শুক্রবার, ৩০ জুন, ২০২৩
কিয় সফল হৈছিল "ৰত্নাকৰ", কিয় সফল "শ্ৰী ৰঘুপতি" /১
বৃহস্পতিবার, ২৯ জুন, ২০২৩
দ্য শ্লেমবুক : এটা প্ৰেমৰ গল্প
শনিবার, ২৪ জুন, ২০২৩
Wide angle: এখন নতুন অসমীয়া চিনেমা--উৎপল মেনা
বৃহস্পতিবার, ২২ জুন, ২০২৩
যাদৱ পায়েং
শনিবার, ১৭ জুন, ২০২৩
হোমৱ'ৰ্ক আৰু ভাৰতীয় শিশু চিনেমা প্ৰসংগ/২
শুক্রবার, ১৬ জুন, ২০২৩
Adipurush বনাম শ্ৰী ৰঘুপতি
বৃহস্পতিবার, ১৫ জুন, ২০২৩
হোমৱ'ৰ্ক আৰু ভাৰতীয় শিশু চিনেমা প্ৰসংগ/১
box office records...
শুক্রবার, ৯ জুন, ২০২৩
শ্ৰী ৰঘুপতি: শুব্ৰত কাকতিৰ পৰিপাটি ৰূপালী গল্প
📌কাহিনী, সংলাপ:
ৰূপালী গল্পটোৰ নায়ক-- ৰঘুপতি। এ ডি চি। (পাছত চাৰ্কোল অফিচাৰ! -কিবা খেলি-মেলি লগা কথা। বিনোদনহে মুল কথা! চলি যাব!) দুৰ্নীতিৰ আঁতৰত থকা বিষয়া। পিতৃ-মাতৃ, একমাত্ৰ ভগ্নী, প্ৰেয়সী-- এয়াই ৰঘুপতিৰ পৰিয়াল।
কাহিনী আগবাঢ়ে, মসৃন গতিত।
"সুখৰ গল্প"লৈ দুখ আহে-- শিশু সৰবৰাহ চক্ৰ এটাৰ এজনে ধৰ্ষণ কৰে, হত্যা কৰে ৰঘুপতিৰ ভগ্নীক।
আৰু ভগ্নীৰ মৃত্যুৰ পাছৰে পৰা গল্পৰ মুড সলনি হয়। কাহিনীলৈ খলনায়ক আহে। ৰঘুপতিয়ে শিশু সৰবৰাহ চক্ৰৰ বিৰূদ্ধে যুঁজ আৰম্ভ কৰে। শেষত নায়ক ৰঘুপতিৰ হাতত খলনায়কৰ মৃত্যু। শিশু সৰবৰাহ চক্ৰৰ কৱলৰ পৰা কেইবা গৰাকীয়ো কিশোৰীক উদ্ধাৰ।
কাহিনী লেখকে ৰাজনীতিক-ফেশ্বন জগতৰ একাংশ আৰু শিশু সৰবৰাহ চক্ৰক লৈ বিষয়বস্তুৰ ৰেখা এডাল টানছে।
আমাৰ ধাৰণাত-- এই চিনেমা খনৰ নিৰ্মাণ পৰ্বৰ প্ৰথমটো বিন্দু, চৰিত্ৰ (কাহিনী) কেন্দ্ৰীক বিষয়বস্তু।
আহিছো সংলাপলৈ।
চিনেমা খনৰ কাহিনীৰ টাৰ্ণি পইণ্ট দুটা।
দ্বিতীয়টো টাৰ্ণি পইণ্টত গতি দিছে সংলাপেৰে-- "ৰামচন্দ্ৰৰ আন এটা নাম ৰঘুপতি, ৰামৰ জন্ম হৈছিল লংকাৰ ৰাৱণক বিনাশ কৰিবলৈ, ৰাৱণ বিনাশ হ’ল সঁচা কিন্তু তাৰ পিছত জন্ম হ’ল হেজাৰ হেজাৰ ৰাৱণ।..." (এই সংলাপটোৱে মনলৈ আনি দিয়ে মৃদুল চুতীয়াৰ নাটক-- "লংকাবিহীন ৰাৱণ"। নাটক খনৰ মূল চৰিত্ৰটোত ৰবি শৰ্মাই আভিনয় কৰিছিল, ৰাজশ্ৰী থিয়েটাৰত।)
--এই সংলাপটোৰে (সিদ্ধাৰ্থ শৰ্মাক লৈ নিৰ্মাণ কৰা চৰিত্ৰটোৰ মুখত দিয়া) হতাশৰ মাজত সোমাই পৰা ৰঘুপতিক মুক্ত কৰিছিল। "গল্প"ক ৰঘুপতি কেন্দ্ৰীক গতি দি খলনায়কৰ বিৰূদ্ধে ঠিয় কৰাইছে।
বৃহস্পতিবার, ৮ জুন, ২০২৩
ৰঘুপতি! শ্ৰীৰঘুপতি!
বুধবার, ৭ জুন, ২০২৩
হীৰেন বৰাৰ চিনেমা
মঙ্গলবার, ৬ জুন, ২০২৩
ৰমেন বৰুৱা ...
সোমবার, ৫ জুন, ২০২৩
📌গুফি পেইণ্টল আৰু নাই
"আমাৰ পৰিশ্ৰমৰ সীমা নাছিল। যুদ্ধৰ দৃশ্যগ্ৰহণ কৰা হৈছিল ৰাজস্থানৰ জয়পুৰৰ ওচৰত। মই দেখি আছৰিত হৈছিলোঁ, যুদ্ধক্ষেত্ৰত ফ্ৰণ্ট লাইনৰ বাহিৰে আন মানুহৰ কাষ্টিঙৰ কোনো প্ৰয়োজন নাছিল। কাৰণ-- স্থানীয় লোকসকল নিজেই বিনামূলীয়াকৈ কাম কৰিবলৈ সাজু হৈছিল। পাৰিশ্ৰমিকৰ কোনো কথা নাছিল, যি পাইছিল-নাপাইছিল-- তাতেই সন্তুষ্ট আছিল। ধাৰাবাহিক খনত শ্ৰম দিয়াৰ সুযোগ পাইছিল, তাতেই সন্তুষ্ট আছিল।" --গুফি পেইণ্টলে কোৱা এইবোৰ কথাও আজি মনলৈ আহিছে।
১৯৮৮-১৯৯০ সময় চোৱাত যেতিয়া টিভিত "মহাভাৰত" telecast হৈছিল, হোৱা সময় খিনিত বাট-পথ জনশূন্য হৈ পৰিছিল। খণ্ডৰ সংখ্যা আছিল ৯৪টা।
"আমাৰ পৰিশ্ৰমৰ সীমা নাছিল। যুদ্ধৰ দৃশ্যগ্ৰহণ কৰা হৈছিল ৰাজস্থানৰ জয়পুৰৰ ওচৰত। মই দেখি আছৰিত হৈছিলোঁ, যুদ্ধক্ষেত্ৰত ফ্ৰণ্ট লাইনৰ বাহিৰে আন মানুহৰ কাষ্টিঙৰ কোনো প্ৰয়োজন নাছিল। কাৰণ-- স্থানীয় লোকসকল নিজেই বিনামূলীয়াকৈ কাম কৰিবলৈ সাজু হৈছিল। পাৰিশ্ৰমিকৰ কোনো কথা নাছিল, যি পাইছিল-নাপাইছিল-- তাতেই সন্তুষ্ট আছিল। ধাৰাবাহিক খনত শ্ৰম দিয়াৰ সুযোগ পাইছিল, তাতেই সন্তুষ্ট আছিল।" --গুফি পেইণ্টলে কোৱা এইবোৰ কথাও আজি মনলৈ আহিছে
🔴৪ অক্টোবৰ ১৯৪৪-ত এটি শিখ পৰিয়ালত জন্ম হৈছিল গুফি পেইণ্টলৰ। মাক-দেউতাকে আশা কৰিছিল-- গুফি অভিযন্তা হওক। ইঞ্জিনিয়াৰিং কলেজত ভৰ্টিও হৈছিল। কিন্তু গুফিৰ মন আছিল-- অভিনয়ত।
আৰু এদিন নিজৰ মনৰ অনুভৱক গুৰূত্ব দি বলিউডত খোজ পেলাইছিল।
বলীউডত খোজ দিয়াৰ পূৰ্বে:
১৯৬২ চনত চীন-ভাৰতৰ যুদ্ধৰ সময়ত ভাৰতীয় সেনাবাহিনীত যোগদান কৰে। সেই সময় চোৱাত, সীমান্তত ৰামলীলাৰ লোকনাট দেখিছিল, অনুভৱ কৰিছিল, আগ্ৰহ বাঢ়িছিল। আৰু এদিন সীতাৰ চৰিত্ৰত অভিনয় কৰৰ সুযোগ পাইছিল। এনেদৰেও কব পাৰি, মনত পোখা মেলি
থকা 'অভিনয়' মনৰ আৰু গভীৰলৈ
শিপাইছিল। আৰু ভাৰতীয় ফিল্ম এণ্ড
টেলিভিছন ইনষ্টিটিউটত প্ৰশিক্ষণ লোৱা
ভাতৃৰ সহায়ত বলীউডত কাষ্টিং
ডাইৰেক্টৰ "কেৰিয়াৰ" আৰম্ভ কৰে।
মডেলিং, চিনেম-ধাৰাবাহিকত অভিনয়,
সহকাৰী পৰিচালকৰ কাম হাতলৈ আহে।
📌আভিনয় কৰা চিনেমা: ১৯৭৫ চনত "ৰাফু চক্কৰ",১৯৭৮ চনত "দিল্লাগী", ১৯৭৮ চনত "ডেচ পাৰ্ডেছ",
১৯৯৪ চনত "সুহাগ" , ১৯৯৫ চনত "মৈদান-ই-জং",
১৯৯৭ চনত "দাভা" , ২০০০ চনত "প্ৰতিশোধ",২০০৬ চনত "ঘুম", ২০১৩ চনত "মহাভাৰত ঔৰ বৰবাৰীক" , ২০১৪ চনত "সম্ৰাট এণ্ড কো"।
📌আভিনয় কৰা টিভি ধাৰাবাহিক: বাহাদুৰ শ্বাহ জাফৰ, মহাভাৰত, কানুন, সৌদা, ওম নমহ শিৱয়, আকবৰ বীৰবল, চি আই ডি, Ssshhhh...কই হায়, মেজিক মেক-আপ বক্স, দ্বাৰকাধীশ ভাগৱন শ্ৰী কৃষ্ণ, শ্ৰীমতী কৌশিক কি পাঞ্চ বহুৱৈ, ভাৰত কা বীৰ পুত্ৰ – মহাৰাণ প্ৰতাপ, কৰ্মফল দাতা শনি, কৰ্ণ সাংগিনী, ৰাধাকৃষ্ণ, জয় কনিয়া লাল কি।
📌নেত্ৰি-অভিনেত্ৰি /২
রবিবার, ৪ জুন, ২০২৩
📌নেত্ৰী-আভিনেত্ৰী
শনিবার, ৩ জুন, ২০২৩
📌বীৰাংগণা সাধনী
হিট অসমীয়া চিনেমাৰ প্ৰযোজকৰ হুমুনিয়াহ, চৰকাৰী চিনে বিলাস/৪
প্ৰায় এবছৰ পাছত আকৌ এই চৰ্চা। (চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /৪ ৰ পাছত)
অপেক্ষা কৰিলোঁ। অনুভৱ কৰিলোঁ। অসমীয়া চিনেমাৰ উন্নয়ণৰ স্বাৰ্থত ASFFDC -য়ে কি কাম কৰিলে বুজিবলৈ চেষ্টা কৰিলোঁ।
filmfinance.assam.gov.in/as ৱেবছাইটত চকু ফুৰালোঁ, বিভাগটোৰ 'কাম' বুজিবলৈ।
" ASFFDC-এ নিম্নোক্ত কাৰ্যাৱলী সম্পাদন কৰে।
>>অসমীয়া ছবি প্ৰযোজনা কৰিবলৈ বিত্তৰ যোগান।
>>শিল্পী কল্যাণ নিধি যোগে চলচ্চিত্ৰৰ সৈতে
জড়িত শিল্পী, কলা-কুশলীলৈ আৰ্থিক
সহযোগিতা আগবঢোৱা।
>>চলচ্চিত্ৰ সংগ্ৰহালয় যোগে চলচ্চিত্ৰ সম্পৰ্কীয়
সামগ্ৰী, নথি আদিৰ সংৰক্ষণ, প্ৰদৰ্শন।
>> ফিল্ম আৰ্কাইভত ছবিৰ প্ৰিণ্ট সংৰক্ষণ
>> ভাৰাৰ বিনিময়ত ১০০জনীয়া আসনৰ
বাতানুকুল প্ৰেক্ষাগৃহৰ ব্যৱস্থা কৰা।
>>ভাৰাৰ বিনিময়ত শ্বুটিং জেনেৰেটৰ ভেনৰ
যোগান।"
সীমান্ত শেখৰৰ নেতৃত্বত এই 'কাৰ্যাৱলী'ৰ সম্পাদন কেনেদৰে আগবাঢ়িছে জানিবলৈ, বুজিবলৈ চেষ্টা কৰি আছোঁ। আমি বুজিবলৈ চেষ্টা কৰি আছোঁ-- মাজে মাজে যে বিভাগটোৰ ফালৰ পৰা অসমীয়া চিনেমাৰ উন্নয়ণৰ বাট বিছাৰি মুম্বাইলৈ যায়! কান চলচ্চিত্ৰ মহোৎসৰলৈ যায়! --কিয় যায়?
যোৱা সকলৰ পৰা আমি নিশ্চয় বুজিবলৈ চেষ্টা কৰিম-- মুম্বাই, কানলৈ চৰকাৰী খৰচত গৈ অসমীয়া চিনেমাৰ উন্নয়ণৰ বাবে কি 'মন্ত্ৰ'নো আনিলে, আনি ASFFDC-ক দিলে?
ৰাজ্যৰ বাহিৰত অসমীয়া চিনেমাৰ বাবে
বজাৰ ইত্যাদিৰ যদি সন্ধান পাইছে মুকলিকৈ
জনালে অন্তঃত বুজিব পাৰিম-- এই যে মুম্বাই,
কান যাত্ৰ, এয়া 'চৰকাৰী চিনে বিলাস' নহয়।
অসমীয়া ভাষাত বলীউড, তামিল-তেলেগু ভাষাৰ বাণিজ্যিক শৈলীৰে নিৰ্মাণ হোৱা চিনেমাৰ বজাৰ চিন্তা ASFFDC -য়ে কৰাৰ প্ৰয়োজন নাই। ভাল ভাল অসমীয়া চিনেমা নিৰ্মাণ হৈছে, হৈ আছে। এই চিনেমাবোৰৰ বাবে অসমৰ বিভিন্ন স্থানত 'বজাৰ'ৰ সুবিধা কৰি দিয়াটোহে ASFFDC-ৰ দায়িত্ব বুলি ভাবো। 'গৰু', 'অনুৰ' আদিয়ে নিজা উদ্যোগত নিজৰ নিজৰ চিনেমা অসমৰ বিভিন্ন প্ৰান্তলৈ লৈ গৈছে। সফলো হৈছে। সফল হোৱা এই স্থান বোৰত যদি চিত্ৰগৃহ থাকিল হেতেন!
আমি বাৰে বাৰে কৈ আহিছোঁ--, অসমৰ
বাহিৰত, দেশৰ বাহিৰত বজাৰৰ সন্ধান
কৰক! প্ৰথমে অসমীয়া চিনেমাৰ বাবে
অসমৰ বজাৰ খন ঠিক কৰি দিয়ক। --মনত
ৰখা ভাল এখন 'ৰত্নাকৰ', এখন 'মিছন
চাইনা'ই অসমীয়া চিনেমীয়া চিনেমাৰ স্থানীয়
বজাৰ খন স্থায়ী, স্থিৰ নকৰে। 'কথানদী',
'গৰু', 'বৰনদী ভটীয়াই', 'মেডইন নলবাৰী'ৰ
দৰে অসমীয়া চিনেমাৰ ধাৰিবাহিক
বাণিজ্যিক সফলতাৰেহে স্থায়ী স্থানীয় বজাৰ
নিৰ্মাণ সম্ভৱ।
--আৰু?
কোটি টকা বাজেটৰ অসমীয়া ভাষাৰ চিনেমাৰ 'চুপাৰ-ডুপাৰ' ব্যৱসায়ে অসমীয়া চিনেমাৰ বাণিজ্যিক গতি দ্ৰুত কৰা নাই, মন্থৰহে কৰি আহিছে। (ক্ৰমশ:)