শুক্রবার, ২৮ এপ্রিল, ২০২৩

এগৰাকী অসমীয়াই লাভ কৰিছে ৬৮ সংখ্যক ফিল্মফেয়াৰ বঁটা

অসমৰ বাবে সুখবৰ!
--হয়, অসমৰ চিত্ৰৰসিকৰ বাবে সুখ অনুভৱ কৰিব পৰা খবৰ।
এগৰাকী অসমীয়াই লাভ কৰিছে ৬৮ সংখ্যক ফিল্মফেয়াৰ বঁটা, দুটাকৈ শিতানত। এখন হিন্দী চিনেমা 'বধাই দো'ৰ কাহিনী আৰু চিত্ৰনাট্য শিতানত। অসমৰ পৰা গৈ বলিউডৰ চিনেমা লিখাৰ সুযোগ পোৱা 'অসমীয়া' গৰাকীৰ নাম-- সুমন অধিকাৰী।
--অভিনন্দন সুমন অধিকাৰী!
--------
ফিল্মফেয়াৰ ২০২২ লাভ কৰিছে--
------------

Best Film: Gangubai Kathiawadi

Best Film (Critics'): Badhaai Do

Best Actor in a Leading Role (Male): Rajkummar Rao for Badhaai Do

Best Actor in a Leading Role (Female): Alia Bhatt for Gangubai Kathiawadi

Best Actor (Critics'): Sanjay Mishra for Vadh

Best Actress (Critics'): Bhumi Pednekar for Badhaai Do and Tabu for Bhool Bhulaiyaa 2

Best Director: Sanjay Leela Bhansali for Gangubai Kathiawadi

Best Actor in a Supporting Role (Male): Anil Kapoor for Jug Jugg Jeeyo

Best Actor in a Supporting Role (Female): Sheeba Chaddha for Badhaai Do

Best Music Album: Pritam for Brahmastra: Part One - Shiva

Best Dialogue: Prakash Kapadia and Utkarshini Vashishtha for Gangubai Kathiawadi

Best Screenplay: Akshat Ghildial, Suman Adhikary and Harshavardhan Kulkarni for Badhaai Do

Best Story: Akshat Ghildial and Suman Adhikary for Badhaai Do

Best Debut (Male): Ankush Gedam for Jhund

Best Debut (Female): Andrea Kevichusa for Anek

Best Debut Director: Jaspal Singh Sandhu and Rajeev Barnwal for Vadh

Lifetime Achievement Award: Prem Chopra

Best Music Album: Pritam for Brahmastra: Part One - Shiva

Best Lyrics: Amitabh Bhattacharya for Kesariya from Brahmastra: Part One - Shiva

Best Playback Singer (Male): Arijit Singh for Kesariya from Brahmastra: Part One - Shiva

Best Playback Singer (Female): Kavita Seth for Rangisari from Jug Jugg Jeeyo

RD Burman Award for Upcoming Music Talent: Jahnvi Shrimankar for Dholida from Gangubai Kathiawadi

Best VFX: DNEG and Redefine for Brahmastra: Part One - Shiva

Best Editing: Ninad Khanolkar for An Action Hero

Best Costume Design: Sheetal Sharma for Gangubai Kathiawadi

Best Production Design: Subrata Chakraborty and Amit Ray for Gangubai Kathiawadi

Best Sound Design: Bishwadeep Dipak Chatterjee for Brahmastra: Part One - Shiva

Best Background Score: Sanchit Balhara and Ankit Balhara for Gangubai Kathiawadi

Best Choreography: Kruti Mahesh for Dholida from Gangubai Kathiawadi

Best Cinematography: Sudeep Chatterjee for Gangubai Kathiawadi

Best Action: Parvez Shaikh for Vikram Vedha
 

বেতাল বলিউড /২

বলিউডৰ পৰিচালকৰ চিন্তা বা পৰিচালনা শৈলীয়ে চিনেমাৰ মান নিম্ন কৰাৰ এটা উদাহৰণ যে "শ্বেহজাদা" সন্দেহ নাই। আন এটা উদাহৰণ --"কিছি কা ভাই কিছি কি জান"। ছলমান খানে অভিনয় কৰা চিনেমা। তামিল চিনেমা "বীৰাম"ৰ হিন্দী "ৰি-মেক"। শিৱৰ পৰিচালনৰে নিৰ্মিত তামিল চিনেমা খনৰ মূল চৰিত্ৰটোত অভিনয় কৰিছে অজিত কুমাৰে। ৪৫ কোটি টকা বাজেটৰ চিনেমা খনৰ আয় প্ৰায় ১৩০ কোটি টকা। ১৫০ কোটি টকা বাজেটৰ হিন্দী "ৰি-মেক" খনৰ কালেকশ্বন ৯৩ কোটি টকা (চিনেমা খন চিত্ৰগৃহলৈ আহিছে ২১ এপ্রিল ২০২৩। আজি ২৮ এপ্ৰিল।)। সন্দেহ নাই কালেকশ্বন আৰু বৃদ্ধি হ'ব। কিন্তু সিমান বৃদ্ধি হোৱাৰ আশা নাই, বলিউডৰ বেপাৰী সকলে যিমান আশা কৰিছিল। আশা কৰিছিল শ্বহৰুখ খানৰ "পাঠান"ৰ পৰ্যায়ৰ ব্যৱসায় কৰিব। (শ্বাহৰুখ খানে অভিনয় কৰা ২৪০ কোটি টকা বাজেটৰ "পাঠান"ৰ কালেকশ্বন  প্ৰায় ১০৫০ কোটি টকা।) এই "হিন্দী ৰি-মেক" খনৰ চিত্ৰনাট্য, পৰিচালনা শৈলী মূল তামিল খনৰ দৰে নহয়। পৰিৱৰ্তন স্পষ্ট। ৰূপালী গল্পটো কিছু সলনি কৰিছে। দক্ষিণ ভাৰতৰ বজাৰ খনৰ কথা মনত ৰাখি জগপতি বাবু, ভেকটেশ, ৰাম চৰণ, পূজা হেগড়ে, মালবিকা শর্মা আদি তামিল-তেলেগু চিনেমাৰ অভিনেতা-অভিনেত্ৰীক লৈ চৰিত্ৰ নিৰ্মাণ কৰিছে। এই "ৰি-মেক" খনত পৰিচালক ফৰহাদ ছামজিৰ চমক স্পষ্ট; কিন্তু মূল তামিল খনৰহে চৰিত্ৰ নিৰ্মাণ আৰু মেকিং কৌশল দৰ্শকক বেছিকৈ চুব পৰা।
--আমি মন কৰিছোঁ, তামিল, তেলেগু চিনেমাৰ পৰিচালকে সাধাৰণ মানৰ কামৰ মাজতো "অসাধাৰণ কিবা এটা" দিবলৈ চেষ্টা কৰে। বা সাধাৰণ মানৰ চিনে কৰ্মৰ মাজত নতুন চিনে চিন্তাৰে দৰ্শকক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে। বিপৰীতে বলিউডী চিনেমা বলিউডী চিনেমা নায়কৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা গৰাকীৰ ইমেজেৰে বান্ধি নিৰ্দিষ্ট ট্ৰেকটোত পেলাই লৈ ৰূপালী গল্পটোক গতি দিয়ে। (আৰু আছে😊)

বৃহস্পতিবার, ২৭ এপ্রিল, ২০২৩

বেতাল বলিউড/১

এখন চিনেমা। তেলেগু ভাষাৰ। "আলা বৈকুণ্ঠপুৰমুলু" --২০২০ চনত চিত্ৰগৃহলৈ অহা চিনেমা খনৰ নাম। ত্রিবিক্রম শ্রীনিবাসৰ পৰিচালা। ১০০ কোটি টকা বাজেটৰ এই চিনেমা খনৰ আয় ২৮০ কোটি টকা। --এই চিনেমা খনৰে "ৰি-মেক" ৰোহিত ধাৱনৰ পৰিচালনাৰে নিৰ্মিত "শ্বেহজাদা"। ২০২৩ বৰ্ষত চিত্ৰগৃহলৈ অহা ৬৫ কোটি টকা বাজেটৰ এই হিন্দী চিনেমা খনৰ কালেকচন প্ৰায় ৪৮ কোটি টকা মাত্ৰ। এই বাণিজ্যিক বিফলতাৰ কাৰণ? কাৰণ এইটো নহয়--, দৰ্শকে তেলেগুৰ লগতে হিন্দী আৰু আন্যান্য ভাষালৈ ডাব কৰা ৰূপালী গল্পটো উপভোগ কৰিছে, গতিকে সেই একেটা ৰূপালী গল্প পুনৰ উপভোগ নকৰাতো স্বাভাৱিক কথা! বিফলতাৰ কাৰণ পৰিচালনা শৈলী, চৰিত্ৰ নিৰ্মাণৰ পৰা সংগীতলৈ স্পষ্ট হোৱা দুৰ্বলতা। তেলেগু খনৰ (সংলাপ, গল্পৰ মসৃন গতি, সংগীত সৌন্দৰ্য, চৰিত্ৰ ইত্যাদিৰ পৰ্যায়) নাপালে "শ্বেহজাদা"ই।
--চিনেমা খনৰ নায়ক (মূল চৰিত্ৰ) বান্টু। তেলেগু খনৰ চৰিত্ৰটো নিৰ্মাণ কৰিছে আল্লু অর্জুনক লৈ। হিন্দী খনৰ চৰিত্ৰটো নিৰ্মাণ কৰিছে কাৰ্তিক আৰয়নক লৈ। হিন্দী খনত বাণ্টু কেৱল "কমেডি হিৰো" বৃত্তটোতে ৰৈ গ'ল। চিনেমা খনত মাৰপিটৰ দৃশ্যক গুৰুত্ব দিছে। "কমেডি হিৰো"ৰ মাৰপিট "কমেডি"ৰ পৰ্যায়তে থাকিল বা পৰিচালকে ৰাখিলে। বিপৰীতে তেলেগু খনত "কমেডি হিৰো"ক "ৰাফ এণ্ড টাফ হিৰো"লৈ ৰূপান্তৰ কৰি পৰিচালকে চৰিত্ৰটোৰ বিশ্বাস যোগ্যতা বঢ়াইছে। পৰিচালকৰ বাবে এয়া সম্ভৱ হৈছে অভিনেতা আল্লু অৰ্জুনৰ অভিনয় ক্ষমতা আৰু বিশেষ ব্যক্তিত্বৰ বাবে। সাহিত্যৰ ভাষাৰে স্পষ্ট কৰি দিয়া হৈছে চৰিত্ৰটো স্মাৰ্ট, সত্যবাদী, সাহসী, স্পষ্টবাদী আৰু কঠোৰ পৰিশ্ৰমী। দৰ্শকে তেলেগু চিনেমা খনৰ বাণ্টুক তেনেদৰেই অনুভৱ কৰিছে। বিপৰীতে হিন্দী চিনেমা খনৰ  স্মাৰ্ট, সত্যবাদী, সাহসী, স্পষ্টবাদী আৰু কঠোৰ পৰিশ্ৰমী বাণ্টুক দৰ্শকে শুনিলেহে, নেদেখিলে।
--কেৱল বাণ্টু চৰিত্ৰটোৱে নহয়, আন কেইটা চৰিত্ৰও তেলেগু খনতকৈ হিন্দী খনত দুৰ্বল। উল্লখ কৰিব পাৰি  বাল্মীকি চৰিত্ৰটো। মুৰালি শর্মাক লৈ তেলুগু চিনেমা খনত নিৰ্মাণ কৰা চৰিত্ৰটোৰ ওচৰ চপাব নোৱাৰিলে পৰেশ ৰাৱলক লৈ হিন্দী চিনেমা খনত নিৰ্মাণ কৰা চৰিত্ৰটো। তেনেদৰে জয়ৰাম, যশোদা আদি চৰিত্ৰৰ কথাও ক'ব পাৰি। ক'ব পাৰি— তেলেগু খনৰ চৰিত্ৰ কেইটা "বাস্তৱ"ৰ (realistic acting-ৰে নিৰ্মিত) ওচৰৰ। 
ক'ব নোৱাৰি— হিন্দী খনৰ চৰিত্ৰ কেইটাক "বাস্তৱ"ৰ ওচৰৰ।
আনহাতে গীত "ডিজাইন" বাস্তৱসম্মত নহয় যদিও মন চুই যোৱা, তেলেগু চিনেমা খনৰ। বিশেষ ভাৱে উল্লেখ কৰিব পাৰি "সীত্তৰলা ছিৰাপাডু..." গীতটোৰ প্ৰয়োগ আৰু চিত্ৰায়ণ। (আৰু আছে 😊)

মঙ্গলবার, ২৫ এপ্রিল, ২০২৩

অসমীয়া চিনেমাৰ বজাৰ

চিনেমাৰ সংখ্যা বঢ়িছে! অসমীয়া চিনেমাৰ। আৰু সংখ্যা বাঢ়িছে বাবেই 'অনুৰ' প্ৰতি দৰ্শকৰ আগ্ৰহ বাঢ়ি থকা সময়তে চিত্ৰগৃহলি আনিছিল 'ডাক্তৰ বেজবৰুৱা-২'। (এয়া শেহতীয়া উদিহৰণ। ২০২২ বৰ্ষটোত চিত্ৰগৃহলৈ অনা, অনাত হেতা-ওপৰা লগোৱা অসমীয়া চিনেমাৰ ধেৰ উদাহৰণ আছে। 'সময়'ৰ অজুহাতত ওপৰা-উপৰিকৈ চিত্ৰগৃহলৈ অনাৰ বাবে অসমীয়া চিনেমাৰ ব্যৱসায়ৰ সম্ভাৱনা কমাৰ উদাহৰণো আছে।) 'ডাক্তৰ বেজবৰুৱা-২'ৰ (পৰিচালক: নিপন গোস্বামী     চিত্ৰগৃহলৈ: ৩ফেব্ৰুৱাৰী) ব্যৱসায়িক কেন্দ্ৰীক চৰ্চাৰ বাবে, সেই সময়ত 'অনুৰ'ৰ প্ৰতি দৰ্শকৰ আগ্ৰহ বঢ়া দিশটো আঁৰতে থাকি গৈছিল। 'অনুৰ' (পৰিচালক: মঞ্জুল বৰুৱা   চিত্ৰগৃহলৈ: ২৭ জানুৱাৰী) আজিৰ তাৰিখতো প্ৰদৰ্শন হৈ আছে। হৈ থকাৰ খবৰ পাই আছোঁ। 'ডক্তৰ বেজবৰুৱা-২' শেহতীয়া খবৰ (ব্যৱসায়ৰ ৰেকৰ্ডৰ খবৰ) আমি পোৱা নাই। ইমান খিনি খবৰ অৱশ্যেই পাইছোঁ--, 'ডক্তৰ বেজবৰুৱা-২'ৰ box office collection 'ৰত্নাকৰ'তকৈ কম।
'ডক্তৰ বেজবৰুৱা-২', 'অনুৰ'ৰ লগতে ২০১৩ বৰ্ষটোৰ প্ৰথম চাৰাটা মাহত অহা অসমীয়া চিনেমা কেইখন হ'ল-- 'কমলা কুঁৱৰী'  (পৰিচালক: পৰমানন্দ ৰাজবংশী  চিত্ৰগৃহলৈ: ৬ জানুৱাৰী), 'ব্লেক এণ্ড হোৱাইট' (পৰিচালক: ধনজিৎ দাস  চিত্ৰগৃহলৈ: ২৪ ফেব্ৰুৱাৰী), 'দিছপুৰত গাভৰু' (পৰিচালক: এম এম ৰহমান, আসীম বৈশ্য  চিত্ৰগৃহলৈ: ৩মাৰ্চ), 'কৃষ্ণলীলা' (পৰিচালক: ড° ৰুক্মিণী বৰা  চিত্ৰগৃহলৈ: ৩ মাৰ্চ), 'অৰ্জুন' (পৰিচালক:ৰজনী বৰ্মন 
চিত্ৰগৃহলৈ: ৭ এপ্ৰিল)। ইয়াৰে 'ব্লেক এণ্ড হোৱাইট'ৰ বাবে সমস্যা হৈছিল চিত্ৰগৃহ। চিত্ৰগৃহ অধিকাৰ কৰি আছিল আন এখন অসমীয়া চিনেমাই। --হয়, 'ডক্তৰ বেজবৰুৱা-২' চিনেমা খনে। হয়তো চিত্ৰগৃহৰ সমস্যাৰ বাবে এটা সপ্তাহতে প্ৰযোজক পক্ষই স্থানীয় বজাৰৰ পৰা আঁতৰাই নিনিলে 'ব্লেক এণ্ড হোৱাইট'ৰ ব্যৱসায় কিছু উন্নত হ'ল হেতেন!
assamese cinema

বুধবার, ১৯ এপ্রিল, ২০২৩

প্ৰথম দেখাতে..

বহু বহু 'সময়'ৰ পাছত জিতুলদাৰ, জিতুল সোণোৱালৰ গীত শুনিলোঁ-- মঞ্চত গোৱা গীত। আমাৰ মনত সেউজ হৈ থকা 'অ' মৰমী লগৰী, আছা বুকু জুৰি...', 'প্ৰথম দেখাতেই ভাবিছিলোঁ...' আদি গীত আকৌ গালে অলপতে, বিহু মঞ্চত। মনত অকনো সন্দেহ নৰখাকৈ ক'ব পাৰি-- জীতুল সোণোৱালৰ এই সাংগীতিক প্ৰত্যাৱৰ্তন এই বহাগৰ শ্ৰেষ্ঠ উপহাৰ। এই বহাগৰ মঞ্চতেই নহয়, জিতুলদাই আকৌ গীত গীত গাওক, নতুন নতুন গীত-সংগীতৰো সৃষ্টি কৰক, অহা সময় দিয়ক কেৱল গীত-সংগীতক! অহা সময় খৰছ কৰক কেৱল সংগীত চৰ্চাত, সংগীত কৰ্মত।

রবিবার, ২ এপ্রিল, ২০২৩

অসমীয়া চিনেমাৰ গীত /১

অসমীয়া চিনেমাৰ গীত
মূল ধাৰা আৰু সমান্তৰাল ধাৰা নামেৰে ভাৰতীয় চিনেমাক দুটা শিবিৰত ভাগ কৰা হৈছিল সত্তৰৰ দশকত। মূল ধাৰাত ৰখা হৈছিল গীত নৃত্য থকা চিনেমাসমূহক। কাৰণ গীত-নৃত্যক গুৰুত্ব দি আৰম্ভ কৰা হৈছিল ভাৰতীয় চিনেমাৰ 'সবাক যুগ'। জ্যোতিপ্ৰসাদ আগৰৱালায়ো মূল ধাৰাটোৰ কথা মনত ৰাখিছিল প্ৰথমখন অসমীয়া চিনেমা 'জয়মতী' পৰিচালনা কৰাৰ সময়ত। চিনেমাখনত গীত আৰু নৃত্য পৰিচালনাৰ কামো পৰিচালক জ্যোতিপ্ৰসাদে নিজে কৰিছিল। —জ্যোতি প্ৰসাদ আগৰৱালা আছিল সংগীতৰ মানুহ। গীত ব্যৱহাৰৰ বাবেই এদিন নাট্যকৰ্মত ব্যস্ত হৈছিল। আৰু স্বাভাৱিকতে চিনে কৰ্মটো গীত-সংগীতক গুৰুত্ব দিছিল। ব্যখ্যাৰ নিশ্চয় প্ৰয়োজyন নাই, প্ৰথম চিনে কৰ্মৰ গীত কেইটা আজিৰ তাৰিখতো 'চিৰ সেউজ' গীত হৈ আছে, আজিৰ তাৰিখতো। 'জয়মতী ৰ গীত' বুলি নহয়, 'জ্যোতি সংগীত'হৈ আজিৰ তাৰিখতো সংগীত ৰসিকৰ ওচৰতে আছে — লুইতৰে পানী যাবি অ' বৈ--
লুইতৰে পানী যাবি অ' বৈ 
সন্ধিয়া লুইতৰে পানী সোণোৱালী 
চহৰে-নগৰে যাবি অ' বৈ 
জয়াৰে কীৰিতি দেশে-বিদেশে 
সাগৰে নগৰে ফুৰিবি কৈ। 
 মাটিৰে দেহাটি এৰি জয়মতী 
জ্যোতিৰে দেহাটি লৈ 
যাউতিযুগীয়া কীৰিতি ৰাখিলা 
চানেকি জগতলৈ। 
 এটুপি-দুটুপি তেজে তিনি টুপি 
দেশৰ হকে জয়াই গ'লে বিলাই 
অসমৰ জীয়ৰী অসমৰ বোৱাৰী 
এটুপি চকুলো যোৱা পেলাই।
 (কথা : জোতিপ্রসাদ আগৰৱালা, কণ্ঠ : দিলীপ শৰ্মা, আৰতি শৰ্মা) 
 —ছবি (picture) -য়ে গতি পাইছিল। চলচ্চিত্ৰ (movie) -লৈ শব্দ প্ৰয়োগৰ সুবিধা আহিছিল (১৮৯৪ ৰ পাছৰ সময় চোৱাৰ পৰা)। সংগীত ব্যৱহাৰ কৰা হৈছিল (১৯২০ চনৰ আগে-পাছে)। সেই সময়ৰে পৰা স্পষ্ট হৈছিল চিনেমাৰ মূল বিভাগ — দৃশ্য (visual) আৰু ধ্বনি (sound)। ক্ৰমে স্পষ্ট হয় ধ্বনিৰ তিনিটা দিশ – সংলাপ, বিশেষ ধ্বনিকৌশল (sound effect) আৰু সংগীত। জ্যোতি প্ৰসাদ আগৰৱালাই সংগীত (আৱহ সংগীত আৰু গীত) প্ৰয়োগত বিশেষ গুৰুত্ব দিছিল। চিনেমা অধ্যয়ণ কৰিহে চিনেকৰ্ম কৰা পৰিচালক গৰাকীয়ে বুজিছিল গীত যে ধ্বনি সৌন্দৰ্যৰ মূলমন্ত্ৰ। আৰু সেয়েহে সম্ভৱতঃ ব্যৱহাৰ কৰিছিল ১২টা গীত, গীতাংশ। গীতি সৌন্দৰ্যৰ বাবে চিনেমা খনত ব্যৱহাৰ কৰিছিল -- 
 সোণৰে পালেণ্ডত অ' মনে তৰা 
 সোণৰে পালেঙত অ' মনে তৰা।  
 ধুনীয়া কোঁৱৰৰ ঘুমটি নাহিলে 
 কপাহৰে তলিচা পৰা মনে তৰা।। 
 সোণৰে পালেঙত... 
 চাতোনৰ দলিচা পাৰি দিম শুবলৈ অ' মনেতৰা বগলীৰ পাখিৰে গাৰু দিম শুবলৈ অ' মনেতৰা ওপৰে তৰি দিম ম'ৰাৰে পাখিৰে 
চান্দোৱা তৰাফুল বছা মনেতৰা ।।
 সোণৰে পালেঙত... 
 পদুমৰ পাহিৰে গুঠি দিম বিচনী
 বা দিম সুৰভি ভৰা মনেতৰা 
কাষতে লিগিৰী বহিনো নামে গাম 
কোনোবা বিতোপন দেশৰে সাধু ক'ম নিশাটো কাষতে বহি মনেতৰা 
টোপনি টোপনি অ' মনেতৰা 
আহিব টোপনি অ' মনেতৰা।। 
(কথা : জ্যোতিপ্রসাদ আগৰৱালা, কণ্ঠ : আৰতি শৰ্মা) 
-------------------  
আগবাৰীত ফুলিলে
 সোণে মোৰ চম্পা 
সেউতী মালতী 
সোণে মোৰ চম্পা
 গোন্ধৰ গুটিমালী 
ৰঙাকৈ ৰেৱতী
 আমোলে মোলে ঐ 
সোণে মোৰ চম্পা। 
সোণৰে পখিলা 
ৰূপৰে পখিলা 
ফুলনি জিলিকি উৰে
সোণে মোৰ চম্পা। 
ক'ৰে বনৰীয়া
 ফুটুকা ধুনীয়া
 চৰায়ে বিনালে 
অময়া সুৰেৰে 
সোণে মোৰ চম্পা।। 
(কথা : জ্যোতিপ্রসাদ আগৰৱালা, কণ্ঠ : আৰতি শৰ্মা) 
------------- 
অসমা সুষমা নিৰুপমা 
কামৰূপা কামদা 
জয়তু জননী ধৰিত্ৰী দুহিতা 
হিমাচলো তুংগ উদীচি দিশা 
জিমুতভূত সলিলা 
লৌহিত্য মধ্য প্রবাহশীলা কামৰূপা কামদা।
 স্বর্ণশস্য মালিকা কামৰূপা কামদা।।

প্রাগইব জ্যোতিৰাণনা 
গৌৰৱদীপ্ত নয়না অনন্তৰত্ব প্রভৱা
স্বৰ্ণশষ্য মালিকা কামৰূপা কামদা
(কথা : চন্দ্ৰ কুমাৰ আগৰৱালা, কন্ঠ : দিলীপ শৰ্মা, নিৰ্মল মজুমদাৰ, সুধাংশু সেনগুপ্ত, আৰতি শৰ্মা, মিনতি শৰ্মা)
------------
খোপাতে পিন্ধিম মই বিজুলীৰে ফুল
 কাণত পদুমৰে কেৰু 
 গলতে আঁৰিম মই ফুলৰ সাতেসৰী 
 হাতত মৃণালৰে খাৰু।।
(কথা : জ্যোতিপ্রসাদ আগৰৱালা, কণ্ঠ : মিনতি শৰ্মা)
-----
মোৰে ভাৰতৰে 
মোৰে সপোনৰে
চিৰ সুন্দৰ সংস্কৃতি।

সেউজীয়া বনতে 
সেউজীয়া মনতে
বিকশি প্রকাশি উঠা

নৱ জনজীৱনৰে অভিনৱ জ্যোতি। 
আজি শিল্পী-মনৰ প্ৰণতি
আজি শিল্পী প্ৰাণৰ ভকতি 
জয় অজেয় আলোকময় বিশ্বৰূপী 
অনন্ত বিজয়ী
জনগণমন মুকুতি
প্রণতি প্রণতি।
(কথা : জ্যোতিপ্ৰসাদ আগৰৱালা, কণ্ঠ : আৰতি শৰ্মা)
------------
আদি গীত। চিত্ৰায়ণ কৰিছিল পৰিচালক গৰাকীয়ে নিজে। এই গীত কেইটা অৱশ্যেই শুনিছোঁ, চোৱাৰ সুযোগহে পোৱা নাপালো। চোৱাৰ সুযোগ পোৱা দুটা গীত (সেই সময়ত চিনেমা বুজাৰ বয়স হোৱা নাছিল। আমি আমাৰ গাঁও বেলশৰত দেখুওৱা "ছায়াবাজি" এই গীত দুটা চাইছিলো।) --
ল'ৰা বুঢ়া কাক কয় 
ডালিমী নুবুজে তাক,
 পর্বতে হাঁহে নৈয়ে নাচে
 উৰিছে পখিলাৰে জাক 
 পুৰণি আকাশ ফুলাম তৰাৰে 
 ল'ৰাতকৈও ল'ৰা
 পুৰণি পৃথিৱী ফুটুকী ফুলেৰে 
 তাতোকৈয়ো যে চৰা।
  অনেক কলীয়া নাহৰ জোপাই 
  পেলাই কোমল কলি
   কৌটি কলীয়া মেঘৰ লগত
    বিজুলী থাকে উমলি।।
(কথা : লক্ষ্মীনাথ বেজবৰুৱা, কণ্ঠ : মিনতি শৰ্মা)
-----
পৰ্বতৰ ঢেঁকীয়া লিহিৰি পটীয়া
বতাহতে হালে জালে  
অ' মোৰ পখিলী অ'
ক'লা আকাশতে বগে জাকে
পাতি উৰা মাৰে অ' মোৰ পখিলী অ'
পখিলী উৰিলে উৰিব ডালিমী 
লগৰে লগৰী পাই – মোৰে পখিলী অ'।
মনৰে সখীয়তী উৰা মাৰি যাব
কলে’নো উৱাদিহ নাই মোৰে পখিলী অ’
 অ' মোৰ পখিলী – অ' মোৰ পখিলী অ'।
(কথা: লক্ষ্মীনাথ বেজবৰুৱা, কণ্ঠ : মিনতি শৰ্মা) গীত দুটাৰ সুৰ আছিল স্বাভাৱিকতে জ্যোতি প্ৰসাদ আগৰৱালাৰ।
****************
জ্যোতি প্ৰসাদ আগৰৱালাৰ দ্বিতীয় চিনেকৰ্ম --'ইন্দ্ৰ-মালতী'।দ্বিতীয় খন অসমীয়া চিনেমা। প্ৰথম খনৰ দৰে এই খনৰো সংগীত পৰিচালনা কৰিছিল জ্যোতি প্ৰসাদ আগৰৱালাই। এই খনতো সংগীতৰ গুৰত্ব স্পষ্ট। এই চিনেমা খনত পৰিচালক গৰাকীয়ে কিশোৰ ভূপেন হাজৰিকাক লৈ এটা চৰিত্ৰ নিৰ্মাণ কৰিছিল, এটা গীতো গোৱাইছিল। অভিনয় কৰি ভূপেন হাজৰিকাই গাইছিল--
বিশ্ববিজয়ী নৱ জোৱান
          বিশ্ববিজয়ী নৱ জোৱান
শক্তিশালিনী ভাৰতৰ
          ওলাই আহাঁ, ওলাই আহাঁ
                   সন্তান তুমি বিপ্লৱৰ৷
সমুখ সমৰ সমুখতে
          মুক্তি যুঁজাৰু হুঁচিয়াৰ
মৃত্যু বিজয় কৰিব লাগিব
          স্বাধীনতাৰ খুলি দুৱাৰ৷৷
  --এই গীতটোৰে চিনেমা বুজাৰ আগতেই চিনেকৰ্মৰ মাজত সোমাই পৰিছিল ভূপেন হাজৰিকা-- ক'ব পাৰি এই গীতটোৰে আৰম্ভ হৈছিল অসমীয়া চিনেমাৰ "ভূপেন হাজৰিকা যুগ"।
"ইন্দ্ৰ-মালতী"ৰ আন দুটা গীত--
মোৰ মন বনতে তই কি বাঁহী বজালি
অ' সুন্দৰ—
সুন্দৰ সখা মোৰ চিৰ সুন্দৰ।
নিশা চন্দ্ৰাৱলী
তাতে তাৰে দীপিকাৱলী পাতি দিলি
নিশাৰ এন্ধাৰ তই হাঁহিৰে উজলালি
আনি দিলি পুৱতীৰ অৰুণাৱলী
সুৰৰে কোঠালি মোৰ
ৰ'দালিৰে কৰি সোণোৱালী
অন্তৰ ভৰি মোৰ বিকশিলে কত- শত
শুকুলা শেৱালি
পাহিৰে কোলাতে পৰি
তোৰ মৰম নিয়ৰৰে মুকুতাৱলী।
(কথা : জ্যোতিপ্ৰসাদ আগৰৱালা )
------------
ৰূপৰে পানীতে সোণৰে পানচৈ
মেলি দে ঐ
মেলি দে, মেলি দে, মেলি দে ঐ
পখিলা পাখিৰে পালে উৰুৱাই
ফুলৰে পাতৰে ছৈ
সৌ নীল আকাশৰ কোন সীমনাত
বাজে অসীমৰে বাঁহী
তাত নিদ্ৰাৰ আন্ধাৰ ভেদি
জাগে অৰুণৰে হাঁহি
তালৈ, তালৈ
মেলি দে, মেলি দে, মেলি দে ঐ
জীৱন পাৰৰ সেউজী পথাৰ
ফুলা ফুলনিৰ জেউতি অপাৰ
মৰণক আকুল ফেনে-ফোটোকাৰে
পাছত এৰি থৈ
বিৰহৰে বেজাৰত আনন্দ জিলিকে
মিলনতে বিৰহ লিখা
জীৱন মৰণ জিনি জিলিকে
প্ৰণয়ৰে ধ্ৰুৱতৰা
উজলি উজলি মাতিছে ঐ
পোহৰলৈ, পোহৰলৈ
জ্যোতিৰ দেশলৈ।
(কথা : জ্যোতিপ্ৰসাদ আগৰৱালা)
----
এই গীত দুটা জ্যোতি প্ৰসাদ আগৰৱালাই চিনেমা খনৰ বাবে লিখা নাছিল। চিনেমা খনত পৰপাটিকৈ ব্যৱহাৰ কৰিছিল। এই চিনেমা খনৰ গীতাংশ চিত্ৰায়ন কৰিছিল গজেন বৰুৱাই। এই খিনিতে নিশ্চয় উল্লেখ কৰিব পাৰি--, "জয়মতী"ৰ দৰে "ইন্দ্ৰ-মালতী"ৰো গীত কেইটা, আজিৰ তাৰিখতো সংগীত ৰসিকৰ মাজত আছে, সেউজ হৈ।
(সৌজন্য: অসমীয়া চিনেমাৰ গীত/উৎপল মেনা/চিত্ৰচল/২০০৭)