত্বত অসম চৰকাৰৰ পৰা আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিছে যত এই নিগমে ছবি নিৰ্মাণৰ বাবে ৬০ শতাংশ আৰু ব্যক্তিগত প্ৰযোজকে ৪০ শতাংশ বিনিয়োগ কৰে।' [অসম ৰাজ্যিক চলচ্চিত্ৰ(বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ website ৰ পৰা।] 'আৰ্থিক সাহাৰ্য্য প্ৰদান'বুলি উল্লেখ আছে যেতিয়া 'অৰ্থ উন্নয়ন' প্ৰসংগ অবান্তৰ বিষয়। কিন্তু 'আৰ্থিক সাহাৰ্য্য'ৰে নিৰ্মাণ হোৱা কেইখন চিনেমাই 'অসমীয়া চিনেমাৰ উন্নয়ন' কৰিলে? --এই প্ৰশ্ন অবান্তৰ নহয়। এই প্ৰসংগত বাৰে বাৰে আৰু কিমান চৰ্চা কৰিম? মথো কম-- চৰকাৰী টকাৰে বা 'আৰ্থিক সাহাৰ্য্য'ৰে আজিলৈকে 'গঙা চিলনীৰ পাখি', 'সাগৰলৈ বহুদূৰ', 'সাৰথি', 'ভিলেজ ৰকষ্টাৰ্ছ' , 'বৰনদী ভটিয়ায়'ৰ দৰে চিনেমা নিৰ্মাণ হোৱা নাই।
আমাৰ ধাৰণাত কথাটো এনে ধৰণৰ-- অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ চিনেমা নিৰ্মাণ ব্যবস্থাটোৱে পৰিপাটি নহয়। সম্ভৱতঃ বিভাগটোৰ নিৰ্দিষ্ট বাজেট থাকে, নিৰ্দিষ্ট সময়ত বাজেট খৰচ কৰটোৱে শেষ কথা!
অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত [ Assam State Film (Finance and Development) Corporation Ltd. ] চমুকৈ ASFFDC কিয়,