মঙ্গলবার, ৩১ জানুয়ারি, ২০২৩

পুৱা ৮.৩০ বজাত দিয়াতকৈ নিদিয়াই ভাল। কোন আহিব ৮.৩০ বজাত "অনুৰ" চাবলৈ?

দৰ্শক আহিছে। অসমীয়া চিনেমা এখন চাবলৈ দৰ্শকে  ভিৰ কৰিছে। বলিউড বা তমিল-তেলেগু চিনেমাৰ ("জনপ্ৰিয় ফৰ্মুলা"ৰে) শৈলীৰে বা কাহিনী, সংলাপ, চৰিত্ৰ কপি কৰি নিৰ্মাণ কৰা অসমীয়া চিনেমা নহয়, মৌলিক চিনচিন্তাৰে, অনুৰাধা শৰ্মা পূজাৰীৰ জনপ্ৰিয় গল্পৰ আধাৰত ৰচনা কৰা চিত্ৰনাট্যৰে নিৰ্মাণ কৰা অসমীয়া চিনেমা এখন চাবলৈ দৰ্শকে ভিৰ কৰিছে। --আজিৰ তাৰিখত "অসমীয়া চিনেমা"ৰ বাবে ইয়াতকৈ ভাল খবৰ কি হ'ব পাৰে! কিন্তু দুখৰ বিষয়, এই যে মঞ্জুল বৰুৱাৰ মৌলিক চিনেচিন্তাৰে নিৰ্মাণ হোৱা অসমীয়া চিনেমা খনে "বজাৰ সফলতা" পাইছে, এই "সফলতা"ক একাংশই বাধা দিয়াৰ অভিযোগ চৰ্চালৈ আহিছে। চিনেমা খনৰ পৰিচালক মঞ্জুল বৰুৱাৰ প্ৰশ্ন-- "ভালকৈ চলি থকা 'অনুৰ' চিনেমাখন দৰ্শক নহবলৈ আপ্ৰাণ চেষ্টা কৰি থকা হৈছে। এইবাৰ হঠাৎ সময়টো ৰাতিপুৱা ৮.৪০ (পুৱা) কিয় কৰি দি দিলে ?"
 --হয়, পুৱা ৮.৩০ বজাত দিয়াতকৈ নিদিয়াই ভাল। কোন আহিব ৮.৩০ বজাত "অনুৰ"  চাবলৈ?
আৰু ভিন্ন সময়! চিনেমা খন সোনাৰিৰ কল্পনা চিনেমাহলত যোৱা শুকুৰবাৰে "হাউছফুল" হৈছিল। স্বাভাৱিকতে সপ্তহটো একেটা সময়তে প্ৰদৰ্শন হ'ব লাগিছিল। নহ'ল! প্ৰদৰ্শন হ'ল শনিবাৰ - ১২.৪৫, দেওবাৰে-সোমবাৰে ১২.২০, মঙ্গলবাৰে ১২.১০ বজাত। পৰিচলক মঞ্জুল বৰুৱাৰ প্ৰশ্ন-- "চিনেমাৰ শ্ববোৰ সদায় সলনি কৰি দৰ্শকক বিভ্ৰান্তি কৰাৰ উদ্দেশ্য কি ?" --এই প্ৰশ্ন আমাৰো। উত্তৰ কোনে দিব? চিত্ৰগৃহৰ মালিকক এই প্ৰশ্নৰ উত্তৰ দিবলৈ বাধ্য কৰাব নে বা কৰাব পাৰিবনে, অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমে। 

শনিবার, ২৮ জানুয়ারি, ২০২৩

গুণসিন্ধু হাজৰিকা আৰু নাই

১৯৯৩ চনত চিত্ৰগৃহলৈ অহা এখন অসমীয়া চিনেমা-- "অবুজ বেদনা"। এই চিনেমা খনেৰে চৰ্চালৈ আহিছিল গুণসিন্ধু হাজৰিকা। কাৰণ? কেৱল অনুভৱেৰে চিনেমা খন পৰিচালনা কৰিছিল; আৰু এই খন আছিল পৰিচালক গৰাকীৰ প্ৰথম স্বাধীন পৰিচালনা। সফল পৰিচালনা। কেৰালাৰ থিৰুঅনন্তপুৰমত অনুষ্ঠিত আন্তৰ্জাতিক শিশুচলচ্চিত্ৰ মহোৎসৱত চিনেমাখন প্ৰদৰ্শিত হৈছিল। আৰু পৰৱৰ্তী সময়ত চিনেমা খনৰ হিন্দী ডাবিং দূৰদৰ্শন (চেনেল)ৰ ৰাষ্ট্ৰীয় কাৰ্যক্ৰমত প্ৰদৰ্শিত হৈছিল। এই গৰাকী চিনেকৰ্মীৰ বিষয়ে মুকলিকৈ চৰ্চা হৈছিল "সমকাল" নামৰ আলোচনী এখনত। যিমানদূৰ মনত পৰে সেই চৰ্চা কৰিছিল সেই সময়ত আলোচনী খনৰ সম্পাদনা বিভিগত জড়িত থকা, বৰ্তমান সময়ৰ চিনেমা পৰিচালক হেমন্ত কুমাৰ দাসে। সেই চৰ্চাৰ পাছত আমি পৰিচালক গৰাকীক লগ পাইছিলোঁ, দুবাৰ। আৰু দুবাৰ লগ পোৱাৰ পাছত দুখন প্ৰতিবেদন যুগুত কৰিছিলোঁ "ইস্তাহাৰ" ( মুখ্য সম্পাদক: পদ্ম বৰকটকী) নামৰ সাপ্তাহিক খনত। চিনেকৰ্মী গৰাকীয়ে মনত দুখলৈ কৈছিল  "নয়নমণি" চিনেমি খনৰ কাম কৰি থাকোঁতে  দৃষ্টিশক্তি হেৰুৱায়ৰ কথা। "দৃষ্টি হেৰুৱাছো, মন কিন্তু সতেজ হৈয়ে আছে। মনৰ মাজত আৰু বহু পৰিকল্পনা আছে। এটা এটাকৈ কৰি যাম!" --পৰিচালক গৰাকীয়ে কৈছিল, বাস্তৱত কিন্তু কামবোৰ হোৱা নাছিল, পৰিচালক গৰাকী হেৰাই গৈছিল, আৰ্থিক সমস্যাই চিনেকৰ্মৰ পৰা আটৰাই নিছিল। আৰু আজি খবৰ পালোঁ-- পৰিচালক গৰাকী আৰু নাই। ১৯৩৫ চনত নগাঁৱৰ কামপুৰৰ তেতেলিসৰা গাঁৱত জন্ম হোৱা গুণসিন্ধু হাজৰিকা আজি উভতি নহা বাটেৰে গ'লগৈ।
--গুণসিন্ধু হাজৰিকাই চিনেকৰ্ম আৰম্ভ কৰিছিল শ্ব'মেন ৰাজকাপুৰৰ এখন চিনেমাত, স্পটবয়ৰ কামেৰে। কানুন ৰং লায়েগী, জব য়াদ কিসিকী আতি হ্যায় নামৰ দুখন হিন্দী চিনেমা আৰু কেইবা খনো ভোজপুৰী চিনেমাৰ পৰিচালনা বিভাগতো কাম কৰে। কিন্তু বলিউডত বিশেষ সুবিধা কৰিব নোৱাৰিলে। নোৱাৰি অসমলৈ উভতি আহে। আৰু মণিৰাম দেৱান, সন্ধ্যাৰাগ, ললিতা, অনিৰ্বাণ, তৰামাই, মৰমী, আদালত,  নয়নমণি আদিত।
           ফটো: হেমন্ত কুমাৰ দাস

বৃহস্পতিবার, ২৬ জানুয়ারি, ২০২৩

শ্ৰীলেখা মুখাৰ্জী

cinema by: Utpal Mena
আমি "অনুৰ" চাম। আমি লিফটেৰে ওপৰলৈ গৈ থকা সময়ত তৰালিয়ে (সংগীত শিল্পী তৰালি শৰ্মাই) ক'লে-- "এয়া শ্ৰীলেখা..."। পাছৰ খিনি শুনা নাছিলোঁ। মহিলা গৰাকীৰ ফালে চাই হাঁহিছিলো মাত্ৰ। মহিলা গৰিকীয়েও কিবা এটা কৈছিল। মই শুনা নাছিলোঁ। শুনা নাছিলো বাবেই বুজা নাছিলো। (মোৰ হৈ) তৰালিয়ে কিবা এটা উত্তৰ দিছিল। আমি পিভিআৰ পাইছিলোঁ। নিৰ্দিষ্ট চিনেমা খনলৈ আৰু কিছু সময় অপেক্ষা কৰিব লাগিব! আমি এৰা এৰি হৈছিলোঁ যদিও তৰালিয়ে চিনাকী কৰি দিয়া মহিলা গৰাকী আকৌ আমাৰ ওচৰ পালে! কথা আৰম্ভ কৰিলে। চিনেমাৰ কথা। ক'লে--"আপুনি হয়তো মোক চিনি পোৱা নাই। মই শ্ৰীলেখা মুখাৰ্জী। "লাজ"ত এইৰ (ওচৰতে ঠিয় হৈ থকা "লাজ"ৰ মূল চৰিত্ৰত অভিনয় কৰা জাফ্ৰিনক দেখুৱাই) মাকৰ চৰিত্ৰত অভিনয় কৰিছিলোঁ।"
 মই লাজ অনুভৱ কৰিছিলোঁ। শ্ৰীলেখা মুখাৰ্জীৰ দৰে অভিনেত্ৰী গৰাকীক চিনি নোপোৱা বাবে! 
 --শ্ৰীলেখা মুখাৰ্জী। ভাৰতীয় বাঙালি অভিনেত্রী। নবেন্দু চ্যাটার্জিৰ পৰিচালনাৰে নিৰ্মিত বাংলা চিনেমা "পৰশুৰামেৰ কুঠাৰ" (১৯৮৯)-ত কৰা অভিনয়ৰে ৰাষ্ট্ৰিয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল, শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত। নবেন্দু চ্যাটার্জিৰ "শিল্পী" (১৯৯৪) "দ্য ৰেড ক্যাপ" (চুটি/ ২০১৯) অভিনেত্ৰী গৰাকীৰ আন দুখন চৰ্চিত বাংলা চিনেমা। মণি ছি কাপ্পানৰ দ্বিভাষিক (অসমীয়া, বাংলা ৰোমান্টিক কমেডি) চিনেমা "বৰলাৰ ঘৰ" (২০১২)-তো অভিনয় কৰিছিল।
--স্বাভাৱিকতে মোৰ বাবে লাজৰ কথা, এই গৰাকী অভিনেত্ৰীক চিনি নোপোৱাতো। (ফটোত শ্ৰীলেখা মুখাৰ্জীৰ সৈতে)

বুধবার, ২৫ জানুয়ারি, ২০২৩

অনুৰ: একাকীত্বৰ বেদনা

"অনুৰ" চালোঁ। চিনেমা খনৰ গতি, কাহিনীৰ গতি "চৰিত্ৰ" কেন্দ্ৰীক। এটা চৰিত্ৰক কেন্দ্ৰ কৰি আগ বঢ়াই নিছে; আৰু সেই "চৰিত্ৰ"টোতে শেষ কৰিছে। চৰিত্ৰটোৰ নাম-- অনুপমা বৰুৱা। চৰিত্ৰটো নিৰ্মানত পৰিচালক-চিত্ৰনাট্যকাৰ মঞ্জুল বৰাই "গতি"ত গুৰুত্ব দিয়া নাই, "পূৰ্ণতা"ত গুৰুত্ব দিছে। চৰিত্ৰটো বিন্যাসত অধিক ফুটেজ ব্যৱহাৰ কৰিছে। এনে "সম্পূৰ্ণ নাৰী চৰিত্ৰ" অসমীয়া চিনেমাত খুউব কম নিৰ্মাণ হৈছে। আমাৰ মনত ইমান দিনে সেউজ হৈ থকা জাহ্নু বৰুৱাৰ "ফিৰিঙতি"ৰ শিক্ষয়ত্ৰী (মলয়া গোস্বামী) গৰাকী, ভৱেন্দ্ৰ নাথ শইকীয়াৰ "অগ্নিস্নান"ৰ মেনকা (মলয়া গোস্বামী) যেন ধূসৰ হৈছে মঞ্জুল বৰুৱাৰ "অনুপমা বৰুৱা" (ডাঃ জাহানাৰা বেগম) অনুভৱ কৰি থকা সময়ত। ইয়াৰ কাৰণ কেৱল অভিনয় নহয়, চৰিত্ৰ নিৰ্মাণ শৈলী আৰু দৈৰ্ঘয়ো। উল্লেখ কৰা বিশেষ পৰিচালক দুগৰাকীৰ বিশেষ চৰিত্ৰ দুটা নিৰ্মাণ হৈছিল কাহিনী কোৱাৰ বাবে, বিষয়বস্তু উত্থাপনৰ বাবে। আৰ্থাৎ কাহিনীৰ বাবে চৰিত্ৰ। কিন্তু "অনুৰ"ৰ কাহিনী চৰিত্ৰ (অনুপমা বৰুৱা) কেন্দ্ৰীক। "অনুপমা বৰুৱা" বিন্দুটোৰ সৰল ৰৈখিক গতিয়ে কাহিনীৰ আকাৰ লৈছে, কাহিনী শেষ হৈছে। "অনুপমা বৰুৱা" বিন্দুটোৱে চুই গৈছে আন কেইটা মান বিন্দু। কেইটা মানৰে এটা-- ওম জ্যোতি দাস (বলৰাম দাস)। মঞ্জুলে নিৰ্মাণ কৰা চিনেমা খনৰ আন এটা পৰিপাটি চৰিত্ৰ। সামান্যও সন্দেহ নৰখাকৈ ক'ব পৰি অভিনেতা গৰাকীৰ বাস্তৱিক অভিনয় (realistic acting) ৰূপালী গল্পটোৰ অনন্য সৌন্দৰ্য। আন কেইটামান বিন্দু-- এমিনা, নিজু, অভিষেক, লছিথ মডলিয়াৰ। লছিথ মডলিয়াৰ অনুপমা বৰুৱাৰ প্ৰতিবেশী। জিলা শাসন কৰা ( প্ৰাক্তন জিলা উপায়ুক্ত...) লছিথ মডলিয়াৰ দুখ-- নিজৰ ঘৰ খনেই শাসন কৰিব নোৱাৰিলে। কাম কৰা ল'ৰা এজনৰ সৈতে জীৱন পাৰ কৰিছে। এই চৰিত্ৰটো মঞ্জুলে নিৰ্মাণ কৰিছে ভাৰতীয় চিনেমাৰ প্ৰথম শ্ৰেণীৰ অভিনেতা (নাট্যকৰ্মী, চিনেকৰ্মী) ৰজত কাপুৰক লৈ। এই চৰিত্ৰটোৰ লগতে নিজু বড়ো (বিদ্যা ভাৰতী), এমিনা (ৰাজশ্ৰী শৰ্মা), আৰক্ষী বিষয়া (বিভূতি ভূষণ হাজৰিকা), অনুপমা-পুত্ৰ অভিষেক (উদয়ন দুৱৰা) কে ধৰি প্ৰতিটো চৰিত্ৰ "বাস্তৱ সমাজৰ চৰিত্ৰ"লৈ ৰূপান্তৰ কৰাতো পৰিচালক সফল। চৰিত্ৰৰ চিনমেটিক সৌন্দৰ্য (Cinematic beauty) বুলি যে কোৱা হয়, "অনুৰ"ৰ ক্ষেত্ৰতো ক'ব পাৰি।
অনুপমা বৰুৱাৰ মন্থৰ বিন্যাসৰ বিপৰীতে আন কেইটা চৰিত্ৰৰ বিন্যাস দ্ৰুত। দ্ৰুত, স্পষ্ট। 
পৰিচালকৰ উদ্দেশ্য ইয়াত স্পষ্ট-- অনুৰ গল্প কোৱা। অনুপমা বৰুৱাৰ গল্প কোৱা। আঙ্গিক, সাত্ত্বিক অভিনয়ত গুৰুত্ব দি কেমেৰাৰ ভাষাৰে চৰিত্ৰটোৰ নিৰ্মাণ কাৰ্য আগুৱাই নিছে। মেদহীন সংলাপ। দৰ্শকে জানিব পাৰে মানুহ গৰাকী অকলে থাকে। inverterটো বেয়া (inverterটোও এটা চৰিত্ৰ। বেয়া হৈছে। ভাল কৰিব দিছে। ভাল কৰাৰ পাছত আকৌ লগাইছে। Short circuit হয়।ৰূপালী গল্পটো শেষ হৈছে এই "চৰিত্ৰ"টোৰে দৰ্শকক ভৱাৰ অৱকাশ দি।) হৈছে। পুত্ৰ-বোৱাৰী আৰু একমাত্ৰ নাতি বিদেশত থাকে। নাতি-আইতাকৰ খবৰ সম্পৰ্কৰ মাধ্যম "ফোন"। স্বামীহীনা বৃদ্ধা অনুৰ পুত্ৰ অভিষেকেও মাকৰ নিৰন্তৰ খবৰ ৰাখে "ফোন"ত। দৰ্শকে অনুভৱ কৰে অনুৰ, মানে অনুপমা বৰুৱাৰ নিঃসংগতা, মনৰ ভয়। "চাইক'ছিছ" বা "ইল্যুশ্যনেল ফিয়াৰ"। --মহানগৰীৰ অকলশৰীয়াকৈ থকা মানুহৰ নিৰাপত্তাহীনতাৰ "খবৰে" চুই যায় অনুপমা বৰুৱাক।  ভয় বাৰে। ৰ'দ লগাবলৈ অহা লছিথ মডলিয়াৰো (নিজৰ "ৰ'দালি এপাৰ্টমেন্ট"ত ৰ'দ নপৰে। অনুপমা বৰুৱাৰ চোতালত ৰ'দ লগাব আহে! অপূৰ্ব।) ভয়ৰ কাৰণ হৈ পৰে। 
আৰু কাহিনী আগবঢ়াৰ পাছত  অনুপমা বৰুৱাৰ অতি ওচৰৰ হৈ পৰে লছিথ মডলিয়াৰ।
 কাষে-পাজৰে থকা "ফোন"ৰ সংগীয়ে দিব নোৱাৰা   নিৰাপত্তাৰ অনুভৱ কৰে লছিথ মডলিয়াৰ ওচৰত। পুত্ৰই অনুপমাক নিজৰ সৈতে বিদেশলৈ নিয়াৰ কথা কয়, লছিথ মডলিয়াৰে কয়
-- আপুনি যাওক গৈ।
 অনুপমাৰ উত্তৰ-- "আপোনাক এৰি যাব পাৰিম জানো!"
-- লছিথ মডলিয়া। অসমতে কাম কৰি অৱসৰ লোৱা এজন হিন্দীভাষী আইএএচ  বিষয়া। নিজৰ ফ্লেটত ৰ'দ নপৰে। চিকিৎসকৰ পৰামৰ্শ গাত ৰ'দ লগাব লাগে। গতিকে প্ৰতিবেশী অনুপমা বৰুৱাৰ ঘৰলৈ ৰ'দ লগাবলৈ আহে। এই যে ৰ'দ লগাবলৈ আহে সহজ ভাবে লব পৰা নাছিল অনুপমা, ওম, এমিনাই। কাহিনী আগবাঢ়ে।
নিশা অনুপমাক মাৰি-বান্ধি কোনোৱে কিবা-কিছু লৈ যায়। লছিথ মডলিয়াৰ সহায়ত অসুস্থ হৈ পৰা অনুপমা হাস্পাটাল পায়। আৰু আগবাঢ়ে এটা প্ৰেমৰ কাহিনী। "আপোনাক এৰি যাব পাৰিম জানো!" --এই সংলাপটোতে পূৰ্ণতা পায় প্ৰেমৰ কাহিনী ভাগ। পৰিচালক-চিত্ৰনাট্যকাৰ সু-পৰিকল্পিত সংমিশ্ৰণ, নিঃসংগতা-প্ৰেম কাহিনী।
--কোৱা হয়, কেমেৰাৰ ভাষাৰ পাছতে চিনেমাৰ প্ৰধান অলংকাৰ সংগীত-শব্দ আৰু সংলাপ। সংগীত তৰালি শৰ্মাৰ। শব্দ সংযোজন অমৃত প্ৰীতমৰ, স্থলশব্দ সংযোজন দেৱজিত গায়নৰ। চিনেমা খনত সংগীত-শব্দই background music-ৰ "কাম" কৰিছে।
চিনেমাত background music-এ বক্তব্যক সহজ, অৰ্থপূৰ্ণ আৰু সতেজ কৰি তোলে। "অনুৰ"ত কেতিয়াবা শব্দহীনতাও সংগীতলৈ ৰূপান্তৰ হৈছে, শব্দহীন ঘৰটোত ঘড়ীটোৰ টিকটিকেও যেন সংগীত হৈ পৰিছে। (টিক টিক শব্দই নিৰৱতাক আৰু নিৰৱতাৰ অনুভৱ দিছে। "সময়" আগুৱাই নিছে।) স্কুটিখন দূৰলৈ গুছি যোৱা, পাচলি বেপাৰীৰ মাত, এম্বুলেঞ্চৰ চাইৰেন ইত্যাদি (শব্দ সংযোজন) আৱহ সংগীতলৈ ৰূপান্তৰ হৈ ৰূপালী গল্পটো "বাস্তৱ"ৰ ওচৰলৈ যোৱাত সহায় কৰিছে, কাহিনীক গতি দিছে। ব্যৱহাৰ কৰা ( - 'ধূলিয়ৰি বাট /সময়ৰ ছাঁত/আপোন-পৰ কোন কি - হিচাপ...', 'দিন যায় ৰাতি নুপুৱায়/ক্ষণ যায় ক্ষণ নাযায়...' তৰালি শৰ্মাৰ কথা-সংগীত, ৰূপম ভূঞাৰ কণ্ঠ। ‘শুকান শুকান মন হ'ল জীপাল/অকলশৰে ফুল ফুলা ডাল...' তৰালি শৰ্মাৰ কণ্ঠ। কথা-সুৰ তৰালি শৰ্মা। চুই যোৱা সুৰ, মনত ৰৈ যোৱা কথা। চিনেমাৰ গল্প যি বাটে আগবাঢ়িছে, সেই "বাট"ৰে ছবি আঁকিছে কথাৰে, সুৰেৰে।) গীতাংশই পৰিৱেশ নিৰ্মাণ কৰিছে, গল্পৰ গতিত সহায় কৰিছে।
--চিনেমা নিৰ্মাণ কৰে "চিনেমা"ৰ বাবে।
--চিনেমা নিৰ্মাণ কৰে "চিনেমাৰ বজাৰ"ৰ বাবে।
-- বজাৰ কেন্দ্ৰীক চিন্তাৰেও "চিনেমা"ৰ বাবে চিনেমা নিৰ্মাণ কৰে। 
--মঞ্জুল বৰুৱা "চিনেমা"ৰ বাবে চিনেমা পৰিচালনা কৰা পৰিচালক। এই "ধাৰা"ৰ পৰিচালকৰ পৰিচালনা শৈলীৰ বিশেষ লক্ষ্য থাকে। আমাৰ ধাৰণাত "অনুৰ"ত মঞ্জুলৰ লক্ষ্য চৰিত্ৰ নিৰ্মাণ। জনপ্ৰিয় সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ  মন চুই  যোৱা গল্প "ভালপোৱাৰ সময়"ৰ বুনিয়াদত চৰিত্ৰ নিৰ্মাণ কৰিছে, চৰিত্ৰক গতি দিছে। মূল "গল্প"টোৰ পৰা চিত্ৰনাট্যকাৰ মুক্ত। এই যে মুক্ত, সেয়া স্বাভাৱিক, মাধ্যম দুটা (সাহিত্য, চিনেমা)-ৰ দূৰত্বৰ বাবে।  
--"মুক্ত"হৈ যে বৃদ্ধাৱস্থাৰ নিঃসংগতা আৰু নিৰাপত্তাহীনতাৰ মুক্তিৰ সন্ধান কৰিছে, চিনেমেটিক কাৰবাৰেৰে, তাতেই মঞ্জুলৰ চিনে দক্ষতা স্পষ্ট। এই চিনে সফলতাৰ পাছতো কিন্তু ক'ব লাগিব-- সম্পাদনাৰ টেবুলত কিছু পৰিশ্ৰমৰ প্ৰয়োজন আছিল, কঠোৰ হোৱাৰ প্ৰয়োজন আছিল। কিছু সংকোচনৰ প্ৰয়োজন আছিল।আৰু দুই-এক ত্ৰুটি অৱশ্যেই আছে। কিন্তু ত্ৰুটি চিনে সৌন্দৰ্যত দাগ হোৱা পৰ্যায়ৰ নহয়। 
শেষত অৱশ্যেই প্ৰশংসা কৰিম পৰিচালকৰ প্ৰধান সেনাপতি সুমন দুৱৰাক। --হয়, দক্ষ চিত্ৰগ্ৰহণকাৰী গৰাকীয়ে পৰিচালকৰ নিৰ্দেশত কেমেৰাত ধৰি ৰাখিছিল অনুৰ নিঃসংগতা ইত্যাদি।


মঙ্গলবার, ২৪ জানুয়ারি, ২০২৩

ভাৰতৰ চিনেমাৰ বজাৰত "বাদশ্বাহ" হৈ থাকিবলৈ শ্বাহৰুখ খানৰ বাবে প্ৰয়োজন হাজাৰ কোটি টকা কালেকচল কৰিব পৰা চিনেমা এখনৰ।

indian cinema by: Utpal Mena
"পাঠান" হয়তো চলিব! 
চলাব! 
ফৰ্মুলা নতুন নহয়, সেই একেই, বছৰৰ পাছত বছৰ ধৰি চলাই অহা। 
প্ৰচাৰত অভিনেতাৰ পৰা ৰাজনৈতিক নেতালৈ "সহায়" কৰিছে যেতিয়া নচলাৰ কাৰণ নাই-- এয়া আমাৰ ধাৰণা। বলিউড বজাৰ বৰ্তমান চলাই আছে দক্ষিণ ভাৰতৰ চিনেমাই। শ্বাহৰুখ খানৰো "বজাৰ" ভাল নহয়। ৭৫ খোটি টকা বাজেটৰ "চেন্নাই এক্সপ্রেছ", ১০০ কোটিৰো বেছি বাজেটৰ "হ্যাপি নিউ ইয়াৰ", ১০০ কোটি টকা বাজেটৰ "দিলৱালে", ১২০ কোটি টকা বাজেটৰ "ৰইছ"ৰ বক্স অ'ফিচ কালেকচনে বলিউডৰ বাটত খোপনি ৰখাত সহায় কৰিব পৰা নাছিল তাৰকা গৰাকীক। --এনে সময়ত ("আৰ আৰ আৰ"-এ ১,২০০–১,২৫৮ কোটি টকা ব্যৱসায় কৰা এই সময়ত) ভাৰতৰ চিনেমাৰ বজাৰত "বাদশ্বাহ" হৈ থাকিবলৈ শ্বাহৰুখ খানৰ বাবে প্ৰয়োজন হাজাৰ কোটি টকা কালেকচল কৰিব পৰা চিনেমা এখনৰ। আজিৰ তাৰিখত "বক্স অ'ফিচ টপ২০" তালিকাত শ্বাহৰুখ খান অভিনীত চিনেমা এখনো নাই। বিপৰীতে দুই খান আমিৰৰ ৩ খন ("ডংগল", "পিকে", ধুম-৩), ছলমানৰ ৩ খন ("টাইগাৰ জিণ্ডা হেয়", "বজৰংগী ভাইজান". "চুলতান") চিনেমা আছে এই তালিকাত। তালিকা খন ক্ৰমে এনেধৰণৰ-- "বাহুবলী-২", "কে জি এফ", "আৰ আৰ আৰ", "বাহুবলী", "2.O", "Avatar: The Way of Water", "ডংগল", "Avengers End Game", "সঞ্জু", "পিকে", "টাইগাৰ জিণ্ডা হেয়", "বজৰংগী ভাইজান", "ৱাৰ","ছাহু", "কান্তাৰা",
 "পদ্মাৱত", "চুলতান", "ধুম-৩", "টানাহজী", "কৱিৰ সিং"।
 --এই তালিকাত সৰহ সংখ্যকেই দক্ষিণ ভাৰতৰ আঞ্চলিক ভাষাৰ চিনেমা। 
২৯ জানুৱাৰীৰ সংযোজন: 
দেশৰ বজাৰত "পাঠান"ৰ বক্স অ'ফিচ কালেকচন ৭০ কোটি টকা (৮৫০০ স্ক্ৰীণত দিনে চাৰিটাকৈ শ্ব'ত)। বিদেশৰ বজাৰক ধৰি ১০৪.৮ কোটি টকা। নাই, নোৱাৰিলে। "আৰ আৰ আৰ" (RRR has grossed over ₹120.19 crore on Day1), "বাহুবলী-২" (grossed over ₹121 crore on Day1) আদিৰ ৰেকৰ্ড পাৰ হব নোৱাৰিলে "পাঠান"-এ। 
আৰু বাকী?
সময়ত স্পষ্ট হ'ব।
 

(আৰু আছে😊)

সোমবার, ২৩ জানুয়ারি, ২০২৩

"পাঠান" আহিছে, অসমীয়া চিনেমা "অনুৰ"-এ চিত্ৰগৃহ পোৱা নাই। চিনেমা খনৰ পৰিচালক মঞ্জুল বৰুৱাৰ ক্ষোভ-- "আমিবোৰে চাগে চিনেমাই বনোৱা উচিত নহয়।"

অসমতে অসমীয়া চিনেমাৰ "চিত্ৰগৃহ সমস্যা" --সেই তেতিয়াৰে পৰা এতিয়ালৈ। "পাঠান" আহিছে, অসমীয়া চিনেমা "অনুৰ"-এ চিত্ৰগৃহ পোৱা নাই। চিনেমা খনৰ পৰিচালক মঞ্জুল বৰুৱাৰ ক্ষোভ-- "আমিবোৰে চাগে চিনেমাই বনোৱা উচিত নহয়।" চিনেমা খনৰ অভিনেত্ৰী ডাঃ জাহানাৰা বেগমৰ ক্ষোভ-- "ইমান কষ্ট , ইমান আশা ,দেশ বিদেশত ইমান আদৰ ৷ কিন্তু নিজৰ ঠাইত আমাৰ এনে অৱস্থা। মন ভাঙিম নে পণ কৰিম ?" আমাৰ ক্ষোভ-- এই সমস্যৰ স্থায়ী সমাধান অসম চৰকাৰৰ "অসমীয়া চিনেমাৰ উত্তৰণ আৰু উন্নয়ণৰ চিন্তা কৰা" বিভাগটোৱে কৰা নাই কিয়? অসমৰ চিত্ৰগৃহত "প্ৰথম অসমীয়া চিনেমা নীতি" গ্ৰহণ নকৰে কিয়? (ৰাজ্যিক চলচ্চিত্ৰ নীতি --২০১৯ত কি  উল্লেখ আছে সেয়া চৰ্চা কৰিব খোজা নাই।) 
আৰু এটা কথা মন কৰিছো, অসমীয়া চিনেমা কেন্দ্ৰীক সংগঠন কেইটাই এনে "সমস্যা"ৰ সময়ত, "সমস্যা"ত পৰা প্ৰযোজক-পৰিচালকৰ হৈ মাত নমাতে কিয়?
চিত্ৰগৃহ কেন্দ্ৰীক এনে সমস্যা "এখন অসমীয়া চিনেমা"ৰ সমস্যা নহয়, "অসমীয়া চিনেমাৰ সমস্যা" --এই কথা আমি সকলোৱে, অসমৰ চিনেকৰ্মী সকলে অনুভৱ কৰা উচিৎ, নহয় নে?
[কালি নিশা অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষ সীমান্ত শেখৰক "অনুৰ"ৰ "চিত্ৰগৃহ সমস্যা"ৰ কথা জনাইছিলোঁ, ব্যক্তিগত ভাৱে। অধ্যক্ষ গৰাকীৰ যোগাত্মক সহাৰিয়ে আশা দেখুৱাইছে "অনুৰ"ৰ "চিত্ৰগৃহ সমস্যা" সমাধান হ'ব।]
assamese cinema by: Utpal Mena

রবিবার, ২২ জানুয়ারি, ২০২৩

প্ৰাণজিৎ দাস: এক অধ্যায়

                    "নিয়মীয়া বাৰ্তা"ৰ প্ৰথম পৃষ্ঠাত
----------------------------------------------------------------
নক্ষত্ৰ! ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা, নাট পৰিচালক প্ৰানজিত দাসৰ কায়িক মৃত্যুৰ বাতৰি পোৱাৰ সময়ত মনলৈ অহা প্ৰথম বাক্যটো-- আৰু এক নক্ষত্ৰ পতন, ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চৰ। মহানন্দ শৰ্মা, সুৰেণ মহন্ত, তৌফিক ৰহমান, ভৱেশ বৰুৱা, প্ৰাণজিৎ দাস আমি অভিনয় দেখা এক এক নক্ষত্ৰ। মহানন্দ শৰ্মা, সুৰেণ মহন্ত যি বাটে গৈছিল, উভতি নহা সেই বাটেৰে গ'ল প্ৰাণজিৎ দাসো। 
--যোৱা ৬ জানুৱাৰী তাৰিখে খবৰ পাইছিলোঁ, মঞ্চত "চৰিত্ৰ"ৰ মাজত থকা সময়তে অসুস্থ হৈছিল অভিনেতা গৰাকী। হাস্পাতাললৈ অনা হৈছিল, চিকিৎসা চলিছিল। আৰু আজি খবৰ পালোঁ, গুৱাহাটীৰ মেট্ৰো হাস্পাতালত চিকিৎসাধীন অৱস্থাত থকা অভিনেতাগৰাকীয়ে আজি পুৱা  শেষ নিশ্বাস ত্যাগ কৰে, ১০.০৪ বজাত।
--এদিন প্ৰাণজিত দাসক লগ পাইছিলোঁ, আমাৰ গাঁও বেলশৰত। বাৰ, চন, তাৰিখ মনত নাই। আমি কথা পাতিছিলোঁ, অভিনয়ৰ, নাটকৰ। অভিনেতা গৰাকীয়ে কৈছিল, "মই আন কাম কৰিব নোৱাৰো। অভিনয় কৰিয়ে খাম! অভিনয় কৰিয়ে খাম বুলি ভৱা সকলৰ বাবে উপযুক্ত স্থান ভ্ৰাম্যমাণ থিয়েটাৰৰ বাহিৰে আন কিবা আছে বুলি মই নাভাৱো।"
--এই "নাভাৱো" বুলিছে, সেই বাবেই ভ্ৰাম্যমাণ থিয়েটাৰলৈ আহিছে। আহিছিল ১৯৮৩ চনত। নাট্যদল: কৃষ্ণ ৰয়ৰ আৱাহন থিয়েটাৰ। "মোৰ অভিনয় জীৱন আৰম্ভ হৈছিল মঞ্চত। অভিনয় কৰা প্ৰথম খন নাটকৰ নাম 'কৰ্ণবধ'। তেতিয়া তৃতীয় শ্ৰেণীৰ ছাত্ৰ মই। বিদ্যালয়ৰ পৰা মহাবিদ্যালয় পালো, এটা পৰ্যায়লৈ পঢ়া শেষ কৰি বেংকৰ চাকৰিত সোমালো। অভিনয় কিন্তু এৰিব পৰা নাছিলোঁ। তৃতীয় শ্ৰেণীৰ পৰা বেংকৰ চাকৰিলৈ অভিনয় কৰি গৈছিলো। আৰু এদিন বেংকৰ চাকৰিৰ মাজতে অনুভৱ কৰিছিলোঁ, এইবোৰ মোৰ কাম নহয়। মোৰ কাম অভিনয়, কেৱল অভিনয়! নাটকত কাম কৰিয়ে খাম! মই বিশ্বাস কৰো, নিশা পেছা একে হ'লেহে জীৱন সুন্দৰ হয়, জীৱন উদযাপনৰ সুযোগ থাকে। মই জীৱন উদযাপন কৰিব বিছাৰো।" প্ৰাণজিৎ দাসে কৈছিল।

বৃহস্পতিবার, ১২ জানুয়ারি, ২০২৩

কালি যে আমি শুনিলো, চালোঁ-- গীতাংশ, কথা-- কাহিনী কৈ যোৱা, সুৰ-গায়কী মন চুই যোৱা

তৰালি শৰ্মাই কৈছিল মঞ্জুলৰ কথা। চিনেকথা। ভাল কাম ভালদৰে কৰা পৰিচলক। "অন্তৰীণ"ৰ ধাৰণা তৰালিৰ পৰা পোৱাৰ পাছত মঞ্জুলক কৈছিলোঁ ("ফোন" কৰিছিলোঁ) --চিনেমা খন চোৱাৰ মন, তোমাৰ কাম অনুভৱ কৰাৰ মন! তেতিয়ালৈকে মঞ্জুলক জনা নাছিলো, লগ পোৱা নাছিলো। লগ পালো, জানিলো, সেই যে ফোন কৰিছিলো, তাৰ দুদিন মান পাছত। নিজে আমাৰ ঘৰলৈ আহি চিনেমা খন দেখুৱাইছিল, মঞ্জুলৰ চিনেকৰ্মক অনুভৱ কৰাৰ সুযোগ দিছিল। আমি ধাৰণা কৰি লৈছিলো-- মঞ্জুল বৰুৱা নামেৰে "অসমীয়া চিনেমা"ই অসমীয়া চিনেমাৰ উত্তৰণত সহায় কৰিব পৰিচালক এগৰাকী পালে। আমাৰ এই ধাৰণাৰ বুনিয়াদ আছিল চিনেমা খনৰ "গল্প" নিৰ্বাচন, গল্প কোৱাৰ কৌশল, চিনেমাৰ ভাষা (cinematic language) ব্যৱহাৰ ইত্যাদি। 
--"অন্তৰীণ"ৰ পাছত চাইছিলোঁ "কানীন"। এই চিনেমা খনৰো "গল্প" নিৰ্বাচন আৰু কোৱাৰ কৌশলে আমাক আকৰ্ষণ কৰিছিল। (অৱশ্যে সম্পূৰ্ণ সন্তুষ্ট কৰিব পাৰা নাছিল। নাছিল এই কাৰণেই, আমি অনুভৱ কৰা "চিনেকৰ্মী মঞ্জুল ধাৰণা" আছিল অতি উচ্চ।) চিনেমা খনৰ মূল চৰিত্ৰ মন্দিৰা বৰুৱাক নিৰ্মাণ কৰিছিল ডাঃ জাহানাৰা বেগমক লৈ। এই গৰাকী নাট্যকৰ্মীক লৈ মঞ্জুলে নিৰ্মাণ কৰিলে আৰু এটা চৰিত্ৰ-- "অনুপমা বৰুৱা। "অনুপমা বৰুৱা সেই বৃদ্ধা গৰাকী । যিগৰাকী মোৰ মাই , আপোনালোকৰ মা বা আই ।  আমাক দহমাহ দহদিন গৰ্ভত ধাৰণ কৰা মা । আমাৰ অলপ আঘাতত আমাক বুকুত সাৱটি লোৱা মা । নিজে নাখাই আমাক খাবলৈ দিয়া মা ৷ আমাক পল পল ডাঙৰ কৰি আমাৰ উজ্জ্বল ভবিষ্যতৰ গঢ় দিয়া মা।" --ডাঃ জাহানাৰা বেগমৰ ভাষাত।
--ডাঃ জাহানাৰা বেগমে অভিনয় কৰা এই চৰিত্ৰটো আমি ভালদৰে অনুভৱ কৰাৰ সুযোগ পাম আহা ২৭ জানুৱাৰীত। এই দিনটোতে অসমৰ চিত্ৰগৃহলৈ আহিব এই অসমীয়া চিনেমা খন।
--কালি অনুপমা বৰুৱাক, চিনেমা খন কিছু অনুভৱয সুযোগ দিলে, সংগীত মুকলি অনুষ্ঠানত। গীত শুনিলো, গীত চালো --, "অনুৰ"ৰ। সংগীত তৰালি শৰ্মাৰ। চোৱা-শুনা গীত দুটা (কণ্ঠ: এটাত তৰালি শৰ্মাৰ, আনটোত ৰূপম ভূঞাৰ) কিন্তু চিনেমা খনত তেনেদৰে নাথাকে, যেনেদৰে দুটা গীতৰ আকাৰত দেখুৱালে। পৰিৱেশ নিৰ্মাণ, গল্প আগবঢ়াবলৈ টুকুৰা টুকুৰাকৈ ব্যৱহাৰ কৰিছে! গীত আৰু গীতৰ চিত্ৰায়নৰ পৰা ধাৰণা কৰিছো "অনুৰ"-এ চিত্ৰৰসিকক চিনে আনন্দ দিব। 
--চিনেমা খনত মূল চৰিত্ৰটোৰ বিপৰীতে যিটো চৰিত্ৰ নিৰ্মাণ কৰিছে, সেই চৰিত্ৰটোত অভিনয় কৰিছে ৰজত কাপুৰে। নিশ্চয় আশা কৰিব পাৰো, ৰজত কাপুৰৰ অভিনয় হব চিনেমা খনৰ সৌন্দৰ্য। --আমাৰ ধাৰণাত, অভিনয়ৰ লগতে ৰূপালী গল্পটোৰ সৌন্দৰ্য বঢ়াব সংগীত অলংকাৰে। কালি যে আমি শুনিলো, চালোঁ-- গীতাংশ, কথা-- কাহিনী কৈ যোৱা, সুৰ-গায়কী মন চুই যোৱা। (আৰু লিখিম wait😊 )অসমীয়া চিনেমা by: Utpal Mena